top of page

   ।।শ্রীমদ্ভাগৱত।।

            ৷৷ অষ্টম স্কন্ধ।।

                   (গজেন্দ্র মোক্ষণ)

                     ৷৷শ্রীকৃষ্ণায় নমঃ।

 

 

                     ।।মঙ্গলাচৰণ৷৷

                           ।।পদ৷৷

 

জয় কৃষ্ণ জয় কৃষ্ণ ভকত বৎসল।

নমো চিদানন্দ সদানন্দ সুনির্ম্মল।।

নমো মৰকত শ্যাম নন্দৰ কুমাৰ।

ত্রিভঙ্গ শোভিত অঙ্গ মুখে বেণু যাৰ।।১।।

নমো গোপবেশধৰ ব্ৰজৰ নায়ক।

নমো নমো ভকতৰ ভক্তি বিধায়ক।।

নমো শুক্ল কলেৱৰ ৰোহিণীকুমাৰ।

এক কর্ণে কুণ্ডল ভূষিত বেশ যাৰ।।২।।

নমো যজ্ঞ মুক্তি দেৱ ইন্দ্রপদ পাই।

ভক্ত স্বায়ম্ভুৱ ৰক্ষা কৰিলা লীলায়।।

ভকত বৎসল হৰি মুৰুতি সুঠান।

ভকত গজক ৰক্ষা কৰি বিদ্যমান।।৩।।

দিব্য পাৰিষদ ৰূপ দিলা দায়া কৰি।

হেন দেৱ ভগৱন্ত ভজো যত্ন কৰি৷৷

 

              ।।প্রস্তাৱনা।।

 

শুনিয়োক সাধু সভাসদ ৰঙ্গমন।

অষ্টম স্কন্ধৰ কথা গজেন্দ্র মোক্ষণ।।৪।।

মহাভাগৱত চাৰিবেদ মধ্যে সাৰ।

আৰ অর্থ জানিতে শকতি আছে কাৰ।।

তথাপিতো হৃদীশ্বৰ দেৱ যদুপতি।

যেন শিক্ষা দেন্ত তেন লিখিবো সম্প্রতি।।৫।।

মাধৱৰ পাদপদ্ম কৰি শিৰোগত।

মহন্তসৱৰ আজ্ঞা ধৰিয়া মনত।।

আতি শিশুমতি জানা ব্রাহ্মণ নন্দন।

কৃষ্ণৰ চৰণে ভণে গোপালচৰণ।।৬।।

কৃষ্ণৰ একান্ত দাস যত সাধুচয়।

নানামতে তাৰ পদ নিবন্ধি আছয়।।

তাসম্বাৰ শীল শিক্ষা হৃদি মাজে ধৰি।

কৰিবো পয়াৰ ভাষ্য টীকা অনুসৰি।।৭।।

আত যদি মোৰ দোষে হোৱে সাধুচয়।

ক্ষমা কৰিবাক তাক সহজে লাগয়।।

যেন কোনো বাণীচয় বালকে ভাষয়।

তথাপিতো পিতৃ ৰঙ্গে শুনিয়া থাকয়।।৮।।

নমো নমো কৃষ্ণদ্বৈপায়ন অৱতাৰ।

সাধুসৱে পীয়ে মুখে পদ্মমধু সাৰ।।

মহাভাগৱত শাস্ত্ৰ কৰিয়া হৰিষে।

কৃপায়ে পঢ়াইল শুক মুনিক নিঃশেষে।।৯।।

নমো শুক ব্ৰহ্মৰূপী অনন্ত উদাৰ।

সংসাৰ গৰ্ভত বিষ্ণুৰাতক উদ্ধাৰ।।

সেহি ভাগৱত গ্রন্থ গূঢ় ৰূপে আছে।

শ্ৰীমন্ত শ্ৰীধৰ স্বামী টীকা কৈলা পাছে।।১০৷৷

লোকক কৃপায়ে অর্থ কৰিয়া প্রকাশ।

তাক দেখি পদ কৰিবাক ভৈলা সাস।।

তাতো কৰি মহন্তসৱৰ ধূলা পাই।

উৎসুক মিলিছে আত মোত গুণ নাই।।১১৷৷

গুৰুৰ চৰণে মনে কৰি নমস্কাৰ।

ভাগৱত শুনা নিশৱদে বাৰম্বাৰ।।

ইটো ভাগৱতে আছে দুগোটা লক্ষণ।

স্কন্ধে স্কন্ধে একগোটা দেখা বিদ্যমান।।১২।।

তৃতীয়ত সৰ্গ বিসর্গক চতুর্থত।

পঞ্চমত স্থান পোষণ ষষ্ঠত।।

সপ্তমত উতি হেন লক্ষণ বিদিত।

অষ্টমত মহন্তৰ লক্ষণ উদিত।।১৩৷৷

ইটো অষ্টমৰ চাৰি বিংশতি অধ্যায়ে।

মন্বন্তৰ বৰ্ণনা হৈবেক সমুদায়ে।।

মনুসুত ঋষি দেৱ ইন্দ্ৰ সৱ আত।

মাধৱৰ মূৰ্ত্তি সৱে কৰিবো বেকত।।১৪।।

প্রতি মন্বত্বৰে মনু আদি কৰি ছয়।

পৃথকে পৃথকে অর্থ মানন কয়।।

আতি শুদ্ধ সত্য ধর্ম আপুনি আচৰি।

প্রজা সমস্তক প্রৱৰ্ত্তান্ত দায়া কৰি।।১৫৷৷

এহিসে কাৰণে মন্বন্তৰক বোলয়।

স্বধর্ম্ম লক্ষণ হেন জানিবা নিশ্চয়।।

যদি বোলা স্বধৰ্ম্ম বোলয় তেৱে কাক।

সন্তসৱে আচৰয় দেখা যাক যাক।।১৬।।

তাতে সত্য ধৰ্ম্ম বুলি শাস্ত্রত প্রধান।

বিনাশীসকলে ধৰ্ম্ম কৰে যতমান।।

বিনাশীৰ ধৰ্ম্মে কৰ্ম্মে নকৰি যতন।

সাধু সঙ্গ লৈয়া কৰা শ্ৰৱণ কীৰ্ত্তন।।১৭।।

......

 

          ।।মনুসকলৰ বিৱৰণ।।

 

চৈধ্যয় মনুৰ লগে সংক্ষেপে কহিয়া।

প্রথম অধ্যায়ে কহো শুনা মন দিয়া।।

প্রথম অধ্যায়ে নিৰূপিলা মনু চাৰি।

নাম ধৰি কহো তাক শুনা নৰনাৰী।।১৮৷৷

স্বায়ম্ভৱ স্বাৰোচিষ উত্তম তামস।

কৃষ্ণৰ একান্ত দাস নেৰে হৰি যশ।।

প্রথমতে প্রশ্ন কৰা নৃপতি প্রধান।

তাৰ অভিপ্রায় স্বামী কৰন্ত ব্যাখ্যান।।১৯।।

স্বায়ম্ভূৱ মনুৰ কালৰ মহাঋষি।

কৃষ্ণৰ দুৰ্ল্লভ গুণ বর্ণাইলা হৰিষি৷৷

তাক শুনি আনন্দিত হুয়া সাৱহিতি।

কৰযোৰে পোছে সৱে মন্বত্বৰ স্থিতি।।২০৷৷

নৃপতি বদতি গুৰু তযু প্রসাদত।

বিস্তৰ শুনিলো স্বায়ম্ভুৱ বংশ যত।।

মৰীচি প্ৰমুখ্যে বিশ্বস্রষ্টাগণ যত।

যত অসংখ্যাত সৃষ্টি কৰিছা সতত।।২১।।

আমি দুখীতক প্রতি যদি দায়া হয়।

তেৱে আন মনুবংশ কহিবে লাগয়।।

যাত কৰি মহন্ত নাহিকে জগতত।

হেন হৰি জন্ম কৰ্ম্ম কৰা যত যত।।২২।।

প্রত্যেক মনুৰ কালে লোক দায়া কৰি।

কবিসৱে গাৱে যাক আতি ৰঙ্গ কৰি।।

বিস্তাৰি কহিয়ো সিটো জন্ম কৰ্ম্মগণ।

হেন ব্রহ্ম মূৰ্ত্তি গুৰু শুনো ৰঙ্গ মন।।২৩।।

আৰো এক কথা কৈয়ো আমাত কৃপাল।

ভূত ভৱিষ্যত বৰ্ত্তমান তিনিকাল।।

ভূত কালে যিবা কৰিলন্ত ভগৱন্ত।

ভৱিষ্যত কালে যত কৰ্ম্ম কৰিবন্ত।।২৪।।

বিশ্ব বিভাজন দেৱ বৰ্ত্তমান কালে।

কৰা যত কৰ্ম্ম তাক কহিয়োক ভালে।।

কৰিয়োক অনুগ্রহ হেনয় আমাক।

পৰম আনন্দে শুনো কৃষ্ণৰ কথাক।।২৫।

মহাভাগৱত ৰাজা সুভদ্রাৰ নাতি।

এহিমতে প্রশ্নচয় কৰিলন্ত আতি৷৷

সকলো প্রশ্নকে ঋষি মনে অৱগাহি।

বুলিবে লাগিলা নৃপতিৰ মুখ চাহি।।২৬।।

ঋষি নিগদতি শুনা পৰীক্ষিত ৰায়।

ছয়গোটা মনু জানা ইটো কল্পে যায়।।

স্বায়ম্ভুৱ স্বাৰোচিষ উত্তম তামস।

ৰেৱত আউৰ মনু নামত চাক্ষুষ।।২৭৷৷

আসন্থাৰ কালে কথা প্ৰৱৰ্ত্তিলা যত।

সাৱধানে শুনিয়োক নৃপতি সাম্প্রত।।

আদ্য মনু স্বায়ম্ভূৱ কহিলো তোমাত।

যাহাৰ কালত দেৱাদিৰ জন্ম খ্যাত।।২৮৷৷

তানে দুই দুহিতা আকৃতি দেৱহূতি।

কৃষ্ণত ভকত দুই আতি শুদ্ধমতি।।

ৰাত্রি দিনে মাধৱত কৰন্ত ভকতি।

সিকাৰণে দুইতো উপজিলা লক্ষ্মীপতি।।২৯৷৷

ধৰ্ম্মজ্ঞান উপদেশ দিবাৰ কাৰণে।

ভগৱন্ত পুত্র ভৈলা দুহান ভৱনে।।

অন্যথা নাহিকে জন্ম অজ মহাহৰি।

তান কথা মহাৰাজা শুনা মন কৰি।।৩০।।

সকলো ভূতৰে উতপতি কথা যত।

পূৰ্ব্বে তযু আগে তাক কৰিলো বেকত।।

ভগৱন্ত মূৰ্ত্তি জানা কপিল ঈশ্বৰ।

তানো জন্ম কৰ্ম্ম বর্ণাইলোহে নিৰন্তৰ।।৩১।।

যেনমতে ভগৱন্ত হুয়া অৱতাৰ।

মহাজ্ঞানে দেৱহুতি কৰিলা উদ্ধাৰ।।

প্রপঞ্চি কহিলো তাক তৃতীয় স্কন্ধত।

আৱে যজ্ঞ ঈশ্বৰৰ শুনিয়ো মহত্ত্ব।।৩২।।

ৰুচি নামে প্রজাপতি মহাভাগৱত।

তান গৃহে আকূতি দেৱীৰ উদৰত।।

ভৈলন্ত উদিত যজ্ঞ নামে ভগৱন্ত।

স্বায়ম্ভূৱ মনু নিজে গৃহে আনিলন্ত।।৩৩৷৷

জগতৰ তাপহাৰী যজ্ঞক দেখিলা।

আনন্দিত হুয়া মনু হৰি নাম দিলা।।

যিটো কৰ্ম্ম কৰিলন্ত যজ্ঞ ভগৱান।

কহো কুৰু বংশধৰ হুয়ো সাৱধান।।৩৪।।

কৃষ্ণৰ সেৱাৰ বলে শতৰূপা পতি।

কাম ভোগ্য বিষয়ত ভৈলা বিৰকতি৷৷

কৃষ্ণক ধৰিয়া মনে তেজিলন্ত ৰাজ।

ভাৰ্য্যাসমে তপক পশিলা বনমাজ।।৩৫৷৷

সুনন্দা নদীত গৈয়া তপ আৰম্ভিলা।

ৰাম কৃষ্ণ নাম মাত্র মুখত ৰাখিলা।।

শতেক বৎসৰ এক পাৱে ভূমি চুই।

কৰিলন্ত ঘোৰ তপ সাৱধান হুই।।৩৬।।

সমাধিত অনুভৱ কৰি অর্থচয়।

লোকক কৃপায়ে মনু প্রকাশি কহয়।।

নিদ্রামাজে অচেতনে আছে কোনজন।

সিটো যেন নানা বিধ বোলয় বচন।।৩৭৷৷

সেহিমতে মনু সমাধিত স্থিত হুই।

অধোমুখে উপদেশ বচন বোলয়।।

ভৰত বংশত জাত উত্তৰানন্দন।

কহো তাক নিশৱদে শুনা ৰঙ্গমন।।৩৮৷৷

শুনিয়োক সভাসদ পদ ভাগৱত।

দেখা কেনে ইটো কৃষ্ণ নামৰ মহত্ত্ব।।

অন্তকালে কৃষ্ণ কৃষ্ণ যি নৰে বোলয়।

প্রথম অক্ষৰে তাক মুকুতি দিৱয়।।৩৯৷৷

আৰো দুই কৃষ্ণনাম অৱশেষে আছে।

কিবা দিবো বুলি মনে মনে গুণে পাচে৷৷

ভৈলো ঋণী ইহাক দিবাৰ বস্তু নাই।

লজ্জা হুয়া ৰৈল দুয়ো মাথা চাপৰাই।।৪০।।

হেনয় নামত কিয় ৰতি নোপজয়।

হে প্রভু কৃপাময় দেৱ দায়াময়।।

তোহ্মাৰ একান্ত দাস যত সাধুচয়।

তাসম্বাৰ পাৱে যেন ৰতি নছাড়য়।।৪১।।

তেমন কৰিয়ো কৃপা বৃন্দাবন ৰায়।

পৰম দুঃখীত জানি কৃপা দৃষ্টি চাই।।

কৃষ্ণৰ একান্ত ভক্ত শ্ৰীমন্ত শঙ্কৰে।

কামৰূপে উদিত লোকক দায়াতৰে।।৪২।।

প্রকাশিলা ভকতিক ভাগৱত চাই।

যাক ধৰি বাল বৃদ্ধ সুখে তড়ি যায়।।

সেহি ভকতিক ধৰা তেজি আন কাম।

কৰযোৰে বোলো সৱে বোলা ৰাম ৰাম।।৪৩।।

......

।।দুলড়ী।।

 

শুক নিগদতি      শুনা অৱহিতি

চৈতন্য মূৰুতি দেৱ।

সকল বিশ্বক      চেতন কৰন্ত

তথাপি নজানে কেৱ।।

ঈশ্বৰক পুনু       চেতন কৰাইতে

কাহাৰো শকতি নাই।

সহজে চেতন      প্রভু নাৰায়ণ

আৰ হেতু কোনে পায়।।৪৪৷৷

প্রলয়ৰ কালে      জগত শুতিলে

সাক্ষীৰূপে থাকা যিটো।

অহো কিনো চিত্র   হেন ঈশ্বৰক

নজানয় তথাপিতো।।

হেন ঈশ্বৰৰ       ঈশ্বৰত্ব ভাৱ

দেখাইতে অজ নন্দন।

লোকক নিঃশেষ    হিত উপদেশ

দিয়ন্ত কৰি যতন।।৪৫।।

ইটো লোক খ্যাত   প্রাণী আছে যত

ঈশ্বৰে বিবিধ ভাৱে।

সন্ত চিদানন্দ      ৰূপে ভগৱন্ত

ব্যাপি আছে ভাৱে ভাৱে।।

এতেকেসে ইটো     ঈশ্বৰে জীৱক

দায়া কৰি দেন্ত ধন।

তাতে সমর্পিয়া     আক্রোশ এৰিয়া

কৰিয়ো সৱে ভজন।।৪৬।।

পৰৰ ধনক       এৰিয়োক মন

সি পুনু দুখৰ ঠাই।

এহি অর্থচয়       বেদেয়ো গাৱয়

জানি হেলা নুযুৱাই৷৷

যদি বোলা যেৱে   বিষ্ণু ব্যাপি আছে

চক্ষু আদি ইন্দ্রিগণ।

কিয় নেদেখয়     শুনিয়ো নিশ্চয়

উত্তৰ আৰ শোভন।।৪৭।।

সমস্তে লোকক     দেখিছা সতত

অন্তর্যামী ৰূপ ধৰি।

তথাপিতো তাঙ্ক    কেহো নেদেখয়

যাতো অবিষয় হৰি।।

প্রমত্ত ঈশ্বৰ       প্রমাণ ইন্দ্রিয়ে

বিষয় কৰিতে নাৰি।

এহি অর্থচয়       বেদে প্রকাশয়

দেখিয়ো বেদ বিচাৰি।।৪৮৷৷

যেন ঘট নাশে     দেখন্তা লোকৰ

ঘট তান নষ্ট পাৱে।

ঈশ্বৰৰো তেনে     দেখা যিটো জ্ঞান

মায়া নষ্ট হুয়া পাৱে।।

হেন শঙ্কা যদি     মনত হোৱয়

উত্তৰ শুনিয়ো আৰ।

দ্রষ্টা ঈশ্বৰৰ       জ্ঞান নাশ নাই

ইটো কথা কৈলো সাৰ।।৪৯।।

ঘট জ্ঞানো জানা   নাশ নুহিকয়

ধৃতিৰেসে নাশ হয়।

সমুদায়ে জ্ঞান     নাশ ভৈলে তাৰ

পুনু জ্ঞান নোপোজয়।।

যেন গৃহচয়       সূৰ্য্যে প্রকাশয়

গৃহে যদি নাশ হয়।

সূৰ্য্যৰ প্রকাশ      নুহিকয় নাশ

ঈশ্বৰৰো সেহি নয়।।৫০৷৷

হেন অন্তর্যামী      অসঙ্গ তথাপি

তাহান পদ কমল।

ভজিয়োক নৰ     আন পৰিহৰ

হুইবেক সৱে কুশল।।

ঈশ্বৰ স্বৰূপ       নিত্যতা যে মনে

প্রতিপাদি মহাশয়।

লোকক কৃপায়ে     বুলিবে লাগিলা

মনত কৰি নিশ্চয়।।৫১।।

যাৰ আদি অন্ত    মধ্য নাহিকয়

নাহিকে আপোন পৰ।

বাহিৰ ভিতৰ      নাহিকয় যাৰ

নিত্যৰূপে মহেশ্বৰ।।

জগতৰ আদি      মধ্য কৰি যত

যাত হন্তে সদা হয়।

হেন বিশ্বৰূপী      সত্য পৰিপূৰ্ণ

ভজিয়ো সৱে নিশ্চয়।।৫২।।

যদি তান ৰূপ     জগত হোৱয়

জন্ম আদি কেনে নয়।

আপোন প্রকাশ     সত্যতাও নাশে

পূর্ণতাও নঘটয়।।

ইটো সংশয়ৰ      শুনিয়ো উত্তৰ

সাৱধান মন কৰি।

অজ সত্য ঈশ     আপোন প্রকাশ

নিৰ্ব্বিকাৰ ৰূপ হৰি।।৫৩।।

সকলে জগত      আছে শৰীৰত

বিস্তৰ নাম যাহাৰে।

তথাপি বিশ্বৰ      সৃষ্টি স্থিতি অন্ত

কৰান্ত মায়াৰ দ্বাৰে।।

নিত্য শুদ্ধ সাৰ    বিদ্যা নাম যাৰ

তাহাঙ্ক আশ্রয় কৰি।

অবিদ্যা এৰিয়া     ক্রীয়াহীন হুয়া

থাকন্ত ঈশ্বৰ হৰি।।৫৪৷৷

যিটো দেৱ হৰি    সৰ্ব্ব কৰ্ম্ম এৰি

নিষ্কৰ্ম্ম হুয়া ৰহয়।

এহি হেতুতেসে     পূৰ্ব্বে ঋষিসৱে

মোক্ষার্থে কৰ্ম্ম কয়।।

দেখি তাসম্বাত     আন লোক যত

কৰ্ম্ম কৰি শুদ্ধ ভাৱে।

ঈশ্বৰে অর্পিয়া     শুদ্ধচিত্ত হুয়া

কৰ্ম্মৰ হাত এড়াৱে।।৫৫।।

যদি বোলা যিটো   কৰ্ম্ম আচৰয়

যি কৰ্ম্মে আবৃত হুই।

বৃদ্ধ ভাৱ ভাৱি    থাকিবা সদায়

কদাপি মুকুত নাই।।

মুখৰ সূতায়ে      পোকা বদ্ধ যাৱে

ওলাইবাৰ পথ নাই।

ইহাৰ উত্তৰ       শুনা নিৰন্তৰ

কহন্ত মনু দুনাই।।৫৬।।

ইশ ভগৱন্ত       কৰ্ম্মক কৰন্ত

তাতে আসকতি নাই।

যিহেতু দুর্ল্লভ      নিজ আত্মা লাভ

তাহাত পূর্ণ সদায়।।

হেন ঈশ্বৰক      আশ্ৰয় কৰিয়া

সিসৱে কৰ্ম্ম কয়।

কৰ্ম্মপাশে জানা    বন্ধ নুহিকয়

দুখো তাৰা নপাৱয়।।৫৭৷৷

এহিমতে যিটো     লোকক কৃপায়ে

কৰা সৃষ্টি স্থিতি অন্ত।

কদাচিতো ৰাম     কৃষ্ণ অৱতাৰে

বেদৰো কৰ্ম্ম অনন্ত।।

হেনয় কৃষ্ণৰ      চৰণ কমলে

পশিলো মঞি শৰণ।

এহি বুলি মনু     বুলিবে লাগিলা

প্রেমত মজিল মন।।৫৮।।

নমো নমো দেৱ    পৰি কৰো সেৱ

তোহ্মাৰ পদ কমলে।

লীলা নৰতনু      ধৰি তানে পুনু

কৰ্ম্ম কৰা কৌতূহলে।।

কৰ্ম্ম কৰন্তেও      জীৱত কৰিয়া

বিলক্ষণ আতিশয়।

জীৱে কৰ্ম্ম কৰে    অহঙ্কাৰ মনে

ফলতো আসক্ত হয়।।৫৯৷৷

আনে যদি বোলে   তেৱে কৰ্ম্ম কৰে

স্বতন্ত্র শকতি নাই।

ইটো দোষচয়      তৱ নাহিকয়

কহো শুনা অভিপ্রায়।।

যাতো জ্ঞান মূৰ্ত্তি   অহঙ্কাৰ স্ফূত্তি

যিহেতু তোহ্মাৰ নাই।

পূর্ণকাম পদে      কামনা ঘটে

ইকথা বেদত পায়।।৬০৷৷

কোটি কোটি ব্রহ্মা  ৰুদ্ৰৰ উপৰে

তোহ্মাৰ চলে বিক্রম।

তোহ্মাক আজ্ঞা যে  কৰন্তা নাহিকে

যিহেতু প্রসন্ন ৰাম।।

যদি বোলা তেৱে   কেনে কৰা হেন

উত্তৰ শুনা ইহাৰ।

আপুনি কৰিয়া     লোকক শিখাৱা

ইটো কথা সত্য সাৰ।।৬১৷৷

বোলা যদি লোক   কি কার্যে শিখান্ত

শুনিয়োক পৰিচ্ছেদ।

নিখিল কৰ্ম্মক     প্রভু প্ৰৱৰ্ত্তান্ত

ইটো কথা সত্য ভেদ।।

হেনয় ঈশ্বৰ      কৰ্ম্ম কলেৱৰ

ভকত বৎসল নাথ।

লক্ষ কোটি বাৰ    কৰো নমস্কাৰ

চৰণত থৈয়া মাথ।।৬২।।

শুনা সভাসদ      হুয়া নিশবদ

মনুৰ বচন ধৰা।

ঈশ্বৰ কৃষ্ণৰ      অৰুণ চৰণে

শৰণক সাৰ কৰা।।

শৰণৰ ভাৱ      শুনি ঠাৱে ঠাৱে

সৰ্ব্ব ধর্ম পৰিহৰি।

যি লৱে শৰণ     ৰাখা নাৰায়ণ

সি যায় সুখে নিস্তৰি।।৬৩৷৷

ভকতিৰ বীজ     শৰণেসে নিজ

প্রেমানন্দ আৰ ফল।

শৰণ বিনাই      ভকতি কৰয়

আৱাঁ ঘটে যেন জল।।

কৃষ্ণৰ চৰণে      পশিলো শৰণে

মঞি মহা মূঢ়মতি।

অধমক কৃপা      কৰিবাক ভাল

তুমি অগতিৰ গতি।।৬৪৷৷

প্রভু দামোদৰ      ভকত জনৰ

ভকতি বন্ধন দেৱ।

ইটো জগতক      নিস্তাৰিলা দেৱ

তযু পদে কৰো সেৱ।।

তোহ্মাৰ একান্ত    যত মহা সন্ত

তাসম্বাৰ সঙ্গ হৌক।

এহি কৃপা কৰা    মোৰ কদাচিতো

অসন্তৰ সঙ্গ নৌক।।৬৫।।

নমো বালৰূপ      শৰীৰ নিৰুজ

নীলবর্ণ আতি কাল।

জঘনে কিঙ্কিণী     শুনি ৰিণি ৰিণি

দিগম্বৰ নন্দলাল।।

শার্দ্দূলৰ দিব্য      নখে বিভূষিত

গোপীৰ লৱণু চোৰ।

হেন বালৰূপ      ব্ৰহ্মত সদায়

মন নিমজোক মোৰ।।৬৬।।

কলিযুগে ধর্ম্ম     আন নাই নাই

হৰিনাম বিনে আৰ।

দুৰ্ঘোৰ সংসাৰ     যদি হৈবা পাৰ

নামক কৰিয়ো সাৰ।।

নামেসে জগত     নিস্তাৰ কৰন্ত

সৰ্ব্ব পুৰুষাৰ্থ নাম।

উচ্চ কৰি নৰে     হৰি হৰি বোলা

তেজিয়োক আন কাম।।৬৭৷৷

.......

                       ।।পদ।।

 

শুন নিগদিত ৰাজা শুনা একচিত্তে।

এহিমতে মনু শিক্ষা দেন্ত সমাধিতে।।

মহামন্ত্র উপনিষদৰ অর্থচয়।

যদিওবা সাৱধানে মনুৰাজে কয়।।৬৮।।

নুহি সাৱধানে ইটো হেন মনে মানি।

দেখি দুষ্ট অসুৰ ৰাক্ষসে বোলে বাণী।।

নিদ্রাত বিস্মৰণ কিবা মিছা কহয়।

ধৰ ধৰ মাৰ মাৰ চাইবে নলাগয়।।৬৯।।

জ্বলে ক্ষুধা অগ্নি আতি অন্তৰত বৰ।

খাইবাক লাগিয়া সৱে দিলেক লৱড়।।

জগতৰ অন্তৰ্য্যামী যজ্ঞ ৰূপ হৰি।

দেখে দুষ্ট দৈত্য যায় খাইবে আশা কৰি।।৭০।।

ভকত পালক দেৱ ভকতৰ গতি।

ভকত ৰাখিবে প্রতি ভৈলা উতপতি।।

যাম নামে আপোনাৰ পুত্ৰ দেৱগণ।

চতুর্ভিতি যায় বেঢ়ি আতি ৰঙ্গমন।।৭১।।

ভক্তদ্রোহী অসুৰ ৰাক্ষস আছে যত।

নিঃশেষে বধিলা প্রভু সুনন্দা তীৰত।।

আপুনি ভৈলন্ত ইন্দ্র স্বর্গমাজে যাই।

আত কিছু যুগুতি শুনিয়ো মহাৰায়।।৭২।।

প্রত্যেক মনুৰ লগে মনু আদি ছয়।

অনুক্রমে ভিন্নে ভিন্ন সৱে প্ৰৱৰ্ত্তয়।।

এহি কথা সূতে কহিবাহা দ্বাদশত।

মন্বন্তৰ ছয়বিধ কহয় সাম্প্রত।।৭৩।।

মনু ঋষি দেৱ আৰু মনুৰ তনয়।

মাধৱৰো অৱতাৰ ইন্দ্র সমে ছয়।।

আদ্য মনু স্বায়ম্ভুৱ তান দুই সুত।

কনিষ্ঠ উত্তানপাদ জেষ্ঠ প্রিয়ব্রত।।৭৪৷৷

যত দেৱগণ তাৰ যাম হেন নাম।

মৰীচি প্ৰমুখ্যে সপ্তঋষি অনুপাম।।

ঈশ্বৰ কৃষ্ণত যজ্ঞ নাম অৱতাৰ।

ইন্দ্র ভৈলা তেন্তে তিনি ত্রৈলোক্যতে সাৰ।।৭৫।।

এতেকেসে পাঞ্চ বিন্দু সিটো মনুষ্যৰ।

আৰম্ভতে নিৰূপিছে চতুর্থ স্কন্ধৰ।।

দুই তিনি চাৰিগোটা মন্বন্তৰ কাল।

তাতো ছয় বিন্দু আছে শুনা মহীপাল।।৭৬।।

ভৈলন্ত দ্বিতীয় মনু অগ্নিৰ নন্দন।

স্বাৰোচিষ নাম তান শুনা পুত্রগণ।।

দ্যুমৎ সুষেণ ৰোচিষ্মৎ আদি কৰি।

ইন্দ্ৰক ৰোচন হেন ডাকে নাম ধৰি।।৭৭।।

তুষিতাদি দেৱগণ ঊৰ্জ্জ শান্ত ঋষি।

মুখে উচ্চাৰন্ত বেদ মনত হৰিষি।।

বেদশিৰা ঋষিৰ তুষিতা ভাৰ্য্যা ভৈলা।

বিভু নামে ভগৱন্ত তাহান্তে জন্মিলা।।৭৮।।

বিভু ঈশ্বৰ কহো উত্তম চৰিত্ৰ।

সাৱধানে শুনিয়োক বাপ পৰীক্ষিত।।

কুমাৰ কালৰে পৰা ব্ৰহ্মচাৰী ভৈলা।

মুনি সৱো আসি যাত ব্ৰতক শিখিলা।।৭৯৷৷

অষ্টম সহস্র আশী হাজাৰ অপৰ।

মহা তত্ত্ব জানি এড়িলেক বাৰীঘৰ।।

নামত উত্তম প্রিয়ব্রতৰ তনয়।

আতি শুদ্ধ চিত্ত মনু ভৈলন্ত দুতয়।।৮০৷৷

পৱন সৃঞ্জয় যজ্ঞহোত্র আদি কৰি।

ৰাজা হুয়া থাকিলা কৃষ্ণৰ ভক্তি ধৰি।।

প্রমদাক আদি কৰি বশিষ্ঠ তনয়।

ভৈলন্ত সপত ঋষি আতি শুভানয়।।৮১।।

সত্য বেদশ্ৰুত ভদ্র আদি দেৱচয়।

সত্যজিত নাম হেন ইন্দ্রক বোলয়।।

পুৰুষ উত্তম দেৱ প্রভু ভগৱন্ত।

ধৰ্ম্মপত্নী সুনৃতাত বেকত ভৈলন্ত।।৮২।।

সত্যজিত নামে ভৈলা জগতে প্রখ্যাত।

সত্যব্রত আদি ভ্রাতৃগণ আছে যত৷৷

সত্যজিত ইন্দ্ৰৰ সহায় হুয়া হৰি।

যক্ষ ৰাক্ষসক বধিলন্ত লীলা কৰি।।৮৩৷৷

দুৰাচাৰে মিছা মাতে প্রাণীদ্রোহ কৰে।

সৱাকে বধিয়া প্রভু নিলা যমঘৰে।।

ভৈলন্ত চতুর্থ মনু উত্তমৰ ভাই।

নামত তামস গুণ কহন নযায়।।৮৪।।

পৃথু খ্যাতি নৰ আদি দশ পুত্র জাত।

সত্যক হৰিহয় আদি দেৱগণ খ্যাত।।

ত্রিশিখা ইন্দ্ৰৰ নাম জগতে বিদিত্য।

জ্যোতিধাম আদি সপ্তঋষি শুদ্ধচিত্ত।।৮৫।।

মহা পৰাক্ৰমী আনো ভৈলা দেৱচয়।

বৈধৃত বুলিয়া সৱে বিধৃতি তনয়।।

কালে নষ্ট কৰিলেক যত বেদবাণী।

আপোনাৰ তেজে উদ্ধাৰিলা মহামানী।।৮৬।।

নামে হৰিমেধা অতিশয় শুদ্ধ চিত্ত।

হৰিণী তাহানে পত্নী আতি সুচৰিত।।

দুয়ো মিলি মাধৱত ভকতি কৰন্ত।

তান গৃহে ভগৱন্ত উদিত ভৈলন্ত।।৮৭।।

হৰি হেন নাম ঘুষিলেক সৰ্ব্বলোক।

পৰম আশ্চর্য্য কৰ্ম্ম ৰাজা শুনিয়োক।।

যিটো প্রভু হৰিয়ে গ্রাহৰ ছিড়ি মুখ।

গজেন্দ্রক মুকুত কৰিলা গুচাই দুখ।।৮৮৷৷

সংক্ষেপে শুনিয়া কথা পৰীক্ষিত ৰায়।

বিস্তৰ শুনিবে কথা পুছন্ত দুনাই।।

বিষ্ণুৰাত বদতি শুনিয়ো মুনি শুক।

ই কথা শুনিতে আছে আমাৰ উৎসুক।।৮৯।।

যেনমতে গ্রাহগ্রস্ত গজেন্দ্রক পাই।

কৰিলা মুকুতি হৰি কহিয়ো দুনাই।।

যদি বোলা শুনিবাক যেৱে ইচ্ছা যায়।

কহো তাৰ হেতু মঞি মনে অৱগায়।।৯০৷৷

মহা মহা পুণ্য আছে কথাৰ মাজত।

কথায়ে পৰম সুখ শাস্ত্ৰৰ সন্মত।।

ধনক বঢ়াৱে মহা মঙ্গল কৰয়।

মহাজন হয় কৃষ্ণকথা যি শুনয়।।৯১।।

এতেকে শুনায়ো বাপ চৰণত ধৰো।

হৰিকথা বিনা মঞি ক্ষণিকতে মৰো।।

সূত নিগদতি শুনিয়োক ঋষিচয়।।

মহা বিৰকত ৰাজা উত্তৰা তনয়।।৯২।।

এহিমতে কৃষ্ণকথা কৰিলা প্রার্থন।

শুনি আনন্দিত ভৈলা ব্যাসৰ নন্দন।।

মহা মুনিসৱে শুনি আছন্ত উৎসুকে।

ৰাজাক প্রশংসি কহিবাক লৈলা শুকে।।৯৩।।।

পুৰাণৰ মধ্যে সূৰ্য্য মহাভাগৱত।

ঈশ্বৰ কৃষ্ণক ইসে কৰাৱে বেকত।।

ইহাৰ প্রথম আধ্যা এহিমানে যায়।

শুনা সৰ্ব্বজনে আৰো হেলা নুযুৱায়।।৯৪।।

নমো প্রভু ভকত জনৰ ভয়হৰ।।

মঞি পতিতক ৰক্ষা কৰা মহেশ্বৰ।।

ইটো ঘোৰ সংসাৰত মৰো কৰ্ম্মফলে।

যাৱে ভ্রমো তোহ্মাৰ মায়াৰ ঘোৰ বলে।।৯৫।।

তাৱে তযু পৰায়ণ সাধু সমস্তৰ।।

মিলোক প্রসঙ্গ প্রভু দিয়ে এহি বৰ।।

যতেক কৃষ্ণৰ দাস নামপৰায়ণ।

সৱাৰো চৰণে মনে কৰোহো প্রার্থন।৯৬।।

মোক মহামূর্খ জানি তেজিয়োক দোষ।

ইটো কথা শুনি নুহিবাহা অসন্তোষ।।

কিন্তু কৃপা কৰি মোক দিয়োক বুজাই।

অসন্তোষ কৰিলে কিঞ্চিতো ফল নাই।।৯৭৷৷

সভাসদ লোক মোক কিছো কৃপা কৰা।

ভাগৱত অর্থচয় হৃদিমাজে ধৰা।।

সৱাৰো চৰণে মঞি কৰোহো প্রণাম।

মুখ ভৰি যত্ন কৰি বোলা ৰাম ৰাম।।৯৮।।

......

।।গজেন্দ্র মোক্ষণ।।

৷৷ছবি।।

 

গজেন্দ্র মোক্ষণ কথা      চতুর্থ মনুত তথা

সংক্ষেপ প্রকাৰে ব্যক্ত ভৈলা।।

দ্বিতীয় অধ্যায় হন্তে      সি কথা বিস্তাৰি কৈতে

ব্যাসসুত মুনি শুকে কৈলা।।

হস্তিনী সহিতে যাই       জলে নামি গজৰায়

জল ক্রীড়া কৌতুকে কৰন্ত।

দৈৱ দোষে পাৱে যাই     গ্রাহে ধৰিলেক পাই

দ্বিতীয় অধ্যায়ে আকে কন্ত।।৯৯৷৷

শুক মুনি নিগদতি       শুনা অৰ্জ্জুনৰ নাতি

ধন্য ধন্য তোমাৰ জীৱন।

জলপান এৰি আতি      কথা শুনা দিনে ৰাতি

নিস্তৰিলা দুৰ্ঘোৰ মৰণ।।

............

 

।।ত্রিকূট বর্ণন।।

 

পৰ্ব্বতৰ মাজে বৰ       ত্রিকুট যাহাৰ খ্যাতি

আছে ক্ষীৰ সাগৰ মাজত।

কান্তি কৰে দিনে ৰাতি    অযুত যোজন আতি

উপৰক হোৱয় উচ্ছ্ৰিত।।১০০৷৷

দশ হাজাৰৰ পথ        বহলেয়ো মহাৰথ

ত্রিকূটৰ শুনিয়ো অন্বয়।

এক শৃঙ্গ সুৱৰ্ণৰ        ৰূপৰ লোহাৰ দুই

সিকাৰণে ত্রিকূট বোলয়।।

তিনি শৃঙ্গ মুখ্য তাত     আনো শৃঙ্গ অসংখ্যাত

দিশপাশ প্রকাশি আছয়।

গৌৰীকাদি ধাতুচয়       থানে থানে প্রকাশয়

নানাবিধ লতাৰ আশ্রয়।।১০১।।

নানাবিধ বৃক্ষচয় ফলে     ফুলে প্রকাশয়

স্ৰৱে জল বহে মধুধাৰ।

সমুদ্ৰৰ উৰ্ম্মি পাই       ৰেণুসৱ উৰি যায়

আছে গিৰি মহিমা অপাৰ।।

পলাশ পত্ৰৰ প্রায়        শোভা কৰে ঠাই ঠাই

অসংখ্যাত শিলা মৰকত।

দেখি শ্যামবর্ণ ভূমি      আত বিদ্যাধৰ নামি

মহাৰঙ্গে ক্রীড়য় বহুত।।১০২৷৷

মহা মহা সর্পগণ        ক্রীড়া কৰে ৰঙ্গমন

গহ্বৰে পশিয়া নানা ভাৱে।

সিদ্ধ বিদ্যাধৰ যত       ক্রীড়া কৰে সিথানত

উচ্চস্বৰে নানা গীত গাৱে।।

গীতৰ লাগিয়া ধ্বনি      নাদে গুহা তাক শুনি

মহাক্রোধে তাক নসহয়।

পৰম ক্রোধিত মনে      তেজে নাদ ঘনে ঘনে

মনে আপোনাক শলাগয়।।১০৩।।

নানাবিধ পশু জাতি      ফুৰে পালে পালে তৈতি

গুহাচয় অলঙ্কৃত কৰি।

দেৱতাসৱৰ তাত        পুষ্প বাৰি অসংখ্যাত

ৰাৱে পক্ষী বৃক্ষে পৰি পৰি।।

নদী সৰোবৰচয়        শুদ্ধ জলে প্রকাশয়

তাৰ তৰে বালি মনোময়।

দেৱৰ ৰমণী যত        স্নান কৰে হুয়া মত্ত

নানা গন্ধ জলত ভাসয়।।১০৪৷৷

গন্ধে সুবাসিত জল       বায়ু বহে সুনির্ম্মল

আছে গিৰি ইসৱে যুগুত।

ভগৱন্ত বৰুণৰ         উদ্যান আছয় তাত

ঋতুমন্ত নামে অদভুত।।

যদি বোলা কি কাৰণে    কহা নদী গিৰি বনে

তাক নুশুনিলে কিবা হয়।

নুবুলিবা হেন বাণী       বখানিবা চক্রপাণি

সৱে ধ্যেয় অসাৰ নহয়।।১০৫।।

এতেকে বর্ণাইলো গিৰি     বনক বর্ণাঞো আৱে

শুনা পৰীক্ষিত মহাৰায়।

চতুর্ভিতি অলঙ্কৃত        দেৱ বৃক্ষ মনোনীত

ফল পুষ্প সৰ্ব্বকালে পায়।।

পাৰিজাত মন্দাৰ যে      আৱৰ অশোক চম্পা

পিয়াল পনস নিম্বু আম।

তাম্বুল আমৰা জৰা      খাজুৰি মধুৰি ফল

তাল নাৰিকল অনুপাম।।১০৬।।

কপিত্থ অৰ্জ্জুন বৃক্ষ       অৰিষ্ট ডম্বৰু বট

সিঙ্খাপ চন্দন আছে তাত।

পনিয়াল অসংখ্যাত       সৰল ইঙ্গুদী বৃক্ষ

দেৱদাৰু পদ্মবচি খ্যাত।।

কুসিয়াৰ কল জাম       বদৰী ৰুদ্রাক্ষ আম

আমলখী আছয় অভয়।

জামিৰ থেকেৰা বেল     আছে অসংখ্যাত দল

আনো নানা বৃক্ষ প্রকাশয়।।১০৭৷৷

সেহি পৰ্ব্বততে ভাল      সৰোৱৰ সুবিশাল

সুৱৰ্ণ পঙ্কজ প্রকাশয়।

কুমুদ কহ্লাৰ যত        ফুলি আছে নানামত

শতপত্ৰ শ্ৰীয়ে বিৰাজয়।।

মধুপানে মহামত্ত        গুঞ্জৰে ভ্ৰমৰা তাত

কুহু কুহু পক্ষীয়ে ৰাৱয়।

হংস কঙ্ক চক্রবাক       সৰালি কোঢ়া পানীকাক

সৰোৱৰ ছানিয়া আছয়।।১০৮।।

ডাউকে তেজয় বাণী     কোৱা কোৱা হেন শুনি

আনো পক্ষী নাদে সুললিত।

অগাধ জলৰ মাজে       ক্রীড়ি ফুৰে মৎস্যৰাজে

কচ্ছপে ভ্রময় তাত নিত।।

আসম্বাৰ ঘৰিষণে        কাম্পে বৃক্ষ ঘনে ঘনে

তাৰ ৰেণু জলত পৰয়।

স্বভাৱে নিৰ্ম্মল জল       আতি স্বাদ সুশীতল

পদ্মগন্ধে সুবাসিত হয়।।১০৯৷৷

সৰোবৰ তীৰে যত      বৃক্ষ আছে নানামত

সৰ্ব্বকালে ফল পুষ্প পায়।

কদম্ব বেতস নাল       ফুলিছে বন্দূলি ভাল

কেলি কদম্বৰ সীমা নাই।।

কুন্দ কুঞ্জ কুৰুবক       শিৰীষ অশোক যত

স্বর্ণবাগী নাগেশৰ জাতি।

মালতী পুন্নাগচয়        পদ্মসৱ প্ৰকাশয়

আমোদ কৰয় গন্ধে আতি।।১১০৷৷

লবঙ্গ মধাই জাল        আনো লতা ভাল ভাল

সৰোৱৰ তীৰে শোভা কৰে।

এসম্বে আবৃত হুই        সৰোৱৰ প্ৰকাশয়

শুনা যেন কথা আতপৰে।।

শুনিয়োক নৰনাৰী       কৃষ্ণকথা মন কৰি

কথাতেসে মাধৱক পাই।

আন যত তপ ব্রত      মিছাসৱে বিচাৰত

জানি কথা শুনিয়ো সদায়।।১১১৷৷

যদি বোলা শুনো কথা    নাম গাঞো যথা তথা

কিয় নোহে ভকতি উদয়।

সাধুত পীৰিতি নাই      নানা তৃষ্ণা বাঢ়ি যায়

নিষেধ কৰ্ম্মত প্ৰৱৰ্ত্তয়।।

ভকতি নবাঢ়ে আতে      আকে কহে ভাগৱতে

জানি সদা এৰিবে লাগয়।

কি কৰিবো প্রাণ স্বামী    তাকো নজানোহো আমি

দেখো সৱে আমাত আছয়।।১১২।।

মৃগতৃষ্ণা সমসৰ         কৰ্ণৰ আনন্দকৰ

কৈত চাৰ বীভৎস বিষয়।

ইটো কলেৱৰ কৈত       নানা ৰোগ গাজে আত

তথাপি বৈৰাগ্য নুপজয়।।

কাম অগনিয়ে খায়      আক স্মৰি ধাতু যায়

যদুনাথ কৰিয়ো উদ্ধাৰ।।

তযু ভকতত আতি      সৰ্ব্বক্ষণে হৌক ৰতি

এহিমানে প্রার্থনা আমাৰ।।১১৩৷৷

নামেসে পৰম ধন       নামে হৌক মোৰ মন

নামে সমে সাধুসঙ্গ হৌক।

নাম গাইবো দিনে ৰাতি   তযু পাৱে দিয়া মতি

এহি কৃপা কৰা প্ৰভু মোক।।

কৰযোৰে বোলো বাণী     সমজ্যাৰ যত প্রাণী

বিদ্যা ধন জন গৰ্ব্ব এৰি।

বাহু উপৰক কৰি       লাজ ভয় পৰিহৰি

ৰাম ৰাম বোলা সৱে বেঢ়ি।।১১৪৷৷

.......

 

।।গ্রাহ-গজেন্দ্ৰৰ যুদ্ধ।।

।।লেছাৰি।।

 

মুনি নিগদতি শুনা কথা   একদিনা যেন ভৈলা তথা

সেহি ত্রিকূটত আছা মহা গজৰায়

তৰুণী কৰিণী লগে চলে    ফুৰা বনে বনে কৌতূহলে

বৃক্ষ বেত বাংশ উভাৰিয়া দর্পে যায়।।

যাৰ মদজল গন্ধ পাই   সিংহো দূৰ দেশ পলাই যায়

অন্তৰি পলায় ব্যাঘ্র সর্পগণ বৰ।

সৰভ চমৰী গণ্ডচয়      গৌৰ কৃষ্ণ সাৰ হুয়া ভয়

গজেন্দ্রে পাইলেক বুলিয়া দেই লৱড়।।১১৫৷৷

বৰাহ মহিষ বৃকগণ      ভালুক বানৰ ৰঙ্গ মন

গোপুচ্ছ হৰিণ শশা আদি পশুচয়।

তান দৃষ্টি পথ পৰিহৰি      নির্ভয়ে ফুৰয় ক্রীড়া কৰি

গজ অনুগ্রহে মনতো উদ্বেগ নয়।।

ঘৰ্ম্মে তপ্ত ভৈলা গজৰায়   অসংখ্য হস্তিনী বেঢ়ি যায়

পুত্রগণ সমে ভাৰ্য্যাসৱো সঙ্গে চলে।

আতি গুৰুতৰ ভৰ পাই   চতুর্ভিতি গিৰি কম্পি যায়

কুম্ভস্থল ভেদি মদ বহে বোম্বানলে।।১১৬।।

উনমত্ত যত অলিকুল     উৰি পৰি পিয়ে মদজল

ফুৰা এহিমতে মহামত্ত গজৰায়।

পিয়াস লাগিল আতি টান জল বিচাৰন্ত সেহি স্থান

শুৰ তুলি তুলি উপৰক মহাৰায়।।

পদ্মৰেণু সমে সুবাসিত     জলবায়ু আসে সুললিত

দূৰহস্তে তাক সুঙ্গি সুঙ্গি মহাবীৰ।

মদে বিঘূর্ণিত গজৰায়     পিপাসিত গজে বেঢ়ি যায়

শীঘ্র বেগে গৈয়া পাইলা সৰোৱৰ তীৰ।।১১৭।।

নামিলন্ত তাত কৌতূহলে    অমৃত নিৰ্ম্মল স্বাদ জলে

সুৱৰ্ণৰ পদ্মৰেণুচয় সুবাসিত।

শুৰে আপোনাৰ তুলি জল        কৰিলন্ত স্নান মহাবল

গতশ্রম হুয়া পিলা জল মনোনীত।।

আপোনাৰ শুৰে তুলি পানী    লাসে লাসে ঢালে মহামানী

বালক পুত্ৰত কৰিণীসৱত যাই।।

স্নেহে আতিশয় হুয়া ভোল পিয়াৱন্ত শুৰে ভৰি জল

কৃষ্ণৰ মায়াত কৃপণ ভাৱক পাই।।১১৮।।

ভাৰ্য্যা পুত্র সমে গৃহবাসী যেন ক্রীড়া কৰে জলে আসি

সেহিমতে ক্রীড়া কৰিয়া আছা তহিত।

মহা দুখে আসি লাগ পাইল তাক গজৰাজে নেদেখিল

বিষ্ণুৰ মায়াৰ বল দেখা বিপৰীত।।

জলগ্রাস মহাবলৱন্ত       দৈৱ দোষে সেহি সময়ত

ক্ৰোধ কৰি আসি চৰণে ধৰিলা বলে।

অকস্মাতে বৰ দুখ পাই    উজাৰি উঠিলা গজৰায়

গ্রাহ মহাবলী আজুৰি ধৰিলা জলে।।১১৯।

যাৱত শকতি আছে গাৱে তীৰত আনন্ত গজে তাৱে

মহাবলৱন্ত গ্রাহে টানি নেই জলে।

আতুৰ ভৈলন্ত গজপতি     হস্তিনী আটাস পাৰে আতি

মনত বিৰহে তীৰত পৰি কেৱলে।।

লগৰ সহায় গজ যত ধৰিলোক সৱে নানামত

আজুৰি তুলিবে নপাৰিলা যত্ন কৰি।

গ্রাহ গজেন্দ্ৰৰ নানামত লাগি গৈলা যুঁজ বিপৰীত

জলজন্ত্ত যত বিদূৰক যান্ত ডৰি।।১২০।।

কতোবেলা গ্রাহে ছেগ পাই    জলৰ মধ্যক টানি নেই

শুৰখানি মাত্র দেখিয় গজৰাজৰ।

গজেন্দ্রে আনয় তীৰে টানি    এহিমতে যুঁজে দুয়োপ্রাণী

দুইহানো যুদ্ধত সহস্র গৈল বৎসৰ।।

শুনা মহীপতি পাচ কথা     সমবল দুইৰো যুদ্ধ তথা

দেখি দেৱসৱো আশ্চৰ্য্য মানিয়া ৰৈল।

পাচে বল যত গজেন্দ্ৰৰ      উৎসাহ শকতি ইন্দ্ৰিয়ৰ

আতি দীর্ঘকালে সকলে বিনাশ ভৈল।।১২১৷৷

স্থলচৰ জন্ত্ত জলে পাই   গ্রাহে আৰো তাতে টানি নেই

মহাদুঃখে গজ জল মাজে আছে পৰি।

সিটো জলেশ্বৰ মহাগ্ৰাহ   তাৰ কিছো জানা নাহি ত্রাস

বল আতি তাৰ প্রতিক্ষণে যাই চড়ি।।

এহিমতে তৈতে গজৰায়    প্ৰাণৰ সঙ্কট যদা পাই

যাতো দেহ মানি পৰবশ্য হুয়া ৰৈলা।

চিৰকালে আত্মা বিমোক্ষণে নপাৰিয়া গুণে মনে মনে

কৃষ্ণৰ কৃপাতে পাচে এহি বুদ্ধি ভৈলা।।১২২৷৷

মই দীন মহা আতুৰক   ইটো জ্ঞাতি মোৰ গজ যত

মুকুত কৰিবে নপাৰিলা যত্ন কৰি।

দুখুনী কৰিণী কৈত আৰ   নপাৰিবো বলে নিজ গাৰ

বিধিৰ বিপাকে গ্রাহৰূপে আছে ধৰি।।

এতেকে জানিলো আনলোক মুকুত কৰা নাহি মোক

কিন্তু ভগৱন্ত পতিত পাৱন বিনে।

ব্রহ্ম হৰে যাক কৰে সেৱ সৱাৰো আশ্রয় যিটো দেৱ

তাহান চৰণে পশিলো মঞি শৰণে।।১২৩৷৷

শৰণ পশয় তুমি যাত   তেহো কোন তাক কহ আত

হেন যদি বোলা উত্তৰ কহো তাহাৰে।

সমস্তে লোকক কৰে অন্ত   প্রচণ্ড শকতি বেগৱন্ত

হেন কালসর্প জগত যিটো সংহাৰে।।

তান্ত ভক্ত হুয়া যিটোজন   শৰণ পশয় একমন

সমস্তে ভয়তে ৰাখস্ত যিটো ঈশ্বৰে।

যাত ভয়ে মৃত্যু সদা ধাৱে ভয়ে যাত বায়ু নিতে বৱে

চন্দ্র সূৰ্য্য অগ্নি ভয়ে যাৰ কৰ্ম্ম কৰে।।১২৪।।

হেন মহেশ্বৰ কৃষ্ণ স্বামী    তাহান্ত শৰণ লৈলো আমি

শৰণৰ স্থান দেখাইলোহো নাৰায়ণ।

তান্ত বিনে আন নাই নাই হেন মনে চিন্তি গজৰায়

হুয়া সাৱধান বুলিবে লৈলা বচন।।

সভাসদ হুয়া নিশৱদ     অষ্টম স্কন্ধৰ শুনা পদ

কথাৰ আশয় দেখিয়ে শাস্ত্র বিচাৰি।

ভাৰ্য্যা পুত্র সঙ্গ ভৈলে আতি দুখ বাঢ়ি যায় দিনে ৰাতি

গজেন্দ্রতে তাক বুজিবাক কিছো পাৰি।।১২৫৷৷

হেন কৃষ্ণ বৈকুণ্ঠৰ নাথ   তোহ্মাত নিবেদো পৰমার্থ

মোৰ মন তযু কথাত ৰতি নকৰে।

পৰম অসাধু দুষ্ট আতি    কামত আতুৰ দিনে ৰাতি

হৈবে শোক ভয়ে আৰ্ত্ত ইটো নিৰন্তৰে।।

অন্তর্যামী ৰূপে জানা তুমি  কহিতে নালাগে মোৰ স্বামী

কিন্তু প্রাণনাথ কৃপা মাত্র কৰিয়োক।

ৰামকৃষ্ণ আদি যত নাম  যেন গাইবে পাৰো অৱিশ্রাম

বৈষ্ণৱসৱত মোৰ দোষ বুদ্ধি নৌক।।১২৬।।

ইটো শ্রীমহাভাগৱতে      মহাপুৰাণৰ অষ্টমতে

দ্বিতীয় অধ্যায় এহিমানে জানা যায়।

যিটো দেঞো দেখা উপদেশ আত মোক নকৰিবা দ্বেষ

পূৰ্ব্বাপৰে শাস্ত্র বিচাৰিয়া সৱে চায়।।

আছা সমজ্যাৰ যত লোক মোক কৃপা কিছো কৰিয়োক

কুকুথা এৰিয়া বৈষ্ণৱত প্ৰীতি কৰি।

শুনা কৃষকথা দিনে ৰাতি সাধুসঙ্গে নাম গায়ো আতি

ডাক ছাড়ি সৱে বুলিয়োক হৰি হৰি।।১২৭।।

.........

             ৷৷গজেন্দ্ৰৰ স্তুতি।।

                   ।।পদ।।

 

তৃতীয়ত গজৰাজে স্তুতি কৰিবন্ত।

তুষ্ট হুয়া হৰিদেৱ তৈকে আসিবন্ত।।

গ্রাহ হন্তে গজেন্দ্রক উদ্ধাৰ কৰিবা।

দেৱল শাপত জলগ্রাহক তাড়িবা।।১২৮।।

নিগদতি ব্যাসসুত শুনা পৰীক্ষিত।

বুজিয়ো ইসৱ অর্থ কৰিয়া নিশ্চিত৷৷

হৃদি মাজে সাৱধান কৰিলন্ত মতি।

জপিলা পৰম মন্ত্র কৰিয়া ভকতি।১২৯।।

পূৰ্ব্বজন্মে ইন্দ্রদ্যুম্ন শিখিলন্ত যত।

সেহি অর্থ সৱ আসি পৰিলা মনত।।

মহা অনুৰাগ ভাৱে বচন বোলন্ত।

গজেন্দ্র বদতি নমো নমো ভগৱন্ত।।১৩০৷৷

কেৱলে কৰোহো মনে মাত্র নমস্কাৰ।

গ্রাহে ধৰি আছে প্রভু পাৱত, আমাৰ।।

কায়ে নমস্কাৰ কৰিবাৰ নোহে পাত্র।

সিকাৰণে মনে নমস্কাৰ কৰো মাত্র।।১৩১।।

আপোনাৰ যিমতে কৃষ্ণত জ্ঞান ভৈলা।

তাক সম্ভাষিয়া বিশেষণ দিবে লৈলা।।

নমো নমো চৈতন্য মূৰতি সনাতন।

যাৰ সকামত দেহ আদিৰ চেতন।।১৩২।।

হৃদিত কাৰণ ৰূপে প্রকাশি আছন্ত।

পুনশ্চ প্ৰণামো হেন প্রভু ভগৱন্ত।।

যদি বোলা পুৰুষ প্রকৃতি দুয়োজন।

তাৰেসে কাৰণে শুনা প্রসিদ্ধ বচন।।১৩৩।।

ইটো সংশয়ৰ শুনা উত্তৰ শোভন।

প্রকৃতি পুৰুষ ৰূপে দেৱ নাৰায়ণ।।

গাৱে গাৱে প্ৰৱেশিয়া যদ্যপি আছন্ত।

জীৱ যেন পৰাধীন তেমন নোহন্ত।।১৩৪।।

যিহেতু পৰমেশ্বৰ সৱে জগতৰ।

নমো নমো ভগৱন্ত হেন মহেশ্বৰ।।

ভগৱন্ত কৃষ্ণৰ ঐশ্বৰ্য্য আছে যত।

প্রকটি কহন্ত যাৱে স্তুতি সমাপত।।১৩৫৷৷

যাত আছে ইটো বিশ্ব যাত হন্তে নাশ।

যিটো দেৱে কৰা মধ্য যাহাত প্রকাশ।।

কাৰ্য্য কাৰণতো পৰ স্বতঃসিদ্ধ জ্ঞান।

চৰণে পশিলো হেন প্রভু ভগৱান।।১৩৬।।

জগত কাৰণ সৰ্ব্বদায়ে যাক পায়।

আক ভালমতে কহিলন্ত গজৰায়।।

ইদানীক জগতক প্রভু প্রকাশন্ত।

ইহাক বৰ্ণায়া গজে প্রার্থনা কৰন্ত।।১৩৭।।

যিটো ভগৱন্ত দেৱে ইটো বিশ্বখান।

মায়াদ্বাৰে আপোনাতে কৰন্ত নির্মাণ।।

সৃষ্টিকালে কদাচিতে প্রকাশি থাকয়।

প্রলয়ত লীন হুয়া তাহান্তে ৰহয়।।১৩৮।।

কাৰ্য্য কাৰণ সৃষ্টি প্রলয় যতেক।

সাক্ষীৰূপে যিটো দেৱে দেখিছা প্রত্যেক।।

যাৰ দৃষ্টি কদাচিতো নাশ নাহিকয়।

এহি হেতু সাক্ষী হেন সমস্তে বোলয়।।১৩৯৷৷

আপোন প্রকাশে যিটো প্রকাশ কৰন্ত।

আনো সমস্তৰ চক্ষু আদি প্রকাশন্ত।।

সেহি প্রভু ভগৱন্ত দেৱ কৃপাময়।

গ্রাহগ্রস্ত মোক স্বামী ৰাখিবে লাগয়।।১৪০।।

ঈশ্বৰৰ দুর্ব্বোধ্যতা বুলিবেক মনে।

প্রার্থনা কৰন্ত পুনু কৰুণ বচনে।।

কালে নষ্ট ভৈল যদি সমস্তে জগত।

মহা অন্ধকাৰে আসি ব্যাপয় সতত।।১৪১।।

যিটো ভগৱন্ত ইটো সৃষ্টিৰ অন্তত।

আপোন প্রকাশে প্রভু প্রকাশি থাকন্ত।

এতেকেসে দেৱ ঋষিগণ আছে যত।

তাৰ স্বৰূপৰ কেহো নজানয় তত্ত্ব।।১৪২৷৷

তাসম্বাৰ পাচে জাত যত ঋষিচয়।

তাৰা কৈত জানিবাৰ সামৰ্থ হোৱয়।।

যেন নটে নানাবিধ বেশক ধৰয়।

নানা কৰ্ম্ম কৰি আৰো সভাক ৰঞ্জয়।।১৪৩।।

সেহিমতে বিবিধ কৰিয়া ৰূপচয়।

অসংখ্যাত কৰ্ম্ম যিটো প্রভু আচৰয়।।

হেনয় আশ্বৰ্য্য কৰ্ম্ম যিটো মহাহৰি।

গ্রাহগ্রস্ত মোক ৰাখন্তোক যত্ন কৰি।।১৪৪।।

যদি বোলা ঈশ্বৰক কেহো নজানয়।

বেদৰ বচন তেৱে কিমতে লাগয়।।

বেদে বোলে ঈশ্বৰক জানিয়া সদায়।

সংসাৰ তড়য় সুখে মৃত্যুকো এৰায়।।১৪৫।।

ভাল ইটো শঙ্কা শুনা ইহাৰ উত্তৰ।

উপায় কৰন্ত ঈশ্বৰক জানিবাৰ।।

যাৰ সুমঙ্গল ৰূপ দেখিবাক মনে।

তেজিয়া সমস্ত সঙ্গ মহামুনিগণে।।১৪৬।।

সমস্ত ভুততে সমদৃষ্টি কৰি মনে।

অখণ্ডিত ব্রহ্মচর্য্য আচৰয় বনে।।

হেন সৰ্ব্ব সুহৃদ কৃপালু ভগৱান।

মঞি অধমৰ মতি হুয়ো এহিমান।।১৪৭।।

জনম দুর্ঘট কৰ্ম্ম হৰি দেৱতাৰ।

আকে প্রপঞ্চিয়া পুনু কৰা নমস্কাৰ।।

নাহি জন্ম কৰ্ম্ম যাৰ নামৰূপচয়।

গুণ দোষ আউৰ তান কৈতবা হোৱয়।১৪৮।।

তথাপিতো জগতক সুজিবাক মনে।

মায়ায়ে কৰন্ত জন্ম কৰ্ম্ম নাৰায়ণে।।

নমো হেন ভগৱন্ত হুয়া সাৱধান।

ব্ৰহ্মৰূপে ৰূপ নাহি শাস্ত্রত প্রধান।।১৪৯৷৷

অনন্ত শকতি ৰূপে বহুৰূপ ধৰা।

সেহি ৰূপে অদ্ভুত আশ্চৰ্য্য কৰ্ম্ম কৰা।

নমো নমো হেনয় পুৰুষ কৃপাময়।

অনেক প্রকাৰ কিছো নুহিকা বিষয়।।১৫০৷৷

নমো সুপ্রকাশ জীৱ নিয়ন্তা ঈশ্বৰ।

এতেকেসে বচনৰ নুহিকা গোচৰ।।

মন চিত্ত বৃত্তি সৱ যাক নজানয়।

তথাপি সন্ন্যাস যোগে নিপুণে পাৱয়।।১৫১৷৷

আনন্দ মূৰতি নমো কৈৱল্যৰ পতি।

নমো শান্ত ঘোৰ গূঢ় গুণ ধৰ্ম্মে ৰতি।।

নমো নিৰ্ব্বিকাৰ সাম্য নমো জ্ঞান ধন।

প্রকৃতিতো কৰি যিটো প্রভু বিলক্ষণ ।।১৫২।।

নমো ক্ষেত্ৰদণ্ড নমো সৰ্ব্ব অধিষ্ঠাতা।

নমো সৰ্ব্বসাক্ষী নমো জীৱৰ বিধাতা।।

প্রকৃতিৰ জন্ম হেতু পুৰুষ পুৰাণ।

নমো নমো পূৰ্ণৰূপ দেৱ ভগৱান।।১৫৩৷৷

দেখিয়া সমস্তে ইন্দ্ৰিয়ৰ বিচেষ্টাক।

ইন্দ্রিয় চলন দ্বাৰে জানিয়া যাহাক।।

দেহ আদি কৰি সমস্তৰে অধিষ্ঠাতা।

নমো নমো জগতৰে তুমি পিতা মাতা।।১৫৪।।

নমো নমো সকলে কালৰে অকাৰণ।

বিকাৰ নাহিকে নমো অদ্ভুত কাৰণ।।

আগম নিগম আদি যত শাস্ত্ৰচয়।

নদীহেন সৱে আসি তোহ্মাতে পড়য়।।১৫৫।।

নমো নমো মোক্ষৰ মূৰুতি মহেশ্বৰ।

তুমিসে আশ্রয় নিত্য একান্ত সন্তৰ।।

গুণ কাষ্ঠে ঢালি আছা বিজ্ঞান অগনি।

নমো নমো সমস্তে দেৱৰ শিৰোমণি।।১৫৬।।

ভক্তিমে আত্মজ্ঞান ভাৱনাৰ বলে।

নিবৰ্ত্তিলা বিধি নিষেধত কৌতূহলে।।

তাসম্বাত আপুনি প্রকাশ হোন্ত যাই।

হেন ঈশ্বৰক মঞি প্রণামো সদায়।।১৫৭।।

মোহোৰ সদৃশ আনো যত পশুচয়।

নিকপট ভাৱে মাত্ৰ শৰণ পশয়।।

এতেকতে অবিদ্যাত কৰন্ত মুকুত।

প্রণামো কৈৱল্যপতি বিপুল মহত্ত্ব।।১৫৮৷৷

নমো ভগৱন্ত মুক্ত নিৰ্ম্মল সদায়।

অন্তর্যামী ৰূপে আছা সৱাতে লীলায়।।

নমো ভগৱন্ত মহিমাৰ নাহি পাৰ।

নিয়ম কৰিতে আছা সমস্তে সংসাৰ।।১৫৯৷৷

মনত আছন্ত যদি সৱে জগতৰ।

তথাপিতো পৰিছিন্ন নুহিকা ঈশ্বৰ।।

অন্তৰ্য্যামী ৰূপে আছা যদ্যপি হৃদিত।

ভাৰ্য্যা পুত্রে দেহে গেহে যিটো আকুলিত।।১৬০৷৷

সিটো ভাগ্যহীনৰ পাইবাৰ শক্য নাই।

যাতো প্রভু গুণ সঙ্গে ৰহিত সদায়।।

এতেকেসে দেহে গেহে অনাশক্তি হুই

মহাজনসৱে যাক হৃদয়ে চিন্তয়।।১৬১৷৷

তেসম্বে চিন্তয় যেন ৰূপক সদায়।

তাক কহি নমস্কাৰ কৰা গজৰায়।।

জ্ঞান ধন ভগৱন্ত পৰম ঈশ্বৰ।

কোটি শতবাৰ মঞি প্ৰণামো তোহ্মাৰ।।১৬২।।

যাত ধৰ্ম্ম অর্থ কাম মুকুতি সদায়।

ভজিল মাত্রকে তাক দিয়া কৃপাময়।।

হেন নুবুলিবা এহিমানে মাত্র হয়।

কিন্তু যদি তেসম্বে আৱৰ নোখোজয়।।১৬৩।।

তথাপিতো কাম্য আদি দিয়ন্ত কৃপাল।

আৰো দেন্ত অক্ষয় সুন্দৰ দেহ ভাল।।

এহিমতে অসংখ্য দায়াৰ যিটো নিধি।

সেহি প্রভু মোৰ এক কৰা মন সিদ্ধি।।১৬৪৷৷

গ্রাহে ধৰি আছে যিটো মোৰ কলেৱৰ।

আকে বিমোক্ষণ মাত্ৰ কৰিয়ো ঈশ্বৰ।।

আতপৰে অধিক নোখোজা মঞি আন।

আক পুনু দিবে লাগে প্রভু ভগৱান।।১৬৫৷৷

ভকতি সুখক নজানোহো পশু জাতি।

তাকেসে কামনা কৰিলোহো মঞি আতি।।

কৃষ্ণৰ একান্ত দাস যত সাধুচয়।

মোক্ষ আদি কৰি তাৰা কিছো নোখোজয়।।১৬৬৷৷

যাতো তাৰা সৰ্ব্বজ্ঞান মুক্ত যত সন্ত।

নিকপট ভাৱে সদা সেৱিয়া আছন্ত।।

আতি অদভুত কৃষ্ণদেৱৰ চৰিত।

মহা সুমঙ্গল তাক গান্ত প্রতিনিত।।১৬৭৷৷

আনন্দ সমুদ্রে মন হোৱয় মগন।

মোক্ষ আদি কৰি সৱে দেখে যেন তৃণ।।

অদভুত সুমঙ্গল দেখাইবাক মনে।

বিশেষণ দিয়া স্তুতি কৰন্ত আপুনে।।১৬৮।।

অব্যক্ত অক্ষৰ আদ্য ব্রহ্মাৰো ঈশ্বৰ।

ভকতি যোগৰ প্রাপ্য যিটো ব্ৰহ্মপৰ৷৷

নাহিকে ইন্দ্রিয় নাহিকয় অন্ত যাৰ।

হেন পৰিপূৰ্ণ স্তুতি কৰি বাৰম্বাৰ।।১৬৯।

ঈশ্বৰৰ পৰিপূৰ্ণ দেখাইবাক কাজে।

পুনৰপি বচন বোলন্ত গজৰাজে।।

ব্রহ্মা আদি কৰি দেৱ যত বেদৰাশি।

নাম ৰূপে চৰাচৰ আছয় প্রকাশি।।১৭০৷৷

সমস্তকে যাৰ অঙ্গে স্ৰজন কৰয়।

আত দুই দৃষ্টান্তক বুজিবে লাগয়।।

অগনিৰ জ্বালা যেন প্রতিক্ষণে হয়।

আদিত্যৰ ৰশ্মি যেন আসয় যাৱয়।।১৭১।।

সেহিমতে কাৰ্য্য কাৰণৰ বিশ্ব যত।

যিটো ঈশ্বৰত হন্তে হোৱয় সতত।।

এতেকেসে দেৱ নোহে নোহে দৈত্য ঋষি।

পশু শিলা নৰ নহে কহিলো প্রকাশি।।১৭২৷৷

নোহে তিৰী নপুংসক পুৰুষো নোহয়।

নোহে গুণ কৰ্ম্ম আনো যতেক আছয়।।

কিন্তু সৱে নিষেধ কৰিলে যিটো ৰয়।

তেহে মাত্র সত্য বস্তু জানিবা নিশ্চয়।।১৭৩।।

মায়ায়ে সৱাৰো আত্মা যিটো মহাহাৰি।

হে প্রভু মোক মহাগ্ৰাহে আছে ধৰি।।

গ্রাহ হন্তে শৰীৰক কৰিতে মোচন।

হুয়ো আৱিৰ্ভাৱ প্রভু দেৱ নাৰায়ণ।।১৭৪।।

যেৱে প্রভু গ্রাহ হন্তে কৰন্ত মোচন।

ইটো দেহে মোহোৰ জীৱাক নাহি মন।।

বাহিৰে ভিতৰে ব্যাপি অজ্ঞানে আছয়।

হেন গজ জাতিৰ জীৱাক নলাগয়।।১৭৫।।

আৱে মঞি মনে বাঞ্ছা কৰো মাত্র আক।

যিহেতু অজ্ঞান আত্মা প্রকাশক তাক।।

এতেকে অজ্ঞান হন্তে মোক উদ্ধাৰিয়া।

কৃপাময় তযু চৰণত স্থান দিয়া।।১৭৬।।

নমো বিশ্বৰূপী ব্রহ্ম জগত আধাৰ।

কোটি কোটি ব্রহ্মাণ্ডক স্ৰজা বাৰম্বাৰ।।

হেন অজ ঈশ্বৰক নমস্কাৰ মাত্র।

মঞি গজ জাতি জানিবাৰ নোহো পাত্র।।১৭৭।।

ভক্তিযোগ বিনে দুখ ৰূপে নপাৱয়।

ভকতিৰ বলে পুনু ভকতে দেখয়।।

ঈশ্বৰ অর্পিত কৰ্ম্ম যাহাৰ কৰয়।

সেহি কৰ্ম্মে পূৰ্ব্বৰো কৰ্ম্মক কৰে ক্ষয়।।১৭৮।।

হয় শুদ্ধ হৃদি ভক্তিযোগ উপজয়।

হেন যোগীসৱে যাক সদায়ে দেখয়।।

হেন ভগৱন্তক প্রণামো বাৰম্বাৰ।

ভক্ত যোগীসৱেসে পৰম প্রিয় যাৰ।।১৭৯।।

যদি বোলা তেৱে কেনে সৱে প্রাণীচয়।

ভকতি যোগক মাত্র নকৰে আশ্রয়।।

ভাল ইটো প্রশ্ন আৰ শুনিয়ো উত্তৰ।

নমোহো অব্যক্ত যিটো তিনি শক্তিধৰ।।১৮০।।

বাহিৰত শব্দ আদি যতেক বিষয়।

নমো সেহিৰূপে যিটো প্রভু প্রকাশয়।।

প্রপন্নপালক নমো দুৰন্ত শকতি।

লম্পট ইন্দ্রিয় ভৈল যিটো দুষ্টমতি।।১৮১৷৷

তেৱেসে যাহাৰ পথ বিচাৰি নপাৱে।

নমো নমো হেন ভগৱন্ত সৰ্ব্বভাৱে।।

যাহাৰ মায়ায়ে আতি অহঙ্কাৰ হয়।

সেহি অহঙ্কাৰে লোক আবৃত হোৱয়।।১৮২৷৷

নজানয় আত্মা ঈশ্বৰক দুৰাচাৰ।

এমন দুৰন্ত কৰ্ম্ম মহিমা যাহাৰ।।

হেন ভগৱন্ত প্রভু দেৱ কৃপাময়।

তোহ্মাৰ পাৱত মঞি কৰিলো আশ্রয়।।১৮৩৷৷

শুক নিগদতি ৰাজা শুনিয়ো সাম্প্রত।

এহিমতে গজেন্দ্র বর্ণাই স্তোত্র যত৷৷

ব্রহ্মা আদি কৰি যত দেৱতা প্রধান।

গাৱে গাৱে সৱাতো আছয় অভিমান।।১৮৪৷৷

এহি হেতু একো দেৱ ওচৰে নাসন্ত।

জগতৰ অন্তৰ্য্যামী তাক জানিলন্ত।।

সৰ্ব্বদেৱময় মূৰ্ত্তি ভগৱন্ত হৰি।

তেতিক্ষণে আৱিৰ্ভাৱ ভৈলা শীঘ্ৰে কৰি।।১৮৫৷৷

জগতনিবাস দেৱ ভকত বৎসল।

ভকত গজৰ দুখ জানিলা সকল।।

অদভুত তুতিক শুনিয়া কৃপাময়।

ভকতৰ দুঃখে আতি ব্যথিত হৃদয়।।১৮৬।।

অসংখ্যাত দেৱগণ লগত আছয়।

চতুর্ভিতি বেঢ়ি সৱে কৰে জয় জয়।।

আতি শীঘ্ৰে বেদময় গৰুড়ে বহয়।

তুলি উপৰক চক্র আসে কৃপাময়।।১৮৭।।

যি থানে আছন্ত গজ মহাদুখে পৰি।

একে নিমিষেকে তাক পাইলা দেৱহৰি।।

সৰোৱৰ মধ্যে বলৱন্ত গ্রাহে পাই।

ধৰি আছে আতি আৰ্ত্ত ভৈলা গজৰায়।।১৮৮।।

তুলি উপৰক মাথা দেখিল তয়।

গৰুড়ত হৰিদেৱ আকাশে শোভয়।।

উপৰক তুলি চক্ৰ ধৰিছা মুৰাৰি।

দেখি আথে বেথে পদ্ম লৈলন্ত উভাৰি।।১৮৯।

পদ্ম সমন্বিতে শুণ্ড উপৰক তুলি।

দুখ পাই আর্ত্তনাদে বোলে কণ্ঠ মেলি।।

হেন নাৰায়ণ নমো সৰ্ব্বদেৱ গুৰু।

নমো ভগৱন্ত ভকতৰ কল্পতৰু।।১৯০৷৷

এতেক বোলন্তে প্রেমে দ্রবিল হৃদয়।

দুয়ো নয়নৰ নীৰ ধাৰায়ে বহয়।।

আনন্দ সমুদ্রে যায় নিমজিল মন।

তম্ভিয়া ৰহিলা চিন্তি কৃষ্ণৰ চৰণ।।১৯১।।

ভগৱন্ত অজদেৱ দেখিলা তথায়।

আপোনাৰ দোষে গজৰাজে দুখ পায়।।

যদি শীঘ্র বেগে আতি গৰুড় আসন্ত।

ভকতৰ স্নেহে তাকো অল্প মানিলন্ত।।১৯২৷৷

ভকত গজৰ দুখে নসহে হৃদয়।

লাম্ফ দিয়া গৰুড়ৰ নামি দয়াময়।।

গ্রাহে সমন্বিতে গজৰাজক কৃপায়ে।

সৰোৱৰ হন্তে টানি আনিলা লীলায়ে।১৯৩৷৷

চক্ৰ ধৰি গ্ৰাহৰ যে ছিড়িলা কৱাৰি।

গজেন্দ্রক নিস্তাৰিলা ভক্তভয়হাৰী।।

চাহি আছা দেৱগণ মহাৰঙ্গ কৰি।

চতুর্ভিতি বেঢ়ি সৱে ঘোষে হৰি হৰি।।১৯৪।।

শ্রীভাগৱত ইটো মহন্ত পুৰাণ।

একান্ত সন্তৰ জানা ইসে জীৱ প্রাণ।।

গজেন্দ্র মোক্ষণ নাম তৃতীয় অধ্যায়।

দেখিয়োক সাধুসৱ এহিমানে যায়।।১৯৫।।

দেখা ভকতিৰ বল যত নৰনাৰী।

ভকতি সমান আন নাহি উপকাৰী।।

যদি প্রভু ভগৱন্ত অজিত হোৱন্ত।

ভকতিৰ বলে তভো ভকতে জিনন্ত।।১৯৬।।

গজেন্দ্ৰৰ ভকতি দেখিয়া দেৱহৰি।

গৰুড়কো এৰিয়া আসিলা শীঘ্ৰ কৰি।।

আৰো দেখা ভকতিত বশ্য ভগৱন্ত।'

দ্রোপদীৰ অৱশেষ শাক ভুঞ্জিলন্ত।।১৯৭।।

ভকতিত বশ্য হুয়া সকলে গোপীৰ।

মহাস্নেহে আনি দিলা পাদুকা ভৰিৰ।।

ভগৱন্ত সম নাহি ভকত বৎসল।

কেমনে পাসৰা তান চৰণ কমল।।১৯৮।।

এৱেসে আমাৰ মহাভাগ্যৰ উদয়।

একান্ত সাধুৰ সঙ্গ দিলা কৃপাময়।।

সাধুয়েসে মোৰ গুৰু সাধুসে জীৱন।

সাধুৰ চৰণে মোৰ নিমজোক মন।।১৯৯।।

নমো বৃন্দাবনচন্দ্র গোপীৰ জীৱন।

সমস্তে উপায় তুমি জানা নাৰায়ণ।।

মঞি প্রপন্নক এহি অর্থ শিখায়োক।

মোক্ষ অৱস্থাত ৰতি চৰণত ৰৌক।।২০০।।

আমাৰ বচন বুলি হেলা নুযুৱায়।

ভাগৱত গ্ৰন্থত বিচাৰি আক পায়।।

ঘোৰ কলি যুগক স্মৰন্তে ধাতু যায়।

আক তড়িবাৰ কিছো আছয় উপায়।।২০১৷৷

সাধু সঙ্গে ৰামনাম গাঞো আসা বেঢ়ি।

আপুনি পলাইব কলি আমাসাক এৰি।।

দান্তে তৃণ ধৰো এৰিয়োক আন কাম।

গোপালচৰণে ভণে বোলা ৰাম ৰাম।।২০২৷৷

........

 

৷।গ্ৰাহৰ পূৰ্ব্ব বৃত্তান্ত আৰু মুক্তি৷৷

।।মুক্তাৱলী।।

 

চতুর্থ অধ্যায়ৰ কথা যত।

শুনিয়োক সৱে আনন্দত।।

দুনাই গ্রাহে গন্ধৰ্ব্ব শৰীৰ।

পাইলা প্রভু প্রসাদে হৰিৰ।।২০৩৷৷

গজেন্দ্রক পাৰিষদ কৰি।

আপোন থানক নিলা হৰি।।

শুক নিগদতি নৰেশ্বৰ।

শুনা যেন ভৈলা তাতপৰ।।২০৪।।

গজেন্দ্রক উদ্ধাৰ কৰিয়া।

যেৱে প্রভু আছন্ত ৰহিয়া।।

সেহিবেলা দেৱঋষি যত।

নিমজিলা প্রেম সমুদ্রত।।২০৫৷৷

বিদ্যাধৰ গন্ধৰ্ব্ব শোভন।

সৱে ভৈলা আনন্দিত মন।।

ব্রহ্মা হৰ আদি দেৱ যত।

সৱে ৰঙ্গ বিষ্ণুৰ কৰ্ম্মত।।২০৬৷৷

হে প্রভু ভকতৰ ধন।

গজেন্দ্রক কৰিলা মোচন।।

তোহ্মাৰ চৰণ যিটো স্মৰে।

তাৰ সর্বদুখ পৰিহৰে।।২০৭।

আক আমি জানো আগ ধৰি।

হে প্রভু কৃপাময় হৰি।।

কৰ্ম্মক প্রসঙ্গি এহিমত।

তুষ্ট মনে প্রেমৰ ভৰত।।২০৮।।

চতুর্ভিতি কৰে জয় জয়।

ধাৰাষাৰে পুষ্প বৰিষয়।।

বিদ্যাধৰে দুন্দুভি বজাৱে।

গন্ধৰ্ব্বে বেঢ়িয়া গুণ গাৱে।।২০৯৷৷

নৃত্য কৰে যত বিদ্যাধৰী।

নানা ভঙ্গি চলাৱন্ত ভৰি।।

যত যত মহাযোগীগণ।

আসি আছা যতেক চাৰণ।।২১০৷৷

সিদ্ধগণ সমন্বিতে আতি।

পুৰুষোত্তমক কৰে স্তুতি।।

এহিমতে মহা চমৎকাৰে।

আছা যেৱে জগত আধাৰে।।২১১।।

যিটো গ্ৰাহ সিটো তেতিক্ষণ।

পাইলা মাত্র চক্র পৰশন।।

ঋষিশাপ যেৱে মুক্ত হৈলা।

পৰম আশ্চৰ্য্য ৰূপ ভৈলা।।২১২৷৷

যদি বোলা ইটো গ্রাহ কোন।

ঋষি বা শাপিলা কি কাৰণ।।

হেনমত শঙ্কা হোৱে যেৱে।

যুগুতি শুনিয়ো আত তেৱে।।২১৩।।

কহে ইতিহাস কথা ভাল।

সাৱধান হুয়ো মহীপাল।।

গন্ধৰ্ব্বৰ মাজে অনুপাম।

আছিলা গন্ধৰ্ব্ব হূহূ নাম।।২১৪।।

মন্ত্রীগণ লৈয়া সিটো সঙ্গে।

জলক্রীড়া কৰে মহাৰঙ্গে।।

গর্ব্বে আতি সিটো উনমত্ত।

ডুব দিয়া ফুৰয় জলত।।২১৫।।

সেহিবেলা মহাভাগৱত।

দেৱল যাই নামিলা জলত।।

স্নান সমর্পিয়া ঋষিৰাজ।

ব্রহ্ম চিন্তি আছা জলমাজ।।২১৬।।

অধম গন্ধৰ্ব্ব উনমত্ত।

লাসে লাসে ধৰিলা পাৱত।।

টানি নিয়ে জলত অথাই।

ভৈলা ঋষি ব্যামোহ পৰায়।।২১৭৷৷

গ্রাহ নোহে পাচেসে জানিলা।

বিষ্ণু স্মৰি সন্ধুক্ষণ ভৈলা।।

প্রকোপিত ভৈলা মহাশয়।

হাত পাৱ শৰীৰ কাম্পয়।।২১৮।

কোপ মনে বোলয় বচন।

ইটো দেখো গ্ৰাহৰ লক্ষণ।।

হুয়ো জলগ্রাহ দুৰাচাৰ।

তেৱেসে পাপৰ প্ৰতিকাৰ।।২১৯।।

দুনাই যেন নকৰ ইমত।

আনো সৱ বৈষ্ণৱ জনত।।

এহি বুলি ঋষি মৌন ভৈলা।

মনে মাধৱক চিন্তি ৰৈলা।।২২০৷৷

শাপ পাইয়া গৰ্ব্ব ভাগি গৈলা।

তেতিক্ষণে তীৰে আসি ভৈলা।।

দণ্ডৱতে পৰি বাৰম্বাৰ।

উঠি উঠি কৰে নমস্কাৰ।।২২১৷৷

তাল ধৰি হৰিগুণ গাৱে।

নানাবিধ কাকূতি বিনাৱে।।

প্রসন্ন হুয়োক মোত বাপ।

কৰিলো অধমে ঘোৰ পাপ।।২২২৷৷

আৰ সীমা কৰিতে যুৱাই।

দুখিতক কৃপাদৃষ্টি চাই।।

মহাভাগৱত ঋষি ভাল।

প্রসন্ন ভৈলন্ত ততকাল।।২২৩।।

কৃপা কৰি বোলন্ত বচন।

হূহূ তই এৰ ভয় মন।।

যেন মোৰ ধৰিলি পাৱত।

গজেন্দ্রক ধৰি এহিমত।।২২৪৷৷

যি কালত গজেন্দ্রক হৰি।

মুকুত কৰন্ত কৃপা কৰি।।

তোকো হৰি সেহি কালে পাই।

কৰিবন্ত মুকুত লীলাই।।২২৫৷৷

এহি বুলি গৈলন্ত দেৱল।

শুনি হূহূ ভৈলা কৌতূহল।।

গুচিল গন্ধৰ্ব্ব ভাৱ যত।

মহাদুখে থাকিলা জলত।।২২৬৷৷

এতকাল জলতে আছিলা।

আৱে কৃপাময়ে উদ্ধাৰিলা।।

মুক্ত ভৈলা দেৱলৰ শাপ।

গুচিল মনত যত তাপ।।২২৭।।

শোভে দেহা পৰম নিৰুজ।

আজানুলম্বিত দুই ভুজ।।

দিব্য বস্ত্র হাতে তুলি ধৰি।

লাসে লাসে যাই ৰঙ্গ কৰি।।২২৮।।

মাথা দিয়া মাধৱৰ পাৱে।

কৰিলা প্রণাম প্রেমভাৱে।।

উঠি আতি হুয়া আনন্দিত।

পঞ্চম উচ্চৰি গাৱে গীত।।২২৯।।

নানা ভাৱে ঈশ্বৰক পাই।

যাৰ কদাচিতো ক্ষয় নাই।।

সমস্তে যশৰে যিটো ধাম।

কীৰ্ত্তনক যোগ্য যাৰ নাম।।২৩০৷৷

যাৰ যশস্যায়ে গুচে তম।

যাৰ গুণকথা মনোৰম।।

হেনয় প্রভুক পাইলা তয়।

ব্রহ্মা আদি দেৱে সুনিশ্চয়।।২৩১৷৷

ভগৱন্ত কৃপাময় হৰি।

অনুগ্ৰহ কৰিলা সাদৰি।।

হূহূ তই চল নিজলোক।

প্রতিক্ষণে সুমৰিবি মোক।।২৩২৷৷

হেন শুনি আনন্দৰ ভৰে।

ফুৰি ফুৰি প্রদক্ষিণ কৰে।।

চৰণত পৰি প্রণামিল।

প্রেমে আতি হৃদয় দ্রৱিল।।২৩৩।।

চাহি আছা সৱে ৰঙ্গ মন।

আইল দিব্য বিমান শোভন।।

জয় কৃষ্ণ জয় কৃষ্ণ স্মৰি।

বিমানে চিড়লা ৰঙ্গ কৰি।।২৩৪।।

পৰিহৰি সমস্তে পাপক।

চলি গৈলা গন্ধৰ্ব্ব লোকক।।

মাধৱৰ পাদপদ্ম স্মৰি।

থাকিলন্ত ভকতি আচৰি।।২৩৫৷৷

শুনিয়োক সভাসদচয়।

বুজিয়োক কথাৰ আশয়।।

মহন্তসৱৰ লৈয়ো বোধ।

বৈষ্ণৱত এৰিয়ো বিৰোধ।।২৩৬।।

আয়ু ছিৰি যশ ধৰ্ম্মচয়।

বৈষ্ণৱ বিৰোধে হোৱে ক্ষয়।।

গন্ধৰ্ব্বতে লৈয়ো আৰ সাক্ষী।

দেখিয়ো নেদেখা খাইলা আখি।।২৩৭।

হেন প্রভু পতিত পান।

কৰা কৃপা নন্দেৰ নন্দন।।

বৈষ্ণৱত অপৰাধ নৌক।

এহি অনুগ্রহ কৰা মোক।।২৩৮।।

মোৰ মুখে তযু গুণনাম।

ৰৌক প্রভু লৌক অবিৰাম।।

কহে মূঢ় গোপালচৰণে।

হৰি হৰি বোলা সৰ্ব্বজনে।।২৩৯৷৷

.......

।।পাৰিষদৰ ৰূপ বর্ণনা।।

।।ছবি।।

 

শুক নিগদতি মুনি       শুনিয়োক মহামতি

গজেন্দ্ৰৰ কথা ৰঙ্গমনে।

অজ্ঞান বন্ধন হন্তে       প্রভুৰ পৰশ পাই

মুকুত ভৈলন্ত তেতিক্ষণে।।

চাহি আছে সভাসদ      ভৈলা দিব্য পাৰিষদ

কমনীয় পৰম উজ্জ্বল।

শ্যাম তনু প্রকাশয়       দেখি আতি সুখী হুই

মৰকত সমান নিৰ্ম্মল।।২৪০৷৷

মুখপদ্ম প্রকাশয়         কোটি ইন্দু সমসৰ

ওষ্ঠ জ্বলে বন্দুলিৰ পাসি।

দন্ত কুন্দকৰি সম        দেখিবাক মনোৰম

ঈষত ঈষত শোভে হাসি।।

ঈষত উন্নত বৰ        তিলফুল সমসৰ

প্রকাশয় নাসিকা সুঠান।

পদ্মপত্র সম হুই         অৰুণ চৰণ দুই

প্রেম জল স্ৰৱিবাৰ থান।।২৪১৷৷

উপৰত ভ্ৰূৱ তাৰ       কামধনু সমসৰ

ভঙ্গি ধৰি কৰিছয় কান্তি।

কপোলে প্রকাশে ভাল     ৰত্নৰ তিলক তাত

উপৰত অলকাৰ পান্তি।।

কিৰীটি শোভয় মাথে     ৰত্ন মণি খচি আছে

নৱসূৰ্য্য সম প্রকাশয়।

দুই কর্ণে জলমল        মকৰ কুণ্ডল ভাল

তাৰ কান্তি মুখ বিৰাজয়।।২৪২।।

সিংহবন্ধ কন্ধ ভাল      বনমালা আছে তাত

আপাদ পৰ্য্যন্তে কান্তি কৰে।

মধুপানে হুয়া মত্ত       অসংখ্য ভ্ৰমৰা যত

চতুর্ভিতি বেঢ়িয়া গুঞ্জৰে।।

পদ্মৰ মৃণাল প্রায়        চাৰি বাহু প্রকাশয়

আজানুলম্বিত মনোহৰ।

কিশলয় সমসৰ         আঙ্গুলি চম্পাৰ কৰ

নখমণি চন্দ্র পটন্তৰ।।২৪৩৷৷

কনকে ৰচিত ভাল       বলয়া সুৱর্ণ তাৰ

ৰত্নৰ আঙ্গুষ্ঠি শাৰী শাৰী।

শঙ্খ চক্র গদা পদ্ম       কত প্রকাশে আতি

জ্যোতিৰ্ম্ময় চাহিতে নপাৰি।।

কণ্ঠে তিনি ৰেখা যেন    শঙ্খ নাভি সম তেন

কান্তি কৰে বহল হৃদয়।

মুক্তা হীৰা সুৱৰ্ণৰ       নানা মণি আছে তাত

দেখি আতি আনন্দ মিলয়।।২৪৪৷৷

যেন অশ্বথৰ পত্ৰ        তিনি ৰেখা সমন্বিত

সুন্দৰ উদৰ প্ৰকাশয়।

গভীৰ উত্তম নাভি       সিংহবন্ধ কটিতট

তাত ৰত্ন মেখলা আছয়।।

পাট ভুনি বিভূষিত       উৰু দুই সুবলিত

কৰীকৰ সমান বৰ্ত্তুল।

জঙ্ঘা দুই মনোনীত      দুখানি চৰণ দেখি

আৰকত সমান ৰাতুল।।২৪৫৷৷

কোমল আঙ্গুলিচয়       নখ তাত প্ৰকাশয়

মণিময় পৰ্ব্বত ধৱল।

পদতল আৰকত        ৰেখাসৱ আছে তাত

দেখি যেন ৰাতুল কমল।।

নূপূৰ সুৱৰ্ণময়          প্রতি পদে ঝনকয়

গুলফ দুই কয় ভূষিত।।

সৰ্ব্ব অঙ্গ সুৱলিত       পীতবস্ত্রে বিৰাজিত

তৰুণ বয়সে সদা স্থিত৷৷২৪৬।।

হেন মহা দিব্যৰূপ        লভিলন্ত গজৰায়

প্রভু সমে চিনন ন্যায়।

ভকতিৰ প্ৰসাদত        ভৈলা দিব্য পাৰিষদ

শ্রীবৎস কৌস্তুভ মাত্র নাই।।

প্রেম আতি গৈলা চড়ি    আগে দণ্ডৱতে পৰি

প্রণামিলা মাধৱৰ পাৱে।

উঠি কৃতাঞ্জলি হুই       মাধৱৰ পাৱ চুই

থাকিলন্ত আতি নম্রভাৱে।।২৪৭।।

শুনিয়োক সভাসদ       মহাভাগৱত পদ

ভকতিৰ অদ্ভুত প্রভাৱ।

মহামত্ত গজৰায়         ভকতিত পাইলা যাই

ভগৱন্ত ঈশ্বৰৰ ঠাৱ।।

ঘোৰ কলিযুগে পাই      সৰ্ব্বধৰ্ম্ম নাশ ভৈল

ভৈলা সন্তসূৰ্য্যৰ উদয়।

কৃষ্ণপদে কৰি আশ       চাপা সন্তসূৰ্য্য পাশ

তেৱেসে তড়িবা তমোময়।।২৪৮।।

প্রণামো শ্রীধৰস্বামী       জগতৰ গুৰু তুমি

তযু কৃপা আতি গুৰুতৰ।

পুৰাণৰ মাজে সূৰ্য্য       ভাগৱত নাম যাৰ

ইটো ভৈলা অগাধ সাগৰ।।

তাহাৰ মথিয়া তত্ত্ব       ভাৱাৰ্থ অমৃত মত

প্রকাশিলা লোকক কৃপায়ে।

মোৰ মন মধুকৰ       তযু পদকমলৰ

ৰসক পিয়োক সৰ্ব্বদায়ে।।২৪৯৷৷

ব্রহ্মাণ্ড ভিতৰে যত      সাধু আছে অসংখ্যাত

নাৰদ প্রহ্লাদ আদি কৰি।

সৱাৰো চৰণে মঞি      একেবাৰে প্ৰণামোহো

দাস বুলি লৈয়োক উদ্ধাৰি।।

ৰামনাম মুখে যাৰ       বৈষ্ণৱত সদা ৰতি

অসন্তৰ সঙ্গ যাৰ নাই।

যদিবা দু্ৰ্বৃত্ত হয়        সুবৃত্ত হৌক বা যদি

সমস্তকে প্ৰণামো সদায়।।২৫০৷৷

হে চিত্ত বৰ্ব্বৰ         ৰামক নিচিন্তি তই

নানা চিন্তা কৰিয়া নমৰ।

মিছা কুকথাক কই       কেনে জিহ্বা মৰ তই

ৰামনাম বোল নিৰন্তৰ।।

কর্ণ শুন ৰামনাম       গীত বাদ্যে নাহি কাম

চক্ষু দেখ সৱে ৰামময়।

মোৰ এহিমানে কাম      পূৰিয়োক প্রভু ৰাম

ৰাম ৰাম বোলা সাধুচয়।।২৫১৷৷

.......

         ।।গজেন্দ্র পূর্ব্ব-বৃত্তান্ত।।

                      ।।পদ।।

 

শুকমুনি বদতি শুনিয়ো পৰীক্ষিত।

হেনবা হোৱয় তযু মনত বিদিত।।

গজেন্দ্ৰ পূৰ্ব্বৰ জন্মে কিবা আছিলেক।

কোন দোষে আসি হেন জনম পাইলেক।।২৫২।।

ইহাৰ উত্তৰ যেৱে শুনিয়ো যতনে।

গজেন্দ্ৰৰ পূৰ্ব্বকথা কহো ৰঙ্গমনে।।

হৰিভক্তি প্রধান দ্রাবিড় দেশ নাম।

তাত ইন্দ্রদ্যুম্ন ৰাজা ভৈলা অনুপাম।।২৫৩৷৷

সমস্ত দেৱত খ্যাত বিষ্ণুত ভকত।

নিশ্চয় কৰিছা ৰাজা হৰিক মনত।।

দ্রাবিড় দেশত আছা যত সাধুচয়।

সৱাৰো মাজত ৰাজা উত্তম হোৱয়।।২৫৪।।

বিষ্ণুক পূজন্ত সাৱধান কৰি মন।

ৰাম কৃষ্ণ আদি নাম কৰন্ত কীৰ্ত্তন।।

মলয় পৰ্ব্বতে দিব্য আশ্রম আছয়।

তাতে থাকি মাধৱক নৃপতি পূজয়।।২৫৫।

মহাজ্ঞানী ৰাজা ধৰি আছা মৌনব্রত।

মাথে জটাভাৰ তপস্যাত সদা ৰত৷৷

এহিমতে ঈশ্বৰক পূজিয়া আছয়।

শুনা ৰাজা যেন কথা প্ৰৱৰ্ত্তিলা তয়।।২৫৬।।

একদিনা অগস্ত্য আহিলা সেহি থানে।

যাহাৰ যশস্যাসৱ জগতে বখানে।।

আগে পাচে অসংখ্যাত শিষ্যে বেঢ়ি আছে।

যদৃচ্ছায় বসি ঋষি দেখিলন্ত পাছে।।২৫৭।।

মৌনে বসি আছা ৰাজা ৰহস্য থানত।

নচালিলা গাৱ নকৰিলা প্রণিপাত।।

পূজা আদি একো নকৰিলা নৰেশ্বৰ।

দেখি কোপ কৰিলা অগস্ত্য ঋষিবৰ।।২৫৮৷৷

কোপৰ বেগত ঋষি নৃপতিক প্রতি।

দিবাক লাগিলা শাপ কৰিয়া যুগুতি।।

ইটো দুষ্টচিত্ত জানো অসাধু নিশ্চয়।

একো সাধুহন্তে নৈয়ো বুদ্ধিক পাৱয়।।২৫৯।।

আজি আৰ কেন ব্রাহ্মণক অৱমান।

এহি হেতু তামসিক জন্মে হৌক স্থান।

হস্তী হেন বসি আছে গৰ্ব্ব কৰি আতি।

এতেকে হুয়োক তই সেহি গজ জাতি।।২৬০।।

নিগদতি শুক শুনা পৰীক্ষিত বাপ।

এহিমতে অগস্ত্য দিলন্ত চণ্ডশাপ।।

অদ্ভুত আশ্চার্য্য ঋষি ভক্ততে প্রধান।

ছাত্রগণ সমে পাচে গৈলা নিজ থান।।২৬১।।

ইন্দ্রদ্যুম্ন মহাৰাজ ঋষি ধৰ্ম্মে স্থিত।

শাপ পায়া অদৃষ্টক চিন্তিলা হৃদিত।।

মোৰ হেন কৰ্ম্ম আছে ঈশ্বৰ ইচ্ছাত।

মহাঋষি অগস্তিৰ দোষ নাহি আত।।২৬২৷৷

এহিমতে অথচয় মনে আলোচিয়া।

পাইলা হস্তীজন্ম পূৰ্ব্বদেহাক এৰিয়া।।

মহা তামসিক জন্ম লভিলা যাৱত।

পূৰ্ব্বজ্ঞান মানে নষ্ট ভৈলেক তাৱত।।২৬৩৷৷

ঈশ্বৰ কৃষ্ণত যিবা স্মৰণ আছিল।

গজজন্ম পাইল মাত্রে সিয়ো নষ্ট ভৈল।।

যদি বোলা কিয় পুনু উপজিলা মতি।

ইহাৰ উত্তৰ শুনিয়োক সাৱহিতি।।২৬৪৷৷

অদ্ভুদ প্ৰভাৱ দেখা হৰি পূজনৰ।

ঋষিশাপে গজ যদি ভৈল নৰেশ্বৰ।।

তাহাতে স্মৰণ আসি ভৈল ঈশ্বৰৰ।

পূজাৰ প্ৰভাৱ আক জানা নৰেশ্বৰ।।২৬৫।।

এহিমতে গজেন্দ্রক মুকুত কৰিয়া।

মহা চমৎকাৰে প্ৰভু আছন্ত ৰহিয়া।।

সেহি বেলা আতি প্রীতি ভাৱে দেৱহৰি।

বোলন্ত বচন গজপতিক সাদৰি।।২৬৬।।

সৰ্ব্বজনে নিশবদে শুনিয়া আছয়।

কৰন্ত প্রশংসা প্রভু সৰ্ব্ব ভূতময়।।

ভগৱন্ত নিগদতি শুনা গজৰায়।

আমাক তোমাক যিটো স্মৰণ সদায়।।২৬৭৷৷

সমস্তে পাপতে তাৰা মুকুত হোৱয়।

শুনা আৰো কহো কিছু স্মৰণ বিষয়।

তুমি ক্রীড়া কৰিলাহা এহি সৰোবৰ।

এহি পৰ্ব্বতত আছে যতেক গহ্বৰ।।২৬৮৷৷

বৃক্ষ বেত তৰু লতা যতেক আছয়।

কল্পতৰু আদি দেৱবৃক্ষ প্রকাশয়।।

আসন্থাৰ মাজে একগোটাক স্মৰয়।

সমস্তে পাতক তাৰ তেখনে হৰয়।।২৬৯৷৷

পৰ্ব্বতৰ আছে দেখা এহি তিনি শৃঙ্গ।

পৰম সুন্দৰ আতি দেখিতে বিৰিঙ্গ।।

একগোটা মোৰ স্থান ব্ৰহ্মাৰ অপৰ।

আৰো গোটে নিৱাস কৰন্ত জানা হৰ।।২৭০৷৷

ক্ষীৰোদ সাগৰ ইটো মোৰ প্রিয় স্থান।

জোতির্ম্ময় শ্বেতদ্বীপ ইহাৰ সমান।।

যত কহো মানে সৱে স্মৰণ বিষয়।

স্মৰণ মাত্রকে সৰ্ব্ব পাপ হোৱে ক্ষয়।।২৭১।।

প্রসঙ্গত আনো সৱ স্মৰণৰ ফল।

ভগৱন্ত দেৱে তাক বোলন্ত সকল।।

মোৰ প্রিয় বনমালা শ্রীবৎস কৌস্তভ।

কৌমুদকী গদা মোৰ পৰম বল্লভ।।২৭২।।

সুদর্শন পাঞ্চজন্য শঙ্খ শ্রেষ্ঠতৰ।

গৰুড় মোহোৰ যান পক্ষীৰ ঈশ্বৰ।।

অনন্ত মোহোৰ কলা জগতে বিদিত।

লক্ষ্মীদেৱী আমাক আশ্রয়ে থাকে নিত।।২৭৩।।

ব্রহ্মাদেৱ প্রহ্লাদ নাৰদ দেৱঋষি।

আৰো স্মৰণৰ স্থান শুনিয়ো হৰিষি।।

মৎস্য কূৰ্ম্ম আদি নানা ধৰো অৱতাৰ।

কৰি আছো কৰ্ম্মচয় ত্রিজগতে সাৰ।।২৭৪৷৷

একৈক কৰ্ম্মৰ পুণ্য সীমা সংখ্যা নাই।

স্মৰণতে যত পাপ সৱে নাশ যায়।।

ইন্দ্র চন্দ্র সূৰ্য্য অগ্নি পৱন দেৱৰ।

হৰিভক্তি সত্য ধর্ম বাণী দ্বিজবৰ।।২৭৫।।

মুক্তি আদি কৰিয়া ধৰ্ম্মৰ বিবাহিতা।

দক্ষৰ নন্দিনী সৱে মহা পতিব্রতা।।

চন্দ্ৰৰ ৰোহিণী আদি প্রিয়া ৰুচিকৰ।

অদিতি প্ৰমুখ্যে যত ভাৰ্য্যা কশ্যপৰ।।২৭৬।

গঙ্গা সৰস্বতী নন্দা আৱৰ যমুনা।

ঐৰাৱত ধ্ৰুৱ সপ্তঋষি আৰো শুনা।।

যিসৱ মনুষ্য পুণ্যকীৰ্ত্তি আতিশয়।

যুধিষ্ঠিৰ আদি তাক জানিবা নিশ্চয়।।২৭৭।।

যতেক কহিলো মানে তোমাৰ আগত।

যেমনে স্মৰিব তাক শুনিয়ো সাম্প্রত।।

ৰাত্ৰি অৱসানে নিদ্ৰা তেজিয়া উঠিব।

ইন্দ্রিয়ক দমিয়া একাগ্র চিত্ত হৈব।।২৭৮।।

যতেক কহিলো মানে সৱাকে স্মৰিৱ।

মোহোৰ বিভূতি হেন মনত মানিব।।

স্মৰণ মাত্রকে যত পাতক আছয়।

হৈবেক মুকুত তাত নাহিকে সংশয়।।২৭৯।।

নিশা অৱসানত উঠিয়া লোক যত।

স্তৱ স্তোত্র পঢ়ি স্তুতি কৰিব সমস্ত।।

তাসম্বাৰ প্রাণ হানি হৈবাৰ সময়।

নিৰ্ম্মল মতিক দেঞো কহিলো নিশ্চয়।।২৮০৷৷

শুনা পৰীক্ষিত পাচকথা মন দিয়া।

এহিমতে গজেন্দ্রক প্রভু আদেশিয়া।।

কৰে ধৰি পাঞ্চজন্য ফুঙ্কিলা মাধৱ।

সমস্ত দেৱৰে মহা মিলিল উৎসৱ।।২৮১।।

দেৱতাগণক প্রভু আনন্দ কৰাই।

উঠিলন্ত ভগৱন্ত গৰুড়ত যাই।।

এহিমতে ভকতৰ গতি ভগৱন্ত।

গজেন্দ্রক নিজ পাৰিষদ কৰিলন্ত।।২৮২।।

দেৱ সিদ্ধ গন্ধৰ্ব্ব আছয় যত যত।

নিৰন্তৰে গাৱে কৰ্ম্ম মহা আনন্দত।।

চতুর্ভিতি বেঢ়িয়া কৰয় জয় জয়।

পাৰিষদ হুয়া গজ লগতে চলয়।।২৮৩।।

মহা মহোৎসৱে কৃপাময় ভগৱন্ত।

গৰুড় বাহনে নিজ গৃহক গৈলন্ত।।

অদভুত গৃহ তাৰ পটন্তৰ নাই।

আনন্দতে সেহি গৃহে থাকিলা গোসাই।।২৮৪।।

গজেন্দ্র মোক্ষণ কথা ভৈলা সমাপত।

আৰ ফলশ্ৰুতি কথা শুনিয়ো সাম্প্রত।।

এহিমতে মহাৰাজা আগত তোমাৰ।

কহিলো কৃষ্ণৰ লীলা মহিমা অপাৰ।।২৮৫।।

যেনমতে গজেন্দ্রক কৰিলা মোক্ষণ।

ইহাক শুনিলে হৱে যশস্যা বৰ্দ্ধন।।

কামনা কৰিয়া আক যিজনে শুনয়।

তাহাৰ উত্তম স্বর্গ অনায়াসে হয়।।২৮৬।।

চতুষ্পদে পূর্ণ কলি যুগৰ কল্মষ।

শ্ৰৱণ মাত্রকে তাত হয় নিঃশেষ।।

দুঃস্বপ্নাদি নাশ আনো যত অমঙ্গল।

শ্ৰৱণতে সমস্তৰে হোৱয় কুশল।।২৮৭৷৷

এহি হেতু আপোনাৰ কুশলক মনে।

ব্রাহ্মণ প্ৰমুখ্যে আক গাৱয় যতনে।।

প্রভাততে উঠিয়া পৱিত্ৰ ভাৱ হয়।

দুঃস্বপ্নাদি নাশ অর্থে কীৰ্ত্তন কৰয়।।২৮৮।।

যতেক কহিলো ফল শ্ৰৱণ কীৰ্ত্তনে।

একান্ত ভকতে তাক মনত নগণে।।

কিন্তু তাৰা শ্ৰৱণ কীৰ্ত্তন কৰি আতি।

প্রেম ভকতিক মাত্র খোজে দিনে ৰাতি।।২৮৯।।

মহাভাগৱত পুৰাণতো শ্রেষ্ঠতৰ।

মন্বন্তৰ নিৰূপণ অষ্টম স্কন্ধৰ।।

মহাভাগৱত গজেন্দ্ৰৰ উপাখ্যান।

চতুর্থ অধ্যায় কথা গৈলা এহিমান।।২৯০।।

শুনিয়োক সৰ্ব্বজনে নামৰ মহিমা।

ব্রহ্মা হৰ আদি কৰি নপাৱন্ত সীমা।।

ব্রহ্মাণ্ড ভিতৰে আছে যেহি সেহি নৰ।

নামক বুলিবে ইচ্ছা কৰোক তোমাৰ।।২৯১।।

এতেকতে পাপচয় কাম্পে তৰতৰি।

মহামোহ সৱে মনে থাকে দুঃখ কৰি।।

মহাত্রাসে চিত্রগুপ্তে নাৰকীক লৈয়া।

তাৰ অঙ্গ কাটিবে থাকয় যত্ন হুয়া।।২৯২।।

আনন্দতে ব্রহ্মা মধুপর্ক দ্রব্যচয়।

সতকাৰ কৰিয়া আপুনিয়ো খাৱয়।।

হে প্রভু তযু নাম বুলিবে ইচ্ছাত।

এতেকে হোৱয় কাৰ্য্য তেমনে সাক্ষাত।।২৯৩।।

যেৱেসে তোহ্মাৰ নাম মুখ ভৰি গাৱে।

তেৱে তাৰ মহিমাৰ কোনে অন্ত পাৱে।।

হেনয় নামত মোৰ কৰায়োক ৰতি।

হে প্ৰভু কৃপাময় অগতিৰ গতি।।২৯৪।।

আৰো এক কৃপাময় কৰো নিৱেদন।

মোক সৰ্ব্বজনে বোলে গোপালচৰণ।।

ইটো নাম সাফলিয়ো নন্দেৰ তনয়।

তযু চৰণত থান দিবাক লাগয়।।২৯৫।।

সত্যে সত্যে ভৈলো মঞি তোহ্মাৰ কিঙ্কৰ।

অণু এক কৃপা কৰা দেৱ দামোদৰ।।

বান্ধৱ মাধৱ মোক নেৰিবা চৰণে।

বৈষ্ণৱ জনত প্ৰীতি নছাড়োক মনে।।২৯৬

যত নৰ নাৰী সৱে এৰিয়ো কুমতি।

গায়ো ৰাম কৃষ্ণ নাম কৰিয়া ভকতি।।

কেৱল ভকতি এহি জানা ৰাম নাম।

অহোপুৰুষাৰ্থ কৰি বোলা ৰাম ৰাম।।২৯৭।।

                      ................

 

।।ইতি গজেন্দ্ৰ মোক্ষণ সমাপ্ত।।

।। শ্রীমদ্ভাগৱত।।

         ।। অষ্টম স্কন্ধ।।

                 [ অমৃত মথন ]

              ৷৷ শ্রীকৃষ্ণায় নমঃ।।

               ।। মঙ্গলাচৰণ।।

                    ।। পদ।।

জয় জয় নিৰঞ্জন জগতৰ জীৱ।

প্রধান পুৰুষ হৃষীকেশ সদাশিৱ।।

সদানন্দ দৈত্যাৰি দেৱৰ আদি দেৱ।

কৃষ্ণৰ চৰণে কৰো লক্ষ কোটি সেৱ।।২৯৮।।

নমো নমো মধু মুৰ অসুৰ দাৰণ।

প্রণত পালক সৃষ্টি সংহাৰ কাৰণ।।

যাক আৰাধন্ত হৰ পুৰন্দৰ বিধি।

হৰিক স্মৰণে হৌক আৰম্ভৰ সিদ্ধি।।২৯৯৷৷

মাধৱৰ পাদপদ্ম ধৰি হৃদয়ত।

গুৰুৰ চৰণ মনে কৰি শিৰোগত।।

মহা ভাগৱত কথা অমৃত মথন।

ভণিল শঙ্কৰে ধৰি কৃষ্ণৰ চৰণ।।৩০০৷৷

জয় মহামুনি শুক ব্যাসৰ তনয়।

সদায় সমাধি যাৰ আনন্দ হৃদয়।।

যিটো যোগবলে পৰীক্ষিতৰ আগত।

সাত দিনে কৈলা বাহ্র কন্ধ ভাগৱত।।৩০১।।

জয়তি ত্রিদশ দেৱ অদিতিৰ সুত।

হৰিক সহায় কৰি মথিলা অমৃত।।

দানৱগণক জিনিলন্ত ঘোৰ ৰণে।

শঙ্কৰে ভণিলা কথা কৃষ্ণৰ চৰণে।।৩০২।।

পৰীক্ষিত ৰাজা শুকমুনিত পুছিলা।

যেনমতে হৰি ক্ষীৰসাগৰ মথিলা।।

অমৃতক পাইলা যেনমতে দেৱগণে।

কহিয়োক কথা মঞি শুনো ৰঙ্গমণে।।৩০৩৷৷

তোহ্মাৰ মুখৰ কথা সম্যকে অমৃত।

আৰো গোৱিন্দৰ গুণগণে অলঙ্কৃত।।

যতেক শুনোহো শুনিক যায় মতি।

অমৃত পিয়ন্তে যেন নখণ্ডে তৃপিতি।।৩০৪৷৷

হেন শুনি মুনি পৰীক্ষিতক বদতি।

কৃষ্ণৰ কথাত সাধু সম্পজিল মতি।।

ধন্য ধন্য নৃপবৰ কৌৰৱ নন্দন।

শুনা সাৱধানে কথা অমৃত মন্থন।।৩০৫।।

পূৰ্ব্বত দুর্ব্বাসা বাসৱক দিলা শাপ।

শ্রীহত ভৈলা ইন্দ্র গুচিল প্রতাপ।।

এৰিলন্ত মহালক্ষ্মী তিনিয়ো লোকক।

পৰিল দুর্ভিক্ষ ভৈল প্রজাৰ মাৰক।।৩০৬৷৷

এৰিলন্ত ব্রত বিধি যত যজ্ঞ যাগ।

ভুঞ্জিবে নপান্ত দেৱগণে হৱির্ভাগ।।

ভৈলন্ত দুর্ব্বল সৱে শুখাইল শৰীৰ।

পথত ভ্রমন্তে কতো ভৰি নযায় থিৰ।।৩০৭।।

লক্ষ্মী এৰিলাত সৱে ভৈলা নিৰাহাৰ।

ছিদ্র পাই দানৱে দেৱক দিলা ধাৰ।।

চতুৰঙ্গ সেনাসমে সাজি বলিৰায়।

মহাকোপে আটোপে স্বৰ্গক গৈলা ধাই।।৩০৮৷৷

দেখি ইন্দ্রে ত্রিদশে সহিতে যুদ্ধ দিলা।

দেৱ দানৱৰ ঘোৰ সংগ্ৰাম মিলিলা।।

ভৈল যেন প্রলয় প্রজাৰ ক্ষয়ঙ্কৰ।

পৰিল অনেক সেনা দৈত্য দেৱতাৰ।।৩০৯৷৷

দেৱৰ শৰত যিটো দৈত্য যায় মৰি।

শুক্রে জীয়াৱন্ত তাক সঞ্জীৱনী কৰি।।

চুইলে মাত্রকে যেন উঠি বসে জাগি।

অস্ত্র ধৰি ধাই দুনাই দেৱতাক লাগি।।৩১০৷৷

দানৱৰ শৰত পৰন্ত যত দেৱ।

সমূলি মৰন্ত আৰ নিজীৱন্ত কেৱ।।

নিৰ্ব্বল স্বভাৱে দেৱ দুৰ্ব্বাসাৰ শাপে।

পৰিয়া নুঠন্ত দেৱতাৰ একোলোকে।।৩১১৷৷

এক দিকি কৰি দেৱতাক নেই মাৰি।

পলাইল ত্রিদশ দানৱত ৰণ হাৰি।।

দাৰুণ দানৱগণে দেৱক ভঙ্গাইলা।

কৰিলা উচ্ছন্ন অম্ৰাৱতী লুড়ি খাইলা।।৩১২।।

দেৱৰ সৰ্ব্বস্ব কাঢ়ি লৱৈ ঘৰ খুই।।

মহা বৈৰ ভাৱত ঘৰত দেয় জুই।।

লুড়ি পুড়ি ছাৰখাৰ কৰি সুৰপুৰ।

দুনাই পাতালক গৈলা যতেক অসুৰ।।৩১৩৷৷

পলাই ত্রিদশ দেৱ ভৈলা একস্থান।

কৰন্ত আলোচ যত দেৱতা প্রধান।।

ইন্দ্র চন্দ্র বায়ু সূৰ্য্য বৰুণ কুবেৰ।

নাই সুখশান্তি সৱে ভৈলা ৰণ চেৰ।।৩১৪৷৷

গুণি গান্থি কৰিবে নুৱাৰি কিছো থিৰ।

ব্ৰহ্মাৰ পাশক লাগি গৈলা ধীৰে ধীৰ।।

মেৰুৰ শিখৰে আছে ব্ৰহ্মাৰ ভুৱন।

কতোক্ষণে তাক গৈয়া পাইলা দেৱগণ।।৩১৫।।

বসিয়া আছন্ত ব্রহ্মা পদ্মাসন ভিৰি।

নিৱিৰ মানসে মাধৱক ধ্যান কৰি।।

চতুর্ভিতি বেঢ়ি সিদ্ধ মুনি স্তুতি কৰে।

মূৰ্ত্তি ধৰি উপাসে যতেক চৰাচৰে।।৩১৬।।

সেহি ব্ৰহ্ম সভাত ত্রিদশ উপসন।

দণ্ডৱতে পৰি নমি ব্ৰহ্মাৰ চৰণ।।

কান্দি কান্দি দেৱগণে দেই দুখে সাখী।

অসুৰত হন্তে আউৰ কিবা আছা ৰাখি।।৩১৭৷৷

কৰিল উচ্ছন্ন অম্ৰাৱতী লুড়ি পুড়ি।

যতেক ঐশ্বৰ্য্য মানে নিলে খান্দি কুড়ি।।

সুধা একো ঠাই নাই যাইবো কোন পুৰি।

দৈত্যৰ হাতত সৱে বুদ্ধি ভৈলা চুৰি।।৩১৮।।

শুনা প্রজাপতি আৰো কেন দিন ঘাটি।

বোকাৰ উপৰে যেন দিলা সাঁকো আটি।।

পাপীষ্ঠ দুর্ব্বাসা ঋষি আসি দিলা শাপ।

শ্রীহত ভৈলো সৱে গুচিল প্রতাপ।।৩১৯।।

পাইলেক কুলক্ষ্মী আসি তিনিও লোকক।

পড়িল দুর্ভিক্ষ প্রজা এৰিলে ধৰ্ম্মক।।

নকৰয় লোকে আৰ একো যজ্ঞ দান।

খাইবাক নপাই নিৰাহাৰে যাই প্রাণ।।৩২০।।

শৰীৰ দুৰ্ব্বল ভৈল দুর্ব্বাসাৰ হেতু।

আছোক যুজিবো নিৰাহাৰে যায় ধাতু।।

তুমি বিনা বিধি দেৱতাৰ ত্রাণ নাই।

চিন্তিয়ো উপায় সৱে সৃষ্টি নষ্ট যায়।।৩২১।।

শুনি প্রজাপতি চক্ষু মেলি চাইলা পাছে।

দেখন্ত ত্রিদশ দণ্ডৱতে পৰি আছে।।

নিঃশ্রীক নিষ্প্রভ আতি দানৱক ডৰে।

দুর্ব্বাসাৰ শাপে আৰো নিৰাহাৰে মৰে।।৩২২।।

শৰীৰ বিৱৰ্ণ্ণ ভৈলা শুখাই গৈল চৰ্ম্ম।

হেন দেখি ব্ৰহ্মাৰ মনত মহা মৰ্ম্ম।।

হা দেৱতাৰ ভৈল হেনসে বিপত্তি।

উঠা উঠা দেৱগণ উঠা সুৰপতি। ৩২৩৷৷

সাধিবাক পাৰো মঞি সৱে প্ৰতিকাৰ।

কিন্তু সুৰাসুৰ সৱে স্ৰজন আহ্মাৰ।।

এখনে কৰিবে পাৰো দৈত্য যেন নুই।

ভিৰি উভাৰিবো কেনমতে হাতে ৰুই।।৩২৪।।

তথাপিতো ইটো কাম লাগিল আহ্মাতে।

যাক নমাৰি হাতে মাৰিবো তাক ভাতে।।

উঠিয়োক দেৱগণ বৈকুণ্ঠক যাঞো।

দৈত্যৰ বিচেষ্টা সৱে বিষ্ণুত জনাঞো।।৩২৫।।

তুমি আমি কীটপক্ষী যত তৰু তৃণ।

বিষ্ণুৰেসে অংশে স্ৰজৈ পালৈ ভিন্নে ভিন।।

যত চৰাচৰক বিষ্ণুসে আছা ৰাখি।

তাহান্তে শৰণ লৈয়া দেঞো দুখ সাখী।।৩২৬৷৷

মাধৱত বিনে গতি নাহিকে আহ্মাৰ।

মাধৱেসে সাধিৱে ইহাৰ প্ৰতিকাৰ।।

এহি বুলি প্রজাপতি হংস যানে চড়ি।

ত্রিদশ সহিতে বৈকুণ্ঠক গৈলা লড়ি।।৩২৭৷৷

আছে বিষ্ণুপুৰি সত্যলোকৰ উপৰে।

ত্রিদশে সহিতে প্রৱেশিলা সৃষ্টিকৰে।।

হংস এৰি ব্ৰহ্মা পাছে হুয়া ভূমি পাৱ।

আচান্ত কৰিয়া ভৈলা পৱিত্ৰ স্বভাৱ।।৩২৮৷৷

ধৌত বস্ত্র পিন্ধি দেৱগণ একশাৰী।

আগ কৰি ব্ৰহ্মাক বসিলা জানু পাৰি।।

বিষ্ণু দৰশন অভিলাষে প্রজাপতি।

ত্রিদশ সহিতে পাছে আৰম্ভিলা স্তুতি।।৩২৯।।

নমো নমো নাৰায়ণ অনাদি অনন্ত।

জগত কাৰণ অন্তর্য্যামী ভগৱন্ত।।

যাৰ মায়াময় ইটো সংসাৰ নিৰ্ম্মাণ।

ত্রাহি ত্রাহি মহাহৰি পুৰুষ প্রধান।।৩৩০৷৷

যাৰ শিৰ ভাগ ভৈলা গগন মণ্ডল।

যাৰ মুখ অগনি পাতাল পদতল।।

চক্ষু ভৈলা দিবাকৰ চন্দ্ৰ ভৈলা মন।

নমো ব্ৰহ্মৰূপী হৰি হুয়োক প্রসন্ন।।৩৩১৷৷

চাৰি বেদে চাৰি ভুজ সমুদ্রে উদৰ।

জগতকে ব্যাপি আছে যাৰ কলেৱৰ।।

অংশে অৱতৰি কৰা সৃষ্টিক ৰক্ষণ।

ত্রাহি ত্রাহি হুয়ো হৰি আহ্মাত প্রসন্ন।।৩৩২।।

যাহাৰ মুখত হন্তে ভৈলন্ত ব্রাহ্মণ।

বাহুত ক্ষত্রিয় জাতি ভৈল উতপন।।

উৰুত পাৱত বৈশ্য শূদ্র ভৈলা জাত।

এহি ত্রাহি হুয়ো হৰি প্ৰসন্ন আহ্মাত।।৩৩৩।।

মহা ভয় ভীত হুয়া আমি দেৱগণ।

তোহ্মাৰ চৰণে প্রভু পশিলো শৰণ।।

যোগীগণো নজানন্ত গুণগণ যাৰ।

সন্তে নপাৱন্ত যাৰ মহিমাৰ পাৰ।।৩৩৪৷৷

তুমি বিনা আন গতি নাহি নাৰায়ণ।

ভকত জনক নাথ দিয়া দৰিশন।।

তুমিসে সমস্তে দেৱতাৰ জীৱ প্রাণ।

সঙ্কট বেলাত আৱে কৰা পৰিত্ৰাণ।।৩৩৫।।

যত দুখ পাঞো ইবাৰৰ নাই লেখা।

খণ্ডোক দুর্গতি দামোদৰ দিয়া দেখা।।

বিস্তৰ কৰিলা তুতি আৰো সৃষ্টিকৰে।

আক নকহিলো পদ বাহুল্যক ডৰে।।৩৩৬।।

শুনিয়োক সৰ্ব্বজন মন থিৰ কৰি।

পাতেক ছাড়োক ডাকি বোলা হৰি হৰি।।৩৩৭৷৷

.......

।।ছবি।।

শুনা সৱে সভাসদ             মহাভাগৱত পদ

কৃষ্ণ কথা জগততে সাৰ।।

তৈৰ হন্তে পলাই পাপ     পায়া আতি হৃদি তাপ

যৈত হৰি কথাৰ প্ৰচাৰ।।

একঠাই হুৱা আসি       কান্দে মহাপাপ ৰাশি

এৱে আমি কৰু কোন কাম।

আশাক লৈ যাএা তথা    যৈত নাহি হৰি কথা

যেহেন নুশুনু হৰি নাম।।৩৩৮।।

দেৱতাৰ তুতি বাণী      শুনি পাছে চক্রপাণি

গৰুড় কন্ধত আৰোহিলা।

শঙ্খ চক্র গদা পদ্ম       ধৰি নকৰিয়া ছদ্ম

প্রত্যেকে দেৱক দেখা দিলা।।

সহস্ৰ সূৰ্য্যৰ জ্যোতি      জ্বলে যেন দেহা আতি

চক্ষুত লাগিল আসি ধ্বনি।

তিৰি মিৰি দেখি দেৱে    নাকলন্ত কাকো কেৱে

দিশ পাশ নমনি ধৰণী।।৩৩৯৷৷

আতি চমৎকাৰ দেখি     মুদিলন্ত দুয়ো আখি

কতোক্ষণে ভৈলা চিত্ত থিৰ।

মাধৱৰ দায়াতৰে        দেৱ সমে সৃষ্টিকৰে

দেখিলন্ত বিষ্ণুৰ শৰীৰ।।

মৰকত শ্যাম তনু       ভ্রৱ যুগ যেন ধনু

ৰুচিকৰ কমললোচন।

অৰুণ অধৰ কান্তি       দশন মুকুতা পান্তি

নাসা তিল কুসুম শোভন।।৩৪০।।

নীল আকুঞ্চিত কেশ      ত্রৈলোক্য মোহন বেশ

মাথে ৰত্ন কিৰীটি উজ্জ্বল।

সুন্দৰ কৰ্ণৰ তলে       মকৰ কুণ্ডল জ্বলে

যেন দুই ৰৱিৰ মণ্ডল।।

ভুজঙ্গম অঙ্গ প্রায়       সুবলিত চাৰি ঠাই

কেয়ুৰ কঙ্কণে কৰে কান্তি।

কৰ নৱ কিশলয়        সুদীর্ঘ আঙ্গুলিচয়

নখ চাৰু চন্দ্ৰমাৰ পান্তি।।৩৪১৷৷

ধৰি আছা চাৰি অস্ত্র     শৰীৰত পীত বস্ত্র

মেঘে যেন বিজুলী প্রকাশে।

কণ্ঠত কৌস্তভ মণি      অভিনৱ সূর্য যেনি

প্রভাতে উদিত হুয়া আসে।।

সুবিপুল বক্ষস্থলে        বিচিত্র শ্রীবৎস জ্বলে

মেঘে যেন বলুকাৰ পান্তি।

হিয়ে লক্ষ্মী দিলা দেখা    যেন সুৱৰ্ণৰ ৰেখা

হৃদয় মধ্যত কৰৈ কান্তি।।৩৪২৷৷

কটিদেশ দেখি সৰু       কৰি কৰ সম উৰু

পাৱ নৱ পঙ্কজ সমান।

পৰম নিবিড় মনে       হৃদয়ত সৰ্ব্বক্ষণে

যাক যোগীজনে কৰে ধ্যান।।

দিব্য গজ-মুকুতাৰ       হৃদয়ত দোলে হাৰ

কঙ্কালত ৰত্নৰ মেখলা।

চৰণ কমল মাজে       ৰত্নৰ নূপুৰ বাজে

আজানুলম্বিত বনমালা।।৩৪৩৷৷

ইন্দ্রধনু সম শোভে       তাতে মধু গন্ধ লোভে

অনেক ভ্ৰমৰে কৰে কান্তি।

চক্র গদা আদি কৰি     অস্ত্র সৱে মুৰ্ত্তি ধৰি

সেৱা কৰি আছৈ চতুর্ভিতি।।

মাধৱৰ দেখি ভাৱ       সৱে শিহঁৰাইলা গাৱ

বাঢ়ি গৈলা কতিপয় ভৰি।

ব্রহ্মা সমে দেৱগণে       পৰম সন্ত্তষ্ট মনে

প্রণামিলা দণ্ডৱতে পৰি।।৩৪৪৷৷

কৃতাঞ্জলি হুয়া উঠি      ত্রিদশে সহিতে তুষ্টি

দুনাই তুতি বোলৈ সৃষ্টিকৰ।

নমো নমো নাৰায়ণ      নিৰঞ্জন নিৰাকাৰ

শঙ্খ চক্র গদা পদ্মধৰ।।

তুমি জগতৰ আখি       তুমি আছা সৃষ্টি ৰাখি

ব্যাপি আছা সকলে সংসাৰ।

দানৱৰ নাশ হেতু       তুমিসি গৰুড়কেতু

বাৰে বাৰে ধৰা অৱতাৰ।।৩৪৫।।

ব্যাপি আছা তুমি দেৱ    তোহ্মাক নজানে কেৱ

মায়ায়ে মোহিত সৰ্ব্বজন।

চৰাচৰ ব্ৰহ্মময়         তত্ত্ব কেহো নজানয়

বিচাৰত পাৱে জ্ঞানীজন।।

মঞি ব্রহ্মা এন্তে হৰ      সুৰপতি পুৰন্দৰ

আনো যত ত্রিদশ সমাজ।

তযু অঙ্গে ভৈলো জাত    যেন ধূম্র অসংখ্যাত

অগনিত হন্তে হোৱে বাজ।।৩৪৬।।

দেখিলো তোহ্মাৰ পাৱ     এড়াইলো সন্তাপ ভাৱ

আৱেসে শৰীৰ ভৈল জুৰ।

যেন বন হস্তীচয়        এৰায় দাবাগ্নি ভয়

গঙ্গাৰ জলত দিয়া বুৰ।।

আমি সৱে দেৱৰাশি      তোহ্মাৰ চৰণে আসি

যি কাৰণে পশিলো শৰণে।

আউৰ কি তোহ্মাত বাজ   আছা হৃদয়ৰ মাজ

জানি হিত চিন্তা নাৰায়ণে।।৩৪৭।

ভকতক কৰা দায়া      কটাক্ষ নয়নে চায়া

পূৰিয়োক মনৰ বাঞ্ছিত।

বুলিয়ো উপায় আৱে      আমি যত দেৱসৱে

যেন মতে বসন্ত পুৰিত৷৷

দেৱতাৰ তুতি শুনি      মেঘৰ গম্ভীৰ ধ্বনি

মাতিলন্ত ত্রিজগত পতি।

শুনা ব্রহ্মা শুনা হৰ      শুনা দেৱ নিৰন্তৰ

মোৰ বচনক কৰা ৰতি।।৩৪৮৷৷

পৰাক্ৰমে কেনে ফল      বুদ্ধিসে পৰম বল

জ্ঞানী সৱে হেনসে কহন্তি।

তুমি সৱ বল ক্ষীণ      যুজৰ নুহিকে দিন

দৈত্য এৰে হুয়ো সমৱন্তি।।

আপদৰ বুজ ভাৱ       ছাগৰ পখালি পাৱ

আত নকৰিবা কিছু লাজ।

থাকিয়ো দুখক সহি      শত্রুকো কান্ধত বহি

সাধিয়োক আপুনাৰ কাজ।।৩৪৯৷৷

মোৰ বাক্য মনে ধৰি     চাকণ্ট চোকণ্ট কৰি

দৈত্যত্ৰৰে হুয়ো একথান।

মঞি হুইবো পৰিপন্থি     ক্ষীৰ সাগৰক মথি

দুর্ল্লভ অমৃত কৰা পান।।

দুর্ব্বাসাৰ জানি কষ্ট      যিবা লক্ষ্মী ভৈলা নষ্ট

দুনাই তেহো হুইবা হেন জানি।

বাসুকীক কৰা জৰি      উভাৰি মন্দৰ গিৰি

সাজিয়ো মথনি দণ্ডি আনি।।৩৫০৷৷

দেৱে দৈত্যে সাজু হুই     সাগৰ মথিবা দুই

অমৃতকো পাইবা শঙ্কা নাই।

দৈত্য দুখ পাইবে মাত্র     অমৃতৰ হুইবা পাত্র

তুমি সৱো মোহোৰ উপায়।।

শুনা আৰো আসৰিশ     কালকূট নামে বিষ

প্ৰথমতে উঠিব সচলে।

তাক নডৰিবা কেৱে      পান কৰি মহাদেৱে

তাৰিৱন্ত তাক যোগ বলে।।৩৫১৷৷

যিবা উঠে বস্তু যত      মোহ নকৰিবা তাত

দৈত্যে এৰে নলগাইবা দ্বন্দ্ব।

প্রীতি কৰি সাধা কাজ    প্রীতি বশ্য হুৱৈ ৰাজ

কন্দলত পৰে নাহি মন্দ।।

লোভ মোহ ক্রোধ কাম    আক কৰি উপসাম

তেৱেসে সিজিবে প্রয়োজন।

শুনিবা আহ্মাৰ বুদ্ধি     হুইবে মনোৰথ সিদ্ধি

কৰিয়োক অমৃত মথন।।৩৫২৷৷

নমো নমো দামোদৰ      জগতৰ বিঘ্নিহৰ

ভকত অভয় দাতা দেৱ।

কৃষ্ণৰ কিঙ্কৰে কবি      শঙ্কৰে ৰচিলা ছবি

হৰিৰ চৰণে কৰি সেৱ।।

শুনিয়োক সৰ্ব্বজন       কৰি সাৱধান মন

মহাভাগৱত কথা সাৰ।

আন কথা পৰিহৰি       ডাকি বোলা হৰি হৰি

হৌক কোটি পুৰুষ উদ্ধাৰ।।৩৫৩।।

........

                ।।পদ।।

মাধৱে বোলন্ত শুনা ত্রিদশ সমাজ।

প্রীতি কৰি দৈত্যক সাধিয়ো নিজ কাজ।।

মিত্র ভাৱে যেন মতে শত্রুক জিনয়।

কন্দলে নোৱাৰি তাক জানিবা নিশ্চয়।।৩৫৪।।

হেন জানি সৱে যাহা দানৱৰ পাশ।

ছিদ্র পাইলে দৈত্যক কৰিবা সৰ্ব্বনাশ।।

আৰো কহো শুনা এক পুৰাতন কথা।

সর্পে কৰিলেক যেন মুষৰ অৱস্থা।।৩৫৫।।

এক বৃদ্ধ গোমক ধৰিয়া লোকে চান্দি।

আতি যত্ন কৰিয়া ফেটীত আছে বান্ধি।।

শোকে দুখে পীড়িলে দুৰ্ব্বল নিৰাহাৰে।

নেদেখে উপায় আৰো আপদ আন্ধাৰে।।৩৫৬।।

আসুখ অশান্তি চিত্ত কৰে উতপাত।

পাচে বৃদ্ধ ইন্দুৰৰ শুনিলেক মাত।।

পুত্র নাতি সহিতে তহিতে ফুৰে চড়ি।

মাতিবে লাগিলা পাছে সর্পে বুদ্ধি কৰি।।৩৫৭।।

শুনিয়ো ইন্দুৰ ককাই বচন আহ্মাৰ।

কুশলে কি আছা তুমি পুত্ৰ পৰিবাৰ।।

মোত কৰি জানিলো বয়সে তুমি চাৰ।

ইঠাইৰ পৰা হেৰা কৰো নমস্কাৰ।।৩৫৮।।

সর্প হেন জানি নিঘিণিবা মহামতি।

তুমি আমি কৰো আসা মহা মিত্ৰৱতি।।

হেন শুনি গুণি মুষে মাতিলেক পাছে।

ভক্ষ্য ভক্ষকৰ কৈত মিত্ৰৱতি আছে।।৩৫৯৷৷

ক্ৰুৰ সৰ্পজাতি আৰো স্বভাৱে দন্দুৰ।

তোৰ আগে কোন আমি দুৰ্ব্বল ইন্দুৰ।।

যিটো দুইৰ হৱে তুল্য বল বুদ্ধি বিত।

তাৰেসে বিৱাদ মিত্ৰৱতিক উচিত।।৩৬০৷৷

তুমি আমি বৈৰ ভাৱ অনেক পুৰুষে।

কৈত শুনি আছ কুটুম্বিতা সৰ্পে মূষে।।

কিসক কৰিবো মঞি তোহ্মাক বিশ্বাস।

আপুনি চিন্তিবো আপুনাৰ সৰ্ব্বনাশ।।৩৬১।।

হেন শুনি সর্পে বোলে বিষ্ণু বিষ্ণু স্মৰি।

অনেক বৎসৰ আছো ব্রহ্মচর্য্য ধৰি।।

পৰ জীৱ হত কৰি মহাপাপ সঞ্চৈ।

এক কোটি জন্ম সিটো নৰকত বঞ্চৈ।।৩৬২।।

অসাৰ সংসাৰ আত জীৱো কতকাল।

মিত্র দ্রোহ কৰিয়া তেৱেতো মোৰ ভাল।।

নাহিকে সংশয় আত চিত্ত কৰা থিৰ।

নাযাহা সঞ্জাত যেৱে খাঞো পুত্র শিৰ।।৩৬৩।।

সৰ্পৰ বাক্যত গৈল মূষক সঞ্জাত।

ভৈলো মহা মিত্র বুলি লগাইলেক মাত।।

কথাতে জানিলো তুমি পৱিত্ৰ স্বভাৱ।

তুমি আমি কেনমতে হঞো এক ঠাৱ।।৩৬৪।।

হেন শুনি সৰ্পে বোলে সুপ্রসন্ন বিধি।

এৱেসে জানিলো মনোৰথ হৈল সিদ্ধি।।

আউৰ কৈক যাস বুঢ়া মূষ মোৰ হাতে।

মহাৰঙ্গে গোমে পাছে ইন্দুৰক মাতে।।৩৬৫।।

ঝান্টে কাটা ফেটী বাজ হঞো প্রাণ মিত্র।

তোহ্মাক দেখিবে মোৰ উত্ৰাৱল চিত্ত।।

কত তপসাই পাইলো তুমি হেন সখি।

বিলম্ব নকৰা দুয়ো হঞো দেখাদেখি।।৩৬৬।।

শুনি মূষে ফেটীক পেইলা দান্তে কুটি।

বাজ হুয়া গোমে লগাইলেক সান্টি সুন্টি।।

দুয়ো দুইক বাৰে বাৰে কৰিয়া সেৱলি।

ৰঙ্গে মূষে গোমে লগাইলেক গলাগলি।।৩৬৭৷৷

মূষে বোলে গৰ্ত্তক চলিয়ো সখি সাজি।

সৰ্পে মনে গণৈ কিনো সুপ্রভাত আজি।।

আগ ভৈলা মুষ সৰ্প্প পাছ ভৈলা জানি।

লট পট কৰয় জিহ্বাৰ পৰে পানী।।৩৬৮৷৷

অনাহাৰে সৰ্পৰ উদৰে অগ্নি জ্বলে।

ছিদ্র চাই মূষক কামোৰ দিলা গলে।।

মুষে বোলে কিয় পৰিহাস কৰা সখি।

নৱমিত্র বন্ধাইলো হাসিবে লোকে দেখি।।৩৬৯৷৷

তোহ্মাৰ আহ্মাৰ উমলিবে কোন ফল।

এতেক বোলন্তে সৰ্পে ছিণ্ডিলন্ত গল।।

ভুঞ্জিলেক মাংস তাৰ পিলেক শোণিত।

বুদ্ধি কৰি বৃদ্ধ গোম ভৈল কৃতকৃত্য।।৩৭০৷৷

আনো যত মূষ আছে তাকো খেদি খাইল।

সেহি গর্ত্তে পশি পাছে লীলায়ে পলাইল।।

হেন জানি দেৱগণ মোৰ বাক্য ধৰা।

মিত্র পাতি দৈত্যক সৰ্পৰ মতে মাৰা।।৩৭১।।

বৈৰক মাৰন্তে দোষ নাহিকৈ মিছাত।

ছলে বলে শত্রুক কৰিয়ো কন্ধপাত

এহি বুদ্ধি হুইবে সিদ্ধি দেখা বিদ্যমান।

এহি বুলি ভৈলা হৰি তৈতে অন্তৰ্দ্ধান।।৩৭২৷৷

শুনি দেৱগণ ভৈলা মহাৰঙ্গ মন।

কৃষ্ণৰ চৰণ মনে কৰিলা বন্দন।।

ত্রিদশ দেৱক পাছে দিয়া অনুমতি।

গৈলা নিজ গৃহে চতুর্মুখ প্রজাপতি।।৩৭৩৷৷

শুনা ভাগৱত কি কৰিব যমদূতি।

মৰিলে মুকুতি ইহলোকত ভুকুতি।।

আন আল জাল এৰি এক চিত্ত কৰি।

বোলা হৰি হৰি যায়ো সংসাৰক তড়ি।।৩৭৪।।

........

। ঝুমুৰি৷৷

বিষ্ণুৰ আদেশ বাণী।

ইন্দ্ৰে শিৰে ধৰি আনি।।

দেৱে সমে গৈলা চলি।

যৈত আছে ৰাজা বলি।।৩৭৫।।

এৰিলা হাতৰ অস্ত্র।

গাৱত কেৱলে বস্ত্র।।

চাড়িলন্ত গৰ্ব্ব ভাৱ।

সৱে ভৈলা ভূমি পাৱ।।৩৭৬৷৷

নিৰন্তৰে দেৱজাক।

কুটুম্বিতা কৰিবাক।।

পশিলা পাতালপুৰ।

হিয়া কৰে দুৰ দুৰ।।৩৭৭।।

ভয়ে গর্ভ যায় গলি।

শুধা হাতে যান্ত চলি।।

একো নাহি যুদ্ধ কাচ।

সঘনে চাহন্ত পাছ।।৩৭৮৷৷

যেনো দৈত্যে ধৰৈ আসি।

নাহি কথা মাত হাসি।।

কাৰো কেৱে নেৰৈ লাগ।

অন্যোঅন্যে হৱৈ আগ।।৩৭৯।।

পৰম সভয় মনে।

এহিমতে দেৱগণে।।

যুথ হুয়া চলি যান্ত।

নোহ্লায় মুখৰ মাত।।৩৮০৷৷

দৈত্যৰ যতেক নাৰী।।

বেঢ়ি চাৱৈ শাৰী শাৰী

এহিগোটা দেৱৰাজ।

আমাসাৰ মাৰে ৰাজ।।৩৮১।।

আমাৰ ৰাজাক যুজৈ।

এৱে কোন মান্য বুজৈ।

নোৱাৰিল দেখি আতি।

থাকিবে দৈত্যতে খাটি।।৩৮২৷৷

ভাগিল সকলে টোল।

দেখা নাই মাত বোল।।

যেন পাইলা পুত্র শোক।

চলি যান্ত দেৱলোক।।৩৮৩।।

কদর্থয় এহি বুলি।

নাচাহন্ত মাথা তুলি।।

চলি যান্ত হেঠ মাথে।

পাছে ত্রিদশৰ নাথে।।৩৮৪।।

বলিৰ পাইলন্ত দ্বাৰ।

ত্রিদশক দিয়া ধাৰ।।

এক ঠাই হুয়া ৰৈলা।

দ্বাৰীক মাতিবে লৈলা।।৩৮৫।।

শুনিয়োক দ্বাৰপাল।

যত দেৱ ভাল ভাল।।

আসিছো আপুন কাজে।।

নাহি কিছো বস্ত্র বাজে।।৩৮৬।।

দেখ তঞি বিদ্যমান।

ৰাজাত দিয়োক জান।।

ঝুমুৰি শঙ্কৰে ভণে।

শুনিয়োক সর্ব্বজনে।।৩৮৭।।

বৈকুণ্ঠক ইচ্ছা যাৰ।

ভাগৱত কথা সাৰ।।

শুনা সৱে সাৱধানে।

যত মহা পাপমানে।।৩৮৮ ।।

ত্বড়িতে যাইবেক ক্ষয়।

পুণ্য হুইবে অভ্যুদয়।।

খণ্ডিবে চৌষষ্ঠি ৰোগ।

মিলিবে সমস্তে ভোগ।।৩৮৯।।

যমৰো গুচিবে দাই।

হিয়ে বিষ্ণু লৈবে ঠাই৷৷

জানি এৰা আন কাম।

নিৰন্তৰে বোলা ৰাম।।৩৯০৷৷

......

।।পদ।।

শুনি দ্বাৰপাল আন্টাইলন্ত দৰদৰি।

ৰাজাক প্রণামি বিনাইলেক কৰযুৰি।।

শুনাহা দেৱাধিদেৱ প্রভু দৈত্যৰাজ।

আসিয়া আচন্ত সৱে দেৱতা সমাজ।।৩৯১।।

নাহি অস্ত্র শস্ত্র মাত্র বস্ৰ শৰীৰত।

শুধা হাতে ইন্দ্ৰ ৰহি আছন্ত দ্বাৰত৷৷

লগত আছন্ত আসি গুৰু বৃহস্পতি।

চেষ্টিয়া চাহিলো কাৰো নাহি আনমতি।।৩৯২।।

জানিলো তোহ্মাত আসি পশিৱে শৰণ।

যেন যুৱাই আদেশিয়ো দেৱৰ কাৰণ।।

হেন শুনি বিমৰিষ কৰে দৈত্যেশ্বৰ।

বৰ বৰ দৈত্যে উঠি দিলন্ত উত্তৰ।।৩৯৩।।

ত্রিদশৰ সকলে ভাৱনা ভৈল চুৰি।

তোহ্মাত পশিল পলাইবাৰ নাই পুৰি।।

অপ্রয়াসে আহ্মাৰ সাধিলা বিধি কাজ।

আজি অকণ্টকা ইটো ভৈল স্বৰ্গৰাজ।।৩৯৪।।

কেহো বোলে দেৱগণ কপটৰ ঘৰ।

কুটনাট কৰি দেৱে মৰাইল বিস্তৰ।।

কিবা মায়া পাতি আসি আছৈ ইন্দ্র ঘাগি।

বুজিসি আনিবা প্রভু সমজ্যাক লাগি।।৩৯৫।।

কেহো বোলে অনেক পুৰুষে দেৱে দন্দি।

আজ্ঞা কৰা ত্রিদশক বেঢ়ি কৰো বন্দী।।

দশকলা জিঞ্জিৰি লগাও গলে হাতে।

আন শাস্তি লাগে সৱাকো মাৰো ভাতে।।৩৯৬।।

কেহো বোলে দেৱতাৰ ভাঙ্গো সৱে টোল।

আজ্ঞা কৰা বেঢ়ি ধৰো গলে লগা ডোল।।

বানৰক যেন নচুৱাঞো ঘৰে ঘৰে।

চাউল মাগি খাউক সৱে প্ৰাণৰ কাৰে।।৩৯৭।।

হেন শুনি পাছে দৈত্যেশ্বৰ মহামানী।

সৱাকো নিষেধি হেন বুলিলন্ত বাণী।।

মোৰ গৃহাগত আসি ভৈলা দেৱগণ।

কিসক বোলাহা হেন অযোগ্য বচন।।৩৯৮৷৷

যেৱে মহাশত্রুসৱো হোৱয় অতিথি।

দেৱহেন মানি তাকো কৰিবা ভকতি।।

পূৰ্ব্ব গুণ দোষ কিছু নকৰি বিচাৰ।

হেনসে শাস্ত্ৰৰ নয় ধর্ম ব্যৱহাৰ।।৩৯৯।

দেৱতাৰ মায়াক মোহোৰ শঙ্কা নাই।

কপট কৰিয়া কাৰ উৰুৱাইবে ছাই।।

হেৰ দ্বাৰপাল ঝান্তে দ্বাৰ দেহ ছাড়ি।

আসোক দেৱতাগণ সমজ্যাক লৰি।।৪০০।।

শুনি দ্বাৰপালে দ্বাৰ দিলা তাৱক্ষণে।

ইন্দ্রক আৱৰি পশিলন্ত দেৱগণে।।

নাহি কথা মাত বোল শঙ্কিত স্বভাৱ।।

ইন্দ্রক দেখিয়া বলি চালিলন্ত গাৱ।।৪০১।।

ভৰি পাঞ্চ সাত আগ বাঢ়ি ৰঙ্গমনে।।

আঙ্কোৱালি ইন্দ্রক বৈসাইলা সিংহাসনে।।

নমস্কাৰ কৰি দৈত্যৰাজ ভৈলা থিৱ।

কপটে বোলন্ত ইন্দ্ৰে হুয়ো চিৰঞ্জীৱ।।৪০২।।

সেহি সিংহাসনে পাচে বসি মহাবল।

ইন্দ্রক সাদৰি ৰাজা পুছিলা কুশল।।

আনো দেৱতাক বলি দিলা অনুমতি।

শুক্রৰ আসনে বসিলন্ত বৃহস্পতি।।৪০৩৷৷

বসিলা জয়ন্তে পাছে বাণৰ আসনে।।

তাড়কে সহিতে গৈয়া বসিলা পৱনে।।

জম্ভে সমন্বিতে বসিলন্ত যমৰায়।

বৰুণে সম্বৰে বসিলন্ত একে ঠাই।।৪০৪।।

নৰকৰ আসনত সূৰ্য্য গৈলা চলি।

ৰাহুৰ চন্দ্ৰৰ লাগি গৈল গলাগলি।।

ময় বিশ্বকৰ্ম্মা হাস্য কৰিলা প্রকটি।

ত্রিপুৰে কুবেৰে ভৈলা সাৱটা সাৱটি।।৪০৫৷৷

অশ্বিনীকুমাৰ মহিষৰ সমীপত।

বসিলন্ত ৰুদ্রগণ জম্ভৰ লগত।।

সমজ্যাক গৈল আনো যত দেৱগণ।

সৱাকো দিলন্ত দৈত্যে অৰ্দ্ধেক আসন।।৪০৬।।

যেন অশ্ব মহিষে ভৈলেক এক ঠাৱ।

হস্তী সিংহে ভৈল যেন মিত্ৰৱতী ভাৱ।।

অন্যোঅন্যে কথা কহি কৰন্ত উচ্চুক।

সৱাকো সম্বুধি ইন্দ্ৰে কৰিলা নিচুক।।৪০৭৷৷

বলিক সম্বুধি পাছে দিলন্ত উত্তৰ।

আছিলন্ত হিৰণ্যকশিপু দৈত্যেশ্বৰ।।

সম্বন্ধত তেহন্তে সাপত্নী মোৰ ভাই।

ৰাজ্যভাৰ লৈলা কাঢ়ি আহ্মাক খেদাই।।৪০৮।।

অনেক নিকাৰ দুখ দিলা মহা কষ্ট।

গোত্র বিৰোধত পাছে তেহো ভৈলা নষ্ট।।

তানে পুত্র ভৈলা আসি বৈষ্ণৱ প্রহ্লাদ।

সুখে কাল গৈল যাৰ নাছিল বিৱাদ।।৪০৯।।

তাহান তনয় বিৰোচণ তযু তাত।

একে কশ্যপত হন্তে সৱে ভৈলো জাত৷৷

কাল বিধি আহ্মাক কৰাৱে লটিঘটি।

কেনে দেৱাসুৰে মৰো কৰি কাটা কাটি।।৪১০৷৷

ইটো ৰাজ্যভাৰে কাকো নাটে মনে গুণা।

আসা সমৱন্তি হঞো যেৱে বুদ্ধি শুনা।।

দেৱে দৈতে যেৱে আমি থাকো একেতৰে।

কাক দৰ আছে তেৱে ব্রহ্মাণ্ড ভিতৰে।।৪১১।।

আপুনি পণ্ডিত তুমি পৰম সুবোধ।

ভাঙ্গিয়োক এৱে দেৱ দৈত্যৰ বিৰোধ।।

এহিসে কাৰণে ভৈলো তযু গৃহাগত।

আন চিত্ত আছে যেৱে তোহ্মাৰ শপত।।৪১২।।

হেন শুনি সমিধান দিলা দৈত্যেশ্বৰ।

অকাৰণে কৰে দ্বন্দ্ব কোননো বৰ্ব্বৰ।।

তুমি আমি যেৱে সমৱন্তি হঞো দুই।

খণ্ডে উতপাত ত্রিজগতে সুখী হুই।।৪১৩৷৷

সম্বন্ধত গৰিষ্ঠ আহ্মাৰ তুমি জ্যেষ্ঠা।

স্বৰূপত জানিলো তোহ্মাৰ আমি বেটা।।

পুত্র নিদাৰুণ যদি হোৱৈ কদাচিত।

নুহিবে দাৰুণ পিতৃ হেনসে উচিত।।৪১৪।।।

হেন জানি তুমি পূৰ্ব্ব দোষক মৰষি।

হুয়ো সুপ্রসন্ন দেৱৰাজ মহাযশী।

মোৰ গৃহাগত আসি ভৈলা দেৱগণ।

ভৈলো সমৱন্তি সৱে ভৈলো শুদ্ধমন।।৪১৫৷৷

এহি বুলি বলিৰায় দিলা হাত বাৱ।

কৈত সেনাপতি গণ ঝান্তে আগুৱাৱ।।।

লুৰি আনি আছোহো দেৱৰ ধন যত।

আহ্মাৰ আদেশে আনি দিয়োক সমস্ত।।৪১৬।।

আজি ধৰি দিলো যত দেৱক নিৰ্ভয়।

এহি শুনি ত্রিদশে কৰিলা জয় জয়।।

দৈত্যগণে ৰাজাৰ আজ্ঞাক শিৰে ধৰি।

দেৱৰ সর্ব্বস্ব মানে দিলা বাজ কৰি।।৪১৭৷৷

হেন দেখি অশেষ ইন্দ্ৰৰ ৰঙ্গ মন।

সার্থক বুলিলা বাক্য দেৱ নাৰায়ণ।।

আৱেসে জানিলো মনোৰ্থ হৈব সিদ্ধি।

দুনাই মাতিলা ইন্দ্রে বলিক সম্বোধি।।৪১৮।।

আনো হিত কাৰ্য্য কহো শুনা মহাৰথি।

অমৃতক পাই ক্ষীৰ সাগৰক মথি।।

বুলিলা ঈশ্বৰে মোত এহি তত্ত্ব বাণী।

কৰিব মথনি দাণ্ডি মন্দৰক আনি।।৪১৯।।

মথিয়ো অমৃত বাসুকিক জৰী কৰি।

মঞি অনুকূল হুইবো বুলিলন্ত হৰি।।

দেৱগণে আমি নোৱাৰোহো তাক আটি।

আসা অমৃতক খাঞো দুয়ো ঘৰে বাটি।।৪২০৷৷

অমৃতক পিলে হৈবো অজৰ অমৰ।

হেন জানি হেলা নকৰিবা দৈত্যেশ্বৰ।।

দেৱে দৈত্যে আমি যেৱে হঞো একমত।

কোনবা অসাধ্য আছে ই তিনি লোকত।।৪২১৷৷

হেন শুনি বলি মাতিলন্ত মনে গুণি।

অমৃতৰ কথাক আমিয়ো আছো শুনি।।

পৰম দুর্ল্লভ অমৃতক যেৱে পাঞো।

আউৰ কিবা চাঞো আসা এতিক্ষণে যাঞো।।৪২২।।

বৰ বৰ দৈত্যক বুলিলা দৈত্যৰায়।

হুয়ো একথান সৱে নিশান কোবাই।।

সত্বৰে বজায়ো আসি মহা মহাৰথী।

অমৃতক খাঞো ক্ষীৰ সাগৰক মথি।।৪২৩।।

ৰাজাৰ আদেশ নিশানত দিল বাৰি।

কাচি পাৰি আইল দৈত্যসেনা বাসা ছাড়ি।।

কাল পিম্পৰাৰ ধাৰী ওহ্লাই যেন চানি।

অমৃতৰ কথাত জিহ্বাৰ পৰৈ পানী।।৪২৪।।

ইন্দ্রক বোলন্ত জ্যেষ্ঠ যায়ো আগ হুই।

মেৰুৰ মূলত এক ঠাই হুইবো দুই।।

দেৱসেনাগণক কৰিয়ো এক ঠাই।

এহি বুলি সমিধান দিলা বলিৰায়।।৪২৫।।

হেন বাণী শুনি ইন্দ্রে সমে দেৱবর্গ।

বায়ুবেগে বাসৱ তড়িতে পাইলা স্বর্গ।।

নিশান বজাই আদেশিলা দেৱৰাজ।

তিনিধিক ত্রিংশ কোটি সেনা ভৈলা সাজ।।৪২৬।।

আপোনাক দঢ়ে লড়ি গৈলা বজ্ৰধৰ।

কাচি পাৰি যান্ত দেৱগণ নিৰন্তৰ।।

মৃদঙ্গ দুন্দুভী শঙ্খ শৱদ তম্রোলে।

নামিলা তেখনে মেৰু মন্দৰৰ মূলে।।৪২৭।।

বলিয়ো চলিলা চমৎকাৰ বীৰ কাছে।

পঞ্চত্রিংশ কোটি যুথে যায় আগে পাছে।।

সীমা সংখ্যা নাই যত গজ বাজী ৰথ।

চূর্ণাকৃত কৰি যায় গিৰি বন পথ।।৪২৮৷৷

ক্ষণেকে পৃথিৱী পাইলা পাতালক ছাড়ি।

ঢাক ঢোল তবল মাদল বাৱৈ ভেৰী।।

স্বৰ্গত লাগিল গৈয়া শৱদ তম্রোল।

আৰম্বৰ চপকৰে পাইলা মেৰু মূল।।৪২৯।।

দেৱত মিসিল সেনাবল দানৱৰ।

একত্রিত ভৈল যেন দুখান সাগৰ।।

মন্দৰক পাইলা মেৰু পৰ্ব্বতৰ ঢোঙ্কা।

দেৱে দৈত্যে বেঢ়িলা বৃক্ষক যেন কোঙ্কা।৪৩০।।

বেৰে দশ হাজাৰ প্ৰহৰ পাই ওৰা।

পঁচিশ হাজাৰ প্ৰহৰৰ প্রস্থ চৰা।।

হেন মন্দৰক ধৰি দেৱাসুৰ বল।

পচলাক লাগি যেন জঙ্কাৰন্ত কল।।৪৩১৷৷

তোল তোল বুলি ৰিঙ্গ পাৰে শাৰী শাৰী।

দোঙ্গা দিয়া পর্ব্বতক তুলিলা উভাৰি।।

দিলেক জোকাৰ দেৱ দৈত্যৰ কটক।

ৰোলেকে উথলি ভেদিলেক ব্রহ্মলোক।।৪৩২।।

বলিৰায়ে বাসৱে বান্ধিলা এক সাঙ্গি।

ভৈল বুলি প্রথমে দুইহন্তে লৈলা দাঙ্গি।।

বৰুণে সম্বৰে দুয়ো ভৈলা জুলি বাটি।

কুবেৰে নিকুম্ভে লৈয়া যান্ত পৰিপাটি।।৪৩৩।।

একাদশ ৰুদ্ৰসমে লৈ যান্ত ত্রিপুৰে।

পৱনে তাৰকে লৈল যমে জম্ভাসুৰে।।

জয়ন্তকুমাৰে বাণে ভৈলা এক জুলি।

সূৰ্য্যে সম্বাসুৰে সাঙ্গ বান্ধি লৈলা তুলি।।৪৩৪।।

অশ্বিনী কুমাৰ সমে হয়ঞ্জীৱ বীৰে।

নমুচি দানৱে চন্দ্রে যান্ত ধীৰে ধীৰে।।

আনো দেৱাসুৰে হাতকি যান্ত ধৰি।

পলায় বাঘ ঘোঙ সিংহ দেৱাদেই কৰি।।৪৩৫।।

ফোম্পায় সর্পসৱ হস্তীগণ চিহৰয়।

উৰি পৰে পক্ষীসৱ দেখি বিপৰ্য্যয়।।

কাস্পন্ত পৃথিৱী মহা পৰ্ব্বতৰ ভৰে।

দলদপ কৰে দেৱ দানৱৰ গিৰে।।৪৩৬।।

এহিমতে মক নেন্ত দেৱাসুৰে।

পৰ্ব্বতক পেহ্লায়া পলাইলা কতো দূৰে।।

থিৰ নহে ভৰি ঘৰ্ম্ম বহি যায় গোটে।

ফুটি যায় কন্ধ যেন মহাভাৰ চোটে।।৪৩৭৷৷

দেৱ দানৱৰ ভাঙ্গি গৈলা আটি মুটি।

পাৰে গেৰি মৰো মৰো প্রাণ যায় ফুটি।।

চাপৰন্তে যাই কেহো কেহো হোৱে কুজা।

কতো চণ্ডী সুমৰয় কতো দশভুজা।।৪৩৮।।

পৰ্ব্বতৰ গুৰু ভাৰে প্রাণ যাই ছাড়ি।

বলি ইন্দ্রে প্রথমে পেহ্লাইলা সাঙ্গিবাৰি।।

আনো আনো সাঙ্গিয়াৰ যত দেৱাসুৰ।

পৰ্ব্বতক পেহ্লাই পলায় কতো দূৰ।।৪৩৯।

পৰিল মন্দৰ গিৰিগোটা গিৰিসাই।

সসাগৰা ভূমি কম্পি কম্পি লৈলা ঠাই।।

অনেক পৰ্ব্বত গ্রাম ভৈল মষিমূৰ।

চুর্ণাকৃত ভৈল ষাঠি লক্ষ দেৱাসুৰ।।৪৪০৷৷

কাহাৰো ভাঙ্গিলা ভৰি উৰু কৰ কটি।

কাৰো শিৰ কৰ্ণ চক্ষু ফুটিল নাকটি।

আণ্ঠু ঠেঙ্গ ভাঙ্গি কাৰো বাজ ভৈলা ঘিলা।

কাৰো হাৰ ঘাৰ বিহৰিল পৰি শিলা।।৪৪১৷৷

কাৰো এক ভৰি ভৈল পৰ্ব্বতৰ হেট।

দোঙ্গা দোঙ্গি পৰয় মাটিত ঘসাই পেট।।

কাৰো দুই হাতক পর্ব্বতে আছৈ ঝান্তি।

এইবাক লাগি কৰৈ অনেক আক্রান্তি।।৪৪২।।

হাত ভৰি ভাঙ্গা দেৱে কৰে আৰ্ত্তনাদ।

হৰি হৰি কৃষ্ণ কিনো কৰাইলা প্রমাদ।।

তোহ্মাৰেসে বুদ্ধি আনো পর্ব্বত উভাৰি।

ৰঙ্গ চাই আছা প্রভু আমাসাক মাৰি।।৪৪৩।।

দুর্গতি এৰাইবে লাগি গৈলো তযু পাশ।

তোহ্মাৰ উপায়ে আমি ভৈলো সৰ্ব্বনাশ।।

কোন শত্রু আমি কিয় কৰিলা কপট।

খুজি লুৰি খাইবাৰো ভাঙ্গিলা সৱে পট।।৪৪৪।।

তযু পদ সেৱাত হেনসে গতি ভৈল।

চোতাল মেলান্তে মজিয়ায়ো বন্ধ গৈল।।

তুমিসি আহ্মাৰ গতি মতি জীৱ প্রাণ।

সঙ্কট বেলাত হেৰা কৰা পৰিত্ৰাণ।।৪৪৫।।

এহিমতে দেৱগণে পাৰে আৰ্ত্তৰাৱ।

নাহি শ্রুতি জ্ঞান বুদ্ধি বাতুল স্বভাৱ।।

ভণিল শঙ্কৰে কৃষ্ণ পদ শিৰে ধৰি।

সমস্তে সমাজে ডাকি বোলা হৰি হৰি।।৪৪৬।।

.......

।।দুলড়ী।।

দেৱৰ দুর্গতি      দেখি লক্ষ্মীপতি

আৰোহিলা গৰুড়ত।

নিজ ৰূপ ধৰি     তৈতে শ্রীহৰি

তেখনে ভৈলা বেকত।।

মৰকত শ্যাম      তনু অনুপাম

দীর্ঘ চাৰি ভুজ তুলি।

ধৰি আছা অস্ত্র    গাৱে পীত বস্ত্র

মেঘত যেন বিজুলী।।৪৪৭।।

কমল নয়ন       প্রসন্ন বদন

চন্দ্রতো অধিক জ্বলে।

জগত দুর্ল্লভ      কণ্ঠত কৌস্তুভ

নৱ সূৰ্য্য সম গলে।।

দিব্য অলঙ্কাৰে     দেহা দীপ্তি কৰে

গলে বনমালা শোভে।

অনেক ভ্ৰমৰে      তাতে ৰোল কৰে

দিব্য মধু গন্ধ লোভে।।৪৪৮।।

ৰতনে খচিত      নূপুৰে ৰঞ্জিত

পাদপদ্ম দুই খানি।

যাক যোগীগণে     চিন্তে সৰ্ব্বক্ষণে

জগততে সাৰ জানি।।

হৰিৰ দীপিতি     দেখন্তে তৃপিতি

ত্রৈলোক্য মোহন বেশ।

কোটি কামদেৱো    ওচৰ নপাৱে

প্রকাশন্ত হৃষীকেশ।।৪৪৯৷৷

মাধৱক পাইল     যেন ধাতু আইল

খোৰা কোঙ্গা দেৱ জাকে।।

ত্রাহি ত্রাহি বুলি    দুয়ো হাত তুলি

চৌভিতিৰ পৰা ডাকে।

দেৱৰ বীভৎস     দেখিয়া শ্রীবৎস

কৰিলা খেদ অনেক।

চক্ষু ফুৰাই চাইলা   কটাক্ষে জীয়াইলা

মৃতক দেৱ যতেক।।৪৫০৷৷

যত দৈত্যমানে     মৰি আছে প্রাণে

সৱে সেহিমতে ৰৈল।

কৃষ্ণ প্রসাদত      দেৱগণ যত

দুনাই পূৰ্ব্বৱত ভৈল।।

যিবা হাত ভৰি    ভাঙ্গি আছে পৰি

সৱে ভাল ভৈলা পাছে।

কৃষ্ণৰ চৰণ       সেৱৈ যিটোজন

তাৰ মন্দ কৈত আছে।।৪৫১৷৷

অনন্তৰে হৰি      বামহাতে ধৰি

মন্দৰক তুলি আনি।

আতি অপ্রৱন্ধে     গৰুড়ৰ স্কন্ধে

থৈলা দেৱ চক্রপাণি।।

বিনতা নন্দন      কৃষ্ণৰ বাহন

পীড়া নজানিল তাত।

মহামত্ত লীলা      কৰি উল্লসিলা

হাজাৰ দশেক হাত।।৪৫২।

ৰঙ্গে বিষ্ণুৰথ      ধৰিলন্ত পথ

ক্ষীৰ সাগৰক লাগি।

পাখিৰ ছান্টিত     পৰিল মাটিত

শাল তাৰ বৃক্ষ ভাগি।।

আনো পৰ্ব্বতৰ     খসিয়া শিখৰ

পৰে গৰাগৰি বাটি।

চৰণৰ জাম্পে     ত্ৰিজগত কাম্পে

জল বজায় মাটি ফাটি।।৪৫৩৷৷

দেৱ দৈত্যচয়      ভৈলন্ত বিস্ময়

অদভুত দেখি আতি।

মুখ্য মুখ্য মানে    ধৰিলা যোগানে

বান্ধিয়া ঘাগৰি গতি।।

মাধৱক বেঢ়ি      যায় কৰযুৰি

দেৱে দৈত্যে ঊৰ্দ্ধ দৃষ্টি।

কৃষ্ণৰ শিৰত      সিদ্ধ মুনি যত

কৰি যান্ত পুষ্প বৃষ্টি।।৪৫৪৷৷

ব্রহ্মা প্রজাপতি     কৰি তুতিনতি

বোলন্ত প্রশংসা বাণী।

ক্ষীৰ সাগৰৰ      পাইলন্ত কাখৰ

এহিমতে চক্রপাণি।।

পাছে নাৰায়ণে     নামি তাৱক্ষণে

তীৰত পৰ্ব্বত থৈলা।

আশ্বাসিয়া আনি    দিলন্ত মেলানি

গৰুড়ো ঘৰক গৈলা।।৪৫৫৷৷

পাছে নাৰায়ণে     বুলিলা বচন

দেৱ দানৱক চাই।

হেলা কৰা কিক    আনা বাসুকিক

পাতাল পুৰীক যাই।।

শুনি ইন্দ্র বলি     দুয়ো গৈলা চলি

বাসুকিক পাইলা লাগ।

বোল মাত কৰি    আনিলা সাদৰি

অমৃতৰ সমভাগ।।৪৫৬।।

দেখি চক্রপাণি     মন্দক সাদৰি

কৰিলা মথন দাণ্ডি।

বাসুকিক ধৰি     কৰিলন্ত জৰী

পৰ্ব্বতে মেঢ়ায়া গাণ্ডি।।

দেৱগণ সমে      মাধৱে প্রথমে

ধৰিলা শিৰৰ ভিতি।

দৈত্যক বোলন্ত     তোৰা লাঙ্গুলত

ধৰিয়োক অৱহিতি।।৪৫৭৷৷

........

।।ছবি।।

হেন শুনি দৈত্যজাক      নমানি কৃষ্ণৰ বাক

ৰোষ কৰি ঠেস জুৰি ৰৈল।

দেৱে আগে মুণ্ড লৈল     আহ্মাক লাঙ্গুল থৈল

এৱেসে সকলে মান্য ভৈল।।

আমি বৰ বৰ দৈত্য      আহ্মাক নজানে কৈত

কৰো মহা যজ্ঞ দান ব্রত।

কুৎসিত সৰ্পৰ লাঞ্জে      ধৰিবো কমন কাজে

লাদ মূত্র লাগিব হাতত।।৪৫৮৷৷

অমৃততো দায় নাই      কষ্টে উঠি চলি যায়

দেখি জগতৰে আদি মূলে।

বাসুকিৰ মুণ্ড এড়ি       হাসিয়া সঙ্কেত কৰি

দেৱ সমে ধৰিলা লাঙ্গুলে।।

দৈত্যক বোলন্ত হেৰা      তোৰায়ে শিৰত ধৰা

নজানিয়া ধৰিলোহো আগে।

হেন বাক্য শুনি আসি     ৰঙ্গে দৈত্যে বস্ত্র কাচি

ধৰিল সৰ্পৰ শিৰ ভাগে।।৪৫৯।।

পৰম কৌতুক ভৈলা      সাগৰ মথিবে লৈলা

দেৱাসুৰ গণে বাণ্টি জুলি।

অগাধ সাগৰ জল       ৰহিবাৰ নাহি থল

তল গৈল মন্দৰ সমূলি।।

হাতত বাসুকি লৈ       পৰ্ব্বত হোসকি গৈল

দেখি সৱে থিয়য়ে মৰিল।

একো কথা মাত নাই     চিত্ৰৰ পুতলি প্রায়

যেন মুণ্ডে স্বৰগ পৰিল।।৪৬০৷৷

বিৱর্ণ সৱাৰো মুখ       কৰৈ চিন্তা আতিদুখ

কিনো চাৰ কপাল আহ্মাৰ।

অমৃতৰো গৈল আশ      আৱেসে গুচিল সাস

মিছাত কন্ধাইলো মহা ভাৰ।।

আমি দেৱাসুৰ জাক      স্থলতে নাটিলা যাক

জল হন্তে আনিবো কমনে।

হৰি হৰি দেৱ বিধি      কাৰ্য্যৰ নভৈল সিদ্ধি

কান্দে বসি দেৱাসুৰগণে।।৪৬১।।

নমো নমো জগন্নাথ      চৰণে নমায়া মাথ

দণ্ডৱত কৰি শতবাৰ।

কৃষ্ণৰ ভৃত্যৰো ভৃত্য      শঙ্কৰে ৰচিলা গীত

অমৃত মথন কথা সাৰ।।

শুনিয়োক সৱে হিত      কৃষ্ণত অর্পিয়া চিত

সংসাৰ তড়িবা তেৱে সুখে।

মিছাতেসে নিয়া কাল     এৰা আন আলজাল

হৰি হৰি বোলা ঝান্তে মুখে।।৪৬২।।

            ।।কুৰ্ম্ম-অৱতাৰ।।

                     ।।পদ।।

 

শুক নিগদতি ৰাজা শুনিয়ো প্রস্তুত।

ভাগৱত কথা পাতেকৰ যমদূত।।

একচিত্তে শুনিলে মুকুতি পদ পায়।

এৰায় গৰ্ভবাস গুচৈ যমৰ সৱে দায়।।৪৬৩৷৷

এহিমতে দেৱাসুৰে কৰন্ত বিষাদ।

মাধৱে বোলন্ত দেখো মিলিল প্রমাদ।।

অগাধ সাগৰ জল নমনিয় পাৰ।

কেনমতে মন্দৰক কৰিবো উদ্ধাৰ।।৪৬৪৷৷

হেন গুণি নাৰায়ণে মনে কৰি জপ।

এক ৰূপে তেতিক্ষণে ভৈলন্ত কচ্ছপ।।

বহলে দীঘলে একোমতে নুহি খাট।

শৰীৰে জুৰিলা লক্ষ প্রহৰৰ বাট।।৪৬৫৷৷

থুলন্তৰ অঙ্গ জাঙ্গ দেখন্তে সুঠান।

পৰম সুন্দৰ অতি পৰ্ব্বত সমান।।

পাতাল সমান মুখ ভয়ঙ্কৰ ওঁঠ।

গলগোট তুলিলে স্বৰ্গত লাগে ঠোঠ।।৪৬৬।।

দেখি ভয়ভীত ভৈলা যত দেৱাসুৰ।

নাকৰ বতাসে জুৰি গৈলা কতো দূৰ।।

গাৱ মূৰি দিয়া মহা কুৰ্ম্মে তুলি হামি।

দিলা বুৰ তেৱে সাগৰৰ জলে নামি।।৪৬৭।।

কম্পি গৈল পৃথিৱী সাগৰ খলকিল।

কাখৰ পলম্পি দেশ অনেক বুৰিল।।

মগৰ কুম্ভীৰ ভয়ে পশিল পাতাল।

মিলিল প্রলয় প্রজা কৰয় ঘঞ্চাল।।৪৬৮৷৷

মন্দৰক কচ্ছপে পাইলেক গৈয়া ভেট।

কাতিকুতা কৰি পাছে ভৈল তাৰ হেট।।

ভৰি খুম্পি কচ্ছপে ঊৰ্দ্ধক দোঙ্গা দিল।

মন্দৰ পৰ্ব্বত পুঙ্গা যেন উপঙ্গিল।।৪৬৯।।

পাছে দেৱাসুৰগণে দেখি গিৰি শৃঙ্গ।

খণ্ডিল বিষাদ সৱে ৰঙ্গে দিলা ৰিঙ্গ।।

আথে বেথে বাসুকিক ধৰি সাজু ভৈলা।

পূৰ্ব্বৱতে মেৰাই পুনু মথিবাক লৈলা।।৪৭০৷৷

টানে দেৱ দানৱে আক্রান্তি আতি কৰি।

তলত কচ্ছপে পিঠি পাতি আছা ধৰি।।

মহাচোটে পৰ্ব্বতত লাগৈ ঘৰিষণ।

কিবা সুৰ সুৰাই হেন কচ্ছপৰ মন।।৪৭১৷৷

পাকৰ বেগত গিৰি উঠে আৰো পৰৈ।

পিঠি খুজৱায় বুলি আতি নিদ্রা চড়ৈ।।

ঘূঙ্ঘূৰি বজান্তে শ্বাস বসয় নাকৰ।

উখল পাখল কৰৈ দুগ্ধৰ সাগৰ।।৪৭২৷৷

আজোৰন্তে দেৱাসুৰে বাসুকিক ধৰি।

ছিণ্ডি যান্ত নাগৰাজ আকলিলা হৰি।।

একৰূপে তাহান ভৈলন্ত অভ্যন্তৰ।

ভৈলা বজ্রময় বাসুকিৰ কলেৱৰ।।৪৭৩৷৷

দেৱতাৰ লগত তানন্ত দেৱহৰি।

অসুৰৰ লগত অসুৰ ৰূপ ধৰি।।

উভয় দলৰ বীৰ্য্য বলক বঢ়ান্ত।

বিষ্ণুৰ মায়াৰ কেহো উমান নপান্ত।।৪৭৪৷৷

মন্দৰৰ উপৰত চড়ি জগন্নাথে।

মেহ্রায়া ধৰিল সিটো হাজাৰেক হাতে।।

ব্রহ্মায়ে দেখন্ত তাঙ্ক নেদেখন্ত কেৱ।

অন্তৰীক্ষে স্তুতি কৰে ব্ৰহ্মা মহাদেৱ।।৪৭৫৷৷

বৰিষন্ত পুষ্প যত মহাসিদ্ধ মুনি।

আকাশ ছানিয়া দেৱবাদ্য ৰাৱ শুনি।।

মাধৱে বঢ়ান্ত তেজ দেৱদানৱৰ।

পৰম উৎসুকে সৱে মথন্ত সাগৰ।।৪৭৬।।

আজোৰয় দেৱাসুৰে বাসুকিক ধৰি।

মন্দৰ পৰ্ব্বত যেন ফুৰয় টাকুৰি।।

পৰ্ব্বতৰ পাকত যেন সাগৰো পাক লৈল।

হুৰ হুৰ শৱদে আন্দোল উঠি গৈল।।৪৭৭৷৷

প্রলয় মেঘৰ যেন শৱদ তম্বুল।

উজৰিল জলজন্তু কৰৈ হুলস্থূল।

মগৰ কুম্ভীৰ মৎস কচ্ছপৰ পাল।

জীৱ ভয়ে বুৰ দিয়া পশিল পাতাল।।৪৭৮৷৷

মথে দেৱাসুৰগণে পাৰন্ত জোকাৰ।

চোট পায়া নাগৰাজে কৰন্ত ফোঁকাৰ।।

যুগান্ত কালৰ যেন বতাস শোষয়।

হাজাৰেক মুখে বিষ অগনি বজায়।।৪৭৯।

যত দৈত্যগণে ধৰি আছে শিৰ ভাগে।

ভমক ভমক বহ্নি শৰীৰত লাগে।।

ভৈল চেঞ্চা পোড়া দৈত্যগণ নিৰন্তৰ।

তাৰক নৰক ৰাহু ত্রিপুৰ সম্বৰ।।৪৮০৷৷

কালকুঞ্জ জম্ভ শুম্ভ নিশুম্ভ দন্দুৰ।

কালনেমি নমুচি মহিষ ময় মূৰ।।

বলি বাণ বৃত্ৰ বিৰোচন চাৰুকর্ণ।

যেন পোৰা শিলি ভৈল বিৱর্ণ বদন।।৪৮১।।

যেন আতি সৰল উচ্ছৃত বৃক্ষচয়।

বনজুইত পুৰিল দেখিয় সেহি নয়।।

তথাপিতো দানৱে নকৰে পাছ ভৰি।

লাজত থাকিয়া টানে মৰো জীঞো কৰি।।৪৮২।।

লাই পাই দেৱগণে হাসিবে আহ্মাক।

এড়িবাক খোজে যিটো তাকো দেই হাক।।

নেৰিবা নেৰিবা যাৱে প্রাণ থাকে মানে।

এহি বুলি দাৰুণ দানৱগণে টানে।।৪৮৩৷৷

দেৱতো লাগিল আসি বহ্নিৰ হাপাস।

তাকো সহিবাক দেৱে নকৰন্ত সাস।।

ধূম্রে বিয়াপিত মুখ বসন ভূষণ।

অধোমুখে নিৰুৎসাহ ভৈলা দেৱগণ।।৪৮৪৷৷

এৰিবাক লাগিয়া সৱাৰো ভৈল মন।

হেন দেখি পাছে কৃপাময় নাৰায়ণ।।

আদেশিলা মেঘক দেৱক দায়াতৰে।

কৰিলা কণিকা বৃষ্টি দেৱৰ উপৰে।।৪৮৫৷৷

বতাসে যোগাৱে সাগৰৰ ছিটাজল।

জুড়াইল শৰীৰ দেৱতাৰ বাঢ়ে বল।।

কৃষ্ণৰ প্ৰসাদে সৱে এড়াইলন্ত পীড়া।

মথন্ত সাগৰ দেৱে কৰি মহাক্রীড়া।।৪৮৬৷৷

এহিমতে দেৱাসুৰে মথন্ত সাগৰ।

উথলিল ৰোল আতিশয় ভয়ঙ্কৰ।।

মহাভয়ে জলজন্ত্ত পলাই দশোদিশ।

প্রথমে উঠিলা আসি হলাহল বিষ।।৪৮৭।

অযুতেক সূৰ্য্য যেন প্রকাশ যাহাড়।

প্রলয়ৰ বহ্নি যেন দেখি চমৎকাৰ।।

বিষৰ জ্বালায়ে বিয়াপিল দশোদিশ।

দেখি দেৱদৈত্যৰ লাগিল উষমিষ।।৪৮৮৷৷

মিলিল প্রলয় বুলি ভয় ভৈল বড়।

বাসুকিক এৰি সৱে দিলেক লৱড়।।

কালে পাইলে বুলি চতুর্ভিতি দেই গেড়ি।

পলাই প্রজাপতিগণো আর্ত্তনাদ কৰি।।৪৮৯৷৷

বিষৰ জ্বালায়ে জগতকে নেই দহি।।

সহিবে নপাৰি ৰসাতলে যায় মহী।।

দশোদিশে কৰৈ প্রজা হাহাকাৰ ৰোল।

ভয় হুয়া ব্রহ্মা গৈলা শঙ্কৰৰ কোল।।৪৯০৷৷

পাৰ্ব্বতী সহিতে হৰ আছন্ত কৈলাসে।

তাহান্তে শৰণ সৱে লৈলা মহাত্রাসে।।

সুৰাসুৰ সহিতে কন্ত ব্রহ্মা স্তুতি।

ত্রাহি ত্রাহি পাৰ্ব্বতীবল্লভ পশুপতি।।৪৯১।

ত্রৈলোক্য দহৱৈ বিষে কৰা পৰিত্ৰাণ।

তুমি বিনে আহ্মাক ৰাখন্তা নাহি আন।।

তুমি স্ৰজা তুমি পালা তুমিসি সংহৰা।

নানা অৱতাৰে তুমি ভূমিক উদ্ধাৰা।।৪৯২।।

তুমি চৰাচৰময় পুৰুষ অনাদি।

জগত স্বৰূপে আছা ব্ৰহ্মক উছাদি।।

স্বর্গে শিৰ ভৈলা যাৰ পদে ক্ষিতি তল।

নাভি ভৈল গগন ৰেতস ভৈলা জল।।৪৯৩।।

পঞ্চ উপনিষদে বদন পঞ্চ দেখি।

জিহ্বা ভৈলা অনল সমুদ্র ভৈলা কুক্ষি।।

সূৰ্য্যে ভৈলা চক্ষু চন্দ্রে ভৈলা তযু মন।

কর্ণে ভৈলা দশোদিশ পৱনে বসন।।৪৯৪।।

বৃক্ষে ভৈল ৰোম পৰ্ব্বতে অস্থিচয়।

নাড়ীগণে নদী ৰূপে ভৈলন্ত হৃদয়।।

যত মহামন্ত্র ভৈলা দশন পঙ্কতি।।

নমো নমো চৰাচৰ প্ৰভু পশুপতি।।৪৯৫।।।

প্রণামো কন্দর্প দিব্যনাৰী মনোহাৰী।

ভকত নিস্তাৰী অৰি অসুৰ সংহাৰী৷৷

বৃষভ সঞ্চাৰী অৰ্দ্ধনাৰী প্রিয়কাৰী।

নমো ত্ৰিপুৰাৰি নাগধাৰী শূলধাৰী।।৪৯৬।।

দুষ্টক নিকালি মহন্তক প্রতিপালি।

নৰমুণ্ডমালী নমো মহা বলশালী।।

দুর্গতিতাড়ক নমো নমো ত্ৰিপুৰাৰি।

ভকত জনৰ তুমি মহা প্রিয়কাৰী।।৪৯৭।

বিঘ্নবিনাশক নমো ব্রহ্ম বিধায়ক।

সৃষ্টি বিধায়ক নমো বেদান্তগায়ক।।

ডম্বৰুবায়ক নমো জগতনায়ক।

খট্টাঙ্গশায়ক নমো মুকুতিদায়ক।।৪৯৮।।

যিবা জনে সংখ্যা কৰে গগনৰ তাৰা।

যিটো লেখে যতেক বৃষ্টিৰ জলধাৰা।।

গণিবাক পাড়ৈ পৃথিৱীৰ যত ধূলি।

তোহ্মাৰ গুণক সিয়ো নজানে সমূলি।।৪৯৯।।

অচিন্ত্য মহিমা তুমি পুৰুষপুৰাণ।

সঙ্কট বেলাত আৱে কৰা পৰিত্ৰাণ৷৷

মহাভয় হুয়া আমি সুৰাসুৰগণে।

শৰণ পশিলো তযু অভয় চৰণে।৫০০৷৷

অনাথৰ নাথ প্রভু দিয়োক অভয়।

ঘোৰ বিষে কৰে হেৰা জগত প্রলয়।।

ইটো মহা বিষক আপুনি কৰা পান।

তেৱেসে হৈবেক গোসাঞি আহ্মাৰ কল্যাণ।।৫০১৷৷

বিষৰ প্রতাপে সৃষ্টি নষ্ট হোৱৈ জানি।

কৰিয়োক ৰক্ষা কৃপাময় শূলপাণি।।

আনো নানাবিধ কৰিলন্ত স্তুতিচয়।

তাক নকহিলো পদ বাহুল্যক ভয়।।৫০২৷৷

হেন শুনি পাছে কৃপাময় ত্রিলোচন।

স্নেহে আকুলিত হুয়া বুলিলা বচন।।

হুয়োক নির্ভয় মঞি কৰিবো ৰক্ষণ।

এহি বুলি পার্ব্বতীক দিলা সমিধান।।৫০৩।।।

দেখা প্রিয়া কেন কালকূট ৰস ত্রাসে।

সুৰাসুৰে শৰণ পশিল মোৰ পাশে।।

ঈশ্বৰ হুইবাৰ এহিমানে প্রয়োজন।

প্রাণী ভয় ভীতি ভৈলে কৰিবে ৰক্ষণ।।৫০৪৷৷

বিশেষত সজ্জনৰ হেন ব্যৱহাৰ।

পৰজীৱ ৰাখে প্রাণ দিয়া আপুনাৰ।।

অভয় দানত পৰে ধৰ্ম্ম নাহি আন।

কোটি অশ্বমেধো যাক নুহিকে সমান।।৫০৫।।।

পলু পিম্পৰাক যিটো ৰাখে স্নেহ কৰি।

ছয়মাস মানে তাত তুষ্ট হোন্ত হৰি।।

হৰি তুষ্ট ভৈলে ত্রিজগত তুষ্ট আসি।

এক কোটি যুগ সিয়ো হোৱৈ স্বর্গবাসী।।৫০৬।।

হেন জানি মঞি ক্ষীৰ সাগৰক যাঞো।

তিনিয়ো লোকৰ আজি দুর্গতি খণ্ডাঞো।।

ঘোৰ কালকূটক গিলিবো কৌতূহলে।

দেখিয়োক মঞি জীর্ণ কৰো যোগবলে।৫০৭।।

এহি বুলি শীঘ্ৰে চলি গৈলা ত্রিনয়ন।

চতুর্ভিতি বেঢ়ি যান্ত দেৱাসুৰগণ।।

বিষক দেখিলে গৈয়া সমুদ্রৰ পাৰ।

প্রলয়ৰ বহ্নি যেন জ্বলৈ চমৎকাৰ।।৫০৮।।

অযুতেক সূৰ্য্য যেন কৰয় প্রকাশ।

বিষজ্বালে আতি বিয়পিল দিশপাশ।।

দেখি ভয়ে চমকিল সুৰাসুৰ নাগ।

পৰম উৎসাহে ত্ৰিপুৰাৰি ভৈলা আগ৷৷৫০৯৷৷

খটমট কৰি বাজে গলে মুণ্ডমাল।

কঙ্কালত টানিয়া বান্ধিলা বাঘছাল।।

সর্পে মেহ্রাই বান্ধিলা মাথাৰ জটাজুট।

লৱড়ন্তে হাতে তুলি লৈলা কালকুট।।৫১০৷৷

চাম্প দিয়া গৰুড়ে ধৰিলা যেন সর্প।

গিলিবাক লাগিয়া কৰন্ত আতি দর্প।।

দিলন্ত লগত হৰে বেন্ত গোট বাই।

যেন সোন্ধাকলক গিলিলা লটৰাই।।৫১১৷৷

ঘোৰ হলাহলক জ্বাৰিয়া যোগবলে।

কিছু অৱশেষ বিষ ৰাখিলন্ত গলে।।

হৰৰ কণ্ঠত প্রকাশয় কালকূট।

স্ফটিক পৰ্ব্বতে যেন অঞ্জনৰ ফোট।।৫১২।।

বিষৰ নিৰ্য্যাণে ভৈল জগতে নির্ভয়।

চতুর্দ্দিশে হৰক ঘোষয় জয় জয়।।

কৰিলা প্রশংসা আসি ব্রহ্মা নাৰায়ণে।

পৰি প্রণামিলা পাছে দেৱাসুৰগণে।।৫১৩৷৷

কৰিলন্ত শঙ্কৰে দুষ্কৰ মহাকাম।

সেহি দিন ধৰি ভৈল নীলকণ্ঠ নাম।।

হাত হন্তে যিবা বিষ পৰিল ছিটিকি।

তাক বিছা কোঙ্কা সৰ্পে খাইলেক চেলেকি।।৫১৪।।

পাছে দেৱাসুৰে ঘোৰ সঙ্কট এড়াই।

সাগৰ মথিবে ৰঙ্গে লাগিলা দুনাই।।

বাসুকিক ধৰি সৱে টানে অৱহিতি।

উঠিলন্ত কামধেনু বাচৰু সহিতি।।৫১৫৷৷

দেখি ঋষিসকলে ব্ৰহ্মাত গৈয়া লাগি।

অগ্নিহোত্র কৰিবাক নিলা সৱে মাগি।।

তাত পাছে বাজ ভৈলা উচ্চৈঃশ্রৱা হয়।

চন্দ্র সম শুক্ল বেশ বায়ু নোজোৰয়।।৫১৬।।

দেখি দৈত্য নৃপতি ধৰিলা সাতো আগে।

দেৱক বোলন্ত ঘোড়া ভৈল মোৰ ভাগে।।

কেশৱৰ শিক্ষা সুমৰিয়া শতক্রতু।

নকৰিলা দন্দবাদ ঘোটকৰ হেতু।।৫১৭।।

অনন্তৰে দেৱাসুৰে কাৰ্য্য সিজে বুলি।

বাসুকিক টানে বেগে ৰঙ্গে দিয়া ৰুলি।।

মন্দৰ গিৰিত লগাইলেক খৰপাক।

ফুৰৈ সাগৰত যেন কুমাৰৰ চাক।।৫১৮৷৷

উঠিলা তেখনে দিব্য হস্তী ঐৰাৱত।

আতি শ্বেত বর্ণ যেন কৈলাস পর্ব্বত।।

চাৰি গোটা দান্ত তাৰ যেন চাৰি শৃঙ্গ।

ৰত্বৰ পাথৰ যেন দেখিতে বিড়িঙ্গ।।৫১৯৷৷

তাত পাছে পাৰিজাত ভৈলা উতপন্ন।

ত্রিদশ দেৱৰ যিটো পৰম ভুষণ।।

মাগন্তাজনক দেই মনৰ বাঞ্ছিত।

সাম্প্রতে ভূমিত যেন তুমি পৰীক্ষিত।।৫২০৷৷

অনন্তৰে উঠিল কৌস্তুভ মণিবৰ।

মোৰ ভাগ বুলিয়া লৈলন্ত দামোদৰ।।

তাত পাছে উপজিল অপেস্বৰাগণ।

জাতিত পদ্মিনী অঙ্গে দিব্য আভৰণ।।৫২১৷৷

গাৱৰ সুৰভি গন্ধ যায় বহুদূৰ।

দেখি লোভাৱিষ্ট ভৈলা যত দেৱাসুৰ।।

মদনে পীড়িল সৱে লাজক এৰিল।।

মোৰ মোৰ বুলি অপেস্বৰীক বেঢ়িল।।৫২২।।

দেৱে বোলে আহ্মাৰ দানৱে বোলে মোৰ।

অন্যোঅন্যে হুলস্থুল লাগিল দুৰ্ঘোৰ।।

ব্রহ্মায়ে বোলন্ত বিৱাদক এড়িয়োক।

পাছে বান্টি দিবো উভ ভাগতে থাকোক।৫২৩।।

হেন শুনি সৱে দেৱ দানৱসকল।

দুনাই মথিবে লৈলা এড়িয়া কন্দল।।

কৃষ্ণৰ চৰণে কৰি আশেষ প্রণতি।

কেশৱৰ কিঙ্কৰ শঙ্কৰ নিগদতি।।

শুনা সৰ্ব্বজনে মন সাৱধান কৰি।

পাতেক ছাড়োক ডাকি বোলা হৰি হৰি।।৫২৪।।

.....

।।ছবি।।

 

শুক নিগদতি ৰাজা      শুনা দেৱ দৈত্য প্রজা

সাগৰ মথন্তে যেৱে আছে।।

ভকত অভয় দাতা      যিটো জগতৰ মাতা

উপজিল দেৱী লক্ষ্মী পাছে।।

চন্দ্ৰৰ উপমা মুখ        দেখন্তে নয়ন সুখ

কেশে আছে চামৰক জিনি।

ৰুচিকৰ কৰ্ণ তলে       ৰত্নৰ কুণ্ডল জ্বলে।

কমল লোচনী মধ্যক্ষিণী।।৫২৫৷৷

সুৱর্ণ প্রতিমা তনু       ভ্ৰূৱ যুগ সম ধনু

দশন দাড়িম্ব বীজ পান্তি।

নাসা যেন তিল ফুল     বিম্ব ফল নুহি তুল

অৰুণ অধৰে কৰে কান্তি।।

কোকিলৰ ধ্বনি মাত     নৱ কিশলয় হাত

ভুজ যুগ কমল মোলান।

ৰত্নৰ শলকা পান্তি       যেন আঙ্গুলৰ কান্তি

নখচয় চন্দ্রৰ সমান।।৫২৬।।

সুঠান কঠিন ঘন        বিম্বফল যেন স্তন

ভৈল নৱ যৌৱন প্রৱেশ।

বহল জঘন স্থল        উৰু যেন ৰামকল

পাদপদ্ম দেখন্তে সুৱেশ।।

চম্পাৰ পাকৰি নয়      প্রকাশে আঙ্গুলিচয়

আছে নখপান্তি কান্তি কৰি।

যেন দেখি চন্দ্রগণে       তুতি আৰম্ভিবে মনে

পৰি আছে চৰণত ধৰি।।৫২৭৷৷

একো অঙ্গে নাহি খুন     তাহান যতেক গুণ

বর্ণায়া কৰিবে কোনে সীমা।

ত্রৈলোক্যৰ ৰূপমানে       যেন থৈলা একথানে

সাজি বিধি মোহিনী প্রতিমা।।

ৰূপে প্রকাশন্ত শান্তি       যেন বিজুলীৰ পান্তি

দশোদিশ কৰন্ত প্রসন্ন।

ত্রৈলোক্যৰ মহালক্ষ্মী      তাহাঙ্ক আগতে দেখি

ভৈলা সৱে তবধ নয়ন।।৫২৮।।

লক্ষ্মী মুখ দৰশনে       মহা সিদ্ধ মুনিগণে

তিয়াগিল যত যোগ ধ্যান।

নিৰন্তৰে দেৱাসুৰ        ভৈলা সৱে কামাতুৰ

হৰুৱাইল সৱে শ্ৰতি জ্ঞান।।

দেখি চাৰু উচ্চ কুচ      কামবাণে গৈলা মুচ

যেন আতি বাতুলে চেঞ্চায়।

কেহো বোলে মঞি নিবো   সৰ্ব্বস্ব তোহ্মাক দিবো

ময়ো দাস হৈবো সমুদায়।।৫২৯৷৷

কাম সাগৰত মৰো      হেৰা চৰণত ধৰো

আসি মোক কৰা পৰিত্ৰাণ।

শুনি আউৰ গোটে উঠি   হিয়াত বৈসাৱে মুঠি

মোৰ দিকি দেশ সমিধান।।

দেখো আউৰ চাঞো মাতি আউৰ গোটে উঠি আতি

সিয়ো পাছে তাৰ মান গোৰে।

ধৰাধৰি বস্ত্র ফাৰৈ       দেৱে দেৱতাক মাৰৈ

দানৱে দৈত্যক কিল যোৰে।।৫৩০৷৷

কেহো কৰে কোচা কুচি    মোৰ বোলা কাত পুছি

কোনে তোক দিলে স্ত্রীৰ বঁটা।

কিসক লগাস মাত       চৱৰে সাৰিবো দাঁত

নতু পাস চোটৰ আণ্টা।।

কেহো কৰে চুলাচুলি      লগাই মহা হুলস্থূলি

নচাৱে আপোন পৰ কেৱে।

চেতন নাহিক গাৱে      লক্ষ্মীক ধৰিবে চাৱে

দেখি মাতিলন্ত ব্রহ্মাদেৱে।।৫৩১।।

শুনা দেৱ দৈত্য যুথ      চিত্তক কৰিয়ে সুস্থ

মিছাতেসে মৰা দ্বন্দ্ব কৰি।

আপুনি বৰন্ত যাক       সিজনেসে পাৱৈ আঙ্ক

ইটো কন্যা ইচ্ছা স্বয়ম্বৰী।।

কৰি সৱে মাতামাতি     বসিয়ে সমাজ পাতি

যত দেৱাসুৰাসুৰনাগ।

হাতত পদ্মৰ মালা       আপোন ইচ্ছায়ে বালা

বৰন্তোক যাৰ আছে ভাগ।।৫৩২।।

ব্ৰহ্মাৰ আদেশ বাণী      শুনি সৱে অনুমানি

দেৱাসুৰে এৰিল কন্দল।

বস্ৰ অলঙ্কাৰ কাচে       মোক যোনো বৰ বাছে

কৰৈ কতো মনত বিকল।।

নাহি মনে শান্তি সুখ      দর্পণত চাৱৈ মুখ

দশন প্রকটি আতি পাছে।

সুন্দৰ নেদেখি তাত      মাৰে গোৰ দৰ্পণত

কোথেৰ কদর্য্যে গঢ়ি আছে।।৫৩৩৷৷

কেহো পিন্ধি দিব্য কাচ    উঠি চাৱে আগ পাছ

আউৰ ভাল নাহি মোত সৰি।

জানিলো মিলিল ভাগ     পায়া আসি মোক লাগ

বৰিবেক অৱশ্য সুন্দৰী।।

কেহো কৰে লাস বেশ     নাকৰ চাহাৱে শ্বাস

দুর্গা দুর্গা বুলি হোৱে বাজ।

সাগৰ তীৰক আসি      যত দেৱাসুৰ ৰাশি

পাতিলেক বহল সমাজ।।৫৩৪।।

মাধৱক কৰি আগ       যত দেৱ মহাভাগ

এক শাৰী বসিলা আসনে।

বলিৰাজা সমন্বিতি       বসিলন্ত একভিতি

যত মহা মহা দৈত্যগণে।।

সিদ্ধ মুনি বিদ্যাধৰ      বসিলা কিন্নৰ নৰ

সমাজ মণ্ডলাকাৰ পাতি।

নানা দেৱ বাদ্য বাৱৈ     গন্ধৰ্ব্ব কিন্নৰে গাৱৈ

ভৈলা মহা মহোৎসৱ আতি।৫৩৫।।।

ইন্দ্রে লক্ষ্মী হেন জানি     দিলা সিংহাসন আনি

তাতে বসিলন্ত জগমাৱ।

বসুমতী মূর্ত্তি ধৰি       ভৃঙ্গাৰ জলক ভৰি

ধুৱাইলা লক্ষ্মীৰ দুই পাৱ।।

বিচিত্র সুগন্ধ তৈল       মৰ্দ্দিল অনেক বেল

কুৰকষাই ঘসিলা গাৱত।

গঙ্গাদেৱী আদি কৰি      সুৱৰ্ণৰ ঘট ধৰি

আসিলন্ত পুণ্য নদী যত।।৫৩৬।।

দেৱীৰ স্নানৰ হেতু       বসন্ত মলয় ঋতু

গন্ধ পুষ্প ধৰিয়া সস্তৃত।

বিদ্যাধৰে গাৱৈ গীত      অপেস্বৰা কৰৈ নৃত্য

সুৰভি যোগাৱে পঞ্চামৃত।।

বাজে নানাবিধ যন্ত্র      উচ্চাৰন্ত বেদমন্ত্র

ঋষিগণে মহা কৌতূহলে।

সুৱৰ্ণৰ ঘট ভৰি        শুণ্ডে মেহ্রাই তুলি ধৰি

ঢালে জল দিগগজ সকলে।।৫৩৭।।

অসংখ্যাত বিদ্যাধৰী      বেঢ়ি আসি শাৰী শাৰী

ফল পুষ্প দীপ হাতে তুলি।

গাৱে সুমঙ্গল গীত       দেৱীৰ ৰঞ্জিয়া চিত্ত

ঘনে ঘনে পাৰয় উৰুলি।।

মেঘগণে আকাশত       কৰৈ বাদ্য নানামত

মৃদঙ্গ গোমুখ শঙ্খ ভেৰী।

ডিণ্ডিম দগড় ঢোল      শুনিয়া তম্রোল ৰোল

চাৱৈ প্ৰজা আন কৰ্ম্ম এড়ি।।৫৩৮৷৷

মেঘৰ এনুৱা ধ্বনি       একো কালে নতু শুনি

বোলে সৱে দেখি বিপৰ্য্যয়।

ৰঙ্গে সিদ্ধ মুনিগণে       বৰিষন্ত ঘনে ঘনে

সুৰভি শিৰীষ পুষ্পচয়।।

জয় মহালক্ষ্মী বুলি       সিঞ্চন্ত কৰ্পূৰ ধূলি

কৰিলন্ত উৎসৱ প্রধান।

তিনিয়ো লোকৰ মাৱ     হুয়া আতি শুদ্ধ ভাৱ

এহিমতে কৰিলন্ত স্নান।।৫৩৯।।

নমো নমো দামোদৰ      জগতৰ বিঘ্নহৰ

ভকত বৎসল লক্ষ্মীপতি।

খণ্ডে পাতকৰ ভয়       ভাগৱত পদচয়

কায়স্থ শঙ্কৰ নিগদতি।।

শুনিয়োক সৰ্ব্বলোক      কলিত মুকুতি হৌক

কৃষ্ণৰ চৰণে দিয়া মন।

আন ভাষভূষ এৰি       ডাকি বোলা হৰি হৰি

চলি যাইবা বৈকুণ্ঠ ভুৱন।।৫৪০।।

.......

           ।।লক্ষ্মীদেৱীৰ স্বয়ম্বৰ৷৷

                       ।।পদ৷৷

 

শুক নিগদতি শুনিয়োক পৰীক্ষিত।

আত পৰে যেন কথা ভৈলা বিপৰীত।।

অনন্তৰে লক্ষ্মীৰ শুনিয়া অভিষেক।

মূৰ্ত্তি ধৰি আসি ভৈলা সাগৰ প্রত্যেক।।৫৪১।।

অগ্নি শৌচ নামে পীত বস্ত্র দুই খানি।

দিলন্ত সাগৰে ৰঙ্গে লৈলন্ত গোসানী।।

স্নান অৱসানে তাক প্ৰৱন্ধে পিন্ধিলা।

কঙ্কালত ৰত্নময় মেখলা বান্ধিলা।৫৪২।।

কেশ তুলি বান্ধিলা উচ্চল কৰি খোপা।

উপৰত দিলা তাত পাৰিজাত থোপা।।

নাগৰাজে আনি দিলা সুৱৰ্ণ কুণ্ডল।

প্রকাশে বদন আতি পৰম উজ্জ্বল।।৫৪৩।।

দুনাই সমুদ্রে ৰত্নমালা দিলা গলে।

সপ্ত দ্বীপা পৃথিৱীত সম নোহে মোলে।।

কুঙ্কুমে চন্দনে দেহা বিভূষিত কৰি।

সৰস্বতী আপুনি পিন্ধাইলা সাতেসৰি।।৫৪৪।।

বিশ্বকর্ম্মে পিন্ধাইলা বত্রিশ অলঙ্কাৰ।

কেয়ূৰ কঙ্কণ চাকিশালে হেমহাৰ।।

ৰত্নৰ গুলিয়া গলপ জেঠি মুঠি।

দশো আঙ্গুলিত জাপ সোণাৰ আঙ্গুঠি।।৫৪৫৷৷

শিৰত মুকুট শিখে প্রকাশে সিন্দুৰ।

ৰুণ ঝুণ বাজে পাৱে ৰত্নৰ নূপুৰ।।

জ্বলে আঙ্গুলিত ৰত্ন উজণ্টিৰ পান্তি।

ত্রৈলোক্য মোহন পদ-পঙ্কজৰ কান্তি।।৫৪৬৷৷

বৰুণে দিলন্ত আনি মালা বৈজয়ন্তি।

পৰম আনন্দে তাক লক্ষ্মী পিন্ধিলন্তি।।

দিব্য, পদ্মগোট হাতে দিলা প্রজাপতি।

দশোদিশ প্রকাশি শৰীৰ কৰে জ্যোতি।।৫৪৭৷৷

সাগৰে বুলিলা পাছে লক্ষ্মীক বুজাই।

উঠিয়োক গাৱচালি আৱে লক্ষ্মী আই।।

শুভক্ষণে আৰোহিয়ো স্বয়ম্বৰ শালা।।

এহি বুলি দিলা হাতে উতপল মালা।।৫৪৮।।

পুষ্পৰ সুৰভি গন্ধে হুয়া আতি ভোল।

ভ্ৰমৰা গুঞ্জৰে বেঢ়ি বেঢ়ি কৰে ৰোল।।

হেন মালা হাতে ধৰি জগতৰ মাৱ।

পিতৃৰ বচনে পাছে চালিলন্ত গাৱ।।৫৪৯।।

আগ ভৈলা সাগৰ গোসানী যান্ত পাছে।

বেঢ়ি অপেস্বৰীগণ যাই দুই কাছে।।

পিৰয় উৰুলি মাথে দুৰ্ব্বাক্ষত সিঞ্চে।

কতো দুই পাঞ্জৰে চামৰ ধৰি বিঞ্চে৷৷৫৫০।

কেহো অপেস্বৰী দেই কৰ্পূৰ তাম্বুল।

বৰিষন্তে যাই কতো পাৰিজাত ফুল।।

কাৰো হাতে দীপ ধূপ সুৱৰ্ণৰ ঝাৰি।

লক্ষ্মীৰ আগত নেই নেত তুলী পাৰি।।৫৫১৷৷

বাৱে বীণা বেণু বাদ্য শুনি সুললিত।

কতো অপেশ্বৰী তাল ধৰি গাৱে গীত।।

ত্রৈলোক্য মোহিনী হেন ধৰি দিব্য কাচে।

সভাৰ মধ্যত গৈয়া প্রৱেশিলা পাছে।।৫৫২৷৷

লক্ষ্মীৰ ৰূপত প্ৰকাশয় সভাখান।

চন্দ্ৰৰ উদয়ে যেন নিৰ্ম্মল গগন।।।

যত সুৰাসুৰগণ দেখি মোহ ভৈলা।

লক্ষ্মীৰ সমুখে এক দৃষ্টি চায়া ৰৈলা।।৫৫৩।।

আশ্চৰ্য্য দেখিয়া ৰোমাঞ্চিত ভৈল গাৱ।

উনমত্ত চিত্ত বিপৰীত আতি ভাৱ।।

গোসানীৰ ৰূপক নয়নে পান কৰে।

এক কমলক যেন অনেক ভ্ৰমৰে।।৫৫৪।।

লক্ষ্মী মুখ দেখি আখি নভাষয় আন।

নিশ্চল স্বৰূপে যেন যোগী কৰৈ ধ্যান।।

দেখি উচ্চ কুচ মূচ যাই কতো কামে।

ঘনে উঠে হামি তোলবেল হোৱৈ ঘামে।।৫৫৫৷৷

এৰিলেক ঢাক ঢোল তবলৰ ৰোল।

নুশুনি শৱদ একো সৱে ভৈলা ভোল।।

কাণে কাণে কহে কথা যত সিদ্ধ মুনি।

হেন ৰূপৱতী কন্যা নতু দেখি শুনি।।৫৫৬৷৷

কাত ভজৈ আজি নজানিয় অভিপ্রায়।

কোনে গঙ্গা সাগৰত আছৈ তপসায়।।

চাই থাকিবাক যেৱে পায় আন মুখ।

মোক্ষকো নলাগে কোন চাৰ স্বর্গ সুখ।।৫৫৭৷৷

হেন সম্বাদক সমুদ্রে শুনি আছি।

লক্ষ্মীক চিনাইবে লৈলা মুখ্য মুখ্য বাচি।।

দেখিয়োক মাৱ হংসযানত সম্প্রতি।

ইহাঙ্কে বুলিয়া চতুর্ম্মুখ প্রজাপতি।।৫৫৮।।

গৰুড়ৰ স্কন্ধত দেখিয়ো বিদ্যমান।

ললিত বলিত যাৰ বাহু চাৰিখান।।

মেঘ সম শ্যাম তনু কমল লোচন।

তিনিয়ো লোকৰ এন্তে নাথ নাৰায়ণ।।৫৫৯।।

শঙ্কৰক দেখা মাৱ বৃষভৰ চুটে।

প্রকাশন্ত বিকট পিঙ্গট জটাজুটে।।

সর্পে বান্ধি আছে কঙ্কালত বাঘছাল।

ভস্মে বিভূষিত দেহা গলে মুণ্ডমাল।।৫৬০৷৷

ইন্দ্রক দেখিয়ো দেৱী দিব্য সিংহাসনে।

প্রকাশন্তে আছে বসি সহস্র লোচনে।।

কুবেৰ বৰুণ বায়ু ৰবি শশী কাল।

তোহ্মাৰ সমুখে আছে দশদিগপাল।।৫৬১।।

দেখা দানৱৰ ইন্দ্ৰ বলি মহাৰাজ।

সিংহাসনে বসি আছে পাতিয়া সমাজ।।

আনো বৰা বৰা দৈত্য দেখা আছে চাই।

ৰণত দাৰুণ দর্পে দিগগজ পৰায়।।৫৬২।।

গন্ধৰ্ব্ব কিন্নৰ সিদ্ধ মুনি বিদ্যাধৰ।

যক্ষ ৰক্ষ পিশাঞ্চ চাৰণ নিৰন্তৰ।।

আসি আছে সমস্তে তোহ্মাক অভিলাষে।

দৃষ্টি বলাই আপুনি চাহিয়ো চতুষ্পাশে।।৫৬৩।।

এতেকৰ মধ্যত যাহাত পৰৈ মন।

ৰূপে গুণ কুলে যাক দেখা বিতোপন।।

তাহাৰ মাথাত দিয়া উৎপলৰ মালা।

স্বামী বুলি তাহাক বৰিয়ো বৰবালা।।৫৬৪।।

সাগৰ ৰহিলা এহি উপদেশ বুলি।

সৱাকো চাহিলা পাছে লক্ষ্মী মাথা তুলি।।

আপোনাৰ অনুৰূপী সৰ্ব্ব গুণাকৰ।

দেৱাসুৰ মধ্যত বিচাৰি চান্ত বৰ।।৫৬৫।।

আছন্ত দুর্ব্বাসা ঋষি তপৰ ভাণ্ডাৰ।

সদায়ে নুগুচে তান ক্রোধ অহঙ্কাৰ।।

আঙ্ক বৰি ভাল বোলাইবেক কাৰ বাপে।

অকাৰ্য্যতো নষ্ট কৰিবেক চণ্ড শাপে।।৫৬৬।।

জানো দৈত্যগুৰু শুক্র হোন্ত মহাজ্ঞানী।

তথাপি নেৰন্ত সঙ্গ লোভাবিষ্ট প্রাণী।।

লুভীয়াত পৰে সংসাৰত নাহি মন্দ।

যুতি খাইবে নপাইলে লগাইবে নিতে দ্বন্দ্ব।।৫৬৭।।

আছন্ত পৰশুৰাম মহা ধৰ্ম্মমতি।।

একোৱে প্রাণীত তান নাহি মিত্ৰৱতি।।

ইহাঙ্ক বৰিলে মোৰ নৰৈৱে অৱস্থা।

নির্দ্দয় পুৰুষ জানয় দুখ বেথা।।৫৬৮৷৷

আছন্ত বিধাতা যাক সেৱে সুৰাসুৰ।

আতপৰে আন আউৰ নাহি কামাতুৰ।।

ভোল হুয়া যিটো নিজ দুহিতা হৰিলে।

নিতে কোলাহলে যাইবে ইহাঙ্ক বৰিলে।।৫৬৯।

ইন্দ্রক বৰিবো এন্তে হোন্ত দেৱৰাজ।

তেখনে পলায় দৈত্যে কাঢ়িলন্ত ৰাজ।।

বাৰে বাৰে নাৰায়ণে থাপন্ত স্বর্গত।

কতেক পলাইবো মঞি ইহান লগত।।৫৭০৷৷

আছন্ত শঙ্কৰ আন কোনে পাৱে আশ।

দিব্য গৃহ-বাড়ী এৰি শ্মশানত বাস৷৷

ৰত্ন এৰি মুণ্ডৰ মালাক পিন্ধে গান্থি।

ইহাঙ্ক বৰিলে একো নাহি সুখ শান্তি।।৫৭১।।

আছন্ত সনক আদি মহা সিদ্ধচাৰি।

ব্রহ্মময় দেখ যতেক নৰনাৰী৷৷

কাম ক্রোধ জিনিয়া মুকুত ভৈলা গাণ্ডি।

ইহাঙ্ক বৰিলে হৈবো জীৱন্ততে বান্দী।।৫৭২৷৷

যতেক শ্ৰীমন্ত দৈত্য বলি আদি কৰি।

কৰ্ম্মক অধীন কালে নিবেক সংহৰি।।

চিৰকাল আসন্থাৰ নাহি সুখভোগ।

আতি অনাচাৰী বৰিবাক নোহে যোগ।।৫৭৩৷৷

কাতো লোভ কাতো মোহ কাতো অসন্তোষ।

বিচাৰে সৱাতে আছে কিছু কিছু দোষ।।

দুখিত প্রাণীত মোৰ নলৱয় মনে।

মিছাতে আহ্মাক বাঞ্ছে দেৱাসুৰগণে।৫৭৪।।

যিটো সৰ্ব্ব গুণান্বিত দেৱ নাৰায়ণ।

যাত আছে সৱে মহা পুৰুষ লক্ষণ।।

কিন্তু মোক লাগি দেখো তান বাঞ্ছা নাই।।

এহি বুলি আলোচন্ত জগতৰ মাই।।৫৭৫।।

ভালমতে বুজো চিত্ত চাপো গৈয়া কোল।

হেনবা আহ্মাক দেখি হৰি হোন্ত ভোল।।

সাগৰ নন্দিনী হেন মনে অনুমানি।।

আতি লয়লাস কৰি চলিলা গোসানী।।৫৭৬৷৷

যোগানে চলিলা অসংখ্যাত অপেস্বৰী।

বাৱৈ বীণা গাৱৈ গীত সুললিত কৰি।।

সৱাৰো মধ্যত প্রকাশন্ত বৰবালা।

তাৰায়ে বেষ্টিত যেন নৱ চন্দ্র কলা।।৫৭৭৷৷

মাতঙ্গ গামিনী গতি, কৰে নানা ভাৱে।।

ৰুণঝুণ শবদে নূপুৰ বাজে পাৱে।।

শৰীৰৰ কান্তি আতি দশোদিশ শোভে।

ভ্রমৰে গুঞ্জৰে বেঢ়ি মধুগন্ধ লোভে।।৫৭৮।

মলয় পৱন বহে বসন্ত মিলিল।

আতি সুললিত ৰাৱ কোকিলে তেজিল।।

বাৱে নানা বাদ্য যেন মেঘৰ সম্বাদ।

ভৈল সুৰাসুৰ সৱে মদনে উন্মাদ।।৫৭৯।।

কাহাকো চাহিলা দেৱী কটাক্ষ নয়নে।

কাকো মাথা তুলি চান্ত প্রসন্ন বদনে।।

কাকো টেৰকৰি চায়া কাঢ়ি যান্ত ভৰি।

আঞ্চলে ঢাকিয়া মুখ অল্প হাস্য কৰি।।৫৮০।।

ত্রৈলোক্য মোহন ৰূপ দেখি গোসানীৰ।

হেন প্রাণী নাহি চিত্ত কৰিবেক থিৰ।।

কামে বিয়ামোহ ভৈল জৰ্জ্জৰিত বৰে।

মূৰ্চ্ছা যায় ঢলি ঢলি আসনতে পৰে।।৫৮১।।

সুকোমল লাৱণ্য লক্ষ্মীৰ দেখি অঙ্গ।

মহাসিদ্ধ মুনিৰো সমাধি ভৈল ভঙ্গ।।

যত তপ যপ জাপ্য এড়ি ব্রহ্মজ্ঞান।

মোহ হুয়া লক্ষ্মীক কৰন্ত মাত্র ধ্যান।।৫৮২৷৷

লক্ষ্মী মুখ দেখিয়া ব্রহ্মাও ভৈলা ভোল।

শিহৰাইলা লোম আতি নাহি মাত বোল।।

ভৈলন্ত বিহ্বল বৰ মদনৰ দুখে।

মূৰ্চ্ছা গৈয়া হংসতে পৰিল অধোমুখে।৫৮৩৷৷

ৰূপ দেখি লক্ষ্মীৰ ব্ৰহ্মাৰ হংসযান।

সিয়ো বিমোহিত ভৈলা নাহি শ্রুতি জ্ঞান।।

দহে দেহা আতি বিপৰীত কাম জুই।

ব্রহ্মা এৰে জম্পায়া পৰিল কাতি হুই।।৫৮৪।।

তুলিলেক হাসি ঐত সুৰাসুৰে দেখি।

লক্ষ্মীয়ো সঘনে চান্ত কটাক্ষে নিৰেখি।।

ভণিল শঙ্কৰে কৃষ্ণপদ অনুসৰি।

সমস্ত সমাজে ডাকি বোলা হৰি হৰি।।৫৮৫।।

.......

 

৷৷শিৱৰ মোহ।।

।।ঝুনা।।

।।নমো মহাদেৱ শিৱাই শঙ্কৰঃ

নমো গোসাঞি এ।।

।।পদ।।
 

শিৱত লাগিল কটাক্ষ ছটা।

কামে জৰ্জ্জৰিত কাম্পয় জটা।।

হাতৰো পৰিল ডম্বৰু শূল।

গাৱৰ সৰ্প সিয়ো বিয়াকুল।।৫৮৬।।

সৰ্পৰ মেখলা গৈল হুসকি।

কটিৰো পৰিল ছাল সুলকি।।

ভৈলন্ত উলঙ্গট ভোলানাথ।

হাতে অঙ্গ ঢাকি দৱায়া মাথ।।৫৮৭৷৷

লক্ষ্মী মুখ দেখি শিৱ বলধ।

ভৈল মন তাৰো কামে দগধ।।

আতি বিয়ামোহ হৰক লই।

পৰিল পাছে সিয়ো মূৰ্চ্ছা গই।।৫৮৮৷৷

ভৈলন্ত শঙ্কৰ তনু উদাস।

অপেশ্বৰাগণে তুলিলা হাস।।

আণ্ঠু সাৱটি হাতে ঢাকি ঘূৰি।

লাজে হন্ত হৰ কুজি ঝুমুৰি।।৫৮৯৷৷

নচান্ত কাকো মুখ চক্ষু মুদি।

আগ ঢাকন্তে পাছ হোৱে উদি।।

হাত মেলি ঢুকি নপান্ত ছাল।

বোলন্ত ভৈল মৰণৰ কাল।।৫৯০।।

নপাৱন্ত একো উপায় খুজি।

উঠিল শঙ্কৰ আসজ বুজি।।

দুই হাতে অঙ্গ ধৰি চাপৰি।

উঠি পলাইলন্ত ভিৰে লৱৰি।।৫৯১৷৷

কায়স্থ শঙ্কৰে ভণিল ঝুনা।

বোলে হিত কার্য্য সমাজে শুনা।।

মোক্ষ পাইবা যেৱে সংসাৰ তড়ি।

সঘনে ডাকি বোলা হৰি হৰি।।৫৯২৷৷

......

।।দুলড়ী।।

 

এহিমতে লক্ষ্মী     সমজ্যাক মোহি

যান্ত গোৱিন্দৰ পাশে।

মোৰ ৰূপ দেখি    ভুলিবন্ত হৰি

মনত আতি উল্লাসে।।

কৃষ্ণৰ আগত      চলন্ত গোসানী

পৰম মোহন ভাৱে।

আতি মনোহৰ     ৰত্নৰ নূপুৰ

ৰুণ ঝুণ বাজে পাৱে।।৫৯৩৷৷

কুম্কুমে ৰচিত         ঘন স্তন ভাৰ

দেখি কিছু অৱনতা।

কৃশ মধ্য দেহ     বতাসে হালয়

যেন সুৱৰ্ণৰ লতা।।

কটাক্ষ নয়নে      চান্ত ঘনে ঘনে

কৃষ্ণক নানান ছলে।

বদন প্রকাশি      খনো অল্প হাসি

ঢাকন্ত মুখ আঞ্চলে।।৫৯৪।।

দেখাই অনুৰাগ     খনো বাঢ়ে আগ

খনো গুচি যান্ত পাছ।

হালয় কঙ্কালি      যেন মৈৰা চালি

কৰে ধৰি দিব্য কাচ৷৷

কৃষ্ণকেসে মনে     কুঞ্জৰ গমনে

কৰে গতি লয়লাসে।

আতি মনোহৰ     শৰীৰ সুৰভি

গন্ধে দশোদিশ ভাসে।।৫৯৫৷৷

কতো অপেশ্বৰী     হাতে তাল ধৰি

সুললিত গীত গাৱে।।

মনৰ উন্মাদ      কতো ধৰি ৰাগ

ৰুদ্ৰক বিলাস বাৱে।।

হাসে লাসে লক্ষ্মী   ভাৱ দৰশান্ত

কৃষ্ণক মোহিবে হেতু।

কটাক্ষো নচান্ত     গম্ভীৰ স্বভাৱে

আছন্ত গৰুড়কেতু।।৫৯৬।।

মৰকত শ্যাম      তনু অনুপাম

তাতে শোভে পীতবস্ত্র।

আজানুলম্বিত      চাৰু চাৰি ভুজে

ধৰি আছা চাৰি অস্ত্র।।

গলে বনমালা      কটিত মেখলা

কণ্ঠত কৌস্তুভ জ্বলে।

দিব্য ৰত্নময়      ৰচিত মকৰ

কুণ্ডল কৰ্ণৰ তলে।।৫৯৭।।

কঙ্কণ কেয়ুৰ      পাৱত নূপুৰ ,

কিৰীটি উজ্জ্বল মাথে।

মুখে অল্প হাস     কৰন্ত প্রকাশ

তিনিয়ো লোকৰ নাথে।।

প্রসন্ন বদন       ৰূপত মদন

কোটি সম নোহে যাক।

কমল লোচন      পাপ বিমোচন

আছন্ত ৰঞ্জি সভাক।।৫৯৮।

সংসাৰ মোহন     দেৱ নাৰায়ণ

তান ৰূপ গুণ দেখি।

আছোক মোহিবে    আপুনি বিহ্বল

ভৈলন্ত বিশ্রুতি লক্ষ্মী।

হৰিল বচন       তবধ নয়ন

চিত্ৰৰ যেন পুতলি।

মন নোহে স্থিৰ    লক্ষ্মী গোসানীৰ

সমীপক গৈলা চলি।।৫৯৯।।

আতি আথে বেথে   মাধৱৰ মাথে

দিলা উৎপলৰ মালা।

স্বামী ভাৱে বৰি    চৰণত ধৰি

প্রণামিলা বৰবালা।।

চৰণৰ ধূলি       শিৰে লৈলা তুলি

অনেক শুশ্রুষা কৰি।

লক্ষ্মীৰ ভকতি     দেখিয়া প্রণতি

তুষ্ট ভৈলা দেৱহৰি।।৬০০।।

উঠিয়োক প্রিয়া     কোলে আৰোহিয়া

থাকিয়োক মোক চাই।

এহি বুলি হৰি     হাতে তুলি ধৰি

হৃদয়ত দিলা ঠাই।।

হৰিৰ হিয়াত      শোভে লক্ষ্মী যেন

কষটি সোণাৰ ৰেখা।

সজল মেঘত      বিজুলী চমক

যেন আছে দিয়া দেখা।।৬০১৷৷

কৃষ্ণৰ সঙ্গত      লক্ষ্মীক দেখিয়া

সমস্তে ভৈলা তবধ।

আকাশক চানি     মেঘে কৰে ধ্বনি

শুনিয় পঞ্চ শবদ।।

আনো নানাবিধ    বাৱৈ দেৱ বাদ্য

গোমুখ শঙ্খ মৃদঙ্গ।

গাৱে বিদ্যাধাৰী    নাচে অপেশ্বৰী

কৰি আতি অঙ্গভঙ্গ।।৬০২৷৷

সিদ্ধ মুনিগণে      পুষ্প বৰিষন্ত

আকাশত হুয়া শাৰী।

ব্রহ্মা ৰুদ্র আদি    কৰি দেৱগণে

প্রণামিলা জানু পাৰি।।

হৰিৰ হিয়াত      থাকি মহা লক্ষ্মী

চাহিলন্ত দায়া দৃষ্টি।

ত্রিদশ দেৱক      আশ্বাসিলা যেন

কৰিয়া অমৃত বৃষ্টি।।৬০৩।।

লক্ষ্মী দৰশনে     সৱে দেৱগণে

এৰাইল দুখ নিকাৰ।

দুর্ব্বাসাৰ শাপ     অন্ত ভৈলা তাপ

লক্ষ্মী ভৈলা অৱতাৰ।।

হেন দেখি যেন    দৈত্যৰ শিৰত

আকাশী স্বর্গ পৰিল।

হাতে ফোত কৰি   বাসুকিক ধৰি

সাগৰ মথিবে লৈল।।৬০৪।।

গিৰিসিত কৰি     ভাগিল সমাজ

দেৱ গণে পাছে উঠি।

সাগৰ মথিবে      লাগিল দুনাই

মনত পৰম তুষ্টি।।

অনন্তৰে আসি     উঠিলা বাৰুণী

কমললোচনী কন্যা।

শৰীৰৰ গন্ধ      মদ্য যেন বাসে

ৰূপে জগততে ধন্যা।।৬০৫।।

দেখি দৈত্যগণে     ধৰিলা তেখনে

মদ্যৰ গন্ধক পাই।

দৈত্যে নিউক বুলি হৰি হাত তুলি

ঠাৰিলা দেৱক চাই।।

হৰিৰ ইঙ্গিত      বুজি বজ্ৰপাণি

নেদিলা কিছু উত্তৰ।

দেৱাসুৰগণে       এক চিত্ত মনে

মথন্ত দুনাই সাগৰ।।৬০৬।।

.......

।।কবি পৰিচয়।।

বৰদোৱা নামে     আছিলেক গ্রাম

টেম্বুৱাণী বন্ধে সাৰ।

কাছতে লোহিত    স্বর্ব গুণান্বিত

স্বর্গেসে উপমা যাৰ।।

সেহি গ্রামেশ্বৰ     ভৈলা ৰাজধৰ

কায়স্থ কুলে প্রধান।

নিতে যাৰ ঘৰে    অতিথিত পৰে

চৰ্চ্ছা নাছিলেক আন।।৬০৭।।

তানে গৰ্ভেশ্বৰ     ভৈল সূৰ্য্যবৰ

কায়স্থ কুল প্রদীপ।

ব্রাহ্মণ সজ্জনে      প্রাপ্তি আশা মনে

চলন্ত যাৰ সমীপ।।

আতি দানী মানী   জগতে বখানি

যাৰ মহা গুণগ্রাম।

তাহানে তনয়     ভৈলা শুভনয়

প্রসিদ্ধ কুসুম নাম।।৬০৮।।

সদ কর্ম্ম যত     সৱাতো পাৰ্গত

দাতাৰো অগ্রত গণি।।

পিতৃত ভকত      বৈৰত শকত

ভৌমিকৰ চূড়ামণি।।

তাহানে সন্ততি     আতি শিশুমতি

শঙ্কৰে ভণে পয়াৰ।

শুনা সর্ব্বলোক     ক্ষমিবাহা মোক

সাধুজন ক্ষমা সাৰ।।৬০৯।।

মহা ভাগৱত      তাৰ কোনে তত্ত্ব

জানিবেক সমুদায়।

যেন লৈল মতি    ৰচিলো সম্প্রতি

পদ আদর্শক চাই।।

বুজি অভিপ্রায়     দিলো ঠায় ঠায়

কিছু কাব্যৰস যিবা।

অবিচাৰি তাক     হঠাতে আহ্মাক

নিন্দাবাণী নুবুলিবা।।৬১০৷৷

বৰ কৰ্মীলোক     ভাল সুৱৰ্ণক

গড়ে সুৱগায়ে জ্বালি।

দিব্য পুষ্প আতি   চম্পক মালতি

তাকো জৰী গান্থে মালী।।

গঙ্গাত মিসল      হৱে বৃষ্টি জল

তাক কোন জনে বাছে।

হৰিৰ কথাত      যিবা বঢ়া টুটা

তাতো মহাফল আছে।।৬১১।।

নমো নমো হৰি    গুচায়ো সংহৰি

সংসাৰৰ দুখ শোক।

হৰি গতি মতি     হৰিত ভকতি

জন্মে জন্মে মোৰ হৌক।।

শুনা সর্ব্বজনে     এক চিত্ত মনে

অষ্টম স্কন্ধৰ কথা।

আল জাল এৰি    ডাকি বোলা হৰি

চলিয়ো বৈকুণ্ঠ যথা।৬১২৷৷

......

                 ।।পদ।।

 

শুক মুনি বদতি শুনিয়ো পৰীক্ষিত।

অনন্তৰে যেন মতে উঠিল অমৃত।।

এহিমতে সাগৰ মথন্তে যেৱে আছে।

পুৰুষেক উঠিল অদ্ভুত দিব্য কাচে।।৬১৩৷৷

শ্যাম কলেৱৰ পীত বস্ত্র পৰিধান।

আজানুলম্বিত মহা বাহু দুই খান।।

কৰ কিশলয় নৱ নয়ন কমল।

কম্বুকণ্ঠ বিপুল বহল বক্ষস্থল।।৬১৪৷৷

ত্রিৱলি বলিত সিংহবন্ধ কটিদেশ।

ছত্রাকৃতি শিৰ নীল আকুঞ্চিত কেশ।।

উন্নত নাসিকা চাৰু অৰুণ অধৰ।

প্রসন্ন বদন চন্দ্রো নোহে পটন্তৰ।।৬১৫৷৷

কিৰীটি কুণ্ডল গলে জ্বলে হেমহাৰ।

কেয়ূৰ কঙ্কণে কৰৈ আতি জাতিষ্কাৰ।।

ধন্বন্তৰী নাম যিটো জগত প্রখ্যাত।

কেশৱৰ অংশে সাগৰত ভৈলা জাত।।৬১৬৷৷

অমৃতৰ পূৰ্ণ ঘট দুই হাতে ধৰি।

উঠিলন্ত আসি মহা বৈদ্য ধন্বন্তৰী।।

পৰম আনন্দ দেখি দৈত্য দেৱতাৰ।

শুভ শুভ বুলি সৱে দিলেক জোকাৰ।।৬১৭।।

অনন্তৰে বৰা বৰা যত দৈত্যগণ।

অমৃতৰ গন্ধে লোভে নতাপৰে মন।।

দাৰুণ পাপিষ্ঠ লোভাবিষ্ট দৈত্যবৰ।

অমৃতৰ ঘট লৈয়া দিলেক লৱৰ।।৬১৮।।

চাম্প দিয়া আগতে অমৃত লৈয়া যায়।

তব্ধদিয়া দেৱগণে আছে বেন্ত বায়।।

বিৱর্ণ বদন সৱে হৰিলেক মাত।

অধোমুখে ৰহিলা গালত দিয়া হাত।।৬১৯।।

কান্দন্ত ভূমিত পৰি দশদিগপাল।

কিসক মন্দৰ বহি ভৈলো লালকাল।।

আগতে অমৃত নেই দৈত্য দুৰাচাৰ।

হৰি হৰি বিধি কিনো অভাগ্য আহ্মাৰ।।৬২০৷৷

আৱেসে আহ্মাৰ সৱে ভৈল আশা ছেদ।

হা দৈৱ বিধি কিনো দিলা হৃদি খেদ।।

যেহি ডালে ধৰো আমি ভাগে সেহি ডাল।

ত্রিদশ দেৱৰ ভৈল অভাগ্য কপাল।।৬২১।।

আউৰ কোনে দানৱক কৰিবে বিৱাদ।

জানিলো আহ্মাৰ ভৈল ভিঠিৰো উচ্ছাদ।।

স্বভাৱতে দানৱক নাটো আমি বলে।

আৰো অমৃতক পাইলে অসুৰ নিস্থলে।।৬২২।।

কতনো ফুৰিবো পৃথিৱীত ভিক্ষা মাগি।

উপজিলো আমি এহি নিকাৰক লাগি৷।

আৰোবা কতনো আছৈ আহ্মাৰ ললাট।

তোহ্মাতে লুকাঞো বসুমতী মেলা ফাট।।৬২৩।।

কৈত আছা প্রভু আৱে দেৱ দামোদৰ।

তোহ্মাৰেসে বোলে আমি মথিলো সাগৰ।।

ত্রিদশে অমৃত পাইবা বুলিলাহা দৃঢ়ে।

আহ্মাৰেসে কৰ্ম্মে মহন্তৰো বাক্য লৰে।।৬২৪৷৷

অনাথৰ নাথ এভো কৰা পৰিত্ৰাণ।

তোহ্মাৰ চৰণ বিনে গতি নাহি আন।।

আপদৰ বান্ধৱ তুমিসি পিতা মাতা।

তোমাৰেসে আয়ু জীৱো যতেক দেৱতা।।৬২৫।।

বিপাকে পৰিলো কৃষ্ণ কৰিয়ো মুকুতি।

এহি বুলি কান্দিয়া কৰন্ত দেৱে তুতি।।

ত্রিদশৰ শুনি হেন সকৰুণ বাণী।

তেখনে বেকত ভৈলা প্রভু চক্রপাণি।।৬২৬৷৷

ভকতৰ দুখ দেখি নসহে হৃদয়।

ধৰিয়া দেৱক নিচুকান্ত কৃপাময়।।

চাৰি হাত মেলিয়া ফুৰন্ত লোহ মুচি।

হেন ঘোৰ বিষাদ কৰাহা কাত পুছি।।৬২৭৷৷

পৰম নির্ভয়ে থাকা শঙ্কা পৰিহৰি।

আনিবো এক্ষণে অমৃতক মায়া কৰি।।

দেৱৰ উদয় দৈত্য হুইবেক নির্ম্মূল।।

ভকতৰ অৰ্থে মঞি আপুনি আকুল।।৬২৮।

আনো নানা আশ্বাস বুলিলা নাৰায়ণ।

শুনিয়া ত্রিদশ দেৱে এৰিলা ক্রন্দন।।

কৃষ্ণক নমিলা চৰণত পৰি পৰি।

প্রবোধিয়া দেৱক মাধৱো গৈলা লড়ি।।৬২৯৷৷

দৈত্যত লাগিল দ্বন্দ্ব আপোনাৰ মাজে।

আগে মঞি পাইলো তই খোজ কোন লাজে।।

সিয়ো মঞি পাইবো বুলি কৰৈ চটি মটি।

কেহো কাকো এৰি নেদৈ লাগে হতাহতি।।৬৩০।।

তাহাৰ হাতৰপৰা কেহো নেই কাঢ়ি।

তাকো দ্বন্দ্ব কৰৈ কতো দৈত্য আগবাঢ়ি।।

আহ্মাক নেদিব ভাগ কাৰ গহ আছে।।

এহি বুলি খঙ্গে কঙ্কালত বস্ত্র কাছে।।৬৩১।।

কেহো বোলে কেনে আৱে কৰস অন্যায়।

ইটো অমৃতত দেৱতাৰো আছে দায়।।

সাগৰ মথিলো দেৱ দৈত্যে সাজু হুই।

তাসম্বক বঞ্চি তই খাইবি কোন মুই।।৬৩২৷৷

কতো বলৱন্ত দৈত্যে সৱাকো নিবাৰি।

অমৃতক লৱৈ কঢ়ি নিৰ্ব্বলীক মাৰি৷৷

তাক আগ ভেন্টি আসি ধৰে দশ কুৰি।

লগাৱে কন্দল কিলাকিলি হুড়াহুড়ি।।৬৩৩।।

কেহো মৰামৰি আতি কৰে হুলস্থূল।

আজোড়ন্তে প্রাণ যায় হোৱয় নির্ম্মূল।।

বৰা বৰা দৈত্য অমৃতত ভৈল আউল।

সুহৃদ সোদৰ নচাৱয় যেন বাউল।।৬৩৪।।

বাপে পোৱে ধৰাধৰি কৰৈ আসৰিশ।

দেখি মাধৱৰ ভৈল পৰম হৰিষ।।

সিজিল দেৱৰ কাৰ্য্য বুলি হৃষীকেশ।

মায়া কৰি তেখেনে ধৰিলা নাৰী বেশ।।৬৩৫।।

ভৈলা দিব্য তৰুণী ষোড়শ বৰিষৰ।

নীল উৎপলৰ কান্তি শোভে কলেৱৰ।।

বান্ধিলা উচ্ছল কৰি খোপা কেশ তুলি।

তাত ৰঞ্জি আছে দিব্য পাৰিজাত ফুলি।।৬৩৬।।

জলমল কৰৈ কৰ্ণে মকৰ কুণ্ডল।

আৰকত অধৰ বৰ্ত্তুল বিম্বফল।।

সুন্দৰ নাসিকা আতি দেখি মনোহৰ।

মুখ কমলক আতি দেখি ৰুচিকৰ।।৬৩৭।।

দশন মুকুতা শাৰী মুখে অল্প হাসি।

ভ্ৰূৱ সুবলিত চক্ষু কমলৰ পাসি।।

সম্পূর্ণ চন্দ্রমা বদনক সম নুই।

মোলানৰ পাৱ সুৱলিত বাহু দুই।।৬৩৮৷৷

কেয়ুৰ কঙ্কণে আতি কৰে জাতিষ্কাৰ।

তাল ফল সমান উন্নত স্তন ভাৰ।।

সুৰভি কুঙ্কুমে তাত আছে চিত্র কৰি।

কণ্ঠে কণ্ঠাভৰণ গলত সাতসৰি।।৬৩৯।।

দিব্য নেত শাৰী পিন্ধি আছা বৰবালা।

শোভে আতি কঙ্কালে ৰত্নৰ মেখলা।।

বহল জঘন চাৰু উৰু ৰামকল।

থল কমলক গঞ্জে চৰণ যুগল।।৬৪০৷৷

ৰত্নৰ নূপুৰ তাতে ৰুণুঝুণু বাজে।

পয়াণক লাগি যেন কামদেৱ সাজে।।

দৈত্যৰ ভিতিক যান্ত কৰি লয়লাস।

গাৱৰ সুৰভি গন্ধে মোহে দিশপাশ।।৬৪১।।

অন্যো অন্যে সোধে দৈত্য কিবা বস্তু বাসে।

পালটিয়া দেখে দিব্য কন্যা এক আসে।।

ৰূপে লক্ষ্মী পাৰ্ব্বতীয়ো যাক সম নোহে।

স্বর্গ মর্ত্ত্য পাতালক কটাক্ষতে মোহে।।৬৪২।।

বায়ু বস্ত্র উলাসে বেকত হোৱে মুখ।

দেখন্তে সন্তোষ আতি নয়নৰ সুখ।

খনো গুৰুতৰ স্তনভাৰ হোৱে উদি।

আঞ্চলে ঢাকন্তে যান্ত লাজে চক্ষু মুদি।।৬৪৩।।

কটাক্ষ নয়নে কাকো চাহন্ত সুন্দৰী।

কাকো টেৰ কৰি চান্ত অল্প হাস্য কৰি।।

কতো দৈত্যগণত সমুখে পৰে দৃষ্টি।

আন ছলে কাহাকো দেখাৱে কাষ পিঠি।।৬৪৪।।

হেনয় মোহন ভাৱে চাপিলন্ত কোল।

দেখি দৈত্যগণ নিৰন্তৰে ভৈল ভোল।।

আন নভাষয় আতি নয়ন তবধ।

নসহে হৃদয় মন মদনে দগধ।।৬৪৫।।

বহ্নিৰ সংযোগে যেন উঠলিল ঘৃত।

কন্যাক দেখিয়া সৱে এৰিলে অমৃত।।

উগুল থুগুল চিত্ত কৰৈ উতপাত।

বৰা বৰা দৈত্য উঠি লগাইলেক মাত।।৬৪৬।।

কোন তুমি কমল লোচনী বৰনাৰী।

কিবা প্রয়োজনে ফুৰা কাহাৰ জীয়াৰী।।

চৈধ্যয় ভুৱনে আমি কৰি আছো গতি।

চক্ষুনতু দেখো তুমি সম ৰূপৱতী।।৬৪৭।।

জানিলো তোহ্মাক মহা যত্নে সৃষ্টি কৰে।

ইঠাৱক পঠাইলা আহ্মাক দায়াতৰে।।

তুমি হেন স্ত্রীৰ যিটো দেখে লয়লাস।

সাফল জীৱন তাৰ ঐতে স্বর্গবাস।।৬৪৮৷৷

অনেক জনমে আমি আছো তপ কৰি।

সিকাৰণে আসি ভৈলা আপুনি সুন্দৰী।।

তযু আগমনে ভৈল অমৃতো সাফল।

ভাঙ্গিয়োক সৱে দেৱ দৈত্যৰ কন্দল।।৬৪৯।।

একে কশ্যপৰে হন্তে সৱে ভৈলা জাত।

কেনে দেৱাসুৰে মৰো কৰি উতপাত।

যথোচিতে অমৃত সৱাকো দিয়া বান্টি।

তুমি বিভঞ্জিলে নথাকিবে কাৰো ঘাটি।।৬৫০৷৷

হেন শুনি সুন্দৰী হাসিলা মুচুকাই।

কতোক্ষণ আছিলন্ত মাথা চপৰাই।।

লাজে পিঠি দিয়া পাছে বুলিলা বচন।

তুমি সৱ বৰা বৰা কশ্যপ নন্দন।।৬৫১।।

কিসক আহ্মাক হেন কৰা উপহাস।

কৈত শুনি আছা কৰৈ বেশ্যাত বিশ্বাস।।

কৈৰ আমি কোন নিচিনাহা মাৱ বাপ।

কিসৰ সঞ্জাতে থোৱা অমৃতৰ থাপ।।৬৫২।।

পাইলেক দানৱগণে কথাতে সৰস।

সুন্দৰীক মাতে সৱে উলস মালস।।

চিত্ততে নানিবা হেন নিদাৰুণ মাত।

আছোক অমৃত প্রাণ অর্পিলো তোহ্মাত।।৬৫৩।।

তোহ্মাৰ অধীন যত দানৱ প্রধান।

হুয়োক প্রসন্ন প্রাণেশ্বৰী এৰা মান।।

কৰিবো শপত যেৱে আছয় কপট।

এহি বুলি দিলে আনি অমৃতৰ ঘট।।৬৫৪।

হাসিয়া মাতিলা কন্যা অমৃতক দেখি।

দানৱগণক চাই কটাক্ষে নিৰেখি।।

মোৰ বান্টিবাক যদি লাগে স্বৰূপত।

শুনা আৱে কহো মোৰ মনৰ সন্মত।।৬৫৫।।

আপুনি ইচ্ছায়ে দিবে যাক মন তাক।

তাত যেন কেহোজনে নেদিবাহা হাক।।

তাক এতিক্ষণে সৱে কৰা বোল মাত।

নুহি কিয় কৰিবোহো লোক হাসিয়াত।।৬৫৬৷৷

হেন শুনি দৈত্যগণে মাতে সত্য কৰি।

নিষ্টে নিষ্টে হেৰা আমি বোলো খাণ্ডা ধৰি।।

নেদিবোহা হাক তুমি যাক লাগে দিয়া।

এভো প্রাণেশ্বৰী তেৱে নতাপয়ো হিয়া।।৬৫৭৷৷

হেন শুনি ভৈল কন্যা আনন্দ হৃদয়।

গুচিল মনত যিবা আছিল সংশয়।।

দেৱতাক চাহি পাছে দিলা হাত বাৱ।

দৈত্যক বোলন্ত হুয়ো পৱিত্ৰ স্বভাৱ।।৬৫৮।।

ইটো দিব্য অমৃতক ভুঞ্জিয়ো নিয়মে।

শাৰী হুয়া বসা সৱে দেঞো অনুক্রমে।।

শুনি দেৱ দানৱে কন্যাৰ সমিধান।

সাগৰত নামিয়া কৰিলা স্নান দান।।৬৫৯।।

নিত্য কৃত্য সমাপিয়া পিন্ধিলন্ত ধুতি।

দেৱক অৰ্চ্চিয়া দিলা বহ্নিত আহুতি।।

লিপি পুচি পৱিত্ৰ কৰিলা বহু দূৰ।

বসিলা সমাজ পাতি যত দেৱাসুৰ।।৬৬০৷৷

লগাইলেক ধূপ দীপ আতি আমোদিত।

পৰম আনন্দে সৱে হুয়া সালঙ্কৃত।

আচান্ত কৰিয়া পৃথিৱীত কুশ পাৰি।

বসিলন্ত দেৱ দৈত্য হুয়া দুই শাৰী।।৬৬১৷৷

এক ভিতি দৈত্য আউৰ ভিত্তি ভৈলা দেৱ।

উসল মিসল হুইবে নপাৱন্ত কেৱ।।

দেৱৰ মধ্যত বসিলন্ত দেৱহৰি।

একৰূপে আছন্ত কামিনী ৰূপ ধৰি।।৬৬২।।

অমৃতৰ ঘটক কাষত তুলি লৈলা।

আতি লয়লাসে সমজ্যাক লাগি গৈলা।।

কুচ কুম্ভ ভৰে আতি শিথিল গমনে।

ৰুণুঝুণু কৰি বাজৈ নূপুৰ চৰণে।।৬৬৩।।

বায়ু বস্ত্র উল্লাসৈ বেকত হোৱৈ স্তন।

দেৱে দৈত্যসকলৰ নতাপৰে মন।।

মুখ কমলক যেন পিয়ৈ নেত্র ভৰি।

মনে আলোচন্ত পাছে কন্যাৰূপী হৰি।।৬৬৪।।

দুৰ্জ্জন দানৱ নুহি অমৃতৰ পাত্র।

সর্পে দুগ্ধ পিলে যেন বিষ বাঢ়ে মাত্র।।

এহি বুলি অসুৰক বঞ্চি বনমালী।

শাৰী কৰি দেৱৰ মুখত দেন্ত ঢালি।।৬৬৫৷৷

ব্রহ্মা বিষ্ণু ৰুদ্ৰ আদি যত দেৱগণ।

পিলেক অমৃত আপোনাৰ পূৰি মন।।

কতো দেৱগণ ক্ষুধা তৃষ্ণায়ে নিজীয়ৈ।

দিব্য অমৃতক পায়া ঢোকা ঢোকে পিয়ৈ।।৬৬৬।।

গল চুঙ্গি পাৱৈ যেৱে তভো বাৱৈ বেন্ত।

খোজে মানে অমৃতক নাৰায়ণে দেন্ত।।

নধৰয় নাকে মুখে পৰয় বিয়াপি।

বৰ খঙ্গে পাইল না নোবোলে তথাপি।।৬৬৭৷৷

খাহন্তে খাহন্তে কতো ভৈলা গণ্ডগোল।

উসসিল পেট আতি ভৈল যেন ঢোল।।

মুখত অমৃত লৈয়া ঊৰ্দ্ধ দৃষ্টি আছে।

পেটে নধৰয় মাথা চপৰাইলা পাছে।।৬৬৮।।

নপান্ত উশাস তথাপিতো হাই ফুই।

বাজ হোৱে মাতন্তে থাকন্ত থৰ হুই।।

এহিমতে দেৱগণে ভুঞ্জিলা অমৃত।

কৃষ্ণৰ প্ৰসাদে আতি হুয়া কৃতকৃত্য।।৬৬৯।।

অজৰ অমৰ তেতিক্ষণে দেহাখান।

আঠ গুণে তেজ ষোহ্ল গুণ ভৈলা প্রাণ।।

এহিমতে দেৱগণে পিলন্ত অমৃত।

দেখি অসুৰৰ আৰ নসহয় চিত্ত।।৬৭০৷৷

পিয়ৈ দেৱগণে দৈত্যগণে আছে ছাই।

শপতৰ নিদানে বুলিবে কিছু নাই।।

মনে গুণে বুৰে যো নো অমৃত হৰায়।

মাতিবে নৱাৰে যো নো কন্যাকো নপায়।।৬৭১৷৷

স্ত্রী লোভে দৈত্যগণ থাকিলা নিচুকি।

ৰাহু গৈয়া দেৱৰ মাজত দিলা লুকি।।

দেৱৰূপ ধৰি অমৃতক কৰৈ পান।

দেখি চন্দ্র সূৰ্য্যে মাধৱত দিলা জান।।৬৭২।।

হেন দেখি তেতিক্ষণে দেৱ চক্রপাণি।

কাটিলা ৰাহুৰ গল শীঘ্ৰে চক্র হানি।।

অমৃত পিলেক তাৰ নভৈল মৰণ।

মুণ্ডগোটে লৈলা গৈয়া ব্ৰহ্মাত শৰণ।।৬৭৩৷৷

হেন দেখি মহা কৃপাময় পিতামহ।

দিলা বৰ ৰাহুক থাকিলা হুয়া গ্রহ।।

ভৈল ৰৱি শশী বৈৰী সেহি দিন ধৰি।

প্রতি পৰ্ব্বে ধাৱে বৈৰ ভাৱক সুমৰি।।৬৭৪।।

এহিমতে দেৱতাক পিয়াইলা অমৃত।

সাধিলা মাধৱে ভকতৰ মনোনীত।।

সৱাৰো মধ্যত পাছে স্ত্রীবেশক এৰি।

গৰুড়ত চড়ি বৈকুণ্ঠক গৈলা লড়ি।।৬৭৫।।

অমৃতৰ ঘটক লৈযান্ত দেৱগণে।

সঙ্কেত কৰিয়া উঠিলন্ত তাৱক্ষণে।।

যত অপেশ্বৰা ঐৰাৱত পাৰিজাত।

কৰিলন্ত ইন্দ্ৰে গৈয়া আপোনাৰ হাত।।৬৭৬।।

অস্ত্র শস্ত্র ধৰি দেৱ থিত পটোৱাৰে।

দৈত্যক সমুখে থাকিলন্ত চমকাৰে৷৷

ভণিলা শঙ্কৰে কৃষ্ণপদ অনুসৰি।

পাতক ছাড়োক ডাকি বোলা হৰি হৰি।।৬৭৭৷৷

.......

।।দৈত্যগণৰ যুদ্ধ যাত্রা।।

।।ঝুমুৰি।।

 

দেখি দৈত্য যেন মৰিল।

মুখতে বচন হৰিল।।

আকাশী স্বর্গ পৰিল।

শৰীৰে মৰ্ম্ম চড়িল।।৬৭৮৷৷

গর্জ্জে কোপে বলিৰায়।

দশন কামুৰি খায়।।

বোলে দানৱক চাই।

দেখা দেৱে পাইলা লাই।।৬৭৯।।

আহ্মাতে আছিল খাটি।

ঘিণে নেপেলাইলো কাটি।।

হেন দেৱে দ্রোহ কৰৈ।।

গাৱৰ গৰ্ব্বত মৰৈ।।৬৮০৷৷

অমৃতক খাইলা নেদি।

পেহ্লাইবো কন্ধক ছেদি।।

ৰুধিৰে বহাইবো নদী।

হৰি হন্ত সখা যদি।।৬৮১।। .

তথাপি নকৰো ৰক্ষা।

বুজোক আহ্মাৰ কক্ষা।।

সৱাকো কাটিবো বেঢ়ি।

আৰকা লগাইলে খেড়ি।।৬৮২।।

শুনা যত দৈত্য আছা।

ঝান্টে অস্ত্র শস্ত্র কাচা।।

অমৃতৰ খতি সাৰো।

দেৱক সমৰে মাৰো।৬৮৩৷৷

আহ্মাসাক হিংসি যায়।

আগতে অমৃত খায়।।

আত কি জীৱাক লাগে।

যেন আছে হৌক ভাগে।।৬৮৪।।

আজি নথৈবোহো বাকী।

যুজিবো প্রাণক টাকি।।

নকৰিবো পাছ ভৰি।

সাজিয়ো সত্বৰ কৰি।।৬৮৫৷৷

ৰাজাৰ আদেশ পাই।

দৈত্য উঠি গিৰিসাই।।

আথে বেথে কাচি বস্ত্র।

ধৰিলা তেখনে অস্ত্র।।৬৮৬।।

কতো হস্তী কন্ধে উঠে।

হয় গর্দ্দভত চুটে।।

বাঘ ঘোঙ ঘোড়ে চড়ি।

বৰাহ মহিষে লড়ি।।৬৮৭।

শৰভ ভালুকে উঠি।

শৃগালত দেই চুটি।।

মগৰ কুম্ভীৰে চড়ি।

কতো কঙ্কলাসে লড়ি।।৬৮৮।

কতো গৃধ্ৰ হংস যানে।

পশু পক্ষী আছে মানে।।

তাতে উঠি দৈত্যজাক।

সাজু ভৈলা যুজিবাক।।৬৮৯৷৷

অনন্তৰে বলিৰায়।

মাতিলা ময়ক চাই।।

মায়াৰথ আন সাজি।

আকাশে সঞ্চাৰে বাজী।।৬৯০।।

তুমি সৱে জানা মৰ্ম্ম।

হেন শুনি বিশ্বকৰ্ম্ম।।

সাজিলা মায়াৰ বলে।

ৰথ আকাশত চলে।।৬৯১৷৷

খনো পৃথিৱীক চোৱৈ।

তেখনে অদৃশ্য হোৱৈ।।

নানা ৰত্নে কৰি সাজ।

আৰোপিলা সিংহধ্বজ।।৬৯২৷৷

থৈলা অস্ত্র থানে থানে।

যুদ্ধত লাগিবে মানে।।

বৈদুৰ্য্য সন্নাহ যাৰ।

দেখি বৈৰ চমৎকাৰ।।৬৯৩৷৷

সাজি ময় মহাভাগে।

যোগাইলা ৰাজাৰ আগে।।

দেখি বলি মহাবীৰে।

কিৰীটি চড়াইলা শিৰে।।৬৯৪৷৷

কৱচে ঢাকিলা তনু।

কৰে ধৰি শৰধনু।।

ডেৱ দিয়া দৈত্যৰাজে।।

চড়িলা ৰথৰ মাজে।।৬৯৫।।।

বৰা বৰা দৈত্যমানে।

উঠি স্বকী স্বকী যানে।।

দৈত্যেন্দ্রক মধ্য কৰি।

শিৰে শ্বেত ছত্র ধৰি।।৬৯৬।

ধৱল চামৰে ঢুলি।

যায় দণ্ড ছত্র তুলি।।

যেন পূর্ণচন্দ্র যাৱে।

বাদ্যে ভাণ্ডে স্বর্গ চোৱে।।৬৯৭৷৷

কটকৰ গিৰে আতি।

দলদোপ বসুমতী।।

হেন মহা চমকাৰে।

লড়িলা দেৱক ধাৰে।।৬৯৮৷৷

নমিয়া কৃষ্ণৰ পাৱে।

ঝুমুৰি শঙ্কৰে গাৱে।।

আক এক চিত্ত কৰি।

হৰিক মনত ধৰি।।৬৯৯৷৷

যি যাইবা সংসাৰ তড়ি।

আন কৰ্ম্ম পৰিহৰি

শুনা আক সৰ্ব্বজনে।

হৰি হৰি বোলা ঘনে।।৭০০।।

......

 

৷৷দেৱ-দৈত্যৰ যুদ্ধ।।

।।পদ।।

 

বাসৱে দেখন্ত বলি আসে চমৎকাৰে।

ৰত্নময় সন্নাহ পিন্ধিলা কলেৱৰে।।

শিৰত কিৰীটি ধনু ধৰি বাম কৰে।

কাচিলা ছত্রিশ অস্ত্রে আঞ্জৰে পাঞ্জৰে।।৭০১।

আউৰ হাতে বজ্ৰগোট ধৰিয়া প্রবন্ধে।

ডেৱ দিয়া চড়িলন্ত ঐৰাৱত স্কন্ধে।।

উদয় গিৰিত যেন সূৰ্য্য ভৈলা বাজ।

চাহন নযাই প্রকাশন্ত দেৱৰাজ।।৭০২৷৷

দেখি দেৱ সেনাগণে দণ্ড ছত্র তুলি।

বাৱে বাদ্য ভাণ্ড বেড়ি জয় ইন্দ্ৰ বুলি।।

স্বকী স্বকী যানে চড়ি দশ দিগপাল।

কাচিয়া ইন্দ্ৰৰ লগে গৈলা সেহি তাল।।৭০৩।।

অমৃতৰ পানে বৰ বাঢ়িল প্রভাৱ।

বলিষ্ঠ দর্পিষ্ট হৃষ্টপুষ্ট ভৈল গাৱ।।

দানৱক লাগিয়া কটাক্ষো নাহি আতি।

থাকিলা নির্ভয়ে অৰ্দ্ধচন্দ্র বেহু পাতি।।৭০৪।।

দানৱৰ প্ৰচণ্ড কটকে যায় খেদি।

বাদ্য ভাণ্ড বোলে বায়ু মণ্ডলক ভেদি।।

খাইবো মুণ্ড আজি দেৱগণ থাক থাক।

এহি বুলি দৈত্যে গৈয়া দিলে অস্ত্র জাক।।৭০৫।।

পৰশু মূষল শেল শকতি তোমৰ।

পৰিঘ পট্টিশ অসি গদা মুদগৰ।।

ভল্ল ভিন্দিপাল প্রাস ক্ষুৰ যে প্রহাৰে।

বাৰিষাৰ মেঘে যেন বৰিষয় ধাৰে।।৭০৬৷৷

পৰম নিশঙ্কে দেৱতাৰ সেনামানে।

বাঢ়ি আছে তেজ বল অমৃতক পানে।।

সৱে ৰণ পণ্ডিত বুদ্ধিত নঘাটন্ত।

দানৱৰ শৰ মানে পথতে কাটন্ত।।৭০৭।

দৈত্যক চানিয়া দেৱে বৰিষন্ত বাণ।

দেৱকো দানৱে কৰে অস্ত্ৰৰ সন্ধান।।

অন্যোঅন্যে শৰে ফুটি সৱে চটচটি।

নুহি পাছ ভৰি কৰে বীৰে আৰম্ফটি।।৭০৮।।

ৰথী ৰথী যুদ্ধে দুই দুইৰ ছিদ্র চাৱে।।

বিমোহিত হোৱে দুই দুইৰ শৰ ঘাৱে৷৷

সাৰথিক মাৰি ৰথ পেহ্লাৱে বখালি।।

জিনিলো জিনিলো বুলি পাৰে বাহুতালি।।৭০৯৷৷

হস্তী হস্তী কৰৈ যুদ্ধ চণ্ড দান্তে ভিৰি।

ধৰাধৰি আজোৰত মুণ্ড যাই চিড়ি।।

পৃথিৱী কম্পাৱে চিহৰয় ঘোৰ ৰাৱে।

মাহুতে মাহুতে যুজে অঙ্কুশৰ ঘাৱে।।৭১০৷৷

ঘোড়ায়ে ঘোড়াক বৈসাৱয় ঝাম্পগুৰি।

কতো বেন্ত বায়া কৰৈ কামোৰা কামুৰি।।

কাঢ়য় হ্ৰেসনী ধ্বনি শুনি কাণ ফাটে।

ৰাহুতে ৰাহুতে কোবা কোবি কৰৈ চোটে।।৭১১৷৷

পদাতি পদাতি লাগিলেক ধুমাৰ্জ্জয়।

কাট মাৰ বুলি খাণ্ডা তুলিয়া গর্জ্জয়।।

বাজুৱাৰে খাণ্ডাৰ কোবত মাথা ছেদৈ।

কতো মুষ্টি মাৰৈ যাঠি হানি হিয়া ভেদৈ।।৭১২৷৷

অস্ত্র হত ভৈল কতো যুজে মালবান্ধে।

হাতে ধৰাধৰি কৰি ভৰি ভৰি চান্দে।।

পৃথিৱীত পৰি কৰৈ বাগৰা বাগৰি।

কতো হাৰ ঘাৰ ভাঙ্গি নেই মড়মৰি।।৭১৩৷৷

আণ্ঠুৱে ঠোঙ্গোনা মাৰৈ গোৰ ঘৰাকাতি।

চৱৰ চপট কিল ভুকু মাৰে আতি।।

মুষ্টিৰ চোটত ভাঙ্গে নাক মুখ শিৰ।

শৰীৰ ঢাকিয়া বহৈ বোম্বালে ৰুধিৰ।।৭১৪৷৷

উভয় সৈন্যত বাজে নানা বাদ্য ভণ্ড।

দুয়ো ভিতি নচুৱাৱৈ চিহ্ন ছত্র দণ্ড।।

চানি চলি আসে আকাশত বাণগণ।

চিকি মিকি কৰৈ যেন ৰবিৰ কিৰণ।।৭১৫।।

দুয়ো সেনা কৰৈ ঘোৰ সিংহনাদ ৰোল।

স্বৰ্গক লঙ্ঘিয়া গৈল ব্রহ্মাণ্ডৰ কোল।।

ক্ষীৰ সাগৰৰ তীৰ জুৰি নিৰন্তৰ।

লাগিল দুৰ্ঘোৰ দেৱাসুৰৰ সমৰ।।৭১৬৷৷

এক থান ভৈল যেন দুখান সাগৰ।

হুলস্থূল কৰৈ যেন কুম্ভীৰ মগৰ।।

ধৰ মাৰ কাট কেহো বোলে তোল তোল।।

নসহে পৃথিৱী দেৱাসুৰৰ আন্দোল।।৭১৭।।

কৰিলা ত্রিদশে দিব্য অমৃতক পান।

চড়ন্তেসে যায় বল বীৰ্য্য তেজ প্রাণ।।

পৰম নির্ভয়ে দানৱক যুদ্ধ কৰৈ।।

কৃষ্ণৰ প্ৰসাদে দেৱ গোটেকো নমৰৈ।।৭১৮৷৷

দেৱতাৰ প্ৰহাৰত দৈত্য যায় মৰি।

হেন দেখি দানৱ নিশেষে গৈল ডৰি।।

কহিতো নমৰে ত্রিদশৰ এক গুটি।।

বিপর্যয় দেখিয়া ভাগিল আটি মুটি।।৭১৯৷৷

দেৱৰ প্রহাৰে জৰ্জ্জৰিত ভৈল অঙ্গ।

তেতিক্ষণে অসুৰৰ সেনা দিলে ভঙ্গ।।

দেখি দেৱগণে পাছে পাছে নেই খেদি।

নৰাখে দৈত্যক পাৰেমানে নেই ছেদি।।৭২০৷৷

মাৰে হান গলে কতো ছিণ্ডে কাণ্ডে খাণ্ডে।

পলাই কতো গাৱে তেজ বহৈ ধাৰা দণ্ডে।।

অস্ত্র শস্ত্র বস্ত্র সৱে এৰি নিৰন্তৰে।

বলিত শৰণ লৈলা প্ৰাণৰ কাতৰে।।৭২১৷৷

হেন দেখি খঙ্গিল বলিষ্ঠ বলিৰায়।

সেনাৰ সন্তাপে মহা ক্রোধে গৈলা ধায়।।

বৰা বৰা দৈত্যমানে লগতে জাম্পিল।

দল দোপ পয়োভৰে পৃথিৱী কম্পিল।।৭২২।।

তর্জ্জিয়া গর্জ্জিয়া সৱে চাৱৈ ক্রোধ দৃষ্টি।

কৰিলেক আথাকে বিপুল শৰ বৃষ্টি।।

ঢাকিলেক দিশ পাশ নমনি আকাশ।

বাৰিষাৰ মেঘ যেন নাহিকে প্রকাশ।।৭২৩৷৷

মিলিল দুর্ঘোৰ যুদ্ধ দেৱ দানৱৰ।

বসি আকলিলা কৈলাসত শূলধৰ।।

টানি টানি বাঘছাল বান্ধিলা কটিত।

শূল ধৰি আৰোহিলা বৃষৰ পিঠিত।।৭২৪।।

কি কৰা কার্ত্তিক কৈত আছা গণপতি।

ত্রিদশ দেৱৰ আহ্মাৰেসে সেনাপতি।।

তাসম্বাৰ ভঙ্গ গৈলে আহ্মাৰেসে লাজ।

হেন জানি যুদ্ধক সত্বৰে হুয়ো সাজ।।৭২৫।।

এহি বুলি তেখনে লড়িলা মহেশ্বৰ।

সপুত্র বান্ধৱে ভৈলা ৰণে পয়োসাৰ।

দেখি দেৱতাৰ ভৈলা দশগুণে সাস।

জিনিলো দৈত্যক বুলি পিৰয় আটাস।।৭২৬৷৷

দেখি ক্রোধে জ্বলিলন্ত দৈত্যেন্দ্র মহাবীৰ।

শত্ৰুৰ উৎসাহ দেখি নসহে শৰীৰ।।

বিদ্যুত সঞ্চাৰে ধাইল ধনুক টঙ্কাৰি।

চাইলা দিশপাশ অসংখ্যাত শৰ মাৰি।।৭২৭৷৷

তিখাল চোখাল শৰ মাৰিবে লাগিল।

চমকিয়া দেৱ সেনা বিভঙ্গে ভাগিল।।

হেন দেখি ইন্দ্ৰৰ উঠিল মহা ৰাগ।

হস্তী স্কন্ধে তেখনে ভেটিল গৈয়া আগ।।৭২৮৷৷

সম্বুধি বোলন্ত ইন্দ্ৰে শুন অৰে বলি।

তিনিয়ো লোকত লগাই আছ খলমলি।।

সিসৱ কৰ্ম্মৰ আজি মঞি দেঞো ফল।

এহি বুলি ধনু ভিৰি দেৱ আখণ্ডল।।৭২৯৷৷

এক শত তীক্ষ্ণ শৰ পঠাইলা প্রহাৰি।

বাজ ভৈল দৈত্যেন্দ্ৰৰ হৃদয় বিদাৰি।।

বৰ চোটে জমক দেখিলা বলিৰায়।

হুয়োক সষ্টম বোলৈ বাসৱক চাই।।৭৩০।।

একবাৰ খেদি কাঢ়ি লৈলো স্বৰ্গৰাজ।

দুনাই দ্রোহ চিন্ত তোৰ নাহি কিছু লাজ।।

নপঠাইবো ইবাৰ জীৱন্তে লৈবো প্রাণ।

এহি বুলি প্রহাৰিলা হাজাৰেক বাণ।।৭৩১৷৷

বিস্বাদ শবদে আকাশক যায় ছানি।

দেখি ইন্দ্রে তেখনে কাটিলা শৰ হানি।।

ছন্ন ভৈল শৰ নপাইলেক অৰ্দ্ধ পথ।

যেন মিছা ভৈল দৰিদ্ৰৰ মনোৰথ।।৭৩২৷৷

হেন দেখি বলিৰায় খঙ্গি গৈলা তদা।

দুনাই হাতে তুলি লৈলা ভয়ঙ্কৰ গদা।।

ৰথ হন্তে দেৱ দিয়া নামিলা ভূমিত।

দেখ নেদেখ বেগে চলিলা তড়িত।।৭৩৩৷৷

হস্তীৰ মুণ্ডত কোব দিলা মহাৰাগী।

বোম্বালে বঝায় তেজ কুম্ভস্থল ভাগি।।

পৰ্ব্বতৰ পৰা যেন বহে গেৰু ধাৰ।

পাক ফুৰি ঐৰাৱতে দেখে অন্ধকাৰ।।৭৩৪৷৷

পাছ গুচি পাছে বলি আৰোহিলা ৰথ।

লুণ্ডি ঘুণ্ডি হস্তী ইন্দ্ৰে কৰিলন্ত স্বস্থ৷৷

বলিৰ ঘোৰাক তাড়িলেক পাঞ্চ বাণে।

সাৰথিক দশ বাণে ভেদিল সন্ধানে।।৭৩৫।।

তীক্ষ্ণতৰ বিচিত্র নৰাচ কুৰিপাটে।

বৰ চোটে বিন্ধিলন্ত ৰাজাৰ ললাটে।।

বাহুকো বিন্ধিলা আঠ আঠ শৰ মাৰি।

ষাঠি শৰে হৃদয়ক পেলাইলা বিদাৰি।।৭৩৬৷৷

ৰথ সমন্বিতে বলি তৈতে ফুৰে পাক।

মাৰিলো মাৰিলো বুলি ইন্দ্ৰে দিলা ডাক।।

ফুঙ্কিলন্ত শঙ্খ ৰঙ্গ কৰিয়া বাসৱ।

চাহি আছৈ তাকে বলিৰ পৰাভৱ।।৭৩৭।।

মহা ক্রোধে ধাইল, মত্ত গজ কন্ধে উঠি।

বাম হাতে ধনু ধৰি সুৱৰ্ণৰ মুঠি৷৷

বৰিষিলা শৰ বেগে বিপঞ্চি বিপাট।

কার্ত্তিকে দেখিয়া তাৰ ভেণ্টিলন্ত বাট।।৭৩৮।।

ময়ূৰত চড়ি কৰি ধনুক টঙ্কাৰ।।

ডাকিয়া বোলন্ত অৰে দৈত্য দুৰাচাৰ।।

বৰ ভাল ভৈল তোক ভেট পাই আজি।

এহি বুলি কাৰ্ত্তিকে ধনুৰ গুণ মাজি।।৭৩৯।।

একশত শৰক হানিলা মহাবলী।

বাটতে কাটিলা তাক তাৰকে আকলি।।

শৰ ছন্ন দেখিয়া খঙ্গিলা গৌৰী সুতে।

বৰিষিলা শৰগণ অযুতে নিযুতে।।৭৪০৷৷

কাটিলন্ত হয় হস্তী কোটি কোটি ৰথ।

অসংখ্যাত দৈত্যক পঠাইলা যমপথ।।

হেন দেখি কিটাইলন্ত তাৰক সেনাপতি।

কার্ত্তিকক বোলে শুন শিৱৰ সন্ততি।।৭৪১৷৷

হস্তী এৰি কৰস মক্ষীত মুনিসাই।

সমুখ সমৰে আজি তোক লগাঞো ঠাই।।

এহি বুলি হানিলন্ত একশত বাণে।

দেৱ সেনাপতিক ফুটিল বৰ টানে।।৭৪২।।

অনন্তৰে বীৰে কোপে দশন কামুৰি।

শৰ সৱ গাৱৰ পেলাইলা ভাঙ্গি মুৰি।।

ধনু এৰি বিপুল শকতি লৈলা তুলি।

খেদি যান্ত দানৱক থাক থাক বুলি।।৭৪৩৷৷

বিদ্যুত সঞ্চাৰে তাৰকক লাগ পাইল।

শূলে খোঞ্চা মাৰি হস্তী সমে সৰকাইল।।

উৰ্দ্ধক লাগিয়া তুলিলন্ত আলগাই।

কৌতুকে ফুৰান্ত যেন পাৰ নচুৱাই।।৭৪৪।।

দেখি দেৱতাৰ আতি ৰিঙ্গ জোট হাসি।।

প্রশংসন্ত কার্ত্তিকক দশন প্রকাশি।।

কুৰ্ম্মস্থলি কৰি আতি বাৱৈ বাদ্য ভণ্ড।

তুলি তুলি নচুৱাৱৈ ছিন্ন ছত্র দণ্ড।।৭৪৫।।

যতেক দানৱমানে পৰিল নিসাৰি।।

মৰা তাৰকক পাছে পেলাইলা আচাৰি।।

ফুঙ্কিলন্ত শঙ্খ গোট দৈত্যক নিদলি।

দেখি বৰা বৰা দৈত্যে ক্রোধে গৈলা জ্বলি।।৭৪৬।।

অন্যোঅন্যে বোলৈ অৰে কিবা আছা চাই।

আমি বিদ্যমানে সেনাপতিৰ বিলাই।।

এই বুলি মহা কোপে অস্ত্র শস্ত্র ধৰি।

ত্রিদশক ধাইলা কোপে জম জম কৰি।।৭৪৭।।

খাইবো মুণ্ড বুলিয়া বাহুত মাৰে ডাম্ফি।

হেন দেখি মুখ্য মুখ্য দেৱে গৈলা হাম্ফি।।

ৰহ ৰহ বুলি সৱে প্ৰহাৰন্ত চোটে।।

গাৱে গাৱে দৈত্যক ভেদিলা গোটে গোটে।।৭৪৮।।

প্রথমতে ত্রিনয়ন শঙ্কৰ আদি মূল।

জম্ভক গৈলন্ত ধাই ধৰিয়া ত্রিশূল।।

মূষত চড়িয়া লম্বোদৰ গণপতি।

আইস বুলি খেদি গৈলা নৰকক প্রতি।।৭৪৯।।

শুম্ভ নিশুম্ভ ভদ্রকালী লৈলা লাগ।

বৰুণে ভেণ্টিল গৈয়া সম্বৰক আগ।।

ময় দানৱক বিশ্বকৰ্ম্মে গৈলা ধায়।

কাল দানৱক হাস্ফুলিলা যমৰায়।।৭৫।।

মহিষৰ অগ্নিৰ লাগিল তোলপাৰ।

বৃষপৰ্ব্বা সমন্বিতে অশ্বিনী কুমাৰ।।

পুলুমজ দানৱক পৱনে ৰাগিল।

চন্দ্ৰৰ ৰাহুৰ বৰ তম্রোল লাগিল।।৭৫১।।

মিত্রঘন দৈত্যক কুবেৰে দিলা ধাৰ।

দুর্ম্মদক কামদেৱে কৰন্ত প্ৰহাৰ।।

বলিৰ শতেক পুত্র বাণ আদি কৰি।

সৱাকো যুজন্ত সূৰ্য্যে কৰে ধনু ধৰি।।৭৫২৷৷

নিপাতকৱচ সমে যুজে বিশ্বগণ।

অষ্টবসু আদি কৰি সৱে দিলা ৰণ।।

ত্রিপুৰক ৰুদ্রগণে ধাইল কোপ কৰি।

শুক্র বৃহস্পতিৰ লাগিলা ধৰাধৰি।।৭৫৩৷৷

আনো যত যোদ্ধা আছে দেৱাসুৰগণ।

দুহো দুহো জনে জুলি বাটি কৰে ৰণ।।

জয়ক আশায়ে অন্যোঅন্যক প্রহাৰে।

দশোদিশ ঢাকি বৰশয় শৰধাৰে।।৭৫৪৷৷

পৰিঘ পট্টিশ শূল মূষল তোমৰ।

পৰশু শতঘ্নী শেল গদা মুদগৰ।।

ভূষণ্ডিক ক্ষুৰ ত্রিকণ্টিক কনিয়াল।

অৰ্দ্ধচন্দ্র চক্র প্রাশ আৰ ভিণ্ডীপাল।।৭৫৫।।

বৰিষয় অন্যোঅন্যে কৰৈ মৰ্ম্মভেদ।

প্রলয় মেঘৰ যেন নাহি ধাৰা ছেদ।।

কাটে হয় হস্তী ৰথী ৰথ ধ্বজ দণ্ড।

কাৰো উৰু কৰ শিৰ কৰৈ খণ্ড খণ্ড ।।৭৫৬৷৷

কাৰো আণ্ঠু ওষ্ঠ কণ্ঠ কাটি চিণ্ডে মুণ্ড।

কাৰো কাণ্ড খণ্ড পৰি ভসাৰয় ভুণ্ড।।

কাৰো হাড় ঘাড় বিহৰাৱে বৰ টানে।

কৱচ কুণ্ডল কিৰীটিকো কাটে বাণে।।৭৫৭৷৷

বিপুল পদাতি আতি পৰিল অপাৰ।

লক্ষ কোটি কাটা হস্তী দেখি ভিণ্ডাকাৰ।।

ৰাহুত মাহুত হয় মৰিল বিস্তৰ।

ৰুধিৰে বহিল নদী এক ভয়ঙ্কৰ।।৭৫৮৷৷

কিৰীটি কুণ্ডলে আছৈ মুণ্ডমালা পৰি।

তেজে তোলবোল হুয়া আছৈ দান্ত তৰি।।

পৰি আছৈ সালঙ্কৃত কটা বাহুচয়।।

চিকিমিকি কৰৈ যেন ৰবিৰ উদয়।।৭৫৯৷৷

সেহি বেলা উঠি গৈল অনেক কৱন্ধে।

অস্ত্র শস্ত্র ধৰি ধাৱে যুদ্ধক প্রৱন্ধে।।

যক্ষ ৰক্ষ পিশাচ মাংসক সৱে গিলি।

ভয়ঙ্কৰ ঘোৰ নাদ কৰৈ কিলকিলি।।৭৬০৷৷

যুজয় দানৱগণে পৰাণক টাঙ্কি।

নথৈলা ত্রিদশে আৰ যুঁজিবাক বাঙ্কি।।

মহা বৈৰভাৱে সৱে নেৰৈ কাকো কেৱে।

হেন ঘোৰ সমৰ কৰিলা দৈত্যদেৱে।।৭৬১৷৷

দেৱাসুৰ যুদ্ধ কথা অষ্টম স্কন্ধৰ।

একচিত্তে শুনি তড়া পাতক সাগৰ।।

ভণিল শঙ্কৰে কৃষ্ণ পদ অনুসৰি।

সৱে সমজ্যায়ে ডাকি বোলা হৰি হৰি।।৭৬২৷৷

.......

৷৷ ছবি।।

 

শুক মুনি নিগদতি       শুনা ৰাজা কুৰুপতি

পাচে যেনমত ভৈল যুজ।

শৰ ধনু ধৰি জম্ভে      শঙ্কৰক মাতে দম্ভে

আজি হৰ মোৰ বল বুজ।।

এহি বুলি তীক্ষ্ণতৰ       আনিলা অসংখ্য শৰ

বিম্বাদ শবদে চলি গৈলা।

দেখি দেৱ ভোলানাথ     কটাক্ষো নাহিকে তাত

আগ বাঢ়ি হিয়া পাতি লৈলা।।৭৬৩।।

দেখি জম্ভে ধনু এৰি      ধাইল মুদগৰ ধৰি

দিলা কোব বলধো ডৰাইল।

পাছে থিৰ কৰি হিয়া     জম্ভক বৈসাইলা দিয়া

শ্ৰম কৰি দানৱে এৰাইল।।

দুনাই ৰথত উঠি        ধনু ধৰি দৃঢ় মুঠি

বাণগণ অনেক প্রহাৰে।

দেখি হৰে হুহ বুলি      দুৰ্ঘোৰ ত্রিশূল তুলি

পাইলা তাক বিদ্যুত সঞ্চাৰে।।৭৬৪৷৷

তাক শূলে খোঞ্চা মাৰি    ধৰিলন্ত ত্রিপুৰাৰি

ভয়ে জম্ভে কৰিলা কাতৰ।।

মৰো মৰো যায় জীৱ     ত্রাহি ত্রাহি সদাশিৱ

শুনি তাত তুষ্ট ভৈলা হৰ।।

তাহাৰ বিশ্রুতি দেখি     নমাৰিয়া প্রাণ ৰাখি

ত্রিশূল পেহাইলা উফৰাই।

দেখি জম্ভে ধুৱাকুৱা      ৰুধিৰে দিগিধ হুয়া

পৰিলেক সাগৰ চেড়াই।।৭৬৫৷৷

শুম্ভ নিশুম্ভক পাছে       অনেক যুজন্তে আছে

ভদ্রকালী কৰিয়া হুঙ্কাৰ।

সিংহৰ পিঠিত উঠি      ধৰি দৃঢ় যাঠী মুঠি

দুইৰো হিয়া কৰিলা বিদাৰ।।

দুয়ো পৰি ৰথহন্তে       ৰুধিৰ চাদিয়া বেন্তে

যেন ভৈল মৃতক স্বভাৱ।

পৰশু উচ্চায়া কৰে      খেদি গৈলা লম্বোদৰে

নৰকক মাৰিলন্ত ঘাৱ।।৭৬৬।।

পাছ ভৰি ডেৱ কৰি     নৰক ভূমিত পৰি

আয়ু অধিকৰ কাজে জীলা।

ঘোটক সহিত ৰথ       পসিলন্ত যমপথ

সাৰথিকো যমক ডাকিলা।।

নৰক পলাইল প্রাণে      তাহাৰ সেনাক মানে

কৰিলন্ত কুঠাৰে দোহাৰ।

লগাইলন্ত খলমলি        শত্ৰুক সমৰে দলি

নিৱৰ্ত্তিলা গৌৰীৰ কুমাৰ।।৭৬৭৷৷

বৰুণে তোমৰ লৈয়া      হেতিক হাস্ফুলি গৈয়া

হৃদয়ত কোবেক বৈসাইলা।

পৰম দাৰুণ চোটে       ফুৰি ফুৰি দৈত্য গোটে

কতোক্ষণে চেতনক পাইলা।।

পৱন সঞ্চাৰ বেগে       ধাই গৈয়া সেহি চেগে বৰুণৰ হিয়ে দিলা মুঠি।

বৰুণ থমকি আছি       সাহস্তম হুয়া কাচি

ধৰিলা হেতিক ৰথে উঠি।।৭৬৮।।।

দানৱক অপ্রয়াসে        বান্ধিলন্ত নাগপাশে

ভয়ে ভঙ্গ দিলা সেনা তাৰ।

গলত লগায়া জৰী       হেতিক আনিলা ধৰি

দেখি দেৱে দিলন্ত জোকাৰ।।

পৰিঘ উল্লাসি হাতে      বৈসাইলা যমৰ মাথে

কালনাভ দুর্জ্জয় অসুৰ।

পৰিলন্ত মূৰ্চ্চা গই        মহিষে পিঠিত লই

পাচ গুচি গৈলা কতো দূৰ।।৭৬৯।।

সন্ধুকিল কতোক্ষণে       দণ্ড ধৰি ক্ৰোধ মনে

চাপিলা দৈত্যৰ সন্নিধান।

দুয়ো হাতে তুলি দাঙ্গি     কাকদণ্ডে মুণ্ড ভাঙ্গি

কালনাভৰ লৈলা প্রাণ।।

সেনাত লগাইলা হুৰি     পাইল মানে খেদি গুৰি

সৱাকো বধিলা যমৰায়।

কোপে বায়ু খাণ্ডা ধৰি    অনেক তর্জ্জন কৰি

পুলুমাক প্রতি গৈলা ধাই।।৭৭০৷৷

ৰথৰ ঘোটক চাৰি       প্ৰথমতে তাঙ্ক মাৰি

সাৰথিৰ ছেদিলন্ত শিৰ।

পুলুমা দেখিয়া খঙ্গে      অসংখ্যাত শৰ সঙ্গে

ভেদিলেক বায়ুৰ শৰীৰ।।

বাণক নগণি তাৰ       বায়ু মহা বলীয়াৰ

চাম্প দিয়া ধৰিলা চুলত।

ঘণ্টা লাৰি পাশ কৰি     খাণ্ডাক উচ্চায়া ধৰি

ছেদিলন্ত উত্তৰীৰ মত।।৭৭১।।

যাক পাইল মানে খেদি    পেহ্লাইলা কন্ধক ছেদি

পুলুমাৰ যতেক পদাতি।

বায়ুৰ দেখিয়া জয়       দেৱগণে প্রশংসয়

বাৱে জয় বাদ্য ভণ্ড আতি।।

অগ্নি পাছে গৈলা চলি     ধমক ধমক জ্বলি

দানৱৰ সেনাত লাগিল।

অস্ত্র বস্ত্র পোৰে জুই      আতি চেঞ্চাপোৰা হুই

দৈত্যগণ বিভঙ্গে ভাগিল।।৭৭২৷৷

কতো আনি ঘসৈ মাটি    কেহো পাৰে চেঙ্গালুটি

মৰো মৰো কৰৈ আৰ্তনাদ।

পোৰে নাক মুখ আখি     সেনাৰ বিপত্তি দেখি

মহিষৰ মনত বিষাদ।।

আথে বেথে ধনু টানি     বৰুণৰ বাণ হানি

|নিমাইল বহ্নিক জলধাৰে।

দেখি অগ্নি মূৰ্ত্তি ধৰি     ধাইলন্ত আটোপ কৰি

মহিষক অতি চমৎকাৰে।।৭৭৩।।

ছাগৰ পিঠিত উঠি       শূল ধৰি দৃঢ় মুঠি

দান্ত চোবাই অশেষ গৰ্জ্জন্ত।

মহিষো দেখিয়া পাছে     হাস্ফুলিলা যুদ্ধ কাচে

প্রহাৰিলা শৰ অপৰ্য্যন্ত।।

ভয়ঙ্কৰ বজ্রময়         প্রহাৰিলা শৰচয়

চলি যান্ত বিদ্যুত সঞ্চাৰে।

অগ্নিয়ো নগণি তাক      দানৱৰ শৰজাক

উৰুৱাইলা মূষল প্রহাৰে।।৭৭৪।।

দুনাই নৰাচ আনি       সন্ধানে পঠাইলা হানি

দৈত্য বৰ ৰণত পাৰ্গত।

বিম্বাদ শৱদে বাণে       ছাগৰ মুণ্ডত টানে

ফুটি গৈয়া বজাইল মার্গত।।

বাহনৰ শ্রুতি ভঙ্গ       দেখি অগনিৰ খঙ্গ

জাম্প দিয়া ভূমিত নামিলা।

বজ্ৰ সম তীক্ষ্ণতৰ       হানিলেক অগ্নি শৰ

মহিষৰ হিয়াত পৰিলা।।৭৭৫৷৷

নিদাৰুণ শৰ চোটে       ফুৰি ফুৰি দৈত্য গোটে

ৰথ হন্তে ভূমিত পৰিল।

কতো দূৰ ভৈল খাল     যেন গৈলা ভূমিচাল

গিৰিসাই পৃথিৱী লড়িল।।

মহিষ মৰিল প্রাণে       তাহাৰ কটক মানে

জীৱ ৰাখি ভয়ে দিল ভঙ্গ।

বাৱৈ আতি ঢাক ঢোল    কৰে জয় জয় ৰোল

দেৱৰ সেনাৰ মহাৰঙ্গ।।৭৭৬।।

নমো নমো দামোদৰ      জগতৰ বিঘ্নিহৰ

ভকত অভয় দাতা দেৱ।

ভাগৱত পদ ছবি       ৰচিলা শঙ্কৰ কবি

কৃষ্ণৰ চৰণে কৰি সেৱ।।

হুয়া আতি নিশৱদ       অমৃত মথন পদ

শুনিয়োক সাৱধান কৰি।

পলাউক পাতকচয়       গুচোক যমৰ ভয়

ডাকি সৱে বোলা হৰি হৰি।।৭৭৩৷৷

............

                 ।।পদ।।

 

বলিৰায় দেখৈ সৱে দেৱতাৰ জয়।

দানৱৰ সেনামানে যায় যমালয়।।

নসহে শৰীৰ মহা ক্ৰোধত কম্পিল।

ৰথে চড়ি ধনু ধৰি ইন্দ্রক ঝাম্পিল।।৭৭৮৷৷

বলিৰ আটোপে পৃথিৱীয়ো নোহে থিৰ।

লগতে ধাইলেক ছয়গোটা মহাবীৰ।।

দুৰমুখ কালনেমি জম্ভ অনুপাম।

মালী সুমালী আৰু মাল্যৱন্ত নাম।।৭৭৯।

দৈত্যৰ মাজত ছয়ো অতি মহা শূৰ।

ভৈলা অস্ত্র ধৰিয়া বলিৰ পক্ষপূৰ।।

পাছে বলি কৰিলেক ধনুক টঙ্কাৰ।

হাজাৰেক শৰ বাছি কৰিলা প্ৰহাৰ।।৭৮০৷৷

অমৃতৰ পানে হৃষ্টপুষ্ট আখণ্ডল।

বিষ্ণুৰ প্ৰসাদে বাঢ়ি আছে তেজ বল।।

কটাক্ষো নকৰে আতি নির্ভয় স্বভাৱে।

আকাশতে কাটিলা শৰক শৰ ঘাৱে।।৭৮১৷৷

দেখি দৈত্যপতি আতি ক্রোধে গৈলা জ্বলি।