top of page

।।শ্রীমদ্ভাগৱত।।

।।একাদশ স্কন্ধ।।

।।নিমি নৱসিদ্ধ সংবাদ।।

।।শ্ৰী কৃষ্ণায় নমঃ।।

 

 

।।মঙ্গলাচৰণ।।

।।পদ।।

 

জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ।

যাৰ আজ্ঞা পালে প্রজাপতি হৰি হৰ।।

কোটি কোটি ব্রহ্মাণ্ড স্ৰজন্ত যাৰ মায়া।

জয় সনাতন নিত্য নিৰঞ্জন কায়া।।১।।

নমো মধুৰিপু ৰাম মোৰ মহাগুৰু।

অন্তকৰো অন্তক ভকত কল্পতৰু।।

আতি পাতকীও তৰে যাহাক স্মৰণে।

কৰো নমস্কাৰ কোটি কৃষ্ণৰ চৰণে।।২।।

প্রভু পদ পঙ্কজক ধৰি হৃদয়ত।

যেন মতে বুজো টীকা ভাষ্যৰ সন্মত।।

কৃষ্ণৰ আদেশে আমি হ্রস্ব দীর্ঘ ছন্দে।

বিৰচিবো নৱসিদ্ধ কথাক প্রবন্ধে।।৩।।

.........

 

৷৷ নাৰদ-বাসুদেৱ সংবাদ।।

 

বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহা ভাগৱত।

পাইল পৰীক্ষিতে শুকমুনিৰ মুখত।।

সাত দিন শুনি সুখে তড়িলা নৃপতি।

ঘোৰ কলি যুগে আত পৰে নাই গতি।।৪।।

শুক নিগদতি শুনিয়োক পৰীক্ষিত।

বসুদেৱ নাৰদ সংবাদ বিপৰীত।।

নিমি নৱসিদ্ধে যেন ভৈলা উপাখ্যান।

কহো সাৱশেষ ৰাজা হুয়ো সাৱধান।।৫।।

বাৰে বাৰে নাৰদক পঠান্ত মাধৱে।

নেৰন্ত দ্বাৰকা ঋষি কৃষ্ণক গৌৰৱে।।

জীৱন্তে মুকুত তেহো জানিবা সাক্ষাত।

তথাপি উৎসুক আতি কৃষ্ণৰ সেৱাত।।৬।।

মুকুতি সুখতো কৰি ভকতিসি বড়।

নভজে কৃষ্ণক লোক কিনো কৰ্ম্মজড়।।

বাক্য কর্ণ মন মুখ আছৈ মানে যাৰ।

কৃষ্ণ ভকতিত সমস্তৰে অধিকাৰ।।৭।।

কৃষ্ণ পদ পঙ্কজক ভজে ব্রহ্মা হৰে।

নৰতনু পায়া ত্যজে কমন পামৰে।।

একো স্থানে মনুষ্যে মৃত্যুৰ নেড়াই হাত।

তথাপি নভজি মৰে কৰি আত্মঘাত।।৮।।

কৃষ্ণ সেৱাতেসে মাত্র গুচৈ মৃত্যুভয়।

জানিয়া কৃষ্ণক ভজা কৰিয়া নিশ্চয়।।

দিনেক নাৰদ গৈলা বসুদেৱ ঘৰে।

দেখি বসুদেৱে তাঙ্ক পূজিলা সাদৰে।।৯।।

কৰিলা প্রণাম পাছে আসনে বৈসাই।

বুলিলা বিনয় বাক্য নাৰদক চাই।।

পিতৃ-মাতৃ আসিলে পুত্ৰৰ যেন সুখ।

সন্ত আগমনত দুখীৰ গুচৈ দুখ।।১০।।

সেহিমতে ভগৱন্ত তযু আগমনে।

সমস্তৰে কুশল হোৱয় তাৱৈক্ষণে।।

দেৱতাতো কৰি শ্ৰেষ্ঠ হোন্ত সাধুজন।

সাধু হন্তে সৰ্ব্বসুখ হোৱৈ অনুক্ষণ।।১১।।

আছৈ সুখ দুখ দুই দেৱক পূজনে।

কেৱলে সুখক মাত্র সাধে সাধুজনে।।

পূজা অনুৰূপেসে দেৱতা দেই ফল।

কৰন্ত কৰুণা মাত্র ভকত সকল।।১২।।

তোমাৰ সদৃশ যাৰা শ্ৰীকৃষ্ণত মন।

তাসম্বাৰ এহিমত হোৱৈ আচৰণ।।

ভৈলোহো কৃতার্থ যদি ঋষি মহাশয়।

তথাপিতো পুছো ভাগৱত ধৰ্ম্মচয়।।১৩।।

পৰম শ্রদ্ধায়ে যাক শুনিলেমাত্রকে।

দুৰ্ঘোৰ সংসাৰ দুখ তৰে সৰ্বলোকে।।

দেৱৰ মায়ায়ে মোৰ মোহ ভৈল মন।

পুত্ৰকামে কৃষ্ণক কৰিলো আৰাধন।।১৪।।

যদ্যপি মুকুতি দেন্ত মুকুন্দে সদায়।

তাঙ্কো নবাঞ্ছিলো পূর্বে পুত্রক আশায়।।

যেনমতে তড়ো আৱে সংসাৰৰ ক্লেশ।

মহামুনি দিয়ো মোক সেহি উপদেশ।।১৫।।

তুষিলা কৃষ্ণক তুমি যিমত ভকতি।।

আহ্মাক শিখায়ো তাক সমস্তে সম্প্রতি।।

যেৱে বসুদেৱে হেন পুছিলা হৰিষি।

হৰি স্মৰি আতি প্রীতি ভৈলা দেৱঋষি।।১৬।

পুলকিত তনু মনে মিলিল আহ্লাদ।

পাছে বসুদেৱক কৰিলা সাধুৰ্ব্বাদ।।

নাৰদ বদতি বসুদেৱ মহাশয়।

ধন্য ধন্য সাধু বুদ্ধি কৰিলা নিশ্চয়।।১৭।।

পুছিলা পৰম ভাগৱত ধৰ্ম্ম যত।

যাহাক স্মৰণে হোৱে পৱিত্ৰ জগত।।

শুনে বা ভণে বা স্মৰে নতুবা আদৰে।

আনে বা গাৱন্তে যিবা অভিনন্দা কৰে।।১৮।।

দেৱ বিশ্বদ্রোহীকো পৱিত্ৰ কৰে আতি।

হেন ধৰ্ম্ম শুনিবে তোহ্মাৰ ভৈলা মতি।।

শ্ৰৱণ কীৰ্ত্তনে যাৰ সিজৈ পূণ্যগণ।

সুমৰাইলা মোক আজি হেন নাৰায়ণ।।১৯।

কিনো উপকাৰ কৰিলাহা মহাশয়।

জানিলো ভৈলেক মোৰ মহা ভাগ্যোদয়।।

যিটো কথা মোহোত পুছিলা মহামতি।

আৰ ইতিহাস এক শুনিয়ো সম্প্রতি।।২০।।

নৱসিদ্ধ সমে নিমি ৰাজাৰ সংবাদ।

শ্ৰৱণ মাত্রকে মনে মিলিবে আহ্লাদ।।

শুনা সেহি কথা তুমি স্থিৰ কৰি মন।

ভাগৱত ধৰ্ম্মৰ আছয় নিৰূপণ।।২১।।

স্বায়ম্ভুৱ সুত প্রিয়ব্রত মহাশয়।

আছিলা অগ্নিধ্ৰ নামে তাহান তনয়।।

অগ্নিধ্ৰৰ পুত্ৰ ভৈলা নাভি নৰপতি।

নাভিৰ তনয় ভৈলা ঋষভ সুমতি।।২২।।

বসুদেৱ অংশে আসি ভৈলা অৱতাৰ।

কৰিলা লোকত মোক্ষ ধৰ্ম্মক প্রচাৰ।।

তান্ত হন্তে উপজিলা পুত্র এক শত।

শ্রেষ্ঠ ভৈলা ভৰত পৰম ভাগৱত।।২৩৷৷

যাৰ নামে খ্যাত ভৈলা ভাৰতবৰিষ।

দেখয় বিষয় সুখ বিষ্ঠাৰ সদৃশ।।

তৰুণ কালতে মাধৱক মনে ধৰি।

তপোবনে এক মনে আৰাধিলা হৰি।।২৪।।

তিনিজন্ম পাইলা তেহে ভগৱন্ত গতি।

আৰু নৱ জন ভৈলা নৱ বর্ষপতি।।

একাধিক আশী জন ভৈলা দ্বিজপ্রায়।

থাকিল লোকত কর্মকাণ্ড প্ৰৱৰ্তায়।।২৫।।

ভৈলা মহাসিদ্ধ তত্ত্বজ্ঞানী নৱজন।

ঈশ্বৰ কৃষ্ণক মাত্র কৰে নিৰূপণ।।

সৱে দিগম্বৰ আত্ম বিদ্যা বিশাৰদ।

তাসম্বাৰ নাম শুনা হুয়া নিশবদ।।২৬।।

কবি হবি অন্তৰীক্ষ চতুর্থ প্রবুদ্ধ।

অপৰ পিপ্পলায়ন আৱিৰ্হোত্র শুদ্ধ।।

দ্রুমিল চমস কৰভাজন নৱম।

এহি নৱসিদ্ধ হৰিভকত পৰম।।২৭।।

ইটো স্থূল সূক্ষ্ম ৰূপ বিশ্ব চৰাচৰ।

সৱে নাৰায়ণময় দেখে নিৰন্তৰ।।

কিন্তু আপোনাত হন্তে নোহে ব্যতিৰেক।

দেখিয়া ভ্রমন্ত সৱে জগত যতেক।।২৮৷৷

সুৰ সিদ্ধ সাধ্য যজ্ঞ গন্ধৰ্ব্ব কিন্নৰ।

নৰ নাগ শঙ্কৰ চাৰণ বিদ্যাধৰ।।

সৰ্ব্বদা ভ্ৰমিয়া ফুৰে তাসম্বাৰ পুৰে।

গমন কৰন্ত নিত্য গোলোক নগৰে।।২৯।।

কাহাতো কিঞ্চিত মনে নাহি আশকতি।

আকাশে সঞ্চৰে সৱে অবাধিত গতি।।

ঋষিগণ সমে নিমি ৰাজা মহাশয়।

কৰে মহা যজ্ঞ আতি আনন্দ হৃদয়।।৩০।।

ভৈলা নৱসিদ্ধ সেহি সভাত প্ৰৱেশ।

সূৰ্য্য সম জ্বলে দেহা দিগম্বৰ বেশ।।

মহা ভাগৱত সৱে অকস্মাতে আইলা।

দেখিয়া সভাৰ লোক বিস্ময়ক পাইলা।।৩১।।

তাসম্বাক দেখি আতি সচকিত মতি।

গুৰু পুৰোহিত সমে উঠিলা নৃপতি।।

মূৰ্ত্তি ধৰি অগনি কুণ্ডৰ ভৈলা বাজ।

সাদৰিলা সিদ্ধ সমস্তক সামৰাজ।।৩২।।

আচার্য্য ঋত্বিজ সমে যজ্ঞ কাৰ্য্য এৰি।

কৰিলা শুশ্রুষা সিদ্ধ সমস্তকে বেঢ়ি।।

সাধু সঙ্গে সৱাৰো নিৰ্ম্মল ভৈলা মতি।

সঘনে উপজে কৃষ্ণ চৰণত ৰতি।।৩৩৷৷

বিনা অলঙ্কাৰে কৰে শৰীৰ দীপিতি।

তাসম্বক দেখিয়া নিমিৰ মহাপ্রীতি।।

কৰিলা আসনে বৈসাই চৰণত পূজা।

প্রণামি বিনাৱৈ কৃতাঞ্জলি কৰি ৰাজা।।৩৪।।

পৰম ভকত তাসম্বাক জানি মনে।

আসনে বৈসায়া ৰঙ্গে পূজিলা চৰণে।।

শৰীৰৰ কান্তিয়ে প্রকাশে সভাখান।

সাক্ষাতে দেখিয়া যেন ব্রহ্মাৰ নন্দন।।৩৫।।

তাসম্বাক দেখি ৰাজা প্রীতিক লভিলা।

অৱনতে নিজ অভিমতক পুছিলা।। 

জানিলো তোমৰা পাৰিষদ গোৱিন্দৰ।

পৱিত্ৰ কৰিয়া ফুৰা লোক নিৰন্তৰ।।৩৬।।

ভৈলোহোঁ কৃতার্থ পদৰেণু পায়া আমি।

জানিলো আজিসে মোত তুষ্ট কৃষ্ণস্বামী।।

যদি নৰতনু ইটো ক্ষণিক অথিৰ।

তথাপি দুর্লভ মানো মনুষ্য শৰীৰ।।৩৭৷৷

তাহাতো দুর্লভ মানো ভকতৰ সঙ্গ।।

লভিলো দুর্লভ লাভ কিনো ভৈল ৰঙ্গ।।

সৱাৰো পাৱত পৰি পুছো প্রণিপাতে।

কোন আত্যন্তিক সুখ কহিয়ো আহ্মাতে।।৩৮৷৷

অসাৰ সংসাৰ আত কিছু নাহি সিদ্ধি।

ভকতৰ সঙ্গ অনুক্ষণে নৱনিধি।।

কোনবা ৰহস্য ধৰ্ম্ম কহিয়োক তাক।

যাত তুষ্ট হৈয়া কৃষ্ণে দেন্ত আপুনাক।।৩৯৷৷

তাক জানিবাক যদি যোগ্য হঞো আমি।

তেৱে কহিয়োক বোলো সৱাকো প্রণামি।।

কোন ভাগৱত ধৰ্ম্ম ভক্তি বুলি কাক।

কোন মায়া কোনবা উপায়ে তৰি তাক।।৪০।।

কাক বুলি ব্রহ্ম কর্ম্মযোগ কাৰ নাম।

অৱতৰি কেশৱে কৰন্ত কোন কাম।।

কোন যুগধর্ম্ম অভক্তৰ কেন গতি।

এহি নৱগোটা প্রশ্ন পুছিলা নৃপতি।।৪১।।

নাৰদ বদতি শুনা বসুদেৱ সন্ত।

এহিমতে নিমি যেৱে প্রশ্ন কৰিলন্ত।।

শুনি সিদ্ধসৱে মহা প্রীতিক লভিলা।

ঋত্বিজ সদস্য নৃপতিক প্রশংসিলা।।৪২।।

নৱসিদ্ধে সিদ্ধান্ত দিলন্ত অনুক্রমে।

আত্যন্তিক সুখ কবি কহিলা প্রথমে।।

প্ৰথমতে কবি সিদ্ধে দিলন্ত উত্তৰ।

শুনা মহাৰাজ কহোঁ কথা সাৰতৰ।।৪৩।।

যিটো শুনা ৰাজা মহা মোহে অন্ধপ্রায়।

পুত্র দাৰা দেহতেসে আকুল সদায়।।

সিসৱৰ একো কালে নুগুচয় ভয়।

যাৱে কৃষ্ণ পদাম্বুজে সেৱা নকৰয়।।৪৪।।

কৃষ্ণপদ সেৱাতেসে হৰে ভৱ দুখ।

তাহাকে বোলয় ৰাজা আত্যন্তিক সুখ।।

...............

 

।। ভাগৱত ধৰ্ম্ম কথন।।

 

কহোঁ অৰো ভাগৱত ধৰ্ম্মৰ লক্ষণ।

বিমৰিষি পূৰ্ব্বত আপুনি নাৰায়ণ।।৪৫।।

ঋষিমুখে আন ধৰ্ম্ম কৰায়া বেকত।

কহিলা আপোন মুখে নিজ ধর্ম যত।।

যাক জানি মহা মূঢ়ো জানা সুখে তৰে।

অজাতি পাতকী যাক জানিলে নিস্তৰে।।৪৬।।

পৰম ভকতে যাক নিতে কৰে ৰতি।

সেহি ভাগৱত ধৰ্ম্ম জানিবা নৃপতি।।

কৰৈ যিটো ভাগৱত ধৰ্ম্মক আশ্রয়।

কদাচিতো তাৰ আৰ নাহিকয় ভয়।।৪৭।।

কৰ্ম্ম নকৰিলাতো সমস্তে পুণ্য ফল।

উপজৈ আপুনি দেখা ভকতিৰ বল।।

আন ধর্মে মন্ত্র তন্ত্র ছিদ্র বহু হয়।

ভাগৱত ধৰ্ম্মে নাহি সিসৱ সংশয়।।৪৮।।

শুনিয়োক ভাগৱত ধৰ্ম্ম আছে যত।

কৰিবো বেকত আজি তোহ্মাৰ আগত।।

শুনা সভাসদ পদ কৰিয়া প্ৰৱন্ধ।

নৱসিদ্ধ কথা ইটো একাদশ স্কন্ধ।।৪৯।।

ঘোৰ কলিযুগে ইসে তড়ন উপায়।

নাহি গতি কৃষ্ণকথা শ্ৰৱণ বিনায়।।

কৈত পৰৈ নৰতনু তাৰো নাহি তিথি।

অদ্যাপি নুপজে যম যাতনাৰ ভীতি।।৫০।।

যায় আজি কালি কৰি আয়ু নিৰন্তৰে।

কৃষ্ণৰ চৰণে লৈয়ো শৰণ সত্বৰে।।

আছন্ত ঈশ্বৰ কৃষ্ণ হৃদয় কমলে।

নজানে পামৰ সৱে বিষয় বিকলে।।৫১।।

পৰম সুহৃদ নিজ আত্মা মহাহৰি।

অধোগতি যায় লোক তাঙ্ক অনাদৰি।।

হেন জানি হুয়ো ঝাণ্টে কৃষ্ণক সন্মুখ।

পাসৰা কিমতে যম যাতনাৰ দুখ।।৫২।।

কলিৰ পাতকে আছে চতুৰ্ভিতি বেঢ়ি।

ৰাম ৰাম বুলিয়ো পলাউক পাপে এড়ি।।

..............

 

।।কবি-সিদ্ধৰ বেদান্ত তত্ত্ব ব্যাখ্যা।।

।।দুলড়ী।।

 

কবি নিগদতি     শুনিয়ো সম্প্রতি

কহোঁ বেদান্তৰ তত্ত্ব।

স্বভাৱে যি কৰে    দান হোম মহা

তপ জপ তীর্থ ব্রত।।

কায় বাক্য মনে    যতেক আচৰে।

লৌকিক বৈদিক কৰ্ম্ম।

হুয়া একমত      ঈশ্বৰ কৃষ্ণত

অর্পিব সিসৱ ধৰ্ম্ম।।৫৩।।

নিত্য নৈমিত্তিক    যত জাতিধৰ্ম্ম।

আশ্ৰমৰ যত কৰ্ম্ম।

কৃষ্ণত অর্পিলে     জানা সিয়ো হোৱে।

মহাভাগৱত ধৰ্ম্ম।।

গর্ব অহঙ্কাৰ      ত্যজি যিটো জনে

আচৰে কৰ্ম্ম ভকতি।।

তাতে মহাতুষ্ট     হুয়া কৃষ্ণে দেন্ত

বৈকুণ্ঠ যত সম্পত্তি।।৫৪।।

যদি বোলা ৰাজা   অজ্ঞানীৰ ভয়।

জ্ঞানেসে কৰৈ অন্তৰ।

কি কৰৈ ভকতি    হেন শঙ্কামতি

ত্যাজিয়া শুনা উত্তৰ।।

ঈশ্বৰ বিমুখ  হোৱে যিটো নৰ

ধৰে বিষ্ণুমায়া তাক।

এহি দেহ মঞি     বোলে অজ্ঞানত

পাসৰে নিজ আত্মাক।।৫৫।।

হোৱে জ্ঞানশূন্য    কোন পাপ পুণ্য

কৰিতে নপাৰে সাৰ।

বিষয় ব্যাকুল     সম্যকে বাতুল

নুগুচে যাতনা তাৰ।।

যাহাৰ মায়াত     এতেকে অনর্থ

ভজোক হেন মুৰাৰি।

এক চিত্ত হুয়া      কৃষ্ণত কৰিব

ভকতি অব্যভিচাৰী।।৫৬।।

যাত বুদ্ধি আছে    একোৱে নবাঞ্জে

এক কৃষ্ণ মাত্র জানে।

উপদেশ দাতা     যিটো গুৰু থাকে

তাঙ্কে হৰি বুলি মানে।।

সিটো ভকতক     মায়া এৰি আসে

প্রমাণ পাৱে মনত।

ছাড়ে আন কাম    নেড়ৈ গুণনাম

উপজৈ ৰতি কৃষ্ণত।।৫৭।।

হেনবা বুলিবা     বিষয়ী লোকৰ

আছে দম্ভ অহঙ্কাৰ।

সিসৱৰ কেনে     হৈবেক কৃষ্ণত

ভকতি অব্যভিচাৰ।।

নেড়াই মৃত্যুভয়    হেনবা সংশয়

কৰিবা তুমি নৃপতি।

শুনিয়ো মহন্ত      ইহাৰ সিদ্ধান্ত

তোহ্মাত কহো সম্প্রতি।।৫৮৷৷

যতেক বিষয়      সৱে মায়াময়

মনেসে কৰে প্রকাশ।

পুত্ৰ দাৰা ধন     সৱেয়ো সপোন

ক্ষণেকে হোৱে বিনাশ।।

হেন জানি যিটো   মনক নিয়মি

কৃষ্ণত ভকতি কৰে।

সেহি মহাশয়      এড়াই মৃত্যু ভয়

সুখে সংসাৰক তড়ে।।৫৯।।

পাচে নৃপবৰ           পৰম দুষ্কৰ

শুনিলা কৰ্ম্ম ভকতি।

যোগীৰো বিষম     মনক নিয়ম

কৰিবে কাৰ শকতি।।

মাথা চপৰাই      গুণে নিমিৰায়

নপাইলো সংসাৰ পাৰ।

হাসি কবি সিদ্ধে    বোলন্ত নৃপতি

চিন্তা কৰা পৰিহাৰ।।৬০।।

কৃষ্ণক নিশ্চয     কৰিয়ো হৃদয়

যেৱে বাক্য শুনা মোৰ।

সুদৃঢ় বিশ্বাসে      আতি অপ্রয়াসে

তড়িবা সংসাৰ ঘোৰ।।

ভকতি সুলভ      দেৱৰো দুৰ্ল্লভ

যোগীয়ো নজানে যাক।

সুগম ভকতি      পথ যিটো আতি

বেকত কৰিবো তাক।।৬১।।

...............

 

।।ছবি।।

 

অনাদৰি আন ধৰ্ম্ম       মাধৱৰ জন্ম কৰ্ম্ম

শুনিয়োক মহন্তৰ মুখে।

জগত প্রসিদ্ধ নাম       কৃষ্ণে বিষ্ণু হৰি ৰাম

লাজ এৰি গাইবে মহা সুখে।।

লভিয়া মনুষ্য দেহা      আনত এড়িয়া স্পৃহা

বোলে বন্ধু কৃষ্ণক যি জনে।

এতেকে বান্ধৱ হৰি      তাঙ্ক মোৰ বুলি ধৰি

ৰক্ষা কৰি ফুৰা সৰ্ব্বক্ষণে।।৬২।।

এহিমতে যিটো নৰে      নামক সদায়ে স্মৰে

তাৰ আসি মিলে মহাভাগ।

নিজ প্রিয়তম ৰাম       সুমৰন্তে তান নাম

উপজৈ পৰম অনুৰাগ।।

সৰ্ব্ব অঙ্গ পুলকিত  হোৱে দ্ৰৱ আতি চিত।

ধাৰে নীৰ নেত্ৰৰ নিগৰে।।

প্রেমে মৰ্ম্ম যায় চড়ি    হা প্রাণ কৃষ্ণ বুলি

পৃথিৱীত পড়িয়া বাগৰে৷৷৬৩৷৷

কতো থাকে মৌন ধৰি    ভকতৰ বশ্য হৰি।

জানি হেন মনত আকলি।।

বুজিয়া কৃষ্ণৰ চিত্ত  হুয়া আতি কৃতকৃত্য।

কতো হাসি তোলৈ খলখলি।।

কতো প্ৰেমৰসে ভুলি        মোৰ প্ৰাণকৃষ্ণ বুলি

পৰম আনন্দে গলে বান্ধে।

এত কাল ব্যৰ্থে নিলো       মাধৱক নজানিলো

কতো শোকে গেৰি পাৰি কান্দে।।৬৪।।

কতো উঠি তাৱক্ষণে       পৰম উৎসুকমনে

কৃষ্ণ কৃষ্ণ বুলি পাৰে গেৰি।

কৃপা কৰা হে হৰি       বোলো চৰণত ধৰি

বন্ধু আৰ যোনো যাহা এড়ি।।

হৰিষে আকুল ভাৱ      কতোহো শিহড়ৈ গাৱ

গাৱে গোৱিন্দৰ গুণ গীত।

কতো ফুলৈ ঝুমি ঝুমি   কৈত যাইবা কৃষ্ণ তুমি

পাইলো পাইলো বুলি কৰে নৃত্য।।৬৫।।

কৃষ্ণগ্ৰাহে যেন ধৰে      সংসাৰক নুসুমৰে

নথাকৈ চেতন শৰীৰত।

চিত্তে নেৰে চক্ৰপাণি      কপটী দাম্ভিক লোক

হৰি ৰসে হুয়া মহা মত্ত।।

বৈষ্ণৱ বোলোক মোক     কপটী দাম্ভিক লোক

হেন ভাৱ দেখায়া লোকত।

নুহিকে তাহাৰ মত       যিটো মহাভাগৱত

তাঙ্ক পাইলে তড়ে ত্ৰিজগত।।৬৬।।

হৱে সিয়ো কৃষ্ণ প্ৰাণ     মিলে তাত মহাজ্ঞান

সমস্ততে দেখে গোৱিন্দক।

আকাশ পৃথিৱী জল      জ্যোতি বায়ু ৰসাতল

নদী নদ চৌপদ চটক।।

যত লতা তৰু তৃণ      কাহাকো নেদেখৈ ভিন্ন

হৰিৰ শৰীৰ বুলি মানে।

সৱাকো প্ৰণামৈ মনে      নাম স্মৰৈ অনুক্ষণে

কৃষ্ণ বিনে আনক নজানে।।৬৭।।

শুনা সভাসদ লোক      কলিত সদ্গতি হৌক

কৃষ্ণৰ কথাত দিয়া চিত্ত।

পৰম অমৃত ৰস        মাধৱৰ নাম যশ

জানা ইসে পৰলোক বিত্ত।।

পুত্ৰ দাৰা গৃহ বাস       মিছা আত অভিলাশ

সৱে সপোনৰ নিধি প্ৰায়।

যত সাঞ্চা ধন ধান      যাইবে যেতিক্ষণে প্ৰাণ

সঙ্গে এক ৰতিয়ো নযায়।।৬৮।।

শৰীৰো থাকিবে পৰি     একলেসে যাইবা লড়ি

বিষম যাতনা যম ঘৰে।

গুণি চাৱা স্থিৰ মতি     কৃষ্ণ বিনে নাহি গতি

লৈয়ো তান্ত শৰণ সত্বৰে।।

যাৰ নাম শুনি ডড়ি     কাম্পে মৃত্যু তৰতৰি

সুখে দুখে ধৰা তান নাম।

অদ্যপি নুগুণা মনে       কৃষ্ণৰ কিঙ্কৰে ভণে

নিৰন্তৰে বোলা ৰাম ৰাম।।৬৯।।

................

 

।।পদ।।

 

কবি নিগদতি শুনা নিমি মহাশয়।

হেনবা কৰিবা ৰাজা মনত সংশয়।।

যিটো মহা যোগী সদা সমাধিত ৰতি।

কোটি জন্মে নুহি তাৰ সপ্ৰেম ভকতি।।৭০।।

মোক্ষতো অধিক তাক কহে বেদগণে।

একে জন্মে হৈব কেনে নামৰ কীৰ্ত্তনে।।

 

।।প্ৰেম ভকতি।।

 

ইটো শঙ্কা মনত নানিবা কদাচিত।

শুনিয়োক নামৰ মহিমা বিপৰীত।।৭১।।

ইটো হৰিনাম ধৰ্ম্ম মহা গুহ্যতম।

ইহাত বিশ্বাস যাৰ সেহি নৰোত্তম।।

ভজে মাধৱক নাম স্মৰে সৰ্ব্বক্ষণ।

একদায়ে সিজে তাৰ তিনি প্ৰয়োজন।।৭২।।

প্ৰথমে উপজে প্ৰেম লক্ষণা ভকতি।

গৃহ শৰীৰতো পাছে মিলে বিৰকতি।।

প্ৰেমৰ আস্পদ কৃষ্ণ মূৰ্ত্তি স্ফুৰ্ত্তি হয়।

এককালে মিলে আসি সম্পদ ত্ৰিতয়।।৭৩।।

আতিশয় ক্ষুধাত ভুঞ্জন্তে যেন মতে।

সিজে তিনি প্ৰয়োজন প্ৰত্যেক গ্ৰাসতে।।

হোৱে তুষ্ট দেহ পুষ্ট ক্ষুধা গুচি যায়।

প্ৰেম ভকতিৰ ৰাজা শুনা অভিপ্ৰায়।।৭৪।।

অল্প ভকতিত হোৱে প্ৰেম আতি পুষ্ট।

কিঞ্চিত ভোজনে যেন কিছুমান তুষ্ট।।

উপজে পৰম প্ৰেম একান্ত ভজনে।

মিলে মহা তুষ্ট যেন প্ৰচুৰ ভোজনে।।৭৫।।

প্ৰেমভাৱে এহিমতে একান্তে ভজন্তে।

পৰম প্ৰসাদ পাৱে মাধৱত হন্তে।।

বিৰতৰি ভকতি ঈশ্বৰ মহাজ্ঞান।

উপজৈ ভকতে পাৱে আপুনি প্ৰমাণ।।৭৬।।

হোৱৈ চিত্ত শান্ত গুচৈ বিষয় ব্যাকুল।

কদাচিতো নেৰৈ আৰ কৃষ্ণ পাদমুল।।

বেদ শিৰোৰত্নে কহে ইহাক সম্প্ৰতি।

কৈলো ভাগৱত ধৰ্ম্ম তোহ্মাত নৃপতি।।৭৭।।

হেন শুনি নিমি দুনাই দিলন্ত উত্তৰ।

কহিয়ো লক্ষণ আৱে মহা ভকতৰ।।

ভকতৰ কোন ধৰ্ম্ম কিবা প্ৰৱৰ্ত্তন।

কোনবা স্বভাৱে ভক্তে কি বোলে বচন।।৭৮।।

জানিবাক চাঞো চিহ্ন মহা ভকতৰ।

শুনি কবি সিদ্ধে দিলা তাহাৰ উত্তৰ।।

হৰিক মনত স্মৰি বোলন্ত ৰাজাক।

ভকতৰ যিবা ধৰ্ম্ম শুনা কহো তাক।।৭৯।।

ঈশ্বৰত দেখে যিটো সমস্তে প্ৰাণীক।

প্ৰাণী সমস্ততো দেখে ঈশ্বৰ মূৰ্ত্তিক।।

সমস্তে ঐশ্বৰ্য্য ব্যাপি আছে জগতত।

হেন যিটো দেখে সিটো মহাভাগৱত।।৮০।।

একান্তে কৰয় প্ৰেম যিটো ঈশ্বৰত।

মিত্ৰতা আচৰে হৰি ভকতসৱত।।

অজ্ঞক কৰুণা ক্ষমা কৰে বিপক্ষত।

সেহি জন জানিবা মধ্যম ভাগৱত।।৮১।।

নুপূজে ভক্তক মান্য নকৰে প্ৰাণীক।

একে প্ৰতিমাত মাত্ৰ আৰাধে হৰিক।।

সেহি জন জানিবাহা প্ৰাকৃত ভকত।

আৰুঢ় হৈয়াছে তেহোঁ ভক্তিৰ পথত।।৮২।।

অনুক্ৰেমে উত্তম হৈবেক সিয়ো জন।

একোমতে নোহে জানা নিন্দাৰ ভাজন।।

ত্ৰিবিধ ভকত এহি কহিলো নৃপতি।

তাসম্বাৰ চিহ্ন আৰো শুনিও সম্প্ৰতি।।৮৩।।

শুনা সাৱধানে আৱে ঈক্ষ্বাকু নন্দন।

কহোঁ আৰু মহাভাগৱতৰ লক্ষণ।।

কৃষ্ণকেসে চিন্তে যিটো নবাঞ্ছে বিষয়।

দেখন্ত বিষ্ণুৰ মায়া জগত নিশ্চয়।।৮৪।।

নকৰে আক্ৰোশ দ্বেষ কিঞ্চিতো মনত।

সেহি জন জানিবা উত্তম ভাগৱত।।

জনম মৰণ ক্ষুধা তৃষ্ণা ভয় মৰ্ম্ম।

দেহ প্ৰাণ বুদ্ধি মন ইন্দ্ৰিয়ৰ ধৰ্ম্ম।।৮৫।।

ইসৱ সংসাৰ ধৰ্ম্ম জানয় সতত।

নোহে বিমোহিত চিত্ত কদাচিতো তাত।।

ঈশ্বৰৰ ধ্যান মাত্ৰ কৰন্ত সাক্ষাত।

জানিবা নৃপতি সিটো উত্তম ভকত।।৮৬।।

একে মাধৱত মাত্ৰ কৰিলে আশ্ৰয়।

কাম্য কৰ্ম্ম বাসনাক তেজিলে হৃদয়।।

হৰিৰ চৰণ মনে নছাড়ে সতত।

সেহি জন জানিবা উত্তম ভাগৱত।।৮৭।।

সন্তৰ সঙ্গত সদা হৰিক সেৱয়।

জানিবা নৃপতি সেই জন মহাশয়।।

কাম্য কৰ্ম্ম দ্বেষ মোহ হৰিষ ৰহিত।

হুয়া ফুৰে নিতান্তে কৃষ্ণত দিয়া চিত্ত।।৮৮।।

হৰিকথা ত্যজিয়া আনত নেদে মন।

কৈলো ভকতৰ ৰাজা যেন প্ৰৱৰ্ত্তন।।

কুল কৰ্ম্ম বৰ্ণ্ণাশ্ৰম আদি ধৰ্ম্ম যত।

উত্তম বুলিয়া গৰ্ব্ব নুপজে দেহত।।৮৯।।

অভিমান শূন্য হৈয়া হৰিক ভজয়।

হৰিৰ পৰম প্ৰিয় সেহি জন হয়।।

কহিলো নৃপতি যেন ভক্তৰ লক্ষণ।

তাসম্বাৰ স্বভাৱ শুনিয়ো এহি ক্ষণ।।৯০।।

নকৰে আপুন পৰ বুদ্ধি ধন বিত্তে।

সমস্তৰে একে আত্মা জানে যিটো চিত্তে।।

সকলো লোকতে সম ভাৱ নিৰুপম।

চিনিবা নৃপতি সিটো ভকত উত্তম।।৯১।।

এক নিমিষাৰ্দ্ধো যদি এৰে হৰিপদ।

এতেকেসে মিলে আসি ত্ৰৈলোক্য সম্পদ।।

তথাপি ক্ষণাৰ্দ্ধো নেৰে কৃষ্ণৰ চৰণ।

সেহি মহাসাৰ জানি কৰন্ত স্মৰণ।।৯২।।

ত্ৰৈলোক্য ঈশ্বৰসৱো মহা নম্ৰভাৱে।

চিন্তে মাত্ৰ হৰিপদ আজিও নপাৱে।।

এতেকে জানিছে তুচ্ছ ত্ৰৈলোক্য সম্পত্তি।

এহি বুলি নেৰে কৃষ্ণ চৰণে ভকতি।।৯৩।।

জানিবাহা সিটো আতি প্ৰধান ভকত।

হেনবা কৰিবা শঙ্কা নৃপতি মনত।।

যিটো হৰিপদক বিচাৰে দেৱগণ।

জানিবাহা তথাপিতো নপাৱে দৰ্শন।।৯৪।।

হেন কৃষ্ণ চৰণক নেৰে অনুক্ষণ।

বৈষ্ণৱৰ আগ্ৰগন্য জানিবা সিজন।।

বিষয়ৰ সন্তাপ কামে চলাইবেক মন।

কিমতে নেৰিবে সিটো কৃষ্ণৰ চৰণ।।৯৫।।

হেনয় সংশয় যদি কৰা নৰপতি।

ইহাৰ উত্তৰ আৱে শুনিয়ো সম্প্ৰতি।।

হৰিপদ সেৱা সুখ মনে মিলৈ যাৰ।

বিষয়ৰ তাপ যত নথাকয় তাৰ।।৯৬।।

কৃষ্ণ পাদপদ্মৰ অৰুণ নখপান্তি।

যাৰ মনে চোৱে তাৰ সুশীতল কান্তি।।

যেন হিম পৰি জুৰায় তাহাৰ হৃদয়।

আৰ কি হৈবেক আসি সন্তাপ উদয়।।৯৭।।

যেন চন্দ্ৰ উদয়ে সূৰ্য্যৰ গুচে তাপ।

ভক্তৰ নোহয় তেন বিষয় সন্তাপ।।

শুনা ৰাজা যেন আৱে তাসম্বাৰ বাক।

বিষয় আলাপ পাপ জানি ছাড়ৈ তাক।।৯৮।।

লৈয়া মহা সাধুসঙ্গ সদা শুদ্ধভাৱে।

সুখে দুখে মুখে হৰিনাম মাত্ৰ গাৱে।।

লক্ষণ যতেক কৈলো মহাভকতৰ।

সৱাতো অধিক যিটো জন সাৰতৰ।।৯৯।।

যাত পৰে নাহি আউৰ ভকত প্ৰধান।

তান কথা কহো শুনা হুয়া সাৱধান।।

চাৰিয়ো বেদৰ তত্ত্ব অৰ্থ যিটো জানে।

মাধৱক বান্ধৱ বুলিয়া যিটো মানে।।১০০।।

কৃষ্ণ পাদপদ্মক বান্ধিলে প্ৰেমজৰী।

আপুনি নেড়ন্ত তাৰ হৃদয়ক হৰি।।

অকস্মাতো যিটো নাম লৈলে মাত্ৰ আসি।

এতেকে হৰন্ত তাৰ মহা পাপৰাশি।।১০১।।

তান্তে উপজন্ত প্ৰেম জানি কৃপাময়।

আউৰ কি এৰিতে পাৰে তাহান হৃদয়।।

নেড়ৈ তান ভকতেসে হৰিক প্ৰৱন্ধি।

হৰিয়ো নেড়ন্ত তাঙ্ক প্ৰেমে হুয়া বন্দী।।১০২।।

এতেকে যতেক কৈলো ভকত প্ৰধান।

জানা ৰাজা কেহো নহে ইহান সমান।।

উত্তমতো উত্তম সেহিসে ভাগৱত।

উপজিলা প্ৰেম যাৰ হৰি স্মৰণত।।১০৩।।

এহি কহি হবিসিদ্ধ মৌন হুয়া আছে।

দেখি প্ৰণিপাতে ৰাজা পুছিলন্ত পাছে।।

পৰম ঈশ্বৰ কৃষ্ণ জগতৰ স্বামী।

তাহান মায়াক জানিবাক চাঞো আমি।।১০৪।।

ব্ৰহ্মাদিকো মোহে যিটো সিটো কোন মায়া।

কহিয়োক সিদ্ধসৱ যদি থাকে দায়া।।

হেনবা বুলিবা যিটো কহিলো ভকতি।

তাকে জানি ভৈলা তুমি কৃতাৰ্থ সম্প্ৰতি।।১০৫।।

নলাগে জানিবে আৰ বিস্তৰ তোহ্মাৰ।

শুনিয়োক সিদ্ধসৱ সিদ্ধান্ত ইহাৰ।।

কৰৈ সংসাৰৰ তাপে আহ্মাক দগধ।

কৃষ্ণকথা অমৃতেসে ইহাৰ ঔষধ।।১০৬।।

আজিসে জীয়াইলা মোক বচন অমৃতে।

যতেক শুনোহো তভো তৃপ্তি নাহি চিত্তে।।

 

।।ভগৱন্মায়া বৰ্ণনা।।

 

হেন শুনি বুলিলন্ত অন্তৰীক্ষ সিদ্ধ।

শুনা ৰাজা যিটো মায়া জগত প্ৰসিদ্ধ।১০৭।।

প্ৰত্যক্ষে দেখাইবে তাক কাহাৰ শকতি।

মায়াৰ কাৰ্য্যক কহো শুনা মহামতি।।

অনাদি পুৰুষ কৃষ্ণ জগত কাৰণ।

স্ৰজিলা মায়াক লৈয়া মহা ভূতগণ।।১০৮।।

জীৱৰ বিষয় সুখ নিমিত্তে ঈশ্বৰ।

পঞ্চভূতে স্ৰজিলা বিৱিধ কলেৱৰ।।

মায়ায়ে উপাধি প্ৰাণী স্ৰজিলা আশেষ।

তাতে অন্তৰ্য্যামী ৰূপে ভৈলন্ত প্ৰৱেশ।।১০৯।।

বিভঞ্জিয়া আপুনাক প্ৰভু নাৰায়ণ।

স্ৰজিলা ইন্দ্ৰিয় যত প্ৰাণ বুদ্ধি মন।।

ইন্দ্ৰিয়ৰ সঙ্গে জীৱ ভুঞ্জে বিষয়ক।

আত্মা বুলি মানে মায়াময় শৰীৰক।।১১০।।

ধৰে মহা মোহে আতি হোৱে জ্ঞান শূন্য।

সকামে অনেক কৰ্ম্ম কৰে পাপ পূণ্য।।

সেহি কৰ্ম্মফল ভুঞ্জি ভ্ৰমে সংসাৰত।

নাহি অন্ত জীৱৰ যাতনা দুঃখ যত।।১১১।।

মিছা মায়াময়ত উপজৈ মৰৈ জীৱ।

এহি লীলা আতে প্ৰীতি হোন্ত সদাশিৱ।।

যাৱে সৃষ্টি থাকৈ মহা নিমিলে প্ৰলয়।

জনম মৰণ ভাৱে নেড়াই মৃত্যুভয়।।১১২।।

পশুপক্ষী বৃক্ষ কীট পতঙ্গ যোনিত।

উপজি যাতনা আদি ভুঞ্জে বিপৰীত।।

বহু অমঙ্গলপ্ৰদ হেন কৰ্ম্মগতি।

পায়া নৰে সংসাৰত ভ্ৰমে বিসঙ্গতি।।১১৩।।

নিতান্ত অৱশ হুয়া প্ৰলয় যাৱত।

জন্ম মৃত্যু ৰূপ দুখ ভুঞ্জে নানা মত।।

কালৰূপী কৃষ্ণ যিটো জগত আধাৰ।

কৰন্ত লীলায়ে পাছে সৃষ্টিক সংহাৰ।।১১৪।।

মায়াৰ যতেক কাৰ্য্য-কাৰণ সমস্ত।

দুনাই আনি মায়াত কৰান্ত সৱে অস্ত।।

হোৱৈ অনাবৃষ্টি পাছে শতেক বৎসৰ।

মিলৈ মহা মৰণ লোকৰ নিৰন্তৰ।।১১৫।।

ত্ৰৈলোক্যক কৰে তাপ প্ৰচণ্ড আদিত্য।

অনন্ত মুখৰ বহ্নি বজাই বিপৰীত।।

পাতালৰপৰা দহি আসে উপৰক।

লগত সহায় বহে বায়ু অমূৰ্ত্তক।।১১৬।।

অগনিৰ শিখায়ে দহৱে দশোদিশ।

পাছে মেঘে কৰে বৃষ্টি শতেক বৰিষ।।

পৰে জলধাৰা হস্তী শুণ্ডৰ সমান।

প্ৰলয়ৰ জলে কৰে জগত নিৰ্য্যাণ।।১১৭।।

নথাকয় প্ৰাণী আৰ ব্ৰহ্মাণ্ড ভিতৰ।

কৃষ্ণৰ কটাক্ষে নষ্ট হোৱে চৰাচৰ।।

স্থূল দেহ ভগ্ন ভৈলে যত জীৱ ৰাশি।

পুনৰপি প্ৰকৃতিত লীন হোৱৈ আসি।।১১৮।।

যিটো ব্ৰহ্মা মাধৱৰ ভকতি বিহীন।

তেহো হোৱৈ আসি পুনু প্ৰকৃতিত লীন।।

ব্ৰহ্মাৰো মুকুতি নাহি নভৈলে ভকতি।

সামান্যৰ কিবা কথা কহিবো নৃপতি।।১১৯।।

যেন কাষ্ঠ দহিলে অগনি নৰহয়।

সেহিমতে হোৱে সৱে প্ৰকৃতিত লয়।।

শুনা আৱে যেনমতে মহাভূতচয়।

অন্যোঅন্যে হোৱে গৈয়া কাৰণত লয়।।১২০।।

পৃথিৱীৰ গন্ধ গুণ হৰিৱে অনিল।

তেখনে পৃথিৱী গৈয়া হৈৱেক সলিল।।

যেৱে জলহন্তে বায়ু ৰস হৰি লয়।

সেহি জল অগনিত হোৱে আসি লয়।।১২১।।

অগ্নিৰ ৰূপক পাচে হৰিবেক তম।

তেৱে অগ্নি বায়ুত প্ৰৱেশে এহি ক্ৰম।।

হৰিবেক গন্ধ গুণ বায়ুৰ গগনে।

গগনত বায়ু যায় পশিব তেখনে।।১২২।।

আকাশৰ শব্দ গুণ হৰিবেক কাল।

পশে অহঙ্কাৰত আকাশ ততকাল।।

মন বুদ্ধি ইন্দ্ৰিয় দেৱতা যত আছে।

সৱে অহঙ্কাৰত প্ৰৱেশ হৈব পাছে।।১২৩।।

সেহি অহঙ্কাৰ লীন হৈব মহত্ত্বত।

প্ৰকৃতিত লয় হৈবে আপুনি মহত্ত্ব।।

কহিলো নৃপতি প্ৰতি প্ৰলয়ৰ ক্ৰম।

এহিটো কৃষ্ণৰ মায়া পৰম দুৰ্গম।।১২৪।।

ব্ৰহ্মা আদি কৰি কীট পটঙ্গ পৰ্য্যন্ত।

মায়ায়ে সৱাৰো কৰৈ সৃষ্টি স্থিতি অন্ত।।

কোটি কোটি কল্পে মৰি উপজে মায়াত।

হেন জন নাহিকে মায়াৰ এড়াই হাত।।১২৫।।

যতেক জগত দেখা মায়াৰ নিৰ্ম্মাণ।

বৰ্ণাইলো মায়াক ৰাজা দেখা বিদ্যমান।।

ইহাক শুনিয়া নিমি ভৈলা মহা ভয়।

তম্ভিয়া আছয় মনে মিলিলা বিস্ময়।।১২৬।।

সদয় হৃদয় দেখি ভৈলা সিদ্ধগণ।

ৰাজাক সম্বোধি বোলৈ মধুৰ বচন।।

আউৰ কিবা শুনিবাক ইচ্ছা আছে মনে।

পুছিয়ো নৃপতি তুমি আহ্মাত এখনে।।১২৭।।

 

।।মায়া তড়নৰ উপায়।।

 

ৰাজায়ো জানিলা সিদ্ধ সদয় আহ্মাত।

পুছিলন্ত কথা পাছে কৰি প্ৰণিপাত।।

শুনা সিদ্ধসৱ আমি কহিলো নিশ্চয়।

শুনিয়া মায়াৰ কথা ভৈলো মহাভয়।।১২৮।।

বিষয়ৰ বিকল নুগুচে কদাচিত।

ৰাত্ৰি দিনে গৃহ কুটুম্বত মাত্ৰ চিত্ত।।

সিসৱো যিমতে মহাসুখে তড়ে মায়া।

কহিয়ো উপায় সেহি যদি থাকে দায়া।।১২৯।।

যদ্যপি প্ৰথমে পাইলা তড়ন উপায়।

তথাপি পুছন্ত পুনু পুনু নিমিৰায়।।

আনো বা উপায় আছে মায়াৰ তাড়ক।

তাক জানিবাক লাগি পুছন্ত সিদ্ধক।।১৩০।।

অনেক প্ৰবন্ধে সিদ্ধে মনে গুণি চাইলা।

ভকতি বিনাই অন্য উপায় নপাইলা।।

অনেক প্ৰকাৰে দঢ়াই চিত্তক একান্ত।

দিলেক ৰাজাক পাছে প্ৰবুদ্ধে সিদ্ধান্ত।।১৩১।।

মায়াৰ তড়ন উপায় শুনিয়ো সম্প্ৰতি।

ওপজাইেব প্ৰথমে সৱাতো বিৰকতি।।

দেখি শুনি মানে ইটো জগত যতেক।

মায়াৰ ৰচনা জানা সম্যকে টাটক।।১৩২।।

দুঃখ দুৰ যাইবে সুখ হৈৱে বুলি মনে।

কৰ্ম্মক আৰম্ভ কৰে মহামূঢ় জনে।।

দুঃখসে মিলাৱে সুখ নাহিকে কিঞ্চিত।

দেখিবা কৰ্ম্মৰ ফল হেন বিপৰীত।।১৩৩।।

আপুনাৰ মৃত্যু বুলি মানিবেক ধন।

নানা পীড়া মিলৈ আসি ইহাৰ কাৰণ।।

পুত্ৰ পত্নী পশু গৃহ ক্ষণিক চঞ্চল।

কোন প্ৰীতি সাধিবেক ইসৱো নিষ্ফল।।১৩৪।।

যদি বোলা ধন হন্তে ধৰ্ম্ম উপজয়।

সেহি ধৰ্ম্ম হন্তে স্বৰ্গসুখক পাৱয়।।

শুনিয়ো স্বৰ্গত আছে যত যত সুখ।

সমস্তে বিনাশী সদা পাৱে মাত্ৰ দুঃখ।।১৩৫।।

আপুনাৰ সমান পৰৰ দেখি শ্ৰীক।

কৰি নিন্দাবাদ তৈতো বিৱাদ অধিক।।

অনুদিনে দেখৈ যেন পূণ্য যায় ক্ষয়।

মনৰ নুগুচে সদা পতনৰ ভয়।।১৩৬।।

অখণ্ড মণ্ডলপতি যেন ৰাজাগণ।

পৰস্পৰে দ্বন্দ্ব কৰি তেজয় জীৱন।।

অন্তকক শঙ্কায়ে ব্ৰহ্মাৰো সুখ নাই।

সামান্যৰ কোন লেখা দেখা নিমিৰায়।।১৩৭।।

হেন জানি চাহে যিটো উত্তম কল্যাণ।

প্ৰথমে কৰিবে সিটো গুৰুক সন্মান।।

জানন্ত শাস্ত্ৰৰ তত্ত্ব কৃষ্ণত ভকত।

সেহি গুৰু উপদেশ দিবাক শকত।।১৩৮।।

যদ্যপি ভকত হোন্ত নুহিকা পণ্ডিত।

শিষ্যৰ সংশয় সিটো নপাৰে খণ্ডিত।।

যদিবা পণ্ডিত ভৈলা নুহিকা ভকত।

তান উপদেশে বোধ নুপজে শিষ্যত।।১৩৯।।

হৰিক বান্ধৱ মানি কৰয় কীৰ্ত্তন।

সকলো শাস্ত্ৰক জানে সেহি মহাজন।।

বিশিষ্ট গুৰুক অকপটে সেৱা কৰি।

মানিবেক এন্তে আত্মা এন্তে মহাহৰি।।১৪০।।

হেনয় বিনয় কৰি গুৰুৰ চৰণে।

ভাগৱত ধৰ্ম্ম শিখিবেক এক মনে।।

যি ধৰ্ম্মত তুষ্ট হুয়া প্ৰভু ভগৱন্ত।

নিজ ভকতত আপুনাকে দান দেন্ত।।১৪১।।

নেড়ন্ত ক্ষণেক আৰু প্ৰভু দামোদৰ।

কাছতে থাকন্ত যেন বলি প্ৰহ্লাদৰ।।

প্ৰথমে লৈবেক হেন জানি সাধুসঙ্গ।

কৰিবেক আন বিষয়ত আশা ভঙ্গ।।১৪২।।

সমস্তকে ঈশ্বৰত অৰ্পিবেক চিত্তে।

উত্তমত প্ৰীতি কৰিবেক যথোচিতে।।

সমানত মৈত্ৰৈ দীন দৰিদ্ৰক দায়া।

কৰিবে ভাৱনা গুৰু উপদেশ পায়া।।১৪৩।।

সত্য শৌচ অহিংসা শিখিবে সম দম।

সুখ দুখ হৰিষ বিষাদে হৈবে সম।।

সৱাকে সহিবে আৰু হৈবে অকুটিল।

ব্ৰহ্মচৰ্য্য ধৰিবেক হৈবেক সুশীল।।১৪৪।।

উপযুক্ত পাত্ৰ বুজি পঢ়িবেক বেদ।

সৱাতে দেখিব ঈশ্বৰক আৱিচ্ছেদ।।১৪৫।।

দেহ গৃহাদিত এৰিবেক অভিমান।

নিৰ্জ্জন স্থানত কৰিবেক অৱস্থান।।

পিন্ধিব আনন্দে চীড় বাকলি বসন।

যেহি মিলে তাহাতে সন্তুষ্ট হৈব মন।।১৪৬।।

ভাগৱতৰ শাস্ত্ৰে শ্ৰদ্ধা কৰিব নিতান্ত।

নকৰিব নিন্দা আন শাস্ত্ৰকো একান্ত।।

হৈবে ক্ষমাশীল দয়া কৰিবে লোকক।

অন্তৰ্য্যামীৰূপে জানিবেক ঈশ্বৰক।।১৪৭।।

চিদানন্দ ৰূপে জানিবেক আপুনাক।

নেৰিবে স্বধৰ্ম্ম নুবুলিবে বৃথা বাক।।

মনক কৰিবে দণ্ড প্ৰাণায়াম কৰি।

কৰিবে বাক্যৰ দণ্ড মৌন ভাৱ ধৰি।।১৪৮।।

কৰ্ম্মৰ কৰিবে দণ্ড তেজিয়া যতন।

ইন্দ্ৰিয় দমিব সত্য কৰিব বচন।।

এৰিবে সদায় কাম ক্ৰোধ অকঙ্কাৰ।

তেৱেসে এৰাইব হাত দুৰ্জ্জয় মায়াৰ।।১৪৯।।

যদি বোলা দুষ্কৰ ইসৱ মহা কৰ্ম্ম।

শুনিয়ো সুগম তেৱে ভাগৱত ধৰ্ম্ম।।

ঈশ্বৰ কৃষ্ণৰ জন্ম কৰ্ম্ম গুণগণ।

সদায়ে কৰিবে ধ্যান শ্ৰৱণ কীৰ্ত্তন।।১৫০।।

তান অৰ্থে কৰিবেক ধৰ্ম্ম যত যত।

নিৱেদিব সমস্তে গোৱিন্দ চৰণত।।

পুত্ৰ পত্নী সৱাকো সেৱক কৰি দিব।

আপুন প্ৰাণকো কৃষ্ণপাৱত অৰ্পিব।।১৫১।।

কৰিব সুহৃদ হৰি ভকত সহিতে।

বৃক্ষ পশু পক্ষীকো অৰ্চ্চিব যথোচিতে।।

তাতো কৰি সাদৰিব মনুষ্য জাতিক।

ধৰ্ম্মশীল জনক অৰ্চ্চিব ততোধিক।।১৫২।।

যিটো মহাভক্তৰ কৃষ্ণেসে আত্মা প্ৰাণ।

ধৰ্ম্মিষ্ঠতো অধিক কৰিবে বহু মান।।

দেৱতো তীৰ্থতো কৰি ভকতেসে পূজ্য।

কহিলো নৃপতি ইতো বেদান্তৰ গুহ্য।।১৫৩।।

আক যদি দুষ্কৰ দেখিয় মহাৰথ।

সুলভতো সুলভ শুনিয়ো যিটো পথ।

শুনা সভাসদ জন্ম নকিৰোয় বৃথা।

কৃষ্ণ কথা অমৃতক পীয়োক সৰ্ব্বথা।।১৫৪।।

যিটো জনে পাৱে কৃষ্ণ কথাক মধুৰ।

তাহাৰ সংসাৰ তাপচয় হোৱে দূৰ।।

বিষয় বিষত তাৰ গুচে অনুৰাগ।

নকৰন্তো মহা মহা পূণ্যে লৈবে লাগ।।১৫৫।।

মোক্ষতো অধিক সুখ মিলয় মনত।

কি কহিবো ইটো হৰি নামৰ মহত।।

মিছাতে কৰিয়া আলে জালে আয়ু ক্ষেপ।

মৰিবাক লাগি কাল আছয় সংক্ষেপ।।১৫৬।।

আজি কালি কৰন্তে অন্তকে চাপে পাশ।

চিন্তামণি জন্ম ইটো ব্যৰ্থে হোৱে নাশ।।

কৈত কেতিক্ষণে মিলে দুৰ্ঘোৰ মৰণ।

ঝাণ্টে কৃষ্ণ চৰণত পশিয়ো শৰণ।।১৫৭।।

পৰলোক সম্বল বান্ধৱ হৰি নাম।

কৃষ্ণৰ কিঙ্কৰে কহে বোলা ৰাম ৰাম।।১৫৮।।

..................

 

।।দুলড়ী।।

প্ৰবুদ্ধ বদতি      আৱে একচিতি

শুনিয়োক মহাৰথ।

তোহ্মাৰ আগত    কৰিবো বেকত

পৰম সুগম পথ।।

কৃষ্ণকেসে আত্মা    ঈশ্বৰ বুলিয়া

ধৰিছে যিটো ভকতে।

তাঙ্কেসে পৰম     সুহৃদ বুলিয়া

মানিৱে মনে সততে।।১৫৯।।

তাহান সহিতি     কৰি এক প্ৰীতি

বসিয়া একত্ৰ সঙ্গে।

কৰিব আলাপ     তেজিব সন্তাপ

গাইব হৰি গুণ ৰঙ্গে।।

মাধৱৰ জন্ম      গুণ নাম কৰ্ম্ম

নেড়িব আক সঘনে।

কতোহো শুনিব    কীৰ্ত্তন কৰিব

স্মৰিব কতোহো মনে।।১৬০।।

কৃষ্ণৰ চৰিত্ৰ      পৰম পৱিত্ৰ

হেনয় মানিয়া মনে।

তাহাকে কথিব     তাহাকে মথিব

অন্যোঅন্যে সৰ্ব্বক্ষণে।।

এক প্ৰাণ হুয়া     অশ্ৰদ্ধা অসূয়া

এড়িব কৰ্কশ বাদ।

অন্যোঅন্যে ৰতি    অন্যোঅন্যে প্ৰীতি

কৰিব আতি আহ্লাদ।।১৬১।।

হুয়া তুষ্ট মতি     কৰিব ভকতি

কহি কথা পৰস্পৰে।

তেৱেসে সমস্ত     দুখ হৈব অন্ত

সুখে সংসাৰক তড়ে।।

পাছে একমতি     কৰন্তে ভকতি

সোলকে মায়াৰ ফান্দ।

শুনিয়ো যিমতে    আপুনি সততে

মিলয় পৰমানন্দ।।১৬২।।

য়াৰ নামচয়      শুনিল মাত্ৰকে

হোৱে পাপৰাসি নাশ।

হেনয় হৰিক      স্মৰিব স্মৰাব

কৰিয়া দৃঢ় বিশ্বাস।।

তান্তে মন মজে    এতেকে উপজে

পৰম প্ৰেম ভকতি।

তনু পুলকিত      হোৱে ৰোমাঞ্চিত

আনন্দে আকুল আতি।।১৬৩।।

শৰীৰ শিহঁৰে      লোতক নিগৰে

দ্ৰৱে চিত্ত আতিশয়।

কান্দয় বাগৰি     এতদিন এড়ি

আছা মোক কৃপাময়।।

হোৱয় স্ফুৰুতি     কৃষ্ণৰ মুৰুতি

মনত থাকে আকলি।

ছিণ্ডৈ মায়া ফাণ্ড   উপজৈ আনন্দ

কতো হাসৈ খলখলি।।১৬৪।।

কতোহো উৎসুকি        হৰি বুলি উকি

দিয়া গোৱিন্দক ডাকে।

কৰো ষোড়হাত    হে প্ৰাণনাথ

কৰিয়ো কৃপা আহ্মাকে।।

মিলৈ আসৰিস     মনত হৰিষ

কতো উঠি নৃত্য কৰৈ।

ফুৰৈ হুমি হুমি     কৈক যাইবা তুমি

চাম্প দিয়া যেন ধৰৈ।।১৬৫।।

চিন্তি চক্ৰপাণি     অলোকিক বাণী

বোলৈ কতো কদাচিত।

কতো প্ৰেম ভাৱে   নাম গুণ গাৱৈ

গোৱিন্দত দিয়া চিত্ত।।

কৰৈ কৃষ্ণ লীলা    যিমতে শুষিলা

পূতনাৰ স্তন পান।

ধৰি চক্ৰবাত      পাড়য় শিলাত

বককো কৰৈ নিৰ্য্যাণ।।১৬৬।।

অৰ্জ্জুনে উভঞ্জৈ     লৱনুক ভুঞ্জৈ

গোপীৰ বঢ়াই উৎসুক।

যতেক অসুৰ      কৰৈ মষিমূৰ

অৰিষ্ট অঘ ধেনুক।।

দুষ্ট সৰ্প কালী     হ্ৰদৰ নিকালি

বন বহ্নি কৰৈ পান।

কতো লীলা কৰি   গোৱৰ্দ্ধন ধৰি

গোকুলক কৰৈ ত্ৰাণ।।১৬৭।।

দশন উভাৰি      কুৱলয় মাৰি

কতো পশি ৰঙ্গশালা।

কান্ধে হস্তী দান্ত    লোকক দেখান্ত

যেন গোপালৰ লীলা।।

মঞি কৃষ্ণ বুলি    ধৰিয়া হাম্ফুলি

আছাড়ি মাৰয় মাল।

ঘণ্টাক লাড়িয়া     ভূমিত পাৰিয়া

কৰৈ কংস ৰায়ৰ কাল।।১৬৮।।

মাৰিলা বৈৰক     দেখায়া লোকক

কতো নাচৈ নানা ছন্দে।

প্ৰেমে হুয়া মত্ত     কৃষ্ণ লীলা যত

আপুনি কৰৈ আনন্দে।।

হে কৃষ্ণ প্ৰাণ      কৰা পৰিত্ৰাণ

বোলৈ কতো সচকিতে।

ভকতি প্ৰভুৰ      এতেক মধুৰ

আৱেসে জানিলো চিত্তে।।১৬৯।।

হৰি ৰসে বুলি     কৃষ্ণতে সমূলি

মজে মন জীৱ প্ৰাণ।

গৃহ শৰীৰকো      পাসৰে সৱাকো

নৰহে কাহাতো জ্ঞান।।

কতোহো মূৰুতি    হোৱয় বিদিত

জুৰায়ে নয়ন দুই।

পুলকিত কায়     ঈশ্বৰক পায়

সুখে থাকে মৌন হুই।।১৭০।।

আনন্দতে মজৈ     হৃদয়ত ভজৈ

হৰিক মনত স্মৰৈ।

সিটো ভকতক     দেখিল মাত্ৰকে

তিনিয়ো জগত তড়ৈ।।

যত গৃহ বাস     বিষয় বিলাস

দেখে সমস্তকে মিছা

কৃষ্ণৰ চৰণ       সেৱাতেসে মন

মুকুতিকো নাই ইচ্ছা।।১৭১।।

শুনিলা নৃপতি     কৃষ্ণত ভকতি

কৰন্তে পৰম সুখ।

অপ্ৰয়াসে হয়      নাই ধন ব্যয়

নলাগে গাৱত দুঃখ।।

নকৰি প্ৰবন্ধ      ছিণ্ডৈ কৰ্ম্মবন্ধ

পুৰুষে নজানৈ তাক।

নাৰায়ণপৰ       হোৱে যিটো নৰ

সুখদে তড়ৈ মায়াক।।১৭২।।

সংসাৰ তাৰণ     কৃষ্ণৰ চৰণ

শৰণ পশিয়ো তাত।

কহিলো প্ৰত্যেকে    নৃপতি এতেকে

এৰাইবা মায়াৰ হাত।।

যেন নিমিৰায়     পুছিলা উপায়

কৰিলা তাক প্ৰকাশ।

হেন শুনি ৰাজা        সমজ্যাৰ প্ৰজা

সৱেও পাইলা উল্লাস।।১৭৩।।

.................

 

।।ছবি।।

 

শুনা সভাসদ যত       বুজিয়া শাস্ত্ৰৰ তত্ত্ব

সাধু সঙ্গে কৰিয়োক ৰতি।

জনম নকৰা বৃথা       মহন্তৰ মুখে কথা

শুনি কৰা কৃষ্ণত ভকতি।।

ক্ষণে ক্ষণে টুটে আয়ু     কৈত ছুটে প্ৰাণ বায়ু

ইটো চিন্তা নথাকে মনত।

বন্ধু মাধৱক এড়ি       খেলাৱে মায়াৰ খেড়ি

কিনো মোহে ভৈলা বুদ্ধি হত।।১৭৪।।

অন্তকে ধৰিলে পৰা      জানিয়া চেতন ধৰা

ছাড়া ছাৰ বিষয়ৰ ধান্ধা।

কৃষ্ণত দিয়োক চিত্ত      মৰণ সম্বল বিত্ত

হৰিৰ নামক গলে বান্ধা।।

মিছা ইটো নাট-পাট      ভাঙ্গিবেক ভৱহাট

নিবে কাল ক্ষণেকে সংহৰি।

সন্তৰ সঙ্গতি লৈয়া       কৃষ্ণপৰায়ণ হৈয়া

নিৰন্তৰে বোলা হৰি হৰি।।১৭৫।।

.............

 

।।পদ।।

পুনৰপি নৃপতি পুছন্ত প্ৰণিপাতে।

শুনা মহাসিদ্ধসৱ সোধোঞো সৱাতে।।

বোলা তড়ৈ নাৰায়ণ পৰসে মায়াক।

কোন নাৰায়ণ ৰূপ কহিয়োক আক।।১৭৬।।

কোনবা কৰন্ত কৰ্ম্ম প্ৰভু নাৰায়ণ।

চিনায়োক মোত তান স্বৰূপ লক্ষণ।।

সংসাৰ তাপত মৰো বিষয় বিষাদে।

হেন বা তড়িবে পাৰো তোহ্মাৰ প্ৰসাদে।।১৭৭।।

........

 

।।নাৰায়ণৰ ৰূপ বৰ্ণনা।।

 

শুনিয়া পিপ্ললায়ন দিলন্ত উত্তৰ।

শুনা কহো নাৰায়ণ ৰূপ নৃপবৰ।।

সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ।

যাত পৰে পৰম ঈশ্বৰ নাহি কেৱ।।১৭৮।।

জাগন সপোন যিটো নিৰ্ভৰ নিদ্ৰাত।

সমাধিত সাক্ষী ৰূপে থাকন্ত সাক্ষাত।।

সচেতন কৰাই দেহ প্ৰাণ ইন্দ্ৰিয়ক।

জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক।।১৭৯।।

পৰমাত্মা বুলি তাক কহে মুনিগণ।

তেহেন্তে পৰম তত্ত্ব জানিবা ৰাজন।।

হৰি হৰ বিধি যাৰ থাকে আজ্ঞা কৰি।

ঈশ্বৰৰো ঈশ্বৰ তেহন্তে মহা হৰি।।১৮০।।

তাঙ্কে নাৰায়ণ বুলি জানিবা নৃপতি।

তাহানেসে চৰণ সেৱায়ে সাধে গতি।।

প্ৰৱৰ্ত্তান্ত যেখনে ইন্দ্ৰিয় সমস্তক।

পৰমাত্মা তেখনে বুলিয় মাধৱক।।১৮১।।

সমাধিত বেকত হোৱন্তে গুচে ভ্ৰম।

বুলিয় তেখনে জানা মাধৱক ব্ৰহ্ম।।

কৰন্ত যেখনে ইটো সৃষ্টি স্থিতি অন্ত।

বুলিয় তোখনে মাধৱক ভগৱন্ত।।১৮২।।

ব্ৰহ্ম পৰমাত্মা ভগৱন্ত একে তত্ত্ব।

একৰেসে তিনি নাম লক্ষণ ভেদত।।

নপাৱে ইন্দ্ৰিয় সৱে যাহাৰ ওচৰ।

যিটো নোহে মন বুদ্ধি বচন গোচৰ।।১৮৩।।

যেন ফিৰিঙ্গতিচয় বহ্নিতে বজাই।

নকৰে প্ৰকাশ সিটো বহ্নিক দুনাই।।

সেহিমতে মন আদি তান্তে হুয়া জাত।

মায়াত থাকিয়া তাঙ্ক নজানে সাক্ষাত।।১৮৪।।

বেদেও যাহাক নিৰূপিবে নপাৰয়।

নিষেধৰ শেষ বুলি প্ৰকাৰে কহয়।।

যাত বিনে কাহাৰো নাহিকে একো সিদ্ধি।

যিটো ব্ৰহ্মতত্ত্ব হোৱে সৱাৰো অৱধি।।১৮৫।।

তেন্তে নাৰায়ণ ৰূপ জানিবা নৃপতি।

তাহান চৰণে মাত্ৰ কৰিয়ো ভকতি।।

যদি বোলা ইটো তত্ত্ব কেহো নজানয়।

আছে বুলি কেনমতে কৰিবে প্ৰত্যয়।।১৮৬।।

তাহাৰ উত্তৰ শুনা হুয়া সাৱধান।

আছয় ইহাত ৰাজা অনেক প্ৰমাণ।।

কাৰণ নভৈলে নোহে কাৰ্য্যৰ উদয়।

সিটো সৱ ব্ৰহ্ম তাক শুনা মহাশয়।।১৮৭।।

সৱাৰো কাৰণ হোন্ত প্ৰভু ভগৱান।

কাৰণৰ পৰা সৱে কাৰ্য্যৰ বিধান।।

এক হুয়া বহু শক্তি ধৰে কিবা ৰূপে।

তাহাৰ নিদান ৰাজা শুনিয়ো স্বৰূপে।।১৮৮।।

একে ব্ৰহ্ম মাত্ৰ থাকা সৃষ্টিৰ আদিত।

জগত স্বৰূপে পাচে হোৱন্ত বিদিত।।

প্ৰকৃতি মহত অহঙ্কাৰ বুদ্ধি মন।

বহুবিধ বিষয় ইন্দ্ৰিয় দেৱগণ।।১৮৯।।

সমস্ত স্বৰূপ কৰে ব্ৰহ্মেসে প্ৰকাশ।

সমস্ততে কৰি যিটো আছন্ত নিৱাস।।

তেন্তে নাৰায়ণ তত্ত্ব জানিবা নৃপতি।

তাহান চৰণ সেৱা বিনে নাই গতি।।১৯০।।

নাহি ক্ষয় বৃদ্ধি যিটো জন্ম মৃত্যু হীন।

সমস্ততে সাক্ষীৰূপে আছা উদাসীন।।

যদ্যপি আছন্ত ইটো জগত বিয়াপি।

নোছেৱে দেহৰ দোষে তাহাঙ্ক তথাপি।।১৯১।।

জ্ঞান মাত্ৰ ৰূপ নিত্য নিৰঞ্জন কায়।

থাকা সৰ্ব্বকালে সৰ্ব্ব দেহতে সদায়।।

ইন্দ্ৰিয়েসে কৰে তাঙ্ক বিৱিধ ভাৱনা।

যেন এক প্ৰাণ তাৰ অনেক কল্পনা।।১৯২।।

নাহিকে বিকাৰ যাৰ সদা সুখময়।

তাহাঙ্ক জানিলে পাপ তাপ হোৱে ক্ষয়।।

ভকতৰ পৰম সুহৃদ প্ৰাণ সম।

তাহাঙ্কে বুলিয় ব্ৰহ্ম জানা নৃপোত্তম।।১৯৩।।

ইন্দ্ৰিয়ৰ বলে ৰাজা জন্মৰ বিকাৰ।

আত্মাৰ বিকাৰ নাই জানিবাহা সাৰ।।

ইহাৰ দৃষ্টান্ত এক কৰোহো প্ৰকাশ।

তোহ্মাৰ হৈবেক তেৱে সংশয় বিনাশ।।১৯৪।।

মনুষ্যাদি চতুৰ্ব্বিধ প্ৰাণীৰ দেহত।

জীৱৰ সহিত প্ৰাণ থাকে অৱিৰত।।

দেহৰ আছয় দোষ ব্যভিচাৰ সিদ্ধ।

কতো বাল্য কতো যুৱা কতো হোৱে বৃদ্ধ।।১৯৫।।

দেহতে থাকয় প্ৰাণ নাহি ব্যভিচাৰ।

সেহিমতে নাহি ইটো আত্মাৰ বিকাৰ।।

জাগৰণ কালে যিটো নিদ্ৰা উপগতে।

অহঙ্কাৰ জিনিয়া থাকয় একমতে।।১৯৬।।

হেনবা বুলিবা যিটো নাৰায়ণ তত্ত্ব।

জানিবা আছন্ত সমস্তৰ হৃদয়ত।।

কেতিক্ষণে কেনমতে হোৱন্ত সাক্ষাত।

কহিবো নৃপতি তাৰ উত্তৰ তোহ্মাত।।১৯৭।।

যেখনে নিৰ্ভৰ নিদ্ৰা হোৱে উপস্থিত।

ইন্দ্ৰিয় সকল অহঙ্কাৰৰ সহিত।।

তেখনে আত্মাত গৈয়া সৱে হোৱে লয়।

সেহি কালে আত্মা সাক্ষী স্বৰূপে থাকয়।।১৯৮।।

জীৱৰ হোৱয় আত্মা মাত্ৰ অনুভৱ।

নথাকয় বিষয় সম্বন্ধ লেশ লৱ।।

আত্মা অনুভৱ যদি ভৈলেক জীৱৰ।

তেৱে কিয় সংসাৰক পাৱয় পুনৰ।।১৯৯।।

তাহাৰ উত্তৰ শুনা হুয়া সাৱধান।

সিকালতো থাকয় অৱিদ্যা বিদ্যমান।।

সেহি হেতু ঘটে পুনু সংসাৰ আপদ।

লিঙ্গদেহ ভাঙ্গিলেসে মিলে মোক্ষ পদ।।২০০।।

যদি বোলা লিঙ্গদেহ ভাগিব কিমত।

তাহান উত্তৰ ৰাজা কহো স্বৰূপত।।

ধনৰ চেষ্টাক যিকালত এৰে মতি।

কেশৱৰ চৰণ সেৱাত বাঢ়ে ৰতি।।২০১।।

তেৱে তাৰ হোৱে আসি ভকতি প্ৰবল।

পখালে চিত্তৰ তাৰ আছে যত মল।।

কেশৱ সেৱায়ে যেৱে ধৌত ভৈল চিত্ত।

হোৱৈ তাত তেৱে আসি ঈশ্বৰ বিদিত।।২০২।।

কৃষ্ণক সাক্ষাতে দেখি হৈবে মোহ হীন।

আপুনাক নেদেখিব কৃষ্ণএৰে ভিন্ন।।

বেঢ়িল পটলে যেন যাহাৰ নেত্ৰক।

যিটো জনে নেদেখে আগতে আদিত্যক।।২০৩।।

গুচাইলেক ঔষধে চক্ষুৰ যেৱে মল।

সি জনে সাক্ষাতে দেখে সূৰ্য্যৰ মণ্ডল।।

সেহিমতে কৃষ্ণকথা শ্ৰৱণ কীৰ্ত্তনে।

গুণৰ কৰ্ম্মৰ মল ত্যজৈ তাৰ মনে।।২০৪।।

নিৰ্ম্মল মনত হোৱৈ আত্ম পৰিচয়।

তেৱেসে কৃষ্ণত দৃঢ় ভক্তি উপজয়।।

কৰ্ম্ম যোগতেসে হোৱে ভক্তিৰ উদয়।

হেনয় মনত ৰাজা কৰিবা নিশ্চয়।।২০৫।।

পুনৰপি পুছন্ত কৰিয়া যোড়হাত।

কৈয়ে কৰ্ম্মযোগ সিদ্ধ সমস্ত আহ্মাত।।

যাক জানি নৰে কৰে কৰ্ম্মৰ নিহাৰ।

উপজে পৰম জ্ঞান নিস্তৰে সংসাৰ।।২০৬।।

ইক্ষ্বাকু পিতৃৰ আমি সমীপত তথা।

ব্ৰহ্মপুত্ৰসৱত পুছিলো ইটো কথা।।

নেদিলা সিদ্ধান্ত কিয় সনক সনন্দে।

কহিয়ো কাৰণ শুনো পৰম আনন্দে।।২০৭।।

         ।।কৰ্ম্মযোগ কথন।।

 

শুনি আৱিৰ্হোত্ৰ সিদ্ধে দিলন্ত সিদ্ধান্ত।

শুনা সিটো কথা চিত্ত কৰি উপশান্ত।।

পৰম গহন আতি ইটো বেদ বাণী।

যাক শুনি মোহ দূৰ হোৱে মহাজ্ঞানী।।২০৮।।

বেদে যাক বিহিয়াছে তাকে বুলি কৰ্ম্ম।

বেদে যাক নিষেধিলে সেহিটো অকৰ্ম্ম।।

বিহিত নাচৰি হয় বিকৰ্ম্ম পাতেক।

এহি তিনিবিধ কৈলো তোহ্মাত প্ৰত্যেক।।২০৯।।

বিকৰ্ম্ম অকৰ্ম্ম কৰ্ম্ম এহিটো ত্ৰিতয়।

বেদৰেসে মত জানা লৌকিক নহয়।।

যাক বেদে বোলে সিটো ঈশ্বৰ সাক্ষাত।

যিটো ঈশ্বৰত হন্তে হৈয়া আছে জাত।।২১০।।

ইহাৰ অৰ্থত মোহ হোৱে মহাজ্ঞানী।

বেদৰ তত্বক পাইব আন কোন প্ৰাণী।।

কৰ্ম্মযোগে জিজ্ঞাসি আছিলা সিসৱত।

বালক সময়ে তাক বুজিবা কিমত।।২১১।।

পৰম দুষ্কৰ কৰ্ম্মযোগ আতিশয়।

তুমিয়ো তৈসানি শিশু ইক্ষ্বাকু তনয়।।

এহি ভাৱি নকহিলে সিকথা তোহ্মাত।

সেহি কৰ্ম্মযোগ আৱে কহিবো সাক্ষাত।।২১২।।

যিমত গ্ৰহন কৰ্ম্ম শুনা পৰিচ্ছেদ।

শিক্ষা দেই মূঢ়ক পৰোক্ষবাদে বেদ।।

স্বৰ্গসুখ আদি লোভ লগাই প্ৰথমত।

প্ৰৱৰ্ত্তান্ত অজ্ঞানীক সকাম কৰ্ম্মত।।২১৩।।

ভুঞ্জিবো বিশিষ্ট ভোগ লভিয়া স্বৰ্গক।

হেনয় কামনা কৰি অৰ্চ্চে ঈশ্বৰক।।

বাঢ়ৈ প্ৰীতি বেদৰ শুনিয়া ফলশ্ৰুতি।

পাছে সেহি কৰ্ম্মে তাৰ সাধিবে মুকুতি।।২১৪।।

যেন পিতৃ শিশুক লাডুৰ লোভ দেই।

তাক পাইবো বুলি শিশু ঔষধ পিৱই।।

পাচে খণ্ড লাড়ুৱে গৰ্ভৰো ৰোগ হৰৈ।

সেহিমতে অজ্ঞানী বেদৰ শিক্ষা ধৰৈ।।২১৫।।

পাছে বেদে বোলে এড়া ইসৱ কামনা।

নিষ্কামে কৰিবা এক কৃষ্ণত অৰ্পণা।।

সেহি কৰ্ম্মে কৰাই বিষয়ত বিৰকতি।

উপজাইবে মাধৱত পৰম ভকতি।।২১৬।।

পৰম অজ্ঞানী হুয়া যিটো দুষ্ট চিত্ত।

নকৰে ইসৱ কৰ্ম্ম বেদৰ বিহিত।।

যাইবে সিটো বিকৰ্ম্ম পাপত অধোগতি।

মৰি মৰি উপজিবে যাতনাৰ প্ৰতি।।২১৭।।

হেন জানি নিয়মীয়া আপুনাৰ চিত্ত।

কৰিব সাত্ত্বিক কৰ্ম্ম বেদৰ বিহিত।।

ছাড়িয়া কামনা কৰি অৰ্পণা ঈশ্বৰে।

পাইবেক পৰম সিদ্ধি তেৱে সিটো নৰে।।২১৮।।

সেহি কৰ্ম্মে কৰে জানা কৰ্ম্ম নিবাৰণ।

ফলশ্ৰুতি মানে হোৱে ৰুচিৰ কাৰণ।।

বেদমতে কৰ্ম্ম যোগ কহিলো নৃপতি।

তন্ত্ৰ আগমৰ মত শুনিয়ো সম্প্ৰতি।।২১৯।।

আপুনি জীৱৰ যিটো অহঙ্কাৰ বন্ধ।

ছেদিবাক চাহে হেন কৰিয়া প্ৰৱন্ধ।।

ঈশ্বৰ কেশৱ দেৱ ভকতৰ নিধি।

তাহাঙ্কে কৰিবে পূজা যেন তন্ত্ৰবিধি।।২২০।।

সেৱা কৰি গুৰুৰ পূৰিব মনোৰথ।

গুৰুৱে দেখাইবে তন্ত্ৰ মন্ত্ৰ পূজা পথ।।

যিটো মূৰ্ত্তি আপুনাৰ অভিমত জানি

হৃদয়ৰ ঈশ্বৰক তাতে থৈব আনি।।২২১।।

স্নান কৰি বসিবেক দেৱক সম্মুখে।

ভূতশুদ্ধি প্ৰাণায়াম কৰিবেক সুখে।।

অঙ্গন্যাস কৰন্যাস কৰি বিধিৱত।

দেহ শুদ্ধি কৰিবেক হৈবেক সংযত।।২২২।।

দিগবন্ধন মন্ত্ৰে ৰক্ষা কৰিয়া বন্ধন।

হৰিক পূজিব জানা ইক্ষ্বাকু নন্দন।।

আদিতে কৰিব শুদ্ধি যত দ্ৰব্যচয়।

কীট আদি জন্তু যেন তাত নথাকয়।।২২৩।।

ভূমিশুদ্ধি কৰিবেক মাৰ্জ্জন কৰিয়া।

কৰিব চিত্তৰ শুদ্ধি চঞ্চল এড়িয়া।।

স্নান অনুলেপনে স্বমূৰ্ত্তি শুদ্ধি কৰি।

আসন প্ৰোক্ষণ কৰি বসিব সাদৰি।।২২৪।।

প্ৰতিমাত মনতে বা হৰিক থাকিব।

যথালব্ধ উপচাৰে তাহাঙ্ক অৰ্চ্চিব।।

পাদ্য অৰ্ঘ্য আচমন আনো উপহাৰ।

যেন পাৰে মিলাইবেক পূজাৰ সম্ভাৰ।।২২৫।।

কৰি ন্যাস যেন বিধি হৃদয় আদিক।

কৰিব হৃদয়ে ধ্যান ঈশ্বৰ মূৰ্ত্তিক।।

পাদ্য অৰ্ঘ্য আচমন মধুপৰ্ক স্নান।

বসন ভূষণ অঙ্গমালা দিব দান।।২২৬।।

গন্ধে পুষ্পে ধূপে যেন বিধি কহে তন্ত্ৰে।

সাঙ্গোপাঙ্গে কৃষ্ণক পূজিব মূলমন্ত্ৰে।।

কৰ্পূৰ তাম্বল দিব সুবাসিত জল।

তুলসী পুষ্পৰ মালা নানা বিধ ফল।।২২৭।।

ঈশ্বৰৰ আছে আৰু পাৰ্ব্বণ যতেক।

নিজ নিজ মন্ত্ৰে সমস্তকে পূজিবেক।।

অৰ্চ্চিয়া বিনয় ভাৱে পঢ়ি স্তুতি নতি।

কৰিব কৃষ্ণৰ পাচে পূজা সমাপতি।।২২৮।।

আপুনাক তেহ্ন মূৰ্ত্তি চিন্তিয়া মনত।

ঘ্ৰাণিয়া নিৰ্ম্মাল্য পাচে পিন্ধিব শিৰত।।

ঈশ্বৰক নিয়া হৃদি পদ্মে দিব ঠাই।

কৰণ্ডিতে প্ৰতিমাক থৈবেক দুনাই।।২২৯।।

এহিমতে মাধৱক পূজিবেক নিতে।

হৈবেক মুকুত সিটো অচিৰ কালতে।।

আহ্মাত পুছিলা যেন আপুনি নৃপতি।

কৈলো কৰ্ম্মযোগ যেন জানিলো সম্প্ৰতি।।২৩০।।

যিটো নি.য়মিলে মন তেজি অহঙ্কাৰ।

ইটো কৰ্ম্মযোগত তাৰেসে অধিকাৰ।।

আৱে অভিমত যেন পুছিয়ো আহ্মাত।

শুনি ৰাজা কহিলন্ত কৰি যোড়হাত।।২৩১।।

অনেক জন্মৰ জানা আছে মহাভাগ।

সিহেতু সুধিবে তোমাসাক পাইলো লাগ।।

..................

 

।।ভগৱানৰ অৱতাৰ বৰ্ণনা।।

 

যেন যেন ৰূপে যিটো যিটো কৰ্ম্ম হৰি।

কৰিলা কৰন্ত কৰিবন্ত অৱতৰি।।২৩২।।

শুনিবাক ইচ্ছা আছে কহিয়োক তাকে।

ভৃত্য হেন বুলি মোক যদি দয়া থাকে।।

শুনি সিদ্ধ দ্ৰুমিল উত্তৰ দিলা পাচে।

ঈশ্বৰ কৃষ্ণৰ জন্ম কৰ্ম্ম যত আছে।।২৩৩।।

শত কোটি জন্মে কোনে কহি পাইবে অন্ত।

সহস্ৰ বদনে যদি কহন্ত অনন্ত।।

নপাইবে গুণৰ তথাপিতো পৰিমিত।

তাকো গণিবাক লাগি যিটো দেই চিত্ত।।২৩৪।।

সিটো মন্দমতি জ্ঞান শূন্য সমুদায়।

সাগৰকো কাঠি দিয়া জুখিবাক চায়।।

পৃথিৱীৰ ধূলি যিটো গণে কদাচিত।

কৃষ্ণৰ গুণক সিটো নপাৰে গণিত।।২৩৫।।

জগত ঈশ্বৰ যিটো অনন্ত মহিমা।

আপুনো নজানে মায়া বৈভৱৰ সীমা।।

গণি সংখ্যা কৰিবে শকতি আছে কাত।

তথাপি সংক্ষেপি কিছু কহিবো তোহ্মাত।।২৩৬।।

শুনা সাৱধানে কহো কৃষ্ণৰ চৰিত্ৰ।

হৌক মোৰ তনু মন বচন পৱিত্ৰ।।

কৃষ্ণ কথা শুনা আৱে সৱে সভাসদে।

গৃহে থাকি খায়া দায়া পৰম সুখদে।।২৩৭।।

নাহি ধন হানি শৰীৰতো কিছু শ্ৰম।

কৰ্ণৰো অমৃত শুনিবাক সুখতম।।

এতেকতে যতেক পাতক হোৱৈ ক্ষয়।

উপজৈ পৰম পূণ্য মিলৈ মহোদয়।।২৩৮।।

কৃষ্ণৰ চৰণে মিলৈ মহা প্ৰেমভাৱ।

কি কহিবো ইটো কৃষ্ণ কথাৰ প্ৰভাৱ।।

দুৰ্ল্লভ মনুষ্য তনু নপাইবা দুনাই।

চিন্তামণি জন্ম হেৰা হাতত হৰাই।।২৩৯।।

ইহাক নেদেখা মায়া মোহে হুয়া অন্ধ।

কৰা কৃষ্ণ কথা মধুপানক প্ৰবন্ধ।।

সংসাৰ ব্যাধিৰ ইসে ঔষধ প্ৰধান।

বিষয় অপত্য তেজি ঝাণ্টে কৰা পাণ।।২৪০।।

আলোচন্তে অন্তকে সাধিবে সৱে কাম।

জানিয়া ঘূষিয়ো নিৰন্তৰে ৰাম ৰাম।।২৪১।।

......................

 

।।দুলড়ী।।

পঞ্চ মহাভূতে      প্ৰভু নাৰায়ণে

নিৰ্ম্মিয়া ব্ৰহ্মাণ্ড কায়।

প্ৰথমে পুৰুষ      অৱতাৰ হুয়া

পশিলা তাত লীলায়।।

যাহাৰ ইন্দ্ৰিয়ে     জীৱৰ ইন্দ্ৰিয়

যাৰ জ্ঞানে ভৈলা জ্ঞান।

যাহাৰ নিশ্বাসে     ইন্দ্ৰিয় দেহৰ

হোৱে চেষ্টা বল প্ৰাণ।।২৪২।।

যাৰ শৰীৰতে     আছৈ ত্ৰিভূৱন

পৃথিৱী পাতাল স্বৰ্গ।

যিটো সত্ত্ব আদি    তিনি গুণ এৰে

কৰে স্থিতি লয় মৰ্গ।।

ৰজো গুণে ব্ৰহ্মা    সত্ত্ব গুণে বিষ্ণু

তমো গুণে ৰুদ্ৰ হয়।

তিনি মূৰ্ত্তি ধৰি    প্ৰজাক সততে

কৰা সৃষ্টি স্থিতি লয়।।২৪৩।।

তেহেন্তে পুৰুষ      অৱতাৰ তান

কৰিলো কৰ্ম্ম বিদিত।

শুনা নিমি আৰো   নৰ নাৰায়ণ

অৱতাৰ বিপৰীত।।

দক্ষৰ দুহিতা      মূৰ্ত্তি নামে তেহোঁ

ভৈলন্ত ভাৰ্য্যা ধৰ্ম্মৰ।

তান্তে জাত ভৈলা   অৱতাৰ দুই

নাৰায়ণ আৰো নৰ।।২৪৪।।

যিটো কৰ্ম্মে কৰে   কৰ্ম্মক নিৰ্ম্মূল

হোৱৈ আত্ম-পৰিচয়।

নাৰদ প্ৰমুখ্যে      মুনিতো তাহাক

কহিলন্ত কৃপাময়।।

বদৰিকাশ্ৰমে       আছন্ত অদ্যাপি

পৰম তপ আচৰি।

যাৰ পাদ-পদ্ম     অৰ্চ্চন্ত আজিয়ো

সমস্তে ঋষি সাদৰি।।২৪৫।।

তপৰ প্ৰভাৱে      প্ৰকাশৈ শৰীৰ

সম্যকে সূৰ্য সঙ্কাশ।

হেন দেখি পাচে    ইন্দ্ৰৰ মনত

মিলিল পৰম ত্ৰাস।।

ত্ৰৈলোক্য সম্পদ    লৈবে লাগি ঋষি

কৰে হেন তপ ঘোৰ।

জানিলো দুৰ্জ্জয়     ঋষিৰ নিদানে

সৰ্ব্বনাশ হৈবে মোৰ।।২৪৬।।

কৰিলা আদেশ     মদনক চাই

চলিয়ো তুমি অনঙ্গ।

নৰ নাৰায়ণ      ঋষিৰ তপস্যা

সত্বৰে কৰিয়ো ভঙ্গ।।

মলয় পৱন       কোকিল বসন্ত

আহ্মাক তুমি উদ্ধাৰা।

মদনৰ সঙ্গে      চলিয়ো সত্বৰে

যত আছা অপেশ্বৰা।।২৪৭।।

ইন্দ্ৰৰ আদেশে     মদন লড়িলা

লৈয়া নিজ পৰিবাৰ।

যত অপেশ্বৰী      লড়িয়া প্ৰবন্ধে

পিন্ধি দিব্য অলঙ্কাৰ।।

ঋষিৰ সমীপে      পাতিলন্ত নৃত্য

পৰম ৰঙ্গে অনঙ্গ।

সুললিত গীত      গাৱে বিদ্যাধৰে

গন্ধৰ্ব্বে ঠুঙ্কে মৃদঙ্গ।।২৪৮।।

বহে মন্দ বায়ু     বসন্ত মিলিল

কোকিলৰ কুহু নাদ।

পুষ্পৰ সুৰভি      গন্ধে আমোদিত

মদনে কৰে উন্মাদ।।

অপেশ্বৰী সৱে     কটাক্ষে নিৰেখি

ঋষিক কৰে সন্ধান।

নজানি ঈশ্বৰ      মহিমা মদনে

প্ৰহাৰে কুসুম বাণ।।২৪৯।।

...............

 

।।ছবি।।

 

দেখিয়া ইন্দ্ৰৰ মায়া  মহাঋষি নাৰায়ণে

নকৰিলা কটাক্ষো কিঞ্চিত।

থাকিলন্ত ধৈৰ্য্য ধৰি  যেন মহা মেৰুগিৰি

তপত নিবিড় কৰি চিত্ত।।

পৰম সভয় মন    ভৈলা দেখি দেৱগণ

হিয়াত মিলিল মহাত্ৰাস।

স্থিৰ নোহে হাত ভৰি   কাম্পে তনু তৰতৰি

ঋষিশাপে হৈবো সৰ্ব্বনাশ।।২৫০।।

পাচে প্ৰভু নাৰায়ণ  দেখন্ত দেৱতাগণ

মৰৈ যেন ভয়তে সমূলি।

দায়ায়ে লগাইলা মাত     নিষেধন্ত তুলি হাত

নকৰা নকৰা ভয় বুলি।।

মদন মাৰুত হেৰা       শুনা সৱে অপেস্বৰা

কৰিয়ো আহ্মাৰ অনুকুল।

স্বৰ্গহন্তে আইলা সাজি      হুয়োক অতিথি আজি

আশ্ৰমৰ ভুঞ্জা ফল-মূল।।২৫১।।

সৱাকো কৰিয়া দয়া      পৰম নিৰ্ভয় দিয়া

যেৱে হেন বুলিলা বিশ্বাস।

মুণ্ডত বুলাইলা হাত      মুখত বজাইলা মাত

দেৱগণে তেজিলেক ত্ৰাস।।

কৰি পাচে চিত্ত স্থিৰ      লজ্জাভাৱে নমাই শিৰ

বোলে বাক্য কৰি নমস্কাৰ।

হৃদয়ে নভৈল ক্ষোভ      নকৰিলা স্ত্ৰীক লোভ

ইটো কোন আশ্চৰ্য্য তোহ্মাৰ।।২৫২।।

যত মহা জ্ঞানবৃদ্ধ       দেৱ মুনি সুৰ সিদ্ধ

তোহ্মাকেসে সেৱে দমাই মাথ।

জিনিয়া দুৰ্জ্জয় মায়া      আহ্মাকো কৰিলা দয়া

কিনো ক্ষমাশীল জগন্নাথ।।

সজ্জনে তোহ্মাকে সেৱে    দেখি ইন্দ্ৰ আদি দেৱে

অনেক বিঘিনি কৰৈ তাত।

আহ্মাক লঙ্ঘিয়া যাই     বৈকুণ্ঠত লৱে ঠাই

এহি বুলি মিলাৱে বিঘাত।।২৫৩।।

নভজে তোহ্মাৰ পাৱে     যাৰ পূজা খাইবে পাৱে

নকৰে বিঘিনি কিছু তাক।

তোহ্মাৰ মায়ায়ে অন্ধ     নিবিচাৰে ভাল মন্দ

কি কহিবো দেৱ বিচেষ্টাক।।

ভকতে তোহ্মাক গয়     তিলেকো নকৰে ভয়

আপুনি ৰক্ষক তুমি হৰি।

নিশ্চয়ে কহিলো সাৰ      ইন্দ্ৰ আদি দেৱতাৰ

বিঘ্নিৰ মুণ্ডত দেই ভবি।।২৫৪।।

তোহ্মাত নকৰে ৰতি     তপতেসে কৰে মতি

শুনা যেন তাহাৰ অৱস্থা।

ক্ষুধা তৃষা মোহ কাম অপাৰ সাগৰ সম

এসম্বাকো তৰিয়া সৰ্ব্বথা।।

তথাপিতো মূঢ়মতি       ক্ৰোধে বৰ হুয়া আতি

গো খোজত যেন মজে পাচে।

তপ ধৰ্ম্ম ব্ৰত কষ্ট       ব্যৰ্থে সৱে কৰে নষ্ট

তাত পৰে কোন মন্দ আছে।।২৫৫।।

যেন মাথে বোজা লৈয়া  অথায় জলে নামে গৈয়া

উটে বোজা নপাৱে উমান।

সেহিমতে পূণ্য ব্ৰত  আজন্মে সাঞ্চিলে যত

ক্ৰোধে কৰে সৱাকো নিৰ্য্যাণ।।

তোহ্মাত বিমুখ যিটো     জীৱন্ততে মৰা সিটো

আত্মঘাতী পৰম দুৰ্ম্মতি।

আমি হেৰা নমাই মাথ    প্ৰণামো জগত নাথ

জন্মে জন্মে তুমি হৈবা গতি।।২৫৬।।

...............

 

।।দুলড়ী।।

।।উপদেশ।।

 

শুনা সভাসদ      ভাগৱত পদ

হুয়া আতি নিশব্দ।

পাপ হোৱে ক্ষয়    মিলে মহোদয়

খণ্ডয় দুখ আপদ।

আছৈ পূণ্য যত    কৃষ্ণৰ কথাত

সিজনেসে পাতে কাণ।

সূচী যেন তাড়ৈ    শুনিবে নপাৰৈ

পাতকী যিটো প্ৰধান।।২৫৭।।

সেহিসে অসুৰ     সেহিসে পশুৰ

সদৃশ জীৱন ধৰৈ।

কৃষ্ণক নভজি     অমৃতক তেজি

যেন বিষ ভুঞ্জি মৰৈ।।

আৱে বুদ্ধ লোক    যাইবা পৰলোক

কোন গতি হৈব পাচে।

কৃষ্ণৰ চৰণ       কৰিয়ো স্মৰণ

যাৱত চেতন আছে।।২৫৮।।

ছাড়ি আন কাম    কৃষ্ণ গুণ নাম

বুলিয়ো বাক্যে প্ৰকাশি।

এতেকে সহায়     হৈব যদুৰায়

মৰণ সঙ্কটে আসি।।

পৰম বান্ধৱ      ঈশ্বৰ মাধৱ

তাঙ্ক নকৰিয়ো হেলা।

তান্তে দিয়া মন    অথিৰ জীৱন

কৈক যাই কোন বেলা।।২৫৯।।

বিষয় নিকাৰ     পায়া বাৰম্বাৰ

তথাপি নাছাড়ৈ ধান্ধা।

কৃষ্ণ গুণ যশ     পৰম সৰ্ব্বস

জানি সৱে গলে বান্ধা।।

দুৰ্ঘোৰ সংসাৰ     আত নাহি পাৰ

স্মৰিও হৰিৰ নাম।

ছাড়িয়া সপোন     ধৰিয়ো চেতন

ডাকি বোলা ৰাম ৰাম।।২৬০।।

                                ........

 

                 ।।পদ।।

দ্ৰুমিল বদতি ৰাজা শুনা অনন্তৰ।

কামদেৱ আদি যত ইন্দ্ৰ অনুচৰ।।

এহিমতে স্তুতি যেৱে কৰন্তে আছয়।

শুনা তাসম্বাৰ যেন মিলিলা বিস্ময়।।২৬১।।

গুণন্ত মনত কৃপাময় দেৱহৰি।

ৰূপৰ দৰ্পত ইটো যত অপেশ্বৰী।

আহ্মাক মোহিবে আইলা এৰি স্বৰ্গপুৰ।

তাসম্বাৰ আজি ৰূপ দৰ্প কৰো চূৰ।।২৬২।।

হেন মনে গুণি পাচে প্ৰভু নাৰায়ণ।

দেখাইলা সাক্ষাতে অসংখ্যাত নাৰীগণ।।

ষোড়শ বয়সী নিৰূপমা ৰূপৱতী।

প্ৰত্যেকে দেখিয় যেন লক্ষ্মী মূৰ্ত্তি সতী।।২৬৩।।

কঙ্কণ কেয়ূৰ জ্বলে দেহ হেমহাৰে।

চিকিমিকি কৰে ৰত্নময় অলঙ্কাৰে।।

কৰ্ণে ডোলে মণিময় মকৰ কুণ্ডল।

পূৰ্ণশশী সম জ্বলে বদন মণ্ডল।।২৬৪।।

সুন্দৰ দেৱাঙ্গ বস্ত্ৰ অঙ্গে পৰিধান।

সমস্তে পদ্মীনী শৰীৰত পদ্ম ঘ্ৰাণ।।

কটাক্ষে ত্ৰৈলোক্য মোহে ৰূপে নিৰুপমা।

ওচৰো নপাৱে ৰূপে ৰম্ভা তিলোত্তমা।।২৬৫।।

কৰে সেৱা নাৰায়ণ ঋষিক আৱৰি।

বিঞ্চে কতো ধৱল চামৰ হাতে ধৰি।।

অনুৰাগে কামিনী কুৰালে কতো কেশ।

আগত যোগাৱে কতো বিৱিধ সন্দেশ।।২৬৬।।

কতো গন্ধ চন্দন সুন্দৰী ঘসে গাৱে।

কৰ্পূৰ তাম্বুল কতো যুৱতী যোগাৱে।।

আগত লগাৱে ধূপ সুৰভি সুৱাস।

কৰাৱে সুন্দৰী কতো দিব্য পুষ্প লাস।।২৬৭।।

আছে কত ৰমণী ৰমণ প্ৰেমে মজি।

আছন্ত ঈশ্বৰ কাৰো গাৱত আৱজি।।

নিৰিখন্ত নয়নে বয়নে অল্প হাস।

কৰন্তে আছন্ত শত্ৰু কোটিৰ বিলাস।।২৬৮।।

কতো গজগতি কৰে লীলা লয়লাস।

কতো পাৱ ঝাণ্টে মাতে কতো পৰিহাস।।

কতো সুললিত গীত গাৱে তাল ঠুকি।

কতো কতো দিব্য যন্ত্ৰ বজাৱে উৎসুকি।।২৬৯।।

মধুৰ মৃদঙ্গ বাদ্য বাৱে কত ৰঙ্গে।

কতোহো কামিনী নাচে মহা অঙ্গে ভঙ্গে।।

বাজে ৰুণ-ঝুন কৰি কেয়ূৰ কঙ্কণ।

কাম আদি দেৱৰ দেখিয়া ভোলে মন।।২৭০।।

পদ্মৰ সৌৰভ শৰীৰত পায়া ঘ্ৰাণ।

ভৈল মহা মোহ হৰিলন্ত শ্ৰুতি জ্ঞান।।

বিদ্যাধৰীসৱো পদ্মিণীক পায়া দেখা।

ভৈলা আতি মোহ পুৰুষৰ কোন লেখা।।২৭১।।

পৰম নিঃশ্ৰীক দেখি যত অপেশ্বৰা।

পূৰ্ণচন্দ্ৰ উদয়ে নজ্বলে যেন তৰা।।

আদিত্যৰ আগত বাতিৰ জ্যোতি নাই।

ভৈলা সৱে সেহি মতে মৃতক পৰাই।।২৭২।।

ৰমণীসৱৰ ৰূপ গুণ শুনি তয়।

শ্ৰীহত ভৈল সৱে দেৱ দেৱীচয়।।

চাহিবাক নপাৰিয়া নমাই আছে মাথ।

বোলন্ত সৱাকো মাতি পাচে জগন্নাথ।।২৭৩।।

শুনা অপেস্বৰা হেৰা মাৰুত মদন।

নিয়ো আসম্বাৰ বাছি দিলো একজন।।

শুনিয়া মদনে বোলে নলাগে নলাগে।

থাকিবাৰো যোগ্য নোহো তাসম্বাৰ আগে।।২৭৪।।

দিয়োক বিদায় মিছা নপাতা জঞ্জাল।

পিন্ধাইবাক চাহা বানৰক হাৰ মাল।।

বুলিলন্ত হৰি কতোবেলি চাহি হাসি।

আপোনাৰ সদৃশ জনকে নিয়া বাছি।।২৭৫।।

শুনিয়া মদনে বোলে নিৰেখি নিৰেখি।

আহ্মাৰ সমান ৰূপ জনেকো নেদেখি।।

হাঁসিয়া বোলন্ত আত নাহিকে দূষণ।

নিয়োক জনেক হৌক স্বৰ্গৰ ভূষণ।।২৭৬।।

এহি হৌক বুলি ফৌজে সমে কামদেৱ।

কৰিলা সপটে পৰি কেশৱক সেৱ।।

উৰ্ব্বশী নামত নাৰী আতি ৰূপৱতী।

তাঙ্ক আগ কৰি সৱে গৈলা অম্ৰাৱতী।।২৭৭।।

আছন্ত বাসৱ বসি সুধৰ্ম্মা সভাত।

দশ দিকপাল দেৱসৱ অসংখ্যাত।।

সৱাকে শুনায়া বোলে ইন্দ্ৰক প্ৰণামি।

আজি মহাভাগ্যেসে নিস্তৰি আইলো আমি।।২৭৮।।

নাৰায়ণ ঋষিৰ মহিমা যত যত।

প্ৰকটি কহিলা সৱে ইন্দ্ৰৰ আগত।।

শুনি আতি ত্ৰাস ভৈলা মিলিলা বিস্ময়।

কথাতে কম্পিলা ইন্দ্ৰ দেৱৰ হৃদয়।।২৭৯।।

নাৰায়ণ মহিমা শুনন্তে ভয় ভীতি।

উৰ্ব্বশীক দেখি ইন্দ্ৰ ভৈলা মহাপ্ৰীতি।।

..................

 

।।অৱতাৰ তত্ত্ব কথন।।

 

দ্ৰুমিল বদতি ৰাজা শুনিলা সাম্প্ৰত।

নাৰায়ণ দেৱৰ মহিমা যত যত।।২৮০।।

কহো আৱে শুনা আৰো অৱতাৰ কথা।

এহিসে পৰম ধৰ্ম্ম জানিবা সৰ্ব্বথা।।

ব্ৰহ্মাৰ তনয় সৱে পুছিলা ব্ৰহ্মাক।

কহিয়োক পিতৃ আত্মতত্ত্ব বুলি যাক।।২৮১।।

কি কহিবে নজানন্ত ব্ৰহ্মায়ো সম্প্ৰতি।

ভৈলা লাজে অধোমুখ পাচে প্ৰজাপতি।।

হেন দেখি মহাহৰি হংস ৰূপ হুয়া।

উড়িয়া পৰিল সত্য লোকক কম্পায়া।।২৮২।।

যেন শুল্ক পৰ্ব্বতেক প্ৰৱেশি তথাত।

কহিলন্ত আত্মতত্ত্ব ব্ৰহ্মাৰ সভাত।।

দত্তাত্ৰেয় নামে হুয়া অত্ৰিৰ তনয়।

জ্ঞান দানে নিস্তাৰিলা অলৰ্ক হৈহয়।।২৮৩।।

যদু নৃপতিত ইটো আত্মতত্ত্ব কৈলা।

তিনিয়ো ৰাজাৰ কৰ্ম্ম বন্ধ ছেদ ভৈলা।।

ব্ৰহ্মাৰ মানস আসি ভৈলা অৱতাৰ।

জগত প্ৰসিদ্ধ সিদ্ধ সনত কুমাৰ।।২৮৪।।

কহিলা ঈশ্বৰ জ্ঞান পৃথু নৃপতিত।

পৃথুৰ প্ৰসাদে ভৈলা জগত বিদিত।।

ভৈলন্ত ঋষভ নামে নাভিৰ তনয়।

আহ্মাৰ জনক যাত জগতে জানয়।।২৮৫।।

নাৰায়ণ আপুনি লীলায়ে অৱতৰি।

ভূমি পৰ্য্যটিলা জড় যোগচৰ্য্যা ধৰি।।

সমস্ত বেদক দৈত্যে নিলা চুৰি কৰি।

দেখি হৰি হয়গ্ৰীৱ ৰূপে অৱতৰি।।২৮৬।।

দুষ্ট মধু দৈত্যক কৰিলা কন্ধ ছেদ।

পাতালপুৰৰ হন্তে উদ্ধাৰিলা বেদ।।

মৎস্যৰূপে অৱতৰি পুৰুষ পুৰাণ।

পৃথিৱী নৌকাত তোলাই শস্যৰ বিধান।।২৮৭।।

কৰিয়া নিস্তাৰ সিটো সত্যব্ৰত ৰায়।

প্ৰলয় জলত প্ৰভু তাড়িলা লীলায়।।

বৰাহ স্বৰূপে ভৈলা ভয়ঙ্কৰ কায়।

মহা মেৰু গিৰি যাৰ খুড়াতে লুকায়।।২৮৮।।

আনিলা ভূমিক তুলি ৰসাতল হন্তে।

হিৰণ্যাক্ষ বীৰক মাৰিলা ছিড়ি দান্তে।।

ধৰিলন্ত হৰি আৰো কূৰ্ম্ম অৱতাৰ।

জম্বুদ্বীপ সম আতি শৰীৰ বিস্তাৰ।।২৮৯।।

ধৰিলা মন্দৰ গিৰি প্ৰভু পিঠি পাতি।

দেৱাসুৰে অমৃত মথিলা ৰঙ্গে আতি।।

গজেন্দ্ৰক মহা গ্ৰাহে গিলে বলে ধৰি।

কৰিলা হৰিক স্তুতি আৰ্ত্তনাদ কৰি।।২৯০।।

ভকতৰ দুখ দেখি নসহে হৃদয়।

গৰুড়কো এৰি জাম্প দিলা কৃপাময়।।

গ্ৰাহে সমে টানি তুলি তৰক মুৰাৰি।

চক্ৰে চিড়িলন্ত দুই গ্ৰাহৰ কৱাৰি।।২৯১।।

গজ শৰীৰতে মোক্ষ দিলা হৃষীকেশ।

চতুৰ্ভুজ ৰূপে ভৈলা বৈকুণ্ঠে প্ৰৱেশ।।

বালখিল্য ঋষিসৱ আতি অল্পকায়।

পৰি গো-খোজক দেখে সাগৰ পৰাই।।২৯২।।

উটে বুৰে তল যাই গো-খোজৰ জলে।

বাসৱে হাসিলা আসি মহা কৌতূহলে।।

অঙ্গুষ্ঠ প্ৰমাণ বালখিল্য মুনিগণ।

যজ্ঞকাষ্ঠ আনিবাক প্ৰৱেশিলা বন।।২৯৩।।

আসন্তে পথত দেখে গো-খোজৰ জল।

পাৰ হৈবে খোজন্তে সমূলে গৈলা তল।।

পলাশ পত্ৰৰ শিৰ বোজা মস্তকত।

দেখিয়া হাসিলা ইন্দ্ৰ আনন্দে মনত।।২৯৪।।

উটি বুৰি ফুৰে শ্ৰুতি বুদ্ধি ভৈলা হত।

ত্ৰাহি হৰি বুলি সৱে স্মৰন্ত মনত।।

দেখি নাৰায়ণে হুয়া হৰি অৱতাৰ।

কৰিলা সৱাকে সেহি আপদে উদ্ধাৰ।।২৯৫।।

বৃত্ৰ বধে বাসৱৰ ব্ৰহ্মবধ ভৈলা।

সেহি ভয়ে স্বৰ্গ এৰি ইন্দ্ৰ পলাই গৈলা।।

অনন্তৰে লৈলা হৰি চৰণে শৰণ।

সেহি সঙ্কটত তাক কৰিলা তাড়ন।।২৯৬।।

এক সময়ত দেৱ ৰমণী যতেক।

অসুৰৰ গৃহে বন্দী হুয়া আছিলেক।।

কেৱলে অনাথা হুয়া কৰন্ত ক্ৰন্দন।

মুক্ত কৰা জগন্নাথ এ ঘোৰ বন্ধন।।২৯৭।।

এহি বুলি শৰণ পশিলা অকপটে।

কৃপা কৰি তাসম্বাক ৰাখিলা সঙ্কটে।।

দানৱৰ ইন্দ্ৰ ভৈলা হিৰণ্যকশিপু।

পৰম দুৰ্জ্জন জগতৰে মহা ৰিপু।।২৯৮।।

দেৱৰ সৰ্ব্বস্ব সৱে হৰি নিলা বলে।

ভাল ভাল স্ত্ৰীক হৰি আনিলা নিষ্খলে।।

পলাই নপাৱে পুৰী ভয়ে দেৱগণ।

ত্ৰাহি হৰি বুলি লৈলা কৃষ্ণত শৰণ।।২৯৯।।

নৰসিংহ স্বৰূপে অভয় দান দিয়া।

নখে বিদাৰিলা হৰি হিৰণ্যৰ হিয়া।।

প্ৰত্যেক মনুৰ লগে প্ৰভু ভগৱন্ত।

অসুৰক যুদ্ধে মাৰি দেৱক ৰাখন্ত।।৩০০।।

স্মৰণে খণ্ডয় মহা মহা উতপাত।

ভকত বৎসল দেৱ কেশৱ সাক্ষাত।।

কলা ৰূপে কৃষ্ণদেৱ ধৰি অৱতাৰ।

জগতক পালন কৰন্ত বাৰম্বাৰ।।৩০১।।

বলি ৰাজা বলে জিনি লৈলা ত্ৰিভুৱন।

দেৱতাৰ দুখ দেখি প্ৰভু নাৰায়ণ।।

বামন স্বৰূপে সৱে দেৱতাক লাগি।

ভিক্ষা ছলে বলিৰ ত্ৰৈলোক্য লৈলা মাগি।।৩০২।।

অদিতি মাতৃৰ বাক্য কৰি প্ৰতিপাল।

বলিক আনন্দে দিলা সুতল পাতাল।।

স্বৰ্গতো অধিক সিটো বিতোপন পুৰ।

কৃষ্ণৰ প্ৰসাদে তাঙ্ক পাইলেক অসুৰ।।৩০৩।।

পৰম ঈশ্বৰ মূৰ্ত্তি কৰে ধৰি গদা।

বলিক সন্মুখ হুয়া থাকন্ত সৰ্ব্বদা।।

জগত জুৰিল কায় বলি মাত্ৰ দেখে।

ফুটিল কটাহ তান চৰণৰ নখে।।৩০৪।

পাদোদীক গঙ্গা কৰে জগত পৱিত্ৰ।

কি কহিবো বামনৰ পৰম চৰিত্ৰ।।

ভৈলা আসি পৰ্শুৰাম নামে অৱতাৰ।

নিঃক্ষত্ৰী কৰিলা ভূমি তিনি সাতবাৰ।।৩০৫।।

বহ্নি যেন কৰিলা দুষ্টৰ কুল দাহ।

বঢ়াইলন্ত মহন্তৰ পৰম উৎসাহ।।

ভুতকাল অৱতাৰ কহিলো নৃপতি।

বৰ্ত্তমান অৱতাৰ শুনিয়ো সম্প্ৰতি।।৩০৬।।

কৰিলা ৰাৱণে জগতকে অপকাৰ।

দেৱতাৰ মধ্যত লাগিল হাহাকাৰ।।

দেখিয়া জন্মিলা ৰাম দশৰথ ঘৰে।

সীতাৰ নিমিত্তে সেতু বান্ধিলা সাগৰে।।৩০৭।।

সবংশে ৰাৱণ মাৰি দেৱক তাড়িলা।

অযুত বৎসৰ ৰাজ্য আনন্দে কৰিলা।

আজিও ভুঞ্জন্ত ৰাজ্য ৰামে অযোধ্যাত।

বৰ্তমান অৱতাৰ কহিলো তোহ্মাত।।৩০৮।।

অয়োধ্যাৰ প্ৰাণী মানে স্বৰ্গপুৰে নিলা।

অতি অদভুত কীৰ্ত্তি লোকত ৰাখিলা।।

শুনিয়ো পাচত হৈব যিটো অৱতাৰ।

দৈত্যসৱ হৈবে পৃথিৱীৰ মহা ভাৰ।।৩০৯।।

হেন দেখি লগে লৈয়া সহায় অনন্ত।

দৈৱকীত জন্মিব আপুনি ভগৱন্ত।।

সি কাৰণে লগে লৈয়া দেৱ সঙ্কৰ্ষণ।

যদুকুলে জন্মিবন্ত প্ৰভু নাৰায়ণ।।৩১০।।

কংস ভয়ে ছলে পাচে গোকুলক যায়।

দেৱৰো দুৰ্ল্লভ কৰ্ম্ম কৰিব তথায়।।

পূতনা শোষণ তৃণাৱৰ্ত্ত বিনাশন।

কেশী কংস চাণুৰাদি কৰিব নিধন।।৩১১।।

পিতৃক মাতৃক আতি কৰিব বিনতি।

পাতিবন্ত পাচে উগ্ৰসেনক নৃপতি।।

নৰক পৌন্ড্ৰক শাল্ব শিশুপাল আদি।

সৱাকে নাশিব যত ধৰ্ম্মৰ বিবাদী।।৩১২।।

নিৰ্ম্মিয়া দ্বাৰকাপুৰী সাগৰৰ জলে।

নিবা তৈকে মথুৰাৰ প্ৰজা যোগবলে।।

যদুবংশে সমে তৈতে বঞ্চিবা হৰিষি।

ষোড়শ হাজাৰ হৈব কৃষ্ণৰ মহিষী।।৩১৩।।

সৱাতো হৈবেক জাত দ্বাদশ তনয়।

দেৱাসুৰ মনুষ্যৰ সৱাৰো দুৰ্জ্জয়।।

বংশ সমে সৱে সংহৰিয়া ভূমি ভাৰ।

ভকত জনৰ আৱে খণ্ডিব নিকাৰ।।৩১৪।।

সমস্ত লোকৰে কৃষ্ণে সাধিবা মুকুতি।

ব্ৰহ্মা আদি দেৱগণে কৰিবন্ত স্তুতি।।

থৈবা আপুনাৰ যশে জগতকে ভৰি।

বৈকুণ্ঠে চলিব দুনাই বংশক সংহৰি।।৩১৫।।

আত অনন্তৰে হৈব বুদ্ধ অৱতাৰ।

অনেক পাষণ্ড শাস্ত্ৰ কৰিব প্ৰচাৰ।।

বেদ পথ এৰি যজ্ঞ কৰিব অসুৰ।

বাদে বিমোহিয়া কৰিবন্ত যজ্ঞ দূৰ।।৩১৬।।

অসুৰ স্বভাৱ হৈব মনুষ্য যতেক।

ধৰাইব পাষণ্ড পথ তাহাকো প্ৰত্যেক।।

মোহ হুয়া ভকতিক কৰিব ধিক্কাৰ।

আনসে কৰিব কৰ্ম্ম হুয়া অনাচাৰ।।৩১৭।।

হৰি বিমুখক মুহি ভ্ৰমিব ভূমিত।

নচাহিব লোকে আপুনাৰ হিতাহিত।।

হৈবেক আকুল ধন নাৰীৰ আক্ৰোশে।

হৰিক হেলিয়া নাশ যাইব এহি দোষে।।৩১৮।।

বেদ বিধি বিমুখ হৈবেক দিনে দিনে।

নহৈব ধৰ্ম্মত মতি অধৰ্ম্মত বিনে।।

ম্লেচ্ছসৱ হৈব পৃথিৱীৰ অধিকাৰ।

নকৰিব সুখ দুখ বিচাৰ প্ৰজাৰ।।৩১৯।।

লোভ মোহে আকুল নচাইবে গুণ দোষ।

সদায়ে কৰিব মাত্ৰ ধনত আক্ৰোশ।।

হৈব দুষ্ট মন্ত্ৰী তাৰ ধৰিব বচন।

ধনৰ নিমিত্তে যেন খাইবে প্ৰজাগণ।।৩২০।।

এৰিবে আচাৰ বেদপথ হৈব লোপ।

হেন দেখি ঈশ্বৰৰ হৈব মহা কোপ।।

কলিৰ শেষত কল্কী ৰূপে অৱতৰি।

দুৰ্জ্জন ৰাজাক মানে বিনাশিৱে হৰি।।৩২১।।

ঘোঁড়াত চড়িয়া তীক্ষ্ণতৰ খাণ্ডা ধৰি।

কাটি ছিণ্ডি পাষণ্ডক পেহ্লাইব সংহৰি।।

আশ্বাসিব আনিয়া ভকত যত আছে।

কলিৰ অন্তত সত্য প্ৰৱৰ্ত্তাইব পাছে।।৩২২।।

মাধৱৰ জন্ম কৰ্ম্ম কহিলো নৃপতি।

ইহাৰেসে শ্ৰৱণ কীৰ্ত্তনে সাধে গতি।।

আত পৰে মহাধর্ম নাহি নাহি আৰ।

কৰিবা বাক্যত আৱে বিশ্বাস আহ্মাৰ।।৩২৩৷৷

নথৈবা মনত তুমি সংশয় কিঞ্চিত।

বুলিয়োক আৰো কিবা শুনিবাক চিত্ত।।

শুনা সামাজিক জন কেশৱৰ কথা।

বিষয়ৰ অর্থে জন্ম নকৰিয়ো বৃথা।।৩২৪।।

কাঁচৰ কাৰণে যেন তেজয় মাণিক।

জানি সাধুজনে যত্নে ভজিয়ো হৰিক।।

পিতৃ মাতৃ হৰিসে হৰিসে বন্ধু সাৰ।

হৰিসে সুহৃদ নিজ আত্মা আপুনাৰ।।৩২৫।।

ইহ পৰলোকত হৰিক পাইবা লাগ।

যথা যায় তথা হৰি হোন্ত সাতো আগ৷৷

হেন বন্ধু মাধৱক অৱহেলি আমি।।

কৰিলো আপুনি আপুনাক অধোগামী।।৩২৬।।

জানি শুনি এতেক তথাপি নপাঞ সাক্ষী।

দেখিয়ো নেদেখো যেন খাইলো দুই আখি।।

দুজ্জন মনৰ সঙ্গে ভৈলো সৰ্ব্বনাশ।

নকৰিলো প্রাণ প্রভু তোহ্মাত বিশ্বাস।।৩২৭।।

আপুনি উদ্ধাৰ কৰা কৃপাময় মোক।

বোলা ৰাম ৰাম যত সামাজিক লোক।।৩২৮।।

……………

 

 

।।ছবি।।

 

পুনৰপি পুছিলন্ত    নৃপতি প্রণতি কৰি

শুনিয়োক সৱে মহামুনি।

হৰিৰ ভকত সৱে   বিঘ্নিৰ মুণ্ডত ভৰি

দিয়া ফুৰে কহিলা আপুনি।।

যিটো সৱে ইন্দ্রিয়ক  জিনিবাক নপাৰয়।

ভোগত অধিক আসকতি।

কৃষ্ণত ভকতি হীন  ব্যর্থে আয়ু কৰে ক্ষীণ।

কৈয়ো তাসম্বাৰ যেন গতি।।৩২৯।।

 

৷৷চতুৰাশ্রম কথন।।

 

শুনিয়া চমস সিদ্ধে       সম্বুধি সিদ্ধান্ত দেন্ত

কহোঁ কথা তোহ্মাত সম্প্রতি।।

হৰিত নাহিকে মতি  নকৰে ভকতি ৰতি

শুনা যেন তাহাৰ বিপত্তি।।

মাধৱেসে নিজ পিতৃ      ঈশ্বৰ পৰম গুৰু

তাঙ্ক যিটো জনে অনাদৰে।

গুৰু পিতৃ দ্রোহ পাপে     পাৱৈ আতি দুর্গতিক

সিটো মহা অধম পামৰে।।৩৩০।।

কৃষ্ণমুখ হন্তে ভৈলা       সত্ত্বগুণে বিপ্ৰচয়

সত্ত্বে ৰজে ক্ষত্রিয় বাহুত।

ৰজ তম গুণে বৈশ্য      জন্মিল উৰুৰ পৰা

পদে শূদ্র তমো গুণে জাত।।

চাৰিও জাতিৰ জানা সাক্ষাতে জনক হৰি

তাহাঙ্ক নভজে চিত্ত দিয়া।

অৱজ্ঞা কৰিয়া সিটো     যাইবে পাপী অধোগতি

ভ্রষ্ট হৈবে তাৰ কুলক্রিয়া।।৩৩১।।

নজানিসি যিটো জনে     নভজে কৃষ্ণক তাক।

অনুকম্পা কৰা মহাৰথ।

মাতি উপদেশ দিয়া অজ্ঞানীৰ শুদ্ধ হিয়া

ধৰিবেক ভকতিৰ পথ।।

কাক বুলি হৰি কথা      হৰিৰ কীৰ্ত্তন কিবা

যিটো সৱে একোৱে নজানে।।

স্ত্রী শূদ্র অন্ত্যজাতি   তাকো শিক্ষা দিবা মাতি

ধৰিবে সিসৱে অহো প্রাণে।।৩৩২।।

যি জন পণ্ডিত হুয়া      ভকতিত নেদে হিয়া

তাৰ কথা কহোঁ সাৰে সাৰ।।

নেদিবাহা উপদেশ   শুনন্তে পাইবেক ক্লেশ

নাহিকে চিকিৎসা আৰ তাৰ।।

ব্রাহ্মণ ক্ষত্রিয় বৈশ্য বেদমত পায়া আছে

ভকতিত আতি অধিকাৰ।

বেদবাদে বিমোহিত      কৰ্ম্মতে সদায়ে চিত

জানা নাহি এতেকে নিস্তাৰ।।৩৩৩৷৷

কৰিবে নজানে কর্ম     জানন্তাতো নুপুছয়

মূর্খ হুয়া বোলাৱে পণ্ডিত।

বেদৰ মধুৰ বাক   শুনন্তে উৎসুক মিলে

কেৱলে কৰ্ম্মত মজে চিত্ত।।

বেদ অভিপ্রায় গূঢ়       তাহাকো নুবুজে মূঢ়

আনতো কহৱৈ চাটু বাক।

কৰ্ম কৰি যাইৱে স্বর্গ     ভুঞ্জিবে বিৱিধ ভোগ

সেৱিবেক অপেস্বৰা জাক।।৩৩৪৷৷

কাম ক্রোধ লোভ মোহ ৰাগ দ্বেষ অহঙ্কাৰ

অনুদিনে বাঢ়ন্তেসে যায়।

প্ৰাণীৰ বধৰ অৰ্থে       লৈয়া ঘোৰ হিংসা ধৰ্ম্ম

কৰৈ তাঙ্কে উৎসাহ বঢ়াই।।

নুহিকয় চিত্তশুদ্ধি        কামুক লম্পট আতি

সৰ্পৰ সদৃশ নেড়ৈ ক্রোধ।

হৰি ভকতক দেখি       উপহাস্য কৰৈ আতি

সিটো মহা পাতকী দুর্ব্বোধ।।৩৩৫৷৷

স্ত্রী সমে গৃহবাস        মৈথুন সুখত আশ

অন্যোঅন্যে বোলে প্রিয় বাণী।

আজি পাইলো ইটো ধন   আৰু হৈবে যতমান

এহি বুলি হাসৈ দুয়ো প্রাণী।।

নজানে দক্ষিণা বিধি      পূজাৰো নাহিকে সিদ্ধি

নুগুণৈ প্রাণীৰ হিংসা দোষ।

আপুনি জীৱিকা অর্থে     পশুগণ মাৰৈ ব্যর্থে

তাতে মিলে মনৰ সন্তোষ।।৩৩৬।।

কুলীন ঐশ্বৰ্য্য ধন       দান বিদ্যা ৰূপ বল

ইসৱৰ গৰ্ব্বে অন্ধ মতি।

ঈশ্বৰ সহিতে মহা       ভকতক নিন্দা কৰে

সিটো মহা পাপী খল আতি।।

সমস্তে প্রাণীত হৰি       আকাশ সদৃশ আছে

তথাপি নোছোৱে দোষ গুণে।

সেৱিলে অভীষ্ট দেন্ত      বেদে হেন কহিছন্ত

মন্দবুদ্ধি ইহাক নুগুণে।।৩৩৭।।

স্ত্রী মদ্য মাংস সেৱা      যি শাস্ত্ৰত কহি আছে

তাক লৈয়া বাদ কৰি মৰে।

মহামূখ সিটো সৱ      ঈশ্বৰক নভজিয়া

পচিবেক নৰক ভিতৰে৷৷

 

৷৷ প্রার্থনা।।

৷৷ দুলড়ী।।

 

নমো নমো কৃষ্ণ  পদ পঙ্কজক

হৃদয় পদ্মত ধৰি।

মঞি মহাদীন      মোক উদাসীন

নকৰিবা প্রাণ হৰি।।৩৩৮৷৷

হে লক্ষ্মীপতি      মহা মূঢ়মতি

মোত পৰে নাহি আন।

তোহ্মাৰ চৰণ         তেজি পাপী মন

ধনকেসে কৰে ধ্যান।।

ই জন্মতো বাপ   নেড়াইলো সন্তাপ

ভাৰত বৰিষ পায়া।

কৈত কাল চোৰে   প্ৰাণ নেই মোৰে

পড়িবে মনুষ্য কায়া।।৩৩৯৷৷

তেজিয়া সকলে     চলিবো একলে

দুৰ্ঘোৰ যম কৰণে।

জানিয়া তথাপি    নভজো অদ্যাপি

অভয় তযু চৰণে।।

যতেক পঢ়িয়া     জানিয়া শুনিয়া

স্থিৰ নোহে মতি মোৰ।

ব্যৰ্থে গৈল জন্ম    কৰিছো পৰম

কতনো পাতক ঘোৰ।।৩৪০৷৷

কলিত সম্প্রতি     নভৈল ভকতি

নপাইলো সাধু সঙ্গতি।।

মঞি দুৰ্ব্বিনয়     জানি কৃপাময়

আপুনি কৰিয়ো গতি।।

তোহ্মাৰ ভৃত্যৰ   ভৃত্যৰো ভৃত্যৰ

তানে ভৃত্য ভৈলো আমি।

মোক জনগন্নাথ   নকৰা অনাথ

নেৰিবা বান্ধৱ স্বামী।।৩৪১৷।

নেড়ৈ মোৰ মুখে  যেন সুখে দুখে

সদায় তোহ্মাৰ নাম।

হে কৃষ্ণ প্রাণ      দিয়া এহি দান।

ডাকি বোলা ৰাম ৰাম।।৩৪২।।

........................

 

৷।পদ৷।
 

নিগদতি চমস শুনিয়ো নিমি কথা।

হৰি বিমুখৰ আৰো কহিবো ব্যৱস্থা।।৩৪৩।।

কৃষ্ণক নভজি মজি আছে দুর্গতিত।

সাঞ্চে মহা যাতনা আপুনি বিপৰীত।।।

কৃষ্ণক বিমুখ মানে জানিবা আশয়।

বাঢ়ে লোভ জগতক দেখে ধনময়।।৩৪৪।।

ধৰ্ম্মেসে ধনৰ ফল ইহাক নজানে।

ৰাত্রি দিনে সাঞ্চে বিত্ত যত পাৰে মানে।।

নেদে দান দক্ষিণা নৰাধে মনে হৰি।।

পুত্ৰ ভাৰ্য্যা সমে মাত্র ভুঞ্জৈ পেট ভৰি।।৩৪৫৷।

মৃত্যুকো নগণে সিটো ভৈল হত বুদ্ধি।

সকাম কৰ্ম্মৰ আৰো শুনা যেন বিধি।।

স্ত্রী মদ্য মাংসতেসে আকুল হোৱে মতি।

ঈশ্বৰৰ আজ্ঞাক আৰু নুশুনৈ দুৰ্ম্মতি।।৩৪৬।।

দিনে ৰাত্ৰি চিন্তে মনে নানা মনোৰথ।

আগতে নেদেখে হৰি ভকতিৰ পথ।।

আচৰে সমস্ত ধৰ্ম্ম কৰিয়া প্রবন্ধ।

সিসৱত তথাপি জ্ঞানৰ নাই গন্ধ।।৩৪৭।।

জগতৰ মাজে আছে যত প্রাণীগণ।

আপোন ইচ্ছায়ে মাংস কৰয় ভোজন।।

কৰে সদা নাৰী সঙ্গ আৰো মদ্যপান।

ইসৱৰ নাহি জানা শাস্ত্ৰৰ বিধান।।৩৪৮৷৷

যদি বোলা ইমত দেখিয়া কোন ঠাই।

তাহাৰ বৃত্তান্ত কহো শুনা নিমিৰায়।।

যিটো সৱ জন আছে মায়াত আবৃত।।

প্রবৃত্তি শাস্ত্রক পঢ়ি সদা ব্যগ্র চিত্ত।।৩৪৯।।

তাসম্বাৰো মাজে যাৰ যেন অধিকাৰ।

সেহিমতে কৰিবেক তাক ব্যৱহাৰ।।

বেদে বোলে সুৰাক কৰিবে মাত্র ঘ্রাণ।

কদাচিতো নকৰিবে অমদ্যক পান।।৩৫০।।

নমাৰিবে পশুক এড়িবে মাংস আশা।

দেৱকো উদ্দেশি পশু নকৰিবে হিংসা।।

ঋতু সময়ত স্ত্রীক কৰিবে আলাপ।

তাত বাজে নাৰী গমনত সিজে পাপ।।৩৫১৷৷

ঈশ্বৰৰ আজ্ঞা ইটো যত বেদ বাক।

হৰিত বিমুখ নৰে লঙ্ঘয় ইহাক।।

বেদক নুবুজি সুৰা পাৰেমানে পিৱৈ।

পাৰে মানে পশু মাৰি মাংস খায়া জীৱৈ।।৩৫২।।

হুয়া কামাতুৰ একো দোষক নচাই।

কৰৈ স্ত্রীক আলাপ যেখনে বাঞ্ছা যায়।।

এহিটো বিশুদ্ধ ধৰ্ম্ম কেহো নজানয়।

বৃথা হিংসা ৰতি লোভে নৰকে পৰয়।।৩৫৩।।

অনুদিনে হৃদয়ত বান্ধে পাপমল।

যত কৰ্ম্ম কৰেমানে সকলে বিফল।।

নাহি দেহ দ্রব্য শুদ্ধি মিছা ধৰে প্রাণ।

দিনে দিনে বাঢ়ৈ পাপ পৰ্বত সমান।।৩৫৪।।

হৰি বিমুখৰ যেন কহিলো দুর্গতি।

শুনা পৰলোকত তাহাৰ বিসঙ্গতি।।

ৰাত্রি দিনে কৰৈ মাত্ৰ জীৱক আক্রান্তি।

ধৰৈ বিষ্ণু মায়ায়ে নখণ্ডে ভয় ভ্ৰান্তি।।৩৫৫।।

প্রবৃত্তিৰ পথত বেদৰ মত নাই।

কৃষ্ণত বিমুখ হুয়া অধোগতি যায়।।

মহা মূঢ় হুয়া বোলে মঞিসে পণ্ডিত।

বেদে যেন কহিয়াছে তাতো নেদে চিত্ত।।৩৫৬৷৷

পাইবো মনোৰথ সিদ্ধি মনে হেন মানে।

মোহ হুয়া অনেক পশুক বধে প্রাণে।।

পোষৈ পশু পক্ষী কৰৈ সিসৱো বিশ্বাস।

গুচৈ ভয় থাকৈ চাপি গৃহস্থৰ পাশ।।৩৫৭।।

মাতিলে আপুনি খায় হাততে আহাৰ।

তাক যিটো জনে বধে শুনা গতি তাৰ।।

অস্ত্র শস্ত্র ধৰি পশু থাকে বাট চাই।।

যেতিক্ষণে সিটো নৰ পৰলোক যায়।।৩৫৮।।

কাটি চিণ্ডি বেঢ়ি মোছৰয় কতো ঘাৰ।

ডোখৰাডুখৰি কৰি মাংস খায় গাৰ।।

আত্মা ৰূপে ঈশ্বৰ পৰৰ শৰীৰত।

সৰ্ব্বদা আছন্ত তাক নুগুণে মনত।।৩৫৯।।

পৰক কৰয় দ্বেষ বৃথা দেহ লাগি।

নৰকত পৰে সিটো পৰম অভাগী।।

পুত্ৰ ভাৰ্য্যা দেহ গেহ ধন আদি যত।

স্নেহে বদ্ধ হোৱে ইটো সৱ শৰীৰত।।৩৬০৷৷

সাজে ঘৰ বাড়ী কৰি অনেক আয়াস।

অপত্য সুহৃদ ধন বিষয় বিলাস।।

অনিচ্ছায়ে সৱাকো ক্ষণেকে এৰে দুখে।

পৰৈ তমো নৰকত হৰি পৰাঙ্খুখে।।৩৬১।।

মহামূঢ়সৱত নাহিকে অহঙ্কাৰ।

ভকতক পাইলে সিটো হৈৱেক নিস্তাৰ।।

যিটো তত্ত্বজ্ঞানী সদাহৰিকেসে স্মৰে।

সুধিবে নলাগে সিটো আপুনি নিস্তৰে।।৩৬২।।

নুহি আতি মূৰ্খ কিছু শাস্ত্র আছে জানি।

ভকতিক নধৰে নুহিকে তত্ত্বজ্ঞানী।।

সিটো মধ্যৱৰ্ত্তীসব যাইবে অধোগতি।

নেৰায় কোটি কল্পতো মৰণ উতপতি।।৩৬৩৷৷

মূৰ্খো নোহে জ্ঞানো নাই বাঞ্ছৈ স্বর্গপথ।

চাৱে মাত্ৰ ধৰ্ম্ম অর্থ কাম মনোৰথ।।

নাহি উপশান্তি তাৰ ক্ষণেক হিয়াৰ।

কৰে সিটো চিত্ত বিঘাতন আপুনাৰ।।৩৬৪৷৷

অজ্ঞানক জ্ঞান বুলি মানিয়াছে মতি।

সিটো আত্মঘাতকীৰ শুনা যেন গতি।।

আনো আত্মঘাতীসৱ যৈত আছে পৰি।

সেহি অন্ধ নৰকক সিটো যায় লড়ি।।৩৬৫৷৷

কতবা বৰিষ ভুঞ্জৈ যাতনা নিকাৰ।

হৰি বিমুখৰো আউৰ নাহিকে নিস্তাৰ।।

সুধিলাহা অভকতে যেন পাৱে গতি।

সমস্তে কহিলো তাক তোহ্মাত সম্প্রতি।।৩৬৬।।

হেন জানি নিমি তুমি থিৰ কৰি মতি।

এক চিত্তে আচৰিয়ো হৰিৰ ভকতি।।

কৃষ্ণৰ চৰণে ধৰা সুদৃঢ় বিশ্বাসে।

তড়িবা সংসাৰ ঘোৰ তেৱে অপ্রয়াসে।।৩৬৭।।

হেন শুনি প্রণিপাতে পুছন্ত নৃপতি।

সুনন্তেয়ো ত্রাস হৰি বিমুখৰ গতি।।

ভকতিসে তাড়ে আক জানিলো নিশ্চয়।

ছেদিয়োক মোৰ আৰ মনৰ সংশয়।।৩৬৮।।

 

।।ভগৱানৰ বিভিন্ন মূৰ্ত্তি আৰু নাম কথন।।

 

কোন যুগে কোন মূর্তি পূজে সাধে সিদ্ধি।

কোনবা আকাৰ বৰ্ণ কেন পূজা বিধি।।

কিবা নাম জপিবেক কহিয়ো একান্ত।

দিলা হেন শুনি কৰভাজনে সিদ্ধান্ত।।৩৬৯।।

সত্য ত্রেতা দ্বাপৰ কলিত দেৱহৰি।

অৱতাৰ হোন্ত ভিন্ন ভিন্ন ৰূপ ধৰি।।

নানা বর্ণ ভৈলা নানা নাম ৰূপ তাৰ।

আছিল পূজাৰ বিধি বিৱিধ প্রকাৰ।।৩৭০৷৷

শুনিয়োক ৰাজা যিবা যুগৰ বিধান।

সত্যে শুল্ক মূৰুতি বাকলি পৰিধান।।

মাথে জটা চাৰিভুজ অজিন উত্তৰী।।

অক্ষমালা দণ্ড কমণ্ডলু আছা ধৰি।।৩৭১৷৷

মহা ব্রহ্মচাৰী বেশ আতি নিৰুপম।

সি কালত লোক শান্ত নিৰ্ব্বৈৰ পৰম।।

সততে মনত পূজা কৰে ধৰি ধ্যান।

যিবা নাম জপে তাৰ শুনা পৰিমাণ।।৩৭২।।

হংস পৰমাত্মা ধৰ্ম্ম অব্যক্ত ঈশ্বৰ।

সুপর্ণ বৈকুণ্ঠ আৰো নাম যোগেশ্বৰ।।

অনন্ত পুৰুষ এই দশ গোটা নাম।

সত্যত মহন্ত লোকে স্মৰে অৱিশ্রাম।।৩৭৩৷৷

ত্রেতাত ৰাতুল তনু দেখন্তে সুৱেশ।

যজ্ঞ মূৰ্ত্তি মাথাত পিঙ্গট বর্ণ কেশ।।

ত্রি মেখলাধাৰী চাৰি ভুজ বিতোপন।

শ্ৰুক শ্ৰুৱ আদি চিহ্ন কৰন্ত ধাৰণ।।৩৭৪৷৷

সিকালত লোকসৱ ধৰ্ম্মিষ্ঠ পৰম।

সৱে ব্রহ্মবাদী নাহি মায়াৰ বিক্রম।।।

বেদোক্ত কৰ্ম্মেসে লোক হৰিক পূজয়।

পৰম ঈশ্বৰ তেহে সৰ্ব্ব দেৱ ময়।।৩৭৫৷৷

যেন যেন নামে ঈশ্বৰক স্তুতি কৰে।

শুনিয়োক নৰপতি কহো নিৰন্তৰে।।

পৃশ্নিগর্ভ সৰ্ব্বদেৱময় বিষ্ণু যজ্ঞ।

উৰুক্রম উৰুগায় বৃষাকপি সংজ্ঞ।।৩৭৬৷৷

জয়ন্ত সহিতে এই অষ্ট গুটি নাম।

ত্রেতা যুগে লোকে সৱে জপে অৱিশ্রাম।।

ইহাত ত্রেতাৰ লোকে সাধে মহা সিদ্ধি।

দ্বাপৰ যুগৰ আৱে শুনা যেন বিধি।।৩৭৭।।

দ্বাপৰে ঈশ্বৰ মূৰ্ত্তি আতি অনুপাম।

অতসী কুসুম সম সুকুমাৰ শ্যাম।

শ্রীবৎস কৌস্তুভ হেন হাৰ উৰঃস্থলে।

পদ্ম চক্র চিহ্ন জ্বলে চাৰু কৰতলে।।৩৭৮৷৷

মহাৰাজ বিভূতি সমস্ত অঙ্গে আছে।

দণ্ড ছত্ৰ চামৰ যোগাৱে আগে পাচে।

প্রকাশ কৰয় চাৰি অস্ত্র চাৰিভুজা।

বেদ তন্ত্র মন্ত্রে সিকালতো কৰে পূজা।।৩৭৯৷৷

ঈশ্বৰক জানো বুলি যত মহাজন।

শুনা যেন মতে কৰে শ্ৰৱণ কীৰ্ত্তন।।

নমো বাসুদেৱ নমো নমো সঙ্কর্ষণ।

প্রদ্যুম্ন পুৰুষ অনিৰুদ্ধ ভগৱান।।৩৮০।।

সৰ্ব্বভূত আত্মা নমো নমো মহাত্মান।

বিশ্ব বিশ্বেশ্বৰ নমো ঋষি নাৰায়ণ।।

এহি বাহ্ৰ নামে দ্বাপৰত পূজা কৰে।

শুনা তন্ত্র বিধিক কলিত আতপৰে।।৩৮১।।

কলিত প্রধান জানা কৃষ্ণ অৱতাৰ।

বেদতো অধিক তন্ত্র মন্ত্র হোৱে ছাৰ।।

কলিত কৃষ্ণৰ মূৰ্ত্তি দেখন্তো নির্মল।

যেন ইন্দ্রনীল ৰত্ন পৰম উজ্জ্বল।।৩৮২।।

কঙ্কণে কেয়ূৰে ৰঞ্জে ভুঞ্জচয় সদা।

ধৰি আছা হাতে শঙ্খ চক্র পদ্ম গদা।।

শ্রীবৎস কৌস্তুভ শোভে হাৰ হৃদয়ত।

পীতবস্ত্র শোভে যেন বিজুলী মেঘত।।৩৮৩৷৷

কর্ণত প্রকাশ কৰে মকৰ কুণ্ডল।

তাৰ ৰশ্মি শোভে গণ্ড বদন মণ্ডল।।

সুনন্দ কুমুদ নন্দ পাৰিষদচয়।।

দণ্ড ছত্র চামৰে চৌপাশে উপাসয়।।৩৮৪৷৷

হেন দিব্য মূৰ্ত্তিক পৰম জ্ঞানীগণে।

সদায়ে অৰ্চন্ত গুণ নামৰ কীৰ্ত্তনে।।

নামেসে পৰম ধৰ্ম্ম জানিবা কলিত।

কলিৰ স্তুতিক কহোঁ শুনা একচিত্ত।।৩৮৫।।

হে মহাপুৰুষ হে প্রণত পালক।

সদা বন্দো তোহ্মাৰেসে পদপঙ্কজক।।

সদায়ে চিন্তিবে যোগ্য এহিসে চৰণ।

ভকতৰ কৰে ইসে বাঞ্ছিত পূৰণ।।৩৮৬।।

ভৱ পৰাভৱক এহিসে কৰে ক্ষয়।

পৰম পৱিত্ৰ ইসে তীর্থৰো আশ্রয়।।

মহা সুখময় ইটো চৰণ দুখানি।

ব্রহ্মা হৰে আকেসে সেৱন্ত তত্ত্বজানি।।৩৮৭।।

ভৃত্য মাত্রকতে যত পীড়াক গুচাৱে।

সংসাৰ সাগৰ তড়ি ইসে মহানাৱে।।

হে কৃষ্ণ বন্দো হেৰা চৰণ তোহ্মাৰ।

শ্ৰীৰামচন্দ্ৰ ৰূপে ধৰি অৱতাৰ।।৩৮৮৷৷

পিতৃৰ আদেশে ছাড়ি ৰাজ্য অভিলাষ।

পত্নী সীতা সহিতে খপিলা বনবাস।।

আনৰ দুস্ত্যজ যিটো দেৱৰ বাঞ্ছনি।

হেন ৰাজ্য লক্ষ্মীক তেজিলা ৰঘুমণি।।৩৮৯।।

সুৱৰ্ণৰ মৃগ দেখি ভাৰ্যাৰ বচনে।

গৈলা মায়া হৰিণক খেদি নাৰায়ণে।।

হেনসে ভকতিপ্রিয় প্রভু পূর্ণকাম।

তোহ্মাৰ চৰণে সদা থাকোক প্রণাম।।৩৯০।।

যুগ অনুৰূপে ৰূপ নাম অনুসৰি।

আৰাধন্ত মহন্তসকলে মহাহৰি।।

প্রবন্ধেসে সাধে সিদ্ধি যি জন নিপুণ।

শুনিয়ো কলিত আছে যত যত গুণ।।৩৯১।।

কলিৰ গুণক মহাজ্ঞানী যিটো জানে।

চাৰিযুগ মাজত কলিক শ্রেষ্ঠ মানে।।

কলিত সততে যিটো নাম গুণ গাৱে।

এতেকে সমস্তে সিদ্ধি সিটোজনে পাৱে।।৩৯২।।

সত্য যুগে ধ্যান কৰি যজ্ঞত ত্রেতাত।

যেন ফল পাৱে নৰে দ্বাপৰে পূজাত।।

কলিত কীৰ্ত্তন কৰি পাৱে তেনগতি।

ব্রহ্মা আদি দেৱো তাঙ্ক নপান্ত সম্প্রতি।।৩৯৩।।

যত প্রাণী সৱে সংসাৰত ভ্রমি মৰে।

নাহি মহালাভ তাৰ কীৰ্ত্তনত পৰে।।

কীৰ্ত্তনতে তৰৈ ইটো দুৰ্ঘোৰ সংসাৰ।

কীৰ্ত্তনতে সাধে সিটো গতি আপুনাৰ।।৩৯৪৷৷

সত্য ত্রেতা দ্বাপৰৰ প্ৰজা বাঞ্ছে নিত।

কৈসানি আমাৰ জন্ম হৈবেক কলিত।।

কলিত অনেক হৈব হৰি পৰায়ণ।

তড়িবে সংসাৰ সুখে কৰিয়া কীৰ্ত্তন।।৩৯৫।।

আনো থানে কিছু মাত্ৰ হৈবেক ভকত।

ভজিবে প্রচুৰ প্রজা দ্রাবিড় দেশত।।

কৃষ্ণৰ চৰণে ধৰি সুদৃঢ় বিশ্বাসে।

কৰি কৃষ্ণ কীৰ্ত্তন তৰিব অপ্রয়াসে।৩৯৬।।

তাম্রপর্ণী কৃতমালা নদী পয়োস্বিনি।

প্রতিচী কাবেৰী মহানদী পয়োধিনী।।

যি দেশত থাকে তাৰ ভুঞ্জৈ যিটো জল।

সমস্তে ভকত হৈবে হৃদয় নির্মল।।৩৯৭।।

দেৱ ঋষি ভূত পিতৃ পোষ্য এসম্বাৰ।

উপজিলে লোকত পাঞ্চৰো লাগে ধাৰ।।

এতেকে কিঙ্কৰ ঋণী ভকতি বিহীন।

পঞ্চ যজ্ঞ কৰিয়া পাঞ্চৰো শুজে ঋণ।।৩৯৮।।

সৰ্ব্বভাৱে মুকুন্দত যি লৈলে শৰণ।

নুহি ঋণী কিঙ্কৰ পাঞ্চৰো সিটো জন।।

এড়ি আন কৃত্য চিত্ত দিলেক হৰিত।

ভৈল কৃত্য কৃত্য সিটো এতেকে কলিত।।৩৯৯।।

কহিলো বিহিত কৰ্ম্ম ত্যাগ ভকতৰ।

যদি প্রমাদত পাপ কৰে সিটো নৰ।।

তথাপি নলাগে আৰ তাৰ প্রায়শ্চিত্ত।

শুনিয়োক নিমি আক কৰি এক চিত্ত।।৪০০।।

এড়িলেক যিটো আন দেৱত ভকতি।

একে মাধৱক মাত্র ভজে দৃঢ় মতি।।

তাহাৰ পাতক যদি সিজে প্রমাদত।

নাশ হোৱে সিটো ঈশ্বৰৰ প্ৰসাদত।।৪০১।।

হৃদয়ত থাকি হৰি ভকত বৎসল।

দূৰ কৰা ভৃত্যৰ যতেক পাপ মল।।

নকৰিবা ভয় পৰলোকত যমক।

কি কৰিবে যম যাৰ ঈশ্বৰ ৰক্ষক।।৪০২।।

হেনবা বুলিবা ঈশ্বৰৰ আজ্ঞা বেদ।

ইহাক লঙ্ঘিলে ঈশ্বৰৰ হৈবে খেদ।।

আজ্ঞা ভঙ্গ হৈবে হেন এৰা অসন্তোষ।

প্রিয়ত্তম জনৰ নধৰে হৰি দোষ।।৪০৩৷৷

হেনবা বুলিবা পাপ ক্ষয়ৰ নিমিত্তে।

নভজিলে তাৰ পাপ হৰিব কিমতে।।

হৃদয়তে আছা হৰি ভকতৰ গতি।

পাপ সংহাৰক তাৰ স্বভাৱে শকতি।।৪০৪।।

নাথাকে আন্ধাৰ যৈত সূৰ্য্যৰ প্ৰকাশ।

বহ্নিত পড়িলে যেন তৃণ হোৱে নাশ।।

সেহিমতে নচাপয় পাপ সন্নিহিত।

ভৈলা মহাহৰি যাৰ হিয়াত বিদিত।।৪০৫।।

ভকতৰ হিতকাৰী কলি মহাগুণী।

শুনিলা কলিৰ ধৰ্ম্ম নৃপতি আপুনি।।

যতেক পুছিলা মানে কহিলো একান্ত।

দিলো নৱ ভাই নৱপ্ৰশ্নৰ সিদ্ধান্ত।।৪০৬।।

ধৰা ভাগৱত ধৰ্ম্ম সুদৃঢ় বিশ্বাসে।

তড়িবা সংসাৰ তেৱে আতি অপ্রয়াসে।।

ধন জন বিভৱ তিলেকে হৈব ছন্ন।

মায়াময় বিষয়ক তেজিয়ো যতন।।৪০৭।।

অন্তকৰ ভয়ত ব্রহ্মাৰো নাই সুখ।

হেন জানি হুয়ো ঝাণ্টে কৃষ্ণক সন্মুখ।।

দেখায়া ৰাজাক বিৰকতি বহুবিধ।

হৰি স্মৰি তথাতে থাকিলা নৱসিদ্ধ।।৪০৮৷৷

নমো নমো মোৰ হৃদীশ্বৰ কৃষ্ণদেৱ।

দণ্ডৱতে পৰি কোটি কোটি কৰো সেৱ।।

তোহ্মাৰ পাৱত প্রভু পশিয়া শৰণে।।

এতেক প্রার্থনা কৰো তোহ্মাৰ চৰণে।।৪০৯৷৷

যৈতে তৈতে হৌক জন্ম মোৰ কৰ্ম্মগতি।

তোহ্মাৰ চৰণে মাত্র নছাড়োক মতি।।

ভূত দায়া ধৰ্ম্মে মোক নেড়োক মাধৱ।

তোহ্মাৰ ভৃত্যসে মোৰ পৰম বান্ধৱ।।৪১০।।

পুত্ৰ দাৰা বিষয়ত হৌক স্নেহ ছেদ।

নুহি যেন সদায়ে তোহ্মাত বুদ্ধি ভেদ।।

পূৰ্বৰ স্বভাৱ মোৰ কৰিও উচ্ছাদ।

তোহ্মাৰ চৰণে মাগো এতেক প্রসাদ।।৪১১।।

পাৱে পৰি কৰো মঞি কাকূতি প্রকটে।

নছাড়িবা নাথ মোক মৰণ সঙ্কটে।।

নাজানো ভকতি ৰতি প্রণতি তোহ্মাৰ।

অধমক মোক প্রভু কৰিয়ো উদ্ধাৰ।।৪১২৷৷

তুমি মহা কৃপাময় জগতে বিদিত।

মই মহাপামৰ পশুতো গৰিহিত।।

জানি যেন যুৱাই কৰা বান্ধৱ মাধৱ।

বোলা ৰাম ৰাম ছাড়া পাপ পৰাভৱ।।৪১৩৷৷

।।দুলড়ী৷৷

 

নাৰদ বদতি      বসুদেৱ শুনা

সিদ্ধসৱে যেন কৈলা।

ভাগৱত ধৰ্ম্ম      শুনি নিমিৰায়

আতি কৃতকৃত্য ভৈলা।।

গুৰু পুৰোহিত         সহিতে উঠিয়া

অর্চিলা নৱসিদ্ধক।

ভৈলা অন্তর্ধান     নৱসিদ্ধ তৈতে

সুমৰি মনে কৃষ্ণক।।৪১৪৷৷

ভাগৱত ধৰ্ম্ম      নিমিয়ো আচৰি

সুদৃঢ় কৰিয়া মতি।

কৃষ্ণৰ চৰণ       কৰিয়া স্মৰণ

পাইলন্ত পৰম গতি।।

আৱে বসুদেৱ      শুনিলাহা যেন

ভাগৱত ধৰ্ম্মচয়।

শ্রদ্ধায়ে আচৰি     তুমিও লভিবা

পৰম গতি নিশ্চয়।।৪১৫৷৷

সুধিলা নিমিত্তে     কহিলো তোহ্মাতে।

নলাগে এতেকে শ্রম।

তোমাথেৰ ভাগ্য   কি কহিবো যাৰ

ঘৰত পৰম ব্রহ্ম।।

তোৰা দুইৰো যশে         জগত জুড়িল

তোহ্মাৰ চিন্তা কিসক।

আৰো সোধা কথা     পুত্র পায়া আছা।

ঈশ্বৰ মহা হৰিক।।৪১৬৷৷

ভাগৱত ধৰ্ম্মে     মন শুদ্ধ কৰে

জানিবা আনো প্রাণীৰ।।

পুত্ৰৰ স্নেহত      কৰিলা পৱিত্ৰ

তোহ্মাৰ মন শৰীৰ।।

পৰম ভকত      আমি মহামুনি

নপাইলো যিটো প্রসাদ।

তোৰা দুই পায়া   সিটো প্রসাদক

তোহ্মাৰ আৰো বিষাদ।।৪১৭৷৷

যাহাৰ চৰণ      ৰেণুকো নপান্ত

আৰাধিয়া ব্রহ্মা হৰে।

হেন জগতৰ      প্ৰভু পুত্র হুয়া

আছন্ত তোহ্মাৰ ঘৰে।।

সিটো ঈশ্বৰক      সাক্ষাতে দেখাহা

সাৱটা কতো স্নেহত।

শয়ন ভোজন         একে লগে কৰা

থাকা একে আসনত।।৪১৮।।

কতো পুত্ৰ বুলি   ধৰি শিৰ শুঙি

আনন্দতে থাকা চাই।

দ্রৱ হোৱে মন        জুড়য় নয়ন

হোৱে পুলকিত কায়।।

জগত ঈশ্বৰো         পিতৃ মাতৃ বুলি

কৰন্ত আতি আলাপ।

জন্ম নাহি আৰ    তড়িলা সংসাৰ

ভৈলাহা মহা নিস্পাপ।।৪১৯৷৷

শিশুপাল শাল্ব     পৌণ্ড্রক পূতনা

কেশী কংস দৈত্যচয়।

মহা বৈৰভাৱে          চিন্তন্তে চিন্তন্তে

দেখে মনে কৃষ্ণময়।।

দম্ভ অহঙ্কাৰ         কৰিয়া মৰিয়া

পাইলেক পৰম গতি।

যিটো স্নেহভাৱে       ভজে মাধৱক

কি কৈবো তাক সম্প্রতি।।৪২০৷৷

জানিবাহা কৃষ্ণ          পৰম ঈশ্বৰ

এন্তে সনাতন হৰি।

মায়ায়ে মনুষ্য        স্বভাৱ দেখান্ত

ঐশ্বৰ্যক ছন্ন কৰি।।

তাহান চৰণ           সেৱাতে সমস্ত

সাধে সৱে মহা সিদ্ধি।।

কহিলো কৃষ্ণত    দুনাই দুয়ো প্রাণী

নকৰিবা পুত্র বুদ্ধি।৪২১।।

যত মহা দৈত্য     ৰাজা হুয়া ঐত

পৃথিৱীৰ ভৈল ভাৰ।

তাহাক বধিতে     ভৈলাহা আপুনি

দৈৱকীত অৱতাৰ৷৷

নিজ গুণ যশে     জগত জুড়ায়

আসি বৈকুণ্ঠৰ হন্তে।

ইহাৰ শ্ৰৱণ       কীৰ্ত্তন কৰিয়া

তড়িবে সুখে মহন্তে।।৪২২।।

এতেক বুলিয়া     নাৰদ লড়িলা

হাতে দিব্য যন্ত্র বায়া।

হৃদয়ত কৃষ্ণ      ৰূপ ধৰি সুখে

মুখে হৰি গুণ গায়া।।

শুনি বসুদেৱ      দৈৱকী বিস্ময়

এড়িলা মোহ মনত।

পুত্র বুদ্ধি গুচি     ভৈলেক কৃষ্ণত

ঈশ্বৰ জ্ঞান বেকত।।৪২৩।।

শুক নিগদতি      নৃপতি শুনিলা

পুণ্যকথা ইতিহাস।

শ্ৰৱণ কীৰ্ত্তন      কৰে যিটো আক

কৰিয়া দৃঢ় বিশ্বাস।।

এহি জনমতে      তেজি মায়া মোহ

হোৱয় ব্রহ্ম আপুনি।

পৰম আশ্চর্য্য     ভৈলা পৰীক্ষিত

সিদ্ধৰ সম্বাদ শুনি।।৪২৪৷৷

শুনা সভাসদ      ভাগৱত পদ

নিশৱদ হুয়া ৰহি।।

নিমি নৱসিদ্ধ     সংবাদ এণ্টাইলা

শুক মহামুনি কহি।।

ইটো ভাগৱত      সাত দিনে শুনি

পৰীক্ষিতে পাইলা সিদ্ধি।

হেন জানি যত্নে    শুনিয়ো মহন্তে

ইসি ভকতৰ নিধি।।৪২৫।।

নমো নমো কৃষ্ণ     পদ-পঙ্কজক

পাৱে পৰি প্ৰণিপাতে।

মূঢ় হুয়া প্রভু     কৰিলো পয়াৰ

ছাড়িয়ো দোষ ইহাতে।।

হৃদয়ে থাকিয়া     যি মোক শিখাইলা

তাকেসে কহিলো মুখে।

যেন টাটকীয়া     দাৰু পুতলাক

নচাৱে আপোন সুখে।।৪২৬৷৷

হে সদাশিৱ       আমি যত জীৱ

তোহ্মাৰ ইচ্ছায়ে ভ্রমো।।

জানিলো সম্প্রতি   তুমি মোৰগতি

হেৰা পাৱে পৰি নমো।।

তোহ্মাক নভজি        বিষয়ত মজি

সংসাৰ তাপত মৰো।

কৰা মোক দায়া       দূৰ হোক মায়া

হেনবা প্রভু উদ্ধৰো।।৪২৭৷৷

তুমিসি মাধৱ     মহা প্রিয়তম

প্রাণতো মোৰ অধিক।

মঞি আখি খাইলো যেন হেৰুৱাইলো

কাঁচক চাইতে মাণিক।।

দেৱৰ দুৰ্লভ      লভি নৰতনু

নকৈলো সেৱা তোহ্মাৰ।

কিনো মঞি ছাৰ   আমি আপুনাৰ

আপুনি চিন্তিলো মাৰ।।৪২৮।।

মোহোৰ সমান     নাহিকে পামৰ

পৰম দাৰুণ চিত্ত।

তোহ্মাৰ সমান     নাহি কৃপাময়

জানি কৰা যথোচিত।।

তোহ্মাৰ চৰণে     গৈলোহো বিক্ৰয়

নছাড়িবা মোক জানি।

কৃষ্ণৰ কিঙ্কৰে     কহে নিৰন্তৰে

বোলা ৰাম ৰাম বাণী।।৪২৯।।

 

।।ইতি শ্ৰীমদ্ভাগৱতৰ নিমি-নৱসিদ্ধ সংবাদ-সম্পূৰ্ণ।।

 

 

 

।।শ্ৰীমদ্ভাগৱত।।

।একাদশ স্কন্ধ।।

(উদ্ধৱ সংবাদঃ শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ)

।।শ্ৰীকৃষ্ণায় নমঃ।।

 

।।মঙ্গলাচৰণ।।

।।পদ।।

 

জয় জয় জগত জনক কৃষ্ণ ৰাম।

পাতকীয়ো তড়ৈ যাৰ লৈলে গুণ নাম।।

যাহাৰ বিভূতি মৎস্য আদি অৱতাৰ।

হেনয় কৃষ্ণক কৌটি কৌটি নমস্কাৰ।।১।।

নমোদামোদৰ ব্ৰহ্মময় কলেৱৰ।

ব্রহ্মা মহেশ্বৰো যাৰ চৰণ কিঙ্কৰ।।

হেনয় কৃষ্ণক কৰি শঙ্কৰে প্রণতি।

একাদশ স্কন্ধ পদবন্ধে নিগদতি।।২।।

উদ্ধৱত পৰম ভকতি কহি হৰি।

বিপ্ৰশাপ ছলে যদুকুলক সংহৰি।।

বৈকুণ্ঠক'গৈলা পাচে প্রভু নাৰায়ণে।

ৰচিলা শঙ্কৰে কথা কৃষ্ণক স্মৰণে।।৩।।

হৃদয়ৰ ঈশ্বৰ পৰম মোৰ গুৰু।

প্রভু ভগৱন্ত ভকতৰ কল্পতৰু।।

আৰম্ভৰ সিদ্ধি হৌক হৰিক স্মৰণে।

কৃষ্ণৰ চৰণে মনে পশিলো শৰণে।।৪।।

কৰো কৰযোৰে বুদ্ধজন অভিনন্দা।

নকৰিবা পদত দূষণ দেখি নিন্দা।।

মাণিকৰ পসাৰে কাচক কৰৈ মোল।

ঘন ক্ষীৰ ভুঞ্জৈ যিটো সিয়ো পিয়ৈ ঘোল।।৫।।

ই কথা থাকোক আপোনাৰ চিন্তা হিত।

সমস্ত ধৰ্ম্মৰ ৰাজা কৃষ্ণৰ চৰিত্ৰ।।

আক এৰি আন কৰ্ম্ম কৰে যিটো প্রাণী।

অমৃতক তেজি যেন খাই খাৰ পানী।।৬।।

ৰাজপন্থ এৰি মৰৈ কণ্টকত হাণ্ঠি।

তেজি যেন সোণা সুনিয়াত মাৰৈ গাণ্ঠি।।

এৰি হৰি ভকতিক আন কৰ্ম্ম কৰে।

জানিবাহা পাইলে তাক সেহি পটন্তৰে।।৭।।

কেশৱত পৰে দেৱ নাহি নাহি আন।

নাহি নাহি ধৰ্ম্ম হৰিভকতি সমান।।

হেন জানি কৃষ্ণ কথা শুনিয়ো উৎসুকে।

কৈলা কুৰু নৃপতিত ব্যাসসুত শুকে।।৮।।

অচিন্ত্য মহিমা হৰি পুৰুষ পুৰাণ।।

শত্রু মিত্র উদাসীন সৱাতে সমান।।

কৰিলন্ত কৰ্ম্ম যিটো জগত আধাৰে।

সিজে তিনি কৰ্ম্ম আৱে আত একেধাৰে।।৯।।

হৰৈ কলিমল কৃষ্ণ কথা কীৰ্ত্তনতে।

মহাপুণ্য ৰাশি আসি উপজৈ লগতে।।

মিলাৱৈ মুকুতিসুখ পৰম মঙ্গল।

সিজৈ ভকতিত একেদায়ে তিনিফল।।১০।।

পৰম অমৃতময় মাধৱৰ লীলা।

দশম স্কন্ধৰ কথা নৃপতি শুনিলা।।

আৱে একাদশ স্কন্ধ শুনিয়ো সম্প্রতি।

উপজিল যিমতে কৃষ্ণৰ বিৰকতি।।১১।।

যদুবীৰগণে সঙ্গে ৰঙ্গে দ্বাৰকাত।

কৰিলা ঈশ্বৰ কৃষ্ণে ক্রীড়া অসংখ্যাত।।

ৰামে সমে সৱে দানৱৰ চিন্তি মাৰ।

হৰিলা লীলায়ে প্রভু পৃথিৱীৰ ভাৰ।।১২।।

কূট পাশা খেলাই ছলে তোলাই মহাক্রোধ।

কুৰু পাণ্ডৱৰ ঘোৰ লগাইলা বিৰোধ।।

পৃথিৱীৰ বীৰক একত্র আনি কৰি৷

অষ্টাদশ অক্ষৌহিণী সংহাৰিলা হৰি।।১৩।।

যদুগণ সহিতে হৰিয়া মহাভাৰ।

গুণন্ত মনত পাচে জগত আধাৰ।।

গুচি নুগুচিল পৃথিৱীৰ মহাভাৰ।

যিহেতু যাদৱবংশ ৰহিল আহ্মাৰ।।১৪।।

স্বভাৱে শকত আৰো আহ্মাত ভকত।

আক কোটি ইন্দ্ৰে কিবা কৰিবে শকত।।

বংশৰ মাজত আৱে কন্দল লগাই।

মহাভাৰ ইটো যদুকুল কৰি ছাই।।১৫।।

বাংসৰ অগনি যেন পৌড়ৈ বাংসবন।

অন্যোঅন্যে যেৱে যদুবংশ ভৈল ছন্ন।।

তেৱেসে চলিবো ভাৰ সংহৰি ভূমিৰ।

হেন মনে গুণি প্রভু কৰিলন্ত থিৰ।।১৬।।

কৃপাময় কৃষ্ণে আৰো চিন্তিলন্ত কাজ।

মোক দৰশনে নিস্তৰিবে ইটো ৰাজ।।

পাচৰ লোকৰ আৱে হৈবে কোন গতি।।

ঘোৰ কলি পাইলে লোক হৈবে মলমতি।।১৭।।

হেন হিত চিন্তি পাচে কৃপাময় হৰি।।

নিজগুণ নাম থৈলা পৃথিৱীক ভৰি।।

তড়োক সংসাৰ আৰ শ্ৰৱণ কীৰ্ত্তনে।।

এহি বুলি বৈকুণ্ঠক গৈলা নাৰায়ণে।।১৮।।

পুছন্ত নৃপতি শুনি মিলিল সংশয়।

বৈষ্ণৱকো পাইলে শাপে কিনো বিপৰ্যয়।।

সিটো বৃষ্ণিবংশ সৱে কৃষ্ণত ভকত।

পৰম ধাৰ্মিক দেৱ দ্বিজ অনুগত।।১৯৷৷

কিসক শপিলা ঋষিসৱ সৰ্ব্বজান।

সিটো যদুবংশ সৱ একে জীৱ প্রাণ।।

মিলিল কন্দল কিয় আপোনাৰ মাজে।

ছেদিয়ো সংশয় মোৰ তুমি মুনিৰাজে।।২০।।

শুক নিগদতি তুমি তড়িলা সাক্ষাত।

কৰিলা একান্ত মতি কৃষ্ণৰ কথাত।।

শুনা সাৱধান মন কৰিয়া সন্তুষ্ট।

যেনমতে ভগৱন্ত গৈলন্ত বৈকুণ্ঠ।।২১।।

পৃথিৱীৰ ভাৰ বংশে সহিতে সংহৰি।

দ্বাৰকাত কৰি ক্রীড়া কৌতূহল কৰি।।

উপজাইলা পাচে বিষয়ত বিৰকতি।

সংহৰিবে কুলকো কৃষ্ণৰ ভৈলা মতি।।২২৷৷

 

৷৷যাদৱসকলৰ উপালম্ভ।।

৷৷ ঋষিশাপ।।

চাৰ গৃহবাস সুখ আত কাৰ্য্য নাই।

কালৰূপী কৃষ্ণে পাচে চিন্তিলা উপায়।।

দ্বাৰকাৰ কাছে আছে তীর্থ পিণ্ডাৰক।

তাকে লাগি অনাইলন্ত ঋষি সমস্তক।।২৩।।

কশ্যপ কপিল কন্ব ঋষি নৰোত্তম।

বিশ্বামিত্র অসিত অত্রি অগস্তি গৌতম।।

ভাগুৰী ভাৰ্গৱ ভৃগু গুৰু তপোনিষ্ঠ।

সনক সনন্দ নন্দ দুর্বাসা বশিষ্ঠ।।২৪।।

বামদেৱ দেৱল নাৰদ ভগৱন্ত।

ইসৱ প্ৰমুখ্যে আনো মুনি অপৰ্য্যন্ত।।

কৃষ্ণৰ ইঠাৱে সৱে হুয়া একথান।

পিণ্ডাৰক তীর্থত কৰন্ত বসি ধ্যান।।২৫।।

কামদেৱ আদি তৈত যত যদুবীৰ।

ফুৰৈ ক্রীড়া কৰি সাগৰৰ তীৰে তীৰ।

আসি ঋষি সমজ্যাক দেখিয়া তহিত।

উপালম্ভ কৰিতে সৱাৰো ভৈল চিত।।২৬।।

জাম্বৱতীসুত শাম্ব নামে কুমাৰক।

স্ত্রী কাচে কচাই মণ্ডিলেক শৰীৰক।।

পিন্ধাইল প্রবন্ধে ধৰি দিব্য নেত শাৰী।

বান্ধিলা উচ্চল খোপা পুষ্পচয় আৰি।।২৭।।

জ্বলৈ গণ্ডস্থল চাৰু কৰ্ণৰ কুণ্ডলে।

হাতত বলয়া শঙ্খ সাতসৰি গলে।।

কঙ্কালত মেখলা উন্নত স্তন ভাৰ।

উফন্দাইলা পেট গৰ্ভৱতীৰ আকাৰ।।২৮।।

শিখত সিন্দুৰ পাৱে পিন্ধাইলা নূপুৰ।

সঘনে ভোজন কৰৈ তাম্বুল কপূৰ।।

মধ্য কৰি যাই যত যাদৱ কুমাৰ।

হাণ্ঠিবাক নপাৰৈ গৰ্ভৰ যেন ভাড়।।২৯।।

মাথাত ওহ্ৰণী আতিশয় লজ্জাৱতী।

লহু লহু গমন গম্ভীৰ গজগতি।।

কটাক্ষ নয়নে চাৱৈ কৰি লয়লাস।

কতোক্ষণে ঋষি সমজ্যাৰ পাইলা পাশ।।৩০।।

নাহি হাসি ৰস যেন সৱে সুৱলিত।

জানু পাৰি প্রণামিলা পড়িয়া ভূমিত।।

প্রণামিয়া গৰ্ভৱতী পৰম হতাশে।

মাথাত ওহ্রণী লৈয়া ৰৈলা একপাশে।।৩১।।

পাচে যদুগণে অৱনত কৰি কায়।

কৰযোৰে বোলৈ ঋষি সমজ্যাক চাই।।

তুমিসৱ মহা মহা মুনি সৰ্ব্বজান।

চাৰিবেদ চৈধ্যশাস্ত্ৰ কৰিছা ব্যাখ্যান।।৩২।।

দেখিয়োক ইটো স্ত্রী আসি আছে কাজে।

আপুনি নুপুছে কথা তোমাসাত লাজে।।

সোধাৱৈ আমাৰ মুখে শুনিয়ো সম্প্রতি।

পূর্ণ দশমাহ ইটো নাৰী গৰ্ভৱতী।।৩৩।

উপজিৱে শিশু কিবা কহিয়ো বিচাৰি।

পুত্র অভিলাষে তোমাসাত সোধৈ নাৰী।।

কিবা হুইবে জীউ কিবা হুইবে পুত্র জাত।

গণি পঢ়ি ঋষিসৱ কহিয়ো আহ্মাত।।৩৪।।

 

৷৷ঋষিশাপ৷৷

 

উপালম্ভ কৰি কথা সোধৈ ছলবাদে।

ঈশ্বৰ ইচ্ছায়ে আসি পাইলেক প্রমাদে।।

হেন উপালম্ভ শুনি মুনি নিৰন্তৰ।

জাজ্বল্য সমান কোপে কাম্পয় অধৰ।।৩৫।।

ভ্ৰূকুটি কুটিল মুখ আখি আৰকত।

অৰে পাপীসৱ উপালম্ভ কৰ কত৷৷

কালে গ্রাসিলে অগনিত দেস হাত।

শুন দুষ্টসৱ এইত হুইবে যিবা জাত।।৩৬।।

উপজিবে মূষলেক মহা লোহাময়।

যত যদুকুলক কৰিবে সৱে ক্ষয়।।

বুলিলো নিশ্চয় আৱে শুন দুষ্ট দম্ভ।

আনে যেন আহ্মাক নকৰে উপালম্ভ।।৩৭।।

ঋষিসৱে যেৱে হেন দিলা চণ্ডশাপ।

শুনিয়া সৱাৰো মনে মিলিল সন্তাপ।।

আথেবেথে চাৱৈ সৱে সোলকাই কাপোৰ।

দেখে লোহাময় মূষলেক ভয়ঙ্কৰ।।৩৮।

হা কি কৰিলো বুলি থিয়য়ে মৰিল।

নির্ঘাত পতনে যেন বচন হৰিল।।

সমূলি মৰিলো মহা মন্দমতি আমি।

ভৈলো নিজ পাতকে কুলৰো অধোগামী।।৩৯।।

শুনিয়া আহ্মাক আৱে কি বুলিবে লোকে।

হৃদয় বিদাৰে নিদাৰুণ ইটো শোকে।।

মূষলক লৈয়া যদুগণ নিৰন্তৰ।

পৰম বিহ্বল হুয়া পশিল নগৰ।।৪০।।

আছা উগ্রসেন বসি বংশ সমন্বিতে।

লৈয়া মূষলক গৈয়া মিলিল তহিতে।।

ধান দিলে হোৱৈ আখৈ সৱাৰো মুখত।

যোগাইলা মূষল যদুৰাজাৰ আগত।।৪১।।

শাপৰ বৃত্তান্ত সমজাত সৱে কৈলা।

দেখি মূষলক সৰ্ব্বলোক ভয় ভৈলা।।

মিলিল অসুখ মন মলিন সৱাৰ।

কাংস পৰি জিন গৈল লোক দ্বাৰকাৰ।।৪২।।

পৰম আপদে পাইলে জানিলো নিশ্চয়।

ঋষিশাপে অৱশ্যে সবংশে হুইবো ক্ষয়।।

দশোদিশে শুনি মাত্র ৰোল হাহাকাৰ।

গুচিল আনন্দ বাহ্য উৎসৱ প্ৰজাৰ।।৪৩৷৷

ভৈলন্ত বিহ্বল বৃদ্ধ যাদৱসকল।

কৃষ্ণৰ আগত নিয়া নেদিলে মূষল।।

হোৱৈ বুদ্ধিভ্রংশ আসি নাশন কালত।

উগ্রসেনে নুসুধিলা বুদ্ধি মাধৱত।।৪৪।।

অনাইলন্ত অনেক কমাৰ সুশিক্ষিত।

ওৱে ঘষি মূষল কৰাইলা চূর্নীকৃত।।

ভসাইলা সাগৰে তাৰ গুণ্ডি যদুৰাজে।

অৱশেষ লোহাকো ক্ষেপিলা জলমাজে।।৪৫।।

কিবা বস্তু বুলি তাক গিলিকেক মাছে।

তাকো জাল বাহন্তে জালোৱা পাইলা পাছে।।

মৎস্যৰ গৰ্ভত দেখি সেহি লোহাখানি।

শৰৰ আগত ব্যাধে বিন্ধি থৈলা আনি।।৪৬।।

সাগৰত পেহাইলা লোহাৰ গুণ্ডি যত।

চাপিল তীৰত সিটো ঢৌৰ আস্ফালত।।

কাষৰত গাজিলা মাদুৰী বন হুই।

ঈশ্বৰৰ ইচ্ছা মিছা কদাচিতো নুই।।৪৭।।

দেৱৰো দেৱতা যিটো জগতৰ বাপ।

তাহান আগত ইটো কোন ঋষিশাপ।।

অন্তর্যামী ৰূপে আছা সৱাকো বিয়াপি।

ব্যর্থ নকৰিলা ঋষিশাপক তথাপি।।৪৮।।

কথা শুনি হৰিষ কৰিলা যদুৰাজ।

ঋষিসৱে আসি সাধিলেক মোৰ কাজ।।

বেশ্যাৰ কৰিল কৰ্ম্ম যেন কুলনাৰী।

হেন মনে মানি ৰঙ্গে ৰহিলা মুৰাৰি।।৪৯।।

শুনা সভাসদসৱ কৃষ্ণৰ চেষ্টাক।

ক্ষেণেকে মিলান্ত সুখ ক্ষেণেকে বিপাক।।

দ্বাৰকাবাসীৰ ভৈল কেন দুখ দেখা।

ইটো গৃহবাস সামান্যৰ কোন লেখা।।৫০।।

অশাশ্বত ধন জন যেন ছাইৰ জৰী।

পুত্র পৰিবাৰ সৱে সপোনৰ সৰি।।

আৰ অৰ্থে নৰতনু নকৰা বিফল।

সততে কৃষ্ণৰ চিন্তা চৰণ কমল।।৫১।।

সংসাৰত যত দেৱ গুৰু বন্ধুজন।

যেৱে সৱে মিলি কৰে অনেক যতন।।

তথাপি জানিবা নপাৰিবে সাধিবাক।

হৰি ভকতিৰ লক্ষ ভাগৰো ভাগেক।।৫২৷৷

কৃষ্ণেসে পৰম বন্ধু কৃষ্ণে ইষ্টদেৱ।

নাহি উপদেশদাতা কৃষ্ণবিনে কেৱ।।

জানিয়া কৃষ্ণত লৈয়ো সত্বৰে শৰণ।

কেতিক্ষণে মিলৈ আসি দুৰ্ঘোৰ মৰণ।।৫৩৷৷

একতিলে কালে উৰুৱাইবে ঘৰবাৰী।

চলিবা যুৱাৰে যেন দুই হাত ঝাড়ি।।

হেন জানি যতনে তেজিয়ো আন কাম।

অন্তক ছাড়োক ডাকি বোলা ৰাম ৰাম।।৫৪।।

 

৷।দেৱতাসকলৰ দ্বাৰকাগমন।।

।।দুলড়ী।।

 

আত অনন্তৰে          শুনা যেন কথা

কহে মহামুনি শুকে।

আসিল ত্রিদশ          দেখিবে কৃষ্ণক

মনত মহা উৎসুকে।।

মুনি সিদ্ধ সমে         আসিলন্ত ব্ৰহ্মা

দিব্য হংসযানে চড়ি।

সঙ্গে ভূত গণ          দেৱ ত্রিনয়ন

বৃষভে আসিলা লড়ি।।৫৫।।

বিদ্যাধৰ সিদ্ধ          সূৰ্য্য অষ্টবসু

একাদশ ৰূদ্র ঋষি।

গন্ধৰ্ব্ব গুহ্যক          নাগগণ যত

আসিলা সৱে হৰিষি।।

আইল ইন্দ্র চন্দ্র         কুবেৰ বৰুণ

সূৰ্য্য সম যত দেৱ।

অপেসৰা চয়           চাৰণ কিন্নৰ

নৰৈল স্বৰ্গত কেৱ।।৫৬।।

কৃষ্ণ দৰশনে            মনে মহোৎসৱে

লড়িলা দিশ প্রকাশি।

মহা মনোহৰ           দ্বাৰকা নগৰ

সাক্ষাতে দেখিলা আসি

কৃষ্ণৰ অসংখ্য          আৱাস প্ৰকাশৈ

স্বৰ্গতো কৰিয়া বলে।

ৰত্নময় মহা            মন্দিৰ যতেক

সূৰ্য্য শশী সম জ্বলে।।৫৭।।

তাহাৰ মধ্যত           ৰত্ন মণ্ডপত

দিব্য সিংহাসনে বসি।

কৰন্ত প্রকাশ           জগত নিৱাস

যেন কৌটি এক শশী।।

শ্যাম তনু পীত         বসনে শোভিত

ৰত্নৰ তাতে দীপিতি।

নৱ ঘন যেন          বিজুলী সঞ্চৰৈ

দেখন্তে আতি তৃপিতি।।৫৮।

বদন প্রসন্ন            প্রকাশৈ প্রভুৰ

পূর্ণ চন্দ্রমাকো গঞ্জি।

কুটিল অলক           মকৰ কুণ্ডল

শিৰে কিৰীটিৰ কান্তি।

নাসা তিলফুল          অধৰ ৰাতুল

দন্ত মুকুতাৰ পান্তি।।৫৯৷৷

তৰুণ অৰুণ            পঙ্কজলোচন

সুৱলিত ভ্ৰৱ দুই।

ৰুচিৰ চিবুক      কণ্ঠত কৌস্তুভ

নৱ সূৰ্য্যো সম নুই।।

বহল হৃদয়            তাতে ৰত্নময়

মণি মুকুতাৰ হাৰ।

আপাদলম্বিত           গলে বনমালা

ঝিলিমিলি পেচন্দাৰ।।৬০৷৷

চাৰিখান ভুজ          ভূষণে ভূষিত

কৰ নৱ কিশলয়।

ললিত বলিত      প্রকাশৈ আঙ্গুলি

জ্বলৈ নখচন্দ্ৰচয়।।

আৰকত তিনি     ৰেখা উদৰত

গম্ভীৰ নাভিকমল।

ৰত্নমণিময়        মেখলা কটিত,

সুন্দৰ উৰু যুগল।।৬১।।

জ্বলৈ কটিতটে          পাট ভুনি পীত

দেখন্তো আতি সন্তোষ।

নূপুৰে ৰঞ্জয়ী      অৰুণ চৰণ

যেন নৱ পদ্মকোষ।।

প্রতি আঙ্গুলিত     ৰত্নৰ উজ্বাণ্ঠি

চিকিমিকি কৰৈ কান্তি।

সংসাৰৰ তাপ          হৰয় অৰুণ

নখ চন্দ্ৰমাৰ পান্তি।।৬২।।

ৰাতুল কোমল          পদতল দুই

মিলাৱৈ যেন তৃপিতি।।

ধ্বজ বজ্ৰ যৱ     পঙ্কজ অঙ্কুশে

কৰন্তে আছে দীপিতি।

পৰম মধুৰ       মূৰুতিক তুল

নুহিকৈ কোটি মদনে।

কৌটি এক শশী        সম প্রকাশন্ত

বসি ৰত্ন সিংহাসনে।।৬৩৷৷

প্রভুৰ ৰূপৰ       প্রভাৱ দেখিয়া

দেৱগণ সচকিত।

লাগিল ধিয়ান     নভাসয় আন

আনন্দে নধৰৈ চিত।।

যিটো ব্ৰহ্মৰূপী          পৰম ঈশ্বৰ।

দেখিয়া তাঙ্ক সাক্ষাতে।

চতুর্ভিতি বেঢ়ি     জয় কৃষ্ণ ৰড়ি

পুষ্প বৰষিলা মাথে।।৬৪।।।

ব্রহ্মা মহেশক      আগ কৰি ভৈলা

দেৱগণ একশাৰী।

কৃষ্ণৰ সন্মুখে      স্তুতি আৰম্ভিলা

কৰযোৰে জানু পাৰি।।

শুনা নৰলোক         মুকুতি মিলোক

কৃষ্ণত ভকতি কৰা।

যমপুৰ পুনু            আপুনি নিস্তৰা

পুৰুষ সৱে উদ্ধাৰা।।৬৫।।

পিতৃ মাতৃ কুলে         যতেক পুৰুষ

নৰকত আছে পৰি।

ঐত পুত্রে হৰি           ভকতি কৰন্তে

স্বর্গলোকে যাই লড়ি।।

ঘৃত দুগ্ধ মধু           ধাৰায়ে বহৱৈ

পিতৃ পিৱৈ পেট ভৰি।।

স্বর্গবাসী মধ্যে          বল্কন্তে ফুৰয়

অনেক আস্ফোট কৰি।।৬৬।।

তড়িলো তড়িলো      সুপুত্ৰৰ পদে

দেখ অৰে স্বর্গবাসী।।

হৃষ্ট পুষ্ট হুয়া           হৰিষে বসিয়া

হাসন্ত দান্ত প্রকাশি।।

পুত্র সমে পাচে          বিমানে চড়িয়া

সুখে বঞ্চে বৈকুণ্ঠত।

মিলান্ত মুকুতি          ভুঞ্জতে ভুকুতি

ভকতিৰ প্রসাদত।।৬৭।।

হৰিভকতিৰ            আশ্চৰ্য্য মহিমা

কমনে কহিতে পাৰি।

পতিত পাতকী         চণ্ডালো নিস্তৰৈ

পুৰুষ সৱে উদ্ধাৰি।।

হেন প্রাণবন্ধু           মাধৱৰ পাৱে

নকৰে যিটো ভকতি।

তাহাৰ সমান           নাহিকৈ পাতকী

গৈল সিটো অধোগতি।।৬৮।।।

যিটো নিজ মাতৃ        পুত্রক প্রবন্ধে

বান্ধে মোহপাশে ডাটি।।

ভক্তি মাতৃ পাইলে       মেলান্ত তেখনে

সিটো মোহজড়ি কাটি।।

জানিয়া ভকতি         মাতৃৰ পাৱত

ধৰা এড়ি আন কাম।।

সংসাৰ সাগৰে     তড়িয়োক সুখে

মুখে বোলা ৰাম ৰাম।।৬৯।।

 

              ।।কৃষ্ণ-স্তৱ।।

                 ।। পদ।।

 

চতুর্ভিতি বেঢ়ি জয় জয় কৃষ্ণ ৰড়ি।

কৰিলা প্রণাম দেৱে দণ্ডৱতে পৰি।।

নম্রভাৱে কৰি কৃতাঞ্জলি জানু পাৰি।

আৰম্ভিলা মহা তুতি ব্রহ্মা ত্ৰিপুৰাৰি।।৭০।।

নমো নামো হৰিপদ পঙ্কজ যুগলে।

যাক জ্ঞানীগণে চিন্তে হৃদয়কমলে।।

যিটো জগতৰে অন্তৰ্য্যামী ব্রহ্মময়।

দেখো বিদ্যমানে কিনো ভৈলা ভাগ্যোদয়।।৭১।।

সৃষ্টি স্থিতি জগতৰ কৰিয়া আপুনে।

নোছোৱে তথাপি তাৰ একো দোষগুণে।।

এতেকে জগতে চিন্তে তোহ্মাৰ চৰণ।

প্রণামো পৰম মহেশ্বৰ নাৰায়ণ।।৭২।।

তপজপ তীর্থে হেন নকৰে পৱিত্র।

যেন শুদ্ধি হোৱে শুনি তোহ্মাৰ চৰিত্ৰ।।

যশ বিস্তাৰিলা এতেকেসে অৱতৰি।

আক শুনি যাউক লোক সংসাৰ নিস্তৰি।।৭৩।।

পাতকীয়ো তড়ৈ যাৰ যশক শ্ৰৱণে।

হেন চৰণক আমি দেখিলো নয়নে।।

মনৰ মলৰ মোৰ হৌক ধূমকেতু।।

পশিলো শৰণ আৱে আমি মোক্ষ হেতু।।৭৪।।

ভকতসকলে গাৱে গুণ নাম যত।

তাৰ মালা গাণ্ঠি তুমি পিন্ধা হৃদয়ত।।

পূজা নমস্কাৰ ধ্যান সমস্ততে কৰি।

যশ কীৰ্ত্তনত তুমি তুষ্ট হোৱা হৰি।।৭৫৷৷

ভকতৰ বাসি মালা হৃদয়ত দেখি।

যেন সতিনীক নসহন্ত তাক লক্ষ্মী।।

নেৰা মালা তথাপি ভাৰ্য্যাকো অনাদৰি।

লক্ষ্মীতো অধিক ভকতক দায়া হৰি।।৭৬।।

তিনিলোক পাৱে আক্রমিলা কৃপাময়।

দেৱৰ আনন্দ অসুৰৰ ভৈলা ভয়।।

জানো কৰা প্ৰভু ভকতৰ পক্ষপাত।

আহ্মাৰো কৰিয়ো পাৱে পাপৰ বিঘাত।।৭৭।।

জগতৰ জীৱমানে পুৰুষ অধম।

সৱাৰো ঈশ্বৰ তুমি পুৰুষ উত্তম।।

এতেকে পশিলো সৱে তোহ্মাত শৰণে।

অগতিৰ গতি প্রভু কৰিয়ো চৰণে।।৭৮।।

তোহ্মাৰেসে কিঙ্কৰ যতেক জীৱ আমি।

জগতকে প্রৱৰ্ত্তৱা তুমি অন্তর্যামী।।

প্রকৃতিতো পৰ পৰমাৰ্থ ৰূপ দেৱ।

কৰিয়ো কল্যাণ চৰণত কৰো সেৱ।।৭৯।।

তযু সেৱা বলে মায়া গৈলন্ত নিস্তৰি।

জ্ঞানীগণে তথাপি মায়াকে থাকে ডৰি।।

মায়াসমে কৰা প্রভু বিহাৰ বিস্তৰ।

এতেকেসে বোলো তুমি পৰম ঈশ্বৰ।।৮০।।

ষোড়শ সহস্র স্ত্রী ৰত্ন মধ্যে সাৰ।

মনক নপাৰিলে কামে মথিবাক যাৰ।।

হেন আত্মাৰাম পূর্ণকাম মহেশ্বৰ।

হৰিয়ো সংসাৰ তাপ বাপ নিৰন্তৰ।।৮১।।

আন সৱে মিছা তুমি সত্য ভগৱন্ত।

তোহ্মাকেসে জানি মহা মহন্তে সেৱন্ত।।

তযু পাদোদক গঙ্গাজলে কৰি স্নান।

তযু কথামৃতক কৰন্ত কর্ণে পান। ৮২।।

ত্রাহি ত্রাহি জগন্নাথ আমি ভৈলো ভৃত্য।

সাধিলা সকলে কিঙ্কৰৰ যত কৃত্য।।

এহি বুলি প্রণামিয়া কৃষ্ণৰ চৰণে।

ব্রহ্মা আদি দেৱে দুনাই লড়িল গগনে।।৮৩।।

আকাশত থাকি ব্রহ্মা প্রণামি দুনাই।

বিনাৱন্ত কাৰ্য কৃষ্ণ চৰণক চাই।।

পৃথিৱীৰ ভাৰ সংহৰিলা অবিকলে।

দেৱ কাৰ্য্য লাগৈ মানে সাধিলা সকলে।।৮৪।।

ধৰ্ম্মক থাপিলা কীৰ্ত্তি কৰিলা বিস্তাৰ।

যাক শুনি হোৱৈ লোক সংসাৰ নিস্তাৰ।।

আচৰিলা জগতৰ হিত তুমি ইসে।

তোহ্মাৰ চৰিত্র যশ ৰৈল দশোদিশে। ৮৫।।

ইটো অৱতাৰৰ চৰিত্র বিতোপন।

কৰৈ কলিযুগে যিটো শ্ৰৱণ কীৰ্ত্তন।।

সেহিসে মহন্তে সুখে তড়িবে সংসাৰ।

কৰিবেক কোটি কোটি পুৰুষ উদ্ধাৰ।।৮৬৷৷

যদুবংশে অৱতৰি আছা দামোদৰ।

পঞ্চিশ অধিক গৈল শতেক বৎসৰ।।

কুলকো নাশিলা প্রায় দিয়া ব্রহ্মশাপ।

আহ্মাৰ থানক আৱে আসিয়োক বাপ।।৮৭।।

দশ দিগপাল আমি তোহ্মাৰ কিঙ্কৰ।

আহ্মাকো পৱিত্ৰ আসি কৰা দামোদৰ।।

দেৱে সমে ব্রহ্মা এহি বুলিয়া প্রার্থন্ত।

সৱাকো সম্বুন্ধি মাতিলন্ত ভগৱন্ত।।৮৮।।

হে ব্রহ্মা শুনিয়োক বচন আহ্মাৰ।

দুইটো সংহাৰিলো পৃথিৱীৰ মহাভাৰ।।

জাঞো যেৱে ইটো যদুকুল নসংহৰি।

আৰ ভৰে দুনাই তল যাইবে বসুন্ধৰী।।৮৯।।

পৰম দৰ্পিষ্ঠ যদুকুল অনিৰ্বাৰ।

বিপ্ৰশাপ ছলে আক কৰিবো সংহাৰ।।

বৈকুণ্ঠক যান্তে যাইবো তোহ্মাৰ গৃহক।

আজি আগ হুয়া সৱে চলিয়ো স্বর্গক।।৯০।।

শুনি হেন বাণী ব্ৰহ্মাদেৱে জুড়ি হাত।

দেৱে সমে মাধৱক কৰি প্ৰণিপাত।।

পৰম আনন্দে বজাই দুন্দুভি নিশান।

মেলানি মাগিয়া লড়ি গৈলা নিজ থান।।৯১।।

 

।।প্রভাস যাত্রা।।

 

আত অনন্তৰে কথা শুনিয়ো সাক্ষাত।

দ্বাৰকাত অনেক মিলিল উতপাত।।

অনাবাৱে উভৰি উভৰি পৰৈ তৰু।

ঘৰে ঘৰে আটাস পাৰন্তে ফুৰৈ ফেৰু।।৯২।।

 উৰৈ খোলা বৱৈ আতি বতাস প্রচণ্ড।

সঘনে নির্ঘাত পড়ৈ লড়ৈ ভূমিখণ্ড।।

সদায় বৰিষে ধাৰে হালধি ৰুধিৰ।

নকান্দন্তে লোকৰ চক্ষুৰ পড়ৈ নীৰ।।৯৩।।

সোণগুই শঙ্খিনী গৃহত ফুৰৈ পশি।

একে আকাশতে কতো জ্বলৈ দুই শশী।।

উপজৈ পশুত পক্ষী বানৰত নৰ।

অকালত বাঢ়ৈ নদী নদ সৰোৱৰ।।৯৪।।

দ্বাৰকাৰ উপৰত উড়ৈ ধূমকেতু।

মিলৈ বিমঙ্গল পুৰী উচ্ছনৰ হেতু।।

দেখিয়া সমস্ত লোক কম্পিত হৃদয়।

জানিল মিলিল যদুকুলৰ প্রলয়।।৯৫।।

বিপ্ৰশাপে পাইলে আমি মজিলো দুঃখত।

ধান দিলে হোৱৈ আখৈ প্রজাৰ মুখত।।

বৃদ্ধ বৃদ্ধ যাদৱগণৰ ধাতু নাই।

কৃষ্ণৰ পাশত আসি ভৈল একঠাই।।৯৬।।

ওষ্ঠ কণ্ঠ শুকাই মুখ বিৱৰ্ণ বদন।

কৃষ্ণক সম্বুধি সৱে বুলিলা বচন।।

ঋষিশাপে পাইলে প্রভু ভৈল বিসঙ্গতি।

কহিয়োক কি কৰিবো কেশৱ সম্প্রতি।।৯৭।।

বুলিলা সৱাকো বাক্য জগত আধাৰ।

শুনা কুলবৃদ্ধসৱ বচন আহ্মাৰ।।

ভৈল বিপ্ৰশাপ ইটো কুলৰ সম্প্রতি।

আক এৰাইবাক আছে কাহাৰ শকতি।।৯৮।।

নেদেখোহো আমি আউৰ উপায় ইহাত।

মিলৈ মহা উতপাত দেখা দ্বাৰকাত।।

কালে গ্রাসিলেক বিঘ্ন পাতিলেক দেৱে।

আমি যদুবংশ ঐত নাথাকিবো কেৱে।।৯৯৷৷

নকৰা বিলম্ব প্রভাসক আজি যাঞো।

হেনবা বিপাক বিপ্ৰশাপক এৰাঞো।।

প্রভাসৰ প্ৰভাৱ শুনিয়ো যদুজাক।

চন্দ্রক দিলন্ত দক্ষে সাতাইশ কন্যাক।।১০০৷৷

ৰোহিণীত আতি প্রীতি বাঢ়িল চন্দ্রৰ।

দেখিয়া সৱেয়োদিলা দক্ষত গোচৰ।।

আহ্মাক নোসোধৈ পিতৃ তোহ্মাৰ জামাই।

থাকৈ তেন্তে ৰাতি দিনে ৰোহিণীৰ ঠাই।।১০১৷৷

হৌক ক্ষয়ৰোগ খঙ্গে দক্ষে দিলা শাপ।

মিলিল চন্দ্ৰত স্ত্রী সমস্তৰ পাপ।।

ভৈল ক্ষয়ৰোগী পাচে দক্ষশাপে শশী।

কাসন্তে শৰীৰ নিতে যাই খসি খসি।।১০২।।

ব্ৰহ্মাত গোচৰি পাচে পাইলা উপদেশ।

প্রভাসত স্নানিলা গুচিল কাস ক্লেশ।।

ভৈলা নিশাপতি পুনু পূর্ণ কলেৱৰ।।

নিস্তৰিল তীৰ্থৰ প্ৰসাদে শশধৰ।।১০৩৷৷

পাইল ষোহ্ল কলা এড়াই ৰোগ দুঃখ তাপ।

প্রভাসৰ প্ৰসাদে গুচিল দক্ষ শাপ৷৷

হেন জানি আজি আমি হুয়া একথান।

আসা প্রভাসত গৈয়া কৰো স্নান দান।।১০৪।।

বিশিষ্ট বিপ্ৰক ভুঞ্জায়োক অন্ন পান।

গো ভূমি সুৱর্ণ উচ্ছর্গা পাৰেমান ।।

জানিবাহা দানেসে দুর্গতি দুঃখ হৰে।

যেন মহানাৱে সাগৰত পাৰ কৰে।।১০৫।।

গুণি গাণ্ঠি মনে মঞি বিমৰিষি চাই।।

আতপৰে আউৰ আমি নেদেখো উপায়।।

কহিলো স্বৰূপে তোমাসাত কিবা কাজ।

প্রভাসক যাইবে আৱে ঝাণ্টে হোৱা বাজ।।১০৬।।

কৃষ্ণৰ আদেশ শুনি যত যদুগণ।

প্রভাস তীর্থক যাইবে উত্ৰাৱল মন।।

জোড়ৈ ঘোঁৰাসৱ আনি ৰথ যুৱলিত।

সুৱৰ্ণ ৰজত তোলৈ ৰথত সম্ভৃত।।১০৭।।

দ্বাৰকা নগৰ জুড়ি প্রজাৰ ঘঞ্চাল।

চিহৰয় ঘোৰা গজঘণ্টাৰ আস্ফাল।।

বজাৱৈ নিশান সৱে সাজ সাজ ঝাণ্টে।

বীৰঢাক তবল কোবাৱৈ বাটে বাটে।।১০৮৷৷

ডিণ্ডিম দগৰ দণ্ডি বাৱে ভেৰু ঢাক।

ৰথ গজ বাজী সাজি বজাই জাকে জাক।।

চিড়লে চামৰে ছানি আসে ছত্র দণ্ড।

প্রজাৰ ভিৰত দলদোপ মহীখণ্ড।।১০৯।।

একৈ একৈ যদুবীৰ সুৰপতি প্রায়।

চলৈ চমৎকাৰ কৰি মৰিবাক লাই।।

সাগৰ কহ্লোল হেন উৰ্ম্মিৰ আস্ফালে।

বৃষ্ণি ভোজবংশক গ্রাসিলে আসি কালে।।১১০।।

নাৰীসৱ পদুলি পদুলি জুমা জুমি।

বিমঙ্গল কথা কহি কান্দে হুমহুমি।।

কোনোবা বিপাকে পাৱৈ কি মিলৈ ললাট।

যো নো আসম্বাৰ বিধি ভাঙ্গে ভৰা হাট।।১১১৷৷ অপূর্ণে সম্পূর্ণ বাঞ্ছৈ ইটো দ্বাৰকাত।

ঘোৰ ঋষিশাপে যো নো মিলাৱৈ বিঘাত।।

কৃষ্ণক সুমৰি সৱে কান্দত বিষাদে।

হা প্রভু পাৱৈ জোনো তোহ্মাকো প্রমাদে।।১১২৷৷

দ্বাৰকাবাসীৰ তুমি জীৱ সমুদায়।

তুমি অবিহনে আমি মৃতক পৰায়।।

তোহ্মাৰ বা কিবা হোৱৈ হা কৃষ্ণবাপ।

ঠাই ঠাই নাৰীগণে কৰন্ত বিলাপ ।।১১৩।।

কৃষ্ণকথা ইটো শুনিয়োক সৰ্ব্বলোক।

দ্বাৰকাবাসীৰো দেখা কেনে দুঃখ শোক৷৷

কেশৱৰ বংশৰ বিপাক কেনে দেখা।

ইটো সংসাৰত সামান্যৰ কোন লেখা।।১১৪।।

সপোনৰ নিধি সম বন্ধু ধন জন।

জল বুদ বুদ যেন অথিৰ জীৱন৷৷

কেতিক্ষণে পৰৈ প্রাণ তাৰো নাহি থিতি।

অদ্যাপি নোপোজৈ যম যাতনাৰ ভীতি।।১১৫।।

ইহেন মনুষ্য জন্ম যাই আলে জালে।

নাহিকে চেতন চুল ধৰি আছে কালে।।

একেতিলে মাৰিবে পশুক যেন বাঘ।

জানিয়া বিষয় সুখে এৰা অনুৰাগ।।১১৬৷৷

যাৱে জীৱ আছে নতু মিলন্তে মৰণ।

সত্বৰে কৃষ্ণৰ পাৱে পশিয়ো শৰণ।।

কৃষ্ণ বিনে নাহি আন যাতনাত ত্রাণ।

স্মৰণতে হোন্ত বশ্য জগতৰ প্রাণ।।১১৭।।

দেই এক চলু জল তুলসীৰ পাতে।

এতেকে বিক্রয় কৃপাময় যান্ত তাতে।।

হেন বন্ধু মাধৱৰ ধৰা গুণ নাম।।

নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম।।১১৮৷৷

.......................

।।কৃষ্ণ উদ্ধৱ সংবাদ । ।

।।দুলড়ী । ।

 

নিগদতি শুক      কথা অনন্তৰে

শুনা নৃপ পৰীক্ষিত।

পৰম ভকত      উদ্ধৱে বুজিলা

কৃষ্ণৰ সৱে ইঙ্গিত।।

দেখি বিমঙ্গল      আকলিলা মনে

মাধৱৰ ভক্তি কাজ।

কুল সংহৰিবা     বৈকুণ্ঠে লড়িবা

এৰিয়া দ্বাৰকা ৰাজ।।১১৯।।

হা কৃষ্ণ স্বামী          বোলন্তে লোতক

নয়নৰ পৰা পড়ে।

শৰীৰত শোকে     অগনি উধাই

মনে মহা মৰ্ম্ম চড়ে।।

তেজিয়া নিশ্বাস         চাপিলন্ত পাশ

সন্তাপে আকুল ভাৱ।

বিৰল থানত      পৰি প্ৰণামিলা

শিৰে পৰশিয়া পাৱ।।১২০।।

কৃষ্ণৰ বিয়োগে     আগি অন্তৰ্গতে

হৃদয় দগধ কৰে।

শোকে মকমকি     কৰন্ত ক্রন্দন

নয়নৰ নীৰ ঝৰে।।

কতোক্ষণে আখি    মুখ মুচি পাচে

উঠিয়া নমায়া মাথ।

কৰি কৃতাঞ্জলি     বুলিবে লাগিলা

শোকে গদ গদ মাত।।১২১।।

বংশক সংহৰি          এৰি ভূমি তুমি

যাইবা জানিলোহো আমি।

ঋষিশাপ বাপ      ব্যর্থ নকৰিলা

সিহেতু জগত স্বামি।।

তোহ্মাৰ চৰণ     নেদেখি ক্ষণেকো

থাকিবে নপাৰো হৰি।

তুমি এৰিলাত     ছাড়ি প্রাণ প্রভু

অৱশ্যেকে যাইবো মৰি।।১২২।।

তুমি তপ পুণ্য     তুমি বিনে শূন্য

দেখো ইটো ত্রিজগত।

কাৰ্পূণ্যক কৰো     চৰণত ধৰো

নিয়োক মোকো লগত।।

তোহ্মাৰ চৰণ     পঙ্কজ পূজিবে

কত পুণ্যে পাইলো লাগ।

বাপ জগন্নাথ      নকৰা অনাথ

ভকতক তুমি ত্যাগ।।১২৩৷৷

সম্যকে অমৃত          তোহ্মাৰ চৰিত্ৰ

শুনে মাত্র যিটো নৰে।

পায়া প্রেমভাৱ     নেৰৈ তযু পাৱ

বিষয়কো পৰিহৰে।। 

শয়নে ভোজনে     স্নান গোপ্যস্থানে

সদা সেৱা কৰো আমি।

তোহ্মাক নেদেখি    ৰাখি প্রাণ প্রভু

কিমতে বৰ্ত্তিবো স্বামি।।১২৪||

মঞি পিন্ধো ছাড়        বস্ত্র অলঙ্কাৰ

তোহ্মাৰ উচ্ছিষ্ট খায়া।

দঢ়াই আছে চিত্ত    কিনো বিপৰীত

তড়িবো দুস্তৰ মায়া।।

জ্ঞানী গণে দুখে    ইন্দ্রিয়ক দমি

কাম ক্রোধ মোহ জিনি।

যিটো ব্রহ্মপদ      পাৱৈ প্রভু পুনু

তাহাতো আছে বিঘিনি৷৷১২৫।।

আমি মহামূঢ়      গৃহবাসী সুখে

সঙ্গ লৈয়া ভকতৰ ।।

তোহ্মাৰ চৰিত্ৰ     কথা শুনিলাতে

তৰিবো মায়া দুস্তৰ।।

তযু পাদ-পদ্ম     হৃদয়ে ধৰিয়া

গাইবো গুণ নাম গীত।

এতেকে মুকুতি     অপ্রয়াসে পাইবো

হেনসে আছিল চিত্ত।।১২৬।।

চৰণ ছত্ৰৰ ছায়া   সেৱৈ যিটো সিটো

এড়াই ইটো তাপ।।

হেন পাৱ এৰি     ক্ষণেকো নিজীবো

সঙ্গে নিয়ো মোক বাপ।।

সৱে পৰিহৰি      চৰণ দুতয়

তোহ্মাৰ কৰিলো সাৰ।

তুমিও এৰিবা     ঐ বন্ধু মান্ধৱ

দিনতে দেখো আন্ধাৰ।।১২৭।।

হে প্রাণনাথ       নকৰা অনাথ

দান্তে ধৰো খেৰ তুলি।

তোহ্মাৰ বিয়োগে        অগনি এখনে

দেখা মাৰৈ মোক পুলি।।

এহি বুলি সন্ত     উদ্ধৱ মহন্ত

আতি প্রেম অনুৰাগে।

অনেক কাতৰ     কৰিয়া কান্দন্ত

পড়িয়া কৃষ্ণৰ আগে।।১২৮||

নয়নৰ নীৰ      ধাৰায়ে বহৱৈ

শোকত আকুল ভাৱে।

কতোহো কাকূতি        কৰিয়া কান্দন্ত

ধৰিয়া কৃষ্ণৰ পাৱে।।

ইহেন অৰুণ       চৰণ দুখানি

তেজি জীৱো কোনসতে।

মাধৱ বান্ধৱ      নবধা সমূলি

নিয়োক মোক লগতে।।১২৯।।

এহি বুলি পাৱে    পৰিয়া কান্দন্ত

অনেক কাৰুণ্য ভাৱে।।

দশোদিশে দুখে     দেখন্ত আন্ধাৰ

চেতন নাহিকে গাৱে।।

ভকতৰ দুখ      দেখি ভগৱন্ত

ভৈলন্ত নেত্র সজল।

অসন্তোষে কিছো    চপড়াইলা মাথ

সঙ্কোচ মুখ কমল।।১৩০।।

শুনা নৰলোক     মহন্তৰ শোক

দেখ দুঃখ কেনমত।

ধন জন যত      জীৱন যৌৱন

জানা সৱে অশাশ্বত।।

পুত্র পৰিবাৰ      সৱেও অসাৰ

নাটেক টাটেক মায়া।

ক্ষেণেকে থাকিয়া    ক্ষণেকে অন্তৰৈ

সম্যকে মেঘৰ ছায়া।।১৩১।।

কেতিক্ষণে পড়ৈ    নৰতনু ইটো

জীৱন জলৰ ৰেখা।

সততে চিন্তিয়ো     কৃষ্ণৰ চৰণ

মৰণ এভো নেদেখা।।

দেৱে তীর্থে যাক   তাড়িবে নপাৰৈ

পাতেকত গৈল তল।

হৰিনামে পাইলে    তেখনে উদ্ধাৰৈ

দেখা ভকতিৰ বল।।১৩২।।

দুৰাচাৰো যেৱে     হৰিনাম লৱৈ

সিয়ো শুদ্ধ হোৱৈ আতি।

কৃষ্ণক স্মৰণে     হোৱয় তেখনে

অন্ত্যজো উত্তম আতি।।

বিষয়ৰ দোষে     বাধিবে নপাৰৈ

ভকতি পাতেক হৰৈ।

আছোক উত্তম     ভকতৰ কথা

সামান্য ভকতো তৰৈ।।১৩৩।।

ভকতিৰ দেখি     আশ্চৰ্য্য মহিমা

হৰিও ভৈলা বিস্ময়।

হেন জানি ইটো    হৰিৰ নামত

তেজিও সৱে সংশয়।।

দেৱৰ পৰম      ঈশ্বৰ মাধৱ

ধৰ্ম্মৰো ঈশ্বৰ নাম।

সুদৃঢ় বিশ্বাস      কৰি নিৰন্তৰে

ডাকি বোলা ৰাম ৰাম।।১৩৪||

.........

                      ।।পদ।।

 

নিগদতি শুক শুনিয়োক নৃপবৰ।

ভকতৰ সন্তাপ দেখিয়া পীতাম্বৰ।।

ভৈলন্ত আকুল কৃষ্ণ জগতজনক।

কমলনয়ন ভৰি বহৱৈ লোতক।।১৩৫৷৷

পীতবস্ত্রে মুচি মুখ তেজিয়া নিশ্বাস।

স্নেহে উদ্ধৱক ধৰি বুলিলা আশ্বাস।।

তেজি চিন্তা চিত্ত থিৰ কৰা মহাশয়।

তযু দুখ দেখি মোৰ নসহে হৃদয়।।১৩৬।।

স্বৰূপে জানিলা তুমি আহ্মাৰ আশয়।

বংশক সংহৰি আৱে চলিবো নিশ্চয়।।

সাধিলো উদ্ধৱ দেৱতাৰ যত কাজ।

নথাকিবো ইঠাইত তোহ্মাত কিবা বাজ।।১৩৭৷৷ দ্বাৰকা নগৰ সাগৰত যাইবে তল।।

মঞি গৈলে লোকত মিলিবে বিমঙ্গল।।

পীড়িবে দুর্জন কলি গুচিবে আচাৰ।

হুইবে অধৰ্ম্মত ৰতি যতেক প্রজাৰ।।১৩৮।।

তুমি আমি দুয়ো গৈলে মিলিবে অনর্থ ।

লুপ্ত হুইবে জ্ঞান ইটো ভকতিৰ পথ।।

অধৰ্ম্মে পীড়িবে যাইবে লোক অধোগতি।।

ভকতিক ৰাখি তুমি থাকিয়ো সম্প্রতি।।১৩৯।।

মোহোৰ বচনে আৱে নছাৰিবা ভূমি।

শ্ৰৱণ কীৰ্ত্তন প্রৱৰ্ত্তাইয়া থাকা তুমি।।

ভকতি নভৈলে ভূমি যাইবে ৰসাতল।

মোৰ আজ্ঞা পালি ৰহিয়োক মহাবল।।১৪০||

কিন্তু ঐত নথাকিবা কহিলো প্রকটি।

মোত চিত্ত দিয়া ফুৰা পৃথিৱী পৰ্য্যটি।।

যত দেখা শুনা মায়াময় স্বপ্নসম।

হৰিময় দেখি দূৰ কৰা মতিভ্রম।।১৪১৷৷

জ্ঞান কৰ্ম্ম ভকতি কহিলো কৰি ভেদ।

ভকতি পৰম পন্থ দিলো পৰিচ্ছেদ।।

নাহিকে উত্তম গতি ভকতিত পৰে।

নিস্তে কহো ভকতিসে মোকো বশ্য কৰে।।১৪২।। ভকতিত পৰে আন নজানিবা সখি।

হেন শুনি উদ্ধৱে মুচিয়া মুখ আখি।।

কৃষ্ণৰ চৰণ চাই তেজিয়া নিশ্বাস।

গদ গদ বাক্যে বুলিলন্ত লাসে লাস।।১৪৩৷৷

হে প্রাণবন্ধু মোক বুলিয়ো বুজাই।

ঋষি সমস্তৰ কিয় একমতি নাই।।

কেহো বোলৈ কর্মে কেহো বোলৈ জ্ঞানে গতি। তোহ্মাৰ সন্মত পথ কেৱল ভকতি।।১৪৪||

একে বেদবাক্যে কিয় ভৈল মতিভেদ।

কিঙ্কৰৰ কেশৱ সংশয় কৰা ছেদ।।

অনাদি ঈশ্বৰ তুমি শিৱ সৰ্ব্বজান।

পাৰিচ্ছেদদাতা তুমি বিনে নাহি আন।।১৪৫।।

মাধৱে বোলন্ত সখি শুনিয়ো সিদ্ধান্ত।

তুমি মোৰ মহামিত্র ভকত একান্ত।।

পূৰ্ব্ব প্রলয়ত নষ্ট ভৈল বেদবাণী।

কহিলো ব্রহ্মাত মঞি উদ্ধাৰিয়া আনি।।১৪৬।।

বেদে যেন কৱৈ তাক শুনা প্রাণ সখি।

মায়াময় বেদ ধৰ্ম্ম সৱাকো উপেখি।।

কেৱলে আহ্মাত মাত্ৰ লৈবেক শৰণ।

হুইবে কৰ্ম্মমল তেজি তেৱেসে প্রসন্ন।।১৪৭।।

মঞি বিনে বেদে কিছো আন নবখানে।

সমস্ত বেদৰ তত্ত্ব অৰ্থ এহিমানে।।

মনুত প্রথমে ব্রহ্মা কহিলা হৰিষি।

পাচে জানিলন্ত বেদ সৱে সপ্তঋষি।।১৪৮৷৷

তাত পাচে পাইলে সুৰাসুৰ সিদ্ধ নাগ।

অনন্তৰে বেদক মনুষ্যে পাইলে লাগ।।

যাৰ যেন মতি কৰৈ বেদক ব্যাখ্যান।

নিজ অর্থ ভকতিক তেজি বুজৈ আন।।১৪৯।।

কেহো বোলে বেদে কৱৈ যজ্ঞ ব্রত দানে।

কেহো বোলে ক্ষুদ্ৰদেৱ পূজা তীর্থ স্নানে ।।

কেহো বোলে বেদে কৱৈ জ্ঞানতেসে গতি।

গুণৰ ইচ্ছায়ে বুজে যাৰ যেন মতি।।১৫০৷৷

কতো মন্দমতি শাস্ত্র নকৰে বিচাৰ।

কৰৈ কুলধৰ্ম্ম পূৰ্ব্ব পুৰুষ আচাৰ।।

তাকো এড়ি লৱৈ কতো পাষণ্ডৰ মতি।

যাই মোক নপায়া অধম অধোগতি।।১৫১৷৷

নছাৰৈ কৰ্মীক শোকে দুখে ৰাতি দিনে।

জ্ঞানতো নাহিকৈ গতি ভকতি বিহীনে।।

আনে নজানয় ইটো বেদৰ বিচাৰ।

এতেকে ভকতি পন্থ সম্মত আহ্মাৰ।।১৫২।।

ভকতজনৰ যেন সুখ বিপৰীত।

স্বপ্নতো নেদেখৈ জ্ঞানী কৰ্ম্মী কদাচিত।।

পায়া মোক মনত সন্তোষ আসৰিশ।

ভকতৰ সখি সুখময় দশোদিশ।।১৫৩।।

জানি মোক ভকত সকলো দেখৈ মিছা।

ইন্দ্র ব্রহ্মপদকো নকৰৈ মনে ইচ্ছা।।

মুকুতি পৰমপদ তাকো এৰি দাই।

মঞি বিনে ভকতৰ প্রিয় আন নাই।১৫৪।।

ব্রহ্মা হৰ হলায়ুধ লক্ষ্মী প্রিয়জায়া।

পৰম সুন্দৰ মোৰ দেখা ইটো কায়া।।

অধিক সৱাতো তুমি প্রাণ প্রিয়তম ।

নাহি আন বান্ধৱ উদ্ধৱ তুমি সম।।১৫৫।।

ভকতেসে জানা মোৰ পৰম বান্ধৱ।

ভকতজনৰ মঞি সুহৃদ উদ্ধৱ।।

মঞি বিনে ভকতে নিচিন্তে কিছো আন।

ময়ো ভকতৰ পৰে নজানোহো আন।।১৫৬||

ভকত সমান সখি মোৰ কোন আছে।

ময়ো মহা ভকতৰ ফুৰো পাচে পাচে।।

মোহোৰ উদৰে আছে ব্রহ্মাণ্ড যতেক।

ভকতৰ ধূলা পৰি পৱিত্র প্রত্যেক।।১৫৭।।

উত্তম ভক্তৰ কথা থাকোক সম্প্রতি।

সামান্য ভকতো তৰে শুনা মহামতি।।

লোভে মোহে কামে ক্রোধে বিষয় আক্রোশে।

নোছোৱয় মোৰ ভকতক একো দোষে।।১৫৮।।

সামর্থ ভকতি আতি একোৱে নচাৱে।

ভকতক পালয় পুত্ৰক যেন মাৱে।।

ভকতিৰ মহিমা কহিয়া নপাঞো সীমা।

ভকতিৰ শুনা সখি আশ্চার্য্য মহিমা।।১৫৯।।

কৰৈ মোত ভকতি যদ্যপি দুষ্টচিত্তে।

দহৱৈ পাতেক তাৰ তথাপি ত্বৰিতে।।

একোৱে নৰাখৈ পাপ পূণ্য যত আছে।।

যেন মহাবহ্নি কেঞ্চা শুখান নবাছে।।১৬০।।

আন ক্ষুদ্র দেৱতাত যদি নেদি মতি।

মহা দূৰাচাৰো কৰৈ আহ্মাত ভকতি।।

সেহিসে পৰম সাধু জানা মহাশয়।

যিহেতু আমাক মাত্র কৰিল নিশ্চয়।।১৬১।।

এতেকে নোছেৱৈ পাপে পুণ্য কলেৱৰ।

পৰম মুক্তিৰ পাত্র হোৱৈ সিটো নৰ।।

কুতর্কী পণ্ডিতে যেৱে নমানে ইহাক।

ঢোল কোবাই উদ্ধবাহু খণ্ডা তাৰ বাক।।১৬২।।

দুৰাচাৰো তৰৈ আত ইটো কোন চিত্র।

চণ্ডালকো কৰৈ মোৰ ভকতি পবিত্র।।

চাৰিও বেদৰ তত্ত্ব কৰিয়া নিশ্চয়।

অৰ্জুনতো গীতাত কহিছা কৃপাময়।।১৬৩।।

তপ জপ পৰম সন্ন্যাস মহাদানে।

নপাৱে আহ্মাক সাঙ্খ্যযোগ তত্ত্বজ্ঞানে।।

কেৱল ভকতি মাত্র মোক কৰৈ বশ্য।

কহিলো উদ্ধাৱ ইটো তোহ্মাত ৰহস্য।।১৬8।।

জগতৰ ধৰ্ম্ম কৰ্ম্ম কৰোক সকলে।

মোক আত্মা বুলি যিটো জানে যোগবলে।।

তথাপি পৱিত্ৰ তাৰ নুহি তনু চিত্ত।।

নেড়াই মৃত্যুভয় জ্ঞানী কৰ্ম্মী কদাচিত ।।১৬৫।।

প্রেম ভকতিৰ চিহ্ন শুনিয়ো উদ্ধৱ।

হৰি হৰি বোলন্তে লোতক যাৰ স্ৰৱে।।

মোৰ কথা শুনন্তে শৰীৰ ৰোমাঞ্চিত ।

জানা তাৰ পৰম পবিত্র ভৈল চিত্ত।।১৬৬।।

প্রেমে দ্রৱৈ চিত্ত আতি গদপদ বাণী ।

কতো হাসৈ কতো কান্দৈ মোক প্রিয় মানি।।

লাজ এৰি গাৱৈ গুণ নাচে আনন্দতে।

জগত পৱিত্ৰ কৰৈ সেহিসে ভকতে।।১৬৭।।

মোক লাগি প্রেম উপজিল যাৰ মনে।

নেৰো তাৰ হৃদয়ক সখি সৰ্ব্বক্ষণে।।

বান্ধিলেক আহ্মাৰ পাৱত প্রেমজৰী।

জানা নাই উত্তম ভকত তাক সৰি।।১৬৮।।

পৰম শ্রদ্ধায়ে যিটো ভজন্ত সৰ্ব্বথা।

হুইবেক মুকুত সিটো ইটো কোন কথা।।

তাৰ সঙ্গ পাইলে হুইবে জগত মুকুত।

নেদেখিবা সখি ইটো কথা অদভুত।।১৬৯।।

কৃষ্ণৰ বচন শুনি মুখ্য হৰিদাস।

প্রণামি পুছন্ত পুনু তেজিয়া নিশ্বাস।।

ভকতি পৰম গতি জানিলো নিশ্চয়।

ছেদিয়োক দেৱ দুনাই মনৰ সংশয়।।১৭০।।

বিষয়ক পৰম আপদ হেন জানি।

তথাপিতো আক কিয় নেৰৈ একো প্রাণী।।

মাৰন্তোভৰ্ৎসন্তো যেন নির্গত কুকুৰ।

তথাপি উচ্ছিষ্ট ভুঞ্জি তেজি নযায় দূৰ।।১৭১।।

কাটিবাক আনন্তে নিলাজ যেন ছাগ।

লাথি পায়ো গাধে গৰ্দ্দভীৰ নেড়ৈ লাগ।।

সেহিমতে দুঃখময় জানি নিৰন্তৰে।

তোহ্মাক নভজি কিবা আত্মঘাত কৰে।।১৭২।।

মাধৱে বোলন্ত সখি শুনা পৰিচ্ছেদ।

পঢ়ে সৱে শাস্ত্র যদি জানৈ চাৰিবেদ।।

কৰিতে নপাৰৈ মোত তথাপি ভকতি।

নলবয় নৰে যাৱে সন্তৰ সঙ্গতি।।১৭৩।।

কাণত কহন্ত কথা কৃষ্ণে গোপ্য কৰি।

নাহিকে উপায় সখি সুসঙ্গক সৰি।।

আহ্মাক নপাৱৈ পুনু জ্ঞানী কর্মীলোক।

সাধুসঙ্গে অৱশ্যেকে বশ্য কৰে মোক।।১৭৪।।

নপাৱৈ মোহোক যাগ যোগ যজ্ঞ দানে।

মহামন্ত্র জাপ্য কোটি শত তীর্থ স্নানে।।

নপাৱৈ আমাক একাদশী উপৱাসে।।

নকযয় বশ্য মোক পৰম সন্ন্যাসে।।১৭৫।।

আন কৰ্ম্ম কৰিয়া মিছাত মৰৈ লোকে।

ভকতৰ সঙ্গেশে সম্যকে জানৈ মোকে।।

কহিলোহো মহাগোপ্য কথাক উদ্ধৱ।

যিহেতু ভকত তুমি পৰম বান্ধৱ।।১৭৬।।

মোক্ষতো অধিক সখি সাধুৰ সঙ্গম।।

যাহাৰ ৰেণুক স্বর্গসুখো নুহি সম।।

সাধুসঙ্গে অনেকে পাইলেক মোৰ গতি।

দেঞ লেখা সখি তাক শুনিয়ো সম্প্রতি।।১৭৭।।

যক্ষ ৰক্ষ বৃক্ষ পক্ষীপশু পালে পালে।

স্ত্রী শূদ্র অন্ত্যজাতি অধম চাণ্ডালে।।

ইসৱতো অধিক অনেক পাপমতি।

ভকতৰ সঙ্গত পাইলেক মোৰ গতি।।১৭৮।।

বিভীষণ বীৰ বৃষপৰ্ব্বা বলি বাণ।

জাম্বৱন্ত জটায়ু সুগ্রীৱ হনুমান।।

মালাকাৰ কুজী ধৰ্ম্ম ব্যাধ তুলাধাৰ।

দ্বিজভাৰ্য্যা ব্রজবাসী গোপী অনাচাৰ।।১৭৯।।

নাহি তপ ব্রত শৌচ নপঢ়িলে বেদ ।

নজানয় জ্ঞান একো শাস্ত্র তত্ত্বভেদ।।

কেৱলে সাধুৰ সঙ্গে সুখে পাইলা গতি।

সৎসঙ্গত পৰে নাই উপায় সম্প্রতি।।১৮০৷৷

দেৱতো তীর্থতো কৰি ভকতেসে বৰ।

ভকতক ভজিলে গুচয় কৰ্ম্ম জড়।।

কৰৈ তেৱে ভকতি ঈশ্বৰ মোক মানি।

কহিলো তোহ্মাত ইটো সখি সত্যবাণী।।১৮১।।

মঞি এৰে ভকতৰ নাহিকে অন্তৰ।

মোৰ সঙ্গএৰে সৰি সঙ্গতি সন্তৰ।।

এতেকে লৈয়োক সাধুসঙ্গ সৰ্ব্বক্ষণ।

শুনিয়োক সখি আৱে সাধুৰ লক্ষণ।।১৮২।।

ভকতেসে সমস্তে পুণ্যৰ হোৱৈ পাত্র।

জানি নিজধৰ্ম্ম তেজি মোক ভজৈ মাত্র।।

সুদৃঢ় বিশ্বাসে মোকে কৰিলে নিশ্চয়।

সেহি মহাসাধু সখি নাহিকে সংশয়।।১৮৩।।

আন দেৱ নৰাধৈ নসাধৈ স্বৰ্গকাম।

নেড়ৈ মুখে সুখে দুঃখে মোৰ গুণ নাম।।

মোৰ মূৰ্ত্তি মনে নিতে হৃদয়ত ধৰৈ।

জানা সেহি মহাসাধু সখি সুখে তড়ৈ।।১৮৪।।

তাৰ সঙ্গে ক্ষণেকে আহ্মাকো কৰৈ বশ্য।

পুনু পুনু প্রাণসখি কহিলো ৰহস্য।।

জগতৰে ধৰ্ম্ম কৰ্ম্ম জানা নিষ্ট কৰি।

ভকতৰ সঙ্গৰ ৰেণুকো নোহে সৰি।।১৮৫৷৷

আপুনি দেখিলা গোকুলত মহামতি।

ব্যভিচাৰী দুষ্ট যত গোপৰ যুৱতী।।

কামভাৱে কেৱলে ভজিলে মাত্র মোক।

এতেকে পৰম সুখে পাইলা মোৰ লোক।।১৮৬।।

আন নেদেখিলো ব্ৰজযুৱতীৰ সৰি।

ভৈলো বন্দী উদ্ধৱ গোপীৰ প্রেমজৰী।।

থাকোহো সৰ্ব্বদা দেখি তাসম্বৰ পাশে।

যেহি বোলে সেহি কৰো যেন নিজদাসে।।১৮৭।।

এতেকে উদ্ধৱ তুমি তেজা বেদপন্থ।

যিবা জানা শুনা সৱে এৰা আন গ্রন্থ।।

একে মোত মাত্র তুমি লৈয়োক শৰণ।

নকৰিবা ভয় মঞি কৰিবো ৰক্ষণ।।১৮৮।।

সত্যে বোলো উদ্ধৱ বান্ধৱ তুমি মৰ্ম্ম।

মোক যাৱে নজানে তাৰেসে আন কৰ্ম্ম।।

ভকতি তাড়িবে তুমি থিৰ কৰা মতি।

লৈয়া সাধুসঙ্গ সখি সুখে সাধা গতি।।১৮৯।।

শুনা সভাসদ পদ মহাভাগৱত।

এহি কথা কৈলা কৃষ্ণে গীতাৰ অন্তত।।

সৰ্ব্ব ধৰ্ম্ম এড়ি এক শৰণ সাক্ষাত ।

সুদৃঢ় বিশ্বাসে সখি লৈয়োক আহ্মাত ।।১৯০।।

নকৰিবা ভয় হেৰা কৰো অঙ্গীকাৰ।

সমস্তে পাপতে মঞি কৰিবো নিস্তাৰ।।

অর্জুনতো এহিসে কহিলা হৰি তত্ব।

ঈশ্বৰ কৃষ্ণৰ আৱে লৈয়োক সন্মত।।১৯১৷৷

চাৰিবেদ ৰামায়ণ পুৰাণভাৰত।

হৰিকেসে কৱৈ মাত্র সমস্তে শাস্ত্রত।।

ইহাক নজানি আন জোড়ৈ অল্পমতি।

কদাচিতো নুশুনিবা সিসৱ সম্মতি।।১৯২৷৷

পাতকীৰো কৰ্ম্ম আছে শুনি মৰি ঘিণে।

কলিযুগে গতি নাহি হৰিনাম বিনে।।

কৃষ্ণৰ নামেসে কৰৈ পতিতৰো গতি ।

নামৰ মহিমা আৱে শুনিয়ে সম্প্রতি।।১৯৩।।

যিটো জনে যাই মাধৱৰ নাম ধৰি।

পাচে পাচে ফুৰৈ দেৱ দেৱী তুতি কৰি।।

মূৰ্ত্তিমন্ত হুয়া পাঞ্চ প্ৰকাৰ মুকুতি।

মোক লৈয়ো বাপ বুলি কৰয় কাকূতি।।১৯৪।।

পাপ সংহাৰক হৰিনাম মহাবলী।

যাৰ ধ্বনি শুনি কম্পি পলাই পাপ কলি।।

জগতৰে পৰম সুহৃদ হৰিনাম।

জানি নিৰন্তৰে নৰে বোলা ৰাম ৰাম।।১৯৫।।

....................

।।ছবি।।

 

কৃষ্ণৰ সিদ্ধান্ত শুনি      উদ্ধৱে সোধন্ত দুনাই

শুনা প্রভু জগতৰ বাপ।

জানিলো সন্তৰ সঙ্গে      তোহ্মাত ভকতি কৰি

এড়াই তেৱে সংসাৰৰ তাপ।।

তোহ্মাৰ সম্মত ইটো      পৰম ভকতি পন্থ

কেৱলে লোকৰ সাধৈ গতি।

কিন্তু বেদে ফুৰৈ গাই     জ্ঞান বিনে গতি নাই

আকে শুনি ভ্রমৈ মোৰ মতি।।১৯৬।।

কতো বোলে কৰ্ম্ম কৰা    কতো বোলে পৰিহৰা মিলৈ আত মনত সংশয় ।

তুমি বিনে নাহি আন      তুমি শিৱ সৰ্ব্বজান

বুজাই মোত কহিয়ো নিশ্চয়।।

সংসাৰগৰ্ত্তত ইটো        পড়িল সমস্ত লোক

তাতে দংশিলেক কালসাপে।

পৰম কৃপায়ে আৱে      বাক্য অমৃতক সিঞ্চি

উদ্ধাৰিয়ো জগতৰ বাপে।।১৯৭||

তোহ্মাৰ মুখৰ বাণী      জানিয়া হেন বা ধৰৈ

তড়ৈ ইটো দুৰ্ঘোৰ সংসাৰ।।

নমো নমো নমাই মাথ    হে প্রভু জগন্নাথ

কৰা গতি সম্প্রতি আহ্মাৰ।।

দেৱতাৰো দৃশ্য নুই       অৰুণ চৰণ দুই

মঞি থাকো ক্ষণেক নিৰেখি।

মহাভাগ্যে দূৰ গৈল      আজি পৰিচ্ছেদ ভৈল

 তোহ্মাৰ আহ্মাৰ দেখা দেখি।।১৯৮।।

কতবা পুণ্যৰ ফলে  সাক্ষাতে সুধিবে পাইলো

 দিয়োক সিদ্ধান্ত নাথ তুমি।

বিয়োগে আকুল কৰৈ     ধাৰায়ে লোতক ঝৰৈ

কান্দন্ত উদ্ধৱ হুম হুমি ।।

ভকতৰ দেখি তাপ       আকুল জগতবাপ

সলোতক নেত্র ভৈল আতি।

নসহে হৃদয় দেখি        শোক পৰিহৰা সখি

প্রবোধন্ত উদ্ধৱক মাতি।।১৯৯।।

বোলন্ত মধুৰ বাণী       তাপ তেজা মহামানী

তুমি মহা সুহৃদ আহ্মাৰ।

জানা ময়াময় ইটো       সংশয় পুছিলা যিটো

শুনিয়ো উত্তৰ তুমি তাৰ।।

জ্ঞানে গতি কৱৈ বেদ     লোৱা তাৰ পৰিচ্ছেদ

আছৈ জ্ঞান ভকতিৰ মাজে।

ভকতি কৰন্তে জানা      আপুনি উপজৈ জ্ঞান

যোগ চিন্তি মৰৈ মিছা কাজে।।২০০।।

আউৰ কি তোহ্মাত বাজ  জ্ঞানতো নাহিকৈ কাজ

কেৱলে ভকতি তাড়ৈ লোক।।

মোৰ গুণ নাম স্মৰি     ৰূপ হৃদয়ত ধৰি

পাৱৈ অপ্রয়াসে আসি মোক।।

কৰ্ম্মৰো পুছিলা বাণী      তাকো শুনা মহামানী

যিটো নাম নধৰৈ আহ্মাৰ।।

জনম গোঞাই বৃথা      নুশুনৈ আহ্মাৰ কথা

তাৰেসে কৰ্ম্মত অধিকাৰ।।২০১।।

দুষ্ট চিত্ত যিটো জন      বৃথা কথা বৃথা মন

তাৰ কৰ্ম্ম সকলে বিফল।

তিলেক নথাকে ৰৈ       তেতিক্ষণে যাই বৈ

আঁৱা ঘটৰ যেন জল।।

ইটো কথা জানা সাৰ     জ্ঞানত কৰ্ম্মত আৰ

নকৰিবা বিশ্বাস কিঞ্চিত।

শ্ৰৱণ কীৰ্ত্তন কৰা       সুখে সংসাৰক তড়া

 দিয়া মোৰ চৰণত চিত্ত।।২০২।।

জপ তপ তীর্থ স্নানে      যিটো ফল মহাদানে

জ্ঞান বৈৰাগত যেন ফল।

যিটো গুণ নাম গাৱৈ     বসি সিটো সুখে পাৱৈ

দেখা কেনে ভকতিৰ বল।।

জানা তুমি সাৰে সাৰ     ভকতিত পৰে আৰ

নাহি গতিদাতা সংসাৰত।

এহিসে কহৱৈ বেদ       দিলো হেৰা পৰিচ্ছেদ

লৈয়ো তুমি আমাৰ সন্মত।।২০৩।।

শুনিয়োক সভাসদ       মহাভাগৱত পদ

কৃষ্ণকথা সংসাৰত সাৰ।

আয়ু যায় আলে জালে    ইটো ঘোৰ কলিকালে

জ্ঞানে কর্মে নপাইবা নিস্তাৰ।।

নকৰিয়ো জন্ম বৃথা      শুনা ইটো কৃষ্ণ কথা

 ফুৰা ৰামনাম গলে বান্ধি।।

ঐত আয়ু পাত ভৈলে     ঘোৰ পৰলোকে গৈলে

আকে লাগি মৰিবাহা কান্দি।।২০৪।।

পৰম বান্ধৱ নাম       শুনা আৰ গুণগ্রাম

আতপৰে কোন পুণ্য আছে।

যাত পৰে পাপী নাই     তাকো তাড়ৈ নামে পাই কুল ক্রিয়া একোৱে নবাছে।।

দহৱৈ পাতেকচয়        কৰৈ পুণ্য অভ্যুদয়

মিলাৱৈ মুকুতি সুখ সুখে।

বোলন্তো নাহিকৈ শ্ৰম      শুনন্তে অমৃত সম

হেন নাম কিয় এৰা মুখে।।২০৫।।

ইটো কলিকালে সাৰ      নাম বিনে নাহি আৰ

নামতে সমস্তে পুণ্য বীজৈ।

যত তপ তীর্থ স্নান      মন্ত্র জাপ্য যোগ জ্ঞান

নাম উচ্চৰন্তে সৱে সিজৈ।।

নামত দিয়োক চিত      নামেসে সুহৃদ হিত

সংসাৰ ব্যাধিৰ মহৌষধি।

এড়ি হেন হৰিনাম       কৰি মৰৈ আন কাম

তাত পৰে নাহিকে বিবুধি।।২০৬।।

কৃষ্ণেসে পৰম দেৱ   ব্রহ্মা হৰে কৰৈ সেৱ

জানি তান ভজিয়ো চৰণে।

পৰলোক বন্ধু হৰি       তানেসে স্মৰণে তড়ি

আন গতি নাহিকে মৰণে।।

কালে ধৰিলেক পৰা মিছাত বিলম্ব কৰা

চিন্তা হৰি ভকতিৰ কাম।

আয়ু যায় ক্ষণে ক্ষণে     কৃষ্ণৰ কিঙ্কৰে ভণে

নিৰন্তৰে বোলা ৰাম ৰাম।।২০৭।।

.....................

 

                   ।।পদ । ।

 

কৃষ্ণৰ সিদ্ধান্ত শুনি উদ্ধৱ মহন্ত।

কৰি কৰযোৰ পুনৰপি পুছিলন্ত।।

নমো নমো কৃষ্ণ কহিয়োক কৃপাময়।

তুমি বিনা কোনে মোৰ ছেদিবে সংশয়।।২০৮।।

কোন শম দম দান সত্য শৌচ কাম।

কোন মহালাভ প্রভু যজ্ঞ কাৰ নাম।।

কাৰ নাম শৌর্য্য কোন গুণে সুমণ্ডিত।।

কাৰ নাম মুৰ্খ কাক বুলিয় পণ্ডিত।।২০৯।।

কাক বুলি বন্ধু দীন দুঃখী কোনজন।

কাৰ নাম শূৰ কাক বুলি মহাধন।।

কোন পন্থ বিপন্থ বুলিয় কাক হৰি।

কোন সুখ দুঃখ দেৱ কহিয়ো উদ্ধাৰি।।২১০৷৷

কোন স্বর্গ নৰক কহিয়ো ভগৱন্ত।

কাক বুলি গৃহ কোনজন ধনৱন্ত।।

কোনবা ঈশ্বৰ অনীশ্বৰ কোন প্রাণী।

কহিয়োক আহ্মাত বিচাৰি চক্রপাণি।।২১১।।

আপুনি সৰ্ব্বজ্ঞ জগতৰ অন্তর্যামী।

তোহ্মাত পুছিবে যিবা নজানোহো আমি।।

তাক প্রভু ভালমতে কহিয়ো আহ্মাত।

কৰো হেৰা চৰণত পৰি প্ৰণিপাত।।২১২।।

উদ্ধৱক বোলন্ত কেশৱ কৃপাময়।

পুছিলা পৰম ভাগৱত ধৰ্ম্মচয়।।

মহা মহাজনো যাক নজানে সাক্ষাত।

কৰিবো বেকত মোৰ সন্মত তোহ্মাত।।২১৩।।

আন দেৱ ধৰ্ম্মক কৰিয়া পৰিহাৰ।

মোত মাত্র একচিত্ত মতি ভৈল যাৰ।।

যিজনে জানিলা মঞি পৰম বান্ধৱ।

তাৰে নাম শম আৱে জানিবা উদ্ধৱ।।২১৪।।

মোৰ কথা শুনৈ কর্ণে মুখে বোলৈ ৰাম।

যিটো হস্ত দুই মোৰে মাত্ৰ কৰৈ কাম।।

মোৰ ৰূপ চিন্তনত মনে কৰৈ শ্ৰম।।

জানা প্রাণসখি আৱে তাকে বুলি দম।।২১৫।।

মোত চিত্ত দিয়া যিটোজন মহাশয়।

হানি অপমান দুঃখ শোকক সহয়।।

তাৰে নাম ক্ষমা আৱে জানিবা উদ্ধৱ।।

ক্ষমাৱন্ত পুৰুষৰ নাহি পৰাভৱ।।২১৬।।

মোক মনে ধৰি যেৱে তেজৈ লোভ কাম।

জানিবা উদ্ধৱ বন্ধু ধৈৰ্য্য তাৰ নাম।।

স্বভাৱক এৰি মোত চিত্ত কৈল থিৰ।

মায়াক জিনিলে জানা সেহি মহাবীৰ।।২১৭।।

মোতে চিত্ত দিয়া যিটো তেজি আসৈ মায়া।

নিচিন্তে প্রাণীৰ দ্রোহ কৰৈ ভূতদায়া।।

হৰি বুদ্ধি সদায়ে সৱাকো কৰে মান।

জানিবা উদ্ধৱ তাকে বুলি মহাদান।।২১৮||

মোতে চিত্ত দিয়া তেজি ভোগ অভিলাষ।

জানা তাৰে নাম মহাতপ অবিনাশ।।

সমস্ত জগত যিটো দেখৈ হৰিময়।

তাৰে নাম সত্য সখি জানিবা নিশ্চয়।।২১৯।।

মোকে জানি যিটো জনে তেজৈ কৰ্ম্মমল।

তাকেসে বুলিয় শৌচ জানা মহাবল।।

ঈশ্বৰ জ্ঞানক যিটো দেই উপদেশ।

তাকেসে দক্ষিণা বুলি নাহিকে সন্দেশ।।২২০।।

মোতে চিত্ত দিয়া যিটো কৰৈ কৰ্ম্ম ধৰ্ম্ম।

তাৰে নাম যজ্ঞ সখি কৈলো ইটো মৰ্ম্ম।।

তাকে বুলি ভাগ্য যিটো জানিলে আহ্মাক।

শুনা প্রাণসখি আৱে লাভ বুলি যাক।।২২১।।

ভোগ্য ক্ষয় হোৱৈ কৰ্ম্ম ধৰ্ম্ম মায়াময়।

শ্ৰৱণ কীৰ্ত্তন ধর্ম পৰম অক্ষয় ।।

পুত্র ধন জন লাভসকলো অসাৰ।

এতেকে উত্তম লাভ ভকতি আহ্মাৰ।।২২২।।

সমস্তে ভুততে আছো মঞি মহেশ্বৰ।

জানিয়া সৱাকো কৃপা কৰৈ যিটো নৰ।।

তাকেসে বুলিয় সখি পৰম ভূষণ।

মোৰ গুণ নামেসে জানিবা মহাধন।।২২৩৷৷

তাকে বুলি জ্ঞান যিটো দেখৈ হৰিময়।

মোক জানি যিটো অকাৰ্য্যত নিৱৰ্ত্তয়।।

তাৰে নাম লজ্জা সখি কৈলো নিষ্টবাক।

শুনা আৱে উদ্ধৱ পণ্ডিত বুলি যাক।।২২৪।।

জানৈ যিটো ইটো কৰ্ম্ম মোৰ ধৰ্ম্মে বন্ধ।

তাক এৰি কৰৈ মোৰ সেৱাত প্রবন্ধ।।

নপঢ়িলে শাস্ত্ৰ একো নপাৰে খণ্ডিত।

তথাপি জানিবা সখি সেহিসে পণ্ডিত।।২২৫।।

পুত্র দাৰা বিষয়ক কৰৈ মাত্র ৰতি।

নলৱৈ সন্তৰ সঙ্গ মোত নাই মতি।।

যদি চাৰিবেদ চৈদ্ধ্য শাস্ত্ৰত পাৰ্গত।

তথাপিতো সি সি মূর্খ জানা মোৰ মত।।২২৬।।

আনক উচ্ছাদি যিটো মোক ভজৈ মাত্র।

তাকে পথ বুলিয় সেহিসে সাৰ শাস্ত্র।।

যিটো কৰ্ম্ম কৰন্তে চিত্তৰ নাহি থিৰ।

তাৰ নাম বিপন্থ বুলিয় মহাবীৰ।।২২৭।।

আহ্মাক চিনাৱৈ যিটো গুৰু কৃপাময়।

সেহিসে পৰম বন্ধু জানিবা নিশ্চয়।।

মোত চিত্ত দিয়া যিটো সন্তোষ মিলয়।

সেহি স্বর্গসুখ সখি কহিলো নিশ্চয়।।২২৮||

কাম ক্রোধে অন্ধ যেৱে কৰৈ পুৰুষক।

মোক পাসৰিলে মিলৈ তেক্ষণে নৰক।।

মোহোৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ।

তাকেসে বুলিয় গৃহ জানা মহাবীৰ।।২২৯।।

নকৰৈ ভকতি মন তুষ্ট নাই যাৰ।

তাকে বুলি দৰিদ্ৰ অধম কুলাঙ্গাৰ।।

মোক অৱহেলি কৰৈ বিষয়ত ৰতি।

তাৰে নাম দুখী সখি জানিবা সম্প্রতি।।২৩০।।

বিষয়ত আতি আসকতি নাই যাৰ।

সাধুসঙ্গ লৈয়া কৰৈ আহ্মাক বিচাৰ।।

আন কৰ্ম্ম এৰি ভকতিত তত্ত্বপৰ।

জানিবা উদ্ধৱ সখি সেহিসে ঈশ্বৰ।।২৩১।।

সাধুৰ সঙ্গক যাৰ নাহিকে প্ৰৱন্ধ।

যিটো পাতকীত নাই ভকতিৰ গন্ধ।।

ধন জন পুত্র দাৰা বুলি মৰৈ আতি।

সেহিটো অধম অনীশ্বৰ আত্মঘাতী।।২৩২।।

উদ্ধৱক সম্বোধি মাতন্ত নাৰায়ণ।

কতেক কহিবো গুণ দোষৰ লক্ষণ।।

সেহি দোষ যিটো গুণ দোষ বুলি লেখৈ।

সেহি গুণ যিটো দোষ গুণক নেদেখৈ।।২৩৩।।

গুণময় জ্ঞান কৰ্ম্ম সৱে পৰিহৰৈ।

নিৰ্গুণ ভকতি ধৰি সখি সুখে তড়ৈ।।

গুণেসে কৰিছৈ সৱে সংসাৰৰ ক্লেশ।

তাক তড়িবাক সখি শুনা উপদেশ।।২৩৪।।

মোৰ কথা শুনা নিতে গাৱা গুণ যশ।

তাত হন্তে আতি উপজিবে প্রেমৰস।।

এতেকে সংসাৰ তাপ তড়িবা হৰিষে।

সিটো প্রেমে ভকতিত অমৃত বৰিষে।।২৩৫||

জগতৰে অন্তর্যামী আছে হৃদয়ত।

তথাপি কৰ্ম্মীৰ মনে নুহিকে বেকত।।

আহ্মাক নেদেখে মহা কৰ্ম্ম অহঙ্কাৰে।

যেন আদিত্যক ঢাঙ্কে কুহলি আন্ধাৰে।।২৩৬।।

নৰতনু নৌকা ইটো সুদৃঢ় সুসাৰ।

উপদেশ দাতা গুৰু ইহাৰ কণ্ঢাৰ।।

মঞি অনুকুল বায়ু হুয়া কৰো পাৰ।

তথাপি নতৰে যিটো দুৰ্ঘোৰ সংসাৰ।।২৩৭||

সেহি নৰে কৰে কৌতুকতে আত্মঘাত।

আপুনাক আপুনি পেহ্লাৱৈ যাতনাত।।

অথিৰ জীৱন জানি সমস্তে উপেখি।

নকৰি বিলম্ব মোত ভজা প্রাণসখি।।২৩৮।|

মন্ত্র তপ ঔষধ ধাৰণা ধৰি বন্ধ।

মৃত্যুক তড়িবে কৰৈ অনেক প্রবন্ধ।।

তাসম্বাৰ মতক দূৰত কৰা ত্যাগ।

মোৰ গুণ নাম ধৰিয়োক মহাভাগ।।২৩৯।।

এতেকে অল্পতে পাইবা মোক মহামানী।

কহিলো স্বৰূপ সখি বেদতত্ত্ব বাণী।।

আতপৰে নাই অনায়াস সুখ পথ।

মোহোৰ সন্মত তুমি লৈয়ো মহাৰথ।।২৪০||

কৃষ্ণৰ বচন পাচে উদ্ধৱে আকলি।

পুনৰপি পুছিলন্ত কৰি কৃতাঞ্জলি।।

জ্ঞান যোগ কর্মযোগ পৰম দুষ্কৰ।

আক আচৰিবে নাই শকতি লোকৰ।।২৪১।।

ভকতি সুগম পথ তোহ্মাৰ সন্মত।

মুখ্যতম ভকতি কহিয়ো কেনমত।।

ভৃত্য হেন জানি মোক কহিয়ো বুজাই।।

তোহ্মাৰ আহ্মাৰ দেখা দেখি আজি যায়।।২৪২।।

হৃদয়ৰ ঈশ্বৰ তোহ্মাত এড়ি আশ।

জ্ঞানতো কৰ্ম্মতো কোনে কৰিবে বিশ্বাস।।।

প্রিয়তম আতমাক কোনে তেজি যাই।

আন দেৱান্তৰক ভজিবে আখি খাই।।২৪৩।।

বাহিৰে ভিতৰে তুমি দিয়া উপদেশ।

ভৃত্যৰ পৰম গুৰু হুয়া হৰা ক্লেশ।।

শুজন নযায় উপকাৰ ঋণচয়।

যাৱদেকে নযায় নৰ তোহ্মাত বিক্রয়।।২৪৪||

ভকতৰ বশ্য হোৱা ইটো কোন চিত্র।

বানৰে সহিতে হৰি কৰি আছা মিত্র।।

হুয়া পুনু ঈশ্বৰৰো পৰম ঈশ্বৰ।।

যশোদাৰ বন্ধনকো লৈলা দামোদৰ।।২৪৫।।

ধৰ্ম্ম অর্থ কাম মোক্ষ ইসৱ সকলে।

তোহ্মাৰ সেৱাত আসি সিজে অৱিকলে।।

ইসৱ সুমৰি গুণ ফুটে যেন প্রাণ।

চিত্ত থিৰ হৌক মোক দিয়া সমিধান।।২৪৬।।

আজি পৰিচ্ছেদা ভৈল তযু দৰশনে।

এতেক বোলন্তে ঝৰৈ লোতক নয়নে।

আজোৰস্তো নাসৈ শোকে গদ গদ বাণী।।

দেখিয়া বোলন্ত মহাস্নেহে চক্রপাণি।।২৪৭৷৷

বান্ধৱ উদ্ধৱ হেৰা পৰিহৰা খেদ।

মোক্ষতম ভকতিৰো দিবো পৰিচ্ছেদ।।

পৰম ৰহস্য ইটো ধৰম আহ্মাৰ।।

শ্রদ্ধায়ে শুনন্তো তড়ৈ দুস্তৰ সংসাৰ।।২৪৮।।

কহিবাক বাঙ্কী কিছো নথৈবো তোহ্মাত।

তুমিসে পৰম মোৰ সুহৃদ সাক্ষাত।।

নিষ্ট কৰি কহো সাৱধানে শুনা তুমি।

ভকত যি থানে থাকে সেহি পুণ্যভূমি।।২৪৯।।

মোৰ কথা যথাত নিৰ্গুণ সেহি থান।

ঈশ্বৰক জানিলে নিৰ্গুণ হোৱৈ জ্ঞান।।

বুলিয়া নিৰ্গুণ শ্রদ্ধা মোহোৰ সেৱাৰ।

নিৰ্গুণ গতিকে পাৱৈ ভকতে আহ্মাৰ।।২৫০।।

আত্ম-জ্ঞানীগণো হোৱৈ মায়ায়ে মোহিত।

জানি মোৰ সেৱাত একান্তে দিয়া চিত।।

নকৰিবা সেৱা সখি আন দেৱতাৰ।

নুহি যেন আহ্মাৰ ভকতি ব্যভিচাৰ।।২৫১৷৷

ভকতৰ সঙ্গ সখি লৈবা প্ৰথমত।

শ্ৰৱণ কীৰ্ত্তন মোৰ কৰিবা সতত।।

অনেকে একত্র হুয়া কৰি হৰিৰৱ।

কৰাইবা আহ্মাৰ মহা যাত্রা মহোৎসৱ।।২৫২।।

দণ্ডে ছত্রে বিচিত্র চামৰে চতুর্দোলে।

ফুৰাইবা আক্ষাক মহা বাদ্য ভণ্ড ৰোলে।।

মোৰ যশ গায়া যিটো জনে কৰৈ নৃত্য।

নাহি তাৰ চিন্তা কিছো ভৈলা কৃতকৃত্য।।২৫৩।।

বাৱৈ হাততালি যিটো কৰিয়া কীৰ্ত্তন।

মোৰ প্রেম ভাৱত আকুল কৰৈ মন।।

মাটিত লোটাৰি পাৰৈ যিটো মহাশয়।

গৈলো সত্যে সত্যে সখি তাহাতে বিক্রয়।।২৫৪||

শুনিয়ো উদ্ধৱ আৰো ৰহস্য ভকতি।

কৰিবা অভ্যাস তুমি থিৰ কৰি মতি।।

বাহিৰে ভিতৰে জানা ইটো জগতৰ।।

পৰিপূর্ণ ভাৱে আছো পৰম ঈশ্বৰ।।২৫৫।।

জানি ইটো তত্ব কথা থিৰ কৰি চিত্ত।

মোকেসে দেখিবা মাত্র সমস্তে প্রাণীত।।

আপুনাতো দেখিবা ঈশ্বৰ অন্তৰ্য্যামী।

জ্ঞানদৃষ্টি চাই মোক ফুৰিবা প্রণামি।।২৫৬।।

ব্রাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল।

দাতাত চোৰত যাৰ দৃষ্টি একতুল।।

নীচত সাধুত যাৰ ভৈল একজ্ঞান।

তাকেসে পণ্ডিত বুলি সি সি সৰ্ব্বজান।।২৫৭।।

বিশেষত মনুষ্যগণত যিটো নৰে।

জ্ঞানদৃষ্টি সৰ্ব্বদায় মোকে মান্য কৰে।।

ঈর্ষা অসূয়া তিৰস্কাৰ অহঙ্কাৰ।।

নষ্ট হোৱৈ তেৱে সৱে তাৱক্ষণে তাৰ।।২৫৮।।

ঈশ্বৰ ভাৱনা সখি সত্যে দেই ফল।

হেন জানি তেজিয়োক মনত বিকল।।

হুইবেক আপুনি পূর্ব্ব বাসনা বিনাশ।

মোহোৰ আদেশে তুমি কৰিবা অভ্যাস।।২৫৯।।

দেখি সখিগণে জোনো হাসৈ আসি বেঢ়ি।

মঞি সাধু ইটো নীচ হেন ভাৱ এৰি।।

কুকুৰ চাণ্ডাল গর্দভৰো আত্মাৰাম।

জানিয়া সৱাকো পঢ়ি কৰিবা প্রণাম।।২৬০।।

সমস্ত ভূততে আত্মা বুদ্ধি নুহি যাৱে।

কায় বাক্য মনে অভ্যাসিবা এহি ভাৱে।।

সমস্তে প্রাণীক দেখিবাহা মঞি সম।

উপায় মধ্যত ইটো আতি মোক্ষতম।।২৬১।।

নিৰ্গুণ ভকতি ইটো ধৰা মহামানী।

জানা সত্যে ইহাৰ অল্পৰো নাহি হানি।।

যিহেতু সাক্ষাতে মঞি কৈলো ইটো তত্ত্ব।

উপদেশ নেদিবাহা দাম্ভিক শঠত।।২৬২৷৷

অভকত দুর্জনত নকইবা উদ্দেশ।

বৈষ্ণৱজনক দিবা সদা উপদেশ।।

স্ত্রী শূদ্রো কৰৈ যেৱে আহ্মাত ভকতি।

তাহাতো কহিবা ইটো জ্ঞান মহামতি।।২৬৩৷৷

জানে যিটো মোক্ষতম ভকতি আহ্মাৰ।

আউৰ জানিবাৰ বাকী নথাকিল তাৰ।।

যেন যিটো অমৃতক পিয়ৈ সৰ্ব্বদায়।

আউৰ তাৰ মধুৰ পিবাক বাকী নাই।।২৬৪।।

শুনিয়ো উদ্ধৱ সিসে সাধু বুদ্ধিমন্ত।

পৰম চতুৰ সি সি মনুষ্য মহন্ত।।

মোকে মাত্র ভজৈ যিটো তেজি ধৰ্ম্ম নিজ।

মিছা কলেৱৰে কৰৈ মুকুতি বাণিজ্য।।২৬৫।।

জানিবা উদ্ধৱ যিটো দিলো উপদেশ।

তোহ্মাৰ কি শোক মোহ গুচিল নিঃশেষ।।

যেৱে নতু বুজা কৱা মনে অৱগাই।

কহিবো তোহ্মাত তেৱে ভকতি দুনাই।।২৬৬।। 

পৰম ভকত তুমি মোৰ প্রিয়তম।

নাহি আন বান্ধৱ উদ্ধৱ তুমি সম।।

আপুনাতো কৰি মোৰ তোহ্মাকেসে দায়া।

জানা তুমি তড়িলা দুৰ্ঘোৰ মোৰ মায়া।।২৬৭।।

কৃষ্ণৰ শুনিয়া হেন বচন অমৃত।

প্রেম উপজিলা ভৈল তনু পুলকিত।।

লোতকে বেঢ়িল কণ্ঠ নবঝাই বাণী।

থাকিলা নমাতি তম্ভি সিটো মহামানী।।২৬৮৷৷

অৰুণ চৰণ দুই হৃদয়ত ধৰি।

প্রাণ বন্ধু মাধৱৰ গুণক সুমৰি।।

দ্ৰৱ ভৈল চিত্ত আতি উদ্ধৱ তবধ।

সকৰুণ ভাৱে ভৈলা কৃষ্ণো নিশবদ।।২৬৯||

শুনা সাৱধানে আৱে সৱে সভাসদ।

পাপৰ অন্তক মহাভাগৱত পদ।।

ভাগ্যে ভৈলা আসি ইটো কলিত প্রচাৰ।

শ্ৰৱণ মাত্রকে কৰৈ সংসাৰৰ পাৰ।।২৭০||

ই সি শাস্ত্রে প্রকাশিলে ঈশ্বৰ কৃষ্ণক।

যাহাত ভজিলে তড়ি যাতনা নৰক।।

হেন দেৱ তেজি যিটো আন দেৱ পূজৈ।

ৰাক্ষস অসুৰ সেহি একোৱে নুবুজৈ।।২৭১।।

আন দেৱএৰে কৰৈ কেশৱক সম।

জানিবাহা সি সি জন পাতকী পৰম।।

হুইবেক বিষ্ঠাৰ কীট জন্মে জন্মে মৰি।

অর্জুনতো গীতাত কহিলা দেৱ হৰি।।২৭২।।

জানিয়া কৃষ্ণত কৰা একান্ত ভকতি।

বিনা জ্ঞানে কৰ্ম্মে কৃষ্ণে সাধিৱন্ত গতি।।

হেন বন্ধু মাধৱক নিচিনা অদ্যাপি।।

সৱে এৰি ধৰা কৃষ্ণ চৰণত চাপি।।২৭৩৷৷

পাইলে লাগ ভাগ্যে ভকতিক যিটোজন।

তাৰ ক্ষুদ্ৰ কৰ্ম্মত কমন প্রয়োজন।।

অমৃতৰ সাগৰত ক্রীড়ৈ যিটো প্রাণী।

তাক এড়ি সি কি আড় খাইবে খাৰ পানী।।২৭৪।।

জানিবাহা সমস্তে শাস্ত্ৰৰ ইসে মজ্জা।

আন ধৰ্ম্ম কিঙ্কৰ নামেসে তাৰ ৰাজা।।

কৃষ্ণৰ কিঙ্কৰে কহে এৰা আন কাম।

নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম।।২৭৫।।

..............

।।ছবি।।

 

কতোক্ষণে উদ্ধৱৰ       সন্ধুক্ষণ ভৈল চিত্ত

আঞ্চলে মুচিলা আখি মুখ।

নিশ্বাস তেজন্ত ঘনে      হৃদয় দগধ কৰৈ

কৃষ্ণৰ বিয়োগ মহা দুঃখ।।

অনন্তৰে ধৈৰ্য্য ধৰি       কৰিলন্ত নমস্কাৰ

দণ্ডৱতে পৰি মহাবীৰে।

প্রেমৰ নাহিকে পাৰ      কৰিলন্ত নমস্কাৰ

কৃষ্ণৰ চৰণ ছুয়া শিৰে।।২৭৬।।

মহাপ্রেম অনুৰাগে        বিনাৱে কৃষ্ণৰ আগে

শুনা প্রভু জগত আধাৰ।

তোহ্মাৰেসে উপদেশে      গুচিল নিঃশেষ আৱে

মোৰ মহা মোহ অহঙ্কাৰ।।

সূৰ্য্যৰ কাছত থাকে তাক কি আন্ধাৰে ঢাকে

বিজ্ঞান প্রদীপ মোক দিলা।

বিষয়ৰ অভিলাষ        দূৰ ভৈল মোহপাশ

কিনো কৃপা ভৃত্যক কৰিলা।।২৭৭||

আজিসি জানিলো আমি    কিনো কৃপাময় স্বামী

এতমান কৰুণা ভৃত্যক।

ঐ প্রাণবন্ধু হৰি        তোহ্মাৰ চৰণ এড়ি আউৰ কোনে ভজিবে আনক।।

তুমি জপ যজ্ঞ দান      তুমিসি পৰম জ্ঞান

ঈশ্বৰ পুৰুষ সর্বসাক্ষী।

তথাপি তোহ্মাক তেজৈ    ক্ষুদ্র দেৱতাক ভজৈ

দিন দুপৰতে খাইলে আখি।।২৭৮।।

নমো যোগেশ্বৰ স্বামি     তযু নিজভৃত্য আমি

হেন শিক্ষা দিলা মোক মনে।

মোক্ষ অৱস্থাতো মতি     তোহ্মাৰ চৰণে ৰতি

নেৰৈ যেন নাথ সর্বক্ষণে।।

এহিমানে মাগো বৰ      কৃপাময় মহেশ্বৰ

পৰি হেৰা চৰণৰ আগে।

এতেক বোলন্তে মাতি     উপজিলা প্রেম আতি

কান্দন্ত উদ্ধৱে অনুৰাগে।।২৭৯||

শুনিয়া বিনয় বাণী      বুলিলন্ত চক্রপাণি

হৌক সিদ্ধি মনৰ বাঞ্চিত।

শুনিয়ো উদ্ধৱ বাপ      এড়া ইটো অনুতাপ

ভৈলা যে স্বভাৱে কৃতকৃত্য।।

কিন্তু ব্যৱহাৰ কৰি মোৰ আজ্ঞা শিৰে ধৰি

বদৰিকাশ্ৰমক যায়োক।

গঙ্গাত কৰিয়া স্নান      জপিবা আহ্মাৰ নাম

সদায়ে স্মৰিবা মনে মোক।।২৮০||

মনক নিয়ম কৰি       বাকলি বসন ধৰি থাকিবাহা ফলমুল ভক্ষি ।

তড়িবা সংসাৰ ক্লেশ      ভকতিৰ উপদেশ

প্রবন্ধে আনকো দিবা সখি।।

হুইবেক পৰম সিদ্ধি      অভ্যাসিবা থিৰ বুদ্ধি

তোহ্মাত কহিলো যিটো জ্ঞান।

মোৰ আজ্ঞা শিৰে ধৰি    বিলম্বক পৰিহৰি

এহিক্ষণে এৰা ইটো থান।।২৮১।|

 

 

 

।।দুলড়ী।।

 

স্বামীৰ আদেশ          শুনিয়া উদ্ধৱ

উঠিলন্ত চালি গাৱ।

কৃষ্ণৰ বিয়োগে        অগনি উধাইল

অধিকে আকুল ভাৱ।।

কৃতাঞ্জলি ধৰি     প্রদক্ষিণ কৰি

ফুৰিলন্ত বাৰ সাত ।

কৃষ্ণ কৃষ্ণ ৰড়ি    দণ্ডৱতে পড়ি

কৰিলন্ত প্রণিপাত।।২৮২।।

চৰণৰ ধূলি       শিৰে লৈলা তুলি

মিলিল মনে সন্তাপ ।

পদ পঙ্কজতে      মাথা থৈয়া থাপি

কৰন্ত পড়ি বিলাপ।।

ঐ প্রাণনাথ       আজিসি অনাথ

কৰি মোক কৈক যাহা।

কমল বয়ন       নয়ন পঙ্কজে

পৰিচ্ছেদা মোক চাহা।।২৮৩।।

ইটো পাদপদ্ম      দুনাই নেদেখিবো

কৰিবো কাহাক সেৱ।

ইজন্মক লাগি      আজি এৰি যাওঁ

মোৰ প্রাণ ইষ্টদেৱ।।

দেৱৰো দুর্ল্লভ      দুখানি চৰণ

কত পুণ্যে পাইলো লাগ।

চিৰকাল আক     সেৱিবে নপাইলো

মিলিল মোৰ অভাগ।।২৮৪।।

আউৰ কাক দেখি       ৰাখিবো জীৱন

ভৈলো অন্ধ সমুদাই।

ঐ প্রাণ হৰি      পৰিচ্ছেদা কৰি

খানিতে থাকো চাই।।

এহি বুলি পদ     পঙ্কজক তুলি

থৱন্ত কতো মাথাত।

কতো আখি মুখে   ঘসন্ত সাৱটি

থাপন্ত কতো হিয়াত।।২৮৫।।

শোকে মকমকি     কান্দন্ত বিকলে

কতো চৰণত ধৰি।

সন্তাপতে আতি     লোতকে তিয়াইল

মাধৱৰ দুই ভৰি।।

কৃষ্ণ উপদেশে     জানিলা নিঃশেষে

যদ্যপি পৰম জ্ঞান ।

তথাপি কৃষ্ণক     এড়িবে খোজন্তে

যেন ফুটি যায় প্রাণ।।২৮৬।।

ভৃত্যৰ সন্তাপ      দেখি কৃপাময়

নয়ন ভৈল সজল।

উদ্ধৱক ধৰি      প্রবোধ বোলন্ত

তেজিয়ো আৱে বিকল।।

আহ্মাৰ দুখানি     খড়ম লৈ যাহা

কৰা শোক পৰিহাৰ।

আকে সেৱা কৰি        থাকা প্রাণসখি

পালিয়া আজ্ঞা আহ্মাৰ।।২৮৭।।

উঠা উঠা ঝাণ্টে   ইটো দ্বাৰকাত

তুমি নাথাকিবা ৰই।

কৃষ্ণৰ সুদৃঢ়       আদেশ শুনিয়া

উঠিলা আকুল হুই।।

দুখানি খড়ম      মাথাত বান্ধিয়া

পুনু প্রণামিলা পৰি।

কৃতাঞ্জলি ধৰি          পাচে পাচ ভৰি

ধীৰে ধীৰে যান্ত লড়ি।।২৮৮৷৷

ভৰি চাৰি গৈয়া        থমকি থাকন্ত

কৃষ্ণৰ মুখক চাই।

শোকে মাৰে পুৰি        হা কৃষ্ণ বুলি

পড়ন্ত দুঃখে দুনাই।।

কৃষ্ণৰ প্ৰবোধ      শুনি পুনৰপি

উঠি আখি মুখ মুচি ।

কৃষ্ণক নিৰেখি         তমোময় দেখি

চলি যান্ত পাচ গুচি।।২৮৯৷৷

অৰুণ চৰণ       দেখন্তে দহৱৈ

শোক অগনিৰ জ্বালে।

হা প্রাণনাথ       বুলি দিয়া উকি

পৰন্ত পুনু নিঢালে।।

দেখি হাত তুলি         চলা চলা বুলি

চেঞ্চান্ত আতি মাধৱে।

কৃষ্ণৰ সুদৃঢ়       আদেশ শুনিয়া

উঠিলা দুনাই উদ্ধৱে।।২৯০৷৷

কৃষ্ণৰ অৰুণ      চৰণ পদ্মক

ধৰি হৃদয়ৰ মাজ।

 কৃষ্ণক স্মৰন্তে         কান্দন্তে কান্দন্তে

ভৈলা দ্বাৰকাৰ বাজ।।

হা প্রাণনাথ       বোলন্তে গাৱন্তে

অধিকে উধাই জুই।

কৃষ্ণৰ চেষ্টাক     চাহিবাক প্রতি

থাকিলন্ত আড় হুই।।২৯১।

....................

 

।।ছবি।।

 

শুনিয়োক সভাসদ       মহাভাগৱত পদ

মহন্তৰো কেনে দেখা দুঃখ।

কেতিক্ষণে ধৰৈ কালে     যাৱে আছা ভালেভালে

হুয়ো ঝান্তে কৃষ্ণৰ সন্মুখ।।

ক্ষেণে ক্ষেণে আয়ু যায়    তথাপি চেতন নাই

যাইবে লাগৈ ঘোৰ পৰলোক।।

যমৰ কিঙ্কৰে খাইবে      যাতনাত প্রাণ যাইবে

হৰি বিমুখৰ দেখা শোক।।২৯২।।

ভকতি বিহীন যিটো      তাৰ ধৰ্ম্ম কৰ্ম্ম সিটো

সৱে বৃথা শাস্ত্ৰৰ সন্মতে।

যি দেৱত কৰা আশ     তাৰো আছে মৃত্যু ত্ৰাস

আনক তাড়িবে কেনমতে।।

জানিবা বিশ্বাস কৰি      দেৱৰো দেৱতা হৰি

তাঙ্ক স্মৰি নিস্তৰিয়ো সুখে।

শুনা গুণ সভাসদ       দেন্ত আপুনাৰ পদ

নাম মাত্র লৱৈ যিটো মুখে।।২৯৩৷৷

মহাপাপী অন্ত্যজাতি       যাৰ নাম লৈলে আতি

ছিণ্ডে তাৰো ঘোৰ কৰ্ম্মবন্ধ।

হেন মাধৱক তেজৈ      আন দেৱতাক ভজৈ

দেখিয়ো নেদেখৈ কিনো অন্ধ।।

বাল্মীকি আছিল চোৰ     কৰিলা পাতক ঘোৰ

দেখা দাসীতনয় নাৰদ।

যাৰ ৰাম নাম ঘুষি      ভৈলন্ত পৰম ঋষি

পাইলা সুখে মুকুতি সম্পদ।।২৯৪।।

মহাপাপী অজামিল       সিয়ো নামে নিস্তৰিল

বৈকুণ্ঠত উঠিলা বিমানে।

আশ্চৰ্য্য আশ্চৰ্য্য নৰে     সংসাৰ তাপত মৰে

হেন হৰিনাম বিদ্যমানে।।

ব্রহ্মা হৰ আদি কৰি     দেৱৰো ঈশ্বৰ হৰি

ধৰ্ম্মৰো উপৰি ৰাজা নাম।

পাপত মাৰিয়ো বাড়ি     অন্তক পলাউক ছাড়ি

ডাকি সৱে বোলা ৰাম ৰাম।।২৯৫।।

.............

 

                     ।।পদ।।

 

পৰীক্ষিত নৃপে পাচে পুছিলা শুকক।

কি কৰিলা কৃষ্ণে পঠাই সাধু উদ্ধৱক।।

পৰম মধুৰ মূৰ্ত্তি দেখন্তো মুকুতি।।

কৰিলন্ত অন্তর্ধান কমন যুগুতি।।২৯৬৷৷

যিটো মূৰ্ত্তি দেখি নাৰী নভাসয় আন।

যাৰ কথা শুনি সন্তসৱে নেড়ৈ ধ্যান।।

যিটো শৰীৰৰ গুণ কীৰ্ত্তন কৰন্তে।

জগতৰে পূজ্য হোৱৈ সেহিসে মহন্তে।।২৯৭।।

আহ্মাৰ বংশৰ যিটো শিৰৰ কুসুম।

পিতামহ অর্জুনৰ ৰথৰ কুটুম।।

একহাটে চাট আউৰ হাতে বাঘজৰী।

ত্রিভুৱন মোহন মধুৰ ৰূপ ধৰি৷৷২৯৮।।

শ্যাম তনু পীতবস্ত্রে দেখন্তো সন্তোষ।

প্রকাশে বদন চাৰু শ্যাম পদ্মকোষ।।

ঘোৰাৰ পড়িছে ধূলি তাতে ঘৰ্ম্মবিন্দু।

শশাঙ্কে সহিতে যেন জ্বলে পূর্ণ ইন্দু।।২৯৯৷৷

হাস্য নিৰীক্ষণত অমৃত কৰৈ বৃষ্টি।

যুদ্ধ সময়ত তাতে পৰৈ যাৰ দৃষ্টি৷৷

জুৰাই তনু মন মিলৈ পৰম আনন্দ।

সেহি বেলা অৰ্জুনৰ শৰে ছেদৈ কন্ধ।।৩০০৷৷

হোৱৈ ঘনশ্যাম তনু শোভৈ পীতবস্ত্র।

চাৰু চতুর্ভুজ ৰূপ হাতে চাৰি অস্ত্র।।

দেৱসৱে পূজৈ উপৰক লাগি যাই।

পৰম বিমানে বৈকুণ্ঠত লৱৈ ঠাই।।৩০১৷৷

হেনয় পৰম মূৰ্ত্তি জগত গুৰুৰ।

কোটি কন্দর্পৰো দৰ্প দেখি হোৱৈ চুৰ।।

ভৈল কেনমতে সিটো তনু অন্তর্হিত।।

কহিয়োক গুৰু শুনো কৃষ্ণৰ চৰিত্ৰ।।৩০২।।

যিমতে কৰিলা হৰি কুলক সংহাৰ।

কৈয়ো সিটো কথা মোৰ ইষ্ট দেৱতাৰ।।

তুমি মহন্তক অন্তকালে পাইলো লাগ।

কিবা পুণ্য আছৈ কিনো মোৰ মহাভাগ।।৩০৩।।

শুক নিগদতি সাধু সাধু পৰীক্ষিত।

কৃষ্ণকথা শ্রবণে একান্ত ভৈল চিত্ত।।

যেন কামাতুৰে নেড়ৈ নাৰীৰ আলাপ।

বাঢ়িল কৃষ্ণত প্রেম ভৈলাহা নিস্পাপ।।৩০৪।।

তড়িলা সংসাৰ হৰি হিয়ে বাসা লৈল।

শুনা আতপৰে ৰাজা যেন কথা ভৈল।।

এহিমতে উদ্ধৱক পঠাই নাৰায়ণে।।

সুধৰ্ম্মা সভাত আসি বসিলা আসনে।।৩০৫।।

শিৰে শ্বেতছত্ৰক চামৰ ধৰি ঢোলে।

চপয় পঢ়িয়া নট ভাটে তুতি বোলে।।

বজাৱৈ মৃদঙ্গ নাচৈ নর্তকী প্রধান।

বীৰগণে দুই পাশে ৰহিলা যোগান।।৩০৬।।

দণ্ড ছত্র চিহ্ন চৌণ্ডা নচুৱাৱৈ গাউল।

মহা পৰিচ্ছেদে আছা জগতৰ ৰাউল।।

কোটি মহেন্দ্ৰতো কৰি শ্ৰী চমৎকাৰ।

জ্বলন্ত সমজ্যা ৰঞ্জি দৈৱকী কুমাৰ।।৩০৭।।

দেখি বিমঙ্গল সিটো ঘোৰ উতপাত।

যাদৱ বংশক হেন বুলিলা সভাত।।

দেখা যদুবীৰসৱ আপুনি সাক্ষাত।

কেন বিমঙ্গল মিলৈ ইটো দ্বাৰকাত।।৩০৮।।

ক্ষেণেকো থাকিবে আৰ ঐত নাহি কাজ।

স্ত্রী বাল্য বৃদ্ধ নগৰৰ হৌক বাজ।।

দ্বাৰত থাকোক সৱে অপেক্ষি আহ্মাক।

যাওঁ প্রভাসক এৰাওঁ হেনবা বিপাক৷৷৩০৯৷৷

বিধিৱতে তীর্থত সবংশে কৰা স্নান।

দেৱ দ্বিজ পিতৃক তপ্পিয়া দিয়া দান।।

দানেসে দুর্গতি হৰৈ শাস্ত্ৰৰ সন্মতি।

মোহোৰ বচনে চলা সত্বৰে সম্প্রতি।।৩১০।।

কৃষ্ণৰ আদেশে সৱে উঠিলা ত্বৰিত।

লাগি গৈল উসমিস দ্বাৰকা পুৰীত।।

ঠাৱে ঠাৱে বজাৱে তবল বীৰঢাক।।

ডিণ্ডিম দগৰ দণ্ডি দেই ভেৰু ডাক।।৩১১।।

সাজ সাজ প্রজা খৰে সাড় পড়ৈ ঘনে।

কৰৈ উত্ৰাৱল লোক চলিবাক মনে।।

একঠাই হুয়া বাল্য বৃদ্ধ যত নাৰী।

বোজাই বোজা ভিৰে জুমাজুমে শাৰী শাৰী।।৩১২।।

দুৱাৰতো ৰৈল প্রজাচয় চপকৰে।

যায় যদুবীৰসৱ লড়ি আড়ম্বৰে।।

বাদ্যে ভাণ্ডে দণ্ডে চলৈ চিহ্ন ছত্রে ছানি।

হয় হস্তী গিড়ে লড়ৈ সঘনে ধৰণী।।৩১৩।।

ৰথী-ৰথ পদাতিৰ আটোপ টঙ্কাৰে।

যাই মত্ত হস্তীসৱ পৰ্বত আকাৰে।।

ইন্দ্ৰতো অধিক এক বীৰ বিপৰীত।

দেখি দেৱাসুৰসৱো ভয়ে সচকিত।।৩১৪।।

নগণয় অন্তককো নিঃশঙ্ক মনত।

ভৈলা সাগৰৰ পাৰ চড়িয়া নাৱত।।

হয় হস্তী ৰথে চলৈ সমস্ত সম্ভাৰে।

কৃষ্ণক আৱৰি বীৰচয় চমৎকাৰে।।৩১৫৷৷

কোপে যম সম সৱে পৰম নিঃশঙ্ক।

বাদ্য ভণ্ড আন্দোলে স্বৰ্গতো লাগৈ চঙ্ক।।

দিগগজ সমান সৱে চলে একজোপে।

প্রভাসক পাইলা সৱে পৰম আটোপে।।৩১৬||

নামিয়া তীৰ্থৰ জলে যাদৱ বিশেষে।

কৰিলন্ত জলাঞ্জলি কৃষ্ণৰ আদেশে।।

বিশিষ্ট বিপ্ৰক ভুঞ্জাই কৰিয়া সম্মান।।

সুৱৰ্ণ ৰজত ভূমি দিলা ধেনুদান।।৩১৭।।
হয় হস্তী ৰথে বস্ত্রে অলঙ্কাৰে মণ্ডি।

দেন্ত দান দ্বিজক দুর্গতি যাউক খণ্ডি।।

বিপ্ৰক সন্তোষি দিলা ৰত্নৰ আঞ্জলি।

বসিলা তীৰত পাচে যত মহাবলী।।৩১৮||

সুন্দৰ শৰীৰ মহাবাহু বক্ষস্থল।

সৱাৰো প্রকাশে মুখ চন্দ্ৰৰ মণ্ডল।।

কিৰীটি কুণ্ডলে চিকিমিকি কৰৈ কান্তি।

সূৰ্য্যৰ কিৰণে যেন জ্বলে পদ্মকান্তি।।৩১৯।।

চন্দনে লেপিত তনু আতি ৰুচিকৰ।

সূৰ্য্যসম জ্বলে অলঙ্কাৰে কলেৱৰ।।

কোপে যম সম সৱে বীৰ অসদৃষ্ট।

ময়মত্ত সিংহ যেন নির্ভয় দৰ্পিষ্ঠ।।৩২০||

নিমাইবাৰ বেলা যেন প্রকাশৈ প্রদীপ।

পুৰিলেক কালে মৃত্যু চাপিল সমীপ।।

পাইলেক বিপাকে পাচে নষ্ট ভৈল জ্ঞান।

মধুময় সুৰাক কৰিলে সৱে পান।।৩২১৷৷

কৃষ্ণৰ মায়ায়ে আতি বিমোহিত মন।

ভৈলা মহামত্ত নাহি গাৱত চেতন।।

গণ্ডগোল কৰি পিলে নাকে মদ্য পৰৈ।

ঢলো পলো কৰে যেই আসে সেই ৰড়ৈ।।৩২২।।

অন্যেঅন্যে চাৱৈ চক্ষু পকাই মহাৰাগে।

দশন কামুৰি কতো গর্জে যেন বাঘে।।

আৰকত আখি মুখ যেন জোৰ কুণ্ড।

শুন অৰে যদুগণ খাইবো আজি মুণ্ড।।৩২৩।।

যমপুৰে পেসো ৰহ মাৰি ঘোৰ বাণ।

কেহো বোলে মাথা কাটি লৈবো তোৰ প্রাণ।।

লঙ্ঘিল সাৱাকো মহা অহঙ্কাৰ ক্রোধ।

মিলিল বংশত আসি পৰম বিৰোধ।।৩২৪।।

কোবাৱৈ তবল বলে বীৰঢাক বাজে।

লাগিল কন্দল ঘোৰ আপুনৰ মাজে।।

সাজে অস্ত্র শস্ত্র সৱে সমৰে নাগৰ।

খলকিল যেন চণ্ড বতাসে সাগৰ।।৩২৫।।

কতো চাৰু বাৰু খাণ্ডা ধৰি ধনু বাণ।

কতো ৰথে গজে চড়ৈ কতো নৰযান।।

মহিষ মেথন গৰু গাধে উটে উঠি।

কতো কতো তেজি ঘোৰে চড়ি দেই ছুটি।।৩২৬।।

মাধৱৰ মায়ায়ে কৰিলে বুদ্ধি হত।

মদ্য লাগি ভৈল সৱে পৰম উন্মত্ত।।

অস্ত্র শস্ত্র ধৰি সৱে ৰণত প্রবুদ্ধ।

আপুনাৰ মাজত লগাইলে ঘোৰ যুদ্ধ।।৩২৭।।

টঙ্কাৰিয়া তনু ভিৰি আটোপ টঙ্কাৰে।

গদা মুদগৰ অসি পৰশু প্রহাৰে।।

পৰিঘ পট্টীস ভল্ল ভিণ্ডিপাল হানে।

নৰাচ তোমৰ শৰ বৰিষৈ সন্ধানে।।৩২৮৷৷

ধৰ মাৰ বুলি আতি কৰে কোলাহল।

হস্তীচয় চিহঁৰে কৰ্ণতো হানৈ তাল।।

কোবাৱৈ আটোপ ঢাক ঢোল বাদ্যভণ্ড।

তুলি তুলি নচুৱাৱৈ চিহ্ন চোণ্ডা দণ্ড৷৷৩২৯৷৷

পদাতিক পদাতি কোবাৱৈ খাণ্ডা তুড়ি।

খেদি ঘোৰে ঘোঁৰাক বৈসাৱে জাম্প গুড়ি।।

হস্তী গৈয়া হস্তীৰ কোষত দান্ত পাৰে।

ৰথী ৰথী মাৰে শৰ হৃদয় বিদাৰে।।৩৩০।।

লাগিল সমৰ সাগৰৰ তীৰ জুড়ি।

সেনাৰ শোণিতে নদী বৱৈ বালি বুড়ি।।

উটে মৰা শৱ মৎস্য কচ্ছপ আকাৰ।

মিলিল প্রলয় যেন প্রজা ক্ষয়ঙ্কাৰ।।৩৩১।।

আপুনাৰ আপুনি চিন্তন্ত মহামাৰ।

দশোদিশে শুনিয়া শবদ হাহাকাৰ।।

সেনাৰ সমৰ আৱে এহিমানে থঞো।

শুনা মুখ্য মুখ্য যাদৱৰ কথা কঞো।।৩৩২।।

একে জীৱ প্রাণ যিটো সবংশে আছিল।

কন্দলৰ নামে দান্তে ওঁঠে নলাগিল।।

কৃষ্ণৰ মায়ায়ে কৰিলেক বুদ্ধি ভ্রংশ।

মৰে কাটাকাটি কৰি সেহি যদুবংশ৷৷৩৩৩৷৷

সাম্ব কামদেৱৰ লাগিল ঘোৰ যুদ্ধ।

কৰৈ ঘোৰ সমৰ সাত্যকি অনিৰুদ্ধ।।

সুভদ্র সংগ্রামজিতে কৰৈ হুলস্থুল।।

সুমিত্র সুৰথে ৰথে কৰন্ত তুমুল।।৩৩৪।।

উল্মূক নিশঠে ভৈল দুৰ্ঘোৰ কন্দল।

শতজিত সমে যুজে ভানু মহাবল।।
অক্ৰূৰ সহিতে ভোজবৰ্মা মহাবীৰ।

সমৰ কৰন্ত কোপে কম্পায়া শৰীৰ।।৩৩৫।।

কৃষ্ণ ভ্রাতৃগণে আৰু কৃষ্ণপুত্র গদে।

যুজন্ত আক্রোশে আতি আকর্ণ শবদে।।

সাৰণ সুষেণে ৰণ কৰৈ আসৰিশ।

বসিয়া শৰে পুৰিলন্ত দশোদিশ৷৷৩৩৬৷৷

একে কৃষ্ণ মায়ায়ে মোহিত ভৈল মন।

আৰো মদ্যে মত্ত আতি ভৈল অচেতন।।

গুচিল সুহৃদ ভাৱ শত্রুবুদ্ধি মানি।

ছেদৈ ভেদৈ খেদৈ অন্যোঅন্যে অস্ত্র হানি।।৩৩৭।।

বাৰিষা কালৰ যেন মহা মেঘচয়।

নকৰে বিচ্ছেদ ছানি বাণ বৰিষয়।।

মোড়ে হাড় ঘাড় ঘৰাকাটি কতো মাৰে।

কৰে খণ্ড খণ্ড মুণ্ড মুষ্টিৰ প্রহাৰে।।৩৩৮।।

যেন মত্ত হস্তীসৱে যুজে দান্তে ভিৰি।

বাণৰ চোটত হাড় ঘাড় যাই ছিড়ি।।

দাৰুণ দুর্জয় যদুগণৰ আন্দোলে।

টলবল কৰি মহীমণ্ডল হিন্দোলে।।৩৩৯।।

কৃষ্ণৰ মায়ায়ে আতি ভৈল বুদ্ধিভ্রংশ।

নচাৱৈ আপুন পৰ আউৰ যদুবংশ।।

হুয়া আতি বিশ্রুতি পিতৃক পুত্রে মাৰে।

শশুৰে জামাইক ভাই ভাতৃক প্রহাৰে৷৷৩৪০৷৷

শ্যালক ভিনীহি মাৰে আজোকক নাতি।

খুড়ে যে ভতিজে কটাকটি কৰৈ আতি৷৷

মিত্রে মিত্রে কৰৈ যুদ্ধ ভাগিনে মাতুলে।

সোদৰ সুহৃদ যেন নচাৱৈ বাতুলে।।৩৪১।।

ঢুকুৱাইলে অস্ত্র ধনু ভাগিল কোৱত।

নথাকিল শৰ আউৰ কাহাৰো টোণত।।

হানিবাক লাগি খুজি নপাৱন্ত অস্ত্র।

আউল ঝাউল কেশ শৰীৰৰো খসৈ বস্ত্র।।৩৪২৷৷

কাহাৰো নাহিকে আউৰ চেতন গাৱত।।

তথাপি সমৰ নেড়ৈ পৰম ক্ৰোধত৷৷

ঋষিশাপে সিটো সাগৰৰ তীৰ জুড়ি।

লোহা গুণ্ডি গাজি আছে যতেক মাদুৰী।।৩৪৩৷৷

উভাৰি প্রহাৰৈ তাক আকাশক ছানি।

মৰৈ সৱে কৰিয়া মাদুৰী হনাহানি।।

পৰম ক্ৰোধত আতি মহামত্ত ভাৱে।

উভাৰি মাদুৰী ধৰি দুহাতে কোবাৱে।।৩৪৪৷৷

শৰীৰত পড়ৈ যেন বজ্ৰৰ সন্ধান।

বিমূচ্চিত হুয়া যদুগণে ছাড়ৈ প্রাণ।।

পৰম দুর্জ্জয় যদুবীৰ অনিৰ্ব্বাৰ।

নৰহয় একো কোবে প্রাণ তাসম্বাৰ।।৩৪৫।।

এহিমতে মৰৈ কৰি গোত্রত বিবাদ।

দেখিয়া মিলিল বলভদ্ৰৰ বিষাদ।।

হা বিধি কিনো আসি ভৈল বুদ্ধিভ্রংশ।

গোত্রতে বিবাদ কৰি মৰৈ যদুবংশ।।৩৪৬।।

কৃষ্ণৰ মায়ায়ে বলো ভৈলা বিমোহিত।

কুলক্ষয় দেখিয়া আকুল কৰৈ চিত্ত।।

কৃষ্ণক বোলন্ত ইটো কমনে অন্যায়।

আগতে সবংশে মৰৈ কিয় আছা চাই।।৩৪৭।।

উঠা ঝাণ্টে ভাঙ্গে গৈয়া কন্দল দুৰ্ঘোৰ।

কুলক্ষয় দেখি হৃদি নসহয় মোৰ।।

বলোৰ বচনে কৃষ্ণ চালিলন্ত গাৱ।

পশিলা মধ্যত হুয়া আকুল স্বভাৱ।।৩৪৮।।

এৰ এৰ যুদ্ধ বুলি হাতক উঠাই।

সৱাকো বাধন্ত ৰাম কৃষ্ণ দুয়ো ভাই।।

হে শাম কামদেৱ গদ অনিৰুদ্ধ।

আপোনাৰ মাজত লগাইলা কেনে যুদ্ধ৷৷৩৪৯।।

হে শতজিৎ শঠ সাত্যকি সুষেণ।

কিয় কটাকটি কৰি মৰা বাউল যেন।।

বংশত মহন্ত হেৰা অক্ৰূৰ খুড়াই।

তুমিয়ো পাগল ভৈলা শ্রুতি মুণ্ড খাই৷৷৩৫০৷৷

ৰাক্ষসৰ যেন ভৈল চৰিত্র তোহ্মাৰ।

আপুনাৰ আপুনি চিন্তিলা মহামাৰ।।

অনেক বোলন্ত ৰাম কৃষ্ণে বাধা বাক।

কালে গ্রাসিলেক কেহো নুশুনয় তাক।।৩৫১।।

অধিকে উধাইল ক্রোধ শুনি বাধা বাণী।

ৰামক কৃষ্ণক মাৰিবাক খোজৈ হানি।।

মহা খঙ্গে যদুগণে কৰৈ অহঙ্কাৰ।

কিবা চাস আউৰ এহি দোগোটাকে মাৰ।।৩৫২।।

একে মদ্যে মত্ত আৰো ক্রোধে অন্ধ ভৈল।

শত্রুবুদ্ধি তাসম্বাকো মাৰিবাক লৈল৷৷

খঙ্গে ৰাম মাধৱো মাদুৰী লৈলা তুলি।

অনেক যাদৱ বীৰ মাৰিলা সমূলি৷৷৩৫৩৷৷

কৰিয়া দোপাশ যদুগণক কোবাই।

ব্যুহৰ বঝাইলা লৱড়িয়া দুয়ো ভাই।।

মৰৈ কোবাকোবি কৰি সবংশে সমৰে।

সাগৰ কল্লোল যেন কুম্ভীৰ মগৰে।।৩৫৪।।

পৰম কল্লোল ৰোল কৰৈ ধৰমাৰ।

মাদুৰীৰ কোবে সৱে ভৈল বুন্দামাৰ।।

ঋষিশাপে সমৰে মৰিল যদুবীৰ।

ঢাকিলেক মৰা শৱে সাগৰৰ তীৰ৷৷৩৫৫।।

নিশৱদ ৰণস্থলী জনেকো নড়ৈল।

যেন জল পৰি ঘোৰ অগনি নিমাইল।।

নাশিল যাদৱ প্রজা পড়ি একে ঢিক।

মৃতকৰ শৱে শোভৈ ৰণ ধৰণীক।।৩৫৬।।

তেজে টলৱল জ্বলৈ বদনমণ্ডল।

ভূমিতে ফুলিছৈ যেন ৰাতুল কমল।।

শোভৈ পৰি কিৰীটি কুণ্ডলে মুণ্ড পান্তি।

কৱচ কুণ্ডলে যেন তাৰা কৰৈ কান্তি।।৩৫৭।।

প্রজাৰ ৰুধিৰে সৱে বালি গৈল তল।

দেখিয়া শোণিতময় সাগৰৰ জল।।

জুড়িল পৃথিৱীখণ্ড পৰি মৰাশৱে।

আৱেসে গুচিল ভাৰ মানিল মাধৱে।।৩৫৮।।

বলভদ্রে দেখিয়া দুৰ্ঘোৰ কুলক্ষয়।

মিলিল বৈৰাগ্য আউৰ নসহে হৃদয়।।

কৰন্ত ক্রন্দন ৰামে মৃতকক চাই।

কমল নেত্ৰৰ নীৰ ধাৰে বহি যাই।।৩৫৯।।

হৰি হৰি দৈৱ বিধি কি ভৈল কপাল।

আমাথেৰ বংশক লাগিল বুন্দামাল।।

হেনসে কৰিলাগতি বিধাতা কুধঞ্চ।

পিণ্ডক জলক লাগি নথাকিল সঞ্চ৷৷৩৬০৷৷

একৈ একৈ বীৰ যেন মহেন্দ্ৰ পৰায়।

একতিলে কালৰ হাতত ভৈল ছাই।।

মৰা পুত্র নাতি ভ্রাতৃসকলক চাই।

কৰন্ত সন্তাপে আতি বিলাপ বলাই।।৩৬১৷৷

মহামৰ্ম্মে বলোৰ বিচাট কৰৈ মন।

সবংশে মৰিল আউৰ কি কৰৈ জীৱন।।

সাগৰৰ তীৰত বসিলা পদ্মাসনে।

নিৰোধিলা বায়ু বলো সমাধিক মনে।।৩৬২।।

নাৰায়ণ ৰূপত কৰিলা মন থিৰ।

ক্ষণেকে তেজিলা সিটো মনুষ্য শৰীৰ।।

মূৰ্দ্ধাস্ফোট কৰিয়া উৰ্দ্ধক ক্ষেপি প্রাণ।

শুক্লসর্প ৰূপে কৈলা বৈকুণ্ঠ প্রয়াণ৷৷৩৬৩৷৷

আছিল অলেখ কোটি যাদৱকুমাৰ।

শতেক বৎসৰো কোনে লেখা দিবে তাৰ।।

বলে বীর্যে মহেন্দ্রতো অধিক আছিল।

কালে সংহৰন্তে একতিলো নলাগিল।।৩৬৪।।

এহিমতে মৰিল যতেক যদুবীৰ।

ৰোহিণী তনয়ো যেৱে তেজিলা শৰীৰ।।

একেশ্বৰ ভৈলা কৃষ্ণ নাহিকে সহায়।

কৰন্ত বিলাপ শোকে কৈ গৈলা ভৈয়াই৷৷৩৬৫।।

কমলনেত্ৰৰ নীৰ পড়ৈ সৰসৰি।

বলোৰ শৱক শোকে সাৱটিয়া ধৰি৷৷

প্রাণ সম জ্যেষ্ঠ ভাইৰ মিলিল বিঘাত।

আউৰ কাক দেখিয়া বঞ্চিবো দ্বাৰকাত।।৩৬৬৷৷

হৰি হৰি দৈৱ কিনো মিলিল অৱস্থা।

পিতৃত মাতৃত আৱে কৈবো কিবা কথা৷৷

যাইবো আউৰ উলটি গৃহক কোন কাজে।

এহি বুলি বিলাপ কৰন্ত যদুৰাজে।।৩৬৭।।

সুনা শভাসদসৱ মহাভাগৱত।।

নাহি একো বঢ়া ইটো কালৰ হাতত।।

কৃষ্ণৰ বংশৰো কেনে ভৈল তাক দেখা।

ইটো চাৰ জীৱন আনৰ কোন লেখা৷৷৩৬৮৷৷

দিনে দিনে যাই আয়ু মৃত্যু চাপৈ পাশ।

আউৰ কি মানুষ হুইবা এড়া ইটো আশ।।

হাটে বাটে মিলৈ আসি কৈতবা মৰণ।

কৃষ্ণৰ চৰণে লৈয়ো সত্বৰে শৰণ।।৩৬৯।।

নিজ আত্মা প্রিয়তম পৰম ঈশ্বৰ।

হেনয় কৃষ্ণক নুসুমৰৈ পাপী নৰ।।

কুৎচিত বিষয় সুখ তাহাৰ নিদানে।

অমৃতক তেজি যেন মৰৈ বিষপানে।।৩৭০।।

ভকতিক তেজি কৰৈ আনক প্রবন্ধ।

নলৈবা তাহাৰ সঙ্গ সি সি নিজ অন্ধ।।

চক্ষু যেন আছন্তে কণাৰ পথে যায়।।

অৱশ্যে খালত পড়ৈ দৈৱে বাধা নাই।।৩৭১৷৷

জানিয়া সততে লৈয়ো সন্তৰ সঙ্গতি।

তেৱেসে বাঢ়িবে বন্ধু কৃষ্ণত ভকতি।।

কৃষ্ণক পাইবাক লাগি ভকতিসে পন্থ।

এহিসে কহৱৈ মহাভাগৱত গ্রন্থ।।৩৭২।।

পৰম ঈশ্বৰ কৃষ্ণ দেৱতা প্রধান।

কৃষ্ণগুণ নাম সম ধৰ্ম্ম নাহি আন৷৷

জানিয়া যতনে তেজিয়োক আন কাম।

কৃষ্ণৰ কিঙ্কৰে কহে বোলা ৰাম ৰাম।।৩৭৩৷৷

.............

।।ছবি ।।

 

যেৱে দেৱ হলধৰ   তেজিলন্ত কলেৱৰ

আছিলা মাধৱে নমাই মাথ।

হৃদয় দহৱে দুঃখে        হা ভৈয়াই বুলি মুখে

নিশ্বাস তেজন্ত জগন্নাথ।।

কমল নেত্ৰৰ পৰা       বহৱে লোতক ধাৰা

মৃতক বলোৰ গলে বান্ধি।

কৰন্ত সন্তাপ তাপে       সিটো জগতৰ বাপে

কতো বেলি আছিলন্ত কান্দি।।৩৭৪৷৷

সহায় নাহিকৈ কেৱ      একেশ্বৰ ভৈলা দেৱ

মিলিলা বিচাট মহা মনে।

পাছে চিন্তি আছে কাজ    পশিলন্ত বনমাজ

পৰম বৈৰাগ্য নাৰায়ণে।।

ভৈলা মৌন মহা যশী     ঘোৰ অৰণ্যত পশি

প্রকাশন্ত যেন কোটি সূৰ্য্য।

শিশু অশ্বখৰ তলে       বসি পাচে যোগবলে

ভৈলা দিব্য ৰূপ চতুর্ভুজ।।৩৭৫৷৷

চাৰু শ্যাম কলেৱৰ       পীতবস্ত্রে মনোহৰ

মেঘত বিজুলী যেন জ্বলে।

নীল আকুঞ্চিত কেশ      সিংহবন্ধ মধ্যদেশ

দিলা দেখা লক্ষ্মী বক্ষস্থলে।।

কেয়ূৰ কঙ্কণ হাতে       মাণিক মুকুট মাথে

ললাটত ৰত্নৰ তিলক।

মুখপদ্মে কৰৈ কান্তি      যেন ভ্ৰমৰাৰ পান্তি

কপালত কুটিল অলক।।৩৭৬।।

নয়ন পঙ্কজ পাসি       মুখে মনোহৰ হাসি

বিম্বফল অধিক অধৰ।

দশন মুকুতা শাৰী       সুবলিত ভুজ চাৰি

নাসা তিল কুসুম সুন্দৰ।।

কণ্ঠত কৌস্তুভ জ্বলে      ৰুচিকৰ কৰ্ণতলে

মণিময় মকৰ কুণ্ডল।

জলমল কৰৈকান্তি   লাগিয়া তাহাৰ জ্যোতি

প্রকাশে পাণ্ডুৰ গণ্ডস্থল।।৩৭৭।।

ভ্ৰূৱযুগ মনোহৰ       আৰকত কৰতল

দেখন্তো মনত মহাতুষ্টি।

ৰত্নৰ শলকা নয়        প্রকাশে আঙ্গুলিচয়

জ্বলে তাতে ৰত্নৰ আঙ্গুষ্ঠি।৷

গলে গজমুকুতাৰ        ৰত্নে বিৰচিত হাৰ

আপাদলম্বিত বনমালা।

লোটে পাটভুনি পীত      দিব্য ৰত্নে বিৰচিত

কঙ্কালত ৰত্নৰ মেখলা।।৩৭৮।।

শাৰী শাৰী তাৰ মাজে    ৰত্নৰ কিঙ্কিণী বাজে

সদায় শুনিয়া ৰুণঝুন।

মনোহৰ উৰুস্থলে        শ্রীবৎস পঙ্কতি জ্বলে

কান্ধত উত্তৰী নৱগুণ।।

চাৰু উৰু কৰিকৰ       জানু জঙ্গা মনোহৰ

ৰত্নৰ হোড়ৰে কৰৈ কান্তি।

চৰণ পঙ্কজ কোষ       শুনি নূপুৰৰ ঘোষ

নখচয় চন্দ্ৰমাৰ পান্তি।।৩৭৯।।

চম্পাৰ পাকৰি নয়      উত্তম আঙ্গুলিচয়

ৰত্নময় উজ্বণ্টি উজ্জ্বল।

মহা চিহ্ন সৱে জ্বলে      অৰুণ চৰণ তলে

ধ্বজ বজ্ৰ অঙ্কুশ কমল।।

পৰম অভয় পদ        তাপহাৰী শ্বেতছত্র

মহাপাপগণৰ অগনি।

সংসাৰ সাগৰে সেতু      দুৰ্জনৰ ধূমকেতু

ভকতৰ সিটো চিন্তামণি।।৩৮০৷৷

কোটি এক শশী সম      প্ৰকাশৈ শৰীৰ সিটো

তাৰে জ্যোতি জ্বলৈ বনস্থলী।

শঙ্খ চক্ৰ আদি কৰি      অস্ত্রসৱে মূৰ্ত্তি ধৰি

উপাসৈ চৌপাশে কৃতাঞ্জলি।।

অশ্বখত আউজিয়া       দক্ষিণ উৰুত থৈয়া

পঙ্কজ অৰুণ বাম পাৱ।

অৰণ্য মধ্যত পশি       আসনে আছন্ত বসি

প্রাণ প্রভু পূৰ্ণানন্দ ভাৱ।।৩৮১।।

পাচে সেহি সময়ত       বনত ফুৰন্তে ব্যাধে

মৃগমুখাকাৰ দেখি ভৰি।

শুতি আছৈ মৃগ বুলি     ধৰি শৰ ধনু তুলি

সন্ধানে হানিল লক্ষ্য কৰি।।

জানিলা লাগিল বাণ      উমান হাততে পাইল

দিলেক লৱৰ ৰঙ্গ কৰি।

কৃষ্ণক দেখিয়া জৰা      ব্যাধ যেন ভৈল মৰা

কাম্পৈ আতি তনু তৰতৰি।।৩৮২।।

দেখি চতুর্ভুজ ৰূপ       মহাভয়ে ভৈল চুপ

আচাৰি পেলাইলা ধনুশৰ।

ত্রাহি কৃষ্ণ কৃষ্ণ ৰড়ি     আগে দণ্ডৱতে পড়ি

কান্দি কান্দি কৰিলা কাতৰ।।

নজানি জগত বাপ       কৰিলো দুৰ্ঘোৰ পাপ

ক্ষমিয়োক মোক আৱে স্বামি।

নাহি পাপী মোত পৰ     তোহ্মাক হানিলো শৰ

কিনো মঞি মন্দ অধোগামী।।৩৮৩।।

যাহাক স্মৰণে তড়ৈ      লোকৰ অজ্ঞান হৰৈ

দেৱৰো দেৱতা তুমি হৰি।

কিনো ভৈলো বিয়ামোহ    তোহ্মাৰো আচৰি দ্রোহ

কিয় জীঞো এভো নাযাঞো মৰি।।

চাহিবে নলাগৈ মোক      ঝাণ্টে আৱে কাটিয়োক

মোৰ প্রায়শ্চিত্ত আন নাই।

আউৰ যেন মঞি পাপ    হেন মহা উপতাপ

মহন্তক নকৰো দুনাই।।৩৮৪৷৷

ব্রহ্মা হৰ আদি দেৱ      তোহ্মাৰ চৰিত্ৰ কেৱ

জ্ঞানীগণো নজানন্ত আতি।

অচিন্ত্য মহিমা স্বামী      কিমতে জানিবো আমি হুয়া মহামূঢ় অন্ত্যজাতি।।

কৃষ্ণৰ আগত জৰা       পৰি আছে যেন মৰা

কৰি আতি অনেক বিনয়।।

শুনিয়া কাকূতি বাণী     কৃপাময় চক্রপাণি

দিলা সিটো ব্যাধক নির্ভয়।।৩৮৫।।

শুনিয়োক সভাসদ       কৃষ্ণৰ কথাৰ পদ

সংসাৰ ব্যাধিৰ ইসে সাৰ।

যেৱে আৱে হুইবে গতি    ভকতিক কৰা ৰতি

আউৰ আন পুণ্যে নপায় পাৰ।।

ইটো ঘোৰ কলি কাল        আত আউৰ নাহি ভাল

ভৈল একাকাৰ সমুদায়।

দেখা যুগধর্ম চাই   আউৰ ধৰ্ম্ম কৈতো নাই

একে হৰিনামত বিনায়।।৩৮৬।।

জানি এৰা আন মতি     ভকতিত কৰা ৰতি

ছাড়ি ইটো বিষয় বিকল।

আশা নামে নদী ঘোৰ    একোমতে নপাই ওৰ

ধনে আৰ ভৈল মহাজল।।

লোভে ঢৌ নেড়ৈ আক    মোহ ভৈল মহাপাক

বজোৱাৰ বিষয় জগৰে।

চিন্তা ভৈল দুই পাৰ      মাংস ছিণ্ডি খাই গাৰ

কাম ক্রোধ কুম্ভীৰ মগৰে।।৩৮৭।।

বেগ ভৈলা দিন ৰাত্রি     ধৈৰ্য্য বৃক্ষ খানৈ আতি

তাড়িবে নুৱাৰৈ একো নাৱে।

নপাই আৰ পাৰ কুল     জগতৰ আদি মূল

কৃষ্ণত ভকতি নুহি যাৱে।।

পৰম বান্ধৱ হৰি        যাৰ নাম লৈলে তড়ি

তাঙ্ক ভজা তেজি আন কাম।

আশা নদী হৌক ছেদ     খণ্ডোক বিষয় খেদ

নিৰন্তৰে বোলা ৰাম ৰাম।।৩৮৮৷৷

.................

                     ।।পদ।।

 

এহিমতে যেৱে জৰা নমৈ পড়ি মাথে।

দিলন্ত নির্ভয় তাক জগতৰ নাথে।।

উঠ উঠ ব্যাধ ভয় নকৰ কিঞ্চিত।

কৰিলি সাফল মোৰ মনৰ বাঞ্চিত।।৩৮৯।।

তোহোৰ ভকতি দেখি তুষ্ট ভৈলো বৰ।

সশৰীৰে সত্বৰে স্বৰ্গক লাগি লড়।।

পৰম সুকৃত্য কৰি পাৱৈ যিটো লোক।

মোৰ বৰে জৰা তোৰ তৈতে থিতি হোক।।৩৯০।।

এতেক বোলন্তে আসি নামিল বিমান।

ৰত্নৰ জেউতী জ্বলৈ সূৰ্য্যৰ সমান।।

কনক কিঙ্কিণীচয় বাজে শাৰী শাৰী।

কৰৈ নৃত্য গীত তাতে যত দিব্য নাৰী৷৷৩৯১৷৷

দেখিয়া উঠিল ব্যাধ হুয়া ভয়হীন।

কৃষ্ণক কৰিল তিনিবাৰ প্রদক্ষিণ।।

প্রণামিলা অনেক আগত পড়ি পড়ি।

চড়ি পাচে বিমানে স্বৰ্গক গৈলা লড়ি।।৩৯২৷৷

শুক নিগদতি শুনিয়োক নৃপবৰ।

যেন কথা ভৈল তৈত আত অনন্তৰ।।

কোটি শশী সম জ্বলৈ চতুর্ভুজ কায়।

আছন্ত মাধৱ বসি ব্যাধক পঠাই।।৩৯৩৷৷

শিশু অশ্বত্থত আউজিয়া জগন্নাথ।

মূৰ্ত্তি ধৰি অস্ত্রসৱে আছৈ দমাই মাথ।।

মদনৰো দৰ্প গৰৈ ৰূপক আকলি।

শৰীৰ জ্যোতি প্রকাশিত বনস্থলী।।৩৯৪৷৷

সেহি সময়ত আসি উদ্ধৱ মহন্ত।

বিচাৰি ফুৰন্তে মাধৱক দেখিলন্ত।।

যদ্যপি বিদায় তাঙ্ক দিলা যদুৰায়।

যাইবাক নপাৰি আছা পাছতে লুকাই।।৩৯৫৷৷

দেখিলন্ত সিটো যদুবংশৰ নিৰ্যাণ।

কৃষ্ণক এৰন্তে যেন ফুটি যায় প্রাণ।।

পাচে পাচে মাধৱৰ ফুৰন্ত নিচুকি।

ভয়তে নেদন্ত দেখা পাড়ন্ত ভুমুকি৷৷৩৯৬।।

ফুৰন্ত সঙ্কোচি চাপি চুম্পি কৰি কাছে।

পৰিল কৃষ্ণৰ দৃষ্টি উদ্ধৱত পাচে।।
তুলিলন্ত হাসি হৰি উদ্ধৱক দেখি।
আসা আসা কিছো ভয় নকৰিবা সখি।।৩৯৭।।

হেন শুনি উদ্ধৱৰ উল্লসিল জীৱ।।

শিহৰি শৰীৰ সৱে লোম ভৈল থিয়।।

প্রেম উপজিয়া ঝৰৈ লোতক বোম্বালে।

হা কৃষ্ণ কৃষ্ণ ৰড়ি পৰিলা নিঢালে।।৩৯৮।।

দুই হাতে ধৰি দুই অৰুণ চৰণ।

তাতে মাথা থাপি থৈয়া কৰন্ত ক্রন্দন।।

মোক তেজি যাহা ঐ বাপ জগন্নাথ।

তুমি অৱিহনে ভৈলো আজিসে অনাথ।।৩৯৯।।

এৰিলোহো মোহ যত পুত্ৰ পৰিবাৰ।

এহি চৰণকে মাত্র কৰিলোহো সাৰ।।

আকো হৰুৱাইলো আৱে কিনো মন্দভাগী।

মোক কাক দিয়া নাথ যাহা কৈক লাগি।।৪০০।।

দেৱৰো দেৱতা তুমি ঈশ্বৰ সাক্ষাত।

তথাপিতো নাথ মোক মাতা মন্ত্রণাত।।

তযু আগে কমন অধম মঞি পাপী।

ওৱা সখিবুলি মাতা সম্বুধি তথাপি৷৷৪০১৷৷

অন্তেষপুৰতো থাকো পিন্ধো বস্ত্রচাড়।

ৰহস্য কথাকো মোত নকৰিলা আৰ।।

ইসৱ তোহ্মাৰ গুণ সুমৰি সুমৰি।

ৰাখি আছো প্রাণ কিয় এভো নযাঞ মৰি।।৪০২।।

ব্রহ্মাৰো জনক হুয়া দেৱতো উত্তম।

মোক বোলা নাহিকৈ বান্ধৱ তুমি সম।।

নেদেখিবো দুনাই হেন গুণৱন্ত স্বামী।

আজিসি গুচিল চক্ষু অন্ধ ভৈলো আমি।।৪০৩৷৷

চামৰে ঢুলিবো কাক শীতল শয্যাত।

কাৰ পদ পঙ্কজক জান্তিবো নিদ্রাত।।

কাক সেৱা কৰিয়া খপিবো আৱে দিন।

ঈশ্বৰে বঞ্চিত ভৈলো কিনো ভাগ্যহীন।।৪০৪।।

জানিলো পাতকী মোত পৰে আউৰ নাই।

ইটো চিন্তামণি হৰুৱাইলো হাতে পাই।।

পূজিবে নপাইলো চৰণক চিৰকাল।

হা বিধি কিনো মোৰ অভাগ্য কপাল।।৪০৫৷৷

ধ্বজ বজ্র পঙ্কজ অঙ্কুশে অলঙ্কৃত।

কাৰ খোজ নিৰেখি থাকিবো পৃথিৱীত।।

আজি গৈল উৎসৱ বিধৱা ভৈল ভূমি।

এহি বুলি উদ্ধৱে কান্দন্ত হুমহুমি।।৪০৬।।

নসহে হৃদয় শোকে প্রাণ যায় ফুটি।

পাৰন্ত সন্তাপে পৃথিৱীত লোটালুটি৷৷

হা কৃষ্ণ কৃষ্ণ বুলি কতো দেন্ত উকি।

তমোময় দেখি কতো থাকন্ত নিচুকি।।৪০৭।।

কান্দন্ত উদ্ধৱে গুণ বর্ণাই বর্ণাই।

অসন্তোষে কেশৱে আছন্ত তাক চাই।।

ভকতৰ দুখত আকুল বনমালী।

চাৰি হাত মেলি তুলিলন্ত আঙ্কোৱালি।।৪০৮৷৷

মহা স্নেহে ধৰি উদ্ধৱক গলে বান্ধি।

আছিলন্ত কৃষ্ণে কতোক্ষণ মানে কান্দি।।

কমলনেত্ৰৰ নীৰ বহে সৰসৰি।

মুচিলা সখিৰ মুখ পীতবস্ত্র ধৰি৷৷৪০৯৷৷

বোলন্ত অনেক তাঙ্ক প্রবোধ মাধৱ।

হুয়ো সন্ধুক্ষণ আৱে বান্ধৱ উদ্ধৱ।।

পৰম বান্ধৱ তুমি ভৈলো কৃতকৃত্য।

পূৰিবো তোহ্মাৰ সৱে মনৰ বাঞ্ছিত৷৷৪১০৷৷

আছিলাহা বসু তুমি উপৰি জন্মত।

কৰিলা ভকতি মাত্ৰ মোৰ চৰণত।।

তাৰ ফলে ইজন্মত লৈলা আসি লাগ।

সুদৃঢ় ভকতি জ্ঞান পৰম বৈৰাগ।।৪১১৷৷

মোহোৰ কৃপাত তুমি তড়িলা সংসাৰ।

আউৰ পুনৰপি জন্ম নাহিকে তোহ্মাৰ।।

এহি শৰীৰতে তুমি লভিবা মুকুতি।

আউৰ খেদ কৰা সখি কমন যুগুতি৷৷৪১২৷৷

বৈকুণ্ঠ প্রয়াণ কৰো এৰি ইটো লোক।

হেন বেলা সখি আসি দেখিলাহা মোক৷।

কৈলো যিটো মহাজ্ঞান ভকতি ব্রহ্মাত।

কৰিবো বেকত তাক উদ্ধৱ তোহ্মাত।।৪১৩।।

হেন কৃপাবাক্য বাণী শুনিয়া স্বামীৰ।

মহাস্নেহে শিহড়িল সমস্তে শৰীৰ।।

দুয়ো নয়নৰ নীড় ধাৰে বহি যায়।

কৰযোড়ে বুলিলন্ত উদ্ধৱে দুনাই৷৷৪১৪।।

চৰণে সেৱাক উদ্যমক কৰো মাত্র।

এতেকতে এতেক স্নেহৰ ভৈলো পাত্র।।

কিনো কৃপাময় তুমি ভৃত্যপ্রিয় দেৱ।।

কোননো অধম অন্ধে নকৰিবে সেৱ।।৪১৫।।

তুমি পৰিপূর্ণ জ্ঞান জগতে প্রখ্যাত।

তথাপিতো নাথ মোক মাতা মন্ত্রণাত।।

সোধা কথা আহ্মাত সামান্য যেন জন।

সুমৰি ইহাক মোৰ মোহ হোৱৈ মন।।৪১৬৷৷

ব্ৰহ্মাত ভকতি জ্ঞান যিটো কৈলা স্বামী।

তাঙ্ক জানিবাক যেৱে যোগ্য হঞো আমি৷৷

কহিয়োক মোত তেৱে প্রভু ভগৱন্ত।

সংসাৰ দুখৰ হেনবা পাঞো অন্ত৷৷৪১৭।।

মিলিল মৈত্রেয় ঋষি সেহি সময়ত।

কৃষ্ণক প্রণামি থিয় ভৈলন্ত আগত।।

তাঙ্ক দেখি প্রভু পাচে তুলিলন্ত হাসি।

কহিলা ৰহস্য জ্ঞান ভকতি প্রকাশি।।৪১৮৷৷

শুনিয়ো ভকত দুয়ো কহিলো স্বৰূপ।

যেন দেখা আতপৰে নাহি মোৰ ৰূপ।

ইহাক নজানি লোকে আন কৰ্ম্ম কৰে।।

এহিমাত্র দোষে ঘোৰ নৰকত পৰে৷৷৪১৯।।

হৃদয়তে আছো মোক জানিয়া নাদৰে।

নাহিকৈ নাৰকী সিটো পাতকীত পৰে।।

শ্ৰৱণ কীৰ্ত্তন বিনে ধৰ্ম্ম নাহি আন।

কৈলো সত্য ৰহস্য ভকতি মহাজ্ঞান।।৪২০৷৷

শুনিয়ো মৈত্রেয় ঋষি কহিলো তোহ্মাত।

নেদেখিলো প্রাণ বিদুৰক ইবেলাত।।

আপুনি কহিবা তান্ত ইটো তত্ত্বভেদ।

চলিয়োক দুয়ো আৱে দিলো পৰিচ্ছেদ৷৷৪২১৷৷

পৰম প্রসাদ দুইকো দিলা কৃপাময়।

আনন্দে নধৰে আউৰ দুহানো হৃদয়।।

ৰোমাঞ্চিত তনু নয়নৰ ঝৰে নীড়।

কৰিলন্ত প্রণাম পাৱত থৈয়া শিৰ।।৪২২।।

আউৰ মাতিবাক কিছু উদ্ধৱে নপাৰি।

চৰণৰ ধূলি তুলি লৈলন্ত ঝঙ্কাৰি।।

কৰিলন্ত প্রদক্ষিণ শৰীৰ সঙ্কুচি।

লড়িলন্ত কৰযোৰে পাচে পাচে গুচি।।৪২৩।।

দেখিবাক লাগে বীৰে বৈকুণ্ঠ প্রয়াণ।

আঁৰ হুয়া ৰহিলা লভিয়া মহাজ্ঞান।।

কৃষ্ণক এড়ন্তে চাড়ি প্রাণ যেন যায়।

থাকিলা নিচুকি সঙ্কুচিত কৰি কায়৷৷৪২৪।।

এহিমতে মৈত্রেয় উদ্ধৱ যেৱে গৈল।

শুনা আতপৰে ৰাজা যেন কথা ভৈল।।

ৰথত চড়িয়া পাচে সাৰথি দাৰুকে।

মাধৱক চাহি দুখে ফুৰন্ত নিচুকে।।৪২৫৷৷

হা কৃষ্ণ কৃষ্ণ বুলি তেজন্ত নিশ্বাস।

সচকিত নেত্রে আতি চান্ত দিশ পাশ।।

ফুৰন্ত বিচাৰ কৰি অনেক প্ৰৱন্ধ।

কতোক্ষণে পাইলা পাচে তুলসীৰ গন্ধ।।৪২৬।।

জীলো জীলো বুলি অতি উল্লসিত মনে।

কৃষ্ণক গৈলন্ত খেদি গন্ধ নিৰীক্ষণে।।

মাধৱক দেখিলা সমুখ হুয়া পাচে।

মূৰ্ত্তি ধৰি অস্ত্রসৱে উপাসন্তে আছে।।৪২৭।।

প্রকাশৈ শৰীৰ যেন পূর্ণিমাৰ শশী।

শিশু অশ্বথত আউজিয়া আছা বসি।।

দেখিলা সাৰথি গৈয়া প্রত্যেকে প্রভুক।

বজাইল লোতক ভৈল আকুল দাৰুক।।৪২৮৷৷

হা প্রাণনাথ বুলি মহা প্ৰেমভাৱে।।

ৰথ হন্তে জাম্প দিয়া পড়িলন্ত পাৱে।।

চৰণত পড়ি কান্দিলন্ত হুমহুমি।

এৰি মোক কৈত যাহা প্রাণ প্রভু তুমি।।৪২৯৷৷

অৰুণ চৰণ দুই নেদেখিয়া স্বামী।

গুচি গৈল চক্ষু যেন অন্ধ ভৈলো আমি।।

নজানো বিদিশ দিশ দিনতে আন্ধাৰ।

নাহি একো সুখ শান্তি বান্ধৱ আহ্মাৰ।।৪৩০৷৷

নজ্বলৈ ৰজনী যেন অস্ত গৈল শশী।

আহ্মাক এড়িয়া নাথ আছা ঐত বসি।।

দেৱতাৰো দেৱতা ঈশ্বৰ সদাশিৱ।

তোহ্মাৰ অৱস্থা দেখি কেনে ধৰো জীৱ।।৪৩১।।

ব্রহ্মা আদি দেৱে পূজৈ যাহাৰ চৰণ।

সৰ্ব্বদায়ে যাৰ গতি গৰুড় বাহন।।

হেন প্রভু বসি আছা কেৱলে ভূমিত।

দেখি কিয় প্রাণ নযায় এভো ধৰো চিত।।৪৩২।।
দণ্ডে ছত্রে সেৱৈ অসংখ্যাত পাৰিষদে।

অনন্ত শয্যাত থাকা মহা পৰিচ্ছদে।।

আপুনি জান্তন্ত লক্ষ্মীমাৱে যাৰ ভৰি।

কিয় জীঞ মাটিত দেখিয়া হেন হৰি।।৪৩৩৷৷

ৰুক্মিণী প্রমুখ্যে ষোল সহস্ৰ সুন্দৰী।

যাক সেৱা কৰন্ত চামৰ কৰে ধৰি।।

হেনয় প্রভুৰ বাসা ভৈল তৰুতলে।

কান্দন্ত দাৰুকে দেখি শোকে অগ্নিজ্বলে।।৪৩৪৷৷

এহিমতে দাৰুকে বোলন্তে পাচে ৰথ।

আকাশে ধৰিলা বেগে বৈকুণ্ঠৰ পথ।।

লড়িল পাচত চক্র আদি অস্ত্ৰচয়।

দেখিয়া দাৰুক ভৈল পৰম বিস্ময়।।৪৩৫৷৷

তবধ নয়নে উপৰক আছা চাই।

ৰথ লৈয়া চাৰি ঘোঁৰা ঊৰ্দ্ধক উধাই।।

অস্ত্ৰসৱো সঞ্চাৰিল পৰম উৎসুকে।

আৱেসে নশিলো বুলি কান্দন্ত দাৰুকে।।৪৩৬।।

বুলিলন্ত কৃষ্ণৰ চৰণে থৈয়া মাথ।

জানিলো তেজিয়া মোক যাইবা প্রাণনাথ।।

তুমি অবিহনে প্রাণে নবৰ্ত্তিবো স্বামি।

ভৈলো অনাথিতি আৱে আমি অধোগামী।।৪৩৭।।

বৈকুণ্ঠৰ পৰা আইলো ৰথে সমন্বিতে।

ঘোঁৰাক পঠাইলা মঞি থাকিলো ভূমিতে।।

কোন অপৰাধে মোক কৰা উগ্র শাস্তি।

এহি বুলি সাৰথি কান্দন্ত শোকে আতি।।৪৩৮।।

চলিবাহা প্রাণ প্রভু আহ্মাক উপেক্ষি।

কেনে জীৱো ইটো পদ পঙ্কজ নেদেখি।।

পৰিয়া দাৰুকে দুঃখে কৰন্ত বিলাপ।

ভকতৰ কাতৰত কৃষ্ণৰো সন্তাপ।।৪৩৯।।

আশ্বাসি ধৰিয়া প্রবোধিলা যদুৰাজ।

মোক লাগি শোক তুমি কৰা কোন কাজ।।

সত্বৰে সাৰথি চলিয়োক দ্বাৰকাক।

বান্ধৱত কৈয়ো গৈয়া আহ্মাৰ বাৰ্তাক।।৪৪০।।

অন্যোঅন্যে জ্ঞাতিগণ মৰিল সমস্ত।

প্রত্যেকে দেখিলা বলভদ্ৰো গৈল অস্ত।।

শৰঘাৱে ভৈলো মঞো মৃতক সমান।

পিতৃক মাতৃক গৈয়া তুমি দিয়া জান৷৷৪৪১৷৷

দ্বাৰকাত আউৰ নাথাকিব একো নৰে।

মঞি এৰিলাতে আসি বুৰাইবে সাগৰে৷৷

সবন্ধু বান্ধৱে সাগৰৰ হুইবা পাৰ।

নেৰিবাহা বৃদ্ধ পিতৃ মাতৃক আহ্মাৰ।।৪৪২।।

হৰি হৰি দৈৱকী দুখুনী মোৰ আই।

তোহ্মাকেসে সুমৰন্তে প্রাণ ফুটি যায়।।

মোৰ পদে পূৰ্ব্বতো নাছিল কিছো সুখ।

পাপী কংসে বান্ধি নেদিলেক কোন দুখ।।৪৪৩।।

মাৰিলেক ছয় পুত্র পাইলা মহাশোক।

পাসৰিলা সিসৱ শোকক দেখি মোক।।

কৰিবে নপাইলো আৱে মঞি প্রতিপাল।

হৰি হৰি বিধি কিনো লাগিল কপাল।।৪৪৪৷৷

মঞি অবিহনে আৱে কিমতে জীৱন্ত।

এহি বুলি মকমকি মাধৱে কান্দন্ত।।

কমলনেত্ৰৰ নীৰ পড়ৈ সৰসৰি।

কৰন্ত বিলাপ পিতৃ মাতৃক সুমৰি৷৷৪৪৫।।

পীতবস্ত্রে মুচি মুখ তেজিয়া নিশ্বাস।

বুলিলন্ত দাৰুকক জগত নিৱাস।।

যদি আয়ু অধিকে জীৱন্ত কতোকাল।

সিটো পিতৃ মাতৃক কৰিবো প্রতিপাল।।৪৪৬।।

আসিব অৰ্জ্জুন সখি দেখিবাক মোক।

তান লগে যাইবা দ্বাৰকাৰ যত লোক।।

ৰাখি নিবে পথে ধনঞ্জয় মহাৰথে।

বঞ্চিবাহা গৈয়া তুমিসৱো ইন্দ্রপ্রস্থে৷৷৪৪৭৷৷

সুমৰন্ত প্রাণসখি যেৱে মোৰ গুণ।

অনাথ বৃদ্ধক তেৱে পালিব অর্জুন।। 

তান হাতে সম্পি হেৰা যাঞো নিজঘৰ।

মোৰ পদে কৰিবাহা সখিক কাতৰ৷৷৪৪৮।।

তুমি আচৰিবা ভাগৱত ধৰ্ম্মচয়।

জ্ঞাননিষ্ঠ হুয়া সৱে তেজিবা বিষয়।।

মায়াৰ ৰচনা ইটো জগতকে জানি।

পাছে মোক পাইবা গৈয়া কৈলো সত্য বাণী।।৪৪৯।।

দাৰুকে শুনিলা হেন কৃষ্ণৰ আদেশ।

কৰযোৰে উঠিল মনত কৰি ক্লেশ।।

প্রদক্ষিণে প্রভুক ফুৰিলা বাৰ সাত।

দুনাই দুনাই পৰিল উঠিয়া ঢাত ঢাত৷৷৪৫০৷৷

শিৰত আছিলা ধৰি দুখানি চৰণ।

লোতকে চঞ্চল আখি কৰন্ত ক্রন্দন।।

চলিলোহো আজি প্রাণ প্রভুক উপেখি।

ইজন্মত ভৈল পৰিচ্ছেদ দেখা দেখি৷৷৪৫১৷৷

এহি বুলি লড়িলা কৃষ্ণৰ পাৱ এড়ি।

হা প্রভু বুলিয়া পাৰন্তে যান্ত গেড়ি।।

স্বামীৰ বিয়োগে যেন যাই প্রাণ ফুটি।

হা কৃষ্ণ বুলিয়া হানন্ত হিয়ে মুঠি।।৪৫২৷৷

শুনা সভাসদ পদ মহাভাগৱত।

নাহি সুখ শান্তি তাপময় বিষয়ত।।

দেখিয়োক কেনে মহা মহন্তৰো দুখ।

জানিয়া হুয়োক ঝাণ্টে কৃষ্ণত সন্মুখ।।৪৫৩।।

তপ ধৰ্ম্ম আচৰি স্বৰ্গক লাগি যায়।

শুনিয়োক কেনে স্বর্গবাসীৰ বিলাই।।

নাৰকীৰ শুনে নিতে যাতনা আন্টাস।

কেতিক্ষণে পড়ৈ তৈতে নেৰাই ইটো ত্রাস।।৪৫৪৷৷

নাহি তুষ্টি ভুঞ্জৈ যদি বস্তু দেৱভোগ।

কাটিবাৰ বন্দীক খুৱাৱৈ যেন ভোগ।।

পুণ্যক্ষয় ভৈলে যিটো সেৱৈ দিব্যনাৰী।

বিমানৰ তেসম্বে পেহ্লাৱয় ঢঙ্কা মাৰি।।৪৫৫।।

দেৱ পূজি যিটো কাটি আছে হংস ছাগ।

অস্ত্র ধৰি সিটো সিবেলাত লৱৈ লাগ।।

কাটে খোঞ্চে কাঢ়ে মোট মোড়ে বেঢ়া হান।

খাসি ঘাৰ মোছৰড়ন্তে চাড়ৈ পড়ি প্রাণ।। ৪৫৬।।

যাতনা ভুঞ্জিবে লাগি মৰি মৰি জীৱৈ।

কাকে গৃধ্রে মাংস ছিণ্ডি তাৰ তেজ পিয়ৈ।।

ত্রাহি ত্রাহি বুলি কৰৈ আকৰ্ণ শবদ।

দেখা কৰ্ম্মী ধৰ্ম্মী নেড়াই যাতনা আপদ।।৪৫৭।।

জানিয়া কৃষ্ণত লৈয়ো সত্বৰে শৰণ।

কৃষ্ণগুণ নাম কৰা শ্ৰৱণ কীৰ্ত্তন।।

তেৱেসে এৰাইবা ঘোৰ সংসাৰৰ পাপ।

বোলা ৰাম ৰাম তড়া যাতনা সন্তাপ।।৪৫৮।।

...........................

 

 

।।বৈকুণ্ঠ প্রয়াণ।।

।।দুলড়ী।।

 

শুক নিগদতি      নৃপতি সম্প্রতি

শুনা যেন কথা ভৈল।

কৃষ্ণৰ আদেশে     কান্দন্তে দাৰুকে

দ্বাৰকাক যেৱে গৈল।।

বৈকুণ্ঠক লাগি     প্রয়াণ কৰিবে

খোজন্তে জগন্নিৱাস।

সেহি বেলা আসি        ত্রিদশ দেৱতা

ৰহিলা জুড়ি আকাশ।।৪৫৯।।

দেৱ সিদ্ধ ঋষি         আসিলা হৰিষি

ব্রহ্মাক বেঢ়ি উৎসুকি।

কৃষ্ণগুণ গান      কৰন্ত কীৰ্ত্তন

তাল কৰতাল ঠুকি।।

পাৰ্বতী সহিতি          আসি পশুপতি

সন্তোষে কৃষ্ণক চায়।

বজাৱে ডম্বৰু      জগতৰ গুৰু

নাচন্ত গুণ বৰ্ণাই।।৪৬০৷৷

ইন্দ্র চন্দ্র ৰবি     কুবেৰ বৰুণ

আনো যত দিগপাল।

গাৱৈ গুণ গীত         কতো কৰৈ নৃত্য

বাৱৈ দিব্য যন্ত্র তাল।।

দুন্দুভি মৃদঙ্গ      ৰঙ্গে বিদ্যাধৰে

বাৱৈ আকাশক ছানি।

চাই একদৃষ্টি      কৰৈ পুষ্পবৃষ্টি

ৰড়ৈ জয় কৃষ্ণ বাণী।।৪৬১।।

জয় কৃষ্ণ বুলি     হাতে হাতে তালি

আনন্দে আকুল ভাৱ।

আজি দেৱহৰি          পৃথিৱীক এড়ি

আসিবা আহ্মাৰ ঠাৱ।।

পৰম ভকতি      ত্রিদশে কৰিলা

আকাশ মণ্ডলে থাকি।

কৃষ্ণৰ মাথাত     দিব্য পাৰিজাত

পুষ্প বৰষিলা ঢাকি।।৪৬২।।

ব্রহ্মা ৰুদ্র ইন্দ্র     চন্দ্ৰ আদি কৰি

যত মহা দিগপাল।

আসা মোৰ থান        নাথ নাৰায়ণ

কৰন্ত সৱে কোহ্রাল।।

অন্যেঅন্যে কৰি         সৱায়ো বোলন্ত

আসিবা মোৰসে ঠাই।

আকাশৰপৰা      কৰন্ত কাতৰ

কৃষ্ণৰ ভিতিক চাই।।৪৬৩৷৷

হেন শুনি হৰি     চাইলা চক্ষু মেলি

উপৰক তুলি মাথ।

ব্রহ্মা আদি কৰি        ত্রিদশ দেৱক

দেখিলা কৃষ্ণে সাক্ষাত।।

কৃষ্ণৰ সদয়      দেখি জয় জয়

কৰন্ত দেৱতাগণে।

যত দেৱমূল      কৰৈ হুলস্থূল

আতি মহা ৰঙ্গমনে।।৪৬৪।।

ব্রহ্মা হৰ ইন্দ্র     যত দিগপাল

কৰৈ আতি কোলাহল।

আহ্মাৰ থানক     আসিয়োক বাপ

পৱিত্ৰ কৰা কৃপাল।।

পাছে জগন্নাথ     চপড়াইল মাথ

দেৱৰ শুনি কন্দল।

কাহাকো সিদ্ধান্ত         নিদিয়া মাধৱে

মুদিলা নেত্ৰকমল।।৪৬৫৷৷

দেৱতাসৱক       বঞ্চিবাক লাগি

ধৰিলা মিছা ধিয়ান।

যতেক মাতন্ত      নেদন্ত কাহাকো

কৃষ্ণে একো সমিধান।।

মঠ ধৰি হৰি     বসিয়া আছন্ত

হুয়া আতি নিশবদ।

বৈকুণ্ঠৰ পৰা          আইলা আগবাঢ়ি

যত মুখ্য পাৰিষদ।।৪৬৬।।

মহা বাদ্যে ভণ্ডে        ছানি ছত্রে দণ্ডে

কৃষ্ণৰ মহিমা গাৱে।

কৰৈ কোলাহল         তাল কৰতাল

নানা দিব্য যন্ত্র বাৱে।।

নাচৈ চতুর্ভুজ      সেনা তৈৰেপৰা

ধৱল চামৰ ঢোলে।

সকলে গগণ      মণ্ডল পূৰিলে

কৃষ্ণৰ কীৰ্ত্তন ৰোলে।।৪৬৭।।

শিৰীষ সেউতী     চম্পক মালতী

পাৰিজাত সিঞ্চৈ মাথে।

এড়ি পৃথিৱীক          বৈকুণ্ঠে যাইবাক

সাজিলা জগত নাথে৷৷

আকাশ প্রকাশি         কৰিলা প্রয়াণ

ৰশ্মিপূঞ্জ যেন চুটিল।

দেখে নেদেখে      বিজুলী চটকে

বৈকুণ্ঠে গৈয়া উঠিল৷৷৪৬৮।।

কৃষ্ণৰ গাৱৰ      ৰশ্মি লাগি আসি

ব্রহ্মা আদি দেৱ মানে।

তিৰি মিৰি দেখি        অধোমুখে সৱে

পৰিলা নিজ বিমানে।।

চক্ষু ফাটে বুলি         আখিত ধৰিলা

দুহাতে ঝপায়া আটি।

অনন্ত শয্যাত      কেশৱ বসিলা

কৰি অতি পৰিপাটি।।৪৬৯।।

দেখিয়া প্রভুক          উৎসুকে পড়িয়া

প্রণামিলা লক্ষ্মীমাৱ।

কতোকালে লাগ         পায়া জান্তিবাক

লাগিল স্বামীৰ পাৱ।।

মুখ্য পাৰিষদে          উপাসি চৌপাশে

নম্রভাৱে তুতি বোলে।

মাথাৰ উপৰে     শ্বেতছত্র তুলি

ধৱল চামৰে ঢোলে।।৪৭০।।

কৃষ্ণক দেখিতে     কৰে আয়াযাত

চতুর্ভুজ সেনা ছানি।

কৃষ্ণৰ আগত      পড়ি দণ্ডৱতে

বোলে কতো তুতি বাণী।।

বৈকুণ্ঠবাসীৰ      ভৈল মহোৎসৱ

মিলিল মহা সম্পদ।

ৰঙ্গে ঠাৱে ঠাৱে        গুণ গীত গাৱে

বজাৱে পঞ্চ শবদ।।৪৭১।।

ব্রহ্মা প্রতি মুখে         দেৱসৱো দুঃখে

পড়ি আছে কতোবেলি।

সন্ধুক্ষণ হুয়া      উঠি আসি পাচে

নিহালন্ত চক্ষু মেলি।।

কৃষ্ণৰ গতিক      নেদেখিয়া দেৱে

আচৰিত হুয়া আছে।

কৃষ্ণক অনেক     প্রশংসা কৰিয়া

গৈলন্ত স্বৰ্গক পাচে৷৷৪৭২।।

কৃষ্ণে এড়িলাত     কলি প্ৰৱেশিল

অধৰ্ম্মে জুড়িয়া ৰৈল।

শ্ৰী ধৰ্ম্ম ধৃতি          সত্য শৌচ নীতি

কৃষ্ণৰ লগতে গৈল।।

স্বধর্ম্ম আচাৰ      সৱাকো খেদায়া।

পাপে লৈল সামৰাজে।

পৃথিৱীত পুণ্য      একো নথাকিল

একে হৰিনাম বাজে।।৪৭৩।।

তেতিক্ষণে যেন         ছন্ন ভৈল ভূমি

শূন্য ভৈল দশোদিশ।

মহন্তৰ মহা       মিলিল বিষাদ

দুর্জ্জনে কৰে হৰিষ।।

কৃষ্ণৰ বিয়োগে     অগনি উধাই

পাৰন্ত পৃথিৱী গেড়ি।

হা প্রাণনাথ       আজিসে অনাথ

কৰি মোক গৈলা এড়ি।।৪৭৪।।

আৱেসে বিধৱা     ভৈলো মঞি কৈলো

কতনো পাপ সঞ্চিত।

ধ্বজ বজ্ৰ যৱ     চৰণৰ খোজে

আজিসে ভৈলো বঞ্চিত।।

কলি চাণ্ডালৰ     হাতত পড়িলো

পাইলে মোক মহাদুঃখে।

এহি বুলি ভূমি     কালৈ হুমাহুমি

আতি সলোতক মুখে৷৷৪৭৫।।

শুনা সভাসদ      ভাগৱত পদ

বিপদৰ ধূমকেতু।

কলিৰ পাতক     ঘাতক এহিসে

সংসাৰ সাগৰে সেতু।।

ঘোৰ কলিকাল        আত নাহি ভাল

অধৰ্ম্মে জুড়িলে ৰাজ।

দিনে দিনে লোক        ভৈল মলমতি

আৰো চিন্তা আন কাজ।।৪৭৬।।

গুচিল আচাৰ      সত্য শৌচ ধৰ্ম্ম

একাকাৰ ভৈল লোক।

মনে গণি দেখা         নিচিন্তে নাথাকা

যাইবে লাগৈ পৰলোক।।

কেতিক্ষণে ধৰে         যমৰ কিঙ্কৰে

কৈতবা মিলৈ মৰণ।

কৃষ্ণত বিনাই      আন গতি নাই

জানিয়া লৈয়ো শৰণ।।৪৭৭।।

দোষৰ সাগৰ      যদি ইটো কলি

আতো আছে মহাগুণ।

কেৱলে কৃষ্ণৰ     কীৰ্ত্তন কৰন্তে

উপজৈ সমস্তে পুণ্য।।

পাপক বিনাশৈ     কৃষ্ণত প্রৱেশৈ

ছিণ্ডৈ ঘোৰ কৰ্ম্মবন্ধ।

জানি নিষ্টমনে     কৃষ্ণৰ কীৰ্ত্তনে

সততে কৰা প্ৰৱন্ধ।।৪৭৮।।

সুখে বসি ৰঙ্গে     ভকতৰ সঙ্গে

কৃষ্ণক কৰা আলাপ।

লভিবা ভুকুতি     তড়িবা মুকুতি

যমৰো যাতনা তাপ।।

কৃষ্ণৰ কিঙ্কৰে     ভণিলা শঙ্কৰে

নলৈবা পাষণ্ড মতি।

এৰা আন কাম    বোলা ৰাম ৰাম

বৈকুণ্ঠে যাইবাক প্ৰতি।।৪৭৯।।

..............

 

                     ।।পদ।।

শুক নিগদতি শুনা ৰাজা মহাশয়।

কৃষ্ণৰ কথাত তুমি তেজিয়ো সংশয়।।

নপাৰিলা আপুনাক মাধৱে ৰাখিত।

নকৰিবা আৱে হেন শঙ্কা বিপৰীত।।৪৮০।।

যমৰ পুৰৰো আনি পৰম উৎসুকে।

মৃতক পুত্ৰক দিল দক্ষিণা গুৰুকে।।

সশৰীৰে নিলা স্বৰ্গে অন্ত্যজ জৰাক।

সি কি কৃষ্ণে ৰাখিবে নোৱাৰে আপুনাক।।৪৮১।।

ব্ৰহ্মা অস্ত্ৰে দহিলে তোহ্মাৰ কলেৱৰ।

গদা ধৰি প্ৰৱেশিলা গৰ্ভৰ ভিতৰ।।

অস্ত্ৰকো ভাঙ্গিলা যিটো জীয়াইলা তোহ্মাক।

সি কি কৃষ্ণে ৰাখিবে নপাৰে আপুনাক।।৪৮২।।

বাণক ৰাখিবে লাগি যুজিলন্ত হৰে।

তাহাঙ্কো মুহিলা প্ৰভু বিজৃম্ভণ শৰে।।

জগতকো সংহৰে অন্তক যিটো ৰুদ্ৰ।

কৃষ্ণ আগে ভৈলন্ত পতঙ্গ যেন ক্ষুদ্ৰ।।৪৮৩।।

পৰম ঈশ্বৰ হেন কৃষ্ণ কৃপাময়।

যাৰ কটাক্ষতে হোৱে সৃষ্টি স্থিতি লয়।।

হেন কৃষ্ণে ৰাখিবে নপাৰে আপুনাক।

কোননো বৰ্ব্বৰে আৱে পতিয়াইবে আক।।৪৮৪।।

মনুষ্য লোকত কিছু নাই সুস্থ গতি।

হেনসে দেখাইলা ইটো ত্ৰিজগত পতি।।

বৈকুণ্ঠক লড়ি গৈলা নৰৈ দ্বাৰকাত।

জানিয়া নৃপতি শঙ্কা নকৰিবা আত।।৪৮৫।।

যিটো মহাৰাজা সিংহাসনে থাকে চড়ি।

ইন্দ্ৰ হেন অন্তকালে মৰে দান্ত তড়ি।।

মৰিলে অৱশ্যে হোৱে বিষ্ঠা পলু ছাই।

কুৎচিত বিষয় দেখা একো সুখ নাই।।৪৮৬।।

কৃষ্ণৰ ভকতি সুখ সাগৰ সঙ্কাশ।

জ্ঞান কৰ্ম্ম এৰি কৰা হৰিত বিশ্বাস।।

ব্ৰহ্মলোক পৰ্য্যন্তে কালৰ নেৰাই হাত।

জানি সৱে তেজি ভজা কৃষ্ণক সাক্ষাত।।৪৮৭।।

ই কথা থাকোক ৰজা শুনা পাচকথা।

বসুদেৱ দৈৱকীৰ যি ভৈল অৱস্থা।।

কৃষ্ণে পঠাই দিলা যেৱে বাৰ্ত্তা কহিবাক।

দাৰুক সাৰথি পাচে গৈলা দ্বাৰকাক।।৪৮৮।।

গোৱিন্দৰ বিয়োগে বিহ্বল আতি হুই।

চাই আছে বাট নৰনাৰী ঊৰ্দ্ধ মুই।।

নুগুচয় হাত ফোট নিশ্বাস দুখত।

ধান দিলে হোৱৈ আখৈ প্ৰজাৰ মুখত।।৪৮৯।।

হা হা বিধি কিবা আজি মিলাৱৈ অৱস্থা।

পতিপুত্ৰ জ্ঞাতিৰ শুনোহো কিবা কথা।।

এহি বুলি নাৰীসৱে অন্যোঅন্যে ৰড়ৈ।

সৰসৰি নীৰ নয়নৰ পৰা পড়ৈ।।৪৯০।।

বিমঙ্গল দেখন্তে সৱাৰো কাম্পে বুক।

বাৰ্ত্তা লৈয়া তৈতে আসি মিলিলা দাৰুক।।

বিৱৰ্ণ্ণ বদন দুখে নলৰে অৱস্থা।

দেখিয়া জানিল সৱে অথন্তৰ কথা।।৪৯১।।

উগ্ৰসেন বাসুদেৱে আছা দুঃখভাৱে।

পৰিল দাৰুক গৈ দুইহান্তৰো পাৱে।।

চক্ষুৰ লোতকে তিয়াইলন্ত দুইৰো ভৰি।

অনেক কান্দিলা ৰাম কৃষ্ণক সুমৰি।।৪৯২।।

বসুদেৱ দৈৱকীক দেখিয়া দুনাই।

দশগুণে সিটো শোক অগনি উধাই।।

হা কৃষ্ণ কৃষ্ণ বুলি দিলা দীৰ্ঘ উকি।

ঝমক দেখিয়া কতো থাকন্ত নিচুকি।।৪৯৩।।

দেখি সমস্তৰে ধাতু অন্তৰীক্ষ ভৈল।

দাৰুকক বেঢ়ি বাৰ্ত্তা পুছিবাক লৈল।।

কিবা অথন্তৰে কান্দা কিসৰ অন্তৰে।

কি ভৈল সাৰথি কথা কহিয়ো সত্বৰে।।৪৯৪।।

সন্ধুকি দাৰুকে উঠি সলোতক মুখে।

তেজিলন্ত নিশ্বাস মনত মহাদুখে।।

কি কহিবো কথা মোৰ দহৱে হৃদয়।

সমৰে মৰিল যদুবৰী সমস্তয়।।৪৯৫।।

অস্ত্ৰসৱ ঢুকুৱাইল হানিল মাদুৰী।

পৰিল সকলে সাগৰৰ তীৰ জুড়ি।।

মিলিল সন্তাপ দেখি বংশৰ নিৰ্য্যাণ।

মূৰ্দ্ধাস্ফোটকৰি বলো ছাড়িলন্ত প্ৰাণ।।৪৯৬।।

ভাইক ধৰি অনেক কান্দিলা দামোদৰ।

বনত পশিলা পাছে হুয়া একেশ্বৰ।।

বিচাৰিয়া পাইলো পাছে অনেক বিকলে।

বসিছা মাটিত শিশু অশ্বত্থৰ তলে।।৪৯৭।।

বিন্ধি আছে শৰপাতে প্ৰভুৰ পাৱত।

দেখিয়া কান্দিলো শোকে কৃষ্ণৰ আগত।।

পালটাই পঠাইলা বাৰ্ত্তা কহিবাক লাগি।

প্ৰভুক এড়িয়া আইলো মঞি মন্দভাগী।।৪৯৮।।

কিবা ভৈল প্ৰভুৰ নজানো পাচকথা।

প্ৰাণ ফুটে দেখি যদুবংশৰ অৱস্থা।।

জনেকো নৰৈল নিৰন্তৰে ভৈল হত।

শুনি শোকে অগ্নি যেন লাগিল গাৱত।।৪৯৯।।

ক্ৰন্দনৰ উৰ্ম্মি উথলিল আতি বড়।

প্ৰভাসক লাগি সৱে দিলেক লৱড়।।

গালত চাপৰ মাৰৈ শোকে শ্ৰুতি নাই।

হা পতি পুত্ৰ বুলি গেড়িয়ান্তে যায়।।৫০০।।

ঝমক দেখিয়া কতো থাকন্ত থমকি।

পুত্ৰ পুত্ৰ বুলি কতো কান্দৈ মকমকি।।

পথতে পড়ন্তে যাই শোকে অগ্নি জ্বলে।

তুলি ধৰি নেই বন্ধু বান্ধৱসকলে।।৫০১।।

কতো হিয়ে হানে মুঠি উঠি উঠি পড়ে।

হা স্বামী বুলি কতো কন্দন্তে লৱড়ে।।

এহিমতে গৈয়া সৱে দেখিলেক পাচে।

সাগৰৰ তীৰক মৃতকে বেঢ়ি আছে।।৫০২।।

মৰা বন্ধু বান্ধৱক দেখিয়া সাক্ষাত।

শোকে গেৰি পাড়ৈ প্ৰজা কোটি অসংখ্যাত।।

স্বৰ্গকোল পাইলে ক্ৰন্দনৰ আৰ্ত্তৰাৱে।

সাগৰৰ উৰ্ম্মি যেন উথলিল ৰাৱে।।৫০৩।।

মৰা পতি পুত্ৰ সোদৰৰ বান্ধি গলে।

কতো নাৰীগণে কান্দে হাকলে বিকলে।।

ভূমিত পড়িয়া কতো আফালন্ত মাথ।

মোক এৰি কৈক যাহা ঐ প্ৰাণনাথ।।৫০৪।।

স্বকি স্বকি স্বামীক আলিঙ্গি গলে বান্ধি।

কৰন্ত কাৰুণ্য নাৰীসৱে কান্দি কান্দি।।

দিয়া মুখ মুখত বিনাৱৈ গুণ আতি।

কিয় প্ৰাণ প্ৰভু আছা আহ্মাক নমাতি।।৫০৫।।

শীতল শৰ্য্যাতে যিটো ঘেলাইলাহা গাৱ।

কিয় পড়ি ভৈল ধূলি ধূসৰ স্বভাৱ।।

উঠা উঠা প্ৰাণনাথ নিদ্ৰা পৰিহৰি।

মাতো মঞি তোহ্মাৰেসে সুভগা সুন্দৰী।।৫০৬।।

বায়ু ধৰি আছা কিয় নলৱা উশাস।

আৱেসে জানিলো আসি ভৈলো সৰ্ব্বনাশ।।

কৈক যাহা ঐ প্ৰাণপতি মোক এড়ি।

কান্দৈ আৰ্ত্তৰাৱে সৱে মৃতকক বেঢ়ি।।৫০৭।।

মহাশোকে বসুদেৱ দৈৱকী ৰোহিণী।

ৰামক কৃষ্ণক বিচাৰিয়া ফুৰৈ তিনি।।

পুত্ৰ পুত্ৰ বুলিয়া পাৰন্ত উকি আতি।।

কৈত আছা দুয়ো বাপু আহ্মাক নমাতি।।৫০৮।।

শৰীৰ নসহে দহে তোহোৰ অগনি।

দুখুনী দৈৱকী মাতো তোহ্মাৰ জননী।।

ঝাণ্টে দেখা দিয়ো বাপু বনৰ বজাই।

জুৰুৱাউ জীৱ ঐ প্ৰাণৰ পুতাই।।৫০৯।।

পাপী কংসে মাৰিলে প্ৰথমে ছয় পোক।

তোৰ মুখ দেখি পাসৰিলো সিটো শোক।।

তঞো তেজিবাক চাস বুকে দিয়া জুই।

মাতৃ বধ লৈলে তোৰ কোন লাভ হুই।।৫১০।।

বৃদ্ধ পিতৃ-মাতৃক কৰিয়া অনাথিতি।

কমললোচন পুত্ৰ গৈলি কোন ভিতি।।

মৰিল সবংশে দেখি পায়া অপমান।

কৈত আছা পৰি বাপ কৃষ্ণ মোৰ প্ৰাণ।।৫১১।।

পিণ্ডক জলক লাগি নথাকিল সঞ্চ।

এভো প্রাণ পুতাই তঞি আহ্মাক নবঞ্ছ।।

দিয়ো দেখা দামোদৰ দূৰ হৌক দুখ।

নেত্ৰ ভৰি দেখো বাপু সিটো চান্দমুখ।।৫১২৷৷

উপজি এড়িয়া মোক গৈল নন্দঘৰে।

বগাইলো নিহল মঞি তোহোৰ আন্তৰে।।

পাপী কংসে নানা দুখ দিলা বন্দী কৰি।।

মোক এৰি যাস সিয়ো গুণ নুসুমৰি।।৫১৩৷৷

এভো ওহ্লাই মাত মোক মাধৱ পুতাই।

মোক শোক সাগৰত নমাৰ পেহ্লাই।।

তোহোৰ বিয়োগে হেৰা যাঞো যমলোক।

অন্তকালে পুতাই পৰিচ্ছেদা দেখা মোক।।৫১৪।।

যাদৱ বংশৰ শোক অপাৰ সাগৰ।

ৰামৰ বিয়োগে ভৈল কুম্ভীৰ মগৰ।।

বাঢ়ৱয় অগনি ইটো কৃষ্ণ তোৰ শোকে।

আৱেসে সমূলি পুৰি পুতাই মাৰৈ মোকে।।৫১৫।।

মৰন্তে নপাইলো লাগ ঐ কৃষ্ণ বাপ।

যমৰ পুৰতো তোৰ নেৰাইবো সন্তাপ।।

এহি বুলি বিচাৰি ফুৰন্ত তিনি প্রাণী।।

হা বাপ কৃষ্ণ বুলি হিয়ে মুষ্ঠি হানি।।৫১৬।

কৃষ্ণ কৃষ্ণ বুলিয়া পাৰন্ত কতো উকি।

মূৰ্চ্চা গৈয়া পৰি কতো থাকন্ত নিচুকি।।

ধাৰায়ে লোতক ঝড়ৈ শ্রুতি নাহি গাত।

শোকানলে দহৈ কুঞ্চি আসে ভৰি হাত।।৫১৭।।

শুখাই ওঠ কণ্ঠ তালু দশন নিষ্পান।

নৰহয় জীৱ যেন ফুটি যাই প্রাণ।।

কৃষ্ণ কৃষ্ণ বুলিয়া কৰন্ত হাহাকাৰ।

চক্ষু মেলি চাহন্তে দেখন্ত অন্ধকাৰ৷৷৫১৮।।

বসুদেৱ দৈৱকী ৰোহিণী বৰনাৰী।

নপাইলন্ত পুত্র দুইক প্ৰৱন্ধে বিচাৰি।।

নিশ্চয়ে জানিলো ৰাম কৃষ্ণ গৈল মৰি।

কান্দিলা তিনিয়ো প্রাণী কৰি ধৰাধৰি।।৫১৯৷৷

বসুদেৱে বোলন্ত থাকিয়ো প্রাণেশ্বৰী।

পুত্রশোকে পোড়ৈ হেৰা মঞি যাঞো মৰি৷৷

পৰিচ্ছেদ দেখা দেখি ভৈলা আজি ধৰি।

হেন শুনি কান্দি কান্দি মাতন্ত সুন্দৰী।।৫২০৷৷

এতেক ঘাতুক বাণী বোলা কিবা হেতু।

কেৱলেসে ৰহি আছা মোৰ কলা ধাতু।

কৃষ্ণৰ লগতে গৈল মোৰ পঞ্চ প্রাণ।

মৰি আসিলোহো আৰ নাসে সমিধান।।৫২১।।।

ৰোহিণী বোলন্ত যাইবা আহ্মাক উপেক্ষি।

মৰি গৈল ৰাম পুত্ৰ জীয়ো কাক দেখি।।

পুত্রশোকে ফুটি হেৰা জীৱ মোৰ যায়।

এহি বুলি কান্দন্ত তিনিয়ো তিনি ঠাই।।৫২২৷৷

চৰি যায় মৰ্ম্মশোকে অগ্নি যায় জ্বলি।

কতোবেলি আছিলা কৰিয়া গলাগলি।।

তিনিৰো হৰিল আতি চেতন গিয়ান।

কৃষ্ণক কৰন্ত মাত্ৰ মনত ধিয়ান।।৫২৩৷৷

কৃষ্ণগুণ বৰ্ন্নান্তে নিৰ্ম্মল ভৈল চিত।

নিজৰূপে ভৈল কৃষ্ণ হিয়াত বিদিত৷৷

কৰ্ম্মবন্ধ চিণ্ডি ছাড়িলন্ত পাচে প্রাণ।

পাইলা মহাগতি ভৈল তিনিৰো নিৰ্যাণ।।৫২৪।।।

কৃষ্ণক নপাই পাচে ৰাজা উগ্রসেন।

কৃষ্ণতে সম্পিয়া প্রাণ ভৈলা বাউল যেন।।।

মহা মৰ্ম্মে দিয়া উকি কৃষ্ণ কৃষ্ণ বুলি।

উফৰি পৰিয়া ৰাজা মৰিলা সমূলি।।৫২৫।

অনেক সহস্র কোটি যাদৱকুমাৰ।।

হৰৈ দৰ্প ইন্দ্ৰৰো দেখন্তো চমৎকাৰ।।।

তিলেকতে অন্যোঅন্যে সৱে ভৈল হত।

কমনে বুজিবে পাৰৈ কৃষ্ণৰ মহত।।৫২৬।।।

যতেক পৰম বীৰ যাদৱ অপাৰ।

শতেক বৎসৰ কোনে লেখ দিবে তাৰ।।

তাসম্বাৰ শুনিয়ো পঢ়োৱা ওজা যত।

তিনি কোটি চৌৰাশী হাজাৰ একশত।।৫২৭।

সহস্র সংখ্যাত ছাত্র একৈক ওজাৰ।

তাৰ লেখা কৰিতে শকতি আছে কাৰ।।

সাগৰ সঙ্কাশ সিটো যদুবীৰ যত।

একেতিলে ছন্ন ভৈল কালৰ হাতত।।৫২৮।।

সমৰত যম সম সৱে ধনুৰ্ধৰ।

প্রতাপে আদিত্য দ্যুতি ভোগে পুৰন্দৰ।।

যাহাৰ কোপত তৃণৱত দেৱাসুৰ।

দেখিয়ো ক্ষণেকে কালে কৰিলেক চূৰ।।৫২৯৷৷

শুনিয়োক সভাসদ মাধৱৰ কথা।

দেখিয়োক কেন যদুবংশৰ অৱস্থা।।

আউৰ ইটো বিষয় সুখত এৰা আস।

দিনে দিনে যাই আয়ু মৃত্যু চাপে পাশ।।৫৩০।।

তেজিয়োক ধন জন জীৱনৰ গৰ্ব্ব।

কালে পাইলে একেতিলে হৰিবেক সৰ্ব্ব।।

মায়াময় বিষয় ক্ষণেকে হোৱে ছন্ন।

জানিয়া কৃষ্ণৰ পাৱে পশিয়ো শৰণ।।৫৩১৷৷

কৃষ্ণেসে পৰম দেৱ কৃষ্ণেসে ঈশ্বৰ।।

কৃষ্ণেসে পৰম আত্মা সমস্ত লোকৰ।।

কৃষ্ণেসে মুকুতিদাতা কৃষ্ণে ইষ্টদেৱ।

জানি দৃঢ় ভকতি কৃষ্ণক কৰা সেৱ।।৫৩২৷৷

পুত্ৰ ভাৰ্য্যা সৱে এড়ৈ মৃতক জনক।

মৰিলেয়ো লাগ পাৱে বান্ধৱ কৃষ্ণক।।

হেন বন্ধু কৃষ্ণ আছা হিয়াত সাক্ষাত।

মৰৈ তাঙ্ক নভজি চিতনি যাতনাত।।৫৩৩৷৷

নাৱ এৰি তল যায় জলত বিবুধি।।

যেন ৰোগী মৰৈ কোচে আছন্ত ঔষধি।।

হাতৰ অমৃত তেজি কৰৈ বিষপান।

হিয়াত কৃষ্ণক তেজি ভজৈ দেৱ আন।।৫৩৪।।

গীতা ভাগৱত ইটো শাস্ত্ৰৰ সন্মতি।

জানি নকৰিবা আত সংশয় সম্প্রতি।।

কৃষ্ণে ৰাজা দেৱৰো ধৰ্ম্মৰো ৰাজা নাম।

জানি নিৰন্তৰে নৰে বোলা ৰাম ৰাম।।৫৩৫।।

.....................

।।দুলড়ী৷৷

 

পাচে শোকে দুখে   ৰুক্মিণী প্রমুখ্যে

কৃষ্ণৰ অষ্ট মহিষী।

বিচাৰি ফুৰন্ত      কৃষ্ণক প্রবন্ধে

সিটো ৰণভূমি পশি।।

স্বামীৰ সন্তাপে     শৰীৰ শুখাই

খসি পৰৈ অলঙ্কাৰ।।

সুলকিল চুল      হৃদয় আকুল

দিনতে দেখৈ আন্ধাৰ।।৫৩৬।।

নয়ন পদ্মৰ       নীৰ পৰৈ ঝড়ি

কান্দন্ত গুণ বর্ণাই।

ভৈলোহো অনাথ         হা প্রাণনাথ।

কৰিলা কোন বিহ্লাই।।।

কত পুণ্যে পাইলো   তুমি হেন স্বামী

আমিসৱে অভাগিনী।

কি ভৈল ললাট    ভাঙ্গি ভৰা হাট

পাতিলে বিধি বিঘিনি।।৫৩৭।।।

চন্দ্ৰতো অধিক     মুখপদ্ম সিটো

থাকিবে নপাইলো চাই।।

অমৃত সুৰস      মধুৰ আলাপ

নপাইবো আউৰ দুনাই।।

ৰত্নৰ শয্যাত      শুতিবেক কোনে

চামৰে ঢুলিবো কাক।

অৰুণ চৰণ       পূজিবে নপাইলো

দণ্ডিলে দৈৱে আহ্মাক।।৫৩৮।।।

কমলনয়ন        হাস্য নিৰীক্ষণ

সুমৰি গোপ্য আলাপ।

প্রাণ যাই ফুটি         পাৰৈ লোটালোটি

অনেক কৰি বিলাপ।।

সুনাসিকা সিটো    ৰাতুল অধৰ

দশন মাণিক পান্তি।

কোটি কন্দর্পৰো             দর্প কৰৈ চুৰ

শ্যাম শৰীৰৰ কান্তি।।৫৩৯।।।

সম্যকে মনত      অমৃত বৰিষৈ

দেখন্তে ঈষত হাস।।

সুধা সম সিটো    বচনে আহ্মাক

কৰিবে কোনে আশ্বাস।।

আউৰ নেদিখিবো   পদ্মমুখ সিটো

জ্বলৈ যেন চন্দ্র কোটি।

সুমৰিয়া মহা          বাহু বক্ষস্থল

কিয় নযায় প্রাণ ফুটি।।৫৪০৷৷

ব্রহ্মা মহেশ্বৰ      যাহাৰ কিঙ্কৰ

যিটো জগতৰে দেৱ।

হেনয় সুস্বামী      ভৈলোহো বঞ্ছিত

কৰিবে নপাইলো সেৱ।।

জগত দুর্লভ      প্ৰাণৰ বল্লভ

তেজি গৈলা কৈক লাগি।

স্বামী অৱিহনে     কি কৰৈ জীৱন

কিসক জীঞো অভাগী।।৫৪১৷৷

পতিব্রতা স্ত্রী      স্বামীসে জীৱন

কেনে ৰাখি আছো প্রাণ।

হেন মনে মানি    কাষ্ঠচয় আনি

নিৰ্ম্মিলন্ত চিতা খান।।

ঘৃতচয় ঢালি      জ্বালিলা অগনি

লঙ্ঘিলে গগণে গৈয়া।

পাচে নাৰীসৱে         সাধৈ ইষ্টবৰ

হাতে পুস্পাঞ্জলি লৈয়া।।৫৪২।।

জন্মে জন্মে হুইবো       কৃষ্ণৰ কিঙ্কৰী

আন নবাঞ্জেহো আমি।

হুইৱন্ত আহ্মাৰ     পৰম ঈশ্বৰ

কৃষ্ণেসে টিকৰ স্বামী।

সততে চিত্তত      নুগুচোক তান।

চৰণত অভিলাষ।

হেন মনে মানি         কৃষ্ণক আলিঙ্গি

অগনিত দিলা জাস।।৫৪৩।।

আত অনন্তৰে          ৰেৱতী প্রমুখ্যে

ৰামৰ যত সুন্দৰী।।

স্বামীৰ শৱক      আলিঙ্গিয়া শোকে

সৱে গৈলা সয়তৰী।।

কৃষ্ণৰ কনিষ্ঠ      যত মাতৃগণ

সি ঠাইত কেহো নৰৈল।

স্বামীক আলিঙ্গি         চড়িয়া চিতাত

সৱে সয়তৰী গৈল।।৫৪৪।।

কামদেৱ আদি     কুমাৰসৱৰ

আছে যত ভাৰ্য্যাগণ।

স্বকি স্বকি সৱে         স্বামীৰলগত

কৰিলা অনুগমন।।

সাগৰৰ তীৰ      জুৰিলেক জুই

শিশুৰ শুনি ক্রন্দন।।

চিতাধূম্রে সৱে          আকাশ ব্যাপিল

দ্বাৰকা ভৈল উছন্ন।।৫৪৫।

কুলক সংহৰি      যেৱে দেৱহৰি

বৈকুণ্ঠক গৈলা ছলে।

দ্বাৰকা নগৰ      সমূলঞ্চে তল।

গৈল সাগৰৰ জলে।।

ৰুক্মিণী দেৱীৰ     ৰত্নৰ মন্দিৰ

কেৱলে ৰহিলা তাত।

যাক ভগৱন্তে       ক্ষেণেকো নেৰন্ত

অদ্যাপি দেখি সাক্ষাত।।৫৪৬।।

ইন্দ্র সম সিটো     একৈ একৈ বীৰ

দিগগজ সমান বলে।

যাদৱ বংশক      যুদ্ধত জিনিবে

হেন নাই ৰবিতলে।।

কালে সংহৰন্তে          তিলেকো নভৈল

দেখা কিনো বিপৰীত।।

অধিৰ জীৱন      জানিয়া কৃষ্ণৰ

চৰণত দিয়া চিত্ত।।৫৪৭৷৷

 

।।গ্রন্থকাৰৰ পৰিচয়।।

।।ছৱি৷৷

বৰদোৱা নামে গ্রাম  শস্যে মৎস্যে অনুপাম

ব্রহ্মপুত্র বহে যাৰ কাছে।

ভৈলা সেহি গ্রামেশ্বৰ যাৰ নাম ৰাজধৰ

যাৰ যশৰাশি এভো আছে।।

তানে পুত্র সূৰ্যবৰ   মহা বড়া বংশধৰ

কায়স্থ কুলৰ সন্ত শিষ্ট।

যাৰ যশ এভো জ্বলৈ জয়ন্ত মাধৱ দলৈ

দুয়ো ভাই যাহাৰ কনিষ্ঠ।।৫৪৮৷৷

তানে পুত্র অনুপাম  প্রসিদ্ধ কুসুম নাম।

ভৌমিক মধ্যত নাহি তুল।।

দানী মানী গুণৱন্ত  মহাজনে বখানন্ত

বংশৰ মধ্যত পদ্মফুল।।

তাহানে সন্ততি আতি জ্ঞানশূন্য শিশুমতি

কেশৱৰ কিঙ্কৰ শঙ্কৰ।

কথা একাদশ স্কন্ধ  বিৰচিলা পদবন্ধ

শুনা সভাসদ নিৰন্তৰ।।৫৪৯।।

নচাই শাস্ত্ৰ পৰিচ্ছেদ হঠাতে নকৰা খেদ

কৰযোৰে বোলো তুতিবাক।

পূৰ্ব্বাপৰে শাস্ত্র চাই যেৱে দেখা কথা নাই

তেৱে নিন্দা বুলিবা আহ্মাক।।

যিটো জনে অজিজ্ঞাসি     হঠাতে নিন্দয় আসি

তাকো মোৰ অঞ্জলি সম্পুষ্ট।

কহো মঞি সাঞ্চে সাঞ্চে    তাতো মহালাভ আছে।

নিন্দি মাত্র হৌক মহা তুষ্ট।।৫৫০।।

বিনাশে স্বধৰ্ম্মৰ্চয়        মোৰ পাপ কৰে ক্ষয়

দেখা সিটো কেনে উপকাৰী।

তাকো নেখেমিবে যেৱে    মোত পৰে আছে তেৱে

আউৰ কোন মহা অহঙ্কাৰী।।

ই কথা থাকোক আৱে    পৰলোক লাগৈ যাইবে।

জানি লৱা পথৰ সমল।।

জন্মক নকৰা বৃথা       শুনা ইটো কৃষ্ণকথা।

কৈত পড়ৈ জীৱন চঞ্চল।।৫৫১।।

দিনে হোৱে আয়ুপাত     চেতন নাহিকে গাত

অলপ পানীৰ যেন মাছ।

নিতে শুখাই পড়ে জল    তাতে কৰৈ কৌতুহল

কালবাঘ লাগি আছে পাছ।।

কেতিক্ষণে গিলে ধৰি     ক্ষণেকতে যাইবা মৰি

কৃষ্ণবিনে গতি নাহি আৰ।

কৃষ্ণেসে ৰক্ষাৰ হেতু      ৰামনামে বান্ধি সেতু

সংসাৰ সাগৰ হোৱে পাৰ।।৫৫২।।

পৰম মঙ্গল ৰাম        কৃষ্ণ বিষ্ণু হৰি নাম

যাৰ থাকে বাক্যত সততে।

তাৰ মহাপাপ ৰাশি      নাম অগনিত পুড়ি।

ভস্ম হুয়া যাই ক্ষণেকতে৷৷

কোটি শত তীর্থস্নান      কোটি যজ্ঞ কোটি দান।

নামৰ ৰেণুকো নোহে সম।

শাস্ত্ৰৰ জানিবা মজ্জা      নামেসে পুণ্যৰ ৰাজা

পাতেকৰ কালান্তক যম।।৫৫৩৷৷

আনো যত দেৱচয়       জানা সৱে মায়াময়

আন কৰ্ম্ম ধৰ্ম্ম সৱে ধান্ধা।

কৃষ্ণেসে দেৱৰো ৰাজা     জানিয়া কৃষ্ণক ভজা।

কৃষ্ণৰ নামক গলে বান্ধা।

গীতা ভাগৱত শাস্ত্র      কৱৈ এহি তত্ত্ব মাত্র

মুখ্য ধৰ্ম্ম হৰিগুণ নাম।

সুদৃঢ় বিশ্বাস কৰি       হৃদয়ে কৃষ্ণক ধৰি

নিৰন্তৰে বোলা ৰাম ৰাম।।৫৫৪।।

.....................

 

 

               ৷৷ অৰ্জুনৰ বিষাদ।।

                     ।।পদ৷৷

নিগদতি শুক শুনা নৃপ পৰীক্ষিত।

যেন কথা ভৈল আত অন্তৰে তহিত ।।

মিলিলা তথাতে আসি দিন কতিপয় ।

তযু পিতামহ মহাবীৰ ধনঞ্জয়।।৫৫৫৷৷

দ্বাৰকাবাসীৰ আসি দেখিলা অৱস্থা।

গৈলা এৰি কৃষ্ণৰো শুনিলা সৱে কথা।।

হিয়াত পৰিল যেন বজ্ৰৰ প্ৰহাৰ।

মহাদুঃখে দেখন্ত অৰ্জ্জুনে অন্ধকাৰ।।৫৫৬।

কৃষ্ণ বিনে ভৈল অন্ধ যেন ধনঞ্জয়।

ফুটি যাই প্রাণ দুঃখে দগধ হৃদয়।।

হৰিল চেতন শোক অগনিৰ জ্বালে।

হা কৃষ্ণবন্ধু বুলি পড়িলা নিঢালে।। ৫৫৭।।

নাই শ্রুতি বুদ্ধি যেন মৃতক অন্বয়।

নয়নৰ পৰা নীৰ ধাৰায়ে বহয়।

হা কৃষ্ণ বুলিয়া হানন্ত হিয়ে মুঠি।

ঢাত ঢাত মাটিত পৰন্ত উঠি উঠি।।৫৫৮৷৷

সুমৰি সুমৰি সিটো মাধৱৰ গুণ।

পৰম আকুল ভাৱে কান্দন্ত অৰ্জ্জুন।।

এৰি মোক কৈক গৈলা হা প্রাণনাথ।

আজিসে জানিলো ভৈলো পাণ্ডৱ অনাথ।।৫৫৯।

বন্ধু অরিহনে জীৱনত কোন সুখ।

আউৰ নেদেখিবো সুপ্রসন্ন সিটো মুখ।।

ঈষত হষিত চাৰু কমললোচন।

শুনন্তে অমৃত স্ৰৱে মধুৰ বচন।।৫৬০।

অৰুণ চৰণ কাৰ থাকিবো নিৰেখি।।

কোনে বুলিবেক মোক ওবা প্রাণসখি।।

বান্ধৱ বুলিয়া কোনে লগাইবেক মাত।

ইসৱ সুমৰি যেন অগ্নি লাগে গাত।।৫৬১।।

ইহাতেসে অধিকে দহৱে মোৰ বুক।

অন্তকালে নেদেখিলো মাধৱ বন্ধুক।।

নুগুচয় আউৰ হৃদয়ৰ ইসি শাল।

হৰি হৰি কিনো ভৈল অভাগ্য কপাল।।৫৬২।।

হা বিধি আছে কত পাতেক সঞ্চিত।

মাধৱ বান্ধৱ এৰে কৰিলি বঞ্চিত।

কাৰ নিৰেখিবো আৰু অৰুণ চৰণ।

আপদ কালত কাত পশিবো শৰণ।।৫৬৩৷৷

সঙ্কট সময়ে কোনে ৰাখিবে আহ্মাক।

পাণ্ডুৰ বংশক পাইলে আৱেসে বিপাক।।

বান্ধৱৰ বিয়োগে নিজীৱো আৱে কেৱ।

হা কৈক গৈলা মোৰ প্ৰাণ ইষ্টদেৱ।।৫৬৪।।

ঋষিসৱে কৱৈ নৰ নাৰায়ণ দুই।

একে লগে আইলা কৃষ্ণ ধনঞ্জয় হুই।।

আৱে কেনে এড়ি গৈলা ঐ কৃষ্ণ বাপ।

কোন দোষে দিলা মোক যাতনা সন্তাপ।।৫৬৫।।

কৃষ্ণ অর্জুনৰ কিছো নাহিকে অন্তৰ।

শুনো গলাৰৱ মঞি মুখত লোকৰ।।।

সিয়ো ভৈল মিছা মোক এৰিলে মাধৱ।।

আজিসি জীৱন্তে মঞি যেন মৰা শৱ।।৫৬৬৷৷

কৈৰ মঞি অধম মনুষ্যগোট হুই।

একে শয্যা একে আসনত থাকো শুই।।

ইসৱ তোহ্মাৰ মহা স্নেহক সুমৰি।

কিনো মঞি নিদাৰুণ এভো নযাঞ মৰি।।৫৬৭।।

ব্রহ্মা হৰে প্ৰণামে দূৰতে নমাই মাথ।

ৰথৰ সাৰথি ভৈলা হেন জগন্নাথ।।

আজি অনাথিতি কৰি কৈ গৈলা বান্ধৱ।

তুমি বিনে মৰো হেৰা মধ্যম পাণ্ডৱ।।৫৬৮।।।

কাহাৰ চৰণ চাই মিলিবে উৎসুক।।

আউৰ ই জন্মত মঞি নেদেখো বন্ধুক।।

ঐ বাপ কৃষ্ণ মোক তেজিলি নিশ্চয়।

কাত কৰি গৰ্ব আৱে জীৱো ধনঞ্জয়।।৫৬৯।।

কাৰ নিৰেখিবো খোজে ধ্বজ বজ্ৰ যৱ।

আজিসে গুচিল পৃথিৱীৰ মহোৎসৱ।।

শূন্য ভৈল দশাদিশ দিনতে আন্ধাৰ।

অন্ধলাৰ চক্ষু কৃষ্ণ কৈ গৈলা আহ্মাৰ।।৫৭০।

আউৰ কৈত পাইবো হৰি হেন হিতকাৰী।

পাৰৈ এহি বুলি বীৰে মাটিত লোটাৰি।।

চক্ষুগোটে দেখিবে নপাইলো প্রাণনাথ।

পড়ি পড়ি পৃথিৱীত আফালন্ত মাথ।।৫৭১।।

সুমৰি সুমৰি মাধৱৰ গুণ যত।

নিনিমাই সিটো শোক অগনি গাৱত।।

কৃষ্ণ কৃষ্ণ বুলিয়া পাড়ন্ত আতি গেড়ি।

কান্দৈ দ্বাৰকাৰ লোকে শোকে তাঙ্ক বেঢ়ি।।৫৭২।।

মাধৱৰ ভাৰ্য্যা যিটো ষোড়শ হাজাৰ।

ৰহি আছৈ কথমপি প্রাণ তাসম্বাৰ।।

ক্রন্দন শুনিয়া সিঠাইকে সৱে আইল।

অৰ্জ্জুনক দেখি দুনাই অগনি উধাইল।।৫৭৩।।

আছৈ অস্থি চৰ্ম্ম মাত্র নেৰে হৃদিখেদ।

চক্ষুৰ লোতক সৰ্ব্বদায়ে নুহি ছেদ।।।

বিমুকুত কেশ সৱে মলিন স্বভাৱ।

হা প্রাণপ্রভু বুলি কৰৈ আৰ্ত্তৰাৱ।।৫৭৪।।

কোথা গৈল প্রাণনাথ পাপিনীক নেনি।

প্রভু অৱিহনে আমি জীঞো কুলক্ষণী।।

হানে হিয়ে মুঠি শোকে প্রাণ যাই ফুটি।

স্বামীৰ সন্তাপে পৃথিৱীত পাৰৈ লুটি৷৷৫৭৫৷৷

বাল্য বৃদ্ধ বিধৱা অনাথ যত নাৰী।

হা পতি পুত্র বুলি কান্দে গেৰি পাৰি।।।

অৰ্জ্জুনক দেখি দুনাই জ্বলিল সন্তাপ।

সাগৰৰ বালি জুৰি কৰন্ত বিলাপ।।৫৭৬।।।

হা মাৱ বাপ বুলি আতি আৰ্ত্তনাদে।

কান্দে শিশুসৱে পৰি পৰম বিষাদে।।

উঠলিল ক্রন্দনৰ উৰ্ম্মি মহা ৰোল।

আকাশক ফেৰিয়া লঙিঘল স্বর্গ কোল।।৫৭৭।।

কৃষ্ণৰ বিৰহে বহ্নি দগধ শৰীৰ।।

আছা পড়ি মধ্যম পাণ্ডৱ মহাবীৰ।।

কৃষ্ণক স্মৰন্তে মহা মৰ্ম্মে ফুটে বুক।

বাৰ্তা লৈয়া আসি তৈতে মিলিলা দাৰুক৷৷৫৭৮।।

নিনিমাই শোকানল নাই শান্তি সুখ।

আছৈ তিতি লোতকে মলিন মহাদুঃখ।

বীৰ অৰ্জ্জুনক আসি দেখিলা প্রত্যেক।

হা কৃষ্ণ বাপ বুলি কান্দিলা অনেক।।৫৭৯।।

পাচে ধৈৰ্য্য ধৰি কৰি ক্ৰন্দন নিৰোধ।

পাণ্ডৱক সাৱটিয়া বোলন্ত প্রবোধ।।

উঠা উঠা ধনঞ্জয় তেজিয়ো সন্তাপ।

শুনা যেন বচন বুলিলা কৃষ্ণ বাপ।।৫৮০।।

কৰিলন্ত খেদ কৃষ্ণে সুমৰি তোহ্মাক।

অন্তকালে নপাইলো সখিক দেখিবাক।।

ইসে শোকে অধিকে দহৱে মোৰ বুক।

মোক আদেশিলা বাৰ্তা কহিবা দাৰুক।।৫৮১।।

প্রাণসখি সুমৰন্ত যেৱে মোৰ গুণ।

বাল্য বৃদ্ধ বিধৱাক পালিবা অৰ্জ্জুন।।

আপুন দেশক লাগি ৰাখি নিবা পথে।

পুত্ৰৱতে প্রতিপালি থৈবা ইন্দ্রপ্রস্থে।।৫৮২।।

মঞি চলি যাঞো হেৰা বৈকুণ্ঠ নিলয়।

কাত গৰ্ব্ব কৰি আৱে জীৱা ধনঞ্জয়।।

হৰি হৰি প্রাণসখি ভৈলা অসহায়।

এহি বুলি অনেক কান্দিলা যদুৰায়।।৫৮৩।।

বুলিলা তোহ্মাক আৰো অনেক কাৰুণ।

মোক লাগি চিন্তা ইটো তেজিবা অৰ্জ্জুন।।।

পূৰ্বৱতে অৱগৰ্ব্ব নকৰিবা সখি।

কাৰ্য্য বুজি থাকিবাহা কালক উপেখি।।৫৮৪।।

কৃষ্ণৰ বচনে বীৰ থিৰ কৰা মতি।।

তোহ্মাতে সম্পিলো সৱে যাদৱ সন্ততি।।।

বাল বৃদ্ধ বিধৱাক কৰিয়ো আশ্বাস।

শুনি ধনঞ্জয় দীর্ঘ তেজিলা নিশ্বাস।।৫৮৫৷৷

দাৰুক সাৱটিয়া ধৰি গলে বান্ধি।

আৰ্ত্তৰাৱে কতো আছিলন্ত কান্দি।।

ঐ বন্ধু সিবেলাতো সুমৰিলা মোক।

কিমতে পাসৰো সিটো বান্ধৱৰ শোক।।৫৮৬।।

দেৱৰো দুর্লভ যিটো অৰুণ চৰণ।

যাহাক স্মৰণে ভৈলো বিপদ তড়ন।।

খেদি আসি দেখিবে নপাইলো চক্ষুগোটে।

ইহাতেসে অধিকে হৃদয় মোৰ ফুটে।।৫৮৭।।

কিনো অধমৰ মোৰ অভাগ্য কপাল।।

জীঞো মানে ৰৈল ইটো হৃদয়ত শাল।।

পাণ্ডৱৰ প্রাণ কৈক গৈলা কৃষ্ণ স্বামী।

তুমি বিনে ভৈলো আজি ধৰি অন্ধ আমি।।৫৮৮।।

এহি বুলি কান্দে শোকে আকুল হৃদয়।।

কতোক্ষণে সন্ধুক্ষণ ভৈলা ধনঞ্জয়।।

কৃষ্ণক সুমৰি মনে তেজন্ত নিশ্বাস।

বাল্য বৃদ্ধ বিধৱাক কৰিলা আশ্বাস।।৫৮৯।।।

হাট ফোট নুগুচে নুৰুচে অন্নপান।

কেশৱৰ শোকত বিৱৰ্ণ মুখ ম্লান।।

যাদৱবংশৰ প্ৰেতকাৰ্যক সঙ্কলি।

মৃতকক দিয়াইলন্ত পিণ্ড জলাঞ্জলি।।৫৯০৷৷

বিধৱা নাৰীৰ সৱে শুনন্তে কাৰুণ।

নাই লোতকৰ ছেদ কান্দন্ত অৰ্জ্জুন।।

অনাথ বৃদ্ধক প্রতিপালি ধনঞ্জয়।।

তথাতে বঞ্চিলা পাচে মাস কতিপয়।।৫৯১।।

কৃষ্ণৰ কিঙ্কৰে কহে শুনা সৰ্ব্বলোক।

মহা মহন্তৰো দেখা কেনে দুখ শোক।।

তাপময় বিষয়ত নাই কিছো সুখ।

আকে লাগি হোৱে মন মাধৱে বিমুখ।।৫৯২।।

বিপুল অগনি ইটো অপাৰ সংসাৰ।

শোক দুখ ভয় আত তপত আঙ্গাৰ।।।

বিষম বিষয় মাংস আছে তাৰ মাজে।

তাক চাম্প দেই মন বিড়াল নিলাজে।।৫৯৩৷৷

পৰম তাপত পোড়ে মন নোহে জুৰ।

যাৱে কৃষ্ণকথা অমৃতত নেদে বুৰ।।

যাৱত নলৱৈ একশৰণ কৃষ্ণত।

একো কৰ্ম্মে নতৰয় যাতনা তাপত৷৷৫৯৪।।

কৃষ্ণপদ নৌকাক কৰিলে যিটো সাৰ।

গো-খোজ সমান হোৱৈ তাৰসে সংসাৰ।।

বৈকুণ্ঠত ঠাই লৱৈ মিলৈ মোক্ষ সুখ।

জানিয়া যতনে হুয়ো কৃষ্ণক সন্মুখ।।৫৯৫।।।

কৃষ্ণেসে মিলান্ত সুখ আত্ম উপযোগ।

আন দেৱে সাধে মাত্র ইন্দ্ৰিয়ৰ ভোগ।।

আপুনি মায়াত বদ্ধ কি দিবে মুকুতি।

কৃষ্ণক ভজিয়ো জানি হেনসে যুগুতি।।৫৯৬।।

স্বভাৱে সুহৃদ কৃষ্ণ ইষ্টদেৱ নিজ।

কৃষ্ণৰেসে সেৱা মহামুকুতি বাণিজ।।

নিশ্চিন্তি নাথাকা কালে ধৰিলেক পৰা।

নুসুমৰি হৰিনাম চিতনি নমৰা।। ৫৯৭৷৷

ত্রৈলোক্যতো হেন পাপ নাহি ছোট বৰ।

কৃষ্ণনাম শুনি ভিৰে নেদিবে লৱড়।।

ধৰ্ম্ম অৰণ্যৰ মহা সিংহ হৰিনাম।

পলাউক পাতেক ডাকি বোলা ৰাম ৰাম।। ৫৯৮।।

 

।। উদ্ধৱ-বিদুৰ সংবাদ।।

॥ দুলড়ী।।

 

কহে মুনি শুকে         শুনিয়ো সম্প্রতি

নৃপতি অপৰ কথা।

বিদুৰে উদ্ধৱে     সম্বাদ যি ভৈল

যমুনা তীৰত তথা।।

কৃষ্ণৰ বৈকুণ্ঠ     প্রয়াণ দেখিয়া

উদ্ধৱ বীৰ মহন্ত।।

পৰম সন্তাপে      পড়ি থাকি পাচে

মুচি মুখ উঠিলন্ত।।৫৯৯৷৷

কৃষ্ণৰ ভৰিৰ      খৰম দুখানি

আনি মাথে লৈলা বান্ধি।

হা বাপ কৃষ্ণ      বুলি গেড়ি পাৰি

লড়ি যান্ত কান্দি কান্দি।।

ধূলিয়ে ধূসৰ      কলেৱৰ আতি

সন্তাপে মুখ মলিন।

নাই অন্ন পান     শোকে ফুটে প্রাণ

যাই যুগ সম দিন।।৬০০।

সেহি সময়ত      তীর্থত ভ্রমন্তে

বিদুৰ যে মহাভাগ।

যমুনা তীৰত      মহাভাগৱত

উদ্ধৱক পাইলা লাগ।।

বুলি প্রাণসখি      সাৱটিলা স্নেহে

নয়ন ভৈল সজল।

যাদৱ পাণ্ডৱ      কুলৰ সমস্তে

পুছিলা বাৰ্তা কুশল।।৬০১।।

পুৰাণ পুৰুষ       ৰাম কৃষ্ণ দুই

সবান্ধৱে দ্বাৰকাত।

ভাৰ সংহাৰিয়া     সুখে কি আছন্ত

কহিয়ো সখি সাক্ষাত।।

ৰাজা উগ্রসেন     সাত্যকি অক্ৰূৰ

যত যদুবংশ মানে।

সাম্ব কামদেৱ     গদ অনৰুদ্ধি

আছে কি সৱে কল্যাণে।।৬০২।।

কৃষ্ণ অর্জুনক      সহায় কৰিয়া

যুধিষ্ঠিৰে প্রজা পালে।

ভীম ধনঞ্জয়      নকুল কনিষ্ঠ

সহদেৱ আছা ভালে।।

ধৃতৰাষ্ট্ৰ ৰাজা     জীৱন্ততে নিজ

পাপে গৈল অধোগতি।

সৱাতো অধিক        কৰো অনুশৌচ

সিটো পাতেকীক প্রতি।।৬০৩।।।

মোক অনাদোষে       দেশৰ ডাকিলে

পুত্ৰৰ পাপী বিবাদে।

হুয়া কৃতকৃত্য     তীর্থ কৰি ফুৰো

কৃষ্ণৰ পদ প্রসাদে।।

ই কথা থাকোক        ঐ সখি কৃষ্ণৰ

কুশল কৈয়ো সত্বৰে।

ভকতক ৰাখি     সুখে কি আছন্ত

প্রাণ ইষ্টদেৱ মোৰে।।৬০৪।।

যাৰ নাম যশে     জগত নিস্তৰে

স্মৰণে পাপ প্রলয়।

হেনয় বন্ধুক      কেনে এড়ি আইলে

মিলিল মনে সংশয়।।

তোহ্মাৰ বিৱৰ্ন্ন          বদন দেখিয়া

সখি ফুটে মোৰ বুক।

ঝান্টে কহ কথা        কিহেতু তেজিয়া

আসিলা প্রাণ বন্ধুক।।৬০৫।

কিবা অথন্তৰ          মিলিল তোহ্মাৰ

কি হেতু হেন অৱস্থা।

ইঙ্গিতে জানিলো            পড়িল বিপাক

আউৰ সোধো কিবা কথা।।

সি কি প্রাণকৃষ্ণ         ভালে কি আছন্তে

তঞি সখি এৰি আইলা।।

জানিলো আহ্মাক       মাধৱে বঞ্ছিলে

আৱেসে অন্তকে পাইলা।।৬০৬।।

এতেক বোলন্তে        লোতক বজাইল

বিদুৰ ভৈলা তবধ।

কৃষ্ণক স্মৰিয়া     দুনাই উদ্ধৱৰ

হৃদয় ভৈল দগধ।।

হৰিল চেতন      নাসৈ মাত মুখে

দুখে দেখৈ অন্ধকাৰ।

কৃষ্ণৰ চৰণ       চিন্তি মৌন ভৈলা

নাহি সন্তাপৰ পাৰ।।৬০৭।।

পাঞ্চ বৰিষতে     তেজিয়া ভোজন

যিটো কৰি শিশুলীলা।

আন কৰ্ম্ম এৰি         শিশুসৱে বেঢ়ি

কৃষ্ণক মাত্র পূজিলা।।

কৃষ্ণক সেৱন্তে     আসি ভৈলা বৃদ্ধ

উদ্ধৱ সাধু মহন্ত।

প্রাণতো অধিক        বন্ধুৰ বিৰহ

কিমতে আৱে সহন্ত।।৬০৮।।

দুই দণ্ড মানে     নমাতি আছিলা

কৃষ্ণৰ চিন্তি চৰণ।

উপজিল প্রেম      পুলকিত তনু

লোতক ঝড়ে নয়ন।।

বিদুৰে বোলন্ত         কিনো মহোদয়

উদ্ধৱ কৃতার্থ ভৈল।।

তাহানে পৰম      ভকতিক চাই

নিশবদ হুয়া ৰৈল।।৬০৯।।

....................

। ছবি।।

কৃষ্ণৰ কিঙ্কৰে ভণে       শুনিয়োক সৰ্ব্বজনে

জীৱন জলৰ যেন ৰেখা।

বিজুলী চমক সম       অথিৰ জীৱন জন্ম

মৰণ অদ্যাপি নেদেখা।।

ধৰিবে অন্তক বাঘে পৰলোকে যাইবে লাগে।

শুনিয়োক যাতনাৰ কথা।

যমৰ কিঙ্কৰে ধৰি   বান্ধিবে চামৰ জৰী

নকৰিবা কোননো অৱস্থা।।৬১০।।

মাৰিবে চাবুক বাড়ি      যাইবে দুখে প্রাণ ছাড়ি

খাইবে মাংস কুকুৰে কামুৰি।

আচাৰন্তে ধাতু যাই  ৰাখ বোলন্তাও নাই

বিষম যাতনা যমপুৰী।।

তপত সণ্ডাহ আনি       কাটিবেক জিহ্বা টানি

কুঠাৰে হনিয়া হিয়া ফাড়ৈ।।

বান্ধি হাতে গল ভৰি     হৰি বিমুখক ধৰি

চৌৰাশী নৰক ভুঞ্জাই মাৰৈ।।৬১১।।

সিসৱ দুখক স্মৰি       ঝান্টে চিন্তা মহাহৰি

হাটে বাটে কৈত পড়ৈ প্রাণ।

এৰিয়া বিষয় ধান্ধা      হৰিনাম গলে বান্ধা

নামেসে কৰিবে পৰিত্ৰাণ।।

যিটো মহাপাপ কৰি      আকস্মিতে