top of page

   ।।শ্রীমদ্ভাগৱত।।

             ।।চতুর্থ স্কন্ধ।।

 

 

।।মনুকন্যাসকলৰ বংশাৱলীঃ শিৱদক্ষ আখ্যানঃ

      ধ্ৰুৱ চৰিতঃ পৃথু চৰিতঃ পুৰঞ্জন চৰিত৷৷

                      ।।শ্রীকৃষ্ণায় নমঃ।।

 

                    ৷৷মঙ্গলাচৰণ।।

                        ।।পদ।।

 

জয় জয় দৈৱকীনন্দন ভগৱন্ত।

ব্রহ্মা মহেশ্বৰে যাৰ চৰণ সেৱন্ত।।

বেদ শিৰোৰত্নগণে যাহাক বখানে।

জ্ঞানী কর্ম্মযোগী যাক নপাৱে ধিয়ানে।।১।।

মহা মহা পাপী যাৰ নাম লৈলে তড়ে।

ভক্তসৱে হৃদে যাক চিন্তে নিৰন্তৰে।।

হেনয় কৃষ্ণৰ পদে কৰি নমস্কাৰ।

বিৰচিবো চতুর্থ স্কন্ধৰ পদ সাৰ।।২।।

নমো কৃষ্ণদেৱ মোক কৃপা কৰিয়োক।

তযু অনুগ্রহে আৰম্ভৰ সিদ্ধি হৌক।।

ভাগৱত শাস্ত্র ইটো অগাধ সাগৰ।

অল্পমতি হুয়া আশা কৰিছো ডাঙৰ।।৩।।

তযু চৰণৰ যদি কৃপালেশ পাঞো।

তেৱে তযু গুণগণ বর্ণাইবাক চাঞো।।

সভাসদ সৱে নুবুলিবা নিন্দাবাণী।

ৰচিবো কৃষ্ণৰ কথা জানি বা নাজানি।।৪।।

যেন ময়না ভাটোসৱে বচন ভাষয়।

তাক শুনি সাধুসৱে আনন্দ লভয়।

সেহিমতে মোৰ নিবিচাৰি গুণ দোষ।

হৰিকথা শুনি চিত্ত কৰিয়ো সন্তোষ।।৫।।

চতুর্থ স্কন্ধৰ একত্রিংশ অধ্যায়ত।

বিসর্গ লক্ষ্মণ নামে কৰিবো বেকত।।

প্রথম অধ্যায়ে মনুকন্যা বংশচয়।

পৃথকে পৃথকে তাক বর্ণিবো নিশ্চয়।।৬।।

যাত যজ্ঞ ভগৱন্ত ভৈলা অৱতাৰ।

তাহাক কহিবো আৱে কৰিয়া বিস্তাৰ।।

বিদুৰৰ মৈত্রেয়ৰ সম্বাদ শোভন।

একচিত্তে শুনিয়োক সভাসদগণ।।৭।।

..............

    ।।মনু কন্যাসকলৰ বংশাৱলী।।

 

মৈত্রয় বদতি শুনা বিদুৰ সুমতি।

স্বায়ম্ভুৱ মনুবংশ কহিবো সম্প্রতি।।

শতৰূপা নামে তান ভাৰ্য্যা সুচৰিতা।

তাতে মনু তিনিগুটি জন্মাইলা দুহিতা।।৮।।

আকূতি যে দেৱহূতি প্রসূতি অপৰ।

আৰো দুই পুত্র ভৈল পৰম সুন্দৰ।।

ভাৰ্য্যা সমে আলোচিয়া মনু মহাসন্ত।

আকূতিৰ ৰুচি প্রজাপতিক দিলন্ত।।৯।।

পাচে মনু ৰুচিক বুলিলা হেন বাক।

আন গর্ভে পুত্র ভৈলে দিবাহা আমাক।।

হেন শুনি প্রজাপতি স্বীকাৰ কৰিলা।

আকূতিক লৈয়া নিজ গৃহক চলিলা।।১০।।

পৰম তেজস্বী ঋষি বিষ্ণুপৰায়ণ।।

আকূতিক পাই আনন্দিত ভৈলা মন।।

তান গর্ভে কন্যা পুত্র দুগুটি জন্মাইলা।

দেখি প্রজাপতি আতি হৰিষক পাইলা।।১১।।

যজ্ঞ ৰূপে আসি বিষ্ণু জনম ধৰিলা।

দক্ষিণা নামত কন্যা পৰম সুশীলা।।

সাক্ষাতে লক্ষ্মীৰ অংশ গুণে নাহি সীমা।

যজ্ঞৰূপী ঈশ্বৰৰো আশ্চৰ্য্য মহিমা।।১২।।

আকূতিৰ পুত্ৰ ভৈল মনু শুনিলন্ত।

মহাৰঙ্গে পুত্র স্বকি গৃহে আনিলন্ত।।

পাচে যজ্ঞে দক্ষিণা কন্যাক বিহাইলন্ত।

তান গর্ভে দ্বাদশ তনয় জন্মাইলন্ত।।১৩।।

তাসম্বাৰ নামচয় শুনিয়ো সম্প্রতি।

সন্তোষ প্রতোষ তোষ শান্তি ইড়স্পতি।।

ভদ্র ইস্ম কৱি বিভু সুদেৱ ৰোচন।

স্বাহ্ন সমে ভৈলা এহি দ্বাদশ নন্দন।।১৪৷৷

তুষিতা নামত দেৱ তাৰাকে বোলয়।

স্বায়ম্ভূৱ মন্বন্তৰে এহি দেৱচয়।।

মৰীচ্যাদি ঋষি যজ্ঞ ইন্দ্ৰ অৱতাৰ।

নানা কর্ম আচৰিলা ৰুচিৰ কুমাৰ।।১৫।।

প্রিয়ব্রতোত্তানপাদ মনুৰ নন্দন।

পুত্র পৌত্র সমন্বিতে কৰিলা পালন।।

মনু মনুপুত্র ইন্দ্ৰদেৱ মহাঋষি।

সমস্তে বিষ্ণুৰ অংশ সৱে মহাযশী।।১৬।।

দেৱহুতি কন্যা কৰ্দ্দমত বিহা দিলা।

তান্তহন্তে নৱ গুটি কন্যা জনমিলা।।

সেহিসকলৰ বংশ তোহ্মাৰ আগত।

প্রপঞ্চিয়া কহো তাক শুনিয়ো সাম্প্রত।।১৭।।

কলা নামে কন্যাক মৰীচি বিহাইলন্ত।

কশ্যপ পূর্ণিমা দুই পুত্র জন্মাইলন্ত।।

জগত ভৰিল তাসম্বাৰ বংশচয়।।

সৱে কথা প্রপঞ্চিয়া কহিবো নিশ্চয়।।১৮।।

পূর্ণিমাৰ বিৰাজ বিশ্বগ পুত্র দুই।

মহা গুণৱন্ত একো গুণে সম নুই।।

দেৱকুল্যা নামে এক কন্যা জন্মাইলন্ত।

পূৰ্ব্ব জনমত যিটো গঙ্গা আছিলন্ত।।১৯।।

অনসূয়া কন্যা অত্রি ঋষিয়ে বিহাইলা।

চন্দ্ৰ দত্ত দুৰ্ব্বাসাক তেহেন্তে জন্মাইলা।।

ব্রহ্মা বিষ্ণু হৰ অংশে তিনিয়ো মহন্ত।

পৰম তেজস্বী সৱে মহা যশৱন্ত।।২০।।

শুনা সভাসদ পদ শ্রীভাগৱত।

সদায়ে কৃষ্ণৰ নাম নেৰিবা মুখত।।

কৃষ্ণ কৃষ্ণ নাম যিটো সুমৰে সততে।

তাৰ আৰ কাক ডৰ আছে ত্রিজগতে।।২১।।

তান আগে মুক্তিপদ কোন বস্তু হয়।

সংসাৰ জলধি সিটো সুখে নিস্তৰয়।।

পৰম ঈশ্বৰ হৰি তাঙ্কো বশ্য কৰে।

কৃষ্ণৰ কৃপাৰ পাত্র হোৱে সিটো নৰে।।২২।।

এতেকে অন্যত্র ধৰ্ম্মে তেজিয়া বিশ্বাস।

নিৰন্তৰে কৃষ্ণনাম কৰিয়ো অভ্যাস।।

কলিযুগে আন ধৰ্মে আৰ গতি নাই।

সকলো শাস্ত্ৰৰ ইসে গৃঢ় অভিপ্রায়।।২৩।।

মিছাত কি কৰা বসি কৰি আল জাল।

নিকট চাপিলা আসি অবাৰিত কাল।।

নাহিকে নিয়ম কোন দিনা নিবে ধৰি।

জানিয়া সঘনে বোলা মুখে হৰি হৰি।।২৪।।

............

৷৷ঋষি অত্রি আৰু অনসূয়াৰ তপস্যা।।

৷৷দুলড়ী।।

 

বিদুৰ বদতি      কহিয়ো সমপ্রতি

গুৰু কুশাৰুৰ সুত।

অত্রিৰ গৃহত      তিনি দেৱজাত

ইটো কথা অদভুত।।

সৃষ্টি স্থিতি লয়         কৰ্ম্মক কৰয়

তাৰা দেৱতাৰো দেৱ।

কোন জাত ভৈলা     কি কাম কৰিলা

কৈয়ো পাৱে কৰো সেৱ।।২৫৷৷

মৈত্রেয় বদতি      অত্রি মহামতি

ব্রহ্মবিদ্যা পাৰগত।

সৃষ্টি কৰিবাক     ব্রহ্মায়ে তাহাঙ্ক

আদেশিলা যি কালত।।

পিতৃৰ আদেশ     পায়া মহাযশ

কৰিলন্ত নমস্কাৰ।

অনসূয়া সমে      মহা মনোৰমে

ঋক্ষ গিৰি পয়োসাৰ।।২৬।।

সিটো কুলাচল     পৰম নিৰ্ম্মল

তপস্বী তাত অপাৰ।

নিৰ্ব্বিন্ধ্যা নদীৰ         পতন ৰুচিৰ

ঘৰ্ঘৰিত ধ্বনি তাৰ।।

শুনি মনোৰম     কানন উত্তম

ফুলসৱ ফুলি আছে।

চম্পক তগৰ      অশোক অপাৰ।

নিব্বিন্ধ্যাৰ কাছে কাছে।।২৭।।

আশ্রম বেঢ়িয়া     নদী যান্ত বৈয়া

পৰম পৱিত্ৰ জল।

সেহি স্থানে গৈয়া   তপ আচৰিলা

ভাৰ্য্যা সমে কৌতূহল।।

প্রাণায়ামে মন     কৰি সংযমন

বৰিষ শত শোভন।

একপদে স্থিত      থাপি পৃথিৱীত

কৰিয়া বায়ু ভোজন।।২৮||

শীত উষ্ণ যত     জিনিয়া সতত

চিন্তিবে লাগিলা মনে।

ইটো জগতৰ      যিজন ঈশ্বৰ

পশিলো তান্ত শৰণে।।

তোহ্মাৰ সমান     মাগো পুত্র দান

চৰণে কৰি প্ৰনাম।

মোহোৰ গৃহত     জন্মিয়ো বেকত

পূৰা মোৰ মন কাম।।২৯৷৷

এহি মনে জপ     কৰি মহা তপ

আছা যেৱে মুনিবৰ।

মহা তপে জুই     মাথে বাজ হুই

জ্বলি গৈলা খৰতৰ।।

তাহাৰ তাপত     তিনিয়ো জগত

ভৈলা মহা ভয় ভীত।

দেখি ব্রহ্মা হৰ     হৰি তিনি দেৱৈ

চলিলা তান সন্নিত।।৩০।।

সিদ্ধ বিদ্যাধৰ     মুনি নিৰন্তৰ

অপেস্বৰা নাগগণ।

লগতে চলিলা      তিনি দেৱতাৰ

যশস্যা কৰি কীৰ্ত্তন।।

মহোৎসৱে গৈয়া    আশ্ৰমক পায়া

সৱে এক স্থান ভৈলা।

তান তপ যোগ    মহিমাক দেখি

বিস্ময়ে চাহিয়া ৰৈলা।।৩১।।

একপাৱে তপ      কৰিয়া আছন্ত

মেলিলা পাচে নয়ন।

ব্রহ্মা বিষ্ণু হৰ     তিনি দেৱ বৰ

আগে ভৈলা দৰিশন।।

আথেবেথে মুনি     দণ্ডৱতে পৰি

উঠিয়া পাচে তথায়।

পাদ্য অর্ঘ্য দিয়া    অঞ্জলি কৰিয়া

তিনিকো আছন্ত চাই।।৩২৷৷

বৃষভ সুপর্ণে      হংসৰ বাহনে

আছন্ত তিনিয়ো বসি।

আপোনাৰ চিহ্নে    জলে ভিন্নে ভিন্ন

তিনি দেৱ মহাযশী।।

হষিত বদনে      চাহিয়া আছন্ত

প্রসন্ন ভাৱ দেখাই।

তাসম্বাৰ জ্যোতি    নিমিলিত আখি

কৃতাঞ্জলি আছা চাই।।৩৩।।

তাসম্বাত চিত্ত     প্রৱেশ কৰায়া

অত্রি মহা মুনিবৰ।

মধুৰ বচনে       স্তুতি আৰম্ভিলা

শুনিবাক মনোহৰ।।

সত্ত্ব ৰজ তম      মায়াৰ গুণক

আশ্ৰয় কৰিয়া আসি।

জগতৰ সৃষ্টি      স্থিতি লয় হেতু

তনুক ধৰা প্রকাশি।।৩৪।।

কল্পে কল্পে যিটো    সৃষ্টিত প্ৰৱৰ্ত্তা

ব্রহ্মা বিষ্ণু মহেশ্বৰ।

তোমাসাৰ পাৱে    প্রণাম কৰোহো

তুমিসৱ দেৱ বৰ।।

দেৱৰ প্রধান      যিটো একজন

চিন্তিলো মঞি মনত।

পুত্রকাম মনে      কৰো আৰাধন

তিনিয়ো ভৈলা বেকত৷৷৩৫||

মনৰো দুৰ্জ্ঞেয়     যত দেৱচয়

তনুধাৰী সমস্তৰ।

মোহোত প্রসন্ন     ভৈলা কি কাৰণ

বিস্ময় মোৰ মনৰ।।

এহিমতে স্তুতি     বচন বুলিয়া

প্রার্থিয়া যেৱে আছন্ত।

সংশয় গুচায়া     দিলা ইষ্টবৰ

তিনি প্রভু ভগৱন্ত।।৩৬।।

শুনা সৰ্ব্বজন     কথা ৰঙ্গমন

কৰিয়ো হৰি ভকতি।

ভকতি বিনাই     দেৱক তুষিত

নাহিকে কাৰো শকতি।।

শ্ৰৱণে কীৰ্ত্তনে      ভজে যিটো জনে

ভগৱন্ত বাসুদেৱ।

সিটো মহন্তৰ      চৰণত নিতে

পৰি পৰি কৰো সেৱ।।৩৭৷৷

তাৰা সৱে ধন্য         তাৰা সৱে পূজ্য

সুহৃদ তাৰা লোকৰ।

আনকো স্মৰাৱে         আপুনিয়ো যিটো

নাম স্মৰে নিৰন্তৰ।।

কলিৰ যুগত      জানা এহিমাত্র

সমস্তৰে মূল কাম।

গোপালৰ পদ      দাসে কহে সৱে

ডাকি বোলা ৰাম ৰাম।।৩৮।।

..................

   ৷৷অত্রিৰ গৃহত ভগৱন্তৰ জন্ম গ্রহণ।।

                        ।।পদ।।

 

মৈত্রেয় বদতি শুনা বিদুৰ মহন্ত।

এহি স্তুতি নতি কৰি অত্রি প্রার্থিলন্ত।।

শুনি তিনি দেৱশ্রেষ্ঠ হৰিষ লভিলা।

হাস্য কৰি সুমধুৰ বচন বুলিলা।।৩৯৷৷

শুনা মুনি যেন হৃদি সঙ্কল্প তোহ্মাৰ।

তাকে সিদ্ধি কৰিবাক যতন আহ্মাৰ।।

একজন চিন্তিলা আসিলো তিনিজন।

আৰ হেতু কহো শুনা হুয়া একমন।।৪০।।

পুত্ৰকামে তুমি যাক সঙ্কল্প কৰিয়া।

জগত ঈশ্বৰ তত্ত্ব আছাহা চিন্তিয়া।

সেহি এক তত্ত্ব আমি তিনিয়ো ঈশ্বৰ।

ব্রহ্মা বিষ্ণু শিৱ আমি একে কলেৱৰ৷৷৪১।।

এতেকে আহ্মাৰ অংশভূত তিনিজন।

লোকত প্রখ্যাত হৈবে তোহ্মাৰ নন্দন।।

যিহেতু আহ্মাৰ অংশে লভিবা তনয়।

তোহ্মাৰ প্রসিদ্ধ হৈবে শুদ্ধ যশচয়।।৪২।।

এহি বৰ দিয়া যাইবে চান্ত তিনিদেৱ।

ভাৰ্য্যা সমে দুনাই ঋষি কৰিলন্ত সেৱ।।

প্রেমে অঙ্গ পুলকিত সজল নয়ন।

পাদ্য অর্ঘ্যে পূজিলন্ত তিনিৰো চৰণ।। ৪৩৷৷

দুয়োজনে কৃতাঞ্জলি চাহিয়া আছন্ত।

তাৰাক আশ্বাসি পাচে তিনি ভগৱন্ত।।

স্বকি স্বকি যানে নিজস্থানে চলি গৈলা।

পাচে অত্রিপত্নী গর্ভে তিনি জাত ভৈলা।।৪৪।।

ব্রহ্মা অংশে চন্দ্র বিষ্ণু দত্ত যোগেশ্বৰ।

শিৱ অংশে জন্মিলা দুর্বাসা মুনিবৰ।।

এহিমতে অত্রিগৃহে তিনি দেৱ জাত।

প্রপঞ্চিয়া কৈলো কথা তোহ্মাৰ আগত।।৪৫।।

।।আন মনু কন্যাসকলৰ দ্বাৰা বংশ বৃদ্ধি৷৷

 

শুনিয়া বিদুৰ মহা আনন্দ লভিলা।

আনো কন্যা বংশ ঋষি কহিতে লাগিলা।।

শ্রদ্ধা কন্যা অঙ্গিৰস ঋষিয়ে বিহাইলা।

চাৰি কন্যা দুই পুত্র আনন্দে জন্মাইলা।।৪৬।।

সিনীবালী কুহূ ৰাকা আৰু অনুমতি।

ভৈলা দুই তনয় উতথ্য বৃহস্পতি।।

আনো পুত্রগণ তান হৈয়া আছে জাত।

স্বাৰোচিষ মনুকালে হৈয়াছে প্রখ্যাত।।৪৭।।

হবিৰ্ভু নামত কন্যা পুলস্ত্য বিহাইলা।

অগস্ত্য বিশ্রৱা দুই পুত্ৰক জন্মাইলা।।

পূৰ্ব্বে জঠৰাগ্নি যিটো সৱাৰো আছিল।

অগস্ত্য স্বৰূপে আসি তেহন্তে জন্মিল।।৪৮৷৷

বিশ্রৱাত হন্তে ইড়বিড়াত সম্প্রতি।

ভৈলন্ত কুবেৰ যাক বোলে ধনপতি।।

আনো ভাৰ্য্যা কেশিনীত ভৈল তিনিজন।

ৰাৱণ কুম্ভকর্ণ আৰো বিভীষণ।।৪৯৷৷

গতি গর্ভে পুলহে জন্মাইলা তিনিজন।

কৰ্ম্মশ্রেষ্ঠ বৰীয়ান সহিষ্ণু নন্দন।।

ক্রিয়া কন্যা বিহাইলন্ত ক্রতু মহাশয়।

বালখিল্য নামে ষাঠি হাজাৰ তনয়।।৫০।।

ব্রহ্মতেজোময় তাৰা সৱে মহাঋষি।

সূৰ্য্যৰ ৰথৰ আগে যিটো যান্ত বসি।।

উৰ্জ্জা কন্যা বিৱাহি বশিষ্ঠ মুনিবৰ।

চিত্রকেতু আদি সাত জন্মাইলা কুমাৰ।। ৫১।।

চিত্রকেতু সুৰোচি বিৰজা মিত্র তাৰ।।

উল্বণ বসুভৃত্যান দ্যুমান অপৰ।।

শক্তি আদি আনো পুত্রগণ জন্মাইলন্ত।

অথৰ্ব্বণ ঋষি চিত্তি কন্যা বিহাইলন্ত।।৫২।।

জন্মাইলা মহন্ত পুত্র এক অনুপাম।

দধীচিৰ অশ্বশিৰা অপৰ এক নাম।।

ভৃগু খ্যাতি ভাৰ্য্যাত জন্মাইলা পুত্র দুই।

শ্রীনামে একগুটি জীউ আছে হুই।।৫৩।।

ধাতা যে বিধাতা নাম পুত্ৰৰ প্রখ্যাত।

শুনিয়োক দুইত হন্তে যিবা ভৈল জাত।।

মেৰুৰ দুহিতা ভৈলা আয়তি নিয়তি।

দুই ভাই বিহা কৰিলন্ত দুই সতী।।৫৪।।

ধাতা বীর্য্যে আয়তিত মৃকণ্ড তনয়।

তান পুত্র ভৈলা মার্কেণ্ডেয় মহাশয়।।

বিধাতাৰ নিয়তিত প্রাণ উতপতি।

প্রাণৰ তনয় বেদশিৰা মহামতি।। ৫৫।।

শুক্ৰকো জানিবা ভৃগুবংশী মুনিবৰ।

কবি আৰো উশনা নামত ৰুচিকৰ।।

এহি কৰ্দ্দমৰ বংশ কহিলো তোহ্মাত।

শুনন্তা জনৰ পাপ কৰয় বিঘাত।।৫৬।।

মনুকন্যা প্রসূতিক দক্ষে বিহা কৈলা।

তান গর্ভে দক্ষৰ ষোড়শ কন্যা ভৈলা।।

প্রথমতে তেৰ গুটি ধৰ্ম্মক দিলন্ত।

আৰো এক গুটি অগ্নিগণে বিহাইলন্ত।।৫৭।।

পিতৃগণে এগুটি শঙ্কৰে একজন।

যিটো হৰে কৰে ভৱভয় বিমোচন।।

শুনিয়ো বিদুৰ তাৰা সমস্তৰ নাম।

যাত যেন বংশ ভৈলা কহো অনুপাম৷৷৫৮||

ধৰ্ম্মপত্নীগণ নাম শুনিয়ো সম্প্রতি।

যাত ধৰ্ম্মবীর্য্যে যিটো বংশ উতপতি।।

শ্রদ্ধা মেধা মৈত্রী মূৰ্ত্তি দয়া ক্রিয়া তুষ্টি।

উন্নতি তিতিক্ষা শান্তি হ্ৰী বুদ্ধি পুষ্টি।।৫৯৷৷

আসন্থাৰ পুত্ৰসৱ শুনা মহাশয়।

শ্রদ্ধাসুত শুভ স্মৃতি মেধাৰ তনয়।।

মৈত্রীৰ প্রসাদ সুত দয়াৰ অভয়।

শান্তি পুত্র সুখ হর্ষ তুষ্টিৰ তনয়।।৬০৷৷

ক্ৰিয়াসুত যোগ উন্নতিত দর্পজাত।

বুদ্ধিসুত অর্থ গৰ্ব্ব পুষ্টিত প্রখ্যাত।।

তিতিক্ষাত ক্ষেম হ্ৰীত প্রশ্রয় তনয়।

নৰনাৰায়ণ ভৈল মূৰ্ত্তিত উদয়।।৬১।।

সৰ্ব্ব গুণাশ্রয় দুই ঋষি মূৰ্ত্তিমন্ত।

যিটো জগতৰ পতি প্রভু ভগৱন্ত।।

শুনিয়ো বিদুৰ বাপ কৰি ৰঙ্গমন।

সমস্ত লোকৰ দুয়ো কুশলকৰণ।।৬২৷৷

শুনা সভাসদ পদ কৃষ্ণৰ চৰিত্ৰ।

সৃষ্টিলীলা কথা ইটো পৰম পৱিত্ৰ।।

পতিত পাৱন যশ ঈশ্বৰ কৃষ্ণৰ।

যাক শুনি কৃতকৃত্য হোৱে সৱে নৰ।।৬৩।।

বিশেষত কলিযুগে শ্ৰৱণ কীৰ্ত্তন।

সমস্ত লোকৰ ইসে মুকুতি সাধন।।

কৃষ্ণৰ চৰণে প্রেম ভকতি বঢ়াৱে।

জানি সাধুজনে আকে শুনে ভণে গাৱে।।৬৪।।

উদয় হোৱন্তে অস্ত যান্তে দিৱাকৰ।

ব্যর্থে আয়ু হৰি নেয় সমস্ত লোকৰ।।

যিটোজনে হৰিকথা শুনিয়া সদায়।

প্রসঙ্গ কৰিয়া থাকে মহন্তৰ ঠাই।।৬৫।।

বৈষ্ণৱতো প্রীতি কৰি আছে ভালমতে।

তাসম্বাৰ পাৱে পৰি নমো দণ্ডৱতে।।

নমো নমো কৃষ্ণদেৱ পতিতৰ গতি।

মোত পৰে নাহি আন পতিত সম্প্রতি।।৬৬।।

অনাদি জনম ইটো ভৱকূপে পৰি।

বন্দী হুয়া আছো বান্ধিলেক কৰ্ম্মজৰী।।

ভকতৰ সঙ্গ দিয়া কৰা পূর্ণকাম।

সামাজিক সৱে ডাকি বোলা ৰাম ৰাম।।৬৭।।

                            .................

।।দুলড়ী।।

 

মৈত্রেয় বদতি      শুনিয়ো বিদুৰ

ভৈলা নৰ নাৰায়ণ।।

যাহাৰ জন্মত      সমস্তে জগত

লভিলা সুখ শোভন।।

সমস্তে লোকৰ     মন স্বচ্ছতৰ।

সুপ্রসন্ন দশোদিশ।

পশু পক্ষী যত     সৱাৰো মনত

মিলিলা মহা হৰিষ ।।৬৮||

নদী সৰোবৰ      পৰ্ব্বতো সুন্দৰ

নিৰ্ম্মল ৰত্ন ধৰিলা।

দিব্য বাদ্য যত    দেৱে বজাইলন্ত

কুসুম বৃষ্টি কৰিলা।।

মুনিগণে তুষ্টে      বেদ উচ্চাৰন্ত

গন্ধৰ্ব্বে কৰে কীৰ্ত্তন।

কিন্নৰে গাৱয়     মৃদঙ্গ বাৱয়।

নাচে অপেস্বৰাগণ৷৷৬৯।।

দেৱীগণে আনি     মঙ্গল গাইলন্ত

ব্রহ্মা আদি দেৱগণ।

সেহি স্থানে আসি   স্তুতি কৰিবাক

লাগিলন্ত ৰঙ্গমন।।

যিটো প্রভু নিজ    মায়ায়ে আত্মাত

স্ৰজি আছা বিশ্বখান।

যেন আকাশত     গন্ধৰ্ব্ব নগৰ

প্রকাশয় সুশোভন।।৭০৷৷

সেহি মিছা ভ্রম    গুচাই শুদ্ধ ব্রহ্ম

জনাইবাক কৃপাময়।

ঋষি ৰূপ ধৰি     ধৰ্ম্মৰ গৃহত

আপুনি ভৈলা উদয়।।

সত্ত্ব গুণে প্রভু     আপুনি স্ৰজিলা

আমি সৱে দেৱতাক।

সৃষ্টি ব্যতিকৰ     যিসৱ পামৰ

তাক নাশ কৰিবাক।।৭১৷৷

সেহি প্রভু তুমি    আমি দেৱতাক

কৰিয়োক আৱে দায়া।

কমল পাসিতো     অধিক নয়ন

কৰুণা দৃষ্টিয়ে চায়া।।

হেনয় পৰম       পুৰুষ তোহ্মাক

নমো নমো নিৰন্তৰ।

শাস্ত্রেসে যাহাক     অনুমান কৰে

চক্ষুৰ ভৈলা গোচৰ।।৭২।।

এহিমতে সুৰ      গণে স্তুতি কৈলা

ভগৱন্ত দুয়োজন।

তাসম্বাক কৃপা     দৃষ্টি আশ্বাসিয়া

গৈলন্ত গন্ধমাদন।।

তাৰা দুই কৃষ্ণ -    অৰ্জ্জুন স্বৰূপে

আসি কুৰু যদুকুল।

দুষ্টক বিনাশি      কৰিলেক আসি

ভূমিৰ ভাৰ নিৰ্ম্মূল।।৭৩৷৷

কৃষ্ণ পূর্ণব্রহ্ম      নৰ নাৰায়ণ

পুৰুষ কলা সাক্ষাত।

পূর্ণ অংশ কলা    একে বস্ত্র মাত্র

নাহিকয় ভেদ যাত।।

তথাপি সমস্ত      অৱতাৰগণ-

কৃষ্ণৰে পৰা আসয়।

কৰ্ম্ম কৰন্তেসে     ছোট বৰ হেন

বাস্তৱত ভেদ নয়।।৭৪।।

..............

 

 ।।ছবি।।

 

শুনিয়ো বিদুৰ ধীৰ      সৃষ্টি দক্ষ দুহিতৃৰ

স্বাহা নামে যিটো কন্যাখানি।

দিলা দক্ষ প্রজাপতি    বিবাহ কৰিয়া প্রীতি

যিটো দেৱ অগ্নি অভিমানী।।

তাহান গৰ্ভতে জাত    সমস্তে বেদত খ্যাত

ভৈলন্ত তনয় তিনিজন।

পাৱক যে পৱমান   শুচি আৰো অনুপাম

সবে হোম কৰন্ত ভোজন।।৭৫৷৷

তাৰাত ভৈলন্ত জাত      পঞ্চল্লিশ অগ্নি খ্যাত

সৱে মিলি ঊনপঞ্চাশত।

বেদে নাম ব্যক্ত আছে যি কৰ্ম্মত যাক লাগে

নুহিকয় লোকত বেকত।।

এতেকে সিসৱ নাম       প্ৰপঞ্চিয়া নকহিলো

শুনা আৰো বিদুৰ সম্প্রতি।

দক্ষে ৰঙ্গমনে দিলা       পিতৃগণে বিৱাহিলা

স্বধা নামে কন্যা মহাসতী।।৭৬।।

অগ্নিস্বাতা বহির্ষদ        সোমপ আজ্যপ নাম

আৰসৱে সাগ্নিক দেৱতা।

তাসম্বাৰ বীর্যে পাচে      স্বধা কন্যা উদৰত

জন্মিলেক দুই গুটি সুতা।।

বয়ুনা ধাৰিণী নাম       ৰূপে গুণ অনুপাম

ব্রহ্মনিষ্ঠা দুয়ো মহাসতী।

জ্ঞান বিজ্ঞানত ৰত      জীৱন্মুক্ত কাৰণত

তাসম্বাৰ নভৈল সন্ততি৷৷৭৭৷৷

যিটো দক্ষসুতা সতী      মহেশক পাইলা পতি

তান বংশ নভৈলা উৎপন্ন।

পিতৃৰ বিৰোধ আতি     স্বামী বিষয়ত দেখি

অল্পকালে ত্যজিলা জীৱন।।

চতুর্থ স্কন্ধৰ ইটো       প্রথম অধ্যায় কথা

এহিমানে ভৈলা সমাপতি।

গোপালৰ চৰণৰ        দাস নিৰূপণ কৈলা

জয়ৰাম নাম মূঢ়মতি।।৭৮৷৷

নিন্দা নকৰিবা মোক     পদ যেন তেন হৌক

তুমিসৱে মোক কৃপা কৰা।

দৈৱকীনন্দন প্রভু        তাহান দাসৰো দাস

বুলিয়া চৰণে চপাই ধৰা৷৷

ভকতৰ কৃপা বিনে       ভকতি সুলভ নুহি

ভাগৱতে কহে এহি সাৰ।

এতেক প্রার্থনা কৰো      সৱাৰো চৰণ ধৰো

মুখে নাম আসোক আহ্মাৰ৷৷৭৯।।

ভকতসৱত সদা       পীৰিতি ৰহোক মোৰ

আন একো মনে ইচ্ছা নাই।।

অন্যত্র প্রাণীত মোৰ      নিন্দা উপেক্ষা নৌক

এহিমানে মাগো কৃষ্ণপাৱ।।

হৰিৰূপ মনে সদা       কর্ণত ৰহোক কথা

মুখভৰি কহো গুণ নাম।

এহিমানে অনুগ্রহ        কৰিয়োক মোক সৱে

ডাকি সৱে বোলা ৰাম ৰাম।।৮০।।

................

          ৷৷শিৱদক্ষৰ বিৰোধ।।

              ।।মঙ্গলাচৰণ।।

 

                    ।।পদ।।

 

জয় নমো নাৰায়ণ নাথ ভগৱন্ত।

যাহাৰ মায়াত সুৰ মুনি মোহ হোন্ত।।

বেদ শিৰোৰত্ন ভাগে যাক প্রকাশয়।

চাৰি পাঞ্চ মুখে হৰ বিৰিঞ্চি গাৱয়।।৮১৷৷

নমো শ্যাম ধাম শুদ্ধ সত্ত্ব হৃষীকেশ।

যাহাৰ ব্ৰহ্মাণ্ড ভাণ্ড বিহাৰ বিশেষ।।

নমো নমো অনন্ত মহন্ত মহাশয়।

সুৰ নৰ মোহিত অজিত জয় জয়।।৮২।।

নমো ত্ৰিপুৰাৰি দুখহাৰী ত্রিনয়ন।

বিপৰীত বেশ যাৰ পঞ্চম বয়ন।।

পার্বতীনায়ক নমো মুকুতিদায়ক।

বৃষভবাহন নমো ডম্বৰুবায়ক।।৮৩।।

এতেকেসে হৰিহৰ পদ শিৰে ধৰি।

ৰচিবো পয়াৰ ভাষ্যমত অনুসৰি।।

জানিলো নাছিল ইটো ভাগৱত মত।

পদবন্ধে শাস্ত্ৰচয় লোকত বেকত।।৮৪।।

মহন্তসৱৰ মুখহন্তে প্রচাৰিলা।

সেহি পৰম্পৰা সৰ্ব্বলোকে আদৰিলা।।

মহাজনসব যেহি পথে প্ৰৱৰ্ত্তয়।

কৰে সৰ্ব্বলোকে সেহি পথক আশ্রয়।।৮৫।।

সিকাৰণে পূর্বকবি মত অনুযায়ী।

ৰচিবো পয়াৰ ভাগৱত শাস্ত্র চাই।।

সতীৰ চৰিত্ৰ কৃষ্ণগুণ বিভূষিত।

চতুর্থ স্কন্ধৰ কথা কৰিবো বিদিত।।৮৬।।

হৰিহৰ পদপঙ্কজৰ প্ৰসাদত।

অবিলম্বে আৰম্ভৰ হোক সমাপত৷৷

   ।।দক্ষ কন্যা সতীৰ চৰিত্ৰ।।

 

মৈত্রয় বদতি শুনা বিদুৰ সম্প্রতি।

জন্মাইলা ষোড়শ কন্যা দক্ষ প্রজাপতি।।৮৭।।

সৱে ৰূপে গুণে লক্ষ্মী দেৱীৰ সমান।

প্রসূতিৰ গৰ্ভ হন্তে ভৈলা বিদ্যমান।।

প্রথমতে ত্রয়োদশ ধৰ্ম্মে বিহাইলন্ত।

ব্ৰহ্মাৰ নন্দন দক্ষে আনন্দে দিলন্ত।।৮৮।।

তাত পাচে দক্ষে অগ্নিগণক মতাই।

দিলা এক কন্যা অনুৰূপ বৰ চাই।।

আৰো এক কন্যাদান দিলা প্রজাপতি।

কৱ্যপায়ী আদি পিতৃগণক সম্প্রতি।।৮৯।।

সৱাতো কনিষ্ঠ সতী দেৱী মহামায়া।

শঙ্কৰক দিলা দক্ষে আনন্দিত হুয়া।।

জগত ঈশ্বৰ ভৱভয় বিনাশন।

আনন্দে সতীক বিহাইলন্ত ত্রিনয়ন।।৯০।।

এহিমতে কন্যাগণ দক্ষে বিহা দিলা।

তাসম্বাৰ বংশে সৱে পৃথিৱী ঢাকিলা।।

নলভিলা পুত্র সতী সুন্দৰী কেৱলে।

অল্প বয়সতে প্রাণ তেজিলা সমূলে।।৯১।।

পিতৃৰ বিৰোধ স্বামী বিদ্বেষক জানি।

মহেশকো এৰি দেহা তেজিলা গোসানী।।

এহি কথা বিদুৰে মৈত্রেয় মুখে শুনি।

ভৈলা মহা বিস্ময় বিদুৰে মনে গুণি।।৯২।।

পুনৰপি মৈত্রেয়ত পুছিবে লাগিলা।

কিনো অদভুত গুৰু আহ্মাত কহিলা।।

জগত ঈশ্বৰ হৰ মহন্ত গৰিষ্ঠ।

আচৰিল দক্ষে কেনে তাহাত অনিষ্ট।।৯৩।।

যদিবা বুলিবা স্নেহ নাহি দুহিতাত।

জানো কন্যাগণ প্রাণ দক্ষৰ সাক্ষাত।।

সৱাতো অধিক স্নেহ সতীত আছিল।

কোন হেতু তাক অনাদৰক কৰিল।।৯৪।।

চৰাচৰ গুৰু হৰ জগত ঈশ্বৰ।।

নিৰ্ব্বৈৰ স্বভাৱ আৰো শুদ্ধ মূৰ্ত্তিধৰ।।

জগতৰে গুৰু শিৱ আত্মাৰামময়।

তাহান্তো বিদ্বেষ কেনে দক্ষে আচৰয়।।৯৫।।

হেনসে বিদ্বেষ শুনিবাক আচৰিত।

দুস্ত্যজ প্রাণকো সতী চাডিলা তহিত।।

কৈত শুনি আছা পিতৃ-মাতৃৰ নিদানে।

বিদ্বেষত থাকিয়া দুহিতা মৰে প্রাণে।।৯৬।।

ইটো অদভুত মোক কহিয়োক কথা।

শশুৰ জমাইৰ ভৈলা যেন দ্বেষ তথা।।

এহি প্রশ্ন মৈত্রেয়ত বিদুৰে পুছিলা।

ঋষিয়ো আনন্দ মনে কহিবে লাগিলা।।৯৭৷৷

হোৱা সাৱধান বুলি ঋষি নিগদতি।।

সাৱধানে শুনন্ত বিদুৰ মহামতি।।

এককালে প্রজাপতিগণ ব্রহ্মা সমে।

মহাসত্রে যজ্ঞ আৰম্ভিলা অনুক্রমে।।৯৮।

সেহি সমাজক দেৱ ঋষি বিদ্যাধৰ।

সিদ্ধমুনি গন্ধৰ্ব্ব কিন্নৰ নিৰন্তৰ।।

আসিলন্ত সৱে যজ্ঞ দেখিবাক মনে।

বসিলন্ত পাচে সেহি সভাত আসনে।।৯৯।।

তাত অনন্তৰে দক্ষ ব্ৰহ্মাৰ নন্দন।

সেহি সমজাত আসি ভৈলা উপসন।।

মধ্যাহ্নৰ সূৰ্য্য যেন দক্ষ প্রকাশন্ত।

সভাসদবৰ্গৰ তেজক হৰিলন্ত।।১০০৷৷

প্রচণ্ড কিৰণে যেন নক্ষত্র জেউতি।।

তিমিৰ ফেৰিয়া পৃথ্বী প্রকাশিলা আতি৷৷

সেহি নয় দক্ষ প্রজাপতি প্রকাশিলা।

সমজ্যাৰ তেজ যত সকলে হৰিলা।।১০১৷৷

দক্ষক দেখিয়া যত সভাসদগণ।

বিপ্রগণ প্ৰমুখ্যে উঠিলা তাৱক্ষণ।।

অগ্নিয়ো উঠিলা নিজ আসনক ছাড়ি।

আনো সভাসদে কৃতাঞ্জলি আগবাঢ়ি।। ১০২।।

ব্রহ্মা হৰ বিনে যত আছিল তহিত।

দক্ষতেজে ভৈলা সৰ্ব্বজন বিমোহিত।।

ব্রহ্মা হৰ ব্যতিৰেকে সৱেয়ো অর্চ্চিলা।

পাদ্য অর্ঘ্য আচমনি যথাযোগ্য দিলা।।১০৩।।

পাচে সৰ্ব্বলোক গুৰু ব্ৰহ্মাক নমিলা।

ব্ৰহ্মাৰ আজ্ঞায়ে দক্ষ সমাজে বসিলা৷৷

দেখিলা সমাজে বসি আছন্ত শঙ্কৰ।

তথাপি নকৰে কিছু তাহাক আদৰ।।১০৪।।

ইঙ্গিতো নাহিকে মহেশ্বৰৰ জানিল।

ক্রোধ অহঙ্কাৰে দক্ষ ঋষিক ছানিল।।

ক্ৰোধৰ বেগত ভৈলা তবধ পৰায়।

কেৱলে থাকিলা ঘোৰ ক্রোধদৃষ্টি চাই।।১০৫৷৷

দৃষ্টিপাতে দক্ষে যেন দহিবে খোজন্ত।

পাচে কতো বেলি সমজ্যাক বুলিলন্ত।।

শুনা সভাসদবর্গ আহ্মাৰ বচন।

দেৱমুনি বিদ্যাধৰ আৰো সিদ্ধগণ।।১০৬৷৷

কহো মহন্তৰ প্রৱৰ্ত্তয় সম্প্রদায়।

যেনমতে সাধুসৱে প্ৰৱৰ্ত্তে সদায়।।

মোৰ বাক্য যদি ক্রোধময় বুলি ধৰা।

নোবোলো অজ্ঞানে ইটো শঙ্কা পৰিহৰ।।১০৭৷৷

দেখা দেৱগণ কিনো অকাৰ্য্য দেৱত।

ভৈলা অনাচাৰী হৰ দেৱতা মধ্যত।।

আনিলা শঙ্কৰে দেৱতাৰ খিলিঙ্কাৰ।

সংসাৰে থাপিলা আনি দুর্যশ অপাৰ।।১০৮।।

এৰিলেক লাজ ইটো ভৈলা মহাভ্রষ্ট।

সজ্জনৰ পন্থক কৰিলা সৱে নষ্ট৷৷

সমুচিত ক্রিয়া আৰ ভৈলা সৱে শূন্য।

নাহিকে বিজ্ঞান নিবিচাৰে পাপপুণ্য৷৷১০৯৷৷

এৱেসে জানিলো মোৰ সমূলে বুৰিল।

যিহেতু সতীক মোৰ বিৱাহ কৰিল।।

মোৰ কন্যাৰত্ন সতী সাবিত্রী সমান।

তাঙ্ক বিহাইলেক বিপ্র অগ্নি বিদ্যমান।।১১০৷৷

হুৱা মহাদুষ্ট সাধু হেন বোলায়।

দেখিয়ো সাক্ষাতে কেন আতি দুৰাশয়।।

ইহাৰ চৰিত্ৰ মঞি আজিসে জানিলো।

নাহি নাহি আন গুণ সদৃশ নপাইলো।।১১১৷৷

কেহো বিহা দেই কন্যা সদৃশ দেখিয়া।

কেহো সদগুণ অনুকূল অপেক্ষিয়া।।

কেহো ধনৱন্ত কুলৱন্ত বিদ্যা জানি।

কেহো শান্ত শুদ্ধ কেহো সুৰূপ বখানি।।১১২৷৷

সম্বন্ধৰ গুণ মঞি একো নসাধিলো।

অবিচাৰে শঙ্কৰক কন্যাৰত্ন দিলো।।

সাক্ষাতে দেখিয়ো সৱে সমজ্যাৰ লোক।

পাচে বিমৰিশি দোষ দিয়োক আহ্মাক।।১১৩।।

পৰম সুন্দৰী মোৰ সতী বৰবালা।

হৰিণনয়নী যেন শশধৰ কলা।।

সাক্ষাতে দেখিয়ো আৰ ৰূপ বিপৰীত।

মহা ভয়ানক তিনি নয়নে সহিত।।১১৪।।

বানৰৰ চক্ষু যেন স্বভাৱে চঞ্চল।

কহিবো কতেক ইটো আতি অমঙ্গল।।

তথাপি নাহিকে গুৰু গৌৰৱ স্বভাৱ।

নুঠিলা দেখিলো মোক নচালিলা গাৱ।।১১৫।।

নকৰিলা আহ্মাক উচিত নমস্কাৰ।

নুপুছিলা বচনেয়ো বাৰ্তাক আহ্মাৰ।।

নাহি কুলক্রিয়া শৌচাচাৰ ব্যৱহাৰ।

নেৰৈ সৰ্ব্বদায় তথাপিতো অহংকাৰ।।১১৬।।

শঙ্কৰে কৰিলা বেদপন্থচয় হীন।

দেখা দেখি লোকেয়ো ধৰিবে এহি চিন।।

পূৰ্ব্বতে হৰক কন্যা দিতে মন নাই।

তথাপি দিয়াইলে মোক কৰ্ম্মদোষে পাই।।১১৭৷৷

সি কালতে জানো ইটো অযোগ্য সতীৰ।

আশ্ৰয় কৰিলা মোক বিপাকে বিধিৰ।।

যেন কোন বিপ্র ভৈলা আতি প্রলোভিত।

শূদ্রত বেদৰ গুহ্য কৰিলা বিদিত।।১১৮।।

পাচে সেহি গুহ্য বেদ শূদ্রক দিলেক।

সেহি পটন্তৰ ভৈলা মোহোৰ প্রত্যেক।।

কহিবো কতেক গুণ ইটো শঙ্কৰৰ।

থাকিবাক লাগি নাহি আপোনাৰ ঘৰ।।১১৯৷৷

ভূত প্রেত পিশাচ প্রমথগণ সমে।

থাকে শ্মশানত সদা ফুৰয় বিষমে।।

কটিত নাহিকে বস্ত্র দিগম্বৰ বেশ।

দৰশনে মিলে ভয় লোকৰ নিঃশেষ।।১২০৷৷

নবান্ধে মাথাৰ জটা লোটয় মাটিত।

কতো হাসে কতো কান্দে উনমত্ত চিত্ত।।

কতো গীত গাৱে কত নাচে নিৰন্তৰ।

নাহিকে উত্তম চিহ্ন বেশ পাষণ্ডৰ।।১২১৷৷

চিতা ভস্ম ধূলি কৰে শৰীৰে মৰ্জ্জন।

আন কিছো নাহি আৰ স্নানৰ লক্ষণ।।

মৃতকৰ অস্থি ভৈলা দিব্য অলঙ্কাৰ।

গ্রীবাত পিন্ধয় মাত্র মাথাময় হাৰ।।১২২।।

মহা অমঙ্গল ইটো নাম মাত্ৰ শিৱ।

আপুনিয়ো মাতোৱাল মত্ত যেন জীৱ।।

বোলাৱে ঈশ্বৰ ভূত-প্রমথগণৰ।

আক ভাল লোকে আৰ নকৰে আদৰ।।১২৩।।

হেনয় উন্মত্ত নষ্ট শিষ্ট শৌচহীন।

কুটিল হৃদয় আতি দৰিদ্ৰৰ চিন।।

স্নেহৰ দুহিতা সতী আত বিহা দিলো।

নাহি একো গুণ যেন জীৱন্তে মাৰিলো।।১২৪।।

সতীক সুমৰি মোৰ হৃদয় দহয়।

হৰক দেখিলে প্রাণ সমূলে উৰয়।।

মহা সাধ্বী কন্যা আতি স্বভাৱে সুন্দৰী।

ত্রিভুৱনে নাহি যাক ৰূপে পটন্তৰী।।১২৫।।

সিহেন কন্যাৰ মোৰ ইহেন কুস্বামী।

জানো পৰলোকে পাপ কৰি আছো আমি।।

আৰো বিশেষত ব্রহ্মা আহ্মাৰ জনক।

বুলিলা সতীক বিহা দিতে শঙ্কৰক।।১২৬।।

এতেকেসে ময়ো আৰ একো নুগুণিলো।

অবিচাৰে ইহাত সতীক বিহা দিলো।।

আৱে মোৰ খেদ নুগুচয় প্রতিনিত।

কতেক কহিবো তুমিসৱত বিদিত।।১২৭।।

দহয় হৃদয় মোৰ খেদ নুগুচয়।

সতীক সুমৰি মৰ্ম্ম অধিকে বাঢ়য়।।

এহিমতে দক্ষে নানা আক্ষেপ কৰয়।

বিচাৰত শুদ্ধ নিজ ব্ৰহ্মক কহয়।।১২৮৷৷

নকহিলো তাক পদ বাঢ়য় কাৰণে।

ভৈলা মৌন পাচে দক্ষ সভা বিদ্যামানে।।

তথাপিতো ক্রোধ নুগুচিল শঙ্কৰক।

উসমিস কৰি ক্রোধে আছিল ক্ষণেক।।১২৯৷৷

শুনা সভাসদ ইটো কথা অভিপ্রায়।

মহন্তসৱৰ বিৱাদেসে কাল যায়।।

অতর্ক মহিমা ইটো ঈশ্বৰৰ মায়া।

আনে কোনে তর্কিবেক বিষয়ক পায়া।।১৩০৷৷

ব্ৰহ্মাৰ নন্দন দক্ষ তান্তো অহঙ্কাৰ।

ব্রহ্মাক বিদ্বেষ কৰিলন্ত বাৰম্বাৰ।।

ইটো কলিযুগে মনুষ্যৰ কোন লেখা।

ঈশ্বৰক দ্বেষ্য সামান্যৰ কেন দেখা।।১৩১৷৷

হেন জানি নুশুনিবা দুৰ্জ্জনৰ মত।

সৰ্ব্বকালে মায়া আৱৰক ঈশ্বৰত।।

ঈশ্বৰৰ পন্থ সৰ্ব্বলোকৰ সঙ্কট।

শাস্ত্রক গোপনি মহা নুহিকে প্রকট।।১৩২৷৷

কেৱলে সেৱাত মাত্ৰ পৰম সুগম।

অনায়াসে তৰে ঘোৰ সংসাৰ দুৰ্গম।।

জানি শিৰে ধৰা পদপঙ্কজ ৰাতুল।

মস্তকত ধৰা ৰত্ন মুকুটৰ ফুল।।১৩৩৷৷

ভৱ সমুদ্রত হৰি নিজ কর্ণধাৰ।

তান্ত বিনে আন কোনে কৰিবেক পাৰ।।

হেন জানি কৃষ্ণপদে লৈয়োক শৰণ।

হৰিগুণ নাম কৰা সততে স্মৰণ।।১৩৪৷৷

নমো ভকতৰ বন্ধু কৃপাৰ সাগৰ।

নমো ত্রিনয়ন নিজ ব্ৰহ্মৰূপ ধৰ।।

নমো নমো ভগৱন্ত অনন্ত মহন্ত।

নমো নমো সংসাৰৰ সৃষ্টি স্থিতি অন্ত।।১৩৫৷৷

খট্বাঙ্গশায়ক নমো ডম্বৰুবায়ক।

ব্ৰহ্মবিধায়ক নমো জগতনায়ক।।

বঞ্চিয়া আপদ সাধা কামনা সমস্ত।

বোলা হৰি হৰি কৰা দুর্গতিৰ অন্ত।।১৩৬।।

                          ............

।।দুলড়ী।।

 

মৈত্রেয় বদতি      কৌৰৱ সম্প্রতি

শুনিয়ো পাচে বৃত্তান্ত।

ব্ৰহ্মাৰ নন্দন      কুলত ব্রাহ্মণ

তথাপি নভৈলা শান্ত।।

অনেক নিষ্ঠুৰ      বুলি প্ৰচুৰ

দক্ষে মহেশক প্রতি।

জগত ঈশ্বৰ      দেৱ মহেশ্বৰ

তথাপি আছা নমাতি।।১৩৭৷৷

নাহিকে ভ্ৰূভঙ্গ     নিমিলিল খঙ্গ

যেন কাক কোনে বোলে।

ভৈলা নিশবদ      সমস্তে তৱধ

আনৰেসে দুখ মিলে।।

পুনৰপি দক্ষ      হৰৰ বিপক্ষ

শাপিবাক ভৈলা সাজ।

হাতে জল লৈলা    আচান্ত কৰিলা

সেহি সমজ্যাৰ মাজ।।১৩৮৷৷

সভাসদ লোক     বোলো শুনিয়োক

শঙ্কৰক কৰা দণ্ড।

দেৱতে অধম      স্বভাৱে বিষম

দুৰ্জ্জন ইটো প্রচণ্ড।।

ইন্দ্র চন্দ্র অগ্নি     বৰুণ উপেন্দ্র

আনো নানা দেৱ যত।

তাসম্বাৰ সঙ্গে     তৱ কদাচিত

নহৌক ভাগ যজ্ঞত৷৷১৩৯।।

ইহাৰ সংসর্গ      দোষত হোৱয়

সমস্তে দেৱ দূষিত।

এহিসে নিদানে     সৱ বিদ্যমানে

কৰিলো সীমা বিদিত।।

এহিমতে ঋষি      অপৰামৰশি

যজ্ঞ ভাগ নিষেধিল।

তথাপিতো তান    নাহি উপশাম

অধিকে মন্যু বাঢ়িল৷৷১৪০৷৷

পাচে উঠি তৈতে   অনুগে সহিত

চলি গৈলা প্রজাপতি।

ইটো সমজাত      শঙ্কৰ সাক্ষাত

থাকিবে নুহি যুগুতি।।

এহি বুলি খঙ্গে     শিষ্যগণ সঙ্গে

চলিলা আপোন থান।

পাচে যেন ভৈলা    শুনিয়োক তৈতে

সৱে সভা বিদ্যমান।।১৪১।।

জগত বন্দন      দেৱ ত্রিনয়ন

তান মুখ্য পাৰিষদ।

ত্রৈলোক্য বিজয়    নন্দী মহাশয়

ভৈলন্ত যেন তবধ।।

ক্রোধে আৰকত    চক্ষু ফুৰাৱন্ত

প্রভুৰ আক্ষেপ জানি।

দক্ষক তেখনে     প্রচণ্ড বচনে

শাপিলন্ত মহামানী।।১৪২৷৷

আমি সবে ভৃত্য    আছন্তে সাক্ষাত

ঈশ্বৰক দ্বেষ কৰে।

কৈৰ ইটো দক্ষ    হৰৰ বিপক্ষ

আচৰি কি কার্য্যে মৰে।।

কৰো প্ৰতিকাৰ     সকলে ইহাৰ

ভৱক যত বুলিলা।

ইহাৰ লগুৱা      যত সমজিয়া

শাপন্তে যে নবাধিলা।।১৪৩৷৷

তাসম্বাক দণ্ড      কৰিবো প্রচণ্ড

সৰ্ব্বলোক অনিৰ্বাৰ।

অন্যত্ৰতো যেন ইমত অন্যায়

নাচৰয় লোকে আৰ।।

যিটো অহঙ্কাৰী     দক্ষ অবিচাৰী

আপোনাক শ্রেষ্ঠ মানি।

আচৰিলা দ্রোহ     হুয়া মহামোহ

ব্ৰহ্মক সাঙ্গে নজানি।।১৪৪৷৷

নাহি যাৰ মোহ    নাচৰন্ত দ্রোহ

কেৱলে ব্রহ্ম নিৰ্গুণ।

হেন ঈশ্বৰত      ভিন্ন বুদ্ধি ভৈলা

ইটো দক্ষ নিদাৰুণ।।

হুয়া মহা অজ্ঞ     কৰিলা অযোগ্য

ৰুদ্ৰক আক্ষেপ কৰি।

সিকাৰণে আৰ     কৰো প্ৰতিকাৰ

থাকোক তাক সুমৰি।।১৪৫৷৷

নজানোক তত্ত্ব     বৈষ্ণৱৰ মত

ব্রহ্মত হোক বিমুখ।।

কুট কৰ্ম্মময়      যিটো গৃহচয়

বাঞ্ছোক তাতেসে সুখ।।

বেদবাদময়       কৰোক আশ্রয়

গ্রাম্যসুখ অভিলাষে।

প্রবৃত্তি পথৰ      কৰ্ম্ম নিৰন্তৰ

ধৰোক আতি আয়াসে৷৷১৪৬।।

হৌক বুদ্ধিভ্রষ্ট     নুগুচোক কষ্ট

দেহক আত্মা মানোক।

যেন পশুচয়      একো নজানয়

ইটো সেহিমতে হৌক।।

মহা কামাতুৰ     হৈবেক প্রচুৰ

নাৰীৰ যেন অধীন।

পৰম লম্পট      সদায়ে কপট

নুগুচিব ৰাত্রি দিন।।১৪৭৷৷

আৰো দেখিয়োক    প্রমাণ লৈয়োক।

ঈশ্বৰক নিন্দিবাৰ।

যিহেতু শঙ্কৰ      দেৱক বুলিলা

নকৰি কিছো বিচাৰ।।

যেন ছাগচয়      একো নমানয়

হবির্ভাগে মুখ দেয়।

ইটো সেহি নয়     ভৈলা দুৰাশয়

ভাল মন্দ নমানয়।। ১৪৮||

এতেকে দক্ষ      পূৰ্ব্বৰ আকাৰ

গুচোক নিজ মুখৰ।

বীভৎস বদন          হৌক অপ্রসন্ন।

যেন বৃদ্ধ ছাগলৰ।।

শঙ্কৰক নিন্দা          কৰিবাৰ ফল

সাক্ষাতে ইটো পাউক।

অপূৰ্ব্ব বয়ন           দেখি কুলক্ষণ।

সৰ্ব্বলোকে বেঢ়ি চাউক৷৷১৪৯৷৷

ইটো কৰ্ম্মময়           দেহ গেহচয়।

অবিদ্যাসে মূলজাত।

হুৱা জড়বুদ্ধি           ব্ৰহ্মক নুসুধি

সংহৰোক দক্ষ আত৷৷

ইহাৰ লগত            আসিলেক যত

নিন্দন্তে শুনি আছিল।

থাকিলা নমাতি         শুনি কর্ণপাতি

নিষেধ যি নকৰিল৷৷১৫০।।

সিটো বিপ্রগণ          আতি কষ্ট মন

বেদবাদে হৌক মোহ।

ধৰ্ম্ম অর্থ কাম          নহৌক বিৰাম

আচৰোক মহাদ্রোহ।।

বেদবাক্যচয়            পুষ্প মধুময়

তাকে মাত্র আস্বাদোক।

আপাত মধুৰ           আৱাস প্রচুৰ

সদায়ে তাক নেৰোক।।১৫১৷৷

যিটো বেদবাক্য         নুহি সৱে সত্য

কৰ্ণৰ মাত্ৰ ৰোচক।

যতেক কহয়           ততেক নোহয়

কিণ্ত্ত লোক প্ৰৱৰ্ত্তক।।

কিছো মাত্র ফল        নুহিকে সকল

তথাপি তাকে সেৱোক।।

ফলশ্রুতিময়            কৰোক আশ্রয়

ঈশ্বৰ বিমুখ হৌক।।১৫২৷৷

জীৱিকা নিমিত্তে         বিমৰিশি চিত্তে

ধৰোক কপট বেশ।

পাইবা ধন্য-ধান্য       আগে মহামান্য

বোলোক মোক বিশেষ।

ধৰি নখ লোম         আৰম্ভিব হোম

কৰিব বিদ্যা অভ্যাস।

হুইব সৰ্ব্বভক্ষ          অশ্রাদ্ধৰ শ্ৰাদ্ধ

কৰিয়া পূৰিব আশ৷৷১৫৩৷৷

আমি মহাজন          বেদত সম্পন্ন

নিজ দেহ সুন্দৰ।

ঈশ্বৰক এৰি          নানা কর্ম্ম কৰি

পুষিবে সিটো উদৰ।।

মাগিয়া ফুৰোক         সংসাৰে ভ্ৰমোক

নহৌক কদাপি শান্ত।

এহি বুলি নন্দী         শঙ্কৰক বন্দি

মৌন হুয়া ৰহিলন্ত।।১৫৪৷৷

নমো হৰিহৰ           শূল চক্ৰ ধৰ

দুতয় তিনি নয়ন।

দ্বাৰিকা শ্মশান          দুইৰো নিজ স্থান

পঞ্চম এক বয়ন।।

বৃষভবাহন            গৰুড় আসন

নমো ত্রিজগত দেৱ।

যাত লক্ষ্মী উমা        দুয়ো নিৰুপমা

সদায় কৰন্ত সেৱ।।১৫৫।।

নমো কাল দক্ষ         যজ্ঞ বিধ্বংসক

ভকত জন তাৰক।

এক মূৰ্ত্তিধৰ           দুয়ো দেৱবৰ

দুৰ্জ্জন জন নাশক।।

দুইহানো চৰণ          কৰিলো সেৱন

ৰাখিয়ো দক্ষ শাপত।

বোলা হৰি হৰি         উচ্চ কৰি বৰ

তাড়িয়ো ইটো তাপত।।১৫৬।।

...............

।।শিৱ-ভক্তৰ প্ৰতি ভৃগুৰ চণ্ডশাপ।।

                          ।।পদ।।

শুনিয়ো বিদুৰ পাছে যেন কথা ভৈলা।

ব্ৰহ্মাৰ নন্দন ভৃগু নন্দীক নসৈলা৷৷

দক্ষৰ লগত আনো ব্রাহ্মণ যতেক।

জানিলেক নন্দী সমস্তকে শাপিলেক।।১৫৭৷৷

ক্রোধে কম্পমান তনু ফুৰাইয়া নয়ন।

বুলিবে লাগিলা ভৃগু প্রচণ্ড বচন।।

দেখা সমজ্যায়ে কেন অন্যায় কৰিল।

দক্ষৰ লগতে দ্বিজকুলক শাপিল।।১৫৮||

কৰো প্ৰতিকাৰ আজি ইটো অন্যায়ৰ।

দিবো চণ্ডশাপ যেন দুস্তৰ লোকৰ।।

ভৱৰ ব্ৰতক যিবা জনে আচয়।

ব্রতধাৰী সৱাকো যিসৱে আদৰয়।।১৫৯৷৷

হৌক মহা পাষণ্ড লোকৰ গৰিহিত।

লোকত ভ্রমোক হুয়া পৰম মোহিত।।

শাস্ত্রপন্থ এৰি ভিন্ন পন্থ মিলিয়োক।

বিধি এৰি নিষধক সদা আচৰোক।।১৬০।।

বেদৰ মাৰ্গক বুলিবেক সৱে মিছা।

পাষণ্ড পথক মাত্র কৰিবেক ইচ্ছা।।

লোকক কৰাইবে সেহি পথে প্ৰৱৰ্ত্তন।

দেখাইবে যুগুতি কহি অনেক বচন।।১৬১৷৷

এৰিবেক শৌচ শিষ্টসৱৰ আচাৰ।

তেজিবেক কৰ্ম্ম ক্রিয়া মৰ্য্যাদা ব্যৱহাৰ।।

ভিন্ন বুদ্ধি কৰি কাৰ্য্য অকাৰ্য্য জানিব।

মহা ভয়ানক বেশ সদায় ধৰিব।।১৬২৷৷

বান্ধিব মাথাত ঘোৰ জটাৰ পটল।

ঢাকিব ভস্মৰ ধূলি শৰীৰ সকল।।

মনুষ্যৰ অস্থিৰ পিন্ধিব অলঙ্কাৰ।

অস্থিময় কুণ্ডল কণ্ঠতো অস্থিহাৰ।।১৬৩।।

বাহুতো অঙ্গত মনুষ্যৰ হাড়ময়।

সেহি নয় পিন্ধিবেক হস্ততো বলয়।।

কাষ্ঠৰ দ্বাদশ ঝুলি সহিতে কান্ধত।

মনুষ্যক কপালক ধৰিব হাতত।।১৬৪।।

ভৈৰৱৰ মন্ত্ৰচয় লোকক দিবেক।

নানা দ্রব্যচয় মিলাই পূজা পাতিবেক।।

কৰিবে নৈবেদ্য বহুবিধ মদ্যচয়।

পিষ্টক ৰচিত কতো গুড় মধুময়।।১৬৫।।

আনো নানা মদ্য তাল ফল বিৰচিত।

পিষ্টক পায়স অন্ন নৈবেদ্য সহিত।।

আনো বহু সম্ভাৰ মিলাই যত্ন কৰি।

তাতে প্রৱেশোক পাচে অন্যায় আচৰি।।১৬৬৷৷

যি কাৰণে বেদ বিপ্র দুইহাঙ্কো নিন্দিল।

মৰ্য্যাদাৰো পথ যত সমূলে এৰিল।।

গৰিহিত বেদ বর্ণাশ্রম ধৰ্ম্ম যত

এতেকে ভ্রমোক সৱে পাষণ্ড পন্থত।।১৬৭।।

ইটো বেদমার্গ শুভ লক্ষণ লোকৰ।

আক পূৰ্ব্বাপৰে কৰে মহন্তে আদৰ।।

যাত দেৱ জনার্দন আপুনি প্রমাণ।

চিৰন্তন পন্থ সৰ্ব্বলোক বিদ্যমান।। ১৬৮৷৷

সিটো শুদ্ধ ব্রহ্মময় বেদক নিন্দিয়া।

হৌক ভ্রষ্ট সৱে পাষণ্ডৰ মত লৈয়া।।

নজানোক আন দেৱ ভূতনাথ বিনে।

ভৈৰৱনাথক মাত্র আৰাধোক দিনে।।১৬৯।।

হৌক একাকাৰ মদ্য-মাংস ভক্ষ কৰি।

শাস্ত্রমত নজানোক ভৱ-ব্ৰত ধৰি।।

এহি বুলি মৌন ভৈলা ব্ৰহ্মাৰ তনয়।

থাকিলা সভাৰ মাজে ভৃগু মহাশয়।।১৭০৷৷

  ৷।শিৱৰ দ্বাৰা প্ৰতিকাৰ বিধান।।

 

পাছে ত্রিজগত গুৰু দেৱ পশুপতি।

শুনিলন্ত শাপ নন্দী ভৃগুৰ সম্প্রতি।।

ভৈলন্ত বিমন সৱে লোকক সুমৰি।

ইটো চণ্ডশাপ এৰাইবেক কেন কৰি।।১৭১।।

সমস্তকে পাইলা ভৃগু নন্দীশ্বৰ শাপে।

নপাইবে লোকক সৱে কিমতে ই তাপে।।

এহি বিমৰশি ভূতনাথ ত্রিনয়ন।

বুলিলা সভাক শুনাই মধুৰ বচন।।১৭২।।

যদ্যপি দুস্তৰ শাপ নন্দীৰ ভৃগুৰ।

তথাপিতো কৰো সীমা সৱে হোৱা থিৰ।।

যিটো লোকে মাধৱক কয় আশ্রয়।

অৰুণ চৰণ দুইত তাহান ভজয়।।১৭৩৷৷

হোৱে যদি তান অনুগ্রহৰ ভাজন।

যদ্যপি কৰয় ভগৱন্তক ভজন।।

তেৱে সিটো নৰে এৰাইবেক ইটো শাপ।

কৃষ্ণৰ প্রসাদে এৰাইবেক আনো তাপ।।১৭৪।।

এহি বুলি শঙ্কৰ উঠিলা তাৱক্ষণে।

আপোনাৰ গণে সমে সভা বিদ্যমানে।।

বেদময় বৃষভত চৰি মহেশ্বৰ।।

নন্দীসমে চলি গৈলা কৈলাস শিখৰ।।১৭৫।।

পাচে ব্রহ্মা সমে আনো প্রজাপতিগণ।

যজ্ঞ কৰি যজিলন্ত দেৱ জনার্দন।।

সহস্র বৎসৰে যজ্ঞ কৰি সমাপত।

অর্পিলন্ত সৱে মিলি ঈশ্বৰ কৃষ্ণত।।১৭৬৷৷

কৰিলন্ত ঋষিগণে যজ্ঞ অৱসান।

পাচে আচৰিলা দিব্য অৱভৃথ স্নান।।

গঙ্গা যমুনাৰ জল যি ঠাইত বহন্ত।

তহিতে আনন্দে সৱে ঋষি মজিলন্ত।।১৭৭৷৷

ভৈলা মহা শুদ্ধ যজ্ঞ যজি ঈশ্বৰক।

চলি গৈলা সৱে নিজ আপোন থানক।।

ব্রহ্মা আদি কৰি দেৱ গন্ধৰ্ব্ব কিন্নৰ।

সিদ্ধ মুনি বিদ্যাধৰ আনো নিৰন্তৰ।।১৭৮৷৷

ব্রহ্মা হৰ দক্ষ আদি সৱে যেৱে গৈলা।

শুনিয়ো বিদুৰ পাচে যেন কথা ভৈলা।।

সেহি দিনা ধৰি প্রজাপতি শঙ্কৰৰ।

নুগুচিল বিদ্বেষ মনত দুইহান্তৰ।।১৭৯৷৷

ভৈলা মহা বিৰোধ জামাতা শশুৰৰ।

নুহি অল্প দিন গৈলা অনেক বৎসৰ।।

নাহি দেখা দেখি দুইৰো সেহি দিন হন্তে।

নুগুচিল ক্রোধচয় দুইহানো মনতে।।১৮০৷৷

।।দক্ষৰ বৃহস্পতি যজ্ঞৰ আয়োজন।।

 

পাছে এককালে ব্রহ্মা দক্ষক অনাই।

প্রজাপতিগণ সমে সমাজ পতাই।।

সমস্তৰে অধিকাৰী কৰি পাতিলন্ত।

নৱ প্রজাপতি মাজে মুখ্য কৰিলন্ত৷৷১৮১৷৷

সিবেলা ভৈলেক তান মুখ্য অহঙ্কাৰ।

সংসাৰত নাহি কেহো মোক সম আৰ।।

আৰম্ভিলা দক্ষে দম্ভে যজ্ঞ বাজপেয়।

বোলন্ত যজিবো আনে যাক নপাৰয়।।১৮২৷৷

থাপিবো কীৰিতি যাৱে চন্দ্ৰ দিৱাকৰ।

আচৰিবো যজ্ঞ ইটো লোকৰ দুষ্কৰ।।

আন যজ্ঞকৰ্ত্তাক কৰিবো তিৰস্কাৰ।

এহি বুলি বাজপেয় কৰিলা অপাৰ।।১৮৩।।

পাচে মহাক্রতু বৃহস্পতি যাৰ নাম।

আৰম্ভিলা যজ্ঞ যাক নাহিকে উপাম৷৷

দক্ষৰ যজ্ঞৰ বাৰ্ত্তা শুনি সৰ্ব্বলোক।

দেখিবাক প্রতি সাজ ভৈলেক উৎসুক।।১৮৪৷৷

দেৱঋষি ৰাজঋষি ব্ৰহ্মঋষিগণ।

সিদ্ধ বিদ্যাধৰ আনো দেৱ মুনিজন।।

আসিলন্ত পিতৃগণ গন্ধৰ্ব্ব তহিত।

বসন ভূষণ পিন্ধি ভাৰ্য্যায়ে সহিত।।১৮৫।।

পথত চলন্তে আউৰে আউৰত কহয়।

শুনিলো পাতিলে যজ্ঞ দক্ষ মহাশয়।।

বৃহস্পতি যাৰ নাম যজ্ঞতে উত্তম।

আনো এক যজ্ঞ যাক নুহিকয় সম।।১৮৬।।

যিসৱ উৎসৱ একোকালে নাহি দেখি।

প্রৱেশিবো পাইলে যায় খনিকো নাপেক্ষি।।

এহি কথা মাতে যায় চড়ি বিমানত।।

স্বামীগণ সমে কন্যাগণ অপৰ্য্যন্ত।।১৮৭।।

সেহি কথা শুনি সতী দক্ষৰ নন্দিনী।

ভৈলন্ত উৎসুক পিতৃগৃহে যজ্ঞ শুনি।।

দেখন্ত চলয় গন্ধৰ্ব্বৰ নাৰীগণ।

পিন্ধি অলঙ্কাৰচয় উত্তম বসন।।১৮৮৷৷

পৰম আনন্দে স্বামী সমে ৰঙ্গ কৰি।

বিমানত চড়ি যায় দশোদিশ ভৰি।।

কণ্ঠত সুৱর্ণ হাৰ কৰ্ণত কুণ্ডল।

বান্ধিলে সুৱেশ কৰি খোপাক উচ্চল।১৮৯৷৷

কত কঙ্কণ ৰত্ন মেখলা কটিত।

সুৱৰ্ণ অঙ্গদ কৰে বাহুত ভূষিত।।

যিটো কৈলাসত সতী দেৱীৰ ভৱন।

তাহাৰ সমীপে চলে যত কন্যাগণ৷৷১৯০৷৷

দেখিয়া সতীৰ ভৈলা উত্ৰাৱল চিত্ত।

পিতৃগৃহে যাইবো বুলি ভৈলা হৰষিত।।

মাটিত নেদয় ভৰি উৎসৱে গোসানী।

পিতৃৰ গৃহত মহোৎসৱ যজ্ঞ শুনি।।১৯১৷৷

কহো শঙ্কৰত ইটো আনন্দ বাৰ্ত্তাক।

অনুমানে জানো হৰে নজানন্ত আক।।

যদি জানিলন্ত কিক মোত নকহিল।

জানিলে যাইবাক যত্ন কেনে নকৰিল।।১৯২।।

এহি বুলি চলিলন্ত শঙ্কৰৰ পাস।

আথেবেথে যান্ত দেৱী কৰি লয়লাস।।

দেখিলা আছন্ত নিজস্বামী পশুপতি।

আৰম্ভিল যজ্ঞ তযু শশুৰে সম্প্ৰতি।।১৯৩।।

মহা মহোৎসৱ বৃহস্পতি যাৰ নাম।

যাক আন যজ্ঞে নাহি কদাপি উপাম।।

নকৰা বিলম্ব আমিসৱো চলি যাঞো।

যজ্ঞৰ আনন্দ আজি দেখিবাক পাঞো।।১৯৪।।

যদি বোলা যজ্ঞ কিবা ভৈলা সমাপতি।

নাহি ইটো শঙ্কা কহো ইহাৰ যুগুতি।।

যদি সমৰ্পিলা যজ্ঞ পিতৃ প্ৰজাপতি।

ইদানীকো চলে প্ৰজা দেখিয়ো সম্প্ৰতি।।১৯৫।।

আৰাসৱ লোকে কহি পথত চলয়।

আৱেসে পাতিল যজ্ঞ দক্ষ মহাশয়।।

হেন জানি বোলো প্ৰভু উঠা ত্ৰিলোচন।

দেখা কন্যাগণ চলে আনো দেৱগণ।।১৯৬।।

বিশেষত জ্যেষ্ঠা মোৰ ভগিনী যতেক।

স্বামীসঙ্গে যাইবে জানো সৱেয়ো প্ৰত্যেক।।

সুহৃদসৱৰ দৰশন অভিলাষে।

জানো স্বামীসঙ্গে গৈল মনত হৰিষে।।১৯৭।।

ময়ো তুমি সমে বাঞ্ছা কৰো সেহিমতে।

যজ্ঞৰ উৎসৱ দৰশনৰ নিমিত্তে।।

দেখিবো সি ঠাইতে আনো ভগিনী সমস্ত।

আনো বন্ধু বান্ধৱ ভিনিসি সৱ যত।।১৯৮।।

মাতৃৰ ভগিনী যত সম্বন্ধে মাসই।

তেসম্বো আছয় হেন একথান হুই।।

সৱাতো অধিক মোহ স্নেহ নিৰন্তৰ।

নেদেখি আহ্মাক জানো বিকল বিস্তৰ।।১৯৯।।

পিতৃৰ আনন্দ মোক দৰশন হেতু।

হৈব আজি বিস্তৰ শুনিয়ো বৃষকেতু।।

তোহ্মাক আহ্মাক আজি সমজ্যাৰ আগে।

অৰ্চ্চিবন্ত প্ৰজাপতি পিতৃ মহাভাগে।।২০০।।

পাদ্য অৰ্ঘ্য আচমনি উত্তম আসন।

দিব নানা অলঙ্কাৰ বিচিত্ৰ বসন।

দিব নানা অলঙ্কাৰ বিচিত্ৰ বসন।।

পিষ্টক পায়স ঘৃত মধু পৰমান।

দিব্য ভক্ষচয় আৰো কৰি সনমান।।২০১।।

পথ চাই আছে পিতৃ-মাতৃ মোক প্ৰতি।

নযাইবাৰ দেখি হৈব বিকল সম্প্ৰতি।।

ময়ো তাসম্বাক দুয়ো দেখো চিৰকাল।

পূৰো মনোৰথ তুমি যদি দেখা ভাল।।২০২।।

তযু প্ৰসাদত দেখো আৰো যজ্ঞৰাজ।

হুয়া সুপ্ৰসন্ন কৰা চলিবাৰ কাজ।।

শঙ্কৰক সতী যদি অনেক বুলিলা।

নাহিকে উৎসুক হেন ইঙ্গিতে জানিলা।।২০৩।।

তথাপিতো পুনৰপি বোলন্ত বচন।

কেৱলে যাইবাক প্ৰতি কৰিয়ো যতন।।

যদি বোলা তযু কেনে উৎসুক এতেক।

নাহিক আহ্মাৰ ইচ্ছা কিসক ততেক।।২০৪।।

শুনিয়ো শঙ্কৰ তেৱে ইহাৰ নিদান।

তোহ্মাৰ আহ্মাৰ ভেদ কহো বিদ্যমান।।

তুমি তিনি গুণৰ ঈশ্বৰ মহেশ্বৰ।

প্ৰকাশে তোহ্মাতে ইটো বিশ্ব নিৰন্তৰ।।২০৫।।

আপুনি স্ৰজিয়া কৰা আপুনি বিনাশ।

তুমিসে কাৰণ বিশ্ব তোহ্মাৰে বিলাস।।

এতেকেসে নাহি কিছো আশ্চৰ্য্য তোহ্মাত।

আমি তিৰী জাতি আতি অবোধ সাক্ষাৎ।।২০৬।।

নজানি তোহ্মাৰ তত্ত্ব বোলো চলিবাক।

কৰা অনুগ্ৰহ আৱে কেৱলে আহ্মাক।।

তোহ্মাক যাইবাক প্ৰভু নজানি বুলিলো।।

দেখো নিজ মাতৃ জম্ম যাহাত ধৰিলো।।২০৭।।

পিতৃ গৃহ যান্তে মোৰ নুহি অনুচিত।

আনো কন্যাগণ যায় দেখিয়ো ত্বৰিত।।

নাহিকে সম্বন্ধ যাৰ দৃষ্টি পৰিচয়।

সিয়ো নাৰীগণ স্বামী সহিতে চলয়।।২০৮।।

বসন ভূষণ পিন্ধি পৰম উৎসাহে।

বিমানত চৰি সৱে চলয় আকাশে।।

বিমানে ঢাকিল সৱে আকশ মণ্ডল।

দেখা সতীকন্যা কেন চলয় সকল।।২০৯।।

কৈত শুনি আছা পিতৃগৃহৰ কৌতুক।

শুনিলো কি কন্যাগণে নকৰে উৎসুক।।

যাৱে পিতৃগৃহৰ আনন্দ নেদেখয়।

তাৱে কদাচিতো নাৰী শান্ত নৰহয়।।২১০।।

এতেকে নুগুচে মোৰ মনৰ চঞ্চল।

নেদেখো যাৱত পিতৃগৃহৰ মঙ্গল।।

যদি বোলা নকৰিলে আহ্মাক আহ্বান।

নাহি কিছো দোষ আত শুনিয়ো ঈশান।।২১১।।

নুবুলিলে যাইবে যোগ্য এতেকৰ গেহ।

কহো শুনিয়োক আত নাহিকে সন্দেহ।।

নুবুলিলে সদা স্বামী গৃহক চলিব।

স্বামীক দেৱতা মানি সদায় সেৱিব।।২১২।।

যাত শাস্ত্ৰচয় আৰো কৰয় অভ্যাস।

অনাহুতে সদায়ে চলিব তান পাস।।

যাইব পিতৃগৃহে নিমন্ত্ৰণ ব্যতিৰেকে।

নাহি কিছু দোষ আজ্ঞা দিয়োক এতেকে।।২১৩।।

এহি বুলি শঙ্কৰৰ চৰণে পৰিলা।

বিস্তৰ বিনয় পুনু বুলিবাক লৈলা।।

হুয়ো মোত প্ৰসন্ন ঈশান ত্ৰিনয়ন।

কৰিয়োক বাঞ্ছা মোৰ মনৰ পূৰণ।।২১৪।।

তুমি মোৰ নিজ স্বামী কৃপাৰ সমুদ্ৰ।

তযু সেৱকিনী প্ৰায় আমি আতি ক্ষুদ্ৰ।।

সাধিবাহা মোৰ বাঞ্ছা ইটো কোন চিত্ৰ।

পৰম দয়ালু তুমি অগাধ চৰিত্ৰ।।২১৫।।

মোত আপোনাক অৰ্দ্ধশৰীৰ অৰ্পিলা।

অৰ্দ্ধনাৰীশ্বৰ নাম লোকত থাপিলা।।

যিটো আপোনাৰ শৰীৰক যাক দেয়।

তাক কি সামান্য প্ৰয়োজন নসাধয়।।২১৬।।

মোক অনুগ্ৰহ জানো এতেকে কৰিবা।

কৰিলো বিদায় প্ৰভু আপুনি থাকিবা।।

শুনা সভাসদ আৱে আহ্মাৰ বচন।

সাধিবাক খোজা যেৱে আত্ম প্ৰয়োজন।।২১৭।।

নন্দীৰ প্ৰচণ্ড শাপে জগতকে পাইল।

হেন নাহি একোজন তাহাত এৰাইল।।

কৰিয়ো বিচাৰ এৱে তাহাত ঔষধি।

য়েনমতে তৰা এৱে শাপময় ব্যাধি।।২১৮।।

ভৈলন্ত শঙ্কৰ প্ৰভু তাৰ চিকিৎসক।

কৰিলন্ত দায়া আতি সমস্তে লোকক।।

কৰিলা সভাৰ মাজে লোকত বেকত।

তৰিবেক শাপ সেৱা কৰি মাধৱত।।২১৯।।

কৃষ্ণপদপঙ্কজক হৃদয়ত ধৰি।

যদ্যপি দুস্তৰ শাপ তথাপিতো তৰি।।

হেন জানি লৈয়ো কৃষ্ণপদত শৰণ।

তেৱেসে নন্দীৰ শাপ হৈব নিস্তাৰণ।।২২০।।

যদি অসঞ্জাত কৰা আহ্মাৰ কথাত।

টীকাসমে ভাগৱত শাস্ত্ৰত সাক্ষাত।।

চতুৰ্থ স্কন্ধত চায়ো তৃতীয় অধ্যায়।

নেদেখিলে মোক নিন্দা কৰিবা সদায়।।২২১।।

জানিয়ো মহন্তসৱ আহ্মাৰ বিনয়।

মাধৱক স্মৰি তৰা সমস্তে সংশয়।।২২০।।

।।সতীৰ পিতৃগৃহলৈ যাবলৈ অনুমতি প্ৰাৰ্থনা।।

।।ছবি।।

 

এহিমতে সতী দেৱী      স্বামীৰ চৰণ সেৱি

বুলিলন্ত অনেক বচন।

যতেক কহিলা মানে      আছিলন্ত শুনি কাণে

তথাপি নভৈল তুষ্ট মন।।

যিবেলাত দক্ষ ঋষি      ব্ৰহ্মাৰ সভাত বসি

মহেশত আক্ষেপ কৰিলা।

সেহি তিৰস্কাৰচয়        শ্ৰৱণৰ কটুময়

সতী দেৱী সৱে সুমৰাইলা।।২২৩।।

সিটো বাক্যময় শৰে      শঙ্কৰৰ কলেৱৰে

ভেদি আছে পৰম সন্ধানে।

সিদ্ধ মুনি বিদ্যাধৰ      যত দেৱ নিৰন্তৰ

আনো সভাসদ বিদ্যমানে।।

স্মৰিয়া দক্ষৰ শাপ       হৃদিত লাগিল তাপ

যেন অগ্নি প্ৰচণ্ড বতাসে।

আনো যত নিন্দাচয়      সুমৰিয়া মহাশয়

বুলিলন্ত হাসিয়া মহেশে।।২২৪।।

শুনা সতী প্ৰাণপ্ৰিয়া       তুমি মোৰ নিজ জায়া

নাহি কিছো তোহ্মাত অন্তৰ।

যতেক কহিলা মানে      তুমি মোৰ বিদ্যমানে

নুহি মিছা সকলে সুন্দৰ।।

বুলিলা আহ্মাক যিটো      যজ্ঞক যাইবাক প্ৰতি

আনহুতে হোৱয় উচিত।

ইহাৰ উত্তৰ আৱে        শুনা প্ৰাণেশ্বৰী সৱে

কহো কৰি তোহ্মাত বিদিত।।২২৫।।

সেহিসে বান্ধৱ মিত্ৰ      নুহি যেৱে দুষ্টচিত্ত

নকৰে ঐশ্বৰ্য্য অহঙ্কাৰ।

সুহৃদৰ দৰশনে          যদি আনন্দিত মনে

উচিত কৰয় সতকাৰ।।

তাকেসে সুহৃদ বুলি       যদি নহে অভিমানী

গুণত নকৰে দোষাৰোপ।

যদি মদে নুহি অন্ধ      নকৰে দেহত দম্ভ

সুহৃদত নথাকয় কোপ।।২২৬।।

তাহাৰ গৃহক যাইবে      তাহাকেসে সুধি যাইব

বন্ধু বুলি তাকে আদৰিব।

যাৰ অহঙ্কাৰকচয়       শৰীৰত নিমিলয়

নুবুলিলে তাঙ্ক কি চলিব।।

যিটো দক্ষ প্ৰজাপতি      তযু পিতৃ মন্দমতি

নছাড়ে আহ্মাত সদা ক্ৰোধ।

মহা মদে অন্ধ হুয়া      ক্ৰোধে সদা শান্ত নুই

আচৰিলা আহ্মাত বিৰোধ।।২২৭।।

যদি বোলা মহাসতী      মোৰ পিতা প্ৰজাপতি

বিদ্যা তপ কুলত সম্পন্ন।

নাচৰিবা মহন্তত        দ্ৰোহচয় অন্যায়ত

ব্ৰহ্মাৰ নন্দন মহাজন।।

ইহাৰ নিদান আৱে       শুনিয়োক সতী তেৱে

কতো সৱে তোহ্মাত নিৰ্ণয়।

যত দেখা বিদ্যাচয়      ভৈলে কিছো নিসিজয়

পুৰুষ বিশেষ যোগ্য হয়।।২২৮।।

যিটো বিদ্যা তপ ব্ৰত     কুলশীল কৰ্ম্ম যত

নিপুণ শৰীৰ ধন জন।

ইটো সদগুণচয়          মহন্তৰ যদি হয়

তেৱেসে সাধন প্ৰয়োজন।।

কৰাৱে বিনয় নম্ৰ       মিলাৱে উচিত ধৰ্ম্ম

উত্তমৰ হোৱে এহি গুণ।

এহি যদি দুৰ্জ্জনত   হোৱে আসি উপগত

জানা আক তাহাৰ নিৰ্গুণ।।২২৯।।

কুল শীল বিদ্যা ধন      দুৰ্জ্জনক কৰে ছন্ন

নাশে আনো সকলে বিৱেক।

মহা অহঙ্কাৰে পাৱে      মহন্তক ক্ৰোধে ধাৱে

নমানে আপোন ব্যতিৰেক।।

মহন্তৰ তেজচয়         অন্ধ হুয়া নেদেখয়

সদা সাধুসৱক নিন্দয়।

বোলে মঞি বিদ্যাৱন্ত     কুলৱন্ত ধনৱন্ত

কেহো মোৰ সমান নোহয়।।২৩০।।

এতেকে ইসৱ বন্ধু       সৱৰ গৃহক সতী

প্ৰাণান্তিকো কদাপি নযাইবা।

তাহাকে কুটুম্ব বুলি       অনুবন্ধ নকৰিবা

ভালে চক্ষু মেলিয়া নচাইবা।।

ইসৱ লোকৰ গৃহ        প্ৰৱেশিলে কৰে দ্বেষ

চাহে আতি কটাক্ষে নিৰেখি।

মনত আলোচি পাছে    বোল মোত কিবা মাগে

সুহৃদতো খানিকো নাপেখি।।২৩১।।

তযু পিতা সেহি নয়      জানো আতি দুৰাশয়

যিটো দক্ষ আহ্মাৰ শশুৰ।

মহন্তৰ অপকাৰী        আতি বৰ অনাচাৰী

এতেকে সম্বন্ধ ভৈল দূৰ।।

যদি বোলা সুহৃদৰ       তথাপি গৃহক যাইবো

ভাল মন্দ একো নিবিচাৰি।

ইহাৰ উত্তৰ তেৱে       শুনিয়োক সতী এৱে

নুবুলিবা ইসৱ সুন্দৰী।।২৩২।।

শুনা সৱে সভাসদ       হুয়া সৱে নিশবদ

সতী মহেশ্বৰৰ চৰিত্ৰ।

সাক্ষাতে অমৃতময়       শুনি যাক সুখী হয়

ইহ পৰলোকত পৱিত্ৰ।।

যিটো হৰ গোৰী দুই      ব্ৰহ্ম বিনে কোই নুই

আপাততে দেখয় পৃথক।

নাহি কিছো তাসম্বাত     বিষয় বিলাস যত

দেন্ত শিক্ষা কেৱলে লোকক।।২৩৩।।

হেন জানি নৰলোক      ভিন্ন বুদ্ধি তেজিয়োক

হুৱা সৱে উদাৰ স্বভাৱ।

ছাড়িয়ো মৎসৰ দ্বেষ     নোহো শৰীৰত মোহ

মহন্তক এৰা পৰাভৱ।।

মায়াৰ বিনাশ ইটো      নুহি সত্য কদাচিতো

দেহ গেহ সম্বন্ধ যতেক।

হেন জানি শান্ত হুয়া     আপুনি গুণিয়া চায়া

ভজা হৰিহৰক প্ৰত্যেক।।২৩৪।।

……………

                                ৷।পদ।।

 

শঙ্কৰ বদতি পুনৰপি শুনা সতী।

আতি মহামন্দ তযু পিতা প্রজাপতি।।

পূৰ্ব্বৰ বৃত্তান্ত তেৱে তুমি নুশুনিলা।

যিবেলাত তযু পিতা আহ্মাক নিন্দিলা।।২৩৫।।

কৰিলন্ত যজ্ঞ এককালে প্রজাপতি।

আমিয়ো আছিলো সেহি সময়ে তহিতি।।

কৰিলন্ত তযু পিতৃ মোক তিৰস্কাৰ।

সভা মাজে কৰিলন্ত আক্ষেপ অপাৰ।।২৩৬।।

যদি বোলা সুহৃদৰ সহিব বচন।

নাহিকয় সহ্য কহো ইহাৰ কাৰণ।।

নকৰে ততেক পীড়া শক্ৰৰ সন্ধানে।

শিলিমুখ ভিণ্ডিপাল আনো নানা বাণে।।২৩৭||

অল্পকাল মাত্র পীড়া শত্ৰুৰ প্রহাৰে।

প্রথমতে তাপ পাচে গুচে নিৰন্তৰে।।

সুহৃদৱৰ বাক্য শায়ক সন্ধান।

মৰ্ম্মক ভেদয় ইটো আতি বৰ টান।।২৩৮৷৷

ৰাত্রি দিনে কৰে পীড়া যাৱে জীৱে মানে।

ইহাৰ প্ৰমাণ মঞি লভিলো আপুনে।।

আজিয়ো নুগুচে পীড়া মোৰ হৃদয়ৰ।

সিটো বাক্যসৱক সুমৰি নিৰন্তৰ।।২৩৯।।

অস্থিকো ভেদিলে মোৰ দক্ষ বাক্যবাণে।

নৈয়ো কৰে মোক যেন শত্ৰুৰ সন্ধানে।।

যদি বোলা মঞি গৈলে নাই তযু শঙ্কা।

ইহাৰ উত্তৰ কহো যদ্যপি নতঙ্কা।।২৪০৷৷

যেনমতে স্নেহ প্রজাপতিৰ তোহ্মাত।

নলাগে কহিবে পাইলো পূৰ্ব্বতে সঞ্জাত।।

যিবেলা তোহ্মাৰ পিতৃ মোক শাপিলন্ত।

সমাজৰ মাজে মোক যিবা নিন্দিলন্ত।।২৪১।।

সিবেলাৰপৰা জানো স্নেহৰ প্রমাণ।

দুহিতা সৱাৰে মাজে তুমিসে প্রধান।।

নলাগে কহিবে মোত সকলে বিদিত।

এতেকে যাইবাক সতী নুহিকে উচিত।।২৪২৷৷

মোৰ বাক্য নুশুনি যদ্যপি যাহা চলি।

নলভিবা সতকাৰ দক্ষৰ সমূলি।।

নকৰিব আদৰ তোহ্মাক প্রজাপতি।

যিহেতু নুগুচে তাপ তান মোক প্রতি।।২৪৩৷৷

নাহি খানিতেকো সুস্থ তযু জনকৰ।

ভৈলা আতি আতুৰ ক্ৰোধত কলেৱৰ।।

মহন্তৰ নামক কর্ণেও নুশুনন্ত।

কহিবো কতেক তান গুণ অপৰ্য্যন্ত।।২৪৪৷৷

যেন সদা মাধৱৰ দৈত্যৰ বিৰোধ।

তান পদ নপায়া কেৱলে কৰে ক্রোধ।।

দক্ষৰ তেহ্নয় ভৈলা বিদ্বেষ আহ্মাত।

নুহিকা শশুৰ মোৰ অসুৰ সাক্ষাত।।২৪৫৷৷

যদি বোলা নকৰিলা তুমি সতকাৰ।

ছাড়িলা গৌৰৱ গুৰু সদ ব্যৱহাৰ।।

তাতেসে তোহ্মাক কৰিলন্ত অপমান।

নকৰিলা নমস্কাৰ থাকি বিদ্যমান।।২৪৬||

কহো তেৱে সমিধান শুনা সাৱধানে।

কিবা ভাল মন্দ বোলা গুণি চাৱা মনে।।

মহন্তসৱৰ নমস্কাৰৰ বিধান।

মহাজনে জানে তাক নজানয় আন।।২৪৭।।

যিটোসৱ জীৱৰ চৈতন্য নাৰায়ণ।

তাহাঙ্ক সদায় কৰে মহন্তে সেৱন।।

নকৰে আদৰ সম্বন্ধ অনুসাৰে।

যিটো শৰীৰত বদ্ধ নুহি অহঙ্কাৰে।।২৪৮।।

কিন্তু সৰ্ব্ব পুৰুষৰ উত্তম ঈশ্বৰ।

যাহাৰ নিৱাস সদা হৃদয় জীৱৰ।।

তাঙ্ক মনে সেৱয় মহন্তে অহর্নিশে।

যিটো ব্যাপি আছা এহি প্রপঞ্চ বিশেষে।।২৪৯।।

ময়ো সেহিমতে কৰো সদা নমস্কাৰ।

যাহাৰ ইঙ্গিতে হোৱে বিশ্বৰ সংহাৰ।।

দক্ষৰো হৃদয়ে সেহি ঈশ্বৰ প্রধান।

তেহে সৰ্ব্বময় সমস্ততে বিদ্যমান।।২৫০৷৷

চাৰিবিধ প্রণীৰ হৃদয় আকাশত।

অন্তৰ্য্যামী ৰূপে যিটো সদায়ে বেকত৷৷

যিটো মহাপুৰুষ চৈতন্য বাসুদেৱ।

তাহান চৰণে অহর্নিশে কৰে সেৱ।।২৫১।।

মহা অহঙ্কাৰী তযু পিতৃ প্রজাপতি।

নজানন্ত মহন্তৰ ইসৱ যুগুতি।।

এতেকেসে মোক সদা কৰন্ত বিদ্বেষ।

কহিলো তোহ্মাত সৱে কৰিয়া নিঃশেষ।।২৫২।।

আৰোশুনিয়োক কহো তোহ্মাত নির্ণয়।

মোৰ মনে দক্ষক চাহিবে নলাগয়।।

অদ্যপি তোহ্মাৰ ইটো দেহৰ জনক।

নুযুৱাই তথাপিতো যজ্ঞক যাইবাক।।২৫৩।।

তান অনুবৰ্ত্তক সুহৃদ বন্ধুজন।

নুহিকে কদাপি যোগ্য তযু দৰশন।।

যিহেতু আহ্মাৰ দক্ষ পৰম বিদ্বেষী।

এতেকে অযোগ্য যাইবে চায়ো বিমৰিশি।।২৫৪।।

গৈলো পূৰ্ব্বে প্রজাপতিসৱৰ যজ্ঞক।

নকৰিলো অপকাৰ একোৱে দক্ষক।।

তথাপি কৰিলা নিন্দা অনেক আহ্মাক।

দেৱ ঋষিগণ সমে শুনায়া সভাক।।২৫৫৷৷

সিটো বাক্যসৱে মোৰ মৰ্ম্মক ভেদিল।

আজিয়ো সুমৰো মোক যতেক বুলিল।।

যিবা পাসৰিলো ভৈল সৱেয়ো সাক্ষাত।

কৰিলন্ত দক্ষে যেন গৌৰৱ আহ্মাত।।২৫৬||

মোৰ বাক্য অতিক্রমি যেৱে যাইবা চলি।

মিলিবে তোহ্মাৰ তথা অকাৰ্য্য সমূলি।।

হেন জানি নকৰিবা মনত বিষাদ।

নাহি কিছো ভাল গৈলে মিলিবে প্রমাদ।।২৫৭।।

যদি মোৰ বাক্য ইটো দেখা অযুগুতি।

ইহাৰ প্রমাণ তেৱে শুনা প্রাণসতী।।

মহন্তসৱক যদি সুহৃদ বান্ধৱ।

কৰে অহঙ্কাৰ অনুচিত পৰাভৱ।।২৫৮।।

নোৱাৰে সহিবে বান্ধৱৰ অপমান।

নধৰে শৰীৰ অসন্তোষ এৰে প্রাণ।।

উদাসীন জনৰ অমান্য কিছো নাই।

কুটুম্বৰ অৱজ্ঞাক সহন নযায়।।২৫৯।।

মহা পতিব্রতা তুমি আহ্মাৰ সুন্দৰী।

মহা গুণৱতী ৰূপৱতী কুলনাৰী।।

তুমি কেনে সহিবা দক্ষৰ অহঙ্কাৰ।

দেখিবাক নুৱাৰিবা অমান্য আহ্মাৰ।।২৬০৷৷

এতেকে হৈবেক তযু বৰ অথন্তৰ।

নাহিকে কুশল হৈবে সঙ্কট প্রাণৰ৷৷

নুৱাৰিবা গৈলে তৈত প্রাণ ধৰিবাক।

পাচেসে স্মৰিবা তুমি তহিতে আহ্মাক।।২৬১৷৷

বুলিলা অনেক আৰো নিষেধ বচন।

নভৈলন্ত স্বস্থ মনে গুণি ত্রিলোচন।।

সতীৰ বিয়োগ দুয়োমতে জানিলন্ত।

নগৈলেয়ো শান্ত নোহে গৈলে মৰিবন্ত।।২৬২৷৷

বিমৰিশি মৌন ভৈলা প্রভু পশুপতি।

শুনিয়োক পাচে যেন কৰিলন্ত সতী।।

নুবুলিলা দেৱী কিছো হৰক উত্তৰ।

মনত মিলিল অসন্তোষ নিৰন্তৰ।।২৬৩৷৷

ভৈলা দ্বিধাভাৱ সতী অথিৰ হৃদয়।

মিলিল সঙ্কট মনে উভয় সংশয়।।

সুহৃদসৱৰ দৰশন অভিলাষ।

বিদায় নপাই মনে শঙ্কৰক ত্রাস।।২৬৪।।

শঙ্কৰৰ আজ্ঞা অতিক্রমে হোৱে দোষ।

সুহৃদক নেদেখিলে নাহিকে সন্তোষ।।

নুৱাৰিলা কৰিবাক সতী একো সাৰ।

কেৱল গোসানী ক্রোধে জ্বলিল অপাৰ।।২৬৫।।

কান্দিবে লাগিল স্নেহে হাকুল ব্যাকুল।

নাহি শ্রুতি বুদ্ধি যেন সাক্ষাতে বাতুল।।

ভৈলন্ত বিহ্বল ঝৰে লোতকৰ ধাৰ।

মিলিল মনত অসন্তোষ বাৰম্বাৰ।।২৬৬||

কোন কৰ্ম্ম কৰো আৱে কেনে চিত্ত ধৰো।

পিতৃগৃহে চলো শঙ্কৰক পৰিহৰো।।

মোৰ মহাবৈৰী ভৈলা হৰ নিজস্বামী।

কেৱলে ভাণ্ডন্ত মাত্র নজানো কি আমি।।২৬৭।।

এহিমতে নানা বিমৰিশি মহামায়া।

ক্রোধদৃষ্টি শঙ্কৰক আছিলন্ত চায়া।।

দৃষ্টিপাত কৰি যেন দহিবাক চান্ত।

তৱধ নয়নে কম্পি কম্পি থাকিলন্ত।।২৬৮।।

যেন ভাৰ্য্যাসৱে সাধাৰণ পুৰুষক।

কটাক্ষ নয়নে চাৱে কৰিয়া ক্রোধক।।

সেহি নয় দেৱী ক্রোধে শঙ্কৰক চান্ত।

কেৱলে সঘনে মাত্র নিশ্বাস তেজস্ত।।২৬৯।।

শোকে মোহে কতোক্ষণে দেৱী এহিমতে।

প্রচণ্ড বতাসে কাম্পে কদলী যিমতে।।

দক্ষৰ নন্দিনী শঙ্কৰৰ নিজজায়া।

কম্পিল হৃদয় খনে থিৰ নোহে কায়া।।২৭০৷৷

                      ...............

।।সতীৰ পিতৃ গৃহলৈ গমন।।

 

পাচে কতো বেলি দেৱী মন থিক কৰি।

যিহৌক সিহৌক বুলি চলিলা সুন্দৰী।।

শঙ্কৰক চাড়িয়া গৃহৰ ভৈলা বাজ।

শোকে মোহে ভয়ে এৰিলন্ত লাজ কাজ।।২৭১।।

যিটো আপোনাৰ অৰ্দ্ধ শৰীৰক দিলা।

আপোনাক আপুনি সতীত সমর্পিলা।।

হেন প্রিয় স্বামীক এৰিয়া দেৱী সতী।

চলিলা পিতৃৰ যজ্ঞ দেখিবাক প্রতি।।২৭২৷৷

কৰিলা বিদিত নাৰীসৱৰ স্বভাৱ।

আতি মূঢ়বুদ্ধি নাহি সদা শুদ্ধভাৱ।।

এতেকে ছাড়িলা নিজস্বামী শঙ্কৰক।

চলিলা সুন্দৰী নিজপিতৃৰ গৃহক।।২৭৩।।

একেশ্বৰে যান্ত সতী আতি দ্রুতবেগে।

নাপেক্ষিলা কাহাকো নাহিকে কেহো লগে।।

পাচে বাৰ্ত্তা পাইলা হৰ অনুচৰগণে।

দিলেক লৱৰ সৱে পাচে তেতিক্ষণে।।২৭৪।।

মণিমন্ত আদি কৰি পাৰিষদগণে।

অনেক সহস্র চলি গৈলা তেতিক্ষণে।।

শঙ্কৰৰ বাহন বৃষভ আদি কৰি৷

চলিলা আনন্দে শঙ্কৰক পৰিহৰি।।২৭৫৷৷

যজ্ঞৰ আনন্দ দৰশনৰ নিমিত্তে।

তাসম্বাৰো অভিলাষ আছয় মনতে।।

শঙ্কৰক ভয়ে চলি নগৈলা পূৰ্ব্বত।

গুচিল সিসৱ শঙ্কা সতীৰ লগত।।২৭৬৷৷

একেশ্বৰে যান্ত দেৱী পিতৃৰ গৃহক।

তান লগে গৈলে ভয় নাই শঙ্কৰক।।

নগৈলসে মনে কষ্ট কৰিব ঈশ্বৰ।

এহি মনে গুণি চলি গৈলা নিৰন্তৰ।।২৭৭৷৷

সেহি বেগে পাইলা সতী সুন্দৰীক লাগ।

কতো পাচ কতো পাসে কতো গৈলা আগ৷৷

বৃষভৰ উপৰত দেৱীক তুলিলা।

বেঢ়ি অনুক্রমে সৱে গমন ধৰিলা।।২৭৮।।

পিন্ধাইলা সতীক সৱে বসন ভূষণ।

পাৰিজাত মালা আৰো সুগন্ধ চন্দন।।

মাথাৰ উপৰে শ্বেত ছত্রক ধৰিল।

সৰ্বাঙ্গ দর্পণে প্রতিবিম্ব নিৰেখিল।।২৭৯৷৷

দুই পাসে ধৱল চামৰে বিঞ্চিলেক।

ক্রীড়াময় কন্দুকক কেহো ধৰিলেক।।

আৰো দিব্য চটক পেখন ক্রীড়াময়।

পেখন্ত আনন্দে সতী লগতে থাকয়।।২৮০৷৷

আতি সুললিত ৰায় কাঢ়য় পক্ষিনী।

তাক সঙ্গে কৰি লৈলা দক্ষৰ নন্দিনী।।

চলিলা আনন্দে অনুচৰবৰ্গ সঙ্গে।

বাইলা নানা বাদ্য সুললিত কৰি ৰঙ্গে।।২৮১।।

দুন্দুভি মৃদঙ্গ ভেৰী পটহ কাহাল।

শঙ্খ বাণী তৱল বিপঞ্চি ভাল ভাল।।

কেহো গীত গাৱে কেহো আনন্দে নাচয়।

কেহো কেহো বোলে ভৈল আহ্মাৰ উদয়।।২৮২।।

দেখিবো উৎসৱ আজি সতীৰ লগত।

প্রৱেশিৱো আজি দক্ষ ঋষিৰ যজ্ঞত।।

এহি কথা মতে সতী সঙ্গত চলিলা।

আটোপ টঙ্কাৰে দশোদিশক ছানিলা।।২৮৩।।

পাৰিষদগণ সমে সতীয়ো চলিলা।

তেতিক্ষণে পিতৃৰ যজ্ঞত প্রৱেশিলা।।

দেখিলা আশ্চর্য্য যজ্ঞ আতি ভয়ানক।

পঢ়ে বিপ্রগণে মন্ত্র পশুৰ হিংসক।।২৮৪।।

কাটে পশুচয় কৰে মাংসৰ আহুতি।

ভৈল যজমান দক্ষঋষি প্রজাপতি।।

আছন্ত বসিয়া সৱে দেৱঋষিগণ।

বিপ্ৰসৱে বিধিচয় কৰয় পঠন। ২৮৫৷৷

পিষ্টক পায়স ফলমূল পৰমান।

দধি দুগ্ধ ঘৃত মধু মোদক প্রধান।।

তাম্বুল কদলী ইক্ষু মধুৰি মোলান।

আনো নানা নৈবেদ্য পাতিলা থানে থান।।২৮৬।।

সোমলতা ৰসে ভৰি পাত্র নিয়মিল।

দেৱতাৰ অনুৰূপে জলে নিয়োজিল।।

কতো সুৱৰ্ণৰ পাত্র কতো ৰজতৰ।

কতো মৃত্তিকাৰ পাত্র বিস্তৰ কাষ্ঠৰ।।২৮৭৷৷

কতো লৌহময় কতো কুশৰ নিৰ্ম্মিত।

কতো কতো পাত্ৰচয় চর্মে নিৰমিত।।

নানা পাত্ৰচয় এহিমতে দ্রব্যে ভৰি।

নিয়মিয়া থৈলা ঋষিগণে ভাল কৰি।।২৮৮৷৷

কতো ঋষিগণে বেদবাক্য উচ্চাৰয়।

কতো কতো ঋষি বহ্নিকুণ্ডত হুনয়।।

কতো লেখা কৰে হোম ফল ফুল ধৰি।

কতো ঋষি জপ কৰে কুশহস্ত কৰি।।২৮৯।।

সেহি সময়ত সতী ভৈলন্ত প্রৱেশ।

দেখিলা যজ্ঞৰ যত সম্ভাৰ বিশেষ।।

ভূতগণ সমে থাকিলন্ত মহামায়া।

ভুৱন মোহিনী শঙ্কৰৰ নিজজায়া।।২৯০।।

দেখিয়ো মহন্তসৱ বিষয়ৰ সঙ্গ।

ঈশ্বৰৰ মায়া মহন্তৰ হোৱে খঙ্গ।।

সতী শঙ্কৰৰো কেন দেখা বিপৰীত।

একে শৰীৰতে ভৈলা দুইহন্তো মোহিত।।২৯১।।

সতীৰ আনন্দ দক্ষযজ্ঞ দশনে।

নাহি শঙ্কৰৰ ইচ্ছা ক্ৰোধ কৰি মনে।।

সতীক নিৰোধ কৰিলন্ত বাৰম্বাৰ।

সতীয়ো ক্রোধিলা নিজ স্বামীক অপাৰ।।২৯২।।

বিচাৰত নাহি দুইহন্তৰো অভিমান।

নিজ ব্ৰহ্মৰূপ দুয়ো বেদৰ প্রমাণ।।

কিণ্ত্ত দেখাইলন্ত মাত্র লোকৰ ব্যৱস্থা।

মায়াময় বিষয়ৰ হেনসে অৱস্থা।।২৯৩।।

কেৱলে নিকাৰ মাত্র নাহি সুখলেশ।

মায়াৰ বিলাস ইটো বিষয়ৰ ক্লেশ।।

নুগুচয় তাৰতম্য সদায় মনৰ।

নাহিকে অপেক্ষা পৰলোকৰ ভয়ৰ।।২৯৪।।

নভজে অভয় পাদপদ্ম মাধৱৰ।

আপোনাক বঞ্চি সাঞ্চে পদ নৰকৰ।।

হেন জানি সাধা পৰলোকৰ সম্পদ।

জানা মায়াময় ঘোৰ বিষয় আপদ।।২৯৫।।

ইটো ভাৰ্য্যা পুত্ৰচয় সৱে দস্যু প্রায়।

পুৰুষসৱৰ আয়ু হৰে সমুদায়।।

চোৰে যেন গৃহস্থৰ ঘৰ চুৰি কৰে।

নজানে গৃহস্থসৱে সৰ্ব্বস্বক হৰে।।২৯৬।।

নিলেসে জানয় মোৰ চুৰি ভৈলা ঘৰ।

সেহি নয় পুত্র ভাৰ্য্যা চোৰ পটন্তৰ।।

সম্বন্ধ বাসনাচয় আয়ুক হৰয়।

প্রতিদিনে টুটয় পুৰুষে নজানয়।।২৯৭।।

পাচেসে জানয় আয়ুচয় ক্ষয় ভৈলে।

কৰে মহাতাপ পৰলোকে সিটো গৈলে।।

বিষয় সুখৰ এহিমত সম্প্রদায়।

হেন জানি চিন্তা সৱে ইহাৰ উপায়।।২৯৮।।

নাহি আন ৰক্ষণ কৃষ্ণৰ পদ বিনে।

একান্ত শৰণ যেৱে নুপজয় মানে।।

কৃষ্ণপদপঙ্কজ স্বৰূপ মহোৎপল।

যত দেহ গেহ তাতে অর্পিয়ো সকল।।২৯৯।।

নমো হৰি হৰ ব্ৰহ্মা এক নিৰাকাৰ।

চাৰিবিধ সৃষ্টিয়ে বিহাৰ ভৈলা যাৰ।।

নমো নিৰঞ্জন সৰ্ব্ব মায়াৰ অতীত।

ঘুষিয়ে মাধৱ সৱে হুয়া আনন্দিত।।৩০০।।

                           .................

।। পিতৃৰ যজ্ঞভূমিত সতীৰ অনাদৰ আৰু

সতীৰ দেহত্যাগ।।

।।দুলড়ী।।

 

ঋষি নিগদতি          শুনা মহামতি

পাচে কথা সাৱধানে।

শঙ্কৰৰ জায়া          সতী মহামায়া

প্রৱেশিলা সেহি থানে।।

দক্ষৰ ভয়ত           সভাসদ যত

আছিলা সতীক চাই।

কেহো নাদৰিল         কেহো নমাতিল

অসন্তোষ বৰ পাই।।৩০১।।

গুণি মনে মনে          বোলে অন্যোঅন্যে

কিনো ক্ৰুৰ প্রজাপতি।

শঙ্কৰক দ্বেষে          দূৰ ভৈল স্নেহ

দুহিতাতো ভিন্ন মতি।।

ইহাৰেসে কাজে         আমিয়ো সমাজে

সতীক নকৰো মান।

কৰিবেক ক্রোধ         আহ্মাক বিৰোধ

ইটো দুষ্ট অগিয়ান।। ৩০২।।

আপুনি আসিলা         যজ্ঞত মিলিলা

নকৰে তভো আশ্বাস।

মহা অহঙ্কাৰী          আতি অনাচাৰী

কপট ইহাৰ আশ।।

সেহি সময়তে          কর্ণাকর্ণি তৈতে

কৰন্তে দক্ষৰ পত্নী।।

ভৈলা আনন্দিত         দুহিতা সহিত

সতী আসিবাৰ জানি।।৩০৩।।

বসন ভূষণ           বিচিত্র আসন

আনো দ্রব্যচয় ধৰি।

আতি মহাবেগে         গৈলা সেহি ছেগে

মাটিত নপৰে ভৰি৷৷

আনো কন্যা      যত প্রসূতি সহিত

উৎসৱ কৰি চলিল।।

দেখিলা সভাত         সতীক সাক্ষাত

আনন্দে সৱে বেঢ়িল৷৷৩০৪৷৷

স্নেহে আকুলিত         ভৈলা পুলকিত

নয়নৰ বহে জল।

উত্ৰাৱল চিত্ত           ভৈলা উল্লাসিত

তথাত নাৰীসকল।।

প্রসূতি জননী          সমস্তে ভগিনী

আলিঙ্গিলা বাহু মেলি।

সতীৰ সুন্দৰ          নিজ কলেৱৰ

তিয়াইল সৱে সমূলি।।৩০৫।।

কৰি সনমান          দিলন্ত আসন

কুশল বাৰ্ত্তা পুছিল।

বিচিত্র বসন           নানা আভৰণ

আনো দ্রব্যচয় দিল।।

যিটো সতকাৰ         কৰিলা অপাৰ

সতীক দক্ষৰ জায়া।

সিসৱ বাক্যক          ইঙ্গিতো নকৰি

থাকিলন্ত মহামায়া।।৩০৬।।

যিহেতু দক্ষৰ          নাহি সতকাৰ

সুন্দৰী তাক জানিল।।

শঙ্কৰৰ বাক্য          স্বৰূপ কৰিয়া

সমস্তে সতী মানিল।।

ভালেতো আহ্মাত        কহিলা সাক্ষাত

শঙ্কৰে মোক বুজাই।

সকলে দেখিলো     প্রমাণ লভিলো

তান কিছো দোষ নাই।।৩০৭।।

নাহিকে যজ্ঞত          ভাগ শঙ্কৰৰ

আচৰিলা মহাদ্রোহ।

প্রভু যি কহিলা         স্বৰূপ বুলিলা

ভৈলা দক্ষ মহামোহ।।

পাছে সেহি থানে        সভা বিদ্যমানে

জ্বলিল ক্রোধ সতীৰ।

ঝৰে ঘৰ্ম্মচয়           কম্পিল হৃদয়

ব্যথিত ভৈলা শৰীৰ।।৩০৮।।

সিবেলা লোকৰ         বিকল বিস্তৰ

মিলিল ক্রোধ দেখিয়া।

বোলে তিনিলোক        আদি নষ্ট হৈব

সতীৰ ক্রোধ দেখিয়া।।

সতীৰ লগৰ           যত অনুচৰ

মণিমন্ত আদি কৰি।

বোলে প্রতিকাৰ         আজি কৰো আৰ

দক্ষক সভাত মাৰি।।৩০৯৷৷

সতীৰ অমান্য          দেখি বিদ্যমান

আৰো মহেশৰ দ্বেষ।।

উঠিল তেখনে          সৱে ভূতগণে

কৰিয়া ক্রোধ নিশেষ।।

পাছে মহামায়া         তাসম্বক চায়া

নিষেধিলা তেতিক্ষণ।

শুনা ভূতগণ          অযোগ্য এখন

আমাৰ আগে মৰণ।।৩১০৷৷

সতীৰ বচন           শুনি ভূতগণ

নমাতি ক্রোধে ৰহিলা।

শুনা কুৰুৰায়          কথা সমুদায়

পাছে সতী যি কৰিলা।।

ক্রোধৰ বেগত         স্বস্থ শৰীৰত

খানিকো সতীৰ নাই।

শুনায়া সভাক         আতি চণ্ডবাক

বুলিলা দক্ষক চাই।।৩১১।।

শুনিয়োক দক্ষ          শিৱৰ বিপক্ষ

নাম মাত্র তুমি দ্বিজ।

কৰ্ম্মমার্গচয়            নিজা শ্রমময়

তুমি তাত দম্ভ বীজ।।

যিটো শঙ্কৰৰ          নাহি আত্ম পৰ

শত্রু মিত্র উদাসীন।

সমস্তৰে আত্মা          সুহৃদ ঈশ্বৰ

নাহি তান কতো ভিন৷৷৩১২।।

সমস্ত লোকৰ          কাৰণ শঙ্কৰ

একান্ত জন আশ্রয়।

সিটো শঙ্কৰক          তুমি ব্যতিৰেকে

বিদ্বেষ কোনে কৰয়।।

পৰম দুর্জন           আতি অল্পজন

হুয়া বোলা মহাজন।

নুহিকে উত্তম          কেৱলে অধম

সামান্যে নুহি লক্ষণ।।৩১৩৷৷

কহো আৰ ভেদ        শুনা পৰিচ্ছেদ

যাৰ যেন প্ৰৱৰ্ত্তন।

যাক সাধু বুলি         যাক বা নুবুলি

যাক বা বুলি দুৰ্জ্জন।।

অল্প গুণচয়           প্ৰচুৰ কৰয়

পৰম যিটো পুৰুষে।

যিটো দোষচয়          তাকেসে স্মৰয়

কহয় গুণ নিশেষে।।৩১৪।।

সেহি মহা সন্ত         পৰম মহন্ত

সাধুৰ মধ্যে প্রধান।

সিটো গুণ যত         নাহিকে তোহ্মাত

নুহিকে তাৰ সমান।।

যিবা সাধাৰণ          তাৰো ভিন্ন মন

উচিত মাত্র বোলয়।

দোষক গুণক          কৰিয়া মনত

বঢ়া টুটা নকহয়।।৩১৫৷৷

তাহাৰ সন্মত          নাহিকে তোহ্মাত

তুমি নিজ অসূয়ক।

নুহিকা উত্তম          নুহি সাধাৰণ

গুণক কোৱা দোষক।।

তথাপি তোহ্মাক        মানি আপোনাক

থাপিলা তুমি কুখ্যাতি।

আনো মহন্তৰ           দুৰ্যশ থাপিলা

আপোনাক সাধু পাতি।।৩১৬।।

লভিলা পাতেক         নিন্দি মহেশক

বিপ্র হেন অহঙ্কাৰে।

দ্বিজ নাম শুনি         নসৱে সমূলি

উপজে খেদ আহ্মাৰে।।

দুৰ্জ্জনসৱৰ            নিন্দা মহন্তৰ

নুহিকয় অদভুত।

যিহেতু দেহত          আত্মা হেন মত

মানিলা তুমি প্রস্তুত৷৷৩১৭৷৷

সদা জড়ময়           যেন শৱচয়

ইটো দেহ ক্ষণ মাত্র।

তাত অহঙ্কাৰ          কৰি বাৰম্বাৰ

নভৈলা কিছোৰো পাত্র।।

নিন্দিলা শিৱক         জগত জীৱক

তান কিবা পৰাভৱ।।

যেন কোনো নৰ        শিলত নখৰ

দিলেক প্রচণ্ড ঘাৱ।।৩১৮৷৷

ভাগৈ নখচয়          শিলাৰ কি হয়

মহন্তৰো সেহি নয়।

কিণ্ত্ত মহন্তৰ          চৰণৰ ৰেণু

দুৰ্জ্জনক কৰে ক্ষয়।।

যদ্যপি পৰম           পুৰুষ ঈশ্বৰ

নকৰিলা প্রতিকাৰ।।

তথাপিতো তাৰ         চৰণৰ ধূলি

চিন্তিবে তোহ্মাৰ মাৰ।।৩১৯।।

এহিমতে সতী          দক্ষক সম্প্রতি

অনেক নিন্দা কৰিলা।

পূৰ্ব্বৰ আক্ষেপ         দক্ষৰ যতেক

পুনু কহিবাক লৈলা।

শুনা সভাসদ          ভাগৱত পদ

পাতেকৰ কালান্তক।

বঞ্চিয়ো আপদ          লভিয়ো সম্পদ

চাড়া মিছা বিষয়ক৷৷৩২০৷৷

ইটো মায়াময়          দেহ গেহচয়

নুহিকয় কিছো সাৰ।

যেন সপোনত          দৰিদ্রে মনত

পাইলেক ৰত্ন ভাণ্ডাৰ।।

জাগিলে হৰয়          ইটো সেহি নয়

জানা আক বিদ্যমান।

কৃষ্ণৰ সেৱাত          পুৰুষে মনত

ইহাৰ পাৱে প্রমাণ৷৷৩২১৷৷

নমো নমো হৰি         পদ শিৰ ধৰি

ভকতৰ নৱনিধি।।

সাধা প্রয়োজন          বোলা নাৰায়ণ

ধৰা মাধৱক হৃদি।।৩২২।।

.................

                        ।।পদ।।

 

মৈত্রেয় বদতি আৱে শুনিয়ো বিদুৰ।

বুলিলন্ত সতী পুনু দক্ষক নিষ্ঠুৰ।।

ভৈলা অমঙ্গল বেশ তুমি প্রজাপতি।

হোৱে নহে গুণি চোৱা আপোনাক প্রতি।।৩২৩।।

শিৱ হেন নামৰ মহিমা নজানিলা।

অবিচাৰে শঙ্কৰক পূৰ্ব্বতে নিন্দিলা।।

যিটো শিৱ হেন নাম দুতয় অক্ষৰ।

অকস্মাত স্মৰিলে উদ্ধাৰ পুৰুষৰ।।৩২৪।।

আনত শুনিয়া কদাচিত সুমৰিলা।

নুহিবা ভ্ৰমত শিৱ নাম উচ্চৰিলা।।

তথাপিতো তাৰ সৱ পাতেক হৰয়।

শিৱ নাম অগ্নি পাপ-তৃণক দহয়।।৩২৫।।

নাপেক্ষয় আন ধৰ্ম্ম কৰ্ম্ম নিয়মক।

শিৱ বুলি আন্টালে দহয় পাতেকক।।

চতুৰ্দ্দশ ভুৱন যাহাৰ আজ্ঞাবশ।

তড়ে পাতেকীয়ো যাৰ শুনি শুদ্ধ যশ।।৩২৬।।

হেন ঈশ্বৰত তুমি দ্রোহ আচৰিলা।

আপোনাৰ দুৰ্যশ আপুনি প্রকাশিলা।।

বিপ্র হুয়া কৰা নিজ ব্ৰহ্মক বিদ্বেষ।

ইহাকেসে সুমৰি নখণ্ডে মোৰ ক্লেশ।।৩২৭||

যিটো শঙ্কৰৰ পদ পঙ্কজ যুগল।

সেৱে ৰাত্রি দিনে মহা মহন্তসকল।।

পদ্ম মধু লোভে যেন নছাড়ে ভ্ৰমৰ।

মহন্তসৱৰ মন সেহি পটন্তৰ।।৩২৮।।

শঙ্কৰৰ পদযুগ প্রফুল্ল পঙ্কজ।

তাতে মহন্তৰ মন ভ্ৰমৰা সহজ।।

ব্রহ্মানন্দ সুখ মধু ধৰে অপর্যন্ত।

সেহি কামনায় নেৰে কদাপি একান্ত।।৩২৯৷৷

যাহাৰ সেৱাত পূৰে পুৰুষৰ মন।

সাধে কৰ্ম্ম অর্থ আদি চাৰি প্রয়োজন।।

হেন বিশ্ববন্ধু শঙ্কৰক কৰা দ্রোহ।

নজানি ব্রহ্মক ভৈলা তুমি মহা মোহ।।৩৩০৷৷

আৰো শুনিয়োক দক্ষ কথা বিপৰীত।

শঙ্কৰৰ দোষ আন লোকে অবিদিত।।

নাম মাত্র শিৱ স্বৰূপত অমঙ্গল।

মাথাত ধৰন্ত ঘোৰ জটাৰ পটাল।।৩৩১।।

শৰীৰত ভস্ম অস্থিময় অলঙ্কাৰ।

লগত ভ্রময় ভূত প্রমথ অপাৰ।।

ইসৱ ৰহস্য দোষ তযু মুখ হন্তে।

এৱেসে জানিল সৱে লোক সমজ্যাতে।।৩৩২।।

ব্রহ্মা ইন্দ্র চন্দ্র আদি যত দেৱগণ।

শঙ্কৰক নজানন্ত ইমত দুৰ্জ্জন।।

অনাচাৰী ভৱ হেন যদি জানিলন্ত।

তেৱে কেন শঙ্কৰক আজিও সেৱন্ত।।৩৩৩৷৷

যাৰ পদপঙ্কজৰ ধূলি নিহালন্ত।

পৰম আদৰে শিৰে নিৰ্ম্মাল্য ধৰন্ত।।

যিটো শঙ্কৰৰ পদ পঙ্কজত পৰি।

কৰে তুতি নতি সেৱে দুই কৰ যুৰি।।৩৩৪।।

হৰক আৰাধি নজানিয়া ভৈলা নষ্ট।

নভৈলা কেৱলে জানি তুমি মাত্র ভ্রষ্ট।।

শঙ্কৰক সেৱি ভৈলা সৱেও পতিত।

তুমিসি ৰহিলা নিন্দি ভৈলা শুদ্ধ চিত্ত।।৩৩৫।।

কহো আৰো ধৰ্ম্ম তত্ত্ব কৰি নিৰূপণ।

শুনিয়োক দক্ষ দ্বিজ আহ্মাৰ বচন।।

জগতৰ নাথ ভৱ ধৰ্ম্মৰ পালক।

সিটো শঙ্কৰৰ যিটো আচৰে দ্ৰোহক।।৩৩৬৷৷

তেতিক্ষণে তাৰ দুষ্ট জিহ্বাক ছেদিব।

ভাল মন্দ বিচাৰ তাহাক নকৰিব।।

যদ্যপি সমর্থ নুহি জিহ্বা কাটিবাক।

কর্ণত আঙ্গুলি দিয়া ছাড়িব সভাক।।৩৩৭৷৷

নাথাকিব তৈত তেতিক্ষণে অন্তৰিব।

চকু মেলি সিসৱ লোকক নচাহিব।।

যদি অকস্মাতে তাক হৱে দৰশন।

হৃদিতাপ কৰিয়া স্মৰিব নাৰায়ণ।।৩৩৮৷৷

ছাড়িব তহিতে তনু আপোনাৰ প্রাণ।

এহিসে স্বধৰ্ম্ম আত শাস্ত্রেয়ো প্রমাণ।।

অঙ্কুশে ৰহিত যেন মত্ত গজৰাজ।

তুমিয়ে প্রমত্ত সেহিমতে সভামাজ।।৩৩৯।।

কৰিলা আক্ষেপ নিজ ব্ৰহ্ম শঙ্কৰক।

সাঞ্চিলা মহত পাতেকৰো পাতেকক।।

নুহিকে তোহ্মাক মোৰ শাস্তিক উচিত।

কিণ্ত্ত আপোনাৰ মাত্ৰ কৰো প্রায়শ্চিত্ত।।৩৪০।।

ইটো পাপময় কলেৱৰ নধৰিবো।

তুমি বিদ্যমানে প্রাণ সভাতে এৰিবো।।

যিহেতু তোহ্মাত হন্তে ভৈলো উতপন্ন।

এতেকে অযোগ্য ইটো প্রাণক ৰক্ষণ।।৩৪১।।

যেন কেহো অবিচাৰে চাণ্ডালৰ অন্ন।

প্রমাদত থাকি কেহো কৰিলে ভোজন।।

নাহি তাৰ শুদ্ধি উদগাৰণ ব্যতিৰেক।

ময়ো সেহিনয় আজি কৰিবো প্রত্যেক।।৩৪২।।

কৰিলা হৰক যত পূৰ্ব্বতে আক্ষেপ।

তাহান উত্তৰ কহো কৰিয়া সংক্ষেপ।।

শঙ্কৰক প্ৰতি সতী বেদ নধৰয়।

যিহেতু আপুনি নিজানন্দ ব্রহ্মময়।।৩৪৩৷৷

নিবৃত্তি মাগত যিটো সদায় নিৰত।

যাহাৰ আনন্দ সদা কেৱলে ব্ৰহ্মত।।

তাৰ কিবা কর্মে ধর্মে আছে অধিকাৰ।

কিবা শৌচ আচাৰ সামান্য সদাচাৰ৷৷৩৪৪৷৷

আপোনাক আপুনি চিন্তন্ত নিৰন্তৰ।

গাৱে বেদ শিৰোভাগে কৰিয়া বিস্তৰ।।

নিজ ধর্মে থাকি কাকো নকৰা বিদ্বেষ।

যাৰ যেনমত ধৰ্ম্ম থাপন্ত নিশেষ।।৩৪৫৷৷

যেন ভিন্নমতি দেৱ মনুষ্যসৱৰ।

কাকো কেৱে নছাড়য় কেৱলে মৎসৰ।।

প্রবৃত্তি নিবৃত্তি বেদমার্গ দুই মত।

পুৰুষৰ অনুৰূপে প্রকাশে লোকত।।৩৪৬।।

কদাপি নথাকে দুয়ো একে পুৰুষত।

কেহো প্রবৃত্তিত কেহো নিবৃত্তিত ৰত৷৷

নাহি দুয়ো মত ব্ৰহ্মময় শঙ্কৰত।

বেদৰ বিহিত কৰ্ম্ম ফলাফল যত৷৷৩৪৭৷৷

নহৌক তোমাৰ তেৱে আমাৰ পদবী।

প্রবৃত্তি পথকে মাত্র সদা থাকা সেৱি।।

যি সৱ পথত সেৱা কৰে প্রাণীচয়।

যাহাত বেদৰ বাদ সৱে প্ৰকাশয়।।৩৪৮৷৷

যাত যজ্ঞ হোম ধূম্রে মহা অন্ধকাৰ।

যজ্ঞ অন্নচয় যত জীৱৰ আহাৰ।।

নুগুচোক তোহ্মাৰ সিসৱ পথচয়।

হৌক তযু আশ্রয় আহ্মাক নলাগয়।।৩৪৯৷৷

শুনা কহো আহ্মাৰ পথৰ প্ৰৱৰ্ত্তন।

যাক মহাপুৰুষেসে কৰয় সেৱন।।

ঈশ্বৰ বিমুখ যিটো প্ৰাণীৰ হৃদয়।

সিসৱ পুৰুষে যিটো পথ নিচিনয়।।৩৫০৷৷

পৰমহংসৰ সেৱ্য ইটো দিব্যপথ।

দেৱতাৰো গুহ্য প্রকাশয় মহন্তত।।

হেন পন্থ এৰি পাষণ্ডৰ পন্থ হৌক।

সৰ্ব্বকালে কদাচিতো তোহ্মাক নেড়োক৷৷৩৫১।।

এহি বুলি সতী দেৱী গুণন্ত মনত।

নাহি কিছো কাৰ্য মোৰ ইটো শৰীৰত।।

এৰিবো শৰীৰ বুলি থিৰ কৰি মনে।

বুলিবে লাগিলা পুনু সভা বিদ্যমানে।।৩৫২।।

শুনা সমজ্যায়ে মোৰ হৃদয়ৰ খেদ।

আজি ধৰি ইজন্মক কৰো পৰিচ্ছেদ।।

শঙ্কৰৰ অপকাৰী দক্ষ প্রজাপতি।

যিহেতু ইহাত আসি ভৈলো উতপতি৷৷৩৫৩৷৷

অধমত জন্মে মোৰ নাহি কিছু কাজ।

পিতৃ হেন সম্বন্ধতো মোৰ লাগে লাজ।।

মহন্ত লোকক যিটো কৰে অপকাৰ।

সিসৱ লোকৰ জন্মে হউক ধিক্কাৰ।।৩৫৪।।

মহন্তৰো মহন্ত ঈশ্বৰ ত্ৰিলোচন।

তাক দ্বেষ কৰি দক্ষ ভৈল অল্পজন।।

ইটো দেহ মোৰ সেহি দক্ষতে জন্মিল।

কুজনৰ সংসৰ্গত তাপ নুগুচিল।।৩৫৫।।

দক্ষৰ নন্দিনী বুলি মোক যেতিক্ষণ।

মাতন্ত আনন্দে মোক প্ৰভু ত্ৰিনয়ন।।

তেতিক্ষণে মোৰ মন সমূলে বুৰয়।

তযু নাম শুনি ধাতু তাহাতে উৰয়।।৩৫৬।।

দক্ষৰ দুহিতা বুলি মোক পৰিহাস।

কৰন্তে মিলয় আসি মোৰ মহাত্ৰাস।।

মিলে মহাতাল বাক্য নাসয় মুখত।

যেন বজ্ৰপাত মোৰ হোৱে হৃদয়ত।।৩৫৭।।

সম্বন্ধৰ দ্বাৰে তযু অপৰাধচয়।

মোৰ নাম লৱন্তে সকলে ব্যক্ত হয়।

ইজন্মত মোহোৰ নভৈল কিছু সুখ।

তযু নাম শুনি মিলৈ সংসাৰৰ দুখ।।৩৫৮।।

এতেকে এৰিবো আজি ইটো শৰীৰক।

দক্ষৰ নন্দিনী হেন গুচাইবো নামক।।

আৰো যেন প্ৰভু দাক্ষায়নী নোবোলন্ত।

মোক পৰিহাস তযু নামে নকৰন্ত।।৩৫৯।।

নভৈলো তাহান অনুৰূপ ইজন্মত।

যিহেতু অধম জন্ম ভৈলো দুৰ্জ্জনত।।

চৈধ্যয় ভুৱননাথ দেৱ পশুপতি।

তান জায়া হুইবে মোৰ নুহিকা যুগুতি।।৩৬০।।

য়ি কাৰণে দক্ষৰ ঘৰত উপজিলো।

শঙ্কৰৰ আশা মঞি এতেকে এৰিলো।।

চাহিবো তাহান মুখ পুনু কেনমতে।

কৰিলো নিশ্চয় নচাহিবো ইজন্মতে।।৩৬১।।

এহি বুলি মৌন ভৈলা শঙ্কৰৰ জায়া।

বসিলা সভাৰ মাজে উত্তৰক চায়া।।

যোগময় আসনক সতী ধৰিলন্ত।

দিব্য জলে আচান্ত কৰিয়া বসিলন্ত।।৩৬২।।

পিন্ধিলন্ত শুদ্ধ পীত উত্তম বসন।

কৰিলা সৰ্ব্বাঙ্গে আৰো বস্ত্ৰে আৱৰণ।।

চক্ষু দুই মেলি যোগপথে ভৈলা স্থিত।

নিয়মিল মন দেৱী হুয়া সাৱহিত।।৩৬৩।।

প্ৰাণ অপান বায়ু দুইকো সম কৰি।

নাভিচক্ৰে থাপিলন্ত দক্ষৰ জীয়াৰী।।

উৰ্দ্ধ অধোগতি দুইহন্তৰো নিৰোধিলা।

পাচে অল্প কৰি বায়ু দেৱী আক্ৰমিলা।।৩৬৪।।

নাভিচক্ৰ হন্তে বায়ু উৰ্দ্ধক ক্ষেপিলা।

অল্প অল্প কৰি সতী হৃদিত থাপিলা।।

হৃদয়ৰ পৰা বক্ষস্থলক নিলন্ত।

তাৰো পৰা নিয়া কণ্ঠদেশে থাপিলন্ত।।৩৬৫।।

কণ্ঠহন্তে দুই ভ্ৰূৱমধ্যে প্ৰৱেশাইলা।

এহিমতে নিয়া বায়ু তহিতে তম্ভাইলা।।

দক্ষতাপে নিজ প্ৰাণ ছাড়িবাক প্ৰতি।

যোগময় অগ্নি শৰীৰতে জ্বালিলন্তি।।৩৬৬।।

পাচে হৃদয়ত ব্ৰহ্মচয় শঙ্কৰক।

জগতৰ গুৰু নিজস্বামী মহেশক।।

কৰিলা সাক্ষাত চিন্তি দেৱী মহামায়া।

থাকিলন্ত তান দুই চৰণ চিন্তিয়া।।৩৬৭।।

নেদেখিলা ব্ৰহ্ম বিনে সিবেলা আনক।

কৰিলা নিৰ্ম্মল সতী আপোন দেহক।।

সমাধিত হন্তে যোগ অগ্নিক জ্বালিল।

জগত ঈশ্বৰী সতী প্ৰাণক ছাড়িল।।৩৬৮।।

দক্ষৰ যজ্ঞত ঘোৰ মিলল প্ৰমাদ।

অদভুত মানি সৱে কৰিলা বিষাদ।।

দেৱ বিদ্যাধৰ সিদ্ধ গন্ধৰ্ব্ব কিন্নৰ।

বেঢ়ি হাহাকাৰ সৱে কৰিলা বিস্তৰ।।৩৬৯।।

পৃথিৱীত উঠিল তুমুল ঘোৰ ৰোল।

যেন সাতসাগৰত মিলিল কল্লোল।।

অদভূত দেখি সৱে সমাজ তৱধ।

নাহি মাত মোল কাৰো সৱে নিশবদ।।৩৭০।।

পাচে দেৱগণে আউৰে আউৰক বোলয়।

হেন বিপৰীত আন কাহাত মিলয়।।

জগতনায়ক হৰ তান নিজ জায়া।

ছাড়িলন্ত প্রাণ দক্ষ কোপে মহামায়া।। ৩৭১।।

উপজে আহ্মাৰ খেদ দেখি আচৰিত।

দক্ষৰ মনত কিছো নাহিকে ইঙ্গিত।।

দেখিয়োক দক্ষ কেন কপট হৃদয়।

প্রজাপতি হুয়া মহা অন্যায় কৰয়।।৩৭২।।

গোসানীৰ বধ আত সাক্ষাতে লাগিল।

যিহেতু সতীক সতকাৰ নকৰিল।।

জগতৰে পূজ্য আৰো শঙ্কৰৰ জায়া।

প্রৱেশিলা যজ্ঞ দেৱী আপুনি আসিয়া।।৩৭৩৷৷

একে নিজ দুহিতা ইহাতে জন্ম ভৈল।

ইহাঙ্কো নাদৰি ইটো দুষ্ট নষ্ট গৈল।।

তিনিও লোকত মন্দ কীৰ্ত্তিক থাপিলা।

আপোনাৰ মহাপাপ আপুনি সঞ্চিলা।।৩৭৪।।

নুহি মহাজন ইটো অধম ব্রাহ্মণ।

নাহিকে বিপ্ৰৰ আৰ একোৱে লক্ষণ।।

দ্বিজ হুয়া ইটো ভৈল ক্রোধৰ সাগৰ।

নুহিকে উত্তম আতি অধম বৰ্ব্বৰ।।৩৭৫।।

যিহেতু এৰিলা সতী প্রাণ সাক্ষাততে।

নকৰিলা বাধা চাহি আছিল আগতে।।

পিতৃ হৈয়ো দুহিতাৰ ভৈলা বধভাগী।

আৰম্ভিলা যজ্ঞ ইটো ইহাকেসে লাগি।।৩৭৬৷৷

একোকালে হেন নৈয়ো দেখি নৈয়ো শুনি।

ভৈল দক্ষ সাক্ষাতে সতীৰ যম যেনি।।

শঙ্কৰে সহিতে ঘোৰ বৈৰ আচৰিল।

আপোনাৰে মাৰ ঘোৰ আপুনি সঞ্চিল।।৩৭৭৷৷

সতীৰ বিয়োগ দেখি সমজ্যাৰ লোকে।

দক্ষক নিন্দিল সৱে আতি বৰ শোকে।।

সেহি সময়ত শঙ্কৰৰ ভৃত্যগণ।

দেখিল যজ্ঞৰ মাজে সতীৰ মৰণ।।৩৭৮৷৷

মণিমন্ত আদি কৰি ক্রোধে জ্বলি গৈল।

মাৰো প্রজাপতিক বুলিয়া সাজ ভৈল।।

যজ্ঞসমে দক্ষক নাশিবে মন কৰি।

উঠিল প্রমথগণ অস্ত্র শস্ত্র ধৰি।।৩৭৯৷৷

দেখিলন্ত ভৃগু ভূতগণৰ ক্রোধক।

যজ্ঞসমে হুনিক চাহয় দক্ষক।।

উচ্চাৰিল বেদমন্ত্র হাতে ষ্ৰুৱ ধৰি।

দিলন্ত আহুতিচয় ঘৃতপূর্ণ কৰি।।৩৮০৷৷

যিটো মন্ত্ৰচয় শুদ্ধ সাৰৰ অন্বয়।

যজ্ঞ বিঘ্নিকৰ্তাৰ দ্ৰোহক আচৰয়।।

সেহি মন্ত্ৰচয় পঢ়ি দিলন্ত আহুতি।

তেতিক্ষণে অসংখ্যাত দেৱ উঠিলন্তি।।৩৮১।।

মহাবলৱন্ত বিভু নামত প্রখ্যাত।

অমৃতৰ ভাগ পায়া আছে সমজ্যাত।।

পাচে সেহি দেৱগণ প্রমথক ধাইল।

মহাবেগে শঙ্কৰৰ দলত সোমাইল।।৩৮২।।

শঙ্কৰৰ দলত প্রৱেশি দেৱগণ।

পৰম আটোপে ঘোৰ কৰিলা ক্রন্দন।।

আধাপোৰা হোম কাষ্ঠ অগ্নি সমে ধৰি।

ভঙ্গাইলে প্রমথ যক্ষগণকো নিবাৰি।।৩৮৩৷৷

পলাইল হৰৰ যত অনুচৰচয়।

সহিবাক নাপাৰিলা দেৱতা দুর্জয়।।

ব্রহ্ম তেজোময় সৱে দেৱৰ সন্ধান।

এতেকেসে প্রমথ পলাইলা নানা থান৷৷৩৮৪।।

শুনা সভাসদ ভাগৱত পদচয়।

ইহপৰলোকে সুখ লোকৰ সাধয়।।

হেন জানি কৰা এহি কথাক শ্ৰৱণ।

বঞ্চিয়া আপদ সাধা আত্ম প্রয়োজন।।৩৮৫।

দেখিয়োক বিষয়ত কিমত অৱস্থা।

নুগুচে মনৰ ৰাত্রি দিনে ঘোৰ ব্যথা।।

যত দেখা ভাৰ্য্যা পুত্র সুহৃদ বান্ধৱ।

নাহি কতো সুখ মিলাৱয় পৰাভৱ।।৩৮৬।।

ক্ষণে ক্ষণে মিলে তাপ হৃদয়ৰ খেদ।

কন্দলত বাক্যবাণে কৰে মৰ্ম্ম ছেদ।।

লোৱা সতী সুন্দৰীত ইহাৰ সঞ্জাত।

ছাড়িলন্ত প্রাণ পিতৃ দক্ষৰ সাক্ষাত।।৩৮৭।

সামান্য প্রাণীৰ আৰ আন কোন লেখা।

হেন জানি বিষয়ৰ এৰিয়ো অপেক্ষা।।

দেখাইলা লোকত সতী বিষয় চেষ্টাক।

তুচ্ছ হেন জানি লোকে এৰোক ইহাক।।৩৮৮।।

হেন জানি বিষয়ত এৰিয়ো মনত।

একান্তে শৰণ লোৱা প্রভু মাধৱত।।

কৰিয়োক সদা তান শ্ৰৱণ কীৰ্ত্তন।

নিজাশ্রম ধৰ্ম্ম যত কৰি সমৰ্পণ।।৩৮৯।।

জয় নমো হৰিহৰ ত্রিগুণ অতীত।

যিটো অন্তর্যামীৰূপে প্রাণীত বিদিত।।

নমো নিজানন্দ ব্রহ্মময় সনাতন।

বিষয় বিষত মোক কৰিয়ো ৰক্ষণ।।৩৯০৷৷

বিষয়ৰ ভাৰে ভৈলো পৰম হতাশ।

পৰলোক গুণি আৱে মিলে মহাত্রাস।।

লৈলো হৰিহৰ পদে এতেকে শৰণ।

দুয়ো একৰূপ নিজানন্দ ব্রহ্ম ঘন।।৩৯১।।

আপাতেসে ভিন্ন নাহি বিচাৰে অন্তৰ।

গাৱে বেদ শিৰোৰত্ন যাক নিৰন্তৰ।।

হেন জানি সৱে লোক কৰিয়ো নিশ্চয়।

ৰাম কৃষ্ণ বুলি তড়া বিষয়ৰ ভয়।।৩৯২৷৷

.............

।।শঙ্কৰৰ ক্ৰোধঃ বীৰভদ্ৰৰ উৎপত্তি।।

                     ।।ঝুমুৰী।।

 

শুনা কুৰুপতি ধীৰ।

পাচে কথা গোসানীৰ।।

ছাড়িলন্ত প্ৰাণ সতী।

ক্ৰোধিয়া দক্ষক প্ৰতি।।৩৯৩।।

পাচে দেৱ ঋষিৰাজ।

শঙ্কৰৰ সভামাজ।।

প্ৰৱেশিলা আতি বেগে।

কহিলন্ত সেহি ছেগে।।৩৯৪।।

দণ্ডৱতে পৰি নমি।

বোলন্ত শুনিয়ো স্বামী।।

অথন্তৰ বাৰ্ত্তাচয়।

নৈয়ো শুনা মহাশয়।।৩৯৫।।

এৰিলন্ত সতী প্ৰাণ।

দক্ষ ঋষি বিদ্যমান।।

যজ্ঞত তোহ্মাৰ ভাগ।

নেদেখি কৰিলা ৰাগ।।৩৯৬।।

দক্ষক আক্ষেপ কৰি।

গৈলা সতী প্ৰাণে মৰি।।

যত যত ভৃত্যগণ।

সৱাকো কৰিলা ছন।।৩৯৭।।

ভৃগু হাতে স্ৰুৱ ধৰি।

কুণ্ডত আহুতি কৰি।।

স্ৰজিলা দেৱতাচয়।

দেখি তযু সেনা ভয়।।৩৯৮।।

পাচে সেহি দেৱৰাশি।

তোহ্মাৰ সেনাত পশি।।

লগাইলেক উসমিস।

পলাই গৈল দশোদিশ।।৩৯৯।।

কহিলো তোহ্মাত সৱে।

যেন যুৱাই কৰা এৱে।।

পাচে এহি কথা শুনি।

ক্ৰোধিলন্ত শূলপাণি।।৪০০।।

নাৰদৰ বাক্য বাৱে

জ্বলিল অগনি গাৱে।।

তনু নুহিকয় থিৰ।

ক্ৰোধত বহৱৈ নীৰ।।৪০১।।

মাথে জটা সোলকিল।

শৰীৰক আৱৰিল।।

বাঘছাল কটি হন্তে।

পৰিল খসিয়া তৈতে।।৪০২।।

অগ্নি বিদ্যুতৰ সম।

জটা জ্বলে নিৰুপম।।

ছিণ্ডি তাৰ একগোটা।

আজুৰি পেলাইলা ছটা।।৪০৩।।

দশন প্ৰকটি হাসি।

উঠিলন্ত মহাযশী।।

দিলা ঘোৰ আটাসেক।

দশোদিশ ঢাকিলেক।।৪০৪।।

পাচে সেহি জটা মাজে।

পুৰুষেক মহা কাছে।।

উপজিল ভয়ানক।

দেখি যেন কালান্তক।।৪০৫।।

যেন কৃষ্ণ পৰ্ব্বতেক।

বাহু তাৰ হাজাৰেক।।

হাত মেলি স্বৰ্গ পাৱে।

গ্ৰাসিবাক যেন চাৱে।।৪০৬।।

তিনিগোটা সূৰ্য্য যেন।

ত্ৰিতয় নয়ন তেন।।

মেৰুশৃঙ্গ সমসৰ।

দন্তচয় তীক্ষ্ণতৰ।।৪০৭।।
মাখিয়ো দোহাৰ হয়।

দেখি সৰ্ব্বলোক ভয়।।

বিধূম অগনি সম।

জটা জ্বলে নিৰুপম।।৪০৮।।

কপালৰ মালাচয়।

শিৰে পিন্ধি প্ৰকাশয়।।

হাজাৰেক অস্ত্ৰ হাতে।

ধৰি শঙ্কৰক মাতে।।৪০৯।।

আজ্ঞা কৰা কি কৰিবো।

সুৰাসুৰ সংহৰিবো।।

কিবা সৃষ্টি উলটাঞো

নুহি স্বৰ্গলোকে ধাঞো।।৪১০।।

এহিবুলি মহাবলী।

থাকিলন্ত কৃতাঞ্জলি।।

পাচে ক্ৰোধে ভূতপতি।

বুলিলন্ত তাঙ্ক মাতি।।৪১১।।

শুনা বীৰভদ্ৰ কথা।

কৰিবাহা তুমি যথা।।

অনুচৰগণ সঙ্গে।

লৈয়া চলা তুমি ৰঙ্গে।।৪১২।।

মোৰ নিজ অংশ তুমি।

চলা দক্ষ যজ্ঞ ভূমি।

দক্ষক মাৰিয়ো যায়।

যজ্ঞ সমে সমুদায়।।৪১৩।।

শঙ্কৰৰ আজ্ঞা শুনি।

বীৰভদ্ৰ মহামানী।।

প্ৰদক্ষিণ জানু শিৰে।

নমিলন্ত মহাবীৰে।।৪১৪।।

স্বৰ্গ মৰ্ত্ত্য পাতালক।

একেশ্বৰে জিনিবাক।।

পাৰে হেন মানিলন্ত।

উলসিয়া চলিলন্ত।।৪১৫।।

শঙ্কৰৰ পাৰিষদ।

নন্দীশ্বৰ আদি যত।।

তান লগে সাজ ভৈলা।

মহাটোপে চলি গৈলা।।৪১৬।।

বেঢ়ি আটাসেক দিলা।

দশোদিশে প্ৰৱেশিলা।।

প্ৰজাৰ হিসনিচয়।

শুনি সৰ্ব্বলোকে ভয়।।৪১৭।।

হাতে শূল ধৰিলন্ত।

অন্তকৰো যেন অন্ত।।

উপমাক সমসৰ।

নাহি আন পটন্তৰ।।৪১৮।।

বীৰভদ্ৰে এহিমতে।

চলি যায় মহাদ্ৰুতে।।

উঠিল মহত ৰোল।

পাইলা যায় স্বৰ্গকোল।।৪১৯।।

শুনা সভাসদ জন।

বেঢ়ি বোলা জনাৰ্দ্দন।।

তেৱেসে এৰাইবা দুখ।

পাইবা পৰলোক সুখ।।৪২০।।

জয় নমো নাৰায়ণ।

দ্বিতীয় মাৰ্ত্তণ্ড যেন।।

কন্দৰ্প লাৱণ্য বেশ।

নাহি যাত ছিদ্ৰ লেশ।।৪২১।।

যাক নানা শাস্ত্ৰচয়।

মূৰ্ত্তি ধৰি উপাসয়।।

বেদ বেদান্তৰো তত্ত্ব।

যাত সদা অনুগত।।৪২২।।

বিক্ৰমে কেশৰী সম।

বিপক্ষৰ যেন যম।।

যাৰ যস অহৰ্নিশে।

প্ৰকাশয় দশোদিশে।।৪২৩।।

মহন্তে কৰ্ণৰ দ্বাৰে।

সদা ৰঙ্গে পান কৰে।।

বিপক্ষৰ মনে নাটে।

শুনি দুই কৰ্ণ ফাটে।।৪২৪।।

সিটো ৰাজ ৰাজেশ্বৰ।

দুৰ্জ্জনৰ দণ্ডধৰ।।

নিৰন্তৰ ব্ৰহ্মজ্ঞনী।

নৃপতিৰ চূড়ামণি।।৪২৫।।

বিপক্ষক জিনন্তোক।

সুখে ৰাজ্য কৰন্তোক।।

তান প্ৰসাদত মই।

ৰচিলো পয়াৰচয়।।৪২৬।।

জানে তাৰ অভিপ্ৰায়।

মহন্তেসে সমুদায়।।

বদতি কলাপচন্দ্ৰ

বোলা ৰাম ৰাম মন্ত্ৰ।।৪২৭।।

             ................

         ।।দক্ষবধ।।

            ।।পদ।।

 

পুনৰপি মৈত্ৰেয় বদতি বিদুৰত।

শুনিয়ো কৌৰৱ পাচে ভৈল যেনমত।।

দক্ষ প্ৰজাপতি আৰো ঋত্বিক যতেক।

কন্যাগণে সমে আনো ব্ৰাহ্মণ অনেক।।৪২৮।।

শুনিল আন্দোল ৰোল প্ৰজাৰ হিসনি।

ভৈলা ধূলা বাৱ সৱে আকাশক ছানি।।

অন্ধকাৰে ভৈল দশোদিশ তমোময়।

উত্তৰ দিশক নিৰেক্ষিয়া বিতৰ্কয়।।৪২৯।।

দশোদিশে ভৈল মহা কুহুৰি আকাৰ।

গুচিল প্ৰকাশ ভৈল দিনতে আন্ধাৰ।।

নুহিকে গধুলি গৰু আনিবাৰ কাল।

জানিলো আহ্মাৰ আৱে নুহিকয় ভাল।।৪৩০।।

দৈত্যৰ নাহিকে ইটো দেশত প্ৰচাৰ।

পলাইল দুৰ্জ্জনসৱে ভয়তে ৰাজাৰ।।

ইটো অদভূত একোকালে নৈয়ো হয়।

মিলল লোকৰ কিবা অকাল প্ৰলয়।।৪৩১।।

মনত বিস্ময়ে আনো বহু বিতৰ্কিল।

অসন্তোষে সৱে যজ্ঞ কাৰ্য্যক এৰিল।।

পাচে দক্ষপত্নী প্ৰসূতিক মুখ্য কৰি।

বুলিবে লাগিলা ভয়ে যত দ্বিজনাৰী।।৪৩২।।

পৰম পাতকী ইটো দক্ষ দুষ্ট চিত্ত।

ইহাৰেসে বিপাকে ইসৱ বিপৰীত।।

যিহেতু সতীক নকৰিলে সতকাৰ।

এৰিলেক প্ৰাণ দেৱী আগতে ইহাৰ।।৪৩৩।।

আচৰিলে দ্ৰোহ ভূতপতি শঙ্কৰৰ।

যিটো চৰাচৰ গুৰু জগত ঈশ্বৰ।।

চতুৰ্দ্দশ ভুৱন ইঙ্গিতে সংহৰন্ত।

যাৰ অল্প ক্ৰোধতে ব্ৰহ্মাৰ হোৱে অন্ত।।৪৩৪।।

আতি অদভূত বেশ ধৰি ভয়ানক।

প্ৰলয় কালত সংহৰন্ত ব্ৰহ্মাণ্ডক।।

ঘুৰান্ত মাথাৰ জটা হাতে শূল ধৰি।

শূলে বিন্ধি দিগ্গজক উৰ্দ্ধবাহু কৰি।।৪৩৫।।

মহাহাস্য কৰিয়া নাচন্ত ত্রিলোচন।

হাস্যৰ বেগত পলাই যত মেঘগণ।।

কৰাল দশন তীক্ষ্ণ আতি ভয়ঙ্কৰ।

পলাই তাৰ ভয়তে নক্ষত্ৰ নিৰন্তৰ।।৪৩৬৷৷

চাহিতে নপাৰে তান ৰূপ সুৰাসুৰ।

হেন ঈশ্বৰক ক্ৰোধ কৰাৱে প্ৰচুৰ।।

তান আগে কোন বস্তু দক্ষ প্রজাপতি।

কৰিবে পাৰন্ত ব্রহ্মাদেৱৰ বিপত্তি।।৪৩৭৷৷

তাঙ্ক দ্রোহ কৰিয়া সমূলে নষ্ট ভৈল।

দক্ষ হেন নাম আৰ আজি দূৰ গৈল।।

এহিমতে কন্যাগণে অনেক বুলিল।

তাত পাচে বিমঙ্গল বিস্তৰ মিলিল।।৪৩৮।।

খৰ বাত বহয় নক্ষত্র সঞ্চৰয়।

ভয়ঙ্কৰ উল্কাচয় চৌভিতি পৰয়।।

ভৈল মহাবৃষ্টি ঢাকি পঙ্ক ৰুধিৰৰ।

অকাল মৰণ আসি মিলিল লোকৰ।।৪৩৯।।

ভৈল কতো লোক মহাব্যাধিয়ে পীড়িত।

নাহি কাৰো আনন্দ আকুল কৰে চিত্ত।।

সিংহ ব্যাঘ্র সর্পচয় লোকক দংশয়।

অন্যোঅন্যে ভৈলা সৱে মৎসৰ হৃদয়।।৪৪০।।

সেহি সময়ত বীৰভদ্র পশুপতি।

অনুচৰবৰ্গ সমে মিলিল তহিতি।।

দেপুৰতে পূৰ কৰি যজ্ঞশালা বেঢ়ি।

অস্ত্র শস্ত্র ধৰি সৱে মিলি দিলা গেৰি।।৪৪১।।

বিপৰীত বেশ শঙ্কৰৰ সেনাচয়।

কতো মহাদীর্ঘ কতো বামনৰ নয়।।

কতো একপাদ কতো দুই তিনি চাৰি।

কতো ভয়ানক ৰূপ চাহিতে নপাৰি।।৪৪২।।

কতো কতো পীতবর্ণ কতো গৌৰ ৰূপ।

কৃষ্ণ কতো ৰক্ত কতো অত্যন্ত কুৰূপ।।

ঢোল হেন পেট কতো মকৰ আকাৰ।

কাৰো এক চক্ষু কাৰো নয়ন অপাৰ।।৪৪৩।।

হেন অদভূত শঙ্কৰৰ সেনাচয়।

যজ্ঞশালা বেঢ়ি সৱে দক্ষক গর্জ্জয়।।

প্রথমতে কেহো যজ্ঞ মণ্ডপ পশিল।

ৰত্ন স্তম্ভচয় ভাঙ্গি চৌতিক ভাঙ্গিল৷৷৪৪৪।।

কতো সেনাচয় দক্ষপত্নীক গর্জয়।

দন্তচয় প্রকটিয়া ভয় দৰশয়।।

কেহো বোলে সতীৰ সাধিবো প্রতিকাৰ।

বিগুটি বিগুটি মাৰি পেশো যমদ্বাৰ।।৪৪৫৷৷

কতো কতো শঙ্কৰৰ পাৰিষদগণে।

সভাসদগণক ধৰিলা তাৱক্ষণে।।

কতো সেনাগণে যজ্ঞ মণ্ডপ ভাঙ্গিলা।

দক্ষৰ বিহাৰ থান কেহো বিনাশিলা।।৪৪৬।

কেহো ৰন্ধনৰ গৃহ পশি তেতেক্ষিণে।

খাইলা অন্ন ব্যঞ্জন যাহাৰ যেন মনে।।

কেহো কেহো যজ্ঞৰ সম্ভাৰ লুড়ি কৰি৷

ভাল ভাল দ্রব্য মানে ভুঞ্জে পেট ভৰি।।৪৪৭।।

পিষ্টক পায়স দধি দুগ্ধ মধু ঘৃত।

হাণ্ডি হাণ্ডি পিল পাই যতেক অমৃত।।

আনো নানা দ্রব্য যত সকলে ভুঞ্জিল।

লণ্ড ভণ্ড কৰি সৱে পাত্ৰক ভাঙ্গিল।।৪৪৮।।

কতো হোমকুণ্ডে মূত্র পুৰীষ এৰয়।

নগ্ন হুয়া হোমৰ অগ্নিক বিনাশয়।।

ভাঙ্গিলা যজ্ঞৰ ভিণ্ডি লাথিৰ প্রহাৰে।

এহিমতে বিনাশিলা অনেক প্রকাৰে।।৪৪৯।।

পাচে দক্ষ আদি কৰি যত দেৱঋষি।

মহাভয় পায়া সৱে থাকিল তৰসি।।

পলাইবাক লাগি এক ছেগ নপাৱয়।

কেহো মহাভয়ে আপোনাতে আৰ হয়।।৪৫০৷৷

তাহাৰ মাজতে কেহো কণাকণি কৰি।

নাহিকে নিস্তাৰ বোলে আজি যাইবো মৰি।।

কতো ছেগ চায়া পলাই প্রাণৰ কাতৰে।

তাকো খেদি ধৰে শঙ্কৰৰ অনুচৰে৷৷৪৫১।

কতো পাৰিষদগণে দেৱক ৰাখয়।

কেহো ভিনে ভিনে ঋষিকন্যা নিৱাৰয়।।

নাহি কাৰো ৰক্ষা অনুচৰৰ হাতত।

কহিবো কতেক পৰাভৱ পাইল যত৷৷৪৫২৷৷

কাটিবো মাৰিবো বুলি ভ্রুকুটি কৰয়।

কন্যাগণ মাজে কেহো মার্গ দৰশায়।।

কেহো বোলে সতীৰ সাধিবো প্রতিকাৰ।

শঙ্কৰক বিদ্বেষ নকৰে যেন আৰ।।৪৫৩৷৷

শুনিয়োক তাত পাচে আৰো যেন ভৈলা।

মণিমন্ত পাৰিষদে ত্রিশূলক লৈলা।।

মহাবেগে খেদি গৈয়া ভৃগুক ধৰিলা।

পাচ হাত কৰি টানি টানিয়া বান্ধিলা৷৷৪৫৪৷৷

তাত অনন্তৰে বীৰভদ্র পশুপতি।

বান্ধিলন্ত দক্ষক কৰিয়া উগ্রশাস্তি।।

বান্ধৰ চোটত সৱে হৰিল চেতন।

বহয় ৰুধিৰ ভৈল বিৱর্ণ বদন।।৪৫৫।।

তাত পাচে শঙ্কৰৰ চণ্ড সুসেৱক।

বৰ টানে বান্ধি থৈলা পুষা আদিত্যক৷৷

বান্ধ পায়া পুষাদিত্য ভৈল মহাত্রাস।

মহা খৰ বাতে যেন কদলী বতাস।।৪৫৬৷৷

নন্দীশ্বৰো সেহিমতে ভগ আদিত্যক।

বান্ধিলন্ত খঙ্গে সেহি সভাতে প্রত্যেক।।

আন যত যত হোমকৰ্ত্তা ঋষিগণ।

দেৱ সৱে পাৰিষদে কৰিলা বন্ধন।।৪৫৭||

কিল কোব লাথি ভুকু মুষ্টিৰ প্রহাৰে।

ঘৰাকাটি চৱৰ চপট খেদি মাৰে৷৷

তুলি আফালয় পাৰিষদ দেৱতাক।

কাহাৰো মাথাক লাগি প্রহাৰে শিলাক।।৪৫৮।।

শঙ্কৰৰ সেনাৰ প্ৰহাৰ বৰ পাই।

কতো কতো প্রাণ ৰাখি দুৰক পলায়।।

এহিমতে সেনাগণে কৰিলা ক্রন্দন।

বিধ্বংসিলা যজ্ঞ ভৈল সৱেয়ো উছন্ন।।৪৫৯।।

পাচে বীৰভদ্র পশুপতি সেহি ছেগে।

বান্ধে সমে ভৃগুক ধৰিলা মহা বেগে।।

স্ৰুৱ সুৱ সমে হাতে বান্ধ আছন্তে ভৃগুৰ।

উভাৰিলা ডাঢ়ি সৱে বিগুতি বিস্তৰ।।৪৬০৷৷

লৰিবাকো নুৱাৰিলা বান্ধৰ চোটত।

বিষৰ নিমিত্তে জ্ঞান নাহি শৰীৰত৷৷

মুখহন্তে বোম্বানলে ৰুধিৰ বহয়।

অদভুত শাস্তি দেখি লোক ভৈলা ভয়।।৪৬১৷৷

যিহেতু হৰক সভা মধ্যত হাসিল।

প্রকটিয়া দীর্ঘ ডাঢ়িচয় দৰশাইল।।

এহিহেতু সাধিলন্ত সেহি প্ৰতিকাৰ।

বান্ধি ধৰি ডাঢ়ি উভাৰিলা বাৰম্বাৰ।।৪৬২।।

ভগ আদিত্যক বীৰভদ্রে তাত পাচে।

পৃথিৱীত পৰিল সমস্তে দেখি আছে।।

ক্রোধে চক্ষু দুই তাৰ পেহ্লাইলা উভাৰি।

বান্ধে সমে মূৰ্চ্ছা গৈয়া থাকিলন্ত পৰি৷৷৪৬৩।।

যিকাৰণে শঙ্কৰক শাপিবাক প্রতি।

চক্ষুৰ নিশান দিয়া দিলা অনুমতি।।

সি কাৰণে চক্ষু দুই ভগৰউপাৰি।

কৰিলন্ত প্রতিকাৰ সেই মন্যু সাৰি।।৪৬৪৷৷

সেহিনয় বীৰভদ্রে পুষা আদিত্যৰ।

দুয়ো পাৰি দান্ত সৰাইলন্ত নিৰন্তৰ।।

যি কালত প্রজাপতি হৰক শাপন্ত।

দান্ত প্রকটিয়া উচ্চ কৰি হাসিলন্ত।।৪৬৫।।

সেহি কোপে পুষা আদিত্যৰ দান্তচয়।

সৰাইলন্ত বীৰভদ্রে দেখাই মহাভয়।।

তাত অনন্তৰে বীৰভদ্র ত্রিনয়ন।

মহাক্রোধে দক্ষক ধৰিলা তাৱক্ষণ।। ৪৬৬।।

চিত কৰি ভূমিত পাৰিলা তাৱক্ষণে।

হৃদয়ত বসিলন্ত সভা বিদ্যমানে।।

ক্ষুৰ সম হেতি অস্ত্রে শিৰক কাটিল।

তথাপিতো শিৰ ছেদিবাক নুৱাৰিল।।৪৬৭৷৷

আনো সৱে অস্ত্ৰে শস্ত্ৰে অভিষেক কৰি।

প্রহাৰিলা দক্ষশৰীৰত হাতে ধৰি।।

আচোক কাটিব তান ছালো নিবিন্ধয়।

হেন দেখি বীৰভদ্ৰ পৰম বিস্ময়।।৪৬৮৷৷

হাজাৰেক হাতে অস্ত্ৰশস্ত্ৰ প্ৰহাৰন্ত।

ছালো নিবিন্ধয় মাত্র কৰে কেন্ত কেন্ত।।

অসন্তোষে বীৰভদ্ৰে মনত গুণন্ত।

ইটো অধমৰ কেনমতে কৰো অন্ত।।৪৬৯।।

পাচে কতো বেলি হৃদয়ত গুণি চাইল।

দক্ষবধ উপায় মনত গুণি পাইল।।

মনত হৰিষে বীৰভদ্র পশুপতি।

দক্ষবধ উপায়ক জানিলা সম্প্রতি।।৪৭০৷৷

যেন খাসি পশুগণ মোচৰি মাৰয়।

বীৰভদ্রে দক্ষকে বধিলা সেহি নয়।।

চিণ্ডিলন্ত গল খাসি মোচৰৰ ঠানে।

কৰিলন্ত অদভুত সভা বিদ্যমানে৷৷৪৭১৷৷

সাধু সাধু বুলি ভূতগণে প্রশংসয়।।

জয় বীৰভদ্ৰ বুলি বেঢ়ি ৰিঙ্গ দেয়।।

ঋষিগণ আদি কৰি কৰে হাহাকাৰ।

বোলে আজি কৰিব সৱাৰে বুন্দামাৰ।।৪৭২৷৷

পাচে বীৰভদ্র দক্ষ শিৰ হাতে ধৰি।

পেলাইল আচৰি হোমাগ্নিক লক্ষ্য কৰি।।

আনো দেৱতাক ঋষিসমে অনুচৰে।

যাক যৈত খেদি পাৱে তাকে তৈতে ধৰে।।৪৭৩৷৷

কাটে নাক কাণ চক্ষু হাত ভৰি দুই।

নানা কদর্থনা কৰি গৃহে দেই জুই।।

লণ্ডভণ্ড কৰি প্রজাপতিৰ যজ্ঞক।

দেৱ ঋষিসমে শাস্তি কৰিলা দক্ষক।।৪৭৪।।

পাচে বীৰভদ্রে সেনাগণ লগে লৈয়া।

প্ৰৱেশিলা কৈলাসত আনন্দ কৰিয়া।।

শঙ্কৰক প্রণামিয়া সৱে কথা কৈল।

যেন যেনমতে দক্ষযজ্ঞ বিধ্বংসিল।।৪৭৫৷৷

শুনা সভাসদ সতী শঙ্কৰ চৰিত্ৰ।

চতুর্থ স্কন্ধৰ কথা পৰম অমৃত।।

আৰ এক অভিপ্রায় কৰিয়োক মন।

নুহিকন্ত আন নিজ ব্ৰহ্ম ত্রিনয়ন।।৪৭৬৷৷

বেদশিৰোৰত্নে যাক গাৱে নিৰন্তৰ।

তান্তে ভেদে মিলে দুখ সমূহ বিস্তৰ।।

ইহাৰ প্ৰমাণ দক্ষ ঋষিতে লৈয়োক।

অভেদ স্বৰূপে হৰি হৰ চিন্তিয়োক।।৪৭৭৷৷

বদতি কলাপচন্দ্র শঙ্কৰ কিঙ্কৰ।

ৰচিলো পয়াৰ সতী চৰিত্ৰ সুন্দৰ।।

অল্পমতি বুলি মোক নিন্দা এৰিয়োক।

সঞ্জাত নযাহা যদি শাস্ত্রক চায়োক।।৪৭৮৷৷

কিণ্ত্ত বঢ়া টুটা দোষ মোৰ কৰা ক্ষমা।

ভাগৱত শাস্ত্ৰৰ পাইবেক কোনে সীমা।।

তথাপিত ৰচিলো সুমতি অনুসাৰে।

বোলা হৰি হৰ দোষ গুচোক আহ্মাৰে।।৪৭৯৷৷

                          ...........

।।বিধাতাৰ ওচৰত দেৱতাসকলৰ  গোচৰ আৰু

দক্ষাদিৰ জীৱন ভিক্ষা৷৷

।।দুলড়ী।।

ঋষি নিগদতি          বিদুৰ সম্প্রতি

শুনিয়োক পাচ কথা।

যত দেৱচয়           হুয়া পৰাজয়

কাহাৰো নাহি অৱস্থা৷৷

অস্ত্ৰৰ প্রহাৰে          যত দেৱতাৰে

শৰীৰ ক্ষত বিক্ষত।

সিটো সমাজ্যাত      নাছিল অক্ষত

ঋত্বিজ সদস্য যত৷৷৪৮০৷৷

পাচে দেৱগণে          গুণে মনে মনে

কি হৈবে আৱে আহ্মাৰ।

দক্ষৰ বিৰোধে          শঙ্কৰৰ ক্রোধে

আহ্মাৰ নাহি নিস্তাৰ।।

আসা সৱে মিলি        ধীৰে ধীৰে চলি

ব্ৰহ্মাৰ পাসক যাঞো।

ইসৱ দুর্গতি           তড়ণ যুগুতি

তাহান্তে পুছিয়া চাঞো।।৪৮১৷৷

তান্ত বিনে আন        হৰক প্রসন্ন

কৰিবাক নুৱাৰয়।।

তানেসে পালক         যত দেৱজাক

হৈবন্ত তেহে সহায়।।

এহি আলোচিয়া         একথান হুয়া

চলিলা দেৱ নিশেষ।

যি থানত ব্ৰহ্মা         আছন্ত ধ্যানত

তহিতে ভৈল প্রৱেশ।।৪৮২৷৷

ব্ৰহ্মাৰ চৰণ           কৰিলা বন্দন

দণ্ডৱতে সৱে পৰি।

যত পূৰ্বাপৰ           দুখ নিৰন্তৰ

নিবেদিলা কৰ যুৰি।।

ব্রহ্মা নাৰায়ণে         জানি দুয়োজনে

পূৰ্ব্বে ইটো বিৰোধক।

সিকাৰণে তৈক         দুয়ো নগলৈকে

দক্ষৰ সিটো যজ্ঞক।।৪৮৩৷৷

দেৱৰ গোচৰ          শুনিয়া বিস্তৰ

দিলন্ত ব্রহ্মা উত্তৰ।

শুনা দেৱগণ          আহ্মাৰ বচন

নাহি দোষ শঙ্কৰৰ।।

যিটো মহন্তৰ           তেজ অতিক্রম

কৰি দ্রোহ আচৰয়।

নাহিকে কুশল          কাৰ্য্যৰ বিফল

সিটো পাৱে মহাভয়।।৪৮৪৷৷

কেনে শঙ্কৰত          কৰে হেনমত

বিৰোধে যজ্ঞৰ ভাগ।

তাক পতিওৱা          মনে গুণি চাৱা

বাঘৰ আগত ছাগ।।

যিটো শঙ্কৰৰ          ঈষত ক্রোধত

ব্ৰহ্মাণ্ডৰ হোৱে নাশ।

হেনয় প্রচণ্ড           শঙ্কৰ অগ্নিত

তুমি পতঙ্গৰ জাস।।৪৮৫।।

মঞি সৃষ্টিকৰ          আৰো পুৰন্দৰ

ঋষি সমে দেৱজাক।

শঙ্কৰৰ শৌর্য্য          বীৰ্য্যৰ বলৰ

নাজানো কেহো সীমাক।।

আপুনি প্রধান          নুহি কেহো আন

চৈধ্য ভুৱনৰ মাজে।

এভো হেন কৰা        মোৰ বোল ধৰা

নমৰা সৱে অকাজে৷৷৪৮৬৷৷

চলা কৈলাসক          উপাসা হৰক

পৰা গৈয়া চৰণত।

এৰি সৱে দোষ         হুইবন্ত সন্তোষ

মোহোৰ এহি সন্মত।।

ক্রোধে যেন নয়        সন্তোষে তেনয়

তাহান এহি স্বভাৱ।

দোষ হেন মানি        বুলিবাহা বাণী

ছাড়িয়া কপট ভাৱ।।৪৮৭।

কৰিয়া গোচৰ          মাগিবাহা বৰ

পূর্ণ হৌক ক্রতুৰাজ।

কৰা উপশম           ক্রোধৰ বিৰাম

সাধিয়া দক্ষৰ কাজ।।

দেৱক আদেশ          কৰিয়া নিশেষ

আপুনিও সাজ ভৈলা।।

সিদ্ধ বিদ্যধৰ          পিতৃগণ সমে

আপোন থান ছাড়িলা৷৷৪৮৮৷৷

চলিলা কৈলাস          শঙ্কৰৰ পাস

দেৱ সমে সৃষ্টিকৰ।

সিটো গিৰিবৰ          প্রিয় শঙ্কৰৰ

মহিমা তান বিস্তৰ।।

উচ্চ বহুদূৰ           শিখৰ প্ৰচুৰ

নানা ধাতু ৰত্নময়।

যক্ষ বিদ্যাধৰ          গন্ধৰ্ব্ব কিন্নৰ

সদায় তাত শোভয়।।৪৮৯৷৷

অপেস্বৰাগণ           ক্রীড়ে সর্বক্ষণ

হৰৰ সিটো গিৰিত।

যত জীৱ জাতি        দ্রুমলতা আদি

সৱেয়ো সিদ্ধ তহিত।।

নানা মৃগগণ           ক্রীড়ে সর্বক্ষণ

নির্ভয়ে গিৰি গুহাত।

সুগন্ধ শীতল           পৰম নির্মল

যাত নদী অসংখ্যাত।।৪৯০।।

ৰম্য থানচয়           কন্দৰ আছয়

মদন যাত উদয়।

ময়ুৰৰ বাণী           সুললিত শুনি

গুঞ্জৰে ভ্ৰমৰাচয়।।

সদা উৰি পৰে         পঞ্চম উচ্চৰে

শুনি আতি সুললিত।

নানা পক্ষীসমে         কোকিলে সঘনে

গাৱে যেন সদা গীত।। ৪৯১৷৷

যত বৃক্ষচয়           তহিতে আছয়

সৱে কল্পতৰু সম।

কাঞ্চা পকাফল         পূৰ সৰ্ব্বকাল

স্বাদে আতি নিৰুপম।।

যেন ভিক্ষুকক          সাধাৰণ লোক

মাতে উৰ্দ্ধহস্ত কৰি।

বৃক্ষো সেহি নয়         পক্ষীক মাতয়

উৰ্দ্ধ শাখাচয় ধৰি৷৷৪৯২।।

মত্ত গজচয়           সদায় ভ্রময়

পৰ্ব্বতো যেন চলয়।

নিজৰা বহয়           শুনি ৰোলময়

কৈলাসো যেন মাতয়।।

চম্পা পাৰিজাত         শাৰী শাৰী তাত

মন্দাৰ ফুল বিশেষ।

শাল তাল ভাল         তমাল বিশাল

অৰ্জ্জুন আছে বিশেষ।।৪৯৩৷৷

অশোক বকুল          কদম্ব প্ৰচুৰ

আম্র বট নাগেশ্বৰ।

পাড়লি পাটল          কুণ্ড কুৰুবক

বকুল আতি বিস্তৰ।।

পদ্মো নানাবিধ             মল্লিকা প্রসিদ্ধ

মাধৱী লৱঙ্গ জাই।

যুতি আমলান          তগৰ গুলাল

মালতী বিস্তৰ পাই।।৪৯৪।।

আনো নানা ফুল            ফুলে সৰ্ব্বকাল

গন্ধে আতি সুবাসিত।

উডুম্বৰচয়            তাহাত লাগায়

স্বাদত যেন অমৃত।।

গুৱা নাৰিকল          খাজুৰি শ্রীফল

কণ্টকী জাম্বু বিস্তৰ।

বট বৃক্ষচয়           অশ্বখো আছয়।

ইঙ্গু বৃক্ষ নিৰন্তৰ৷৷৪৯৫৷৷

আনাো বৃক্ষচয়         গিৰিত আছয়

ফলে ফুলে জাতিষ্কাৰ।

দীঘি সৰোবৰ          তড়াগ বিস্তৰ

কমল তাত অপাৰ।।

ৰাজহংসচয়           নির্ভয়ে চড়য়

নানা পক্ষী সমন্বিত।

হংস চক্রবাক          ফুৰে জাকে জাক

দেখি আতি সুশোভিত।।৪৯৬।।

সিংহ ব্যাঘ্ৰচয়          সৰভ গৱয়

মহিষ উট বৰাহ।

ভালুক বানৰ          হৰিণ বিস্তৰ

কাৰো কাকো নাহি ত্রাস।।

গণ্ডক গর্দ্দভ           কণ্টলা সৰভ

শশা চিত্র মৃগ জাতি।

অন্যো অন্যে সবে           সুললিত ৰাৱে

শুনিতে সুন্দৰ আতি।।৪৯৭।।

সুগন্ধ কদলী           আছে পকি পকি

সৰোৱৰ পাৰে পাৰে।

তাৰ গন্ধচয়           চৌভিতি বহয়।

আমোদে ক্ষুধা নিবাৰে।।

কৈলাসক বেঢ়ি         ফুৰন্ত জাহ্নবী

পৱিত্ৰ কৰি সৱাকে।

সতীৰ লগত           কন্যাগণ যত

ক্রীড়ে তাতে জাকে জাকে।।৪৯৮।।

সিটো পৰ্ব্বতৰ         মহিমা বিস্তৰ

দেখিলন্ত দেৱগণে।

দ্বিতীয় বৈকুণ্ঠ          বুলিয়া বিস্ময়

থাকিলন্ত গুণি মনে।।

পুনু দেৱগণ           কৰিলা গমন

হুয়া মহা আনন্দিত।

প্ৰথমতে তাত          নগৰেক পাইল

অলকা নামে বিদিত।।৪৯৯৷৷

তাত এক থান         আছে বিদ্যমান

সুগন্ধ পঙ্কজ নাম।

বহল নগৰ            গঙ্গা ঘৰে ঘৰ

নাহিকে তাৰ উপাম।।

বিষ্ণুপাদোদক          পৱিত্ৰ উদক

আমোদ কৰে সুগন্ধে।

দেৱকন্যাগণে           নিজস্বামী সমে

ক্রীড়য় তাত প্রবন্ধে।।৫০০।।

কন্যাগণে জল          স্বামীক সিঞ্চয়

মদনে হুৱা বিহ্বল।

পুৰুষ তেনয়           নাৰীক সিঞ্চয়

কামে হুয়া উত্ৰাৱল।।

সিটো নদী দুই         তীৰত প্রকাশে

অনেক সত্র বিমানে।

দেখি চমৎকাৰ         মহিমা অপাৰ

অনেক দূৰ প্রমাণে।।৫০১।।

প্রমত্ত চাৰণ           চয় অনির্ভয়

সেই জলে বুৰ দেয়।

শুণ্ডে জল ভৰি         পিয়াৱে হস্তিনী

কতো কতো খেদি নেয়।।

যক্ষৰ সুন্দৰী          স্বামী সঙ্গে কৰি

জলত কৰে বিহাৰ।

যেন আকাশত         সজল মেঘত

বিদ্যুৎ কৰে সঞ্চাৰ।।৫০২।।

হেনয় নগৰী           কুবেৰৰ পুৰী

ত্রিদশ দেৱে এৰাইল।

সুগন্ধ পঙ্কজ           বনক এৰাই

হৰৰ নিলয় পাইল।।

শুনা সভাসদ          ভাগৱত পদ

কথাৰ মধ্যত সাৰ।

বোলা হৰি হৰ         সৱে নিৰন্তৰ

বংশক কৰা উদ্ধাৰ।। ৫০৩৷৷

..............

           ।।দক্ষৰ পুনর্জন্ম লাভ।।

                      ।।পদ।।

 

কুবেৰৰ নগৰ এৰায়া দেৱগণ।

প্রৱেশিলা শঙ্কৰৰ থান বিতোপন।।

কল্পতৰু সম বৃক্ষসৱ উপাসয়।

পুৰুষৰ পুৰুষাৰ্থ সকলে সাধয়।।৫০৪৷৷

ফুলচয় ফুলে তাত সৱে মালাময়।

নানা চিত্রবর্ণ দেখি আনন্দ মিলয়।।

সৰ্ব্বকালে ছয়ঋতু যাহাত উদয়।

সাক্ষাতে অমৃতময় তাৰ ফলচয়।।৫০৫।।

বিহঙ্গম আদি পক্ষী তাক নছাড়য়।

অসংখ্য কোকিল মধুকৰে উপাসয়।।

জলাশয়চয় পদ্মবর্ণে সুশোভিত।

মৃণাল উভঞ্জি ৰাজহংসে গাৱে গীত।।৫০৬।।

কামীসকলৰ চিত্ত কৰে উনমাদ।

মধুৰ কোমল কোকিলৰ শুনি নাদ।।

বনহস্তীচয় হৰিচন্দন ভাঙ্গয়।

তাৰ গন্ধ লৈয়া বায়ু সদায় বহয়।।৫০৭।।

চন্দনে লেপিত গৃহস্থৰ যত বাট।

বৈদূৰ্য্যে ৰচিত দীঘি পুষ্কৰিণী ঘাট।।

ৰাত্রি দিনে উৎপলমালা প্রফুল্লিত।

দেখি দেৱগণ ভৈল মনত বিস্মিত।।৫০৮।।

পাচে কতোদূৰ বাট বৃক্ষক দেখিল।

অদভুত দেখি দেৱে নিৰেখি ৰহিল।।

মহাভয়ঙ্কৰ উচ্চ যোজন শতেক।

পঞ্চিশ যোজন মন্দ বিস্তাৰে ততেক।।৫০৯।।

নাহি তাত আন একো পক্ষীৰ আৱাস।

কৈলাসকো ছাঁয়া কৰি কৰয় প্রকাশ।।

ব্রহ্মময় বৃক্ষ সিটো ছত্ৰৰ আকাৰ।

হৰে তিনি তাপ দশনত যাহাৰ।।৫১০।।

পৰম আশ্রয় সিটো মুমুক্ষু জনৰ।।

তাহাৰ মূলতে বসি আছন্ত শঙ্কৰ।।

যেন অন্তকৰ উগ্র ক্রোধ ভৈলা শান্ত।

সেহি নয় শান্ত হুয়া ব্ৰহ্মক ধিয়ান্ত।।৫১১।।

সনক সনন্দ আদি সিদ্ধ সাধ্যগণ।

কুবেৰ সহিতে সৱে কৰন্ত সেৱন।।

আপুনিও সমাধিত মনক থাপিয়া।

আছন্ত লোকৰ কুশলক আচৰিয়া।।৫১২৷৷

তপস্বীৰ বেশ ভস্মে শৰীৰ গঠিত।

হাতে দিব্য দণ্ড মাথে জটা বিভূষিত।।

কপালত অর্ধচন্দ্র কৰয় প্রকাশ।

শৰীৰৰ বৰ্ণ সন্ধ্যা মেঘৰ আভাস।।৫১৩৷৷

কুশাসনে বসি নাৰদক প্রবোধন্ত।

সৱাকে শুনায়া নিজব্রহ্মক কহন্ত।।

জাপ্যমালা হাতে ধৰি কৰি বীৰাসন।

আছস্ত সভাত বসি দেৱ ত্রিলোচন।।৫১৪।।

সেহি সমজ্যাত দেৱগণ প্রৱেশিলা।

ব্রহ্মাসমে দেৱগণে পৰি প্রণামিলা।।

লোকপাল আদি পিতৃদেৱ মুখ্য কৰি।

উঠিলন্ত কতো বেলি শিৱক সুমৰি।।৫১৫৷৷

দেৱগণ সমে ব্রহ্মা আসিবাৰ দেখি।

চালিলন্ত গাৱ হৰে খানিকো নাপেখি।।

পিতৃ বুলি নমিলন্ত ব্রহ্মাৰ চৰণ।

কশ্যপ ঋষিক যেন নমে নাৰায়ণ।।৫১৬৷৷

তাত পাচে আন যত সিদ্ধ মুনিগণ।

সৱেয়ো কৰিলা ব্রহ্মাদেৱক বন্দন।।

হাস্য কৰি ব্ৰহ্মদেৱে হৰক বোলস্ত।

হুয়া মহেশ্বৰ কেনে আহ্মাক নমন্ত৷৷৫১৭||

মহাজনে যেন অল্পজনক সেৱয়।

আহ্মাক প্রণাম তুমি কৰা সেহি নয়।

আনেসে জানে মোত হোৱয় বিদিত।

নিজ ব্ৰহ্মৰূপ তুমি মায়াৰ অতীত।।৫১৮৷৷

তুমি নিৰাকাৰ ব্ৰহ্ম জগত তাড়ণ।

তুমিসি ঈশ্বৰ সৃষ্টি সংহাৰ কাৰণ।।

যেন মকৰাই জাল পাতি সংহৰয়।

ইটো চাৰিবিধ প্রাণী তযু সেহি নয়।।৫১৯৷৷

আপুনি কৰিলা চাৰিবেদ নিৰূপণ।

তাত হন্তে ভৈল যজ্ঞচয় প্রৱৰ্ত্তন।।

তুমিসি যজ্ঞৰ ফলদাতা মহেশ্বৰ।

পাতকীৰো তুমিসি উচিত দণ্ডধৰ।।৫২০৷৷

এৱে তুমি বিষয়ত ভৈলা বিপৰীত।

যজ্ঞ কৰি ভৈল দক্ষ ফলত বঞ্চিত।।

যদি বোলা দক্ষে মোৰ দ্রোহ আচৰিল।

যজ্ঞভাগ নিষেধিয়া সভাত নিন্দিল।।৫২১৷৷

ইহাৰ উত্তৰ তেৱে শুনা পশুপতি।

মহন্তসৱৰ নুই ইমত যুগুতি।।

যদি মনুষ্যক গৰু প্ৰহাৰ কৰয়

তাৰ কি মনুষ্যে প্রতিকাৰ আচৰয়।।৫২২।।

সাধু অসাধুৰ এহি নয় প্ৰৱৰ্ত্তৰ।

যাক দৈৱে বধে সিয়ো অবধ্য আনৰ।।

অল্পক মহন্তে এতেকেসে দায়া কৰে।

অজ্ঞানীৰ দোষ মনে কদাপি নধৰে।।৫২৩৷৷

এতেকে দক্ষক প্রভু অনুগ্রহ কৰা।

যজ্ঞসমে প্রজাপতি দক্ষক উদ্ধাৰা।।

নেদিলে ভাগ তাৰ ভৈল প্রতিকাৰ।

জীয়ায়োক দক্ষক আপুনি পুনৰ্ব্বৰ।।৫২৪।।

ভগ আদিত্যৰ নেত্র হৌক পূৰ্ব্ববত।

পুনৰপি গাজোক ভৃগুৰ শ্মশ্রূ যত।।

হৌক পুষা আদিত্যৰ পুনু দন্তচয়।

কৰিয়োক আনো দেৱ ঋষিৰ অভয়।।৫২৫৷৷

দেৱগণ সৱে অস্ত্র পীড়া এৰন্তোক।

এহি বৰ দিয়া যদি দায়া থাকে মোক।।

যজ্ঞ অৱসানে যিবা অধিক থাকয়।

তাক আন দেৱ পিতৃ কেহো নপাৱয়।।৫২৬৷৷

তোমাৰেসে অধিকাৰ সিসৱ ভাগত।

যিবা দ্রব্যচয় বঢ়া হোৱয় যজ্ঞত।।

আপোনাৰ নিজ ভাগ লৈয়া অৰ্দ্ধতৰ।

হুয়োক সন্তোষ দোষ মৰষি দক্ষৰ।।৫২৭।।

এহি বুলি মৌন ভৈলা ব্রহ্মা প্রজাপতি।

বিৰিঞ্চিৰ বাক্যে হৰ সন্তোষ সম্প্রতি।।

হাস্য কৰি হৰে পাচে ব্রহ্মাক বোলন্ত।

শুনা সৃষ্টিকৰ কহো ইহাৰ বৃত্তান্ত।।৫২৮৷৷

মোৰ মনে দক্ষৰ দোষক নধৰয়।

মূখৰ আদৰে কিবা শ্রেয়স সাধয়।।

কিণ্ত্ত দেৱমায়ায়ে মোহিত যিবা হয়।

তাক উগ্রদণ্ড মোৰ কৰিতে লাগয়৷৷৫২৯৷৷

দণ্ড কৰি এতেকে গুচাইলো অহঙ্কাৰ।

নাহি অপকাৰ ব্যতিৰেকে উপকাৰ।।

তথাপি তোহ্মাৰ বাক্য কৰিতে লাগয়।

দক্ষ প্রতিমুখ্যে কৰে সৱাৰে নির্ণয়।।৫৩০।।

বীৰভদ্রে অগ্নিত হুনিলা দক্ষশিৰ।

ভস্ম ভৈলা মাথাগোট আছয় শৰীৰ।।

হৌক এৱে দক্ষশিৰ ছাগলৰ মুখে।

পুনৰপি জীয়ন্তোক দক্ষ মহাসুখে।।৫৩১।।

দেখন্তোক ভগাদিত্যে মিত্ৰৰ নয়নে।

ভুঞ্জন্তোক পুষাদিত্য দক্ষৰ দশনে।।

যিটো দেৱতাৰ নষ্ট হস্ত সমুদায়।

শুনিয়োক কহো এৱে তাহাৰ উপায়।।৫৩২।।

অশ্বিনীকুমাৰ পুষা আদিত্য ত্রিতয়।

তাসম্বাৰ হন্তে হৌক সৱে হস্তময়।।

ছাগলৰ দাড়িয়ে ভৃগুৰ হৌক দাড়ি।

এহি আদেশিয়া মৌন ভৈলা ত্ৰিপুৰাৰি৷৷৫৩৩৷৷

শঙ্কৰৰ আজ্ঞা শুনি পাচে দেৱগণ।

ব্রহ্মা সমে ভৈলা পাচে হৰষিত মন।।

সাধু সাধু ত্ৰিপুৰাৰি বুলি প্রশংসিলা।

পুনৰপি শঙ্কৰক ব্রহ্মা প্রণামিলা।।৫৩৪।।

আপুনিয়ো চলা যজ্ঞ কৰিয়ো সাফল।

তুমিসে জীয়াইলে জীৱে দেৱতাসকল।।

ব্ৰহ্মাৰ বচনে হৰ ভৈলা সুপ্রসন্ন।

দেৱঋষি সমে চলি গৈলা তেতিক্ষণ।।৫৩৫।।

ব্রহ্মাসমে হৰ দক্ষযজ্ঞত প্রৱেশ।

ভৈলন্ত দেৱতাগণ নিৰুজ নিশেষ।।

যাত যেনমতে হৰে পূৰ্বে আদেশিলা।

সেহিমতে সমৰে অঙ্গ নিয়োজিলা।। ৫৩৬৷৷

আনিলা বিচাৰি সৱে দক্ষৰ শৰীৰ।

জোৰাইলন্ত খাসি ছাগলৰ এক শিৰ।।

শিৰ জোৰা গৈলে পূৰ্ব্বৱতে প্রজাপতি।

ভৈলন্ত নিৰুজ চাহিলন্ত পশুপতি।।৫৩৭।

যেন কোনো পুৰুষেক শয়নে আছিল।

নিদ্রা এৰি জাগি যেন শয্যাত বসিল।।

সেহিনয় দক্ষ উঠি বসিল সভাত।

দেখিলন্ত শঙ্কৰক আগতে সাক্ষাত।।৫৩৮৷৷

হৰ দৰশনে দক্ষ ভৈলন্ত নির্মল।

শৰত কালৰ যেন সৰোৱৰ জল।।

হৰ সুপ্রসন্নে ভৈল পাতকৰ ক্ষয়।

কিণ্ত্ত লাজ ভয় শোকে দহয় হৃদয়।।৫৩৯৷৷

তুতি নতি কৰিবাক কিছো নপাৰিলা।

শোকে গদ গদ দক্ষ বিস্তৰ কান্দিলা।।

সতীক সুমৰি ভৈলা মৃতক পৰায়।

দুয়ো নয়নৰ নীৰ ধাৰে বহি যায়।।৫৪০৷৷

কতোবেলি শোকক তম্ভায়া প্রজাপতি।

লাজ এৰি হৰক কৰিলা তুতি নতি।।

পালিয়োক প্রভু মোৰ দোষ মৰষিয়া।

আচৰিলো দ্রোহ তযু মায়ায়ে মোহিয়া।।৫৪১৷৷

তুমি নিজ ব্রহ্মক নজানি সমজ্যাত।

কৰিলো আক্ষেপ দেৱগণৰ সাক্ষাত।।

নাহি প্রায়শ্চিত্ত মোৰ সিটো পাতেকৰ।

উদ্ধাৰিলা মোক দণ্ড কৰিয়া ঈশ্বৰ।।৫৪২৷৷

তুমিসে পালক আমি সৱ পশুপ্রায়।

এতেকে কৰিলা দণ্ড মোৰ সমুদায়।।

যতেক ব্রাহ্মণ আমি তোহ্মাৰ স্ৰজন।

দোষ ক্ষমি কৰা দেৱ আহ্মাক ৰক্ষণ।।৫৪৩৷৷

নজানো তোহ্মাৰ তুতি নতি আৰাধন।

আপোনাক আপুনি হুয়োক সুপ্রসন্ন।।

এহিমতে শঙ্কৰক অনেক বুলিলা।

দক্ষৰ সম্বন্ধে হৰ সুপ্রসন্ন ভৈলা।।৫৪৪।।

পাচে ব্রহ্মাদেৱে আজ্ঞা কৰিলা দক্ষক।

ঋষিগণ সমে কৰা আৰম্ভ যজ্ঞক।।

প্রথমতে বৈষ্ণৱ যজ্ঞক আৰম্ভিলা।

সংসর্গ দোষক মানে শোধন কৰিলা।।৫৪৫৷৷

পাচে দক্ষ প্রজাপতি হুয়া সাৱহিত।

ঈশ্বৰ কৃষ্ণৰ মূৰ্ত্তি ধৰিলা হৃদিত।।

যেনমত চিন্তিলন্ত দেৱ মাধৱক।

দিলা সেহিৰূপে দেখা সাক্ষাতে দক্ষক।।৫৪৬।।

শৰীৰ কান্তি দশোদিশ প্রকাশয়।

একেবাৰে যেন কোটি সূৰ্য্যৰ উদয়।।

গৰুড় স্কন্ধত প্রকাশ নাৰায়ণ।

নিস্তেজ কৰিয়া যত সভাসদগণ।।৫৪৭।।

নৱ মেঘ সম শ্যাম শৰীৰ শোভয়।

কটিমাজে সুৱৰ্ণৰ মেখলা জ্বলয়।।

ৰত্নৰ কিৰিট মাথে জ্বলে সূৰ্য্য সম।

কপালে অলকা পান্তি শোভে নিৰুপম।।৫৪৮৷৷

প্রফুল্ল কমল সম বদন মণ্ডল।

ৰত্নৰ কুণ্ডল দুই শোভে গণ্ডস্থল।।

ৰত্নৰ মোলান যেন ভুজ অষ্টখান।

তাত অস্ত্ৰচয় প্রকাশয় বিদ্যামান।।৫৪৯৷৷

শঙ্খ চক্র গদা পদ্ম আৰো ধনু শৰ।

ৰত্নময় বাৰু খাণ্ডা আতি তীক্ষ্ণতৰ।।

ভকত ৰক্ষাৰ হেতু সদায়ে নেৰন্ত।

পিন্ধি আছা ৰত্নৰ ভূষণ অপৰ্য্যন্ত।।৫৫০৷৷

আজানুলম্বিত বনমালা পীতবাস।

হৃদয়ত লক্ষ্মীদেৱী কৰন্ত প্রকাশ।।

দুই পাসে দুই শুক্ল চামৰে বিঞ্চয়।

ৰাজহংস দুই যেন সদায়ে সেৱয়।।৫৫১৷৷

ধৱল বৰণ ছত্র মাথাৰ উপৰে।

প্রকাশন্ত যেন পূর্ণিমাৰ শশধৰে।।

সুনন্দ নন্দন আদি পাৰিষদচয়।

সাৱহিত হুয়া চৈধ্যজনে উপাসয়।।৫৫২।।

হেন অদভুত মূৰ্ত্তি দেখি দেৱগণ।

ব্রহ্মা হৰ আদি উঠিলন্ত তেতিক্ষণ।।

পৰি নমিলন্ত আথেবেথে দণ্ডৱতে।

বিস্ময়ে থাকিলা বাক্য নাসয় মুখতে।।৫৫৩।।

ভৈলন্ত নিস্তেজ সৱে গুচিল প্রকাশ।

আদিত্য উদয়ে যেন নক্ষত্র আভাস।।

পাসৰিল অৰ্চ্চিবাক বিষয়ৰ ক্রম।

সমস্তৰে আপোনাৰে ভৈলন্ত সম্ভ্ৰম ।।৫৫৪।।

কৃতাঞ্জলি হুয়া পাচে সৱেয়ো ৰহিলা।

মতি অনুসাৰে সৱে তুতি আৰম্ভিলা।।

দক্ষ প্রজাপতি ব্রহ্মা হৰ পুৰন্দৰ।

গাৱে গাৱে দেৱে তুতি কৰিলা বিস্তৰ।।৫৫৫৷৷

সিদ্ধ মুনি বিদ্যাধৰ কিন্নৰ যতেক।

তাৰসৱো তুতি নতি কৰিলা প্রত্যেক।।

কৃষ্ণ দৰশনে আনন্দৰ সীমা নাই।

প্রেম সমুদ্রত মজি থাকিলন্ত চাই।।৫৫৬।।

শুনা সভাসদ পদ মহাভাগৱত।

নাহিকে উপায় ইটো ঘোৰ সংসাৰত৷৷

কালগ্রাহে গ্রাসে নাহি চেতন গাৱত।

পাচেসে গুণয় নষ্ট ভৈলো অন্যায়ত।।৫৫৭।।

হেন জানি কৃষ্ণ কথা কৰিছো কীৰ্ত্তন।

হৰি গুণ গান কৰা সততে শ্ৰৱণ।।

বদতি কলাপচন্দ্র কৃষ্ণৰ কিঙ্কৰ।

পাতেক ছাড়োক ডাকি বোলা হৰিহৰ।।৫৫৮৷৷

।।দক্ষাদিৰ নাৰায়ণ স্তুতি।।

।।ছবি।।

 

প্ৰথমতে দক্ষ ঋষি       মনত আনন্দে হাসি

বিধিৱতে অৰ্চ্চা ৰিলন্ত।

দণ্ডৱতে কৰি নতি       উঠি কৰ দুই যুৰি

এৱে নিস্তাৰিলো বুলিলন্ত।।

তুমি শুদ্ধ বধু সত্য      মায়াত অতীত নিত্য

চিদানন্দ এক জ্ঞানময়।

আপুনি স্বতন্ত্ৰ হুয়া       লোক শিক্ষা দৰশায়া

কৰি নিজ মায়াক আশ্ৰয়।।৫৫৯।।

মনুষ্যৰ চেষ্টা কৰি       ৰাম কৃষ্ণ নাম ধৰি

ধৰা অসংখ্যাত অৱতাৰ।

তোহ্মাক নজানে কেৱ     তুমি জগতৰে দেৱ

এৱে মোক কৰিয়ো নিস্তাৰ।।

এহি বুলি প্ৰজাপতি       মৌন ভৈলা কৰি তুতি

পুনু তুতি ঋত্বিজে কৰয়।

নজানো একোৱে তুতি     বৈষ্ণৱৰো অনুমতি

এৱে প্ৰভু হুয়োক সদয়।।৫৬০।।

নন্দীশ্বৰ শাপে আমি      ভৈলো কৰ্ম্মযুক্ত স্বামি

কৰ্ম্মপাশে বন্দী ভৈল মন।

যজ্ঞ আদি কৰ্ম্মচয়       ধৰ্ম্মৰ আভাসময়

তাকে মাত্ৰ আহ্মাৰ যতন।।

নজানোহো অনুষ্ঠান       নাহিকে কিছোৱে জ্ঞান

এৱে প্ৰভু ৰাখিয়ো আহ্মাক।

এহি বুলি মৌন ভৈলা     সদস্যে বুলিবে লৈলা

লৈলো প্ৰভু শৰণ তোহ্মাত।।৫৬১।।

সংসাৰ পথক স্মৰি       নুগুচে সদায় ত্ৰাস

নাহি ৰক্ষা তুমি বিনে কেৱ।

লোভ-মোহ-কাম-ক্ৰোধ    সুখ-দুখ অন্ধকূপে

পৰি সৱে তাকে কৰে সেৱ।।

ধন জন পুত্ৰ ভাৰ্য্যা      যত দেহ গেহ প্ৰজা

ইটো গুৰুভাৰে মহাত্ৰাস।

যেন মহা তৃষ্ণা হুয়া     মধ্যাহ্ন ৰৌদ্ৰত গৈয়া

তপত বালাত কৰে জাস।।৫৬২।।

শোকাগ্নিত দহি মৰে      তথাপি কামনা কৰে

সংসাৰৰ এহি প্ৰৱৰ্ত্তন।

জানি বিৰকতি ভৈলো     তোহ্মাত শৰণ লৈলো

ৰক্ষা কৰা এৱে নাৰায়ণ।।

তাত পাচে ভূতপতি      বোলন্ত বিনয় তুতি

মোক দায়া কৰিলা অপাৰ।

তোহ্মাৰ চৰণ ছত্ৰ       কৰিলো শৰণ মাত্ৰ

এতেকে গুচিল অহঙ্কাৰ।।৫৬৩।।

পূৰ্ব্বত যিসৱ লোকে      অনাচাৰ বোলে মোকে

আতি উগ্ৰদণ্ড তাক কৰো।

এৱে সিটো নিন্দা যত     তযু সেৱা প্ৰসাদত

তাক মনে মাত্ৰেও নধৰো।।

তাত পাচে ভৃগুঋষি      মনত বিস্ময়ে ত্ৰাসে

ঈশ্বৰকো বোলন্ত বিনয়।

অজ্ঞান দোষক ক্ষমি      হুয়োক সন্তোষ স্বামি

কেহো তযু চেষ্টা নজানয়।।৫৬৪।।

ব্ৰহ্মা হৰ আদি যত      তোহ্মাক নজানে কেৱ

সৱে তযু মায়ায়ে মোহিত।

আন কোনো বস্তু আমি    ব্ৰহ্মাণ্ডৰ নাথ তুমি

ক্ষমা কৰা আহ্মাক অজিত।।

অনন্তৰে সৃষ্টিকৰ        ভৃগুৰ উত্তৰ শুনি

মাধৱক তুতি কৰিলন্ত।

তুমি গুণানীত ব্ৰহ্ম       এহি তযু নিজ ৰূপ

তুমি সৰ্ব্ব কাৰণ মহন্ত।।৫৬৫।।

যিটো এহি নিজৰূপ       চিন্তিয়ো তোহ্মাক স্মৰে

সিজে পুৰুষাৰ্থ সৱে তাৰ।

এহি বুলি মৌন ভৈলা     ইন্দ্ৰে বিনাইবাক লৈলা

নমো নিজ নাথ দেৱতাৰ।।

শুনিয়ো গুৰুড়কেতু       ভকতৰ ভয় হেতু

অদভূত ৰূপক ধৰিলা।

দিব্য অষ্টখান হাতে      আঠ অস্ত্ৰ ধৰি তাতে

দৈত্য নিবাৰণ তযু লীলা।।৫৬৬।।

পাচে দক্ষ পত্নীগণে       মধুৰ বচনে বোলে

কৰা যজ্ঞ পৱিত্ৰ সম্প্ৰতি।

তোহ্মাৰ যজন হেতু      আৰম্ভিলা দক্ষে ক্ৰতু

বিধ্বংসিলা তাক পশুপতি।।

ভৈল শ্মশানৰ নয়       তুমি বিনে নশোভয়

কৰিয়ো পৱিত্ৰ দৃষ্টিপাতে।

তাৱক্ষণে ঋষিগণে       কৰে তুতি শুদ্ধমনে

কৃতাঞ্জলি হুয়া প্ৰণিপাতে।।৫৬৭।।

তোহ্মাৰ দুৰ্ঘট লীলা      আনে আক নজানয়

আপুনিসে জানা সমুদায়।

যিহেতু লক্ষ্মীক ছাড়ি     ভকতক ভজা প্ৰভু

এতেকে জানন্তা কেহো নাই।।

অনন্তৰে সিদ্ধগণ        হুয়া সাৱহিত মন

কৰৈ তুতি মধুৰ বচনে।

তযু কথামৃত নদী       জলত প্ৰমত্ত মন

বৰ দিয়া পশিলো শৰণে।।৫৬৮।।

বিষয় অগ্নিৰ তাপ       এৰাই এৱে জাগবাপ

ভৈল নিজ শুদ্ধ ব্ৰহ্মময়।

যেন মত্ত গজৰাজ       পুৰি বনাগ্নিৰ মাজ

সমুদ্ৰৰ জলত ডুবয়।।

পাচে সৱে কন্যাগণে      বোলে সাৱহিত মনে

কুশলে পুৰুষ গোট যেন।।৫৬৯।।

আনো নানা সভাসদ      যজ্ঞত আছিলা যত

সৱেয়ো কৰিলা তুতি নতি।

শুনি পাচে নাৰায়ণ      ভৈলন্ত সন্তোষ মন

দিলন্ত দক্ষক অনুমতি।।

শুনা শুদ্ধ বুধগণ        চিন্তিয়োক নাৰায়ণ

নিস্তাৰৰ এহিসে উপায়।

বদতি কলাপচন্দ্ৰ        এহি নিজ মূলমন্ত্ৰ

ডাকি হৰি ঘুষিয়ো সদায়।।৫৭০।।

.........................

              ।।দক্ষ-যজ্ঞ সম্পাদন।।

                          ।।পদ।।

 

মৈত্ৰেয় বদতি শুনিয়োক কুৰুবৰ।

সভাসদবৰ্গে তুতি কৰিলা বিস্তৰ।।

দক্ষৰ যজ্ঞক পুনৰপি প্ৰৱৰ্ত্তাইল।

সভামধ্যে নাৰায়ণে দক্ষক মতাইল।।৫৭১।।

শুনা প্ৰজাপতি কহো সৱে বিদ্যমান।

মহাজন হুয়া হোৱা কিসক অজ্ঞান।।

যিটো ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিৰূপ।

নাহিকে অন্তৰ ইটো আহ্মাৰ স্বৰূপ।।৫৭২।।

মায়াক আশ্ৰয় ধৰি ধৰো তিনি দেহ।

কহিলো স্বৰূপ আত নাহিকে সন্দেহ।।

জগতৰ সৃষ্টি স্থিতি সংহাৰ নিদানে।

ব্ৰহ্মা হৰ বিষ্ণু তিনি নাম ধৰে ভিনে।।৫৭৩।।

একে শুদ্ধব্ৰহ্ম মঞি আত্মা জগতৰ।

মোত ভেদ কৰি সাঞ্চে পথ নৰকৰ।।

মহন্তে নেদেখে মোত ক্ষেণিক অন্তৰ।

যেন হস্তপদ ভিন্ন নুহি পুৰুষৰ।।৫৭৪।।

তিনিটো শৰীৰ যিটো ভেদ নকৰয়।

মঞি প্ৰজাপতি আৰো শঙ্কৰ ত্ৰিতয়।।

সিটো পুৰুষৰ পুৰুষাৰ্থ সিদ্ধি হয়।

দুৰ্ল্লভ মুকুতি অনায়াসত মিলয়।।৫৭৫।।

সভাসদবৰ্গক শুনায়া হৃষীকেশ।

দক্ষ প্ৰজাপতিক দিলন্ত উপদেশ।।

মাধৱৰ উপদেশে দক্ষৰ সন্তোষ।

অৰ্চ্চিলা কৃষ্ণক দূৰ কৰিলন্ত দোষ।।৫৭৬।।

সমৰ্পিলা মাধৱত দক্ষে ত্ৰুতুৰাজ।

অভেদে পূজিলা আন দেৱতা সমাজ।।

দক্ষৰ মিলিল ব্ৰহ্মজ্ঞান নিৰন্তৰ।

শঙ্কৰকো ব্ৰহ্মভাৱে পূজিলা বিস্তৰ।।৫৭৭।।

সমৰ্পিলা যজ্ঞ মাধৱক সমৰ্চ্চিয়া।

দিলন্ত দক্ষিণা ব্ৰাহ্মণক সন্তোষিয়া।।

পাচে অৱভৃথ স্নান কৰি প্ৰজাপতি।

বিসৰ্জ্জিলা মাধৱত কৰিয়া প্ৰণতি।।৫৭৮।।

আনো দেৱ গন্ধৰ্ব্ব কিন্নৰ বিদ্যাধৰ।

নিৰন্তৰে সম্বৰ্দ্ধনা কৰিলা বিস্তৰ।

দেৱগণে দক্ষৰ সাধিয়া মনোৰথ।

বিমানত চৰি চলিলন্ত স্বৰ্গপথ।।৫৭৯।।

এহিমতে ক্ৰতুৰাজ কৈলা সমাপতি।

প্ৰাণৰ বিয়োগ সতীদেৱী কৰিলন্তি।।

আপোনাৰ নিজপ্ৰিয় দেহ এৰিলন্ত।

হেমৱন্ত গৃহে পুনু জন্ম লভিলন্ত।।৫৮০।।

মেনকাৰ গৰ্ভে হেমগিৰিৰ ৰেতসে।

উপজিলা সতীদেৱী জানিলা ত্ৰিদশে।।

পুনু সতীদেৱী শঙ্কৰক স্বামী ভাৱে।

ভজিলা পাৰ্ব্বতী দেৱী জগতৰ মাৱে।।৫৮১।।

যেন মহা পুৰুষক ঈশ্বৰ শকতি।

সেহিনয় শঙ্কৰক ভজিলা পাৰ্ব্বতী।।

ঋষি নিগদতি শুনা কহো সমুদায়।

অদভূত কথা মহিমাৰ অন্ত নাই।।৫৮২।।

দক্ষ প্ৰজাপতি যজ্ঞৰ বিধ্বংসন।

ভগৱন্ত শঙ্কৰৰ চৰিত্ৰ শোভন।।

ত্ৰিদশ দেৱৰ পুৰোহিত বৃহস্পতি।

তান শিষ্য উদ্ধৱ একান্ত মহামতি।।৫৮৩।।

মাধৱৰ সখি সৰ্ব্ব সাধুৰ সন্মত।

মহাভাগৱত কৃষ্ণদেৱত নিৰত।।

তান মুখে বৈল মোৰ কথাৰ শ্ৰৱণ।

পৰম ঈশ্বৰ হৰিহৰ গুণগণ।।৫৮৪।।

পাতেকীসৱক ইটো কৰয় পৱিত্ৰ।

কৃষ্ণগুণে মিশ্ৰ সতী শঙ্কৰ চৰিত্ৰ।।

ভগ্যেসে শুনিলো ইটো কথা বিপৰীত।

কৰিলো সকলে তাক তোহ্মাক বিদিত।।৫৮৫।।

ইটোকথা শ্ৰৱণে বিস্তৰ ফল হয়।

ধৰ্ম্ম অৰ্থ কাম মোক্ষ বাঢ়ে যশচয়।।

যিবা নিতে একমনে শুনে শুনাৱয়।

কোটি জনমৰ সিটো পাতেক বঞ্চয়।।৫৮৬।।

শুনা সভাসদ ইটো কথাৰ যুগুতি।

সতীৰ চৰিত্ৰ এহিমানে সমাপতি।।

ৰচিলো পয়াৰ আত্ম বুদ্ধি অনুসাৰে।

অল্প বুদ্ধি বুলি দোষ নেদিবা আহ্মাৰে।।৫৮৭।।

ভাগৱত শাস্ত্ৰ ক্ষীৰ সমুদ্ৰ পৰায়।

আক কোনে মথিবাক পাৰে সমুদায়।।

ঈশ্বৰৰ নৱবিধ বক্তি ৰত্নময়।

জ্ঞান কৰ্ম্মযোগে তপ ৰত্ন প্ৰকাশয়।।৫৮৮।।

হেন অদভূত শাস্ত্ৰ দুৰ্ল্লভ লোকৰ।

তাৰ কিছু কথাচয় ৰচিলো সুন্দৰ।।

তাৰ দোষাদোষ মোক ক্ষমা কৰিয়োক।

কৃষ্ণকথা শুনি শান্ত মনক হুয়োক।।৫৮৯।।

যিটো ন্যূনাধিক ভৈল পদ বিৰচনে।

তাক সমৰ্পিলো মই কৃষ্ণৰ চৰণে।।

যদি গঙ্গাজল বৃষ্টিজলে মিশ্ৰ হয়।

তাক কোন জনে বাছি অন্তৰ কৰয়।।৫৯০।।

মোৰ পদচয় বৃষ্টিজল পটন্তৰ।

কৃষ্ণৰ চৰিত্ৰ গঙ্গাজল সমসৰ।।

নমো হৰি হৰ নিৰঞ্জন নিৰাকাৰ।

নমো স্থূল সূক্ষ্ম ব্ৰহ্ম জগত আধাৰ।।৫৯১।।

নমো নমো নিৰ্গুণ নিবিড় গুণান্বিত।

সৃষ্টি স্থিতি সংহাৰ যাহাৰ ইঙ্গিতত।।

দনুজমৰ্দ্দন নমো জগতবন্দন।

ভকত অভয়দাতা নমো জনাৰ্দ্দন।।৫৯২।।

নমো চিদানন্দ সৰ্ব্বানন্দ ঘনশ্যাম।

নমো পূৰ্ণানন্দ লক্ষ্মীনাথ পূৰ্ণকাম।।

জ্ঞানে বা অজ্ঞানে ভাল মন্দে বিৰচিলো।

তুষ্ট হুয়ো ভগৱন্ত তোহ্মাত অৰ্পিলো।।৫৯৩।।

মই অল্পমতি তযু ভকতি বিহীন।

কাল সৰ্প ভয়ক চিন্তিয়া ভৈলো ক্ষীণ।।

বিষয় ব্যাকুলে ভৈলো পৰম আকুল।

ধন জন কাম ক্ৰোধে কৰিলে বাতুল।।৫৯৪।।

আৱে মোক ৰাখিয়োক প্ৰভু চক্ৰপাণি।

ক্ষমিয়োক দোষ মোৰ দীন হীন জানি।।

কৰিলো আশ্ৰয় তযু চৰণ ছত্ৰক।

হেন জানি ৰাখা মোক প্ৰপন্নপালক।।৫৯৫।।

বদতি কলাপচন্দ্ৰ শুনা বধুগণ।

মোৰ বিৰচন কৰা শ্ৰৱণ কীৰ্ত্তন।।

মোৰ পদ বুলি নকৰিবা অনাদৰ।

শুনিয়োক কহো তেৱে আৰ পটন্তৰ।।৫৯৬।।

আতি ক্ষুদ্ৰ জীৱ মধুমক্ষিকা সকল।

সাঞ্চে মধুচয় যত্নে পৰম নিৰ্ম্মল।।

তাৰ কি গুণক কোনে বিচাৰ কৰয়।

তাক কি মহন্তে মন্দ বুলি নিপীৱয়।।৫৯৭।।

ময়ো সেহি নয় মধুমক্ষিকাৰ ঠান।

মোৰ পদচয় সেহি মধুৰ প্ৰমাণ।।

যদি মূঢ়জনে আক নকৰে আদৰ।।

তাক লাগি খেদ মোৰ নাহিকে বিস্তৰ।।৫৯৮।।

অজ্ঞলোকে নজানয় আৰ অভিপ্ৰায়।

মহন্ত জনেসে জানে আক সমুদায়।।

হেন জানি শুনা সৱে হুয়া সাৱধান।

মাধৱৰ পদপদ্ম হৃদি কৰি ধ্যান।।৫৯৯।।

বঞ্চা পৰলোকে ঘোৰ যমদণ্ড ত্ৰাস।

ঈশ্বৰ কৃষ্ণত সদা কৰিয়ো বিশ্বাস।।

কৃষ্ণ গুণ নাম কৰ্ণে কৰিয়ো শ্ৰৱণ।

ডাকি কৃষ্ণ বোলা সাধা আত্ম প্ৰয়োজন।।৬০০।।

                           ...............

।।ধ্ৰুৱ চৰিত।।

।।মঙ্গলাচৰণ।।

।।ছবি।।

 

জয় নমো নাৰায়ণ       সৰ্ব্ব বিঘ্ন বিনাশন

ভকত বৎসল দায়াময়।

যাৰ অংশে অৱতৰি      নানাবিধ মূৰ্ত্তি ধৰি

সৃষ্টি স্থিতি কৰন্ত প্ৰলয়।।

নমো নমো ভগৱন্ত       অনাদি অনন্ত সন্ত

নিত্য নিৰঞ্জন নিৰাকাৰ।

তযু দুই চৰণতে        পৰি পৰি দণ্ডৱতে

কৰো কোটি কোটি নমস্কাৰ।।৬০১।।

হুয়োক প্ৰসন্ন স্বামি       তোহ্মাৰ চৰিত্ৰ আমি

মূঢ় হুয়া চাহো বৰ্ণাইবাক।

মাতৃৰ কোলাত বসি      যেন আকাশৰ শশী

শিশু হাত মেলে ধৰিবাক।।

সেহিভাৱে ময়ো মূঢ়      ইটো ভাগৱত গূঢ়

অৰ্থতত্ত্ব নুবুজো নিশেষ।

বৰ্ণাইবাক আৰম্ভিলো      চৰণে শৰণ লৈলো

প্ৰভু মোক দিয়ো উপদেশ।।৬০২।।

স্বায়ম্ভু মনুৰ বংশ       সাক্ষাতে বিষ্ণুৰ অংশ

ধ্ৰুৱৰ চৰিত্ৰ কথা সাৰ।

কৃষ্ণপাদ পদ্ম সেৱি       শ্ৰীবিষ্ণু ভাৰতী কবি

পদবন্ধে কৰিবো প্ৰচাৰ।।

মহন্তসৱক প্ৰতি         কৰযোৰে কৰো নতি

পদত দূষণ যদি থাকে

শাস্ত্ৰৰ অৰ্থক চাই        কবিতাৰ অভিপ্ৰায়

বুজি নিন্দা কৰিবা আহ্মাকে।।৬০৩।।

শাস্ত্ৰৰ নুবুজে তত্ত্ব       কবিৰো নুবুজে মত

তথাপিতো যদি নিন্দা কৰে।

নীচ জনে গালি দেয়     সাধুৰ আপদ ক্ষয়

তাত ক্ৰোধ নাহিকে আহ্মাৰে।।

উত্তমক কৰো নতি       সমানক কৰো প্ৰীতি

প্ৰাকৃতকো কৰো আশীৰ্ব্বাদ।

নিন্দা বন্দা পৰিহৰি      ডাকি বোলা হৰি হৰি

হৌক ঘোৰ পাতেক উচ্ছাদ।।৬০৪।।

.......................

 

।।দুলড়ী।।

 

শুনা সভাসদ      ভাগৱত পদ

চতুৰ্থ স্কন্ধৰ কথা।

বিদুৰে পুছিলা     মৈত্ৰেয়ে কহিলা

মনুৰ বংশ ব্যৱস্থা।।

স্বায়ম্ভু মনুৰ      দুই পুত্ৰ ভৈলা

সকল গুণে বিশিষ্ট।

শ্ৰেষ্ঠ প্ৰিয়ব্ৰত      ধৰ্ম্মত নিৰত

উত্তানপাদ কনিষ্ঠ।।৬০৫।।

সিটো প্ৰিয়ব্ৰতে     কুমাৰ কালতে

বিষয় সুখক তেজি।

তপোবন গৈয়া     নাৰদক পায়া

ৰহিলা বিষ্ণুক ভজি।।

কনিষ্ঠ উত্তান      পাদ মহাৰায়

ভৈলা সাতো দ্বীপপতি।

পুত্ৰৱতে ৰাজা     পালা সৱে প্ৰজা

যেন দুতি সুৰপতি।।৬০৬।।

অস্ত্ৰত শাস্ত্ৰত      সৱাতো পাৰ্গত

ত্ৰৈলোক্য নাহি উপাম।

দেৱ দ্বিজৰত      বিষ্ণুত ভকত

যাৰ মহা গুণগ্ৰাম।।

কুশাৱৰ্ত্ত দেশ      পৱিত্ৰ বিশেষ

সমান সাতো দ্বীপৰ।

তথাতে নগৰী     বৰ্ষেশ্বৰী পুৰী

অম্ৰাৱতী সমসৰ।।৬০৭।।

গঙ্গা যমুনাৰ      বেদ মধ্যে সাৰ

পত্তন পাট নগৰী।

আতি ৰূপৱতী     সুৰুচি সুনীতি

লভিল দুই পটেশ্বৰী।।

দুয়ো সুচৰিতা     গুণে অনিন্দিতা

কুঞ্জৰৰাজ গমনী।

পীন ঘন স্তনী     জাতিত পদ্মিনী

কমল দল নয়নী।।৬০৮।।

কায় বাক্য মনে    শয়নে ভোজনে

উত্তানপাদ নৃপতি।

সুনীতিত কৰি     সুৰুচিত সঙ্গে

বঢ়ালা অধিক প্ৰীতি।।

পাচে সুৰুচিৰ      পুত্ৰক এক ভৈল

ৰাজাৰ স্নেহ একান্ত।

আতি দায়াতৰে    গণি পঢ়ি তাৰে

উত্তম নাম থৈলন্ত।।৬০৯।।

দুৰ্ভগা সুনীতি     তাহান্তো নৃপতি

পুত্ৰ এক উপাৰ্জ্জিলা।

সৰ্ব্বাঙ্গে সুন্দৰ     দেখি নৃপবৰে

তান ধ্ৰুৱ নাম থৈলা।।

যদি ৰূপে গুণে     দুহান্তো সমান

তথাপি ৰাজাৰ মতি।

সুৰুচিত আতি     ভৈলা আসকতি

দুৰ্ভগা ভৈলা সুনীতি।।৬১০।।

..................

 

।।ছবি।।

 

দিনেক উত্তানপাদ        মহাৰাজা চক্ৰৱৰ্ত্তী

ৰত্ন সিংহাসনে আছা বসি।

নানা দিশ বিদিশৰ       ৰায় ৰাজা ৰাজেশ্বৰ

নৃপতিক আছয় উপাসি।।

উত্তমক কোলে লৈয়া      স্নেহপাশে বদ্ধ হুয়া

হাসন্ত মাতন্ত মনৰঙ্গে।

কতো শিৰঘ্ৰাণ কৰি      কতো গলা বান্ধি ধৰি

বদন চুম্বন্ত মহাৰঙ্গে।।৬১১।।

সুৰুচিয়ো সেহি ঠাই      পুত্ৰৰ আনন্দ চাই

নৃপতিক আছন্ত উপাসি।

ধ্ৰুৱে শিশুগণ সঙ্গে       খেলাই ফুৰন্ত ৰঙ্গে

সেহি থানে প্ৰৱেশিলা আসি।।

বাপৰ ভিতিক চাই     কিছো কিছো কৰি যায়

ধ্ৰুৱো গৈয়া চাপিলন্ত পাস।

বাপৰ কোলাক যাইবো    অনেক আদৰ পাইবো

মনে হেন কৰি অভিলাষ।।৬১২।।

খাটৰ ওচৰ পাই        পিতৃৰ মুখ চাই

হাতমেলি চান্ত উঠিবাক।

ৰাজা সুৰুচিক ভয়       দেখি যেন নেদেখয়

নকৰিলা আশ্বাস ধ্ৰুৱক।।

কাষতে আছন্ত ৰই       সুৰুচিও মহাদই

আতি গৰ্ব্বে বোলে খৰ্ব্ববাক।

দুৰ্ভগাৰ পুত্ৰ হুই        ৰাজাৰ খাটত তই

কেনমতে চাস উঠিবাক।।৬১৩।।

সপত্নী ভাৱতে থাকি      ধ্ৰুৱক মাতন্ত ডাকি

শুন পুত্ৰ বচন আহ্মাৰ।

ইটো নৃপতিৰ পাট       ৰত্ন সিংহাসন খাট

পাট-কুমাৰেসে অধিকাৰ।।

যদ্যপিও শিশু তই       ৰাজাৰ কুমাৰ হস

তথাপি নকৰ আক ইচ্ছা।

যাতো মোত নজন্মিলি     দুৰ্ভগাত উপজিলি

এতেকে দুৰ্ল্লভ তোৰ বাঞ্ছা।।৬১৪।।

এভো পুত্ৰ হেন কৰ      মোৰ বাক্য মনে ধৰ

তপ কৰি বিষ্ণুক আৰাধ।

চিৰকাল ব্ৰত কৰি       আন বৰ অনাদৰি

মোৰ পুত্ৰ হৈবে হেন সাধ।।

যদি হৰি তুষ্ট হন্ত       তোক এহি বৰ দেন্ত

মোৰ এহি গৰ্ভে উপজস।

কৈলো মই স্বৰূপত       তেৱে ইটো আসনত

বসিবাৰ অধিকাৰ হস।।৬১৫।।

ইজন্মত তই আৰ       নুহিকস অধিকাৰ

মিছা ইচ্ছা নকৰ ছৱালে।

দুৰ্ভগাৰ হুয়া পুত্ৰ        উঠিবাক চাস কুত্ৰ

ঐৰ পৰা গুচ ভালে ভালে।।

নমো নমো মাধৱৰ      অৰুণ চৰণ দুই

চৰণ কমলে বাৰম্বাৰ।

পাপপঙ্কে মগ্ন ভৈলো      চৰণে শৰণ লৈলো

প্ৰভু মোক উদ্ধাৰা ইবাৰ।।৬১৬।।

যত অপৰাধচয়         ক্ষণিয়োক দায়াময়

পূৰিয়োক মনৰ বাঞ্চিত।

তুৱা ভকতৰ যদি       সঙ্গীৰো সাঙ্গক পাঞো

তেৱে মঞি ভৈলো কৃতকৃত্য।।

শ্ৰীবিষ্ণু ভাৰতী নতি      কৰিয়া বিষ্ণুক প্ৰতি

সভাসদ সৱকো বোলন্ত।

আনকৰ্ম্ম সৱে এৰি       ৰাম কৃষ্ণ বোলা বেঢ়ি

হৌক ঘোৰ সংসাৰৰ অন্ত।।৬১৭।।

...............

            ।।সুনীতৰ খেদ।।

                   ।।পদ।।

 

মৈত্ৰেয় বোলন্ত শুনি বিদুৰ মহন্ত।

সুৰুচিৰ বাক্য ধ্ৰুৱে শুনি আছিলন্ত।।

বাক্য বজ্ৰাঘাতে আতি ভেদিল হৃদয়।

শোকে দুখে কুমাৰে দেখন্ত তমোময়।।৬১৮।।

ওঁঠ কণ্ঠ শুখাইলা মুখত নাসে মাত।

আকাশী চৰগ যেন পৰিল মাথাত।।

অন্তৰ্গতে দহে দেহা বাক্য নাসে মুখে।

তেজিলা নিশ্বাস আতিশয় মনদুখে।।৬১৯।।

দুয়োহাতে পিসন্ত অৰুণ দুই আখি।

ক্ৰোধে সুৰুচিক চান্ত কটাক্ষে নিৰেখি।।

কাৰ্সাল সৰ্পক যেন লৰুৰ প্ৰহাৰে।

ক্ৰোধে হুমাহুমি ফোকাৰন্ত বাৰম্বাৰে।।৬২০।।

নপান্ত উপায় আতি শোকে দহে মন।

পিতৃৰ মুখক আতি চান্ত ঘনে ঘন।।

দেখন্ত নৃপতি তাইক একো নুবুলিলা।

অধিকে ধ্ৰুৱৰ আৰা ক্ৰোধ জ্বলি গৈলা।।৬২১।।

পিতৃত নৈৰাশ মনে তেজিলা নিশ্বাস।

কান্দন্তে কুমাৰ চলি গৈলা মাতৃ পাস।।

সুৰুচিক ভয়ে ৰাজা একো নুবুলিলা।

সৰ্ব্বজনে মনে নৃপতিক গৰিহিলা।।৬২২।।

পুত্ৰৰ ক্ৰন্দন শুনি সুনীতি সুন্দৰী।

লৱড়ন্তে গৃহৰ বজাইলা শীঘ্ৰে কৰি।।

নসহে শৰীৰ মোৰ শোকে ফুটে প্ৰাণ।

জাণ্ট কৰি বাপু মোক দেহ সমিধান।।৬২৩।।

অনেক আদৰ ভাৱে সুনীতি পুছন্ত।

কান্দন্তে মাতন্তে ধ্ৰুৱে সিদ্ধান্ত নেদন্ত।।

সুমৰি সুমৰি সিটো বচন বিঘাত।

হৃদয় দহয় দুখে মুখে নাসে মাত।।৬২৪।।

ঘনে ঘনে নিশ্বাস তেজন্ত দুখে আতি।

নেদন্ত সিদ্ধান্ত কিছো স্বায়ম্ভূৱ নাতি।

আখি মুখ মুচি মাৱে কৰন্ত কাতৰ।

কিসক কান্দস বাপু কৈয়োৰে সত্বৰ।।৬২৫।।

তোৰ দুখ দেখন্তে নয়ায় প্ৰাণ ফুটি।

কি কাৰণে জীঞো মঞি দুৰ্ভগা পাপিষ্ঠী।।

লগৰ ছৱালসৱ আছে সেহি ঠাই।

তাৰাসৱে কৱে কথা সুনীতিক চাই।।৬২৬।।

শুনিয়োক মাৱ কহো শোকৰ যুগুতি।

উত্তমক কোলে লৈয়া আছন্ত নৃপতি।।

তাক দেখি এঞো গৈয়া চাপিলন্ত পাস।

এৰ মনে বাপে মোক কৰিব আশ্বাস।।৬২৭।।

হাত মেলি খাটত চাহন্ত উঠিবাক।

দেখি মহাদই কুমাৰক দিলা হাক।।

কিসক উঠস শিশু ৰাজাৰ আসনে।

দুৰ্ভগাৰ পুত্ৰ হেন নমানস মনে।। ৬২৮

মোৰ পুত্ৰ উত্তমক সম্প্ৰতি দেখস।

দুৰ্ভগাৰ পুত্ৰ হুয়া তাহাকে বাঞ্ছস।।

দৰিদ্ৰ প্ৰাণীৰ যেন বাঞ্ছা বহুধন।

ভিক্ষুকে খোজয় যেন পঞ্চামৃত অন্ন।।৬২৯।।

উঠিবাক চাস যদি ৰাজাৰ খাটত।

আগে নুপুজিলি কেনে মোহোৰ গৰ্ভত।।

হৰিক আৰাধি আসি মোৰ পুত্ৰ হুইবে।

তেৱে নৃপতিৰ সিংহাসনে আৰোহিবে।।৬৩০।।

সাতো দুৱাৰৰ বাজে মায়েৰ আৱাস।

তভো সিংহাসনে উঠিবাক অভিলাষ।।

ইজন্মত তোৰ ভাগ্য নভৈল কপালে।

ঐৰপৰা এভো দূৰ হউ ভালে ভালে।।৬৩১।।

ৰাজ সমাজত আৰো বুলিলা বিস্তৰ।

ভাল মন্দ একো নুবুলিলা নৃপবৰ।।

নপাইলন্ত কুমাৰে খাটত উঠিবাক।

আৰো মহাদই বুলিলন্ত খৰ্ব্বাবাক।।৬৩২।।

নকৰিলা অভিনন্দা ৰাজায়ো ইহাক।

সুৰুচি ভৰ্ৎসন্তে তাতো নেদিলেক হাক।।

তেৱেসে নিশ্বাস তেজি কান্দিলা বিস্তৰ।

পাচেসে তোহ্মাৰ পাসে আসিলা কুমাৰ।।৬৩৩।।

লগৰীয়া মুখে হেন শুনিয়া বৃত্তান্ত।

শোক অগ্নি লাগিলেক সুনীতিৰ গাত।।

দুষ্মহ দাৰুণ বাক শৰে সুৰুচিৰ।

অন্তৰ্গতে পশি দেহা দহে সুনীতিৰ।।৬৩৪।।

অস্থি মজ্জা ছেদি ভেদি দহয় শৰীৰ।

নপান্ত নিস্তাৰ পাৰ শোক অগনিৰ।।

আতিশয় শোকে ধৈৰ্য্য ধৰিতে নুৱাৰি।

দীৰ্ঘস্বৰে বিস্তৰ কান্দিলা বৰনাৰী।।৬৩৫।।

সুৱৰ্ণ প্ৰতিমা তনু সুকুমাৰী বালা।

বদন নিৰ্ম্মল যেন পূৰ্ণ শশীকলা।।

বিপুল জঙ্ঘনী পীনস্তনী মধ্যক্ষীণী।

আকাশৰ পৰা যেন পৰিল ৰোহিণী।।৬৩৬।।

নলিন নেত্ৰৰ নীৰ বহি যায় ধাৰে।

মুকুলিত কেশ পাশ বস্ত্ৰো নসম্বৰে।।

বনপোৰা জুইৰ তাপ পাইল তাত প্ৰায়।

যাই যেন পৰিল চেতন নাহি গায়।।৬৩৭।।

সুৰুচিৰ বাক্য বজ্ৰ সুমৰি সুমৰি।

কান্দে মহাদই কুমাৰক কোলে ধৰি।।

পশি গৈল শোক শেল নোহয় বাহিৰ।

পাচে কতোক্ষণে চিত্ত কৰিলন্ত থিৰ।।৬৩৮।।

আজোৰন্তে সুনীতিৰ বাক্য নাসে মুখে।

ঘনে ঘনে নিশ্বাস তেজন্ত মহাদুখে।।

বুলিবে লাগিলা কুমাৰৰ মুখ চাই।

নাকান্দা নাকান্দা মোৰ দয়াৰ পুতাই।।৬৩৯।।

সাৱধান মনে বাপু শুনা মোৰ কথা।

সুৰুচিক অসূয়া নকৰা আৰ বৃথা।।

মঞি মন্দভাগী দোষ নধৰো পৰৰ।

ভুঞ্জিবাক লাগে দুখ বিধিলিবি তাৰ।।৬৪০।।

পূৰ্ব্বত লোকক আমি কৰিলোহো নষ্ট।

সিকাৰণে ইজন্মত পাঞো মনকষ্ট।।

সুৰুচিত ভয়ে ৰাজা দুই চক্ষু মেলি।

ভাৰ্য্যা বুলি মোক নচাহন্ত মাথা তুলি।।৬৪১।।

ভাৰ্য্যা হেনো মোক ৰাজা নোবোলন্ত লাজে।

তোক পুত্ৰ বুলি আশ্বাসিব কোন কাজে।।

সুৰুচি বুলিল যত হিত উপদেশ।

পূৰ্ব্বজন্মে যাতো নাৰাধিলো হৃষীকেশ।।৬৪২।।

সি কাৰণে দুৰ্ভগাৰ গৰ্ভে ভৈলি জাত।

ইজন্মত মাধৱক আৰাধা সাক্ষাত।।

কমলনয়ন এক নাৰায়ণ বিনে।

তোৰ ইটো দুখ খণ্ডাইবেক আন কোনে।।৬৪৩।।

যদিসে বাঞ্ছস বাপ উত্তম সম্পত্তি।

ভজ তেৱে ভকত বৎসল যদুপতি।।

যাৰ পদ সেৱি ব্ৰহ্মা নিৰ্মিলন্ত সৃষ্টি।

লভিল উত্তম পৰম্পদ পাৰমেষ্ঠী।।৬৪৪।।

তযু পিতামহ মনু শশুৰ আহ্মাৰ।

যাক সেৱি ভৈলা ত্ৰিভুৱণে অধিকাৰ।।

যাৰ পাদ-পদ্ম সেৱে মুমুক্ষুসকলে।

লক্ষ্মীয়ো ভজিয়া আছা চৰণকমলে।।৬৪৫।।

কোটি ব্ৰহ্মাণ্ডৰ নাথ বিধাতাৰ বিধি।

তাহাঙ্ক আৰাধি সুখে সাধা সৰ্ব্বসিদ্ধি।।

শোকাকুলে আৰ কিছো বুলিতে নপাৰি।

এহিবুলি মৌন ভৈলা সুনীতি সুন্দৰী।।৬৪৬।।

শুনা সৰ্ব্বলোক আৱে আন কৰ্ম্ম এৰি।

ঈশ্বৰ কৃষ্ণক ভজিয়োক যত্ন কৰি।।

বিশাৰদ লোক সৱে তেজি আন কাম।

শ্ৰীবিষ্ণু ভাৰতী ভণে বোলা ৰাম ৰাম।।৬৪৭।।

.                   .............

।।নাৰদৰ লগত ধ্ৰুৱৰ সাক্ষাৎ।।

।।ছবি।।

মাতৃৰ বচনে শুনি       কুমাৰে মনত গুণি

চিত্ত থিৰ কৰি আপোনাৰ।

সুৰুচিৰ বাক্য স্মৰি      মাতৃৰ বচন ধৰি

বজাইলা পিতৃ নগৰৰ।।

আগ পাচ নচাহন্ত        একেশ্বৰে চলি যন্ত

নকৰন্ত কাকো মনে ভয়।

ধ্ৰুৱৰ মনৰ যত        বুজি শুনি অভিমত

ব্যক্ত ভৈলা ব্ৰহ্মাৰ তনয়।।৬৪৮।।

আতিশয় ভক্তিভাৱে      ধ্ৰুৱে নাৰদৰ পাৱে

জানুশিৰে পৰি প্ৰণামিলা।

নাৰদেয়ো তুষ্ট হুয়া      নিজহস্ত মাথে দিয়া

আশ্বাসি ধ্ৰুৱক আশংসিলা।।

পাচে মনে বিমৰিশি      ধ্ৰুৱক বোলন্ত ঋষি

শুনা শিশু বচন আহ্মাৰ।

একেশ্বৰে কি কাৰণে      চলি যাহা ঘোৰ বনে

কহ বাপু কাৰণ ইহাৰ।।৬৪৯।।

ঋষিৰ বচন শুনি        যথাবৃত্ত কথা মনে

নিৰন্তৰে সকলে কহিল।

সুৰুচি বুলিল যত        নৃপতিৰো যেনমত

মাৱে যেন উপদেশ দিল।।

পাচে তাৰ কাৰ্য্য লক্ষি    শিশুৰ সাহস দেখি

পৰম বিস্ময় মুনিবৰ।

উপদেশ চলে ঋষি       তত্ত্ব উপদেশ কহি

ধ্ৰুৱক শিখান্ত পূৰ্ব্বপৰ।।৬৫০।।

শুন শুন শিশু তই      উপদেশ কহো মঞি

যথাবৃত্ত শাস্ত্ৰ ব্যৱহাৰ।

যি কালৰ যেন কৰ্ম্ম     যি কালৰ যেন ধৰ্ম্ম

যি কালৰ যেন অধিকাৰ।।

সম্প্ৰতি তেহোৰ বাপ     তপোবনে চলিবাক

যোগ্য হেন নেদেখঞো আমি।

মোৰ বাক্য শুন বাপ     এৰ সৱে মনতাপ

উলটি গৃহক যাহা তুমি।।৬৫১।।

শিশুসঙ্গে কৰি লীলা      কন্দুক লাটিম ঘিলা

খেলি ধূলি থাক নিজ ঘৰে।

তই শিশু আতিশয়       যি কি যেন নোবোলয়

কিবা মান অপমান তোৰে।।

যদি মান অপমানে       সুখ-দুখ মানা মনে

সিয়ো নিজ অজ্ঞানীৰ কৰ্ম্ম।

শুভাশুভ কৰ্ম্মফলে      সুখ দুখ দুয়ো মিলে

সমস্তে প্ৰাণীৰ এহি ধৰ্ম্ম।।৬৫২।।

কোনে কাক দেয় দুখ     কোনে বা কৰাৱে সুখ

কোনে কৰি আছে অধিকাৰ।

যত দেখা চৰাচৰ       কেহো নোহো স্বতন্তৰ

ফলদাতা ঈশ্বৰ সৱাৰ।।

হেন জানি জ্ঞানীগণে      স্বীকাৰ নকৰে মনে

সুখ-দুখ দুহাঙ্কো লভিয়া।

মিলাৱে ঈশ্বৰ ইচ্ছা       সুখ দুখ দুয়ো মিছা

যথালাভে থাকে তুষ্ট হুয়া।।৬৫৩।।

যদি হঠবাদ কৰি        মায়েৰ বচন স্মৰি

মাধৱক আৰাধিবে চাস।

ইটো বানপ্ৰস্থ ধৰ্ম্ম      মুনিৰো দুষ্কৰ কৰ্ম্ম

কিবা জানি কৰস সাহস।।

তপোবনে মুনিগণে       আৰাধি নিশ্চল মনে

কোটি জন্মে নপাৱয় যাক।

তই আতি শিশুমতি      নজানি ভকতি তুতি

কেনমতে আৰাধিবি তাক।।৬৫৪।।

...........

।।ধ্ৰুৱৰ প্ৰাৰ্থনা।।

।।দুলড়ী।।

 

এভো হেন কৰ         মোৰ বোল ধৰ

পালটি ঘৰক চল।

তপস্যাক মতি          নকৰ সম্প্ৰতি

যাৱে নোহে বুদ্ধি বল।।

আছন্ত ঈশ্বৰ           তিনিও লোকৰ

সুখ-দুখ ফলদাতা।

নাহি ভেদ জ্ঞান        সৱাতে সমান

জগতৰে পিতা মাতা।।৬৫৫।।

হেন জানি মনে         মান অপমান

সৱাতে হৈৱে সমান।

উত্তমত প্ৰীতি          সমানত ৰতি

অধমত দায়া দান।।

শত্ৰুত মিত্ৰত          প্ৰাকৃত লোকত

সমভাৱে আচৰিবে।

নিজ কৰ্ম্মফলে          সুখ দুখ মিলে

তাহাখো মনে নলৈবে।।৬৫৬।।

নাৰদৰ বাণী          ধ্ৰুৱে হেন শুনি

বোলন্ত পুনু প্ৰণামি।

তযু দৰশন           দেৱৰো দুৰ্ল্লভ

ভাগ্যেসে দেখিলো আমি।।

তোমৰাসৱৰ           দেশ ভ্ৰমিবাৰ

কোনো প্ৰয়োজন নাই।

হৰিগুণ গাই           ফুৰা বীণা বাই

জগতকে প্ৰৱৰ্ত্তাই।।৬৫৭।।

যেন আদিত্যৰ         কোনো কাৰ্য্য নাই

তথাপি অথিৰ মতি।

লোকৰ কল্যাণ         কৰি সৰ্ব্বকাল

ফুৰা মাত্ৰ দিনে ৰাতি।

মোক কৃপা মনে        কহিলা আপুনে

যতেক বোধ সাক্ষাতে।

কিণ্ত্ত মোৰ হৃদি        আছে আতি ভেদি

সুৰুচিৰ বাক্যঘাতে।।৬৫৮।।

আমি ক্ষত্ৰ জাতি        ক্ৰোধপৰ আতি

সহজে দাৰুণ হিয়া।

মোৰ যেন মন         কহো প্ৰয়োজন

তাৰে উপদেশ দিয়া।।

পিতৃ পিতামহে          যাক নাহি পাৱে

ত্ৰৈলোক্যতে উৎকৃষ্ট।

যাত অধিকাৰ         নাহিকে কাহাৰ

হেনয় স্থান বিশিষ্ট।।৬৫৯।।

তাকে লক্ষ্য কৰি        আৰাধিবো হৰি

কহিয়ো গুৰু উপায়।

ধৰ্ম্ম অৰ্থ কাম         মোক্ষ প্ৰয়োজন

একোতে নাহিকে দায়।।

তাক যেনমতে         পাইবো অব্যাহতে

দিয়োক তাৰ উপায়।

আমি ভাগ্যহীন         মায়া পৰাধীন

কি কৰিবো ঘৰে যায়।।৬৬০।।

ধ্ৰুৱৰ গোচৰ          শুনি মুনিবৰ

আতি প্ৰীতি মন ভৈলা।

স্নেহে হাসি হাসি        কুমাৰক চাই
নাৰদে বুলিবে লৈলা।।

শুনা সভাসদ          ভাগৱত পদ

চতুৰ্থ স্কন্ধৰ কথা।

কৃষ্ণৰ চৰণ           চিন্তে যিটোজনে

তাৰ জন্ম নুহি বৃথা।।৬৬১।।

শ্ৰীবিষ্ণু ভাৰতী         বোলন্ত সম্প্ৰতি

কলিত ধৰ্ম্ম প্ৰধান।

হৰি গুণ নাম          শ্ৰৱণ কীৰ্ত্তন

বিনে ধৰ্ম্ম নাহি আন।।

হেন জানি মনে         সৱে সাৱধানে

কৃষ্ণকথা শুনিয়োক।

পাপ হৌক ক্ষয়         পূণ্যৰ উদয়

ৰাম কৃষ্ণ বুলিয়োক।।৬৬২।।

..........

                        ।।পদ।।

 

নাৰদে বোলন্ত শুনা ৰাজাৰ তনয়।

পূৰ্বেব উপদেশ যেন দিলোহো তোহ্মায়।।

তাত পৰে শ্ৰেয় উপদেশ নাহি আন।

ময়ো তোত কহো বাপু শুনা সাৱধান।।৬৬৩।।

ধৰ্ম্ম অৰ্থ কাম মোক্ষ আনো সিদ্ধি যত।

সৱে সিদ্ধি হোৱে যাৰ চৰণ সেৱাত।।

অকপটে ভজা হেন মাধৱৰ পায়।

শুনা তেৱে কহো বাপ ভজন উপায়।।৬৬৪।।
যেনমতে হৰি তোত হৈবন্ত বিদিত।

যেনমতে পাইবি সৱে মনৰ বাঞ্চিত।।

পূণ্য নদী যমুনাৰ তীৰতে সাক্ষাত।

মধুবন নামে এক বন আছে তাত।।৬৬৫।।

তাতপৰে আৰো পূণ্যক্ষেত্ৰ নাহি আন।

যাত সৰ্ব্বকালে গোৱিন্দৰ অধিষ্ঠান।।

সেহি বনে  থাকি গোৱিন্দক আৰাধিবি।

স্নান কৰি যমুনাত ত্ৰিসন্ধ্যা কৰিবি।।৬৬৬।।

কুশ কৃষ্ণাজিন শুদ্ধ আসন কৰিবি।

প্ৰাণায়াম কৰি প্ৰাণ মন নিয়মিবি।।

প্ৰণৱ উচ্চৰি হৃদি পঙ্কজ মধ্যত।

প্ৰথমতে কৃষ্ণক চিন্তিবি হৃদয়ত।।৬৬৭।।

আপোনাৰ সমুখে থাপিয়া পাচে হৰি।

ভকতৰ অৰ্থে যিটো আছা মূৰ্ত্তি ধৰি।।

ভকতৰ মনোৰথ সদায়ে পূৰন্ত।

যেন যেন খোজে তাক সৰ্ব্বদায়ে দেন্ত।।৬৬৮।।

প্ৰসন্ন বদন পূৰ্ণচন্দ্ৰ সমসৰ।

উন্নত নাসিকা তিল কুসুম সুন্দৰ।।

অৰুণ নয়ন নৱ পঙ্কজ পৰায়।

সকৰুণ দৃষ্টি যাৰ থাকে সৰ্ব্বদায়।।৬৬৯।।

ত্ৰিবলী ললিত ভ্ৰূৱযুগ মনোহৰ।

ললাটে অৰুণময় তিলক সুন্দৰ।।

কপালে কুটিল নীল অলকা ৰঞ্জিত।

মনোহৰ হাস্যে যেন বৰিষে অমৃত।।৬৭০।।

অৰুণ অধৰ বিম্বফল নুহি সৰি।

দশন নিবিড় যেন নৱ কুন্দকৰি।।

সুন্দৰ দুই কৰ্ণতলে মকৰ কুণ্ডল।

অমূল্য ৰত্নৰ মণি কিৰীটি উজ্জ্বল।।৬৭১।।

সুন্দৰ ৰচিত কম্বু কণ্ঠ মনোহৰ।

প্ৰকাশে কৌস্তভ যেন সূৰ্য্য প্ৰভাতৰ।।

সিংহবন্ধ কটি সুবহল বক্ষস্থল।

হৃষ্ট পুষ্ট তুষ্ট দেখি নিতম্ব বহল।।৬৭২।।

নৱ নীল মেঘ শ্যাম শৰীৰৰ কান্তি।

আপাদ লম্বিত গলে জ্বলে বৈজয়ন্তী।।

সুবলিত চাৰি বাহু যেন কৰীকৰ।

শঙ্খ চক্ৰ গদা পদ্ম চাৰি অস্ত্ৰ ধৰ।।৭৬৩।।

বক্ষস্থল দাহিনে শ্ৰীবৎস লোমপান্তি।

বাম বক্ষস্থলে লক্ষ্মীদেৱী প্ৰকাশন্তি।।

চৰণ নিৰেখি সদা থাকা জগমাতা।

জ্বলে জগমতি হাৰ গলে গলপাতা।।৬৭৪।।

কৰীকৰ সমান সুঠাম দুই উৰু।

নিজ জন মনোৰথ পূৰ্ণ কল্পতৰু।।

কটিত মেখলা দিব্য ৰতনে খচিত।

তড়িত জড়িত দিব্য পাট ভূনি পীত।।৬৭৫।।

পদযুগ শোভে নৱ কমলক গঞ্জি।

ৰত্নময় সুন্দৰ নূপুৰে আছে ৰঞ্জি।।

নখচন্দ্ৰচয় চাৰু দেখি আৰকত।

পদতল চিহ্নচয় দেখি প্ৰত্যেকত।।৬৭৬।।

এহি মূৰ্ত্তি চিন মনে কৰিবি সাক্ষাত।

সৰ্ব্বাঙ্গ চিন্তিয়া মন ৰাখিবি হাস্যত।।

যেন স্নেহভাৱে চাহি আছা হাস্য কৰি।

সেহিভাৱে কতোক্ষণে থাকিবিহি স্মৰি।।৬৭৭।।

আনো সৱ নানা ৰূপ এহেন্তে ধৰন্ত।

সৃষ্টি স্থিতি সংহাৰ কৰন্ত ভগৱন্ত।।

আনো সৱ লীলা মনে চিন্তি যত পাৱে।

কৰিবি বিস্তৰ আৰো স্তুতি ভক্তিভাৱে।।৬৭৮।।
মূলমন্ত্ৰ কহো তাকো শুন সাৱধানে।

যাৰ সম মন্ত্ৰ আৰ নাই ত্ৰিভূৱনে।।

দ্বাদশ অক্ষৰ মন্ত্ৰ মন্ত্ৰতে প্ৰধান।

যাক জানি হোৱে নৰ হৰিৰ সমান।।৬৭৯।।

তেৰাত্ৰ জপিলে দেখা দেন্ত দেৱগণ।

সাত ৰাত্ৰি জাপ্যে সিদ্ধ হৱে প্ৰয়োজন।।

মন্ত্ৰময় মূলময় দাৰু ধাতুময়।

লেখা লেপ্যা আনো যত প্ৰতিমা আছয়।।৬৮০।।

শালগ্ৰাম শিলাত যে শ্বেতমণ্ডলত।

জল আদি আনো নানা অধিষ্ঠান যত।।

অধিকাৰী ভেদে যাতে তাতে নিষ্ঠা কৰি।

শুদ্ধমনে ভক্তিভাৱে আৰধিবি হৰি।।৬৮১।।

গন্ধ পুষ্প ধূপ দীপে নৈবেদ্য মিলাই।

ফল মূল আনো যত উপহাৰ পাই।।

তুলসী কুসুম মাধৱৰ প্ৰিয়তৰ।

তাৰো মালা হাৰ গান্থি দিবিহি বিস্তৰ।।৬৮২।।

কিশলয় দল জল অক্ষত অঙ্কুৰ।

কাল দেশে পাই যত সম্ভাৰ প্ৰচুৰ।।

আত্মা অনুৰূপে চিত্তবৃত্তি অনুসাৰে।

মিতহাৰ জিতাসন হৈবি নিৰন্তৰে।।৬৮৩।।

এহিভাৱে আৰাধি সাধিবি প্ৰয়োজন।

হৈবন্ত সাক্ষাত দেৱ দেৱ নাৰায়ণ।।

পাচে দণ্ডৱতে পৰি প্ৰণাম কৰিবি।

অব্যাহতে সৱে মনোৰথক সাধিবি।।৬৮৪।।

নাৰদে ধ্ৰুৱক সৱে উপদেশ দিল.

ধ্ৰুৱো নাৰদক প্ৰদক্ষিণে প্ৰণামিল।।

ঋষিত বিদায় মধুবনে চলি গৈলা।

বৰ্ষশ্বতী পুৰীকো নাৰদ আসি ভৈলা।।৬৮৫।।

আছন্ত উত্তানপাদ ৰাজা দুখমনে।

উপাসি আচন্ত যত পাত্ৰ মন্ত্ৰীগণে।।

বিপঞ্চি বজাই গুণ বৰ্ণাই আশেষ।

ভৈলা দেৱঋষি ৰাজসভাত প্ৰৱেশ।।৬৮৬।।

নাৰদক দোখি ৰাজা উঠি তাৱক্ষণে।

সাদৰি বসাইলা আনি বিচিত্ৰ আসনে।।

পাদ্য অৰ্ঘ্য আচমনি মধুপৰ্ক দান।

যথোচিত ঋষিক কৰিলা বহুমান।।৬৮৭।।

প্ৰণামি উত্তানপাদ ৰাজা মহাশয়।

অধোমুখে মনদুখে ৰহিলা তথায়।।

যদ্যপি জানন্ত ঋষি সকলে বৃত্তান্ত।।

তথাপি উত্তনপাদ ৰাজাত পুছন্ত।।৬৮৮।।

কি কাৰণে নৃপতি মলিন দেখো মুখ।

কিবা হেতু ৰাজা তোৰ মনত আসুখ।।

সাতো দ্বীপা পৃথিৱীৰ ভৈলি অধিকাৰী।

যত দেৱগণে মানে তোৰ আজ্ঞাকাৰী।।৬৮৯।।

ধৰ্ম্ম অৰ্থ কাম আনো মনোৰথ যত।

কোনবা অসাধ্য আছে কহ স্বৰূপত।।

নিশ্বাস তেজিয়া ৰাজা বোলে দুখমনে।

মঞি অধমক কথা সোধা কি কাৰণে।।৬৯০।।

শুনা গুৰু বাপ তুমি কহিবাৰ ঠাই।

মোৰ সম পাপী ইটো ত্ৰিভুৱনে নাই।।

মঞি চক্ৰৱৰ্ত্তী ৰাজা সাতো পৃথিৱীৰ।

ক্ৰীড়াৰ বানৰ যেন ভৈলো সুৰুচিৰ।।৬৯১।।

তাইৰ বশ্য হুৱা সুনীতিক কৰি নিন্দা।

ভাৰ্য্যা বুলি মনেয়ো নকৰো অভিনন্দা।।

সুনীতিৰ পুত্ৰ ধ্ৰুৱ নামে সুকুমাৰ।

একদিনা সমীপক আসিলা আহ্মাৰ।।৬৯২।।

সুৰুচিৰ পুত্ৰ আছে মোহোৰ কোলাত।

তাক দেখি সিয়ো মেলিলেক দুয়োহাত।।

সুৰুচিক ভয়ে কোলে নলৈলোহো তুলি।

মদাগৰ্ব্বে সুৰুচি পাৰিল আৰো গালি।।৬৯৩।।

স্ত্ৰীৰ অধীন হুয়া নচাহিলো পুত্ৰমুখ।

তেজিলা নিশ্বাস পুত্ৰে লভি মহাদুখ।।

শোকে দুখে বিস্তৰ কান্দিলা দীৰ্ঘস্বৰে।

শুনিলো বনক চলি গৈলা একেশ্বৰে।।৬৯৪।।

পাঞ্চ বৎসৰৰ মোৰ আবাল কুমাৰ।

শুনিলো বনক চলি গৈলা একেশ্বৰ।।

ক্ষুধায়ে তৃষ্ণায়ে ঘোৰ ৰৌদ্ৰ বৃষ্টি বাতে।

কিবা পৰি মৰি কৈত বৃক্ষৰ মূলতে।।৬৯৫।।

একেশ্বৰে শিশুক বনত লাগ পাই।

কিবা একো সিংহে বাঘে ঘোঙে বেঢ়ি খায়।।

পুত্ৰশোকে সুনীতিয়ো তেজিব জীৱন।

আকেসে গুণন্তে মোৰ দহে পাঞ্চপ্ৰাণ।।৬৯৬।।

কোন নিদাৰুণ আৰ আছে মোৰ সম।

ভাৰ্য্যা পুত্ৰ দুহানো সাক্ষাতে ভৈলো যম।।

আৰো কিছু বুলিবে নুৱাৰি মৌন ভৈলা।

ৰাজাক সম্বোধি ঋষি বুলিবাক লৈলা।।৬৯৭।।

ধ্ৰুৱক লাগিয়া শোক নকৰিবা মনে।

ধ্ৰুৱক আুপুনি ৰাখিৱন্ত নাৰায়ণে।।

তাৰ প্ৰভাৱক ৰাজা শুনিয়োক সাৰ।

তিনিয়ো লোকক ব্যাপি হৈৱে যশ তাৰ।।৬৯৮।।

কুলৰ কমল তোৰ বংশৰ উদ্ধাৰ।

মোৰ মুখে কতেক বৰ্ণাইবো গুণ তাৰ।।

দেৱতাসৱৰ যিটো পৰম দুষ্কৰ।

হেন কৰ্ম্ম কৰিবেক তোহ্মাৰ কুমৰ।।৬৯৯।।

উগ্ৰতপ কৰি মাধৱক আৰাধিব।

তপবলে ঈশ্বৰক সাক্ষাত কৰিব।।

মাদৱৰ পৰম্পদ পাইবা মহাভাগ।

অল্পতে ধ্ৰুৱক নগৰতে পাইবা লাগ।।৭০০।।

তোকেসে দায়ায়ে ৰাজা আসি ভৈলো মঞি।

ধ্ৰুৱৰ নিমিত্তে শোক নকৰিবি তঞি।।

বিদুৰক সম্বোধিয়া মৈত্ৰেয় কহন্ত।

ৰাজাক নাৰদে যেৱে প্ৰবোধ দিলন্ত।।৭০১।।

এৰিল সন্তাপ ৰাজা সুস্থ ভৈল মন।

ৰাজাক আশংসি ঋষি কৰিলা গমন।।

পাচে ৰাজা এৰি সৱে ৰাজকাৰ্য্য যত।

কেৱলে ধ্ৰুৱক মাত্ৰ চিন্তন্ত মনত।।৭০২।।

ত্ৰৈলোক্যৰ ৰাজলক্ষ্মী তাকো অনাদৰি।

ৰাত্ৰি দিনে থাকে মাত্ৰ কুমাৰক স্মৰি।

ধ্ৰুৱৰ মহিমা শুনি মুনিৰ বচনে।

আপোনাকে কৃতকৃত্য হেন মনে মানে।।৭০৩।।

আপোনাৰ দুষ্কৃতি সুমৰি ৰাজা মনে।

আপোনাক নিন্দা ৰাজা কৰন্ত আপুনে।।

সুনীতিক আশ্বাস কৰিয়া নৃপবৰ।

সুৰুচিতো কৰি তাঙ্ক কৰন্ত সাদৰ।।৭০৪।।

ধ্ৰুৱ আসিবন্দ হেন মনে নৰেশ্বৰ।

নিত্যাগতে বাট চাই থাকা নিৰন্তৰ।।

শুনা সভাসদ ইটো মহাভাগৱত।

ভাগ্যে জন্ম ভৈল ইটো ভাৰত খণ্ডত।।৭০৫।।

আউৰ কি মনুষ্য হৈবা হেন আশা আছে।

আকে লাগি খেদ পুনু কৰিবাহা পাচে।।

জানি মাধৱত ভক্তি কৰি সাধা গতি।

ৰামকৃষ্ণ বোলা পাপ যাউক অধোগতি।।৭০৬।।

                          ..........

।।ধ্ৰুৱৰ তপস্যা।।

।।দুলড়ী।।

 

মৈত্ৰেয় বদতি      শুনা কুৰুপতি

পাচে যেন কথা ভৈলা।

নাৰদৰ শিক্ষা     মনে ধৰি ধ্ৰুৱ

মধুবনে চলি গৈলা।।

পায়া মধুবন      যমুনাত স্নান

কৰি স্বায়ম্ভুৱ নাতি।

উপৱাস কৰি      মৌন ব্ৰত ধৰি

থাকিলন্ত সিটো ৰাতি।।৭০৭।।
ঊষা সময়ত      স্নানি যমুনাত

তীৰত নিৰ্ম্মিয়া স্থান।

বন্য ফুল ফল     আনিল সকল

খুজি পাইলা যতমান।

নিবিড় আসনে     বসি কুশসানে

মন সাৱধান কৰি।

ঋষি উপদেশে     চিন্তন্ত নিশেষে

পৰম পুৰুষ হৰি।।৭০৮।।

হুয়া জিতাসন     নিয়মিয়া মন

একান্তে হৰিৰ পাৱে।

প্ৰত্যেক দিনতে     তিনিয়ো সন্ধ্যাতে

পূজন্ত ভকতি ভাৱে।।

নাৰদৰ মত      সুমৰি মনত

যথা মতি অনুসাৰে।

পৰি পৰি তুতি    কৰন্ত প্ৰণতি

প্ৰদক্ষিণে বাৰম্বাৰে।।৭০৯।।

প্ৰথম মাসত      তিনি ৰাত্ৰ ব্ৰত

কৰিলা নৃপকুমাৰ।

চতুৰ্থ দিনাতে      পাৰণা কৰন্ত

একে গুটি ফলাহাৰ।।

ত্ৰিসন্ধ্যাত স্নান     পূজা মন্ত্ৰ ধ্যান

নেৰন্ত তাকো কদাপি।

পূজা অৱসানে     মাধৱক ধ্যানে

থাকা মূলমন্ত্ৰ জপি।।৭১০।।

দ্বিতীয়া মাসত     ছয় ৰাত্ৰ ব্ৰত

উপৱাস অনন্তৰে।

সপ্তম দিনত      খান্ত পকা পাত

পাৰণা ভঙ্গক ডৰে।।

তৃতীয় মাসত      নৱৰাত্ৰ ব্ৰত

আচৰি ৰাজকুমাৰ।

দশম দিনত      পাৰণা কৰন্ত

গণ্ডুষেক জলাহাৰ।।৭১১।।

চতুৰ্থ মাসত      দ্বাদশ দিনত

নকৰি একো ভোজন।

ত্ৰয়োদশ দিনে     পাৰণাক মনে

কৰন্ত বায়ুক পান।।

পঞ্চম মাসত      ধৰি দীৰ্ঘ ব্ৰত

থাকিলা বায়ু তম্ভিয়া।

মাধৱক ধ্যানে     ৰহি একমনে

এক পাৱে ভূমি চুয়া।।৭১২।।

শীত বাত ঘোৰ    সহি নিৰন্তৰ

নচাহন্ত আগ পাচ।

মহাযোগ বলে     ৰহিলা নিশ্চলে

যেন মূৰা শালগাছ।।

চিত্ত বুদ্ধি প্ৰাণ     কায় বাক্য মন

একত্ৰে কৰিয়া ধ্যান।

কৃষ্ণৰ ৰূপত      হুয়া আসকত

একো নেদেখন্ত আন।।৭১৩।।

প্ৰকৃতি পুৰুষ      মদ অহঙ্কাৰ

সৱাৰো আধিক্য হৰি।

তাঙ্কে দৃঢ়ব্ৰতে     ধৰিলা মনতে

ধ্ৰুৱে সাৱধান কৰি।।

যাতো ত্ৰৈলোক্যৰ    আত্মা দামোদৰ

ধৰিলা ধ্ৰুৱে মনত।

তিনিয়ো লোকৰ    যত চৰাচৰ

কম্পিল সৱে জগত।।৭১৪।।

...........

 

।।ছবি।।

 

পঞ্চমাস বহি গৈলা       ছয় মাস আশি ভৈলা

পাচে সিয়ো পাৱ আলগায়।

বৃদ্ধাঙ্গুষ্ঠে ভূমি চুই       থাকিলন্ত থিয় হুই

উপৰক তুলি বাহু দুই।।

জগত আধাৰ হৰি       তাহাঙ্ক হৃদয়ে ধৰি

যেখনে লাৰন্ত ধ্ৰুৱে ভৰি।

ইভিতি অৰ্দ্ধেক চৰে      সিভিতি অৰ্দ্ধেক পৰে

টলবল কৰে বসুন্ধৰী।।৭১৫।।

যেন হস্তী চড়ে নাৱে     যেই ভিতি লৰে পাৱে

সেই ভিতি নাৱ হৰে কাতি।

কুমাৰৰ পয়োভৰে       সেহি ভাৱে মহী লৰে

চৰাচৰো ভয় ভৈলা আতি।।

পাচে ধ্ৰুৱে মাধৱক      কৰি নিয়া হৃদিগত

বায়ুক নিৰোধি তম্ভি ৰৈলা।

এতহন্তে জগতৰ         প্ৰাণ বায়ু নিৰন্তৰ

কাৰো আৰ বাহিৰ নভৈলা।।৭১৬।।

ভৈল সৱে নিৰুশ্বাস       মিলিল সৱাৰো ত্ৰাস

কাৰো আৰ নাহি মাতবোল।

কাৰো নাহি হৃদি সিদ্ধি    যেন জলন্ধৰ ব্যাধি

পেট উফন্দিল যেন ঢোল।

নপাৱে নিশ্বাস শ্বাস      সৱে ভৈল মহাত্ৰাস

পৰম বিস্ময় দুখ মনে।।

ব্ৰহ্মা আদি দেৱ যত          মাধৱৰ চৰণত

মৃত্যুভয়ে পশিল শৰণে।।৭১৭।।

ত্ৰাহি ত্ৰাহি কৃষ্ণ ৰড়ি     আগে দণ্ডৱতে পৰি

কৰযোৰে কৰন্ত কাতৰ।

নাজানো কাৰণ আৰ      কিবা হেতু জগতৰ

শ্বাস বন্ধ ভৈল সমস্তৰ।।

তুমি জগতৰে প্ৰাণ  তুমি বিনে কোনে আন

ইটো দুখ পাৰে খণ্ডিবাৰে।

হেৰা ম্ৰিয়মান ভৈলো       চৰণে শৰণ লৈলো

প্ৰাণ ৰাখা ইবাৰ আহ্মাৰে।।৭১৮।।

দেৱতাৰ তুতি নতি      শুনি ত্ৰিজগতপতি

হাস্য কৰি দিল সমিধান।

ধ্ৰুৱেসে ধাৰণা ধৰি    প্ৰাণ বায়ু বন্ধ কৰি

সৱাৰো নিৰোধি আছে প্ৰাণ।।

তোমাসাৰ ভয় নাই      মঞি যাবো তাৰ ঠাই

ত্ৰিজগতে লভিবা উশাস।

তাহাৰ মনৰ যত         সাধিবোহো অভিমত

হেৰা চলি যাঞো তাৰ পাস।।৭১৯।।

নমো নমো নাৰায়ণ         ভৃত্যভয় বিনাশন

ভকত বৎসল লক্ষ্মীপতি।

দণ্ডৱতে পাৱে পৰি       কোটি নমস্কাৰ কৰি

কবি বিষ্ণুভাৰতী বদতি।।

শুনা সৱে সভাসদ           মহাভাগৱত পদ

চতুৰ্থ স্কন্ধৰ কথা সাৰ।

হৰিক হৃদয়ে ধৰি       ডাকি বোলা হৰি হৰি

হৌক কোটি পুৰুষ উদ্ধাৰ।।৭২০।।

.......................

         ।।ধ্ৰুৱৰ বৰ লাভ।।

                    ।।পদ।।

 

মাধৱত অভয় লভিয়া দেৱগণ।

কৃষ্ণক প্ৰণামি চলি গৈলা নিজ থান।।

পাচে গৰুড়ত আৰোহিয়া নাৰায়ণ।

ধ্ৰুৱক দেখিবে চলি গৈলা মধুবন।।৭২১।।

আগতে সাক্ষাতে গৈয়া আছা ভগৱন্ত।

তথাপিতো চক্ষু মেলি ধ্ৰুৱে নচাহন্ত।।

হৃদি পদ্ম মধ্যে মাধৱক লাগ পাই।

ভূৱনমোহন ৰূপ ৰঙ্গে আছা চাই।।৭২২।।

নৱ নীল মেঘশ্যাম সুন্দৰ শৰীৰ।

শোভে পীতবস্ত্ৰ তাতে বিজুলী অথিৰ।।

প্ৰসন্ন বদন কোটি চন্দ্ৰমাৰ কান্তি।

চাৰি হাতে চাৰি অস্ত্ৰ গলে বৈজয়ন্তী।।৭২৩।।

ঈষৎ হষিত মুখ সুখে আছা চাই।

প্ৰেমে নয়নৰ নীৰ ধাৰে বহি যায়।।

ধ্ৰুৱৰ চিত্তক লক্ষ্য কৰি নাৰায়ণ।

হৃদয়ৰ পৰা হৰি ভৈলা অন্তৰ্দ্ধান।।৭২৪।।

পাচে সচকিত ধ্ৰুৱে চক্ষু মেলিলন্ত।

সেহিৰূপে কৃষ্ণক সাক্ষাতে দেখিলন্ত।।

মাধৱক দেখি প্ৰেমে গাৱ শ