top of page

জিলা শাখাৰ সভাপতিৰ একাষাৰ

শ্ৰীযুত চন্দ্ৰ হাজৰিকা
, সভাপতি, শ্ৰীমন্ত শংকৰদেৱ সংঘ, গোলাঘাট জিলা শাখা

                                     ।।জয় গুৰু শঙ্কৰ।।

                     শ্ৰী মন্ত শঙ্কৰদেৱ সঙ্ঘ, উত্তৰ পূৱ ভাৰতৰ এটি সূবৃহৎ অৰাজনৈতিক, গনতান্ত্ৰিক অনষ্ঠান। গোলাঘাট জিলা  ইয়াৰ এটি অন্যত্তম জিলা শাখা। বৰ্তমান সময়ত সমস্ত পুৰাণৰ সূৰ্য্য স্বৰুপ, সৰ্বশ্ৰুতি শিৰোৰত্ন শ্ৰীম্দ্ভাগৱত শাস্ত্ৰ খনিৰ অধ্যয়ন আৰু চৰ্চাৰ গুৰুত্ব লোকসমাজৰ মাজত দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে। সেয়েহে শাস্ত্ৰ খনিৰ বানী সমূহ সৰ্ব সাধাৰণ লোকে চাব পৰাকৈ এটি ইণ্টাৰনেট সংস্কৰণ প্ৰকাশ কৰাৰ চিন্তা কৰি গোলাঘাট জিলা শাখাই বহুদিনৰ পৰা ইয়াৰ কাৰ্য্যকৰি ব্যৱস্থা চলাই আহিছে। ইংৰাজী নৱবৰ্ষৰ ২/১/২২ তাৰিখে জিলা শাখাৰ এটি ৱেবচাইটৰ লগতে ভাগৱতৰ ইণ্টাৰনেট সংস্কৰণটি শুভ উন্মোচন কৰি প্ৰকাশ কৰিবলৈ লোৱা হৈছে। ইয়াৰ দ্বাৰা ভাগৱত শাস্ত্ৰৰ প্ৰতি আগ্ৰহী সকলো লোকেই উপকৃত হ'ব বুলি আশা কৰা হৈছে। এই শ্ৰীমদ্ভাগৱতৰ ইণ্টাৰনেট সংস্কৰণ প্ৰস্তত আৰু প্ৰকাশৰ লগত জৰিত সকলো জনলৈকে আন্তৰিক কৃতজ্ঞতা জনাই সেৱা ধৰিলো।                     

সেৱাৰে

শ্ৰী চন্দ্ৰ হাজৰিকা,
সভাপতি, শ্ৰীমন্তশঙ্কৰদেৱ সংঘ
গোলাঘাট জিলা শাখা।

8638311950

  • Facebook
  • Twitter
  • LinkedIn

©2021 by Srimanta Sankardev Sangha, Golaghat Zila Sakha (শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ, গোলাঘাট জিলা শাখা). Proudly created with Wix.com

bottom of page