শ্ৰীমদ্ভাগৱত
।।তৃতীয় স্কন্ধ।।
।। অনাদি পাতন ।।
।।শ্ৰীকৃষ্ণায় নমঃ।।
।।মঙ্গলাচৰণ।।
।।পদ।।
জয় জগন্নাথ জগতৰ আদি মূল।
যাহাৰ স্মৰণে হোৱৈ পাতক নির্মুল।।
যাৰ নাম নাৱে কৰে সংসাৰৰ পাৰ।
হেনয় কৃষ্ণক কৰো কোটি নমস্কাৰ।।১।।
জয় জয় দৈৱকীনন্দন আদি দেৱ।
ব্রহ্মা মহেশ্বৰো যাক সদা কৰে সেৱ।।
মূৰুখ পণ্ডিত হোৱৈ লৈল যাৰ নাম।
হেনয় কৃষ্ণক কৰো পৰিয়া প্রণাম।।২।।
জয় জয় ঈশ্বৰ কেশৱ সদাশিৱ।
যাৰ মায়াপাশে বন্দী জগতৰ জীৱ।।
মিলে মাোক্ষ যাৰ নাম শ্ৰৱণ কীৰ্ত্তনে।
কৰো প্ৰণিপাত হেন কৃষ্ণৰ চৰণে।।৩।।
নমো দামোদৰ দেৱ দৈৱকীনন্দন।
ভকত অভয় দাতা সত্য সনাতন।।
যাহাৰ মায়াত হোৱে সৃষ্টি স্থিতি লয়।
হেন কৃষ্ণ চৰণে ৰচিবো পদচয়।।৪।।
কৃষ্ণ পদ পঙ্কজক ধৰি হৃদয়ত।
গুৰুৰ চৰণ মনে কৰি শিৰোগত।।
সৃষ্টি স্থিতি লয় মাধৱৰ মোক্ষ লীলা।
কৃষ্ণৰ কিঙ্কৰে পদ শঙ্কৰে ৰচিলা।।৫।।
।।বসুমতীৰ স্থিতি।।
মহা ভাগৱত কথা অমৃত সাক্ষাত।
বামন পুৰাণ কিছু মিশ্র দিলো তাত।।
দুয়ো কথা নিবন্ধিলো একত্র মিসলে।
মধু সমে দুগ্ধ যেন আতি স্বাদ বলে।।৬।।
শুনা সাৱধান মনে সৱে সভাসদ।
তৃতীয় স্কন্ধৰ মহাভাগৱত পদ।।
যেনমতে ভৈল ইটো অনাদি পাতন।
শুনিয়োক আছৈ যাৰ মুকুতিক মন।।৭।।
শুকত পুছন্ত পৰীক্ষিত নৃপবৰ।
শুনিলো অমৃত কথা তোহ্মাৰ মুখৰ।।
যতেক শুনোহো শুনিবাক যায় মতি।
অমৃত পিয়ন্তে যেন নখণ্ডে তৃপিতি।।৮।।
সম্প্রতি ছেদিয়ো ঋষি সংশয় মনৰ।
সৃষ্টিৰ মধ্যত মহা পুৰুষ ঈশ্বৰ।।
কেৱলে থাকয় হৰি এক ব্ৰহ্মতত্ত্ব।
কিমতে স্ৰজন্ত হৰি ইটো ত্রিজগত।।৯।।
এহি কথা শুনিবাক মোৰ বৰ চিত্ত।
কহিয়োক মুনি তুমি কৃষ্ণৰ চৰিত্ৰ।।
যেনমতে জগত স্ৰজন্ত নাৰায়ণ।
যিমতে স্ৰজিলা ব্রহ্মা আদি দেৱগণ।।১০।
যেনমতে সাতো স্বর্গ কৰন্ত নির্মাণ।
যেনমতে স্ৰজিলা পাতাল সাতোখন।।
সপ্তদ্বীপা বসুমতী সপত সাগৰ।
যিমতে স্ৰজিলা নদ নদী সৰোবৰ।।১১৷৷
পশু পক্ষী বৃক্ষলতা চৰাচৰ যত।
যিমতে স্ৰজন্ত মেৰু মন্দৰ পৰ্ব্বত।।
যেনমতে ব্রহ্মাণ্ডক কৰন্ত নির্মাণ।
কহিয়োআহ্মাত তুমি ঋষি সৰ্ব্বজান।।১২।।
কোনে ধৰি আছে সসাগৰা বসুমতী।
কি কাৰণে পৃথিৱী নযান্ত অধোগতি।।
কিবা হেতু লৰৈ ইটো পৃথিৱী মণ্ডল।
ছেদিয়োক ঋষি তুমি সংশয় সকল।।১৩।।
শুকমুনি বোলন্ত শুনিয়ো পৰীক্ষিত।
কহো সৃষ্টি কথা তুমি থিৰ কৰা চিত।।
সৃষ্টি স্থিতি লয় মাধৱৰ মুখ্য লীলা।।
আপুনি তড়িলা তুমি আনকো তাড়িলা।।১৪।।
কৃষ্ণৰ চৰণে তুমি পৰম ভকত।।
যদ্যপি জানিতে হোৱা আপুনি শকত।।
তথাপি পুছিলা তুমি লোক উপকাৰে।
ইটো কথা শুনি ভণি তড়োক সংসাৰে।।১৫।।
নৃপতিক প্রশংসিয়া স্থিৰ কৰি মন।
হৃদয়ত চিন্তিলন্ত কৃষ্ণৰ চৰণ।।
জয় কৃষ্ণ জয় কৃষ্ণ মুখে উচ্চাৰিলা।
পুৰাতন কথা কহিবাকআৰম্ভিলা।।১৬।।
কহিবো নৃপতি সৃষ্টি লীলা কথা পাছে।
শুনা যেনমতে বসুমতী ৰহি আছে।।
পৃথিৱীৰ অধে সাত পাতালৰ তলে।
ব্রহ্মাণ্ডক বেঢ়িয়া কেৱলে আছে জলে।।১৭।।
কূৰ্ম্মৰূপে হৰি আছা জলৰ উপৰে।
পঞ্চাশ কোটি প্রহৰ বহল কলেৱৰে।।
কুৰ্ম্মৰ উপৰে সৰ্ব্বৰূপে ভগৱন্ত।
হাজাৰেক ফণা সমে আছন্ত অনন্ত।।১৮।।
সূৰ্য্য সম জ্বলৈ মহা ফণী মণি যত।
শৃঙ্গে সমন্বিতে যেন ধৱল পৰ্ব্বত।।
তাৰ আঠ ফণা আট দিশে গৈল বহি।।
আছে আঠ দিগ্গজ উপৰে তাৰ ৰহি।।১৯।।
দ্বাদশ হাজাৰ প্ৰহৰৰ পন্থ কায়।
দেৱাসুৰ নাগগণে জপন্ত সদায়।।
বলৰ দৰ্পত আতি মহালীলা কৰি।
আঠো আঠ পৰ্ব্বত পিঠিত আছে ধৰি।।২০৷৷
পৰ্ব্বতৰ উপৰত সসাগৰা মহী।
যেন চাঙ্গখান আলগতে আছে ৰহি।।
যি দিশৰ দিগগজ লৰাৱে নিজ কায়।
সি দিশৰ পৰা জানা ভূমিকম্প যায়।।২১।।
যেতিক্ষণে তোলৈ হামি কচ্ছপ অনন্তে।
সাতোখান মেৰু মহী মন্দৰ পৰ্যন্তে।।
সাগৰ সহিতে সৱে কৰৈ টলবল।
দেখিয়ো কৃষ্ণৰ ইটো যোগমায়াবল।।২২।।
........
।।মহাপ্রলয়ৰ কথা।।
কহিলো তোহ্মাত পৃথিৱীৰ স্থিতি কথা
মহা প্রলয়ৰ আৱে শুনিয়ো ব্যৱস্থা।।
যেৱে গৈলা এক শত বৰিষ ব্ৰহ্মাৰ।
ৰুদ্ৰৰূপে কৰে হৰে জগত সংহাৰ৷৷২৩৷৷
অধে উর্দ্ধে শৰীৰৰ নেদেখি প্রমাণ।
ভ্রুকুটি কুটিল মুখ দেখি হৰে প্রাণ।।
আউল জাউল জটাজুট হাতত ত্রিশূল।
ঘোৰ মূৰ্ত্তি ধৰি কৰে প্ৰজাক নির্মূল।।২৪।।
কিলকিল কৰি হাসৈ নৰ মুণ্ডমালী।
পৰ্ব্বতৰ শৃঙ্গ যেন দান্ত দুই পালি।।
সহস্র সহস্র প্রজা মুখে ধৰি ডাটি।
মৰমৰি মুণ্ড চোবাৱন্ত দান্তে আতি।।২৫।।
জঙ্কাৰন্ত মাথা স্বর্গবাসী যায় দূৰ।
চৰণৰ প্রহাৰে পৰ্ব্বত হোৱে চুৰ।।
ঘোৰ ৰিঙ্গ দিয়া দিগ্গজক খোঞ্চা মাৰি।
উপৰক তুলি নচুৱান্ত ক্ৰিপুৰাৰি।।২৬।।
ৰুধিৰে দিগিধ দেহা কৰি ঘোৰ ধ্বনি।
তিনি গোটা চক্ষু যেন জ্বলন্ত অগনি।।
তেজে ঘোৰ আটাস নির্ঘাত বজ্ৰ পৰে।
স্বর্গ-মর্ত্য পাতাল একত্র হুয়া লড়ে৷৷২৭।।
জগত সংহৰে হৰে পৰম বিক্রম।
অন্তকৰো অন্তক যমৰো মহাযম।।
এহিমতে ৰুদ্রে যেৱে প্রজা সংহাৰয়।
শুনা আৰো যেনমতে মিলিলা প্রলয়।।২৮।।
বাহ্রয় বৰিষ মানে ভৈলা অনাবৃষ্টি।
নোপজয় শস্য নষ্ট হোৱে প্রজা সৃষ্টি৷৷
বাহ্র গোটা সূৰ্য্যে তাপ কৰে একেবাৰে।
বহয় শোষক বায়ু হৃদয় বিদাৰে।।২৯৷৷
সাগৰকো শুষিলা সূৰ্য্যৰ ৰশ্মিজালে।
জগত প্রলয় যায় গ্রাসি আসে কালে।।
বায়ু সূর্য্যে নিশক্ত কৰিলা যেৱে ৰাজ।
অনন্তৰ মুখৰ অগনিহোৱে বাজ।।৩০।।
হাজাৰেক মুখে বিষ বহ্নি বাজ হুই।
পাতালকো দহিয়া উদ্ধক উধাই জুই।।
সাতা পৃথিৱীত বহ্নি লাগিলেক ছানি।
পোড়ৈ সাতো স্বর্গ যেন তুলাত অগনি।।৩১।।
ব্রহ্মাণ্ডক দহিলেক বাহিৰে ভিতৰে।
তপত লোহড়া যেন দেখি নিৰন্তৰে।।
ৰক্তবর্ণ ব্রহ্মাণ্ড বহ্নিৰ পায়া চোট।
দেখি যেন দগধ গোময় পিণ্ড গোট।।৩২।।
জগতক দহি যেৱে বহ্নি ভৈল শান্ত।
বাহ্ৰয় বৰিষ মেঘে বৰিষে একান্ত।।
দোৰ্ঘোৰ শবদে পৰৈ চৌপাশে নির্ঘাত।
মেঘৰ গৰ্জনে ঘনে ঘনে বজ্রপাত।।৩৩।।
বৰিষয় শিলাসৱ পৰ্ব্বত আকাৰ।
কৰৈ মহা প্রলয় প্রাণীৰ ক্ষয়ঙ্কাৰ।।
প্রমত্ত হস্তীৰ শুণ্ডে যেন ধাৰা জল।
অবিচ্ছেদে পৰি চৰাচৰে গৈলা তল।।৩৪।।
দশোদিশে পুৰি জল উৰ্দ্ধক উধাইল।
ব্রহ্মাণ্ড গোটক গৈয়া ক্ষণেকে বুড়াইল।।
অগনিৰ দাহে চূর্ণীকৃত ভৈল অণ্ড।
জলতে মিসাইলা ইটো মহামহীখণ্ড।।৩৫।।
অগনিত পশি জল সমস্তে শুখাইল।
বায়ুত পশিয়া পাচে বহ্নিয়ো লুকাইল।।
মহা বায়ু লীন গৈল মহা আকাশত।
আকাশো পশিল অহঙ্কাৰৰ গৰ্ভত।।৩৬।।
মহত্ত্বত লীন গৈল মহা অহঙ্কাৰ।
মহত্ত্ব পশিলা প্রকৃতিত পুনৰ্ব্বাৰ।।
মহাপ্রকৃতিয়ো পুৰুষতে গৈলা লীন।
নথাকিল আন একো পুৰুষত ভিন।।৩৭।।
নাহি জল নাহি স্থল নাহিকে আকাশ।
নাহি মহা বায়ু মহা সূৰ্যৰ প্ৰকাশ।।
নাহি শীত উষ্ণ ঋতু নাহি ৰাত্রি দিন।
সমস্তে সংসাৰ গৈল ঈশ্বৰতে লীন।।৩৮।।
প্রকৃতিৰো ঈশ্বৰ পুৰুষ স্বতন্তৰ।
নাহি যিটো ব্ৰহ্মৰ বাহিৰ অভ্যন্তৰ।।
জগতৰ জীৱ উদৰতে দিয়া বাস।
কেৱলে ঈশ্বৰ কৃষ্ণ কৰন্ত প্রকাশ।।৩৯৷৷
অনাদি ঈশ্বৰ যিটো ব্ৰহ্ম নিৰঞ্জন।
জ্ঞানময় আনন্দ যে সত্য সনাতন।।
নয়ন কমল মুদি যোগ নিদ্রা ছলে।
আপুনাকে চিন্তি মাত্র আছন্ত কেৱলে।।৪০৷৷
।।সৃষ্টি-লীলা৷।
অনেক সহস্র যুগ এহিমতে গৈল।
দুনাই ঈশ্বৰৰ সৃষ্টিক ইচ্ছা ভৈল।।
একেশ্বৰে আছো আমি আদি নিৰঞ্জন।
সৃষ্টি নাহি আহ্মাক যে নকৰে শোভন।।৪১৷৷
চৈধ্যয় ভুৱন হৃদয়তে দিলো ঠাই।
প্রকৃতি দেৱীও আছা গৰ্ভতে লুকাই।।
জড় হুয়া আছে তাৰ নাহিকে চেতন।
আমি মহা চৈতন্য পুৰুষ নিৰঞ্জন।।৪২।।
একেশ্বৰে থাকি আমি কৰো কোন কাজ।
শৰীৰৰ পৰা সৱে জীৱ হৌক বাজ।।
মায়াৰ হাতত কৰাঞো জগত প্রকাশ।
কৰো সৃষ্টি-লীলা আৱে বিনোদ বিলাস।।৪৩।।
এহি বুলি মেলি পদ্ম নয়ন অনন্তে।
মায়াক কটাক্ষে চাহিলন্ত ভগৱন্তে।।
জড় প্রকৃতিতো কৰিলন্ত জীৱ দান।
অষ্ট গুণ তেজ ষোহ্ল গুণ ভৈল প্রাণ।।৪৪।।
সৃষ্টি কৰিবাক ঈশ্বৰৰ ইচ্ছা কাজ।
পুৰুষৰ পৰা মহামায়া ভৈল বাজ।।
অনাদি ৰূপিণী ঈশ্বৰৰ অদ্ধ কায়।
ব্যক্ত ভৈলা মহামায়া সৃষ্টিক উপায়।।৪৫৷৷
পৰমা সুন্দৰী দেৱী দিব্য নাৰীৱেশ।
কটাক্ষতে মোহ যায় জগত নিশেষ।।
কেয়ূৰ কঙ্কণ ৰত্নময় হেমহাৰ।
কিৰীটি কুণ্ডলে আতি কৰে জাতিষ্কাৰ।।৪৬।
ৰুণঝুণ কৰি বাজে পাৱত নূপুৰ।
ৰূপ দেখি মদনৰো দৰ্প হোৱে চুৰ।।
চাহন নযায় যে দেৱীৰ মহাজ্যোতি।
কোটি এক শশী সম প্রকাশে প্রকৃতি৷৷৪৭৷৷
প্রণিপাতে পুৰুষক কৰিয়া সেৱলি।
আগত বিনাৱে মায়া কৰি কৃতাঞ্জলি।।
কোন কৰ্ম্ম কৰো আৱে কৰিয়ো আদেশ।
হেন শুনি হাসি বুলিলন্ত হৃষীকেশ।।৪৮৷৷
শুনিয়ো প্রকৃতি একো গুণে নোহা হীন।
তোহ্মাৰে আন্ধাৰে কিঞ্চিতেকো নাহি ভিন৷৷
মোৰ নিজ শকতি সাক্ষাতে দেখো প্রাণ।
সত্বৰে কৰিয়ো মায়া জগত নিৰ্মাণ।।৪৯।।
তোহ্মাক জগাইলো আমি এহি অভিপ্রায়।
জানিয়োক ভালে তুমি মোৰ অৰ্দ্ধ কায়।।
তোহ্মাৰে আহ্মাৰে কিছো নাহি ভিন্নাভিন্ন।
মোতে যাতো লীন যাহা এহি মাত্র হীন।।৫০।।
সত্বৰে কৰিয়ো মায়া জগত প্রকাশ।
আমিও কৰিবো তাতে বিনোদ বিলাস।।
হেন শুনি প্রকৃতি জুৰিলা যোৰহাত।
সৃষ্টিৰ কাৰ্য্যক দায় লাগিল তোহ্মাত।।৫১।
ঈশ্বৰ কটাক্ষে দেৱী ভৈলা গৰ্ভৱতী।
প্রকৃতিৰ পুত্ৰ ভৈলা মহত্ত্ব উতপতি।।
মহত্ত্বৰো তিনি পুত্র ভৈলা অনুপাম।
শুনিয়ো তিনিৰো কহো যাৰ যিবা নাম।।৫২৷৷
তিনি গুণে তিনি তত্ত্ব ভৈল অৱতাৰ।
তামসিক ৰাজস সাত্ত্বিক অহঙ্কাৰ।।
এহি তিনি পুত্র তান জগতে প্রখ্যাত।
শুনা যাত হন্তে যিবা সৃষ্টি ভৈলা জাত।।৫৩৷৷
তামসত হন্তে শব্দ গুণৰ প্রকাশ।
শবদৰো পুত্ৰ ভৈলা নামত আকাশ।।
আকাশত হন্তে পৰশৰ উতপতি।
পৰশৰ পুত্ৰ ভৈলা বায়ু মহামতি৷৷৫৪৷৷
বায়ু হন্তে ৰূপ নামে পুত্ৰ অৱতাৰ।
ৰূপৰ তনয় ভৈলা অগ্নি চমৎকাৰ।।
অগনিৰ পুত্ৰ ভৈলা ৰস মহামতি।
ৰস গুণ হন্তে পাছে জল উতপতি।।৫৫৷৷
জলে উতপতি ভৈলা গন্ধ গুণ নাম।
গন্ধ গুণ হন্তে বসুমতী অনুপাম।।
পঞ্চভূত পঞ্চ গুণ কহিলো ব্যৱস্থা।
আৱে শুনা ৰাজসিক সাত্ত্বিকৰ কথা৷৷৫৬।।
ৰাজসত হন্তে দশেন্দ্রিয় ভৈল জাত।
দশোবিধ নাম ৰাজা কহিবো তোহ্মাত।।
চক্ষু কর্ণ নাসা মুখ চৰ্ম্ম জিহ্বা হাত।
পদ্য গুহ্য লিঙ্গ এহি দশৰো প্ৰখ্যাত।।৫৭।।
এৱে কহো শুনিয়োক সাত্ত্বিকৰ কথা।
যি দেৱ ভৈলা যি ইন্দ্ৰিয়ৰ অধিষ্ঠাতা।।
সৃষ্টি কথা কহো নকৰিবা আন চিত্ত।
ভিন্ন ভিন্ন কৰি কহো শুনা পৰীক্ষিত।।৫৮ ।।
সাত্ত্বিকত হন্তে দশ দেৱ উতপতি।
বায়ু বহ্নি বিষ্ণু ইন্দ্ৰ দিশ প্রজাপতি।।
অশ্বিনীকুমাৰ মিত্ৰ আদিত্য বৰুণ।
এহি অধিষ্ঠাতা দশ দেৱ সত্ত্ব গুণ।।৫৯।।
চক্ষু অধিষ্ঠাতা যে আদিত্য জ্যোতির্ময়।
কর্ণ অধিষ্ঠাতা দিশ জানিবা নিশ্চয়।।
নাসিকাৰ অধিষ্ঠাতা অশ্বিনীকুমাৰ।
বাক্য অধিষ্ঠাতা ভৈলা বহ্নি নাম যাৰ।।৬০৷৷
চৰ্ম্ম অধিষ্ঠাতা বায়ু ভৈল সত্ত্বগুণ।
জিহ্বা অধিষ্ঠাতা যেৱে ভৈলন্ত বৰুণ।
হস্ত অধিষ্ঠাতা ভৈল ইন্দ্ৰ সুৰপতি।
পদে বিষ্ণু গুহ্যে মিত্র লিঙ্গে প্রজাপতি।।৬১৷৷
হৃদয়ত থাকি কৰে ভাল মন্দ কাম।
একে মন চাৰি ৰূপ শুনা তাৰ নাম।।
মন বুদ্ধি অহঙ্কাৰ আৰো জানা চিত।
এহি চাৰি নাম শুনা ভৈলন্ত বিদিত৷৷৬২।।
।।মনৰ সৃষ্টি।।
শুক নিগদতি ৰাজা শুনিয়ো ব্যৱস্থা।
যি বেলাৰ যিবা নাম তাৰ কহো কথা।।
নানা কৰ্ম্ম কৰিবাক কৰে আলোচন।
একো কৰ্ম্ম স্থিৰ নোহে তাক বুলি মন।।৬৩৷৷
সংকল্প বিকল্প কর্ম কৰয় নিশ্চয়।
বুদ্ধি নাম বুলি তাক জানিবা নির্ণয়।।
সমস্ত কাৰ্য্যক মঞি কৰো বুলি মানে।
অহঙ্কাৰ বুলি তাক জানিবা আপুনে।।৬৪৷৷
নানা সদকৰ্ম্মক কৰয় নিতে নিত।
নিশ্চয়ে জানিবা ৰাজা তাৰ নাম চিত্ত।।
আৰো যে মনৰ কথা শুনিয়ো আপেক্ষি।
কাচিলে নটক যেন ভিন্নৰূপ দেখি।।৬৫।।
মনৰ কল্পনা ইটো সমস্তে সংসাৰ।
জাগন স্বপন নিদ্রা তিনি বৃত্তি সাৰ।।
আছে মন সমস্তে প্রাণীৰ হৃদয়ত।
ঈশ্বৰৰ প্রতিবিম্ব লাগিছে মনত।।৬৬।।
তাকে বুলি জীৱ মন এৰে ভিন্ন নুই।
এক পিণ্ড ভৈলা যেন লোহা অগ্নি দুই।।
মনে দুখ পাইলে জীৱে বোলে মঞি পাঞো।
মনে যৈক যাঞো জীৱে বোলে মঞি যাঞো।।৬৭।।
মনে যিবা কৰে জীৱ বোলে মঞি কৰো।
মনৰ মৰণে জীৱ বোলে মঞি মৰো।।
যেন সূৰ্য্য বিম্ব লৰে জলৰ লগত।
জল স্থিৰ ভৈলে বিম্ব থাকে পূৰ্ব্বৱত।।৬৮।।
মনৰ কৰ্ম্মক যিটো মোৰ বুলি মানে।
কৰ্ম্মপাশে বন্দী জীৱ এহিসে নিদানে।।
আত্মাৰ প্রসঙ্গে মন ভৈল সচেতন।
মনতেসে আছে জানা চৈধ্যয় ভুৱন।।৬৯।।
মনে পাপ পুণ্য স্বর্গ মনেসে নৰক।
মনেসে কৰিছে ভেদ আপোন পৰক।।
যতেক ইন্দ্রিয়গণ মনৰ অধীন।
মনৰেসে আজ্ঞা পালি থাকে ৰাত্রি দিন।।৭০।।
মনে উপজয় জানা মনেসে মৰণ।
মনুষ্যৰ মনে মোক্ষ বন্ধৰ কাৰণ।।
যাৱে নানা দেৱ ধৰ্ম্ম মনৰ প্রবন্ধ।
তাৱে বন্দী থাকে জীৱ নেৰাই কৰ্ম্মবন্ধ।।৭১।
আৰো কহো শুনিয়ো মনৰ কিছু কথা।
ই চাৰিৰো ভৈলা কোন দেৱ অধিষ্ঠাতা।।
মন অধিষ্ঠাতা চন্দ্র শুনা নৃপবৰ।
বুদ্ধি অধিষ্ঠাতা ভৈলা ব্রহ্মা সৃষ্টিকৰ।।৭২৷৷
অহঙ্কাৰ অধিষ্ঠাতা ৰুদ্ৰ যাৰ নাম।
চিত্ত অধিষ্ঠাতা বাসুদেৱ অনুপাম।।
যাৰ মনে লৈল এক শৰণ কৃষ্ণত।
অপ্রয়াসে পাৱে মোক্ষ সি সি সংসাৰত।।৭৩।।
আন ধৰ্ম্ম নাহি আৰ জানা নিষ্ঠ কৰি।
কৃষ্ণ কৃষ্ণ বুলিলেসে সংসাৰক তড়ি।।
কৰিও মনত বশ্য বিদূৰ সম্প্রতি।
কৃষ্ণৰ চৰণ চিন্তি সুখে সাধা গতি।। ৭৪।।
৷৷চৈধ্যভুৱন সৃষ্টি।।
থাকোক মনৰ কথা আৱে এহিমানে।
শুনা সৃষ্টি হৰিৰ বিনোদ বিদ্যমানে।।
গন্ধ গুণ পৰশ শবদ ৰূপ ৰস।।
এঘাৰ ইন্দ্রিয় সমে বিকাৰ ষোড়শ।।৭৫।।
পঞ্চভুত প্রকৃতি মহত্ত্ব অহঙ্কাৰ।
চৌবিশ তত্ত্বৰ কথা কৰিবো প্রচাৰ।।
এহি ক্ৰমে স্ৰজিলা চৌবিশ মহা তত্ত্ব।
ব্রহ্মাণ্ড স্ৰজিতে কেহো নুহিকে শকত।।৭৬।
কৃষ্ণক কৰিলা স্তুতি পাছে তত্ত্বগণ।
জীৱৰূপে সৱাতো পশিলা নাৰায়ণ।
জগতৰ কাৰণ চৌবিশ মহা তত্ত্ব।
ঈশ্বৰৰ ইচ্ছায়ে সৱে ভৈলা একমত।।৭৭।।
সৱে মিলি ব্রহ্মাণ্ডক কৰিলা নির্মাণ।
বহলে পঞ্চাশ কোটি প্রহৰ প্রমাণ।
এক কোটি সূৰ্য্যে যেন সম্যকে প্রকাশি।
সুৱৰ্ণৰ ব্ৰহ্মাণ্ড জলতে ফুৰৈ ভাসি৷৷৭৮।।
ব্রহ্মাণ্ড বেঢ়িছে পৃথিৱী আৱৰণে।
তাক বেঢ়ি আছে জলে জানা বিদ্যমানে।।
মহাজ্যোতি আৱৰিয়া আছয় সকল।
জ্যোতিক আৱৰি আছে বায়ু মহাবল।।৭৯৷৷
আৱৰিয়া বায়ুকো আকাশ অনিৰ্বাৰ।
আকাশকো আৱৰিয়া মহা অহঙ্কাৰ।।
বেঢ়ি অহঙ্কাৰকো মহত্ত্ব ৰৈলা পাছে।
মহত্ত্বকো আৱৰি প্রকৃতি দেৱী আছে।।৮০।।
এহিমতে বেঢ়ি আছে সাতো আৱৰণে।
পশিলা ভিতৰে তাৰ দেৱ নাৰায়ণে।।
সৰ্ব্ব শূন্য ব্রহ্মাণ্ড নাহিকে চৰাচৰ।
দেখিয়া কটাক্ষে চাইলা মায়াক ঈশ্বৰ।।৮১।।
ছন্নক কৰিলি তঞি মোৰ আজ্ঞা বাণী।
ব্রহ্মাণ্ডত নাহি একো চৰাচৰ প্রাণী।।
মঞি লীলা কৰিবো তোহোৰ নাহি ইচ্ছা।
যতেক বুলিলো বাক্য সৱে দেখো মিছা।।৮২।।
ঈশ্বৰৰ কটাক্ষে প্রকৃতি ভয়ে ভীত।।
সাত খণ্ড স্বর্গ তৈতে নির্মিলা ত্বৰিত।
সাত দিব্য পুৰী ইটো আতি অনুপাম।
যৈত যিবা বঞ্চিব সৱাৰো শুনা নাম।।৮৩।।
কহিবোহো নৃপতি সমস্তে শুনিয়োক।
কিন্নৰ নৰৰ বাসা হৈবেক ভূলোক।
গন্ধৰ্ব্ব লোকৰ ভুৱ লোকে হুইব স্থিতি।
স্বৰ্ল্লোকত ইন্দ্র দশ দিগপাল পতি।। ৮৪।
মহল্লোকে ধ্ৰুৱ আৰো হৃদি নাৰায়ণ।
জনলোকে থাকিবন্ত মহামুনিগণ।।
তপলোকে মহা মহা সিদ্ধিৰ প্রকাশ।
সত্যলোকে হুইৱ ব্রহ্মদেৱৰ নিৱাস।। ৮৫।।
ব্ৰহ্মাৰো উপৰে হুইব শিৱৰ নিলয়।
হৰৰ উপৰে বিষ্ণুলোক ৰত্নময়।।
ভৈল গৃহ সহস্র যোজন পথ জুৰি।
একে সত্যলোকে তিনি দেৱতাৰ পুৰী।। ৮৬৷৷
সৱাৰো উপৰে কৰৈ বৈকুণ্ঠ প্রকাশ।
চৈধ্য ভুৱনৰ বাজ কৃষ্ণৰ নিৱাস।।
ৰত্নময় বিমানত পৰম নিৰুজ।
শাৰী শাৰী প্ৰকাশৈ ভকত চতুর্ভুজ।।৮৭।।
ৰঙ্গে সঙ্গে লৈয়া লক্ষ্মীসম নাৰীগণ।
মহাপ্রেম ভাৱে কৰে কৃষ্ণৰ কীৰ্ত্তন।।
যিটো স্থানে নাহি মহা কালৰ বিক্রম।
ভকতেসে পাৱৈ সিটো দেৱৰ দুৰ্গম।।৮৮৷৷
সীমা সংখ্যা নাহি যতদূৰ আছৈ জুৰি।
নাহি তাৰ মায়া মোহ ব্রহ্মময় পুৰী।।
জ্ঞানী কৰ্ম্মী কদাচিত নপাৱন্ত গই।।
ভকতৰ নিমিত্তে মাধৱে আছে থই।। ৮৯৷৷
যদি খসি পৰে কোটি কোটি ব্রহ্মাগণ।
বৈকুণ্ঠবাসীৰ নাহি তথাপি পতন।।
.......................
।। পাতালৰ সৃষ্টি ।।
ৰাজাত কহন্ত শুক মহা মুনিবৰে।
পাতালৰ সৃষ্টি শুনা আত অনন্তৰে।। ৯০।।
দ্বাদশ হাজাৰ পৰ মাজত আকাশ।
তাক কহো যৈত যিবা কৰিবা নিৱাস।।
অতলত ময়ৰ তনয় মহাবল।
পাৰ্ব্বতী সহিতে হৰে লৈলন্ত বিতল।। ৯১।।
সুতলক পাইলে বলি হৰি ভক্তি কৰি।
দ্বাৰতে আছন্ত বিষ্ণু কৰে গদা ধৰি।।
বলিসে ছলিলা মাধৱক ভক্তিভাৱে।
সদায়ে কৰিলা সেৱা গোৱিন্দৰ পাৱে।। ৯২।।
তলাতলে বঞ্চিলন্ত বিশ্বকর্মা ময়।
মহাতলে তক্ষক প্রভৃতি সর্পচয়।।
ৰসাতলে হুইবে দৈত্য দানৱৰ ভাগ।
পাতালত বাসুকী প্রমুখ্যে যত নাগ।। ৯৩৷৷
ত্রিংশ হাজাৰ পৰ তাহাৰ অধত।
আছন্ত অনন্ত কচ্ছপৰ উপৰত।।
চৈধ্যয় ভুৱনে যাৰ নপাৱন্ত অন্ত।
এহিসে কাৰণে তাঙ্কে বোলন্ত অনন্ত।।৯৪।।
সুৰাসুৰ নাগে সেৱা কৰে নিৰন্তৰ।
সহস্রেক ফণা যাৰ দেখি ভয়ঙ্কৰ।।
সাতো পৃথিৱীক ধৰি এগোটা ফণাত।
শ্বেত সর্পক যেন দেখিয় সাক্ষাত।।৯৫৷৷
এহি সাতো পাতালক অনুক্রমে দেখা।।
সাত খণ্ড পৃথিৱীৰ আৱে লৈয়ো লেখা।।
জন্ধু প্লক্ষ কুশ ক্রৌঞ্চ শাক যাৰ নাম।
শাল্মলী পুষ্কৰ দ্বীপ আতি অনুপাম।।৯৬।।
আছৈ সাতো দ্বীপ সাগৰৰ চাৰি কাছে।
সাত খান সাগৰে সাতকো বেঢ়ি আছে।।
লোণ গুড় সুৰা ঘৃত দধি দুদ্ধ জল।
পাছক লাগিয়া সৱে দুগুণ বহল।।৯৭।।
জম্বুদ্বীপ মধ্যে আছে মেৰু পৰ্ব্বতেক।
তাহাৰ মহিমা ৰাজা কহিবো কতেক।।
কৰৈ কান্তি পদ্মৰ কণিকা যেন স্থান।
অধে উৰ্দ্ধে এক লক্ষ প্রহৰ প্রমাণ।।৯৮।।
চৌৰাশী হাজাৰ উপৰক আছে উড়ি।
ষোড়শ হাজাৰ পোত গৈয়া আছে গুড়ি।।
চৌত্রিশ হাজাৰ পৰ বেঢ় উপৰত।
ষোড়শ হাজাৰ বেঢ় তাহাৰ তলত।।৯৯।।
মেৰুৰ মূলক বেঢ়ি পৰ্ব্বত যতেক।
আছৈ তাৰ নাম কহো শুনিয়ে প্রত্যেক।।
বৈকুণ্ঠ কুসুম শৃঙ্গ কুৰুবক ৰঙ্গ।
ত্রিকূট শিশিৰ শঙ্খ কপিল পতঙ্গ।।১০০।।
বৈদুৰ্য্য জাৰুধি নাগ ঋষভ অপৰ।
শিশিৰা সনিখা চক কালকুঞ্জ জৰ।।
আছে আৰো নামত নাৰদ গিৰিবৰ।
পদ্মৰ কর্ণিকা যেন চৌপাশে কেশৰ।।১০১।।
মেৰুৰ চৌপাশে আছে চাৰিটা পৰ্ব্বত।
তাৰ নাম কহো শুনা তোহ্মাৰ আগত।।
চাৰি পাশে চাৰি ধোঙ্কা পৰ্ব্বত সুন্দৰ।
সুপার্শ্ব কুমুদ মেৰু মন্দাৰ মন্দৰ।। ১০২।
চাৰিৰো উপৰে চাৰি বৃক্ষ অনুপাম।
শুনিয়োক নৃপতি চাৰিৰো কহো নাম।।
সুপাৰ্শ্বক শোভা কৰে কদম্বৰ গাছে।
কুমুদ গিৰিত মহা বটবৃক্ষ আছে।। ১০৩।।
মন্দৰ পৰ্ব্বতে আছে মহা বৃক্ষ আম।
মেৰু মন্দাৰত আছে জম্বু যাৰ নাম।।
শুক নিগদতি ৰাজা কহো সপ্রমাণ।
মেৰু মন্দাৰৰ জম্বু বৃক্ষ যেন ঠান।। ০৪।।
শতেক যোজন সিটো উচ্ছিত বহল।
প্রমত্ত হস্তীৰ সম একো গোটা ফল।।
পকা ফল খসিয়া শিলাত পৰে গই।
তাৰ ৰসে মহা নদী এক যায় বই।।১০৫।।
গভীৰ নিৰ্ম্মল জল আতি অনুপাম।
জম্বু ৰসে নদী বহে জম্মু নদী নাম।।
দেৱ ঋষি গন্ধৰ্ব্ব স্নানন্ত নিৰন্তৰ।
জন্ধু নদী সম আন নাহি সমসৰ।।১০৬।।
তাহাৰ তীৰত মাটি আছে যত মান।
বহ্নিত ফুঙ্কিলে সোণা হৱে ষোহ্লাবান।।
দেৱৰ ভূষণ তাক নপাৱয় আন।
কহে শুক মুনি নৃপতিত বিদ্যমান।।১০৭।।
ভাগ ভাগ কৰিয়া বৰিষ নৱ খণ্ড।
আছে আঠ পৰ্ব্বত তাহাৰ সীমাদণ্ড।।
হিমৱন্ত হেমকূট নৈষেধ দক্ষিণে।
নীল শ্বেত শৃঙ্গ আছৈ উত্তৰত ভিন্নে।।১০৮।
পশ্চিমে গন্ধমাদন পূৱে মাল্যৱন্ত।
শুকমুনি ৰাজা পৰীক্ষিতত কহন্ত।।
এহি আঠ পৰ্ব্বত যে আতি অনুপাম।
যিমান উচ্ছিত ৰাজা তাৰ কহো নাম।।১০৯।।
দ্বাদশ হাজাৰ উপৰক আছৈ উড়ি।
দীর্ঘে পূৱ পশ্চিমে সাগৰে আছে জুৰি।।
বহলে হাজাৰ দুই প্রহৰৰ পথ।
নৱ বৰিষৰ নাম শুনিয়ো সমস্ত।।১১০।।
দক্ষিণে ভাৰত কিম্পুৰুষ তাত পৰে।
আছে হৰি বৰিষ তাহাত অনন্তৰে।।
কেতুমালা ভদ্রাশ্ব মধ্যত ইলাবৃত।
আছৈ মেৰু মূলত বৰিষ বিপৰীত।।১১১।।
উত্তৰত ৰম্যক হিৰণ্যময় আছে।
প্রকাশে উত্তৰ কুৰু জানা তাত পাছে।।
সৱাতো অধিক ইটো ভাৰত বৰিষ।
যাত জন্ম লভিবাক দেৱৰে হৰিষ।। ১১২।।
নলাগে আহ্মাক স্বৰ্গৰ কল্পসীমা বাস।
ভাৰতত জন্মিলে অল্পতে হৈবো নাশ।।
ভাৰতত জন্মি যেন পাৱে নৱনিধি।।
দুই দণ্ড ভকতি কৰিলে হোৱে সিদ্ধি।।১১৩।।
ভাৰতৰ নৰে আছৈ কিনো পুণ্য কৰি।
তাসম্বত কেনমতে তুষ্ট ভৈলা হৰি।।
ৰাত্রি দিনে আমি বাঞ্ছা কৰো যাক লাগি।
হেন ভাৰতক পাইলে কিনো পুণ্যভাগি।। ১১৪।।
ছাৰ স্বর্গ সুখ আমি খুজিলো নজানি।
কদাচিতো মুখে নাসে ৰামকৃষ্ণ বামী।।
হা হৰি কৈসানিনো লভিবো ভাৰত।
কৰিবো ভকতি মাত্র কৃষ্ণ চৰণত।। ১১৫।।
এহি বুলি দেৱে ক্ষেণে ক্ষণে বাঞ্ছা কৰে।।
তাক নকহিলো পদ বাহুল্যক ডৰে।।
এহি নৱ বৰিষ কহিলো সৱে সীমা।
শুনা ভাৰতৰ যেন পৰম মহিমা।।১১৬।।
ৰাজাক কহন্ত শুক মহামুনিবৰে।
নাহি পুণ্যভূমি আৰ ভাৰতত পৰে।।
ভাৰতৰ নৰে অপ্রয়াসে সাধৈ গতি।
যদি এক চিত্তে কৰে হৰিত ভকতি৷৷১১৭।।
ভাৰতত জন্ম আতি কলিত অধিক।
যেন তেনমতে মাত্র ভজোক হৰিক।।
এতেকে পৰম গতি দেন্ত নাৰায়ণ।
নোযোৰয় ভাৰতক চৈধ্যয় ভুৱন।।১১৮।।
হেন জম্বুদ্বীপ নৱ বৰিষে সহিত।
ঈশ্বৰৰ ইচ্ছা কাৰ্য্য প্রকৃতি নিৰ্ম্মিত।।
যাত নৱ মুত্তি হৰি কৰিছা নিৱাস।
সৱাতো অধিক জম্বুদ্বীপৰ প্ৰকাশ।।১১৯।।
দীর্ঘে প্রস্থে এক লক্ষ প্রহৰ প্রমাণ।
স্বৰ্গতে অধিক জম্বুদ্বীপ মহাস্থান।
বেঢ়ি আছে চতুর্ভিতে লৱণ সাগৰে।
প্লক্ষ নামে দুনাই দ্বীপ আছে তাত পৰে।।১২০৷৷
তাক বেঢ়ি আছে গুৰ সাগৰৰ জলে।
তাত পৰে কুশ নামে দ্বীপ দুনাই বলে।।
তাক বেঢ়ি আছে মহা সুৰাৰ সাগৰে।
আছে ক্রৌঞ্চ নামে দ্বীপ তাত অনন্তৰে।।১২১৷৷
ঘৃতৰ সাগৰে তাক বেঢ়িছে চৌপাশে।
শাক নামে দ্বীপ আৰো সিপাৰে প্রকাশে।
দধিৰ সাগৰে তাক বেঢ়িছে চৌভিতি।
আছোক ভুঞ্জিবে তাক দেখন্তে তৃপিতি।।১২২।।
শাল্মলী দ্বীপেক আৰো আছে তাত পৰে।
তাকো বেঢ়ি আছে মহা দুগ্ধৰ সাগৰে।
প্রকাশে পুষ্কৰ দ্বীপ তাৰো চাৰি কাছে।
তাক জল সাগৰে চৌভিতি বেঢ়ি আছে।।১২৩।।
সাত দ্বীপ সাত সাগৰৰ এহি স্থিতি।
দুগুণে কাঞ্চন ভূমি আছৈ চতুভিতি।।
তাক বেঢ়ি আছয় পৰ্ব্বত লোকালোক।
তাৰ সিভিতিৰ কথা সৱে শুনিয়োক।।১২৪৷৷
পৰ্ব্বতৰ বাহিৰত ঘোৰ অন্ধকাৰ।
নাহি একো আৰ তাত প্ৰাণীৰ সঞ্চাৰ।।
ভিতৰত লোক তাৰ বাহিৰে অলোক।
পৰ্ব্বতক সিহেতু বোলয় লোকালোক।।১২৫।
অধে উর্দ্ধে বাহিৰত ঘোৰ অন্ধকাৰ।
নাহি চন্দ্র সূৰ্য্য একো প্ৰাণীৰ সঞ্চাৰ।।
মহাজ্যোতিপুঞ্জ আছে তাহাৰ সিভিতি।
দেৱে দেখিবাক যাৰ নপাৱে দীপিতি।।১২৬।।
তাক বেঢ়ি আছে মহাজলে বহুদূৰ।
তাহাৰ ভিতৰে আছে মহাকালপুৰ।।
মহাৰত্নময় তাতে আছৈ গৃহ এক।
লগাই আছে স্ফটিকৰ স্তম্ভ হাজাৰেক।।১২৭।।
গৃহৰ মধ্যত মহা অনন্ত শয্যাত।
একৰূপে ঈশ্বৰ পুৰুষ আছে তাত।।
জলকো চৌভিতি বেঢ়ি আছয় ব্রহ্মাণ্ড।।
বহলে বঞ্চাশ কোটি পৰ মহীখণ্ড।।১২৮৷৷
কহিলো প্রমাণ পৃথিৱীৰ হেন স্থান।
আৱে ব্ৰহ্ম সৃষ্টি কহো শুনা বিদ্যমান।।
এহি মতে ত্রিজগত কৰিলা নির্মাণ।
নকৰে প্ৰকাশ কিছু যেন শূন্য স্থান।।১২৯৷৷
হেন দেখি চিন্তিলন্ত ঈশ্বৰে আপুনে।
ভৈল তাৱক্ষণে তিনি মূৰ্ত্তি তিনি গুণে।।
ৰবি শশী সম সৱে প্রকাশে শৰীৰ।
মহা জ্ঞানৱন্ত ধীৰ স্বভাৱে গম্ভীৰ।।১৩০।।
তমোগুণে ভৈলা ৰুদ্ৰৰূপ মনোহৰ।।
স্ফটিকতে অধিক ধৱল কলেৱৰ।
প্রকাশন্তে আছৈ পঞ্চ বদন সুন্দৰ।।
প্রতি মুখে ত্রিতয় লোচন ৰুচিকৰ।। ১৩১৷৷
জ্বলৈ সুবলিত মহাবাহু যে ৰাতুল।
নানা অস্ত্র আছে তাত ডম্বৰু ত্রিশূল৷৷
কটিত বাঘৰ ছাল গলে মুণ্ডমালা।
ললাটত জটা আতি জ্বলে চন্দ্রকলা।। ১৩২।।
বিকট পিঙ্গল জটাজুটে জ্বলৈ মাথে।
সৰ্বাঙ্গত শোভে সর্প জগতৰ নাথে।।
ডুগ ডুগ ডম্বৰু বজাৱৈ সৰ্ব্বক্ষণ।
হৃদয়ে ধিয়ান্ত সদাশিৱ নিৰঞ্জন।।১৩৩।।
ৰজোগুণে ভৈলা ব্রহ্মা যিটো সৃষ্টিকৰ।।
সুৱৰ্ণ গৌৰাঙ্গ যেন জ্বলে কলেৱৰ।।
গলত উত্তৰি নৱগুণে শোভৈ তাতে।
কৰে কমণ্ডলু জপ্যমালা আউৰ হাতে।।১৩৪।।
হৃদয়ত ধিয়ান্ত ব্ৰহ্মক অবিচ্ছেদ।।
মুখে উচ্চাৰন্ত উচ্চ কৰি চাৰি বেদ।।
আছন্ত গভীৰ ভাৱে পাছে সৃষ্টি কৰে।
ওনা বিষ্ণু অৱতাৰ আত অনন্তৰে।।১৩৫।।
সত্ত্বগুণে ভৈলা বিষ্ণুৰূপ ৰুচিকৰ।
নীল উতপল সম শ্যাম কলেৱৰ।।
শৌভৈ পীতবস্ত্র যেন মেঘত বিজুলী।
চাৰিভুজে চাৰি অস্ত্র ধৰি আছে তুলি।।১৩৬৷৷
ঈষত হসিত মুখ শ্যাম পদ্মকোষ।
নয়ন পঙ্কজ যুগ দেখন্তে সন্তোষ।
কিৰীটি কুণ্ডলে আতি কৰে জাতিষ্কাৰ।
জ্বলে হৃদয়ত মণিময় হেমহাৰ।।১৩৭।।
অৰুণ অধৰ চাৰু দশনৰ শাৰী।
কঙ্কণ কেয়ূৰ ৰঞ্জে মহাভুজ চাৰি।।
আপাদলম্বিত পঞ্চবর্ণ বনমালা।
কটিতটে পঞ্চৰত্ন প্রকাশে মেখলা।।১৩৮।।
পদপঙ্কজত জ্বলৈ ৰত্নৰ নূপুৰ।
যাক দৰশনে হৱে মহাদুখ দূৰ।।
হৰৈ ভকতৰ দুখ অৰুণ চৰণ।
পাতকীয়ো তড়ৈ যাৰ কৰিয়া কীৰ্ত্তন।।১৩৯।।
যাৰ ক্রীড়া বস্তু ইটো তিনিয়ো জগত।
হেন হৰি সত্ত্বগুণে ভৈলন্ত বেকত।।
এহিমতে ভৈলা তিনি গুণে তিনি দেৱ।
নকৰন্ত একো সম্ভাষণ কাকো কেৱ।।১৪০।।
মঞি বৰ তিনিয়ো আছন্ত ৰহি তথা।
কাকো কেৱে কাণপাতি নুশুনন্ত কথা।।
মঞি বৰ বুলিয়া তিনিয়ো দর্প কৰে।
তিনিৰো দেখিয়া ভাৱ হাসন্ত ঈশ্বৰে।।১৪১।।
মহাভাগৱত কথা শুনা সৰ্ব্বজন।
জল বুদবুদ যেন অথিৰ জীৱন।।
কেতিক্ষণে পড়ে প্রাণ তাৰ নাহি স্থিতি।
অদ্যাপি নোপজৈ ঘোৰ মৰণক ভীতি।।১৪২।।
আগতে নেদেখা কিয় দুষ্মহ মৰণ।
সত্বৰে কৃষ্ণৰ পাৱে পশিয়ো শৰণ।।
কৃষ্ণেসে সুহৃদ ইহ পৰলোক গতি।
জানিয়া কৃষক কৰা একান্ত ভকতি।।১৪৩৷৷
ইটো নৰ শৰীৰক নেদেখিবা অল্প।
মনুষ্য হুইবাক নপাই কোটি কোটি কল্প।।
হৰিনাম বিনে জানা ব্যর্থে আয়ু যায়।।
জন্ম চিন্তামণি হেৰা হাততে হেৰায়।।১৪৪৷৷
জানিয়া কৃষ্ণুত কৰা একান্ত ভকতি।
ইটো কলিযুগে নাম বিনে নাহি গতি।।
অধর্মে যুৰিলা ৰাজ্য ভৈল একাকাৰ।
নাহি মলমতিৰ কৰ্ম্মত অধিকাৰ।।১৪৫৷৷
শুনা সামাজিক নৰ এৰা আন কাম।
ৰচিলে শঙ্কৰে ডাকি বোলা ৰাম ৰাম।।১৪৬।।
.......................
।।বনমালীৰ প্ৰকাশ।।
।।দুলড়ী৷৷
মৈত্রেয় বদতি বিদুৰ শুনিয়ো
আত অনন্তৰে কথা।
এহিমতে তৈত অন্যোঅন্য কৰি
আছন্ত তিনি দেৱতা।।
তিনিৰো বচন তিনি নুশুনন্ত
একমতি কাৰো নাই।
যিটো অনিলয় পুৰুষ অনাদি
আনন্দে আছন্ত চাই।।১৪৭৷৷
সৃষ্টি নিসিজিল বুলি বনমালী
তথাতে ভৈলা প্রকাশ।
নীল মেঘ যেন বিজুলী সঞ্চাৰে
শৰীৰত পীতবাস।।
মহা মনোহৰ ব্ৰহ্ম কলৱেৰ
ভুৱন মোহন বেশ।
শিৰত ৰত্নৰ কিৰীটি অমূল্য
নীল আকুঞ্চিত কেশ।।১৪৮।।
ৰত্নৰ তিলক ললাটত শোভৈ
অলকা পঙ্কতি কান্তি।
প্রফুল্ল পদ্মত যেন পড়ি আছৈ।
উত্তম ভ্ৰমৰা পান্তি।।
ৰুচিকৰ কর্ণে মকৰ কুণ্ডল
ৰত্নে কৰৈ জলমল।
তাহাৰ জেউতি প্রকাশিত আতি
সুশোভন গণ্ডস্থল।। ১৪৯।।
আছে মদনৰো ধনুক নিন্দন্তে
প্ৰভুৰ ভ্ৰূৱ প্রকাশি।
ঈষত হসিত বয়ন নয়ন
অৰুণ পঙ্কজ পাসি।।
নাসা তিল ফুল অধৰ ৰাতুল
দন্ত মুকুতাৰ পান্তি।
ৰুচিৰ চিবুক কণ্ঠত কৌস্তুভ
নৱ আদিত্যৰ কান্তি।।১৫০৷৷
চাৰি মহাবাহু ললিত বলিত
কৰতল কিশলয়।
ৰত্নৰ কেয়ূৰ কঙ্কন বলয়া
শোভা কৰৈ আতিশয়।।
শঙ্খ চক্র গদা পদ্ম চাৰি হাতে
কৰৈ আতি জাতিষ্কাৰ।
বহল হৃদয় তাতে ৰত্নময়
মণি মুকুতাৰ হাৰ।। ১৫১।।
বক্ষস্থলে শোভৈ শ্রীবৎস পঙ্কতি
কটিত ৰত্ন মেখলা।
আপদালম্বিত সুৱৰ্ণ পদ্মৰ
গলে বৈজয়ন্তী মালা।।
কৰীকৰ সম উৰু নিৰুপম
শোভৈ পীত পাট ভুনি।
অৰুণ চৰণে ৰত্নৰ নূপুৰে
ৰুণঝুণ কৰে ধ্বনি।।১৫২।।
প্রকাশৈ আঙ্গুলি সুবলিত নীল
চম্পাৰ পাকৰি নয়।
প্রতি আঙ্গুলিত ৰত্নৰ উঝন্টি
জ্বলৈ নখ চন্দ্ৰচয়।।
আৰকত দুই পদ পঙ্কজক
পেখন্তে অমৃত ঝৰৈ।
ধ্বজ বজ্ৰ যৱ অঙ্কুশ পঙ্কজ
চিহ্ন সৱে শোভা কৰৈ।। ১৫৩৷৷
প্রভুৰ পাৱৰ আগতে যে জ্বলৈ
অৰুণ পঙ্কজ কোষ।
যাক দৰশনে ভকতৰ মনে
পৰম মিলৈ সন্তোষ।।
অমূল্য ৰতন ইসে মহাধন
জানিয়া হৃদয়ে ধৰি।
দুৰ্ঘোৰ সংসাৰ সাগৰ নিকাৰ
অপ্রয়াসে যাৱে তড়ি।।১৫৪।।
হেন মনোহৰ মূৰতি ঈশ্বৰ
ৰহিলা জুৰি আকাশ।
কৌটি কৌটি ৰবি শশী সম জ্যোতি
শৰীৰ কৰে প্রকাশ।।
মহজ্যোতিপুঞ্জে জগত জুৰিয়া
তিনি দেৱতাক চাইল।
তিৰিমিৰি দেখি মুদিলন্ত আখি
চেতন জ্ঞান হৰাইল।।১৫৫।।
বিষ্ণুৰ দায়াত ভৈলা শান্তমতি
চেতন পাইলন্ত গাত।
পৰম ঈশ্বৰ জানি সচকিতে
জুৰিলন্ত যোৰহাত।।
দণ্ডৱতে পাছে পড়িয়া ভূমিত
উঠি উঠি কৰৈ সেৱ।
নমো নমো কৃষ্ণ অনাদি ঈশ্বৰ
তুমি দেৱতাৰো দেৱ।।১৫৬।।
তোহ্মাক নজানি পূজৈ আন দেৱ
যত মহা মূঢ় লোক।
যাৰ নাম মাত্রে স্মৰণে হৰয়
জগতৰে ভয় শোক।।
এহি ৰূপে প্রভু বিয়াপি আছাহা
অনন্ত কৌটি ব্রহ্মাণ্ড।
তুমি ব্ৰহ্মতত্ত্ব জগত যতেক
তোহ্মৰেসে ক্রীড়া ভাণ্ড।।১৫৭।।
নানা শাস্ত্ৰসৱে কৰৈ বুদ্ধি ভেদ
নুবুজি তত্ত্ব তোহ্মাৰ।।
তাকে সত্য মানি মূঢ় যত প্রাণী
বোলে ব্রহ্ম নিৰাকাৰ।।
জানিলো সম্প্রতি ব্ৰহ্মময় মূর্তি
তুমি নিৰঞ্জন দেৱ।
পশিলো শৰণে অৰুণ চৰণে
কৰো লক্ষ কৌটি সেৱ।।১৫৮।।
আত পৰে আউৰ নাহি নিজ ৰূপ
জানিলো আমি নিশ্চয়।
এহিতো ৰূপক নজানৈ যিজনে
নতড়ে সংসাৰ ভয়।।
প্রকৃতিৰো তুমি নিয়ন্তা ঈশ্বৰ
তুমি সনাতন স্বামী।
কৰিয়োক গতি ত্রিজগত পতি
শৰণে পশিলো আমি।।১৫৯।।
তিনি গুণে তিনি দেৱক স্ৰজিলা
কৰে আৱে কোন কৃত্য।
কৰিয়ে আদেশ দেৱ হৃষীকেশ
তোহ্মাৰেসে আমি ভূত্য।।
এতেকে বোলন্তে লোতক বঝাইল
প্রেম গদ গদ মাত।
মৌন হুয়া ৰৈলা তিনিও দেৱতা।
পূতাঞ্জলি কৰি হাত।।১৬০৷৷
শুনা নৰলোক মুকুতি মিলোক
কৃষ্ণৰ লীলা চৰিত।
ইটো নৰ তনু নকৰা বিফল
ঈশ্বৰত দিয়া চিত্ত।।
দেৱৰ দুর্লভ ভাৰত ভূমিত
আয়ু যায় আলে জালে।
হাটে বাটে কৈত মৰণ মিলয়
কেতিক্ষণে ধৰৈ কালে।।১৬১।।
ঘোৰ পৰলোক যমৰ যাতনা
শুনন্তে ধাতু উৰাই।
হৰি বিমুখৰ নাহি পাৰকূল
যেন ভৰা নাৱ বুৰই।।
আয়ু ব্যর্থে যায় জানা যমৰায়।
কেতিক্ষণে ধৰে তল্প।
উপজি মৰিব যাতনা ভূঞ্জিব
কত কৌটি কৌটি কল্প।।১৬২।।
যাত আছে বুদ্ধি মনক নিৰোধি
ধৰিয়ো কৃষ্ণৰ পাৱ।
সংসাৰ সাগৰে ইসে পাৰ কৰে
এৰাৱে যমৰ ঘাৱ।।
কৃষ্ণ গুণ নাম ধৰ্ম্ম অনুপাম
পুৰিবে সমস্ত কাম।
কৃষ্ণৰ কিঙ্কৰে ৰচিলা শঙ্কৰে
ডাকি বোলা ৰাম ৰাম।।১৬৩৷৷
................
।।ত্রিমূৰ্ত্তিৰ প্ৰতি ভগৱৎ নির্দেশ।।
৷।পদ।।
শুক নিগদতি শুনিয়োক নৃপবৰ।
আছৈ কৃতাঞ্জলি হুয়া ব্রহ্মা বিষ্ণু হৰ।।
আকাশৰ পৰা পাচে পুৰুষ ঈশ্বৰ।
মেঘৰ গম্ভীৰ ধ্বনি দিলন্ত উত্তৰ।।১৬৪।।
হে ব্রহ্মা হে বিষ্ণু হে ত্ৰিপুৰাৰি।
আজি ধৰি তিনিকো পাতিলো অধিকাৰী।।
জগতৰ ঈশ্বৰ তিনিৰো থৈলো নাম।
সৃষ্টি স্থিতি প্রলয় তিনিৰো তিনি কাম।।১৬৫।।
শুনিয়োক ব্রহ্মা তুমি স্ৰজিয়ো জগত।
সুৰাসুৰ নাগ নৰ পশু পক্ষী যত৷৷
ইটো ব্রহ্মাণ্ডৰ স্ৰষ্টা ভৈলা ৰজোগুণে।
ভাল মতে দিবা দৃষ্টি সৃষ্টিত আপুনে।। ১৬৬।।
মোৰ নিজ অংশ তুমি বিষ্ণু বনমালী।
থাকিবা সততে তুমি জগতকে পালি।।
নিৰ্ব্বলীক অন্যায় নকৰে যেন বলী।
সন্তক ৰাখিবা তুমি দুষ্টক নিদলি।। ১৬৭।।
শুনিয়ো শঙ্কৰ আৱে আদেশ আহ্মাৰ।
জগতৰে প্রলয় তোহ্মাৰ অধিকাৰ।।
কালান্তক ৰুদ্ৰৰূপ ধৰিয়া আপুনে।
সংহাৰিবা ত্রিজগত তুমি তমোগুণে।। ১৬৮৷৷
শুনিয়ে শঙ্কৰ কহো প্রলয়ৰ সীমা।
দেখা কেনে মোৰ কালমুৰ্ত্তিৰ মহিমা।।
হোৱৈ দণ্ড ষাঠি নিশ্বাসতে মনুষ্যৰ।
আঠ আঠ দণ্ডে হোৱে একৈক প্রহৰ।। ১৬৯৷৷
তেহ্ন আঠ প্রহৰে বুলিয় ৰাত্রি দিন।
মেৰুক কৰন্ত যাৱে সূৰ্য্য প্রদক্ষিণ ।।
তেহ্ন ত্রিশ দিনে আসি হোৱে এক মাস।
হোৱে দেৱো মাসে এক ঋতুৰ প্ৰকাশ।। ১৭০৷৷
তিনি ঋতুৱে হোৱে অয়ন সূৰ্য্যৰ।
অয়ন দুতয়ে হোৱে মনুষ্য বৎসৰ।
বৎসৰ তাল্লিশ লক্ষ হাজাৰ বিংশতি।
সত্য ত্রেতা দ্বাপৰ কলিৰ পৰিমিতি৷৷ ১৭১।
এহি চাৰি যুগে এক যুগ দেৱতাৰ
দিব্য সহস্রেক যুগে দিনেক ব্ৰহ্মাৰ।।
তেন হাজাৰেক যুগে ৰজনীৰো সীমা।
ব্ৰহ্মাৰ দিনৰ আৱে শুনিয়ো মহিমা।। ১৭২৷৷
একো দিনে চৈধ্য ইন্দ্র চৈধ্য মনু খসৈ।
দিন মানে জানা ইটো ত্রিজগত বসৈ।।
দিন অৱসানে হোৱে প্রলয় সন্ধ্যাত।
কৰিবা সংহাৰ তুমি শঙ্কৰ তথাত।।১৭৩।।
ৰাত্ৰি অৱসানে ব্রহ্মা স্ৰজিবা নিঃশেষ।
চৈধ্য ইন্দ্র চৈধ্য মনু প্রত্যেক দিৱস।।
হুইবো অৱতাৰ চৈধ্য মনুৰ লগত।
ইন্দ্ৰৰ সহায় হুয়া পালিব জগত।।১৭৪।।
মৎস্য কূৰ্ম্ম আদি মহা বৰাহ বিৰিঙ্গ।
হংস পৃথু কপিল বামন নৰসিংহ।।
জামদগ্নি ৰাম যে শ্ৰীৰাম হলিৰাম।
বুদ্ধ কল্কী আৰো অৱতাৰ অনুপাম।।১৭৫।।
ইসৱ প্ৰমুখ্যে ধৰিবোহো অৱতাৰ।
কৰিবোহো মঞি ইটো ভূমিক উদ্ধাৰ।।
তিনি শত ষাঠি দিন তেহ্নয় দিনৰ।
জানিবা হুইবেক এক বৰিষ ব্ৰহ্মাৰ।। ১৭৬।।
তেহ্ন শত বৎসৰ ব্ৰহ্মাৰ যেৱে গৈলা।
জানা তেৱে মহা প্রলয়ৰ কাল ভৈলা।।
কাল মূৰ্ত্তি ধৰি ব্ৰহ্মাণ্ডকো কৰি নাশ।
জগত সংহৰি উদৰতে দিবো বাস।। ১৭৭৷৷
প্রকৃতিকো লীন কৰি থাকিবো অকলে।
ৰাত্ৰি অৱসানে ব্রহ্মা স্ৰজিবে সকলে।।
কহিলো কালৰ মান তোহ্মাত নিঃশেষে।
কৰা তিনি তিনি কৰ্ম্ম আহ্মাৰ আদেশে।।১৭৮৷৷
শুনা ব্রহ্মা তোহ্মাত কহিলো তত্ত্ব ভেদ।
মোৰ বৰে এতিক্ষণে জানা চাৰি বেদ।।
ওঠৰ পুৰাণ স্মৃতি আঠাৰ ভাৰত।।
মোৰ বৰে তোহ্মাৰ হুইবেক কণ্ঠাগত।। ১৭৯৷৷
দিলো তোহ্মাসাক বৰ জানিবা নিশ্চয়।
নকৰিবা হেলা যেৱে মোক আছে ভয়।।
এহি বুলি অন্তর্ধান ভৈলা মহা হৰি।
স্ৰজিবে লাগিলা ব্রহ্মা আজ্ঞা শিৰে ধৰি।। ১৮০।
চাৰি বেদ চৈধ্য শাস্ত্র ভৈল কণ্ঠাগত।
বেদতে দেখিলা ব্রহ্মা সৃষ্টি ত্রিজগত।।
দৰ্পণত যেন প্রতিবিম্বৰ প্রকাশ।
দেখি স্ৰজিবাক পাছে ব্রহ্মা পাইলা সাস।। ১৮১।
লৈলন্ত গৰুড়ে বিষ্ণু বিষ্ণুলোকে বাস।
বৃষভে গৈলন্ত হৰে পৰ্ব্বত কৈলাস।।
হংসে লড়িলন্ত ব্রহ্মা ব্রহ্মলোকে থান।
কৰিবে লাগিলা পাচে জগত নিৰ্মাণ।।১৮২।।
হৰিসে পৰম গুৰু জানি প্রজাপতি।
কৃষ্ণক কৰিলা মনে সহস্র প্রণতি।
স্ৰজিবাক আৰম্ভিলা পাছে সৃষ্টিকৰে।
যাৰ যেনে সৃষ্টি শুনিয়োক তাত পৰে।।১৮৩।।
প্রথমে স্ৰজিলা সনকাদি সিদ্ধ চাৰি।
তাৰসৱে বোলে সৃষ্টি কৰিতে নপাৰি।।
কৃষ্ণৰ চৰণ চিন্তি ফুৰয় জগতে।
নাৰদৰ জন্ম পাছে ব্ৰহ্মাৰ মনতে।।১৮৪।।
বাজ ভৈলা দেৱঋষি হাতে বীণা ধৰি।
ৰামকৃষ্ণ নাম মুখে উচ্চাৰণ কৰি।।
বীণাত তোলন্ত যত কৃষ্ণৰ চৰিত্র।
আনন্দে ফুৰন্ত কৰি জগত পৱিত্ৰ।। ১৮৫।।
মৰীচি প্রভৃতি যত নৱ প্রজাপতি।।
ভৈলা পাছে ব্ৰহ্মাত দক্ষৰো উতপতি।।
মৰীচিত জন্মিলা কশ্যপ ঋষিৰাজ।
যাহাৰ বৈবংশে জুড়িলেক সামৰাজ।। ১৮৬৷৷
ৰূপে গুণে ধন্যা আতি পৰম পণ্ডিতা।
সতৰয় জনা ভৈলা দক্ষৰ দুহিতা।।
সৱাকো কৰিলা বিহা ঋষি একেদিনে।
যাত যেনে সৃষ্টি ভৈল শুনা ভিন্ন ভিন্ন।। ১৮৭৷৷
অদিতিত হন্তে বাহ্ৰ সূৰ্য্য অৱতাৰ।।
বিৱস্বান ত্বষ্টা পূষা ভগ নাম যাৰ।।
অৰ্য্যমা সৱিতা শত্ৰু আৰো মিত্র ধাতা।
নামে উৰুক্রম আৰো বৰুণ বিধাতা।। ১৮৮।।
বায়ুগণ বৰুণ দিতিত ভৈলা জাত।
দনুত দানৱগণ ঘোটক কাষ্ঠাত।
অধিষ্ঠাত গন্ধৰ্ব্ব ৰাক্ষস সুৰেসাত।
পুৰঞ্জত হন্তে ভৈলা অপেশ্বৰা যত৷৷ ১৮৯৷৷
সেনা গৃধ্ৰ তাম্ৰাত ইলাৰ পুত্ৰ তৰু।
ক্রোধবসা হন্তে সর্প সুৰভীত গৰু।।
সৰমাত কুকুৰ তিমিত জলচৰ।।
পতঙ্গীত হন্তে ভৈল চটক বিস্তৰ।। ১৯০৷৷
যামিনীত হন্তে বিছা ফৰিঙ্গ বহুত।
অৰুণ গৰুড় দুই বিনতাৰ সুত।।
কদ্ৰুৰ ভৈলেক কালী আদি সৰ্প যত।
কশ্যপৰ এত বংশ সতেৰ ভাৰ্য্যাত।। ১৯১৷৷
এৱে আঠ বসুৰ শুনিয়ো যেন নাম।
দ্রোণ প্রাণ ধ্ৰুৱ অৰ্ক অগ্নি অনুপাম।।
দান বাস্তু বিভাবসু এহি আঠ জন।
ব্ৰহ্মাৰ তনুৰ পৰা ভৈলা উতপন্ন।। ১৯২।।
নিগদতি শুক শুনিয়োক নৃপবৰ।
কৰিলন্ত সৃষ্টি পাচে চৈধ্যয় শাস্ত্ৰৰ।।
ভিনে ভিন্নে সৱাৰো শুনিয়ো আৱে নাম।
প্রথমে অথর্ব বেদ ঋগ যজু সাম।। ১৯৩৷৷
শিক্ষা কল্প জ্যোতিষ মীমাংসা ন্যায় নীতি।
ব্যাকৰণ পুৰাণ নিৰুক্ত ছন্দ স্মৃতি।।
এহি চৈধ্য শাস্ত্র থানে থানে লেখি দেখা।
অষ্টাদশ পুৰাণৰ আৱে লৈয়ো লেখা।। ১৯৪।।
যাৰ যেন নাম শুনিয়োক অনুক্রম।
ব্রাহ্ম পদ্ম শিৱ মৎস্য বৈষ্ণৱ পৰম।।
স্কন্ধ কূৰ্ম্ম গৰুড় মার্কণ্ডেয় ভাগৱত।
বামন বৰাহ অগ্নি লিঙ্গ ভৱিষ্যত।।১৯৫৷৷
ব্রহ্মাণ্ড নাৰদী ব্রহ্মৱৈৱৰ্ত্ত অপৰ।
দিলো লেখা দেখা অষ্টাদশ পুৰাণৰ।।
অষ্টাদশ ভাৰতৰ শুনা যেন যোগ।
আদি সভা বন গদা বিৰাট উদ্যোগ।। ১৯৬।।
ভীষ্ম দ্রোণ কর্ণ শৈল্য সৌপ্তিক পৰম।
স্ত্রীপৰ্ব্ব শান্তি অশ্বমেধ ব্যাসাশ্রম।।
স্বর্গাৰোহণ আৰু ঐষিক মুষল।
ভাৰত পদ্মৰ এহি অষ্টাদশ দল।। ১৯৭৷৷
শুক নিগদতি শুনিয়োক নৃপবৰ।
আতি প্রিয়তম নৰতনু ঈশ্বৰৰ।।
যাক স্ৰজিবাক মাত্র ইচ্ছা ভৈলা জাত।
মুখত ব্রাহ্মণ জন্ম ভৈলন্ত সাক্ষাত।। ১৯৮।।
বাহুত ক্ষত্রিয় বৈশ্য উৰুত জন্মিলা।
পদ পঙ্কজত শূদ্র সৱ উপজিলা।।
এহি চাৰি বৰ্ণ পুৰুষত হন্তে জন্ম।
জানা ইহাৰেসে ধৰ্ম্ম চাৰিয়ো আশ্রম।। ১৯৯।।
জপ যজ্ঞ দান তীর্থ ব্ৰত সদাচাৰ।
জ্ঞান ভকতিত মনুষ্যৰ অধিকাৰ।।
মনুষ্য হৈবাক দেৱতাৰো অভিলাষ।
ধৰ্ম্ম অর্থ কাম মোক্ষ সিজে অপ্রয়াস।।২০০।।
দেহৰ মহিমা আৱে শুনিয়ো বেকতে।
ব্রহ্মাণ্ডৰ গুণ মানে আছে শৰীৰতে।।
সমস্তে চৌব্বিশ তত্ত্ব কৰিলা নির্মাণ।
আপুনাৰ ছৱান্নবৈ আঙ্গুল প্রমাণ।। ২০১।।
পিঠিৰ মধ্যত মেৰু মণ্ডল প্রকাশ।
ঊদ্ধে সূৰ্য্য অধে চন্দ্র বায়ুৰ নিবাস।।
ষোহ্ল ষোহ্ল গোটা অস্থি পাঞ্জৰত তাৰ।
অধে উর্দ্ধে আছে তাৰ নৱখান দ্বাৰ।। ২০২।।
দুই কাণ দুইনাক দুই চক্ষু দেখা।
মুখে এৰে উপৰত সাত খান লেখা।।
অধে গুহ্য লিঙ্গ এহি নৱখান দ্বাৰ।
আছৈ আৰো নাড়ী তাতে সত্তৰি হাজাৰ।।২০৩।।
তাহাতে সঞ্চৰি ফুৰৈ প্রাণ বায়ু দশ।
নখ কেশ পৰ্যন্তে চলাৱে অন্ন ৰস।।
পৰম তৃপিতি হোৱৈ ইন্দ্রিয় সকল।
বাঢ়ি যাই শৰীৰত আতি তেজ বল।।২০৪৷৷
নাড়ীৰ মধ্যত তিনি নাড়ী অনুপাম।
সুষুন্মা পিঙ্গলা ইড়া নাড়ী যাৰ নাম।।
সুষুন্মা উত্তম আতি তিনিৰো মধ্যত।
যিটো ব্যাপি হৈছে গৈয়া সূৰ্য্য মণ্ডলত।।২০৫।।
ছয় খান চক্র আছৈ বেঢ়ি শৰীৰত।
গুহ্য লিঙ্গ নাভি হৃদি তালু ললাটত।।
চাৰি দল ছয় দল নাভি দশ দল।
আছৈ অষ্টাদশ পদ্ম হৃদয় নির্মল।।২০৬।।
তালুত ষোড়শ ললাটত দল দুই।
যোগশাস্ত্র মতে ছয় চক্র এহি হুই।।
আপুনি ঈশ্বৰ আছা হৃদয় কমলে।
শুভাশুভ ভূঞ্জান্ত জীৱক কৰ্ম্মফলে।।২০৭।।
শুনিয়োক আৱে মধ্য দেহ যিটো স্থান।
শৰীৰত বিচাৰিয়া লৈয়োক প্রমাণ।।
গুহ্য স্থান হন্তে দুই আঙ্গুল উপৰে।
অণ্ডকোষ হন্তে দুই আঙ্গুলত পৰে।।২০৮।।
তাকে বুলি দেহ মধ্য অগ্নিৰ নিৱাস।
তপ্ত জম্বু নদী যেন সোণাৰ প্রকাশ।।
কোন কোন দশ বায়ু আছে শৰীৰত।
তাহাৰ শুনিয়ো নাম কৰিবো বেকত।।২০৯।।
অধে উৰ্দ্ধে সঞ্চাৰিয়া ফুৰে স্থানে স্থান।
পান অপান ব্যান সমান উদান।।
নাগ কূৰ্ম্ম কৃকৰ বায়ুত অনুপাম।।
দেৱদত্ত ধনঞ্জয় এহি দশ নাম।।২১০।।
সুষুম্না আছয় মেৰু মজ্জাৰ ভিতৰ।
যাত বায়ু পশিলে অজৰ হোৱে নৰ।।
তাহাৰ মুখত ঢাকি আছে কুণ্ডলিনী।
মায়াৰ শকতি যেন দেখিয়া সর্পিণী।।২১১৷৷
অপান বায়ুক সিটো ৰমৈ যোগবলে।
অগ্নিৰ তাপত বায়ু উপৰক চলে।।
সুষুম্নাত তেৱে গৈয়া প্রৱেশে পৱন।
শুনা শৰীৰত আছে যত দেৱগণ।। ২১২।।
মন আদি চৈধ্য ইন্দ্ৰিয়ৰ অধিষ্ঠাতা।
থানে থানে আছৈ তাতে চৈধ্যয় দেৱতা।।
আখিত আদিত্য নাকে অশ্বিনীকুমাৰ।
জিহ্বাত বৰুণ বাক্য বহ্নিৰ সঞ্চাৰ।। ২১৩৷৷
কর্ণে দিশ চৰ্ম্মে বায়ু ভূজে ইন্দ্র স্থিতি।
পদে বিষ্ণু গুহ্যে মিত্র লিঙ্গে প্রজাপতি।।
চিত্তে বাসুদেৱ অহঙ্কাৰে ৰুদ্ৰ স্থিত।
মনত চন্দ্রমা বিধি আছন্ত বুদ্ধিত।।২১৪।।
এহি চৈধ্য জন পুণ্য পাতেকৰ সাক্ষী।
ঈশ্বৰ পুৰুষ হৃদয়ত আছা দেখি।।
মূঢ়জনে বোলে মোক নেদেখিলে কেৱ।
শৰীৰতে আছে দেখা পঞ্চদশ দেৱ।।২১৫।
হেন নৰ শৰীৰক পায়া মন্দমতি।
আয়ু বৃথা কৰে মিছা বিষয়ক প্রতি।।
হৃদয় কমলে কৃষ্ণ আছন্ত সাক্ষাত।
তাহাঙ্ক নভজি নৰে কৰৈ আত্মঘাত।।২১৬।।
কেশৱৰ লীলা ইটো শুনা সভাসদ।
পাপৰ অন্তক মহা ভাগৱত পদ।।
যত মহা ধৰ্ম্ম সৱে আৰে অনুচৰ।
আত পৰে নাহি গতি কলিৰ লোকৰ।।২১৭।।
হেন জানি কৃষ্ণৰ কথাত দিয়া চিত্ত।
তেৱে সুখে পাইবা মোক্ষ দুর্ঘোৰ কলিত।।
ভকত জনৰ নিজ সুহৃদ মাধৱ।
জানিবা হৰিসে পৰলোকৰ বান্ধৱ।।২১৮।।
ইহেন মনুষ্য জন্ম ব্যর্থে যায় আয়ু।
কৈত কেতিক্ষণে পৰৈ ইটো প্রাণ বায়ু।।
যত দেখা ভাৰ্য্যা পুত্র সৱে অকাৰণ।
মিছা মোৰ মোৰ কৰি মৰে নৰগণ।।
যম যাতনাক তড়িবাক কৰা কাম।
শঙ্কৰে ৰচিলা ডাকি বোলা ৰাম ৰাম।।২১৯।।
।।জ্যোতিশ্চ ক্ৰৰ কথা।।
।।দুলড়ী।।
ৰাজা পৰীক্ষিত সোধন্ত দুনাই
শুনা শুক মহামতি।
তোহ্মাৰ প্ৰসাদে তিনিয়ো লোকৰ
শুনিলো সৃষ্টি সম্প্রতি।
সূৰ্য্য মণ্ডলৰ গ্রহ নক্ষত্ৰৰ
কহিয়ো আৱে আমাত।।২২০৷৷
কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত
শুনিবো মহা উৎসুকে।
হেনশুনিপাছে কহিবে লাগিলা
ব্যাস সূত মুনি শুকে।।
শুনিয়ো নৃপতি কহিবো সম্প্রতি
জ্যোতিশ্চক্ৰৰ কথা।
শুনা সাৱধানে ঈশ্বৰ কেশৱে
কৰিলা যেন ব্যৱস্থা।।২২১।।
দেৱতাসৱক আদেশিলা হৰি
শুনা দিগপালচয়।
ক্রমে দশোদিশে পালিয়ে প্রবন্ধে
যেৱে মোক আছে ভয়।।
কৃষ্ণৰ আদেশে ইন্দ্ৰ পূৰ্ব্ব দিশে
ভৈলন্ত ৰাজা প্রখ্যাত।
অগ্নিকোণে অগ্নি ভৈলন্ত পালক
ৰাজা যম দক্ষিণত।।২২২।।
নৈৰ্ঋত কোণত নিৰ্ঋত দেৱতা
পশ্চিমে বৰুণ ভৈলা।
বায়ব্য কোণত বায়ু অধিপতি
উত্তৰে কুবেৰ ৰৈলা।।
ঐশান কোণত পালন্ত আপুনি
পাৰ্ব্বতী পতি মহেশে।
উৰ্দ্ধত বিধাতা অধত অনন্ত
ৰাখন্ত কৃষ্ণ আদেশে।।২২৩।।
এহি দশ দেৱ পালে দশোদিশ
কৈলো পূৰ্ব্বাপৰ কথা।
সূৰ্য্য মণ্ডলৰ গ্রহ নক্ষত্রৰ
শুনিয়ো আৱে ব্যৱস্থা।।
লক্ষ প্রহৰৰ উপৰে সূৰ্য্যৰ
মণ্ডল ফুৰে প্রকাশি।
প্রতিপ্রতি মাসে ক্রমে সঞ্চৰন্ত
মেষ আদি বাহ্ৰ ৰাশি।।২২৪৷৷
মেষ বৃষ সিংহ মিথুন কর্কট
কন্যা তুলা বিছা দেখা।
ধনু যে মকৰ কুম্ভ মীন এহি
বাহ্ৰয় ৰাশিৰ লেখা।।
মেৰু পৰ্ব্বতক প্রদক্ষিণ কৰি
সূৰ্য্যৰ মণ্ডল ফুৰে।
অযুত যোজন সূৰ্য্যৰ অধত
ভ্রমন্ত ৰাহু অসুৰে।।২২৫।।
দুইলক্ষ যোজন উপৰত গৈয়া
চন্দ্র মণ্ডলৰ স্থিতি।
পঞ্চ লক্ষ পৰ উপৰত কৰৈ
নক্ষত্র মণ্ডলে গতি।।
শুক্রে সাত লক্ষ বুধে নৱ লক্ষ
যোজনত কৰৈ স্থিতি।
যোজন এঘাৰ লক্ষৰ উপৰে।
মঙ্গল গ্রহৰ গতি।।২২৬৷৷
তেহ্ৰয় লক্ষৰ উপৰে আছন্ত
দেৱগুৰু বৃহস্পতি।।
পঞ্চদশ লক্ষ যোজন উপৰে।
শনৈশ্বৰ ক্ৰূৰমতি।।
ত্রিংশ লক্ষ পৰ উপৰত গৈয়া
ঋষি মণ্ডলৰ স্থিতি।
প্রদক্ষিণ কৰি ধ্ৰুৱক সৱেয়ো
বিমানে কৰৈ দীপিতি।।২২৭।।
ত্যাল্লিশ লক্ষৰ যোজন উপৰে
আছন্ত ধ্ৰুৱ মহন্ত।
তাঙ্ক মান্য কৰি গ্রহ ঋষি তাৰা
বিমানে সৱে ভ্রমন্ত।।
ৰাহুৰ লগত কেতুৰ নিবাস
এহি নৱগ্রহ লেখা।
জ্যোতিশ্চক্রৰ কহিলো প্রমাণ।
নৃপতি প্রত্যেক দেখা।।২২৮।।
চৈধ্য ভুৱনত জানিবা সমস্তে
কৃষ্ণৰ মূৰতি স্থুল।
আহানে শ্ৰৱণে কীৰ্ত্তনে সমস্তে
পাতেক কৰে নিৰ্ম্মূল।।
জগত জনক জানিবা কৃষ্ণক
তিনিও লোকৰ প্রতি।
যাহাৰ ভয়ত দিগপাল যত
চন্দ্র সূৰ্য্য কৰে গতি।।২২৯।।
হেনয় ঈশ্বৰ কৃষ্ণক এড়িয়া
আন দেৱতাক ভজৈ।
যেন নাৱ এড়ি আপুনি অন্ধকে
সাগৰ জলত মজৈ।।
কৃষ্ণৰ চৰিত্র পৰম অমৃত
আতপৰে নাহি আন।
কৌটি কৌটি তীর্থ যজ্ঞ জপ তপ
সৱেয়ো নুহি সমান।।২৩০৷৷
কৃষ্ণ গুণনাম ধৰ্ম্ম অনুপাম
আক সাৰ কৰি ধৰা।
যত দেৱ ধৰ্ম্ম দূৰতে তেজিয়া
কৃষ্ণতে ভকতি কৰা।।
হেন তত্ত্ব জানি চিন্তা চক্রপাণি
অনাদৰি আন কাম।
কৃষৰ কিঙ্কৰে ৰচিলা শঙ্কৰে।
ডাকি বোলা ৰাম ৰাম।।২৩১।।
..................
৷৷গ্ৰহ আৰু পদ্মকল্পৰ কথা৷৷
।।পদ।।
শুকত পুছন্ত পাছে ৰাজা পৰীক্ষিত।
কেশৱৰ সৃষ্টি লীলা কৰিলা বিদিত।।
সম্প্রতি ছেদিয়ো ঋষি অপৰ সংশয়।
নিশাকৰ চন্দ্ৰ ভৈল কাহাৰ তনয়।।২৩২।।
কতেক নক্ষত্র তান ভাৰ্য্যা ভৈলা আসি।
আছে কত যোগ তাক কহিয়ো প্রকাশি।।
পদ্মকল্প শুনিবাক মোৰ আছৈ মতি।
যেনমতে চতুর্মুখ ভৈলা প্রজাপতি।।২৩৩।।
মেৰুৰ উপৰে কোন দেৱৰ নিবাস।
কি কাৰণে নাশৈ চড়াই সূৰ্যৰ প্ৰকাশ।।
ইহাক শুনিতে মোৰ পৰম উৎসুক।
ছেদিয়ো সংশয় মোৰ মহামুনি শুক।।২৩৪।।
শুকমুনি বোলন্ত শুনিয়ো মহাশয়।
ভৈলন্ত চন্দ্রমা অত্রি ঋষিৰ তনয়।।
আতি শান্ত ৰতি মতি কৰিয়া উৎসাহ।
দক্ষৰ সাতাইশ কন্যা কৰিলা বিৱাহ।।২৩৫।।
তাসম্বাৰ নাম কহো শুনা ভিন্নি ভিন্নি।
অশ্বিনী ভৰণী আৰ্দ্রা কৃত্তিকা ৰোহিণী।।
মৃগশিৰা মঘা পুষ্যা পূৰ্ব্ব যে ফাল্গুনী।
পুনৰ্ব্বসু অনুৰাধা উত্তৰফাল্গুনী।।২৩৬৷৷
হস্তা চিত্রা স্বাতী আৰো বিশাখা অশ্লেষা।
শ্ৰৱণা ধনিষ্ঠা জ্যেষ্ঠা মূলা শতভিষা।।
অপৰ উত্তৰষাঢ়া পূৰ্ব্বভাদ্রপদ।
পূৰ্ব্বষাঢ়া ৰেৱতী উত্তৰভাদ্রপদ।।২৩৭৷৷
সাতাইশ নক্ষত্র এহি দক্ষৰ নন্দিনী।
শুনিয়ো যোগৰ আৱে নাম ভিন্নি ভিন্নি।।
বিকুম্ভ অসৃক আয়ুষ্মান শূল প্রীতি।
সৌভাগ্য শোভন অতিগণ্ড গণ্ড ধূতি।।২৩৮।।
হৰষণ বৃদ্ধি ধ্ৰুৱ পৰিঘ ব্যাঘাত।
সিদ্ধ সাধ্য বজ্ৰ বৰিয়াণ ব্যতিপাত।।
শিৱ শুক্র শুভ সুর্ণ ব্ৰহ্ম ইন্দ্র নাম।
বৈধৃতি সাতাইশ যোগ কৈলো অনুপাম।।২৩৯।।
শুনিয়োক আৱে দশ দেৱতাৰ স্থান।
পূৰ্ব্ব দিশে ইন্দ্রপুৰী কৰিলা নির্মাণ।।
অগ্নিকোণে অগ্নি যে দক্ষিণ দিশে যম।
নিৰ্ঋৃতি নৈৰ্ঋৃত কোণে বৰুণ পশ্চিম।।২৪০৷৷
বায়ব্য কোণত বায়ু উত্তৰে কুবেৰ।
ঐশান কোণত স্থান লৈলা মহেশ্বৰ।।
ব্ৰহ্মাৰ নগৰ ভৈলা সৱাৰো মধ্যত।
সত্যলোক স্থান বুলি মেৰুৰ মুৰ্দ্ধত।। ২৪১।।
সাত কুম্ভী নামে সভা মহা জ্যোতির্ময়।
হাজাৰ দশেক প্ৰহৰৰ পথ হয়।।
স্বর্গ লঙিঘ আছে ব্রহ্মা সভাৰ জেউতি।
এতেকে সূৰ্যক সেই নিবাৰে সম্প্রতি।। ২৪২।।
এতেকে মেৰুৰ ছায়া কৰৈ অন্ধকাৰ।
কহিলো তোহ্মাত যেন নিশাৰ প্ৰকাৰ।।
নৱ পদ্মকল্প কথা শুনা নৃপবৰ।
ব্ৰহ্মাৰ ভৈলেকে যেৱে পঞ্চাশ বৎসৰ।। ২৪৩।।
মিলিল প্রলয় আসি সেহি সময়ত।
জগতক বাসা কৃষ্ণে দিলা উদৰত।।
ব্রহ্মায়ো পশিয়া পাছে উদৰত ৰৈলা।
দিব্য হাজাৰেক যুগ যেৱে বহি গৈলা।।২৪৪৷৷
ভৈলা ব্রহ্মা আসি নাভি পঙ্কজত জাত।
ঘোৰ প্ৰলয়ৰ জল দেখিলা সাক্ষাত।।
প্রলয়ৰ জলে কৰে পৰম আন্দোল।
বিমোহিত ভৈলা ব্রহ্মা নাহি মাত বোল।।২৪৫।।
মিলিল মনত ত্রাস হৰিল চেতন।
আপোনাক নজানন্ত মঞি কোন জন।।
পদ্মৰ চকাত ব্রহ্মা বসিয়া আছন্তে।
ভৈলা চাৰি মুখ চাৰি দিশ নিহালন্তে।।২৪৬।।
সেহি দিনা হন্তে নাম ভৈলা চতুর্মুখ।
কৈৰ হন্তে আইল পদ্ম মনত অসুখ।।
বিচাৰ কৰিয়া আৱে আৰ লৈবো অন্ত।
নলাত ধৰিয়া বুৰ ব্ৰহ্মায়ে দিলন্ত।।২৪৭।।
এক শত বৰিষ অধক গৈয়া চাইলা।
পদ্মৰ মূলক ব্রহ্মা বিচাৰি নপাইলা।।
পদ্মতে বসিলা ব্রহ্মা অসন্তোষ মনে।
তপ তপ বাণী পাছে শুনিলা গগনে।।২৪৮৷৷
তপ কৰি আছিলন্ত সহস্র বৎসৰ।
ভৈলন্ত বেকত তৈতে পুৰুষ ঈশ্বৰ।।
কৰিলন্ত প্রজাপতি তুতি অসংখ্যাত।
তুষ্ট হুয়া বৈকুণ্ঠক দেখাইলা সাক্ষাত।।২৪৯।।
হৃদয়তে পঢ়াইলন্ত বেদ সমস্তয়।
সেহি দিনা ভৈলন্ত ঈশ্বৰ পৰিচয়।।
কৃষ্ণৰ চৰণ ব্রহ্মা ধৰিলা মনত।
স্ৰজিবাক লাগে মোৰ তিনিয়ো জগত।।২৫০।।
এহি বুলি আলোচন্ত ব্রহ্মা প্রজাপতি।
কোন অঙ্গে কোন দেৱ ভৈলা উতপতি।।
কৃষ্ণ উপদেশে ব্রহ্মা স্ৰজিলা জগত।
ভৈলা চাৰি সিদ্ধ জাত প্রথমে মনত।।২৫১।।
ব্রহ্মায়ে বোলন্ত সৃষ্টি কৰা পুত্র গণ।
চাৰি মহা মুনিৰ নাহিকে তাত মন।।
কৰিলন্ত ব্রহ্মা ক্রোধে ভ্রকুটি কুটিল।
ললাটত হন্তে পাচে ৰুদ্র উপজিল।।২৫২।।
পিতৃৰ আদেশে স্ৰজিলন্ত ভূতগণ।
ব্ৰহ্মায়ে স্ৰজিলা পাছে পুত্র দশ জন।।
কোলাত নাৰদ ভৈলা দক্ষ আঙ্গুলিত।
প্রাণত বশিষ্ট জাত পুলহ নাভিত।।২৫৩।।
ছালত ভৈলন্ত ভৃগু পুলস্তি কর্ণত।
হস্তত জন্মিল ক্রতু অঙ্গিৰা মুখত।।
আখিত ভৈলন্ত অত্রি মৰীচি মনত।
ধৰ্ম্ম উপজিলা পাছে দক্ষিণ স্তনত।।২৫৪।।
পিঠিত অধৰ্ম্ম হৃদয়ত ভৈলা কাম।
জ্বৱ মধ্যে উপজিলা ক্রোধ যাৰ নাম।।
অধৰত লোভ জন্ম মুখত বাক্যৰ।
অণ্ডকোষে উপজিলা সপত সাগৰ।।২৫৫।।
গুহ্যত নিৰ্ঋৃতি ভৈলা কৰ্দ্দম ছায়াত।
শৰীৰত সমস্ত জগত ভৈলা জাত।।
স্বায়ম্ভুৱ মনু পাছে ব্ৰহ্মাত জন্মিলা।
কৰিয়ো মনুষ্য সৃষ্টি ব্রহ্মা আদেশিলা।।২৫৬।।
মাগিলন্ত স্থান মনু পিতৃৰ আগত।
ব্রহ্মায়ো দেখন্ত মহী মজিল জলত।।
পৰম অগাধ জল সাগৰ অপাৰ।
কোনে কৰিবেক আৱে পৃথিৱী উদ্ধাৰ।।২৫৭।।
একোমতে ব্রহ্মা গুণি নপান্ত উপায়।
আছন্ত বিধাতা বসি কৃষ্ণক ধিয়ায়।।
বাজ ভৈলা বৰাহ শিশু নাসিকাৰ হন্তে।
ইটো কিবা বুলি ব্রহ্মা বিস্ময়ে চাহন্তে।।২৫৮।।
ভৈলা মহা কায়া মেৰু মন্দৰ সমান।
বিষ্ণু অৱতাৰ ভৈলা পাইলন্ত প্রমাণ।।
কৰিলন্ত স্তুতি ব্রহ্মা সঙ্গে সুৰ ঋষি।
দিলা সাগৰত জাম্প বৰাহে হৰিষি।।২৫৯।।
সাগৰৰ জল লোম গুৰিত লুকাইল।
ক্ষণেকে তলক গৈয়া পৃথিৱীক পাইল।।
দন্তৰ অগ্ৰত ভূমি আনিলা উদ্ধাৰি।।
হিৰণ্যাক্ষে ধাইলা পাছে কৰে গদা ধৰি।।২৬০।।
মেৰু সম সৱ দেখি তাৰ কলেৱৰ।
পতঙ্গ সদৃশ দেখি আগে বৰাহৰ।।
গদায়ে কোবাইবে তাঙ্ক ঢুকি নপাৱন্ত।
পৃথিৱী দন্তত লৈয়া বৰাহে যুজন্ত।।২৬১।।
কৰিলা অনেক যুদ্ধ দুয়ো বান্ধ ভিড়ি।
ঘোৰ অসুৰক মাৰিলন্ত দান্তে ছিড়ি।।
আনন্দে কৰিলা দেৱে মহা পুষ্প বৃষ্টি।
পৃথিৱীত ভৈলা পাচে মনুষ্যৰ সৃষ্টি।।২৬২।।
ব্রাহ্মণ ক্ষত্রিয় বৈশ্য শূদ্ৰ চাৰি জাতি।
পশু পক্ষী বৃক্ষ মহী ভৰিলেক আতি।।
ব্রহ্মায়ে স্বজন্ত বিষ্ণু পালন্ত সাক্ষাত।
পদ্মৰ কল্পৰ কথা কহিলো তোহ্মাত।।২৬৩।।
আৱে নৰকৰ কথা শুনিয়ো সম্প্রতি।
যেন পাপে যাক পাৱৈ কহো প্রতি প্রতি।।
সাতো পাতালৰ তল জলৰ উপৰ।
সঞ্জমণি নামে সিটো যমৰ নগৰ।।২৬৪।।
অসংখ্যাত নৰক কহিয়া নপাঞো ওৰ।
তাতে মুখ্য চৌৰাশী নৰক মহাঘোৰ।।
তাতে মুখ্য আঠাইশ নৰক মহাঘোৰ।
তাৰ লেখ লৱা পৰীক্ষিত মুখে মোৰ।।২৬৫।।
ৰৌৰৱ সন্দর্শ মহাৰৌৰৱ তামিশ্র।
কুম্ভীপাক কালসূত্র অন্ধতামিশ্র।।
অসিপত্র অন্ধকূপ শুকৰৰ মুখ।
কৃমি ভোজনত পৰে নাহি মহা দুখ।।২৬৬।।
তপ্তসূচী বজ্রকূট শাল্মলী অসংখ্য।
বৈতৰণী প্রাণ নিৰোধন লাল ভক্ষ্য।।
পুঁযদ অবিচি পুঁযবহ দুর্গম।।
আয়ুষ্মান বিসুধন ক্ষাৰ যে কৰ্দ্দম।।২৬৭।।
ৰাক্ষোগণ ভোজন অতর্ব নিৰোধন।
শূলপুট দণ্ডশূক অপৰ নিৱর্তন।।
সূচীমুখ নামে তাৰ নাহি পটন্তৰ।
আঠাইশ নৰক এহি লেখ নৃপবৰ।।২৬৮৷৷
পৰম যাতনা এই পাতকীৰ স্থান।
যাক যেনে পাপে পাৱে কহো বিদ্যমান।।
পৰ ধন পৰ পুত্ৰ ভাৰ্য্যা যিটো হৰে।
তামিশ্র নৰকে দুখ ভুঞ্জি সিটো মৰে।।২৬৯।।
নিজ ভাৰ্য্যা পুত্ৰক বঞ্চিয়া যিটো নৰে।
কৰে অন্ন ব্যঞ্জন ভোজন একেশ্বৰে।।
পৰে অন্ধতামিশ্রত ভুঞ্জৱৈ যাতনা।
যমদূতে কৰৈ শাস্তি হৰাৱৈ চেতনা।।২৭০।।
আনক হিংসিয়া যিটো কুটুম্বক পোষে।
ৰৌৰৱ নৰকে গৈয়া পৰে সেহি দোষে।।
সর্পতো অধিক ক্ৰূৰ ঘোৰ পশু জাতি।
কামুৰি কামুৰি গাৰ মাংস খায় আতি।।২৭১।।
ৰঙ্গে পশু মাৰি যিটো পৰম নিস্থলে।।
নিত পুত্ৰ ভাৰ্য্যা সমে ভুঞ্জে কৌতূহলে।।
মহা ৰৌৰৱত পৰৈ নাহিকে নিস্তাৰ।।
সেহি পশু আঞ্চৰিয়া মাংস খায় গাৰ।।২৭২।।
পোষণ পশুক যিটো মাৰি খায় ৰান্ধি।
ৰাক্ষসতোধিক যমদূতে তাক বান্ধি।।
কুম্ভীপাক নৰকত অনেক বৎসৰ।।
তপত তৈলত পেলাই ভাজে নিৰন্তৰ।।২৭৩।।
কৰে ব্ৰহ্ম বধ যিটো অধম পামৰ।
কালসূত্র নৰকত পৰৈ সিটো নৰ।।
অযুত যোজন তপ্ত তাম্রময় স্থলে।
মৰৈ পুৰি দেই মহাপাতকৰ ফলে।।২৭৪।।
নিজ বেদ পন্থ এৰে বিনা আপদত।
যিটোজনে কৰে ৰতি পাষণ্ড পথত।।
পৰৈ সিটো অসিপত্র বনৰ ভিতৰে।
চাবুকে কোবায়া ফুৰৈ দাৰুণ কিঙ্কৰে।।২৭৫।।
ব্রাহ্মণক মাৰৈ ধৰি যিটো মহাপাপী।
শূকৰ মুখত পেহ্লাই মাৰৈ তাক চেপি।।
যেন ইক্ষু দণ্ড পেড়ৈ কলুত ভেজাই।
কৰৈ আৰ্ওৰাৱ মৰো মৰো ধাতু যায়।।২৭৬।।
ডাঁসে মসে জোকে পোকে ৰুধিৰ পিয়ন্তে।
তাক মাৰি খেদৈ যিটো শৰীৰৰ হন্তে।।
পৰে অন্ধকূপ নৰকত সিটো মৰি।
সর্প জোকে পোতে তৈতে খাৱৈ তাক ধৰি।।২৭৭।।
দৈৱে ভক্ষ্য বস্তু আসি হৱৈ উতপন্ন।
কাহাকো নিদিয়া আপুনি ভোজন।।
পৰৈ সিটো পাপী কৃমি ভোজনত যায়।
নৰকৰ পলু তাক বেঢ়ি বেঢ়ি খায়।।২৭৮।।
চুৰি কৰে বলে বা বিপ্ৰৰ হৰৈ ধন।
সন্দর্শ নৰকে গৈয়া পৰৈ সিটো জন।।
যমৰ কিঙ্কৰে তাক ধৰিয়া বিনাশে।
ছিণ্ডৈ গাৱ মাংস তাৰ তপত সাণ্ডাসে।২৭৯।।
অগম্যাগমন কৰে যিটো মন্দমতি।
যিটো নাৰী কৰে পৰ পুৰুষত ৰতি।।
লোহাৰ প্রতিমা তাৱৈ অগ্নি বর্ণ কৰি।
তাক সাৱটাৱে দূতে দুইকো দণ্ড কৰি।।২৮০।।
একোৱে নবাছে যিটো মহা কামাতুৰ।
চাবুকে কোৱাই দূতে নেই যমপুৰ।।
আজোৰয় বান্ধি কুট বজ্ৰশিমলুত।
ছিণ্ডৈ গাৰ মাংস দুঃখ ভুঞ্জে বিপৰীত।।২৮১।।
যিটো মন্দমতি বেদপন্থ ছন্ন কৰে।
বৈতৰণী নদীত যাতনা ভুঞ্জি মৰে।
খাই জল জন্ত্ত মাংস ছিণ্ডি শৰীৰৰ।।
বিষ্টা মল মূত্র জলে ভাসৈ নিৰন্তৰ।।২৮২৷৷
আচাৰ লজ্জাক ত্যজে যিটো দ্বিজগণ।
পশু বুদ্ধি কৰৈ পাপী সুৰাক ভক্ষণ।।
পূঁয্যাদি নৰকে পৰৈ নাহিকে নিস্তাৰ।
পূঁয বিষ্ঠা মূত্র যত ভক্ষ্য হোৱে তাৰ।।২৮৩।।
যিটোজনে ফুৰৈ যাঠী কান্ধে পশু মাৰি।
প্রাণ নিৰোধত পৰৈ সিটো অহঙ্কাৰী।।
হাতে শৰ ধনু ধৰি দাৰুণ কিঙ্কৰে।
কড়িয়াই মাৰৈ তাক অনেক বৎসৰে।।২৮৪৷৷
যিজনৰ আছৈ বিষয়ত অনুৰাগ।
তামসিক কৰ্ম্ম কৰি কাটে হংস ছাগ।।
বৈসয় নৰকে পৰে দূতে কৰে দণ্ড।
তিল সম কৰে তাৰ তনু খণ্ড খণ্ড।।২৮৫।।
ক্ষত্রিয় ব্রাহ্মণে সুৰা পিয়ে প্রমাদত।
পৰে সিটো পাপী অৰম্পান নৰকত।।
হিয়াত জান্তিয়া তাৰ দূতে চিত কৰি।
অগ্নি বর্ণ লোহাক পিয়াৱে মুখ ভৰি। ২৮৬।।
কামাতুৰ হুয়া যিটো পাপী দ্বিজগণ।
পৰৰ ভাৰ্য্যাক কৰে মুখত চুম্বন।।
হোৱে তাৰ লাল ভক্ষ নৰকত স্থান।
যমদূতে ৰেতস কৰাৱে তাক পান।।২৮৭৷৷
চুৰি কৰি নেই যিটো সৰ্ব্বস্ব নিশেষ।
গৃহ দাহ কৰে যিটো লুটে গ্রাম দেশ।।
ঘোৰ সাৰমেয়াদ নৰকে সিটো পৰৈ।
বজ্ৰদন্ত কুকুৰে বায়সে বেঢ়ি ধৰৈ।।২৮৮।।
অবিচি নৰকে পৰৈ মিছা সাক্ষী বুলি।
শতেক যোজন উপৰক নেই তুলি।।
তল মুণ্ডে শিলাত পেহ্বায়া কৰে দণ্ড।
তিল মান হোৱৈ তাৰ তনু খণ্ড খণ্ড।।২৮৯।।
বিদ্যাতপে ব্রতে যিটো কৰৈ অহঙ্কাৰ।
জীৱন্ততে জানা সিটো মৃতক আকাৰ।।
বিষম যাতনা ক্ষাৰ কৰ্দ্দমৰ কুণ্ডে।
তাতে গৈয়া পৰৈ সিটো পাপী তল মুণ্ডে।।২৯০।।
ভৈৰৱক পূজৈ দিয়া মনুষ্য বলিক।
জ্ঞানী হুইয়া যিটো নৰে হিংসয় প্রাণীক।।
ৰক্ষোগণ ভোজন নামে নৰকে পৰে যায়।
ৰাক্ষসে বিদাৰি তাৰ তেজ মাংস খায়।।২৯১।।
লোভ দিয়া মাৰৈ যিটো পক্ষী ফান্দ পাতি।
শূলপুট নৰকত কৰে তাক শাস্তি।।
গোৰ ত্রিশূলত তাক থৈয়া জান্তি জান্তি।
ঠোটে ঘালে পক্ষী সৱে কৰিয়া আক্রান্তি।।২৯২।।
যিটো মহা দুর্জনে প্রাণীক দেয় ভয়।
দণ্ডশূক নৰকত পৰে দুৰাশয়।।
ঘোৰ সৰ্পৰ্গণে তাক ধৰি গোটে গিলে।
মৰি মৰি উপজে যাতনা আতি মিলৈ।।২৯৩৷৷
প্রাণীক নিৰোধৈ যিটো খান্দি পোতে গাঁত।
পৰে সিটো অৱশ্যে নিৰোধ নৰকত।
যমৰ কিঙ্কৰে গাত খানি পোতে তাক।।
কল যেন পকাৱৈ ধূমৰ দিয়া যাগ।।২৯৪।।
অতিথিক দেখি যিটো চক্ষু পকাই চাৱৈ।
ঠাই নাই বুলি হুলহুলি কৰি ধাৱৈ।।
কঙ্ক বক কাকে তাৰ ঠোটে চক্ষু কাঢ়ে।
মৰো মৰো বুলিয়া সঘনে ৰাৱ ছাড়ে।।২৯৫।।
নেদয় নাখায় ধনী হুয়া মন্দ চিত্ত।
যক্ষে যেন ব্যয় ভয়ে পুতি ৰাখে বিত্ত।।
সূচীমুখ নৰকে পেলায় দূতে ধৰি।
ঢোল যেন চাৱে হাতে গলে লগাই জৰী।।২৯৬।।
হেনয় নৰক শত সহস্র সংখ্যাত।
আছে যমপুৰী ভৰি জানিবা সাক্ষাত।।
শুনা সভাসদ ইটো মহা ভাগৱত।
পুৰাণৰ সূৰ্য্য ইটো কি কৈবো মহত৷৷২৯৭৷৷
হুয়া এক শৰণ যিজনে শুনৈ আক।
পাৱৈ পৰম্পদ সুখে নিস্তৰে মায়াক।।
বৈকুণ্ঠৰ শাস্ত্ৰ আনি পৰম উৎসুকে।
সংসাৰীক কৰি কৃপা প্রচাৰিলা শুকে।। ২৯৮।।
জানি এক চিত্তে নিতে শুনা কৃষ্ণকথা।
ইহেন মনুষ্য জন্ম নকৰিয়ো বৃথা।।
বিজুলী চমক যেন জীৱন অথিৰ।
কৈত কেতিক্ষণে পৰে ইহেন শৰীৰ।।২৯৯।।
প্রাণ বন্ধু কৃষ্ণৰ চৰণে দিয়া চিত্ত।
কৃষ্ণ গুণ নাম ইটো পৰলোক বিত্ত।।
জানি হৰি ভকতিত তেজিয়া আলাস।
আউৰ কি মনুষ্য হুইবা এড়া ইটো আশ৷৷৩০০৷৷
সত্বৰে গলত বান্ধা মাধৱৰ নাম।
শঙ্কৰে ৰচিলা ডাকি বোলা ৰাম ৰাম।।৩০১৷৷
।।ইতি অনাদি পাতন সমাপ্ত।।
।।শ্রীমদ্ভাগৱত।।
।।তৃতীয় স্কন্ধ।।
।।বিদুৰউদ্ধৱ সংবাদ ও কপিল চৰিত৷৷
।।শ্রীকৃষ্ণায় নমঃ।।
৷।মঙ্গলাচৰণ।।
।।পদ।।
জয় জয় কৃষ্ণ ভগৱন্ত লক্ষ্মীপতি।
জয় জয় পৰিপূৰ্ণ অগতিৰ গতি।।
জয় চিদানন্দ সদানন্দ সুখে ৰতি।
ব্রহ্মা মহেশাদি যাৰ পদে কৰে নতি।।৩০২।।
জয় নন্দ নন্দন গোৱিন্দ গুণধাম।
জয় গোপবধুজন মন অভিৰাম।।
জয় সৰ্ব্ব মঙ্গল উজ্জ্বল তনু শ্যাম।
তযু পাদপদ্মে কৰো অলেখ প্রণাম।।৩০৩৷৷
নমো নমো কোটি কোটি ব্রহ্মাণ্ডনায়ক।
নমো নমো প্রাণনাথ বংশীবজায়ক।।
নমো মহেশ্বৰ কন্দর্পৰো দর্পহাৰী।
প্রণামো গোপাল গোৱৰ্দ্ধন গিৰিধাৰী।।৩০৪।।
মোৰ নিজ ইষ্টদেৱ শ্যাম গুণনিধি।
একে মনোৰথ মোৰ কৰিয়োক সিদ্ধি।।
তযু গুণগান কিছো বর্ণাইবাক চাঞে।
যদি আমি অন্ধে এক কৃপাদৃষ্টি পাঞো।।৩০৫।।
তেৱেসে ৰচিবে পাৰো মঞি আতি মূঢ়।
আৰ ইটো শ্ৰীভাগৱত কথা গৃঢ়।।
এতেকেসে তযু পাৱে কৰো নিৱেদন।
কৰিয়ো উদয় নাথ তযু গুণগণ।।৩০৬।।
জয়তি কমলাসন নাৰদ জয়তি।
জয়তি যোগীন্দ্র শুক মুনি মহামতি।।
জয় ঋষি মৈত্রেয় বিদুৰ হৰিপৰ।
জয়তি নৃপেন্দ্ৰ পৰীক্ষিত বংশধৰ।।৩০৭||
এসম্বাৰ সম্বাদ শুনিয়ে সভাসদ।
ভাগৱত কথা ইটো মিলাৱে সম্পদ।।
আছিলন্ত শ্রীদামোদৰ মহাসন্ত।
ভাগৱত শাস্ত্র মাত্র সদা শুনিলন্ত৷৷৩০৮।।
তান নিজ কিঙ্কৰ পৰম সাধুচয়।
ইদানিকো হৰিগুণ সত্রে প্রৱৰ্ত্তয়।।
তাসম্বাৰ বচনক কৰি শিৰোগত।
তৃতীয় স্কন্ধৰ পদ কৰিবো বেকত।।৩০৯।।
শ্ৰীশঙ্কৰ আদি সাধুসৱ যত।
যদি পদ নিৱন্ধিয়া আছে নানামত।।
তথাপিতো তাৰাৰ উচ্ছিষ্ট যেন পাঞে।
সাধুসকলৰ বাক্যে তাকেসে জোৰাঞে।।৩১০।।
হেন জানি সাধুসৱ এৰি মোৰ দোষ।
হৰিযশ ৰস শুনি হুয়োক সন্তোষ।।
ইটো মহাভাগৱত সৰ্ব্ববেদ সাৰ।
আৰ কোনজনে অর্থ কহি পাৱে পাৰ।।৩১১৷৷
তথাপিতো অন্তর্যামী তুমি কৃপাময়।
যিমতে শিখোৱা তেনে কৰিবো নির্ণয়।।
পোষণ পক্ষীয়ে যেন বাক্য ভাষা কয়।
তাক শুনি সৰ্ব্বলোকে আনন্দ কৰয়।।৩১২৷৷
বিচাৰত কোনো কিছু জ্ঞান নাহি তাত।।
মোৰো সেহি পটন্তৰ কহিলো সাক্ষাত।।
সিংহৰ আক্রান্ত দেখি মুষে কৰে টাই।
গৰুড়ক দেখি যেন পতঙ্গ উৰায়।।৩১৩৷৷
দেখি পদ পূৰ্ব্বাপৰ সাধু সমস্তৰ।
মোৰ সেহি পটন্তৰ জানিবা বিস্তৰ।।
কিন্তু যদি আকাশৰ অন্তক নপায়।
তভো শক্তি অনুৰূপে চটক উৰায়।।৩১৪।।
মই সেহিমতে নিজগতি অৱগাই।
কৰিবো পয়াৰ ভাষ্য টীকা অর্থ চাই।।
বৈষ্ণৱসৱৰ পাৱে কৰিয়া প্রণতি।।
গোপালচৰণ দীন হীন শিশুমতি।।৩১৫৷৷
নিজগুৰু চৰণত কৰি নমস্কাৰ।
ভাগৱত কথাচয় কৰিবো প্রচাৰ।।
কৃষ্ণৰ প্রসাদে ইটো কথা প্রচাৰোক।
শুনি সাধুসৱে যেন দাস বোলে মোক।।৩১৬।।
ইটো কথা এহিমানে ৰহোক সাম্প্রত।
ডাকি ৰাম বোলা মুখে সভাসদ যত৷৷
৷৷ প্ৰস্তাৱনা।।
প্রথমতে স্কন্ধৰ সমস্তে অৰ্থচয়।
যেনমতে সৰ্ব্বলোকে সুবোধে বুজয়।।৩১৭।।
সিকাৰণে সংক্ষেপি কহিলা মহাশয়।
শ্ৰীমন্ত শ্ৰীধৰস্বামী গুৰু কৃপাময়।।
তৃতীয় স্কন্ধৰ ইটো তেত্রিশ অধ্যায়।
সর্গ নাম লক্ষণ বর্ণাইবো সমুদায়।।৩১৮।।
ঈশ্বৰৰ ইচ্ছাত ক্ষোভিত গুণচয়।
তাত হন্তে ব্রহ্মাণ্ডৰ ভৈলেক উদয়।।
আকে সর্গ লক্ষণ বোলয় সাধুজনে।
প্রথম অধ্যায়ৰ কথা শুনা সৰ্ব্বজনে।।৩১৯।।
বিদুৰ পৰম ধীৰ গোৱিন্দৰ দাস।
আয়ু ক্ষীণে বন্ধু বান্ধৱৰ এৰি আশ।।
চলি যাইবা বিদুৰ তীর্থক ৰঙ্গ মন।
উদ্ধৱ সহিতে পাছে হৈবা সম্ভাষণ।।৩২০।।
আৱে তাতপর্য কথা শুনিয়ো সাম্প্রত।
দুই সম্প্রদায়ে প্রৱৰ্ত্তিল ভাগৱত।
পদ্মকল্পে নাৰায়ণে ব্রহ্মাত কহিলা।
ব্রহ্মা নাৰদত তেহো ব্যাসত জনাইলা।।৩২১।।
ব্যাসো অধিকাৰী দেখি শুকত কহিলা।
শুকে কৃপা কৰি পৰীক্ষিতক শুনাইলা।।
সনকাদি ঋষিতো কহিলা এহি মত।
অনন্ত স্বৰূপে হৰি এহি ভাগৱত৷৷৩২২।।
তাৰা চাৰি মুনি সাংখ্যায়নক দিলন্ত।
সাংখ্যায়ন হন্তে পৰাশৰে লভিলন্ত।।
তাত হন্তে লভিলা মৈত্রেয় মহাভাগ।
মৈত্রেয়ৰ কৃপাত বিদুৰে পাইলা লাগ।।৩২৩৷৷
নাৰায়ণ সম্প্রদায় সংক্ষেপিয়া কথা।
দ্বিতীয় স্কন্ধত তাক কহিলা সৰ্ব্বথা।।
আৱে দেৱ অনন্তৰ উক্ত অর্থচয়।
বিস্তৰ কৰিয়া তাৰ কহিবো নির্ণয়।।৩২৪।।
প্রথমতে মৈত্রেয় বিদুৰ সমাগম।
চাৰি অধ্যায়ত কহিবোহো মনোৰম।।
প্রপঞ্চৰ নিৰূপম অষ্টম অধ্যায়।
সপ্তমে বৰাহ লীলা পটন্তৰ নাই৷৷ ৩২৫।।
পূর্ণ একে সৃষ্টি কথা কৰি সমাপত।
কপিলৰ জন্ম হৈব চাৰি অধ্যায়ত।।
তাত পাছে নৱমে মাতৃত কৃপাময়।
ভক্তি সমে আত্মজ্ঞান কৰিবা উদয়।।৩২৬।।
এহিমতে ইটো স্কন্ধ তেত্রিশ অধ্যায়ত।
প্ৰৱৰ্ত্তি আছয় তাক কহিলো সাক্ষাত৷৷
.........
।।বিদুৰউদ্ধৱ সংবাদ।।
দ্বিতীয় স্কন্ধৰ অন্তে বুলিলন্ত শুকে
‘পদ্মকল্প কহো ৰাজা শুনিয়ো উৎসুকে।।৩২৭।।
আৱে ঋষি সেহি প্রতিজ্ঞাত অর্থ যত।
ইতিহাস কথা তুলি ৰাজাৰ আগত।।
বিস্তৰ কৰিয়া তাক কহা কৃপাময়।
শুক নিগদতি পৰীক্ষিত মহাৰায়।।৩২৮||
তুমি যিবা আমাত পুছিলা অৰ্থচয়।
আত পূৰ্ব্বকথা এক শুনা মহাশয়।
আছিলন্ত বিদুৰ কৃষ্ণৰ নিজদাস।
হৰি বিনা তাহাৰ আনত নাই আশ।।৩২৯।।
পাছে কতোদিনে বিৰকত আতি ভৈলা।
পৰম সম্পত্তিযুক্ত গৃহ এৰি গৈলা।।
যদি সিটো গৃহ এৰিবাক যোগ্য নয়।
যাতো এহি ভগৱন্ত নিৱাস কৰয়।।৩৩০।।
তোমৰাৰ দূত হুয়া যান্ত মহেশ্বৰ।
ধৃতৰাষ্ট্রে সতকাৰ কৰন্ত বিস্তৰ।।
পাছে দুৰ্য্যোধন নৃপতিৰ গৃহ এৰি।
গোৱিন্দ বিদুৰ গৃহে গৈলন্ত সাদৰি।।৩৩১।।
প্রার্থনা বিনায় তাত থাকা গৈয়া হৰি।
যিহেতু মোহোৰ বুলি মনে আছা ধৰি।।
হেন লাগ গৃহত এড়িয়া অনুৰাগ।
বনে চলি গৈলাহা বিদুৰ মহাভাগ।।৩৩২।।
পাছে মহা ভাগৱত মৈত্রেয়ক পাই।
এহি সৱ অর্থ পাছে পুছিলা বিনয়।।
ইটো কথা শুনি পৰীক্ষিত ৰঙ্গ ভৈলা।
কৰযোৰ কৰি ৰাজা পুছিবাক লৈলা।।৩৩৩৷৷
পৰীক্ষিত বদতি শুনিয়ে মুনিবৰ।
ভগৱন্ত মৈত্রেয় সহিতে বিদুৰৰ।।
কোন স্থানে কোন কালে ভৈলেক সংবাদ।
তাক শুনিবাৰ মোৰ মনত আহ্লাদ।।৩৩৪৷৷
অৱশ্যে জানিলো মুনি মৈত্রেয়ৰ আগে।
গৃঢ় কথা পুছিলা বিদুৰ মহাভাগে।।
যাতো দুই বৈষ্ণৱৰ ভৈলেক সঙ্গম।
এতেকে হৈয়াছে তৈতে কথা মনোৰম।।৩৩৫।।
আৰো এক শঙ্কা মোৰ মিলি আছে মনে।
কি হেতু বিদুৰ গৃহ এৰি গৈলা বনে।।
ইসৱ সংশয় গুৰু বাপ ছেদিয়োক।
নিজ অনুচৰ হেন মানিয়োক মোক।।৩৩৬।।
হৰি হৰি মোহোৰ আছয় মহাভাগ।
যিহেতু তোহ্মাত পুছিবাক পাইলো লাগ।।
এহি বুলি প্রেমে ৰাজা আছিল স্তম্ভিয়া।
কৃষ্ণ পাদ পদ্ম দুই মনে আলিঙ্গিয়া।।৩৩৭।।
নিগদতি সূত শুনিয়োক ঋষিচয়।
এহিমতে ৰাজা যেৱে কৰিলা বিনয়।।
পৰম সন্তুষ্ট ভৈলা ব্যাসৰ নন্দন।
প্রশংসিয়া নৃপতিক বুলিলা বচন।।৩৩৮।।
শুনা নৰ নাৰী হৰিকথা মন কৰি।
তেৱেসে চলিবা ৰঙ্গে বৈকুণ্ঠ নগৰী।।
সাধু সঙ্গে হৰিগুণ গায়ো অৱিশ্রাম।
আন কথা এৰি ডাকি বোলা ৰাম ৰাম।।৩৩৯।।
.............
।।ছবি।।
নিগদতি শুক ঋষি ধন্য ধন্য মহাযশী
মাধৱৰ দাস নৃপবৰ।
তযু বাণী শুনি আতি ভৈলো আনন্দিত মতি
আৱে লৈয়ো প্রশ্নৰ উত্তৰ।।
বিদুৰ পৰম সন্ত যিবা হেতু এৰিলন্ত।
নিজ গৃহ তাহাৰ কাৰণ।
কহো মঞি তযু আগে শুনা তাক অনুৰাগে।
একচিত্ত কৰি একমন।।৩৪০।।
ধৃতৰাষ্ট্ৰ দুৰাশয় মহাদুষ্ট পুত্ৰচয়।
অধৰ্ম্ম পোষয় যি কালত।
সেহিকালে বিদুৰৰ মনে ভৈলা চিন্তাজ্বৰ
এৰি গৈলা তাৰাক তাৱত।।
আৰো ঘোৰ কৰ্ম্ম যত দেখিলন্ত সি থানত
জো গৃহে পাণ্ডৱক থই।
অগ্নি লগাই চতুর্ভিতি দুৰ্য্যোধন মন্দমতি
তাসম্বাক দহিবাক চাই।।৩৪১।।
সভা মধ্যে দ্রৌপদীৰ বস্ত্ৰক লৱয় কাঢ়ি
তাকো ধৃতৰাষ্ট্রে নবাধিল।
ইটো পাপ গুৰুতৰ দেখি আতি বিদুৰৰ
তাসম্বত মন বিহৰিল।।
যুধিষ্ঠিৰ মহামানী তাঙ্কো মিছা পাশা জিনি
ভ্রাতৃ সমে বনক ডাকিল।
পাছে কৃষ্ণ প্রসাদত বনবাস দুখ যত
এড়াই পুনু দেশক আসিল।।৩৪২।।
তেৱে কৃষ্ণ পৰায়ণ যুধিষ্ঠিৰ শুদ্ধ মন।
ৰাজাত খোজন্ত নিতে যাই।
নকৰিবা মনে ৰাগ আহ্মাৰ পিতৃৰ ভাগ।
আৱে পুনু দিয়োক আন্তাই।।
ধৃতৰাষ্ট্র মন্দমতি ইসৱ বচন আতি
শুনিয়ো নকৰে অৱধান।
আক দেখি বিদুৰৰ মনে তাপ নিৰন্তৰ
এড়ি যাইবে চান্ত আন থান।।৩৪ত।।
শুনিয়োক নৰনাৰী কৃষ্ণকথা মন কৰি
ইসে মাধৱক কৰে বশ্য।
কলিযুগে ইটো সাৰ নাম বিনে নাহি আৰ।
জানা এহি শাস্ত্ৰৰ ৰহস্য।।
হেন জানি নৰনাৰী আন কথা পৰিহৰি
জান্তে ধৰা কৃষ্ণগুণ নাম।
বৈষ্ণৱৰ দাস নিজ গোপালচৰণ দ্বিজ
কহে ডাকি বোলা ৰাম ৰাম।।৩৪৪।।
..................
।।পদ।।
শুক নিগদতি ৰাজা শুনা মহাশয়।
আৰো যেন দেখিলন্ত বিদুৰে অন্যায়।।
একদিন গোৱিন্দক পঠাইলা পাণ্ডৱে
সভামাজে হিতবাক্য বুলিলা মাধৱে।।৩৪৫।।
ভীষ্ম আদি কৰি যত শুনন্তা লোকৰ।
কৰ্ণৰ অমৃত সিটো বাক্য কেশৱৰ।।
তাকো নমানিলা দুৰ্য্যোধন পাপশীল।
দেখি বিদুৰৰ মনে বিষাদ মিলিল।।৩৪৬।।
আৰো কিছু শুনিয়োক কথা মহাৰাজ।
বিদুৰক কৰি আছা যিসৱ অকাজ।।
একদিনা ধৃতৰাষ্ট্র হিত পুছিবাক।
গৃহমাজে বিদুৰক ডাকি আনিলেক।।৩৪৭।।
বিদুৰো প্ৰৱেশ ভৈলা কৰি ৰঙ্গমন।
তাঙ্ক পাই ধৃতৰাষ্ট্রে বুলিলা বচন।।
কহিয়োক হিত মন্ত্র বিদুৰ বোপাই।
পাণ্ডৱক ৰাজ্য কিবা দিবাক যুৱাই।।৩৪৮।।
হেন শুনি ৰাজাত বিদুৰ নিগদতি।
শুনিয়ো নৃপেন্দ্র যেন কহে মোৰ মতি।।
পৰম ধার্ম্মিক যুধিষ্ঠিৰ মহাশয়।
যাৰ শত্ৰু কেহো নতু কভু জাত হয়।।৩৪৯।।
মহাভাগৱত হৰিদাস সমুদায়।
তাঙ্ক আৱে ৰাজ্যভাৰ দিবাক যুৱাই।।
তযু মহা অপৰাধ সহিয়া আছন্ত।
বৃকোদৰ ওহি পুনু ফোকাৰি থাকন্ত।।৩৫০।।
যাত হন্তে তুমিয়ো কৰাহা মহাভয়।
পৰম বলিষ্ঠ ভীম বায়ুৰ তনয়।।
যাৱে খঙ্গে তেহো ঘোৰ নতু কৰে দণ্ড।
শতপুত্র সমে নতু হোৱা লণ্ড ভণ্ড।।৩৫১।।
তাৱে তাসম্বাক তুমি দিয়া ৰাজ্যভাগ।
ধৰা হিত বচন নপাওক দুখে লাগ।।
যেনো বোলা মোক তই নেদেখিবি অল্প।
মোৰ শতপুত্র আছে যেন বজ্রকল্প।।৩৫২।।
ইটো মিছা গৰ্ব্ব তুমি থৈয়ো দূৰ কৰি।
যাতো পাণ্ডৱক মোৰ বুলিলন্ত হৰি।।
হৰি যৈত তৈত দেৱ ঋষি অসংখ্যাত।
পৃথিৱীৰো ৰাজা যত থাকয় তথাত।।৩৫৩৷৷
যিটো প্রভু যদুগণ সমে বিদ্যমান।
দ্বাৰকাত আছা নতু যান্ত আন থান।।
এতেকে জানিবা প্রভু ভৈলা যাৰ ভিতি।
আয়ু যশ জয় তাৰ হোৱে প্রতিনিতি।।৩৫৪।।
তাতেসে তোহ্মাক মঞি বোলো নিষ্ঠ কৰি।।
পাণ্ডৱক ৰাজ্যভাগ দিয়োগ সাদৰি।।
বুলিবা ইহাক নধৰিবে দুর্যোধনে।।
তেৱে তাৰ কথা কহো শুনা সাৱধানে।।৩৫৫।।
যাক পুত্ৰ বুলি তুমি কৰা প্রতিপাল।
এহিটো কলিৰ মূৰ্ত্তি অধম চাণ্ডাল।।
মাধৱৰ দ্রোহী দুষ্টসৱ দুৰাচাৰ।।
মহা অভিমানী ধূমকেতু কুলাঙ্গাৰ।।৩৫৬।।
যিহেতু বিমুখ হৈল কৃষ্ণ দেৱতাৰ।
এতেকে জানিবা শ্রী গুচিল ইয়াৰ।।
আৱে সৱে কুলৰ কুশল চিন্তিয়োক।
ইটো দুৰ্য্যোধনক এখনে তেজিয়োক।।৩৫৭।।
সৱ কুল অর্থে আঙ্ক এৰিবাক পাই।
কহিলো শাস্ত্ৰৰ সাৰ তোহ্মাত বুজাই।।
এতেকে বুলিয়া মৌন ভৈলেক বিদুৰ।
শুনি ক্রোধে জ্বলি গৈলা দুর্য্যোধন ক্ৰূৰ।।৩৫৮।।
ঘৃত পাই যেহেন জ্বলিল হুতাশন।
অধৰ কম্পায়া চাই বুলিলা বচন।।
শুনৰে শকুনি দুঃশাসন মোৰ কথা।
ইটো কপটীক কোনে আনিলেক এথা।।৩৫৯।।
দেখা কেনে দাসীৰ পুত্ৰৰ দুষ্ট চিত্ত।।
মোৰ অন্নে জীৱে পাণ্ডৱৰ চিন্তে হিত।।
এতেকে ইহাৰ সমুচিত কৰা কাজ।
ধনু কাঢ়ি লৈয়া নগৰৰ কৰা বাজ।।৩৬০৷৷
এহি বুলি মৌনে ৰহিলেক দুৰ্য্যোধন।
কাৰ্য্য বুজি বিদুৰ উঠিলা তেতিক্ষণ।।
বচন সায়কে যেন মর্ম্মভেদ ভৈলা।
তথাপি বিদুৰে তাক দুখ নমানিলা।।৩৬১৷
মাধৱৰ মায়াক কৰিলা বহুমান।
হৰি হৰি কিনো আতি পৰম অজ্ঞান।
তাসম্বাৰ কুশলক চিন্তো প্রতিনিত।
মায়ায়ে মুহিল তভো নজানয় হিত।।৩৬২৷৷
ইটো সৱ পৰম পাপিষ্ঠ দুৰাশয়।
বৈষ্ণৱৰ দ্রোহে নষ্ট হৈবেক নিশ্চয়।।
মোৰ ইটো ধনুক নাহিকে কিছু ফল।
এহি মনে গুণিয়া বিদুৰ মহাবল।।৩৬৩৷৷
দুৱাৰত থৈলা নিয়া দিব্য ধনুখান।
চিত্তত নকৰি কিঞ্চিতেকো অপমান।।
কৃষ্ণৰ কিঙ্কৰ ধীৰবুদ্ধি মহাসন্ত।
তেতিক্ষণে হস্তিনাপুৰক ছাড়িলন্ত।।৩৬৪৷৷
কৌৰৱ বংশৰ ভাগ্যে পুণ্য আছে যত।
বিদুৰৰ লগে জানা গৈলেক তাৱত।।
বন্ধু বান্ধৱৰ এড়িলেক অনুৰাগ।
জয় কৃষ্ণ বুলি চলিলন্ত মহাভাগ।।৩৬৫।।
দুৰ্য্যোধন নৃপতিৰ অপৰাধচয়।
সহিবাক নপাৰি বিদুৰ মহাশয়।।
এতেকেসে পৰম পৱিত্ৰ গৃহ এৰি।
কৃষ্ণক চিত্তত ধৰি বেগে গৈলা লড়ি।।৩৬৬।।
অন্যথা নাহিকে কিছু তীর্থে তান কাৰ্য্য।
যাতো মাধৱৰ ভক্তি সিজে গৃহমাজ।।
অনন্তৰে পৃথিৱীত পৰ্য্যটি ফুৰন্ত।
হৰি তুষ্ট হেতু নানা ব্ৰত ধৰিলন্ত।।৩৬৭।।
শুদ্ধ বস্ত্র শুদ্ধ দ্রব্য কৰন্ত ভোজন।
কেৱল ভূমিত মাত্র কৰন্ত শয়ন।।
পিন্ধিছা বাকলি বস্তু অবধূত কায়।
চিনিবে নপাৰে বন্ধুসৱো লাগ পাই।।৩৬৮।।
একেশ্বৰে ফুৰা চাই পুণ্য বন যত।
খনো ৰঙ্গে পশে যাই লতাৰ মধ্যত।।
পুণ্য নদী সৰোৱৰ যতেক পৰ্ব্বত।।
কৌতুকে ফুৰন্ত আতি হৰিৰ ক্ষেত্ৰত।।৩৬৯।।
মাধৱৰ দৌলচয় তথাত আছয়।
উপৰত ছত্র চিহ্ন প্রকাশ কৰয়।।
দৰশনে কৃষ্ণক মনত আসি পৰে।
উপজয় ভাৱ নীৰ নেত্ৰৰ নিগৰে।।৩৭০।।
ভিতৰত আছে গোৱিন্দৰ মূৰ্ত্তি যত।
বিদুৰে ফুৰন্ত চাই আনন্দে মনত।।
এহিমতে ভাৰতবৰিষ পৰ্যটন্ত।
যৈত যিবা তীর্থ পান্ত তথাতে স্নানন্ত।।৩৭১৷৷
কতদিনে প্রভাস তীর্থক পাইলা যাই।
বন্ধুগণ নাশ ভৈল শুনিলা তথায়।।
কৌৰৱ পাণ্ডৱ দুইৰো মহা কন্দলত।
পৃথিৱীৰ সমস্তে নৃপতি ভৈলা হত৷৷৩৭২।।
এৱে যুধিষ্ঠিৰ ৰাজা একছত্র কৰি।
মাধৱৰ প্রসাদে পাইলন্ত বসুন্ধৰী।।
এহি কথা শুনি কিছু শোক কৰিলন্ত।
পাছে সৰস্বতীক উজান ধৰিলন্ত৷৷৩৭৩।।
সৰস্বতী আদি কৰি যত তীর্থ আছে।
সৱাতে স্নানিয়া উজাইলন্ত ৰঙ্গে পাছে।।
পৃথুৰ অগ্নিৰ তীৰ্থ ত্রিত যে মনুৰ।
গুহ অসিতৰ শ্ৰাদ্ধদেৱৰ বায়ুৰ।।৩৭৪।।
সুৰভি যে সুদাসৰ আৰো কাৰ্ত্তিৰ্কৰ।
এহি একাদশ তীর্থ আতি শ্রেষ্ঠতৰ।।
এসম্বাত বিধিমতে স্নান কাৰ্য্য কৰি।
আনো তীর্থ সেৱিলন্ত মাধৱক স্মৰি।।৩৭৫।।
ৰাত্রি দিনে নুগুচৈ মুখত ৰাম নাম।
হৃদয়ত কৃষ্ণক স্মৰন্ত অৱিশ্রাম।।
হে কৃষ্ণ কৃষ্ণ বুলি উৎসুকে নাচন্ত।
উপজয় ভাৱ কতো তম্ভিয়া থাকন্ত।।৩৭৬।।
জয় কৃষ্ণ বুলি কতো নাচন্ত বিদুৰ।
নদী নদ দেশ বন এৰাইলা প্রচুৰ।।
মৎস্য যে সৌৱীৰ কুৰু সৌৰাষ্ট্র জাঙ্গল।
এহিসৱ দেশক এৰাইলা কৌতূহল।।৩৭৭৷৷
পাছে গৈয়া যমুনাতীৰত মহাভাগ।
পৰম মহন্ত উদ্ধৱক পাইলা লাগ।।
জীলো জীলো বুলি ধৰিলন্ত গলে বান্ধি।
পুছিলেক গোৱিন্দৰ কথা কান্দি কান্দি।।৩৭৮৷৷
যাদৱ পাণ্ডৱ দুই কুলৰ কুশল।
উদ্ধৱত সমস্তে পুছিলা মহাবল।
উদ্ধৱে কৃষ্ণক মনে স্মৰি প্ৰেমভাৱে।
পূৰ্ব্বাপৰ কথা যত কৈলা সেহি ঠাৱে।।৩৭৯।।
তাঙ্ক প্রতি যিবা আদেশিলা দেৱহৰি।
সিসৱ কথাক পাছে কহিলা সাদৰি।।
এহিমতে তহিতে ৰজনী যেৱে গৈলা।
পূৰ্ব্বদিশ হন্তে আসি সূর্যোদয় ভৈলা।।৩৮০৷৷
তেৱে দুয়ো উঠিলন্ত কৃষ্ণ কৃষ্ণ ৰড়ি।
কান্দি কান্দি দুয়ো দুই দিশে গৈলা লড়ি।।
উদ্ধৱ ৰহিলা বদৰিকাশ্রমে যাই।
বিদুৰো কৃষ্ণৰ আজ্ঞা শিৰত চড়াই।।৩৮১।।
জয় কৃষ্ণ জয় কৃষ্ণ বুলি চলি গৈলা।
পাছে গৈয়া মৈত্রেয়ৰ আশ্ৰমক পাইলা।
শুনিয়োক সভাসদ হুয়া একমন।
তৃতীয় স্কন্ধৰ কথা পৰম শোভন।।৩৮২।।
দেখিয়োক ইটো কেনে সাধুৰ হৃদয়।
ভক্তদ্রোহী ভৈলে নিজবংশক এড়য়।।
আনক এড়িবে আৰ ইটো কোন কথা।
বিদুৰত সাক্ষী তাৰ লৈয়োক সৰ্ব্বথা।।৩৮৩৷৷
জানি দুৰ্জনৰ সঙ্গ এড়িয়ে যতনে।
বান্ধৱ কৃষ্ণৰ পাৱে পশিয়ো শৰণে।।
ইটো ঘোৰ কলিকালে ধৰ্ম্ম ভৈলা নাশ।
এহি জানি কেৱলে ভক্তিত কৰা আশ৷৷৩৮৪।।
হৰি পৰায়ণ ভৈলা যিটো নৰচয়।
তাৰাসে কৃতার্থ হোৱে নাহিকে সংশয়।।
সাধু সঙ্গ লৈয়া কৰা শ্ৰৱণ কীৰ্ত্তন।
এহিসে কেৱলে ভক্তি কৰিবে তাড়ন।।৩৮৫।।
আহ্মাৰ বান্ধৱ গুৰু শ্ৰীমন্ত শঙ্কৰ।
কৰিলন্ত পদ তেহো চাৰি অধ্যায়ৰ।।
সিটো বচনক মঞি মনে আদৰিলো।
এতেকে ঈশ্বৰ কথা সংক্ষেপে কহিলো।।৩৮৬।।
এহি জানি মোৰ সৱে দোষ পৰিহৰি
হৰি কথা বুলি আক শুনা কর্ণভৰি।।
গোপালচৰণে কহে মোৰ গতি নাম।
উচ্চ কৰি সৰ্ব্বলোকে বোলা ৰাম ৰাম।।৩৮৭৷৷
।।মৈত্রেয়-বিদুৰ সম্বাদ।।
।।দুলড়ী।।
বদতি যোগীন্দ্র শুনিয়ো নৃপেন্দ্র
পৰীক্ষিত কথা সাৰ।
কতিপয় দিনে বিদুৰ যতনে
পাইলা যায় হৰিদ্বাৰ।।
যাত সুৰ নদী পৰ্ব্বতক ভেদি
বহি আছা অৱিশ্রাম।
পৰম মঙ্গল জানা সিটো স্থল
দিবাক নাহি উপাম।।৩৮৮||
সেহিস্থানে বসি আছন্ত হৰিষি
মৈত্রেয় সাধু মহন্ত।
কৰ্ম্ম ব্যগ্র এৰি চিত্তে মহাহৰি
চিন্তিয়া মাত্র থাকন্ত।।
নাহি কাম ক্রোধ অগাধ অবোধ
কৃষ্ণৰ একান্ত দাস।
দেখি বিদুৰৰ প্রেমে ঝৰে নীৰ
চাপিলন্ত যাই পাশ।।৩৮৯।
পাছে ধৈর্য্য ধৰি কৰযোৰ কৰি
পুছিলন্ত প্রেমভাৱে।।
বদতি বিদুৰ শুনা মুনিবৰ
আজি কিনো মোৰ ৰঙ্গ।।
কৃষ্ণৰ কৃপাত আসিয়া সাক্ষাত
লভিলো তোমাৰ সঙ্গ।
জয় কৃষ্ণ ৰঢ়ি দণ্ডৱতে পৰি
নমিলন্ত যাই পাৱে।।৩৯০৷৷
আৱে মোৰ বাপ খণ্ডিয়োক তাপ
প্রশ্নৰ দিয়ো উত্তৰ।
সুখক আশায় কৰ্ম্ম আচৰয়
সংসাৰত যত নৰ।।
নিমিলয় সুখ নুগুচয় দুখ
কিন্তু ক্লেশ মাত্র পায়।
এতেকে আহ্মাৰ কোন কৰ্ম্ম সাৰ
কহিয়ো তাক বুজাই।।৩৯১।।
পূৰ্ব্ব কৰ্ম্মফলে কৃষ্ণ পদমূলে
বিমুখ পামৰ যত।
অধম আচাৰ পাপৰ ভাণ্ডাৰ।
নিষেধ কৰ্ম্মত ৰত।।
যিটো পথ ধৰি আৰাধিলে হৰি
ভক্তি সমে দেন্ত জ্ঞান।
আউৰ সংশয় ছেদিবে লাগায়
কহিয়ো তাৰ নিদান।।৩৯২।।
প্রভু নাৰায়ণ ইটো বিশ্বখান
যিৰূপে কৰা স্ৰজন।
যেমন পালন্ত পুনু সংহাৰন্ত
কৈয়ো তাক তপোধন।।
মৎস্য আদি কৰি নানা তনু ধৰি
লোকৰ খণ্ডিয়া তাপ।
যিটো কৰ্ম্মচয় কৰা কৃপাময়।
তাক মোত কৈয়ো বাপ।।৩৯৩।।
কৃষ্ণ কথামৃত পায়া মোৰ চিত্ত
তৃপিতি বাঢ়িয়া যাই।
যেন ক্ষুধাতুৰে অমৃতক পিয়া
আনন্দৰ সীমা নাই।।
যিটো তত্ত্বগণে প্রভু নাৰায়ণে
ব্ৰহ্মাণ্ড কৰা নিৰ্মাণ।
যাত প্রাণীচয় নিৱাস কৰয়
প্রত্যক্ষে দেখি প্রমাণ।।৩৯৪৷৷
জীৱ সমস্তৰ নাম ৰূপ কৰ্ম্ম
যিমতে কৰে মাধৱ।
ইসৱ প্ৰশ্নৰ দিয়োক উত্তৰ
চৰণে ধৰো বান্ধৱ।।
যদি বোলা তুমি ভাৰত পঢ়ন্তে
শুনিছা ইসৱ কথা।
ইহাৰ উত্তৰ শুনা মুনিবৰ
কহিবো কৰি ব্যৱস্থা।।৩৯৫।।
ব্রাহ্মণ ক্ষত্রিয় বৈশ্য শূদ্র সৱ
ইসৱৰ যত ধৰ্ম্ম।
ব্যাস পিতৃমুখে পুনু পুনু তাৰ
শুনিছো সকলে মৰ্ম্ম।।
তাহাৰ শ্ৰৱণে নাহি মোৰ মন
যাতো অল্প সুখ পায়।
নাৰদাদি ঋষি পৰম হৰিষি
যাক তযু সত্রে গায়।।৩৯৬।।
কৃষ্ণকথা পুনু অমৃতৰ নিধি
আত বিৰকতি নাই।
কোননো দাৰুণে কৃষ্ণ কথামৃতে
বিৰকতি হৈবে পাই।।
পুৰুষৰ কৰ্ণ পথে প্রৱেশিয়া
ছেদ কৰা গৃহ ৰতি।
হেন কৃষ্ণকথা নুশুনিবে সদা
কোননো অধম মতি৷৷৩৯৭।।
তযু সখা ব্যাসে এহি অভিলাষে
কহিলা ভাৰতচয়।
হেনবা কৃষ্ণৰ কথাত লোকৰ
কিঞ্চিত মতি হোৱয়।।
................
।।ছবি।।
হৰিকথা ৰসে যদি প্রৱেশ ভৈলেক মতি
শুনিয়োক তাৰ ফলচয়।
বীভৎস বিষয় যত তাত কৰি বিৰকত
কৃষ্ণপদে ৰতি জন্মাৱয়।।৩৯৮।
হেন কথামৃত পাই যাৰ মনে ৰতি নাই।
তাক মঞি শোক কৰো আতি।
শৌচ নিৰশৌচ ভৈলা বৃথা আয়ু নাশ কৈলা
হৰি হৰি পাপী আত্মঘাতী।।
নভৈলা কিছুৰো পাত্র মিছাত পঢ়িল শাস্ত্র
জানো তাৰ আছে কৰ্ম্মফল।
তাতেসে কৃষ্ণৰ গুণ নুশুনয় নিদাৰুণ
নৰকে পৰিবে অমঙ্গল।।৩৯৯৷৷
এতেকে কৃষ্ণৰ কথা আমাক পিয়ায়ো এথা
উদ্ধাৰিয়া সৰ্ব্ব শাস্ত্ৰ সাৰ।
যেন মধুকৰচয় পুষ্পৰস উদ্ধাৰয়
সেহিমতে কৰিয়া প্ৰচাৰ।।
প্রভু মোক কৃপা কৰা কৈয়ো প্রাণ গোৱিন্দৰ
মনোহৰ কথা লীলা যত।
সংসাৰৰ যত তাপ পাসৰিয়া থাকো বাপ।
ডুবি কৃষ্ণকথা অমৃতত।।৪০০৷৷
নিগদতি শুক ঋষি শুনা ৰাজা মহাযশী
বিদুৰ পৰম শুদ্ধচিত্ত।
কৰি এহি প্রশ্নচয় চিত্তে চিন্তে কৃপাময়
প্রেমে তম্ভি ৰহিলা তহিত।।
বিদুৰৰ দেখি ভাৱ কুসাৰু পুত্ৰৰ গাৱ
প্রেমে ভৈলা সৰ্ব্বাঙ্গ পুলক।
সুমৰি কৃষ্ণৰ বাণী পাছে ঋষি মহামানী
প্রশংসি বুলিলা বিদুৰক।।৪০১।।
জয় জয় কৃষ্ণদেৱ তযু পাৱে কৰো সেৱ
কৃপা কৰা অধমক মোক।।
হে কৃষ্ণ যদুপতি তযু চৰণত ৰতি।
জন্মে জন্মে ৰহিয়া থাকোক।।
তযু ভকতত আতি সৰ্ব্বক্ষণে হৌক ৰতি
গুণনাম ৰহোক বদনে।
হে কৃপাময় হৰি বোলো দান্তে তৃণ ধৰি
বন্ধু মোক নেৰিবা মৰণে।।৪০২।।
সমজ্যাৰ যত লোক নিন্দা নুবুলিবা মোক
তুষ্ট হয়ো কৃষ্ণকথা শুনি।
ইটো মহাভাগৱত কোনে আৰ পাৱৈ তত্ত্ব
বিচাৰ কৰিয়ো মনে গুণি।।
কিন্তু ভাষ্য টীকা চাই ইহাৰ পৰীক্ষা লই
তেৱে নিন্দা কৰিব আটাই।
অবিচাৰে নিন্দা যেৱে পুণ্যক্ষয় হৈবে তেৱে
মোৰ পুনু কিছু দোষ নাই।।৪০৩৷৷
বিশেষত মহন্তৰ ক্ষমাসে ভূষণ হোৱৈ
জানি মোত হুয়োক প্রসন্ন।
যদি নিন্দে দুষ্ট লোক তাত মোৰ নাহি শোক
আপোনাৰ দোষে হৈব ছন্ন।।
থাকোক ই কথাচয় ঘোৰ কলি বঢ়াৱয়।
তাক তড়িবাৰ কৰা কাম।
কৃষ্ণৰ কিঙ্কৰ নিজ গোপালচৰণ দ্বিজ
কহে ডাকি বোলা ৰাম ৰাম।।৪০৪।।
।।সৃষ্টিলীলা বর্ণন।।
।।পদ।।
মৈত্রেয় বদতি সাধু সাধু কুৰুবৰ।
ধন্য প্রশ্ন কৰিলাহা শাস্ত্র বিচাৰ।
সমস্তে লোকৰ তুমি চিন্তিলা কুশল।
আপোনাৰ কীৰ্ত্তি বিস্তাৰিলা মহাবল।।৪০৫।।
ব্যাস মহাঋষিৰ বীৰ্য্যত ভৈলা জাত।
ঈশ্বৰ কৃষ্ণৰ মহাভকত সাক্ষাত।
এতেকে তোহ্মাৰ ইটো নুহিকে আশ্চর্য্য।
মোক আজি আনন্দ কৰাইলা কুৰুবৰ্য্য।।৪০৬।।
আৰো তুমি আপোনাক হোৱা পৰিচয়।
প্রজাৰ নিয়মকাৰী যম মহাশয়।।
মাণ্ডৱী ঋষিৰ শাপে ভৈলা আসি জাত।
বিচিত্রবীৰ্য্যৰ ক্ষেত্রে কহিলো সাক্ষাত।।৪০৭।
কি কহিবো তোহ্মাৰ ভাগ্যৰ নাহি পাৰ।
নিস্তাৰিলা সুখে বাপ দুৰ্ঘোৰ সংসাৰ।।
বান্ধৱ কৃষ্ণৰ তুমি সদা অনুগত।
বিষ্ণুভক্ত সমস্তৰ পৰম সন্মত৷৷৪০৮৷৷
যাতো তযু আগে জ্ঞান কহিবাক প্রতি।
মোক আজ্ঞা কৰিলা আপুনি যদুপতি।।
এতেকে কৃতার্থ ভৈলা নাহিকে সংশয়।
কিন্তু প্রশ্ন সমস্তৰ শুনিয়ো নির্ণয়।।৪০৯৷৷
প্রথমে কৃষ্ণৰ সৃষ্টি স্থিতি লীলা কথা।
কহো সাৱধান হোৱা বিদুৰ সৰ্ব্বথা।।
সমস্তে জগত প্রভু কৰিলা সংহাৰ।
একেশ্বৰে আছে মাত্র জগত আধাৰ।।৪১০।।
প্রপঞ্চ নাহিকে দেখি মনে সুখ নাই।
পাছে সৃষ্টি কৰিবাক চিন্তিলা উপায়।।
বৈকুণ্ঠৰ নায়ক পুৰুষোত্তম হৰি।
তেতিক্ষণে দুইৰূপে ভৈল লীলা কৰি।।৪১১।।
তাত পাছে মহামায়া কৰিলা নির্মাণ।
মায়াত পুৰুষৰূপে কৈলা বীৰ্য্যাধান।।
তেৱে কাল অনুসাৰে জন্মিলা তনয়।
প্রকাশ স্বৰূপে মহত্তত্ত্ব মহাশয়।।৪১২।।
তেহে জন্মাইলন্ত পাছে চতুর্থ কুমাৰ।
সাত্ত্বিক ৰাজস তামসিক অহঙ্কাৰ।।
সাত্ত্বিকত হন্তে উপজিল দেৱচয়।
অহঙ্কাৰ দ্বাৰে দেৱ ইন্দ্রিয় উদয়।।৪১৩।।
তামসিক অহঙ্কাৰে জন্মিলেক ভূত।
শব্দ তন্মাত্ৰৰ দ্বাৰে আকাশ অদ্ভুত।।
আকাশত স্পর্শসমে বায়ু ভৈলা জাত।
বায়ু হন্তে ৰূপ দ্বাৰে তেজৰ প্রখ্যাত।।৪১৪।।
তেজৰ জন্মিলা পুত্ৰ ৰস হন্তে জল।
জলৰ কুমাৰ গন্ধ সমে ভৈলা স্থল।।
শব্দ আদি কৰিয়া যতেক গুণচয়।
পৃথিৱীত সৱে আছে নাহিকে সংশয়।।৪১৫।।
তন্মাত্রত হন্তে পাছে হোৱে ভূতপতি।
স্বৰূপত জানিবা বিদুৰ মহামতি৷৷
এহিমতে জন্মিয়া আছয় দেৱচয়।
ব্রহ্মাণ্ড স্ৰজিবে কেহো সমর্থ নোহয়।।৪১৬৷৷
নিগদতি তত্ত্বগণ হে কৃষ্ণ স্বামী।
কোটি শতবাৰ হেৰা প্ৰণামোহো আমি।।
নমো নমো দেৱ তযু পদ শত পত্র।
ভকতৰ তাপহাৰী যেন শ্বেতছত্র।।৪১৭।।
যাহাক আশ্রয় কৰি বৈষ্ণৱসকলে।
সংসাৰৰ তাপক হৰয় কৌতূহলে।।
যেন পুনু গৃহ পাই প্রৱাসীসকলে।
পথশ্রম এড়ায়া থাকয় কৌতূহলে।।৪১৮।।
শুনিয়োক কেন দুখ প্রভু কৃপাময়।
সংসাৰৰ তিনি তাপে জীৱক পোৰয়।।
তাৱত তাপৰ নেৰাৱয় জীৱগণ।
যাৱে তযু পাদপদ্মে নপশে শৰণ।।৪১৯।।
এতেকে তোহ্মাৰ তাপহাৰী দুই পাৱে।
লৈলোহো শৰণ আমি সৱে সৰ্ব্বভাৱে।।
যাত হন্তে গঙ্গাদেৱী ভৈলন্ত উৎপতি।
ইহাক নভজি লোক যায় অধোগতি।।৪২০।।
কেৱল ভক্তিক যিটো হৃদয়ত ধৰি।
ধীৰ হুয়া চলে লোক বৈকুণ্ঠ নগৰী।।
হেন চৰণত আমি পশিলো শৰণ।
কৃপা কৰা জয় জয় দেৱ নাৰায়ণ।।৪২১।।
তোহ্মাৰ কৃপালু গুণ কি কহিবো আমি।
ভকত জনক দায়া সদা কৰা স্বামী।।
তাৰাক কৃপায়ে নানা ধৰা অৱতাৰ।
হেন বান্ধৱৰ পাৱে কৰো নমস্কাৰ।।৪২২।।
মিছা দেহ গেহে যাৰ অহঙ্কাৰ ভাৱ।
হৃদয়ে থাকন্তো তাৰ দূৰ যে স্বভাৱ।।
তাতে আমি তত্ত্বগণে কৰিলো আশ্রয়।
প্রসন্ন হুয়োক দেৱ দেৱ কৃপাময়।।৪২৩।।
যেনো বোলা হৃদয়ে থাকন্তে পাদ-পদ্ম।
তেৱে কেন তোহ্মাৰো হোৱয় আতি ছদ্ম।।
শুনিয়োক বাপ তেৱে উত্তৰ ইহাৰ।
বহির্মুখ ইন্দ্রিয়ে হৰিল মন যাৰ।।৪২৪।।
সিটো মহা অজ্ঞানী পৰম পাপীচয়।
তযু ভক্ত সৱাৰো পৃথক নেদেখয়।।
নুহিবা তোহ্মাৰ যত যত মহাসন্ত।
তাৰায়ো সিসৱ উন্মত্তক নচাৱন্ত।।৪২৫।।
মই ধনৱন্ত শ্রেষ্ঠ হেন মতি যাৰ।
সাধুসৱে দেখে তাক বিষ্ঠাৰ আকাৰ।।
এহি হেতু নাহিকয় সাধুসঙ্গ তাৰ।
হৰিকথা শ্ৰৱণে কৌতুক হৈবে আৰ।।৪২৬।।
এতেকে হৃদয়ে থাকন্তেয়ো পদ দুই।
তাতে তাসম্বাৰ আতিশয় দূৰ হুই।।
যাৰাসৱে সৱে পুনু তযু কথা পান।
তাৰা অনায়াসে পাৱে বৈকুণ্ঠত স্থান।।৪২৭৷৷
মহা জ্ঞান যোগাশ্রমে মোক্ষ পাৱে যতী।
সাধুসঙ্গে নৰে অপ্রয়াসে সাধে গতি।।
অহঙ্কাৰী পাপিষ্ঠ পৰম মন্দমতি।
তাৰ পুনু কিছু নাই যায় অধোগতি।।৪২৮।।
এহি সৱ বচন বোলন্ত তত্ত্বচয়।
প্রেমভৰে সমস্তৰে দ্ৰৱিল হৃদয়।।
স্তুতি এৰি তম্ভি ৰহি গদ গদ ভাৱে।
প্রার্থনা কৰন্ত মাধৱক সেহি ঠাৱে।।৪২৯।।
হে প্রভু তোমাৰ কিঙ্কৰ সৱে আমি।
জগত স্ৰজিতে তুমি স্ৰজিলাহা স্বামী।।
সিটো আজ্ঞা পালিতে আহ্মাৰ শক্য নাই।
যাতো তিনি গুণে থাকি এক ঠাই নাই।।৪৩০।।
আৱে প্রভু আমাসাক কৰিয়োক এক।
তেৱে তযু ক্রীড়া ভাণ্ড ব্রহ্মাণ্ড হৈবেক।।
ই পুনু গৰিষ্ঠ কাৰ্য্য কহিলো গোসাঁই।
তযু কৃপা বিনে আক কৰণ নযায়।।৪৩১৷৷
কালে কালে যেমনে তোহ্মাৰ পূজা হয়।
আমাসাৰ ভক্ষ্য অন্ন যিমতে মিলয়।।
প্রজাসৱে তযু আজ্ঞা শিৰোগত কৰি।
নিৰ্ব্বিঘ্নে যেমন ৰহে ভকতি আচৰি।।৪৩২।।
ইসৱ সকলো কাৰ্য্য তোহ্মাতে ৰহয়।
আমাসাক শক্তি যেৱে দিয়া কৃপাময়।।
বিশেষত আমি আদি কৰি জীৱ যত।
তোহ্মাৰেসে পুত্ৰ পৰমাৰ্থ বিচাৰত।।৪৩৩৷৷
এতেকে আহ্মাক বৃত্তি দিবাক যুৱাই।
পিতৃ ভৈল পুত্ৰক পোষয় সৰ্ব্বদায়।।
মৈত্রেয় বদতি শুনা ব্যাসৰ তনয়।
এহিমতে স্তুতি কৰিলন্ত তত্ত্বচয়।।৪৩৪।।
পাছে দেখিলন্ত ভগৱন্ত কৃপাময়।
অন্যোঅন্যে তত্ত্বগণ একত্র নোহয়।।
কাৰ্য্য বুলি তেখনে মায়াৰে মহাহৰি।
একেবাৰে সৱাতে পশিলা লীলা কৰি।।৪৩৫।।
যেতিক্ষণে প্রৱেশিলা প্রভু কৃপাময়।
তেখনে একত্র ভৈলা সৱে তত্ত্বচয়।।
অন্তর্যামী ঈশ্বৰে কৰিলা অধিষ্ঠান।
পাছে সৱে কৰিলেক ব্রহ্মাণ্ড নিৰ্মাণ৷৷৪৩৬।।
সুৱৰ্ণৰ বৰ্ণ অণ্ড কৰয় প্রকাশ।
সহস্র বৎসৰ মানে জলে কৈলা বাস।।
তাত পাছে ঈশ্বৰ পুৰুষে কৰি লীলা।
নাৰায়ণ ৰূপে পাছে অণ্ডে প্রৱেশিলা।।৪৩৭।।
তত্ত্ব সমস্তৰ প্রার্থনাক স্মৰি মনে।
ব্রহ্মাণ্ডক নানা ভাগ কৰিলা তেখনে।।
শুনিয়া বিদুৰ ইটো কথা বৰ সুখ।
প্রথমতে ঈশ্বৰৰ ভেদ ভৈলা মুখ।।৪৩৮।।
বচনে সহিতে তাতে অগ্নি লৈলা ঠাই।
যিটো বাক্য সমস্তকে আনন্দ কৰায়।।
মুখৰ ভিতৰ তাৰ তালু ভেদ ভৈলা।
জিহ্বা সমে বৰুণ তাহাত বাসা লৈলা।।৪৩৯।।
জিহ্বা সমে নানাবিধ ৰস জন্মৱয়।
ইহাকে বিষয় বুলি শাস্ত্ৰত কহয়।।
আৰো ভেদ ভৈলা চক্ষু নাসিকা শ্ৰৱণ।।
চৰ্ম্ম গুহ্য লিঙ্গ হস্ত দুখানি চৰণ৷৷৪৪০৷৷
তাসম্বাত ভালমতে বুজিবা ত্রিতয়।
ইন্দ্রিয় দেৱতা আৰো পৃথক বিষয়।।
ভিতৰতো মন বুদ্ধি অহঙ্কাৰ চিত্ত।
বিষয় ইন্দ্রিয় দেৱ সমে ভৈলা থিত৷৷৪৪১৷৷
ঈশ্বৰত ইটো সৱ কল্পনা কেৱল।
জীৱতেহে বুজিবা বিদুৰ মহাবল।।
আৱে শুনা তিনিলোক জন্মিল যিমতে।
স্বর্গ জন্মিলেক বিৰাটৰ মস্তকতে।।৪৪২।।
চৰণত হন্তে ভৈলা পৃথিৱী প্রকাশ।
নাভিদ্বাৰে উপজিলা বিমল আকাশ।।
আৰো কহো যিবা লোক যাহাৰ আশ্রয়।
সত্ত্বগুণে স্বৰ্গক পাইলন্ত দেৱচয়।।৪৪৩।।
মনুষ্য ৰজস গুণে ভূমিত ৰহিলা।
ভূত প্রেত তমোগুণে আকাশে থাকিলা।।
বৃত্তি সমে চাৰি জাতি ভৈল উতপতি।
তাকো কহো শুনিয়ো বিদুৰ মহামতি।।৪৪৪।।
মুখ হন্তে বৃত্তি সমে জন্মিলা ব্রাহ্মণ।
সত্য শৌচ আদি যাৰ নুগুচয় গুণ।।
বাহু দুইত প্রচণ্ড ক্ষত্রিয় ভৈলা জাত।
তিনিয়ো বর্ণক যিটো ৰাখন্ত সাক্ষাত৷৷৪৪৫।।
উৰুত জন্মিয়া বৈশ্য সৱাকো পোষয়।
চৰণত হন্তে উপজিলা শূদ্ৰচয়।।
যাৰ সেৱা বৃত্তিতে সন্ত্তষ্ট ভগৱন্ত।
এহি চাৰিবৰ্ণ পুৰুষত জন্মিলন্ত।।৪৪৬।।
আৰাসৱে আপোনাৰ স্বধর্ম্ম আচৰি।
পৰম শ্রদ্ধায়ে নিজে ভজে দেৱ হৰি।।
আৱে তিনি পুৰুষৰ কহো শুনা ভেদ।
পৃথকে পৃথকে তাৰ লৈয়ো পৰিচ্ছেদ।।৪৪৭।।
প্ৰকৃতিৰ দ্বাৰে পাছে মহত্ত্ব স্ৰজয়।
প্রথম পুৰুষ বুলি তাহাকে কহয়।।
ব্ৰহ্মাণ্ডৰ মাজে যিটো আছা নাৰায়ণ।
দ্বিতীয় পুৰুষ তাকে বোলে সৰ্ব্বজন।।৪৪৮।।
সমস্ত ভূতৰ যিটো আছা হৃদয়ত।
তৃতীয় পুৰুষ বুলি কহয় শাস্ত্রত।।
এহিমতে তযু আগে সৃষ্টিশীলা যত।
কহিলোহো গুৰুমুখে শুনিলো যিমত৷৷৪৪৯।।
তাতো জানিবাহা মোৰ লৈলে যেন মতি।
নিঃশেষে কহিবে কাৰ আছয় শকতি।।
তথাপি কহিলো মোৰ বাক্য শুদ্ধ হৌক।
কুকথাক কহিবাৰ পাতেক গুচোক।।৪৫০৷৷
যদি হৰিগুণ সাৱশেষে নজানয়।
কিন্তু মতি অনুসাৰে গাৱয় শুনয়।।
তথাপিতো অৱশ্যে বৈকুণ্ঠপুৰে যায়।
কি কহিবো গুণ আৰ কহন নযায়।।৪৫১৷৷
এহিমানে পুৰুষৰ বচনৰ ফল।
হৰিগুণ কীৰ্ত্তন কৰিবে কৌতূহল।।
সাধুসঙ্গে হৰিগুণ শুনিবে সদায়।
কর্ণৰো পৰম লাভ আতপৰে নাই।।৪৫২।।
সমস্ত শাস্ত্ৰৰ এহিমানে মাত্র মৰ্ম্ম।
জানি একচিত্তে তুমি শুনিয়োক ধৰ্ম্ম।।
আতিশয় জ্ঞান নিৰ্ব্বন্ধক নুযুৱায়।
সমুদায় জানিবে ব্রহ্মাৰো শক্য নাই।।৪৫৩৷৷
হৰিয়ো নপান্ত অন্ত অনন্ত গুণৰ।
কি কহিবো তাক নজানিবে আন নৰ।।
কেৱল প্ৰভুৰ পাৱে নমস্কাৰ মাত্র।
আমি পুনু কেহো জানিবাৰ নোহো পাত্র।।৪৫৪৷৷
ইটো ঈশ্বৰৰ মায়া পৰম দুর্জয়।
কটাক্ষতে মায়ায়ে যে সৱাকো মোহয়।।
হেনয় মায়াৰ পতি মোৰ ইষ্টদেৱ।
কোটি কোটিবাৰ তান পদে কৰো সেৱ।।৪৫৫৷৷
এতেক বোলন্তে প্রেমে মৈত্রেয় মহন্ত।
অৰুণ চৰণ চিন্তি তম্ভি ৰহিলন্ত।।
নিগদতি শুক শুনা পৰীক্ষিত ৰায়।
প্রেমে ৰহি মৈত্রেয় আছন্ত সেহি ঠাই।।৪৫৬৷৷
পাছে মহা সুবিনীত বিদুৰ মহন্ত।
কৰযোৰে প্ৰেমভাৱে পুনু পুছিলন্ত।।
বিদুৰ বদতি গুৰু ছেদিয়ো সংশয়।
নিৰ্বিকাৰ হৰি কেনে কৰে কৰ্ম্মচয়।।৪৫৭৷৷
নিগুণৰ ভৈলা কেনে গুণৰ সম্বন্ধ।
শুনি মোৰ মনত মিলিল মহাধন্ধ।।
বিদুৰৰ বাণী এহি শুনি মুনিবৰ।
হাঁসি মুখ চাই তেৱে দিলন্ত উত্তৰ।।৪৫৮।।
মৈত্রেয় বোলন্ত ওবা শুনিয়ে বিদুৰ।
এহিটো বিষ্ণুৰ মায়া মাহিমা প্রচুৰ।।
ঈশ্বৰৰ বন্ধন কার্পুণ্য আদি যত।
মায়াতেসে ঘটে নষ্ট হোৱে বিচাৰত।।৪৫৯।।
মায়া তড়িবাৰ কহো সুগম উপায়।
যাক ধৰি অজ্ঞসৱে সুখে তৰি যায়।।
কৃষ্ণৰ চৰণে লৈয়া একান্ত শৰণ।
সাধুসঙ্গে কৰে যিটো শ্ৰৱণ কীৰ্ত্তন।।৪৬০৷৷
তাৰ কিছু কিছু কৰি মায়া হোৱে ক্ষয়।
সংসাৰ তড়য় তাক জানিবা নিশ্চয়।।
কৃষ্ণ সেৱা বিনে মায়া নিস্তাৰণ নাই।
কেৱল ভক্তিসি আতি মায়া নিবর্তায়।।৪৬১।।
মুৰাৰিৰ গুণসৱ যিজনে শুনয়।
এতেকে সমস্তে তাৰ দুখ দূৰ হয়।।
যেৱে কৃষ্ণসেৱা ৰস মিলিল মনত।
তেৱে তাসম্বাৰ মঞি কি কৈবো মহত্ত্ব।।৪৬২।।
এহি তত্ত্ব কহি মৌন ভৈলা মহামুনি।
বিদুৰৰ আনন্দ মিলিল কথা শুনি।।
দ্বিতীয় স্কন্ধত পৰীক্ষিত মহাৰায়।
শুক আগে পুছিলন্ত যিটো অর্থচয়।।৪৬৩৷৷
বিদুৰেয়ো মৈত্রেয়ক অভিনন্দা কৰি।
আৱেসে ইসৱ প্রশ্ন কৰিলা সাদৰি।।
বদতি বিদুৰ বাপ গুৰু কৃপাময়।
তযু বাক্য খড়্গেমোৰ ছেদিল সংশয়।।৪৬৪।।
অহো মঞি লভিলো দুর্লভ কিনো ৰঙ্গ।
কোন পুণ্য বলে আসি পাইলো তযু সঙ্গ।।
তোহ্মাৰ সদৃশ যিটো ভাগৱতচয়।
তাৰাক সেৱিলে কৃষ্ণপদে ৰতি হয়।।৪৬৫৷৷
মহা প্রেমোৎসৱ আসি মিলিল দুৰ্বাৰ।
বিনাশয় সংসাৰৰ যতেক নিকাৰ।।
হেন সাধুসেৱা তাৱে দুৰ্লভ সদায়।
যাৱে কৃপা নকৰন্ত প্রভু যদুৰায়।।৪৬৬৷৷
কৃষ্ণৰ কৃপাত যেৱে ভৈলা সাধুসঙ্গ।
তেৱে হৰিকথা শুনে কৰি মহাৰঙ্গ।।
তাত পাছে গোৱিন্দত মিলে প্রেমৰতি।
তেৱে কৃতকৃত্য হৈয়া এড়াৱে দুর্গতি।।৪৬৭৷৷
এতেকেসে ভকতিক লভিবাৰ স্থান।
কহিলোহো সাধুসঙ্গ বিনে নাহি আন।।
এৱে বন্ধ কথা মোত কৈয়ো মুনিবৰ।
কাক প্রজাপালক কল্পন্ত সৃষ্টিকৰ।।৪৬৮।।
পৃথিৱীৰ অধে উর্দ্ধে আছে কত লোক।
তাৰ থিত প্রমাণক বুজায়োক মোক।।
বর্ণাশ্রম বিভাগৰ বিস্তৰ লীলা কথা।
ঋষি সমস্তৰ জন্ম কৰ্ম্ম কৈয়ো তথা।।৪৬৯৷৷
মনু মন্বন্তৰ পালক ৰাজা যত।
তাসম্বাৰ বংশ প্রৱৰ্ত্তয় কোন মত।।
স্বেদজ অণ্ডজ উদ্ভিদজ প্রাণীগণ।
জৰায়ুজ সমে কৈয়ো বিভাগ কথন।।৪৭০৷৷
পাষণ্ডৰ কথা তাৰ কমন প্রবৃত্তি।
জীৱ সমস্তৰ যেন যেন হোৱে গতি।।
গ্রহ নক্ষত্ৰৰ স্থিতি শ্ৰাদ্ধৰ বিধান।
হৰিপূজা বিধি মোত কহা যেন ঠান।।৪৭১।।
গৃহী ব্রহ্মচাৰী বানপ্রস্থী যতীচয়।
তাসম্বাৰ ধৰ্ম্ম কৰ্ম্ম কৈয়ো কেন নয়।।
জগত সংহৰি যেৱে ৰৈলা কৃপাময়।
তেৱে তাঙ্ক সিবেলাত কোনে উপাসয়।।৪৭২।।
যেন মহাৰাজা ৰঙ্গে কৰিলা শয়ন।
চামৰ ধৰিয়া সেৱা কৰে ভৃত্যগণ।
কোনবা উপায়ে তুষ্ট হোৱন্ত ঈশ্বৰ।।
ইসৱ প্ৰশ্নৰ মোক দিয়োক উত্তৰ।।৪৭৩৷৷
অনুব্রত শিষ্যত দয়ালু গুৰুচয়।।
নুপুছা কথাক মাতি আপুনি কহয়।।
এতেকে আমাক নিজভৃত্য বুলি ধৰি।।
ইটো কথাচয় কহিয়োক কৃপা কৰি।।৪৭৪৷৷
তোহ্মাৰ আছয় লাভচয় স্বৰূপত।
যজ্ঞ দান তপ ব্ৰত কৰে যত যত।।
কোটি ভাগো ইহাৰ ৰেণুকো সম নুই।
হৰি ভক্তিদান দিলে যিটো ফল হুই।।৪৭৫৷৷
একেটি জীৱক যিটো নিস্তাৰ কৰয়।।
যত পুণ্য হোৱে তাৰ পাৰ নাহিকয়।।
এতেকে কৃষ্ণৰ কথা কহিয়েক বাপ।
হেনবা আমাৰ ইটো খণ্ডে মহাপাপ।।৪৭৬।
নিগদতি শুক শুনা অভিমন্যুসুত।
এমনে বিদুৰ প্ৰশ্ন কৰিলা বহুত।।
শুনি আনন্দিত ভৈলা মৈত্রেয় মহন্ত।
প্রশংসিয়া হাসি বিদুৰক বুলিলন্ত।।৪৭৭।
শুনা একমনে সাধু সভাসদ যত।
পৰম বান্ধৱ ইটো মহাভাগৱত।
ভকতৰ ধন আতপৰে আন নাই।
এতেকে সদায় লোৱা হেলা নুযুৱাই।।৪৭৮৷৷
এহি জানি নিন্দা কৰিবাক যোগ্য নয়।
যাতো পূৰ্ব্ব সাধুসৱে এমনে কৰয়।।
আক দেখা পদত যি কিছু অর্থ নাই।
কহিছো সংক্ষেপে তাক বাহুল্য গুচাই।।৪৭৯।
নমো নমো ইষ্টদেৱ নন্দৰ তনয়।
মোক নিজদাস বুলি ধৰা কৃপাময়।।
মোৰ ইটো মন শত্ৰু মাতঙ্গ পৰায়।
তযু কীৰ্ত্তি গঙ্গোদকে মজোক সদায়।।৪৮০।।
মজিয়া ৰহোক বৈষ্ণৱৰ প্রসঙ্গত।
এহিমানে প্রার্থো মঞি তযু চৰণত।।
নিৰৱধি বদনে ৰহোক গুণ নাম।
কৰযোৰ কৰো ডাকি বোলা ৰাম ৰাম।।৪৮১৷৷
।।ছবি।।
বদতি মৈত্রেয় ঋষি ধন্য ধন্য মহাযশী
তযু কীৰ্ত্তি জগততে ৰৈলা।
জানিলোহো স্বৰূপত ইটো কুৰুবংশ যত
সাধুক সেৱিবে যোগ্য ভৈলা।।
পৰম বৈষ্ণৱ যম ভক্ত মধ্যে নিৰুপম
হৰিৰ কথাত মহাৰত।
হেন তুমি আসি আত আপুনি ভৈলাহা জাত
ই বংশৰ কি কৈবো মহত্ত্ব।।৪৮২৷৷
গুচোক লোকৰ দুখ মিলোক পৰম সুখ
সিকাৰণে মহা যত্ন কৰি।
আৰম্ভিবো ভাগৱত যাক ঋষি সমস্তত
আপুনি কহিলা দেৱ হৰি।।
কোন ৰূপে ভগৱন্ত কোন ঋষি সমস্তত
কহিলন্ত ইটো ভাগৱত।
তুমি বা কিমতে পাইলা যদি হেন মনে বোলা
শুনা তেৱে আৰ কহো তত্ত্ব।।৪৮৩।।
পাতালপুৰত হৰি অনন্ত স্বৰূপ ধৰি
লীলায়ে আছন্ত মহেশ্বৰ।
ধৱল সুন্দৰ কায় উপমাৰ নাহি ঠাই
তামসিক মূৰ্ত্তি মাধৱৰ।।
দিব্য ৰত্ন মণিময় প্রকাশে কিৰীটিচয়
হাজাৰেক ফণাৰ উপৰে।
কমল নয়ন হৰি চান্ত অল্প অল্প কৰি
দেৱতাসৱক দায়াতৰে।।৪৮৪।।
নানাবিধ দ্রব্য লৈয়া নাগনাৰীগণে গৈয়া
প্রেমভাৱে চৰণ পূজয়।
নানামতে স্তুতি বুলি কৰি সৱে কৃতাঞ্জলি
অনুৰূপ পতিক বাঞ্ছয়।।
চিত্তে ধৰি বাসুদেৱ ধ্যানপথে কৰি সেৱ
প্রেমে গদ গদ কৰি বাণী।
হাজাৰেক মুখ ভৰি নিতে নৱ নৱ কৰি
কৃষ্ণকথা থাকন্ত বখানি।।৪৮৫।।
এহিমতে কৃপাময় অনন্ত আছয় তয়।
চাৰি সিদ্ধ পৰম যতনে।
গঙ্গাদ্বাৰে বুৰ যাই পাইলা পাছে সেহি ঠাই
ভাগৱত শুনিবাক মনে।।
দেখি গৈয়া নাৰায়ণ প্রেমভাৱে আলিঙ্গন
দণ্ডৱতে পৰি প্রণামিলা।
পুলকিত ভৈলা কায় আনন্দৰ সীমা নাই
জটা জলে চৰণ তিয়াইলা।।৪৮৬।।
পাছে মুনি সমস্তত কৈলা মহাভাগৱত
অনন্তৰ ৰূপে ভগৱন্ত।
তেসম্বে আসিয়া এথা মহাভাগৱত কথা।
সাংখ্যায়ন ঋষিত কহিলন্ত।।
সাংখ্যায়ন মহাভাগে আমাৰ গুৰুৰ আগে
প্রচাৰিলা তুষ্ট হুয়া মনে।
মোত পাছে মুনিবৰ কৃপাময় পৰাশৰ
কহিলন্ত পৰম যতনে।।৪৮৭৷৷
মঞি আজি নিষ্ঠ কৰি গোৱিন্দক মনে স্মৰি
সেহি শাস্ত্র কহিবো তোহ্মাত।
যাতো তুমি মহাসন্ত অনুগত শ্ৰদ্ধাৱন্ত
মাধৱৰ ভকত সাক্ষাত।।
সম্প্রদায় যেনমত কহিলোহো তাৰ তত্ত্ব
পদ্মকল্প শুনা আতপৰে।
যত সভাসদগণ কৃষ্ণপদে দিয়া মন
হৰি হৰি বোলা নিৰন্তৰে।।৪৮৮।।
..................
৷।ব্ৰহ্মাৰ জন্ম।।
।।পদ।।
মৈত্রেয় বদতি শুনা কৌৰৱ নন্দন।
জগত সংহাৰ কৰি প্রভু নাৰায়ণ।।
জীৱক উদৰে ধৰি যোগনিদ্রা ছলে।
অনন্ত শয্যাত যেৱে শুলা কৌতূহলে।।৪৮৯।।
তেৱে ইটো তিনিলোক জলে বিয়পিল।
হাজাৰেক যুগ তাতে আছা কৃপাশীল।।
পুনু সৃষ্টিকাৰ্য্যে ভগৱন্তে মন দিলা।
তেতিক্ষণে নাভিহন্তে পদ্ম বাজ ভৈলা।।৪৯০।।
পৰম শ্ৰীমন্ত পদ্ম দেখি বিপৰীত।
যেহেন সাক্ষাতে সূৰ্য্য ভৈলন্ত উদিত।।
তাহাৰ কান্তিয়ে জল প্রকাশ কৰয়।
পাছে সেহি পদ্মে জন্মিলন্ত বিধি তয়।।৪৯১।
কর্ণিকাত বসি চান্ত সচকিত হুই।
প্রলয়ৰ বায়ুৱে পদ্মক কম্পাৱই।।
নজানিয়া স্থিতি মনে বিতর্কিবে লৈলা।
মঞি যতে আছো ইটো কৈত জাত ভৈলা।।৪৯২।।
জলমাজে দেখো ইটো পদ্ম একেশ্বৰ।
জানো আৰ তলে আছে আধাৰ সুন্দৰ।।
এহি বুলি পদ্ম নালে পশি প্রজাপতি।
শতেক বৎসৰ বিচাৰিলা অৱহিতি।।৪৯৩।।
নপাই তাৰ অন্ত দুনাই উঠি আসিলন্ত।
পদ্মৰ উপৰে বসি বিস্ময়ে গুণন্ত।।
কতোক্ষণে ‘তপ তপ’ শুনিলা বচন।
গাৱ চালি তেতিক্ষণে চাইলা ৰঙ্গমন।।৪৯৪৷৷
সেহিবেলা সৃষ্টিকৰ কৃষ্ণৰ কৃপাত।
চাৰি দিশে চাৰিমুখ লভিলা সাক্ষাত।।
পাছে সাৱধান হুয়া বায়ু নিৰোধিয়া।
হাজাৰ বৎসৰ তপ আছিল তপিয়া।।৪৯৫৷৷
তেৱে বিধি হৃদয়ত ঈশ্বৰক পাইলা।
চক্ষু মেলি বাহিৰত সাক্ষাতে দেখিলা।।
গুচিলন্ত দুখ চাহিলন্ত দৃষ্টিভৰি।
ৰূপক বর্ণাঞো তুমি শুনা মন কৰি।।৪৯৬।।
পদ্মৰ মৃণাল সম অনন্ত আসন।
তান কোলে বসিয়া আছন্ত নাৰায়ণ।।
মৰকত শিলাময় পৰ্ব্বতৰ কান্তি।
জিনি শ্যাম শৰীৰ প্ৰকাশ কৰে আতি৷৷৪৯৭।।
সন্ধ্যাৰ মেঘৰ ছায়া জিনি পৰকাশ।
প্রভুৰ শৰীৰে জ্বলে দিব্য পীতবাস।।
সুৱৰ্ণ কিৰীটি মাথে দেখি মনোহৰ।
অলকা তিলক সমে কপাল সুন্দৰ।।৪৯৮৷৷
মুখে মন্দ মন্দ হাস অধৰ ৰাতুল।
দশন মুকুতা যেন নাসা তিলফুল।।
মকৰ কুণ্ডল প্রকাশয় গণ্ডস্থল।
বিৰাজে কণ্ঠত দিব্য কৌস্তুভ উজ্জ্বল।। ৪৯৯।।
ৰতন মুকুতা পুষ্পময় মালাচয়।
শ্রীবৎস অঙ্কিত বক্ষস্থল প্ৰকাশয়।।
অলঙ্কাৰ সমে প্রকাশয় ভুজচয়।
পৰ্ব্বতৰ বেণুবাস তুল নাহিকয়।।৫০০৷৷
কদম্ব পুষ্পৰ কেশৰৰ তিনি কান্তি।
মেখলা সহিতে পীতবস্ত্রে কৰে ভ্রান্তি।।
উৰু দুই ৰামকল জঙঘা সুৱলিত।
দশ নখ জ্বলে যেন চন্দ্রমা উদিত।।৫০১।।
ভকতৰ মন পূৰি ৰাতুল চৰণ।
উপৰক তুলি দেখাৱয় ঘনে ঘন।।
যেন মৰকত শিলাময় যে পৰ্ব্বত।
দুই ভিতি ভুজ হেন থাকয় সতত।।৫০২।।
আনো যত যত থাকিবেক ঠাই ঠাই।
তেৱে সিটো মূৰ্ত্তি সমে উপমাক পায়।।
হেন ৰূপ দেখি বিধি বিতর্কি আছয়।
ক্ষণেকতে দেখে যেন মহা কৃপাময়।।৫০৩।।
চন্দন বৃক্ষৰ সম দেখি ভুজগণ।
ফল মূল প্রায় ভৈল কেয়ূৰ কঙ্কণ।।
তাকো চতুর্ভিতি সপেঁ বেটিয়া থাকয়।
অনন্ত শয়নে সিটো বেঢ়িয়া আছয়।।৫০৪৷৷
পুনু দেখিলন্ত বিধি পৰ্ব্বতৰ নয়।
কিৰীটি সহস্র শৃঙ্গ সমান জ্বলয়।।
কণ্ঠত কৌস্তুভ মণি আতি চমৎকাৰ।
পৰ্ব্বতৰ মাজে যেন ৰতন অপাৰ।।৫০৫৷৷
অপাদলম্বিত বনমালা মনোহৰ।
তাত পৰি গুঞ্জৰয় বেদ মধুকৰ।।
মৈনাক পৰ্যন্তে গিৰি জলে বেঢ়িছয়।
প্রলয়ৰ জলে ভাগৱন্তো সেহি নয়।।৫০৬৷৷
গিৰি বৃক্ষৰূপ দেখি নিহালি চাহন্ত।
পাচে প্রজাপতি হৰি বুলি জানিলন্ত।।
তেখনে জানিলা ঈশ্বৰৰ নাভিহন্তে।
পৰম শ্ৰীমন্ত পদ্ম আছে প্রকাশন্তে।।৫০৭৷৷
আপুনি সহিতে আনো আছয় যতেক।
সমস্তকে সৃষ্টিকৰে দেখিলা প্রত্যেক।।
গুচিলেক দুখ সেহিৰূপে দিয়া মতি।
কৰযোৰে স্তুতি আৰম্ভিলা প্রজাপতি।।৫০৮।।
ঈশ্বৰক জানি ভৈলা কৃতার্থ আপুনি।
এহিমতে অৰ্থক দৰশি মনে গুণি।।
অজ্ঞানীক শোক কৰি বুলিলা বচন।
ডাকি ৰাম ৰাম বোলা সভাসদগণ।।৫০৯।।
......................
৷।ব্ৰহ্মাৰ স্তুতি।।
।।দুলড়ী।।
বিধি নগদতি প্রভু লক্ষ্মীপতি
ভগৱন্ত কৃপাময়।
বহুকাল সেৱি আজিসে তোহ্মাক
ভৈলো মঞি পৰিচয়।।
হৰি হৰি ইটো সংসাৰৰ লোক
কিনো ভৈল দুৰাশয়।
হেন বান্ধৱক ঈশ্বৰ কৃষ্ণক
একোজনে নজানয়।।৫১০।।
এহি মহা দোষে পৰে নৰকত
দুখ পালে নানা মত।
একে তুমি মাত্র ভজিবাৰ ঠাই
যিহেতু সত্য সতত।।
আন অসত্যত প্রয়োজন নাই
কহিলো কৰি নির্ণয়।
যদি কিছু আছে বিচাৰত পুনু
সিটো সত্য নৰহয়।।৫১১৷৷
জানো মায়া গুণে বহুৰূপ ধৰি
তুমিসে কৰা প্রকাশ।
এহিসে নিমিত্তে সি সৱাকো দেখি
সত্যৰ কিছু আভাস।।
হেন যদি বোলা তুমিয়ো নভৈলা
ভালমতে পৰিচয়।
যিটো দেখিলাহা মোহোৰ ৰূপক
ইটো পুনু গুণময়।।৫১২।।
নিগুণ ব্রহ্মেসে সত্য কৰি কহে
জগতৰ যত লোক।
ইহাৰ উত্তৰ দেঞো আৱে মঞি
প্রাণনাথ শুনিয়োক।।
হে ভগৱন্ত। একান্ত ভকত
সমস্তৰে পূৰি মন।
ইটো চিদানন্দ ৰূপক প্রকাশ
কৰি আছা নাৰায়ণ।।৫১৩।।
আতপৰে পুনু ব্ৰহ্মৰূপে যিটো
ভিন্ন কৰি নাহি কয়।
এহি দেহ হন্তে। আয়াযাত কৰে
নানা অৱতাৰচয়।।
যাৰ নাভি পদ্মে ভৱনে সাম্প্রত
মঞি ভৈলো আসি জাত।
আতি নিৰূপম মহা মনোৰম
ইৰূপ পাইলো সাক্ষাত।।৫১৪।।
এতেকেসে মঞি ইহাক আশ্রয়
কহিলোহো কৃপাময়।।
অদ্বৈত যি হেতু সি কাৰণে আক।
উপাসিৱে যোগ্য হয়।।
শুনা নৰ নাৰী একচিত্ত কৰি।
ভাগৱত অৱিশ্রাম।।
গোপাল চৰণে কহে সৰ্ব্বক্ষণে।
ডকি বোলা ৰাম ৰাম৷৷৫১৫৷৷
................
।।পদ।।
যদি বোলা ইয়ো ৰূপ উপাধি সহিত।
ইহাৰ উত্তৰ কহো কৰিয়া নির্ণীত।।
ভুৱন মণ্ডলে প্রভু তযু দাস আমি।
সমাধিত ইটো ৰূপে দেখা দিলা স্বামী।।৫১৬।।
এহি হেতু নাহি জানা উপাধি সঞ্চাৰ।
সৰ্ব্বক্ষণে ভগৱন্ত কৰো নমস্কাৰ।।
যোনো বোলা তেৱে কিয় কতো সৱে নৰে।
আছোক প্রণাম মোক আদৰো নকৰে।।৫১৭।।
তেৱে আৰ শুনিয়োক উত্তৰ শোভন।
দুৰ্জ্জনৰ সঙ্গক লৈলেক যিটোজন।।
তাৰ সঙ্গে কুতর্ক শাস্ত্রক নিষ্ট কৰি।
বোলে ইটো সংসাৰত নাহিকয় হৰি।।৫১৮।।
তোহ্মাক নাদৰে সেহি দুষ্ট পাপীচয়।
মৰি মৰি কোটি কল্প সংসাৰে পৰয়।।
যিটো ভাগ্যৱন্ত সৱে আদৰে ভজন্ত।
তাৰা পুনু অপ্রয়াসে কৃতার্থ হোৱন্ত।। ৫১৯৷৷
সাধু সঙ্গে তযু পাদ কৰিয়া আশ্রয়।
কর্ণভৰি কথামৃত যি নৰে শুনয়।।
উপজয় সপ্রেম ভকতি বিতোপন।
দৃঢ় কৰি ধৰে এহি ৰাতুল চৰণ৷৷ ৫২০।।
তেৱে তাসম্বাৰ হৃদি কৰি পৰিহাৰ।
যাইবাক নপৰা প্ৰভু কৰিলোহো সাৰ।।
তাৱতেসে দেহ গেহ ভাৰ্য্যা পুত্র যত।
এসম্বাত শোক মোহ থাকে নানা মত।।৫২১।।
যাৱে সৰ্ব্বভয়হৰ তোহ্মাৰ চৰণে।
শৰণ নলয় নৰে কায়বাক্য মনে।।
যেৱে পাদ পঙ্কজত কৰিলে আশ্রয়।
তেৱে ভাৰ্য্যা পুত্র আদি দেখে বিষ্ঠাপ্ৰায়৷৷৫২২৷৷
যিসৱ পামৰে এৰি শ্ৰৱণ কীৰ্ত্তন।
সকাম কৰ্ম্মক মাত্র কৰয় যতন।।
সিসৱক দৈৱে তাৱে বঞ্চিলেক আতি।
মহামন্দমতি আতি ভৈলা আত্মঘাতী।।৫২৩।।
তোহ্মাৰ প্রসঙ্গে সৰ্ব্ব অশুভ হৰয়।
তাহাত বিমুখ হৈয়া পাপী দুৰাশয়।।
অল্প সুখ অর্থে আতি লোভাবিষ্ট হুই।
সৰ্ব্বকালে সুখ কাম্যকৰ্ম্ম আচৰয়।।৫২৪।।
ক্ষুধা তৃষ্ণা বাত পিত্ত শীত উষ্ণ ভয়।
দুস্মহ কামাগ্নি আৰো হৃদয় দহয়।।
এহি সৱে তাসম্বাক সহজে পীড়য়।
তাক দেখি মোৰ মনে দুখ উপজয়।।৫২৫।।
যদি বোলা অজ্ঞানীৰ হৌক হেনমত।
বিৱেকীসকল পুনু মুকুত সতত।।
তাসম্বাৰ ভকতিত কোন প্রয়োজন।
ইহাৰ উত্তৰ তেৱে শুনা নাৰায়ণ।।৫২৬৷৷
দিৱসত কৰি ফুৰে নানাবিধ কাম।
দণ্ডেকো তোহ্মাৰ নুশুনয় গুণ নাম।।
ৰাত্রি ভৈলে পশু যেন শুতিয়া থাকয়।
মনোৰথে নিদ্রাভঙ্গে সুখ নিমিলয়।।৫২৭৷৷
যিবা অর্থ চিন্তে তাক দৈৱে বিনাশয়।
পাচে তাৰ অর্থে মহাপাতক লভয়।।
যদি বহু শাস্ত্র জানে হোৱয় পণ্ডিত।
পুৰ্ব্বপৰ অৰ্থ যত কৰয় নির্ণীত।।৫২৮৷৷
তথাপিতো সাধুসঙ্গে হৰিগুণগণ।
শুদ্ধভাৱে নকৰয় শ্ৰৱণ কীৰ্ত্তন।।
সিসৱো সংসাৰে মৰি উপজি ফুৰয়।
আন অজ্ঞানীৰ কিবা কহিবে লাগয়।।৫২৯৷৷
ভকতৰ হৃদয়ত থাকা সৰ্ব্বদায়।
শ্ৰৱণেসে তোহ্মাৰ পদক লাগ পায়।।
শ্ৰৱণক এৰি ভজে আপোনাক মনে।
যেহিৰূপ চিন্তে তুমি দেখোৱা তেখনে।।৫৩০৷৷
ভক্তৰ মধ্যত নিষ্কামীসে আতি ভাল।
কামাতুৰ হুয়া যদি পূজে লোকপাল।।
নানাবিধ দ্রব্যচয় কৰিয়া একত্র।
মহাশুদ্ধভাৱে পূজে পঢ়ি বেদমন্ত্র।।৫৩১।।
তথাপিতো তাত তুমি নুহিকা সন্তুষ্ট।
নিষ্কামৰ অল্প জল পুষ্প পত্রে তুষ্ট।।
এতেকেসে তপ ব্রত তীর্থ যজ্ঞচয়।
তোহ্মাত অৰ্পণ বিনে ফল নধৰয়।। ৫৩২।।
তযু পাদপদ্ম যদি কৰিলে আশ্রয়।
তেৱে কদাচিতো নষ্ট নুহি ধৰ্ম্মচয়।।
নমো নমো হেন সৰ্ব্বকৰ্ম্ম ফলদাতা।
নমো ভগৱন্ত ভকতৰ পিতামাতা।। ৫৩৩।।
নমো নমো জগতৰ সৃষ্টি স্থিতিকাৰী।
নমো নমো প্রলয়ত জগত সংহাৰী।।
তীর্থ ব্ৰত ধৰ্ম্ম কৰ্ম্ম একো নবাছয়।
নামৰ কীৰ্ত্তনে মাত্র মুকুতি সাধয়।।৫৩৪।।
হেন দিব্য ঐশ্বৰ্যক প্রকাশি যতনে।
প্রণাম কৰন্ত বিধি কায়বাক্য মনে।।
অৱতাৰ গুণ কৰ্ম্ম বিড়ম্বনা নাম।
দৈৱকীনন্দন ভক্তবশ্য পূর্ণকাম।।৫৩৫।।
গোৱৰ্দ্ধনধাৰী বক কংস অন্তকাৰী।
বৃন্দাবনচাৰী দিব্য পাৰিজাতহাৰী।।
ইসৱক আদি আনো গুণ কৰ্ম্মচয়।
মৰণ সময়ে যাৰা কীৰ্ত্তন কৰয়৷৷৫৩৬।।
তেতিক্ষণে সিটো সৰ্ব্বপাতক এৰায়।
অবিনাশী ব্ৰহ্ম স্বৰূপক পাৱে যায়।।
নমো নমো হেন কৃপাময় গুণশালী।
নমো নমো অজ পূৰ্ণৰূপ বনমালী৷৷৫৩৭৷৷
হৰি হৰি মোৰ মনে ইটো বৰ দুখ।
হেন বান্ধৱত লোক ভৈলেক বিমুখ।।
নিষেধ কৰ্ম্মক মাত্র আচৰে সৰ্ব্বথা।
বিষ্ণু সেৱা নকৰিয়া জন্ম কৰে বৃথা।। ৫৩৮।।
যিবা আশা কৰে তাক কালে বিনাশয়।
নমো নমো মহাকাল মূৰ্ত্তি ব্রহ্মময়।
আন সামান্যৰ কিবা কহিতে লাগয়।
যিটো কালহন্তে মোৰ ভয় নুগুচয়।।৫৩৯।।
কিন্তু সৰ্ব্ব ভয়হাৰী অনন্ত দৈত্যাৰি।
নমো যজ্ঞ ভগৱন্ত দিব্য ৰূপধাৰী।।
তুমিসে পুৰুষোত্তম বহুৰূপ ধৰা।
ভকতৰ প্রীতি সাধি নানা কর্ম কৰা।।৫৪০।।
মৎস্য কূৰ্ম্ম বামন বৰাহ আদি কৰি।
এহি সৱ দেহ তুমি ধৰা মহাহৰি।।
নমো নমো হেন দেৱ লোক অভিৰাম।
আৱে এহি দৃশ্য মূৰ্ত্তি কৰোহো প্রণাম।। ৫৪১।।
যদি প্রভু তযু তমোবৃত্তি নিদ্রা নাই।
তভো ৰঙ্গে জীৱক উদৰে দিয়া ঠাই।।
শুতিয়া ৰহিলা এহি অনন্ত শয্যাত।
তেৱে নাভিপদ্মে লোক পদ্ম ভৈলা জাত।।৫৪২।।
সেই পদ্ম হন্তে মঞি ভৈলো উতপতি।
নমো কোটিবাৰ হেন অগতিৰ গতি।।
এহিমতে নানা স্তুতি কৰি সৃষ্টি কৰে।
কৰযোৰে প্রার্থনা কৰন্ত আতপৰে।। ৫৪৩৷৷
হে প্রভু তুমি মাত্র সুহৃদ লোকৰ।
মোক এহিমতে জ্ঞান দিয়ো মহেশ্বৰ।।
পূৰ্ব্বৱতে যেনমতে এহি তিনিলোক।
স্ৰজিবাক পাৰো হেন কৃপা কৰিয়োক।।৫৪৪।।
আৰো আমি তযু আজ্ঞা কৰি শিৰোগত।
স্ৰজিবো বিষম কৰি প্রাণীগণ যত।।
সিটো পাপ যেনমতে এৰাইবাক পাৰো।
হেন কৃপা কৰা নাথ চৰণত ধৰো।।৫৪৫।।
তোহ্মাৰেসে ৰূপ ইটো বিচিত্র জগত।
তাক মঞি নিৰ্ম্মাণ কৰিবো নানামত।।
তথাপিতো বাক্য যেন বিফল নোহয়।
ইমত কৰুণ নাথ কৰিবে লাগয়।।৫৪৬।।
জয় জয় ভগৱন্ত দেৱ কৃপাময়।
মায়াশয্যা ছাড়ি প্রভু উঠিতে লাগয়।।
উঠা প্রেম নয়ন পঙ্কজ পৰকাশি।
চান্দমুখে মধুৰ বচন বুলি হাসি।। ৫৪৭।।
সকলো লোকৰ প্রভু মিলায়ো আহাদ।
আমাৰো খণ্ডোক বাপ দুৰ্ঘোৰ বিষাদ।।
বদতি মৈত্রেয় ঋষি শুনিয়ো বিদুৰ।
এহিমতে ব্রহ্মা স্তুতি কৰিলা প্রচুৰ।।৫৪৮।।
মন বচনৰ শক্তি যিমানে আছয়।
এহিমান বুলি মৌন ভৈলা মহাশয়।।
তম্ভিয়া ৰহিলা বিধি যেন শ্রান্তপ্রায়।
প্রেমে নয়নৰ নীৰ ধাৰে বহি যায়।।৫৪৯।।
ব্ৰহ্মাৰ ভাৱক দেখি জগত ঈশ্বৰ।
উপজিল মনে আতি কৃপা বহুতৰ।।
আনন্দ নয়নে চাই দুখ দূৰ কৰি।
গম্ভীৰ বচনে মাতিলন্ত দেৱহৰি।।৫৫০৷৷
ভগৱন্ত বদতি শুনিয়ো প্রজাপতি।
সৃষ্টি অর্থে আলাসক এৰিয়ো সম্প্রতি।।
কৰিয়ো উদ্যোগ ছাড়ি বিষাদ বিফল।
তযু মনোৰথ যত সাধিবো সকল।।৫৫১৷৷
যদি বোলা মঞি তেৱে নজানো কমনে।
তাহাৰ উত্তৰ তেৱে শুনা একমনে।।
পুনু বিদ্যা তপস্যাক কৰিয়ো আশ্রয়।
হৃদয়ত তেৱে সৱে দেখিয়ো নিশ্চয়।।৫৫২।।
সাৱধান হৈয়া ধৰা সুদৃঢ় ভকতি।
সকলো প্রাণীত মোক দেখা মহামতি।।
তেৱে তযু সমস্তে গুচিবে মোহচয়।
লভিবা পৰমানন্দ গুচিবে সংশয়।।৫৫৩।।
আৱে মঞি তোহ্মাক কৰোহো আশীৰ্বাদ।
নানা কর্ম কৰন্তেয়ো নপাওক প্রমাদ।।
বহুবিধ প্রজা স্রজন্তেয়ো তযু দেহে।
কিঞ্চিতেকো দুখ নৌক মোৰ অনুগ্রহে৷৷ ৫৫৪।।
আৰো পাপী ৰজোগুণে নুচুইবে তোহ্মাক।
মোত মন দিয়া এৰাইবাহা দুখ শোক।।
দুৰ্ব্বিজ্ঞেয় মোক আজি নিশ্চয় জানিলা।
যাতো ভূত-গুণহীন কৰিয়া মানিলা।।৫৫৫৷৷
শুনিয়োক পুত্র তুমি কহো নিষ্ঠ বাণী।
যিটো মহাস্তোত্র তুমি কহিলা বখানি।
যিটো তপ আচৰিয়া ত্যজিলা সংশয়।
ইসৱ মোহোৰ কৃপা জানিবা নিশ্চয়।। ৫৫৬।।
যিটো গুণে মহাপ্রীতি ভৈলোহো তোহ্মাক।
যিহেতু নির্গুণ কৰি বৰ্ণাইলা আহ্মাক।।
এহি স্তুতি কৰি মোক ভজে যিটোজন।
তাহাত অল্পতে হঞো পৰম প্রসন্ন।।৫৫৭।।
তোহ্মাত ভৈলোহো তুষ্ট ইটো চিত্র নয়।
মোৰ প্রীতি বিনে আন শ্রেষ্ঠ নাহিকয়।।
মঞি যদি প্রীতি ভৈলো কহো নিষ্ঠ কৰি।
কোটি যজ্ঞ তীর্থ ব্ৰত নুহি আক সৰি।।৫৫৮।।
মোৰ প্রীতিফল জানা সমস্ত কৰ্ম্মৰ।
কহিলো সন্মত ইটো বৈষ্ণৱসৱৰ।।
যাতো মঞি সমস্তৰে আত্মা কৃপাময়।
মোহোৰ সম্পর্কে প্রিয় ভাৰ্য্যা পুত্ৰচয়।।৫৫৯।।
এহি জানি সাধুসৱ এৰি আনমতি।
ৰাত্রি দিনে কৰা মাত্র সুদৃঢ় ভকতি।।
আন কৰ্ম্মে ধৰ্ম্মে তাৰা এড়িয়া যতন।।
মোৰ গুণ গায়া সেৱে ৰাতুল চৰণ।।৫৬০৷৷
তেৱে উপজয় প্রেম আনন্দ মিলয়।।
ভাৰ্য্যা পুত্র দেহ গেহ সৱে পাসৰয়।।
এতেকে তুমিয়ো মোৰ ভকতিক ধৰি।
ভৈলাহা কৃতার্থ আক জানা নিষ্ঠ কৰি।।৫৬১৷৷
তথাপি আহ্মাৰ প্রীতি সাধি মহামতি।
পূৰ্ব্বৱতে সৃষ্টিসৱ কৰিয়ো সম্প্রতি।।
মোত লীন জীৱসৱ কৰিয়ো প্রকাশ।
আত পূৰ্ব্ব ধৰি তযু আছয় অভ্যাস।।৫৬২।।
ভকতিক ধৰি যত কৰা কৰ্ম্মচয়।।
সমস্তে সম্পূর্ণ হৈৱে নাহিকে সংশয়।।
বদতি মৈত্রেয় শুনা বিদুৰ প্রস্তুত।
এহিমতে নাৰায়ণে বুলিলা বহুত৷৷ ৫৬৩৷৷
পৰম আনন্দে ব্রহ্মা চাহিয়া আছন্ত।
সেহিৰূপে অন্তর্ধান ভৈলা ভগৱন্ত।।
পাছে ব্রহ্মা উচ্চাৰিয়া ৰাম কৃষ্ণ নাম।
অদৃশ্য ৰূপক পৰি কৰিলা প্রণাম।। ৫৬৪।।
।।সৃষ্টি বর্ণন৷৷
নিগদতি শুক শুনা পৰীক্ষিত ৰায়।
পাছে যেন বুলিলন্ত বিদুৰে দুনাই।।
বিদুৰ বদতি গুৰু কৈয়ো কৃপা কৰি।
যেৱে তৈতে অন্তর্ধান ভৈলা দেৱহৰি।।৫৬৫৷৷
তেৱে ব্রহ্মা ঈশ্বৰৰ ধৰিয়া বচন।
কতেক প্রকাৰে স্ৰজিলন্ত প্রজাগণ।।
দেহে স্ৰজিলন্ত যত মনেয়ে যতেক।
তাক ভালমতে মোত বুজায়ো প্রত্যেক।।৫৬৬৷৷
আনো যিৱা মঞি পুছি আছো অর্থচয়।
তাক অনুক্রমে কহি ছেদিয়ো সংশয়।।
শুক নিগদতি ৰাজা শুনা ৰঙ্গমন।
এমনে বিদুৰে যেৱে কৰিলা প্রার্থন।।৫৬৭৷৷
শুনি আনন্দিত ভৈলা কুসাৰুনন্দন।
পূৰ্ব্ব প্রশ্ন চিত্তে ধৰি বুলিলা বচন।।
মৈত্রয় বদতি ধন্য ধন্য কুৰুবৰ।
শুনিয়োক আৰ সৃষ্টি যেন আতপৰ।।৫৬৮৷৷
পাছে প্রজাপতি ধৰি প্ৰভুৰ আদেশ।
সেহি মহাৰূপে কৰি মনত প্ৰৱেশ।।
কৰিলন্ত তপ দিব্য শতেক বৎসৰ।
পৰম আনন্দ ভৈলা মনে সৃষ্টিকৰ৷৷৫৬৯৷৷
পাছে তপহন্তে উঠিলন্ত ব্রহ্মা তয়।
প্রলয়ৰ বায়ু যেন পদ্মক কাম্পয়।।
তপস্যাৰ ফলে ব্রহ্মা জাজ্বল্য সমান।
জলে সমন্বিতে বায়ু কৰিলন্ত পান।। ৫৭০৷৷
জল গুচিলন্ত পদ্ম ভৈলেক প্রকাশ।
দেখিয়া ব্ৰহ্মাৰ মনে মিলিল উল্লাস।।
আকাশত ব্যাপি আছে বৃহত কমল।
এহি তিনি লোকক কল্পিবো কৌতূহল।।৫৭১৷৷
এহি মানে চিন্তি পাছে পদ্মকোষে বসি।
তাতে তিনিলোক বিভাগিলা মহাযশী।।
অধিক নকৰি বিভাগিলা তিনিলোক।
আৰ হেতু কহো কুৰুবৰ্য্য শুনিয়োক।।৫৭২।।
যাতো তিনিলোক প্রতিদিনে নাশ হয়।
এহি হেতু আক মাত্র স্ৰজিবে লাগায়।।
ইহাৰ উপৰে যিটো লোক চাৰিখান।
ব্ৰহ্মাৰ বয়স মানে থাকে বিদ্যমান।।৫৭৩।।
ব্ৰহ্মাৰ সম্পূর্ণ আয়ু যেৱে ভৈল ক্ষয়।
সমস্ত লোকক তেৱে কালে বিনাশয়।।
কালৰ মহিমা শুনি বিদুৰ মহন্ত।
তাক জানিবাক প্রতি পুনু পুছিলন্ত।। ৫৭৪।।
বিদুৰ বদতি বাপ কৃপা কৰিয়োক।
কালৰ লক্ষণ আৱে চিনাই কহিয়োক।।
কিবা স্থূল সূক্ষ্মৰূপ কৈয়ো ভাল কৰি।
পৰম আনন্দে মঞি শুনো কর্ণভৰি।।৫৭৫।।
মৈত্রেয় বদতি শুনা ব্যাসৰ নন্দন।
কালৰ লক্ষণ কহো শুনা একমন।।
ইদানিক কালমায়া সংক্ষেপি কহিবো।
পাঞ্চ অধ্যায়ত প্ৰপঞ্চিয়া নিৰূপিবা।।৫৭৬৷৷
পৰিণাম কৰে যিটো মহতাদি তত্ত্ব।
তাকে কাল বুলি কহে সমস্ত শাস্ত্রত।।
আৰো সেহিকালে কৰে ত্রিবিধ প্রলয়।
নিত্য নৈমিত্তিক যে প্রাকৃত বুলি কয়।।৫৭৭।।
কালে গুণে থাকি দশবিধ সৃষ্টি হয়।।
তাকে ভিন্নে ভিন্নে কহো শুনা মহাশয়।।
আদ্য সর্গ মহত্তত্ত্ব দ্বিতীয় অহঙ্কাৰ।
পঞ্চ তন্মাত্ৰক যে তৃতীয় কৈলো সাৰ।।৫৭৮৷৷
জ্ঞান কৰ্ম্মেন্দ্রিয়ক চতুর্থ বুলি সর্গ।
পঞ্চম ইন্দ্রিয় অধিষ্ঠাতা দেৱবৰ্গ।।
পঞ্চপৰ্ব্বা অবিদ্যাক ষষ্ঠ সৃষ্টি কয়।
সাৱধান মনে শুনিয়োক মহাশয়।। ৫৭৯।।
ছয়বিধ বৃক্ষসৃষ্টি বুলিয় সপ্তম।
আঠাইশ প্রকাৰে পশু হোৱয় অষ্টম।।
ৰজোগুণে অধিক কৰ্ম্মত সদা ৰত।
হেনয় মনুষ্য সর্গ জানা নৱমত।।৫৮০৷৷
সনতকুমাৰ আদি যত দেৱগণ।
আৰাক দশম সর্গ বোলে সৰ্ব্বজন।।
এহি দশবিধ সৃষ্টি কহিলো তোহ্মাত।
সৱাকো স্ৰজিলা ব্রহ্মা কহিলো সাক্ষাত।।৫৮১।।
আৰো যেনমতে হুয়া আছে প্রাণীগণ।
বিংশতি অধ্যায়ত তাক কৰিবো বর্ণন।।
আৱে শুনিয়োক যেন কালৰ ব্যৱস্থা।
যত কহো সৱে ঈশ্বৰৰ লীলা কথা।।৫৮২৷৷
শুনা নৰ নাৰীগণ হুয়া একমন।
তৃতীয় স্কন্ধৰ কথা পৰম গহন।।
পদ অর্থ গম্ভীৰত নিন্দা নুযুৱাই।
স্বভাৱতে গৃঢ় ইটো মোৰ দোষ নাই।।৫৮৩৷৷
কিন্তু আৰ শ্ৰৱণত আছে মহাফল।
অল্পকালে পাইবা কৃষ্ণ চৰণ কমল।।
ভাগৱত শাস্ত্র ইটো কোটি সূৰ্য্য প্রায়।
চাপিয়ো সমীপ যাৰ আছে ভাগ্যোদয়।।৫৮৪।।
একান্ত সাধুৰ সঙ্গ কৰিয়া যতন।
ইটো ভাগৱত শাস্ত্ৰ কৰিয়ো শ্ৰৱণ।।
একখানি শাস্ত্র মাত্র বুজা নৰগণ।
দৈৱকীৰ পুত্রে যাক কৰিছা বর্ণন।। ৫৮৫।
ভজনীয় দেৱ এক দৈৱকীৰ সুত।
তান পাৱে সেৱা মাত্ৰ কৰ্ম্ম অদভুত।।
মন্ত্রো এক ঈশ্বৰ কৃষ্ণৰ নামচয়।
এহিমানে শাস্ত্র অর্থ কৰিয়ো আশ্রয়।।৫৮৬।।
তেৱে নিতে বাঢ়ি যাইবে কৃষ্ণৰ ভকতি।
লভিবা পৰমানন্দ এড়ায়া দুর্গতি।।
কহে মূঢ় গোপালচৰণ হীনকাম।
সৰ্ব্বজনে মুখ ভৰি বোলা ৰাম ৰাম।।৫৮৭।।
৷৷কাল-বিভাজন।।
।। দুলড়ী।।
বদতি মৈত্রেয় বিদুৰ শুনিয়ো
স্থূল সূক্ষ্ম কাল যত।
সূৰ্য্যৰ গতিয়ে সমস্তকে জানি
শাস্ত্ৰৰ ইটো সন্মত।।
যাহাক বিভাগ কৰিতে নপাৰি
পৰমাণু নাম তাৰ।
সি পুনু লোকৰ দৃশ্য নুহিকয়।
ইটো কথা কৈলো সাৰ।।৫৮৮।।
পৰমাণু দেহ যেৱে সূৰ্য্য ব্যাপে
সেহি পৰমাণু কাল।
সূক্ষ্ম কাল কহি স্থুল কহো আৱে
ইটো কথা যত ভাল।।
দুই পৰমাণু ভৈল এক ঠাই
তাহাক অণু বোলয়।
তিনি অণু যেৱে মিলিয়া ৰহিলে।
ত্ৰ্যসৰেণু তাকে কয়।।৫৮৯।।
সূৰ্য্যৰ কিৰণে কুন্দ্রাক্ষৰ জালে
যেৱে ভৈলা উপগত।
সেহিবেলা তেৱে সিটো ত্ৰ্যসৰেণু
তাক দেখি ভালমত।।
তিনি ত্ৰ্যসৰেণু সংযোগক পুনু
ত্রুটি বোলে সৰ্ব্বজন।
শতেক ত্রুটিয়ে বেধ কাল হয়ে
বিদুৰ কৰিবা মন।।৫৯০।।
তিনি বেধ মিলি হোৱে এক লৱ
লৱৰ ভৈলা তৃতয়।
তাহাক নিমেষ বোলয় শাস্ত্রত
জানিবা তুমি নিশ্চয়।।
তৃতীয় নিমেষ হয় ক্ষণ কাল
পাঞ্চক্ষণে কাষ্ঠা এক।
কাষ্ঠা পাঞ্চ দশে হোৱয় লঘুতা
বুলিবা মনে প্রত্যেক।।৫৯১।।
পোন্ধৰ লঘুৱে নাড়িকা হোৱয়
নাড়িকাক বোলে দণ্ড।
বাঢ়ি টুটি লৈয়া ছয় সপ্ত দণ্ডে
প্ৰহৰ দুই প্রচণ্ড।।
সন্ধ্যা দুই দণ্ড এৰিয়া বুজিবা।
তেৱেসে কথা লাগয়।
নাডিকাৰ আৱে প্রমাণ কহঞো।
যেমনে লোক বুজয়।।৫৯২।।
ছয় তোলা তামে পাত্রটি কৰিব
জলচোল যেন ধৰে।
কুড়ি ৰতি স্বর্ণে শলকা কৰিয়া
দিবেক তাৰ ভিতৰে।।
আঙ্গুল চাৰিক হৈবেক শলকা
ৰন্ধ্রে প্রৱেশিয়া জল।
যেখনে পাত্রটি ভৰি পূৰি আতি
সমূলে কৰয় তল।।৫৯৩।।
তেৱে সেহি কাল নাড়িকা বোলয়।
কহিলো কৰি নিশ্চয়।
পল ছিদ্র যদি অধিক হোৱয়।
শীঘ্ৰে তেৱে নিমজয়।।
অল্প ভৈল পুনু বিলম্বেসে মজে
বুজিবা এহি নির্ণয়।
চাৰি চাৰি প্ৰহৰে মনুষ্যসৱৰ
জানা দিন ৰাত্রি হয়।।৫৯৪৷৷
পোন্ধৰ দিৱসে সপক্ষ বুলি কয়
শুক্ল কৃষ্ণ অনুমানে।
দুই পক্ষ ভৈলে তাক মাস বোলে
জ্যোতিষ যিসৱে জানে।।
এক মাস ভৈলে পিতৃ সমস্তৰ
হোৱে তেৱে দিন ৰাতি।
বাহ্র মাস মিল দেৱতাসৱৰ
অহোৰাত্র হোৱে আতি।।৫৯৫।।
ছয় ছয় মাসে অয়ন দূতয়
দক্ষিণ আৰো উত্তৰ।
বাহ্ৰ মাস যেৱে ভৈলেক সম্পূর্ণ
তাৰ নাম সম্বৎসৰ।।
শতেক বিংশতি মনুষ্যৰ আয়ু
বুজায়া কৈলাো সকলে।
এহিমতে কালে সমস্ত লোকৰ
আয়ুক হৰে সকলে।।৫৯৬।।
ঈশ্বৰ কৃষ্ণৰ শ্ৰৱণ কীৰ্ত্তন
নকৰে যিটো সদায়
তাহাৰ বিলাই কহন নযায়।
জনম বিফলে যায়।।
এহি কালমৃতযু তড়িবাক প্রতি
যাহাৰ আছয় মন।
ঈশ্বৰ কৃষ্ণৰ শ্ৰৱণ কীৰ্ত্তন
কৰোক আতি যতন।।৫৯৭।।
বিদুৰ বদতি শুনিয়ো বান্ধৱ
পিতৃ দেৱ মনুষ্যৰ।
আয়ু যেনমত কহিলাহা তাক
ই তিনিলোক ভিতৰ।।
ইহাত বাহিৰে ব্রহ্মা আদি কৰি
যতেক জীৱ আছয়।
তাসম্বাৰ আয়ু কহিয়ো মোহোৰ
ছেদিয়ো ঘোৰ সংশয়।।৫৯৮।।
তুমি মহামুনি ভালমতে জানা
কালৰ গতি যিমত।
দিব্য চক্ষু বলে ব্রহ্মাণ্ডকো দেখা
যাতো মহা যোগী যত।।
এতেকে ইহাৰ কথা কৈয়ো মোত।
যদি মনে আছে দায়া।
প্ৰভুৰ চৰিত্র শুনায়া মোহোৰ
খণ্ডায়োক মোহ মায়া।।৫৯৯।।
................
।।ছবি।।
বদতি মৈত্রেয় মুনি থাকিয়ো বিদুৰ শুনি
যেন ঠান প্রশ্নৰ উত্তৰ।
ব্রহ্মা আদি দেৱ যত আছয় তাহাৰ কহো।
আয়ুৰ প্রমাণ আতপৰ।।
সত্য যুগে দিব্য চাৰি হাজাৰ বৎসৰ হয়।
দুই সন্ধ্যা হোৱে আঠ শত।
তৃতীয় হাজাৰ ত্রেতা সন্ধ্যা দুই ছয়শত
হাজাৰ দুতয় দ্বাপৰত।।৬০০।।
দুই সন্ধ্যা চাৰি শত হাজাৰেক কলিযুগ
দুই সন্ধ্যা হোৱে দুই শত।
দেৱৰ বৎসৰ ইটো যুগ সন্ধ্যা নাম যত
অনুৰূপে বুজা এহিমত।।
সমুদায়ে হোৱে দিব্য দ্বাদশ হাজাৰ বর্ষ
সংক্ষেপিয়া কহিলো বুজাই।
আৱে চাৰি যুগে যেন ধৰ্ম্মসৱ প্ৰৱৰ্ত্তয়
তাক বুজা মনে অৱগাই।।৬০১।।
সত্যে চাৰি পাদ ধৰ্ম্ম মনুষ্যত আছিলেক
সিকালত অধৰ্ম্ম নাছিল।
ত্রেতা যুগ ভৈল যেৱে অধর্ম্ম বাঢ়িয়া তেৱে
ধৰ্ম্ম এক পাদ বিনাশিলা।।
দ্বাপৰত ধৰ্ম্ম পাদ অর্দ্ধেক ভৈলেক নাশ
বাঢ়ি ঘোৰ অধৰ্ম্ম প্ৰচুৰ।
কলিযুগে সত্য নাম এক পাদ ৰহিলেক
অন্তে পাছে সিয়ো হৈবে দূৰ।।৬০২।।
এক হৰিনাম মাত্র কলিত থাকিবে ধৰ্ম্ম
আন ধৰ্ম্ম সৱে যাইবে তল।
দেখিয়ো বিদুৰ বাপ কেন বিপৰ্যয় ভৈল
কাল ঈশ্বৰৰ মহাবল।।
এনয় হাজাৰ যুগে ব্ৰহ্মাৰ দিনেক হয়।
ৰাত্ৰিয়ো জানিবা সেহিমানে।
নিশাভাগে প্রজাপতি সৃষ্টিকাৰ্য্য পৰিহৰি
শুতিয়া থাক সাৱধানে।।৬০৩৷৷
নিশা অৱসানে পুনু তিনি লোক প্রৱৰ্ত্তয়
চতুর্দশ মনু হোৱে জাত।
একযে সত্তৰি যুগে একৈক মনুৰ কাল
ধৰ্ম্ম তাতে প্ৰৱৰ্ত্তে সাক্ষাত।।
একো একো মন্বন্তৰে ধৰ্ম্ম ৰাখিবাৰ পদে
অৱতাৰ হুয়া ভগৱন্ত।
মনু মনুপুত্র ঋষি দেৱ ইন্দ্র সমন্বিতে
নানাবিধ ধৰ্ম্মক পালন্ত।।৬০৪।।
একো দিৱসতে সৃষ্টি ব্ৰহ্মাৰ বোলয় সৱে
যাত তিনিলোক উপজয়।
আনো দেৱ ঋষি পিতৃ মনুষ্য গন্ধৰ্ব্ব পশু
পক্ষী আদি যাহাত জন্মায়।।
এহিমতে দিনমানে সৃষ্টি প্ৰৱৰ্ত্তিয়া থাকে
পাছে আসি ৰাত্ৰি প্ৰৱৰ্ত্তয়।
অনন্ত মুখৰ হন্তে মহা অগ্নি উঠি পাছে
তিনিলোক ক্ষণেকে দহয়।।৬০৫।।
অগ্নি তাপ পায়া আতি মহৰ্লোক হন্তে পাছে
ভৃগু আদি উদ্ধক চলয়।
জনলোকে প্রৱেশিয়া এড়ায়া সমস্তে পীড়া
মহাসুখে তথাতে থাকয়।।
দুষ্মহ অগনি যেৱে পুৰিয়া ভৈলেক শান্ত
তাত পাচে শতেক বৎসৰ।
বায়ু বহে নিৰন্তৰ আতিশয় খৰতৰ
মহা ঘোৰ প্রলয় কালৰ।।৬০৬।।
শতেক বৎসৰ তেৱে সম্বৰ্ত্তক মেঘগণে
অবিচ্ছেদে জল বৰিষয়।
পায়া অসংখ্যাত জল বাঢ়িয়া সপত সিন্ধু
তিনিও ভুৱন বুৰাৱয়।।
প্রলয় কালৰ বৰ উৎপাত আটোপ চণ্ড
বায়ু লাগি উত্থলয় জল।
আন্দোল কহ্লোল ৰোল বৰ বৰ হোৱে ঢউ।
ব্রহ্মাণ্ডকো কৰে যেন তল।।৬০৭।।
চন্দ্ৰ আদিত্যৰ কান্তি সমস্তে গুচয় আতি
ব্যাপে আসি ঘোৰ অন্ধকাৰ।
অনন্ত আসনে হৰি যোগনিন্দ্ৰা ছল কৰি
শুতি ৰহা জগত আধাৰ।।
জন তপ সত্যবাদী যত যত মহাঋষি
জয় জয় বুলি স্তুতি কৰে।
শুতি থাকা কৃপাময় তাৰাসৱে উপাসয়
কৰযোৰে পৰম সাদৰে।।৬০৮।।
নমো নমো কৃষ্ণ স্বামী তযু দাস ভৈলো আমি
কৰা কৃপা দুখী হেন জানি।
ৰাতুল চৰণ দুই হৃদয়ে উদয় হৌক
মুখে ৰৌক ৰামকৃষ্ণ বাণী।।
ভাৰতে মনুষ্য কায় লভিয়া বঞ্চিত ভৈলো
তোহ্মাৰ ভক্তিতে মঞি পাপ।
হে বন্ধু যদুৰায় আক স্মৰি ধাতু যায়
মনে সদা নখণ্ডয় তাপ।।৬০৯।।
কাম ক্ৰোধ লোভ মোহ ইসৱে বেঢ়িয়া খাই
কাল নিতে নিতে হৰে আয়ু।
লভিয়া মনুষ্য গাত্ৰ কিছুৰো নভৈলো পাত্ৰ
গৈলা প্ৰায় ইটো প্ৰাণ বায়ু।।
এভো কৃপাময় মোক হেন কৃপা কৰিয়োক
যেহেন সদায় স্মৰো নাম।
যত সভাসদচয় পৰিহৰি লাজ ভয়
ডাক ছাড়ি বোলা ৰাম ৰাম।।৬১০।।
...............
।।ব্ৰহ্মাৰ উৎপত্তি আৰু সৃষ্টি বৰ্ণন।।
।।পদ।।
মৈত্ৰেয় বদতি শুনিয়োক মহাশয়।
এহিমতে বুজিবাহা দিন ৰাত্ৰি হয়।।
আপোনাৰ থানে ব্ৰহ্মা শতেক বৎসৱ।
আজ্ঞা পালি থকা প্ৰভু ঈশ্বৰ কৃষ্ণৰ।।৬১১।।
যেতিক্ষণে গৈল প্ৰায় নিজ আয়ু যত।
কালে সংহৰিলে হেন দেখন্ত মনত।।
এহিসৱ জানি যিটো বুদ্ধিমন্ত নৰ।
বিৰকত হুয়া ভক্তি কৰোক কৃষ্ণৰ।।৬১২।।
আৱে তিনিগোটা কল্প শুনা আতপৰ।
ব্ৰহ্মকল্প পদ্মকল্প বৰাহ কল্পৰ।।
বেদময় ব্ৰহ্ম যিটো দিনা ভৈলা জাত।
তাৰ নাম ব্ৰহ্মকল্প কহিলো তোহ্মাত।।৬১৩।।
পূৰ্ব্ব অৰ্দ্ধ বয়স যিদিনা সাঙ্গ ভৈলা।
তাক বুলি পদ্মকল্প সিটো পুনু ৰৈলা।।
যাতো ঈশ্বৰৰ নাভি সৰোবৰ হন্তে
জন্মিলেক লোকপদ্ম প্ৰকাশ কৰন্তে।।৬১৪।।
এতেকেসে তাক পদ্মকল্প বুলি কয়।
সেহি পদ্ম হন্তে ব্ৰহ্মা উপজিলা তয়।।
পাছে অৰ্দ্ধ বয়স যিদিনা উপগত।
বৰাহ কলপ হেন বোলয় লোকত।।৬১৫।।
যাতো আত পৰম ঈশ্বৰে কৰি লীলা।
শূকৰ আকৃতি ধৰি ভূমি উদ্ধাৰিলা।।
আতেসে বৰাহ কল্প নাম হেন খ্যাত।
পৰম ৰহস্য কথা কহিলো তোহ্মাত।।৬১৬।।
কালগ্ৰাহে ব্ৰহ্মা আদি কৰি লোক যত।
তাহাৰ আয়ুৰ লেখা কৈলো এহিমত।।
আৱে কহো কাল ভয় শূন্য যিটো দেৱ।
কোটি কোটি ব্ৰহ্মা যাৰ পদে কৰে সেৱ।।৬১৭।।
অনন্ত অনাদি পৰিপূৰ্ণ মহাহৰি।
কালো যাৰ আজ্ঞা বহে শিৰোগত কৰি।।
অখণ্ড মহিমাযুক্ত পৰম উত্তম।
কৃপাময় ভূমা বিভু সত্য নিৰূপম।।৬১৮।।
হোৱয় পঞ্চাশ কোটি বহল মধ্যত।
দশ গুণে বেঢ়ি আছে আৱৰণ যত।।
হেনমত অসংখ্য ব্ৰহ্মাণ্ড সৱ যাৰ।
লোকৰন্ধ্ৰে দেখি পৰমাণুৰ আকাৰ।।৬১৯।।
সদানন্দ সনাতন দেৱনাৰায়ণ।
সমস্তে জীৱৰ যিটো পৰম কাৰণ।।
হেন ঈশ্বৰত নাহি কালৰ মহত্ত্ব।
নিজানন্দ সুখে মাত্ৰ সৰ্ব্বদায়ে ৰত।।৬২০।।
কিন্তু যিটো শতেক বৎসৰ বিধাতাৰ।
প্ৰভুৰ নিমেষ হেন কৰি উপচাৰ।।
আয়ুক গণিবে পুনু কেহো নপাৰয়।
যাতো পৰব্ৰহ্ম কৃষ্ণ অনন্ত অব্যয়।।৬২১।।
কালৰূপী ঈশ্বৰৰ কহিলো মহত্ত্ব।
শুনা আৱে ব্ৰহ্মা স্ৰজিলন্ত যত যত।।
প্ৰথমত বিধি জয় জয় কৃষ্ণ স্মৰি।
স্ৰজিবে লাগিলা প্ৰজা চিত্ত থিৰ কিৰ।।৬২২।।
পঞ্চপৰ্ব্বা অবিদ্যাক স্ৰজিলা গুৰুতৰ।
তম মোহ মহামোহ তামিস্ৰ অপৰ।।
অন্ধ-তামিস্ৰ সমে এহি পাঞ্চ হয়।
তাসম্বাৰ লক্ষণ শুনিয়ো মহাশয়।।৬২৩।।
স্বৰূপক পাসৰাৱ তম নাম যাৰ।
মোহে দেহাদিত কৰাৱয় অহঙ্কাৰ।।
মহামোহে ভোগাদিত ইচ্ছা জন্মাৱয়।
ভোগ প্ৰতি স্নেহতে তামিস্ৰ ক্ৰোধে হয়।।৬২৪।।
বিষয়ৰ নাশে বোলে মঞি গৈলো মৰি।
এহিটো তামিস্ৰ অন্ধ জানা নিষ্ট কৰি।।
পঞ্চপৰ্ব্বা অবিদ্যাক প্ৰথমে স্ৰজিলা।
পাপ-সৃষ্টি দেখি মনে ভাল নমানিলা।।৬২৫।।
পাচে ঈশ্বৰত ধ্যানে শুদ্ধ কৰি মন।
সেহি দিব্য মনে স্ৰজিলন্ত চাৰিজন।।
সনক সনন্দ আৰু সনতকুমাৰ।
সনাতম নামে চাৰি মহিমা অপাৰ।।৬২৬।।
পৰম সুন্দৰ দেহা অধিক জ্বলয়।
মধ্যাহ্ন কালৰ যেন আদিত্যৰ নয়।।
ভৈলে সৱে নৈষ্ঠিক ব্ৰহ্মত মাত্ৰ মন।
তাসম্বাক দেখি ব্ৰহ্মা বুলিলা বচন।।৬২৭।।
শুনিয়োক পুত্ৰসৱ মোহোৰ উত্তৰ।
এহি স্থানে তোৰা সৱে প্ৰজা সৃষ্টি কৰ।।
এহি শুনি একোজনে নকৰিলা ইচ্ছা।
যাতো তাৰাসকলে সমস্তে দেখি মিছা।।৬২৮।
পুত্ৰৰ অৱজ্ঞা দেখি ব্ৰহ্মাৰ তেখনে।
পৰম দুষ্মহ ক্রোধে জ্বলি গৈলা মনে।।
সুৱৰ্ণ গৌৰাঙ্গ তন ক্ৰোধত জ্বলয়।
মূৰ্ত্তিমন্ত অগ্নি যেন প্রকাশ কৰয়।।৬২৯।।
পাছে বুদ্ধিবলে ক্রোধে কৰিলা স্তম্ভন।
তাতে ভ্ৰূৱমধ্য হন্তে ভৈলা দৰশন।।
ক্রোধে মূৰ্ত্তি ধৰি জন্মিলেক ততকাল।
নীল ৰক্তবর্ণ মহাপ্রচণ্ড ছৱাল।।৬৩০।।
সমস্ত দেৱৰ আদ্য তাক বুলি হৰ।
উপজিয়া কান্দিবে লাগিলা খৰতৰ।।
পাছে বুলিলন্ত বাণী বিধাতাক চাই।
মোৰ নাম দিয়া পিতৃ আৰো দিয়া ঠাই।।৬৩১।।
হেন শুনি ব্রহ্মাৰ হৰিষ ভৈলা মন।
হাসিয়া বোলন্ত বাপ এৰিয়ো ক্রন্দন।।
নাম ধাম মঞি তোক কহিবো সকল।
মোৰ আশীৰ্ব্বাদে হৌক তোহোৰ কুশল।।৬৩২।।
আৱে তযু নাম থঞো শুনা মহাশয়।
যিহেতু কান্দিলা তুমি বালকৰ নয়।।
এতেক তোহ্মাৰ হৈবে ৰুদ্ৰনাম খ্যাত।
আৰো এৱে একাদশ নাম লোৱা তাত।।৬৩৩।।
ঋতধ্বজ ঊৰ্দ্ধৰেতা ভৱ মুন্য কাল।
মনু বামদেৱ ধৃতব্ৰত সৰ্ব্বকাল।।
শিৱ মহিনস নাম মহান আৱৰ।
এৱে একাদশ পত্নী লোৱা তুমি হৰ।।৬৩৪।।
উমা ইৰা অম্বিকা ৰসলোমা ইৰাৱতী।
সুধা দীক্ষা চণ্ডী সর্পি আৱৰ স্ব ধৃতি।।
এহিসৱ দিলো ভাৰ্য্যা আৰু দেঞো থান।
বায়ু জল মহী অগ্নি হৃদি ইন্দ্রি প্রাণ।।৬৩৫।।
সূৰ্য্য চন্দ্র তপ আকাশত দিলো ঠাই।
এহি একাদশ থানে থাকিবা সদায়।।
আৱে তুমি এহি সৱে যুক্ত হুয়া আতি।
স্ৰজা বহু প্রজাগণ হৌক তযু খ্যাতি।।৬৩৬।।
কৃষ্ণৰ কিঙ্কৰ আমি তান আজ্ঞাধৰ।
বিলম্ব নকৰি নানাবিধ সৃষ্টি কৰ।।
হেন যেৱে আদেশ কৰিলা সৃষ্টি কৰে।
এহি হৌক বুলি বাক্য ধৰিলেক হৰে।।৬৩৭।।
তেখনে স্ৰজিলা নানাবিধ প্রজাচয়।
আপুনি যেমন প্রজাগণো সেহিনয়।।
ভূত প্রেত পিশাচ প্রচণ্ড মহাখল।
সমস্তৰ গাৱে আছে অসংখ্যাত বল।।৬৩৮।।
কতো সৱ নীলা দেখি কতো ৰক্ত গাৱ।
সমস্তৰে উগ্ৰ তীব্ৰ দুৰ্জ্জন স্বভাৱ।।
কতো বঙ্ক পাৱ কতো তিনি চাৰি ভৰি।
চক্ষু প্রকাশয় ঘোৰ অগ্নি সূৰ্য্যসৰি।।৬৩৯।।
ৰুদ্রে স্ৰজিলন্ত এহিমতে প্রজাচয়।
চতুর্ভিতি বেঢ়ি যেন জগত গিলয়।।
হেন অসংখ্যাত যুথ দেখি সৃষ্টিকৰ।
চমকিত হুয়া বুলিলন্ত খৰতৰ।।৬৪০।।
শুনিয়োক হৰ আৱে মোহৰ বচন।
ইসৱ প্ৰজাত কিছু নাহি প্রয়োজন।।
মঞি সমন্বিতে ইটো দশো দিশচয়।
উগ্র দৃষ্টিপাতে যেন দহিবে খোজয়।।৬৪১।।
তোহ্মাৰ কুশল হৌক মোৰ বোল ধৰা।
জগতৰ হিত চিন্তি তপক আচৰা।।
তপস্যাৰ বলে সেই সৱ লোক যত।
পূৰ্ব্বৱতে স্ৰজিবাক পাৰিবা সতত৷৷৬৪২৷৷
তপস্যা ভৈলেহে আনো সৱ প্রজাচয়।
অনায়াসে ভগৱন্ত কৃষ্ণক পাৱয়।।
এহি জানি মোৰ বচনত দিয়া মন।
কৃষ্ণত ভকতি ধৰি স্ৰজা প্রাণীগণ।।৬৪৩।।
ভকতিসে পুৰুষক শান্ত কৰাৱয়।
কহিলো তোহ্মাত ইটো শাস্ত্ৰৰ নির্ণয়।।
মৈত্রেয় বোলন্ত শুনিয়োক মহামতি।
হেন হিত উপদেশ দিলা প্রজাপতি।৬৪৪।।
শুনি পশুপতি ভৈলা আনন্দ অপাৰ।
প্রদক্ষিণে ব্রহ্মাক কৰিলা নমস্কাৰ।।
শিৰত লৈলন্ত তুলি চৰণৰ ধূলি।
কৰিবো তোহ্মাৰ মঞি ৰাজ্য এহি বুলি।।৬৪৫।।
ব্ৰহ্মাত অনুজ্ঞা লৈয়া তপোবনে গৈলা।
দেখি বিধি পৰম আনন্দ মন ভৈলা।।
পুনু প্রজা স্ৰজিবাক চিন্তিলা সাক্ষাত।
শৰীৰৰ হন্তে দশ পুত্র ভৈলা জাত।।৬৪৬।।
নাৰদ অঙ্গিৰা অত্রি পুলস্তি বশিষ্ঠ।
দক্ষ ভৃগু মৰীচি পুলহ তপোনিষ্ঠ।।
ক্রতু সমে এহি দশ তনয় জন্মিল।
মহাভাগৱত সৱে তনয় সুশীল।।৬৪৭।।
সৱে বিষ্ণুতেজ যুক্ত পৰম সামর্থ।
যিবা স্থানে যিবা জাত তাৰ শুনা অর্থ।।
পৰম বৈষ্ণৱ ঋষি নাৰদ প্রখ্যাত।
হাতে বীণা ধৰি কোলাহন্তে ভৈলা জাত।।৬৪৮।।
মাথাত পিঙ্গল জটা শোভে আতিশয়।
পৰম শ্ৰীমন্ত দেহা জ্বলে স্বর্ণময়।।
কোমল আঙ্গুলি চালি বীণা বজাৱয়।
গোপাল কৃপাল নাম মুখে উচ্চাৰয়।।৬৪৯।।
প্ৰেমৰ ভৰত বাক্য গদ গদ কৰে।
আনন্দতে কতোহো নেত্ৰৰ নীৰ ঝৰে।।
এহিমতে নাৰদ জন্মিয়া আছে তথা।
আনো যৈত উপজিল তাৰ শুনা কথা।।৬৫০।।
অঙ্গুষ্ঠে জন্মিলা দক্ষ বশিষ্ঠ প্রাণত।
পুলহ নাভিত জাত অঙ্গিৰা মুখত।।
কর্ণহন্তে পুলস্তি ছালত ভৃগু ঋষি।
কৰে ক্ৰতু লোচনত অত্রি মহাযশী।।৬৫১৷৷
মৰীচি ভৈলন্ত মন হন্তে উতপতি।
আনো যিবা জন্মিলেক শুনা মহামতি।।
দক্ষিণ স্তনত ধৰ্ম্ম অধৰ্ম্ম পিঠিত।
ভ্ৰূৱ হন্তে ক্রোধ কাম জন্মিলা হৃদিত।।৬৫২।।
তল ওঁঠ হন্তে লোভ মুখে বাক্যচয়।
লিঙ্গদ্বাৰে সপ্তসিন্ধ ভৈলেক উদয়।।
ছায়া হন্তে জন্মিলা কৰ্দ্দম মহামতি।
কপিল গোসাঁইৰ পিতৃ দেৱহূতি পতি।।৬৫৩৷৷
এহিমতে ব্রহ্মা স্ৰজিলন্ত ত্রিজগত।
কতো সৱ মনে প্রজা কতোহো দেহত।।
আৱে শুনা ভিন্ন দেহে স্ৰজিলন্ত যত।
আৱে কহো দেহ ত্যাগ প্রকাৰৰ মত।।৬৫৪।।
উপজাইলা বিধি সৰস্বতী নামে কন্যা।
পৰম সুন্দৰী কৃশোদৰী মহাধন্যা।।
কুৰঙ্গনয়নী, স্ত্রী তৰুণী বৰবালা।
বৃহৎ জঙঘনী উচ্চস্তনী তনু ভালা।।৬৫৫৷৷
মুখ বিম্বফল কৰ তনু সুকোমল।
সুসম কপাল কর্ণে ডোলয় কুণ্ডল।।
সৰ্ব্বাঙ্গ সুন্দৰী দেৱী নাহিকে উপাম।
দেখিয়া ব্ৰহ্মাৰ মনে উপজিলা কাম।।৬৫৬।।
কাম্পে সৰ্ব্বগাৱ ঘৰ্ম্ম বহি যায় গোটে।
নাহিকয় শ্রুতি মদনৰ শৰ চোটে।।
পিতৃ জানি কন্যাৰ নাহিকে কামমতি।
তভো হৰিবাক মন ভৈলা প্রজাপতি।।৬৫৭।।
মৰীচি প্ৰমুখ্যে ঋষি চাহিয়া আছন্ত।
দেখে ব্রহ্মা অধৰ্ম্মক মতি কৰিলন্ত।।
পিতৃৰ কাৰ্য্যক দেখি নসহিল মন।
বিনয় কৰিয়া সৱে বুলিলা বচন।।৬৫৮।।
শুনিয়োক পিতৃ তুমি আমাৰ বচন।
এৰিয়ো কুমতি ইটো হুয়ো সন্ধুক্ষণ।।
ধৰিয়োক শাস্ত্রবাণী পূৰ্ব্বাপৰ চাই।
ইটো কৰ্ম্ম কৰিতে তোহ্মাৰ নুযুৱায়৷৷৬৫৯।।
তযু পূৰ্ব্বে জন্মিয়াছে যিবা ব্রহ্মাগণ।
ইটো ঘোৰ কৰ্ম্ম নতু কৰে একোজন।।
পাচে বা জন্মিবা যিবা সৱ সৃষ্টিকৰ।
তাৰাতো নুহিব ইটো পাপ গুৰুতৰ।।৬৬০৷৷
কামক নিজিনি নিজ দুহিতাক হৰে।
কৈত শুনি আছা ইটো ব্রহ্মাণ্ড ভিতৰে।।
যদি বোলা তেজস্বীক নপাৱয় পাপ।
আৰ কথা কহো তেৱে শুনিয়োক বাপ।।৬৬১৷৷
যদি অগ্নি সমান তেজস্বী কেহো হুই।
তাহাৰো ইসৱ কৰ্ম্ম কৃতিপ্রদ নুই।।
কিন্তু পূৰ্ব্বহন্তে যিবা আছে যশচয়।
ইটো অমঙ্গল পাপে তাকো কৰে ক্ষয়।।৬৬২।।
আৱে যিসৱৰ ভাৱ ধৰি সৰ্ব্বলোক।
পৰম কল্যাণ লভে এড়াই দুখ শোক।।
হেন সাধুসৱে যদি অকৰ্ম্ম কৰয়।
সমস্ত লোকৰ তাৰা পাপভাগী হয়।।৬৬৩৷৷
বিশেষত তুমি মূল গুৰু জগতৰ।
তোহ্মাৰ অকাৰ্য্যে মন্দ হৈবেক লোকৰ।।
এহি জানি বাপ তুমি চিত্ত থিৰ কৰা।
ব্রহ্মজ্ঞান চিন্তি ইটো ভাৱ পৰিহৰা।।৬৬৪।।
ইসৱ বচন ব্রহ্মা কর্ণে নুশুনয়।
জানি তাৰা কৰযোৰে কৃষ্ণক প্রার্থয়।।
নমো নমো ভগৱন্ত প্রভু অন্তর্যামী।
তযু পদপল্লৱে শৰণ লৈলো আমি।।৬৬৫।।
চিদানন্দ ৰূপে তুমি আছা হৃদয়ত।
নান কৰ্ম্মে প্ৰৱৰ্তাই ফুৰা লোক যত।।
হে প্রভু ধৰ্ম্মপথ কৰিয়ো ৰক্ষণ।
ভকত বৎসল দেৱ দেৱ সনাতন।।৬৬৬।।
কৰিয়োক হেন অনুগ্রহ কৃপাময়।
পিতৃ যেন ইটো অকাৰ্য্যক নকৰয়।।
তোহ্মাৰেসে নিজদাস এহি সৃষ্টিকৰ।
ৰাখিয়ো পাপত হন্তে বাপ গদাধৰ।।৬৬৭।।
তুমি বিনে আমাসাৰ গতি নাহি আন।
ইটো ধৰ্ম্ম সঙ্কটত কৰা পৰিত্ৰাণ।।
বদতি মৈত্রেয় শুনা ব্যাসৰ নন্দন।
এহিমতে ঋষিসৱে কৰন্ত প্রার্থন।।৬৬৮।।
পাছে বিধি আগতে দেখিয়া পুত্রগণ।
লাজ হুয়া বিষ্ণু স্মৰি ভৈলা সন্ধুক্ষণ।।
মনে আপোনাক আতি কৰিয়া ধিক্কাৰ।
তেখনে কৰিলা সিটো দেহ পৰিহাৰ।।৬৬৯।।
কামে বিদূষিত তাক নিল দিশচয়।
জন্মিলেক তাহাত কুহৰি তমোময়।।
ইটো কিনো নাৰী মায়া মহাবলী আৰ।
পিতৃ মাতৃ ভ্রাতৃ পুত্ৰ নকৰে বিচাৰ।।৬৭০৷৷
দৰশন মাত্রকে সৱাৰো হৰে মন।
ব্ৰহ্মাত দেখিয়ো আৰ প্রত্যক্ষ প্রমাণ।।
এতেকে ইহাক যাৰা ত্যজিবাক চাৱে।
প্রাণবন্ধু কৃষ্ণক ভজিয়ো প্রেমভাৱে।।৬৭১।।
সাধু সঙ্গে গুণ নাম নেড়োক সদায়।
তেৱেসে মায়াক তড়ি গোৱিন্দক পায়।।
আৱে শুনা ব্রহ্মা আৰো যিবা স্ৰজিলন্ত।
কদাচিত মনে বিধি চিন্তিয়া আছন্ত।।৬৭২।।
কেনমতে বেদগণ স্ৰজিবো সাক্ষাত।
আশ্ৰমৰ বৃত্তি আৱে কেনে হোৱে জাত।।
কোনবা উপায়ে ধৰ্ম্ম ৰহিবেক আৱে।
এহি মনে চিন্তি ৰহি আছে সেহি ঠাৱে।।৬৭৩৷৷
পাচে কতোক্ষণে আসি কৃষ্ণৰ কৃপাত।
চাৰিগোটা মুখ হন্তে সৱে ভৈল জাত।।
এহি শুনি পুনৰপি বিদুৰে পুছন্ত।
কোন মুখে কোন বেদ ব্রহ্মা স্ৰজিলন্ত।।৬৭৪।।
আনো সৱ মুখে যিবা কৰিলা স্ৰজন।
ইহাৰ উত্তৰ মোত কৈয়ো তপোধন।।
মৈত্রেয় বোলন্ত তাৰ শুনিয়ো উত্তৰ।
যিবা মুখে যিবা স্ৰজিলন্ত সৃষ্টিকৰ।।৬৭৫।।
পূৰ্ব্বমুখে ঋক যজুৰ্ব্বেদ দক্ষিণত।
পশ্চিমত সাম অথৰ্ব্ববেদ উত্তৰত।।
এহি চাৰি মুখে স্ৰজিলন্ত চাৰিবেদ।
উপবেদ ইহাতে বুজিবা কৰি ভেদ।।৬৭৬৷৷
ভাৰত পুৰাণ আদি শাস্ত্র অপৰ্য্যন্ত।
আৰ পুনু সমস্ত মুখত স্ৰজিলন্ত।।
তপ শৌচ দায়া সত্য ধৰ্ম্মৰ চৰণ।
আকো সৱে মুখে স্ৰজিলন্ত তেতিক্ষণ।।৬৭৭।।
অনুক্রমে আশ্রম স্ৰজিলা প্রজাপতি।
ব্রহ্মচাৰী আৰো গৃহী বানপ্রস্থ যতী।।
এহিমতে স্ৰজিলা বেদৰ ছন্দচয়।
আনো আনো সৃষ্টি উপজাইলা কৃপাময়।।৬৭৮।।
দেখিলন্ত তভো সৃষ্টি নুহিকে বন্ধন।
চিন্তিবে লাগিলা প্রেমে কৰিয়া যতন।।
হৰি হৰি ইটো বৰ ভৈল বিপৰ্য্যায়।
কিবা হেতু মোৰ ইটো সৃষ্টি নবাঢ়য়।।৬৭৯।।
মহা পৰাক্ৰমে স্ৰজিলোহে ঋষিগণ।
মঞি কায় বাক্য মনে কৰোহো যতন।।
তথাপি নবাঢ়ে প্রজা জানিলো সাক্ষাত।
ঈশ্বৰৰ দোষে আত কৰন্ত বিঘাত।।৬৮০৷৷
এহিমতে গুনি ব্রহ্মা আছন্ত তথায়।
পাচে কতোক্ষণে এক পাইলন্ত উপায়।।
যাতো স্ত্রী নতু স্ৰজো এহিসে কাৰণ।
নবঢ়ায় সৃষ্টি মোৰ তুষ্ট নোহে মন।।৬৮১।।
এহি বিমৰিশ কৰি দেহক তেখনে।
কৰিলন্ত দুই ভাগ ব্রহ্মায়ে আপুনে।।
তাত হন্তে স্ৰজিলেক মৈথুন তনয়।
পৰম সুন্দৰ দুয়ো প্রকাশ কৰয়।।৬৮২৷৷
বামভাগে জাত ভৈলা কন্যা সুৱলিতা।
নাহি খতিখুন সৰ্ব্ব অঙ্গে অনিন্দিতা৷৷
দক্ষিণত উপজিলা পুত্র শুভনয়।
দেখিয়া ব্ৰহ্মাৰ ভৈলা আনন্দ হৃদয়।।৬৮৩৷৷
তেতিক্ষণে থৈলন্ত দুইহানো বিধি নাম।
স্বায়ম্ভুৱ মনু শতৰূপা অনুপাম।।
স্বামী কৰি শতৰূপা মনুকে বৰিলা।
পাছে দুয়ো মিলি প্রজা স্ৰজিবাক লৈলা।।৬৮৪৷৷
স্বায়ম্ভুৱে শতৰূপা দেৱীৰ গৰ্ভত।
জন্মাইলন্ত পুত্র দুই আতি অভিমত।।
প্রথম পুত্ৰৰ নাম থৈলা প্রিয়ব্রত।
কনিষ্ঠ উত্তানপাদ বৈৰত শকত।।৬৮৫৷৷
আকূতি প্রসূতি দেৱহুতি নামে খ্যাত।
পৰম সুন্দৰী তিনি কন্যা ভৈলা জাত।।
ৰুচি প্রজাপতিত আকূতি বিহা দিলা।
কৰ্দ্দম ঋষিত দেৱহূতিক অর্পিলা।।৬৮৬।।
ব্রহ্মাপুত্র দক্ষত প্রসূতি নিৱেদিলা।
যাহাৰ সন্তানে ইটো জগত ভৰিলা।।
সংক্ষেপে সমস্তে কথা কহি ৰঙ্গমন।
মৌনে ৰহিলন্ত মুনি কুসাৰুনন্দন।।৬৮৭।।
নমো নমো নন্দৰ নন্দন কৃপাময়।
তযু নামে মোহোৰ কৰায়ো পৰিচয়।।
জগতৰ হিত চিন্তি নামক ধৰিলা।
তাতো আপোনাৰ সৱে ভক্তিক অর্পিলা।।৬৮৮।।
তবো আৰ স্মৰণত নভৈলা বিকল।
হেনসে তোহ্মাৰ কৃপা ভকত কৃপাল।।
তথাপি তাহাৰ আছে পূৰ্ব্ব পাপভাগ।
ইহেন নামত নজন্মিল অনুৰাগ।।৬৮৯৷৷
তভো দায়া কৰা মোৰ নামে হৌক ৰতি।
হে বন্ধু মাধৱ বান্ধৱ যদুপতি।।
কৰয় প্রার্থনা মূঢ় গোপালচৰণ।
ডাকি ৰাম ৰাম বোলা সভাসদগণ।।৬৯০।।
৷৷ দুলড়ী।।
প্রণামো মাধৱ ভকত বান্ধৱ
চিদানন্দ ৰূপ হৰি।
ভকতৰ হিত কৰি প্রতিনিত
নানা অৱতাৰ ধৰি।।
ভকত ব্ৰহ্মাৰ কৰি উপকাৰ
বৰাহ স্বৰূপ ভৈলা।
ভূমি উদ্ধাৰিলা দৈত্যক বধিলা
পুনু বৈকুণ্ঠক গৈলা।।৬৯১।।
শুনা সৰ্ব্বজন কৰি এক মন
বৰাহ বিষ্ণুৰ লীলা।
দেৱৰ বিপক্ষ দৈত্য হিৰণ্যাক্ষ
যিমতে তাক বধিলা।।
হৰিলীলা কথা শুনিয়ো সৰ্ব্বথা
ভকতি হোৱে বৰ্দ্ধন।
জানি সাৱধানে শুনিলে যতনে
ভকতিক এক মন।।৬৯২।।
শুক নিগদতি শুনা নৰপতি
কথা যেন আতপৰ।
কুসাৰু পুত্ৰৰ শুনি প্ৰশ্নোত্তৰ
কৌতূহল বিদুৰৰ।।
ঈশ্বৰ কৃষ্ণৰ কথাক আদৰ
কৰিয়া বহু যতনে।
অৱনত কায় পুছিলা দুনাই
বিদুৰে হৰিষ মনে।।৬৯৩।।
বিদুৰ বদতি শুনিয়ো সম্প্ৰতি
এহি কথা মুনিৰাজ।
প্ৰিয় পত্নী পাই স্বয়ম্ভুৱ মনু
কৰিলন্ত কোন কাজ।।
পৰম বৈষ্ণৱ ব্ৰহ্মাৰ তনয়
কৃষ্ণৰ একান্ত দাস।
এতেকেসে তান চৰিত্ৰ শুনিবে
মোহৰ মনে উল্লাস।।৬৯৪।।
পুৰুষসকলে বেদ শাস্ত্ৰ পঢ়ি
যিবা বহুশ্ৰম পায়।
বিষ্ণু বৈষ্ণৱৰ কথা শ্ৰৱণেসে
তাহাৰ ফল সদায়।।
সাধুৰ চৰিত্ৰ পৰম পবিত্ৰ
তাক যিটো নুশুনয়।
যদি চাৰিবেদ পঢ়ে অবিচ্ছেদ
তভো তাৰ কিছু নয়।।৬৯৫।।
এতেকে শুনায়ো মনুৰ চৰিত্ৰ
গুৰু মোক কৃপা কৰি।
যাতো বৈষ্ণৱৰ কথা শুনিলেসে
সংসাৰ তাপক তড়ি।।
মোহোৰ জীৱন দেৱ নাৰায়ণ
ভগৱন্ত কৃপাময়।
তাহান ভক্তৰ মঞি অনুচৰ
কহিলো কৰি নিশ্চয়।।৬৯৬।।
জানি মোৰ মন কৰায়ো শ্ৰৱণ
ভক্তৰ চৰিত্ৰ যত।
এহিমানে মঞি কৰোহো প্ৰাৰ্থনা
বাপ তযু চৰণত।।
নিগদতি শুক শুনা পৰীক্ষিত
বিদুৰ মহা বিনীত।
এহি বাণী বুলি তম্ভি ৰহিলন্ত
আনন্দে দ্ৰৱিল চিত্ত।।৬৯৭।।
তাহান ভাগ্যক কি কহিবো মঞি
যাৰ গৃহে প্ৰভু যায়।
ৰাতুল চৰণ কোলাত থৱন্ত
মহাপ্ৰেমে যুদাৰয়।।
কৃষ্ণৰ পৰম ভক্ত নিৰুপম
সাধুজন মধ্যে সাৰ।
কৌৰৱ নন্দন মহা বিচক্ষণ
হৰিসে বান্ধৱ যাৰ।।৬৯৮।।
হেনয় বিদুৰে কৃষ্ণৰ কথাক
কহিবে যেৱে বুলিলা।
মহাভাগৱত মৈত্ৰেয় ঋষিৰ
পৰম প্ৰেম জন্মিলা।।
লোম শিহৰিল লোতক ঝৰিল
আনন্দে মজিল মন।
কৃষ্ণক চিন্তিয়া নিশৱদ হুয়া
আছিলন্ত কতোক্ষণ।।৬৯৯।।
পাছে প্ৰশংসিয়া বুলিবে লাগিলা
সাধু সাধু কুৰুবৰ।
আমাক পৰম কৰিলাহা দায়া
পুছিলা কথা কৃষ্ণৰ।।
আৱে শুনা বাপ মনুৰ চৰিত্ৰ
কৃষ্ণৰ লীলা সহিত।
যেনমতে মনু প্ৰজা স্ৰজিলন্ত
মাধৱক দিয়া চিত্ত।।৭০০।।
ভাৰ্য্যা সমন্বিতে স্বায়ম্ভুৱ মনু
যি কালত জাত ভৈলা।।
নমস্কাৰ কৰি কৰযোৰে ধৰি
ব্ৰহ্মাক বুলিবে লৈলা।।
শুনিয়োক পিতৃ সমস্তে প্ৰাণীক
তুমি একশ্বৰে স্ৰজা।
পোষণকো কৰা এতেকে নিশ্চয়
আমি সৱে তযু প্ৰজা।।৭০১।।
যদ্যপি পিতৃক আমাত কিঞ্চিতো
অপেক্ষা নাহিকে মনে।
তথাপি পিতৃক সেৱিবাক লাগে
পুত্ৰ ভৈলে সৰ্ব্বক্ষণে।।
এতেকে আহ্মাৰ কুশলৰ অৰ্থে
কহিয়ো বিধি বিশেষ।
যেনমতে কৰ্ম্মে তযু সেৱা হয়
কৰিয়ো তাক আদেশ।।৭০২।।
যাহাক কৰিলে ইহলোকে কীৰ্ত্তি
পৰলোকে হৈবে গতি।
প্ৰণামো চৰণে কায় বাক্য মনে
বুজায়ো তাক সম্প্ৰতি।।
হেন শুনি ব্ৰহ্মা হাসিয়া বোলন্ত
তু্ষ্ট ভৈলো পুত্ৰ তোত।
যাতো নিকপটে হৃদয়ৰ কথা
আপুনি কহিলি মোত।।৭০৩।।
মোৰ আশীৰ্ব্বাদে দুইহানো তোহ্মাৰ
কৃষ্ণত হোক ভকতি।
জানি ক্ষিতীশ্বৰ পুত্ৰ সকলৰ
এহিসে হোৱে যুগুতি।।
মৎসৰ এড়িয়া সাৱধান হুয়া
সাদৰ কৰিয়া মতি।
পিতৃৰ বচন কৰিবা পালন
যাৱত থাকে শকতি।।৭০৪।।
তুমি সেহি পুত্ৰ ভক্ত গুৰুতৰ
কৰিয়ো আৱে হেনয়।
এহি ভাৰ্য্যা গৰ্ভে আপোন সদৃশ
উপজায়ো পুত্ৰচয়।।
যথোচিত ধৰ্ম্মে পৃথিৱী পালিবা
আৰো কৰিবাহা যাগ।
ঈশ্বৰ কৃষ্ণক ভজিয়ো নিষ্কামে
ভক্তিভাৱে মহাভাগ।।৭০৫।।
শ্ৰৱণ কীৰ্ত্তন কৰা সৰ্ব্বক্ষণ
কৃষ্ণপাৱে দিয়া মতি।
প্ৰজা সকলকো মাতি আনি নিতে
শিখায়ো হৰি ভকতি।।
এহিসে মোহোৰ পৰম শুশ্ৰূষা
পালিয়োক প্ৰজাগণ।
তেৱে অল্পকালে হৈৱন্ত সন্তোষ
ভগৱন্ত নাৰায়ণ।।৭০৬।।
যাহাৰ সেৱাত নভৈলাহা তুষ্ট
কৃপাময় জনাৰ্দ্দন।
সিসৱ অধম পাতকী পৰম
ধিক্কাৰ তাৰ জীৱন।।
আত্মা ঈশ্বৰক নভজি পামৰ
কৰে যত যত কৰ্ম্ম।
সমস্তে বিফল নিমিলে কুশল
কহিলো শাস্ত্ৰৰ মৰ্ম্ম।।৭০৭।।
এতেকে আমাৰ কুশল দেৱতা
ভগৱন্ত দায়াময়।
তান প্ৰীতি সাধি কৰিয়ো ভকতি
পালিয়োক প্ৰজাচয়।।
এহি বুলি ব্ৰহ্মা প্ৰেমে মুগ্ধ হুয়া
ৰহিলা কৃষ্ণক স্মৰি।
স্বায়ম্ভূৱ মনু পুছিলন্ত পুনু
আনন্দে আদৰ কৰি।।৭০৮।।
তোহ্মাৰ আদেশে প্ৰৱৰ্ত্তিৱো মঞি
সৃষ্টি কৰ্ম্মে বিদ্যমান।
কিন্তু আমাসাৰ প্ৰজা সমস্তৰ
দিয়ো আৱে প্ৰতিষ্ঠান।।
সৱাৰো আশ্ৰয় যিটো বসুমতী
মহাজলে তল গৈল।
তাক উদ্ধাৰিবে কৰিয়োক যত্ন
তেৱেসে হোৱে কুশল।।৭০৯।।
এহি শুনি ব্ৰহ্মা দৃষ্টি দিয়া চাইল
দেখে জলে আছে ভৰি।
পাচে চিৰকাল চিন্তিবে লাগিল
মহা দুখ মন কৰি।।
হৰি হৰি মহা প্ৰমাদ মিলিল
কি ভৈল কালৰ গতি
পূৰ্ব্বে সৱ জল পান কৰি মঞি
স্ৰজিলোহো বসুমতী।।৭১০।।
পুনু অকালত বাঢ়ি ঘোৰ জল
তল গৈল সমুদায়।
আৱে কেনমতে ভূমিক উদ্ধাৰো
ৰসালতে আছে যাই।।
আৱে আমি আত কোন কৰ্ম্ম কৰো
সৃষ্টি বা কিমতে হয়।
ইটো কৰ্ম্ম আনে কৰন্তা নাহিকে
বিনে প্ৰভু কৃপাময়।।৭১১।।
যিটো ঈশ্বৰৰ হৃদয়ত হন্তে
ভৈলো মঞি উতপন্ন
সেহি ভগৱন্ত পৃথিৱী উদ্ধাৰি
সাধন্তোক প্ৰয়োজন।।
অনাথৰ নাথ প্ৰভু ভগৱন্ত
কৰিয়োক কিছু দৃষ্টি।
আমি পুন আত মিনিত্তেসে মাত্ৰ
তোহ্মাৰেসে সৱে সৃষ্টি।।৭১২।।
সামাজিক জন শুনা একমন
কৃষ্ণ লীলা চৰিত্ৰ।
যত দুখচয় যাইবে সৱে ক্ষয়
হৈবাহা মহা পৱিত্ৰ।।
ভাৰত ভূমিত মনুষ্য হৈবাক
দেৱেয়ো বাঞ্ছয় মাত্ৰ।
ইহেন দুৰ্ল্লভ থানত আসিয়া
লভি আছা সৱে গাত্ৰ।।৭১৩।।
হেন জন্ম পাই হেলা নুযুৱাই
ভজিয়ো কৃষ্ণ চৰণ।
বিষয় বিষাদ নিস্তাৰিয়া তেৱে
লভিবা বিষ্ণু ভূৱন।।
আন পৰিহৰি সাধুসঙ্গ কৰি
মুখে লোৱা গুণ নাম।
গোপালচৰণে কহে সৰ্ব্বক্ষণে
ডাকি বোলা ৰাম ৰাম।।৭১৪।।
................
।।পদ।।
মৈত্ৰেয় বদতি শুনিয়োক আতপৰ।
এহিমতে চিন্তি যেৱে আছা সৃষ্টিকৰ।।
পাচে প্ৰভু ভকত বৎসল ভগৱন্ত।
ভকত ব্ৰহ্মাক আতি চিন্তা দেখিলন্ত।।৭১৫।।
ক্ৰীড়া কৰিবাক প্ৰতি জগতৰ পতি।
লীলা কৰি ধৰিলন্ত শূকৰ আকৃতি।।
অঙ্গুষ্ঠ প্ৰমাণ আতি সূ্ক্ষ্ম কৰি কায়।
বিধাতাৰ নাসাৰন্ধ্ৰে বাস ভৈলা যায়।।৭১৬।।
বাজ হুয়া লীলায়ে আকাশে ৰহিলন্ত।
বৰাহ ছৱাল দেখি ব্ৰহ্মা ডড়িলন্ত।।
ক্ষণেকে বাঢ়িল দেহা মত্ত গজ নয়।
দেখিয়া ব্ৰহ্মাৰ মনে মিলিল বিস্ময়।।৭১৭।।
মৰীচি প্ৰমুখ্যে আনো যত ঋষিচয়।
তেসেম্বো সহিতে বিধি বিতৰ্ক কৰয়।।
ইটো কিবা গোট দেখিয়োক পুত্ৰগণ।
মোৰ নাসা হন্তে বাজ ভৈলা এতিক্ষণ।।৭১৮।।
প্ৰথমে দেখিলো ইটো অঙ্গুষ্ঠ প্ৰমাণ।
ক্ষণেকতে ভৈলা গণ্ড শিলাৰ সমান।।
আৱে কিমো চিত্ৰ ইটো কপট শূকৰ।
পৰম আশ্চাৰ্য্য ৰূপ দিব্য কলেৱৰ।।৭১৯।।
কিবা মোক দেখা দিয়া প্ৰভু ভগৱন্ত।
নিজৰূপ ঢাকি এহি ৰূপে প্ৰৱৰ্ত্তন্ত।।
এতিমতে পুত্ৰগণ সমে সৃষ্টিকৰ।
বসি আছে বিমৰিশ কৰি বহুতৰ।।৭২০।।
পাছে ভগৱন্ত যজ্ঞ পুৰুষ ঈশ্বৰ।
ব্ৰহ্মাদিৰ হৰিষ সাধিয়া মনোহৰ।।
কৰিলা প্রকাশ দিব্যৰূপ মহেশ্বৰ।
মেৰুৰ সদৃশ স্থূল ভৈল কলেৱৰ।।৭২১৷৷
মহা শুক্ল দান্ত দিব্য দেখিতে বিৰিঙ্গ।
নীল পৰ্ব্বতত যেন শোভে শ্বেত শৃঙ্গ।।
কঠিন কেশৰচয় লড়ে ঘনে ঘন।
ত্রিশূল সদৃশ প্রকাশয় লোমগণ।।৭২২।।
চক্ষুৰ জ্যোতিত সূৰ্য্যৰ কান্তি ছন্ন হয়।
সিবেলা আনৰ কিছু কান্তি নাহিকয়।।
হৃষ্ট পুষ্ট চাৰি ভৰি গিৰিৰ আন্বয়।
সঘনে উত্তম লাঞ্জ আকাশে ভ্রময়।।৭২৩।।
খুৰাৰ প্রহাৰে মেঘ হোৱে খণ্ড খণ্ড।
কম্পাৱন্ত তুণ্ড মুণ্ড পৰম প্রচণ্ড।।
প্রলয় কালৰ মেঘ যেহেন গর্জয়।
সেহিমতে গৰ্জ্জন কৰিলা কৃপাময়।।৭২৪।।
গৰ্জ্জন শুনিয়া ব্রহ্মা আনন্দ হৃদয়।
পুত্র সমে বোলন্ত কেশৱ জয় জয়।।
গর্জন শবদে দশোদিশে যে ভৰিল।
ব্রহ্মা আদি সমস্তৰে আনন্দ মিলিল।।৭২৫।।
পাছে জন তপ সত্য নিৱাসী যতেক।
ঈশ্বৰৰ ঘৰ্ঘৰিত বাক্য শুনিলেক।।
প্রথমে নজানি মনে মহা ত্রাস ভৈলা।
পাছে ধ্বনি বুজিলাত ত্রাস দূৰ গৈলা।।৭২৬।।
মনত সৱাৰে মহা আনন্দ মিলিল।
অসংখ্য বিমানে আসি আকাশ ঢাকিল।।
মহা মহা ঋষিসৱে আকাশ জুড়িলা।
নানাবিধ দেৱগণ তথাতে মিলিলা।।৭২৭।।
মায়াময় শূকৰ বিষ্ণুৰ উপৰত।
কৰিলেক সরে পুষ্পবৃষ্টি নানামত।।
জয় জয় কৃষ্ণ জয় জয় ভগৱন্ত।
জয় জয় মূৰ্ত্তিদেৱ মহিমা অনন্ত।।৭২৮।।
এহিমতে বেদমন্ত্র কৰিয়া উচ্চাৰ।
বিষ্ণুক কৰিলা নানা স্তুতি বাৰম্বাৰ।।
তাসম্বাৰ স্তুতি শুনি তুষ্ট ভৈলা হৰি।
পুনৰপি নাদ কৰিলন্ত উচ্চ কৰি।।৭২৯।।
পাচে ঊৰ্দ্ধ দৃষ্টি কৰি সৱাকো চাহিলা।
দেখি দেৱঋষি যত আনন্দিত ভৈলা।।
এহিমতে সমস্তৰে আনন্দ কৰাই।
লীলা কৰি পাছে জলে প্রৱেশিলা যাই।।৭৩০।।
যেন মহা গজৰাজ প্রৱেশিলা জলে।
সেহিমতে প্রভু পশিলন্ত কৌতূহলে।।
বজ্ৰৰ সমান অঙ্গ পাৱ খৰত্তৰ।
বিদাৰিত ভৈল আতি কুক্ষি সমুদ্ৰৰ।।৭৩১।।
পৰ্ব্বত সদৃশ ঢৌ উঠিল অপাৰ।
দেখিয়া সমুদ্র ভৈলা ভয়ে চমৎকাৰ।।
যেন কোনজনে উপৰক হাত তুলি।
আর্তনাদে ডাকে আতি ত্রাহি ত্রাহি বুলি।।৭৩২।।
সেহিমতে সমুদ্রে তুলিয়া উৰ্ম্মি হাত।
আৰ্ত্তস্বৰে বুলিবাক লাগিলা সাক্ষাত।।
হে যজ্ঞেশ্বৰ প্রভু দেৱ নাৰায়ণ।
মঞি অনাথক বাপ কৰিয়ো ৰক্ষণ।।৭৩৩।।
সমুদ্রৰ আৰ্ত্তবাণী শুনি হৃষীকেশ।
খুৰায়ে বিদাৰি জলে কৰিলা প্রৱেশ।।
যদি অখণ্ডিত জ্ঞান প্রভু মহাহৰি।
তথাপিতো পশুৰ ভাৱক অনুসৰি।।৭৩৪।।
সুঙ্গি সুঙ্গি পৃথিৱীৰ পথ চাই চাই।
কতোক্ষণে পাছে ৰসাতল পাইলা যাই।।
ৰসাতলে পৃথিৱীক দেখিলন্ত পাছে।
সমুদ্রৰ জলে আতি তল কৰি আছে।।৭৩৫।।
তেতিক্ষণে পৃথিৱীক হৃদয়ে আতি ধৰি।
দান্ত আগে পৃথিৱীক লৈলা লীলা কৰি।।
ৰসাতল হন্তে উঠি আসন্তে গোসাঞি।
কৰিলা প্রকাশ আতি কহন নযায়।।৭৩৬।।
সেহি সময়ত আদি দৈত্য মহাবলী।
পদাগোট উচাই আসিলেক ক্রোধে জ্বলি।।
নানা গালি পাৰি খঙ্গে কৰিলা প্ৰহাৰ।
দেখিয়া খঙ্গিলা কোপে জগত আধাৰ।।৭৩৭।।
বজ্ৰৰ সমান মহা উঠি গৈলা ৰাগ।
জাম্প দি ধৰিলা দৈত্যেন্দ্রক যেন বাঘ।।
লীলা কৰি দান্তে ছিড়ি তাৰ লৈলা প্রাণ।
মহাসিংহে হস্তীক ধৰিলা যেন ঠান।।৭৩৮।।
হিৰণ্যৰ দেহাৰ লাগিয়া তেজচয়।
গণ্ড মুণ্ড তুণ্ড আতি প্রকাশ কৰয়।।
যেন মহা গজ ইন্দ্ৰে পৃথিৱী বিদাৰি।
গেৰু লাগি শৰীৰ শুৱাই ভাল কৰি।।৭৩৯।।
পাছে দেখিলন্ত ব্রহ্মা আদি ঋষিচয়।
পৃথিৱীক তুলি লৈয়া আসে কৃপাময়।।
তমাল সদৃশ নীলা দেহা প্রকাশয়।
শুক্ল দান্ত অগ্রে বসুমতী বিৰাজয়।।৭৪০।।
মিলিল আনন্দ মনে কৃতকৃত্য ভৈলা।
কৰযোৰ কৰি স্তুতি কৰিবাক লৈলা।।
জয় জয় অজিত যজ্ঞেশ প্রভু দেৱ।
বেদময় মূৰ্ত্তি তযু পদে কৰো সেৱ।৭৪১।।
যাৰ লোম ৰন্ধ্রে জাত ভৈলেক সাগৰ।
নমো নমো হেন মহা অদ্ভুত শূকৰ।।
তুমি পূর্ণ চৈতন্য মূৰুতি হৃষীকেশ।
পৃথিৱীক উদ্ধাৰিতে ভৈলা ইটো বেশ।।৭৪২।।
নমো যজ্ঞমূৰ্ত্তি ভগৱন্ত মহেশ্বৰ।
সপ্ত ছন্দে ভৈলা তযু অঙ্গ ৰুচিকৰ।।
লোমে ভৈলা কুশ তযু আকৃতি চঞ্চল।
চাৰিগোটা যজ্ঞপাত্ৰ চৰণ কমল।।৭৪৩৷৷
আনো যত যজ্ঞৰ আছয় দ্রব্যচয়।
তোহ্মাৰ শৰীৰে সৱে প্ৰকাশ কৰয়।।
তযু ভক্তিবিহীন যতেক পাপীচয়।
ইটো ৰূপ তেসম্বে দুখেও নেদেখয়।।৭৪৪।।
সাধু সঙ্গে যিসৱে তোমাৰ গুণ গায়।
তেসম্বে হৃদিত পুনু দেখে সৰ্ব্বদায়।।
নমো নমো যজ্ঞপতি দেৱতা মূৰতি।
তযু সেৱাতেসে পায় ভুকুতি মুকুতি।।৭৪৫।।
নমো ভক্তি বিৰক্তি বর্ধক গুণনিধি।
নমো জগতৰ গুৰু বিধাতাৰ বিধি।।
ভগৱন্ত তযু দান্ত আগে বসুমতী।
পৰ্ব্বত সহিতে শৃঙ্গ বিৰাজে সম্প্রতি।।৭৪৬।।
যেন মহা গজৰাজ জল হন্তে আসে।
পত্র সমে পদ্ম থোপা দান্তত প্রকাশে।।
কপট শূকৰ ৰূপ তুমি বেদময়।
ভূমণ্ডল সমে ইটো প্রকাশ কৰয়।।৭৪৭।।
মহা স্থূল দেহা নীল তমালৰ ভান্তি।
শুক্ল দান্ত অগ্রে বসুমতী কৰে কান্তি।।
যেন মহা গিৰিৰাজে শৃঙ্গৰ উপৰে।
নীলবর্ণ মেঘ আতিশয় শোভা কৰে।।৭৪৮।।
সিটো পৰ্ব্বতৰ যেন দেখিয়া বিলাস।
সেহিমতে তযু দেহা কৰয় প্রকাশ।।
আৱে প্রভু স্থাৱৰ জঙ্গম যত যত।
ৰহিবাৰ অর্থে তুমি থাপাহা সতত।।৭৪৯।।
তেৱে আমি তাতে থাকি তোহ্মাৰ চৰণে।
ভাতৃপুত্র সমে প্রণামিবো ঘনে ঘনে।।
তুমি নিজ পিতৃ ইটো কৰিলা দুষ্কৰ।
আক সাধিবাক পাৰে আন কোন নৰ।।৭৫০৷৷
ৰসাতল হন্তে ভূমি আনিলা উদ্ধাৰি।
তোহ্মাত বিস্ময় ইটো নুহি মহাহৰি।।
পৰম আশ্চৰ্য্যময় ইটো বিশ্বখান।
যোগমায়া দ্বাৰে তাকো কৰাহা স্ৰজন।।৭৫১।।
হেনয়' আশ্চৰ্য্য কৰ্ম্ম প্রভু কৃপাময়।
যি কৰ্ম্ম কৰিলা প্রভু আশ্বৰ্য্য নোহয়।।
বেদময় শৰীৰক সঘনে কম্পাই।
জটাৰ চাটিত জল উপৰে উৰাই৷৷৭৫২।।
কৰিলা পৱিত্র আমাসাক জগন্নাথ।
পদজল পায়া আমি ভৈলোহো কৃতার্থ।।
হেন প্রভু তোহ্মাৰ কৰ্ম্মক যিটোজন।
সাৱশেষে জানিবাক কৰয় যতন।।৭৫৩।।
তাৰ সম অল্পমতি জগতত নাই।
পৃথিৱীৰ ধুলা যেন গণিবাক চায়।।
আৱে হেন কৃপাময় কৃপা কৰিয়োক।
তযু মায়া গুণে বন্দী জগতৰ লোক।।৭৫৪।।
নিজশক্তি অনুসাৰে তোহ্মাৰ চৰণে।
কৰো যেন ভক্তি সৱে কায়বাক্য মনে।।
এহি দায়া লোকক কৰিয়ো প্রভু দেৱ।
কোটি কোটি বাৰ তযু পদে কৰো সেৱ।।৭৫৫৷৷
মৈত্রেয় বদতি শুনা বিদুৰ মহন্ত।
এহি বুলি ব্রহ্মা আদি স্তুতি কৰিলন্ত।।
পাছে প্রভু জগতৰ পতি ভগৱন্ত।
জলত আধাৰ শক্তি কৃপায়ে দিলন্ত।।৭৫৬।।
তাৰ উপৰত থাপিলন্ত বসুমতী।
দেখি মহা আনন্দিত ভৈলা প্রজাপতি।।
পুত্রগণ সমে প্রেমে আনন্দে দ্ৰৱিল।
জয় জয় কৃষ্ণ বুলি পৰি প্রণামিল।।৭৫৭।।
সমস্তে দেৱৰ আতি মিলিল উৎসৱ।
ঘনে ঘনে জয় জয় কৰে হৰিৰৱ।।
এহিমতে জলত থাপিয়া বসুমতী।
নিজস্থানে চলি গৈলা পাছে যদুপতি।।৭৫৮।।
আৱে এহি হৰিলীলা শুনিবাৰ ফল।
কহো তাক শুনিয়ো বিদুৰ কৌতূহল।।
বৰাহ প্রভুৰ লীলা ইটো বিতোপন।
মহা মহা অমঙ্গল কৰয় নাশন।।৭৫৯।।
মিলিবে মঙ্গলচয় সমস্ত লোকৰ।
শ্ৰৱণ কীৰ্ত্তন কৰে আক যিটো নৰ।।
তাত অল্পকালে তুষ্ট হোৱে কৃপাময়।
হৰি তুষ্ট হৈলে কিবা দুর্লভ আছয়।।৭৬০।।
যদি সৱে মনোৰথ অপ্রয়াসে পায়।
তভো তাক পার্থিবে প্রভূত যোগ্য নুই।।
তুচ্ছ বিষয়ৰ সুখ নৰকতো পায়।
তাক ঈশ্বৰত কোনে খোজে চক্ষু খাই।।৭৬১।।
বুলিব বিফল তেৱে ভৈলেক ভজন।
নকৰিবা ইটো তুমি শঙ্কা অকাৰণ।।
যাতোআন ফল আসা এৰি যিটোজন।
কেৱল ভক্তিয়ে মাত্র ভজে সৰ্ব্বক্ষণ।।৭৬২৷৷
সিজনৰ ভক্তিক জানিয়া ভগৱন্ত।
পৰম দুর্লভ পদ আপুনি দিবন্ত।।
এতেকে কৃষ্ণৰ কথা শুনা একবাৰ।
পুৰুষার্থগণ মাজে যদি জানা সাৰ।।৭৬৩।।
সংসাৰ দুখক সমূলঞ্চে কৰে ক্ষয়।
হৰিকথা আনন্দ অমৃত ৰসময়।।
আত কেনে পুনৰপি হৈবে বিৰকত।
পশু বিনে মঞি নেদেখোহো সংসাৰত।।৭৬৪৷৷
নিগদতি শুক মুনি অভিমন্যুসুত।
বর্ণাইলা মৈত্রেয় কৃষ্ণকথা অদভুত।।
সংক্ষেপে সিসৱ কথা শুনিয়া বিদুৰ।
নলভিলা মনে আতি তৃপিতি প্রচুৰ।।৭৬৫।।
বাহুল্য কৰিয়া তাক শুনিবাক প্রতি।
কৰযোৰে পুনু পুছিলন্ত মহামতি।।
বিদুৰ বদতি শুনিয়োক মুনিবৰ।
ভূমিক আনন্তে তুলি বৰাহ ঈশ্বৰ।।৭৬৬।।
আদি দৈত্য হিৰণ্যক কৰিলন্ত হত।
ইকথা শুনিলো মঞি তোহ্মাৰ মুখত৷৷
দান্ত আগে পৃথিৱী আনন্তে মহেশ্বৰ।
দৈত্যৰাজ সমে কিয় মিলিল সমৰ।।৭৬৭।।
ইটো কথা শুনিবাক মনে ইচ্ছা যায়।
যদি অনুগ্রহ থাকে কহিয়ো বুজাই।।
দৈত্যেন্দ্ৰৰ জন্ম কৈয়ো বিস্তৰ কৰিয়া।
শুনিবাক মোহোৰ উৎসুক কৰে হিয়া।।৭৬৮।
যদ্যপি সংক্ষেপে তুমি কৈলা মহাভাগ।
তভো মোৰ মনে নখণ্ডিল অনুৰাগ।।
এতেকে বাহুল্য কৰি কৈয়ো মোত বাপ।
হৰিকথা শুনিয়া এড়ায়া থাকো তাপ।।৭৬৯।।
মৈত্রেয় বদতি ধন্য ধন্য কুৰুবৰ।
সাধু প্রশ্ন কৰিলাহা সন্মতে শাস্ত্ৰৰ।।
যাতো মাধৱৰ অৱতাৰ কথাচয়।
পুছিলা আহ্মাৰ মহা ভৈলা ভাগ্যোদয়।।৭৭০।।
তুমি হেন বৈষ্ণৱত কৈবো কৃষ্ণকথা।
মোৰ আতপৰে আন নাহিকে সর্বথা।।
মনুষ্যৰ মৃত্যু পাশ ছেদে হৰিযশে।
দেখা আত পূৰ্ব্বসাক্ষী শুনিয়ো সৰসে।।৭৭১।।
উত্তানপাদৰ পুত্র ধ্ৰুৱ মহাশয়।
সুৰুচি মাতৃৰ বোলে ভেদিলা হৃদয়।।
বালক কালতে পিতৃ মাতৃ পৰিহৰি।
বনক চলিলা মনে মহাক্ৰোধ কৰি।।৭৭২।।
পাছে পথে দয়ালু নাৰদে লাগ পাই।
গোৱিন্দৰ কথাচয় কহিলা বুজাই।।
সেহি কথা ধৰিয়া অল্পতে মহামানী।
সাক্ষাতে পাইলন্ত লাগ প্রভু চক্রপাণি।।৭৭৩।।
তেৱেসে আসিয়া ৰাজ্য কৰি মহাবলী।
পাছে সৱে এড়ি তপোবনে গৈলা চলি।।
তৈতে যাই বিষ্ণুক ধৰিলা দৃঢ় ধ্যান।
সেহি বেলা মাধৱ আসিলা বিদ্যমান।।৭৭৪।।
পাছে তান দেহ নাশ কৰিবাক মনে।
জগত সংহাৰ মৃত্যু আসিলা তেখনে।।
তবো ধ্ৰুৱে দেহাক নকৰি পৰিহাৰ।
কিন্তু এহিমাত্র কৰিলন্ত ব্যৱহাৰ।।৭৭৫।।
যেন কোনজনে সপোনত দিয়া ভৰি।
বিমানে চড়িলা গৈয়া কৌতুহল কৰি।।
সশৰীৰে বিষ্ণুপদে পাইলা গৈয়া থান।
গোধিকাৰ পুচ্ছভাগে দেখি বিদ্যমান।।৭৭৬৷৷
মাধৱৰ ভক্তি ধৰি আছন্ত তথাত।
কৃষ্ণকথা অমৃতকো দেখিলা সাক্ষাত।।
দৈত্যসমে বিষ্ণুৰ ভৈলেক কিয় ৰণ।
আৰ হেতু কহো আৱে শুনা একমন৷৷৭৭৭৷৷
আতপূৰ্ব্বে ইতিহাস শুনিছো সাক্ষাত।
মহাদুখে দেৱগণে পুছিলা ব্ৰহ্মাত।।
তাসম্বাৰ আগে কহিলন্ত প্রজাপতি।
সেইক্ৰমে বর্ণাইবো শুনিয়ো মহামতি।।৭৭৮৷।
কিন্তু প্রশ্ন প্রস্তাৱ ভৈলেক যিকালত।
তাৰ অৰ্থে দৈত্য জন্ম কহো প্রথমত।।
দক্ষৰ নন্দিনী দিতি কশ্যপৰ জায়া।
সতিনীৰ পুত্ৰ দেখি নিতে দহে কায়া।।৭৭৯।।
একদিনা কাচি পাৰি স্বামী কাষে গৈলা।
বিষ্ণুগৃহে আছা ঋষি দৰশন হৈলা।।
দিয়া ঘূত অগ্নিত পূজিয়া জনার্দন।
বসি আছা মনে চিন্তি কৃষ্ণৰ চৰণ।।৭৮০।।
সেহি সময়ত সূৰ্য্য অস্তগত হৈলা।
ঘোৰ সন্ধ্যাকাল আসি উপগত ভৈলা।।
পাছে দিতি মদনৰ শৰে হুয়া ভোল।
লাসে লাসে কশ্যপৰ চাপিলন্ত কোল।।৭৮১।
যদি সিবেলাত ইটো নুহি প্রয়োজন।
তভো পুত্র অভিলাষে বুলিলা বচন।।
প্রণামো প্রলয় যাক প্রকাশে সতত।
যাৰ ক্ৰীড়া বস্তু ইটো অখিল জগত।।৭৮২।।
জ্ঞানময়ী মূৰ্ত্তি চাৰিবেদে আজ্ঞা যাৰ।
নমো নমো কৃষ্ণ হেন দৈৱকীকুমাৰ।।
মই মহা পাতকী পৰম দুষ্টমতি।
কৰা কৃপাদৃষ্টি বাপ অগতিৰ গতি।।৭৮৩।।
সাধু সমস্তক মঞি প্রণামো সদায়।
মোক অল্পমতি জানি নিন্দা নুযুৱায়।।
বুদ্ধিৰ দোষত থাকি ইটো পদচয়।
কতোগুটি ভাল কতোগুটি মন্দ হয়।।৭৮৪।।
তথাপি আছয় আত হৰিগুণ নাম।
তাক বিচাৰিয়া চিত্ত কৰা উপশম।।
তেৱেসে তড়িবা ঘোৰ সংসাৰ নিকাৰ।
ডাকি ৰাম ৰাম বোলা সমস্তে সংসাৰ।।৭৮৫।।
।।ছবি।।
কামাতুৰা দিতি সতী কশ্যপত নিগদতি
শুনিয়োক মোহোৰ বচন।
তোহ্মাৰ নিমিত্তে পুনু কৰে ধৰি পুষ্পধনু
প্রহাৰন্তে আছয় মদন।।
অৰুণ কদলি পাই যেন মত্ত গজৰায়
দান্ত ভিৰি কৰয় প্ৰহাৰ।
মই দুখিনীক আতি সেহিমতে ৰতিপতি
পঞ্চবাণে হানে বাৰম্বাৰ।।৭৮৬।।
পুত্ৰৱতী সতিনীৰ সম্পত্তি দেখিয়া নিত
আৰো তাতে গাৱে দেই জুই।
এহি জানি কৰা দায়া কামাগ্নিক জুৰাইয়া
কৃপা কৰিবাৰ যোগ্য হুই।।
স্বামী হন্তে পুত্ৰচয় যিটো ভাগ্যৱতী পায়
সিটো যশে জগত ভৰয়।
তযু সম স্বামী পাই তভো যাৰ পুত্ৰ নাই
সিটো নাৰী নিস্ফলে জীৱয়।।৭৮৭।।
আৰো শুনিয়োক নাথ কহো মযি পৰমাৰ্থ
যেন পূৰ্ব্বকথা হুই আছে।
আমাসাৰ কন্যাকালে পিতৃ মাতৃ কৌতুহলে
গাৱে গাৱে পুছিলন্ত পাছে।
শুনিয়ো দুহিতালোক স্বৰূপ কহিয়ো মোত
কাক তোৰা বৰিবাহা পতি।
আমাৰ জানিয়া ভাৱ হৰষিত হৈয়া গাৱ
তোহ্মাত দিলন্ত মহামতি।।৭৮৮।।
তযু ৰূপ গুণগণ শুনি আতি ৰঙ্গমন
মহা স্নেহে ভজিলো তোহ্মাক।
এহি জানি প্ৰাণনাথ বিষম কৰিবে তযু উচিত নুহিকে আমাসাক।।
আন সতিনীৰ পুত্ৰ দেখি মোৰ দহে গাত্ৰ
তুমি কেনে নকৰাহা মন।
যেনমতে বংশধৰ পুত্ৰ পাঞো ৰুচিকৰ
হেন কাৰ্য্যে কৰিয়ো যতন।৭৮৯।।
আৰ কত বিলোচন পূৰিয়োক মোৰ মন
কাম অগ্নি কৰিয়োক নাশ।
মহন্তসৱৰ ঠাই পাৱে যত দুখী যাই
তাৰ সৱে সিজে অভিলাশ।।
এহিমতে কামভাৱে দিতি সতী সেহি ঠাৱে
বহুবিধ বোলন্ত বচন।
ভাৰ্য্যাৰ বুজিয়া কাৰ্য্য বুলিলন্ত ঋষিৰাজ
মহাধীৰ মৰীচিনন্দন।।৭৯০।।
সন্ধ্যা বঞ্চিবাক লাগি ভাৰ্য্যাক প্ৰশংসি আতি
বোলন্ত শুনিয়ো প্ৰাণেশ্বৰী।
যত বাঞ্ছা কৰ তঞি সমস্তে সাধিবো মঞি
স্থিৰ হুয়ো চিন্তা পৰিহৰি।।
ভাৰ্য্যাৰ মনৰ কাম নসাধিবে কোনজন
যাত হন্তে ত্ৰিবৰ্গ সিজয়।
পত্নী ভৈল দুঃখচয় অনাসায়ে কৰে ক্ষয়
যেন নাৱে সমুদ্ৰ তড়য়।।৭৯১।।
ভাৰ্য্যা ভৈল অৰ্দ্ধকায় ইটো বেদসৱে গায়
আত আৰো প্ৰিয় কৰ্ম্ম তাৰ।
গৃহচিন্তা পৰিহৰি ফুৰে লোক চাটু কৰি
তীৰ্থক্ষেত্ৰ কৰিয়া অপাৰ।।
যাহাক আশ্ৰয় কৰি দুৰ্জ্জয় ইন্