।। শ্ৰীমদ্ভাগৱত ।।
।।দশম স্কন্ধ।।
আদি ভাগ
।।শ্ৰীকৃষ্ণায় নমঃ।।
।।মঙ্গলাচৰণ।।
।।পদ।।
জয় নমো যাদৱ জনাৰ্দ্দন।
জয় হৃষিকেশ সদাশিৱ সনাতন।।
প্ৰণত তাৰণ নাৰায়ণ নিৰাকাৰ।
কৃষ্ণৰ চৰণে কৌটি কৌটি নমস্কাৰ।।১।।
নমো নমো ভগৱন্ত ভকতৰ নিধি।
হৰিক স্মৰণে আৰম্ভৰ হৌক সিদ্ধি।।
মহাভাগৱত কথা দশম স্কন্ধৰ।
বিৰচিলা পদ কৃষ্ণকিঙ্কৰ শঙ্কৰ।।২।।
কৰযোৰে বোলো শুনিয়োক সভাসদ।
মূঢ় হুয়া কৰো মহাভাগৱত পদ।।
আহ্মাৰ পদত কেহো নধৰিবা দোষ।
কৃষ্ণকথা শুনি কৰা চিত্তক সন্তোষ।।৩।।
শতকোটি জনমৰ মহাপাপচয়।
যিটো মনুষ্যৰ নিৰন্তৰে ভৈলা ক্ষয়।।
সি সি জনে কৃষ্ণ কথা শুনিবাক পাৰে।
পাপীৰ কাণত পাপে সূচি হেন তাড়ে।।৪।।
হেন জানি সাৱধানে শুনা সৱে নৰে।
নাহি ধৰ্ম্ম কৃষ্ণকথা শ্ৰৱণত পৰে।।
তপ জপ যজ্ঞ মহা দান তীৰ্থস্থান।
কৌটি ভাগো নুহি কৃষ্ণকথাৰ সমান।।৫।।
।।অৱতাৰণাঃ পৰীক্ষিতৰ প্ৰশ্ন।।
পৰীক্ষিত নৃপে পাছে পুছন্ত শুকত।
চন্দ্ৰ সূৰ্য্য বংশৰ কহিলা কথা যত।।
পাছে নাৰায়ণে যদুবংশে অৱতৰি।
কহিয়োক কেন কৰ্ম্ম কৰিলন্ত হৰি।।৬।।
মহাজ্ঞানীগণে যাক গাৱৈ অৱিশ্ৰাম।
সংসাৰৰ ঔষধ কৰ্ণৰো অভিৰাম।।
হেন কৃষ্ণকথা নুশুনিব কোন নৰে।
একে মহাপাপী আত্মঘাতকীত পৰে।।৭।।
দুৰ্ঘোৰ সাগৰ সেনাবল কৌৰৱৰ।
দ্ৰোণ ভীষ্ম কৰ্ণ তাত কুম্ভীৰ মগৰ।।
মোৰ পিতামহবৰ্গে কৃষ্ণ নৌকা পাই।
লীলায়ে তৰিলা তাক গোখোজ পৰাই।।৮।।
মোৰ দেহা দহিলে দ্ৰৌণীৰ ব্ৰহ্মশৰে।
ৰাখিলা মাধৱে পশি গৰ্ভৰ ভিতৰে।।
হেন ইষ্টদেৱ মোৰ প্ৰভু দামোদৰ।
কহিয়ো শুনিবো তান চৰিত্ৰ বিস্তৰ।।৯।।
কিহেতু বধিলা কৃষ্ণে কংস মাতুলক।
পিতৃগৃহ এৰি কেনে গৈলা গোকুলক।।
মনুষ্য শৰীৰে আছিলন্ত কতমানে।
বৃষ্ণি বংশ সহিতে বঞ্চিলা কোন থানে।।১০।।
কতেক ভাৰ্য্যাক বিহাইলন্ত যদুৰায়।
কহিয়োক মুনি শুনিবাক শ্ৰদ্ধা যায়।।
হৰি কথা অমৃত পিয়ন্তে তযু মুখে।
নাই ক্ষুধা তৃষ্ণা নবাধয় একো দুখে।।১১।।
শুনি মুনি বুলিলন্ত ধন্য পৰীক্ষিত।
মাধৱৰ কথাত একান্ত ভৈল চিত।।
কৃষ্ণৰ চৰিত্ৰ আৱে শুনিয়ো উ९সুকে
এহি বুলি কহিবাক আৰম্ভিলা শুকে।।১২।।
উপজিলা ৰাজা হুয়া দৈত্য অসংখ্যাত।
বলৰ দৰ্পত কৰে সন্তক বিঘাত।।
তাৰ ভাৰ সহিবে নপাৰি বসুন্ধৰী।
ব্ৰহ্মাত শৰণ লৈলা ধেনুৰূপ ধৰি।।১৩।।
তনু ভৈলা ক্ষীণ পীড়িলেক গুৰভাৱে।
তিন্তি আছে মুখ আতি লোকতৰ ধাৰে।।
হুমা হুমি কান্দিলা মনত মহা ৰাগে।
নিৱেদিলা দুখ সৱে বিধাতাৰ আগে।।১৪।।
পাছে ব্ৰহ্মাদেৱে দুঃখ দেখি পৃথিৱীৰ।
ত্ৰিদশে সহিত গৈলা ক্ষিৰোদধি তীৰ।
লাগিলাহা মন্ত্ৰে মাধৱক আৰাধিত।।
শুনিলা আকাশী বাণী ব্ৰহ্মা সমাধিত।।১৫।।
পাছে ত্ৰিদশক ব্ৰহ্মা বুলিলা বচন।
বিষ্ণুৰ আদেশ শুনিয়োক দেৱগণ।।
সংহাৰিবা হৰি পৃথিৱীৰ মহাভাৰ।
তুমিসৱো হোৱা যদুকুলে অৱতাৰ।।১৬।।
বসুদেৱ গৃহত সাক্ষাতে নাৰায়ণ।
উপজিৱে অৱশ্যে শুনিয়ো দেৱগণ।।
তানে অৰ্থে দিব্য নাৰীগণ হৌক জাত।
আগে উপজিৱে গৈয়া অনন্ত সাক্ষাত।।১৭।।
বিষ্ণুৰ আদেশে যোগমায়া ভগৱতী।
কাৰ্য্য সাধিবাক প্ৰতি হৈবা উতপতি।।
এহি বুলি ব্ৰহ্মা দিয়া দেৱক আদেশ।
ভূমিক আশ্বাস বাণী বুলিলা আশেষ।।১৮।।
খণ্ডিৱা তোহ্মাৰ মহাদুখ দেৱহৰি।
খেদ পৰিহৰি স্বস্থ হুয়ো বসুন্ধৰী।।
এহি বুলি নিজ থানে গৈলা সৃষ্টিকৰ।
শুনিয়োক যেন কথা ভৈলা তাত পৰ।।১৯।।
স্বৰ্গতো অধিক থান মথুৰা নগৰী।
একোকালে যাক নছাড়ন্ত দেৱহৰি।।
পৃথিৱীৰ মধ্যত উপমা নাহি যাৰ।
মুখ্য পাট ভৈল সৱে যাদৱ প্ৰজাৰ।।২০।।
সেহি মথুৰাতে আছা সুৰ যদুপতি।
তাহানে তনয় বসুদেৱ মহামতি।।
অনেক সাদৰে তাঙ্ক আনিয়া গৃহক।
দৈৱকীক বিহা ৰঙ্গে দিলন্ত দৈৱক।।২১।।
ৰত্নে জাতিষ্কাৰ ৰথ দুই নৱ শত।
উছৰ্গি যৌতুক দিলা কন্যাৰ লগত।।
পোন্ধৰ হাজাৰ ঘোঁৰা হস্তী শত চাৰি।
দিলা দুইশত দাসী আতি সুকুমাৰী।।২২।।
বিহা কৰি বসুদেৱ গৃহে যাইবে চিতে।
ৰথত চড়িলা গৈয়া দৈৱকী সহিতে।।
দেখি কংস ৰাজা ভগিনীৰ প্ৰীতি কৰি।
ৰথে চড়ি ঘোঁৰাৰ ধৰিলা বাঘজৰী।।২৩।।
বেঢ়ি যাই সুৱৰ্ণৰ ৰথ এক শত।
মৃদঙ্গ গোমুখ শঙ্খ বাৱে নানামত।।
ঘোঁৰা ডকাই যাই কংশ চড়িয়া ৰথত।
শুনিলা আকাশী বাণী যাহন্তে পথত।।২৪।।
যাক লৈয়া যাস কংশ শুনৰে অজ্ঞান।
এহিৰ অষ্টম পুত্ৰে তোৰ লৈবে প্ৰাণ।।
শুনিয়া নিস্খল কংশে খাণ্ডা লৈলা তুলি।
দৈৱকীৰ কেশত ধৰিলা কাটো বুলি।।২৫।।
অধম আচাৰ কংশ ক্ৰুৰ কুলাঙ্গাৰ।
বসুদেৱে দেখৈ দৈৱকীৰ চিন্তে মাৰ।।
উপশান্ত কৰি তাঙ্ক বুলিলা বচন।
শুনা মহাৰাজা ঘোষকুলৰ নন্দন।।২৬।।
তুমি যেন ৰাজা তাক ত্ৰিজগতে জানে।
তোহ্মাৰ গুণক বীৰসকলে বখানে।।
কোনসতে ইহান চিন্তিবে খোজা মাৰ।
একে স্ত্ৰী জাতি আৰো ভগিনী তোহ্মাৰ।।২৭।।
কমনে আচৰৈ পাপ মৰণ ভয়তে।
জন্তুৰ উপজৈ মৃত্যু দেহাৰ লগতে।।
আজি মৃত্যু হৌক নুহি শতেক অন্তৰে।
অৱশ্যে মৰণ আছৈ সৱে জগতৰে।।২৮।।
কৰ্ম্মৰ অধীন জীৱ যেতিক্ষণ যায়।
এৰৈ পূৰ্ব্ব দেহা আউৰ শৰীৰক পাই।।
যেন জোকে তৃণ পাইলে এৰৈ আউৰ তৃণ।
জীৱন মৰণ স্বপ্নে এৰে নুহি ভিন।।২৯।।
যিটো জনে কুশলক চিন্তে আপুনাৰ।।
হেন জানি দ্ৰোহ নিচিন্তিবা কেৱে কাৰ।।
ইহ পৰলোকে নাহি দ্ৰোহীৰ কল্যাণ।
বিস্তৰ কহিবো কিবা তুমি সৰ্ব্বজান।।৩০।।
তোহ্মাৰেসে কনিষ্ঠ ভগিনী জীউ প্ৰায়।
হেন জানি আঙ্ক কাটিবাক নুযুৱাই।।
ক্ষেমিয়োক ৰাজা তুমি দীন দয়াশীল।
আগ পাছ চিনাই আৰো বিস্তৰ বুলিল।।৩১।।
কৰিলা কাকূতি তাঙ্ক অনেক কাৰুণে।
তথাপিতো দৈৱকীক নেৰিল দাৰুণে।।
পৰম দাৰুণ কংস ঘাতুক পৰায়।
দেখি বসুদেৱে দুনাই চিন্তিলা উপায়।।৩২।।
যাৱে বল বুদ্ধি থাকে থিৰ কৰি মন।
মৃত্যুক তড়িৱে লাগি কৰিব যতন।।
পুত্ৰক অৰ্পিবো বুলি কংস নৃপতিক।
ইহান হাতৰ এৰুৱাঞো দৈৱকীক।।৩৩।।
কিবা দৈৱকীৰ গৰ্ভে পুত্ৰ নুপজায়।
কিবা কংশ মৰি আগে যায় যমালয়।।
কংস যেৱে নমৰয় পুত্ৰ হোৱে জাত।
তাৰ হাতে হোৱৈ কিবা আৰে কন্ধপাত।।৩৪।।
কোনে বুজিবেক বিপৰীত দৈৱগতি।
হেন পৰামৰিশ কৰিয়া মহামতি।।
দহে অন্তৰ্গতে মন মুখত হাসন্ত।
ঘাতুক কংসক হেন শুনাই বুলিলন্ত।।৩৫।।
শুনিলাহা ৰাজা যেন আকাশী বচন।
দৈৱকীত হন্তে নাহি তোহ্মাৰ মৰণ।।
আহান পুত্ৰত যেৱে ভৈল মৃত্যুভয়।
সুম্পিবো তোহ্মাত উপজিলে পুত্ৰচয়।।৩৬।।
হেন শুনি দৈৱকীক এৰি মহাবলী।
পৰিৱৰ্ত্তী আপুন গৃহক গৈলা চলি।।
দেখি বসুদেৱে মনে মহা তুষ্ট ভৈলা।
ভাৰ্য্যায়ে সহিত নিজ মন্দিৰক গৈলা।।৩৭।।
কতো দিন অন্তৰে দৈৱকী মহা ধন্যা।
জন্মিলন্ত অষ্ট পুত্ৰ আৰো এক কন্যা।।
কীৰ্ত্তিমন্ত নামে পুত্ৰ ভৈল প্ৰথমত।
বসুদেৱে দিলা নিয়া কংসৰ হাতত।।৩৮।।
এৰিলন্ত পুত্ৰস্নেহ অসত্যক ডৰে।
কোননো দুস্ত্যজ আছে হৰিভকতৰে।।
যিজনৰ মন মগ্ন ভৈল কৃষ্ণপাৱে।
আন কোন বস্তু সিটো মোক্ষকো নচাৱে।।৩৯।।
মায়াৰ ৰচনা পুত্ৰ ভাৰ্য্যা ধন জন।
জানি সৱে তেঝি ভজা কৃষ্ণৰ চৰণ।।
কংসে বোলে বসুদেৱ কিনো পূণ্যশালী।
এৰি দিলা পুত্ৰক সত্যক প্ৰতিপালি।।৪০।।
হাসি বোলৈ নিয়া ইটো ছৱাল তোহ্মাৰ।
আত হন্তে কিছু ভয় নাহিকে আহ্মাৰ।।
তোহ্মাৰ অষ্টম পুত্ৰ ভৈলে দিবা আনি।
সেহিসে মোহোৰ মৃত্যু শুনি আছো বাণী।।৪১।।
হেন শুনি বসুদেৱ পুত্ৰ কোলে ধৰি।
আপুন গৃহক গৈলা মন্যু পৰিহৰি।।
নগৈলা সঞ্জাত ক্ৰূৰ কংসৰ বচনে।
আন বুলি আন কৰৈ অসতি দুজ্জৰ্নে।।৪২।।
শুনিয়োক সৰ্ব্বজনে কৃষ্ণৰ চৰিত।
আতপৰে আন পূণ্য নাহিকে কলিত।।
লভি আছা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত।
জানি যত্নে কৰা পান কৃষ্ণ কথামৃত।।৪৩।।
ক্ষণিক সংসাৰ বিলম্বত কাৰ্য্য নাই।
চিন্তামণি জন্ম হেৰা হাততে হৰাই।
নাহিকে চেতন কাল অজগৰে গিলে।
ধন জন জীৱন যাইবেক একে তিলে।।৪৪।।
যত দেখা ভাৰ্য্যাপুত্ৰ সৱে অকাৰণ।
চাহি মাত্ৰ থাকে কালে ধৰে যেতিক্ষণ।।
বিষয়ৰ সুখ একেতিলে কৰি চুৰ।
যমৰ কিঙ্কৰে ধৰি নিবে যমপুৰ।।৪৫।।
যমৰ মূৰ্ত্তিক দেখি হৰাইবে চেতনা।
দুৰ্ঘোৰ নৰকে পেহ্লাই ভুঞ্জাইবে যাতনা।।
হেন জানি কৃষ্ণৰ চৰিত্ৰ কৰা সাৰ।
তেৱেসে তৰিবা ঘোৰ সংসাৰ নিকাৰ।।৪৬।।
বিচাৰি শাস্ত্ৰতো পাইবা ত্ৰহিসে যুগুতি।
কৃষ্ণৰ নামেসে সাধে ভুকুতি মুকুতি।।
কলিৰ পৰম ধৰ্ম্ম জানা হৰিনাম।
শঙ্কৰে ৰচিলা ডাকি বোলা ৰাম ৰাম।।৪৭।।
।।বসুদেৱ-দৈৱকীৰ বন্ধন।।
।।দুলড়ী।।
অনন্তৰে আসি নাৰদে বোলন্ত
শুনৰে অবোধ কংস।
বসুদেৱ আদি কৰিয়া যতেক
দেখহ যাদৱ বংশ।।
নন্দ আদি কৰি যতেক গোৱাল
আছে মনুষ্যৰ ৰূপে।
ইটো সৱে দেৱ জানিবি নিশ্চয়
কহিলো তোত স্বৰূপে।।৪৮।।
দৈৱকী যশোদা আদি কৰি যত
সৱে দেৱতাৰ নাৰী।
তই কালনেমি আছিলি পূৰ্ব্বত
মাৰিলা তোক মুৰাৰি।।
দৈৱকীৰ গৰ্ভে উপজি দুনাই
তোক মাৰিৱন্ত হৰি।
যাক জ্ঞাতি বুলি আপুনি মানস
সৱেয়ো তোহোৰ বৈৰী।।৪৯।।
তোক মাৰিবাক সৱাৰে যতন
সত্বৰে চিন্ত উপায়।
এহি বুলি উঠি লৰিলা নাৰদ
হাতে দিব্যবীণা বায়।।
নাৰদৰ বাণী শুনিয়া কংসৰ
মহাক্ৰোধ জ্বলি গৈলা।
বসুদেৱ দৈৱ কীক আনি ঘৰে
লোহা লগাই বান্ধি থৈলা।।৫০।।
তাসম্বাৰ পুত্ৰ উপজৈ মাত্ৰকে
ধৰিমাৰৈ তাৱক্ষণে।
পিতৃ মাতৃ ভ্ৰাতৃ একোৱে নমানে
নিদাৰুণ ৰাজা মনে।।
যাদৱ বংশক হিংসা কৰিবাক
লাগিল কংস নিলাজ।
উগ্ৰসেন পিতৃ তাহোকো নিগ্ৰহি
আপুনি ভুঞ্জয় ৰাজ।।৫১।।
অৰিষ্ট মুষ্টিক ধেনুক পুতনা
প্ৰলম্ব বক চাণূৰ।।
বাণ জৰাসন্ধ একঠাই হুয়া
যতেক আনো অসুৰ।।
যাদৱ গণক মাৰিবে লাগিল
ক্ৰোধ কৰি আসৰিশ।
যদুগণো পাচে মহাপীড়া পাই
পলাই গৈল দশোদিশ।।৫২।।
কংসৰ ভয়ত সৰ্ব্বস্ব ত্যাগিয়া
প্ৰাণ ৰাখি গৈল ভাগি।
বিদৰ্ভ নৈষেধ কৈকেয় কোশল
কুৰু পাঞ্চালক লাগি।।
পলাইবে নপাৰি কতো জ্ঞাতিগণে
কংসতে লৈল শৰণ।
যদু ভোজ বৃষ্ণি বংশক দাৰুণে
কৰিলে সৱে উছন।।৫৩।।
...........................
।।ছবি।।
পাচে ছয়পুত্ৰ যেৱে ক্ৰূৰ কংসে মাৰিলেক
দুনাই দৈৱকীৰ গৰ্ভ ভৈল।
পৰম বৈষ্ণৱ তেজ যাহাৰ অনন্ত নাম
অংশে উদৰত বাস লৈল।।
হেন দেখি নাৰায়ণে আদেশ কৰিলা পাছে
মহামায়া গোকুলক যাহা।
দৈৱকীৰ গৰ্ভ হৰি ৰোহিণীত থৈয়ো নিয়া
যশোদাত তুমি উপজাহা।।৫৪।।
আমিয়ো সাক্ষাতে গৈয়া দৈৱকীত উপজিবো
বসুদেৱে আনিব সলাই।
দুৰ্গা ভদ্ৰা কালী আদি হুইবেক তোহ্মাৰ নাম
থাকিবা লোকৰ পূজা খাই।
হেন শুনি মহামায়া দৈৱকীৰ গৰ্ভ নিয়া
ৰোহিণীৰ গৰ্ভে দিলা ঠাৱ।
পাচে নগৰীয়া লোকে অন্যোঅন্যে কহে কথা
দৈৱকীৰ গৰ্ভ ভৈলা স্ৰাৱ।।৫৫।।
অনন্তৰে দেৱহৰি ভকতৰ ভয়হাৰী
বসুদেৱ মনে লৈলা বাস।
পৰম বৈষ্ণৱ তেজ মনে লৈয়া বসুদেৱ
সূৰ্য্য যেন কৰন্ত প্ৰকাশ।।
দৈৱকীৰ গৰ্ভে পাচে অৰ্পিলন্ত বসুদেৱে
লৈলা বাস বিষ্ণু উদৰতে।
যেনমতে পূৰ্ব্বাদিশে আনন্দ চন্দ্ৰক ধৰৈ
দৈৱীয়ো ধৰিলা সেহিমতে।।৫৬।।
হৰিক গৰ্ভত ধৰি প্ৰকাশ নকৰা সতী
বন্দী কৰি আছৈ কংস নৃপে।
যেন আন থানে আউৰ প্ৰকাশিৱে নপাৰয়
কুম্ভৰ ভিতৰ হুয়া দীপে।।
দিনেক দেখিলে কংসে দৈৱকীৰ দিব্যৰূপ
কৰৈ বন্দী গৃহক প্ৰকাশ।
বোলৈ মোৰ প্ৰাণবৈৰী জানিলো নিশ্চয় কৰি
এইৰ উদৰত লৈলা বাস।।৫৭।।
................
।।দুলড়ী।।
আহ্মাক বধিবে আইলা নাৰায়ণ
কৰিবো কোন উপায়।
দৈৱকীক মাৰি যদি ৰক্ষা যাঞো
সিহেতু বৰ অন্যায়।।
সোদৰ ভগিনী আৰো গৰ্ভৱতী
কিমতে মাৰিবো প্ৰাণে।
এহিৰ বিৰোধ সৱে নষ্ট হুইৱে
শ্ৰীযশ আয়ু মানে।।৫৮।।
হেন ক্ৰূৰ কৰ্ম্ম কৰৈ যিটো প্ৰাণী
জীৱন্তে মৰা সিজনা।
জীয়ৈ মানে তাক লোকে শাপিবেক
ভুঞ্জিৱে মৰি যাতনা।।
উপজোক হৰি মাৰিবোহো ধৰি
থাকোহো অপেক্ষা কৰি।
হেন মনে গুণি ৰহিলা গৃহত
ভয়ে নিদ্ৰা পৰিহৰি।।৫৯।।
বৈসন্তে শোৱন্তে ভুঞ্জন্তে ভ্ৰমন্তে
হৰিক চিন্তৈ সদায়।
সকলে জগত হৰিময় দেখৈ
সুখশান্তি তাৰ নাই।।
পাছে ব্ৰহ্মা হৰ ত্ৰিদশে সহিতে
নাৰদ প্ৰমুখ্যে ঋষি।
তুতি কৰিবাক লাগিলা বিষ্ণুক
সেহি বন্দীশাল পশি।।৬০।।
তুমি সত্যব্ৰত মোক্ষৰ সাধন
সৰ্ব্বকালে থাকা স্বামী।
মহা পঞ্চভূত তোহ্মাত উপজৈ
তুমি সৰ্ব্ব অন্তৰ্য্যামী।।
সৃষ্টিৰ অন্তত তুমি মাত্ৰ থাকা
সমতাক প্ৰৱৰ্ত্তাই।
তোহ্মাৰ চৰণে পশিলো শৰণে
তুমি বিনা গতি নাই।।৬১।।
প্ৰকৃতি আশ্ৰয় আছৈ আদি বৃক্ষ
সুখ দুখ দুই ফল।
তিনি গুণে মূল অৰ্থ চাৰি ৰস
শিপায়ে ইন্দ্ৰিয় বল।।
ছয় ঊৰ্ম্মি আত্মা সাত ধাতু ছাল
শাখায়ে অষ্ট প্ৰকৃতি।
দশ বায়ু পাত ঈশ জীৱ দুই
পক্ষী থাকৈ আত নিতি।।৬২।।
................
।।ছবি।।
হেনয় সংসাৰ বৃক্ষ তোহ্মাতেসে উপজয়
মহাজ্ঞানীগণে আক জানে।
মায়ায়ে মোহিত মন যিটো অপণ্ডিতগণ
তোহ্মাক বিবিধ কৰি মানে।।
সন্তৰ ৰক্ষাৰ হেতু বহুবিধ ধৰা ৰূপ
দুৰ্জ্জনক বিনাশিবা বলে।
তোহ্মাৰ চৰণ নাৱে গোখোজ সমান কৰে
সংসাৰক ভকতসকলে।।৬৩।।
আপুনি ভকতে তড়ি ইঠাৱতে গৈল এৰি
তযু পাদপদ্ম নৌকা দুই।
মুক্ত ভৈলো বুলি যিটো তোহ্মাৰ চৰণ এৰৈ
দুনাই সিটো পৰৈ ভ্ৰষ্ট হুই।।
তযু নাম মুখে লৱৈ হৃদয়ত ৰূপ ধৰৈ
সি সি জনে নিস্তৰৈ সংসাৰ।
ধৰিবাহা অৱতাৰ হৰিবা ভূমিৰ ভাৰ
কিনো ভৈল আনন্দ আহ্মাৰ।।৬৪।।
তোহ্মাৰ পাৱৰ খোজে অলঙ্কৃত হুইবে ভূমি
ধ্বজ বজ্ৰ দেখিবো অঙ্কুশ।
তোহ্মাৰ চৰণে আমি পৰিয়া প্ৰণাম কৰো
ৰক্ষা কৰা পৰম পুৰুষ।।
এহিমতে মাধৱক কৰিলা অনেক তুতি
ত্ৰিদশে সহিতে সৃষ্টিকৰে।
শুনিয়োক সভাসদ মহাভাগৱত পদ
কহে কৃষ্ণ কিঙ্কৰ শঙ্কৰে।।৬৫।।
দেৱৰো দেৱতা হৰি জানিয়া যতন কৰি
লৈয়ো এক শৰণ কৃষ্ণত।।
গাৱা নাম গুণ গীত কৰিয়া একান্ত চিত
তেৱে থান পাইবা বৈকুণ্ঠত।।
শুনিয়োক অভিপ্ৰায় আতপৰে পূণ্য নাই
হোৱৈ শুদ্ধ মহা অন্ত্যজাতি।
পৰম বান্ধৱ নাম যিটো লৱৈ অৱিশ্ৰাম
তাৰ সাত কাৰ্য্যা সাধৈ আতি।।৬৬।।
দহৱৈ পাতকগণ পূণ্য কৰৈ উপাৰ্জ্জন
বিৰকতি মিলৈ বিষয়ত।
কৃষ্ণৰ চৰণে প্ৰেম ভকতিক উপজাৱে
পাৱৈ বিষ্ণুজ্ঞান মহাতত্ত্ব।।
মায়াকো দহৱৈ তাৰ কৰৈ মহা উপকাৰ
দেখা কেন ধৰম একান্ত।
যিটো পূৰ্ণানন্দ হৰি তেন্তে এৰে এক কৰি
থৈয়া নাম হৱৈ উপশান্ত।।৬৭।।
হেন নাম আছে কাছে গাৱে গাৱে মুখ আছে
তথাপিতো পৰৈ যাতনাক।
কিনো মহামূঢ়মতি তাৰ আৰ নাহি গতি
কৰিলে আপুনি আত্মঘাত।।
জানি এৰা আন মতি ভকতিত কৰা ৰতি
নেৰিবা মুখত ৰামনাম।
তৰিবা সংসাৰ দুখ লভিবা মুকুতি সুখ
সঘনে ঘুষিয়ো ৰাম ৰাম।।৬৮।।
।।কৃষ্ণৱতাৰ।।
।।পদ।।
পাচে দৈৱকীক মাতিলন্ত দেৱগণে।
থাকিয়োক মাৱ ভয় নকৰিবা মনে।।
বিষ্ণু বাসা লৈলা আসি গৰ্ভত তোহ্মাৰ।
হেন দেখি ভৈল বৰ আনন্দ আহ্মাৰ।।৬৯।।
মাৰিবন্ত কংস আক নকৰিবা ভয়।
ৰাখিবন্ত যদুবংশ তোহ্মাৰ তনয়।।
দৈৱকীক বুলি হেন আশ্বাস বচন।
আপুন থানক লড়ি গৈলা দেৱগণ।।৭০।।
শুক নিগদতি শুনিয়োক পৰীক্ষিত।
ৰোহিণী নক্ষত্ৰ যেৱে ভৈলা উপস্থিত।।
পৰম শোভন কাল ভৈলা সিবেলাত।
সুৰভি শীতল সুমঙ্গল বহে বাত।।৭১।।
দশোদিশ প্ৰসন্ন নিৰ্ম্মল তাৰাগণ।
মধুকৰে গুঞ্জৰে পুষ্পিত দেখি বন।।
পৃথিৱীৰ সুমঙ্গল মিলিল অপাৰ।
নদ নদী প্ৰসন্ন পঙ্কজে জাতিষ্কাৰ।।৭২।।
ভৈল মহা স্বস্থ আতি সজ্জনৰ মন।
আকাশত স্তুতি কৰৈ সিদ্ধ মুনিগণ।।
অসংখ্যাত দুন্দুভি স্বৰ্গক ছানি বাৱে।
অপেশ্বৰা নাচে বিদ্যাধৰে গীত গাৱে।।৭৩।।
বৰিষন্ত পুষ্প দেৱ মুনি নিৰন্তৰ।
সাগৰৰ লগত গৰ্জ্জন্ত জলধৰ।।
মধ্যৰাতি আতি অন্ধকাৰ ভৈল ছন্ন।
সেহি সময়ত উপজিলা নাৰায়ণ।।৭৪।।
দৈৱকীৰ গৰ্ভে আসি ভৈলন্ত বেকত।
চন্দ্ৰ যেন প্ৰকাশন্ত পূৰ্বৰ দিশত।।
কমললোচন চাৰি ভুজে চাৰি অস্ত্ৰ।
কণ্ঠত কৌস্তভ শোভে গাৱে পীতবস্ত্ৰ।।৭৫।।
অমূল্য কিৰীটি ৰত্ন গলে পাৰে জিকি।
তাৰে ৰশ্মি কেশচয় দেখি চিকিমিকি।।
মকৰ কুণ্ডলে সুমণ্ডিত দুই কৰ্ণ।
সুন্দৰ শৰীৰ মেঘ সম শ্যামবৰ্ণ।।৭৬।।
হিয়াত শ্ৰীব९স পান্তি গলে বনমালা।
কটিত প্ৰকাশ কৰৈ ৰত্নৰ মেখলা।।
কেয়ুৰ কঙ্কণে কৰে কৰত দীপিতি।
পাদপদ্ম দুখানিক দেখন্তে তৃপিতি।।৭৭।।
ৰত্নময় নূপুৰে কৰন্তে আছে ঘোষ।
যাক মনে ধৰি পাৱে ভকতে সন্তোষ।।
শৰীৰৰ জ্যোতি সূতিগৃহ প্ৰকাশন্ত।
অদ্ভূত বালক বসুদেৱে দেখিলন্ত।।৭৮।।
মোহোৰ গৃহত উপজিলা নাৰায়ণ।
পৰম বিস্ময় ভৈলা তবধ নয়ন।।
মিলিল সম্ভ্ৰম আতি উল্লসিল প্ৰাণ।
আথে বেথে সপটে কৰিলা মনে স্নান।।৭৯।।
কৃষ্ণৰ জন্মত পাইলা মহা আনন্দক।
অযুতেক ধেনু মানে দিলা ব্ৰাহ্মণক।।
বিষ্ণুৰ প্ৰভাৱ জানি ভয় পৰিহৰি।
কৰিবে লাগিলা স্তুতি কৃতাঞ্জলি কৰি।।৮০।।
জানিলো সাক্ষাতে তুমি পুৰুষ পুৰাণ।
নিৰঞ্জন আনন্দ স্বৰূপ সৰ্ব্বজান।।
তুমিসে কেৱলে সঞ্চা সৱে মায়াময়।
তোহ্মাতেসে হন্তে হৱে সৃষ্টি স্থিতি লয়।।৮১।।
ব্ৰহ্মাৰূপে স্ৰজা পালা বিষ্ণুৰূপ ধৰি।
ৰুদ্ৰৰূপে নিয়া সৱে জগত সংহৰি।
খণ্ডিবাক লাগি পৃথিৱীৰ মহাভাৰ।
মোহোৰ গৃহত আসি ভৈলা অৱতাৰ।।৮২।।
ৰাজা বোলাই ফুৰৈ দৈত্যগণ কোটি কোটি।
সিটো দৈত্যসেনা মাৰি কৰিবা নিগুটি।।
দুষ্টক সংহৰি থাপিবাহা পূণ্যপথ।
পুৰিবাহা প্ৰভু ভকতৰ মনোৰথ।।৮৩।।
তোহ্মাৰেসে ভকতিত ভুকুতি মুকুতি।
কৰিলন্ত বসুদেৱে আনো নানা স্তুতি।।
কংসৰায়ক ডৰে তান থিৰ নুহি কায়।
কৃষ্ণক বোলন্ত প্ৰভু শুনা অভিপ্ৰায়।।৮৪।।
তুমি উপজিবা শুনি আকাশী বচন।
পাপী কংসে মাৰিল তোহ্মাৰ ভ্ৰাতৃগণ।।
তোহ্মাৰ কথাক এতিক্ষণে পাইব জান।
খাণ্ডা ধৰি ধাইব কংস অন্তক সমান।।৮৫।।
সাৱধানে থাকা প্ৰভু হুয়া সচকিত।
পাপীষ্ঠক ডৰে মোৰ থিৰ নুহি চিত।।
এহি বুলি বসুদেৱ মৌন হুয়া আছে।
দৈৱকীয়ো পুত্ৰমুখ দেখিলন্ত পাচে।।৮৬।।
মহাপুৰুষৰ চিহ্ন জানি মহাসতী।
পৰি তুতি কৰন্ত বিস্ময় হুয়া আতি।।
যিটো ব্ৰহ্মৰূপ নিৰাকাৰ নিৰঞ্জন।
তেন্তে তুমি জানিলো সাক্ষাতে নাৰায়ণ।।৮৭।।
একোকালে মনুষ্যে মৃত্যুৰ নেৰাই হাত।
নকৰে ভকতি যাৱে মাধৱ তোহ্মাত।।
তোহ্মাৰ পাৱত যেৱে কৰিলে আশ্ৰয়।
তেৱে সুস্থ হৈয়া থাকে পৰম নিৰ্ভয়।।৮৮।।
যেৱে নষ্ট ভৈল লোক মহাপ্ৰলয়ত।
তুমি মাত্ৰ অৱশেষ থাকাহা অন্তত।।
দুনাই কালৰূপ হুয়া স্ৰজা নাৰায়ণ।
তোহ্মাৰ চৰণে আৱে পশিলো শৰণ।।৮৯।।
দুৰ্ঘোৰ কংসক ভয়ে তনু কম্পমান।
ভকতৰ ভয়হাৰী কৰা পৰিত্ৰাণ।।
তোহ্মাক নজানে যেনমতে কংস পাপ।
ইটো দিব্যৰূপ আৱে সম্বৰিয়ো বাপ।।৯০।।
তোহ্মাতেসে লাগি উদবেগ কৰে মন।
শংখ চক্ৰ গদা পদ্ম ঢাকা নাৰায়ণ।।
কংসভয়ে কাম্পে অজ্ঞানীৰ মোৰ বুক।
এতেক বুলিয়া ভৈলা দৈৱকী নিচুক।।৯১।।
হেন শুনি হাসি মাতিলন্ত চক্ৰপাণী।
উপৰি জন্মৰ কথা শুনা দুয়ো প্ৰাণী।
পূৰ্বত আছিলা তুমি পুষ্ণি নামে সতী।
বসুদেৱ আছিলা সুতপা প্ৰজাপতি।।৯২।।
সৃষ্টি কৰিবাক ব্ৰহ্মা দুইকো আদেশিলা।
শুনি দুয়ো প্ৰাণী ঘোৰ তপ আচৰিলা।।
সহিলাহা হিম মহা ৰৌদ্ৰ বৃষ্টি বাত।
বায়ু ভক্ষি থাকা কতো ভুঞ্জি পকাপাত।।৯৩।।
আৰাধিলা মোক তপ কৰি আসৰিশ।
বহি গৈল দিব্য বাহ্ৰ হাজাৰ বৰিষ।।
এহিৰূপে দেখা দিয়ৈ বোলো লৱা বৰ।
বোলাহা পুত্ৰেক হৌক তুমি সমসৰ।।৯৪।।
এহি হৌক বুলি মঞি গৈলো বৰ দিয়া।
নুখুজিলা মোক্ষ মোত মুহিলেক মায়া।।
লোকত নেদেখি মোৰ সম ৰূপে গুণে।
পৃষ্ণিগৰ্ভ নামে পুত্ৰ ভৈলোহো আপুনে।।৯৫।।
অদিতি কশ্যপ পাচে ভৈলা তোৰা দুই।
সিজন্মতো উপজিলো বামন ৰূপ হুই।।
তৃতীয় জন্মত আৱে নিজৰূপ ধৰি।
উপজিলো তোহ্মাতে সত্যক ৰক্ষা কৰি।।৯৬।।
ব্ৰহ্মৰূপে চিন্তা নুহি কৰা পুত্ৰস্নেহ।
ইজন্মে অৱশ্যে মোক পাইবা এৰি দেহ।।
কংসক শঙ্কিয়া যেৱে শুনিয়ো উপায়।
থৈয়ো নিয়া মোক গোকুলত পলুৱাই।।৯৭।।
উপজিৱে যোগমায়া যশোদাৰ ঘৰে।
মোক থৈয়া তাঙ্ক লৈয়া আসিয়ো সত্বৰে।।
এহি বুলি তাসম্বাক বিষ্ণু ভৈলা চুপ।
দুইহান্তৰ আগতে ভৈলন্ত শিশুৰূপ।।৯৮।।
কৃষ্ণৰ আদেশ পাচে বসুদেৱ শুনি।
ভাগিল নিহল তান পাৱৰ আপুনি।।
পুত্ৰক কোলাত লৈয়া বজাইবে খোজন্তে।
উপজিল যোগমায়া যশোদাত হন্তে।।৯৯।।
পালী পহৰীয়া নগৰীয়া দ্বাৰীজন।
দেৱীৰ প্ৰভাৱে সৱে ভৈলা অচেতন।।
নিদ্ৰা গৈয়া পৰিল যতেক আছে ৰখি।
জাগি যিবা আছে সিয়ো নেদেখিল আখি।।১০০।।
বৃহৎ কপাট আতি আটোপ টঙ্কাৰে।
দ্বাৰসৱ বান্ধি আছে লোহাৰ হাঙ্গাৰে।।
দেখি বসুদেৱক আপুনি চুটে দ্বাৰ।
সূৰ্য্য দৰশনে যেন গুচে অন্ধকাৰ।।১০১।।
পালী পহৰীয়া সৱে নজানিল কেৱ।
কৃষ্ণক কোলাত লৈয়া যান্ত বসুদেৱ।।
বৰিষে কণিকা মেঘে উপৰত গাজে।
ফণায়ে ধৰিলা ছত্ৰ আসি সৰ্পৰাজে।।১০২।।
বাৰিষা যমুনা নদী ফেনে ফোটকাৰ।
ঢৌ দেখি লাগে ভয় ভাগে বজোৱাৰ।।
কৃষ্ণক দেখিয়া ভয়ে বাট দিলা মাজে।
ৰামক দিলন্ত যেন পন্থ সিন্ধুৰাজে।।১০৩।।
অপ্ৰয়াসে বসুদেৱে যমুনা ছড়াইল।
এক নিমিষেকে গৈয়া গোকুলক পাইল।
নিদ্ৰা গৈয়া গোৱালসকল শুতি আছে।
অচেতন যশোদাক দেখিলন্ত পাচে।।১০৪।।
কৃষ্ণক থৈলন্ত তান শয্যাত শুৱাই।
তাহানে কন্যাক লৈয়া আসিলা দুনাই।।
দৈৱকীৰ লগে শুৱাই থৈলা মহাবল।
পূৰ্ব্বৱতে পিন্ধিলন্ত আপুনি নিহল।।১০৫।।
দুনাই দুৱাৰত সেৱ কপাট লাগিল।
শিশুৰ ক্ৰন্দন শুনি প্ৰহৰী জাগিল।।
লৱড়ন্তে ৰখীয়া কংসত জান দিল।
শুনা প্ৰভু দৈৱকীৰ পুত্ৰ উপজিল।।১০৬।।
শুনি কংস উঠিল বিহ্বল হুয়া বৰ।
এহি মোৰ মৃত্যু বুলি দিলেক লৱড়।।
পথত পৰন্তে যাই আউল জাউল কেশ।
যম যেন ভৈল সূতিগৃহত প্ৰৱেশ।।১০৭।।
কৃষ্ণৰ কিঙ্কৰে কহে শুনা সৰ্ব্বজনে।
তড়িবা সংসাৰ হৰিকথাৰ শ্ৰৱণে।।
হেন জানি একচিত্তে শুনা সাৱধানে।
নেৰিবা কীৰ্তন যাৱে প্ৰাণ থাকৈ মানে।।১০৮।।
ঘোৰ কলিযুগে জন্ম লভৈ যত প্ৰাণী।
পাপ সাগৰত তল গৈল হেন জানি।।
তাক উদ্ধাৰিবে মনে কৃষ্ণ কৃপাময়।
কৰিলা বিস্তাৰ নিজ পূণ্য কীৰ্ত্তিচয়।।১০৯।।
ভকত জনৰ অনুগ্ৰহৰ কাৰণে।
কৰিলা অনেক লীলা প্ৰভু নাৰায়ণে।।
আক একচিত্ত মনে যিটো কৰৈ পান।
দূৰ হোৱৈ দুখ শোক যতেক অজ্ঞান।।১১০।।
হেনজানি বুদ্ধ জন যাত আছৈ মতি।
কৰা সাৱধান চিতে কৃষ্ণত ভকতি।।
তেৱেসে তড়িবা ঘোৰ সংসাৰ সাগৰে।
কলিযুগে ধৰ্ম্ম আৰ নাহি আতপৰে।।১১১।।
কলিৰ ভয়ত ত্ৰাস হুয়া ধৰ্ম্ম যত।
একস্থান হুয়া ৰৈল হৰিৰ নামত।।
জানি একচিত্তে ফুৰা ৰামনাম গাই।
সমস্তে ধৰ্ম্মকে লাগ পাইবা একে ঠাই।১১২।।
ইসে পৰমাৰ্থ তত্ত্ব চাৰিয়ো বেদৰ।
সমস্ত দেৱৰ ৰাজা কৃষ্ণেসে ঈশ্বৰ।।
সমস্ত ধৰ্ম্মৰ ৰাজা মাধৱৰ নাম।
জানি নিৰন্তৰে নৰে বোলা ৰাম ৰাম।।১১৩।।
...............
।।ছবি।।
কোপে কাম্পৈ কংসৰায় সম্যক ৰাক্ষক প্ৰায়
দেখি ভয় ভৈলন্ত দৈৱকী।
হৃদিকম্প গৈল লড়ি কংসৰ আগত পৰি
কান্দিলন্ত শোকে মকমকি।।
দান্তে খেৰ তুলি ধৰি অনেক কাপুৰ্ণ্য কৰি
মাগন্ত সুন্দৰী জীউ দান।
একে স্ত্ৰী জাতি আই আৰো তোৰ ভাগিনাই
কোনসতে দাদা লৈবি প্ৰাণ।।১১৪।।
মাৰিলি অনেক পোক কন্যা খানি দিয়ো মোক
হেনবা মঞি সন্তাপ পাসৰো।
একে আছো দগ্ধ হুই দুনাই নজ্বলাইবি জুই
দাদা তোৰ চৰণত ধৰো।।
কনিষ্ঠ ভগিনী মঞি সন্তাপতে পৰো জই
পৰিত্ৰাণ কৰা হেন জানি।
নৰাখিবি কুখিয়াতি মাগোহো আঞ্চল পাতি
দিয়ো আন্ত পোচা জিউ খনি।।১১৫।।
এহি বুলি বৰনাৰী কন্যাক সাৱটি ধৰি
কান্দন্তে আছন্ত আৰ্ত্তৰাৱে।
ক্ৰোধে আতি কংসৰায় দশন কামুৰি খাই
দৈৱকীক চক্ষু পকাই চাৱে।।
হাওৰে পাপিষ্ঠী ছাড়ি কুলক্ষিণী কুলাঙ্গাৰী
কত তই বুজাস আহ্মাক।
এহি বুলি ভৰছন্তে আজুৰি কোলাৰ হন্তে
দুৰাচাৰে আনিল কন্যাক।।১১৬।।
এক হাতে মুঠি কৰি দুয়ো চৰণত ধৰি
আফালিলা শিলাত নিঙ্খলে।
হাতৰ এৰায়া তাৰ ধৰি ৰূপ চমত্কাৰ
গৈলা দেৱী গগন মণ্ডলে।।
তনু জ্বলৈ নৱ সূৰ্য্য আঠ অস্ত্ৰ আঠ ভুজ
দিব্য অলঙ্কাৰে জ্যোতি কৰে।
অসংখ্যাত বিদ্যাধাৰী সেৱৈ নৃত্য গীত কৰি
তুতি কৰৈ চাৰণ কিন্নৰে।। ১১৭।।
।।দুলড়ী।।
পাচে যোগমায়া হাসিয়া বোলন্ত
শুনৰে কংস নিস্খল।
আহ্মাক মাৰিয়া কোন ফল পাইবি
যাইবি পাপী ৰসাতল।।
যি ঠাইত সিঠাইত উপজিলে গৈয়া
তোৰ পূৰ্ব্ব প্ৰাণবৈৰী।
দুখী দৈৱকীক ব্যৰ্থে হিংসা কৰ
অধোগতি যাইবি মৰি।।১১৮।।
এতেক বচন বুলি ভগৱতী
কংসৰ আগে শুনাই।
অনেক থানত থাকিলন্ত পাচে
নানা পূজা বলি খাই।
হেন শুনি কংসে বিস্ময়ে গুণয়
কিনো অদভুত কৰ্ম্ম।
আছোক মনুষ্য দেৱো মিছা মাতৈ
কি ভৈল কালৰ ধৰ্ম্ম।।১১৯।।
আকাশী বচন শুনিয়া ভাগিন
গণক মাৰিলো আমি।
ব্ৰহ্মধাৰী যেন জীয়ন্তে মৰিলো
ভৈলো কিনো অধোগামী।।
বসুদেৱ দৈৱ কীক মাতৈ পাচে
জন্মিল মনত তাপ।
শুনিয়ো বহিনী শুনা বহিনাই
কৰিলোহো ঘোৰ পাপ।।১২০।।
তোমাসাৰ ছয় তনয় মাৰিলো
অধৰ্ম্ম একো নচাই।
যেহেন ৰাক্ষসে একোৱে নচাৱে
আপুন পৰকো খায়।।
তুমিসৱো আউৰ অনুতাপ এৰা
মৃতক পুত্ৰক প্ৰতি।
চিৰকাল প্ৰাণী একত্ৰে নথাকৈ
বিষম দৈৱৰ গতি।।১২১।।
পঞ্চভূতী দেহ ইসে নষ্ট হুই
আত্মাৰ মৰণ নাই।
হেন বিমৰিষি কৰৈ যিটো প্ৰাণী
নথাকৈ শোকৰ ঠাই।।
হেন জানি সৱে খেদ পৰিহৰা
মৰা ভাগিনক লাগি
তাসম্বাৰ হুইবে এহিসে লিখিত
মঞি ভৈলো বধভাগী।।১২২।।
..............
।।ছবি।।
এহি বুলি কংসৰায় কান্দিয়া কাৰ্পুণ্য কৰে
হাতে ধৰি দুইহান্তৰ পাৱ।
মোৰ ঘোৰ অপৰাধ মৰষিয়ো দুয়ো প্ৰাণী
সজ্জনৰ ক্ষমাসে স্বভাৱ।।
জানিলো কন্যাৰ বোলে তোমাসাৰ নাহি দোষ
দিলো দুখ তথাপি নিস্খল।
অনেক বিনয় বোলে সৌহৃদ্য দেখায়া কংসে
ভাঙ্গিলেক দুহানো নিহল।।১২৩।।
ভাইৰ হৃদিতাপ দেখি দৈৱকী ক্ৰন্দন এৰি
আঞ্চলে মুচিলা আখি মুখ।
বসুদেৱে হাস্য কৰি কংসক বুলিবে লৈলা
মহাৰাজা তেজিয়োক দুখ।।
আপুনি কহিলা যেন এহিসে পৰম তত্ত্ব
কিছো নোহে শোক মোহ ভয়।
অজ্ঞানত থাকি নৰে মিছাতে বিৰোধ কৰে
বিচাৰত সৱে মায়াময়।।১২৪।।
এহিমতে দুয়োপ্ৰাণী বুলিলা আশ্বাস বাণী
কংসো নিজ মন্দিৰক গৈলা।
গুণন্তে গান্থতে তাৰ উঠন্তে বৈসন্তে আতি
ৰজনী প্ৰভাত আসি ভৈলা।।
মন্ত্ৰীগণ আনি পাচে কংসে কহিলেক কথা
যোগমায়া কহিলা যতেক।
শুনি দৈত্যগণে উঠি ত্ৰিদশক ক্ৰোধ কৰি
কংসৰায়ত বিনাৱৈ অনেক।।১২৫।।
তোহ্মাৰ পুৰণি শত্ৰু উপজিল প্ৰভু যেৱে
আজ্ঞা কৰা পৃথিৱী বিচাৰো।
সাম্প্ৰতে যতেক শিশু উপজিয়া আছে মানে
মায়া কৰি সমস্তকে মাৰো।।
তোহ্মাৰ আসুখ দেখি কি কৰৈ জীবন আবে
থাকি আমি কৰো কোন কাজ।
কৃষ্ণৰ ভৃত্যৰ ভৃত্য শঙ্কৰে ৰচিলা গীত
শুনিয়োক সমস্তে সমাজ।।১২৬।।
সংসাৰ সাগৰ ঘোৰ দুখৰ নাহিকৈ ওৰ
কেৱলে তাপত মাত্ৰ মজি।
জানি এৰা আন ৰতি কৰিয়া একান্ত মতি।
হুয়ো পাৰ মাধৱক ভজি।।
যি লক্ষ্মীত আশা কৰি সদায়ে আকুল মন
তেহো মহা চঞ্চল সৰ্ব্বথা।
বিষয়ত যত সুখ অনন্ত সমস্ত দুখ
তাক যত্ন কৰি মৰা বৃথা।।১২৭।।
যিটো শৰীৰৰ অৰ্থে অনেক প্ৰৱন্ধ কৰি
ইয়ো মহা আপদৰ ঘৰ।
যতেক বাঢ়য় ধন ততেক মৃত্যুসে বাঢ়ে
আপদ নাহিকে আতপৰ।।
যতেক আছয় লোক সৱাৰো আগত শোক
দুখময় সকলে সংসাৰ।
যতেক সুন্দৰী নাৰী পৰম অনৰ্থকাৰী
আতপৰে নাহিকে নিকাৰ।।১২৮।।
আনো যত মনোৰথ পৰম দুৰ্ঘোৰ পথ
তথাপিতো তাতে মাত্ৰ ৰতি।
যিটো আত্মা প্ৰিয়তম সুখৰ সাগৰ দেৱ
কদাচিতো তান্ত নাহি মতি।।
পূণ্য কৰি পাৱৈ স্বৰ্গ তহিতো নাহিকো সুখ
ইন্দ্ৰৰো পতন আছৈ যাত।
অনেক তপস্যা কৰি যদি ব্ৰহ্মালোক পাৱৈ
তহিতো কালৰ নেৰাই হাত।।১২৯।।
ইসে আতি মহাকষ্ট নিজ কৰ্ম্মে হোৱৈ নষ্ট
কৃষ্ণকথা নপশৈ কৰ্ণত।
কৃষ্ণৰ ভকিত এৰি আনত বিশ্বাস কৰি
মৰৈ ঘোৰ যাতনা তাপত।।
চাৰি বেদ চৈধ্য শাস্ত্ৰ সৱাৰো এহিসে তত্ত্ব
মোক্ষ ধৰ্ম্ম হৰিগুণ নাম।
হেন তত্ত্বকথা জানি সমজ্যাৰ যত প্ৰাণী
ডাকি সৱে বোলা ৰাম ৰাম।।১৩০।।
..............
।।পদ।।
দৰ্পে দৈত্য বোলে ৰণচেড় দেৱজাক।
উদ্যম কৰিয়া কিবা কৰিব আহ্মাক।।
তোহ্মাৰ ধনুৰ শুনি আটোপ টঙ্কাৰ।
কৈতবা লুকাইব ভয়ে দেখে অন্ধকাৰ।।১৩১।।
তোহ্মাৰ সমৰে শৰ মাৰিবাক দেখি।
জীৱ ৰাখি পলাই দেৱে সমৰ উপেখি।।
পলাইবে নোৱাৰি কতো অস্ত্ৰ শস্ত্ৰ এৰি।
তোহ্মাতে শৰণ লৱৈ কৃতাঞ্জলি কৰি।।১৩২।।
ঘিণসে নামাৰা তুমি ধৰ্ম্মপথ চাই।
যাৱে যুদ্ধ নেদেখে দেৱৰ তাৱে টাই।।
নুযুজয় ভাথৰ গৃহত থাকি নাদে।
কি কৰিব ৰণচেড় দেৱতাৰ বাদে।।১৩৩।।
কি কৰিব হৰি আছা হৃদয়ত পশি।
কি কৰিব ব্ৰহ্মা তেন্তে আপুনি তপসী।।
কি কৰিব শঙ্কৰ আপুনি বনবাসী।
অল্পবীৰ্য্যা ইন্দ্ৰক দেখন্তে উঠে হাসি।।১৩৪।।
তথাপি আহ্মাৰ মহাবৈৰী দেৱজাক।
ইহাক নিৰ্ম্মূল কৰো পাঞ্চিয়ো আহ্মাক।।
প্ৰথম ব্যাধিত যেৱে নেদিয়া আষুধি।
পাচে পীড়া কৰন্তে হৰয় সৱে বুদ্ধি।।১৩৫।।
দেৱতাসৱৰ মাধৱেসে আদি মূল।
যজুৰ্ব্বেদী বিপ্ৰেসে বিষ্ণুৰ অনুকুল।।
হেন জানি তপসী ঋষিক সৱে বধো।
ধেনুমানে মাৰো যত যজ্ঞক নিষেধো।।১৩৬।।
আপুনি মৰিব হৰি খাইবাক নপাই।
বিষ্ণুৰ বধৰ ইসে পৰম উপায়।।
হেন শুনি কংস কালে বিমোহিত চিত।
ব্ৰাহ্মণ হিংসাকে মানিলেক মহাহিত।।১৩৭।।
এহি হৌক বুলি আদেশিলা কংসৰাজ।
গৃহত পশিলা পাচে ভাঙ্গিয়া সমাজ।।
দুষ্ট দৈত্যগণো পাচে নানা দেশ পশি।
মাৰিবে লাগিলা গৰু ব্ৰাহ্মণ তপসী।।১৩৮।।
আয়ু শ্ৰী যশ ধৰ্ম্ম যতেক কল্যাণ।
বৈষ্ণৱ বিৰোধ কৰৈ সকলৈ নিৰ্য্যাণ।।
হেনজানি সমস্তে শুনিয়ো হিত বোধ।
বৈষ্ণৱক নকৰিবা কিঞ্চিতো বিৰোধ।।১৩৯।।
.........
।।গোবিন্দৰ শিশুলীলা।।
শুকে এহিমানে দানৱৰ কথা থৈলা।
গোৱিন্দৰ শিশুলীলা কহিবাক লৈলা।।
উপজিলা পুত্ৰ পাচে দেখি গোপ নন্দে।
কৰিলা সপটে স্নান পৰম আনন্দে।।১৪০।।
দৈৱজ্ঞ ব্ৰাহ্মণগণ অনাইলা অনেক।
জাতকৰ্ম্ম কৰাইলন্ত পুত্ৰৰ যতেক।।
দেৱ পিতৃগণক অৰ্চ্চিলা যেন শক্য।
ব্ৰাহ্মণক দিলা দান ধেনু দুই লক্ষ।।১৪১।।
নিৰ্ম্মিলন্ত তিলৰ পৰ্ব্বত গোটা সাত।
থানে থানে থৈলা তাত ৰত্ন অসংখ্যাত।।
সুৱৰ্ণ ৰজত বস্ত্ৰে কৰিয়া আবৃত।
তাকো নন্দে দিলা দান হুয়া কৃতকৃত্য।।১৪২।।
কৰন্ত মঙ্গল বেঢ়ি বহু বিপ্ৰচয়।
নটে ভাটে কৰৈ তুতি পঢ়িয়া চপয়।।
গাৱৈ গীত গীতালে হাতত তাল ধৰি।
আনন্দে দুন্দুভি বাৱে ফুঙ্কে শঙ্খ ভেৰী।।১৪৩।।
গোৱালগণত বৰ আনন্দ মিলিল।
ধেনু ব९স বৃষক হালধি তৈল দিল।।
সাঞ্জি মাঞ্জি গোষ্ঠক লিপিল গন্ধ জলে।
বিচিত্ৰ পতাকা ধ্বজ ৰচিল ছিড়লে।।১৪৪।।
উৎসুকে কাছিবে লৈল যত গোপগণ।
পিন্ধিলা বিচিত্ৰ বস্ত্ৰ ভাল আভৰণ।।
মাথাত মৈৰাৰ পাখি ফালি ফোটে ছলে।
আণ্ঠুতে লোতয় সুৱৰ্ণৰ মালা গলে।।১৪৫।।
দধি দু্গ্ধ ঘৃতৰ সন্দেশ ধৰি আটি।
নন্দৰ গৃহক লাগি যাই ধাৰি বাটি।।
গোপীগণো শুনে পু্ত্ৰ ভৈল যশোদাৰ।
উৰুক মুৰুক কিৰ পিন্ধৈ অলঙ্কাৰ।।১৪৬।।।
বান্ধিল উচ্চল খোপা পুষ্পে ভৰি কেশ।
আখিত অঞ্জন শিখে সিন্দুৰ বিশেষ।।
মুখ পঙ্কজক আতি ৰঞ্জিল কুঙ্কুমে।
হাতত সন্দেশে চলি যায় জুমাজুমে।।১৪৭।।
চলৈ উচ্চকুচ লড়ৈ কুণ্ডল কৰ্ণৰ।
বাজে ৰুণঝুণ কৰি নূপুৰ পাৱৰ।
বাহুত বলয়া শঙ্খ গলপাতা গলে।
পিন্ধি নেত খোন্টাজালি লয়লাসে চলে।।১৪৮।।
পৰৈ পুষ্প পথত খোপাৰ পৰা খসি।
পাৰিল উৰুলি সৱে নন্দঘৰে পশি।।
যশোদাক বেঢ়ি ৰঙ্গে হুয়া গৈয়া থিয়।
দেই আশীৰ্ব্বাদ শিশু হৌক চিৰঞ্জীৱ।।১৪৯।।
হালধিৰ গুণ্ডি তৈল পানী মিসলাই।
অন্যো অন্যে সিঞ্চে গোৱিন্দৰ গুণ গাই।।
বাইল বাদ্য বিচিত্ৰ মিলিল মহোৎসৱে।
নন্দৰ ব্ৰজত যেৱে জন্মিলা মাধৱ।।১৫০।।
হৃষ্ট পুষ্ট গোপীগণে খেলৈ ৰঙ্গে খেড়ি।
সিঞ্চৈ দধি দুগ্ধক আউৰক আউৰে বেঢ়ি।।
গাৱে মুখে ঘসে ঘৃত ঘোলে মাৰৈ চাটি।
খেলে দলিযুদ্ধ লৱণুৰ পিণ্ড বাটি।।১৫১।।
দধি দুধে ঘৃতে ঘোলে বহাইলেক গাঙ্গ।
এহিমতেমহোৎসৱেকৰিলেকসাঙ্গ।।
বস্ত্ৰ অলঙ্কাৰে নন্দে সৱাকো তুষিলা।
দিলন্ত তাম্বুল পুষ্প চন্দনে ভূষিলা।।১৫২।।
নট ভাট প্ৰাৰ্থকৰ পুৰিলন্ত মন।
সেহিদিনা ধৰি ভৈল গোকুল সম্পন্ন।।
হৰিৰ নিৱাসে দশগুণে গৈলা জ্বলি।
সাক্ষাতে লক্ষ্মীৰ যিটো ভৈল ক্ৰীড়াস্থলী।।১৫৩।।
শুনা পাচকথা শুকে বোলন্ত ৰাজাক।
কৰ দিবে লাগি নন্দ গৈলা মথুৰাক।।
গোৱালগণক গোকুলৰ ৰক্ষা দিয়া।
বুজাইলা বৎসৰি কৰ কংসৰায়ত নিয়া।।১৫৪।।
নন্দ আসিবাৰ বসুদেৱে শুনি পাচে।
গৈল ৰঙ্গে গোপ নন্দ যৈত ৰহি আছে।।
দূৰতে দেখিয়া নন্দে উঠি গাৱ চলি।
প্ৰাণমিত্ৰ বুলিয়া ধৰিলা আঙ্কোৱালি।।১৫৫।।
আনন্দে নন্দৰ নয়নৰ নীৰ ঝৰে।
আপুন আসনে নিয়া বৈসাইলা সাদৰে।।
পুছিলা কুশল কথা কৰি সতকাৰ।
বসুদেৱো কুশল কহিলা আপুনাৰ।।১৫৬।।
নন্দতো পুছিলা পাচে গৃহৰ কাহিনী।
উপজিল শুনিলো তোহ্মাৰ পুত্ৰখানি।।
কিনো মোৰ আনন্দ মিলিল মহাসুখ।
বৃদ্ধকালে সখি দেখিলাহা পুত্ৰমুখ।।১৫৭।।
আউৰ পুত্ৰ হুইবে আশা মনতো নাছিল।
আচম্বিতে নিধি হেন হাততে মিলিল।।
কিনো ভাগ্য আজি দৰশন ভৈলো ইষ্ট।
প্ৰিয় আলাপত পৰে নাহি মহা মিষ্ট।।১৫৮।।
কিন্তূ সুহৃদৰ নাহি একঠাই থিতি।
বিহৰাৱে ক্ষণেকে বিষম দৈৱগতি।।
সোন্তৰ বেগত যেন উঠি যায় জাঁজি।
নিমিষেকে অন্তৰে পানীৰ বেগ বাজি।।১৫৯।।
সেহি নয় জানা বান্ধৱৰ সমাগমে।
কুশলে কি আছৈ পুত্ৰ ৰাম মাৱে সমে।।
কিবা বলাই বোলেবাপ তোহ্মাক নজানি।
পুত্ৰ বুলি তোলা কিবা তোৰা দুয়ো প্ৰাণী।।১৬০।।
পুত্ৰ ভাৰ্য্যা বিষয়ক মিছা মানি সুখ।
আসম্বাৰ বিয়োগে অধিকে মিলৈ দুখ।।
কংসে মাৰিলেক মোৰ পুত্ৰ ছয় গুটি।
সুমৰন্তে তাসম্বাক প্ৰাণ যায় ফুটি।।১৬১।।
এতেক বোলন্তে শোকে গদ গদ মাত।
নয়নৰ পৰৈ পানী গালে দিলা হাত।।
হেন শুনি নন্দে পাচে দিলা সমিধান।
যতেক পুছিলা সখি সকলে কল্যাণ।।১৬২।।
ইহাতেসে কৰে আতি দগধ হৃদয়।
কংসৰায় মাৰিলে তোহ্মাৰ পুত্ৰছয়।।
যিবা আন্ত পোছা পাচে জীউখানি ভৈল।
কংসে আফালন্তে সিয়ো আকাশত গৈল।।১৬৩।।
দৈৱেসে লোকৰ সুখ দুঃখৰ কাৰণ।
ক্ষণেকে উপজৈ জীৱ ক্ষণেকে মৰণ।।
সৱে মিছা দেখৈ যেন সপোনৰ জাগি।
জানি এৰা মন্যু মিত্ৰ মৃতকক লাগি।।১৬৪।।
শান্ত হুয়া বসুদেৱে বুলিলন্ত বাক।
ৰাজাক যোগাইলা কৰ দেখিলা আহ্মাক।।
বহুদিন ইঠাৱত নাথাকিবা ৰই।
গোকুলত উতপাত অনেক আছয়।।১৬৫।।
শুনি গোপৰাজ চলিবাক ভৈল সাজ।
সাৱটিলা সখিক লোতক ভৈল বাজ।।
স্নেহে বসুদেৱৰ চক্ষুৰ পৰৈ পানী।
লড়ি গৈলা নন্দো পাচে মাগিয়া মেলানি।।১৬৬।।
পথত গুণন্ত গোপৰাজ সচকিত।
বসুদেৱ বাক্য বৃথা নুহি কদাচিত।।
.......
।।পুতনা বধ।।
উতপাত শঙ্কায়ে লৈলা হৰিত শৰণ।
শীঘ্ৰে শকটত চড়ি কৰিলা গমন।।১৬৭।।
গোকুলৰ কথা আৱে শুনা আতপৰে।
পাঞ্চিলেক পুতনাক কংস নৃপবৰে।।
শিশু মাৰি ফুৰৈ গ্ৰাম নগৰত পশি।
বালেক ঘাতিনী তাই দাৰুণী ৰাক্ষসী।।১৬৮।।
শ্ৰৱণ কীৰ্ত্তন যৈত কৃষ্ণৰ নকৰে।
তৈতেসে ৰাক্ষসীগণে বিঘিনী আচৰে।।
গোকুলত সাক্ষাতে আচন্ত দেৱহৰি।
কি কৰিতে পাৰৈ তাত চৰি নিশাচৰী।।১৬৯।।
ফুৰন্তে ভ্ৰমন্তে পাচে পুতনা পিশাচী।
গোকুলক পাইল দিব্যনাৰী বেশে কাছি।।
মালতী ফুলৰ ভিতৰত দিল থোপা।
বান্ধি আছৈ সুন্দৰী উচ্চল কৰি খোপা।।১৭০।।
উচ্চ কুচ বৃহত নিতম্ব কৃশ কটি।
পিন্ধি নেত শাৰী ফুৰৈ ব্ৰজত প্ৰকটি।।
কুণ্ডলৰ কান্তি চিকিমিকি কৰৈ কেশ।
সেহি ৰঞ্জি আছৈ মুখ পঙ্কজ বিশেষ।।১৭১।।
হাতত ফুৰাৱে পদ্ম বদন হসিত।
আসিলন্দ লক্ষ্মী যেন স্বামীক দেখিত।।
হাস্য লাস্য কটাক্ষে মোহিলা গোপগোপী।
নবাধয় কেৱে ৰূপ দেখি আছৈ চুপি।।১৭২।।
পদুলি পদুলি ফুৰৈ ছৱালক চাই।
পশিল নন্দৰ ঘৰে নিবাৰন্তা নাই।
দেখিলেক শিশুক শয্যাত আছে শুতি।
নজ্বলয় বহ্নি যেন চাই আছৈ পুতি।।১৭৩।।
জগতৰ আত্মা হৰি জানি পুতনাক।
আখি মুদি ৰহিলা নুবুলি কিছো বাক।।
যাক খুজি ফুৰিবো হাতত পাইলো তাক।
দেখাৱন্ত আতিশয় শিশুৰ চেষ্টাক।।১৭৪।।
আছাড়ন্ত ভৰি ভোখে কান্দন্ত শয্যাত।
দেখি নিশাচৰী হাসি মেলিলেক হাত।।
কৃষ্ণক নজানি গুৱালৰ শিশু বুলি।
দুই হাতে সাৱটি কোলাত লৈলা তুলি।।১৭৫।।
যেন মূঢ়ে জৰী বুলি ধৰিলেক সাপ।
নুবুজিলা একোজনে ৰাক্ষসীৰ কাপ।।
যশোদা ৰোহিণী পুতনাৰ ৰূপ চাই।
বাধিবে নোৱাৰি ভৈলা তবধ পৰায়।।১৭৬।।
শিশুক মাৰিবে নিশাচৰীৰ যতন।
কৃষ্ণৰ মুখত দিলা বিষময় স্তন।।
আটি ধৰি মুখে হৰি কোপে হুপিলন্ত।
স্তনে সমন্বিতে তাইৰ প্ৰাণ শুষিলন্ত।।১৭৭।।
হাতে হেম্পচয় মৰ্ম্ম ছেদ পীড়া পাই।
এৰ এৰ বুলি আতি পিশাচী চেঞ্চাই।।
ঘামিল শৰীৰ আছাৰয় হাতভৰি।
চক্ষু উলটাই কান্দে ঘোৰ নিশাচৰী।।১৭৮।।
মৰো মৰো বুলি ঘোৰ তেজিল আটাস।
ত্ৰৈলোক্যৰ লোকত লাগিল মহাত্ৰাস।।
স্বৰ্গ মৰ্ত্য পাতাল একত্ৰ হুয়া লৰে।
ভুঁই গৈল সৰ্ব্বলোকে বোলে বজ্ৰ পৰে।।১৭৯।।
স্তনৰ পীড়াত তাইৰ হৰাইল চেতনা।
বেন্ত বাই নিজৰূপে পৰিল পুতনা।।
যেন বজ্ৰপাতে নিপাতিলা বৃত্ৰাসুৰ।
টলবল কৰিয়া কম্পিল গোপপুৰ।।১৮০।।
ডেৰ প্ৰহৰৰ পথ জুৰি কলেৱৰ
চূৰ্ণীকৃত কৰিলেক বৃক্ষ নিৰন্তৰ।।
ঘোৰ ৰূপ দেখি প্ৰজা কৰৈ উসমিস।
তড়ি আছৈ দান্ত যেন লাঙ্গলৰ ঈশ।।১৮১।।
নাকৰ ভিতৰ যেন পৰ্ব্বত গহ্বৰ।
ভয়ঙ্কৰ শিলাসম তনু থুলন্তৰ।।
আতি কুৰকুটা কেশ বিকৃত কুৰূপ।
চক্ষুৰ কোটৰ যেন দুই অন্ধকুপ।।১৮২।।
হাত ভৰি তড়ি আছৈ যেন ৰাজআলি।
শুকান পুখুৰী যেন পেট আছৈ খালী।
ঘোৰ ৰূপ দেখি গোপ গোপী ভৈলা ত্ৰাস।
নিহালি চাহৱৈ পিশাচীৰ চাপি পাশ।।১৮৩।।
তাইৰ হৃদয়ত পাচে কৃষ্ণক দেখিলা।
ক্ৰীড়ন্তে আচন্ত ৰঙ্গে কৰি মহালীলা।।
দেখি গোপগণে ধৰিলেক আথে বেথে।
ৰাখিলো ৰাখিলো বুলি থুথুৱাৱৈ মাথে।।১৮৪।।
ৰোহিণী যশোদা আসি ধৰিলা সাৱটি।
ৰক্ষামন্ত্ৰ বান্ধি কৰৈ আসটি কুসটি।।
গাৱত মেহ্ৰাইলা নিয়া গৰুৰ লাঙ্গুলি।
গোমূত্ৰে নোৱাইল গৰুৰ ঘসি ধূলি।।১৮৫।।
পুত্ৰ দেৱাই ভৈল বুলি যশোদাৰ ভয়।
কৃষ্ণৰ গাৱত নিয়া লিপিল গোময়।।
নকৰিলে গোপীগণে আচান্ত প্ৰথমে।
বাহ্ৰ অঙ্গে ৰক্ষা বান্ধিলন্ত বাহ্ৰ নামে।।১৮৬।।
শ্ৰুতি পাই বিষ্ণু স্মৰি পাচে শুদ্ধ হুই।
কৃষ্ণৰ অঙ্গক দুনাই জপে জল ছুই।।
ৰাখন্তোক অজে তযু চৰণ পৰ্য্যান্তে।
উৰু জানু জঙ্ঘা ৰাখন্তোক মণিমন্তে।।১৮৭।।
কটিত অচ্যুত উদৰত হয়গ্ৰীৱে।
ৰাখন্তোক হৃদয় কেশৱ সদাশিৱে।।
ঈশে উৰুস্থলক কণ্ঠক বিষ্ণু ভুজে।
উৰুক্ৰমে ৰাখন্তোক মুখক নিৰুজে।।১৮৮।।
থাকন্তোক শিৰত ঈশ্বৰে ৰক্ষা কৰি।
চক্ৰ ধৰি ৰাখন্তোক আগত শ্ৰীহৰি।।
ধনু ধৰি মধুহা অঞ্জনে খড়্গ ধৰি।
দুই পাশে তোহ্মাক থাকন্তো ৰক্ষা কৰি।।১৮৯।।
হৃষীকেশে ইন্দ্ৰিয় প্ৰাণক নাৰায়ণে।
শ্বেতদ্বীপপতি চিত ৰাখন্তো যতনে।।
পৃষ্ণিগৰ্ভে বুদ্ধিক মনক যোগেশ্বৰে।
ভগৱন্তে অহঙ্কাৰে ৰাখন্তো সত্বৰে।।১৯০।।
তোহ্মাক ৰাখন্তো দেৱ গোৱিন্দে ক্ৰীড়াত।
ৰাখন্তোক সদা মধুসূদনে নিদ্ৰাত।।
চলি যান্তে বৈকুণ্ঠে বৈসন্তে শ্ৰীপতি।
যজ্ঞভোক্তা ভুঞ্জন্তে ৰাখন্তো প্ৰতিনিতি।।১৯১।।
ডাকিনী যোগিনী প্ৰেত পিশাচী অনেক।
যক্ষ ৰক্ষ ভুত মহা উৎপাত যতেক।।
যিবা গ্ৰহে দেখাৱে শিশুক আসি ত্ৰাস।
বিষ্ণুনাম কীৰ্ত্তনে সমস্তে যাউক নাশ।।১৯২।।
এহিমতে ৰক্ষা বান্ধিলেক গোপীগণ।
যশোদায়ো পুত্ৰক পিয়াইলা পাছে স্তন।।
লুণ্ডি ঘুণ্ডি দুনাই নিয়া শয্যাত শুৱাইলা।
গোপগণ সমে নন্দ গোকুলক পাইলা।।১৯৩।।
পুতনাৰ দেহাদেখি বিস্ময় মিলিল।
বসুদেৱ মহন্তক মনে প্ৰশংসিল।।
তান্ত পৰে আন আৰ নাহি মহাজ্ঞানী।
কহিলন্ত আহ্মাত সাক্ষাতে যেন জানি।।১৯৪।।
পাচে গোপগণে ধৰি পৰশু কুঠাৰ।
খণ্ড খণ্ড কৰিলেক অঙ্গ পুতনাৰ।।
দূৰত দৌলায়া কাষ্ঠ পেলাই জুই দিল।
অগৰু সুৰভি গন্ধ দেহাৰ উঠিল।।১৯৫।।
মাৰিবাক মনে নিশাচৰী দিল স্তন।
তথাপি সদগতি তাইক দিলা নাৰায়ণ।।
যিটোজনে মাধৱক ভজৈ ভক্তিভাৱে।
তাহান মহিমা কহি কোনে অন্ত পাৱে।।১৯৬।।
যিটো পদ দুই থাকে ভক্তৰ হিয়াত।
সেহি ভৰি পুতনাৰ আছিল কোলাত।।
যদ্যপি পিশাচী তাই আতি পাপমতি।
তথাপি পাইলেক কৃষ্ণ জননীৰ গতি।।১৯৭।।
যিটো ধেনু গোপীৰ পিয়ন্তে কৃষ্ণে স্তন।
পুত্ৰস্নেহে মাধৱক তোলৈ অণুক্ষণ।।
তাসম্বাৰ মহিমাক কি কহিবো আৰ।
জানো সুখে নিস্তাৰিল দুৰ্ঘোৰ সংসাৰ।।১৯৮।।
নন্দে শুনিলন্ত পাচে পুতনাৰ বধ।
পৰম বিস্ময় ভৈলা নয়ন তবধ।।
হৰি নাৰাখিলে আজি সমূলি বুৰয়।
স্নেহে শিৰ সুঙ্গন্ত কৃষ্ণক কোলে লই।।১৯৯।।
কেশৱৰ শিশুলীলা মোক্ষ পুতনাৰ।
আক শুনি গোৱিন্দত ৰতি বাঢ়ৈ যাৰ।।
দুনাই নাই তাহাৰ মৰণ উতপতি।
কৃ্ষ্ণৰ চৰণে বাঢ়ে অচলা ভকতি।।২০০।।
শুনা সভাসদ পদ মহাভাগৱত।
কমনে তৰ্কিবে পাৰি কৃষ্ণৰ মহত।।
পৰম পাতকী মহা পিশাচী পৰ্য্যন্তে।
পাৱৈ মহা উত্তম গতিক যাত হন্তে।।২০১।।
মাৰিবাক দিলা স্তন ঘোৰ নিশাচাৰী।
তাইকো জননীৰ গতি দিলা দেৱহৰি।।
হেনয় কৃষ্ণক যিটো ভজৈ ভক্তিভাৱে
তাহাৰ ভাগ্যক কোনে কহি অন্ত পাৱে।।২০২।।
জানিয়া কৃষ্ণত কৰা কেৱল ভকতি।
কলিযুগে কৃষ্ণনাম কীৰ্ত্তনত গতি।।
নাই সিকা টঙ্কা হানি কৃষ্ণৰ সেৱাত।
শৰীৰতো নাহি শ্ৰম জানিবা ইহাত।।২০৩।।
শুনন্তো কৰ্ণত যেন বৰিষৈ অমৃত।
যত মহা পাপগণ হৰয় ত্বৰিত।।
অপ্ৰয়াসে সিজৈ সংসাৰৰ ধৰ্ম্ম যত।
জানি অহৰ্নিশে নাম নেৰিবা মুখত।।২০৪।।
যাহাৰ মুখত থাকৈ হৰি হেন নাম।
গঙ্গা গয়া কাশী পুষ্কৰতো নাই কাম।।
সমস্ত শাস্ত্ৰৰ ইসে পৰম যুগুতি।
বোলা ৰাম ৰাম পাইবা হাততে মুকুতি।।২০৫।।
..................
।।ছবি।।
শুক নিগদতি ৰাজা শুনিয়োক পৰীক্ষিত
হেন হৰি পৰম পুৰুষ।
দৈত্যকুল ভুঞ্জিবাক মনে পুতনাৰ প্ৰাণ
প্ৰথমতে লৈলন্ত গণ্ডুষ।।
বাঢ়ন্ত নন্দৰ ঘৰে এহিমতে দামোদৰে
গোকুলৰ আনন্দ বঢ়াই।
হেন শুনি মহাৰাজা কৰযোৰে নম্ৰভাৱে
বুলিলন্ত শুকক দুনাই।।২০৬।।
যেন যেন কৰ্ম্ম হৰি কৰিলন্ত অৱতৰি
শুনন্তো কৰ্ণৰ ৰুচিকৰ।
যাহাৰ স্মৰণে গুচৈ মনৰ পাতক তৃষ্ণা
হোৱৈ মহাশুদ্ধ কলেৱৰ।।
অচিৰ কালতে আতি হৰিত ভকতি বাঢ়ৈ
হৰি ভকতক পাৱৈ মিত্ৰ।
হেন কৃষ্ণকথা আৱে কহিয়োক সাৱশেষে
শুনো ৰঙ্গে বালক চৰিত্ৰ।।২০৭।।
...............
।।দুলড়ী।।
হেন শুনি পাচে ৰাজাক সম্বুধি
কথা কহিবাক লৈলা।
দিনেক শিশুৰ অঙ্গ পৰিৱৰ্ত্ত
নামেমহোৎসৱেভৈলা।।
যত গোপনাৰী নন্দঘৰে পশি
অনেক বাদ্য বজাইলা।
দ্বিজে পঢ়ে মন্ত্ৰ যশোদা আনন্দে
পুত্ৰক আনি নোৱাইলা।।২০৮।।
দ্বিজগণে দিলা আশিস মাঙ্গল্য
গাইলেক গোপীসকলে।
পুত্ৰ নিদ্ৰা যাই দেখিয়া যশোদা
শুৱাইলা শকট তলে।।
যত ব্ৰজবাসী আসি আছৈ তাক
ভুঞ্জান্ত একান্ত মতি।
স্তন পিব মনে মাধৱে কান্দন্ত
নুশুনন্ত তাক সতী।।২০৯।।
কান্দন্তে কৃষ্ণৰ চৰণ আঘাতে
উলটি শকট পড়িল।
উফৰিল চক্ৰ শলকা যুৱলি
মাটিয়ো আতি লড়িল।।
দধি দুগ্ধ ঘৃত ঘোলৰ কলহ
পড়িয়া উফৰি গৈল।
দেখিয়া যশোদা আদি গোপীগণ
নন্দো অদভূত ভৈল।।২১০।।
কেনমতে ইটো উলটি শকট
আপুনি পড়িল ভাগি।
শুনি শিশুগণে কহৱৈ পড়িল
কৃষ্ণৰ চৰণ লাগি।।
হেন শুনি সৱে ছৱালৰ বাক্য
বুলিয়া কেহো নমানে।
অনন্তৰ বীৰ্য্য বল পৰাক্ৰম
তেসম্বে কেহো নজানে।।২১১।।
..............
।।ছবি।।
কান্দন্তে আছন্ত কৃষ্ণ দেখি আথ বেথ কিৰ
যশোদা কোলাত লৈলা তুলি।
ব্ৰাহ্মণৰ মুখে ৰক্ষা মন্ত্ৰ উচ্চাৰিয়া স্তন
পিয়াইলন্ত পুত্ৰ পুত্ৰ বুলি।।
বলৱন্ত গোপগণে শকটক উভটাই
পূৰ্ব্বৱতে ভাণ্ড থৈলা তুলি।
ব্ৰাহ্মণৰ হাতে হোম পূজা কৰাইলন্ত নন্দে
পুত্ৰৰ কল্যাণ হৌক বুলি।।২১২।।
বিপ্ৰক পঢ়ায়া চণ্ডী বস্ত্ৰ অলঙ্কাৰে মণ্ডি
অসংখ্যাত ধেনু দিলা দান।
দ্বিজগণে ঋচ পঢ়ি আশংসিলা উচ্চ কৰি
থাকা নন্দ সপুত্ৰে কল্যাণ।।
বেদবিদ বিপ্ৰগণে যতেক বুলিলা মানে
বিফল নভৈল কদাচিত।
পাচে নন্দে উঠি সৱে সমজ্যাক বিসৰ্জিয়া
সাদৰিলা যাক যথোচিত।।২১৩।।
.........
।।তৃণাৱৰ্ত্ত বধ।।
।।দুলড়ী।।
শুকমুনি মাতি ৰাজাক সম্বুধি
শুনিয়ো অদ্ভুত পাচে।
দিনেক যশোদা কৃষ্ণক কোলাত
উপলান্তে যেৱে আছে।।
গিৰিশৃঙ্গ যেন গধুৰ লাগয়
ভাৰে পীড়িলেক আতি।
কোলাৰ নমাই মাটিত থৈলন্ত
বিস্ময় ভৈলন্ত সতী।।২১৪।।
উৎপাত শঙ্কায়ে মহাপুৰুষক
যশোদা চিন্তিবে লৈলা।
কংসে পাঞ্চিলেক তৃণাৱৰ্ত্ত নামে
দৈত্যগোট আসি ভৈলা।।
বাত মণ্ডলিৰ স্বৰূপে শিশুক
তেখনে নিলেক হৰি।
সকলে গোকুল ঢাকিলে ধূলায়
ঘোৰ অন্ধকাৰ কৰি।।২১৫।।
দুৰ্ঘোৰ শবদে দশোদিশ জুৰে
বৰিষৈ খোলা খাপৰ।
মুহূৰ্ত্তেক মানে ধূলায়ে আন্ধাৰ
নুগুচিল গোকুলৰ।।
আপুন পৰক একোৱে নজানি
সমস্তে বিহ্বল প্ৰায়।
যৈত নমাই থৈলা পুত্ৰক নপান্ত
যশোদা হাত বুলাই।২১৬।।
কতোক্ষণে ঠাই লাগিল বতাস
গুচিলা ধূলা আন্ধাৰি।
চক্ষু ফুৰাই চাই কৃষ্ণক নেদেখি
বিশ্ৰুতি যশোদা নাৰী।।
কৃষ্ণৰ কিঙ্কৰ ৰচিলা শঙ্কৰ
শুনিয়ো সৱে সমাজ।
কৃষ্ণৰ চৰণে পশিয়ো শৰণে
নকৰিবা আত লাজ।।২১৭।।
দিনে টুটে আয়ু ইটো প্ৰাণবায়ু
কৈত কেতিক্ষণে যায়।
নিশ্চয় শৰণ কৃষ্ণৰ চৰণ
বিনে আন গতি নাই।।
জীৱন চঞ্চল পদ্মপত্ৰ জল
পৰি যেন থিৰ নুই।।
তিলেকে সংযোগ তিলেকে বিয়োগ
যেন আধামুড়ি জুই।।২১৮।।
কত তপসাই নৰতনু পাই
তাকো নিলা আলে জালে।
অৱশ্যে পতন নাহিকে চেতন
গিলি আসিলেক কালে।।
জানি বুদ্ধজন তেজি আন মন
ভকতিক কৰা সাৰ।
কৃষ্ণৰ ভকতি বিনে কাৰো গতি
কলিত নাহিকৈ আৰ।।২১৯।।
ভকতিসে মাতা ভকতিসে পিতা
ভকতিসে বন্ধু জন।
ভকতি সুহৃদ সোদৰ বিধাতা
ভকতিসে মহাধন।।
ভকতিসে মতি ভকতিসে গতি
ভকতিসে দেৱ নিজ।
ভকতিসে চিত ভকতিসে বিত
ভকতি মোক্ষৰ বীজ।।২২০।।
ভকতি সদায় সহায় ভকতি
জীৱন যৌৱন প্ৰাণ।
ইহ পৰলোকে ভকতি বিনায়
নাহি নাহি গতি আন।।
জানি সৰ্ব্বজন ভকতিত মন
দিয়া তেজি আন কাম।
জনম সাফলি নিৰন্তৰে নৰে
ডাকি বোলা ৰাম ৰাম।।২২১।।
.............
।।পদ।।
প্ৰৱন্ধে যশোদা খুজি পুত্ৰক নপাই।
পুত্ৰ পুত্ৰ বুলিয়া কান্দন্ত গেৰিয়াই।।
দামুৰি হৰালে যেন ধেনু হাম্বালাৱে।
পৃথিৱীত পৰি শোকে কান্দৈ দীৰ্ঘৰাৱে।।২২২।।
এখনে আছিলি মাত্ৰ মোৰ স্তন খাই।
কৈৰনো লৱৰা যমে নিলেক পুতাই।।
হা বাপ কমললোচন তনু শ্যাম।
আইস কৃষ্ণ কৃষ্ণ বুলি কাৰ লৈব নাম।।২২৩।।
আই আই বোলন্তে অমৃত যেন পিঞো।
সিটো চন্দ্ৰবদন নেদিখি কেনে জীঞো।।
পাইলো তোক অনেক জনমে তপসাই।
গৃহ শুৱাৱনি মোৰ কৈ গৈলি পুতাই।২২৪।।
তোৰ ঘোৰ শোকশেলে মোক মাৰৈ খুই।
সহিবে নপাৰো হৃদয়ৰ আউৰ জুই।।
কি দেখি আছয় এভো জীৱ নযায় ছাড়ি।
একুতিৰ পুত্ৰ মোৰ কোনে নিলে কাঢ়ি।।২২৫।।
এহি বুলি পাড়ন্ত মাটিত লোটা লুটি।
জাৱলে দুইহাতে হৃদয়ত হানৈ মুঠি।।
পুত্ৰ পুত্ৰ বুলিয়া পাড়ন্ত আতি উকি।
জমক দেখিয়া কতো থাকন্ত নিচুকি।।২২৬।।
গোপীগণে যশোদাৰ দেখিয়া সন্তাপ।
কৃষ্ণক নেদেখি আতি কৰন্ত বিলাপ।।
লোতকে পুৰিল মুখ সুখ শান্তি নাই।
হা কৃষ্ণ বুলি কান্দৈ যশোদাক চাই।।২২৭।।
এহিমানে থঞো আৱে বিলাপৰ কথা।
শুনা যেন ভৈলা সিটো দৈত্যৰ অৱস্থা।।
কৃষ্ণক লৈ যান্তে পীড়িলেক গুৰুভাৰে।
আকাশত তম্ভি ৰৈল চলিতে নপাৰে।।২২৮।।
যেন পৰ্ব্বতেক তাৰ কান্ধে আছৈ জান্তি।
পেহ্লাইবে নপাৰি কৰৈ অনেক আক্ৰান্তি।।
কৃষ্ণে হাতে আটিলা গলত ছিপি ধৰি।
নিকলিল ঢেল আছাড়য় হাত ভৰি।।২২৯।।
নিশ্চেষ্ট অসুৰ আউৰ মুখে নাই মাত।
প্ৰাণ ছড়ি ব্ৰজত পৰিল চক্ৰবাত।।
শিলাত পৰিয়া অঙ্গ ভৈল চূৰ্ণীকৃত।
ত্ৰিপুৰক ৰুদ্ৰে যেন পাৰিলা ভূমিত।।২৩০।।
পৃথিৱী লড়িল যেন নিৰ্ঘাত পতনে।
ক্ৰন্দন এৰিয়া পাচে দেখৈ গোপীগণে।।
কৃষ্ণ ৰহি আছা তান হিয়াত ওলমি।
আথে বেথে সাৱটিয়া ধৰিলা আক্ৰমি।।২৩১।।
নাকান্দা নাকান্দা মাৱ গোপীগণে বোলে।
লৱড়ি কৃষ্ণক দিলা যশোদাৰ কোলে।।
পুত্ৰমুখ দেখি তাপ গুচিল সকলে।
বনৰ নুমাইলা জুই যেন বৃষ্টিজলে।।২৩২।।
সঘনে সুঙ্গন্ত শিৰ বুকুত সাৱটি
যমৰ পুৰৰ পৰা আসিল উলটি।।
সমূলি মৰিলো দুই তোক হেৰুৱাই।
কিনো ভালে ভালে আজি ৰাখিলে গোসাঁই।২৩৩।।
পাচে গোপ গোপীগণ সমন্বিতে নন্দ।
কৃষ্ণ দৰশনে পাইলা পৰম আনন্দ।।
দেখিয়ো আশ্বৰ্য্য অন্যোঅন্যে বোলৈ চাই।
ৰাক্ষসে মাৰন্তে শিশু আসিল এড়াই।।২৩৪।।
আপুনাৰ পাপে যাই হিংসক প্ৰলয়।
সমভাৱে সাধুজনে এড়াই মহাভয়।।
তপ জপ যজ্ঞে কিবা যজি আছো হৰি।
সেহিসে কাৰণে শিশু আসিল নিস্তৰি।।২৩৫।।
অনেক অদ্ভুত নন্দে দেখিয়া ব্ৰজত।
বসুদেৱ বাক্য আসি পৰিল মনত।।
কিনো সৰ্ব্বজান সাধু বসুদেৱ সখি।
গোকুলৰ উৎপাত কহিলা যেন দেখি।।২৩৬।।
.................
।।যশোদাৰ বিশ্বৰূপ দৰ্শন।।
অনন্তৰে যশোদা নন্দৰ মহাদই।
পুত্ৰক পিয়ান্ত স্তন স্নেহে কোলে লই।।
দুধ খাই আটাই কৃষ্ণে দান্ত জুপুৰান্ত।
লুণ্ডি খুণ্ডি সুন্দৰীয়ো পুত্ৰমুখ চান্ত।।২৩৭।।
মাৱৰ কোলাত পাচে জগতৰ স্বামি।
বদন প্ৰকাশি হাসি তুলিলন্ত হামি।।
যশোদা দেখন্তে পাচে গৰ্ভতে জগত।
দশোদিশ আকাশ নক্ষত্ৰ গ্ৰহ যত।২৩৮।।
চন্দ্ৰ সূৰ্য্য বায়ু বহ্নি পৰ্ব্বত সাগৰ।
সমস্তে পৃথিৱী আছে গৰ্ভৰ ভিতৰ।।
হেন দেখি যশোদাৰ তনু কাম্পে ভয়।
চক্ষু মুদি থাকিলন্ত পৰম বিস্ময়।।২৩৯।।
শুক মুনি বোলন্ত শুনিয়ো পৰীক্ষিত।
গৰ্গঋষি নামে যাদৱৰ পুৰোহিত।।
বসুদেৱ পঠাইলা নন্দৰ গৃহে আইলা।
দেখি নন্দে আনন্দে পৰম প্ৰীতি পাইলা।।২৪০।।
বিষ্ণু বুদ্ধি পূজি পৰি কৰিলা প্ৰণাম।
কিবা কাৰ্য্য সাধো গুৰু তুমি পূৰ্ণকাম।।
জ্যোতিষকো জানা তুমি বেদতো পাৰ্গত।
কৰায়োক পুত্ৰ দুইৰ জাতকৰ্ম্ম যত।।২৪১।।
নন্দক বোলন্ত গৰ্গে নুহিকে উচিত।
সৱে জানৈ মঞি যাদৱৰ পুৰোহিত।।
মঞি কৰো তোমাৰ পুত্ৰ কৰ্ম্ম যেৱে।
দৈৱকীৰ পুত্ৰ বুলি মানিবেক তেৱে।।২৪২।।
তুমি বসুদেৱে আছা মহা মিত্ৰৱতি।
আপুনি সাক্ষাতে জানৈ কংস ক্ৰুৰমতি।।
গুচিবেক শঙ্কা শুনি লোকৰ প্ৰবাদ।
শিশুক মাৰিবে আসি মিলিবে প্ৰমাদ।।২৪৩।।
নন্দে বোলে নজানিব মোৰো বন্ধু যত।
গোপ্য কৰি কৰায়োক অন্তেষপুৰত।।
শুনি গৰ্গে অলক্ষিতে পশি অভ্যন্তৰ।
কৰাইলন্ত যত জাতকৰ্ম্ম দুইহান্তৰ।।২৪৪।।
বোলন্ত ৰোহিণীপুত্ৰে জ্ঞাতিক ৰঞ্জিব।
সিহেতু ইহাঙ্ক ৰাম সৱেয়ো বুলিব।।
বলত অধিক পদে বুলিবেক বল।
মুখ্য অস্ত্ৰ হুইব আন লাঙ্গল মূষল।।২৪৫।।
তিনি বৰ্ণ আছিলেক তোহ্মাৰ পুত্ৰৰ।
প্ৰথমে সত্যত ভৈল শুক্ল কলেৱৰ।।
ত্ৰেতাত ৰাতুল ভৈলা দ্বাপৰত শ্যাম।
আৱে কৃষ্ণ ভৈলা পদে ভৈল কৃষ্ণনাম।। ২৪৬।।
পূৰ্ব্বত আছিলা বসুদেৱৰ তনয়।
সিকাৰণে বাসুদেৱ হৈবেক অন্বয়।।
বহু নাম আছৈ গুণ কৰ্ম্ম অনুসাৰে।
তোহ্মাৰ কল্যাণ সাধিবেক বাৰম্বাৰে।।২৪৭।।
গুণে নাৰায়ণ সম তোহ্মাৰ সন্ততি।
আনে পদে নিস্তাৰিবা অনেক দুৰ্গতি।।
যত্নে ৰক্ষা কৰা আঙ্ক হৈবেক কল্যাণ।
এহি বুলি গাৰ্গো পাচে গৈলা নিজস্থান।।২৪৮।।
পাইলা প্ৰীতি নন্দে আতি গৰ্গবাক্য শুনি।
পৰীক্ষিত ৰাজাত কহন্ত শুকমুনি।।
পাচে ৰাম কৃষ্ণে ৰঙ্গে অঙ্গিনাক যাই।
আণ্ঠু কাঢ়ি ক্ৰীড়ন্তে ফুৰন্ত দুয়ো ভাই।।২৪৯।।
শীঘ্ৰে চলি যাহন্তে ঘাঘৰে কৰে ধ্বনি।
পৰম আনন্দ দুয়ো হোন্ত তাক শুনি।।
লোককো খেদিয়া যান্ত তিনি চাৰি ভৰি।
মুখ চাই নিচিনি থাকন্ত যেন ডৰি।।২৫০।।
কৰ্দ্দমে লেপিত হুয়া আসন্ত উলটি।
দেখি দুইকো দুই মাৱে ধৰন্ত সাৱটি।।
স্নেহে পিয়াৱন্ত স্তন পুত্ৰ মুখ চান্ত।
মিলয় আনন্দ দেখি গাজি আসৈ দান্ত।।২৫১।।
অনেক শিশুৰ লীলা কৰন্ত ব্ৰজত।
দামুৰিক পাইলে তাৰ ধৰন্ত লাঞ্জত।।
দামুৰি আজুৰি নেই নেৰন্ত তথাপি।
গৃহকৰ্ম্ম এৰি বেঢ়ি চাৱৈ সৱে গোপী।।২৫২।।
অগ্নি কৰ্পবিষকো ধৰিবে যান্ত খেদি।
কণ্টকতো পলান্ত মাৱক লাগ নেদি।।
তাসম্বাক আউৰ নিষেধিৱে নপাৰন্ত।
ৰোহিণী যশোদা মুণ্ড কপাল হানন্ত।।২৫৩।।
ছৱাল নভৈল ইটো ভৈল যমকাল।
কৰন্ত ধৰিয়া আনি আফাল সিফাল।।
গৃহকৰ্ম্ম আৰ একো কৰিবে নপান্ত।
চক্ষু পচাৰন্তে দুয়ো দুনাই বজান্ত।।২৫৪।।
পাচে অল্পকালে ৰাম কৃষ্ণ কৌতুহলে।
আণ্ঠু এৰি থিয় হুয়া ফুৰন্ত গোকুলে।।
সমান বয়স গোপশিশুগণ সঙ্গে।
গোপীৰ আনন্দ কৰাই ক্ৰীড়ি ফুৰে ৰঙ্গে।।২৫৫।।
কৃষ্ণৰ চঞ্চল ভাৱ গোপীগণে দেখি।
হাসিয়া আনন্দে যশোদাত দেন্ত সাখি।।
শুনিয়োক কৰ্ম্ম মাৱ পুত্ৰৰ তোহ্মাৰ।
কৰন্ত মাধৱে যেন যেন অপকাৰ।।২৫৬।।
শুনা সৰ্ব্বজনে শিশুলীলা মাধৱৰ।
মনুষ্যৰ শ্ৰেষ্ঠ ধৰ্ম্ম নাহি আতপৰ।।
সমস্তে ধৰ্ম্মৰ হৰি নামেসে ঈশ্বৰ।
আশ্চৰ্য্যা মহিমা শুনা কৃষ্ণৰ নামৰ।।২৫৭।।
যায় মহাজনে মাধৱৰ নাম গাই।
পৰম আনন্দে যিটো তাকে থাকৈ চাই।।
সমস্তে পাতক তাৰ হৰয় তড়িত।
পৰম আনন্দে বঞ্চৈ বিষ্ণুৰ পুৰীত।।২৫৮।।
বিষ্ণু ভকতক দেখি কৰৈ নমস্কাৰ।
হৰৈ কোটি জনমৰ পাতক তাহাৰ।।
সেহি পুণ্যে বঞ্চৈ সুখে বিষ্ণুৰ পুৰীত।
পৰম আনন্দে থাকে মানৱ সহিত।।২৫৯।।
আতি মহাপাতকী ব্ৰাহ্মণ অজামিল।
নামৰ আভাস মাত্ৰে সংসাৰ তড়িল।।
ঘোৰ ব্যাধ বাল্মীকি নাৰদ দাসীসূত।
নামৰ প্ৰসাদে ভৈল জীৱন্তে মুকুত।।২৬০।।
কোনে কহিবাক পাৰৈ নামৰ মহিমা।
চাৰ মুখে ব্ৰহ্মায়ো নপান্ত যাৰ সীমা।।
হেন নাম এৰি কৰৈ আনত বিশ্বাস।
কিমতে এৰাইবা ঘোৰ সংসাৰৰ ত্ৰাস।।২৬১।।
আছৈ মাধৱৰ নাম জগত বিয়াপি।
সংসাৰ তাপত মৰৈ চিতনি তথাপি।।
কিনো চিত্ৰ কিনো চিত্ৰ কিনো চিত্ৰ দেখা।
জানিবাহা তাহাৰ পাপৰ নাহি লেখা।।২৬২।।
জানিয়া সমস্ত নৰে এৰা আন কাম।
ফুৰা গলে বান্ধি বন্ধু মাধৱৰ নাম।।
কৃষ্ণৰ কিঙ্কৰে কহে ইসে তত্ত্ব সাৰ।
বোলা ৰাম ৰাম পোলা পাপৰ ভাণ্ডাৰ।।২৬৩।।
.............
।।ছবি।।
গাই নতু দুহিবাৰ সময় হোৱন্তে গৈয়া
দামুৰিক মেলন্ত মুৰাৰি।
নেমেল নেমেল বুলি আমিসৱে মাতো যেৱে
অধিকে হাসন্ত ৰিঙ্গ পাৰি।।
আমি গৃহকামে আউল হুইবাৰ দেখিয়া কৃষ্ণে
বাণৰগণক লেগ লই।
চোৰ যেন দামোদৰ ছেগ চাই পশি ঘৰ
চুৰি কৰি খান্ত দুগ্ধ দৈ।।২৬৪।।
সিকিয়াত থঞো তুলি পিৰা উডু়খলে উঠি
তাকো নমানন্ত কিনো চাণ্ড।
বানৰক দেন্ত আনি বানৰে নখায় জানি
কোবাই ভাঙ্গন্ত সৱে ভাণ্ড।।
লুকান নযায় আন্ত আন্ধাৰতো খুজি পান্ত
শৰীৰৰ ৰত্নে পসৰাই।
যিদিনা নপান্ত দৈ আঞ্চুৰি কামুৰি মাৰি
ছৱালক যান্ত কন্দুৱাই।।২৬৫।।
গোৱালে আনন্দে বেঢ়ি চোৰ বুলি পাৰে গেৰি
কৈক যাইবা কৃষ্ণ নিবো ধৰি।
মাতন্ত ধ্ৰুতালি বাক ডৰাসন্ত আসি কাক
তই চোৰ মঞি সদগিৰি।।
ঘৰ থঞো লিপি পুচি তাতো ভৰ্চ্ছি পলাই যান্ত
আমি হাসি মৰো বুকু ফুটি।
তোহ্মাৰ কোলাত আৱে নমাতি আছন্ত কৃষ্ণে
যেন সুবিনীত শিশুগুটি।।২৬৬।।
কৃষ্ণৰ মুখক চাই হাসি হাসি ৰঙ্গপাই
গোপীগণে কহে এহি কথা।
তৰতৰ কৰি কৃষ্ণে মাৱৰ মুখত চান্ত
দেখি যশোদাৰ ভৈলা বেথা।।
নাহি ভয় বুলি বাণী বুকুত সাৱটে আনি
মহা স্নেহে মুখে চুমা দিলা।
এহিমতে নাৰায়ণ ক্ৰীড়িলন্ত অনুক্ষণ
শুনা কহো আৰো শিশুলীলা।।২৬৭।।
..............
।।দুলড়ী।।
এহিমতে কৃষ্ণে ক্ৰীড়িয়া আছন্তে
পাচে গোপশিশু জাকে।
কৃষ্ণে মাটি খান্ত বুলি গেৰি পাৰৈ
যশোদা শুনিলা তাকে।।
খাইবো মুণ্ড বুলি পুত্ৰৰ হাতত
ধৰিলা খেদি গোৱালী।
কেনে মাটি খালি বলাই আদি কৰি
কহৱৈ সৱে ছৱালি।।২৬৮।।
শুনি ডৰি হৰি মাৱক মাতন্ত
সৱে মিছা মাতৈ আই।
খাইলো মাটি যেৱে মুখ চাৱা তেৱে
দেখাৱন্ত বেন্ত বাই।।
পুত্ৰৰ গৰ্ভত সমস্তে জগত
যশোদা দেখন্ত পাচে।
সসাগৰা মহী বায়ু সূৰ্য্যা শশী
তাৰাগণো তৈতে আছে।।২৬৯।।
গোকুল সহিত আপুনাক তৈতে
দেখিয়া শঙ্কিত সতী।
কিবা স্বপ্ন দেখো কিবা দেৱমায়া
কিবা ভ্ৰম ভৈল মতি।।
নোহন্ত মানুষ পৰম পুৰুষ
জানিয়া লৈলো শৰণ।
বাক্য মনে যাক তৰ্কিবে নপাৰি
প্ৰণামো তানে চৰণ।।২৭০।।
এন্তে মোৰ পতি যত গোপ গোপী
মঞি ব্ৰজেশ্বৰী সতী।
যাৰ মায়া হেন কুমতি কৰাৱৈ
তেন্তে আৱে মোৰ গতি।।
যশোদা জানিলা দেখি দুনাই কৃষ্ণে
কৰিলা বৈষ্ণৱী মায়া।
পুত্ৰ বুলি তুলি কোলাত লৈলন্ত
কৃষ্ণৰ নন্দৰ জায়া।।২৭১।।
নৃপতি শুকত পুছন্ত কি তপ
কৰিলা যশোদা নন্দ।
জগত ঈশ্বৰ যাৰ স্তনপান
কৰিলা আতি আনন্দে।।
মুনিয়ে কহন্ত দ্ৰোণ নামে বসু
আছিলা নন্দ পূৰ্বত।
ধাৰা ভাৰ্য্যা সমে গোকুলক গৈলা
বিধাতাৰ আদেশত।।২৭১।।
সেহি কালে দুইকো ব্ৰহ্মা বৰ দিলা
কৃষ্ণত হৈব ভকতি।
দ্ৰোণো নন্দ ভৈলা ধাৰায়ে যশোদা
দুয়ো ভৈলা উতপতি।।
পুত্ৰ হুয়া কৃষ্ণে সাধিলন্ত প্ৰীতি
ব্ৰহ্মাৰ পালি বচন।
নন্দ যশোদাৰ পৰম ভকতি
বঢ়াইলন্ত নাৰায়ণ।।২৭৩।।
...................
।।ছবি।।
শুনিয়োক সৰ্ব্বজন কৃষ্ণত অৰ্পিয়া মন
ভকতিৰ দেখিয়ো মহত।
ব্ৰহ্মা হৰ আদি দেৱ যাক সদা কৰৈ সেৱ
তাঙ্ক গোপী পাইলেক গৃহত।।
যোগীগণে ধ্যান কৰি প্ৰৱন্ধে সমাধি ধৰি
সদায়ে চৰণ চিন্তৈ যাৰ।
বুদ্ধিৰো গোচৰ নুই ভকতিতে বশ্য হুই
তেন্তে পুত্ৰ ভৈলা যশোদাৰ।।২৭৪।।
যিটো দেৱ ভগৱন্ত নাই যাৰ আদি অন্ত
বেদেয়ো নপান্ত যাৰ সীমা।
তেন্তে বশ্য ভকতিত হেনসে ভকতি হিত
ভকতিৰ কি কৈবো মহিমা।।
জানি এৰা আন মতি ভকতিত কৰা ৰতি
ভকতিসে সাধিবে কল্যাণ।
ভকতিত দিয়া মন ভকতিসে মহাধন
নাহি আন ভকতি সমান।।২৭৫।।
চাৰিয়ো বেদৰ মাজে কৃষ্ণৰ নামত বাজে
নাহি গতিদাতা সংসাৰত।
আপুনি ঈশ্বৰ হৰি অৰ্জুনত নিষ্ঠ কৰি
কহিলন্ত কৰি পঞ্চসত্য।।
নাম সুমৰণে আতি তৰৈ মহা অন্ত্যজাতি
জানি নাম স্মৰিয়ো সৰ্ব্বথা।
মুখে লোৱা ৰাম নাম হস্তে কৰা তান কাম
কৰ্ণে শুনা মাধৱৰ কথা। ২৭৬।।
কেনে আছা বাট চাই বিলম্বক নুযুৱাই
কালে আসি ধৰিল গৰাসি।
নিতে হোৱৈ আয়ুপাত এৰায়ো কালৰ হাত
মাধৱৰ চৰণ উপাসি।।
ছাড়িয়া বিষয় ধান্দা ৰামনাম গলে বান্ধা
জানি সৱ শাস্ত্ৰৰ যুগুতি।
কৃষ্ণৰ কিঙ্কৰে ভণে ৰামনাম ঘোষা ঘনে
তেৱে পাইবা হাততে মুকুতি।।২৭৭।।
...............
।।যমলাৰ্জ্জুন ভঞ্জন।।
।।পদ।।
পৰীক্ষিত ৰাজাত বদতি শুকমুনি।
দিনেক যশোদা নাৰী নন্দেৰ ঘৰিণী।।
ভিন ভিন কাৰ্য্যে নিয়োজিলা সৱে দাসী।
মথিবাক লাগিলা আপুনি দধি আসি।।২৭৮।।
সুমৰি কৃষ্ণৰ সৱে বালক চৰিত্ৰ।
দধিক মথন্তে যশোদায়ে গাৱৈ গীত।।
ক্ষৌণী বস্তেৰ প্ৰকাশৈ নিতম্ব কৃশ কটি।
সোণৰ মেখলা তাতে বান্ধি আছৈ আটি।।২৭৯।।
আজোৰন্তে লড়ৈ আতি কুণ্ডল কঙ্কণ।
পুত্ৰৰ স্নেহত স্ৰৱৈ কাম্পে দুয়ো স্তন।।
খসি খসি পৰৈ সৱে খোপাৰ মালতী।
ঘামিল বদন ভাগৰিলা মহাসতী।।২৮০।।
কৃষ্ণে সেহিবেলা জননীৰ প্ৰীতি সাধি।
মথনিত ধৰি মথিবাক নেদে দধি।।
দেখি কোলে লৈয়া সতী পিয়াইলন্ত স্তন।
আনন্দে পুত্ৰ চান্ত প্ৰসন্ন বদন।।২৮১।।
অনন্তৰে দেখন্তে উথলি দুধ পৰে।
পুত্ৰক এৰিয়া সতী গৈলন্ত লৱড়ে।।
স্তন পিৱে নপাই কুপিলন্ত দামোদৰ।
কামোৰন্ত দান্ত আতি অৰুণ অধৰ।।২৮২।।
কপটে কান্দন্ত নয়নৰ বহে পানী
ভাঙ্গিলা মথনি হাণ্ডি পটাপোক হানি।।
ভুজন্ত লৱণু কৃষ্ণে কোপে পশি খুপি।
দুধ নমাই আসিয়া দেখন্ত পাচে গোপী।।২৮৩।।
ভাঙ্গি আছৈ দৈৰ হাণ্ডি নপাৱৈ বিপত্তি।
পুত্ৰৰ জানিয়া কৰ্ম্ম হাসিলন্ত সতী।।
কৃষ্ণক নেদেখি তৈত চাহি ফুৰা পাচে।
দেখন্তে খুপিত উড়লত বসি আছে।।২৮৪।।
শঙ্কিত নয়নে লৱনুক চুৰি কৰে।
পেহ্লাই দেই খাই সৱে পোষণ বানৰে।।
হেন দেখি যশোদা হাতত লৈয়া বাৰি।
জুম্পি জুম্পি যান্ত পিম্পৰাৰো নাই শাৰী।।২৮৫।।
মাৰিবে আসন্ত মাৱ দেখি কৃষ্ণে ডৰে।
দিলন্ত লৱড় ভিৰে নামি উড়লৰে।।
পাচে পাচে যশোদা পুত্ৰক নেন্ত দেখি।
ভয়ে যেন পলান্ত মাৱক লাগ নেদি।।২৮৬।।
যোগী যাক নপাৱে নিৰ্ম্মল মনে সদা।
হেন মাধৱক খেদি ফুৰন্ত যশোদা।।
শ্ৰোণী ভৰে শিথিল কৰিলে তান গতি।
সুলকিল খোপা খসি পৰিল মালতী।২৮৭।।
পলাইবে নপাৰি যেন কৃষ্ণে আছা ৰই।
কান্দন্ত কপটে দুয়ো হাত চক্ষু মুই।।
তবধ নয়নে ছান্ত মাৱক ভয়ত।
লাগ পাই আসি সতী ধৰিলা হাতত।।২৮৮।।
খাইবো তোৰ মুণ্ড পুতাই আজি যাইবি কই।
হাণ্ডি ভাঙ্গি সমস্তে কৰিলি নাশ দই।।
ভয়ত কৃষ্ণৰ যেন তনু তৰতৰ।
দেখিয়া যশোদা বাৰি এড়িলা হাতৰ।।২৮৯।।
আনিলন্ত আজুৰি ভৰ্চ্ছিয়া বাৰে বাৰ।
কৃষ্ণক বান্ধিবে মতি ভৈলা যশোদাৰ।।
নজানন্ত গোপী কেন প্ৰভাৱ কৃষ্ণৰ।
নাহি পূৰ্ব্বাপৰ যাৰ বাহিৰ ভিতৰ।।২৯০।।
হেন মাধৱক গোপী পুত্ৰ মানি বলে।
সামান্য শিশুক যেন বান্ধৈ উড়ুখলে।।
কৃষ্ণক বান্ধন্ত আটি যশোদা সুন্দৰী।
নুজুৰিল দেখন্ত আঙ্গুলি দুই জৰী।।২৯১।।
আনি আৰো জৰী সতী তাতে জোৰা দিলা।
বান্ধি চাৱে সিয়ো দুই আঙ্গুল নাটিলা।।
দুনাই জৰী জুৰিয়া গাৱৰ বলে আটে।
দেখে গোপী তথাপি আঙ্গুল দুই নাটে।।২৯২।।
এহিমতে গৃহত পাইলন্ত যত জৰী।
আনি আনি জোৰা দিয়া বান্ধন্ত সুন্দৰী।।
তথাপিতো নোজোৰৈ আঙ্গুল দুই আসি।
দেখি সৱে গোৱালীৰ ৰিঙ্গজোত হাসি।।২৯৩।।
যশোদায়ো হাসন্ত বিস্ময় দেখি কৰ্ম্ম।
পীড়িলেক ভাগৰে শৰীৰে বহে ঘৰ্ম্ম।।
মাতৃৰ দেখিয়া শ্ৰম পাচে মনে গুণি।
কৃপাময় কৃষ্ণে বান্ধ লৈলন্ত আপুনি।।২৯৪।।
মোহোৰ অধীন ইটো যত ত্ৰিজগত।
ময়ো ভকতৰ বশ্য দেখায়া লোকত।।
ব্ৰহ্মা লক্ষ্মী হৰে হেন নপাইলা আহ্লাদ।
পাইলন্ত কৃষ্ণত যেন যশোদা প্ৰসাদ।।২৯৫।।
ধন জন পুত্ৰ ভাৰ্য্যা বুলি যিটো মৰে।
নপাৱে কৃষ্ণক কোটি জন্মৰ অন্তৰে।।
মহাজ্ঞানীগণে যাক নপাৱন্ত দুখে।
শ্ৰৱণ কীৰ্ত্তন কৰি পাৱৈ মহাসুখে।।২৯৬।।
যশোদা গৃহৰ কামে ব্যগ্ৰ হুয়া আছে।
যমল অৰ্জ্জুন কৃষ্ণে দেখিলন্ত পাচে।।
কুবেৰৰ পুত্ৰ দুয়ো আপুনাৰ পাপে।
ভৈলা বৃক্ষজন্ম আসি নাৰদৰ শাপে।।২৯৭।।
হেন শুনি শুকত সোধন্ত পৰীক্ষিত।
নাৰদৰো ক্ৰোধ ভৈল কিনো বিপৰীত।।
কিহেতু শাপিলা কহা শুনিবো উৎসুকে।
শুনা বুলি কহিবাক আৰম্ভিলা শুকে।।২৯৮।।
নামে মণিগ্ৰীৱ নলকুবেৰ অপৰ।
মদ্যে মত্ত হুয়া দুয়ো ৰুদ্ৰ অনুচৰ।।
স্ত্ৰীগণ লৈয়া সঙ্গে কৈলাস শিখৰে।
বিৱস্ত্ৰে জলত নামি জলক্ৰীড়া কৰে।।২৯৯।।
হস্তিনী সহিতে যেন দুই মত্ত নাগ।
আচম্বিতে দুহাঙ্কো নাৰদে পাইলা লাগ।।
পৰম লজ্জিত হুয়া দেখি নাৰীগণে।
আথে বেথে বসন পিন্ধিলা তাৱক্ষণে।।৩০০।।
শ্ৰীমদে অন্ধ আৰো মদ্যে অচেতন।
থাকিলা বিৱস্ত্ৰে দুয়ো কুবেৰনন্দন।।
তাসম্বাক অনুগ্ৰহ কৰিবাক প্ৰতি।
শাপ দিবে লাগি হেন নাৰদ বদতি।।৩০১।।
শ্ৰীমদে অন্ধ কৰি যেনমতে মাৰে।
আন গৰ্ব্বে কৰিবাক তদ্ৰুপ নপাৰে।।
শ্ৰী ভৈলে লাগৈ স্ত্ৰী কৰৈ মদ্যপান।
অন্ধ হুয়া অনেক পশুৰ লৱৈ প্ৰাণ।।৩০২।।
কেতিক্ষণে পৰয় ক্ষণিক ইটো কায়।
অন্তকালে হৱৈ যিটো বিষ্ঠা পলু ছাই।।
তাৰ অৰ্থে ব্যৰ্থে কেনে প্ৰাণীহিংসা কৰে।
একে নিদাৰুণ স্ত্ৰী মদান্ধত পৰে।।৩০৩।।
শ্ৰীব্যাধি কৰৈ পুৰুষক হতবুদ্ধি।
হৱৈ স্বস্থ পাৱৈ যেৱে আপদ ঔষধি।।
সমস্তৰে একে দুখ জানৈ আণ্টা পাই।
নকৰৈ পৰম পীড়া দৰিদ্ৰে দুনাই।।৩০৪।।
ক্ষুধাত নপাৱৈ অন্ন শুখাই আন্ত মুখ।
এড়ৈ অহঙ্কাৰ গৰ্ব্ব মিলৈ মহাসুখ।।
স্বভাৱে তপস্যা সিজৈ শুদ্ধ হৱৈ মতি।
তেৱেসে দৰিদ্ৰে লৱৈ সন্তৰ সঙ্গতি।।৩০৫।।
বৈষ্ণৱৰ আলাপে নিৰ্মল হৱৈ মন।
তেৱেসে কৃষ্ণৰ কৰৈ শ্ৰৱণ কীৰ্ত্তন।।
হেন জানি দুইৰো আজি গুচাঞো শ্ৰীমদ।
বৃক্ষ হুয়া থাক দুয়ো লভিয়া আপদ।।৩০৬।।
মোহোৰ প্ৰসাদে তাতো হৈৱী জাতিস্মৰ।
বহি গৈল যেৱে দিব্য শতেক বৎসৰ।।।
ভেট পাই কৃষ্ণক নমিবি ভক্তি কৰি।
যাইবি দুনাই স্বৰ্গে দুয়ো দিব্যৰূপ ধৰি।।৩০৭।।
এহি বুলি দেৱঋষি লড়ি গৈলা হাসি।
ভৈল দুয়ো গুহ্যক যমলাৰ্জ্জুন আসি।।
সত্য কৰিবাক লাগি নাৰদৰ বাণী।
লাসে লাসে নেন্ত কৃষ্ণে উড়ুখল টানি।।৩০৮।।
মাৱৰ ভিতিক লাগি চান্ত টেৰ কৰি।
দেখিলে আৰোবা যোনো নেন্ত মাৰি ধৰি।।
চুম্পি চুম্পি যান্ত আতি সঙ্কোচিত কায়।
মাজ ভৈলা অৰ্জ্জুনৰ উড়ল ঘষাই।।৩০৯।।
অৰ্জ্জুনত লাগি ভৈলা উড়ল পথালি।
কঙ্কাল ফন্দিয়া টান দিলা বনমালী।।
আজোৰ লাগিয়া দুয়ো বৃক্ষ সেহি তালে।
উভৰি পৰিল চণ্ড শবদ আস্ফালে।।৩১০।।
তাৰ হন্তে দুয়ো দেৱ বাজ ভৈল পাচে।
মূৰ্ত্তিমন্ত অগ্নি হেন প্ৰকাশন্তে আছে।।
কৃষ্ণক নমিল আসি শিৰে পাৱ ছুই।
কৰিবে লাগিলা তুতি কৃতাঞ্জলি হুই।।৩১১।।
হে কৃষ্ণ অচিন্ত্য প্ৰভাৱ দামোদৰ।
তোহ্মাৰেসে ৰূপ স্থূল সূক্ষ্ম চৰাচৰ।।
সকলে প্ৰাণীৰে প্ৰভু তুমি অন্তৰ্য্যামী।
তুমি কাল প্ৰকৃতি ঈশ্বৰ তুমি স্বামী।।৩১২।।
নমো ভগৱন্ত প্ৰভাৱৰ নাহি সীমা।
আপুনাৰ গুণে ছন্ন কৰিছা মহিমা।।
অৱতাৰি সাধিবা দেৱৰ প্ৰয়োজন।
সাধুৰ কল্যাণ সাধি বধিবা দুৰ্জ্জন।।৩১৩।।
নমো নমো পৰম মঙ্গল বাসুদেৱ।
নমো যদুপতি কৃষ্ণ পৰি কৰো সেৱ।।
তোহ্মাৰ ভৃত্যৰ ভৃত্য জানিবা আহ্মাক।
নাৰদৰ প্ৰসাদেসে দেখিলো তোহ্মাক।।৩১৪।।
বাক্যে মোৰ নেৰোক তোহ্মাৰ গুণনাম।
তোহ্মাৰ কথাক কৰ্ণে কৰোক বিশ্ৰাম।।
হস্তে মোৰ থাকোক তোহ্মাৰ কৰ্ম্ম কৰি।
মন মোৰ ৰহোক তোহ্মাৰ পাৱ স্মৰি।।৩১৫।।
সমস্তে ভুততে তুমি আছা জগন্নাথ।
তাসম্বাক প্ৰণামি থাকোক মোৰ মাথ।।
তোহ্মাৰ ভক্তক চক্ষু চাউক অনুক্ষণ।
শুনি হৰি হাসি দুইকো বুলিলা বচন।।৩১৬।।
জানিলো কৰিলা কৃপা দয়ালু নাৰদ।
শ্ৰী গুচাই তোৰা দুইৰো গুচাইলা আপদ।।
মোৰ ভকতৰ দৰশনে ছিণ্ডৈ বন্ধ।
যেন সূৰ্য্য উদয়ে চক্ষুত গুচৈ অন্ধ।।৩১৭।।
আহ্মাত ভকতি দুইৰো হৈৱ অনুক্ষণ।
নিজ থানে যাহা দুয়ো দেৱতা নন্দন।।
শুনি প্ৰদক্ষিণে প্ৰণামিয়া বাৰম্বাৰ।
গৈলা কৈলাসক দুয়ো কুবেৰকুমাৰ।।৩১৮।।
নন্দ আদি গোপগণে শব্দ শুনি বৰ।
পৰিল নিৰ্ঘাত বুলি দিলেক লৱড়।।
দেখৈ পৰি আছৈ দুয়ো অৰ্জ্জুন উভৰি।
বিপৰীত দেখি সৱে চাৱৈ পাক ফুৰি।।৩১৯।।
উড়ুখল টানন্তে আচন্ত নন্দসুত।
অন্যোঅন্যে বোলৈ কিনো আশ্চৰ্য্য অদ্ভুত।।
ৰাক্ষসে পেহ্লাইল কিম্বা বৃক্ষক উভাৰি।
কিবা উতপাত ভৈল লক্ষিতে নপাৰি।।৩২০।।
গোপ শিশুগণে বোলৈ শুনিয়োক বাণী।
কৃষ্ণে ভাঙ্গিলন্ত মাজে উড়ুখল টানি।।
দোগোটা পুৰুষ গৈল বৃক্ষৰ বজাই।
কৃষ্ণয়েৰে কিবা কৈল আছিলোহো চাই।।৩২১।।
শিশুৰ বচন বুলি কেহো নমানিল।
বন্দী হুয়া আছা নন্দে কৃষ্ণক দেখিল।।
হাসিলন্ত কোনে হেন কৰিলন্ত বুলি।
বান্ধ মেলি কৃষ্ণক কোলাত লৈলা তুলি।।৩২২।।
এহিমতে জগতৰ গুৰু ভগৱন্ত।
গোকুলক আনন্দিত কৰিয়া ক্ৰীড়ন্ত।।
নাচ বুলি বাৱৈ কতে গোৱালে চাপৰি।
নাচিবে লাগন্ত কৃষ্ণে অঙ্গিভঙ্গি কৰি।।৩২৩।।
কতো গীত গান্ত কৃষ্ণে গোপীৰ বচনে।
ছায়া পুতলাক যেন নচাৱৈ যতনে।।
কেহো বেলা গোপিকাৰ শুনি আজ্ঞা বাণী।
থাকন্ত চাপৰি ধৰি পানৈ পিৰা খানি।।৩২৪।।
ভকতৰ বশ্য মঞি দেখায়া লোকত।
খেলাৱন্ত মালাৰী গোপগণৰ আগত।।
নানা বিধ শিশুলীলা কৰি হৃষীকেশ।
ব্ৰজৰ বঢ়ান্ত হৰি হৰিষ অশেষ।।৩২৫।।
কোনে ফল লৱৈ বুলি ডাকিল পসাৰী।
ধান্য দিয়া হাত পাতি থাকন্ত মুৰাৰি।।
কৃষ্ণৰ হস্তক ভৰি দেই ফল বাছি।
সুৱৰ্ণ ৰজতে তাইৰ উপচিল পাছি।।৩২৬।।
কতো দিন ৰামকৃষ্ণ শিশুগণে বেঢ়ি।
যমুনা তীৰত ৰঙ্গে খেলাৱন্ত খেড়ি।।
ডাকিলা ৰোহিণী দুয়ো তনয়ক চাই।
নাসে ৰাম কৃষ্ণ খেড়ি খেলাইবাক পাই।।৩২৭।।
হেন দেখি যশোদাক পঠাইলা ৰোহিণী।
মোৰ বোলে নাসৈ শিশু চলিয়ো আপুনি।।
যশোদা সুন্দৰী গৈয়া দেখিলন্ত পাচে।
প্ৰভাতৰে পৰা কৃষ্ণে খেলাৱন্তে আছে।।৩২৮।।
পুত্ৰস্নেহে ডাক ছাড়ি বোলন্ত বচন।
কৃষ্ণ কৃষ্ণ বাপ পুত্ৰ কমললোচন।।
ক্ষধুয়ে পীড়িলে বাপ আছস প্ৰসায়ি।
ক্ৰীড়া এড়ি কোলে চৰি স্তন পিউ আসি।।৩২৯।।
হে ৰাম আইস বাপ কুলেৰ নন্দন।
ক্ৰীড়াশ্ৰান্ত ভৈলি কৈলি প্ৰভাতে ভোজন।।
গোপৰাজে তোহ্মাক আছন্ত বাট চাই।
দুইহান্তৰ প্ৰীতি আতি সাধিয়ো পুতাই।।৩৩০।।
ধূলা লাগি আছে গাৱে কৰা আসি স্নান।
তোৰ জন্ম নক্ষত্ৰ বিপ্ৰক দেহ দান।।
দেখ দেখ আনো যত গোপৰ কুমাৰ।
খাযা দায়া ফুৰৈ ৰঙ্গে পিন্ধি অলঙ্কাৰ।।৩৩১।।
হেন জানি পুত্ৰ আশি হুয়ো সালঙ্কৃত।
পাচে ক্ৰীড়া কৰা বাপ ভুঞ্জি পঞ্চামৃত।।
জগতৰ চূড়ামণি যিটো দেৱহৰি।
তাঙ্কে পুত্ৰ বুলি সতী নেন্ত হাতে ধৰি।।৩৩২।।
ধুৱাই খুৱাই পুত্ৰক পিন্ধায়া অলঙ্কাৰ।
মিলৈ মহা উৎসৱ ৰোহিণী যশোদাৰ।।
এঙিমতে ভকতৰ গতি নাৰায়ণ।
গোকুলৰ আনন্দ বঢ়ায়া অনুক্ষণ।।৩৩৩।।
শুনা সভাসদ পদ মহাভাগৱত।
দেৱৰ দেৱতা যিটো ব্ৰহ্মাৰো নমস্য।
ভৈলা ভকতিতে আসি গোৱালীৰ বশ্য।।৩৩৪।।
মহাজ্ঞানীগণে যাক ধ্যানতো নপান্ত।
অনন্তে সহস্ৰ মুখে যাৰ গুণ গান্ত।।
হেন হৰি ভৈলা গোপ গোপীৰ সঙ্গতি।
কোননো নসাধৈ বন্ধু কৃষ্ণৰ ভকতি।।৩৩৫।।
আশা নামে নদী ঘোৰ জল মহাধন।
নানা বিধ তৃষ্ণা তাত ঢউ সবৰ্ক্ষণ।।
কাম ক্ৰোধ ভৈল আত কুম্ভীৰ মগৰ।
নানা তৰ্ক বিতৰ্ক গহন ভয়ঙ্কৰ।।৩৩৬।।
মোহচয় মহাপাপ চিন্তায়ে কাষৰ।
দিন ৰাত্ৰি ভৈল আত বেগ খৰতৰ।।
ক্ষণে ক্ষণে নেই ধৈৰ্য্যা বৃক্ষক খসাই।
যত জীৱৰাশি আত জাজি উটি যায়।।৩৩৭।।
কৃষ্ণপদ নৌকা বিনে নযায় তৰণ।
হেন জানি লৈয়ো ঝান্টে কৃষ্ণত শৰণ।।
ভকতৰ সঙ্গত শুনিয়ো কৃষ্ণকথা।
মুখে মাধৱৰ নাম লৈয়োক সৰ্ব্বথা।।৩৩৮।।
মাধৱৰ পাদপদ্ম নৌকা কৰি সাৰ।
অপ্ৰয়াসে তড়া আশা নদীৰ নিকাৰ।।
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে যুগুতি।
বোলা ৰাম ৰাম পাইবা হাততে মুকুতি।।৩৩৯।।
...............
।।বৃন্দাবনলৈ গমন।।
।।দুলড়ী।।
দিনেক আসি বৃদ্ধ বৃদ্ধ গোপে
পাতিলা বসি সমাজ।
নন্দ আদি কৰি চিন্তিবে লাগিলা
গোকুলৰ হিত কায।।
পাচে উপনন্দ নামে একজন
বৃদ্ধ গোৱালৰ ঘাগি।
সৱাকো সম্বুধি বোলৈ এতিক্ষণে
আসা ঐৰ গুচো ভাগি।।৩৪০।।
অনেক উৎপাত মিলান্তে আছয়
পাইলেক ঐত আপদে।
পুতনাৰ হাত এড়াইলন্ত কৃষ্ণে
দৈৱ ৰাখিলেক পদে।।
হৰিৰ কৃপাত উলটি শকট
নপৰিল তান গাত।
আকাশত লাগি শিশুক নিলেক
ঘোৰ দৈত্য চক্ৰবাত।।৩৪১।।
শিলাত পৰিল আপুনি মৰিল
কৃষ্ণক ৰাখিলা হৰি।।
মহাভাগ্যে শিশু ইবাৰো এড়াইল
পৰন্তে বৃক্ষ উভৰি।।
হেন জানি ঐৰ অন্তৰো সত্বৰে
যদি শুনা সৱে হিত।
বৃন্দাবন নামে মহাস্থান আছৈ
সৱায়ো বঞ্চো তহিত।।৩৪২।।
হেন শুনি সৱে একমতি হুয়া
প্ৰশংসি বৃদ্ধ গোপক।
সৱ পৰিবাৰে শকটত চড়ি
লড়িলা বৃন্দাবনক।।
মহাযত্নে হাতে শৰ ধনু ধৰি
আগ কৰি ডাকে ধেনু।
শিঙ্গা নাদে দিশ বিদিশ পুৰিলা
কতো যায় বাই বেণু।।৩৪৩।।
...........
।।বৎসাসুৰ আৰু বকাসুৰ বধ।
।।ছবি।।
শকটত চড়ি লড়ি গোপীগণে যায় সুখে
শোভৈ স্তন নতুন কুঙ্কুমে।
কৃষ্ণৰ বালক লীলা সুমৰি সুমৰি ৰঙ্গ
গাৱৈ গীত বসি জুমা জুমে।।
যশোদা ৰোহিণী যায় একে শকট চড়ি
কৃষ্ণক ৰামক কোলে লই।
পুত্ৰ দুইৰ কথা মাত উৎসুকে শুনন্তে যান্ত
পাচে পাইলা বৃন্দবন গই।।৩৪৪।।
গোপগণ সমে নন্দ অৰ্দ্ধ চন্দ্ৰকাৰ কৰি
গোপপুৰী নিৰ্মিলা তহিত।
বৃন্দাবন গোৱৰ্দ্ধন দেখি যমুনাৰ বালি
ৰামকৃষ্ণ ভৈলা আনন্দিত।।
নানা শিশুলীলা দেখাই ৰাম কৃষ্ণ দুয়ো ভাই
ভৈলা পাচে বৎসপাল ৰঙ্গে।
ব্ৰজৰ কাছতে মেলি চাৰন্ত দামুৰি দুয়ো
আনো গোপশিশুগণ সঙ্গে।।৩৪৫।।
কুমাৰ কালৰ লীলা দেখায়া বাৱন্ত বেণু
কতো গোড়া গুৰি কৰে ভৰি।
বেল আমলখী ফলে কতো দলি যুদ্ধ খেলে
গৰু যেন ফুৰন্ত হাণ্ঠুৰি।।
মৈৰা কোকিলক চাই শিহঁৰন্ত দুয়ো ভাই
যেহেন অজ্ঞান শিশু দুই।
দিনেক এগোটা দৈত্য কৃষ্ণক বধিবে মনে
আসিলেক বৎসৰূপ হুই।।৩৪৬।।
..........
।।দুলড়ী।।
দামুৰিৰ জাকে পশি লুকা দিল
কৃষ্ণে দেখিলন্ত পাচে।
বলাইত ইঙ্গিতে দেখাই আন ছলে
গৈলা হৰি তাৰ কাছে।।
লাঙ্গুলে সহিতে পাচ দুয়ো ভৰি
ধৰি তাক চক্ৰপাণি।
পাক ফুৰাই আনি কপিত্থক লাগি
পঠাইলন্ত মেলি হানি।।৩৪৭।।
দৈত্যে প্ৰাণ ছাড়ি কপিত্থক পাৰি
পৰিল আসি মাটিত।
গোপশিশুগণে কৃষণক প্ৰশংসৈ
মনত হুয়া বিস্মিত।।
এহিমতে তৈত কৃষ্ণ আদিদেৱ
বৎস অসুৰক মাৰি।
মুখ্য বৎসপাল হুয়া দুয়ো ভাই
ফুৰন্ত দামুৰি চাৰি।।৩৪৮।।
সমস্তে বৎসক পিয়াইলন্ত পানী
নমায়া নদীত পাচে।
গোপশিশুগণে দেখৈ গৈয়া তৈত
মহাজন্তু এক আছে।
বজ্ৰৰ সন্ধানে পৰ্ব্বত শিখৰ
যেন পৰি আছৈ খসি।
বক ৰূপ ধৰি দুৰ্ব্বাৰ দানৱে
চুম্পি আছৈ তৈতে বসি।।৩৪৯।।
তীক্ষ্মতৰ ঠোণ্ঠ দেখি শিশুগণে
ভয়ে কাম্পে তৰতৰি।
বকে খেদি আসি কৃষ্ণক গিলিলে
চাম্প দিয়া ঠোণ্ঠে ধৰি।।
হেন দেখি পাচে গোপশিশুগণে
যেন গৈল সৱে মৰি।
প্ৰাণ বিনে যেন তনু কিছো নোহো
তাসম্বাৰো তেনে হৰি।।৩৫০।।
...........
।।ছবি।।
শুনিয়োগ সভাসদ কৃষ্ণৰ চৰিত্ৰ ইটো
পাতকৰ সম্যক অন্তক।
শুনন্তে কৰ্ণত যেন অমৃত বৰিষৈ ধাৰে
স্ৰৱৈ মহা মুকুতি ৰসক।।
যত আছৈ সদকৰ্ম্ম যাৰ যেন জাতি ধৰ্ম্ম
সৱে অপ্ৰয়াসে আতে সিজৈ।
তপ জপ যজ্ঞ যাগ যোগ তীৰ্থ ব্ৰত দান
ইহাতে সমস্তে পূণ্য বীজৈ।।৩৫১।।
বিষয়ৰ যত ভোগ সৱে কৰৈ উপভোগ
থাকে পুত্ৰ দাৰা সমন্বিতে।
নকৰৈ বৈদৰ কৰ্ম্ম এৰিলেক নিজধৰ্ম্ম
পৰহিংসা কৰৈ নিতে নিতে।।
নজানয় জ্ঞান তত্ত্ব ব্ৰহ্মচৰ্য্য তীৰ্থ ব্ৰত
নাহি বিৰকতি বিষয়ত।
চিত্তক নিৰ্ম্মল কৰৈ হেন ধৰ্ম্ম পৰিহৰৈ
এড়ৈ আন তন্ত্ৰ মন্ত্ৰ যত।।৩৫২।।
কায় বাক্য মনে দৃঢ় কৰিয়া একান্ত চিতে
হৰিনাম লৱৈ মাত্ৰ মুখে।
সমস্ত ধাৰ্ম্মিকো দুখে যিটো গতি নপাৱয়
সিটো গতি পাৱৈ মহাসুখে।।
এড়ি হেন হৰিনাম কৰি মৰৈ আন কাম
কিনো নৰ ভৈল হতবুদ্ধি।
সমস্ত ব্যাধিক হৰৈ তথাপি চিতনি মৰৈ
যেন ৰোগী কোচতে আষুধি।।৩৫৩।।
ক্ষণে ক্ষণে আয়ু যায় তথাপি চেতন নাই
কিনো বিপৰীত ভৈল মায়া।
একেতিলে মৰি যায় এই আছে এই নাই
সম্যকে মেঘৰ যেন ছায়া।।
জানিয়া একান্ত মতি ভকতিত কৰা ৰতি
ছাড়া ভাষভুষ কাম।
সমস্তে দুখক বঞ্চা অক্ষয় পুণ্যক সাঞ্চা
নিৰন্তৰে বোলা ৰাম ৰাম।।৩৫৪।।
.........
।।বকাসুৰ বধ।।
।।পদ।।
হৰি তাৰ তালুত লাগিলা যেন জুই।
পেহ্লাইলেক ছাদি বকে বিমূৰ্চ্ছিত হুই।।
কংস সখা বকৰূপী দানৱ দুৰ্জ্জনে।
দুনাই ঠোণ্ঠে ধাইল কোপে প্ৰহাৰিবে মনে।।৩৫৫।।
দেখিয়া তেখনে কৃষ্ণে উঠিয়া আচোটে।
চাম্প দিয়া দুই হাতে ধৰি দুই ঠোণ্ঠে।।
গোপ শিশুগণে ৰঙ্গে চাহি আছৈ তাক।
লীলায়ে ছিড়িলা যেন বিৰিণা পাতাক।।৩৫৬।।
দেখি দেৱতাৰ বৰ আনন্দ মিলিলা।
কৃষ্ণৰ শিৰত দিব্যপুষ্প বৰিষিলা।।
বাইল শঙ্খ ভেৰি ৰঙ্গে বুলি তুতি বাক।
পৰম বিস্ময় ভালৈ গোপশিশুজাক।।৩৫৭।।
কৃষ্ণক সাৱটি সৱে তুলিলন্ত হাস।
প্ৰাণ পাইলে হৱৈ যেন তনুৰ উল্লাস।।
বৎস লেয়া আইলা সৱে ব্ৰজক উলটি।
বকৰ বধক কৈলা ব্ৰজত প্ৰকাটি।।৩৫৮।।
শুনি গোপগণ ভৈলা পৰম বিস্ময়।
মৰি উপজিলা আজি নন্দৰ তনয়।।
বেঢ়ি বেঢ়ি কৃষ্ণক চাহৱৈ ৰঙ্গমনে।
পৰম অমৃত যেন পিয়ন্ত নয়নে।।৩৫৯।।
অন্যোঅন্যে বোলৈ ওবা দেখিয়ো অদ্ভুত।
শিশুৰ মৃত্যুৰ দশা গৈলেক বহুত।।
আঙ্ক হিংসিবাক আসে যত দৈত্য সঙ্গ।
আপুনিসে মৰৈ যেন অগ্নিত পতঙ্গ।।৩৬০।।
গৰ্গে গণি কহিলেক সাৰ্থক বচন।
ইটো শিশু দুয়ো গুণে যেন নাৰায়ণ।।
এহিমতে গোপ গোপী কহি কৃষ্ণকথা।
নজানিলা সংসাৰৰ বেদনাক তথা।।৩৬১।।
এহিমতে ৰামকৃষ্ণ ক্ৰীড়ন্তে আশেষ।
পাঞ্চ গুচি ভৈল ছয় বৰিষ প্ৰৱেশ।।
শুকমুণি বদতি শুনিয়ো পৰীক্ষিত।
শুনা সুখে কহো আৰো কৃষ্ণৰ চৰিত।।৩৬২।।
কদাচিত বনত ভূঞ্জিৱে ইচ্ছা কৰি।
প্ৰভাতে উঠিয়া শিঙ্গা ডাক দিলা হৰি।।
নিশান বুজিয়া গোপশিশু অসংখ্যাত।
লৈলা সিকিয়াত বান্ধি কান্ধে দধি ভাত।।৩৬৩।।
গাৱে গাৱে অসংখ্য দামুৰি আগ কৰি।
লড়ি গৈলা হাতে শিঙ্গা বেত বাঁশী ধিৰ।।
কৃষ্ণৰ অসংখ্য বৎস তাকে বাটি লই।
চৰাৱৈ বনত ৰঙ্গে আপুনো ক্ৰীড়য়।।৩৬৪।।
পিন্ধৈ মৈৰা পাখি গুঞ্জা থোকা কিশলয়।
কৃষ্ণক আৱৰি বৃন্দাবনে উমলয়।।
কেহো কাৰ সিকিয়াক চুৰি কৰি আনি।
জানৈ যেৱে দূৰক পেলাৱৈ মেলি হানি।।৩৬৫।।
আউৰ গোটে তহিৰো পেলাৱে অন্তৰায়।
হাসি হাসি দেই পাচে আনিয়া দুনাই।।
যেৱে দূৰহন্ত কৃষ্ণ চাহান্তে বৎসক।
প্ৰতিজ্ঞা কৰিয়া চোৱৈ লৱড়ি কৃষ্ণক।।৩৬৬।।
ভ্ৰমন্ত আনন্দে কতো শিঙ্গা বাঁশী বায়।
পক্ষীৰ ছায়াৰ লগে কতো ফুৰে ধাই।।
কুলিক সিহাৰি কতো কুহু কুহু কৰে।
ভ্ৰমৰৰ লগে কতো কৌতুকে গুঞ্জৰে।।৩৬৭।।
হংসৰ লগত কতো ফুৰৈ ভৰি খুম্পি।
বকৰ লগত কতো বসি থাকৈ চুম্পি।।
মৈৰাৰ লগত কতো ৰঙ্গে কৰৈ চালি।
চাম্প দিয়া ধৰৈ বানৰৰ লাঞ্জ পালি।।৩৬৮।।
কতো বৃক্ষে চড়ি বানৰক লগাই মাত।
কৰৈ আতি ভ্ৰূকুটি খেকট কৰি দান্ত।।
বেঙ্গৰ লগত কতো ফুৰৈ ডেৱ পাৰি।
কতো খলখলি হাসৈ ছায়াক সিঁয়াৰি।।৩৬৯।।
মহাভকতৰ যিটো পৰম দৈৱত।
মহাযোগীগনে যাক নেদেখে ধ্যানত।।
হেন ব্ৰহ্ম চক্ষুৰ গোচৰ ভৈলা যাৰ।
কতনো বৰ্ণাইবো ভাগ্য ব্ৰজৰ প্ৰজাৰ।।৩৭০।।
শিশুগণে মহাপূণ্য কৰি আছৈ কত।
অনুক্ষণে ক্ৰীড়ৈ ৰঙ্গে কৃষ্ণৰ লগত।।
..................
।।অঘাসুৰ বধ।।
আত অনন্তৰে কথা শুনিয়োক পাচে।
অঘ নামে অসুৰ তথাতে চুম্পি আছে।।৩৭১।।
বক পুতনাৰ সিটো সোদৰ কনিষ্ঠ।
কংসে পাঞ্চিলেক চিন্তি কৃষ্ণৰ অনিষ্ট।।
কৃষ্ণে সমে ক্ৰীড়ৈ দেখি গোপশিশুচয়।
কটকটাই আখি মনে গুণে দুৰাশয়।।৩৭২।।
এহি কৃষ্ণে বধি আছৈ ভ্ৰাতৃ ভগিনীক।
তাক আজি মাৰিয়া তৰ্পিবো সিটো দুইক।।
হেন মনে গুণি দুষ্ট দৈত্যে পাতি কাপ।
আগ ভেন্টি ভৈল ঘোৰ অজগৰ সাপ।।৩৭৩।।
দীৰ্ঘে এক যোজন জুড়িল কলেৱৰ।
বাইল বেন্তগোট যেন গিৰিৰ গহ্বৰ।।
তল ওঠগোট নমাই মাটিত থাপিল।
ওপৰৰ ওঠ গৈয়া মেঘত লাগিল।।৩৭৪।।
পৰ্ব্বতৰ শৃঙ্গ যেন দান্ত দুই পালি।
মেলিলেক জিহ্বাখান যেন ৰাজআলি।।
প্ৰচণ্ড বতাহ যেন নিশ্বাস ফোঁকাৰে।
ৰঙ্গা দুই চক্ষু জুই আঙ্গনি আকাৰে।।৩৭৫।।
বৎস লৈয়া আসি দেখিলেক শিশুজাক।
সিটো বৃন্দাবনৰ প্ৰদেশ মানি তাক।।
অন্যো অন্যে বোলৈ ওবা যেন সৰ্প প্ৰায়।
আহ্মাক গিলিবে লাগি আছৈ বেন্ত বাই।।৩৭৬।।
ৰঙা মেঘখণ্ড যেন উপৰ ওঠ লেখি।
মেঘৰ ছায়াক তল ওঠ যেন দেখি।।
গিৰিশৃঙ্গ ভৈল যেন দান্ত দুই পালি।
জিহ্বা যেন প্ৰকাশে বহল ৰাজআলি।।৩৭৭।।
আহ্মাক গিলিবে লাগি কৰিছে প্ৰবন্ধ।
কৃষ্ণৰ হাতত আৰ পৰিবেক কন্ধ।।
এহি বুলি থমকিল গোপশিশুগণ।
উলটি কৃষ্ণৰ দেখৈ প্ৰসন্ন বদন।।৩৭৮।।
নাহি ভয় বুলি সৱে বজায়া চাপৰি।
অঘৰ গৰ্ভত সৱে পশিলা ৰঙ্গ কৰি।।
কৃষ্ণে জানিলন্ত পাচে মিলিল অন্যায়।
গিলিবাক লাগি আছে সৰ্পে বেন্ত বায়।।৩৭৯।।
বাধিবে খোজন্তে গৈয়া পশিল গৰ্ভত।
ভকত অভয়দাতা গুণন্ত মনত।।
হা নষ্ট ভৈল মোৰ গোৰক্ষ দামুৰি।
এক্ষণে কৰিবে জীৰ্ণ দুৰ্ব্বাৰ অসুৰি।।৩৮০।।
কেনমতে ৰাখো অসুৰখ কৰো হত।
হেন চিন্তি পশিলন্ত অঘৰ গৰ্ভত।।
মেঘত লুকায়া দেৱে কৰে হাহাকাৰ।
ইবাৰ বুড়িল আৱে সমূলি আহ্মাৰ।।৩৮১।।
অঘৰ বান্ধৱ যত দৈত্য মহাবলী।
জোকাৰ পাৰিয়া হাসিলেক খলখলি।।
জীৰ্ণ কৰিবাক চাৱৈ অসুৰ নিস্খল।
বাঢ়িবে লাগিলা বেগে কৃষ্ণে ভেন্টি গল।।৩৮২।।
নিৰোধিলা কণ্ঠ তাৰ নিশ্বাস নোহ্লাই।
পাৰৈ মোৰামুৰি দুয়ো চক্ষু উলটাই।।
পেট ফিকি ভিতৰত বায়ু দিলা টান।
মূৰ্দ্ধা ফুটি অসুৰৰ বাজ ভৈল প্ৰাণ।।৩৮৩।।
মৰিল গোৰক্ষ গৰু কৃষ্ণে আন্টা পাইলা।
অমৃত নয়নে চাই তেখনে জীয়াইলা।।
আগ কৰি সবাকো সাধিয়া দেৱকাজ।
অঘৰ গৰ্ভৰ পৰা ৰঙ্গে ভৈলা বাজ।।৩৮৪।।
অঘৰ অদ্ভুত তেজপুঞ্জ জ্বলি আসি।
কৃষ্ণত পশিলা দশোদিশক প্ৰকাশি।।
দেখি ত্ৰিদশৰ বৰ কৌতুক মিলিল।
কৃষ্ণৰ শিৰত দিব্যপুষ্প বৰিষিল।।৩৮৫।।
অপেশ্বৰা নাচৈ গাৱৈ গন্ধৰ্ব্বে মৃদঙ্গ।
জয়ধ্বনি কৰৈ দেৱে অনেক পায়া ৰঙ্গ।।
শুনি ব্ৰহ্মা তাৱক্ষণে মিলিলন্ত তয়।
কৃষ্ণৰ মহিমা দেখি ভৈলন্ত বিস্ময়।।৩৮৬।।
সিটো অজগৰৰ শুখাল যেৱে ছাল।
গোপগণে তাত ক্ৰীড়িলেক বহুকাল।।
অঘৰ বধক সৱে গোপৰ কুমাৰে।
কহিলেক গৈয়া এক বৰিষ অন্তৰে।।৩৮৭।।
ইটো কৰ্ম্ম কৃষ্ণৰ অদ্ভুত কিছো নুই।
অঘো মহামোক্ষক পাইলেক যাক ছুই।।
মনে কল্পি হৃদয়ত প্ৰতিমা যাহাৰ।
যিটোজনে প্ৰৱন্ধিয়া চিন্তে একবাৰ।।৩৮৮।।
সিটো পাৱৈ উত্তম ভক্তৰ যিটো গতি।
সাক্ষাতে আছিলা আত কি কৈবো সম্প্ৰতি।।
................
।।ভোজন বাহাৰ।।
শুনি কুৰু নৃপতিৰ মিলিল সংশয়।
পুছিলন্ত কথা দুনাই শুকত বিনয়।।৩৮৯।।
কি কাৰণে গোপশিশুগণে নিৰন্তৰে।
অঘবধ কৈলা এক বৰিষ অন্তৰে।।
কহিয়োক শুক গুৰু ধন্য ধন্য জীঞো।
কৃষ্ণৰ অমৃত কথা তযু মুখে পিঞো।।৩৯০।।
নৃপতি পুছিলা শুকে কৃষ্ণক স্মৰিলা।
লাগিল সমাধি মন আনন্দে মজিলা।।
কথমপি তৈৰপৰা চিত্ত কৰি বাজ।
বোলন্ত শুনিয়ো ভাগৱত মহাৰাজ।।৩৯১।।
সাৰ্থক পুছিলা ধন্য কৌৰৱ নন্দন।
কৃষ্ণৰ কথাত শ্ৰদ্ধা বাঢ়ে অনুক্ষণ।।
বিষ্ণু ভকতৰ সিটো সহজ লক্ষণ।
সদা মাধৱৰ কৰৈ শ্ৰৱণ কীৰ্ত্তন।।৩৯২।।
কৃষ্ণৰ কথাত ক্ষেণে ক্ষেণে প্ৰীতি বাঢ়ে।
যেন কামাতুৰে স্ত্ৰীৰ আলাপ নছাড়ে।।
মহা গোপ্যকথা ইটো যদ্যপি নৃপতি।
তথাপি তোহ্মাত কহো শুনা একমতি।।৩৯৩।।
মৃত্যুত ৰাখিয়া কৃষ্ণে বৎস শিশুগণ।
যমুনাৰ বালি নমাই বুলিলা বচন।।
দেখিয়ো কোমল বালি কেন ৰম্য থান।
পদ্মগন্ধে ভ্ৰমৰক কৰয় আহ্বান।।৩৯৪।।
বেঢ়ি বেঢ়ি পদ্মক গুঞ্জৰৈ হুয়া মত্ত।
দেখা বৃক্ষো মাতৈ যেন ইহাৰ লগত।।
বেলা গৈল আসা ঐতে কৰিয়ো ভোজন।
পানী পিয়া কাছতে চৰোক বৎসগণ।।৩৯৫।।
গোপশিশুসকলে কৃষ্ণৰ শুনি বাণী।
গাৱে গাৱে বৎসক পিয়াইলা নিয়া পানী।।
থৈলা দধি ভাত সিকিয়াৰ পৰা মেলি।
কৃষ্ণে সমে ভুঞ্জিৱে লাগিলা কৰি কেলি।।৩৯৬।।
কৃষ্ণৰ চৌভিতি সৱে গোপৰ কুমাৰে।
বসিলা অনেক শাৰী মণ্ডল আকাৰে।।
কৃষ্ণক সন্মুখে চাই প্ৰফুল্ল লোচন।
কৰন্ত প্ৰকাশ সৱে গোপশিশুগণ।।৩৯৭।।
মাধৱক মধ্য কৰি কৰে সৱে খেড়ি।
পদ্মৰ চকাক যেন পত্ৰে আছৈ বেঢ়ি।।
পদ্মৰ কৰ্ণিকা ভৈলা নন্দৰ তনয়।
গোপশিশুগণ পদ্মপত্ৰৰ অম্বয়।।৩৯৮।।
কেহো পুষ্পপত্ৰত থৈলন্ত দধি ভাত।
ফল পল্লৱত কতো থৈলা সিকিয়াত।।
শিলাচয় পাৰি কতো কতো থৈলা অন্ন।
কৰন্ত হৰিষে শিশু সমস্তে ভোজন।।৩৯৯।।
অন্যোঅন্যে দেখাৱন্ত কতো হাত তুলি।
সৱাতো অধিক মোৰ অন্ন স্বাদ বুলি।।
চাম্প দিয়া নিয়া আউৰ জনে ভুঞ্জৈ আসি।
তাক দখি সমস্তৰে ৰিঙ্গজোত হাসি।।৪০০।।
চুৰি কৰি দধি দুগ্ধ কেহো নেই লুটি।
হাসৈ হসুৱাৱৈ কতো কৰিয়া ভ্ৰূকুটি।।
এহিমতে কৃষ্ণে সমে ভুঞ্জৈ শিশুগণ।
শুনিয়ো ভুঞ্জত যেনমতে নাৰায়ণ।।৪০১।।
পৰম ঈশ্বৰ হুয়া দধি ভাত মেলি।
ভুজন্ত কৰিয়া কৃষ্ণে বালকৰ কেলি।।
বামকাষে শিঙ্গা বেতৰিত আটি লই।
মোহন বাংশীক আনি বেৰটিত থই।।৪০২।।
আঙ্গুলিত ফল বামহাতে লৈয়া গ্ৰাস।
সুহৃদ শিশুক চাই কৰি পৰিহাস।।
হসুৱাই সৱাকো ভুঞ্জন্ত যদুৰায়।
দেৱগণে আনন্দে আকশে আছৈ চাই।।৪০৩।।
এহিমতে ৰঙ্গ ঢঙ্গ কৰি বিপৰীত।
ভুঞ্জে শিশুগণে গোৱিন্দত দিয়া চিত।।
অনন্তৰে বৎসচয় চড়ি তৈৰ হন্তে।
তৃণলোভে বনমাজে পশিল চৰন্তে।।৪০৪।।
বৎসক নেদেখি পাচে গোপশিশুচয়।
চকতি নয়নে চাৱৈ হুয়া মহাভয়।।
পেহ্লাইবাক চাহাৱৈ মুখৰ দধি ভাত।
দেখিয়া মাধৱে নিষেধিলা তুলি হাত।।৪০৫।।
নাহি ভয় সখিসৱ নেৰিবা ভোজন।
এতিক্ষণে আনিবো বিচাৰি বৎসগণ।।
সমস্তে শিশুক চাই বুলিয়া আশ্বাস।
লড়ি গৈল গোৱিন্দো হাতত লায়া গ্ৰাস।।৪০৬।।
দামুৰিৰ খোজ গুড়ি যান্ত একেশ্বৰে।
অনেক শঙ্কট স্থান পৰ্ব্বত গহ্বৰে।।
লতাৰ সান্ধিত পশি নহালি পজাল।
বৎসক বিচাৰি বনে ভ্ৰমন্ত গোপাল।।৪০৭।।
শুনা সভাসদ ভাগৱত নিৰন্তৰ।
সেৱক বৎসল নাহিমাধৱত পৰ।।
ভকতৰ পদে কৃষ্ণ আকুল আপুনি।
হেনয় হৰিক নভজয় কোন গুণী।।৪০৮।।
দেখা কেন বিপৰীত লীলা মাধৱৰ।
যিটো ব্ৰহ্ম নুহিকন্ত জ্ঞানৰ গোচৰ।।
যিটো অন্তৰ্য্যামী যজ্ঞভোক্তা ভগৱন্ত।
হেন হৰি গোপশিশু লগত ভুঞ্জন্ত।।৪০৯।।
হেন কৃপাময় দেৱ কৈত পাইবা আৰ।
জানিয়া কৃষ্ণৰ চৰণক কৰা সাৰ।।
ধৰ্ম্ম অৰ্থ কাম মোক্ষ ভকতিতে পাই।
হেন চিন্তামণি জন্ম হাততে হৰায়।।৪১০।।
ভৈল একাকাৰ লোক কলিত সম্প্ৰতি।
হৰিনাম বিনা কাৰো নাহি আন গতি।।
কলিৰ লোকৰ মন মলিন অপাৰ।
অন্যত্ৰ ধৰ্ম্মত কাৰো নাহি অধিকাৰ।।৪১১।।
ৰাম হেন দুগুটি অক্ষৰ যিটো নৰে।
পৰম শ্ৰদ্ধায়ে আক সৰ্ব্বদায়ে স্মৰে।।
সিসে নৰে তৰে ঘোৰ সংসাৰ আপদ।
অনায়াসে পাৱৈ সুখে মুকুতি সম্পদ।।৪১২।।
সত্য যুগে যেন ফল পাৱৈ ধ্যান কৰি।
মহা মহা যজ্ঞে ত্ৰেতা যুগে যজি হৰি।।
যেন ফল পাৱৈ পূজা কৰি দ্বাপৰত।
পাৱৈ সৱে ফল কলিযুগ্ কীৰ্ত্তনত।।৪১৩।।
হেন জানি কৃষ্ণক ভজিয়ো সৱে নৰে।
নাহি আন দেৱ বন্ধু মাধৱত পৰে।।
দুৰ্ঘোৰ সংসাৰ যাৰ নাম লৈলে তড়ি।
শঙ্কৰে ৰচিল ডাকি বোলা হৰি হৰি।।৪১৪।।
...............
।।ব্ৰহ্মাৰ গোৰক্ষ দামুৰি হৰণ।।
।।ছবি।।
অনন্তৰে ব্ৰহ্ম আসি অঘ অসুৰৰ মোক্ষ
দখি হুয়া পৰম বিস্মিত।
বালক কৃষ্ণৰ আৰো মহিমা দেখিবো বুলি
সেহি বেলা মিলিল তহিত।।
গোৰক্ষ দামুৰিচয় চুৰি কৰি যোগবলে
প্ৰৱন্ধ কৰিয়া লুকাই থৈলা।
চাঞো আৱে কেনমতে কৃষ্ণ খুজি পান্ত বুলি
ব্ৰহ্ম নিজথানে চলি গৈলা।।৪১৫।।
বনত বিচাৰি যেৱে দামুৰি নপাইলা কৃষ্ণে
দুনাই আশি নামিলা বালিত।
নিহালন্ত যদুৰায় গোৰক্ষ গোটেকো নাই
চক্ষু বলাই দেখন্ত তহিত।।
পুনৰপি পশি বনে বিচাৰন্ত নাৰায়ণে
নেদেখিয়া গোৰক্ষ দামুৰি।
হৃদয়ত ধ্যান কৰি তেখনে জানিলা হৰি
ব্ৰহ্মা আশি নিলা চুৰি কৰি।।৪১৬।।
গুণিলন্ত চক্ৰপাণি গোৰক্ষ দামুৰি নেনি
যদি যাঞো ব্ৰজক উপেখি।
তাসম্বাৰ মাতৃলোক মৰিবেক কান্দি শোকে
নিজপুত্ৰচয়ক নেদেখি।।
ব্ৰহ্মা যিবা আছা থই যাঞো যদি তাকে লই
নপাইবা আনন্দ সৃষ্টিকৰে।
হেন বিমৰিষ কৰি আপুনি ভৈলন্ত হৰি
গোৰক্ষ দামুৰি নিৰন্তৰে।।৪১৭।।
যাৰ যতমান তনু যাৰ যেন বেত বেণু
বসন সিকিয়া অলঙ্কাৰ।
যাৰ যেন ঠান মাত নাক মুখ ভৰি হাত
ভৈলা হৰি সকলে আকাৰ।।
যাৰ যেন গুণ গতি বয়স আকৃতি মতি
ভৈলা সৱে জগত নিৱাস।
সৱে বিষ্ণুময় যিটো বেদবাক্য আছৈ সিটো
ভৈল যেন সাক্ষাতে প্ৰকাশ।।৪১৮।।
অনন্তৰে দেৱ হৰি সমস্তৰে ৰূপ ধৰি
মহাৰঙ্গে লৰিল ব্ৰজক।
শিশুগণে যায় বেঢ়ি কৰিয়া বিৱিধ খেড়ি
আগ কৰি সমস্তে বৎসক।।
কতো বাৱৈ শিঙ্গা বাঁশী মহাকোলাহল হাসি
কৰি ক্ৰীড়া আপুনি অশেষ।
আপুনি গোৰক্ষ হুই আপুন বৎসক লই
ভৈলা কৃষ্ণ গোষ্ঠত প্ৰৱেশ।।৪১৯।।
বেলগাই দামুৰিক ঘৰে ঘৰে লগাই ঠিক
থৈলা নিয়া গোৱিন্দে আপুনি।
প্ৰৱেশিলা ঘৰে ঘৰে মাতৃগণো নিৰন্তৰে
পুত্ৰৰ বংশীৰ ধ্বনি শুনি।।
আথে বেথে উঠি গৈ সাৱটি কোলাত লই
কৰি সৱে পুত্ৰশিৰ ঘ্ৰাণ।
স্নেহে স্ৰৱৈ স্তন আতি ব্ৰহ্মক তনয় মানি
কৰাইলা আনন্দে সৱে পান।।৪২০।।
পাচে নমাই থৈয়া মাৱে কুড় কৃষ্ণায় ঘসি গাৱে
ধুৱাই খুৱাই পিন্ধাই অলঙ্কাৰ।
চায়া থাকৈ পুত্ৰমুখ এৰাই সংসাৰৰ দুখ
মিলৈ মহোৎসৱ তাসম্বাৰ
পূৰ্ণানন্দ দেৱ হৰি সমস্তে গোকুল ভৰি
লীলাভাৱে কৰন্ত বিহাৰ।।
যোগীজনে চিন্তে যাক গৃহতে পাইলেক তাক
কিনো ভাগ্য ব্ৰজৰ প্ৰজাৰ।।৪২১।।
কৃষ্ণে শিশুৰূপে আতি অঙ্গি ভঙ্গি কৰি মাতি
সমস্তে মাতৃক হসুৱান্ত।
সন্ধ্যা হৱৈ উপস্থিত শুনা পাচে পৰীক্ষিত
যেন ধেনুগণৰ বৃত্তান্ত।।
যত ধেনুগণ আসি আথে বেথে গোষ্ঠ পশি
কৰিয়া হুঙ্কাৰ মহাঘোৰ।
বৎসগণো আসৈ ধাই ব্ৰহ্মক তনয় পাই
মিলৈ মহা মনত সন্তোষ।।৪২২।।
ওসাৰৰ দুগ্ধ স্ৰৱৈ বৎসক পিয়াইবে লৱৈ
চেলেকন্তে অঙ্গ যেন গিলৈ।
স্নেহত তিয়ায়ৈ গাৱ উপজয় প্ৰেমভাৱ
পৰম আনন্দ আতি মিলৈ।।
কৃষ্ণক তনয় পাই স্নেহলতা বাঢ়ি যাই
ব্ৰজৰ প্ৰজাৰ অনুক্ষণ।
তাক ঢাকিবাক হিৰ নপাৰিলা যত্ন কৰি
প্ৰেমে প্ৰলম্পিয়া বৱৈ যেন।।৪২৩।।
আপুনি গোৰক্ষ হৰি আপুনাকে বৎস কৰি
বৰিষেক ফুৰান্ত চৰায়।
বৃন্দাবন প্ৰদেশক কৰি ক্ৰীড়া নানামত
এহিমতে আছা যদুৰায়।।
বলভদ্ৰো থাকি তথা নজানিলা ইটো কথা
তাহাঙ্কো মুহিলা দামোদৰে।
বৰিষেক ভৈল অন্ত যেনমতে জানিলন্ত
শুনা কথা আত অনন্তৰে।।৪২৪।।
নমো নমো নাৰায়ণ নিৰাকাৰ নিৰঞ্জন
নাহি পূৰ্ব্বাপৰ অন্ত যাৰ।
হেনয় কৃষ্ণক সেৱি শঙ্কৰে ৰচিলা ছবি
মহাভাগৱত কথা সাৰ।।
শুনিয়োক সৰ্ব্বজন কৃষ্ণত অৰ্পিয়ো মন
মহাভাগৱতৰ পয়াৰ।
ইসে পুৰাণৰ সূৰ্য্য ভকতিৰ প্ৰকাশক
সমস্তে শাস্ত্ৰৰ সাৰোদ্ধাৰ।।৪২৫।।
শুনা আৰ তত্ত্ব ভেদ কল্পতৰু ভৈলা বেদ
তাৰ ফল মহাভাগৱত।
নাহি আৰ সিঠা ছাল নাছিলেক একতাল
স্বৰ্গ মৰ্ত্ত্য পাতাল মধ্যত।।
স্বাদত অমৃতময় কেৱলে আনন্দ ৰস
আছিলা পূৰ্ব্বত বৈকুণ্ঠত।
কৃষ্ণৰ কৃপাত পাচে অৰ্দ্ধেক বয়স গৈলে
পাইলা ব্ৰহ্মা পদ্ম কলপত।।৪২৬।।
ব্ৰহ্মা দিলা নাৰদক ইটো ফল ৰহস্যক
নাৰদো ব্যাসক আনি দিলা।
নগৈল তিলেক ভাগি ইডালে সিডালে লাগি
শুকমুখে ভুমিত পঢ়িলা।।
কৰা পান ফল ইটো যাৰ আছে ভাগ্য যিটো
ৰসবিভাৱনত চতুৰ।
সাধু সঙ্গে যত্ন কৰি কৃষ্ণকথা কৰ্ণভৰি
সমস্তে আপদ কৰা দূৰ॥৪২৭॥
গিলৈ কালসৰ্পে পাই তিলে তিলে আয়ু যায়
জানি লোৱা পথৰ সমল।
পদ্মৰ পত্ৰৰ নীৰ পৰি যেন নুহি থিৰ
সেহি মত জীৱন চঞ্চল॥
মাধৱেসে পিতা মাতা ভকত অভয় দাতা
মাধৱত বিনে আন নাই।
হেন জানি যত্ন কৰি ডাকি বোলা হৰি হৰি
হৰি বিনে ব্যৰ্থে আয়ু যায়॥৪২৮॥
..........
।।বলভদ্ৰ আৰু ব্ৰহ্মাৰ মোহ।।
।।পদ।।
শুনা কৃষ্ণকথা পৰীক্ষিত মহাশয়।
বৰিষৰ আছৈ যেৱে দিনা পাঞ্চ ছয়।।
এক দিনা বৎসক চাৰন্তে নাৰায়ণ।
জ্যেষ্ঠ ৰামে সমে প্ৰৱেশিলা বৃন্দাবন।।৪২৯।।
সেহি সময়ত ধেনুগণ নিৰন্তৰে।
চৰাৱৈ গোৱালে গোৱৰ্দ্ধনৰ শিখৰে।।
বিদূৰৰে পৰা পাচে বৎসক দেখিলা।
মিলিলা আনন্দ মনে চেতন হৰিলা।।৪৩০।।
আনন্দতে আপুনাকো পাসৰি লৱৰে।
বেগে জাম্প দিয়া পৰ্ব্বতৰ পৰা পৰে।।
ওসাৰৰ দুগ্ধ স্ৰৱে লৱৰয় পালে।
দেখি দাঙ্গ তুলি আগ ভেন্টিল গোৱালে।।৪৩১।।
লাম্ফ দিয়া গোৱালকো ডেৱৈ হুঁহ্ বুলি।
সঙ্কোচিত লাঞ্জ গল উপৰক তুলি।।
বৎসক সমুখে ধাৱৈ তেজি হাম্বাৰাৱ।
বেগত সৱাৰো হেন দেখি দোধো পাৱ।।৪৩২।।
বায়ু বেগে বৎসক ত্বৰিতে পায়া লাগ।
পিয়াইবে লাগিলা স্তন আতি অনুৰাগ।।
গিলৈ যেন অঙ্গ চেলেকে সৰ্ব্বগাৱ।
পুলকিত তনু উপজিল প্ৰেমভাৱ।।৪৩৩।।
আনন্দ সাগৰে মন মজিল একান্ত।
গোৱালৰ শুনা আৱে যি ভৈল বৃত্তান্ত।।
ধেনুক ৰাখিবে নপাৰিয়া গোপগণ।
কোপে অপমানে সৱে চোবাৱৈ দশন।।৪৩৪।।
দুৰ্গম পথত সৱে পায়া মহা দুঃখ।
কাম্পে ওঠ ভ্ৰূকুটি কুটিল আতি মুখ।।
ক্ৰোধে খেদি যায় দাঙ্গ উপৰক তুলি।
কৈক যাইবে আজি কোবাই মাৰিবো সমূলি।৪৩৫।
এহিমতে খেদি গৈয়া দেখিলেক পাচে।
গোবৎস সহিত নিজ পুত্ৰগণ আছে।।
দৰশনে পুত্ৰক জুৰাই গোপগণ।
স্নেহ ৰস সাগৰত নিমজিল মন।।৪৩৬।।
ক্ৰোধ দুঃখ গুচিল পুত্ৰক পায়া লাগ।
হৃদয়ত আতি উপজিল অনুৰাগ।।
আছাড়ি পেলাইলা সৱে হাতৰ লাখুটি।
বাহু মেলি তনয়ক ধৰিলা সাৱটি।।৪৩৭।।
আনন্দে আলিঙ্গি কৰিলেক শিৰ ঘ্ৰাণ।
পাইল মহা হৰিষ শীতল তনু প্ৰাণ।।
শিহৰিল লোম নয়নৰ ঝৰে নীৰ।
তিয়াইলা লোতকে সৱে পুত্ৰৰ শৰীৰ।।৪৩৮।।
মিলৈ ব্ৰহ্মানন্দ বলভদ্ৰে আছা চাই।
ভৈলন্ত বিস্ময় নুবুজিয়া অভিপ্ৰায়।।
গৰুৰ গোপৰ স্নেহ বুদ্ধি অতিৰেক।
মনত গুণন্ত ৰামে দেখিয়া প্ৰত্যেক।।৪৩৯।।
কি ভৈল অদ্ভুত ইটো যত ধেনুগণ।
নৱ বৎস এৰি বোকণ্ডাক দেই স্তন।।
আনন্দে চেলেক যেন অঙ্গক গিলয়।
পুত্ৰক আলিঙ্গে বৃদ্ধ বৃদ্ধ গোপচয়।।৪৪০।।
ঝৰে নীৰ হৰিষতে তনু ৰোমাঞ্চিত।
মিলৈ ব্ৰহ্মানন্দ দেখো কিনো বিপৰীত।।
জগতৰে আত্মা কৃষ্ণ তান্ত যেনমতে।
অনুক্ষণে যিটো স্নেহ আছিল পূৰ্ব্বতে।।৪৪১।।
সেহিমতে নিজ তনয়ত বাঢ়ে স্নেহ।
আসম্বাৰ দেখো আজি পৰম সন্দেহ।।
মোৰ কিয় আসম্বাক অতিৰেক দায়া।
দেৱে বা অসুৰে কিবা পাতি আছৈ মায়া।।৪৪২।।
এহিমতে গুণি পাচে বুলিলন্ত ৰাম।
জানো মোৰ স্বামী কৃষ্ণৰেসে ইটো কাম।।
আনৰ কি মায়া মোক মুহিবাক পাৰে।
এহি বুলি চিন্তিলন্ত ৰোহিণী কুমাৰে।।৪৪৩।।
ৰামে পাচে চাইলা জ্ঞনচক্ষুয়ে নিহালি।
সৱে চতুৰ্ভুজ পীতবস্ত্ৰ বনমালী।।
গোৰক্ষ দামুৰি নোহে সৱে কৃষ্ণমূৰ্তি।
অদ্ভুত দেখিয়া বলো ভৈলন্ত বিশ্ৰুতি।।৪৪৪।।
সমীপ চাপিয়া পাচে পুছন্ত কৃষ্ণত।
গোৰক্ষ দামুৰি আজি দেখো কেনমত।।
মঞি জানো গোপশিশু সৱে দেৱ অংশ।
বৎসগণ যতেক সকলে ঋষিবংশ।।৪৪৫।।
সমস্তে তুমিসে আৱে দেখো বিপৰীত।
কহিয়ো সত্ত্বৰে নাথ থিৰ নুহি চিত।।
হেন শুনি হাসি হৰি দিলন্ত সিদ্ধান্ত।
নাজানাহা দাদা তুমি ইসৱ বৃত্তান্ত।।৪৪৬।।
পৰীক্ষা কৰিবে লাগি আহ্মাৰ মহিমা।
গোৰক্ষ দামুৰি চুৰি কৰি নিয়া ব্ৰহ্মা।।
মায়া থৈয়া গৈলা আপুনাৰ পুৰী।
তাতেসে আপুনি ভৈলো গোৰক্ষ দামুৰি।।৪৪৭।।
কৃষ্ণৰ বচনে জানিলন্ত হলধৰে।
শুনিয়োক কথা আৱে আত অনন্তৰে।।
ব্ৰহ্মাৰ ক্ষেণেকে গৈল ঐত বৰিষেক।
পুনৰপি ব্ৰহ্মা আসি দেখিলা প্ৰত্যেক।।৪৪৮।।
পূৰ্ব্বৱতে শিশুসৱে আছৈ ক্ৰীড়া কৰি।
বৎসচয় চাড়ন্তে আচন্ত দেৱহৰি।।
মিলিল মনত আসি বিধিৰ বিস্ময়।
যো নো আনিলন্ত সেহি বৎস শিশুচয়।।৪৪৯।।
এহি বুলি ব্ৰহ্মা পাচে গৈলা দৰদৰি।
দেখন্ত সমস্তে আছৈ শয়নত পৰি।।
আৰে জানো কতে নিল বুলি গণি চাইলা।
যত থৈলামানে গোটে গোটে লেখা পাইলা।।৪৫০।।
দুনাই দেখন্ত বিধি আসি তৈৰ হন্তে।
অহিতো ততেক শিশু আছে উমলন্তে।।
কৃষ্ণে ইটো গোৰক্ষ দামুৰি কৈত পাইল।
এহি বুলি ব্ৰহ্ম চিৰকাল চিন্তি চাইল।।৪৫১।।
কোন সঞ্চা কোন মিছা নপাৱন্ত তত্ত্ব।
মিলিলা পৰম মোহ ব্ৰহ্মাৰ মনত।।
একো সাৰ নিকাৰ নপাৱন্ত গুণি গুণি।
কৃষ্ণক মোহন্তে মোহ ভৈলন্ত আপুনি।।৪৫২।।
নিশবদ বিধি জ্ঞান চুৰুতি টুটিল।
আপুনাৰ শৰে যেন আপুনি ফুটিল।।
মহন্তক মায়া কৰি আপুনাকে নাশে।
সূৰ্য্য আগে যেন জুই আঙ্গনি প্ৰকাশে।।৪৫৩।।
সাগৰৰ আগে ক্ষুদ্ৰ নদী কৰে চটি।
বাড়ৱ বহ্নিৰ আগে যেন ফিৰিঙ্গতি।।
প্ৰচণ্ড বায়ুক জোৰৈ শিমলুৰ তুলা।
মেৰু পৰ্ব্বতৰ আগে যেন উইছুলা।।৪৫৪।।
মাসৌলৰ আগে ডড়িকাৰ উড়ু ফালি।
সিংহৰ আগত যেন মুষে মাৰে টালি।।
সেহিমতে ব্ৰহ্মা মায়া কৰিয়া কৃষ্ণত।
ভৈলন্ত আপুনি পাচে শ্ৰুতি বুদ্ধি হত।।৪৫৫।।
শুনিয়ো আশ্চৰ্য্য আৰো আত অনন্তৰে।
তধা দিয়া চাই যেৱে আছা সৃষ্টিকৰে।।
ব্ৰহ্মাৰ আগত পাচে প্ৰভু নাৰায়ণ।
এড়িলন্ত সিটো সৱে মূৰ্ত্তিক তেখন।।৪৫৬।।
ধৰিলন্ত নিজৰূপ পৰম ঈশ্বৰে।
নিৰেখি আছন্ত তাক চাই সৃষ্টি কৰে।
শিঙ্গা বাঁশী বেত যত বৎস বৎসপাল।
ভৈলা কৃষ্ণমূৰ্ত্তি সৱে তৈতে ততকাল।।৪৫৭।।
সৱে ঘনশ্যাম তনু পৰম নিৰুজ।
শোভে পীতবস্ত্ৰ অতি সৱে চতুৰ্ভুজ।।
শঙ্খ চক্ৰ গদা পদ্ম সৱাৰো হাতত।
মকৰ কুণ্ডল কৰ্ণে কিৰীটি শিৰত।।৪৫৮।।
সৱাৰো হাতত তিনিশৰীয়া কঙ্কণ।
নূপুৰে প্ৰকাশৈ আতি অৰুণ চৰণ।।
মস্তকৰে পৰা পাদপঙ্কজ পৰ্য্যন্তে।
তুলসীৰ মালা অৰ্পি আছে পূণ্যৱন্তে।।৪৫৯।।
কমল নয়ন চাৰু হসিত বয়ন।
কৰিছন্ত অৰুণ কটাক্ষ নিৰীক্ষণ।।
ভকতৰ মনোৰথ পুৰিবাক আশে।
কোটি ইন্দু সম সৱে শৰীৰ প্ৰকাশে।।৪৬০।।
একো ব্ৰহ্মাণ্ডৰ চৰাচৰ লৈয়া আসি।
গাৱে গাৱে একো ব্ৰহ্ম আছন্ত উপাসি।।
অৰ্চ্চন্ত অনেক নিয়া নৈবেদ্য বিশেষ।
নৃত্য গীত বাদ্য বেঢ়ি কৰন্ত আশেষ।।৪৬১।।
মহামায়া প্ৰমুখ্যে বিভূতি তুতি কৰি।
বেঢ়ি আঠ ঐশ্বৰ্য্যে প্ৰণামে মূৰ্ত্তি ধৰি।।
চব্বিশ তত্ত্ব তিনিগুণ বেদশাস্তৰ যত।
মূৰ্তিমন্ত ছয় তৰ্ক পুৰাণ ভাৰত।।৪৬২।।
নিষ্প্ৰভ ভৈলেক দেখি কৃষ্ণৰ মহিমা।
বোলে তুতি নতি যত তাৰো নাহি সীমা।।
বেঢ়ি বেঢ়ি কৰৈ সৱে মহিমা কীৰ্ত্তন।
মাজে মাজে প্ৰকাশন্ত প্ৰভু নাৰায়ণ।।৪৬৩।।
পৰব্ৰহ্ম আত্মা যিটো নিত্য নিৰন্তৰ।
যাহাৰ প্ৰকাশে প্ৰকাশয় চৰাচৰ।।
মহাজ্ঞাণীগণো যাক প্ৰবন্ধে ধিয়াই।
যাহাৰ মহিমা পৰিশিৱে শক্য নাই।।৪৬৪।।
অনন্ত আনন্দ ৰস মাত্ৰ সৱে মূৰ্ত্তি।
কোটি সূৰ্য্য শশীৰ প্ৰকাশ সম জ্যোতি।।
একেদায়ে সৱাকো দেখিলা সৃষ্টিকৰে।
হেন চমৎকাৰ ৰূপচয় নিৰন্তৰ।।৪৬৫।।
চমকি উঠিলা আতি ইটো কি কি বুলি
শিহৰাইলা গাৱ লোম উপৰক তুলি।।
ব্ৰহ্মৰ জ্যোতিৰ আসি লাগি চমৎকাৰ।
কাম্পৈ তৰতৰি সৱে শৰীৰ ব্ৰহ্মাৰ।।৪৬৬।।
ভৈলা মহা মোহিত চেতন জ্ঞান নাই।
হংসতে পড়িলা আঠো আখি উলটাই।।
থৰ ভৈলা হাত ভৰি নিস্পন্দ বদন।
নাসাত নকৰৈ বায়ু গমনাগমন।।৪৬৭।।
মৃতকৰ পৰায় সম্যকে ভৈলা বিধি।
উখসিল পেট একো নাহি হৃদি সিদ্ধি।।
গ্ৰাম্য দেৱতাৰ আগে যেন আছৈ পৰি।
চাৰি মুখে মৃতক পুতলি দান্ত তৰি।।৪৬৮।।
যিটো প্ৰকৃতিত পৰ প্ৰভু ভগৱন্ত।
বেদান্তৰো মুখ্য ভাগে যাক প্ৰকাশন্ত।।
নিজ ব্ৰহ্মৰূপ আতি অতৰ্ক মহিমা।
তাঙ্ক কি চক্ষুৱে চাহিবাক পাৰে ব্ৰহ্মা।।৪৬৯।।
ঢিমিকি ঢিমিকি মাত্ৰ লৰৈ ধাতু খানি।
দেখন্ত মৰন্ত ব্ৰহ্মা জানি চক্ৰপাণি।।
কথমপি আছে প্ৰাণ নাহিকে চেতন।
ব্ৰহ্মাৰ অৱস্থা দেখি হাসি নাৰায়ণ।।৪৭০।।
বিধাতাক দেখি পাচে সম্পজিল দায়া।
কৰিল সঙ্কোচ পাচে আপোনাৰ মায়া।।
ঢাকিল যতেক তান ৰূপ আপুনাৰ।
কৰিলা ব্ৰহ্মাক মোহ সাগৰে উদ্ধাৰ।।৪৭১।।
কৃষ্ণৰ কৃপাত শ্ৰুতি পাইলা কথমপি।
পিৰিকান্ত আখি অল্প অল্প পুনৰপি।।
ভিৰ দিয়া হাত আতি মৃতক পৰায়।
কিছো কিছো কৰি উঠি বসিলা কেঙ্কাই।।৪৭২।।
তম্ভি আপুনাক পাচে দঢ়াই কতো বেলি।
আতি দুঃখে কতোক্ষণে আঠো আখি মেলি।।
চান্ত চতুৰ্ভিতি ভয়ে চকিত নয়ন।
আগতে দেখিলা পাচে দিব্য বৃন্দাবন।।৪৭৩।।
আছৈ বৃক্ষচয় ফল ফুলে জাতিষ্কাৰ।
যাক দেখি প্ৰীতি আতি উপজৈ প্ৰজাৰ।।
সিহং বাঘ ছাগ গৰু ফুৰৈ একে পালে।
কৃষ্ণৰ প্ৰভাৱে কেহো কাহাকো নাঘালে।।৪৭৪।।
মিত্ৰ ভাৱে বঞ্চে যেন পৰম সুবোধ।
নাহি ক্ষুধা তৃষ্ণা যত একো কাম ক্ৰোধ।।
হেন বৃন্দাবন মধ্যে পাচে সৃষ্টিকৰে।
দেখন্তে আছন্ত মাত্ৰ কৃষ্ণ একেশ্বৰে।।৪৭৫।।
কাষে শিঙ্গা বেত বেৰটিত বাঁশী থই।
বামহাতে ভাত আউৰ হাতে গ্ৰাস লই।।
গোৰক্ষ দামুৰি চাই ফুৰন্ত একলে।
ধৰিলন্ত আউৰ নাট নন্দশিশু চলে।।৪৭৬।।
দখি দুনাই বিধাতাৰ উপজিল কাম্প।
পৰিল হংসৰেপৰা বেগে দিয়া জাম্প।।
কৃষ্ণৰ আগত পাচে হুয়া লোট সোট।
পৰি আছে যেন সুৱৰ্ণৰ দণ্ড গোট।।৪৭৭।।
কৰন্ত প্ৰণাম আতি অৱনত হুই।
চৰণক চাৰি মুকুটৰ আগে চুই।।
আনন্দ লোতক পৰে আঠো নয়নৰ।
তিয়াইলন্ত দুয়ো পাদপদ্ম গোৱিন্দৰ।।৪৭৮।।
উঠি পুনৰপি সিটো সুমৰি মহিমা।
চিৰকাল থাকন্ত পাৱত পৰি ব্ৰহ্মা।।
লোতকে বেড়িল কণ্ঠ মুখে নাসে মাত।
দুনাই দুনাই উঠিয়া পৰন্ত ঢাত ঢাত।।৪৭৯।।
কতোবেলি আছিলা কৃষ্ণৰ পাৱে ধৰি।
উঠিলন্ত বিধি পাচে কিছো কিছো কৰি।।
চাৰিহাত তলে মলচিলা আঠো আখি।
নমাইলন্ত মাথ গোৱিন্দক আগে দেখি।।৪৮০।।
কাম্পৈ তৰতৰি তনু কৃতাঞ্জলি হুই।
কৰিবো লাগিলা পাচে তুতি চাৰি মুঈ।।
ভয়তে নপান্ত খুজি কৃষ্ণৰ মহিমা।
গোপশিশুৰূপকে বৰ্ণাইবে লৈল ব্ৰহ্মা।।৪৮১।।
কৃষ্ণৰ কিঙ্কৰে কহে শুনা সৰ্ব্বজন।
জল বুদ্ বুদ্ যেন অথিৰ জীৱন।।
ধন জন বন্ধু যত সৱে অকাৰণ।
এই আছে এই নাই সম্যকে সোপান।।৪৮২।।
আৰ অৰ্থে নৰতনু নকৰিয়ো বৃথা।
একচিত্তে মনে শুনা মাধৱৰ কথা।।
লভি আছা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছনী।
নিবিকা কাচৰ মোলে মৃত্যু সঞ্জীৱনী।।৪৮৩।।
উদ্ধৱত আপুনি কহিলা ভগৱন্ত।
পৰম চতুৰ সি সি মনুষ্য মহন্ত।।
তেজি নিজধৰ্ম্ম যিটো মোক ভজৈ মাত্ৰ।
অনিত্য শৰীৰে ভৈলা মুকুতিৰ পাত্ৰ।।৪৮৪।।
শুনা সাৱধানে আৰো কহিলো সাক্ষাত।
ব্ৰহ্মভুৱনতো নেৰাই মৰণৰ হাত।।
যদি ব্ৰহ্মলোক পাৱৈ মহাযত্ন কৰি।
ব্ৰহ্মাৰ ঘৰৰ হন্তে কালে আনে ধৰি।।৪৮৫।।
দূৰন্ত কালৰ হাত নেৰাই একোমতে।
তনু উপজন্তে মৃত্যু উপজে লগতে।।
একেতিলে যমদূতে লগায়া চমক।
বান্ধি জৰপুৰ কৰি দেখাইবে যমক।।৪৮৬।।
যমৰ মূৰ্ত্তিক দেখি হৰাইবে চেতনা।
দুৰ্ঘোৰ নৰকে পেলাই ভুঞ্জাইবে যাতনা।।
জানি দুঃখ সাগৰ তড়িতে কৰা কাম।
নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম।।৪৮৭।।
..............
।।ব্ৰহ্মাৰ কৃষ্ণস্তুতি।।
।।দুলড়ী।।
নমো নন্দসুত তনু ঘনশ্যাম
শোভৈ আতি পীতবাস।
কাষে শিঙ্গা বেত বংশী বেৰটিত
হাতত ভাতৰ গ্ৰাস।।
কৰ্ণে গুঞ্জামণি মাথে মৈৰা পাখি
প্ৰফুল্ল মুখ কমল।
বন্য পুষ্পমালা গলে জ্বলে যাৰ
পদযুগ সুকোমল।।৪৮৮।।
এহি শুদ্ধ সত্য চৈতন্য তনুত
যতেক আছৈ মহিমা।।
আছোক সামান্য ব্ৰহ্মা আমি তাৰ
মনেয়ো নপাঞো সীমা।।
হেনবা বুলিবা আহ্মাৰ মহিমা
যদি জানন্তাৱো নাই।
অজ্ঞানী কিমতে তড়িবে সংসাৰ।
শুনিয়ো তাৰ উপায়।।৪৮৯।।
অণুমাত্ৰো জ্ঞান পথত প্ৰয়াস
নকৰি মহা যতনে।
মহন্তে কহন্তে তোহ্মাৰ কথাক
নমৈ কায় বাক্য মনে।।
আপুন থানতে থাকি একমনে
কথাকেসে মাত্ৰ শুনে।
জগতৰ পতি তোহ্মাক সিজনে
অযত্নে পাৱৈ আপুনে।।৪৯০।।
মুকুতিকো স্ৰৱৈ তোহ্মাৰ ভকতি
তাক এৰি হোৱৈ নাশ।
জ্ঞানতেসে মোক্ষ পাইবো বুলি কৰৈ
বিবিধ যোগ্য অভ্যাস।।
দুখ মাত্ৰ পাৱৈ পাচতেসে জানৈ
পৰম সিটো অজ্ঞান।
অল্প বুলি যেন তেজিয়া ধানক
বাহানৈ কাষ্ঠ পতান।।৪৯১।।
পূৰ্ব্বতো অনেক জ্ঞান যোগপথে
নেদেখি মোক্ষ যতনে।
ভকতিসে পাচে তোহ্মাক পাইলেক
শ্ৰৱণ কৰি কীৰ্ত্তনে।।
আছা অৱতৰি সাধিবাক প্ৰতি
জগতৰে হিত অৰ্থ।
তোহ্মাৰ অচিন্ত্য গুণগণ তাক
গণিবে কোন সমৰ্থ।।৪৯২।।
হিমৰ কণিকা গণৈ যিটোজনে
পৃথিৱীৰ লেখৈ ধূলি।
অনেক জনমে নজানিবে সিয়ো
তোহ্মাৰ গুণ সমূলি।।
যিটো ভূঞ্জি নিজ কৰ্ম্মৰ বিপাক
তোহ্মাৰ কৃপাক চাৱৈ।
কায় বাক্য মনে তোহ্মাকেসে সেৱৈ
সেহিসে মোক্ষক পাৱৈ।।৪৯৩।।
মঞি কেন দুৰ্জ্জন দেখা নাৰায়ণ
মাৰিবাক নডৰাঞো।
মায়াবীৰো তুমি পৰম ঈশ্বৰ
তোহ্মাক মুহিবে চাঞো।।
তযু মহিমাক মঞি পৰীক্ষোহো
আপুন মায়া প্ৰকটি।
অগণিৰ আগে প্ৰকাশিবে চাৱৈ
যেন ক্ষুদ্ৰ ফিৰিঙ্গতি।।৪৯৪।।
………….
।।ছবি।।
জগতকে স্ৰজো মঞি ব্ৰহ্মা বুলি অৱগৰ্ব্বে
ভৈলো অন্ধ মাধৱ সমূলি।
পৰম অজ্ঞান আমি জানি ক্ষমিয়োক স্বামী
কৰা কৃপা ধৰা ভৃত্য বুলি।।
গৰ্ভত থাকন্তে যেন ছৱালে আছাৰে ভৰি
তাত কি মাতৃৰ অসন্তোষ।
তোহ্মাৰ কুক্ষিত ইটো আছো চৰাচৰ সৱে
হেন জানি মৰষিয়ো দোষ।।৪৯৫।।
বিশেষত শুনা স্বামী তযু নিজ ভৃত্য আমি
নাভিপদ্মে হুয়া আছো জাত।
তুমি মোৰ নিজ পিতৃ জানিয়া জগতবীজ
দোষ মোৰ ক্ষমিয়ো সাক্ষাত।।
ইটো ব্ৰহ্মপদ আউৰ আহ্মাক নলাগৈ প্ৰভু
হঞো গৈয়া কীট যেন পতঙ্গ।
তোহ্মাৰ চৰণ চিন্তি নিতান্তে থাকিবো নাথ
তযু ভকতৰ লৈয়া সঙ্গ।।৪৯৬।।
কিমো ধন্য কিনো ধন্য ইটো ধেনু গোপীগণ
সাফল জন্মিলা পৃথিৱীত।
দেৱৰো ঈশ্বৰ হৰি যাৰ স্তন পান কৰি
ভৈলা তুমি পৰম তৃপিত।।
আজিয়ো তোহ্মাক নাথ তুষিবাক নতু পাৰৈ
মহা মহা যত যজ্ঞচয়।
দেৱতা জন্মতো কৰি অজাতি ভকত শ্ৰেষ্ঠ
আক ভালে জানিলো নিশ্চয়।।৪৯৭।।
কিনো ভাগ্য কিনো ভাগ্য ব্ৰজৰ প্ৰজাৰ ইটো
আচৰিলে কি পূণ্য বিচিত্ৰ।
তুমি ব্ৰহ্ম সনাতন পূৰ্ণ পৰমানন্দ
ভৈলা আসি যাৰ মহামিত্ৰ।।
ইটো বৃন্দাবনে মঞি তৃণ হুয়া থাকো যেৱে
তেৱতো মোহোৰ মিলৈ ভাগ।
ফুৰন্তে চৰন্তে ইটো গৰু গোপ গোপিকাৰ
চৰণ ৰেণুক পাইবো লাগ।।৪৯৮।।
আজিয়ো বিচাৰি চাৰি বেদ নৈয়ো পাৱৈ প্ৰভু
তযু পদ পঙ্কজ ধূলিক।
হেন তুমি হৰি ব্ৰজ বাসীৰ জীৱন ভৈলা
ইহাৰ মহিমা কৈবো কিক।।
গোপীকাৰ বেশে আসি তোহ্মাক কোলত লই
দিলে স্তন পুতনা পপিষ্ঠী।
সবান্ধৱে পিশাচীক এতেকে মুকুতি দিলা
তাইতো প্ৰভু পৰিল সুদৃষ্টি।।৪৯৯।।
পৰম ভকত ইটো ব্ৰজৰ প্ৰজাক আৱে
তাইতোধিক কি দিবা প্ৰসাদ।
জানিলোহো আসম্বাৰ তোহ্মাত থাকিল ধাৰ
ইসে ভৈল পৰম বিষাদ।।
তাৱে ৰাগ লোভ চোৰ গৃহ বন্দীশাল ঘোৰ
তাৱে মোহ নিহল সম্প্ৰতি।
তাৱে সংসাৰত মৰৈ যাৱে নৰে নতু কৰৈ
তযু পাদপদ্মত ভকতি।।৫০০।।
তুমি সমস্তৰে চিত জানাহা জগতনাথ
তোহ্মাতে অৰ্পিলো কলেৱৰ।
ছিণ্ডিয়োক মোহপাশ আজি ধৰি ভৈলো দাস
কৰা কৃপা জগত আধাৰ।।
নমো কৃষ্ণ বৃষ্ণিকুল কমল প্ৰকাশ সূৰ্য্য
দেৱ দ্বিজ বৃদ্ধিৰ কাৰণ।
দুষ্ট দৈত্য দানৱৰ ক্ষয়ঙ্কাৰ নাৰয়ণ
প্ৰণামোহো তোহ্মাৰ চৰণ।।৫০১।।
এহিমতে প্ৰজাপতি কৰি আনো নানা তুতি
পৰি আছা চৰণত ধৰি।
ব্ৰহ্মাৰ দেখিয়া ভয় পাচে কৃষ্ণ কৃপাময়
তুলি আশ্বাসিলা হাস্য কৰি।।
হুয়া বিধি ভয়হীন কৰি তিনি প্ৰদক্ষিণ
দুনাই প্ৰণামিলা পাৱে পৰি।
কৃষ্ণত মেলানি মাগি আপুন থানক লাগি
গৈলা পাচে হংসযানে চড়ি।।৫০২।।
...............
।।দুলড়ী।।
অনন্তৰে কৃষ্ণে ব্ৰহ্মাক পঠাই
চিন্তন্ত তৈতে উপায়।
যত গোপশিশু ব্ৰহ্মা থৈলা নিয়া
বালিক আনি দুনাই।।
পূৰ্ব্বৱতে বসি মণ্ডল আকাৰে
কৃষ্ণক আছে উপেখি।
বৎস লৈয়া কৃষ্ণে তথাতে মিলিলা
ভৈলা সৱে দেখা দেখি।।৫০৩।।
প্ৰাণ মাধৱক পায়া উল্লসিল
পুছন্ত শিশুসকলে।
কিনো বেগে কৃষ্ণ এখনি ঠেকিলা
আসিলা সখি কুশলে।।
দেখিয়ো আসিয়া তোহ্মাক এড়িয়া
ভুঞ্জো নৈয়ো এক গ্ৰাস।
যেৱে কৃপাময় নাযাহা প্ৰত্যয়
শপতকো আচে সাস।।৫০৪।।
বসিয়া মাজত অন্ন ব্যঞ্জনক
ভূঞ্জিয়ো প্ৰভু উৎসুকে।
তাসম্বাৰ বাণী শুনি পদ্মপাণি
হাসিলা আতি কৌতুকে।।
গোপশিশু সঙ্গে ভুঞ্জি ৰঙ্গে ঢঙ্গে
লড়িল কৃষ্ণ দুনাই।
অঘ অসুৰৰ শুখান ছালক
শিশুক সৱে দেখাই।।৫০৫।।
বৎসসৱ আগ কৰি শিশুসৱে
কৰৈ নানাবিধ খেড়ি।
বাৱৈ বংশী শিঙ্গা কতো বাৱৈ পেম্পা
উৎসুকে কৃষ্ণক বেঢ়ি।।
মাথে মৈৰা পাখি পিন্ধি বন্যপুষ্প
গাৱে ঘসি গেৰুশিলা।
মাজত মোহন বংশীক বজাই
যান্ত কৃষ্ণে কৰি লীলা।।৫০৬।।
গোপগণে বেঢ়ি গুণ গীত গাৱৈ
পৱিত্ৰ কৰি আশেষ।
গোপীৰ নেত্ৰৰ উৎসৱ বঢ়ান্তে
গোষ্ঠত ভৈলা প্ৰৱেশ।।
শিশুগণে গৈয়া ব্ৰজত কহৱৈ
নন্দৰ আজি তনয়।
পৰ্ব্বত আকাৰ সৰ্পেক মাৰিলা
খণ্ডাইলা আমাৰ ভয়।।৫০৭।।
শুক নিগদতি কৈলো কুৰুপতি
পুছিলা যত সংশয়।
পাপৰ দাহক হৰিৰ চৰিত্ৰ
সম্যকে অমৃত নয়।।
অঘৰ মোক্ষণ কৃষ্ণৰ ভোজন
ব্ৰহ্মাৰ মোহন স্তুতি।
একমনে যিটো আকে শুনৈ ভণৈ
ভুকুতি পাৱৈ মুকুতি।।৫০৮।।
মাধৱৰ পাদ পল্লৱ নৌকাত
আশ্ৰয় কৰৈ যি নৰ।
সংসাৰ সাগৰ সুখে হোৱৌ পাৰ
বৎস খোজ সমসৰ।।
অন্তকালে গৈয়া পৰম লীলায়
বৈকুণ্ঠে বঞ্চৈ বিমানে।
সিটো ভকতৰ পৰম গতিক
দেখিতে নপাৱৈ আনে।।৫০৯।।
কৃষ্ণৰ কিঙ্কৰে ৰচিলা শঙ্কৰে
মহাভাগৱত পদ।
হৰিৰ চৰিত্ৰ সম্যকে অমৃত
শুনা সৱে সভাসদ।।
ক্ষণিক জীৱন মিলিবে মৰণ
গিলিবেক ধৰি কালে।
ইটো নৰতনু নেনা আলে জালে
বিষয় মিছা জঞ্জালে।।৫১০।।
যেন বিষলতা চয় ফলে ফুলে
আছে জকমক কৰি।
প্ৰথমে সুন্দৰ দেখন্তে পাছত
পৰশিলে যায় মৰি।।
সেহিমতে ইটো পুত্ৰ দাৰা ধন
বিষয়ৰ যত সুখ।
প্ৰথমে আনন্দ মিলয় পাচত
গুচন্তে পৰম দুখ।।৫১১।।
যত দেখা ধন শৰীৰ সজ্জন
মৰিলে লগে নাযায়।
হৰিৰ ভকতি পৰম সম্পত্তি
ইহ পৰলোক পায়।।
পৰলোক ধন মাধৱৰ নাম
ধৰা আক গলে বান্ধি।
এতিক্ষণে ঐত কৰা আল জাল
পাচে মৰিবাহা কান্দি।।৫১২।।
ব্যাধিয়ে দুৰ্ব্বল ইন্দ্ৰিয় বিকল
তনু নতু হৱৈ যাৱে।
যাৰ মনে ইচ্ছা আছৈ মুকুতিক
ভকতিক ধৰা তাৱে।।
কলিযুগে গতি নাই নাই নাই
বিনে মাধৱৰ নাম।
আপুনিয়ো তৰা পুৰুষ উদ্ধাৰা
ডাকি বোলা ৰাম ৰাম।।৫১৩।।
.............
।।ধেনুকাসুৰ বধ।
।।পদ।।
শুক নিগদতি পাচে শুনা মহীপাল।
ভালৈ ৰাম কৃষ্ণ দুয়ো প্ৰধান গুৱাল।।
বৎসক এড়িয়া চৰাই ফুৰা ধেনুগণ।
পৱিত্ৰ কৰিলা পাচে সিটো বৃন্দাবন।।৫১৪।।
এক দিনা ৰাম সমে পশিল বনত।
পৰম আনন্দে আগ কৰি ধেনু যত।।
গোপগণে বেঢ়ি যাই কৃষ্ণগুণ গাই।
ভ্ৰমন্ত আনন্দে কৃষ্ণ বৃন্দাবন চাই।।৫১৫।।
বহুবিধ পশুগণ ঠাই ঠাই চেৰ।
পক্ষীগণে তেজৈ ৰাৱ গুঞ্জৰৈ ভ্ৰমৰে।।
শীতল সুগন্ধি বায়ু বহে সৰ্ব্বক্ষণ।
দেখি ক্ৰীড়িবাক মাধৱৰ ভৈলা মন।।৫১৬।।
অৰুণ পল্লৱ লায়ৈ কৃষ্ণ নিৰন্তৰে।
ওলমাইল শিখা আতি ফল ফুল ভৰে।।
কৃষ্ণৰ ৰামৰ চৰণক ছোৱৈ আসি।
দেখি কৃষ্ণে ৰামক বুলিলা পাচে হাসি।।৫১৭
দেখিয়ো আশ্চৰ্য্য দাদা টো বৃক্ষগণ।
ফল ফুল লৈয়া ছোৱৈ তোহ্মাৰ চৰণ।।
আউৰ যেন বৃক্ষজন্ম নোহয় আহ্মাৰ।
পাপ ক্ষয় হৌক বুলি কৰৈ নমস্কাৰ।।৫১৮।।
জানো মুণিগণ ইটো ভ্ৰমৰ যতেক।
গাৱৈ তযু যশ দাদা দেখিয়ো প্ৰত্যেক।।
গোপ্য হুয়া আছা বনে তুমি আত্মা দেৱ।
তথাপি তোহ্মাক নেৰৈ কৰি ফুৰি সেৱ।।৫১৯।।
তোহ্মাক দেখিয়া দেখা মৈৰা কৰৈ নৃত্য।
কুহু কুহু কৰিয়া কোকিলে গাৱৈ গীত।।
চাহৱৈ হৰিণীগণে কটাক্ষ নয়নে।
মহন্তক পায়া যেন অৰ্চ্চন্ত সজ্জনে।।৫২০।।
ধন্য ইটো ধৰণীৰ সাফল জীৱন।
যাৰ তৃণ লতা ছোৱৈ তোহ্মাৰ চৰণ।।
তুমি নখে ছোৱা চাৱা সদয় নয়নে।
ধন্য পশু পক্ষী যিটো বঞ্চৈ বৃন্দাবনে।।৫২১।।
এহিমতে কৃষ্ণে বৃন্দাবনক বৰ্ণান্ত।
সখি সমে ক্ৰীড়ি ধেনুগণক ৰাখন্ত।।
ভ্ৰমৰ লগে কতো ফুৰন্ত গুঞ্জৰি।
কোকিলকো সিহাৰন্ত কুহু কুহু কৰি।।৫২২।।
হংস যেন কতোহো মাতন্ত বনমালী।
মৈৰাৰ লগত কতো ধৰি থাকা চালি।।
চকোৱা কোৰঞ্চ কৈৰা মৈৰাক সিহাৰি।
হসুৱান্ত আতি সৱে সখিক মুৰাৰি।।৫২৩।।
কেহো বেলা ধেনুক ডাকন্ত নাম ধৰি।
আসৈ ধাই ধেনুগণ হাম্বাৰাৱ কৰি।।
সিংহ বাঘ দেখি কতো ভয় হোন্ত বৰ।
পলা পলা বুলি কতে ভিৰি দেন্ত লড়।।৫২৪।।
ক্ৰীড়া শান্ত দেখি কতো শ্ৰেষ্ঠৰ ৰামৰ।
আপুনি জান্তন্ত হাত ভৰি দামোদৰ।।
নাচৈ গাৱৈ গোপগণ হাসৈ কতো চাই।
তাসম্বাক চাই প্ৰসংশন্ত দুয়ো ভাই।।৫২৫।।
কেহো বেলা বাহুযুদ্ধ কৰি শ্ৰান্ত পাই।
বৃক্ষৰ ছায়াত প্ৰভু শৰ্য্যাক বিছাই।।
শোৱন্ত সিঠান দিয়া গোপৰ কোলাত।
কতো গোপগণে ধৰি জান্তে ভৰি হাত।।৫২৬।।
পূণ্যৱন্তে কতোহো শীতল জল সিঞ্চৈ।
কতো গোপে বৃক্ষৰ পল্লৱ লৈয়া বিঞ্ছৈ।।
মনোহৰ কৃষ্ণ গুণ গাৱৈ কতো লাসে।
আনন্দে দ্ৰৱৈ হিয়া মুখে মাত নাসে।।৫২৭।।
প্ৰেমে পুলকিত তনু লোতক বজায়।
তম্ভি থাকে কতো কৃষ্ণচৰণৰ চাই।।
অনুক্ষণে বাঢ়ে গোপগণৰ ভকতি।
কিনো পুণ্য কৰি পাইলে কৃষ্ণৰ সঙ্গতি।।৫২৮।।
লক্ষ্মীসে সেৱিবে পান্ত যাহাৰ চৰণ।
শিশু সঙ্গে কৰে ক্ৰীড়া হেন নাৰায়ণ।।
মাজে মাজে দেখাৱ্ন্ত ঈশ্বৰ চেষ্টাক।
শুনা পৰীক্ষিত বাপ সাৱধানে তাক।।৫২৯।।
লীলালে আছন্ত শুনি যেৱে কৃষ্ণদেৱ।
গোপগণে উঠি আসি কৰিলেক সেৱ।।
শ্ৰীদাম নামে গোৱালক আগ কৰি।
কৰন্ত গোচৰ সৱে হাতক মুচৰি।।৫৩০।।
হে ৰাম হে কৃষ্ণ দুষ্ট বিনাশন।
ওচৰতে আছে প্ৰভু মহা তালবন।।
সৰি পৰি আছে ফল সুপক্ক প্ৰচুৰ।
সবান্ধৱে কৰে ৰক্ষা ধেনুক অসুৰ।।৫৩১।।
সিটো দুৰাচাৰে মনুষ্যক পাইলে খায়।
তাক ডৰে একো নৰে কাছকো নাযায়।।
কেহো নতু ভুঞ্জৈ ইটো তাল অসদৃশ।
ফলৰ সুৰভি গন্ধে মোহে দশোদিশ।।৫৩২।।
বৰ বাঞ্ছা যাই আক ভুঞ্জিবাক লাগি।
চৰণত তোহ্মাৰ এতেক দান মাগি।।
উমলন্তে শ্ৰান্ত ভৈলো পীড়িলে পিয়াসে।
ওঠ কণ্ঠ শুখাই মুখ দেখিয়ো প্ৰয়াসে।।৫৩৩।।
তালৰ সুৰভি ঘ্ৰাণ হেৰ আসৈ ছানি।
তাপৰিবে নপাৰি জিহ্বাৰ পৰে পানী।।
উঠা বন্ধু মাধৱ কান্ধত লৈয়া যাঞো।
তোহ্মাৰ প্ৰসাদে প্ৰভু ক্ষুধা পলুৱাঞো।।৫৩৪।।
সুহৃদসৱৰ বাক্য শুনি দুয়ো ভাই।
হাসিলা কৌতুকে আতি তাসম্বাক চাই।।
ভকত গোপৰ প্ৰীতি সাধিবাক মনে।
সখিগণ সঙ্গে লৈয়া লড়িলা তেখনে।।৫৩৫।।
দেখিলন্ত গৈয়া তাল ফল অনুপাম।
বস্ত্ৰ কাছি পাৱে তাত প্ৰৱেশিলা ৰাম।।
দুই হাতে তাল ধৰি জঙ্কাৰি আচোটে।
সৰিয়া ফুৰন্ত তাল যেন হস্তীগোটে।।৫৩৬।।
তালৰ শুনিয়া চণ্ড শবদ আস্ফাল।
ধেনুক গৰ্দ্দভ ক্ৰোধে ধাইল যমকাল।।
প্ৰত্যেক জাম্পতে কাম্পৈ পৃথিৱীমণ্ডল।
ত্বৰিতো ৰামক লাগ পাইলেক নিস্খল।।৫৩৭।।
সেহি ছেগে পাচে দুই চৰণ উল্লাসি।
ৰামৰ হিয়াত লাণ্ঠি বৈসাইলেক আসি।।
চিহৰণি দিয়া ভৈল তথাতে অন্তৰ।
তাহাৰ প্ৰহাৰে নকম্পিলা হলধৰ।।৫৩৮।।
দৈত্যে দেখি খঙ্গে আখি আৰকত বৰ্ণ।
উভিলেক লাঞ্জ উপৰক তুলি কৰ্ণ।।
বলোক পাইলেক খেদি বিজুলী সঞ্চাৰে।
দুনাই দিলে দুয়ো পাছ ভৰিৰ প্ৰহাৰে।।৫৩৯।।
শ্ৰমে চাম্প দিয়া ৰামে তাৰ পাৱে ধৰি।
দুয়ো চৰণক একে হাতে মুঠি কৰি।।
তুলি উপৰক পাক ফুৰাই কৌতুকে।
পাকতে তেজিল জীৱ দানৱ ধেনুকে।।৫৪০।।
মৰিল অসুৰ ৰামে হাততে আকলি।
তালৰ আগক লাগি হানিলন্ত দলি।।
ধেনুকৰ পৰি সিটো ভয়ঙ্কৰ কায়।
ভাগি গৈল তাল আউৰ তালক কম্পাই।।৫৪১।।
অন্যোঅন্যে ঠেলাত হিন্দোলে যত তাল।
প্ৰচণ্ড বায়ুৰ যেন বাজিল আস্ফাল।।
যতেক সৰিল ফল তাৰ নাহি সীমা।
প্ৰশংসিলা দেৱে দেখি ৰামৰ মহিমা।।৫৪২।।
অনন্তৰে ধেনুকৰ গিয়াতি যতেক।
বান্ধৱৰ বধে দুঃখ লভিল অনেক।।
পৰম সন্তাপ পায়া কাম্পৈ তনু কোপে।
চিহৰণি দিয়া ধাই আইল একেজোপে।।৫৪৩।।
দেখি ৰাম কৃষ্ণে বস্ত্ৰ কাছি কঙ্কালত।
চাম্প দিয়া ধৰি ধৰি পাছ চৰণত।।
উপৰক ফুৰাই পাক মৰা হেন জানি।
মাৰন্ত তালকে তাক পৰমত্ত হানি।।৫৪৪।।
সবান্ধৱে ধেনুকক মাৰিয়া দোভাই।
তালফল নিৰন্তৰে সৰিল ওচাই।।
শোভৈ তালফলে দৈত্যদেহে মহীতল।
মেঘে ঢাকিলেক যেন গগণমণ্ডল।।৫৪৫।।
কৃষ্ণৰ ৰামৰ দেখি প্ৰভাৱ অদ্ভুত।
আকাশত দেৱে তুতি কৰিলা বহুত।।
পুষ্প বৰিষত শিৰে কেশৱক চাই।
নাচন্ত গাৱন্ত ৰঙ্গে দুন্দুভি বজাই।।৫৪৬।।
দেখি গোপগণে আতি পৰম কৌতুকে।
ৰামক কৃষ্ণক আসি নমিলা উৎসুকে।।
তাসম্বাক অনুমতি দিলা ৰাম হৰি।
লগাইলেক গৈয়া তালফলক দাদৰি।।৫৪৭।।
পৰি আছৈ ফল পৃথিৱীক ভৰি পুৰি।
তথাপি লোভত কৰৈ আজোৰা আজুৰি।।
নাহিকে লোহান্তি কামুৰিয়া দান্তে খাই।
দুই হাতে আটি ধৰি বানৰ পৰায়।।৫৪৮।।
চোবাৱে জামিৰ দান্তে সম্যকে ৰাক্ষস।
কতো থেতেলাই তাৰ হুপি পিয়ে ৰস।।
কতোহো খকুৱা গোপ পিয়াসে নিজীয়ে।
জুলুসি জুলুসি ৰস ঢোক ঢোকে পিয়ে।।৫৪৯।।
যিটো তাল নতু খাই অনেক পুৰুষি।
আধা খোৱা কৰি তাক এৰে চুসি চুসি।।
অমৃত মধুৰ তাল ৰাজ উপযোগ।
কৃষ্ণৰ প্ৰসাদে পায়া গোপে কৰৈ ভোগ।।৫৫০।।
ভুঞ্জিলেক লাগৈ মানে কৰি গণ্ডগোল।
ঠিস ঠিস ভৈল পেট যেন চাইল ঢোল।।
থিয় দিয়া থাকয় মাতন্তে আসৈ বান্তি।
তথাপি খাইবাক লাগি অনেক আক্ৰান্তি।।৫৫১।।
মুখত নাযায় দান্তে তথাপি কৰছৈ।
ছাদৈ হকহকি কেহো বস্ত্ৰতে বৰছৈ।।
তোলন্ত উগাৰ কতো দশন প্ৰকটি।
তথাপি তালক থাকৈ বুকত সাৱটি।।৫৫২।।
ভুঞ্জিবে নুৱাৰি তেজৈ হুমনিয়া শ্বাস।
দেখি ৰাম মাধৱে তোলন্ত আতি হাস।।
দিব্য তাল বন পশি গোপৰ ইচিতি।
ভুঞ্জি খাই ভৈলা সৱে পৰম তৃপিতি।।৫৫৩।।
কৃষ্ণৰ প্ৰসাদে পাইল মনৰ বাঞ্ছিত।
ভকতৰ দুৰ্ল্লভ নাহিকে কদাচিত।।
হৰি চৰণত আছৈ যাহাৰ ভকতি।
ইটো কোন ভোগ্য তাৰ হাততে মুকুতি।।৫৫৪।।
সবান্ধৱে ধেনুকক লীলায়ে সংহৰি।
কৰিল সচন্দ বৃন্দাবন দেৱহৰি।।
সেহি দিনা ধৰি তাত ফুৰৈ সৱে নৰে।
পৰম নিৰ্ভয়ে পশি ধেনুসৱো চৰে।।৫৫৫।।
এহিমতে আনন্দে গোপক ভুঞ্জাই তাল।
লড়িলা ব্ৰজক ৰঙ্গে আগ কৰি পাল।।
হৃষ্ট পুষ্ট হুয়া গোপগণো চলি যায়।
বাৱৈ বংশী শিঙ্গা গোৱিন্দৰ গুণ গাই।।৫৫৬।।
সৱাৰো মাজত প্ৰকাশন্ত যদুমণি।
গোপৱেশে মোহন বংশীক কৰি ধ্বনি।।
গোধূলি ধূসৰ কেশ মাথে মৈৰা পাখি।
ঈষত হাসিত চান্ত কটাক্ষে নিৰেখি।।৫৫৭।।
গোপগণে কৰি যাই পৱিত্ৰ কীৰ্ত্তন।
উত্ৰাৱল হৃদয়ে বজাইল গোপীগণ।।
সিটো মহামোহন মূৰ্ত্তিক ভেট পাই।
ধ্যান যেন কৰি থাকৈ একদৃষ্টি চাই।।৫৫৮।।
গোৱিন্দৰ মুখ পদ্মমধু দেখি জীয়ৈ।
নয়ন ভ্ৰমৰে গোপী নিৰন্তৰে পিয়ৈ।।
বিৰহৰ এৰাই তাপ জুৰাই তনু মন।
লজ্জায়ে হাসিয়া কৰে কটাক্ষ ইক্ষণ।।৫৫৯।।
এহিমতে হৰি হোন্ত ব্ৰজত প্ৰৱেশ।
ৰোহিণীৰ যশোদাৰ হৰিষ আশেষ।।
দুয়ো দুই পুত্ৰক কোলাত লন্ত তুলি।
আঞ্চলে মলচি যত শৰীৰৰ ধূলি।।৫৬০।।
কুড় কষাই ঘষি নোৱাই ধুৱাই যথোচিত।
বস্ত্ৰ অলঙ্কাৰে কৰি শৰীৰ মণ্ডিত।।
পাচে পঞ্চামৃতে আনি পৰশন্ত অন্ন।
আনন্দে ভুঞ্জন্ত বসি ৰাম নাৰায়ণ।।৫৬১।।
কৰি মুখশুদ্ধি পাচে কৰ্পূৰ তাম্বুলে।
পিন্ধি গন্ধ চন্দন ভূষিত তনু ফুলে।।
কৰন্ত শয়ন সুখে শীতল শৰ্য্যাত।
আনন্দতে হৱৈ দুইৰো ৰজনী প্ৰভাত।।৫৬২।।
শুনা সৰ্ব্বজন ইটো কৃষ্ণৰ চৰিত্ৰ।
আত পৰে পূণ্য আন নাহিকে কলিত।।
আন ধৰ্ম্ম কৃষ্ণৰ লগতে গুচি গৈল।
একস্থান হুয়া হৰিনাম মাজে ৰৈল।।৫৬৩।।
এতেকেসে নামতে সমস্তে পুণ্য পাই।
জানিয়া যতনে ফুৰা হৰিনাম গাই।।
নামেসে সাধিবে সৱে মনোৰথ সিদ্ধি।
জানিবাহা হৰিৰ নামেসে নৱনিধি।।৫৬৪।।
নামে তপ জপ যজ্ঞ নামে যোগ ধ্যান।
নামে দান পুণ্য নামে কোটি তীৰ্থ স্নান।।
নামে ধন জন বন্ধু নামে পিতা মাতা।
নামে নিজ সুহৃদয় নামেসে গতিদাতা।।৫৬৫।।
ইহ পৰলোকে নাম বিনে আন নাই।
চাৰিয়ো বেদৰ ইসে মোক্ষ অভিপ্ৰায়।।
হেন জানি নামৰ চৰণে চাপি ধৰা।
গৃহতে থাকিয়া সুখে সংসাৰক তড়া।।৫৬৬।।
কৃষ্ণৰ নামেসে ৰাজা সমস্তে ধৰ্ম্মৰ।
সুমৰন্তে নাম সিজৈ ধৰ্ম্ম নিৰন্তৰ।।
কৃষ্ণৰ কিঙ্কৰে কহে ভাগৱত মত।
বোলা হৰি হৰি জুই লাগোক পাপত।।৫৬৭।।
.......
।।কালিয় দমন।।
।।ছবি।।
দিনেক গোৱিন্দ দেৱ বলোক লগত নলৈ
আপুনি মেলিলা সৱে গাই।
গোপশিশুসৱে সমে যমুনাৰ তীৰে তীৰে
ধেনুগণ ফুৰন্ত চৰাই।।
জেষ্ঠ মাসৰ ঘোৰ ৰৌদ্ৰে পীড়িলেক আতি
একো আৰ তৃষাত নজানি।
কালীৰ হ্ৰদত নামি নিৰন্তৰে গৰু গোপ
পাৰৈ মানে পিলে বিষপানী।।৫৬৮।।
দুৰ্ঘোৰ বিষয় জালে মৰিলেক তত কলে
বচন চেতন গৈল হৰি।
কাম্পৈ তনু তৰতৰি যতেক গোৱাল গৰু
তীৰতে পৰিল প্ৰাণে মৰি।।
গোৱিন্দে দেখন্তে পাছে গৰু গোপ মৰি আছে
সৰ্পৰ হ্ৰদৰ পানী খাই।
মাথা নমাই নাৰায়ণে খেদ কৰিলন্ত মনে
ভকতৰ হেনসে বিলাই।।৫৬৯।।
এহি বুলি যদুৰায় অমৃত নয়নে চাই
সমস্তকে তেখেনে জীয়াইলা।
শৰীৰক আইল জীৱ উঠি সৱে ভৈল থিয়
নিদ্ৰাৰ চেতন যেন পাইলা।।
অন্যোঅন্যে বোলৈ চাই এহি বিষপানী খাই
এখনে আছিলো সৱে মৰি।
পুনৰপি জীলো আমি জানিলোহো কৃষ্ণ স্বামী
জীয়াইলা আমাক কৃপা কৰি।।৫৭০।।
কৃষ্ণৰ মহিমা দেখি নিৰন্তৰে গোপসখি
পৰম বিস্ময় হুয়া আছে।
যমুনা জলক কৃষ্ণে নিৰ্ম্মল কৰিবে মনে
কালীক খেদাইলা তৈৰ পাচে।।
ৰাজা পৰীক্ষিত শুনি শুকত সোধন্ত কথা
সাৱশেষে কৈয়ো মুনিবৰ।
কি হেতু অনেক যুগ যমুনা জলত বঞ্চৈ
সিটো কালী মহাথলচৰ।।৫৭১।।
একে সৰ্প মহাবল হ্ৰদৰো অগাধ জল
খেদাইলা কিমতে পায়া লাগ।
কৃষ্ণৰ অমৃত কথা পিয়ন্তে তৃপিতি নাই
কৈয়ো শুনো মুনি মহাভাগ।।
শুনিয়োক সৰ্ব্বজনে কৃষ্ণকথা পিয়া কৰ্ণে
মুখ কিয় থাকৈ অৱজৰে।
কলিযুগে ৰাম নাম নলৈ কৰে আন কাম
নাহি আৰ মূৰ্খ তাত পৰে।।৫৭২।।
নাজানে শাস্ত্ৰৰ মৰ্ম্ম কলিত কীৰ্ত্তন ধৰ্ম্ম
এৰি আন কৰ্ম্মসে বখানে।
নামত নকৰৈ ইচ্ছা পণ্ডিত বোলাৱৈ মিছা
জানা সিটো একোৱে নজানে।।
চাৰি বেদ ৰামায়ণ পুৰাণ ভাৰত যত
সৱাহতে কহৱৈ হৰিক।
ইহাক নজানি আন অৰ্থ কৰৈ ব্যাখ্যান
জানা সিটো মূৰ্খতো অধিক।।৫৭৩।।
কলি পাপ সাগৰত গৈল তল লোক যত
তথাপি চেতনা নাহি গাত।
কিনো আতি মূঢ়মতি পাপীৰো কৰ্ম্মত ৰতি
কৰৈ শুনি হাসি উঠে আত।।
মহাপাপ বিমোচন মাধৱৰ গুণগণ
এৰি মৰৈ কিনো হতবুদ্ধি।
যেন আতি চিৰৰোগী আপুনি চিতনি মৰৈ
কোছতে আছন্ত মহোষধি।।৫৭৪।।
ইসে আতি ভৈল কষ্ট নিজকৰ্ম্মে হোৱৈ নষ্ট
নধৰিয়া কৃষ্ণৰ নামক।
হাতৰ অমৃত এৰৈ চিতনি আপুনি মৰৈ
যেন খায়া গৰল বিষক।।
জানি এৰা আন মতি নামক কৰিয়ো ৰতি
ছাড়ি চাৰ ভাষভুষ কাম।
কৃষ্ণৰ কিঙ্কৰে কহে হৰিনামে পাপ দহে
নিৰন্তৰে বোলা ৰাম ৰাম।।৫৭৫।।
.............
।।পদ।।
শুক নিগদতি ৰাজা শুনিয়ো সৰ্ব্বথা।
কালীৰ হ্ৰদৰ সিটো কি কহিবো কথা।।
দুৰ্ঘোৰ অগাধ জল ব্যাপি আছৈ সাপে।
উথলয় জল বিষবিহ্নৰ প্ৰতাপে।।৫৭৬।।
উপৰে উৰান্তে পক্ষী পৰৈ মৰি মৰি।
খলকত যায় জল দূৰক উফৰি।।
মৰয় তীৰৰ তৰু নলাগৈ বিলম্ব।
জীৱৈ একে গাছ মাত্ৰ তীৰত কদম্ব।।৫৭৭।।
পুৰ্ব্বত গৰুড়ে হৰি আনন্তে অমৃত।
সেহি কদম্বত পৰি আছিলা কিঞ্ছিত।।
অমৃতৰ পৰশ পাইলেক ইটো গাছে।
সিহেতুসে কদম্ব জীৱন্তে ৰহি আছে।।৫৭৮।।
কৃষ্ণে পৰশিৱে হেন তাহাৰো লিখিত।
তাতেসে নমৰি বৃক্ষ ৰহিল তহিত।।
পাচে বিষময় সিটো দেখি হ্ৰদখণ্ড।
জানিলা কালীকো প্ৰভু পৰম প্ৰচণ্ড।।৫৭৯।।
গুণন্ত মনত সৰ্প দুষ্ট দুৰাচাৰ।
দুষ্টক দণ্ডিবে লাগি মোৰ অৱতাৰ।।
এহি বুলি মাধৱে বধিবে প্ৰবন্ধিল।
পীতবস্ত্ৰ আটি তুলি কটিত বান্ধিল।।৫৮০।।
আস্ফোট কৰিয়া বাহু ডাম্ফি মাৰি পাচে।
উঠিলন্ত গৈয়া উচ্চ কদম্বৰ গাছে।।
টলবল গাছ যেন যাই ভূমিকাম্প।
দিলা কৃষ্ণে আটোপে হ্ৰদৰ মাজে জাম্প।।৫৮১।।
জগতৰ গুৰু ভৰে পৰিলা প্ৰকাশি।
প্ৰচণ্ড শৱদে উথলিল জলৰাশি।।
উৰ্ম্মিৰ আন্দোলে জল পলম্পিল পুনু।
চতুৰ্ভিতি গৈল জল একশত ধনু।।৫৮২।।
অনন্তবীৰ্য্যৰ সিটো কোন অদভূত।
পাচে আড়ম্বৰে কৃষ্ণে ক্ৰীড়িলা বহুত।।
দুই বাহুদণ্ডে ডাম্ফি মাৰি মহাৰঙ্গে।
উথলন্ত জল যেন প্ৰমত্ত মাতঙ্গে।।৫৮৩।।
চোটত আটাস পাৰৈ যেন হ্ৰদখণ্ড।
যায় দশোদিশে তাৰ শবদ প্ৰচণ্ড।।
শুনিলোক কালী সিটো শবদ কল্লোল।
গাৱত লাগিল গৈয়া জলৰ আন্দোল।৫৮৪।।
নসহিলা পৰাভৱ ভয়ঙ্কৰ সৰ্পে।
সসৈন্যে আসিল ক্ৰোধে খেদি মহাদৰ্পে।।
ফোফাই আতি তুলি সিটো সহস্ৰেক ফেঁট
নিৰ্ভয়ে ক্ৰীড়ন্ত কৃষ্ণে ভৈলা আসি ভেট।।৫৮৫।।
পৰম সুন্দৰ ৰূপ লাৱণ্য প্ৰচুৰ।
দেখি কোটি কন্দৰ্পৰো দৰ্প হোৱৈ চুৰ।।
কায় কান্তি আতি সিটো হ্ৰদক সুহাই।
একদৃষ্টি কালীয়ো নিহালি আছে চাই।।৫৮৬।।
নৱমেঘ সম শ্যাম তনু সুকুমাৰ।
তাতে পীতবস্ত্ৰে আতি কৰে জাতিষ্কাৰ।।
কমললোচন চান্দ বদন সুন্দৰ।
দশন কুন্দল কড়ি অৰুণ অধৰ।।৫৮৭।।
কুটিল অলকা পান্তি জ্বলৈ কপালত।
সুবলিত ৰত্নৰ তিলক ললাটত।।
উন্নত নাসিকা দেখি মুখে মন্দহাস।
মনক আহ্লাদৈ কোটি ইন্দুৰ প্ৰকাশ।।৫৮৮।।
শিৰত কিৰীটি জ্বলৈ ৰতনে উজ্জ্বল।
কৰ্ণত জ্বলন্তে আছৈ মকৰ কুণ্ডল।।
কণ্ঠত কৌস্তভ ৰত্ন শ্ৰীবৎস হিয়াত।
উৰুস্থলে চটা দেখি লক্ষ্মীৰ সাক্ষাত।।৫৮৯।।
ললিত বলিত ভুজ ভুজঙ্গৰ কায়।
নখ আৰকত কৰ কিশলয় প্ৰায়।।
কনক কঙ্কণ জ্বলৈ কেয়ূৰ বলয়।
আঙ্গুলিত আঙ্গঠি গাণ্ঠিত ৰত্নময়।।৫৯০।।
গলে বনমালা জ্বলৈ আপাদ পৰ্য্যন্তে।
আছৈ মধুকৰে মধুলোভে গুঞ্জৰন্তে।।
ৰতনে খচিত কাঞ্চি কিঙ্কিণী কটিত।
চাৰু উৰু জঙ্ঘা জানু দেখি সুৱলিত।।৫৯১।।
অৰুণ চৰণ চাৰু নৱ পদ্মকোষ।
ৰত্নৰ নূপুৰে কৰে ৰুণঝুণ ঘোষ।
উজ্জণ্টি উজ্জ্বল পদ আঙ্গুলিৰ পান্তি।
আৰকত নখ চন্দ্ৰচয় কৰৈ কান্তি।।৫৯২।।
পদতল ৰাতুল ভকত মনোনীত।
ধ্বজ বজ্ৰ পঙ্কজ অঙ্কুশে অলঙ্কৃত।
হেন চমৎকাৰ ৰূপে বিপুল প্ৰভাৱে।
কৰন্তে আছ্ন্ত ক্ৰীড়া কৃষ্ণে লীলা ভাৱে।।৫৯৩।।
আউডালন্ত বাহুযুগ আফালিয়া থাকে।
দেখি খঙ্গে ভুজঙ্গমে নসহিলা তাকে।।
মেলি হাজাৰেক ফণা ফোফাই মহাৰাগে।
জিহ্বা মেলি কোৱাৰি চেলেকে ক্ৰূৰ নাগে।।৫৯৪।।
আখি মুখে বজাই বিষ বহ্নি জ্বালা ছানি।
দুতয় হাজাৰ জ্বলৈ চক্ষুত আঙ্গনি।।
চমৎকাৰে পাচে ফোকাৰয় সৰ্পগোট।
মৰ্ম্ম স্থানে মাৰিল কৃষ্ণক খেদি খোট।।৫৯৫।।
নজানে পাতকী সৰ্পে প্ৰভুৰ প্ৰভাৱ।
লাঞ্জে মেঢ়াই ধৰিলা কৃষ্ণৰ সৰ্ব্বগাৱ।।
কৰিলেক বন্দী গোৱিন্দক ক্ৰূৰ কালী।
বিষৰ জালাত অচেতন বনমালী।।৫৯৬।।
দশন নিস্পান প্ৰাণ নেখেলৈ নাসাত।
নেমেলন্ত নেত্ৰ আতি মৃতক সাক্ষাত।।
একো চেষ্টা নাহি নলাৰন্ত হাত ভৰি।
বিষ লাগি হ্ৰদতে থাকিল প্ৰভু পৰি।।৫৯৭।।
দেখি সখি গোপগণে কৃষ্ণৰ বিলাই।
অন্তৰীক্ষ ধাতু তধা দিয়া আছৈ চাই।।
হা নাথ কৃষ্ণ কিনো মিলিল বিপাক।
মৰিলা আপুনি প্ৰভু জীয়ায়া আহ্মাক।।৫৯৮।।
তোহ্মাতে অৰ্পিলো পত্নী পুত্ৰ অৰ্থ স্বামি।
তুমি অবিহনে কেনে এভো জীঞো আমি।।
এহি বুলি গোপচয় অচেতন ভৈল।
পৃথিৱীত পৰি মহামৰ্ম্মে মূৰ্চ্চা গৈল।।৫৯৯।।
নিশ্চেষ্ট কৃষ্ণক দেখি যত গৰু গাই।
প্ৰৱেশিলা ভয় শোকে তৃণক নখায়।।
কৃষ্ণ মুখ নিৰেখি থাকিলা কান্দি ৰহি।
চক্ষুৰ লোতক ধাৰা দণ্ডে যায় বহি।।৬০০।।
গোকুলত মিলিল মহত উতপাত।
ঘনে ভূমি লৰৈ পৰৈ সঘনে নিৰ্ঘাত।।
অনাবাৱে উভৰি উভৰি পৰৈ তৰু।
বাটে বাটে আটাস পাৰন্তে ফুৰৈ ফেৰু।।৬০১।।
সঘনে বৰিষৈ মেঘে হালধি ৰুধিৰ।
কাম্পয় হৃদয় তনু মন নুহি থিৰ।।
নেত্ৰৰ লোতক আতি বহে অবিশ্ৰম।
যশোদাৰ দক্ষিণ নন্দৰ ফন্দৈ বাম।।৬০২।।
দেখি বিমঙ্গল গোপ গোপী ধাতু নাই।
ভৈলা দ্ৰুতে নন্দৰ মন্দিৰে একঠাই।
সৱে বোলৈ বলাই আজি লগত নগৈল।
কৃষ্ণৰ তথাত কোথা অথন্তৰ ভৈল।।৬০৩।।
ঘোৰ ইটো উৎপাত সাক্ষাতে যেন কৱৈ।
প্ৰাণবন্ধু মাধৱ মৰিল মনে লৱৈ।।
এহি বুলি শোকে কতো দুখে অচেতন।
কৃষ্ণক দেখিতে প্ৰৱেশিলা বন্দাবন।।৬০৪।।
গোৱিন্দেসে সৱাৰো জীৱন মন প্ৰাণ।
আবাল পৰ্য্যন্তে যায় তেজি নিজ থান।।
হা কৃষ্ণ বুলি পাচে উচ্চাৰে বচন।
নন্দ যশোদাৰ আতি হৰিল চেতন।।৬০৫।।
হা বাপ কৃষ্ণ পুত্ৰ কি দেখো বিলায়।
গোৱিন্দৰ খোজতে পৰন্তে দুয়ো যায়।।
লগতে চলন্ত বলো মনত হাসন্ত।
জানি কৃষ্ণ প্ৰভাৱক একো নভাসন্ত।।৬০৬।।
মহা অসন্তোষে চলে গোৱাল গোৱালী।
কৃষ্ণৰ খোজক যায় পঁজাল নিহালি।।
ধ্বজ বজ্ৰ পঙ্কজ অঙ্কুশ চিন চাই।
খোজতে পৰন্তে যায় শোকে ধাতু যায়।।৬০৭।।
গোপীসৱে আৱৰি ধৰন্তে নেই তুলি।
নন্দো চলি যান্ত যেন মৃতক পুতলি।।
এহিমতে যমুনাৰ তীৰক আণ্টাইল।
কান্দৈ গোপ গৰু পৰি গৈয়া ভেট পাইল।।৬০৮।।
দেখৈ হ্ৰদ মাজে পাচে পৰি আছা হৰি।
বন্দী কৰি আছৈ সৰ্পে শৰীৰ আৱৰি।।
চেতন নাহিকৈ কৃষ্ণ মৰিলন্ত প্ৰাণে।
ধাতু উৰি গৈল গৈয়া দেখি বিদ্যমানে।।৬০৯।।
ক্ৰন্দনৰ উৰ্ম্মি উথলিল মহাৰোল।
প্ৰচণ্ড বতাসে যেন সাগৰ কল্লোল।।
হা প্ৰাণনাথ কৃষ্ণ কৈক যাহা এড়ি।
কান্দৈ পড়ি পড়ি যমুনাৰ তীৰ বেঢ়ি।।৬১০।।
গোপী সমস্তৰ নাই সন্তাপৰ পাৰ।
কৃষ্ণ বিনে শূন্য দেখৈ দিনতে আন্ধাৰ।।
কৃষ্ণৰ কটাক্ষ হাস্য সৌহৃদ্য সুমৰি।
বিলাপ কৰন্ত আতি আৰ্তৰাৱ কৰি।।৬১১।।
হা কৈক যাহা প্ৰভু বান্ধৱ মধাই।
গোপী সমস্তক শোক সাগৰে পেহ্লাই।।
সৱ তেজি তযু চৰণক কৈলো আশ।
তুমি অৱিহনে প্ৰভু ভৈলো সৰ্ব্বনাশ।।৬১২।।
গধূলি প্ৰভাতে যাক নেত্ৰে কৰো পান।
সিটো মুখ নেদেখি ক্ষণেকে ফুটৈ প্ৰাণ।।
হেন বন্ধু বিনে জীঞো দাৰুণ হৃদয়।
এহি বুলি দেখৈ সন্তাপতে তমোময়।।৬১৩।।
কৃষ্ণৰ বদন পদ্ম নয়নে নিৰেখি।
কান্দৈ যশোদাক আৱৰিয়া সৱে সখী।।
নেত্ৰৰ লোতক আতি বহি যায় ধাৰে।
মহাশোকশেলে পশি হৃদয় বিদাৰে।।৬১৪।।
কৃষ্ণৰ অৱস্থা দেখি নন্দ যশোদাৰ।
পুত্ৰশোকে জমকে চৌভিতি অন্ধকাৰ।।
মহামৰ্ম্মে মূৰ্চ্চা গৈলা ভৈলা অচেতন।
কতো বেলি আছি সন্ধুকিল দুয়োজন।।৬১৫।।
পাৰন্তে লোটাৰি পাৰি মাটিত নিঢালে।
হা কৃষ্ণ বুলি তুলি মাথাক আফালে।।
কতো পুত্ৰ পুত্ৰ বুলি ডাকৈ উকি দিয়া।
জাঞলে মুষ্টিক ধৰি ধাকুৰন্ত হিয়া।। ৬১৬।।
হৰৈ শ্ৰুতি কতো তধা দিয়া থাকৈ চাই।
নেত্ৰৰ লোতক আতি ধাৰে বহি যায়।।
কৃষ্ণৰ সুন্দৰ বদনক চাই চাই।
কান্দন্ত যশোদা গুণ বৰ্ণাই বৰ্ণাই।।৬১৭।।
গোধূলি যাইবেক কোনে বংশীক বজাই।
কোনে গৈয়া মোক আৱে বুলিবেক আই।।
ধূলা জাৰি কাক নিয়া কৰাইবোহো স্নান।
কোনে কৰিবেক মোৰ গোৰসক পান।।৬১৮।।
বিচায়া শুৱাইবো কাক সুকোমল তুলি।
কাহাক ডাকিব আজি জাগা কৃষ্ণ বুলি।।
সুন্দৰ বদনে কোনে বজাইবেক বেণু।
প্ৰভাতে মেলিয়া কোনে চাৰিবেক ধেনু।।৬১৯।।
কতেক জনমে তপসাই পাইলো তাক।
অল্পতে তেজিলা অনাথিতি কৰি মোক।।
কি ভৈল পুতাই আজি কৃষ্ণ মোৰ বাপ।
তোৰ যমকাল ভৈল কৈৰ ইটো সাপ।।৬২০।।
পুতাইৰ লগতো পাপী মোক মাৰ খাই।
ইটো আৰ ছাৰ জীৱনত কাৰ্য্য নাই।
কৃষ্ণ অবিহনে এভো কেনে প্ৰাণ ধৰো।
এহি যমুনাৰ জলে জাম্প দিয়া মৰো।।৬২১।।
এহিমতে আতি মহা শোকে কান্দি কান্দি।
নিৰন্তৰে গোপ গোপীগণ নন্দ আদি।।
নপাৰি ধৰিবে চিত গোবিন্দক চাই।
কালীৰ হ্ৰদত দুঃখে জাম্প দিবে যায়।।৬২২।।
দেখন্ত অকাৰ্য্য মিলৈ ৰাম মহাভাগ।
নযা নযা বুলি বলো ভেন্টিলেক আগ।।
সৰ্পৰ দৰ্পক একেতিলে চূড় কৰি।
নাহি চিন্তা এতিক্ষণে আসিবন্ত হৰি।।৬২৩।।
কৃষ্ণৰ আগত সৰ্প পতঙ্গ পৰায়।
খেদাইবন্ত দমি আক থাকা ৰঙ্গ চাই।।
বলোৰ বচনে ব্ৰজবাসী শান্ত ভৈল।
কৃষ্ণক অপেক্ষি কাষৰতে সৱে ৰৈল।।৬২৪।।
কৃষ্ণমুখ নিৰেখি নিজম পৰি আছে।
তাত অনন্তৰে কথা শুনিয়োক পাচে।।
দেখা সৰ্বলোক কেন মহন্তৰ দুঃখ।
অনিত্য সংসাৰ আত কিছো নাহি সুখ।।৬২৫।।
অণুমাত্ৰো নাহি সুখ ইটো সংসাৰত।
সপোনৰ নিধি সম ধন জন যত।।
ক্ষণিকতে অন্তৰে মেঘৰ যেন ছায়া।
তেনয় অথিৰ যত সুত বিত জায়া।।৬২৬।।
হেন বিষয়ত কৰা কিমতে বিশ্বাস।
অমৃতক তেজি কালকুট কৰা গ্ৰাস।।
কৃষ্ণৰ ভকতিসুখ সাগৰ সঙ্কাশ।
অমৃততোধিক স্বাদ নাহিকৈ প্ৰয়াস।।৬২৭।।
দুই গুটি অক্ষৰ ইটো হৰি হেন নাম।
সাধৈ তথাপিতো ইটো দেখা কেন কাম।।
সংসাৰ ব্যাধিৰ ইসে ঔষধ সুসাৰ।
অনায়াসে কৰৈ দুঃখ সাগৰত পাৰ।।৬২৮।।
পৰম অক্ষয় ইটো পৰলোক বিত।
হেন জানি হৰিৰ নামত দিয়া চিত।।
কৃষ্ণৰ কিঙ্কৰে কহে নাহি আন গতি।
বোলা ৰাম ৰাম সৱে থিৰ কৰি মতি।।৬২৯।।
...........
।।দুলড়ী।।
পাচে কৃষ্ণ দুই দণ্ড পিৰ আছৈ
মনুষ্য চেষ্টা দেখায়।
দীন দয়ানিধি দেখন্ত দুঃখত
গোপ গোপী মৰি যায়।।
ভকত কৃপাল দিলা উড়ুফাল
লীলায়ে কৰি আছোট।
কৃষ্ণক এড়িয়া উফৰিল কালী
সৰ্পে পায়া মহাচোট।।৬৩০।।
নমাই হাজাৰেক ফণা ফোফাই আতি
কৃষ্ণক চাহিয়া থাকে।
আৰকত আখি মুখে বজায় বহ্নি
বিষ বিৰষয় নাকে।।
জিহ্বা মেলি মেলি চেলেকৈ কৱাৰি
লাঞ্জ উপৰক উৰে।
দেখি কালীৰায়ক হৰি হাম্ফুলিলা
লীলায়ে যেন গৰুড়ে।।৬৩১।।
বেঢ়ি তাক পাক ফুৰাইবে লাগিলা
চক্ৰাকাৰে চমৎকাৰে।
কালীয়ো কৃষ্ণক সন্মুখে ভ্ৰময়
তুলি ফণা ফোটকাৰে।।
ফুৰন্তে ফুৰন্তে হাৰাশাস্তি ভৈল
জানি জগতৰ নাথে।
উচ্চল কন্ধত ডেৱাই আড়ম্বৰ
চড়িলা কালীৰ মাথে।।৬৩২।।
প্ৰচণ্ড উদণ্ড হাজাৰেক মুণ্ড
ছত্ৰ যেন তুলি আছে।
তাক ভিৰি পাৱে নানা ভঙ্গি ভাৱে
নাচিবে লাগিলা পাচে।।
তাৰ শিৰোৰত্ন লাগি আতি ৰঙ্গা
ভৈলা পাদপদ্ম দুই।
অখিল কলাৰ গুৰু নাৰায়ণ
নাচন্ত আনন্দ হুই।।৬৩৩।।
সিদ্ধ বিদ্যাধৰ গন্ধৰ্ব চাৰণ
দেখিয়া নাচে উৎসুকি।
দুন্দুভি মৃদঙ্গ ৰঙ্গে বজাৱন্ত
তাল কৰতাল ঠুকি।।
কৃষ্ণগুণ গীত গাৱৈ ৰঞ্জি চিত
সুৰভি পুষ্প বৰিষে।
দেৱ মুনি যত থাকি আকাশত
বোলন্ত তুতি হৰিষে।।৬৩৪।।
দেৱ শ্ৰীহৰি অঙ্গি ভঙ্গি কৰি
নাচা মৃদঙ্গৰ চেৱে।
ইফণাৰ পৰা সিফণাক লাগি
লাম্ফ দিয়া যান্ত ডেৱে।।
হাজাৰেক শিৰ ভৈল ছিৰাছিৰ
কৃষ্ণৰ ভৰিৰ গিৰি।
দুষ্মহ ভৰক সহিবে নপাৰৈ
যেন পৰৈ ঘাৰ ছিৰি।।৬৩৫।।
যিটো যিটো সিটো ননমাৱৈ মুণ্ড
প্ৰচণ্ড কালী নিস্খলে।
তাতে তাতে চৰি ভৰিয়ে মৰ্দ্দন্ত
নৃত্যৰ ভঙ্গিৰ ছলে।।
কৃষ্ণৰ ভৰত ঢলো পলো কৰৈ
সঙ্কুচি আকুল ভাৱে।
নাকে মুখে দুঃখে ছাদিলা ৰুধিৰ
চেতন নাহিকে গাৱে।।৬৩৬।।
..................
।।ছবি।।
দুনাই সন্ধুকিয়া সিটো যিটো যিটো তোলৈ শিৰ
আশেষ ফোকাৰে ক্ৰোধ কৰি।
নৃত্যৰ ভঙ্গিত ভৰি দিয়া তাতে তাতে চড়ি
মৰ্দ্দন্ত ডেৱাই দেৱহৰি।।
প্ৰচণ্ড নৃত্যত তাৰ ভাগিল সহস্ৰ ফণা
হাৰ ঘাৰ বিহৰিল চোটে।
হাজাৰেক মুখে দুঃখে ছাদিল ৰুধিৰ সিটো
তমোময় দেখি সৰ্পগোটে।।৬৩৭।।
যত মদগৰ্ব্ব তাৰ দম্ভ দৰ্প অহঙ্কাৰ
গুচাই চিন্তিলা হৰি হিত।
মহাক্ৰুৰ কালীৰায় আপদ ঔষধ পাই
তাহাৰো নিৰ্ম্মল ভৈল চিত।।
যিটো চৰাচৰ গুৰু পৰম পুৰুষ হৰি
তাঙ্ক পাচে কৰিলা সন্মান।
গতি আৱে বনমালী বিমৰিষ কৰি কালী
লৈলা মনে কৃষ্ণত শৰণ।।৬৩৮।।
কৃষ্ণৰ দুষ্মহ ভড়ে ভাগি হাৰ ঘাৰ পৰে
প্ৰহাৰ ফুটিল ফণা যত।
মৰি যায় কালীৰায় চেতন গিয়ান নাই
ভৈল আতি শৰীৰ নিতত।।
দেখি নাগপত্নী লোকে পৰম বিহ্বল শোকে
সোলকৈ বসন কেশ পাশ।
শৰীৰ আসিল ঘামি হা মৰিলন্ত স্বামী
আমি সৱে ভৈলো সৰ্বনাশ।।৬৩৯।।
এহি বুলি অসন্তুষ্টি হিয়াত হানিয়া মুষ্টি
যায় লড়ি চাড়িয়া ওৱাৰি।
কালীৰ অৱস্থা দেখি কান্দৈ শোকে মকমকি
যত পিতব্ৰতা নাগনাৰী।।
নেত্ৰৰ লোতক ঝৰি পৰি যায় সৰসৰি
হাটফোটে ফোকাৰে নিশ্বাস।
হা মোৰ প্ৰণপতি হেনসে লভিলা গতি
কতো পাৰৈ সন্তাপে আটাস।।৬৪০।।
হদৃয়ত জ্বলৈ আগি কৃষ্ণৰ পাশক লাগি
শিশু আগ কৰি যায় চলি।
আথে বেথে গৈয়া লৰি আগে দণ্ডৱতে পড়ি
প্ৰণামিলা কৰি কৃতাঞ্জলি।।
পাচে নাগপত্নীগণে স্বামীৰ মোক্ষক মনে
লৈল সৱে কৃষ্ণত শৰণ।
শুনিয়োক সৰ্বজনে হৰি হৰি বোলা ঘনে
যাৱে আছে গাৱত চেতন।।৬৪১।।
...............
।।নাগ পত্নীৰ কৃষ্ণস্তুতি।।
।।পদ।।
কৰাইবাক লাগি সৱে স্বামীৰ মুকুতি।
নাগপত্নীসকলে কৃষ্ণক কৰৈ তুতি।।
ঘোৰ অপৰাধ কৰিলেক স্বামী চণ্ড।
বিহিলা ইহাৰ প্ৰভু সমুচিত দণ্ড।।৬৪২।।
পুৰাণ পুৰুষ সনাতন তুম হৰি।
দুষ্টক দণ্ডিবে লাগি আছা অৱতৰি।।
যদ্যপি তোহ্মাৰ শত্ৰু মিত্ৰ নাহি কেৱ।
দুষ্টকেসে দণ্ডা তথাপিতো তুমি দেৱ।।৬৪৩।।
কিনো অনুগ্ৰহ আঙ্ক কৰিলাহা হৰি।
ভৈল সৰ্প জাতি ইটো যিটো পাপ কৰি।
ইটো দণ্ডে সিয়ো সৱে নাশিলা পাতক।
বৰতো অধিক দেখো তোহ্মাৰ ক্ৰোধক।।৬৪৪।।
এৰি দম্ভ মান মদ ধৰি কষ্টব্ৰত।
ইটো সৰ্পে তপ কিনো কৰিলে পূৰ্বত।।
কিবা ইটো ভূতদায়া আছিল আচৰি।
যিহেতু ইহাত তুমি তুষ্ট ভৈলা হৰি।।৬৪৫।।
তোহ্মাৰ পাইলেক প্ৰভু পদধূলাচয়।
যিহেতু ইহাৰ হেন ভৈল ভাগ্যোদয়।।
যাক অভিলাষে লক্ষ্মী কায়ক্লেশ কৰি।
আচৰিল চিৰ তপ কষ্টব্ৰত ধৰি।।৬৪৬।।
যিটো পদধূলাক ভকতে প্ৰভু পাই।
সাৰ্ব্বভৌম ৰাজাৰ পদকো এড়ৈ যায়।।
স্বৰ্গ ব্ৰহ্মপদকো নাহিকৈ হৰি বাঞ্ছা।
নকৰন্ত যোগ সিদ্ধিকো লাগি ইচ্ছা।।৬৪৭।।
নোখোজন্ত হুইবে পাতালৰ অধিপতি।
মোক্ষৰ সুখত নাহি ভকতৰ ৰতি।।
চৰণৰ তোহ্মাৰ ৰেণুক অভিলাষি।
পদ পঙ্কজত মাত্ৰ থাকন্ত উপাসি।।৬৪৮।।
লক্ষ্মী ব্ৰহ্মা মহেশ প্ৰভৃতি দেৱগণে।
যিটো পদৰজ খুজি নপান্ত যতনে।।
তামসিক ক্ৰূৰ ক্ৰোধী কালী সৰ্প জাতি।
ইটো পদধূলাক কিমতে পাইল আতি।।৬৪৯।।
নমো নমো অচিন্ত্য শকতি নাৰায়ণ।
কাৰণৰো কাৰণ তুমিসে আকৰণ।।
নাহি আদি অন্ত মধ্য পৰিচ্ছিন্ন যাৰ।
পূৰ্ণানন্দ প্ৰভু হেৰা কৰো নমস্কাৰ।।৬৫০।।
মনো নমো অতৰ্ক মহিমা দেৱ হৰি।
জগতকে ব্যাপিয়া আপুনি আছা ধৰি।।
তুমি সৰ্বসাক্ষী ৰাখি আছা প্ৰাণীচয়।
তোহ্মাতেসে হন্তে হৱৈ উৎপত্তি প্ৰলয়।।৬৫১।।
যাৰ চাৰি মহা মোক্ষ মূৰ্ত্তি অনুপাম।
ৰাম কাম অনিৰুদ্ধ বাসুদেৱ নাম।।
হেন ভগৱন্ত কৃষ্ণ দেৱতাৰো দেৱ।
তোহ্মাৰ চৰণে কৰো লক্ষ কোটি সেৱ।।৬৫২।।
বিস্তৰ কৰিল তুতি নাগনাৰীজাক।
পদ বহুল্যক ডৰে নকহিলো তাক।
তুতি এৰি কৃষ্ণক কাৰ্পুণ্য কৰৈ পাচে।
ক্ষমিয়োক মাধৱ মৰন্তে স্বামি আছে।।৬৫৩।।
তোহ্মাক নজানি আসি দংশিলে দুৰ্জ্জন।
বাৰেকৰ দোষ মৰষিয়ো নাৰায়ণ।।
তোহ্মাৰ আগত ইটো যেন ক্ষুদ্ৰ মস।
ইহাক মাৰিলে হৰি হুইবে কোন যশ।।৬৫৪।।
কৰিয়ো কৰুণা আঙ্ক কৃষ্ণ কৃপাময়।
ধাতু প্ৰাণ নাহি নাথ স্বামী মৰিলয়।।
ঘাৰ ভাগি ওলমি মুখৰ পৰৈ লাল।
আউৰ পৰিবেদনে ইহাৰ মিলৈ কাল।।৬৫৫।।
লাগৈ মানে ভৈল শাস্তি ভুঞ্জাইলা ইহাক।
নকৰিয়ো কৃপাময় অনাথ আহ্মাক।।
পতিব্ৰতা নাৰীৰ স্বামীসে মোক্ষ প্ৰাণ।
আঞ্চল পাতিয়া আমি মাগো স্বামীদান।।৬৫৬।।
এহি বুলি কান্দয় কৃষ্ণৰ পাৱে পৰি।
নয়নৰ পৰৈ আতি লোতক নিগড়ি।।
পতিৰ সন্তাপে প্ৰাণ ফুটি যেন পৰে।
স্ত্ৰীৰ কাৰুণ্যে কৃপা সম্পজিল বৰে।।৬৫৭।।
বিমূৰ্চ্ছিত কালীকো দেখিয়া কৃষ্ণদেৱ।
সৰ্পৰ শিৰৰ পৰা নামিলন্ত ডেৱে।।
ধাতু নামি আইল জীলৈ যেন কথমপি।
যমৰ পুৰৰপৰা আইল পুনৰপি।।৬৫৮।।
পাচে কিছো কিছো কৰি কেঙ্কাই শ্ৰুতি পাই।
মেলিলেক আখি আতি হাতাসে ফোফাই।।
জানিলেক কৃষ্ণ এন্তে জগতৰ নাথ।
কৰিলা প্ৰণাম নমাই হাজাৰেক মাথ।।৬৫৯।।
মহা বেদনাত তাৰ মুখে নাশৈ মাত।
লাসে লাসে বোলৈ কৃতাঞ্জলি কৰি হাত।।
সহজে দুৰ্জ্জন আমি ক্ৰূৰ সৰ্প জাতি।
সৰ্বক্ষণে নুগুচৈ আমাৰ ক্ৰোধ আতি।।৬৬০।।
স্বভাৱে দুস্ত্যজ দেৱ কি কহিবো আমি।
নানাবিধ জন্ত্তুক তুমিসে স্ৰজা স্বামি।।
সৱাতো অধিক ক্ৰোধী ভৈলো আমি প্ৰায়।
নাহি আন ক্ৰূৰ আৰ আহ্মাত বিনায়।।৬৬১।।
দেখিয়োক প্ৰভু কেন মোৰ অহঙ্কাৰ।
গৰ্বমদে চিন্তিলো তোহ্মাৰ অপকাৰ।।
দৰ্পচুৰ কৰি কিনো কৰিলাহা ভাল।
গুচিল আজিসে মোৰ চক্ষুৰ পটাল।।৬৬২।।
আৱেসে জানিলো তুমি পৰম ঈশ্বৰ।
মৰষিয়ো দোষ আমি তোহ্মাৰ কিঙ্কৰ।।
নুগুচোক মোৰ তযু চৰণত ৰতি।
আজ্ঞা কৰা কি কৰিবো ত্ৰিজগত পতি।।৬৬৩।।
হেন শুনি হাসি হৰি দিলন্ত উত্তৰ।
চল সাগৰক ঐৰ সত্বৰে অন্তৰ।।
লগতে লড়োক পুত্ৰ পত্নী নিৰন্তৰ।
হ্ৰদৰ ভুঞ্জোক জল পশু পক্ষী নৰ।।৬৬৪।।
তোৰ মোৰ কথাকে সুমৰৈ যিটোজন।
প্ৰভাত সন্ধ্যাত কৰৈ কৌতুকে কীৰ্ত্তন।।
নপাইবেক পৰাভৱ সৰ্পৰ সাক্ষাত।
আজি ধৰি হৌক হ্ৰদ পৰম প্ৰখ্যাত।।৬৬৫।।
পিতৃক তৰ্পন্ত যিটো আতে কৰি স্নান।
আহ্মাৰ স্মৰণে হুইবে পাতক নিৰ্য্যাণ।।
ৰমণক দ্বীপক সত্ত্বৰে যাত্ৰা কৰ।
তই নকৰিবি আৰু গৰুড়ক ডৰ।।৬৬৬।।
ধ্বজ বজ্ৰ পঙ্কজ পাৱৰ চিহ্ন যত।
আছে সাঞ্চ বান্ধি দেখ সাক্ষাতে শিৰত।।
তাক দেখি নখাইবে গৰুড়ে মোক ডৰে।
শুনি উল্লাসিত কালী পৰম সাদৰে।।৬৬৭।।
কৃষ্ণক পূজিল যত্নে ৰত্নৰ সম্ভাৰে।
গন্ধে পুষ্পে ধূপে দীপে বস্ত্ৰ অলঙ্কাৰে।।
চৰণত পৰি পুত্ৰ পত্নী সমন্বিতে।
শিৰে পদধূলি তুলি লৈল একচিতে।।৬৬৮।।
প্ৰদক্ষিণে প্ৰণাম কৰিলা বাৰ সাত।
পাচভৰি লড়িল যুৰিয়া যোৰহাত।।
আনন্দতে কালিৰ নেত্ৰৰ নীৰ বৱে।
ৰমণক দ্বীপক লড়িল সবান্ধৱে।।৬৬৯।।
সেহিদিন ধৰি হ্ৰদ কৃষ্ণৰ প্ৰসাদে।
ভৈল জল নিৰ্ম্মল অমৃতময় স্বাদে।।
পুছে পৰীক্ষিতে শুনি মিলিল সংশয়।
ৰমণক দ্বীপসৱে সৰ্পৰ আলয়।।৬৭০।।
এৰি কিয় তাক কালী আইল হ্ৰদ জলে।
গৰুড়ৰ দ্ৰোহ কিবা কৰিল একলে।।
কৈয়ো কৃষ্ণকথা নাথ শুনো কৰ্ণভৰি।
তাকো সংসাৰৰ সৱে সন্তাপ পাসৰি।।৬৭১।।
শুক নিগদতি সিয়ো কথা শুনা ৰাজা।
মাসে মাসে গৰুড়ক পূজৈ সৰ্প প্ৰজা।।
অনেক নৈবেদ্য দ্ৰব্য বুলি বস্তু যত।
বৃক্ষৰ মূলত থৱে প্ৰতি পূৰ্ণিমাত।।৬৭২।।
ঘৰে ঘৰে ডৰ দেই ৰক্ষাৰ কাৰণে।
গৰুড়ে ভুঞ্জন্ত তাক আতি ৰঙ্গমনে।।
ইটো কালী পৰম দৰ্পিষ্ঠ দুৰাশয়।
বিষয় বীৰ্য্য গৰ্ব্বে গৰুড়কো নগণয়।।৬৭৩।।
দুৰ্বিনয় কদ্ৰুৰ তনয় মহানাগ।
আপুনিয়ো নেদৈ একো বলি বঁটা ভাগ।।
আনেবা বঢ়াৱৈ যৈত তৈকে যায় চলি।
গৰুড়ক কদৰ্থি দুৰ্জ্জনে ভুঞ্জৈ বলি।।৬৭৪।।
হেন শুনি গোৱিন্দৰ প্ৰিয় পক্ষীৰাজ।
কালীক গৰ্জ্জিয়া যুজিবাক ভৈলা সাজ।।
মহাকোপে আটোপে বধিবে আসে ধাই।
পৰ্বত শিখৰ খসি লগতে উৰাই।।৬৭৫।।
খলকিয়া সাগৰ কাখৰ পলম্পিল।
যেন অকালতে মহাপ্ৰলয় মিলিল।।
গৰুড় আসন্ত খেদি দেখি কালী বীৰ।
উপৰক তুলি সিটো সহস্ৰেক শিৰ।।৬৭৬।।
চেলেকৈ কৱাৰি মুখ আখি আৰকত।
বতাস সোসাই যেন ফোফাই ক্ৰোধত।।
খণ্ড খণ্ড কৰে মেঘ লাঞ্জৰ আছাৰে।
গৰুড়ক ধাইলে সৰ্পে দৰ্পে চমতৰে।।৬৭৭।।
দুইকো দুই খেদিয়া ধৰিল খঙ্গে পাই।
যেন মেৰু অঞ্জন পৰ্বত একে ঠাই।।
লগাইলেক কোলাৰ ঘাৰমোৰে বান্ধি ভিড়ি।
আন্দোলা আন্দোলি কৰে দুয়ো দুইক পীড়ি।৬৭৮।
কৰন্ত আক্ৰান্ত আতি দুয়ো মহাবল।
দলদোপ পৃথিৱী আটোপে টলবল।।
গৰুড়ক ধৰি পাচে সৰ্প মহাঘোৰ।
হাজাৰেক মুখে খঙ্গে ভেজাইলে কামোৰ।।৬৭৯।।
একৈ একৈ দান্ত যেন লাঙ্গলৰ ইশ।
গৰুড়ক সৰ্ব্বগাৱে লগাইলেক বিষ।।
বিষ্ণুৰ বাহন বীৰ বিষক নগণি।
কোপে জ্বলিলন্ত যেন তুলাত অগণি।।৬৮০।।
চাম্প দিয়া কালীকো ধৰিল ঠোটে ঘালি।
শৰীৰৰ মাংস নখে পেলাইলা বখালি।।
বাম ডউখা উল্লাসি বৈসাইলা পখা চাট।
কালীৰ মিলিল আসি মৰণৰ ঘাট।।৬৮১।।
গৰুড়ৰ দুষ্মহ পখাৰ পায়া চোট।
জিহ্বা মেলি দান্ত তৰি পৰি সৰ্পগোট।।
নকৰে চেতন বীৰ বিহ্বল পৰায়।
ক্ষণেক সন্ধুকি মনে গুণৈ অৱগাই।।৬৮২।।
নোহো লক্ষ ভাগো পক্ষীৰাজৰ সমান।
ইহাৰ হাতত কেনমতে ৰাখো প্ৰাণ।।
হেন গুণি বেগে আসি হ্ৰদে দিলা বুৰ।
খেদি গুৰি নপাই গৈয়া পালটি গৰুড়।।৬৮৩।।
হ্ৰদক নাসিলা য়িবা হেতু পক্ষীৰায়।
শুনা পৰীক্ষিত তুমি তাৰো অভিপ্ৰায়।
পূৰ্বত হ্ৰদত ঋষি আছিলা সৌভৰি।
মহা মৎস্যগোট সকুটুম্বে ফুৰৈ চৰি।।৬৮৪।।
গৰুড়ে ধৰিবে চান্তে বাধিলা সৌভৰি।
ঋষিবাক্য নগণি ক্ষুধাত খাইলা ধৰি।।
পৰম অনাথ ভৈলা আন মৎস্যগণ।
দেখিয়া দায়ায়ে ঋষি বুলিলা বচন।।৬৮৫।।
যদি দুনাই খান্ত ঐত মৎস্য একপ্ৰাণী।
মৰিবন্ত গৰুড় বুলিলো সত্য বাণী।।
কালী মাত্ৰ জানৈ আক নতু শুনৈ আনে।
গৰুড়ৰ ভয়ত বঞ্চিলা সেহি স্থানে।।৬৮৬।।
কৃষ্ণে উচ্ছাদিল দুনাই দ্বীপতে বঞ্চিল।
শুনি নৃপতিৰ মনে সংশয় গুচিল।।
শুনা সাৱধানে কেশৱৰ গুণ কৰ্ম্ম।
কলিযুগে আতপৰে নাহি আন ধৰ্ম্ম।।৬৮৭।।
পৰম দুৰ্জ্জন কলি পাপৰ সাগৰ।
কৰিলে মলিন মতি সমস্তে লোকৰ।।
কলিসৰ্প দংশিলেক হৰিল চেতন।
ৰামনাম অমৃতক কৰিয়ো যতন।।৬৮৮।।
তেৱেসে এড়াইবা কলি ভুজঙ্গৰ হাত।।
নাহিকে উপায় আন দেখিয়ো সাক্ষাত।
জানিয়া যতনে তেজিয়োক আন কাম।
বোলা সৰ্ব্বজনে ঘনে ঘনে ৰাম ৰাম।।৬৮৯।।
..................
।।ছবি।।
শুক নিগদতি ৰাজা পাচে পৰীক্ষিত নৃপ
কালীক লীলায়ে কৃষ্ণে দণ্ডি।
তীৰক পাইলন্ত আসি মুখত ঈষত হাসি
দিব্য অলঙ্কাৰে দেহ মণ্ডি।।
দেখি গোপগোপী সঙ্গে আতি উল্লসিল ৰঙ্গে
প্ৰাণ পাইলে যেন তনুগণ।
জীলো জীলো বুলি ধৰি লগাইলেক গলাগলি
আনন্দে ভৰিল সৱে মন।।৬৯০।।
ৰোহিণী যশোদা নন্দে আনন্দে কান্দন্ত ধৰি
গোপীগণো সন্তাপ নিস্তাৰি।
মিলিল মনত সুখ কৃষ্ণৰ কমল মুখ
মধু পিৱৈ নেত্ৰভৃঙ্গ ভৰি।।
প্ৰভাৱ জানিয়া হাসি ৰামে সাৱটিলা আসি
বিপ্ৰগণে বোলৈ শুন নন্দ।
গ্ৰাসিলেক কালী কালে আইলা কৃষ্ণ ভালে ভালে
কিনো ভৈল পৰম আনন্দ।। ৬৯১।।
যশোদা কৃষ্ণক গই সাৱটি কোলাত লই
স্নেহে ভৈলা বিহ্বল স্বভাৱ।
ঘনে ঘনে ঘ্ৰানৈ শিৰ ঝৰয় নয়নে নীৰ
তিন্তিল কৃষ্ণৰ সৰ্ব গাৱ।।
জুৰাইল হৃদয় আতি কৃষ্ণক বোলন্ত মাতি
কিয় কালীহ্ৰদে দিলা জাম্প।
গোসাই ৰাখিলে তোকে ক্ষণিতেকে মৰো শোকে
অদ্যাপি নুগুচৈ হৃদি কাম্প।।৬৯২।।
কৃষ্ণৰ দেখিয়া মুখ পাসৰিলা সৱে দুখ
উল্লসিল যত গাই গৰু।
কৃষ্ণৰ সন্তাপে তঞি আছিলেক যিবা জঞি
পিঞ্জৰি মঞ্জৰৈ সৱে তৰু।।
এহিমতে ব্ৰজবাসী নেত্ৰে যেন পিয়ৈ আসি
হৰি পদ পঙ্কজৰ ৰস
দুৰন্ত চিন্তাক তৰি আনন্দে হৃদয় ভৰি
কৰৈ আতি উলস মালস।।৬৯৩।।
.............
।।বনাগ্নি পান।।
।।দুলড়ী।।
অনন্তৰে তৈতে আনন্দে আছন্ত
ৰাত্ৰি অন্ধকাৰ ভৈল।
কৃষ্ণৰ লগত গোপ গোপী যত
যমুনা তীৰতে ৰৈল।।
ক্ষুধায় তৃষ্ণায় হাৰাশাস্তি হুয়া
পৰি নিদ্ৰা গৈলা আতি।
বেঢ়িয়া বনত বিপুল অগনি
লাগিল দোভাগ ৰাতি।।৬৯৪।।
গিৰ গিৰ ৰোলে বায়ুৰ আন্দোলে
ছিণ্ডি ছিণ্ডি আসৈ জুই।
হাপাস লাগিল ঘুমটি ভাগিল
জাগিল বিশ্ৰুতি হুই।।
বহ্নিৰ প্ৰভাৱ দেখি কাম্পৈ গাৱ
নিশ্চয় মিলৈ মৰণ।
পায়া মহাভয় গোপ গোপীচয়
কৃষ্ণতে লৈলা শৰণ।।৬৯৫।।
ত্ৰাহি ত্ৰাহি কৃষ্ণ প্ৰভু কৃপাময়
ভয়ে ধাতু গৈল উৰি।
পৰিলো বিপাকে ৰাখিয়ো আহ্মাক
স্বামি আমি মৰে পুৰি।।
তুমিসি মাধৱ বিপদ বান্ধৱ
সুহৃদ নাহিকৈ আন।
তোহ্মাৰ চৰণে পশিলো শৰণে
দিয়া নাথ প্ৰাণদান।।৬৯৬।।
নাহি মৃত্যুভয় ইটো শৰীৰৰ
অৱশ্যে আছে বিচ্ছেদ।
নেদেখিবো আৰ চৰণ তোহ্মাৰ
ইসে বৰ হৃদি খেদ।।
ভকতৰ ধন আহ্মাৰো জীৱন
ইসে সংসাৰতে সাৰ।
জানি ভয়হাৰী তেজিতে নপাৰি
চৰণ আৰ তোহ্মাৰ।।৬৯৭।।
.............
।।ছবি।।
এহিমতে ব্ৰজবাসী কৃষ্ণক আৱৰি আসি
মহা ত্ৰাস হুয়া বোলৈ বাক।
ভকতৰ দেখি ভয় পাচে কৃষ্ণ কৃপাময়
নাহি চিন্তা বুলি দিলা ডাক।।
বায়া মুখ মহাসুখে পিলা বনাগ্নিক মুখে
সমস্তে সুমৰৈ ধৰ্ম্মাধৰ্ম্ম।
অনন্ত শকতিধৰ মহেশ্বৰ মাধৱৰ
নুহি অদভুত ইটো কৰ্ম্ম।।৬৯৮।।
দেখি গোপ গোপীগণে কহৱৈ বিস্ময় মনে
নন্দসুত নোহন্ত মানুষ।
সাক্ষাতে লক্ষ্মীৰ পতি যিটো ভকতৰ গতি
এন্তে সেহি পৰম পুৰুষ।।
ধৰিলন্ত অৱতাৰ খণ্ডিৱন্ত মহাভাৰ
আত কিছো নাহি অন্যৱথা।
মাধৱক প্ৰশংসিয়া আনন্দে নধৰৈ হিয়া
জুমা জুমি কৱৈ এহি কথা।।৬৯৯।।
অনন্তৰে দেৱহৰি মোহন বংশীক ধৰি
দিলা ডাক যাইবাৰ নিশান।
আগ কৰি গৰু গাই কৃষ্ণক আৱৰি যায়
যত লগৰীয়া গোপগণ।।
কতো শিঙ্গা বংশীবাৱে তাতে হৰিগুণ গাৱে
কতো কৰৈ মহিমা কীৰ্তন।
অধৰে অৰ্পিয়া বংশী ঈষত কটাক্ষ হাসি
চায়া যান্ত নন্দৰ নন্দন।।৭০০।।
গোপীগণো চলি যায় কৃষ্ণৰ চৰিত্ৰ গাই
মনে ধৰি কৃষ্ণৰ চৰণ।
প্ৰেমৰসে দ্ৰৱৈ চিত তনু আতি ৰোমাঞ্চিত
হৰিষতে শিথিল গমন।।
এহিমতে দেৱহৰি পৰম আনন্দ কৰি
ভৈলা গৈয়া ব্ৰজত প্ৰৱেশ।
মহাভাগৱত পদ শুনিয়োক সভাসদ
হৌক নাশ সংসাৰৰ ক্লেশ।।৭০১।।
জন্মৰ এহিসে হেতু ৰামনামে বান্ধি সেতু
সংসাৰ সাগৰে হোৱা পাৰ।
শুনা সৱে অভিপ্ৰায় নাম বিনে গতি নাই
চাৰিয়ো বেদত নাম সাৰ।।
জানি আন পৰিহৰি সুদৃঢ় বিশ্বাস কৰি
লৈয়ো নাম তেজি আন কাম।
চলিবা বৈকুণ্ঠলোক পুৰুষ উদ্ধাৰ হৌক
নিৰন্তৰে বোলা ৰাম ৰাম।।৭০২।।
...............
।।প্ৰলম্বাসুৰ বধ।।
।।পদ।।
নিগদতি মুনি শুক শুনা পৰীক্ষিত।
কালীৰ ফণাতে নাৰায়ণে কৰি নৃত্য।।
বলোক তুলিবে লাগি দৈত্যৰ কান্ধত।
আউৰ দিনা কৃষ্ণে ক্ৰীড়া কৰিলা বনত।।৭০৩।।
এহিমতে তহিতে ক্ৰীড়ন্তে ৰামহৰি।
চৰান্ত বত্সকে ছন্দে গোপ ৰূপ ধৰি।।
গ্ৰীষ্ম নামে ঋতু আসি মিলিল তহিতি।
প্ৰাণীৰ নুপজৈ যাত আতিশয় প্ৰীতি।।৭০৪।।
নযায় চাহান চণ্ড ৰবিৰশ্মি জাল।
কৰৈ শৰীৰক দাহ ঘোৰ গ্ৰীষ্মকাল।।
সাক্ষাতে বঞ্চন্ত যাত ভগৱন্ত হৰি।
বৃন্দাবন ভৈলা আসি বসন্তৰ সৰি।।৭০৫।।
শুনি অসংখ্যাত তাত নিৰ্ঝৰাৰ নাদ।
সেহি ছন্ন ভৈল আতি জীয়াৰ সম্বাদ।।
দশোদিশ উফৰি নিঝৰি জল যায়।
বাঢ়ৈ বন বৃক্ষলতা তাৰ চিতা পাই।।৭০৬।।
বহৱে শীতল বায়ু বৃন্দাবন জুৰি।
লগতে উত্পল পদ্মৰেণু আসৈ উৰি।।
নদীৰ ঊৰ্ম্মিত জল চিটিকিয়া পৰে।
হলফল কৰি বন নিতে নিতে চৰে।।৭০৭।।
মেলি নৱ পল্লৱ লতাই দিলা জাপ।
নাহি বনবহ্নি চণ্ড আদিত্যৰ তাপ।।
ফল পুষ্পে বৃক্ষৰ ওলমি পৰৈ ডাল।
চড়ৈ মহাসুখে পক্ষী পশু পালেপাল।।৭০৮।।
অগাধ হ্ৰদৰ ঊৰ্ম্মি দেখি ভয়ভীতি।
কাষৰ প্ৰলম্পি জল যায় চতুৰ্ভিতি।।
ভৈলা ভুমি সমস্ত কৰ্দম বৃন্দাবন।
শুষিতে নপাৰে আউৰ ৰবিৰ কিৰণ।।৭০৯।।
পুষ্পে জকমক সৱে দেখন্তে আহ্লাদ।
বহুবিধ চিত্ৰমৃগগণে কৰৈ নাদ।।
হৃষ্ট পুষ্ট পক্ষীসৱ ভক্ষি ফলমূল।
আনন্দতে তেজৈ নাদ শুনিয়া তুমমুল।।৭১০।।
গুঞ্জৰে ভ্ৰমৰে পুষ্পৰসে হুয়া ভোল।
সদায় শুনিয় মত্ত ময়ূৰৰ ৰোল।।
কোকিলৰ কুহু কুহু নাদে মিলৈ ভাৱ।
জলচৰ পক্ষী সৰ্বক্ষণে তেজৈ ৰাৱ।।৭১১।।
হেন বিতোপন সিটো বৃন্দাবন স্থলী।
গোপগণ সমে ৰাম কেশৱে আকলি।।
আগ কৰি গোধন অধৰে বায়া বাঁশী।
কৌতুকে ক্ৰীড়ন্তে তাতে প্ৰৱেশিলা আসি।।৭১২।।
মাতাত ময়ুৰ পুচ্ছ পল্লৱ কৰ্ণত।
বন্যপুষ্প গলে গেৰু ঘষিয়া গাৱত।।
ৰাম কৃষ্ণ আদি যত গোপৰ প্ৰবুদ্ধ।
কতো নাচৈ গাৱৈ কতো কৰৈ বাহু যুদ্ধ।।৭১৩।।
আপুনি কৰন্ত ৰঙ্গে নাৰায়ণে নৃত্য।
দেখি গোপগণে কতো গাৱৈ গুণ গীত।।
বাৱৈ বেণু শিঙ্গা কতো বজাৱৈ চাপৰি।
তাৰ ছেৱে আদিদেৱ নাচন্ত চাপৰি।।৭১৪।।
সাধু সাধু বুলি কতো নাচন্ত চৌপাশে।
দেখি অঙ্গি ভঙ্গি ৰঙ্গে কতো কতো হাসে।।
ধ্যানত নেদেখে যাক মহা যোগীজন।
শিশু সঙ্গে কৰা ক্ৰীড়া হেন নাৰায়ণ।।৭১৫।।
যেন নটে নটক প্ৰশংসে চাই নাচ।
সেহিমতে দেৱগণে ধৰি গোপ কাছ।।
গোপৰূপী ৰাম মাধৱক তুতি কৰি
সদায়ে আনন্দে ভ্ৰমৈ দোভাইকো আৱৰি।।৭১৬।।
বহুবিধ কৰৈ ক্ৰীড়া মহাকুতূহলে।
কাহাকো সাৱটি চটি কৰি ধৰৈ গলে।।
কাহাকো ফুৰাৱৈ পাক ওপৰক তুলি।
কাকো কেৱে গলদঙ্গা মাৰৈ হু হু বুলি।।৭১৭।।
ডেৱৈ কাকো কেৱে হেলে লাম্ফ দিয়া আসি।
কেহো কাকো আজুৰি টানিয়া আনৈ হাসি।।
খেলৈ নানা খেড়ি ৰাম মাধৱৰ সঙ্গে।
কতো কতো বাহুযুদ্ধ কৰৈ মহাৰঙ্গে।।৭১৮।।
নাচৈ গোপগণে গীত গান্ত দুয়োভাই।
কতো বেণু বাৱৈ প্ৰশংসন্ত তাকে চাই।।
কতো কো়ঞ্চাই আনি ফল আমলখী বেলে।
দুয়ো দুই ভিতি কতো দলি যুদ্ধ কেলে।।৭১৯।।
আহ্মাক নুচুবি বুলি কতো লৰ দেই।
চুইবো চুইবো বুলি কতো কতো খেদে নেই।।
কতো খেদি ফুৰৈ আপুনাৰ চক্ষু বান্ধি।
কতো থাকৈ আন্তৰি বৃক্ষৰ পশি সান্ধি।।৭২০।।
বেঙ্গে যেন ডেৱ দিয়া ফুৰৈ লাম্ফে লাম্ফে।
লৱৰিয়া ফুৰৈ কতো মৃকে যেন জাম্পে।
কতো কতো থাকে বসি বকে যেন চুম্পি।
কতো লাসে লাসে শিশু ফুৰৈ ভৰি খুম্পি।।৭২১।।
তাকে চাই চাই কতো হাসে মুণ্ড তুলি।
কৰন্ত কৌতুকে কতো হেন্দোলা হেন্দোলি।।
কতো ৰাজা হোৱৈ কতো ছত্ৰ ধৰি তোলে।
কতো কতো দোপাশে চামৰে ধৰি ঢোলে।।৭২২।।
বোলাৱে আদেশ সিংহাসনে থাকে বসি।
নদী সৰোবৰ বন গহ্বৰত পশি।।
কৰন্ত বিৱিধ ক্ৰীড়া আতি অনুপাম।
গোপগণ সঙ্গে ৰঙ্গে লৈয়া কৃষ্ণনাম।।৭২৩।।
সেহি সময়ত দৈত্য প্ৰলম্ব নিলাজ।
গোপৰূপ ধৰিয়া পশিল আসি মাজ।।
ৰামক কৃষ্ণক হৰি নিবাক প্ৰৱন্ধে।
লৈয়া লগ গোপৰ উমলৈ মহাৰঙ্গে।।৭২৪।।
জানি তাক কটাক্ষ কৰিলা কৃষ্ণে হাসি।
ভাল ভৈল হাততে মিলিল দৈত্য আসি।।
তাহাৰ বধক পাচে চিন্তি চক্ৰপাণি।
মাতি গোপগণক বুলিলা হেন বাণী।।৭২৫।।
হে গোপগণ শুণা আহ্মাৰ সন্মতি।
আশা জুলিবাটি ক্ৰীড়া কৰিবো সম্প্ৰতি।।
যেই যাত হাৰোহো বহিবো কান্ধে তুলি।
ভৈলা দুই ভিতি শিশু এহি হৌক বুলি।।৭২৬।।
ভৈলন্ত নায়ক ৰাম কৃষ্ণ মহাশয়।
জুলিবাটি খেলৈ খেৰি গোপ শিশুচয়।।
ভাণ্ডীৰক নামে বট বৃক্ষৰ মূলত।
কৰৈ ক্ৰীড়া শিশুসৱ মহা আনন্দত।।৭২৭।।
শ্ৰীদাম বৃষভ প্ৰমুখ্য গোপগণে।
ভৈলা সৱে ৰামৰ সঙ্গতি ৰঙ্গমনে।।
ভদ্ৰসেন প্ৰলম্ব প্ৰমুখ্যে গোপ যত।
পৰম নিৰ্ভয়ে ক্ৰীড়ৈ কৃষ্ণৰ লগত।।৭২৮।।
এহিমতে কতোবেলি ক্ৰীড়ন্তে আছয়।
পাচে ৰাম সমে গোপগণ ভৈলা জয়।।
কৃষ্ণৰ ভিতৰি ভঙ্গ মিলিল সমূলি।
বহিবাক লাগিলা কান্ধত লৈয়া তুলি।।৭২৯।।
শ্ৰীদাম গোপক বহন্ত কৃষ্ণে কান্ধে।
ভদ্ৰসেনে বৃষভক বহৱৈ প্ৰৱন্ধে।।
ৰামক কান্ধত লৈয়া প্ৰলম্বে প্ৰত্যেক
এহিমতে বৱৈ আনো গুৱাল যতেক।।৭৩০।।
আন গোপগণে থৈলা সীমাতে নমাই।
প্ৰলম্বে বলোক নেই সীমাক চড়াই।।
কৃষ্ণৰ পাশৰ আন্তৰাইলা সেহি ছেগে।
তাঙ্ক বিদূৰক লাগি নিল মহাবেগে।।৭৩১।।
দৈত্যৰ কান্ধৰ বলভদ্ৰ যান্ত ভিৰি।
পৰম গম্ভীৰ যেন হিমৱন্ত গিৰি।।
বাহিবে নপাৰৈ আৰ বেগ ভৈল থিৰ।
ধৰিলেক দুষ্টে নিজ আসুৰী শৰীৰ।।৭৩২।।
জ্বলৈ দৈত্য দেহা ঘোৰ কালমেঘ নয়।
বিজুলীৰ চিকি যেন অলঙ্কাৰচয়।।
উপৰত ৰাম প্ৰকাশন্ত চন্দ্ৰসম।
ভয়ঙ্কৰ মূৰ্ত্তিক দেখিয় যেন যম।।৭৩৩।।
অঞ্জন পৰ্বত যেন থূলন্তৰ কায়।
দুই চক্ষু ৰঙ্গা জুই আঙ্গনি পৰায়।।
নাসা দন্ত দুই তাৰ যেন অন্ধকূপ।
মৌবাহ যেন ওষ্ঠ বিকৃতি কুৰূপ।।৭৩৪।।
ভ্ৰূকুটি কূটিল মুখ গিৰিৰ গহ্বৰ।
বিকট পিঙ্কট গোম্ফ দাড়ি ভয়ঙ্কৰ।।
কৰ্ণ দুই হালৈ যেন কুলাৰ বাতাস।
থূলন্তৰ শিৰ আছৈ লঙ্ঘিয়া আকাশ।।৭৩৫।।
যেন কাল সৰ্পগোট ফোফাই মহাৰাগি।
উচ্চল দশন ললাটত আছৈ লাগি।।
লহ লহ জিহ্বা মেলি কৰৈ কিল কিল।
বাহু দণ্ড দুই তাৰ যেন পোৰা শিল।।৭৩৬।।
হাতৰ পাৱৰ নখ আছৈ ফুৰি ফুৰি।
খালী আছৈ পেট যেন শুখান পুখুৰী।।
থূলন্তৰ জাঙ্গ ভেঙ্গুৰা ভৰি তাৰ।
যাই ভূমিকম্প পায়া পাৱৰ প্ৰহাৰ।।৭৩৭।।