।। শ্ৰীমদ্ভাগৱত ।।

।। দশম স্কন্ধ ।।

শেষ ভাগ

 (কুৰুক্ষেত্ৰ যাত্ৰা)

  ।।শ্ৰীকৃষ্ণায় নমঃ।।

 

।।মঙ্গলাচৰণ।।

      ।।পদ।।

 

জয় জয় কৃষ্ণ কৃপাপয়োধি মাধৱ।

ব্ৰহ্মা হৰে পূজে যাৰ চৰণপল্লৱ।।

যাৰ নাম মাত্ৰে তড়ে সংসাৰ দুৰ্ঘোৰ।

নমো দণ্ডৱতে কৃষ্ণ ইষ্টদেৱ মোৰ।।১।।

নমো নমো কৃষ্ণ মধুসূদন দৈত্যাৰি।

প্ৰভু ভগৱন্ত ভকতৰ ভয়হাৰী।।

যেন উপদেশ দিলা দেৱ হৃদীশ্বৰে।

ভণে ভাগৱত কথা কৃষ্ণৰ কিঙ্কৰে।।২।।

শুনা সামাজিক জন কৃষ্ণৰ চৰিত্ৰ।

নাহি আতপৰে আৰ তাড়ক কলিত।।

চাৰি পুৰুষাৰ্থ কাম মোক্ষ ধৰ্ম্ম অৰ্থ।

শ্ৰৱণতে সমস্ত মিলাৱে মনোৰথ।।৩।।

দ্বাৰকাক আসিলা দৰিদ্ৰ দামোদৰ।

ভূমিতে দিলন্ত তাঙ্ক সম্পত্তি ইন্দ্ৰৰ।।

নন্দ যশোদাৰ প্ৰীতি সাধিবাক প্ৰতি।

কুৰুক্ষেত্ৰ তীৰ্থক কৰিলা কৃষ্ণে গতি।।৪।।

........

 

 

।।কৃষ্ণৰ কুৰুক্ষেত্ৰ যাত্ৰা।।

 

শুক নিগদতি শুনিয়োক পৰীক্ষিত।

কলিমল সংহাৰক কৃষ্ণৰ চৰিত।।

ভকতৰ পৰম সুহৃদ দামোদৰ।

কুৰুক্ষেত্ৰ যাত্ৰা আৱে শুনা কেশৱৰ।।৫।।

কৰিলা দৈৱজ্ঞে গণি দেশত প্ৰকাশ।

মিলে মহাসূৰ্য্যৰ যে গ্ৰহণ সৰ্ব্বগ্ৰাস।।

শুনি মহাৰাজা সৱে পৰম উৎসৱে।

কৰে ৰঙ্গে কুৰুক্ষেত্ৰ যাত্ৰা সবান্ধৱে।।৬।।

একে একে ৰাজা চলে পৰম লীলায়।

বলে বীৰ্য্যে ধৈৰ্য্যে যেন দিগগজ পৰায়।।

পৰিচ্ছেদে মহেন্দ্ৰ সদৃশ চমৎকাৰ।

কিছু লেখা দেঞো শুনা নাম তাসম্বাৰ।।৭।।

কেকয় কৌশল কুৰু সৃঞ্জয় কাম্বোজ।

মহাবীৰ্য্য বিৰাট বিদৰ্ভ কুন্তিভোজ।

মন্দ্ৰ দমঘোষ সব্য ভীষ্মক হাৰ্দ্দিক।

ধৃষ্টকেতু চেকিতান বিতাল বাহ্লিক।।৮।।

যুধামন্যু মৈথিল সুশৰ্ম্মা উশীনৰ।

বিন্দ অনুবিন্দ চন্দ্ৰদত্ত দিৱাকৰ।।

শ্ৰুতাযুদ্ধ প্ৰবুদ্ধ ধৰণীধৰ কাল।

নগ্নজিৎ পুৰুজিৎ সোম মহীপাল।।৯।।

সাৰণ সুৰথ ৰথী সুপাৰ্শ্বা প্ৰতীপ।

চন্দ্ৰচূড় চক্ৰকেতু কৌশম্বিৰ নৃপ।।

পৰ পুৰঞ্জয় জয়সেন মহোৎসৱ।

চমৎকাৰে চড়ে আতি সৈন্য সবান্ধৱ।।১০।।

কৌৰৱ পাণ্ডৱ আদি কৰি যত ৰাজা।

পুত্ৰ পত্নী সমন্বিতে সঙ্গে লৈয়া প্ৰজা।।

হয় হস্তী ৰথে কেহো চড়ি নৰযান।

কুৰুক্ষেত্ৰ তীৰ্থে আসি ভৈলা একথান।।১১।।

পূৰ্ব্বতে পৰশুৰামে কৰিলা নিশ্চয়।

ক্ষত্ৰিয়ৰ ৰুধিৰে নিৰ্ম্মিলা হ্ৰদচয়।।

আপুনি কৰিলা স্নান দান যজ্ঞ যত।

নাহি পূণ্যক্ষেত্ৰ তাক সম সংসাৰত।।১২।।

পৃথিৱীৰ ৰাজা একথান ভৈলা তথা।

আত অনন্তৰে শুনা কেশৱৰ কথা।।

সৰ্ব্বগ্ৰাহ গ্ৰহণৰ শুনি সিটো বাৰ্ত্তা।

সবংশে কৰিলা কৃষ্ণে কুৰুক্ষেত্ৰে যাত্ৰা।।১৩।।

বীৰ কৃতবৰ্ম্মা শুক সুচন্দ্ৰ সাৰণ।

লগত সহায় দিলা এহি চাৰিজন।।

অনিৰুদ্ধ কুমাৰক প্ৰবোধিয়া হৰি।

সেনা সমে থৈলা দ্বাৰকাৰ ৰক্ষা কৰি।।১৪।।

আন যত যদুবংশ মানে নিৰন্তৰে।

কৃষ্ণক আৱৰি ৰঙ্গে চলে চপকৰে।।

লৈয়া মহা প্ৰাৰম্ভে সম্ভাৰ কৰি পূৰ।

চলে বসুদেৱ সুৰ আহুক অক্ৰূৰ।।১৫।।

ৰাম কামদেৱ গদ সাম্ব মহাবীৰ।

উগ্ৰসেন শঠ শত্ৰুমৰ্দ্দন মন্দিৰ।।

শাল্ব ভগদত্ত ভুৰি বিক্ৰয় উৰ্ম্মুক।

যায় যদুগণে সঙ্গে পৰম উৎসুক।।১৬।।

ৰথসৱ চলে যেন বিমান দেৱৰ।

ছানি যাই ধ্বজদণ্ড চিড়ল চামৰ।।

জনকে কিঙ্কিণী সুৱৰ্ণৰ শাৰী শাৰী।

যায় যদুগণ তাতে সঙ্গে নিজনাৰী।।১৭।।

যূথে যূথে যায় মত্ত হস্তী একে ঢিকি।

সুৱৰ্ণ ভুমুকাচয় কৰে চিকিমিকি।।

যেন ঐৰাৱত গৰ্জ্জনিতে ভূমি চালে।

কৰ্ণে হানে তাল গজঘন্টাৰ আস্ফালে।।১৮।।

সুৱৰ্ণ পাখাৰে চলে যত তেজি ঘোৰ।

টলবল কৰে বেগে বায়ু নোহো যোৰ।।

ৰাহুতে দেখাৱে লীলা গতি লয়লাসে।

সাগৰৰ উৰ্ম্মি যেন উল্লাসে বতাসে।।১৯।।

অলেখ পদাতি চলে পৰম উৎসাহে।

চিকিমিকি কৰে দেহা সুৱৰ্ণ সন্নাহে।।

দিব্য বস্ত্ৰ অলঙ্কাৰে যায় প্ৰকাশন্তে।

সুৱৰ্ণৰ মালা দোলে কণ্ঠত হাঠন্তে।।২০।।

হৃষ্ট পুষ্ট দৰ্পিষ্ঠ বলিষ্ঠ কলেৱৰ।

অস্ত্ৰ শস্ত্ৰ ধৰি যেন ধাৱে বিদ্যাধৰ।।

সঙ্গে নিজনাৰী চলে গলে হেমহাৰ।

অপেশ্বৰী সমে যেন দেৱৰ কুমাৰ।।২১।।

সৱাৰ মাজত যান্ত জগতনিবাস।

নক্ষত্ৰৰ মাজে যেন চন্দ্ৰৰ প্ৰকাশ।।

মৌক্তিক ছত্ৰেক আছে শিৰৰ উপৰে।

সাত্যকি উদ্ধৱো চলে ধৱল চামৰে।।

দাৰুক ডাকন্ত ৰথ চলে লাসে লাসে।

দিব্য যন্ত্ৰ যতেক বজাৱে লাসে বেশে।।

ছিন্ন চৌণ্ড দণ্ড নচুৱাৱে তুলি তুলি।

নটে ভাটে ৰটে জয় জয় কৃষ্ণ বুলি।।২৩।।

ঈষত হসিত মুখ নৱ পদ্মকোষ।

অৰুণ চৰণ দুই দেখন্তে সন্তোষ।

শ্যাম শৰীৰত ৰত্নময় অলঙ্কাৰ।

নবীন মেঘত যেন বিজুলী সঞ্চাৰ।।২৪।।

ৰূপৰ সম্পত্তি আতি প্ৰকাশে প্ৰচুৰ।

কোটি কন্দৰ্পৰো দৰ্প দেখি হোৱৈ চূৰ।।

বাহু বক্ষঃস্থলত যাহাৰ পৰে দৃষ্টি।

জুৰাই তনু মন যেন অমৃতৰ বৃষ্টি।।২৫।।

দৈৱকী প্ৰমুখ্যে নাৰী যাদৱ বংশৰ।

ৰুক্মিণী প্ৰমুখ্যে যত মহিষী কৃষ্ণৰ।।

শৰীৰক মণ্ডি ৰত্নময় অলঙ্কাৰ।

বিমানত চৰি লড়ি যান্ত জাতিষ্কাৰে।।২৬।।

যতেক যাদৱী সেনা তাৰো নাহি সীমা।

যাহন্তে কীৰ্ত্তন কৰে কৃষ্ণৰ মহিমা।।

পূৰিলেক কৃষ্ণগুণে গগনমণ্ডল।

শুনে মানে ধ্বনি পলাই পাপ অমঙ্গল।।২৭।।

কৃষ্ণেসে পৰম ইষ্টদেৱ কৃষ্ণ প্ৰাণ।

নজানে যাদৱী সেনা কৃষ্ণ বিনে আন।।

কৃষ্ণৰেসে যশকথা নিৰন্তৰে গাৱে।

সলোতক নয়নে বয়ন প্ৰেমভাৱে।।২৮।।

অসংখ্যাত ৰথ ঘোষ বাদ্যভণ্ড ৰোলে।

হয় হস্তী গিৰি মহীমণ্ডল নিন্দোলে।।

এহিমতে যান্ত যদুবংশৰ প্ৰদীপ।

অনন্তৰে পাইলা কুৰুক্ষেত্ৰৰ সমীপ।।২৯।।

কৃষ্ণৰ চৰণে সৱে লৈয়া অনুমতি।

নামিয়া জলত সৱে যাদৱ সন্ততি।।

ৰামৰ হ্ৰদত ৰঙ্গে কৰিলন্ত স্নান।

দেৱতা পিতৃক সন্তৰ্পিয়া দিলা দান।।৩০।।

বিশিষ্ট বিপ্ৰক আনি কৰিলা সৎকাৰ।।

শ্ৰদ্ধায়ে পিন্ধাইলা গন্ধ বস্ত্ৰ অলঙ্কাৰ।।

দিলা দান দাসী দোলা হয় হস্তী ৰথ।

ভৈলন্ত সন্তোষ পৰিপূৰ্ণ মনোৰথ।।৩১।।

সুৱৰ্ণৰ শৃঙ্গ ৰজতৰ খুৰা চাৰি।

গলে হেমমালা দিব্য বসনে আৱৰি।।

কৰিলন্ত দান হেন ধেনু অসংখ্যাত।

মিলোক ভকতি বুলি কৃষ্ণ দেৱতাত।।৩২।।

পুনৰপি সবংশে কৰিলা মোক্ষ স্নান।

মহন্ত বিপ্ৰক পুনু কৰিয়া সন্মান।।

কৃষ্ণৰ চৰণে হৌক ভকতি আহ্মাৰ।

এহি বুলি দিলন্ত সুৱৰ্ণ একো ভাৰ।।৩৩।।

পাচে কৃষ্ণদেৱ যদুবংশৰ লগতে।

কৰিলা আপুনি স্নান দান বিধিৱতে।।

অনুমতি পায়া সৱে কৃষ্ণৰ চৰণে।

কৰিলা ভোজন ভাগ্যৱন্ত যদুগণে।।৩৪।।

মহা হৰষিত চিত্তে উঠি সমদলে।

ছায়া অনুসৰি বসিলন্ত তৰুতলে।।

আসি আছে পৃথিৱীৰ যত ৰাজাগণ।

চিৰকাল অন্যোঅন্যে ভৈল দৰশন।।৩৫।।

যাদৱ বংশক দেখি আনন্দ হৃদয়।

বিদৰ্ভ কৈকেয় কুৰু কাম্বোজ সৃঞ্জয়।।

বিৰাট দ্ৰুপদ আউৰ কৌৰৱ পাণ্ডৱ।

পৰম সুহৃদ কেহো সম্বন্ধী বান্ধৱ।।৩৬।।

ভৈলা দেখাদেখি সৱে আসি কুৰুক্ষেত্ৰ।

হৰিষে প্ৰফুল্ল মুখ পদ্মসম নেত্ৰ।।

সাৱটন্তে অন্যো অন্যে মিলে প্ৰেমভাৱ।

ঝৰে নয়নৰ নীৰ ৰোমাঞ্চিত গাৱ।।৩৭।।

নিৰোধিলা তাক কণ্ঠ বাক্য নসম্বৰে।

পৰম আনন্দ মনে মিলে সমস্তৰে।।

ধৰা ধৰি কৰি আসি বসিয়া আসনে।

পুছিলা কুশল বাৰ্ত্তা মধুৰ বচনে।।৩৮।।

দ্ৰৌপদী প্ৰমুখ্যে ৰাজ মহিষী যতেক।

কৃষ্ণপত্নী সমস্তকে দেখিয়া প্ৰত্যেক।।

পৰম সুহৃদ ভাৱে ধৰি আলিঙ্গিল।

কুঙ্কমে ৰঞ্জিত দুই স্তনক পীড়িল।।৩৯।।

পাইলন্ত পৰম প্ৰীতি অন্যোঅন্যে চাই।

মহা প্ৰেমভাৱে নীৰ নেত্ৰৰ বজাই।।

কনিষ্ঠে জ্যেষ্ঠক কৰিলন্ত নমস্কাৰ।

অন্যোঅন্যে কুশল কহিল আপোনাৰ।।৪০।।

যত মহা মহাৰাজা আসিযাছে তথা।

পাতিয়া বহল সভা কহে কৃষ্ণকথা।।

নাৰীসৱে একত্ৰে বসিয়া মহাসুখে।

কৃষ্ণৰেসে চৰিত্ৰ কহয় মাত্ৰ মুখে।।৪১।।

যাদৱগণৰ সিটো মহা শ্ৰীক দেখি।

ঈশ্বৰ কৃষ্ণৰ মূৰ্ত্তি নিৰেখি নিৰেখি।।

ভৈলন্ত বিস্ময় আতি সিটো সামৰাজে।

নাহি আন কথা কৃষ্ণ মহিমাত বাজে।।৪২।।

পিতৃত মাতৃক দেখি কুন্তী ৰাজমাৱে।

মহাপ্ৰীতি পৰি প্ৰণামিলা দুইৰো পাৱে।।

যত ভাৰ্য্যা ভগিনী ভাৰ্য্যাৰ ভ্ৰাতৃচয়।

কৰিলা সাদৰ সমস্তক যেন নয়।।৪৩।।

কৃষ্ণক দেখিয়া মহাপ্ৰেম উপজিল।

কণ্ঠত ধৰিয়া নীৰ নেত্ৰৰ তেজিল।।

গৌৰৱে কুন্তীক পাচে নমিলা মাধৱে।

ভৈলা সলোতক মুখ দেখি সবান্ধৱে।।৪৪।।

ভাতৃ বসুদেৱক কৰিলা বহু মান।

কান্দন্তে দিলন্ত তাক কুন্তী সমিধান।।

তুমি শ্ৰেষ্ঠ ভাতৃ পিতৃ সমান সুবুদ্ধি।

এতমান আপদতো নকৰিলা শুদ্ধি।।৪৫।।

কতবা জন্মত পাপ সাঞ্চিলো দুৰ্ঘোৰ।

ভৈলোহো বিধৱা স্বামী মৰিলন্ত মোৰ।।

পাঞ্চগুটি পুত্ৰসমে ভৈলো অনাথিতী।

নাহি পৃথিৱীৰ মোতপৰে নিমাখিতী।।৪৬।।

পিতৃ মাতৃ সুহৃদ সোদৰ বন্ধুজন।

আপদ কালত যাক নকৰে স্মৰণ।।

সিটো ভাগ্যশূন্য তাৰ জীৱন নিষ্ফল।

এহি বুলি ভৈলা কুন্তী নয়ন সজল।।৪৭।।

বান্ধৱৰ মধ্যত কৰন্ত অসন্তোষ।

মোৰ বিধি বক্ৰ কিবা তোমাসাৰ দোষ।।

অৱশ্যে ভুঞ্জিবে লাগে ললাট লিখিত।

শুনি শোকে সবান্ধৱে নধৰন্ত চিত।।৪৮।।

বসুদেৱ বোলন্ত শুনিয়ো কুন্তী আই।

আমাসাত অপমান কৰিতে যুৱাই।।

নকৰিলো শুদ্ধি তোমাসাক এতদিন।

কিন্তু তুমি আসি সৱে দৈৱৰ অধীন।।৪৯।।

মিলে মান অপমান ঈশ্বৰ ইচ্ছায়।

বিচাৰত সুখ দুখদাতা আন নাই।।

ঈশ্বৰৰ বশ্য আমি যত জীৱমানে।

নুহিকো স্বতন্ত্ৰ আক দেখা বিদ্যমানে।।৫০।।

কোন দুখ আহ্মাৰ নিদিলা পাপী কংসে।

যম যাতনাক ঐত ভুঞ্জিলো সবংশে।।

উচ্ছাদিলে ভেটিকো কৰিয়া কুটনাট।

কতেক কহিবো মাৱ আহ্মাৰ ললাট।।৫১।।

আৱেসে খণ্ডিল দুখ বিধি সুদক্ষিণ।

সাম্প্ৰতিসি সুখে আছো আমি কতোদিন।।

ভালে কি আছন্তে আমি নকৰিলো শুদ্ধি।

ত্যজিয়ো বিষাদ মাৱ থিৰ কৰা বুদ্ধি।।৫২।।

হেন শুনি ৰাজমাৱে ত্যজিলা নিশ্বাস।

কেশৱো কৰিলা পাচে পেসীক আশ্বাস।।

প্ৰবোধিলা আনো বন্ধু বান্ধৱ সাদৰে।

ভৈলা শান্তমতি আতি কুন্তী অনন্তৰে।।৫৩।।

শুনা সামাজকি কৃষ্ণ চৰিত্ৰ নিতান্ত।

সংসাৰ ব্যাধিক ইসে কৰে উপশান্ত।।

মোহ নিদ্ৰা এৰি লৈয়ো সত্বৰে চেতন।

কালে পাইলে হেৰা কৰা কৃষ্ণক স্মৰণ।।৫৪।।

হে প্ৰাণনাথ নাৰায়ণ কৃষ্ণদেৱ।

তোহ্মাৰ চৰণে মনে কৰো কোটি সেৱ।।

মই মহামূঢ় মন্দমতি দুৰাচাৰ।

দীন দয়াশীল কৰা আপদে উদ্ধাৰ।।৫৫।।

তুমিসে হৃদয় প্ৰিয় আত্মা নিষ্ঠে নিষ্ঠ।

উপদেশদাতা তুমি গুৰুদেৱ ইষ্ট।।

এতেকে জানন্তে মোৰ থিৰ নোহো মতি।

আপুনি কৰিয়ো কৃষ্ণ অগতিৰ গতি।।৫৬।।

কৃপা কৰা কৃষ্ণ লৈলো তোহ্মাত শৰণ।

সদায় স্মৰোক মনে অৰুণ চৰণ।।

নছাড়োক মুখে মোৰ কৃষ্ণ হেন নাম।

নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম।।৫৭।।

..................

 

।।কৃষ্ণৰ ৰাজাসৱৰ ঈশ্বৰ জ্ঞান।।

।।দুলড়ী।।

 

নিগদতি শুক      শুনা পৰীক্ষিত

যেন কথা আতপৰে।

পৃথিৱীৰ মহা      মহা ৰাজা যত

আসি আছে নিৰন্তৰে।।

দেখি বসুদেৱ      প্ৰমুখ্যে যাদৱ

গণ ভৈলা আনন্দিত।

পৰম সাদৰে      সৱাকো অৰ্চ্চিলা

যাক যেন যথোচিত।।৫৮।।

ৰামে সমে কৃষ্ণো        কৰিলা সন্মান

সৱাকো বিনয় ভাৱে।

কৃষ্ণক নিৰীক্ষি         নৃপতিসকলে

একদৃষ্টি কৰি চাৱে।।

কৃষ্ণ দৰশনে      সমস্তৰ মনে

পৰম আনন্দ মিলে।

জিহ্বাৱে চেলেকে         নাকে মুখে যেন

নয়নৰ পথে গিলে।।৫৯।।

জগতৰ প্ৰিয়      আত্মা ভগৱন্ত

তাঙ্ক দৰশন পাই।

তনু পুলকিত      লোতক নিগড়ে

আনন্দৰ সীমা নাই।।

পৃথিৱীৰ ৰাজা     যত আসি আছে

শত্ৰু মিত্ৰ উদাসীন।

কৃষ্ণক পৰম      ঈশ্বৰ জানিয়া

ভৈল সৱে মোহহীন।।৬০।।

ভীষ্ম দ্ৰোণ কৃপ    কৰ্ণ কুন্তীভোজ

কাম্বোজ কুণ্ডিলপতি।

বিশালাক্ষ বীৰ     বিৰাট বাহ্লিক

কৈকেয় কাশী নৃপতি।।

যুধামন্যু মদ্ৰ      মৈথিল সুশৰ্মা

ধৃষ্টকেতু চেকিতান।

সৃঞ্জয় সঞ্জয়    বিদূৰ বিৰাট

দেকি উল্লাসিত প্ৰাণ।।৬১।।

সুবল শকুনি      ধৃতৰাষ্ট্ৰ ৰাজা

সপুত্ৰ সতী গান্ধাৰী।

সত্যৱতী কুন্তী     দ্ৰৌপদী প্ৰমুখ্যে

যত পাণ্ডৱৰ নাৰী।।

যুধিষ্ঠিৰ ভীম     অৰ্জ্জুন নকুল

সহদেৱ পাঞ্চভাই।

ৰাজসূয় যজ্ঞে     জিনিলা যতেক

ৰাজাগণ সমুদায়।।৬২।।

দেখিলা আনন্দ     মূৰতি কৃষ্ণৰ

সাক্ষাত লক্ষ্মীনিবাস।

কোটি এক শশী    সূৰ্য্য একেবাৰে

কৰন্ত যেন প্ৰকাশ।।

ষোড়শ হাজাৰ     পত্নীসৱ সিটো

সাক্ষাত লক্ষ্মীৰ নয়।

পৰম বিভৱ      দেখি মাধৱৰ

মিলিল মনে বিস্ময়।।৬৩।।

মানুষ নহয়       দৈৱকী তনয়

জানিলো নিশ্চয় কৰি।

সৃষ্টি স্থিতি অন্ত    যি দেৱে কৰন্ত

তেন্তে এন্তে মহা হৰি।।

ব্ৰহ্মা আদি কৰি    পিম্পৰা পৰ্য্যন্ত

মোহিত যাৰ মায়াত।

জগত নিস্তাৰ      হেতু অৱতাৰ

জানিলো ভৈলা সাক্ষাত।।৬৪।।

সেহি সময়ত      সমস্তৰে ভৈল

কৃষ্ণত ঈশ্বৰ বুদ্ধি।

আনন্দে যাদৱ     বংশক প্ৰশংসা

কৰন্ত সৱে সম্বোধি।।

হে বসুদেৱ       উগ্ৰসেন শুনা

যাদৱবংশসকল।

জানিলো মনুষ্য     মধ্যে তোৰাসৱ

জন্মৰ ভৈল সাফল।।৬৫।।

জগতকে যিটো     দেখে ব্ৰহ্মময়

জ্ঞানীগণ মধ্যে খ্যাত।

ঈশ্বৰ মুৰুতি      কৃষ্ণক নেদেখে

ধ্যানত সিটো সাক্ষাত।।

হেন মাধৱক      বান্ধৱ মানিয়া

মুখপদ্ম দেখা নিতে।

দুৰ্ল্লভ প্ৰভুক      অপ্ৰয়াসে পাইলা

গুণাগুণ একচিতে।।৬৬।।

যাৰ বাক্য বেদ    পদোদক গঙ্গা

ত্ৰৈলোক্য পৱিত্ৰ কৰে।

যাৰ কীৰ্ত্তি যশ    শ্ৰৱণ কীৰ্ত্তন

জগত আতি উদ্ধাৰে।।

যাৰ নাম মাত্ৰ     স্মৰণে নিস্তাৰে

পতিত পাতকীচয়।

হেন মাধৱক      সদা দেখা কিনো

দুৰ্ল্লভ ভাগ্য উদয়।।৬৭।।

কালে নাশ গৈল    মহীৰ মাহাত্ম্য

নোপজে শস্য কিঞ্চিত।

যাৰ পাদ পদ্ম   পৰশে সম্পূৰ্ণ

ভৈল ভূমি কৃতকৃত্য।।

যেই যিবা আৱে    বাঞ্ছো পৃথিৱীত

পূৰ্ণ হোন্ত সেহি কাম।

যাহাৰ প্ৰসাদে     জগতৰে ভৈল

মহাদুখ উপশাম।।৬৮।।

হেন ঈশ্বৰক      দৰশন পাই

পৰশা আপোন হাতে।

এৰা একেলগে     ভ্ৰমণ ভোজন

শয়ন একে শৰ্য্যাতে।।

মোক্ষসুখ এৰি     কৃষ্ণৰ সেৱাত

সবংশৰে অভিলাষ।

কিনো মহাভাগ্য    গৃহতে কৰন্ত

আপুনি বিষ্ণু নিৱাস।।৬৯।।

আনো অসংখ্যাত   কৰিল প্ৰশংসা

ধন্য ধন্য যদুকুল।

পৰম মহিমা      দেখিয়া কৃষ্ণৰ

শিৰে বৰিষিলা ফুল।।

মিলিল সিবেলা     সৱাৰো কৃষ্ণত

পৰম ঈশ্বৰ জ্ঞান।

হৰিষে ৰহিল      কেহো নকহিল

কৃষ্ণকথা বিনে আন।।৭০।।

.............

 

।।ছবি।।

শুনা সামাজিক যত    ইটো মহাভাগৱত

যত্নে মহা হুয়ো সাৱধান।

কৃষ্ণৰ চৰিত্ৰচয়    সম্যকে অমৃতময়

কৰা কৰ্ণাঞ্জলি ভৰি পান।।

হেন কৃষ্ণ কৃপাময়   মঞি মহা দুৰাশয়

বিষয় বাসনা নেৰে মোক।

তোহ্মাৰ চৰণে মতি   নকৰে ভকতি ৰতি

আৱে মোৰ কেনে গতি হৌক।।৭১।।

বচনত মাত্ৰ গৃঢ়    মঞি শুন্যমতি মূঢ়

পৰ  উপদেশত পণ্ডিত

তুমি হেন দেৱ জানি   নপাৰিলো চক্ৰপাণি

আপোনাৰ দুখক খণ্ডিত।।

নেৰাইলো সংসাৰ তাপ    চৰণে উদ্ধাৰা বাপ

কৰো হেৰা চৰণে প্ৰণাম।

তুমি বিনে ত্ৰাণ নহে      কৃষ্ণৰ কিঙ্কৰে কহে

নিৰন্তৰে বোলা ৰাম ৰাম।।৭২।।

...............

 

।।কৃষ্ণৰ লগত নন্দ-যশোদা আৰু গোপীসৱৰ মিলন।।

                 ।।পদ।।

নিগদতি শুক শুনা নৃপ পৰীক্ষিত।

কৃষ্ণৰ চৰিত্ৰ লীলা পৰম অমৃত।।

আত অনন্তৰে কথা শুনা মহাবীৰ।

যিসৱ বৃত্তান্ত ভৈল গোকুলবাসীৰ।।৭৩।।

শুনিলা আনন্দ বাৰ্ত্তা নন্দ গোপে পাচে।

কৃষ্ণসমে যত যদুবংশ আসি আছে।

মিলিল উৎসুকে মনে মহা হৰিষিত।

তোলাইলা শকটে আনি সকল সম্ভৃত।।৭৪।।

তথাতে ৰহিবো বাসা আনন্দ আশয়।

গোপগণ সমে যাঞো আনন্দৰ হৃদয়।।

কৃষ্ণক দেখিবো বুলি মনত উল্লাসে।

যশোদা প্ৰমুখ্যে গোপী চলে লয়লাসে।।৭৫।।

ভৈল সুপ্ৰভাত আজি বিধাতা প্ৰসন্ন।

পাইবো প্ৰেম পঙ্কজ নেত্ৰক দৰিশন।।

ঈষত হসিত মুখ দেখিবো দুনাই।

প্ৰেমে পৰিপূৰ্ণ গোপীসৱ চলি যায়।।৭৬।।

জগতৰ পূজ্য যিটো দৈৱকীকুমাৰ।

যাক নপাই প্ৰাণ ফুটে সদায়ে আহ্মাৰ।।

তাহান দেখিবো পাদপঙ্কজ দুতয়।

আজি জন্ম সাম্ফল মিলিবে মহোদয়।।৭৭।।

যিটো জগতৰ আত্মা ভকত বান্ধৱ।

বুলিলা প্ৰবোধ ধৰি আহ্মাক মাধৱ।।

হেন মনে গুণন্তে যাহন্তে যেৱে আছে।

ভৈলা দেখা দেখি যদুবংশ সমে পাচে।।৭৮।।

গোকুলবাসীক দেখি যতেক যাদৱ।

উঠিল তেখনে মনে মিলিল উৎসৱ।।

প্ৰাণৰ পৰশে যেন তনুৰ উল্লাস।

দূৰতে দেখিয়া ৰঙ্গে তুলিলন্ত হাস।।৭৯।।

মহা হৰিষিত মন চিৰ দৰশনে।

আসি সাৱটিল সৱে সজল নয়নে।।

নন্দক দেখিয়া বসুদেৱে গাৱ চালি।

প্ৰাণমিত্ৰ বুলি ধৰিলন্ত আঙ্কোৱালি।।৮০।।

পাইলা প্ৰীতি আতি নয়নৰ ঝৰে নীৰ।

প্ৰেমত আকুল ভৈল চিত্ত নুহি থিৰ।।

লোতকে নিৰোধে কণ্ঠ বাক্য বাজ নুই।

সাৱটা সাৱটি কৰি আছিলন্ত দুই।।৮১।।

সাদৰে বৈসাইলা নিয়া সুৱৰ্ণ আসনে।

কৰিলা সন্মান নিয়া মধুৰ বচনে।।

পাপী কংসে বন্দী কৰি দিল দুখ যত।

নন্দ দৰশনে সৱে পৰিল মনত।।৮২।।

বুলিবে লাগিলা স্মৰি পূৰ্ব্ব উপকাৰ।

কংসৰ ভয়ত পুৰী নাছিল আহ্মাৰ।।

তুমি প্ৰাণসম মিত্ৰ তোমাতেসে গয়।

পলুৱাই থৈলো নিয়া দুগুটি তনয়।।৮৩।।

পুত্ৰৱতে পালিলা আপুনি অনুদিন।

শুজান নযায় সিটো উপকাৰ ঋণ।।

কৰিলো তোহ্মাত মঞি ভাৰ্য্যাৰ সঞ্জাত।

কোন হিত মোৰ নাচৰিলা সিবেলাত।।৮৪।।

এতেক বোলন্তে প্ৰেমে পৰশিল আতি।

সলোতক নেত্ৰে তম্ভি থাকিল নমাতি।।

নন্দো ধৰি মিত্ৰক বুলিলা প্ৰিয়বাক।

এতেক বুলিবে সখি নলাগে আহ্মাক।।৮৫।।

তুমি মহাভাগৱত জগততে সাৰ।

যাৰ ঘৰে পৰম ঈশ্বৰ অৱতাৰ।।

তুমি সম ভাগ্যৱন্ত ত্ৰৈলোক্যতে নাই।

তোহ্মাৰ সাধিবে প্ৰীতি কত পূণ্য পাই।।৮৬।।

কিনো ভাগ্য ভৈলা তুমি মোৰ মহামিত্ৰ।

আজিসে জানিলো ভৈলো পৰম পৱিত্ৰ।।

তোহ্মাৰ আলাপে পাপ কৰিলে উচ্ছাদ।

কৰিলা আলাপ আনো মধুৰ সম্বাদ।।৮৭।।

নন্দ যশোদাক দেখি পাচে কৃষ্ণ ৰাম।

পৰম প্ৰেমত পৰি কৰিলা প্ৰণাম।।

পিতৃ মাতৃ বুলি উঠি সাৱটিলা ধৰি।

স্নেহে স্ৰৱে কমল নেত্ৰৰ নীৰ ঝৰি।।৮৮।।

পিতৃৰ মাতৃৰ প্ৰেমে পৰম আকুল।

ভৈলা আতি যিটো জগতৰে আদিমূল।।

লোতকে নিৰোধ কণ্ঠ বাক্য নাসে মুখে।

হেঠ মাথে ৰৈলা চিৰ বিয়োগৰ দুখে।।৮৯।।

নন্দ যশোদায়ো দেখি পৰম প্ৰেমত।

সাৱটি ধৰিলা তুলি নিজ আসনত।

শিৰ সুঙ্গি পাইলা প্ৰীতি প্ৰসন্ন বদন।

মহা স্নেহে স্ৰেৱ যশোদাৰ দুয়ো স্তন।।৯০।।

এৰাইলন্ত চিৰ বিয়োগৰ সিটো তাপ।

কৰিলা কৃষ্ণক ধৰি প্ৰেমত বিলাপ।।

সুঁৱৰিয়া কেশৱৰ সিসৱ চৰিত।

স্নেহত কান্দন্ত নন্দ নসহন্ত চিত।।৯১।।

লোতকে তিয়াইলা তনু ৰাম মাধৱৰ।

লগতে কান্দন্ত দুয়ো পৰম ঈশ্বৰ।

নেত্ৰৰ লোতক বহে নসহে হৃদয়।

চড়ে চিৰ দৰশন প্ৰেম আতিশয়।।৯২।।

কতোক্ষণে ভৈলন্ত মাধৱ সন্ধুক্ষণ।

পিতৃৰ মাতৃৰ দুইৰো ধৰিয়া চৰণ।।

বিনয় বচনে কৰি ক্ৰন্দন নিৰোধ।

অনেক বচনে দুইকো কৰিয়া প্ৰবোধ।।৯৩।।

পৰম অতৰ্ক গতি কাল ঈশ্বৰৰ।

দৈৱৰ অধীন সমাগম বান্দৱৰ।।

কৈৰপৰা আনি জীৱ কৰে একঠাই।

ক্ষণেকতে পুনুহো পেহ্লাৱে বিহৰাই।।৯৪।।

জলৰ বেগত একথান হোৱে ফেন।

ক্ষণেক থাকিয়া ক্ষণেকতে মিলে যেন।।

সেহিমতে সংযোগ বিয়োগ সুহৃদৰ।

ঈশ্বৰৰ বশ্য কেহো নোহে স্বতন্তৰ।।৯৫।।

এহি পৰমাৰ্থ কথা নোহে আত বোধ।

চিৰকাল নগোৱাই কৰিলো অপৰাধ।।

কৰোহো কাতৰ মোৰ মৰষিয়ো দোষ।

হেন শুনি ভৈল নন্দ যশোদা সন্তোষ।।৯৬।।

ৰোহিণী দৈৱকী পাচে আসিলা বজাই।

যশোদাক দেখিয়া পৰম প্ৰীতি পাই।।

হাসি প্ৰাণসখী বুলি সাৱটিলা ধৰি।

বাহু মেলি দুহাঙ্কো ধৰিলা ব্ৰজেশ্বৰী।।৯৭।।

পাপী কংসে যত যত ভুঞ্জাইলা নিকাৰ।

সুমৰিয়া যশোদাৰ পূৰ্ব্ব উপকাৰ।।

দ্ৰৱিল হৃদয় আতি দুইৰো স্নেহ চৰে।

ভৈলা সকৰুণ নীৰ নেত্ৰৰ নিগৰে।।৯৮।।

লোতকে নিৰোধে কণ্ঠ গদ গদ বাক।

বুলিলন্ত পৰম সাদৰে যশোদাক।।

বিপদৰ বান্ধৱ পৰম উপকাৰী।

তোমাঠেৰ গুণ আমি শুজিতে নপাৰি।।৯৯।।

সপিলো তোহ্মাতে ইটো তনয় দুখানি।

প্ৰতিপালি পুষিলা তোহ্মাৰ দুয়ো প্ৰাণী।।

উপজি নপাইলা পুতাই পিতৃক মাতৃক।

তুলিলাহা সখী দেখি প্ৰাণতো অধিক।।১০০।।

নিৰ্ভয়ে ভ্ৰমিলা পুতাই তোহ্মাৰেসে গুণে।

চক্ষুক পিৰঠি যেন ৰাখিলা আপুনে।।

কৰিলা কৃষ্ণত মহাস্নেহ নিৰন্তৰ।

নাহিকে আপোন পৰ বুদ্ধি মহন্তৰ।।১০১।।

নাহি তোহ্মাঠেৰ পৰে মহাহিতকাৰী।

তোহ্মাৰ মৈনত্ৰিক পাসৰিবে কোন নাৰী।।

ইন্দ্ৰৰ সম্পদ যদি দেঞো প্ৰতিদিন।

তথাপিতো শুজা নযায় উপকাৰ ঋণ।।১০২।।

দ্ৰৱিল হৃদয় দুইৰো এতেক বোলন্তে।

সৰসৰি পৰে নীৰ নয়নৰ হন্তে।।

প্ৰবোধিলা যশোদা আঞ্চলে মুচি মুখ।

কিসক কহস পূৰ্ব্ব আপদৰ দুখ।।১০৩।।

ঈশ্বৰৰ ইচ্ছায়ে আসি সুখ দুখ মিলে।

সম্পদো নাথাকে দুখো গুচে একতিলে।।

মায়াৰ ৰচনা ইটো জগতকে দেখি

কিছু অনুশৌচ নকৰিবা প্ৰাণসখী।।১০৪।।

কত কোটি জনমৰ মোৰ আছে ভাগ।

কৃষ্ণ হেন পুত্ৰক তুলিবে পাইলো লাগ।।

তড়িলো আপদ ঘোৰ কৃষ্ণতেসে হন্তে।

দহে দেহা সখী সিটো কথা সুমৰন্তে।।১০৫।।

স্তন শুষি লৈলে পুত্ৰে পূতনাৰ প্ৰাণ।

কৈলা গল চেপি চক্ৰবাতক নিৰ্য্যাণ।।

কৃষ্ণে মাটি খাইলা বুলি শৰীৰ নসয়।

গৰ্ভতে দেখাইলা মোক ভুৱন চৈধ্যয়।।১০৬।।

অঘ বক বৎস কেশী ধেনুক অৰিষ্ট।

গোকুলত চিন্তে আসি অনেক অনিষ্ট।।

প্ৰলম্ব প্ৰমুখ্যে যত আসিলা অসুৰ।

সমস্তকে মাৰি কৰিলন্ত দুখ দূৰ।।১০৭।।

হ্ৰদৰ কেদাইলা দমি কালীক নিকালি।

বৎস বৎসপালক জীয়াইলা বনমালী।।

জুই আসি বেঢ়িলে আহ্মাৰ যায় প্ৰাণ।

ৰখিলন্ত কৃষ্ণে বনবহ্নি কৰি পান।।১০৮।।

গধূলি হেলাত থাকো পদূলিক চাই।

বৎস লৈয়া আশে সোণানুখে বংশী বাই।।

আগবাঢ়ি ধৰিয়া আঞ্চলে মচো ধূলি।

প্ৰাণপুত্ৰ বুলি বুকে সাৱটোহো তুলি।।১০৯।।

স্নান কৰাই পিন্ধাঞো গন্ধ চন্দন ভূষণ।

নিতে পঞ্চামৃত কৰাঞো কৃষ্ণক ভোজন।।

সুৱৰ্ণ খাটত শুৱাঞো বিছাই হংসতুলী।

বুকুত সাৱটি থাকো প্ৰাণপুত্ৰ বুলি।।১১০।।

হেন কৃষ্ণ বাপ হন্তে ভৈলোহো বঞ্চিত।

ইটো সুখ শান্তি সখী নাহিকে কিঞ্চিত।।

কৃষ্ণ সূৰ্য্য বিনে দেখো আন্ধাৰ দুৰ্ঘোৰ।

আউৰ গৃহকৰ্ম্মত নপৰে চিত্ত মোৰ।।১১১।।

পুত্ৰ সিসৱ লীলা সুমৰি সুমৰি।

নিদ্ৰা নাসে ৰাত্ৰিয়ো লোতক যাই ঝৰি।।

কৃষ্ণকেসে দেখো মাত্ৰ সচিতে সপোনে।

শূন্য ভৈল ব্ৰজ মোৰ কৃষ্ণ অবিহনে।।১১২।।

কৃষ্ণৰ ক্ৰীড়াৰ ভূমি বৃন্দাবন স্থান।

কালিন্দীক দেখি সখী ফুটে যেন প্ৰাণ।।

ধ্বজ বজ্ৰ পঙ্কজ খোজতে আছে বান্ধি।

তাক দেখি কৃষ্ণ বুলি আমি মৰো কান্দি।।১১৩।।

আজিয়ো সোণাৰ বংশী ঘৰে আছে পৰি।

দেখি দশগুণে মোৰ মৰ্ম্ম যাই চৰি।।

ওলাই আৰ পশিবে নপাৰো সিটো ঘৰ।

কতনো কহিবো গুণ গোৱিন্দ পুত্ৰৰ।।১১৪।।

গোকুলত যত লীলা কৰিলন্ত হৰি।

দৈৱকীৰ আগে বৰ্ণাইলন্ত ব্ৰজেশ্বৰী।।

শুনন্তে কহন্তে সিটো গোৱিন্দৰ যশ।

আনন্দত মজিল পৰম প্ৰেমৰস।।১১৫।।

দৈৱকী যশোদা আদি নাৰী অসংখ্যাত।

কৃষ্ণৰ চৰিত্ৰচয় শুনে সিবেলাত।।

বহয় লোতক পুলকিত আতি তনু।

প্ৰেম সমুদ্ৰত মন মজে পুনু পুনু।।১১৬।।

ৰুক্মিণী প্ৰমুখ্যে যত কৃষ্ণৰ মহিষী।

যশোদাক সাদৰিলা পৰম হৰিষি।।

বুলিলা প্ৰশংসা বাণী ব্ৰজ ঈশ্বৰীক।

কৰিলা শুশ্ৰূষা সৱে শাশুতো অধিক।।১১৭।।

দ্ৰৌপদী প্ৰমুখ্যে যত ৰাজ ভাৰ্য্যাচয়।

কৰিলন্ত যশোদাক তেসম্বো বিনয়।।

এহিমানে থঞো স্ত্ৰী সমস্তৰ কথা।

আৱে কৃষ্ণ গোপীৰ সম্বাদ কঞো তথা।।১১৮।।

সিটো ভাগ্যৱতী গোকুলৰ গোপীগণ।

যাহাৰ বিৰহ তাপে দহে তনু মন।।

কথমপি শৰীৰত ৰহিয়াছে প্ৰাণ।

হেন কৃষ্ণ বন্ধুক দেখিলা বিদ্যমান।।১১৯।।

যিটো বিধি স্ৰজিলন্ত চক্ষুত নিমেষ।

পূৰ্ব্বতো শাপিলা তাঙ্ক গোপিকা নিশেষ।।

কৃষ্ণ দৰশনত পাতিলা ব্যৱধান।

নাহি জ্ঞান শূন্য সিটো বিধিৰ সমান।।১২০।।

নিমিষেকো নসহিল পূৰ্ব্বত গোপিনী।

চিৰ বিৰহত আৱে মহা বিৰহিনী।।

আশাতেসে আছে কথমপি প্ৰাণ ৰাখি।

হেন কৃষ্ণয়েৰে আশি ভৈল দেখা দেখি।।১২১।।

ভুৱন মোহন মহা মূৰ্ত্তি মাধৱৰ।

চূৰ হোৱে যাক দেখি ৰূপ কন্দৰ্পৰ।।

প্ৰসন্ন বদন মন্দ মনোহৰ হাস।

যেন কৰে এক কোটি শশাঙ্ক প্ৰকাশ।।১২২।।

তৰুণ তৰুণ পঙ্কজৰ পাসি প্ৰায়।

হেন আতি আয়ত লোচন আছা চাই।।

ধনু সম সুৱলিত ভ্ৰূৱে কৰে কান্তি।

মাণিকৰ চিকি চাৰু দশনৰ পান্তি।।১২৩।।

সুন্দৰ নাসিকা চাৰু চিবুক অধৰ।

কণ্টত কৌস্থভ শোভে নৱ দিৱাকৰ।।

মণিময় মকৰ কুণ্ডল গলে ডোলে।

বাহু বক্ষস্থলক দেখন্তে মন ভোলে।।১২৪।।

কেয়ূৰ কঙ্কন মণি মুকুতাৰ হাৰ।

নীল অম্বৰত যেন বিদ্যুত সঞ্চাৰ।।

পীতপাট কটিততে ৰত্নৰ মেখলা।

আজানুলম্বিত জ্বলে বৈজয়ন্তী মালা।।১২৫।।

চৰণ পঙ্কজ দুইক দেখন্তে সন্তোষ।

ঈষত ৰাতুল যেন নৱ পদ্মকোষ।।

ৰত্নৰ নূপুৰে তাত কৰে ৰুণঝুণ।

যেন ৰত্ন মন্ত্ৰগণে পৰি গাৱে গুণ।।১২৬।।

আঙ্গুলিত ৰত্নৰ উজ্ঝান্তি কৰে কান্তি।

দৰ্পণ নিৰ্ম্মল নখ চন্দ্ৰমাৰ পান্তি।।

পৰম আনন্দময় মূৰ্ত্তি সিবেলাত।

চিৰকাল গোপীসৱে দেখিল সাক্ষাত।।১২৭।।

প্ৰাণতে অধিক মাদৱক দেখা পাইলা।

প্ৰসন্ন নয়নে সৱে নিৰীক্ষিয়া চাইলা।।

কৃষ্ণ দৰশনে সৱে ভৈল কৃতকৃত্য।

জুৰাই তনু মন যেন বৰিষে অমৃত।।১২৮।।

নাহি অহঙ্কাৰ যাৰ দেহত কিঞ্চিত।

ব্ৰহ্মাক সাক্ষাতকাৰ কৰে সমাধিত।।

হেন মহাজ্ঞানীৰে দুৰ্ল্লভ যিটো হৰি।

পায়া তাঙ্ক গোপীসৱে চাইলা চক্ষু ভৰি।।১২৯।।

নয়নৰ পথে নিয়া হৃদয় কমলে।

আনন্দ মূৰ্ত্তিক আলিঙ্গিয়া কৌতুহলে।।

আনন্দ সিন্ধুত মজি ভৈল কৃষ্ণময়।

পুলকিত তনু আতি দ্ৰবিল হৃদয়।।১৩০।।

ধাৰায়ে লোতক নয়নৰ পৰা পৰে।

পাইলন্ত পৰম প্ৰীতি আতি প্ৰেম চড়ে।।

হিয়াত আছন্ত ধৰি পৰম হৰিক।

মিলল আনন্দ আতি মোক্ষতো অধিক।।১৩১।।

প্ৰেমধাৰে নেত্ৰৰ লোতক যাই বহি।

পৰিপূৰ্ণ ভাৱে তম্ভি আছে সৱে ৰহি।।

পৰম যোগীৰ যেন শৰীৰ নিশ্চল।

প্ৰীতি প্ৰফুল্লিত মুখ পৰম উজ্জ্বল।।১৩২।।

আছে এহিমতে মনে মাধৱক ধৰি।

গোপিকাৰ পৰম ভাৱনা দেখি হৰি।।

পৰম বিস্ময় হুয়া শিহৰাইলা গাৱ।

উপজিল কৃষ্ণৰ গোপীত প্ৰেমভাৱ।।১৩৩।।

কমলনেত্ৰৰ পৰা পৰে নীৰ ঝৰি।

কতোক্ষণে আছিলা গোপীক মনে স্মৰি।।

পাচে ব্ৰজ বধু সমস্তক নাৰায়ণে।

সম্বোধিয়া প্ৰবোধিলা মধুৰ বচনে।।১৩৪।।

মোক নপাই পাইলাহা বিৰহ মহাদুঃখ।

ধৰি পীতবস্ত্ৰে মচিলন্ত আখি মুখ।।

অনেক সাদৰে বিৰলক লাগি নিল।

মেলি মহাবাহু গাৱে গাৱে আলিঙ্গিল।।১৩৫।।

কৃষ্ণৰ পৰম ৰসে হৰিষিত মন।

মঘধ্য কৰি কৃষ্ণক বসিলা গোপীগণ।।

পুনু কৃষ্ণ প্ৰাণক নিৰেখি নেত্ৰভৰি।

এৰাইলা সন্তাপ সৱ ব্ৰজৰ সুন্দৰী।।১৩৬।।

পায়া মাধৱৰ মহা পৰম সন্মান।

জুৰাইলা অমৃত পৰি যেন তনু প্ৰাণ।।

প্ৰণামিলা কৃষ্ণপাৱে পৰশিলা বসি।

পুছিলন্ত কেশৱো কুশল হাসি হাসি।।১৩৭।।

তুমিসৱ আহ্মাৰ পৰম প্ৰিয়তৰ।

কহিয়ো কল্যাণ কথা গৃহ শৰীৰৰ।।

সকুটুম্বে গোকুলত বঞ্চা ভালে ভালে।

তোমাসাক সখী নেদেখিলো চিৰকালে।।১৩৮।।

হে সখীসৱ মোক সুমৰা সৰ্ব্বথা।

মনত পৰে কি আসি সিটো পূৰ্ব্বকথা।।

অল্পতে আসিবো বুলি প্ৰবোধি তোহ্মাক।

বন্ধু বান্ধৱৰ অৰ্থে গৈলা মথুৰাক।।১৩৯।।

পৃথিৱীক পীড়ে দুষ্ট ৰাজাগণ যত।

বহু শত্ৰু আহ্মাৰ মাৰিয়ো নপাঞো অন্ত।।

বৈসাই আনি বংশক কৰন্তে প্ৰতিপাল।

এতেকে বিলম্ব মোৰ ভৈল চিৰকাল।।১৪০।।

কৰাহা ভকতি মোত অৰ্পি জীৱ প্ৰাণ।

নাহিকে সুহৃদ তুমিসৱৰ সমান।।

নপাই অৱজৰ নযাঞো তোহ্মাক দেখিত।

জানি সখি সমস্ত হুয়োক সুস্থ চিত্ত।।১৪১।।

মই মিত্ৰবঞ্চক এৰিলো তোমাসাক।

নকৰিবা হেন আৱে অৱজ্ঞান আহ্মাক।।

ইটো শঙ্কা কদাচিতো নানিবা মনত।

কহো নিষ্ট কৰি সখীসৱ স্বৰূপত।।১৪২।।

হেনবা বুলিবা মিছা ভাণ্ডনা বচন।

মহামিত্ৰবঞ্চকৰ হেনয় লক্ষণ।।

সাক্ষাতে এৰিয়া গৈয়া আৰো কৰা শান্ত।

শুনা সখীসৱ আৱে ইহাৰ সিদ্ধান্ত।।১৪৩।।

কাল ঈশ্বৰৰ চেষ্টা বুজন নযায়।

সংযোগ বিয়োগ মিলে ঈশ্বৰ ইচ্ছায়।।

বন্ধু বান্ধৱক আনি কৰে একঠাই।

তিলকতে পুনহো পেহ্লাৱে বিহৰাই।।১৪৪।।

যেন মিলে মহামেঘসমূহ আকাশে।

ক্ষণেক থাকিয়া উৰে প্ৰচণ্ড বাতাহে।।

যেন তৃণ লতা যত পৃথিৱীৰ ধূলি।

একত্ৰে নাথাকে উৰুৱায়ে বায়ু তুলি।।১৪৫।।

সেহিমতে সমাগম বন্ধু বান্ধৱৰ।

কালৰ অধীন সৱে নোহো স্বতন্তৰ।।

জানি সখীসৱ মোৰ মৰিষয়ো দোষ।

তোমাসাৰ ভাৱনাত ভৈলোহো সন্তোষ।।১৪৬।।

বিৰহতে মোত মহামতি বৈল জাত।

পৰম কল্যাণ ইটো দেখিলো সাক্ষাত।।

ভকতি মাত্ৰকে তড়ে নাহিকে সন্দেহ।

কিনো ভাগ্য তোহ্মাৰ বাঢ়িল মোত স্নেহ।।১৪৭।।

মোকেসে সুহৃদ নিজআত্মা বুলি মানা।

সুখে সখীসৱ মোক পালা হেন জানা।।

ভৈলো তোমাসাৰ বশ্য কহো বিদ্যমান।

মঞি যেনমত তাক শুনা সাৱধান।।১৪৮।।

সমস্ত প্ৰাণীক ব্যাপি আছোহো অনন্ত।

বাহিৰে ভিতৰে সমস্ততে ভগৱন্ত।।

যেন ঘটসৱ মাটি মাত্ৰ বিচাৰত।

সেহিমতে ব্যাপি আছো এহি ত্ৰিজগতত।।১৪৯।।

যত পঞ্চভূত জীৱ আছে চৰাচৰ।

মঞি পৰিপূৰ্ণত দেখিয়ো নিৰন্তৰ।।

এতেকতে পাইবা মোক কৈলো ইটো তত্ত্ব।

সুদৃঢ় ভাৱনা মনে ধৰা হৃদয়ত।।১৫০।।

এহি বুলি ভৈলা কৃষ্ণদেৱ নিশবদ।

মহাভাগৱত কথা শুনা সভাসদ।।

কলিত তড়িবা যেৱে পাতক সাগৰ।

চিত্তে চাপি চৰণত ধৰা মাধৱৰ।।১৫১।।

হে প্ৰাণ প্ৰভু কৃষ্ণ মঞি মূঢ়মতি।

তোহ্মাৰ পাৱত মোৰ নভৈল ভকতি।।

মিছাতে গৈলন্ত আযু মৃত্যু চাপে পাশ।

সামৰিয়ো আহ্মাক দাসৰো বুলি দাস।।১৫২।।

তুমিসে পৰম প্ৰিয়আত্মা পিতা মাতা।

তুমিসে সুহৃদ নিজ বান্ধৱ বিধাতা।।

মঞি অনাথৰ নাথ হুয়োক সদয়।

সংসাৰ তাপত তাৰা কৃষ্ণ কৃপাময়।।১৫৩।।

মোক লাগি আসি যিটো কৰিবেক চিন্তা।

তুমি বিনে হেন বন্ধু নাহি একো ভিতা।।

ত্ৰিজগত তাৰণ তোহ্মাৰ গুণ নাম।

জানি নিৰন্তৰে নৰে বোলা ৰাম ৰাম।।১৫৪।।

..................

 

।।কৃষ্ণৰ গোপীসৱৰ প্ৰতি গোপ্যজ্ঞান উপদেশ।।

।।ছবি।।

 

শুক নিগদতি ৰাজা     যেৱে জগতৰ গুৰু

দিলা গোপ্য জ্ঞান উপদেশ।

কৃষ্ণক চৰণ স্মৰি     এহি জ্ঞান মনে ধৰি

চিন্তে সৱ গোপিকা নিঃশেষ।

যত চৰাচৰচয়         নিৰন্তৰ কৃষ্ণময়

নাই কিছু কৃষ্ণ বিনে আন।

কৃষ্ণসে আছন্ত ব্যাপি   চিত্তত ধৰিলা চাপি

পৰম সুদৃঢ় কৰি ধ্যান।।১৫৫।।

ভাগ্যৱতী গোপীগণ       পৰম নিশ্চল মন

কৰিলেক কৃষ্ণক সাক্ষাত।

লিঙ্গ হেদা ভৈল ভঙ্গ    গুচিল মনৰ শঙ্ক

পাইল দেখা কৃষ্ণক হিয়াত।।

কৰ্ম্মবন্ধু ভৈল ক্ষয়       হুয়া সৱে কৃপাময়

গৃহ শৰীৰকো পাসৰিল।

সৰ্ব্ব অঙ্গ পুলকিত    আনন্দে নধৰে চিত্ত

নয়নৰ লোতক ঝৰিল।।১৫৬।।

ভকতি আনন্দ সিন্ধু   জ্ঞান অমৃতৰ বিন্দু

দুইকো আনি কৰে এক ঠান।

পৰম প্ৰেমত থাকি  তাক যেন ভাঙ্গে বাকি

গোপীক কৰাইলা কৃষ্ণে পান।।

ভাগ্যৱতী গোপীচয়       পৰম আনন্দময়

হুয়া আছিলেক কতোক্ষণ।

কৃষ্ণৰ প্ৰসাদ পাই   অৰুণ চৰণ চাই

বোলে সৱে বিনয় বচন।।১৫৭।।

মাটিত নমায়া মাথ    হে প্ৰভু জগন্নাথ

হেন বাঞ্চা কৰিয়ো পূৰণ।

আমি মূঢ় গৃহবাসী       যেন নপাসৰো আসি

ইটো দুই অৰুণ চৰণ।।

যিটো যোগী সৰ্ব্বজন   সিয়ো কৰে আকে ধ্যান

জানি জগততে ইসে সাৰ।

অন্ধকূপ সংসাৰত   পৰি আছে লোক যত

তাকো কৰে এহিসে উদ্ধাৰ।।১৫৮।।

দেৱতাৰো দৃষ্য নুই    ইটো পাদপদ্ম দুই

হৌক মনে সদায়ে উদয়।

তোহ্মাৰ চৰণে ৰতি   কৰোক আহ্মাৰ মতি

হেন কৃপা কৰা কৃপাময়।।

এতেক প্ৰাৰ্থনা কৰি    কৃষ্ণৰ চৰণে ধৰি

মহাপ্ৰেমে কৰন্ত ক্ৰন্দন।

বাঞ্ছা সিদ্ধি হৌক বুলি    শিৰে পৰশিলা ধূলি

আশ্বাসিলা দৈৱকীনন্দন।।১৫৯।।

সখীসৱ তেজা দুখ  মুচিলন্ত আশি মুখ

ধৰি পীতবস্ত্ৰ আঞ্চোলে।

আৰো তোমাসাৰ শোক    কৰিলেক বশ্য মোক

আন নাহি তোমাসাত পৰে।।

তুমি সৱ মোৰ প্ৰাণ তোমাকেসে কৰো ধ্যান

আন নাহি তোমাসাত পৰে।

প্ৰিয়বাক্যে সন্তোষিয়া    গাৱে গাৱে আলিঙ্গিয়া

প্ৰবোধিলা দেৱ দামোদৰে।।১৬০।।

কৃষ্ণৰ সন্ধান পায়া নিৰন্তৰে গোপজায়া

গৌৰৱে কৃষ্ণক তুতি বুলি।

মহা মনোৰথ পূৰি   প্ৰদক্ষিণে ফুৰি ফুৰি

ঘসে শিৰে চৰণৰ ধূলি।।

হৰষিতি তনু চিত্ত     হুয়া আতি কৃতকৃত্য

এৰাইলা বিৰহ মহাতাপ।

যাৰ যেন বুজি হিয়া    পৰম প্ৰসাদ দিয়া

ভৈলা বাজ জগতৰ বাপ।।১৬১।।

..............

 

।।ৰাজসৱৰ কৃষ্ণত পৰম ভক্তি প্ৰকাশ।।

।।দুলড়ী।।

 

শুক নিগদতি      নৃপতি সম্প্ৰতি

শুনা আৰো কৃষ্ণকথা।

মহা অনুগ্ৰহ       গোপীসমস্তক

কৰিয়া কেশৱে তথা।।

উদ্ধৱ প্ৰমুখ্যে      মহামন্ত্ৰীগণ

ৰঙ্গে সঙ্গে লৈয়া পাচে।

কৰিয়া উৎসৱ     চলিলা মাদৱ

যৈত ৰাজসভা আছে।।১৬২।।

যুধিষ্ঠিৰ আদি     সুহৃদসৱক

দেখা দেখি ভৈল আসি।

কাহাকো নমিলা    কাকো সম্বোধিলা

চাহিলা কাহাকো হাসি।।

মহা সতকাৰ    কৰিয়া পুছিলা

সৱাৰো বাৰ্ত্তা কল্যাণ।

যাক যেন যোগ্য   যদুগণ সমে

কৰিলা হৰি সন্মান।।১৬৩।।

মাধৱৰ মহা      মান্য সতকাৰে

সৱে ভৈলা হৰিষিত।

এহেন্তে ঈশ্বৰ    বুলিয়া কৃষ্ণৰ

চৰণত দিয়া চিত।।

পাদপদ্ম দুই    দেখন্তে সৱাৰো

মিলিল পাপ প্ৰলয়।

ঈশ্বৰ মূৰ্ত্তিক    সাক্ষাতে নিৰীক্ষি

কিনো ভৈল মহোদয়।।১৬৪।।

চাহন্তে চাহন্তে   প্ৰীতি উপজিল

নিৰ্ম্মল মন শৰীৰ।

হৃদয় দ্ৰৱিল     নোম শিহৰিল

ঝৰে নয়নৰ নীৰ।।

ঈশ্বৰ মূৰ্ত্তিক      দেখি আনন্দতে

মিলিল যেন মুকুতি।

মজি প্ৰেমৰসে     বেঢ়িয়া সমস্তে

কৃষ্ণক কৰিলা তুতি।।১৬৫।।

তোমাকেসে আমি   প্ৰণামো মাধৱ

পৰম ঈশ্বৰ জানি।

অন্তৰ্য্যামী ৰূপে     হৃদয়ত তুমি

আছা প্ৰভু চক্ৰপাণি।।

তোহ্মাৰ মায়ায়ে    মোহিলে সেৱাত

নকৰা কিছু প্ৰবন্ধ।।১৬৬।।

মহা মহন্তৰ       হৃদয়ত ইটো

থাকে পাদপদ্ম দুই।

তাহান চৰিত্ৰ      অমৃত সাক্ষাত

মুখদ্বাৰে বাজ হুই।।

তাকে কৰ্ণভৰি     যিটো পান কৰি

থাকে ভকতৰ কাছে।

ই তিনি লোকত    কদাচিতো তাৰ

আৰো অকল্যাণ আছে।।১৬৭।।

ভকতৰ মুখে তযু কথা সুখে

শুনন্তে উপজে জ্ঞান।

আতি অপ্ৰয়াসে     সেহি জ্ঞানবলে

মায়াক কৰে নিৰ্য্যাণ।।

তোহ্মাৰ চৰণে     প্ৰীতি বাঢ়ে নিতে

তোহ্মাৰ গুণ কহন্তে

গোখোজ সমান     কৰি সংসাৰক

নিস্তৰে সেহি মহন্তে।।১৬৮।।

কৰিয়ো কৰুণা     কেশৱ আহ্মাক

চিত্ত হৌক উপশাম।

গৃহ শৰীৰত    প্ৰসঙ্গ এৰিয়া

তোহ্মাকে কৰো প্ৰণাম।।

পৰম আনন্দ-     ময় মূৰ্ত্তি দেখি

ঈশ্বৰ অপৰিচ্চিন্ন।

তোহ্মাৰো অজ্ঞাত   নাহিকে কিঞ্চিত

তুমি মায়ামোহে হীন।।১৬৯।।

চাৰিয়ো বেদৰ     যিটো নিজ অৰ্থ

তোহ্মাৰ পদ ভকতি।

তাক কালে কৰ্ম্মে   কৰিলে গুপুত

লোক ভৈল বিসঙ্গতি।।

ভৈলা অৱতাৰ     জগত নিস্তাৰ

কৰিবাক কৃপাময়।

মায়ায়ে মুহিয়া     কৰি আছা ছন্ন

দেখিয় মনুষ্য নয়।।১৭০।।

পৰম ঈশ্বৰ       ভৈলাহা বেকত

লোকৰ কল্যাণ হেতু।

তোহ্মাৰ চৰণে     পশিলো শৰণে

উদ্ধাৰা গৰুড়কেতু।।

এহি বুলি সৱে     ভূমিত পৰিয়া

কৃষ্ণক প্ৰণামি আছে।

ভকতৰ গতি      দেখি লক্ষ্মীপতি

তুলিলা আশ্বাসি পাচে।।১৭১।।

প্ৰিয়বাক্য বুলি     সৱাকো বসাইলা

বহল সাজ পাতি।

কৃষ্ণৰ মহিমা      কহিয়া ৰহিলা

ৰাজা প্ৰজা দিনে ৰাতি।।

একো গ্ৰাম্যকথা    নুশুনিয় তথা

কৃষ্ণৰ চৰিত্ৰ বাজে।

কৃষ্ণৰ সন্ধানে     হুয়া হৰষিত

বসিলা সৱে সমাজে।।১৭২।।

..............

 

।।ছবি।।

 

শুনিয়োক সামাজিক      ইটো অমৃততোধিক

কৃষ্ণৰ চৰিত্ৰ কথাৰস।

পিয়া আক কৰ্ণভৰি      মনে মাধৱক স্মৰি

বচনে নেৰিবা নাম যশ।।

ভকতিসি নৱনিধি       কৰিবেক সৰ্ব্বসিদ্ধি

আত অণুমাত্ৰ শঙ্কা নাই।

জন্ম চিন্তামণি পাই       আৰ আযু বৃথা যায়

কৃষ্ণক নেৰিবা সৰ্ব্বদায়।।১৭৩।।

নমো নমো যদুদেৱ       তুমি বিনে নাহি কেৱ

আউৰ আহ্মাৰ গতিদাতা।

হেন দঢ়াই আছো চিত্ত     তুমিসে পৰম হিত

সুহৃদ সোদৰ পিতা মাতা।।

বান্ধৱ মাধৱ হেৰ       মাথে তুলি ধৰো খেৰ

মঞি অধমৰ সাধা গতি।

জানি শুনি বুদ্ধিহীন      ভৈলোহো ভকতি ক্ষীণ

অদ্যপি অথিৰ মোৰ মতি।।১৭৪।।

মৰণ সমীপে চাপে       সুমৰন্তে হৃদি কাম্পে

জড়া ৰোগে পীড়ি আসে নিতে।

তোহ্মাৰ চৰণ চাপি      নধৰে তথাপি পাপী

আহ্মাৰ চঞ্চল ইটো চিত্তে।।

হে কৃষ্ণ মোৰ প্ৰাণ      আপুনি কৰিয়ো ত্ৰাণ

মোৰ ভকতিৰ কৰি আশ।

নজানোহো একো কৃত্য     বুলিয়া ভৃত্যৰো ভৃত্য

আহ্মাৰ ছেদিয়ো স্নেহপাশ।।১৭৫।।

তুমি বিনে যদুৰায়       হেনতো বান্ধৱ নাই

কৰিবেক যিটো চিন্তা মোক।

হেন জানি কৃপাময়       দূৰ কৰা ভ্ৰান্তি ভয়

সততে তোহ্মাত ৰতি হৌক।।

মিছা বিষয়ৰ ধান্ধা  আকে লাগি শোক বান্ধা

তোহ্মাৰেসে আমি অংশ জীৱ।

কৰা দুখ উপশাম       নিৰন্তৰে ৰাম ৰাম

ঘূষিয়ো হুয়োক সদাশিৱ।।১৭৬।।

..............

    ।।কৃষ্ণ পত্নীসৱৰ বিবাহ কথন।।

                    ।।পদ।।

 

নিগদতি শুক শুনা নৃপতি সৰ্ব্বথা।

স্ত্ৰী সমজ্যাত যেন ভৈল কৃষ্ণকথা।।

ত্ৰৈলোক্যত অদ্যাপিও গাৱে সেহি যশ।

স্থিৰ কৰ্ণে কৰা পান মহাহৰি ৰস।।১৭৭।।

আত অনন্তৰে কহো যেন ভৈল পাচে।

যত মহাৰাজা ভাৰ্য্যাসৱ ৰহিয়াছে।।

কৌৰৱ পাণ্ডৱ যদুবংশী সৱ নাৰী।

বহল সমাজ পাতি আছে শাৰীশাৰী।।১৭৮।।

যত গোপীসৱ সিটো কৃষ্ণৰ বল্লভা।

কৃষ্ণ অনুমতি লৈয়া গৈলা সেহি সভা।।

তাসম্বাক দেখি মাধৱৰ ভাৰ্য্যা যত।

সাদৰি দিলন্ত স্থান নিজ আসনত।।১৭৯।।

অন্যোঅন্যে সাৱটন্তে নয়ন সজল।

পুছিলা পৰম প্ৰিয় বচনে কুশল।।

আছে তৈত আনো যত ৰাজাৰ মহিষী।

গোপীক প্ৰশংসা সৱে কৰিলা হৰিষি।।১৮০।।

ইটো ব্ৰজবধু আছে কত তপসাই।

স্বপনে সচিতে কৃষ্ণ বিনে আন নাই।।

মহাপ্ৰেমে মাধৱত নিমজিল চিত।

সফল লভিল জন্ম ভাৰত ভূমিত।।১৮১।।

এহি বুলি গোপীক প্ৰশংসি অসংখ্যাত।

আনন্দে আছন্ত বসি সেহি সমজ্যাত।।

কৃষ্ণকথা শুনিতে উৎসুক আতি মতি।

দ্ৰৌপদীক নাৰীগণে দিলা অনুমতি।।১৮২।।

আপুনি পুছিয়ো কৃষ্ণমহিষী সৱাতে।

বিৱাহ কৰিলা কৃষ্ণে যাক যেনমতে।।

তেসম্বে কহোক আমিসৱে শুনো যাই।

কৃষ্ণকথা বিনে আৰ বৃথা আয়ু যায়।।১৮৩।।

শুনি পাঞ্চালীৰ চিত্ত হৰিষ মিলিল।

গাৱে গাৱে কৃষ্ণপত্নী সৱাতে পুছিল।।

শুনিয়ো ৰুক্মিণী সত্যভামা জাম্বৱতী।

লক্ষ্মণা কালিন্দী ভদ্ৰা সব্য্যা সত্যা সতী।।১৮৪।।

ৰোহিণী প্ৰমুখ্যে শুনা যতেক সুন্দৰী।

মায়ায়ে মনুষ্য চেষ্টা দেখাই দেৱ হৰি।।

যাক যেনমতে আনি কৰিলা বিৱাহ।

সিটো কথা শুনিবাক পৰম উৎসাহ।।১৮৫।।

সংসাৰৰ মহৌষধি কৰ্ণেৰে অমৃত।

প্ৰকটি কহিয়ো শুনো কৃষ্ণৰ চৰিত।।

জন্মৰো সাফল হৌক আজি সমস্তৰ।

শুনিয়া ৰুক্মিণী দিলা প্ৰথমে উত্তৰ।।১৮৬।।

ভিক্ষু মুখে মোৰ কথা শুনি দ্বাৰকাত।

মিলিল স্বামীৰ বাঞ্ছা অনেক আহ্মাত।।

দেশান্তৰী মুখে ময়ো শুনি গুণগণ।

কৃষ্ণত পশিল সমুদায়ে মোৰ মন।।১৮৭।।

শিশু হন্তে চিন্তো ইটো কৃষ্ণৰ চৰণ।

পিতৃৰ মাতৃৰ তাঙ্কে বিহা দিবে মন।।

মোৰ শ্ৰেষ্ঠ ভাই মন্দ পৰম পামৰ।

নামো নুশুনয় সিটো স্বামী মাধৱৰ।।১৮৮।।

শিশুপাল ৰাজাক আনিল বৰ বাছি।

আসিল অনেক নৃপ অস্ত্ৰ শস্ত্ৰ কাছি।।

হয় হস্তী ৰথ আসি জুৰিল কুণ্ডিল।

হেন শুনি ভয়ে মোৰ সুৰুতি উড়িল।।১৮৯।।

সেৱিতে নপাইবো ইটো কৃষ্ণৰ চৰণ।

আৱেসে জানিলো মোৰ মিলিল মৰণ।।

কৃষ্ণৰ বিয়োগ দুকে ফুটি যায় প্ৰাণ।

নাসে মুখে বচন নুৰুচে অন্নপান।।১৯০।।

বিপ্ৰমুখে শুনিয়া মোহোৰ মহাদুখ।

স্বামীৰ মনত মহা মিলিল অসুখ।।

স্নেহে আথে বেথে আইলা একেৰথে সাজি।

পাচতেসে পাইলা আসি সেনা গজবাজী।।১৯১।।

জৰাসন্ধ প্ৰমুখ্যে যতেক ৰাজাচয়।

দাৰুণ দৰ্পিষ্ঠ দুষ্ট সমৰে নিৰ্দ্দয়।।

চেদিক দিবাক মোক মনে বাঞ্ছা কৰি।

যুদ্ধক প্ৰৱন্ধে আছে শৰ ধনু ধৰি।।১৯২।।

কৰিলা আটোপে কোপে সমৰ দুৰ্ঘোৰ।

লীলায়ে জিনিলা স্বামী িবপক্ষক মোৰ।।

কদৰ্থিয়া সৱাৰো মাথাত দিয়া ভৰি.

আনিলা আনন্দে আতি আহ্মাক উদ্ধাৰি।।১৯৩।।

ছাগলযূথক যেন কটাঙে খেদাই।

মত্ত সিংহৰাজে নিজ ভাগ লৈয়া যায়।।

মোৰ শ্ৰেষ্ঠ ভাই পাপী ৰুক্মী নাম যাৰ।

জটাইলেক যুদ্ধ তাৰ কটকটাই ঘাৰ।।১৯৪।।

খাণ্ডা এৰে চুল ধৰি কৰন্ত দোহাৰ।

কতেক কাতৰে প্ৰাণ ৰাখিল তাহাৰ।।

মুণ্ড মুণ্ডি এড়িলন্ত কালি চূণে ছুই।

থাকিল পাপিষ্ঠ পৰি মৃত্যুৱৎ হুই।।১৯৯৫।।

এহিমতে আনি মোক মিলাইলা উৎসাহ।

কৰিলা কেশৱ প্ৰভু প্ৰথম বিৱাহ।।

ত্ৰৈলোক্যৰ লোকে দিলে উৎসৰ্গি যৌতুক।

এহিমতে পাইলো প্ৰভু ঈশ্বৰ কৃষ্ণক।।১৯৬।।

আন নবাঞ্ছোহো মঞি স্বামীক উপাসি।

জন্ম জন্মে হুইবো তান চৰণৰ দাসী।।

এতেক বোলন্ত নীৰ নেত্ৰৰ বহয়।

ৰুক্মিণীৰ দেখি প্ৰেমভাৱ আতিশয়।।১৯৭।।

ভৈল সলোতক সমজ্যাৰ যত নাৰী।

মনত কৰন্ত ভক্তি কৃষ্ণ কৃষ্ণ স্মৰি।।

মিলল বিস্ময় দেখি দেৱীৰ ভকতি।

শুনা সখী মোৰ কথা কহে জাম্বৱতী।।১৯৮।।

সিংহে অৰণ্যত মাৰিলেক প্ৰসেনক।

তাক মাৰি পিতৃ আনিলেক স্যমন্তক।।

সত্ৰাজিতে নজানি কৃষ্ণক দিলা দোষ।

হেন শুনি স্বামীৰ মিলিল অসন্তোষ।।১৯৯।।

ভাল ভাল লোকক লগত লৈয়া বাছি।

খোজগুৰি গৰ্ত্তত পশিলা বস্ত্ৰ কাছি।।

একেশ্বৰে পাইলা আসি আহ্মাৰ নগৰ।

যেন মহেন্দ্ৰৰ পূৰী মহা মনোহৰ।।২০০।।

ক্ষণেক আণ্টাইলা ঋক্ষ ৰাজাৰ আৱাস।

কৰে ৰত্নময় মহা মন্দিৰ প্ৰকাশ।।

পশিল ভিতৰ দ্বাৰ গৈয়া প্ৰভু পাচে।

মণি লৈয়া ধাই শিশু ওমলন্তে আছে।।২০১।।

বস্ত্ৰ কাছি চলি যান্ত মণিক লৈবেক।

দেখি মহাভয়ে দিলা ধাই ধাউ ডাক।।

কোঠেৰ মনুষ্য গোটে মণি নেই কাঢ়ি।

ত্বৰিতে বজাইলা পিতৃ ওৱাৰিক ছাৰি।।২০২।।

কঙ্কালত বস্ত্ৰ কাছি কৰি মহা ছটি।

ধৰিলা আটোপে কোপে কৃষ্ণক সাৱটি।।

মাধৱে ধৰিলা মোৰ পিতৃক কোলাৰে.

মোৰ হাড় ঘাড় বিহৰাৱে পাৰে পৰে।।২০৩।।

চাপৰ চৰ্পত কিল ভুকুৱে চৱৰে।

দুইকো দুই ধৰিলা প্ৰৱন্ধে বান্ধ ভিৰে।।

জৰাজৰি কৰি কতো পৃথিৱীত পৰে।

হুয়া একপিণ্ড কতো মাটিত বাগৰে।।২০৪।।

কৰ কৰ কৰিয়া দশন চোৱাৱন্ত।

ভ্ৰূকুটি কুটিল কোপে চক্ষু পকাই চান্ত।।

নছাড়ন্ত দুইকো দুই নপালটে কোপ।

দুইৰো মহা আন্দোলে জগত দলদোপে।২০৫।।

মহা বৈৰ বুদ্ধি কৰি আতি অসন্তোষে।

যুজন্ত আঠইশ দিন পৰম আক্ৰোশে।।

কৃষ্ণ অঙ্গ ঘৰিষণে যেন বজ্ৰপাত।

ভৈল বলক্ষীণ ঋক্ষৰাজ নাসে মাত।।২০৬।।

নাহিকে চেতন চক্ষু মেলিয়া নচান্ত।

মহাপীড়া পাই পিতৃ পৰিয়া কেঙ্কান্ত।

মনত বোলন্ত কিনো মহাপৰাক্ৰমী।

হেন নাহি ত্ৰৈলোক্যত মোক আছে দমি।।২০৭।।

এতেকে জানিলো এন্তে নোহন্ত মানুষ।

জগতকাৰণ সিটো পৰম পুৰুষ।।

যো নো আৱে আসি আছে প্ৰাণ ৰঘুনাথ।

এহি বুলি পিতৃ নিৰীক্ষিলা তুলি মাথ।।২০৮।।

দেখিলন্ত চক্ষু মেলি চাই যুৰি হাত।

সেহি সীতাপতি নিজ স্বামীক সাক্ষাত।।

কান্দিবে লাগিলা আৱে চৰণত পৰি।

লোতকে তিয়াইলা মাধৱৰ দুই ভৰি।।২০৯।।

আৱেসে জানিলো সেহি প্ৰাণ প্ৰভু মোৰ।

কৰিলা সীতাৰ তাপে পয়াণ দুৰ্ঘোৰ।।

নেদে দেখা সাগৰৰ অৱগৰ্ব্ব দেখি।

চক্ষু পকাই চাইল কোপে কটাক্ষে নিৰীক্ষি।।২১০।।

উজৰিল জলজন্তু কুম্ভীৰ মগৰ।

মহাবেগে খলকিল সকল সাগৰ।।

দিলা পন্থ আথে বেথে পশিয়া শৰণ।

ৰত্নৰ সম্ভাৰচয়ে অচ্চিয়া চৰণ।।২১১।।

শিলায়ে বান্ধিলা পাচে প্ৰভু মহাসেতু।

বধিলা ৰাৱণ সীতা হৰণৰ হেতু।।

তোহ্মাক যুজিলো আৱে ঐ প্ৰাণনাথ।

এহি বুলি কান্দন্ত পাৱত থৈয়া মাথ।।২১২।।

শুনি কেশৱৰ সম্পজিল মহাস্নেহ।

মাজিল অমৃত হাতে সুস্থ ভৈল দেহ।।

প্ৰভুৰ প্ৰসাদে সৱ দুখ গৈল খণ্ডি।

দিব্য ৰত্নময় অলঙ্কাৰে মোক মণ্ডি।।২১৩।।

বিহা দিয়া সমৰ্পিলা প্ৰভুৰ পাৱত।

সুৱৰ্ণ ভজন ৰত্ন আছে যত যত।।

অলঙ্কাৰে ৰঞ্জি দাসী সহস্ৰ সংখ্যাত।

সমস্ত সম্ভাৰ দিলা মোহোৰ বিহাত।।২১৪।।

লগতে যৌতুক দিলা স্যমন্তক মণি।

আগবঢ়াই বাদ্যে ভণ্ডে দণ্ডে ছত্ৰে ছানি।।

কতবা জন্মৰ ফল সাঞ্চি আছো আমি।

তাৰ ফল পাইলো ইটো ঈশ্বৰক স্বামী।।২১৫।।

এতেকেসে বাঞ্ছো মঞি মুকিতিক এৰি।

জন্মে জন্মে হুইবো আন চৰণৰ চেড়ী।।

এতেক বোলন্তে প্ৰেমে দ্ৰৱিল হৃদয়।

ঝড়ি যাই নেত্ৰৰ লোতক আতিশয়।।২১৬।।

পৰম ভকতি ভাৱ দেখি নাৰীগণে।

উপজি কৰুণা চাৱে লোতক নয়নে।।

কৃষ্ণকথা ৰশত মজিল যিটো ৰামা।

অনন্তৰে কথা কহিলন্ত সত্যভামা।।২১৭।।

আমাৰ বৃত্তান্ত আৱে শুনিয়ো পাঞ্চালী।

মোক যেনমতে পাইলা প্ৰভু বনমালী।।

জিনি জাম্বৱন্ত স্যমন্তক মণি আনি।

পিতৃক দিলন্ত সমাজত চক্ৰপাণি।।২১৮।।

বুলিলা বচন তুমি দাৰুণ নিঃশঙ্ক।

মিছাত আহ্মাক দিলা দাৰুণ কলঙ্ক।।

কৰিলা গৰিহা মহা মহন্ত সমাজে।

নযাই নুপুহাই তান আতি ভয় লাজে।।২১৯।।

যতেক দ্বাৰকাবাসী সৱে শপে আতি।

নৱজান্ত গৃহৰ গুণন্ত দিনে ৰাতি।।

কেনমতে মাদৱৰ মন হোৱে শান্ত।

গুণি গান্থি মনে একো উপায় নপান্ত।।২২০।।

আছো কন্যাৰত্ন মঞি তাহান দুহিতা।

কৃষ্ণক দিবেক মোক আলোচিলা পিতা।।

আনমতে মাধৱৰ সান্ত নোহো চিত।

দঢ়াই যুগুতি বন্ধু বান্ধৱে সহিত।।২২১।।

খুজিলা অনেকে মোক অক্ৰূৰ প্ৰমুখ্যে।

পূৰ্ব্বতো সৱাক দিবো বুলি আছে মুখে।।

এৰিলা ইসৱ বাক্য প্ৰাণৰ কাতৰে।

মাতি আনি মাধৱক আপোনাৰ ঘৰে।।২২২।।

দিলন্ত বিৱাহ মোক মহামহোৎসৱে।

পাইলা প্ৰীতি পাইয়া আহ্মাক মাধৱে।।

লগত যৌতুক দিলা স্যমন্তক ৰত্ন।

পিতৃত থৈলন্ত থাপি কৃষ্ণে কৰি যত্ন।।২২৩।।

দিলা সুৱৰ্ণৰ বণ্টা মাত্ৰ কিছুমান।

পাইলো এক লক্ষ যেৱে কন্যা দিলা দান।।

অনেক নিৰ্ভয় বাক্য বুলি কৃপাময়।

আনন্দে লৈ গৈল মোক আপোন নিলয়।।২২৪।।

এহিমতে পাইলো স্বামী ঈশ্বৰ কৃষ্ণক।

কি কহিবো সখী আৱে মোহোৰ ভাগ্যক।।

এহিমাত্ৰ মনে মঞি বাঞ্চো ৰাত্ৰি দিনি।

জন্মে জন্মে হুইবো তাহানেস সেৱকিনী।।২২৫।।

এহি বুলি প্ৰেমত কান্দন্ত সত্যভামা।

তাক দেখি প্ৰেমত মজিলা যত ৰামা।।

কৃষ্ণক সুমৰি মনে আছিলন্ত কান্দি।

অনন্তৰে দ্ৰৌপদীত কহিলা কালিন্দী।।২২৬।।

শুনা সখী কথা পিতৃগৃহত থাকন্তে।

কৃষ্ণৰ মহিমা মঞি শুনো শিশুহন্তে।।

কেনমতে আমাৰ মাধৱ হুইবে স্বামী।

হেনমনে গুণি তপ আচৰিলো আমি।।২২৭।।

কৃষ্ণৰ চৰণ ধৰি হৃদয়কমলে।

কৃষ্ণকেসে চিন্তো আসি যমুনাৰ জলে।।

জানি যদুদেৱ আইলা চৰিয়া ৰথতে।

তোহ্মাৰ মধ্যম স্বামী অৰ্জ্জুন লগতে।।২২৮।।

ভৈল শ্ৰান্ত মৃগ মাৰি কৰিয়া বিহাৰ।

পাইলা যমুনাৰ তট নিকট আহ্মাৰ।

আচৰন্তে আছো তপ পাচে মোক দেখি।

অৰ্জ্জুনক বোলন্ত যায়োক প্ৰাণসখি।।২২৯।।

কৈৰ কন্যা ইটো তপ কৰে কি কাৰণে।

স্বৰূপ পুছিয়ো গৈয়া জিজ্ঞাসিয়ো মনে।।

আসি তথা কথা মোত পুছিলা অৰ্জ্জুনে।

নাহিকে তোহ্মাৰ সম নাৰী ত্ৰিভুৱনে।।২৩০।।

কৈয়ো কিবা নাম তুমি দুহিতা কাহাৰ।

প্ৰথম বয়স আতি তনু সুকুমাৰ।।

হেন তপ দুষ্কৰ কৰিয়া কি কাৰণে।

আসি আছে কৃষ্ণ পুছো তাহাৰ বচনে।।২৩১।।

স্বামী আসিবাৰ শুনি ভৈলো হৰষিত।

বহয়ে লোতক আখি তনু ৰোমাঞ্চিত।।

বুলিলো বচন পাচে আনন্দতে কান্দি।

সূৰ্য্যৰ দুহিতা মঞি নামত কালিন্দী।।২৩২।।

হৈৱন্ত ঈশ্বৰ স্বামী হেন বাঞ্ছা কৰি।

কৃষ্ণকেসে চিন্তো মঞি তপস্যা আচৰি।।

কহিলো স্বৰূপ মোৰ আন নাই মতি।

অৰ্জ্জুনো কৃষ্ণত মোৰ কহিলা ভকতি।।২৩৩।।

সূৰ্য্যৰ দুহিতা এন্তে পৰম ৰূপসী।

কৰে তোহ্মাকেসে তপ স্বামী অভিলাষী।।

পাইলা স্ত্ৰী ৰত্ন সখি কিবা চাহা আৰ।

যুজতে বাণিজ্য হেন মিলিল তোহ্মাৰ।।২৩৪।।

শুনিয়া আনন্দে আসি প্ৰভু দামোদৰে।

আশ্বাসিয়া মোক নিলা পৰম সাদৰে।।

মিলিলা তথাত সূৰ্য্য কৰিয়া উৎসাহ।

পৰম প্ৰাৰম্ভে মোক দিলন্ত বিৱাহ।।২৩৫।।

বাইল দিব্য মৃদঙ্গ নাচিল অপেশ্বৰী।

দিল দাসী কৰি অসংখ্যাত বিদ্যাধাৰী।।

দিব্য আভৰণ ৰত্নময় অলঙ্কাৰ।

যতেক যৌতুক দিলা সীমা নাহি তাৰ।।২৩৬।।

ধৰিলা যোগান আসি চতুৰঙ্গ দলে।

আইলো দ্বাৰকাক স্বামী সমে সুমঙ্গলে।।

কত কোটি জন্মে আৰাধিলো তপ ব্ৰত।

তাতেসে কৃষ্ণক স্বামী পাইলো অভিমত।।২৩৭।।

আন নবাঞ্ছোহো সখী কহো সত্য কৰি।

জন্মে জন্মে হুইবো তান চৰণ কিঙ্কৰী।।

এহি বুলি সলোতক ভৈলন্ত কালিন্দী।

প্ৰেমে পৰশিয়া মৌনে থাকিলন্ত কান্দি।।২৩৮।।

ভৈল সকৰুণ সমজ্যাৰ যত নাৰী।

কৃষ্ণৰ প্ৰেমত আতি স্ৰৱে নেত্ৰ ঝড়ি।।

অনন্তৰে ভদ্ৰাদেৱী দিলন্ত সিদ্ধান্ত।

শুনিয়ো পাঞ্চালী আৱে মোহোৰ বৃত্তান্ত।।২৩৯।।

কৈকেয় ৰাজ্যত মহাৰাজা মোৰ পিতা।

তান জীউ মঞি ৰূপে গুণে অনিন্দিতা।।

মোৰ অনুৰূপে পৃথিৱীত নাই বৰ।

ৰাজাগণ অনায়া পাতিলা স্বয়ম্বৰ।।২৪০।।

এক এক ৰাজা যেন মহেন্দ্ৰ সাক্ষাত।

দিগ্গজ পৰায় বসি আছে সমজ্যাত।।

ধৱল চামৰ ধৰি ঢোলে দুই কাচে।

শিৰৰ উপৰে শ্বেত ছত্ৰ তুলি আছে।।২৪১।।

ৰঙ্গে চতুৰঙ্গ সেনাসৱ আচে সাজি।

গজঘণ্টা টঙ্কাৰে চিহৰে গজ বাজী।।

ঠাৱে ঠাৱে বাৱে বাদ্য ভণ্ডৰ কহ্লোলে।

দলদোপ মহী মহা প্ৰজাৰ আন্দোলে।।২৪২।।

মহা পৰিচ্ছদে পাচে প্ৰভু হৃষীকশ।

সেহি সমজ্যাত আসি ভৈলন্ত প্ৰৱেশ।।

মাথে আনি দিলা পিতৃ সুৱৰ্ণ আসন।

আতি প্ৰীতি পখালিয়া অৰ্চ্চিলা চৰণ।।২৪৩।।

নজ্বলে নৃপতিসৱ কৃষ্ণৰ প্ৰকাশে।

চন্দ্ৰৰ উদয় যেন নক্ষত্ৰ আকাশে।।

সূৰ্য্যৰ আঘত যেন বাতিৰ জেউতি।

ভৈল নিশবদ দেখি সমস্ত নৃপতি।।২৪৪।।

মঞি সালঙ্কৃতা সখীসৱ অসংখ্যাত।

সুৱৰ্ণৰ মালা লৈয়া উঠিলো সভাত।।

ৰাজ সমজ্যাক নিৰিক্ষিলো চক্ষু চাই।

কৃষ্ণৰ আগত দেখা মৃতক পৰায়।।২৪৫।।

পৰম ঈশ্বৰ মূৰ্ত্তি দখিয়া সাক্ষাত।

বৰিলো সুৱৰ্ণমালা চৰায়া মাথা.।

পৰি প্ৰণামিলো চৰণত জানু পাৰি।

আশ্বাসিয়া তুলি মোক ধৰিলা মুৰাৰি।।২৪৬।।

দেখি ৰাজাসৱ মহা অহঙ্কাৰ কৰি।

গৰ্জ্জে মাধৱক কোপে শৰ ধনু ধৰি।।

কৰে ধৰ মাৰ ৰোল প্ৰচণ্ড প্ৰতাপে।

আমাৰ কন্যাক আজি নিবে কাৰ বাপে।।২৪৭।।

হেন শুনি তৰতৰি কাম্পে মোৰ তনু।

ধৰিলন্ত মাধৱে শাৰঙ্গ মহা ধনু।।

মোক পাচ কৰিয়া অভয় দিয়া দান।

বৰিষিল অসংখ্য সহস্ৰ দিব্য বাণ।।২৪৮।।

স্বামীৰ শায়কে ফুটি সমস্ত শৰীৰে।

ধনু শৰ এৰিয়া লৱড় দিলা ভিৰে।।

ৰথ গজ বাজী পৰি থাকিল তথাতে।

মৰো জীউ কৰিয়া পলাইল সুদা হাতে।।২৪৯।।

মোৰ ভাতৃগণ আছে কৃষ্ণৰ বিৰোধী।

জপাইলেক যুদ্ধ সাজি পন্থক নিৰোধি।।

জীৱন্তে ধৰিয়া কাটিবাক চান্ত স্বামী।

চৰণত ধৰিয়া ৰাখিলো পাচে আমি।।২৫০।।

কুকুৰযূথক যেন মত্ত সিংহে জিনি।

নেই নিজ ভাগ যেন নমাৰিয়া ঘিণি।।

সেহিমতে পৰম ঈশ্বৰ স্বামী মোক।

কৰিলা বিৱাহ দেখিলেক সৰ্ব্বলোক।।২৫১।।

পৰম ভকত পিতৃ সাদৰি স্বামীক।

সকলে সৰ্ব্বস্ব দিলা লগতে যৌতুক।।

গজ বাজী দাস দাসী তাৰ নাহি সীমা।

কি কহিবো সখী সিটো কৃষ্ণৰ মহিমা।।২৫২।।

আন নবাঞ্ছোহো মনে স্বামী পাৱে ধৰি।

জন্মে জন্মে হুইবো তান চৰণ কিঙ্কৰী।।

এতেক বোলন্তে আসি দ্ৰৱ ভৈল মন।

বহয় লোতক নাসে মুখত বচন।।২৫৩।।

তাহান কৰুণা দেখি নাৰী সমস্তয়।

হৰি হৰি স্মৰিয়া কান্দিলা আতিশয়।।

সাধুৰ্ব্বাদে ভদ্ৰাক কৰিলা অভিনন্দা।

অনন্তৰে দ্ৰৌপদীত কহে মিত্ৰবিন্দা।।২৫৪।।

আমাৰ বৃত্তান্ত আৱে শুনিয়ো পাঞ্চালী।

যিমতে দুৰ্ল্লভ স্বামী পাইলো বনমালী।।

অৱন্তী দেশৰ মহাৰাজ মোৰ পিতা।

কৃষ্ণৰ ভকত মঞি তাহান দুহিতা।।২৫৫।।

সম্বন্ধে মোমাতভাই মোৰ যদুদেৱ।

স্বামীভাৱে তথাপি মনত কৰো সেৱ।।

বুজিলন্ত পিতৃ পাচে মোহোৰ ইঙ্গিত।

দিনে ৰাত্ৰি তাহানো কৃষ্ণতে মাত্ৰ চিত।।২৫৬।।

আপুনি আনিলা মাধৱক বৰ বাছি।

মোক বিহা দিবেক সাদৰে তাঙ্ক যাচি।।

দেখি বিন্দ অনুবিন্দ মোহোৰ সোদৰ।

নেদে বিহা দিবে দুয়ো পৰম পামৰ।।২৫৭।।

কৃষ্ণক নসহে মহা দাৰুণ দুৰ্ম্মতি।

শিশু হন্তে দুষ্ট দুৰ্য্যোধনৰ সঙ্গতি।।

মহা মদগৰ্ব্ব নুশুনয় কাৰো হাক।

বুলিল অনেক গোৱিন্দক নিন্দাবাক।।২৫৮।।

উঠি গুচিলন্ত বাপে বিষ্ণু বিষ্ণু বুলি।

কৃষ্ণক ধৰিবে দুয়ো আসিলা হাম্ফুলি।।

হাসি হৰি দুইকো মুচৰিলা ধৰি ঘাড়।

ভূমিত পাৰিয়া দিলা চৱৰ প্ৰহাৰ।।২৫৯।।

চৱৰৰ চোটে গাল ভৈল ভিণ্ডাকাৰ।

পৰি আছে নিশৱদে দয়ো কুলাঙ্গাৰ।।

স্বামীৰ হাতত চূৰ ভৈল দুইৰো দৰ্প।

গৰুড়ৰ আগে যেন দুই ক্ষুদ্ৰ সৰ্প।।২৬০।।

ধৰিলা খাণ্ডাক কৃষ্ণে কাটিবাক লাগি।

পাৱে পৰি পাচে দুইৰো লৈলো জীৱ মাগি।।

মোৰ পদে এৰিলন্ত কালি চূণে চুই।

সমজ্যাৰ গুচিল লাঞ্ছনা আতি হুই।।২৬১।।

পিতৃৰ মনত ভৈলা পৰম উৎসাহ।

বিধিৱতে দিলা আসি আহ্মাক বিৱাহ।।

এহেন্তে ঈশ্বৰ হেন ভৈলা মহাজ্ঞান।

সমস্ত সম্পত্তি উৎসৰ্গিয়া দিলা দান।।২৬২।।

সুৱৰ্ণ ৰজত ৰত্ন গজ বাজী ৰথ।

দিলন্ত যৌতুক যত পূৰি মনোৰথ।।

দিলা লগে সালঙ্কৃতা যতেক পদ্মিনী।

চতুৰঙ্গ সেনা আৰো এক অক্ষৌহিণী।।২৬৩।।

বাদ্য ভণ্ড দণ্ড ছত্ৰ চামৰ চিড়লে।

মোক লৈয়া আইলা প্ৰভু মহা কুতূহলে।।

কতবা জন্মত পূণ্য সাঞ্চি আছো আমি।

সিকাৰণে পৰম ঈশ্বৰ পাইলো স্বামী।।২৬৪।।

এহিমতে বাঞ্ছো কৰি প্ৰভুত ভকতি।

জন্মে জন্মে তাহান চৰণে হৌক ৰতি।।

প্ৰভু পদধূলাকেসে কৰো অভিনন্দা।

এহি বুলি সলোতক ভৈল মিত্ৰবৃন্দা।।২৬৫।।

প্ৰেমত দ্ৰৱিল চিত্ত ৰোমাঞ্চ শৰীৰ।

দেখি নাৰী সৱাৰো নয়নে ঝড়ে নীৰ।।

ভকতিত ভৈলা সৱে পুলকিত কায়া।

কৰিলা প্ৰশংসা সাধু সাধু কৃষ্ণ জায়া।।২৬৬।।

শুনা সামাজিক জন কৃষ্ণৰ চৰিত।

আতপৰে গতিদাতা নাহিকে কলিত।।

মনুষ্য জন্মৰ আযু বৃথা যায় জানি।

সদায় চিত্তত চিন্তিয়োক চক্ৰপাণি।।২৬৭।।

নমো নমো কৃষ্ণ মধুসূদন দৈত্যাৰি।

হে দামোদৰ দীন দুঃখ ভয়হাৰী।।

সংসাৰৰ তিনি তাপে বাপ মাৰে পুৰি।

কৰানাথ নিস্তাৰ ভৃত্যৰো ভৃত্য বুলি।।২৬৮।।

জড়া ৰোগে পীড়ি আশে আয়ু ভৈলা ক্ষীণ।

অদ্যাপিও পাতকী নভৈলো মোহহীন।।

আলোচন্তে কাল গৈলা ভৈলে আশকতি।

তযু পাৱে ইজন্মত নভৈল ভকতি।।২৬৯।।

তোহ্মাৰেসে অংশ আমি যত জীৱ লোক।

হেন উপদেশ হৃদীশ্বৰ দিয়া মোক।।

তযু ৰূপ হৃদয়ত থাকে মুখে নাম।

নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম।।২৭০।।

..................

 

।।দুলড়ী।।

 

আত অনন্তৰে          সত্যায়ে বোলয়

শুনিয়ো সখী পাঞ্চালী।

পৰম ঈশ্বৰ           যেনমতে মোৰ

স্বামী ভৈলা বনমালী।।

কোশল ৰাজ্যত         ৰায় ৰাজ্যেশ্বৰ

আছন্ত আমাৰ পিতা।

ৰূপে গুণে আমি    আতি অনিন্দিতা

স্নেহৰ তান দুহিতা।।২৭১।।

মোৰ অনুৰূপ      নপাই বৰ বাপে

মনত গুণিয়া আছি।

সাতগোটা বৃষ     বলিষ্ঠ দৰ্পিষ্ঠ

দেশৰ আনিলা বাছি।।

মহা তীক্ষ্ণতৰ      শৃঙ্গ আগে পৰি

মাখিয়ো হোৱে দোহাৰ।

আকে একেদাই     বান্ধৈ জিনি যিটো

ইটো কন্যা হোৱে তাৰ।।২৭২।।

হেন শুনি মহা     মহাৰাজা যত

আসে দণ্ড ছত্ৰ তুলি।

কাছিয়া একলে     শৰীৰৰ বলে

বৃষক ধৰে হাম্ফুলি।।

তাকো সাত বৃষে   বেঢ়িয়া দণ্ডেকি

ছিড়ে উৰু কৰ কটি।

ডিহাৰ চোটত     উফৰিয়া কতো

কেঙ্কাৱে দান্ত প্ৰকটি।।২৭৩।।

কাহাঙ্কো শৃঙ্গতে    তুলিয়া ফুৰাৱে

ডামুৰি যেন ডেডাই।

হেন নাহি বীৰ     বৃষকো জঙ্কায়

আচোক যাইব এৰাই।।

মোৰ কথা শুনি    পাচে প্ৰাণপ্ৰভু

যদুবংশ শিৰোমণি।

দ্বাৰকাৰ পৰা     আসিলন্ত বাদ্য

ভণ্ডে দণ্ডে ছত্ৰে ছানি।।২৭৪।।

দেখি আগবাঢ়ি     পৰি পিতৃ মোৰ

কৰিল স্তুতি বিনয়।

ঈশ্বৰ পুৰুষ       আসিল গৃহক

কিনো মোৰ মহোদয়।।

ব্ৰহ্মা হৰে ইটো    ধ্যানতো নেদেখে

অৰুণ চৰণ দুই।।

সাক্ষাতে পূজিবে    পাইলো প্ৰভু মঞি

অধম মনুষ্য হুই।।২৭৫।।

এহি বুলি পাদ্য     অৰ্ঘ্যে ধূপে পূজি

কৃষ্ণৰ পাদ পদ্মক।

কিবা প্ৰয়োজন     সাধিবো মাধৱ

আদেশা নিজ ভৃত্যক।।

হেন শুনি হাসি    মাধৱে বোলন্ত

শুনিয়োক মহাৰাজ।

ইটো প্ৰয়োজন     মহন্ত জনৰ

কহন্তে উপজে লাজ।।২৭৬।।

দিয়ো কন্যাৰত্ন     নৃপতি আহ্মাক

কন্যায়ো আহ্মাক বাঞ্ছে।

পিতৃয়ো বোলন্ত     আৰো আতপৰে

মোৰ মহা ভাগ্য আছে।।

কিন্তু বৃষভক      বলে যিটো জিনৈ

ইটো কন্যা হুইবে তাৰ।

হেন বাক্য বাপ    লোকক শুনায়া

কৰি ছো অঙ্গীকাৰ।।২৭৭।।

আৱে যদুদেৱ      দুৰন্ত বৃষক

জিনিয়া নিয়া কন্যাক।

উঠি কৃষ্ণে পাচে    কাছি পীতবস্ত্ৰে

সাজ ভৈলা যুজিবাক।।

সাত মূৰ্ত্তি হুয়া     সাতো বৃষভক

ধৰিলা হাম্ফুলি বলে।

মঞি মাত্ৰ দেখো    প্ৰভুৰ মহিমা

সভাত আনে নাকলে।।২৭৮।।

শৃঙ্গত ধৰিয়া      মুচৰিল ঘাৰ

মাটিত পৰি ডেডাই।

তেজি মল মূত্ৰ     সেহনি কাড়য়

প্ৰাণান্তিক পীড়া পাই।।

আজুৰিয়া নিয়া    স্তম্ভত বান্ধিলা

শিশু যেন ছাগজাক।

বাজে বাদ্য ভণ্ড    দিলেক প্ৰজায়ে

জয় কৃষ্ণ বুলি ডাক।।২৭৯।।

কৃষ্ণৰ মাথাত     মালা পিন্ধাই পাচে

বৰিলো পাৱত পৰি।

শৰীৰ শিহৰি      প্ৰেম যায় চৰি

লোতক পৰে নিগড়ি।।

আশ্বাসয়া পাচে     ধৰি প্ৰাণনাথে

মনত মিলাই উৎসাহ।

পৰম প্ৰাৰম্ভে      পাচে পিতৃ মোক

আনন্দে দিলা বিৱাহ।।২৮০।।

সালঙ্কৃতা তিনি     সহস্ৰ সুন্দৰী

দাসী কৰি মোৰ সঙ্গে।

হাজাৰ দশেক      ঘটস্ৰৱা ধেনু

দিলন্ত পৰম ৰঙ্গে।।

মত্ত হস্তী নৱ      হাজাৰ সেনাৰ

পথ নৱলক্ষ মান।

সুৱৰ্ণ পাখাৰে      নৱ কোটি ঘোঁৰা

যৌতুক কৰিলা দান।।২৮১।।

নৱ শত কোটি    দিলন্ত পদাতি

কছাই বস্ত্ৰ অলঙ্কাৰে।

বাদ্য ভণ্ডে আগ    বঢ়াইলে আহ্মাক

পিতৃ মহা চমৎকাৰে।।

নিৰন্তৰ ৰাজা     এক সাজু ভৈল

মোত আতি আশা ভঙ্গে।

আহ্মাৰ কন্যাক    কেনে কৃষ্ণে নিব

আগ ভেটি আছে খঙ্গে।।২৮২।।

তোহ্মাৰ মধ্যম     মতি ধনঞ্জয়

স্বামীৰ নেড়ন্ত কাছ।

দেখি সঙ্গে আতি   আগুৱাইল কাছি

কৃষ্ণক কৰিয়া পাচ।।

ধনুক টঙ্কাৰি      হৃদয় বিদাৰি

শৰ প্ৰহাৰিলা ৰাগি।

বাঘৰ আগত      ছাগৰ ফটালি

ফাট দি পলাইল ভাগি।।২৮৩।।

তোহ্মাৰ স্বামীৰ    পৰম বীৰত্ব

স্বচক্ষে দেখিলো আমি।

এহিমতে আমি     পৰম ঈশ্বৰ

কেশৱক পাইলো স্বামী।।

সোপনে সচিতে     এহিমানে বাঞ্ছো

কৃষ্ণৰ ধুৱাইবো ভৰি।

জন্মে জন্মে সখী    হুইবো প্ৰাণ মঞি

কৃষ্ণৰ গৃহ কিঙ্কৰী।।২৮৪।।

এতেক বোলন্তে     লোতক ঝৰিল

তনু ৰোমাঞ্চিত আতি।

প্ৰেমৰসে মজি     ভৈলন্ত আকুল

থাকিলা তম্ভি নমাতি।।

তাহান ভকতি     দেখি সমস্তৰে

নয়নৰ পৰে পানী।

সাধু সধু সত্যা    সাৰ্থক জন্মিলা

বুলিলা প্ৰশংসা বাণী।।২৮৫।।

..............

 

।।ছবি।।

 

শুনিয়োক সভাসদ   মহাভাগৱত পদ

কৃষ্ণকথা কৰ্ণৰ অমৃত।।

যাৱে নতো ধৰে কালে    আছা মানে ভালে ভালে

শুনি নিতে কৃষ্ণৰ চৰিত।।

এহিমানে মাত্ৰ সাৰ       দুৰ্ঘোৰ কলিত আৰ

নাহি গতিদাতা আতপৰে।

ভুমুকি মুকুতি বীজ      কৃষ্ণেসে সুহৃদ নিজ

জানি লৌয়ো শৰণ সত্বৰে।।২৮৬।।

নমো নমো নমাই মাথ    হে বাপ জগন্নাথ

মঞি অধমৰ কেন হৌক।

মহা মোহে ভৈলো অন্ধ    নাহি ভকতিৰ গন্ধ

যাইবে আৱে লাগে পৰলোক।।

লভিয়া মনুষ্য কায়া      তুমি হেন প্ৰভু পায়া

নিচিন্তিলো চৰণ তোহ্মাৰ।

কৃষ্ণৰ সেৱাক ত্যজি   বিষয় ৰসত মজি

চিন্তিলো আপুনি মঞি মাৰ।।২৮৭।।

বাক্যে গুণ নাম ধৰে   মনে যে তোহ্মাক স্মৰে

তাকে থাকা মোৰ বুলি ৰাকি।

জানিয়া ইশৱ তত্ত্ব   আছা এহি হৃদয়ত

তথাপি নভজি খালো আখি।।

মোৰ বন্ধু নাহি কেৱ   তুমি দয়াশীল দেৱ

আপুনি ৰক্ষাৰ কৰা কাম।

যিমতে তোহ্মাত ৰতি   হোৱে হেন দিয়া মতি

নিৰন্তৰে বোলা ৰাম ৰাম।।২৮৮।।

..............

 

               ।।পদ।।

 

আত অনন্তৰে দিলা লক্ষ্মণা সিদ্ধান্ত।

শুনিয়ো দ্ৰৌপদী এৱে আহ্মাৰ বত্তান্ত।।

বৃহৎসেন নামে মহাৰাজ মোৰ পিতা।

তাহান দুহিতা মঞি গুণে আনিন্দিতা।।২৮৯।।

নাৰদৰ মুখে শুনি কৃষ্ণৰ চৰিত।

কৃষ্ণপাদপদ্মত ধৰিলা মোৰ চিত।।

শিশু হন্তে যিমতে ভজিলা মিত্ৰবিন্দা।

কৃষ্ণত সিমত মোৰ ভৈল অভিনন্দা।।২৯০।।

অনন্তৰে পিতৃ মোৰ বুজি অভিপ্ৰায়।

কৃষ্ণক পাইবাক লাগি চিন্তিল উপায়।।

যিমতে তোহ্মাৰ পিতৃ অৰ্জ্জুনক আশে।

নিৰ্ম্মিয়া চক্ৰক মৎস্য ভ্ৰমাইলা আকাশে।।২৯১।।

সেহিমতে মোৰো পিতৃ কৰিয়া যতন।

কিন্তু আমাঠেৰ মৎস্য মহা বিলক্ষণ।।

বাহিৰত ঢাকি আছে তোমাঠেৰ মৎস্য।

স্তম্ভকো চাহিলে জানে তাহাৰ ৰহস্য।।২৯২।।

আমাসাৰ মৎস্য সিটো অনেক উচ্ছ্ৰিত।

বাহিৰে ভিতৰে ছন্ন নুহিকে বিদিত।।

অধোমুখে পানীত ছায়াক চাহি তাৰ।

তেৱেস কৰিবে পাৰে শৰক প্ৰহাৰ।।২৯৩।।

কৃষ্ণ বিনে আনে ইটো নজানে ৰহস্য।

এতেকেসে শ্ৰেষ্ঠ আতি আমাঠেৰ মৎস্য।।

সিটো মৎস্য ভেদে যিটো সি পাৱে কন্যাক।

দেশে দেশে দূতসৱে বুলিলা ৰাজাক।।২৯৪।।

কথা শুনি পৃথিৱীৰ নৃপ নিৰন্তৰ।

কাছি পাৰি আইলা সৱে আহ্মাৰ নগৰ।।

ধনুত পাৰ্গত শিক্ষাগুৰু সৱ সঙ্গে।

ৰথ গজ বাজী সাজি আইল মহাৰঙ্গে।।২৯৫।।

কৌৰৱ পাণ্ডৱ পৃথিৱীৰ ৰাজা যত।

আহ্মাৰ সভাত ভৈল সৱে উপগত।।

যাত যেন যোগ্য পিতৃ কৰিলা সন্মান।

দিয়াইলা আসন আনি বসিবাৰ থান।।২৯৬।।

আইল যদুবংশে শিৰোমণি মোৰ পদে।

কোটি মহেন্দ্ৰতোধিক মহা পাৰিষদে।।

দণ্ডে ছত্ৰে ছানি মহা বাদ্য ভণ্ড ৰোলে।

দলদোপ মহী মহা প্ৰজাৰ আন্দোলে।।২৯৭।।

আগবাঢ়ি পিতৃ পাচে অৰ্চ্চিলা চৰণ।

মাথাত কৰিয়া দিলা দিব্য সিংহাসন।।

তাতে হসি প্ৰকাশিলা প্ৰভূ আতিশয়।

নক্ষত্ৰৰ মাজে যেন চন্দ্ৰৰ উদয়।।২৯৮।।

থৈলা আনি আগত লোহাৰ ধনুখান।

দিলা পিতৃ সৱাকো সম্বোধি সমিধান।।

পাৰে যিবা বীৰে ইটো মৎস্য ভেদিবাক।

কৰিবেক আসি সিটো কন্যাৰত্ন তাক।।২৯৯।।

শুনি মহা মহাৰাজা উঠিল ত্বৰিত।

মোৰ ৰূপে সমস্তৰে ভোল গৈল চিত।।

ধৰে ধনু বস্ত্ৰ কাছি কতো কুতূহলে।

দাঙ্গিবে নুৱাৰে ধৰে শৰীৰৰ বলে।।৩০০।।

কতো কথমপি তুলি দশন কামুৰি।

নুৱাৰিল গুণ দিবে ধনুক আজুৰি।।

কতো গুণ দেন্তে পৰে আপুনি উফৰি।

মোক চাহি নিশ্বাস ফোকাৰে দান্ত তৰি।।৩০১।।

ভাগি গৈল গৰ্ব্ব সৱে বদন বিবৰ্ণ।

তাক দেখি হাসে ভীম দুৰ্য্যোধন কৰ্ণ।।

মাগধ চেদিপ আনো মোৰ ৰূপে ভূলি।

ধনুত লগাইবে গুণ ধৰিল হাম্ফুলি।।৩০২।।

হানে বাণ নজানে মৎস্যৰ থান থিত।

ব্যৰ্থ হুৱা পৰে বাণ উলটি মাটিত।।

মোহোৰ নৈৰাশে মন মলিন সৱাৰে।

পালটিয়া বসি হুম নিশ্বাস ফোকাৰে।।৩০৩।।

উঠিলন্ত কাছি পাচে আনন্দে অৰ্জ্জুন।

নিমিষেকে ধনুত লগাইলা হাসি গুণ।।

জানি থিত মৎস্যৰ ছায়াক চাহি জলে।

প্ৰহাৰিলা বাণ বীৰে শৰীৰ বলে।।৩০৪।।

কথমপি মৎস্যক ছুইলেক মাত্ৰ শৰে।

নোৱাৰিলে ছেদিবা অৰ্জ্জুন ধনুৰ্দ্ধৰে।।

উৰুত চাপৰ দিয়া বসিলা পালটি।

তেৱে সৱ বীৰৰ ভাগিল চটচটি।।৩০৫।।

জগত ঈশ্বৰ যদুদেৱ চাহি আছি।

উঠিল কটিত পাচে পীতবস্ত্ৰ কাছি।।

ধনুৰ লগাইলা গুণ কৰি অল্পহাস।

একবাৰ চাইল মাত্ৰ জলত আভাস।।৩০৬।।

অভিজিত মুহূৰ্তত প্ৰহাৰিলা বাণ।

লীলায়ে ছেদিলা মৎস্য দেখি বিদ্যমান।।

দুইখণ্ড হুইয়া মৎস্য পৰিল মাটিত।

প্ৰজা জয় শৱদ কৰিলা বিপৰীত।।৩০৭।।

বজাৱে দুন্দুভি দেৱে আকাশত থাকি।

বৰষিলা পুষ্প দেৱে কেশৱক ঢাকি।।

তেৱেসে জানিলো পাইলো মাধৱ স্বামীক।

মিলিল আনন্দ মোৰ মোক্ষতো অধিক।।৩০৮।।

শুনিয়ো দ্ৰৌপদী মঞি পাচে মহাৰঙ্গে।

অসংখ্যাত সালঙ্কৃতা সখীসৱ সঙ্গে।।

চলি গৈলো লয়লাসে সমীপ স্বামীৰ।

চৰণে জ্বলকে আতি ৰত্নৰ মন্দিৰ।।৩০৯।।

জ্বলে অঙ্গে উত্তম বসন পাট পীত।

ৰত্নৰ মেখলা বাজে কিঙ্কিণী কটিত।।

অমূল্য ৰত্নৰ হাৰ প্ৰকাশে হিয়াত।

কনক উজ্জ্বল ৰত্নমালা আছে তাত।।৩১০।।

জল মল কৰে কৰ্ণে মকৰ কুণ্ডল।

তাৰে ৰশ্মি প্ৰকাশে পাণ্ডুৰ গণ্ডস্থল।।

কপালে চঞ্চল চাৰু অলকা পঙ্কতি।

উত্তম খোপাত ভাসে চম্পক মালতী।।৩১১।।

হৰে তাপ হেন হাস্য কটাক্ষ বিলাসে।

চাহন্তে মোহিত হোৱে ৰাজা দুই পাশে।।

সখীসৱে বজাৱে যন্ত্ৰত তুলি নাদ।

মদনে আকুল চিত্ত হুয়া নিশৱদ।।৩১২।।

পৰম সুৰভি কৰ্পূৰৰ ধলি সিঞ্চে।

দুয়ো পাশে ধৱল চামৰে মোক বিঞ্চে।।

প্ৰভুৰ সমীপ পাইলো অনুৰাগী বালা।

পিন্ধাইলো কণ্ঠত নিয়া দিব্য ৰত্নমালা।।৩১৩।।

স্বামীভাৱে বৰিযা কৰিলো নমস্কাৰ।

বহে নয়নৰ নীৰ আনন্দে আহ্মাৰ।।

পুলকিত অঙ্গ লাজে নচাও তুলি মাথ।

মোক আশ্বাসিলা তুলি জগতৰ নাথ।।৩১৪।।

বাৱে বাদ্য অসংখ্য গোমুখ শঙ্খ ঢোল।

ডিণ্ডিম ডগৰ ঢাক তবলৰ ৰোল।।

বজাৱে মৃদঙ্গ ৰঙ্গে নাচে নটীচয়।

গায়নে যোগাৱে গীত ভাটৰে চপয়।।৩১৫।।

হেন দেখি মহাকোপে ৰাজাগণ যত।

অস্ত্ৰ শস্ত্ৰ ধৰি ধাইল পৰম ক্ৰোধত।।

বাঘে যেন গৰ্জে যত যত মহাবীৰ।

তাক দেখি সখী মোৰ কম্পিল শৰীৰ।।৩১৬।।

দেখি পাচৈ দিব্য ৰথ আনিলা মুৰাৰি।

জোটে আছে উত্তম ঘোটক ৰত্ন চাৰি।।

মোক আশ্বাসিয়া তাৰ তুলিলা উপৰে।

উঠিলা আপুনি পাচে কাছি দামোদৰে।।৩১৭।।

এক হাতে বাণ আউৰ হাতে ধনু ধৰি।

মোক দুই হাতে সাৱটিলা দেৱহৰি।।

চাৰি বাহু বেকত কৰিলা সিবেলাত।

যুদ্ধক সন্মুখ ভৈলা দেখিলো সাক্ষাত।।৩১৮।।

দাৰুকে ডাকিল হেমময় মহাৰথ।

ধৰিলা চাৰিয়ো ঘোঁৰা দ্বাৰকাৰ পথ।।

মৃগৰ মাজৰ পৰা যেন সিংহৰাজে।

মোক লৈয়া যান্তে চাহি আছে সামৰাজে।৩১৯।

অস্ত্ৰ ধৰি সেনাসৱ চলে দুয়ো কাছে।

দেখি ৰাজাগণে বেঢ়িলেক আগে পাচে।।

শৰ ধনু ধৰি কৰে আটোপ টঙ্কাৰ।

আহ্মাৰ কন্যাক নিবে শকতি কাহাৰ।।৩২০।।

প্ৰমত্ত সিংহৰ আগে কৰি যেন খেড়ি।

অসংখ্য কুকুৰে ভুকে চতুৰ্ভিতি বেঢ়ি।।

প্ৰভু প্ৰহাৰিলা শৰ শাৰঙ্গ টঙ্কাৰি।

নিসাৰে মাৰিলা কাকো হৃদয় বিদাৰি।।৩২১।।

কাৰো উৰু কৰ কটি কাটিলন্ত জাঙ্গ।

কাৰো শিৰ ছেদিল ৰুধিৰে বহে গাঙ্গ।।

হতশেষ ৰাজা কতো পলা বিভঙ্গে।

বিপক্ষক খেদাই চলি গৈলা প্ৰভু ৰঙ্গে।।৩২২।।

আনন্দে দুন্দুভি বাদ্য বজাৱে স্বৰ্গত।

হৰিষে বৰিষে পুষ্প কৃষ্ণৰ শিৰত।।

দশোদিশ পুৰিলেক জয় কৃষ্ণ ৰৱে।

দাৰুকে ডাকন্ত ৰথ পৰম উৎসৱে।।৩২৩।।

মোক লৈয়া গৈয়া পাচে দ্বাৰকানগৰ।

ধ্বজ দণ্ড পতাকা তোৰণ মনোহৰ।।

পূৰ্ণকুম্ভ পতাকা প্ৰকাশে শাৰী শাৰী।

আয়াযাত কৰে যত সালঙ্কৃত নাৰী।।৩২৪।।

স্বামী সমে প্ৰৱেশিলো হেন দিব্যপুৰী।

ভাৰ্য্যা সমে সূৰ্য্য যেন যায় অস্তগিৰি।।

আসিলা পাছত পিতৃ অনেক সম্ভাৰে।

অৰ্চ্চিলন্ত সুহৃদক বস্ত্ৰ অলঙ্কাৰে।।৩২৫।।

দাস দাসী গজ বাজী মহাৰত্ন যত।।

দিলন্ত যৌতুক সৱ আহ্মাৰ লগত।।

এহিমতে পাইলো স্বামী ঈশ্বৰ কৃষ্ণক।

কি কহিবো প্ৰাণসখী আহ্মাৰ ভাগ্যক।।৩২৫।।

জন্মে জন্মে হুইবো তান চৰণৰ দাসী।

এতেক বোলন্তে প্ৰেম পৰশিল আসি।।

শিহৰিল তনু নয়নৰ নীৰ ঝৰে।

দেখি সকৰুণ ভৈল নাৰী সমস্তৰে।।৩২৭।।

নেত্ৰৰ লোতক পৰে ৰড়ে ৰামহৰি।

লক্ষ্মণাকো প্ৰশংসিল যতেক সুন্দৰী।।

অনন্তৰে দ্ৰৌপদীত ৰোহিণী বদতি।

আহ্মাৰ বৃত্তান্ত আৱো শুনিয়োক সতী।।৩২৮।।

কৰি দ্বিগবিজয় নৰক দুৰাচাৰ।

আনিলা কন্যাক কাঢ়ি ষোড়শ হাজাৰ।।

থৈলেক নিৰোধি আমিসৱ দুঃখ মনে।

কৃষ্ণৰ চৰণে মনে পশিলো শৰণে।।৩২৯।।

যাহাক স্মৰণে হৰে সংসাৰৰ ভয়।

গৰুড়বাহন হেন কৃষ্ণ কৃপাময়।।

মেলাইলন্ত আহ্মাক তাহাক মাৰি ৰণে।

কৰিলন্ত বিৱাহ সৱাকো একক্ষণে।।৩৩০।।

ষোড়শ হাজাৰ গৃহে পাতিয়া সমাজ।

একলগ্নে বিহা কৰিলন্ত যদুৰাজ।।

ঘৰে ঘৰে পঢ়ে মন্ত্ৰ গৰ্গ পুৰোহিত।

কৃষ্ণৰ মহিমা দেখি জগত বিস্মিত।।৩৩১।।

পৰম ঈশ্বৰ পূৰ্ণকাম প্ৰভু হৰি।

জন্মে জন্মে হুইবো তান চৰণ কিঙ্কৰী।।

সাৰ্ব্বভৌম ইন্দ্ৰৰ সম্পদ সৱ মিছা।

বৈকুণ্ঠৰ মোক্ষতো নকৰো সখী ইচ্ছা।।৩৩২।।

ব্ৰহ্মাদি দেৱৰো সেৱ্য যিটে মহালক্ষ্মী।

সেৱন্ত ৰেণুক সংসাৰতে সাৰ দেখি।।

তথাপি দুৰ্ল্লভ পদৰেণু নোহো দেখা।

অপ্ৰয়াসে পাৱে সিটো দেৱতাৰ লেখা।।৩৩৩।।

বৃন্দাবনে ধেনুক চাৰন্তে কৃপাময়।

পাইলে এহি মহা ভাগ্যৱতী গোপীচয়।।

তৃণত লাগিয়া থাকে দেখি মহাসুখে।

কিৰাতৰো পত্নী আনি ঘষে আখি মুখে।।৩৩৪।।

পায়া আছে গোপ গোকুলৰ যত ধেনু।

ভকত দুৰ্ল্লভ জানা কৃষ্ণপদৰেণু।।

এতেকেসে বাঞ্ছো আমি কৃষ্ণভাৰ্য্যা যত।

তাহানেসে পদৰেণু বহিবো শিৰত।।৩৩৫।।

জন্মে জন্মে হুইবো তান গৃহ সেৱকিনী।

এতেক বোলন্তে যত কৃষ্ণৰ গৃহিনী।।

উপজিল প্ৰেম ঝড়ে লোতক নয়নে।

নিশৱদ ভৈলন্ত কৃষ্ণক ধৰি মনে।।৩৩৬।।

যিটো ভকতৰ আত্মা ঈশ্বৰ মুৰাৰি।

তান্তে তাসম্বাৰ প্ৰেম দেখি যত নাৰী।।

পৰম বিস্ময় ভৈল সমস্তৰে মনে।

বহৱে সৱাৰো আতি লোতক নয়নে।।৩৩৭।।

যশোদা দ্ৰৌপদী কুন্তী সুভদ্ৰা গান্ধাৰী।

ৰাজভাৰ্য্যা যতেক ভকত গোপনাৰী।।

কৃষ্ণপত্নীগণক প্ৰশংসি বাৰেবাৰ।

পাইলা প্ৰীতি আতি আনন্দৰ নাহি পাৰ।।৩৩৮।।

কুৰুক্ষেত্ৰ জুৰি যেন কৃষ্ণ চেষ্টা যত।

নাৰী কহে নাৰীত পুৰুষে পুৰুষত।।

আন একো গ্ৰাম্যকথা নাছিল তথাত।

মহোদয় লোকৰ মিলিল সিবেলাত।।৩৩৯।।

কুৰুক্ষেত্ৰ জুৰি যেন জগত আধাৰ।

পাতিলা প্ৰচুৰ প্ৰভু প্ৰেমৰ পসাৰ।।

জগতৰ ৰাজা প্ৰজা বেহাইলেক হাট।

কৰাইলা ঈশ্বৰ কৃষ্ণে প্ৰেমময় নাট।।৩৪০।।

..............

।।কৃষ্ণৰ দ্বাৰা মুনিসৱক সম্ভাষণ।।

 

কহে শুক শুনা অনন্তৰে পৰীক্ষিত।

আইল মুনিসৱ পাচে কৃষ্ণক দেখিত।।

নাৰদ দেৱল বামদেৱ যে চ্যৱন।

বিশ্বামিত্ৰ অত্ৰি ত্ৰিত দ্বিত শতানন্দ।৩৪১।।

পুলস্ত্য অগস্ত্য ভৃগু বশিষ্ঠ গৌতম।

কশ্যাপ কুশাৰু মাৰ্কণ্ডেয় নৰোত্তম।।

ভৰদ্বাজ যমদগ্নি ব্যাস বৃহস্পতি।

অঙ্গিৰা অসিত ৰাম গালৱ প্ৰভৃতি।।৩৪২।।

আসিয়া অনেক মুনি মিলিলা তহিত।

দেখি সৱ সমাজে উঠিল সচকিত।।

কৌৰৱ পাণ্ডৱ ৰাজাচয় কৃষ্ণৰাম।

বসুদেৱ সমে পৰি কৰিলা প্ৰণাম।।৩৪৩।।

বৈসাইলা সৱাকো আনি সুৱৰ্ণ আসনে।

পুছিল কুশল কথা মধুৰ বচনে।।

গন্ধে পুষ্পে ধূপে দীপে দৈৱকীনন্দন।

গৌৰৱে সৱাকো আনি অৰ্চ্চিলা চৰণ।।৩৪৪।।

পখালিয়া পাৱক আপুনি জগন্নাথে।

পৰম সাদৰে পাদোদক লৈলা মাথে।।

মৌন হুয়া সমস্ত সমাজে চাই আছে।

কৃতাঞ্জলি হুয়া কৃষ্ণে বুলিলন্ত পাচে।।৩৪৫।।

কিনো ভাগ্যে দেখিলো চৰণ তোমাসাৰ।

জন্মৰ সাফল ভৈল আজিসে আহ্মাৰ।।

দেৱৰো দুৰ্ল্লভ ইটো আমাসাৰ দেখা।

আমি অল্পপূণ্য মনুষ্যৰ কোন লেখা।।৩৪৬।।

আহ্মাৰ তপস্যা বুদ্ধি তীৰ্থৰ যাত্ৰাত।

কেৱলে দেৱতা বুদ্ধি কৰো প্ৰতিমাত।।

তথাপি পূজিবে পালো তোমাসাক লাগ।

আশ্বৰ্যতো আশ্বৰ্য্য আহ্মাৰ কিনো ভাগ।।৩৪৭।।

যত জলময় তীৰ্থ সিয়ো তীৰ্থ হয়।

সিয়ো দেৱ যতেক মৃত্তিকা শিলাময়।।

কিন্তু চিৰকালে তীৰ্থ দেৱে শুদ্ধি কৰে।

দৰশন মাত্ৰে সাধুসৱে পাপ হৰে।।৩৪৮।।

চন্দ্ৰ সূৰ্য্য বায়ু বহ্নি নভ ভূমি জল।

ভেদ বুদ্ধি নৰৰ নৰহে পাপমল।।

পৰম নিষ্কাম মাধৱক মনে স্মৰে।

মুহূৰ্তে সেৱাত তাৰা সৱ পাপ হৰে।।৩৪৯।।

হেন সাধু এৰি কৰে আনত আনন্দ।

জানিবাহা আতপৰে নাহি মহানন্দ।।

আপোনাকে আপুনি বঞ্চিলে কুলাঙ্গাৰ।

পশুতো অধম পশু শুনা কথা তৰা।।৩৫০।।

শৰীৰ সৱক মঞি বোলে যিটো চিত্তে।

কৰে যিটো মমতা পত্নী পুত্ৰ বিত্তে।।

প্ৰতিমাত মাত্ৰ যাৰ ভৈল দেৱ বুদ্ধি।

তীৰ্থ বুলি কেৱলে জলত কৰে শুদ্ধি।।৩৫১।।

মহা মহন্ততো নাই ইটো বুদ্ধি চাৰি।

গৰুতো অধম জানা সিটো অহঙ্কাৰী।।

সেহিতো পামৰ নপাইলেক তত্ত্বজ্ঞান।

নেৰাইবে সংসাৰ যাতনাত যায় প্ৰাণ।।৩৫২।।

মহা ভকতক নজানয় কৰ্ম্মজড়।

তীৰ্থতো দেৱতো কৰি তুমিসৱ বৰ।।

এতেকে তোহ্মাত আমি কৰিলো বন্দন।

এহি বুলি মৌন ভৈলা দৈৱকীনন্দন।।৩৫৩।।

কৃষ্ণৰ চৰিত্ৰচয় শুনা সভাসদ।

এহিসে খণ্ডাইবে ঘোৰ সংসাৰ আপদ।।

আতেসে সন্তুষ্ট গুণলুবুধ মাধৱ।

সততে চিন্তিয়ো কৃষ্ণচৰণ পল্লৱ।।৩৫৪।।

নমো নমো হে কৃষ্ণ মঞি মন্দমতি।

তযু পাৱে ই জন্মত নভৈল ভকতি।।

পৰলোকে গৈলে গতি কি হৈবে আহ্মাৰ।

কৃপাময় কৃষ্ণ কৰা আপুনি উদ্ধাৰ।।৩৫৫।।

তুমিসৱ সুহৃদ আত্মা প্ৰিয়তম মোৰ।

তথাপি পামৰ মঞি ভৈলো সেৱাচোৰ।।

বৃথা মনোৰথে আয়ু ভৈল সমাপতি।

বান্ধৱ মাধৱ সাধা অগতিৰ গতি।।৩৫৬।।

মই পাতকীৰ ঘোৰ বন্ধছেদ হৌক।

তোহ্মাৰ চৰণে ৰতি ভকতি মিলোক।।

আত পৰে আন কিছু নবাঞ্ছোহো কাম।

নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম।।৩৫৭।।

..........

 

।।দুলড়ী।।

কৃষ্ণৰ কপট      বাক্য শুনি সিটো

মোহ ভৈল যত মুনি।

নুহি বুদ্ধি থিৰ     অধোমুখে সৱে

আছিলা মনত গুণি।।

সামান্য মনুষ্য     যেন ইটো কৃষ্ণে

কৰিল আহ্মাক স্তুতি।

কিবা হেতু ইটো    একোমতে চিন্তি

নপাইলো তাৰ যুগুতি।।৩৫৮।।

কি কাৰণে মনে    মিলিল আহ্মাৰ

হেন ভ্ৰম অদভুত।

জানা নজানিলো    হোৱন্ত ঈশ্বৰ

ইটো বসুদেৱসুত।।

কৃষ্ণৰ মায়াত     মোহ হুয়া আতি

তম্ভি আছে সৱে মুনি।

পাচে চিৰকালে     ভৈল বুদ্ধি থিৰ

বুজিল মনত গুণি।।২৫৯।।

লোকক শিখান্ত     ইটো মহাধৰ্ম্ম

জানিলো জগতপতি।

পৰম গৌৰৱে      আহ্মাক কৰিলা

সিহেতু তুতি ভকতি।।

মাথ তুলি পাচে    প্ৰসন্ন বদনে

সৱেয়ো তুলিলা হাস।

কৰি কৰযোৰ     বুলিবে লাগিলা

কৃষ্ণৰ চাপিয়া পাশ।।৩৬০।।

যত প্ৰজাপতি      যত তত্ত্বজ্ঞানী

সৱাৰো আমি ঈশ্বৰ।

আহ্মাকো মুহিলো   যিটো মায়া তাত

থিৰ হৈবে কোন নৰ।।

মায়ায়ে মোহিয়া    কৰি আছে ছন্ন

দেখি মনুষ্যৰ নয়।

পৰম অতৰ্ক      সৃষ্টিত তোহ্মাৰ

বুজিবে কোন আশয়।।৩৬১।।

সৃষ্টি স্থিতি লয়    কৰা মায়াময়

বিভঞ্জিয়া আপোনাক।

ঘট পদ ভেদে     দেখি বহুবিধ

যেন এক মৃত্তিকাক।।

নোহো বসুদেৱ     পুত্ৰ পৰিপূৰ্ণ

ঈশ্বৰ তোমৰা দুই।

তযু জন্ম কৰ্ম্ম     বিড়ম্বন মাত্ৰ

ইটো পৰমাৰ্থ হুই।।৩৬২।।

ধৰা অৱতাৰ      দুষ্টক দণ্ডিয়া

ভকত ৰক্ষাৰ হেতু।

যিটো শুদ্ধ বেদ    পথ থাপা তাক

তুমিয়ে গৰুড়কেতু।।

ৰত্ন মন্ত্ৰগণে       তোহ্মাক প্ৰকাশে

তাঙ্কে আছে যিটো ধৰি।

সেহিটো ব্ৰাহ্মণ     কুলক সন্মান

কৰা আপোনাতো কৰি।।৩৬৩।।

এতেকে লোকক    শিখায়া আহ্মাক

কৰিলাহা সতকাৰ।

আজিসে জন্মক     সাফলিলো আমি

চৰণ দেখি তোহ্মাৰ।।

ভগৱন্ত কৃষ্ণ      তোহ্মাক প্ৰণামো

তুমি পৰমাত্মা দেৱ।

ছন্ন কৰি আছা    মায়ায়ে মোহিয়া

তোহ্মাক নজানো কেৱ।।৩৬৪।।

যত ৰাজাগণ      যত যদুবংশ

সদা একেলগে থাকে।

জগত ঈশ্বৰ      বুলিয়া তথাপি

নজানে কেহো তোহ্মাকে।।

যেন স্বপনত      যি দেহ ধৰিছে

তাকে মঞি বুলি মানে।

শয্যাত পৰিছে     যি দেহ নিদ্ৰাত

তাহাক আউৰ নজানে।।৩৬৫।।

বিষয় চেষ্টাত     আতি অচেতন

যতেক নৰ পামৰ।

এহিমতে দেৱ      তোহ্মাক নিচিনে

তুমিসে আত্মা ঈশ্বৰ।।

মহা মহা পাপ     সহস্ৰেক হৰে

গঙ্গাৰো এহি আশ্ৰয়।

চিন্তে মাত্ৰ মনে     নেদেখে সাক্ষাত

যাক মহাযোগীচয়।।৩৬৬।।

হেন পাদপদ্ম      দেখিলো সাক্ষাতে

কতবা পূণ্যৰ ফলে।

এহি কৃপা কৰা    থাকোক ভকতি

তোহ্মাৰ পদকমলে।।

হেনবা বুলিবা     নলাগে ভকতি

কৰা তপ পূৰ্ব্বৱতে।।

নাহি নাহি প্ৰভু    তপস্যাত সিদ্ধি

জানো তাক ভালমতে।।৩৬৭।।

আন পৰিহৰি      তোহ্মাৰ ভকতি

মাত্ৰত যাৰ প্ৰবন্ধ।

সেহিসে মহন্ত      হৃদয়ত তাৰ

ছিণ্ডে অহঙ্কাৰ বন্ধ।।

তেসম্বেসে পাইলে    তোহ্মাৰ গতিক

নাচৰিয়া তপ জ্ঞান।

এতেকে তোহ্মাৰ    চৰণে মাগোহো

ভকতি প্ৰসাদ দান।।৩৬৮।।

এতেক বিনয়      বুলিয়া কৃষ্ণত

গৈলন্ত মাগি মেলানি।

যুধিষ্ঠিৰ ধৃত-     ৰাষ্ট্ৰ সমজ্যাকে

প্ৰবোধি মধুৰ বাণী।।

আশ্ৰমক লাগি     যাইবাক চাহন্তে

দেখি উঠি বসুদেৱ।

সৱাকো আসনে    বসায়া সাদৰে

চৰণে কৰিলা সেৱ।।৩৬৯।।

সৱাৰো পাৱত     ধৰি বসুদেৱ

বুলিলা কৰি সাদৰ।

সৰ্ব্ব দেৱময়      মুনিবৰ মোৰ

প্ৰশ্নৰ দিয়া উত্তৰ।।

কোন কৰ্ম্মে কৰে   কৰ্ম্মবন্ধ ছেদ

কহিয়ো বিচাৰি তাক।

তুমিসৱ বিনে     আন নজানয়

কৰিয়ো কৃপা আহ্মাক।।৩৭০।।

হেন শুনি পাচে    মহামুনিসৱে

ভৈলন্ত আতি বিস্ময়।

আগত ঈশ্বৰ      কৃষ্ণক এৰিয়া

আহ্মাত পুছে সংশয়।।

ভৈলন্ত বিস্মৃতি     বসুদেৱ দেখা

ঘৰতে জগন্নিবাস।

তথাপি নিচিনে     চাই অন্যোঅন্যে

কৰিলন্ত আতি হাস।।৩৭১।।

.................

।।ছবি।।

 

শুনা সামাজিক যত      ইটো মহাভাগৱত

ধৰ্ম্মৰ মধ্যত ইসে সাৰ।

কৃষ্ণৰ চৰিত্ৰ যশ        সম্যকে অমৃত ৰস

কৰ্ণভৰি পিয়া বাৰে বাৰ।।

যাৱে নতু ধৰে কালে     আছে যেৱে ভালে ভালে

কৃষ্ণপাৱে পশিয়ো শৰণে।

কৃষ্ণত অৰ্পিয়া চিত্ত      কৃষ্ণসে সুহৃদ হিত

হৈবা হৰি সহায় মৰণে।।৩৭২।।

নমো হেন কৃষ্ণদেৱ     মোত পৰে নাহি কেৱ

জানিলো অধম মূঢ়মতি।

আছা এই হৃদয়ত        তুমি হেন ঈশ্বৰত

নকৰিলো একান্ত ভকতি।।

তুমি দেৱ সদাশিৱ       তুমি জগতৰে জীৱ

ব্ৰহ্মদিৰো তুমি বুদ্ধি সাক্ষী

তুমি মোৰ গতিদাতা     তুমিসে সুহৃদ আত্মা

তথাপি নভজি খাইলো আখি।।৩৭৩।।

মঞি দান দয়াময়       তুমি দেৱ কৃপাময়

কৰা যেন যুৱাই হেন জানি।

তোহ্মাৰ চৰণে ৰতি      হোক হেন দিয়া মতি

তোহ্মাকেসে আছো গুৰু মানি।।

নুহিকো কিছোৰে পাত্ৰ     তোহ্মাৰ চৰণে মাত্ৰ

সৰ্ব্বথা থাকোক মোৰ চিত।

ছাড়ি বিষয়ৰ কাম        নিৰন্তৰে ৰাম ৰাম

বোলা যেৱে তড়িবা কলি।।৩৭৪।।

.............

 

 

।।বসুদেৱৰ যজ্ঞ সমাপন।।

             ।।পদ।।

 

শুক নিগদতি ৰাজা শুনা একমনে।

যেৱে বসুদেৱক হাসিলা মুনিগণে।।

সৱাকো সম্বোধি পাচে নাৰদ বদতি।

নহাসিবা কেহো বসুদেৱক সম্প্ৰতি।।৩৭৫।।

পুত্ৰ বুলি কৃষ্ণক কৰিয়া অনাদৰ।

আহ্মাত পুছিলা কথা অপূৰ্ণ কৰ্ম্মৰ।।

নাহিকে আশ্চৰ্য্য আথ নুহিবা বিস্ময়।

মায়ায়ে মোহিত মনুষ্যৰ হেন নয়।।৩৭৬।।

যদ্যপি কাছত আছা দেৱ নাৰায়ণ।

সমীপত বাসা অনাদাৰ কাৰণ।।

যেন তীৰবাসী গঙ্গাজল তেজি যায়।

অন্যত্ৰ জলত স্নানে সিদ্ধিক আশায়।।৩৭৭।।

যাহাৰ জ্ঞানক কালে নকৰৈ লুপুত।

মায়ায়ে কৰিছা নিজ মহিমা গুপুত।।

নিচিনে ঈশ্বৰ বুলি দৈৱকীৰ পোক।

হিমে মেঘে ছন্ন হেন বোলে আদিত্যক।।৩৭৮।।

সুখ দুখ তিনি গুণময় অহঙ্কাৰে।

যাহাক সৱেয়ো আৱৰিবেও নপাৰে।।

যিটো মায়া আহ্মাকো মুহিলে আজি দেখা।

ইহাত গৃহস্থ মনুষ্যৰ কোন লেখা।।২৭৯।।

যিটো মায়া কৰে ব্ৰহ্মদিৰো জ্ঞান নাশ।

জানি বসুদেৱক নকৰা উপহাস।।

এহি বুলি নাৰদ প্ৰমুখ্যে ঋষি যত।

কহিবে লাগিলা বসুদেৱৰ আগত।।৩৮০।।

শুনি আছে যত সমজ্যাৰ ৰাজামানে।

তথাতে আছন্ত ৰাম কৃষ্ণ বিদ্যমানে।।

যিবা কৰ্ম্মে কৰে সৱে কৰ্ম্মক নিস্তাৰ।

শুনা বসুদেৱ আৱে কথা কহো তাৰ।।৩৮১।।

শ্ৰদ্ধায়ে যজিবে হৰি যজ্ঞ ঈশ্বৰক।

নাহিকে উত্তম কৰ্ম্ম আত ব্যতিৰেক।।

এহি ধৰ্ম্ম হেতু হোৱে চিত্ত উপশাম।

জ্ঞানীগণে কহে আক উপায় সুগম।।৩৮২।।

এহি ধৰ্ম্মে হৰৈ মহা অন্ধকাৰ বন্ধ।

কিছো কিছো কৰি মিলে মনত আনন্দ।

পৰম নিষ্কামে আতিশয় শুদ্ধ চিত্তে।

ঈশ্বৰক যজিবে প্ৰত্যক্ষে একচিত্তে।।৩৮৩।।

গৃহস্থ দ্বিজৰ ইসে কল্যাণৰ পথ।

আত হন্তে সিজে কাম মোক্ষ ধৰ্ম্ম অৰ্থ।।

যজ্ঞ দান কৰিয়া ত্যজিবে বিচেষ্টাক।

ভোগ কৰি এৰিবেক তনয় ভাৰ্য্যাক।।৩৮৪।।

বিনাশী জানিয়া এৰিবেক স্বৰ্গ আশা।

কৃষ্ণক চিন্তিবে তপোবনে কৰি বাসা।

দেৱঋষি পিতৃৰ তিনিৰো ভিন্নে ভিন্ন।

উপজিলে মনুষ্যত লাগে তিনি ঋণ।।৩৮৫।।

ব্ৰহ্মাচাৰ্য্যে ঋষি ঋণ যজ্ঞে দেৱতাৰ।

উপজিয়া পুত্ৰক পিতৃৰ শুজৈ ধাৰ।।

তিনি ঋণ নুশুজিয়া যিটো মোক্ষ সাধৈ।

নৰকত পৰৈ দৈৱ তাহাকো নবাধৈ।।৩৮৬।।

ইটো কৰ্ম্ম সকৰ্ম্মীৰ কহিলা পৰমাৰ্থ।

তোহ্মাৰ নলাগে তুমি ভৈলাহৈ কৃতাৰ্থ।।

পৰম ঈশ্বৰ হৰি জগতৰ পতি।

তাহাঙ্ক অৰ্চ্চিলা তোৰা পৰম ভকতি।।৩৮৭।।

এতেকেসে তোৰা দুইৰ পুত্ৰ ভৈলা হৰি।

নাহি ভাগ্যৱন্ত আৰো তোমাঠেৰ সৰি।।

বসুদেৱ শুনি মুনিসৱৰ বচন।

পৰি প্ৰণামিলা পাচে সৱাৰো চৰণ।৩৮৮।।

পাত্ৰ হুয়া তুমিসৱে কৰায়োক যজ্ঞ।

নিস্তৰো হেনবা আৱে মঞি মহা অজ্ঞ।।

নাৰদ প্ৰমুখ্যে বাক্য নবাধিলা কেৱ।

সৱাকো বৰিলা পাত্ৰ পাচে বসুদেৱে।।৩৮৯।।

বসনে ভূষণে সৱ ঋষিক অৰ্চ্চিলা।

সেহি কুৰুক্ষেত্ৰে মহাযজ্ঞ আৰম্ভিলা।।

কৃষ্ণৰ জনক ভৈল জগত দীক্ষিত।

দেখি বৃষ্ণিবংশ ভৈলা সৱে আনন্দিত।।৩৯০।।

স্নানিয়া পিন্ধিলা ধৌত বস্ত্ৰ অলঙ্কাৰ।

সুৱৰ্ণ পদ্মৰ মালা গলে জাতিষ্কাৰ।।

বংশত প্ৰধান ৰাম ঈশ্বৰ মাধৱ।

পিতৃৰ দেখিয়া আতি যজ্ঞ মহোৎসৱ।।৩৯১।।

চৰাইলা অঙ্গত আতি ৰত্ন অলঙ্কাৰ।

ভৈল নীল পীত বস্ত্ৰে আতি জাতিষ্কাৰ।।

উদ্ধৱ প্ৰমুখ্যে আছে যত যদুবীৰ।

বসনে ভূষণে সৱে ভূষিল শৰীৰ।।৩৯২।।

তাসম্বাকো লগে লৈয়া পাচে কৃষ্ণ ৰাম।

অধিষ্ঠিল আপুনি যজ্ঞৰ যত কাম।।

ৰুক্মিণী প্ৰমুখ্যে কৃষ্ণপত্নীগণ যত।

ভৈল সালঙ্কৃতা সৱে উৎসৱ মনত।।৩৯৩।।

সিটো মহোৎসৱক দিখেবে অনুৰাগ।

প্ৰৱেশিলা যজ্ঞশালা শিশু কৰি আগ।।

দৈৱকী প্ৰমুখ্যে বসুদেৱ পত্নী যত।

পিন্ধিলন্ত দিব্য ধৌত বস্ত্ৰ শৰীৰত।।৩৯৪।।

কুঙ্কুমে লেপিত তনু জ্বলে অলঙ্কাৰ।

কৰ্ণত কুণ্ডল ডোলে গলে হেমহাৰ।।

গাৱে গাৱে বস্ত্ৰ অৰিহণা ধৰি হস্তে।

প্ৰৱেশিলা যজ্ঞশালা সুন্দৰী সমস্তে।।৩৯৫।।

স্বামীৰ সমীপ চাপি ৰহিল হৰিষে।

বাৱে দেৱে বাদ্য ঢাকি কুসুম বৰিষে।।

মৃদঙ্গ দুন্দুভি ভেৰী তবলৰ ৰোল।

ডিণ্ডিম দগৰ দণ্ডি বীৰ ঢাক ঢোল।।৩৯৬।।

বজাৱে কৰ্ত্তাল তাল আনন্দে মৃদঙ্গ।

নাচৈ নট নৰ্ত্তকী কৰিয়া অঙ্গ ভঙ্গ।।

আতি মহা উৎসৱে চপয় পঢ়ে ভাট।

বাৱে বিদ্যাধৰে অপ্সৰা কৰে নাট।।৩৯৭।।

শৰীৰৰ লাৱণ্য দৰশৈ ভঙ্গি ভাৱে।

সুস্বৰে গন্ধৰ্ব্বী সৱে স্বামীসঙ্গে গাৱে।।

ৰুদ্ৰকবিলাস বাণী বেণুৰ সম্বাদ।

বাৱে মহা বিপঞ্চি পঞ্চম তুলি নাদ।।৩৯৮।।

কোকিলৰ কণ্ঠ সম সুস্বৰ সঙ্গীত।

শুনন্তে অমৃত স্ৰৱৈ মোহ হোৱে চিত।।

ভৈলা বসুদেৱ মৃগচৰ্ম্ম সুসম্ভৃত।

কৰিলন্ত ঋষিসৱে যজ্ঞত দীক্ষিত।।৩৯৯।।

অভিনৱ নবীন লেপিত অঙ্গচয়।

অঞ্জনে ৰঞ্জিল তাৰ নয়ন দূতয়।।

দৈৱকী প্ৰমুখ্যে মহা মহিষী যতেক।

তেসম্বে সহিতে কৰিলন্ত অভিষেক।।৪০০।।

সিঞ্চিলন্ত শান্তি মন্ত্ৰ উচ্চাৰি উৎসৱে।

দশোদিশে পূৰিলেক বাদ্য ভণ্ড ৰৱে।।

দেৱ বাদ্য যতেক আকাশ ছানি বাজে।

চাৱৈ সচকিতে উৰ্দ্ধমুখে সামৰাজে।।৪০১।।

কটিতটে কনক কিঙ্কণী আতি জ্বলে।

ৰত্নৰ নূপুৰ জ্বলে চৰণ কলমে।।

কিৰীটি কুণ্ডল মুখ প্ৰকাশে সভাত।

হেনয় পৰম ভাৰ্য্যা সমে সিবেলাত।।৪০৩।।

কৰন্ত প্ৰকাশ বসুদেৱ আতিশয়।

তাৰাৰ মধ্যত যেন চন্দ্ৰৰ উদয়।।

নাৰদ প্ৰমুখ্যে মহাপাত্ৰ যত মুনি।

পিন্ধিলা পছৰা পাচে পাট পীত ভূনি।।৪০৪।।

গন্ধে পুষ্পে চন্দনে দেখন্তে মনোহৰ।

জ্বলে ৰত্নময় অলঙ্কাৰ কলেৱৰ।।

হুয়া মহাতুষ্ঠ যত আচাৰ্য্য ঋত্বিজ।

প্ৰসন্ন বদনে উচ্চাৰন্ত মন্ত্ৰ বীজ।।৪০৫।।

কৰন্ত প্ৰকাশ চন্দ্ৰ সমান যজ্ঞত।

বঢ়াইলা বহুত বসুদেৱৰ মহত।।

যত স্বৰ্গবাসী পাতালৰ যত নাগ।

উৎসৰ্গি দিলন্ত আসি আপোনাৰ ভাগ।।৪০৬।।

চাই আছে পৃথিৱীৰ যত ৰাজাচয়।

যজ্ঞৰ মহিমা দেখি পৰম বিস্ময়।।

যিটো যজ্ঞ পুৰুষ কাৰণ জগতৰ।

দ্ৰব্য কৰ্মম্ মন্ত্ৰ ইটো তিনিৰো ঈশ্বৰ।।৪০৭।।

অগ্নিহোত্ৰ আদি কৰি যজ্ঞ অসংখ্যাত।

যজিলন্ত বসুদেৱে তাহাঙ্ক সাক্ষাত।।

পুৰি মনোৰথ পাচে সৌৰি সৰ্ব্বজান।

যজ্ঞ সাঙ্গ কৰিয়া দক্ষিণা দিলা দান।।৪০৮।।

ঋত্বিজসৱক পুনু কৰি অলঙ্কৃত।

গো ভূমি কন্যা দিলা আৰো বহু বিত।।

ৰাম হ্ৰদে নাম আগ কৰি যজমান।

কৰিলন্ত ঋষিসৱে অৱভৃথ স্নান।।৪০৯।।

পত্নী সমে সৌৰিও নামিলা ৰাম হ্ৰদে।

দশোদশ পূৰে জয় বাদ্যৰ শবদে।।

দৈৱকী প্ৰমুখ্যে যত কৃষ্ণমাতৃগণ।

দিলা নট নৰ্ত্তকীক বসন ভূষণ।।৪১০।।

কুকুৰ চাণ্ডাল সীমা যত প্ৰাণীমানে।

কৰাইলা তৃপিতি সমস্তকে অন্নপানে।।

আপুনি লক্ষ্মীৰ স্বামী প্ৰৱেশি সভাত।

সুৱৰ্ণ ৰজত দান দেন্ত সঞিহাতে।।৪১১।।

এক গুণ ধন শত গুণ হন্ত দেন্তে।

হাজৰেক গুণ হন্ত বোজা বান্ধি নেন্তে।।

যেন পঞ্চৰত্নে বৰষিল দেৱ হৰি।

অদৰিদ্ৰ ভৈল দুখী ভিক্ষী দেশান্তৰী।।৪১২।।

মহাধনলোবী সৱে এৰিলা আক্ৰোশ।

হেন নাহি যজ্ঞত নভৈল পৰিতোষ।।

পৰিশ্ৰম কৰি ৰাম মাধৱে আপুনে।

মনোৰথ পিতৃৰ পূৰিলা সত্ব গুণে।।৪১৩।।

দেখি বসুদেৱৰ মহিমা আতিশয়।

ত্ৰৈলোক্যৰ লোক ভৈল পৰম বিস্ময়।।

দেৱাসুৰ মনুষ্যে প্ৰশংসা কৰে আতি।

বসুদেৱ মহন্তৰ থাকিল খিয়াতি।।৪১৪।।

আপুনি তনয় যাৰ ভৈলা ভগৱন্ত।

কোনে কৰি পাৱে তাৰ মহিমা অনন্ত।।

দেৱ ঋষি পিতৃ যত কিন্নৰ চাৰণ।

বসনে ভূষণে সৱে সন্তোষিলা মন।।৪১৫।।

কৃষ্ণত অনুজ্ঞা সৱে মাগি মনতুষ্টি।

যজ্ঞক প্ৰশংসা কৰি গৈলা সৱে উঠি।।

বিদৰ্ভ কৌশল কুৰু কৈকেয় সুঞ্জয়।

ইসৱ প্ৰমুখ্যে যত আনো ৰাজাচয়।।৪১৬।।

পুত্ৰ পত্নী সমে সৱে কৰি সতকাৰ।

যাক যেন যোগ্য দিলা বস্ত্ৰ অলঙ্কাৰ।।

পায়া বসুদেৱৰ সন্মান আতিশয়।

পৰম সন্তোষ ভৈল আনন্দ হৃদয়।।৪১৭।।

যজ্ঞৰ মহিমা দেখি প্ৰশংসা অশেষ।

কৃষ্ণত মেলানি লৈয়া চলি গৈলা দেশ।।

ভীষ্ম দ্ৰোণ দৌণী কৃপ কৰ্ণ কুন্তিভোজ।

পুত্ৰ সমে ধৃতৰাষ্ট্ৰ বিদুৰ কাম্বোজ।।৪১৮।।

মহাৰাজা যুধিষ্ঠিৰ ভীম ধনঞ্জয়।

নকুল কনিষ্ঠ সহদেৱ মহাশয়।।

সম্ব্নধী বান্ধৱ আৰো সুহৃদ যতেক।

সৱাকো তুষিলা বস্ত্ৰ ভূষণে প্ৰত্যেক।।৪১৯।।

তেসম্বো আলিঙ্গি স্নেহে সবংশে কৃষ্ণক।

সলোতক নেত্ৰে চলি গৈলন্ত দেশক।।

সত্যৱতী কুন্তী শান্তি দ্ৰৌপদী গান্ধাৰী।

আসিয়াছে কৌৰৱ পাণ্ডৱ যত নাৰী।।৪২০।।

দৈৱকী ৰোহিণী কৰি সৱাকো সন্মান।

বস্ত্ৰ অলঙ্কাৰে কৰাইলন্ত পৰিধান।।

মহস্নেহে ধৰিয়া সৱাকো সাৱটিল।

সজলে নয়ন অন্যো অন্যে আলিঙ্গিল।।৪২১।।

কৃষ্ণত মেলানি মাগি প্ৰশংসি অশেষ।

সুহৃদ বিৰহ দুখে চলি গৈল দেশ।।

যতেক সুহৃদ গোপগণ আদি কৰি।

যশোদা প্ৰমুখ্যে যত গোপৰ সুন্দৰী।।৪২২।।

তাসম্বাক দিলা দিব্য বস্ত্ৰ অলঙ্কাৰ।

সৱাতো অধিক কৰি কৰিলা সৎকাৰ।।

এহিমতে সাঙ্গ কৰি যজ্ঞ মহোৎসৱ।

অপ্ৰয়াসে কৰি মনোৰথ মহাৰ্ণৱ।।৪২৩।।

সপুত্ৰ বান্ধৱে বসুদেৱ মহাশয়।

ভৈল কৃতকৃত্য আতি আনন্দ হৃদয়।।

ত্ৰৈলোক্যৰ লোকে সৱে প্ৰশংসে সাদৰে।

কেশৱৰ প্ৰসাদে অচলা লক্ষ্মী ঘৰে।।৪২৪।।

বৰষিল পঞ্চৰত্ন যজ্ঞত প্ৰচুৰ।

তথাপিতো অক্ষয় ভাণ্ডাৰ ভৰপূৰ।।

নিগদতি শুক শুনা নৃপ পৰীক্ষিত।

আত অনন্তৰে শুনা কৃষ্ণৰ চৰিত।।৪২৫।।

…………….

।।নন্দ-বসুদেৱৰ আলাপ।।

শুনা সাৱধান কৰি চিত্তক একান্ত।

যেন ভৈল নন্দ বসুদেৱৰ বৃত্তান্ত।।

বংশে সমে ৰাম কৃষ্ণ উগ্ৰসেন ৰাজা।

নন্দ আদি গোপক কৰিলা সৱে পূজা।।৪২৬।।

কতো দিন তথাতে বঞ্চিলা মহাস্নেহে।

এৰিবে খোজন্তে পীড়ে বন্ধুৰ বিৰহে।।

সুহৃদ বৎসল সিটো যত যদুবংশী।

গোকুলবাসীৰ সিটো গুণক প্ৰশংসি।।৪২৭।।

কৰন্ত সন্মান সিটো গোপক গোপীক।

অন্যোঅন্যে দেখে যেন প্ৰাণতো অধিক।।

একে আসনতে থাকে নন্দ বসুদেৱ।

যশোদা দৈৱকী দুয়ো নেৰৈ কাকো কেৱ।।৪২৮।।

কৃষ্ণ পত্নী সমে সৱ গোপীৰ আলাপ।

কৃষ্ণৰ কথায়ে বঞ্চৈ সংসাৰৰ তাপ।।

ভকতৰ বশ্য কৃষ্ণ ত্ৰৈলোক্য ঈশ্বৰ।

পৰম গৌৰৱে কৰে সৱাকো আদৰ।।৪২৯।।

যশোদা নন্দক থাকে প্ৰবোধি দিনত।

নেৰন্ত গলত বান্ধি পৰম স্নেহত।।

বালক চৰিত্ৰচয় সুমৰি সুমৰি।

কান্দে দুয়ো প্ৰাণীৰ লোতক পৰৈ ঝৰি।।৪৩০।।

শুঙ্গে নাকে যেন স্নেহে চেলেকে জিহ্বাই।

ফোকাৰে নিশ্বাস মুখপদ্ম চাই চাই।।

যশোদা কান্দন্ত ধৰি কৃষ্ণক সাৱটি।

নকৰিলা শুধি দুনাই আহ্মাক পালটি।।৪৩১।।

স্বপুত্ৰে বঞ্চিত হুয়া জীয়োহো অভাগী।

সিটো ধন গোধনক সাঞ্চো কাক লাগি।।

প্ৰাণপুত্ৰ বিয়োগে নগৈলো কিয় মৰি।

এহি বুলি কৰুণা কৰন্ত ব্ৰজেশ্বৰী।।৪৩২।।

মাতৃৰ বিলাপ দেখি নসহে হৃদয়।

লগতে কান্দিলা দুখে কৃষ্ণ কৃপাময়।।

পীতবস্ত্ৰে মুচি মুখ যশোদা নন্দৰ।

বোলন্ত প্ৰবোধ দুইকো কৰিয়া কাতৰ।।৪৩৩।।

কুন্ধচ সংসাৰ ইটো হেনয় কুনয়।

সুহৃদ সংযোগ চিৰকাল নৰহয়।।

জানা মায়াময় ইটো পিতৃ পুত্ৰ দেহ।

নাটক টাটক সৱ বানধৱৰ স্নেহ।।৪৩৪।।

হেন অনুমানি শান্ত কৰিয়োক চিত্ত।

এহি বুলি দোহাঙ্কো বুজান্ত প্ৰতিনিত।।

ৰাত্ৰি ভৈলে বিৰলত বুজান্ত গোপীক।

জানা তুমিসৱ মোৰ প্ৰাণতো অধিক।।৪৩৫।।

সদায় হৃদয়ে কৰো তোমাসাক ধ্যান।

নাহি প্ৰিয়তম তুমিসৱ বিনে আন।।

কান্দে গোপীসৱে সুমৰিয়া কৃষ্ণ কেলি।

প্ৰবোধন্ত ধৰি স্নেহে চাৰি বাহু মেলি।।৪৩৬।।

আঞ্চলে মুচন্ত মুখ কান্দিয়া লগতে।

সমস্তে ৰজনী যায় নিতে এহিমতে।।

একিদন বসুদেৱ আছন্ত সমাজে।

লগতে আছন্ত বসি নন্দ গোপৰাজে।।৪৩৭।।

সমস্তে সুহৃদে আছে লগতে আৱৰি।

বসুদেৱে বোলন্ত নন্দৰ হাতে ধৰি।।

শুনা সখী গোপৰাজা বচন আহ্মাৰ।

ঈশ্বৰ নিৰ্ম্মিত স্নেহপাশ বজ্ৰ সাৰ।।৪৩৮।।

জ্ঞানবলে যোগীগণে নপাৰে ছেদিত।

ইটো কথা ভৈলা সখি তোহ্মাত বিদিত।।

তুমিসে মহন্ত মহা সাধু মধ্যে সাৰ।

কৰি আছা আহ্মাক উত্তম উপকাৰ।।৪৩৯।।

নুসুমৰো আমি সিটো গুণক কিঞ্চিত।

ততাপি আহ্মাত এতমান স্নেহ চিত।।

এতেক দুস্ত্যজ স্নেহ জানিলোহ মনে।

নুশুজিলো তযু গুণ শুনা যি কাৰণে।।৪৪০।।

আপদত আছিলো নাছিল ধন অৰ্থ।

উপকাৰ কৰিবে সিবেলা অসমৰ্থ।।

এৱে শ্ৰীমদে অন্ধ ভৈলো সমুদায়।

নুসুমৰো তুমি হেন মিত্ৰক সদায়।।৪৪১।।

একোমতে নুশুজিলো উপকাৰ ঋণ।

মঞি মিত্ৰবঞ্চক পৰম বুদ্ধিহীন।।

কুশলক আশা যাৰ থাকিবেক ভালে।

জানো ৰাজশ্ৰীক সিটো বাঞ্ছৈ একোকালে।।৪৪২।।

শ্ৰীমদে সুহৃদ বন্ধুক কৰে হেলা।

দেখিও নেদেখে যেন দিনতে অন্ধলা।।

এহিমতে বোলন্ত নন্দৰ হাতে ধৰি।

দ্ৰৱিল হৃদয় সৌৰি সুহৃদ সুমৰি।।৪৪৩।।

যত পূৰ্ব্ব উপকাৰ কহিয়া প্ৰকটি।

কান্দিবে লাগিলা ধৰি সখিক সাৱটি।।

নেত্ৰৰ লোতক বহে নসহে হৃদয়।

কৰন্ত ক্ৰন্দন বসুদেৱ মহাশয়।।৪৪৪।।

কৰিলা আশ্বাস ধিৰ নন্দে হেন দখি।

মোক আৱে বুলিবে নলাগে প্ৰাণসখি।।

কতবা জন্মৰ মোৰ আছে মহাভাগ।

তুমি হেন মহন্তক মিত্ৰ পালো লাগ।।৪৪৫।।

জগত প্ৰসিদ্ধ তুমি মহাভাগৱত।

প্ৰত্যক্ষ দেখিলো আমি যজ্ঞৰ মহত।।

বুলিলা মধুৰ বাক্য অনেক সাদৰি।

কৰন্ত সন্মান তাঙ্ক নিতে ৰাম হৰি।।৪৪৬।।

অনুদিনে বাঢ়ে অন্যোঅন্যে স্নেহপাশ।

আজি কালি কৰিতে গৈলেক তিনি মাস।।

নন্দে আলোচন্ত আমি চলিবো প্ৰভাতে।

লন্ত অনুমতি যদুবংশৰ সৱাতে।।৪৪৭।।

কথাতে গধূলি ভৈলা নজানন্ত তাক।

কালি যাবা বুলি বসুদেৱ দেন্ত হাক।।

কাকো কেৱে এৰিবাক নপাৰে স্নেহত।

পুনু পুনু যদুগণে নেদন্ত সন্মত।।৪৪৮।।

ক্ষণ প্ৰায় প্ৰেমে বঞ্চিলন্ত মাস তিনি।

নন্দক সবংশে অৰ্চ্চিলন্ত ভিন্ন ভিন্ন।।

বসুদেৱ উগ্ৰসেন সাত্যকি উদ্ধৱ।

জগতৰ প্ৰভু ৰাম ঈশ্বৰ মাধৱ।।৪৪৯।।

যশোদা নন্দক সাদৰিয়া বহুভাৱে।

দিলা দিব্য ভূষণ সন্দেশ গাৱে গাৱে।।

পৰম বান্ধৱ গোপ গোপী নিৰন্তৰে।

ভূষিলা সৱাকো বস্ত্ৰ ভূষণে আদৰে।।৪৫০।।

মনুষ্যত অপ্ৰচাৰ অমূল্য ৰতনে।

ভৰাইল শকটসৱ সুৱৰ্ণ ভাজনে।।

যশোদাক আনি পাচে দৈৱকী ৰোহিণী।

দিল দুয়ো অলঙ্কাৰ দিব্য বস্ত্ৰ ভিন্নি।।৪৫১।।

কৃষ্ণপত্নীসৱো আসি কৰি সকতাৰ।

প্ৰাণ শাশু বুলি দিলা ৰত্নৰ সম্ভাৰ।।

কৃষ্ণৰ পৰম প্ৰিয় যতেক গোপিনী।

দিব্য বস্ত্ৰ অলঙ্কাৰ পিন্ধাই ভিন্নি ভিন্নি।।৪৫২।।

সাৱটি সৱাকো কৃষ্ণে কৰিলা সন্মান।

জানা তুমি সৱেসে মোহোৰ জীৱ প্ৰাণ।।

মোক লাগি খেদ আৰো নকৰিবা মনে।

তোমাসাৰ সঙ্গ মঞি নেৰো সৰ্ব্বক্ষণে।।৪৫৩।।

এৱে সবান্ধৱে গোকুলক যায়ো চলি।

গাৱে গাৱে দিলা দুনাই ৰত্নৰ অঞ্জলি।।

কৃষ্ণৰ সন্মানে গোপী সমস্তৰে মন।

ভৈল আতি তুষ্ট আনো যত গোপগণ।।৪৫৪।।

দিলা আগবঢ়াই অনেক সেনা সঙ্গে।

চলিবাক চান্ত গোপৰাজ মহাৰঙ্গে।।

শুনা সভাসদ পদ মহাভাগৱত।

জানা ধন জন বন্ধু সৱ আশাশ্বত।।৪৫৫।।

হাটে বাটে কৈত কেতিক্ষণে পৰে প্ৰাণ।

কৃষ্ণ বিনে নাহি আন যাতনাত ত্ৰাণ।।

নমো নমো হেন কৃষ্ণ মই নমাই মাথ।

শুনি আছো তুমি দেৱ অনাথৰ নাথ।।৪৫৬।।

তাতেসে তোহ্মাত লৈলো শৰণ আপুনি।

যেন যুৱাই কৰা এৱে মোক মনে গুণি।।

দুৰ্ল্লভ মনুষ্য জন্ম বৃথা গৈল মোৰ।

তুমি হেন ঈশ্বৰত ভৈলো সেৱাচোৰ।।৪৫৭।।

মঞি অধমৰ দোষ গুণ নিবিচাৰি।

দায়াশীল দেৱ মোক নিয়োক নিস্তাৰি।।

অঘ বক পূতনাক দিলা দেৱ গতি।

হৃদয়ৰ বন্ধু মোক নেৰিবা সম্প্ৰতি।।৪৫৮।।

তোহ্মাৰেসে অংশ হুয়া মঞি ভৈলো বাম।

বোলা নিৰন্তৰে নৰে জয় জয় ৰাম।।৪৫৯।।

.....................

 

।।ছবি।।

 

শুক নিগদতি ৰাজা      শুনা গোকুলৰ প্ৰজা

যাইবে যেৱে সৱে ভৈল সাজ।

কৃষ্ণক গলত বান্ধি       নন্দ যশোদায়ে কান্দি

আছিলা লোতক ভৈল বাজ।।

প্ৰাণ পূতাই থাকিয়োক     পৰিচ্ছেদা দেখা মোক

আমি চলি যাঞো নিজ থান।

কৃষ্ণৰ বিৰহ বহ্নি       উধাই শৰীৰত ছানি

এৰিবে খোজন্তে যায় প্ৰাণ।।৪৬০।।

পিতৃক মাতৃক ধৰি       লগতে কান্দন্ত হৰি

আনো যত সুহৃদ সমাজ।

ভিজায়া নেত্ৰৰ জলে      কৃষ্ণক ধৰিয়া গলে

কথমপি ভৈল তৈৰ বাজ।।

অনেক কাতৰ কৰি পিতৃক-মাতৃক ধৰি

তুলিলন্ত সাৱটি ৰথত।

হে কৃষ্ণ নমো বুলি      পৰশে চৰণ ধূলি

গোপগণে য়াহন্তে পথত।।৪৬১।।

বিয়োগে দহৱৈ হিয়া      কৃষ্ণমুখ নিৰীক্ষিয়া

কান্দৈ মহাপ্ৰেমে ব্ৰজবাসী।

যতেক ভকত গোপী      কৃষ্ণৰ সমীপে আসি

ধৰৈ পাদপদ্মক উল্লাসি।।

ঘষে আনি আখি মুখে     মহা বিয়োগৰ দুখে

কান্দি কান্দি বোলে প্ৰেম বাক।

আমি হুয়া নিজ চেড়ী     প্ৰাণ প্ৰভু যাঞো এৰি

পৰিচ্ছেদা দেখিলো তোহ্মাক।।৪৬২।।

কমললোচন স্বামী   দুনাই নেদেখিবো আমি

বেঢ়ি কৰে কৃষ্ণক ক্ৰন্দন।

লগতে কান্দন্তে যান্ত      কতো ধৰ নিচুকান্ত

মহাস্নেহে দৈৱকী নন্দন।।

যতেক যাদৱগণ        সৱাৰো আকুল মন

বিয়োগত ব্ৰজৰ বধূৰ।

সাৱটিয়া গাৱে গাৱে      অনেক বিনয় ভাৱে

আগবঢ়াই থৈলা কতো দূৰ।।৪৬৩।।

ব্ৰজবাসী চলি যায়       তম্ভিয়া তাহাক চায়

আছে হাতে লোতক মচন্তে।

কৃষ্ণমুখ নিৰীক্ষিয়া       বিৰহে দহৱে হিয়া

যায় গোপী সমস্ত কান্দন্তে।।

কৃষ্ণক দেখিলে মানে      কৰযোৰে সাৱধানে

কতদূৰ গৈল পাচগুৰি।

আৰ ভৈলা কৃষ্ণপ্ৰাণ      নেদেখি ধৰিলা ধ্যান

কৃষ্ণৰ মূৰ্ত্তিক মনে ধৰি।।৪৬৪।।

নিশ্বাস ফোকাৰে মুখে     কৃষ্ণ কৃষ্ণ ৰড়ে দুখে

নাই আন বচন কিঞ্চিত।

বহৱৈ লোতক ধাৰা      কৃষ্ণৰ চৰণ পৰা

কাৰো আৰো নবজায় চিত্ত।।

কৃষ্ণত মজিল মন       কৃষ্ণ সৱে প্ৰাণ মন

কৃষ্ণ বিনে নজানন্ত আন।

কৃষ্ণক হৃদয়ে ধৰি       কৃষ্ণক মনত স্মৰি

গৈলা ব্ৰজবাসী নিজ থান।।৪৬৫।।

ব্ৰজৰ লোকৰ ভাৱ       দেখি শিহৰাইল গাৱ

অনন্তৰে যত যদুবংশী।

পৰম বিস্ময় মতি       চলে দ্বাৰকাক প্ৰতি

গোপী গোপসৱক প্ৰশংসি।।

মাধৱক মধ্য কৰি       যায় চপকাৰে চলি

পৰম বৈষ্ণৱ বৃষ্ণিগণ।।

আতিশয় প্ৰীতিভাৱে      কৃষ্ণগুণ নাম গাৱে

নেৰৈ মনে কৃষ্ণৰ চৰণ।।৪৬৬।।

প্ৰেমৰসে দ্ৰৱে চিত্ত       হৱৈ তনু ৰোমাঞ্চিত

ভিজে মুখ নয়নৰ জলে।

সংসাৰক কৰি শুদ্ধি      এহিমতে যদুবংশী

পাইলা যদুপুৰ সমদলে।।

তীৰ্থযাত্ৰা সময়ত        ভৈল মহা মহোৎসৱ

কহে সৱ প্ৰকটি লোকত।

শুনিয়া বিস্ময় মন       ভৈল সৱ প্ৰজাগণ

সিটো বসুদেৱৰ মহত্ত্ব।।৪৬৭।।

পিতৃৰ পৰম যশ        ভকতিত হুয়া বশ

জগততে কৰালা প্ৰখ্যাত।

বহুবিধ লীলা কৰি       এহিমতে দেৱহৰি

হৰিষে বঞ্চিলা দ্বাৰকাত।।

ঈশ্বৰ গৰুড়কেতু        জগত নিস্তাৰ হেতু

ভৈল দৈৱকীত অৱতাৰ।

মহিমা কহিবো কত      ভৈল কথা সমাপত

ইটো কুৰুক্ষেত্ৰৰ যাত্ৰাৰ।।৪৬৮।।

.........

 

।।দুলড়ী।।

 

শুনা সভাসদ      হুয়া নিশবদ

হুয়ো সাৱধান চিত্ত।

কলিৰ পাপক      সংসাৰ তাড়ক

কৃষ্ণৰ লীলা চৰিত।।

মিলাৱে ভুকুতি     মুকুতিৰ মতি

শ্ৰৱণে কৃষ্ণৰ কথা।

শুনিয়ো অৱশ্যে    ইহেন মনুষ্য

জন্ম নকৰিয়ো বৃথা।।৪৬৯।।

নমো নমো কৃষ্ণ    ইষ্ট দেৱ হৰি

ভূমিত নমায়া মাথ।

কৰোহো মিনতি    অগতিৰ গতি

কৰা মোক প্ৰাণনাথ।।

তুমিসে পৰম      গুৰু গোপীনাথ

এৱেসে জানিলো আমি।

তুমি প্ৰিয় আত্মা    তথাপি নভজো

কিনো মঞি আধোগামী।।৪৭০।।

যতেক শুনোহো    হিয়াত নথাকে

তথাপি ইসৱ কথা।

মই মূঢ়মতি       নভৈল ভকতি

ইটো জন্ম ভৈল বৃথা।।

হৃদিপদ্ম মধ্যে     আছাহা মাধৱ

বান্ধৱ তভো নাদৰো।

যেন বিষ বিষ্ঠা    বিষয়ৰ চেষ্টা

তাকেসে আচৰি মৰো।।৪৭১।।

অমৃত তেজিয়া     ভূঞ্জোহো গৰল

তৰল মঞি কুমতি।

নপাঞো চেতন     গৰুড়কেতন

তুমি বিনে নাই গতি।।

তযু গুণ যশ      ইসে মহাৰস

তথাপি চিত্তে নুৰুচে।

দিয়োক সুপন্থ      মিছা মনোৰথ

যিমতে মনৰ গুচে।।৪৭২।।

কালগ্ৰাসে গিলে     কৈত মৃত্যু মিলে

গৈলো পৰ অধোগতি।

কৰা কৃপা মোক    অবিলম্বে হোক

তোহ্মাৰ চৰণেৰতি।।

দেহু এহি দান     নবাঞ্ছোহো আন

তোহ্মাত পশি শৰণে।

ছাড়ি আন কাম    ডাকি বোলা ৰাম

সামাজিক যত জনে।।৪৭৩।।

..........

 

।।বসুদেৱৰ মহাজ্ঞান প্ৰাপ্তি।।

                ।।পদ।।

শুক নিগদতি শুনা নৃপতি সাক্ষাত।

বহুবিধ লীলা হৰি কৰি দ্বাৰকাত।।

ভকতৰ মনোৰথ পূৰিলা আশেষ।

কৰিবো বেকত সিটো তোহ্মাত নিঃশেষ।।৪৭৪।।

বসুদেৱ দৈৱকী বাক্যত নাৰদৰ।

জানিলা কৃষ্ণক এন্তে পৰম ঈশ্বৰ।।

নোহন্ত আহ্মাৰ পুত্ৰ পুৰুষ পুৰাণ।

হৃদয়ৰ নুগুচে ঈশ্বৰ মহাজ্ঞান।।৪৭৫।।

একদিনা পিতৃগৃহে গৈলা কৃষ্ণ ৰাম।

বসুদেৱ দৈৱকীক কৰিলা প্ৰণাম।।

দেখি দুয়ো প্ৰাণী আতি হৰষিত মন।

বসিবাক লাগি দিলা আনন্দে আসন।।৪৭৬।।

মুনিসমস্তৰ বাক্য শুনিয়া সভাত।

প্ৰভাৱ প্ৰত্যেকে দেখি গৈলোহো সঞ্জাত।।

পৰম ঈশ্বৰ দুয়ো সাক্ষাতে আকলি।

বুলিবে লাগিলা সৌৰি কৰি কৃতাঞ্জলি।।৪৭৭।।

হে কৃষ্ণ কৃষ্ণ মহেশ্বৰ নাৰায়ণ।

হে হলিৰাম দুয়ো দেৱ সনাতন।

নিশ্চয়ে জানিলো আমি নুহিকা মানুষ।

জগতকাৰণ যিটো প্ৰকৃতি পুৰুষ।।৪৭৮।।

তাহাৰো কাৰণ তোৰা জানিলো সম্প্ৰতি।

কাৰণৰো কাৰণ সাক্ষাত নাৰায়ণ।

এতেকে জানিয়া লৈলো তোহ্মাত শৰণ।।৪৭৯।।

যৈতে যিবা কালত যাহাৰ হোৱে খ্যাত।

যাৰ অৰ্থে যিটো কৰৈ কৰাৱে সাক্ষাত।।

যাক কৰৈ সিয়ো সৱে পুৰুষ পুৰাণ।

তাহাৰো কাৰণ হুয়ো দেৱতা ঈশাণ।।৪৮০।।

ইটো নানাবিধ সৃষ্টি কৰি জগতৰ।

আপুনি পশিয়া প্ৰভু তাৰ অভ্যন্তৰ।।

জ্ঞানৰূপ শকতি আপুনি হুয়া হৰি।

জগতৰ জীৱৰ প্ৰাণখ আছা ধৰি।।৪৮১।।

যতেক চৌব্বিশ তত্ত্ব সৃষ্টিৰ নিদান।

যিবা শক্তি কৰৈ সৱ জগত নিৰ্ম্মাণ।।

সিয়ো সৱে শকতিৰ প্ৰেৰক ঈশ্বৰ।

প্ৰহাৰে পুৰুষে যেৱে তেৱে যায় শৰ।।৪৮২।।

বায়ুৰ শকতি যেন চলে তৃণ বন।

সেহিমতে জগতৰ ঈশ্বৰ কাৰণ।

প্ৰকৃতি মহত যত তত্ত্ব নিৰন্তৰ।

জানিলো তুমিসে মাত্ৰ চৈতন্য ঈশ্বৰ।।৪৮৩।।

আকাশে শবদ শুনে ৰসে সম জল।

গন্ধ গুণে সমে ইটো পৃথিৱীমণ্ডল।।

ৰূপে সমে চন্দ্ৰ সূৰ্য্য অগ্নিৰ জেউতি।

পৰশে সহিতে বায়ু তোহ্মাৰে শকতি।।৪৮৪।।

ইন্দ্ৰিয়ৰো তুমি সৱে শকতি বিধাতা।

অধিষ্ঠাতা দেৱৰো তুমিসে অধিষ্ঠাতা।।

বুদ্ধিৰো নিশ্চয়াত্মিকা তুমি লক্ষ্মীপতি।

জীৱৰো তুমিসে অনুসন্ধান শকতি।।৪৮৫।।

ৰাজসিক সাত্ত্বিক তামস অহঙ্কাৰ।

তিনিৰো ঈশ্বৰ তুমি জগত আধাৰ।।

জন্ম মৰণৰো যিটো কাৰণ প্ৰকৃতি।

জীৱকো আৱৰৈ সিটো তোহ্মাৰ শকতি।।৪৮৬।।

জগতক ব্যাপি কৰা আপুনি প্ৰকাশ।

জগতকে বিনাশে তোহ্মাৰ নাহি নাশ।।

যেন ঘট আকাশে কুণ্ডল হৱে ছন্ন।

নুহি নষ্ট কদাচিতো মৃত্তিকা সুৱৰ্ণ।।৪৮৭।।

তুমি সত্য ব্ৰহ্ম মিছা জগত স্ৰজনা।

তোহ্মাৰ মায়ায়ে কৰৈ তোহ্মাৰ কল্পনা।।

প্ৰকৃতিত আছে মাত্ৰ ব্যৱহাৰ ধৰ্ম্ম।

তুমিসি স্বৰূপ পৰিপূৰ্ণ পৰমব্ৰহ্ম।।৪৮৮।।

ইটো মহা তত্ত্বজ্ঞান পৰম নিগূঢ়।

ইহাক নজানে যত জীৱ মহামূঢ়।।

শৰীৰক মঞি বুলি কৰে কৰ্ম্ম যত।

সেহি কৰ্ম্মে অন্ধ হুয়া ভ্ৰমে সংসাৰত।।৪৮৯।।

ইটো তত্ত্ব জ্ঞান কিছো নুবুজো তোহ্মাৰ।

ইজন্মতো নতৰিলো দুৰ্ঘোৰ সংসাৰ।।

জানিলো নোৱাৰো মঞি নিয়মিব চিত্ত।

কিনো অধমৰ মোৰ বুদ্ধি বিপৰীত।।৪৯০।।

এহিমতে বোলন্তে মিলিল অনুতাপ।

কৃষ্ণৰ আগতে সৌৰি কৰন্ত বিলাপ।।

ধাৰায়ে বহৱে দুয়ো নেত্ৰৰ লোতক

কৰন্ত কৰুণা চাই ঈশ্বৰ কৃষ্ণক।।৪৯১।।

নৰহে ঈশ্বৰ জ্ঞান তড়িবো কিমতে।

দুৰ্ল্লভ মনুষ্য জন্ম লভিলো ভাৰতে।।

ভৈলো মহামত্ত মঞি আপোনাৰ অৰ্থে।

তোহ্মাৰ মায়ায়ে আযু গৈল সৱ ব্যৰ্থে।।৪৯২।।

ধন জন পুত্ৰ ভাৰ্য্যা আকে বোলে মোৰ।

শৰীৰক মঞি বুলি ভৈলো সেৱাচোৰ।।

এহি অপৰাধে স্নেহপাশে আছে বান্ধি।

নিৱেদন্ত দুখ বসুদেৱে কান্দি কান্দি।।৪৯৩।।

কতো কোটি জন্ম মঞি ভ্ৰমো সংসাৰত।

কৃমি কীত পক্ষী হুয়া আছো নানামত।।

মঞি মহাদীন দেৱ পৰম অনাথ

কৰা পৰিত্ৰাণ আৱে বাপ জগন্নাথ।।৪৯৪।।

হেনবা বুলিবা আমি তোহ্মাৰ তনয়।

কিসক বোলাহা মোক এতেক বিনয়।।

মোহোৰ আগত কেনে কৰা অনুতাপ।

ইহাৰ সিদ্ধান্ত আৱে শুনিয়োক বাপ।।৪৯৫।।

নুহিকা মোহোৰ পুত্ৰ তুমি নাৰায়ণ।

জগতকাৰণ যিটো তাহাৰ কাৰণ।।

যত দুষ্ট ক্ষত্ৰিয় ভূমিৰ মহাভাৰ।

তাক সংহাৰিবে মোত ভৈলা অৱতাৰ।।৪৯৬।।

ঈশ্বৰৰো ঈশ্বৰ তুমিসে মহাহৰি।

মায়ায়ে মনুষ্য চেষ্টা কৰা অৱতৰি।।

মুনিসমস্তৰ বাক্য শুনিয়া সভাত।

জানিলো প্ৰভাৱ প্ৰভু দেখিলো সাক্ষাত।।৪৯৭।।

ছেদিয়োক স্নেহময় মোৰ মহাপাশ।

বিষমৰ বিষয় গুচোক অভিলাষ।।

সলোতক মুখে দুখে কৰন্ত কাতৰ।

ত্ৰাহি মহা অজ্ঞানিক মোক মহেশ্বৰ।।৪৯৮।।

তযু পাদ পঙ্কজত পশিলো শৰণে।

ভকতৰ ভয় হৰৈ এহিসে চৰণে।।

আৱে দীনবন্ধু মোক কৰা পৰিত্ৰাণ।

দিয়োক উপায় গুচে যিমতে অজ্ঞান।।৪৯৯।।

মঞি ইন্দ্ৰিয়ৰ সুখ সাধো প্ৰতিনিতি।

শৰীৰত মাত্ৰ আত্মবুদ্ধি কৰো আতি।।

তুমি হেন ঈশ্বৰত ভৈল পুত্ৰ বোধ।

কৰিয়ো বান্ধৱ ইটো কুবুদ্ধি নিৰোধ।।৫০০।।

হেনবা বুলিবা নোহো ঈশ্বৰ সাক্ষাত।

তোহ্মাৰেসে পুত্ৰ মঞি জগতে প্ৰখ্যাত।।

ইহাৰ উত্তৰ শুনা জগতৰ স্বামী।

সুমৰিলো সূতিকা গৃহৰ কথা আমি।।৫০১।।

যি কালত দৈৱকীৰ গৰ্ভে ভৈলা জাত।

পৰম ঈশ্বৰ ৰূপ দেখিলো সাক্ষাত।।

দুয়ো প্ৰাণী পৰি স্তুতি কৰিলো কাৰুণি।

উপৰি জন্মৰ কথা কহিলা আপুনি।।৫০২।।

আছিলা সুতপা পৃঞ্চি নামে প্ৰজাপতি।

পৃষ্ণিগৰ্ভ নামে মঞি ভৈলো উতপতি।।

অদিতি কশ্যাপ পাচে ভৈলা তোৰা দুই।

উপজিলো তোহ্মাতে বামণ ৰূপ হুই।।৫০৩।।

বসুদেৱ দৈৱকী সম্প্ৰতি ভৈলা আসি।

নিজৰূপে ভৈলো পুত্ৰ মহিমা প্ৰকাশি।।

তোহ্মাৰ মুখৰ কথা পৰিল মনত।

জানিলোহো তুমিসে ঈশ্বৰ মহাতত্ত্ব।।৫০৪।।

নানাবিধ ধৰা তনু লীলায়ে মাধৱ।

বুজিবেক কোনে যোগমায়াৰ বৈভৱ।।

হৰিয়ো অজ্ঞান মোৰ জ্ঞানে দামোদৰ।

সংসাৰ তাপত মৰো কৰোহো কাতৰ।।৫০৫।।

এতেক বোলন্তে প্ৰেমে পৰশিলে বৰে।

নয়নৰ নীৰ সৰসৰি ঝড়ি পৰে।।

লোতকে বেঢ়িলে কণ্ঠ গদ গদ মাত।

তম্ভিল কৃষ্ণক চাহি কৰি যোৰহাত।।৫০৬।।

পৰীক্ষিত ৰাজাত কহন্ত শুক মুনি।

পিতৃ বসুদেৱৰ কাৰুণ্য বাণী শুনি।।

ভৈলন্ত সন্তুষ্ট কৃষ্ণ দেৱ কৃপাময়।

বুলিলন্ত হাসি হাসি বচন বিনয়।।৫০৭।।

নলাগয় জ্ঞান তুমি স্বভাৱে কৃতাৰ্থ।

যতেক কহিলা মানে এহি পৰমাৰ্থ।।

পৰম মহন্ত পিতৃ পৰিহৰা খেদ।

তথাপিতো কহো জ্ঞান লোৱা পৰিচ্ছেদ।।৫০৮।।

আহ্মাক উদ্দেশি নিৰুপিলা তত্ত্ব যত।

এহিটো পৰম জ্ঞান মোহোৰ সন্মত।।

কিন্তু সমস্ততে কৰা এহি ব্ৰহ্মদৃষ্টি।

তাপ দূৰ হোৱৈ যেন অমৃতৰ বৃষ্টি।।৫০৯।।

মঞি তুমি সৱ যদুৱংশ নিৰন্তৰ।

দেখা শুনা মানে আনো যত চৰাচৰ।।

সৱ ব্ৰহ্মময় ইটো কহিলো তোহ্মাত।

জ্ঞানদৃষ্টি নিৰীক্ষণে দেখিবা সাক্ষাত।।৫১০।।

নিত্য নিৰঞ্জন স্বপ্ৰকাশ আত্মা এক।

মায়া উপাধিৰ পদে দেখিয় অনেক।।

যতেক আকৃতি মানে মায়াময় সৃষ্টি।

হেন জানি কেৱল ব্ৰহ্মত দিয়া দৃষ্টি।।৫১১।।

স্বৰূপত একে মাত্ৰ মৃত্তিকা আকাৰ।

ঘট পট ভেদে দেখি অনেক প্ৰকাৰ।।

এহিমতে অনেক অদ্বৈত আত্মবুদ্ধ।

মায়া উপাধিৰ পদে দেখি বহুবিধ।।৫১২।।

মায়াময় নামৰূপ সৱাকো উপেক্ষা।

অন্তৰ্য্যামী মঞি ঈশ্বৰক মাত্ৰ দেখা।।

থিৰ চিত্তে অভ্যাসিয়ো পিতৃ মহাশয়।

দেখিবা জগত সৱ নাৰায়ণময়।।৫১৩।।

কহিলা ৰহস্য মহা তত্ত্বজ্ঞান বেদ।

শুনি বসুদেৱৰ সংশয় ভৈলা ছেদ।।

ধৰিলা নিবিড় ধ্যান কৰি থিৰ চিত্ত।

গুচিল প্ৰপঞ্চ সৱে ঈশ্বৰ বিদিত।।৫১৪।।

নেদেখন্ত একো আন শৰীৰ পৰ্য্যন্তে।

প্ৰকাশন্ত একমাত্ৰ ব্ৰহ্মক গাৱতে।।

যত নানাবিধ ভেদবুদ্ধি ভৈল দূৰ।

মিলিল আনন্দ মহা মনত প্ৰচুৰ।।৫১৫।।

দ্ৰৱিল হৃদয় ভৈল ৰোমাঞ্চ শৰীৰ।

প্ৰেমৰ ভৰত ঝুৰে নয়নৰ নীৰ।।

মহাপ্ৰীতি পাই পাচে সৌৰি মহাশয়।

থাকিলন্ত তম্ভিয়া লভিয়া মহোদয়।।৫১৬।।

কহে শুক শুনিলা নৃপতি বিদ্যমান।

যেনমতে বসুদেৱে পাইলা মহাজ্ঞান।।

তত্ত্ব উপদেশ প্ৰভু পিতৃক তোষিলা।

শুনা আৱে আৰো ঈশ্বৰৰ মহালীলা।।৫১৭।।

........

।।দৈৱকীৰ মৃত-পুত্ৰ আনয়ন।।

 

বলিৰ সভাৰ পৰা মৰা পোক আনি।

দৈৱকীক দিলন্ত যিমতে চক্ৰপাণি।।

পৰম আশ্চৰ্য্য সিটো কৃষ্ণৰ চৰিত্ৰ।

শ্ৰৱণ মাত্ৰকে কৰে পাপীকো পৱিত্ৰ।।৫১৮।।

অনন্তৰে দৈৱকীয়ো বসি আছা তথা।

সুমৰিলা গুৰু পুত্ৰ আনিবাৰ কথা।।

সান্দীপনি গুৰুৰ মৃতক পুত্ৰ আনি।

দিলা গুৰুদক্ষিণা এহেন্তে চক্ৰপাণি।।৫১৯।।

মোৰো মাৰি আছে কংসে ছয়গুটি পোক।

হেন আলোচন্তে মনে উপজিল শোক।।

অধোমুখ ভৈলন্ত লোতক পৰে ঝৰি।

কৰন্ত ক্ৰন্দন পুত্ৰসৱক সুমৰি।।৫২০।।

এহিমতে মৰ্ম্মে কতো আছিলন্ত দুখে।

বুলিলন্ত পুত্ৰ দুইক সলোতক মুখে।।

হে কৃষ্ণ কৃষ্ণ বাপ দেৱ নাৰায়ণ।

হে হলিৰাম তুমি শিৱ সনাতন।।৫২১।।

জানিলোহো তোৰাসৱ নুহিকা মানুষ।

জগত ঈশ্বৰ দুয়ো পৰম পুৰুষ।

খণ্ডিবাক লাগিয়া ভূমিৰ মহাভাৰ।

মোহোৰ গৰ্বত আসি ভৈলা অৱতাৰ।।৫২২।।

ৰাজা হুয়া আছে যত দানৱ দুৰ্জ্জন।

নীচৰ উৎসৱ বঢ়াই পীড়ে সাধুজন।।

তাৰ ভৰে ভৈলা ভূমি পৰম পীড়িত।

তাৰ নাশ হেতু ভৈলা আপুনি বিদিত।।৫২৩।।

তযু মায়া পুৰুষ তাহাৰ মায়া অংশ।

সত্ত্ব ৰজ তম তিনি গুণ তান বংশ।।

তাৰ লয়লেশে হোৱে সৃষ্টি স্থিতি লয়।

হেন মহেশ্বৰ তুমি দেৱ কৃপাময়।।৫২৪।।

জানিয়া তোহ্মাত মঞি পশিলো শৰণ।

মোক শোক সাগৰে তাড়িয়ো নাৰায়ণ।।

তোহ্মাৰ প্ৰভাৱ মঞি কহি নপাঞো সীমা।

শুনি আছো তুমিসৱ অচিন্ত্য মহিমা।।৫২৫।।

মৰা পোক সান্দীপনি মাগিলন্ত দান।

চিৰকাল ভৈল সাগৰত গৈল প্ৰাণ।

তথাপিতো মৃতক পুত্ৰক চক্ৰপাণি।

দিলা গুৰু দক্ষিণা যমৰো পৰা আনি।।৫২৬।।

মোৰো মাৰি আছে কংশ পুত্ৰ ছয়গুটি।

তাসম্বাক সুমৰন্তে প্ৰাণ যায় ফুটি।।

ময়ো মাগো পুত্ৰদান দিয়োক সত্ত্বৰ।

উদ্ধাৰিয়ো শোকশল্য হৃদয়ৰ মোৰ।।৫২৭।।

যেনমতে পাঞো সিটো ছয়খানি পোক।

হেন কৃপা বাপ আৱে কৰিয়োক মোক।।

কতেক কহিবো সিটো পুত্ৰৰ সন্তাপ।

কৃষ্ণৰ আগত পৰি কৰন্ত বিলাপ।।৫২৮।।

পুত্ৰক সুমৰি মহা মৰ্ম্ম যায় চড়ি।

দুয়ো নয়নৰ পৰে লোতক নিগৰি।।

মহাদুখে অধোমুখে কৰন্ত ক্ৰন্দন।

প্ৰবোধন্ত ৰাম কৃষ্ণে কৰিয়া বন্দন।।৫২৯।।

তাপ ত্যজি মাতৃ সুস্থ কৰিয়ো হৃদয়।

আনি দিবো এখনে তোহ্মাৰ পুত্ৰচয়।।

শুনি দৈৱকীৰ চিত্ত ভৈল উপশান্ত।

দেখি দুয়ো ভাই ৰথে চড়ি লড়ি যান্ত।।৫৩০।।

ৰঙ্গে ৰাম কৃষ্ণ গৈয়া যোগমায়া বলে।

একে নিমিষেকে আসি পশিলা সুতলে।।

.................

।।ৰাম-কৃষ্ণৰ সুতলপুৰীত প্ৰৱেশ।।

 

ভূৱনমোহন দিব্য ৰূপ হৃষীকেশ।

বলিৰ সভাৰ ভৈলা দুভায়ে প্ৰৱেশ।।৫৩১।।

যেন একদায়ে কোটি চন্দ্ৰমা উদয়।

শ্যাম শৰীৰত পীত পট প্ৰকাশয়।।

ঝলকে ৰত্নৰ অলঙ্কাৰ কলেৱৰে।

যেন নীল অম্বুদত বিদ্যুত সঞ্চাৰে।।৫৩২।।

মাথে মণিময় মহা মুকুত অমূল্য।

ৰত্নৰ তিলকে জ্বলে অলকাকপোল।।

নয়ন পঙ্কজ ৰঞ্জৈ বদন মণ্ডল।

ভ্ৰূৱযুগ যেন ধনু অধৰ ৰাতুল।।৫৩৩।।

ঈষত হসিত মুখ দশন মাণিক।

কণ্ঠত কৌস্তুভ নৱ সূৰ্য্যতো অধিক।।

কঙ্কণ কেয়ূৰ জ্বলে বুজ চতুষ্টয়।

শোভে আতি আৰকত নখ চন্দ্ৰচয়।।৫৩৪।।

শ্যাম বক্ষস্থলত চমকে হেমহাৰ।

চিকিমিকি কৰৈ কান্তি মণি মুকুতাৰ।।

কটিতটে পাট ভূনি কনক মেখলা।

আজানুলম্বিত গলে বৈজয়ন্তী মালা।।৫৩৫।।

একান্ত ভকতে যত লৱৈ গুণনাম।

পিন্ধিয়া পদ্মৰ মালা কৰি অনুপাম।।

তাহাৰ সুৰভি মধু লোভে মধুকৰে।

মহামত্ত হুয়া সৱে বেঢ়িয়া গুঞ্জৰে।।৫৩৬।।

হোড়ৰ ৰঞ্জিত চাৰু চৰণ কমল।

উত্তম আঙ্গুলি ৰত্ন উজ্ঝণ্টি উজ্জ্বল।।

আৰকত নখচয় চন্দ্ৰমাৰ পান্তি।

ৰাতল কমল পদতলে কৰে কান্তি।।৫৩৭।।

ধ্বজ বজ্ৰ পঙ্কজ অঙ্কুশে অলঙ্কৃত।

হোৱে ভকতৰ যিটো মনত বিদিত।।

কোটি কন্দৰ্পৰো দৰ্প দেখি হোৱৈ চূৰ।

হেন ব্ৰহ্মময় মহা মূৰ্ত্তিক প্ৰভুৰ।।৫৩৮।।

..........

।।বলিৰ কৃষ্ণ ভজনা।।

সাক্ষাতে দেখিয়া বলি ভৈল সচকিত।

ত্বৰিতে উঠিলা বলি সবংশি সহিত।।

মহা আনন্দত আতি হৃদয় দ্ৰৱিল।

শিহৰি শৰীৰ নীৰ নেত্ৰৰ ঝড়িল।।৫৩৯।।

জগতৰ আত্মা যিটো পৰম দৈৱত।

মোৰ নিজ প্ৰাণনাথ ভৈল গৃহাগত।।

এতেকে দেখিলো ব্ৰহ্মাদিৰো আদি মূল।

মিলিল সম্ভ্ৰম আতি আনন্দে আকুল।।৫৪০।।

সপুত্ৰ বান্ধৱে বলি কৃষ্ণ কৃষ্ণ ৰড়ি।

কৰিলা প্ৰণাম পদ পঙ্কজত পৰি।।

ভাগ্যৱন্ত বলি মেলি আপোনাৰ চুলি।

মলচি লৈলন্ত দুই চৰণৰ ধূলি।।৫৪১।।

সুৱৰ্ণৰ সিংহাসন আথেবেথে মাথে।

বসিবাক লাগি পাৰি দিলা দৈত্যনাথে।।

বসিলা আনন্দে দুয়ো দৈৱকীনন্দন।

হৰিষে ধৰিলা বলি দুহানে চৰণ।।৫৪২।।

ধুৱাইবে লাগিলা সুৱৰ্ণৰ পাত্ৰ আনি।

সুৱৰ্ণ ভৃঙ্গাৰে বিন্ধ্যৱলী দেন্ত পানী।।

ব্ৰহ্মায়ে সহিতে ইটো সমস্ত ত্ৰৈলোক্য।

পৱিত্ৰ হোৱন্ত আছে যিটো পাদোদক।।৫৪৩।।

তাক ঘৰে পাইলা দুইৰো চৰণ পখালি।

সবান্ধৱে আনন্দতে নাচে শিৰে ঢালি।।

যতেক ভকত দৈত্য বলিৰ সভাৰ।

কৃষ্ণ দৰশনে আনন্দৰ নাহি পাৰ।।৫৪৪।।

যথাত চিটিকি পৰৈ কৃষ্ণ পাদোদক।

পৰি পৰি ঘসৈ তৈতে আপোন মস্তক।।

আজোৰা আজুৰি কৰি কতো ঘসৈ শিৰে।

শিহৰৈ শৰীৰ নীৰ ঝড়ৈ প্ৰেমভৰে।।৫৪৫।।

কৃষ্ণমুখ দেখি আতি ভৈল কৃতকৃত্য।

তড়িলো তড়িলো বুলি কতো কৰৈ নৃত্য।।

কৃষ্ণক দেখিতে আতি উৎসুক লোকৰ।

উভতি আসিল সৱে বলিৰ নগৰ।।৫৪৬।।

ৰাম মাধৱক দেখি হৰি হৰ ৰড়ি।

নিস্তৰিলো বুলি নমৈ দণ্ডৱতে পৰি।।

সমস্তকে কেশৱে চাহন্ত কৃপাদৃষ্টি।

শৰীৰত পৰৈ যেন অমৃতৰ বৃষ্টি।।৫৪৭।।

যেন মনে মিলৈ আতি মুকুতিৰ সুখ।

হৰশিত হুয়া থাকৈ কৃষ্ণক সমুখ।।

আনন্দৰ নাহি সীমা দানৱ ৰাজাৰ।

কৃষ্ণক পূজিবে লাগি মিলাইলা সম্ভাৰ।।৫৪৮।।

ৰত্নময় পাত্ৰচয় চিকিমিকি কান্তি।

সুৱৰ্ণৰ গছাত প্ৰদীপ দুই পান্তি।।

অগৰু সুগন্ধি ধূপ চন্দন কৰ্পূৰ।

দধি দুৰ্ব্বাক্ষত ধূপ সন্দেশ প্ৰচুৰ।।৫৪৯।।

তাল নাৰিকল কল দিব্য ফল ফুল।

শাৰী শাৰী সুৱৰ্ণৰ ঠগিত তাম্বুল।।

ঘনখীৰ খীৰিচা অমৃত অদি কৰি।

দিলা দিব্য ষড়ৰস ৰত্নপাত্ৰ ভৰি।।৫৫০।।

দিলা দিব্য বস্ত্ৰ ৰত্ন ভূষণ অমূল্য।

দণ্ড ছত্ৰ চন্দ্ৰতাপ চামৰ চৌদল।।

মহাৰাজ বিভূতি চৌভিতি আৱৰিল।

জয় কৃষ্ণ ধ্বনি দশোদিশক পূৰিল।।৫৫১।।

মৃদঙ্গ গোমুখ শঙ্খ শবদ তুমুল।

কৃষ্ণক অৰ্চ্চন্ত বলি আনন্দে আকুল।।

দণ্ডৱতে পৰি নমি অনেক যতনে।

দিলা মধুপৰ্ক পাদ্য কৃষ্ণৰ চৰনে।।৫৫২।।

গন্ধ পুষ্পে আভৰণে কৰি সতকাৰ।

উচৰ্গিয়া দিলা জলে সমস্তে সম্ভাৰ।।

যত চিত্ত বিত্ত দেহ পুত্ৰ পৰিবাৰ।

কৃষ্ণৰ চৰণে অৰ্পিলন্ত বাৰেবাৰ।।৫৫৩।।

সৰ্ব্বভাৱে ইন্দ্ৰসেনে কেশৱক ভজি।

তম্ভিয়া আছন্ত প্ৰেমসাগৰত মজি।।

শিহৰে শৰীৰ নীৰ নেত্ৰৰ নিগৰে।

কৃষ্ণবন্ধু বুলি বলি মাটিত বাগৰে।।৫৫৪।।

কৃষ্ণক ভজিয়া বলি ভৈল কৃতকৃত্য।

আনন্দে নধৰে চিত্ত উঠি কৰে নৃত্য।।

ভকত দানৱে বায় চৌপাশে আৱৰি।

কৃষ্ণগুণ গায়া নাচৈ চাপৰি চাপৰি।।৫৫৫।।

অঞ্জলি ভৰিয়া সিঞ্চৈ কৰ্পূৰৰ ধূলি।

দশোদিশে পূৰৈ জয় কৃষ্ণ কৃষ্ণ বুলি।।

ভকতিৰ বলে বলি আকুল হৃদয়।

যৈত পৰৈ দৃষ্টি তৈত দেখে কৃষ্ণময়।।৫৫৬।।

কতো হাসৈ কান্দৈ কতো মৌন হুয়া থাকে।

মই কৃষ্ণ বুলি কতো মানৈ আপোনাকে।।

প্ৰেমে মত্ত হুয়া কৰৈ কৃষ্ণক ভাৱনা।

মাৰৈ স্তনপানে শুষি সম্যকে পূতনা।।৫৫৭।।

উলটাৱে শকট ভৰিৰ লগাই আগ।

হ্ৰদৰ খেদাৱে দমি দুষ্ট কালিনাগ।।

শিলাত পেলাৱৈ গল চেপি চক্ৰবাত।

কেশী কংশ ধেনুকৰ কৰৈ কন্ধপাত।।৫৫৮।।

বলিষ্ঠ অৰিষ্ট দুষ্ট মুষ্টিক চাণূৰ।

পেহ্লাৱে সংহৰি অঘ বক বৎসাসুৰ।।

যশোদা বান্ধিলা কঙ্কালত দিয়া বল।

উভঞ্জে অৰ্জ্জুনে মাজে টানি উড়ুখল।।৫৫৯।।

কৃষ্ণময় হুয়া ফুৰৈ নাহিকে চেতন।

পাসৰিল গৃহ শৰীৰকো ইন্দ্ৰসেন।।

এহিমতে মহা প্ৰেমৰস যায় চৰি।

কৃষ্ণৰ আগতে আছৈ দণ্ডৱতে পৰি।।৫৬০।।

দৈতেন্দ্ৰৰ মহাপ্ৰেম ভকতিক চাই।

ভৈলন্ত আশ্বৰ্য্য ৰাম কৃষ্ণ দুই ভাই।।

কতোক্ষণে সন্ধুক্ষণ হুয়া দৈত্যনাথে।

কৃষ্ণপাদ পদ্ম দুইক তুলি লৈলা মাথে।।৫৬১।।

কতো আখি মুখে ঘসৈ কতো গলে বান্ধৈ।

প্ৰেমভৰে নিৰ্ভৰ আনন্দে কতো কান্দৈ।।

দ্ৰৱ হুয়া হৃদয় নেত্ৰৰ পৰৈ পানী।

লোতকে নিৰোধে কণ্ঠ গদগদ বাণী।।৫৬২।।

শিহৰে শৰীৰ প্ৰেম ভকতিৰ সুখে।

দোভাইকো কৰন্ত তুতি সলোতক মুখে।

নমো নমো অনন্ত মহন্ত দেৱ হৰি।

ফণা একাদশে জগতকে আছা ধৰি।।৫৬৩।।

হেনয় বহুত মূৰ্ত্তি তুমি হলধৰ।

তোহ্মাৰ চৰণে মনে মনো নিৰন্তৰ।।

নমো নমো কৃষ্ণ তুমি জগতবিধাতা।

তুমিসি পৰমব্ৰহ্ম প্ৰভু পৰমাত্মা।।৫৬৪।।

কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃষ্টি স্থিতি লয়।

তোহ্মাৰ মায়ায়ে অঙ্গে কৰন্তে আছয়।।

পৰম দুৰ্ল্লভ তোৰা দুইৰ দৰশন।

তাৰেসে সুলভ জাত আপুনি প্ৰসন্ন।।৫৬৫।।

মহা তামাসিক আমি দুষ্ট দৈত্যচয়।

আহ্মাকো দিলাহা দেখা কিনো কৃপাময়।।

ভৈলা গৃহাগত আতি মিলিল আহ্লাদ।

দিলা মোক দেৱতাৰ পৰম প্ৰসাদ।।৫৬৬।।

যতেক সাত্ত্বিক দেৱ ভকত মহন্ত।

জানিলো আমিসি ততোধিক ভাগ্যৱন্ত।।

যক্ষ ৰক্ষ ভূত প্ৰেত পিশাচ যতেক।

বিদ্যাধৰ সিদ্ধ সৰ্প দানৱ অনেক।।৫৬৭।।

গন্ধৰ্ব্ব প্ৰমথ দুষ্ট দৈত্য অসংখ্যাত।

বৈৰভাৱে পাইল সিদ্ধি মাধৱ তোহ্মাত।।

দ্বেষ্যভাৱে স্নেহে কতো স্মৰি কামভাৱে।

ৰাজসিক তামসিক সিটো গতি পাৱে।।৫৬৮।।

শুদ্ধ সত্ত্ব দেৱগণো নেদেখন্ত যাক।

আমাৰেসে নিজবন্ধু জানিলো তোহ্মাক।।

হেনবা বুলিবা শুদ্ধ সত্য ভৈল হেঠ।

ৰাজসিক তামসিক সিসে ভৈল শ্ৰেষ্ঠ।।৫৬৯।।

নুহিকে আশ্চৰ্য্য ইটো প্ৰভু চক্ৰপাণি।

তযু যোগমায়াক নজানে মহাজ্ঞানী।।

ইসে হুই ইসে নুই নোৱাৰে তৰ্কিত।

ব্ৰহ্মা মহেশ্বৰ যাৰ মায়ায়ে মোহিত।।৫৭০।।

নবাচে আচাৰ জাতি তোহ্মাৰ ভকতি।

যেই সেই ভজৈ মাত্ৰ তাকো দেন্ত গতি।।

যদি বৈৰভাৱে পাৱে পৰম হৰিক।

তথাপিতো নাথ মোক কৰিয়ো সাত্ত্বিক।।৫৭১।।

তোহ্মাৰ আগত বাপ কহিলো স্বৰূপ।

হেন মন কৰৈ এৰো গৃহ অন্ধকূপ।।

সুতল সম্পত্তি যত তাতো এৰি আশ।

ফল মূল ভক্ষি তৰুতলে কৰো বাস।।৫৭২।।

হৌক ভিক্ষা ভোগন বসন কানিকণ্ঠা।

তযু পদ পঙ্কজক চিন্তিবো সৰ্ব্বথা।

মুখে লৈবো নাম হৃদয়ত ৰূপ ধৰি।

ৰহোক তোহ্মাৰ গুণ নাম কৰ্ণ ভৰি।।৫৭৩।।

মহন্তে সহিতে সদা থাকিবো আলাপে।

তেৱেসে নপাইবে বাপ সংসাৰৰ তাপে।।

দূৰ কৰা নাথ মোৰ সুতল সম্পত্তি।

তোহ্মাৰ চৰণে মাত্ৰ ৰহোক ভকতি।।৫৭৪।।

সদায়ে নেৰোক মনে ভকতিৰ স্বাদ।

পাৱে পৰি মাগো হেৰা এতেক প্ৰসাদ।।

হেনবা বুলিবা তই অল্প পূণ্যৱন্ত।

কেনমতে হৈবে একমান ভাগ্যৱন্ত।।৫৭৫।।

আপুনি শিখায়ো তেৱে তুমি কৃপাময়।

যেনমতে হোৱৈ হেন মোৰ ভাগ্যোদয়।।

তোহ্মাৰ চৰণ শিক্ষা ধৰৈ যিটো নৰ।

সেহিটো ভকত নোহো বেদৰ কিঙ্কৰ।।৫৭৬।।

তুমিসে পৰম গুৰুহৃদীশ্বৰ মোৰ।

হুয়োক সদয় তড়ো সংসাৰ দুৰ্ঘোৰ।।

এহি বুলি কৃষ্ণৰ চৰণে থৈয়া মাথ।

পৰম কৰুণা কৰি কান্দৈ দৈন্যনাথ।।৫৭৭।।

ধাৰাসাৰে পৰে নয়নৰ নীৰ ঝৰি।

লোতকে তিয়াইলা মাধৱৰ দুই ভৰি।।

দৈত্যেন্দ্ৰৰ দেখি প্ৰেমভাৱ আতিশয়।

স্নেহে ৰাম মাধৱৰ দ্ৰৱিল হৃদয়।।৫৭৮।।

পৰৈ জল কমল নেত্ৰৰ সৰসৰি।

কৰিলন্ত আশ্বাস বলিক তুলি ধৰি।।

শুনা সামাজিক পদ মহাভাগৱত।

ধন জন জীৱন সমস্তে আশাশ্বত।।৫৭৯।।

নকৰিয়ো আয়ু ব্যৰ্থ বিষয়ৰ ভোলে।

চিন্তামণি বেচা যায় যেন কাচ মোলে।।

নমো নমো কৃষ্ণ হেৰা পৰম বান্ধৱ।

মোৰ গতিদাতা তয়ু চৰণ পল্লৱ।।৫৮০।।

তুমিসি সুহৃদ নিজ জীৱনে মৰণে।

ইহাক জানিয়া প্ৰভু পশিলো শৰণে।।

ক্ৰিমি কীট পশু পক্ষী হুয়া লতা তৃণ।

ভ্ৰমো সংসাৰত কৰ্ম্ম গতি এতদিন।।৫৮১।।

কত কোটি জন্মে আসি পাইলো নৰদেহ।

ই জন্মত নাথ মোত নছাড়িবা স্নেহ।।

সুমৰন্তে কাম্পে তনু যাতনা দুৰ্ঘোৰ।

তোহ্মাৰ চৰণে ৰতি নছাড়োক মোৰ।।৫৮২।।

কৰ্ণে কৃষ্ণকথা মুকে নছাড়োক নাম।

তেৱেসে নিস্তাৰো ডাকি বোলা ৰাম ৰাম।।৫৮৩।।

...............

 

।।দুলড়ী।।

শুক নিগদতি      বলিৰ ভকতি

দেখি মহেশ্বৰ হৰি।

পৰম কৃপায়ে      কৰিয়া আশ্বাস

দৈত্যেন্দ্ৰক তুলি ধৰি।।

পাইলা যে পৰম    সিদ্ধি দৈত্যেশ্বৰ

আৰো কৰা অনুতাপ।

মহাপ্ৰেম ইটো      ভকতিত ভৈলো

ময়ো বশ্য বলি বাপ।।৫৮৪।।

আউৰ অনুশৌচ    কৰিবে নলাগৈ

লভিলা সংসাৰ পাৰ।

তোহ্মাক দেখিলে    শুনিলে কহিলে

জগতে হৈব উদ্ধাৰ।।

জিনিলা দুৰ্জ্জয়     মায়াক তুমিসি

জানা নাহি আউৰ বাৰ।

যিবা কাৰ্য্যে আৱে   আসি আছো আমি

শুনা প্ৰয়োজন তাৰ।।৫৮৫।।

মৰীচিৰ ছয়      তনয় আছিল

প্ৰথম মুনৰ দিনে।

ভৈলা সৱে দেৱ    তাসম্বাৰ আৱে

নাম শুনা ভিন্নে ভিন্নে।।

স্মৰ পৰিষ্বঙ্গ      উদ্গীথ পতঙ্গ

ক্ষুদ্ৰভৃক আৰো ঘৃণী।

এহি ছয়জন       পৰম পৱিত্ৰ

আছা কাম ক্ৰোধ জিনি।।৫৮৬।।

যৈসানি ব্ৰহ্মায়ে    নিজ দুহিতাক

ক্ৰীড়া কৰিবাক চান্ত।

দেখি ছয়ো দেৱ    ব্ৰহ্মাক নিন্দিয়া

উপহাস্য কৰিলন্ত।।

জগতৰ তুমি      পিতামহ হুয়া

কৰা গৰিহিত কাম।

শুনি প্ৰজাপতি     জাজ্বল্য সমান

কোপে নিকলিল ঘাম।।৫৮৭।।

অসুৰ যোনিক যাহা বুলি ব্ৰহ্মা

শাপ দিলা কোপ মনে।

হিৰণ্যকশিপু       দৈত্যৰ তনয়

আসি ভৈল ছয়জনে।।

পাচে দৈৱকীৰ     গৰ্ভত ছয়কো

উপজাইল যোগমায়া।

ধৰি কংসৰায়     সৱাকো মাৰিলা

অধৰ্ম্ম একো নচায়া।।৫৮৮।।

সম্প্ৰতি তোহ্মাৰ    কাষতে আছন্ত

ছয়ো মোৰ জ্যেষ্ঠ ভাই।

আসম্বাৰ লাগি     সদায় ক্ৰন্দন

কৰন্ত দৈৱকী আই।।

সৱাহাঙ্কে আজি     দ্বাৰকাক নিবো

খণ্ডাইবো মাৱৰ শোক।

মোহোৰ প্ৰসাদে     শাপ এৰাই আজি

ছয়ো পাইবে স্বৰ্গলোক।।৫৮৯।।

এহিসে কাৰণে     তোহ্মাৰ সভাক

আসি আছো দৈত্যপতি।

শুনি উঠি বলি    ছয়কো আগতে

যোগাইলা কৰি ভকতি।।

কৃষ্ণৰ চৰণ       দুই হাতে ধৰিয়া

শিৰত আছিল তুলি।

আজিসি সমস্ত     পাপ দূৰ ভৈল

জন্ম সাম্ফলিলো বুলি।।৫৯০।।

পাচে দৈত্যেন্দ্ৰক    আশ্বাস বুলিয়া

উৎসাহ আতি বঢ়াইলা।

ছয়ো ভাইক পাচে   ৰথত তুলিয়া

ত্বৰিতে দ্বাৰাকা পাইলা।।

দৈৱকী মাধৱ আগতে ছয়োকে

যোগাই ৰঙ্গে কৃষ্ণ ৰাম।

দিলো মৰা পুত্ৰ    বুলিয়া মাতৃক

কৰিলা দুয়ো প্ৰণাম।।৫৯১।।

..............

 

।।দুলড়ী।।

পাচে ছয়ো ছৱালক  নিৰেখি নিৰেখি চাই

চিনিলন্ত দৈৱকী নিশ্চয়।

মাৰিল পাতেকী কংসে   যিটো ছয়গুটি পোক

সেহি সৱে মোহোৰ তনয়।।

মহাস্নেহে স্ৰৱৈ স্তন   হৰিষিত তনু মন

এহি মোৰ প্ৰাণপুত্ৰ বুলি।

আথে বেথে ধৰি গলে   ভিজাইল নেত্ৰৰ জলে

সাৱটি ধৰিয়া বুকে তুলি।।৫৯২।।

ইগুটি থন্ত কতো    সিগুটিক লন্ত তুলি

উৎসুকে পিয়ান্ত কতো খীৰ।

লুণ্ডি ঘুণ্ডি মহাসুখে  কৰন্ত চুম্বন মুখে

ঘনে ঘনে ঘ্ৰাণে পুত্ৰশিৰ।।

কৌতুকৰ নাহি অন্ত    উৎসুকে নাচন্ত যেন

বিষ্ণুমায়া মুহিলেক চিত্ত।

দুনাই মৰা পুত্ৰ পাই   আনন্দৰ সীমা নাই

ভৈলন্ত দৈৱকী কৃতকৃত্য।।৫৯৩।।

একে দৈৱকীৰ স্তন  পৰম অমৃতময়

আৰো মাধৱৰ পিতা শেষ।

পৰম সন্তোষে তাক    ছয়ো কৰিলন্ত পান

দূৰ ভৈল পাতেক নিঃশেষ।।

কৃষ্ণ অঙ্গ পৰশনে   পাচে সিটো ছয়োজনে

ঘোৰ ব্ৰহ্ম শাপক তাড়িল।

নুহিকো মনুষ্য আমি    ছয়ো মৰীচিৰ পুত্ৰ

হৃদয়ত ইহাক স্মৰিল।।৫৯৪।।

সেহি সময়ত পাচে প্ৰকাশিয়া দশোদিশ

আসিল বিমান ছয়খণ্ড।

কৰৈ নৃত্য বিদ্যাধৰী   গাৱে গীত অপেশ্বৰী

বাৱে সুললিত বাদ্যভণ্ড।।

বসুদেৱ দৈৱকীক      ছয়ো প্ৰণামিয়ো পাচে

কৃষ্ণক নমিলা পাৱে পৰি।

বলোক প্ৰণাম কৰি    অনুমতি লৈয়া পাচে

লড়ি গৈল বিমানত চড়ি।।৫৯৫।।

ছয়গোট সূৰ্য্য যেন  প্ৰকাশি স্বৰ্গক যায়

চাই আছে লোক সমস্তয়।

দেখিয়া দৈৱকী সতী    মনত গুণন্ত ইটো

কিনো ভৈল মহা বিপৰ্যয়।।

আসিল মৃতক ছয়   তনয় দুনাই মোৰ

এখনে আছিল স্তন খায়া।

আহ্মাক প্ৰণামি পৰি   হেৰা স্বৰ্গে যায় লড়ি

বুজিলো কৃষ্ণৰ সৱে মায়া।।৫৯৬।।

কৈৰ পৰা আশে জীৱ   কাক বোলে পুত্ৰ জীউ

মায়া মোহ একোৱে নজানি।

এহি বুলি মহাসতী      পৰম বিস্ময় মতি

থাকিলন্ত কৃষ্ণৰ জননী।।

বোলন্ত উৎসুকে শুকে   শুনিলা নৃপতি তুমি

মহেশ্বৰ কৃষ্ণৰ মহিমা।

এবম্বিধ মাধৱৰ      অনন্ত চৰিত্ৰ আছে

কোনে কহি পাৱৈ তাৰ সীমা।।৫৯৭।।

কহে অনন্তৰে সূত     শুনিয়ো শৌনক মুনি

কৃষ্ণকথা শুনিবাৰ ফল।

বৰ্ণাইল ব্যাসৰ পুত্ৰ     কৃষ্ণৰ চৰিত্ৰ যত

জগতৰ হৰে পাপ মল।।

ইসি সুখময় নিজ     এহিসে মোক্ষৰ বীজ

ভকতৰ কৰ্ম্ম অলঙ্কাৰ।

কৃষ্ণত নিৱেদি চিত্ত    আক যিটো শুনে নিত

বৈকুণ্ঠে নিবাস হোৱে তাৰ।।৫৯৮।।

..............

 

।।দুলড়ী।।

শুনা সামাজিক     কৃষ্ণৰ চৰিত্ৰ

আসনত থাকি সুখে।

এহিসে পৰম      পুৰুষাৰ্থ জানি

শুনা মহন্তৰ মুখে।।

হৰি ভকতিৰ      পথত থাকিয়া

শুনৈ ভণৈ যিটো নৰ।

হৰৈ কলিমল      মিলৈ মহাবল

সংসাৰ তাপত তড়ে।।৫৯৯।।

নমো নমো হেৰা   মহশ্বৰ হৰি

মৰষা দোষ আহ্মাৰ।

হুয়া মহামূঢ়      তযু কথা গূঢ়

ৰচিলো আৰ পয়াৰ।।

তুমিসি পৰম      গুৰু হৃদীশ্বৰ

দিলা যেন মোক মতি।

তাতেসে আশ্ৰয়     কৰি কৃপাময়

কহিলো কথা সম্প্ৰতি।।৬০০।।

টাটেকীয়া যেন     জড় পুতলাক

যন্ত্ৰত তুলি নচাৱে।

তুমিসি চৈতন্য     বোলৱা বচন

প্ৰভু মোক সেহি ভাৱে।।

এতেকে তোহ্মাৰ        চৰণে শৰণ

পশিলো প্ৰভু উদ্ধাৰা।।

অদ্যাপিও মোক    মোহপাসে বান্ধি

মাধৱ বন্ধু নামাৰা।।৬০১।।

কত কোটি জন্ম    যাতনাত ভ্ৰমো

নেৰাইলো সংসাৰ তাপ।

হে কৃপাময়       মই অধমক

উদ্ধাৰা মাধৱ বাপ।।

তুমি সুহৃদৰ      পৰম আতমা

মহাগুৰু হৃষীকেশ।

চৰণত ধৰো      যেনমতে তড়ো

দিয়ো দেৱ উপদেশ।।৬০২।।

যৈতে তৈতে জন্ম   হৌক যদুনাথ

মোৰ নিজ কৰ্ম্মফলে।

তৈতে তৈতে মঞি     জানিবা ঈশ্বৰ

তোহ্মাক হৃদি কমলে।।

তোহ্মাতেসে ৰতি      কৰিবেক মতি

বচনে উচ্চৰি নাম।

কৃষ্ণৰ কঙ্কৰে       তেৱেসে নিস্তৰে

ডাকি বোলা ৰাম ৰাম।।৬০৩।।

................

 

।।ইতি কৃষ্ণৰ কুৰুক্ষেত্ৰ যাত্ৰা সম্পূৰ্ণ।।

।। শ্ৰীমদ্ভাগৱত।।

   ।।দশম স্কন্ধ।।

   ।।শেষ ভাগ।।

(সুভদ্ৰা হৰণ আদি)

।।শ্ৰীকৃষ্ণায় নমঃ।।

 

        ।।পদ।।

 

জয় জয় কৃষ্ণ ইষ্টদেৱ হৃদয়ৰ।

সদানন্দ মুকুন্দ মাধৱ গদাধৰ।।

বলভদ্ৰ ভাই যাৰ সুভদ্ৰা ভগিনী।

দৈৱকীতনয় কৃপাময় চক্ৰপাণি।।১।।

নমো নমো ঈশ্বৰ পৰম মূল গুৰু।

প্ৰণতপালক কামপূৰ কল্পতৰু।।

মহাপাপী নৰো তৰে স্মৰি যাৰ নাম।

হেন কৰুণাক কৰো পুনশ্চ প্ৰণাম।।২।।

পিতৃক মাতৃক প্ৰু দয়া মহাজ্ঞান।

মৃত ছয় পুত্ৰ আনি দিলা বিদ্যমান।।

ভক্ত অৰ্জ্জুনক আনি দিলা সুভদ্ৰাক।

ভক্তক দেখিতে পাচে গৈল মথুৰাক।।৩।।

ভক্তৰেসে অৰ্থে কৃষ্ণ ভৈলা উতপতি।।

এতেকে ভক্তৰ প্ৰীতি সাধন্ত মাধৱ।

শুনা চৰিত্ৰৰ যেন কথা মহোৎসৱ।।৪।।

মৃতক পুত্ৰক যেন দৈৱকী লভিলা।

সেহিমতে অৰ্জ্জুনেয়ো সুভদ্ৰাক পাইলা।।

দুৰ্য্যোধনে লভিবা ৰামৰ আছে ইচ্ছা।

কৃষ্ণৰ চেষ্টাত সিটো বাঞ্ছা ভৈল মিছা।।৫।।

ৰামে সমে বিষম মিলিল অৰ্জ্জুনৰ।

ইটো বৰ দুৰ্ঘট মানিল নৰেশ্বৰ।।

কৃতাঞ্জলি শুকত পুছন্ত পৰীক্ষিত।

কথা এক শুনিতে মোহোৰ আছে চিত।।৬।।

সুভদ্ৰ সুন্দৰী ৰাম কৃষ্ণৰ ভগিনী।

সৰ্ব্ব সুলক্ষিণী বসুদেৱৰ নন্দিনী।।

মোৰ পিতামহী যিটো ভৈল মহাশান্তী।

যেনমতে তাঙ্ক ধনঞ্জয়ে বিহাইলন্তি।।৭।।

ইটো কথা শুনিতে বিস্তৰ কৌতূহল।

কহিয়োক বাপ তাপ হৰোক সকল।।

সুভদ্ৰৰ চৰিত্ৰ শৰত ৰাত্ৰি প্ৰায়।

তাতে কৃষ্ণকথা চন্দ্ৰে অধিক সুহায়।।৮।।

শুক নিগদতি সাধুবুদ্ধি পৰীক্ষিত।

শুনা তযু পিতামহী দেৱীৰ চৰিত।।

কৃষ্ণৰেসে কৃপায়ে লভিলা ধনঞ্জয়।

সুভদ্ৰা সদৃশ কোন ৰমণী আছয়।।৯।।

দ্ৰৌপদীক যি কালে বিহাইলা পাঞ্চ ভাই।

পৰিচ্ছেদি নাৰদে বুলিলা বিধি চাই।

থাকিবন্ত সতী একো ভাইত একো মাস।

আনৰ পালত আনে নচাপিব পাশ।।১০।।

আনৰ পালত আনে যাইবে চাৱে যেৱে।

সম্বৎসৰ বনবাস আচৰিবে তেৱে।।

ঋষিবাক্য আদৰিয়া পাণ্ডু পুত্ৰচয়।

এহিমতে প্ৰৱৰ্ত্তয় বনবাস ভয়।।১১।।

ত্ৰৈলোক্যমোহিনী মহাসতী যাজ্ঞসেনী।

ৰূপ দেখি যাৰ মোহ হোৱে সুৰ মুনি।।

যুধিষ্ঠিৰ সমে সতী থাকি একমাস।

পাচে চলি যান্ত দেৱী ভীমৰ আৱাস।।১২।।

ভীম সঙ্গে সতী ৰঙ্গে থাকি একমাস।

পাচে একমাস থাকা অৰ্জ্জুনৰ পাশ।।

নকুলৰ সঙ্গে ৰঙ্গে থাকি একমাস।

পাচে গৈয়া থাকা দেৱী সহদেৱ পাশ।।১৩।।

এহি অনুক্ৰমে মাসে মাসে বঞ্চে বালা।

জ্যেষ্ঠ ভাই সমে থাকা সৌৰত কমলা।।

পাঞ্চভাই সমে সুখে প্ৰৱৰ্ত্তন্তে যান্ত।

আনৰ পালত আনে কটাক্ষে নছান্ত।।১৪

এহিমতে কতোকাল আছা ৰঙ্গমনে।

ব্ৰাহ্মণৰ গৰু হৰি নেই চোৰগণে।।

প্ৰজা পালনেসে ক্ষত্ৰিয়ৰ ধৰ্ম্ম নিষ্ঠ।

বিশষেত বিপ্ৰ আদি সৱাতো গৰিষ্ঠ।।১৫।।

বিপ্ৰৰ কাৰুণ্য শুনি নসহে হৃদয়।

শৰ বাণ আনিবাক গৈলা ধনঞ্জয়।।

যুধিষ্ঠিৰ সমে যথা দ্ৰৌপদী আছন্ত।

সেহি গৃহে মহাবীৰ প্ৰৱেশ ভৈলন্ত।।১৬।।

দেখিলন্ত ক্ৰীড়া কৰি আছন্ত দ্ৰৌপদী।

ধনু বাণ লৈয়া বাজ ভৈলা চকু মুদি।।

খেদি গৈয়া টঙ্কাৰ কৰিলা ধনু ভিৰি।

পলাইলেক চোৰ ব্ৰাহ্মণৰ গৰু এৰি।।১৭।।

লভিলন্ত গৰু বিপ্ৰ বীৰৰ প্ৰসাদে।।

অৰ্জ্জুনক আশংসি তুষিলা আশীৰ্ব্বাদে।।

পাচে আসি বীৰে আউৰ ঘৰে নপশিলা।

বনবাসে চলো বুলি নৃপে জান দিলা।।১৮।।

দেখিলো দ্ৰৌপদী জ্যেষ্ঠ ভাইৰ সঙ্গে যাই।

কৰো তীৰ্থযাত্ৰা হেৰা কৰিলো বিদায়।।

নাৰদৰ বেদবাক্য বাধিবাক মনে।

শুনি যুধিষ্ঠিৰ খেদি আসিলা তেখনে।।১৯।।

বুলিলো প্ৰবোধ বাক এৰা অসন্তোষ।

জ্যেষ্ঠ ভাইৰ সঙ্গে দেখিলাত নাই দোষ।।

আনো বন্ধু বান্ধৱ মহন্ত মিত্ৰগণে।

নাহি দোষ বুলি বুজাইলন্ত ঘনে ঘনে।।২০।।

তথাপি অৰ্জ্জুনে তীৰ্থ কৰিবাক মনে।

সৱাতে বিদায় কৰি লড়িলা তেখনে।।

তেজিলন্ত দিব্য বস্ত্ৰ দিব্য অলঙ্কাৰ

লৈলা দণ্ড কমণ্ডলু যাত্ৰাৰ বেহাৰ।।২১।।

কানি কণ্ঠা খন্তা ঘোকণ্ডা মৃগচৰ্ম্ম।

সেহি দিনে ধৰিলন্ত ব্ৰহ্মচৰ্য্য ধৰ্ম্ম।।

কান্দন্ত দ্ৰৌপদী অৰ্জ্জুনৰ মুখ চাই।

মোহোৰেষে দোষ প্ৰভু বনবাসে যায়।।২২।।

কিমতে সহিবা ঘোৰ বনবাস দুখ।

লাৱণ্য ললিত তনু পূৰ্ণচন্দ্ৰ মুখ।।

পায়স পিষ্টকে যিটো ভুঞ্জি পঞ্চামৃত।

যিটো প্ৰভু শোৱৈ হংস বিচিত্ৰ তুলীত।।২৩।।

আৱে তৃণশৰ্য্যা পাৰি কৰিব শয়ন।

ফল মূল জল মাত্ৰ কৰিবা ভোজন।।

প্ৰবোধিলা অৰ্জ্জুনে নাকান্দা বৰনাৰী।

অপ্ৰয়াসে পাইবো মঞি তীৰ্থযাত্ৰা কৰি।।২৪।।

কৃষ্ণৰ প্ৰসাদে সতী তযু আশীৰ্ব্বাদে।

আসিবো কল্যাণে সতী নপাইব প্ৰমাদে।।

দীপ ঘট পাতি দ্বপ কৰাইলা মঙ্গল।

ব্ৰাহ্মণক মহাদান কৰাইলা সকল।।২৫।।

ইষ্টদেৱ কৃষ্ণৰ চিন্তিয়া পদ দুই।

কুন্তীৰ চৰণ প্ৰণামিলা শিৰে চুই।।

বিপ্ৰ ধৰ্ম্মৰাজ আৰো ভীমক নমিলা।

সহদেৱ নকুলকো ধৰি আলিঙ্গিলা।।২৬।।

হৰিষে উজ্জল মুখ কৃষ্ণ কৃষ্ণ ৰড়ি।

কৰিলন্ত যাত্ৰা প্ৰভাসৰ দিশ ধৰি।।

জয় জয় কৃষ্ণ ইষ্টদেৱ জনাৰ্দ্দন।

সুমৰন্তে চলন্ত শঙ্কৰ সনাতন।।২৭।।

বন্ধুগণে চাহি থাকিলন্ত অসন্তোষে।

জয় জয় দেৱবাদ্য মিলিল আশেষে।।

লৈলন্ত অৰ্জ্জুনে বিষ্ণুভকতৰ সঙ্গ।

কৃষ্ণগুণ গীত শুনি মিলে মহাৰঙ্গ।।২৮।।

ৰাত্ৰি নিদ্ৰা এৰি হৰিকথা থাকা সুখে।

নিপীড়ৈ প্ৰয়াস ক্ষুধা তৃষ্ণা একো দুখে।।

যত মহাতীৰ্থ ক্ষেত্ৰ পৱিত্ৰ প্ৰধান।

বিধিৱতে সৱাতো কৰন্ত স্নান দান।।২৯।।

হৰিৰ প্ৰসাদে দৌল স্থানে স্থানে জ্বলে।

উপৰত ছত্ৰ চিৰল তাত হালে।।

বিষ্ণুক মনত পৰৈ যাক দৰশনে।

পশি জগমোহন হৰিক চান্ত ঘনে।।৩০।।

তীৰ্থকো পৱিত্ৰ কৰি ফুৰা ধনঞ্জয়।

অনেক বৈষ্ণৱ বিপ্ৰ লগত ফুৰয়।।

চিত্ৰাঙ্গদা নামে এক দিব্য বৰনাৰী।

পিতৃশাপে গ্ৰাহী হুয়া আছে বনে পৰি।।৩১।।

অৰ্জ্জুনৰ দৰশনে শাপক এৰাইলা।

দিব্য কন্যা জানি তাঙ্ক অৰ্জ্জুনে বিহাইলা।।

যাৰ গৰ্ভে ভৈলৈ বব্ৰুবাহ নামে ৰাজা।

মণিপুৰ নগৰত পালৈ যিটো প্ৰজা।।৩২।।

অনন্তৰ নন্দিনী উলুপী ৰূপৱতী।

তাকো সেহিকালে বিহাইলন্ত মহামতি।।

অনন্তৰে ফুৰ আসি প্ৰভাসক পাইলা।

সুভদ্ৰাৰ কথা যৈত নাৰদে কহিলা।।৩৩।।

দুৰ্য্যোধন ৰাজাক দিবাক খোজে ৰাম।

সত্বৰে চলিয়ো যেৱে তান্ত আছে কাম।।

তোমাকেসে লাগি সুভদ্ৰাৰ মনতোষ।

কৰিয়োক বিহা মঞি বোলো নাই দোশ।।৩৪।।

বসুদেৱ দৈৱকী কৃষ্ণৰ জানো মন।

তোমাকেসে দিৱে লাগি সৱাৰে যতন।।

হেন শুনি অৰ্জ্জুনৰ উল্লাসত মন।

নামিলা ঋষিক শিৰে পৰশি চৰণ।।৩৫।।

তযু আশীৰ্ব্বাদে গুৰু পাঞো সুভদ্ৰাক।

এহি বুলি অৰ্জ্জুনে চলিলা দ্বাৰকাক।।

গুণন্ত অৰ্জ্জুনে আপোনাৰ নিজ মনে।

মোক পাইলে আনক নেদিব নাৰায়ণ।।৩৬।।

কুন্তী আইৰ ভাই বসুদেৱ মহাজ্ঞানী।

সম্বন্ধত মমা মোৰ সৰ্ব্বলোকে জানি।।

তাহাৰ নন্দিনী ভৈলে মোহোৰ ভগিনী।

কোন লাজে যাই মই খুজিবো আপুনি।।৩৭।।

মোহোৰ পৰম বৈৰ ৰাজা দুৰ্য্যোধন।

তাহাক দিবাক শুনি দহে মোৰ মন।।

ৰামৰো প্ৰতজ্ঞা ভঙ্গ হোৱে যদি আতি।

হৰিবো সুভদ্ৰা মাধৱৰ অনুমতি।।৩৮।।

দেৱ ঋষি মোক কৰি আছৈ আশীৰ্ব্বাদ।

কৃষ্ণৰ প্ৰসাদে কোনে দিবে পাৰে বাদ।।

পাঞ্চোভাই বিৱাহ কৰি আছো একে নাৰী।

ইটো কোন অল্পদোষ মমাৰ জীয়াৰী।।৩৯।।

ধৰ্ম্মাধৰ্ম্ম ভেদ যত সকলে অজ্ঞান।

মহা মহন্তেসে জানৈ ইয়াৰ প্ৰমাণ।।

বিষ্ণুতেসে হন্তে হোৱৈ সকলে জগত।

বিষ্ণুয়েসে পিতামাতা কুল গোত্ৰ যত।।৪০।।

এতেকে বৈষ্ণৱে দেই যেন অনুমতি।

আমি সামান্যৰ সেই কৰিতে যুগুতি।।

যেৱে কি আছন্ত দোষ তেৱে কি নাৰদে।

মোক পঠাই দেন্ত এথা সুভদ্ৰাৰ পদে।।৪১।।

আৰো অনুমান কৰি যাঞো দ্বাৰকাক।

যেৱে নিষ্ঠে দোষ কৃষ্ণে বাধিবে আহ্মাক।।

যদি দোষ হোৱৈ তভো প্ৰভু নাৰায়ণ।

মঞি তান ভৃত্য তভো ৰাখিবা আপুন।।৪২।।

সমস্ত পাপৰ প্ৰায়শ্চিত্ত তাৰ নাম।

অৱশ্যে সাধিবা ভকতৰ মনকাম।।

এহি চিন্তি অৰ্জ্জুনে কৃষ্ণত গহ কৰি।

শীঘ্ৰে বেগে পাইলা যাই যাদৱ নগৰী।।৪৩।।

বাৰিষাৰ চাৰিমাস বঞ্চিবাৰ ছলে।

দ্বাৰকাত নিবাস কৰিলা কুতীহলে।।

আছে দিব্য উপবন মণ্ডপ আৰাম।

পৰদেশী যতীসৱে কৰন্ত বিশ্ৰাম।।৪৪।।

সাক্ষাতে বৈকুণ্ঠে যেন কৃষ্ণৰ নগৰ।

পৰম কৃপালু তাত বসৈ যত নৰ।।

অভ্যাগত পাইলে পূজে বিষ্ণুবুদ্ধি কৰি।

বৈষ্ণৱ দেখিলে ভজৈ আতি ভক্তি কৰি।।৪৫।।

অৰ্জ্জুনক দেখি সৱে পূৰবাসী জনে।

কৃষ্ণসখি বুলি প্ৰেমে অৰ্চ্চন্ত চৰণে।।

ফুৰা তীৰ্থযাত্ৰা কৰি শিৰে জটাভাৰ।

কৰে দণ্ড কমণ্ডলু যাত্ৰাৰ আচাৰ।।৪৬।।

নিমন্ত্ৰণ কৰি ঘৰে ঘৰে যদুগণে।

কৰাৱে ভোজন ভক্তি কৰি ৰঙ্গমনে।।

একে তীৰ্থযাত্ৰী আৰো সম্বন্ধ বান্ধৱ।

আৰো চতুৰ্ম্মাস অভ্যাগত অভিনৱ।।৪৭।।

কৃষ্ণো আসি খনো নেন্ত নিমন্ত্ৰণ কৰি।

সখি বুলি আলিঙ্গিয়া ধৰন্ত সাদৰি।।

তীৰ্থৰ ক্ষেত্ৰৰ কথা পুছন্ত উৎসৱে

খনো পৰিহাস কৰি মাতন্ত মাধৱে।।৪৮।।

কেনে ঊত কষ্ট হেন ব্ৰত কৰা সখি।

হাসি উঠে তোহ্মাৰ ধৰ্ম্মৰ মৰ্ম্ম দেখি।।

একে দ্ৰৌপদীৰ দেখা ভৈল পঞ্চভাগ।

এতেকে তোহ্মাৰ ভৈল মৰ্কট বৈৰাগ্য।।৪৯।।

ভৈলা ব্ৰহ্মচাৰী যেৱে আসিলা বনক।

চিত্ৰাঙ্গদা উলুপীক বিহাইলা কিসক।।

বিড়ালীও ব্ৰত কৰে মৎস্যক নাপাই।

মোৰ ধনঞ্জয় সখি ভৈলা সেহি প্ৰায়।।৫০।।

তপসীৰ বেশে আসি আছা যদুপুৰী।

নাজানো কাহাৰ কন্যা নিয়া চুৰ কৰি।।

জানা আমি কিছো নকৰিব মিত্ৰ বুলি।

এহি বুলি ঘৰে ঘৰে ফুৰা হালি জালি।।৫১।।

সৱাৰো চিত্তক দেখা দেৱ মহেশ্বৰ।

আনো পৰিহাস বাণী বুলিলা বিস্তৰ।।

হেন শুনি অৰ্জ্জুনে হাসিলা মুচুকাই।

তুমি বিনে মোৰ গহ আছে কোন ঠাই।।৫২।।

এহিমতে কৃষ্ণে মাতি নি ঘনে ঘনে।

কৰান্ত ভোজন মহাস্নেহে অন্নপানে।।

থাকন্ত অৰ্জ্জুন আসি বৈষ্ণৱৰ সঙ্গে।

গোৱিন্দৰ গুণ গীত শুনি মহাৰঙ্গে।।৫৩।।

সুভদ্ৰাৰ বদন দেখিবো কেতিক্ষণে।

নিশি নিদ্ৰা নাসৈ চিন্তি থাকন্ত অৰ্জ্জুনে।।

হৰিবো সুভদ্ৰা হেন মনে দৃঢ় কৰি।

কতো দিন আছা বীৰ কৃষ্ণৰ নগৰী।।৫৪।।

বলভদ্ৰে মাত্ৰ নজানন্ত তঙ্ক কৰি।

মোহোৰ ভগিনী ধনঞ্জয়ে নিবা হৰি।।

বসুদেৱ দৈৱকীও জানি আছা মনে।

ছল পাইলে সুভদ্ৰাক হৰিবা অৰ্জ্জুনে।।৫৫।।

একদিনা বলভদ্ৰে কৰি নিমন্ত্ৰণ।

অৰ্জ্জুনক গৃহে নিলা কৰাইতে ভোজন।।

ৰামকেসে বঞ্চিতে ত্ৰিদণ্ডী বেশ ধৰি।

আসিলা অৰ্জ্জুন তাক জানি আছা হৰি।।৫৬।।

বলভদ্ৰে মহানন্দে ৰন্ধাইলন্ত অন্ন।

পিষ্টক মোদক নানাবধ সুশোভন।।

বলদেৱ অৰ্জ্জুনে বসিলা একে সঙ্গে।

দিব্য অন্ন পান ভুঞ্জি আছা মহাৰঙ্গে।।৫৭।।

সেহি বেলা সুভদ্ৰাক দেখিলা অৰ্জ্জুনে।

তান সম সুন্দৰী নাহিকে একো স্থানে।।

ফটিকৰ স্তম্ভত আৱজি বৰনাৰী।

অৰ্জ্জুনক কটাক্ষে চাহন্ত হাস্য কৰি।।৫৮।।

শুনা নৰনাৰী হৰিচৰিত্ৰ বিচিত্ৰ।

শ্ৰৱণ মাত্ৰকে কৰে পাপীক পৱিত্ৰ।।

ভকতৰ প্ৰিয়দেৱ দৈৱকীতনয়।

তাহান চৰণ দুই সৱাৰো আশ্ৰয়।।৫৯।।

নিজবন্ধু নিচিনি আনক বন্ধু মানা।

যায় জন্ম চিন্তামণি মনত নুগুণা।।

কোন দোষে ভাগৱত শাস্ত্ৰক নুশুনা।

কোন পণ্ডিতৰ বুদ্ধি কৃষ্ণক নমানা।।৬০।।

বুলিবা বিষ্ণুক মনে স্মৰো নিত্যাগত।

কেনে বাঞ্ছা নাই কৃষ্ণকথা অমৃতত।।

কৃষ্ণকথা শুনা তেজা আন বিষয়ক।

ইটো কলিযুগত তড়িবে যেৱে লোক।।৬১।।

নুশুনয় কৃষ্ণকথা নচাপয় পাশ।

কৃষ্ণনামে তাড়িবেক নকৰে বিশ্বাস।।

বিষয় বিষত মাত্ৰ আছে নিৰন্তৰ।

দণ্ডেকো নলোৱা কৃষ্ণকথা অৱজৰ।।৬২।।

হৰি হৰি আমিয়ো মৰিলো তযু সঙ্গে।

কহিবে নপাঞো হৰিকথা মনৰঙ্গে।।

অমৃতকো খান্তা নাই কিনো ভৈল মূঢ়।

হৰিকথা বিনে কিসে চিত্ত কৰৈ জুৰ।।৬৩।।

নমো নমো পৰম পুৰুষ কৃষ্ণদেৱ।

তোহ্মাৰ চৰণ ছাড়ি গতি নাহি কেৱ।।

মই মহা মোহগ্ৰস্ত স্বস্থ নাহি মনে।

কৃপাজৰী বান্ধি মোক ৰাখিয়ো চৰণে।।৬৪।।

শুনা সাধুজন জানা জীৱন নিষ্কাম।

গুচোক পাতেক নিৰন্তৰে বোলা ৰাম।।৬৫।।

..................

।।দুলড়ী।।

 

সুভদ্ৰাৰ মুখ      দেখি অৰ্জ্জুনৰ

স্তব্ধ বৈলা দুই আকি।

যেন পূৰ্ণচন্দ্ৰ      দেখিয়া চকোৰ

অমৃত পিৱৈ নিৰেখি।।

অমৃত মোদক     পিষ্টক স্বাদৰ

পাসৰিলা বীৰে তাক।

বলোক শঙ্কায়ে     লাজে নম্ৰকায়ে

চান্ত মাত্ৰ সুভদ্ৰাক।।৬৬

দৈৱকীৰ সূতা     আতি অনিন্দিতা

কৃষ্ণৰ প্ৰিয় ভগিনী।

তান ৰূপ দেখি    নিজ ধৰ্ম্ম ৰাখি

থিৰ হৈৱ কোন মুনি।।

কনক কমল      যেন নিৰমল

মুখ জ্বলৈ সুভদ্ৰাৰ।

অঙ্গে দিব্যবাস     কৰি আছৈ লাস

যত ৰত্ন অলঙ্কাৰ।।৬৭।।

কেশচয় তুলি      বান্ধিছা কবৰী

পাৰিজাত আতি ৰঞ্জে।

চতুষ্পাশে ফুলি     গুঞ্জৰে ভ্ৰমৰি

পৰি পুষ্পমধু ভুঞ্জে।।

মধ্যক্ষিণী বালা     পিন্ধিছা মেখলা

ৰত্নসূত্ৰে গাণ্ঠি তুলি।

নমনি উদৰ      হৃদয় সুন্দৰ

উদৰে নীল কাঞ্চুলি।।৬৮।।

তাতে আৰ হুই    আছৈ কুচ দুই

কুঙ্কুমে কামে ৰঞ্জিত।

যেন মেধ ফুটি    চন্দ্ৰ দুই গুটি

হৈবেক চাহে উদিত।।

মুকুতাৰ হাৰ      উপৰত তাৰ

কৰ্ণত দিব্য কুণ্ডল।

অৰুণ অধৰ      পূৰ্ণ সুধাকৰ

প্ৰকাশ মুখমণ্ডল।.৬৯।।

নয়ন যুগল       কাজলে উজ্জ্বল

অৰ্জ্জুনক চা্নত ঘনে।

অল্প কৰি হাসি    অমৃত বৰিষি

ঢাকন্ত মুখ বসনে।।

ভ্ৰৱযুগ ধনু  মদনৰো তনু

ভেদয় কটাক্ষ বাণে।

দেখি ধনঞ্জয় আকুল হৃদয়

চাহি আছা একমনে।।৭০।।

চৰণ কমল  ৰঙ্গে মহীতল

ফুৰা লীলা গতি কৰি।

নূপুৰৰ ধ্বনি শুনি ৰিণি ঝিনি

ৰূপে যেনি বিদ্যাধৰী।।

অৰ্জ্জুনৰ মহা      ৰূপ গুণ দেখি

সুভদ্ৰায়ো মোহ ভৈলা।

সৰ্ব্বাঙ্গে সুন্দৰ   দুতি পুৰন্দৰ

জানন্ত চৌষষ্টি কলা।।৭১।।

কৃষ্ণৰ সদৃশ  শ্যাম কলেৱৰ

নয়ন ৰম্য কমল।

বিপুল বহল  চাৰু বক্ষস্থল

প্ৰবল ভুজ যুগল।।

বনবাস ক্লেশে     হিমে ঢাকি আছে

বদন চন্দ্ৰমণ্ডল।

কামিনীমোহন      পুৰুষ শোভন

সকলে গুণে মণ্ডল।।৭২।।

সম্বন্ধত ভাই আৰো কৃষ্ণ সখি

গুণে ৰূপে আতি সন্ত।

ইটো পুৰুষক  কত ভাগ্যে পাঞো

সুভদ্ৰা মনে গুণন্ত।।

ইহানে আহ্মাক     বাঞ্ছা আছৈ বৰ

বুজি আছো অভিপ্ৰায়।

ভোজনক এৰি   এক দৃষ্টি কৰি

মোৰ দৃষ্টি আছা চাই।।৭৩।।

মোহোৰ জীৱন     সাফল ইহাঙ্ক

পাঞো যেৱে স্বামী কৰি।

যেৱে এহি বীৰ    পুৰুষ হোৱন্ত

অৱশ্যে নিবন্ত হৰি।।

দাদা বলভদ্ৰে      মোক দিবে চান্ত

দুৰ্য্যোধন নৃপতিত।

এহি মহাসিংহ      সি পুনু শৃগাল

নবৰিবো কদাচিত।।৭৪।।

দাদা কৃষ্ণ ভাই    ইহান সহায়

ৰামকো নকৰো ডৰ।

পিতৃত মাতৃত     জনাই থঞো আগে

অৰ্জ্জুনেসে মোৰ বৰ।।

এহি মনে গুণি     কৃষ্ণৰ ভগিনী

ভৈলা আতি প্ৰেমভাৱ।

অৰ্জ্জুনক দেখি     চাহিছা নিৰেধি

প্ৰেমে পুলকিত গাৱ।।৭৫।।

লাজে অল্প হাসি    কটাক্ষে নিৰীক্ষি

মাতিবাক যেন চান্ত।

বলোক শঙ্কায়   লাজে নম্ৰকায়

মনে স্বামী বৰিলন্ত।।

সুভদ্ৰাৰ ভাৱ   দেখি ধনঞ্জয়

জানিলা বৰিলা সতী।

নয়ন কমল       আনন্দে উজ্জ্বল

প্ৰফুল্লিত ভৈল আতি।।৭৬।।

..........

।।ছবি।।

সুভদ্ৰাৰ চিত্ত নেত্ৰ   অৰ্জ্জুনত প্ৰৱেশিলা

টানিলেও নযায় আন ভিতি।

অৰ্জ্জুনৰো তনু মন   কামে ভৈল বিমোহিত

ধৈৰ্য্য ধৰি ৰাখিলন্ত মতি।।

ভোজনৰ অৱসানে   ভলভদ্ৰে আদৰিয়া

পঠাই দিলা চলিলা বাসাক।

সুখে নিদ্ৰা নাসৈ মানে   চিন্তি থাকা ৰাত্ৰি দিনে

কেতিয়া লভিবো সুভদ্ৰাক।।৭৭।।

বলৱন্ত কামজ্বৰে    চিত্তক আকুল কৰে

মনত নিমিলৈ একো সুখ।

কেতিক্ষণে ছিদ্ৰ পাইবে   সুভদ্ৰাক হৰি নিবো

এহি চিন্তি ভৈল মহাদুখ।।

মাধৱত দিলা জান  সখি মোৰ ৰাখা প্ৰাণ

ভৈলো বাউল সুভদ্ৰাক দেখি

কামাতুৰ পুৰুষৰ    জানা নাই লাজ ডৰ

জানি মোক তাঙ্ক দিয়া সখি।।৭৮।।

নেদিলেও নিবো হৰি বুলিলো নিশ্চয় কৰি

শুনি হাসি বুলিলা মুৰাৰি।

আকো লাগি ব্ৰহ্মচাৰী   আসি আছা বেশ ধৰি

মঞি জানি আছো আগধৰি।।

বসুদেৱ দৈৱকীত    মনে মনে নিৱেদিল

অৰ্জ্জুনে খোজন্ত সুভদ্ৰাক।

ৰঙ্গমনে দুয়োজনে   বুলিলন্ত নেন্ত হৰি

ৰামে যেন নজানন্ত তাক।।৭৯।।

সৱাৰো সন্মতি পাই হৰিবাক ছিদ্ৰ চাই

কতোদিন আছা সব্যসাচী।

অনন্তৰে দেৱযাত্ৰা   কৌতুকে মিলিলা আসি

প্ৰজাসৱ বাজ ভৈলা কাচি।।

দ্বাৰকাৰ পূৰ্ব্বপাসে   ঈশ্বৰৰ দৌল আছে

আছন্ত প্ৰতিমাৰূপে হৰি।

চন্দ্ৰভাগা নামে দুৰ্গা  শঙ্কৰে সহিতে আছা

যাত বৰ পাৱ পূজা কৰি।।৮০।।

তাহানে উৎসৱ যাত্ৰা প্ৰতি মাসে মিলে আসি

মহাৰঙ্গে চাৱে নৰ নাৰী।

নৃত্য গীত বাদ্য ভণ্ড   তুলি ছত্ৰ গাউল দণ্ড

ৰথে গজে চলে শাৰী শাৰী।।

হৰিৰ কীৰ্ত্তন ধ্বনি    কৰে কৰতালি বাই

সন্ন্যাসী বৈষ্ণৱ যোগীগণে।

মিলে মহা প্ৰেমভাৱ    আনন্দে শিহৰে গাৱে

ফাল্গু গুণ্ডি সিঞ্চৰি সঘনে।।৮১।।

অনেক চামৰ ধৰি  উপৰক ডেৱ পাৰি

কৰে প্ৰজা জয় কৃষ্ণ ধ্বনি।

আছোক মনুষ্যে তাক   স্বৰ্গৰো দেৱতা লোকে

হৰিষে চাহন্ত ৰাত্ৰি দিনি।।

হেম মহামহোৎসৱে  দেৱযাত্ৰা চাহিবাক

দৈৱকী ৰুক্মিণী মুখ্য কৰি।

সমস্তে সুন্দৰী নাৰী  অলঙ্কাৰে লাস কৰি

গৃহৰ বজাইলা শাৰী শাৰী।।৮২।।

সুভদ্ৰায়ো সাজি পাৰি     দিব্য বিমান চড়ি

দুৰ্গম গড়ল ভৈল বাজ।

সৱাৰো মধ্যত শান্তি   প্ৰকাশন্ত যেন আতি

পূৰ্ণচন্দ্ৰ তাৰাগণ মাজ।।

দুয়োপাশে বাৰু ধৰি  অনেক পদাতি চলে

হয় হস্তী ৰথে জাকে জাক।

সুভদ্ৰায়ো বাজ ভৈল ধনঞ্জয়ো বাৰ্ত্তা পাইলা

সাজ ভৈলা কন্যা হৰিবাক।।৮৩।।

দিব্য এক বিমানত    চলিলন্ত কুন্তীসুত

আৰ কৰি থৈল ধনু বাণ।

আপুনিয়ো ৰথ বাই    শীঘ্ৰে পশিলন্ত যাই

সুভদ্ৰা চলন্ত যেহি থান।।

ধনুক টঙ্কাৰি আগে    সৈন্য ডকাই সেহি ছেগে

সিংহ যেন চাব দিলা যাই।

সুভদ্ৰাক হাতে ধৰি   আপুন ৰথত তুলি

পলাইবে লাগিলা ৰথ বাই।।৮৪।।

দেখি যদুবীৰগণে    হেৰা কন্যা নেই বুলি

অৰ্জ্জুনক খেদে পাচে পাচে।।

দেখা কেনে ব্ৰহ্মঠগ     চুম্পি যেন আছে বক

মৎস্য ধৰিবাক নদী কাছ।

নিলাজ অৰ্জ্জুন বৰ     আজিসে জানিলো দৃঢ়

আউৰ আত নকৰো সঞ্জাত।

আহ্মাৰ ভগিনী হৰি    নে ইটো কেন কৰি

আকে সখি বোলে জগন্নাথ।।৮৫।।

এহিমতে নিন্দাবাণী     বুলি যদুবীৰগণে

খেদি    যায় ধৰ মাৰ কৰি।

পিতৃ মাতৃ মাধৱৰ     অনুমতি পায়া বীৰ

পলাই যান্ত সুভদ্ৰাক হৰি।।

সিংহে যেন নিজভাগ      হৰি নিলে তাৰ লাগ

ধৰিবাক পাৰে কোন মৃগে।
যদুগণে নপাই লাগ    কৰৈ মাত্ৰ আৰ্ত্তৰাৱ

ধনঞ্জয়ো যা্নত বায়ুবেগে।।৮৬।।

..............

 

।।দুলড়ী।।

শুনা সভাসদ      দশম স্কন্ধৰ

ভাগৱত গূঢ় কথা।

ভকতৰ হিত      কৃষ্ণৰ চৰিত

সুভদ্ৰা হৰণ তথা।।

ভাৰতৰ কথা     কিছো কিছো এথা

গাণ্ঠিলা বিচিত্ৰ কৰি।

গঙ্গা যমুনাৰ    জল যেন তুলি

থৈলো একে ঘটে ভৰি।।৮৭।।

শুনিবা ভণিবা    মনক দঢ়াইবা

ভকতৰো কৃষ্ণ ইষ্ট।

কৃষ্ণভক্তি এৰি    যত কৰ্ম্ম কৰি

এহিসে বৰ অনিষ্ট।।

ভকতিসে জানা     কৰ্ম্মৰ বাসনা

খণ্ড খণ্ড কৰে কাটি।

এতেক যতনে      কৃষ্ণৰ চৰণে

শৰণ কৰিয়ো ডাটি।।৮৮।।

বিষয়ৰ গৰ্ব্ব      তেজিয়োক সৰ্ব্ব

তিলেক মিলিবে কাল।

কৃষ্ণৰ কথাত   পাতিয়া সঞ্জাত

মিছা কৰা আল জাল।।

নমো নমো কৃষ্ণ    মঞি পাপিষ্ঠৰ

গুচায়ো কষ্ট ব্যাপাৰ।

ভকতৰ সঙ্গ  মিলায়োক ৰঙ্গ

কৃষ্ণকথা অৱতাৰ।।৮৯।।

পতিত পাতকী     নাৰকীয়ো তৰে

তান নাম গুণ গাই।

হেন কৃপাময়      তোহ্মাক ভজিলো

তাড়িবে মোক যুৱাই।।

শুনা সাধুজন      অথিৰ জীৱন

হৰিকথা অবিশ্ৰাম।।

অনন্ত কন্দলি    কহে কৃষ্ণগতি

ডাকি বোলা ৰাম ৰাম।।৯০।।

.............

 

                     ।।পদ।।

অৰ্জ্জুনে নিলন্ত যেৱে সুভদ্ৰাক হৰি।

বলভদ্ৰে শুনি ক্ৰোধিলন্ত আতি কৰি।।

পাৰ্শ্বত লাগিয়া যেন বাঢ়িল সাগৰ।

ভ্ৰূকুটি কুটিল মুখ দেখি লাগে ডৰ।।৯১।।

ঘৰে ঘৰে পাণ্ডৱ পাষণ্ড কিনো ভৈলি।

জাতি ধৰ্ম্ম কুল গোত্ৰ সমস্তে তেজিলি।।

একে দ্ৰৌপদীক কৰি আছে পাঞ্চ ভাগ।

যেন একে ছাগলীত ৰমৈ পাঞ্চ ছাগ।।৯২।।

এতেকে পাতকী তই কিছো নবাচস।

সোদৰ মমাৰ জীউ ভগিনী হৰস।।

আহ্মাৰ খিলিঙ্কাৰ বৰ আনিলি পাপিষ্ঠ।

কাটিলেও তোক দোষ নাই নিষ্টে নিষ্ট।।৯৩।।

সাজ যদুগণে ঝাণ্টে কন্যা আনো কাঢ়ি।

ৰাখো নিজ প্ৰতিজ্ঞা অৰ্জ্জুনক আজি মাৰি।।

নসহে শৰীৰ মোৰ দয়াৰ ভগিনী।

দুৰ্য্যোধন নৃপতিক দেঞো মাতি আনি।।৯৪।।

সঞি হাতে পিতৃয়ো কৰন্তো কন্যাদান।

হৰি নিয়া বিহা যিটো ৰাক্ষস বিধান।।

শুনিলে হাসিবে পৃথিৱীৰ ৰাজাগনে।

কৃষ্ণৰ ভগিনী হৰি নিলেক অৰ্জ্জুনে।।৯৫।।

গুচাও দুৰ্যশ বৰ যাদৱ বংশৰ।

ভাঙ্গো গৰ্ব্ব ধ্বজ বাজী বিজয় নামৰ।।

এহি বুলি বলভদ্ৰ বীৰ মহাবল।

ধৰিলন্ত দুয়ো হাতে লাঙ্গল মূষল।।৯৬।।

কামুৰিয়া দান্ত অৰ্জ্জুনক খেদি যান্ত।

এহি বাৰ্ত্তা ভগৱন্ত দেৱে শুনিলন্ত।।

ভকতৰ অৰ্থে আথে বেথে নাৰায়ণে।

ধৰিলন্ত যাই জ্যেষ্ঠ ভাইৰ চৰণে।।৯৭।।

মধুৰ কোমল বাণী বদতি মুৰাৰি।

ক্ষমিয়োক প্ৰাণ দাদা বোলো কাত্ৰ কৰি।।

তোমাৰেসে পালনীয় পাণ্ডৱসকল

যেন ভৈল ভৈল সিটো বিধাতাৰ বল।।৯৮।।

যাৰ ভাৰ্যা সেহি পাৱৈ বাধিত নপাৰি।

সুভদ্ৰাক স্ৰজি আছে তানে ভাৰ্য্যা কৰি।।

অৰ্জ্জুনে কি নজানন্ত তথাপি নেন্ত হৰি।

ঈশ্বৰৰ ইচ্ছা বাধিবাক কোনে পাৰি।।৯৯।।

যি বোলা সম্বন্ধ লাগে সিয়ো সৱে মায়া।

কোন পিতৃ মাতৃ কাৰ কোন নিজ জায়া।।

অনন্ত শকতি ব্ৰহ্ম জানাহা আপুনি।

আপোনাক অন্যত্ৰ স্বপ্নতত দেখি যেনি।।১০০।।

যি বোলাহা দুৰ্য্যোধন ৰাজাক দিবাক।

কৰি আছো অঙ্গীকাৰ শুনা কহো তাক।।

পৰম দুৰ্জ্জন অল্পবীৰ্য্য অহঙ্কাৰী।

একোগুণে শ্ৰেষ্ঠ নোহে অৰ্জ্জুনত কৰি।।১০১।

জানা সুভদ্ৰাৰ বাঞ্চা নাহি তাক মনে।

এতেকেসে ভাল বৈল নিলন্ত অৰ্জ্জুনে।।

কিবা অবিদিত আছে কহিবো তোহ্মাত।

নৰনাৰায়ণ ৰূপে দুয়ো ভৈলো জাত।।১০২।।

অৰ্জ্জুনতো নৰ ৰূপ মঞি নাৰায়ণ।

তুমিতো অনন্ত দাদা সহস্ৰবদন।।

হৰিবাক লাগি পৃথিৱীৰ মহাভাৰ।

একে মঞি তিনি ৰূপে ভৈলো অৱতাৰ।।১০৩।।

কৃষ্ণৰ বচনে নিষ্ঠে জানি হলিৰাম।

দূৰ ভৈল ক্ৰোধ বুদ্ধি ভৈল উপশাম।।

লাজে কৃষ্ণমুখ নচাহন্ত মনে গুণি।

যেন গোমসাপ শান্ত ভৈল মন্ত্ৰ শুনি।।১০৪।।

অনন্তৰে বসুদেৱ দৈৱকী সুন্দৰী।

আনো বন্ধু বান্ধৱ উদ্ধৱ আদি কৰি।।

সৱে যাই ৰামক বুলিলা প্ৰিয়বাক।

অৰ্জ্জুনক ক্ষমি বাপ জীৱায়ো আহ্মাক।।১০৫।।

আছে সুভদ্ৰাৰ আগ ধৰি আঙ্ক মন।

অৰ্জ্জুনক ছাড়ি নবৰিব আন জন।।

এতেকে ক্ষমিয়ো বাপ কুলৰ প্ৰদীপ।

লভিল সুভদ্ৰা ইষ্ট স্বামীৰ সমীপ।।১০৬।।

তুমি দুইভাই যেৱে থাকাহা কল্যাণে।

কোনে বাদ দিব পাৰে এতিনি ভূৱনে।।

অৰ্জ্জুনত পৰে কোন আছে নৰবৰ।

কোটি দুৰ্য্যোধন যাৰ নপাৱে ওচৰ।।১০৭।।

পঠায়ে যৌতুক বৰ কন্যাৰ উচিত।

তোমাৰেসে ক্ষমা ধৰ্ম্ম ৰৈল পৃথিৱীত।।

সুহৃদগণৰ হেন শুনিয়া বচন।

দূৰ ভৈল লাজ ৰাম ভৈল ৰঙ্গমন।।১০৮।।

আকাশত দেৱবাদ্য কৰে দেৱচয়।

সাধু বলভদ্ৰ বুলি পুষ্প বৰিষয়।।

কৃষ্ণসমে ৰাম পাচে গৈলা নিজঘৰ।

অৰ্জ্জুনক পঠাই দিলা যৌতুক বিস্তৰ।।১০৯।।

সুভদ্ৰাক যোগ্য দিব্য বস্ত্ৰ অলঙ্কাৰ।

পৰম হৰিষে ৰামে দিলন্ত অপাৰ।।

যত গৃহস্থৰ উপস্কৰ বস্তুচয়

সৱ শুদ্ধ সুৱৰ্ণৰ দেখি মনোময়।।১১০।।

অমূল্য নিৰ্ম্মল বৰ শৰ্য্যা আদি কৰি।

পাচতে পঠাইল ৰথ শকটত ভৰি।।

সুৱৰ্ণৰ অলঙ্কাৰে মণ্ডি হস্তীচয়।

পঠাইলন্ত ৰথ অসংখ্যাত বৰ হয়।।১১১।।

সহস্ৰে সহস্ৰে দাসী মণ্ডি দিব্য বাস।

দেখি অৰ্জ্জুনৰ ভৈল পৰম উল্লাস।।

জানিলো কৃষ্ণেসে আজি ৰাখিলন্ত প্ৰাণ।

আৰো ধন দিয়া পঠাইলন্ত কৰি মান।।১১২।।

ৰামৰো প্ৰতিজ্ঞা ভঙ্গ সুভদ্ৰা হৰণ।

কৃষ্ণৰেসে প্ৰসাদত ৰহিল জীৱন।।

কিনো কৃপাময় দেৱ প্ৰভু চক্ৰপাণি।

কিছু নুবুলিলা তান হৰিলো ভগিনী।।১১৩।।

জন্মে জন্মে হৈবো তান চৰণৰ দাস।

তান পদ পঙ্কজত হৌক মৌৰ আশ।।

এহি চিন্তি আনন্দে নাচন্ত যেন আতি।

সুভদ্ৰাৰ মুখ চাই মিলে মহাপ্ৰীতি।।১১৪।।

কৃষ্ণৰ প্ৰসাদে সিদ্ধি ভৈল সৱে কাজ।

মহা মহোৎসৱে যাই পাইল নিজ ৰাজ।।

শুনি মহাৰঙ্গ মন ভৈল সবান্ধৱে।

আগবাঢ়ি আসি সৱে নিলা মহোৎসৱে।।১১৫।।

কৃষ্ণৰ ভগিনী হৰি আনিবাৰ শুনি।

দ্ৰৌপদী বুলিলা আসি পৰিহাস বাণী।।

ভাল তীৰ্থযাত্ৰা কৰি ফুৰিলা আপুনি।

বিহা কৰি হৰি আনি আছা কন্যা তিনি।।১১৬।।

আমাৰেসে নেদেখিলে দণ্ডে যুগ যায়।

জানো প্ৰভু তোহ্মাৰ আহ্মাক দয়া নাই।।

এহিমতে প্ৰিয়বাক্য ভাষিলা দ্ৰৌপদী

থাকিলা অৰ্জ্জুনে লাজে প্ৰত্যুত্তৰ নিদি।।১১৭।।

শুক নিগদতি নিৱেদিলো পৰীক্ষিত।

তযু পিতামহী মহাশান্তীৰ চৰিত্ৰ।।

পিতামহ অৰ্জ্জুনৰো শুনাল জয়তি।

কোন সিদ্ধি নসাধয় কৃষ্ণৰ ভকতি।।১১৮।।

.................

 

।।কৃষ্ণৰ দ্বাৰা ভক্ত শ্ৰুতদেৱ আৰু জনক ৰাজাৰ মনোৰথ পূৰণ।।

এৱে শুনিয়োক প্ৰভু কৃষ্ণক চৰিত্ৰ।

ভকতত পৰে যাৰ নাহি মহামিত্ৰ।।

ভকতৰ স্নেহেসে কৃষ্ণৰ অৱতাৰ।

ভকতৰো কৃষ্ণদেৱ ইষ্ট নাহি আৰ।।১১৯।।

আছিলন্ত শান্ত এক দ্বিজ মহাজন।

কৃষ্ণৰো পৰম প্ৰিয় ভকত শোভন।।

নামে শ্ৰুতদেৱ মহাজনত প্ৰখ্যাত।

শ্ৰৱণতো ঈশ্বৰক কৰিলা সাক্ষাত।।১২০।।

আনে পুনু অষ্টাঙ্গ যোগক আদি কৰি।

সৰ্ব্বকৰ্ম্ম কৰিয়ো নিচিনে প্ৰাণহৰি।।

একে কৃষ্ণকথা শ্ৰৱণতে ভক্ত ভৈলা।

ধন্য শ্ৰুতদেৱ নাম প্ৰভুক চিন্তিলা।।১২১।।

শ্ৰৱণ কীৰ্ত্তন আদি নবধা ভকতি।

মহাযত্নে কৃষ্ণত কৰন্ত প্ৰতিনিতি।।

কৃষ্ণত ভকতি বিপ্ৰে ভৈলা পূৰ্ণকাম।

সমস্ত সুখৰে মন ভৈল উপশাম।।১২২।।

ভৈলন্ত সৰ্ব্বজ্ঞ জানিলন্ত কৃষ্ণ সাৰ।

ভৈল অলম্পট ত্যাজি ভক্ত ব্যভিচাৰ।।

বিদেহ ৰাজ্যৰ মাজে মিথিলা নগৰ।

গৃহাশ্ৰমী ৰূপে তাত আছে বিপ্ৰবৰ।।১২৩।।

যজন যাজন জীৱিকাৰ যত কাজ।

কাকো আতি প্ৰবন্ধ নকৰা দ্বিজৰাজ।।

কৃষ্ণৰ ইচ্ছায়ে যিবা মিলয় আপুনে।

নিজ দ্বিজক্ৰিয়া যত কুলাই সেহি ধনে।।১২৪।।

যত কিছু লাগে বস্তু শৰীৰ পোষক।

তাকে মাত্ৰ ৰাখি সৱে বিলন্ত পৰক।।

কৃষ্ণৰ ইচ্ছায়ে আসি মিলে প্ৰতিদিনে।

তাকো সেহিমতে বিলাৱন্ত ৰঙ্গমনে।।১২৫।।

অধিকত নাহি তুষ্ট কৃষ্ণভক্ত দ্বিজ।

কৃষ্ণত সমৰ্পি আচৰন্ত কৰ্ম্ম নিজ।।

বেদৰো বচন আচৰন্ত যথোচিত।

হৰি ভকতিত বিপ্ৰ ভৈল কৃত্যকৃত্য।।১২৬।।

ভাৰ্য্যা পুত্ৰগণ সমে হুই একমতি।

কৃষ্ণযাত্ৰা মহোৎসৱ কৰাৱন্ত নিতি।।

কৃষ্ণত ভকত মিথিলাৰ নৰনাৰী।

শুনৈ কৃষ্ণকথা আন কথা পৰিহৰি।।১২৭।।

শ্ৰুতদেৱ বিপ্ৰ তাত আছা মনৰঙ্গে।

অনেক বৈষ্ণৱ তাত থাকা তান সঙ্গ।।

মিথিলাৰ ৰাজা আছে বহুলাখ নাম।

বিপ্ৰৰ সদৃশ কৃষ্ণ ভক্ত আত্মাৰাম।।১২৮।।

ৰাজা বুলি বুলিবাক বাধয় প্ৰজাক।

কৃষ্ণৰো দাসৰো দাস ঘুষিবা আহ্মাক।।

পৰম বৈষ্ণৱ এক কৃষ্ণত শৰণ।

কৃষ্ণৰেসে গুণ নাম শুনৈ সৰ্ব্বক্ষণ।।১২৯।।

কৰাৱে কৃষ্ণৰ মহাযাত্ৰা প্ৰতিমাসে।

কৃষ্ণেসে পৰম দেৱ শুনি তান দেশে।।

সবান্ধৱে কৰে কৃষ্ণচৰণে ভকতি।

কৃষ্ণ বিনে আনত নপশে তান মতি।।১৩০।।

হেন বহুলাশ্ব ৰাজা মাধৱত তিষ্ঠ।

শ্ৰূতদেৱ বিপ্ৰ দুয়ো কৃষ্ণত বিশিষ্ট।।

দুইৰো আশ্ৰয় দেৱ দৈৱকী তনয়।

দুইৰো সম্বন্ধি তুষ্ট ভৈল কৃপাময়।।১৩১।।

দুয়ো মহাভকত আছন্ত একঠাই।

মঞি প্ৰভু তাকো শুদ্ধি কৰি আছো যাই।।

পুত্ৰ মিত্ৰ কলত্ৰক পায়া সৰ্ব্বথান।

কোন জন্মে লভিবো ভকত হেন ঠান।।১৩২।।

এহি চিন্তি প্ৰভুৰ আকুল কৰে মন।

কেতিক্ষণে পাঞো প্ৰিয় ভক্ত দৰশন।।

দাৰুকক চাই হাসি বদতি শ্ৰীহৰি।

যাইবো মিথিলাক ৰথ সাজা ভাল কৰি।।১৩৩।।

ৰথ সাজি প্ৰণামিয়া যোগাইলা দাৰুকে।

মুনিগণ সমে কৃষ্ণ উঠিলা কৌতুকে।।

বিদেহ দেশক যাত্ৰা কৰিলা মুৰাৰি।

পাঞ্চজন্য শঙ্খ ফুঙ্কিলন্ত উচ্চ কৰি।।১৩৪।।

কৃষ্ণৰ সমুখে সৱে ৰথৰ উপৰে।

বসিলন্ত ঋষিসৱ মহা আড়ম্বৰে।।

মহামুনি নাৰদ কৃষ্ণক ৰঙ্গে চাই।

যন্ত্ৰ ঠুঙ্কি যান্ত গোৱিন্দৰ গুণ গাই।।১৩৫।।

বামদেৱ ঋষি অত্ৰি পিতৃ মোৰ ব্যাস।

চলন্ত পৰশুৰাম পৰম উল্লাস।।

অসিত অৰুণি দেৱগুৰু বৃহস্পতি।

ময়ো সেহি ৰথে যাঞো কৃষ্ণৰ সংহতি।।১৩৬।।

মৈত্ৰেয় চ্যৱন আদি আনো মহাঋষি।

একে ৰথে মহাৰঙ্গে চলন্ত হৰিষি।।

আনো সৱে ভকত চলন্ত আগে পাচে।

প্ৰেমে কৃষ্ণ হুণ গাই তাতে কতো নাচে।।১৩৭।।

গৰুড়ৰ ধ্বজ জ্বলে ৰথৰে উপৰে।

শ্বেতছত্ৰ চন্দ্ৰাতপ ধৱল চামৰে।।

কিঙ্কণীৰ ধ্বনি শুনি চলে ৰথখান।

চাৱৈ একদৃষ্টি তুষ্ট মনে প্ৰজাগণ।।১৩৮।।

একো একো মহাঋষি দেখন্ত বিস্ময়।

তপৰ প্ৰভাৱে দেহা দেখি জ্যোতিৰ্ম্ময়।।

তাসম্বাৰ মধ্যে কৃষ্ণ জ্বলন্ত বিস্তৰ।

গ্ৰহগণ মাজে যেন উদিত ভাস্কৰ।।১৩৯।।

কৃষ্ণ আসিবাৰ বাৰ্ত্তা পাইলা ৰঙ্গমনে।

যতেক বৈষ্ণৱ প্ৰজা ৰাজাগণ মানে।।

আগবাঢ়ি চলি সৱে ধৰিলা যোগান।

জীৱন জীৱিকা কৰ্ম্ম ত্যজি সৱে আন।।১৪০।।

শুনা সভাসদসৱ হুয়া নিশবদ।

ভজিয়ো কৃষ্ণৰ পদ ত্যজিয়ো তবধ।।

অসাৰ সংসাৰ সুধ দুখ বহুতৰ।

সৱাতো অধিক দুখ আছে যমঘৰ।।১৪১।।

মনে গুণি চোৱা তাক তাড়িবেক কোনে।

নাহি আন বন্ধু দেৱ গোৱিন্দত বিনে।।

জানি তান কথাত সুদৃঢ় কৰা মতি।

কৃষ্ণকতা নুশুনিলে নোপজে ভকতি।।১৪২।।

ভকতি নভৈলে নছাৰয় যমপাশ।

উলটি উলটি কষ্টগৰ্ভ জন্মবাস।।

পদে পদে আপদসম্পদ কেহো নাই।

কৃষ্ণকথা বিশ্ৰামৰ কোনো নাই ঠাই।।১৪৩।।

আছোক সুহৃদ ধন জন গৃহবাস।

আপোনাৰ শৰীৰত নকৰা বিশ্বাস।।

নমো নমো কমল নয়ন কৃষ্ণদেৱ।

তুমি বিনে কৃপাময় গতি নাহি কেৱ।।১৪৪।।

তোহ্মাৰেসে মায়ায়ে মোহিলে মন মোৰ।

তযু সেৱা ছাড়ি কৰ্ম্ম কৰোহো দুৰ্ঘোৰ।।

ইহাকেসে সুমৰি দহয় মোৰ মন।

সুহৃদ হৃদয়ান্দ দিয়োক শৰণ।।১৪৫।।

বোলোহো মিনতি বাণী শুনা নৰনাৰী।

একেশ্বৰে হৰিকথা মথিতে নপাৰি।।

জানি মহাজনে যেৱে কৰে আশীৰ্ব্বাদ।

তেৱেসে লভিয়ো কৃষ্ণদেৱৰ প্ৰসাদ।।১৪৬।।

দেখা কেনে স্নেহ ভকতত মাধৱৰ।

আপুনি চলন্ত প্ৰভু ভকতৰ ঘৰ।।

ভকতৰ ইষ্ট কৃষ্ণ শুনিলা যিমত।

ভজিবাক যোগ্য আৱে দৃঢ়ায়ো মনত।।১৪৭।।

উত্তম ভজন জানা শ্ৰৱণ কীৰ্ত্তন।

ইহাকেসে লাগি মতি কৰিয়ো যতন।।

কিন্তু গৃহস্থৰ হিংসা বিষয় আৰ্জ্জনে।

সমাজত অনুৰূপে অৰ্চ্চিবে যতনে।।১৪৮।।

আপোনাৰ জীৱন কৃষ্ণৰ নিৱেদন।

দুয়ো কাৰ্য্য সিজে এহি ভকতি সাধন।।

জল পুষ্প ফল ফুল খাদ্য বস্তু যত।

অন্ন আদি কৰি সৱে অৰ্পিব কৃষ্ণত।।১৪৯।।

তেৱে গৃহস্থৰ ধৰ্ম্মে হিংসা নপাৱয়।

কৃষ্ণে একে নিষ্ঠা হুয়া মুকুতি সাধয়।।

কাণ্ডনী পেসনী ছুল্লী থালী সন্মাৰ্জ্জনী।

গৃহস্থৰ পঞ্চ হিংসা সিজৈ ৰাত্ৰি দিনি।।১৫০।।

এহি দোষে গৃহবাসী স্বৰ্গক নযায়।

কৃষ্ণ অৰ্থে কৰি পুনু মুকুতিক পায়।।

দুখ কৰি ধন ধান্য আৰ্জ্জি যতমানে।

কৃষ্ণ এৰিলন্ত তাক খাইবে সৱে আনে।।১৫১।।

নিজ অৰ্থে আৰ্জ্জি যজিয়োক জগন্নাথ।

কিছু ব্যয় কৰিয়োক কৃষ্ণৰ কথাত।।

এক গুণ লগাইলে অনন্ত গুণ হোৱে।

নজানি মুগুধ হেন ধন সাঞ্চি থৱে।।১৫২।।

আন কৰ্ম্মে লগাৱে যতেক সিয়ো বৃথা।

জন্ম বৃথা কৰে নুশুনয় কৃষ্ণকথা।।

এসম্বাকে সুমৰি মহন্তে কৰে শোক।

ইটো কলিযুগত তড়িবে কোন লোক।।১৫৩।।

ওচৰতে কৃষ্ণকথা নচাপয় পাশ।

কৃষ্ণনামে তাড়িবেক নকৰে বিশ্বাস।।

কৰ্মে শুনো কৃষ্ণকথা মুখো লৌক নাম।

এহি মহা কৃষ্ণ কৰিয়োক পূৰ্ণকাম।।১৫৪।।

শুনা কৰ্ণ পাতি ইটো অমৃত সাক্ষাৎ।

ডাকি ৰাম ৰাম বোলা পাপ হৌক হত।।১৫৫।।

................

 

।।দুলড়ী।।

ভক্তক দেখিত     চিত্ত উল্লাসিত

যান্ত প্ৰভু দিব্য ৰথে।

অনেক দেশৰ      নগৰৰ প্ৰজা

বেঢ়ি চাৱে আথেবেথে।।

পদূলি পদূলি      ৰুইলন্ত কদলি

পুতলি উচ্চ তোৰণ।

গান্থি পুষ্প শাৰী    উপৰে আৱৰি

পতাকা হালে শোভন।।১৫৬।।

নগৰে নগৰে      দুৱাৰে দুৱাৰে

থৈল তাপি পূৰ্ণ ঘয়।

ঘৃতৰ প্ৰদীপ      সুগন্ধিত ধূপে

আমোদ কৰৈ প্ৰকট।।

তাল শ্ৰীফল       তৰে নাৰিকল

আৰি আছে শাৰী শাৰী

কৃষ্ণক চাহিত      হুয়া অলঙ্কৃত

বাজ ভৈল নৰনাৰী।।১৫৭।।

সোলঙ্গ ডাড়িম্ব     তুলসী কুসুম

মালা ধৰি বিপ্ৰগণে।

কৰি বেদধ্বনি     জয় কৃষ্ণ বাণী

প্ৰশংসন্ত ৰঙ্গমনে।।

জয় হৰি বুলি     পাৰন্ত উৰুলি

পতিব্ৰতা কন্যাগণে।

দুৰ্ব্বাক্ষত সিঞ্চি     সুমঙ্গল পঢ়ি

পুষ্প বৰিষন্ত ঘনে।।১৫৮।।

অন্যো অন্যে বোলে  মহা কৌতূহলে

কিনো ভৈল ভাগ্যোদয়।

ত্ৰৈলোক্যমোহন     এহে নাৰায়ণ

ভৈলো আজি পৰিচয়।।

লক্ষ্মীৰো ভল্লভ     পৰম দুৰ্ল্লভ

ইহানে পদ্ম চৰণ।

সাক্ষাতে দেখিলো    জন্ম সাফলিলো

দূৰ ভৈল দুখগণ।।১৫৯।।

দ্বাৰকা সহিত      আছে দেশ যত

তাৰ যত ৰাজা প্ৰজা।

মহা ভক্তিভাৱে     মাধৱৰ পাৱে

কৰিলেক সৱে পূজা।।

ধন্য কুৰুদেশ      জাঙ্গল বিশেষ

বিৰাট কঙ্ক পাঞ্চাল।

কুন্তি মধুদেশ      কেকয় বিশেষ

কোশল অন্ধ্ৰ বিশাল।।১৬০।।

আনো নগৰৰ     নৰনাৰী যত

আসি সৱে আগবাঢ়ি।

কৃষ্ণৰ উজ্জ্বল      বদনকমল

পিলে সৱে নেত্ৰভৰি।।

ঈশদ হসিত  কটাক্ষে ৰঞ্জিত

মনোহৰ কৃষ্ণমুখ।

তান দৰশনে      হৰিল তেখনে

সৱাৰো জন্মৰ দুখ।।১৬১।।

কৃপাময় হৰি  সৱাকো নিৰেক্ষি

চাহিলন্ত প্ৰেমদৃষ্টি।

কৰ পদ্ম তুলি     সাধু সাধু বুলি

কৰিলা অমৃত বৃষ্টি।।

সুৰ নৰগণ  কৰন্ত কীৰ্ত্তন

নিজ যশ সুমঙ্গল।

দিশকো প্ৰসন্ন      কৰে জয়ধ্বনি

শুনি প্ৰভু কৌতূহল।।১৬২।।

সৱাকো অভয়     দিয়া কৃষ্ণদেৱে

ঈশ্বৰ জ্ঞান জনাই।

হেন মহোৎসৱে     দিন কতিপয়

মিছিলা পাইলন্ত যাই।।

মিথিলাৰ ৰাজা     তান যত প্ৰজা

শুনিলে আসিল হৰি।

নানা অৰিহণে     সাজি ৰঙ্গমনে

গৈলা সৱে আগবাঢ়ি।।১৬৩।।

বিপ্ৰ শ্ৰুতদেৱ      শুনিল মাত্ৰকে

পুত্ৰ ভাৰ্য্যা সমন্বিতে।

কৃষ্ণক দেখিতে     আতি আনন্দিতে

খেদি গৈলা আথেবেথে।।

দেখিয়া প্ৰভুক     পৰম উৎসুক

মন মুখ উজ্জ্বলিল।

শিৰে কৰযুৰি      যত নৰনাৰী

দণ্ডৱতে প্ৰণামিল।।১৬৪।।

পূৰ্ব্বে আছা শুনি   যত মহামুনি

নাৰদক আদি কৰি।

কৃষ্ণভক্ত মানি     তাসম্বাকো সৱে

প্ৰণামিলা পৰি পৰি।।

বিপ্ৰ শ্ৰুতদেৱ      নৃপতি জনক

জানিলা নিশ্চয় কৰি।

আমাকেসে মহা     দয়ায়ে আসিলা

আপুনি ঈশ্বৰ হৰি।।১৬৫।।

কিনো মহাভাগ্য    সবংশে তৰিলো

বুলি দুয়ো একেবাৰে।

চৰণে পৰিয়া কৃতাঞ্জলি হুয়া

বুলিলা আতি কাতৰে।।

আহ্মাৰ গৃহক    আসিয়োক প্ৰভু

ঋষিগণে সমে স্বামী।

কৰিয়ো নিস্তাৰ     জগত আধাৰ

জগতৰ গুৰু তুমি।।১৬৬।।

দুইৰো মন প্ৰিয়    কৰিবাক প্ৰভু

জানি দুইৰো অভিপ্ৰয়।

দুইতো অলক্ষিতে    ঋষি সমন্বিতে

প্ৰৱেশিলা দুইৰো ঠাই।।

অতৰ্ক মহিমা      কমনে বুজিবে

বিশ্বৰূপ প্ৰভু হৰি।

জানি মহাজন     থিৰ কৰি মন

ভজা তাঙ্ক যত্ন কৰি।।১৬৭।।

ভকতৰ বন্ধু  মুকুন্দ সুন্দৰ

যোগীয়ো লগ নপাৱে।

ভকতি কৰিলে   আতি অবিকলে

পাৱে তাঙ্ক নিজ ঠাৱে।।

ভাগৱত শাস্ত্ৰ এহিমতে মাত্ৰ

শুনা আক অবিশ্ৰাম।

ভাগৱতাচাৰ্য্য      ভণে ভয় লাজ

ত্যজি বোলা ৰাম ৰাম।।১৬৮।।

...............

 

।।দুলড়ী।।

শুনা সামাজিক     লোক একচিত্ত

চিন্তিয়ো কৃষ্ণচৰণ।

কৃষ্ণবিনে আন     নাহি পৰিত্ৰাণ

সংসাৰত একোজন।।

অনাথৰ নাথ      কৃষ্ণসে সাক্ষাতে

হৰিত দুখ সংহৰি।

একভক্তি মনে   ভজৈ যিটোজনে

নিষ্টে নিষ্টে তাক তাড়ি।।১৬৯।।

নুবুজি দুৰ্জ্জন     জনে তান সেৱা

তেজি বিষয়ত গহে।

নাহি তাৰ সুখ     ৰাত্ৰি দিনে দুখ

চিন্তায়ে হৃদয় দহে।।

কৃষ্ণৰ কথাক      নুশুনে ক্ষণেকো

গুণৈ ধন জন মাত্ৰ।

সিটো পাপীসৱ     তাড়িবাক প্ৰতি

মাধৱক কৰো কাত্ৰ।।১৭০।।

নমো নমো কৃষ্ণ    দুয়োক সদয়

অনন্ত শক্তি ঈশ্বৰ।

তোহ্মাৰ চৰিত্ৰ     অমৃত শুনিতে

মতি হৌক জগতৰ।।

কৈৰ ধন জন     ভাৰ্য্যা পুত্ৰ মিত্ৰ

ক্ষণেকে সংহৰে কালে।

যেন ঘোৰ বন    সমান নাযায়

তাকো দহে দাবানলে।।১৭১।।

হেন জানি আক    কৃষ্ণৰ কথাক

শুনা আন ধৰ্ম্ম ছাড়ি।

কহে কৃষ্ণ গতি    পৰম সুমতি

শুনিয়োক কৰ্ণ ভৰি।।

মিলাৱে ভুকুতি     মুকুতি মৰণে

শ্ৰৱণে কৃষ্ণৰ কথা।

শুনিয়ো অৱশ্যে    ইহেন মনুষ্য

জন্ম নকৰিয়ো বৃথা।।১৭২।।

নমো নমো কৃষ্ণ    ইষ্টদেৱ হেন

ভূমিত নমায়া মাথ.
কৰোহো মিনতি    অগতিৰ গতি

কিনো মোৰ প্ৰাণনাথ।।

তুমিসে পৰম    গুৰু গোপীনাথ

আৱেসে জানিলো আমি।

তুমি প্ৰিয় আত্মা    তথাপি নভজো

কিনো মই অধোগামী।।১৭৩।।

যতেক শুনিছো     হিয়াত নথাকে

তথাপি ইসৱ কথা।

মই মূঢ়মতি  নভৈল ভকতি

ইটো জন্ম যায় বৃথা।।

হৃদিপদ্ম মাজে     আছাহা মাধৱ

বান্ধৱ তভো নাদৰো।

যেন খিস বিষ্ঠা    বিষয়ৰ চেষ্টা

তাকেসে আচৰি মৰো।।১৭৪।।

অমৃত তেজিয়া     ভুঞ্জোহো গৰল

তৰল মই কুমতি।

লগায়ো চেতন     গৰুড়কেতন

তুমি বিনে নাহি গতি।।

তযু গুণ যশ      ইসে মহাৰস

তথাপি চিত্তে নুৰুচে।

দিয়োক সুপথ      মিছা মনোৰথ

কিমতে মনৰ গুচে।।১৭৫।।

কালহ্ৰাসে গিলে     কৈত মৃত্যু মিলে

গৈলো পৰা অধোগতি।

দেহু এহু দান   নবাঞ্চোহো আন

শৰণ পশি সম্প্ৰতি।।

সজ্জ্ন ৰঞ্জন  দেৱ নিৰঞ্জন

কৃষ্ণেসে কৰুণাসিন্ধু।

গুণি চোৱা মনে    নাৰায়ণ বিনে

আছে কোন প্ৰাণবন্ধু।।১৭৬।।

জীৱনৰো ব্যগ্ৰে     পণ্ডিতো আকুল

খণ্ডিলে তোহ্মাৰ মায়া।

হুয়োক প্ৰসন্ন      দৈৱকীনন্দন

ভকতি প্ৰদীপ দিয়া।।

নাহিকে কৰুণা     জন কলিযুগে

চাপিবো তাৰ আশ্ৰয়।

এতেকে তোহ্মাত    শৰণে পশিলো

কৃষ্ণ বাপ কৃপাময়।।১৭৭।।

জয় জয় দেৱ     দৈৱকীনন্দন

বন্দন কৰো সতত।

বাৰে বাৰে মৰো   ভজিতে নপাৰো

সাংসাৰিক সুখ যত।।

তথাপি তোহ্মাৰ    নাম সুমৰন্তে

সৱাতে তাৰিবা হৰি।

অনন্ত কন্দলি      কহে নিৰন্তৰে

ডাকি বোলা হৰি হৰি।।১৭৮।।

...............

                   ।।পদ।।

শুক নিগদতি পৰীক্ষিত নৰেশ্বৰ

কৃষ্ণে ঋষি সঙ্গে যাই পাইলন্ত নগৰ।।

ঋষি সমস্তক প্ৰভু দুই মূৰ্ত্তি কৰি।

আপুনিয়ো দুই ৰূপ হুই দেৱ হৰি।।১৭৯।।

দুয়ো ভকতৰ গৃহে গৈলা একেবাৰে।

দুয়ো ভক্তে পূজিলন্ত যথা সতকাৰে।।

দুয়ো কথা একেবাৰে নপাৰে কহিত।

জনকৰ আগে ভক্তি শুনা পৰীক্ষিত।।১৮০।।

ৰথৰ নামিলা ঋষিগণ সমে হৰি।

গৃহক লাগিয়া ৰাজা নিলা বস্ত্ৰ পাৰি।

দীপ ঘট ফল ধৰিলেক নাৰীজনে।

ছত্ৰ দণ্ড চামৰ ধৰিলে বিপ্ৰগণে।।১৮১।।

পঞ্চ শব্দে বাজে বেদ পঢ়ে যত মুনি।

আকাশ লঙ্ঘিল জয় জয় কৃষ্ণধ্বনি।।

ৰত্নৰ মন্দিৰে কুশাসন শাৰী শাৰী।।

তাতে নিয়া ঋষিগণ বসাইলা সাদৰি।।১৮২।।

কৃষ্ণকো বসাইলা নিয়া মহা সিংহাসনে।

শ্বেত চামৰে ৰাজা ঢোলে ৰঙ্গমনে।।

নৱ ছত্ৰ চন্দ্ৰতাপ উপৰে শোভয়।

মুকুতা মুৰাৰি থোপা চৌপাশে হালয়।।১৮৩।।

বিশ্ৰামিলা ঋষিসৱ আসনত বসি।

মধ্যত মাধৱ যেন পূৰ্ণমাৰ শশী।।

জনক নৃপতি আনি সুগন্ধিত জল।

ধুৱাইলন্ত মাধৱৰ চৰণকমল।।১৮৪।।

অৰুণ চৰণ আগে বাঢ়িল ভকতি।

নয়ন ব্যাপিয়া প্ৰেম জলে ঝুৰে আতি।।

পুনু সেহি চৰণ নমিয়া কুতূহলে।

জগত পৱিত্ৰ কৰে সেহি পদজলে।।১৮৫।।

সবান্ধৱে ৰাজা তাক ধৰিল শিৰত।

প্ৰেমে পুলকিত তনু নাচে যেন মত।।

নিৱেদিল অৰ্ঘ্য মধুপৰ্ক আচমনি।

মহা পীতবস্ত্ৰ ৰত্ন অলঙ্কাৰ আনি।।১৮৬।।

পিন্ধাইলা কৃষ্ণক সবান্ধৱে হৰিষতে।

ভকতৰ পূজা কৃষ্ণে লৈলা হাতে হাতে।।

দিব্য গন্ধ চন্দন পিন্ধাইলা পুষ্পমালা।

দিব্য দীপ ধূপ নানা নৈবেদ্য অৰ্পিলা।।১৮৭।।

ঋষিসমস্তৰো ৰাজা চৰণ ধুৱাইলা।

পাদোদক পান কৰি শিৰত ধৰিলা।।

অৰ্ঘ্য মধুপৰ্ক পুনু আচমনি দিলা।

বস্ত্ৰ অলঙ্কাৰ গন্ধ পুষ্প সমৰ্পিলা।।১৮৮।।

ধূপ দীপ ভক্ষ্য ভোজ্য নৈৱেদ্যে পূজিল।

গাৱে গাৱে ধেনু বৃষ বিধিৱতে দিল।।

ঈশ্বৰৰ তুল্য একো একো মহামুনি।

সৱাকো জনকে সমৰ্পিল মনে জানি।।১৮৯।।

মধুৰ বচনে প্ৰীতি কৰালা সৱাৰ।

তুমিসৱে আজি মোক কৰিলা নিস্তাৰ।।

অনন্তৰে জনক নৃপতি মহাজন।

পঙ্কজ সদৃশ দুই কৃষ্ণৰ চৰণ।।১৯০।।

কোলে তুলি কতো বেলি কৰিয়া মৰ্দ্দন।

লাসে লাসে ঈশ্বৰক বুলিলা বচন।।

হে ভগৱন্ত তুমি সৱাৰো জীৱন।

সৰ্ব্ব প্ৰকাশক স্বপ্ৰকাশ নিৰঞ্জন।।১৯১।।

তুমি ব্ৰহ্ম আমি নোহো দেখিতে উচিত।

কহি আছা নোহো ভকতৰ অবিদিত।।

সেহি বাক্য সত্য কৰিবেক মহেশ্বৰ।

আমি অজ্ঞানীৰ ভৈলা চক্ষুৰ গোচৰ।।১৯২।।

চিন্তো আমি তব এই পঙ্কজ চৰণ।

এতেকেসে প্ৰভু আসি দিলা দৰশন।।

ব্ৰহ্মা তৱ প্ৰিয়পুত্ৰ লক্ষ্মী তৱ জায়া।

অনন্ত তোহ্মাৰ প্ৰিয় ভাই শিৱকায়া।।১৯৩।।

একান্ত ভক্তৰ সৰি নোহে এৰা চাৰি।

মনুষ্য ভক্তক দায়া কৰা বৰ কৰি।।

হেনয় মহিমা তৱ জানি কোনজন।

ত্যজিব তোহ্মাৰ ইটো পঙ্কজচৰণ।।১৯৪।।

নিষ্কিঞ্চন শান্ত মুনি ভজন্ত যাহাক।

যিটো তুমি ভকতক দিয়া আপোনাক।।

ইবেলি সকল লোক তাৰিবাক প্ৰতি।

যদুবংশে পূৰ্ণঅংশে ভৈলা উপতপি।।১৯৫।।

ত্ৰৈলোক্যৰ পাপহৰ প্ৰকাশিলা যশ।

শ্ৰৱণ কীৰ্ত্তন কৰি তৰিব অৱশ্য।।

নমো হেন ভগৱন্ত কৃষ্ণ পূৰ্ণকাম।

নমো নাৰায়ণ প্ৰভু কৰা পৰিত্ৰাণ।।১৯৬।।