top of page

  শ্ৰীমদ্ভাগৱত

      ।।দ্বিতীয় স্কন্ধ।।

             ।।শ্ৰীকৃষ্ণায় নমঃ।।

                ।।মঙ্গলাচৰণ।।

                      ।।পদ।।

 

জয় জয় কৃষ্ণ যাৰ স্মৰণ মঙ্গল।

যাগ যোগাদিৰো হৰিনাম মহাফল।।

হেনয় পৰমানন্দ মাধৱক নিত।

সুমৰিয়ো নৰ নিৰন্তৰে একচিত্ত।।১।।

কৃষ্ণকথা অমৃতক পিয়ো সাৱধানে।

কৰিয়ো যতন যাৱে প্রাণ থাকে মানে।।

ঘোৰ কলিযুগে মলমতি মনুষ্যৰ।।

নাহি আন ধৰ্ম্ম হৰিকীৰ্ত্তনত পৰ।।২।।

শৰীৰত আছে কলিকৃত যত দোষ।

গুচোক প্রথমে কৰা হৰি হৰি ঘোষ।।

কৃষ্ণৰ চৰণে কৰি অশেষ প্রণতি।

অচ্যুতৰ কিঙ্কৰ শঙ্কৰ নিগদতি।।৩।।

 

      ।। ভাগৱত-ধৰ্ম্মকথন।।

 

দ্বিতীয় স্কন্ধৰ কথা শুনিয়ো উৎসুকে।

নৃপতিৰ প্রশ্ন পাচে শুনি মুনি শুকে।।

কৃষ্ণ পদ পঙ্কজক হৃদয়ত ধৰি।

দিলন্ত সিদ্ধান্ত তাঙ্ক সাধুৰ্ব্বাদ কৰি৷৷৪৷৷

ধন্য নৰপতি মতি উত্তম তোহ্মাৰ।

পুছিলাহা যিটো কথা সংসাৰতে সাৰ।।

মোক্ষৰো সাধন ইটো জগতৰে হিত।

লভিলা মুকুতি যিটো তাহাৰো বাঞ্ছিত।।৫৷৷

নাহি জ্ঞান যাৰ জাতি ধৰ্ম্ম মাত্র কৰে।

নিতে বলি বিশ্ব পঞ্চযজ্ঞক আচৰে।।

তাহাৰ শ্ৰোতব্য কথা আছে অসংখ্যাত।

হৰি বিমুখৰ হোৱৈ ব্যর্থে আয়ু পাত।।৬।।

দিন ভৈলে ধন কুটুম্বৰ চিন্তা কৰৈ।

নিদ্রা স্ত্রী আলাপে ৰাত্রি আয়ু হৰৈ।।

মিছা বিষয়ক মাত্র কৰৈ অভিলাষ।

সিহেতু নেদেখৈ নৰে আপুন বিনাশ।।৭৷।

হেন জানি যাৰ ইচ্ছা মোক্ষক সৰ্ব্বথা।

পৰীক্ষিত তেৱে শুনিয়োক কৃষ্ণ-কথা।।

দিবে চিত্ত কৃষ্ণ-গুণ নাম কীৰ্ত্তনত।

কৃষ্ণৰেসে পাদপদ্ম স্মৰিবে মনত।।৮৷৷

নাৰায়ণ স্মৰণেসে পৰম মঙ্গল।

এহিমানে জীৱনৰ জন্মৰ সাফল।।

অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত।

তাহাৰ মহিমা কহি কোনে পাৱে অন্ত।।৯।।

যিটো ব্রহ্মময় দেখে জগত নিখিল।

যত পাপ পুণ্য সমস্তত নিৱৰ্ত্তিল।।

হৰিৰ কথাত তাৰ ৰতি অবিশ্রাম।

সদায়ে মুখত নেৰৈ ৰাম কৃষ্ণ নাম।।১০।

বুলিবা অপূৰ্ব্ব কিনো কহিলাহা মুনি।

ইটো কথা একো পুৰুষতো নতু শুনি।।

শুনা সাৱধানে আৰু নৃপতি উত্তৰ।

ইটো মহাভাগৱত শাস্ত্র বৈকুণ্ঠৰ।।১১৷৷

আত মহাধৰ্ম্ম একে নামেসে প্রখ্যাত।

শ্ৰৱণ মাত্রকে কৰে কৃষ্ণক সাক্ষাত।।

পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ।

হৰিগুণ নামধৰ্ম্ম মহা সুখকৰ।।১২।।

স্ত্রী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ।

চণ্ডালকো কৰে নামে তেখনে উদ্ধাৰ।।

দ্বাপৰ যুগত মঞি পঢ়িলো পিতৃত।

তুমি মহা বৈষ্ণৱত কৰিবো বিদিত।।১৩৷৷

প্রশ্নৰ উত্তৰ দেঞো শুনা সাৱধান।

কৃষ্ণৰ নামেসে জানা পৰম কল্যাণ।।

নামে সাধে যাৰ যেনমত অভিলাষ।

যিবা মোক্ষ চাহৈ বৈকুণ্ঠত দেন্ত বাস।।১৪।।

জ্ঞানৰো জানিবা হৰিনামে মোক্ষ ফল।

নাহিকে নামত পৰে পৰম মঙ্গল।।

চাৰিয়ো বেদৰ সাৰ এহিসে নিশ্চয়।

জানি পৰীক্ষিত তুমি তেজিয়ো সংশয়।।১৫।।

অল্পকালে সাধে সিদ্ধি কৃষ্ণৰ ভকতি।

দুই দণ্ডে পাইলা গতি খট্বাঙ্গ নৃপতি।।

দানৱগণক জিনি নৃপতি পূৰ্ব্বত।

দেৱতাক ৰক্ষা কৰি আছিলা স্বর্গত।।১৬।।

দেৱসৱে বোলে বৰ লোৱা মহীপাল।

ৰাজা বোলে কৈয়ো আগে জীৱো কতকাল।।

দেৱে কহে জীৱা আৰু দুই দণ্ডমানে।

শুনি শীঘ্ৰে পৃথিৱীক আসিলা বিমানে।।১৭।।

সমস্তকে ত্যজি ৰাজা স্থিৰ কৰি মন।

কৃষ্ণৰ অভয় পদে পশিল শৰণ।।

মুহূর্তে খট্বাঙ্গে পাইলা পৰম গতিক।

জীৱা সাত দিন তুমি চিন্তা কৰা কিক।।১৮।।

এহি বুলি কহিলা ধাৰণা যোগ মুনি।

যাক কহি আছে হৰি ব্ৰহ্মাত আপুনি।।

সংসাৰ তৰণ পথ আছে অসংখ্যাত।

অনেক বিঘিনি তাতো দুষ্কৰ সাক্ষাত।।১৯।।

শ্ৰৱণ-কীৰ্ত্তন কৰি কৃষ্ণক আৰাধে।

মহামোক্ষ সাধে একো বিঘিনি নবাধে।।

যাত হন্তে হোৱৈ ৰতি কৃষ্ণৰ চৰণে।

নাহিকে সুগম আতপৰে ত্রিভুৱনে।।২০৷৷

পূৰ্ব্বত ব্রহ্মায়ে একচিত্তে তিনিবাৰ।

বেদত বিচাৰি এহিমানে পাইলা সাৰ।।

শ্ৰৱণ কীৰ্ত্তন মাত্র সুগম ভকতি।

অল্পতে উপজৈ গোৱিন্দত প্ৰেমৰতি।।২১।।

হেন জানি মহাযত্নে কৃষক সৰ্ব্বথা।

শ্ৰৱণ-কীৰ্ত্তন কৰা ত্যজি আন কথা।।

শুদ্ধ হুইবা এতেকে ত্যজিব মায়াজালে।

কৃষ্ণৰ পৰম পদ পাইবা অল্পকালে।।২২।।

দুই অধ্যায়ৰ কথা গৈল এহিমানে।

শুকমুনি কহন্ত ৰাজাত বিদ্যমানে।

জ্ঞানী মনুষ্যৰ এহিমানে প্রয়োজন।

কৰিবে কৃষ্ণৰ মাত্ৰ শ্ৰৱণ কীৰ্ত্তন।।২৩।।

যেন ফল পাৱৈ সৱে দেৱতাক যজি।

লভে সৰ্ব্ব সিদ্ধি প্রভু মাধৱক ভজি।।

অজ্ঞানীসে সেৱৈ আন দেৱতাসকল।

যেন পুত্ৰ ভাৰ্য্যাৰ ভজনে তুচ্ছ ফল।।২৪।।

ভকত জনৰ সঙ্গে ৰঙ্গে সৰ্ব্বক্ষণ।

কৃষক আৰাধি কৰে শ্ৰৱণ-কীৰ্ত্তন।।

এহিমানে মাত্র পুৰুষাৰ্থ পুৰুষৰ।।

আন কৰ্ম্ম সৱে ব্যর্থ হৰি বিমুখৰ।।২৫।।

শুনন্তে উপজৈ জ্ঞান শুদ্ধ হোৱৈ মতি।

ইহ পৰলোকত সুখত বিৰকতি।।

মোক্ষতো অধিক সুখ সপ্রেম ভকতি।

হেন হৰিকথাত নকৰৈ কোনে ৰতি।।২৬।।

হেন শুনি সূতত শৌনকে বিনাৱন্ত।

আউৰ কিবা শুকত নৃপতি পুছিলন্ত।।

শুনিতে উৎসুক আছে দুয়ো বৈষ্ণৱৰ।

যেন ভৈলা সংবাদ কহিয়ো নিৰন্তৰ।।২৭।।

ক্ষণিকো নুশুনে কৃষ্ণকথা যিটো নৰ।

ব্যর্থে আয়ু হৰে সূৰ্য্য সিটো মনুষ্যৰ।।

হেন জানি কৃষ্ণকথা সংসাৰতে সাৰ।

কহিয়োক হৌক আয়ু সাম্ফল আহ্মাৰ।।২৮৷৷

যাৰ কৰ্ণ পথক নগৈল দামোদৰ।

কুকুৰ সদৃশ সিটো নিৰ্গত পামৰ।।

বিষ্ঠা মূত্র ভুঞ্জৈ যেন অধম শূকৰে।

উটে যেন কণ্টকক চোবাই আতি মৰে।।২৯।।

যেন গাধে ব্যর্থে মাত্র বহি মৰে ভাৰ।

এহি চাৰিগোটা পশু পটন্তৰ তাৰ।।

নপাতয় কাণ যিটো কৃষ্ণৰ কথাত।

ভৈলা দুই কর্ণ তাৰ দুই ভিতি গাত।।৩০৷৷

হৰিগুণ নগাই কৰৈ আনসে ব্যাখ্যান।

জানা জিহ্বা ভৈল তাৰ বেঙ্গৰ সমান।।

যাৰ শিৰে নকৰে কৃষ্ণক নমস্কাৰ।

কিৰীটি যুগুত মাথা ভাৰ ভৈল তাৰ।।৩১।।

কৃষ্ণৰ নকৰৈ কৰ্ম্ম যিটো হস্ত দুই।

কঙ্কণ সহিতে সিটো শৱ সম হুই।।

কৃষ্ণৰ মূৰ্ত্তিক যিটো নেদেখৈ অধম।

তাৰ চক্ষু সম্যকে মৈৰাৰ চকা সম।।৩২।।।

কৃষ্ণৰ থানক যিটো নকৰে গমন।

বৃক্ষৰ সদৃশ তাৰ দুখানি চৰণ।।

ভকতৰ পদৰেণু নলৱৈ যি জন।

জীৱন্ততে শৱ সিটো মৃতক সমান।।৩৩।।

কৃষ্ণপদ তুলসীৰ নলৈলেক ঘ্রাণ।

কাঢ়ন্ত নিশ্বাস সিটো ভাথিৰ সমান।।

হৰি হৰি বোলন্তে নুহিকে ৰোমাঞ্চিত।

বজ্ৰ শিলা সদৃশ জানিবা তাৰ চিত্ত।।৩৪।।

হেন জানি সূত পূৰিয়োক অভিমত।

যি কথা কহিলা শুকে ৰাজাৰ আগত।।

কহিয়োক সমস্তে শুনোহো সাৱধানে।

তৃতীয় অধ্যায় কথা গৈলা এহিমানে।।৩৫৷৷

শুনা সামাজিক জন ভাগৱত কথা।

মনুষ্য জন্মক ইটো নকৰিয়ো বৃথা।।

পুৰাণৰ সূৰ্য্য ইটো মহাভাগৱত।

ব্যাস মহাঋষি আৰ কহিছা মহত্ত্ব।।৩৬।।

আৰ অন্তৰ্গত পৰমাৰ্থ কথা যত।

মঞি মাত্র জানো নাৰদৰ প্রসাদত।।

মোত হন্তে মহামুনি শুকে জানিলন্ত।

বিদুৰে ইহাক জানন্ত কি নজানন্ত।।৩৭৷৷

টীকা-ভাষ্য চাই মহা বুদ্ধিৰ প্ৰভাৱে।

কেহো জনে আৰ তত্ত্ব অর্থক নপাৱে।।

বৈকুণ্ঠৰ শাস্ত্র কৃষ্ণ মুখৰ বচন।

আৰ কি তত্ত্বক জানে যেই সেই জন।।৩৮৷৷

শুদ্ধ ভাৱে লৈলে যিটো কৃষ্ণত শৰণ।

ভকতিৰ প্ৰসাদে নিৰ্ম্মল যাৰ মন।।

সি সি মহাজনে আৰ তত্ত্বক জানয়।

ভাগৱত পুৰাণৰ কহিলো নির্ণয়।।৩৯।।

জানিয়া কৃষ্ণত কৰা একান্ত ভকতি।

কলিযুগে কৃষ্ণনাম কীৰ্ত্তনেসে গতি।।

বিশ্বামিত্র পৰাশৰ আদি মুনিগণ।

জল বায়ু পত্র মাত্র কৰন্ত ভোজন।।৪০।।

কামিনী জনৰ মুখপদ্ম সুললিত।

দেখি তাৰসৱো ভৈল কামে বিমোহিত।।

দধি দুগ্ধ ঘৃত মিশ্ৰ কৰি শালি অন্ন।

প্রৱন্ধিয়া প্রতিনিতে ভুঞ্জৈ যিটো জন।।৪১।।

সিয়ো জনে পাৰে যদি ইন্দ্রিয় জিনিত।

বিন্ধ্যগিৰি পাৰে তেৱে সাগৰ তড়িত।।

ইন্দ্রিয়ক জিনিবাৰ আছে যাৰ মতি।

সততে কৰিবে যত্ন সন্তৰ সঙ্গতি।।৪২।।

শ্ৰৱণ কীৰ্ত্তন মাত্র কৰিবে কৃষ্ণৰ।

ইন্দ্রিয়ক জিনি হৈবে কৃতার্থ সি নৰ।।

হেন জানি যতনে ত্যজিয়ো আন কাম।

শঙ্কৰে ৰচিলা ডাকি বোলা ৰাম ৰাম।।৪৩।।

।।ঈশ্বৰ-তত্ত্ব কথন।।

।।দুলড়ী।।

 

ঋষি শৌনকৰ     প্রশ্ন মনোহৰ

শুনি সূতে কৈবে লৈলা।

শুনা মুনিগণ      হুয়া একমন

তাত পাচে যেন ভৈলা।।

শুক দেৱতাৰ     বাক্য সাৰোদ্ধাৰ

শুনি ৰাজা পৰীক্ষিত।

কৃষ্ণৰ চৰণে      একান্ত যতনে

নিষ্কামে ধৰিলা চিত্ত।।৪৪৷৷

ভাৰ্য্যা পুত্র ধন         শৰীৰ স্বজন

ৰাজ্য আদি আনো যত।

সৱাৰো মমত     এড়িয়া শুকত

পুছিলা ঈশ্বৰ তত্ত্ব।।

কৃষ্ণ গুণ গান     কৰিতে শ্ৰৱণ

ভৈ গৈলা শ্রদ্ধা উদয়।

মৰণ সময়       জানি মহাশয়

ধৰ্ম্ম অর্থ কামচয়।।৪৫৷৷

সৱে পৰিহৰি      মনে কৃষ্ণ স্মৰি

শুকৰ চৰণ চাই।

কৃতাঞ্জলি ধৰি          আতি মৃদু কৰি

বিনাৱন্ত মহাৰায়।।

ধন্য মুনিবৰ      তোহ্মাৰ উত্তৰ

সাক্ষাতে পালো প্রমাণ।

মোৰ মোহজাল     তাতো তৎকাল।

কৰিলে সৱে নিৰ্য্যাণ।।৪৬।

গুৰু কৃপাময়      আৰো অর্থচয়

জানিবাক মোৰ মন।

ইটো বিশ্বখান      প্রভু নাৰায়ণ

যিমতে কৰা স্ৰজন।।

যিমতে পালন্ত      পুনু সংহাৰন্ত

যিসৱ শক্তিক ধৰি।

সিসৱ সংশয়      ছেদিবে লাগয়

গুৰু মোক কৃপা কৰি।।৪৭।।

ভাগ্য আছে যাতো       মৰণ বেলাত

পাইলোহো তোহ্মাক লাগ।

বুলিতে বচন      জুৰয় নয়ন

মৌনে ৰৈলা মহাভাগ।।

সূতে শৌনকত     কন্ত হৰিষত

ৰাজাৰ কাকূতি শুনি।

নমি কৃষ্ণপাৱ      হুয়া প্রেমভাৱ

কৈবে লৈলা শুকমুনি।।৪৮।।

নমো নমো কৃষ্ণ    ভকতৰ ইষ্ট 

পৰম ঈশ্বৰ ৰাম।

সৃষ্টি স্থিতি অন্ত    কৰন্ত ধৰন্ত

যিটো ব্রহ্মা আদি নাম।।

জীৱৰ হৃদিত      থাকি প্রতিনিত

এতেকে নেদেখৈ কেৱ।

একান্ত ভকতে     দেখন্ত সততে

নমো হেন কৃষ্ণদেৱ।।৪৯।।

স্বধৰ্ম্মী জনৰ      দুখ ভয়হৰ

অধৰ্ম্মীক বিনাশন্ত।

জ্ঞানীৰো জ্ঞানক    যিটো বিধায়ক

নমো হেন ভগৱন্ত।।

নমো দামোদৰ     ভকত জনৰ

পালক কৃপাসাগৰ।

যাহাৰ পদক      স্বপ্নতো নেদেখৈ

ভকতি ৰহিত নৰ।।৫০।।

শ্ৰৱণ-কীৰ্ত্তন      অৰ্চ্চন বন্দন

আদি ভকতিয়ে যাৰ।

সমস্তে লোকৰ      সদ্যে পাপ হৰে

তান পাৱে নমস্কাৰ।।

যাহাৰ চৰণে      সেৱে অনুক্ষণে

যত বিচক্ষণ জন।

পাৱৈ ব্ৰহ্মগতি     তড়িয়া দুর্গতি

তাহাঙ্ক কৰো বন্দন।।৫১।।

ভক্তিহীন নৰে     যত কৰ্ম্ম কৰে।

সকলে বিফল হয়।

তপ জপগণ       যাত সমর্পণ

বিনে ফল নধৰয়।।

হেন কৃষ্ণ দেৱ     পৰি কৰো সেৱ

সুমঙ্গল কীৰ্ত্তি যাৰ।

পূজা আদি যত    ভক্তিৰ মধ্যত

শ্ৰৱণ কীৰ্ত্তন সাৰ।।৫২।।

কথা শ্ৰৱণৰ      নাম কীৰ্ত্তনৰ

সমান নাহিকে আন।

ভক্তিসে পৰম          শুদ্ধ নিৰুপম

প্রকটি দেখাঞো প্রমাণ।।

কিৰাত কছাৰী     খাচি গাৰো মিৰি

যৱন কঙ্ক গোৱাল।

অসম মুলুক      ধোবা যে তুৰুক

কুবাচ ম্লেচ্ছ চণ্ডাল।।৫৩।।

আনো পাপী নৰ        কৃষ্ণ সেৱকৰ

সঙ্গত পৱিত্র হয়।

ভকতি লভিয়া     সংসাৰ তড়িয়া

বৈকুণ্ঠে সুখে চলয়।।

হেন অদভুত      মহিমা যুগুত

পৰম ঈশ্বৰ দেৱ।

কপটক এৰি      যাৰ পাৱে পৰি

ব্রহ্মা হৰে কৰে সেৱ।।৫৪।।

লক্ষ্মীৰ নায়ক          যজ্ঞৰ পালক

যিটো পৃথিৱীৰ পতি।

যাদৱগণৰ        ভক্ত পাণ্ডৱৰ

পালক পৰম গতি।।

হেন ভগৱন্ত           মহিমা অনন্ত

ভকতে কৰে বৰ্ণন।

হে কৃষ্ণনাথ       নমো দমাই মাথ

হুয়োক মোত প্রসন্ন।।৫৫।।

পঞ্চভূতে নানা     শৰীৰ স্ৰজিয়া

প্ৰৱেশি তাত লীলায়।

কৰন্ত শোভন      যিটো নাৰায়ণ

প্ৰণামো তাঙ্ক সদায়।।

সেহি কৃপাময়      মোৰ বাক্যচয়।

অলঙ্কৃত কৰন্তোক।

শৃঙ্গাৰাদি নানা     ৰসে বাজ হৌক

আনন্দে লোকে শুনোক।।৫৬৷৷

যাৰ মুখপদ্ম           মকৰন্দ মধু

হৰি কথা ৰসময়।

ভকত ভ্ৰমৰে          পৰম সাদৰে

আনন্দে নিতে পিৱয়।।

হেন কৃপাময়      গুৰু পিতৃ ব্যাস

নমি তান চৰণত।

তাহান কৃপাত     পঢ়িলো সাক্ষাত

ইটো মহাভাগৱত।।৫৭।

এহিমতে হৰি      গুৰুক নমিয়া

শুক মহা মুনিবৰ।

কৰিয়া সাদৰ      ৰাজাৰ প্ৰশ্নৰ

দিবাক গৈলা উত্তৰ।।

নৃপ যোগেন্দ্ৰৰ         সম্বাদ সুন্দৰ

যেনমত ভৈলা তথা।

দ্বিতীয় স্কন্ধৰ          চাৰি অধ্যায়

এহিমানে গৈলা কথা।।৫৮।।

____________

 

।। ছবি।।

 

শুনিয়োক সভাসদ       মহা ভাগৱত পদ

সমস্তে শাস্ত্ৰৰ এহি সাৰ।

কলি পাপ সাগৰত       বিনে কৃষ্ণ কীৰ্ত্তনত

আনমতে নাহিকে নিস্তাৰ।।

শুকদেৱ মহাজ্ঞানী       তান বাক্য সত্য মানি

হৰিৰ চৰণে দিয়া চিত্ত।।

আন ধৰ্ম্ম কৰ্ম্ম যত      তেজি সাধু প্রসঙ্গত

কৃষ্ণকথা পিয়া প্রতিনিত।।৫৯।।

নমো নমো কৃষ্ণদেৱ      তযু পাৱে কৰো সেৱ

মোক আসি পাইলে অন্তকাল।

কেশচয় পকি গৈল       দন্ত সৱ জীর্ণ ভৈল

সোটোৰা সোটোৰি ভৈল ছাল।।

নয়নে বহয় নীৰ        শৰীৰ নুহিকে থিৰ

বাক্য আৰ নবজাই ভাল।

জীৱন ধনৰ আশ       তথাপি নুহিকৈ নাশ

নিছিণ্ডয় মোহমায়া জাল।।৬০।।

আৱে কেনে হৈবে মোৰ    কেতিক্ষণে কালচোৰ

পৰমায়ু হৰি লৈয়া যায়।

জানি কৃষ্ণ কৃপা কৰা     নিজদাস বুলি ধৰা

মোৰ বন্ধু আন নাই নাই।।

তোহ্মাৰ ভক্তৰ সঙ্গে      তযু কথা শুনো ৰঙ্গে।

মুখে লৈবো তযু গুণ নাম।

এহি বাঞ্ছা সিদ্ধি হৌক     যত সামাজিক লোক

নিৰন্তৰে বোলা ৰাম ৰাম।।৬১।।

____________

         ।।ব্রহ্মা-নাৰদ সম্বাদ।।

                     ।।পদ।।

 

শুক নিগদতি ৰাজা শুনা মহাশয়।

তুমি যিবা পুছিলা আহ্মাত অৰ্থচয়।।

তাতো পূৰ্ব্বকথা এক কহিবো তোহ্মাত।

ব্রহ্মা নাৰদৰ যিটো সম্বাদ সাক্ষাত।।৬২।।

একদিনা প্রজাপতি চিত্ত থিৰ কৰি।

শুদ্ধ থানে বসি যম নিয়মক ধৰি।।

প্রজাৰ কুশল চিন্তি কৰি যজ্ঞচয়।

কৃষ্ণৰ চৰণ চিন্তি আছা কৃপাময়।।৬৩।।

পাচে কৃষ্ণদেৱৰ সেৱক মনোৰম।

ব্ৰহ্মাৰ তনয় ঋষি নাৰদ উত্তম।।

জানিবাক মহামুনি কৃষ্ণৰ মায়াক।

সেৱা কৰি সন্তোষ কৰিলা বিধাতাক।।৬৪।।

তুষ্ট ভৈলা পিতামহ দেখি মুনিৰাজ।

সেহিবেলা তান্ত পুছিলন্ত এহি কাজ।।

জগতকে কৃপা কৰি পৰম মহন্ত।

কৰযোৰে বিধাতাৰ আগে বিনাৱন্ত।।৬৫।।

নাৰদ বদতি নমো দেৱ সৃষ্টিকৰ।

বুজায়োক মোক জ্ঞান সাধন সুন্দৰ।।

জগত প্রকাশে কোনে কাহাত আশ্রয়।

কোনে স্ৰজে কোনে পালে কাহাত থাকয়।।৬৬।।

কাহাৰ অধীন স্বৰূপত কিবা হয়।

ইসৱ সংশয় মোৰ ছেদিবে লাগায়।।

আছোক ইসৱ কথা আপুনাকো কহ।

কোন জ্ঞানদাতা গুৰু তযু পিতামহ।।৬৭।।

তযু সেৱ্য দেৱ কোন অধীন কাহাৰ।

স্বৰূপত কিবা তুমি কহা কৰি সাৰ।।

মোৰ মনে তোহ্মাকে ঈশ্বৰ বুলি কয়।

তযু তপ দেখি তাতো সংশয় লাগয়।।৬৮।।

এতেকে তোহ্মাতো কৰি আছে শ্রেষ্ঠ দেৱ।

তাতেসে ভকতি ভাৱে কৰা নিতে সেৱ।।

মোৰ মহা সংশয় ছেদিয়ো কৃপাময়।

যিমতে বুজিবো তেনে বুজাইবে লাগায়।।৬৯।।

নাৰদৰ বাণী শুনি বিধি নিগদতি।

ধন্য ধন্য কৃপালু নাৰদ মহামতি।।

মোক পুনু আসি তুমি কৃপাসে কৰিলা।

যাতো গোৱিন্দৰ গুণ কহিবে বুলিলা।।৭০।।

মহাধৰ্ম্ম কৃষ্ণকথা শ্ৰৱণ-কীৰ্ত্তন।

এতেকে বর্ণাঞো শুনা হুয়া একমন।।

ঈশ্বৰ বুলিয়া যিবা মানাহা আহ্মাক।

ইয়ো সাঙ্গে মিছা নুহিকয় তযু বাক।।৭১।।

যাতো ঈশ্বৰৰ কৰ্ম্ম আহ্মাত আছয়।

কৃষ্ণ সেৱাতেসে মোৰ ইটো মহোদয়।।

কৃষ্ণ পাদপদ্ম মঞি কৰিছো আশ্রয়।

তাতেসে আহ্মাক লোকে ঈশ্বৰ বোলয়।।৭২।।

মোৰ ইষ্টদেৱ দেৱ দৈৱকী তনয়।

কৃষ্ণ বিনে সেৱ আন দেৱ নাহিকয়।।

যাৰ প্রকাশিত ইটো সমস্তে জগত।

নিমিত্ত মাত্রকে মঞি কাৰোহো বেকত।।৭৩।।

নমো নমো হেন ভগৱন্ত বাসুদেৱ।

কায় বাক্য মনে তান পাৱে কৰো সেৱ।।

যাহাৰ আগত মায়া ৰৈবে নপাৰিয়া।

লাজে ভয়ে দূৰ হুয়া থাকে আন্তৰিয়া।।৭৪।।

তুমিসৱে সেহি মহামায়ায়ে ভুলিলা।

তাতেসে জগত গুৰু আহ্মাক বুলিলা।।

যি কথা পুছিলা তাৰ লৈয়ো পৰিচ্ছেদ।

সৱে কৃষ্ণময় ইটো কৈলো সত্য ভেদ।।৭৫।।

চাৰি বেদ চৌদ্ধ শাস্ত্রে কৃষ্ণকে কহয়।

কৃষ্ণৰেসে অংশ সৱে জগত নিশ্চয়।।।

কৃষ্ণক পাইবাক লাগি কৰে যত যাগ।

তপ জপ কৰিয়া কৃষ্ণক পাৱে লাগ।। ৭৬৷৷

জ্ঞানপথে কৃষ্ণকেসে সেৱে জ্ঞানীগণ।

কৈলো সেহি সেৱ্য মোৰ নন্দৰ নন্দন।।

লীলা কৰি তেহো পূৰ্ব্বে প্রকৃতি স্ৰজিলা।

মায়াগুণ দ্বাৰে ইটো ব্রহ্মাণ্ড কৰাইলা।।৭৭৷৷

তাহাৰ ভিতৰে ভৈলা বিৰাট শৰীৰ।

ঊৰ্দ্ধে সাতলোক তাতে বুজা মহাধীৰ।।

অধত অতল আৰু বিতল সুতল।

তলাতল আদি সাতো পৰম বহল।।৭৮।।

দেৱ দৈত্য মনুষ্য বিভাগি তাতে ৰৈলা।

চাৰি বৰ্ণ কৃষ্ণৰ দেহত হন্তে ভৈলা।।

শ্ৰৱণ কীৰ্ত্তন ধৰ্ম্ম চাৰিয়ো বৰ্ণৰ।

নিজপিতৃ কৃষ্ণ মাত্র সেৱ্য জগতৰ।।৭৯।।

হেন কৃষ্ণ সেৱা এৰে যিটো মন্দমতি।

অৱশ্যেকে মৰি সিটো যাইবে অধোগতি।।

মায়াৰ স্ৰজনা ইটো ব্রহ্মাণ্ড যতেক।

সমস্ত বিনাশী মঞি কহিলো প্রত্যেক।।৮০৷৷

ব্রহ্মাণ্ডৰ বাজ সিটো কৃষ্ণৰ নগৰ।

কদাচিতো নুহি নাশ জানা মুনিবৰ।।

প্রপঞ্চৰ ভিতৰ নুহিকে সিটো থান।

ভক্তৰ নিমিত্তে কৃষ্ণে কৰিছা নিৰ্ম্মাণ।।৮১।।

জ্ঞান কৰ্ম্ম যোগ যাগ তপস্যা আচৰে।

কদাচিতো বৈকুণ্ঠক নাযায় সিটো নৰে।।

শ্ৰৱণে কীৰ্ত্তনে সুখে বৈষ্ণৱে পাৱয়।

আৰো কৃষ্ণকথা কহো শুনা মহাশয়।।৮২।।

এহিমতে কৃষ্ণত উপজে লোক যত।

ঈশ্বৰত কৰি ভিন্ন নুহি বিচাৰত।।

যেন সুৱর্ণত হন্তে জনমে কুণ্ডল।

বিচাৰত নাম মাত্র সুৱর্ণ কেৱল।।৮৩।।

এতেকে কৃষ্ণেসে মাত্র নিয়ন্তা ঈশ্বৰ।।

কৃষ্ণতে প্রকাশে চৰাচৰ নিৰন্তৰ৷৷

ভজনীয় দেৱ কৃষ্ণ বিনে নাহি আন।

বেদ শিৰোৰত্ন মন্ত্রে কহে বিদ্যমান।।৮৪।।

এহি বুলি ব্রহ্মা তুলি বেদ মন্ত্ৰচয়।

নাৰদত সমস্তে বুজাইলা মহাশয়।।

হেন শুনি মুনি পুনু পুছন্ত সাদৰি।

সৱে যদি কৃষ্ণময় পূজা কেন কৰি।।৮৫৷৷

কিবা দ্রব্যে যজ্ঞ কৰা সংশয় মিলিল।

শুনি ব্রহ্মা হৰিষতে কহিবে লাগিল।।

ধন্য মোৰ পুত্ৰ শুনা সিদ্ধান্ত ইহাৰ।

ময়ো পূৰ্ব্বে এহি কথা কৰিছো বিচাৰ।।৮৬।।

যদি কৃষ্ণ বিনে বস্তু জগততে নাই।

কৃষ্ণময় দ্রব্য যজো কৃষ্ণক সদায়।।

মোক দেখি মনু আদি যত মহাজন।

হৰি ৰূপ দ্রব্যে কৰৈ তাঙ্ক আৰাধন।।৮৭।।

সমত্তে কহিলো মঞি তোহ্মাত বুজাই।

মোৰ ইষ্টদেৱ কৃষ্ণবিনে আন নাই।।

কৃষ্ণৰেসে আজ্ঞা মঞি ধৰিয়া শিৰত।

নানামতে স্ৰজো ইটো সমস্তে জগত।।৮৮।।

হৰিৰ অধীন হুয়া হৰে সংহাৰন্ত।

জগতকে ভগৱন্তে আপুনি পালন্ত।।

সেহি কৃষ্ণদেৱ মাত্র সেৱ্য জগতৰ।

কৃষ্ণ বিনে ভজনীয় নাহিকে অপৰ।।৮৯।।

কৃষ্ণ বিনে আন নুহি চৰাচৰ যত।

কৃষ্ণৰ সেৱাৰ কিছু শুনিয়ো মহত্ত্ব।।

মোৰ বাক্য মন ইন্দ্ৰিয়ৰ বৃত্তিচয়।

কদাচিতো মিছা নহে জানা, মহাশয়।।৯০।।

মোৰ ইটো বল নুহি কহিলো নিশ্চিত।

প্রেমভাৱে হৰিপদ ধৰিছো হৃদিত।।

তাতেসে আহ্মাৰ দেখা মহা গুণগণ।

কৃষ্ণ সেৱা বল তুমি জানা তপোধন।।৯১।।

কিছো অর্থ সিদ্ধি নোহে কৃষ্ণকথা বিনে।

মঞি লভি আছো আৰ প্রমাণ আপুনে।।

বেদময় তপোময় মঞি শ্রেষ্ঠজন।

প্রজাপতিসৱো মোক সেৱে অনুক্ষণ।।৯২।।

উত্তম যোগক ধৰি হুয়া সাৱধান।

তভো নজানিলো কৃষ্ণ দেৱৰ প্রমাণ।।

হেন গোৱিন্দৰ পাৱে পৰি কৰে সেৱ।

তান কৃপা বিনে তাঙ্ক নজানয় কেৱ।।৯৩৷৷

আপোনাৰ অন্ত নজানন্ত কৃপাময়।

আনে নজানিবে তাঙ্ক কি কৈবে লাগয়।।

তুমি আমি সনকাদি আৰু মহেশ্বৰ।

দেৱাসুৰ পিতৃ নাগ চাৰণ কিন্নৰ।।৯৪।।

কৃষ্ণৰ মায়ায়ে সৱে হুয়া বিমোহিত।

কৃষ্ণৰ গুণৰ অন্ত নপাৰে কহিত।।

কিন্তু সৱে আপুনাৰ মতি অনুসাৰে।

অৱতাৰ লীলা গাৱে কৃষ্ণ দেৱতাৰে।।৯৫।

এতেকে প্রণামো মাত্র কৃষ্ণক সদায়।

কহো কৃষ্ণ অৱতাৰ শুনা মহাৰায়।।

প্রকৃতিক কটাক্ষতে কৰে সচেতন।

যাৰ লীলা তনু জলশায়ী নাৰায়ণ।।৯৬।

তাঙ্ক বুলি পৰম পুৰুষ মুনিবৰ।

আদ্য অৱতাৰ কৈলো বৈকুণ্ঠনাথৰ।।

কাল মায়া মন প্রাণ ইন্দ্ৰি চৰাচৰ।

মঞি তুমি সনকাদি প্রজাপতি হৰ।।৯৭।।

দেৱাসুৰ গন্ধৰ্ব্ব চাৰণ নৰেশ্বৰ।

যক্ষ ৰাক্ষস পিতৃ সিদ্ধ বিদ্যাধৰ।।

ভূত প্রেত পিশাচাদি মুখ্য তাসম্বাৰ।

সমস্ত জানিবা কৃষ্ণৰেসে অৱতাৰ।।৯৮।।

কিণ্ত্ত আতে বুজা তুমি কৰিয়া বিচাৰ।

বিভূতি শকতি কাৰ্য্য কতো অৱতাৰ।।

আৱে শুনা শুদ্ধ সত্য অৱতাৰচয়।

শ্ৰৱণতে মহাসুখে মুকুতি পাৱয়।।৯৯৷৷

অনাদি জনমে জীৱে কুকথা শুনয়।

তাৰ মলে কর্ণপথ বান্ধিয়া আছয়।।

অৱতাৰ চৰিত্রে তাহাক বিনাশয়।

মিলে মহোদয় কৃষ্ণপাৱে ৰতি হয়।।১০০।।

শুনা কিছু কহো মুখ্য মুখ্য অৱতাৰ।

জগতৰ লোকে শুনি তোক সংসাৰ।।

এহি বুলি প্রেমে বিধি কহিবাক লৈলা।

পাঞ্চ ছয় দুই অধ্যায়ৰ কথা গৈলা।।১০১।।

নমো নমো কৃষ্ণ প্রভু কৰুণা সাগৰ

মোক নিজদাস বুলি ধৰা দামোদৰ।।

মোৰ সম মহাপাপী সংসাৰতে নাই।

তুমি সম পাপহৰ কহিতো নপায়।।১০২।।

এতেকে শৰণ লৈলো তযু চৰণত।

পতিত পাৱন তুনি শুনো জগতত।।

যেহি লাগে তাকে কৰা তুমি পূর্ণকাম।

সামাজিক লোকে ডাকি বোলা ৰাম ৰাম।।১০৩।।

।।লীলাৱতাৰ কথন।।

।।ছবি।।

 

নিগদতি প্রজাপতি       শুনা মুনি মহামতি

কৃষ্ণৰ নিৰ্ম্মল অৱতাৰ।

লোকৰ নিস্তাৰ হেতু      কৃপায়ে গুৰুড়কেতু

যেন যেন কৰন্ত বিহাৰ।।।

লীলা কৰি মহাহৰি       বৰাহ স্বৰূপ ধৰি

পৃথিৱীক কৰিলা উদ্ধাৰ।।

দান্তে ছিড়ি সেহিবেলা     হিৰণ্যক নিপাতিলা

আতি প্রীতি সাধি দেৱতাৰ।।১০৪৷৷

ৰুচিৰ তনয় ভৈলা       দেৱগণ উপজাইলা

স্বায়ম্ভু মনুৰ হৰি দুখ।

আপুনিয়ে যজ্ঞ কৰি      ইন্দ্র হুয়া কৃপা কৰি

জগতৰে সাধিলন্ত সুখ।।

কৰ্দ্দমৰ গৃহে জাত       হুয়া কৃষ্ণ জগন্নাথ

সাংখ্য কহি মাতৃক তাড়িলা।

দত্তাত্রেয় নাম হুয়া       যদু আদি নিস্তাৰিয়া

কৃপা কৰি লোকত ভ্রমিলা।।১০৫৷৷

মোৰ তপে তুষ্ট হৰি      সনকাদি ৰূপ ধৰি

জ্ঞানযোগ পৃথুত কহিলা।

ধৰ্ম্ম ঘৰে সনাতন       ভৈল নৰ-নাৰায়ণ।

মহা তপ ব্রত আচৰিলা।।।

তানে তপে ইন্দ্র ডৰি     পাঞ্চিলেক অপেস্বৰী

কামদেৱ আদি সৱে যায়।

মুহিবাক যত্ন কৰি       নানা ভঙ্গী ভাৱ ধৰি

নপাৰিয়া গৈলেক পলায়।।১০৬।।

ধ্ৰুৱৰ তপস্যা জানি      দেখা দিয়া চক্রপাণি

দিলা বৰ পৃশ্নি অৱতাৰে।

বেণক নিস্তাৰ কৰি      পৃথুৰূপে দেৱহৰি

নিজ বৃত্তি দিলন্ত সৱাৰে।।

আতিশয় দুখতৰ        পথ জ্ঞান সমস্তৰ

ঋষভ স্বৰূপে দেখাইলন্ত।

ধৰি হয়গ্ৰীৱ নাম       মোৰ যজ্ঞে পূর্ণকাম

বেকত ভৈলন্ত ভগৱন্ত।।১০৭।।

ধৰি মহা মৎস্যকায়      ভক্ত সত্যব্রত ৰায়

ৰাখিলন্ত মায়া প্রলয়ত।

দেৱতাৰ প্রীতি সাধি      কূৰ্ম্মৰূপে পৃষ্ঠি পাতি

ধৰিলন্ত মন্দৰ পৰ্বত।।

হুয়া হৰি নৰসিংহ       দিয়া মহা ঘোৰ ৰিঙ্গ

হাম্ফলিয়া হিৰণ্যক ধৰি।

উৰুত স্থাপিয়া ৰাগে      বজ্ৰ সম নখ আগে

ছিড়ি মাৰিলন্ত লীলা কৰি।।১০৮।।

গ্রাহে ধৰি আছে পাৱে     গজপতি আৰ্ত্তৰৱে

ত্রাহি কৃষ্ণ বুলি ডাকিলন্ত।

হাতে চক্ৰ ধৰি হৰি      তান দুখ দূৰ কৰি

নিস্তাৰ কৰিলা ভগৱন্ত।।

ধৰিয়া বামন কায়       বলিৰ যজ্ঞক যায়

দান মাগি বলিক ছলিলা।

পাচে কৰি নিজদাস      সুতলত দিয়া বাস

দ্বাৰী হুয়া আপুনি ৰহিলা।।১০৯।।

হংসৰূপে কৰি লীলা      জ্ঞান ভক্তি প্রাকশিলা

আহ্মাৰ আগত কৃপাময়।

প্রতি প্রতি মন্বন্তৰে       তনু ধৰি দামোদৰে

প্রকাশন্ত নিজ কীৰ্ত্তিৰ্চয়।।

ধন্বন্তৰি ৰূপে হৰি        অমৃতৰ ঘট ধৰি

সমুদ্ৰৰ পৰা ভৈলা বাজ।

কপটে যুৱতী হুয়া       দেৱক অমৃত দিয়া

বঞ্চিলন্ত দানৱ সমাজ।।১১০।।

হুয়া ভৃগুপতি ৰাম       কৰিয়া দুৰ্ঘোৰ কাম।

হাতে ধৰি পৰশু কুঠাৰ।

অধৰ্ম্ম ক্ষত্রিয় যত       সমস্তে কৰিলা হত

বিচাৰিয়া তিনি সাত বাৰ।।

কৈলো মঞি নিষ্ট কৰি    পৰ্শুৰাম ধন্বন্তৰি

দুয়ো বর্তমানে অৱতাৰ।

আবে শুনা মুনিবৰ      ভৱিষ্যত মাধৱৰ

লীলাচয় কাৰোহো প্রচাৰ।।১১১৷৷

উপজিৱে নৈকেষীত       ৰাৱণ অধম চিত্ত

কৰিবেক লোকক দমন।

তাত হন্তে হুয়া ভয়      ইন্দ্ৰ আদি দেৱচয়

হৰিপদে লৈবেক শৰণ।।

আহ্মাক প্রসাদ দিত      ভূমিভাৰ সংহৰিত

কৃপাময় জগত আধাৰ।

ৰামচন্দ্র লক্ষ্মণ         ভৰত আৰ শত্রুঘ্ন।

চাৰিৰূপে হৈবা অৱতাৰ।।১১২।।

জগতক কৃপা কৰি       মনুষ্যৰ ৰূপ ধৰি

ভকত পিতৃৰ আজ্ঞা পালি।।

জানকী লক্ষ্মণ সঙ্গে      বনক চলিবা ৰঙ্গে

মাথে জটা ধৰি বনমালী।।

অগস্তিক লাগ পাই       অনন্তৰে 'ৰামৰায়

দণ্ডক বনত ৰৈবা যায়।

শূর্পনখী ৰূপ ধৰি        আসিবেক ছদ্ম কৰি

নাক কাণ কাটিবে লখায়।।১১৩৷৷

মহালাজ পায়া তাই      খৰ দুষণৰ ঠাই

গোচৰ দিবেক দুখে যাই।।

চৈধ্য কোটি নিশাচৰ      একেশ্বৰে ৰঘুবৰ

সমৰত বধিবা লীলায়।।

নভৈলেক প্রতিকাৰ       সূর্পনখী আৰোবাৰ

ৰাৱণত কৈবে সৱে কাজ।

শুনিয়া ৰাৱণ ৰাগে      মাৰীচক লৈয়া আগে

পশিবেক অৰণ্যৰ মাজ।।১১৪।।

সুৱর্ণ হৰিণৰূপে     ৰামক দূৰ কৰি নিবে

মাৰীচ ৰাক্ষসে মায়া কৰি।

লক্ষ্মণ গৈলেক যেৱে      ৰাৱণ কপটী তেৱে

আসিবে সন্ন্যাসী ৰূপ ধৰি।।

চাপ চুপ কথা কই       চাব দি সীতাক লই

লঙ্কাক যাইবেক লঙ্কেশ্বৰ।

জানকীক নপাই তাপ     কৰিবন্ত ৰামবাপ

দুখ দেখাই ভাৰ্য্যা অধীনৰ।।১১৫।।

জটায়ুক লাগ পাই       দহি পাচে ৰামৰায়

কৃপা গুণ কৰিবা বিদিত।

লগে লৈয়া হনুমন্ত       মিত্রৱতি কৰিৱন্ত

নিজদাস সুগ্রীৱ সহিত।।

হেনয় কৃপালু দেৱ       ৰাম বিনে নাহি কেৱ

দেখা পশু পক্ষীকো ভজন্ত।

জানি ভজা ৰামপাৱ      ইসে ভৱসিন্ধু নাৱ

তাত পাচে ৰাম ভগৱন্ত।।১১৬।।

সুগ্রীৱ ভক্তৰ কাজ       সাধি ৰঙ্গে ৰঘুৰাজ

ভালুক বানৰ লগে লই।

দক্ষিণ সাগৰ তীৰে       ভক্ত সমে ৰঘুবৰে

অনন্তৰে ৰহিবন্ত যাই।।

তিনি দিন ব্ৰত ধৰি      থাকিবন্ত লীলা কৰি

তভো যেৱে সমুদ্র নাসন্ত।

ভকত সীতাৰ তাপে      পাচে জগতৰ বাপে

ঈষত কটাক্ষে চাহিবন্ত।।১১৭।।

ক্রোধ দৃষ্টি তাপ লাগি    তাপিত সাগৰ পানী

উথল পাথল হুইবে যেৱে।।

মৎস্য শিহু ঘৰিয়াল      হৈবে সৱে লালকাল।

সাগৰ তৰসি যাইবে তেৱে।।

নানা দ্রব্য সমর্পিয়া       চৰণে শৰণ লৈয়া

স্তুতি কৰিবন্ত সিন্ধুৰাজ।

হৃদিকম্পে যাইবে লড়ি     মাজে পথ দিবে এড়ি।

পাচে কিছু গুচৰিবে কাজ।।১১৮।।

ভকতৰ বাক্য ধৰি      নিজ কীৰ্ত্তি ব্যক্ত কৰি

অনাইবাহা গিৰিবৰচয়।

বন্ধাই মহাশিলা সেতু     লোকৰ নিস্তাৰ হেতু

কীৰ্ত্তি বিস্তাৰিবা কৃপাময়।।

পাচে ভৰিগতি কৰি      সসৈন্যে সমুদ্র তড়ি

সুবেলে বহিবা ৰামদেৱ।

ভালুক বানৰ যত       প্রেমে হুয়া উনমত

ৰামপাৱে কৰিবন্ত সেৱ।।১১৯।।

____________

 

।।দুলড়ী।।

 

আসিলন্ত ৰাম      ভৈলা মন্দ কাম

মানি নিশাচৰগণ।

যুদ্ধক প্রবন্ধে      চড়ি হস্তীস্কন্ধে

আসিবে কৰি যতন।।

সুগ্ৰীৱ লক্ষ্মণ      আদি বীৰগণ

সৱাৰে চিন্তিবা মাৰ।

সৈন্যৰ মৰণ      শুনিয়া ৰাৱণ

যুদ্ধে হৈবা পয়োসাৰ।।১২০।।

পূৰ্ব্বে সমৰত      ৰাৱণে ক্ৰোধত

ইন্দ্ৰক বুলিলা চাই।

হেৰ আখণ্ডল      বুজো তোৰ বল

হস্তীক দেস চপাই।।

শুনি ইন্দ্ৰে ৰাগি        ৰাৱণক লাগি

খুম্পিলেক ঐৰাৱত।

হুয়া ক্রোধ মন         ভিড়িলা দর্শন

ৰাৱণৰ হৃদয়ত।।১২১।।

বজ্র অঙ্গে লাগি    দান্ত গৈলা ভাগি

চিটিকি দিশে পৰিল।

ইন্দ্র ভয় মন           হৰিষ ৰাৱণ।

লোকৰ হৃদি কম্পিল।।

হেনয় দুর্জয়           নৈকেষী তনয়

তাক ৰামে লাগ পায়।

মানি ভাৰ্য্যাচোৰ        কৰি যুদ্ধ ঘোৰ

ভেদিলন্ত বজ্রকায়।।১২২৷৷

পাচে ৰঘুবীৰ           তাৰ দশ শিৰ

ছেদিবন্ত শৰঘাৱে।

ৰাম জয় জয়          হুইবে মহোদয়।

সমস্ত দেৱৰ ঠাৱে।

অনন্তৰে ৰামে          চড়ি দিব্য যানে

সীতা সমে দেশে আসি।

হুয়া মহাৰাজা           পালিবন্ত প্রজা

প্রকাশিয়া যশৰাশি৷৷১২৩৷৷

ওবা নৰলোক           হৰি ভজিয়োক

ধৰা ইটো উপদেশ।

এৰা আল জাল         জীৱা কতকাল

জড়া ভৈল পৰৱেশ।।

অন্য দেৱী দেৱ        নকৰিবা সেৱ।

নখাইবা প্রসাদ তাৰ।

মূৰ্ত্তিকো নাচাইবা          গৃহো নপশিবা

ভক্তি হৈব ব্যভিচাৰ।।১২৪৷৷

এক কৃষ্ণ দেৱ          কৰিয়োক সেৱ

ধৰিয়ো তাহান নাম।

কৃষ্ণদাস হুয়া           প্রসাদ ভুঞ্জিয়া

হস্তে কৰা তান কাম।।

কৃষ্ণৰ স্থানক           যত্নে চলিয়োক

সাঞ্চিয়ো পুণ্যৰ দাম।

কৃষ্ণৰ কিঙ্কৰে            কহে নিৰন্তৰে

ডাকি বোলা ৰাম ৰাম।।১২৫।।

____________

                   

                  ।।পদ।।

 

ব্রহ্মায়ে বোলন্ত শুনা মুনি মহাশয়।

ইষ্টদেৱ কৃষ্ণৰ কহিবো লীলাচয়।।

মহাভাৰ সহিবে নপাৰি বসুমতী।

কান্দি দুখ নিৱেদিবে আহ্মাত সম্প্রতি।।১২৬৷৷

তেহো সমে যাইবো মঞি ক্ষীৰোদধি তীৰ।

কৃষ্ণক চিন্তিবো তথা কৰি চিত্ত স্থিৰ।।

আকাশী বচন শুনি কৈবো দেৱতাত।

তাৰা সৱো অংশে আসি জন্মিবে সাক্ষাত।।১২৭।।

পাচে লীলা কৰি দেৱ দেৱ ভগৱন্ত।

দৈৱকীৰ গর্ভে আসি বেকত হৈবন্ত।।

ভকতৰ বাক্য পালি নৰৰূপ ধৰি।

নন্দঘৰে গোকুলে বাঢ়িবে ছদ্ম কৰি।।১২৮।।

ঈশ্বৰ বুলিয়া নজানিবে অজ্ঞ যত।

কৰ্ম্মদ্বাৰে নিজ গুণ হৈবেক বেকত৷৷

আতি শিশুকালত কৃপালু ভগৱন্ত।

স্তনপানে পূতনাৰ প্রাণ শুষিবন্ত।।১২৯৷৷

তৃতীয় মাসত আতি কৃষ্ণ মহাভাগে।

শকটক ওভোতাইবা চৰণৰ আগে।।

ইকি মনুষ্যৰ কৰ্ম্ম শুনা মুনিবৰ।

এতেকে জানিবা কৃষ্ণ পৰম ঈশ্বৰ।।১৩০।।

চক্রবাত নিপাতিবা গলে চিপি ধৰি।

নন্দৰ ব্ৰজত ফুৰিবন্ত লীলা কৰি।।

হামি তুলিবাৰ ছলে যশোদা নন্দন।

মুখৰ ভিতৰে দেখাইবন্ত ত্রিভুৱন।।১৩১।।

পৰম বিস্ময় হুয়া যশোদা সুন্দৰী।

মনে বিমৰিশি থাকিবন্ত হৰি স্মৰি।।

পাচে গর্গঋষি আসি থৈবা কৃষ্ণ নাম।

গোকুলত আনন্দে ক্রীড়িবা কৃষ্ণ ৰাম।।১৩২।।

গোপশিশু সমে গোৱালৰ ঘৰে যায়।

চুৰি কৰি লৱনু খাইবন্ত যদুৰায়।।

গোপীগণে খল দিবে যশোদাত আসি।

কৃষ্ণমুখ চাই সতী থাকিবন্ত হাসি।।১৩৩৷৷

কেনে মাটি খাইলি বুলি যশোদা সোধন্ত।

নখাঞো বুলি মুখ মেলিবন্ত ভগৱন্ত।।

মুখৰ ভিতৰে দেৱী দেখিবে জগত।

স্তুতি নতি কৰিবন্ত কৃষ্ণৰ আগত।।১৩৪।।

পাচে দধি মথিবন্ত যশোদা সুন্দৰী।

স্তন পিবে নপাই ক্রোধিবন্ত দেৱ হৰি।।

পটাপুত্র হানি ভাঙ্গি দধিৰ কলসী।

লৱনু খাইবন্ত কৃষ্ণে খুম্পি মাজে পশি৷৷১৩৫।।

তাত অনন্তৰে আসি গোপালৰ মাৱে।

লৱনু খাইবাৰ দেখি নসৈৱন্ত গাৱে।।

অনন্ত কৃষ্ণৰ গোপী মহিমা নজানি।

বান্ধি থৈবো বুলিয়া হাতত ধৰি আনি।।১৩৬।।

যত জড়ী জোৰাই বান্ধে তথাপি নাটয়।

এতেকে জানিবা কৃষ্ণ মনুষ্য নোহয়।।

বন্ধন লৈবন্ত ভক্তবৎসল দেখায়।

অৰ্জ্জুনক উভঞ্জিব উড়ল ঘসাই।।১৩৭।।

নন্দে বান্ধ মেলি আসি কোলে তুলি লৈবা।

গোপগণ সঙ্গে ৰঙ্গে আনন্দে ক্রীড়িবা।।

কতো নৃত্য কৰিবন্ত গোপৰ বচনে।

লৱনু দিৱন্ত গোপী আনন্দিত মনে।।১৩৮।।

ভকতৰ বস্তু মানি খাইবা যদুৰায়।

বৃন্দাবনে ফুৰিবন্ত বাচৰু চৰাই।।

বৎস বক অঘ মাৰি সাধিবন্ত গতি।

যমুনা পুলিনে অন্ন খাইবা লক্ষ্মীপতি।।১৩৯৷৷

সেহিবেলা বৎস বৎসপাল লৈয়া যাইবো।

পাচে গোৱিন্দক নিজৰূপে দেখা পাইবো।।

ৰূপ ঢাকিবন্ত কৃষ্ণে কৃপা কৰি মোক।

স্তুতি নতি কৰি মঞি যাইবো সত্যলোক।।১৪০৷৷

ধেনুক ৰাখন্তে ৰামকৃষ্ণ বনচাৰী।

গোপক ভুঞ্জাইবা তাল ধেনুকাক মাৰি।।

বিষপানী খাই মৰিবেক গৰু গাই।

সৱাকো জীয়াইবা কৃষ্ণে কৃপাদৃষ্টি চাই।।১৪১।।

কালিন্দীক শুদ্ধ কৰি দেৱ বনমালী।

ফণাত চড়িয়া কালি খেদাইবা নিকালি।।

বনজুইত গোপ গোপী হোৱয় নিৰ্য্যাণ।

সৱাকো ৰাখিবা বনবহ্নি কৰি পান।।১৪২।।

মুঞ্জবনে পশিবেক গোপ গোপীচয়।

তাতো বহ্নি পিয়া ৰাখিবন্ত কৃপাময়।।

প্রলম্বক মৰাইবন্ত বলোৰ হাতত।

বৃন্দাবনে ক্রীড়া কৰিবন্ত নানামত।।১৪৩।।

গোপিকাৰ বস্ত্ৰ হৰি পৰিহাস কৰি।

অশোক বনত চলি যাইবা ৰাম হৰি।।

বিপ্ৰপত্নীসৱক প্ৰসাদ দিয়া দান।

ব্রাহ্মণৰ কৰ্ম গৰ্ব্ব কৰিবা নিৰ্য্যাণ।।১৪৪।।

গোপ সমস্তক নানা যুগুতি দেখাই।

ইন্দ্ৰমখ ভঙ্গ কৰিবন্ত যদুৰায়।।।

পূজা খাইবে নপাই ইন্দ্র মহাক্ৰোধ কৰি।

ভক্তক দিবেক দুখ বাত-বৃষ্টি কৰি।।১৪৫।।

পাচে সাত বৎসৰীয়া দেৱ দামোদৰে।

ৰাখিবা গোকুল গোৱৰ্দ্ধন ধৰি কৰে।।

মহাভয়ে ইন্দ্রে আসি কৰি স্তুতি নতি।

গোৰ ইন্দ্র পাতি চলি যাইব শচীপতি।।১৪৬।।

বৰুণৰ পাশ মেলাই আনিবা নন্দক।

গোকুলবাসীক কৃষ্ণে দেখাই বৈকুণ্ঠক।।

শৰতত বৃন্দাবনে বেণু বজাই হৰি।

ধ্বনি শুনি গোপীসৱ যাইবা শীঘ্ৰে কৰি।।১৪৭।।

নানা পৰিহাস কৰি ধৰ্ম্মক দেখাই।

গোপীক ৰমিবা কৃষ্ণে মদন বঢ়াই।।

গৰ্ব্ব দেখি অন্তৰ্দ্ধান হৈবা যদুৰায়।

বিকল হৈবন্ত গোপী কৃষ্ণ হৰুৱাই।।১৪৮।।

বৃক্ষ পশু পক্ষীত পুছিয়া নপাইবেক।

কৃষ্ণগুণ গায়া দৰশন প্রার্থিবেক।।

নিজ যশপ্রিয় দেৱ প্রভু ভগৱন্ত।

প্রেমে আকুলিত হৈয়া বেকত হৈবন্ত।।১৪৯।।

কৃষ্ণক দেখিয়া গোপীগণ আনন্দিত।

কৰিবে ভকতি হুয়া প্রেমে আকুলিত।।

পাচে কৃষ্ণে গোপী মণ্ডলীত হুয়া স্থিত।

পাতিবন্ত মহাৰাসক্রীড়া বিপৰীত।।১৫০৷৷

ভঙ্গী ভাৱে নৃত্য গীতে কৃষ্ণে ক্ৰীড়িবন্ত।

দেখি দেৱ দেৱীসৱো মোহিত হৈবন্ত।।

একদিনা বলোৰাম দেৱ দামোদৰ।

গোপীসৱ ফুৰিবন্ত বনৰ ভিতৰ।।১৫১৷৷

সেহিবেলা শঙ্খচুৰ অধম পামৰ।

গোপিকাক লৈয়া যাইবে বনৰ ভিতৰ।।

মুষ্টি মাৰি শিৰ ভাঙ্গি আনি মণিবৰ।

বলোক দিৱন্ত কৃষ্ণে জগত ঈশ্বৰ।।১৫২।।

নন্দক ৰাখিবে শাপ গুচাই গন্ধৰ্ব্বৰ।

গোপী গীত গাইবে গুণ বর্ণাই গোৱিন্দৰ।।

অৰিষ্ট কেশীৰ প্রাণ হৰি ভগৱান।

তযু স্তুতি শুনি ব্যোম কৰিবা নিৰ্যাণ।।১৫৩।

কংসে পাঞ্চিবেক পাচে আসিবা অক্ৰূৰ।

কৃষ্ণ খোজ দেখি পাচে দুখ যাইবে দূৰ।।

ৰথে তুলি লৈয়া যাইবে ৰাম দামোদৰ।

স্তুতি নতি কৰিবন্ত জলৰ ভিতৰ।।১৫৪।।

পাচে মথুৰাত কৃষ্ণ হৈবা উপগত।

ধোবা বধি মালা পিন্ধি ফুৰিবা পুৰত।।

কুঁজীৰ চন্দন পিন্ধি তাইক কৰি ভাল।

কুৱলয় মাৰি পশিবন্ত ৰঙ্গশাল।।১৫৫৷৷

যুদ্ধ কৰি সমৰত নিপাতিবা মাল।

ভ্রাতৃ সমে কংসক কৰিবা কৃষ্ণে কাল।।

দিবা উগ্রসেনক নৃপতি পদবীক।

উদ্ধৱক পঠাই শান্ত কৰাইবা গোপীক।।১৫৬।।

কুবুজাৰ মন পূৰি দেৱ দামোদৰ।

অক্ৰূৰক পঠাই বাৰ্তা লৈবা পাণ্ডৱৰ।।

সংহৰিবা হৰি জৰাসন্ধ কটকক।

মুচুকুন্দ পাশে পঠাইবন্ত যৱনক।।১৫৭।।

ৰুক্মিণীক বিহা কৰাইবন্ত কৃপাময়।

সম্বৰক বধিবন্ত কৃষ্ণৰ তনয়।।

মণি হেতু পাইবা সত্যভামা জাম্বৱতী।

মিত্রবৃন্দা কালিন্দীক লভিবা শ্রীপতি।।১৫৮।।

বৃষ জিনি সত্যাক নিবন্ত হৰি আসি।

ভদ্রা লক্ষ্মণাক কৰি লৈবা নিজদাসী।।

নৰকক বধি পাইবা বিস্তৰ সুন্দৰী।

ৰুক্মিণীক ৰমিবন্ত পৰিহাস কৰি।।১৫৯।।

ৰুক্মীক বধিবা বলদেৱ বলশালী।

যুদ্ধে বাণবাহু ছেদিবন্ত বনমালী।।

কাশীৰাজা পৌণ্ড্রকৰো নিপাতিবা স্কন্ধ।

ভীমৰ হাতত মৰাইবন্ত জৰাসন্ধ।।১৬০।।

পাণ্ডৱৰ ৰাজসূয় কৰাইবা গোপাল।

চক্রে শিৰ কাটি বধিবাহা শিশুপাল।।

কৰিয়া নিমিত্ত কৃষ্ণে ভীম অৰ্জ্জুনক।

অষ্টাদশ অক্ষৌহিণী বধিবা সৈন্যক।।১৬১৷৷

শাল্ব দন্তবক্র বিদুৰথ আদি কৰি।

সৱাহাঙ্কো মাৰি নিবা বৈকুণ্ঠ নগৰী।।

প্রদ্যুম্ন ৰামাদি দ্বাৰা যিবা বিনাশিবা।

তাঙ্কো কৃপা কৰি কৃষ্ণে বৈকুণ্ঠক নিবা।।১৬২৷৷

নিজৰূপে অৱতৰি প্ৰভু ভগৱন্ত।

জগত নিস্তাৰ হেতু যশস্যা থৈৱন্ত।।

কৃষ্ণলীলা কহি বিধি মন নোহে ভঙ্গ।

নাৰদৰ উঠি গৈলা প্ৰেমৰ তৰঙ্গ।।১৬৩।।

সৰ্ব্বাঙ্গে পুলক ভৈলা আনন্দ হৃদয়।

প্ৰেমজল দুয়ো নয়নৰ পৰা বয়।।

পাচে ব্ৰহ্মা পুনৰপি হুয়া কিছু শান্ত।

শুনা মুনিবৰ বুলি কহিবে লৈলন্ত।।১৬৪।।

কালে জগতৰ বুদ্ধি কৰিবন্ত হানি।

বেদৰ অৰ্থক নপাইবেক একো প্ৰাণী।।

হেন দেখি ব্যাস ৰূপ হুয়া কৃপাময়।

শাখা ৰূপে বিভাগে কৰিবে বেদচয়।।১৬৫।।

দেৱক দিবেক দুখ দৈত্য যজ্ঞ কৰি।

তাক মোহিবন্ত হৰি বুদ্ধৰূপ ধৰি।।

বৈষ্ণৱৰো পাশত নুহিবে হৰিকথা।

হৈবেক ব্ৰাহ্মণসৱ পাষণ্ড সৰ্ব্বথা।।১৬৬।।

হৈবে শূদ্ৰসৱ ৰাজা সমস্ত প্ৰজাৰ।

শ্ৰাদ্ধ হোম বেদ মন্ত্ৰ গুচিবে আচাৰ।।

তেৱে কলিযুগ অন্তে প্ৰভু ভগৱন্ত।

কল্কীৰূপ ধৰি জগতকে শিখাইবন্ত।।১৬৭।।

দেৱদত্ত ঘোটকত চড়িয়া মুৰাৰি।

অধমীৰ্ক কাটিবন্ত বিচাৰি বিচাৰি।।

এহিমতে ধৰি হৰি বহু অৱতাৰ।

লোকক নিস্তাৰি কীৰ্ত্তি কৰিবা প্ৰচাৰ।।১৬৮।।

কহিলো সংক্ষেপে কিছু কৃষ্ণগুণচয়।

বিস্তাৰি কহিবে মোৰ শক্য নাহিকয়।।

নপাঞো অন্ত কহি মঞি হৰিৰ চৰিত।

সনকাদি হৰো আৰ নপায় পৰিমিত।।১৬৯।।

অনন্তে হাজাৰ মুখে অদ্যাপিয়ো গান্ত।

তভো কৃষ্ণ চৰিত্ৰৰ নপাৱন্ত অন্ত।।

এতেকে যিমান লৱে আপুনাৰ মন।

সেহিমানে কৃষ্ণগুণ কৰোহো কীৰ্ত্তন।।১৭০।।

শুনা সভাসদ পদ হুয়া একমন।

হৰি গুণ নাম কৰা শ্ৰৱণ কীৰ্ত্তন।।

কৃষ্ণ গুণ বিনে নাহি আনন্দৰ স্থান।

পৰম মধুৰ ৰস জানি কৰা পান।।১৭১।।

সাধু সঙ্গে কৃষ্ণগুণ যিজনে শুনয়।

কৃতাৰ্থ হোৱয় আতি নাহিকে সংশয়।।

নমো নমো কৃষ্ণ মোৰ পূৰা মনস্কাম।

কৰ্ণে মুখে বিচ্ছেদ নহৌক তযু নাম।।১৭২।।

ৰাতুল চৰণ দুই হৃদয়ে ৰহোক।

জনমে জনমে সাধুসঙ্গ মোৰ হৌক।।

এহি কৃপা মোক কৃষ্ণ বাপ কৰিয়োক।

ৰাম ৰাম বোলা সবে দুৰ্গতি গুচোক।।১৭৩।।

।।দুলড়ী।।

 

কৃষ্ণ কথা শুনি         আনন্দিত মুনি

কিঞ্চিত শঙ্কিত মনে।

যদি গোৱিন্দৰ         লীলা চৰিত্ৰৰ

অন্ত নপাই একোজনে।।

তেৱে অজ্ঞজনে         তড়িব কেমনে

সংসাৰ দুখ নিকাৰ।

হৰি হৰি বিধি     নভৈলেক সিদ্ধি

পাতকীৰ ইয়ো বাৰ।।১৭৪।।

হাসিয়া ব্ৰহ্মাই     বোলে মুনিৰায়

নকৰিবা মনে দুখ।

কৃষ্ণৰ কৃপাত      মিলিবে সাক্ষাত

লোকৰ সমস্তে সুখ।।

কপট এড়িয়া      সাধুসঙ্গ লৈয়া

সাৱধান কৰি মন।

আন দেৱ ছাড়ি    যিটো নৰনাৰী

কৃষ্ণত লৱৈ শৰণ।।১৭৫।।

তেৱে তাসম্বাত         মিলয় সাক্ষাত

কৃষ্ণৰ কৃপা অপাৰ।

মায়া দুৰ হয়     মিলে মহোদয়

সুখতে তড়ে সংসাৰ।।

কৈবো কিবা আৰ       মায়া গুচিবাৰ

প্ৰত্যক্ষ পাইবা প্ৰমাণ।

কুকুৰ শৃগালে      খাইবে যিটো দেহ

তাত গুচে অভিমান।।১৭৬।।

ভাৰ্য্যা পুত্ৰচয়      যতেক আছয়

তাক মোৰ নোবোলয়।

মায়া ভৈল নাশ        মিলিল উল্লাস

ভকতি ভৈলা উদয়।।

যিসৱে সাক্ষাত       কৃষ্ণৰ কৃপাত

মায়াক আছয় তড়ি।

কহো তযু আগে        শুনা অনুৰাগে

মনে মাধৱক ধৰি।।১৭৭।।

মঞি মহেশ্বৰ           প্ৰহ্লাদ কুমাৰ

তুমি সনকাদি চাৰি।

শতৰূপা সতী           আকূতি প্ৰসূতি

দেৱহুতি বৰনাৰী।।

মনু স্বায়ম্ভূৱ           প্ৰিয়ব্ৰত ভূপ

উত্তানপাদ আৱৰ।

প্ৰাচীনবৰ্হিষি            ঋভু অঙ্গ যশী

ৰাজা ধ্ৰুৱ হৰিবৰ।।১৭৮।।

ঈক্ষবাকু সগৰ        গাধী নৃপবৰ

মুচুকুন্দ ৰঘু গয়।

খট্বাঙ্গ ভৰত          অম্বৰীষ ৰথ

অজ পুৰুৰবা জয়।।

মান্ধাতা যযাতি         অলৰ্ক শৰ্য্যাতি

শতধনু অনু এক।

বন্তিদেৱ ধীৰ         ভীষ্ম বলিবীৰ

দিলীপ আদি অনেক।।১৭৯।।

সৌভৰি উতঙ্ক       ঋষি শিৱি সঙ্গ

বশিষ্ঠ শুক গালৱ।

মৈত্ৰেয় অগস্তি        পৰাশৰ শক্তি

গৌতম ভৃগু উদ্ধৱ।।

ভীম হনুমান      গৃধ্ৰ জাম্বুবান

বিভীষণ আৰ্ষ্টিসেন।

অৰ্জ্জুন বিদুৰ      দ্ৰুপদ অক্ৰূৰ

শ্ৰুতদেৱ উগ্ৰসেন।।১৮০।।

এসম্বাক আদি          কৰি আন লোক

মায়াক তড়ি আছয়।

কৃষ্ণৰ কৃপায়      সংসাৰ এড়াই

লভি আছে মহোদয়।।

স্ত্ৰী শূদ্ৰগণ        অধম যৱন

আনো জাতি পাপী নৰে।

হুয়া তত্বপৰ          বৈষ্ণৱ জনৰ

যদি শীল শিক্ষা ধৰে।।১৮১।।

ইসৱো মায়াক       তড়ি অনায়াসে

পাৱয় হৰি ভকতি।

বৈষ্ণৱসৱৰ          মহিমা বিস্তৰ

কি কৈবো তাঙ্ক সম্প্ৰতি।।

পশু পক্ষীচয়         সৎসঙ্গে তড়য়

মনুষ্যৰ কোন লেখা।

সাধুসে সমস্তে           লোকৰ সুহৃদ

আপুনাতো তুমি দেখা।।১৮২।।

মোত যিবা মুনি        পুছিলা আপুনি

কহিলো সমস্তে তাক।

কৃষ্ণ বিনে আৰ        নাহি কিছু সাৰ

এহি কহো বেদবাক।।

কৈলো ভাগৱত        তোহ্মাৰ আগত

কৃষ্ণনাম মাত্ৰ সাৰ।।

মোত ভগৱন্তে          পূৰ্ব্বে কহিছন্ত

মহিমাৰ নাহি পাৰ।।১৮৩।।

তুমি সৰ্ব্বজান          ইটো শাস্ত্ৰখান

প্ৰচাৰ কৰ লোকত।

অজ্ঞান গুচোক          জগত তড়োক

মিলোক ভক্তি কৃষ্ণত।।

কিন্ত্ত মুনিবৰ          ভকতি ৰসৰ

বিভাত যেন নোহয়।

ছাড়ি জ্ঞান কৰ্ম্ম        কৃষ্ণ সেৱা ধৰ্ম্ম

কৰিবা মাত্ৰ উদয়।।১৮৪।।

মায়াক আশ্ৰয়          কৰি কৃপাময়

কৰা নানা লীলাচয়।

তাহাৰ শ্ৰৱণ           কৰিতে কীৰ্ত্তন

কৃষ্ণপদে ৰতি হয়।।

এতেকে তোহ্মাত        কহিলো সাক্ষাত

কিছু কৃষ্ণলীলা যশ।

তেৱেসে লোকৰ         হৈবেক কৃষ্ণৰ

চৰণত প্ৰেমৰস।।১৮৫।।

এতেক বোলন্তে         নয়নৰ হন্তে

বহিবেক লৈলা জল।

হৰিপদ হৃদি      ধৰি মৌনে বিধি

ভৈলন্ত প্ৰেমে বিহ্বল।।

ব্ৰহ্মাৰ মুখত          কৃষ্ণলীলা যত

শুনি মুনি কৃপাময়।

উপজিল ভাৱ          পুলকিত গাৱ

নেত্ৰৰ নীৰ ঝুৰয়।।১৮৬।।

দিয়া কৃষ্ণ ডাক        উঠি বিধাতাক

অষ্টাঙ্গে কৰিলা নতি।

চৰণৰ ধুলি       শিৰে লৈলা তুলি

কৰিলা স্তুতি ভকতি।।

বীণাক বজাই           কৃষ্ণ গুণ গাই

আনন্দে ৰহিলা তথা।

কৃষ্ণ প্ৰসাদত           ভৈলা সমাপত

সপ্তম অধ্যায় কথা।।১৮৭।।

আত অনন্তৰে          পূছে নৃপবৰে

শুকৰ চৰণ চায়।

শুনা মহামুণি          কৃষ্ণকথা শুনি

মোৰ তৃষ্ণা বাঢ়ি যায়।।

বিধাতাৰ বাণী          মনে অনুমানি

নাৰদ মহা মহন্ত।

ভক্তি কহে মাত্ৰ         ভাগৱত শাস্ত্ৰ

যৈত যৈত কহিলন্ত।।১৮৮।।

সিসৱ কথাক           চাঞো জানিবাক

কৈয়ো গুৰু কৃপা কৰি।

এৰিবো দেহক           কৃষ্ণ চৰণক

যিমতে মনত ধৰি।।

শ্ৰৱণ কীৰ্ত্তন           কৰে যিটোজনে

তাৰ হৃদি কমলত।

আতি অল্পকালে         ভকত বৎসলে

হৈৱন্ত আসি বেকত।।১৮৯।।

ভক্তৰ হিয়াত          থাকিয়া সাক্ষাত

হৰন্ত সমস্তে মল।

যেন জলচয়           শৰতে কৰয়

নিৰ্ম্মল আতি উজ্জ্বল।।

কৃষ্ণসেৱা ধৰি          মন শুদ্ধ কৰি

নেৰে কৃষ্ণপদ আৰ।

যেন পৰবাসী          ৰৈল গৃহে আসি

এড়ায়া দুখ নিকাৰ।।১৯০।।

অতেকে আহ্মাৰ        কুল দেৱতাৰ

কহিয়ো চৰিত্ৰচয়।।

কৃষ্ণ কথা শুনি         থাকো মঞি মুনি

হেনবা ভাগ্য মিলয়।।

সূতে শৌনকত          কন্ত হৰিষত

এহিমতে নৃপবৰ।

সভাৰ মধ্যত          সাদৰে শুকত

কৰিলা প্ৰশ্ন বিস্তৰ।।১৯১।।

প্ৰশ্নচয় শুনি           শুক মহামুনি

আতি আনন্দিত ভৈলা।

কৃষ্ণৰ চৰণ           স্মৰি একমন

ভাগৱত কৈৱে লৈলা।।

পদ্ম কলপত           ব্ৰহ্মাৰ আগত

কৃষ্ণে কহিলন্ত যত।

সিসৱ কাহিনী          শুক মহামুনি

ৰাজাত কৰা বেকত।।১৯২।।

শুনা নৰনাৰী          একমন কৰি

গোৱিন্দৰ গুণচয়।

পতিতক ত্ৰাণ         কৃষ্ণ বিনে আন

একোমতে নাহিকয়।।

সংসাৰ নিকাৰ         তড়া এহিবাৰ

মুখে লায়া হৰিনাম।

কৃষ্ণৰ কিঙ্কৰে          ৰচিলা শঙ্কৰে

ডাকি বোলা ৰাম ৰাম।।১৯৩।।

   ।।কৃষ্ণ ভক্তি মাহাত্ম্য কথন।।

                       ।।পদ।।

 

শুক নিগদতি শুনিয়োক বিষ্ণুৰাত।

প্ৰশ্নৰ উত্তৰচয় কহিবো তোহ্মাত।।

কৃষ্ণসেৱা বিনে আন ধৰ্ম্ম নাহিকয়।

কৃষ্ণ ভকতিত মাত্ৰ জ্ঞান উপজয়।।১৯৪।।

কৃষ্ণৰেসে কৃপাত ব্ৰহ্মাৰ ভৈল জ্ঞান।

কৃষ্ণ কৃপা বিনে কাৰ্য্য সাধিবাক টান।।

আতে পূৰ্ব্ব ইতিহাস শুনা মহাশয়।

কৃষ্ণকৃপা বিনে পুৰুষাৰ্থ কিছু নয়।।১৯৫।।

পদ্মত উপজি ব্ৰহ্মা তাতে বসিছয়।

মঞি কোন ইটো কিবা একো নজানয়।।

কৃষ্ণৰ কৃপাত বিধি পাচেসে জানিলা।

পদ্মৰ তণ্ত্তত বজাই ভিতৰ পশিলা।।১৯৬।।

পুৰুষাৰ্থ বলে বিধি একোৱে নপাই।

পদ্মৰ চকাত আসি বসিলা দুনাই।।

পাচে কৃষ্ণদেৱৰ কৃপাত মহামানী।

সমীপত শুনিলন্ত ‘তপ তপ’ বাণী।।১৯৭।।

মনে বিমৰিশি তাত পাচে সৃষ্টিকৰ।

কৰিলন্ত তপ দিব্য হাজাৰ বৎসৰ।।

তপস্যাত তুষ্ট হুয়া প্ৰভু ভগৱন্ত।

কৃপা কৰি তৈতে বৈকুণ্ঠক দেখাইলন্ত।।১৯৮।।

বৈকুণ্ঠ নগৰ যেন শুনা পৰীক্ষিত।

যাত কৰি শ্ৰেষ্ঠ লোক নাহি কদাচিত।।

নাহি তাত কাম ক্ৰোধ শোক মোহ ভয়।

আত্মজ্ঞানী সকলেয়ো স্তুতিহে কৰয়।।১৯৯।।

কালৰ বিক্ৰম প্ৰকৃতিৰ গুণচয়।

বৈকুণ্ঠপুৰত কদাচিতো নাহিকয়।।

সৰ্ব্বক্ষণে অখণ্ড আনন্দ জয় জয়।

কেৱল ভকতে তাতে নিৱাস কৰয়।।২০০।।

সৱে শ্যাম কলেৱৰ কমল লোচন।

উত্তম অঙ্গত পীত সুৰঙ্গ বসন।।

সৰ্ব্বাঙ্গে লাৱণ্য সুকুমাৰ আতিশয়।

সমস্তৰে কৰ্ণতলে কুণ্ডল দোলয়।।২০১।।

বৈকুণ্ঠপুৰত যত পুৰুষ আছয়।

সৱে চতুৰ্ভুজ মূৰ্ত্তি নাহিকে সংশয়।।

মণিময় মুকুট মস্তকে কৰে কান্তি।

তিলক উপৰে জ্বলে অলকাৰ পান্তি।।২০২।।

মুখ চন্দ্ৰবিম্ব কম্বুকণ্ঠক জ্বলয়।

হিয়ে হেম মুকুতাৰ মালা বিৰাজয়।।

অঙ্গদ কঙ্কণ আদি নানা অলঙ্গাৰ।

সৱাৰো অঙ্গত আতি কৰে জাতিষ্কাৰ।।২০৩।।

মহা ৰশ্মিপুঞ্জ যেন জ্বলে কলেৱৰ।

প্ৰৱাল মৃণাল সম সুৱৰ্ণ শৰীৰ।।

শাৰী শাৰী হুয়া সৱে বিমানত থাকি।

হাতে তাল ধৰি হৰিনাম গাৱে ডাকি।।২০৪।।

কতো স্থানে ভক্তসৱে কৃষ্ণকথা কয়।

লক্ষে লক্ষে লোক বসি তাহাক শুনয়।।

কতো প্ৰেমভাৱে উঠি কীৰ্ত্তন কৰয়।

চাপৰি বজাৱে কতো কৰে জয় জয়।।২০৫।।

কতো কৃষ্ণ বুলিয়া প্ৰেমত দেই ডাক।

কতো ঠাইত কৰে ভক্তে কৃষ্ণৰ চেষ্টাক।।

বিমানত আছে লক্ষ্মী সম দিব্য নাৰী।

তাৰাসৱো কৃষ্ণগুণ গাৱে শাৰী শাৰী।।২০৬।।

যাত লক্ষ্মী মনোহৰ মুৰুতিক ধৰি।

কৃষ্ণৰ উৎসৱ যাত্ৰা কৰন্ত সাদৰি।।

কৃষ্ণক দোলান্ত কতো দোলাসনে তুলি।

মুখে কৃষ্ণগুণ গান্ত আনন্দতে ভুলি।।২০৭।।

দণ্ড ছত্ৰ চামৰ ধৰিয়া ভক্তচয়।

জয় জয় কৃষ্ণ বুলি ফাল্গু সিঞ্চৰয়।।

হেন মহা মহোদয়ে বৈকুণ্ঠ নগৰে।

শ্ৰীকৃষ্ণদেৱক দেখিলা সৃষ্টি কৰে।।২০৮।।

ভকতৰ পতি যজ্ঞপতি লক্ষ্মীপতি।

ত্ৰৈলোক্যমোহন মূৰ্ত্তি পতিতৰ গতি।।

মাথে শ্বেতছত্ৰ যেন চন্দ্ৰৰ মণ্ডল।

মুকুতা মুৰাৰি তাৰ স্ৰৱে অল্প জল।।২০৯।।

শিৰত প্ৰকাশে ৰত্ন কিৰিটী উজ্জ্বল।

কপালে ললিত চাৰু অলকাসকল।।

মৃগমদে অঙ্কিত তিলকে কৰে কান্তি।

কাম শৰাসন গঞ্জি শোভে ভ্ৰূৱ পান্তি।।২১০।।

মুখ পূৰ্ণচন্দ্ৰ কোটি সমান নোহয়।

তাতে দই খঞ্জন নয়ন প্ৰকাশয়।।

মকৰ কুণ্ডল দুই কৰ্ণত দোলয়।

যেন সুধাংশুক সমে আদিত্য উদয়।।২১১।।

ওষ্ঠ দুই বন্দুলী মুকুতা দন্তচয়।

অৰুণ কটাক্ষ হাসি ভূৱন ভুলায়।।

প্ৰভাতৰ সূৰ্য্য যেন কৌস্তুভ কণ্ঠত।

গজ মুকুতাৰ মালা লোলে হৃদয়ত।।২১২।।

বামভাগে লক্ষ্মীদেৱী দিয়া আছে দেখা।

উত্তম কাষত যেন সুৱৰ্ণৰ ৰেখা।।

দক্ষিণে শ্ৰীবৎস পান্তি আতি কান্তি কৰে।

সজল মেঘত যেন বিজুলী সঞ্চৰে।।২১৩।।

আজানুলম্বিত বনমালা প্ৰকাশয়।

তাতে পৰি মত্ত মধুকৰে গুঞ্জৰয়।।

চাৰিখানি ভুজ শোভে চন্দনে চৰ্চ্চিত।

অঙ্গদ বলয়া চাৰু ভূষণে ভূষিত।।২১৪।।

কটিতটে পাট ভুনি মেখলা ৰত্নৰ।

উৰু কৰীকৰ জানু জঙ্ঘা মনোহৰ।।

চৰণ কমল ৰত্ন মঞ্জীৰ ঝুৰয়।

উন্নত আঙ্গুলি নখচন্দ্ৰ বিৰাজয়।।২১৫।।

পদতল ৰকত ভকত মনোনীত।

ধ্বজ বজ্ৰ পদ্ম যৱ অঙ্কুশে অঙ্কিত।।

হেন মনোহৰ ৰূপ লাৱণ্য ৰুচিৰ

দেখি দৰ্প হৰে আতি কন্দৰ্প কোটিৰ।।২১৬।।

দিব্য সিংহাসনে বসি আছা ভগৱন্ত।

ভৃত্যক প্ৰসাদ দিবে সন্মুখে আছন্ত।।

মূৰ্ত্তিমন্ত তত্ত্বগণে চৌভিতি উপাসে।

কতো ভক্তে চামৰে বিঞ্চন্ত লাসে লাসে।।২১৭।।

অখণ্ড ঐশ্বৰ্যযুক্ত দেৱ সনাতম।

উপাসন্তে আছে সুনন্দাদি ভক্তগণ।।

মৃদঙ্গ মন্দিৰা ধৰি হৰিগুণ গাৱে।

ৰুদ্ৰক বিলাস কতো বিপঞ্চি বজাৱে।।২১৮।।

কতো ভঙ্গী ভাৱে নাচৈ কৃষ্ণৰ আগত।

কতো গীত গাৱৈ স্তম্ভি থাকয় প্ৰেমত।।

কতো স্তুতি কৰৈ কতো পুষ্প বৰিষয়।

কতো নমস্কাৰ কৰি কৰে জয় জয়।।২১৯।।

হেন পৰিচ্ছদে বসি আছা ভগৱন্ত।

দেখি ব্ৰহ্মা প্ৰেমে আতি বিহ্বল ভৈলন্ত।

আনন্দৰ ভৰে তান হৃদয় দ্ৰৱিল।

সৰ্ব্বাঙ্গে পুলক নেত্ৰে লোতক ঝড়িল।।২২০।।

ৰাম কৃষ্ণ বুলি দণ্ডৱতে পৰিলন্ত।

উঠা বিধি বুলি হৰি ধৰি তুলিলন্ত।।

পৰমহংসৰ পন্থে চিন্তন্ত সদায়।

হেন পাদপদ্ম বিধি প্ৰেমে আছা চাই।।২২১।।

পাচে কৃষ্ণে বিধাতাৰ হাতত ধৰিয়া।

বুলিবে লাগিলা বাক্য ঈষত হাসিয়া।।

ভগৱন্ত বদতি শুনিয়ো সৃষ্টিকৰ।

আহ্মাক সন্তোষ তুমি কৰাইলা বিস্তৰ।।২২২।।

লৈয়ো অভিমত বৰ যেহেন যুৱাই।

মোক দেখিলাত সৱে দুখ দূৰ যায়।।

মোৰ কৃপাতেসে সৱে কাৰ্য্য হৈবে সিদ্ধি।

জানি অভিমান তুমি এৰিবাহা বিধি।।২২৩।।

কৰিলা তপস্যা যিবা দেখিলাহা মোক।

সমস্তে মোহোৰ কৃপা আক জানিয়োক।।

ব্ৰহ্মায়ে বোলন্ত মোৰ হৃদয়ৰ কথা।

অন্তৰ্য্যামী প্ৰভু তুমি জানাহা সৰ্ব্বথা।।২২৪।।

তথাপিতো নাথ মঞি এহি বৰ পাঞো।

তযু স্থূল সূক্ষ্ম ৰূপ জানিবাক চাঞো।।

যিমতে জগত স্ৰজা পালাহা সংহাৰা।

যিসৱ শক্তিয়ে নানা অৱতাৰ ধৰা।।২২৫।।

সিসৱ জ্ঞানক মোক দিয়োক মাধৱ।

জগত স্ৰজিৱো তেৱে কৰিয়া উৎসৱ।।

আৰ মোক এহি কৃপা কৰা ভগৱান।

জগত স্ৰজন্তে যেন নোহে অভিমান।।২২৬।।

ব্ৰহ্মাৰ প্ৰাৰ্থনা শুনি কৃষ্ণ নিগদতি।

চতুঃশ্লোকে ভাগৱত লোৱা প্ৰজাপতি।

জগতৰ পূৰ্ব্বে মঞি মাত্ৰ থাকো জান।

কাৰ্য্য কাৰণৰ কিছু নাছিলেক আন।।২২৭।।

মোক মাত্ৰ দেখিয়োক সৃষ্টিৰ মধ্যত।

দেখা শুনা মানে সৱে মঞি বিচাৰত।।

মই মাত্ৰ অৱশেষে থাকোহো অন্তত।

কুণ্ডল ভাঙ্গিলে যেন সোণা স্বৰূপত।।২২৮।।

অবস্তুক দেখাৱয় বস্তুক আৱৰি।

এহিসে মোহোৰ মায়া জানা নিষ্ঠ কৰি।।

নথাকিতো দেখি যেন চন্দ্ৰমা দুতয়।

থাকিতো ৰাহুক যেন কেহো নেদেখয়।।২২৯।।

এহিমতে মায়া আঁৰ কৰি ঈশ্বৰক।

আশাৰ বিষয় তাক দেখাৱৈ জীৱক।।

যেন মহা পঞ্চভূতে কৰিয়া নিবাস।

স্থাৱৰ জঙ্গম সদা কৰয় প্ৰকাশ।।২৩০।।

ময়ো সেহিমতে আছো জগতকে ব্যাপি।

তাৰ দোষ গুণে মোক নোছোৱে তথাপি।।

হেন মোক বিচাৰিবে সাধুৰ সঙ্গত।

জ্ঞান-বিজ্ঞান তেৱে হৈবেক বেকত।।২৩১।।

শ্ৰৱণ কীৰ্ত্তন মোৰ ৰহস্য ভকতি।

আকেসে কৰিবা মাত্ৰ বিৱক্ষা সম্প্ৰতি।।

যিটো তনু তযু আগে কৰিছো বেকত।

এহি মোৰ নিজৰূপ কৈলো স্বৰূপত।।২৩২।।

সৃষ্টি স্থিতি আদি মোৰ লীলা অনুপাম।

ব্ৰহ্মণ্য শৰণ্য আদি গুণ আৰো নাম।।

তযু আগে চাৰি শ্লোকে কৈলো ভাগৱত।

মোৰ আশীৰ্ব্বাদে সৱে হৌক কণ্ঠাগত।।২৩৩।।

সাৱধান মনে মোৰ ধৰা এহি মত।

শ্ৰৱণ কীৰ্ত্তন কৰা লোকত বেকত।।

কৰিয়ো প্ৰচাৰ এহি ভাগৱত গ্ৰন্থ।

লোকত বিদিত হৌক মোৰ ভক্তিপন্থ।।২৩৪।।

কৰায়ো ভকতি মোৰ আজ্ঞা শিৰে ধৰি।

অনায়াসে যাইবে তেৱে সংসাৰক তড়ি।।

মোৰ বাক্য ধৰা মাত্ৰ কৰি একচিত্ত।

প্ৰজা স্ৰজন্তেয়ো তেৱে নুহিবা মোহিত।।২৩৫।।

এহি কথা ৰাজাত কহন্ত মুনি শুকে।

ব্ৰহ্মাক আদেশ কৃষ্ণে কৰিলা উৎসুকে।।

প্ৰেমভাৱে বিধি ৰহি আছা সিটো স্থান।

লোক সমে কৃষ্ণে তৈতে ভৈলা অন্তৰ্দ্ধান।।২৩৬।।

কৃষ্ণক নেদেখি ব্ৰহ্মা ভৈলা প্ৰেমে আউল।

কৃষ্ণ কৃষ্ণ বুলি গেড়িয়ান্ত যেন বাউল।

এখনে আছিলা দেখা দিয়া মোৰ স্বামী।

কৈক গৈলা ঐ বন্ধু হেৰা মৰো আমি।।২৩৭।।

আউৰ নেদেখিবো সিটো চন্দ্ৰমা বদন।

হৰি হৰুৱাইলো মোৰ ধিকতো জীৱন।।

হে কৃষ্ণ স্বামী মোক দিয়ো দৰিশন।

এহি বুলি শোকে ব্ৰহ্মা কৰন্ত ক্ৰন্দন।।২৩৮।।

পাচে কতো বেলি ধৈৰ্য্য কৰিলন্ত মন।

অদৃশ্য মূৰ্ত্তিক ধৰি কৰিলা বন্দন।

কৃষ্ণ আজ্ঞা শিৰে ধৰি কৰিয়া যতন।

অনন্তৰে স্ৰজিলন্ত নানা প্ৰজাগণ।।২৩৯।।

পদ্ম কলপত পায়া মহাভাগৱত।

কৰিলা বেকত আৰু ভকতি লোকত।।

এহিমতে আনন্দতে সিটো কল্প গৈলা।

বৰাহ কলপ আসি উপসন্ন ভৈলা।।২৪০।।

লোকক কৃপায়ে আসি নাৰদ মহন্ত।

প্ৰশ্ন কৰি ভাগৱত ব্যক্ত কৰিলন্ত।।

দশোটা লক্ষণ কহে মহাভাগৱত।

হৰিষে লভিলা মুনি ব্ৰহ্মাৰ মুখত।।২৪১।।

পৰম কৃপালু মুনি ভাগৱত পাই।

হৰিগুণ গাই আসিলন্ত পিতৃ ঠাই।।

বীণা ধ্বনি শুনি ব্যাস আনন্দিত ভৈলা।

নাৰদ আসিল দেখি আগবাঢ়ি গৈলা।।২৪২।।

প্ৰণামি আনন্দে নিজস্থানক আনিলা।

আসনে বৈসাই ৰঙ্গে ষড়ৰ্ঘে পূজিলা।।

তুষ্ট হুয়া আগে ঋষি কুশল পুছিলা।

পৰম কৃপায়ে পাচে ভাগৱত কৈলা।।২৪৩।।

নাৰদৰ বাক্য পিতৃ মনত ধৰিলা।

বাহ্ৰ স্কন্থ ভাগৱত প্ৰেমে নিবন্ধিলা।।

মোক পঢ়াৱন্ত মঞি কহিবো তোহ্মাত।

মহাপুৰুষ তুমি কিঙ্কৰ সাক্ষাত।।২৪৪।।

এহি বুলি শুকে ভাগৱত কৈবে লৈলা।

আঠ নৱ দুই অধ্যায়ৰ কথা গৈলা।।

নমো নমো কৃষ্ণ তযু অভয় চৰণে।

কায় মনে বাক্যে মঞি পশিলো শৰণে।।২৪৫।।

তোহ্মাৰ মায়ায়ে আমি নিজ কৰ্ম্ম গতি।

ভ্ৰমোহো যাৱত ইটো সংসাৰ সম্প্ৰতি।।

জন্মে জন্মে তাৱে তযু নিজ ভকতৰ।

মিলোক প্ৰসঙ্গ প্ৰভু দিয়া এহি বৰ।।২৪৬।।

ব্ৰহ্মা হৰ পুৰন্দৰ আদি দেৱগণে।

যিটো পদৰজ চিন্তি নপাৱে যতনে।।

হেন তযু পদে অখণ্ডিত ৰতি হৌক।

শ্ৰৱণ কীৰ্ত্তন ৰসে কদাপি নেড়োক।।২৪৭।।

শুনা সভাসদ পদ দ্বিতীয় স্কন্ধৰ।

একচিত্তে চৰণ চিন্তিয়ো গোৱিন্দৰ।।

আন ধৰ্ম্ম এড়ি লোৱা হৰি গুণনাম।

কৃষ্ণৰ কিঙ্কৰে কহে বোলা ৰাম ৰাম।।২৪৮।।

।।ভাগৱতৰ দশ লক্ষণ কথন।।

।।ছবি।।

 

শুক মুনি নিগদতি       শুনা ৰাজা মহামতি

কহো ভাগৱতৰ লক্ষণ।

পুৰুষৰ পায়া দৃষ্টি       উপজে কাৰণ সৃষ্টি

আকে সৰ্গ বোলে সাধুজন।।

ব্ৰহ্মা আদি নানামত      স্ৰজে চৰাচৰ যত

ইহাকে বিসৰ্গ বুলি জান।

ৰাজা দেৱ দৈত্যজাক     পাইলে মহা মহিমাক

ইটো লক্ষণৰ নাম স্থান।।২৪৯।।

মহাপাপী ভক্ত হয়       তাকো কৃষ্ণে নিস্তাৰয়

জানা ৰাজা এইটো পোষণ।

মহন্তৰ কোপে আসি      হোৱে দুৰ্ব্বাসনা ৰাশি

উতি বুলি কৰিলো বৰ্ণন।।

যিটো হোৱে পূণ্যভাগী     সাধুৰ কৃপাক লাগি

কায়বাক্যে কৰোক যতন।

তেৱে কৃষ্ণপাৱে ৰতি      বাঢ়িবে সপ্ৰেম মতি

তড়িবেক দুৰ্ঘোৰ মৰণ।।২৫০।।

মনু মনুপুত্ৰচয়          তাসম্বাৰ ধৰ্ম্ম হয়

মন্বন্তৰ ইহাকে বোলয়।

বিষ্ণু বৈষ্ণৱৰ কথা      প্ৰকটি কহয় যথা

এহিটো ঈশান কথা হয়।।

জগত উদৰে ধৰি       শয়ন কৰন্ত হৰি

নিৰোধন কহিলো স্বৰূপ।

ছাড়ি মিছা মায়াময়      নিজ ব্ৰহ্মৰূপ হয়

মুকুতি বুলিয়া আকে ভূপ।।২৫১।।

কোটি কোটি ব্ৰহ্মাণ্ডৰ     যত জীৱন সমস্তৰ

একে মাত্ৰ আশ্ৰয়ৰ স্থান।

সৃষ্টি স্থতি প্ৰলয়ৰ        হেতু যিটো মহেশ্বৰ

আশ্ৰয় কহিলো ভগৱান।।

শ্ৰীভাগৱতে এহি         দশোটা লক্ষণ কহে

এতেকেসে মহন্ত পুৰাণ।

আন পুৰাণত পাঞ্চ       লক্ষণ কহয়ে সাঞ্চ

এতেকেসে অল্প কৰি জান।।২৫২।।

শুকদেৱে এহি বুলি    আন নানা কথা তুলি

আশ্ৰয়ক বুজাইলা ৰাজাত।

নৃপতিক কৰি দায়া      কন্ত কথা সংক্ষেপিয়া

শুনিয়োক ৰাজা বিষ্ণুৰাত।।

যেন যেনমতে বিধি      লভিলা সমস্তে সিদ্ধি

তাক মঞি কৈলো তযু আগে

ভাগৱত পুৰাণৰ        লক্ষণকো নৃপবৰ

তুমিয়ো শুনিলা অনুৰাগে।।২৫৩।।

সৃষ্টিৰ প্ৰকাৰ যত       কাল জানি যেনমত

তাকে কহো তৃতীয় স্কন্ধত।

পদ্ম কলপৰ কথা     সংক্ষেপিয়া কৈলো এথা

আৰ কৈবো ব্যৱস্থা যিমত।।

এহিমতে মহাশয়        কহি কৃষ্ণ কথাচয়

স্তম্ভি ৰহিলন্ত প্ৰেমভাৱে।

আতপৰে মহাযশী        পুছন্ত শৌনক ঋষি

সূত মহা মহন্তৰ ঠাৱে।।২৫৪।।

প্ৰথম স্কন্ধৰ কথা       কহিছা যিসৱ তথা

ব্যাসসূত বিদুৰ মহন্ত।

গৃহ বাড়ী সৱে ছাড়ি     বন্ধু বান্ধৱক এড়ি

তীৰ্থক্ষেত্ৰ কৰিবে লৈলন্ত।।

মৈত্ৰেয় সহিত তান       সঙ্গ ভৈল কোন স্থান

কিবা পুছিলন্ত পায়া লাগ।

মৈত্ৰেয়ে বা কিবা কৈলা  পুনি কিয় আসি ভৈল।

হস্তিনাপুৰক মহাভাগ।।২৫৫।।

দুস্ত্যজ বান্ধৱ যত       কিবা হেতু এড়িলন্ত

কহিয়োক তাহাৰ কাৰণ।

বৈষ্ণৱৰ কথাচয়        শুনিবাক যোগ্য হয়

ইসে আমাসাৰ মহাধন।।

আছয় আহ্মাৰ ভাগ তোহ্মাক পাইলোহো লাগ

কৃষ্ণ কথা কহিয়ো বান্ধৱ।

সংসাৰৰ যত তাপ       এড়ায়া থাকোহো বাপ

শুনি হৰি চৰিত্ৰ উৎসৱ।।২৫৬।।

শৌনকৰ প্ৰশ্নচয়        শুনি সূত মহাশয়

প্ৰশংসিয়া বুলিলা বচন।

কৃষ্ণকথা মহাৰত্ন        শুনিবে এতেকে যত্ন

ধন্য ধন্য তোহ্মাৰ জীৱন।।

তুমি পুছিলাহা যত       পৰীক্ষিতো সেহিমত

শুক আগে পুছিলা সংশয়।

শুকো স্মৰি হৰিপাৱ      হুয়া আতি প্ৰেমভাৱ

প্ৰশ্ন কথা কহিলা নিশ্চয়।।২৫৭।।

পৰীক্ষিত মহাভাগে         যেনমতে অনুৰাগে

কৃষ্ণকথা কৰিলা শ্ৰৱণ।

তুমিসৱো সেহিমতে       শুনিয়োক একচিত্তে

কৃষ্ণকথা পৰম গহন।।

এহি বুলি সুত সন্ত       প্ৰেমে স্তম্ভি ৰহিলন্ত

কৃষ্ণৰ চৰণে দিয়া মতি।

দ্বিতীয়া স্কন্ধৰ কথা      দশ অধ্যায়ৰ এথা

এহিমানে ভৈলা সমাপতি।।২৫৮।।

 

।।দুলড়ী।।

 

হে কৃষ্ণদেৱ       পৰি কৰো সৱে

তুমি মোৰ নিজ স্বামী।

থাকি হৃদয়ত      শিখাইলা যিমত

তাহাকে ৰচিলো আমি।।

মঞি অতি জড়    ইটো কথা বৰ

তুমিসি চৈতন্য হৰি।

নচুৱা যিমতে      নাচো সেহিমতে

তযু আজ্ঞা শিৰে ধৰি।।২৫৯।।

কৃষ্ণ লীলাচয়      যি কিছু উদয়

কৰিলো তযু কৃপাত।

তাকো সমৰ্পিলো    নিজদাস ভৈলো

কৰা কৃপা জগন্নাথ।।

ভৃত্য বুলি ধৰা    দোষ পৰিহৰা

অধম মঞি অভাগী।

তোহ্মাৰ চৰণে     পশিলো শৰণে

প্ৰেম ভকতিক লাগি।।২৬০।।

নকৰিবা ছদ্ম      মনে পাদপদ্ম

মুখত ৰহোক নাম।

বৈষ্ণৱৰ সঙ্গে      থাকো মহাৰঙ্গে

পূৰা কৃষ্ণ এহি কাম।।

শুনা সভাসদ      হুয়া নিশৱদ

দ্বিতীয় স্কন্ধ পয়াৰ।

জানি সাধুলোক    ক্ষমিয়োক মোক

সাধুৰ ক্ষমাসে সাৰ।।২৬১।।

যিজনে নজানি     বোলে নিন্দা বাণী

সিয়ো মোৰ উপকাৰী।

নেক্ষেমিবো যেৱে   মোত পৰ তেৱে

আছে কোন অহঙ্কাৰী।।

ই কথা থাকোক    শুনা সৰ্ব্বলোক

তড়িবাৰ কৰা কাম।

কৃষ্ণৰ কিঙ্কৰে     কহে নিৰন্তৰে

ডাকি বোলা ৰাম ৰাম।।২৬২।।

 

।।ইতি শ্ৰীমদ্ভাগৱত দ্বিতীয় স্কন্ধ সমাপ্ত।।

bottom of page