।।শ্রীমদ্ভাগৱত।।

।।দ্বাদশ স্কন্ধ।।

।।শ্রীকৃষ্ণায় নমঃ।।

।।মঙ্গলাচৰণ।।

।।পদ।।

 

জয় জয় কৃষ্ণ প্রভু অভীষ্টদায়ক।

জীৱেৰ জীৱন যদু জগতনায়ক।।

জয় জয় সৃষ্টি স্থিতি লয় বিধায়ক।

অসুৰনাশক শিৱ শাৰঙ্গসায়ক।।১।।

নমো নমো মোৰ মহা গুৰু হৃষীকেশ।

কৃষ্ণৰ চৰণে মনে পায়া উপদেশ।।

দ্বাদশ স্কন্ধৰ কথা হস্ব দীর্ঘ ছন্দে।

কৃষ্ণৰ কিঙ্কৰে বিৰচিলা পদবন্ধে।।২।।

শুনা সভাসদ কথা দ্বাদশ স্কন্ধৰ।

প্রসিদ্ধ অমৃতো নুহি আক পটন্তৰ।।

পিয়ৈ যিটো আক দৈৱবশে তাপ হৰৈ

শ্ৰৱণ মাত্রকে আক সমস্তে নিস্তৰৈ।।৩।।

হেন কৃষ্ণকথা ইটো অচিন্ত্য মহিমা।

সি সে শুনে যাহাৰ পুণ্যৰ নাহি সীমা।।

অজীণ-পাতকী আত নপাতয় কাণ।

পাপৰ পুণ্যৰ দেখা প্রত্যেকে প্রমাণ।।৪।।

মাধৱত মতি দিয়া শুনিয়ো উৎসুকে।

ৰাজাক শিখাইলা পুনু পুনু মুনি শুকে।।

কৃষ্ণৰ ভকতি বিনে নাহিকে মুকুতি।

এঘাৰ স্কন্ধত কৈলা দঢ়ায়া যুগুতি।।৫।।

কৃষ্ণৰ চৰিত্ৰচয় বর্ণাইলা প্রপঞ্চে।

যাক শুনি লোকে সংসাৰৰ তাপ বঞ্চে।।

কৃষ্ণৰ কৃপায়ে মুনি দেন্ত উপদেশ।

দ্বাদশ স্কন্ধৰ কথা শুনিয়ো নিঃশেষ।।৬।।

।।কলিৰ প্ৰভাৱ৷৷

 

কলিত মলিন হুইবে যতেক নৃপতি।

গুচিবে আচাৰ ধৰ্ম্ম হুইবেক দুৰ্ম্মতি।।

যেন ৰাজা যেন প্রজা এৰিবে আচাৰ।

অধৰ্ম্মে জুৰিবে হৈব লোক একাকাৰ।।৭।।

যেন যেন অনর্থ মিলাইবে দুষ্ট কলি।

ভৱিষ্যত ৰাজাৰ কহিবো বংশাৱলী।।

উপজায়া লোকৰ মনত বিৰকতি।

দুনাই দুনাই নৃপতিত দঢ়ায়া যুগুতি।।৮।।

এহি হেতু দ্বাদশক কৰিলা আৰম্ভ।

কলিৰ প্ৰভাৱে প্রজা হুইবে দুষ্ট দম্ভ।।

তাহাঙ্ক কৃপায়ে কৈলা মহামুনি শুকে।

টীকাৰ সন্মতচয় শুনিলা উৎসুকে।।৯।।

পুছে পৰীক্ষিতে শুক মুনিত সংশয়।

যদুবংশ বিভূষণ কৃষ্ণ কৃপাময়।।

বৈকুণ্ঠক গৈলা সৱে প্ৰচাৰি চৰিত্ৰ।

কৈয়ো কাৰ বংশে ৰাজা ভৈলা পৃথিৱীত।।১০।।

 

।।ৰাজবংশাৱলী কথন।।

 

শুক নিগদতি ৰাজা শুনা পৰীক্ষিত

হৈব যেন যেন ৰাজা দুৰ্জ্জন কলিত৷৷

হুয়ো সাৱধান নৃপতিক এহি বুলি।

সমস্তে বর্ণাইলা মুনি ৰাজবংশাৱলী।।১১৷৷

যাৰ বংশে যিবা হুয়া ভুঞ্জিবেক মহী।

যতেক বৰিষ যাৰ বংশ থাকে ৰহি।।

পাত্রে হুইবে ৰাজা যিটো কাটিয়া ৰাজাক।

ভূত ভৱিষ্যত কথা কহিলন্ত তাক।।১২।।

কলিত হৈবেক আৱে যত যত ৰাজা।

এৰিবে আচাৰ ধৰ্ম্ম পীড়িবেক প্রজা।।

মহা অহঙ্কাৰী ক্রোধী পৰম প্রচণ্ড।

অল্প অপৰাধত কৰিবে উগ্রদণ্ড।।১৩।

স্ত্রীবধ ব্রহ্মবধ গোবধ পাতেক।

বলে হৰিবেক পৰদাৰাক প্রত্যেক৷৷

অসত্য পাতকী আতি হুইবেক কুদাতা।

ছাড়িবে মৰ্য্যাদা নমানিবে পিতা মাতা।।১৪।।

ক্ষণেকে হৰিষ শোক ক্ষণেকে আকুল।

কামাতুৰ হুয়া নাবাছিবে জাতি কুল।।

পৰদাৰা গমন পাতকে হুইবে ভ্রষ্ট।

আতি ক্ষুদ্র আয়ু অল্প কালে যাইবে নষ্ট।।১৫।।

মহন্ত জনত আতি মিলাইবে বিপাক।

স্ত্রী বলে নিবে কাঢ়ি পীড়িবে প্রজাক।।

আতি অনাচাৰী ব্যভিচাৰী অকুলীন।

মহাম্লেচ্ছসৱে ধৰিবেক ৰাজ চিহ্ন।।১৬।।

হেন ৰাজাসৱ যি দেশৰ অধিকাৰী।

তাতে অনুৱৰ্ত্তি থাকে যত নৰনাৰী।।

তাহাৰে স্বভাৱ লৈৱে তাহাৰে আচাৰ।

এৰি কুল ক্রিয়া সৱে হৈব একাকাৰ।।১৭।।

অন্যোঅন্যে ৰাজা সাজি গজ-বাজী বল।

ৰাজ্যৰ নিমিত্তে ঘোৰ কৰিবে কন্দল।।

কাটি মাৰি গ্রাম দেশ কৰিবে উচ্ছন্ন।

মহাপীড়া পায়া ক্ষয় হুইবে প্রজাগণ।।১৮৷৷

পৰম নির্দয় যেন ৰাক্ষস আকাৰ।

ধন লোভে প্রজাৰ চিন্তিবে মহামাৰ।।

লোকত মিলিবে আসি ঘোৰ বিমঙ্গল।

অনুদিনে বাঢ়িবে কলিৰ মহাবল।।১৯।

ধৰ্ম্মৰ ভাঙ্গিবে কলি চাৰিয়ো চৰণ।

সত্য শৌচ ক্ষমা দয়া কৰিবে উচ্ছন্ন।।

হুইবেক অল্পায়ু লোক মহা দুৰ্ব্বিনয়।

সুহৃদতো নছাড়িবে কপট আশয়।।২০৷৷

ঘোৰ কলিযুগে যিটোজন ধনৱন্ত।

সেহিসে কুলীন সদাচাৰী গুণৱন্ত।।

বলিষ্ঠ জনৰ সিজিবেক পাপচয়।

অন্যায়তো বলিষ্ঠ জনৰ হুইবে জয়।।২১।।

নকৰিবে কুলশীল'বিচাৰ যুৱতী।

যাকে অভিৰুচি তাকে মানিবেক পতি।।

পুৰুষে নচাইবে ভাল মন্দ সমুদায়।

কৰিবেক ভাৰ্য্যা আনি যাকে বাঞ্ছা যায়।।২২।।

সদায়ে বুলিব মিছা কপট আচাৰ।

ক্রয় বিক্রয়তো হোৱে মায়া ব্যৱহাৰ।।

ৰতিত কুশল যিটো জন অনাচাৰী।

তাকেসে পুৰুষ বুলিবেক দুষ্টা নাৰী।।২৩।।

ৰতি সুশিক্ষিতা যিটো দুষ্টা মন পূৰে।

স্ত্রী বুলি তাকে মানিবেক কামাতুৰে।।

কুলস্ত্রীকো এৰি তাতে কৰিবেক ৰতি।

নিজপতি তেজি তাকে মানিবেক পতি।।২৪।।

কলিত যতেক দ্বিজ এৰিবে আচাৰ।

কপটে দেখাইবে মাত্র লোক ব্যৱহাৰ।।

লোভে আক্রমিবে হৈবে কুল ক্রিয়া হীন।

একে নৱগুণ মাত্র থাকিবেক চিন।।২৫।।

ব্রহ্মচাৰী সন্ন্যাসীয়ো হৈবে জ্ঞানহীন।

দণ্ড কমণ্ডলু মাত্র থাকিবেক চিন।।

কটিত কৌপীন শৰীৰত ব্যাঘ্ৰ চৰ্ম্ম।

বেশধাৰী মাত্র নাহি আশ্ৰমৰ ধৰ্ম্ম।।২৬।

কৰিবে দুৰ্জ্জন লোকে ধনতেসে গয়।

খতিধন দিলে হুইবে অন্যায়তো জয়।।

খতি খাইবে নপাইলে মনত হুইবে খঙ্গ।

ছলে বলে উচিত ন্যায়তো দিবে ভঙ্গ।।২৭।।

কহিবে নপাৰে একো বেদ শাস্ত্ৰতত্ত্ব।

মহা জ্ঞানশূন্য পৰমাৰ্থ বিচাৰত।।

একোৱে নজানে কিছো নপাৰে খণ্ডিত।

বহুবল্কী ভৈলে তাকে বুলিবে পণ্ডিত।।২৮।।

ধন জন বিভৱ নথাকে যাৰ আতি।

সেহিজন অসাধু লোকৰ অসঞ্জাতি।।

পৰম দাম্ভিক যিটো ধনৰ গৰ্ব্বত।

সেহিজন মহাসাধু বোলাইবে লোকত।।২৯।।

এৰি বেদ বিধি আচৰিবে পাপ ঘোৰ।

বাক্যে বুলিবেক মাত্র এহি স্ত্রী মোৰ।।

এতেকে বিবাহ হৈবে নলাগে বিচাৰ।

গিয়াতি কুটুম্বসৱে বেঢ়ি খাইবে তাৰ।।৩০৷৷

শৰীৰক ঘসি পিসি যিটো কৰে স্নান।

হুইবেক কলিত অলঙ্কাৰ এহিমান।।

চতুর্ভিতি বেঢ়ি মাথে ৰাখিবেক পাশ।

কেশতেসে হুইবেক লাৱণ্য লয়লাস।।৩১।।

নাদৰিবে মহাগুৰুজনকো হেলাত।

বিদূৰৰ জলে তীর্থবুদ্ধি হৈবে জাত।।

অন্যায়ে সন্যায়ে আনি ভৰিবে উদৰ।

এহিমানে পুৰুষাৰ্থ থাকিবে লোকৰ।।৩২।।

মহা ধূৰুতালি কৰি বুলিবে বচন।

জানিবেক লোকেসত্য মাতৈ ইটোজন।।

পোষে পুত্ৰ ভাৰ্য্যা মাত্র হুয়া কামাতুৰ।

এতেকে বুলিবে লোকে ই বৰ চতুৰ।।৩৩৷৷

দান পুণ্য কৰিলে মোহোৰ হুইবে খ্যাতি।

হেন দম্ভভাৱে ধৰ্ম্ম আচৰিবে আতি।।

হেনয় দুৰ্ম্মতি আতি পৰম নিস্খল।

প্রজায়ে জুড়িৱে সৱে পৃথিৱীমণ্ডল।।৩৪।।

চাৰিয়ো জাতিৰ মাজে যিজন বলিষ্ঠ।

হুইবে আসি ৰাজা সেহি দুৰ্জ্জন অশিষ্ট।।

লোভাৱিষ্ট হুয়া কৰ্ম্ম কৰিবেক ঘোৰ।

দাৰুণ নির্দয় দুষ্ট যেন খটচোৰ৷৷৩৫৷৷

পীড়িবে প্রজাক দুঃখে নথাকিবে ৰহি।

স্ত্রী কাঢ়ি নিবে বল ধনকো আগ্রহি।।

ছলে বলে নিস্খলে লোকক দুঃখ দিয়া।

নীচক বঢ়াইবে মহন্তক উচ্ছাদিয়া।।৩৬।।

সহিবে নপাৰি পীড়া পাছে প্রজাগণ।

দশোদিশে যাইবে হুয়া দেশৰ উচ্ছন্ন।।

পৰ্ব্বত বনত পশি নপাইবেক অন্ন।

ফল-মূল মাংস শাক কৰিবে ভোজন।।৩৭।।

অনাবৃষ্টি দুর্ভিক্ষত কতো হুইবে ক্ষয়।

তাতো কৰ সাধিবে দুর্জন ৰাজাচয়।।

ৰৌদ্র বৰিষণ শীত সহিবে বতাস।

ক্ষুধা তৃষ্ণা ব্যাধিত হুইবে কতো নাশ।।৩৮।।

নুগুচিব চিন্তা হৃদয়ৰ অহর্নিশ।

কৈক যাইব কি কহিব নপাইব উদ্দিশ।।

কলিত লোকৰ মহা মিলিবে বিপত্তি।

হৈবে পৰমায়ু ত্রিংশ বৰিষ বিংশিতি।।৩৯।

এৰিবে আচাৰ ধৰ্ম্ম বেদৰ বিহিত।

কুলক্রিয়া একো নথাকিবেক কলিত।।

অনেক পাষণ্ড আসি ব্যাপিবেক দেশ।

লৈবে লোক পাষণ্ড জনৰ উপদেশ।।৪০৷৷

মেলেছৰ চৰিত্ৰ হৈবেক যত ৰাজা।

মিছা হিংসা চোৰবৃত্তি কৰিবেক প্রজা।।

ধৰিবে চাৰিয়ো জাতিআচাৰ শূদ্ৰৰ।

হুইবে অল্প প্রমাণ শৰীৰ মনুষ্যৰ।।৪১৷৷

কাহাৰো নুহিবে আৰ তনু মন শুদ্ধ।

ছাগ সম হুইবে ধেনু হৰিবেক দুগ্ধ।।

চাৰিয়ো আশ্রমী হৈবে গৃহস্থৰ নয়।

ভাৰ্য্যাৰ কুটুম্বে হৈবে সুহৃদ নিশ্চয়।।৪২।।

আতি অণু প্রমাণ হৈবেক যত ধান।

ছোট ছোট হৈবে বৃক্ষ সমিধ প্রমাণ।।

বিজুলী চমক যেন চঞ্চল সদায়।

মেঘসৱ হৈৱেক কলিত তৰুপায়।।৪৩।।

অধৰ্ম্মে জুড়িৱে আসি ৰাজ্য নিৰন্তৰ।

হৈবে ধৰ্ম্মশূন্য গৃহ সমস্তে লোকৰ।।

পৰম দুষ্মহ চেষ্টা হৈব মনুষ্যৰ।

ধৰিবে গাধৰ ধৰ্ম্ম লোক নিৰন্তৰ।।৪৪।।

সবান্ধৱে ধৰ্ম্মক দেশৰ কৰি বাজ।

সুকুটুম্বে অধৰ্ম্মে জুৰিবে সৱে ৰাজ।।

ধৰ্ম বুলি কৰন্তে অধৰ্ম্ম হৈবে জাত।

মিলাইবেক দুষ্ট কলি লোকৰ বিঘাত।।৪৫।।

পাষণ্ড আগমে কৰিবেক বেদ লোপ।

হেন দেখি ঈশ্বৰৰ হৈবে মহাকোপ৷৷

গতপ্রায় ভৈল যেৱে কলি দুৰাচাৰ।

ভগৱন্ত হৈবন্ত আপুনি অৱতাৰ৷৷৪৬৷৷

শুনা সভাসদ পদ মহাভাগৱত।

দেখা দেখা কেনে দুষ্ট কলিৰ মহত৷৷

হেন জানি সত্বৰে হুয়োক সাৱধান।

কৃষ্ণ বিনে কলিত তাড়ন্তা নাহি আন।।৪৭।।

সংসাৰ গৰ্ত্তত পৰি আছা সমুদায়।

শ্রুতি জ্ঞান নষ্ট ভৈল বিষয় চিন্তায়।।

কালসর্পে দংশিয়া তথাতে লৱে প্রাণ।

কৃষ্ণ বিনে কোনে আত কৰিবেক ত্রাণ।।৪৮।।

হে কৃষ্ণ প্রাণ প্রভু কৰো নমস্কাৰ।

দীন অনাথক প্রভু কৰিয়ো উদ্ধাৰ।।

কৃপাময় মহেশ্বৰ অনাথৰ নাথ।

কৰোহো কাতৰ চৰণত থৈয়া মাথ।।৪৯।।

মঞি ভুঞ্জো যদি নিজ কৰ্ম্মৰ বিপাক।

মোৰ মনে তথাপিতো নেড়োক তোহ্মাক।।

সৰ্ব্বদায়ে তোহ্মাৰ ভৃত্যৰ হৌক সঙ্গ।

এহি দান দিয়ো নকিৰিয়ো আশা ভঙ্গ।।৫০৷৷

তুমিসে সুহৃদ আত্মা পৰম বান্ধৱ।

জানিয়া বিক্রয় গৈলো তোহ্মাত মাধৱ।।

মৰণ সঙ্কটে প্রভু নছাড়িবা মোক।

বোলা ৰাম ৰাম যত সামাজিক লোক।।৫১৷৷

 

।।দুলড়ী।।

 

শুক নিগদতি      নৃপতি শুনিয়ো

কৃষ্ণৰ আৰু চৰিত্ৰ।

আতপৰে গতি     নাহি নাহি নাহি

জানিবা আৱে কলিত।।

কলিৰ চেষ্টাত     নষ্ট ভৈলা লোক

দেখিয়া গৰুড়কেতু।

কলিৰ অন্তত      হৈব অৱতাৰ

ধৰ্ম্মক ৰক্ষাৰ হেতু।।৫২।।

চৰাচৰ গুৰু       ঈশ্বৰ বিষ্ণুৰ

জন্মৰ শুনা কাৰণ।

সাধু সমস্তৰ      ধৰ্ম ৰক্ষা হৈব।

নাশিব দুষ্ট দুৰ্জ্জন।।

ভকতসকলে।      এহি জন্ম কৰ্ম্ম

শুনিবে গাইবে মুখে।

সংসাৰ তাপক     এতেকে নিস্তৰি

পাইবে মোক্ষ মহাসুখে।।৫৩৷৷

পৃথিৱী মণ্ডলে      হুইবেক পৰম।

প্রসিদ্ধ সম্ভল গ্রাম।

সেহি গ্রামেশ্বৰ     হৈব দ্বিজবৰ

যাৰ বিষ্ণুযশা নাম।।

বেদত শাস্ত্রত      সমস্তে পাৰ্গত

নেৰিলে নীতি আচাৰ।

পৰম ভকত      তাহানে গৃহত

হুইবে কল্কী অৱতাৰ।।৫৪৷৷

ঐশ্বর্য্যে যুগুত     সৰ্ব্ব গুণান্বিত

ৰূপে আতি অনুপাম।

মহা বেগৱন্ত      ঘোৰাত চড়িয়া

যাৰ দেৱদত্ত নাম।।

আতি তীক্ষ্ণতৰ         খাণ্ডা কৰে ধৰি

কৰি মহা আৰস্ফটি।

ঘোটকত উঠি     বেগে দিয়া ছুটি

ফুৰিবা ভুমি পৰ্যটি।।৫৫৷৷

কৰি কৰ্ম্ম ঘোৰ        যত খটচোৰ

লোকত ৰাজা বোলাৱে।

কোটি অসংখ্যাত   কাটিবন্ত তাক

তীখাল খাণ্ডাৰ ঘাৱে।।

মহা ম্লেচ্ছসৱে     ৰাজা বোলাইবেক।

ধৰাই শ্বেতছত্র দণ্ড।

নিঃসন্ততি কৰি     কোপে কল্কী হৰি

কৰিবন্ত খণ্ড খণ্ড।।৫৬।।

যত দুষ্ট ৰণ্ড      যতেক পাষণ্ড

লোকক কৰৈ কুধঞ্চ।

বিচাৰি বিচাৰি     কাটিবা মুৰাৰি

নথৈবা তাহাৰ সঞ্চ।।

শিষ্টক আশ্বাসি     দুষ্টক বিনাশি

খণ্ডিবা প্রজাৰ দুখ।

পৰম নির্ভয়      ভকতক দিয়া

স্নেহত হৈবা বিমুখ।।৫৭৷৷

যত খটচোৰ      যত ৰাজা ঘোৰ

যেৱে সৱে ভৈলা নাশ।

কল্কী শৰীৰৰ      চন্দন সুগন্ধি

বহিবে পুণ্য বতাস।।

তাহাৰ পৰশ      পায়া প্রজাসৱ

হৈবেক নিৰ্ম্মল মন।

বাসুদেৱ মূৰ্ত্তি      হুইবে হৃদি স্থিতি

চিন্তিবে তানে চৰণ।।৫৮।।

আউৰ অধৰ্ম্মক    মনতো নলৱৈ

কৰিবে পুণ্য সদায়।

তাত হন্তে যত     উপজিবে প্রজা

সৱে হুইব স্থূলকায়।।

বল বীৰ্য্য যত     অনেক উচ্ছ্ৰিত

পৰম পুণ্য শৰীৰ।

এহিমতে হৰি      পাষণ্ড সংহৰি

কৰিবা পৃথিৱী থিৰ।।৫৯৷৷

যেখনে হুইৱন্ত     কল্কী অৱতাৰ

আপুনি আসি ঈশ্বৰ।

তেখনৰে পৰা     হুইবে সত্যযুগ

কলিক কৰি অন্তৰ।।

শুদ্ধ সত্ত্বগুণ      হৈব প্রজা যত

নিৰ্ম্মল মন শৰীৰ।

কাম ক্রোধ লোভ   সৱে দূৰ হৈব

যতেক গুণ কলিৰ।।৬০৷৷

চন্দ্র সূৰ্য্য পূষ্যা    বৃহস্পতি যেৱে

প্ৰৱেশিলা একে ৰাশি।

কলিক খেদায়া     তেৱে সত্যযুগ।

জানিবা মিলিল আসি।।

ভূত ভৱিষ্যত     যত বৰ্ত্তমান।

ৰাজাৰ বংশ চৰিত্ৰ।

তোহ্মাৰ আগত    সমস্তে বর্ণাইলো

শুনিলাহা পৰীক্ষিত।।৬১।।

যাৱে পাদপদ্ম      পৃথিৱী পৰসি

আছিলা জগত পতি।

তাৱে পৃথিৱীক     পীড়া কৰিবাক

নভৈলা কাৰো শকতি।।

যেতিক্ষণে কৃষ্ণে    বৈকুণ্ঠক গৈলা।

সংহৰি বংশ নিঃশেষ।

সেহিক্ষণে বলে     কলি নিকৰুণে।

ভূমিত ভৈলা প্রৱেশ।।৬২৷৷

কৃষ্ণক বৈকুণ্ঠে     যাইবাক শুনিয়া।

কৰে কলি কুলিমালি।

অধৰ্ম্মে সহিতে     সৱে ৰাজ্য লৈলা।

ধৰ্ম্মক দেশ নিকালি।।

যতেক ৰাজাৰ     কৈলো বংশাৱলী

জনেকো ভূমিত নাই।

সতি সন্ততিয়ো     সহিতে সৱাকো

কালে কৰিলেক ছাই।।৬৩।।

শান্তনুৰ ভাই      নামত দেৱাপি

সূৰ্য্যবংশী মৰু নাম।

যোগবলে সিয়ো    আজিও আছন্ত।

প্রৱেশি কলাপ গ্রাম।।

সত্যযুগ ভৈলে     দুয়ো আসিৱন্ত

কল্কীৰ পায়া আদেশ।

চন্দ্র সূৰ্য্যবংশ      দুনাই প্ৰৱৰ্তাই

কৰাইবা ধৰ্ম্ম নিঃশেষ।।৬৪।।

যতেক কহিলো     মহা মহাৰাজা

ফুৰিবে ছত্ৰ ধৰাই।।

ভূমিত মমত      কৰি ভৈলা হত

সতি সন্ততিয়ো নাই।।

যিটো শৰীৰক     ৰাজা বোলাই ইটো

হুইবে বিষ্ঠা পলু ছাই।

তাহাৰে নিমিত্তে    প্রাণীদ্রোহ কৰি

মৰি নৰকক যায়।।৬৫৷৷

উপৰি পুৰুষে      যি ৰাজ্য ভুঞ্জিলে

ময়ো ভুঞ্জো আৱে তাক।

মোৰ পুত্র নাতি         কিমতে ভুঞ্জিবে

. দিনে ৰাত্ৰি চিন্তে আক।।

মল মূত্রময়       শৰীৰ লভিয়া

মোৰ মোৰ বুলি মৰে।

যত পৰিবাৰ      শৰীৰ সৰ্বশ্ব

তিলেকে অন্তকে হৰে।।৬৬।।

কৰিয়া মমত      সমস্তে নৃপতি

দেখা তেজি গৈল মহী।

ক্ষণেকতে কালে    উৰুৱাইল ঐত

কথা মাত্র আছে ৰহি।।

হেন ছাড় ইটো         জীৱনক লাগি

এৰৈ বন্ধু লক্ষ্মীপতি।

অমৃতক তেজি     মৰে বিষ ভুঞ্জি

কিনো মহা মূঢ়মতি।।৬৭।।

।।উপদেশ।।

।।ছবি।।

 

শুনিয়োক সভাসদ       মহাভাগৱত পদ

ৰাজাৰ অৱস্থা কেনে দেখা।

যতেক নৃপতিগণ      তিলেকতে ভৈলা ছন্ন

সামান্য প্রাণীৰ কোন লেখা।।

পুত্র পত্নী বিত কায়      সম্যকে সপোন প্রায়

আক তেজি চিন্তা চক্রপাণি।

পৰলোক বন্ধু হৰি       তাহাঙ্কেসে অনাদৰি

মৰো আমি যত মূঢ় প্রাণী।।৬৮।।

হে কৃষ্ণ প্রাণনাথ    নমো নমো নমাই মাথ

মঞি পাতকীৰ কৰা গতি।।

, কর্মে যেহি লাগে হৌক   প্রভু নছাড়িবা মোক

তোহ্মাক নেড়োক মোৰ মতি।।

এহি কৃপা কৰা মোকে     সুখে দুখে মোৰ মুখে

নেড়োক তোহ্মাৰ গুণ নাম।।

হৈবোহো ভৃত্যৰো ভৃত্য    তেৱে মঞি কৃতকৃত্য

নিৰন্তৰে বোলা ৰাম ৰাম।।৬৯।।

............

 

৷৷ধৰণী গীতা।।

।।পদ।।

 

শুক নিগদতি আৱে শুনিয়ো নৃপতি।

অহম্মমী ৰাজাসৱ যিমত দুৰ্ম্মতি।।

ধন জন গৰ্ব্বত নমানে পিতা মাতা।

কহো আৱে নৃপতি শুনিয়ো ভূমি গীতা।।৭০।।

মহা মদগৰ্বে ৰাজাসৱে অন্ধ আতি।

পৃথিৱীক জিনিবে যতন দিনে ৰাতি।।

তাহাৰ চেষ্টাক দেখি ভূমি কৰে হাস।

আহ্মাক জিনন্তে হৈবে আপুনি বিনাশ।।৭১।।

ধন জন বিভৱ তিলেকে কৰৈ ছন্ন।

আপুনাক নজানয় জীৱন মৰণ।।

নেদেখে দুৰ্ম্মতি মৃত্যু ফুৰে আগে আগে।

মাৰিবেক ধৰি হৰিণক যেন বাঘে।।৭২।।

ফেন সম দেহ হোৱে ক্ষণেকে বিনাশ।

ইহাতে কৰিবে লোকে সুদৃঢ় বিশ্বাস।।

মোক জিনৈ শৰীৰৰ সুখক আশায়।

ব্যর্থ হোৱে আশা আপুনিয়ো নাশ যায়।।৭৩।।

ৰাত্রি দিনে চিন্তে ৰাজাসৱ দুৰাশয়।

কেনমতে সমস্তে পৃথিৱী মোৰ হয়৷৷

বিষয় লম্পট ভৈলে নপাৱে ৰাজ্যক।

প্রথমে জিনিবে ছয় ইন্দ্রিয়বর্গক৷৷৭৪৷৷

ৰাজমন্ত্রীসৱক কৰিবে বশ্য পাচে।

আনোসৱ সেৱক অমাত্য যত আছে।।

গজ বাজী প্রজা বশ্য কৰি লক্ষ লক্ষ।

জিনিবে পাচত যত আছয় বিপক্ষ।।৭৫৷৷

মোতে খাটিবেক যত নৃপতি মহন্তে।।

পাইবো পৃথিৱীক সৱে সাগৰ পৰ্যন্তে।।

হেন আশাপাশে বদ্ধ কৰিলে হৃদয়।

কাছত নেদেখৈ অন্তককো ৰাজাচয়।।৭৬।।

চিন্তিলেক মাত্র নিসিজিল মনোৰথ।

আলোচন্তে কতো ৰাজা গৈলা যমপথ।।

কৰিলেক যিটো সাতো দ্বীপ অধিকাৰ।

তথাপি নপাইলা তৃষ্ণাসাগৰৰ পাৰ।।৭৭।।

ইন্দ্রিয়ক দমৈ মোক জিনিবাক লাগি।

তাত পৰে নাই মন্দ পৰম অভাগী।।

ইন্দ্রিয়ক দমি যদি ভজে ভগৱন্ত।

পাৱৈ মোক্ষফল আত সুখ অপৰ্য্যন্ত।।৭৮।।

অসংখ্যাত মনু মনুতনয় সমস্ত।

মোক এৰি সহস্রে সহস্রে গৈল অস্ত।।

মোহোৰ নিমিত্তে সৱে প্রাণকো সুজায়।

যথা হন্তে আইল গৈল তথাতে দুনাই।।৭৯।।

কেহো বোলৈ মোৰ ইটো পৃথিৱীমণ্ডল।

নুহি তোৰ বোলৈ কতো নৃপতি নিষ্খল।।

অন্যোঅন্যে কৰৈ যুদ্ধ প্রজা ক্ষয়ঙ্কাৰ।

মোক লাগি চিন্তে আপোনাৰ মহামাৰ।।৮০।।

মোৰ পদে কৰে যুদ্ধ সুহৃদ সোদৰে।

ভাইভাই কোপে কটাকটি কৰি মৰে।।

মোহোৰ নিমিত্তে পিতা পুত্রে যুজে আসি।

ইহাক দেখিতে মোৰ উঠে আতি হাসি।।৮১।।

সপ্তদ্বীপা পৃথিৱী যুজিয়া বাহুবলে।

কৈক গৈলা মহাৰাজাসৱ সমদলে।।

মঞি ৰহি আছো সৱে মোতে ভৈল ছাই।

কালে সংহৰিলে সতি সন্ততিও নাই।।৮২।।

পৃথু পুৰুৰৱা গাধি মান্ধাতা শৰ্য্যাতি।

খট্বঙ্গ সগৰ গয় অর্জুন যযাতি।।

তৃণবিন্দু দিলীপ ধুন্ধহা মহাৰথ।

শান্তনু নৈষধ নৃগ নহুষ কাকুথ।।৮৩৷৷

শত্রুজিত যুৱনাশ্ব অজ দশৰথ।

অম্বৰীষ ভৰত নাভাগ ভগীৰথ।।

মুচুকুন্দ যদু ৰঘু দাশৰথী ৰাম।

মোক তেজি গৈলা নুপূৰিল মনকাম।।৮৪৷৷

হিৰণ্যকশিপু বৃত্র শম্বৰ নৰক।

ৰাৱণ নমুচি শুম্ভ নিশুম্ভ তাড়ক।।

যাহাৰ আগত ইন্দ্র পতঙ্গ পৰায়।

কালৰ হাতত দেখা সৱে ভৈল ছাই।।৮৫।।

আনোসৱ ৰাজা যত দৈত্য অপৰ্য্যন্ত।

সৱে মহাসুৰ মহাবলী বুদ্ধিমন্ত।।

কালৰ হাতত সৱে ভৈল চূর্ণীকৃত।

কেৱলেসে কথামাত্র আছে পৃথিৱীত।।৮৬।।

অত্যন্ত মমত মোত আছিল সৱাৰ।

জনেকো নপাইলা তৃষ্ণা-সাগৰৰ পাৰ।।

অন্তকালে সৱাৰো মিলিল বিসঙ্গতি।

কৈক গৈলা এৰি মোক সিসৱ নৃপতি।।৮৭৷৷

মোতে উপজিয়া সৱে মোতে ভৈলা ছাই।

যেন জল বুদবুদ জলে লীন যায়।।

তথাপি নেদেখৈ কিনো মোহে অন্ধমতি।

এহি বুলি সদায় গাৱন্ত বসুমতি।।৮৮৷৷

শুক নিগদতি শুনা পৰীক্ষিত ৰায়।

যি কথা কহিলো তাৰ লৈয়ো অভিপ্রায়।।

মহাৰাজাসৱ যশ কৰিয়া প্রখ্যাত।

গৈল পৰলোক তাক শুনিলা সাক্ষাত।।৮৯।।

ই কথা শুনিবে যাৰ আছে মহাভাগ।

মিলিবে মনত তাৰ পৰম বৈৰাগ।।

বিষয় অসাৰ আক জানিবেক চিতে।

কহিলো ধৰণী গীতা এহিসে নিমিৰ্ত্তে।।৯০।।

 

।।পৰমাৰ্থ কথন।।

 

ইসৱ কথাত যেৱে এৰা অভিলাষ।

নুহি পৰমার্থ ইটো বচন বিনাশ।।

যাহাক শুনিলে হোৱে কৃষ্ণত ভকতি।।

কহো পৰমাৰ্থ কথা শুনিয়ো নৃপতি।।৯১৷৷

একান্ত ভকতসৱে আতি প্রীতিভাৱে।

উত্তমশ্লোকৰ গুণ যশ সদা গাৱে।।

তাসম্বাৰ সমীপত থাকি থিৰ চিত্তে।

ভড়িব কর্ণক কৃষ্ণ চৰিত্ৰ অমৃতে৷৷৯২৷৷

প্রতিনিতে সততে শুনিয়া কৃষ্ণ যশ।

উপজিবে তেৱেসে কৃষ্ণত প্রেমৰস।।

পৰম নিৰ্ম্মল হৈৱে কৃষ্ণত ভকতি।

কৈলো পৰমার্থতত্ত্ব তোহ্মাত নৃপতি।।৯৩৷৷

যাহাৰ কৃষ্ণত ভৈল ভকতি অচল।

তাহাৰেসে গুচিল মনৰ মহা মল।।

হৃদয়ে দেখিবে সিটো ঈশ্বৰ মূৰ্ত্তিক।

পাইবেক প্রসাদ মহা মোক্ষতো অধিক।।৯৪।।

কথাৰ বুজিলা ৰাজা যেন অভিপ্রায়।

নাহিকে পৰম গতি ভকতি বিনায়।।

 

।।যুগধর্ম কথন।।

 

পুছন্ত শুকত পুনু নৃপে মনে গুণি।

ছেদিয়ো সংশয়চয় মোৰ মহামুনি।।৯৫৷৷

কলিত লোকৰ ধৰ্ম্ম নাহিকে আচাৰ।

নিতে নিতে বাঢ়ে পাপ পৰ্বত আকাৰ।।

কলিত পাতকে লোক হৈবে জৰ্জৰিত।

নুপজিবে পাতকীৰ ভকতি কিঞ্চিত।।৯৬৷৷

দোষৰ সাগৰ কলি পৰম দুর্জন।

পাপ নকৰন্তা আত নাহি একোজন।।

পাপ নষ্ট নভৈলে কৃষ্ণক নযায় মতি।

কিমতে তড়িবে লোক কলিত দুর্গতি।।৯৭৷৷

কলিৰ চেষ্টাক শুনি থিৰ নুহি কায়।

কহিয়ো ইহাৰ গুৰু তড়ন উপায়।।

কোনবা পৰম ধৰ্ম্ম অধৰ্ম্ম কলিত।

কহিয়োক গুৰু মোৰ থিৰ হৌক চিত্ত।।৯৮৷৷

কালৰূপে ঈশ্বৰৰ গতি কেন ঠান।

আতি প্রলয়ৰ কহিয়োক কেন মান।।

কোন যুগধর্ম ইটো চাৰিয়ো যুগৰ।

কহিয়ো গুচোক মোৰ সংশয় মনৰ।।৯৯।।

অন্তকালে গুৰু ভৈলা তুমি মহাভাগ।

কত পুণ্য কৰি সুধিবাক পাইলো লাগ।।

দিয়া পৰিচ্ছেদা মোক কৃপাদৃষ্টি চাই।।

তোহ্মাৰ আহ্মাৰ কথা এহিমানে যায়।।১০০।।

শুনিয়া সিদ্ধান্ত দেন্ত ব্যাসৰ নন্দন।

শুনিয়ো নৃপতি যুগধৰ্ম্মৰ লক্ষণ।।

সত্যত আছিলা ধৰ্ম্ম হৃষ্টপুষ্ট ভাৱে।।

তপ সত্য দায়া দান থাকে চাৰি পাৱে।।১০১।।

সিকালৰ লোকমানে সৱে সকৰুণ।

শান্তি তুষ্টি ক্ষমা মৈত্রী আছৈ সৱে গুণ।।

সৱেয়ো কৰিলে মন ইন্দ্রিয় নিৰোধ।

আত্মাতেসে ৰতি সমস্ততে সমবোধ।।১০২।।

সৱাহাতো আছিল ঈশ্বৰ মহাজ্ঞান।

হৰি ভকতিত পৰে নজানিলা আন।।

থিৰবুদ্ধি কৰে সৱে হৰিকেসে ধ্যান।

এতেকে চাৰিয়ে জাতি উত্তম সমান।।১০৩৷৷

ত্রেতাত পাইলেক আসি কিঞ্চিত প্রমাদ।

ভাঙ্গিলেক অধৰ্ম্মে ধৰ্মৰ একপাদ।।

সিকালৰ লোকমানে সৱে জ্ঞাননিষ্ঠ।

নোহে আতি লম্পট নুহিকে আতি শিষ্ট।।১০৪।।

ব্রাহ্মণে ধৰিবে মাত্র ভকতিক আতি।

নপাৰিলে ৰাখিবে অপৰ তিনি জাতি।।

স্বৰ্গক বাঞ্ছায়ে কৰৈ যাগ যজ্ঞ দান।

এতেকে ত্রেতাত ভৈলা বিপ্রেসে প্রধান।।১০৫৷৷

দ্বাপৰ যুগৰ লোক হৈবে জ্ঞানভ্রষ্ট।

দুই পাদ ধৰ্ম্মৰ অধৰ্ম্মে কৰৈ নষ্ট।।

সিকালৰ লোকৰ যশত হৈবে প্রীতি।

পঢ়য় পঢ়াৱৈ হৃষ্টভাৱে প্রতিনিতি।।১০৬।।

সৱেয়ো শ্ৰীমন্ত আতি কুটুম্ব বিস্তৰ।

ধন জন গৃহ বিষয়ত ততপৰ৷৷

ৰাত্রি দিনে সকাম কৰ্ম্মত আসকতি।

ব্রাহ্মণ ক্ষত্রিয় মাত্র ধৰিবে ভকতি।।১০৭।।

এতেকেসে দ্বাপৰত আছিলা সমান।

ব্রাহ্মণ ক্ষত্রিয় দুয়ো উত্তম প্রধান।।

কলিত অধৰ্ম্ম হুইবে হৃষ্ট পুষ্ট ভাৱ।

ধৰ্ম্মৰ ভাঙ্গিবে সিটো দুষ্টে তিনি পাৱ৷৷১০৮।।

চতুর্থ চৰণো পাচে কৰিবেক নষ্ট।

কলিত যতেক লোক ভৈলা ধর্মভ্রষ্ট।।

মিলিবে পৰম লোভ হুইবে অনাচাৰ।

দাৰুণ নির্দয় যেন ৰাক্ষস আকাৰ।।১০৯।।

খাইবাক পাৰয় তৃষ্ণা বাঢ়ি যাইব আতি।

অকাৰ্য্যে কৰিব বৈৰ কলহত প্রীতি৷৷

ব্রাহ্মণ ক্ষত্রিয় বৈশ্য ইটো তিনি জাতি।

নুশুনিবে হৰি ভকতিক কাণ পাতি।।১১০৷৷

শূদ্ৰসৱ অনেক কৈৱৰ্ত্ত আদি কৰি।

অন্ত্যজ পৰ্য্যন্ত ভজিবেক মহাহৰি।।

অপ্রয়াসে লভিব ঈশ্বৰ মহাজ্ঞান।

এতেকে কলিত শূদ্র কৈৱৰ্ত্ত প্রধান।।১১১।।

যেখন সাত্ত্বিক হয় বুদ্ধি মলমতি।

জ্ঞানত তপত আতিশয় হয় ৰতি।।

দূৰ হয় কাম ক্রোধ লোভ মোহচয়।

তেখনে জানিবা ভৈলা সত্যৰ উদয়।।১১২৷৷

যেখন লোকৰ যশস্যাত প্রীতি বাঢ়ে।

সকাম কৰ্ম্মক আতি মনুষ্যে আচৰে।।

ৰজোগুণ বৃত্তি হাস্যে হৰিষ মিলয়।

তেখনে জানিবা ভৈলা ত্রেতাৰ উদয়।।১১৩৷৷

যেতিক্ষণে মিলে লোভ দম্ভ অহম্মান।

দ্বেষ্য অসন্তোষ ৰোগ মোহ অপমান।।

কৰে কাম্য কৰ্ম ৰজো তম বৃত্তিচয়।

তেখনে জানিবা ভৈলা দ্বাপৰ উদয়।।১১৪।।

কপট কুনীতি নিদ্রা হিংসা শোক ভয়।

দীন দুখ বিষাদ তামস বৃত্তিচয়।।

পাপৰ পথক লাগি মন যায় টলি।

তেখনে জানিবা আসি পাইলে পাপী কলি।।১১৫।।

কহো কলিযুগ দুনাই শুনিয়ো নৃপতি।

নকৰিবে দুষ্ট কলি কোননো সঙ্গতি।।

হুইবে মলমতি একো নাচৰিবে পুণ্য।

পাৰিবে বিস্তৰ খাইবে কিন্তু ভাগ্যশূন্য।।১১৬।।

আতি দীন দুখী বিত্ত নুহিবে প্রচুৰ।

তথাপি পাতকী লোক হুইবে কামাতুৰ৷৷

বেশ্যাসম হুইবে নাৰী সমস্তে অসতী।

পৰপুৰুষক যাইবে তেজি নিজপতি।।১১৭।

হুইবেক প্রচুৰ চোৰ ডকাইত কলিত।

পাষণ্ডে কৰিবে বেদপথক দূষিত।।

পাষণ্ডৰ মুখত শিখিবে ধৰ্ম্মজ্ঞান।

কলিত কৰিবে পাষণ্ডক বহুমান।।১১৮।।

আন একো জীৱিকাক ৰাজায়ে নজানে।

প্রজাকেসে খাইব ছিণ্ডি ধনৰ নিদানে।।

এৰিবেক দ্বিজে জাতি ধৰ্ম্ম নিৰন্তৰ।

স্ত্রী ধন দুইত মাত্র হুইব ততপৰ।।১১৯৷৷

কুটুম্বী গৃহস্থসৱে ধৰিবেক বেশ।

ছলে ভিক্ষা মাগি ভ্রমিবেক দেশে দেশ।।

বনস্থ তপস্বীসৱ হুইব গ্রামবাসী।

মহা ধনলোভী হৈবে যতেক সন্ন্যাসী।।১২০৷৷

নাৰীৰ স্বভাৱ কহো শুনা পৰীক্ষিত।

কলিত বহুত হৈবে বেশ্যাৰ চৰিত্ৰ।।

লাজ কাজ এৰিবে স্বভাৱে মহাক্ৰুৰ।

হৈবে ছোট কায়া খাইবে পাৰিবে প্ৰচুৰ।।১২১।।

সততে কটুৰ বাক্য বুলিবে অসত্য।।

কপট নেৰিব হৈবে অনেক অপত্য।।

পৰম নির্ভয় ভাৱ পুৰুষতাোধিক।

নাহিকে নাৰীত পৰে মহা সাহসিক।।১২২।।

মিছা মাতি সাউদে কৰিবে কিনা বিকা।

জীৱে সম্পদতো কৰি নিন্দিতজীৱিকা।।

উত্তম নায়ক যদি হোৱে ক্ষীণবিত।

এৰিবেক তাক পুৰাতন যত ভৃত্য।।১২৩৷৷

যদি ৰোগী ভৈল ভৃত্য অনেক পুৰুষী।

দেখি স্বামীসৱে তাক এৰিবে নুপুষি৷৷

ধেনুক তেজিবে যেৱে ভৈলে দুগ্ধহীন।

কলিত হৈবেক লোক স্ত্রী পৰাধীন।।১২৪।।

পিতৃ মাতৃজ্ঞাতি যত তেজিবে সোদৰ।

ভাৰ্যাৰ কুটুম্বে হৈবে সুহৃদ লোকৰ।।

নিজ গোত্র কুটুম্বতো তেজিবেক আশ।

ভাৰ্যাৰ ভ্ৰাতৃত মাত্ৰ কৰিবে বিশ্বাস।।১২৫৷৷

শূদ্ৰসৱে ধৰিবেক তপস্বীৰ বেশ।

ছদ্মে দান লৈয়া ভ্রমিবেক গ্রাম দেশ।।

মূখৰ উন্নতি হৈবে ফুৰিবে উল্লাসি।

ধৰ্ম্ম বখানিবে উচ্চ আসনত বসি।।১২৬।।

পৰিবে দুর্ভিক্ষ ভাতে মৰিবেক প্রজা।

কৰৰ নিমিত্তে তাতে পীড়িবেক ৰাজা।।

ৰাজভৃত্যসকলে কৰিবে হুলস্থল।

নুগুচিবে মনুষ্যৰ মনত আকুল।।১২৭।।

নালাপিবে স্ত্রীক লোকে নকৰিবে স্নান।

নুহিবেক বসন ভূষণ অন্ন পান।।

শুখাইবে শৰীৰ একো নপাইবে আহাৰ।

হুইবেক কলিত লোক পিশাচ আকাৰ।।১২৮৷৷

সুহৃদ সোদৰ একো নবাছিবে চিতে।

কৰিবে কন্দল পাঞ্চ গণ্ডাৰ নিমিত্তে।।

সুহৃদক বান্ধিবেক ধনৰ নিদানে।

কন্দলতে মৰি যাইবে আপুনিয়ো প্রাণে।।১২৯।।

ভাৰ্য্যা পুত্র পিতৃ-মাতৃ কাতো নেদি চিত।

আপুনি জীৱেক মাত্র দুৰ্ঘোৰ কলিত।।

মিলিবে লোকত আনো অনেক বিপাক।

কতেক কহিবো দুষ্ট কলিৰ চেষ্টাক।।১৩০৷৷

পৰম দাৰুণ কলি পাপৰ সাগৰ।

ইহাত মজিবে জ্ঞান হৰিবে লোকৰ।।

পাপে সমে কৰ্ম্ম কৰি অধকেসে যায়।

একে কৃষ্ণ বিনে নাই দ্বিতীয় উপায়।।১৩১৷৷

এহি বুলি মৌন ভৈলা শুক মহামুনি।

মনে বিমৰিষ ঋষি কৰন্ত আপুনি।।

খেদ ভৈল ৰাজাৰো কলিৰ শুনি কথা।

লোকৰ হৈবেক আৱে হেনসে অৱস্থা৷৷১৩২।।

সামাজিক লোক লৈবা কথাৰ আশয়।

শুনিলাহা কলি মহা দোষৰ আলয়।।

ইহাৰ কালতে আমি সমস্তে উপজি।

হেন জানা আছো পাপ সাগৰত মজি।।১৩৩৷৷

নিতে নিতে সিজে পাপ তাতে মহালীলা।

শালৰ নাৱত যেন ভৰা দিলো শিলা।।

বুৰি আসে তনু নাও নাহিকে চেতন।

নমো নমো কৃষ্ণ প্রভু পশিলো শৰণ।।১৩৪৷৷

দায়াশীল বাসুদেৱ কৰিয়ো উদ্ধাৰ।

তোহ্মাত বিনায়ে গতি নাহিকে আহ্মাৰ।।

ভূমি উদ্ধাৰিলা তুমি সামর্থ পৰম।।

মোক উদ্ধাৰণত তোহ্মাৰ কোন শ্রম।।১৩৫।।

পৰম পাতকী মঞি ভকতি বিহীন।

কলিৰ মলত মজি আছো এতদিন।।

তুমিসি সুহৃদ মোৰ আৱেসে বিদিত।

জানিলো তুমিসে মোৰ আত্মা মহাহিত।।১৩৬৷৷

আউৰ যেন নপাসৰো অৰুণ চৰণ।

হুয়ো কৃপাময় মঞি পাপীত প্রসন্ন।।

সদায়ে থাকোক মোৰ মুখে তযু নাম।

নিৰন্তৰে তেৱে সৱে বোলা ৰাম ৰাম।।১৩৭।।

 

।।ছবি।।

 

কতোক্ষণে মনে গুণি আছে পাচে মহামুনি

মহাকষ্টে ছাড়িলা নিশ্বাস।

হা কিনো দৈৱ বিধি       লোকৰ নভৈল সিদ্ধি

পাষণ্ডে কৰিবে সৰ্ব্বনাশ।।

মহা কাৰুণিক শুক       লোকৰ নিকাৰ দেখি

পৰম ব্যথিত ভৈলা চিত।

ৰাজাক বোলন্ত চাই      শুনা পৰীক্ষিত ৰায়।

যেন মোৰ মন বিপৰীত।।১৩৮৷৷

বেদৰো ৰহস্য ইটো  মহাভাগৱত শাস্ত্র

পৃথিৱীত কৰিলো প্রচাৰ।

কলিত মলিন লোকশুনি সৱে নিস্তাৰো

অভিপ্রায় হেনসে আহ্মাৰ।।

জগত পৰম গুৰুঈশ্বৰ কৃষ্ণক যিটো

ব্রহ্মা হৰে সেৱে অৱিচ্ছেদ।

কলিত বহুতে তাঙ্ক  ভজিবেক নপাৰিবে।

পাষণ্ডে কৰিবে বুদ্ধিভেদ।।১৩৯।।

পৰম আতুৰ যাৰ   নাম অনিচ্ছায়ে স্মৰি

মৰন্তে পড়ন্তে পিছলন্তে।

এতেকে কলিত হৱে  মহা কৰ্ম্মবন্ধ ছেদ

পাৱে মোক্ষ সংসাৰত হন্তে।।

স্মৰণ মাত্রকে যাক  উত্তম গতিক পাৱে

হেন দেৱ ঈশ্বৰ কলিত।

নভজিবে বহুতৰে   অধম পামৰ নৰে

পাষণ্ডে ভেদিবে আসি চিত।।১৪০৷৷

দুৰ্ঘোৰ কলিত ইটো        তড়ন উপায় যিটো

কহো ৰাজা হুয়ো সাৱধান।

দূষিত কৰিলে কলি কাহাৰো পৱিত্ৰ নুহি

দ্রব্য দেশ তনু মন প্রাণ।।

ঈশ্বৰ কৃষ্ণক যিটো চিত্তত নিশ্চয় কৰি

ভজে মাত্র তাহান চৰণে।

হুয়া তাতে পৰিতোষ হৰন্ত কলিৰ দোষ

মহাহৰি এতেকে তেখনে।।১৪১।।

মাধৱৰ নাম গুণ        কলিত পৰম পুণ্য

থাকে যিটো দঢ়াই প্রতি নিতে।

শ্ৰৱণ কীৰ্ত্তন কৰে   যদিবা মনত স্মৰে

তাকে বা আশংসে যিটো চিত্তে।।

কেশৱত দঢ়াই হিয়া      যি পাৰে নৈবেদ্য দিয়া

তাঙ্কে মাত্র পূজৈ যিটো নৰে।

এতেকে হিয়াত থাকি      অযুত জন্মৰ পাপ

কলিত হৰন্ত দামোদৰে।।১৪২।।

দুৰ্ঘোৰ কলিত ইটো      তড়ন উপায় এহি
আতপৰে আৰ কিছো নাই।

আপুনি পুছিলা যিটো      তাহাৰ সিদ্ধান্ত দিলো

শুনা ৰাজা আৰো অভিপ্রায়।।

পাপত মগন হুয়া   কৰ্ম্মক আচৰে গৈয়া

জানা সি কি পুণ্য সিজে তাৰ।

দুৰ্ঘোৰ কলিত ইটো      মলমতি মনুষ্যৰ

একো কৰ্ম্মে নাহি অধিকাৰ।।১৪৩৷৷

যেন সুৱৰ্ণক শুদ্ধ       মৃত্তিকা নকৰৈ যদি

ধোৱে আনি অসংখ্যাত জলে।

খপন্তে খপন্তে যেৱে       বহ্নি অন্তর্গত ভৈলে

তেৱে সুৱর্ণক তেজৈ মলে।।

এহিমতে তপ জপ       যজ্ঞ যোগ আচৰিয়া

মিছাতেসে পাৱে মহা খেদ।

যাৱত নিশ্চয় কৰি      হিয়াত নধৰে হৰি

নোহে তাৰ কৰ্ম্ম বন্ধ ছেদ।।১৪৪।।

দেৱ সৱো উপাসয়       যদি যোগ অভ্যাসয়

কৰে স্নান সমস্তে তীর্থত।

দান ব্রতে তপে বুদ্ধি     নুহি অভ্যন্তৰ শুদ্ধি

কহিলো তোহ্মাত ইটো তত্ত্ব।।

জগত ঈশ্বৰ হৰি        আঙ্ক হৃদি স্থিত কৰি

যিমতে পৱিত্র হোৱে চিত।

কহিলো শাস্ত্ৰৰো সাৰ      কলিত নিস্তাৰ আৰ

নাহি জানা ইসে পৰীক্ষিত।।১৪৫।।

বুজিয়া শাস্ত্ৰৰ মজ্জা  সৰ্ব্ব জন্মে তুমি ৰাজা

কৰিয়ো কৃষ্ণক হৃদি স্থিত।

তেৱে মৃত্যু সময়ত       ধৰি কৃষ্ণ চৰণত

মহাগতি পাইবা পৰীক্ষিত।।

নেৰৈ মনে মৰণতো      কৃষ্ণৰ চৰণ যিটো।

তাৰ কথা শুনিয়ে স্বৰূপ।

সংহৰি কলিৰ পাপ       তাহাক জগত বাপ

দেন্ত আপোনাৰ নিজ ৰূপ।।১৪৬৷৷

এৱে মঞি দঢ়াই মতি     কলিকেসে কৰো তুতি

যদি কলি পাপৰ সাগৰ।

মহন্ত গুণেক আৰ   সংসাৰ মধ্যত সাৰ

শুনা সাৱধানে নৃপবৰ।।

যদি দুৰাচাৰ আতি      যদিবা অধৰ্ম্ম জাতি

কৰে মাত্র কৃষ্ণৰ কীৰ্ত্তন।

আতি অপ্রয়াস ভাৱে এতেকে কৃষ্ণৰ পাৱে

ছিণ্ডে ঘোৰ সংসাৰ বন্ধন।।১৪৭।।

সত্যযুগে ধ্যান কৰি      সদায়ে আৰাধে হৰি।

নানা যজ্ঞ যজিয়া ত্রেতাত।

দ্বাপৰে ভকতি ভাৱে      পূজিয়া যি গতি পাৱে

মহা মহা মহন্তে সাক্ষাত।।

ইটো ধন্য ধন্য কলি      আকেসে মহন্ত বুলি

ভাল মন্দ একোৱে নচাৱে।

যতেক যুগৰ ধৰ্ম্ম       আচাৰ যতেক কর্ম

কীৰ্ত্তনে সৱাৰো ফল পাৱে।।১৪৮।।

কলিৰ পৰম ধৰ্ম্ম        মাধৱৰ নাম কৰ্ম্ম

কীৰ্ত্তনেসে জানিবা নৃপতি।

কলিৰ পাতেকচয়        কীৰ্ত্তনেসে কৰে ক্ষয়

পাৱে নৰে পৰম মুকুতি।।

মহা ভাগ্যৱন্ত নৰে       কলিত কীৰ্ত্তন কৰে

আছে পুণ্য পৰ্ব্বত আকাৰ।

কেশৱ প্রসন্ন তাৰ       কহিলো সাৰতো সাৰ

সিসে পাইলে সংসাৰৰো পাৰ।।১৪৯।।

……….

 

।।দুলড়ী৷৷

 

শুনা সভাসদ      ভাগৱত পদ

আপদ হৌক বিনাশ।

ইটো কলিকাল          ভকতিক ভাল

কৰিলা শুকে প্রকাশ।।

ভাৰত বৰিষ      মনুষ্য শৰীৰ

কলিযুগ হৰিনাম।

চাৰিৰ সংযোগ     কত পুণ্যে পাইলা

কৰা তড়িবাৰ কাম।।১৫০৷৷

ইহেন কালত      তড়িতে নপাৰে

মনুষ্য জনম পায়া।

ভকতি নকৰে     হৰি নুসুমৰে

তাক বঞ্চে বিষ্ণুমায়া।।

নমো নমো ৰাম        কৰা উপশাম

সংসাৰৰ দুখ তাপ।

তোহ্মাক নভজি         আপদত মজি

মৰো হেৰা কৃষ্ণ বাপ।।১৫১৷৷

তুমিসে মাধৱ     আহ্মাৰ বান্ধৱ।

এৱেসে ভৈলা বিদিত।

সংসাৰ তাড়ন     তোহ্মাৰ চৰণ।

তথাপি নিচিন্তে চিত।।

মনৰ লগত       ভৈলো বুদ্ধিহত

মায়াৰ নপাইলো পাৰ।

মঞি দুৰাশয়      জানি কৃপাময়

আপুনি কৰা উদ্ধাৰ।।১৫২।।

ভকতি সঞ্চিবো যিমতে বঞ্চিবো

সংসাৰ তাপ দুৰ্ঘোৰ।

দিয়ো উপদেশ     হে হৃষীকেশ

হৃদয়তে থাকি মোৰ।।

সদা মোৰ মুখে         যেন সুখে দুখে

নছাড়ো তোহ্মাৰ নাম।

হেন কৃপা কৰা         দীনক উদ্ধাৰা

ডাকি বোলা ৰাম ৰাম।।১৫৩।।

 

।। প্রলয় কথন।।

।। পদ।।

 

পুছিলা নৃপতি তুমি সংশয় দুতয়।

কোন পুণ্যে কলিৰ পাতক হৱে ক্ষয়।।

কলিৰ পৰম ধৰ্ম্ম শ্ৰৱণ কীৰ্ত্তন।

দিলো দুয়ো সিদ্ধান্ত শুনিলা একমন।।১৫৪ ।।

প্রলয় কল্পৰ আৱে শুনিয়োক মান।

এহিটো কৃষ্ণৰ লীলা চৰিত্র প্রধান।।

শুনিয়োক চতু্র্ব্বিধ প্রলয়ৰ কথা।

প্রথমতে কহো নিত্য প্রলয় ব্যৱস্থা।।১৫৫৷৷

ব্রহ্মা আদি কৰি যত আছে প্রাণীচয়।

সমস্তৰে হোৱে নিতে উৎপত্তি প্রলয়।।

কালৰ বেগত যাই দেহৰ অৱস্থা।

তাক কেহো তর্কিবাক নপাৰে সৰ্বথা।।১৫৬।।

যেন আকাশতে চন্দ্র সূৰ্য্যে গতি কৰে।

তাক লক্ষিবাক নপাৰয় একো নৰে।।

যেন নদী সমস্তৰ জল যাই বহি।

তথাপি আগতে দেখে নদী আছে ৰহি।।১৫৭।

সেহিমতে ব্রহ্মা আদি কৰি যত তৃণ।

সৱাৰো শৰীৰ ক্ষেণে ক্ষেণে হোৱে ভিন।।

পৰম অতর্ক কাল ঈশ্বৰৰ গতি।

কহিলো প্রলয় নিত্য তোহ্মাত নৃপতি।।১৫৮।।

শুনা আৱে নৈমিত্তিক প্রলয়ৰ কথা।

কতনো নিকাৰ কৈবো জীৱৰ অৱস্থা।।

চতুর্থ হাজাৰ যুগে ব্রহ্মাৰ দিৱস।

ব্ৰহ্মাৰ দিনত হোৱে মনু চতুর্দশ।।১৫৯।।

ৰাত্ৰিয়ো ততেক কাল জানিবা নিশ্চয়।

তিনিয়ো লোকৰ হোৱে নিশাত প্রলয়।।

জগতকে উদৰতে লৈয়া নাৰায়ণ।

অনন্ত শয্যাত প্রভু কৰিলা শয়ন।।১৬০।।

শূন্য তিনিলোক মজে প্রলয় জলতে।

ব্ৰহ্মায়ো থাকন্ত শুতি কৃষ্ণৰ লগতে।।

নিশা অৱসানে দুনাই সৃষ্টি প্ৰৱৰ্ত্তয়।

জানা ৰাজা আকে বুলি নৈমিত্তিক লয়।।১৬১।।

প্রাকৃত প্রলয় আৱে শুনিয়ো নৃপতি।

কোননো নহৈবে ইটো জীৱৰ সঙ্গতি।।

যেৱে একশত ভৈল বৰিষ ব্ৰহ্মাৰ।

কৰন্ত ঈশ্বৰে তেৱে ব্রহ্মাকো সংহাৰ।।১৬২।।

পৃথিৱী প্ৰমুখ্যে সৱে হুয়া গুণে হীন।

যাত হন্তে হোৱে দুনাই তাতে যায় লীন।।

নৰহয় কিছো ব্রহ্মাণ্ডৰ হোৱে নাশ।

জগতকে দেন্ত কৃষ্ণে উদৰত বাস।।১৬৩৷৷

নোহে বৃষ্টি শতেক বৰিষ পৃথিৱীত।

খাইবে নপাই প্রজা হৈবে ক্ষুধায়ে পীড়িত।।

অন্যোঅন্যে ধৰি শৰীৰৰ মাংস খায়।

এহিমতে লোক নিৰন্তৰে মৰি যায়।।১৬৪৷৷

প্রচণ্ড আদিত্য উপৰত তাপ কৰে।

অনন্ত মুখৰ বহ্নি বজাই তাত পৰে।।

পাতাল পৃথিৱী দহি উপৰক আসে।

সঞ্চৰৈ বহ্নিৰ শিখা প্রচণ্ড বতাসে।।১৬৫।।

অগ্নি সূৰ্যে অধে-উর্ধ্বে ব্রহ্মাণ্ডকো দহে।

দগধ গোময় পিণ্ড যেন হুয়া ৰহে।।

মহা মেঘে বৰিষয় শতেক বৎসৰ।

প্রলয়ৰ জলে ভৰে ব্ৰহ্মাণ্ড ভিতৰ।।১৬৬।।

কালৰ বেগত ব্রহ্মাণ্ডৰো হৱে ক্ষয়।

সাতো আৱৰণ অন্যোঅন্যে যায় লয়।।

পৃথিৱী জলত পশে উদক তেজত।

তেজো পশে বায়ুত পৱন আকাশত।।১৬৭।।

পশে অহঙ্কাৰত আকাশো গৈয়া পাচে।

ইন্দ্রিয় দেৱতা মন আনো যত আছে।।

মহত্ত্বতো পশে অহঙ্কাৰ বৃত্তিহীন।

প্ৰকৃতিত আপুনি মহতো যায় লীন।।১৬৮।।

ঈশ্বৰৰ লীলাত জগত নাশ হয়।।

কটাক্ষতে কোটি কোটি ব্রহ্মাণ্ডৰো লয়।।

পুৰুষ প্রকৃতি বৃত্তিশূন্য হুয়া থাকে।

জ্ঞানীগণে প্রাকৃত প্রলয় বোলৈ আকে।।১৬৯।।

নিত্য নৈমিত্তিক কৈলো প্রাকৃত প্রলয়।

শুনা আত্যন্তিক লয় আৱে মহাশয়।।

মোক্ষকেসে বুলি ৰাজা আত্যন্তিক লয়।

ব্রহ্মজ্ঞানী দেখৈ জগতকে ব্রহ্মময়।।১৭০।।

বুদ্ধি মন ইন্দ্রিয় মহত অহঙ্কাৰ।

ব্রহ্মত পৃথক নুহি যতেক সংসাৰ।।

ব্রহ্ম ব্যতিৰেকে যত দেখা মিছা আন।

জৰীত উপজি যেন আছে সর্পজ্ঞান।।১৭১।।

জাগন সপোন বুদ্ধিৰেসে বৃত্তিচয়।

নানাবিধ দেখা যিটো সিটো মায়াময়।।

সমস্তে অবস্তু যেন টাটেকৰ নয়।

ক্ষেণেকে উপজি ক্ষেণেকতেনাশ হয়।।১৭২৷৷

যেন আকাশত মিলৈ সংহতি মেঘৰ।

ক্ষণেক থাকিয়া হৱৈ ক্ষণেকে অন্তৰ।।

ব্রহ্মতো জগত ৰাজা জানা সেহি নয়।

উপজিয়া ব্ৰহ্মত ব্রহ্মতে হোৱে লয়।।১৭৩।।

একে ব্রহ্ম আছা সৰ্ব্ব দেহক প্রকটে।

যেন এক আকাশ প্রত্যেক ঘটে ঘটে।।

জলত সূৰ্য্যক যেন দেখি ভিন্ন ভিন্ন।

সেহিমতে জানিবা ব্রহ্মৰো ভেদ হীন।।১৭৪।।

কঙ্কণ কুণ্ডল ঘট মণি হেমহাৰ।

এক সুৱৰ্ণক দেখি অনেক আকাৰ।।

এহিমতে এক ব্ৰহ্ম জানা সত্য সিদ্ধ।

অজ্ঞানত বাক্য বোলৈ তাঙ্ক বহুবিধ।।১৭৫।।

সূৰ্য্যৰ ৰশ্মিত হোৱৈ মহা মেঘগণ।

সূৰ্য্যঅংশ চক্ষুক তথাপি কৰে ছন্ন।।

ব্রহ্মৰে স্বৰূপ অহঙ্কাৰ যদি হয়।।

ব্ৰহ্মঅংশ জীৱক তথাপি আৱৰয়।।১৭৬।।

যেন মেঘ গৈলে চক্ষু সূৰ্য্যক নিৰেখে।

অহঙ্কাৰ গুচিলে ব্ৰহ্মক জীৱে দেখে।।

মায়াএৰে আপুনি বুদ্ধিৰ গুচৈ ভ্রম।

নিৰ্ম্মল হৃদয় জীৱে দেখৈ পৰব্ৰহ্ম।।১৭৭।

যি কালত জ্ঞান অস্ত্রে ছেদে অহঙ্কাৰ।

ছিণ্ডে কৰ্ম্মবন্ধ জীৱে তেৱে আপুনাৰ।।

হৃদয়তে পৰম আনন্দ হোৱে জাত।

পৰিপূৰ্ণ আত্মা হোন্ত হিয়াত সাক্ষাত।।১৭৮৷৷

দেহকো নেদেখৈ জীৱে হুয়া ব্ৰহ্মময়।

ইহাকে বুলিয়া ৰাজা আত্যন্তিক লয়।।

কহিলো তোহ্মাত চাৰি প্ৰকাৰ প্রলয়।

ভকতি নভৈলে কৈতো নেৰাই মৃত্যুভয়।।১৭৯৷৷

দেঞো পৰিচ্ছেদ কিবা কহিবো বহুত।

দেখে ব্রহ্মময় যিটো জীৱন্তে মুকুত৷৷

তথাপিতো সিটো কৃষ্ণ কীৰ্ত্তনেসে তড়ৈ।

ভকতি নভৈলে দুনাই মায়া আসি ধৰৈ।।১৮০৷৷

কৰৈ অচেতন ব্রহ্মজ্ঞান হোৱৈ হত।

পৰৈ পৰিৱৰ্ত্তি আসি সংসাৰ গৰ্ত্তত৷৷

ভকতি বিহীনে হেন জ্ঞানৰো অৱস্থা।

মহামূঢ় বিষয়ীৰ কি কহিবো কথা।।১৮১৷৷

যিটো নাৰায়ণ কৃষ্ণ জগতৰ ধাতা।

জগতনিৱাস জগতৰ পিতা মাতা৷৷

কহিলো তাহান কিছো মাত্র লীলা কথা।

কহিবে নপাৰে সৱে ব্রহ্মায়ো সৰ্ব্বথা।।১৮২।।

হেনবা হৈবেক শঙ্কা মনত তোহ্মাৰে।

সমস্তে কহিবে যেৱে ব্রহ্মায়ো নপাৰে৷৷

তেৱে ইটো কথা কহিবাক কোন কাজ।

আৰ অভিপ্রায় কহো শুনা মহাৰাজ।।১৮৩।।

সংসাৰত তিনি তাপ যেন দাৱানল।

কৰিবাক লাগি আছে জীৱক বিকল।।

আক নিস্তৰিবে বাঞ্ছৈ যিটো মহাজন।

কৰন্তোক কৃষ্ণকথা ৰস নিসেৱন।।১৮৪।।

এহিসে সুদৃঢ় নৌকা সংসাৰ সাগৰে।

নাহি নাহি তড়ন উপায় আতপৰে।।

চাৰি বেদ চৌদ্ধয় শাস্ত্ৰৰ ইসে তত্ত্ব।

কহিলো নৃপতি আৱে তোহ্মাৰ আগত।।১৮৫৷৷

হেন জানি জন্ম লোকে নকৰিয়ো বৃথা।

যাৰ যেন শকতি শুনোক কৃষ্ণ কথা।।

যাৰ যেন মতি কৰা কৃষ্ণৰ কীৰ্ত্তন।

এতেকে ছিণ্ডিবে ঘোৰ সংসাৰ বন্ধন।।১৮৬।।

যেন ফল পাৱে তপ জপ তীর্থস্নানে।

যেন ফল পাৱে মহাযজ্ঞ যোগ দানে।।

যেন ফল পাৱে মহাজ্ঞান বৈৰাগ্যত।

কলিত সমস্তে পাৱে কৃষ্ণ-কীৰ্ত্তনত।।১৮৭৷৷

শ্ৰৱণ কীৰ্ত্তন তেজি আন কৰ্ম্ম কৰে।

পাৱৈ শ্রম বিফলে কলিত সিটো নৰে।।

অধৰ্ম্মে খেদাইলে ধৰ্ম্মে কৈতো নপাই ঠাই।

হৰি ভকতিত আছৈ শৰণ সোমাই।।১৮৮৷৷

আচৰি ভকতি যিটো নাম-গুণ গাৱৈ।

সি সি জনে সমস্ত ধৰ্মৰ ফল পাৱৈ।।

এতেকেসে কলিত কীৰ্ত্তন ধৰ্ম্ম সাৰ।

আউৰ একো থানে নাই ধৰ্ম্মৰ সঞ্চাৰ।।১৮৯।।

এহিসে পৰম ধৰ্ম্ম জানিবা সৰ্ব্বথা।

হেনবা বুলিবা কৈত পাইলা ইটো কথা।।

একোৱে পুৰুষে নতো শুনি কর্ণশ্রুতি।

কহো আৰ গুণ আৱে শুনিয়ো নৃপতি। ১৯০৷৷

বেদৰো ৰহস্য ইটো আতি অনুপাম।

পৰমার্থ শাস্ত্র মহাভাগৱত নাম।।

পৰম ঈশ্বৰ যিটো নাৰায়ণ মুনি।

ইটো শাস্ত্ৰ তেন্তে মাত্র জানন্ত আপুনি।।১৯১৷৷

পাচে পদ্ম কলপত কেশৱে সাক্ষাত।

ইটো মহাভাগৱত কহিলা ব্রহ্মাত।।

পৰম ঈশ্বৰ জ্ঞান ৰহস্য ভকতি।

জানি কৃতকৃত্য আতি ভৈলা প্রজাপতি।।১৯২।।

পৰম দয়ালু দেৱ জগতৰ পিতা।

কৈলা নাৰদত ইটো পুৰাণ সংহিতা।।

কৃষ্ণ-দ্বৈপায়ন যিটো মোৰ পিতৃ ব্যাস।

দায়ায়ে নাৰদে তান্ত কৰিলা প্রকাশ।।১৯৩।।

নাৰদৰ উপদেশে ব্যাস সৰ্ব্বজান।

কৰিলা বিস্তাৰ ইটো শাস্ত্রক নির্মাণ।।

মহাভাগৱত ইটো পুৰাণ সংহিতা।

পৰম স্নেহত মোত কহিলন্ত পিতা।।১৯৪৷৷

সুৰ সিদ্ধমুনি আক কেহোৱে নজানে।

নাহিকে প্রচাৰ আৰ আউৰ একোথানে।।

নষ্ট ভৈলা প্রজা জানি কলিৰ পাপত।

এতেকে কহিলো মঞি তোহ্মাৰ আগত।।১৯৫৷৷

দেখিতে নপাৰি ইটো লোকৰ নিকাৰ।

কৃপায়ে কৰিলো আনি শাস্ত্ৰক প্ৰচাৰ।।

আকে শুনি ভণি কলিযুগে যত লোক।

মহাসুখে থাকিয়া ঘৰতে নিস্তৰোক।।১৯৬।।

উগ্রশ্রৱা সূত আছা আগতে উৎসুকে।

আঙ্গুলি নির্দেশি তাক বুলিলন্ত শুকে।।

নৈমিষাৰণ্যত ঋষি সমজ্যাত তথা।

এহি সুতে কৈবা ইটো ভাগৱত কথা।।১৯৭৷৷

আত হন্তে হৈব ইটো ৰাজ্যত বিদিত।

আকে শুনি নিস্তৰিবে দুৰ্ঘোৰ কলিত।।

এতেক বোলন্তে শুক গুৰু প্রসাদত।

ভৈলা শাস্ত্র তেখনে সূতৰ কণ্ঠাগত।।১৯৮৷৷

মহামুনি শুকৰ প্ৰসাদ পায়া সূত।

মিলিল আনন্দ যেন ভৈলন্ত মুকুত।।

হৰিষে নেত্ৰৰ নীৰ ঝৰে পুনু পুনু।

প্রেমত সর্বাঙ্গে ভৈলা পুলকিত তনু।।১৯৯৷৷

দণ্ডৱতে শুকক কৰিয়া নমস্কাৰ।

চৰণৰ ধূলি তুলি লৈলা বাৰম্বাৰ।।

প্রাণগুৰু বুলি তুতি কৰিলন্ত সূত।

দেখি ভৈলা সমস্তে সমাজে অদভুত।।২০০৷৷

আছন্ত মনত গুণি শুক কৃপাময়।

ইটো শাস্ত্র শুনন্তে মৃত্যুৰ গুচৈ ভয়।।

দুনাই সুমৰাঞো তান হেন ভৈলা চিত।

ৰাজাক বোলন্ত শুকে শুনা পৰীক্ষিত।।২০১।।

            ৷৷ব্ৰহ্মজ্ঞান কথন।।

 

জগতৰ কৰ্ত্তা হৰ্ত্তা ব্রহ্মা মহেশ্বৰ।

যাহাৰ অধীন দুয়ো দেৱ নিৰন্তৰ।।

হেন ভগৱন্তক শুনিলা মহাশয়।

আৰো আছে নৃপতি তোহ্মাৰ মৃত্যুভয়।।২০২।।

আউৰ কি মৰিবা তুমি আপুনি কৃতার্থ।

শুনিলাহা ভাগৱত কথা পৰমার্থ।।

ভৈল কোটি জন্মৰ পাতেকচয় চুড়।

মৰো হেন মনৰ অজ্ঞান কৰা দূৰ।।২০৩৷৷

নাহি জন্ম পূৰ্ব্বত অদ্যাপি নোহা জাত।

অজৰ অমৰ তুমি আত্মাসে সাক্ষাত।।

দেহৰেসে ধৰ্ম্ম ইটো জনম মৰণ।

দেহতেসে হন্তে হোৱৈ দেহ উতপন্ন।।২০৪।।

দেহতে আছাহা মাত্র তুমি দেহহীন।

যেন অগ্নি থাকন্তে কাষ্ঠতো কৰি ভিন্ন।।

যেন ঘট ভাঙ্গি গৈলে ঘটৰ আকাশ।

আকাশতে লীন হোৱৈ নাহি তাৰ নাশ।।২০৫।।

জনম মৰণ ইটো দেহৰেসে ধর্ম।

মনে স্ৰজৈ জীৱৰ শৰীৰ গুণ কৰ্ম্ম।।

মনকো মায়ায়ে স্ৰজৈ জানা সাৰে সাৰ।

ভ্ৰমৰ কাৰণে হৱৈ জীৱৰ সংসাৰ।।২০৬।।

তৈল মালৈ শলা বহ্নি সংযোগ যাৱত।

দীপ হেন বুদ্ধি ভাৱে প্রকাশে লোকত।।

দেহ মন কৰ্ম্ম আত্মা যাৱত সংযোগ।

তাৱে জীৱ নাম থাকৈ দুঃখ কৰে ভোগ।।২০৭।।

দেহকৰ্ত্তা মনৰেসে জানিবা সংসাৰ।

জনম মৰণ একো নাহিকে আত্মাৰ।।

তৈল অসংযোগে গুছে দীপৰ প্রকাশ।

মহাজ্যোতি ৰূপ অগনিৰ নাহি নাশ।।২০৮।।

যত পৰমার্থ তত্ত্ব কহিলো বিদিত।

হেন মনে মানা তুমি স্থিৰ কৰি চিত।।

মঞি পৰমাত্মা আত নাহিকে সন্দেহ।

দেহতেসে আছো মঞি নোহো ইটো দেহ।।২০৯।।

যিটো মঞি সেহি ব্ৰহ্ম মানা হেন মনে।

যিটো ব্রহ্ম সেহি মঞি জানা সৰ্ব্বক্ষণে।।

এতেকে গুচিবে শোক মোহ মহাৰথ।

কহিলো তোহ্মাত ইটো ব্যৱহাৰ পথ।।২১০৷৷

এতেক নলাগে কহি আছো বিদ্যমান।

অন্তকালে ভকতি মিলাইবে মহাজ্ঞান।।

ভকতিত আছে যত জ্ঞান বিৰকতি।

জানিয়া কৃষ্ণৰ পাৱে ধৰা দৃঢ়মতি।।২১১।।

কৃষ্ণৰ চৰণ চিত্তে চিন্তা হৃদয়ত।

কৃষ্ণৰেসে অংশ মঞি মানিয়া মনত।।

নেদেখিবা তক্ষককো পাৱত দংশন্তে।

এতেকে তোহ্মাক নিস্তাৰিবে ভগৱন্তে।।২১২।।

যতেক পুছিলা মানে পৰীক্ষিত তাত।

ৰহস্যৰো ৰহস্যক কহিলো তোহ্মাত।।

জগতৰে আত্মা যিটো কৃষ্ণ কৃপাময়।

কৰিলো বিদিত তান যত চেষ্টাচয়।।২১৩।।

তোমাৰ কি শোক মোহ গুচিল নিশ্চয়।

আউৰ কি উপজৈ মনে মোহ মৃত্যু ভয়।।

ঈশ্বৰক চিনিলা জানিলা আপুনাক।।

বাপ পৰীক্ষিত মোত কৈয়ো দৃঢ়বাক।।২১৪।।

আৰো বুজিবাক আছে যদি বা প্রবন্ধ।

বোলা পুনৰপি তেৱে কহো বাহ্ৰ স্কন্ধ।।

নৃপতিৰ মুখক নিৰেক্ষি কৃপাময়।

এহি বুলি মৌন ভৈলা ব্যাসৰ তনয়।।২১৫।

শুনা সামাজিক জন কৃষ্ণৰ চৰিত্র।

শুনন্তে কৃষ্ণক পাইলা ৰাজা পৰীক্ষিত।।

নাহি আতপৰে মুখ্যপন্থ সংসাৰত।

বেদান্তৰো সাৰ ইটো মহাভাগৱত।।২১৬।।

বৈকুণ্ঠৰ ধৰ্ম্ম ইটো পৰম অমৃত।

শুকমুখে ভৈল আসি কলিত বিদিত।।

মহন্তৰ মুখে আক কর্ণে কৰা পান।

এতেকে লভিবা সুখে বৈকুণ্ঠত স্থান।।২১৭।।

নমো হেৰা কৃষ্ণ নাথ অনাথৰ গতি।

হেন উপদেশ দেৱ দিয়োক সম্প্রতি।।

যৈতে তৈতে জন্ম মোৰ হৌক কর্মভাগে।

নেৰো যেন তোহ্মাৰ চৰণ অনুৰাগে।।২১৮।।

তুমি প্রিয়তম আত্মা পৰম ঈশ্বৰ।

হেন জ্ঞান নুগুচোক সদায়ে মনৰ।।

পুত্র পত্নী বিষয়ত নৌক আসকতি।

তোহ্মাৰ চৰণে হৌক একান্ত ভকতি।।২১৯।।

হৰিভকতৰ সঙ্গ হৌক সৰ্ব্বক্ষণে।

তোহ্মাৰ চৰিত্ৰ কথা শুনিবো শ্ৰৱণে।।

সুখে দুখে মুখে মোৰ নছাড়োক নাম।

তেৱেসে নিস্তৰো সৱে বোলা ৰাম ৰাম।।২২০।।

...............

 

।।পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান লাভ।।

।।দুলড়ী।।

 

নিগদতি সূত      শুনিয়ো শৌনক

যেন কথা ভৈলা পাছে।

এতেক বচন      বুলি ব্যাসসুত

মৌন হুয়া যেৱে আছে।।

জগতক যিটো    দেখৈ কৃষ্ণময়

ব্ৰহ্মৰূপী মহামুনি।

বৈকুণ্ঠৰ শাস্ত্র      মহাভাগৱত

তাহানে মুখত শুনি।।২২১৷৷

শৰীৰ মনৰ      মল দূৰ ভৈল।

গুচিল মোহ আন্ধাৰ।।

পৰম ঈশ্বৰ       প্রকাশ ভৈলন্ত

হিয়াত আসি ৰাজাৰ।।

দ্ৰৱ ভৈলা চিত্ত     তনু ৰোমাঞ্চিত

ঝৰে নয়নৰ নীৰ।।

আনন্দে মগন      ভৈল কতোক্ষণ

কৰিলন্ত চিত্ত থিৰ।।২২২।।

অৱনত মাথে      উঠি নৰনাথে

সম্পুষ্ট অঞ্জলি ধৰি।

শুকৰ চৰণ       পদ্ম দুখানিক

মাথাত লৈলা সাদৰি।।

সলোতক মুখে     গদ গদ বাক্যে

বুলিলা ৰাজা প্রণামি।।

কহি পৰমার্থ      কৰিলা কৃতার্থ

তড়িলো তড়িলো আমি।।২২৩।।

যিটো মহাহৰি     ব্রহ্মা আদি কৰি

মোহিত যাৰ মায়াত।

মোহ অন্ধকাৰ     গুচায়া আহ্মাৰ

কৰাইলা তাঙ্ক সাক্ষাত।।

তযু উপদেশ      আৱেসে জানিলো

প্রাণৰ বন্ধু কৃষ্ণক।

কৰিলাহা যেন          কিনো কৃপা মোক

চক্ষু দিলা অন্ধলাক।।২২৪।।

সংসাৰ তাপত     মৰৈ মূঢ় লোক

কৰাহা তাক নিস্তাৰ।

কেশৱত চিত      আছৈ যাৰ ইটো

নুহি অদভুত তাৰ।।

যিটো শাস্ত্র মোত        কহিলাহা তাত

কিছো নেদেখিলো আন।

ঈশ্বৰ কৃষ্ণক      প্রকাশে সদায়

নামেসে ধর্ম প্রধান।।২২৫।।

অভয় ব্রহ্মক      আপুনি দেখাইলা

তাহান্তে ভৈলা প্রৱেশ।

তক্ষক মৃত্যুক     লাগি গুৰু মোৰ

নাহি ভয় লয়লেশ।।

আউৰ একো আন       শুনিবাক লাগি

প্রয়োজন নাহি বাপ।

কৃষ্ণ গুণ নাম         ব্যতিৰেকে মঞি

এৰোহো আন আলাপ।।২২৬।।

কাম অভিলাষ     বিষয় বাসনা

চিত্তে তেজিলেক মোৰ।

কৃষ্ণৰ চৰণ       তেজন্তেসে এৱে

মিলে মহাদুঃখ ঘোৰ।।

হেন জানি মোক   তুমি গুৰু বাপ

দিয়া অনুমতি দান।

মাধৱ বন্ধুৰ      চৰণত চিত্ত

দিয়া তিয়াগিবো প্রাণ।।২২৭।।

পৰম অভয়      কৃষ্ণৰ চৰণ

দেখাইলা মোক আপুনি।।

গুচিল অজ্ঞান     ভৈলো জ্ঞাননিষ্ঠ

নিষ্টে কহো মহামুনি।।

এহি বুলি ৰাজা    পূজিলা গৌৰৱে

শুকৰ দুই চৰণ।।

অনেক বচন      বিনয় বোলন্ত

হুয়োক গুৰু প্রসন্ন।।২২৮||

কৰোহো কাতৰ    দিয়ো এহি বৰ

মৰণ সময়ে স্বামি।

বান্ধৱ কৃষ্ণৰ      অৰুণ চৰণ

যেৱে নপাসৰো আমি।।

শিৰক পৰশি      শুকে বুলিলন্ত

হেনয় হৌক নৃপতি।

ভিক্ষুগণ সমে      উঠি লড়ি গৈলা

লৈয়া তান্তে অনুমতি।।২২৯।।

পাচে পৰীক্ষিত     গঙ্গাৰ তীৰত

বসিলা কুশ বিছাই।

উত্তৰক মুখে      মাধৱক স্মৰি

থিৰ কৰিলন্ত কায়।।

আত্মা বিষয়ত     চিত্ত প্রৱেশায়া

চিনন্ত কৃষ্ণ চৰণ।

নিশ্চল শৰীৰ      মন ভৈল থিৰ

নটলে প্রাণ পৱন।।২৩০।।

ছিণ্ডিল সংশয়     ভৈলা ব্ৰহ্মময়।

দেহাৰ এৰিয়া সঙ্গ।

ভৈলন্ত হিয়াত      ঈশ্বৰ সাক্ষাত

লিঙ্গ দেহা ভৈল ভঙ্গ।।

আনন্দ সমুদ্রে      সমূলে মজিলা

গৈল মায়া বন্ধ ছিড়ি।

সুনিশ্চল কায়     যেন তৰু প্রায়।

আচন্ত আসন ভিড়ি।।২৩১||

দ্ৰৱ ভৈল চিত্ত     তনু ৰোমাঞ্চিত

ঝৰে নয়নৰ নীৰ।

অনেক সহস্র      সেনা বেঢ়ি আছে

আন্দোল গজ বাজীৰ।।

অস্ত্র শস্ত্র ধৰি     প্রজা পাটোৱাৰী

আছে যেন কৰি ধ্যান।

বিপ্র ব্যতিৰেকে         বাজুৰ ভিতৰে

পশিতে নপাৰে আন।।২৩২।।

অসংখ্যাত নৌকা   পূৰ্ব্বে সাজু কৰি

গঙ্গাত বেঢ়িয়া আছে।

পিম্পৰা পৰ্যন্তে     নপাৰে পশিবে

সিবেলা ৰাজাৰ কাছে।।

দেৱ ঋষি ব্যাস    বশিষ্ঠ প্রমুখ্যে

অনেক ঋষি সহস্র।।

ৰাজাক বেঢ়িয়া         বসিয়া আছন্তে

হৰিক স্মৰি অজস্র।।২৩৩৷৷

....................

 

 

 

।।ছবি।।

 

শুনিয়োক সভাসদ       মহাভাগৱত পদ

হৰিক নকৰা আৱে হেলা।

মাধৱ বান্ধৱ বিনে       সহায় নাহিকে আন

ইটো প্রাণ প্রয়াণৰ বেলা।।

ভাৰত ভূমিত লভি      দুর্লভ মনুষ্য জন্ম।

আৰো বিশেষত কলিকাল।

হৰিৰ নামক মাত্র       জিহ্বায়ে বুলিবে লাগে।

এতেকে পাপৰ বুন্দামাল।।২৩৪।।

যিটো প্রাণবন্ধু কৃষ্ণ      হৃদয়তে আছা তাঙ্ক

মনেসে কৰিব লাগে সেৱ।

কড়াটোৰো নাহি হানি     এতেকতে পদ্মপাণি

হন্ত তুষ্ট দেৱতাৰো দেৱ।।

হেন সময়ত যিটো       নতৰে যাতনা তাপ

তাত পৰে নাহি ভাগ্যহীন।

সিটো আপোনাক বঞ্চৈ     চিতনি যাতনা সিঞ্চৈ

নুশুজিল যমৰায়ৰ ঋণ।।২৩৫।।

হে দয়াশীল দেৱ        পাৱে পৰি কৰো সেৱ

কৰা কৃষ্ণ অগতিৰ গতি।

সংসাৰ চক্ৰত কৰ্ম্ম      বিপাকে ভ্রমন্তে মোৰ

তযু পাৱে নছাড়োক মতি।।

কিঙ্কৰৰো কিঙ্কৰেক       তোহ্মাৰেসে ভৈলো হৰি

মোৰ মুখে নছাড়োক নাম।

কৰা কৃষ্ণ যেন দায়া     তেৱেসে নিস্তৰো মায়া

নিৰন্তৰে বোলা ৰাম ৰাম।।২৩৬।।

 

                         ।।পদ।।

 

কহে সূত শুনিয়ো শৌনক মহাভাগ।

ঋষিশাপ শুনিয়া তক্ষক মহানাগ৷৷

আপুনাৰ নিজৰূপ তেজিয়া নিঃশেষ।

ৰাজাক দংশিবে আশৈ ধৰি বিপ্ৰৱেশ।।২৩৭।।

কাশ্যপ ব্রাহ্মণ সমে ভৈলা এক ঠাই।

তান্ত কথা শোধৈ ঔষধৰ গন্ধ পাই।।

কোঠেৰ ব্ৰাহ্মণ তুমি যাহা কৈক লাগি।

বিপ্রে বোলে কিবা সোধা ফুৰো ভিক্ষামাগি।।২৩৮।।

ৰাজাক তক্ষকে খাইবে যাঞো হেন শুনি।

নৃপতিক মন্ত্র বলে জীয়াইবো আপুনি।।

পাইবো বহু বিত হৈবে মোৰ দুঃখ দূৰ।

হেন শুনি খঙ্গিল তক্ষক মহাক্ৰুৰ।।২৩৯৷৷

চক্ষু পকাই বোলৈ কাশ্যপক চাই মাতি।

কিনো তঞি অবোধ লুভিয়া দ্বিজ জাতি।।

তক্ষকে খাইবে যাক তাকো কৰ সাস।

দংশো বটবৃক্ষ দেখো কিমতে জীয়াস।।২৪০৷৷

কাশ্যপে বোলন্ত দম্ভ নকৰিবি সর্প।

বুজো দংশ বটক ভাঙ্গিবো তোৰ দৰ্প।।

শুনি নিজৰূপে কোপে নাগ মহাবলী।

দিলে খোট বটত অগনি গৈলা জ্বলি।।২৪১।।

বিষবহ্নি লাগি বটবৃক্ষ ভৈল ছাই।

আছিল খড়িয়া তাৰো ভস্ম ভৈল কায়।।

জীয়ায়োতক্ষকে বোলৈ দেখো মুনিষাই।

দ্বিজো থৈলা বোকোণ্ডাক কাষৰ নমাই।।২৪২।।

কোঞ্চাই আনি ছাইক সৱে একথান কৰি।

পঢ়িবে লাগিলা মন্ত্র গুৰুক সুমৰি।।

দিলন্ত ঔষধ আনি গজাইলা অঙ্কুৰ।

ডালে মূলে পাতে বৃক্ষ ভৈলা ভৰিপূৰ।।২৪৩।।

জীলেক খড়ীয়া আছে হাততে অঙ্কুশ।

দেখি ভৈল তক্ষক সাক্ষাতে যেন মুষ।।

নৈয়ো দেখি শুনি হেন মন্ত্রৰ মহত।

কাশ্যপক বোলৈ সর্পে হুয়া দর্প হত৷৷২৪৪৷৷

উলটি যায়োক ধন দেঞো যত লাগে।

অনেক সুৱৰ্ণ আনি যোগাইলেক আগে।।

ধন দেখি ব্রাহ্মণৰ পালটিল চিত।

গৈলন্ত উলটি বোকোণ্ডাত ভৰাই বিত।।২৪৫।

তক্ষকে ধৰিলা বৃদ্ধ ব্রাহ্মণৰ বেশ।

দান্ত লৰফৰ কৰে পকি গৈলা কেশ।।

বৃদ্ধ ব্রাহ্মণৰ বেশে চলি ধীৰে ধীৰ।

তক্ষকে পাইলেক আসি ভাগীৰথী তীৰ।।২৪৬৷৷

জলথল বৃদ্ধ দেখি কেহো নবাধিল।

কটকৰ বাজু ছড়াই তক্ষক পশিল।।

বসি আছা পৰীক্ষিত কৃষ্ণক আৰাধি।

শৰীৰতো নাহি জ্ঞান ব্ৰহ্মত সমাধি।।২৪৭।।

ধৰি আছা চাপি চিতে কৃষ্ণচৰণকে।

ধৰিলেক নিজৰূপ তেখনে তক্ষকে।।

ভয়ঙ্কৰ শৰীৰ মাটিত থাপি পেট।

কৰিলেক ফোঁকাৰ উপৰত তুলি ফেট।।২৪৮।।

বিজুলী সঞ্চাৰে আসি চেলেকি কৱাৰি।

ৰাজাক দংশিলে চৰণত খোট মাৰি।।

শৰীৰত বিষ বহ্নি লাগি উধাই গৈলা।

ক্ষণেকতে নৃপতিৰ দেহা ভস্ম ভৈলা।।২৪৯৷৷

শৰীৰক এৰি পাইয়া আছন্ত ব্রহ্মকে।

পুত্ৰৰেসে কৰ্ম্ম আসি কৰিল তক্ষকে।।

দেখি দশোদিশে প্রজা কৰৈ হাহাকাৰ।

হা কৈক গৈলা বাপ নৃপতি আহ্মাৰ।।২৫০।।

তুমি অবিহনে ভৈল পৃথিৱী অনাথ।

এহি বুলি লোকে শোকে ধাকুৰয় মাথ।।

পৰম বিস্ময় ভৈলা দেৱাসুৰ নৰ।

ধন্য ধন্য পৰীক্ষিত ৰাজঋষিবৰ।।২৫১।।

বিষ বহ্নি দহন্তে নাছিল কিছো জ্ঞান।

ভৈলা মোক্ষ পাইলা সৱে প্রত্যক্ষে প্রমাণ।।

বাৱে দেৱে দুন্দুভি গন্ধৰ্ব্বে গাৱে গীত।

পৰম উৎসৱে অপেস্বৰা কৰে নৃত্য।।২৫২।

সাধু সাধু বুলি দেৱে বৰিষন্ত ফুল।

আকাশ ছানিয়া গৈল শবদ তুমুল।।

মহাঋষিসৱো কৰিলন্ত সাধুৰ্ব্বাদ।

কিনো কথা শুক পৰীক্ষিতৰ সম্বাদ।।২৫৩।।

ইহাৰেসে কীৰ্ত্তি ইটো ৰৈল সংসাৰত।

সাফল জন্মিলা ৰাজা পাণ্ডুৰ বংশত।।

প্রশংসি ৰাজাক ঘৰাঘৰি গৈলা চলি।

জন্মেজয় দিলন্ত পিতৃক জলাঞ্জলি।।২৫৪।।

দিলা দান দক্ষিণা সঙ্কলি পিতৃকৰ্ম্ম।

মোক্ষ পাইলা জানি তেজিলন্ত সৱে মৰ্ম্ম।।

শুকৰ সংবাদ পৰীক্ষিতৰ মুকুতি।

শুনৈ ভণৈ আক একচিত্তে প্রতি নিতি।।২৫৫।।

নৃপতিৰ গতিক পাইলেক মহাসুখে।

শুনা পাচকথা আৱে শৌনক প্ৰমুখ্যে।।

ভৈলা জন্মেজয় পাচে নৃপতি প্রধান।

সমজ্যাতে খৰীয়া তাহান্তে দিলা জান।।২৫৬।।

কাশ্যপ তক্ষকে যেন যেন কথা ভৈলা।

সমস্তে বৃত্তান্ত নৃপতিৰ আগে কৈলা।।

ৰাজাক জীয়াইবে আসৈ ব্রাহ্মণ ভিক্ষুকে।

তক্ষকেসে উলটাই পঠাইলা নিচুকে।।২৫৭।।

কহিলা খৰীয়া আসি যতেক সঙ্গোপ।

শুনি জন্মেজয়ৰ জ্বলিলা মহাকোপ।।

ঋষিশাপে খাইলে আসি নাই আত দোষ।

দ্বিজক পঠাইলে কেনে কৰিয়া আক্রোশ।।২৫৮।।

তাত পৰে নাহি নাহি মহা পিতৃবৈৰী।

নথৈবো সৰ্পৰ নাম মাৰিবো সংহৰি।।

অথৰ্ব্ববেদীয়া বিপ্ৰসমস্তক আনি।

পাতিলন্ত সর্পসত্ৰ মহাকুণ্ড খানি।।২৫৯।।

অগনি জ্বালিয়া মন্ত্রে দেই হোম দান।

মৰৈ সৰ্প পুৰি আসি অসংখ্য প্রমাণ।।

পৃথিৱী পাতালে যত আছৈ সর্পচয়।

কৰিবে লাগিলা ৰাজা সৱাৰো প্রলয়।।২৬০।।

দেখি তক্ষকৰ হৃদি কম্পি গৈল লৰি।

ইন্দ্ৰত শৰণ গৈয়া লৈলেক লৱড়ি।।

ত্রাহি ত্রাহি পুৰন্দৰ ৰাখা মোৰ প্রাণ।

জন্মেজয় সাগৰত কৰা পৰিত্ৰাণ।।২৬১।।

অভিচাৰ মন্ত্রে দহি মাৰে সৰ্পগণ।

তোহ্মাৰ পাৱত পৰি পশিলো শৰণ।।

দেখি পুৰন্দৰ ভৈলা সর্পত সদয়।

অমৃত পিয়াইয়া তাঙ্ক দিলন্ত নির্ভয়।।২৬২।।

মঞি ৰক্ষা কৰিবো বুলিলা পুৰন্দৰ।

তথাপি নুগুচৈ শঙ্কা ক্ৰুৰ তক্ষকৰ।।

পশিল খাটৰ তলে পেটক ঘসাই।

খুৰাক সাৱটি ৰৈলা আধাৰি পকাই।।২৬৩।।

কাম্পে কলেৱৰ তৈতো হুয়া মহাত্রাস।

দেখি দিগপালসৱে তুলিলেক হাস৷৷

বৈষ্ণৱ ৰাজাক দংশিলেক দুষ্ট নাগে।

ভকতৰ দ্রোহী আক মাৰিবাক লাগে।।২৬৪।।

এহি বুলি তক্ষকক কৰন্ত বিগুতি।

হাতৰ নিশানে নিষেধিলা সুৰপতি।।

মৰৈ সৰ্প সত্ৰত আনসে সর্পচয়।

তক্ষকক নেদেখিয়া পাচে জন্মেজয়।।২৬৫।।

ব্রাহ্মণসৱক কোপে পুছিলন্ত হাসি।

পিতৃবৈৰী তক্ষক নপৰৈ কেনে আসি।।

শুনি দ্বিজসৱে বোলৈ ৰাজাক বচন।

লৈলেক তক্ষকে গৈয়া ইন্দ্ৰত শৰণ।।২৬৬।।

ৰাখি আছা পুৰন্দৰে পিয়াইয়া অমৃত।

সিহেতু নপৰৈ আসি তক্ষক বহ্নিত।।

শুনি আদেশিলা আতি ক্ৰোধত নৃপতি।

ইন্দ্ৰসমে তক্ষকক কৰিয়ো আহুতি।।২৬৭।।

মোৰ পিতৃবৈৰীক ৰাখিবা পুৰন্দৰে।

জপাই দহিয়োক দুইকো বহ্নিত সত্বৰে।।

শুনি দ্বিজসৱে কৰিলন্ত অঙ্গীকাৰ।

লৈলা স্ৰুৱ উচ্চাৰিয়া মন্ত্র অভিচাৰ।।২৬৮।।

পৰ আসি তক্ষকে সহিতে সুৰপতি।

এহি বুলি অগনিত দিলন্ত আহুতি।।

এতেক বোলন্তে ইন্দ্র তক্ষকে সহিত।

পৰন্ত স্বৰ্গৰ পৰা হুয়া ভয়ে ভীত।।২৬৯।।

হৰিল চেতন জ্ঞান আকুল স্বভাৱ।

ত্রাহি ত্রাহি গুৰু বুলি দিলা দীর্ঘৰাৱ।।

হেন শুনি আথেবেথে গৈলা বৃহস্পতি।

ৰাজাক বোলন্ত শুনিয়োক মহামতি।।২৭০।।

বৈষ্ণৱৰ বংশ তুমি জগতে বিদিত।

তক্ষক বধিবে নুহি তোহ্মাৰ উচিত।।

পিলেক অমৃত ভৈল অজৰ অমৰ।

মোৰ বাক্যে দ্রোহ নাচড়িবা বাসৱৰ।।২৭১।।

জীৱন মৰণ মিলৈ নিজ কর্মগতি।

সুখ দুঃখদাতা আন নাহিকে নৃপতি।।

সর্পে চোৰে অগনিত যদি মৰৈ জলে।

তাহাকো মিলাৱৈ জানা নিজ কৰ্ম্মফলে।।২৭২।।

নুহিকে স্বতন্ত্র সৱে কৰ্ম্মৰ অধীন।

হেন জানি ৰাজা ইটো ক্রোধে হোৱা হীন।।

এৰা প্রাণীহিংসা সর্পসত্র জন্মেজয়।

কোন দোষে কৰা ইটো সৰ্পৰ প্রলয়।।২৭৩||

মিছাতেসে ধৰা তুমি ইটো অপৰাধ।

ললাটে লিখিত ফল দৈৱে নাহি বাধ।।

শুনি জন্মেজয় পাচে গুণিয়া মনত।

এৰিলন্ত সর্পসত্ৰ গুৰুৰ বাক্যত।।২৭৪।।

বৈসায়া সাদৰে পাদ্য অর্ঘ দিলা দান।

কৰিলা নৃপতি বৃহস্পতিক সন্মান।।

গৈলা গুৰু ৰাজাক কৰিয়া আশীর্বাদ।

তক্ষক সহিতে ইন্দ্রে এড়াইলা প্রমাদ।।২৭৫।।

ধাতু নামি আইল দুনাই উঠিলা স্বর্গত।

সূতে কহিলন্ত কথা ঋষি সমস্তত।।

এহিটো বিষ্ণুৰ মায়া নপাৰি তর্কিত।

বিষ্ণু অংশ জীৱ তাকো কৰে বিমোহিত।।২৭৬।।

শ্রুতি জ্ঞান গুচি মহা মিলৈ ক্রোধ মোহ।

অন্যোঅন্যে দেহত আচৰৈ মহা দ্রোহ।।

যাৱে কৃষ্ণ ৰূপক নকৰে নিৰূপণ।

যাৱত নধৰৈ তান অৰুণ চৰণ।।২৭৭।।

যাৱে নোহে তান্ত একশৰণ সাক্ষাত।

নেড়াই তাৱে দুৰ্জ্জয় মায়াৰ নৰে হাত।।

পৰম সুহৃদ ভাৱ আনত নকৰে।

কৃষ্ণে প্রাণ আত্মা বুলি যিটো জনে ধৰে।।২৭৮।।

কৃষ্ণৰ চৰণ সেৱা নছাড়ৈমনত।

সেহি নৰ তড়ৈ মায়া ইটো সংসাৰত।।

বিষ্ণুপদ পাৱৈ গৈয়া সেহি নৰোত্তম।

দেহত গেহত যাৰ নাহি অহম্মম।।২৭৯৷৷

সৱাতো বিয়াপি আছা পুৰুষ পুৰাণ।

জানি হৰি বুদ্ধি কৰা সৱাকো সন্মান।।

কাৰো লগে আতিশয় নকৰি বিবাদ।

একোৱে প্রাণীক মনে নেদিয়া বিষাদ।।২৮০৷৷

দেহৰ নিমিত্তে এৰিবেক বৈৰবুদ্ধি।

তেৱেসে কৃষ্ণক পাই চিত্তো হোৱে শুদ্ধি।।

নমো নমো কৃষ্ণ দ্বৈপায়ন মহাঋষি।

যাহাৰ প্রসাদে শাস্ত্র জানিলো হৰিষি।।২৮১।।

নমো ব্যাসসুত শুক গুৰুক আহ্লাদে।

পাইলো মহাভাগৱত যাহাৰ প্রসাদে।।

আঙ্গুলি নির্দেশি মোক দেখাইলা স্নেহত।

এতেকতে কণ্ঠাগত ভৈলা ভাগৱত।।২৮২।।

সংসাৰ সাগৰে মোক দৰশাইলা নাৱ।

কি কহিবো শুক মহাগুৰুৰ প্ৰভাৱ।।

পৰীক্ষিত মোক্ষ এহিমানে সমাপতি।

আউৰ কিবা শুনিবে তোহ্মাৰ আছে মতি।।২৮৩।।

সুধিয়োক হৌক আসি মহা ভাগ্যোদয়।

কৰৈ কৃষ্ণকথা কলিমলৰ প্রলয়।

..................

 

।।মার্কণ্ডেয় উপাখ্যান।।

 

শৌনক বদতি চিৰঞ্জীৱ হোৱা সূত।।

তোহ্মাতেসে শুনো কৃষ্ণ কথা অদভুত।।২৮৪।।

অসাৰ সংসাৰে ভ্ৰমৈ যত প্রাণীচয়।

তাৰ পাৰ দেখাই দিয়া তুমিসে নিৰ্ভয়।।

পৰম চিৰায়ু যিটো মৃকণ্ডু তনয়।

মার্কণ্ডেয় নামে যাক জগতে জানয়।।২৮৫।।

কেনমতে কল্পান্তত আছিলা একলে।

কিমতে বৰ্ত্তিলা সিটো একাৰ্ণৱ জলে।।

আহ্মাৰ কুলতে হুয়া আছা উতপন।

ভৈলন্ত কিমতে প্রলয়ক দৰিশন।।২৮৬।।

অদ্যাপিও হোৱে নতু একোৱে প্রলয়।

নঘটে ইসৱ কথা মিলিল সংশয়।।

কহিয়োক সূত সিটো ভাৰ্গৱ মহন্তে।

ভয়ঙ্কৰ একাৰ্ণৱ জলত ভ্রমন্তে।।২৮৭।।

বটপত্রপুটে কৰি আছন্ত শয়ন।

কেহ্নে পাইলা বালমুকুন্দক দৰিশন।।

ইহাক শুনিতে আছে উৎসুক প্রধান।

ছেদিয়ো সংশয় তুমি সূত সৰ্ব্বজান।।২৮৮৷৷

আপুনি পণ্ডিত জানা পুৰাণ বহুত।

দিলন্ত উত্তৰ পাচে হেন শুনি সূত।।

কৰিলাহা প্রশ্ন যিটো ঋষি মহাশয়।

শুনন্তে লোকৰ পাপচয় হোৱৈ ক্ষয়।।২৮৯।।

যাত নাৰায়ণ কথা আছৈ পৰতেক।

এহিসে নাশিবে পাৰে কলিৰ পাতেক৷৷

মার্কণ্ডেয় ঋষি মায়া দেখিবাক লাগি।

মাধৱক আৰাধি লৈলন্ত বৰ মাগি।।২৯০৷৷

মায়াতে দেখিলা পাচে সাতগোটা কল্প।

শুনা যেন পীড়া পাইলা নুহি সিটো অল্প।।

উপজিয়া মার্কণ্ডেয় লভিলা সংস্কাৰ।

পঢ়িলা বেদক লৈয়া কুলৰ আচাৰ।।২৯১।।

পৰম নৈষ্ঠিক পাচে ভৈলা ব্রহ্মচাৰী।

কৰে কমণ্ডলু দণ্ড মাথে জটাধাৰী।।

কটিত বাকলি বস্ত্ৰ কুশৰ মেখেলা।

অজীন উত্তৰী তান হাতে অক্ষমালা।।২৯২।।

সূৰ্য্য অগ্নি গুৰু বিপ্র আতে আপুনাতে।

হৰিক অৰ্চন্ত নিতে উভয় সন্ধ্যাতে।।

দুয়ো বেলা ভিক্ষা মাগি গুৰুক যোগান্ত।

গুৰু অনুমতিয়েসে এসন্ধ্যা খাৱন্ত।।২৯৩৷৷

এহিমতে মার্কণ্ডেয় তপস্যা আচৰি।

দশকোটি বৰিস আৰাধে দেৱহৰি।।

বাঢ়ন্তেসে যায় নিতে কৃষ্ণক উৎসুক।

জিনিল ভকতি বলে দুর্জয় মৃত্যুক।।২৯৪।।

ব্রহ্মা হৰ ভৃগু দক্ষ আনো সিদ্ধচয়।

দেখিয়া তপস্যা আতি ভৈলন্ত বিস্ময়।।

নিয়ম সংযমে ব্রহ্মচৰ্য্য ব্ৰত ধৰি।

একান্তে চিন্তন্ত সদা মনে মহাহৰি।।২৯৫।।

এহিমতে ধ্যানতে মৃকণ্ডু তনয়ৰ।

বহি গৈল কাল পাচে ছয় মন্বন্তৰ।।

সপ্তম মনুত পাচে দেৱ পুৰন্দৰ।

মহা ভয় ভৈলা দেখি তপস্যা বিস্তৰ।।২৯৬।।

কৰে যেন তপ ইটো মৃকণ্ডুতনয়।

মোৰ ইন্দ্রপদ কাঢ়ি লৈবেক নিশ্চয়।।

হৰুৱাইবো দণ্ডপাট পুৰী অম্ৰাৱতী।

হৰুৱাইবো ইটো অপেস্বৰাক সম্প্রতি।।২৯৭।।

ৰাত্রি দিনে তান চিন্তা নুগুচৈ হিয়াত।

কিমতে কৰিবো এৱে তপস্যা বিঘাত।।

লৈবে পাৰে কাঢ়ি আসি ত্রৈলোক্য সম্পত্তি।

হেনসে কৰিলে আৱে বিধি বিসঙ্গতি।।২৯৮।।

মোৰ যমকাল ভৈল মৃকণ্ডুতনয়।

হেন মনে গুণন্তে দেখন্ত তমোময়।।

শুনা সভাসদ পদ মহাভাগৱত।

পৰম অমৃত ইটো সংসাৰ মধ্যত।।২৯৯।

পিয়া কর্ণভৰি আক দেখা কেনে স্বাদ।

সংসাৰ তাপক কৰৈ তিলেকে উচ্ছাদ।।

বিষয় সম্পদ মহা আপদৰ ঘৰ।

আন কোন নাহি সুখ দেখিয়ো ইন্দ্ৰৰ৷৷৩০০৷৷

ক্ষণেকে আনন্দ মিলৈ ক্ষণেকে বিঘাত।

ইটো কৃষ্ণকথা সুখসাগৰ সাক্ষাত।।

হে কৃষ্ণ বিষ্ণু জগতৰ একনাথ।

হে প্রাণ প্রভু মঞি পৰম অনাথ৷৷৩০১।।

হেনমতে শিক্ষা মোক দিয়ো আৱে স্বামি।

অৰুণ চৰণ যেন নপাসৰো আমি।।

তোহ্মাৰ কথাত কর্ণ সততে থাকোক।

তোহ্মাৰ ভৃত্যৰ সঙ্গ সদা নুগুচোক।।৩০২।।

বচনে নেৰোক দিনে ৰাতি তযু নাম।

তেৱেসে নিস্তৰো ডাকি বোলা ৰাম ৰাম।।৩০৩।।

...............

 

।।ছবি।।

নিগদতি সূত শুনা       শৌনক প্ৰমুখ্যে ঋষি

যেন কথা ভৈলা তাত পৰে।

পৰম বিষাদ মনে       সেনা সমে মদনক

আনি আদেশিলা পুৰন্দৰে।।

শুনিয়ো মদন মন্দ      বায়ু বিদ্যাধৰসৱ

বসন্ত কোকিল লোভ মোহ।

যেন তেন মতে পাৰা     গৈয়া তপ ভঙ্গ কৰা

কৰৈ ঋষি মোক মহাদ্রোহ।।৩০৪।।

হেৰা অপেস্বৰীলোক       আপদে উদ্ধাৰা মোক।

কৰা গৈয়া ঋষিক মোহিত।

বসন্ত মলয় বাৱ        কোকিল সত্বৰে যাৱ

ঋষিৰ মথিয়ো গৈয়া চিত্ত।।

হেন শুনি কামদেৱ       ইন্দ্ৰক কৰিয়া সেৱ

গগনে চলিলা পিন্ধি কাছ।

তাহান যোগান ধৰি      লয়লাসে বিদ্যাধৰী

কতো আগ কতো ভৈলা পাচ।।৩০৫৷৷

হেমৱন্ত পৰ্বতৰ     উত্তৰ পাৰ্শ্বত আছে

মার্কণ্ডেয় ঋষিৰ আশ্রম।

পূষ্পভদ্রা নদীতটে        প্রকটে প্রকাশৈ পুণ্য

পাথৰৰ তম্ভ মনোৰম।।

আনো অসংখ্যাত ঋষি     হৰিষে নিৱাস কৰৈ

বেদধ্বনি শুনি ঠাৱে ঠাৱে।

কতো যোগ অভ্যাসয়     পৰম ভকতচয়

আনন্দে গোৱিন্দ গুণ গাৱে।।৩০৬।।

পুণ্যবৃক্ষ লতা তাৰ       ফলে ফুলে জাতিষ্কাৰ

যেন কল্পতৰুৰ স্বভাৱ।

আছৈ যত সৰোৱৰ      নিৰ্ম্মল পৱিত্র জল

পদ্মবনে হংসৰ আৰাৱ।।

পুষ্পৰসে হুয়া মত্ত       গুঞ্জৰে ভ্ৰমৰ যত

কোকিলৰ কুহু কুহু নাদ।

প্রমত্ত ময়ূৰচয়     উৎসুকে নাচন্তে আছে

মিলৈ মহা মনত উন্মাদ।।৩০৭৷৷

সুগন্ধি শীতল বাত লহু লহু বহে তাত

মনত বঢ়াৱৈ কামভাৱ।

অৱসান ভৈল দিন       চন্দ্ৰৰ উদয় দেখি

আনন্দে চটকে কাঢ়ৈ ৰাৱ।।

শীতল দীপিতি আতি     প্রকাশে পুষ্পিত বন।

তাৰ গন্ধে দশোদিশ বাসে।

কৰৈ কান্তি তপোবন      কুমুদ উৎপল যেন

সুহৃদ চন্দ্রক চাই হাসে।।৩০৮।।

সেহি সময়ত তৈত       মিলিল মদন আসি

অপেশ্বৰাসমূহ সহিত।

কোকিল বসন্ত বাৱ      মলয় মদন আসি

পৰম উন্মাদ কৰৈ চিত।।

মার্কণ্ডেয় ঋষিৰাজ       পূজাৰ সঙ্কলি কাজ

বসি আছা থিৰ কৰি কায়।

নিৰোধিয়া মন প্রাণ      কৃষ্ণক কৰন্ত ধ্যান।

যেন মৃত্তিমন্ত অগ্নিপ্রায়।।৩০৯।।

দেখিয়া ইন্দ্ৰৰ গণ       পৰম উৎসাহ মন

পাতিলন্ত নাট তান আগে।

গন্ধৰ্ব্বে মৃদঙ্গ বাৱে      বিদ্যাধৰী সৱে গাৱে

উচ্ছায়া পঞ্চম অনুৰাগে।।

কটাক্ষে নিৰেখি হাসে     আতিশয় লয়লাসে

অপেস্বৰীসৱে কৰে নৃত্য।

বহয় মলয় বাৱ    কোকিলো তেজিলে ৰাৱ

নটলে তথাপি তান চিত্ত।।৩১০।।

প্রবন্ধিয়া লোভ মোহ      বসন্ত মলয়া বাৱ

সৱে মিলি মনক চালয়।

বসিয়া আছন্ত ঋষি       কৃষ্ণৰ চৰণ চিন্তি

তান একো লোম নলৰয়।।

তাল কৰতাল ঠুঙ্কি উৎসুকে আনন্দে বালা

বজায়া মধুৰ মহাযন্ত্র।

মদনৰ শিক্ষা ধৰি       কুহু কুহু নাদ কৰি

কোকিলে শুনাৱে যেন মন্ত্র।।৩১১।।

নাচে অপেস্বৰী বেঢ়ি      কতো খেলে ভণ্টা খেড়ি

কাৰো খসৈ খোপাৰ মালতী।

লড়ৈ উচ্চ কুচ ঘনে      কেৱলে ভণ্টাক মনে

আতি লয়লাসে কৰে গতি।।

হালে আতি কৃশ কটি     মেখলা পৰয় ছিণ্ডি

উৰুৱাইলে বস্ত্ৰক বতাসে।

গোপ্য অঙ্গ হৱে উদি     কতো থাকে চক্ষু মুদি

ঋষিক নিৰেখি কতো হাসে।।৩১২।।

কামদেৱ ধনুৰ্ধৰ         জুড়িলন্ত পঞ্চ শৰ

ব্ৰহ্মাত লগাৱে যিটো ঘাঞ্চ।

সঙ্গোপন সন্মোহন        সন্দীপন প্রতাপন

সম্মর্দন নাম এহি পাঞ্চ৷৷

বাম ভৰি আগ কৰি     ধনুক ভিড়িয়া ধৰি

আচৰিয়া তপৰ বিপক্ষ।

প্রবন্ধিয়া চিত্ত প্রাণ       প্রহাৰিলা পঞ্চবাণ

মদনে ঋষিক কৰি লক্ষ্য।।৩১৩৷৷

নুছুলে তাহান অঙ্গ       নকৰিলে ভুৰিভঙ্গ

দেখা কেনে ভকতিৰ বল।

পৰাক্ৰম ভৈল ব্যর্থ       দৰিদ্ৰৰ মনোৰথ

যেন হোৱে আপুনি বিফল।।

ইন্দ্ৰৰ কিঙ্কৰচয়    বোলৈ হুয়া মহাভয়

আহাঙ্ক মুহিবে কাৰ বাপে।

নলড়িলে একো অঙ্গ  তপস্যা নভৈল ভঙ্গ

এৱে নষ্ট হুইবো চণ্ডশাপে।।৩১৪।।

ঋষিৰ মুখক চাই        পাচভৰি গুচি যাই

বাজ হুয়া লৱৰি পলাৱে।

পেহ্লায়া নাচৰো কাছ      উলটি নচাৱে পাচ

অম্ৰাৱতী নপাইলন্ত যাৱে।।

ওঠ কণ্ঠ শুখাই দুঃখে     নিশ্বাস বজাইলা মুখে

বিৱর্ণ মদন যেন মৰা।

ইন্দ্রক প্রণামি পাচে বসিলা তাহান কাছে

মদন পৱন অপেস্বৰা।।৩১৫।।

কহিলা বৃত্তান্তচয়        শুনি ইন্দ্র ভৈলা ভয়

আৰ মোৰ নাই ৰক্ষা হেতু।

ভৈল মৰণৰ ঘাট   হৰুৱাইলো দণ্ডপাট

ঋষি ভৈল মোৰ ধূমকেতু।।

সুখ শান্তি নাহি আৰ      গুণি গুণি অন্ধকাৰ

দেখন্তেসে নপান্ত উপায়।

অন্ন পানী নুৰুচয়        হাটফোট নুগুচয়

চিন্তা দুখে দণ্ডে যুগ যায়।।৩১৬।।

..............

 

।।দুলড়ী।।

 

শুনা সভাসদ      কৃষ্ণকথা পদ

ইন্দ্ৰৰো দেখা বিলাই।।

যি বোলা সম্পদ   সেহিসে আপদ

আত সুখ শান্তি নাই।।

যেন ছায়াবাজী     মায়া আছে সাজি

জীৱন জলৰ ৰেখা।

পত্নী পুত্ৰচয়       আগতে মৰয়।

দেখিয়ো তাক নেদেখা৷৷৩১৭।।

মিলিবে মৰণ      যমৰ কৰণ

অৱশ্যে যাইবাক লাগে।

জানি বুদ্ধজন      কৃষ্ণৰ চৰণ

ঝাণ্টে ভজা অনুৰাগে।।

ফুৰা নাম গাই     এতেকে সহায়

হুইবন্ত গৰুড়কেতু।

আন্তে দিয়া চিত        দুৰ্ঘোৰ কলিত

নাহি আন ৰক্ষা হেতু৷৷৩১৮।।

হে কৃষ্ণ কৃষ্ণ      বৈকুণ্ঠ মুৰাৰি

দীন দুখ বিনাশন।

মঞি অধমত      মাধৱ বান্ধৱ

হুয়োক হেন প্রসন্ন।।

যেন তেনমতে     তোহ্মাৰ চৰণ।

পঙ্কজত মোৰ মতি।

নেড়োক সদায়     তেৱেসে এড়ায়।

দুর্ঘোৰ ইটো দুর্গতি।।৩১৯।।

তোহ্মাৰ চৰণে     গৈলোহা বিক্রয়।

কৰা মোক পৰিত্ৰাণ।

সংসাৰ তাপত     নিস্তাৰিবে হেন

নেদেখো সুহৃদ আন।।

অৰুণ চৰণ       চিত্তত থাকোক

মুখে নছাড়োক নাম।

গতি মোৰ হৌক        সদা বুলিয়োক

নিৰন্তৰে ৰাম ৰাম।।৩২০৷।

..................

 

                    ৷৷পদ।।

 

নিগদতি সূত শুনা কথা আতপৰে।

কৰিল উৎপাত যত ইন্দ্ৰৰ কিঙ্কৰে৷৷

তথাপি নুঠিল ক্রোধ মৃকণ্ডু পুত্ৰৰ।

নুহি ইটো আশ্চৰ্য্য একান্ত ভকতৰ।।৩২১।।

কৃষ্ণচৰণত চিত্ত নিৱেশি সাক্ষাত।

নকৰিলা ভুৰিভঙ্গ ইন্দ্ৰৰ মায়াত।।

দিব্য নাৰীসৱে দৰশাইলা কাম ভাৱ।

নটলিল মেৰু যেন বিচনীৰ বাৱ।।৩২২।।

নিয়মে সংযমে আতি চিত্ত বশ্য কৰি।

চিন্তি আছা বিষ্ণুক নিবিড় ধ্যান ধৰি।।

পৰম সন্তুষ্ট হুয়া ঋষিৰ সেৱাত।

ভৈলা নৰনাৰায়ণ আগতে সাক্ষাত।।৩২৩।।

শুক্ল কৃষ্ণ মূৰ্ত্তি দুই মহা মনোহৰ।

প্রকাশে বদন দুইৰো যেন শশধৰ।।

ঈষত হসিত মুখ পঙ্কজলোচন।

দৰশনে হৱৈ মহাপাতক মোচন।।৩২৪৷৷

চাৰু চতুর্ভুজ দুইৰো বলিত সমান।

কৃষ্ণসাৰ চৰ্ম্ম শৰীৰত পৰিধান।।

দণ্ড কমণ্ডলু অক্ষমালা আৰো কুশ।

বেশ ধৰি আছা দুইয়ো পৰম পুৰুষ।।৩২৫৷৷

বান্ধিছা মেখলা কটিতটক আৱৰি।।

কান্ধে নৱগুণ দুইৰো অজিন উত্তৰী।।

তপৰ প্ৰভাৱে যেন বিজুলী প্রকাশে।

চাহন নযায় দুইকো নয়ন নভাসে।।৩২৬।।

মায়ায়ে স্ৰজন্ত যিটো ইটো ত্রিজগত।

ব্রহ্মা হৰে কৰে যাৰ পাৱে অৱনত।।

হেন ঈশ্বৰৰ ৰূপ নাৰায়ণ ঋষি।।

দিলা দেখা মার্কণ্ডেয় ঋষিক হৰিষি।।৩২৭।।

চক্ষু মেলি চাইলা পাচে মৃকণ্ডুৰ সুত।

নৰনাৰায়ণ ৰূপ দেখি অদভুত।।

মিলিল সম্ভ্ৰম উঠিলাহা আথেবেথে।

দণ্ডৱতে পৰি প্রণামিলা নমাই মাথে।।৩২৮।।

পৰম সাদৰে পৰি আছা কতোক্ষণ।

চক্ষু মেলি চাইলা প্রাণ প্রভুৰ চৰণ।।

দেখিলা পাৱৰে পৰা বয়ন নয়ন।

জুৰাইল অমৃত পৰি যেন তনু মন।।৩২৯।।

দ্রৱিল হৃদয় ভৈলা ৰোমাঞ্চ শৰীৰ।

ধাৰায়ে নিগড়ে দুয়ো নয়নৰ নীৰ।।

উপজিল প্রেমভাৱ পৰম হৰিষি।

আউৰ চাহিবাক দুইকো নপাৰন্ত ঋষি।।৩৩০।।

আখি মুখ মচি পাচে চিত্ত কৰি থিৰ।

কৃতাঞ্জলি বুলিলা বচন ধীৰে ধীৰ।।

লোতকে নিৰোধ কণ্ঠ বাক্য গদ গদ।

নমো নমো দুয়ো ঈশ্বৰৰ পাদপদ্ম।।৩৩১৷৷

আসনে বৈসাইলা দুইকো ভৈলা নম্র ভাৱ।

লৈলা পাদোদক দুইৰো পখালিয়া পাৱ।।

পাদ্য অর্ঘ নৈবেদ্য চন্দন পুষ্পে গন্ধে।

অৰ্চ্চিলা চৰণ দুইৰো অনেক প্রবন্ধে।।৩৩২।।

সুখে বসি আছা যেন দুই পূর্ণকাম।

দেখি মার্কণ্ডেয় দুনাই কৰিলা প্রণাম।।

ধৰি কৃতাঞ্জলি জানু পাৰি আছে ঋষি।

হুয়া অৱনত তুতি বুলিলা হৰিষি।।৩৩৩।।

কৰো তুতি কিমতে তুমিসে নিজ আয়ু।

তোহ্মাকেসে কৃপাতে সঞ্চৰে প্ৰাণবায়ু।।

তেৱেসে সচল হৱৈ ইন্দ্রিয় যতেক।

মুখতো বচন বজাই তেৱেসে প্রত্যেক।।৩৩৪।।

আছোক সামান্য প্রাণী তাৰ কোন কথা।

ব্রহ্মা মহেশৰো প্রভু হেনয় অৱস্থা।।

দাৰুৰ পুতলি যেন যত জীৱ আমি।

যেন চাই ফুৰৱা তুমিসে অন্তর্যামী।।৩৩৫।।

তথাপিতো কায় বাক্যে মনে যিটো জনে।

তোহ্মাৰেসে সেৱা কৰে একান্ত যতনে।।

তাহাৰেসে হৱা তুমি পৰম বান্ধৱ।

নাহি তাত পৰে বন্ধু তোহ্মাৰ মাধৱ।।৩৩৬।।

উপজৈ পিতৃৰ স্নেহ কেৱলে পুত্রত।

নাহিকে আপুন পৰ তোহ্মাৰ সিমত।।

যেই সেই মতে ভজে কৰিয়া নিশ্চয়।

বোলা তাক সুহৃদ এতেকে কৃপাময়।।৩৩৭।।

নুহিকা ধৰ্ম্মৰ পুত্ৰ জগত আধাৰ।

ভৈলা আনো যেন মৎস্য কূৰ্ম্ম অৱতাৰ।।

ত্রৈলোক্য ৰক্ষাৰ হেতু তোহ্মাৰ উদয়।

দিবা মোক্ষ লোকৰ খণ্ডিয়া দুখ ভয়।।৩৩৮।।

যত সৃষ্টি প্রলয় তোহ্মাত হন্তে মিলে।

যেন জাল পাতিয়া মকৰে দুনাই গিলে।।

জানিলো তুমিসে ইটো জগত কাৰণ।

তোহ্মাকেসে ভজো নিতে পশিয়া শৰণ।।৩৩৯।।

এহি চৰণক যিটো কৰিলে আশ্রয়।

তাকেসে নোচোৱৈ কৰ্ম্মমল কাল ভয়।।

বেদ তাৎপৰ্য্য জানে যত মহামুনি।

এহি চৰণৰ মাত্র কথা থাকে শুনি।।৩৪০।।

আকেসে অৰ্চনা কৰে আকেসে প্রণাম।

এহি চৰণৰ মাত্র স্মৰৈ গুণ নাম।।

যেনমতে পাঞো আক ইসে পৰমার্থ।

আতপৰে নজানো অপৰ পুৰষার্থ।।৩৪১।।

তোহ্মাৰ কটাক্ষে মিলে ব্রহ্মাৰো বিঘাত।

সত্যলোক পৰ্যন্তে কালৰ নেড়াই হাত।।

সামান্য প্রাণীৰ আৰ কৈবো কিবা কথা।

কালসর্পে দংশি মাৰৈ যায় যথা তথা।।৩৪২।।

তুমি মোক্ষ মূৰ্ত্তিৰেসে চৰণ সেৱাত।

জানো লোক নিশ্চয়ে কালৰ নেড়াইহাত।।

জগত উদ্ধাৰে তোহ্মাৰেসে সেৱা স্বামি।

আতপৰে কুশল নজানো আৰ আমি।।৩৪৩।।

মিছা দেহে গেহে কৰৈ পৰম আকুল।

আক এৰি ভজিলো তোহ্মাৰ পাদমূল।।

তুমিসে স্বৰূপ আন সৱে মায়াপথ।

প্রাণপ্রভু আহ্মাৰ পূৰিয়ো মনোৰথ।।৩৪৪৷৷

যদ্যপি পৰম গুৰু তুমিসে আপুনে।

লীলায়ে ধৰাহা তিনি মূৰ্ত্তি তিনি গুণে।।

তথাপি ভকতে ভজৈ সাত্ত্বিক মূৰ্ত্তিক।

গুচৈ দুখ মিলৈ সুখ মোক্ষতো অধিক।।৩৪৫।।

আন মূৰ্ত্তি নুৱাৰন্ত দুখক খণ্ডিত।

কৰন্ত অনিষ্ট ছিদ্র দেখিলে কিঞ্চিত।।

তুমি সুবৎসল প্রভু দেৱতা নিশ্চল।

তোহ্মাৰেসে সেৱা সাধে পৰম কুশল।।৩৪৬।।

ঈশ্বৰৰ ৰূপ বুলি আনক নমানৈ।

নাৰায়ণ মূৰ্ত্তিক ভকতে প্রিয় মানৈ।।

যাহাক ভজিলে বৈকুণ্ঠত হৱৈ থিতি।

তথাতেসে নাহিকে কালৰ হন্তে ভীতি।।৩৪৭।।

লোকৰ ভিতৰ হন্তে তথাপি বিশেষ।

কদাচিতো নাহি তাত কালৰ প্ৰৱেশ।।

আছৈ যদি মহা মহাভাগ্য ভৰিপূৰ।

তথাপিতো আত্মা সুখ তাতেসে প্রচুৰ।।৩৪৮।।

সিটো বৈকুণ্ঠক পাৱৈ যাহাৰ সেৱাত।

নমো হেন ভগৱন্ত তোহ্মাক সাক্ষাত।।

পৰম পুৰুষ বিশ্বৰূপী ব্যাপী ব্রহ্ম।

নমো নমো নাৰায়ণ ঋষি নৰোত্তম।।৩৪৯।।

নমো নমো পৰম দেৱতা অচ্যুতক।

নমো নমো শুদ্ধ বেদপথ প্ৰৱৰ্ত্তক।।

নমো চৰাচৰ ৰূপী ব্রহ্ম অৱতাৰ।

অগতিৰ গতি প্রভু কৰিয়ো আহ্মাৰ।।৩৫০৷৷

মিছা বিষয়কে যিটো কৰৈ মাত্ৰ ধ্যান।

চাৰি বেদ পঢ়ন্তো নুপজৈ তাৰ জ্ঞান।।

যদ্যপি সুহৃদ তুমি আছা হৃদয়ত।

নজানে তথাপি যাতো নুহিকা বেকত।।৩৫১।।

যি বেদে তোহ্মাক কহে তাক নিতে পঢ়ে।

তথাপি অজ্ঞান তাৰ নিতে নিতে চড়ে।।

তোহ্মাৰ মায়ায়ে আতি আবৰিল মতি।

পাইলেক দুর্গতি সিটো গৈল অধোগতি।।৩৫২।।

বেদেসে প্রকাশে প্রভু তোহ্মাৰ ৰহস্য।

বেদ তাৎপৰ্য জানিলেসে হৱা বশ্য।।

যোগ সাঙ্খ্য চিন্তে যিটো তেজিয়া সেৱাক।

ব্রহ্মাদিয়ো হোৱৈ মোহ নপায়া তোহ্মাক।।৩৫৩৷৷

তুমিসি কৰুণাময় পুৰুষ পুৰাণ।

মঞি মহা ভিক্ষুক ভকতি দিয়ো দান।।

তোহ্মাৰ চৰণে ৰতি মিলোক আহ্মাৰ।

হে মহাপুৰুষ কৰোহো নমস্কাৰ।।৩৫৪।।

………

 

।। মার্কণ্ডেয়ৰ ভগৱন্মায়া দর্শন।।

 

কৰিলা পৰম তুতি মৃকণ্ডুনন্দনে।

ভৈলন্ত সন্তোষ শুনি নৰনাৰায়ণে।।

মধুৰ বচনচয়ে ঋষিক আশ্বাসি।

প্রসন্ন বদনে বুলিলন্ত হৰি হাসি।।৩৫৫।।

হে ব্ৰহ্মঋষি তুমি শুনিয়ো যুগুতি।

মোৰ ভকতিত তুমি পাইলাহা মুকুতি।।

মহাতুষ্ট ভৈলো দেখি ব্ৰত ব্যৱহাৰ।

লৈয়ো বৰ এৱে মন বাঞ্ছিত তোহ্মাৰ।।৩৫৬।।

হেন শুনি ঋষি কহিলন্ত অভিমত।

আপুনাৰ উক্তি ঋষি কৰিলা বেকত।।

হে দেৱ দেৱ ভয়হাৰী ভকতৰ।

নাহিকে তোহ্মাত পৰে কৰুণাসাগৰ।।৩৫৭।।

মনেয়ো দেখিলে মাত্র তযু পাদপদ্ম।

যেহি সেহি প্রাণী পাৱৈ ব্রহ্মা ৰুদ্রপদ।।

হেন দেৱ ভৈলা আসি চক্ষুৰ গোচৰ।

আৰো আতপৰে মোৰ পাইবে লাগে বৰ।।৩৫৮।।

দেখিলো চৰণ কৰিলোহে সম্ভাষণ।

প্রভু মোৰ কোন নিসিজিল প্রয়োজন।।

কৰিলাহা কৃতার্থ নলাগে আন বৰ।

কৰো কিন্তু স্বামি আমি এখানি গোচৰ।।৩৫৯।।

যিটো বিষ্ণুমায়া জগতকে মোহ কৰে।

বিদ্যমানে তোহ্মাক নিচিনৈ নিৰন্তৰে।।

সেহিটো মায়াক আমি জানিবাক চাঞো।

মায়াক দেখিলে প্রভু সৱে বৰ পাঞো।।৩৬০৷৷

হেন শুনি নাৰায়ণে বুলিলন্ত হাসি।

নিকটতে মোৰ মায়া দেখা দিবে আসি।।

পাইবা দেখা মায়াক সিজিবে মনষ্কাম।

বৰ পায়া মার্কণ্ডেয় কৰিলা প্রণাম।।৩৬১।।

পূজিলা চৰণ দুইৰো দুনাই ঋষিৰাজ।

ভৈল নৰনাৰায়ণ আশ্ৰমৰ বাজ।।

লৈয়া পাচে সাদৰে ঋষিত অনুমতি।

গৈলা দুয়ো বদৰিকা আশ্রমক প্রতি।।৩৬২।।

কিমতে মায়াক দেখো হেন মনে ঋষি।

আশ্রমতে বসিয়া গুণন্ত অহর্নিশি।।

দেখিবে মায়াক মহা মনত উৎসুক।

কৰন্ত আনন্দে ধ্যান হৃদয়ে বিষ্ণুক।।৩৬৩।।

চন্দ্র সূৰ্য্য জল অগ্নি পৃথিৱী আকাশ।

আপুনাৰো মনে মূৰ্তি কৰন্ত প্রকাশ।।

মনোময় নৈবেদ্য কল্পিয়া দীপ ধূপ।

সদা ঋষিৰাজে পূজে মহাহৰি ৰূপ।।৩৬৪।।

মহা প্রেমৰস কতো মনতে উপজৈ।

পাসৰন্ত পূজা আনন্দত মন মজৈ।।

মিলৈ আসি হৰিষ শৰীৰ ৰোমাঞ্চিত।

লোতক নিগৰি ঢলি পৰৈ পৃথিৱীত।।৩৬৫।।

কৃষ্ণ কৃষ্ণ বুলি কতো কৰন্ত ক্রন্দন।

মোক নছাড়িবা প্রভু দেৱকীনন্দন।।

হৃদয়তে দেখি কতো মূৰ্ত্তিৰ প্রকাশ।

পাইলো পাইলো কৈকযাইবা বুলি কৰে হাস।।৩৬৬।।

ৰাম কৃষ্ণ হৰি বুলি কৰন্ত আৰাৱ।

নাচন্ত গাৱন্ত প্রেমে আকুল স্বভাৱ।।

গোপালৰ লীলা কতো কৰন্ত উৎসুকে।

তমোময় হুয়া কতো থাকন্ত নিচুকে।।৩৬৭।।

নছাড়ৈ হৰিক আৰ ঋষিৰ হৃদয়।

যেহি দিগি চাহন্তে দেখন্ত কৃষ্ণময়।।

এহিমতে ঋষি যেৱে কতোদিন আছে।

শুনিয়ো শৌনক যেন কথা ভৈলা পাচে।।৩৬৮।।

শুনা সামাজিক লোক মহাভাগৱত।

চিত্ত দিয়া শুনা কলি কালৰ মহত।।

এৰিলেক সৱে লোকে আচাৰ বিচাৰ।

কলিৰ প্ৰভাৱে ভৈল লোক একাকাৰ।।৩৬৯।।

দেখা লোভে মোহে কেহো কাহাকো নবাছে।

কহে কোন শাস্ত্রে পাতকীৰ কৰ্ম্ম আছে।।

অদ্যাপি নুশুনা কেনে থিৰ কৰি মতি।

কৃষ্ণবিনা নাহি আন অগতিৰ গতি।।৩৭০।।

হে প্রাণ কৃষ্ণ মঞি পশিলো শৰণে।

যেন নপাসৰো তযু চৰণ মৰণে।।

ভকতেসে হৈবা মিত্ৰ মোৰ যেন প্রাণ।

মঞি মহা ভিক্ষুকক দিয়ো এহি দান।।৩৭১।।

যৈতে তৈতে হৌক জন্ম মোৰ কৰ্ম্মফলে।

থাকোক ভকতি তযু চৰণকমলে।।

সুখে দুখে মুখে মোৰ নছাড়োক নাম।

পাতক ছাড়োক ডাকি বোলা ৰাম ৰাম।।৩৭২৷৷

…………

 

 

।।দুলড়ী।।

 

পাচে একদিন           মার্কণ্ডেয় ঋষি

নিজ আশ্ৰমৰ কাছে।।

পুষ্পভদ্রা নদী           তট নিকটত

বিষ্ণুক চিন্তন্তে আছে।।

সূৰ্য্য অস্তগত          সেহি সময়ত

আছন্ত ঋষি তহিতি।

প্রচণ্ড বায়ুৰ           আন্দোল শৱদ

শুনন্ত চাৰিয়ো ভিতি।।৩৭৩।।

পৰম কল্লোল          গিৰগিৰ ৰোল

শুনন্ত চাৰিয়ো পাশে।

মহা মহা মেঘ         সমূহে সোসাই

বায়ুৰ লগতে আসে।।

দুৰ্ঘোৰ গৰ্জ্জনে          যেন কাণ ফাটে

মেদিনীমণ্ডলো লড়ে।

বিজুলী সঞ্চাৰে         হৃদয় বিদাৰে

পৃথিৱী বুৰাৱে ঝৰে।।৩৭৪।।

পৰে শিলাবৃষ্টি          নষ্ট কৰে সৃষ্টি

সঘনে অস্ত্র প্রহাৰে।

বেঢ়িয়া চৌপাশে        ঢাকিয়া আকাশে

বৰিষে মূষল ধাৰে।।

বিষাদ শবদ           আন্দোল বায়ুৰ

দেখন্তে ধাতু উৰায়।

চাৰিয়ো ভিতিৰ        সাগৰৰ উৰ্ম্মি

পৃথিৱী আসে বুৰাই।।৩৭৫৷৷

প্রচণ্ড বতাসে          ঢউ উথলয়

লঙ্ঘিয়া আসে আকাশ।

কুম্ভীৰ মগৰে          কৰে উডুফাল

দেখি ভৈলা ঋষি ত্রাস।।

ভয়ঙ্কৰ পাক          চাক যেন ফুৰে

দেখি ভয়ে গর্ভ গেলে।

পৃথিৱী পৰ্ব্বত          স্বর্গকো লঘিয়া

আসে সাগৰৰ জলে।।৩৭৬।।

প্রচণ্ড বায়ুৰ           আন্দোলে উথলে

ভয়ঙ্কৰ উৰ্ম্মিৰ্চয়।

ক্ষেণেক ত্রৈলোক্য       তল নিয়াইলেক।

ঋষিৰ কাম্পে হৃদয়।।

চন্দ্র সূর্য জ্যোতি        যতেক নক্ষত্র

যত স্বর্গবাসী দেৱ।

নিমিষেকে আসি         সৱে তল গৈল

আৰু নথাকিল কেৱ।।৩৭৭।।

একেশ্বৰে মাত্র          ৰৈলা অৱশেষ।

তাঙ্কো পাইলা পানী আসি।

উৰ্ম্মিৰ আস্ফালে        জলৰ আন্দোলে

জাঁজী যেন উটে ভাসি।।

কতো তল যান্ত        কতো পানী খান্ত

কতো ঢৌৱে মাৰে লৰা।

নাহি জ্ঞান শ্রুতি        হতাশাত ঋষি।

ভৈল যেন কলা জৰা।।৩৭৮।।

ভয়ঙ্কৰ মৎস্য          মগৰে বেঢ়িয়া

ঠোণ্ঠে খুণ্টিয়াই মাৰে।

পৰ্ব্বত আকাৰ         কুম্ভীৰে ধৰিয়া

গিলি কতো উদ্গাৰে।।

কুম্ভীৰৰ পৰা          মগৰে লৈ যান্ত

তাৰে পৰা তিমিঙ্গিলে।

তাকো খেদি আসি       ৰাঘৱে ধৰয়

প্রাণৰ সঙ্কট মিলে।।৩৭৯।।

ঋষিক ভুঞ্জিবে          লাগি জল জন্তু

যুজে মহা উডুফালে।

কামোৰা কামুৰি        কৰে হুলস্থুলি।

প্রলয় জল উথালে।।

বতাসে হিল্লোল          উৰ্ম্মিৰ আন্দোলে

ফুৰন্ত পাকতে উটি।

ভয়ে ধাতু নাই         ক্ষুধায়ে তৃষ্ণায়ে।

যাই যেন প্রাণ ফুটি।।৩৮০৷৷

কেহো বেলা শোক         মোহ মিলৈ আসি

কেহো বেলা মহাদুঃখ।

কতো বেলা মহা        ভয় মিলৈ আসি

কেহো বেলা মিলৈ সুখ।।

কতো বেলা আসি      মহাব্যাধি ধৰৈ

বেদনাত মূৰ্ছা যান্ত।

অপাৰ সাগৰে          পৰি পুনু ঋষি

দুঃখৰ ওৰ নপান্ত।।৩৮১।।

বিষ্ণুৰ মায়াত          বিমোহিত আতি

হৰাইল চেতন জ্ঞান।

নাই মনে শান্তি         নেৰৈ ভয় ভ্রান্তি

আছে কথমপি প্রাণ।।

কত লক্ষ কোটি             সহস্ৰ বৰিষ

জলতে ভ্রমন্তে গৈল।

তথাপিতো সিটো             দুষ্মহ দুৰন্ত।

দুঃখৰ অন্ত নভৈল।।৩৮২।।

..........................

 

৷৷ ছবি।।

 

শুনিয়োক সভাসদ      মহাভাগৱত পদ।

মায়াৰ জানিলা যেন কথা।

আমি যত জীৱ ৰাশি     মায়ায়ে মোহিত আসি

আহ্মাৰেসে তেহ্নয় অৱস্থা।।

মায়াৰ ঈশ্বৰ হৰি       তান যেৱে পাৱে ধৰি

তেৱেসে মায়াৰ এৰাই হাত।

হেন জানি বুধজন       একান্তে দিয়োক মন

প্রাণবন্ধু কৃষ্ণৰ সেৱাত।।৩৮৩।।

হে প্রভু কৃষ্ণদেৱ        চৰণত কৰো সেৱ

মঞি জীৱ তোহ্মাৰেসে অংশ।

তদু পদ পঙ্কজেসে       বজ্ৰৰ পঞ্জৰে আতি

পশোক মানস ৰাজহংস।।

প্রাণ প্রয়াণৰ বেলা       ব্যাধি নিৰোধিবে কণ্ঠ

আৰ কৈত তোহ্মাৰ স্মৰণ।

হেন জানি প্রাণহৰি       নিবেদিলো আজি ধৰি

লৈয়া হেৰা তোহ্মাতে শৰণ।।৩৮৪।।

মন মোৰ দুৰাচাৰ      তোহ্মাৰ চৰণে আৰ

নুপজৈ আনন্দ সমুদায়।

মায়াত মজিয়া মৰো         ইজন্মে হেনবা তড়ো।

দিয়ো দেৱ কিঞ্চিত উপায়।।

সুহৃদ আতমা তুমি       যদ্যপি জানিলো আমি।

তথাপিতো থিৰ নাহি চিত।

মঞি অচেতন জানি      প্রাণপ্রভু পদ্মপাণি

আপুনি চিন্তিয়ো মোৰ হিত।।৩৮৫।।

ভকতৰ কল্পতৰু         তুমিসে পৰম গুৰু

হেন জানি দঢ়ায়া হৃদয়।

স্নেহ নছাড়িবা স্বামি      তোহ্মাৰ চৰণে আমি

সত্যে সত্যে গৈলোহা বিক্রয়।।

নকৰিয়ো আশা ভঙ্গ         হৌক সদা সাধুসঙ্গ

নেৰো যেন মুখে হৰিনাম।

তেৱেসে কৰুণাময়       আহ্মাৰ নিস্তাৰ হয়

নিৰন্তৰে বোলা ৰাম ৰাম।।৩৮৬।।

..........................

            ।।বাল মুকুন্দৰ লীলা।।

                    ।।পদ।।

 

শুনিয়ো শৌনক আতপৰে পাচকথা।

কি কহিবো আউৰ সিটো ঋষিৰ অৱস্থা।।

হৰাইল চেতন একো নপান্ত উদিস।

উটন্তে ফুৰন্তে কোটি সহস্ৰ বৰিষ।।৩৮৭।।

এহিমতে ভ্রমন্তে দেখিলা কদাচিত।

মহা বটবৃক্ষ ফল পল্লৱে শোভিত।।

পৃথিৱী উন্নত প্রদেশত ৰহি আছে।

লাসে লাসে সমীপ চাপিলা তাৰ পাছে।।৩৮৮।।

কিছো কিছো কৰি পাচে দৃষ্টি বলাই চাইল।

ঐশান্যৰ শাখাত শিশুক দেখা পাইল।।

বটপত্রপুটে কৰি আছন্ত শয়ন।

শৰীৰৰ কান্তি কৰে দিশক প্রসন্ন।।৩৮৯।।

চৈধ্যয় ভুৱনে নাহি ৰূপক উপাম।

তনু সুকুমাৰ মহা মৰকত শ্যাম।।

সুন্দৰ বদন চন্দ্ৰ নৱ পদ্মকোষ।

তৰুণ পঙ্কজ নেত্র দেখন্তে সন্তোষ।।৩৯০।।

সুসম নাসিকা সুবলিত ভ্রূৱ দুই।

সচল অলকা পান্তি দেখি সুখী হুই।।

অৰুণ অধৰ চাৰু প্ৰৱাল অঙ্কুৰ।

হাস্যতে অমৃত যেন বৰিষে প্রচুৰ।।৩৯১।।

পদ্মগর্ভ অৰুণ নেত্ৰৰ প্রান্ত দেশ।

হাস্য নিৰীক্ষণ সুকোমল বক্র কেশ।।

তিনি ৰেখা সহিতে প্রকাশে কম্বুগল।

সিংহবদ্ধ কন্ধ বহল বক্ষস্থল।।৩৯২।।

শঙ্খ প্রায় কর্ণ দুই বলয় বলিত।

মনোহৰ ডাড়িম্ব কুন্দ সম সুশোভিত।।

সুন্দৰ উদৰ অশ্বত্থৰ পত্র নয়।

নিম্ন তিনি ৰেখা তাতে জ্বলে আতিশয়।।৩৯৩।।

ত্রিবলি বলিত নিশ্বাসতে আতি চলে।

পৰম গম্ভীৰ নাভি সৰোৰুহ জ্বলে।।

চাৰু কৰ কিশলয় আৰকত কান্তি।

ৰত্নৰ শলকা নয় আঙ্গুলিৰ পান্তি।।৩৯৪।।

দুই হাতে ধৰি দুই চৰণপদ্মক।

চোসন্তে আছন্ত মুখে বৃদ্ধ অঙ্গুষ্ঠক।।

শৰীৰৰ কান্তি দূৰ কৰে অন্ধকাৰ।

দেখি ঋষিৰাজ ভৈলা আতি চমৎকাৰ।।৩৯৫।।

শিশুক উৎসুকে চান্ত নয়নে নিৰেখি।

গুচিল বেদনা দুখ দিব্যৰূপ দেখি।।

যেন অমৃতক পিলে শৰীৰ শীতল।

ভৈল প্রফুল্লিত মন নয়ন কমল।।৩৯৬।।

শিহৰিল লোম মহা আনন্দ হৃদয়।

দেখিয়া আশ্চৰ্য ৰূপ ভৈলন্ত বিস্ময়।।

হেন অদভূত শিশু নতু দেখি শুনি।

গৈয়া আকে পুছো কথা ইহান্ত আপুনি।।৩৯৭।।

হেন মনে গুণি গাণ্ঠি পাছে মহাঋষি।

লাসে লাসে তান পাশ চাপিলা হৰিষি।।

পুছিবে চাহন্তে আসি নাকৰ নিশ্বাসে।

পশিলা ভিতৰ ঋষি হৃদয় আকাশে।।৩৯৮।।

যেন মস নাসিকাৰ পথে প্রৱেশিল।

সমস্তে জগত গৈয়া গৰ্ভতে দেখিল।।

মিলিল মনত আসি পৰম বিস্ময়।

চক্ষু মেলি ঋষি দশোদিশ নিহালয়।।৩৯৯।

আকাশ নক্ষত্র শশী সূৰ্য্য সাতো স্বর্গ।

কিন্নৰ চাৰণ বিদ্যাধৰ দেৱবর্গ।।

সপত পাতাল দৈত্য দানৱ যতেক।

আছে সাতো দ্বীপ তৈতে দেখিল প্রত্যেক।।৪০০।।

নদী নদ দীঘি সৰোবৰ বন যত।

সাগৰ নগৰ গ্রাম বৰিষ পৰ্ব্বত।।

যত লতা তৃণ তৰু নাগ বৃক্ষ পক্ষী।

মিলিল বিস্ময় তৈতে সমস্তকে দেখি।।৪০১।।

বহুবিধ কীট পশু পতঙ্গ পৰ্যন্তে।

আছে কাল মৃত্যু তৈতে কল্পনা কৰন্তে।।

যত জপ যাগ যোগ যত নিত্যকর্ম।

কৰিবাক লাগি আছে বর্ণাশ্রম ধর্ম।।৪০২।।

পঢ়ৈ বেদ শাস্ত্রকথা আচৰৈ সদাচাৰ।

কৰৈ ক্রয় বিক্রয় বাণিজ্য ব্যৱহাৰ।।

যত জীৱ জন্তু ইটো সমস্তে জগত।

আছে সৱে দেখন্ত শিশুৰ উদৰত।।৪০৩৷৷

আছে হিমালয় মহা পৰ্বত উত্তম।

পুষ্পভদ্রা নদী নিজ দেখন্ত আশ্রম।।

সেহি ঋষিসৱে আছৈ তপস্যা আচৰি।

দেখি ঋষি বিস্ময়ে স্মৰন্ত ৰাম হৰি।।৪০৪।।

তাসম্বাত কিছো কথা পুছিবে চাহন্তে।

আউৰ নিশ্বাসত বাজ ভৈলা তৈৰ হন্তে।।

এহিমতে সাত বাৰ কৰি আয়াযাত।

দেখিলন্ত সাতগোটা কল্প সিবেলাত।।৪০৫।।

উশাহতে পশি দেখৈ সৃষ্টি সমস্তয়।

নিশ্বাসতে বজাই দেখে দুৰ্ঘোৰ প্ৰলয়।।

বালমুকুন্দৰ যিটো উত্তম নাসাত।

যেন ক্ষুদ্র মসখানি কৰে আয়াত।।৪০৬।।

দুনাই পৰিলন্ত সেহি প্রলয় জলত।

পুনৰপি মহাভয় মিলিল মনত।।

ধৰৈ জলজন্তু লাগৈ উৰ্ম্মিৰ আন্দোল।

পুনৰপি পাইলা আসি উইচুলা কোল।।৪০৭৷৷

সেহি বটবৃক্ষ আসি দেখিলা দুনাই।

নিহালন্ত তাকে একদৃষ্টি কৰি চাই।।

সেহি বটপত্রপুটে কৰিয়া শয়ন।

আছা শুতি সেহি শিশু প্রসন্নবদন।।৪০৮।।

হাস্যতে অমৃত স্ৰৱে নয়নৰ প্রান্তে।

আচন্ত স্নেহত সিটো ঋষিক চাহন্তে।।

দূৰ ভৈলা তাপ তনু হৃদয় জুড়াইল।

একদৃষ্টি কৰিয়া ঋষিয়ো তাঙ্কে চাইল।।৪০৯।।

নয়নৰ দ্বাৰে নিয়া হৃদয় পদ্মক।

আলিঙ্গিলা ঋষি মনে বালমুকুন্দক।।

পড়িলা চৰণে দৰ শিলা প্রেমভাৱ।

দ্রৱিল হৃদয় ৰোমাঞ্চিত সৰ্ব্বগাৱ।।৪১০।।

ধাৰাসাৰে নয়নৰ নীৰ পৰে ঝৰি।

ভৈল অন্তর্ধান হৃদয়ত পাচে হৰি।।

চক্ষু মেলি চাইলা ঋষি বাহিৰক লাগি।

একো নেদেখন্ত সপোনৰ যেনজাগি।।৪১১।।

পূৰ্বৱতে আছে সৃষ্টি সমস্তে সংসাৰ।

নাহিকে প্রলয় ভয় ভ্রান্তি আপুনাৰ।।

নাহি বটবৃক্ষ বায়ু জল প্রলয়ৰ।

নাহি জলজন্তু একো কুম্ভীৰ মগৰ।।৪১২।।

গুচিল বিভ্রম মার্কণ্ডেয় মহাযশী।

পূৰ্ব্বৱতে আছে সেহি আশ্রমতে বসি।।

পুষ্পভদ্রা নদীৰ তীৰত মহাসুখে।

জাগি যেন স্বপ্নৰ স্মৰন্ত ৰাম মুখে।।৪১৩।।

কেশৱৰ সিটো যোগমায়াৰ বৈভৱ।

সাক্ষাতে দেখিয়া পাইলা মহা পৰাভৱ।।

তেজন্ত ফোকাৰ মুখে মার্কণ্ডেয় জড়ি।

হৃদয় কম্পিত তাকে সুমৰি সুমৰি।।৪১৪৷৷

শিহৰে শৰীৰ হৰৈ অদ্যাপি চেতনা।

ভুঞ্জো জীৱসৱে আমি হেনসে যাতনা।।

নেদেখন্ত আন ঘোৰ মায়াৰ তড়ন।

কৃষ্ণৰ চৰণে দুনাই লৈলন্ত শৰণ।।৪১৫।।

তোহ্মাৰেসে ভৈলো ভৃত্য হে কৃষ্ণ বাপ।

তযু চৰণেসে হৰৈ ভকতৰ তাপ।।

যেনমতে হৈবা ইটো মায়াৰ নিস্তাৰ।

চিন্তিয়ো বান্ধৱ হিত আপুনি আহ্মাৰ।।৪১৬।।

জ্ঞানকেসে চিন্তৈ যিটো তেজিয়া ভকতি।

তোহ্মাৰ মায়ায়ে তাৰ মোহ হোৱৈ মতি।।

মঞি মহাজ্ঞানী বুলি কৰৈ অহঙ্কাৰ।

কদাচিতো নেৰাই হাত দুৰ্ঘোৰ মায়াৰ।।৪১৭।।

মঞি পুনু তুমি বিনে নজানোহো আন।

এহি বুলি কৃষ্ণত ধৰিলা দুনাই ধ্যান।।

আউৰ একো ভিতিক নটলে তান মন।

কৰিলা সাক্ষাত সিটো অৰুণ চৰণ।।৪১৮।।

দ্রৱৈ হিয়া শৰীৰ শিহৰে জাত জাত।

হোৱৈ আনন্দতে নয়নৰ অশ্রুপাত।।

কৃষ্ণৰ মূৰুতি ভৈলা স্বৰূপ হিয়াত।

পৰম আনন্দ মনে মিলিল সাক্ষাত।।৪১৯।।

নাৰায়ণে মায়া দেখাই দিলা মহাশ্রান্ত।

শিৱৰূপে আসি কৰাইলন্ত উপশান্ত।।

……………

 

।। মাৰ্কণ্ডেয়-শিৱ সম্বাদ।।

 

শিৱৰ ঋষিৰ যেন ভৈলা সমাগম।

শুনিয়ো শৌনক ইটো সম্বাদ উত্তম।।৪২০।।

সেহি সময়তে পাচে পাৰ্বতী শঙ্কৰ।

ৰঙ্গে সঙ্গে লৈয়া যত ভৃত্য নিৰন্তৰ।।

বৃষভত চড়ি দুয়ো আকাশে আসন্তে।

মার্কণ্ডেয় ঋষিক দেখিলাতৈৰ হন্তে।।৪২১৷৷

ধ্যান কৰি আছা ঋষি কেশৱক মনে।

হৰক বোলন্ত গৌৰী মধুৰ বচনে।।

দেখিয়োক ঋষি ইটো কেনে বুদ্ধি থিৰ।

নিৰ্ব্বাত সময়ে যেন সাগৰ গম্ভীৰ।।৪২২।।

কৰিয়োক আন ইটো তপস্যাৰ সিদ্ধি।

তুমি বৰদাতা ভকতৰ নৱনিধি।।

হেন শুনি গৌৰীক বুলিলা হাসি হৰ।

নলৈৱন্ত ইটো ঋষি কদাচিতো বৰ।।৪২৩।।

কোন আন কামনা মোক্ষকো নাহি ইচ্ছা।

বিনা হৰি ভকতি দেখন্ত সৱে মিছা।।

তথাপি কৰিবো ঋষি সমে সম্ভাষণ।

মহাভাগৱত মার্কণ্ডেয় মহাজন।।৪২৪৷৷

কত মহাভাগ্যে ভকতৰ সঙ্গ পায়।

আতপৰে জীৱৰ পৰম লাভ নাই।।

এহি বুলি পাৰ্বতী সহিতে ত্রিনয়ন।

ঋষিৰ পাশক লাগি কৰিলা গমন।।৪২৫।।

নন্দী আনি দিলা দিব্য ব্যাঘ্রচৰ্ম্ম পাৰি।

বসিলা পাৰ্ব্বতী সমে তাতে ত্ৰিপুৰাৰি।।

ভৃত্যগণে বেঢ়ি ৰৈলা চৌভিতি যোগানে।

নেমেলন্ত চক্ষু ঋষি আছন্ত ধিয়ানে।।৪২৬।।

নেদেখন্ত আগত শিৱক ঋষিৰাজ।

দেখি মহেশ্বৰে মনে আলোচন্ত কাজ।।

কৃষ্ণৰ মূৰ্তিত আন প্ৰৱেশিল মতি।

সিহেতু নাহিকে শৰীৰত আসকতি।।৪২৭।।

এতেকেসে আহ্মাক নচান্ত চক্ষু মেলি।

আৱে আন সমাধি ত্যাগিব কোন বেলি।।

এহি বুলি মহেশ্বৰে যোগমায়া বলে।

পশিল ঋষিৰ গৈয়া হৃদয় কমলে।।৪২৮।।

নিৰ্ম্মল ফটিক মন শৰীৰ ধৱল।

বিকট পিঙ্গল জটা বিজুলী উজ্জ্বল।।

তিনি চক্ষু দশ ভুজ গলে মুণ্ডমাল।

কটিতটে প্রকাশ কৰয় বাঘছাল।।৪২৯।।

ধনু শৰ অসি চৰ্ম্ম পৰশু কপাল।

ত্রিশূল ডম্বৰু কৰে আছৈ অক্ষমাল।।

বিভূতি ভূষিত দেহা সর্পে অলঙ্কাৰ।

ভৈলা আসি বিদিত দেখন্তে চমৎকাৰ।।৪৩০।।

শঙ্কৰৰ ৰূপ ঋষি দেখি হৃদয়ত।

ইটো কোন বুলি ভৈলা বিস্ময় মনত।।

কৰে উচপিচ মন কৃষ্ণক নেদেখি।

ভাগিল সমাধি মেলিলন্ত দুয়ো আখি।।৪৩১।।

পাৰ্বতী সহিতে হৰ আছন্ত তথাত।

দুইকো দেখিলন্ত ঋষি আগতে সাক্ষাত।।

ত্রৈলোক্যৰ গুৰু আসিলন্ত মোৰ ঠাই।

কৰিলা প্রণাম দুইকো দুনাই দুনাই।।৪৩২।।

পাদ্য অর্ঘ ধূপ দীপ পুষ্প উপহাৰ।

অর্চিলন্ত দুইকো প্রিয়বাক্যে বাৰম্বাৰ।।

তুমি পূর্ণকাম প্রভু মঞি অকিঞ্চন।

আদেশিয়ো আৱে কিবা সাধো প্রয়োজন।।৪৩৩।।

তোহ্মাৰেসে ইটো পদপঙ্কজ দুতয়।

মিলে মনোৰথ আক কৰিলে আশ্রয়।।

যাহাৰ সেৱাত সিদ্ধি হৱে মনকাম।

পৰম ঈশ্বৰ কৰো চৰণে প্রণাম।।৪৩৪।।

নমো নমো শঙ্কৰ নিগুণ গতিদাতা।

সত্ত্ব ৰজ তম তিনি গুণ অধিষ্ঠাতা।।

নমো নমো শিৱ শম্ভূ ভৱভয়হাৰী।

হুয়োক প্রসন্ন শূলধাৰী ত্ৰিপুৰাৰী।।৪৩৫।।

এহিমতে মার্কণ্ডেয় কৰিলন্ত সেৱ।

শুনি তাতে তুষ্ট আতি ভৈলা মহাদেৱ।।

হাসিয়া বোলন্ত ঋষি লোৱা ঈষ্ট বৰ।

জানা বৰদাতা আমি তিনিয়ো ঈশ্বৰ।।৪৩৬।।

একে মূৰ্ত্তি জানা ব্রহ্মা বিষ্ণু ত্রিনয়ন।

নুহিকে বিফল আমাসাক দৰশন।।

জগত বন্দনী ভৈলা কি কহিবো কথা।

তোহ্মাকেসে বন্দো আমি তিনিয়ো সৰ্ব্বথা।৪৩৭।।

যিসৱ বিপ্রত আছে সদা সদাচাৰ।

এৰিল পৰক দ্বেষ হিংসা অহঙ্কাৰ।।

একান্ত ভকত যিটো তিনিতো আহ্মাত।

তাকেসে প্রণামৈ দেৱ সমস্তে সাক্ষাত।।৪৩৮।।

মোত মাধৱত অণুমাত্রো নাহি ভেদ।

ব্রহ্মময় মূৰ্ত্তিকেসে চিন্তৈ অবিচ্ছেদ।।

মঞি ব্রহ্মা বিষ্ণু আমি তিনিও ঈশ্বৰ।

তুমি হেন বিপ্ৰকেসে বন্দো নিৰন্তৰ।।৪৩৯।।

জলময় তীর্থ যত দেৱৰ প্রতিমা।

কত কালে কৰে শুদ্ধি নাহি তাৰ সীমা।।

তুমি হেন মহন্তক দেখি যিটোজন।

হোৱৈ মহাশুদ্ধি গুচৈ পাতেক তেখন।।৪৪০।।

যিটো মহাপাতকী পৰম অন্ত্যজাতি।

শ্ৰৱণে দর্শনে যাৰ শুদ্ধ হৱৈ মতি।।

হেন ভকতক যিটো কৰৈ সম্ভাষণ।

তাহাৰ নিসিজৈ জানা কোন প্রয়োজন।।৪৪১।।

তুমি মহা মহন্তক কৰিলো আলাপ।

কায় বাক্য মনৰ গুচিল যত পাপ।।

আজিৰ দিৱস ভৈলা সাফল আহ্মাৰ।

কৰিলা ঋষিক শিৱে বাক্য সতকাৰ।।৪৪২।।

হৰৰ বচনচয় অমৃত সমান।

কর্ণভৰি ঋষি তাক কৰিলন্ত পান।।

বিষ্ণুৰ মায়াত পাইলা যত মহাক্লেশ।

মহেশৰ আলাপত গুছিল নিঃশেষ।।৪৪৩৷৷

শুনা সভাসদ পদ মহাভাগৱত।

নাহি আতপৰে গতি দাতা সংসাৰত।।

কৃষ্ণকথা শ্ৰৱণে কীৰ্ত্তনে পাপ দহে।

কলিৰ পৰম ধৰ্ম্ম শাস্ত্রে আক কহে।।৪৪৪।।

মলমতি লোকৰ নাহিকে আন গতি।

জানিয়া যতনে কৰা কৃষ্ণত ভকতি।।

নপাইবা সুহৃদ দেৱ কৃষ্ণৰ সমান।

স্মৰণতে কৰন্ত পাপৰ পৰিত্ৰাণ।।৪৪৫।।

হে প্রাণ কৃষ্ণ প্রভু মঞি দুৰাচাৰ।

প্রণিপাতে তোহ্মাকেসে কৰো নমস্কাৰ।।

কতনো সহিবো বাপ মায়াৰ নিগ্রহ।

অদ্যাপিও পাপীত নুপজৈ অনুগ্রহ।।৪৪৬।।

তোহ্মাৰ ৰূপক মনে হৃদয়ত ধৰি।

কানি কন্থা উহ্রিয়া তোহ্মাৰ নাম স্মৰি।।

ভ্রমো ভকতৰ সঙ্গে হুয়া ভিক্ষাহাৰী।

এতেকে কৰুণা মোক কৰিয়ো মুৰাৰি।।৪৪৭৷৷

নভৈল ভকতি নছাড়িলে মোহ মায়া।

জৰা ৰোগে পীড়ৈ পৰৈ কেতিক্ষণে কায়া।।

কৰো কৃষ্ণ কাতৰ পূৰিয়ো মনকাম।

পলাউক পাতক ডাকি বোলা ৰাম ৰাম।।৪৪৮।।

……………..

।।ছবি।।

 

কহে সূত শুনিয়োক  শৌনক প্রমুখ্যে ঋষি।

যেন কথা ভৈলা আতপৰে।

বিষ্ণুৰ মায়াত মহা       তাপ পায়া আছা ঋষি

আসি আশ্বাসিলা মহেশ্বৰে।।

মহেশৰ সিটো বাক্য      অমৃতে তৃপিতি আতি

ভৈলন্ত শীতল তনু মন।

জানু পাৰি প্রণিপাতে      প্রণামিয়া শঙ্কৰক

কৃতাঞ্জলি বুলিলা বচন।।৪৪৯৷৷

পৰম আশ্চৰ্য্য ইটো      ঈশ্বৰসৱৰ লীলা

আক তর্কিবেক কোন নৰে।

আপুনি পালন্ত যাক       তাক তুতি নতি আসি

কি কাৰ্য্যত কৰন্ত ঈশ্বৰে।।

লোককেসে শিক্ষা দিয়া    হেনসে গমিতে পাৰি

আনো দেখি ধৰোক ই ধৰ্ম্ম।

নুহি মহা ঈশ্বৰৰ    কি কাৰ্যো কৰিবে লাগে

তোহ্মাৰ আযোগ্য ইটো কৰ্ম্ম।।৪৫০৷৷

হেনবা বুলিবা আমি      আপুনাকে তুচ্ছ কৰি

কেনে আমি বোলো তুতি বাণী।

মায়ায়ে নিৰ্ম্মিয়া লোক    লীলায়ে কৰাহা তুতি

আন কোন মহিমাৰ হানি।।

যেন টাটকীয়া ৰাজে      খেলাৱে পুতুলা সাজি

তাত তাৰ কিবা পৰাভৱ।

নাহি আত প্রভু দোষ     সন্তোষ বঢ়াইলা আসি

যেন পিতৃ পুত্ৰৰ উৎসৱ।।৪৫১।।

হেন জগতৰ নাথ       প্রণামো নমাই মাথ

ভগৱন্ত তুমি মহেশ্বৰ।

জগত নিয়ন্তা দেৱ       কেৱল ব্ৰহ্মৰ মূৰ্ত্তি

মহাগুৰু ভকত জনৰ।।

তোহ্মাৰ চৰণ দুইক      দৰশন ভৈলো মঞি

নেদেখোহো বৰ আতপৰে।

দেখিলে মাত্রকে যাক      আপুনি আনন্দ ৰূপ।

হৱে পূর্ণকাম সৱে নৰে।।৪৫২।।

তথাপিতো এক বৰ      তোহ্মাৰ পাৱত মাগো

তুমি দেৱ বাঞ্ছিতপূৰণ।

ঈশ্বৰ কৃষ্ণত মোৰ       নিশ্চল ভকতি হৌক।

নুগুচোক তাহান স্মৰণ।।

হৈব হৰি ভকতিসে       সুহৃদ পৰম মোৰ

নেৰো যেন সাধুৰ সঙ্গতি।

তোহ্মাৰ চৰণে নমি      এতেকে প্রার্থনা কৰো

দিয়ো বৰ প্ৰভু পশুপতি।।৪৫৩।।

এহিমতে মহামুনি        মহেশক তুতি কৰি

বাঞ্জিলন্ত অভিমত বৰ।

গৌৰীয়ো স্বামিক চাই     কটাক্ষে ঠাৰিলা যেৱে

ভৈলন্ত সন্তোষ তাতে হৰ।।

পৰম সন্তোষ ভাৱে       ঋষিক বুলিলা বাক্য

শুনা মার্কণ্ডেয় মহামুনি।

তোহ্মাৰ সম্বন্ধি মঞি     মহাতুষ্ট ভৈলো আতি

ইটো পৰমাৰ্থ কথা শুনি।।৪৫৪৷৷

যতেক বাঞ্জিলা মানে      সমস্তৰে হৌক সিদ্ধি

দিলো বৰ মঞি চিত্তশুদ্ধি।

থাকোক ভকতি সদা      ঈশ্বৰ কৃষ্ণৰ পাৱে

তোহ্মাৰ নিৰ্ম্মল হৌক বুদ্ধি।।

হুইবেক কল্পান্ত আয়ু      পৰম অজৰামৰ

সদায়ে থাকোক মহাজ্ঞান।

বাঢ়িবেক যশ কীৰ্ত্তি কহিবে পাৰিবা তুমি

ভূত ভৱিষ্যত বৰ্ত্তমান।।৪৫৫৷৷

বাঢ়িবেক ব্রহ্মতেজ       জানিবা চাৰিও বেদ

কৰিবাক পাৰিবা পুৰাণ।

ব্ৰহ্মক সাক্ষাত কৰি      পৰম বৈৰাগ্য জ্ঞান।

হৌক মঞি দিলো বিদ্যমান।।

এহিমতে মহেশ্বৰ        দিয়া হেন মহাবৰ

লৈয়া পাচে তান্তে অনুমতি।

পাৰ্বতী সহিতে উঠি      ভূতগণ সমন্বিতি

চলিলন্ত কৈলাসক প্রতি।।৪৫৬।।

বিষ্ণুৰ মায়াত যত       পৰাভৱ পাইলা ঋষি

সৱে কথা কহিলা গৌৰীত।

পায়া মহাযোগ সিদ্ধি      মার্কণ্ডেয় মহাঋষি

কৃষ্ণত একান্ত ভৈলা চিত্ত।।

শুনিয়ো শৌনক ঋষি    পৰম হৰিষে আসি

তুমি মোত যতেক পুছিলা।

শিৱ ঋষি সম্বাদক       নাৰায়ণ চৰিত্রক

কৈলো বালমুকুন্দৰ লীলা।।৪৫৭।

কৃষ্ণৰ চৰিত্ৰচয়         শুনে যেৱে শুনাৱয়

কৃষ্ণৰ চৰণে দিয়া মতি।

ছিণ্ডিয়া মায়াৰ পাশ      অপ্রয়াসে সিটো নৰে

কৰিবেক বৈকুণ্ঠক গতি।।

যতেক পুছিলা মানে      কহিলো সকলে কথা।

আউৰ কিবা শুনিবে সম্প্রতি।

কহিয়োক বিদ্যমান       মার্কণ্ডেয় উপাখ্যান

এহিমানে ভৈলা সমাপতি।।৪৫৮।।

……………

 

।।দুলড়ী।।

 

শুনা সভাসদ      ভাগৱত পদ

কৃষ্ণৰ লীলা চৰিত্ৰ।

কৃষ্ণৰ চৰণে      পশিয়ো শৰণে

তড়িবা যেৱে কলিত।।

ইটো অশাশ্বত     পুত্র দাৰা যত

ক্ষেণেক হোৱে বিয়োগ।

ইহাৰ চিন্তাত      বৃথা আয়ু যায়

তেজিয়ো বিষয় ভোগ।।৪৫৯।।

যমৰ আজোৰ     ঘোৰ পৰলোক

অৱশ্যে যাইবাক লাগে।

দুৰন্ত অন্তকে      ধৰে কেতিক্ষণে

যেন হৰিণক বাঘে।।

মৰিবাক লাগে     যিটো মনুষ্যৰ

তাৰো আৰো চিন্তা, আন।

জানিবা নিশ্চয়     মায়ায়ে মোহয়।

হৰুৱাইলো শ্রুতি জ্ঞান।।৪৬০।।

হে প্রাণ প্রভু      কৃষ্ণ কৃপাময়

তোহ্মাতে লৈলো শৰণ।

সংসাৰ তাপতে     চিৰকাল ভ্রমো

পঠাইলো জন্ম মৰণ।।

কাম ক্রোধ লোভ   মহাশত্ৰু মোৰ

মায়ায়ে হৰিবে জ্ঞান।

তোহ্মাৰ চৰণে         পশিলো শৰণে

কৰা বাপ পৰিত্ৰাণ।।৪৬১৷৷

তুমিসে মাধৱ     পৰম বান্ধৱ

এৱেসে ভৈলা বিদিত।

মঞি অচেতন     জানি নাৰায়ণ

আপুনি চিন্তিয়ো হিত।।

তোমাৰ চৰণ      চিত্তত থাকোক

মুখে নছাড়োক নাম।

তেৱেসে ইবাৰ     এৰাইবো সংসাৰ

ডাকি বোলা ৰাম ৰাম।।৪৬২।।

…………

 

    ।।সংক্ষিপ্তে ভাগৱত কথন।।

                  ।।পদ।।

 

ভাগৱত ধর্মক প্রণামি প্রথমত।

প্রণামো কৃষ্ণক যাৰ অচিন্ত্য মহত।।

ভকত বিপ্রক প্রতি মোৰ নমস্কাৰ।

কৰো সনাতন ধর্মচয়ক প্রচাৰ।।৪৬৩।।

সূত নিগদতি শুনা শৌনক প্রস্তুত।

কহিলো তোহ্মাত কৃষ্ণকথা অদভূত।।

যিটো ধর্ম পুৰুষৰ শুনিতে উচিত।

সম্প্রতি তোহ্মাক তাক কৰিবো বিদিত।|৪৬৪।।

সংক্ষেপ কহিবো কথা বাহ্ৰয় স্কন্ধৰ।

তাক একচিত্তে শুনা মুনি নিৰন্তৰ।।

প্রথমে প্রথম স্কন্ধ কৰো উপাখ্যান।

মহাহৰি কৃষ্ণ যিটো দেৱতা প্রধান।।৪৬৫৷৷

যাত হন্তে হৱে জগতৰ সৃষ্টি লয়।

হেন গোপ্য ব্রহ্ম ভৈল প্রথমে উদয়।।

কহে জ্ঞানকাণ্ড যাত বিজ্ঞানে সহিত।

ভৈল তাতে বিৰকতি ভকতি বিদিত।।৪৬৬৷৷

বদৰিকাশ্রমে ভৈলা নাৰদ প্রৱেশ।

ব্যাসক দিলন্ত ভাগৱত উপদেশ।।

কৰিলন্ত তাতে অশ্বত্থামাক মুণ্ডন।

ব্রহ্মঅস্ত্র হন্তে পৰীক্ষিতৰ ৰক্ষণ।।৪৬৭।।

প্রেমভাৱে কৃষ্ণক কৰিলা কুন্তী তুতি।

কৃষ্ণৰ আগত ভৈলা ভীষ্মৰ মুকুতি।।

ভৈল অন্তর্জল ৰাজা বিপ্ৰশাপ শুনি।

পাতিলা সমাজ আসি অসংখ্যাত মুনি।।৪৬৮।।

শুক পৰীক্ষিতৰ সম্বাদ ভৈলা তথা।

নৃপতি পুছিলা পাচে ভাগৱত কথা।।

কহিবাক আৰম্ভিলা মহাভাগৱত।

দ্বিতীয় স্কন্ধত আৱে শুনিয়ো সাম্প্রত।।৪৬৯৷৷

কহিলন্ত স্থূল সূক্ষ্ম ধাৰণা যুগুতি।

যেনমতে পাৱেক্রমে পৰম মুকুতি।।

বিভূতি ৰূপক শুকে কহিলা ৰাজাত।

ব্রহ্মা নাৰদৰ ভৈলা সম্বাদ তথাত।।৪৭০৷৷

যেনমতে সৃষ্টি হোৱৈ প্ৰকৃতিৰ হন্তে।

মদঅহঙ্কাৰ ভৈল ইন্দ্রিয় পর্যন্তে।।

কহিলা কৃষ্ণৰ যত অৱতাৰ কথা।

তৃতীয় স্কন্ধৰ আৱে শুনিয়ো ব্যৱস্থা ।।৪৭১।।

বিদুৰে উদ্ধৱে ভৈল প্রথমে সম্বাদ।

কৃষ্ণৰ নিৰ্যাণে দুইৰো মিলিল বিষাদ।।

পুছিলা বিদুৰে মৈত্রেয়ত তত্ত্বজ্ঞান।

আছে তৃতীয়ত মহাপুৰুষ সংস্থান।।৪৭২।।

যিমতে প্রপঞ্চ প্ৰকৃতিত হৱে জাত।

চব্বিশ তত্ত্বৰো সৃষ্টি কহি আছা তাত।

যিমতে ব্রহ্মাণ্ড স্রজে কহিলন্ত তাকে।

বৈৰাজ পুৰুষ যেনমতে তাতে থাকে।।৪৭৩।।

তাতে কহি আছা স্থূল সূক্ষ্ম কাল গতি।

ভৈলা ব্রহ্মা তাতে নাভিপদ্মে উতপতি।।

তৃতীয়ত কহিলা বৰাহ অৱতাৰ।

তাতে হিৰণ্যাক্ষ বধ ধৰণী উদ্ধাৰ।।৪৭৪।।

স্বায়ম্ভুৱ মনু শতৰূপা ভাৰ্য্যা তান।

দেৱহুতি কন্যা কৰ্দমক দিলা দান।।

তাত হন্তে ভৈলন্ত কপিল অৱতাৰ।

জ্ঞানদানে কৈলা দেৱহুতিক নিস্তাৰ।।৪৭৫।।

কহিলা মাতৃত গোপ্য ভকতিক তথা।

চতুর্থ স্কন্ধৰ আৱে শুনিয়োক কথা।।

নৱ প্রজাপতি তাতে ভৈলা উতপতি।

কৰিল কন্দল দক্ষ সমে পশুপতি।।৪৭৬।।

দক্ষক কোপিয়া সতী তেজিলন্ত প্রাণ।

দক্ষৰ যজ্ঞক হৰে কৰিলা নিৰ্যাণ।।

ভকতদ্বেষীক কৰিলন্ত বিভৰ্ৎসনা।

হাত দান্ত ভৰি ভাঙ্গি ভৈলা কতো কণা।।৪৭৭।।

সপত্নী মাৱক কোপে তপস্যা আচৰি।

পাঞ্চ বৎসৰতে ধ্ৰুৱে আৰাধিলা হৰি।।

মহাতুষ্টে বিষ্ণু আসি দিলা বৰদান।

পাইলাধ্ৰুৱে ব্রহ্মাৰো দুর্লভ সিটো থান।।৪৭৮৷৷

ভৈলা অৱতাৰ তাতে পৃথু নামে ৰাজা।

হৰি ভকতিক সৱে প্ৰৱৰ্তাইলা প্রজা।।

পৃথিৱীক দমিয়া দুহিলা সৱে ৰস।

জগতকে ব্যাপিল পৃথুৰ মহাযশ।।৪৭৯।

প্রাচীনবৰ্হিৰ হিত চিন্তিয়া নাৰদ।।

কর্ম দূৰ কৰি দিলা ভকতি সম্পদ।।

কহিলা ৰাজাত পুৰঞ্জন উপাখ্যান।

নাৰদৰ প্রসাদে বৈকুণ্ঠে, ভৈলা থান।।৪৮০।।

শুনিয়ো পঞ্চম স্কন্ধ আত অনন্তৰে।

মিলিল সংবাদ প্রিয়ব্রত নাৰদৰে।।

ভৈল আসি নাভিত ঋষভ অৱতাৰ।

ভৈল তাতে ভৰতৰ চৰিত্ৰ প্ৰচাৰ।।৪৮১।।

ৰহূগণ ৰাজাক ভকতি দিলা দান।

উপজিলা পৰম বৈৰাগ্য মহাজ্ঞান।।

দণ্ড দুই আলাপি মায়াৰ পাইলা সীমা।

ভকত সঙ্গৰ কিবা কহিবো মহিমা।।৪৮২৷৷

বৰিষ সমুদ্র দ্বীপ পর্বত সমান।

সপত পাতাল জ্যোতি চক্র সঙ্গস্থান।।

বর্ণাইলা নৰক সাতো পাতালৰ তলে।

যাত পৰি পাৱে পীড়া পাতেকীসকলে।।৪৮৩।।

নৰক যাতনা শুনি পাচে পৰীক্ষিত।

কম্পিতহৃদয় ভৈলা মহাভয়ে ভীত।।

নৰকৰ বিস্তাৰ শুকত শুনিলন্ত।

দিলা শুকে শুনি যষ্ঠ স্কন্ধত সিদ্ধান্ত।।৪৮৪৷৷

শুনিয়োক আৱে ষষ্ঠ স্কন্ধ অনুক্রমে।

হৰিৰ নামৰ কৈলো মহিমা প্রথমে।।

পুত্ৰৰ সঙ্কেত নাম লৈয়া অজামিল।

মৃত্যুক তড়িয়া বৈকুণ্ঠত আৰোহিলা।।৪৮৫৷৷

উপজিল দক্ষ আসি দশ প্রচেতাত।

তাহানে কন্যাত ভৈল সৃষ্টি অসংখ্যাত।।

পশু পক্ষী যক্ষ নৰ নাগ দেৱাসুৰ।

ভৈল কন্যা সন্তানে জগত ভৰিপূৰ।।৪৮৬।।

তাতে আছে চিত্রকেতু চৰিত্ৰ প্ৰচুৰ।

গৌৰীশাপে তেহো আসি ভৈলা বৃত্রাসুৰ।।

বধিলা বাসৱে কৰি অনেক প্রবন্ধ।

বজ্রে বৰিষেকে তান ছেদিলন্ত কন্ধ।।৪৮৭।।

শুনিয়ো সপ্তমে দিতি দক্ষৰ কন্যাত।

হিৰণ্যক্ষ হিৰণ্যকশিপু ভৈলা জাত।।

জগত কম্পন দৈত্য হিৰণ্যকশিপু।

ইন্দ্রক খেদায়া ৰাজ্য লৈলা দেৱৰিপু।।৪৮৮।

জগতকে দ্রোহ আচৰিলা দুৰাচাৰে।

লৈলা প্রাণ তাৰ নৰসিংহ অৱতাৰে।।

তাৰে পুত্ৰ ভৈলা আসি বৈষ্ণৱ প্রহ্লাদ।

মাধৱত হন্তে পাইলা পৰম প্রসাদ।।৪৮৯।।

সদায় নচাড়ে মহাহৰিক হৃদয়।

বাহিৰে ভিতৰে যিটো দেখে হৰিময়।।

মহাভাগৱত আৰ নাহি তাত পৰে।

শুনিয়ো অষ্টম স্কন্ধ আত অনন্তৰে।।৪৯০।।

মন্বন্তৰ চৰিত্ৰ গজেন্দ্র বিমোক্ষণ।

ভৈলা অৱতাৰ হয়গ্ৰীৱ নাৰায়ণ।।

কূৰ্মৰূপে মন্দৰ ধৰিলা কান্ধ পাতি।

দেৱাসুৰে সাগৰ মথিলা দিনে ৰাতি।।৪৯১।।

নাৰীৰূপ ধৰি ত্রিদশৰ চিন্তি হিত।

দৈত্যক বঞ্চিয়া দিলা দেৱক অমৃত।।

কৰিলা দুৰ্ঘোৰ যুদ্ধ যত দেৱাসুৰ।

দেৱক জিনাইলা হৰি হুয়া পক্ষপুৰ।।৪৯২।।

অদিতিত হন্তে ভৈলা বামন উদিত।'

ফুটাইল কটাহ গঙ্গা ভৈলন্ত বিদিত।

বলিক ছলিয়া দিলা পাতালত থান।

তুষ্ট হুয়া ভকতি প্রসাদ দিলা দান।।৪৯৩৷৷

ভৈলা হৰি তাতে লীলা মৎস্য অৱতাৰ।

প্রলয় জলত আতি কৰিলা বিহাৰ।।

সত্যব্রতে তুতি কৰিলন্ত কৃতাঞ্জলি।

নৱম স্কন্ধৰ শুনা ৰাজবংশাৱলী।।৪৯৪৷৷

ইক্ষাকু কাকুথ ইলা শশাদ শর্যাতি।

খট্টাঙ্গ সগৰ নৃপ নহুষ যযাতি।।

জনক শান্তনু নিমি সৌভৰি ভৰত।

আসম্বাৰ বংশৰ কহিলা কথা যত।।৪৯৫।।

ভৈলন্ত পৰশুৰাম নামে অৱতাৰ।

নিক্ষত্রি কৰিয়া ভূমি তিনি সাতবাৰ।।

শ্ৰৱণে বিনাশে মহা দূৰিত ত্বৰিত।

আছে তাতে হেন ৰামচন্দ্ৰৰ চৰিত্ৰ।।৪৯৬।।

যযাতিৰ জ্যেষ্ঠ পুত্র যদু নাম যাৰ।

তাহানে বংশত ভৈলা কৃষ্ণ অৱতাৰ।।

বসুদেৱ দৈৱকীত হন্তে জন্ম ভৈলা।

কংসৰ ভয়ত নিয়া গোকুলত থৈলা।।৪৯৭৷৷

শুনিয়োক দশম স্কন্ধৰ আৱে কথা।

শিশুলীলা অনেক কৰিলা হৰি তথা।।

পূতনাৰ শুষিলন্ত স্তনে সমে প্রাণ।

শকট উছাট তৃণাৱৰ্তৰ নিৰ্যাণ।।৪৯৮||

বনজুই হন্তে গোপ গৰু পৰিত্ৰাণ।

উড়ল বন্ধন কৃষ্ণ অর্জুন ভঞ্জন।।

বক বৎস ধেনুক কালিক নিকালন।

বনবহ্নি পান আৰো প্রলম্ব নাশন।।৪৯৯।।

কৰিলা সৰ্পৰ হন্তে নন্দক মোক্ষণ।

পাইলা বৰ ব্ৰত আচৰন্তে কন্যাগণ।।

বিপ্ৰক সন্তাপ দিলা পত্নীক প্রসাদ।

গোৱৰ্দ্ধন ধৰি দিলা ইন্দ্রক বিষাদ।।৫০০৷৷

বৰুণলোকৰ পৰা নন্দক উদ্ধাৰ।।

শৰত ৰাত্ৰিত কেলি কৰিলা অপাৰ।।

শঙ্খচূড় বধ কেশী অৰিষ্ট নিৰ্যাণ।

অক্ৰুৰ গমন ৰাম কৃষ্ণৰ প্রয়াণ।।৫০১।।

ব্রজৰ ধৰিলা হৰি বালেক লক্ষণ।

গজ মল্ল মৰণ কংসৰ বিনাশন।।

পিতৃৰ মাতৃৰ বন্ধ মোক্ষ অতিৰেক।

নন্দ প্রস্থাপন উগ্রসেন অভিষেক।।৫০২।।

সান্দীপনি গুৰুক মৃতক পুত্রদান।

মথুৰাত কৈলা যদুবংশক সন্মান।।

উদ্ধৱক পঠাই শান্ত কৰি গোপী যত।

কুঁজীৰ ৰমণ অক্ৰুৰৰ গৃহাগত।।৫০৩৷৷

ৰাম উদ্ধৱক সঙ্গে লৈয়া বহুবাৰ।

কৰিলন্ত বধ জৰাসন্ধৰ সেনাৰ।।

যৱনৰ নিৰ্যাণ নির্মিয়া দ্বাৰকাক।

আনিলন্ত পাৰিজাত সুধৰ্ম্মা সভাক।।৫০৪।।

যাদৱ বংশৰ মহা মিলিল উৎসাহ।

ৰুক্মিণী প্রমুখ্যে অষ্ট মহিষী বিৱাহ।।

নৰকৰ বধ কন্যাগণৰ হৰণ।

শাল্ব শিশুপাল পৌণ্ড সম্বৰ নাশন।।৫০৫।|

পাণ্ডৱক নিমিত্ত কৰিয়া ৰণ জিনি।

সংহাৰিলা হৰি অষ্টাদশ অক্ষৌহিণী।।

আপুনি বেকত হুয়া জগত আধাৰ।

লীলায়ে হৰিলা পৃথিৱীৰ মহাভাৰ।।৫০৬৷৷

কতেক কহিবো কৃষ্ণদেৱৰ মহত।

একাদশ স্কন্ধ আৱে শুনিয়ো সাম্প্রত।।

বিপ্রশাপ শুনি ভৈলা বংশৰ বিষাদ।

নাৰদে কহিলা নৱসিদ্ধৰ সম্বাদ।।৫০৭।।

ব্রহ্মা আদি দেৱে কৰিলন্ত তুতি নতি।

উদ্ধৱে জানিয়া পাচে প্ৰভুৰ যুগুতি।।

কৃষ্ণৰ চৰণে পৰি মিলিল বিষাদ।

ভৈলা তাত পাচে কৃষ্ণ উদ্ধৱ সম্বাদ।।৫০৮।।

ৰহস্য ধৰ্ম্মকো প্রকাশিলা কৃপাময়।

জ্ঞান কৰ্ম্ম ভকতিৰ কৰিলা নির্ণয়।।

নিজৰূপে বসি শিশু অশ্বত্থ তলত।

মহাজ্ঞান ভকতি কহিলা উদ্ধৱত।।৫০৯।।

বদৰিকাশ্ৰমক পঠাইলা উদ্ধৱক।

প্রভাসত সংহাৰিলা যাদৱ বংশক।।

দেৱসৱে নিবে আইল আপুনাৰ থান।

কৰিলন্ত কৃষ্ণে তাতে বৈকুণ্ঠ প্রয়াণ।।৫১০৷৷

এহিমানে গৈলা একাদশৰ ব্যৱস্থা।

দ্বাদশ স্কন্ধৰ আৱে শুনিয়োক কথা।।

যুগৰ লক্ষণ যুগধর্ম চাৰি বিধি।

কহিলা কলিত একো ধৰ্ম্মে নাহি সিদ্ধি।।৫১১।।

অধৰ্ম্মে কৰিবে আসি কলিত বিপ্লৱ।

হৰি কীৰ্ত্তনেসে তাৰ পাপ পৰাভৱ।।

চাৰি বিধ প্রলয় কহিলা মহাভাগ।

পৰীক্ষিত নৃপতিৰ তাতে তনুত্যাগ।৫১২।।

সর্পসত্র মার্কণ্ডেয় মায়া দৰশন।

বেদ শাখা ভেদ মহাপুৰুষ লক্ষণ।।

দ্বাদশৰো কথা সৱে কহিলা নিঃশেষ।

কৃষ্ণৰ সেহিটো লীলা চৰিত্র বিশেষ।।৫১৩।।

শুনা সামাজিক লোক ভাগৱত কথা।

শুনন্তে সাক্ষাত হোন্ত ঈশ্বৰ সৰ্ব্বথা।।

নাহি একো শাস্ত্ৰ আৰ ইহাৰ সমান।

মহন্তসকলে পাৱে প্রত্যক্ষে প্রমাণ।।৫১৪৷৷

হেন জানি কৃষ্ণৰ চৰণে দিয়া মন।

কৰিয়োক কৃষ্ণকথা শ্ৰৱণ কীর্তন।।

আলে জালে আয়ু যাই হুয়ো সাৱধান।

কৃষ্ণ বিনে নাহি জানা যাতনাত ত্রাণ।।৫১৫।।

হে প্রাণপ্রভু কৃষ্ণ মঞি মন্দমতি।

তযু পাৱে ইজন্মত নভৈল ভকতি।।

নপাইলো নিস্তাৰ ইটো সংসাৰ দুৰ্ঘোৰ।

কৰিয়ো চৰণে গতি অগতিৰ মোৰ।।৫১৬।।

ইটো নৰতনু কাল কৰ্ম্মৰ অধীন।

নজানোহো দেহ কৈত পৰে কোন দিন।।

ঘোৰ পৰলোকক শুনন্তে লাগে ত্রাস।

কৰা হেন কৰুণা দাসৰো ভৈলো দাস।।৫১৭||

নেৰোক ভকত সঙ্গে কৰ্ণে কৃষ্ণকথা।

হৃদয়ত কৃষ্ণমূৰ্ত্তি থাকোক সৰ্ব্বথা।।

সুখে দুখে মুখে মোৰ নছাড়োক নাম।

তেৱেসে নিস্তৰো সৱে বোলা ৰাম ৰাম।।৫১৮ ||

...................

 

 

।।ভাগৱতৰ তাৎপৰ্য্য।।

।।দুলড়ী।।

 

নিগদতি সূত শুনিয়ো শৌনক

প্ৰমুখ্যে ঋষি যতেক।

বাহ্রয় স্কন্ধৰ      যিটো তাৎপৰ্য্য

শুনিয়ো তাক প্রত্যেক।।

হৰি গুণনাম      শ্ৰৱণ কীৰ্ত্তন

সমস্তে ধৰ্ম্মৰে সাৰ।।

বাহ্র স্কন্ধ মিলি         আকে প্রতিপাদ্যে

শুনা ফলশ্রুতি তাৰ।।৫১৯৷৷

পৰে বা পিচলে         যদি বা ক্ষুধায়ে

তৃষ্ণায়ে পীড়িত হুয়া।

নমো হৰি বুলি        ডাকি উচ্চ কৰি

মাধৱৰ নাম লৈয়া।।

এতেকতে তাৰ     যতেক পাতেক

অনেক কোটি জন্মৰ।।

তাতে লাগে জুই        পুৰি ভষ্ম হুই

হোৱে শুদ্ধ সৱে নৰ।।৫২০।।

যিটো জনে কৰে    কৃষ্ণৰ শ্ৰৱণ

কৃষ্ণৰ কৰি কীর্তন।

তাহাৰ চিত্তত      হোৱন্ত প্রৱেশ

ভগৱন্ত নাৰায়ণ।।

এতেকে পাতেক     পলাই তাৰ যেন

সূৰ্য্যৰ আগে আন্ধাৰ।

প্রচণ্ড বতাসে      যেন উৰুৱাৱে

নথাকে মেঘ সঞ্চাৰ।।৫২১।।

হৰি কীৰ্ত্তনেসে     জানা মহাবল

সমস্তৰে হৰে পাপ।

তাত ব্যতিৰেক     যত আন কথা।

সমস্তে মিছা প্রলাপ।।

যিটো বাক্যসৱে    কৃষ্ণক নকহে

নকৰে নাম প্রখ্যাত।

সেহি মিছা বাক্য   সেহিটো অসতী

অসন্তৰ কথা যত||৫২২।।

সেহি মহা সত্য    সেহিসে মঙ্গল

সেহি মহা পুণ্যচয়।

কৰে যিটো বাক্য   ঈশ্বৰ কৃষ্ণৰ

গুণ নাম অভ্যুদয়।।

সেহি মহা ৰম্য    মহন্তৰ তাত

বাঢ়ে প্রীতি নৱ নৱ।

মহন্তে তাহাতে     প্রেম উপজায়

মনৰো মহা উৎসৱ।।৫২৩৷৷

সেহিসে হৰিষ      বঢ়াৱে সেহিসি

শোষয় শোক সাগৰ।

উত্তম শ্লোকৰ      গুণ যশ গাৱে

যিটো বাক্য নিৰন্তৰ।।

নানা চিত্র পদে         ৰচিত সি বাক্য

শুনন্তে অমৃত প্রায়।

কিন্তু হৰি যশ          জগত পৱিত্ৰ

নাহিকে যাত সদায়।।৫২৪।।

কাক তুল্য সিটো   কামী পুৰুষৰ

জানিবা ৰতিৰ স্থান।

পৰম ভকত           জনে নুশুনন্ত

তাত নপাতন্ত কাণ।।

যি কথাত কৃষ্ণ    আছন্ত সাক্ষাত

মহা মহন্তৰো গতি।

নিৰ্ম্মল ভকত      সকলে তাতেসে

কৰন্ত সদায়ে ৰতি।।৫২৫।।।

সেহি মহাবাক্যে         লোকসমূহৰ

পাতেক কৰে বিঘাত।

কেশৱৰ যশে      অঙ্কিত যি নাম

প্রতিপদে আছে যত।।

কহন্তা থাকিলে          আপুনি শুনয়

শুনন্তা থাকিলে গাৱৈ।

একলেও স্মৰে          যিটো হৰিনাম।

সেহিসে মোক্ষক পাৱৈ।।৫২৬।।

..........

 

৷৷ছবি।।

 

হেন কথা মনে ধৰি      জ্ঞানত কৰ্ম্মত কৰি

কীৰ্ত্তনক কৰিবা আদৰ।

পৰম নিৰ্ম্মল জ্ঞান ভকতি বৰ্জ্জিত ভৈলে

তাতো সিদ্ধি নাহিকে লোকৰ।।

সর্বোত্তম যিটো কৰ্ম্ম      কৃষ্ণত নর্পিলা যেৱে

সিয়ো হোৱে আপুনি বিফল।

নিন্দিত সকাম কৰ্ম্ম      তান কি কহিবো কথা

দেখা হৰি ভকতিৰ বল।।৫২৭।।

বর্ণাশ্রম ধৰ্ম্ম যত        তপস্যা আচৰে ব্ৰত

ইটো একো নোহে পুৰুষাৰ্থ।

সম্পত্তি কীৰ্ত্তিৰ কাজে     কৰে মহা পৰিশ্ৰম

শুনা কহো যিটো পৰমার্থ।।

কেশৱৰ গুণনাম        শ্ৰৱণ কীৰ্ত্তন কৰে

তাক যিবা শুনন্তে সাদৰে।

এতেকে কৃষ্ণৰ পাদ      পদ্ম নপাসৰি আৰ

অচিৰ কালতে ফল ধৰে।।৫২৮।।

কৃষ্ণৰ স্মৰণে তাৰ       প্রথমে পাতক নাশে

কৃষ্ণত কৰাৱে নিষ্ট বুদ্ধি।

পৰম ভকতি জ্ঞান       বৈৰাগ্যেও লৱে লাগ

হোৱে আতিশয় চিত্ত শুদ্ধি।।

জ্ঞানত কৰ্ম্মত কৰি      ভকতিসি মহা শ্রেষ্ঠ

ভকতি মধ্যত শ্রেষ্ঠ দুই।

শ্ৰৱণ কীৰ্ত্তন ইটো   আক ধৰিলেক যিটো।

বিধিৰ কিঙ্কৰ সিটো নুই।।৫২৯।।

শৌনক প্রমুখ্যে মহা      মুনিসৱ আছা যত

তুমিসৱ মহা ভাগ্যৱন্ত।

যিহেতু পৰম হৰি        চিত্তত নিশ্চয় কৰি

একান্তে ভজিলা ভগৱন্ত।।

ইটো আত্মা ঈশ্বৰক  শুনিলো শুকৰ মুখে

মহা ঋষি সমজ্যাৰ কাছে।।

হেন বন্ধু মাধৱক       সুধি সুমৰাইলা মোক

এতেকে মোহোৰ ভাগ্য আছে।।৫৩০||

পৰম দূৰিত হৰে        হৰিৰ চৰিত্ৰ যত

কহিলো তোহ্মাত সৱে তাক।

অনুদিনে শুনে যিটো      সেহিটো পৱিত্ৰ কৰে

দেহে সমে আপুন আত্মাক।।

হৰিবাসৰত যিটো        নিৰাহাৰ হুয়া পৰে

তাহাৰ ফলৰ নাহি সীমা।

কৃষ্ণৰ চৰণে মতি       দিয়া পাইবা সদগতি

পৰলোকে বাঢ়িবে মহিমা।।৫৩১।।

ইটো ভাগৱত শাস্ত্র       পঢ়ে বিপ্ৰসৱে যেৱে

হৈৱে আসি মহাফল সিদ্ধি।

ক্ষত্রিয়ে পঢ়িয়া পাইবে     সসাগৰা বসুমতী

বৈশ্যে পঢ়ি পাইবে মহানিধি।।

শূদ্ৰসৱে গাৱে যেৱে      ইটো মহাভাগৱত

সমস্ত পাপতে হুইবে শুদ্ধি।

উপজীৱে পুণ্যৰাশি       পাচত চাৰিও আসি

কৃষ্ণৰ চৰণে হুইবে বুদ্ধি।।৫৩২৷৷

নমো নমো ভগৱন্ত         অনন্ত শকতি কৃষ্ণ

ব্ৰহ্মাদি নজানে তত্ত্ব যাৰ।।

জগতৰ যিটো নাথ       তান পাৱে থৈবো মাথ।

হে কৃষ্ণ কৰো নমস্কাৰ।।

হুয়া অল্পমতি মঞি       কৰিলো গহন শাস্ত্র

আত মোৰ ক্ষমিয়োক দোষ।

নোহো ভকতিৰ পাত্ৰ        কেৱলে প্ৰণামো মাত্র

আত হুয়ো পৰম সন্তোষ।।৫৩৩৷৷

জয় জয় মুনি শুক      লোকক কৃপায়ে যিটো

প্রচাৰিলা মহাভাগৱত।

জ্ঞানীৰ মধ্যত সাৰ      সদায় নুগুছে যাৰ

সমাধি আনন্দ হৃদয়ত।।

কৃষ্ণৰ ৰুচিৰ লীলা       যেৱে আসি সুমৰাইলা

নাচন্ত গাৱন্ত গুণ নাম।

মহিমা কহিবো কত     শুক গুৰু চৰণত

কৰো হেৰা পৰিয়া প্রণাম।।৫৩৪।।

.........

 

।।গ্রন্থ সমাপ্তিৰ প্রার্থনা।।

।।দুলড়ী।।

শুনা সামাজিক         জন দিয়া মন।

কৃষ্ণৰ লীলা চৰিত্ৰ।

আত পৰে হিত         নাহি পৃথিৱীত

জানিবা ইটো কলিত।।

বাঢ়য় স্কন্ধৰ      যিটো তাৎপৰ্য্য

জানি ধৰা দৃঢ়মনে।

কৃষ্ণক সৰ্ব্বথা     ভজা কৃষ্ণকথা

শ্ৰৱণে কৃষ্ণ কীৰ্ত্তনে।।৫৩৫৷৷

হুয়া অল্পমতি      পদ ভাগৱত

ৰচিলো জানি নজানি।

ক্ষমিয়োক দোষ        হুয়োক সন্তোষ

শুনিয়ো কৃষ্ণ কাহিনী।।

আন চিন্তা এৰি         সুমৰিয়ো হৰি

সাধিয়ো আপুন গতি।

কৃষ্ণৰ কিঙ্কৰে          কহে এহিমানে

দ্বাদশৰ সমাপতি।।৫৩৬৷৷

হে প্রাণ প্রভু      কৃষ্ণ কৃপাময়

মূঢ়ত হুয়ো সন্তোষ।

নমো নমাই মাথ  মৰষিয়ো নাথ।

বঢ়া টুটা যত দোষ।।

তোহ্মাৰ চৰণে    পশিলো শৰণে।

অগতিৰ কৰা গতি।

ব্যর্থে আয়ু গৈল   আজিয়ো নভৈল

তোমাত দৃঢ় ভকতি।।৫৩৭।।

ইটো জন্ম গৈলে    পৰলোক পাইলে

কি মোৰ হৈব অৱস্থা।

অৰুণ চৰণ       নুহিকে স্মৰণ

কৈত পাইবো কৃষ্ণকথা।।

কৃষ্ণ গুণ নাম     ধৰ্ম্ম অনুপাম

বুলিবে কমনে মুখে।।

মনুষ্য শৰীৰ      হৰাইলে আহ্মাক

পাইবে পৰলোক দুঃখে।।৫৩৮।।

নৰতনু ইটো      ভাৰত বৰিষ

কলিযুগ হৰিনাম।

চাৰিৰ সংযোগ    আউৰ কৈত পাইবো

কৃপা কৰা প্রভু ৰাম।।

মঞি অধমৰ           মাধৱ বান্ধৱ

বুদ্ধিক নকৰা ভ্রংশ।

তোহ্মাৰ চৰণ         পঞ্জৰে পশোক

এখনে মানস হংস।।৫৩৯।।

তোহ্মাৰেসে অংশ  যত জীৱ আমি

তুমি মোৰ নিজ স্বামি।

প্রভু দামোদৰ         এতেক গোচৰ

কৰো তযু পাৱে আমি।।

তোহ্মাৰ চৰণ    চিত্তে নছাড়োক

নেৰিবো মুখত নাম।

হে কৃষ্ণ প্রাণ      দিয়ো এহি দান।

ডাকি বোলা ৰাম ৰাম।।৫৪০।।

 

।।ইতি শ্ৰীমদ্ভাগৱত দ্বাদশ স্কন্ধ সমাপ্ত।।

 

।।শ্ৰীমদ্ভাগৱত সমাপ্ত।।