।।শ্রীমদ্ভাগৱত।।
।।নৱম স্কন্ধ৷৷
।।শ্রীকৃষ্ণায় নমঃ।।
।।মঙ্গলাচৰণ।।
।।পদ।।
জয় জয় কৃষ্ণ পূর্ণব্রহ্ম অৱতাৰ।
তোহ্মাৰ চৰণে কোটি কোটি নমস্কাৰ।।
দৈৱকীৰ পুত্র হুয়া দৈত্য সংহৰিলা।
গোকুলৰ লতা তৰু বৈকুণ্ঠক নিলা।।১।।
তযু পদ স্মৰণে সংহৰে ভৱভয়।
নিজ কীর্তিময় বিস্তাৰিলা যশচয়।।
সেহি যশে ভৈল মোক্ষপদতো অধিক।
হেনয় কৃষ্ণক লোক নভজাহা কিক।।২।।
হেনয় কৃষ্ণৰ পদে পশিলো শৰণে।
গুৰুৰ চৰণ মনে স্মৰি সৰ্ব্বক্ষণে।।
বৈষ্ণৱসৱক মঞি কৰো নমস্কাৰ।
কৃষ্ণসে বান্ধৱ হৰিনাম মুখে যাৰ।।৩।।
কৰযোৰে বোলো শুনা বুদ্ধিমন্ত লোক।
মূঢ় হুয়া কৰো পদ নহাসিবা মোক।।
অনুচিত যদি মোৰ ইটো কৰ্ম্ম হয়।
পণ্ডিতৰ ক্ষমা ধৰ্ম্ম জানিবা নিশ্চয়।।৪।।
যদি মোক হাসা আত নাহিকয় দোষ।
কৃষ্ণকথা শুনি কৰা চিত্তক সন্তোষ।।
অমদ্যে লেপিত যদি হোৱে মহাৰত্ন।
তাহাক লাগিয়া জানা কোনে এৰে যত্ন।।৫।।
মোৰ বাক্যসৱ যদি আতি তুচ্ছ হয়।
কৃষ্ণৰ চৰিত্ৰচয় মিশ্রিত আছয়।।
চাণ্ডালে কৰয় যদি হৰিৰ কীৰ্ত্তন।
তাকো নিনিন্দয় যিটো হোৱে মহাজন।।৬।।
নিন্দে যদি তাকো এড়ে মহাপুণ্যচয়।
নিন্দে যাক হৱৈ তাৰ পুণ্য অভ্যুদয়।।
ইকথা থাকোক আৱে শুনা কৃষ্ণকথা।
কলিৰ যুগত জন্ম নকৰিয়ো বৃথা।।৭।।
।।মনুবংশ কথন।।
পৰীক্ষিত বদতি শুনিয়ো শুক আৱে।
মন্বন্তৰ চৰিত্ৰক শুনিলোহো সৱে।।
প্রত্যেক মনুৰ লগে প্রভু ভগৱন্ত।
নিজ মায়াবলে হৰি সৱাকো পালন্ত।।৮।।
সত্যব্রত নামে ৰাজা সিটো ঋষিবৰ।
আছিলন্ত ৰাজা তেহো দ্রাবিড় দেশৰ।।
প্রলয়ৰ অন্তে যিটো জ্ঞানক লভিলা।
ঈশ্বৰ সেৱায়ে পাচে মায়াক তড়িলা।।৯।।
সেহি সত্যব্রত কেনে সূৰ্য্যপুত্র ভৈলা।
শ্রাদ্ধদেৱ মনু হেন তান নাম থৈলা।।
মনুৰ ঔৰসে দশ পুত্র ভৈলা জাত।
আসম্বাৰ বংশ গুৰু কহিয়ো আহ্মাত।।১০৷৷
তোহ্মাৰ বদন পদ্ম বজাই হৰিকথা।
শুনিবাক শ্রদ্ধা মোৰ নাহি অন্যৱথা।।
ভূত ভৱিষ্যত ৰাজা সৱাৰে বংশক।
এখনো পালয় যিটো ৰাজা জগতক।।১১।।
সৱে পুণ্যকীৰ্ত্তি মহা হৰিত ভকত।
বিক্রমে কেশৰী সম সমৰে শকত।।
এহিমতে ৰাজা যেৱে শুকত পুছিলা।
পৰম ব্রহ্মজ্ঞ শুকে কহিবে লাগিলা।।১২৷৷
নিগদতি শুক শুনা ৰাজা মহাসন্ত।
মনুৰ বংশক কহি কোনে পাৱে অন্ত।।
অযুত বৎসৰো তাক নপাৰি কহিত।
কহো কিছু মঞি তাক শুনা একচিত্ত।।১৩।।
ব্ৰহ্মৰ দিনত যিটো হুৱয় প্রলয়।
আনন্দে থাকন্ত সেই জলে কৃপাময়।।
মনুষ্যৰ চেষ্টা দেখাই শ্ৰীনাৰায়ণ।
সকলো প্রাণীক লৈয়া কৰন্ত শয়ন।।১৪।।
তাহান নাভিৰপৰা ভৈলা পদ্মকোষ।
তপ্ত সুৱৰ্ণৰ বৰ্ণ দেখন্তে সন্তোষ।।
সেহি পদ্মে জাত ভৈলা ব্রহ্মা প্রজাপতি।
চাৰি মুখ ভৈলা তান চান্তে চাৰি ভিতি।।১৫।।
ব্ৰহ্মৰ মনৰ পৰা মৰীচি জন্মিলা।
মৰীচিৰ তনয় কশ্যপ ঋষি ভৈলা।।
কশ্যপৰ পুত্র হুয়া সূৰ্য্য ভৈলা জাত।
সূৰ্য্যৰ তনয় শ্রাদ্ধদেৱ মনু খ্যাত।।১৬৷৷
শ্রাদ্ধদেৱৰ শ্ৰদ্ধা নামে এক ভাৰ্য্যা।
নাহিকন্ত পুত্র তেহে ভৈলন্ত অপ্রজা।
পুত্র নাহিকয় ৰাজা পৰম বিমন।
বশিষ্ঠক আনি মনু বুলিলা বচন।।১৭।।
তুমি সম মহামুনি নাহি একোজন।
যেনমতে পুত্র হুই কৰিয়ো যতন।।
বশিষ্ঠ বদতি মনু শুনিয়ো বচন।
মিতা বৰুণক তুমি কৰিয়ো যজন।।১৮।।
তেৱেসে তোমাৰ পুত্র হইবে উতপতি।
এহি বুলি মৌন ভৈলা ঋষি মহামতি।।
যজ্ঞৰ সম্ভাৰ বহুবিধ আচৰিলা।
বশিষ্ঠৰ অনুষ্ঠানে যজ্ঞ আৰম্ভিলা।।১৯।।
সভাৰ্য্যে ভৈলন্ত ৰাজা যজ্ঞত দীক্ষিত।
বিষ্ণু স্মৰি ভৈলা দুয়ো মহা শুদ্ধচিত৷৷
সেহি সময়ত শ্রদ্ধা নামে মহাসতী।
হোমক কৰন্ত যিটো ঋষি একমতি।।২০৷৷
তাহাঙ্ক বুলিলা ঋষি শুনিয়ো বচন।
যেনমতে জীউ হুই কৰিয়ো যতন।।
নমস্কাৰ কৰি যেৱে প্রার্থনা কৰিল।
এহি হৌক বুলি ঋষি তাকে মন দিল।।২১৷৷
সাবধান চিত্তে হোম অগ্নি মাজে দিল।
ইলা নামে কন্যা খানি তাতে উপজিলা।।
তাঙ্ক দেখি বিস্ময় ভৈলন্ত মনু আতি।
বুলিলন্ত কেনে হেন বশিষ্ঠক মাতি।।২২।।
বিপর্য্যয় দেখো গুৰু কহিয়ো আহ্মাত।
পুত্র অর্থে যজিলোহে কন্যা ভৈলা জাত।।
আমাৰেসে নিজকৰ্ম্মে লৱে মোৰ মনে।
তোমৰাসৱৰ মন্ত্র লড়ৈ কি কাৰণে।।২৩।।
বিপর্য্যয় দেখি মোৰ মহা কষ্ট মন।।
শীঘ্ৰে কহিয়োক মোত ব্ৰহ্মাৰ নন্দন।।
তপে জপে তোৰসৱ পাপ দগ্ধ কৈলা।
সৱে ব্রহ্মবাদী কোন কাজে মোহ ভৈলা।।২৪।।
হেন শুনি বশিষ্ঠয়ো বুলিলা ৰাজাক।
ৰবিৰ নন্দন দোষ নেদিবা আহ্মাক।।
অগ্নিত কৰন্ত হোম যিটো ঋষিজন।
তাহান নিমিত্তে জীউ ভৈলা উতপন।।২৫।।
যদ্যপি বিষম ভৈল তথাপি সাধিবো।
মোৰ তেজবলে আঙ্ক পুত্র কৰি দিবো।।
মনে বিমৰিষি ঋষি কৰিলা নিশ্চয়।
ঈশ্বৰক স্তুতি আৰম্ভিলা আতিশয়।।২৬।।
মনত বোলন্ত ইলা পুৰুষ হন্তোক।
আন কিছু বৰ প্ৰভু নলাগয় মোক।।
বশিষ্ঠৰ বাক্যে তুষ্ট ভৈলা মহাহৰি।
ইলা নামে কন্যা তাঙ্ক দিলা পুত্ৰ কৰি।।২৭।।
সুদ্যুম্ন নামে তেন্তে মহাবীৰ ভৈলা।
এক সময়ত পাচে মৃগয়াক গৈলা।।
হাতে শৰধনু গাৱে কৱচ উত্তম।
ঘোৰে চলি গৈলা তাক বায়ু নুহি সম।।২৮।।
উত্তৰ দিশত বন আছয় কুমাৰ।
সেহি বনে ভৈলন্ত সসৈন্য পয়োসাৰ।।
পাৰ্ব্বতী সহিতে সেহি বনে আছা হৰ।
সদ্যুম্নে দেখ আপোনাৰ কলেৱৰ।।২৯।।
পুৰুষ আকাৰ গুচি ভৈলন্ত তৰুণী।
ঘোৰা গুচি ঘূৰী ভৈল হস্তীয়ে হস্তিনী।।
তাহাৰ লগৰ সেনা সৱে স্ত্রী ভৈল।
বিপর্য্যয় দেখি মহা বিস্ময়ক গৈল।।৩০।।
ককা ভায়া কিনো আমি পাতক কৰিলো।
পুৰুষ আকাৰ গুচি সৱে স্ত্রী ভৈলো৷৷
কোন লাজে আমি আৱে গৃহক চলিবো।
যিহৌক সিহৌক ভাগ্যে ইঠাইতে বঞ্চিবো।।৩১।।
এহি বুলি ৰাজা প্রজা হিতে ৰহিলা।
শুনি কুৰু নৃপতিয়ে শুকত পুছিলা।।
কেনে স্ত্রী ভৈল সিটো পুৰুষসকল।
কহিয়োক ইটো কথা মহা কৌতূহল।।৩২।।
শুক নিগদতি ৰাজা শুনা মহাশয়।
মহেশক দেখিবাক গৈলা ঋষিচয়।।
স্বামী সঙ্গে পাৰ্ব্বতী আছয় কামসুখে।
ঋষিসকলক দেখি পাইল মহাদুঃখে।।৩৩।।
কোলাত আছন্ত বসি বস্ত্র নাহি গাৱে।
মহেশে আলিঙ্গি আছা যেন কামভাৱে।।
স্বামীৰ কোলাৰপৰা শীঘ্ৰে উঠি গৈলা।
মহা লজ্জা ভাৱে সতী বস্ত্ৰক পিন্ধিলা।।৩৪।।
ঋষিসকলেয়ো আৰ তহিত নৰৈলা।
নাৰায়ণ আছা যৈত তৈক চলি গৈলা।।
স্ত্রী প্রসঙ্গ নাই বদৰিকাশ্রমে।
আলাপ কৰিলা গৈয়া নাৰায়ণ সমে।।৩৫।।
প্রিয়া বৰ লাজ ভৈলা শঙ্কৰে দেখিলা।
তান প্রিয় কৰি পাচে বচন বুলিলা।।
ইটো বনে প্রৱেশয় যিটো নৰগণ।
সৱে স্ত্রী হৌক মঞি বুলিলো বচন।।৩৬।।
নজানিয়া প্রৱেশিলা মনুৰ তনয়।
স্ত্রী ভৈল তাহান লগৰ সেনাচয়।।
মহেশৰ শাপে আপুনিয়ো স্ত্রী ভৈলা।
লাজে আৰ পুনৰপি গৃহক নগৈলা।।৩৭৷৷
যিটোজনে জানে সিটো বনে নপশয়।
শুনি কুৰু নৃপতিৰ গুচিল সংশয়।
কুমাৰ বনৰপৰা গৈলা আন বন।
হেনবা গুচয় ইটো স্ত্রীৰ লক্ষণ।।৩৮৷৷
চন্দ্ৰৰ পুত্ৰৰ যৈতে আশ্রয় আছয়।
সেহি আশ্ৰমত প্রৱেশিলা স্ত্রীচয়।।
স্ত্রীগণে বেঢ়ি ফুৰে প্রমদা উত্তমা।
ৰূপে মহা ৰূপৱতী নাহিকে উপমা।।৩৯।
তাঙ্ক দেখি সোমপুত্র মহা মোহ ভৈলা।
সিটো নাৰী আৰ আন থানক নগৈলা।।
তেহেও বোলন্ত মোৰ তুমি ভৈলা পতি।
এহি বুলি বুধে সমে কৰিলা সুৰতি।।৪০৷৷
বুধৰ ঔৰসে তান্ত এক পুত্র ভৈল।
এহিমতে তহিত বিস্তৰ দিন গৈল।।
ঈশ্বৰৰ ইচ্ছা তাক কোনে বাধিবেক।
যিটো কৰিবেক সিটো নিশ্চয় হৈবেক।।৪১।।
শুনা সভাসদ পদ মহাভাগৱত।
কৃষ্ণক ভজিয়ো লোক এৰি গৰ্ব্ব যত।।
নৱম স্কন্ধৰ কথা ৰাজ বংশাৱলী।
যাহাক জানিলে পলাৱয় পাপ কলি।।৪২।।
চন্দ্ৰৰ বংশত কৃষ্ণ ভৈলা অৱতাৰ।
এতেকে জানিবা ইটো মহা কথা সাৰ।
তাতেসে ৰচিলো পদ নধৰিবা দোষ।
গোৱিন্দৰ কথা শুনি হুয়োক সন্তোষ।।৪৩৷৷
বিশেষত কলিৰ যুগত লোক যত।
কালবশে সৱে প্রাণী ভৈলা অল্পগত।।
ধৰ্ম্ম কৰ্ম্ম কৰিবাক নপাৰয় লোক।
হেন জানি ঈশ্বৰৰ লীলা শুনিয়োক।।৪৪।
ঈশ্বৰৰ গুণ নাম লৈয়া মাত্র মুখে।
এতেকে দুৰ্ঘোৰ ভয় তড়িবাহা সুখে।।
কৃষ্ণ নাম বিনে নাহি কলিত নিস্তাৰ।
সকলো শাস্ত্ৰৰ ইটো কহিলোহো সাৰ।।৪৫।।
হে কৃষ্ণ কৃষ্ণ প্রভু পশিলো শৰণে।
যেন নপাসৰে নাম দুৰন্ত মৰণে।।
তযু ৰূপ হৃদয়ে থাকোক মুখে নাম।
তেৱেসে নিস্তৰো ডাকি বোলা ৰাম ৰাম।।৪৬।।
।।দুলড়ী।।
স্ত্রী হুয়া যেৱে আছিল সুদ্যুম্ন
মনুৰ শ্ৰেষ্ঠ তনয়।
অসুখ অশান্তি সদায় কৰয়
পেটে অন্ন নুৰুচয়।।
মনত বোলন্ত ইমত কুবেশ
কিমত গুচৈ আহ্মাৰ।
কুলগুৰু বিনে আন কোনে মোৰ
গুচাইব স্ত্রী আকাৰ।।৪৭।।
মনে গুণি এহি বশিষ্ঠ ঋষিক
কৰিলা পাচে স্মৰণ।
যেখনে স্মৰিল সেহিক্ষণে আসি
ভৈলা ঋষি উপসন্ন।।
গুৰুক দেখিয়া আথে বেথে উঠি
অষ্টাঙ্গে পৰি নমিলা।
তাহান অৱস্থা দেখিয়া ঋষিৰ
পৰম কৃপা মিলিলা।।৪৮৷৷
যেনমতে তেহে স্ত্রী বেশ ভৈলা
সকলে ঋষিত কৈলা।
বশিষ্ঠে জানিলা মহেশৰ শাপে
ইমত অৱস্থা ভৈলা।।
মহেশক পাচে পূজিলা বশিষ্ঠে
তুষ্ট ভৈলা শূলপাণি।
ঋষিক সম্বোধি হৰে বুলিলন্ত
বৰ লৱা মহাজ্ঞানী।।৪৯৷৷
বশিষ্ঠে বুলিলা শুনা মহেশ্বৰ
দিয়ো মোক এহি বৰ।।
সুদ্যুম্নৰ স্ত্ৰীৰ আকাৰ গুচিয়া
হৌক পূৰ্ব্ব কলেৱৰ।।
মহেশে বোলন্ত মোহোৰ বচন
ইয়ো মিছা নুহিয়োক।
একমাস ইটো পুৰুষ হৈবেক
আউৰ মাস স্ত্রী হৌক।।৫০৷৷
এহি বাক্য বুলি পাচে শূলপাণি
নিজ থানে লড়ি গৈলা।
শঙ্কৰৰ বাক্যে মাসেক পুৰুষ
আৰ মাস স্ত্রী ভৈলা।।
একমাস ৰাজা পালন্ত পৃথিৱী
মনত আনন্দ কৰি।
যিটো মাসে স্ত্রী হৱন্ত ৰাজাৱে
থাকা অভ্যন্তৰ পুৰী।।৫১।।
হেন দেখি প্রজা গণৰ মনত
কিঞ্চিতো আনন্দ নাই।
এক মাস মানে লাগ নপাৱয়
থাকন্ত ঘৰ সোমাই।।
আৱে কেন হৌক এহি বুলি লোক
অন্যোঅন্যে কথা কৈলা।
সদ্যুম্ন নৃপৰ গয় আদি কৰি
তিনি পুত্র জাত ভৈলা।।৫২।।
সদ্যুম্ন ৰাজাৰ মনত পৰম
বৈৰাগ্য আসি মিলিল।
পুৰুৰবা নামে শ্রেষ্ঠ তনয়ক
পৃথিৱী খণ্ডেক দিল।।
বিষ্ণুঃ আৰাধিত কৰি এক চিত্ত
সদ্যুম্ন বনক গৈলা।
পুৰুৰৱা পাচে ৰাজা হুয়া তেন্তে
সকলে প্রজা পালিলা।।৫৩।।
..........
।। ছবি।।
শুনিয়োক সভাসদ মহাভাগৱত পদ
কৃষ্ণকথা কৰ্ণৰ অমৃত।
হৰয় সংসাৰ ব্যাধি বৈকুণ্ঠক দেই সাধি
ইহাত একান্ত কৰা চিত।।
যত পুত্ৰ পৰিজন সৱে জানা অকাৰণ
কালে কৰে সৱাকো সংহাৰ।
যেন আতি ছায়াবাজী দেখাৱয় মায়া সাজি
বিচাৰত কিছো নোহে সাৰ।।৫৪।।
কৃষ্ণেসে সুহৃদ প্রাণ কৃষ্ণ বিনে নাহি আন
কৃষ্ণেসে পৰম গতিদাতা।
কষ্ণে মোৰ চিত্ত বিত কৃষ্ণে মোৰ নিজকৃত্য
কৃষ্ণে মোৰ বন্ধু পিতা মাতা।।
কৃষ্ণকেসে কৰে সেৱ কৃষ্ণ বিনে নাহি কেৱ
কৃষ্ণ বিনে আনক নজানো।
কৃষ্ণেসে দেৱৰ দেৱ ব্রহ্মা হৰে কৰে সেৱ
কৃষ্ণ-ব্ৰহ্ম দৃঢ় কৰি মানো।।৫৫।।
হে কৃষ্ণ কৃপাময় মঞি মহা দুৰাশয়
বিষয় বিষ্ঠাত মাত্র ৰতি।
তুমি হেন দেৱ জানি বিস্ময় মনত মানি
তাতেসে সদায়ে মোৰ মতি।।
আপুনি কৰিয়ো দায়া মোহোৰ গুচায়ো মায়া
তযু পদে পশিলো শৰণে।
ৰাম ৰাম বোলা ডাকি সমজ্যাৰ লোকে ঢাকি
তেৱে গতি হৈবেক মৰণে।।৫৬।।
........
।।মনু পুত্রসকলৰ বৃত্তান্ত।।
।।পদ।।
শুক নিদগতি ৰাজা অভিমন্যুসুত।
মনুৰ বংশৰ কথা শুনা অদভুত।।
সদ্যুম্ন গৈলন্ত বনে দেখি শ্রাদ্ধদেৱ।
পুত্ৰকামে ঈশ্বৰক কৰিলেক সেৱ।।৫৭।।
যমুনা জলত গৈয়া মহাশুদ্ধ হুয়া।
শতেক বৎসৰ মানে তপ আচৰিয়া।।
ফলে ফুলে ঈশ্বৰক মনুৱে পূজিলা।
পাচে আৰো শ্রেষ্ঠ দশ পুত্রক লভিলা।।৫৮।।
শ্রদ্ধা নামে ভাৰ্য্যা তান মুখ্য পটেশ্বৰী।
মহা গুণে গুণৱতী নাহি সৰিবৰি।।
তাহান্তে জন্মিলা দশ পুত্র মহীপতি।
তাহাৰ বৈবংশে সৱে জুৰিলা জগতি।।৫৯৷৷
সেহি দশ তনয়ৰ শুনিয়োক নাম।
ইক্ষাকু যযাতি নৃগ দৃষ্ট অনুপাম।।
ধৃষ্ট যে কৰূষ নৰিষ্যন্ত মহা শান্ত।
পৃষধ্ৰ শৰ্যাতি কবি কনিষ্ঠ ভৈলন্ত।।৬০।।
পৃষধ্ৰ মনুৰ পুত্র অপুত্রক ভৈলা।
পঢ়িবাক লাগি তেহে গুৰুগৃহে গৈলা।।
বশিষ্ঠে বোলন্ত বাপু গৰু চাৰা তুমি।
নিঃশেষ শাস্ত্ৰক পাচে শিখাইবোহো আমি।।৬১।।
গুৰুৰ বচনে গৰু ৰাখে মহাশয়।
পিতৃ যেন পুত্রগণ সততে পালয়।।
বীৰাসন কৰি বসি থাকা মহামতি।
ৰাত্রি দিনে গৰুক ৰাখিলা শুদ্ধচিতি।।৬২।।
এহিমতে কতো দিন যাহন্তে আছয়।
পাচে যেন ভৈল তাক কহো মহাশয়।।
অন্ধকাৰ ৰাত্ৰি নেদেখয় দিশপাশ।
আৰো মেঘে ছন্ন কৰি আছয় আকাশ।।৬৩।।
মেঘে বৰিষয় আতিশয় ছেদ নাই।
গোষ্ঠে প্রৱেশিল ব্যাঘ্র কিছু ছিদ্র পাই।।
উজৰিল গৰুসৱ হুয়া মহা ত্রাস।
আথে বেথে পৃষধ্ৰ গোৰ যে পাইল পাশ।।৬৪।।
গোটেক কপিলা গৰু ধৰিলেক বাঘে।
পৃষব্র খাণ্ডাৰ কোব দিলা সেহি ছেগে।।
কপিলাক কাটিলা ব্যাঘ্ৰৰ এক কাণ।
ব্যাঘ্ৰ কাটিলোহো বুলি কৰা ৰঙ্গমন।।৬৫।।
কপিলাক কাটিলন্ত তাক নজানন্ত।
পুনু আসি বসিলন্ত গুৰুক চিন্তন্ত।।
গুৰু মোৰ আসিৱন্ত ব্যাঘ্র দেখিৱন্ত।
ব্যাঘ্ৰ ছেদ দেখি মোক আশিস দিৱন্ত।।৬৬৷৷
এহিমতে চিন্তি পাছে প্রভাত ভৈলন্ত।
প্রভাতে দেখন্ত পাচে গৰু ছেদিলন্ত।।
নাহি সুখ শান্তি মনে দুখ লভিলন্ত।
নপান্ত উপায় মনে বসিয়া গুণন্ত।।৬৭।।
কি কাম কৰিলো আৱে কৈক লাগি যাইবো।
গৰু কাটিবাৰ পাপ কহিতে এৰাইবো।।
এহিমতে দুখ কৰি পৃষধ্ৰ আছিলা।
সেহি সময়তে ঋষি গোষ্ঠমাজে গৈলা।।৬৮।।
কপিলা গৰুক ব্যাঘ্ৰ বুলিয়া কাটিলা।
মহাক্রোধে ঋষি পাচে তাঙ্ক শাপ দিলা।।
শূদ্র হও অৰে পাপী অধম দুর্জ্জন।
গৰুক কাটন্তে তই নকৰিলি মন।।৬৯।।
এহিমতে শাপ যেৱে গুৰু তাঙ্ক দিলা।
কৃতাঞ্জলি হুয়া শাপ গ্ৰহণ কৰিলা।।
ভগৱন্ত বাসুদেৱে কৰিলা ভকতি।
কৃষ্ণৰ প্ৰসাদে তান ভৈল শুদ্ধ মতি।।৭০৷৷
বিষয়ৰ সঙ্গ এৰি একান্ত ভৈলন্ত।
ঈশ্বৰে মিলান্ত যেন ভোজন কৰন্ত।।
ঈশ্বৰত চিত্ত দিয়া ধৰণী ফুৰিলা।
কলা কণা অন্ধলাৰ আকৃতি দেখাইলা।।৭১।।
এহিমতে মনু তনয় ভ্রমিলাহা।
দাবাগ্নি উঠিয়া আসে তাক দেখিলাহা।।
সেহি অগনিয়ে দহিলাহা শৰীৰক।
পাপ নষ্ট ভৈল তেন্তে পাইলন্ত ব্রহ্মক।।৭২।।
মনুৰ কনিষ্ঠ পুত্র কবি মহাশয়।
পৃথিৱীত তাহান নৰৈল বংশচয়।।
কুমাৰ কালৰপৰা ঈশ্বৰত ৰতি।
বিষ্ণুক চিন্তিয়া পাইলন্ত মহাগতি।।৭৩৷৷
মনুৰ তনয় যে কৰূষ মহাশয়।
কাৰূষ নামত উপজিলা পুত্ৰচয়।।
উত্তৰ পথক ৰাখে ধৰ্ম্মত বৎসল।
ধৃষ্টৰ বংশক কহো শুনা মহাবল।।৭।।
ধৃষ্টৰ তনয় ভৈলা ধাষ্ট মহামতি।
ভূমিতে ব্রহ্মক চিন্তি পাইলা তেন্তে গতি।।
নৃগৰ তনয় পাচে ভৈলন্ত সুমতি।
সুমতিৰ তনয় ভৈলন্ত ভূতজ্যোতি।।৭৫।।
জ্যোতি তনয় ভৈলা বসু মহাশয়।
বসুৰ প্ৰতীক নামে ভৈলন্ত তনয়।।
ওঘবান নামে পুত্র ভৈল প্রতীকৰ।
ওঘৱতী কন্যা জন্মাইলন্ত নৃপবৰ।।৭৬।।
সুদর্শন ৰাজা তাঙ্ক বিবাহ কৰিলা।
অনেক মঙ্গল বাদ্য উৎসৱ মিলিলা।।
চিত্রসেন ভৈলা নৰিষ্যন্তৰ তনয়।
তাহান তনয় ঋক্ষ ভৈলা মহাশয়।।৭৭।।
ঋক্ষৰ তনয় ভৈলা মীঢ়বান নৃপতি।
মীঢবানৰ পুত্ৰ পূৰ্ণ ভৈলা উতপতি।।
পূর্ণ পুত্র ইন্দ্রসেন বীতিহোত্র নাতি।
বীতিৰ তনয় সত্যশ্রৱা মহামতি।।৭৮৷৷
সত্যশ্রৱা পুত্ৰ আৰৰ উৰুশ্ৰৱা ভৈলা।
দেৱদত্ত নামে উৰুশ্ৰৱাত জন্মিলা।।
দেৱদত্তত অগ্নি ভৈলা উতপতি।
অগ্নিবেশ্য ৰূপে ভৈলা তাহানে সন্ততি।।৭৯।।
শুক নিগদতি ৰাজা শুনা নৃপবৰ।
নৰিষ্যন্ত নৃগ ধৃষ্ট মনু তনয়ৰ।।
কৰূষৰ বংশ মঞি কহিলো তোহ্মাত।
দিষ্টৰ বংশক শুনা জগত প্রখ্যাত।।৮০।।
নাভাগ দিষ্টৰ পুত্ৰ ভৈলা অনুপাম।
নাভাগ জন্মিলা পুত্র ভলন্দন নাম।।
ভলন্দন পুত্র ভৈলা নামে বৎসপ্রীতি।
তাহানে তনয় ভৈলা প্রাংশু মহামতি।।৮১৷৷
প্রাংশুৰ তনয় ভৈলা নামত প্ৰমতি।
খনিত্ৰ তাহানে পুত্র প্রখ্যাত জগতি।।
খনিত্ৰৰ পুত্র যে চাক্ষুষ নাম যাৰ।
বিবিংশতি নামে পুত্র ভৈলন্ত তাহাৰ।।৮২।।
বিবিংশতিৰ পুত্ৰ ভৈল ৰম্ভ শুদ্ধমতি।
খনীনেত্র নামে ভৈল তাহানে সন্ততি।।
তাহান্তে ভৈলন্ত কৰন্ধম নামে জাত।
কৰন্ধম মহাৰাজ জগতে প্রখ্যাত।।৮৩।।
অবিক্ষিৎ নামে ভৈল তাহানে সন্ততি।
অবিক্ষিৎ তনয় মৰুত্ত চক্ৰৱৰ্তী।।
আছিলা সম্বৰ্ত্ত নামে অঙ্গিৰাৰ সুত।
মৰুত্তৰ যজ্ঞ তেহে কৰাইলা বহুত।।৮৪।।
মৰুত্ত ৰাজাৰ যত যজ্ঞৰ মহিমা।
তাহান প্রভাৱ কহি কোনে পাৱে সীমা।।
যত পাত্ৰচয় মানে শুদ্ধ সুৱৰ্ণৰ।
আনো নানা দ্রব্যচয় কৰিলা যজ্ঞৰ।।৮৫।।
ইন্দ্ৰ আদি দেৱগণ মহাতুষ্ট ভৈলা।
আপোনাৰ নিজ ভাগ হাতে হাতে লৈলা।।
বিশ্বদেৱগণ যাৰ সভাত মিলিলা।
দম নামে পুত্র এক মৰুতে জন্মিলা।।৮৬।।
ভৈল ৰাজবৰ্দ্ধন দমৰ তনয়।
তান পুত্ৰ ভৈলন্ত সুধৃতি মহাশয়।।
সুধৃতিৰ নৰ নামে ভৈলন্ত তনয়।
নৰ ৰাজা জন্মিলা কেৱল মহাশয়।।৮৭।।
কেৱলৰ পুত্র যেৱে ভৈল ধুন্ধুমান।
ধুন্ধুমান পুত্র বেগবান অনুপাম।।
বেগবান পুত্র ভৈল বুধ মহামতি।
বুধৰ তনয় তৃণবিন্দু মহীপতি।।৮৮৷৷
তাঙ্ক দেখি মোহ ভৈলা অলম্বুষা দেৱী।
আপুনি ভজিয়া তাঙ্ক থাকিলন্ত সেৱি।।
গুণৰ আলয় স্বামী অপেশ্বৰা পাইলা।
তৃণবিন্দু তান্তে তিনি পুত্র উপজাইলা।।৮৯।।
কন্যা এক জন্মিলন্ত তেহো মহা শান্তী।
নামে ইলবিলা তাঙ্ক জগতে জানন্তি।।
তৃণবিন্দু ৰাজা বিশ্রৱাত বিহা দিলা।
বিশ্রৱাৰ বীর্য্যে তান্তে কুবেৰ জন্মিলা।।৯০।।
ধূম্রকেতু শূন্যবন্ধ বিশাল যে নাম।
তৃণবিন্দুৰ তিনি পুত্র ভৈলা অনুপাম।।
বিশাল ভৈলেক মহা বংশধৰ ৰাজা।
বৈশালীপুৰক নিৰ্ম্মি পালিলন্ত প্রজা।।৯১।।
তাহানে তনয় ভৈলা হেমচন্দ্র নাম।
হেমচন্দ্র তনয় ধূম্রাক্ষ অনুপাম।।
ধূম্রাক্ষৰ তনয় সংযম মহাশয়।
দেৱজ কৃশাশ্ব দুই তাহানে তনয়।।৯২।।
কৃশাশ্বৰ পুত্ৰ ভৈলা সোমদত্ত নাম।
ঈশ্বৰক যজ্ঞে যজি ভৈলা পূর্ণকাম।।
পৰম গতিক সোমদত্ত ৰাজা পাইলা।
তাহানে তনয় সুমতি নাম ভৈলা।।৯৩।।
ধৰ্ম্মত সুমতি সোমদত্তৰ তনয়।
তাহানে তনয় ভৈলা নামে জন্মেজয়।।
শুক নিগদতি ৰাজা শুনা মহাশয়।
মনুৰ তনয় দৃষ্ট তান বংশচয়।।৯৪৷৷
কিছু কিছু কৈলো মঞি সংক্ষেপ কৰিয়া।
শৰ্য্যাতিৰ বংশ কহো শুনা মন দিয়া।।
পৰম বৈষ্ণৱ ৰাজা শৰ্য্যাতি মহন্ত।
নিঃশেষ বেদৰ তাতপর্য্য জানিলন্ত।।৯৫৷৷
আঙ্গিস নামে ঋষি সত্ৰ আৰম্ভিলা।
দ্বিতীয় দিনৰ কাৰ্য্য তাক পাসৰিলা।।
তাহাক কহিলা তাৰসৱে পাইলা গতি।
মনুৰ তনয় যে শৰ্য্যাতি মহামতি।।৯৬৷৷
তাহান তনয়া ভৈলা নামত সুকন্যা।
কমলালোচনী ৰূপে গুণে আতি ধন্যা।
সুকন্যা সহিতে পাচে ৰাজা গৈলা বন।
গজ বাজী ৰথ অসংখ্যাত সেনাগণ।।৯৭।।
কতোক্ষণে পাইলা গৈয়া চ্যৱন আশ্রম।
ফল পুষ্প নানাবিধে দেখিতে উত্তম।।
নানা ৰস ভক্ষি নানাবিধ পক্ষীচয়।
আশ্ৰমত থাকি মহা আনন্দ কৰয়।।৯৮।।
সুকন্যা দেখিয়া মহা আনন্দিত ভৈলা।
সখীগণ সঙ্গে লৈয়া ক্ৰীড়িবাক লৈলা।।
নানাবিধ পুষ্পসৱ লৈয়া মহাৰঙ্গে।
তাহাৰ মাজত পশি সখীগণ সঙ্গে।।৯৯।।
এহিমতে বনে যেৱে ক্ৰীড়িয়া ফুৰন্ত।
কতোদূৰ হন্তে উইচুলা দেখিলন্ত।।
তাহাতে চ্যৱন ঋষি তপ আৰম্ভিলা।
ঈশ্বৰক চিন্তন্তে অনেক কাল গৈলা।।১০০৷৷
দেহাত মমত নাই ঈশ্বৰক পাইলা।
উই লাগি তান সৱে মাংস ছাল খাইলা।।
অস্থিৰ উপৰে তান মাটি তুলিলেক।
ঋষি বুলি তাঙ্ক কোনজনে জানিবেক।।১০১।।
শিৰ হস্ত পদ মুখ একোকে নেদেখি।
খদ্যোত আকাৰ মাত্র দুই আখি দেখি।
জোনকুৱা পোক বুলি তাহাক জানন্তি।
ঋষিচক্ষু নজানি কণ্টকে বিন্ধিলন্তি।।১০২।।
ঈশ্বৰৰ ইচ্ছা তাক কোনে বাধিবেক।
ঋষিৰ চক্ষুৰপৰা তেজ বহিলেক।।
সুকন্যা বেলন্ত ও শুনা সখীচয়।
খদ্যোতৰ পৰা দেখা কেনে তেজ বয়।।১০৩।।
আমাৰ ৰাজ্যত যত খদ্যোত আছয়।
তাহাকো বিন্ধিছো তাৰ তেজ নবহয়।।
এহিমতে আনন্দতে পিতৃপাশে গৈলা।
সকলে প্ৰজাৰ বায়ু নিৰোধন ভৈলা।।১০৪।।
যেন জলন্ধৰ ৰোগে পেট উসসিলা।
ৰাজঋষি শৰ্য্যাতিয়ো দুখক দেখিলা।।
সকলে প্রজাক ৰাজা বচন বুলিলা।
চ্যৱনৰ অপৰাধ কোনে আচৰিলা।।১০৫।।
প্রজায়ে বোলন্ত আমি কিছু নকৰিলো।
কিসক উসসে পেট এৱেসে মৰিলো।।
সুকন্যা কহিলা পাচে পিতৃৰ আগত।
শুনিয়োক তাত মঞি কৰিলো যিমত।।১০৬৷৷
উইচুলা মাজে মই খদ্যোত দেখিলো।
কণ্টকক লৈয়া পাচে তাহাকো ভেদিলো।।
বিস্তৰ শোণিত খদ্যোতৰপৰা বৈল।।
তেখনে উসসি পেট মৰা যেন ভৈল।।১০৭।।
দুহিতাৰ বচনক ৰাজায়ো শুনিলা।
ঋষি যৈতে আছে তৈকে আতি শীঘ্ৰে গৈলা।।
নানাবিধ স্তুতি নতি ঋষিক বুলিলা।
শুনিয়োক মহাঋষি মোৰ জীউ বালা।।১০৮৷৷
নজানি দুহিতা অপৰাধ আচৰিল।
ঋষিয়ো ৰাজাক চাই আশ্বাস কৰিল।।
তোমাৰ দুহিতা আন কতেক বৎসৰ।
কাহাত বিবাহ দিলা কোন আন বৰ।।১০৯।।
ৰাজায়ে বোলন্ত শুনা ঋষি মহাশয়।
ইটো মোৰ কন্যাৰ বিৱাহ নতু হয়।।
চ্যৱনৰ অভিপ্রায় বাজায়ো জানিলা।
সুকন্যা কন্যাক পাচে তান্তে বিহা দিলা।।১১০।।
ঋষিৰ শাপৰ হন্তে ভয় দূৰ ভৈলা।
তাহান্তে মেলানি মাগি নিজথানে গৈলা।।
সুকন্যা পাইলন্ত পাচে চ্যৱনক পতি।
কৰিলন্ত সেৱা তান্তে মহা শুদ্ধমতি।।১১১।।
ঋষিৰ মনক জানা পতিব্রতা শান্তী।
আন মন কৈলে শাপি ভস্ম কৰিবন্তি।।
এহিমতে সেৱাতে বহুত কাল গৈল।
সুকন্যাৰ সেৱাত ঋষিয়ে তুষ্ট ভৈল।।১১২।।
চ্যৱন আশ্রমে গৈলা অশ্বিনীকুমাৰ।
তাৰা দুইক দেখি ঋষি আনন্দ অপাৰ।।
দুইকো মহাঋষি পূজা আনন্দে কৰিয়া।
হে দেৱ দেৱ মোৰ বাক্যে দিয়ো হিয়া।।১১৩৷৷
বৃদ্ধ গুচাই তোৰা মোক যুৱা কৰিয়োক।
তোৰা দুইৰো মহাখ্যাতি লোকত থাকোক।।
বৈদ্য বুলি তোৰা দুইক যজ্ঞভাগ নেদে।
দেৱগণে তোমাসাৰ দুইৰো আশা ছেদে।।১১৪।।
যজ্ঞৰ ভাগক মঞি নিশ্চয়ে দিয়াইবো।
বৃদ্ধ গুচি যেৱে মঞি তৰুণ হুইবো।।
এহিমতে কল্পিয়োক তোৰা দেৱ দুই।
যিটো ৰূপ দেখি নাৰীসৱে মোহ হুই।।১১৫৷৷
ঋষিৰ বচন শুনি দুয়ো ৰঙ্গ ভৈলা।
সিদ্ধে নির্মি আছে হ্রদ তৈকে লাগি নিলা।।
অস্থি মাত্র দেখি তান সকলে শৰীৰে।
নুৱাৰন্ত বুৰ দিবে দেখি দুয়ো বীৰে।।১১৬।।
তাঙ্কো সঙ্গে লৈয়া ডুব দিলা তিনিজন।
তেতিক্ষণে ভৈলা মহা ৰূপ সুশোভন।।
কর্ণত কুণ্ডলে শোভে শিৰে বনমালা।
শৰীৰৰ কান্তি যেন অগনিৰ জ্বালা।।১১৭।।
তিনিৰো সমান ৰূপ বয়স আকাৰ।
হৃদৰ আসিলা উঠি আনন্দ অপাৰ।।
সুকন্যা বিস্ময় ভৈল তাসম্বক দেখি।
কোন তান স্বামী চান্ত নিৰেখি নিৰেখি।।১১৮।।
পতিব্রতা স্ত্রী জানা স্বামীসে জীৱন।
চিনিবাক নপাৰিয়া ভৈলা দুখ মন।।
অশ্বিনীকুমাৰ হেৰা পশিলো শৰণে।
মোৰ কোন স্বামী দুয়ো দেখায়ো এখনে।।১১৯।।
তোৰা দুই মোৰ পিতৃ জানিবা নিশ্চয়।
দুয়ো দেৱে শুনি ভৈলা আনন্দ হৃদয়।।
ধন্য ধন্য সতী তুমি সার্থক জন্মিলা।
পতিব্রতা ধৰ্ম্মে তুমি আমাকো তুষিলা।।১২০।।
এহি তযু পতি হেৰা দেখাইলোহো আমি।
কৰিয়োক সেৱা এন্তে মহাঋষি স্বামী।।
ঋষিত অনুজ্ঞা লৈয়া দুয়ো স্বর্গে গৈলা।
সুকন্যা স্বামীক পাই মহা তুষ্ট ভৈলা।।১২১।।
এদিনাতো কৰি শতগুণে সেৱিলাহা।
দুইৰো দুইত অনুক্ষণে স্নেহ বাঢ়িলাহা।।
যজ্ঞ কৰিবাক লাগি শৰ্য্যাতিৰ মন।
ৰথত চৰিয়া ৰাজা ভ্ৰমিলাহা বন।।১২২।।
চ্যৱনৰ আশ্ৰমক মহাৰঙ্গে গৈলা।
ঋষিৰ গৃহত পাচে পয়োসাৰ ভৈলা।।
দুহিতাৰ সঙ্গে দেখিলেক একজন।
সূৰ্য্যৰ সদৃশ কান্তি পুৰুষ শোভন।।১২৩৷৷
সুকন্যা আনন্দ ভৈলা পিতৃক দেখিয়া।
আথে বেথে নমিলাহা পিতৃক উঠিয়া।।
মনত আনন্দ নাই আশীর্বাদ দিলা।
সুকন্যাক চাহি ৰাজা বচন বুলিলা।।১২৪।।
শুনৰে সুকন্যা তই কি কাম কৰিলি।
চ্যৱনক এৰি অন্য স্বামীক ভজিলি।।
সুৰাসুৰে নমৈ যিটো ঋষিৰ চৰণ।
তাঙ্ক এৰি তোৰ আন পুৰুষক মন।।১২৫।।
বুঢ়া বুলি তই তাঙ্ক হেলাক কৰিলি।
আপুনিয়ো নষ্ট ভৈলি আমাকো নাশিলি।।
কেনমতে হেন মতি ভৈলেক তোহোৰ।
যেন পাপ ভৈল তাক কৈয়ো নপাঞ ওৰ।।১২৬।।
কুলৰ দূষণী ভৈলি আপুনি মৰিলি।
শুন নিলাজিনী যাৰ পাতক ভজিলি।।
অধোগতি গৈলি হৃদয়ত শাল থৈলি।
পিতৃকুল স্বামীকুল ৰসাতলে নিলি।।১২৭।।
এহিমতে নানাবাক্য বুলিলা ৰাজাই।
অল্পহাস্য কৰি কথা কৈলা সুকন্যাই।
শুনিয়োক পিতৃ মোক দোষ নেদিয়োক।
কষ্ট এৰিয়োক মন সুস্থ কৰিয়োক।।১২৮।।
এহি ঋষি চিনিয়োক আনন্দ হুয়োক।
যাক পূজি লোকসৱে গুচে ভয় শোক।।
পিতৃৰ আগত পাচে সকলে কহিলা।
অশ্বিনীকুমাৰে আন ৰূপদান দিলা।।১২৯।।
তাতেসে ভৈলন্ত মহা সুন্দৰ শৰীৰ।
ৰূপ দেখি মন মোহ হোৱয় নাৰীৰ।।
সুকন্যাৰ কথা শুনি আনন্দিত ভৈলা।
প্রেমে গদগদ বাক্যে আলিঙ্গি ধৰিলা।।১৩০৷৷
শুন আই নজানিয়া বুলিলো বচন।
মোক লাগি তই এৱে এৰ কষ্ট মন।।
ৰজা পাচে বুলিলন্ত ঋষিক বচন।
যজ্ঞ কৰিবাক লাগি কৰিছো যতন।।১৩১।।
যজ্ঞ কৰাইবাক লাগি আপুনি আসিয়ো।
তোমৰাৰ লগতে সুকন্যাক আনিয়ো।।
এহি বুলি মহাৰঙ্গে দুইকো লগে লৈলা।
কতোক্ষণে শৰ্য্যাতিৰ নগৰক পাইলা।।১৩২।।
নানাবিধ দ্রব্যচয় যজ্ঞৰ কাৰণে।
তেতিক্ষণে অনাইলাহা ৰাজা ৰঙ্গমনে।।
যাৰ যত ভাগ তাক পাতিলা চ্যৱনে।
কুশহস্ত ভৈল ৰাজা মহাৰঙ্গ মনে।।১৩৩৷৷
পূৰ্ব্বে ভাগ নতু পাৱে অশ্বিনী কুমাৰে।
যজ্ঞভাগ পাতিলাহা মহাঋষিবৰে।।
ইন্দ্রে দেখিলন্ত বৈদ্য দুইকো ভাগ দিলা।
হাতে বজ্ৰ ধৰি মহাক্রোধে খেদি গৈলা।।১৩৪।।
ঋষিক লাগিয়া বজ্ৰ মাৰিবাক চান্ত।
ইন্দ্ৰৰ ক্রোধক ঋষিৰাজে জানিলন্ত।।
ব্রাহ্মণক কাটি ইন্দ্র লাই পাইছস।
মোহোৰ হাতত আজি সেন্থৰে নযাস।।১৩৫।।
এহিমতে চিন্তি ঋষি বুলিলা বচন।
হাতে বজ্র ইন্দ্ৰ তোৰ লাগোক এখন।।
মহাক্রোধে ঋষি যেৱে বচন বুলিল।
চ্যৱনৰ বাক্যে বজ্ৰ হাততে লাগিল।।১৩৬।।
ভৈলেক নিঃশ্রীক ইন্দ্ৰ গুচিল প্রতাপ।
ফোফাৱয় মাত্র যেন দান্ত ভগা সাপ৷৷
কি কৰিব বজ্র এৱে হাতৰ নেৰায়।
বল দিয়া চাইলা তথাপিতো নপাৰয়।।১৩৭।।
চ্যৱনক পাচে স্তুতি অনেক কৰিলা।
চ্যৱনে বুলিলা বজ্ৰ হাতৰ এৰিলা।।
সেহি হন্তে অশ্বিনীকুমাৰে ভাগ পাইলা।
ভাগ লভি দুয়ো মহা আনন্দ লভিলা।।১৩৮।।
শুক নিগদতি শুনা অভিমন্যুসুত।
সুকন্যাৰ চৰিত্ৰ পৰম অদভুত।।
অল্প কৰি কহিলো বহল পৰিহৰি।
তনয়ৰ বংশ কহো শুনা মন কৰি।।১৩৯।।
শৰ্য্যাতি ৰাজাৰ তিনি পুত্র অনুপাম।
শুনিয়োক কহো মঞি ভিন্নে ভিন্নে নাম।।
উত্তানবৰহি আনৰ্ত্ত ভূৰিষেণ।
শৰ্য্যাতিৰ তিনি পুত্র ভৈলা ইন্দ্ৰ যেন।।১৪০।।
আনৰ্ত্তৰ পুত্ৰ ভৈল নামত ৰেৱত।
তাহান মহিমা কোনে কহিবে শকত।।
সমুদ্রৰ মাজে তেহে নগৰী নিৰ্ম্মিলা।
পৰম আনন্দে কুশস্থলী নাম থৈলা ৷৷১৪১৷৷
তাতে থাকি নানাবিধ ভোগক কৰিলা।
ৰেৱত ৰাজাৰ একশত পুত্র ভৈলা।।
সৱাৰো মাজত শ্রেষ্ঠ ককুদ্মী ভৈলন্ত।
ৰেৱতী কন্যাক যিটো ৰাজা আনিলন্ত।।১৪২৷৷
ককুদ্মীয়ে ৰেৱতীক লৈয়া গৈলা সঙ্গে।
কতোক্ষণে ব্রহ্মলোক পাইলা মহাৰঙ্গে।।
জীউৰ বৰৰ কথা পুছিবাক লাগি।
সেহিসে কাৰণে তৈকে গৈলা পুণ্যভাগী।।১৪৩৷৷
ব্ৰহ্মাৰ থানত শোক মোহ কিছু নাই।
ভৈলন্ত আনন্দ ৰাজা ব্রহ্মলোক পাই।।
আনৰ্ত্ত নামে এক গন্ধৰ্ব্বে গীত গাৱে।
ব্রহ্মাক নমিয়া ৰাজা ৰৈলা মৌনভাৱে।।১৪৪৷৷
গীত অৱসানে পাচে পুছিলা ব্ৰহ্মাত।
মোৰ ইটো দুহিতাক বিহা দিবো কাত।।
ৰাজাৰ বচন শুনি ব্রহ্মায়ে হাসিল।
শুনিয়োক ৰাজা যত যুগ বহি গৈলা।।১৪৫।।
আনন্দিত হুই আছা মনত নভৈল।
আমাৰ ক্ষণেকে সাতাইশ যুগ গৈল।।
যাক যাক মনে তুমি বাঞ্ছি আছা বৰ।
কালে সংহৰিলে সৱে গৈল যমঘৰ।।১৪৬৷৷
তযু পুত্র নাতি আৰ পৃথিৱীত নাই।
ইটো থানে থাকিবে তোমাৰ নুযুৱাই।।
পৃথিৱীক লাগি ৰাজা শীঘ্ৰে চলিয়োক।
ইটো কন্যা নিয়া বলদেৱক দিয়োক।।১৪৭।।
ঈশ্বৰৰ অংশ তেহে জানা হলধাৰী।
পৃথিৱীৰ ভাৰ সংহৰিলা দৈত্য মাৰি।।
যাৰ গুণ নাম স্মৰি তড়য় সংসাৰ।
তাহাৰ মহিমা মঞি কহি নপাঞ পাৰ।।১৪৮।।
ব্ৰহ্মাৰ বচন শুনি পাচে নৃপবৰ।
তৈৰপৰা পৃথিৱীক আসিলা সত্বৰ।।
আপোনাৰ নগৰত প্ৰৱেশিলা ৰাজা।
শূন্য থান দেখিলন্ত নাহিকন্ত প্রজা।।১৪৯৷৷
যক্ষৰ ভয়ত ভ্রাতৃগণ পলাইলন্ত।
তাক দেখি ৰাজা কিছু বিষণ্ণ ভৈলন্ত।।
ককুদ্মী নৃপতি দ্বাৰকাক চলি গৈলা।
সৰ্ব্বলোকে দেখিয়া বিস্ময় মন ভৈলা।।১৫০৷৷
বৃহত শৰীৰ তান দৃঢ় কলেৱৰ।
সঙ্গে কন্যাখানি লৈয়া যান্ত নৃপবৰ।।
ব্ৰহ্মাৰ আদেশে বলোদেৱক দিলন্ত।
তেতিক্ষণে বদৰিকাশ্ৰমক গৈলন্ত।।১৫১।।
যৈত নৰনাৰায়ণ আনন্দে আছন্ত।
তপ কৰি ৰাজা পাচে তৈতে ৰহিলন্ত।।
শুনা সভাসদ পদ ভাগৱত কথা।
ইহেন কালত কেনে কৰা জন্ম বৃথা।।১৫২।।
ৰামনাম লৈলে শীঘ্ৰে বৈকুণ্ঠক পায়।
হেন ৰামনাম কেনে নলৱে সদায়।।
হৰিনাম বিনে নাই সংসাৰ তড়ণ।
কৃষ্ণৰ চৰণে শীঘ্ৰে পশিয়ো শৰণ।।১৫৩।।
মহাপাপীগণো তড়ে যাৰ লৈলে নাম।
হেন নাম তেজি আৰো কৰা আন কাম।।
তপ জপ ধৰ্ম্ম মানে নামৰ কিঙ্কৰ।
নাম বিনে ধৰ্ম্ম আৰ নাহিকে অপৰ।।১৫৪৷৷
হে কৃষ্ণ প্রভু মঞি পশিলো শৰণে।
তযু বিনে গতি মোৰ নাহিকে মৰণে।।
বিষয় ব্যাধিত মোৰ হৰিল চেতন।
তযু পাদ পদ্ম মনে কৰোক স্মৰণ।।১৫৫।।
মঞি মহাপাপী আতি পুৰুষ দুর্জ্জন।
কালে ধৰি আছে তাক নাহিকয় মন।।
চুলত ধৰিয়া নিব ঘণ্টাক লাড়িয়া।
কেৱলে থাকিবো পৰি দান্তক তড়িয়া।।১৫৬।।
তুমি বিনে বান্ধৱ নেদেখো মঞি আন।
তোহ্মাত অপৰ দেৱ আছে কোন জন।।
হে কৃষ্ণ প্রভু মোৰ পূৰা মন কাম।
সামাজিক লোক ডাকি বোলা ৰাম ৰাম।।১৫৭।।
।।নাভাগ উপাখ্যান।।
।।দুলডী।।
শুক নিগদতি শুনিয়ো নৃপতি
শৰ্য্যাতিৰ বংশ থঞো।
নভগৰ পুত্ৰ ভৈলন্ত নাভাগ
তান কথা এৱে কঞো।।
ব্রহ্মচাৰী হুয়া নাভাগ গৈলন্ত
বেদ পঢ়িবাক লাগি।
বহুকাল ভৈলা বেদ অভ্যাসিলা
সিটো মহা পুণ্যভাগী।।১৫৮।।
গুৰুৰ গৃহত পঢ়িলা সতত
তেনে একচিত দিয়া।
শ্রেষ্ঠ ভাইগণ ভৈলন্ত পৃথক
অন্যো অন্যে বিভাগিয়া।।
কতো কালে বেদ পঢ়িয়া আসিলা
নাভাগ পৰম শান্ত।
যাক সম নাই পৃথিৱীত ৰাজা
পৰম শ্রেষ্ঠ মহন্ত।।১৫৯৷৷
নাভাগক দেখি নভগৰ আতি
পৰম আনন্দ মন।
নাভাগ কৰিলা পিতৃৰ চৰণে
পৰম স্নেহে বন্দন।।
শুনিয়োক পিতৃ মোৰ ভ্ৰাতৃগণ
পৃথক ভৈলেক দেখো।
মোক লগি কিবা ভাগ থৈয়াছন্ত
তযু হন্তে হেন লেখো।।১৬০৷৷
নভগে বোলন্ত শুনিয়োক বাপ
মোহোত কিছু নথৈল।
অন্যোঅন্যে সৱে বিভঞ্জিয়া দ্রব্য
আপুনি বেলেগ ভৈল।।
পিতৃৰ বচন শুনিয়া নাভাগ
শ্রেষ্ঠ ভ্রাতৃ সকলত।
মোক লাগি যিবা দ্রব্য থৈয়া আছা
দেখো মঞি কেনমত।।১৬১।।
হেন শুনি সৱে বচন বুলিলা
শুনিয়ো কনিষ্ঠ ভাই।
তোমাক লাগিয়া যি কিছু থৈয়াছে
লৈয়োক পিতৃৰ ঠাই।।
নাভাগে বোলন্ত শুনিয়োক পিতৃ
তযু হস্তে দ্রব্য আছে।
পুত্ৰৰ বচন শুনিয়া নভগ
হাসি মাতিলন্ত পাচে।।১৬২।।
মিছা বোলে বাপু শুনিয়োক এৱে
নযাইবি তাত সঞ্জাত।
মোত কিছু দ্ৰব্য নথৱয় তাৰা
সৱেয়ো জানা সাক্ষাত।।
পিতৃৰ বচন শুনিয়া নাভাগ
ভ্রাতৃত গৈয়া পুছিলা।
শুনা ভাই তুমি নাছিলা কাৰণে
আমি সৱে পাসৰিলা।।১৬৩৷৷
এৱে দ্রব্য নাই শুনা অভিপ্রায়
সৱেয়ো দিলো পিতৃক।
হেন বাণী শুনি নাভাগে বুলিলা
আৰ কথা কৱা কিক।।
পিতৃয়ে বোলন্ত শুনিয়োক বাপু
মনত কৰা হৰিষ।
মোত ধন নাই কহিবো উপায়
ধন পাইবা বিসদৃশ।।১৬৪।।
.........
।।ছবি।।
আঙ্গিৰস নামে ঋষি সকলেয়ো মোহ ভৈল
যজ্ঞৰ মন্ত্রক পাসৰাহা।।
ষষ্ঠ দিন অনন্তৰে পাসৰন্ত ঋষিসৱে
তুমি আৱে শীঘ্ৰে চলি যাহা৷৷
তাসম্বাৰ যজ্ঞ বাপু তুমি গৈয়া সাঙ্গ কৰা
তাৰসৱে স্বর্গে যাইব লড়ি।
সুৱৰ্ণৰ যত যত আনো দ্রব্য নানামত
থাকিবেক সেহিমতে পৰি৷১৬৫৷৷
পিতৃৰ বচন পাচে শুনিয়া নাভাগ ৰাজা
মহাবেগে গৈলা তৈকে চলি।
কতোদূৰ আছা যান্তে দেখিলা দূৰৰ হন্তে
মহা অদভুত যজ্ঞস্থলী।।
তাহাত প্রৱেশ ভৈল মন্ত্রৰ সম্ভেদ কৈল
ঋষিসৱে আনন্দিত ভৈল।
যজ্ঞশেষ দ্রব্যমানে ৰঙ্গে দিয়া তেতিক্ষণে
মহাৰঙ্গে স্বর্গে চলি গৈল।।১৬৬৷৷
নাভাগে দেখন্ত পাচে যজ্ঞশেষ দ্রব্য আছে
একথান কৰিবে লাগিল।
উত্তৰ দিশৰপৰা কৃষ্ণবর্ণ পুৰুষেক
তেহে দ্রব্য আনিতে নেদিল।।
মোৰ ইটো দ্রব্যচয় শুনা তুমি মহাশয়
ইহাৰ আশাক তেজিয়োক।
নাভাগে বোলন্ত শুনি কৈতনো আছিলা তুমি
ঋষিসৱে দিলা দ্রব্য মোক।।১৬৭৷৷
তান এহি বাণী শুনি মহেশে বোলন্ত গুণি
শুনিয়োক নভগ তনয়।
ইটো যাৰ দ্ৰব্যচয় তোমাৰ পিতৃত পুছা
মঞি বাক্য বুলিলো নিশ্চয়।।
তোমাৰ পিতৃক জানা মানিলোহো সাক্ষী মঞি
এহি বাক্য বুলি মৌন ভৈলা।
নাভাগে বোলন্ত আৱে পুছিয়া আসোহো মঞি
এহি বুলি শীঘ্ৰে চলি গৈলা।।১৬৮।।
নাভাগে বোলন্ত বাণী শুনিয়োক পিতৃ মোৰ
যজ্ঞশেষ ঋষিসৱে দিলা।
উত্তৰ দিশৰ হন্তে কৃষ্ণবর্ণ পুৰুষেকে
তেহে দ্রব্য আনিতে নেদিলা।।
তেহো বোলে বস্তু মোৰ মঞি বোলো মোৰ ইটো
এহিমতে বিবাদ মিলিল।
তোমাৰ পিতৃত পুছা যাৰ হুইব সেহি নিব
এহি বুলি মোক আদেশিল।।১৬৯।।
নভগে বোলয় শুন তনয় মোহোৰ আৱে
যেন কথা ভৈলেক পূৰ্ব্বত।
মহেশক যজ্ঞ ভাগ নেদিলেক দক্ষে যেৱে
সতী প্রাণ তেজিলা ক্ৰোধত।।
মহেশ শুনিলা তাক পাচে সৱে দেৱজাক
বীৰভদ্রে যজ্ঞ ভণ্ড কৈল।
ব্রহ্মাদেৱ সমে পাচে স্তুতি কৰি মহেশক
ক্রোধ গুচি মন শান্ত ভৈল।।১৭০।।
সেহি বেলা ব্রহ্মাদেৱে বচন বুলিলা তাঙ্ক
যজ্ঞৰ ভাগুক পাইবা তুমি।
অৱশেষ দ্রব্যমানে তাকো দিব বিদ্যমানে
এহিবাক্যে বুলিলোহো আমি।।
শুনিয়োক পুত্ৰ তই বচন বোলোহো মঞি
তই নিচিনিলি মহেশক।
শীঘ্ৰে চলি যাৱা তুমি যৈত আছে যজ্ঞভূমি
এহিমতে বুলিলা পুত্ৰক।।১৭১৷৷
নাভাগে প্রণাম কৰি মহেশক বুলিলন্ত
যত কৈলা সকলে নিশ্চয়।
ইটো অৱশেষ কোন সকলৰ অধিকাৰ
কহিলন্ত পিতৃ মহাশয়।।
নজানিয়া প্রভু মঞি তোহ্মাৰ বস্তুক গ্রাস
কৰিলোহো আক ক্ষমিয়োক।
যত চৰাচৰ সৃষ্টি সংহাৰাহা প্রলয়ত
যাৰ ক্ৰীড়াভাণ্ড ভৈল লোক।।১৭২।।
এহি বাক্য শুনি পাচে শঙ্কৰে বুলিলা তাঙ্ক
ধন্য ধন্য নভগ তনয়।
পিতা পুত্ৰ ধৰ্ম্মৰত মিছা নুবুলিলা মোত
সত্যবাণী কৈলা মহাশয়।।
তোমাৰ বচনে মোক তুষ্ট কৰাইলাহা শুনা
দিলো ব্ৰহ্মজ্ঞান সিয়ো হৌক।
যজ্ঞশেষ দ্রব্যচয় বহু ধন ৰত্নময়
তযু গৃহে সত্বৰে নিয়োক।।১৭৩৷৷
এহি বাক্য বুলি হৰ তৈতে ভৈলা অন্তর্ধান
ভগৱন্ত ভকত বৎসল।
ব্রহ্মবিদ্যা পায়া ৰঙ্গে নিঃশেষ ধনক লৈয়া
গৃহক গৈলন্ত মহাবল।।
এহি কথা যিটো শুনে স্মৰৈ বা মনত গুণে
প্রভাতত সন্ধ্যা সময়ত।
মহাকবি হৱৈ সিটো জ্ঞানক লভিয়া পাচে
অন্তকালে পাৱে ব্রহ্মতত্ত্ব।।১৭৪।।
............
৷৷দুলড়ী৷৷
শুনা সভাসদ মহা ভাগৱত
মহন্তৰ কেনে মতি।
সত্যবাণী এৰি অসত্য নোবেলে
লৈয়োক সাক্ষী সম্প্রতি।।
নাভাগে পুছিলা নভগে কহিলা
পুত্ৰতো মিছা নোবোলা।
হেন জানি লোক সত্য নেড়িয়োক
সদা সত্যবাণী বোলা।।১৭৫৷৷
কৃষ্ণৰ চৰণে কৰিয়োক সত্য
তেৱেসে সংসাৰ তড়ি।
পৰম আনন্দে মায়াক নিস্তৰি
চলিয়ো বৈকুণ্ঠ পুৰী।।
কৃষ্ণ হেন নাম মুখত নেৰিবা
হৃদয়ে কৃষ্ণৰ ৰূপ।
তেৱে সত্য কহো অন্তকালে পাইবা
মহাচতুর্ভুজ ৰূপ।।১৭৬৷৷
নমো নমো হৰি কৰুণা সাগৰ
পৰম মঞি পাতকী।
গুচায়োক মায়া কৰিয়োক দায়া
অধম মঞি নাৰকী।
যত ধন জন সম্যকে সপোন
আত নপৰোক মন।
কায় বাক্য মনে তোহ্মাৰ চৰণে
লৈলোহো হেৰা শৰণ।।১৭৭৷৷
পতিত পাতকী জনক নিস্তাৰ
কৰি আছা দায়া সিন্ধু।
মঞি মহাপাপী কৰো হৃদিতাপ
তাড়িয়ো জগত বন্ধু।।
তযু গুণ নাম মুখত থাকোক
হৃদয়ে ৰূপ নেড়োক।
বোলা ৰাম ৰাম তেজি আন কাম
সৱাৰে মুকুতি হৌক।।১৭৮।।
........
৷৷অম্বৰীষ-উপাখ্যান।।
।।পদ।।
শুক নিদগতি ৰাজা শুনা মহাশয়।
নাভাগৰ অম্বৰীষ ভৈলন্ত তনয়।।
তাহান মহিমা মঞি কি কৈবো তোমাত।
ঋষিৰ শাপেয়ো ক্ষমা নভৈলেক যাত।।১৭৯৷৷
হেন শুনি ৰাজা পাচে পুছিলা শুকত।
কৈয়ো কথা গুৰু ইটো মহা অদভুত।।
নোৱাৰিলা ঋষিশাপে কিছু কৰিবাক।
শুনিবাক ইচ্ছা অম্বৰীষৰ কথাক।।১৮০৷৷
ৰাজাৰ বচন শুনি শুকে বুলিলন্ত।
সাতোদ্বীপা পৃথিৱীক তেন্তে পালিলন্ত।।
ইন্দ্ৰতো অধিক ৰাজা শ্ৰীমন্ত ভৈলন্ত।
মুহিবাক নপাৰিলা ৰাজা মহাশান্ত।।১৮১।।
স্বপ্ন সম মানিলন্ত ৰাজা সদা মনে।
নৰকৰ দ্বাৰ আক মানৈ মহাজনে।।
ভগৱন্ত বাসুদেৱে কৰিলা ভকতি।
বৈষ্ণৱসৱত ৰাজা কৰা সদা প্রীতি।।১৮২৷৷
ঈশ্বৰৰ ভকতিয়ে নৃপ মহাশয়।
আতি তুচ্ছ ইটো বিশ্ব দেখা মায়াময়।।
ইন্দ্ৰিয়ৰ বৃত্তি মানে ঈশ্বৰত দিল।
এহিমতে ৰাজা সৱে বয়সক নিল।।১৮৩৷৷
কৃষ্ণপাদপদ্ম মাত্র স্মৰিলন্ত মনে।
ঈশ্বৰৰ গুণ নাম বর্ণাইলা বচনে।।
হস্ত দুই ঈশ্বৰৰ গৃহক মার্জ্জিলা।
কর্ণে সদা শুনিলন্ত ভগৱন্ত লীলা।।১৮৪।।
মুকুন্দৰ থান দেখি আছিলা নয়নে।
সদায় চাহান্ত ৰাজা আনন্দিত মনে।।
বৈষ্ণৱক আলিঙ্গিলা সদা মহাশয়।
তাসম্বাৰ পৰশে ৰোমাঞ্চ দেহা হয়।।১৮৫৷৷
কৃষ্ণ পাদপদ্ম লগ্ন যিটো তুলসীৰ।
তাহাৰ গন্ধক মাত্ৰ লৈলা মহাবীৰ।।
নিৱেদিয়া ঈশ্বৰত অন্ন আদি যত।
তাহাকেসে ভুঞ্জিলাহা ৰাজায়ে সতত।১৮৬।।
ঈশ্বৰৰ ক্ষেত্রে পদে কৰিলা গমন।
শিৰে কৃষ্ণপদ সদা কৰিলা বন্দন।।
চন্দনাদি ভোগ্য ৰাজা কৰিলা সদায়।
ঈশ্বৰৰ সেৱা হোৱে যিমত উপায়।।১৮৭।
কামনা পূৰ্ব্বকে তাক ভোগ্য নকৰিলা।
নিঃশেষ দ্রব্যক ঈশ্বৰত নিৱেদিলা।।
যেনমতে বৈষ্ণৱ সহিতে হোৱে প্রীতি।
নানাভাৱে কৃষ্ণপাৱে কৰিলা ভকতি।।১৮৮।।
সমস্তে কৰ্ম্মক ঈশ্বৰক সমর্পিলা।
এহিমতে মহাৰাজা পৃথিৱী পালিলা।।
অশ্বমেধ যজ্ঞে ঈশ্বৰক যজিলন্ত।
নিঃশেষ ভাণ্ডাৰ ৰাজা দক্ষিণা দিলন্ত।।১৮৯৷৷
বশিষ্ঠ গৌতম অসিতাদি ঋষিচয়।
দক্ষিণাক পায়া ভৈল আনন্দ হৃদয়।।
প্রতিলোম ৰূপে যৈত সৰস্বতী বন্ত।
তহিতে ৰাজায়ো যজ্ঞ সাঙ্গ কৰিলন্ত।।১৯০৷৷
তাহান ৰাজ্যৰ যত আছে প্রজাগণ।
দেৱতো অধিক দেখি পুৰুষ শোভন।।
নানাবিধ অলঙ্কাৰে তনু জাতিষ্কাৰ।
একক দেখিয় যেন দেৱৰ কুমাৰ।।১৯১।।
যাহাৰ থানৰ প্রজা স্বর্গকো নোখোজে।
মুকুন্দৰ পাদপদ্ম সদা মাত্র ভজে।।
হৰিকথা ৰসে আতি সৱাৰে জীৱন।
ঈশ্বৰ মূৰ্ত্তিক সৱে পান্ত দৰশন।।১৯২।।
এতেকেসে স্বর্গসুখ নোখোজে সদায়।
মোক্ষপদ আদি কৰি তাকো বাঞ্ছা নাই।।
সিদ্ধিৰ দুৰ্ল্লভ ভাৱ পাইলা সৰ্ব্বলোক।
নাই ক্ষুধা তৃষ্ণা নপাইলেক ভয় শোক।।১৯৩৷৷
ৰাজাৰ ৰাজ্যত প্রজাসৱ এহিমত।
তাসম্বাৰ মহিমাক কৈবো মঞি কত৷৷
প্রজাসকলৰ কথা এহিমানে থঞো।
অম্বৰীষে যি কৰিলা তাক কিছু কঞো।।১৯৪৷৷
এহিমতে মহাৰাজা ভকতি কৰিলা।
স্বধৰ্ম্মে হৰিক যজি প্রীতি আতি পাইলা৷৷
কিছো কিছো কৰি বিষয়ক এৰি যান্ত।
কৃষ্ণচৰণত মতি সদায় দিলন্ত।।১৯৫৷৷
গৃহ পুত্র দাৰা বন্ধু সুহৃদ যতেক।
গজ বাজী ৰথ সেনা আছয় অনেক৷৷
অনেক অমূল্য ৰত্ন আছয় ৰাজ্যত।
নানাবিধ ৰত্নচয় আছে অসংখ্যাত।।১৯৬।।
অনন্ত ভাণ্ডাৰসৱ আছয় ৰাজ্যত।
তথাপিতো মতি তাত নাহিকে সাক্ষাত।।
এতেকক মনে ৰাজা দেখে বিষ্ঠা প্রায়।
কৃষ্ণৰ চৰণ মাত্র চিন্তন্ত সদায়।।১৯৭৷৷
বুলিবাহা সাতোদ্বীপা পৃথিৱীৰ ৰাজা।
কেনমতে তেন্তে সৱে পালিলন্ত প্রজা।।
ৰাত্রিদিনে তান মাত্র ঈশ্বৰত মন।
জানিলো শত্ৰুৱে পীড়িবেক প্রজাগণ।।১৯৮৷৷
ৰাজাৰ ভক্তিত তুষ্ট ভৈলা ভগৱন্ত।
আপোনাৰ চক্র পাচে তাহাঙ্ক দিলন্ত।।
সাভোদ্বীপা পৃথিৱীক চক্রেসে পালিলা।
যত শত্রু আছে মানে চক্রে সংহৰিলা।।১৯৯।।
ৰক্ষাকর্ত্তা ভৈলা চক্র সমস্তে প্রজাৰ।
তাহান ৰাজ্যত নাই শত্ৰুৰ সঞ্চাৰ।।
বিষয়ত বৈৰাগ্য যে তাহাক দেখাইলো।
ঈশ্বৰত মহাভক্ত তাকো মঞি কৈলো।।২০০৷৷
শুক নিগদতি ৰাজা শুনিয়োক আৱে।
এহিমতে ভকতি কৰন্ত ৰাজা যেৱে।।
মহিষী সহিতে ৰাজা ব্ৰত আৰম্ভিলা।
দ্বাদশী ব্রতক এক বৎসৰে কৰিলা।।২০১।।
কৃষ্ণপাদ পদ্মমাত্র চিন্তন্ত সদায়।
ইন্দ্ৰিয়ৰ প্ৰীতি আন বিষয়ত নাই।।
কার্ত্তিক মাসত ব্ৰত সাঙ্গ কৰিলন্ত।
তিনিদিনমানে উপবাসে ৰহিলন্ত।।২০২।।
কালিন্দী হ্রদত ৰাজা স্নান কৰিলন্ত।
মধুবনে ঈশ্বৰক নৃপে পূজিলন্ত।।
মহাশান্তমতি তেহে পৰম মহন্ত।
প্রজাক পালন্ত ৰাজা ভকতি কৰন্ত।।২০৩।।
এহিমতে ৰাজা ঈশ্বৰক যজিলন্ত।
ব্রাহ্মণসৱাৰ পাৱে পাচে নমিলন্ত।।
নমস্কাৰ কৰিয়া বিপ্রক দান দিলা।
সুৱৰ্ণৰ শৃঙ্গ খুড়া ৰজতে বান্ধিলা।।২০৪।।
এহিৰূপ কৰি ষাঠি কোটি ধেনু দিলা।
ব্রাহ্মণসকলে তাক আনন্দেসে নিলা।।
বিপ্ৰসকলক ৰাজা ভোজন কৰাইল।
বস্ত্র অলঙ্কাৰ দিয়া সৱাকো তুষিল।।২০৫।।
তুষ্ট হুয়া বিপ্রগণে বুলিলা বচন।
পাৰণাক লাগি ৰাজা কৰিয়ো যতন।
ব্রাহ্মণসৱৰ আজ্ঞা ৰাজায়ে পাইলন্ত।
ভোজন কৰিব লাগি নৃপে যেৱে চান্ত।।২০৬।।
সেহি সময়তে আসি দুর্ব্বাসা মিলিল।
তাঙ্ক দেখি অম্বৰীষ হৰিষে উঠিল।।
বসিবাক ৰাজা যেৱে আসন দিলন্ত।
আনন্দিত হুয়া ঋষি তাতে বসিলন্ত।।২০৭।।
ষড়াৰ্ঘ্যে ঋষিক ৰাজা পূজা কৰিলন্ত।
দণ্ডৱতে চৰণত পৰি নমিলন্ত।।
চৰণত ধৰো ঋষি আপুনি উঠিয়ো।
আমাৰ গৃহত আসি ভোজন কৰিয়ো।।২০৮।।
দুর্ব্বাসা বোলন্ত ৰাজা শুনা মহাশয়।
অৱশ্যেকে কৰ্ম্ম মোৰ কৰিতে লাগয়।।
মধ্যাহ্ন কালৰ কৰ্ম্ম এখনে কৰিবো।
থাকিয়োক মহাৰাজা পাচত আসিবো।।২০৯।।
এহি বুলি ঋষি কালিন্দীৰ জলে গৈয়া।
ব্রহ্মক কৰিলা ধ্যান তাতে বুৰ দিয়া।।
দুৰ্ব্বাৰ কথা আৱে এহিমানে থঞো।
অম্বৰীষে যি কৰিলা তাৰ কথা কঞো।।২১০৷৷
ঋষিক পঠাই যেৱে আছা মহাশয়।
অৰ্দ্ধ দণ্ডমানে মাত্র দ্বাদশী আছয়।।
হেন দেখি ৰাজা পাচে ভৈলন্ত বিমন।
ব্রাহ্মণক বুলি আছো কৰিতে ভোজন।।২১১।।
ব্রাহ্মণক তেজি যদি কৰোহো ভোজন।
অধৰ্ম্ম সিজিব তেৱে হৈব ক্রোধ মন।।
ভোজন নকৰো যদি হোৱে ব্ৰত নষ্ট।
এহি চিন্তি ৰাজাৰ মনত মহাকষ্ট।।২১২।।
উভয় সঙ্কট দেখি নৃপতি বিমন।
শুনিয়োক ঋষিসৱ মোহোৰ বচন।।
ব্রাহ্মণক অতিক্রম যেনমতে নয়।
দ্বাদশীৰ ব্ৰত সাঙ্গ যিমতে হোৱয়।।২১৩৷৷
অধৰ্ম্মে নপাৱে আৱে যেনমতে মোক।
সেহি কথা মোত ঋষিসৱে কহিয়োক।।
অন্যোঅন্যে ঋষিসৱে বুলিলা ৰাজাক।
শুনিয়োক ৰাজঋষি আমাৰ কথাক।।২১৪।।
কেৱলে জলক তুমি কৰিয়ো পাৰণা।
ভোজন নুহিবে আপুনিও মনে গুণা।।
ব্রত সাঙ্গ হুই জানা জলক ভুঞ্জিলে।
আউৰ একেক্ষণে আসি ত্রয়োদশী মিলে।।২১৫।
ঋষিসকলৰ বাক্য ৰাজা শুনিলন্ত।
মহা শুদ্ধ হুয়া ৰাজা জল ভুঞ্জিলন্ত।।
অচ্যুতৰ চৰণক সততে চিন্তন্ত।
ঈশ্বৰৰ মূৰ্ত্তি ৰাজা হৃদয়ে নেড়ন্ত।।২১৬।।
ব্রাহ্মণক বাট চাই মহাৰাজা ৰৈলা।
শুনিয়োক কুৰুশ্রেষ্ঠ যেন কথা ভৈলা।।
দুর্ব্বাসাৰ সাঙ্গ ভৈল নিত্যকৃত্যচয়।
কালিন্দী জলৰ উঠিলন্ত মহাশয়।।২১৭৷৷
যমুনা কূলৰপৰা ঋষি আসিলন্ত।
অম্বৰীষ মহানৃপে তাঙ্ক দেখিলন্ত।।
পাৱে নমস্কাৰ কৰিলন্ত জানুশিৰে।
কৃতাঞ্জলি হুয়া নম্ৰে ৰৈলা মহাবীৰে।।২১৮।।
শুনা সভাসদ মহা যুগুতি বচন।
কৃষ্ণৰ নামক মাত্র কৰিয়ো যতন।।
সাধু সঙ্গ লৈয়া শুনিয়োক হৰিকথা।
ইহেন মনুষ্য জন্ম নকৰিয়ো বৃথা।।২১৯।
পুত্র দাৰা ধন জন আতে কৰা আশ।
যমদুতে বান্ধি নিব তাক নাহি ত্রাস।।
বিষ্ঠাৰ গৰ্ভত পেইবেক ওভোতাই।
বিন্ধিবেক জিহ্বাক তপত শলা বাই।।২২০৷৷
যিটো মুখে নুবুলিলা ৰাম কৃষ্ণ হৰি।
চৱৰতে দান্ত সৰাইবেক দূতে ধৰি।।
নানা পাপ আচৰিলা ঐত মহাৰঙ্গে।
যমদূতে কোবাইবে লোহাৰ ডাঙ্গে খঙ্গে।।২২১।।
নমো নমো হে কৃষ্ণ মঞি দুৰাশয়।
কিঞ্চিতেক কৃপা মোক কৰা কৃপাময়।।
তযু ৰূপ হৃদয়ে থাকোক মুখে নাম।
তেৱেসে নিস্তাৰো ডাকি বোলা ৰাম ৰাম।।২২২।।
........
।।দুৰ্ব্বাসা-অম্বৰীষ উপাখ্যান।।
।।ঝুমুৰী।।
ঋষি পাচে দেখিলন্ত।
নৃপতিয়ে ভুঞ্জিলন্ত।।
চিত্তত নাহিকে শান্ত।
মহা কোপ কৰি চান্ত।।২২৩৷৷
তেলীয়াৰ যেন জান্ত।
ঋষিয়ে চোবান্ত দান্ত।।
ঘনে ঘনে ফোকাৰন্ত।
ক্রোধ হাসি তুলিলন্ত।।২২৪।।
ভ্রুকুটি কুটিল মুখ।
মনত মিলিল দুখ।।
তাহান দেখিয়া মুখ।
কাহাৰো নাহিকে সুখ।।২২৫।।।
কাম্পয় সকলে গাৱ।
যেন লাগি মহাবাৱ।।
তাহান দেখিয়া ভাৱ।
নাহি কাৰো ৰাৱ বাৱ।।২২৬৷৷
ক্ষুধায় পীড়িত হুয়া।
বুলিলা সভাক চায়া।।
মোৰ বাক্যে মন দিয়া।
নিদাৰুণ আৰ হিয়া।।২২৭।।
মোক নিমন্ত্রণ দিয়া।
আগে আছে ইটো খায়া।।
সৱে ধৰ্ম্ম এৰিলেক।
অধৰ্ম্মক কৰিলেক।।২২৮৷৷
আপুনাক বৰ দেখে।
অল্প কৰি মোক লেখে।।
গর্ব্বে আসি নেদেখয়।
কেনমতে হৃদি সয়।।২২৯ ||
ভকত বোলাৱে ইটো।
ব্রাহ্মণক হেলে যিটো।।
বৈষ্ণৱৰ নুহি মত।
ইটো কৰে যত যত।।২৩০।
অতিথিক এৰি খায়।
শুনি আছা কোন ঠাই।।
ধন জন আতি পাই।
মহাগৰ্ব্ব বাঢ়ি যায়।।২৩১।।
জানে যেৱে ইটো খাইবে।
মোক বোলে কিয় তেৱে।।
আৰ ফল দিবো এৱে।
মোৰ হাতে কৈক যাইবে।।২৩২৷৷
জাজ্বল্য অগনি প্রায়।
চাহিবাক শক্য নাই।।
ক্রোধ আতি বাঢ়ি যায়।
অগনিৰ শিখা প্রায়।।২৩৩৷৷
খঙ্গে চক্ষু ফুৰাৱন্ত।
সৱে লোকে পলাৱন্ত।।
ভোজনৰ আশা ভঙ্গে।
ৰাজাক মাতিলা খঙ্গে।।২৩৪।।।
শুন অৰে অম্বৰীষ।
তোৰ কৰ্ম্ম দুৰ্ম্মৰিষ।।
মোৰ শাপ পৰচণ্ড।
পাৰ তই আক খণ্ড।।২৩৫৷৷
ঋষি ক্রোধে উঠিলন্ত।
জটা এক ছিণ্ডিলন্ত।।
দশোদিশ প্রকাশিয়া।
প্রজ্বলিত অগ্নি হুয়া।।২৩৬।।
প্রলয়ৰ অগ্নিসম।
যেন কালান্তক যম।।
দেহা জ্বলৈ নিৰুপম।
তাহাকো নাহিকে সম।।২৩৭।।
হাতে তীক্ষ্ণ খাণ্ডা ধৰি।।
চলি যাই শীঘ্ৰ কৰি।।
কাম্পে ভূমি ভৰি ভৰি।
চায়া আছে লোকে ডৰি।।২৩৮।
দেখিলন্ত অম্বৰীষে।
কৃত্যানলে খেদি আসে।।
তৈৰ পৰা নুঠিলন্ত।
কৃষ্ণৰূপ চিন্তিলন্ত৷৷২৩৯৷৷
দেখিলেক সৰ্ব্বলোক।
পাইলে মহা ভয় শোক।।
মহাৰাজা নষ্ট হোন্ত।
শোকে লোক কান্দিলন্ত।।২৪০।।
শুনা সভাসদগণ।
কথাত দিয়োক মন।।
ভক্তি কৰৈ যিটো নৰ।
কাহাকো নকৰৈ ডৰ।।২৪১৷৷
সাক্ষী ভৈলা অম্বৰীষে।
শুনা কথা অহর্নিশে।।
দুর্ব্বাসায়ে শাপ দিল।
ভীতি কিছু নুপজিল।।২৪২৷৷
কৃষ্ণতেসে তান মন।।
কি কৰিব বিঘ্নিগণ।।
জানি হৰি ভজিয়োক।
সমজ্যাৰ যত লোক।।২৪৩৷৷
মোক ক্রোধ নকৰিবা।
শাস্ত্ৰতো আকেসে পাইবা।।
কহয় কেশৱ দাস।
কৃষ্ণতেসে তান আশ।।২৪৪।।
ছাড়ি এৱে আন কাম।
গলত বান্ধিয়ো নাম।।
সমজ্যাৰ যত জন।
ৰাম বোলা ঘনে ঘন।।২৪৫।।
........
।।দুর্ব্বাসাৰ দৰ্পখৰ্ব্ব।
।।পদ।।
শুক নিগদতি ৰাজা শুনা এৱে পাচে।
কৃত্যানলে খেদি আসে অম্বৰীষ কাছে।।
ভকতৰ ৰক্ষাৰ নিমিত্তে ভগৱন্ত।
আপোনাৰ অস্ত্ৰক ঈশ্বৰে দিয়াছন্ত।।২৪৬।।
চক্রে দেখিলন্ত অম্বৰীষক দহয়।
আথে বেথে আসনৰ উঠি মহাশয়।।
মহাকোপে গৈয়া কৃত্যানলক পাইলন্ত।
যেন মহা অগ্নি সর্পগোট দহিলন্ত।।২৪৭।।
ভস্ম কৰি কৃত্যানল চক্র মহাশয়।
এক কোটি সূৰ্য্য সম শৰীৰ জ্বলয়।।
প্ৰলয় কালৰ যেন দ্বাদশ আদিত্য।
প্রজা সংহাৰিবে লাগি ভৈলন্ত বিদিত।।২৪৮৷৷
হেন ৰূপ হুয়া চক্ৰ কৰিলা প্রকাশ।
যাহাৰ প্রকাশে প্রকাশয় দিশপাশ।।
তাহান তেজক কোনে পাৰয় চাহিত।
চক্ষুক জপাই সৱে পৰিল ভূমিত।।২৪৯।
দুৰ্ব্বসায়ে দেখিলন্ত কৃত্যা নষ্ট ভৈল।
মহাভয়ে ঋষি পাচে পলাইক লৈল।।
প্রাণ ৰাখিবাৰ কাজে ঋষি পলাই যান্ত।
মাধৱৰ চক্রে পাচে তাঙ্ক দেখিলন্ত।।২৫০।।
তাহান পাচত চক্র বেগে খেদি গৈলা।
হেন দেখি ঋষিৰাজ মহাভয় ভৈলা।।
যেন মহা অগনিয়ে সর্পক খেদয়।
সেহিমতে পলাই যান্ত ঋষি আতিশয়।।২৫১।।
যৈকে যাৱৈ দুৰ্ব্বাসায় চক্র তৈকে যান্ত।
পলাইবাৰ আন একো উপায় নপান্ত।।
চক্রে তাপ দেন্ত গাত শীঘ্ৰে চলি যান্ত।
দুখে ফোকান্ত আতি তৱধ ভৈলন্ত।।২৫২।।
শুখাইলন্ত আন্ত পেট পীড়িত ভৈলন্ত।
চক্রে লাগ নেড়ন্ত পাচতে খেদি যান্ত।।
শুখাই আতি আন্ত ঋষি পথত পৰন্ত।
বস্ত্র সোলকন্ত জটা মাটিত লোটন্ত।।২৫৩।।
পৰ্ব্বতক যান্ত ঋষি গহ্বৰে পৈশন্ত।
চক্রে তাপ দেন্ত গাৱে তৈতো নেৰাৱন্ত।।
দশোদিশে পলাৱন্ত কাম্পন্ত জাম্পন্ত।
নাহি মন শান্ত চক্রে তাপ মহা দেন্ত।।২৫৪।।
সাগৰত পশিলন্ত চক্রো পাচে যান্ত।
সাগৰৰ উঠিলন্ত স্বৰ্গক গৈলন্ত।।
যৈকে যাই তৈকে চক্র পাচক নেড়ন্ত।
চেঞ্চাপোৰা ভৈলা গাৱ দুখ লভিলন্ত।।২৫৫৷৷
মনে গুণি ঋষি পাচে সত্যলোকে গৈলা।
ব্ৰহ্মাৰ পাৱত শীঘ্ৰে শৰণক লৈলা।।
পিতামহ এৱে মোক কৰিয়ো ৰক্ষণ।
মাধৱৰ চক্রে মোক কৰন্ত দহন।।২৫৬।।
হেন শুনি ব্রহ্মা পাচে বুলিলা বচন।
মোহোৰ বাক্যত ঋষি কৰিয়োক মন।।
দেখা ইটো স্থান মোৰ বুলি সত্যলোক।
যাত প্ৰৱেশিলে একো নাহি ভয় শোক।।২৫৭।।
শতেক বৎসৰ জানা পৰমায়ু মোৰ।
যিটো কালমূৰ্ত্তি প্রভু পৰম দুর্ঘোৰ।।
তান কটাক্ষতে একেক্ষণে নষ্ট হোৱে।
তাহান মহিমা কহি কোনে অন্ত পাৱে।।২৫৮।।
ভৃগু আদি কৰি ঋষিগণ দেখা মানে।
যাহাৰ আজ্ঞাক শিৰে বহে সাৱধানে।।
তান ভকতৰ দ্রোহ কৰিলাহা ঋষি।
পাইবা দুখ তুমি মনে চাৱা বিমৰিষি।।২৫৯৷৷
তোহ্মাক ৰাখিবে মঞি নুৱাৰো নিশ্চয়।
হেন শুনি মনে মহা ভৈলন্ত বিস্ময়।।
কেশৱৰ চক্রে তাপ দেন্তে যেৱে আছে।
কৈলাসক দুর্ব্বাসা গৈলন্ত শীঘ্ৰে পাচে।।২৬০৷৷
মহেশৰ আগত পৰিলা দণ্ডৱতে।
কাকূতি প্রকাৰে বিনাৱন্ত অৱনতে।।
পশিলো শৰণে মোক কৰা পৰিত্ৰাণ।
তোহ্মাত বিনায় আৰ নেদেখোহো আন।।২৬১৷৷
গোৱিন্দৰ চক্রে মোক ক্ৰোধ কৰিলন্ত।
মোৰ জীৱ ৰাখা আৱে কৰি আঙ্ক শান্ত।।
এহিমতে ঋষিৰাজে যেৱে বুলিলন্ত।
দুৰ্ব্বাসক সম্বোধিয়া হৰে মাতিলন্ত।।২৬২।।
শুনিয়োক ঋষি তুমি মঞি কথা কঞো।
ব্রহ্মা আদি কৰি সৱে যাৰ আজ্ঞা বঞো।
যাৰ লোম গৰ্ত্ততে ব্রহ্মাণ্ড আসে যায়।
অনন্তে নপান্ত অন্ত মহিমা বর্ণাই।।২৬৩৷৷
বুলিবাহা তুমি কিয় অধীন ভৈলাহা।
ইহাৰ উত্তৰ দেঞো ঋষি শুনিবাহা।।
সনতকুমাৰ নাৰদাদি ঋষিচয়।
যাহাৰ মায়াক সৱে নজানে নিশ্চয়।।২৬৩।।
হেন ঈশ্বৰত চক্ৰ পৰম দুর্জ্জয়।
তাহান তেজক কোনে বাধিবে পাৰয়।।
হেন জানি ঈশ্বৰত পশিয়ো শৰণ।
এহি উপায়েসে ৰহে লোহ্মাৰ জীৱন।।২৬৪।।
তেৱেসে কুশল হোৱে কহিলো নিশ্চয়।
এহি বুলি মৌন ভৈলা হৰ কৃপাময়।।
তৈৰ পৰা ঋষি মহা শীঘ্ৰে চলিলন্ত।
চক্রে তান পাচে পাচে বেগে খেদি নেন্ত।।২৬৬।।
ঋষি পাচে পাইলা আতি থান নিৰুপম।
যাহাত নাহিকে আতি কালৰ বিক্রম।।
বৈকুণ্ঠ বুলিয় যাক পৰম সুন্দৰ।
তাত যত আছে প্রাণী ৰূপ মনোহৰ।।২৬৭।।
লক্ষ্মী সমে আছা সেহি থানে ভগৱন্ত।
যাহাৰ মহিমা সদা আনন্দে গাৱন্ত।।
হেন ঈশ্বক ঋষি পাচে দেখিলন্ত।
তথাপিতো চক্রে তান ওচৰ নেড়ন্ত।।২৬৮।।
চক্ৰৰ তাপত মহাত্রাস আতি হুয়া।
ঈশ্বৰৰ আগে ঋষি পড়িলন্ত গৈয়া।।
দণ্ডৱতে চৰণত দিয়া নিয়া শিৰ।
মহাভয়ে কাম্পে তান সকলে শৰীৰ।।২৬৯।।
অচ্যুত অনন্ত প্রভু পশিলো শৰণে।
কৰিয়োক ৰক্ষা মোক দুৰন্ত মৰণে।।
জগতকে সুজা পালা তুমি নাৰায়ণ।
তোহ্মাৰ চৰণে হেৰা পশিলো শৰণ।।২৭০।।
তযু ভকতৰ দ্রোহ আচৰিলো বাপ।
মহিমাক নজানিয়া দিলো মঞি তাপ।।
মোত পৰে মহাদুষ্ট নাহি নাহি আৰ।
যিখানি কৰিলো তাৰ ভৈল প্রতিকাৰ।।২৭১।।
পতিত পাৱন প্রভু কৰিয়ো উদ্ধাৰ।
মহা পাতকীয়ো তড়ে নাম লৈলে যাৰ।।
বুলিবাহা তুমি ভকতৰ দ্রোহী আতি।
তোহ্মাৰ পাপৰ মঞি নেদেখো নিষ্কৃতি।।২৭২।।
তাহাৰ উত্তৰ আৱে শুনা জগবন্ধু।
তোহ্মাৰ সমান নাহি আন কৃপাসিন্ধু।।
তযু নামে তাড়ে মহা মহা পাতকীক।
তুমি মোক তাড়িবাহা কৈবো মঞি কিক।।২৭৩৷৷
কাল ভয়ে আসি যিটো শৰণ সোমাৱে।।
সিটো কালে তাক চক্ষু মেলিয়ো নচাৱে।
হেনয় অভয় পদে পশিলো শৰণে।
ৰাখা ৰাখা প্রভু মোক অৰুণ চৰণে।।২৭৪।।
তযু চক্রে তাপ প্রভু দিলন্ত আমাক।
নেদন্তোক এৱে তাক দিয়ো তুমি হাক।।
এহিমতে ঋষি যেৱে জল্পিলা অপাৰ।
সংক্ষেপ পদত কিবা কহিবো বিস্তাৰ।।২৭৫৷৷
তাহান বচন শুনি প্রভু ভগৱন্ত।
ঋষিক সম্বুধি পাচে কৃষ্ণে বুলিলন্ত।।
শুনিয়োক দ্বিজ মঞি নোহো স্বতন্তৰ।
কেৱলে অধীন মাত্র ভকত জনৰ।।২৭৬।।
ভকত জনৰ প্রিয় মঞি আতিশয়।
ভকতেয়ো মোত পৰে নজানে নিশ্চয়।।
ময়ো ভকতত পৰে আন নজানঞো।
তোমাৰ আগত ঋষি দৃঢ় কৰি কঞো।।২৭৭৷৷
বৈষ্ণৱসৱক মাত্র মঞি কৰো ধ্যান।
মোক তেজি তাৰসৱ নজানয় আন।।
দেখা মোৰ ইটো মহা শ্রেষ্ঠ কলেৱৰ।
ভকতক দেখো আলোকৰি প্রিয়তৰ।।২৭৮।।
আতো বাঞ্ছা নাই মোৰ ভকতক এৰি।
মহাস্নেহে বন্দী কৰি আছে প্রেমজৰী।।
দেখা মোৰ লক্ষ্মী এহে মহা প্রিয়তম।
বক্ষস্থলে স্থান আঙ্ক দিলোহো পৰম।।২৭৯।।
তাহান্তো অধিক মোৰ স্নেহ বৈষ্ণৱক।
তোহ্মাৰ আগত ঋষি কহিলো তত্ত্বক।।
মঞিসে পৰম গতি জানা তাসম্বাৰ।
মোত পৰে কিঞ্চিতেকো নেদেখয় সাৰ।।২৮০৷৷
গৃহ পুত্র দাৰা ধন জন প্রাণ বিত।
মোত প্রীতি অর্থে সৱে তেজিলা সমস্ত।।
ইহপৰলোকৰ সুখত এৰি আশ।
কেৱল মোতেসে মাত্র কৰিলা বিশ্বাস।।২৮১।।
কায় বাক্য মনে লৈলে মোতেসে শৰণ।
হৈব কেনমতে তাক তেজিবাক মন।।
মোতেসে হৃদয় সৱে বশ্য কৰিলন্ত।
শত্রু মিত্র উদাসীন একো নেদেখন্ত।।২৮২।।
মহা ভক্তিভাৱে মোক বশ্য কৰিলন্ত।
তাসম্বাৰ গুণ কহি নপাঞো মঞি অন্ত।।
যেন মহাসতীসৱে স্বামীক সেৱয়।
সেহিমতে মোত সেৱা কৰে ভক্তচয়।।২৮৩৷৷
নিষ্কামে কৰয় সেৱা মোক ভক্তচয়।
দ্রব্যক আশায়ে নাৰী স্বামীক সেৱয়।।
এতেকতে মোৰ ভক্ত মহা বিলক্ষণ।
এৱে কেনমতে হৈব তেজিবাক মন।।২৮৪৷৷
মোৰ মহা সালোক্যাদি পদে চতুষ্টয়।
সেৱা ৰস পায়া ভক্তে তাকো নলৱয়।।
পৰিপূৰ্ণ হুয়া তাসম্বাৰ মনে আতি।
ৰাত্রি দিনে মোৰ পদে কৰন্ত ভকতি।।২৮৫৷৷
স্বর্গ ব্রহ্মপদ তাকো কটাক্ষ নকৰে।
মোৰ প্রিয় নাহি আৰ তাসম্বাত পৰে৷৷
মোহোৰ হৃদয় সাধু জানা সাৰে সাৰ।
সাধুৰ হৃদয় মোত পৰে নাহি আৰ।।২৮৬৷৷
মোত বিনে তাসম্বাৰ আন চিন্তা নাই।
মঞি তাসম্বাত চিন্তা জানিবা সদায়।।
বিস্তৰ কহিবো কিবা তোহ্মাৰ আগত।
ইন্দ্ৰিয়ৰ বৃত্তি মোৰ খাটো ভকতত।।২৮৭৷৷
চিত্ত প্রাণ মন বুদ্ধি তাসঘাত দিলো।
পৰম গোপ্যনি কথা তোহ্মাত কহিলো।।
বুলিবা চক্ৰক তুমি কৰা নিবাৰণ।
তাহান ভয়ত হন্তে কৰিয়ো ৰক্ষণ।।২৮৮।।
আকো নপাৰোহো এৱে শুনা মহাশয়।
মঞি আঙ্ক দিয়া আছো ৰাজাক নিশ্চয়।।
অনাদোষে আপুনিয়ে দ্রোহ আচৰিলা।
তাক দেখি চক্রে মহাক্রোধক কৰিলা।।২৮৯৷৷
মঞি এৱে বোলো ঋষি শুনিয়ো বচন।
নাভাগৰ তনয়ত পশিয়ো শৰণ।।
শুনিয়োক ঋষি মঞি কহিলো তোহ্মাত।
মোহোৰ বাক্যত চিত্ত দিয়োক সাক্ষাত।।২৯০৷৷
বৈষ্ণৱক যিটোজনে কয় প্ৰহাৰ।
আপোনাৰ আপুনি চিন্তিলা মহামাৰ।।
মহন্তসৱৰ তপ বিদ্যা গুণচয়।
মোক্ষক সাধয় ইটো জানিবা নিশ্চয়।।২৯১৷৷
দুৰ্জ্জন জনৰ হোৱৈ ক্ৰোধৰ কাৰণ।
তাত হন্তে মহাদুখ হৱৈ উতপন।।
শুনিয়োক ব্রহ্মঋষি মোহোৰ বচন।
অম্বৰীষ থানে তুমি কৰিয়ো গমন।।২৯২।।
তাঙ্ক তুতি কৰিবাহা ঋষি মহাশয়।
তেৱেসে তোহ্মাৰ ইটো শৰীৰ ৰহয়।।
তেহে মহাভাগৱত কৰিবা ৰক্ষণ।
তযু দুখ দেখি তান হৈব দুখমন।।২৯৩৷৷
এহি কথা কহি ভগৱন্ত মৌন ভৈলা।
অম্বৰীষ পাশে দ্বিজ মহাবেগে গৈলা।।
তাঙ্ক তাপ দিয়া যান্ত চক্র মহাশয়।
ভকৰ ভকৰ কৰি গাৱত লাগয়।।২৯৪।।
বন অগ্নি দহয় সৰল বৃক্ষচয়।
চিনিতে নপাৰি ঋষি ভৈলা সেহি নয়।।
হৰিক চিন্তিয়া মনে ৰাজা আছে বসি।
কতোদূৰ হন্তে ঋষি দেখিলা হৰিষি।।২৯৫৷৷
ৰাজাৰ চৰণে ঋষি পৰিলন্ত গৈয়া।
চক্ৰৰ তাপৰ হন্তে মহাদুখ পায়া।।
ৰাখিয়োক মোক আৱে অম্বৰীষ বাপ।
চক্ৰক বুলিয়ো তেহো এড়ন্তোক তাপ।।২৯৬।।
তোহ্মাক মাৰিবে লাগি কৃত্যাক স্ৰজিলো।
অহঙ্কাৰ কৰি মঞি যতেক বুলিলো৷৷
তাৰ প্রতিফল মোৰ সকলে মিলিলা।
আনো নানাবিধ স্তুতি অনেক কৰিলা।।২৯৭৷৷
ঋষিৰ সুহৃদ ভাৱ দেখি মহাশয়।
পৰম ধৰ্ম্মক জানা নাভাগতনয়।।
চৰণৰপৰা হস্ত গুচাইল ঋষিৰ।
সাৱটিয়া তুলি ধৰিলন্ত মহাবীৰ।।২৯৮।।
উঠা উঠা মহাঋষি পৰিহৰা ভয়।
তোহ্মাৰ দুখক দেখি নসহে হৃদয়।।
দুর্ব্বাসাক পাচ কৰি ৰাজা আগ ভৈলা।
চক্ৰক সম্মুখ হুই স্তুতি আৰম্ভিলা।।২৯৯।।
শুনা সভাসদ দেখা মহন্তৰ মন।
দুর্ব্বসায়ে বধিবাক কৰিলা যতন।।
তথাপিতো দয়ায়ে ৰাখিলা তাৰ প্রাণ।
বিষ্ণুভকতৰ সম পাইবা কোন আন।।৩০০।
আৰ এক কথা কহো তাত মন দিয়ো।
বৈষ্ণৱৰ দ্রোহ পুনু কেহো নাচৰিয়ো।।
দুর্ব্বাসা পাইলন্ত দেখা কেনে মহাদুখ।
বৎসৰেক মানে তান নভৈলেক সুখ।।৩০১।।
ব্রহ্মা বিষ্ণু মহেশেয়ো যাক নৰাখিলা।
দশোদিশ গুহা গিৰি পৰ্ব্বত পশিলা।।
অম্বৰীষ ৰাজঋষি কৰিলন্ত ত্রাণ।
আউৰ দ্রোহ আচৰি সাৰিবে কোন আন।।৩০২।।
এতেকতে বৈষ্ণৱক কৰিবা সতকাৰ।
ভাগৱত শাস্ত্রে আক কহে বাৰম্বাৰ।।
হে প্রভু নমো তযু চৰণযুগল।
বৈষ্ণৱক নমো মঞি মহা কৌতূহল।।৩০৩।।
মঞি মহা অপৰাধী জানা নাৰায়ণ।
তোহ্মাৰ চৰণে হেৰা পশিলো শৰণ।।
সিটো অপৰাধ আৱে ক্ষমিয়োক বাপ।
হেনবা এৰাঞো ঘোৰ সংসাৰৰ তাপ।।৩০৪।।
দাস কৰি লৈয়ো প্রভূ কৰোহো গোচৰ।
সুমৰন্তে কাম্পে হৃদি ঘোৰ যমঘৰ।।
নাম বিনে নাহি জানা সংসাৰ তৰণ।
নামত সৱেও শীঘ্ৰে পশিয়ো শৰণ।।৩০৫।।
তযু ৰূপ হৃদয়ে থাকোক মুখে নাম।
এহি দুই বাঞ্ছা পূৰা নাহি আন কাম।।
কহয় কেশৱ দাস আতি শিশুমতি।
বোলা ৰাম ৰাম সৱে হৌক সদগতি।।৩০৬।।
.......
।।দুর্ব্বাসাৰ প্ৰাণ ৰক্ষাঃ ভকতিৰ মহিমা।।
।। দুলড়ী।।
শুক নিগদতি শুনিয়ো নৃপতি
পাচে যেন কথা ভৈলা।
চক্ৰক ৰাজায়ে তুতি নতি কৰি
শান্ত কৰিবাক লৈলা।।
তুমি অগ্নি সূৰ্য্য তুমিসে চন্দ্রমা
নক্ষত্রগণৰ পতি।
তুমি জল ক্ষিতি মহা বায়ু জ্যোতি
ইন্দ্রিয়গণ সম্প্রতি।।৩০৭।।
অচ্যুতৰ প্রিয় চক্ৰ যাৰ নাম
সহস্র নিমি যুগুত।
যাহাক সেরিয়া অধম প্রাণীয়ো
সংসাৰ হোৱে মুকুত।।
হেনয় চক্ৰক সততে প্রণামো
তুষ্ট হুয়ো মোক প্রতি।
ব্রাহ্মণৰ আৱে কুশল কৰিয়ো
সুস্থ হৌক আন মতি।।৩০৮।।
ধৰ্ম্মৰূপে তুমি জগতক পালা
সত্য মূৰ্ত্তি ভৈলা যাৰ।
হেনয় তোহ্মাৰ চৰণত হেৰা
নমো মঞি বাৰম্বাৰ।।
যজ্ঞমূৰ্ত্তি তুমি আপুনিয়ো ধৰা
যজ্ঞক কৰা ভোজন।
দশদিগপাল ৰূপ হুয়া তুমি
সৱাকো পালা সঘন।।৩০৯।।
জগতকে ব্যাপি আছা আত্মাৰূপে
পৰম শ্রেষ্ঠ মহন্ত।
অধৰ্ম্মীক নাশা সুধৰ্ম্মীক পালা
তুমিসি পৰম সন্ত।।
অখিল ধৰ্ম্মৰ সেতু তুমি প্রভু
নমোহো তযু চৰণে।
সকলে লোকক আপুনি পালাহা
পশিলো মঞি শৰণে।।৩১০৷৷
মনত অধিক বেগ ভৈলা যাৰ
সকলে ধৰ্ম্মৰ সাক্ষী।
সূৰ্য্য আদি ৰূপে আপুনি প্রকাশা
জগতকে আছা ৰাখি।।
যেখন তোহ্মাক ঈশ্বৰে প্ৰহাৰ
কৰয় দৈত্যক লাগি।
দৈত্যৰ বলক ভস্ম কৰি নিয়া
পলাই মহাবেগে ভাগি।।৩১১৷৷
কাৰো বাহু কাটি পেলোৱা বিপাটি
শিৰ উৰু কাণ নাক।
যুদ্ধ সময়ত কৰাহা প্রকাশ
চাহন নযায় তোহ্মাক।।
সেহি তুমি প্রভু জগতৰে দুখ
হৰিবাক মনে হৰি।
নিৰুপণ কৰি আছন্ত তোহ্মাক
গুণে নাই সৰিবৰি।।৩১২।।
শুনিয়োক প্রভু আমাৰ কুলৰ
ব্রাহ্মণেসে ইষ্টদেৱ।
তাহান কুশল কৰিয়োক এৱে
চৰণত কৰো সেৱ।।
সুনিশ্চিত ভাৱে যজ্ঞ কৰি যদি
যজিয়া আছো ঈশ্বৰ।
সেহি পুণ্যচয় অর্পিলো কৃষ্ণত
হোৱন্ত ঋষি অজৰ।।৩১৩।।
ভগৱন্ত প্রভু মোক লাগি যদি
হুই আছা তুষ্ট মন।
ব্রাহ্মণৰ তাপ গুচায়ো এক্ষণে
লৈলোহো হেৰা শৰণ।।
জগতৰ আত্মা তুমি নাৰায়ণ
সমস্তৰে জানা মন।
ব্রহ্মঋষি এন্তে তুমি নাৰায়ণ
তুষ্ট হৌক আন মন।।৩১৪।।
আনো নানাবিধ কৰিলন্ত তুতি
অম্বৰীষ মহাশয়।
সংক্ষেপ পদত নকহিলো আৰ
বুজিবাহা অভিপ্রায়।।
নিগদতি শুক শুনা পৰীক্ষিত
ৰাজায়ে তুতি কৰিলা।
বিষ্ণুৰ চক্ৰৰ শান্ত ভৈলা মন
ঋষিক তাপ এৰিলা।।৩১৫।।
সভাৰ মাজত ৰত্ন আসনত
বসিলন্ত চক্ৰ গৈয়া।
ঋষিয়ে বোলন্ত ৰহিল জীৱন
মহা আনন্দিত হুয়া।।
দশন প্রকটি হাসিয়া বোলন্ত
চিৰঞ্জীৱ হোৱা বাপ।
তোমাৰ প্রসাদে সুস্থ ভৈল গাৱ
চক্রে এৰিলন্ত তাপ।।৩১৬।।
অনন্ত দাসৰ মহিমাক কহি
কোনজনে পাৱে সীমা।।
প্রত্যেকতে আজি নাভাগ পুত্ৰৰ
দেখিলো মঞি মহিমা।।
তোহ্মাক মাৰিবে প্রতি ৰাজা মঞি
কৰিলো ঘোৰ যতন।
তথাপিতো মোৰ কুশল আচৰি
ৰাখিলা তুমি জীৱন।।৩১৭৷৷
সাধুসকলৰ দুষ্কৰ নুহিকে
জানিলো মঞি নিশ্চয়।
ভগৱন্ত যাৰ হৃদয় নেৰন্ত
ইহাত কোন বিস্ময়।।
সমস্তকে সম ভাৱে দেখা তুমি
বিষম নাহিকে মতি।
আমি মহাক্রোধী আত্মাকো পাসৰো
দেহৰো নাহিকে থিতি।।৩১৮৷৷
যাৰ নাম যশ শ্ৰৱণ মাত্ৰকে
পাপীজনো শুদা হোৱে।
তাহান দাস। মহিমা কহিয়া
কোনজনে অন্ত পাৱে।।
বৈষ্ণৱৰ জানো কিছু কৰ্ম্ম নাই
হৃদয়ে নেৰয় হৰি।।
তাসম্বৰ সঙ্গ পাপীজনো পাৱে।
সিয়ো জন যাই তড়ি।।৩১৯।।
তোহ্মাৰ সমান কৃপাল পুৰুষ
নেদেখোহো একো ৰাজ।
মোহোৰ শাপক পিঠি দিয়া তুমি
ধৰ্ম্মতেসে তযু কাজ ।।
ধর্ম্ম বিনে তযু আন নেদেখিলো
শুনা ৰাজা অম্বৰীষ।।
তোহ্মাকেসে পাই জগত নিস্তৰে
মিলিল মনে হৰিষ।।৩২০৷৷
যেতিক্ষণে চক্রে খেদি নিলা তাঙ্ক
ৰাজাৰ মনে আসুখ।
ভোজন নকৰি হৰিক চিন্তিয়া
লভিলন্ত বহু দুখ।।
ঋষি যোনো কোনো ঠাইতে নষ্ট হৱে
মিলিল মনত তাপ।
এহিসে কাৰণে ভোজন নকৰা
সিজিল মোহোত পাপ।।৩২১৷৷
ব্রাহ্মণক এৰি নখাঞ যেৱে মঞি
তেৱে কিয় বিঘ্নি হৱে।
এহি বুলি ৰাজা ঋষিক চিন্তিয়া
ৰহিলা আকুলভাৱে।।
ঋষি আসিবাৰ দেখিয়া ৰাজাৰ
আনন্দৰ নাহি পাৰ।
উঠি আথে বেথে চক্রক নিবাৰি
কৰিলন্ত নমস্কাৰ।।৩২২।।
যেনমতে তেন্তে তুতি নতি কৰি
চক্ৰক শান্ত কৰিলা।
ইটো কথা আৱে তোহ্মাত কহিলো
সকলে তুমি শুনিলা।।
এৱে পৰীক্ষিত কহঞো তোহ্মাত
যেন কথা ভৈলা পাচে।
দুর্ব্বাসাক ৰাজা ভোজন কৰায়া
আনন্দিত হুয়া আছে।।৩২৩।।
ঋষিয়ে বোলন্ত শীঘ্ৰে উঠা ৰাজা
কৰিয়ো তুমি ভোজন।
দিজ্বৰ বচন শুনি ৰাজা পাছে
উঠিলন্ত তেতিক্ষণ।।
বৎসৰেক মানে জলক ভুঞ্জিয়া
আছিলন্ত বাট চাই।
ঋষিক ভুঞ্জায়া পাচেসে ভোজন
কৰিলন্ত মহাৰায়।।৩২৪।।
দুর্ব্বাসা বুলিলা নৃপতিক চাই
প্রীতি ভৈলো মহাৰায়।
পৰম কৃপালু মহা ভাগ্যবন্ত
তযু সম কেহো নাই।।
তযু দশনে পৰশনে মোৰ
শুদ্ধ ভৈলা আতি কায়।।
তোমাৰ পৰম নিৰ্ম্মল চৰিত্ৰ
গাইবো মঞি ঠাই ঠাই।।৩২৫।।
এহিমতে ঋষি ৰাজাক প্রশংসি
মহা তুষ্ট মন ভৈল।।
ৰাজাত মেলানি লৈয়া ঋষি পাচে
আপোন থানক গৈল।
ঋষি যেৱে গৈলা দেখি অম্বৰীষে
মনত আনন্দ হুয়া।।
কৃষ্ণ স্মৰিয়া ৰহিলন্ত তৈতে
কায় বাক্য মন দিয়া।।৩২৬।।
দ্বিজক ৰাখিয়া চক্ৰৰ ভয়ত
মহাৰাজ অম্বৰীষে।
মনে গৰ্ব্বভাৱ নভৈল তথাপি
শুনিয়ো কহো হৰিষে।।
ৰাজায়ে বোলন্ত মঞি জড় জীৱ
ঈশ্বৰে ৰক্ষা কৰন্ত।
স্ৰজন্ত পালন্ত সদা সংহাৰন্ত
তাহাঙ্ক বুলি অনন্ত।।৩২৭।।
আনো নানাবিধ গুণ আছে তাত
কহিলোহা কিছুমান।
ঈশ্বৰত মাত্র ভকতি ৰহোক
নাহি কিছু মনে আন।।
যত কৰ্ম্মমানে ঈশ্বৰত অর্পি
কৰিলন্ত মহাৰায়।
ভকতিৰ বলে ইটো সৱে পদ
দেখয় বিষ্ঠা পৰায়।।৩২৮।।
অম্বৰীষে যেৱে অনেক বৎসৰ
সাতো দ্বীপ পালিলন্ত।
আপুন সমান মহা গুণৱন্ত
তিনি পুত্র জন্মিলন্ত।।
ৰাজাৰ মনত মহা বিৰকতি
ক্ষণে ক্ষণে বাঢ়ি যায়।
তনয়সৱক ৰাজ্য বাটি দিয়া
বনে গৈলা মহাৰায়।।৩২৯।।
ভগৱন্ত বাসু দেৱত ভকতি
কৰিলন্ত মহাৰায়।
নিঃশেষ জন্মৰ মন দূৰ গৈল
ভৈল আত্ম-পৰিচয়।।
সত্ত্ব ৰজ তম তিনি গুণ গুচি
ঈশ্বৰ ভৈলা সাক্ষাত।
সুদৃঢ় ভকতি ৰাজাত মিলিল
ভৈলা মহাপ্রেম জাত।।৩৩০৷৷
মহাপুণ্য কথা যিটো জনে শুনে
কীৰ্ত্তন কৰে সদায়।
ইহাৰ সমান পুণ্যৱন্ত জন
জানা আৰ কেহো নাই।।
মনত চিন্তিয়া ভকতি কৰিয়া
ভগৱন্ত তুষ্ট তাৰ।
অন্তকালে গৈয়া বৈকুণ্ঠক পাৱৈ
কহিলোহো সাৰে সাৰ।।৩৩১।।
যদিবা কামনা কৰিয়া শুনয়
ধৰ্ম্ম অর্থ মাত্র চাৱৈ।।
বিষ্ণুৰ প্ৰসাদে অপ্রয়াসে আতি
সমস্তকে সিটো পাৱৈ।।
নানা সদকৰ্ম্ম আতে উপজয়
যদিবা মনত চাৱৈ।।
এহি কথা মাত্র শুনোক সতত
অনায়াসে তাক পাৱৈ।।৩৩২।।
.....
।।ছবি।।
শুনিয়োক সভাসদ মহাভাগৱত পদ
কৃষ্ণৰ কথাত দিয়া চিত্ত।
দুৰ্ঘোৰ কলিত যেৱে তড়িবাহা মহাসুখে
ভকতিক কৰিয়োক থিত।।
নামত বিনাই আন গতি নাই নাই জান
সমস্ত শাস্ত্ৰৰ ইসে তত্ত্ব।
চাৰিবেদে কহে আক আনো সৱ পুৰাণৰ
নামেসে পৰম সাৰ তত্ত্ব।।৩৩৩।।
মহাভাগৱত শাস্ত্র নুশুনাহা লোক কিক
সাধুৰ সঙ্গত যত্ন কৰি।
অনায়াসে বুজি সাৰ পাইবা মোহ মায়া পাৰ
চলি যাইবা বৈকুণ্ঠ নগৰী।।
ইটো মহাভাগৱত বেদ বেদান্তৰো তত্ত্ব
নানা অর্থ আছে জানা আত।
সাধু সঙ্গ বিনে আক বুজিবাক নপাৰিবা
ইটো কথা কহিলো সাক্ষাত।।৩৩৪।।
এতেকেসে প্রাণ প্রভু কৰোহো কাকূতি মঞি
দিয়া মোক সাধুৰ সঙ্গতি।
ভকতি পাইবাক লাগি সাধুসঙ্গ বিনে নাই
জানিলোহো ইহাক সম্প্রতি।।
মোৰ গতি ৰমাকান্ত অচ্যুত অনন্ত শান্ত
কৃষ্ণ মঞি পশিলো শৰণে।
ঘোৰ পৰলোক স্মৰি মোৰ হৃদি কাম্পে ডৰি
ৰক্ষা তুমি কৰিবা চৰণে।।৩৩৫।।
কৃষ্ণনাম বিনে মোৰ সুহৃদ নাহিকে আন
কৃষ্ণনামে জানা মোৰ প্রাণ।।
কৃষ্ণনামে তপ জপ তন্ত্র মন্ত্র নানাবিধ
কৃষ্ণনামে জানা মোৰ ধ্যান।।
কৃষ্ণনাম বিনে আন কলিত নাহিকে ত্রাণ
জানি লৈলো নামত শৰণে।
সামাজিক লোক সৱে ডাকি ৰাম ৰাম বোলা
তেৱে গতি হৈবেক মৰণে।।৩৩৬।।
........
।।ইক্ষ্বাকু বংশ কথন।।
।।পদ।।
শুক নিগদতি ৰাজা শুনা মহাশয়।
কেতুমাল শম্ভু অম্বৰীষৰ তনয়।।
বিৰূপ ভৈলন্ত শ্রেষ্ঠ ইহাৰ মধ্যত।
তাহান মহিমা কোনে কহিবে শকত।।৩৩৭।।
বিৰূপৰ পুত্ৰ ভৈলা পৃষদশ্ব নাম।
তাহান তনয় ৰথীতৰ অনুপাম।।
ৰথীতৰ ৰাজা যেৱে অপুত্রক ভৈলা।
অঙ্গিৰায়ে তান ক্ষেত্রে পুত্র উপার্জ্জিলা।।৩৩৮।।
ৰথীতৰ প্রৱৰ ভৈলেক সৱে নাম।
ক্ষেত্রজ ব্রাহ্মণ খ্যাত আতি অনুপাম।।
শ্রাদ্ধদেৱ মনুৰ পুত্ৰৰ বংশচয়।
কিছু কিছু কৈলো ৰাজা তোহ্মাত নিশ্চয়।।৩৩৯।।
দুই পুত্র জানা তান অপুত্রক ভৈলা।
মোহোৰ মুখত তুমি সকলে শুনিলা।।
আৰো শত তনয়ৰ বংশক কহিলো।
মতি অনুসাৰে মঞি যিমতে জানিলো।।৩৪০।
মনু তনয় জ্যেষ্ঠ ইক্ষ্বাকু যে নাম।
তাহান বহল বংশ আতি অনুপাম।।
শুনিয়ো পাণ্ডৱ মঞি কহঞো তোহ্মাত।
এহি বুলি শুকদেৱে কহিলা ৰাজাত।।৩৪১।।
মনুৰ নাসাৰপৰা ইক্ষ্বাকু জন্মিলা।
তাহান তনয় একশত উপজিলা।।
বিকুক্ষি ভৈলন্ত শ্রেষ্ঠ সৱাৰে মাজত।
তাহান মহিমা মঞি কহিবোহো কত।।৩৪২।।
এক সময়ত শ্রাদ্ধ কৰিবাক মন।
ইক্ষ্বাকুৱে বিকুক্ষিক বুলিলা বচন।।
শুনিয়োক পুত্র তুমি চলিয়োক বন।
মৃগ মাৰিবাক লাগি কৰিয়ো যতন।।৩৪৩৷৷
পিতৃৰ আজ্ঞাক বীৰে শিৰে তুলি লৈলা।
মৃগ মাৰিবাক পাচে বনমাজে গৈলা।।
শ্রাদ্ধৰ উচিত যত মৃগ মাৰিলন্ত।
ক্ষুধায়ে তৃষ্ণায়ে মহা পীড়িত ভৈলন্ত।।৩৪৪।।
ক্ষুধাত পাসৰি পাচে ইক্ষ্বাকুনন্দন।
শশা নামে পশু এক কৰিলা ভোজন।।
শেষ মৃগ নিয়া পাচে পিতৃক দিলন্ত।
মনুপুত্রে বশিষ্ঠক মাতি বুলিলন্ত।।৩৪৫।।
মন্ত্ৰন্যাস কৰিয়েক পশু সমস্তক।
ঋষিয়ে বোলন্ত তুমি নাজানা তত্ত্বক।।
যত দেখা মানে ইটো পশু সমস্তয়।
অৱশেষ ভৈল মঞি জানিলো নিশ্চয়।।৩৪৬।।
তোমাৰ তনয় আগে ভোজন কৰিল।
শেষ পশুসৱ ইটো পাচে আনি দিল।।
পুত্ৰৰ কৰ্ম্মক জানিলন্ত মহাশয়।
অনেক ভৰ্ৎসনা বাণী বুলিলন্ত তয়।।৩৪৭।।
শুনৰে পাপিষ্ঠ তই কি কাম কৰিলি।
ঈশ্বৰক নেদি পশু আপুনি ভূঞ্জিলি।।
যজ্ঞ নষ্ট কৰি তই আপুনি মৰিলি।
ধর্ম্মক এৰিলি পাপী অধোগতি গৈলি।।৩৪৮।।
এহি বুলি ৰাজা পাচে তাঙ্ক এৰিলন্ত।
আপোন দেশৰপৰা বাজ কৰিলন্ত।।
বিকুক্ষিয়ে মহাভাগত নিষ্ঠা ভৈলা।
বৈষ্ণৱৰ সঙ্গ লৈয়া পৃথিৱী ফুৰিলা।।৩৪৯।।
বশিষ্ঠৰ উপদেশে মনুৰ তনয়।
যোগাগ্নিয়ে দহিলা মনৰ মলচয়।।
পৰম গতিক পাইলা তেজি কলেৱৰ।
তাহান সমান কোন আছে নৰবৰ।।৩৫০।।
ইক্ষ্বাকুক কালে যেৱে কৰিলা সংহাৰ।
বিকুক্ষিয়ে পৃথিৱী পালিলা পুনৰ্ব্বাৰ।।
যজ্ঞ কৰি ঈশ্বৰক ৰাজা যজিলন্ত।
শশাক ভোজন তেন্তে যাতো কৰিলন্ত।।৩৫১৷৷
এতেকে শশাদ নাম খ্যাতি তান ভৈলা।
গুক মহামুনি পৰীক্ষিতত কহিলা।।
শশাদৰ পুত্ৰ ভৈলা পুৰঞ্জয় নাম।
তান নামচয় কহো শুনা অনুপাম।।৩৫২।।
ইন্দ্রবাহ ককুৎস্থ পুৰঞ্জয় নাম।
এহি তিনি নাম তান আতি মুখ্যতম।।
দেৱে সমে দানৱৰ লাগিল সমৰ।
দৈত্যত ভৈলেক ভঙ্গ সকল দেৱৰ।।৩৫৩।।
পুৰঞ্জয় গৃহে সৱে দেৱগণ, গৈলা।
কাকুতি প্রকাৰে তান্ত শৰণ সোমাইলা।।
আমাক ৰাখিয়ো এৱে মহাৰাজা তুমি।
তোমাৰ সমান বীৰ নেদেখোহো আমি।।৩৫৪।।
বচনেক বোলো মঞি শুনা দেৱলোক।
মোহোৰ বাহন আসি ইন্দ্ৰ হৱন্তোক।।
তেৱেসে দৈত্যক মঞি জিনিবাক নপাৰো।
বাহন নভৈলে মঞি যুজিবে পাৰো।।৩৫৫।।
এহি বচনেক যেৱে ৰাজা বুলিলন্ত।
তান বাক্য শুনি ইন্দে মনত গুণন্ত।।
মঞি দেৱ হুয়া কেনে মনুষ্য বহিবো।
নলগয় ইন্দ্রপদ স্বর্গকো নযাইবো।।৩৫৬৷৷
এহি বুলি সৱে দেৱে বিষ্ণুত পুছিলা।
দানৱত হন্তে সৱে পৰাভৱ ভৈলা।।
যেনমতে ৰাজাত গই শৰণ মাগিলা।
ৰাজা যেন বুলিলন্ত তাহাকো কহিলা।।৩৫৭।।
ঈশ্বৰে বোলন্ত শুনিয়োক দেৱলোক।
ৰাজা যেন বুলিলন্ত তাক কৰিয়োক।।
হুয়োক বাহন ইন্দ্ৰ নকৰিবা লাজ।
দানৱক জিনি সাধা আপুনাৰ কাজ।।৩৫৮।।
বিষ্ণুৰ আদেশে ইন্দ্র ভৈলন্ত বাহন।
বৃষৰূপ ধৰিলন্ত দেখিতে শোভন।।
ডাঙ্গৰ শৰীৰ তান ভয়ঙ্কৰ কায়।
প্রত্যেক ভৰিত ভূমি কম্পি কম্পি যায়।।৩৫৯।।
উচ্চ চুট গোট আছে আকাশ লঙ্ঘিয়া।
মেঘগণে চড়ৈ তাত পৰ্ব্বত বুলিয়া।।
হেন দেখি ৰাজা পাচে আনন্দিত হুয়া।
কৱচ পিন্ধিয়া গাৱে ধনুশৰ লৈয়া।।৩৬০।।
নানাবিধ তুতি নতি গন্ধৰ্ব্বে বুলিলা।
ইন্দ্ৰৰ কান্ধত গৈয়া ৰাজায়ে উঠিলা।।
আকাশৰ পথে শীঘবেগে লৰিলন্ত।
তাহান পাচত সৱে ত্রিদশ গৈলন্ত।।৩৬১।।
বিষ্ণুতেজযুক্ত মহাবীৰ বলীয়াৰ।
দৈত্যৰ থানত গৈয়া ভৈলা পয়োসাৰ।।
দেৱে সৱে দানৱৰ পুৰক বেঢ়িল।
আনন্দিত হুয়া মহাৰাজা ৰিঙ্গ দিল।।৩৬২।।
দেৱৰ দৈত্যৰ ঘোৰ লাগিল সমৰ।
কেহো বোলৈ মাৰ কেহো বোলৈ ধৰ ধৰ।।
ৰোমাঞ্চিত হৱৈ তনু ঘোৰ ৰণ দেখি।
পুৰঞ্জয় আগ ভৈলা ক্ষণিকো নাপেক্ষি।।৩৬৩।।
দৈত্যৰ সমুখে ৰাজা শৰক হানন্ত।
একৈক শত শত সংখ্যক মাৰন্ত।।
যুগান্ত কালৰ যেন অগনি জ্বলিল।
দৈত্যৰ সেনাক সৱে ভস্ম কৰি নিল।।৩৬৪।।
তাহান তেজক সহিবাক নপাৰিলা।
মহাভয়ে দৈত্যসৱে পাতালে পশিলা।।
পুৰ জিনি ইন্দ্ৰক দিলন্ত মহাশয়।
এতেকেসে তান নাম ভৈল পুৰঞ্জয়।।৩৬৫।।
ইন্দ্রে বহিলন্ত ইন্দ্রবাহ নাম ভৈল।
তান মহাখ্যাতি দশোদিশ জুৰি ৰৈল।।
চুটত চড়িয়া যাতে ৰাজা যুজিলন্ত।
ককুৎস্থ তাহান নাম ভৈল খ্যাতিমন্ত।।৩৬৬।।
শুকমুনি পৰীক্ষিত ৰাজাত কহিলা।
তাহান তনয়ৰ অনেনা নাম ভৈলা।।
অনেনাৰ পুত্ৰ পৃথু আতি খ্যাতিৱন্ত।
বিশ্বগন্ধি নামে তান নন্দন ভৈলন্ত।৩৬৭।।
চন্দ্ৰ নাম ভৈল বিশ্বগন্ধিৰ তনয়।
তাহান তনয় যুৱনাশ্ব মহাশয়।।
শ্রাবন্ত ভৈলন্ত যুৱনাশ্বৰ তনয়।
শ্ৰাৱন্তৰ পুত্র বৃহদশ্ব সদাশয়।।৩৬৮।।
বৃহদশ্ব পুত্র ভৈলা কুবলাশ্ব নাম।
উতঙ্ক ঋষিৰ যিটো পূৰিলন্ত কাম।।
কুবলাশ্ব যিটো তাঙ্ক বুলি ধুন্ধুমাৰ।
একৈশ হাজাৰ ৰাক্ষসৰ চিন্তি মাৰ।।৩৬৯।
কৰিলন্ত ঋষিক পৰম উপকাৰ।
তাহান মহিমা কোনে কহি পাৱে পাৰ।।
অষ্টম পুৰুষে যুৱনাশ্ব ভৈলা জাত।
মহাবীৰ ভৈল তেন্তে জগতে প্রখ্যাত।।৩৭০৷৷
একশত ভাৰ্য্যা তান অপুত্রক ভৈলা।
ঈশ্বৰক আৰাধিবে বনমাজে গৈলা।।
ভাৰ্য্যা একশত লৈয়া বনত ফুৰন্ত।
মহাঋষিসৱে পাচে তাঙ্ক দেখিলন্ত।।৩৭১৷৷
কিসক ফুৰস ৰাজা লৈয়া ভাৰ্য্যাগণ।
ৰাজায়ে মাতিলা শুনি ঋষিৰ বচন।।
অপুত্রক ভৈলো মঞি জীৱন নিষ্ফল।
মন দিয়ো মোৰ বাক্যে তোমৰাসকল।।৩৭।।
যেনমতে পুত্র হুই কৰিয়ো যতন।
সৱাৰো পাৱত হেৰা পশিলো শৰণ।।
তাহান কাতৰ শুনিলন্ত ঋষিচয়।
সৱেয়ো বোলন্ত আমি কৰিবো নিশ্চয়।।৩৭৩৷৷
ইন্দ্ৰৰ সম্বন্ধি পূজা কৰি ঋষিচয়।
সাৱধান চিত্ত সৱে ভৈলা মহাশয়।।
মন্ত্র জপি জল পাচে ঋষিসৱে থৈলা।
ভাৰ্য্যাসমে উপবাসে ৰাজা তৈতে ৰৈলা।।৩৭৪৷৷
ঋষিসৱে বুলিলন্ত শুনা মহাৰাজা।
এহিসে জলত তুমি লভিবাহা প্রজা।।
প্রভাতে ভাৰ্য্যাক তুমি কৰাইবা ভোজন।
হুইবেক মহন্ত পুত্ৰ পৰম শোভন।।৩৭৫।।
এহিবুলি ঋষিসৱ যজ্ঞগৃহে গৈলা।
তাসম্বাৰ বাক্য ৰাজা শিৰোগতে লৈলা।।
পুত্র হুইবে শুনি আতি আনন্দিত ভৈলা।
ঋষিসকলৰ বাক্যে উপবাসে ৰৈলা।।৩৭৬।।
গধূলি বেলাৰ নিত্যকৃত্য সমর্পিয়া।
উত্তম আসনে ৰাজা শুতিলন্ত গৈয়া।।
কতো ৰাত্ৰিমানে ৰাজা শুতিয়া আছন্ত।
ক্ষুধায়ে তৃষায়ে আতি পীড়িত ভৈলন্ত।।৩৭৭।।
সহিবাক নপাৰিয়া ৰাজা উঠিলন্ত।
জল বিচাৰন্ত তেন্তে কাকো নমাতন্ত।।
ৰাত্রি হাত ফুৰাৱন্ত অগ্নি নাহিকন্ত।
কতোবেলি বিচাৰন্তে দুখ লভিলন্ত।।৩৭৮।।
আন ঠাইত নপাই যজ্ঞঘৰ পশিলন্ত।।
মন্ত্রে অভিষেক জল তাহাক পিলন্ত।।
কেহোৱে নজানে ৰাজা জলক খাইলন্ত।
আসনত গৈয়া পাচে নৃপতি শুতিলন্ত।।৩৭৯।
মনত বোলন্ত মন্ত্রপূত জল খাইলো।
পুত্ৰ আশাছেদ ভৈল নিশ্চয় জানিলো।।
এহিমতে নানাবিধ মনত গুণিলা।
সুখ শান্তি নাহি ৰাজা নিদ্রা নপাইলা।।৩৮০।।
শুতিয়া আছিল যজ্ঞগৃহে বিপ্রগণ।
ৰাজাক চাহিয়া পাচে বুলিলা বচন।।
শুনিয়োক ৰাজা জলঘট কোনে খাইল।
হেন শুনি নৃপে পাচে বচন বুলিল।।৩৮১।।
পিয়াসত থাকি মই ভোজন কৰিলো।
যি হৌক সিহৌক ভাগ্যে নিশ্চয় কহিলো।।
ঋষিসৱে শুনি পাচে ৰাজাৰ বচন।।
ঈশ্বৰৰ ইচ্ছাক বাধিবে কোন জন।।৩৮২।।
পুত্র অর্থে যজ্ঞ এহে আপুনি কৰন্ত।
মন্ত্রে অভিষেক জল তাহাকো জানন্ত।।
আপুনিয়ে তথাপিতো কৰিলা ভোজন।
যিটো হৈবে অন্যথা কৰিবে কোন জন।।৩৮৩।।
দৈৱৰ সমান বল নাহি ত্রিভুৱনে।
অন্যো অন্যে বচন বুলিলা ঋষিগণে।।
ৰাজাৰ থানৰপৰা আশ্রমক গৈলা।
শুনা কুৰু নৃপতি যেহেন কথা ভৈলা।।৩৮৪।।
যেতিক্ষণে ৰাজা জল ভোজন কৰিলা।
তেখনৰে পাৰ গৰ্ভ বাঢ়িবে লাগিলা।।
কিছু কিছু কৰি গৰ্ভ বাঢ়ন্তেসে যান্ত।
ৰাজঋষিবৰে তাঙ্ক উমান নপান্ত।।৩৮৫।।
ভৈলন্ত নিঃশ্রীক উদৰত ভৈলা ভাৰ।
দিনে দিনে বাঢ়ৈ গর্ভ মহন্ত কুমাৰ।।
বাহ্মণৰ মন্ত্ৰ বীর্য্যে অত্যন্ত বাঢ়ন্ত।
অলপ কালত তেন্তে সম্পূর্ণ ভৈলন্ত।।৩৮৬।।
মহাৰাজ তান বৰে পীড়িত ভৈলন্ত।
উঠন্তে বৈসন্তে তেন্তে সঘনে কেকান্ত।।
জলন্ধৰ ৰোগ যেন পেট উসসিল।
তান মহাদুখ আতি মনত মিলিল।।৩৮৭।।
গৰ্ভৰ ওলাইবে তেন্তে নপাৱন্ত সন্ধি।
যেন জালগণে ব্যাঘ্ৰ কৰিয়াছে বন্দী।
গৰ্ভত বালকে বৰ আনন্দ কৰন্ত।।
বাজ হুইবে নপাই তেন্তে পেটত ফুৰন্ত।।৩৮৮।।
কতোকাল অন্তৰত বলৱন্ত ভৈলা।
দক্ষিণ কুক্ষিক নখে আপুনি ভেদিলা।।
যুৱনাশ্ব নৃপতিৰ পেটক ফুণ্টিলা।
মহা কান্তিমন্ত শিশু ভূমিত পৰিলা।।৩৮৯।।
স্তনৰ নিমিত্তে সিটো বালক কান্দয়।
কোনে স্তন দিবে আঙ্ক মিলিল সংশয়।।
সেহি সময়তে ইন্দ্ৰে বুলিলা বচন।
ইটো বালকক মঞি কৰিবো ৰক্ষণ।।৩৯০৷৷
মোক পান কৰিবেক নকৰা সংশয়।
অমৃত আঙ্গুলি মুখে দিলা মহাশয়।।
তাকে পান কৰিলন্ত বালেক মহন্ত।
শোক দুখ গুচি সুস্থ বালেক ভৈলন্ত।।৩৯১।
বালেকক চাই ইন্দ্রে বাক্য বুলিলেক।
তযু পিতৃ যুৱনাশ্ব নষ্ট নুহিবেক।।
ব্রাহ্মণৰ প্ৰসাদত মোহোৰ বাক্যত।
জীয়ন্তোক এহে মঞি কহিলোহো তত্ত্ব।।৩৯২।।
ইন্দ্ৰৰ বচনে তান শৰীৰ ৰহিলা।
সুস্থ মন হুয়া পাচে উঠিয়া বসিলা।।
সিটো বালকৰ ইন্দ্রে নামক থৈলন্ত।
ত্ৰসদ্দস্যু নাম তান প্রখ্যাত ভৈলন্ত।।৩৯৩।।
যাহাৰ ভয়ত শত্রু পলাইবেক ভয়ে।
এহি নাম থৈলা তান ৰঙ্গে হৰিহয়ে।।
যৌৱনাশ্ব নাম আৰো মান্ধাতা হৈবেক।
ইহাৰ ভয়ত ৰাৱণাদি পলাইবেক।।৩৯৪।।
এহি বুলি ইন্দ্র যেৱে স্বৰ্গক গৈলন্ত।
যুৱনাশ্ব মান্ধাতাক ৰাজ্যক দিলন্ত।।
তপোবনে গৈলা তেন্তে পূজিলা হৰিক।
ঈশ্বৰক চিন্তি পাইলা পৰম গতিক।।৩৯৫।।
সাতোদ্বীপা পৃথিৱীক মান্ধাতা পালিলা।
তাহান আজ্ঞাক কেহো বাধন্তা নাছিলা।।
অচ্যুতৰ তেজে যুক্ত হুয়া মহাশয়।
ঈশ্বৰক যজিলন্ত কৰি যজ্ঞচয়।।৩৯৬।।
সৰ্ব্বদেৱময় যিটো ভগৱন্ত হৰি।
তাঙ্কো যজিলন্ত ৰাজা চিত্তশুদ্ধি কৰি।।
সমস্তৰে অন্তৰ্য্যামী প্রভু ভগৱন্ত।
ব্রহ্মা মহাদেৱে যাৰ তত্ত্ব নজানন্ত।।৩৯৭।।
দ্রব্য মন্ত্র বিধি যজ্ঞ যজমানচয়।
ঋত্বিক সদস্য ধর্ম্ম দেশ পাত্ৰচয়।।
ঈশ্বৰেসে হুয়াছন্ত ৰাজায়ে জানিলা।
এহিবুলি মান্ধাতায়ে হৰিক অৰ্চ্চিলা।।৩৯৮।।
ব্রাহ্মণসৱক দিলা দক্ষিণা বিস্তৰ।
কৃতকৃত্য হুয়া তৈতে ভৈলা নৃপবৰ।।
সূৰ্য্যে প্রকাশন্ত যত পৃথিৱীমণ্ডল।
কৰন্ত শাসন সৱে নৃপ অখণ্ডল।।৩৯৯।।
মান্ধাতাৰ সম আৰো নাহিকয় ৰাজা।
সাতোদ্বীপা পৃথিৱীৰ লোক যাৰ প্রজা।।
শশবিন্দু ৰাজাৰ দুহিতা বিহাইলন্ত।
মান্ধাতায়ে তেন্তে তিনি পুত্র জন্মাইলন্ত।।৪০০।।
ইন্দুমতি নামে তেহে পৰম সুন্দৰী।
পৃথিৱীমণ্ডলে যাক নাহি সৰিবৰি।।
পুৰুকুৎস অম্বৰীষ মুচুকুন্দ নাম।
এহি তিনি পুত্র তান্তে ভৈলা অনুপাম।।৪০১।।
পঞ্চাশ দুহিতা আৰো ভৈলেক ৰাজাৰ।
গুণে গুণৱতী সৱে ৰূপে চমৎকাৰ।।
শুক নিগদতি শুনা অভিমন্যুসূত।
তাসম্বাৰ কথা আদি মহা অদভুত।।৪০২।।
মহাঋষি সৌভৰিয়ো তপ আৰম্ভিয়া।
যমুনা জলত আছা হৰিক চিন্তিয়া।।
মন ইন্দ্রিয়ক দমিলন্ত মহাঋষি।
ঈশ্বৰক চিন্তে মাত্ৰ সদায় হৰিষি।।৪০৩।।
নিৰঞ্জন থানে জলমধ্যত আছন্ত।
পুত্র নাতি সমে চড়ৈ মৎস্য দেখিলন্ত।।
মহা মৎস্যৰাজা তাক সৱে বেঢ়ি ফুৰে।
অন্যো অন্যে আনন্দতে জলমাজে চৰে।।৪০৪।।
কামোৰা কামুৰি কৰে ভাৰ্য্য স্বামী সঙ্গে।
তাক দেখি ঋষিৰাজে চাহিলন্ত ৰঙ্গে।।
মনত বোলন্ত ইটো মৎস্য মহাশয়।
ভাৰ্য্যা পুত্র সমে ৰঙ্গে জলত ভ্রময়।।৪০৫৷৷
গৃহবাস সুখ বৰ জানিলোহো মনে।
এহি চিন্তি তৈৰপৰা উঠিলা তেখনে।।
মান্ধাতাৰ গৃহে মহা ঋষিয়ে গৈলন্ত।
ৰাজায়ে দেখিয়া তাঙ্ক শীঘ্ৰে উঠিলন্ত।।৪০৬৷৷
পাদ্য অর্ঘ্য আচমনি দিলা ৰাজা পাচে।
আসনক দিয়া অৱনত হুয়া আছে।।
কিবা কাম সাধো ঋষি তুমি পূর্ণকাম।
এহিবুলি দণ্ডৱতে কৰিলা প্রণাম।।৪০৭৷৷
ঋষিয়ে বোলন্ত মহাৰাজা শুনিয়োক।
একখানি কন্যা মোক সত্বৰে দিয়োক।।
এহিবুলি পাচে ঋষিৰাজ মৌন ভৈলা।
তাহানে বচন ৰাজা গুণিবাক লৈলা।।৪০৮।
হাড় ছাল মাত্ৰ শৰীৰত মাংস নাই।
কেশ দাঢ়ি পকা দেখি পিশাচ পৰায়।।
হঠাৰা হঠৰ হাড় চক্ষু কোন্টকোৰা।
হাত পাৱ কাম্পে আক পায়া আছে জড়া।।৪০৯।।
কতবা কালৰ নখ আছে বাঢ়ি বাঢ়ি।
মুখ নেদেখিয় আন গোম্ফে আছে জুৰি।।
দাড়িসৱ গৈয়া তান নাভিমধ্যে পৰে।
মাতন্তে দর্শন দেখি গোটাগোটে লৰে।।৪১০৷৷
আঙ্ক কোনে কন্যা দিবে আগে চক্ষু খাই।।
ঋষিক মাতিলা পাচে মহাৰাজা চাই।।
শুনিয়োক ঋষি মঞি কহঞো তোহ্মাত।
সবে স্বয়ম্বৰী কন্যা জানিবা সাক্ষাৎ।।৪১১।।
তাসম্বাৰ অধিকাৰ মই জানা নোহো।
স্বৰূপ বচন ঋষি তযু আগে কহো।।
মোৰ অভ্যন্তৰে ঋষি আপুনি যায়োক।
যিটো কন্যা বৰে তাক নিশ্চয় নিয়োক।৪১২৷৷
হেন শুনি ঋষি পাচে উঠিয়া হৰিষি।।
লাখুটিত ভিৰ দিয়া যান্ত বিমৰিষি।।
মোক বুঢ়া দেখি ৰাজা ভাণ্ডিবাক চাস।
এহি বুলি ঋষি মনে মনে কৰে হাস।।৪১৩।।
কামদের সম মঞি হুইবো এতিক্ষণে।
যাক দেখি মোহ হৱৈ দেৱ নাৰীগণে।।
আন নাৰী মোহ হুইবে ইটো কোন কথা।
এহিবুলি মহাৰূপ ধৰিলন্ত তথা।।৪১৪।।
কতো বেলি ঋষি পাচে কন্যাশাল পাইলা।
যেন মহা পূর্ণচন্দ্র প্রকাশিত ভৈলা।।
তাঙ্ক দেখি কন্যাৰ বিস্ময় ভৈলা মন।
অন্যো অন্যে বোলে কিনু ৰূপ বিতোপন।।৪১৫।।
পাচত শুনিলা হেন কথা কাণাকাণি।
এহে কন্যা খুজিলন্ত ৰাজাত আপুনি।।
ৰাজায়ে বুলিলা কন্যা ইচ্ছা স্বয়ম্বৰী।।
হেনকথা শুনিলন্ত সমস্তে সুন্দৰী।।৪১৬।।
সৱাৰো মধ্যত যিটো শ্রেষ্ঠ কন্যা জন।
তেহে বৰিলন্ত আসি মোহ হুয়া মন।।
সৱেয়ো তাহানৰূপে বিমোহিত ভৈলা।
আমিয়ো বৰিলো বুলি কন্দল লগাইলা।।৪১৭।।
মোহোৰেসে নিজস্বামী তাঙ্ক মই সম।
তুমি কেনে মোহ হৈয়া কৰা হেন কাম।।
আউৰ জনী বুলিলন্ত শুন বাই তই।
আনতে পুছিয়ো তুমি আঙ্ক সম মই।।৪১৮।।
এহিমতে কন্দল লাগিল তাসম্বাত।
ঋষিয়ে মোহিলা চিত্ত কৰিলা সাক্ষাত।।
পঞ্চাশ কন্যায়ে তাঙ্ক স্বামী বৰিলন্ত।
হেন দেখি ঋষি মহা আনন্দ ভৈলন্ত।।৪১৯।।
ৰাজা শুনিলন্ত সৱে কন্যায়ে বৰিলা।
বোলন্ত পাপিষ্ঠসৱ জীয়ন্তে মৰিলা।।
জড়াগ্রস্ত বিপ্রক বৰিল চক্ষু খাই।
লৈ যান্তোক বোলে চাহিবাক নুযুৱাই।।৪২০।।
মহাঋষি সবাহাঙ্কে লৈয়া পাচে সঙ্গে।
ৰাজাৰ গৃহৰপৰা বজাইলন্ত বঙ্গে।।
যোগবলে নিৰ্ম্মিলন্ত মহাথান ঋষি।
পঞ্চাস আৱাস তাত কৰিলা হৰিষি।।৪২১।।
একৈক আৱাস যেন সূর্য্য সম জ্বলে।
ইন্দ্ৰৰ থানত কৰি তান থান বলে।।
পৰম তপস্যাযুক্ত মহাঋষিবৰ।
পৰম শ্ৰীমন্ত আতি দেখি কলেৱৰ।।৪২২।।
বহুবিধ ৰত্ন আছে গৃহৰ ভিতৰ।
অসংখ্যাত সিংহাসন আছে সুৱৰ্ণৰ।।
দুগ্ধফেন সম নৱহংস তুলিচয়।
আসনৰ উপৰত পাৰিয়া আছয়।।৪২৩।।
নানাবিধ চন্দ্ৰতাপ দেখি অসংখ্যাত।
মুকুতা মুৰাৰি থোপা আৰি আছে তাত।।
গৃহৰ ওচৰে সৰোবৰ নিৰ্ম্মিলন্ত।
মৎস্য কচ্ছপ তাতে আছে অসংখ্যাত।।৪২৪।।
অসংখ্যাত উপবন আছয় তথাত।
বহুবিধ পক্ষীচয় আছয় তাহাত।।
ফল ফুল ভক্তি কাঢ়ে সুললিত নাদ।
তাক শুনি মনে মিলে পৰম উন্মাদ।।৪২৫।।
সালস্কৃত হুয়া অসংখ্যাত দাসী দাস।
সেৱা কৰি থাকয় ঋষিৰ নেৰে পাশ।।
আনো নানাবিধ দ্রব্য আছয় ঋষিত।
দৈৱে তাক নপাৰয় মহা মনোনীত।।৪২৬।।
মান্ধাতা গৈলন্ত পাচে তাহাঙ্ক দেখিত।
তাহান সম্পত্তি দেখি ভৈলন্ত বিস্মিত।।
সার্ব্বভৌম ৰাজপদে যাক নুহি সম।
ঋষিৰ সম্পদ আতি মহা নিৰুপম।।৪২৭।।
দুহিতাসৱক ৰাজা সাধুৰ্ব্বাদ কৰি।
ধন্যা ধন্যা তোৰা পুৰ্ব্বে আছা ব্ৰত ধৰি।।
সেহি পুণ্যবলে আঙ্ক স্বামী কৰি পাইলা।
এহিবুলি মহাৰাজা নিজথানে গৈলা।।৪২৮।।
এহিমতে ঋষি যেৱে গৃহত আছন্ত।
নানাবিধ ভোগসৱ সততে কৰন্ত।।
তথাপিতো তান মহা তৃষ্ণা বাঢ়ি যায়।
যেন ঘৃত দিলে অগ্নি অধিকে উধাই।।৪২৯।।
ক্ষেণে ক্ষেণে বিষয়ত বাঢ়ে অনুৰাগ।
বিস্ময়ে গুণন্ত তাক ঋষি মহাভাগ।।
যমুনাৰ জল মাজে আছো তপ কৰি।
দেখিলোহো মৎস্যগোটে ফুৰে তাতে চৰি।।৪৩০।
তাক দেখি মঞি মহা উত্ৰাৱল ভৈলো।
এৱেসে জানিলো হেৰা অধোগতি গৈলো।।
আত্মঘাতী ভৈলো মঞি পৰম পাপিষ্ঠ।
যোগভ্রষ্ট ভেলো আতি অধম অনিষ্ট।।৪৩১।।
দুঃসঙ্গৰ দোষ কেন দেখা সৰ্ব্বলোক।
জলচৰ মৎস্যগোটে মুহিলেক মোক।।
ব্ৰহ্মক সাক্ষাতকাৰ কৰো সমাধিত।
নানাবিধ পূজা কৰো ধৰি কষ্টব্রত।।৪৩২।।
মৎস্যৰ সঙ্গত সৱে গুচিল ক্ষণেকে।
আত্মবুদ্ধি ভৈল মোৰ দেখাহা দেহকে।।
মুকুতিৰ বাঞ্ছা কৰে যিটো মহাশয়।
ভাৰ্য্যাৰ সঙ্গীৰ সঙ্গ এৰিব নিশ্চয়।।৪৩৩।।
একেশ্বৰ হুয়া ফুৰিবেক মৌন ধৰি।
চিন্তিবেক ঈশ্বৰক চিত্ত দৃঢ় কৰি।।
সাধুৰ সঙ্গক যত্ন কৰিবে সদায়।
পৰম বান্ধৱ জানা সাধু সম নাই।।৪৩৪।।
একেশ্বৰে তপ মঞি কৰিলো জলত।
মৎস্যৰ সঙ্গত মহা ভৈলো উনমত্ত।।
পঞ্চাশ কন্যাক মঞি কৰিলো বিবাহ।
আপুনি ততেক ভৈলো কৰিয়া উৎসাহ।।৪৩৫।।
পঞ্চাশ হাজাৰ পুত্র মঞি উপার্জ্জিলো।
এৱেসে জানিলো নিষ্টে অধোগতি গৈলো।।
মন ইন্দ্রিয়ক মোৰ সৰে হৰিলেক।
বিষয়ক পায়া মোহ কোনে নুহিবেক।।৪৩৬।।
বিষয়ত মোৰ পুৰুষার্থে বুদ্ধি ভৈল।
ঈশ্বৰৰ স্তুতি নতি সৱে দূৰ গৈল।।
মহা অনর্থত মোৰ ভৈল অর্থবুদ্ধি।
কেনমতে চিত্ত মোৰ কৰিবোহো শুদ্ধি।।৪৩৭।।
এহি বুলি মহাঋষি ভৈলা বিৰকত।
উপস্থিত ভৈলা বানপ্রস্থ আশ্ৰমত।।
বনক গৈলন্ত ভাৰ্য্যাগণ সমন্বিতে।
ঈশ্বৰক আৰাধিবে লৈলা একচিত্তে।।৪৩৮।।
মহাতীব্র তপস্যা কৰিলা ঋষি বনে।
ইন্দ্রিয়গণকে যত্নে নিয়মিলা মনে।।
মনক নিয়মি ঋষি ভৈলা শান্ত চিত্ত।
হৃদয়ত হৰি আসি ভৈলন্ত বিদিত।।৪৩৯।।
অগ্নি ধাৰণাক ধৰি দেহাক দহিলা।
পৰমব্রহ্ম স্বৰূপত ঋষি লীন গৈলা।।
ভাৰ্য্যাসৱে দেখিলন্ত পাইলা শ্রেষ্ঠ গতি।
চিতা সাজি অগ্নি জ্বালিলন্ত সৱে সতী।।৪৪০।।
তাহান লগতে সৱে গৈলা একচিতি।
ঋষিৰ প্ৰভাৱে ভাৰ্য্যাসবো পাইলা গতি।।
শুক নিগদতি ৰাজা শুনা মহাশয়।
দুহিতাৰ কথা তান কহিলো নিশ্চয়।।৪৪১।।
পুত্ৰৰ কথাক আৱে শুনা মহা শান্ত।
মান্ধাতা ৰাজাৰ তিনি পুত্র জন্মিলন্ত।।
অম্বৰীষ ভৈল তান্তে মহা বংশধৰ।
তাহান তনয় যুৱনাশ্ব নৃপবৰ।।৪৪২।।
হাৰীত ভৈলন্ত পাচে তান্তে উতপতি।
পৰম মহন্ত সৱে ঈশ্বৰত মতি।।
পুৰুকুৎস নামে যিটো মান্ধাতা নন্দন।
নর্ম্মদাক দিলা তাঙ্ক সৱে ভ্রাতৃগণ।।৪৪৩।।
বাসুকি ৰাজায়ে গন্ধৰ্ব্বত হুয়া ভয়।
পুৰুকুৎস ৰাজাক নিলন্ত মহাশয়।।
গন্ধৰ্ব্বক বধিয়া ৰাখিলা সর্পগণ।
হেন দেখি সৰ্পৰাজা ভৈলা তুষ্টমন।।৪৪৪।।
বাসুকি বোলন্ত মহাৰাজা শুনিয়োক।
তোহ্মাৰ আমাৰ কথা শুনে যত লোক।।
তাসম্বাৰ সৰ্পভয় গুচোক নিশ্চয়।
তোমাৰ গুচিবে ইটো কমন সংশয়।।৪৪৫।।
তাহান তনয় ভৈলা ত্ৰসদ্দস্যু নাম।
অনৰণ্য পুত্র ভৈলা হৰ্য্যশ্ব উত্তম।।
যাক বলে নাহি ৰাজা পৃথিৱীত সম।
অস্ত্ৰে পৰাক্ৰমে আতি সৱাতে উত্তম।।৪৪৬।।
তাহান্তে ভৈলন্ত পুত্ৰ নামত প্রাৰুণ।
প্রাৰুণৰ পুত্ৰ ভৈলা নাম ত্রিবন্ধন।।
ত্রিবন্ধন পুত্র ভৈলা সত্যব্রত নাম।
তানে পুত্ৰ হৰিশ্চন্দ্র গুণে অনুপাম।।৪৪৭।
হৰিশ্চন্দ্ৰ ৰাজা যেৱে ভৈল অপুত্রক।
এক সময়ত লাগ পাইলা নাৰদক।।
অনেক কৰিলা তাঙ্ক তুতি মহাৰাজে।
আতি মন দুখ মোৰ পুত্র নুহি কাজে।।৪৪৮।।
যেনমতে পুত্র হুই উপায় দিয়োক।
তোহ্মাৰ বচন শুনি মন শান্ত হৌক।।
এহিমতে ৰাজা যেৱে ঋষিত প্রার্থিলা।
নাৰদে তাহাঙ্ক চাই বচন বুলিলা।।৪৪৯।।
শুনিয়োক হৰিশ্চন্দ্র মহানৃপবৰ।
পুত্ৰকামে তুমি যজ্ঞ কৰা বৰুণৰ।।
তেৱেসে তোমাৰ পুত্ৰ হৈব উতপতি।
এহি বুলি ঋষি চলি গৈলা মহামতি।।৪৫০।।
শুনা সভাসদ পদ মহাভাগৱত।
আতপৰে মহা ধৰ্ম্ম নাহি সংসাৰত।।
বিশেষত কলিযুগ পৰম মলিন।
পাতেক সিজয় আত জানা দিনে দিন।।৪৫১।।
পাতেকীৰ ধৰ্ম্ম কৰ্ম্ম জানা সৱে বৃথা।
হৰিৰ নামেসে সাধে মহাপুণ্য কথা।
অচ্যুতৰ সন্ত কথা যি ঠাইত আছয়।।
গঙ্গা গয়া বাৰাণসী তহিতে থাকয়।।৪৫২।।
যমুনা নর্ম্মদা গোদাবৰী তীর্থ যত।
সৰস্বতী আদি তীর্থ বহন্ত তহিত।।
হেন ঈশ্বৰৰ কথা নুশুনে যিজন।
আত্মঘাতী মহাপাপী অধম দুর্জ্জন।।৪৫৩।।
মুকুতসকলে সদা যাত কৰে ৰতি।
হেনয় কথাত কোনে নকৰিবে প্রীতি।।
হে কৃষ্ণ প্রাণ মঞি অধম দুর্জ্জন।
মহাপাপী মোত পৰে নাহি আন জন।।৪৫৪।।
সন্তৰ সঙ্গত তযু অমৃত কথাক।
তাসম্বাৰ মুখে মঞি পাঞো শুনিবাক।।
তযুপদ হৃদয়ে থাকোক মুখে নাম।
আতপৰে প্রভু মোৰ নাহি আন কাম।।৪৫৫।।
নামে মোৰ ধন জন নামে মোৰ প্রাণ।
নাম বিনে সংসাৰত নাহি নাহি আন।।
হৰিনাম বিনে নাহি কাহাৰো তৰণ।
ৰাম ৰাম বুলি কৰা বৈকুণ্ঠ গমন।।৪৫৬৷৷
.....
।।হৰিশ্চন্দ্ৰ উপাখ্যান।।
।।দুলড়ী।।
শুক নিগদতি শুনিয়ো নৃপতি
নাৰদে যেৱে কহিলা।
হৰিশ্চন্দ্র মহা নৃপতিয়ে পাচে
বৰুণক নিমন্ত্রিলা।।
শুনিয়োক দেৱ মোক এৱে তুমি
কৰিয়োক পুত্র দান।
অপুত্রক নাম গুচোক আমাৰ
মোৰ মনে নাহি আন।।৪৫৭৷৷
যিটো পুত্র হয় তাকে কাটি মই
যজিবো নিষ্টে তোমাক।
তোহ্মাৰ আগত কহো সত্যবাক
দিয়োক পুত্ৰ আমাক।।
এহিমতে যেৱে বাঞ্ছনা কৰিয়া
ৰাজা বাক্য বুলিলন্ত।
তাহান বচন শুনিয়া বৰুণ
পৰম তুষ্ট ভৈলন্ত।।৪৫৮।।
দেৱৰ প্রসাদে মহাৰাজা পাচে
তনয়ক লভিলন্ত।
পৰম সুন্দৰ ৰূপ মনোহৰ
অদ্ভুত পুত্র ভৈলন্ত।।
বৰুণে বোলন্ত হৰিশ্চন্দ্র নৃপ
মোক যজ্ঞে যজিয়োক।
ৰাজায়ে বোলন্ত শুনিয়োক দেৱ
দশদিন বাজ হৌক।৪৫৯৷৷
এহি বাক্য শুনি বৰুণ গৈলন্ত
আপোনাৰ নিজ থানে।
কেতিক্ষণে দশ দিৱস যাইবেক
গুণিবে লাগিলা মনে।।
দশদিন ভৈলে পুত্রক বধিয়া
ৰাজা মোক যজিবন্ত।
এহি মনে গুণি বৰুণ দেৱতা
আনন্দ হুয়া আছন্ত।।৪৬০।।
দশদিন বাজে আসিলা বৰুণ
কৰিয়োক মোক পূজা।
শুনিয়োক দেৱ মোহোৰ বচন
বুলিলন্ত পাচে ৰাজা।।
ইটো তযু বাণী দান্ত নতু গজে
অশুদ্ধ আক জানিবা।
দান্ত গজিলেসে যজিবাক যোগ্য
পাচত তুমি আসিবা।।৪৬১৷৷
কেতিক্ষণে দান্ত গজিবেক শিশু
মনত আছন্ত গুণি।
হৰিশ্চন্দ্ৰ ৰাজা অৱশ্যে যজিবে
পুত্ৰক ছেদি আপুনি।।
দশমাস ভৈল দশন গজিল
বৰুণ পাচে আসিল।
তযু তনয়ৰ দান্ত গজিলেক
ৰাজাক চাই বুলিল।।৪৬২।।
ৰাজায়ে বোলন্ত শুনিয়ো বৰুণ
তযু আগে কহো কথা।
দুগ্ধধৰ দান্ত যেখন পৰয়
তেৱেসে আসিবা এথা।।
পৰম পৱিত্র হুইবে ইটো শিশু
তেৱেসে মই যজিবো।
এহি বাক্য শুনি বৰুণে বুলিলা
পাচত মঞি আসিবো।।৪৬৩৷৷
বৰুণে বোলন্ত কেতিয়া ইহাৰ
ভাগিবেক দান্তচয়।
এহিমতে তান গুণন্তে গৈলেক
আঠ পাঞ্চ সাত ছয়।।
অষ্টম বৰিষ ভৈল বালকৰ
ভাগিলেক দান্তচয়।
পৰম আনন্দ মন হুয়া পাচে
বৰুণ আসিলা তয়।।৪৬৪।।
যজিয়োক ৰাজা তোমাৰ পুত্ৰৰ
দান্তচয় ভাগি গৈল।
তান বাণী শুনি মনত গুণিয়া
ৰাজায়ে বুলিবে লৈল।।
শুনিয়ো বৰুণ তোমাৰ বচন
নিশ্চয়ে মঞি কৰিবো।
ইটো বালেকৰ ভগ্ন দন্তচয়
গজিলে মঞি যজিবো।।৪৬৫।।
পৰম পৱিত্র হুইবে ইটো শিশু
মাংস বহুতৰ পাইবা।
ইহাক ছেদিয়া নিশ্চয় পূজিবো
পৰম আনন্দে খাইবা।।
এহি বাক্য শুনি পাচে মনে গুণি
বৰুণ গৃহক গৈলা।
দান্তচয় ভাগি ৰাজাৰ পুত্ৰৰ
সৱেয়ে সমান ভৈলা।।৪৬৬।।
কতো দিনে পাচে বৰুণ দেৱতা
গৈলন্ত ৰাজাৰ ঠাই।
দিয়োক পুত্রক নেৰিবা সত্যক
বিলম্বক নুযুৱাই।।
এহিমতে যেৱে বৰুণে খুজিলা
ৰাজাৰ মুখক চাই।
তাহান আগত বুলিলা বচন
হৰিশ্চন্দ্ৰ মহাৰায়।।৪৬৭।।
ক্ষত্রিয় জানা সন্নাহা পিন্ধিবে
পাৰিলেহে শুদ্ধ হয়।
এতিক্ষণে তুমি যায়োক দেৱতা
বুলিলো মঞি নিশ্চয়।।
যেতিক্ষণে ইটো কৱচ পিন্ধিবে
পাৰয় আপুন গাৱে।।
তেখনে তোমাক নিশ্চয় যজিবো
বুলিলো শুদ্ধ স্বভাৱে।।৪৬৮৷৷
এহিমতে তাঙ্ক বচন বুলিয়া
হৰিশ্চন্দ্রে ভাণ্ডিলন্ত।
পুত্ৰৰ স্নেহত হুয়া মহা ৰত
কালক ক্ষেপ কৰন্ত।।
আজি কালি কৰি পুত্ৰক দেখন্তে
সামর্থ ভৈলেক আতি।
কেনমতে আক নষ্ট কৰিবোহো
থাকিবে মহা কুখ্যাতি।।৪৬৯৷৷
যদ্যপি আপুন প্রাণ যায় মোৰ
তথাপি আক ৰাখিবো।
ইবাৰ আসিলে বৰুণক মঞি
বুজাই তাঙ্ক কহিবো।।
নোৱাৰোহো আক নষ্ট কৰিবাক
কহিবেহো তান আগে।
যেন লাগে হৌক বুলিলো নিশ্চয়
মোৰ এৱে কৰ্ম্মভাগে।।৪৭০৷৷
বাপৰ ইঙ্গিত পায়া ৰোহিতাশ্ব
পলাইলা গৃহৰপৰা।
বৰুণে আসিয়া বুলিলা ৰাজাক
মোক পূজা শীঘ্ৰে কৰা।।
ৰাজায়ে বোলন্ত শুনিয়ো বৰুণ
পুত্ৰ মোৰ পলাইলেক।
এৱে কোন বুদ্ধি দিয়োক আমাক
কমন কাৰ্য্য হৈবেক।।৪৭১।।
ৰাজাৰ বচন শুনিয়া বৰুণ
ক্রোধ আতি কৰিলন্ত।
এতিক্ষণে তোৰ হৌক জলন্ধৰ
হেন বাণী বুলিলন্ত।।
তেতিক্ষণে তাৰ পেট উসসিল
দেখিলেক সৰ্ব্বলোক।
পিতৃৰ দুখক শুনি ৰোহিতাশ্ব
পাইলেক পৰম শোক।।৪৭২।।
আসিবাক চান্ত দেখি ইন্দ্ৰদেৱে
বাধিলন্ত আসি পাচে।
ইন্দ্ৰৰ বচন শুনি ৰোহিতাশ্ব
নগৈলা পিতৃৰ কাছে।।
পৃথিৱী পৰ্য্যটি ফুৰিলন্ত পাচে
ৰাজাৰ পুত্ৰ মহন্ত।
তীর্থক্ষেত্র যত ফুৰিলা সমস্ত
ঈশ্বৰক চিন্তিলন্ত।।৪৭৩।।
পাচে ইন্দ্রে তাঙ্ক বচন বুলিলা
শুনা ৰোহিতাশ্ব বাণী।
এহি বনে তই কৰিয়ো নিবাস
আতে থাকা মহামানী।।
ইন্দ্ৰৰ বচন শুনিয়া ৰহিল
হৰিশ্চন্দ্রসুত বলী।
মনত পৰম বিষাদ কৰন্ত
নগৈল তহিক চলি।।৪৭৪।।
এহিমতে তৈতে পঞ্চম বৎসৰ
আছিলা ৰাজাৰ সুত।
ব্রাহ্মণৰ বেশে বুলিলন্ত ইন্দ্রে
যাইবাক খোজা সঙ্কট।।
নযাইবি এক্ষণ এথানতে ৰহ
মোহোৰ বচন শুন।
সিথানত তই কি কাম কৰিবি
আপুনাৰ মনে গুণ।।৪৭৫।।
এহিমতে যেৱে বৎসৰ ছয়কো
ইন্দ্ৰে বুলি ৰাখিলন্ত।
সেহি সময়ত অজীগৰ্ত্ত নামে
ব্রাহ্মণে পুত্র বিকন্ত৷৷
লাগ পায়া তাঙ্ক ৰোহিতাশ্বে পাচে
কিনিলন্ত বিত দিয়া।
শুনঃশেফ নামে মধ্যম পুত্রক
বিকিলন্ত ধন লৈয়া।।৪৭৬।।
.....
।।ছবি।।
তাহাক লৈলন্ত পাচে চলিলা পিতৃৰ কাছে
আনন্দিত হুয়া মহাবীৰ।
পিতৃৰ চৰণ বন্দি আনন্দতে কাছে কান্দি
বুলিলন্ত পাচে ধীৰে ধীৰ।।
মোহোৰ নিমিত্তে বাপ পাইলা তুমি মহাতাপ
বৰুণে দিলন্ত দুখ আতি।
আনি আছো বলি কিনি চায়ো তুমি মহামানী
যজ্ঞক যজিয়ো তাঙ্ক মাতি।।৪৭৭।।
হৰিশ্চন্দ্ৰ মহাৰায় বুলিলা পুতাক চাই
তই মহা পিতৃত বৎসল।
সত্বৰ কৰিয়া বাপু যজ্ঞৰ সম্ভাৰ কৰ
মাতিয়োক ব্রাহ্মণসকল।।
বৰুণক নিমন্ত্রণ কৰিলন্ত হৰিশ্চন্দ্র
যজিলাহা পৰম যতনে।
জলন্ধৰ ৰোগ তান গুচিলেক সেহিক্ষণ
আনন্দিত ভৈল ৰাজা মনে।।৪৭৮৷৷
বিশ্বামিত্র ঋষি মহা ভৈলন্ত আচার্য্য তেহে
যমদগ্নি অধ্বর্য্যু হুয়া যেৱে।
সামবেদ উচ্চাৰিল বশিষ্ঠ যে ব্রহ্মা হুয়া
যজ্ঞ সাঙ্গ কৰিলন্ত সৱে।।
ইন্দ্ৰদেৱ তুষ্ট হুয়া হৰিশ্চন্দ্র নৃপতিক
দিলা হিৰন্ময় মহাৰথ।
পৰম আনন্দে ৰাজা কৰিলা পৰম পূজা
সৱে দেৱ গৈলা স্বর্গপথ।।৪৭৯।।
শুনঃশেফ নামে যিটো তাহান মহিমা ৰাজা
পাচত কহিবো মঞি তাক।
হৰিশ্চন্দ্ৰ মহাৰাজা পাইলন্ত পৰম পদ
কহো এৱে শুনিয়োক আক।।
এক সময়ত ৰাজা যজ্ঞ কৰিবাক লাগি
বশিষ্ঠক বুলিলন্ত মাতি।
যত যজ্ঞ আছে মানে কোন যজ্ঞ শ্রেষ্ঠ মহা
যাত হন্তে হৱে মহাখ্যাতি।।৪৮০।।
ৰাজাৰ বচন শুনি ঋষি কহিলন্ত গুণি
ৰাজসূয় মহাযজ্ঞ আতি।
শুনা হৰিশ্চন্দ্ৰ ৰায় কহো মঞি অভিপ্রায়
অনায়োক ঋষিগণ মাতি।।
তাহান বচনে ৰাজা ৰাজসূয় আৰম্ভিলা
বশিষ্ঠে বুলিলা তাঙ্ক মাতি।
গণেশক পূজিয়োক ৰাজা তুমি শুনিয়োক
অগ্রভোক্তা তেহে মহামানী।।৪৮১৷৷
ঋষিৰ বচন শুনি হৰিশ্চন্দ্ৰে বুলিলন্ত
ইটো কথা নকৈবা আমাত।
ঈশ্বৰক এৰি মই কেনমতে আন দেৱ
পূজা এৱে কৰিবো সাক্ষাত।।
ৰাজাৰ বচন শুনি বশিষ্ঠেয়ো মনে গুণি
ঈশ্বৰক পূজা কৰাইলন্ত।
ৰাজাৰ আনন্দ আতি মহা কৃতকৃত্য ভৈলা
যেন আতি হৰিষে নাচন্ত।।৪৮২।।
এহিমতে ৰাজা পাচে যজ্ঞ সাঙ্গ কৰি আছে।
ব্রাহ্মণক দক্ষিণা দিলন্ত।
তাহান দক্ষিণা পায়া মহা তুষ্ট মন হুয়া
আপোনাৰ দেশক গৈলন্ত।।
কতোদিন মহাৰাজা আনন্দে পালিয়া প্রজা
আছা হৰিশ্চন্দ্র মহানৃপ।
মৃগ মাৰিবাক ৰাজা আনন্দে সাজিয়া প্রজা
গৈলা বিজুবনৰ সমীপ।।৪৮৩।।
সিটো বিজুবন মাজে শ্রেষ্ঠ মৃগ দেখি ৰাজা
তেজি ঘোৰে তাক খেদিলন্ত।
মহা বায়ুবেগে সিটো পলাৱয় প্রাণ ৰাখি
মহাৰাজা লাগ নপাইলন্ত।।
সেনাক এৰিয়া ৰাজা বহুদূৰ গৈলা খেদি
শুনিলন্ত স্ত্রীৰ ক্ৰন্দন।
খেদি যান্ত মহাক্রোধে এৰিলেক সত্যবোধ
স্ত্রীক মাৰে কোননো দুর্জ্জন।।৪৮৪।।
সেহি সময়ত পাচে গণেশে পাইলন্ত ছিদ্র
মোক নপুজিলি আগে তই।
দিবো আজি প্রতিফল এহি গুণি মহাবল
আতি ক্রোধ তোলাঞো আক মঞি।।
বিশ্বামিত্র মহাঋষি তপস্যা কৰিয়া আছে
নিৰঞ্জন থানত ৰহিয়া।
তপৰ প্ৰভাৱে তান বিদ্যায়ে আটাস পাৰে
ৰাজা যান্ত তাক নজানিয়া।।৪৮৫৷৷
দেখিলন্ত ৰাজা পাচে বিশ্বামিত্র মহামুনি
তপ কৰি আছা বনমাজে।
তাহাঙ্ক দেখিয়া আতি চিত্ত থিৰ নুহিকয়
কম্পিবাক লৈলা মহাৰাজে।।
ঋষি বুলিলন্ত অৰে পাপিষ্ঠ দুৰ্জ্জন তই
মোক নিন্দা বুলিলি বচন।।
ব্রহ্মশাপ অগনিয়ে তোৰ যত সম্পত্তিক
দহিয়া কৰিবো মঞি ছন্ন।।৪৮৬।।
এহিমতে ঋষিৰাজ অনেক নিন্দিয়া তাঙ্ক
মহাক্রোধ দৃষ্টি আছা চায়া।
মহাবেগে হৰিশ্চন্দ্র ঋষিৰ পাৱত গৈয়া
পৰিলন্ত হুয়া নম্র কায়া।।
সৱে ৰাজ্যভাৰ প্রভু তোহ্মাক দিলোহো মঞি
মোক ক্রোধ দৃষ্টি এৰিয়োক।
নজানিয়া মঞি পাপী তোহ্মাক বুলিলো মন্দ
আৱে তাক ক্ষমা কৰিয়োক।।৪৮৭।।
এহিমতে ৰাজা যেৱে অনেক বুলিলা বাণী
বিশ্বামিত্ৰে বুলিলা বচন।
মোক দিবে ৰাজ্যভাৰ তোৰ যত অধিকাৰ
এহি নিষ্ট কৰ এতিক্ষণ।
তাহান বচন শুনি ৰাজায়ে বুলিলা গুণি
সত্যে দিলো সকলে ৰাজ্যক।
নিশ্চয় বচন জানি বিশ্বামিত্র মহামুনি
গৈলা হৰিশ্চন্দ্ৰৰ গৃহক।।৪৮৮৷৷
অযোধ্যাৰ ভৈলা ৰাজা বিশ্বামিত্র মহামুনি
ৰাজাক খেদাইলা তৈৰ হন্তে।
সকলে সৰ্ব্বস্ব তান বিশ্বামিত্র সৰ্ব্বজান
লৈয়া ৰঙ্গে থাকিলন্ত শান্তে।।
কতোদূৰ যান্তে আছে ঋষি মনে গুণি পাচে
বোলন্ত দক্ষিণা নেদি যাই।
খেদি গৈয়া মহাবেগে লাগ পায়া সেহি ছেগে
বচন বুলিল তাঙ্ক চাই।।৪৮৯৷৷
ৰাজসূয় মহাযজ্ঞ কৰিয়া আছস তই
তাহাৰ দক্ষিণা নতু পাঞো।
যিমান পাৰস তই শীঘ্ৰে দিয়ো মহাৰায়
ৰাজ কাজ পৰৈ কৈ যাঞো।।
ৰাজায়ে বোলন্ত গুৰু সকলে সৰ্ব্বস্ব দিলো
নাহি কিছু মোহোৰ হাতত।
দিয়োক বিদায় মোক ক্রোধ ভাৱ এৰিয়োক
দক্ষিণাক দিবো মাসেকত।।৪৯০।।
.......
।।দুলড়ী।।
শুনা সৰ্ব্বজন দিয়ো একমন
ভাগৱত কথা সাৰ।
আতপৰে আৰ নাহি ধৰ্ম্মসাৰ
পাইবা সংসাৰৰ পাৰ।।
একচিত্ত মনে যিটো শুনে ভণে
কৃষ্ণৰ কথা অমৃত।
সি সি মহাজনে মহাসুখে তৰে
দুৰ্ঘোৰ ইটো কলিত।।৪৯১৷৷
নাম সম ধৰ্ম্ম নাহি সংসাৰত
শাস্ত্ৰত ইটো বিদিত।
হেন জানি যিটো বুদ্ধিমন্ত হয়
নামত দিয়োক চিত্ত।।
নামেসে পৰম তপ জপ ধ্যান
নামেসে পৰম জ্ঞান।
নামে ধৰ্ম্ম কৰ্ম্ম নামে তত্ত্ব মৰ্ম্ম
নাম বিনে নাই আন।।৪৯২।।
নাম উচ্চাৰিলে সমস্তে সিজয়
জানিবা আক নিশ্চয়।
বুলিবাহা ইটো হুই নুই কথা
নকৰা মনে সংশয়।।
ভাগৱত শাস্ত্র বিচাৰি দেখিবা
ইটো কথা আছে নাই।
কৃষ্ণৰ চৰণে পশিয়ো শৰণে
বিলম্বক নুযুৱাই।।৪৯৩৷৷
আনো পুৰাণৰ কথা কিছু দিলো
নিনিন্দিবা মোক চাই।
কথাৰ প্রস্তাৱে যেন লৱে মনে
নিবন্ধিলো ঠাই ঠাই।।
নমো নমো প্রভু কৰুণা সাগৰ
ভকত বান্ধৱ দেৱ।
তোহ্মাৰ চৰণে পশিলো শৰণে
কৰো লক্ষ্য কোটি সেৱ।।৪৯৪।।
মই মহাপাপী অধম দুর্জ্জন
বিষয়ত মাত্র ৰতি।
তুমি হেন দেৱ জানিয়া তথাপি
ধনতেসে মোৰ মতি।।
তযু ৰূপ মোৰ হৃদয়ে থাকোক
বচনে তোহ্মাৰ নাম।
সামাজিক লোক বোলা ৰাম ৰাম
তেৱে হোৱে পূর্ণ কাম।।৪৯৫।।
..........
।।পদ।।
ৰাজাৰ বচন শুনি ঋষি মহাশয়।
তাঙ্ক এৰি গৈলা পাচে আপোন নিলয়।।
ঋষিৰ কথাক মঞি এহিমানে থঞো।
হৰিশ্চন্দ্রে যি কৰিলা তাৰ কথা কঞো।।৪৯৬।।
মনত বোলন্ত ৰাজা কৈত ৰহিবোহো।
মোৰ যত ৰাজ্যমানে ঋষিক দিলোহা।।
তাহান ৰাজ্যত মোক থান নেদিবন্ত।
পাচে থান গুণি ৰাজা মনত পাইলন্ত।।৪৯৭।।
বাৰাণসী থান নুহি কাৰো অধিকাৰ।
পাচে গৈয়া ৰাজা তাতে ভৈলা পয়োসাৰ।।
ভাৰ্য্যা পুত্র সমে ৰাজা গৈলা সেহি থান।
লগত সহায় তান নাহিকয় আন।।৪৯৮৷৷
মাহেকক লাগি দক্ষিণাক সহিলন্ত।
পাইলন্ত আসিয়া ঋষি নৃপতি দেখন্ত।।
মনত বোলন্ত এৱে কোন বুদ্ধি কৰো।
ব্রহ্মশাপ অগনিয়ে আজি দহি মৰো।।৪৯৯।।
নপাইলে ঋষিয়ে দিবে মহাচণ্ডশাপ।
এহি বুলি হৰিশ্চন্দ্ৰে কৰন্ত বিলাপ।।
হৰি হৰি কি কৰিলো বিপাঙ্গে পৰিলো।
আপুনিয়ো নষ্ট ভৈলো কুল নষ্ট কৈলো।।৫০০।।
তাহান সন্তাপ দেখি বিশ্বামিত্র ঋষি।
মাসেক ভৈলেক তই চাউ বিমৰিষি।।
আৰো দুইপৰ বেলা আছয় ইহাৰ।
শীঘ্ৰে কৰি দক্ষিণাক বুজায়ো আমাৰ।।৫০১৷৷
মোৰ দক্ষিণাক যদি হেলা কৰ তই।
সবংশকে শাপি ভস্ম কৰিবোহো মঞি।।
এহিমতে ঋষিৰাজে বিস্তৰ গর্জ্জিলা।
সংক্ষেপ পদত তাক আৰো নিলিখিলা।।৫০২।।
ঋষিৰ বচন শুনি হৰিশ্চন্দ্ৰ ৰায়।
কম্পিবে লাগিলা ডৰে মুখে মাত নাই।।
ভাৰ্য্যাক চাহিয়া ৰাজা বুলিলা বচন।
প্রাণ পটেশ্বৰী মোৰ বাক্যে দিয়ো মন।।৫০৩।।
কেনমতে ব্রাহ্মণৰ সুজো মই ধাৰ।
কেনমতে বংশ মোৰ হোৱয় উদ্ধাৰ।।
তাহান বচন শুনি শৈব্যা পটেশ্বৰী।
বুলিলন্ত নৃপতিক অল্প হাস্য কৰি।।৫০৪।।
আমাক বিকিয়া মহাৰাজা শুজা ধাৰ।
আতপৰে উপায় নেদেখো মই আৰ।।
শাস্ত্ৰতো কহয় আক মহামুনিচয়।
আপুনাৰ প্রাণ জানা ৰাখিতে লাগয়।।৫০৫।।
দেহৰ সম্বন্ধি পুত্র দাৰা ধন জন।
সৱে দিয়া ৰাখিবেক আপুন জীৱন।।
হেন জানি স্বামী তুমি খেদ পৰিহৰি।
পুত্ৰক ভাৰ্য্যাক বিকিয়োক শীঘ্ৰ কৰি।।৫০৬৷৷
ভাৰ্য্যাৰ বচন শুনি ৰাজা মহাশান্ত।
পৃথিৱীত মহাশোকে ঢলি পৰিলন্ত।।
মূৰ্চ্চা গৈয়া ৰাজা যেন হৰিল সুৰুতি।
তাঙ্ক দেখি শৈব্যা সতী ভৈলন্ত বিশ্রুতি।।৫০৭।।
তাহান মাথাত সতী জল ঢালিলন্ত।
কতোবেলি সুস্থ হুয়া ৰাজা বসিলন্ত।।
হেন কি বচন তই বোল নিকাৰুণ।
তোক বিকিবোহো মঞি পৰম দাৰুণ।।৫০৮।।
আপুনাক আপুনিয়ে বিকো মঞি আগে।
যেন লাগে হৌক তোমাসাৰ কৰ্ম্মভাগে।।
কতোদূৰ হন্তে ঋষি আছা তাঙ্ক চাই।
ক্রোধবেগে উঠি তৈৰ গৈল তাঙ্ক ধাই।।৫০৯।।
কাপ জাপ কৰি তই দিন কটাৱস।
ব্রহ্মস্ব অগনি কুল দহিবাক চাস।।
শীঘ্ৰ কৰি দক্ষিণাক দিয়োক বুজাই।
দেখিয়োক ৰাজা হেৰ সূৰ্য্য অস্ত যায়।।৫১০।।
বিশ্বামিত্রে এহি বাক্য ৰাজাক বুলিলা।
হৰিশ্চন্দ্রে শুনি পাচে মাতিবে লাগিলা।।
দক্ষিণাৰ আপাসে নিয়োক মোক ঋষি।
হেন শুনি বিশ্বামিত্রে মাতিলন্ত হাসি।।৫১১।।
তই পৃথিৱীৰ ৰাজা তোক কি কৰিবো।
কপর্দ্দক দিয়া তুমি হৰিষে চলিবো।।
আতি শীঘ্ৰে দিয়ো ৰাজা বিলম্ব নকৰা।
মোৰ মহা ক্রোধ উঠে নষ্ট হুইবে পাৰা।।৫১২৷৷
হেন শুনি হৰিশ্চন্দ্র চিন্তিত ভৈলন্ত।
পুত্ৰ ভাৰ্য্যা বিকো বুলি ৰাজা ডাকিলন্ত।।
তেতিক্ষণে ব্ৰাহ্মণে কিনিলা ধন দিয়া।
বিশ্বামিত্ৰ হাতে দিল সৱেখানি নিয়া।।৫১৩।।
তাকাহ লভিয়া ঋষি তুষ্ট নভৈলন্ত।
কি দিলি ৰাজা মোক বুলিয়া মাতন্ত।।
সামান্য ব্ৰাহ্মণ হেন ভোজনী যাচস।
মোহোৰ উমান হৈবে তই নতু পাস।।৫১৪।।
কৰ কৰ কৰি সৱে দশন চোবান্ত।
তেলীয়াৰ যেন জান্তে তৈলক পেৰন্ত।।
দণ্ড ধৰি উঠিলন্ত যেন যমৰায়।
ক্ৰোধৰ বেগত মুখ চাহান নাযায়।।৫১৫।।
শুন ওৰে হৰিশ্চন্দ্ৰ অধম পাপিষ্ঠ।
কুল ভস্ম কৰো মঞি জানা নিষ্টে নিষ্ট।।
দক্ষিণা নিদিবি যেৱে বোল নিষ্ট কৰি।
মোহোৰ হাতত আজি নিষ্টে যাইবি মৰি।।৫১৬।।
ঋষিৰ ক্ৰোধক দেখি ৰাজা কম্পমান।
বোলন্ত লৈয়োক ঋষি মঞি দেও দান।।
আপোনাক আপুনিয়ে বিকো মঞি লোক।
যিজনে কিনিবা মোক শীঘ্ৰে কিনিয়োক।।৫১৭।।
হেন শুনি চাণ্ডালৰ অধিপতি এক।
মই কিনিবোহো বুলি বাক্য বুলিলেক।।
তাক দেখি ৰাজাৰ সন্তাপ মহা ভৈলা।
তাক চাৰি ৰাজা বাক্য বুলিবাক লৈলা।।৫১৮।।
উলটিয়া যাস তোত নযাঞো ক্ৰয়ণ।
হেন শুনি ক্ৰোধে ঋষি বুলিলা বচন।।
নিয়োক কিনিয়া তুমি গৃহস্থ চাণ্ডাল।
মোক মাত্ৰ ধন আনি দিয়োক সকাল।।৫১৯।।
বিকিলোহো আক মঞি নিয়ো শীঘ্ৰ কৰি।
সত্বৰে দিয়োক ধন লঞো জুলি ভৰি।।
চাণ্ডালে শুনিয়া বাক্য দিয়া বহু ধন।
ৰাজাক লৈলেক সিটো কৰিয়া ক্ৰয়ণ।।৫২০।।
বিশ্বামিত্ৰে ধন লৈয়া গৈলা নিজথান।
চাণ্ডালে নিলেক ধৰি তেজি তান মান।।
চাণ্ডালৰ গৃহে বহুদিন আছিলন্ত।
তাহান দুখক কহি কোনে পাৱে অন্ত।।৫২১।।
ব্ৰাহ্মণৰ গৃহে ভাৰ্য্যা পুত্ৰক বিকিল।
এহিমতে ৰাজঋষি দক্ষিণা শুজিল।।
সেহি পূণ্যে স্বৰ্গে গৈলা হৰিশ্চন্দ্ৰ ৰাজা।
তান লগে গৈলা সৱে অয্যোধাৰ প্ৰজা।।৫২২।।
শুক নিগদতি পৰীক্ষিত মহীপতি।
বশিষ্ঠে দেখলা আসি তাহান বিপত্তি।।
নাহিকন্ত ৰাজা সৱে শূন্য ভৈল থান।
বশিষ্ঠে বোলন্ত কৈক গৈলা যজমান।।৫২৩।।
বিশ্বামিত্ৰে যি কৰিলা তাহাক কহিল।
ৰাজ্যক কাঢ়িয়া লৈয়া চাণ্ডালে বিকিল।।
সেহি মনস্তাপে ৰাজা স্বৰ্গক গৈলন্ত।
এহি বাক্য শিষ্যমুখে ঋষি শুনিলন্ত।।৫২৪।।
মহাক্ৰোধে বল্কিবে লাগিলা ঋষিৰাজ।
মই নাছিলোহো কাজে ভৈলেক অকাজ।।
তপ কৰি আছিলোহো নিৰঞ্জন থানে।
এহি বাক্য বুলি ঋষি চলিলা তেখনে।।৫২৫।।
কৈত আছে বিশ্বামিত্ৰ পাপিষ্ঠ দুৰ্জ্জন।
মোৰ বিৃত্তিছেদ কৰিলেক পাপমান।।
এহি বুলি কৌশিকৰ আশ্ৰমক গৈলা।
দুয়ো মহাঋষি পাচে দেখাদেখি ভৈলা।।৫২৬।।
বশিষ্ঠে বোলন্ত শুন বিশ্বামিত্ৰ পাপ।
মোহোৰ মনত তই দিলি মহাতাপ।।
হৰিশ্চন্দ্ৰ ৰাজাক খেদাইলি তই কিক।
পৰহিংসা কৰ জীৱনত ধিক ধিক।।৫২৭।।
যি কৰিলি আজি তাৰ প্ৰতিফল দিবো।
মোৰ চণ্ডশাপে তোক ভস্মক কৰিবো।।
এহি বুলি দণ্ড ধৰি বশিষ্ঠ গৈলন্ত।
তাঙ্ক দেখি বিশ্বামিত্ৰ ঋষি উঠিলন্ত।।৫২৮।।
দণ্ড লৈয়া কোবাকুবি লগাইলেক দুই।
দণ্ড ভাগি গৈল পাচে শত খণ্ড হুই।।
মহাক্ৰোধে বশিষ্ঠে দিলন্ত চণ্ডশাপ।
বক পক্ষী হুইবি তই বিশ্বামিত্ৰ পাপ।।৫২৯।।
বিশ্বামিত্ৰে বোলন্ত বশিষ্ঠ শুন তই।
সৰালি চটক হউ বুলিলোহো মঞি।।
ষোড়শ মাসৰ পথ ভৈল তান কায়।
প্রত্যেক ভৰিত ভূমি কম্পি কম্পি যায়।।৫৩০৷৷
চব্বিশ মাসৰ পথ বিশ্বামিত্র ভৈল।
দুইক দুই চাই পাচে গৰ্জ্জিবাক লৈল।।
কামোৰা কামুৰি কৰে শৰীৰৰ বলে।
দুইহানো প্রহাৰে মহী যান্ত ৰসাতলে।।৫৩১।।
সৃষ্ঠি নষ্ট যান্ত দেখি ব্রহ্মা মহাশয়।
দুইহানো ক্ৰোধক গুচাইলন্ত আতিশয়।।
পাচে স্বস্থমন হুয়া দুয়ো বসিলন্ত।
তাসম্বাক চাই ব্রহ্মা বাক্য বুলিলন্ত।।৫৩২।।
কিসক ইমত ক্ৰোধ কৰা মহাঋষি।
তোমৰাসৱৰ ক্রোধে সৃষ্টি গৈল নশি।।
কমণ্ডলু জলে ব্রহ্মা শান্তি কৰিলন্ত।
পক্ষী গুচি দুয়ো ঋষি তেখনে ভৈলন্ত।।৫৩৩।।
ক্রোধ গুচি দুইৰো মহাজ্ঞান উপজিল।
মনে মনে দুয়ো ঋষি বিষ্ণুক স্মৰিল।।
এহিমানে থৈলো হৰিশ্চন্দ্ৰৰ কথাক।
তনয়ৰ বংশ কহো শুনিয়োক তাক।।৫৩৪।।
ৰোহিতৰ পুত্ৰ ভৈলা হৰিত যে নাম।
তাহান তনয় চম্প ভৈলা অনুপাম।।
চম্পাপুৰী নিৰ্ম্মিলেক তেন্তে মহাশয়।
সুদেৱ চম্পৰ পুত্র পৌত্র যে বিজয়।।৫৩৫।।
বিজয়ৰ পুত্ৰ ভৈলা ভৰুক নৃপতি।
ভৰুকত ভৈলা আসি বৃক উতপতি।।
বৃকৰ তনয় যেৱে বাহুক ভৈলন্ত।
শত্ৰু ৰাজ্য লৈল কাঢ়ি বনক গৈলন্ত।৫৩৬।।
ভাৰ্য্যা সমে মহাৰাজা বনত আছন্ত।
বৃদ্ধকাল ভৈল তেহে তৈতে মৰিলন্ত।।
মহিষী মৰিবে চান্ত তাহান লগত।
ঔৰ্ব্ব নামে ঋষি আসি তাঙ্ক বাধিলন্ত।।৫৩৭৷৷
তোমাৰ গৰ্ভত আছে বিচিত্র তনয়।
মই জানো আক তুমি নকৰা সংশয়।।
এহে মহাৰাজা হৈবে ধৰণীমণ্ডলে।
সৱ শত্ৰু সংহাৰিবে এহে মহাবলে।।৫৩৮।।
ঋষিবাক্য শুনি সতী লগত নগৈলা।
পুত্র হুইব জানি মহা আনন্দিত ভৈলা।।
সতিনীসকলে এহি কথাক শুনিলা।
কালকূট মহাবিষ বালেকক দিলা।।৫৩৯৷৷
আমি অপুত্রিনী এই পুত্ৰৱতী হুইবে।
অনেক আমাক এই বিদ্বেষ কৰিবে।।
এহিমতে ক্রোধে মহাবিষ খুৱাইলেক।
বিষসমে সিটো পাচে উৎপত্তি ভৈলেক।।৫৪০৷৷
এতেকে সগৰ নাম ভৈলা মহাৰাজা।
চক্ৰৱর্তী হুয়া পালিলন্ত সৱে প্রজা।।
যাহাৰ তনয়সৱে সাগৰ খানিল।
তালজঙ্ঘ যৱনক ৰণত মাৰিল।।৫৪১।।
কাৰো শিৰ কাটিলেক কাৰো নাক কাণ।
কাৰো অঙ্গ ছেদ কৰিলেক খান খান।।
শ্মত্ৰু কেশ মুণ্ড মুণ্ডিলন্ত মহাশয়।
তাসম্বাৰ দেখি মহা বিকৃত আন্বয়।।৫৪২।।
ঔৰ্ব্বৰ বচনে সৱে শত্ৰু সংহৰিলা।
মহাৰাজা সগৰে প্রতিজ্ঞা সাফলিলা।।
ঋষিৰ বচনে ৰাজা যজ্ঞ আৰম্ভিলা।
অশ্বমেধ যজ্ঞে তেন্তে হৰিক পূজিলা।।৫৪৩।।
ঊনশত যজ্ঞ যেৱে কৰিলা নৃপতি।
পাচৰ যজ্ঞৰ ঘোৰা নিলা সুৰপতি।।
ইন্দ্রে ঘোৰা হৰি নিলা হুয়া মহাভয়।
মোৰ ইন্দ্রপদ ইটো লৈবাক খোজয়।।৫৪৪।।
কপিল আশ্রমে নিয়া ঘোৰাক বান্ধিলা।
তৈৰপৰা দেৱৰাজে স্বৰ্গক চলিলা।।
সগৰ নৃপতি দুই ভাৰ্য্যা বিহাইলন্তি।
সুমতি কেশিনী নামে দুয়ো মহাশান্তি।।৫৪৫।।
সুমতিৰ হন্তে ষাঠি হাজাৰ জন্মিলা।
পুত্ৰসকলক চাই ৰাজা আদেশিলা।।
শুনিয়োক পুত্র সৱে মোহোৰ বচন।
অশ্ব কোনে নিল তাক কৰা বিচাৰণ।।৫৪৬।।
পিতৃৰ আদেশ শুনি সৱে মহাবীৰ।
পৃথিৱীক খানি সৱে নেই ধীৰে ধীৰ।।
হাতে কোৰ ধৰি সৱে পৃথিৱী খানিবো।
পিতৃৰ যজ্ঞৰ ঘোৰা তেৱেসে লভিবো।।৫৪৭।।
এহিমতে গুণি সৱে পৃথিৱী খান্দয়।
উত্তৰ দিশত পাচে দেখে আছে হয়।।
কপিল আছন্ত তপ কৰিয়া তহিত।
তাঙ্ক দেখি সবাহাৰে ভৈল ক্রোধচিত।।৫৪৮।।
ঘোৰা চুৰি কৰি আনি ৰৈল ভেশজুৰি।
চক্ষু মুদি আছে যেন তপস্যা আচৰি।।
মহা চোৰ ইহাক বান্ধিয়ো ভাল কৰি।
পিতৃৰ আগক আক নিবো বান্ধি ধৰি।।৫৪৯৷৷
কেহো বোলে মাৰ মাৰ কৈক লাগি নিবো।
খাণ্ডা ধৰি আৰ শিৰ ইঠাইতে কাটিবো।।
এহিবুলি অস্ত্র শস্ত্র ধৰি গৈলা ধাই।
মহা অগ্নি খেদি গৈল পতঙ্গ পৰায়।।৫৫০৷৷
হুলস্থূল শব্দ শুনি কপিল ঈশ্বৰ।
চক্ষু মেলিলন্ত পাচে মহা মুনিবৰ।।
যেতিক্ষণে তাসম্বাক নেত্র বলাই চাইল।
সগৰৰ পুত্রগণ সৱে ভস্ম ভৈল।।৫৫১।।
ঈশ্বৰক তাৰসৱে মন্দ বুলিলেক।
সেহি পাপে সবাহাৰে আয়ু হৰিলেক।।
তাতেসে মৰিল সৱে ৰাজ পুত্রগণ ।
কদাচিতো কপিলৰ ক্ৰোধ নাহি মন।।৫৫২।।
মহাশান্ত মুনি ঈশ্বৰৰ অৱতাৰ।
তাহান নাহিকে ক্রোধে কি কহিবো আৰ।।
কেহো বোলে কপিলেয়ো ক্রোধক কৰিল।
এতেকেসে ৰাজপুত্ৰসকলে মৰিল।।৫৫৩৷৷
সত্যমূৰ্ত্তি ভগৱন্ত যিটো নাৰায়ণ।
কদাচিতো তান জানা নাহি কষ্ট মন।।
এহি অসদ্ভাৱনাতে কহো দৃষ্টান্তেক।
পৃথিৱীৰ ধূলাসৱ আছয় যতেক।।৫৫৪৷৷
বায়ুৱে ভ্ৰমাৱৈ তাক পুৰৈ শূন্য স্থানে।
মূঢ়জনে কতো তাক আকাশতে মানে।।
আকাশৰ ধূলাৰ নাহিকে একো থান।
সেহিমতে কপিলৰ নাহি ভেদ জ্ঞান।।৫৫৫৷৷
যিটো ভগৱন্ত সাঙ্খ্য শাস্ত্র বিৰচিলা।
যাহাৰ প্ৰসাদে নৰে সংসাৰ তৰিলা।।
মুমুক্ষুসকলে যাক আশ্ৰয় কৰিয়া।
মহাসুখে গৈলা ভৱসাগৰ তৰিয়া।।৫৫৬৷৷
হেনয় সৰ্ব্বজ্ঞ প্রভু ভকতৰ প্রাণ।
তাহান কহিতে আছৈ জানা ভেদজ্ঞান।।
সুমতিৰ পুত্রগণ সৱে নষ্ট ভৈল।
ষাঠি যে হাজাৰ যেৱে সৱে ভস্ম গৈল।।৫৫৭।।
অসমঞ্জস নামে পুত্র ভৈলা কেশিনীত।
তেহে মহা গৰিহিত কৰ্ম্ম কৰিলন্ত।।
বালকগণক লৈয়া ক্ৰীড়িবাক যায়।
বনৰ মাজত সৱে মাৰিয়া আসয়।।৫৫৮।।
সুহৃদ বান্ধৱ সৱে ৰাজাত কহয়।
তোহ্মাৰ তনয়ে মাৰিলেক পুত্ৰচয়।।
সগৰৰ মনে পাচে মহাদুখ ভৈল।
তনয়ক চাই ৰাজা গৰ্জ্জিবাক লৈল।।৫৫৯।।
শুনৰে পাপিষ্ঠ তই কি কাম কৰিলি।
পৰৰ বালকসৱ কিসক মাৰিলি।।
এহি বুলি ৰাজা পাচে তেজিলা পুত্রক।
পিতৃৰ আজ্ঞাক পাইয়া চলিলা বনক।।৫৬০।।
পূৰ্ব্ব জনমত মহাযোগী আছিলেক।
নষ্ট ভৈলা তান যোগ পায়া দুঃসঙ্গক।।
এতেকেসে ৰাজপুত্রে সঙ্গ নলৈলেক।
পিতৃ এৰিলন্ত মহা আনন্দ ভৈলেক।।৫৬১।।
যতেক বালক তেহে মাৰিয়া আছন্ত।
মহাযোগবলে তাক সৱে জীয়াইলন্ত।।
সমস্ত বালকে পাচে গৃহে আসিলেক।
অযোধ্যাৰ লোকে দেখি বিস্ময় ভৈলেক।।৫৬২।।
মহাযোগী জানি তাঙ্ক খেদ কৰিলন্ত।
অসমঞ্জসৰ সুত অংশুমান সন্ত।।
তাঙ্ক চাই পিতামহ বুলিলা বচন।
শুনিয়োক নাতি তুমি তুষ্ট হুয়ো মন।।৫৬৩৷৷
হয় আনিবাক লাগি চলিয়োক বাপ।
তোহ্মাৰ প্রসাদে এৰাঞো মঞি মহাতাপ।।
অশ্ব আনি যজ্ঞ সাঙ্গ কৰায়োক এৱে।
সগৰৰ বচন শুনিলেক যেৱে।।৫৬৪।।
তাহাঙ্ক প্রণাম কৰি শীঘ্ৰে উঠিলন্ত।
যিটো পথে ৰাজপুত্ৰসৱে গৈয়াছন্ত।।
সেহিপথে গৈলা চলি অংশুমান বীৰ।
কপিল আছন্ত বসি নিশ্চল শৰীৰ।।৫৬৫।।
তাহান নিকটে ঘোৰা দেখন্তে আছয়।
স্তুতি আৰম্ভিলা অংশুমান মহাশয়।।
নমো নমো কপিল ঈশ্বৰ ভগৱন্ত।
যাহাৰ মায়াক ব্রহ্মাদিয়ো নজানন্ত।।৫৬৬।।
তযু বিভৱক কিবা জানিবোহো আমি।
কেৱল প্ৰণামো মাত্র তুষ্ট হুয়ো স্বামি।।
তুমি পৰমাত্মা জগতৰে আত্মৰূপ।
তথাপিতো কেহো তযু নজানে স্বৰূপ।।৫৬৭।।
যাহাৰ মায়ায়ে মহা বিমোহিত হুয়া।
পুত্ৰক মিত্ৰক মানো আপোন কৰিয়া।।
মিছা দেহে গেহে অহঙ্কাৰে আৱৰিয়া।
এহি সংসাৰতে ভ্রমৈ উপজি মৰিয়া।।৫৬৮।।
জ্ঞান ঘনমূর্ত্তি তুমি জগতনায়ক।
ভেদ মোহ নাহি তুমি মুকুতিদায়ক।।
সুৰ নৰ মুনি আদি যাক উপাসন্ত।
হেনয় স্বৰূপ তযু প্রভু ভগৱন্ত।।৫৬৯।।
মূঢ়জনে কেনমতে জানিবে তোমাক।
হেন জানি কৃপা প্রভু কৰিছো আমাক।।
মায়াগুণে যাক পৰশিবে শক্য নাই।
মহাপাপ-পুণ্যে যাক নোচোৱে সদায়।।৫৭০৷৷
ব্ৰহ্মাৰূপ ধৰি তুমি সৃষ্টিক কৰাহা।
বিষ্ণুৰূপ ধৰি তুমি প্রপঞ্চ পালাহা।।
ৰুদ্ৰৰূপে সংহাৰাহা তুমি ভগৱন্ত।
এতেকেসে প্রভু তযু চৰিত্ৰ অনন্ত।।৫৭১।।
বুলিবাহা তেৱে মোৰ কিসক উৎপত্তি।
শুনিয়োক কহো তাক জগতৰ পতি।।
সাঙ্খ্য শাস্ত্র বিচাৰিবে লাগি জগতত।
এতেকেসে তুমি আসি ভৈলাহা বেকত।।৫৭২৷৷
জ্ঞান উপদেশ দিয়া তাৰিবা সংসাৰ।
এহিসে কাৰণে প্রভু ভৈলা অৱতাৰ।।
পুৰুষ পুৰাণ নমো তোমাৰ চৰণ।
কৰিয়েক গতি এৱে অভয় চৰণ।।৫৭৩৷৷
তোহ্মাক নজানি নৰে সংসাৰত ভ্রমে।
গৃহাদিত বস্তুবুদ্ধি কৰৈ অহম্মমে।।
কাম লোভে অসূয়া কৰয় মহন্তক।
এতেকে নিশ্চয় সিটো যাইবে নৰকক।।৫৭৪।।
হে ভগৱন্ত প্রভু তুমি নাৰায়ণ।
মহাপুণ্যবশে তযু ভৈলো দৰিশন।।
তোহ্মাৰ কৃপায়ে মহামোহ দূৰ ভৈল।
এৱে জানো মোৰ জন্ম বিফল নগৈল।।৫৭৫।।
এহিমতে অংশুমানে তুতি কৰিলন্ত।
কপিল ঈশ্বৰে তাঙ্ক বাক্য বুলিলন্ত।।
মহাতুষ্ট ভৈলো মঞি তোহ্মাক লাগিয়া।
তযু পিতামহৰ সত্বৰে অশ্ব নিয়া।।৫৭৬।।
ইটো পিতৃসৱ তযু দগ্ধ হুয়া আছে।
গঙ্গাক নমাই শুদ্ধ কৰিয়োক পাচে।।
শুক নিগদতি ৰাজা শুনা পৰীক্ষিত।
এহি বাক্য বুলিলন্ত কপিলে তহিত।।৫৭৭।।
প্রদক্ষিণ কৰিলন্ত অংশুমান সন্ত।
সগৰৰ ঘোৰা লৈয়া পাচে চলিলন্ত।।
অশ্ব নিয়া তান আগে দিলা মহাশয়।
যজ্ঞ সাঙ্গ কৰিলন্ত পাচে ঋষিচয়।।৫৭৮৷৷
কৃতকৃত্য ভৈলা বুলি আনন্দিত হুয়া।
অংশুমানক পাচে সৱে ৰাজ্য দিয়া।
সংসাৰৰ বন্ধ ৰাজা মুক্ত ভৈলা পাচে।
অহঙ্কাৰে জগতক বন্ধ কৰি আছে।।৫৭৯।।
এহি জানি ৰাজা অহঙ্কাৰ এৰিলন্ত।
ঔৰ্ব্ব উপদেশে মহাগতি লভিলন্ত।।
সগৰে পাইলেক মহাগতি হৰি চিন্তি।
যাৰ সম ৰাজা পৃথিৱীত নাছিলন্তি।।৫৮০।।
শুনা সভাসদ পদ মহাভাগৱত।
আতপৰে ধৰ্ম্ম আৰ নাই সংসাৰত।।
হৰিকথা শ্ৰৱণ কৰয় যিটো জন।
সংসাৰ তৰয় সিটো শুদ্ধ হোৱে মন।।৫৮১৷৷
শ্ৰৱণতে ৰতি উপজয় ঈশ্বৰত।
অহঙ্কাৰো নষ্ট হোৱৈ কথা শ্ৰৱণত।।
সন্ত সঙ্গ লৈয়া হৰিকথা শুনিয়োক।
দুখময় সংসাৰক সুখে তৰিয়োক।।৫৮২।।
বুলিবাহা গৃহতে কথাক শুনিবোহো।
ইহাৰ উত্তৰ আৱে শুনা তাক কহো।।
সন্ত সঙ্গ বিনে কেহো ৰসক নপাইবা।
সংসাৰ তৰণ নুহি নিশ্চয় জানিবা।।৫৮৩।।
যাৰ কর্ণে শুনে কথা সন্তৰ সঙ্গত।
ক্ষুধা তৃষ্ণা ভয় মোহ শোক আদি যত।।
সমস্তে গুচিবে সন্ত সমস্তৰ সঙ্গে।
হেন জানি কৃষ্ণকথা শুনিয়োক ৰঙ্গে।।৫৮৪।।
হে কৃষ্ণ মঞি মহা পৰম দুর্জ্জন।
সাধুৰ সঙ্গ লাগি নাহি মোৰ মন।।
বিষয় ব্যাধিয়ে মোৰ চেতন হৰিল।
মনোৰথ পায়া মোক অথিৰ কৰিল।।৫৮৫৷৷
তুমি আত্মা গুৰু বাপ জগতৰ নাথ।
তোহ্মাক প্ৰণামো হেৰা মঞি দমাই মাথা।
ইজন্মত হেনবা সংসাৰ গৰ্ত্তে তৰো।
অনেক জনমে মঞি উপজোহো মৰো।।৫৮৬।
তোহ্মাৰ নামক সদা মোৰ মুখে লৌক।
তযু ৰূপ হৃদয়ত সদায় নেৰোক।।
তোহ্মাৰ চৰণে প্রভু এহিমানে কাম।
নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম।।৫৮৭।।
.......
।।ভাগীৰথৰ গঙ্গা আনয়ন।।
।।দুলড়ী।।
শুক নিগদতি শুনিয়ো নৃপতি
পাচে যেন কথা ভৈলা।
গঙ্গাক নমাইবে লাগি অংশুমান
তপ কৰিবাক গৈলা।।
অংশুমানসুত দিলীপ ভৈলন্ত
তাঙ্ক ৰাজ্যভাৰ দিয়া।
অনেক বৎসৰ মহা নৃপবৰ
আছিল তপ কৰিয়া।।৫৮৮।।
তথাপিতো তেহে গঙ্গাক নমাইবে
নুৱাৰিলা বহুকালে।
বৃদ্ধ ভৈলা পাচে অংশুমান বীৰ
সংহাৰিলা ঘোৰ কালে।।
তাহান তনয় দিলীপে গঙ্গাক
তুতি কৰি বহুকাল।
গঙ্গা নমাইবে সামর্থ নভৈল
সিটো মহা মহীপাল।।৫৮৯।।
দিলীপক যেৱে কালে সংহৰিলে
ভগীৰথ তান সুত।
পৰম আনন্দ হুয়া মহাশয়
তপ কৈলা অদভুত।।
নমো ভগৱতী গঙ্গা মহাসতী
বিষ্ণুপদী যাৰ নাম।
পৰম পাৱনী জগত মোহিনী
পূৰিয়ো মনৰ কাম।।৫৯০।।
ব্ৰহ্মৰূপ ধৰি জগতক তুমি
পৱিত্ৰ কৰা আপুনি।
যাৰ জল এক কণিকাক লৈয়া
হোৱয় শুদ্ধ অজ্ঞানী।।
ব্রহ্মবধী জনো হোৱে শুদ্ধ আতি
কি কৈবো তযু মহিমা।
ব্রহ্মা মহাদেৱে যাহাৰ মহিমা
কহিয়া নপান্ত সীমা।।৫৯১।।
এহিমতে যেৱে তুতি কৰিলন্ত
গঙ্গা দেৱী ব্যক্ত ভৈলা।
প্রসন্ন বদন হুয়া মহাসতী
ৰাজাক বুলিবে লৈলা।।
ধন্য ধন্য তুমি সূৰ্য্যবংশী ৰাজা
দিলীপৰ প্রিয় সুত।
তোহ্মাৰ পৰম তপস্যাক দেখি
তুষ্ট ভৈলো অদভুত।।৫৯২।।
শুনিয়োক এৱে ভগীৰথ বাপ
তযু আগে বোলো বাণী।
মোহোৰ বেগক কোনে ধৰিবেক
চিন্তিয়োক মহামানী।।
যদি মোৰ বেগ ধৰন্তা নাহিকে
পাতালক মঞি যাইবো।
তোহ্মাৰ বংশক কেনমতে বাপ
মুক্তক মঞি কৰিবো।।৫৯৩৷৷
আৰো কথা কহো শুনিয়োক বাপ
তোহ্মাৰ আগে সম্প্রতি।
জগতকে মঞি পৱিত্ৰ কৰিবো
শুনিয়োক মহামতি।।
মহাপাপীসৱো মোত স্নান কৰি
সমস্তে পাপ গুচিব।
সিসৱৰ পাপ একথান হুয়া
সৱেও মোত ৰহিব।।৫৯৪।।
সিটো পাপ মোৰ কেনমতে পুত্র
দূৰ হৈবে কহিয়োক।
কৃতাঞ্জলি হুয়া ভগীৰথে পাচে
বুলিলন্ত শুনিয়োক।।
যিটো সাধু সৱে সমস্তকে তেজি
ঈশ্বৰক সদা চিন্তে।
ব্রহ্মক সাক্ষাত কৰিয়া আছন্ত
সিসৱ মহা মহন্তে।।৫৯৫।।
জগতকে মহা পৱিত্ৰ কৰিয়া
পৃথিৱী ফুৰা পৰ্য্যটি।
তাসম্বাৰ মহা মহিমাক মাতৃ
কি কৈবো মঞি প্রকটি।।
তাসম্বাৰ হৃদি এৰিবে নোৱাৰা
ভগৱন্ত কৃপাময়।
বৈষ্ণৱে আসিয়া অঙ্গে সঙ্গে তযু
পৰশিলে জলচয়।।৫৯৬।।
এতেকে তোহ্মাৰ যতেক পাতেক
তেসম্বে হৰিবে আসি।
তোহ্মাৰ আগত কহিলোহো দেৱী
মহিমা মঞি প্রকাশি।।
বুলিবাহা যিটো মোহোৰ বেগক
কোনে ধৰিবাক চাহা।
যিটো ধৰিবেক তোহ্মাত কহঞো
দেৱী তুমি শুনিবাহা।।৫৯৭।।
তোহ্মাৰ বেগক ৰুদ্রে ধৰিবেক
সমস্তৰে অন্তৰ্য্যামী।
ইটো বিশ্ব যত সমস্তে আছয়
জগতৰে তেহে স্বামী।।
যেন শাড়ী বস্ত্র দীর্ঘ প্রস্থ মানে
বিচাৰত সৱে সূত্র।
সেহিমতে জানা মহেশ ঈশ্বৰ
যাৰ ৰূপ অদভুত।।৫৯৮।।
জগত আধাৰ তোহ্মাক ধৰিবা
নাহি মাতৃ অন্যৱথা।
এহি বাণী বুলি ভগীৰথ ৰাজা
গঙ্গাত কহিলা কথা।
মহেশক পাচে স্তুতি কৰিলন্ত
দিলীপ তনয় সন্ত।
অল্পকালে ৰুদ্র ৰাজাৰ সম্বন্ধি
সন্তোষ আতি ভৈলন্ত।।৫৯৯।।
মহেশে বোলন্ত শুনিয়োক নৃপ
গঙ্গাক মঞি ধৰিবো।
তোহ্মাৰ সম্বন্ধি মহা তুষ্ট ভৈলো
তযু বাক্য সাফলিবো।।
এহিবুলি হৰে সাদৰ কৰিয়া
বিষ্ণুপাদোদক জল।
মাথাত পাতিয়া গঙ্গাক ধৰিলা
মহেশ্বৰ মহাবল।।৬০০৷৷
ফটিক নির্ম্মল বিষ্ণু পদজল
মহেশো শোভা কৰন্ত।
যেন ফটিকৰ স্তম্ভত পৰিয়া
দশোদিশে বহি যান্ত।।
হৰিপদ জলে শিৱ মহাবলে
শৰীৰ কৈলা দীপিত।
চন্দ্ৰ শিখৰৰ হন্তে শৰীৰৰ
পৰিলা আসি ভূমিত।।৬০১।।
ভগীৰথ ৰাজ ঋষিয়ে দেখিয়া
মহা আনন্দিত ভৈলা।
জগত পাৱনী ভাগীৰথী দেৱী
তাহাঙ্ক লগত লৈলা।।
যথাত তাহান সৰ্ব্ব পিতৃগণ
ভস্ম হুয়া পৰি আছে।
তৈকে লাগি বীৰে গঙ্গাক নিলন্ত
পৰম আনন্দে পাচে।।৬০২।।
.........
।।ছবি।।
শুনা সভাসদ পদ মহাভাগৱত কথা
মহন্তৰ সঙ্গত থাকিয়া।
ৰাম কৃষ্ণ হেন নাম আক বোলা অবিশ্রাম
লাজ এৰি সৱে ডাক দিয়া।।
তেৱে আতি অপ্রয়াসে মায়াক তৰিয়া ৰঙ্গে
লভিবাহা বৈকুণ্ঠপদক।
হেন নামে ইচ্ছা নাই বিষয় বিষ্ঠাক খাই
যাই লোক ঘোৰ নৰকক।।৬০৩।।
ভাৰ্য্যা পুত্র ধন জন সবে জানা অশাশ্বত
মায়াৰ বস্তুত এৰা আশ।
যিটো প্রভু নিত্যানন্দ চিদ ঘন মূৰ্ত্তি যাৰ
তান পদে কৰিয়ো বিশ্বাস।
তেৱে অপ্রয়াসে ঘোৰ সংসাৰৰ পাইবা ওৰ
পাইবা সুখে কহিলোহো কথা।
হেন জানি লোক যত নমহা বিষয়ত
ইটো জন্ম নকিৰয়ো বৃথা।।৬০৪।।
নমো নমো হে কৃষ্ণ পৰম অশিষ্ট দুষ্ট
মোত পৰে একোজন নাই।
তোহ্মাৰ অভয় পদে পশিলো শৰণে হেৰা
কৰিয়োক যিমত যুৱাই।
মোত পৰে অহঙ্কাৰী একোজন নাহি আৰ
দেহে গেহে পৰম প্ৰমত্ত।
তযু নাম গুণ প্ৰভু মুখত নাহিকে আৱে
মোৰ বাসা হৈবে নৰকত।।৬০৫।।
যেহি যেহি অৱস্থাতে তোহ্মাৰ ভক্তৰ সঙ্গ
দিয়া প্ৰভু কৃষ্ণ কৃপাময়।
তযু গুণ নাম মাত্ৰ ৰৌক মোৰ হৃদয়ত
নাৰকী জন্মকো নাই ভয়।।
তযু ৰূপ মনে মোৰ কৃষ্ণ হেন বাণী হৌক
সদা মোৰ এহি নিজ কাম।
সামাজিক লোকে ডাকি ৰাম ৰাম বোলা ঢাকি
সবাহাৰে পূৰ্ণ হৌক কাম।।৬০৬।।
.............
।।সৌদাস নৃপতি উপাখ্যান।।
।।পদ।।
শুকমুনি বদতি শুনিয়ো পৰীক্ষিত।
ভগীৰথ ৰজাৰ মহিমা বিপৰীত।।
বায়ুবেগে ৰথে চড়ি যায় মহাৰায়।
তাহান পাচত গঙ্গা যান্ত শীঘ্ৰে ধাই।।৬০৭।।
দেশ সৱ পৱিত্ৰ কৰিয়া যান্ত লৰি।
সগৰৰ পুত্ৰসৱ যৈতে আছে পৰি।।
আপুনাৰ জলে তাক পৱিত্ৰ কৰিলা।
মহাপাতেকত হন্তে তেখনে তাৰিলা।।৬০৮।।
ব্ৰাহ্মণৰ দণ্ডে তাৰা যদ্যপি মৰিল।
গঙ্গাৰ প্ৰসাদে তাৰা তেখনে তৰিল।।
আনন্দিত হুয়া সৱে অম্ৰাৱতী গৈল।
ভগীৰথ ৰাজাৰ আনন্দ মহা ভৈল।।৬০৯।।
গঙ্গা ৰূপে যিটো তান্ত ভকতি কৰয়।
মহাসুখে ইটো ঘোৰ সংসাৰ তৰয়।।
তাহান মহিমা মঞি কি কহিবো আৰ।
জানিবাহা সিটো জনে পাইলা মায়া পাৰ।।৬১০।।
বুলিবাহা গঙ্গাৰ মহিমা ইটো আতি।
তাহাৰ উত্তৰ দেও শুনা কর্ণ পাতি।।
অনন্তৰ পাদপদ্ম প্রক্ষালন জল।
অনায়াসে সংসাৰৰ ছেদে পাপমল।।৬১১৷৷
মুনিগণে সেৱা যাক কৰে মন ৰঙ্গে।
কায় বাক্য মনে প্রীতি কৰে অঙ্গে সঙ্গে।।
সত্ত্ব ৰজ তম তিনিগুণক এৰিয়া।
ঈশ্বৰৰ পাদপদ্ম আনন্দিত হুয়া।।৬১২৷৷
ভগীৰথ তনয় ভৈলন্ত নামে শ্ৰুত।
শ্ৰুতৰ তনয় ভৈল নাভ অদভূত।।
নাভৰ তনয় সিন্ধুদ্বীপ মহীপতি।
অযুতায়ু নাম ভৈলা তাহান সন্ততি।।৬১৩।।
অযুতায়ু পুত্র ঋতুপর্ণ মহাশয়।
নল নৃপতিৰ সখা জগত মোহয়।।
তাহান তনয় ভৈলা সৰ্ব্বকাম নাম।
সৰ্ব্বকাম তনয় সুদাস যাৰ নাম।।৬১৪৷৷
তাহান তনয় ভৈলা সৌদাস নৃপতি।
মদয়ন্তী নামে কন্যা তেন্তে বিহাইলন্তি।।
মদয়ন্তী পতি তেহে পৰম পণ্ডিত।
ভৈল অৱতাৰ তেহে দুষ্টক দণ্ডিত।।৬১৫৷৷
বশিষ্ঠ শাপত ৰাজা ৰাক্ষস ভৈলন্ত।
স্ত্রী সঙ্গ ভৈলা যাতে পুত্র নপাইলন্ত।।
পৰীক্ষিত বদতি শুনিয়ো শুকমুনি।
তোহ্মাৰ বদন-পদ্ম থাকো কথা শুনি।।৬১৬।।
ক্ষুধা তৃষ্ণা ভয় মোৰ সকলে গুচিল।
কৃষ্ণৰ চৰণে মোৰ মতি নিমজিল।।
কি কাৰণে সৌদাসক গুৰু শাপিলন্ত।
কৃষ্ণত ভকত আতি পৰম মহন্ত।।৬১৭।।
ইটো কথা শুনিবাক মোৰ ইচ্ছা আছে।
শুনা বুলি ব্যাসসুতে কহিলন্ত পাচে৷৷
সৌদাস নৃপতি মৃগয়াক বনে গৈল।
বনত ফুৰন্তে এক ৰাক্ষসক পাইল।।৬১৮।।
শৰে হানি মাৰিলন্ত সৌদাস নৃপতি।
ৰাক্ষসৰ ভ্ৰাতৃক এৰিলা মহামতি।।
ভাইৰ মান সাধো বুলি সিটো দুৰাশয়।
কেনমতে মোৰ মহাশোক দূৰ হয়।।৬১৯৷৷
এহি চিন্তি ৰাজাৰ গৃহত প্রৱেশিলা।
ৰন্ধনশালত তাক নিয়োগ কৰিলা।।
এহিমতে কতো দিন অন্নক ৰান্ধয়।
সৌদাস নৃপতি তাৰ কথা নজানয়।।৬২০।।
বশিষ্ঠক নিমন্ত্রণ ৰাজা কৰিলন্ত।
আহ্মাৰ গৃহত ঋষিৰাজ ভুঞ্জিৱন্ত।।
ৰাজাৰ বচন পালি ব্ৰহ্মাৰ তনয়।
তাহান গৃহক গৈলা ঋষি মহাশয়।।৬২১।।
অন্ন ভূঞ্জিবাক লাগি ঋষি বসিলন্ত।।
মনুষ্যৰ মাংস দিলা তাঙ্ক দেখিলন্ত।।
অভক্ষ্য মাংসক মোক ভুঞ্জিবাক দিলা।
মহাক্রোধে ঋষিৰাজ তেখনে উঠিলা।।৬২২।।
আতি খঙ্গে ৰাজাক শাপিলা ঋষিবৰে।
এক্ষণে ৰাক্ষস হউ তই পাপী অৰে।।
ৰাক্ষসৰ কৰ্ম্ম তই দ্বাদশ বৎসৰ।
আচৰিয়া পুনু হৈবি ৰাজ কলেৱৰ।।৬২৩।।
গুৰুক শাপিবে লাগি ৰাজা উঠিলন্ত।
দুয়ো হাতে জল এক আঞ্জলি লৈলন্ত।।
মঞি নজানোহো একো মোক শাপিলন্ত।
হঠাতে থাকিয়া মোক ক্ৰোধ কৰিলন্ত।।৬২৪।।
ইহাৰ ফলক দেঞো সৱে দেখিয়োক।
যেন আন কেহো ঋষি শাপ নেদে মোক।।
এহিবুলি ৰাজা যেৱে শাপিবাক চান্ত।
দময়ন্তী ভাৰ্য্যা দেখি তাঙ্ক বাধিলন্ত।।৬২৫৷৷
গুৰুক শাপিবে হেন যুগুত নোহয়।
শুনিয়োক মোৰ বাণী স্বামী মহাশয়।।
ভাৰ্য্যাৰ বচনে ৰাজা তাঙ্ক নশাপিলা।
আপুনাৰ পদে সিটো জলক এৰিলা।।৬২৬।।
দশোদিশ চাই ৰাজা কৈতো নেপেলাইলা।
জীৱসৱ নষ্ট হুইব মনে গুণি চাইলা।।
এতেকে কল্মষপাদ ভৈল তান নাম।
শুনা যেনমতে তেহো কৰিলন্ত কাম।।৬২৭।।
বশিষ্ঠৰ শাপে যেৱে ৰাক্ষস ভৈলন্ত।
পাচে সিটো ৰাজঋষি বনক গৈলন্ত।।
বনত ভ্রমন্ত ৰাক্ষসৰ ভাৱ হুয়া।
ভাৰ্য্যা সমে এক বিপ্র আছন্ত ক্ৰীড়িয়া।।৬২৮৷৷
তহিতে তাহাঙ্ক ৰাজা দেখিলন্ত পাচে।
ৰতি উপৱিষ্ট হুয়া দ্বিজবৰ আছে।।
ক্ষুধায়ে পীড়িত হুয়া ৰাজা ধৰিলেক।
বিপ্ৰপত্নী মনৰ তৃপিতি নপাইলেক।।৬২৯৷৷
স্বামীক খাইবাক দেখি মহাতাপ ভৈলা।
ব্রাহ্মণী ৰাজাক চাহি বচন বুলিলা।।
হে মহাৰাজ তুমি সূৰ্য্যবংশধৰ।
এহে মহাঋষি যে তপস্বী মুনিবৰ।।৬৩০৷৷
নুহিকা ৰাক্ষস তুমি মহাশান্ত ৰাজা।
ইক্ষাকু বংশত জন্মি পালিলাহা প্রজা।।
সত্যতে বৎসল তুমি ধৰ্ম্মক জানাই।
অধৰ্ম্ম কৰিতে ৰাজা তুমি যোগ্য নোহা।।৬৩১।।
দময়ন্তী পত্নী যাৰ তুমি মহাশয়।
ব্রাহ্মণক বধিতে তোহ্মাৰ যোগ্য নয়।।
পতিব্রতা স্ত্রীক মোক দিয়ে স্বামীদান।
কৃপালু তোহ্মাৰ সম নাহি একো থান।।৬৩২।।
পুত্ৰৱতী নোহো মঞি জানা নৃপবৰ।
এতেকে অত্যন্ত মঞি কৰোহো কাতৰ।।
মনুষ্য দেহৰ কথা কহঞো তোহ্মাত।
ধৰ্ম্ম অর্থ কাম মোক্ষ সাধয় ইহাত।।৬৩৩।।।
সামান্য প্রাণীৰ কথা কহিলোহোঁ ৰাজা।
ব্রাহ্মণ বিশেষ এন্তে আঙ্ক তুমি তেজা।।
যদি আঙ্ক ভুঞ্জা ৰাজা বংশচ্ছেদ হয়।
পিণ্ডক নপাইলে বদ্ধ সৱাৰে হোৱয়।।৬৩৪।।
এহে মহাপণ্ডিত তপস্বী গুণশীল।
ঈশ্বৰক আৰাধিবে লাগি মন দিল।।
বুলিবাহা ভাৰ্য্যা সমে বনত ভ্রময়।
ইহাক বধিলে কিছু দোষ নাহিকয়।।৬৩৫।।
ঋতু সময়ত মোক কৰন্ত আলাপ।
এতেকে মহন্ত এন্তে পৰম নিষ্পাপ।।
জগতৰে অন্তৰ্য্যামী আছা নাৰায়ণ।
এহি ভাৱনায় ঋষি কৰা আৰাধন।।৬৩৬।।
সেই ব্ৰহ্মঋষি এহে কৃষ্ণত ভকত।
তুমি ৰাজঋষি মহা স্বধৰ্ম্মত ৰত৷৷
ধৰ্ম্মেসে আচৰে প্ৰভু প্রসিদ্ধ লোকত।
কেনমতে ব্রাহ্মণক বধিবা সাক্ষাত।।৬৩৭।।।
তোহ্মাৰ তনয় ইটো বিপ্র দয়াময়।
কেনমতে পুত্র বধিবাহা কৃপাময়।।
মই তযু পুত্রবধু কৰোহো কাতৰ।
আন নমাগোহো দেহা ৰাখিয়ো বিপ্ৰৰ।।৬৩৮৷৷
কায় বাক্য মনে জগতৰে হিতকাৰী।
সন্তক পালাহা দুষ্টসৱক সংহৰি।।
শাস্ত্ৰতো পণ্ডিত মহা জ্ঞানৱন্ত হুই।
স্বামী বধিবাহা মোৰ বুকে দিয়া জুই।।৬৩৯।।
কপিলা গৰুক যেন নমাৰে সজ্জনে।
তুমি মহাৰাজ আঙ্ক বধিবা কমনে।।
তথাপিতো ৰাজা যদি ক্ষমা নাহি মন।
মোক আগে খায়া স্বামী কৰিয়ো ৰক্ষণ।।৬৪০৷৷
নিশ্চয় মৰিবো যদি তুমি আঙ্ক বধা।
মোক আগে খায়া তুমি বৰ ধৰ্ম্ম সাধা।।
ক্ষণেকো নিজীবো স্বামী-সঙ্গক ছাৰিয়া।
মৰা যেন কান্দৈ শোকে ভূমিত পৰিয়া।।৬৪১।।
এহিমতে কাৰুণ্য কৰন্ত বৰনাৰী।।
মহাশোকে কান্দিলন্ত আতি গেৰি পাৰি।।
তথাপিতো নেৰিলন্ত সৌদাস নৃপতি।
শাপে মোহ হুয়া খাইলা বিপ্ৰক সম্প্রতি।।৬৪২।।
যেন বাঘে পশু ধৰি খায় মহাৰঙ্গে।।
হেন দেখি বিপত্নী মাতিলন্ত খঙ্গে।।
শুন ওৰে ৰাজা তই আতি পাপমতি।
মই তোক বোলো বাক্য ৰাক্ষস কুমতি।।৬৪৩৷৷
যিহেতু স্বামীক খাইলি ৰতি সময়ত।
বীৰ্য্যাধান কৰিবাক নপাইলা গৰ্ভত।।
তোক বাক্য বোলো মঞি শুনিবি নিশ্চয়।
সম্ভোগত মৰ তই নাহিকে সংশয়।।৬৪৪।।
এহি বাক্য বুলি সতী অস্থিচয় আনি।
অগ্নিক জ্বালিলা সতী কাষ্ঠসৱ আনি।।
তাহাতে প্রৱিষ্ট হুয়া পতিতোক পাইলা।
স্বামীৰ সঙ্গক পায়া আনন্দিত ভৈলা।।৬৪৫৷৷
ৰাক্ষসৰ ভাৱধৰি সৌদাস ফুৰন্ত।
দ্বাদশ বৎসৰ যেৱে সৱে ভৈলা অন্ত।।
গঙ্গাৰ পৰশে পাছে মনত স্মৰিল।
বশিষ্ঠৰ শাপ যেন মনত জানিল।।৬৪৬।।
ৰাক্ষসৰ ভাৱ গুচি গৃহক গৈলন্ত।
বন্ধুগণে দেখিয়া আনন্দ লভিলন্ত।।
মৈথুনক লাগি ৰাজা উদ্যম কৰিল।
ব্রাহ্মণীৰ শাপ জানি ভাৰ্য্যা হাক দিল।।৬৪৭।।
সেহিকাল হন্তে ৰাজা স্ত্রীসঙ্গক এৰি।
অপুত্রক ভৈলো বুলি ৰৈলা দুখ কৰি।।
বশিষ্ঠক প্রার্থিলন্ত পাচে নৰপতি।
মোহোৰ ভাৰ্যাত পুত্ৰ কৰা উতপতি।।৬৪৮।।
ৰাজাৰ বচনে বশিষ্ঠ মহামুনি।
তাহানে ভাৰ্য্যাত পুত্র জন্মাইলা আপুনি।।
দময়ন্তী মহাসতী গর্ভক ধৰিল।।
পুত্র হুইব জানি ৰাজা আনন্দ কৰিল।।৬৪৯।।
সপ্তম বৎসৰ মানে গর্ভ ধৰিলন্ত।
তথাপি তনয় তান উৎপত্তি নোহন্ত।।
বশিষ্ঠে দেখিয়া শিলা খণ্ডক ধৰিয়া।
তাহান গৰ্ভত তাড়িলন্ত বল দিয়া।।৬৫০৷৷
তেতিক্ষণে জাত ভৈলা বালেক শোভন।
অশ্বক বুলিয়া ডাকিলেক সৰ্ব্বজন।।
অশ্বকত হন্তে ভৈল বালিকৰ জাত।
যাক স্ত্রীগণে ৰক্ষা কৰিলা সাক্ষাত।।৬৫১৷৷
নাৰীকবচ বুলি তাহাঙ্ক এতেকে।
জামদগ্নি ৰামে ছেদ কৰিলা সৱাকে।।
ক্ষত্রবংশ অৱশেষ বালিক মহাৰথ।
সিহেতু মূলক বোলে পুত্র দশৰথ।।৬৫২।।
দশৰথসুত ঐড়বিড়ি নৰপতি।
তাহান্তে ভৈলন্ত ৰাজা বিশ্ব উতপতি।।
ৰাজা বিশ্ব তনয় খট্বাঙ্গ মহামতি।
তাহান মহিমা কহো শুনিয়ো নৃপতি।।৬৫৩৷৷
দেৱসৱে যাহাত প্রার্থিলা ৰাখিবাক।
স্বৰ্গক নিলেক সৱে খট্বাঙ্গ ৰাজাক।।
যুদ্ধে জিনি দৈত্যক বধিলা মহাশয়।
খট্বাঙ্গ সমান বীৰ নাহিকে দুর্জ্জয়।।৬৫৪।।
তাহান বিক্রম দেখি সৱে দেৱচয়।
ধন্য মহাৰাজা বুলি সৱে প্রশংসয়।।
তোমাৰ সমান বীৰ কেহো নাহিকয়।
বৰ লোৱা মহাৰাজা বোলে দেৱচয়।।৬৫৫।।
ৰাজায়ে বোলন্ত শুনিয়োক দেৱলোক।
কতদিন মোৰ আয়ু শীঘ্ৰে কহিয়োক।।
দেৱগণে বুলিলন্ত ৰাজা শুনিবাহা।
দণ্ড দুই জীয়া তুমি আক জানিবাহা।।৬৫৬।।
এহি বাক্য শুনি ৰাজা তথা নৰহিলা।
দেৱদত্ত বিমানত পৃথিৱী চলিলা।।
আপোনাৰ নগৰক পাইলা মহাবলী।
ইটো মায়াময় সৱে হেনয় আকলি।।৬৫৭।।
ঈশ্বৰৰ চৰণত মনক দিলন্ত।
স্ত্রী ধন জনৰ মমতা এৰিলন্ত।।
সমস্তে ভূতত হৰি ভাৱনা কৰিল।
আন্ত বিনে বস্তু আৰ কিছু নেদেখিল।।৬৫৮।।
কৃষ্ণৰ চৰণে ৰাজা শৰণ লৈলন্ত।
অহঙ্কাৰ গুচি মন নিৰ্ম্মল ভৈলন্ত।।।
খট্বাঙ্গে বোলয় মোক কিছু নলাগয়।
ৰাজ্যভাৰ স্ত্রী ধন বন্ধু সমস্তয়।।৬৫৯।।
কদাচিতো ইসৱত ৰতি নুহিহোক।
কৃষ্ণৰ চৰণে মাত্র ভকতি ৰহোক।।
উত্তম শ্লোকত পৰে বস্তু নাহিকয়।
দেৱসৱে মোক যাচিলাহা বৰচয়।।৬৬০৷৷
ঈশ্বৰৰ ভক্তি বিনে তাঙ্ক নলৈলোহো।
কৃষ্ণৰেসে দাস মই নিশ্চয়ে ভৈলোহো৷৷
এহিমত ভাৱনাতে মন শুদ্ধ ভৈলা।
ভগৱন্ত ৰূপ হুয়া ৰাজা মোক্ষ পাইলা।।৬৬১।।
..........
।।ৰামচন্দ্ৰৰ চৰিত্র বর্ণনা।।
খট্বাঙ্গৰ পুত্ৰ ভৈলা দীর্ঘবাহু নাম।
দীর্ঘবাহু পুত্র ভৈলা ৰঘু অনুপাম।।
ৰঘুৰ তনয় ভৈলা অজ মহাশয়।
অজৰ তনয় দশৰথ শুভনয়।।৬৬২।।
দশৰথ ৰাজা পূৰ্ব্বে আছিলা অপুত্রক।
ঋষ্যশৃঙ্গ মুনি যজ্ঞ কৰাইলা ৰাজাক।।
দেৱগণে প্রার্থিলন্ত ৰাক্ষসত ভয়।
সাক্ষাতে ধৰিলা জন্ম প্রভু কৃপাময়।।৬৬৩।।
চাৰি অংশে ভৈলা জাত দশৰথ ঘৰে।
কৌশল্যাত ভৈলা জনম ৰাম ৰঘুবৰে।।
কৈকেয়ীত ভৈলন্ত ভৰত নাৰায়ণ।
সুমিত্রাত জন্মিলা লক্ষ্মণ শত্রুঘ্ন।।৬৬৪।।
দুৰ্ব্বাদল শ্যাম ৰূপ আতি অনুপাম।
যাৰ ৰূপ দেখি মুগ্ধ হোৱে কোটি কাম।।
কোটি চন্দ্র জিনি জ্বলে বদনমণ্ডল।
আয়ত লোচন নিন্দৈ পঙ্কজযুগল।।৬৬৫।।
উত্তম নাসায়ে নিন্দে তিলফুলচয়।
যাক দশৰনে গুচে ভকতৰ ভয়।।
ভ্ৰুৱযুগ চাপ জিনি জ্বলন্তে আছয়।
ৰত্নৰ কিৰীটি কোটি সূৰ্য্যৰ আন্বয়।।৬৬৬।।
মকৰ কুণ্ডল গলে শোভে আতিশয়।
প্রভাতৰ সূৰ্য্য সম জ্বলন্তে আছয়।।
ডাড়িম্বৰ বীজ জিনি দান্তচয় শোভে।
মুখপদ্মে ভ্ৰমৰা পৰয় মধুলোভে।।৬৬৭।।
তিনি ৰেখাযুক্ত গ্ৰীৱা দেখিতে শোভন।
যাক দশৰনে মোহ হোৱে সৰ্ব্বজন।।
ভুজঙ্গৰ ভুজ জিনি জ্বলে কৰ দুই।
অৰিগণ পলাইবেক আতি ত্রাস হুই।।৬৬৮৷৷
অঙ্গদ বলয়া শোভে হাততে উত্তম।
মেঘত জ্বলয় যে বিদ্যুত নিৰুপম।।
শৰ ধনু ধৰি আছা ৰাম কৃপাময়।
যাক দশৰনে গুচে ভকতৰ ভয়।।৬৬৯।।
বক্ষস্থল দেখি হৰে মন ভকতৰ।
শুদ্ধতৰ দেখি বাৰু লৌহ সমসৰ।।
মুকুতাৰ হাৰ শোভে আপাদ পৰ্য্যন্তে।
গঙ্গা বহি আসে যেন নীল মেঘ হন্তে।।৬৭০৷৷
ৰত্নৰ মেখলা শোভে কটি প্রদেশত।
সূৰ্য্যৰ ৰশ্মিৰ কান্তি বহয় সতত।।
তাতে পীতবস্ত্র পিন্ধি আছা জগবাপ।
যাক দশৰনে হৰে জগতৰে তাপ।।৬৭১৷৷
ৰামকল সম শোভে উৰুযুগ দুই।
যাক দেখি ভক্তসৱো আতি সুখী হুই।।
সুৱলিত জঙ্ঘা দেখি আতি মনোৰম।
পাদপদ্ম শোভে আতি চৰণ উত্তম।।৬৭২।।
পূর্ণিমাৰ চন্দ্র যেন নখচন্দ্ৰচয়।
যাহাৰ প্রকাশে দশোদিশ প্রকাশয়।।
আৰকত পদতল দেখিতে সুঠাম।
ৰক্ত উতপলে যাক নুহিকে সমান।।৬৭৩৷৷
এহিমত ৰূপে প্ৰভু বেকত ভৈলন্ত।
শুকমুনি পৰীক্ষিত ৰজাত কহন্ত।।
সৱাৰে মধ্য শ্রেষ্ঠ ভৈলা প্রভু ৰাম।
লক্ষ্মণ ভৰত শত্রুঘ্ন অনুপাম।।৬৭৪।।
তাহান চৰিত্ৰ ৰাজা আনো ঋষিচয়।
বাহুল্য স্বৰূপে তাক বর্ণনা কৰয়।।
সংক্ষেপ কৰিয়া মই কহিবো তোমাত।
বিশ্বামিত্র ঋষি আসি প্রার্থিলা ৰাজাত।।৬৭৫৷৷
ঋষিৰ যজ্ঞত যত নিশাচৰচয়।
মাৰীচ প্রমুখ্য কৰি ৰাক্ষস আছয়।।
লক্ষ্মণে সহিতে তাক সৱে সংহৰিলা।
চৈধ্য কোটি ৰাক্ষসক লীলায়ে বধিলা।।৬৭৬।।
স্বয়ম্বৰ শুনি পাচে মিথিলাক গৈলা।
ধনুৰ্য্যাগশালে ৰাম উপস্থিত ভৈলা।।
মহেশৰ ধনুখণ্ড থৈয়া আছে তাত।
তিনিশত লোকে তাক বহৱে সাক্ষাত।।৬৭৭।।
লীলায়ে ধৰিয়া প্রভু ধনুৰ্গুণ দিলা।
টানিয়া মধ্যতে ধনুখণ্ডক ভাঙ্গিলা৷৷
যেনমতে গজে ভাঙ্গি লীলায়ে ইক্ষুক।
দুইখণ্ড কৰিলেক কঠিন ধনুক।।৬৭৮৷৷
আপোনাৰ গুণে ৰূপে সমান সীতাক।
পূৰ্ব্বে উৰস্থলে বাস দিয়া আছে যাক।।
লভি আছা মনে যিটো মহালক্ষ্মী দেবী।
কৰিলা বিবাহ তাঙ্ক থাকিলন্ত সেৱি।।৬৭৯।।
পথত আনন্তে পাচে ভূগুপতি ৰাম।
ধনুভঙ্গ শৱদ শুনিয়া অনুপাম।।
মহাক্ৰোধ কৰি আসি পথ ভেন্টি ৰৈলা।
মোৰ ৰাম নাম কোন বীৰে কাঢ়ি লৈলা।।৬৮০৷৷
মোহোৰ গুৰুৰ ধনু ভাঙ্গিলেক কোনে।
মহাবেগে খেদি যান্ত যেহেন পৱনে।।
কান্ধত কুঠাৰ হাতে ধনুশৰ আছে।
ভৰি চাৰি পাঞ্চ গৈয়া লাগ পাইলা পাচে।।৬৮১।।
দশৰথ নৃপে তান ক্রোধক দেখিলা।
মহাভয় হুয়া ৰাজা কম্পিবাক লৈলা।।
তাঙ্ক পাচ কৰি ৰামচন্দ্র আগ ভৈলা।
মহাক্ৰোধ কৰি তাঙ্ক বুলিবাক লৈলা।।৬৮২।।
মই ভাঙ্গি আছো ধনু তোহ্মাৰ গুৰুৰ।
আপুনাকে বৰ দেখাই বুলিলা নিষ্ঠুৰ।।
লাগে যেৱে আপুনাক সন্মুখ হুয়োক।
মোহোৰ প্ৰভাৱ ঋষি কেন দেখিয়োক।।৬৮৩।।
এহিবাক্য শুনি জামদগ্নি বোলে পাচে।
মোৰ দেখা মহাদিব্য ধনুখণ্ড আছে।।
আক ভাঙ্গিবাক যেৱে পাৰা তুমি বীৰ।
হাসিয়া মাতিলা ৰামচন্দ্ৰ ধীৰে ধীৰ।।৬৮৪।।
চাও ধনুখণ্ড গুৰু দিয়োক আহ্মাক।
এহি বুলি ৰামে টানি ভাঙ্গিলন্ত তাক।।
গৰ্ব্বভাৱ গুচি পাচে ভৈলা নিৰুৎসাহ।
ৰামচন্দ্রে ধনু ভাঙ্গি তুলিলন্ত হাস।।৬৮৫।।
জামদগ্নি ৰামে পাচে স্তুতিক কৰিয়া।
মেলানি মাগিয়া গৈল আনন্দ লভিয়া।।
তিনি সাত বাৰ যিটো ক্ষত্রিয় কাটিল।
পৃথিৱীৰ ভাৰ মানে সৱে সংহাৰিল।।৬৮৬।।
ৰামচন্দ্রে তান গৰ্ব্ব সৱে হৰিলন্ত।
তাহান মহিমা কহি কোনে পাৱে অন্ত।।
কৈকেয়ীৰ সম্বন্ধি ৰাজা মহা তুষ্ট হুই।
পূৰ্ব্বে সহি আছা ৰাজা তাঙ্ক বৰ দুই।।৬৮৭।।
ৰামচন্দ্র অভিষেক সময় দেখিলা।
সেহি বৰ দুই পাচে কৈকেয়ী খুজিলা।।
কৈকেয়ী বুলিলা ৰাম বনবাসে যাউক।
সৱে ৰাজ্যভাৰ মোৰ ভৰতেই পাউক।।৬৮৮৷৷
এহি বাক্য কৰা নৃপ তেৱে সত্য ৰয়।
নকৰিলে নিষ্টে তৱ সত্য ভ্রষ্ট হয়।।
সত্যপাশে বান্ধিলেক নৃপতিক যেৱে।
কাকূতি প্রকাৰে নৃপে বুলিলন্ত তেৱে।।৬৮৯।।
আন বৰ লউ সতী ইহাক এৰিয়া।
তাকো নকৰিলে নিদাৰুণ স্ত্রীৰ হিয়া।।
দশৰথ নৃপতিৰ সত্যক পালিলা।
ৰাম সীতা লক্ষ্মণ বনে প্রৱেশিলা।।৬৯০৷৷
শ্ৰী ৰাজ্য সুহৃদক সমস্তে এৰিলা।
বস্ত্র অলঙ্কাৰ ৰত্ন সমস্তে তেজিলা।।
বিষয়ৰ সঙ্গ এৰা যেন যোগীগণ।
সেহিমতে হুয়া প্রভু পশিলন্ত বন।।৬৯১।।
ৰাৱণৰ ভগিনীক তৈতে লগ পাইল।
ৰামক সম্বুধি তাই বাক পুৰুজাইল।।
কামভাৱ হুয়া মঞি বৰিলো তোহ্মাক।
ৰামে শুনিলন্ত পাচে ৰাক্ষসীৰ বাক।।৬৯২৷৷
বুলিলন্ত তেৱে মোৰ তোত কাৰ্য্য নাই।
সীতাক দেখিয়া তাই মনত গুণয়।।
এইৰ নিমিত্তে ইটো মোক নবৰয়।
সীতাক খাইবাক লাগি কৰিলা নিশ্চয়।।৬৯৩।।
পৰম সুন্দৰী গুচি ৰাক্ষসিনী ভৈলা।
সীতাক খাইবাক লাগি শীঘ্ৰে চলি গৈলা।।
তাইক দেখি লক্ষ্মণে কাটিলা নাক কাণ।
খৰ দূষণত পাচে তাই দিলা জান।।৬৯৪।।
নিঃশেষ ৰাক্ষস মানে খেদিয়া আসিলা।
চৌদ্ধয় সহস্ৰ বীৰ সৱাকো মাৰিলা।।
শূর্পনখা গৈয়া পাচে ৰাৱণত কৈল।
সীতাৰ ৰূপক শুনি কামাতুৰ ভৈল।।৬৯৫।।
মাৰীচক লৈয়া পাচে আসিলেক তয়।
সুৱৰ্ণৰ মৃগ হুয়া চৰিয়া ফুৰয়।।
শুনা সভাসদ মহা ভাগৱত কথা।
মনুষ্য জন্মক পাই নকৰিয়ো বৃথা।।৬৯৬।।
হৰিনাম লৈলে মুখে মুকুতিক পায়।
পৰম বৈকুণ্ঠ সুখ হাততে মিলয়।।
হেন কলিযুগ মহা পৰম উত্তম।
সত্য ত্রেতা দ্বাপৰেও নুহিকয় সম।।৬৯৭।।
জানিয়া যতনে মাত্র লৈয়ো ৰাম নাম।
যেন ইচ্ছা চাৱে সৱে পূৰে মন কাম।।
ভাগৱত শাস্ত্র সম নাহিকয় আন।
সাধুৰ সঙ্গত মাত্র পাতিয়োক কাম।।৬৯৮৷৷
অনায়াসে সংসাৰত তৰিবাহা সুখে।
নপাইবেক লাগ আউৰ সংসাৰৰ দুখে।
নমো নমো প্রভু মোৰ ভকত বৎসল।
পশিলো শৰণে পাদ-পঙ্কজ যুগল।।৬৯৯।।
বনৰ পশুক যিটো বৈকুণ্ঠক নিল।
তোহ্মাৰ সমান নাহি দেৱ দায়াশীল।।
মঞি আতি পশু প্রায় মহা অধাৰ্ম্মিক।
কৰিয়োক ত্রাণ এৱে মই পাতেকীক।।৭০০।।
হাতে দান্তে তৃণ ধৰি কৰোহো কাতৰ।
আৰ যেন নুহিকোহো সংসাৰ গোচৰ।।
বাপ ৰামচন্দ্ৰ মোক কৰিয়োক ত্রাণ।
সংসাৰ তাপত পৰি কাম্পে মোৰ প্রাণ।।৭০১৷৷
ধন জন বন্ধু আত নুহিয়োক ৰতি।।
তোহ্মাৰ চৰণে মাত্র সদা হৌক মতি।।
বদতি কেশৱ দাস আতি শিশুমতি।
ৰাম ৰাম বুলি হুয়ো বৈকুণ্ঠত থিতি।।৭০২।।
.........
।।দুলড়ী।।
শুকনিগদতি শুনিয়ো নৃপতি
সীতা দেখিলন্ত তাক।
সুৱৰ্ণৰ সম দেখি নিৰুপম
ৰামক বুলিলা বাক।।
ইহাক বধিয়া প্রভু মোক দিয়া
সীতায়ে বুলিলা যেৱে।
ধনুশৰ ধৰি ৰামচন্দ্ৰ হৰি
খেদিয়া গৈলন্ত তেৱে।।৭০৩৷৷
মাৰীচে দেখিল ৰামে খেদি আইল
পলাইৱে সিটো লাগিল।
একপাত শৰে মাৰিয়া সত্বৰে
মাৰীচক সংহৰিল।।
যেন ৰুদ্ৰদেৱে আতি ক্রোধ ভাৱে
দক্ষক যুদ্ধে মাৰিল।
সেহি ৰূপ কৰি বধিলা শ্রীহৰি
উত্তম থানে চলিল।।৭০৪৷৷
ৰাক্ষস অধম পৰম দুর্জ্জন
সীতাক নিলেক হৰি।
যেন বৃকে মাংস ধৰিয়া ৰাক্ষস
লৈয়া যাই শীঘ্ৰ কৰি।।
ৰামে যে আসিয়া সীতা নেদেখিয়া
কৰিলা ঘোৰ সন্তাপ।
নাৰীৰ সঙ্গৰ দুখ বহুতৰ
দেখাইলা জগত বাপ।।৭০৫।।
যিটো নৰ হয় মহা শুদ্ধাশয়
নাৰীৰ সঙ্গ এৰয়।
দুখৰ নিলয় ধন জনচয়
দেখাইলন্ত কৃপাময়।।
লক্ষ্মণ সহিতে ৰামদেৱে তৈতে
বনত ফুৰা বিচাৰি।
দুৰ্জ্জন ৰাৱণ কৰি ক্রোধ মন
জটায়ুক আছে মাৰি।।৭০৬।।
তাহাঙ্ক দেখিয়া ৰামচন্দ্রে গৈয়া
কোলে তুলি পক্ষীৰাজ।
কি কাৰণে তুমি পৰি আছা ভূমি
বন মাজে কিবা কাজ।।
জটায়ু বুলিলা পখাক ছেদিলা
দুৰ্জ্জন ৰাৱণে মোৰ।
সীতাক ৰাখিবে নপাৰিলো তেৱে
কৰি আছো পাপ ঘোৰ।।৭০৭৷৷
জটায়ুৰ বাণী শুনি পদ্মপাণি
সীতাৰ বাৰ্তাক পাইল।
জটায়ু মৰিল তাহাঙ্ক দহিল
পুত্ৰৰ কৰ্ম্ম কৰিল।।
কৱন্ধে দেখিল খাইবাক আসিল
তাহাকো মাৰিলা হৰি।
দহিলন্ত তাক শুনি প্রিয় বাক
মনত আনন্দ কৰি।।৭০৮৷৷
সীতাক বিচাৰি ফুৰন্ত মুৰাৰি
বানৰক পাইলা লাগ।
সুগ্রীৱ সহিতে সখি কৰি তৈতে
তুষ্ট ভৈলা মহাভাগ।।
বধিলা বালীক সুগ্রীৱ মিত্রক
ৰাজ্যভাৰ সৱে দিল।
ভালুক বানৰ লৈয়া বহুতৰ
সাগৰ তীৰক গৈল।।৭০৯৷৷
মনুষ্য আন্বয় ধৰি কৃপাময়
ভালুক বানৰ সঙ্গে।
পাদপদ্ম যাৰ ভৱ ব্ৰহ্ম সাৰ
অৰ্চ্চন্ত পৰম ৰঙ্গে।।
তিনি ৰাত্রি পাচে সাগৰৰ কাষে
উপবাসে ৰহিলন্ত।
তথাপিতো যেৱে নাসে সিন্ধু তেৱে
মহাক্রোধে উঠিলন্ত।।৭১০৷৷
শৰ ধনু ধৰি শ্ৰীৰাম হৰি
গৰ্জ্জিবাক লাগিলন্ত।
কটাক্ষ লীলায় ৰামচন্দ্ৰ ৰায়
পাচে বাক্য বুলিলন্ত।।
মোক অল্প ক্ষুদ্র দেখিলি সমুদ্র
তাৰ মান সাধো মঞি।
অগ্নি শৰ ধৰি জল দূৰ কৰি
মোৰ বল দেখ তই৷৷৭১১৷৷
কুম্ভীৰ মগৰ কাম্পে তৰ তৰ
পাতালে পশিলা ডৰে।
হুৰ হুৰ ধ্বনি দশোদিশে শুনি
উঠিল ভয়ে সাগৰে।।
অৰিহণা লৈয়া মূৰ্ত্তিমন্ত হুয়া
নমিলা ৰামৰ পাৱ।
বাক্য বুলিলন্ত অচ্যুত অনন্ত
নজানো তযু প্রভাৱ।।৭১২।।
.......
।।ছবি।।
আমি আতি অল্পজন অজ্ঞানে আৱৰি মন
নজানিলো তযু মহিমাক।
এৱেসে জানিলো প্রাণ দিয়োক অভয় দান
ব্রহ্মা আদি নজানন্ত যাক।।
তযু যেন কাম মন কৰিয়েক জনার্দ্দন
মাৰিয়োক দুষ্ট ৰাৱণক।
বিশ্রৱাৰ বিষ্ঠা প্রায় প্রাণীক দুখক দেই
সুস্থ মন কৰিয়ো লোকক।।৭১৩৷৷
তোমাৰ পত্নীক নিল সিটো মহা দুষ্টশীল
সেতু বান্ধিয়োক জল মাজে।
যশস্যা থাকোক আতি দশোদিশে যাউক খ্যাতি
মহা মহা ৰাজাৰ সমাজে।।
কতো সেতু বান্ধে আৰ দেখিয়া বিস্ময় হুই
ৰাজাগণে যশস্যা গাইবেক।
মোৰ সমে এহি খানি কৰিয়োক পদ্মপাণি
তযু মহা মহিমা থাকোক।।৭১৪।
সাগৰৰ বাণী শুনি ৰঘুপতি মনে গুণি
কপিগণ সৱাকে বুলিলা।
পৰ্ব্বতক আনিয়োক শীঘ্ৰে সেতু বান্ধিয়োক
সাগৰৰ বাক্যক শুনিলা।।
ৰামৰ আজ্ঞাক শিৰে ধৰি কপি মহাবীৰে
অদ্রিকূট বৃক্ষ আনিলন্ত।
দেখি আতি সুবহল যত কপি মহাবল
উত্তম সেতুক নিৰ্ম্মিলন্ত।।৭১৫৷৷
ৰামচন্দ্র মহাবল সুগ্রীৱ অঙ্গদ নল
নীল হনুমন্ত মুখ্য কৰি।
আনো সেনাগণ লৈয়া বিভীষণ বুদ্ধি পায়া
প্ৰৱেশিলা ৰাৱণ নগৰী।।
পাচে লঙ্কাপুৰী পায়া বানৰসকলে গৈয়া
চতুর্ভিতি সৱে বেঢ়ি ৰৈল।
হাতে তাল বৃক্ষ শাল কতো কপি মহামাল
মহাভয়ে লোক কম্পি গৈল।।৭১৬৷৷
শুনিয়োক সভাসদ মহাভাগৱত পদ
আত লম্ভা কথা নাহিকয়।
শুনন্তে অমৃতময় ৰামৰ চৰিত্ৰচয়
মুকুতিকো ইটো বিড়ম্বয়।।
যিটো জনে শুনে কথা তাৰ নাহি জন্ম বৃথা
বৈকুণ্ঠ পদক পাৱে সুখে।
হেনয় প্ৰভুৰ নাম লৈয়ো আক অবিশ্রাম
তান গুণ গোৱা মাত্র মুখে।।৭১৭।।
নমো নমো প্রভু ৰাম মোৰ মনে অবিশ্রাম
তোহ্মাৰ কমল পদ দুই।
স্মৰোক হৃদয়ে মোৰ তেৱেসে দুৰ্ঘোৰ ঘোৰ
সংসাৰকো তৰো শুদ্ধ হুই।।।
হে প্রভু কৃপাসিন্ধু তুমি জগতৰে বন্ধু
ত্রাণ কৰা তোহ্মাৰ চৰণে।
সমজ্যাৰ লোকে ঢাকি ৰাম ৰাম বোলা ডাকি
তেৱে গতি হৈবেক মৰণে।।৭১৮।।
......
।।পদ।।
শুক নিগদতি ৰাজা শুনা কথা পাচে।
লঙ্কাক বেঢ়িয়া কপিগণ যেৱে আছে।।
উপবন ভাঙ্গে কতো কতো কপিচয়।
গড়ৰ দ্বাৰক কতো বানৰে ভাঙ্গয়।।৭১৯।।
ক্রীড়া স্থান ভাঙ্গিলেক ৰাৱণৰ যত।
বৰ বৰ উচ্চ গৃহ আছে শত শত।।
বজ্ৰদ্বাৰ দিয়া আছে তাহাৰ উপৰে।
সমস্তকে ভাঙ্গিলেক অসংখ্য বানৰে।।৭২০।।
চতুষ্পস্থচয় যত সুৱৰ্ণে ৰচিত।
সৱে নষ্ট কৰিলেক দেখিতে বিচিত্র।।
ৰাক্ষসৰ পতি পাচে ৰাৱণে দেখিল।
ইন্দ্রজিত আদি বীৰ সৱাকো বুলিল।।৭২১৷৷
দেখিয়োক ৰাম-সেনা লঙ্কাক বেঢ়িল।
সত্বৰে সাজিয়ো হেৰা অপায় মিলিল।।
ৰাৱণৰ আদেশ শুনিয়া বীৰচয়।
ঢাক ঢোল কোলাহল বাদ্য বজাৱয়।।৭২২।।
কুম্ভ নিকুম্ভ ইন্দ্রজিত বীৰবৰ।
সুৰান্তক নৰান্তক দুর্ম্মুখ অপৰ।।
ধূম্রাক্ষ প্রহস্ত আতিকায় অকম্পন।
সসৈন্যে সহিতে বাজ ভৈলেক ৰাৱণ।।৭২৩।।
শূল প্রাস অসি খড়গ ভূষণ্ডি তোমৰ।
ধনু কাণ্ড যাঠীক দেখন্তে ভয়ঙ্কৰ।।
এহিৰূপে হুয়া ৰাৱণৰ সেনাচয়।
ৰামৰ সেনাক ঢাকি বাণ বৰিষয়।।৭২৪।।
সুগ্রীৱ লক্ষ্মণ হনুমন্ত বীৰবৰ।
গন্ধমাৰ্দ্দন নীল বালিৰ কুমাৰ।।
জাম্বৱন্ত আদি বীৰগণ লৈয়া সঙ্গে।
ৰাৱণক খেদি গৈলা ৰামচন্দ্র খঙ্গে।।৭২৫।।
ৰাৱণৰ হস্তী ঘোৰা ৰথী ৰথচয়।
অন্যো অন্যে দ্বন্দ্বযুদ্ধ ভৈলা ধুমাজয়।।
বৃক্ষ শাল তাল খৈৰা খাজুৰ নাহৰ।
আম জাম্বু কণ্টকী আমৰা গুৰুতৰ।।৭২৬৷৷
নাৰিকল ডহা চম্পা থৈকৰ উচ্ছ্ৰিত।
এহিসৱ বৃক্ষ ধৰি ভৈল উপস্থিত।।
অঙ্গদ প্রমুখ্যে বীৰে ধৰি বৃক্ষচয়।
ৰাৱণৰ সেনাগণ সৱে সংহাৰয়।।৭২৭।।
সীতাক চুইলেক যেতিক্ষণে নিশাচৰ।
সকলে মঙ্গল নষ্ট ভৈল ৰাৱণৰ।।
তাৰ সেনাগণ লাঞ্জে মাৰয় বানৰে।
তাক দেখি গাৱ নসহিল ৰাৱণৰে।।৭২৮।।
পুষ্পকত চৰি খেদি গৈলেক ৰামক।
ইন্দ্ৰে দিয়া আছে সিটো মাতলি ৰথক।।
মহা কান্তিমন্ত সিটো বিচিত্র দেখিতে।।
তাতে ৰামচন্দ্র চৰিলন্ত সাৱহিতে।।৭২৯।।
ধনু ধৰি শনাইত শৰ মাৰিলন্ত।
ৰাৱণক সম্বুধি বচন বুলিলন্ত।।
ৰাক্ষসৰ মধ্যত পুৰীষ ভৈলি তই।।
নিশ্চয়ে জানিবি তোক মাৰিবোহো মই।।৭৩০৷৷
মোহোৰ ভাৰ্য্যাক তই হৰিলি বৰ্ব্বৰ।
মই নেদেখিলো তোক চক্ষুৰ গোচৰ।।
গৃহস্থ নাছিলে যেন কুকুৰ সোমাই।
মহাবেগে হাণ্ডিচৰু চুইয়া পলায়।।৭৩১।।
পৰম নিলাজ তই ভৈলি সেহি প্রায়।
তোৰ সম মহাপাপী নাহি একো ঠাই।।
যতেক কৰিলি তাৰ পাইবি প্রতিফল।
যেন কালে সংহৰয় অধৰ্মীসকল।।৭৩২৷৷
সেহিমতে তোক মঞি কৰিবো সংহাৰ।
আক্ষেপ কৰিলা ৰাৱণক বাৰে বাৰ।।
ধনুত যুৰিলা আনি এক দিব্য বাণ।
হৃদয়ত পৰি শৰ তাৰ গৈল প্রাণ।।৭৩৩।।
যেন ইন্দ্ৰ বজে পৰ্ব্বতক ভেদিলন্ত।
সেহিমতে ৰাৱণক প্রভু মাৰিলন্ত।।
পুষ্পকৰ পৰা সিটো পৰিল ভূমিত।
হাহাকাৰ শৱদেক উঠিল তহিত।।৭৩৪।।
অসংখ্যাত নাৰীগণে ক্রন্দন কৰিয়া।
মন্দোদৰী আসিলেক তহিতে চলিয়া।।
স্বামীক ধৰিয়া সৱে ক্রন্দন কৰিল।
সংক্ষেপ পদত আৰ বিস্তৰ নেদিল।।৭৩৫।।
শুক নিদগতি শুনা ৰাজা মহাশয়।
ৰামচন্দ্রে মাৰিলন্ত ৰাৱণ দুর্জ্জয়।।
তাৰ প্ৰেতকাৰ্য্যক কৰিলা বিভীষণে।
পিণ্ড জলাঞ্জলি দিলা ৰামৰ বচনে।।৭৩৬।।
অশোক বনত পাচে ৰামে দেখিলন্ত।
ক্ষুধায়ে পীড়িতা সীতা তহিতে আছন্ত।।
ৰামৰ বিৰহ বহ্নি শৰীৰ শুখাইল।
শিংশপা বৃক্ষত আছা ৰামে গৈয়া পাইল।।৭৩৭৷৷
শ্ৰীৰামচন্দ্রে পাচে সীতাক দেখিলা।
দুখীত ভাৰ্য্যাক অনুকম্পাক কৰিলা।।
ৰাম দৰশনে সীতা আনন্দিত হুই।
নেত্র-কমলৰ জল যাই আতি বই।।৭৩৮।।
ৰামক আশ্বাসি দেৱী আনন্দিত আতি।
যেহেন উৎপল পুষ্প প্রকাশয় ৰাতি।।
বিভীষণ বীৰক লঙ্কাক ৰামে দিল।
ভোগ কৰা একত্রে মিত্ৰক বুলিল।।৭৩৯।।
সীতা সমে ৰামচন্দ্র বিমানে চলিল।
বিভীষণ সুগ্রীৱ লক্ষ্মণ নল নীল।।
হনুমন্ত চৰিলন্ত সেহি বিমানত।
নিঃশেষে চড়িলা তাত মহা আনন্দত।।৭৪০৷৷
দেৱলোক পথে যান্তে কুসুম বৰিষে।
গন্ধৰ্ব্বে মৃদঙ্গ বাৱে পৰম হৰিষে।।
এহিমতে গৈয়া প্রভু অযোধ্যা দেখিলা।
শুনিয়া ভৰতে মহা আনন্দিত ভৈলা।।৭৪১।।
গৰুৰ মূত্রত অন্ন সিজায়া ভুজন্ত।
বাকলি বসন বীৰে তাক পিন্ধিছন্ত।।
জটাক ধৰিয়া কৰা ভূমিত শয়ন।
হেন দেখি ৰামচন্দ্র ভৈলা দুখ মন।।৭৪২।।
পুৰোহিত পাত্রগণ যুক্ত হুয়া বীৰে।
খৰম দুখানি আনি ধৰিলন্ত শিৰে।।
ৰাম বিনে অযোধ্যাক ভৰত নগৈলা।
নন্দীগ্রাম নগৰত বীৰবৰ ৰৈলা।।৭৪৩।।
তৈৰ পৰা গৈল পাচে ভৰত কুমাৰ।
ব্রাহ্মণৰ ব্ৰহ্মঘোষ শুনি বহুতৰ।।
সুৱর্ণ পতাকা ধ্বজ হালে চতুৰ্ভিতি।।
এহিমতে লক্ষ ৰথ কৰৈ তৈতে গতি।।৭৪৪৷৷
সুৱৰ্ণ সন্নাহাচয় চিকিমিকি কৰে।
তাহাৰ কান্তিক আতি দেখি মন হৰে।।
তাক পৰিধান কৰি বীৰ অসংখ্যাত।
ৰামচন্দ্র দেখিবাক কৰে আয়াযাত।।৭৪৫।।
বেশ্যা সৱে বেঢ়ি নানা খেড়িক খেলয়।
তাক দেখি পুৰুষৰ মন মোহ হয়।।
মহাৰাজা বিভূতি ধৰিয়া ভৃত্যচয়।
ৰামৰ পাশক লাগি আনন্দে চলয়।।৭৪৬।
চৰণত পৰি কতো প্রেমত কান্দয়।
দুয়ো নয়নৰ নীৰ আথাকে বহয়।।
খৰম দুখানি নিয়া ভৰত কুমাৰ।
কৃতাঞ্জলি হুয়া দিলা আগত ৰামৰ।।৭৪৭।।
দুয়ো নয়নৰ নীৰ পৰৈ সৰসৰি।
ৰামচন্দ্রে আলিঙ্গিয়া সাৱটিয়া ধৰি।।
দুইকো দুয়ো ধৰি আতিশয়ে কান্দিলন্ত।
দুইৰো নয়নৰ জলে দুইকো ভিজাইলন্ত।।৭৪৮।।
ৰাম লক্ষ্মণ সীতা নমি ব্রাহ্মণক।
বিপ্ৰসৱো আলিঙ্গিয়া ধৰিলা ৰামক।।
প্রজাসৱে দণ্ডৱতে ৰামক নমিলা।
পুষ্পক বৰষি সৱে আনন্দে নাচিলা।।৭৪৯।।
পাচে গৈয়া অযোধ্যাত প্রৱেশ ভৈলন্ত।
ভৰতে মাথাত আনি খৰম লৈলন্ত।।
বিভীষণ সুগ্রীৱে চামৰ ধৰিলন্ত।
দুই পাশে তুলি আতি শীঘ্ৰে চলিলন্ত।।৭৫০।।
ধৱল ছত্রক আনি মাথাৰ উপৰে।
আনন্দে ধৰিলা হনুমন্ত বীৰবৰে।।
ধনু তূণ ধৰিলন্ত শত্রুঘন বীৰ।
কমণ্ডলু ধৰি সীতা যান্ত ধীৰে ধীৰ।।৭৫১।।
খড়গক লৈয়া যান্ত অঙ্গদ কুমাৰে।
জাম্বৱন্তে ধৰিলন্ত চৰ্ম্ম সুৱৰ্ণৰে।।
দেৱগণে তুতি নতি কৰি আতিশয়।
চতুর্ভিতি বেঢ়ি মহা পুষ্প বৰিষয়।।৭৫২।।
এহিমতে হুয়া প্রকাশয় ৰামচন্দ্র।
গ্রহগণে বেঢ়ি যেন পূর্ণিমাৰ চন্দ্ৰ।।
ভ্রাতৃগণ সমে প্রভু গৃহ প্রৱেশিলা।
গুৰুপত্নী মাতৃ তাৰ সৱাকো মাতিলা।।৭৫৩।।
যাক যেন যোগ্য সীতা লক্ষ্মণে নমিলা।
কৌশল্যা দেৱীৰ প্ৰাণ ৰামচন্দ্র আইলা।
কোলাত বসাইলা নিয়া আতি দায়াতৰে।
মহাস্নেহে জল আতি বজায় নয়নৰে।।৭৫৪।।
শ্ৰীৰামৰ সকলে শৰীৰ তিয়াইলন্ত।
মাতৃৰ দেখিয়া শোক ৰামে কান্দিলন্ত।।
মাতৃক আশ্বাস পাচে ৰামে কৰিলন্ত।
এহিমতে ৰামে যেৱে আনন্দে আছন্ত।।৭৫৫।।
জটাভেদ কৰিলন্ত পাচে তিনিভাই।
প্রজাই জোকাৰ পাৰে আনন্দ বঢ়াই।।
কুলবৃদ্ধ সমে গুৰু বশিষ্ঠে বুলিল।
চাৰি সাগৰৰ জল তেখনে আনিল।।৭৫৬।।
এহিমতে শিৰ স্নান কৰিলা শ্ৰীৰাম।
শোভন বস্ত্ৰক পিন্ধিলন্ত অনুপাম।।
নানা অলঙ্কাৰচয় প্রভু পিন্ধিলন্ত।
ভাৰ্য্যা ভ্রাতৃ সমে আতি শোভা কৰিলন্ত।।৭৫৭।।
ভৰতে অনেক তাঙ্ক কাৰ্পূণ্য কৰিলা।
সৱাৰো বচনে সিংহাসনত বসিলা।।
বর্ণাশ্রম প্রজাধৰ্ম্ম একোৱে নেৰিলা।
পিতৃ যেন পুত্রগণ সততে পালিলা।।৭৫৮।।
ত্রেতাযুগে আসি সত্যযুগ সম ভৈলা।
শুক মহামুনি পৰীক্ষিত আগে কৈলা।।
ৰাম যেৱে ৰাজা ভৈলা পৃথিৱীমণ্ডলে।
নানা ৰত্ন মণি দিলা পৰ্ব্বতসকলে।।৭৫৯।।
বন নদীগণ মানে অমৃত স্ৰৱন্ত।
হীৰা শঙ্খ মুকুতাক সাগৰে দিলন্ত।।
কামদোহা আছিলেক পৃথিৱীমণ্ডলে।
আধি ব্যাধি জৰা ভয় নাছিল সকলে।৭৬০।।
ইচ্ছা নকৰিলে মৃত্যু নুহিকে লোকৰ।
যি কালত ৰাম ৰাজা আছিল ৰাজ্যৰ।।
একপত্নী ব্রত প্রভু ৰামে ধৰিলন্ত।
শুদ্ধ হুয়া ৰাজঋষি ধৰ্ম্মক কৰন্ত।।৭৬১।।
আপুনি আচৰি ৰামে লোকক শিখান্ত।
নুহি তেহে ব্ৰহ্ম কিবা কৰ্ম্ম আছে তান্ত।।
প্রেম ভকতিয়ে বশ্য কৰন্ত ৰামক।
সদ বৃত্ত নম্নে সতী পূজা চৰণক।।৭৬২।।
হৃদয়ৰ কথা সতী জানন্ত স্বামীৰ।
সতীৰ ভক্তিত বশ্য ভৈল মহাবীৰ।।
শুক নিগদতি শুনা পাণ্ডৱ মহন্ত।
যেনমতে ৰামচন্দ্রে যজ্ঞ কৰিলন্ত।।৭৬৩।।
আপোনাক আপুনিয়ে যজ্ঞ যজিলন্ত।
সমস্তে লোকৰে আত্মা প্রভু ভগৱন্ত।।
হোমক কৰন্ত যিটো ব্রাহ্মণ মহন্ত।
আনন্দিত হুয়া পূৰ্ব্ব দিশক দিলন্ত।।৭৬৪।।
ব্রহ্মা হুয়া যিটো জনে যজ্ঞক কৰাইলা।
দক্ষিণ দিশক তাক প্রভু ৰামে দিলা।।
আচাৰ্য্য বিপ্ৰক দিলা পশ্চিম দিশক।
উত্তৰ দিশক দিলা সাম গায়কক।।৭৬৫৷৷
কুলগুৰু বশিষ্ঠক মধ্য ভূমি দিলা।
ব্রাহ্মণক দিবে যোগ্য মনত মানিলা।।
সশৰীৰে অলঙ্কাৰ ব্যতিৰেক আন।
নিঃশেষ পৃথিৱী ব্রাহ্মণক দিলা দান।।৭৬৬।।
সীতাৰো ৰহিল অলঙ্কাৰ অৱশেষ।
সুমঙ্গল বস্ত্র চাৰি দিলন্ত নিঃশেষ।।
সুৱৰ্ণ ভাজন কোটি অসংখ্য আছয়।
ব্রাহ্মণক দিলা দান প্রভু কৃপাময়।।৭৬৭৷৷
ৰামৰ ব্রাহ্মণ্য ভাৱ দেখি বিপ্ৰচয়।
অন্যো অন্যে প্রশংসিলা আনন্দ হৃদয়।।
আনন্দিত হুয়া সৱে নিঃশেষ ৰাজ্যক।
পুনু ঋষিগণে ৰঙ্গে দিলন্ত ৰামক।।৭৬৮৷৷
ঋষিসৱে হাসি পাচে বাক্য বুলিলন্ত।
তোহ্মাৰ মহিমা কেহোজনে নজানন্ত।।
তোহ্মাৰ নিষ্পৃহ ভাৱ কেনে অদভুত।
মায়ায়ে ভৈলাহা আসি দশৰথসুত।।৭৬৯।।
আহ্মাৰ অজ্ঞান প্রভু দূৰ কৰিয়োক।
হৃদয়ত পশি বাপ মল গুচায়োক।।
প্রণামো ব্ৰহ্মণ্যদেৱ ভগৱন্ত ৰাম।
ভকতজনৰ প্রভু পূৰা মনকাম।।৭৭০।।
ব্রহ্মা আদি যেৱে যাৰ যশস্যাক গাৱে।
মুনিসৱে চিন্তে পদ ধৰি প্ৰেমভাৱে।।
এহিমতে বিপ্ৰসৱে প্রশংসি অশেষ।
ৰামত বিদায় মাগি চলি গৈলা দেশ।।৭৭১।।
লোক জিজ্ঞাসিবে কদাচিত ভগৱন্ত।
অলক্ষিতে গৃঢ়ৰূপে ৰাজ্যত ফুৰন্ত।।
ভাৰ্য্যাক উদ্দেশি কোন জনে পাৰে গালি।
সেহিবাক্য শুনিলন্ত ৰাম বনমালী।।৭৭২
শুন দুষ্টা অসতী মোহোৰ তই বাণী।
পৰৰ গৃহক কিয় গৈলেক অজ্ঞানী।।
তোত মোৰ কাৰ্য্য নাই বুলিলো বচন।
মোহোৰ গৃহৰ কৰ সত্বৰে গমন।।৭৭৩৷৷
স্ত্রীলোভী ৰামে যেন সীতা দিলা ঠাই।
সিমত আহ্মাত নাই জানা অভিপ্রায়।।
ৰামৰ সদৃশ মই নুহিকো নিশ্চয়।
এহি বাক্য শুনিলন্ত ৰাম কৃপাময়।।৭৭৪৷৷
সীতাক এৰিয়া পাচে জগতৰ বাপ।
স্বামী তেজিলন্ত দেৱী পাইলা মহাতাপ৷৷
বাল্মীকিৰ আশ্ৰমক গৈলা মহাসতী।
জীউবোধে তুলিলা বাল্মীকি মহামতি।।৭৭৫।।
গর্ভেসমে সতী তেন্তে নিৰ্ব্বাস গৈলন্ত।
লৱ-কুশ নামে দুই পুত্র জন্মিলন্ত।।
জাতকৰ্ম্ম মানে সৱে ঋষি কৰিলন্ত।
সাতকাণ্ড ৰামায়ণ তেহে শিখালইন্ত।।৭৭৬।।
ভৰতৰ দুই পুত্র ভৈলা শুভনয়।
তক্ষ পুষ্কল দুই ত্রৈলোক্য বিজয়।।
লক্ষ্মণ বীৰৰ দুই পুত্র জাত ভৈলা।
চিত্রকেতু অঙ্গদ দুইহানো নাম থৈলা।।৭৭৭।।
শত্রুঘ্নৰ দুই পুত্র উতপন্ন ভৈলা।
শত্রুসেন সুবাহু শত্রুঘ্নে নাম থৈলা।।
অসংখ্য গন্ধৰ্ব্বগণ জিনিয়া ভৰত।
তাহাৰ ধনক দিলা ৰামৰ আগত।।৭৭৮।।
শত্রুঘনে বধিলা লৱণ ৰাক্ষসক।
মধুবনে কৰিলন্ত মথুৰাপুৰক।।
বাল্মীকি পঠাইলা পাচে লৱক কুশক।
গীততে বেকত ভৈল জানিলা সীতাক।।৭৭৯৷৷
বাল্মীকি দিলন্ত নিয়া ৰামক সীতাক।
ৰামপদ চিন্তি সীতা গৈলা পাতালক।।
তাক দেখি ৰামচন্দ্রে শোক দুখ পাইলা।
স্ত্রীসঙ্গী পুৰুষৰ দুখক দেখাইলা।।৭৮০৷৷
বশিষ্ঠৰ বোধে পাছে শ্ৰীৰাম জুৰাইল।
লৱ-কুশ দুই পুত্র গলত বান্ধিল।।
শ্ৰীৰামৰ দুখ দেখা স্ত্রীৰ সঙ্গত।
স্বামীজনে দুখ পাইব কি কৈবো মহত।।৭৮১৷৷
এহিমতে ৰামদেৱে ৰাজ্য পালিলন্ত।
তাত পাচে ব্রহ্মচর্য্য ব্ৰত ধৰিলন্ত।।
অগ্নিহোত্র কৰিলন্ত ৰাম নৃপবৰ।
অখণ্ডিত ৰূপে তেৰ হাজাৰ বৎসৰ।।৭৮২৷৷
দণ্ড কমণ্ডলু ধৰি পাছে প্রভু ৰাম।
লোকক শিখান্ত ইটো ধৰ্ম্ম অনুপাম।।
আপোনাক আপুনি চিন্তিয়া ৰঘুপতি।
স্বৰূপতে থিতি হুয়া ৰৈলা মহামতি।।৭৮৩।।
শুক নিগদতি শুনিয়োক পৰীক্ষিত।
ৰামৰ প্ৰভাৱ ইটো নুহি বিপৰীত।।
লীলায়ে ধৰিলা তনু জগতৰ পতি।
ৰাক্ষস বধ কোন তাহানে শকতি।।৭৮৪।।
সাগৰত সেতুবন্ধ নুহি আচৰিত।
কটাক্ষতে ব্রহ্মাণ্ডকো কৰা চূর্ণীকৃত।।
বানৰকে সহায় কৰিলা প্রভু ৰাম।
ভকতৰ বশ্য দেখাইলন্ত অনুপাম।।৭৮৫।।
নিৰ্ম্মল যশস্যা ৰামদেৱৰ সভাত।
ঋষিসৱে গাৱে তাক জানিবা সাক্ষাত।।
দশোদিশ পৰ্য্যন্ত প্রকাশি গুণৰাশি।
দেৱগণে পাদপদ্ম নমে যাৰ আসি।।৭৮৬।
হেন ৰঘুপতি দেৱ তোহ্মাৰ চৰণে।
শৰণ পশিলো আৱে কায়বাক্য মনে।।
স্বধৰ্ম্ম জ্ঞানক কৈলা প্রজা সমস্তক।।
যিটো দেৱে তৰাইলেক সমস্তে জীৱক।।৭৮৭।
শুনিলেক দেখিলেক যিটো নৰচয়।
তাৰসৱে তৰিলেক সংসাৰৰ ভয়।।
অযোধ্যা নিবাসীজন বৈকুণ্ঠক গৈলা।
মহাস্থান পায়া সিটো কৃতকৃত্য ভৈলা।।৭৮৮৷৷
যোগীসৱে পাৱৈ যাক মন বশ্য কৰি।
অনায়াসে পাইলা তাক অযোধ্যা নগৰী।।
যিটোজনে ৰামকথা শুনে অনুপম।
অনায়াসে পাৱৈ ধৰ্ম্ম অর্থ মোক্ষ কাম।।৭৮৯।।
সংসাৰক তৰৈ সিটো কথাক স্মৰণে।
জানি সাধুজন শুনিয়োক একমনে।।
পৰীক্ষিত বদতি শুনিয়োক শুকমুনি।
নাহিকে তৃপিতি ৰামকথা শুনি শুনি।।৭৯০৷৷
সিটো ভগৱন্ত ৰাম ভকতবৎসল।
যাৰ যশ শুনি মহা পৰম নিৰ্ম্মল।।
ভ্রাতৃসকলত যেনমতে প্রবৰ্ত্তিলা।
ভ্রাতৃগণে কেনমতে ৰামক সেৱিলা।।৭৯১।।
প্রজাগণে কেনমতে ৰামক ভজিল।
এহি কথা কহিয়োক শুনো দায়াশীল।।
শুক নিগদতি শুনা পাণ্ডৱনন্দন।
যেনমতে ৰামপদে কৰিলা সেৱন।।৭৯২।।
ভ্রাতৃসকলক দিগবিজয়ক মনে।
আদেশিলা প্রভু ৰাম পৰম যতনে।।
তাহান আজ্ঞাক শিৰে লৈলা ভ্রাতৃগণ।
দিগবিজয়ক লাগি কৰিলা গমন।।৭৯৩৷৷
নগৰক চাহি ফুৰা প্রভু ভগৱন্ত।
আপোনাৰ লাৱণ্য ৰূপক দেখাৱন্ত।।
আগৰ চন্দনে পথ সকলে লিপিল।
মাতঙ্গৰ মদজলে পদূলি তিন্তিল।।৭৯৪।।
সকলো সমৃদ্ধি আছে অযোধ্যা নগৰে।
নিঃশেষে কামৰ বস্তু তাতে শোভা কৰে।।
দেৱগৃহসৱ তাতে আছে অসংখ্যাত।।
সুবৰ্ণ কলসসৱ দিয়া আছে তাত।।৭৯৫।।
বিচিত্র পতাকাচয় মণ্ডিত নগৰ।
চৰে সমে তাম্বুল পুতিছে বহুতৰ।।
অসংখ্য কদলীচয় পুতি আছে তাত।
অসংখ্যাত দর্পণক দেখিয় সাক্ষাত।।৭৯৬।।
পুষ্পমালাচয় তাতে আৰিয়া আছয়।
কৌতুকে তোৰণসৱ পুতি আছে তয়।।
নানা দ্রব্য দিয়া সৱে ৰামক পূজিলা।
প্রশংসা কৰিয়া সৱে ৰামক বুলিলা।।৭৯৭৷৷
বৰাহ স্বৰূপে তুমি পৃথিৱী উদ্ধাৰি।
ৰক্ষা কৰিয়োক এৱে ৰামৰূপ ধৰি।।
স্ত্রীসৱে উচ্চ গৃহে চড়ি আতে চাৱে।
তথাপিতো নয়নৰ তৃপ্তি নপলাৱে।।৭৯৮।।
আঞ্জলি ভৰিয়া সৱে পুষ্প বৰিষয়।
চৌভিতি বেঢ়িয়া কৰে ৰাম জয় জয়।।
আপোনাৰ গৃহে প্রভু প্রৱিষ্ট ভৈলন্ত।
অসংখ্য ভণ্ডাৰচয় তাক দেখিলন্ত।।৭৯৯।।
মহামুল্য পৰিচ্ছদ অনেক আছয়।
বৈদুৰ্য্যৰ স্তম্ভচয় গৃহৰ জ্বলয়।।
মৰকত বাখৰ লগাই আছে তাত।
ফটিকৰ বাৰসৱ দেখিয় যাহাত।।৮০০৷৷
চন্দ্ৰতাপ তানি আছে তাত অসংখ্যাত।
মুকুতা মুৰাৰি থোপা আৰি আছে তাত।।
এহিমতে গৃহসুখে ভগৱন্ত ৰাম।
সীতা সমে ভুঞ্জিলন্ত ভোগ অনুপাম।।৮০১।।
স্বধৰ্ম্মক নেৰিলন্ত ৰঘুপতি দেৱ।
যাৰ পদপঙ্কজক ব্রহ্মা কৰে সেৱ।।
সৰ্ব্বভাৱে ধ্যান কৰে মনুষ্যসকল।
শ্ৰীৰামৰ দুই পাদপঙ্কজ যুগল।।৮০২।।
শুকমুনি বোলন্ত শুনিয়ো পৰীক্ষিত।
ৰামৰ চৰিত্ৰ ইটো পৰম পৱিত্ৰ।।
বহল বিস্তৰ কথা আৰ অসংখ্যাত।
অল্প কৰি কিছুমান কহিলো তোহ্মাত।।৮০৩।।
সমস্ত লোকক মহা আনন্দ দিলন্ত।
নৰলোক এৰি পাচে বৈকুণ্ঠে গৈলন্ত।।
শ্ৰীৰামৰ বংশ কহো শুনা মহাশয়।
কুশ নামে ভৈলা পুত্ৰ পৰম দুর্জ্জয়।।৮০৪।।
তাহান তনয় ভৈলা অতিথি বিখ্যাত।
নিষধ ভৈলন্ত জানা অতিথিৰ সুত৷৷
নিষধৰ পুত্র জানা নভ মহাশয়।
নভৰ তনয় ভৈলা পুণ্ডৰীক্ষৰায়।।৮০৫।।
তান পুত্র ভৈলা ক্ষেমধন্থা অনুপাম।
ক্ষেমধন্বা তনয়ৰ দেৱানীক নাম।।
দেৱানীক সুত অনীহ পাৰিযাত্র নাতি।
পাৰিযাত্র পুত্র বলস্থল মহামতি।।৮০৬।।
বলস্থল পুত্র বজ্ৰনাভ মহাশয়।
স্বগুণ ভৈলন্ত বজ্ৰনাভৰ তনয়।।
তানে পুত্র বিধৃতি ভৈলন্ত মহাশয়।
হিৰণ্যনাভ ভৈলন্ত বিধৃতি তনয়।।৮০৭।।
জৈমিনিৰ শিষ্য তেহে আতি অনুপাম।
তাহান তনয় ভৈলা পুষ্পৰায় নাম।।
পুষ্পৰ সুপুত্র ধ্ৰুৱসন্ধি মহাশয়।
সুদর্শন জানা এক তাহাৰ তনয়।।৮০৮।।
সুদর্শনসুত অগ্নিবর্ণ শুভনয়।
শীঘ্র নামে পুত্র তান ভৈলা মহাশয়।।
শীঘ্রৰ নন্দন মৰু শুনা মহাশয়।
যোগসিদ্ধ বুলি তেহে খ্যাতিক লভয়।।৮০৯।।
কলাপ গ্রামত মৰু এখনো আছয়।
যোগৰ আচাৰ্য্য ৰাজঋষি মহাশয়।
তপস্যা আচৰি তেহো এখনো আছন্ত।
পুনু মৰুৰাজা সূৰ্য্যবংশ প্রবৰ্ত্তান্ত।।৮১০৷৷
ইক্ষ্বাকু বংশৰ ৰাজা জানা মহাশয়।
সুমিত্র হৈৱন্ত অন্ত বুলিলো নিশ্চয়।।
শুনা সভাসদ মহাভাগৱত কথা।
মনুষ্য জন্মক এৱে নকৰিয়ো বৃথা।।৮১১।।।
ৰাম কৃষ্ণ নাম মাত্ৰ লৈয়ো মুখভৰি।
সামাজিক লোকে ডাকি বোলা হৰি হৰি।।৮১২।।
..........
।।চন্দ্রবংশৰ বিৱৰণ।।
।।দুলড়ী।।
শুনিয়ো নৃপতি শুক নিগদতি
সূৰ্য্যবংশ কথা থওঁ।
চন্দ্ৰৰ বংশক তাক শুনিয়োক
তোহ্মাৰ আগত কওঁ।।
যাহাৰ বংশত ৰাজাসৱ যত
পুণ্যকীৰ্ত্তি লোকে গাৱে।
মোহোৰ মুখত ৰাজা পৰীক্ষিত
শুনিয়োক দৃঢ়ভাৱে।।৮১৩।।
নাৰায়ণ হৰি সৃষ্টিক সংহৰি
প্রলয় জলত শুইলা।
তাহান নাভিত ব্রহ্মা প্রজাপতি
আসিয়া জন্ম লভিলা।।
ব্ৰহ্মাৰ তনয় অত্রি মহাশয়
তান পুত্র চন্দ্র ভৈলা।
অমৃত বৰষি সিটো মহাঋষি
লোকক আনন্দ দিলা।।৮১৪।।
বিপ্র ওষধিৰ আৰো নক্ষত্র
তাঙ্কে ৰাজা কৰিলন্ত।
ৰাজসূয় কৰি অত্রিৰ তনয়
তিনিলোক জিনিলন্ত।।
অঙ্গিৰা পুত্ৰৰ ভাৰ্য্যাক হৰিল
বলত থাকিয়া তেন্ত।
বৃহস্পতি আসি অনেক কাৰ্পূণ্য
কৰি বাক্য বুলিলন্ত।।৮১৫৷৷
তথাপিতো চন্দ্রে নেদিলা তাৰাক
বৃহস্পতি ক্রোধ ভৈলা।
দেৱ দানৱৰ মহত কন্দল
কৰিবাক পাচে লৈলা।।
শুক্র সমে দৈত্য যতেক আছয়
চন্দ্ৰৰ লগ লৈলন্ত।
হৰে আসি পাচে বৃহস্পতি কাছে
তাহানে পক্ষ ভৈলন্ত।।৮১৬।।
মহেশে বোলন্ত মোৰ গুৰুপুত্র
তোহ্মাৰ মঞি সহায়।
পুৰন্দৰ দেৱ গণ সমে সাজি
আসিলা গুৰুৰ ঠাই।।
দেৱ অসুৰৰ কন্দল মিলিল
অন্যো অন্যে যুজি মৰে।
সৃষ্টি নষ্ট যায় শুনি প্রজাপতি
আসিলা তৈকে সত্বৰে।।৮১৭।।
বৃহস্পতি চন্দ্র দুইকো বুলি মন্দ
ব্রহ্মায়ে দ্বন্দ্ব ভাঙ্গিলা।
অঙ্গিৰ পুত্ৰক দিলন্ত তাৰাক
দেৱৰ গুৰু লভিলা।।
বৃহস্পতি ঋষি চাই বিমৰিষি
তাৰাক বুলিলা পাচে।
চন্দ্ৰৰ বীৰ্য্যত হুয়া কামে মত্ত
এহি গর্ভ ধৰি আছে।।৮১৮।।
শীঘ্ৰে গৰ্ভ তেজ পাপিষ্ঠী দুর্জ্জনী
পৰৰ বীৰ্য্য ধৰিলি।
শাপি ভস্ম যেৱে কৰো তোক তেৱে
মোহোক লজ্জা কৰালি।।
বৃহস্পতি বাণী তাৰাদেৱী শুনি
লজ্জায়ে গর্ভ এৰিলা।
সুৱৰ্ণৰ কান্তি দেখি তাক আতি
ভূমিত যেৱে পৰিলা।।৮১৯।।
বালেক শোভন বাঞ্ছা ভৈল মন
বৃহস্পতি বোলে মোৰ।
চন্দ্ৰেয়ো বোলন্ত মোৰ পুত্র এন্ত
লাগিল কন্দল ঘোৰ।।
দেৱ ঋষিগণে তাৰাক পুছন্ত
লজ্জায়ে সতী নকৈলা।
অন্যো অন্যে কৰি দেৱ ঋষি সৱে
হাস্য কৰি সৱে ৰৈলা।।৮২০।।
কোপ মন হুই মাতৃক বুলিলা
কপটী শুনিয়ো বাণী।
বৃথা লজ্জাধিক কৰা তুমি কিক
কৈয়ো কথা মাতৃ জানি।।
কাহাৰ বীৰ্য্যত হুয়া আছো জাত
শীঘ্ৰে কথা কহিয়োক।
সমস্ত কাৰ্যক কৰি আছা আগে
এৱে লজ্জা এৰিয়োক।।৮২১।।
ৰহস্য থানক ব্রহ্মাদেৱে পাচে
তাৰাক মাতি পুছিলা।
চন্দ্রৰ তনয় জানিবা নিশ্চয়
তাৰায়ো বাক্য বুলিলা।।
চন্দ্র নিল তাঙ্ক পৰম আনন্দে
ব্রহ্মায়ে নাম থৈলন্ত।
বুধ নাম আন হৈব অনুপাম
ব্রহ্মায়ো লৰি গৈলন্ত।।৮২২৷৷
বুধক তনয় চন্দ্র মহাশয়
পায়া আনন্দিত ভৈলা।
শুক মহামুনি নৃপতিৰ আগে
বিচিত্র কথাক কৈলা।।
শুনা সভাসদ ভাগৱত পদ
মুখে নাম ধৰিয়োক।
ৰাম ৰাম বুলি সংসাৰক তৰি
বৈকুণ্ঠক চলিয়োক।।৮২৩।।
..........
।।পুৰূৰবা চৰিত্ৰ।।
।।পদ।।
শুক নিগদতি পৰীক্ষিত মহাশয়।
পুৰূৰবা ভৈলা পাচে বুধৰ তনয়।।
পুৰূৰবা সম ৰাজা পৃথিৱীত নাই।
তাহান বিক্রম সৱে গাৱে ঠাই ঠাই।।৮২৪।।
ৰাজাৰ সমীপে যেৱে উৰ্ব্বশী আসিলা।
কামে দগ্ধ হুয়া সতী ৰাজাক বুলিলা।।
মিত্র বৰুণৰ শাপে নৰলোক পাইলো।
পৃথিৱীৰ পতি আসি তোহ্মাক বৰিলো।।৮২৫।।
উৰ্ব্বশীৰ বাণী শুনি বুধৰ তনয়।
তাহান নিকটে গৈলা ৰাজা মহাশয়।।
উৰ্ব্বশীৰ ৰূপ দেখি প্রফুল্ল লোচন।
আনন্দিত মন হুয়া বুলিলা বচন।।৮২৬।।
কুশলে আসিলা সতী থানক আহ্মাৰ।
বুলিয়োক কিবা কাৰ্য্য সাধিবো তোহ্মাৰ।।
মই সমে ৰমিয়োক অনেক বৎসৰ।
উৰ্ব্বশী শুনিয়া দিল ৰাজাক উত্তৰ।।৮২৭।।
শুনিয়োক সুন্দৰ বৰ মোহোৰ বচন।
কোন নাৰী নেসেৱিবে তোহ্মাৰ চৰণ।।
যাহাৰ সঙ্গত মন হোৱয় পূৰণ।
তযু সম নাই আন পুৰুষ শোভন।।৮২৮।।
এহি দুই ছাগ মোৰ তযু পুত্র প্রায়।
আক ৰক্ষা কৰিয়োক নৃপতি সদায়।।
ঘৃতে মোক ভোজন কৰাইবা প্রতিনিত।
তেৱেসে তোহ্মাক মঞি ধৰো একচিত।।৮২৯৷৷
ৰতি সময়ত বিনে তোহ্মাৰ অঙ্গক।
দেখিলে অৱশ্যে মঞি যাইবো স্বৰ্গক।।
মোহোৰ বন্ধন ৰাজা শুনিলা আপুনি।
যেন লাগে কৰিয়োক তুমি মনে গুণি।।৮৩০।।
ৰাজায়ে বোলয় সতী নিশ্চয় কৰিবো।
তোহ্মাৰ সঙ্গত মই আনন্দে ক্রীড়িবো।।
পৰম আশ্চৰ্য্য ৰূপ তোহ্মাৰ দেখিয়া।
কোনজনে নেসেৱিব মনে মোহ হুয়া।।৮৩১।।
উৰ্ব্বশী সহিতে ৰাজা অনেক ক্ৰীড়িলা।
যথা যোগ্য কামে সতী মনক পূৰিলা।।
নানা ৰম্যস্থানে ৰাজা উৰ্ব্বশী সহিতে।
আনন্দিত হুয়া ৰমিলন্ত একচিতে।।৮৩২।।
পদ্মগন্ধ প্রায় আন শৰীৰৰ ঘ্রাণ।
আনন্দে নভৈল তান দিন ৰাতি জ্ঞান।।
উৰ্ব্বশীৰ ৰূপে তান মোহ ভৈল মন।
শতেক বৎসৰ তেন্তে যেন ভৈল ক্ষণ।।৮৩৩।।
ইন্দ্রে বোলন্ত শুনা গন্ধৰ্ব্ব যে চয়।
উৰ্ব্বশীৰ বিনায় স্থান শোভা নকৰয়।।
তোৰসৱে গৈয়া শীঘ্ৰে আনা উৰ্ব্বশীক।
তোহ্মাক প্রসাদ দিবো সৱাতো অধিক।।৮৩৪।।
ইন্দ্ৰৰ বচন শুনি গন্ধৰ্ব্বসকল।
ৰাজাৰ থানক গৈলা কৰি কৌতূহল।।
ঘোৰ আন্ধকাৰ ৰাত্রি দুইপৰ গৈল।
উৰ্ব্বশীৰ ভেৰাছাগ চুৰি কৰি লৈল।।৮৩৫।।
শীঘ্র বেগে গৈয়া তাক উৰ্ব্বশী দেখিলা।
মহাশোকে কান্দি দেৱী বুলিবে লাগিলা।।
মোৰ দুই পুত্ৰক নিলেক কোনে হৰি।
ইহাৰ শোকত মঞি কেনে নাযাঞো মৰি।।৮৩৬।।
কুৎচিত পতিক মঞি সঙ্গ লৈলো কিক।
নপুংসক তোৰ জীৱনত ধিক ধিক।।
ইহাত ভাৰসা মঞি কিসক কৰিলো।
শত্ৰুৱে নিলেক পুত্ৰ আৱেসে মৰিলো।।৮৩৭।।
এহিমতে অনেক বুলিলা মন্দবাক।
পুৰূৰৱা নৃপে যেৱে শুনিলেক তাক।।
ভাৰ্যাৰ বচন শুনি ৰাজায়ো উঠিল।
মহামত্ত গজ যেন মাহুতে খুম্পিল।।৮৩৮।।
অন্ধকাৰ নিশাত খড়গ তুলি লৈল।
বিবস্ত্রে গৈলন্ত তান মনত নভৈল।।
ৰাজাক দেখিয়া তাৰা ছাগক এৰিল।
পুৰূৰৱা নৃপে মেষ সত্বৰে আনিল।।৮৩৯৷৷
বিদ্যুতৰ কান্তি দশোদিশ প্রকাশিল।।
নগ্ন হুয়া আছে ৰাজা উৰ্ব্বশী দেখিল।।
সেহিক্ষণে উৰ্ব্বশী স্বামীক এৰিলন্ত।
ভাৰ্য্যাক নেদেখি মহা তাপিত ভৈলন্ত।।৮৪০৷৷
উৰ্ব্বশীত চিত্ত দিয়া পৃথিৱী ফুৰিলা।
মহাশোক কৰি ৰাজা অনেক কান্দিলা।।
উন্মত্ত পাগল যেন পৃথিৱীত পৰি।
আৰ্ত্তনাদ কৰি কান্দৈ বাগৰি বাগৰি।।৮৪১।।
উৰ্ব্বশীক লাগ পাইলা কুৰুক্ষেত্রে পাচে।
সখীগণ সঙ্গে দেৱী মহাৰঙ্গে আছে।।
উৰ্ব্বশীক দেখি পাচে পুৰূৰবা নৃপ।
আনন্দিত হুয়া গৈলা তাহান সমীপ।।৮৪২।।
শুনিয়োক জায়া তুমি ক্ষণেক ৰহিয়ো।
শৰণে পশিলো বান্ধৈ মোক নছাৰিয়ো।।
তোহ্মাৰ সঙ্গত মোৰ তৃপ্তি নতু হয়।
হেন জানি প্রাণপ্রিয়া নেৰিবা নিশ্চয়।।৮৪৩৷৷
মঞি মহা দুখীতক দিয়া প্রাণদান।
তোহ্মাৰ আলাপ পাইলে ৰহে মোৰ প্রাণ।।
শুনিয়ো সুন্দৰী মোৰ শৰীৰ পৰয়।
কুকুৰে শৃগালে আক খাইবেক নিশ্চয়।।৮৪৪।।
তোত বধ দিয়া প্রিয়া প্রাণ এৰো মঞি।
স্বামীক বধিবে কেন শান্তি মহা তই।।
এহিৰূপে পুৰূৰৱা নৃপে কান্দিলন্ত।
ৰাজাৰ কাৰুণ্য দেখি উৰ্ব্বশী বোলন্ত।।৮৪৫৷৷
শুনিয়োক নৰপতি মোহোৰ বচন।।
ধৈৰ্য্যক ধৰিয়ো তুমি এৰি কষ্ট মন।।
কুকুৰ শৃগালে তযু নখাউক শৰীৰ।
হেন জানি চিত্ত তুমি কৰিয়োক থিৰ।।৮৪৬৷৷
কোন জনে স্ত্রীৰ সঙ্গে সঙ্গম কৰয়।
কুকুৰ সমান জানা স্ত্রীৰ হৃদয়।।
স্ত্রীজাতি মহা ক্ৰুৰ পৰম নির্দ্দয়।
মহা সাহসীক অতি দুৰ্ব্বৃত্তী নিশ্চয়।।৮৪৭।।
অল্প অর্থ নিমিত্তেও স্বামীক মাৰয়।
ভ্রাতৃক মাৰয় ৰাজা নাহিকে সংশয়।।
স্ত্রীত বিশ্বাস কদাচিতো নকৰয়।।
স্ত্রীৰ আহ্লাদ পুৰুষত নথাকয়।।৮৪৮৷৷
যিটো বেশ্যা নাৰী নৱ নৱ পতি চাৱে।
আনন্দে প্ৰৱৰ্ত্তে আন পুৰুষৰ থাৱে।।
তথাপিতো মোত বাঞ্ছা আছয় তোহ্মাৰ।
বৎসৰত মোৰ সঙ্গ পাইবা একবাৰ।।৮৪৯৷৷
তোহ্মাৰ ঔৰসে পুত্র হৈবেক নিশ্চয়।
গৰ্ভৱতী উৰ্ব্বশীক লক্ষিলন্ত তয়।।
এহি বুলি দেৱী যেৱে স্বৰ্গক গৈলন্ত।
বৎসৰেক অন্তে ৰাজা সমে ৰমিলন্ত।।৮৫০।
একৰাত্ৰি আছিলেক মহা কামসুখে।
উৰ্ব্বশী এৰিয়া যান্তে মিলে মহাদুখে।।
চৰণত ধৰি ৰাজা বচন বুলিলা।
নেৰিবাহা সতী মোৰ মৰণ মিলিলা।।৮৫১৷৷
উৰ্ব্বশী বুলিলা বাক্য ৰাজাক সম্প্রতি।
মোহোৰ বচন শুনিয়োক মহামতি।।
গন্ধৰ্ব্বসৱক যজিয়োক নৃপবৰ।
মোক পাইবা নিশ্চয় কহিলো দৃঢ়তৰ।।৮৫২।
এহি বাক্য শুনি পাচে বুধৰ তনয়।
স্তুতি কৰিলন্ত গন্ধৰ্ব্বক মহাশয়।
গন্ধৰ্ব্বসকলে অগ্নি থালীক দিলন্ত।
যজ্ঞ যজি উৰ্ব্বশীৰ লগক পাইলন্ত।।৮৫৩৷৷
উৰ্ব্বশীৰ হন্তে ছয় পুত্রক জন্মিল।
শুক মুনি পৰীক্ষিত ৰাজাত কহিল।।
আয়ু যে শ্ৰুতায়ু সত্যায়ু ৰয় নাম।
জয় বিজয় গুণে ৰূপে অনুপাম।।৮৫৪৷৷
শ্ৰুতায়ুৰ পুত্ৰ ভৈল বসুমান নাম।
সত্যায়ুৰ পুত্র শ্রুতজয় অনুপাম।।
ৰয়ৰ তনয় এক নাম যে ভৈলন্ত।
অমিত তনয় জয় বীৰে জানিলন্ত।।৮৫৫৷৷
বিজয়ৰ পুত্র যেৱে ভীম নাম ভৈলা।
কাঞ্চন নামৰ পুত্র ভীমে উপজাইলা।।
কাঞ্চন তনয় হোত্ৰক জহ্নু নাতি তান।
গণ্ডুষ কৰিয়া যিটো গঙ্গা কৰে পান।।৮৫৬৷৷
পুৰু নামে ভৈলা পাচে জাহ্নুৰ তনয়।
পুৰু উপার্জ্জিলন্ত বলাক মহাশয়।।
বলাক তনয় ভৈলা নামত অজক।
অজকে জন্মাইলা পুত্ৰ নামত কুশক।।৮৫৭।।
কুশপুত্র কুশাম্বুৰ গাধিপুত্র ভৈলা।
তাহান তনয়া সত্যৱতী বৰবালা।।
ভৃগুবংশী ঋচীক ঋষিয়ে খুজিলন্ত।
ঋষিক সম্বোধি ৰাজা বাক্য বুলিলন্ত।।৮৫৮।।
শ্যাম এককর্ণ অশ্ব হাজাৰ দিয়োক।
দিবোহো তোহ্মাক কন্যা পাচত নিয়োক।।
গাধিৰ বচন পাচে শুনি ঋষিবৰ।
বৰুণৰ নগৰক গৈলন্ত সত্বৰ।।৮৫৯।।
বৰুণক ঋষি পাচে বাক্য বুলিলন্ত।
এককর্ণ শ্যাম শুক্ল ঘোৰা খুজিলন্ত।।
সহস্রেক ঘোৰা পাচে দিগপালে দিল।
শীঘ্র বেগে ঋষি নৃপতিৰ কাছে নিল।।৮৬০।।
অশ্ব দিয়া বিবাহ কৰিলা ঋষিবৰে।
গাধিৰ আনন্দ আতি হৃদয়ে নধৰে।।
ঋচীকক স্বামী পাইলা সত্যৱতী সতী।
সেৱা কৰিলন্ত তাঙ্ক হুয়া মহাপ্রীতি।।৮৬১।।
সত্যৱতী সতী পাচে স্বামীত প্রার্থিলা।
পুত্র হুইবে যেনমতে উপায় কৰিলা।।
ব্রহ্মমন্ত্র জপি একথালী পৰমান্ন।
কৰিলন্ত তেতিক্ষণে ঋষি সৰ্ব্বজান।।৮৬২।।
ৰুদ্রমন্ত্র স্মৰি আৰো চৰু স্ৰজিলন্ত।
পাচে ঋষি ৰাজা স্নান কৰিবে গৈলন্ত।।
ঋষিক নচায়া বাট পাচে সত্যৱতী।
আপোনাৰ চৰু নিলা মাতৃক সম্প্রতি।।৮৬৩।।
ক্ষত্রিয়ৰ মন্ত্রে যিটো চৰুক স্ৰজিল।
মহানন্দে সত্যৱতী ভোজন কৰিল।।
ঋষি বুলিলন্ত পাচে বিপর্য্যয় ভৈলা।
মহাকষ্টে বাক্য পাচে বুলিবাক লৈলা।।৮৬৪৷৷
তোৰ ঘৰে পুত্র হুইবে পৰম দুর্জ্জন।
তাঙ্ক মহাভয় কৰিবেক সৰ্ব্বজন।।
ক্ষত্রিয়ৰ মন্ত্রে চৰু কৰি আছো জাক।
মোত নুপুছিয়া তই ভুঞ্জিলি তাহাক।।৮৬৫।।
তোৰ ভ্ৰাতৃ হুইবে মহা বিপ্রতো উত্তম।
বেদ শাস্ত্রে তাক কেহো নুহিবেক সম।।
এহি শুনি সত্যৱতী মহাত্রাস ভৈলা।
স্বামীক বিনয়ভাৱে বুলিবাক লৈলা।।৮৬৬।।
মোৰ মহা অপৰাধ স্বামী ক্ষমিয়োক।
চৰণে শৰণ লৈলো নিস্তাৰিয়ো মোক।।
যেনমতে মোৰ সাধু পুত্ৰ উপজয়।
মোহোত প্রসন্ন হুয়ো স্বামী মহাশয়।।৮৬৭।।
এহি বাক্য শুনি পাচে ঋচীক মহন্ত।
তুষ্ট হুয়া বাক্য সত্যৱতীক বোলন্ত।।
শুনিয়োক সতী মোৰ বচন সম্প্রতি।
তোহ্মাৰ তনয় হুইবে মহা শুদ্ধমতি।।৮৬৮।।
নাতি যে হুইবে তেন্তে মহা গুৰুতৰ।
অগ্নিখণ্ড হুইবে তেহো ক্ষত্রিয় কুলৰ।।
জমদগ্নি ভৈলা পাচে ঋচীক তনয়।
পৰম ব্রাহ্মণ্য শান্ত মূৰ্ত্তি আতিশয়।।৮৬৯।
ৰেণু নামে ঋষিৰ দুহিতা বিহাইলন্তি।
ৰেণুকা বুলিয় তাঙ্ক তেহে মহাসতী।।
জমদগ্নি ঋষি পাঞ্চ পুত্র উপার্জ্জিলা।
সৱাতো কনিষ্ঠ ৰাম জগতে জানিলা।।৮৭০।।
বাসুদেৱ অংশ যাক জগতে বোলয়।
হৈহয় কুলক যিটো কৰিলন্ত ক্ষয়।
তিনি সাতবাৰ যিটো পৃথিৱী ভ্রমিলা।
সকলে ক্ষত্রিয় মানে নিক্ষেত্রি কৰিলা।।৮৭১।।
ব্রাহ্মণ্য নুহিকে যিটো পৃথিৱীৰ ভাৰ।
মহন্তক অপকাৰ কৰে বাৰম্বাৰ।।
অল্প অপকাৰতে কৰয় ঘোৰদণ্ড।
তাসম্বাক কাটি কৰিলন্ত খণ্ড খণ্ড।।৮৭২।।
পৰীক্ষিত বদতি শুনিয়ো শুকমুনি।
ৰামৰ কথাক কহা থাকো ৰঙ্গে শুনি।।
কিনো অপৰাধ ৰাজাসৱে আচৰিলা।
সমস্তে ক্ষত্রিয় কুল যিটো সংহৰিলা।।৮৭৩।।
শুক নিগদতি শুনা অভিমন্যুসুত।
জমদগ্নি ৰামৰ মহিমা অদভুত।।
কহিবো সমস্তে কথা তোহ্মাৰ আগত।
সমস্ত ধৰ্ম্মৰ বাসা হৰি চৰিত্ৰত।।৮৭৪।।
সহস্রাৰ্জ্জুন যে নামে শ্রেষ্ঠ নৰপতি।
হৈহয় কুলৰ জানা তেন্তে অধিপতি।।
দত্তাত্রেয় ঈশ্বৰক তেন্তে আৰাধয়।
পৰিচৰ্য্যা সেৱা নতি সততে কৰয়।।৮৭৫।।
হাজাৰেক বাহু যাৰ পৰম মহত।
যাহাৰ ভয়ত শত্ৰু কাম্পয় ডৰত।।
মহাবীৰ্য্য বলৱন্ত দুর্জ্জয় শৰীৰ।।
শ্রী যশ ইন্দ্রিয় বীর্য্যে বোলে মহাবীৰ।।৮৭৬।।।
অণিমা লঘিমা আদি ঐশ্বৰ্য্য যতেক।
তাহান্তে আছয় ৰাজা কহিবো কতেক।।
একেশ্বৰে মহাৰাজ পৃথিৱী ফুৰয়।
কাহাকো কটাক্ষ নাই শৰীৰ দুৰ্জ্জয়।।৮৭৭।।
স্ত্রীগণ সমে ক্রীড়ৈ নর্ম্মদাৰ জলে।
বৈজয়ন্তী মালা যিটো পিন্ধি আছে গলে।।
হাজাৰেক বাহু সৱে নদীক বান্ধিলা।
সহস্র অর্জ্জুনে তাত আনন্দে ক্রীড়িলা।।৮৭৮৷৷
জলসৱ বৈবে নপাই উলটি বহয়।
নদীৰ উজানে দেৱী ৰাৱণে পূজয়।।
তাহাৰ দেৱৰ গৃহ ডুবাইলেক জলে।
নসহিল তাহাক ৰাৱণ মহাবলে।।৮৭৯৷৷
মোক উপহাস্য কৰে কোননো বৰ্ব্বৰ।
শীঘ্ৰে চলিবাক চাহে সিটো যমঘৰ।।
দশোদিশ জিনি মঞি একলে ফুৰিলো।
মোৰ সম বীৰ আৰ কহিতো নপাইলো।।৮৮০৷৷
মহাবেগে খেদি যেৱে গৈলেক ৰাৱণ।
তাহাক দেখিলে পাচে সহস্র-অর্জ্জুন।।
দুইকো ধৰি আতি ক্রোধে শৰীৰৰ বলে।
আন্দোলা-আন্দোলি কৰৈ ভূমিখণ্ড টলে।।৮৮১।।
হাড় ঘাৰ বিহৰয় পৰে পৃথিৱীত।
চৱৰ চম্পট কিল মাৰৈ বিপৰীত।।
কুৰি হস্তে যুজে লঙ্কেশ্বৰ বলিয়াৰ।
দশগোটা মুণ্ড তাৰ দেখি চমৎকাৰ।।৮৮২৷৷
সহস্ৰ অৰ্জ্জুনে যুজে হাজাৰেক হাতে।
ভাগৈ হাত ভৰি কতো ঠেকা মাৰৈ মাথে।।
সহস্ৰ অৰ্জ্জুনে বলে অধিক ভৈলন্ত।
বলে জিনি ৰাৱণক বান্ধিয়া লৈলন্ত।।৮৮৩।।
চৰণত ধৰি বীৰে কাকূতি বুলিল।
সহস্র অর্জ্জুন পাচে তাহাঙ্ক মেলিল।।
এক সময়ত ৰাজা মৃগয়াক মনে।
গজবাজী সেনা লৈয়া চলি গৈলা বনে।।৮৮৪।।
অকস্মাতে গৈয়া জমদগ্নিৰ আশ্রমে।
সসৈন্যে পশিলা ৰাজা পৰম বিক্রমে।।
ৰাত্রি ভৈল দেখি নৃপে তহিতে ৰহিল।
জমদগ্নি ঋষি পাচে তাহাঙ্ক দেখিল।।৮৮৫৷৷
আহ্মাৰ থানত ৰাজা সসৈন্যে ৰহিলা।
যথাযোগ্য ভোজনৰ দ্ৰব্য আনি দিলা।।
দধি দুগ্ধ ঘৃত মধু গুড় পৰমান।
দিব্য পঞ্চামৃত দিলা ঋষি সৰ্ব্বজান।।৮৮৬৷৷
কামধেনু আছৈ তান্ত সকলে পাৱন্ত।
তপস্যা যুগুত ঋষি মহাশুদ্ধ সন্ত৷৷
সকলে সৈন্যক ঋষি ভোজন কৰাইলা।
খায়া দায়া মহা আতি আনন্দ পাইলা।।৮৮৭৷৷
ঋষিৰ মহিমা দেখি সহস্র-অর্জ্জুন।।
বোলৈ ঋষিৰাজে ইটো জানে কিবা গুণ।।
কেনমতে এতেক সৈন্যৰ আল লৈল।
মোত কৰি ঋষিৰ ঐশ্বৰ্য্যাধিক ভৈল।।৮৮৮।।
কামধেনু আছৈ আন্তে ৰাজায়ে জানিল।
তাতহন্তে পাৱৈ দ্রব্য মনত মানিল।।
ৰাজাৰ চিতত পাচে বাঞ্চা ভৈল তাক।
কামধেনু কেনমতে পাঞো মঞি আক।।৮৮৯।।
অগ্নিহোত্র কৰা কামধেনু সুচৰিতা।
পৰম পৱিত্র মহাগুণে আনন্দিতা।।
যজ্ঞৰ নিমিত্তে প্রজাপতি তাঙ্ক দিলা।
সহস্র অর্জ্জুনে পাচে বচন বুলিলা।।৮৯০৷৷
ধেনুগোট ঋষিৰাজ আহ্মাক দিয়োক।
গৃহক চলোহো মহাতৃপ্তি মন হোক।।
ঋষি নেদিবন্ত হেন ৰাজায়ে জানিলা।
মনুষ্য পঠাইয়া ধেনু কাঢ়িয়া আনিলা।।৮৯১।।
কামধেনু নর্যান্ত কান্দন্ত মহাদুখে।
টানি নেইকতো কিল খুন্দা মাৰৈ মুখে।।
আজুৰিয়া নেই গল ছিণ্ডি যাই প্রায়।
দশকুৰি জনে পাচে হেম্পুচিয়া যায়।।৮৯২।।
মাটিত পৰন্ত কতো বৎসে সমন্বিতে।
ঘসায়া লৈ যান্ত লোম সৰয় ভূমিতে।।
যেন তেন কৰি নিজ নগৰক নিল।
জমদগ্নি সবান্ধৱে পৰিয়া কান্দিল।।৮৯৩৷৷
জীৱিকা নিলেক কাঢ়ি ক্ষত্রিয় দুর্জ্জন।
এৱেসে আহ্মাৰ জানা মিলিল মৰণ।।
ঈশ্বৰৰ যজ্ঞ কৰো তান ক্ষীৰ লই।
ৰাম নাহিকন্ত কোনে আনিবন্ত গই।।৮৯৪।।
জমদগ্নি দুখমনে বসিয়া আছন্ত।
সেহিবেলা ৰাম আশ্রমক আসিলন্ত।।
পিতৃক নমিয়া ৰামে আগত ৰহিল।
তান কষ্ট মন দেখি বুলিবে লাগিল।।৮৯৫।
কি কাৰণে মন দুখ কৰা মহাশয়।।
তযু উপকাৰ যো নো ভৈলেক নিশ্চয়।।
জমদগ্নি ঋষি পাচে সমস্তে কহিলা।
যেনমতে কামধেনু ৰাজা কাঢ়ি নিলা।।৮৯৬।।
যেনমতে আশ্ৰমত ৰহিয়া আছিলা।
পুত্ৰৰ আগত কথা সমস্তে কহিলা।।
এহি কথা শুনি ৰাম মহাক্রোধ ভৈলা।
যেন সর্পে মহাক্রোধে ফোপাইবাক লৈলা।।৮৯৭।।
বামহাতে ধৰি ঘোৰ পৰশু কুঠাৰ।
কান্ধে আনি লৈয়া হাসিলন্ত বাৰম্বাৰ।।
তৃণক লৈলন্ত পিঠি পাচত আৰিয়া।
ধনুখান লৈলা আতি মহাক্রোধ হুয়া।।৮৯৮।।
শৰীৰৰ বলে বৰ লৱৰ দিলন্ত।
প্রত্যেক ভৰিত আতি পৃথিৱী কাম্পন্ত।।
যেন মহাসিংহে হস্তীগোট খেদি যায়।
মহাক্রোধে যান্ত চাহিবাক শক্য নাই।।৮৯৯।
বায়ুৰ বেগত কৰি আতি শীঘ্রতৰ।
কতো বেলি পাইলা পাচে ৰাজাৰ ওচৰ।।
ধনু শৰ পৰশু ধৰিয়া ভৃগুবৰ।
কৃষ্ণসাৰ চৰ্ম্ম পিন্ধিলন্ত শৰীৰৰ।।৯০০৷৷
জটাৰ জ্যোতিয়ে আদিত্যৰ ৰশ্মি হৰে।
এহিৰূপে আগতে দেখিলা নৃপবৰে।।
সাজ সাজ বুলিলেক সহস্র-অর্জ্জুনে।
গজ বাজী ৰথ সেনা সাজিলা তেখনে।।৯০১।।
পৰম বিক্রমে সৱে পাটোৱাৰে ৰৈল।
মহাক্রোধে সেনা শৰ বৰষিবে লৈল।।
অৰ্দ্ধচন্দ্র ত্রিকন্টিকা শিলিমুখ বাণ।
কনিয়ালি ভূষণ্ডিক খুৰপতি টান।।৯০২৷৷
বাৰিষাৰ মেঘে যেন বৰিষে শৰক।
অন্ধকাৰ ভৈল আৰ নেদেখি ৰামক।।
শকতি তোমৰ গদা মাৰে অসংখ্যাত।
সপ্তদশ অক্ষৌহিণী সেনা আছে তাত।।৯০৩।।
ভয়ঙ্কৰ সেনা দেখি সাগৰ পৰায়।
একেশ্বৰে যুজে তাক ৰাম মহাশয়।।
পৰশু কুঠাৰ লৈয়া যি ভিত্তিক যান্ত।
গাণ্ডি মুণ্ড হাত ভৰি কাটিবে লাগন্ত।।৯০৪৷৷
সাৰথি ঘোৰাৰ শিৰ পৰে পৃথিৱীত।
তেজে তোলবোল আতি দেখি বিপৰীত।।
হস্তীসৱ কাটন্ত কুঠাৰ ধৰি বলে।।
মহাবায়ু লাগি যেন বৃক্ষসৱ ঢলে।।৯০৫।।
কোটি কোটি হস্তী অশ্ব নিদলি লৈ যান্ত।
বনমাজে ৰুধিৰৰ নদী বহিলন্ত।।
সপ্তদশ অক্ষৌহিণী সেনাক মাৰিল।
সহস্ৰ অৰ্জ্জুনে দেখি বিস্ময় মিলিল।৯০৬৷৷
সেনাপতিসৱক লৈ যান্ত ৰামে খেদি।
ধনু শৰ কৱচক পেহ্লাইলন্ত ছেদি।।
তীক্ষ্ণতৰ কুঠাৰে সৱাকো কাটিলন্ত।
সহস্র অর্জ্জুনে মহাক্ৰোধত কাম্পন্ত।।৯০৭।।
পাঞ্চশত হাতে শাঞ্চশত শৰ লৈলা।
ৰামক দেখিয়া বীৰ মহাক্রোধে ধাইলা।।
শৰচয় মাৰি নৃপে ৰামক ঢাকিল।
পৌষ মাসৰ যেন কুহলি মিলিল।।৯০৮।।
ৰামক নেদেখি দিশ দেখি শৰময়।।
অন্ধকাৰ নিশা যেন আদিত্য ঢাকয়।।
সহস্র-অর্জ্জুনে যুজে সহস্রেক হাতে।
পাঞ্চশত শৰ মাৰে একৈক বাৰতে।।৯০৯৷৷
দুই হাতে ধনু ধৰি ঋষিৰ তনয়।
যুজন্ত তাহাক দেখি ৰাম মহাশয়।।
শৰচয় মাৰি তাৰ ধনু শৰ কাটি।
একেক্ষণে পেহ্লাইলেক সৱাকে বিপাটি।।৯১০।।
শৰ ধনু কাটিলেক দেখি বীৰবৰ।
উৎপাৰিয়া লৈলা মহাবৃক্ষক সত্বৰ।।
ৰামক লাগিয়া বৃক্ষ অনেক হানয়।
সৱাকে ছেদিলা জমদগ্নিৰ তনয়।।৯১১৷৷
বৃক্ষক ছেদিয়া ৰাম বায়ুবেগে গৈলা।
দুইহাতে মহাতীক্ষ্ণ কুঠাৰক লৈলা৷৷
হাজাৰেক হাত তাৰ কাটিবাক লৈলা।
সৰ্পৰ ফণাক যেন ছেদিয়া পেহ্লাইলা।।৯১২৷৷
সকলে শৰীৰ তাৰ দেখি তেজময়।
শিৰক পেহ্লাইলা ছেদি ৰাম মহাশয়।।
গিৰিশৃঙ্গ যেন পৰিলেক গিৰিসাই।।
তাহান পতনে ভূমি কম্পি গৈলা ঠাই।।৯১৩৷৷
পিতৃবধ দেখি তাৰ পুত্র অযুতেক।
প্রাণভয়ে অতি শীঘ্রবেগে পলাইলেক।।
জমদগ্নি ৰামে কামধেনুক নিলন্ত।
আনন্দিত হুয়া আশ্রমক আসিলন্ত।।৯১৪।।
ৰামে পাচে ধেনু নিয়া পিতৃক দিলন্ত।
যি কৰিলা আপুনাৰ কথা কহিলন্ত।।
সহস্র অর্জ্জুন যেনমতে নাশ গৈল।
সকলে সৈন্যক যেনমতে নাশ কৈল।।৯১৫।।
পিতৃ মাতৃ ভ্রাতৃ সৱে শুনিলন্ত তাক।
জমদগ্নি ঋষি তাঙ্ক বুলিলন্ত বাক।।
হে ৰাম তই মোৰ বচনক শুন।
কৰিলি মহৎ পাপ ৰাম মনে গুণ।।৯১৬।।
সৰ্ব্বদেৱময় ৰাজা তাহাক বধিলি।
বৃথা কাৰ্য্যে তই মহা অন্যায় কৰিলি।।
ব্রাহ্মণৰ ক্ষমা ধৰ্ম্ম জানিবি নিশ্চয়।
জগতৰে পূজ্য হোৱে নাহিকে সংশয়।।৯১৭৷৷
ক্ষমা গুণতেসে লক্ষ্মী কৰন্ত নিবাস।
সূৰ্য্যৰ সমান মহা হোৱয় প্রকাশ।।
ক্ষমাৱন্ত জনৰ সম্বন্ধি ভগৱন্ত।
মহাসুখে আপুনিয়ো তুষ্ট আতি হোন্ত।।৯১৮।।
ৰাজাৰ বধক ব্রাহ্মণৰ বধ সম।
তীর্থসেৱা কৰা বাপ ধৰিয়া নিয়ম।।
অচ্যুতত চিত্ত দিয়া পাপ এৰায়োক।
মোহোৰ বচন মনৰঙ্গে কৰিয়োক।।৯১৯।।
শুনা সভাসদ ইটো ৰামৰ চৰিত্ৰ।
শুনন্তে অমৃত স্ৰৱে পৰম পৱিত্ৰ।।
দুৰ্জ্জনক সংহাৰন্ত জানিবা নিশ্চয়।
ৰামপদে ভজিয়োক তেজিয়া সংশয়।।৯২০৷৷
দত্তাত্রেয় ভক্ত জানা সহস্র-অর্জ্জুন।
সকল ঐশ্বৰ্য্য আছে পৰম নিপুণ।।
তথাপিতো তেন্তে মহাপাপ আচৰিলা।
ৰামৰ হাতত পাচে সবংশে নাশিলা।।৯২১।।
হেন জানি কেৱে কাৰো দ্রোহ নাচৰিবা।
বিষ্ণু-ভকতক নতি সততে কৰিবা।।
তেৱেসে বাঢ়িবে হৰিভকতি বিশেষ।
মহাসুখে নিস্তৰিবা যত দুখ ক্লেশ।।৯২২৷৷
এতেকেসে ভক্ত ভৈলে গৰ্ব্ব এৰিবেক।
ঈশ্বৰৰ পাদপদ্ম মনত লৈবেক।।
হেন জানি নৰলোক এৰা আন কাম।
অধৰ্ম্ম ছাৰোক ডাকি বোলা ৰাম ৰাম।।৯২৩।।
।।গ্রন্থকাৰৰ পৰিচয়।।
।।ছবি।।
শ্ৰীমন্ত শঙ্কৰ যিটো নামত কায়স্থ সিটো
পৰম পণ্ডিত গুণশীল।
নানা হ্রস্ব দীর্ঘছন্দে ভাগৱত পদবন্ধে
মহাযত্নে ৰচনা কৰিল।।
লোকক নিস্তাৰ হেতু বান্ধিলন্ত ধৰ্ম্মসেতু
যাৰ কীৰ্ত্তি গৈল বহুথান।
ব্রাহ্মণ পৰম গুণ তান সম হৈবে কোন
সন্তজনে কৰে যাক মান।।৯২৪।।
স্বধৰ্ম্মক নেৰিলন্ত ভকতিক কৰিলন্ত
পাষণ্ডক আলাপন কৈলা।
ৰাম কৃষ্ণ নাম স্মৰি পঞ্চভুত দেহা এৰি
বৈকুণ্ঠত গৈয়া থিতি ভৈলা৷
মহিমা কহিবো কত যিটো ধৰে তান মত
ঈশ্বৰক অপ্রয়াসে জানে।
জ্ঞানতো কৰ্ম্মতো কৰি ভকতিসে শ্রেষ্ঠ আতি
মহাজনবর্গে আক মানে।।৯২৫।।
চন্দ্র দিবাকৰ মানে যাৰ যশ থানে থানে
গাইবেক থাকয় পদ যাৱে।
অদ্যাপি প্রশংসে যাক মহা মহা জ্ঞানী জনে
হৃদয়ে পৰম প্রেমভাৱে।।
কি কহিবো তান গুণ মঞি মহা মূঢ় জন
তান পাৱে মোৰ হৌক মতি।
আমিয়ো কায়স্থজন হেন জানো গৰ্ব্বভাৱে
একো কালে নুহিবেক গতি।।৯২৬৷৷
তাহান ভ্রাতৃৰ নাতি যদিবা আহ্মাক বোলে
তথাপিতো তাহান কিঙ্কৰ।
কায়বাক্য মনে মঞি তাহান দাসৰো দাস
বুলিলেহো বাক্য দৃঢ়তৰ।।
শুনিয়ো পণ্ডিত লোক দোষ নেদিবাহা মোক
ভাগৱত শাস্ত্র মহাগূঢ়।
মঞি আতি অল্পজন শুদ্ধ নুহিকয় মন
বুদ্ধিত পৰম মঞি মূঢ়।।৯২৭।।
কতো অর্থ ব্যক্ত ভৈল কতো অর্থ গূঢ় ৰৈল
তাত মোৰ বুদ্ধিৰেসে দোষ।
পণ্ডিতে দেখিয়া আক নিন্দা নুবুলিবা মোক
নিজগুণে হুয়োক সন্তোষ।।
মূৰ্খে যিটো কৰে নিন্দা নুহি কৰে অভিনন্দা
তাত মোৰ দুখ নাহিকয়।
যিটো মহাজন হয় অলপ গুণক লয়
তাকো আতি বাহুল্য কৰয়।।৯২৮।।
বয়সত অল্প আতি একো গুণ নাহিকয়
পণ্ডিতো নুহিকো বহুতৰ।
গুৰুশিক্ষা অনুসৰি টীকা ভাষ্য মত ধৰি
পদ কৈলো নৱম স্কন্ধৰ।।
কথাৰ প্ৰস্তাৱ পাই নিবন্ধিলো ঠাই ঠাই
আন পুৰাণৰ কিছু মত।
দোষ নেদিবাহা তাত হৰি কথা পাই যাত
গাৱয় মহন্তসৱ যত।।৯২৯।।
নমো নমো কৃষ্ণদেৱ দণ্ডৱতে কৰো সেৱ
মঞি মহা গৰ্ব্বৱন্ত জন।
তযু পাদপদ্ম মনে সুমৰোক নিৰন্তৰে
ৰক্ষা কৰা বাপু জনার্দ্দন।।
তযু নাম গুণ বাণী হে কৃষ্ণ পদ্মপাণি
বোলোক বদনে নিৰন্তৰ।
ৰাম বুলিয়োক ডাকি সমজ্যাৰ লোকে ঢাকি
এৰিয়োক ঘোৰ যমঘৰ।।৯৩০।।
............
।।বিশ্বামিত্ৰৰ বংশ বিবৰণ৷৷
।। পদ৷৷
শুক নিগদতি শুনিয়োক নৃপবৰ।।
কহো আৰো কথা জমদগ্নি তনয়ৰ।।
বাপখনে বুলিলন্ত তীর্থ কৰিবাক।
শিৰত ধৰিয়া আনি ঋষিৰ আজ্ঞাক।।৯৩১।।
ভাৰত ভূমিত যত তীর্থ আছে মানে।
বৎসৰেকে কৰিলন্ত জগত নিধানে।।
সমস্তে তীর্থত স্নানি ৰাম আসিলন্ত।
পিতৃ মাতৃ ভ্রাতৃ দেখি সন্তোষ ভৈলন্ত।।৯৩২।।
একদিন ৰেণুকা গঙ্গাক লাগি গৈলা।
চিত্ৰৰথ গন্ধৰ্ব্বক দেখি মোহ ভৈলা।।
অপেশ্বৰাগণ সমে গঙ্গাত ক্রীড়য়।
শিৰত বিচিত্র পদ্মমালা বিৰাজয়।।৯৩৩৷৷
গন্ধৰ্ব্ব ৰাজাৰ মহা পৰম সুন্দৰ।
কামদেৱ সম দেহা ৰূপ মনোহৰ।।
কতো গীত গাৱে অপেশ্বৰাগণ সমে।
বাহু মেলি ক্রীড়া কৰে আতি মনোৰমে।।৯৩৪।।
জল আনিবাক লাগি ৰেণুকা গৈলন্ত।
ক্রীড়া দেখি মহাসতী চাহি ৰহিলন্ত।।
হোমৰ বেলাক পাসৰিলা মহাসতী।
ক্রীড়া দেখি কিছু বাঞ্ছা গৈলা তান মতি।।৯৩৫৷৷
জমদগ্নি ঋষি হোম কৰিবে নপান্ত।
মনত পৰিল আসি সতী জানিলন্ত।।
মহাশীঘ্ৰে কুম্ভ ভৰি লৈলা গঙ্গানীৰ।
শাপক শঙ্কায়ে কাম্পে সকল শৰীৰ।।৯৩৬৷৷
আথে বেথে লৈয়া জল গৃহক গৈলন্ত।
কৃতাঞ্জলি হুয়া সতী আগত ৰৈলন্ত৷৷
পৰপুৰুষক মনে বাঞ্ছাক কৰিল।
মহাঋষি জমদগ্নি তাহাক জানিল।।৯৩৭৷৷
সকল শৰীৰ ক্রোধে ঋষিৰ কাম্পয়।
ভাৰ্য্যাক বুলিলা বাক্য মুনি মহাশয়।।
শুন দুষ্টা অসতী বৃষলী ভাৱ ভৈলি।
আপুনিয়ো নষ্ট ভৈলি বংশক নাশিলি।।৯৩৮৷৷
তোৰ প্রায়শ্চিত্ত আৰ নেদেখোহো আমি।
নৰকক চল শীঘ্ৰে ভৈলি অধোগামী।।
এহি বুলি ঋষি পুত্ৰসৱক মাতিল।
জমদগ্নি ঋষি পাচে আদেশ কৰিল।।৯৩৯৷৷
তোমৰসৱৰ মাতৃ দুষ্টা ভৈলা আতি।
দশোদিশে যাইবে আতি আৰ কুখিয়াতি৷৷
দুষ্টাৰ শিৰক আতিশীঘ্ৰে কাটিয়োক।
মোহোৰ বচন পুত্ৰসৱ শুনিয়োক।।৯৪০৷৷
হেন শুনি পিতৃৰ বচন নকৰিল।
হাসিয়া পিতৃক চাই বচন বুলিল।।
কিছু পাপ নেদেধোহো মাতৃৰ আহ্মাৰ।
অকাৰ্য্যতে কাটি হৈবো লোক খিলিঙ্কাৰ।।৯৪১।।
শ্রেষ্ঠ পুত্রগণে যেৱে বাক্য নকৰিল।
ৰামক চাহিয়া ঋষি বচন বুলিল।।।
শুনিয়োক ৰাম মোৰ বাক্য কৰিয়োক।
প্রথমতে তযু মাতৃ শিৰ কাটিয়োক।।৯৪২।।
শ্রেষ্ঠ ভ্রাতৃসৱক কাটিয়ে শীঘ্ৰ কৰি।
ৰামে উঠিলন্ত বেগে কুঠাৰক ধৰি।।
প্রথমতে একঘাৱে মাতৃক কাটিল।
একো একো ঘাৱে ভ্রাতৃসৱক বধিল।।৯৪৩।।
পিতৃৰ প্ৰভাৱ জানি ৰাম মহাশয়।
কৃতাঞ্জলি হুয়া আছে আনন্দ হৃদয়।।
সত্যৱতীসুত পাচে আনন্দিত হুই।
আলিঙ্গিলা ৰামক মেলিয়া বাহু দুই।।৯৪৪।।
ৰামক বোলন্ত বাপু বৰক লৈয়োক।
ৰামে বুলিলন্ত পিতৃ বাক্য শুনিয়োক।।
যদি মোক বৰ দিয়া পিতৃ মহাশয়।
ভ্রাতৃসৱ মাতৃ মোৰ জীৱন্তো নিশ্চয়।।৯৪৫৷৷
মই বধিলোহো হেন শ্রুতি নুহিকোক।
দিয়া যেৱে এহি বৰ মোহোক দিয়োক।।
জমদগ্নি ঋষি পাচে বুলিলা বচন।
জীয়োক তোহ্মাৰ মাতৃ যত ভ্রাতৃগণ।।৯৪৬।।
ঋষি যেৱে হাসি এহি বাক্য বুলিলন্ত।
নিদ্ৰাৰ জাগিয়া যেন উঠি বসিলন্ত।।
বুলিবা নিন্দিত কৰ্ম্ম ৰামে কৰিলন্ত।
ভ্রাতৃসৱ নিজ জননীক বধিলন্ত।।৯৪৭।।
শুনিয়োক ৰাজা কহো তোহ্মাৰ আগত।
ৰামদেৱে জানে জমদগ্নিৰ মহত৷৷
পৰম পণ্ডিত বীৰ্য্যৱন্ত মহাঋষি।
তাহান বাক্যক ৰামে কৰিলা হৰিষি।।৯৪৮৷৷
নকৰিলে শাপি ভস্ম কৰিবে কোপত।
বধিলন্ত মাতৃ ভ্রাতৃ ৰামে যে ভয়ত।
পৰীক্ষিত ৰাজা আৰো শুনিয়ো কথাক।
যুদ্ধে জিনি বধিলন্ত হৈহয় ৰাজাক।।৯৪৯।।
অর্জ্জনুৰ পুত্র আছে হাজাৰ দশেক।
পিতৃৰ বধত মহা শোকক পাইলেক।।
অন্যোঅন্যে ৰাজপুত্র গুণন্ত মনত।
আহ্মাৰ বাপৰ মাথা কাটিলা যুদ্ধত।।৯৫০৷৷
সম্মুখে নোৱাৰি আক দুৰ্জ্জন ব্রাহ্মণ।
অগ্নি যেন দহি নেই শত্রু সেনাগণ।।
যেতিক্ষণ ৰাম আশ্ৰমত নথাকয়।
ইহাৰ বাপৰ শিৰ কাটিবো নিশ্চয়।।৯৫১৷৷
এহি বুলি ছিদ্র চাই মন্দসৱে ৰৈল।
শুনা কথা আত অনন্তৰে যেন ভৈল।।
একদিনা ৰাম জ্যেষ্ঠ ভ্রাতৃগণ সঙ্গে।
ফল পুষ্প আনিবাক গৈলা সৱে ৰঙ্গে।।৯৫২।।
আশ্ৰমক শূন্য কৰি বনক গৈলন্ত।
পিতৃ মাতৃ দুই মাত্র গৃহক ৰৈলন্ত।।
সেহি সময়ত দুষ্ট ক্ষত্রিয়সকল।
শূন্যগৃহ দেখি সৱে কৰে কৌতূহল।।৯৫৩।।
জমদগ্নি বসি আছে যজ্ঞৰ গৃহত।
চিত্ত শান্ত কৰি চিন্তে যিটো ব্রহ্মতত্ত্ব।।
ভগৱন্ত বিষয়ক মনক দিলন্ত।
ঈশ্বৰক বিনে আন একো নেদেখন্ত।।৯৫৪।।
চিন্তি আছে বসি দুষ্টসৱে দেখিলেক।
শীঘ্রবেগে তান মাথা কাটিয়া লৈলেক।।
আপোনাৰ নগৰত সৱে চলি গৈলা।
দুখ শোকে ৰেণুকায়ে কান্দিবাক লৈলা।।৯৫৫।।
হৃদয়ত দৃঢ়কৰি মুঠিক হানন্ত।
ঢাট ঢাট কৰি সতী ভূমিত পৰন্ত।।
হে ৰাম ৰাম বাপু আসিয়ো গৃহক।
অৰ্জ্জুনৰ পুত্রে তযু কাটিলে পিতৃক।।৯৫৬।।
কিসক লাগিয়া বাপু বনে গৈলা তুমি।
হাকলে বিকলে কান্দে বাগৰিয়া ভুমি।।
হা ৰাম বুলি আতি কান্দে উচ্চ কৰি।
মঞি তোৰ মাতৃ হেৰ শোকে যাঞো মৰি।।৯৫৭।।
ৰাম ৰাম বুলি আতি শোকে গেৰিয়ান্ত।
দূৰত থাকিয়া ৰামে ৰাৱ শুনিলন্ত।।
শীঘ্রবেগে আসি ৰামে লৱড় দিলন্ত।
পিতৃক কৰিছে হত পাচে দেখিলন্ত।।৯৫৮।।
মহাতাপে ৰাম দেখি কান্দিবে লাগিলা।
ভ্রাতৃগণো মহাশোকে ক্রন্দন কৰিলা।।
হা বাপু তুমি মহা কাৰ্য্যত নিপুণ।
আমি সৱে কহি অন্ত নপাঞো তযু গুণ।।৯৫৯।।
আহ্মাক এৰিয়া বাপু গৈলা কৈক লাগি।
চাহিবাক নপাইলো আমি মন্দভাগী।।
শোকে দুখে ক্রোধে ৰামে বাক্য বুলিলন্তি।
নাকান্দিবা ভ্রাতৃসৱ মাতৃ মহাশান্তী।।৯৬০।।
পিতৃৰ দেহক তোৰা সৱে ৰাখিয়োক।
যি কৰিবো পাচে মঞি তাক শুনিয়োক।।
বাপৰ শিৰক কাটি নিলেক দুৰ্জ্জনে।
বিচাৰিয়া আনো মঞি পৰম যতনে।।৯৬১।।
এহি বুলি ৰামে ক্রোধে পৰশু ধৰিল।।
ক্ষত্রিয়ক বধিবাক লাগি মন দিল।
আতি শীঘ্ৰে গৈলা ৰাম মাহিষ্মতি পুৰ।
ব্রাহ্মণৰ ৰধে সৱে শ্ৰীভৈল দূৰ।।৯৬২।।
হেন নগৰত পশি ৰামে একেশ্বৰে।
অৰ্জ্জুনৰ পশিলন্ত গৃহৰ ভিতৰে।।
যত ৰাজপুত্রগণ সৱে ধৰি আনি।
কাটিয়া পেহ্লাইলা ৰামে কুঠাৰক হানি।।৯৬৩।।
অৰ্জ্জুনৰ আছে দহ হাজাৰ তনয়।
নিঃশেষে পুত্ৰৰ মাথা কাটিলন্ত তয়।।
শিৰসৱ দৌল কৰি পৰ্ব্বত বান্ধিল।
তাসম্বাৰ তেজে ঘোৰ নদীক বহিল।।৯৬৪।।
ব্রাহ্মণ নুহিকে যিটো দুৰ্জ্জনকল।
তাক দেখি ভয় হোৱে পৰম বিহ্বল।।
পিতৃৰ মাথাক পাই ৰামদেৱে লৈলা।
গোপ্য কৰি বস্ত্রে বান্ধি কঙ্কালত থৈলা।।৯৬৫।।
ক্ষত্রিয় নথৈবো আৰ মনত বোলন্ত।
জটাসৱ মেড়াই ভালমতে বান্ধিলন্ত।।
কপীনক বান্ধিলন্ত জৰী টান কৰি।
বামকান্ধে থাপিলন্ত কুঠাৰক ধৰি।।৯৬৬।
অন্যায়ত প্ৰৱৰ্ত্তয় যিটো ৰাজাগণ।
তাহাক বধিবে লাগি কৰিলন্ত মন।।
লক্ষকোটি ক্ষত্রিয়ক একঠাই কৰি।
বান্ধি ভাল কৰি সৱে লৈয়া গৈলা ধৰি।।৯৬৭।।
কুৰুক্ষেত্র নামে থান তৈকে লাগি নিল।
পৰশু কুঠাৰ ধৰি সৱাকো কাটিল।।
তিনি সাতবাৰ সৱে পৃথিৱীক ফুৰি।
যৈত তৈত পান্ত লাগ ক্ষত্রিয়ক ধৰি।।৯৬৮৷৷
সৱাকে কাটিলা তৈতে একথান কৰি।
নিক্ষত্রিয় কৰিলন্ত ইটো বসুন্ধৰী৷৷
শোণিতৰ হ্ৰদচয় তৈতে কৰিলন্ত।
পৰম পবিত্র জল অদ্যাপি আন্ত।।৯৬৯।।
শিৰগোটা নিয়া পাচে সন্ধান কৰিল।
তেতিক্ষণে জমদগ্নি উঠিয়া বসিল।
মাতৃ ভ্রাতৃ সৱে আসি সাৱটি ধৰিল।
যি কৰিলা ৰামদেৱে সকলে কহিল।।৯৭০৷৷
ৰেণুকা ভৈলন্ত আতি আনন্দিত চিত্ত।
ভ্ৰাতৃগণ ৰঙ্গ আতি ভৈলা কৃতকৃত্য।।
ৰেণুকা বোলন্ত মোক দিলা প্রাণদান।
তোৰ সম পুত্র বাপু নেদেখোহো আন।।৯৭১।
এহিমতে সৱেয়ো ৰামক প্রশংসিল।
যজ্ঞ কৰি আপোনাক আপুনি পূজিল।।
সকলে দেৱৰ মূৰ্ত্তি প্রভু ভগৱান।
চাৰি দিশ চাৰি ব্ৰাহ্মণক দিলা দান।।৯৭২৷৷
কশ্যপ ঋষিক দিলা মধ্য ভূমি খান।
নিঃশেষ পৃথিৱী ব্রাহ্মণক দিলা দান।।
পাচে অৱভৃথ স্নান কৰিলন্ত ৰাম।
সৰস্বতী তীৰে গৈয়া পূৰি মনকাম।।৯৭৩।।
সকলে পাতেক গুচি নিষ্পাপ ভৈলন্ত।
যেন মেঘ দূৰ ভৈলে সূৰ্য্য প্রকাশন্ত।।
সেহিৰূপ হুয়া ৰাম প্ৰকাশ কৰিলা।
আপোনাৰ নিজগুণে জগত ভড়িলা।।৯৭৪।।
জমদগ্নি ঋষি মণ্ডলত ৰহিলন্ত।
অদ্যাপি দেখিয় তাঙ্ক মহাপুণ্য সন্ত।।
কমললোচন ৰাম প্রভু ভগৱন্ত।
সপ্ত মন্বন্তৰে বেদ ব্যাখ্যা কৰিলন্ত।।৯৭৫।।
মহেন্দ্র গিৰিত ৰাম অদ্যাপি আছন্ত।
ক্রোধ এৰি শান্ত চিত্তে হৰিক ধিয়ান্ত।।
যাহাৰ মহিমা সিদ্ধ চাৰণে গাৱয়।
ব্রহ্মা আদি দেৱে যাক আনন্দে সেৱয়।।৯৭৬।।
ভগৱন্ত প্রভু আসি ভৃগুৰ বংশত।
অৱতৰি পৃথিৱীৰ ভাৰ হৰিলন্ত।।
ৰামৰ কথাক মঞি থৈলো এহিমানে।
গাধিৰ বংশক কহো শুনা বিদ্যমানে।।৯৭৭।।
গাধিৰ তনয় ভৈলা বিশ্বামিত্র নাম।
তপস্যা কৰিলা তেন্তে মহা অনুপাম।।
ক্ষত্রিয় গুচিয়া পাচে ব্রাহ্মণ ভৈলন্ত।
একাধিক একশত পুত্র জন্মিলন্ত।।৯৭৮।।
হৰিশ্চন্দ্র যজ্ঞে আৰো পুত্র লভিলন্ত।
দেৱৰাত্র নামে তেহে পৰম মহন্ত।।
শুনঃশেফ নামে অজীগৰ্ত্তৰ তনয়।
যজ্ঞত কাটিবে লাগি কিনি আনিছয়।।৯৭৯।।
বিশ্বামিত্রে তুতি কৰি দেৱক তুষিল।
আনন্দিত হুয়া দেৱে তাহাক ৰাখিল।।
সৱে দেৱে অলোচিয়া ঋষিক দিলন্ত।
বিশ্বামিত্রে তাঙ্ক পাই আনন্দ ভৈলন্ত।।৯৮০৷৷
দেৱে ৰাখিলন্ত দেৱৰাত্র তান নাম।
তানগুণচয় আৰো শুনা অনুপাম।।
বিশ্বামিত্ৰে বুলিলন্ত শুনা পুত্রগণ।
আক শ্রেষ্ঠ কৰি মানিয়োক সৰ্ব্বজন।।৯৮১।।
শ্রেষ্ঠ পুত্রগণে তান বাক্য নকৰিলা।
সৱে ম্লেচ্ছ হউ বুলি ঋষি শাপ দিলা।।
তেতিক্ষণে ম্লেচ্ছ ভৈলা পিতৃৰ শাপত।
পুছিলন্ত ঋষি শেষে পঞ্চাশ পুত্ৰক।।৯৮২।।
তাৰসৱে বোলে শ্রেষ্ঠ মানিলো নিশ্চয়।
তোহ্মাৰ বচন বাপ কৰিতে লাগয়।।
এহি শুনি বিশ্বামিত্র আনন্দ ভৈলন্ত।
পুত্ৰৱন্ত হউ তোৰা বাক্য বুলিলন্ত।।৯৮৩৷৷
যিহেতু মোহোক পুত্ৰৱন্ত কৰিলাহা।
অজীগৰ্ত্ত তনয়ক শ্রেষ্ঠ মানিলাহা।।
এহি বুলি ঋষি যেৱে মৌন হুয়া ৰৈলা।
শুনা পৰীক্ষিত ৰাজা যেন কথা ভৈলা।।৯৮৪৷৷
পুৰূৰৱা পুত্র আয়ু নাম ভৈলা যাৰ।
নহুষ ভৈলন্ত যেৱে আয়ুৰ কুমাৰ।।
ক্ষত্রবৃদ্ধ ৰজি আদি আনো পুত্ৰচয়।।
তান সুত ভৈল সৱে মহা শোভনয়।।৯৮৫৷৷
ৰজিৰ ভৈলন্ত পাঞ্চশত পুত্র জাত।
মহাবলৱন্ত সৱে জগতে প্রখ্যাত।।
ইন্দ্ৰ আদি দেৱে আসি ৰজিৰ থানক।
চৰণত ধৰি সৱে বুলিলেক বাক।।৯৮৬।।
আহ্মাকো কৰিয়ো ত্রাণ ৰাজা মহাশয়।
তোহ্মাক অর্পিবো আৱে দেহাক নিশ্চয়।।
প্রহ্লাদাদি অসুৰত শঙ্কা হুয়া মনে।
এহিমতে দেৱগণে বুলিলা বচনে।।৯৮৭।
ৰাজা গৈয়া স্বৰ্গত দেৱক থাপিলন্ত।
তাহান মহিমা কোনে কহিতে পাৰন্ত।।
নহুষৰ ছয় পুত্ৰ পৰম মহন্ত।
যতি যযাতি শৰ্যাতি ভৈল মহাসন্ত।।৯৮৮।।
আয়তি বিয়তি কৃতি নহুষ তনয়।
দেহধাৰী সমস্তৰ যেন ইন্দ্ৰচয়।।
শ্রেষ্ঠ পুত্র যতি তাঙ্ক ৰাজ্যক দিলন্ত।
মহা জ্ঞানৱন্ত তেহে ৰাজ্য নলৈলন্ত।।৯৮৯।।
ৰাজা ভৈলে পুৰুষে আত্মাক পাসৰয়।
মিছা দেহে গেহে আতি মমতা বাঢ়য়।।।
ৰাজ্যত প্রৱিষ্ট ভৈলে এহি হুই ফল।
এহি গুণি নলৈলন্ত যতি মহাবল।।৯৯০।।
ইন্দ্রপদ পাইল গৈয়া নহুষ নৃপতি।
শচীক বুলিলা মোক ভজোক সম্প্রতি।।
শচী বুলিলন্ত মঞি ভজিবো নিশ্চয়।
মোহোৰ বচন যেৱে ৰাজায়ে কৰয়।।৯৯১।।
মুখ্য মুখ্য ব্রাহ্মণক দোলাক জোৰোক।
মোক যেৱে বাঞ্ছা আছে সত্বৰে আসোক।।
নহুষে বোলন্ত মঞি নিশ্চয়ে কৰিবো।
ভাল ভাল ঋষিগণ দোলাক জোৰাইবো।।৯৯২।।
নহুষ নৃপতি পাচে ব্রাহ্মণ মতাইল।
ঋষিসৱো আতি শীঘ্ৰে আনন্দত আইল।।
অগস্তি কশ্যপ বামদেৱ ঋষিবৰ।
পূলস্তি পুলহ ক্রতু আসিলা সত্বৰ।।৯৯৩।।
মনত গুণন্ত ঋষিগণ নিৰন্তৰ।।
দক্ষিণা দিবন্ত আজি আহ্মাক বিস্তৰ।।
ইন্দ্রপদ পাইলা ৰাজা পুণ্যৰ বলত।
আহ্মাক দক্ষিণা দিলে ৰৈবে পুণ্য যত।।৯৯৪।।
সেহি পুণ্যে ব্ৰহ্মাৰ থানক পাইব ৰঙ্গে।
অন্যোঅন্যে এহি বাক্য বুলি ঋষি সঙ্গে।।
ঋষিসৱ দেখি ৰাজা আনন্দিত ভৈলা।
বিচিত্র শিবিকাখান উপস্থিত কৈলা।।৯৯৫।।
ব্রাহ্মণক চাই ৰাজা বুলিলা বচন।
মোহোৰ বাক্যক শুনিয়োক বিপ্রগণ।।
আহ্মাক বহিয়ো আজিসৱে বিপ্ৰচয়।
আমি দেৱৰাজা কিছো দোষ নাহিকয়।।৯৯৬৷৷
ব্রাহ্মণত দেৱ মুখ্য কহয় শাস্ত্রত।
হেন জানি দোলাত লৈয়োক বিপ্র যত।।
হেন শুনি কতো ঋষি মনত গুণয়।
পাগল ভৈলেক ৰাজা জানিলো নিশ্চয়।।৯৯৭।
মনে মনে হাসে কতো দাড়িক জোঙ্কাৰি।
এৱে দেখো ৰাজা বৰ ভৈল অহঙ্কাৰী।।
কেহো বোলে পৰিহাস কৰয় আহ্মাক।
মন্দ নুবুলিবা কেহো ধৰ্ম্মিষ্ঠ ৰাজাক।।৯৯৮।।
এহিবুলি ঋষিসৱ কেহোৱে নুঠিল।
মহাক্ৰোধ কৰি ৰাজা বুলিবে লাগিল।।
নথাকয় হুইবে জানো ৰাজ্যত তোমাৰা।
মান্য নতু সাৰন্তে সত্বৰে উঠ তোৰা।।৯৯৯।।
অন্যোঅন্যে ঋষিসৱে বোলন্ত আতাই।
আজি মহা দুর্ঘট মিলিল সমুদায়।।
এহি চিন্তি ঋষিসৱে দুখে উঠিলন্ত।
কঙ্কালত আটি ভুনি তুলি বান্ধিলন্ত।।১০০০৷৷
জন্মে নতু বহে খেৰগাছৰ ভাৰক।
কেনমতে বহিৱন্ত নজানন্ত তাক।।
যেনে তেনে ঋষিসৱে দোলাবাৰি লৈলা।
দেখি তাক নহুষ আনন্দ মন ভৈলা।।১০০১।।
উঠিলেক দোলাত পৰম ৰঙ্গ কৰি।
ঋষিগণে সুমৰিবে লৈলা ৰাম হৰি।।
কতো ঋষি হন্ত কুজা হামকুৰি খান্ত।
কান্ধ ফুটে বুলি কতো ঋষিয়ে চেঞ্চান্ত।।১০০২।।
কতো ঋষি বসিলন্ত ভুনি সুলকিল।
ইটো মহা দুর্জ্জনে আহ্মাক দুখ দিল।।
ঋষিগণে দুখমনে বাক্য বুলিলন্ত।
অজগৰ পাপী যেন গধুৰ লগন্ত।।১০০৩।।
তেতিক্ষণে ক্রোধে দোলাবাৰি পেহ্লাইলন্ত।
অজগৰ হউ বুলি বাক্য বুলিলন্ত।।।
ঋষিসৱে যেৱে ক্রোধমনে শাপ দিল।
স্বর্গহন্তে তেতিক্ষণে খসিয়া পৰিল।।১০০৪৷৷
তেতিক্ষণে ভৈল ঘোৰ অজগৰ সাপ।
ভৈলেক নিঃশ্রীক সৱে গুচিল প্রতাপ।।
শুনা সভাসদ জন ভাগৱত পদ।
হোৱে সদবোধ মহা খণ্ডে গৰ্ব্ব মদ।।১০০৫।
স্বৰ্গৰ পৰিল খসি নহুষ নৃপতি।
থান নষ্ট হোৱে মঞি কি কৈবো সম্প্রতি।।
এতেকতে ব্রাহ্মণক কৰিবে সেৱন।
তেৱে তুষ্ট হোন্ত জানা দেৱ জনার্দ্দন।।১০০৬।।
নমো নমো বৈষ্ণৱ বিপ্ৰক শতবাৰ।
কৃষ্ণেসে সুহৃদ তান মুখে নাম যাৰ।।
হে কৃষ্ণ বাপ মঞি পৰম দুর্জ্জন।
কায় বাক্য মনে হেৰা পশিলো শৰণ।।১০০৭।।
তোহ্মাৰ ৰাতুল দুই অৰুণ চৰণ।
যেন নপাসৰো মঞি মিলন্তে মৰণ।।
কহয় কেশৱ দাস এৰা আন কাম।
সমস্তে সমাজে ডাকি বোলা ৰাম ৰাম।।১০০৮।।
..........
।।যযাতিৰ বিৱৰণ।।
।।দুলড়ী।।
শুক নিগদতি শুনিয়ো নৃপতি
যযাতি ভৈলন্ত ৰাজা।
ধার্ম্মিক পৰম আতি নিৰুপম
পালিলন্ত সৱে প্রজা।।
চাৰিয়ো দিশক কনিষ্ঠ ভ্রাতৃক
দিলন্ত বিভাগ কৰি।
তাহান সমান নাহি কেহো আন
পালিলন্ত বসুন্ধৰী।।১০০৯।।
শুক্ৰৰ দুহিতা গুণে অনিন্দিতা
যযাতিয়ে বিহাইলন্ত।
বৃষপৰ্ব্বা নামে ৰাজাৰ দুহিতা
নৃপে ভাৰ্য্যা কৰিলন্ত।।
এহি কথা শুনি ৰাজা মনে গুণি
শুকত পুছিলা কথা।
ক্ষত্রিয় সহিতে ব্রাহ্মণৰ কেনে
সম্বন্ধ ভৈলেক তথা।।১০১০।।
ক্ষত্রিয়ৰ কন্যা ব্রাহ্মণে বিহাইলে
ইটো অনুচিত হয়।
ব্রাহ্মণৰ কন্যা ক্ষত্রিয়ে বিহাইলে
প্রতিলোম কৰি কয়।।
শুক্র মহাঋষি পৰম পণ্ডিত
যযাতি ধাৰ্মিক আতি।
কিবা হেতু তাৰা কৰিলা সম্বন্ধ
বিচাৰত যায় জাতি।।১০১১।।
শুকমুনি মাতি ৰাজাক বোলন্ত
শুনিয়ো পাণ্ডৱসুত।
পুছিলাহা যিটো কহো মঞি সিটো
কথা আদি অদভুত।।
বৃষপৰ্ব্বা নাম গুণে অনুপাম
দানৱগণৰ পতি।
শর্ম্মিষ্ঠা নামত দশগুণ যুত
আছন্ত তান্ত সম্প্রতি।।১০১২।।
দানৱ ৰাজাৰ ভৈলা কন্যা সাৰ
মোহয় ৰূপে জগত।
তাঙ্ক দেখি কোনে মোহ নুহিবেক
নেদেখি হেন লোকত।।
একে সময়ত হাজাৰেক কন্যা
লগত লৈয়া সুন্দৰী।।
ক্রীড়িবাক যান্ত দেখি মহা শান্ত
যেন ৰূপে বিদ্যাধৰী।।১০১৩৷৷
শুক্ৰৰ জীয়াৰী কন্যাগণ সঙ্গে
চলি যায় মন ৰঙ্গে।
আনন্দত আতি দেৱযানী সতী
গৈলন্ত সৱাৰ সঙ্গে।।
কতোক্ষণে পাচে যাহান্তে আছন্ত
নগৰক এৰাইলেক।
সৱে সখী মিলি যাই শীঘ্ৰে চলি
সুন্দৰ বন পাইলেক।।১০১৪।।
...........
।।ছবি।।
নগৰৰ উপবন দেখি মহা মনোৰম
পুষ্প ফুলি আছে শাৰী শাৰী।
সৱে কন্যা প্রৱেশিয়া মনত আনন্দ হুইয়া
লৈল পুষ্প কোচ ভৰি পাৰি।।
অন্যোঅন্যে ৰঙ্গ মনে গীত গাৱে কন্যাগণে
সুমধুৰ শুনি সুললিত।
কামগত যিটো জন মোহ হোৱে তাৰ মন।
কন্যা সমস্তৰ শুনি গীত।।১০১৫।।
সৰোবৰ অসংখ্যাত আছে পদ্মবন যত
তাত পৰি ভ্ৰমৰা গুঞ্জৰে।
পদ্মৰেণু সুৱাসিত গন্ধ বহে মনোনীত
ক্ষণে ক্ষণে উনমত কৰে।।
নিৰমল জল দেখি পাচে তাৰা সৱে সখী
সৰোৱৰ তীৰক গৈলন্ত।
অসংখ্যাত পদ্ম ফুলি আছে জকমক কৰি
সৱে গৈয়া তাক দেখিলন্ত।।১০১৬।।
পদ্ম পুষ্পচয় আনি কতোজনী মহামানী
দেই নিয়া ৰাজাৰ পুত্ৰীক।
দেখি দেৱযানী তাক কিছু নোবোলন্ত বাক
মনে মহা দহয় অধিক।।
বস্ত্র থৈয়া জল তটে কন্যাসৱ উলঙ্গতে
নামিলেক আনন্দিত হুই।
কমললোচনী কন্যা ৰূপে গুণে সৱে ধন্যা
খেলে ঝুণ্টি মেলি বাহু দুই।।১০১৭।।
অন্যোঅন্যে জুলি বান্টি খেলে ৰঙ্গে জলঝাণ্টি
দশকুৰি আনন্দিত মনে।
কতোজনী ধৰি আনি মুখে নাকে দেই পানী
জোবোৰাৱে পৰম যতনে।।
পুৰুষ নাহিকে যাত স্ত্রীগণ আছে তাত
বিৱসনা হুয়া নামি জলে।
ৰঙ্গত সান্থোৰে আতি জল যাই চতুর্ভিতি
কতোজনী শৰীৰৰ বলে।।১০১৮।
এহিমতে সখীগণ ক্রীড়া কৰে সুশোভন
সৱে কন্যাগণে দেখিলন্ত।
আকাশে আসন্ত লড়ি বৃষভত হৰে চড়ি
পাৰ্ব্বতীয়ো লগতে আসন্ত।।
কন্যাগণে লজ্জা হুয়া পিন্ধিলন্ত বস্ত্র গৈয়া
শীঘ্ৰ কৰি জলৰ উঠিলা।
উলট পালট ভৈলা শর্ম্মিষ্ঠায় নজানিলা
ভার্গবীৰ বস্তুক পিন্ধিলা।।১০১৯।।
দেৱযানী দেখি পাচে মনত গুণিয়া আছে
দেখে বস্ত্ৰ মোৰ নুহিকয়।
শর্ম্মিষ্ঠা পিন্ধিয়া আছে মহাক্রোধে দেৱী পাচে
বুলিবে লাগিলা বাক্যচয়।।
দেখিয়ে আশ্চর্য্য কেন দাসীৰ ভৈলেক মন
আমাৰ বস্ত্ৰত অভিলাষ।
যিটো চেড়ী জাতি হয় নিজ কৰ্ম্ম পাসৰয়
ঘৰিণীৰ দ্রব্যে কৰে আশ।।১০২০।।
আমি যিটো পিন্ধো বাস তাহাতে ভৈলেক আশ
পিন্ধিলেক কিসক নিলাজী।
হেন কুকুৰণী জাতি যজ্ঞভাগ খোজে আতি
সেহি পটন্তৰ ভৈলা আজি।।
যিটো প্রভু নাৰায়ণ জগতৰ নিস্তাৰণ
তাহান মুখত বিপ্র ভৈলা।
লোকৰ কুশল পথ সিজে যাত মনোৰথ
হেন বেদ বিপ্রে ব্যক্ত কৈলা।।১০২১৷৷
যত ৰাজাগণ মানে বেদৰ ঈশ্বৰগণে
নিতান্তে বেদত প্ৰৱৰ্ত্তয়।
ভগৱন্ত প্রভু দেৱ ব্রাহ্মণ কৰে সেৱ
পৰম পৱিত্ৰ গুণচয়।।
লক্ষ্মীৰ আশ্রয় হৰি ব্রাহ্মণ্য গুণক ধৰি
জগতকে কন্ত পালন।
সামান্য ব্রাহ্মণ যত কহিলোহো তান তত্ত্ব
আমি পুনু মহা সুলক্ষণ।।১০২২।।
........
।।দুলড়ী।।
ভৃগুৰ বংশত হুয়া আছে জাত
পৰম পৱিত্ৰতৰ।
এহিৰ বাপেক পৰম দুর্জ্জন
তথাপি শিষ্য আহ্মাৰ।।
অসুৰত হন্তে হুয়া আছে জাত
তাতে মহা গৰ্ব্ব কৰৈ।
আহ্মাৰ বস্ত্রক ৰাক্ষসিনী হুয়া
কোন লাজে এহি ধৰৈ।।১০২৩৷৷
যেন শূদ্রে বেদ পঢ়িবাক চাহে
তাৰ নোহে অধিকাৰ।
আমাৰ বস্ত্রক পিন্ধিলে অসতী
থাকোক তোৰ ধিক্কাৰ।।
এহিমতে নানা আক্ষেপ কৰিয়া
দেৱযানী বুলিলন্ত।
শর্ম্মিষ্ঠায়ে চাহি গুৰু দুহিতাক
মহা ক্ৰোধ কৰিলন্ত।।১০২৪৷৷
দান্তক কামুৰি যেহেন সর্পিনী
ফোপাইবে লাগিলা আতি।
শুনৰে মাগনী দুৰ্জ্জন ব্রাহ্মণী
তোৰ মঞি জানো জাতি।।
আপুনি জীৱস কেনমতে তাক
তই কিয় পাসৰিলি।
মৰাৰ চাউলক খাস নিৰন্তৰ
আহ্মাক মন্দ বুলিলি।।১০২৫৷৷
তোহোৰ বাপেৰে একদিনা যাই
অনেক শ্রাদ্ধ কৰয়।
মিছা সঞ্চা বাক্য কৰিয়া ব্রাহ্মণে
সাজক মাত্র আনয়।।
আৰয়া চাউলক খাহান্তে মুখত
খাড়ি বান্ধি বান্ধি আছে।
যিটো কথা কহে হুই নুই কৱ
সৱাহাতে পুছ পাচে।।১০২৬।।
যিটো দিনা ঘৰে দ্রব্য নাহিকয়
আহ্মাৰ যাই গৃহক।
হাতক মোচৰি কাকূতিক কৰি
কৰয় আশীর্ব্বাদক।।
শুনিয়ো আতাই বৃষপৰ্ব্বা নৃপ
চাটুক বুলিবে জানৈ।
দান্তক প্রকটি সাতি সুতি কৰি
আহ্মাৰ বস্তুক আনৈ।।১০২৭।
যিদিনা আমাৰ নেদয় মাগনি
সেইদিনা হাণ্ডি কাতি।
আহ্মাৰ গৃহত চুম্পিয়া থাকস
যেন কাকগোট আতি।।
যিটো বস্ত্র পিন্ধি আছস ব্রাহ্মণী
ইটো বস্ত্র কৈত পাইলি।
বহুত নিন্দিয়া শুন নিলাজিনী
আহ্মাক পাৰিলি গালি।।১০২৮৷৷
আহ্মাক নিন্দিলি শুন নিলাজিনী
নিঙ্গনিয়ে ডেৱ পাৰে।
খাইবাক নপাস ক্ষুধাৱে মৰস
সৱে তেজ বল হৰে।।
অনেক নিষ্ঠুৰ বুলি ৰাজকন্যা
বস্ত্রক কাঢ়ি লৈলেক।
লাঙ্গট কৰিয়া মহাক্রোধে ঢঙ্কা
মাৰি কূপে পেহ্লাইলেক।।১০২৯।।
যিটো বস্তু পিন্ধি আছিল শর্ম্মিষ্ঠা
পেহ্লায়া তাক দিলেক।
আনন্দিত হুয়া সৱে সখীগণে
গৃহক চলি গৈলেক।।
শুনা সভাসদ ভাগৱত পদ
এৰিয় আন আলাস।
ৰাম ৰাম বুলি সংসাৰ তৰি
ছিণ্ডি যাউক যম পাশ।।১০৩০।।
............
।।পদ।।
শুক নিগদতি ৰাজা শুনা মহাশয়।
যযাতি পৰম ৰাজা আতি ধর্ম্মময়।।
ৰথত চড়িয়া ৰাজা পৰম মহন্ত।
মৃগ মাৰিবাক লাগি বনক গৈলন্ত।।১০৩১।।
বনত ফুৰন্তে আতি মহা শ্রান্ত ভৈল।
ক্ষুধায়ে তৃষায়ে জল বিচাৰিবে লৈল।।
জলক বিচাৰি ফুৰা নহুষ তনয়।
দেখিলেক কৃপগোট তহিতে আছয়।।১০৩২৷৷
জল আছে বুলি গৈয়া দেখিলেক তাক।
বিবস্ত্ৰে পৰিয়া আছে দেখিলা কন্যাক।।
পৰম সুন্দৰী আতি ৰূপে মনোহৰ।
গৰ্ত্তকো প্রকাশ কৰে কায়ে নিৰন্তৰ।।১০৩৩৷৷
ৰূপে মনোনীত পুৰুষৰ হৰৈ চিত।
কিকাৰণে কূপে আসি ভৈলা উপস্থিত।।
এহি মনে গুণি পাচে যযাতি পুছিলা।
কিকাৰণে তুমি আসি কূপত পৰিলা।।১০৩৪৷৷
যযাতিয়ে এহি যেৱে বাক্য বুলিলন্ত।
দেৱযানী শুনি পাচে তাঙ্ক মাতিলন্ত।।
শুনিয়ো পুৰুষসিংহ বচন আহ্মাৰ।
কূপত পৰিয়া আতি দুখ পাইলো ঘোৰ।।১০৩৫।।
একখানি বস্ত্র দিয়া তুলিয়োক মোক।
তোহ্মাৰ পৰম মহাকীৰ্ত্তি থাকিয়োক।।
মঞি মহাদুখী কৰিয়োক পৰিত্ৰাণ।
তুমি মহাজন মোক দিয়ে প্রাণদান।।১০৩৬।।
নেদেখিলা হন্তে তেৱে দোষ নাহিকয়।
দেখিলাত নধৰিলে স্ত্রীবধ হয়।।
স্ত্রী গো ব্রাহ্মণ যদি পৰে সঙ্কটত।
যিটো মহাজন হয় স্বধৰ্ম্মত ৰত।।১০৩৭।।
তাৰসৱে উদ্ধাৰয় কহিলো নিশ্চয়।
হেন জানি মোক তুলিয়োক মহাশয়।।
বচন শুনিয়া ৰাজা সন্তুষ্ট ভৈলন্ত।
গাৱৰ পচৰা তাঙ্ক পেহ্লাই দিলন্ত।।১০৩৮।।
পৰিধান কৰিলন্ত ৰাজায়ে দেখিলা।
হস্তত ধৰিয়া ৰাজা আনন্দে তুলিলা।।
ৰাজাক চাহিয়া সতী বাক্য বুলিলন্ত।
যেনমতে তেহে কূপমাজে পৰিলন্ত।।১০৩৯।।
যেনমতে সখীসৱে ক্রীড়িলা জলত।
সকলে কহিলা কথা ৰাজাৰ আগত।।
শুক্ৰৰ দুহিতা মঞি ৰাজা শুনিয়োক।
আনন্দিত হুয়া মোক বিহা কৰিয়োক।।১০৪০৷৷
এহি শুনি ৰাজা বিষ্ণু বিষ্ণু স্মৰিলন্ত।
মহাত্রাস হুয়া পাচে বাক্য বুলিলন্ত।।
ব্রাহ্মণীগমন মহা পৰম পাতেক।
আমিসৱে আক নোৱাৰোহো সহিবাক।।১০৪১৷৷
আয়ু শ্ৰী যশ মান তেখনে হৰয়।
হেন পাপ আচৰিবে কোন দুৰাশয়।।
দেৱযানী বুলিলন্ত যযাতিক চাই।
কষ্ট মন এৰি শুনিয়োক মহাৰায়।।১০৪২।।
ব্রাহ্মণৰ হস্তোদক বিবাহ নিশ্চয়।
সকলে শাস্ত্ৰত আক কহিয়া আছয়।।
হস্তত ধৰিয়া মোক তুলিয়া আছাহা।
আউৰ কেনমতে মোক তেজিবাক চাহা।।১০৪৩।।
আনে যেন মোহোৰ হস্তত নধৰোক।
হে মহাৰাজা মোক বিহা কৰিয়োক।।
তোহ্মাৰ আহ্মাৰ ইটো সম্বন্ধ নিশ্চয়।
দৈৱে ঘটাইলেক আত নাহিকে সংশয়।।১০৪৪।।
মঞি কূপে পৰি আছো পাইলা মোক লাগ।
হস্তত ধৰিয়া তুলিলাহা মহাভাগ।।
তুমি আসি যাতে মোক দশন পাইলা।
জানিলো নিশ্চয়ে ঈশ্বৰেসে হেন কৈলা।।১০৪৫।।
আৰো এক কথা কহো ৰাজা শুনিয়োক।
বৃহস্পতিসুতে শাপ দিয়া আছে মোক।।
পিতৃৰ গৃহত আসি কচ মহাশয়।
বিদ্যা লভিবাক লাগি আসিলন্ত তয়।।১০৪৬।।
অনেক বৎসৰ কচে সেৱাক কৰিল।
মহাৰঙ্গে পিতৃ পাচে সঞ্জীৱনী দিল।।
সেহি সময়ত মোৰ তান্তে ভৈলা মতি।
বিবাহ কৰিবা এহে মোৰ নিজপতি।।১০৪৭৷৷
গুৰুৰ দুহিতা আঙ্কে নকৰো বিৱাহ।
হেন শুনি মোৰ যেৱে ভৈল নিৰুৎসাহ।।
মহাক্রোধে মঞি পাচে তাঙ্ক শাপ দিলো।
সঞ্জীৱনী বিদ্যা পিতৃ তোহোত কহিলো।।১০৪৮৷৷
নফলোক নিশ্চয়ে বুলিলো মঞি বাণী।
আশাক ছেদিলি তই পৰম অজ্ঞানী।।
বৃহস্পতিসুত কচে বাক্যক বুলিল।
জিজ্ঞাসা নকৰি এহে মোক শাপ দিল।।১০৪৯।।
তোহোক ব্রাহ্মণে বিহা নকৰে নিশ্চয়।
বুলিলোহা বাক্য মঞি নাহিকে সংশয়।।
হেন জানি নৃপ তুমি ভয় পৰিহৰি।
বিৱাহ কৰিয়ো মোক আনন্দিত কৰি।।১০৫০৷৷
যযাতিৰো বাঞ্ছা ভৈল তাহান বচনে।
অধৰ্ম্মত মন মোৰ হৈব কি কাৰণে।।
নিশ্চয়ে জানিলো মোৰ ভাৰ্য্যা হৈব এন্ত।
এহিমনে গুণি ৰাজা নগৰে গৈলন্ত।।১০৫১৷৷
দেৱযানী কান্দিয়া শুক্ৰৰ ঠাই গৈলা।
শৰ্ম্মিষ্ঠা কৰিলা যেন পিতৃত কহিলা।।
দৈত্যগুৰু শুনি মহা মন দুখ ভৈল।
পুৰোহিত কৰ্ম্ম নিন্দা কৰিবাক লৈল।।১০৫২।।
পুৰোহিত কৰ্ম্ম যিটো কৰয় ব্রাহ্মণ।
ব্রহ্মতেজ মানে যশ হৰয় তেখন।।
কপোৱতী বৃত্তিক কৰয় যিটোজন।
তাকে বুলি মহন্ত পৰম সাধুজন।।১০৫৩৷৷
আমিয়ো কৰিব সেহি বৃত্তিক নিশ্চয়।
ইহাৰ থানত থাকিবাৰ যোগ্য নয়।।
দুহিতা সহিতে নগৰৰ বাজ ভৈলা।
দানৱৰ ৰাজা শুনি আতি শীঘ্ৰে গৈলা।।১০৫৪৷৷
গুৰু নাথাকিলে যেৱে ৰাজ্যক মাৰিবে।
লণ্ড ভণ্ড কৰি সৱে মহাদুঃখ দিবে।।
শুক্ৰৰ চৰণে ধৰি ৰাজা মহাশয়।
মহা সকৰুণ কৰি নৃপে বিনাৱয়।।১০৫৫।।
কি কাৰণে গুৰু বাপ এৰি যাহা মোক।
তযু দৰশন বিনে পাইবো মহাশোক।।
তযু শিষ্য জানা মঞি পুত্ৰতো অধিক।
আহ্মাক ছাড়িয়া গুৰু যাহা তুমি কিক।।১০৫৬।
চৰণত পৰি ৰাজা অনেক কান্দিলা।
কোপ গুচি শুক্রঋষি ৰাজাক বুলিলা।।
মোহোৰ নাহিকে ক্রোধ শুনা নৃপবৰ।
দুহিতাৰ মন শান্ত কৰিয়ো সত্বৰ।।১০৫৭।।
দুহিতাক এৰিবাক শক্য নাহিকয়।
দেৱযানী যৈকে যাই যাইবো নিশ্চয়।।
এহি শুনি পাচে বৃষপৰ্ব্বা মহাসন্ত।
গুৰু দুহিতাৰ চৰণত ধৰিলন্ত।।১০৫৮।।
কষ্ট মন এৰি আই হুয়ো সুস্থ মন।
যেহি খোজা সেহি দিবো বুলিলো বচন।।
ছৱালে ছৱালে তুমি কৰিলাহা দ্বন্দ্ব।
এৱে মোক যত লাগে বুলিয়োক মন্দ।।১০৫৯।।
এহিমতে ৰাজা যেৱে প্রার্থনা কৰিল।
দেৱযানী তাঙ্ক চাই বচন বুলিল।।
আন কিছু দ্রব্য জানা মোক নলাগয়।
যিটো লাগে তাক মঞি কহিবো নিশ্চয়।।১০৬০।।
পিতৃ যাতে বিহা দেন্ত মোক মহাৰঙ্গে।
মোৰ দাসী কৰি তযু দুহিতাক সঙ্গে।
সহস্রেক কন্যা সঙ্গে যেৱে মোক দিবা।
তেৱে মঞি তুষ্ট ৰাজা নিশ্চয়ে জানিবা।।১০৬১৷৷
এহি বচনক মোৰ যেৱে তুমি কৰা।
তযু নগৰক যাইবো ইথানৰ পৰা।।
নকৰিলে নযাইবোহো নিশ্চয় নৃপতি।
এহি বাক্য শুনি ৰাজা গুণন্ত সম্প্রতি।।১০৬২।।
পাচে নিজ দুহিতাত ৰাজা পুছিলন্ত।
যি বুলিলা দেৱযানী তাঙ্ক কহিলন্ত।।
দাসী কৰি তোক দেৱযানীয়ে খোজয়।
যি খানি কৰিবা আই কহিয়ো নিশ্চয়।।১০৬৩।।
পিতৃৰ বচন শুনি শর্ম্মিষ্ঠা গুণন্ত।
মঞি বাক্য নকৰিলে গুৰু গুচিৱন্ত।।
গুৰু গুচিলাত দেৱে মাৰিবে নগৰ।।
বন্ধু বান্ধৱৰ দুখ হুইবে বহুতৰ।১০৬৪।
উভয় সঙ্কট দেখি মনত গুণয়।
দাসী ভৈলে মোৰ দুখ হৈবেক নিশ্চয়।।
কেৱলে দুখক মঞি পাইবো একেশ্বৰ।
মোহোৰ নিমিত্তে সুখ হৈব বহুতৰ।।১০৬৫।।
বৃষপৰ্ব্বা নৃপতিক চাই বুলিলন্ত।
শুনিয়োক মোৰ বাক্য পিতৃ মহাসন্ত।।
ভৈলো মঞি দাসী তাত নাহিকে সংশয়।
আহ্মাৰ থানক আনা শুক্রক নিশ্চয়।।১০৬৬।।
শর্ম্মিষ্ঠা বুলিলা যত তাক কহিলন্ত।
শুনি দেৱযানী মহা আনন্দ ভৈলন্ত।।
পিতৃ সমে দেৱযানী লগত লড়িল।
মনত বাঞ্চিলা যত সকলে ফলিল।।১০৬৭।।
দেৱানী পাচে মহা আনন্দিত হুয়া।
সহস্রেক দাসী সমে ফুৰন্ত ক্ৰীড়িয়া।।
শর্ম্মিষ্ঠায়ে দাসী হুয়া ফুৰে তান সঙ্গে।
শুক্ৰৰ দুহিতা আছে মহা মন ৰঙ্গে।।১০৬৮।।
যযাতি ৰাজাক পাচে বিবাহ দিলন্ত।
দৈত্যগুৰু শুক্রে মহা আনন্দ ভৈলন্ত।।
কন্যা হাজাৰেক তান দাসী কৰি দিল।
শুক্রে পাচে এহি বাক্য ৰাজাক বুলিল।।১০৬৯।
মোৰ দুহিতাৰ দাসী সমস্তে জানিবা।
তুমি পুনু শর্ম্মিষ্ঠাৰ শয্যাক নযাইবা।।
শুক্ৰত মেলানি মাগি নগৰক গৈলা।
শুনা পৰীক্ষিত ৰাজা যেন কথা ভৈলা।।১০৭০।।
দেৱযানী সমে পাচে ক্ৰীড়িয়া ফুৰন্ত।
তাহাৰ সঙ্গত ৰাত্রি দিন নজানন্ত।।
এহিমতে যেৱে বহুদিন বহি গৈল।
শুক্র দুহিতাৰ দুই পুত্র জাত ভৈল।।১০৭১।
শ্রেষ্ঠ ভৈল যদু আৰু তুৰ্ব্বসু মহন্ত।
এহি দুই পুত্র দেৱানী জানিলন্ত।।
তাক দেখি শর্ম্মিষ্ঠাৰ মহা দুখ ভৈল।
হৰি হৰি বিধিয়ে আহ্মাক কিনো কৈল।।১০৭২।।
বয়সত একে সম শৰীৰে তৰুণ।
মোত কৰি চাৰ নোহৈ এইৰ ৰূপ গুণ।।
কোননো দুর্য্যোগে হেন অৱস্থা কৰিল।
মোহোৰ যশস্যা মান সমস্তে হৰিল।।১০৭৩৷৷
আনে দাসী ভৈলো মঞি কিনো পাপ কৰি।
এহিমতে খেদ কৰে অনেক সুন্দৰী।।
পৰম লাৱণ্য ৰূপ জগত মোহিনী।
দেখিতে সুন্দৰ আতি কমললোচনী।।১০৭৪।
ৰাজাৰ দুহিতা আতি পৰম পণ্ডিতা।
চৌষষ্ঠি কলাক জানে গুণে অনিন্দিতা।।
ৰহস্য থানত যযাতিক লাগ পাইলা।
মহা সকৰুণভাৱে অনেক বুলিলা।।১০৭৫।
শুনিয়োক নহুষপুত্র গুণে সুমণ্ডিত।
সকলে শাস্ত্ৰত তুমি পৰম পণ্ডিত।।
ঋতু সময়ত মোক কৰিয়ে আলাপ।
পুত্ৰৱন্ত হঞো মঞি গুচোক সন্তাপ।।১০৭৬।।
তোহ্মাক বৰিলো স্বামী লৈয়ো ভাৰ্য্যা কৰি।
এহিবুলি কাপুণ্যক কৰন্ত সুন্দৰী।।
এহিমতে ৰাজাৰ দুহিতা প্রার্থিলন্ত।
সকলে ধৰ্ম্মক জানে যযাতি মহন্ত।।১০৭৭৷৷
শুক্ৰৰ বচন পাচে ৰাজা স্মৰিলন্ত।
আছয় অদৃষ্ট তাক মনে মানিলন্ত।।
ঈশ্বৰৰ ইচ্ছা যিটো হৈবে নিশ্চয়।
এহি গুণি তাঙ্ক ৰমিলন্ত মহাশয়।।১০৭৮।।
কামভাৱ নাহিকয় ৰাজাৰ মনত।
তিনি পুত্ৰ উপজিলা তাহান গৰ্ভত।।
দ্রুহ্য অনু পুৰু এহি তিনি পুত্র ভৈলা।
শুক মহামুনি পৰীক্ষিত আগে কৈলা।।১০৭৯।
দেৱানী জানিলন্ত স্বামিৰ ঔৰসে।
তিনি পুত্র প্রসৱিল মনত হৰিষে।।
শৰ্ম্মিষ্ঠাৰ কৰ্ম্ম দেখি শৰীৰ কাম্পয়।
আতি ক্রোধে দেৱযানী দেখে তমোময়।।১০৮০৷৷
দাসীৰ দেখিয়া কৰ্ম্ম বিপর্য্যয় ভৈল।
পিতৃ যেন বুলিলন্ত সিয়ো বাক্য ৰৈল।।
স্বামীৰ সঙ্গত তিনি পুত্র জন্মিলন্ত।
বৃষপৰ্ব্বা ৰাজা তান দাসীক দিল।।১০৮১।।
অসুৰৰ জীউ এই আৰো মোৰ দাসী।
এইৰ গর্ভে তিনি পুত্র দেখি উঠে হাসি।।
চন্দ্রবংশী ৰাজা মহা পৰম ধার্ম্মিক।
দাসীক হৰয় ইটো জীৱনতো ধিক।।১০৮২।।
পিতৃৰ গৃহক দেৱানী লড়িলন্ত।
আতি কোপে মূৰ্চ্ছা যাই পথত পৰন্ত।।
যযাতিয়ো তান লগে শীঘ্ৰে চলি যান্ত।
পৰম কাকৃতি ভাৱে অনেক বিনান্ত।।১০৮৩৷৷
তোৰ মঞি নিজদাস সতী জানিয়োক।
হেন জানি সতী মোক কৃপা কৰিয়োক।।
উলটি গৃহক যায়ো পতিব্রতা সতী।
কেনমতে মোক নষ্ট কৰিবি সম্প্রতি।।১০৮৪।।
তোহোৰ বচন মঞি কৰিবো নিশ্চয়।
যেহি ধোজা তাকে দিবো নাহিকে সংশয়।।
তোৰ সম প্রাণপ্রিয়া নাহিকয় আন।
আজি সতী তুমি মোক দিয়া প্রাণদান।।১০৮৫।।
কূপত পৰিয়া তুমি আছিলা পূৰ্ব্বত।
পাচে মঞি হস্তে ধৰি তুলিলো তৰত।।
সেহিমতে ময়ো সতী পৰিলো সঙ্কটে।
পশিলো শৰণে ৰাখা পৰম দুর্ঘটে।।১০৮৬।
চৰণত ধৰি ৰাজা কাকৃতি কৰয়।
গৃহক চলিয়ো সতী গুচায়ো সংশয়।।
প্রসন্ন কৰিবে ৰাজা তাঙ্ক নপাৰিলা।
পৰম ক্ৰোধত পিতৃগৃহক চলিলা।।১০৮৭৷৷
দেৱযানী পিতৃৰ আগত কহিলন্ত।
যেনমতে শর্ম্মিষ্ঠাৰ পুত্ৰ জন্মিলন্ত।।
এহি শুনি কুপিত ভৈলন্ত দ্বিজবৰ।
মোৰ বাক্য নাদৰিলা অজ্ঞানী বৰ্ব্বৰ।।১০৮৮।।
স্ত্রীকামে মত্ত হুয়া বাক্য নকৰিল।
মহাক্রোধে ঋষিৰাজ বচন বুলিল।।
এতিক্ষণে হৌক জৰা তোৰ উপস্থিত।
যিটো পাইলে লোকচয় হোৱয় বিকৃত।।১০৮৯৷৷
এহি বাক্য ঋষিৰাজ ক্ৰোধত বুলিলা।
তেতিক্ষণে জৰা গৈয়া ৰাজাত মিলিলা।।
হাত পাৱ কম্পে কেশ দাড়ি পকি গৈল।
নয়নত জল দান্ত লড়িবাক লৈল।।১০৯০৷৷
সোতোৰা সোতৰি ছাল ভৈল সৰ্ব্বগাৱে।
লডিবাক নোৱাৰন্ত পাইল দুখ ভাৱে।।
মনে আছে কাম শৰীৰত বল নাই।
শুক্রক বুলিলা বাক্য পাচে মহাৰায়।।১০৯১।।
তোহ্মাৰ দুহিতা ইটো মহা ঋষিবৰ।
ইহান বিতৃষ্ণা নতু হোৱে হৃদয়ৰ।।
মোৰো মহা বাঞ্ছা আছে শুনা মহামতি।
হেন জানি জৰা দূৰ কৰিয়ো সম্প্রতি।।১০৯২।।
এহি বাক্য শুনি শুক্র ঋষি মহাশয়।
ৰাজাক সম্বোধি বুলিলন্ত বাক্যচয়।।
যাক দিবা জৰা ইটো তাকে লাগি যাইব।
তোহোৰ বয়সে জৰা অৱস্থাক পাইব।।১০৯৩৷৷
এহি বাক্য বুলি শুক্র ঋষিয়ে ৰহিল।
তান বাক্য শুনি ৰাজা আনন্দে পুছিল।।
সৱাহাতে কৰি শ্ৰেষ্ঠ যদু মহাশয়।
তাহাঙ্ক চাহিয়া বাক্য ৰাজায়ে বোলয়।।১০৯৪৷৷
মোৰ জৰা লৈয়ো বাপু তুমি মহাশান্ত।
বয়সক দিয়ো হঞো আনন্দ অত্যন্ত।।
তোৰ মাতামহে হেন কৰিল বিৰূপ।
হে পুত্ৰ কৰ তই সুন্দৰ স্বৰূপ।।১০৯৫।।
বিষয়ত নতু মোৰ মন তৃপ্তি হয়।
তাতেসে কৰোহে তোক কার্পূণ্য নিশ্চয়।।
তোহোৰ বয়সে কত দিন ৰমো মঞি।
হেন জানি বয়সক দিয়োক পুতাই।।১০৯৬।
যদুয়ে বুলিলন্ত শুনা পিতৃ মহাশয়।
ইমত যাতনা কোনে ভুঞ্জিবে পাৰয়।।
নপাৰোহো মঞি জানা জৰাক লৈবেক।
এহিমতে যেৱে যদু বাক্য বুলিলেক।।১০৯৭।।
তুৰ্ব্বসুক পুছিলন্ত ৰাজা মহাসন্ত।
দিয়ো বয়সক বাপু কাতৰ কৰন্ত।।
তেহে নেদিলন্ত দেখি পুছিল দ্রুহু্যত।
বয়সক দিয়ে হুইবো উৎসৱ মনত।।১০৯৮।।
তেহো যেৱে নকৰিলা অনুত পুছিলা।
পিতৃৰ বাক্যত তেহো মনত নেদিলা।।
চাৰি পুত্রে যেৱে তান বাক্য নকৰিলা।
অধৰ্ম্মত মতি তান নিশ্চয়ে জানিলা।।১০৯৯৷৷
অনিত্য যৌৱন ইটো যাইবেক নিশ্চয়।
আতো নিত্য বুদ্ধি কৰে যিটো দুৰাশয়।।
এহি শুনি ৰাজা পাচে কনিষ্ঠ পুত্রত।
পুছিলন্ত হুয়া আতি হৰিষ মনত।।১১০০।।
শুনা পুত্ৰ পুৰু তই পণ্ডিত পৰম।
বয়সত অনু তোক কেৱে নুহি সম।।
শ্রেষ্ঠ ভ্রাতৃসৱে মোৰ বাক্য নকৰিল।
মঞি পিতৃ মোৰ মহা আশাক ছেদিল।।১১০১।।
সিমত কৰিবে তোৰ যোগ্য নুহিকয়।
মোহোৰ বচন বাপু কৰিতে লাগয়।।
এহিমতে যযাতিয়ে প্রার্থনা কৰিল।
পিতৃক চাহিয়া পুৰু বুলিবে লাগিল।।১১০২।।
হে মনুষ্যৰ ইন্দ্র পিতৃ মহাসন্ত।
দেহকৰ্ত্তা পিতৃ যিটো পৰম মহন্ত।।
তান উপকাৰ কোনে সুজিবে শকত।
মঞি মনে বিচাৰিয়া নেদেখো লোকত।।১১০৩৷৷
যাৰ প্রসাদত পাই পৰম পদক।
নকৰিবে কোন জনে পিতৃৰ বাক্যক।।
পিতৃ চিন্তিলাত কৰ্ম্ম যিটো জনে কৰে।
সেহিসে উত্তম পুত্ৰ সংসাৰত তড়ে।।১১০৪।।
পিতৃ বুলিলাত যিটো কৰে কৰ্ম্মচয়।
মধ্যম বুলিয়া তাক জানিবা নিশ্চয়।।
অশ্রদ্ধায়ে কৰে যিটো পিতৃ বুলিলাত।
অধম বুলিয়া তাক জানিবা সাক্ষাত।।১১০৫।।
বুলিলেয়ো নকৰয় যিটো পুত্রগণ।
যেন বিষ্ঠা প্রায় সিটো অধম দুৰ্জ্জন।।
এহি বাক্য বুলি পুৰু আনন্দিত মনে।
পিতৃৰ জৰাক লৈল অনেক যতনে।।১১০৬।।
তেতিক্ষণে তান যুৱা অৱস্থা গুচিল।
শৰীৰ বিৱৰ্ণ মহা মলিন পৰিল।।
তাহান বয়সে ৰাজা ভোগ কৰিলন্ত।
সপ্তদ্বীপা বসুমতী তেন্তে পালিলন্ত।।১১০৭।
পুত্ৰৱতে প্রজাগণ পালিলা নৃপতি।
যেহি মনে বাঞ্ছা ভোগ কৰন্ত সম্প্রতি।।
দেৱযানী সুন্দৰীৰ তৃপিতি কৰন্ত।
কায় বাক্য মনে আতি আনন্দ দেন্ত।।১১০৮।।
অনেক বস্তুক দিয়া মনক পূৰন্ত।
অনুক্ষণে প্রীতি আতি বাঢ়য় অত্যন্ত।।
ৰহস্য থানত নানা পৰিহাসচয়।
অন্যোঅন্যে প্রীতি আতি আনন্দে কৰয়।।১১০৯।।
নানাবিধ যজ্ঞে ঈশ্বৰক যজিলন্ত।
বিস্তৰ দক্ষিণা বিপ্ৰসৱক দিলন্ত।।
সৰ্ব্বদেৱময় হৰি প্ৰভু ভগৱন্ত।
সৰ্ব্বদেৱময় কৃষ্ণ তাঙ্কে পূজিলন্ত।।১১১০৷৷
যাত ইটো বিশ্বখান দেখি মায়াময়।
আকাশৰ মেঘসৱ দেখি যেন নয়।।
স্বপ্ন মনোৰথ নানাৰূপ প্ৰকাশয়।
স্বৰূপত ৰাজা মিছা জানিবা নিশ্চয়।।১১১১।।
সেহি বাসুদেৱক হৃদয়ে স্থিত কৰি।
সমস্তৰে অন্তৰ্য্যামী ভগৱন্ত হৰি।।
নাৰায়ণ বুলি যাক মহন্তে কহয়।
তাঙ্কে যজ্ঞে যজিলন্ত ৰাজা মহাশয়।।১১১২।।
এহিমতে সহস্র বৎসৰ বহি গৈল।
অনেক বিষয় ভোগ যযাতিয়ে কৈল।।
তথাপিতো ইন্দ্ৰিয়ৰ তৃপ্তি নাহিকয়।
যেন ঘৃত দিলে অগ্নি অধিকে বাঢ়য়।।১১১৩৷৷
শুনা সভাসদ মহাভাগৱত পদ।
এহিসে খণ্ডাইবে পাৰে সংসাৰ আপদ।।
বিষয়ৰ তৃষ্ণা নভৈলেক যি জনৰ।
সংসাৰ তৰণ তাৰ পৰম দুষ্কৰ।।১১১৪।।
মহন্তৰ সঙ্গে হৰি কথাক শুনয়।
তাহাৰেসে কৰ্ম্ম জানা সাফল হোৱয়।।
হে কৃষ্ণ প্রাণপ্রভু পশিলো শৰণে।
বিষয়ক স্মৰে মাত্ৰ নিৰন্তৰে মনে।।১১১৫।।
ই জন্মত মোৰ জানো নভৈল তড়ন।
কেতিক্ষণে মোৰ আসি মিলিবে মৰণ।।
তযু নাম মোহোৰ মুখত নাহিকয়।
পশুতো অধম পশু মঞি দুৰাশয়।।১১১৬।।
আপুনি কৰিছো ত্রাণ মোৰ আশা এৰি।
সামাজিক লোকে ডাকি বোলা হৰি হৰি।।১১১৭।।
...........
।।যযাতিৰ শ্ৰেষ্ঠ গতি লাভ।।
।।দুলড়ী।।
শুক নিগদতি শুনা কুৰুপতি
পাচে যেন কথা ভৈলা।
ধার্ম্মিক যযাতি স্বধৰ্ম্মত ৰতি
বুলিবাক ৰাজা লৈলা।।
যযাতি কহন্ত মনত গুণন্ত
স্ত্রীজিত মঞি ভৈলো।
মঞি মহাপাপী নজানি যদ্যপি
অধোগতি হেৰা গৈলো।।১১১৮।।
মহা বিৰকতি মিলিল সম্প্রতি
প্রিয়াক বুলিবে লৈল।
শুনা দেৱযানী কহঞো তোহ্মাক
যিমত কথা মিলিল।।
আমিসৱ হেন দুর্জ্জন জনক
মহাজনে শোক কৰে।
হৰি হৰি ইটো অধম দুর্জ্জন
সংসাৰ তাপত মৰে।।১১১৯৷৷
দুর্জ্জনে হাসয় মহন্তে কৰয়
আহ্মাক লাগিয়া তাপ।
মোহোৰ নিস্তাৰ নাহিকয় আৰ
পৰম অনিষ্ট পাপ।।
আপোনাক লক্ষ্য কৰিয়া যযাতি
বুলিবাক লাগিলন্ত।
বনত ফুৰয় ছাগ মহাশয়
আতি বৰ বলৱন্ত।।১১২০৷৷
কামে আপোনাৰ সুখক বিচাৰি
ফুৰয় বৃহৎ ছাগ।
কূপত পৰিছে ছাগলীক দেখি
শীঘ্ৰে গৈয়া লৈলা লাগ।।
নিজ কর্ম্মে ছাগী পৰিছে গৰ্ত্তত
তুলিবাক সিটো চাৱে।
মনত গুণয় কিমতে ছাগীক
তুলিবে বুদ্ধি নপাৱে।।১১২১।।
দীর্ঘ দাড়িচয় তাঙ্ক জোঙ্কাৰন্ত
বক বক কতো কৰে।
কামে উনমত ছাগল চৰিত্ৰ
উচ পিচ কৰি মৰে।।
বলৱন্ত বৰ শৰীৰে সুদৃঢ়
কামে মহা অন্ধ ভৈলা।
শৃঙ্গ আগে সিটো ডহায়া ডহায়া
পাৰ খসাইবাক লৈলা।।১১২২৷৷
দুর্জ্জন ছাগল বুদ্ধিত পাগল
তমোগুণ পশুজাতি।
শিঙ্গক ভাঙ্গিৱে নাহিকয় ভয়
মাটিক খানয় আতি।।
ভৰি আঞ্চোৰয় শিঙ্গ ঘষাৱয়
ভালুকে যেন খানয়।
যেন তেন কৰি ছাগীক তুলিল
ৰঙ্গ ভৈলা আতিশয়।।১১২৩৷৷
ছাগীয়ো তাহাৰ মহিমা দেখিয়া
ধৰিলেক স্বামী কৰি।
দুইতো দুইৰ মহা পীৰিতি বাঢ়য়
ৰতিসুখে মন পূৰি।।
তাই সমে ছাগ আনন্দে ৰময়
দেখি আন ছাগীগণে।
পৰম আনন্দে পতি কৰি সৱে
বৰিলেক ৰঙ্গমনে।।১১২৪।।
পুষ্ট কলেৱৰ দেখিতে সুন্দৰ
দাড়িচয় বহুতৰ।
ৰতিক কৰিবে জানে বহুবিধ
সকলতে শ্রেষ্ঠতৰ।।
ছাগ একেশ্বৰ ছাগী বহুতৰ
সৱাৰে আনন্দ কৰে।
কালে গ্রস্ত মন তাতে বদ্ধ হুয়া
ক্রীড়ৈ ছাগীগণ তৰে।।১১২৫।।
মহা শ্রেষ্ঠতম দেখি নিৰুপম
পূৰ্ব্বৰ যিটো ছাগিনী।
আন ছাগী সমে ক্রীড়িবাক দেখি
পাতিলা পাচে বিঘিনি।।
তাই বোলে ইটো দু্ৰ্জ্জন ছাগল
একেতিলে মোক এৰি।
আন ছাগী সমে আতি মনোৰমে
ফুৰৈ ইটো ক্রীড়া কৰি।।১১২৬৷৷
ছাগক এড়িয়া তেতিক্ষণে তাই
গৈলা গৃহস্থৰ পাশ।
অনেক কার্পূণ্য কৰিয়া ছাগল
তাইৰ নপাইলন্ত আশ।।
ছাগল দুৰ্জ্জন কৰি কষ্ট মন
থোস মোস কৰি ৰৈল।
ছাগী গৈয়া পাচে গৃহস্থৰ আগে
সকলে বৃত্তান্ত কৈল।।১১২৭৷৷
শুনি পাচে ক্রোধে এক দ্বিজবৰে
অণ্ডকোষ ছেদিলেক।
বোলে যো নো আৰ ছাড়িয়া নযাস
তাক খাসি কৰিলেক।।
পথতো চলিবে নপাৰয় দুখে
বাক্য নাসে মুখে যেৱে।
মন্ত্রকো জানয় যিটো কাটিছয়
অণ্ডকো জোৰাইল তেৱে।।১১২৮।।
.........
।।ছবি।।
শুনিয়োক দেৱযানী পাচে ছাগ মহামানী
যাক কূপে লভি সিটো আছে।
সেহি ছাগী সমন্বিতে কৰৈ ভোগ একচিতে
পৰম আনন্দ মনে আছে।।
কাল গৈলা বহুতৰ সিটো ছাগ বৰবৰ
তথাপিতো মনে তুষ্ট নাই।
সেহিমত ভৈলো মঞি প্রাণপ্রিয়া শুন তই
নাৰীসকলৰ সঙ্গ পাই।।১১২৯।।
কূপত আছিলি পৰি তোহোক আনিলো তুলি
আনন্দে ৰহিলো কত কাল।
শর্ম্মিষ্ঠাৰ সঙ্গে মোৰ প্রীতি বাঢ়িবাৰ দেখি
পিতৃগৃহে গৈলি সেহি তাল।।
ঋষি শুনি এহি কথা শাপ দিল মোক তথা
জৰা আসি পাইলেক তেখনে।
কাতৰ কৰিলো পাচে ঋষি শুদ্ধ মন হুয়া
বুলিলন্ত মোক ৰঙ্গমনে।।১১৩০৷৷
আনক দিয়োক জৰা পাচে আসি দিলো মঞি
যুবা হুয়া ফুৰো বহুকাল।
তথাপিতো মোৰ মনে তৃপিতিক নপাই দেখো
কেনমতে হৈব মোৰ ভাল।।
ছাগৰ কথাক তোত কহিলোহো দেৱযানী
সৱে কথা মোহোত নিশ্চয়।
পৰম নিলাজ আতি মহাপাপী আত্মঘাতী
নেড়াইলোহো সংসাৰৰ ভয়।।১১৩১।।
তোহোৰ মায়ায়ে হেৰা আত্মাক পাসৰি মঞি
দেহত ভৈলেক আত্মবোধ।
কামাতুৰ যেন ভৈলে সংসাৰৰ দ্রব্যে তাক
নকৰয় কিঞ্চিতো সুবোধ।।
যিটোজন কামাতুৰ তাহান মনক দেখো
পূৰণ নাহিকে একো কালে।
অগ্নি যেন ঘৃত পাই আতি শীঘ্ৰে বাঢ়ি যায়
তাৰ তৃষ্ণা নাহি জানা ভুলে।।১১৩২।।
শুনা সভাসদগণ ভজিয়োক জনার্দ্দন
বিষয় সুখক পৰিহৰি।
কালে ধৰে কেতিক্ষণ তাক নকৰাহা মন
নিবে একেতিলে চুলে ধৰি।।
জানি এৰা আন কাম লৈয়ো সদা হৰিনাম
হৃদয়ত ধৰা হৰিৰূপ।
আতি অপ্ৰয়াস কৰি পাইবাহা বৈকুণ্ঠ পুৰী
নিস্তাৰিয়ো ইটো ভৱকূপ।।১১৩৩৷৷
নমো নমো নাৰায়ণ নিৰাকাৰ নিৰঞ্জন
চিদানন্দ সদানন্দ হৰি।
যদুবংশে ছদ্ম হুয়া অৱতৰি যদুৰায়
প্রকাশিলা গুণ ভৰিপুৰি।।
যেন দিবাকৰে আসি পদ্মবন প্রকাশয়
যদুবংশ কৃষ্ণে প্রকাশিলা।
যাৰ যশ গুণচয় মুকুতিকো বিড়ম্বয়
জগতক যিটো নিস্তাৰিলা।।১১৩৪।।
তাহান চৰণে হেৰা লক্ষ কোটি কৰে সেৱ
যেন নপাৰসো তান নাম।
তাহানেসে ৰূপ মোৰ হৌক হৃদয়ত সদা
আনমনে নাহিকয় কাম।।
কৃষ্ণৰ কিঙ্কৰ দীন কেশৱ পামৰ হীন
আন বিষয়ত এৰা কাম।
সংসাৰ তড়