top of page

  ।।শ্রীমদ্ভাগৱত।।

                   ।।পঞ্চম স্কন্ধ৷৷

                    ।।শ্রীকৃষ্ণায় নমঃ।।

                      ।।মঙ্গলাচৰণ।।

                          ।।পদ।।

জয় জয় কৃষ্ণ প্রভু নিত্য নিৰঞ্জন।

জীৱৰ জীৱন নমো দৈৱকনন্দন।।

ত্রিদশ বন্দন নমো নমো জনাৰ্দ্দন।

অসুৰমৰ্দ্দন নমো শ্রীবৎসলাঞ্ছন।।১।।

দনুজ দমন নমো কংস বিনাশন।

চাণুৰ নাশন নমো দৈৱকীনন্দন।।

জগত তাৰণ নমো শিৱ সনাতন।

কমললোচন নমো পাপ বিমোচন।।২।।

মোৰ মহাগুৰু প্রভু তুমি হৃষীকেশ।

হৃদয়ত থাকি মোক দিয়া উপদেশ।।

বিৰচিবো পঞ্চম স্কন্ধৰ কথা সাৰ।

হৌক পদ তৱ পদপ্রসাদে প্রচাৰ।।৩৷৷

........

 

   ।।ভক্তি ধৰ্ম্মৰ মহত্ব।।

 

শুনা সভাসদ ইটো কথা মনোহৰ।

অমৃততোধিক লীলাচৰিত্ৰ কৃষ্ণৰ।।

শ্ৰৱণ অঞ্জলি ভৰি কৰা নিতে পান।

লভিবা ভকতি পাইবা বসুৰ প্ৰমাণ।।৪।।

মোৰ পদ বুলি নকৰিবা অনাদৰ।

অদ্ভুত মহিমা শুনা কৃষ্ণ চৰিত্ৰৰ।।

পৰম অন্ত্যজে গাৱে গুণ নাম যত।

তাক শুনি হোৱে নৰ পৰম পৱিত্ৰ।।৫।।

পৰম নিৰ্গুণ বিধি নিষেধৰ হিত।

নবাছয় জাতি অজাতিক কদাচিত।।

ইদেশত পূৰ্ব্বে হেন নাছিল ভকতি।

নানা হিংসা কৰি লোক যায় অধোগতি।।৬।।

পাচে দৈৱগতি আসি কৃষ্ণৰ কৃপাত।

নামত শঙ্কৰদেৱ জন্মিলা সাক্ষাত।।

অল্প বয়সতে জগন্নাথ ক্ষেত্রে গৈলা।

বহুদিন তৈতে হৰিচৰণ সেৱিলা।।৭।।

জন্মাতে পাইলন্ত জ্ঞান ভকতি বিশেষ।

আজ্ঞা পায়া পাচে আসিলন্ত নিজ দেশ।।

নানা দেশহন্তে সৱে পণ্ডিত আসিলা।

ভাগৱত দুগ্ধময় সাগৰ মন্থিলা।।৮।।

অমৃতৰ ভাণ্ড ভক্তি উদ্ধাৰিয়া আনি।

পিয়াইলা লোকক সৱে স্নেহত আপুনি।।

আছিল মাধৱ দাস তান মুখ্য শিষ্য।

পৰম বৈষ্ণৱ সদা পণ্ডিত বিশিষ্ট।।৯।।

নকৰিলে বিহা কৰি ইন্দ্রিয় নিগ্রহ।

সম্বন্ধত আমাৰ কনিষ্ঠ পিতামহ।।

তান অনুসঙ্গে মোৰ দ্ৰৱিল হৃদয়।

কৃষ্ণৰ চৰণে মঞি গৈলোহো বিক্রয়।।১০৷৷

চোৰাতত লাগে যেন মলয়াৰ বাৱ।

চন্দনেসে হৱে কিন্তু কন্দুৱাৱে গাৱ।।

সেহিমতে ভক্ত সঙ্গে হৰিকো ভজিলো।

বিষয় বিষত থাকি সেৱা নকৰিলো।।১১।।

হে কৃষ্ণ প্রভু মোক কৰিয়ো উদ্ধাৰ।

সেৱাচোৰ মোক দায়া কৰা একবাৰ।।

সুখে দুখে মুখে মোৰ নাম নছাড়োক।

ভণে অনিৰুদ্ধে সৱে ৰাম বুলিয়োক।।১২৷৷

ই কথা থাকোক আৱে শুনিয়ো প্রস্তুত।

পঞ্চম স্কন্ধৰ ইটো কথা অদভুত৷৷

যাহাক শুনিলে হোৱে কৃষ্ণত ভকতি।

দেহা অৱসানে হৱে বৈকুণ্ঠত স্থিতি।।১৩।।

ই শাস্ত্রত কহে এক দৈৱকীনন্দন।

এক ধৰ্ম্ম কহে তান শ্ৰৱণ কীৰ্ত্তন।।

তাহান সেৱাক এক ধৰ্মক বোলয়।

মহন্তৰ সঙ্গ এক পুৰুষাৰ্থ কয়।।১৪৷৷

আন যত দেখা শুনা সৱে মায়াময়।

কৃষ্ণেসে পৰম ৰত্ন জানিবা নিশ্চয়।।

হেন জানি কৃষ্ণৰ চৰণে দিয়া চিত।

নাহি আন ধৰ্ম্ম জানা দুর্ঘোৰ কলিত।।১৫।।

পৰীক্ষিত নৃপে পাচে পুছন্ত শুকত।

শুনিলো কৃষ্ণৰ কথা তোহ্মাৰ মুখত।।

যতেক শুনোহো মোৰ শান্ত নাহি মনে।

নখণ্ডে তৃপিতি যেন অমৃত ভোজনে।।১৬।।

কোটি পুৰুষৰ মোৰ আছে মহাভাগ।

এতেক তোহ্মাক সুধিবাক পাইলো লাগ।।

হৰিৰেসে কৃপা ইটো জানিলো নিশ্চিত।

মৰণ বেলাত যাতো তুমি উপস্থিত।।১৭।।

কহিলা চতুর্থ স্কন্ধ কথা মনোনীত।

পুৰঞ্জন উপাখ্যান সতীৰ চৰিত।।

পৃথু নৃপতিৰ কথা আতি মনোহৰ।

উত্তান পুত্ৰৰ কথা ধ্ৰুৱ কুমাৰৰ।।১৮||

চাৰিগোটা কথা ইটো অমৃত সমান।

গোৱিন্দ দেৱতা বিনে নকহিলা আন।।

মহন্তৰ সঙ্গে তাত কৰিবে ভকতি।।

ছিণ্ডিৱে সংসাৰ দুঃখ লভিবে মুকুতি।।১৯৷৷

চতুর্থ স্কন্ধৰ তাৎপৰ্য্য এহিমান।

পঞ্চম স্কন্ধক আৱে কৰিবো ব্যাখ্যান।।

.......

 

  ।। প্রিয়ব্রতৰ জ্ঞাননিষ্ঠা।।

 

আছিলন্ত প্রিয়ব্রত ৰাজা শিৰোমণি।

পৰম বৈষ্ণৱ যাক জগতে বখানি।।২০৷৷

নাৰদত লভিল ঈশ্বৰ মহাজ্ঞান।

কৃষ্ণৰ চৰণ বিনে নিচিন্তিল আন।।

আত্মাৰাম জগতকে দেখে বিষ্ণুময়।

দেহতে এৰিল অভিলাষ মহাশয়।।২১৷৷

হেন মহাপুৰুষ নৃপতি মহামতি।

গৃহান্ধকূপত তান কেনে হুইবে গতি।।

কৰ্ম্মজড়ী বান্ধি দুখ লভি নানা মত।

জানিও পড়িল কেনে হেন সংসাৰত।।২২৷৷

মহন্তৰ হেন কৰ্ম্ম নুহিকে উচিত।

তথাপি কৃষ্ণত তান প্ৰৱেশিল চিত৷৷

বিষয়ত থাকি কেনে লভিলা ভকতি।

ছেদিয়োক গুৰু মোৰ সংশয় সম্প্রতি।।২৩৷৷

ৰাজাৰ বচন হেন শুনিলন্ত শুকে।

কহিবাক লৈলা কথা পৰম উৎসুকে।।

যি কথা পুছিলা তুমি সত্য ইটো বাণী।

বিষয় লম্পট যিটো দেহ অভিমানী।।২৪।।

হৃদয়তে থাকি তাৰ দূৰ ভগৱন্ত।

গৃহতে থাকিয়া তড়ে যি পুনু মহন্ত।।

গোৱিন্দ পদাৰৱিন্দ মকৰন্দ পানে।

গুচিল মনৰ তাৰ মল অনুক্ষনে।।২৫।।

কৃষ্ণৰ আজ্ঞাক মানি কৰে কৰ্ম্ম যত।

আসকতি নকৰয় বিষয় সুখত।।

কদাচিতো মন্দ তান নাহি একোকালে।

বিষয় বাসনা তাক কি কৰিতে পাৰে।।২৬।।

যদি কদাচিতো আত ভকতি কৰন্ত।

বিষয় বিঘিনি তাত ৰাখা ভগৱন্ত।।

এতেকে জানিবা ৰাজা কহো সাৰেসাৰ।

মন্দ নাহি একো কালে কৃষ্ণ ভকতৰ।।২৭।।

প্রিয়ব্রত ৰাজাৰ পুছিলা যেন কথা।

শুনিয়োক বাপু কহো তাহাৰ ব্যৱস্থা।।

নাৰদৰ পদসেৱা কৰিলা বিস্তৰ।

মহাভাগৱত ৰাজা জ্ঞান তত্ত্বপৰ।।২৮।।

কুমাৰ কালতে গন্ধমাদন গিৰিত।

পাতিলন্ত ব্রহ্মসত্ৰ থিৰ কৰি চিত।।

ধ্যান ধাৰণাত কৰি জ্ঞানক অভ্যাস।

নাৰদো নযান্ত এৰি নৃপতিৰ পাশ।।২৯।।

পৰম সুদৃঢ় ভক্তি ভৈল গোৱিন্দত।

বিষময় দেখে ৰাজা সমস্ত জগত।।

পুত্ৰৰ দেখিয়া হেন অদভুত ভাৱ।

স্বায়ম্ভূৱ মনু আসিলন্ত সেহি ঠাৱ।।৩০৷৷

পিতৃক দেখিয়া ৰাজা উঠিলা তেখনে।

পাদ্য অর্ঘ্য দিয়া পাছে নমিলা চৰণে।।

স্বায়ম্ভুৱ মনু বুলিলন্ত মুখ চাই।

তুমি হেন তনয়ক কত পুণ্যে পায়।।৩১।।

মহাগুণৱন্ত শান্ত বলবন্ত ধীৰ।

তিনিও লোকত নাহি তুমি সম বীৰ।।

কৰিয়োক ৰাজ্য বাপ মোহোৰ বচনে।

তুমি বিনে ৰাজা হৈবে আন কোন জনে।।৩২।।

হেন শুনি প্রিয়ব্রতে বুলিলন্ত বাক।

নকৰিবো ৰাজ্য মঞি কহিলো তোহ্মাক।।

মিছা ৰাজ্য সুখ আত নাহি প্রয়োজন।

পৰাভৱ বিস্তৰ লভিলো অকাৰণ।।৩৩৷৷

সেৱা কৰি থাকিবোহো কৃষ্ণৰ চৰণে।

আপোনাৰ কৰ্ম্মবন্ধ ছিণ্ডিবো আপুণে।।

নৈৰাশ বচন হেন শুনিয়া পুত্ৰৰ।

কিছু নুবুলিলা স্বায়ম্ভূৱ নৃপবৰ।।৩৪।।

ইসৱ বৃত্তান্ত ব্রহ্মা জানিলা ধিয়ানে।

সত্যলোক হন্তে চলিলাহা হংসযানে।।

সিদ্ধমুনি গন্ধৰ্ব্ব কিন্নৰ চাৰি বেদ।

চলিল লগত সৱে নাহি ব্যৱচ্ছেদ।।৩৫৷৷

ঠাই ঠাই পূজা কৰে দেৱগণ যত।

এহিমতে পাইলা গন্ধমাদন পৰ্ব্বত।।

হেন দেখি দেৱঋষি আতি ৰঙ্গমনে।

প্রিয়ব্রত স্বায়ম্ভু মনুক লৈয়া সঙ্গে।।৩৬।।

আগবাঢ়ি প্রণাম কৰিলা দণ্ডৱতে।

পাদ্য অর্ঘ্য আচমনি দিলা অব্যাহতে।।

পাচে প্রিয়ব্রতে গোৱিন্দক মনে ধৰি।

ব্ৰহ্মাৰ আগত ৰৈলা কৃতাঞ্জলি কৰি।।৩৭।।

পাচে ব্রহ্মাদেৱে তাঙ্ক বুলিলা বচন।

শুনা শুনা বাপু মোৰ কুলৰ নন্দন।।

মোক আদি কৰি দেখা যত সভাসদ।

পিতা পুত্র তোৰা দুয়ো অপৰ নাৰদ।।৩৮।।

ঈশ্বৰৰ আজ্ঞায়ে আমি কৰো যত প্রাণী।

তাৰেসে আজ্ঞাত আমি বোলো নিষ্ঠ বাণী।।

অসূয়া এৰিয়া আজ্ঞা কৰিবে উচিত।

হুয়োক নৃপতি বাপ তুমি পৃথিৱীত।।৩৯৷৷

হেন নতু দেখো মঞি ই তিনি ভুৱনে।

কৃষ্ণৰ আজ্ঞাক ভঙ্গ কৰে কোন জনে।।

জনম মণ যত কৰ্ম্ম আচৰয়।

শোক মোহ সুখ দুঃখ যতেক আছয়।।৪০।।

ঈশ্বৰ ইচ্ছায়ে হৱে সংযোগ বিয়োগ।

নুহিকা স্বতন্ত্র আমি যত জীৱ লোক।।

নাক বিন্ধা বলধ যতেক জীৱচয়।

বর্ণাবর্ণ ভেদ তাৰ অনেক আছয়।।৪১।।

ঈশ্বৰৰ বেদজড়ী স্তম্ভ দৃঢ়তৰে।

তিনিগুণ জড়ী তাতে বান্ধিলা ঈশ্বৰে।।

ৰাত্রি দিনে বহে ভাৰ বলধি পৰায়।

মিলে কৰ্ম্মফল আসি ঈশ্বৰ ইচ্ছায়।।৪২।।

শ্রম মাত্র পাঞো আমি যত জীৱগণ।

আসি গৰু গোৰক্ষ ভৈলন্ত নাৰায়ণ।।

গুণ কৰ্ম্ম সঙ্গে সুখ দুঃখ হোৱে জাত।

ঈশ্বৰেসে কৰ্ত্তা তাক জানিবা সাক্ষাত।।৪৩৷৷

আত্মাৰ নাহিকে সুখ দুঃখ কদাচিত।

দেহৰেসে ধৰ্ম্ম ইটো জানিবা নিশ্চিত।

স্বীকাৰ কৰিয়া তাত পৰে সংসাৰত।

ইহাৰ দৃষ্টান্ত আৱে শুনা যেনমত।।৪৪৷৷

যেন এক অন্ধলাক চক্ষু থকা জনে।

ছাঁয়াত বৈসাৱে কতো ৰৌদ্র বৰিষণে।।

এহিমতে সুখ দুঃখ ঈশ্বৰ ইচ্ছায়।

আৰো শুনিয়োক বাপ কহো অভিপ্রায়।।৪৫৷৷

বুলিবা জীৱন মুক্ত হৱে কি কাৰণে।

সুখ দুঃখ নানা ভোগ কৰন্ত যতনে।।

তাহাৰ উত্তৰ আৱে শুনিয়োক তাত।

অভিমান নাই তাৰ বিষয় চেষ্টাত।।৪৬৷৷

প্ৰাৰব্ধ বুলিয়া সৱে ভুঞ্জন্ত ভুকুতি।

দেহ অৱসানে সৱে লভন্ত মুকুতি।।

ইহাৰ দৃষ্টান্ত আৱে শুনিয়োক তাত।

যেন পুৰুষেক শুতি আছিল শয্যাত।।৪৭।

স্বপ্ন দেখিল নানা সিংহ ব্যাঘ্ৰচয়।

জাগিলে কি আছে তাত পুৰুষৰ ভয়।।

যদি বোলা গৃহতে থাকিয়া যোগীগণে।

অভিমান শূন্য তাৰ হৈবেক কমনে।।৪৮৷৷

তাহাৰ উত্তৰ দিঞো শুনা মোৰ বাক।

গৃহে কি কৰিবে যিটো জানিলে আত্মাক।।

ইন্দ্রিয়ক নদমিয়া কৰে বনবাস।

সংসাৰ ভয়ত সিটো হৱে সৰ্ব্বনাশ।।৪৯৷৷

গৃহতে থাকিয়া আগে ইন্দ্রিয় দমিব।

কিছু কিছু কৰি পাচে ভোগ্য বিসৰ্জ্জিব।।

বিৰক্তি মিলিলে পাচে পৰ্য্যটিব ভূমি।

দৃষ্টান্ত বুজাঞো তাক শুনিয়োক তুমি।।৫০৷৷

গর্তত থাকিয়া যেন প্রহাৰয় শৰ।

শত্রুগণ জিনি হৱে সুস্থ কলেৱৰ।।

সেহিমতে কৃষ্ণপদ কৰিয়া আশ্রয়।

ইন্দ্রিয়গণক জিনিয়োক মহাশয়।।৫১।।

গৃহ শৰীৰত এৰিয়োক আসকতি।

হৰিৰ আজ্ঞাত বাপ হৈয়োক নৃপতি।।

..........

 

   ।।প্রিয়ব্রতৰ ৰাজ্য শাসন৷৷

 

শুক নিগদতি শুনিয়োক মহাৰাজ।

হেন যদি ব্রহ্মা তাঙ্ক বুলিলন্ত কাৰ্য।।৫২।।

আজ্ঞা শিৰে ধৰি প্রিয়ব্রতে সেহিক্ষণে।

কৰিববাহো ৰাজ্য বুলি নমিলা চৰণে।।

তোহ্মাৰ বাক্যক লঙ্ঘিবাৰ শক্য নাই।

কৰিবো তোহ্মাৰ বাক্য বুলিলো নিশ্চয়।।৫৩।।

হেন শুনি ব্রহ্মা আতি ৰঙ্গ ভৈলা মনে।

প্রশংসিলা নাৰদ ৰাজাক সেহিক্ষণে।।

স্বায়ম্ভু মনুৰ আনন্দৰ সীমা নাই।

পুত্ৰক দিলন্ত ৰাজ্য আনন্দ বঢ়ায়।।৫৪।।

সৱে মিলি ব্রহ্মাক পূজিলা ৰঙ্গমনে।

নিজ স্থানে গৈলা ব্রহ্মা চড়ি হংসযানে।।

বিষময় বিষয়ক জানি মনে পাচে।

তেজি সুখ ভোগ ৰৈলা গোৱিন্দৰ কাছে।।৫৫।।

প্রিয়ব্রত ৰাজা ভৈল ত্রিভুৱনে সাৰ।

সপ্তদ্বীপা বসুমতী যাৰ অধিকাৰ।।

বৰ বৰ ৰাজা যত আছে মহীতলে।

পশিলা শৰণ তান চৰণ কমলে।।৫৬।।

প্রচণ্ড প্রতাপ শত্রুগণ ক্ষয়ঙ্কৰ।।

ধনুৰ টঙ্কাৰে কম্পি গৈলা সুৰাসুৰ।।

একৰথে আসিলন্ত ৰাজা অব্যাহত।

লোকালোক সীমা কৰি তিনিও জগত।।৫৭।।

ঈশ্বৰৰ আজ্ঞা ইটো হেন মানি মনে।

লৌকিক বৈদিক কৰ্ম্ম কৰন্ত আপুনে।।

আসকতি নকৰন্ত বিষয় সুখত।

ৰাত্রি দিনে গোৱিন্দক চিন্তন্ত মনত।।৫৮৷৷

মহন্তক পাইলে তাক কৰে বহুমান।

যেই যিবা বস্তু খোজে তাকে দেই দান।।

অসাঞ্চিত ধন হেন জানিয়া নৃপতি।

দুঃখী ভিক্ষী দেশান্তৰী পূজন্ত অতিথি।।৫৯।।

মহাসুখী ভৈলা ৰাজা হৰিৰ সেৱাত।

কৰ্ম্মবন্ধ ছিণ্ডি ভৈলা মুকুত সাক্ষাত।।

আত অনন্তৰে বিশ্বকৰ্ম্মাৰ দুহিতা।

কৰিলা বিৱাহ তাঙ্ক আতি আনন্দিতা।।৬০।।

নামে বৰ্হিষ্মতি সতী স্বামীত ভকতি।

ৰাজাৰ পৰম স্নেহ ভৈলা তাঙ্ক প্রতি।।

ৰূপে গুণে ৰাজাক মুহিলা বৰনাৰী।

মহিমাত নৃপতি আছন্ত ৰাজ্য কৰি।।৬১৷৷

তাহাৰ গৰ্ভত দশ পুত্র ভৈল জাত।

ৰূপে গুণে ৰাজা সৱে জগতে প্রখ্যাত।।

উৰ্জ্জ্বস্বতী নামে এক কন্যা জাত ভৈলা।

শুনিয়োক কহো যাৰ যিবা নাম থৈলা।।৬২।।

জ্যেষ্ঠ ভৈলা আগ্নীধ্ৰ অপৰ মহাবীৰ।

ইধাজিহ্ব যজ্ঞবাহু বীতিহোত্ৰ বীৰ৷৷

মেধাতিথি সৱন অপৰ ঘৃতপৃষ্ঠ।

হিৰণ্যৰেতা কবি সৱাতে কনিষ্ঠ।।৬৩।।

উৰ্দ্ধৰেতা সততাতে ভৈলা তিনিজন।

কবি মহাবীৰ আৰু মহন্ত সৱন।।

শিশুহন্তে আত্মজ্ঞান কৰিলা বিচাৰ।

ভৈলন্ত পৰমহংস তিনিও কুমাৰ।।৬৪৷৷

গোৱিন্দৰ পাদপদ্মৰস নিসেৱনে।

পাইলন্ত পৰম গতি পাছে তিনিজনে।।

আৰো তিনি পুত্র ভৈল অপৰ ভাৰ্য্যাত।

উত্তম তাপস আৰু ৰৈৱত প্রখ্যাত।।৬৫।

ৰৈলন্ত তিনিও জন ধর্ম প্রৱৰ্তাই।

দেখি নৃপতিৰ আনন্দৰ সীমা নাই।।

অনন্তৰে একাদশ অৰ্ব্বুদ বৎসৰ।

কৰিলন্ত ৰাজ্য প্রিয়ব্রত নৃপবৰ।।৬৬।।

.......

 

।।প্রিয়ব্রত ৰজাৰ মহিমা প্রকাশ।।

 

আৰ তান মহিমাক শুনিয়ো বিস্তৰ।

প্রদক্ষিণ সুমেৰুক কৰে দিবাকৰ।।

প্রদক্ষিণ ক্রমে দিন এক ভিতি হয়।

যি দিশত ছায়া তাত হোৱে তমোময়।।৬৭।।

এহিমতে ৰাত্রিদিন হোৱে পৃথিৱীত।

হেন দেখি নৃপতিৰ নসহিল চিত।।

সৰ্ব্বকালে প্রদক্ষিণ কৰি যোগবলে।

কৰিবোহো দিন মঞি ৰজনী সকলে।।৬৮||

মাধৱৰ সেৱাবলে প্রভাৱ দৰশি।

জ্যোতিৰ্ম্ময় ৰথত চড়িয়া মহাযশী।।

আদিত্যৰ পাচে পাচে ফুৰন্ত প্রচণ্ড।

সাক্ষাতে দেখয় যেন প্রচণ্ড মাৰ্ত্তণ্ড।।৬৯।

যি দিশত ছাঁয়া হোৱে সূৰ্য্য হোৱে আঁৰ।

নৃপতিৰ প্ৰভাৱত গুচে অন্ধকাৰ।।

এহিমতে মেৰু পৰ্ব্বতৰ চাৰি পাশে।

গুচিল ৰজনী দিন অধিকে প্রকাশে।।৭০৷৷

প্রদক্ষিণ মেৰুক কৰিয়া বাৰ সাত।

ৰথ চক্র লাগি ভৈল সাতগোটা গাঁত।।

সেহি গর্তে ভৈল পাচে সপত সাগৰ।

লোণ গুড় সুৰা ঘৃত দধি দুগ্ধ জল।।৭১৷৷

মাজে মাজে সপ্ত দ্বীপ ভৈল অনুপম।

জম্বু প্লক্ষ শাল্মলী কুশ যাৰ নাম।।

ক্রৌঞ্চ শাক পুস্কৰ শোভিত আতিশয়।

লক্ষেক যোজন জম্বুদ্বীপ প্রকাশয়।।৭২।।

লক্ষেক যোজন ভৈল লৱণ সাগৰ।

দুই দুই গুণে বাঢ়ি গৈল তাত পৰ।।

এহিমতে সপত সাগৰ সপ্তদ্বীপ।

নিৰ্ম্মিলন্ত ৰথৰ চক্ৰত সিতো নৃপ।।৭৩।।

ইসৱ কাৰ্য্যত ৰাজা নহ’বা বিস্ময়।

বৈষ্ণৱৰ কোন কৰ্ম্ম অসাধ্য আছয়।।

ত্রিভুৱনপতি যাৰ ভৈল হৃদিগত।

কৰতল ভৈল তান তিনিও জগত।।৭৪৷৷

মহা অন্ত্যজাতি যাৰ নাহি কুলাচাৰ।

কৃষ্ণৰ নামক যদি লৱে একবাৰ।।

কৰ্ম্মবন্ধ চিণ্ডি সিয়ো হোৱয় মুকুত।

কহিলো নৃপতি ইটো কথা অদভুত।।৭৫।।

শুনিয়োক পাচে যেন কৰিলা নৃপতি।

সাত পুত্ৰ কৰিলন্ত সপ্তদ্বীপ পতি।।

উৰ্জ্জ্বস্বতী নামে কন্যাজনী নৃপবৰে।

শুক্রক দিলন্ত বিহা পৰম সাদৰে।।৭৬।।

উৰ্জ্জ্বস্বতী হন্তে কন্যা ভৈল দেৱযানী।

যযাতি কৰিলা বিহা যাহাক আপুনি।।

এহিমতে একাদশ অৰ্ব্বুদ বৎসৰ।

কৰিলন্ত ৰাজ্য প্রিয়ব্রত নৃপবৰ।।৭৭৷৷

একদিনা নৰপতি বিৰলে বসিয়া।

নাৰদৰ উপদেশ মনত স্মৰিয়া।।

বোলন্ত নৃপতি কিনো মিলিল বিপাক।

সংসাৰৰ তিনিগুণে বান্ধিলে আহ্মাক।।৭৮||

গৃহ অন্ধকূপে লোক পেহ্লাই কৰে শাস্তি।

ইন্দ্রিয় বৎসক খাই প্রাণ লৱে আতি।।

নাৰদৰ পদসেৱা কৰিলো পূৰ্ব্বত।

লভিলো ভকতি কৃষ্ণচৰণ পদ্মত।।৭৯||

বিষয় সম্পদে আৱে পাহৰিলো তাক।

হৰি হৰি বিধি কিনো বঞ্চিল আমাক।।

সপ্তদ্বীপা পৃথিৱীৰ মঞি অধিকাৰ।

মোৰ পুত্ৰ ভাৰ্য্যা বুলি কৰো অহঙ্কাৰ।।৮০।।

দেখিয়োক মোৰ কেনে অসাধুৰ চিন।

ৰাজা হুয়া ভৈলো মঞি নাৰীৰ অধীন।।

যেই বোলে সেই কৰো সেৱক পৰায়।

ক্রীড়াৰ বানৰ যেন ভৈলো সমুদায়।।৮১।।

হেন গৰিহিত কৰ্ম্ম আনে কোনে কৰে।

স্ত্রীসঙ্গী একে মঞি অধমত পৰে।।

এহি বুলি বিলাপ কৰন্ত মহাবীৰ।

মনত গুণিয়া পাচে কৰিলন্ত স্থিৰ।।৮২।।

এৰি ৰাজ্যভাৰ চলি যাইবোহো কাননে।

একান্তে কৰিবো সেৱা কৃষ্ণৰ চৰণে।।

এহি বুলি নৃপবৰ তেখনে উঠিল।

পুত্র সমস্তক ৰাজ্য বিভাগীয়া দিল।।৮৩।।

মৃতক সমান কৰি ভাৰ্য্যাকো তেজিলা।

নাৰদৰ প্ৰসাদত আনন্দ লভিলা।।

কৃষ্ণলীলা চৰিত্ৰক ধৰি হৃদয়ত।

পাইলন্ত পৰম গতি কৃষ্ণ প্রসাদত।।৮৪৷৷

প্রিয়ব্রত সম ৰাজা নাহি ত্রিভুৱনে।

হেন অদভুত কথা কৰে কোনজনে।।

ৰথৰ চক্ৰত তৈল সপত সাগৰ।

ৰাত্রিকো কৰিলা দিন যিটো নৃপবৰ।।৮৫৷৷

যাৰ আজ্ঞা কৰি ভৈল ই তিনি ভুৱনে।

হেন বিষয়ক বিষ্ঠা সম মানি মনে।।

বনক চলিলা গোৱিন্দত দিয়া চিত।

আজিও যশস্যা যাৰ গাৱে পৃথিৱীত।।৮৬।।

.........

 

    ।।আগ্নীধ্ৰ চৰিত্ৰ।।

 

শুক নিগদতি পাচে শুনিও নৃপতি।

জ্যেষ্ঠপুত্র ভৈল তান জম্বুদ্বীপ পতি।।

নামত আগ্নীধ্ৰ যাক বোলে সৱে ভাল।

পুত্ৰৱতে প্রজাক কৰন্ত প্রতিপাল।।৮৭।।

এক দিনা ৰাজা গন্ধমাদন গিৰিত।

পুত্ৰকামে তপ আচৰিলা বিপৰীত।।

ধ্যান কৰি ব্ৰহ্মাক আছন্ত ৰাজসুতে।

সত্যলোকে থাকি ব্রহ্মা জানিলা ইঙ্গিতে।।৮৮৷৷

পূর্বচিত্তি নামে অপেস্বৰা একজনী।

পমৰ সুন্দৰী দেৱী চন্দ্রমা বদনী।।

ব্ৰহ্মাৰ আগত গীত গাৱে বৰবালা।

সেহিবেলা ব্রহ্মাদেৱে আদেশ কৰিলা।।৮৯।।

চলিয়োক পূৰ্ব্বচিত্তি আমাৰ বচনে।

আগ্নীধ্ৰৰ ভাৰ্য্যা হুয়া থাকা ৰঙ্গ মনে।।

আজ্ঞা শিৰে ধৰি চলি গৈলা অপেস্বৰী।

গন্ধমাদন পাইলা লাস বেশ কৰি।।৯০৷৷

আছন্ত আগ্নীধ্ৰ যৈত তপস্যাক মনে।

পশিলন্ত অপেস্বৰী সেহি পুষ্পবনে।।

মিলিল বসন্ত তাত কুসুমিত বন।

অশোক চম্পক গুটিমালি বিতোপন।।৯১।

সেউতি মালতি যুতি শেৱালি নেৱালি।

বকুলবন্দুলি মালি পলাশ পাড়লি।।

কেতেকী তগৰ নামে কেশৰ মধাই।

কৰবীৰ বকুল ফুলি আছে ঠাই ঠাই।।৯২।।

জবা মন্দাৰ বাগী ৰঙ্গিয়াল ঘেৱালী।

আনো অসংখ্যাত ফুল আছে ফুলি ফুলি।।

মধুলোভে ভ্ৰমৰ কৰয় কোলাহল।

ফলৱন্ত বৃক্ষ তাতে আছে ভাল ভাল।।৯৩।।

লহনালহন কৰি ফল আছে লাগি।

ফলৰ ভৰত যেন ডাল পৰে ভাগি।।

ধীৰে ধীৰে দক্ষিণে মলয়া বহে বাৱ।

কোকিলে তেজয় তাতে সুললিত ৰাৱ।।৯৪৷৷

মত্ত ক্রৌঞ্চ ময়ুৰৰ নাদ মনোহৰ।

তাৰ প্রতিধ্বনি সৱে পূৰিল গহ্বৰ।।

তাতে শুনি জলশ্বৰ পক্ষীৰ আৰাৱ।

কোঢ়া বক কঙ্ক নানা পক্ষী ঠাৱে ঠাৱ।।৯৫।।

মহা সৰোবৰসৱ আছে থানে থান।

দেৱনাৰীগণে যাত সদা কৰে স্নান।।

ফুলি ফুলি আছে যত উৎপল কমল।

ৰাজহংস চক্রবাক ৰঞ্জিত সকল।।৯৬৷৷

মৃনাল ভুঞ্জিয়া ৰাৱ কৰে নানা মত।

যেন বিষ্ণুভক্তজনে সন্তৰ সঙ্গত।।

তৰত উঠিয়া কতো গাৱ কুৰালয়।

পিঠিত লুকায়া ঠোট কতো নিদ্রা যায়।।৯৭৷৷

হেন উপবনে প্রৱেশিলা বৰবালা।

আকাশে উদিত যেন ভৈল চন্দ্রকলা।।

কুসুমৰ গন্ধে যেন চলিল ভ্ৰমৰী।

ৰূপে ত্রিভুৱন মোহে পৰম সুন্দৰী।।৯৮৷৷

কৰোযোৰে বোলো আৱে শুনা সভাসদ।

মহা মূঢ় হুয়া কৰো ভাগৱত পদ।।

সাগৰত জোখে যেন বাৰি ধৰি কৰে।

বালকে চন্দ্রক যেন হাত মেলি ধৰে।।৯৯৷৷

গৰুড়ক দেখি আন পক্ষী উৰা মাৰে।

আমাকো পাইলেক এহি তিনি পটন্তৰে।।

পৰম গহন ইটো ভাগৱত শাস্ত্র।

অর্থৰ নপাঞো স্থিৰ পদ কৰো মাত্র।।১০০৷৷

ভাগৱত চন্দ্র যেন যৈত প্রকাশয়।

মঞি অল্পমতি কৈৰ মূঢ় আতিশয়।।

ব্রাহ্মণৰ মুখে যেন কথা আছো শুনি।

সেহিমতে পদচয় কৰিলো আপুনি।।১০১৷৷

পূৰ্ব্বত কৰিলা পদ যতেক মহন্তে।

যাৰ কীৰ্ত্তি প্রচাৰিল সাগৰ পৰ্যন্তে।।

তাহাক শুনিয়া আতি উত্ৰাৱল মনে।

কৰিলোহে পদচয় পৰম যতনে।।১০২।।

মোৰ বাক্য বুলি আক হেলা নকৰিবা।

কৃষ্ণৰেসে কথা আক মনত মানিবা।।

গঙ্গাজল পিয়ে বৃষ্টি জল মিসলাই।

তাৰ পানে জানা বহুতৰ পুণ্য পায়।।১০৩৷৷

হে কৃষ্ণ প্রভু মঞি কৰো নমস্কাৰ।

অনাথৰ নাথ মোক কৰিও উদ্ধাৰ।।

নিজ কৰ্ম্মফলে যৈতে তৈতে জন্ম হৌক।

তোহ্মাৰ ভক্তৰ সঙ্গ সদা নছাড়োক।।১০৪।।

তব পদকমলত সদা হৌক ৰতি।

দিয়োক প্রসাদ মোক হেন যদুপতি।।

গৈলোহো বিক্রয় মঞি তোহ্মাৰ চৰণে।।

বোলা ৰাম ৰাম যত সভাসদজনে।।১০৫।।

।।দুলড়ী।।

 

লাস বেশ কৰি    চলে অপেস্বৰী

মদন মোহন বেশ।

পীন ঘন স্তনী     উৰু নিতম্বিনী।

আতি ক্ষীণ মধ্যদেহ।।

কমল নয়নী      চন্দ্রমা বদনী

দশন মুকুতা পান্তি।

নাসা তিলফুল     অধৰ ৰাতুল

ভ্ৰূৱ যুগে কৰে কান্তি।।১০৬।।

অমৃত বচনে      কটাক্ষ নয়নে

মুনিৰো মনক হৰে।

মুখ পঙ্কজৰ       গন্ধত ভ্ৰমৰ

চৌপাশে বেঢ়ি গুঞ্জৰে।।

তুলি দুই কৰ     খেদাৱে ভ্ৰমৰ

কতো চলে দ্রুতগতি।

নিতম্বৰ ভৰে      চলিতে নপাৰে

কতো তম্ভি থাকে আতি।।১০৭৷৷

পিন্ধি নেত শাৰী   খেলে ভণ্টা খেড়ি

বেগত ভৈলন্ত হ্রাস।

বায়ুৰ বেগত      উৰুৱাইল বস্ত্ৰ

শৰীৰ ভৈল উদাস।।

দুই হাতে দুয়ো     কুচক ঢাকিলা

খসিল কৱৰী ভাৰ।

কম্পে সৰ্ব্বগাৱ     বাতুল স্বভাৱ

দেখিয়া ৰাজকুমাৰ।।১০৮।।

কামে বিমোহিত    থিৰ নহে চিত্ত

বুলিলা কন্যাক চাই।।

নাৰী কি পুৰুষ    বুলি সম্বোধিলা

গাৱত চেতন নাই।।

শুনা দ্বিজবৰ      আমাৰ উত্তৰ

কোথা হন্তে আইলা তুমি।

পৰ্ব্বত গহ্বৰে      ফুৰা একেশ্বৰে

প্রকাশিয়া ইটো ভূমি।।১০৯।।

ভ্ৰূৱ যুগ দুই      দেখি সুখী হুই

মদন ধনু সমান।

আমি হেন মৃগ         মাৰিবাক প্রতি

ধৰিলা কতাক্ষ বাণ।।

তীক্ষ্ণতৰ বাণে     অস্থিকো ভেদয়

পৰম আতুৰ আমি।

তৱ বাহুবলে      শত্ৰুক নিদলি

ৰাখিয়ো আমাক স্বামি।।১১০।।

ভ্ৰমৰক দেখি      পুনু বুলিলন্ত

শুনিয়োক মহামুনি।

তৱ শিষ্যগণে      কৰে বেদধ্বনি

পৰম মধুৰ শুনি।।

চৰণ পঞ্জৰে       ৰত্নৰ নূপুৰে

ৰুণুঋুণ কৰে আতি।

কটিত বহল      ৰত্নৰ মেখলা

অগ্নিৰ সমান কান্তি।।১১১৷৷

কুচ দুই দেখি     বুলিবে লাগিলা

শুনিয়ো ব্রাহ্মণ সুত।

তোমাৰ হিয়াত     দুই শৃঙ্গ দেখো

কিনো ভৈল অদভুত।।

ৰক্তবর্ণ পদ্ম      প্রকাশ কৰয়

গন্ধে মোহে দশোদিশ।

তুমি মোৰ মিত্র    কৰিয়ো বিদিত।

কুচ দুই অসদৃশ।।১১২৷৷

দিয়ো অঙ্গ দান    নকৰিয়ো মান

মনে মানি দাস হেন।

বদন সৌৰভে     মোহিত কয়

দিয়োক চুম্বন দান।।

মুখ সৰোবৰে      মকৰ কুণ্ডলে

নয়ন মীন চঞ্চল।

দন্ত বীজচয়       প্রকাশ কৰয়

গুঞ্জৰে তাত ভ্ৰমৰ।।১১৩৷৷

কৌতুক ক্রীড়াত    জটা সুলকিল

কটিৰ বসন খসে।

শুনা তপোবন         লম্পট পৱন

তোহ্মাৰ অঙ্গ পৰশে।।

কত পুণ্য কৰি     ই ৰূপ দেখিলো

মোত তুষ্ট ভৈলা বিধি।

সঙ্গে কৰো তপ    নেৰিবো তোহ্মাক

হাতে পাইলো নৱনিধি।।১১৪।।

শুনিয়ো সুন্দৰী    লৈয়ো দাস কৰি

ভাগ্যৰ হৌক উদয়।

শৃগালী সমস্ত      বামে চলি গৈল

সুমঙ্গল বার্তা কয়।।

আনো নানা চাটু   বচনে বুজাইল

কন্যাৰ জানিয়া কাৰ্য।

কামাতুৰ ভৈলে     পণ্ডিতো এড়য়

যত মহাভয় লাজ।।১১৫৷৷

ৰাজাৰ বচন      শুনি অপেস্বৰী

কামে ভৈলা বিমোহিত।

হাসি হাসি হেন    বুলিবে লাগিলা

নৃপতিৰ মুহি চিত্ত।।

শুনা নৃপবৰ      আমাৰ উত্তৰ

আমি দেৱতাৰ নাৰী।

ব্ৰহ্মাৰ আদেশে     আইলো তযু পাশে

লৈয়ো মোক ভাৰ্য্যা কৰি।।১১৬।।

নবীন বয়স      বেশ মনোহৰ

ৰূপে গুণে মোহে আতি।

এতেকে আমাক    বুলিবে নলাগে

ভজিলো আমি নৃপতি।।

দেৱীৰ বচনে      আতি ৰঙ্গমনে

হস্তত ধৰি কন্যাৰ।

গন্ধৰ্ব্ব বিৱাহে     বিহা কৰিলন্ত

আনন্দৰ নাহি পাৰ।।১১৭।।

ৰথত চড়িয়া      আপুন ৰাজ্যক

পাচে গৈলা মহাৰাজা।

ব্রাহ্মণসকলে       আশীর্বাদ কৰে

জয় জয় কৰে প্রজা।।

সাগৰ মেখালা     জম্বুদ্বীপ ভৈলা

যাহাৰ ৰাজ্যৰ সীমা।

ৰূপে গুণে বলে     সৱাতো অধিক

কতেক কৈবো মহিমা।।১১৮৷৷

অপেস্বৰী সঙ্গে     নানা মহাৰঙ্গে

অযুতাযুত বৎসৰ।

স্বর্গসুখ যত       ভূমিত ভুঞ্জিলা

বাহুবলে নৃপবৰ।।

আত অনন্তৰে     অপেস্বৰা গর্ভে

নৱ পুত্ৰ জাত ভৈলা।

নৱ বৰিষৰ       নামে নৃপবৰ

তনয়ৰ নাম থৈলা।।১১৯।।

জ্যেষ্ঠ ভৈল নাভি   কিম্পুৰুষ পাচে

হৰিবৰ্ষ ইলাবৃত।

হিৰন্ময় কুৰু      ভদ্রাশ্ব ৰম্যক

কেতুমাল মনোনীত।।

এহিমতে এক      বৎসৰ অন্তৰে

নৱ পুত্র ভৈল জাত।

ৰূপে গুণে বলে     শাস্ত্ৰতো কুশল

সৱেয়ো ভৈলা সাক্ষাত।।১২০৷৷

পাচে অপেস্বৰী     নৃপতিক এৰি

চলিলা ব্রহ্মা ভুৱনে।

ব্ৰহ্মাৰ চৰণ      সেৱি অনুক্ষণ

থাকিলন্ত ৰঙ্গমনে।।

আত অনন্তৰে      সিটো নৃপবৰ

পাইলন্ত বৰ সন্তাপ।

ৰূপ গুণ যত      সুমৰি সুমৰি

কৰিলা বহু বিলাপ।।১২১৷৷

অযুত অযুত      বৎসৰ সীমায়ে

ক্রীড়িলন্ত নৃপবৰ।

তথাপি মনৰ      বাঞ্ছা নুপূৰিল

হেনসে মায়া কৃষ্ণৰ।।

অন্ন পানী তান    কিছু নুৰুচয়

নিদ্রাও নাসে শৰ্য্যাত।

সপোনে সচিতে        কন্যাক দেখন্ত

বাতুল যেন সাক্ষাত।।১২২।।

জম্বুদ্বীপ খান      নৱভাগ কৰি

পুত্র সমস্তকে দিলা।

যাৰ যেই নাম     ভাগে সেহি ৰূপে

সৱাকো ৰাজা কৰিলা।।

অপেস্বৰা লোক     পাব বুলি মনে

কৰিলা যজ্ঞ বিস্তৰ।।

সেহি ফলে পাচে    ব্রহ্মলোক পায়

থাকিলন্ত নৃপবৰ।।১২৩৷৷

পাচে নাভি আদি   নৱ সহোদৰ

আছন্ত ৰাজ্যক মনে।

মেৰুগিৰি আনি     কন্যা নৱখানি

বিবাহ দিলা আপুনে।।

মেৰুদেৱী উগ্ৰ-    দংষ্ট্ৰা প্ৰতিৰূপা

লতা ৰম্যা শ্যামা নাৰী।

ভদ্রা দেৱবীতি     এহি নৱ কন্যা

সবেয়ো দিব্য সুন্দী।১২৪৷৷

.........

 

।।নাভিৰ চৰিত্ৰ বৰ্ণনা।।

 

শুক নিগদতি      শুনা কুৰুপতি

নাভিৰ চাৰু চৰিত্র।

ভাৰত বৰিষে     ভৈলন্ত নৃপতি

বৈষ্ণৱ আতি পৱিত্ৰ৷৷

মেৰুদেৱী তান     মহিষী ভৈলন্ত

ৰূপে গুণে অনিন্দিত।

নভৈল সন্ততি      চিন্তাকুল আতি

পাচে থিৰ কৰি চিত।১২৫৷৷

দ্বিজগণ আনি     যজ্ঞ আৰম্ভিলা

নানা দ্রব্য কৰি সাজ।

দেৱৰো দেৱতা     হৰিক যজিল

পুত্র কামে মহাৰাজ।।

দ্রব্য দেশ কাল     পাত্র সুদক্ষিণা

মন্ত্ৰৰো নাহিকে ক্ষীণ।

সাঙ্গোপাঙ্গে যজ্ঞ    কৰিলন্ত ৰাজা

নভৈল অঙ্গত হীন।।১২৬৷৷

পাচে কৃপাময়      জানিলা হৃদয়

মোকেসে ভজে নৃপতি।

কৰ্ম্মশীল জনে     আমাক নপাৱে

আমি ভকতৰ গতি।।

হেন গুনি মনে     দেৱ নাৰায়ণে

তথাতে ভৈলা বেকত।।

মহা তেজ ৰাশি    সভাক ঢাকিলা

বিস্ময় সৱে মনত।।১২৭৷৷

শ্যাম তনু পীত    বসনে ভূষিত

হৃদয়ে শ্রীবৎস জ্বলে।

মকৰ কুণ্ডল      কৰে জলমল

মণ্ডিত কর্ণ যুগলে।।

আকুঞ্চিত কেশ     কৰে জলমল

ৰত্নৰ মুকুট জ্বলে।

কোটি শশধৰ     মুখ মনোহৰ

শোভিত নেত্ৰকমলে।।১২৮||

মুখে অল্পহাস      অমৃত বৰিষে

কণ্ঠত কৌস্তুভ মণি।

হৃদয় বিশাল      শোভে বনমালা।

কটিত ৰত্ন কিঙ্কিণী।।

বাহু চতুষ্টয়      প্রকাশ কৰয়

ৰত্ন আঙ্গুষ্ঠি তাতে।

শঙ্খ চক্র গদা     পদ্ম আদি অস্ত্র

ধৰি আছা চাৰি হাতে।।১২৯||

উৰু কৰীকৰ      জঙ্ঘা মনোহৰ

পদতল কিশলয়।

নূপুৰৰ ধ্বনি      ৰুণ ঝুণ শুনি।

নখ চন্দ্র প্রকাশয়।।

হেন ৰূপে প্ৰভু     বেকত ভৈলন্ত

দেখিলন্ত নৰপতি।

ঋত্বিকে সহিতে     উঠি চমকিতে

অষ্টাঙ্গে কৰিলা নতি।।১৩০৷৷

নানা উপহাৰে     হৰিক পূজিলা

আনন্দৰ নাহি পাৰ।

দৰিদ্র সকলে      যেন অবিকলে

পাইলেক ৰত্ন ভাণ্ডাৰ।।

পাচে দ্বিজগণে     স্তুতি আৰম্ভিলা

নৃপতিক আগ কৰি।

ভণে অনিৰুদ্ধ      হুয়া মন শুদ্ধ

ডাকি বোলা হৰি হৰি৷৷১৩১৷৷

...........

                        ।।পদ।।

 

ঋত্বিজ বদতি শুনা প্রভু দামোদৰ।

ত্রিভুৱনে পূজ্যতম তুমিসি ঈশ্বৰ।।

পৰিপূৰ্ণ কাম আছা জগতক ব্যাপি।

ভকতৰ পূজা লোৱা সাক্ষাতে তথাপি।১৩২।।

স্তুতি কৰিবাক শক্য নাহিকে আহ্মাৰ।

নমো নমো মন্ত্রে মাত্র কৰো নমস্কাৰ।।

সত্ব ৰজ তম প্ৰকৃতিৰ গুণ যত।

তাতে বন্দী ভৈলো আমি তিনিয়ো জগত।।১৩৩৷৷

পৰতন্ত্র আমি তুমি স্বতন্ত্র ঈশ্বৰ।

প্ৰকৃতিত পৰ তিনি গুণৰ উপৰ৷৷

এতেকে তোহ্মাৰ ৰূপ নাহি নিৰূপণ।

বর্ণাইবাৰ সামৰ্থ হৈবেক কোনজন।।১৩৪||

কিন্তু লীলা কথা তৱ অমৃতৰ নদী।

কণা এক মাত্র তাৰ পান কৰে যদি।।

এতেকে তাহাৰ সৱে দুঃখ হৈব অন্ত।

তোহ্মাৰ স্বৰূপ কোনে জানে ভগৱন্ত।।১৩৫।।

বাক্য মন অগোচৰ অব্যক্ত পুৰুষ।

তথাপি ভক্তৰ প্রীতি সাধা নিৰঙ্কুশ।।

কোমল তুলসীদল জলে পূজা কৰে।

কুশ কিশলয় দেন্ত পৰম সাদৰে।।১৩৬।।

জয় জয় নাৰায়ণ বোলন্ত প্রেমত।।

এতেকতে তুষ্ট তুমি হোৱা ভগৱন্ত।।

অভকত জনে পূজে নানা উপহাৰে।

দণ্ড ছত্র বাদ্য যন্ত্র চিড়ল চামৰে।।১৩৭।।

কাল দেশ দ্রব্য পাত্র মন্ত্র সদাচাৰ।

একো অঙ্গে নুহি হীন সিসৱ পূজাৰ।।

তথাপিতো তুমি তাক নকৰা গ্রহণ।

হেনসে ভকতি প্রিয় তুমি নাৰায়ণ।।১৩৮।।

সকামে ভজোহো আমি তোহ্মাৰ চৰণে।

চাৰি পুৰুষাৰ্থ দিবে যোগ্য নাৰায়ণে।।

মোক্ষৰো ঈশ্বৰ অৱশ্যেকে দিবা গতি।

মাগোহো সকামী আমি ভূকুতি মুকুতি।।১৩৯।।

ব্রহ্মা আদি দেৱে কৰে যাহাক পূজন।

আমৰা পূজাত তান কিবা প্রয়োজন।।

সাপেক্ষ জনত যেন ভৈল অনুৰাগ।

ভকতৰ বশ্য তুমি নোহোৱা বিৰাগ।।১৪০৷৷

যাৰ দৃষ্টিপথে তুমি গৈলা দামোদৰ।

ইহাতে অধিক আৰ আছে কোন বৰ।।

বৈৰাগ্য অনলে দহিলেক কৰ্ম্মমল।

আত্মাতে ৰময় যাৰ ইন্দ্রিয়সকল।।১৪১।।

সিসৱৰ দুৰ্ল্লভ তোহ্মাক দৰিশন।

সিসে দেখে কৰে যিটো শ্ৰৱণ কীৰ্ত্তন।।

তাক স্মৰিবাক শক্য নাহিকে আহ্মাৰ।

দুৰ্জ্জয় মায়ায়ে মন মুহিলে আহ্মাৰ।।১৪২।।

দিয়ো এক বৰ প্রভু মাগো প্রথমতে।

জ্বৰ তাপ হামিত পৰন্তে পিচলন্তে।।

নছাড়োক নাম প্রভু মৰণ বেলাত।

আৰ এক বৰ প্রভু মাগোহো তোহ্মাত।।১৪৩৷৷

দেখা দেখা ৰাজা ইটো কেনে মন্দমতি।

পুত্ৰকামে যজিলেক তোহ্মাক সম্প্রতি।।

স্বর্গ অপর্বগৰ ঈশ্বৰ নাৰায়ণ।

কুবেৰৰ মায়া যেন মাগে খুদকণ।।১৪৪||

তোহ্মাৰ মায়ায়ে আঙ্ক মুহিলে নিশ্চয়।

অপৰাধ ক্ষমি বৰ দিয়া কৃপাময়।।

তোহ্মাৰ সদৃশ পুত্র হৌক এক জাত।

হেন শুনি হাসি বুলিলন্ত জগন্নাথ।।১৪৫৷৷

তোহ্মাৰ তুতিত মঞি তুষ্ট ভৈলো বৰ।

পৰম দুৰ্ল্লভ মাগিলাহা যিটো বৰ।।

তথাপি তোমাৰ বাক্য কৰিবো ঋত্বিজ।

মোহোৰ বদন তোৰাসৱ যত দ্বিজ।।১৪৬৷৷

কিন্তু মোৰ সম পুত্র নাহি ত্রিভুৱনে।

কলায়ে জন্মিবো মঞি নাভিত আপুনে।।

হেন শুনি নৃপতিৰ ৰঙ্গভৈলা মনে।

সভাৰ্য্যে নমিলা পৰি কষ্ণৰ চৰণে৷৷১৪৭।।

........

 

।।নাভিৰ গৃহত ঋষভৰ জন্ম।।

 

উৰ্দ্ধদৃষ্টি সমস্ত সমাজে চাই আছে।

কমললোচন অন্তৰ্দ্ধান ভৈলা পাছে।।

কৰিলন্ত সেৱা সৱে পৰি ধৰণীত।

পাছে যেন কথা ভৈলা শুনা পৰীক্ষিত।।১৪৮।।

মহাজ্ঞানীগণ যত দিগম্বৰ বেশ।

দেখাইবাক প্রতি তান পথ উপদেশ।।

নামত ঋষভদেৱ মাধৱৰ কলা।

নাভিৰ গৃহত আসি জনম লভিলা।।১৪৯৷৷

ধ্বজ বজ্ৰ অঙ্কুশে অঙ্কিত পদতল।

ঈশ্বৰৰ চিহ্ন যত আছয় সকল।।

মহাশান্ত মূৰ্ত্তি শুদ্ধময় কলেৱৰ।

পৰম সুহৃদ ভৈলা সমস্ত লোকৰ।।১৫০৷৷

সমস্ত গুণতে শ্রেষ্ঠ ভৈলা যি কাৰণে।

নামত ঋষভদেৱ থৈলা দ্বিজগণে।।

হেন শুনি বাসৱৰ ক্ৰোধ ভৈলা জাত।

মোত কৰি শ্ৰেষ্ঠ ভৈলা ইহাৰ প্রতাপ।।১৫১৷৷

ইহাৰ ৰাজ্যত নকৰিবো বৰিষণ।

দেখো কেনমতে ইটো ৰাখে প্রজাগণ।।

হেন মতে বৃষ্টি নকৰিলা পুৰন্দৰ।

মিলিল দুর্ভিক্ষ আতি লোক ক্ষয়ঙ্কৰ।।১৫২৷৷৷

বাসৱৰ কৰ্ম্ম হেন জানিলন্ত মনে।

আপুনি ভৈলন্ত মেঘগণ তাৱক্ষণে।।

বৰষিলা ৰাজ্যত আপুন যোগবলে।

ঋষভৰ কৰ্ম্ম দেখি বিস্ময় সকলে।।১৫৩।।

গৰ্ব্বচূড় ভৈলা দেখিলন্ত সামৰাজ।

কৰিলন্ত স্তুতি ইন্দ্রে পায়া বৰ লাজ।।

নিজকন্যা জয়ন্তীক তান্তে বিহা দিলা।

দেৱগণ সমে ইন্দ্ৰ ৰঙ্গে চলি গৈলা।।১৫৪।।

মায়ায়ে মনুষ্য ৰূপ ভৈলা ভগৱন্ত।

পুত্ৰ বুলি নৃপতিয়ো অধিকে পালন্ত।।

এহিমতে কতকাল নিলা নৃপবৰে।

পুত্ৰক দিলন্ত ৰাজ্য পৰম সাদৰে।।১৫৫।।

পৰম বৈৰাগ্য আসি মিলিল ৰাজাৰ।

বদৰিকাশ্ৰমক কৰিলা পয়োসাৰ।।

নৰনাৰায়ণ পদ সেৱিলা নৃপতি।

মহিষী সহিতে পাচে পাইলা মহাগতি।।১৫৬।।

...............

 

          ।।ঋষভ চৰিত্ৰ।।

 

নাভিৰ সমান ৰাজা নাহি ত্রিভুৱনে।

যাহাৰ গৃহত হৰি জন্মিল আপুনে।।

পৰম ব্রাহ্মণ্য যাৰ ব্রাহ্মণসকলে।

কৰিলা সাক্ষাত মাধৱক ভক্তিবলে।।১৫৭।।

পিতৃ বোলে গৈল পাছে ৰাজাৰ তনয়।

পঢ়িলন্ত গুৰুৰ গৃহত শাস্ত্ৰচয়।।

দিলন্ত দক্ষিণা চাহি শাস্ত্ৰ নিৰন্তৰ।

আতি অল্পদিনে আসিলন্ত নিজঘৰ।।১৫৮||

গৃহস্থৰ ধৰ্ম্মক দেখায়া ভগৱন্ত।

মহিষী সহিতে পাছে ৰাজ্য ভুঞ্জিলন্ত৷৷

অনন্তৰে একশত পুত্ৰ ভৈলা জাত।

পিতৃৰ সমান সৱে জগতে প্রখ্যাত।।১৫৯৷৷

জ্যেষ্ঠ ভৈলা ভৰত গুণত অনুপাম।

আজিও ভাৰতবৰ্ষ কহে যাৰ নাম৷৷

তাহান অনুজ কুশাৱৰ্ত্ত ইলাৱৰ্ত্ত।

কেতু ভদ্রসেন মলয় অপৰ ব্ৰহ্মাৱৰ্ত্ত।।১৬০৷৷

ইন্দ্রস্পৃক আৰো বিদর্ভ কীকট।

এহি নৱ জন অধিক একানব্বৈত।।

আৰো নৱ জন ভৈলা মহাভাগৱত।

তাসম্বাৰ নাম ৰাজা কৰিবো বেকত।।১৬১।।

কবি হবি অন্তৰীক্ষ প্রবুদ্ধ অপৰ।

পিপ্পলায়ন আবিৰ্হোত্ৰৰ অনন্তৰ।।

দ্রবিড় চমস কৰভাজন কনিষ্ঠ।

নৱজন সিদ্ধ ভৈলা পৰম বিশিষ্ট।।১৬২।।

বাসুদেৱ নাৰদৰ সম্বাদ বিস্তৰ।

কহিবো মহিমা নৱসিদ্ধ সমস্তৰ।।

একত্র নিৱাস তান নাহি কদাচিত।

মহন্তৰ সঙ্গে সদা ফুৰা পৃথিৱীত।।১৬৩।।

অপৰ একাশী জন ভৈলন্ত ব্রাহ্মণ।

যজ্ঞশীল কৰ্ম্মনিষ্ঠ ধৰ্ম্মত নিপুণ।।

এহি একশত পুত্র ৰৈল স্থানে স্থান।

সৱাতে অধিক ভৈল ভৰত প্রধান।।১৬৪।।

ঋষভে কৰিলা পাচে যেন যেন কাজ।

সমস্তে কহিবো শুনিয়োক মহাৰাজ।।

বেদৰ ৰহস্য যিটো ভকতি উপায়।

ব্রাহ্মণৰ মুখে শিক্ষা দেন্ত কৃপাময়।।১৬৫।।

লোকৰো মিলিল অনুৰাগ আতিশয়।

ঋষভত পৰে লোকে আন নজানয়।।

কালে আসি ঋষভৰ নিৱত্তিলা চিত।

আচৰিলা যোগ যিটো আতি বিপৰীত।।১৬৬।।

একদিনা পুত্রগণ লৈয়া ভগৱন্ত।

ব্রহ্মাৱৰ্ত্ত দেশে গৈয়া প্রৱেশ ভৈলন্ত।।

ব্ৰহ্মঋষিগণে তাত আছে সভা কৰি।

প্রণামি বসিলা পুত্রগণ সঙ্গে কৰি।।১৬৭৷৷

ঋষভ বদতি শুনিয়োক পুত্রগণ।

কহিবো তোহ্মাত আজি কথা বিতোপন।।

মনুষ্য শৰীৰ জানা মুকুতিৰ দ্বাৰ।

বিষয় সুখত তাকে নকৰিয়ো নাৰ।।১৬৮৷৷

শূকৰৰো আছে বিষয়ৰ ভোগ যত।

বিষ্ঠাৰ ভোজনে শুকৰীৰ সম্ভোগত৷৷

বিষ্ঠাতুল্য বিষয়ক এতেকে তেজিবা।

দিব্য তপ কৰি সৱে হৰিক ভজিবা।।১৬৯৷৷

ব্রহ্মানন্দ সুখক লভিবা অৱিকলে।।

তাহাৰ উপায় কহো শুনিয়ো সকলে।।

মহন্তৰ সেৱা জানা মুকুতিৰ দ্বাৰ।

স্ত্রী সঙ্গীৰ সঙ্গ নৰক যাইবাৰ।।১৭০৷৷

এহি দুই গোটা পথ বন্ধৰ মোক্ষৰ।।

জানিয়া মহন্ত সঙ্গ লৈয়োক সত্বৰ।।

যাক বুলি সন্ত তাৰ শুনিয়ো লক্ষণ।

মোৰ পাদপদ্মে যাৰ নুগুচয় মন।।১৭১৷৷

মহাশুদ্ধ চিত্ত কাম ক্রোধ বিবর্জিত।

ভূতদায়া যাহাৰ সৱাতে শুদ্ধ চিত।।

মঞি ঈশ্বৰত যাৰ সদা ভৈল ৰতি।

ধন জন গৃহত নকৰে আসকতি।।১৭২।।

দেহৰ নিৰ্বাহ পদে যিসৱ ধনত।

তাহাত অধিক কৰি নবাঞ্ছে মনত৷৷

ইহাকে বুলিবে সাধু জানা পুত্রগণ।

শুনিয়োক কহো আৱে অসাধু লক্ষণ।।১৭৩৷৷

ইন্দ্ৰিয়ৰ প্রীতি সাধি কৰ্ম্মচয় কৰে।

পৰম প্রমত্ত পাপ সততে আচৰে।।

সেহি কৰ্ম্মপাশে জীৱে বান্ধে আপোনাক।

নানা দেহ ধৰি ক্লেশ ভুঞ্জয় অনেক।।১৭৪।।

যাৱত পুৰুষে তত্ত্ব নকৰে বিচাৰ।।

অজ্ঞান তিমিৰে পৰি দেখে অন্ধকাৰ।।

পৰাভৱ তাৱদেকে পাৱে জীৱচয়।

আপোনাৰ নিজ স্বৰূপক নজানয়।।১৭৫।।

আৱে আৰ হেতু শুনিয়োক পুত্রগণ।

কৰ্ম্মজড়ী বান্ধিলেক পুৰুষৰ মন।।

হেন কৰ্ম্মাত্মক মনে শৰীৰক ধৰে।

মৰি উপজয় কতো উপজিয়া মৰে।।১৭৬।।

এহিমতে কৰ্ম্মৰ অধীন হুয়া নৰ।

নানান যোনিত ভ্ৰমি ফুৰে নিৰন্তৰ৷৷

অবিদ্যা ঢাকিলে নাহি আত্মা পৰিচয়।

শুনিয়োক কহো আৱে তৰণ উপায়।।১৭৭৷৷

মই বাসুদেৱত নকৰে যাৱে ৰতি।

যাৱত শৰণ লৈয়া নকৰে ভকতি।।

তাৱদেকে দেহ ধৰি ভ্ৰমে সংসাৰত।

জানিয়া ভজিয়ো মোৰ চণৰ পদ্মত।।১৭৮||

অসন্ত গুণক শ্রেষ্ঠ সন্ত বুলি মনে।

নিজ অর্থে মোৰ সেৱা পাসৰিল মনে।।

পুত্ৰ ভাৰ্য্যা গৃহতেসে যাৰ আসকতি।

সেহিতো অজ্ঞানী মৰি যায় অধোগতি।।১৭৯।।

অন্যোঅন্যে স্নেহভাৱ নাৰী পুৰুষৰ।

মৈথুন সুখত গ্রন্থি বাঢ়ে হৃদয়ৰ।।

মোৰ দেহ মোৰ গেহ পুত্ৰ ক্ষেত্র বিত্ত।

হেন অহম্মম ভাৱে নিমজিত চিত্ত।।১৮০৷৷

যিজনে চিন্তয় হেন গ্রন্থি হৃদয়ৰ।

অহঙ্কাৰ এৰি মোক্ষ পাৱে সিটো নৰ।।

যিমতে গুচিবে হেন মোক্ষ অহংকাৰ।

পঁচিশ উপায় কহো শুনিয়োক তাৰ।।১৮১।।

প্রথমতে পুত্রগণ আলাস এৰিবা।

শাস্ত্ৰচয় পঢ়ি সৱে তত্ত্ব বিচাৰিবা।।

পুণ্য তীর্থ সেৱা কৰি হুইবা শুদ্ধকায়।

আমাৰ ভক্তৰ সঙ্গ নেৰিবা সদায়।।১৮২।।

ঈশ্বৰ সেৱাৰ শিকিবাহা অনুষ্ঠান।

দেহত গেহত এৰিবাহা অভিমান।।

আমাৰ কৃপাক সদা মানিবা মনত।

কদাচিতো নবসিবা অসন্ত সঙ্গত।।১৮৩৷৷

কাম্য কৰ্ম্ম সমস্তক তেজিবা সম্প্রতি।

মহন্তৰ উপদেশে কৰিবা ভকতি।।

মঞি হংস গুৰুক চিন্তিবা অনুক্ষণ।

আমাৰ কৰিবা মাত্ৰ শ্ৰৱণ কীৰ্ত্তন।।১৮৪।।

সমস্ত ভূততে আত্মবুদ্ধি কৰি জান।

এৰি বৈৰ ভাৱ হৈবা সৱাতে সমান।।

তৃষ্ণা এৰি সৰ্ব্বক্ষণে সুস্থ হইবা মন।

দম্ভ মদ পৰিত্যাগ কৰা সৰ্ব্বক্ষণ।।১৮৫৷৷

তপস্যা আচৰি কৰা আত্মত বিশ্বাস।

ধ্যান ধাৰণাত আতি কৰিবা অভ্যাস।।

মনক নিয়মি সৱে ইন্দ্রিয় জিনিবা।

সৰ্ব্বভূত হৃদয়ত মোকেসে দেখিবা।।১৮৬৷৷

অবিদ্যা বান্ধিলে দৃঢ় গ্রন্থি হৃদয়ৰ।

উপায় নিমিত্ত খড়গে ছেদিয়ো সত্বৰ।।

তেৱে তোৰা লভিবা ঈশ্বৰ মহাজ্ঞান।

কৰ্ম্মবন্ধ ছিন্দি হৈবা মুকুত সমান।।১৮৭।।

মোৰ লোক বৈকুণ্ঠক যাৰ ভৈলা ইচ্ছা।

মোৰ অনুগ্রহত দেখিবা সৱে মিছা।।

কৰ্ম্মচয় এৰি হৈবা নিষ্কাম পুৰুষ।

মোৰ সেৱা কৰি গতি পাইবা নিৰঙ্কুশ।।১৮৮৷৷

একোৱে নজানে যিটো অতি মূঢ়মতি।

হেন তনয়ক বাপে শিকাইবে ভকতি।।

শিষ্যক দিবেক গুৰু হেন উপদেশ।

ৰাজাগণে শিকাইবেক প্রজাক নিঃশেষ।।১৮৯।।

পৰম সকামী ইটো দেখা যত লোক।

বিষয় সুখত সৱে পাসৰিলে মোক।।

নয়ন থাকন্তে যেন অন্ধক পৰায়।

যি জনে তাহাক আৱে কৰ্ম্মে প্ৰৱৰ্ত্তায়।।১৯০।।

ইহাৰ দৃষ্টান্ত আৱে শুনা পুত্র যত।

অন্ধলাৰ উপদেশ কন্টকৰ পথ।।

গৰ্ত্তত পেলায় মানে কৰে উপহাস।

অন্ধলায়ো দুখ পাৱে তাৰো ধৰ্ম্মনাশ।।১৯১৷৷

মৃত্যুৰ মুখত লোক পৰিল নিঃশেষ।

দিয়া তাসম্বাক মোৰ ভক্তি উপদেশ।।

মৃত্যুহন্তে তাড়িবাক নপাৰে যিজন।

গুৰু হেন নাম সিটো ধৰে কি কাৰণ।।১৯২৷৷

জনক জননী ইষ্ট নুবলিবা তাক।

নপায় যিটো জনে মৃত্যু গুচাইবাক।।

কেনমতে স্বামী হৈব দেৱতা কেমনে।

মৃত্যুৰ মুখত নৰাখিলে যিটো জনে।।১৯৩।।

তাকে বুলি গুৰু তাঙ্ক বুলিবা বান্ধৱ।

তাকে বুলি স্বামী তাকে বোলে বাপ মাৱ।।

তাকেসে দেৱতা বুলি কৈলো সাৰে সাৰ।

ভক্তি উপদেশে যিটো গুচাৱে সংসাৰ।।১৯৪৷৷

এহিটো শৰীৰ মোৰ অচিন্ত্য পৰম।

হৃদয়ত ধৰ্ম্ম পৃষ্ঠভাগত অধৰ্ম্ম।।

এতেকে পণ্ডিতে মোক বোলয় ঋষভ।

ভৈলা উদৰত জাত তোৰা পুত্ৰসৱ।।১৯৫।।

এতেকে কৰিয়ো সৱে মোহোৰ বচন।

জ্যেষ্ঠভাই ভৰতৰ সেৱিবা চৰণ।।

প্রজা সমস্তক তোৰা পালিবা নিঃশেষ।

হিংসা এৰি ভৰতৰ পালিবা আদেশ।।১৯৬।।

সামান্য প্রাণীত কৰি বৃক্ষ লতা বৰ।

সর্প আদি সৰীসৃপ তাতো শ্রেষ্ঠতৰ।।

তাহাতো অধিক গৰু পশু আদি যত।

সৱাতো অধিক মনুষ্যেসে বিশেষত।।১৯৭৷৷

ভূতাদি প্রমথগণ তাতো কৰি ধিক।

সিদ্ধাদি গন্ধৰ্ব্বগণ তাহাতো অধিক।।

তাহাতো উত্তম দেৱাসুৰ পুৰন্দৰ।

তাহাতো অধিক দেৱৰাজ পুৰন্দৰ।।১৯৮||

দক্ষ আদি ব্রহ্মসুত তাতো শ্রেষ্ঠতম।

তাতো কৰি মহাদেৱ জানিবা উত্তম।।

মঞি আৰু মহেশ্বৰ কিছু নাহি ভিন্ন।

জানিবাহা মঞি বিপ্রগণৰ অধীন।।১৯৯||

ব্রাহ্মণৰ ভৈলো যাতো মঞিসে প্রধান।

এতেকে আনৰ লগে নকৰা সমান।।

যেন তুষ্ট হঞো ব্রাহ্মণৰ মুখে খায়।

কোটি অগ্নিহোত্র তাতো মন তুষ্ট নাই।।২০০।।

সত্য শৌচ শম দম আতেসে ভকতি।

স্বর্গ অপবর্গতো এৰিলে যিটো ৰতি।।

মোকেসে দেৱতা বুলি মানিবা মনত।

কৰিবাহা সেৱা হেন বিপ্রচৰণত ।।২০১৷৷

ব্যাপি আছো মই সৰ্ব্বভূত হৃদয়ত।

মোৰ হৃদয়ত আছে চৰাচৰ যত।।

এতেকে কৰিয়ো ভূত দায়া অনুক্ষণ।

এহিসে পূজাত মোৰ তুষ্ট হোৱে মন।।২০২।।

দিলা হেন উপদেশ তনয়ক প্রতি।।

জ্ঞান বৈৰাগ্যৰ যুক্ত কৰিলা ভকতি।।

পৰম ঈশ্বৰ জ্ঞান পায়া পুত্র যত।

কৰিলা প্রণাম ঋষভৰ চৰণত।।২০৩৷৷

শুনিয়োক সভাসদ ভাগৱত কথা।

ইহেন মনুষ্য জন্ম নকৰিয়ো বৃথা।।

বিষয়ৰ সুখ হৈবে তিলেকে অন্তৰ।

যেন জল বুদবুদ সম কলেৱৰ।।২০৪।।

হেন জানি কৃষ্ণপাৱে ভজিয়ো সদায়।

জন্ম চিন্তামণি ইটো হাততে হয়।।

গোৱিন্দৰ নাম সদা কৰিয়োক মুখে।

অৱশ্যে যাইবেক ইটো জন্ম সুখে দুখে।।২০৫।।

নমো নমো কৃষ্ণ প্রভু জগতৰ নাথ।

ৰাখিয়ো চৰণে মঞি পৰম অনাথ।।

মৰণ সময়ে মোৰ নছাড়োক নাম।

নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম।।২০৬।।

........

।।ঋষভদেৱৰ পৰমহংস ধৰ্ম্মপালন।।

।।ছবি।।

 

শুকমুনি নিগদতি        শুনিয়ো নৃপতি পাচে

ঋষভে কৰিলা যেন কাজ।

পৰম বৈষ্ণৱ সন্ত        জ্যেষ্ঠ পুত্র গুণৱন্ত

ভৰতক দিলা সৱে ৰাজ।।

পৰমহংসৰ পথ         দেখায়া লোকক পাচে

ধৰিলন্ত অৱধূত বেশ।

ছাড়িলন্ত নিজৰাজ       একেশ্বৰে ভৈলা বাজ

ভোগমানে তেজিলা নিঃশেষ।।২০৭৷৷

যেন বাতুলৰ থান       নাহি বস্ত্র পৰিধান

আউল জাউল ভৈলাকেশচয়।

যেন কলা বোবা জনে    নমাতে নুশুনে কাণে

চাহি থাকে অন্ধক পৰায়।।

নাহি বিষয়ত ৰতি       আত্মকাৰ ভৈল মতি

ধৰিলন্ত পাচে মৌন ব্রত।

একো স্থানে নাহি স্থিত    পৰ্য্যটন্ত পৃথিৱীত

নগৰ কুগ্রাম পৰ্ব্বতত।।২০৮৷৷

গৰুৰ লগত কতো       গোহালিত থাকে শুতি

কতো থাকে গোৱালৰ ঘৰে।

ঋষিৰ আশ্রমে কতো      ফুলবাৰী অভ্যন্তৰে

কতো থাকে ক্ষেত্ৰৰ প্রান্তৰে।।

কতো নিশা সময়ত      বাৰীৰ মাজত থাকে

চোৰ বুলি সাতে পাচে ধৰে।

বোলে তঞি থাক কৈত   কি কাৰ্য্যো আসিলি ঐক

এহি বুলি প্ৰহাৰক কৰে।।২০৯।।

হাতে গলে বান্ধি তাঙ্ক     মাৰয় কিলৰ জাক।

তথাপি নকৰে অসন্তোষ।

মাৰন্তেয়ো দুখ নাই       যেন মূঢ়া গাছ প্রায়

বসিয়া থাকন্ত থোস মোস।।

হাণ্ডিক গলত বান্ধি      বাতুল বুলি দেই এৰি

তৈৰ পৰা যায় আন ঠাই।

তৈত আসি দশ কুৰি     মাৰয় কিলৰ বাৰি

কত কৈব তাহাৰ বিলায় ।।২১০।।

নগৰীয়া শিশুগণ        কৰি নানা কদর্থন

মূত্র পুৰীষক দেই আতি।

বেঢ়ি বাবে হাততালি     চক্ষুত সিঞ্চয় বালি

কিল ভুকু মাৰে ঘৰাকাটি।।

বিক্ষেপ কৰয় গাৱে      কতো কতো থু-থুৱায়ে

কদর্থিয়া গালি পাৰে আতি।

লাথিসৱ পৰে গাত       ইঙ্গিত নকৰে তাক

যেন ময়মত্ত মহা হাতী।।২১১৷৷

সেহি মতে দুষ্ট নৰে      নানা কদর্থনা কৰে

তথাপি নাহি একো ক্রোধ।

এৰিলা দেহৰ সঙ্গ       অহঙ্কাৰ ভৈল ভঙ্গ

নিজ স্বৰূপত ভৈল বোধ।।

পৰম সুন্দৰ বেশ        কুঞ্চিত কুটিল কেশ

পীন উৰু বাহু বক্ষস্থল।

সুকোমল পদ কৰ       ভ্রূৱযুগ মনোহৰ

প্রকাশিত বদন কমল।।২১২।।

নয়ন পঙ্কজ পাসি       মুখে মনোহৰ হাসি

দন্তচয় মুকুতাৰ শাৰী।

দৰশয় উচ্চ কুচ        কামবাণে যাই মুচ

দেখি নগৰীয়া যত নাৰী।।

কটাক্ষ নকৰে তাক      যেন চলে মত্ত নাগ

এহিমতে নিল কতো কাল।

দুৰ্জ্জনৰ উপদ্ৰৱে         সুখে থাকিবাক নেদে

যৈত থাকে তথাতে জঞ্জাল।।২১৩।।

যোগ চিন্তিবাক তান      নাহি নিৰঞ্জন স্থান

পাচে থিৰ কৰিলা মনত।

নাহি যাত সমাগত       পশি পাচে হেন বন

ধৰিলন্ত অজগৰ ব্ৰত।।

পৰি থাকা মহীতলে      যিবা বস্তু আসি মিলে

মুখ মেলি ভুঞ্জন্ত সদায়।

মূত্ৰ পূৰীষক এৰি        ভূমিতলে থাকা পৰি

বিষ্ঠায়ে লিপিত সৰ্ব্বগায়।।২১৪।।

তাহাৰ বিষ্ঠাৰ বায়ু      লাগিয়া সুগন্ধি ভৈল

দশ প্রহৰৰ পথ মানে।

ঈশ্বৰসৱৰ কৰ্ম্ম         পৰম গহন আতি

তাক জানিবেক কোনজনে।।

গৰুৰ আকাৰ কৰি       কতো ফুৰা সুখে চড়ি

কতো কাল মৃগৰ আন্বয়।

নানা যোগচৰ্য্যা কৰি     আচন্ত ঋষভ হৰি

ব্রহ্মানন্দ অখণ্ড হৃদয়।।২১৫৷৷

মুক্তিৰ ঈশ্বৰ হৈয়া       কৰিলা দুষ্কৰ কৰ্ম্ম

দেখাইলা লোকত বিৰকতি।

যোগ সিন্ধি যত যত     ভৈলা তাতে উপগত

নকৰন্ত ইচ্ছা তাক প্রতি।।

লঘিমা অণিমা আদি      যোগ সিদ্ধি যতমানে

পাইয়ো নলৱে যোগীগণে।

ঐশ্বৰ্য্যত পৰে আৰ       নাহিকে অনর্থ ঘোৰ

এতেকেসে তেজয় আপুনে।।২১৬।।

পৰীক্ষিত নৃপে পাচে      বুলিবাক লৈলা পুনু

শুনা গুৰু আমাৰ বচন।

জ্ঞান অগ্নি দহিলন্ত       কৰ্ম্মৰ বাসনা যত

আত্মাকাৰ ভৈল যাৰ মন।।

হেন যোগী সমস্তৰ       যোগ সিদ্ধি যতমানে

মোক লৱা বুলি ফুৰে পাচে।

যোগৰ ঐশ্চৰ্য্যগণে       অনর্থ কৰিবে কিবা

তাসম্বাৰ কৈত মন্দ আছে।।২১৭।।

তুমি বিনে কোনে মোৰ    ছেদিবে সংশয় ঘোৰ

চৰণত কৰো নমস্কাৰ।

হেন শুনি শুকমুনি       বুলিলন্ত মনে গুণি

শুনা বাপ বচন আমাৰ।।

যি কথা পুছিলা মানে     সৱে সত্য স্বৰূপত

কিন্তু এক ঘাটি আছে তাত।

পৰম দুৰ্জ্জন মন        নাহি থিত আৰ আন।

অবিশ্বাসী সাক্ষাতে কিৰাত।।

এতেকে মনৰ সঙ্গ       এৰিয়া মহন্তগণ

নিজ অর্থ সাধে আপুনাৰ।

ছিদ্র চাহি সেহি ক্ষণে     মুনিৰো মনক টানে

যদি তাক কৰন্ত স্বীকাৰ।।২১৮৷৷

বিষয়ৰ কাম যত       ৰাত্রি দিনে চিন্তে মাত্র

মন সমে ইন্দ্রিয়সকল।

যেন দুষ্টা নাৰীগণ       পুৰুষৰ হৰে মন।

কামক দেখাই কৌতূহল।।

কাম ক্রোধ লোভ মোহ    দম্ভ শোক ভয় আদি

আনো যত অনর্থৰ বীজ।

কৰ্ম্মবন্ধ নানা মত       মনতেসে হোয়ে জাত

মনেসে তাহাৰ মূল নিজ।।২১৯৷৷

হেন মহা অহঙ্কাৰী       মনৰ লগত কোন

পণ্ডিত কৰিবে মিত্ৰৱতি।

বিশ্বাস এৰিয়া আত      কহিলো তোমাত তাত

ই প্রশ্নৰ সিদ্ধান্ত সম্প্রতি।।

শুনিয়োক সভাসদ       মহাভাগৱত পদ

নিত্যে নিত্যে অমৃত পৰায়।

শুনন্তেয়ো মহাসুখ        গুচাৱে সংসাৰ দুখ

অজৰ অমৰ হোৱে কায়।।২২০।।

এৰি সৱে ধৰ্ম্ম কৰ্ম্ম      মুখে মাত্র বোলা ৰাম।

সুখে যেন গতি পাৱা মৰি।

কৰি মহা কায়কষ্ট       আচৰিয়া তপব্রত

তথাপি নুহিকে নাম সৰি।।

নমো নমো জগন্নাথ      চৰণত দিয়া মাথ

কৰো মঞি লক্ষ কোটিবাৰ।

সংসাৰ সাগৰে ঘোৰ      তনুনাৱ বুৰে মোৰ

কৃপাময় কৰিয়ো উদ্ধাৰ।।২২১৷৷

শুনিয়ো যতেক শাস্ত্র         তোহ্মাকেসে কহে মাত্র

দেৱৰো দেৱতা তুমি হৰি।

হাতে দান্তে তৃণ ধৰি      বোলোহো কার্পণ্য কৰি

লৈয়ো মোক নিজদাস কৰি।।

তোহ্মাৰ নামক মনে      সুমৰুক অনুক্ষণে

হৃদয়ে তোহ্মাৰ চিন্তি ৰূপ।

এহি সত্য তত্ত্ব জানি      সমজ্যাৰ যত প্রাণী

ৰাম বুলি তৰা ভৱকূপ।।২২২।।

..........

      ।।ঋষভদেৱৰ দেহত্যাগ৷৷

                       ।।পদ।।

শুনিয়োক আৰো ঋষভৰ কৰ্ম্মচয়।

যেনমতে শৰীৰ তেজিলা কৃপাময়।।

মহাযোগীগণ যেন কৰ্ম্ম আচৰিব।

দেখাইলন্ত যেনমতে শৰীৰ তেজিব।।২২৩৷৷

পূৰ্ণানন্দ আপুনি সাক্ষাতে নাৰায়ণ।

তাহান আছয় কিবা যোগক চিন্তন।।

যাৰ ৰূপ সমান নাহিকে ত্রিভুৱনে।

অৱধূত বেশে তাক ঢাকিল আপুনে।।২২৪৷৷

শৰীৰ বাজৰ বৃত্তি আছে যত যত।

সৱাকো তেজিয়া পাছে ভৈলা উপৰত।।

নাহি অনুসন্ধান কিঞ্চিত শৰীৰত।

প্রমত্তৰ গাৱে যেন আৰিলেক বস্ত্র।।২২৫।।

সেহিমতে শৰীৰকো নেদেখিলে আৰ।

উপাধি ভাগিলে জীৱ ভৈল আত্মাকাৰ।।

অনন্তৰে কুটকাচলৰ উপবনে।

মুখত দিলন্ত শিলাখণ্ডক আপুনে।।২২৬।।

আউল জাউল কেশ ফুৰে বাতুল লক্ষণ।

সেহিবেলা বনত লাগিল হুতাশন।।

মহাবায়ু বেগে অগ্নি আকাশ লঞ্জিল।

ঋষভক অৰণ্যৰ লগতে দহিল।।২২৭৷৷

এহিমতে দেহক তেজিয়া কৃপাময়।

শুনাপাছে যেন ভৈল কথাৰ নির্ণয়।।

কোঙ্ক বঙ্ক কুটক দেশৰ নৰপতি।

অৰিহণ নামে হৈবে কলিত সম্প্রতি।।২২৮৷৷

ঋষভৰ যত যোগচৰ্যাৰ মহত্ত্ব।

শুনি তাক আচৰিবে দঢ়ায়া মনত।।

কিন্তু যোগ আচৰিবে নহৈবে শকতি।

আচাৰত ভ্রষ্ট আতি হৈবে মন্দমতি।।২২৯৷৷

হুয়া বিমোহিত ধৰ্ম্মপথক এৰিব।

লোককো পাষণ্ড পথ উপদেশ দিব।।

স্বভাৱে কলিৰ লোক পৰম দুৰ্জ্জন।

তাতে পাই নৃপতিৰ আদেশ বচন।।২৩০।

তেজি বেদ পাষণ্ডৰ পথ কৰি দৃঢ়।

ঈশ্বৰৰ মায়ায়ে মোহিত হৈব বৰ।।

অবিধি পূৰ্ব্বকে মিছা ব্রতচয় কৰে।

যাৰ যেই ইচ্ছা সেই ধৰ্ম্মক আচৰে।।২৩১৷৷

সত্য শৌচ স্নান দান ছাড়ি নিৰন্তৰ।

কৰয় কেৱলে নাশ আপুন দেহৰ।।

শিশ্নোদৰ ভৰণেসে নিজ পুৰুষাৰ্থ।

মহাপণ্ডিতালি হৈব নিন্দনেসে মাত্র।।২৩২।।

দেৱ দ্বিজ যজ্ঞ ব্ৰত কৰিবে নিন্দন।

বিষ্ণুভক্ত বৈষ্ণৱক হেলিবে দুৰ্জ্জন।।

এহিমতে অন্ধ পৰস্পৰে পথ ধৰি।

অন্যোঅন্যে নিৰন্তৰে বিৰোধ আচৰি।২৩৩৷৷

পৰিবেক দুৰ্ঘোৰ নৰকে সৱে যায়।

নহৈবে নিস্তাৰ সম্বৰ সমুদায়।।

ঈশ্বৰে কৰিলা যেন কৰ্ম্মক দুষ্কৰ।।

তাক আচৰিবে কাৰ শকতি বাপৰ।।২৩৪৷৷

সপ্তদীপা পৃথিৱী বৰিষ নৱখান।

নাহি পুণ্যভূমি আৰ ভাৰত সমান।।

আত জন্ম লভি ভাগ্যৱন্ত যত নৰে ।

গাৱে গোৱিন্দৰ গুণ কৰ্ম্মক সাদৰে।।২৩৫।।

কিনো মহা ভাগ্য ভৈল মনুৰ বংশৰ।

যাত জন্ম ধৰিলা আপুনি দামোদৰ।।

ঋষভ স্বৰূপে আতি কৰি কায়ক্লেশ।

আচৰিয়া ধৰ্ম্ম দিলা মুক্তি উপদেশ।।২৩৬।।

ইটো ঋষভৰ পথ ধৰিবাক প্রতি।।

কোনো যোগীসকলৰ নভৈল শকতি।।

আছোক ধৰিবে মনে নপাৱে ওচৰ।।

যোগৰ সিদ্ধিত যাৰ যত্ন নিৰন্তৰ।।২৩৭।।

যাতো পৰিপূৰ্ণ প্রভু জগত নিৱাস।

এতেকে সিদ্ধিৰ যোগ্য ভৈলন্ত উদাস।।

দেৱ দ্বিজ গুৰু একে ঋষভ দেৱৰ।।

পৰম মঙ্গল যশৰাশি নিৰন্তৰ।।২৩৮।।

প্রাণী সমস্তৰ মহা পাতেক সংহাৰ।

যাৰা সৱে কর্ণপাতি শুনে বাৰম্বাৰ।।

নুহিবা সাদৰে আন প্রাণীক শুনাৱে।

বাঢ়ে প্রেম ভকতি সৱাৰে কৃষ্ণপাৱে।।২৩৯।।

যিটো ভক্তি অমৃত সাগৰ বিতোপন।

তাতে যাৰ মন নিমজিল সৰ্ব্বক্ষণ।।

সংসাৰৰ তিনিতাপ এৰাৱে সকল।

পৰম আনন্দ পাৱে তাহাৰা সকল।।২৪০।।

আপুনি উপজে যদি মহা মুক্তিৰস।

তাকো অনাদৰিয়া শুনন্ত কৃষ্ণযশ।।

মিলে আত্যন্তিক সুখ কথা শ্ৰৱণতে।

এতেকে অন্যত্র সুখ নমানে ভকতে।।২৪১।।

যদি বোলা মুকুতিসে দুৰ্ল্লভ লোকৰ।

ভকতিসে অনায়াসে দেখে নিৰন্তৰ।।

মোক্ষতো অধিক ভক্তি জানিবা নিশ্চিত।

ইহাৰ উত্তৰ আৱে শুনা পৰীক্ষিত।।২৪২।।

যাদৱ পাণ্ডৱ দুয়ো কুল ভাগ্যৱন্ত।।

যাহাৰ গৃহত হৰি সাক্ষাতে থাকন্ত৷৷

প্রভু হুয়া প্রতিপাল কৰা প্রতিনিত।

গুৰুৰূপে উপদেশ দেন্ত হিতাহিত।।২৪৩৷৷

পৰম সুহৃদ তাসম্বাৰ ইষ্টদেৱ।

নাছিলা নিয়ন্তা কৃষ্ণবিনে আন কেৱ।।

দূত হুয়া ফুৰা কতো সাৰথি হৱন্ত।

কিঙ্কৰালি কৰ্ম্মকো কৰিলা ভগৱন্ত।।২৪৪৷৷

কতেক কৰিবো ভাগ্য উভয় বংশৰ।

তথাপিতো মুক্তি মাত্র দিলা দামোদৰ।।

কদাচিতো নিদিলন্ত সপ্রেম ভকতি।

পৰম ৰহস্য হেন জানি যদুপতি।।২৪৫।।

শ্ৰৱণ কীৰ্ত্তন যিটো কৰন্ত সদায়।

উপজয় কৃষ্ণ কৃপা তাক সমুদায়।।

আন সাধনাত প্রেম ভকতি নুপজে।

এহি শুনি মহন্তে শ্ৰৱণপথে ভজে।।২৪৬।।

নিজলাভে পূর্ণ যিটো জগতৰ পতি।

হেন ঋষভৰ পাৱে কৰোহো প্রণতি।।

নিৰন্তৰে আপোনাৰ শ্ৰেয়স নজানি।

সংসাৰ পথত নিদ্রা গৈল যত প্রাণী।।২৪৭।

তাসম্বাক নিজৰূপ দেন্ত আপোনাৰ।

কহিলা ভকতি পথ লোকৰ নিস্তাৰ।।

হেন ঋষভৰ পাৱে পৰি কৰো সেৱ।

জগত ঈশ্বৰ তুমি বিনে নাহি কেৱ।।২৪৮৷৷

.....

 

।।ভৰতৰ বিবাহ, প্রজাপালন, হৰিভজন আদি।।

 

শুক নিগদতি শুনা নৃপতি সাম্প্রত।

তানে জ্যেষ্ঠ তনয় পৰম ভাগৱত।।

ভৈলন্ত ভৰত ৰাজা পিতৃৰ বচনে।

স্বধৰ্ম্মে পালন্ত প্রজাগণ অনুক্ষণে।।২৪৯ ।।

নামে পঞ্চজনী বিশ্বকৰ্মাৰ দুহিতা।

কৰিলা বিবাহ সৰ্ব্বগুণে সুমণ্ডিতা।।

আপোনাৰ অনুৰূপ পুত্র পঞ্চজন।

তাহান গৰ্ভত আসি ভৈল উতপন্ন।।২৫০৷৷

সুমতি প্রথম ৰাষ্টভৃত তাত পৰে।

সুদর্শন আৱৰণ তাত অনন্তৰে।।

ধূম্রকেতু সমে এহি পঞ্চ সুশোভন।

পঞ্চমহাভূত যেন ভৈলা উতপন্ন।।২৫১৷৷

যি কালত এহি অজনাভ বৰিষত।

সৰ্ব্বগুণান্বিত ৰাজা ভৈলন্ত ভৰত।।

সেহি কালহন্তে ভৈল ভাৰতবৰিষ।

যাত জন্ম লভিবাক দেৱৰে হৰিষ।।২৫২।।

পিতৃ পিতামহে যেন পালিল পূৰ্ব্বত।

সেহিমতে পালিলন্ত নৃপতি ভৰত।।

ভকতবৎসল আতি ধৰ্ম্ম ততপৰ।।

যাৰ যেন কৰ্ম্ম প্ৰৱতাইলা নিৰন্তৰ।।২৫৩৷৷

যজ্ঞৰূপী মাধৱত কৰিয়া ভকতি।

নানা উপহাৰ দ্রব্যে যজিলা নৃপতি।।

পৰম শ্রদ্ধায়ে অগ্নিহোত্র আদি কৰি৷

অমাৱস্যা পূর্ণিমা সংক্রান্তি অনুসৰি।।২৫৪।।

চাৰি পাত্ৰ বৰি যজ্ঞ কৰিলা বিস্তৰ।

দিনে দিনে নভৈলেক বিচ্ছেদ যজ্ঞৰ।।

অপূৰ্ব্ব কৰ্ম্মৰ ফল উপজয় মানে।

সৱে মাধৱত সমর্পিলা সাৱধানে।।২৫৫।।

সকলে দেৱতাময় ব্রহ্মবোলে যাক।

তান অংশ মানন্ত সমস্তে দেৱতাক।।

হেন ভগৱন্ত বাসুদেৱৰ ভজনে।

পৰম নিৰ্ম্মল চিত ভৈলন্ত আপুনে।।২৫৬।।

যিটো ভগৱন্ত ভকতৰ হৃদয়ত।

থাকা চতুর্ভুজ ৰূপে আপুনি সতত।।

শঙ্খ চক্র গদা পদ্ম কৰত যাহাৰ।

শ্রীবৎস কৌস্তুত বনমালা জাতিষ্কাৰ।।২৫৭।।

নযান্ত ক্ষণেকো ভকতৰ হিয়া এৰি।

লগাই আছে যাতো চৰণত প্রেমজৰী।।

হেন মাধৱত কৰ্ম্ম অর্পিয়া থাকন্তে।

উপজিল নৃপতিৰ ভকতি একান্তে।।২৫৮৷৷

এহিমতে অযুত হাজাৰ সম্বৎসৰ।

কৰ্ম্মৰ বাসনা ক্ষয় ভৈল নিৰন্তৰ।।

ভৈল পাছে তান বিষয়ত বিৰকতি।

পুত্র সমস্তক বাটি দিলা বসুমতী।।২৫৯।

মহা অনর্থৰ ঘৰ জানিয়া বিষয়।

ছাড়ি ৰাজ্যভাৰ বাজ ভৈল মহাশয়।।

পুলহৰ আশ্ৰমক গৈলা একেশ্বৰে।

মহাঋষিসৱে যাত তপস্যা আচৰে।।২৬০।।

বহয় গণ্ডকী নদী মাজে মাজে তাত।

শালগ্রাম শিলাৰ উদ্ভৱ হৱে যত৷৷

নানা ফলে ফুলে আতি দেখিতে শোভন।

যি থানক সদা নছাড়ন্ত জনার্দন।।২৬১।।

হেন আশ্ৰমত ৰাজা কৰিলা নিৱাস।

এৰিলন্ত নিজ শৰীৰত অভিলাষ।।

ৰাত্রি দিনে গোৱিন্দৰ চিন্তন্ত চৰণ।

তানে গুণ নাম মাত্র কৰন্ত কীৰ্ত্তন।।২৬২।।

প্রভাতে কৰন্ত স্নান নদীৰ জলত।

নিত্য নৈমিত্তিক কৰ্ম্ম কৰে যত যত।।

কৃষ্ণত অর্পিয়া তান জীৱন ৰাখন্ত।

ফল মূল দ্রব্য সৱে বিচাৰি আনন্ত।।২৬৩৷৷

কমল তুলসী দল কিশলয় জলে।

বিধিমতে পূজে কতো চৰণ কমলে।।

ইদ্রিয়ক দমি কতো নিয়মি মনক।

হৃদয়ত সাক্ষাত কৰন্ত ঈশ্বৰক।।২৬৪।।

নখচন্দ্র জ্বলে যেন নৱ পদ্মকোষ।

দেখি নৃপতিৰ আতি মিলয় সন্তোষ।।

মহাপ্রেমভাৱে লোম শিহৰে গাৱৰ।

আনন্দ লোতক আতি বহে ধাৰাসাৰ।।২৬৫।।

আনন্দিত থাকি পাসৰন্ত আপোনাক।

মুখত নাসয় তুতি গদগদ বাক৷৷

পূজাৰ কৰ্ম্মক পাসৰন্ত সমুদায়।

কৃষ্ণে মুহিলন্ত চিত বাতুল পৰায়।।২৬৬৷৷

ধ্যান এৰি ফুৰে কতো মাটিত বাগৰি।

উঠি নিত্য কৰে কতো অঙ্গিভঙ্গি কৰি।।

কতো দণ্ডৱতে পৰি কৰে নমস্কাৰ।

মুখে উচ্চাৰন্ত ৰাম কৃষ্ণ বাৰম্বাৰ।।২৬৭।

এহিমতে অনুক্ষণে ভৰত নৃপতি।

কৃষ্ণৰ সেৱাত দৃঢ় কৰিলন্ত মতি।।

এৰিলন্ত ৰাজ্য বিষয়ৰ চেষ্টা যত।

কৃষ্ণ বিনে আন কিছু নপৰে মনত।।২৬৮।।

কৃষ্ণসাৰ চৰ্ম্ম এক কটিত বেষ্টিত।

মাথাত পিঙ্গট জটাজুট বিপৰীত।।

ধূলি ধূসৰিত অঙ্গ নাহিকে সংস্কাৰ।

ৰাত্রিদিনে চিন্তা মাত্র কৃষ্ণৰ পূজাৰ।।২৬৯।।

সূৰ্য্যমণ্ডলৰ মধ্যগত নাৰায়ণ।

হিৰন্ময়ৰূপ কতো কৰন্ত চিন্তন।।

এহিমতে নিলা ৰাজা অনেক বৎসৰ।

পাচে যেন কথা ভৈলা শুনা নৃপবৰ।।২৭০।।

.....

।।ভৰতৰ অনাথ হৰিণ-শিশু পালন আসক্তি।।

 

একদিন স্নানিবাক গৈলা নদীতীৰ৷

নিত্যকৰ্ম্ম আচৰিলা মন কৰি স্থিৰ।।

একাক্ষৰ মন্ত্রক জপিয়া ভক্তিভাৱে।

কতোক্ষণ মানে আছিলন্ত সেহি ঠাৱে।।২৭১৷৷

একেশ্বৰে গর্ভিণী হৰিণী সি বেলাত।

জলপান কৰিবাক নামিল জলত।।

সেহি সময়ত সিংহে তেজিলা আটাস।

শুনি হৰিণীৰ আতি ভৈল গৰ্ভত্ৰাস।।২৭২।।

স্বভাৱতে মৃগজাতি মহাভয়শীল।

দিয়া এক জাপ সিটো নদীক লঙিঘল।।

ডেৱ দিল মাত্রে আসি সেহি সময়ত।

গর্ভপাত হৈয়া শিশু পৰিল জলত।।২৭৩।।

নদীত লঙিঘল সিটো গৰ্ভৰ পতনে।

নিজ যুথ এৰিলেক চিন্তা ভৈল মনে।।

পৰম আতুৰ ভৈল সিংহৰ ভয়ত।

পৰিয়া মৰিল পৰ্ব্বতৰ গহ্বৰত৷৷২৭৪।।

পৰম দুখিত সিটো মৃগৰ সন্ততি।

নদীত ভাসিয়া যায় দেখিলা নৃপতি।।

নাহিকে সহায় তাৰ মাতৃয়ো মৰিল।

কোলাত কৰিয়া নিজ আশ্ৰমক নিল।।২৭৫।।

হৰিণ পুত্ৰত ভৈল নিজ অভিমান।

ৰাত্রিদিনে চিন্তে মাত্র তাহাৰ কল্যাণ।।

সুকোমল ঘাস দিয়া কৰন্ত পোষণ।

বৃকাদিত হন্তে সদা কৰন্ত ৰক্ষণ।।২৭৬।।

পৰম স্নেহত মুখে কৰন্ত চুম্বন।

কতো গাৱ কণ্ডুৱন্ত হুয়া ৰঙ্গমন।।

স্নান সন্ধ্যা আদি কৰি যতেক নিয়ম।

অহিংসা প্রমুখ্য কৰি যতেক সংযম।।২৭৭।।

সপ্রেম পূৰ্ব্বক মাধৱৰ পূজা যত।

কিছু কিছু কৰি কতো দিনে হৈল হত৷৷

আতিশয় ভৈল হৰিণত আসকতি।

কৃষ্ণৰ সেৱাত তান ভৈল অল্পমতি।।২৭৮৷৷

মনত বোলন্ত কিনো ভৈলা দৈৱগতি।

পৰম অনাথ ইটো মৃগৰ সন্ততি।।

মহা বেগৱন্ত কালচক্ৰ ঈশ্বৰৰ।

পৰম আশ্চৰ্য্য তর্কিবেক কোন নৰ।।২৭৯।।

সুহৃদ বান্ধৱ জ্ঞাতি সৱে দূৰ গৈল।

পৰম দুখিত হুয়া মোৰ সঙ্গে ৰৈল।।

মঞি তাৰ পিতৃ মাতৃ জ্ঞাতি সহোদৰ।

মোত পৰে নাহি আন ৰক্ষক অপৰ।।২৮০৷৷

এতেকে ইহাক মোৰ লাগয় পালিত।

পালন পোষণ যত সকলে উচিত।।

সৰ্ব্বভাৱে যিটো জনে পশিল শৰণ।

তাৰ পৰিত্যাগে দুখ কৰে যিটোজন।।২৮১।।

আপোনাৰ কুশল আছয় যত যত।

তাৰ প্রতিপালে যদি সৱে হৱে হত।।

তথাপিতো তাৰ ৰক্ষা কৰিতে যুৱাই।

এতেকে ইহাক মঞি পালিবো সদায়।।২৮২।।

এহিমতে হৰিণত স্নেহ ভৈল আতি।

ৰাত্রি দিনে আন চিন্তা তেজিল নৃপতি।।

সিংহ বাঘ কুকুৰক মহাশঙ্কা মনে।

তাক ৰক্ষা কৰিয়া ফুৰন্ত বনে বনে।।২৮৩।।

সমীধ পলাশ কুশ পূজাৰ দ্ৰব্যক।

ফল মূল আনিবাক যান্ত বিদূৰক।।

হৰিণক লগে নেই কৰি আতি দায়া।

তর্কিবাক নপাৰিয়া ঈশ্বৰৰ মায়া।।২৮৪।।

যেতিক্ষণে পথত নপাৰে হাণ্ঠিবাক।

মহাস্নেহে স্কন্ধত তুলিয়া নেন্ত তাক।।

কোলাত বৈসান্ত কতো মহা ৰঙ্গমন।

দুখ পাইলি বুলি কতো ঘসন্ত চৰণ।।২৮৫।।

স্নান সন্ধ্যা কৰিবাক নামন্ত জলত।

মৃগৰ ছয়াল শুতি থাকাহা তৰত৷৷

যিবা কৰ্ম্ম কৰন্ত নাহিকে তাত মন।

উঠি উঠি হৰিণাক চান্ত ঘনেঘন।।২৮৬৷৷

হাতযোৰ কৰিয়া কৰন্ত আশীৰ্বাদ।

মোৰ আশীর্বাদে তোৰ নহৌক প্রমাদ।।

কদাচিতো যদি হৰিণক নেদেখন্ত।

মহা মন দুখে ৰাজা বিলাপ কৰন্ত।।২৮৭।।

কৃষ্ণৰ চৰিত্ৰ শুনিয়োক সভাসদ।

এহিসে খণ্ডাৱে সৱে সংসাৰ আপদ।।

মধুৰৰো সুমধুৰ মাধৱৰ নাম।

মঙ্গলৰো মঙ্গল পৰম অনুপাম।।২৮৮৷৷

ধৰ্ম্ম কৰ্ম্ম তীর্থ যাগ যোগ নিৰন্তৰ।

জানিবাহা সৱে হৰিনামৰ কিঙ্কৰ।।

ব্ৰহ্মহত্যা সুৰাপান অগম্যাগমন।।

বিশ্বাসঘাতক আদি আনো পাপগণ।।২৮৯।

হৰি বিমুখত আসি হৱে একঠাই।

হেন জানি হৰিনাম নেৰিবা সদায়।।

ইটো নৰতনু আৰ নপাইবা দুনাই,

চিন্তামণি জন্ম হেৰা হাততে হৰায়।।২৯০৷৷

ভকতিক এৰি কৰে আনক যতন।

ছাইৰ অৰ্থে পুৰে যেন মলয়া চন্দন।।

হেন জানি বিষয়ৰ আশা পৰিহৰি।।

ভণে অনিৰুদ্ধে সৱে বোলা হৰি হৰি।।২৯১।।

..........

।।ভৰতৰ হৰিণ-জন্মলাভ।।

।।দুলড়ী।।

 

শুক নিগদতি      শুনিয়ো নৃপতি

পৰীক্ষিত ধৰ্ম্মশীল।

মৃগৰ তনয়       নেদেখিয়া তান

পৰম শোক মিলিল।।

যেন গৃহস্থৰ       পৰম দুখৰ

অর্থচয় নষ্ট ভৈল।

সেহি মতে আতি   সকৰুণ মতি

বিলাপ কৰিবে লৈল।।২৯২।।

বান্ধৱে তেজিল     মাতৃয়ো মৰিল।

অনাথ মৃগ ছৱাল।

মঞি দুষ্টমতি      পৰম কপটী

নকৰিলো প্রতিপাল।।

আন কৰ্ম্মমানে     কৰিলো আদৰ

তোক কৰি পৰিহাৰ।

এতেকে জানিলো    মোত ৰোষ কৰি

পশিলি মধ্যে বনৰ।।২৯৩।।

নকৰিলো পুণ্য     আজি ভৈল শূন্য

আশ্রম দিশ বিদিশ।

নেদেখিয়া তোক    পাঞো বৰ শোক

গুচিল মোৰ হৰিষ।।

কুকুৰে শৃগালে     বাঘে পালে পালে

তোক একেশ্বৰে পাই।

হৃদয় বিদাৰি      পেহ্লাইবেক মাৰি

সুমৰন্তে প্রাণ যায়।।২৯৪।।

দাস বুলি মোক    ৰক্ষা কৰন্তোক

তোহোক গৰুড়কেতু।

মনে লৱে মোৰ    আন মতে তোৰ

নেদেখো ৰক্ষাৰ হেতু।।

দিন গোট গৈল   ৰাত্রি আসি ভৈল

অস্তাগত ভৈল সূৰ্য্য।

তথাপিতো তোক    নভৈলোহে ভেন্ট

মোক তেজি গৈলি দুৰ্য্য।।২৯৫৷৷

পূজা সময়ত      লগে থাকা কতো

আসনত বসি মোৰ।

মোৰ গাৱে আসি   কণ্ডুকি কৰয়

সুকোমল শৃঙ্গে তোৰ।।

পূজাৰ দ্ৰব্যক      কৰহ ভোজন

ধ্যান এৰি থাকো চাই।

তথাপিতো তোক    মন্দ নুবুলিলো

তথাপি গৈলি পুতাই।।২৯৬৷৷

জানিলো যিহেতু    তেজিলিহি মোক

ধ্যানত থাকন্তে বসি।

হাতৰ কুশক      কামুৰি ছিণ্ডিলি

দেখিয়া বুলিলো হাসি।।

দূৰ গুছ আৰ     কিনো অনাচাৰ

কৰিলি পূজাক নষ্ট।

সেহি অপমানে     গৈলি কোন স্থানে

আমাত কৰিয়া কষ্ট।।২৯৭।।

যদি আন বেলি    তোক পাৰো গালি

নাহিবি তঞি দুনাই।।

এহি বুলি ৰাজ     বিচাৰি ফুৰন্তে

দেখিলন্ত খোজচয়।।

হেৰা পাইলো বুলি   চাহন্তে নিহালি

আকুল আতি হৃদয়।

নকৰিবি ৰোষ     ক্ষেম মোৰ দোষ

দিয়োক দেখা পুতাই।।২৯৮৷৷

কিনো ভাগ্যৱতী    তুমি বসুমতী

আছা কত পুণ্য কৰি।

মহাসুখকৰ       হৰিণ পুত্ৰৰ

খোজ চয় আছা ধৰি।।

যাহাৰ খোজত        যজ্ঞভূমি যত

দেখিতে আতি বিচিত্র।

কৃষ্ণসাৰ মৃগ      নাহি যি থানত

নুহিকে সিটো পৱিত্ৰ।।২৯৯৷৷

মঞি দুখিতৰ      পৰম সৰ্ব্বস্ব

হৰিণ ৰাজকুমাৰ।

কোন দয়াময়     পুৰুষ আছয়

পদক দেখাইবে তোৰ।।

সেহি বেলা চন্দ্র    উদয় ভৈলন্ত

দেখিলন্ত ৰাজা পাচে।

চন্দ্ৰৰ কুৰঙ্গ      দেখি ভৈলা ৰঙ্গ

প্রকাশ কৰন্তে আছে।।৩০০||

মোৰ মৃগ পুত্র     তুমি পাইলা কুত্র

কহিয়ো ৰজনীনাথ।

মৃগৰ বিৰহে      তনু মোৰ দহে

শীতল কৰিয়ো গাত্র।।

দিয়ো মৃগসুত      নুহিকে যুগুত

ৰাখিবে পৰৰ ধন।

এহিমতে ৰাজা     মৃগৰ বিৰহে

ভৈলা যেন অচেতন।।৩০১।।

কতোক্ষণে সিটো    মৃগৰ তনয়

দেখা দিল নৃপতিক।

পালো পালো বুলি   কোলে লৈলা তুলি

আনন্দ ভৈলা অধিক।।

পূৰ্ব্বত কৰিয়া     দশুগুণ কৰি

পালন্ত তাক সদায়।

শয়নে ভোজনে     নেৰে একোক্ষণে

দৰিদ্ৰৰ ধনপ্রায়।।৩০২।।

প্রাৰব্ধৰ কৰ্ম্মে     আসি নৃপতিক

মৃগ ৰূপে লাগ পাইল।

মাধৱৰ পূজা      যোগ অভ্যাসন্তে

টানিয়া তাঙ্ক পেলাইল।।

দেখা নৃপবৰ      পৰম আশ্চৰ্য্য

প্রাৰব্ধ কৰ্ম্মৰ ফল।

নৃপতি ভৰত      কৃষ্ণত ভকত

যোগত আতি কুশল।।৩০৩৷৷

ৰাজভাৰ যত     তেজিলা সমস্ত

নিজ পুত্র আপোনাৰ।

কিনো অদভুত     অধম পশুত

সঙ্গতি ভৈল ৰাজাৰ।।

তাহাক লালন্তে     পোষন্তে পালন্তে

টুটিল হৰি ভকতি।

যিটো মহাজনে     নকৰয় হেন

অসঙ্গ সঙ্গত ৰতি।।৩০৪৷৷

তাত অনন্তৰে     কাল অজগৰে

ধৰিল নৃপক পাছে।

আয়ু ভৈল পাত    দেখিলা সাক্ষাত

হৰিণ কাচত আছে।।

আপুনি মৰন্ত      তাক নুগুণন্ত

হৰিণক কৰা শোক।

মই যাঞ মৰি         আৱে হৰি হৰি

কোনে পালিবেক তাক।।৩০৫।।

নাহি বাপ মাৱ    সুহৃদ বান্ধৱ

অনাথ মৃগ সন্ততি।

সৱে পৰিহৰি      তোক সাৰ কৰি

বনত আছো সম্প্রতি।।

নকৰিবি শোক     চলো পৰলোক

তোক এৰি ঘোৰ বনে।

হৰি হৰি তোক    বেঢ়িয়া খাইবেক

কুকুৰ শৃগালগণে।।৩০৬।।

হা হা পুত্ৰ বুলি    চাহন্তে নিহালি

ছাড়িলা নৃপতি প্রাণ।

হৰিণ বোলন্তে     দেহাক ছাড়িল

নৰপতি সেহিক্ষণ।।

হৰিণক চিন্তি      মৰিল যিহেতু

সেহি কৰ্ম্ম অনুসাৰে।

হৰিণৰ গর্ভে      ভৈলা উতপতি

কালঞ্জৰ গিৰিবৰে।।৩০৭৷৷

কৃষ্ণৰ চৰণ       সেৱাৰ বলেসে

হইলেক জাতিস্মৰ।

অসন্ত সঙ্গত      ভৈল হেনমত

জানিলন্ত নৃপবৰ।।

মনে অনুতাপ      কৰিলা অনেক

কিনো ভৈলো অধোগমী।

বৈষ্ণৱ সঙ্গত      জনম নলভি

পশুজাতি ভৈলো আমি।।৩০৮৷৷

ৰাত্রি দিনে মঞি    আন নিচিন্তিলো

এক কৃষ্ণ দেৱ বিনে।

তাহাৰ চৰণ      কীৰ্ত্তন কৰিলো

ধ্যান কৰি থাকো মনে।।

নানা কায় ক্লেশ    মন নিয়মিয়া

পাইলো ভক্তি সুধাকৰ।

কৰ্ম্মৰ বিপাকে     মৃগৰূপে আসি

মোহিলে মন আহ্মাৰ।।৩০৯৷৷

অসন্তৰ সঙ্গে      চিত্তক মথিল

এৰিলো হৰি ভকতি।

পশু শৰীৰতো     হেন নকৰিবো

অসন্তৰ সঙ্গে ৰতি।।

হেন মনে গুণি     তেজিলা হৰিণী

মাতৃক অসন্ত জানি।

তৈৰ হন্তে পাচে    সেহি গণ্ডকীক

আসিলন্ত মহামানী।।৩১০৷৷

গণ্ডকীৰ তীৰে     ফুৰা একেশ্বৰে

এৰিয়া পশুৰ সঙ্গ।

হেন বাট চাই     থাকিল তথায়

কেতিক্ষণে পৰে অঙ্গ।।

বৃক্ষৰ শুকান      পত্ৰক ভুঞ্জন্ত

নিবেদি কৃষ্ণ চৰণে।

হৃদয়ত কৃষ্ণ      চৰণ ধিয়াই

একেশ্বৰে ফুৰা বনে।।৩১১।।

ভৈলা ভোগ্য ক্ষয়   জানিয়া হৃদয়ে

শৰীৰ এৰিবে মনে।

গণ্ডকী জলত      ভৈল কণ্ঠগত

নমিয়া কৃষ্ণ চৰণে।।

নমো হৰি বুলি    প্রাণ গৈলা ছাড়ি

পৰিলা দেহা তেখনে।

ভণে অনিৰুদ্ধ      মন কৰা শুদ্ধ

ৰাম হৰি বোলা ঘনে।।৩১২৷৷

..........

।।ভৰতৰ জড়ব্ৰাহ্মণত্ব প্রাপ্তি৷৷

                  ৷৷পদ।।

 

শুক নিগদতি ৰাজা শুনা তাত পৰ।

অঙ্গিস গোত্রে আছিলন্ত দ্বিজবৰ।।

শম দম উপাসনা পঢ়ন পঢ়ান।

বিশেষ তিতিক্ষা পৰদুখ অসহন।।৩১৩||

অতিথিক অন্ন দিয়া কৰন্ত ভোজন।

যেহি মিলে তাহাতে সন্তোষ হোৱে মন।।

কৰ্ম্ম বিদ্যা আত্মজ্ঞান ধৰ্ম্মত নিপুণ।

আছয় সকলে ব্রাহ্মণৰ যত গুণ।।৩১৪।।

আপোনাৰ সমৰূপ গুণত ভাৰ্যাত।

ভৈল নৱ পুত্ৰজাত প্রথম প্রখ্যাত।।

যমজ ছৱাল ভৈল অপৰ ভাৰ্য্যাত।

একজনী কন্যা একজন পুত্র জাত।।৩১৫।।

যি জন পুৰুষ তাঙ্ক বুলিলা ভৰত।

ৰাজ ঋষি মধ্যে শ্রেষ্ঠ আছিল পূৰ্ব্বত।।

মৃগদেহ তেজি ভৈলা ব্রাহ্মণ তনয়।

সিয়ো জন্মে জাতিস্মৰ ভৈলা মহাশয়।।৩১৬।।

সঙ্গ দোষে ভৈলা মোৰ হেনয় অৱস্থা।

অসন্তৰ সঙ্গ আৰ নলৈবো সৰ্ব্বথা।।

হেন গুণি এৰি বিষয়ৰ সঙ্গ যত।

কৃষ্ণ পাদপদ্ম মাত্র ধৰি হৃদয়ত।।৩১৭।।

মাতিলেও নমাতন্ত শুনি নুশুনন্ত।

বাতুলৰ চেষ্টা হেন লোকক দেখান্ত।।

তান নিজ পিতৃ যিটো পুত্ৰৰ স্নেহত।

কৰাইলন্ত ব্রাহ্মণৰ সংস্কাৰ যত।।৩১৮৷৷

যজ্ঞসূত্র দিলা কৰি অনেক যতন।

শিখাইলন্ত স্নান সন্ধ্যা শৌচ আচমন।।

যদ্যপি তাহান তাত নাহি আসকতি।

তথাপিতো পিতৃ শিক্ষা দেন্ত প্রতি প্রতি।।৩১৯।।

পিতৃ ভৈলে পুত্ৰক শিখাৱে যথোচিত।

লোকতো প্রসিদ্ধ ইটো শাস্ত্ৰৰো বিহিত।।

এহি বুলি শিখাৱন্ত পৰম যতনে।

ভৰতে কিঞ্চিতো তাক নমানন্ত মনে।।৩২০৷৷

তাহান প্রযত্ন দূৰ কৰিবাক মনে।

শিখালেও নুবুজন্ত যেন মূঢ় জনে।।

মহাদুখে যিবা শিখাৱন্ত দ্বিজবৰ।

উলটি সুধিলে তাৰ নপান্ত উত্তৰ।।৩২১৷৷

তথাপিতো আতিশয় পুত্ৰৰ স্নেহত।

বেদ পঢ়াৱন্ত শিখাৱন্ত শাস্ত্র যত৷৷

এহিমতে শিখাৱন্ত ধৰ্ম্ম কৰ্ম্ম যত।

নভৈলেক তান মনোৰথ সমাপত।।৩২২।।

মোহোৰ আগত পুত্ৰ নভৈল পণ্ডিত।

জানিলো বিধাতা মোক কৰিলে বঞ্চিত।।

হেন অসন্তোষে দ্বিজ তথাত আছন্ত।

ভৈল আয়ুক্ষয় পাচে দেহা ছাডিলন্ত।।৩২৩৷৷

হেন দেখি দ্বিজৰ কনিষ্ঠা ভাৰ্য্যা সতী।

স্বামীৰ লগত যাইবে দৃঢ় কৰি মতি।।

পুত্ৰ জীৱ সমর্পিল সপত্নীৰ ঠাই।

আনন্দে ৰহিল পাছে পতিলোক পাই।।৩২৪।।

জড় ভৰতৰ যেৱে পিতৃ মৰিলন্ত।

ভ্রাতৃসৱে তান প্ৰভাৱক নজানন্ত।।

বেদৰ কৰ্ম্মত দৃঢ়মতি ভৈল জাত।

নাহিকে কিঞ্চিতো ব্রহ্মবিদ্যা তাসম্বাত।।৩২৫।

ইটো জড়মতি ভ্রাতৃ সাক্ষাতে পাগল।

ইহাক শিখাইলে আৰ নাহি কিছু ফল।।

ইহা গুণি তাঙ্ক আৰু শিখাইতে নিদিল।

ভৰতেও হেনমতে চেষ্টা আচৰিল।।৩২৬।।

পশুবুদ্ধি নৰে তাৰ নজানন্ত তত্ত্ব।

বোলে কলা বোবা অসাথন উনমত্ত।।

যেই যিবা বোলে আচৰন্ত সেহি মত।

আপোনাৰ ইচ্ছা তান নাহি স্বৰূপত।।৩২৭।।

বলে ধৰি আনি কতো জোৰাৱয় ভাৰ।

পেটৰ ভাতক নেদি কৰে তিৰস্কাৰ।।

মূল্য দিবো বুলি কতো পথাৰক নেই।

ডাঙ্গৰ কোদাল আনি তান হাতে দেই।।৩২৮||

একভিতি কৰি নেন্ত যাকে যৈতে পাৱে।

খাল বাম আদি কিছু বিচাৰি নচাৱে।।

কেহো বোলে আজি দিয়া ইটো কৰ্ম্ম কৰি।

অন্ন জল লাগে মানে দিবো পেট ভৰি।।৩২৯।।

এহিমতে যিবা যেইমতে প্রবর্ভাৱে।

নাহি অহঙ্কাৰ আচৰন্ত সেহি ভাৱে।।

কোনো দায়ৱন্ত জনে কৰিয়া যতন।

দুগ্ধ চেনি মিশ্র কৰি দেই দিব্য অন্ন।।৩৩০৷৷

কোনো সময়ত বহু আহাৰ মিলয়।

কদাচিতো অল্প মাত্র বস্তুৰ উদয়।।

যেতিক্ষণে যেই আসি হোৱে উতপন্ন।

নাহি আসকতি তাকে কৰন্ত ভোজন।।৩৩১৷৷

ইন্দ্ৰিয়ৰ বশ্য যিটো জ্ঞানহীন জন।

তিক্ত মিষ্ট ভাল মন্দ তাৱত ভোজন।।

আত্মলাভ পৰিপূৰ্ণ ব্রহ্মানন্দময়।

ভোজনত তাৰ ভাল মন্দ কি আছয়।।৩৩২।।

নাহিকে কিঞ্চিতো অভিমান শৰীৰত।

এতেকেসে সুখ দুঃখ নুপুজৈ মনত।।

সহি থাকা শীত উষ্ণ বাত বৰিষণ।

বলধৰ গাৱে যেন নাহিকে বসন।।৩৩৩৷৷

পৰম কঠিন আতি থুলন্তৰ কায়।

নকৰন্ত স্নান সদা মাটি বাগৰয়।।

একেখানি ফটাকানি আছয় কটিত।

পৰম মলিন নৱগুণ সমন্বিত।।৩৩৪।।

এতেকেসে ব্রহ্মতেজ বাঢ়িল সকল।

মহামণি গোট যেন সদা অবিকল।।

অধম ব্রাহ্মণ বেশে ভ্রমন্ত সতত।

নজানয় অজ্ঞজনে তাহান মহত্ত্ব।।৩৩৫।।

পৰৰ ইচ্ছাতে কাৰ্য কৰা যেতিক্ষণ।

তাত হন্তে যিবা বস্তু হৱে উতপন্ন।।

তাকে মাত্র ভুঞ্জন্ত অমৃত সম মানি।

হেন দেখি পাচে নিজ ভ্রাতৃগণে আনি।।৩৩৬।।

হাতত কোদাল দিয়া বোলয় বচন।

ভালমতে কোৰ তঞি এহি ভূমিখান।।

সেহিমতে আচৰন্ত বাক্য তাসম্বাৰ।

কিন্তু ভাল মন্দ তান নাহিকে বিচাৰ।।৩৩৭||

যিটো গৰ্ত্ত পুতিবাক লাগে মাটি দিয়া।

কোদালৰ ঘাৱে তাক পেলাৱে খানিয়া।।

ভালমতে বান্ধিবাক লাগে যিটো আলি।

ভূমিৰ লগতে তাক পেলান্ত বখালি।।৩৩৮।।

কোনো বেলা ধান কাটিবাক লৈয়া যায়।

জপায়া কাটন্ত কেঞ্চা পকাক নচাই।।

ভাতৃ ভাৰ্য্যাসৱে তাক কৰে কদর্থন।

গৃহৰ বাহিৰে দেই অপৱিত্ৰ অন্ন।।৩৩৯৷৷

থালীত লাগিয়া থাকে দগ্ধ অন্ন যত।

তাকে ভুঞ্জিবাক দেই কোনো সময়ত।।

কোনো বেলা আনি তেল পেৰা খলিহাক।

আধাপোৰা কৰি তাক দেই ভুঞ্জিবাক।।৩৪০৷৷

কোনো বেলা খুদ গুৰি আধা পিয়া কৰি।

মাটিত পেলায়া দেই অৱহেলা কৰি।।

পোকে খোৱা মাহ মণ্ড পাৱে যত মান।

মাটি বালি তুহ গুৰি কৰি একস্থান।।৩৪১৷৷

কদাচিত ভুঞ্জিবাক লাগি দেই আনি।

তাক ভোগ কৰন্ত অমৃত সম মানি।।

ভ্রাতৃসৱে আনো নানা কৰাৱে বিপত্তি।

পাচে যেন কথা ভৈল শুনিয়ো নৃপতি।।৩৪২।।

একদিনা চোৰৰ নৃপতি একজন।

লগত কৰিয়া বহুতৰ চোৰগণ।।

একজন মনুষ্যক বলে আনি ধৰি।

কাটিবাক লাগি তাক আছে বন্দী কৰি।।৩৪৩।।

এহি বলি দিয়া ভদ্রকালীক পূজিবো।

অৱশ্যেকে তেৱেঁ মঞি পুত্ৰক লভিবো।।

হেনয় সংকল্প সিটো কৰিয়া মনত।

চোৰগণ সমে সিটো চলন্ত পথত।।৩৪৪।।

দৈৱবশে বন্দী পাচে ভৈল বিমোচন।

দোভাগ ৰজনী পলাইলেক সিটোজন।।

পাচত খেদিয়া তাৰ গৈল চোৰগণ।

কোন ভিতি গৈল নপাইলেক দৰিশন।৩৪৫||

ৰাজায়ে দণ্ডিবে বুলি মনত বিকলে।

বিচাৰ কৰিয়া ফুৰে ৰখীয়াসকলে।।

মহা অসন্তোষে দুখ কৰিয়া মনত।

ভৰতক লাগ পাইলা সেহি সময়ত।।৩৪৬।।

ধানক বৰাহে খায় ৰখিবাক বুলি।

টঙ্গিৰ উপৰে কোনোজনে আছে তুলি।।

হেন দেখি তাসম্বাৰ আনন্দ মিলিল।

আৱেসে জানিলো কাৰ্যসকলে সিজিল।।৩৪৭।।

সৰ্ব্বগুণান্বিত বুলি স্থূলন্তৰ কায়।

ভদ্রকালী তুষ্ট হৈবে আৰ তেজ খাই।।

স্বামীৰ সিজিবে কাৰ্য্য এবে অবিকলে।

এহিবুলি জপায়া বান্ধিলা হাতে গলে।।৩৪৮।।

পৰম কৌতুকে দেৱ গৃহক নিলেক।

আপোনাৰ মন্ত্রে কৰাইলন্ত অভিষেক।।

স্নান কৰাই পিন্ধাইলন্ত নতুন বসন।

অগৰু চন্দন পুষ্প কৰাইলা ভূষণ।।৩৪৯৷৷

দীপ ধূপ লগাইলেক দেৱীৰ আগত।

ঘট পাতি ফল পুষ্প দিলা উপৰত।।

কদলী তাম্বুল আখৈ নানা উপহাৰ।

দেৱীৰ গৃহত নিয়া মিলাইলা অপাৰ।।৩৫০।।

দণ্ডৱতে পৰি আগে অনেক ভকতি।

জয় জয় দেৱী বুলি কৰে স্তুতি নতি।।

নানাবিধ গীত গাৱে বায়া হাততালি।

আমাৰ সম্বন্ধে তুষ্ট হুয়ো ভদ্রকালী।।৩৫১।।

আগত নাচয় কতো কৰি মহাৰঙ্গ।

দুন্দুভি দগৰ দমা তবলা মৃদঙ্গ।।

পণৱ গোমুখ শঙ্খ বজায়া অশেষ।

দেৱীৰ আগত বলি কৰাইল প্রৱেশ।।৩৫২।।

পৰম দুর্জন যিটো তষ্কৰ নৃপতি।

মনুষ্যৰ তেজে দেৱী পূজিবাক প্রতি।।

বলি কাটিবাৰ খড়গ দেখি ভয়ঙ্কৰ।

শানত শনাইত আতিশয় তীক্ষ্ণতৰ।।৩৫৩।।

সেন্দুৰ চন্দন ঘসি নিমন্ত্রণ কৈল।

বলি কাটিবাক লাগি হাতে তুলি লৈল।।

হেনয় প্রকাৰে সিটো চোৰ সমস্তৰ।

ধনমদে ৰজ তম বাঢ়িল বিস্তৰ।।৩৫৪।।

বিষ্ণু বৈষ্ণুৱক জপাই কৰে তিৰস্কাৰ।

পাষণ্ডৰ পথে কৰে স্বচ্ছন্দ বিহাৰ।।

পৰহিংসা কৰ্ম্ম আতি পৰম দাৰুণ।

এতেকে নজানে মহন্তৰ যত গুণ।।৩৫৫৷৷

সৰ্ব্বভূত সুহৃদ সাক্ষাতে ব্রহ্মময়।

নিৱিৰ স্বভাৱ ব্রহ্মঋষিৰ তনয়।।

অল্পমাত্র হিংসা কৰিবাক নোহে যোগ।

কাটিবাক লাগি তাঙ্ক কৰিলে উদ্যোগ।।৩৫৬।।

পৰম দুঃসহ ব্ৰহ্মতেজৰ প্ৰভাৱ।

দেখি ভদ্রকালীৰ কম্পিল সৰ্ব্বগাৱ।।

ভয়ঙ্কৰ বেশ অতি যেন হুতাশন।

প্রতিমা ফাটিয়া বাজ ভৈলা তেতিক্ষণ।।৩৫৭৷৷

শুনা সভাসদ ইটো ভাগৱত কথা।

ইহেন মনুষ্য জন্ম নকৰিবা বৃথা।।

পুত্র দাৰা ধন জন সৱেয়ো সপোন।

কেৱলেসে সত্য মাত্র কৃষ্ণৰ চৰণ।।৩৫৮।।

জানি কৃষ্ণ চৰণত ধৰিয়োক চাপি।

যাক স্মৰি হোৱে শুদ্ধ মহা মহা পাপী৷৷

কলিৰ পৰম ধৰ্ম্ম জানা হৰিনাম।

কহে অনিৰুদ্ধ সৱে বোলা ৰাম ৰাম।।৩৫৯।।

.........

 

        ।।ঝুমুৰী।।

শুনা ৰাজা ধৰ্ম্মশালী।

ব্যক্ত ভৈলা ভদ্রকালী।।

চোৰগণ সংহৰিতে।

ধৰি ৰূপ বিপৰীতে।।৩৬০৷৷

মহাক্রোধে গৈলা জ্বলি।

হাসে আতি খলখলি।।

ভ্ৰূকুটি কুটিল আখি।

ভয় লাগে মুখ দেখি।।৩৬১৷৷

আতি তীক্ষ্ণতৰ দান্ত।

অধৰ কামুৰি খান্ত।।

মহাবেগে চলি যায়।

তাসম্বাক লাগ পাই।।৩৬২৷৷

সেহি খড়গ ধৰি ডাটি।

সমস্তৰে মাথা কাটি।।

নিজ গণ সমন্বিতি।

হুয়া আতি মহাপ্রীতি।।৩৬৩।।

তপত ৰুধিৰ যত।

পিয়া ভৈল উনমত্ত।।

চোষষ্টি যোগিনী সঙ্গে।

নাচে অতি মহাৰঙ্গে।।৩৬৪৷৷

ধৰি কাটা মুণ্ডচয়।

ভণ্টা খেড়ি খেলাৱয়।।

এহিমতে যিটো নৰে।

মহন্তক দ্রোহ কৰে।।৩৬৫।।

জানিবাহা অবিকলে।

সৱে আপোনাত ফলে।।

পাচে দেৱী সেহি ঠাই।

বৈষ্ণৱ দ্বিজক পাই।।৩৬৬৷৷

নমিলন্ত পৰি পৰি।

বান্ধ কাটি দিলা এৰি।।

ইটো আতি বিপৰীত।

নেদেখিবা পৰীক্ষিত।।৩৬৭৷৷

যিটো বিষ্ণুভক্ত হয়।

তাৰ কৈত আছে ভয়।।

কাটন্তে নাহিকে ভীত।

কৃষ্ণত মজিল চিত।।৩৬৮৷৷

নাহি দেহে অভিমান।

উপজিলা আত্মজ্ঞান।।

হৃদয়ৰ গ্রন্থি যত।

সৱাকো কৰিলা হত।।৩৬৯৷৷

সৱাৰো সুহৃদ সাৰ।

নাহি শত্রু তাসম্বাৰ।।

মাধৱত কৰি সাস।

কাহাকো নকৰা ত্রাস।।৩৭০।।

কালচক্র মাধৱৰ।

সৰ্ব্বলোক ভয়ঙ্কৰ

তাসম্বাক ফুৰে ৰাখি।

চটকক যেন পাখি।।৩৭১।।

শুনা সভাসদগণ।

মাধৱত দিয়া মন।।

অথিৰ মনুষ্য কায়।

কেতিক্ষণে পৰে হায়।।৩৭২৷৷

মহন্তক দিয়া কষ্ট।

দুৰ্জ্জনেসে হৱে নষ্ট।।

সামান্যক হিংসা কৰি।

নৰকক যায় মৰি।।৩৭৩৷৷

হেন জানি নৰ লোক।

পৰি হিংসা এৰিয়োক।।

মহন্তৰ সঙ্গ ধৰি।

শ্ৰৱণ কীৰ্ত্তন কৰি।।৩৭৪৷৷

দুৰ্ঘোৰ কলিত আৰ।

নাহি নাহি কিছু সাৰ।।

কৃষ্ণৰ কিঙ্কৰে ভণে।

হৰি হৰি বোলা ঘনে।।৩৭৫৷৷

.......

 

।।ভৰতৰ দ্বাৰা সিন্ধুৰাজ ৰহুগণৰ দোলা বহন।।

                           ।।পদ।।

 

অনন্তৰে ৰাজা সিন্ধু সৌবীৰ দেশৰ।

বহুগণ নামে সদাচাৰী ধৰ্ম্মপৰ।।

জ্ঞান সাধিবাক লাগি চৌদোলাত চড়ি।

কপিল ঋষিৰ আশ্ৰমক যায় লড়ি।।৩৭৬।।

মূল্য নিদি পথিকক বলে ধৰি আনি।

জোৰাৱে চৌদোলা দুলীয়াক বীৰে আনি।।

ফাট দিয়া তাৰ লোক লৱৰি পলায়।

আনে বিচাৰিয়া বীৰে যৈতে লাগ পায়।।৩৭৭।।

সেহিবেলা ইক্ষুমতি নদী তীৰে যায়।

দৈৱবশে জড় ভৰতক লাগ পায়।।

বোলে ভাল পাইলো বলৱন্ত দুলীয়াক।

বলধি গর্দভে যেন বহিবে দোলাক।।৩৭৮৷৷

এহিবুলি চৌদোলা বহিবে তাঙ্ক দিল।

পূৰ্ব্বৰ দুলিয়াসৱ বহিবাক লৈল।।

পথত নিহালি পলু পিম্পৰা চাহন্ত।

দেখিলে দূৰক লাগি ডেৱ দিয়া যান্ত।।৩৭৯৷৷

নাহি খাল বাম তান পথত বিচাৰ।

কচ্ছপ সদৃশ গতি মন আত্মাকাৰ।।

প্রাণীহিংসা ডৰে কতো থমকিয়া থাকে।

চৌদোলা সহিতে কতো টানয় সৱাকে।।৩৮০।।

ইকাতি সিকাতি হৱে চৌদোলা সঘনে।

ঢলৌপলৌ হুৱা ৰাজা বুলিলা তেখনে।।

শুনৰে দুলীয়াসৱ পৰম নিস্খল।

কেনবা লঙ্ঘহ আজ্ঞা নাই কিবা বল।।৩৮১৷৷

বিষম কৰিয়া কেন বহস বিমান।

কহ আৱে শুনো মঞি তাহাৰ কাৰণ।।

শুনি হেন ক্রোধপৰ বচন নৃপৰ।

দুলীয়াসকলে ডৰে হুয়া তৰবৰ।।৩৮২।।

দণ্ডিবাক ডৰে আতি বিনাৱে ৰাজাত।

আমি সৱে আছো পুনু তোমাৰ আজ্ঞাত।।

সাৱধান কৰি আছো বহিবে বিমান।

নাহি ক্ষণেতেকে আৰ আমাত সন্ধান।।৩৮৩।।

সম্প্রতি লগয়া আছা বিমানক যাক।

নপাৰো ইহাৰ লগে আমি বহিবাক।।

ডাঙৰ শৰীৰ আৰ বল বিপৰীত।

নমানে তোমাক ৰাজা বুলিয়া ইঙ্গিত।।৩৮৪।।

কতো বেগ দিয়া যায় আমাক ঘসাই।

কতো থমকিয়া বহি থাকে বাট চাই।।

নিদিবা আমাক দোষ ইহাৰ লগত।

শুনি হেন বহুগণে চিন্তন্ত মনত।।৩৮৫৷৷

জানিয়া একৰ দোষে পাৱে অনেকক।

ডাঙ্গৰ দুলিয়া ইটো নলৱে পথক।।

ইহাৰেসে ভিত্তি হালি যায় চৌদোলাক।

নমানে নৃপতি বুলি পামৰে আমাক।।৩৮৬।।

কদাচিতো দোষ নাই আসম্বাৰ ঠাই।

এতেক বোলন্তে কিছু ক্রোধ চৰি যায়।।

যদি ৰাজা আছে জ্ঞানীসৱক উপাসি।

তথাপি ঢাকিল বুদ্ধি তমগুণে আসি।।৩৮৭৷৷

নিজ তেজ ঢাকি যিটো বহয় বিমান।

নেদেখে বহ্নিক যেন ভস্মৰ নিদান।।

হেন ব্রাহ্মণক সিটো নিচিনি নৃপতি।

বোলে শুন ভায়া মোৰ বচন সম্প্রতি।।৩৮৮৷৷

বহুদূৰ একেশ্বৰে বহিলি বিমান।

ভাগৰে পীড়িলে তোক দেখো বিদ্যমান।।

ক্ষীণ কলেৱৰ তোৰ হাড় ছাল প্রায়।

বুঢ়া ভৈলি হেন দেখো বয়স গৱাই।।৩৮৯৷৷

শুন সখি বহ তই মোৰ চৌদোলাক।

অকাৰ্য্যে মিছাতে আজি লভিলি দুখক।।

তোৰ লগৰীয়া ইটো দুলীয়াসৱৰ।

জানিলো নাহিকে দুখ বহে খৰতৰ।।৩৯০৷৷

হেন কদর্থনা ৰাজা বোলন্তে আছয়।

শুনিয়া দ্বিজৰ খানিতেকো নাহি ভয়।।

মায়াময় তিনি গুণে বিৰচিত দেহ।

ইহাতে মমতা কৰি পাৱে মহাক্লেশ।।৩৯১৷৷

জল বুদবুদ প্রায় অথিৰ শৰীৰ।

ব্রহ্মত সমাধি ধৰি দ্বিজ মহাধীৰ।।

পূৰ্ব্বৱতে নৃপতিৰ বহৱে বিমান।

প্রাণীহিংসা ভয়ে কিন্তু হোন্ত সাৱধান।।৩৯২৷৷

পুনৰপি কাতি হৱে দেখি বিমানক।

ক্রোধে ৰহুগণ ৰাজা বোলে ব্রাহ্মণক।।

কিয় অৰে জীৱন্ততে ভৈলি মৰা প্রায়।

কদর্থস মোৰ আজ্ঞা লঙ্ঘি সমুদায়।।৩৯৩৷৷

তই প্রমত্তৰ আৱে কৰো প্রায়শ্চিত।

যেন আৰ বন্দী মাৰ নখায় পৃথিৱীত।।

দণ্ডী প্রাণী যেন আনো প্রাণীক শিখাৱে।

তোক আজি শিক্ষা দিবে লাগে সেহি ভাৱে।।৩৯৪৷৷

দণ্ডিলেসে ভালমতে বহিবি চৌদোল।

শুনি হেন দ্বিজবৰে নৃপতিৰ বোল।।

দেখিলা দেহত অভিমান বিপৰীত।

ৰজোগুণে তমোগুণে গৰ্ব্ব বাঢ়ে নিত।।৩৯৫৷৷

এতেকে হৰিৰ প্রিয় ভকত সৱাক।

কৰে তিৰস্কাৰ বৰ মানি আপোনাক।।

যোগেশ্বৰ সমস্তৰ পথত ইহাৰ।

আতিশয় ৰূপে লৈবে হোৱে অধিকাৰ।।৩৯৬।।

হেন শুনি অল্প কৰি হাসিয়া ব্রাহ্মণে।

বুলিবে লাগিলা সিটো ৰাজাক তেখনে।।

যিটো বুলি আছ তই বৰ দুঃখ পাইলি।

অনেক দূৰক লাগি বিমান বহিলি।।৩৯৭।।

ক্ষীণ কলেৱৰ দেখো বুঢ়া বয়সত।

বহস অনেক বেলি অকলে দুখত।।

আন লগৰীয়া তোৰ নপাৱে ভাগৰ।

শুন এই ছয়গোটা প্রশ্নৰ উত্তৰ।।৩৯৮৷৷

বিচাৰত ভাৰ নাহি ইটো জগতত।

এতেকে ভাগৰ কৈত আছয় ব্রহ্মত।।

শুনা হেন চলিবাক আছে কোন ঠাই।

যাত ব্যাপি আছে আত্মা চলন নযায়।।৩৯৯।।

বৃদ্ধ যুৱা কদাচিতো নাহিকে আত্মাৰ।

বদল নাহিকে চিৰকাল বুজি তাৰ।।

একে পৰমাত্মাৰ সংহতি কতো নাই।

আত্মাৰ ডাঙ্গৰ সৰু বিচাৰি নপায়।।৪০০।।

হেন পৰমাত্মা মঞি নাহি মোৰ শ্ৰম।

পণ্ডিতে আত্মত কিছু নেদেখে বিষম৷৷

স্থূল সূক্ষ্ম আধি ব্যাধি শোক মোহ ভয়।

ক্ষুধা তৃষ্ণা আদি দুখ যতেক আছয়।।৪০১।।

দেহৰ লগত যিটো কৰে অভিমান।

তাহান ইসৱ দুখ দেখি বিদ্যমান।।

নাহি মোৰ সঙ্গ ইটো দেহৰ লগত।

উপালম্ভ দেখো ৰজা তব বাক্য যত।।৪০২।।

যিটো বুলি আছাহা লঙ্ঘিল মোৰ বাণী।

জীৱন্ততে ভৈলা মৰা একোৱে নজানি।।

ইহাৰ উত্তৰ কহো শুন নৃপবৰ।

বিষয়ত মায়াময়, দেহ নিৰন্তৰ।।৪০৩৷৷

ক্ষণে ক্ষণে হৱে মৃত্যু দেখিয়ো সৱাৰ।

সৱে ব্যৱহাৰ মাত্র নাহি কিছু সাৰ।।

কৈত আছে স্বামী কৈত সেৱকৰ কাৰ্য্য।

নেদেখিবি সত্য একো পৰমাত্মা বাজ।।৪০৪।।

তথাপি বোলস যদি কৰি অভিমান।

কোন কৰ্ম্ম কৰে তেৱে কহ বিদ্যমান।।

যিটো বুলি আছা ৰাজা তই প্রমত্তৰ।

কৰিবো চিকিৎসা আজি শিকায়া বিস্তৰ।।৪০৫।।

ইহাৰ উত্তৰ কহো শুনি যেন ঠান।

ব্রহ্মময় দেখি যিটো ভৈলেক সমান।।

নিজানন্দ লাভে ফুৰে প্রমত্তৰ ভাৱে।

তাহাক শিখাইলে আনে কিবা ফল পাৱে।।৪০৬।।

নোহো জ্ঞানী ভৈলো আমি অজ্ঞান সদায়।

হুয়া জড় বাতুল থাকিবে ফুৰি খাই।।

তথাপিতো তোৰ শিক্ষা কৰহ নিষ্ফল।

বাতুলক শিখাইলেও নহয় কুশল।।৪০৭।।

পিষ্টক পিহিলে যেন কিছু ফল নাই।

দুয়ো মতে মোৰ শিক্ষা ভৈল সেহি নয়।।

শুক নিগগতি শুনিয়োক পৰীক্ষিত।

এহিমতে ব্রাহ্মণে কহিলা নৃপতিত।।৪০৮৷৷

জন্মান্তৰী ভোগক্ষয় কৰি বিদ্যমান।

পুনৰপি বহিবাক লাগিলা বিমান।।

সিটো ৰহুগণ ৰাজা পৰম যতনে।

চলি আছে আত্মজ্ঞান লভিবাক মনে।।৪০৯।।

দ্বিজৰ বচন সিটো বেদান্তৰ সাৰ।

উপজাৱে জ্ঞান দূৰ কৰি অহঙ্কাৰ।।

শুনি হেন বাণী ৰাজা পৰম যতনে।

আথে বেথে বিমানৰ নামিলা তেখনে।।৪১০৷৷

দণ্ডৱতে পৰি চৰণক শিৰে চুই।

কৰিলা প্রণাম পাচে সাৱধান হুই।।

বোলন্ত নিৰ্গুণ তুমি বুদ্ধিত নিপুণ।

দ্বিজৰ আকাৰ দেখো কান্ধে নৱগুণ।।৪১১।।

কোথাহন্তে আসি আছা কাহাৰ তনয়।

অবধূত বেশে দেখো পৰম বিস্ময়।।

কপিল ঈশ্বৰ কিবা কহিয়ো কাৰণ।

আমাক কৃপায়ে কিবা দিয়া দৰিশন।।৪১২৷৷

যদি বোলা ভৈলো মঞি যেই সেই জন।

তোমাৰ প্ৰশ্নত কিবা আছে প্রয়োজন।।

ইহাৰ উত্তৰ শুনা যিসৱ আছয়।

বৰুণৰ পাশ হন্তে নাহি মোৰ ভয়।।৪১৩৷৷

নাহি মোৰ শঙ্কা ইন্দ্ৰদেৱৰ বজ্ৰত।

যমৰ দণ্ডত মহেশৰ ত্রিশূলত৷৷

আনো দেৱতাৰ অস্ত্রে নাহি মোৰ ভয়।

বিপ্রকুল অৱহেলি হৃদয় কাম্পয়।।৪১৪।।

জ্ঞানে পৰিপূৰ্ণ তুমি সাগৰ সঙ্কাশ।

ফুৰা বাতুলৰ বেশে সৱাত উদাস।।

জ্ঞানপৰ তযু বাক্য কহিছা বিচাৰি।

মনে অবগাই থাকা বলিতে নপাৰি।।৪১৫।।

কৈয়ো মোত পূৰ্ব্বাপৰে আপুনি বুজাই।

মঞি পুনু চলি আছো কপিলৰ ঠাই।।

তান উপদেশ সাধি বিজ্ঞান ভকতি।।

সংসাৰ তড়িবে লাগি কৰি আছো মতি।।৪১৬।।

কিবা সেহি কপিলে ধৰিয়া ভিন্নবেশ।

লোকক তাড়িবে লাগি ফুৰা দেশে দেশ।।

কদাচিতো গতি যোগেশ্বৰ সমস্তৰ।

নপাৰো বুজিতে মন্দমতি নিৰন্তৰ।।৪১৭।।

এহিমতে ব্রাহ্মণক পুছি সেহি ঠাৱে।

জ্ঞানপৰ কথা তান উচ্চাৰি গুচাৱে।।

স্বামী-সেৱকৰ কাৰ্য্য শ্ৰম কৰ্ম্ম্ম যত।

অনুমান কৰি আমি দেখোতো মনত।।৪১৮।।

জগতকে সত্য যাক দেখি বিদ্যমান।

শয়ন ভোজন স্নান গমন আদান।।

প্রপঞ্চত পৰে সত্য নেদেখি বিচাৰ।

এহিমানে মাত্র মনে কৰি আছো সাৰ।।৪১৯।।

আতপৰে যিটো জ্ঞান কহা সত্য জানি।

আমিসৱে আছো তাক ব্যৱহাৰ মানি।।

নেদেখিবো যিটো জ্ঞান চক্ষুৰ গোচৰে।

কেনমতে সিটো জ্ঞান সত্য বুলি ধৰে।।৪২০।।

দেখো আমি স্বামীৰ সেৱকে বহে ভাৰ।

বহিলে অৱশ্য দুখ মিলিবেক তাৰ।।

ৰাজা ভৈলে শিক্ষা দণ্ড কৰাৱে লোকৰ।

ডৰে প্রাণীসৱে তাক শিখে নিৰন্তৰ।।৪২১।।

অচ্যুতৰ কিঙ্কৰ যিসৱ ভৈল প্রায়।

তাৰসৱে শিক্ষা দেই প্রাণীক সদায়।।

সেই উপদেশে মাধৱৰ সেৱা কৰি।

পৰম গতিক পাৱে পাতেক সংহৰি।।৪২২৷৷

পিষ্টা পিষণৰ আদি কৈলা যত কথা।

সৱে বিপৰীত কৰি দেখোহো সৰ্ব্বথা।।

হঞো মঞি নৰদেৱ হেন অহঙ্কাৰ।

তুমি হেন সাধুকো কৰিলো তিৰস্কাৰ।।৪২৩৷৷

আৱে মোক কৃপাদৃষ্টি কৰি চাহিয়োক।

মহন্তৰ অৱহেলা পাতেক গুচোক।।

মহাজনসৱে সহি থাকে অপৰাধ।

নকৰে প্রাণীক একো কালে বিসম্বাদ।।৪২৪।।

কৰে অৱহেলা যদি হেন মহন্তক।

তাসম্বাৰ তেজে তাক হত কৰিবেক।।

আছোক আনৰ কথা মহেশ সমান।

আতি তেজৱন্ত নষ্ট হৱে বিদ্যমান।।৪২৫।।

হেন জানি প্রশ্নৰ সিন্ধান্ত দিয়ো বাপ।

যেনমতে গুচে ইটো বিষয় সন্তাপ।।

হেন শুনি দ্বিজে পাচে কহন্ত নৃপত।

বিশেষত পণ্ডিত নহয় ভালমত।।৪২৬।।

কিন্তু পণ্ডিতৰ কথা কহস প্রত্যেক।

ইটো ব্যৱহাৰ কথা কহস যতেক।।

বিৱেকী পণ্ডিতে কথা বিচাৰ কৰন্তে।

নেদেখে প্রপঞ্চ কিছো সত্য কৰি অন্তে।।৪২৭৷৷

এহিমতে গৃহমেধী ধৰ্ম্ম আছে মানে।

বেদৰ বিহিত ৰাজা দেখা বিদ্যমানে।।

পাৱে তাত তত্ত্বজ্ঞান নকৰে প্রকাশ।

যাতো কৰ্ম্মফল মানে সকলে বিনাশ।।৪২৮।।

এহিমতে কহিলন্ত অসত্য কৰ্ম্মক।

মিছা কৰি কহিবাক লৈলা সংসাৰক।।

যেৱে তিনিগুণ থাকে মনক আৱৰি।

তাৱদেকে ফুৰে লোক নানা কর্ম কৰি।।৪২৯।।

হোৱে তাত নানাবিধ কৰ্ম্মফল ভোগ।

তিনিগুণে তিনিবিধ দেহৰ সংযোগ।।

সত্ত্বগুণে দেৱতাৰ শৰীৰক যায়।

ৰজোগুণে মনুষ্যৰ দেহে লৱে ঠাই।।৪৩০৷৷

তমোগুণে পাৱে জীৱে নাৰকী শৰীৰ।

গুণে মন চলাৱে ক্ষণিকো নাহি থিৰ।।

এহিমতে মায়াময় গুণৰ পাকত।

স্ৰজে মানে নানাবিধ সংসাৰ জীৱত।।৪৩১।।

মিছা ব্যৱহাৰ ইটো মায়াৰ নিদান।।

দেখিয়ো জীৱিত যেন আছে বিদ্যমান।।

তাত হন্তে উপজাৱে মৰণ জীৱৰ।

মিছা পাপ পুণ্য ভোগ কৰে নিৰন্তৰ।।৪৩২।।

যাৱে অনুৰাগগণ থাকয় মনত।

তাৱে মিছা দুখ দিবে প্রাণীক সতত।।

যেৱে মন নিৰ্গুণ অৱস্থা ভজে যায়।

এতেকে প্রাণীৰ হৱে কুশল সদায়।।৪৩৩।।

বিশেষত যিটো জীৱ নিত্য নিৰঞ্জন।

বুলি ভগৱন্ত বাসুদেৱ নাৰায়ণ।।

যেন ব্যাপি আছে বায়ু স্থাৱৰ জঙ্গম।

সেহিমতে আছে জুৰি ব্ৰহ্মৰূপী সম।।৪৩৪।।

নিৰ্গুণ জ্ঞানৰ বলে মায়া দূৰ কৰি।

বিষয় সঙ্গৰ দোষ সৱে পৰিহৰি।।

হেন ইটো আত্মতত্ত্ব নজানে যাৱত।

ফুৰিবেক তাৱে জীৱ ঘোৰ সংসাৰত।।৪৩৫।।

আছে ইটো মন শত্ৰু পৰম চঞ্চল।

শোক মোহ ৰাগ লোভ বৈৰ তাৰ স্থল।।

সংসাৰৰ তাপ বলৱন্ত আতি বৰ।

ইহাক কাটিতে ৰাজা মন কৰা দৃঢ়।।৪৩৬।।

পৰম কৃপালু যিটো গুৰুৰূপ হৰি।

তাহান চৰণ সেৱা খাণ্ডা ডাঠি ধৰি।।

শ্ৰৱণ কীৰ্ত্তন শানে সঘনে শনাই।

শত্ৰুৰূপী মন কাটি ভৱ তৰা যায়।।৪৩৭৷৷

আনো জ্ঞান কথা আছে গ্ৰন্থত বিস্তৰে।

সংক্ষেপে কহিলো পদ বাহুল্যক ডৰে।।

ইহাতে আমাক কেহো দোষ নেদিবাহা।

পূৰ্ব্বাপৰ অর্থচয় বিচাৰিয়া চাহা।।৪৩৮||

বিচাৰি নপাইলে আমাক দিবা দোষ।

কৰো কৰযোৰ সৱে হুয়োক সন্তোষ।।

শুনা সভাসদ ইটো ভাগৱত পদ।

ইহাৰ শ্ৰৱণে মিলে মুকুতি সম্পদ।।৪৩৯।।

বিষয়ৰ ভোগ যত সৱে মায়াময়।

এড়িয়া ইহাৰ আশা হুয়ো শুদ্ধময়।।

যমপুৰে যাতনা তড়িতে কৰা কাম।

কহে অনিৰুদ্ধে সৱে বোলা ৰাম ৰাম।।৪৪০৷৷

.............

৷৷ ৰহুগণৰ বিনতি।।

।।ছবি।।

ৰহুগণ নিগদতি         নমো নমো মহামতি

তুমি প্রভু জগত ঈশ্বৰ।

পৰম আনন্দ ৰূপ        ঢাকি ব্রাহ্মণৰ বেশ

দেখায়াছা ৰূপ বাতুলৰ।।

অৱধূত কলেৱৰ        দেখি মহা মনোহৰ

জগত নিস্তাৰ তুমি দেৱ।

নজানি কৰিলো দোষ     ক্ষমিয়োক মোক গুৰু

পুনৰপি পৰি কৰো সেৱ।।৪৪১৷৷

তোমাৰ যতেক বাণী     সাক্ষাতে অমৃত জানি

কালমৃত্যু ভয়কে গুচাৱে।

যেন আদিত্যৰ তাপ      হিমজল পৰশিলে

দূৰ হোৱে আপুনি স্বভাৱে।।

জ্বৰ তাপে তাপিতৰ      গুচে তাপ নিৰন্তৰ

যেন মহা ঔষধি ভোজনে।

বন অগনিৰ তাপ       কুঞ্জৰে গুচাৱে যেন।

গঙ্গাজলে স্নানিয়া সঘনে।।৪৪২।।

মোৰ ভৈল সেহিমত      কুচ্ছিত দেহত ইটো

অহঙ্কাৰ ভৈল শত্রু প্রায়।

তাৰ বিষ লাগি আতি     জ্ঞানচক্ষু ভৈল অন্ধ

তযু বাক্য অমৃতে জুড়ায়।।

যিটো কহি আছা তুমি    অধ্যাত্ম যোগৰ কথা

তাক আমি নপাৰো বুজিত।

ইদানি সুগম কৰি       বুজায়া কহিয়ো মোত

শুনিতে কৌতুক বিপৰীত।।৪৪৩৷৷

..............

 

।।ভৰতৰ তত্ত্বোপদেশ।।

 

কৰ্ম্মফল নিৰন্তৰ        সৱে ব্যৱহাৰ পৰ

এখনে আছাহা যত কই।

সাক্ষাতে ইহাৰ তত্ত্ব       বুজিবাক নপাৰিয়া

ভ্রমৈ মোৰ মন আতে ৰই৷৷

নৃপতিৰ বাণী শুনি       কহন্ত ব্রাহ্মণে গুণি।

সম্বোধিয়া পৰম সাদৰে।

কৰ্ম্মফল ব্যৱহাৰে        জন্ম ধৰি নিৰন্তৰে

আছে প্রাণী পৃথিৱী উপৰে।।৪৪৪৷৷

সেহি পৃথিৱীত ফুৰি      পৃথিৱী বিকাৰ দেহে

কেনমতে ভাৰী ভৈলো আমি।

যেনমতে বহে ভাৰ       জলে পৰে বৃষ্টিধাৰ

তাৰ কিবা আছে শ্ৰমৰাশি।।

যদি বোলা একদেহ       বহে আন শৰীৰক

কিয় তাৰ নুহিকে ভাগৰ।

শুনা তেৱে কহো ক্রম    যিবা যাৰ পাৱে শ্ৰম

আছে ভৰি পৃথিৱী উপৰ।।৪৪৫৷৷

সিও বহে গুলফ দুইক     জঙঘাক বহয় গুলফ

তাহাৰ উপৰে জানু দুই।

উৰু দুই বহে তাক       কটিভাগ আছে যাত।

সিয়ো উদৰৰ ভাৰ হুই।।

উদৰে বহয় হিয়া        তাহাৰ উপৰে নিয়া

কন্ধ দুই থাপিত আছয়।

কান্ধে দোলা বাৰি বহে    উপৰে চৌদোলা ৰহে

চৌদোলাত যি নৰ আছয়।।৪৪৬।।

তাকে সিন্ধু সৌবীৰৰ     ৰাজা কৰি বোলে সৱে

ব্যপদেশ মাত্র মিছা নাম।

তই তাতে অভিমান      কৰি আছা অবিৰাম

বোলে মই নৃপতি উপাম।।

ছলে বলে ধৰি আনি     পৰম দুখিত প্রাণী

চৌদোলা বহিবে জোৰাৱস।

নিদিয়া পেটৰ ভাত      গর্জি কদর্থিয়া মাত

লগাৱস মিছা ভয় ত্রাস।।৪৪৭৷৷

ক্ষণিকো নকৰ দায়া      নুগুচে কপট মায়া

বোলস পালক জগতৰ।

মিছা কদর্থনা মাত্র       নুহিকা একোৰে পাত্র

জানো তই দুৰ্জ্জন পামৰ।।

যদি বোলা পৃথিৱীৰ      ভাৰ বহে পৃথিৱীয়ে

অন্যোঅন্যে পাৱে জানো ভাৰ।

শুনা তেৱে পৰিচ্ছেদ      ইহাৰ যিমত ভেদ

বিচাৰত নাহি কিছু সাৰ।।৪৪৮।।

পৃথিৱীতে উপজয়        পাৰ্থিৱ শৰীৰচয়

নামৰূপ ভেদ মাত্র জানি।

সুৱৰ্ণৰ কুণ্ডলক         সুৱৰ্ণ বিনায় যেন

আন বস্তু বুলিয়া নমানি।।

বিচাৰত পৃথিৱীয়ো       সৱে পৰমাণুময়

মনে কল্পি মায়াত আছয়।

বহুতৰ পৰমাণু         যদি এক ঠাই ভৈল

হৱে তাত দেহাৰ অন্বয়।।৪৪৯।।

দেখি তাত ছোট বৰ         সজীৱ অজীৱ প্রাণী

মিলে তাত মঞি মোৰ ভ্ৰম।

ইহাকে বুলিবে মায়া      যত দেখা শুনা মানে

কৰ্ম্মফল সৱে মিছা শ্রম।।

যদি বোলা কোন সত্য    শুনা আৱে কহো তাক

সদায় নিৰ্ম্মল সত্য সাৰ।

নিত্য নিৰঞ্জন জ্ঞান      ব্যাপি আছা বিদ্যমান

ভগৱন্ত হেন নাম যাৰ।।৪৫০৷৷

পণ্ডিতসকলে তাঙ্ক       বাসুদেৱ বুলি কৱে

জানা বহুগণ নিষ্ঠ কৰি।

জপ তপ তীর্থ জ্ঞান      বেদপাঠ যজ্ঞ দান

আনো ধৰ্ম্ম সন্ন্যাস আচৰি।।

কোনো কৰ্ম্ম কৰি আৰ    ইহাঙ্ক নপাৱে সাৰ

পদসেৱা বিনে মহন্তৰ।

যিটো মহন্তৰ মুখে       উত্তম শ্লোকৰ গুণ

ধাৰাসাৰে বজায় নিৰন্তৰ।।৪৫১৷৷

বিষয়ৰ সুখ যত        সৱে কৰি উপহত

কৃষ্ণৰ কীৰ্ত্তনে সমুদায়।

হেন কথা কর্ণ পথে      অনুদিনে সেৱা কৰি

মুমুক্ষুসকলে থাকে গাই।।

হোৱে তাসম্বৰ পাচে      কৃষ্ণত নিৰ্ম্মল মতি

দেখে হৰিময় জগতক।

এতেকে মহন্ত সঙ্গে       মাধৱক পাৱে ৰঙ্গে

নলাগয় আন সাধনক।।৪৫২।।

বিষয়ৰ সুখে যেন       যোগীসৱো হোৱে ভ্রষ্ট

দেখাঞো দৃষ্টান্ত আপুনাৰ।

পূৰ্ব্ব জনমত ৰাজা       আছিলো ভৰত নামে

বিষয়ত দেখিলো অসাৰ।।

মাধৱক এক চিতে       আৰাধিলো প্রতিনিতে

ফল মূল কুসুম মিলাই।

পূৰ্ব্বভাগে লাগ লৈল      সৱে পুৰুষাৰ্থ গৈল

হৰিণ বালক সঙ্গ পাই।।৪৫৩৷৷

দেখা ৰাজা কেনে বল     কৃষ্ণৰ সেৱাৰ ফল

মৃগ শৰীৰতে স্মৃতি ভৈলা।

ইদানি ব্রাহ্মণ তনু       পায়া আছো আমি পুনু

মহা বিৰকতি লাগ লৈলা।।

সঙ্গ ছাড়ি মনুষ্যৰ       কৰো চেষ্টা বাতুলৰ

ফুৰো একেশ্বৰে জড়প্রায়।

বোলা পুনৰপি ভ্রষ্ট       হঞোঁ জানো মিলে কষ্ট

হেন শঙ্কা নুগুচে সদায়।।৪৫৪।।

হেন জানি মহন্তৰ       সঙ্গ লৈয়া নিৰন্তৰ

কৃষ্ণকথা শুনা কৌতূহলে।

জ্ঞান খাণ্ডা ডাটি ধৰি    কাটি ছিণ্ডি মোহ জড়ি

সংসাৰ তড়িও অবিকলে।।

শুনিয়োক সভাসদ       মহাভাগৱত পদ

মহন্তসৱৰ সঙ্গ লই।

সপ্রেম ভকতি ৰাশি      আপুনি মিলিবে আসি

আন সাধনত কাৰ্য্য নাই।।৪৫৫।।

শুনন্তে শুনন্তে কৃষ্ণে      আপুনি কৰিবা কৃপা

গুচিবেক সংসাৰৰ ক্লেশ।

সমস্ত শাস্ত্ৰক চাই        এহিমানে মাত্র পায়

মহন্ত সৱৰ উপদেশ।।

হেন জানি সাধু সঙ্গে     শুনিয়ো পৰম ৰঙ্গে

ধৰ্ম্ম-শিৰোমণি গুণ নাম।

কৃষ্ণৰ কিঙ্কৰে শুদ্ধ      কহে কথা অনিৰুদ্ধ

নিৰন্তৰে বোলা ৰাম ৰাম।।৪৫৬।।

..........

           ।।ভৱাটৱী বৰ্ণন।।

                     ৷৷পদ৷৷

 

পূৰ্ব্বৰ অধ্যায় অন্তে কহিলা ব্রাহ্মণে।

সংসাৰত উপজিয়া মৰিয়া জীৱগণে।।

মহন্তৰ সঙ্গে জ্ঞান ভকতিক সাধি।

সংসাৰ দুখক তড়ে বিষয়ক বাধি।।৪৫৭।।

ভৱাটৱী বর্ণাইবাক লাগিলা সম্প্রতি।

যেনমতে ৰাজাৰ উপজে বিৰকতি।।

ব্রাহ্মণ বদতি শুনিয়োক ৰহুগণ।

যেনমতে সংসাৰত ভ্রমে জীৱগণ।।৪৫৮।।

প্রসিদ্ধ সংসাৰ কূপ বোলয় যাহাক।

বৈৰাগ্যৰ পদে প্রপঞ্চিবে লৈলা তাক৷৷

পৰম দুষ্কৰ ইটো প্রবৃত্তি পথত।

সত্ত্ব ৰজ তম তিনিৰ্গুণ কৰ্ম্ম যত।৪৫৯।।

গ্রন্থিবান্ধি পূৰ্ব্বৰ বাসনা ধনৰাশি।

তাতে পৰি আছে নিৰন্তৰে জীৱৰাশি।।

সুখৰ নিমিত্তে কাম্যকৰ্ম্ম আচৰয়।

খানিকো নপাৱে সুখ মিছাতে মৰয়।।৪৬০৷৷

কৃষ্ণৰ ভকতি নিজ পুৰুষাৰ্থ এৰি।

ফুৰে মোহ হুয়া কৰ্ম্মময় পথে পৰি।।

যেন বাণিজাৰু ধন উপাৰ্জ্জিবে মনে।

ভৈলেক প্রৱেশ যায় ঘোৰ বিজুবনে।।৪৬১।।

একজন মাত্র তাৰ লগত সহায়।

লৈলে পাঞ্চ ছয় গোটা চোৰে চেগ চাই।।

ছল পাইলে ডকাদিয়া নেই ধন মানে।

থাকে পৰি দুখে বাণিজাৰু সেহি থানে।।৪৬২৷৷

অৱশেষে বণিজকাৰীক সমুদায়।

শৃগাল কুকুৰে নেই কামোৰ ভেজাই।।

ইহাৰ দৃষ্টান্ত এবে বুজিবা জীৱত।

বিষয় লম্পট বুদ্ধি সাৰথি লগত।।৪৬৩৷৷

সংসাৰ অটবী জীৱ আছয় সাক্ষাত।

ছয় ইন্দ্রিয়ক চোৰ বুলিবে ইহাত।।

পৰম দুৰ্জ্জন ইটো থাকে ছেগ ছাই।

একেতিলে ধৰ্ম্ম নষ্ট কৰে সমুদায়।।৪৬৪৷৷

শৃগাল কুকুৰ সম ভাৰ্য্যা পুত্ৰচয়।

খাইবা পিন্ধিবাৰ ছলে সৰ্ব্বস্ব হৰয়।।

মহন্তকো দান পুণ্য নপাৰে কৰিত।

কুটুম্ব পোষন্তে সৱে নষ্ট হোৱে বিত।।৪৬৫।।

যেন ছাগলক বাঘে থাকে বাট চাই।

ভৈলেক জীৱৰ পুত্ৰ ভাৰ্য্যা সেহি প্রায়।।

কোনো বেলা বাণিজাৰু ভ্রমন্ত বনত।

পশৈ বেত লতা তৃণ দুর্গম পথত।।৪৬৬৷৷

ডাহে-মহে বেঢ়ি তাক কামোৰে বিস্তৰ।

থাকে হেন উপদ্ৰৱ সহি নিৰন্তৰ।।

কতো দেখে গন্ধৰ্ব্বৰ আনন্দ নগৰী।

তাতে থাকে পশি বাণিজাৰু ৰঙ্গ কৰি।।৪৬৭।।

বুজিয়ো জীৱত ইটো কথাৰ নির্ণয়।

ভৈলেক সকাম কৰ্ম্ম গৃহ দুখময়।।

খল কথা দেই কত দুৰ্জ্জন যতেক।

যেন ডাহে মহে খাই দেখিয়ে প্রত্যেক।।৪৬৮।।

অন্ন জল খায়া যেৱে বসে জীৱে যায়।

দেখে শৰীৰক তেৱে গন্ধৰ্ব্ব পৰায়।।

বনত ভ্রমন্ত সদাগৰ কোনো বেলা।

দেখে আধামুণ্ডী পিশাঞ্চৰ তাতে মেলা।।৪৬৯।।

হোৱে দেখ নেদেখ তেখনে অন্তৰিত।

দেখে বাণিজাৰু বহ্নি বুলিয়া তহিত।।

একোমতে দেখি কুৰি লাগ নপাৱয়।

পিশাঞ্চৰ মায়া ইটো পৰম দুৰ্জ্জয়।।৪৭০৷৷

ছল পাইলে আৰো সদাগৰক ছলয়।

শুনিয়ো যিমত আধামূৰীৰ অন্বয়।।

টেটনসকলে কূটা সুৱর্ণ দেখায়।

বিৰলক লাগি নেই বিশ্বাস কৰায়।।৪৭১৷৷

তাক পাইবো বুলি খেদি যায় প্রাণী যত।

নপাৱে সুৱৰ্ণ কদাচিতো হোৱে হত।।

সদাগৰ কোনো বেলা ভ্রমন্ত বনত।

বোলে বাণিজ্যত লাভ নপাঞো বনত।।৪৭২।।

নথাকিব ঐত নুশুজয় ঘৰবাৰী।

যায় যেন মূঢ় আত আৰ হন্তে লড়ি।।

নিজ কৰ্ম্মদোষে তাৰ তৈতো লাভ নাই।

সমানে বুজিবা এহি জীৱৰ বিলাই।।৪৭৩৷৷

নুশুজয় জীৱে বোলে ইটো যোৰ ভিঠি।

যায় তৈৰ পৰা বোজা বিত বান্ধি উঠি৷৷

যৈকে যায় তৈতে কৰ্ম্মদোষে নেৰে লাগ।

কেৱলে মিছাত কৰে মনত বৈৰাগ।।৪৭৪৷৷

কোনো বেলা সদাগৰে বায়ুৰ পাকত।

ধূলায়ে ধূসৰ তনু হোৱে অৰণ্যত৷৷

দিশপাশ নেদেখয় চক্ষুক জপাই।

বনৰ মাজত ফুৰে ঘৰামুটি খায়।।৪৭৫।।

বুলিও জীৱত আৱে ইহাৰ নিদান।

দেখা তিৰীজাতি বায়ু পাক বিদ্যমান।।

তাসম্বাতে উঠে অনুৰাগ ধূলা যত।

কৰে পুৰুষৰ জ্ঞান চক্ষুক আবৃত।।৪৭৬৷৷

নিখিল কৰ্ম্মৰ সাক্ষীৰূপ দেৱতাক।

নেদেখি হৰিল জ্ঞান লাগি বায়ু পাক।।

অনন্তৰে সদাগৰে ফুৰে বনে বনে।

জিলী পৰুৱাৰ ডাক শুনিলেক কাণে।।৪৭৭।।

নেদেখে তাহাক কৈত পাৰয় আটাস।

কর্ণে তাল হানে আতি মনে লাগে ত্রাস।।

পেঞ্চাসৱ আসি কুততা সমুখে ৰাৱয়।

চেক চেক কৰি আতি ভাবুকি মাতয়।।৪৭৮৷৷

তাক ডৰে কেন্দু কোৱাভাতুৰীৰ গাছে।

আশ্ৰয় কৰিয়া সদাগৰ থাকে পাছে।।

ছায়া ফল দুয়ো অপৱিত্র যদি হয়।

তথাপি পেঞ্চাক ডৰে আশ্ৰয় কৰয়।।৪৭৯।।

শুনা জীৱ সমস্তত দৃষ্টান্ত ইহাৰ।

পৰমুখে শুনে খল দ্বন্দ্ব খলুৱাৰ৷৷

কতো পেঞ্চা যেন আসি ভাগৰে সাক্ষাত।

মিছা দায় দিয়া ভয় লগাৱে হিয়াত।।৪৮০৷৷

তাক ডৰে কেন্দু কোৱাভাতুৰী পৰায়।

অধাৰ্মিক বতুৱাৰ সেৱা কৰে যায়।।

মিলে মহাপাপ যাৰ আশ্ৰয়ত হন্তে।

খলুৱাক ডৰে তাকো প্রণামে একান্তে।।৪৮১।।

অনন্তৰে সদাগৰে ভ্রমন্ত তথাত।

জল যেন দেখি সূৰ্য্যৰশ্মি বালুকাত।।

তৃষ্ণায়ে পীড়িত হুয়া দিলেক লৱড়।

তপত বালিত দুখ পাৱে মাত্র বৰ।।৪৮২।।

ইহাক বোলয় আৱে জীৱ সমস্তত।

মৰীচিকা জল যেন মিছা বিষয়ত।।

তাত আসকতি কৰি দুখমাত্র পাৱে।

নাহিকে সুখৰ লেশ জানিবা স্বভাৱে।।৪৮৩।।

পাছে সদাগৰে কতদূৰে চলি যায়।

তৃষ্ণায় পীড়িত হুয়া ফুৰে জল চাই।।

শুকান নদীৰ পাচে চাপিল সন্নিত।

ভাগিল চৰণ পৰি নদীৰ গড়াত।।৪৮৪।।

এহিমত জীৱৰ জীৱিকা যেৱে নাই।

শূন্য নদী দুৰ্জ্জনসৱৰ সঙ্গে যায়।।

আছোক জীৱিকা পাষণ্ডৰ সঙ্গ হন্তে।

পৰাভৱ হুয়া মাত্র পৰি থাকা অন্তে।।৪৮৫।।

কতো সদাগৰে দেখে বনপোড়া জুই।

মহাদুখ পাৱে তাত চেঞ্চা পোড়া হুই।।

কোনো বেলা যক্ষে পাইলে লৱে তাৰ প্রাণ।

তভো বাণিজ্যত তাৰ নুগুচে সন্ধান।।৪৮৬।।

জীৱৰ বুজিবা ইটো গৃহে বন্দী প্রায়।

তাহাৰ চেষ্টাৰ তাপে পোড়ে সমুদায়।।

যক্ষপ্রায় কটোৱাল জানিবা ৰাজাৰ।

গুতা দিয়া প্রাণ সম ধন লেৱে তাৰ।।৪৮৭৷৷

আন বলৱন্তে ধন লৱে ছেগ চাই।

কেৱলে দুখত পৰে বিষাদক পায়।।

এতেক দুখত বিৰকতি নুপজয়।

মিছা সন্তাপত জীৱ পুড়িয়া মৰয়।।৪৮৮৷৷

বাণিজাৰু বনত ভ্রমন্ত কোনো বেলা।

গন্ধৰ্ব্বৰ নগৰত পশি দেখে খেলা।।

দণ্ড দুইমানে তাতে থাকে সুখ মানি।

তৈৰোহন্তে সদাগৰ চলয় আপুনি।।৪৮৯।।

অনেক কণ্টকে যদি বিন্ধে দুই ভৰি।

পৰ্ব্বতক উঠিবাক চাৱে যত্ন কৰি।।

বুদ্ধি নজানিয়া যত্ন কৰে অপমান।

জীৱত বুজিয়ো আৱে ইহাৰ সন্ধান।।৪৯০৷৷

পুত্ৰ পৰিয়ালে বেঢ়ি অন্ন জল খাই।

চৌদোলাত বসে গৈয়া আনন্দক পাই।।

গন্ধৰ্ব্ব সদৃশ দুই দণ্ড কৰে ৰঙ্গ।

ক্ষণেক বিষয় দোষে উপজয় খঙ্গ।।৪৯১।।

পৰ্ব্বত সদৃশ বৰ কৰ্ম্ম বুলি যাক।

বিঘিনি কণ্টক মাজে খোজে কৰিবাক।।

নপাৰিয়া থাকে পাচে মাথা চপৰাই।

আৰো উদৰৰ বহ্নিপুঞ্জ জ্বলি যায়।।৪৯২।।

ক্ষুধাৰ চোটত ধাৱে প্রাণী সমস্তক।

যেন হুলস্থুল কৰে কুকুৰে চোৰক।।

অনন্তৰে সদাগৰে লৈলে ফুৰিবাক।

অজগৰ সৰ্পে পাই গোটে গিলিলেক।।৪৯৩||

নাহি স্মৃতি জ্ঞান যেন মৃতক পৰায়।

ভেঞ্জাইল কামোৰ গোম সাপে তাত পাই।।

যেন তমোময় অন্ধকাৰে থাকে শুতি।

জীৱতে বুজিয়ো আৱে ইহাৰ যুগুতি।।৪৯৪৷৷

নিদ্রা অজগৰে গিলে জীৱক যেখন।

যেন মৰাশৱ গাৱে নাহিকে চেতন।।

সি বেলাত কিছু ভাল মন্দ নজানয়।

দুজ্জন হিংসুকে গৈয়া তাতে লাগ লয়।।৪৯৫৷৷

যেন গোম সাপে খোট মাৰিয়া জগায়।

বিশাল কঠোৰ বাক্যে অনেক ভৎসয়৷৷

মনত সন্তোষে নিদ্ৰা কৰিতে নাপায়।

বচন বিষত যেন প্রাণ ফুটি যায়।।৪৯৬৷৷

কোনো বেলা সদাগৰে বনে বনে যাই।

মধু গন্ধে তাৰ বাসা বিচাৰ কৰয়।।

দেখিলেক মউবাস ওলমিয়া আছে।

মধুলোভে তাৰ পাশ চাপিলন্ত পাছে।।৪৯৭।।

জুমি জুমি চাহি ধৰি দিলেক আজোৰ।

উজৰিয়া মধুমাখি দিলেক কামোৰ।।

চক্ষু মুখ উখহিয়া পাইল অপমান।

যদি দুখে কষ্টে মধু কৰিল ওদন।।৪৯৮।।

সেহি বনে আনো নৰে ফুৰে মধু চাই।

ইহাৰ মধুক দেখি খেদি লৈয়া যায়।।

কৈত পাইলি বুলি তাৰ কাঢ়ি লৱে ছলে।

তাৰো হাত হন্তে আনে কাঢ়ি লৱে বলে।।৪৯৯।।

এহিমতে বাস সমে মধু থাকে তাৰ।

নপাৱে সম্ভোগ কৰিবাক কেহো আৰ।।

ইহাৰ দৃষ্টান্ত আৱে বুজিয়ো জীৱত।

মাখি মউ বুলি পৰদাৰা দ্রব্য যত৷৷৫০০।।

বিচাৰিয়া ফুৰে যিটো যত্ন কৰি তাক।

দ্রব্যে সমে চুৰি কৰে পৰৰ ভাৰ্যাক।।

তাহাৰ স্বামীয়ে নুহি ৰাজদূতে পাই।

থিয় কিলে হাড়ভাঙ্গি তিৰী লৈয়া যায়।।৫০১।।

যদিবা প্রবন্ধে তিৰী নিলে চুৰি কৰি।

স্বামীসৱে খেদিগুড়ি নপাৱে বিচাৰি।।

পথৰ পথিকে দেখি লগায় আটাস।

বোলে মোৰ ভাৰ্য্যা লই কৈক লাগি যাস।।৫০২।।

এহিবুলি কিলৰ চোটত লৱে প্রাণ।

তাৰ হন্তে সুন্দৰীক নেই আন থান।।

তাহাৰো উপৰি আন বলৱন্তে পাই।

দেখিয়া সুন্দৰী নাৰী কাঢ়ি লৈয়া যায়।।৫০৩।।

এহিমতে কোনোজনে নপাৱে সন্তোষ।

হৰন্তে পৰৰ বস্তু পাৱে দুখ ৰোগ।।

এহিমতে বনত ভ্রমন্ত সদাগৰ।

বাতবৃষ্টি ৰৌদ্র পীড়া পাৱে নিৰন্তৰ।।৫০৪।।

কদাচিত প্রতিকাৰ নপাৰে কৰিত।

পৰম দুখত পৰি থাকে পৃথিৱীত।।

বিচাৰি বুজিয়ো আৱে জীৱতে ইহাক।

আধ্যাত্মিক আদি তিনি তাপ বোলে যাক।।৫০৫৷৷

বাত বৃষ্টি ৰৌদ্র যেন আতি দুখময়।

নিৰন্তৰে অনুতাপ জীৱৰ মিলয়।।

ঠেলি দূৰ কৰিতে নপাৰে কোনো জনে।

পৰম চিন্তায়ে পৰি থাকে সৰ্ব্বক্ষণে।।৫০৬।।

ইদানি জীৱতে আক বুজিয়ো বিচাৰি।

একোমতে আর্জি কুৰি জীৱাক নপাৰি।।

লৱে লগ কপট বাণিজ কৰিবাক।

দেখাৱে শপত কৰি বিশ্বাস ভাৰ্য্যাক।।৫০৭।।

কুৰি টকা লাগি কটাকটি কৰে দ্বন্দ্ব।

লেখা জোখা কৰন্তে লগাৱে বৰ ধন্দ।।

দুইকো দুই জিনিবাক খোজন্ত সদায়।

ধনৰ আশাত বৈৰভাৱ বাঢ়ি যায়।।৫০৮।।

দ্বন্দ্ববাদ কৰি পাচে দেৱানে খাটন্তে।

মৰা যেন হোৱে ধন আক্রোশ কৰন্তে।।

এহিমতে বাণিজ কৰন্তে দেশান্তৰে।

বলৱন্ত কালে পাই তথাতে সংহৰে।।৫০৯।।

কৰে কুলি মালি তাৰ ধন খানি পাই।

আৰু সদাগৰৰ সঙ্গতি ফুৰে চাই।।

ৰাজাক সম্বোধি দ্বিজে বুজায়া কহন্ত।

এহিমতে জীৱৰ দুখৰ নাহি অন্ত।।৫১০।।

সংসাৰ তাপক তড়িবাক খোজে প্রাণী।

অদ্যাপিয়ো উপায় নপাৱে মনে গুণি।।

পৰম তেজস্বী ৰাজাগণ ভৈলা যত।

দিগগজক সীমা কৰি জিনিলা জগত।।৫১১৷৷

মোৰ মোৰ কৰি মৰি গৈলা যমালয়।

কথা মাত্ৰ অৱশেষ ৰহিয়া আছয়৷৷

মাধৱৰ শ্ৰৱণ কীৰ্ত্তন সেৱা বলে।

যিটো ব্ৰহ্মপদ পাৱে সন্ন্যাসীসকলে।।৫১২।।

নপাইলেক সিটো গতি সিটো ৰাজাগণে।

উপজি মৰিয়া মাত্র ফুৰে ত্রিভুৱনে।

........

।।ভৱাটৰী ৰূপকৰ ব্যাখ্যা।।

 

এতেকে শুনন্তে বহুগণ নৃপতিৰ।

বিৰকতি নোপোজে মনৰ নাহি স্থিৰ।।৫১৩৷৷

হেন দেখি পাচে জড় ভৰত দুনাই।

ভৱাটৱী বুজাইবেক লাগিলা বর্ণাই।।

কোনো কোনো বেলা সদাগৰ বনে গই।

ফলে ফুলে মণ্ডিত লতাৰ মাজে ৰই।।৫১৪।।

তাহাৰ আশ্রয়ে শুনে কোকিলৰ বাণী।

কৰ্ণৰ পৰম ৰম্য সুকোমল জানি।।

আৰো ছায়াখানি দেখে তলত তাহাৰ।

শুনা পটন্তৰ আৱে জীৱৰ ইহাৰ।।৫১৫।।

কৃষ্ণৰ মায়ায়ে সুজি আছে নাৰীলোক।

সংসাৰপথত তাক লতা বুজিয়োক।।

তাৰ বাহু আলিঙ্গনে থাকে জীৱ যত।

যতেক বিৱেক জ্ঞান সৱে হৱে হত।৫১৬৷৷

ক্রীড়াৰ নিমিত্তে কৰে গৃহক আৰম্ভ।

ভাৰ্য্যাৰ আগত আতিশয় কৰে দম্ভ।।

তাতে পুত্ৰ জীউ ভৈল কোকিল পৰায়।

থাকে বেঢ়ি সুকোমল বনত সদায়।।৫১৭।।

থানাক থুনুক কৰি বোলে নানা বাণী।

বাপ বুলি আঞ্চলত ধৰে টানি টানি।।

পাচে কোলে লৈয়া ছৱালক চুমা পাড়ি।

যেহি লাগে খোজা তাক দিববাহো বিচাৰি।।৫১৮৷৷

এহিমতে স্নেহৰ নিমিত্তে জীৱৰাশি।

বিষয় চেষ্টাত নষ্ট হোৱে সৱে আসি।।

পেলাৱে দুৰ্ঘোৰ নৰকত আপোনাক।

শুনা পুনৰপি সদাগৰৰ চেষ্টাক।।৫১৯।।

কোনো বেলা বনত সিংহৰ শুনে নাদ।

ডৰে বোলে ভৈল আজি আমাৰ প্ৰমাদ।।

কেনমতে এৰাঞো সিংহৰ ইটো ত্রাস।

এহি বুলি চাপে কাক শগুণৰ পাশ।।৫২০৷৷

দেখি মনুষ্যক কাক তেখনে পলায়।

নপাৱে তাহাৰ লাগ চিন্তা কৰি যায়।।

সৰোৱৰে দেখে পাচে ৰাজহংসচয়।

তাৰ পাশ বাণিজাৰু চাপিবে খোজয়।।৫২১৷৷

নেদে তাক লাগ ৰাজহংসে কদাচিত।

যাতো পদ্মবনে কেলি কৰে প্রতিনিত।।

ভৈল তাসম্বাৰ সঙ্গ নাপায় বিমুখ।

সিংহৰ ভয়ত আতিশয় পাৱে দুখ।।৫২২৷৷

পাচে বানৰৰ লাগ লৈয়া থাকে যায়।

তাতে ব্যভিচাৰ ধৰ্ম্ম প্ৰৱৰ্ত্তে সদায়।।

অনোঅন্যে মুখ চাই ভাবুকি পাৰয়।

পাসৰিল সিংহৰ পূৰ্ব্বৰ যত ভয়।।৫২৩৷৷

ইডালে সিডালে ডেৱা ডেই কৰি ফুৰে।

নিজ মাতৃ ভগিনীতো মৈথুন আচৰে।।

বুজিয়ো জীৱত আৱে দৃষ্টান্ত ইহাৰ।

সিংহৰ আটাস যেন কালচক্ৰ বৰ।।৫২৪৷৷

ব্রহ্মাকো কাটিবে লাগ আছে ফুৰি ফুৰি।

ইহাক শুনিলে জীৱসৱ যায় ডৰি।।

কঙ্ক বক সদৃশ পাষণ্ড দেৱতাক।

শঙ্কাতে আৰাধে কালচক্র তড়িবাক।।৫২৫।।

আপুনি নেৰাৱে দেৱে কালৰ ভয়ক।

কেনমতে পাৰে সিটো ৰাখিবে আনক।।

কিন্তু পাষণ্ডক আৰাধনে দিন যায়।

বামা পূজা বুলি তাক কতো নেদে ঠাই।।৫২৬৷৷

পাছে হংস তুল্য ব্রাহ্মণৰ লগ চাৱে।

নেদে তাৰসৱে সঙ্গ উত্তম স্বভাৱে।।

পাছে বেদাচাৰহীন অধম শূদ্ৰৰ।

কাল ভয়ে লৱে সঙ্গ জীৱ নিৰন্তৰ।।৫২৭।।

বিধৱা গমনে উপজয় পুত্র নাতি।

তাকে পুষিবাক মাত্র যত্ন দিনে ৰাতি।।

থাকে কুলি মালি কৰি বানৰ পৰায়।

নাহি মাতৃ ভগিনীৰ বিচাৰ সদায়।৫২৮৷৷

আপোনা ইচ্ছায়ে ক্রীড়া কৰে নানা মত।

পাসৰিলে কালভয় মৃত্যু কেনমত৷৷

জালাক জুলুক কৰি কপি যেন চাৱে।

ভাৰ্য্যাৰ পুত্ৰৰ মুখ নিৰেক্ষি গোৱাৱে।।৫২৯৷৷

কোনো বেলা বাণিজাৰু ফুৰি নানা ঠাই।

পৰ্ব্বত গুহাত গৈয়া পৰে গিৰিসাই।।

কথমপি পায়া লতাগাছি থাকে ধৰি।

তলত চাহন্তে যেন প্রাণ যায় মৰি।।৫৩০৷৷

ভয়ঙ্কৰময় তাত হস্তীৰ প্ৰতাপ।

উৰৈ ধাতু দেখন্তে সুমৰে মাৱ বাপ।।

বোলে এহি হস্তী আজি লৈলে হন্তে প্রাণ।

ভাগ্যেসে এড়াইলো হন্তে মৃত্যুৰ সন্ধান।।৫৩১৷৷

পুনৰপি বাণিজাৰু কৰে অভিলাষ।

এতেকে দুখতো বাণিজাৰু নেৰে আশ।।

ইহাৰ দৃষ্টান্ত আৱে শুনিয়ো জীৱত।

পৰৈ তমোময় ঘোৰ নৰক গৰ্ত্তত।।৫৩২৷৷

সিবেলাত মৃত্যুক দেখিয়ো হস্তী সৰি।

মৰন্তে মৰন্তে জীৱে আয়ুলতা ধৰি।।

পৰম নিলাজ জীৱ এতেক দুখত।

নোপোজে বৈৰাগ্য কিছু মিছা বিষয়ত।।৫৩৩৷৷

সংসাৰ পথত আছে মায়ায়ে পেলাই।

নানান যোনিত ফুৰে শ্ৰুতি হেৰুৱাই।।

পাইলেক পৰুৱা তাত পৰম কুবুদ্ধি।

একোমতে তড়িবাৰ নজানয় সন্ধি।।৫৩৪।।

জীৱৰ পৰম লাভ কৃষ্ণৰ ভজন।

সাধুসঙ্গে জ্ঞান ভকতিসে মহাধন।।

কলিযুগে ভাৰতবৰিষে নৰ কায়।

মিলিবে জীৱৰ ইটো পৰম উপায়।।৫৩৫৷৷

হেন জানি মহন্ত জনৰ সঙ্গ লই।

শ্ৰৱণ কীৰ্ত্তন সদা কৰিবে লাগয়।।

তাত হন্তে লভিবেক বিজ্ঞান ভকতি।

নাহি আতপৰে লাভ জীৱৰ সম্প্রতি।।৫৩৬।

আসি আছে বাণিজ কৰিবে এহিমান।

সংসাৰ পথত পৰি বুদ্ধি ভৈল ম্লান।।

নিজ পুৰুষাৰ্থ নেদেখয় কদাচিতে।

মিছা বিষয়ত হাত ফুৰাৱয় নিতে।।৫৩৭৷৷

হেৰা ৰহুগণ ৰাজা শুনা মোৰ কথা।

প্রাণী সমস্তকে দায়া কৰিবা সৰ্ব্বথা।।

নকৰিবা আসকতি বিষয় সুখত।

ধৰা জ্ঞান খাণ্ডা ডাটি আপোন মনত।৫৩৮৷৷

মাধৱৰ সেৱামানে কৰিবা তীখাল।

বিষয় বাসনা মানে এৰিবা সকল।।

সাধিয়ো পৰম গতি তড়া সংসাৰক।

বুজা এহিমানে সৱে শাস্ত্ৰৰ তত্ত্বক।।৫৩৯।।

যত দেখা পুত্র পত্নী সৱে মায়াময়।

কৃষ্ণেসে পম তত্ত্ব জানিবা নিশ্চয়।।

শুনা সৰ্ব্বজনে ইটো কথা অনুপাম।

ভণে অনিৰুদ্ধে সৱে বোলা ৰাম ৰাম।।৫৪০।।

..................

।।দুলড়ী৷৷

হেন শুনি ৰাজা    সম্বোধি বোলয়

দ্বিজক কৰি সাদৰ।

দেৱৰো জন্মতো   কৰিয়া শোভন।

জন্ম ভৈল মনুষ্যৰ।।

যাত মাধৱৰ      ভকত জনৰ

প্ৰচুৰ সঙ্গম নাই।

জাননা দেৱসম     জনম তাহাৰ

কেৱলে বিফল যাই।।৫৪১৷৷

ভকতৰ সঙ্গ      মিলে যেৱে আসি

যৈতে তৈতে জন্ম হৌক।

ইহাৰ প্রমাণ      দেখিলো সাক্ষাতে

নিস্তাৰিলা তুমি মোক৷৷

তযু চৰণৰ       ধূলাক মাথাত

যিসৱে ধৰে বহুত।

গুচি পাপমতি     মিলিবে ভকতি

নাহি আত অদভুত।।৫৪২৷৷

দণ্ড দুই মাত্র      তোমাৰ সঙ্গত

গুচিল মোৰ অজ্ঞান।

কি কহিবো আৰ   ভকত সঙ্গৰ

মহিমাত বিদ্যমান।।

আৱে অপৰাধ     ক্ষমিয়োক মোৰ

কৃপাময় গুৰুদেৱ।

বৃদ্ধ যুৱা শিশু     ব্রাহ্মণসৱৰ

চৰণত কৰো সেৱ।।৫৪৩।।

যিসৱ ব্রাহ্মণে     অৱধূত বেশে

সদা ফুৰে পৃথিৱীত।

তাসম্বাৰ হন্তে      নৃপতি সৱৰ

কুশল হোৱে বিহিত।।

শুক নিগদতি      শুনিয়ো নৃপতি

এহিমতে বহুগুণে।।

দ্বিজৰ কৃপায়      আত্ম জ্ঞান পাই

নমিলা পৰি চৰণে।৫৪৪।।

পুত্ৰ পৰিবাৰ      সকলে অসাৰ

দেখিলা পাচে নৃপতি।

দেহৰ মমতা      ছাড়িয়া আত্মাত

কৰিলা সুদৃঢ় মতি।।

পাচে দ্বিজবৰ      পৰম গম্ভীৰ

নিৰ্ম্মল সাগৰ প্ৰায়।

মনক নিয়মি      পৃথিৱী পৰ্য্যটি

ফুৰিবে লৈলা দুনাই।।৫৪৫।।

হৰি ভকতৰ      প্ৰভাৱ বিস্তৰ

কহিয়া নপাৱে সীমা।

লোকক কৃপায়ে     ভ্রমন্ত সদায়ে।

বর্ণাইবো কত মহিমা।।

যেন গৰুড়ৰ      উৰাক নপাৱে

সামান্য পক্ষী ওচৰ।

ইটো ঋষভৰ      পুত্ৰ ভৰতৰ

ভৈলা সেহি পটন্তৰ।।৫৪৬৷৷

ভৰত ৰাজাৰ     কৰ্ম্ম আচৰিবে

কাহাৰো নাহি শকতি।

আছোক মনেয়ো    নপাৱে ওচৰ

সামান্য আন নৃপতি।।

পুত্র দাৰা ধন     আনো পৰিজন

যতেক বিষয়শি।

যুৱকালে যিটো     মল মূল যেন

তেজিলা দেখি বিনাশী।।৬৪৭।।

কৃষ্ণৰ চৰণ       সেৱাতেসে তান

আছিলা দৃঢ় বিশ্বাস।

দেৱৰ বাঞ্ছনী      সম্পদ ভৱকো

দেখিলা সৱে বিনাশ।

ভকতসকলে       মুকুতি সুখকো

দেখে সৱে তুচ্ছ প্রায়।।

আন বিষয়ক গুণি পাৱে কৈত

ভকতিৰ আগে যায়।।৫৪৮।।

গণ্ডকী নদীৰ      জলত নামিয়া

সিটো ৰাজা মহাধীৰ।

নাৰায়ণ হৰি      কীৰ্ত্তন আচৰি

এৰিলা মৃগ শৰীৰ।।

তাহান সমান      কৈত আছে আন

ভক্ত আতি অনুপাম।

ভকতিত পৰে     আন বিষয়ক

নভৈল মনৰ কাম।।৫৪৯।।

ইটো ভৰতৰ      জন্ম মনোহৰ

শুনে বা যদি শুনাৱে।

ধন জন আয়ু     স্বর্গ মুকুতিকো

অনায়াসে সিটো পাৱে।।

সকামীৰ ফল      মিলে এহিমতে

নিষ্কামী পাৱে ভকতি।

বিশেষত পুনু      সকামীৰো ক্রমে

উপজে নিষ্কামে ৰতি।।৫৫০৷৷

ইটো ভাগৱত      শাস্ত্ৰৰ বুজিয়ে

এহিমানে অভিপ্রায়।

জানি সৰ্ব্বজন     ছাড়ি আন মন।

কৃষ্ণক ভজা সদায়।।

ইটো পঞ্চমত      ৰাজা প্রিয়ব্রত

ঋষভ দেৱ ঈশ্বৰ।

ভৰত মহন্ত       তিনিৰ অনন্ত

যশস্যাৰ সাৰোত্তৰ।।৫৫১৷৷

বিষ্ণু বৈষ্ণৱৰ     চৰিত্ৰ সুন্দৰ

সমস্তে ধৰ্ম্মৰে সাৰ।

পৰম নিৰ্ম্মল      পাৱে সৱে ফল

শ্ৰৱণ মাত্রকে আৰ।।

শ্ৰৱণ বিনাই      আন গতি নাই

ইটো জীৱ সমস্তৰ।

কলিৰ দোষত     ধৰ্ম্ম কৰ্ম্ম যত

নষ্ট ভৈল নিৰন্তৰ।।৫৫২।।

ভাৰত ভূমিত     দুৰ্ঘোৰ কলিত

আছা নৰতনু পাই।

বিষয়ৰ ভোগে     বিফলে নিবাক

কদাচিতো নুযুৱাই৷৷

কৃষ্ণ গুণ গান     কৰিয়ো শ্ৰৱণ

ছাড়িয়া মিছা বিষয়।

শ্ৰৱণৰ পথে       হিয়াত প্রৱেশ

হোৱন্ত হৰি সদায়।।৫৫৩।।

অজ্ঞান আন্ধাৰ    গুচায়া তাহাৰ

কৰিবে মন নির্মল।

এতেকে আপুনে     উপজিবে আসি

ভকতিৰ মহাফল।।

গুচিবে নিকাৰ     জীৱৰ নিস্তাৰ

তেৱেসে মিলিবে আসি।

জানিয়া শ্ৰৱণ      কীৰ্ত্তন নেৰিবা

মাধৱৰ যশ ৰাশি।।৫৫৪।।

আৰ একখানি     চোৱা মনে গুণি

ধৰ্ম্মৰ মাজত সাৰ।

কেৱলে নামক     মহন্তসকলে

জপি ফুৰে বাৰম্বাৰ।।

কহে অনিৰুদ্ধ      পৰম বিশুদ্ধ

নামধৰ্ম্ম অনুপাম।

আসা সৱে মিলি    তড়িয়ো সংসাৰ

বেঢ়ি বোলা ৰাম ৰাম।।৫৫৫।।

..........

  ।।ভৰত বংশীয় ৰজাৰ বিৱৰণ।।

                        ।।পদ।

শুক নিগদিত পৰীক্ষিত মহাশয়।

ভৰত ৰাজাৰ আৱে শুনিয়ো নির্ণয়।।

ভৰতৰ পুত্ৰ ভৈল নামত সুমতি।

তানে ভাৰ্য্যা ভৈল বৃদ্ধসেনা মহামতী।।৫৫৬।।

দেৱজিৎ নামে ভৈল তাহান তনয়।

তানে পুত্র দেৱদ্যুম্ন নাম মহাশয়।।

ধনুমতী নামে এক তাহান ভাৰ্য্যাত।

পৰমেষ্ঠী নামে আসি পুত্রভৈল জাত।।৫৫৭।।

পৰমেষ্ঠী বীর্য্যে সুবৰ্চ্চলাৰ গৰ্ভত।

প্রতীহ নামত পুত্র ভৈল উপগত।।

তান্তে ভৈল তিনি পুত্র আতি অনুপাম।

প্রতিহৰ্ত্তা প্রতিস্তোতা উদগাতা যাৰ নাম।।৫৫৮।

প্রতিহত্তা নৃপতিৰ দুই পুত্র ভৈল।

জ্যেষ্ঠ অজ কনিষ্ঠৰ ভূমা নাম থৈল।।

ভূমাৰ তনয় ভৈল উদগীত নৃপতি।

নামত প্রস্তাৱ ভৈল তাহান সন্ততি।।৫৫৯।।

প্রস্তাৱৰ পুত্ৰ ভৈল বিভু নাম যাৰ।

বিভুৰ তনয় পৃথুসেন বীৰসাৰ।।

পৃথুৰ তনয় নক্ত নামে ভৈল জাত।

নক্তৰ তনয় গয় ৰাজর্ষি প্রখ্যাত।।৫৬০৷৷

গয়ৰ চৰিত্ৰ কথা জগত বিখ্যাত।

মাধৱৰ কথা হেন শাস্ত্রত প্রখ্যাত।।

পুত্ৰৱতে প্রজাক পালন্ত অনুক্ষণে।

গোৱিন্দৰ পদসেৱা নছাড়ন্ত মনে।।৫৬১।।

ঈশ্বৰ জ্ঞানক সদা কৰন্ত অভ্যাস।

বিষয়ত থাকি ৰাজা ভৈলন্ত উদাস৷৷

নানা যজ্ঞ কৰি পাচে হৰিক ভজিল।

যাৰ যশোৰাশি সৱে জগত ঢাকিল।।৫৬২।।

তান ভাৰ্য্যা গায়ন্তীত তিনিপুত্র ভৈলা।

চিত্ৰৰথ সুগতি অবিৰোধন নাম থৈলা।।

চিত্ৰৰথ পুত্র ভৈল সম্রাট সুন্দৰ।

তানে পুত্র ভৈলন্ত মৰীচি নৃপবৰ।।৫৬৩৷৷

মৰীচিত হন্তে বিন্দুমান ভৈলা জাত।

মধু নামে তাহানে তনয় ভৈলা খ্যাত।।

মধুৰ তনয় বীৰব্ৰত মহাশয়।

মন্তু প্রমন্তু তান তনয় দুতয়।।৫৬৪৷৷

মন্তুৰ তনয় ভৈলা ভৌৱন নৃপতি।

ভৌৱনৰ পুত্ৰ ভৈল ত্বষ্টা মহমতি।।

তানে পুত্ৰ ভৈলন্ত বিৰজা মহামানী।

ভৈল তানে শতপুত্র জীউ একখানি।।৫৬৫৷৷

এহিমানে কৈলো সীমা মনুৰ বংশৰ।

বিষ্ণুৰ ভকত সৱে ধৰ্ম্মত তৎপৰ।।

প্রিয়ব্রত নৃপতিৰ শুনিয়ো বংশক।

পুনৰপি পৰীক্ষিতে পুছন্ত শুকক।।৫৬৬।।

.......

                   ।।ভুৱনকোষ।।

            ।।মেৰুৰ অৱস্থা বর্ণন।।

যিটো কহি আছা ইটো পৃথিৱী মণ্ডল।

প্রকাশে সূৰ্য্যৰ ৰশ্মিপুঞ্জ যত স্থল।।

প্রিয়ব্রত নৃপতিৰ ৰথচক্র ফুৰি।।

ভৈল সাত গোটা গৰ্ত্ত চৌপাশে আৱৰি।।৫৬৭৷৷

তাতে ভাগে ভাগেভৈল সপত সাগৰ।

মাজে মাজে ভৈল তাত বিভাগ দ্বীপৰ।।

এসম্বাৰ প্রমাণ লক্ষণ যিবা চিহ্ন।

পুছো গুৰু বুজিবাক কৰি ভিন্ন ভিন্ন।।৫৬৮।।

ঈশ্বৰৰ ইটো স্থূল বিৰাট ৰূপত।

প্রৱেশ কৰোৱা মন শুনন্তে সতত।।

সূক্ষ্মতম ব্ৰহ্ম বাসুদেৱত সদায়।

কিছু কিছু কৰি মন প্রৱেশিবে যায়।।৫৬৯।।

হেন মহা ফল আছে ইহাৰ শ্ৰৱণে।

ইহাকেহে শুনিবাক ৰঙ্গ কৰো মনে।।

যদি গুণময় হোৱে বিৰাটৰ কথা।

তথাপি কহিবে যোগ্য হোৱয় সৰ্ব্বথা।।৫৭০৷৷

হেন শুনি শুকে লৈল কহিবে ৰাজাত।

কৃষ্ণৰ বিভূতি মায়া গুণ অসংখ্যাত।।

আছে নানাবিধ স্থান ইটো ভুৱনত।

প্রকাশে সমস্ত বিৰাটৰ শৰীৰত৷৷৫৭১৷৷

দেৱৰ সমান পৰমায়ু হৱে যাৰ।

সাৱশেষে নাম ৰূপ কহিবে ইহাৰ।।

সিয়ো পুৰুষেও অন্ত কৰিতে নপাৰে।

আনজনে কৈত আৰ কহিবাক পাৰে।।৫৭২।।

হেন ইটো ভূগোলৰ বিচাৰ প্রধান।

নামৰূপ লক্ষণক কৰিবো ব্যাখ্যান।।

সাৱধানে শুনা কৰি মনত সন্তোষ।।

ইটো ভূমিখান যেন ভৈল পদ্মকোষ।।৫৭৩৷৷

ভৈল সাত দ্বীপ পাচে সাতসৰি দল।

সুৱৰ্ণৰ মেৰু যেন কণিকা নিৰ্ম্মল।।

বৰিষ বিভাগ সীমা গিৰি নিৰন্তৰ।।

যেন পক্ষীগণ জলে আতি মনোহৰ।।৫৭৪।।

তাহাৰ ভিতৰে ইটো জম্বু দ্বীপখান।

লক্ষ প্রহৰৰ পন্থ বহলে প্রমাণ।।

সমান বৰ্ত্তুল পদ্মপত্ৰৰ অন্বয়।

তাতে নৱ বৰিষৰ বিভাগ আছয়।।৫৭৫।।

একৈক বৰিষ নৱ হাজাৰ প্ৰহৰ।

পথালি বিস্তৰ সীমা পৰ্ব্বত ভিতৰ।।

আঠগোটা পৰ্ব্বত বিভাগ আছে তাত।

মাজে ইলাবৃত নামে বৰিষ প্রখ্যাত।।৫৭৬।।

সুৱৰ্ণৰ মেৰুগিৰি তাৰ মধ্যস্থান।

লক্ষ প্রহৰৰ পথ উচ্ছ্ৰিত সুঠান।।

যোড়শ হাজাৰ পোত পৃথিৱী তলত।

চৌৰাশী হাজাৰ তাৰ ৰৈলা উপৰত।।৫৭৭।।

মেৰুৰ গুৰিত বেঢ় ষোড়শ হাজাৰ।।

বত্রিশ হাজাৰ ভৈল উপৰে বিস্তাৰ।।

পদ্মৰ কণিকা যেন সাক্ষাতে তৃপিতি।

পৰম সুন্দৰ শৃঙ্গচয় চতুর্ভিতি।।৫৭৮৷৷

সেহি মেৰুপৰ্ব্বত গুৰিত চৌপাশে।

ইলাবৃত নামে এক বৰিষ প্রকাশে।।

একভিতি ভৈল নৱ হাজাৰ প্ৰহৰ।

যাত গৌৰীসমে ক্রীড়া কৰন্ত শঙ্কৰ।।৫৭৯।।

উত্তৰত নীল শ্বেত শৃঙ্গৱন্ত নাম।

আছে সীমা দণ্ড তিনি পৰ্ব্বত উপাম।।

পথালি হাজাৰ দুই প্রহৰক জুৰি।।

আছে পূৱ পশ্চিম সাগৰ সীমা কৰি।।৫৮০৷৷

মাজে মাজে আছে তিনি বৰিষ তাহাৰ।

জুখিয়া সমান তুমি কৰিয়া বিচাৰ।।

নামত ৰম্যক হিৰন্ময় তাত পাচে।

বৰিষ উত্তৰে কুৰু আছে তাৰ কাছে।৫৮১।।

দীর্ঘে পূৱ পশ্চিম সাগৰে সীমা তাৰ।

বহলে যোজন ভৈল নব্বই হাজাৰ।।

পূবে গন্ধমৰ্দ্দন পশ্চিমে মাল্যৱন্ত।

সীমা কৰি আছে কেতুমাল্য ভদ্রাশ্বত।।৫৮২।।

ভ্ৰদ্রাশ্ব পূৰ্ব্বত কেতুমাল পশ্চিমত।

আছে দুয়ো বৰিষ প্রৱেশি সাগৰত।।

দক্ষিণে নিষধ হেমকূট হিমালয়।

বিভাগিয়া এহি তিনি পৰ্ব্বত আছয়।।৫৮৩।।

অযুত যোজন প্ৰহৰৰ পথচাৰ।

প্রস্থে জুৰি আছে পথ দুতয় হাজাৰ।।

হেনয় প্রমাণ সিটো গিৰি সমস্তৰ।।

তিনিয়ো পৰ্ব্বতে আছে প্রৱেশি সাগৰ।।৫৮৪।।

তাৰ মাজে আছে হৰি বৰিষ প্রথম।

আছে কিম্পুৰুষ আৰ ভাৰত উত্তম।।

আছে চাৰি গিৰিস্তম্ভ মেৰু পৰ্ব্বতৰ ।

সুপার্শ কুমুদ মেৰু মন্দৰ সুন্দৰ।।৫৮৫৷৷

অযুত যোজন উচ্চ তাৱত বগল।

দেৱতাসৱৰ সিটো বিহাৰৰ স্থল।।

চাৰি গোটা বৃক্ষ আছে চাৰিয়ো গিৰিত।

একৈক এঘাৰ শত প্রহৰ উচ্ছ্ৰিত।।৫৮৬৷৷

হাজাৰ প্ৰহৰ পথ বেঢ়িছে চৌপাশে।

নামে আম জাম বট কদম্ব প্রকাশে।।

চাৰি গোটা ধ্বজ যেন চাৰিয়ো পৰ্ব্বত।

শুনা যেন ফল লাগে একৈক গছত৷৷৫৮৭।

দিব্য আম গছ আছে মন্দৰ শিখৰে।

গিৰিশৃঙ্গ সম তাৰ ফলচয় সৰে।।

সাক্ষাতে অমৃতময় স্বাদ মনোহৰ।

পকা ফল অনেক সৰয় নিৰন্তৰ।।৫৮৮৷৷

তাৰ সুবাসিত ৰস প্ৰচুৰ মধুৰ।

অৰুণোদা নামে নদী বহে বহুদূৰ।।

মন্দৰ গিৰিৰ হন্তে পৰি বহি যায়।

পূৰ্ব্ব দিশে সিটো ইলাবৃতক বুৰাই।।৫৮৯।

ভৱানীৰ অনুচৰী যক্ষ নাৰী যত।

কৰে স্নান পান সেই নদীৰ জলত।।

শত যোজনৰ পথ জুৰি সমুদায়।

তাসম্বাৰ দেহাৰ সুৰভি বায়ু যায়।।৫৯০৷৷

মেৰুমন্দৰত জম্বু বৃক্ষ প্রকাশয়।

মহামত্ত হস্তী সম তাৰ ফলচয়।।

পকি পকি পৰে তল ঢাকি নিৰন্তৰ।

তাৰ ৰসে নদী এক বহে নিৰন্তৰ।।৫৯১৷৷

জন্ধু নদী নামে মেৰুমন্দৰ চড়ায়।।

অযুত যোজন উচ্চ হন্তে নামি যায়।।

দক্ষিণে বহয় ইলাবৃত বৰিষত।

তাৰ ৰসে কর্দম মৃত্তিকা আছে যত।।৫৯২।।

আদিত্যৰ ৰশ্মি বায়ু সংযোগে বহৱে।

জম্বু নদে সুৱর্ণসকল তাৰ হোৱে।।

দেৱতাসৱৰ সিটো পৰম ভূষণ।

কদাচিতো তাক নপাৱয় আন জন।।৫৯৩৷৷

মুকুট কুণ্ডল হাৰ তাৰৰ বলয়।

নানাবিধ অলঙ্কাৰ কৰি গঢ়াৱয়।।

পিন্ধে অপেস্বৰা সমে দেৱতাসকল।

ফুৰে নানাবিধ ক্রীড়া কৰি কৌতুহল।।৫৯৪।।

সুপার্শ্ব উপৰে আছে কদম্ব উচ্ছ্ৰিত।

হোৱে মধু তাৰ পাঞ্চ কোটৰে বিদিত৷৷

পঞ্চধাৰ হুয়া গিৰি শিখৰ চড়ায়।

পশ্চিমৰ ইলাবৃত বৰিষক যায়।।৫৯৫।।

দেৱগণ গৈয়া তাত মধু কৰে পান।

মত্ত হুয়া ক্রীড়া কৰি ফুৰে নানা স্থান৷৷

তাসম্বাৰ মুখৰ সুৰভি বায়ু যায়।

শতেক প্ৰহৰ পথ জুড়িয়া গন্ধায়।।৫৯৬।।

শতবল্লী বট আছে কুমুদ শিখৰে।

তাৰ গন্ধ হন্তে বাজ হৱে নিৰন্তৰে।।

দধি দুগ্ধ ঘৃত মধু গুড় অন্ন জল।

ধাৰাসাৰে বহি যায় পৰম নিৰ্ম্মল।।৫৯৭।।

উচ্ছ্ৰিত কুমুদ গিৰি শিখৰ চড়ায়।

উত্তৰ ভিতিৰ ইলাবৃতে পৰে যায়।।

সমীপত থাকি তাক ভুঞ্জে প্রাণী যত।

ছাড়ি অনুতাপ মিলে সন্তোষ মনত।।৫৯৮।।

ক্ষুধা তৃষ্ণা আধি ব্যাধি জড়া মৃত্যু ভয়।

আনো উপসর্গ পীড়া যতেক আছয়।।

গুচে সৱে সিটো শুদ্ধ দ্ৰব্যৰ ভোজনে।

জীয়ে মানে থাকে প্রজা আনন্দিত মনে।।৫৯৯।।

আৰো সেহি চাৰি গিৰি শিখৰ উপৰ।

আছে চাৰিখান মনোনীত সৰোবৰ।।

একো সৰোবৰে শত যোজনক জুৰি।

আছে দধি দুগ্ধ গুড় জলে ভৰি পৰি।।৬০০।।

গন্ধৰ্ব্বসকলে তাত কৰি স্নান পান।

যোগৰ ঐশ্বৰ্য্যমানে পাৱে বিদ্যমান।।

নন্দন বনক আদি দেৱৰ উদ্যান।

সেহি চাৰি পৰ্ব্বতত আছে চাৰি থান।।৬০১।।

বৰ বৰ দেৱগণ দেৱী সঙ্গ কৰি।

সেহি বনে ফুৰে নানা বিনোদ আচৰি।।

গন্ধৰ্ব্বসকলে বেঢ়ি গাৱে নানা গীত।।

ফুৰে মধুগন্ধ লোভে হুয়া প্রতিনিত।।৬০২।।

আৰো সুমেৰুৰ ঢোকা আছে আঠ গিৰি।

আঠ দিশে আঠগোটা পৰ্ব্বতে আৱৰি।।

দীঘলে আঠাৰ হাজাৰৰ পথ যাৰ।

পুতলে হাজাৰ দুই প্রহৰ বিস্তাৰ।।৬০৩৷৷

আছে সুমেৰুৰ চৌপাশক জান্তি ধৰি।

নপাৰে চলিতে যেন একো ভিতি গুড়ি।।

অষ্টাদশ ক্ষুদ্র গিৰি আছে মেৰুমূলে।

বেঢ়ি কর্ণিকাক যেন কেশৰসকলে।।৬০৪।।

কেৱল সৱৰ্ণ মেৰু কৰে জল মল।।

অগনি সদৃশ জ্বলে পৰম নির্মল।।

শতকুম্ভী নামে আছে ব্ৰহ্মাৰ নগৰী।

মেৰুৰ উপৰে মধ্যস্থানে আছে কৰি।।৬০৫৷৷

অযুত যোজন স্থলী চৌফালে সমান।

কৰি আছে বিশ্বকৰ্ম্মে শিল্প নানা স্থান।।

তাৰ আঠ দিশে আছে আঠখান পুৰী।

পাঞ্চশত দুই হাজাৰৰ পথ জুৰি।।৬০৬।।

বাসৱ প্ৰমুখ্যে দিগপাল সমস্তৰ।

নানাবিধ বর্ণে জ্বলে ক্রমে দিব্যঘৰ।।

মাজ নগৰীৰ বিধাতাৰ চৌচ’ৰাত।

বসে গৈয়া ত্রিদশ দেৱতা অসংখ্যাত।।৬০৭।।

বাৱে তাল যন্ত্র বীণা অনেক বিধান।

যাত বসি ব্রহ্মা আসি কৰন্ত দেৱান।।

যতেক গোচৰ কৰে পাৱে আসি খেদ।

বুজিয়া সৱাৰে তাৰ দেন্ত পৰিচ্ছেদ।।৬০৮।।

ইদানিক শুনা জম্বুদ্বীপৰ বিধান।

সুমেৰু জুৰিছে ষোল হাজাৰ প্রমাণ।।

ইলাবৃত বৰিষৰ বুজিয়ো বিচাৰ।

দুইভিতি ওঠৰ হাজাৰ হৱে তাৰ।।৬০৯৷৷

আন ছয় বৰিষৰ বুজিয়ো প্রমাণ।

চাৰিধিক পঞ্চম হাজাৰ তাৰ স্থান।।

দ্বাদশ হাজাৰ গণি ছয় পৰ্ব্বতৰ।

সমানে পৰিয়া সূতা দক্ষিণে উত্তৰ।।৬১০৷৷

এহিমতে জম্বুদ্বীপ কহয় লক্ষক।

পশ্চিম পূৰ্ব্বত দীর্ঘে লাগে বুজিবাক।।

চাৰিধিক ত্রিশ হাজাৰ জুড়িচয়।

মেৰুৰ দুইপাশে ইলাবৃতে প্রকাশয়।।৬১১৷৷

আৰো দুই সীমা গৈল চতুর্থ হাজাৰ।

তাৰ দুই পাশে দুই বৰিষ বিস্তাৰ।।

দুতয় অধিক ষাঠি হাজাৰ প্ৰহৰ।

সমুদ্র প্রৱেশি দুয়ো আতি দীর্ঘতৰ।।৬১২।।

এহিমতে পূৰ্ব্ব পৰে লেখা অনুসৰি।

জম্বুদীপ লক্ষ প্রহৰৰ সীমা ধৰি।।

শুনা সভাসদ পদ মহাভাগৱত।

বিৰাট ৰূপৰ মনোহৰ কথা যত।।৬১৩৷৷

ইহাৰ শ্ৰৱণে মিলিবেক বিৰকতি।

তেৱেসে কৃষ্ণৰ পাৱে মিলিবে ভকতি।।

হেন জানি ছাড়া মিছা বিষয়ৰ কাম।

কহে অনিৰুদ্ধ সৱে বোলা ৰাম ৰাম।।৬১৪।।

..........

৷৷দুলড়ী।।

মহামুনি শুকে     কহন্ত উৎসুকে

পৰীক্ষিত নৃপতিত।

যজ্ঞেশ্বৰ ভৈল    বামন স্বৰূপে

অৱতাৰ অদিতিত৷৷

দান মাগিবাক     বলিৰ সভাক

গৈল পাচে ছদ্মভাৱে।

তিনিপদ ভূমি     মাগি লৈলা পাচে

জুখিবে লাগিল পাৱে।।৬১৫৷৷

এক পদে ইটো     পৃথিৱী পাতাল

সমস্তে জুড়িয়া ৰৈল।

বাঢ়ি আৰ ভৰি    মহাবেগ ধৰি

উপৰক লাগি গৈল।।

বাম চৰণৰ      বৃদ্ধ অঙ্গুষ্ঠৰ

নখৰ লাগি প্ৰহাৰ।

ব্রহ্মাণ্ড ভেদিয়া     বাহিৰৰ হন্তে

আসি ভৈল জলধাৰ।।৬১৬।।

বামনৰ সিটো     চৰণ মহিমা

বিধাতা দেখিল তাত।

কিবা বস্তু দিয়া    পূজিবো বোলন্তে

সন্মত কৰি হিয়াত।

পাচে সেহি জল    পৰম নিৰ্ম্মল

কমণ্ডলু ভৰি লই।।

বামনৰ ভৰি      পখালি পূজলি

শীঘ্ৰে আগবাঢ়ি গই।।৬১৭৷৷

মাধৱৰ সিটো     চৰণ পদ্মৰ।

ৰঙ্গা কেশৰৰ ধূলি।

মিশ্র হুয়া জল     ভৈলেক নিৰ্ম্মল

গঙ্গাদেৱী যাক বুলি।।

বিষ্ণুপদী নাম     ভৈল অনুপম

সেহি দিনা হন্তে তান।

পৰশতে যাৰ      সকলে লোকৰ

পাপ হৰে বিদ্যামান।।৬১৮।

যিটো নিৰঞ্জন     চিদানন্দ ঘন

গঙ্গাজল ৰূপ ধৰি।

জগত নিস্তাৰ      কৰিবাক লাগি

আপুনি বহন্ত হৰি।।

সিটো বামনৰ     চৰণ ধ্বজৰ

ধৱল পতাকা প্রায়।

বিষ্ণুপদী মায়ে     আকাশৰ পথে

ধাৰাসাৰে বহি যায় ।৬১৯৷৷

হাজাৰেক যুগ     অন্তৰে পাইলন্ত

মহল্লোক দিব্যস্থান।

উত্তানপাদৰ       পুত্র ধ্ৰুৱ যাত

প্রকাশন্ত বিদ্যমান।।

দেখি গঙ্গাজল     পৰম নিৰ্ম্মল

ধ্রুৱৰ ভৈল পুলক।

বোলন্ত আমাৰ     ইষ্ট দেৱতাৰ

ইটো দিব্য পাদোদক।।৬২০৷৷

এতেকে কৃষ্ণত     সুদৃঢ় ভকতি

বাঢ়িবে লাগিল তান।

দ্ৰৱ ভৈল চিত্ত     প্রেমে পুলকিত

দেহতো নাহি সন্ধান।।

ধাৰে নয়নৰ      বহৱে লোতক

কৃষ্ণত ভৈল সমাধি।

আনন্দ ৰসত      ডুবিলা সাক্ষাত

বিষয়ৰ দোষ বাধি।।৬২১৷৷

আজিয়ো সাদৰে    আপোনাৰ শিৰে

বহয় ধ্ৰুৱে গঙ্গাক।

আতি পুণ্যৱন্ত     মহা ভাগ্যৱন্ত

মানিলন্ত আপোনাক।।

আত অনন্তৰে     সপ্ত ঋষিগণে।

দেখি গঙ্গা গোসানীক।

আনন্দিত চিত্ত     তনু পুলকিত

বাঢ়িল প্রেম অধিক।।৬২২।।

মহা ভক্তিযোগ     বাঢ়িল কৃষ্ণত

নিৰন্তৰে তাসম্বাৰ।

মুকুতি সুখকো     এৰিছে পূৰ্ব্বত

বিষয় দেখে অসাৰ।।

হেন ঋষিগণে      মহাশুদ্ধ মনে

বোলে ইটো জলধাৰ।

তপস্যাৰ ইটো     আত্যন্তিক সিদ্ধি

ইহাঙ্কেসে বুলি সাৰ।।৬২৩।।

এহি বুলি তাৰা    জটা জুট মাথে

গঙ্গাৰ জল ধৰিল।

যেন মুকুতিক     মুমুক্ষু সকলে

একচিত্তে সাদৰিল।।

পৰম সাদৰে      আজিয়ো বহৱে

পৱিত্ৰ জল নিঃশেষ।

তৈৰ হন্তে নামি    আসি গঙ্গা দেৱী

স্বৰ্গত ভৈলা প্রৱেশ।।৬২৪।।

নিৰ্ম্মল ধৱল      দেখি তাৰ জল

আনন্দিত দেৱগণ।

পৰম সাদৰে      পৰশিলা শিৰে

উপশাম কৰি মন।।

অসংখ্যাত কোটি    বিমান ফুৰিয়া

দেৱৰ লোকে আৱৰি।

পাচে তৈৰ পৰা    নামি বিষ্ণুপদী

আসিলন্ত বেগ ধৰি।।৬২৫।।

মেৰুৰ উপৰে      ব্ৰহ্মাৰ নগৰে

পৰি চাৰি ধাৰা ভৈলা।

চাৰি নাম ধৰি    চৌভিতিক লাগি।

তেখনে বহিবে লৈলা।।

সীতা নামে ধাৰা   মেৰুৰ নামিয়া

গন্ধমাদনক চাই।

ভদ্রাশ্ব বৰিষে      পূৰ্ব্বক বহিয়া

সমুদ্রে পৰিল যাই।।৬২৬৷৷

বন্ধুনামে ধাৰা     মেৰুৰ নামিয়া

ছাড়ি মাল্যবন্ত শৈল।

কেতুমাল নামে     বৰিষত পৰি

পশ্চিম সাগৰে গৈল।।

ভদ্রা নামে ধাৰা    উত্তৰ দিশত

ছাড়িয়া মেৰু শিখৰে।

তিনিগোটা সীমা    পৰ্ব্বত ছাডিয়া

প্ৰৱেশ ভৈলা সাগৰে।।৬২৭।।

দক্ষিণ দিশত      সুমেৰুৰ নামি

অলকানন্দা নামত।

অনেক পৰ্ব্বত     ছাড়ি উপগত

হেমৱন্ত শিখৰত।।

তৈৰহন্তে নামি     মহাবেগ ধৰি

ভাৰত বৰিষ পাই।।

আনো পৰ্ব্বতক    বিদাৰিয়া বলে

সাগৰে পৰিল যায়।৬২৮৷৷

যাৰ জল বিন্দু     পৰশিলে মাত্র

পাপীয়ো হৱে উদ্ধাৰ।

কতেক মহিমা     কহিবে নপাৰি

হেনয় সিটো গঙ্গাৰ।।

সীমা পৰ্ব্বতৰ          কাষে মনোহৰ

বনচয় প্রকাশয়।

ফল ফুল ভৰে     ডাল ভাগি পৰে

যতেক বৃক্ষ আছয়।।৬২৯৷৷

দিব্য লতা যত    মেঢ়ায়া গাছত

নৱ কিশলয় মেলি।

যেন নাৰীগণে     পুৰুষৰ সঙ্গে

কৰন্তে আছয় কেলি।।

আম জাম বেল    ডাব নাৰিকল

পীনস পলাশ শাৰী।

উঠি ঠঠি তাত    পক্ষী অসংখ্যাত

ফুৰয় ফল বিচাৰি।।৬৩০৷৷

কোকিলসকল      খায়া তাৰ ফল

তেজে সুললিত বাণী।

তাক গীত বুলি    হৰিণীসকলে

সমীপ চাপে নজানি।।

পুষ্প জাই যূতি    সেউতী মালতী

কুমুদ কুন্দ মধাই।

অশোক চম্পক     কেতেকী তগৰ

আনো নানা পুষ্পচয়।।৬৩১।।

ইসৱ পুষ্পত      গুঞ্জৰি গুঞ্জৰি

মধুকৰ কৰে ৰোল।

নানাবিধ মধু      চুম্বন কয়

অন্যোঅন্যে হোৱে ভোল।।

নিৰ্ম্মল ধৱল      জলে চল চল

সৰোৱৰ আছে তাত।

কৰ কুমুদ        পদ্মে বিকশিত

ৰাজহংস অসংখ্যাত।।৬৩২।।

আনো জলচৰ     চটক বিস্তৰ

তেজে সুললিত নাদ।

মৎস নিৰন্তৰে     ডেৱা ডেই কৰে

শুনিয়া তাৰ সম্বাদ।।

হেন দিব্য স্থলে    দেৱতাসকলে

নাৰীগণ সঙ্গে লই।

গন্ধৰ্ব্বে গাৱয়     অপেস্বৰা নাচে

বিহাৰ কৰি ফুৰয়।।৬৩৩৷৷

কতো জলে স্থলে    কতোহো গহ্বৰে

নাহি বাধা তাসম্বাৰ।

আপোন ইচ্ছাই     ফুৰে নানা ঠাই

মুখ্য মুখ্য দেৱতাৰ।।

শুনা সৱে নৰ     চাপিয়া ওচৰ

ভাগৱত আদিত্যৰ।

আন শাস্ত্র যত     ইহাৰ আগত

বাতিৰ যেন পোহৰ ।।৬৩৪।।

অতি গৃঢ়কর্ণে      ইহাৰ শ্ৰৱণে

হৈবেক মন পোহৰ।

পৰম দুৰ্বাৰ       অজ্ঞান আন্ধাৰ

গুচিবেক নিৰন্তৰ।।

মনত উদয়       হৈবে কৃপাময়

দিবন্ত দেখা তেখনে।

মনোৰথ যত      সাধিবা সমস্ত

সিজনৰ নাৰায়ণে।।৬৩৫৷৷

এহি জানি সৱে    কৰিয়ো শ্ৰৱণ

মহা ভাগৱত কথা।

পৰম দুৰ্ল্লভ       মনুষ্য শৰীৰ

নকৰিয়ো আক বৃথা।।

কহে অনিৰুদ্ধ      পৰম বিশুদ্ধ

ধৰ্ম্মৰ বান্ধিয়ো দাম।

আসা সৱে মিলি    জন্মক সাম্ফলি

ডাকি বোলা ৰাম ৰাম।।৬৩৬।।

................

1

।।শঙ্কৰৰ দ্বাৰা সঙ্কৰ্ষণ আৰাধনা।।

                   ।। পদ।।

শুকনিগদতি শুনিয়োক নৃপবৰ।

নৱ বৰিষত আছে মূৰ্ত্তি মাধৱৰ।।

নামত সঙ্কর্ষণ মূৰ্ত্তি তমোময়।

ইলাবৃত বৰিষত প্রকাশ কৰয়।।৬৩৭।।

নাহিকে পুৰুষ তাত শঙ্কৰ বিনায়।

যাতে শাপি আছে গৌৰী ক্রীড়াক নপাই।।

শাপৰ কাৰণ সৱ নৱম স্কন্ধত।

কহিবো শুনিবা ৰাজা তোহ্মাৰ আগত।।৬৩৮।।

অৰ্ব্বুদ হাজাৰ নাৰীগণ লৈয়া সঙ্গে।

কৰন্ত শঙ্কৰে তুতি অনন্তক ৰঙ্গে।।

জপন্ত তাহান মহামন্ত্র অপৰ্য্যন্ত।

সম্বোধি বোলন্ত ভজো প্রভু ভগৱন্ত।।৬৩৯।।

ভকতৰ আশ্রয় চৰণ পদ্ম যাৰ।

ভৰি পূৰি আছে দিব্য ঐশ্বৰ্য্য যাহাৰ।।

সেৱকে সংসাৰ তড়ে যাৰ নাম স্মৰি।

অভকত জনে ফুৰে উপায় বিচাৰি।।৬৪০৷৷

কটাক্ষে সংহাৰ কৰে জগত নিয়ম।

তথাপি তোহ্মাৰ কিছু নাহিকে বিষম।।

নপাৱে ঢুকিয়া মায়াময় গুণে যাক।

নডৰিবে কোননো মুমুক্ষু জনে তাঙ্ক।।৬৪১৷৷

যদি বোলা সুৰাপানে আসকতি যাৰ।

কেনমতে জ্ঞান নটাকিবে তাসম্বাৰ।।

শুনা তেৱে কহো ইটো কথাৰ উত্তৰ।

বিষয় লম্পট দৃষ্টি ভৈল যিসৱৰ।।৬৪২।।

তেসম্বেসে দেখে ভয়ঙ্কৰ মাতোৱাল।

মদিৰা ভোজনে ৰঙ্গা নয়ন বিশাল।।

বিশেষত ইটো আতি ৰূপ বিপৰীত।

কৰি আছা নাগকন্যাগণ বিমোহিত।।৬৪৩৷৷

পাতালনিবাসী নাগকন্যা আছে যত।

পূজিবাক যায় তযু চৰণ পদ্মত।।

চৰণ পৰশি কামে বিমোহিত হুই।

পূজিবে নপাৰি কামে থাকে মোহ গই।।৬৪৪।।

নপাৱে তিনিয়ো দোষে কদাচিতো যাক।

হেনয় অনন্ত প্রভু প্ৰণামো তোহ্মাক।।

হেন অনন্তক কোনে নোবোলে ঈশ্বৰ।

নাহি তাক সম আৰ অধৰ্ম্ম বৰ্ব্বৰ।।৬৪৫৷৷

ইটো জগতৰ সৃষ্টি স্থিতি সংহাৰৰ।

পৰম কাৰণ যাক বোলে নিৰন্তৰ।।

নপাৱে তিনিৰো দোষে কদাচিতো যাক।

এতেকে অনন্ত কৰি বোলয় তোহ্মাক।।৬৪৬।।

পৃথিৱী মণ্ডল আছে এগোটা ফণাত।

শ্বেত সৰীসৃপ যেন দেখিয় সাক্ষাত।।

শুনা কহো সৃষ্টি হোৱে তোহ্মাত যিমতে।

প্রথমে মায়াক ক্ষোভ কৰা কটাক্ষতে।।৬৪৭৷৷

উপজে বিজ্ঞান মহাতত্ত্ব তাত পাচে।

সমস্তে তত্ত্বতে কৰি শ্ৰেষ্ঠ হুয়া আছে।।

সেহি শুদ্ধ ৰূপে তুমি স্ৰজিলা ব্রহ্মাক।

তানে পুত্র ৰুদ্র আমি স্ৰজোহো সৱাক।।৬৪৮।।

যাতো অহঙ্কাৰ ৰূপ আমাৰ বিভূতি

এতেকে আমাত হোৱে সৃষ্টিৰ যুগুতি।।

পঞ্চ মহাভূত দেৱ ইন্দ্রিয়বর্গক।

স্ৰজো মঞি অহঙ্কাৰ উপাধি সৱাক।।৬৪৯।।

পাচে দেৱগণ সমে হুয়া একঠাই।

স্ৰজো ব্রহ্মাণ্ডক তযু অনুগ্রহ পাই।।

কিন্তু তযু আজ্ঞা বেদ-জৰী বন্দী কৰি।

ইঠাইতে থৈয়া আছা গাৱে গাৱে বেঢ়ি।।৬৫০৷৷

ফান্দত চটক যেন বন্দী কৰি থোৱে।

আমাৰ জানিবা সেহি পটন্তৰ হোৱে।।

মায়াৰ ৰচনা ইটো স্ৰজি তুমি হৰি।

পালিবাক লাগি আছা সৱাকো আৱৰি।।৬৫১।।

অৱসানে হৰি নিতে জগত সকলে।

কৰিবাক লাগিছা আপুনি মায়া বলে।।

সৰ্ব্বলোক জানে ইটো মায়াৰ স্ৰজন।

উপায় নজানে কেহো ইহাৰ তড়ন।।৬৫২।।

কৰোহো ঈশ্বৰ তযু চৰণে প্রণাম।

কৰা দায়া তযু মায়া হৌক উপশাম।।

ভদ্রাশ্ব নিৱাসী প্রজাগণক কৃপায়।

হয়গ্ৰীৱ মূৰ্ত্তি ধৰি আছন্ত তথায়।।৬৫৩৷৷

ধৰ্ম্মৰ তনয় ভদ্রাশ্বৱা মহামতি।

সেহি বৰিষত থাকি কৰন্ত ভকতি৷৷

হয়গ্ৰীৱ ৰূপী বাসুদেৱক ধিয়াই।

কৰন্ত অনেক স্তুতি ভকতি বিনয়।।৬৫৪।।

দেখিয়োক ইটো কেন কালৰ চেষ্টাক।।

অন্যোঅন্যে প্রাণী লাগি আছে মৰিবাক।।

দেখিয়ো নেদেখে কিনো মায়া বিপৰীত।

বিষয়ক চিন্তি পাপ কৰে প্রতিনিত।।৬৫৫।।

দেখে বাপ ভাই পুত্র আগতে মৰয়।

তথাপি নাভাৱে ঘোৰ মৃত্যুৰ বিষয়।।

তাৰ সৰ্ব্বস্বক পায়া কুলি মালি কৰে।

বোলে কতো কাল বসি খাইবো একেশ্বৰে।।৬৫৬।।

নাহি কিছু দোষ ইটো সামান্য জনত।

পণ্ডিতো মোহিত হোৱে শুনা যেনমত।।

জ্ঞানীগণে সমাধিত দেখে ব্রহ্মময়।

একবস্তু বিনা আন নাহিকে দুতয়।।৬৫৭৷৷

তথাপিতো হোৱে তযু মায়ায়ে মোহিত।

নপাৰে তর্কিবে কেহো তোহ্মাৰ চৰিত।।

এতেকেসে শাস্ত্ৰৰ বিচাৰ কৰি আমি।

কেৱলে প্রণাম কৰো তুষ্ট হুয়ো স্বামী।।৬৫৮।।

তোহ্মাতেসে জগতৰ সৃষ্টি স্থিতি লয়।

বিচাৰে তিনিৰো দোষে গুণে নোচোৱয়।।

তর্ক বেদাগম শাস্ত্র বিচাৰি পণ্ডিত।

প্রপঞ্চ বিনাশি নৰ হোৱয় বেকত।।৬৫৯।।

যাতো কাৰ্য্য কাৰণ স্বৰূপ ভগৱন্ত।

নাহি কিছু ছিদ্র আত তুমি আদি অন্ত।।

ইদানিক দৈত্যৰ সাধিবে প্রয়োজন।

ব্ৰহ্মাৰ মুখৰ হন্তে যত বেদগণ।।৬৬০।।

চুৰি কৰি নিলে দৈত্যগণে বৰ বেগে।

ভৈলা হয়গ্ৰীৱ অৱতাৰ সেহি ছেগে।।

খেদি গৈয়া ৰসাতলে বলি দৈত্যৰায়।

দিলা আনি বেদ পাচে ব্রহ্মাক পঢ়াই।।৬৬১।।

হেন কৃপাময় প্রভু কৰো নমস্কাৰ।

ইটো ঘোৰ সংসাৰত কৰিয়ো উদ্ধাৰ।।

...............

।।মেৰুৰ চৌফালে বিভিন্ন বর্ষ

আৰু সেৱ্য-সেৱক।।

আৱে কহো সুমেৰুৰ দক্ষিণ দিশত।

আছা নৰসিংহ ৰূপে হৰি বৰিষত।।৬৬২৷৷

প্রধান সেৱক তান প্রহ্লাদ মহন্ত।

দৈত্য দানৱৰ কুল পৱিত্ৰ কৰন্ত।।

মহা জ্ঞানৱন্ত গুণৱন্ত সত্যৱন্ত।

ভকত একান্ত শান্ত দাতা বলৱন্ত।।৬৬৩।।

হুয়া এক শৰণ ভকতি অনুপাম।

নৃসিংহৰ পাদপদ্ম ধৰি অবিশ্রাম।।

বৰিষৰ প্ৰজা যত লগত মিলাই।

কৰন্ত অনেক স্তুতি যশস্যা বর্ণাই।।৬৬৪৷৷

বোলন্ত কুশল হৌক সমস্তে লোকৰ।

গুচোক কপট মতি সমস্তে লোকৰ।।

অন্যোঅন্যে প্রাণী যত কুশল চিন্তোক।

সৱাৰো নিৰ্ম্মল বুদ্ধি চিত্ত শান্ত হোক।।৬৬৫।।

আমাৰ নিৰ্ম্মল মতি মিলোক তোহ্মাত।।

হেন অনুগ্রহ প্রভু কৰিয়ো সৱাত।।

ঘৰ বাৰী পুত্ৰ দ্বাৰা বন্ধু বিষয়ত।

গুচোক আমাৰ সঙ্গ আন দুর্জনত।।৬৬৬।।

কিন্তু ভকতৰ সঙ্গে মিলোক আমাৰ।

যাৰসৱে প্ৰাণ ৰাখি কৰন্ত আহাৰ।।

পাৱে মহা সিদ্ধি যেন আত্মাৰ সঙ্গত।

গৃহাদিৰ সুখে যাৰ ভৈল অনুৰত।।৬৬৭৷৷

নাহিকে কিঞ্চিত সিদ্ধি কদাচিতো তাৰ।

ভকত সঙ্গৰ ফল কহন্ত অপাৰ।।

মুকুন্দ বিক্রম যিটো ভকতৰ সঙ্গে।

কর্ণপথে সেৱা কৰি থাকা মহাৰঙ্গে।।৬৬৮।।

আপুনি ঈশ্বৰ পশি তাৰ হৃদয়ত।

নিৰন্তৰে হৰন্ত মনৰ মল যত।।

কিন্তু চিৰকালে সেৱা কৰিলে তীর্থক।

কেৱলে বাহ্যৰ মাত্ৰ হৰন্ত পাতক।।৬৬৯৷৷

তীর্থৰ সাধুৰ এহি বুজিয়ো অন্তৰ।

এতেকে তীর্থ কৰি সাধু শ্রেষ্ঠতৰ।।

হেন ভকতৰ সঙ্গ নকৰিব কোনে।

নিৰ্ম্মল মনৰ ফল কহন্ত আপোনে।।৬৭০৷৷

মন শুদ্ধ ভৈলে মিলে নিষ্কাম ভকতি।

এতেকে কৃষ্ণৰ কৃপা মিলে তাক প্রতি।।

ধৰ্ম্মজ্ঞান সহিতে দেৱতা আছে যত।

সৱে তুষ্ট হুয়া থাকে ভকত সঙ্গত।।৬৭১।।

কৃষ্ণক নভজি গৃহাদিত কৰে ৰতি।

নাহি আৰ তাৰ সম মহা মন্দমতি।।

অসন্ত বিষয় সুখে কৰে মনোৰথ।

জ্ঞান বৈৰাগ্যৰ সিটো নপাৱয় অর্থ।।৬৭২৷৷

কৈত পাৱে মহন্তৰ গুণ সিটো যত।

পশুতো অধম সিটো জানা স্বৰূপত।।

যদি বোলা হৰিত বিমুখ প্রাণী যত।

ফুৰে জোৰে ফেড়ে আতি দেখায়া মহত্ত্ব।।৬৭৩৷৷

বসি সমাজৰ মাজে পাৰিয়া কম্বল।

আগে ভোগজাড়ি থৈয়া কৰে জলমল।।

কোনো মতে সাধু সিটো নভৈল সভাত।

কিন্তু তাৰ উপহাস মাত্র বুলি তাত।।৬৭৪।।

কহিবো ইহাৰ আৰু যিমত যুগুতি।

হৰিসে জীৱৰ আত্মা জীৱন সম্প্রতি।।

জলেসে জীৱন যেন মৎস সকলৰ।।

ভৈল সেহিমত ভগৱন্ত পটন্তৰ।।৬৭৫।।

তাঙ্ক এৰি মহন্ত বোলায়া ফুৰে আতি।

পুত্ৰ ভাৰ্য্যা গৃহতেসে চেষ্টা দিনে ৰাতি।।

তাৰ মহতালি বড়ুৱালি আছে যত।

পটন্তৰ ইহাৰ শুনিয়ো যেন মত।।৬৭৬।।

শূদ্ৰৰ মাজত যেন বৃদ্ধসৱে বসি।

আগে ফুল চন্দন নপাইলে উঠে ৰোষি।।

সাতে পাঞ্চে বেঢ়ি কৰে তাক সতকাৰ।

জ্ঞানৰো নাহিকে তাত ক্ষণিক বিচাৰ।।৬৭৭।।

ফালি ফোট মাৰি যেন স্বামীসৱ যায়।

মুনিষালি দেখাৱে ভাৰ্যাৰ আগে যায়।।

ভাৰ্য্যাসৱে দেখি তাক প্রশংসে বিস্তৰ।

এহিমতে মহতালি হৰি বিমুখৰ।।৬৭৮।।

এহি জানি প্রজা যত শুনা উপদেশ।

সকলো অনর্থ মূল সুখ গৃহবাস।।

নিৰন্তৰে উপজিলে মৰণৰ স্থলি।

হেন জানি গৃহৰ বজায়া যায় চলি।।৬৭৯৷৷

নৃসিংহৰ চৰণক জানিয়া নির্ভয়।

প্রথমে শৰণ পশি ভজিয়ো নিশ্চয়।।

মেৰুৰ পশ্চিমে কেতুমাল্য বৰিষত।

কামদেৱ ৰূপে হৰি আছন্ত বেকত।।৬৮০৷৷

লক্ষ্মীৰ পৰম প্রীতি সাধিবে ইচ্ছায়।

জগত মোহন ৰূপ ধৰিলা কৃপায়।।

ভকতৰ তাপহাৰী চৰণ দুতয়।

ধ্বজ বজ্ৰ যৱ চিহ্ন প্রকাশ কৰয়।।৬৮১৷৷

পৰম নিৰ্ম্মল দশ নখচন্দ্র কান্তি।

দৰশনে ভকতৰ তাপ উপশান্তি।।

ৰত্নৰ নূপুৰ বাজে চলন্তে চৰণ।

উৰু কৰীকৰ জানু জঙঘা বিতোপন।।৬৮২৷৷

ৰত্নৰ মেখলা কটিমাজে প্রকাশয়।

ত্রিৱলী বলিত ৰেখা উদৰে হালয়।।

গলপতা গুলিয়া গলত জাতিষ্কাৰ।

বহল বক্ষত গজ মুকুতাৰ হাৰ।।৬৮৩।।

বিমল কমল মুখপদ্ম কৰে কান্তি।

দৰশনে ভকতৰ তাপ উপশান্তি।।

উন্নত নাসিকা কর্ণে মকৰ কুণ্ডল।

ৰতনে ৰচিত ৰুচি কৰে জলমল।।৬৮৪৷৷

কপালত ৰত্নময় তিলক প্রকাশে।

কুক্ষিত সুবেশ কেশ লম্বিত চৌপাশে।।

ৰত্নৰ কিৰীটি শিৰে শ্যাম কলেৱৰ।

আজানুলম্বিত বাহু পৰম সুন্দৰ।।৬৮৫।।

কনক কঙ্কণ তাৰ বাহুত বলয়।

দশো আঙ্গুলিত জাম্প আঙ্গুষ্ঠি শোভয়।।

পুষ্পধনু ধৰি যেন কাম মহাযশী।

আতি বিলসিত সিটো বিলাস দৰশী।।৬৮৬।।

ভ্ৰৱযুগ উল্লাসি কটাক্ষ কৰি চায়।

ৰমাকৰ মায়া ৰমি আছন্ত সদায়।।

দিৱস নিশাৰ অভিমানী দেৱ যত।

আছে প্রজাৰূপে কেতুমাল্য বৰিষত।।৬৮৭।।

তাসম্বক লগে লৈয়া লক্ষ্মী জগমাৱে।

হৰিষে সমাধি যোগ ধৰি সেহি ঠাৱে।।

মহামন্ত্র জপি আছে পম খেদত।

যিটো নাৰীগণে নানা বিধ ধৰি ব্ৰত।।৬৮৮।।

আৰাধে তোহ্মাক প্রভু পৰম যতনে।

আন স্বামীসকলক আশা কৰি মনে।।

পুত্র সন্ততি ৰাখিবাক তাসম্বাৰ।

সিয়ো কি পুৰুষে জানা পাৰিবেক আৰ।।৬৮৯।

মায়াৰ অধীন সিটো আপুনি বিনাশী।

আনক ৰাখিবে সিটো কেনমতে আসি।।

পৰম নির্ভয় স্বামী তাকেসে বোলয়।

ভয়াতুৰ দুখিতক সৱাকো ৰাখয়।।৬৯০৷৷

সিটো স্বামী একজন আছয় অকলে।

পমাত্মা ভগৱন্ত বুলিবে নির্মলে।।

আন পুৰুষৰ ভয় নুগুচে সদায়।

অন্যোঅন্যে কলহ অসূয়া মিলে প্রায়।।৬৯১।।

নিষ্কামে ভজিলে পুনু তযু চৰণক।

তোমাৰ কৃপায়ে পায় সকলে ভোগক।।

সকামী সকলে খোজে সম্পদ যিমান।

নেদা তাত পৰে তুমি বস্তু তাক আন।।৬৯২।।

সম্ভোগ কৰন্তে সিটো সকলে টুটয়।।

পাৱে অনুতাপ খুজি সিজনে দুনাই।।

বিশেষত সকামত জানা অনুচিত।

নিষ্কামে ভজিলে পাৱে চৰণ হৃদিত।।৬৯৩।।

যদি বোলা নানাবিধ ভোগক আশায়।

তুমি লক্ষ্মীকেসে লোকে আৰাধে সদায়।।

মোক আৰাধনে কৈত পাৱে সৱে ভোগ।

শুনা তেৱে ইহাৰ উত্তৰ যেন যোগ।।৬৯৪।।

ব্রহ্মা আদি দেৱে মোক আৰাধে যতনে।।

কটাক্ষে সম্পদ সাধিবাক আশা মনে।।

তযু পদসেৱকত পৰে যত প্রাণী।

নপাৱে বিভূতি মোৰ কৈলো নিষ্টবাণী।।৬৯৫৷৷

যাতো মঞি তোহ্মাৰেসে চৰণ কিঙ্কৰী।

স্বভাৱতে তিৰী জাতি নোহো স্বতন্তৰী।

তোহ্মাত বিমুখ দুষ্ট প্রাণী সমস্তত।

নকৰো কটাক্ষ তাক জানা স্বৰূপত।।৬৯৬।।

তযু সেৱকেসে হোৱে সুহৃদ আহ্মাৰ।

তাত পৰে আনক দোখোহো ছাৰখাৰ।।

ইদানী স্বামিৰ কৃপা মাগন্ত গোসানী।।

বোলন্ত দেৱৰ দেৱ তুমি চক্রপাণি।।৬৯৭।।

ভকতৰ প্ৰসাদ দিবাক মনে গুণি।

দিলা যিটো হস্তপদ শিৰত আপুনি।।

সেহি কৰপঙ্কজক মাথে দিয়ো মোৰ।

তেৱেসে সকলে মনোৰথ হোৱে পূৰ।।৬৯৮।।

যদি স্থান পায়া আছো তোহ্মাৰ হিয়াত।

পৰম সাদৰে স্নেহ লভিছো সাক্ষাত।।

তাতো কৰি হস্তৰ প্রসাদ দেখো বৰ।

যাতো ভকতৰ শিৰে দিয়া বাৰম্বাৰ।।৬৯৯৷৷

তোহ্মাৰ চেষ্টাক বুজিবে কোন নৰে।

নাহি ত্রিভুবনে একো ভকতত পৰে।।

আত অনন্তৰে শুনা উত্তৰৰ দিশে।

আছে মৎস্য অৱতাৰ ৰম্যক বৰিষে।।৭০০।।

সত্যব্রত নামে মনু পৰম মহন্ত।

ইষ্ট দেৱতাৰ সঙ্গ সদা নছাড়ন্ত।।

মৎস্যৰূপী মাধৱক আৰাধি তথাত।

মহামন্ত্র জপি স্তুতি কৰা অংসখ্যাত।।৭০১৷৷

বেদান্তৰ ব্ৰহ্ম প্রভু তুমি কৃপাময়।

বাহিৰে ভিতৰে ব্যাপি আছা দয়াময়।।

নেদেখে দেৱতাসৱে তোহ্মাৰ ৰূপক।

কৰি আছা বশ্য নানা থানে জগতক।।৭০২।।

ব্রাহ্মণ ক্ষত্রিয় বৈশ্য শূদ্ৰ চাৰি জাতি।

বেদ-জড়ী সৱাকো বান্ধিয়া আছা আতি।।

সৱাকো আপুনি চেষ্টা কৰা নানাভাৱে।

কাষ্ঠৰ পুতলী যেন যন্ত্রত নচাৱে।।৭০৩।।

যদি বোলা দেৱতাসে পালে নিৰন্তৰ।

শুনা তেৱে কহো প্রভু ইহাৰ উত্তৰ।।

অন্যোঅন্যে হিংসাপৰ দেৱতা যতেক।

নপাৰে জগত ইটো কেহো পালিবেক।।৭০৪।।

প্রাণৰূপ সমস্তৰে তুমিসে পালক।

কাহাকো ৰাখিবে দেৱতাৰ নাহি শক্য।।

ইদানি বর্ণাঞো অচ্যুতৰ যশৰাশি।

দেখা দিলা পূৰ্ব্বে মোক মৎস্যৰূপে আসি।।৭০৫৷৷

সেহিবেলা ভয়ঙ্কৰ মিলিল প্রলয়।

কৰিলা পৃথিৱী তাত নৌকাৰ অম্বয়।।

মৎস্য সমন্বিতে মোক তুলিলা নৌকাত।

আৰো সপ্ত ঋষিগণ ভৈলা সিবেলাত।।৭০৬৷৷

তোহ্মাৰ পিঠিৰ উপৰত বান্ধি নাৱ।

প্রলয়ত কৌতুকে ফুৰিলা নানা ঠাৱ।।

আমিয়ো কৰিলো স্তুতি বর্ণায়া বিস্তৰ।

প্রণামো হেয় প্রাণনিয়ন্তা ঈশ্বৰ।।৭০৭৷৷

আত অনন্তৰে শুনা উত্তৰ দিশত।

আছে কূৰ্ম্ম তনু হিৰন্ময় বৰিষত।।

নামত অৰ্য্যমা পিতৃগণ অধিকাৰী।

বৰিষৰ প্রজা নিৰন্তৰে লগ ধৰি।।৭০৮।।

মহা প্রিয়তম কূৰ্ম্মৰ্তনু মাধৱৰ।

কৰন্ত অনেক স্তুতি জপিয়া মন্ত্রৰ।।

ইটো জগতক যিটো আপোন মায়ায়ে।

চাৰিধিক কুৰি তত্ত্ব সুজিলা লীলায়ে।।৭০৯।।

যত দেখি নানাবিধ বিশেষ আকাৰ।

তুমি বিনে পৃথক নুহিকে কিছু আৰ।।

তোহ্মাৰ তত্ত্বৰ কথা কেৱলে নিষ্ফল।

নপাৰে জুখিতে যেন সমুদ্রৰ জল।।৭১০৷৷

যত লতা তৰু তৃণ পশু পক্ষী নৰ।

দেৱ ঋষি পিতৃ ভূত বানৰ কিন্নৰ।।

পৃথিৱী আকাশ স্বর্গ পাতাল যতেক।

নাম ৰূপ ভেদ মাত্র তুমিসে প্রত্যেক।।৭১১।।

অজ্ঞানত দেখি নাম ৰূপ নানা ঠাই।

বিচাৰিলে তত্ত্বজ্ঞান কিছু বস্তু নাই।।

হেন সাধ্য সিদ্ধিৰূপী জগত ঈশ্বৰ।

প্ৰণামো তোহ্মাৰ পাদপদ্ম নিৰন্তৰ।।৭১২৷৷

তাত পাচে আছে সমুদ্ৰৰ কাছে স্নান।

নামত উত্তৰকুৰু বৰিষ প্রধান।।

ধনুৰ আকাৰে সিটো দেখি ভূমিখান।

আছা তাতে বৰাহ স্বৰূপে ভগৱান।।৭১৩।।

কুৰু দেশ নিৱাসী প্রজাক লগে লই।

আপুনি পৃথিৱী দেৱী মূৰ্ত্তি ধৰি ৰই৷৷

যজ্ঞ বৰাহৰ আগে তুতি বিনাৱন্ত।

তানে মহা মন্ত্ৰচয় মনত জপন্ত।।৭১৪৷৷

বোলন্ত ঈশ্বৰ প্ৰভু প্রণামো পাৱত।

কৰ্ম্মফলে তোহ্মাক ঢাকিছে জগতত।।

দেহ ইন্দ্রিয়ক ব্যাপি আছন্তে নজানে।

বিৱেকী পণ্ডিতে তাক বিচাৰিয়া মনে।।৭১৫৷৷

বিৱেক মথনে পাই তোহ্মাক দেহত।

ঘৰষণে বহ্নি যেন উপজে কাষ্ঠত।।

যম নিয়মৰ বলে শুদ্ধ কৰি মন।

মায়াৰ যতেক বৃত্তি কৰিবেক ছন্ন।।৭১৬৷৷

সকল জগত দেখিবেক ব্রহ্মময়।।

তেৱেসে তোহ্মাৰ ৰূপ হোৱে পৰিচয়।।

যাৰ সকামৰ গুণে কৰে সৃষ্টি স্থিতি।

গুণে দোষে তথাপি নচাৱে তান ভিতি।।৭১৭।।

যেন চুম্বকৰ কাছে ভ্রমে লোহা যত।

ভৈলো সেহি মতে মঞি তযু কটাক্ষত।।

গুণ কৰ্ম্ম সাক্ষী হেন তুমি নাৰায়ণ।

পূৰ্ব্বত বৰাহৰূপে ধৰি মহীখান।।৭১৮৷৷

লীলায়ে দন্তৰ অগ্রে আনিলা উদ্ধাৰি।

হিৰণ্যাক্ষ দৈত্যক মাৰিলা দন্তে ছিড়ি।।

নভৈল ভাগৰ কিছু গজেন্দ্ৰ পৰায়।

কৰো নমস্কাৰ প্ৰভু তোহ্মাক সদায়।।৭১৯।।

আনো অসংখ্যাত স্তুতি কৰি নানা মত।

থাকন্ত সদায়ে বৰাহৰ সমীপত৷৷

........

।।কিম্পুৰুষবর্ষ (ভাৰতবৰ্ষ) তথা সেৱ্য-সেৱক বর্ণন।।

 

শুনা আৱে সুমেৰুৰ দক্ষিণ দিশত।

আছা ৰামচন্দ্র কিম্পুৰুষ বৰিষত।।৭২০৷৷

পুৰাণ পুৰুষ তেহে হুয়া অৱতাৰ।

নিজ যশ থাপি প্রজা কৰিলা উদ্ধাৰ।।

সীতা গোসানীৰ স্বামী পৰম স্নেহৰ।

লক্ষ্মণৰ জ্যেষ্ঠ যিটো গুণৰ সাগৰ।।৭২১৷৷

তানে মহা ভকত একান্ত হনুমন্ত।

ক্ষণিতেকো শ্ৰীৰামৰ সমীপ নেড়ন্ত।।

গন্ধৰ্ব্বসকলে গাৱে ৰামায়ণ গীত।

শুনন্ত সদায়ে কপি হুয়া একচিত।।৭২২৷৷

ৰামৰ দুখানি পাদপদ্ম ধৰি মনে।

তান মহা মন্ত্ৰচয় জপন্ত সঘনে।।

পমাত্মাৰূপে বহ্নি কৰন্ত প্রণতি।

পৰম বিশুদ্ধ তত্ত্ব তোমাৰ আহুতি।।৭২৩৷৷

অনাদি অনন্ত সত্য শান্ত পৰিপূর্ণ।

নিৰাকাৰ নিৰঞ্জন নিৰ্ম্মল নিৰ্গুণ।।

হেন পৰিপূৰ্ণ আত্মা জগততে সাৰ।

ভৈলা আসি ইটো মনুষ্যত অৱতাৰ।।৭২৪।।

বধিবাক লাগি দুষ্ট ৰাৱণ ৰাক্ষস।।

মহন্তক পালি প্রকাশিলা নিজ যশ।।

ভাৰ্য্যাৰ কাৰণে আত্মাৰামৰ বিষাদ।

জানকীক হৰুৱাই লভিলা প্রমাদ।।৭২৫।।

বনে বনে বিচাৰন্তে জ্বলি গৈল তাপ।

স্ত্রীসঙ্গীসকলৰ দেখাইলা সন্তাপ।।

কালে সমে কথা হুয়া আছন্তে বিৰলে।

এৰিলন্ত ভ্রাতৃ লক্ষ্মণক সেহি ছলে।।৭২৬।।

ইসৱ বৃত্তান্ত ৰাঘৱত নুযুৱায়।

মনুষ্যৰ চেষ্টা দেখাইলন্ত সমুদায়।।

এতেকে জানিবা ইটো ৰঘুৰ নন্দন।

ভৈলা জগতৰে সেৱ পুৰুষ শোভন।।৭২৭।।

আৰাধি ইহাঙ্ক তুষ্ট যিমতে কৰয়।

ইসৱ যুগুতি কপি আপুনি কহয়।

জাতি কুল ক্রিয়া বাক্য বুদ্ধিত নিপুণ।

দেহৰ সুন্দৰ আছে আনো যত গুণ।।৭২৮৷৷

একোমতে আৰাধিয়া ৰামক নপাৱে।

কেৱল ভকতি তুষ্ট জানিবা স্বভাৱে।।

মোতে বুজিবাক লাগে ইহাৰ প্রমাণ।

বনৰ বানৰ জাতি কুৰূপ কুঠান।।৭২৯।।

নাহি কিছুগুণ থাকে ভূবুকিয়া চাই।

শৰীৰ দেখন্তে ঘিণ লাগে সমুদায়।।

প্রেম অনুৰাগে মাত্র ভজিলা চৰণ।

এতেকে আপুনি তুষ্ট ভৈলা নাৰায়ণ।।৭৩০।।

আলিঙ্গিয়া ধৰি স্নেহ কৰিলা সাক্ষাত।

তুমি সম কৃপাময় নাহি পৃথিৱীত।।

দেৱতা অসুৰ নৰ বানৰ যতেক।

হেন জানি শ্ৰীৰামক লাগে ভজিবাক।।৭৩১৷৷

কৰা বহু মান যিটো অল্প ভজনক।

অযোধ্যানিবাসী প্রজা নিলা বৈকুণ্ঠক।।

হেন শ্ৰীৰামৰ পাৱে পশিলো শৰণে।

কৰা কৃপা তযু নাম শুনোহো শ্ৰৱণে।।৭৩২।।

সমুদ্ৰৰ কাছে ইটো ভাৰত বৰিষ।

ধনুৰ আকাৰ আছে দক্ষিণৰ দিশ।।

আছন্ত তথাত নৰনাৰায়ণ হৰি।

আত্মজ্ঞানী সমস্তকে অনুগ্রহ কৰি।।৭৩৩৷৷

হৰি ভকতৰ সাধি পৰম কুশল।

কল্প সীমা কৰি তপ কৰন্ত নিৰ্ম্মল৷৷

আপোনাৰ নাহি প্রয়োজন তপস্যাত।

লোকৰ কুশল মাত্র সাধন্ত সাক্ষাত।।৭৩৪।।

বর্ণাশ্রমী প্রজা সমস্তক লগে লই।

আপুনি নাৰদে তান সমীপক গই৷৷

একান্ত ভকতি ভাৱে ধিয়ান্ত চৰণ।

মহামন্ত্র জপি পাচে কৰন্ত কীৰ্ত্তন।।৭৩৫৷৷

বোলন্ত ঈশ্বৰ প্ৰভু কৰো নমস্কাৰ।

জগতক স্ৰজি পালি কৰাহা সংহাৰ।।

দেহত থাকন্তে নুহি জনম মৰণ।

গুণে দোষে তোমাক নোচোৱে নাৰায়ণ।।৭৩৬।।

দেখি আছা সাক্ষী ৰূপে সমস্ত জগত।

নাহিকে তুলনা কিছু তোহ্মাৰ ৰূপত।।

কহি আছা ব্রহ্মা যিটো যোগত নিপুণ।

যাৱে জীৱেমানে মন কৰিবা নির্গুণ।।৭৩৭৷৷

পৰম ভকতি ভাৱে অন্তক বেলাত।

স্বভাৱতে সিটো মন ধৰিবে তোহ্মাত।।

ধন জন দেহৰ ছাড়িবে অভিমান।

সমস্তে শাস্ত্ৰৰ তত্ত্ব অর্থ এহিমান।।৭৩৮৷৷

ইমত নভৈলে শাস্ত্র পঢ়ন নিষ্ফল।

ভৈল যিটো বিষয়ৰ ভোগত কুশল।।

পুত্র দাৰা বিষয়ক চিন্তে দিনে ৰাতি।

ইহ পৰলোকৰ ভোগত আসকতি।।৭৩৯৷৷

কুৎসিত দেহৰ মৰণত কৰে ভয়।

ক্ষণিকো নুগুচে তাৰ মৰণ সংশয়।।

মিছা পণ্ডিতালি কৰে পঢ়িলা শাস্ত্রক।

নপাৰিলে বুজিবাক শাস্ত্ৰৰ তত্ত্বক।।৭৪০৷৷

এতেকে তোহ্মাত প্রভু কৰিলা গোচৰ।

দিয়োক ধাৰণা যোগ সদায়ে মনৰ।।

সহজ বাসনাৰূপে তোহ্মাক স্মৰোক।

আন বিষয়ক মনে দূৰতে তেজোক।।৭৪১।।

কুৎসিত দেহত অহঙ্কাৰ বিপৰীত।

একোৱে উপায়ে তাঙ্ক নপাৰে খণ্ডিত।।

যিটো যোগ বলে ইটো গুচিবে তেখন।

এহি গুণি প্রার্থনা কৰিলো নাৰায়ণ।।৭৪২৷৷

নমো নমো চৰণ পঙ্কজ নিৰন্তৰ।

কৰা কৃপা তযু মায