top of page

শ্ৰীযুত বাবুল বৰা, প্ৰধান সম্পাদক, শ্ৰীমন্ত শংকৰদেৱ সংঘ

 

 

                 কৃষ্ণ দ্বৈপায়ন সত্যবতী সুত মহৰ্ষি বেদব্যাসে দেৱৰ্ষি নাৰদৰ প্ৰসাদত  দিব্যজ্ঞান লাভ কৰি শিৰোমণি শাস্ত্ৰ ভাগৱতত ব্ৰহ্মতত্ব, ঈশ্বৰতত্ব, ভক্তিতত্ব, শৰণতত্ব, গুৰুতত্ব, নামতত্ব, ভাষাতত্ব, আদি সকলো দিশ সামৰি শাস্ত্ৰ ভাগি ৰচনা কৰি আমি মানৱজাতিৰ পৰম কল্যাণ সাধন কৰি গৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শ্ৰীমদ্ভাগৱতৰ আধাৰতেই“এক শৰণ হৰি নাম ধৰ্ম‘ প্ৰৱৰ্তন কৰি কলিৰ লোকক ভৱ তৰণৰ উপায় দিলে। তেৰাই আন বহুকেইজন পণ্ডিতৰ সহযোগত মূল সংস্কৃত ভাগৱতভাগি অসমীয়ালৈ অনুবাদ কৰি উলিয়ালে।  সেই বেদান্তৰ সূৰ্য মহাপুৰাণ ভাগৱতৰ অসমীয়া অনুবাদৰ ইন্টাৰনেট সংস্কৰণ প্ৰকাশৰ ব্যৱস্থা কৰি শ্ৰীমন্ত  শংকৰদেৱ সংঘ গোলাঘাট জিলা শাখাই মহৎ পদক্ষেপ গ্ৰহণ কৰি্লে।  এই মহান কাৰ্যৰ ফলত পৃথীৱীৰ বিভিন্ন প্ৰান্তত থকা আগ্ৰহী লোকৰ বাবে অসমীয়া ভাগৱতভাগি সহজে উপলব্ধ হ’ব। তদুপৰি নৱপ্ৰজন্ময়ো গোলাঘাট জিলা শাখাৰ ৱেৱচাইটৰ জড়িয়তে সহজে ভাগৱতৰ ৰস পান কৰিবলৈ সক্ষম হ’ব। এই মহৎ কাৰ্যৰ বাবে আমি গোলাঘাট জিলা শাখাক কৃতজ্ঞতা আৰু সেৱা জনাইছোঁ। 

 

8638311950

  • Facebook
  • Twitter
  • LinkedIn

©2021 by Srimanta Sankardev Sangha, Golaghat Zila Sakha (শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ, গোলাঘাট জিলা শাখা). Proudly created with Wix.com

bottom of page