top of page

জয় গুৰু শঙ্কৰ

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ, গোলাঘাট জিলা শাখা

২০২২-২৩(৫৭৩ - ৫৭৪ শংকৰাব্দ) বৰ্ষৰ কৰ্ম আঁচনি

১) সভা সমিতিঃ

        কাৰ্যনিৰ্বাহক সভাঃ ৬ খন

        আঞ্চলিক শাখাৰ সভাপতি-সম্পাদক সন্মিলনঃ ২ খন

        সাংগঠনিক সভাঃ প্ৰয়োজন সাপেক্ষে

২) শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ, গোলাঘাট জিলা শাখাৰ ৱেবচাইটত তথ্য সংযোজনঃ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ, গোলাঘাট জিলা শাখাৰ ৱেবচাইট sssgolaghat.com ৰ নবীকৰণ কৰা আৰু তথ্য সংযোজন কৰা। আঞ্চলিক, প্ৰাথমিক আৰু সংগীৰ তথ্য সন্নিৱিষ্ট কৰা।

৩) সংস্কৃতি

১) শংকৰী সংগীত বিদ্যালয় নথকা আঞ্চলিক সমূহত শংকৰী সংগীত বিদ্যালয় খোলাৰ ব্যৱস্থা  শংকৰী সংগীত পৰীক্ষা পৰিষদৰ জড়িয়তে পৰীক্ষা অনুষ্ঠিত কৰা

২) অংকীয়া নাট, শংকৰী সংগীত আৰু লোক কৃষ্টিৰ কৰ্মশালা আৰু প্ৰতিযোগিতা অনুষ্ঠিত কৰা  

৩) মূল সংঘৰ দ্বাৰা আয়োজিত শিশু, যুৱ আৰু আইমাতৃ সমাৰোহৰ প্ৰতিযোগিতাত প্ৰতিযোগীসকলৰ অংশগ্ৰহণৰ ব্যৱস্থা কৰা।

৪) অংকীয়া নাট সমাৰোহ অনুষ্ঠিত কৰা

৫) জিলা সেৱাবাহিনীৰ সেৱক-সেৱিকা সকলক লৈ এখন অংকীয়া নাট আৰু জিলা শাখাৰ উপদেষ্টা, বিষয়ববীয়া আৰু সদস্য সকলক লৈ এখন মাতৃভাষাৰ ভাওনা প্ৰস্তুত কৰি প্ৰদৰ্শনৰ ব্যৱস্থা কৰা।

৪) সাহিত্য

১) ’শ্ৰীমন্ত’ আৰু ‘যুৱসূৰ্য-কল্যাণী’ প্ৰকাশ কৰা

২) সাহিত্য বিষয়ৰ কৰ্মশালা আৰু প্ৰতিযোগিতা অনুষ্ঠিত কৰা  

৩) মূল সংঘৰ দ্বাৰা আয়োজিত শিশু, যুৱ আৰু আইমাতৃ সমাৰোহৰ প্ৰতিযোগিতাত আইসকলৰ অংশগ্ৰহণৰ ব্যৱস্থা কৰা

৪) জিলা শাখাৰ বুৰঞ্জী ‘ইতিবৃত্ত’ৰ পৰিৱৰ্ধিত আৰু সংশোধিত ইণ্টাৰনেট সংস্কৰণ প্ৰকাশ কৰি উলিওৱা

৫) নামঘোষাৰ বাখ্যা সহ হিন্দী অনুবাদ প্ৰকাশ কৰি উলিওৱা

৫) প্ৰচাৰ

১) অনাসংগী সকলৰ মাজত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰ প্ৰসাৰৰ ব্যৱস্থা কৰা

২) জিলা শাখাৰ অন্তৰ্গত পাঠ ব্যাখ্যাকাৰ সকলক লৈ এখন কৰ্মশালা অনুষ্ঠিত কৰা

৩) জিলা শাখাৰ বিভিন্ন স্থানত ভাগৱত পাঠ আৰু ব্যাখ্যাৰ অনুষ্ঠান তথা আধ্যাত্মিক আলোচনাচক্ৰ অনুষ্ঠিত কৰা

৪) বক্তা আৰু বিবাহ পৰিচালক প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত কৰা

৫) জিলা শাখাৰ বিভিন্ন গঠনমুলক বাৰ্তা প্ৰচাৰ মাধ্যমৰ যোগেদি প্ৰচাৰ কৰা।

৬) শিক্ষা

১) জিলা শাখাৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয় সমূহৰ পাঠদান অব্যাহত ৰখা  বিদ্যালয় পৰিদৰ্শন, অবিভাৱক সন্মীলন, জাগৰণ সভা আদিৰ জড়িয়তে বিদ্যালয় সমূহৰ উত্তৰণৰ ব্যৱস্থা কৰা

২) জিলা শাখাৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ সমূহৰ মাজত একেলগে শিক্ষক দিৱস অনুষ্ঠিত কৰা। ছাত্ৰ-ছাত্ৰী সকলৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত কৰা আৰু আধ্যাত্মিক চেতনা বিকাশ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা।

৩) শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয় নথকা এলেকাত নতুন বিদ্যালয় স্থাপনৰ ব্যৱস্থা কৰা

৪) শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয় সমূহত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত মূল শিক্ষা শাখাই নিৰ্দ্দিষ্ট কৰা পোচাক পৰিধানৰ ব্যৱস্থা কৰা।

 

৭) সেৱাবাহিনী

১) ৰক্তদান, বিনামুলীয়া পাঠদান, ৰাজহুৱা স্থানত শ্ৰমদান, চিকিৎসা শিৱিৰ, আদি বিভিন্ন জনকল্যাণমূলক কাৰ্যসুচী ৰূপায়াণ কৰা। এম্বুলেঞ্চ সেৱা অব্যাহত ৰখা।

২) সেৱক-সেৱিকা সকলৰ মাজত শংকৰী সংস্কৃতিৰ চৰ্চাৰ উপযুক্ত পৰিৱেশ গঢ়ি তোলা। সংস্কৃতি শাখাৰ সহযোগত শংকৰী গীত-বাদ্য-নৃত্যৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা।

৩) সেৱক-সেৱিকা সকলৰ বৌদ্ধিক উত্তৰণৰ বাবে সংস্কৃত ভাষা শিক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা। প্ৰচাৰ শাখাৰ সহযোগত হিন্দী আৰু ইংৰাজী ভাষাত মহাপুৰুষীয়া ধৰ্ম-দৰ্শন-সাহিত্য-সংস্কৃতিৰ ওপৰত বক্তৃতা দিয়াৰ প্ৰশিক্ষণ দিয়া।

৪) আত্মসংস্থাপন সহায়ক কেন্দ্ৰৰ জড়িয়তে সেৱক-সেৱিকা সকলৰ মাজত বিভিন্ন দিশৰ প্ৰশিক্ষণ কৰ্মশালাৰ ব্যৱস্থা কৰা। কম্পিউটাৰ প্ৰশিক্ষণ পুণৰ অনুষ্ঠিত কৰা।

৫) ব’হাগ বিহুত হুচৰি প্ৰদৰ্শন কৰি সেৱাবাহিনীৰ পূজি গঠণ কৰা

৬) জিলা শাখাই অনুষ্ঠিত কৰা অনুষ্ঠান সমূহত সেৱা আগবঢ়োৱা

৭) কৃতী ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা

৮) প্ৰয়াত অনিমেষ ভুঞা সোঁৱৰণি ক্ৰীড়া সমাৰোহ অনুষ্ঠিত কৰি সেৱক-সেৱিকা সকলক সংগঠিত কৰাৰ প্ৰচেষ্টা আগবঢ়োৱা

৯) মাদক দ্ৰব্য নিবাৰণৰ আৰু  বাবে সজাগতা সৃষ্টি কৰা

৮) আইমাতৃ শাখা

১) আঞ্চলিক শিশু আইমাতৃ কল্যাণ শাখাৰ সভানেত্ৰী সম্পাদিকা সন্মিলন অনুষ্ঠিত কৰা

২) আইমাতৃ সকলৰ দ্বাৰা গামোছা, চেলেং আদি বয়নৰ কাৰ্যসূচী অব্যাহত ৰখা  

৩) জিলাভিত্তিত শিশু কল্যাণ দিৱস অনুষ্ঠিত কৰা

৪) সংশ্লিষ্ট শাখাৰ সহযোগত আইসকলৰ মাজৰ সাহিত্য-সংস্কৃতিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা

৫) কেন্দ্ৰীয় বিহু আৰু কেন্দ্ৰীয় শিশু যুৱ আইমাতৃ সমাৰোহৰ প্ৰতিযোগিতাত আইসকলৰ অংশগ্ৰহণ নিশ্চিত কৰা

৬) অৰ্থনৈতিক স্বাৱলম্বিতা আৰু অন্যান্য দিশত প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত কৰা 

৭) মুষ্টিদান, গুৰুসেৱা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চাৰিপুথিৰ তাৎপৰ্য আৰু কুসংস্কাৰ দূৰীকৰণৰ ওপৰত সজাগতা সভা অনুষ্ঠিত কৰা।

৮) আইসকলৰ দ্বাৰা উৎপাদিত থলূৱা সামগ্ৰীৰে শ্ৰীমন্ত শংকৰদেৱ সেৱাকেন্দ্ৰ ঢেকীয়ালৰ স্থায়ী বিপনীত বিক্ৰী ব্যৱস্থা কৰা

৯) প্ৰচাৰ শাখাৰ সহযোগত আইসকলৰ মাজত আধ্যাত্মিক আলোচনা চক্ৰ অনুষ্ঠিত কৰি আইসকলৰ আধ্যাত্মিক উত্তৰণৰ ব্যৱস্থা কৰা।

১০) সংস্কৃতি শাখাৰ সহযোগত আইসকলৰ মাজত নামপ্ৰসংগৰ কৰ্মশালা অনুষ্ঠিত কৰা।

৯) থ্ৰিপ্ত এণ্ড ক্ৰেডিত ক‘অপাৰেটিভ চচাইটি

১) থ্ৰিপ্ত এণ্ড ক্ৰেডিত ক‘অপাৰেটিভ চচাইটিৰ বিভিন্ন আঁচনিত সংগী সকলক হিতৈশী জড়িত কৰাৰ ব্যৱস্থা কৰা  প্ৰয়োজন অনুসৰি সজাগতা সভা অনুষ্ঠিত কৰা

২) থ্ৰিপ্ত এণ্ড ক্ৰেডিত ক‘অপাৰেটিভ চচাইটি, গোলাঘাট স্থায়ী গৃ্হৰ ব্যৱ্যস্থা কৰা

 

১০) জিলা নামঘৰ নিৰ্মাণ আৰু পৰিচালনা

১) জিলা কাৰ্যালয়ৰ বেৰত সংলগ্ন হৈ থকা চৌকেচৰ উনীতকৰণ কৰা

২) নতুনকৈ ক্ৰয় কৰা মাটিত মাটি ভৰোৱা আৰু বেৰা দিয়া কাম সম্পূৰ্ণ কৰা আৰু মূল চৌহদৰ লগত সংলগ্ন কৰা

৩) নামঘৰৰ দক্ষিণ দিশৰ বাৰাণ্ডাৰ টিনপাত সলোৱা

৪) পানীৰ টেংকৰ মেৰামেতি কৰা আৰু শৌচালয়ৰ সন্মুখভাগ উন্নীত কৰা।

 

১১) গ্ৰন্থ বিপণন

১)  শ্ৰীমন্ত শংকৰদেৱ সেৱাকেন্দ্ৰ, ঢেকীয়ালৰ জড়িয়তে জিলা আৰু মূলৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থ সমূহ সংগ্ৰহ আৰু বিক্ৰীৰ ব্যৱস্থা কৰা।  

২) জিলা আৰু মূল সংঘৰ অনুষ্ঠান সমূহত বিপনীৰ জড়িয়তে গ্ৰন্থ বিক্ৰীৰ ব্যৱস্থা কৰা

৩) মূল আৰু জিলাৰ দ্বাৰা প্ৰকাশিত আলোচনী সমূহ আঞ্চলিক সমূহৰ যোগেদি সংগী সকলৰ মাজত বিক্ৰীৰ ব্যৱস্থা কৰা।

১২) শ্ৰীমন্ত শংকৰদেৱ সেৱা কেন্দ্ৰ, ঢেকীয়াল

স্থায়ী বিপণীত শিশু আইমাতৃ কল্যাণ শাখাৰ জড়িয়তে তৈয়াৰ কৰা গামোছা, চেলেং আদিৰ লগতে অন্যান্য প্ৰয়োজনীয় সামগ্ৰীৰ বিক্ৰীৰ ব্যৱস্থা কৰা।

১৩) বৰুৱাবামুণগাঁও আৰু বেঙেণাখোৱা শংকৰী সংস্কৃতি বিকাশ কেন্দ্ৰ

১) বৰুৱাবামুণগাঁও আৰু বেঙেণাখোৱা শংকৰী সংস্কৃতি বিকাশ কেন্দ্ৰৰ মূল নামঘৰৰ নিৰ্মাণ সম্পূৰ্ণ কৰা।

২) স্থায়ী শৌচালয়ৰ ব্যৱস্থা কৰা।

৩) অন্যান্য উন্নয়নমূলক কাম ৰূপায়ণ কৰা।

১৪) শ্ৰীমন্ত শংকৰদেৱ সেৱা কেন্দ্ৰ, গোলাঘাট

গোলাঘাট পৌৰসভা বজাৰত নিৰ্মাণ কৰি থকা শ্ৰীমন্ত শংকৰদেৱ সেৱা কেন্দ্ৰ, গোলাঘাটৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰি যাৱতীয় পৰিচালনাৰ ব্যৱস্থা কৰা।

১৫) আৰ্ত সাহাৰ্য

১) উপহাৰ কূপন, বৃক্ষদান আদিৰ জড়িয়তে আৰ্ত সাহাৰ্য পূজি গঠণৰ যাৱতীয় ব্যৱস্থা কৰা আৰ্তজনক সাহাৰ্য প্ৰদান প্ৰক্ৰিয়া অব্যাহত ৰখা  

৩) বান সাহাৰ্য কেন্দ্ৰটিৰ জড়িয়তে বানাৰ্ত সকল্য সুবিধাৰ্থে কঁঠীয়া সিচা আৰু প্ৰয়োজন অনুসৰি সাহাৰ্য প্ৰদান কৰা 

১৬) অধিৱেশন, সমাৰোহ উৎসৱ আদি

১) মহাপুৰুষ মাধৱদেৱৰ আৱিৰ্ভাৱ মহোৎসৱ অনাসংগী অধ্যুষিত এলেকাত অনুষ্ঠিত কৰা  

২) মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱ আৰু শিশু, যুৱ আৰু আইমাতৃ সমাৰোহ ঢেকীয়াল আদৰ্শ আঞ্চলিক শাখাৰ আতিথ্যত অনুষ্ঠিত কৰা

৩) ৭০ সংখ্যক জিলা অধিৱেশন পূৱ আঞ্চলিক শাখাৰ আতিথ্যত অনুষ্ঠিত কৰা

৪) ষষ্ঠ বাৰ্ষিক অংকীয়া নাট সমাৰোহ মণিকাঞ্চন আঞ্চলিক শাখাৰ আতিথ্যত অনুষ্ঠিত কৰা

৫) শিশু কল্যাণ দিৱস ঢেকীয়ালস্থ জিলা নামঘৰত অনুষ্ঠিত কৰা

১৭) আইন ব্যৱস্থাপনা উপসমিতিঃ  নতুনকৈ ক্ৰয় কৰা জিলা নামঘৰৰ চৌহদৰ লগত সংলগ্ন মাটিৰ পঞ্জীয়ন আৰু নামজাৰিৰ কাম সম্পূৰ্ণ কৰা।

১৮) মূল সংঘই গ্ৰহণ কৰা কৰ্ম আঁচনি সমূহ ৰূপায়নৰ ব্যৱস্থা কৰা

 

                          ২০-০৩-২০২২ তাৰিখৰ জিলা কাৰ্যনিৰ্বাহক সভাত গৃ্হীত।

 

       

    শ্ৰীচন্দ্ৰ হাজৰিকা, সভাপতি                                                     শ্ৰীদেৱাঞ্জন বৰা, সম্পাদক

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ, গোলাঘাট জিলা শাখা

           

          

8638311950

  • Facebook
  • Twitter
  • LinkedIn

©2021 by Srimanta Sankardev Sangha, Golaghat Zila Sakha (শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ, গোলাঘাট জিলা শাখা). Proudly created with Wix.com

bottom of page