।।শ্রীমদ্ভাগৱত।।

।।ষষ্ঠ স্কন্ধ।।

।।অজামিল উপাখ্যান।।

।।শ্রীকৃষ্ণায় নমঃ।।

 

।।মঙ্গলাচৰণ।।

।।দুলড়ী৷৷

 

জয় জয় জয়     জগত জনক

জয় জগন্নাথ ৰাম।

পতিত পাতকী         অন্ত্যজো নিস্তৰৈ

স্মৰণে যাহাৰ নাম।।

যাহাৰ আজ্ঞাক     শিৰে ধৰৈ আতি

হৰি হৰ প্রজাপতি।

হেনয় ঈশ্বৰ      কৃষ্ণক কৰোহো

সহস্র কোটি প্রণতি।।১।।

নমো ভগৱন্ত      সততে কৰন্ত

যিটো ভকতক দায়া।

সৃষ্টি স্থিতি লয়    কৰন্তে আছয়

কটাক্ষে যাহাৰ মায়া।।

যত অৱতাৰ      বিভূতি যাহাৰ

যাৰ মহাহৰি নাম।

হেনয় ঈশ্বৰ      কৃষ্ণক কৰোহো

সহস্র কোটি প্রণাম।।২।।

পৰম পাতকী      দ্বিজ অজামিল

মলিন অধম বুদ্ধি।

নাৰায়ণ বুলি      পুত্ৰক ডাকন্তে

সিয়ো ভৈলা মহা শুদ্ধি।।

পাপত নিস্তৰি      সংসাৰক তড়ি

পাইলা বৈকুণ্ঠত স্থান।

কৃষ্ণৰ কিঙ্কৰে     ৰচিলা শঙ্কৰে

অজামিল উপাখ্যান।।৩।।

........

 

৷৷ নৰকৰ স্থিতি।।

শুনা সভাসদ      ভাগৱত পদ

নিশবদ হুয়া আতি।

কৃষ্ণৰ শ্ৰৱণ      কীৰ্ত্তনে কৰয়

প্রথমে পাপৰ শাস্তি।

যত মহা পুণ্য     আপুনি উপজৈ

মিলাৱৈ মহা মুকুতি।

একেদায়ে তিনি     কাৰ্য্য সাধে ভিন্নি

হেনসে হৰি ভকতি।।৪।।

পৰীক্ষিত নৃপে          পুছন্ত শুকত

শুনা মুনি মহামতি।

কৃষ্ণৰ ৰুচিৰ      চৰিত্ৰ শুনিলো

তোহ্মাৰ মুখে সম্প্রতি।।

সূৰ্য্য মণ্ডলৰ      নক্ষত্র গ্রহৰ

কহিলা সমস্তে স্থিতি।

পৃথিৱী পৰ্ব্বত          সৱাৰে প্রমাণ

শুনিয়া ভৈলো তৃপিতি।।৫।।

আৱে মুনিবৰ      কহিয়ো দুস্তৰ

নৰকৰ কেনে স্থিতি।

কোন পাপে কোন   নৰকত পড়ৈ

শুনিয়া উপজৈ ভীতি।।

কতেক নৰক      কাৰ কিবা নাম

কৰিয়ো সৱে বিদিত।

শুনি মুনিবৰ      দিলন্ত উত্তৰ

শুনা নৃপ পৰীক্ষিত।।৬।।

সাতো পাতালৰ         তলৰ জলৰ

উপৰে যমৰ পুৰ।

অসংখ্যাত তাত    দুস্তৰ নৰক

জুৰি আছে বহুদূৰ।।

তাতে মুখ্য মহা    দুস্তৰ নৰক

চৌৰাশী লক্ষ হাজাৰ।

তাৰ গুণ নাম     বর্ণাইবাক লাগি

শকতি আছৈ কাহাৰ।।৭।।

দুৰ্ঘোৰ নৰক      দেখন্তে চমক

সাগৰ যেন কল্লোল।

শুনিয়া অপাৰ     পাতকী প্রজাৰ

আতি আৰ্ত্তনাদ ৰোল।।

তাতে মহাঘোৰ     আঠাইশ নৰক

শুনিয়ো নাম তাহাৰ।

ৰৌৰৱ তামিশ্র         অন্ধতামিশ্র

পৰম দুঃখ নিকাৰ।।৮।।

কুম্ভীপাক কাল     কৰ্দ্দম অসিপত্র

তপ্তশূৰ্ম্মি মহাদুঃখ।

লালভক্ষ ক্ষাৰ     কৰ্দ্দম ৰাক্ষস

ভোজন শূকৰমুখ।।

সূচীমুখ মহা      ৰৌৰৱ সন্দংশ

দন্দশূক বিশসন।

অয়ঃপান প্রাণ     ৰোধ পূয়োদক

অবিচি কৃমিভোজন।।৯।।

বৈতৰণী অন্ধ          কূপ পূয়োদক

বজ্ৰ কণ্টক শাল্মলী।

পৰ্য্যাৱৰ্ত্তন        সাৰমেয়াদন

পৰম যাতনা স্থলি।।

অবটনিৰোধ      সহিতে আঠাইশ

নৰক আতি দুৰ্ঘোৰ।

আনো আছে যত   যাতনা তাহাৰ

কোনে কহি পাৱে ওৰ।।১০৷৷

পাতকী প্রজাৰ          পৰম নিকাৰ

কৰন্ত কিঙ্কৰে শাস্তি।

যম পুৰ ছানি          শুনিয়া সদায়ে

ঘোৰ আৰ্তনাদ আতি।।

অপ্রয়াসে পাপ     কৰৈ নৰে ঐত

ভোগ কালে মহাদুখ।

পুণ্য কৰি জীৱ         স্বৰ্গত বঞ্চয়

তহিতো নাহিকে সুখ।।১১।।

তৈৰ পৰা দেখে    পৰৈ ইটো ভয়

শুনৈ আর্তনাদ যত।

কেতিক্ষণে খসি     পৰৈ ইটো ভয়

নুগুচৈ সদা মনত।।

দিব্য স্বর্গ ভোগ    ভুঞ্জৈ তথাপিতো

চিন্তায়ে ধাতু উপায়।

যেন কাটিবাৰ     বন্দীৰ পিন্ধন্তে

খাৱন্তে সন্তোষ নাই।।১২।।

যত তপ তীর্থ     যজ্ঞ যোগ দান

কৰি মহাপুণ্য সঞ্চৈ।

তথাপি কালৰ     হাতৰ নেড়াই

ব্রহ্ম ভুৱনত বঞ্চৈ।।

কেতিক্ষণে কালে    ধৰৈ ইটো ভয়

ব্রহ্মাকো নেৰৈ সৰ্ব্বথা।

কহিলো পৰম      তথ্য নৃপবৰ

আৱে শুনা পাছ কথা।।১৩।।

............

।। উপদেশ।।

।।ছবি।।

ইটো মহাভাগৱত        শুনিলাহা সভাসদ

দাৰুণ দুর্ঘোৰ যমলোক।

আয়ু যায় আলে জালে     কেতিক্ষণে ধৰৈ কালে

যমপুৰে আৱে কেন হৌক।।

যি কাৰ্য্যে আকুল মন     ইটো ভাৰ্য্যা পুত্র ধন

নাতেকে তাতেক সৱে মায়া।

তিলেকে সংযোগ হুই      তিলকতে কিছু নুই

চঞ্চল মেঘৰ যেন ছায়া।।১৪।।

বিষয়ক কৰি ভোগ্য      কৃষ্ণৰ সেৱাৰ যোগ্য

ভাৰতত নৰ কলেৱৰ।

আক পাই হেলাকৰি      সদা নুসুমৰে হৰি

কিনো নৰ অধম পামৰ।।

শাস্ত্ৰৰো বুজিয়া মজ্জা      সদায়ে কৃষক ভজা

হৈয়ো এক শৰণ কৃষ্ণত।

কৃষ্ণক কৰিয়ো সেৱ      কৃষ্ণসে পম দেৱ

চিন্তা তান চৰণ মনত।।১৫।।

মায়াৰো ভাঙ্গিব কাপ     তড়িবা যাতনা তাপ

যমৰো গুচিব সৱে দায়।

যাৰ নাম লৈলে তড়ি     হেনসে বান্ধৱ হৰি

ইহ পৰলোকৰ সহায়।।

তানে শুনা গুণনাম      হস্তে কৰা তানে কাম

মুখত নেৰিবা হৰিনাম।

এতেকে পাপক বঞ্চা      অক্ষয় পুণ্যক সাঞ্চা

নিৰন্তৰে বোলা ৰাম ৰাম।।১৬।।

..........

              ।। নৰক যাতনা।।

                       ৷৷ পদ।।

শুক নিগদিত শুনিয়োক নৃপবৰ।

যিবা পাপে যিবা নৰকত পৰৈ নৰ।।

শুনা সাৱধানে যেন নকৰয় নয়।

ইহাক শুনিলে হৱে পাতেকৰ ভয়।।১৭।।

ধৰ্ম্ম আচড়োক পাপ নকৰোক প্রাণী।

কৃষ্ণৰেষে আজ্ঞা ইটো জানি বেদ বাণী।।

সিজে মহাপাপ মাধৱৰ আজ্ঞাভঙ্গে।।

ভূঞ্জাৱে যাতনা তাক যমে সেহি খঙ্গে।।১৮।।

পৰ বিত্ত পৰ পুত্ৰ ভাৰ্য্যা যিটো হৰৈ।।

অন্তকালে আসি দূতে পাসে বান্ধি ধৰৈ।।

মহাভয় দেখাই তর্জ্জি গর্জ্জি দণ্ডে তাড়ৈ।

বলে নিয়া তামিশ্র নৰকে তাক পাড়ৈ।।১৯।।

দূতৰ মূৰ্ত্তিক দেখি কাম্পৈ সৰ্ব্ব গাৱ।

ক্ষুধায়ে তৃষায়ে আতি কৰৈ আৰ্ত্তৰাৱ।।

মহাপীড়া পাই মূৰ্ছ্ছা যায় মন্দভাগী।

মৰি মৰি জীয়ে দুনাই যাতনাক লাগি।।২০৷৷

ভাৰ্য্যাপুত্র এৰি ভূঞ্জৈ যিটো অহঙ্কাৰী।

স্বামীক বঞ্চিয়া খায় যিটো দুষ্টা নাৰী।।

হাতে গলে বান্ধি বিষ্ঠা মূত্রে মুখ ভৰি।

ভয়ঙ্কৰ ৰূপে দূতে দণ্ডে দুইকো ধৰি।।২১৷৷

যিমুখে খাইলেক চৰাৱয় সেহি গালে।

ঘোৰ অন্ধতামিশ্রত পেহ্লাৱে নিঢ়ালে।।

গোৰ কাটা গছ যেন পৰি থাকৈ আতি।

হোৱৈ অচেতন তাতে দূতে কৰৈ শাস্তি।।২২।।

যিটো মন্দমতি আতি জগতকে মোসে।

নিজ দেহ নিজ ভাৰ্য্যা পুত্র মাত্র পোষে।।

সেহি পাপে ৰৌৰৱ নৰকে পৰে যাই।

ক্ৰূৰ ৰূপ পশু বেঢ়ি মাংস ছিণ্ডি খাই।।২৩।।

যিটো মন্দমতি আতি একোৱে নুবুজৈ।

ব্যর্থে পশু পক্ষী মাৰি সকুটুম্বে ভুঞ্জৈ।।

মহা ৰৌৰৱত পৰে নাহিকে নিস্তাৰ।

ৰুৰু পশুগণে বেঢ়ি মাংস খাই গাৰ।।২৪ ।।

যিটো জীয়া পশু পক্ষী ধৰি আনি বান্ধে।

নাকাটা নামাৰা কৰি জীৱন্ততে ৰান্ধে।।

ধৰি যমদূতে তাক মেঘে যেন গর্জ্জে।

কুম্ভীপাকে তপত তেলত তাক ভাজে।।২৫।।

পৰম অধম যিটো কৰৈ ব্ৰহ্মবধ।

কালসূত্রে পৰি হোৱৈ শৰীৰ দগধ।।

অযুত যোজন মান মণ্ডল আকাৰ।

তপত তামৰ থোলা দেখি চমৎকাৰ।।২৬।।

তলত অগনি উপৰত সূৰ্য্যতাপে।

তাতে পৰি পোৰে ব্ৰহ্মবধী মহাপাপে।।

উঠে পৰি শোৱৈ কতো ত্রাসতে লৱড়ৈ।

ক্ষুধায়ে তৃষায়ে দেহা মুৰ্ছ্ছা গৈয়া পড়ৈ।।২৭।।

আঠকোটি হাজাৰ বৎসৰ তাতে পোড়ৈ।

তেবে ব্রহ্মবধ সিটো পুৰুষক ছাড়ৈ।।

ভুঞ্জিয়া যাতনা জীৱে পাতেকত তড়ৈ।

জন্মান্তৰে আসি ক্ষয়ৰোগী হুয়া মৰৈ।।২৮৷৷

বিনা আপদত যিটো নিজ ধর্ম্ম ছাড়ৈ।

যমদূতে ধৰি তাক অসিপত্রে পাড়ৈ৷৷

চাবুকে কোৱাৱে আতি ত্ৰাসতে লৱড়ৈ।

ছেদে অঙ্গ অসিপত্রে মূৰ্চ্ছা গৈয়া পৰৈ।।২৯৷৷

ঘোৰ তাল বনপত্ৰ খুৰতৰ ধাৰ।।

স্বধৰ্ম্ম ত্যাগীক কাটি কৰৈ বুন্দামাৰ।।

তেজি নিজ ধৰ্ম্ম পাষণ্ডৰ পাৱৈ গতি।

শুকৰ মুখৰ কথা শুনিয়ো সম্প্রতি।।৩০৷৷

বিনা অপৰাধে দণ্ডৈ যিটো ৰাজা চণ্ড।

ব্রাহ্মণসৱৰ শৰীৰত কৰৈ দণ্ড৷৷

শূকৰ মুখত চেপি ভুঞ্জাৱে নিকাৰ।

কলত জান্তিয়া যেন পেৰে কুসিয়াৰ।।৩১৷৷

ডাঁস মস মাখি জোক পোক পৰুৱাৰ।

ঈশ্বৰে নিৰ্ম্মিলা বৃত্তি ৰুধিৰে আহাৰ৷৷

পিৱন্তে গাৱৰ তেজ তাক যিটো মাৰে।

পৰৈ সিটো নৰ অন্ধকূপ অন্ধকাৰে।।৩২৷৷

ডাঁসে মসে সর্পে তৈতে খায় তাক বেঢ়ি।

নাহি নিদ্রা অতি আৰ্ত্তৰাৱে পাৰৈ গেৰি।।

কেঞ্চুক পিম্পৰা যেনমতে বেঢ়ি খায়।

ভুঞ্জৈ মহা যাতনা চেতন তাৰ নাই।।৩৩।।

বলি বিশ্বদেৱ পঞ্চ যজ্ঞ ধৰ্ম্ম নিজ।।

তাকে নিতে নকৰিয়া ভুঞ্জৈ যিবা দ্বিজ।।

কাক সম সিটো সৰ্ব্বভক্ষ অনাচাৰ।

পৰৈ কৃমিভোজন নৰকে কুলাঙ্গাৰ।।৩৪।।

ঘোৰ কৃমিকুণ্ড গোট লক্ষেক প্রহৰ।

ভুঞ্জৈ তাত দুঃখ শত সহস্র বৎসৰ।।

কোটি কোটি পলু শৰীৰক বেঢ়ি খায়।

পলুবিনে তাহাৰ ভক্ষণ আন নাই।।৩৫।।

ব্রাহ্মণৰ সুৱর্ণক যিটো চুৰি কৰৈ।।

বিনা আপদত সামান্যৰ ধন হৰৈ৷৷

সন্দংশ নৰকে যমদূতে পেলাই আনি।

ছিণ্ডৈ মাংস তপত সণ্ডাসে টানি টানি।।৩৬৷৷

অগম্যাগমন পাপ যি জনে আচৰৈ।

যিটো স্ত্রী অগম্য নৰত ৰতি কৰৈ৷৷

লোহাৰ প্রতিমা অগ্নিবর্ণ কৰি তাৱে।

চাবুকে কোৱাই নিয়া তাক সাৱটাৱে।।৩৭।।

জাতি অন্ত্যজাতিকো নবাছৈ মন্দমতি।

পৰ দাৰা পাপত সততে কৰৈ ৰতি।।

পৰম লম্পট পাপী একোৱে নবাছে।

বান্ধে পাৱে বজ্রকূট শিমলিৰ গাছে।।৩৮৷৷

গলত লগায়া ডোল উপৰক টানে।

বান্ধি পাৱে আজুৰি তলক লাগি আনে।।

শৰীৰৰ মাংস ছিণ্ডৈ নথাকৈ চেতনা।

কতবা বৰিষ ভুঞ্জৈ পাতকী যাতনা।।৩৯৷৷

লাজ কাজ এৰি পশু যেন স্বেচ্ছাচাৰী।

যিটো মন্দমতি দ্বিজে হৰৈ পৰনাৰী৷৷

পৰৈ তেজ পূঁজ বিষ্ঠা মূত্ৰৰ সাগৰে।

সহস্র বৎসৰ মানে তাকে ভুঞ্জি মৰে।।৪০৷৷

বেদৰ বিহিত বিনে মাৰে পশু হানি।

অন্তকালে যমদুতে তাকো পোতে আনি।।

বেঢ়ি কণ্ডিয়াই মাৰৈ নাহিকে নিস্তাৰ।

প্রাণনিৰোধত ভুঞ্জৈ অনেক নিকাৰ।।৪১।।

ভূত প্রেত পূজি যিটো কাটে হংস ছাগ।

বৈস্মহ নৰকে পৰৈ দূতে নেৰৈ লগ।।

কৰৈ খণ্ড খণ্ড তাক হাতে খাণ্ডা ধৰি।

দুখ ভুঞ্জিবাক লাগি জীয়ে মৰি মৰি৷৷৪২৷৷

যিটো নিজ ভাৰ্য্যাক ব্রাহ্মণ অনাচাৰ।

কামে মোহ হৈয়া কৰৈ মুখত শৃঙ্গাৰ।।

লালভক্ষ নৰকত পৰৈ পাপ কৰি।

পিৱায়ে ৰেতস তাক যমদূতে ধৰি।।৪৩।।

গৃহদাহ কৰৈ যিটো বিষ দিয়া মাৰে৷

লোৰে গ্রাম দেশ যিটো দুষ্ট দুৰাচাৰে।।

অসংখ্য কুকুৰে বেঢ়ি বজ্র যেন দান্ত।

অন্তকালে কামুৰি আজুৰি ছিণ্ডে আন্ত।।৪৪।।

সাক্ষী হৈয়া সভাত অসত্য বোলে বাণী৷

ক্রয় বিক্রয়তো মিছা মাতে যিটো প্রাণী।।

শতেক যোজন উপৰত নেই ধৰি৷

শিলাত পেলাৱৈ দূতে হেঠ মুণ্ডকৰি।।৪৫৷

অবিচি নৰকে সিটো শুক্ল শিলাখণ্ড।

চুৰ্ন্নাকৃত হোৱৈ পৰি পাপে কৰে দণ্ড৷৷

দুনাই দুনাই তুলিয়া পেলাৱে অধোমুখে।

নযাই প্রাণ তথাপি দুষ্মহ মহাদুঃখে।।৪৬।।

বিপ্র বিপ্ৰপত্নী যিটো কৰে সুৰাপান।

অন্তকালে যমদূতে দুইৰো লৱে প্রাণ।।

চিতকৰি পেলাই হৃদয়ত ঝান্টি ভৰি।

পিৱায়ে তপত লোহা জলময় কৰি।।৪৭।।

জন্ম কৰ্ম্ম বিদ্যা তপে বাঢ়ে অহঙ্কাৰ।

বোলে মোত কৰি কোন বৰ আছে আৰ।।

সেহি পাপে ক্ষাৰকৰ্দ্দমত পৰৈ আতি।

ধৰি যমদূতে হেঠ মুণ্ডে কৰৈ শাস্তি।।৪৮৷৷

ভৈৰৱক পূজৈ যিটো মনুষ্যক মাৰি।।

ডাইনী হৈয়া মনুষ্যক খাই যিটো নাৰী।।

অন্তকালে ৰাক্ষসে ৰুধিৰ পিয়ৈ তাৰ।

কৰৈ কিল কিল বুকে হানিয়া কুঠাৰ।।৪৯৷৷

বৃক্ষত বসৱে পক্ষী মাৰৈ বিন্ধি কোলে।

তাকো যমদূতে ধৰি বসাৱে ত্রিশূলে।।

ক্ষুধায়ে তৃষ্ণায়ে আতি তাৰ প্রাণ যায়।

বজ্ৰতুণ্ড বকে কাকে তাৰ মাংস খায়।।৫০৷৷

লোকক লগাৱৈ ভয় যিটো মন্দমতি।

দণ্ডশূক নৰকত তাৰ হোৱৈ স্থিতি।।

পঞ্চম মুখীয়া সৰ্পে তাক বেঢ়ি খায়।

এন্দুৰক যেন চোবাৱয় সর্পে পাই।।৫১।।

প্রাণীক নিৰোধে যিটো গাঁত গহ্বৰত।

তাকো যমদূতে পোতে যমৰ পুৰত।।

বিষবহ্নি ধূমৰ অনেক দেই জাক।

কল যেন পকাৱে নিগ্রহ কৰৈ তাক।।৫২।।

অতিথিক দেখি যিটো চক্ষু পকাই চাৱৈ।।

ঠাই নাই বুলি চল চল কৰি ধাৱৈ।।

বজ্ৰদন্ত কাকে ভূঞ্জৈ চক্ষুক উভাৰি।

কঙ্ক বঙ্ক গৃধ্র উদৰৰ দোৱৈ নাড়ী।।৫৩।।

মই ধনৱন্ত কৰৈ অহঙ্কাৰ ঘোৰ।

গৌৰৱত শঙ্কা যোনো ধন নেই মোৰ।।

নেদে নাখায় যক্ষে যেন পুতি ৰাখে বিত্ত।।

কৰৈ যমদূতে তাক শাস্তি বিপৰীত।।৫৪।

হাতে গলে ভৰিত লগাৱৈ তাৰ জৰী।

ঢোল যেন চাৱৈ তাক জৰপুৰ কৰি।।

লাথি মাৰি কিঙ্কৰে ফুৰাৱৈ বগৰাই।

পাৰৈ আৰ্ত্তৰাৱ যেন দামুৰি হৰাই।।৫৫৷

যিটো জনে মনুষ্যৰ ভেদ কৰৈ মতি।

কৰিবাক নেদৈ যিটো হৰিত ভকতি।।

বৈতৰণী নদীত পেহ্লাৱৈ দুতে ধৰি।

মল মূত্র জল মাত্র পিয়ৈ পেট ভৰি।।৫৬।।

হংস ছাগ পাৰ পক্ষী পোষৈ বিপ্র হুই।

পূঁজ বহা নদীত পেহ্লাৱৈ অধোমুয়ী।।

পূঁজ বিনে নাহি আৰ তাহাৰ আহাৰ।

তাতে যমদূতে দেই ডাঙ্গৰ প্ৰহাৰ।।৫৭৷৷

ঘৰ পোষা পশু যিটো কৰে বলিদান।

পৰম অজ্ঞানী সিটো ৰাক্ষস সমান।।

যিকাৰ্য্যে কাটিলে বলি তাতো নাহি আশ।

চিৰকাল তম নৰকত কৰৈ বাস।[৫৮৷৷

পাচে পৰলোকে তাকে সেহি পশু পাই।

কাটি কাটি শৰীৰৰ মাংস ছিণ্ডি খাই।।

মহা দুঃখে মূৰ্চ্ছা যাই শ্রুতি জ্ঞান হৰৈ।

চিৰকাল পাতকী যাতনা ভুঞ্জি মৰৈ।।৫৯।।

কু-কথা কহয় যিটো ত্যজি হৰি কথা।

যত পুণ্য কৰি আছে সিটো হোৱে বৃথা।।

তম নৰকত পৰৈ দূতে ধৰি আনি।

জিহ্বাক উভাৰৈ কাক বজ্ৰদন্তে হানি।।৬০৷৷

হেনয় নৰক আছে সহস্র সংখ্যাত।

মুখ্য মুখ্য বাছি কিছু কহিলো তোহ্মাত।।

সকলে নৰক পাপী ভুঞ্জৈ অনুক্রমে।

মহাভয়ঙ্কৰ ৰূপে দণ্ডি কৰৈ যমে।।৬১৷৷

সমস্তে যাতনা পাপী ভুঞ্জৈ মন্দভাগী।

লৈয়া শেষ পাপ আসৈ পৃথিৱীক লাগি।।

হোৱে তৃণ বন কীট কতোহো বিষ্ঠাৰ।

ভুঞ্জৈ পাপী জানা ইটো পৰম নিকাৰ।।৬২।।

পুণ্য কৰি পাৱৈ স্বর্গ তৈতো সুখ নাই।

কেতিক্ষণে পৰো পৰো ডৰে ধাতু যায়।।

পুণ্য ক্ষয় ভৈলে পৰি বিমানৰ হন্তে।

লাগ ধৰি আসৈ বলি পথতে কাটন্তে।।৬৩।।

নাৰকী স্বৰ্গৰে কাৰো কৈতো নাহি স্বস্থ।।

ঘোৰ তাপময় ইটো পাপ পুণ্য পথ।।

শতকোটি জন্ম জীৱে কৰৈ আয়াযাত।

একোমতে দুৰন্ত কালৰ নেড়াই হাত।।৬৪।।

সংসাৰ চক্ৰৰ জানিবাহা এহি গতি।

কহিলো সমস্তে ইটো তোহ্মাত নৃপতি।।

আউৰ কিবা শুনিতে তোহ্মাৰ আছে মতি।

আৱে পৰীক্ষিত তুমি পুচিও সম্প্রতি।।৬৫৷৷

শুনা সভাসদ মহাভাগৱত পদ।

নিকটতে আছৈ ঘোৰ মৰণ আপদ।।

নৰকৰ নিকাৰ শুনন্তে ধাতু যায়।

কেনে সুখে নিদ্রা আসৈ নিচিন্তা উপায়।।৬৬।।

দিনে দিনে টুটে আয়ু কৈত যাই প্রাণ।

কোন দিনে দূতে ধৰৈ নাহি তাৰ ঠান।।

পিতৃ মাতৃ তনয় আগতে মৰি যায়।

কিনো অন্ধ তথাপি চেতন জ্ঞান নাই।।৬৭।।

উমান নপাৱৈ কাল অজগৰে গিলে।

ধন জন জীৱন যাইবেক এক তিলে।।

মৰিবাক লাগে যাৰ তাৰ আন কাজ।

মোৰ মোৰ কৰৈ কিনো নিঃশঙ্ক নিলাজ।।৬৮।।

নিচিন্তি নাথাকা কালে ধৰিলেক পৰা।

কৃষ্ণত বিমুখ যিটো জীৱন্ততে মৰা৷৷

জানি পাপ সাগৰ তড়িতে কৰা কাম।

নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম।।৬৯।।

......

৷।মুখ্য প্রায়শ্চিত্ত।।

৷।ছবি।।

পৰীক্ষিত নৃপে পাছে      পুছন্ত শুকত কথা

শুনা ব্যাসসুত মহামুনি।

শুনন্তে যমৰ লোক       মহা ভয় পাইলে মাক

ঘোৰ নৰকৰ কথা শুনি।।

যতেক পুচিলো মানে      কহিলা সকলে কথা

শুনিলো পৰম অনুৰাগে।

শুনন্তে যমৰ পুৰী        কাম্পে হিয়া তৰতৰি

মনে মোৰ মহা চিন্তা লাগে।।৭০৷৷

কিমতে নপৰে সিটো      ঘোৰ নৰকত নৰে

কহিয়োক তাহাৰ উপায়।

হেনবা বুলিবা আগে      কৰিবেক প্রায়শ্চিত্ত

তেৱে সিটো যাতনা এৰাই।।

তাকো নেদেথোহো হিত    যদি কৰে প্রায়শ্চিত্ত

তথাপি ওপজৈ সেহি পাপ।

এতেকে জানিলো মিছা     প্রায়শ্চিত্ত কৰি মৰৈ

নতৰয় যাতনাৰ তাপ।।৭১৷৷

জানিলো ৰাজায়ে দণ্ডৈ     মৰিলে নৰকে পৰৈ

আক জানি পাতক আচৰৈ।

তাৰ প্রায়শ্চিত্ত ধিক      হেন জানা পাতকীক

কোন প্রায়শ্চিত্ত শুদ্ধি কৰৈ।।

যেন ধুৱাই তোলে হাতী   দুনাই লৱে কূটামাটি

শৰীৰত বান্ধে আতি মল।

কেহো বেলা এৰৈ পাপ    কেহো বেলা কৰৈ তাপ

প্রায়শ্চিত্ত এতেকে নিস্ফল।।৭২৷৷

জানিলোহো অৱগাই      পাপৰ চিকিৎসা নাই

নৰকত পৰিবে নিশ্চয়।

একো পাৰ নপাঞো গুণি   ছেদিও আপুনি মুনি

মোৰ মহা মনৰ সংশয়।।

জাতি অন্ত্যজাতি আতি    সৱাকো পৱিত্ৰ কৰৈ

সমস্তে প্রাণীৰ মনোনীত।

অতি অপ্রয়াসে তড়ৈ      সমস্ত পাতক হৰৈ

কহিও হেনসে প্রায়শ্চিত্ত।।৭৩৷৷

........

।।দুলড়ী।।

শুক নিগদতি      শুনা কুৰুপতি

পৰম তুমি মহন্ত।

নগণি ক্ষুধাকো     কৃষ্ণৰ কথাত

কৰিলা চিত্ত একান্ত৷৷

যি কথা পুচিলা    তাহাৰ সিদ্ধান্ত

শুনা সাৱধান চিত্তে।

পাপক সমূলি      গুচাইবে নপাৰৈ

জানা কৰ্ম্ম প্রায়শ্চিত্তে।।৭৪৷৷

অজ্ঞানী যতেক     প্রায়শ্চিত্ত কৰৈ

শাস্ত্ৰৰ সন্মত চাই।

পাপক মোসয়     বীজ নুগুচয়

উপজৈ পাপ দুনাই।।

জ্ঞানেসে জানিবা    মুখ্য প্রায়শ্চিত্ত

দুষ্কৰ জ্ঞানৰ পথ।

পৰম সুলভ       যিটো প্রায়শ্চিত্ত

শুনা আৱে মহাৰথ।।৭৫।।

লৱে মাত্র এক     শৰণ কৃষ্ণত

আন দেৱে নাহি মতি।

তপ ধৰ্ম্ম সৱে     এৰিয়া কৃষ্ণত

কেৱলে কৰে ভকতি।।

হেনয় বিৰল       ভকত সকলে

সমস্ত পাপক মোষৈ।

প্রচণ্ড আদিত্যে     যেন জগতৰ

তিমিৰ নিঃশেষে শোষৈ।।৭৬।।

জাতি অন্ত্যজাতি    পাতকীয়ো তড়ৈ

হেনসে হৰি ভকতি।

কোটি প্রায়শ্চিত্ত    কৰিয়া কৰ্ম্মীৰ

তড়িবে নাহি শকতি।।

আছন্তোক কৃষ্ণ     ভকতৰ সেৱা

কৰি যেন শুদ্ধ হুই।

পৰম জ্ঞানৰ      পথ পায়া নৰে

সিমত পৱিত্ৰ নুই।।৭৭৷৷

জ্ঞানৰ পথত      নাহিকে সহায়

কৰ্ম্মত বিঘ্নিৰ ভয়।

ভকতি পথত      ঈশ্বৰ ৰক্ষক

জানিবা ৰাজা নিশ্চয়।।

জ্ঞান কৰ্ম্ম একো    অপেক্ষা নকৰি

কেৱলে ভকতি তাড়ৈ।

ভকতি সহায়      নলৈ জ্ঞান কর্ম্মে

কৰিবে কিছু নুৱাৰৈ।।৭৮৷৷

হৰিত ভকতি      যি জনে নকৰৈ

পৰম মলিন বুদ্ধি।

কৰৈ প্রায়শ্চিত্ত     কোটি শত যদি

তথাপি নুহিকে শুদ্ধি৷৷

যেন সুৰা ভাণ্ড    সমস্তে তীর্থত

পখালিসি পাৱে দুঃখ।

নাহিকে কিঞ্চিতো    পৱিত্ৰ তথাপি

হেনয় হৰি বিমুখ।।৭৯৷৷

একবাৰ মাত্র      কৃষ্ণ চৰণত

কৰিলে মন নিৱেশ।

এতেকে সকলে     ভৈল প্রায়শ্চিত্ত

গুচিল পাপ নিঃশেষ।।

যমৰ দূতক       স্বপ্নতো নেদেখৈ

এৰাইলে কালৰ হাত।

হৰি ভকতিৰ      অল্পয়ে নিস্তাৰে

কহিলো সৱে সাক্ষাত।।৮০৷৷

পৰম জ্ঞানত      কৰ্ম্মত কৰিয়া

ভকতিসে শ্রেষ্ঠ আতি।

ভকতি কৰিলে     পৰম পৱিত্ৰ

হোৱৈ মহা অন্ত্যজাতি।।

ভকতিত যত      মহাগুণ আছে

কোনে কহি পাৱৈ সীমা।

শুনা পুৰাতন      কথা পৰীক্ষিত

আশ্চৰ্য্য আৰো মহিমা।।৮১৷৷

.........

।। উপদেশ।।

।।ছবি।।

 

শুনিয়োক সৰ্ব্বজন        ভকতিসে মহাধন

আন জপ যজ্ঞ ধৰ্ম্ম ধান্ধা।

ভকতিসে নিজ মাতা ভকতিসে গতি দাতা

জানি ভকতিক গলে বান্ধা।।

ভকতিত দিয়া মতি      ভকতিত কৰা ৰতি

ভকতিসে পৰলোক বিত।

কৰিও ভকতি নিত      হেনসে ভকতি হিত

মৰণতো নেৰৈ কদাচিত।।৮২৷৷

কৃষ্ণেসে পৰম দেৱ       কৃষ্ণক কৰিও সেৱ

কৃষ্ণত সৰ্ব্বদা দিয়া মতি।

আছে হৃদি পদ্ম মাজে     ঈশ্বৰ কৃষ্ণত বাজে

আন কোন দেৱে দিব গতি।।

কৃষ্ণৰেসে সৱে মায়া      ইতো ধন জন জায়া

তাক তেজি ভজিও কৃষ্ণক।

কৃষ্ণত ভকতি বিনে      আন কর্ম্মে কোন জনে

তড়িবেক দূৰ্ঘোৰ কলিত।।৮৩৷৷

শুনিয়োক সাধুজন       কৰা সাৱধান মন।

সমীপ পাইলেক কালসৰ্প।

ইটো আয়ু ব্যর্থে নিলে     ভাঙ্গিবেক একতিলে

ইসৱ বিষয় মহাদর্প।।

থৰ হুইব হাত ভৰি      থাকিবাহা দান্ত তড়ি

যাব জীৱ দূতৰ হাতত।

ইসব অৱস্থা কেনে       সদায়ে নপৰে মনে

এভো নাহি চেতনা গাৱত।।৮৪।।

গৈলে ঘোৰ যমপুৰ       সৱে বুদ্ধি হৈবে চুৰ

লোহাৰ ডাঙৰ কোব পাই।

দূতে জড়পুৰ কৰি       বান্ধিবে চামৰ জৰী

ৰাখ বোলন্তাও তৈত নাই।।

জানি এৰা আন মতি     ভকতিত কৰা ৰতি

মুখত নেৰিবা হৰিৰ নাম।

কেনে আছা বাট চাই     ইটো আয়ু ব্যর্থে যায়

নিৰন্তৰে বোলা ৰাম ৰাম।।৮৫।।

..........

        ।।অজামিলৰ পূৰ্ব্বকথা৷৷

                      ।।পদ।।

শুক নিগদতি ৰাজা চিত্ত কৰা থিৰ।

আশ্চৰ্য্য মহিমা শুনা হৰি ভকতিৰ।।

আছে যত যজ্ঞ তীর্থ ধৰ্ম্ম সংসাৰৰ।

জানিবাহা সৱে হৰি নামৰ কিঙ্কৰ।।৮৬৷৷

পুণ্য অৰণ্যত হৰি নাম মহাসিংহ।

পলাই পাপ হস্তী যেন শুনি তাৰ ৰিঙ্গ।।

হৰি নামে খেদাৱে পাপৰ পুৰী নাই।

কৃষ্ণ বিমুখত সৱে হোৱে এক ঠাই।।৮৭৷৷

পৰম পাতকী যিটো আতি অনাচাৰী।

সিও ভকতক ৰক্ষা কৰন্ত মুৰাৰি।।

চতুর্ভূজ ৰূপে পাৱে বৈকুণ্ঠ নগৰ।

আশ্চৰ্য্য মহিমা কিনো হৰিৰ নামৰ।।৮৮৷৷

নাহি প্রায়শ্চিত্ত হৰি নামৰ সমান।

শুনা পূৰ্ব্ব কথা অজামিল উপাখ্যান।।

নামৰ আভাসে কৰে পাপক উছাদ।

শুনা বিষ্ণুদূত যমদূতৰ সম্বাদ।।৮৯৷৷

কণৌজ পুৰত এক ব্রাহ্মণ আছিল।

আতি অনাচাৰী দ্বিজ নাম অজামিল।।

পৰম বেশ্যাৰ পতি পতিত পাপীষ্ঠ।

কৰিলেক মহন্তক অনেক অনিষ্ট।।৯০৷৷

বৃদ্ধ পিতৃ মাতৃ নিজ তেজিলে ভাৰ্য্যাক।

সকল সৰ্ব্বস্ব দিয়া ভজিলে বেশ্যাক।।

জাতিকুল কৰ্ম্ম মানে সমস্তে ত্যজিল।

বেশ্যাৰ গৰ্ভত দশ পুত্ৰ উপজিল।।৯১।।

কনিষ্ঠ পুত্ৰৰ থৈলা নাৰায়ণ নাম।

ভাৰ্য্যা পুত্র পুষিবাৰ মাত্র কৰে কাম।।

খেলৈ জুৱা পাশা মিছা মাতে অহঙ্কাৰী।

চুৰি কৰি দেই ডকা মনুষ্যক মাৰি।।৯২।।

স্ত্রীবধ ব্রহ্মবধ একোৱে নচাৱে।।

তাইক মাত্র পোষে আনি যত বিত্ত পাৱে।।

যিদিনা নপাৱে ধন বেশ্যা পাৰে গালি।

থাকে সৰ্ব্বদায়ে দ্বিজ তাইৰ আজ্ঞা পালি।।৯৩।।

তাই ভৈল তপ জপ যজ্ঞ তীর্থ ধ্যান।

সপোনতো বেশ্যা বিনে নিচিন্তয় আন।।

হেন পাপ নাছিল দ্বিজত নিসিজিল।।

দুষ্টাৰ প্রসঙ্গে নষ্ট ভৈল অজামিল।।৯৪।।

জাতিত ব্রাহ্মণ সিটো কৰ্ম্মত চাণ্ডাল।।

ভাৰ্য্যা পুত্র পোষন্তে অনেক গৈল কাল।।

ভৈল অষ্টাধিক আশী বৰিষ প্রমাণ।

বৃদ্ধ বয়সতো তাৰ নুপজিল জ্ঞান।।৯৫।।

আউৰ একো কৰ্ম্ম কৰিবেক শক্য নাই।

কনিষ্ঠ পুত্ৰক মাত্র থাকে উমলাই।।

প্রাণতো অধিক সিটো পুত্ৰ নাৰায়ণ।

মিলে সুখ শুনি তাৰ মধুৰ বচন।।৯৬।।

তাতে মন মজিল দ্বিজৰ সমুদায়।

পৰম কৌতুকে তাৰ লীলা থাকে চাই।।

ধুৱাৱে খুৱাৱে মহা স্নেহে নিতে তাকে।

আইস নাৰায়ণ বুলি ৰাত্রি দিনে ডাকে।।৯৭।।

উঠা নাৰায়ণ হেৰা বৈসা নাৰায়ণ।

ভুঞ্জা নাৰায়ণ বুলি ডাকৈ সৰ্ব্বক্ষণ।।

প্রাণ পশি আছৈ সিটো কনিষ্ঠ পুত্রত।

নাৰায়ণ বিনে নাহি বচন মুখত।।৯৮।।

সৰ্ব্বদায়ে থাকৈ মন পুত্ৰত সমূলি।

সপোনত মাতৈ সিটো নাৰায়ণ বুলি৷।

ক্ষণে ক্ষণে মন তাৰ তনয়তে পৰৈ।

সপোনে সচিতে নাৰায়ণ নাম স্মৰৈ।।৯৯।।

ভৈল সিটো পুত্ৰত বিপ্ৰৰ আসকতি।

নজানিল আয়ু আসি ভৈল সমাপতি।।

নিলেক বয়স পুত্রস্নেহে আলে জালে।

বিফলে জনম গৈল পাইলে অন্তকালে।।১০০।।

ভৈল আসি বিপ্রৰ মৰণ সন্নিহিত।

তিনি গোটা যমদূত আগে উপস্থিত৷৷

ভয়ঙ্কৰ দেহা যেন আঙ্গাৰৰ পুঞ্জ।

ৰঙ্গা দুই চক্ষুক পকাৱৈ যেন গুঞ্জ।।১০১।।

যেন পোৰা শিৰিষ ভয়ঙ্কৰ বাহু।

খেদি আসি আছে যেন তিনি গোটা ৰাহু।।

এক হাতে ডাঙ্গ আউৰ হাতে পাশ জৰী।

শৰীৰৰ ৰোম আছে স্বভাৱে শিহৰি।।১০২।।

বিকট পিঙ্গট দেহা কুৰূপ সৰ্ব্বাঙ্গ।

ভেঙ্গুৰা ভেঙ্গুৰী ভৰি থুলন্তৰ জাঙ্গ।

প্রচণ্ড বতাস যেন নাকৰ উশাস।

ওলমিল পেট যেন বৰ মৌৰ বাস।।১০৩৷৷

বক্ৰাকাৰ মুখ আতি বিকৃত কুৰূপ।

নাক দন্ত সাক্ষাততে দেখি অন্ধকুপ।।

উচ্চল দশনে আছে অধৰ কামুৰি।

দেখিয়া দ্বিজৰ যেন ধাতু গৈল উৰি।।১০৪৷৷

মোক নিবে আইল ইটো তিনি যমদূত।

পাইলে অন্তকালে ভয় ভৈল অদভুত।।

কাম্পৈ তনু দ্বিজে তেজিলেক মলমূত্র।

হা কৈক গৈলা মোৰ নাৰায়ণ পুত্র।।১০৫৷৷

এতেকে বোলন্ত দূতে ধৰিয়া বিপ্রক।

হৃদয়ৰ পৰা আনে আজুৰি জীৱক।।

মহাপীড়া পায়া বিপ্র ভৈলা অচেতন।

দিল আৰ্ত্তৰাৱে ৰিঙ্গ আইস নাৰায়ণ।।১০৬।।

জীৱ বাজ কৰি তৰাই যাতনা দেহত।

দিলে পিঠি ফড়া বান্ধ কৰি পাছ হাত।।

লগাই দোল গলত চামৰ জৰী আনি।

নৰকত পেহ্লাইবে আজুৰি নেই টানি।।১০৭৷৷

সেহি বেলা চাৰি বিষ্ণুদূত ভ্রমে সুখে।

কৃষ্ণৰ কীৰ্ত্তন শুনৈ মৰন্তাৰ মুখে।।

তাক পীড়া কৰৈ কোন অধম পামৰে।

এহি বুলি খেদি গৈলা চাৰি সিদ্ধবৰে।।১০৮।।

মৰন্তে লৈলেক নাম তাকো কৰৈ দণ্ড।

ৰহ ৰহ চক্রে কাটি কৰো খণ্ড খণ্ড।।

আহ্মাৰ প্ৰভুৰ নাম লৈলে হুয়া ত্রাস।

নাহি ভয় বুলি সৱে তেজিলা আটাস।।১০৯।।

ভকতক পীড়ৈ পাইলে পৰম আপদে।

পৱন সঞ্চাৰে পাইলে চাৰি পাৰিষদে।।

ছাড় ছাড় বিপ্ৰক পাৰন্তে আসৈ গেড়ি।

কোবাবে লাগিলা দূত সমস্তক বেঢ়ি।।১১০৷৷

চাপৰ চুলাৰি ঘৰাকাতিৰ প্ৰহাৰ।

চৱৰতে দুই গাল ভৈলা ভিণ্ডাকাৰ।।

কেহো কিল ভুকুতি লাঠিৰ দিলা চোট।

গদাৰ কোবত পিঠি ভৈলা গোটাগোট।।১১১।।

অনেক কাতৰ কৰৈ দুতে গেড়ি পাৰি।

কৌতুকে হাসন্ত তাক দেখি সিদ্ধাচাৰি।।

নমাৰি এৰিলা প্রাণে ভয় দেখাই বৰ।

হাতৰ এৰাই তিনি দুতে দিলা লড়।।১১২।।

মৰণৰ ত্রাসে তিনি যমৰ কিঙ্কৰ।

দ্বিজক এডিয়া ভৈলা তেখনে অন্তৰ।।

পলাই গৈলা কতো দূৰ পাছক চাহন্তে।

মাটিত পৰিয়া পাছে থাকিলা কেঙ্কান্তে।।১১৩৷৷

কাঢ়ে খৰ উশাস ত্ৰাসতে নিশবদে।

পাছে কৃপাময় সিটো চাৰি পাৰিষদে।।

দেখায়া দ্বিজক মহা ৰূপ মনোহৰ।

চক্রে কাটিলন্ত বান্ধ হাতৰ পাৱৰ।।১১৪।।

যমৰ দূৰ হাত এৰাই অজামিল।

পুনৰপি সেহি শৰীৰতে প্ৰৱেশিল।।

দেখি আতি আশ্চর্য্য বিস্ময় হৈয়া আছে।।

যমৰ দূতৰ কথা শুনিয়োক পাচে।।১১৫।।

পায়া পীড়া দূত গৈলা দূৰক অন্তৰি।

মহাত্রাসে কম্পয় দূতৰ হাত ভৰি।।

কতো বেলি সুস্থ হৈয়া ভয়ে নমাই মাথ।

কোন তুমি সৱ বুলি পুছে যুৰি হাত।।১১৬।।

তুমি সৱ কোন কৈৰ পৰা আছা আসি।

তোহ্মাৰ ঈশ্বৰ কোন কহিয়ো প্রকাশি৷৷

কেনে ভঙ্গ কৰা ধৰ্ম্ম ৰাজাৰ আজ্ঞাক।

কোন অপৰাধে ক্ৰোধ কৰাহা আহ্মাক।।১১৭।।

দেৱ বিদ্যাধৰ হেন বুলিতে নপাৰি।

সিদ্ধতো উত্তম দেথো তুমি সৱ চাৰি৷৷

নজানিসে পুছো কোপ ক্ষেমিয়ো আপুনি।

হেন ৰূপৱন্ত নতো দেখি নতো শুনি।।১১৮।।

সৱে শ্যাম তনু তাতে শোভে পীতবাস।

নৱীন মেঘত যেন বিজুলী প্রকাশ।।

উজ্জ্বল বদন যেন চন্দ্ৰৰ মণ্ডল।

শিৰত কিৰীটি কর্ণে মকৰ কুণ্ডল।।১১৯৷৷

পদ্ম পত্র সম সৱে আয়ত লোচন।

অমৃত অধিক শ্রৱে মধুৰ বচন।।

ললাতত অলকা তিলকে কৰে কান্তি।

সুন্দৰ দশন শোভে মুকুতাৰ পান্তি।।১২০।।

উন্নত নাসিকা যেন জ্বলে তিল ফুল।

বন্দুলিতোধিক কান্তি অধৰ ৰাতুল।।

সৱে নৱ বয়স সৰ্ব্বাঙ্গ সুকুমাৰ।

বহল হৃদয়ে শোভে হাড় মুকুতাৰ।।১২১।।

জ্বলে জিলিমিলি যেন অগনিৰ জ্বালা।

আপাদলম্বিত গলে জ্বলে বনমালা।।

চৰণ পদ্মত জ্বলে ৰত্নৰ নূপুৰ।

চাৰি চতুর্ভুজ জ্বলে কঙ্কণ কেয়ূৰ।।১২২।।

শৰীৰৰ কান্তি আতি শোভে দিশপাশ।

কতবা সূৰ্য্যৰ যেন জ্যোতিৰ প্ৰকাশ।।

জানিলোহো তুমি সৱ পুৰুষ মহন্ত।

আমি তোহ্মাসাৰ ৰূপ বর্ণাই নপাঞো অন্ত।।১২৩৷৷

জানা ধৰ্ম্মৰাজাৰ কিঙ্কৰ আমি আতি।

তাহান আদেশে অধৰ্ম্মীক কৰো শাস্তি।।

পৰম পাতকী ইটো বিপ্র মন্দভাগী।

বান্ধি নেঞো নৰকত পেহ্লাইবাক লাগি।।১২৪৷৷

কি কাৰণে বান্ধ কাটি ৰাখিলা ইহাক।

কৰিলাহা কোপ হেন কিসক আহ্মাক।।

একো নাজালিলা তুমি সৱে বুজায়োক।

ৰাজাৰ আগত গৈয়া কহিবাৰ হৌক।।১২৫৷৷

এতেক বুলিয়া যমদূত নিশবদ।

অন্যোঅন্যে আলোচন্ত চাৰি পাৰিষদ।।

কোনবা অধৰ্ম্মী মহাধৰ্ম্মী কোনজন।

একো নজানই পাপ পুণ্যৰ লক্ষণ।।১২৬৷৷

জানিলোহো ইটো তিনি চৌৰ ভয়ঙ্কৰ।

ভয়তে বোলাৱে ধৰ্ম্মৰাজাৰ কিঙ্কৰ৷৷

ভকতক ধৰৈ কিনো পৰম অজ্ঞান।

দিলা এহি বুলি চাৰি সিদ্ধে সমিধান।।১২৭৷৷

শুন অৰে যমদূত আহ্মাৰ উত্তৰ।

যদি সত্যে হোস ধৰ্ম্ম ৰাজাৰ কিঙ্কৰ।।

কোন পার্থ ধৰ্ম্ম শাস্ত্ৰত বিহিত।

কোন মহাধৰ্ম্ম কহিয়োক যথোচিত।।১২৮।।

মনুষ্য লোকত তোৰ কাত অধিকাৰ।

কিবা কৰ্ম্মীমানে সৱে পৰয়া তোহ্মাৰ।।

কোনবা পাপীক নেস যমৰ পুৰীক।

কেনবা প্রকাৰে দণ্ড কৰা পাতকীক।।১২৯।।

জানা যেৱে যমদূত দিয়োক সিদ্ধান্ত।

এহি বুলি মৌন ভৈলা চাৰিও মহন্ত।।

হেন শুনি মনে গুণি যমৰ কিঙ্কৰ৷

যেন জানে দিবে লৈলা তাহাৰ উত্তৰ।।১৩০৷৷

শুনা সভাসদ মহাভাগৱত কথা।

ইহেন মনুষ্য জন্ম নকৰিবা বৃথা।।

কেতিক্ষণে ধৰৈ কালে তাৰো নাহি থিত।

আৰকি মনুষ্য হৈবা ভাৰত ভূমিত।।১৩১৷৷

দেৱৰ বাঞ্চনী ভাৰতত নৰ কায়া।

পুণ্য বলে পাইলা ঈশ্বৰৰো ভৈল দায়া।।

আক ব্যর্থ কৰা কেনে বিষয়ৰ ভোলে।

বেচা চিন্তামণি জন্ম ছাৰ কাঞ্চ মোলে।।১৩২৷৷

চোৰাতক লৱে এৰি মলয়া চন্দন।

আন দেৱ সেৱৈ এৰি দৈৱকী নন্দন।।

স্মৰণ মাত্রকে যাক তড়য় সংসাৰ।

হেনয় সুহৃদ দেৱ কৈত পাইবা আৰ।।১৩৩৷৷

পৰম ঈশ্বৰ কৃষ্ণ বান্ধৱ সাক্ষাত।

প্রত্যেকে আছন্ত ৰহি সৱাৰো হিয়াত।।

এক চিত্তে চিন্তা তান চৰণ কমল।

লৈয়ো ৰাম নাম মহা মৰণ সম্বল।।১৩৪।।

ঘোৰ পৰলোকে আৰ নাহিকে সহায়।

পৰম সুহৃদ একে নামত বিনায়।।

জানিয়া যতনে তড়িবাৰ কৰা কাম।

পাতক ছাড়োক ডাকি বোলা ৰাম ৰাম।।১৩৫৷৷

........

।।যমদূতৰ সমিধান।।

।।দুলড়ী৷৷

অনন্তৰে তিনি     যমদূতে বোলে

শুনিয়ো সৱে মহন্ত।

আমি মহা মূঢ়     তোহ্মাসাৰ আগে

কহিবো কিবা সিদ্ধান্ত।।

তথাপি বচন      পালি যেন জানো

কহো শুনা বিদ্যমান।

জানা জগতৰ      যত মহাপুণ্য

সৱাৰো বেদে প্রমাণ।।১৩৬।।

বেদে বিহৈ যাক    বুলি ধৰ্ম্ম তাক

যজ্ঞ যাগ তপ জপ।

বেদৰ নিষিদ্ধ      যত কৰ্ম্ম মানে

জানা সেহি মহাপাপ।।

বেদৰ বিহিত      সততে আচৰৈ

সেহিজন পুণ্যৱন্ত।

বেদৰ নিষিদ্ধ      কৰৈ যিটো নৰে

সেহিটো পাপী অত্যন্ত।।১৩৭।।

চৰিও জাতিৰ     যেন ধৰ্ম্ম তাৰ

বেদে দিয়া আছে সীমা।

যিহেতু বেদেসে     প্রমাণ ধৰ্ম্মৰ

বেদৰ শুনা মহিমা।।

যিটো নাৰায়ণ     পৰম ঈশ্বৰ

পুৰুষ মহামহন্ত।

ব্ৰহ্মাদিকো যিটো    স্ৰজন্ত পালন্ত

প্রলয়ত সংহৰন্ত।।১৩৮৷৷

তাহান প্রথম      নিশ্বাসতে আসি

আপুনি ওপজৈ বেদ।

এতেকে পৰম      প্রমাণ বেদেসে

দিয়া আছে পৰিচ্ছেদ।।

বেদে বিহৈ যাক    জানিবা সকলে

কৃষ্ণসেৰে আজ্ঞা বাণী।

তাক ভঙ্গ কৰৈ    যিটো মহাপাপী

তাকে কৰো দণ্ড আনি।।১৩৯৷৷

হেনবা বুলিবা          ইটো বিপ্রে পাপ

কৰিলে কিমতে দেখা।

আছে চৈধ্য জন    সাক্ষী মনুষ্যৰ

শুনা দেঞো তাৰ লেখা।।

দিশ শসী সূৰ্য্য     আকাশ অগনি

স্বর্গ মর্ত্ত দিন ৰাতি।

কাল জল বায়ু     ধৰ্ম্ম মহী এহি

চৈধ্য সাখী দেখৈ আতি।।১৪০৷৷

মহা গোপ্য পাপ    কৰি বোলে মোক

নেদেখিলে একোজনে।

আপুন থানত      থাকি ধৰ্ম্ম ৰাজা

সমস্ত দেখন্ত মনে।।

আহ্মাক পাঞ্চন্ত     পাপ অনুসাৰে

কৰো দণ্ড ধৰি আনি।

অনুক্রমে সৱে     ভুঞ্জান্ত যাতনা

আছে কর্মী যত প্রাণী।।১৪১৷৷

পুণ্য আচৰন্তে      পাতক ওপজৈ

যিহেতু নাহিকে জ্ঞান।

নিচিনি আত্মাক    সদায়ে জীৱৰ

দেহত কৰে সন্ধান।।

আপোনাৰ কৰ্ম্মে    আপোনাক বান্ধে

নাজানৈ মোক্ষ উপায়।।

কোটি কোটি জন্ম   সংসাৰত ভ্রমৈ

যাতনা ভুঞ্জি সদায়।।১৪২৷৷

প্ৰকৃতিৰ সঙ্গে      সকলো জীৱৰ

ভৈল বিপৰ্য্যয় বুদ্ধি।

কৰৈ যজ্ঞ জপ     তপ তীর্থ ব্রত

তথাপি নাহিকে শুদ্ধি।।

ঈশ্বৰৰ সঙ্গ       লৈলে ক্ষণেকতে

সকলে পাতক বঞ্চৈ।

পৰম যাতনা      নিকাৰক তড়ৈ

অক্ষয় পুণ্যক সাঞ্চৈ।।১৪৩।।

দেৱৰ দেৱতা     পৰম ঈশ্বৰ

ভকতিত নাহি দুঃখ।

কিনো অন্ধ লোক   যাতনাত মৰৈ

কৃষ্ণত হুয়া বিমুখ।।

এতেকে পাপীক     দণ্ড কৰিবাক

পাঞ্চন্ত যমে আহ্মাক।

ইটো অজামিল     যিটো মহা পাপ

কৰি আছে শুনা তাক।।১৪৪৷৷

...........

 

৷৷ ছবি।।

ইটো দ্বিজ অজামিল      মহাপুণ্য কৰ্ম্মশীল

আছিলে পূৰ্ব্বত ধৰ্ম্মমতি।

সমস্তে প্রাণীৰ হিত       গুৰু অগ্নি অতিথিত

কৰিলেক অনেক ভকতি।।

সৰ্ব্বগুণে অলঙ্কৃত        পৰম কৰুণা চিত

বৃদ্ধ পিতৃ মাতৃত ভকত

নিত্য পাঠ নাহি আৰ     নেৰিলেক সদাচাৰ

বেদ শাস্ত্র সৱাতে পাৰ্গত।।১৪৫।

দিনেক দ্বিজক আনি      পিতৃ বুলিলেক বাণী

অজামিল অৰণ্যক চল।

পূজিবো দেৱতা হৰি      আনিও যতন কৰি

যজ্ঞ কাষ্ঠ পুষ্প পত্ৰ ফল।।

পিতৃ বাক্য শিৰে লৈয়া    অৰণ্যক চলি গৈয়া

পাইলা সৱে পূজাৰ সম্ভাৰ।

উলটি আসন্তে পাচে      দেখন্ত পথতে আছে

মনোহৰ মন্দিৰ বেশ্যাৰ।।১৪৬৷৷

চাইলা পাছে চক্ষু মেলি    পুৰুষে কৰয় কেলি

বেশ্যা সমন্বিতে মহাৰঙ্গে।

মদ্যপানে হুয়া মত্ত       শৃঙ্গাৰৰ ভাৱ যত

দৰশে সুন্দৰী ভ্ৰূৱ ভঙ্গে।।

শিথিল কৰিলা বস্ত্র       প্রহাৰে কটাক্ষে অস্ত্র

হাসি সুললিত গাৱৈ গীত।

ৰমণী এৰিয়া ব্রীড়া      কৰৈ কতো কাম ক্রীড়া

সিটো পুৰুষৰ ৰঞ্জি চিত্ত।।১৪৭।।

ভোল হুয়া কাম সুখে     সিটো কামিনীৰ মুখে

দেই ধৰি পুৰুষে চুম্বন।

কুঙ্কুমে লিপিত দুই       বাহু মেলি মোহ হুই

ঘনে ঘনে দেই আলিঙ্গন।।

দেখি দ্বিজ সচকিত       কাম বাণে জর্জ্জৰিত

তেখনে মিলিল ভিন্ন ভাৱ।

পাসৰিল নিজ কৃত্য      ৰমণী মুহিল চিত্ত

মদনে কম্পিত সৰ্ব্ব গাৱ।।১৪৮৷৷

কৰিলে অনেক যত্ন       উচ্চাৰিয়া বেদ মন্ত্র

তথাপিতো থিৰ নুহি মন।

ধৰিলা মদন গ্রাহে       কামানলে হৃদি দহে

ভৈলা সিটো বিপ্র অচেতন।।

ধৈৰ্য্য ধৰি ধৰৈ ধ্যান     তথাপি নেদেখৈ আন

বেশ্যা বিনে ইটো অজামিল।

নিজ ধৰ্ম্ম এৰি পাচে      পিতৃ বিত্ত যত আছে

সৱে দিয়া বেশ্যাক ভজিল।।১৪৯৷৷

তাইৰ যেন অভিলাষ     তাকে দিয়া পূৰে আশ

দিনে দিনে বাঢ়ে অনুৰাগ।

বৃদ্ধ পিতৃ মাতৃ আতি     নিজ ভাৰ্য্যা সমন্বিতি

সৱাকো কৰিলে পৰিত্যাগ।।

বেশ্যাত মজিল মন      চুৰি কৰি আনি ধন

সৱে দিয়া বেশ্যাক পুষিল।

কাক নেদিলেক তাপ      নকৰিলে কোন পাপ

দেৱ দ্বিজ সৱাকো বঞ্চিল।।১৫০।।

জাতি কুল কৰি ছন্ন      বেশ্যাৰ ভুঞ্জিলে অন্ন

অপৱিত্র যেন মূত্র মল।

সিজে পাপ প্রতিনিত      নকৰিল প্রায়শ্চিত্ত

কৰো দণ্ড পাতকৰ ফল।।

আক ৰাখা কি কাৰণে    তুমি সৱ মহাজনে

হেন কাম কৰা অযুগুত।

বেদ পথ লোপ গৈলা     এহি বুলি মৌন ভৈলা

সিটো গোটা তিনি যমদূত।।১৫১৷৷

............

 

।।উপদেশ।।

।।দুলড়ী।।

শুনা সভাসদ      ভাগৱত পদ

নিশৱদ হুয়া আতি।

যাৰ কৰ্ণে কৃষ্ণ    কথা নুশুনয়

সিসি জন আত্মঘাতী।।

সেহিসে অসুৰ     সেহিসে ৰাক্ষস

নুশুনে কৃষ্ণৰ কথা।

কৃষ্ণত বিমুখ      পশুতো অধম

তাৰ জন্ম সৱে বৃথা।।১৫২।।

পদ্ম পত্র জল      জীৱন চঞ্চল

কৈত কেতিক্ষণে যায়।

ইটো দুঃখ শোক    ঘোৰ পৰলোক

নিচিন্তা তাৰ উপায়।।

কেতিক্ষণে পৰা     ধৰিলেক আসি

দুৰ্ঘোৰ অন্তক বাঘে।

যাৱে নতো মিলৈ   জানিয়া মৰণ

শৰণ লৈয়োক আগে।।১৫৩।।

কৃষ্ণে পিতা মাতা   উপদেশ দাতা

কৃষ্ণেসে সুহৃদ নিজ।

কৃষ্ণে তপ জপ     কৃষ্ণে যজ্ঞ যাগ

কৃষ্ণেসে মোক্ষৰ বীজ।।

কৃষ্ণত বিনায়     নাহিকে সহায়

কৃষ্ণেসে পৰম গতি।

জানিয়া সম্প্রতি    কৰি দৃঢ় মতি

কৃষ্ণত কৰা ভকতি।।১৫৪।।

যত দেখা শুনা    যত মনে গুণা

ইহাৰ সকলে ধান্ধা।

পৰম বান্ধৱ      মাধৱৰ নাম

প্রবন্ধে গলত বান্ধা।।

নামৰ স্মৰণ      সংসাৰ তড়ন

মৰণ সম্বল নাম।

ৰচিলা শঙ্কৰে      নিৰন্তৰে নৰে

ডাকি বোলা ৰাম ৰাম।।১৫৫।।

.....

             ।।নাম-মহিমা।

                   ।।পদ।।

 

নিগদতি শুক শুনা নৃপ নিশৱদে।

দূতৰ বচন শুনি চাৰি পাৰিষদে।।

ডাকিয়া বোলয় অৰে যমৰ কিঙ্কৰ।

জানো নজানস একো মহিমা নামৰ।।১৫৬।।

যতেক কহিলি মানে সৱে মায়াময়।

কোন পৰমার্থ ধৰ্ম্ম নজান নিশ্চয়।।

এহিমতে কৰ পাপী জগতকে নাশ।

ৰাজা ভাল ভৈলে তাৰ ভাল হৱে দাস।।১৫৭।।

কিছু নাজানস দণ্ডিবাক লাগে যাক।

পাইলেক অধর্মে ধৰ্ম্ম ৰাজাৰ সভাক।।

নিষ্পাপীক কৰে দণ্ড কিনো মহা কষ্ট।

জানিলোহো এৱেসে জগত ভৈল নষ্ট।১৫৮৷৷

সিসে মহা সাধু পুত্ৰৱতে পালে প্রজা।

কৰে সমুচিত শাস্তি সিসে ধৰ্ম্মৰাজা।।

অনা দোষে দণ্ড নুহি ৰাজাৰ লক্ষণ।

ভৈল নষ্ট লৈবে লোকে কাহাত শৰণ।।১৫৯।।

শ্রেষ্ঠ জনে কৰে যদি গৰিহিত কৰ্ম্ম।

দেখা দেখি অন্যোঅন্যে আকে বোলে ধৰ্ম্ম।

পাচক লাগিয়া সেই প্ৰৱৰ্ত্তিয়া যায়।

সেহিমত ভৈলা ধৰ্ম্ম ৰাজাৰ অন্যায়।।১৬০৷৷

মহাজ্ঞানী জানি কৃষ্ণে থৈলা ৰাজা পাতি।

কৰিবেক পাতকীক সমুচিত শাস্তি।।

সেহি যমে কৰে যেৱে ধৰ্ম্মত বিঘাত।

ভৈল নষ্ট লৈবে লোকে কাহাত সঞ্জাত।।১৬১।।

যেন সাধু দেখিয়া সৰ্ব্বস্ব থাপি থৈল।

কোলাত শিতান দিয়া সুখে নিদ্রা গৈল।।

তাক মাৰি তাহাৰ সৰ্ব্বস্ব লৈয়া যায়।

সেহিমতে ভৈলা ধৰ্ম্ম ৰাজাৰ অন্যায়।।১৬২।।

হেনবা বুলিবা ইটো বিপ্র ধৰ্ম্ম ভ্রষ্ট।

ইহাৰ দণ্ডত তোমাসাৰ কিয় কষ্ট।।

শুনা সাৱধান হৈয়া ইহাৰ উত্তৰ।

জানো নজানস একো মহিমা নামৰ।।১৬৩।।

তোৰা সৱে ধৰিলি বিপ্ৰৰ ধাতু নাই।

নাৰায়ণ নাম উচ্চৰিলে অনিচ্ছাই।।

এতেকে কৰিলে ইটো বিপ্রে যথোচিত।

কোটি জনমৰ পাতকৰ প্রায়শ্চিত্ত।।১৬৪।।

মোক্ষক পাইলেক হুয়া কৰ্ম্মত মুকুত।

ইহাত অদ্ভুত নেদেখিবা যমদূত।।

শুন যমদূত কথা ইটো কোন চিত্র।

কোটি জনমৰ ভৈল পাপৰ পৱিত্ৰ।।১৬৫৷৷

অনিচ্ছায়ে নাৰায়ণ নাম উচ্চৰিল।

মহা মুকুতিক পাইলে ইটো অজামিল।।

হৰি হেন নাম যিটো লৱে একবাৰ।

মোক্ষক যাইবাৰ সিটো ভৈল কাচপাৰ।।১৬৬।।

হেনবা বুলিবি নাম কৰ্ম্মৰেসে অঙ্গ।

উচ্চাৰিলে কৰ্ম্মকেসে কৰয় সসাঙ্গ।।

স্বতন্ত্রে সাধিবে গতি কিমতে লোকৰ।

ইটো শঙ্কা নকৰিবি যমৰ কিঙ্কৰ।।১৬৭।।

দ্রব্য সমে কৰে যেন জলক ভোজন।

স্নান পানে কেৱলে সাধয় প্রয়োজন।।

সেহিমতে হৰে পাপ নামে কর্মে সাঙ্গে।

কেৱলে স্মৰন্তে পলাই পাতক বিভঙ্গে।।১৬৮।।

নাহি চিন্তা অনিচ্ছাতো যদি বোলৈ হৰি।।

তথাপি পলাই পাপ কম্পি তৰতৰি।।

যেন ক্ষুদ্র মৃগে নাদ শুনিয়া সিংহৰ।।

জীৱ ৰাখি হৈব তৈৰ তেখনে অন্তৰ।।১৬৯৷৷

নাৰায়ণ আস বুলিলেক ইটো পাপী।

ভৈলে প্রায়শ্চিত্ত সৱে পাপৰ তথাপি।।

অৰ্দ্ধনামে কৰ মহা প্রলয় পাপৰ।

ইটো দ্বিজে উচ্চাৰিলে চাৰিও অক্ষৰ।।১৭০।।

হেন জানা আৰু আত পাপ আছে ৰহি।

নপাঞো অন্ত নামৰ মহিমা আমি কহি।।

যত যজ্ঞ জপ তপ তীর্থ ব্ৰত দান।

লক্ষ কোটি গুণো নোহে নামৰ সমান।।১৭১৷৷

হেনবা বুলিবা দ্বিজ দুষ্ট দুৰাশয়।

দিনে কৰি আছে মহা মহা পাপচয়।।

লক্ষ কোটি প্রায়শ্চিত্তে নাহিকে নিস্তাৰ।

এক নাম মাত্রে কেনে নিষ্কৃতি ইহাৰ।।১৭২৷৷

দেঞো আৰ উত্তৰ শুনিবি তিনি দূত।

হৰি নাম মহিমা কহন্তে অদভুত।।

ব্রহ্মবধ সুৰাপান অগম্যাগমন।

মহাপাপ ব্রাহ্মণৰ সুৱৰ্ণ হৰণ।।১৭৩৷৷

মিত্র দ্রোহ কৰে মঠ মণ্ডপ দগধ।

পিতৃ মাতৃ স্ত্রী নৃপতিৰ লৱৈ বধ৷৷

আছৈ আনো আনো যত মহা পাপগণ।

সৱাৰো নিষ্কৃতি হৰি নামৰ কীৰ্ত্তন।।১৭৪।।

হৰি হৰি বুলি যিটো উচ্চৰৈ সম্প্রতি।

তাকে লাগি যাই সৱে মাধৱৰ মতি।।

ইটো মোৰ ভৈল বুলি কৰে গদা ধৰি।

পাপক খেদায়া ৰক্ষা কৰি ফুৰে হৰি।।১৭৫৷৷

নাম লৈলে মাধৱে নেড়ন্ত তাৰ কাছ।

যেন ধেনু স্নেহত বৎসৰ নেৰে পাছ।

নাম ধৰ্ম্ম হেনসে হৰিক কৰৈ বশ্য।

নামৰ মহিমা ইটো বেদৰো ৰহস্য।।১৭৬।।

ঋষি সৱে বিহি আছে প্রায়শ্চিত্ত যত।

যাগ যোগ যজ্ঞ জপ তপ তীর্থ ব্রত।।

কৰিবে নপাৰে সৱে সিমত মুক্তিক।।

হৰি নামে কৰৈ যেন পৱিত্ৰ বুদ্ধিক।।১৭৭।।

যদি শত কোটি বাৰ কৰৈ প্রায়শ্চিত্ত।

তথাপিতো পাপৰ পথত পৰৈ চিত্ত৷৷

মনৰ মলক কৰ্ম্মে গুচাইবে নপাৰৈ।

হৰিৰ নামেসে পাপ সমূলে উভাৰৈ।।১৭৮।।

আন ধৰ্ম্ম কৰ্ম্ম মানে কৰৈ মন ৰুদ্ধ।

হৱে হৰিগুণ সংকীৰ্ত্তনে চিত্ত শুদ্ধ।।

এতেকে মহন্ত জনে এৰি কৰ্ম্ম আন।

ফুৰে গলে বান্ধি বন্ধু মাধৱৰ নাম।।১৭৯।।

নামে একলেসে কৰৈ পাপক উচ্ছন্ন।

লৈলেক সমগ্রে নাম দ্বিজৰ নন্দন।।

কোটি জনমৰো পাপ সৱে ভৈলা নষ্ট।

ইহাকো ধৰস আসি ইসে ভৈল কষ্ট।।১৮০।।

মৰন্তে লৈলেক নাম ইটো অজামিল।

পুনৰপি আৰ এক পাপ নুপজিল।।

চিত্ত আতি নিৰ্ম্মল পৱিত্ৰ ভৈল কায়।

আউৰ ইটো বিপ্রত যমৰ আছে দায়।।১৮১৷৷

তপ জপ তীর্থ ব্ৰত বিধিৰ কিঙ্কৰ।

নামৰ কীৰ্ত্তন ইটো বিধিৰ ঈশ্বৰ।।

নাহি কাল নিয়ম নামত একো বিধি।

যেই সেই মতে লৈলে নামে কৰৈ শুদ্ধি।।১৮২৷৷

হেনবা বুলিবি হৰি নাম নুচ্চৰিলে।

পুত্রকেসে ডাক দিলে ইটো অজামিলে।।

কিমত পাপত ভৈল শুদ্ধি অধমৰ।

শুন যমদূত তঞি ইহাৰ উত্তৰ।।১৮৩৷৷

পুত্র নাম ধৰি যদি উপহাস্য কৰি।

উচ্চৰৈ হেলাত যিটো কৃষ্ণ ৰাম হৰি।।

তথাপি সমস্তে তাৰ পাপ হৱে ক্ষয়।

নকৰিবি দূত পুনু ইহাত সংশয়।।১৮৪৷৷

বুলিবি নাহিকে ইটো ব্রাহ্মণৰ চিত্ত।

লঞো হৰিনাম মোৰ হৌক প্রায়শ্চিত্ত।।

তথাপি কিমতে ভৈল ইটো দ্বিজ শুদ্ধ।

ইহাৰ উত্তৰ শুন কিঙ্কৰ অবোধ।।১৮৫৷৷

পৰে বা পিছলে জ্বড় তাপ পীড়া কৰৈ।

সর্পে বা দংশন্তে মাধৱৰ নাম ধৰৈ৷৷

অনিচ্ছায়ে বোলে হৰি নাহিকে চেতনা।

আউৰ তাৰ আছে জানা যমৰ যাতনা।।১৮৬।।

বুলিবি ব্রাহ্মণ ইটো পাপ মন্দ বুদ্ধি।

অল্প নাম মাত্রে কেনমতে ভৈল শুদ্ধি।।

আন প্রায়শ্চিত্তৰেসে ইমত অৱস্থা।

শুন অৰে হৰিৰ নামৰ যেন কথা।।১৮৭।।

উচ্চৰিলে যিটো হৰি নাম একবাৰ।

এৰিয়া সমস্তে পাপ পাতক তাহাৰ।।

সিংহৰ ত্ৰাসত যেন হৰিণাৰ যুথে।

দুৰতে বিদূৰ যাই নথাকয় সুস্থে।।১৮৮।।

যি পাপৰ বিহি আছে যেন প্রায়শ্চিত্ত।

সেহি পাপ হৰে তপে জপে কদাচিত।।

হৰিৰ নামত নাই সি সৱ নিয়ম।

সমস্তে পাপৰ নামে কালান্তক যম।।১৮৯৷৷

শৰীৰক মাত্র প্রায়শ্চিত্তে শুদ্ধি কৰৈ।

নামৰ কীৰ্ত্তনে পাপ সমূলি উভাৰৈ।।

নাথাকে পাপৰ বীজ শুদ্ধ হৱৈ চিত্ত।

পুনৰপি পাতক নুপজৈ কদাচিত।।১৯০৷৷

বুজিবি নামৰ ইটো হেনসে আশয়।

পূৰ্ব্বে পূৰ্ব্বে কৰি আছে যত পাপচয়।।

সি সৱ পাতক একে তিলে হৱে নাশ।

বাৰেক কৰিলে মাত্র নামক প্রকাশ।।১৯১।।

শুনিয়োক যমদূত আহ্মাৰ বচন।

যেন মতে হৰিনাম দুর্গতি নাশন।।

যেন চিৰকাল আছে ঘোৰ অন্ধকাৰ।

নাশ হৱে প্রদীপ জ্বালিলে অন্ধকাৰ।।১৯২৷৷

প্রদীপ নুমাইলে যেন দুনাই আসি বেঢ়ৈ।।

এতেকে মহন্ত সৱে ৰাম নাম নেড়ৈ।।

নলঙ্ঘে পাতেকে দুনাই নামৰ প্ৰভাৱে।

নাশৈ অন্ধকাৰ যেন দীপ থাকৈ যাৱে।।১৯৩৷৷

তেৱেসে বাসনা গুচৈ চিত্ত হৱৈ শুদ্ধি।

সিহেতু সদায়ে স্মৰৈ যাত আছে বুদ্ধি।।

নাম উচ্চৰন্তে নাহি মুখত আয়াস।

সমস্তে পাতক হৱৈ তেখনে বিনাশ।।১৯৪৷৷

শুনন্তে কর্ণত যেন অমৃত বৰিষে।

জানি সাধু সৱে নাম স্মৰৈ অহর্নিশে।।

সামান্য লোকৰ ইটো কহিলো ব্যৱস্থা।

শুন আৱে পতিত দ্বিজৰ যেন কথা।।১৯৫।।

পূৰ্ব্বে পূৰ্ব্বে যত পাপ আছিল আচৰি।

সৱাকো এৰাইলে নাৰায়ণ নাম স্মৰি।।

মৰন্তে লৈলেক নাম ইটো অজামিল।

ইহাৰ পাতক পুনৰপি নুপজিল।।১৯৬।

আহ্মাৰ মুখত শুনি বিষ্ণু ধৰ্ম্ম নিজ।

ভৈল মন নিৰ্ম্মল গুচিল পাপ বীজ।।

সিহেতু পৰম গতি পাইলে ইজন্মতে।

ইটো অজামিলক ধৰস কেন মতে।।১৯৭৷৷

বুলিবি অজ্ঞানে লৈলে নাম মাধৱৰ।

নুহিবেক শুদ্ধ শুন ইহাৰ উত্তৰ।।

জানি বা নাজানি কৰৈ নামৰ কীৰ্ত্তন।

তথাপি পাপক দহি নামে কৰে ছন্ন।।১৯৮৷৷

অজ্ঞান বালকে যেন পেহ্লাইলেক জুই।

সেহি বহ্নি দহি তৃণ কাষ্ঠ ভস্ম হুই।।

নজানৈ নামৰ গুণ নলৱৈ শ্রদ্ধায়।

কিমতে বিপ্ৰৰ ইটো পাপ নাশ যায়।।১৯৯।।

হেন শঙ্কা মনত নানিবি যমদূত।

শুন কহো নামৰ মহিমা অদভুত।।

গুণকো নজানৈ ৰোগী যাৰ ইচ্ছা নাই।

যেই সেই মতে পিয়ৈ মহৌষধি পাই।।২০০৷৷

তথাপি গৰ্ভৰ ব্যাধি হৰৈ সমস্তয়।

তেহ্নয় মহিমা জানা নামৰ নিশ্চয়।।

নজানৈ নামৰ গুণ শ্রদ্ধা নাহি যাত।

হৰি হেন নাম উচ্চৰিলে অকস্মাত।।২০১৷৷

তথাপিতো নামে দহে পাপ নিৰন্তৰ।

শুনিবি নামৰো আউৰ যেন পটন্তৰ।।

কেহো জনে নজানি বিষক কৰে পান।

হেন কি জানস বিষে নলৈবেক প্রাণ।।২০২৷৷

অমৃতক পিলেক নজানি যিটো নৰ।

সি কি নুহিবেক জান অজৰ অমৰ।।

হৰিক সুমৰে দুষ্ট চিত্ত যিটো জনে।

তাহাৰ হৰন্ত মহা পাপ নাৰায়ণে।।২০৩।।

নাজানিয়া অগনিত যিটো দেই হাত।

তাক দহিবেক বহ্নি কহিলো সাক্ষাত।।

সমস্ত পাপক কৰৈ নামেসে নির্ম্মূল।

অগনিৰ আগে যেন শিমলুৰ তুল।।২০৪।।

অচিন্ত্য মহিমা নাম ধৰ্ম্ম বিপৰীত।

আৰ শঙ্কা কৰস নামত যমদূত।।

কোটি কোটি জন্মে যত পাতেক সঞ্চিল।

নাৰায়ণ বুলি বিপ্রে সৱাকো বঞ্চিল।।২০৫।

হেন ভকতক বান্ধ সাস এতমান।।

গদাই কোৱাই কিয় নলৈবোহো প্রাণ।।

এখনো আছস ৰহি বিপ্ৰৰ কাষত।

ধৰি নিবে লাগি চাস আহ্মাৰ পাচত।।২০৬।।

বৈষ্ণৱক জোঙ্কা আসি এতমান গহ।

দেঞো শিক্ষা আজি খানিতেক ৰহ ৰহ।।

হাত নাক কাণ কাটি কৰো সৰ্ব্বনাশ।।

পুনৰপি যেন ভকতক নোজোঙ্কাস।।২০৭।

ঠুঠা হৈয়া যাস যম নৃপতিৰ কাষ।

যেন আনখনো আন ৰাণ্ডি নখাই মাছ।।

এহি বুলি গদা ডকাই যান্ত ক্রোধে বৰ।

দেখি তিনি দূতে ভিৰি দিলেক লড়।।২০৮৷৷

মহাভয়ে দূতৰ শৰীৰ সৱে কাম্পে।

মৰো জীঞো কৰি পলাইলা কাম্পে জাম্পে।।

পাছক নচাই লড় দিলা বহু দূৰ।।

হাৰাহান্থি হৈয়া পাচে পাইলা যমপুৰ।।২০৯।।

বিৱর্ণ বদন আতি তিনিও দূত।

যমৰ আগত পৰি দিলেক গোচৰ।।

শুনা সভাসদ পদ মহাভাগৱত।

পাইলা নৰদেহা মহা ভাগ্যে ভাৰতত।।২১০।।

দেৱৰ দুৰ্ল্লভ আক নেদেখিবা অল্প।

মনুষ্য হৈবাক নপাই কোটি কোটি কল্প।।

কহিলন্ত উদ্ধৱত আপুনি ঈশ্বৰ।

পৰম দুর্ল্লভ যিটো নৰ কলেৱৰ।।২১১।।

সংসাৰ সাগৰ নৌকা সুদৃঢ় সুসাৰ।

ভকত গুৰুক আৰ কৰিবা কাণ্ডাৰ।।

হঞো অনুকূল বায়ু মোক সুমৰন্তে।

বৈকুণ্ঠ চপাঞো নিয়া সংসাৰৰ হন্তে।।২১২।।

তথাপি নাতৰে ঘোৰ যাতনাক আতি।

মোহোৰ সন্মতে সি সি জন আত্মঘাতী।।

কৃষ্ণৰ বচন ইটো পাষাণৰ ৰেখা।

ঘোৰ মৰণক ইটো দেখিও নেদেখা।।২১৩।।

শাস্ত্ৰতো নুশুনা কিয় যাতনাৰ দুঃখ।

সত্বৰে হৈয়োক বন্ধু কৃষ্ণত সন্মুখ।।

ধন জন জীৱন তিলেকে হৈব নাশ।

আউৰ ইটো চাৰ জীৱনত কৰা আশ।।২১৪।।

হৈয়ো সচেতন তেজিয়োক আন কাম।

পাতক ছাড়োক ডাকি বোলা ৰাম ৰাম।।২১৫।।

........

 ৷৷ অজামিলৰ পৰম গতি প্রাপ্তি।

।।ছবি।।

শুক নিগদতি ৰাজা                           যমৰ দূতৰ যেন

মিলিল সম্বাদ তাক থঞো।

সিটো দ্বিজ অজামিল      পাইলে পাচে যেন গতি

সম্প্রতি তোহ্মাক তাকে কঞো।।

দূত যেৱে পলাই গৈলা    বান্ধৰো মুকুত ভৈলা

দেখিলে দুঃখৰ পাইলা পাৰ।

বাঢ়ি গৈল অনুৰাগ       চাৰি সিদ্ধ পাৱে পৰি

কৰিলেক শিৰে নমস্কাৰ।।২১৬।।

সৱে চাৰু চতুর্ভুজ       যেন চাৰি গোটা সূৰ্য্য

প্রকাশন্ত আতি জাতিষ্কাৰ।

দেখি দ্বিজ আনন্দিত      তনু ভৈলা ৰোমাঞ্চিত

নেত্ৰৰ ললাতক পৰৈ ধাৰ।।

মোৰ নিজ উপকাৰী      কোননো বান্ধৱ চাৰি

সাক্ষাতে দিলন্ত প্রাণদান।

সুধিবে খোজন্ত কথা      তেখনে ভৈলন্ত তথা

চাৰি পাৰিষদ অন্তৰ্দ্ধান।।২১৭৷৷

তাসম্বক নেদেখিয়া        দ্বিজৰ দহয়ে হিয়া

শৰীৰতো গৈল মৰ্ম্ম চড়ি।

মোক নৰকত তাড়ি      কৈ গৈলা বান্ধৱ চাৰি

এহি বুলি কান্দৈ গেৰি পাৰি।।

অমৃত বৰিষে বাণী      দেখাই দিব্য ৰূপ আদি

আহ্মাক বঞ্চিলে কোন বিধি।

শুধিবে নপাইলো ভালে    এতেকতে সেহি তালে

হাততে হৰাইল নৱনিধি।।২১৮৷৷

মোৰ মহা উপকাৰী      হা বন্ধু সিদ্ধ চাৰি

কৈক গৈলা এৰি পাতকীক।

তুমি সৱ অৱিহনে       ধৰো প্রাণ কি কাৰণে

মোৰ জীৱনতো ধিক ধিক।।

এহি মতে অনুক্ষণ       কান্দি ভৈলা সন্ধুক্ষণ

কৰে দ্বিজ মনে বিমৰিষ।

সপোন দেখিলো কিবা     ঘোৰ যমদূত যিবা

পলাই সিও গৈল কোন দিশ৷৷২১৯।

মোক ৰাখিলন্ত যিবা      চাৰু চাৰি সিদ্ধ কিবা

গৈল এতিক্ষণ কোন ভিতি।

বিমৰিষ অজামিল       অনুতাপ উপজিল

পৰম বৈৰাগ্য গুণে মতি।।

চাৰি মহা বিষ্ণুদূত       কৈল যিটো অদভুত

নামৰ মহিমা তাক শুনি।

বোলে কিনো মহাপুণ্য     মাধৱৰ নাম গুণ

আজি পাইলো প্রমাণ আপুনি।।২২০।।

কিনো মঞি মন্দভাগী     পাপিনী বেশ্যাক লাগি

কৰিলো ব্রাহ্মণ জন্ম নষ্ট।

এইতে উপজিল পুত্র      পিলো আৱে মলমূত্র

ইসে মোৰ ভৈল মহা কষ্ট।।

যিটো ভাৰ্য্যা বিবাহিতা    পতিব্রতা সুচৰিতা

তাহাকো কৰিলো পৰিত্যাগ।

সুৰাপী অসতী আতি      ইটো দুষ্টা অন্ত্যজাতি

আতেসে বঢ়াইলো অনুৰাগ।।২২১।।

পিতৃ মাতৃ মহা শুদ্ধ      অনাথ পৰম বৃদ্ধ

মঞি বিনে নাহিকে সন্ততি।

তাসম্বক তাপ দিয়া      হেনসে দাৰুণ হিয়া

এৰি আইলো মঞি মন্দমতি।।

এতেকে জানিলো মোৰ     সিজিল পাতক ঘোৰ

অৱশ্যে পৰিবো নৰকত।

হাতে গলে বান্ধি আতি    কিঙ্কৰে কৰিবে শাস্তি

মহা মহা পাপীৰ লগত।।২২২।।

কৰিলো পৰম পাপ       মহন্তক দিলো তাপ

ধন লোভে পীড়িলো পৰক।

এতেকে জানিলো যমে     ভুঞ্জাইবেক অনুক্রমে

ঘোৰ মহা দাৰুণ নৰক।।

যমৰ কিঙ্কৰে মোক      গলত লগায়া ডোল

পেহ্লাইবেক মল মূত্র কুণ্ডে।

অনেক বিষ্ঠাৰে পোকে     বেঢ়িয়া খাইবেক মোক

থাকিবো উভতি পৰি মুণ্ডে।।২২৩৷৷

নকৰিলো পাপ অল্প      ভুঞ্জিবো অনেক কল্প

নপাইবোহো যাতনাৰ ওৰ।

চিন্তি চিত্ত নুহি থিৰ      হৰি হৰি পাতকীৰ

কিনো গতি হবে আৱে মোৰ।।

গুণি গুণি নপাঞো ওৰ    দেখো অন্ধকাৰ ঘোৰ

মোৰ মনে নাহি শান্তি সুখ।

কিনো ভৈলো আত্মঘাতী    এহি বুলি কান্দৈ আতি

লোতকে তিন্তিল আখি মুখ।।২২৪।।

সুমৰি সুমৰি পাপ       কৰে মহা হৃদিতাপ

সিটো মন্দমতি অজামিল।

মহন্তৰ সঙ্গ পায়া          ক্ষণে ভৈলা শুদ্ধকায়া

বিৰকতি মনত মিলিল।।

ইটো সুত বিত্ত জায়া     জানিলো সকলো মায়া

হৰিসে সুহৃদ বন্ধু নিজ।

মোৰ গতি হৰিনাম      কৰো আৱে কোন কাম

এহি বুলি বসি গুণে দ্বিজ।।২২৫৷।

.........

।।উপদেশ।।

।।দুলড়ী।।

শুনা সভাসদ      ভাগৱত পদ

সমস্ত শাস্ত্ৰৰ সাৰ।

আপুনি বেদক     মথি নাৰায়ণে

কৰিলা শাস্ত্র উদ্ধাৰ।।

পুৰাণৰ সূৰ্য্য      ইহাকে বুলিয়

ইসে বেদান্তৰ মজ্জা।

প্রকাশিল ইসে      ঈশ্বৰ কৃষ্ণক

জানি একমনে ভজা।।২২৬।।

শ্ৰৱণ কীৰ্ত্তন      ইহাক শুনিয়

ইসে প্রকাশিল নাম।

হেন জানি শুনা    সদা ভাগৱত

যাৰ বৈকুণ্ঠত কাম।।

এৰা আল জাল    জীৱা কত কাল

ধৰিলেক পৰা কালে।

ইহেন মনুষ্য      জন্ম ব্যর্থে যায়

বিষয় মিছা জঞ্জালে।।২২৭।।

যেন মধু মিশ্র     বিষয় ভুঞ্জন্তে

মুখতেসে লাগে স্বাদ।

সেহি বিষে পাচে         পেটত পশিলে

প্রাণক কৰে উচ্ছাদ।।

সেহিমতে ইটো          পাতেক কৰন্তে

মনে মনে মহাসুখ।

পৰলোকে যান্তে         সেহি পাপে পাচে

ভুঞ্জান্ত যাতনা দুঃখ।।২২৮৷৷

কলিযুগে ঘোৰ         পাপেসে প্রচুৰ

পুণ্যৰ নাহি সঞ্চাৰ।

দেখা বিমৰিষি         কৰিলেক কলি

সমস্তকে একাকাৰ।।

তপ সত্য শৌচ          দায়া দূৰ ভৈল

ধৰ্ম্মৰ চাৰি চৰণ।

কলিৰ ভয়ত      হৰিৰ নামত

পশিলা ধৰ্ম্মে শৰণ।।২২৯।

নিশ্চয়ে জানিবা         ধৰ্ম্মক খেদায়া

অধৰ্ম্মে জুৰিলে ৰাজ।

পাপ সাগৰত          তল গৈয়াসিলা

আউৰ চিন্তা আন কাজ।।

যাৱে নতু মিলে         মৰণ শৰণ

সত্বৰে লৈও কৃষ্ণত।

মৃত্যু তড়িবাৰ          কৰিয়োক কাম

ধৰিও নাম মুখত।।২৩০৷৷

নাৰদে কহন্ত           মোহোৰ জীৱন

হৰিৰ নামে সম্প্রতি।

নাহি নাহি নাহি         হৰি নাম বিনে

কলিত কাহাৰো গতি।।

কিবা সাহসত          নিচিন্তি আছাহা

হৰিৰ নলৈয়া নাম।

কৃষ্ণৰ কিঙ্কৰে          কহে নিৰন্তৰে

ডাকি বোলা ৰাম ৰাম।।২৩১৷৷

........

     ।।অজামিলৰ সাৰূপ্য লাভ।।

                  ।।পদ।।

নিগদতি শুক শুনা নৃপতি প্রস্তুত।

পাইলে অজামিলে যেন গতি অদভুত।।

চাৰি সিদ্ধ সঙ্গে ক্ষণেকতে ভৈল শুদ্ধি।

কৃষ্ণ চৰণত তাৰ প্ৰৱেশিল বুদ্ধি।।২৩২।।

মনে মনে গুণে পাচে দ্বিজ অজামিল।

কেনে হৰি নাম মোৰ মুখত আসিল।।

মঞি কুলাঙ্গাৰ পাতকীৰ আদ্য লেখা।

মোক কিক চাৰি পাৰিষদে দিলা দেখা।।২৩৩।।

যদ্যপি অধম ইজন্মত ভাগ্য শূন্য।

আছে তথাপিতো জানো জন্মান্তৰে পুণ্য।।

দেৱতো উত্তম যিটো সিদ্ধ চাৰিজন।

নুহি তাসম্বক কিয় হৈবো দৰশন।।২৩৪৷৷

কৈৰ মঞি জাতিভ্রষ্ট নষ্ট দুৰাচাৰ।

পৰম মঙ্গল কৈত নামৰ উচ্চাৰ।।

এতেকে জানিলো পূর্ব্ব পুণ্য ফল আছে।

তাতেসে আসিল সিদ্ধ চাৰি মোৰ কাছে।।২৩৫।।

নাৰায়ণ হেন নাম আসিল জিহ্বাত।

তেৱেসে এৰাইলো ঘোৰ যাতনাৰ হাত।।

যেৱে মোৰ পূৰ্ব্ব পুণ্য নাছিলেক হন্তে।

জিহ্বাত আসিল নাম কিহেতু মৰন্তে।।২৩৬।।

অসতী বেশ্যাৰ পতি পৰম পতিত।

মোকো ৰাখিলেক নামে কিনো বিপৰীত৷৷

নাহি সংসাৰত ধৰ্ম্ম নামৰ সমান।

আজি প্রত্যক্ষতে পাইলো আপুনি প্রমাণ।।২৩৭৷৷

চাম জৰী বান্ধি যমদূত তিনি প্রাণী।

মৰণ বেলাত আজুৰিয়া নেয় টানি।।

নাৰায়ণ নাম মাত্ৰ লৈলো ডাক চাড়ি।।

এতেকতে চাৰি পাৰিষদে লৈলে কাঢ়ি।।২৩৮।।

চাৰিৰো প্রসন্ন মুখ দেখিলো প্রত্যেক।

যমৰ দূতক দুঃখ দিলে অনেক।।

পলাইল তেখনে তিনি দাৰুণ কিঙ্কৰ।

পৰম মহিমা কিনো কৃষ্ণৰ নামৰ।।২৩৯৷৷

সাক্ষাতে শুনিলো চাৰি সিদ্ধৰ বচন।

নাম বিনে নাই আন সংসাৰ তড়ণ।।

অধৰ্ম্ম অৰণ্যে হৰি নাম হুতাশন।।

তুলাত অগনি যেন দহি কৰে ছন্ন।।২৪০।

সিদ্ধৰ বচনে আজি সম্পজিল বুদ্ধি।

আজিসে জানিলো হৰি নামে মহৌষধি।।

পৰিহৰি বিষ্ঠা তুল্য ইটো বিষয়ক।

ফুৰিবো গলত বান্ধি কৃষ্ণৰ নামক।।২৪১।।

কিনো কৃপাময় কৃষ্ণ দেৱতাৰো দেৱ।

ব্রহ্মা মহেশ্বৰে যাৰ পদে কৰে সেৱ।।

যাৰ নাম মাত্ৰ লৈলে পাপীও উদ্ধাৰ।

হেনয় কৃষ্ণক কোটি কোটি নমস্কাৰ।।২৪২।।

কৃষ্ণে পিতা মাতা গতি মতি পতি প্রাণ।

কৃষ্ণৰ চৰণ বিনে নিচিন্তিবো আন।।

আজি ধৰি মনে মঞি কৰিলো নিশ্চয়।।

গৈলো কৃষ্ণ চৰণত আপুনি বিক্রয়।।২৪৩৷৷

লৈলোহো কৃষ্ণত এক শৰণ সাক্ষাত।

পুনৰপি যেন নপৰোহো যাতনাত।।

কৃষ্ণৰেসে চৰণক চিন্তিবো চিত্তত।

কৃষ্ণৰেসে নাম মঞি ৰাখিবো মুখত।।২৪৪।।

শুনিবো সদায়ে কর্ণে কৃষ্ণৰেসে কথা।

হৰি ভকতক নেত্রে দেখিবো সৰ্ব্বথা।

হস্ত দুয়ো কৰিবোহো কৃষ্ণৰেসে কাম।

সদা শিৰে কৰিবোহো কৃষ্ণক প্রণাম।।২৪৫।

ভকতৰ সঙ্গ লৈবো কৰিয়া প্রবন্ধ।

আপুনি চিন্তিবো আপোনাৰ কৰ্ম্মবন্ধ।।

কৰিবোহো উদ্ধাৰ আপুনি আপোনাক।

পুনৰপি যেন মঞি নাযাঞো যাতনাক।।২৪৬।।

স্ত্রীময় মায়া মহা গ্রাহে মোক ধৰি।

বানৰক নচুৱাইল যেন বশ্য কৰি।।

ভৈলোহো বেশ্যাৰ চাৰ দাসতো অধিক।

মঞি অধমৰ জীৱনতো ধিক ধিক।।২৪৭৷৷

মহা অনর্থত অর্থ বুদ্ধি ভৈলা মোৰ।

নিসিজিল কোন মোত পাতেক দুর্ঘোৰ।।

সেহি পাপে পৰম মলিন ভৈল বুদ্ধি।

এৱে কৃষ্ণ কীৰ্ত্তনে কৰিবো চিত্ত শুদ্ধি।।২৪৮৷৷

নিশ্চল নিৰ্ম্মল চিত্তে মঞি সৰ্ব্বক্ষণে।

পশিলো শৰণে বন্ধু কৃষ্ণৰ চৰণে।।

প্রাণান্তিকো কৃষ্ণ বিনে নিচিন্তিবো আন।

হে কৃষ্ণ কৃষ্ণ বাপ কৰা পৰিত্ৰাণ।।২৪৯৷৷

মহা প্রেমে পৃথিৱীত পৰি অজামিল।

হা কৃষ্ণ কৃষ্ণ বুলি অনেক কান্দিল।।

ইটো দ্বিজ জন্ম যদুনাথ ব্যর্থে নিলো।

তুমিসে সুহৃদ আত্মা আৱেসে জানিলো।।২৫০।।

পতিত পাৱন প্রভু পশিলো শৰণে।

কৰা গতি পাতকীক আপুনি চৰণে।।

লোতকে তিন্তিল মুখ সুখ শান্তি নাই।

নিজ পাপ সুমৰন্তে মৰ্ম্ম চড়ি যায়।।২৫১।।

নাহি মন তুষ্টি উঠি দ্বিজ অজামিল।

কৃষ্ণ কৃষ্ণ বুলি গঙ্গা দ্বাৰক চলিল।।

গৃহ পুত্ৰ ভাৰ্য্যাক কৰিয়া পৰিত্যাগ।

কৃষ্ণ চৰণত আতি ভৈলা অনুৰাগ।।২৫২।।

সাধু সঙ্গে ক্ষণেকে মিলিল বিৰকতি।

ভৈলা ভাগ্যোদয় দ্বিজ মহা শুদ্ধ মতি।।

দিন কতিপয়ে পাইলা গিৰি হেমৱন্ত।।

আকাশৰ পৰা গঙ্গা যথাত পৰন্ত।।২৫৩।।

পৰম পৱিত্র স্থান বহে গঙ্গা নীৰ।।

তৈতে দেখে আছে দিব্য দেৱৰ মন্দিৰ।।

বহু বিধ বৃক্ষ জাতিষ্কাৰ ফল ফুলে।

বিবিধ বিহঙ্গ ৰঙ্গে ৰাৱৈ কুতূহলে।।২৫৪।।

বহে গঙ্গা জল যেন ফটিক সঙ্কাশ।

পুষ্পৰ সুৰভি গন্ধে মোহে দিশ পাশ।।

পৰম আমোদ মহা সুশীতল বাত।

দেখি দ্বিজ অজামিল বঞ্চিলা তথাত।।২৫৫।।

জাহ্নবী জলত ৰঙ্গে কৰিলন্ত স্নান।

বসি দেৱ মন্দিৰত কৰিলন্ত ধ্যান।।

পুত্ৰ পত্নী স্নেহকো ছিণ্ডিল অজামিল।

কর্ণ মন বাক্য নয়নকো নিৰোধিল।।২৫৬৷৷

গুচিল মনৰ মহা বিষয়ৰ ক্লেশ।

কৃষ্ণৰ চৰণে মন কৰিলা প্রৱেশ।।

হৃদয়ত ৰূপ নাম নুগুচৈ মুখত।

শিহৰিলা প্রেম মহা ভকতি সুখত।।২৫৭।।

দ্রৱিল দ্বিজৰ আতি আনন্দে হৃদয়।

দুয়ো নয়নৰ নীৰ ধাৰায়ে বহয়।।

দেহা ভোগে ইটো আতি ভৈলা বিৰকতি।

কৃষ্ণৰ ৰূপতে মাত্র প্রৱেশিল মতি।।২৫৮৷৷৷

যেতিক্ষণ নাৰায়ণ নাম উচ্চৰিল।।

কৰ্ম্মৰ বন্ধন মানে তেখনে ছিণ্ডিল।।

কৰিল নিৰ্ম্মল নামে শুদ্ধ ভৈল কায়।

আউৰ কৃষ্ণ চৰণক নচাড়ে সদায়।।২৫৯।।

কৃষ্ণেসে পৰম মোৰ সুহৃদ নিশ্চয়।

কৃষ্ণক স্মৰন্তে আতি দ্ৰৱিল হৃদয়।।

কৃষ্ণ কৃষ্ণ বোলন্তে ওপজে প্রেম আতি।

কৃষ্ণক নিশ্চয় চিত্তে কৰিলা ভকতি।।২৬০।।

কৃষ্ণৰ ৰূপত যেবে মগ্ন ভৈলা মন।

দিলা চাৰি পাৰিষদে পুনু দৰিশন।।

বৈকুণ্ঠৰ পৰা দিব্য বিমানক লই।

এক কোটি সূৰ্য্য যেন জ্বলন্ত আসয়।।২৬১।।

শাৰী শাৰী সুবৰ্ণৰ জ্বলন্ত কিঙ্কিনী।

চক্ষু মেলি দ্বিজে দেখিলেক ৰিণি ৰিণি।।

কিবা আসে বুলি ঊৰ্দ্ধে দৃষ্টি কৰি চাইল।

ক্ষণেকতে ৰথ আসি সমীপ চাপিল।।২৬২।।

মিলিল সন্তোষ সৱে শৰীৰ শিহৰে।

দুয়ো নয়নৰ নীৰ ধাৰে বৈয়া পৰে৷৷

ডাক ছাড়ি উচ্চৰিলা ৰাম কৃষ্ণ নাম।

চাৰিকো কৰিলা শিৰে পৰিয়া প্রণাম।।২৬৩৷৷

দুনাই দ্বিজ অজামিল কৃতাঞ্জলি উঠি।

চাৰি পাৰিষদক নিৰেখি মন তুষ্টি।।

তাসম্বাৰ ৰূপত লাগিলা যেন ধ্যান।

তেখনে ছাড়িলা বিপ্রে কৃষ্ণ বুলি প্রাণ।।২৬৪।।

গঙ্গাতে পৰিল সিটো পূৰ্ব্ব কলেৱৰ।

কৃষ্ণৰ সাৰূপ্য ৰূপ পাইলা দ্বিজবৰ।।

চাৰু শ্যাম তনু তাতে শোভে পীত বাস।

নবীন মেঘত যেন বিজুলী প্রকাশ।।২৬৫।।

শিৰত কিৰীটি কর্ণে মকৰ কুণ্ডল।

নয়ন কমল মুখ চন্দ্ৰৰ মণ্ডল।।

উন্নত নাসিকা কুন্দকৰি দন্ত পান্তি।

ৰাতুল অধৰ বিম্বফল সম কান্তি।।২৬৬৷৷

ৰুচিৰ চিবুক কম্বুকণ্ঠ ৰুচিকৰ।

গলে গজ মুকুতাৰ হাৰ মনোহৰ।।

জ্বলে ঝিলিমিলি যেন অগনিৰ জ্বালা।

আপাদলম্বিত হৃদয়ত বনমালা।।২৬৭।।

কঙ্কণ কেয়ূৰে ৰঞ্জৈ বাহু চাৰিখান।

ললিত বলিত নীল ৰত্নৰ মোলান।।

নৱ কিশলয় সম আৰকত হাত।

শঙ্খ চক্র গদা পদ্ম চাৰি অস্ত্র তাত।।২৬৮।।

পাট পীত পচৰা প্ৰকাশ কৰৈ কন্ধ।

ৰত্নময় মেখলা ৰচিত কটি বন্ধ।।

বাজে ৰুণঝুণ যেন কনক কিঙ্কিনী।

মাটিত লোটন্তে আছে পাট পীত ভুনি।।২৬৯৷৷

চাৰু উৰু জঙ্ঘা জানু যেন ৰাম কল।

ৰত্নৰ নূপুৰে ৰঞ্জে চৰণ কমল।।

প্রকাশে শৰীৰ শশী সূৰ্য্যৰ জেউতী।

ৰহি আছে দ্বিজ আতি আনন্দিত মতি।।২৭০৷৷

কৃষ্ণৰ সাৰূপ্য ৰূপ পাইলা অজামিল।

নামি চাৰি পাৰিষদে আসি আলিঙ্গিল।।

ৰথত তুলিলা নিয়া কৰি বহুমান।

ওপৰক লাগি পাচে চলিল বিমান।।২৭১৷৷

বৈষ্ণৱৰ শ্ৰী দেখি পৰম বিস্ময়।

কৰে স্বর্গবাসী আসি বেঢ়ি জয় জয়।।

শিৰত বৰিষে ঢাকি কুসুম সুৰভি।

বাৱে নানা যন্ত্র যত আনন্দে দুন্দুভি।।২৭২।।

এহিমতে দ্বিজে আনন্দত চলি যায়।

বৈকুণ্ঠক পাইলা সাতে স্বৰ্গক এড়াই।।

সাক্ষাতে আছন্ত যৈত প্রভু লক্ষ্মীপতি।

কৰিলন্ত হৰিষতে তৈকে লাগি গতি।।২৭৩।।

সেৱা কৰি ৰৈল হুয়া এক পাৰিষদ।

ভকতি বিলাইলে মহা মুকুতি সম্পদ।।

তড়িল দুস্তৰ যম যাতনাৰ ভীতি।

দিব্য বিমানতে পাচে কৰিল ইচিতি।।২৭৪।।

লক্ষ্মী সম ৰূপৱতী ৰমণী অনেক।

হাতে তাল বেণুবাৱে বিপঞ্চি যতেক।।

কৃষ্ণ গুণ গাৱৈ সৱে প্রেমে দ্রৱৈ চিত্ত।

বহৱৈ লোতক আতি তনু ৰোমাঞ্চিত।।২৭৫৷৷

সদায়ে আনন্দময় বৈকুণ্ঠ নগৰ।

ভুকুতি মুকুতি বিপ্রে পাইলা নিৰন্তৰ।।

কৃষ্ণৰ সমান ৰূপ চিনন নযায়।

শ্রীবৎস কৌস্তুভ মাত্র দুই চিহ্ন নাই।।২৭৬।।

অনিচ্ছায়ে সুমৰিলে মৰন্তে নামক।

তথাপি পাইলেক অজামিল বৈকুণ্ঠক।।

ভৈলা চতুর্ভুজ আনন্দৰ নাই সীমা।

কি কহিবো নাৰায়ণ নামৰ মহিমা।।২৭৭৷৷

শুনা সভাসদ পদ মহা ভাগৱত।

কেদিন থাকিবা ইটো মনুষ্য লোকত৷৷

অথিৰ জীৱন যেন বিজুলী চমক।

কেতিক্ষণে ধৰি দূতে দেখাৱৈ যমক।।২৭৮।।

একেতিলে ইটো তৱ গৰ্ব্ব হৈব চুৰ।

দুৰ্ঘোৰ নিকাৰময় মহা যমপুৰ।।

ভুঞ্জাইবে যাতনা যমে গাতত নিৰোধি।

নিচিন্তি আছাহা কেনে ভৈলা হত বুদ্ধি।।২৭৯।।

স্বর্গে গৈলে আছে জানা নিশ্চয় পতন।

পুত্ৰ পত্নী ধন জন সম্যকে সপোন।।

যিটো শৰীৰৰ পদে হৰি চিন্তা নাই।

অৱশ্যে হইবেক ইটো বিষ্ঠা পলু ছাই।।২৮০৷৷

হেন জানি কৃষ্ণৰ চৰণে দিয়া চিত্ত।

জানা হৰি ভকতিসে পৰলোক বিত্ত।।

হৰিনাম বিনা নাহি পৰম বান্ধৱ।

নাম উচ্চৰন্তৈ ৰাখি ফুৰন্ত মাধৱ।।২৮১৷৷

পৰম পতিতে নাম লৈলে অনিচ্ছায়।

পাপত মুকুত সিটো ভৈল সমুদায়।।

যমৰ কিঙ্কৰ আউৰ তাহাঙ্ক নঝাম্পে।

নামৰ ভয়ত মৃত্যু তৰতৰি কাম্পে।।২৮২।।

প্রথম কন্ধত আছে দেখিয়ো বিচাৰি।

নামেসে ধৰ্ম্মৰ ৰাজা মহা হিতকাৰী।।

জগতৰে নিস্তাৰক মহা হৰিনাম।

নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম।।২৮৩।।

...........

।।নাম-মহিমা।।

।।দুলড়ী।।

নিগদতি শুক      শুনিলা নৃপতি

নামৰ যেন প্রভাৱ।

অপাৰ সংসাৰ     সাগৰ তড়িতে

নামেসে সুদৃঢ় নাৱ।।

হৰিনাম বিনে     জপ যজ্ঞ দানে

সাধিবে নপাৰৈ গতি।

নামৰ সমান      নাহি পুণ্য আন

জানিবা শিষ্ট নৃপতি।।২৮৪৷৷

পাপী অজামিল     জাতিকুল হীন

খিচৰি বেশ্যাৰ পতি।

গলে লগাই জৰী    যমদূতে ধৰি

নেই নৰকক প্রতি।।

নাৰায়ণ বুলি      ডাকিল ডৰত

অধম বিপ্র পামৰ।

এতেকতে শুদ্ধ     হৈয়া মোক্ষ পাইল

মহিমা দেখা নামৰ।।২৮৫।।

নাম কীৰ্ত্তনত      পৰে মনুষ্যৰ

নুহি কৰ্ম্মবন্ধ ছেদ।

সমস্তে সংসাৰ     নামেসে উদ্ধাৰ

কহিলো পৰম বেদ।।

ইহাৰ প্রমাণ      সুলভে জানিবা

যি জনে নামক ৰড়ৈ।

তাৰ আউৰ তীর্থ   ব্ৰত তপ জপ

কৰ্ম্মতে মন নপৰৈ।।২৮৬৷৷

ভকতিক মাত্র     কৰিলে নিশ্চয়

জীৱন তাৰ সাম্ফল।

নামক নধৰি      মৰৈ কৰ্ম্ম কৰি

নুগুচৈ মনৰ মল৷৷

স্বর্গ নৰকক       কৰৈ আয়াযাত

পৰম মলিন মতি।

নাহি নাহি জানা    ইটো সংসাৰত

নাম বিনে আন গতি।।২৮৭৷৷

পৰম গোপনী      কথা ইটো যিটো

শুনৈ ভণৈ ভক্তি ভাৱে।

নাপাই যাতনাক    যমদূতে তাক

চক্ষুয়ো মেলি নচাৱে।।

যদ্যপি অধম      মহামন্দ বুদ্ধি

অধৰ্ম্মক মাত্র সঞ্চৈ।

তথাপি ইকথা     শুনন্তে ভণন্তে

বিষ্ণু ভৱনত বঞ্চৈ।।২৮৮৷৷

আক অদভুত নেদেখিবা ৰাজা

নামৰ মহামহিমা।

পাপৰ অন্তক      কি কৈবো নামক

নামেসে মোক্ষৰ সীমা।।

যাক সম নাই      পাতকী লোকত

মন্দ দ্বিজ অজামিল।

অশ্রদ্ধায়ে নাম     মৰন্তে স্মৰন্তে

তাকো বৈকুণ্ঠক নিল।।২৮৯।।

সুদৃঢ় বিশ্বাসে      যি জনে লৈলেক

কৃষ্ণত এক শৰণ।

জানি নিজ ধৰ্ম্ম    সততে মুখত

নামৰ নেৰে কীৰ্ত্তন।।

তাহাৰ মহিমা     কহি নপাঞ সীমা

কহিলো স্বৰূপ নৃপ।

কৰিলেক বশ্য     অৱশ্যে কৃষ্ণক

নেৰন্ত তাৰ সমীপ।।২৯০৷৷

সিটো ভকতৰ     মৰিবে নলাগে

জীৱন্তে পাইলে মুকুতি।

সমস্তে শাস্ত্ৰৰ      চাৰিও বেদৰ

কহিলো তত্ত্ব যুগুতি।।

জ্ঞানী কৰ্ম্মী জনে   নজানে নামক

ভকতৰ নৱ নিধি।

পৰম ঈশ্বৰ       আছন্তোক কৃষ্ণ

নামতে সমস্তে সিদ্ধি।।২৯১৷৷

........

।।ছবি।।

শুনি নৃপ পৰীক্ষিত       ঋষিত পুচন্ত কথা

কৰি কৃতাঞ্জলি অৱহিতি।

নামৰ মহিমা যত       তোহ্মাৰ মুখত মুনি

শুনি ভৈলো পমৰ তৃপিতি।।

যমৰ আগত গৈয়া       গোচৰ দিলেক যেৱে

তিনি দূতে মহা পীড়া পাই।

কেনবা প্রবোধ বাক্য     বুলিলন্ত তাক পাচে

শুনিবাক মোৰ ইচ্ছা যায়।।২৯২।।

পাতকী লোকত আতি     কৰৈ যিটো উগ্র শাস্তি

যাৰ বশ্য জগতৰ প্রজা।

তাহাৰ আদেশ ছন্ন       নতু কৰৈ একোজন

পৰম মহিমা যম ৰাজা।।

পৰাক্ৰমে নাহি সম       জগত অন্তক যম

তানে নতু শুনি আজ্ঞা ভঙ্গ।

কহিয়োক মোত মুনি      দূতৰ বচন শুনি

পাচে কেনে কৰিলন্ত খঙ্গ।।২৯৩৷৷

পাৰিষদে মাৰি বাড়ি      লৈলন্ত দ্বিজক কাঢ়ি

দূতৰো ৰাখিল মাত্র প্রাণ।

কিঙ্কৰে দিলেক সাখী      তাসম্বাৰ দুঃখ দেখি

যমে কিবা দিলা সমিধান।।

আক শুনিবাৰ মোৰ      পৰম কৌতুক আছে

ছেদিয়োক মনৰ সংশয়।

তোহ্মাৰ মুখৰ কথা      শুনি নিস্তৰোক লোক

তুমি মুনি মহা কৃপাময়।।২৯৪৷৷

কতবা জন্মৰ পুণ্যে      তোহ্মাত পুচিবে পাইলো

কিনো মোৰ আছে মহাভাগ।

দেৱে নেদেখন্ত যাক      হেনয় মুনিক মঞি

মৰণ সময়ে পাইলো লাগ।।

মোৰ পিতা মহাশয়      আছিল কৃষ্ণৰ দাস

জানিলো তাতেসে চক্রপাণি।

ভকতৰ বংশ সৱে       হেনবা সংসাৰ তড়ৈ

তোহ্মাক দিয়াইলা দেখা আনি।।২৯৫৷৷

এতেক বোলন্তে ৰাজা     লোতকে তিন্তিল মুখ

মিলিলা কৰুণা ৰস আতি।

তনু ভৈল পুলকিত       কৃষ্ণৰ চৰণে চিত্ত

দিয়া তম্ভি থাকিল নমাতি।

দেখি শুক মুনি পাচে          নৃপতিক প্রশংসিল

ধন্য ধন্য পাণ্ডুৰ সন্ততি।

দূতৰ যমৰ আৱে            শুনিও সম্বাদ কথা

কহো আৱে তোমাক সম্প্রতি।।২৯৬।।

......

 

।।উপদেশ।।

।।দুলড়ী।।

 

শুনা সভাসদ      ভাগৱত পদ

আত নকৰিবা শঙ্কা।

ৰামত ভকতি     কৰি একমতি

বানৰে মাৰিলা লঙ্কা।।

অনেক ভালুক     বানৰ ৰাক্ষস

লগতে পাইলে মুকুতি।

ভকতি কৰিলে     নপাইবে মনুষ্যে

মুকুতি কোন যুগুতি।।২৯৭।।

অনেক অসুৰ      পিশাচ পশুৰ

ভকতি সাধিলে গতি।

কিনো লোক অন্ধ   যাতনাত মৰৈ

মাধৱত নেদৈ মতি।।

গোকুলৰ গৰু      যত তৃণ তৰু

সৱে পৰম্পদ পাইল।

মিছাতেসে মৰৈ     কৃষ্ণক নভজৈ

দিনতে দুই চক্ষু খাইল।।২৯৮৷৷

বাল্মীকি দুৰ্ঘোৰ    আছিলেক চোৰ

ৰাম বুলি ভৈলা ঋষি।

পাপী অজামিল     বৈকুণ্ঠে চলিল

নাৰায়ণ নাম ঘুষি।।

দাসীৰ কুমাৰ      ভৈলা অৱতাৰ

নাৰদ নামৰ বলে।

আক শুনি নৰে    নামক নধৰে

কোননো বিধাতা চলি।।২৯৯।।

নাহি তপ ব্রত     কলিৰ যুগত

নামেসে পৰম ধৰ্ম্ম।

বেদৰ সাৰক      নধৰৈ নামক

শাস্ত্ৰৰ নুবুজি মৰ্ম্ম।।

যাত আছে বুদ্ধি    ধৰি মহৌষধি

সংসাৰ ব্যাধিৰ নাম।

ভণিল শঙ্কৰে      নিৰন্তৰে নৰে

ডাকি বোলা ৰাম ৰাম।।৩০০।।

........

                ।।যমযমদূত সম্বাদ।।

                           ।।পদ।।

 

নিগদতি শুক শুনা নৃপ পৰীক্ষিত।

নামৰ মহিমা আৱে মহা বিপৰীত।।

ধন্য ৰাজা কৃষ্ণৰ কথাত মিলৈ স্বাদ।

যমৰ দূতৰ যেন মিলিল সম্বাদ।।৩০১।।

সমাজক পাতিয়া আছন্ত ৰাজা যম।

মহা পৰিচ্ছদে বসি বিপুল বিক্রম।।

ধৰিয়া আছন্ত বিষ্ণুদত্ত যমদণ্ড।

সমস্ত ভূতৰ প্ৰভু প্ৰভাৱ প্ৰচণ্ড।।৩০২৷৷

দুপাশে চামৰ দোলে শিৰে শ্বেত ছত্র৷

লিখে চিত্রগুপুতে হাতত পঞ্জি পত্র।।

ঋষি পাৰিষদ সৱে আছন্ত আৱৰি।

নটে ভাটে ৰড়ৈ গুণগীত তাল ধৰি।।৩০৩।।

হাতত লোহাৰ ডাঙ্গ কাচি মালকাছে।

দাৰুণ কিঙ্কৰসৱে উপাসিয়া আছে।।

দুই চক্ষু ৰঙ্গা আঙ্গাৰৰ বৰ্ণ কায়।

বিকত দশন ঘোৰ ৰাক্ষস পৰায়।৩০৪।

ঠাই ঠাই পাতকীক কৰৈ উগ্ৰ শাস্তি।

চতুর্ভিতি শুনি মহা আর্ত্তনাদ আতি।।

যমৰ পুৰত হেন বহল সমাজ।

মহা পৰিচ্ছদে বসি আছে ধৰ্ম্মৰাজ।।৩০৫৷৷

সেহি বেলা তিনি দূতে মহা পীড়া পাই।

কাঢ়ে খৰ উশাস মুখত মাত নাই।।

বিৱর্ণ বদন দেখি মনে মহা ক্লেশ।

ভৈলা দূত পাচে সেহি সভাত প্রৱেশ।।৩০৬।।

ৰাজাক দেখিয়া আতি মৰ্ম্ম গৈলা চৰি।

কান্দৈ হুমাগুমি তিনি দূতে আগে পৰি।।

সমস্ত সমাজে নিশবদ হুয়া আছে।

কি ভৈল বুলিয়া যমে পুচিলন্ত পাচে।।৩০৭।।

শুনি সঙ্কুকিয়া হাতে মুচি মুখ আখি।

কান্দি কান্দি যমত দিলেক দুখ সাখী।।

পৰেও কাঢ়িয়া লৈলে আমাসাক মাৰি।

লোকৰ কতনো আৱে আছে অধিকাৰী।।৩০৮।।

তুমিসি ঈশ্বৰ আমি জানো সমুদায়।

নাহি দণ্ডধৰ আউৰ তোহ্মাত বিনায়।।

তুমি ধৰ্ম্মৰাজা পাঞ্চি পঠায়া আহ্মাক।

বান্ধি আনো পাতকীজনক যাতনাক।।৩০৯।।

পাপ পুণ্য বিচাৰি আপুনি দিয়া ফল।

কৈত নতু শুনি যম দূতক দুৰ্ব্বল।।

কাম্পৈ সুৰাসুৰ সৱে যাৰ দেখি খঙ্গ।

নতু দেখি কহিতো তোহ্মাৰ আজ্ঞা ভঙ্গ।।৩১০৷৷

তোহ্মাৰেসে আদেশে পাপীক আনো ধৰি।

হাতে গলে বান্ধিয়া চামৰ লগাই জৰী।।

নাৰায়ণ আইস বুলি দ্বিজে দিলে ডাক।

কৈৰ চাৰি সিদ্ধে আসি শুনিলেক তাক।।৩১১৷৷

নাহি ভয় বুলি আকাশত ৰাৱ পাৰে।

খেদি আসি পাইল যেন বিজুলী সঞ্চাৰে।।

নুপুচি আমাত একো জুৰিলেক কিল।

বেতৰ বাড়িত জীউ আহ্মাৰ উৰিল।।৩১২৷৷

চৱৰৰ চোটে গাল ভিণ্ডাকাৰ ভৈল।

গদাৰ কোবত কুলাধাতু মাত্র ৰৈল।।

সমূলে মাৰিলে প্রাণ কিবা সোধা কথা।

কতেক কহিবো ৰাজা আহ্মাৰ অৱস্থা।।৩১৩৷৷

সিটো চাৰি কোন কহিয়োক কাৰ দূত।

নতু দেখি হেন মহা ৰূপ অদভুত।।

চাৰু চতুর্ভুজ শ্যাম তনু পীতবাস।

অলঙ্কাৰে শোভে যেন সূৰ্য্যৰ প্ৰকাশ।।৩১৪৷৷

দেৱতো উত্তম মহা সুকুমাৰ বেশ।

পাপীক লৈলেক কাঢ়ি ভাঙ্গিয়া আদেশ।।

তোহ্মাকো বুলিলা বাক্য গৰিহা যতেক।

মোৰ মুখে প্রভু তাক কহিবো কতেক।।৩১৫।।

কাৰ দূত সিটো কহিয়োক ভাল কৰি।

তাহান হাতত নজানিলে যাইবো মৰি।।

নিচিনিলে নাশ হৈবো ইবাৰ সমূলি।

আছোক আমাৰ আপোনাৰো হুইব উলি।।৩১৬।।

সিদ্ধৰো দেখিলো যেন মহা পৰাক্ৰম।

জানো কোটি এক ইন্দ্র নুহিবেক সম।।

তেসম্বে সহিতে যেৱে লগায়া বিৱাদ।

অৱশ্যে তুমিও দুইবা ভিঠিৰো উচ্ছাদ।।৩১৭।।

আহ্মাৰ প্ৰাণক যেৱে ৰাখিবা নিশ্চয়।

কাৰ সিটো দূত কৰায়োক পৰিচয়।।

আমি যেৱে মৰো তেৱে তোহ্মাৰে কুখ্যাতি।

শুনিয়া যমৰ প্রেম উপজিল আতি।।৩১৮।

কৃষ্ণপদ পঙ্কজক মনত স্মৰিল।

তনু ভৈল পুলকিত লোতক ঝৰিল।।

মনত মিলিল মহা আনন্দ একান্ত।

মুখ মুচি দিলা পাচে দূতক সিদ্ধান্ত।।৩১৯।।

যি কথা পুচিলি শুন সমস্ত কিঙ্কৰ।

আছন্ত পৰম দেৱ কৃষ্ণ মহেশ্বৰ।।

যাৰ কথা শুনন্তে মনত মিলৈ ৰঙ্গ।

তাহান আগত মঞি ক্ষুদ্র যে পতঙ্গ।।৩২০৷৷

কৃষ্ণেসে ঈশ্বৰ চৰাচৰ জগতৰ।

যাৰ আজ্ঞা পালি ব্রহ্মা বিষ্ণু মহেশ্বৰ।।

সৃষ্টি স্থিতি প্রলয় কৰন্ত ভিন্নে ভিন্নে।

অনাদি অনন্ত কোন আছৈ তান্ত বিনে।।৩২১।।

যাৰ বেদ বাক্যত জগত ভৈল বন্দী।

যেন নাক বিন্ধি বলধিক আছৈ ছান্দি।।

জাতি ধৰ্ম্ম কৰি কৰৈ তাহাঙ্কেসে সেৱ।

তাহানেসে অধীন সমস্তে আমি দেৱ।।৩২২৷৷

নাজানিসে মোক তোৰা বোলস ঈশ্বৰ।

মোৰ যত অধিকাৰ শুনিও কিঙ্কৰ।।

সংসাৰত আছে জীৱ জন্তু যতমানে।

নকৰো সৱাকে শাস্তি জানা বিদ্যমানে।।৩২৩।।

মনুষ্য লোকত যিটো পাতকী নিস্খল।

তাকেসে যাতনা ভুঞ্জাই কৰো দণ্ডফল।।

পাতকী জনত মাত্ৰ মোৰ অধিকাৰ।

কৃষ্ণৰ কিঙ্কৰ মঞি জানা সাৰেসাৰ।।৩২৪।।

কৃষ্ণৰেসে আজ্ঞা শিৰে ধৰি প্রতিনিত।

কৰো যেন পাপীক উচিত প্রায়শ্চিত্ত ৷৷

ঈশ্বৰৰো ঈশ্বৰ হেনসে কৃষ্ণ দেৱ।

ব্রহ্মময় মূৰ্ত্তি যাত পৰে নাহি কেৱ।।৩২৫৷৷

ইন্দ্র চন্দ্র ব্রহ্মা বহ্নি শিৱ সূৰ্য্য কাল।।

কুবেৰ বৰুণ বসু বায়ু দিগপাল।।

যত প্রজাপতি মঞি আদি যত দেৱ।

তাহান লীলাক আমি নজানোহো কেৱ।।৩২৬।।

মহা ঋষি সৱো যাৰ মায়ায়ে মোহিত।

নজানন্ত ঈশ্বৰ কৃষ্ণত যাৰ চিত্ত।।

তাঙ্ক জানিবাক পাৰে আন কোন নৰে।

একে এক শৰণীয়া ভকতত পৰে।।৩২৭।।

জন্মে জন্মে কৰি আছে পাপৰ পৰ্ব্বত।

হিয়াত থাকন্তে যিটো নুহিকে বেকত।।

তাহান মায়ায়ে তাৰ কৰে বুদ্ধি অন্ধ।

যাক জানিবাক নৰে নকৰৈ প্রবন্ধ।।৩২৮।।

পূৰ্ব্ব জনমৰ যিটো জন পুণ্যৱন্ত।

মায়াকো তড়িল সিটো পুৰুষ মহন্ত।।

সি সি জনে ধৰে কৃষ্ণ চৰণত চাপি।

এহিসে প্রকাৰে চিনি পুণ্যৱন্ত পাপী।।৩২৯৷৷

হেনয় ঈশ্বৰ আছা জগতকে ব্যাপি।

মহা মূঢ় জনে যেন নজানৈ তথাপি।।

ব্রহ্মা আদি তৃণ পৰ্য্যন্তৰে অন্তৰ্য্যামী।

সেহি কৃষ্ণ দেৱেসে মোহোৰ নিজ স্বামী।।৩৩০৷৷

হেনবা বুলিবি ব্রহ্মাদিতো কৰি পৰ।।

জানিলো আছন্ত কৃষ্ণ জগত ঈশ্বৰ৷৷

পাপীক ৰাখিলে যিটো আমাসাক মাৰি।

বিপৰীত ৰূপ সিটো কোন সিদ্ধ চাৰি।।৩৩১৷৷

তাৰ কথা শুনা সাৱধানে দূতগণ।

স্বতন্ত্র ঈশ্বৰ যিটো প্রভু নাৰায়ণ।।

তানে পাৰিষদ সৱ মনোহৰ বেশে।

ভকতক ৰাখি ফুৰে তাহান আদেশে।।৩৩২।।

কৃষ্ণৰ সদৃশ সৱে ৰূপে সুকুমাৰ।

মেঘ সম শ্যাম পীত বস্ত্রে জাতিষ্কাৰ।।

সৱে চাৰু চতুর্ভুজ ৰূপ আৰকত।

শঙ্খ চক্র গদা পদ্ম সৱাৰো হাতত।।৩৩৩৷৷

কেয়ূৰ কঙ্কণ হাৰ কটিত মেখলা।

আজানুলম্বিত গলে জ্বলে বনমালা।।

নূপুৰে ৰঞ্জিত চাৰু চৰণ কমল।

কৃষ্ণৰ সদৃশ সৱে ভকত বৎসল।।৩৩৪।।

লক্ষ কোটি দিগ্গজৰ বল আছে গাৱে।

কৃষ্ণৰ সদৃশ সৱে অচিন্ত্য স্বভাৱে।।

সূৰ্য্যৰ জ্যোতিক যেন চাহন ন্যাৱে।

ব্রহ্মা আদি দেৱগণে পূজৈ যাৰ পাৱে।।৩৩৫।।

বিষ্ণু ভকতক যেন ঢাকি থাকৈ পাক্ষী।

শত্ৰু সৰ্প অগ্নি মোতো হন্তে ফুৰৈ ৰাখি৷৷

আনো যেৱে কৰৈ ভকতক অপকাৰ।

গদায়ে কোবায়া কৰৈ তাক বুন্দামাৰ।।৩৩৬।।

হেনবা বুলিবি যদি হৱৈ বিষ্ণুদূত।

কিসক কৰিলে হেন মহা অযুগুত।।

পাতকীকো ৰাখিয়া আহ্মাক মাৰৈ প্রাণে।

তাহাৰ সিদ্ধান্ত দূত শুনা সাৱধানে।।৩৩৭৷৷

যিটো ধৰ্ম্ম কৃষ্ণে কহিলন্ত নিজ মুখে।

যাক জানি নৰে তড়ৈ সংসাৰক সুখে।।

ভৃগু আদি ঋষি যত জগত প্রখ্যাত।

মহা সিদ্ধসৱো যাক নজানে সাক্ষাত।।৩৩৮৷৷

দশো দিগপাল আনো সুৰাসুৰ গণে।

নজানন্ত বিদ্যাধৰ কিন্নৰ চাৰণে।।

পৰম ৰহস্য নাম নজানে জগতে।

মনুষ্যে জানিব আৱে তাক কেনমতে।।৩৩৯।।

পৰম গোপনী নাম ইসে ধৰ্ম্ম নিজ।

অনিচ্ছায়ে উচ্চাৰিলে অজামিল দ্বিজ।।

ভৈলা তথাপিতো সিটো পাপত মুকুত।

ৰাখিল তাতেসে তাক চাৰি বিষ্ণুদূত।।৩৪০৷৷

সমস্তে দেৱৰো ৰাজা জানা নিষ্টে হৰি।।

তান নামে ৰাজা যত ধৰ্ম্ম উপসৰি।।

সমস্তে পাপক উচ্চাৰণে কৰে ক্ষয়।

নকৰিবি দূত দুনাই নামত সংশয়।।৩৪১৷৷

শুনা সভাসদ সৱ মহা ভাগৱত।

স্বর্গ মৰ্ত্ত্য পাতালতো নাছিল পূৰ্ব্বত।।

বৈকুণ্ঠৰ শাস্ত্র আক নতু শুনৈ কেৱে।

জানিলন্ত অৰ্দ্ধ বয়সত ব্রহ্মাদেৱে।।৩৪২৷৷

কিনো মহা ভাগ্যোদয় লোকৰ কলিত।

নামে সমে কৃষ্ণ সূৰ্য্য ভৈলন্ত উদিত।।

ইহেন কলিত যিটো নভৈল উদ্ধাৰ।

কোটি জনমতো তাৰ নাহিকে নিস্তাৰ।।৩৪৩।।

হেন জানি সত্বৰে হুয়োক সাৱধান।

অথিৰ জীৱন যায় কেতিক্ষণে প্রাণ।।

ভাৰতত নৰতনু নপাইবা সেন্থৰে।

ৰাম নাম বান্ধৱক ধৰা নিৰন্তৰে।।৩৪৪।।

ভকতক কৃপায় কলিত দেৱ হৰি।

যশ বিস্তাৰিলা দৈৱকীত অৱতৰি।।

এহি যশ গুণ নাম গাইব মাত্র মুখে।

এতেকে মুকুতি পদ পাইব মহা সুখে।।৩৪৫।।

কৃষ্ণৰ বাক্যত আৱে কৰিয়ো প্রত্যয়।

মৰিবেক লাগে আক জানিবা নিশ্চয়।।

মৰণ সমল নাহি বিনে হৰি নাম।

জানি নিৰন্তৰে নৰে বোলা ৰাম ৰাম।।৩৪৬।।

......

।।দুলড়ী।।

 

নিগদতি শুক      শুনা সাৱধানে

পৰীক্ষিত নৃপবৰ।

সম্বুধি দূতক      দুনাই যমৰাজ

মহিমা কহে নামৰ।।

পৰম দুর্ল্লভ       মাধৱৰ নাম

সংসাৰ সাগৰে নাৱ।

তিনিও লোকত     নাহি হেন জন

জানিবে আৰ প্ৰভাৱ।।৩৪৭।।

হেনবা বুলিবি     নামৰ মহিমা

যদি জানন্তাও নাই।

আছৈ ইটো ধৰ্ম্ম    কিমতে জানিব

শুনা তাৰ অভিপ্রায়।।

দেৱৰ নিমিত্তে     নামক পূৰ্ব্বত

গুপুত কৰিয়া থৈলা।

পদ্মৰ কল্পত              ব্রহ্মা আৰাধন্তে

নাৰায়ণে তান্ত কৈলা।।৩৪৮।।

কিছু কিছু কৰি        প্ৰৱৰ্ত্তিল নাম

কেন ধৰ্ম্ম ইটো দেখা।

নামৰ মহিমা             জানৈ যত লোক

শুনা দেঞো তাৰ লেখা।।

ব্রহ্মা মহেশ্বৰ             প্রহ্লাদ নাৰদ

কপিল কুমাৰ মুনি।

ভীষ্ম স্বায়ম্ভুৱ      ব্যাসসুত শুক

জনক জানা আপুনি।।৩৪৯৷৷

দৈত্যশূৰ বলি      মঞি যমৰায়

মোৰ কিনো ভাগ্যোদয়।

এহি বাহ্ৰ জনে     জানো ইটো ধৰ্ম্ম

জানিবি দূত নিশ্চয়।।

কোটি শত তীর্থ    ব্ৰততো কৰিয়া

নামেসে পৱিত্ৰ কৰে।

যতেক শুনোক     তথাপি নামত

বিশ্বাস কেৱে নকৰে।।৩৫০৷৷

নামৰ মহিমা      জানিল মাত্রকে

সংসাৰৰ হৱৈ পাৰ।

দুর্ল্লভ মুকুতি      বৈকুণ্ঠে ভুকুতি

অপ্রয়াসে মিলৈ তাৰ।।

মনুষ্য লোকত     এহিমানে মাত্র

পৰম ধৰ্ম্ম সম্প্রতি।

শ্ৰৱণ কীৰ্ত্তন      কৰিয়া নামক

কৃষ্ণত কৰা ভকতি।।৩৫১৷৷

ইহাৰ প্রমাণ      নুসুধিবি দূত

এহি সত্য বেদ বাণী।

যাতনা তাপত     মৰৈ প্রাণী যত

এহিটো ধৰ্ম্ম নজানি।।

সাক্ষাতে দেখিলি    দ্বিজ অজামিল

পৰম পাপী প্রখ্যাত।

নাৰায়ণ নাম      উচ্চৰি মৰন্তে

মৃত্যুৰো এৰাইলা হাত।।৩৫২।।

দেখ দেখ দূত     হৰিৰ নামৰ

অচিন্ত্য কেন প্রভাৱ।

দুৰ্ঘোৰ সংসাৰ     সাগৰ তৰণ

এহিসে সুদৃঢ় নাৱ।।

নাম এৰি আন     মতে মোক্ষ চাৱৈ

নুহিকে সিটো পণ্ডিত।

জানিবা মূৰ্খতো    অধিক সেহিসে

তাহাৰ মত খণ্ডিত।।৩৫৩৷৷

আশ্চৰ্য্য আশ্চর্য্য    ভাৰতৰ নৰ

কিনো মন্দ কৰ্ম্ম কৰৈ।

হৰি হেন নাম     আছন্তে তথাপি

যাতনা তাপত মৰৈ।।

ঈশ্বৰ কৃষ্ণক      নভজি আনক

ইষ্টদেৱ বুলি ধৰৈ।

কিনো হতবুদ্ধি     কোচতে আসুধি

আছন্তে নিচিন্তি মৰৈ।।৩৫৪।।

.........

।।কবিৰ আত্মপৰিচয়।।

৷৷ছবি।।

 

টেম্বুৱানিবন্ধে গ্রাম       বটদ্ৰৱা যাৰ নাম

লোহিতৰ আতি অনুকূল।

ভৈলা সেই গ্রামেশ্বৰ      যাৰ নাম ৰাজধৰ

কায়স্থ কুলৰ পদ্মফুল।।

তানে সুত সূৰ্য্যবৰ       মহা দাতা যশধৰ

দেৱ দ্বিজ আৰাধনে নিষ্ট।

যাৰ যশ এভো জ্বলৈ     জয়ন্ত মাধৱ দলৈ

দুই ভাই যাহাৰ কনিষ্ঠ।।৩৫৫।।

তানে পুত্র অনুপাম       প্রসিদ্ধ কুসুম নাম

মহন্তৰ যিটো অগ্রগণী।

পুণ্যৰ নাহিকৈ পাৰ      ভৌমিক মধ্যত সাৰ

যাৰ যশে ঢাকিল ধৰণী।।

তাহান সন্ততি অতি      অজ্ঞ মহা মূঢ়মতি

শঙ্কৰে ৰচিলা পদবন্ধে।

কথাৰ আশয় চাই       নিবন্ধিলো ঠাই ঠাই

নানাবিধ হ্রস্বদীর্ঘ ছন্দে।।৩৫৬।।

কৰযোৰে বুদ্ধলোক       বোলো ক্ষমিয়োক মোক

মহন্তৰ ক্ষমাসে ভূষণ।

আৱেসে টীকাত চাই      যেৱে দেখা কথা নাই

তেৱে দিবা পদত দোষণ।।

যিটো জনে অজিজ্ঞাসী     হঠাতে নিন্দন্ত আসি

তাকো কিছু বুলিতে নপাৰি।

এৰৈ নিজ পুণ্যচয়       কৰৈ মোৰ পাপক্ষয়

দেখা সিটো কেনে উপকাৰী।।৩৫৭৷৷

তাকো নেক্ষেমিলো যেবে   মোত পৰে আছে তেৱে

আন কোন কৃতঘ্ন সাক্ষাত।

ইটো কথা পৰিহৰি       চিন্তিয়োক মহা হৰি

কৰা ৰতি কৃষ্ণৰ কথাত।।

কৃষ্ণ কথা বিনে আৰ     নাহিকে শাস্ত্ৰৰ সাৰ

চাৰিবেদে কৱৈ আক মাত্র।

এক চিত্তে যিটো নৰে     শ্ৰৱণ কীৰ্ত্তন কৰে

সি সি মহা মুকুতিৰ পাত্ৰ।।৩৫৮।।

মাধৱৰ নাম যশ        যিটো তাতে পাৱৈ ৰস

সি সি মহা মহন্ত উত্তম।

মহাতীর্থ স্নান দান       যতেক পৰম জ্ঞান

কোটি ভাগো তাক নুহি সম।।

হৰি হৰি উচ্চৰন্তে       যাৰ নয়নৰ হন্তে

ঝৰৈ নীৰ শৰীৰ পুলক।

ভৈলা সংসাৰৰ পাৰ      মৰিবে নলাগে তাৰ

জীৱন্ততে পাইলেক কৃষ্ণক।।৩৫৯।।

হেন জানি সভাসদ       চিন্তিয়ো কৃষ্ণৰ পদ

কৰা কৃষ্ণ চৰিত্ৰ কীৰ্ত্তন।

মহা কাল সর্পে গিলে     যাইব জিউ একতিলে

মিলৈ কৈত দুর্ঘোৰ মৰণ।।

কৃষ্ণেসে সুহৃদ নিজ       নামসে মুকুতি বীজ

প্রবন্ধে ধৰিও হৰি নাম।

সমস্ত সমাজে ঢাকি       বোলা উচ্চ কৰি ডাকি

নিৰন্তৰে নৰে ৰাম ৰাম।৩৬০৷৷

.........

            ।।নাম-ৰহস্য কথন।।

                        ।।পদ।।

 

নিগদিত শুক শুনিয়োক নৃপবৰ।

যমত পুচিলা দুনাই দাৰুণ কিঙ্কৰ।।

একবাৰ উচ্চাৰিলে নামৰ আভাস।

কিমতে সমস্তে পাপ তাৰ ভৈল নাশ।।৩৬১।।

শ্ৰদ্ধায়ে সততে ভক্তি ভাৱে নাম ধৰৈ।

তাহৰেসে সমস্তে পাতেক কালে হৰৈ।।

অনুদিনে আদৰে হৰিৰ নাম লৱৈ।

তাৰেসে পাতেক হৰে আনো শাস্ত্রে কৱৈ।।৩৬২।।

অহর্নিশে সুমৰিলে হৱে পাপ ক্ষয়।

আনো পুৰাণত আছে হেনসে নির্ণয়।।

ভাগৱত শাস্ত্ৰক শুনিব ঠাই ঠাই।

সেহিসে পবিত্র নাম সুমৰে সদায়।।৩৬৩।।

হৱে শুদ্ধ যেৱে এক নাম লৈলে মাত্র।

পূৰ্ব্বত কৰিল কিয় প্রায়শ্চিত্ত শাস্ত্র।।

ব্যর্থেসে বিহিলে জপ তপ তীর্থচয়।

ছেদিয়োক প্রভু ইটো মনৰ সংশয়।।৩৬৪।।

শুনি যমৰাজা দিলা দূতক উত্তৰ।

একো নুবুজস তোৰ অধম পামৰ।।

নামৰ মহিমা শুনি নসুহিয় গাৱ।

হৰিতো অধিক মহানামৰ প্ৰভাৱ।।৩৬৫।।

নামৰ দ্রোহীক হৰি নকৰন্ত ৰক্ষা।

ৰাখে হৰি দ্রোহীক নামৰ হেন কক্ষা।।

অচিন্ত্য মহিমা নাম এৰ আত খেদ।

শুন তোৰ সংশয়ৰ দেঞো পৰিচ্ছেদ।।৩৬৬।।

মহা মহা পাতেকৰ ক্ষয়ৰ নিমিত্তে।

নালাগে হৰিৰ নাম সততে স্মৰিতে।।

ৰাম কৃষ্ণ নাম যিটো লৱৈ একবাৰ।

কোটি জনমৰো পাপ ভস্ম হোৱৈ তাৰ।।৩৬৭।।

আপুনি আগতে পাইলি শাস্ত্ৰৰ প্রমাণ।

দ্বিজ অজামিল যেন পাতকী প্রধান।।

লাজ কাজ মৰ্য্যাদা এৰিলে যেন নট।

মিলে ছাগলিতো দ্বিজ হেনসে লম্পট।।৩৬৮৷৷

অত্যন্ত অশুদ্ধ চিত্ত নজানে কৃষ্ণক।

নাৰায়ণ আইস বুলি ডাকিলে পুত্রক।।

এতেকে তড়িল পাপ বন্ধনৰ হন্তে।

পাইলেক মুকুতি নাম সুমৰি মৰন্তে।।৩৬৯।।

কহিলো বেদৰো তত্ত্ব জানিবি নিশ্চয়।

নামৰ আভাসে মাত্র পাপ কৰৈ ক্ষয়।।

পাতকৰ বাসনাৰ ক্ষয়ৰ নিমিত্তে।

সততে নামক সুমৰিবে লাগৈ নিতে।।৩৭০।।

এতেকেসে শাস্ত্র কৰৈ সদায় স্মৰণ।

তেৱেসে বাসনা গুচৈ শুদ্ধ হোৱৈ মন।।

তেৱেসে নাছাড়ৈ কৃষ্ণ চৰণত ৰতি।

ইহাৰ প্রমাণ জানা সপ্রেম ভকতি।।৩৭১।।

বুলিবি নামেসে যেৱে সাধে সৱে অর্থ।

স্মৃতি শাস্ত্র মানে তেৱে ভৈল সৱে ব্যর্থ।।

হৰিৰ নামেসে পাৰৈ পাতক খণ্ডিত।

কিয় ঋষি সৱে বিহৈ আন প্রায়শ্চিত্ত।।৩৭২।।

ইহাৰ উত্তৰ দেঞো শুন দূতগণ।

বাহ্র জনিয়াত পৰে যত মহাজন।।

পৰম ৰহস্য হৰি নামক নাজানে।

বিনে আন প্রায়শ্চিত্ত কৰ্ম্মক বখানে।।৩৭৩।।

যেন মৃত্যু-সঞ্জীৱনী ঔষধতে সাৰ।।

মৰাকো জীয়াৱৈ হেন প্রভাৱ তাহাৰ।।

মন্দমতি বৈদ্য সৱে তাহাক নজানি।।

আনসে ঔষধ দেয় ৰুগীয়াক আনি।।৩৭৪৷৷

মায়ায়ে মুহিলে নুবুজিলে বেদবাণী।

কৰ্ম্ম কৰি অক্ষয় স্বৰ্গক সাধৈ প্রাণী।।

কৰ্ম্মকাণ্ড বেদতেসে মতি ভৈল জড়।

জপ ব্রত যজ্ঞকেসে দেখে কৰ্ম্ম বৰ।।৩৭৫৷৷

মিলাৱৈ সম্ভাৰ কৰি অনেক প্রাৰম্ভে।।

উচ্চাৰিয়া মন্ত্র পঢ়ি যজৈ মহাদম্ভে।।

মোত পৰে কোন আছে বুলি কৰৈ ৰঙ্গ।

বৈষ্ণৱক বোলে কোন ক্ষুদ্র যে পতঙ্গ।।৩৭৬৷৷

বেদশাস্ত্র নজানে কিছুৰো নাহি পাত্র।

এৰিলেক কৰ্ম্ম ৰাম বুলি মৰে মাত্র।

ভকতিকো কৰি ফুৰে অনেক ধিক্কাৰ।।

কৰ্ম্মীৰ নুগুচৈ সদা ক্রোধ অহঙ্কাৰ।।৩৭৭৷৷

কৰ্ম্ম কৰি নেড়াই যাতনা মহা ক্লেশ।

সিহেতু জানন্ত সৱে নেদৈ উপদেশ।।

তাহাৰ নিদান কহো শুন দূতগণ।

কৰ্ম্ম-মলে ছন্ন কৰে অজ্ঞানীৰ মন।।৩৭৮।।

কৃষ্ণ হেন ঈশ্বৰতো কিঞ্চিতো নজানৈ।

মন্ত্র তন্ত্ৰ কৰ্ম্মক ডাঙ্গৰ বুলি মানৈ।।

অস্ফুট কঠিন মন্ত্র দুষ্কৰ কৰ্ম্মত।

সদায় তাহাৰ শ্ৰদ্ধা নুগুচৈ মনত।।৩৭৯।

কোমল অক্ষৰ স্পষ্ট ৰাম কৃষ্ণ নাম।

অল্প বুলি এড়ৈ বোলে আত কোন কাম।।

কর্ণেও নুশুনে আৰ কথাক কহন্তে।

নাম উপদেশ নেদৈ এতেকে মহন্তে।।৩৮০।।

নাম নকৈবাৰ আৰো অভিপ্রায় আছে।

থাকে যেন যদ্যপি পোষণ সিংহ কাছে।।

যদি চাৰ শৃগালে আৰাও কৰৈ চাপি।

তাক খেদাইবাক নেদৈ সিংহক তথাপি।।৩৮১।।

সেহিমতে হৰিনাম পৰম মঙ্গল।

যাক উচ্চাৰণে পাৱৈ মহা মোক্ষ ফল।।

পাপ প্রায়শ্চিত্ত ইটো কোন চাৰ কাম।

এহিবুলি জানন্তেও নকহিলা নাম।।৩৮২।।

আৰু এক অভিপ্রায় কহে শুন দূত।

পৰম ৰসহ্য নামধৰ্ম্ম অদভুত।।

ইহাৰ মহিমা মাত্র জানে যিটো প্রাণী।

এতেকে মুকুতি পাৱে কৈলো সত্য বাণী।।৩৮৩৷৷

যেৱে জানে জগতে নামৰ তত্ত্ব ভেদ।

পাইবে সৱে মোক্ষ হুইবে সংসাৰ উচ্ছেদ।।

এহি বুলি নানাধৰ্ম্ম নকৰি বিদিত।

জানিও আনসে বিহিলন্ত প্রায়শ্চিত্ত।।৩৮৪৷৷

আৰো কিছু হেতু আত বুলিবাক পাৰি।

জানিল নামক যিটো বেদক বিচাৰি।।

নকহিল তথাপি নামৰ তত্ত্ব মৰ্ম্ম।

উচ্চৰিল ইটো প্রায়শ্চিত্ত ধৰ্ম্ম কৰ্ম্ম।।৩৮৫।।

যেন মহা ব্রহ্মজ্ঞান ৰাখন দুষ্কৰ।

তেনয় দুষ্কৰ নাম কৰ্ম্মী মনুষ্যৰ।।

আসে আন বচন মুখত সৰসৰি।

ওঠক কপালে যেন যেৱে বোলৈ হৰি।।৩৮৬।।

নাসিবে জিহ্বাতে নাম নুহিবে বিশ্বাস।

কৰ্ম্মকো দেখিবে মিছা ব্যর্থসে প্রয়াস।।

নামধৰ্ম্ম এৰি হুইবে পাষণ্ড পৰায়।

নখণ্ডিল প্রায়শ্চিত্ত এহি অভিপ্রায়।।৩৮৭।।

ৰাখিলন্ত কৰ্ম্মকাণ্ড অজ্ঞানীৰ পদে।

কৰ্ম্মীক নেড়িব ঘোৰ পৰম আপদে।।

উপজি মৰিবে মহা ভুঞ্জিয়া নিকাৰ।

কোটি কোটি কল্পে নাহি কৰ্ম্মীৰ নিস্তাৰ।।৩৮৮।

জন্মে জন্মে কৰি আছে পাপৰ পৰ্ব্বত।

আজোড়ন্তে নাসে নাম তাহাৰ মুখত।।

নলৱে সন্তৰ সঙ্গ সিকাৰণে ৰণ্ড।

জানিবি সেহিসে নিজ পৰম পাষণ্ড।।৩৮৯।।

জন্মে জন্মে যিটো আৰাধিয়া আছৈ হৰি।

তাহাৰ জিহ্বাত নাম আসে সৰসৰি।।

তাৰ কৃষ্ণ কথাতে উপজে আতি ৰস।।

সিসে ভাগ্যৱন্ত গাৱৈ হৰিগুণ যশ।।৩৯০।

সি সি জনে আন একো পুণ্যক নেলেখে।

হৰি ভকতক পাইলে প্রাণ হেন দেখে।।

ওপজৈ কৃষ্ণত প্রেম চিত্তে ধৰৈ ৰূপ।

জীৱন্তে কৃষক পাৱৈ কহিলো স্বৰূপ।।৩৯১৷৷

হেন বিমিৰিষি যিটো মহা বুদ্ধিমন্ত।।

পৰম শ্রদ্ধায়ে ভজে নিতে ভগৱন্ত।।

শ্ৰৱণ কীৰ্ত্তন নাম নছাড়ে মুখৰ।

মোৰ দণ্ডযোগ্য আউৰ নুহি সিটো নৰ।।৩৯২।।

নকৰিবা পাপ সিটো চিত্তত আহ্লাদ।

যদিবা তাহাৰো সিজে পাতেক প্রমাদ।।

হৰিনাম কীৰ্ত্তনে তেখনে হোৱৈ নাশ।

পাপী হেন বুলি তাৰ নচাপিবি পাশ।।৩৯৩৷৷

শুন দূতগণ কহো হিতসে বচন।

কৃষ্ণত একান্ত চিত্তে পশিয়ো শৰণ।।

ঐৰপৰা ময়ো মান্য কৰো প্রতিনিত।

দেৱ সিদ্ধে তাহাৰেসে গাৱৈ গুণ গীত।।৩৯৪।।

তাসাম্বাৰ নচাপিবি সমীপ কিঙ্কৰ।

লগে ফুৰৈ কৌমুদকী গদা গোৱিন্দৰ।।

পাইলে হাড় মুণ্ড গুণ্ডি কৰিবে কোৱাই।

কহিলো স্বৰূপে পাচে মোত দোষ নাই।।৩৯৫।।

কালো কিছু কৰিবে নুৱাৰে অপকাৰ।।

সিটো ভকতত মোৰ নাই অধিকাৰ।।

হেন জানি তাহাঙ্ক দূৰতে পৰিহৰি।

আপোনাৰ প্ৰাণ ৰাখি ফুৰিবি অন্তৰি।।৩৯৬।।

যিটো জনে ফুৰৈ ৰাম নামক উচ্চাৰি।

পাচে পাচে যান্ত কৃষ্ণ চক্ৰ কৰে ধৰি।।

যেন ধেনু স্নেহে বাচৰুৰ পাছ লাগে।

ৰক্ষা কৰি ভৃত্যক ফুৰন্ত অনুৰাগে।।৩৯৭।।

বিষ্ণুৰ পৰমপ্রিয় ভকত বান্ধৱ।

ভকত জনৰ মহা সুহৃদ মাধৱ।।

তাহাৰ কাছক গৈলে হুইবি ৰণ্ড ভণ্ড।

চক্রে কাটি তেখনে কৰিব খণ্ড খণ্ড ।।৩৯৮৷৷

সষ্টমে ফুৰিবি দূত আপোনাক জানি।

যথাত নুশুন কর্ণে হৰিনাম ধ্বনি।।

শ্ৰৱণ কীৰ্ত্তন যৈত নাহিকে প্রচাৰ।

সেহিসে থানত দূত কৰিবি সঞ্চাৰ।।৩৯৯৷৷

কহিলোহো হিত আত এৰিবি সংশয়।

আপোনাক ৰাখিয়া ফুৰিবি দূতচয়।।

কদাচিতো নচাপিবি বৈষ্ণৱৰ পাশ।

মোৰ বাক্য নধৰিলে হুইবে সৰ্ব্বনাশ।।৪০০৷৷

মঞি তোহ্মাসাক দেঞো দুনাই দুনাই হাক।

আপুনো বৰ্ত্তিবি যেৱে ৰাখিবি আহ্মাক।।

বৈষ্ণৱৰ ঠাইক লাগি নকৰিবি গতি।

এহিবুলি দূতক শিখাইলা প্রতিপ্রতি।।৪০১।।

শুনা সভাসদ পদ মহাভাগৱত।

অণুমাত্র সাৰ নাই ইটো সংসাৰত।।

মায়াময় বিষয়ত মৰিলাহা মজি।

মিছাত গোৱাইলা দিন কৃষ্ণক নভজি।।৪০২।।

হৰি ভকতিক লাগি কৰিও প্রবন্ধ।

কৃষ্ণত নুপুজৈ মতি কিনো লোক অন্ধ।।

যাৰ নাম মাত্র লৈলে সংসাৰক তড়ি।

হিয়াত আছন্ত হেন কৃপাময় হৰি।।৪০৩।।

যাৱে নতু মিলে মহা দুৰ্ঘোৰ মৰণ।

সত্বৰে লৈওক প্রভু কৃষ্ণত শৰণ।।

কৃষ্ণৰ চৰিত্ৰ শুনিয়োক অৱিশ্রাম।

সুখে দুখে মুখে নছাড়িবা কৃষ্ণ নাম।।৪০৪।।

কৰিলন্ত পঞ্চ সত্য কেশৱে পূৰ্ব্বত।

মহা নিষ্ঠ কৰি ধনঞ্জয়ৰ আগত।।

নাম বিনে অৰ্জ্জুন তাড়ন্তা আন নাই।।

নিৰন্তৰে বেদৰ এহিসে অভিপ্রায়।।৪০৫।।

হেন জানি কৃষ্ণৰ চৰণ চিন্তা চিত্তে।

কৃষ্ণ কথা অমৃতক পিয়া প্রতি নিতে৷৷

দুর্ঘোৰ যাতনা তড়িবাৰ কৰা কাম।

নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম।।৪০৬।।

..........

।।যমৰ অধিকাৰ কথন।।

।।দুলড়ী।।

 

নিগদতি শুক      শুনা পৰীক্ষিত

কৃষ্ণ কথা অদভুত।

যমৰ বচন       শুনি পুনৰপি

পুচিলা সমস্তে দূত।।

বিষ্ণু ভকতৰ      নচাপিবো পাশ

তোহ্মাৰ আজ্ঞাক লৈয়া।

ভালমত আৱে     চিনায়োক প্রভু

আহ্মাৰ যিটো পৰয়া।।৪০৭।।

মনুষ্য মধ্যত      কোন মহা পাপী

তাকো জানিবাক লাগে।

চাৰি মহা সিটো        সিদ্ধৰ হাতত

ইবাৰ বৰ্ত্তিলো ভাগ্যে।।

কাক আনি ঐত        ভুঞ্জাইবো যাতনা

কাত কোন দায় আছে।

ভাল মতে মোত        কহিবা ইবাৰ

সমূলে মৰিবো পাচে।।৪০৮।।

দূতৰ বচন           শুনি বুলিলন্ত

যমে থিৰ কৰি মতি।

যাত অধিকাৰ         আহ্মাৰো কহিবো

শুনিবি দূত সম্প্রতি।।

ব্রহ্মা মহাদেৱ          যাক কৰে সেৱ

আছন্ত কৃষ্ণ ঈশ্বৰ।

তান্ত পৰে আৰ         দেৱ কেহো নাহি

আমিও যাৰ কিঙ্কৰ।।৪০৯।।

সনক সনন্দ           সিদ্ধে আৰাধন্ত

যাহাৰ পদ কমল।

হেন মাধৱৰ           চৰণ সেৱাত

বিমুখ যিটো নিস্খল।।

নৰকৰ পথ           ইটো গৃহবাস

আতেসে ৰতি সদায়।

তাক ধৰি আন         পাতকী প্রধান

তাতে আছে মোৰ দায়।।৪১০।।

ধৰ্ম্ম অনুপাম          কৃষ্ণ গুণ নাম

নথাকৈ যাৰ জিহ্বাত।

জগত তাড়ন          কৃষ্ণৰ চৰণ

নিচিন্তৈ যিটো হিয়াত।।

ঈশ্বৰ কৃষ্ণক           বাৰেকো নকৰৈ

প্রণাম যিটো নিস্খলে।

তাক ধৰ চাপি         সেহি মহা পাপী

বান্ধি আন হাতে গলে।।৪১১।।

বৈষ্ণৱক দেখি          কৰৈ উপহাস

ভকতি পথক নিন্দৈ।

সিটো দুৰ্জ্জনৰ          যেন হৰিনামে

সম্যক কাণত বিন্ধৈ।।

সংসাৰ মধ্যত          তাত পৰে পাপী

আউৰ একোজন নাই।।

নুসুধিবি তাক          আন যাতনাক

লোহাৰ ডাঙ্গে কোবাই।।৪১২।।

কৃষ্ণৰ কীৰ্ত্তন          নকৰি যি নৰে

আনসে ধৰ্ম্ম আচৰে।

কৃষ্ণৰ কথাত          কাণ নপাতয়

অধম যিটো পামৰে।।

ভকতৰ যত           পাতক পলাই

কাঢ়ন্তে হুম নিশ্বাস।

পলাইবাৰ পুৰি         নপায়া খুজি লুৰি

গৈয়া তাত কৰৈ বাস।।৪১৩।।

সিটো দুৰাচাৰ          পাপৰ ভাণ্ডাৰ

ছাড়িবে নলাগে তাক।

ধৰিবিহি বলে          বান্ধি হাতে গলে

ঝান্টে আন যাতনাক।।

সেহি মহাৰণ্ড          পৰম পাষণ্ড

ডাঙ্গে কোবাই কৰ চুৰ।

চিনাইলো পৰয়া         মোৰ আজ্ঞা লৈয়া

মনুষ্য লোকত ফুৰ।।৪১৪৷৷

দূতক এতেক          কহি যমে পাচে

কৃষ্ণৰ দিশক চাই।

কৰি কৃতাঞ্জলি          বুলিলা বিনয়

হুয়া অৱনত কায় ।।

তোহ্মাৰ নামৰ         মহিমা নজানি

দূতে কৰিলেক দোষ।

সেৱকৰ দায়          পাৱয় প্রভুকো

ইসে ভৈল অসন্তোষ।।৪১৫।।

ক্ষমিয়োক স্বামী         জানিবা আমিসি

কৰিলো ইটো অকৰ্ম্ম।

হুয়োক সদয়          কৃষ্ণ কৃপাময়

ক্ষমাসে মহন্ত ধৰ্ম্ম।।

এহি বুলি যমে         মৌন হুয়া ৰৈলা

কৃষ্ণৰ চিন্তি চৰণ।

প্রেম পৰশিল      লোতক ঝৰিল

নেৰিলা হৰি স্মৰণ।।৪১৬।।

.............

৷৷কীৰ্ত্তন-ধৰ্ম্মৰ মৰ্ম্ম কথন।।

৷৷ছবি।।

বৈষ্ণৱৰ মহিমাক        যমৰ মুখত শুনি

হিয়াত পশিল মহাভয়।

সেহি দিন ধৰি পাছে     ভকতক দেখিলেও

ততৰি কাম্পে দূত চয়।।

ডৰে থাকে চকু চিপি     কতো যাই পাচে গুচি

চাহিবে নোৱাৰে মাথা তুলি।

প্ৰভাৱ দেখিয়া বোলৈ     বৈষ্ণৱৰ যিটো তেজ

যোনো মাৰৈ আহ্মাক সমূলি।।৪১৭।।

কীৰ্ত্তনৰ ধ্বনি যথা      যৈত শুনে হৰি কথা

তাক ডৰি অন্তৰি পলাই।

নামৰ শুনন্তে ৰোল       হৰৈ মুখে মাতবোল

লৱড়য় পাছক নচাই।।

নাহি শ্রুতি যেন মৰা     চক্রে কাটিলেক পৰা

মোৰ মান যেনো আজি বুৰৈ।

যিবা আন কথা কৱৈ     তাকো বোলে নাম লৱৈ

ডৰতে দূৰত ধাতু উৰৈ।।৪১৮।।

কৰৈ আনে কণাকণি      যদি শুনে ৰিণিৰিণি

থমকি অনাৱে কাণ পাতি।

অন্যোঅন্যে বোলৈ শুন    যোনো গাৱৈ হৰি গুণ

পলাইবাক লাগি বান্ধৈ গাতি।।

মহাত্রাস হুয়া আতি      স্বপ্নতো চেঞ্চাৱৈ ৰাতি

পলা পলা চক্রে পাইলে খেদি।

এহিমতে দূতগণে        অসুখ অশান্তি মনে

পলায় বৈষ্ণৱক লাগ নেদি।।৪১৯।।

কহিলো নৃপতি মৰ্ম্ম      কৃষ্ণৰ কীৰ্ত্তন ধৰ্ম্ম

জগত মঙ্গল ইসে নিজ।

মহা মহা পাপৰাশি       এহিসে বিনাশে আসি

উভাৰৈ পাপৰ যত বীজ।।

কৃষ্ণ গুণ নাম স্মৰি      শ্ৰৱণ কীৰ্ত্তন কৰি

যেন মতে শুদ্ধ হোৱে নৰে।

কোটি তীর্থ ব্রত তপে     কোটি যাৰ যোগ জপে

সেহি মত পৱিত্ৰ নকৰে।।৪২০৷৷

কৃষ্ণ পদ-পঙ্কজৰ        মধু পিৱৈ যিটো নৰ

তাৰ মন নপৰৈ কৰ্ম্মত।

কৃষ্ণতেসে কৰৈ ৰতি      মিলৈ মহা বিৰকতি

ঘোৰ দুঃখময় বিষয়ত।।

ভকতি নাদৰি যিটো      প্রায়শ্চিত্ত কৰৈ সিটো

তাৰ কৰ্ম্ম সকলে বিফল।

যেন ধুৱাই নেই হাথী     দুনাই লৱৈ কূটা মাটি

গাৱত বন্ধাৱৈ আতি মল।।৪২১৷৷

পূৰ্ব্বত অগস্ত্য ঋষি      মলয়া পৰ্ব্বতে বসি

আছন্ত হৰিক কৰি ধ্যান।

কহিলন্ত মোত তথা      ইটো ইতিহাস কথা

নাম বিনে ধৰ্ম্ম নাহি আন।।

জানিলাহা পৰীক্ষিত       নাম ধৰ্ম্ম বিপৰীত

কহিলো তোহ্মাত দায়াতৰে।

ইহাত বিশ্বাস কৰি       যিটো ফুৰৈ নাম ধৰি

সিটো সুখে সংসাৰক তড়ে।।৪২২।।

শুনিয়োক সভাসদ       মহা ভাগৱত পদ

তিনিও লোকত ইটো সাৰ।

কৰিও বিশ্বাস আত      এড়ায়ো যমৰ হাত

নাম বিনে নাহিকে নিস্তাৰ।।

বুজিবা শাস্ত্ৰৰ মজ্জা       কৃষ্ণেসে দেৱৰ ৰাজা

হৰিনাম ধৰ্ম্মৰ ঈশ্বৰ।।

যত তপ তীর্থ স্নান      যাগ যোগ মহা জ্ঞান

জানা সৱে নামৰ কিঙ্কৰ।।৪২৩।।

নাহি আত অন্যৱথা      বিৰচিলো কৃষ্ণ কথা

আক শুনি হুয়োক সন্তোষ।

নিন্দা নুবুলিবা মোক     কৃষ্ণে সৱে খণ্ডায়োক

আছে বঢ়া টুটা যত দোষ।।

হৰি হৰি নাম স্মৰৈ      সমস্তে ছিদ্রক হড়ৈ

মহন্তৰ হেনসে সন্মত।

নাম বিনে নাহি আন     অজামিল উপাখ্যান

এহিমানে ভৈলা সমাপত।।৪২৪৷৷

হে কৃষ্ণ কৰো সেৱ      হেন কৃপা কৰা দেৱ

তোহ্মাতেসে থাকৈ যেন মতি।

চৰণে বিক্রয় গৈলো      তোহ্মাৰেসে ভৃত্য ভৈলো

জন্মে জন্মে তুমি মোৰ গতি।।

মই মহা মূঢ়মতি        তোহ্মাত নকৰি ৰতি

ইতো আয়ু নিলো আলেজালে।।

হুয়ো দেৱ উপশাম       তোহ্মাৰ স্মৰণ নাম

নছাড়োক মোৰ অন্তকালে।।৪২৫।।

নামেসে মোক্ষৰ বীজ     কৃষ্ণেসে সুহৃদ নিজ

ভৈল তযু প্রসাদে বিদিত।

তুমিসে পৰম গুৰু       ভকতৰ কল্পতৰু

জানা তুমি যাৰ যেন চিত্ত।।

কৰো কৃষ্ণ কৃতাঞ্জলি      ধৰা মোক দাস বুলি

হেৰা কৰো সহস্র প্রণাম।

কৃষৰ ভৃত্যৰো ভৃত্য      শঙ্কৰে ৰচিলা গীত

নিৰন্তৰে বোলা ৰাম ৰাম।।৪২৬।।

.........

।।ইতি অজামিল উপাখ্যান সম্পূৰ্ণ।।

।।শ্রীমদ্ভাগৱত।।

          ।।ষষ্ঠ স্কন্ধ।।

                       বৃত্রাসুৰ বধ

                    ৷৷শ্রীকৃষ্ণায় নমঃ।।

 

           ৷৷মঙ্গলাচৰণ।।

।              ।পদ।।

 

প্রণামো পৰম গুৰু হৰিৰ চৰণ।

যাৰ নাম স্মৰি তৰি দুৰ্ঘোৰ মৰণ।।

হৃদয়ত আছা যিটো জগত জীৱন।

ভকত বৰদ পদ পঙ্কজ ৰঞ্জন।।৪২৭।।

নমো কৃষ্ণ ইষ্টদেৱ ভকত বৎসল।

ত্রৈলোক্যত সাৰ যাৰ নাম সুমঙ্গল।।

সৰ্ব্বসিদ্ধি হোৱে যাৰ নাম সুমৰণে।

হেনয় কৃষ্ণৰ পদে পশিলো শৰণে।।৪২৮।।

 

      ।।বৃত্রাসুৰ বধ।।

 

শুনা সভাসদ মহাভাগৱত পদ।

ষষ্ঠ স্কন্ধে হৰিকথা বৃত্রাসুধ বধ।।

শ্রীগৰ্ব্বে ইন্দ্ৰক তেজিলা বৃহস্পতি।

কৃষ্ণৰ প্ৰসাদে সৱে তড়িলা দুর্গতি।।৪২৯৷৷

মনুষ্য মধ্যত মহাপাপী অজামিল।

তাক যেনমতে হৰিনামে নিস্তাৰিল।।

ব্রহ্মবধী বাসৱক দেৱতা মধ্যত।

মাধৱৰ নামে নিস্তাৰিল সেহিমত।।৪৩০।।

অজামিল দ্বিজ জানা হুইল ভকত।

বিষ্ণুদূত মুখে ভৈলা আপুনি বেকত।

সঙ্কেতে পুত্ৰৰ স্নেহে নাম উচ্চাৰিল।

যমৰ যাতনা তড়ি বৈকুণ্ঠ লভিল।।৪৩১।।

ইন্দ্রকো জানিবা মহা হৰিত ভকত।

ভ্রাতৃস্নেহে ভকতি কৰিলা উপেন্দ্ৰত৷৷

এতেকতে হৰিনামে কৰিলা উদ্ধাৰ।

ভকতি শূন্যক নামে নকৰে নিস্তাৰ।।৪৩২।।

হেন জানি কৰা সৱে ভকতিৰ কাম।

শুনা মাধৱৰ গুণ নাম অৱিশ্রাম।।

যাৰ কথা নুশুনিলে নুপজে ভকতি।

কৃষ্ণৰ কিঙ্কৰে কহে শ্রীচন্দ্ৰ ভাৰতী।।৪৩৩৷৷

পৰীক্ষিত ৰাজা শুকমুনিত বদতি।

কি কাৰণে ইন্দ্ৰক তেজিলা বৃহস্পতি।।

তানে শিষ্যসকলে দেৱতাগণ মানে।

অনেক দুখত কৰি আছে পৰিত্ৰাণে।।৪৩৪।।

পৰম বৈষ্ণৱ কুলগুৰু পুৰোহিত।

অল্পতে সন্তোষ আতিশয় শুদ্ধচিত।।

পুত্ৰৱতে দেৱক পালন্ত দিনে ৰাতি।

উপদেশ দেন্ত হৰিভকতিক আতি।।৪৩৫৷৷

 

।। বৃহস্পতিৰ অসন্তোষ।।

 

হেন গুৰু বৃহস্পতি পাইলা অসন্তোষ।

সিটো দেৱগণে কিবা কৰিলেক দোষ।।

ইটো কথা শুনি মোৰ মনত সংশয়।

যেৱে দায় থাকে কহিয়োক কৃপাময়।।৪৩৬।।

ভাগ্যেসে লভিব বৈষ্ণৱক পুৰোহিত।

পৰম মহন্ত মাধৱত শুদ্ধচিত।।

তাহান্তেসে হন্তে পায় ভুকুতি মুকুতি।

নিত্যানন্দ সুখ মিলে কৃষ্ণত ভকতি।।৪৩৭।।

হেন গুৰু শিষ্যক পাৰন্ত যেৱে গালি।

সহিয়া মাতিব কৃতাঞ্জলি আশা পালি।।

পাৰন্ত ভৎসন্ত যেৱে সন্ত সাধুজন।

তথাপি সহিব হেন হৰিৰ বচন।।৪৩৮।।

অবৈষ্ণৱ বিপ্র আসি গুৰু হৱে যাৰ।

কিঞ্চিত কল্যাণ আৰ নাহিক তাহাৰ।।

সকল সৰ্ব্বস্ব দিলে তাতে তুষ্ট নাই।

ৰাত্রি দিনে শাপে নিন্দা কৰে সমুদায়।।৪৩৯।।

মাধৱৰ গুণ নাম শুনি কাণ ফাটে।

বোলে দেৱ নুপূজয় বলিক নকাটে।।

আন লক্ষ দোষ দেখি চর্চাও নকৰে।

হৰি ভজিবাৰ দেখি বাদ কৰি মৰে।।৪৪০৷৷

হেন ব্রাহ্মণত হন্তে দুখ পাৱে লোক।

আছোক কল্যাণ নুগুচয় দুখ শোক।।

ব্যর্থেসে ভকতি কৰে গুৰু বুলি তাত।

বিপ্রৰূপ ধৰি তাৰ পাপ ভৈল জাত।।৪৪১৷৷

এতেকতে গুৰু মোৰ চিত্ত নসহয়।

পৰম বৈষ্ণৱ বৃহস্পতি কৃপাময়।।

হেন কুলগুৰুয়ো তেজিলে যজমান।

কেনমতে হৈব তেৱে দেৱৰ কল্যাণ।।৪৪২।।

হেন শুনি পৰম বৈষ্ণৱ শুকমুনি।

ৰাজাক প্রশংসি হাসি বুলিলন্ত বাণী।।

 

।।বৃহস্পতিৰ দেৱসভা ত্যাগ।।

 

যেন দোষে ইন্দ্ৰক তেজিলা বৃহস্পতি।

শুনা সাৱধানে পৰীক্ষিত মহামতি।৪৪৩।।

কৃষ্ণয়েৰে অম্ৰৱতী পুৰে দেৱৰাজ।

সদায় থাক পাতি বহল সমাজ।।

উচ্ছ্ৰিত উত্তম ৰত্ন সিংহাসনে বসি।

উপৰত শ্বেতছত্র যেন পূর্ণশশী।।৪৪৪৷৷

চাৰু নৱ ছত্র চন্দ্রাতপ আছে তৰি।

মুকুতা মুৰাৰী থোপা হালে শাৰী শাৰী।।

শুকুলা চামৰে ধৰি ঢোলে দুই পাশে।

নানা দিব্য অলঙ্কাৰে শৰীৰ প্রকাশে।।৪৪৫৷৷

অৰ্দ্ধাসনে শচীপতি লগতে আছন্ত।

নানা অলঙ্কাৰ পিন্ধি দীপিত কৰন্ত।।

হাস পৰিহাসে পাশ চাপিয়া থাকন্ত।

শচী সঙ্গ তেজিবে তিলেকো নপাৰন্ত।।৪৪৬।।

শাৰী শাৰী দেৱতা যোগান আছে ধৰি।

দিব্য বস্ত্র অলঙ্কাৰ পৰিধান কৰি।।

দ্বাদশ আদিত্য ৰুদ্রগণ যত ঋষি।

সিদ্ধ সাধ্য বিশ্বদেৱগণ আছে বসি।।৪৪৭।

অশ্বিনীকুমাৰ অষ্টবসু বায়ুগণ।

সর্পগণ পক্ষীগণ কিন্নৰ চাৰণ।।

অপেস্বৰা নাচয় গন্ধৰ্ব্বে গাৱে গীত।

বিদ্যাধৰে মৃদঙ্গ বজাৱে মনোনীত।।৪৪৮।।

জয় দেৱৰাজ বুলি কতো কৰে স্তুতি।

বাদ্য ভণ্ড দণ্ড ছত্র ধৰি দিনে ৰাতি।।

ত্রৈলোক্য ঐশ্বৰ্য্য হেন পায় সুৰপতি।

শ্ৰীগৰ্ব্ব মদে আতি অন্ধ ভৈল মতি।।৪৪৯।।

মহন্তকো দেখি নকৰয় সতকাৰ।

মোত কৰি কোন চাৰ আছে লোক আৰ।।

উৎপথগামী ইন্দ্র ভৈল সমুদায়।

শুক মুনি বদতি শুনিয়ো কুৰুৰায়।।৪৫০।

একদিন বৃহস্পতি গৈলা সেহি থান।

বসিয়া আছন্ত ইন্দ্র পাতি সভাখান।।

গুৰুক দেখিয়া ইন্দ্ৰে নচালিলা গাৱ।

নেনিলন্ত আগবাঢ়ি ননমিলা পাৱ।।৪৫১।।

নেদিলা আসন পাদ্য অর্ঘ্য আচমনি।

শ্ৰীমদে অন্ধ দেখি নেদেখিলা যেনি।।

সুৰাসুৰে নমে বৃহস্পতি মুনিবৰ।

শিষ্য হুয়া ইন্দ্ৰে নকৰিলন্ত সাদৰ।।৪৫২।।

নকৰিল সতকাৰ আনো দেৱগণে।

দেখি বৃহস্পতি জানিলন্ত তেতিক্ষণে।।

শ্ৰীমদে অন্ধ ভৈল ইটো সুৰপতি।

আৰ ঐত থাকিবাক নুহিকে যুগুতি।।৪৫৩৷৷

হৰি হৰি আক আৱে পাইলেক দুর্গতি।

দেৱগণ মন্দ ভৈল ইহাৰ সঙ্গতি।।

এহি কষ্টে পৰম বৈষ্ণৱ দ্বিজবৰ।

কিছু নুবুলিয়া পাচে গৈলা নিজ ঘৰ।।৪৫৪।।

অসন্তোষে গুৰু যেৱে চলি গৈলা ঘৰ।

তেৱে জ্ঞান ভৈল জানিলন্ত পুৰন্দৰ।।

কি কৰি মৰিলো কৰিলোহো বৰ দোষ।

গুৰু বৃহস্পতিৰ কৰাইলো অসন্তোষ।।৪৫৫।।

আপোনাক আপুনি নিন্দন্ত শচীপতি।

মোত পৰে নাহি আৰ দুষ্ট মন্দমতি।।

যিটো গুৰু প্ৰাণ ৰাখিলন্ত বহুবেলা।

হেনয় গুৰুক মঞি কৰিলোহো হেলা।।৪৫৬।।

শ্রীগৰ্ব্বে মত্ত মঞি ভৈলো দুৰাচাৰ।

সমাজতে গুৰুক কৰিলো তিৰস্কাৰ।।

কোননো পণ্ডিতে বাঞ্ছা কৰে ইটো শ্রীক।

ব্ৰহ্মপদ লক্ষেককো দেখি ধিক ধিক।।৪৫৭৷৷

মই হেন ইন্দ্র সৱে দেৱতাৰ পতি।।

যিটো শ্ৰীয়ে কৰিলেক ই দুইৰ সঙ্গতি।।

ইটো শ্ৰীক পাই মত্ত নুহিবেক কোনে।

একে হৰিভকতত পৰে ত্রিভুৱনে।।৪৫৮।।

সিংহাসনে বসিয়া থাকন্ত ৰাজাগণ।

কাহাকো প্রণাম নকৰিবে তেতিক্ষণ।।

হেনসৱ কথা কহে যিটো বৃদ্ধগণে।

পৰম ধৰ্ম্মক নতু শুনে নতু জানে।।৪৫৯৷৷

একে মদগৰ্ব্বে অন্ধকাৰে আছে পৰি।

আৰো তাক কুপথ দেখাৱে হেন কৰি।।

তাৰ বাক্য শুনে যিটো মৰে সমুদায়।

মোহময় নাৱে চড়ি যেন তল যায়।।৪৬০৷৷

কুলগুৰু জ্ঞানদাতা পৰম পণ্ডিত।

কৃষ্ণত ভকত আতিশয় শুদ্ধচিত।।

হেন ব্রাহ্মণক যেৱে নকৰয় নতি।

তেৱে আন কাক প্রণামিব নৰপতি।।৪৬১৷৷

অবৈষ্ণৱ ভৈলে নুযুৱাই সতকাৰ।

বৈষ্ণৱক সততে কৰিবে নমস্কাৰ।।

হৰিয়ো নমন্ত উঠি বৈষ্ণৱ দ্বিজক।

যাৰ নামে নিস্তাৰয় সকলো লোকক।।৪৬২।।

এতেকে আপোন দোষে ভৈলো মঞি নষ্ট।

হৰি হৰি আতপৰে আছে কোন কষ্ট।।

পৰম বৈষ্ণৱ মোৰ গুৰু বৃহস্পতি।

তান অসন্তোষে মোৰ মিলিল দুর্গতি।।৪৬৩৷৷

এৱে হেন কৰোহো গুৰুৰ গৃহে যাই।

চৰণ পৰশি শিৰে কাকূতি বিনাই।।

ধিক হৌক মোৰ ইটো দেৱৰাজ নাম।

বান্ধৱ গুৰুক গৈয়া কৰোহো প্রণাম।।৪৬৪।।

এহি বুলি ইন্দ্ৰে সৱ দেৱতা সহিতে।।

গুৰুৰ গৃহক চলি গৈলা একচিত্তে।।

ইন্দ্র আসিবাৰ হেন শুনি বৃহস্পতি।

অন্তৰ্দ্ধান ভৈলা সেহি থানত তহিতি।।৪৬৫।।

ইন্দ্ৰে গৈয়া গুৰুক নপায়া খুজি লুৰি।

গৃহক আসিলা মহামৰ্ম্মে দুখ কৰি।।

মোৰ মহাগুৰু কৈক গৈলা বৃহস্পতি।

নাহি সুখ শান্তি থাকিলন্ত এহি চিন্তি।।৪৬৬।।

অনেক উপায়ে ইন্দ্র গুৰুক নপাইল।

এহি কথা শুনি সৱে অসুৰ কিটাইল।।

নিজগুৰু শত্ৰুৰ সন্মত অনুসৰি।

দেৱতাক যুঁজিবাক গৈল কাচি পাৰি।।৪৬৭৷৷

স্বভাৱে দুৰ্ম্মদ সৱে পাইলেক আসঙ্গ।

গুৰু এৰিবাৰ শুনি কৰে বৰ ৰঙ্গ।।

ইবেলিসে দেৱক কৰিবো বুন্দামাৰ।

অস্ত্র শস্ত্র ধৰি সৱে কৰে হাহাকাৰ।।৪৬৮৷৷

খেদি আসে দেখি যুদ্ধ দিলে সুৰপতি।

সকল দেৱতাগণে যাৱত শকতি।।

অসুৰৰ তীক্ষ্ণ শৰে ভেদিল শৰীৰ।

দাৰুণ যুদ্ধত হুইবে নপাৰিলা থিৰ।।৪৬৯৷৷

সকলো দেৱতা পলাইলেক যুদ্ধে হাৰি।

অসুৰে নিলেক অম্ৰাৱতী সৱে মাৰি।।

নাহিকন্ত গুৰু কাত সুধিব উপায়।

দেৱতাগণৰ ভৈল অনেক বিলায়।।৪৭০৷৷

অনেক সৰ্ব্বস্ব পুত্ৰ ভাৰ্য্যা হৰুৱাইলা।

মাধৱৰ প্ৰসাদত প্রাণে নমৰিলা।।

গুৰু অবিহনে দেৱ ভৈলা ছাৰখাৰ।

নাহি ঋদ্ধি সিদ্ধি শোক নুগুচে অপাৰ।।৪৭১।।

গুৰু এৰিলাত সৱে তেজিলা শ্ৰীমদ।

একে তিলেকতে হৰে সকলে সম্পদ।।

শ্রীমদে ইন্দ্ৰৰ মিলিল কেনে দেখা।

আন সৱ মনুষ্যৰ কোনে কৰে লেখা।।৪৭২৷৷

হেন জানি কৰা এক কৃষ্ণত ভকতি।

হৰি ভকতিসে তাড়ে সকলে দুর্গতি।।

আন সম্পত্তিক কালে কৰে ছাৰখাৰ।

হৰি ভকতিসে কৰে কালক সংহাৰ।।৪৭৩।।

কৃষ্ণ ভকতক যিটো কৰে তিৰস্কাৰ।

আতপৰে সংসাৰত দোষ নাহি আৰ।।

সকল পাতেক হৰি ভজিলে এড়ায়।

ভকতক নিন্দা পাপ কহিতো নেড়ায়।।৪৭৪।।

কৃষ্ণ ব্যাতিৰেকে যিটো আনক নভজে।

কৃষ্ণৰেসে নাম লৱে কৃষ্ণকেসে পূজে।।

সুখে দুখে লৱে এক কৃষ্ণত শৰণ।

কলিত বৈষ্ণৱ সেহি নৰ মহাজন।।৪৭৫।।

বিষয়ৰ দোষে তাক বাধিবে নোৱাৰে।

তাক নিন্দা কৰে যিটো নৰকত পৰে।।

তাক পুনু সততে কৰিব সতকাৰ।

শ্রীচন্দ্ৰ ভাৰতী ভণে ভাগৱত সাৰ।।৪৭৬।।

সংসাৰ সাগৰে পৰি মৰে সৱে লোক।

আপোনাক আপুনি নিস্তাৰ কৰিয়োক।।

কৃষ্ণনাম বিনে নাহি কলিত নিস্তাৰ।

ডাকি ৰাম হৰি বুলি তড়িয়ো সংসাৰ।।৪৭৭।।

..........

৷৷দেৱতাসকলৰ প্রতি ব্ৰহ্মাৰ উপদেশ।।

।।দুলড়ী।।

 

শুক নিগদতি          শুনা কৃষ্ণমতি

পৰীক্ষিত হৰিদাস।

অসুৰত ৰণ           হাৰি দেৱগণ

গৈলন্ত ব্রহ্মাৰ পাশ।।

নিঃশ্রীক বদন          মলিন বসন

নিশ্বাস কাঢ়য় ঘনে।

ত্রাহি বিধি বুলি         কৰি কৃতাঞ্জলি

পশিলা সৱে শৰণে।।৪৭৮৷৷

চৰণে প্রণামি          কান্দে হুমহুমি

অৱনত কৰি কায়া।

দেৱৰ বিপত্তি          দেখি হেন আতি

ব্ৰহ্মাৰ মিলিল দায়া।।

কিনো ভৈল বুলি        কৃষ্ণক সুমৰি

জানিলন্ত তেতিক্ষণে।

শ্ৰীমদে ভুলি           গুৰু অৱহেলি

দৈত্যক হাৰিলা ৰণে।।৪৭৯।।

সম্বুধি বোলন্ত          শুনা দেৱগণ

কৰিলাহা বৰ দোষ।

কৃষ্ণত ভকত          গুৰু বৃহস্পতি

তান ভৈল অসন্তোষ।।

ঐশ্বৰ্য্যৰ গর্ধ্বে          অন্ধ ভৈলা সবে

বৃহস্পতি বক্র ভৈলা।

এহি মহা দোষে         অসুৰত হন্তে

আতি পৰাভৱ পাইলা।।৪৮০৷৷

যিটো দানৱক          জিনিয়া সকলে

কৰি আছা উগ্রদণ্ড।

গুৰু অবিহনে          সেহি দৈত্যগণে

কৰিলেক লণ্ড ভণ্ড।।

দেখা কেনে ইন্দ্র        শুক্র কথা ৰাখি

দৈত্যৰ বাঢ়িল বল।

গুৰু অৱহেলি          বুৰাইল সমূলি

নিঃশ্ৰীক ভৈলা সকল।।৪৮১।।

শুক্ৰৰ দাৰুণ          মন্ত্রৰ প্রসাদে

বাঢ়ি আছে দৈত্যচয়।

মোৰ ব্ৰহ্মলোক         লৈবাক পায়

স্বৰ্গভাৰ কোন হয়।।

এভো হেন কৰা        মোৰ বাক্য ধৰা

কৃষ্ণত লৈয়ো শৰণ।

কৃষ্ণ বিনে আন        নাহি পৰিত্ৰাণ

কৰিয়ো হৰি কীৰ্ত্তন।।৪৮২৷৷

গো বিপ্র হৰি          ভকতক পালি

হৰিসে ঈশ্বৰ যাৰ।

একোকালে তাক         নপাৱে বিপাক

কহিলো পৰম সাৰ।।

সিসে মহাৰাজা         তাহাৰেসে প্রজা

জীয়ে আতি অব্যাহতে।

যিটো ৰাজা গৰ্ব্ব        এৰি কৃষ্ণপদে

ভকতি কৰে সততে।।৪৮৩।।

শুনা দেৱগণ          দেঞো বুদ্ধি এক

যিমতে হৱে কল্যাণ।

ত্বষ্টাৰ নন্দন           বিশ্বৰূপ নাম

চলিয়ো তাহান থান।।

তাঙ্কে গুৰু মানি        নাৰায়ণ নাম

কৱচক লৱা সাধি।।

হৰিৰ প্ৰসাদে          দৈত্যক জিনিয়া

লভিবা সকলো সিদ্ধি।।৪৮৪৷৷

তাহান জননী          দৈত্যৰ নন্দিনী

ৰোচনা নামে সুন্দৰী।

তাহান স্নেহত          দৈত্যক পালন্ত

দেৱতাত আৰ কৰি।।

তান এহি দোষ         বিমৰিষ কৰি

ক্ষমিবাক পাৰা যেৱে।

কহিলো স্বৰূপে          সেই বিশ্বৰূপে

সমস্তে সাধিব তেৱে।।৪৮৫।।

হেনয় বচন           শুনি দেৱগণ

ব্রহ্মাক প্রণাম কৰি।

বিশ্বৰূপ পাশে          চলি গৈলা সবে

হৰিক হৃদয়ে ধৰি।।

শোক ভৈলা দূৰ        হৰিষ প্রচুৰ

আথে বেথে গৈলা চলি।

জাত জাত কৰি        উচ্চাৰন্ত হৰি

নিস্তাৰিলা কৃষ্ণ বুলি।।৪৮৬।।

শুনা নৰলোক          ইটো দুখ সুখ

দেৱতাৰ আছে জানা।

ইটো চিন্তা তেজা        মাধৱক ভজা

হৰিক হৃদয়ে মানা।।

ইটো নৰতনু           নপাইবাহা পুনু

অনেক জন্মত খুজি।

হেন তনু পাই          কৃষক নভজা

শাস্ত্ৰৰ তত্ত্বক বুজি।।৪৮৭৷৷

যাত পৰে পাপী         পৃথিৱীত নাই

কহিতো নাহি নিস্তাৰ।

একনিষ্ঠ কৰি          হৰিক ভজিলে

তাহাৰো আছে উদ্ধাৰ।।

হেন কৃপাময়          ভকত বৎসল

কৃষ্ণ আতি ইষ্টদেৱ।

ব্রহ্মা মহেশ্বৰ          আদি চৰাচৰে

যাৰ পদে কৰে সেৱ।।৪৮৮৷৷

হেন কৃষ্ণ বিনে         ই তিনি ভুৱনে

তাড়িতে নপাৰে আনে।

হেন জানি ঝাণ্টে        কৃষ্ণক ভজিয়ো

যাৱে নতু যায় প্রাণে।।

দুখ সমুদ্রক           সুখে তড়িয়োক

ভাল নাৱ নৰকায়।

অনেক জন্মৰ          পুণ্যধন সাঞ্চি

কিনিল যতনে চাই।।৪৮৯।।

আৱে ভৰা দিয়া        পৰকো বিলায়া

ভাঙ্গা ভৰা তুম্বফলে।

ঝান্টে ভৱ তৰা        কৃষ্ণনাৱ ধৰা

নাৱ থাকে যাৱে ভালে৷৷

হৰিৰ চৰণ           অমূল্য ৰতন

আক ৰাখা ভাল কৰি।

শ্রীচন্দ্ৰ ভাৰতী          ভণে কৃষ্ণগতি

ডাকি বোলা হৰি হৰি।।৪৯০৷৷

.........

।। ইন্দ্ৰৰ নাৰায়ণ কৱচ লাভ আৰু দৈত্যৰ পৰাভৱ।।

                           ৷৷পদ।।

 

শুক নিগদতি হৰিদাস পৰীক্ষিত।

বিশ্বৰূপ পাশে দেৱগণ উপস্থিত।।

দেখি বিশ্বৰূপে কৰিলন্ত সতকাৰ।

বসিলা দেৱতাগণ আনন্দ অপাৰ।।৪৯১।।

পাচে বিশ্বৰূপক আলিঙ্গি দেৱগণে।

সাদৰে মাতিলা সৱে মধুৰ বচনে।।

আমি সৱে অতিথি ভৈলোহো তযু ঘৰে।

আহ্মাৰ পৰম কাৰ্য্য সাধিয়ো সত্বৰে।।৪৯২।।

তোহ্মাৰ কল্যাণ হৰি কৰিবন্ত তেৱে।

অকপটে আহ্মাৰ কৰ্ম্মক সাধা যেৱে।।

তযু পিতৃ আমি ইন্দ্ৰ আদি দেৱগণ।

পুত্ৰৰ পৰম ধৰ্ম্ম পিতৃৰ সেৱন।।৪৯৩৷৷

ব্ৰহ্মাৰূপে গুৰু পিতৃৰূপে প্রজাপতি।

ইন্দ্ৰৰূপে ভ্রাতৃ মাতৃৰূপে বসুমতী।।

দায়াৰূপে ভগিনী অতিথিৰূপে ধৰ্ম্ম।

অভ্যাগতৰূপে অগ্নি জানা তুমি মৰ্ম্ম।।৪৯৪।।

বিশ্বমূৰ্ত্তি স্বৰূপ সমস্তে ভূতপ্রাণী।

এতেকে আহ্মাক দায়া কৰা হেন জানি।।

অসুৰত হন্তে পাইলো পৰম নিকাৰ।

তপবলে যত দুখ গুচায়ো আহ্মাৰ।।৪৯৫।।

সৱে দেৱে তোহ্মাক মানিলো গুৰু কৰি।

গুৰুৰ যতেক ভাৰ পাইবা আজি ধৰি।।

নিজ তেজে কৰা আমাসাক আৱে ত্রাণ।

অপ্রয়াসে কৰো যেন দৈত্যক নিৰ্য্যাণ।।৪৯৬।।

যো নো বোলা শ্রেষ্ঠ তুমিসব দেৱলোক।

গুৰু বুলি প্রণামিবা কেনমতে মোক।।

কনিষ্ঠক প্রণামিবা আতি গৰিহিত।।

নাহি আত দোষ কহো শুনা পুৰোহিত।।৪৯৭।।

মন্ত্ৰত নাহিকে বয়সতো প্রয়োজন।

অন্যত্র কাৰ্য্যত বয়োবৃদ্ধৰ কাৰণ।।

কনিষ্ঠতো অভ্যাসিবে হৰিৰ ভকতি।

তড়িব দুর্গতি ইটো শাস্তৰো যুগুতি।।৪৯৮৷৷৷

শুক নিগদতি শুনা অভিমন্যুসুত।

এহিমতে দেৱগণে প্রার্থিলা বহুত।।

হেন শুনি বিশ্বৰূপে মাতিলন্ত গুণি।

দেৱৰ বচন প্রশংসিয়া মহামুনি।।৪৯৯।।

বিশ্বৰূপ বদতি শুনিয়ো পিতৃগণ।

যজন কৰ্ম্মক নিন্দা কৰে সাধুজন।।

ব্রাহ্মণৰ ব্ৰহ্মতেজ হৰে দান লৈলে।

কিমতে ধৰিবো ইটো ভাৰ অল্পবলে।।৫০০।।

যাৰ অন্ন খায়া বিপ্র কৰে তপধৰ্ম্ম।

তাহাৰেসে সকলে সিজয় সদকৰ্ম্ম।।

আৰো মোৰ গুৰু তুমি সৱেও বিশেষ।

শিষ্য হুয়া কেনমতে দিবো উপদেশ।।৫০১৷৷

যো নো বোলা গুৰু ভৈলে পাইবা বহু ধন।

সেই ধনে অনেক কৰিবা পুণ্যগণ।।

নিৰ্ধন প্রাণীৰ পুণ্য সিজে কোন ঠাই।

হেন জানি হৰিষ কৰিবে নুযুৱায়।।৫০২৷৷

ইটো ধন কিছো নুহি শুনা দেৱগণ।

নিষ্কিঞ্চন বিপ্রৰ এহিসে মহাধন।।

গৃহস্থে ক্ষেত্ৰৰ ধান নিলে যেৱে দাই।

তাৰ অৱশেষ পাচে আনিব কোঞ্চাই।।৫০৩।।

তাক অন্ন কৰি মাধৱত নিবেদিব।

দেৱ পিতৃ তুষি অৱশেষক ভুঞ্জিব।।

তেৱে কৃষ্ণে কৰন্ত বিপ্ৰক পৰিত্ৰাণ।

হেন জানি কিসক যজিবো যজমান।।৫০৪।।

যজনত পৰে দুখ নেদেখোহো আৰ।

একতিলে নপাইলে কৰয় অহঙ্কাৰ।।

অজ্ঞেসে হৰিষ কৰে যজমান পাই।

মোৰ মনে কিঞ্চিতেকো বাঞ্ছা তাত নাই।।৫০৫।।

আৰো কি বুলিবো তুমিসৱ গুৰুজন।

মঞি অল্পজনে আসি বুলিবো বচন।।

হৱে যদি দোষ তাতো কৰিবাক লাগে।

পাচে যেন যুৱাই হৌক মোৰ কৰ্ম্মভাগে।।৫০৬।।

কৰিয়োক ৰঙ্গ শঙ্কা নকৰিবা মনে।

ইটো কোন কাৰ্য্য মঞি সাধিবো এখনে।।

আনো কাৰ্য্য বোলা যত সাধিবো সকলে।

যতমানে পাৰো ধনে প্রাণে বুদ্ধি বলে।।৫০৭।।

শুক নিগদতি শুনা সুভদ্রাৰ নাতি।

বিশ্বৰূপে এহি অঙ্গীকাৰ কৰি আতি।।

দেৱগণে বৰিলা ভৈলন্ত পুৰোহিত।

কৰিলন্ত কাৰ্য্য যত গুৰুৰ বিহিত।।৫০৮।।

অসুৰক ৰক্ষা কৰে শুক্ৰৰ বিদ্যায়।

তাক নষ্ট কৰিবাক দিলন্ত উপায়।।

নাৰায়ণ কৱচক দিলন্ত ইন্দ্রক।

যাক পাই ইন্দ্রে সৱে জিনিলা দৈত্যক।।৫০৯।।

পুনু ত্রৈলোক্যৰ লক্ষ্মী পাইলা সুৰপতি।

কৃষ্ণৰ প্ৰসাদে সৱে তৰিলা দুর্গতি।।

শুদ্ধচিত্তে দিলা বিশ্বৰূপ কৃপানিধি।

কৃষ্ণতেসে হন্তে হৱে জগতৰে সিদ্ধি।।৫১০৷৷

হেন শুনি পৰীক্ষিতে শুকত পুছন্ত।

শুনিয়ো বান্ধৱ শুক মহা দাতাৱন্ত।।

তুমি বিনে মোৰ প্রাণবন্ধু নাহি আন।

কৰাইলা অনেক কৃষ্ণকথা মধুপান।৫১১।।

হৰিকথা ৰসে মোৰ নিমজিল চিত্ত।

মৰাৰ মুখত যেন ঢালিল অমৃত।।

নাৰায়ণ কৱচক পায়া শচীপতি।

লীলায়ে দৈত্যক বধি সাধিলা জয়তি।।৫১২।।

সেহি নাৰায়ণ কৱচক কহিয়োক।

চৰণে শৰণ লৈলো নিস্তাৰিয়ো মোক।।

ৰাজাৰ বচনে শুক ভৈলা আনন্দিত।

হাসিয়া বোলন্ত ধন্য ধন্য পৰীক্ষিত।।৫১৩৷৷

পুছিলন্ত ইন্দ্রে বিশ্বৰূপে কহিলন্ত।

পৰম ৰহস্য শুনা কহো সেহি মন্ত্র।।

সঙ্কট সময় ভৈলে মাধৱক স্মৰি।

পঢ়িব ভকতি ভাৱে মহা যত্ন কৰি।।৫১৪।।

মোক ৰক্ষা সৰ্ব্বদায়ে কৰন্তোক হৰি।

গৰুড়ত চড়িয়া পৰম যত্ন কৰি।।

শঙ্খ চক্ৰ চৰ্ম্ম খড়গ গদা বাণ পাশ।

ধনু ধৰি অষ্টভূজ জগত নিৱাস।।৫১৫।।

জলে বৰুণৰ দূত অসুৰত হন্তে।

মোক ৰাখন্তোক মৎস্যৰূপী ভগৱন্তে।।

থলে ৰাখন্তোক ত্রিবিক্রম যে বামন।

আকাশত বিশ্বৰূপে কৰন্তো ৰক্ষণ।।৫১৬।।

দুর্গম সঙ্কট বাণ দাৰুণ সংগ্রামে।

মোক ৰক্ষা কৰন্তোক নৰসিংহ নামে।।

যজ্ঞ বৰাহৰূপে ৰাখন্তো পথত।

যিটো উদ্ধাৰিলা ভূমি প্রলয় জলত।।৫১৭।।

স্বৰ্গত ৰাখন্তো মোক নৰ কৃপাময়।

যোগভ্রষ্ট দোষত ৰাখন্তো দত্তাত্রেয়।।

অন্যদেৱ ভয়ত ৰাখন্তো হয়গ্ৰীৱ।

কৃষ্ণপূজা ছিদ্রত নাৰদ সদাশিৱ।।৫১৮।।

নৰকত হন্তে ৰাখন্তোক মহাহৰি।

অপথ্য ভোজনে ৰাখন্তোক ধন্বন্তৰী।।

ক্ষুধা তৃষ্ণা লোভ মোহ শীত উষ্ণ যত।

ঋষভ ঈশ্বৰে মোক ৰাখন্তো সতত।।৫১৯৷৷

যজ্ঞে ৰাখন্তোক মোক লোক কলঙ্কত।

বলভদ্রে ৰাখন্তোক দুর্ঘট কালত।।

অনন্তে ৰাখন্তো মোক সৰ্পৰ বিষত।

ভগৱন্ত ব্যাসে ৰাখন্তোক অজ্ঞানত।।৫২০।।

বুদ্ধে ৰাখন্তোক পাষণ্ডৰ বিবাদত।

কল্কী ৰাখন্তোক কলিমল পাতেকত।।

প্রভাতত কেশৱে ৰাখন্তো গদা ধৰি।

গোৱিন্দে ৰাখন্তো মোক বেণু বাদ্য কৰি।।৫২১৷৷

পূৰ্ব্বাহ্নে ৰাখন্তো মূৰ্ত্তি ধৰি নাৰায়ণ।

চক্ৰ ধৰি বিষ্ণুৱে ৰাখন্তো মধ্যদিন।।

অপৰাহ্নে মধুৰিপু ধৰি উগ্ৰধনু।।

সায়াহ্নে মাধৱে মোক ৰাখন্তোক পুনু।।৫২২৷৷

সন্ধ্যাকালে হৃষীকেশে ৰাখন্তোক মোক।

অৰ্দ্ধৰাত্রি মানে পদ্মনাভে ৰাখন্তোক।।

পাচৰাত্ৰি ৰাখন্তোক শ্রীবৎসলাঞ্ছনে।

প্রভাত সময়ে খড়গ ধৰি নাৰায়ণে।।৫২৩।।

প্রভাত সন্ধ্যাত ৰাখন্তোক দামোদৰে।।

ভগৱন্ত কালৰূপ যিটো বিশ্বেশ্বৰে।।

প্রলয় অনল সম চক্র তীক্ষ্ণতৰ।

মাধৱৰ আদেশ ভ্রময় নিৰন্তৰ।।৫২৪।।

দহিয়ো দহিয়ো মোৰ শত্রুসেনা যত।

শুখান বনক বহ্নি দহে যেনমত।।

হে কৌমুদকী গদা মাধৱৰ প্রিয়া।

গোৱিন্দৰ দাস ভৈলো কৰিয়োক দায়া।।৫২৫।।

বজ্ৰত অধিক ধ্বনিশুনি লাগে ভীত।

যক্ষ ৰাক্ষসক আদি কৰা চূর্ণাকৃত৷৷

হে পাঞ্চজন্য মাধৱৰ প্রিয় শঙ্খ।

মোৰ শত্ৰুগণৰ লগায়ো হৃদি চঙ্ক।।৫২৬।।

প্রেত পিশাচক ঘোৰ ব্ৰহ্মৰাক্ষসক।

চণ্ডনাদ কৰি সৱে খেদায়ো দূৰক।।

শুনিয়ো নন্দক খড়গবৰ মহাধীৰ।

প্ৰভুৰ আদেশে শত্রু খেদায়ো আমাৰ।।৫২৭।।

হে হে শতচন্দ্ৰ চৰ্ম্ম প্রিয় মাধৱৰ।

ঢাকিয়োক চক্ষুচয় শত্ৰু কটকৰ।।

শনি ৰাহু কেতু আদি গ্রহপীড়াচয়।

সৰ্প্প সিংহ ব্যাঘ্ৰ আদি কৰি যতভয়।।৫২৮।।

সৱে ৰিপু নষ্ট মোৰ হৌক এতিক্ষণে।

শ্ৰীকৃষ্ণৰ নামৰূপ অস্ত্ৰৰ কীৰ্ত্তনে।।

বেদময় গৰুড় কৃষ্ণৰ নিজ যান।

সমস্তে দুখত মোক কৰা পৰিত্ৰাণ।।৫২৯।।

বিশ্বসেনে ৰাখন্তোক স্বনাম উচ্চৰি।

সৰ্ব্ব আপদত হন্তে ৰক্ষা কৰা হৰি।।

মোৰ প্রাণ বুদ্ধি মন ইন্দ্রিগণ মানে।

শ্ৰীকৃষ্ণৰ নামৰূপ অস্ত্ৰৰ সন্ধানে।।৫৩০৷৷

সদায়ে ৰাখোক মোক পশিলো শৰণ।

ভকতজনৰ যিটো পৰম ভূষণ।।

স্থূল সূক্ষ্ম প্রাণী যত আছা সংসাৰত।

ঈশ্বৰেসে হুই যেৱে আছা স্বৰূপত।।৫৩১।।

এইমত যত উপদ্ৰৱ আছে মানে।

সৱে নষ্ট হৌক কৃষ্ণমান সুমৰণে।।

যেৱে স্বৰূপত একে নির্ব্বিকল্প হৰি।

অস্ত্র আদি মায়া কৰি আছা ৰূপ ধৰি।।৫৩২।।

সেহি সত্য সৰ্ব্বজ্ঞই স্মৰে সদা মোক।

সৰ্ব্ব থানে সৰ্ব্বৰূপে ৰক্ষা কৰন্তোক।।

অধে ঊৰ্দ্ধে দশোদিশে বাহ্য অভ্যন্তৰে।

পুনু নৰসিংহৰূপে ৰাখা নিৰন্তৰে।।৫৩৩৷৷

নখে বিদাৰিলা ঘোৰ হিৰণ্যকশিপু।।

সেহিমতে নখে বিদাৰিয়ো মোৰ ৰিপু।।

বিশ্বৰূপ বদতি শুনিয়ো হৰিহয়।।

এহি নাৰায়ণ নাম কৱচ দুর্জ্জয়।।৫৩৪।।

কহিলো তোহ্মাত তাক ধৰিয়ো হৰিষে।

জিনিবা দৈত্যক অপ্রয়াসে অৱশেষে।।

এহি কৱচক যিটো ধৰে শুদ্ধভাৱে।

একান্ত ভকতি কৰি মাধৱক পাৱে।। ৫৩৫।।

তড়ে অপ্রয়াসে সিটো সমস্তে ভয়ত।

চৰণ প্রহাৰে আতি বিঘ্নৰ মুণ্ডত।।

ৰাজভয় বৈৰীভয় গৃহভয় যত।

আধি ব্যাধি আদি যত আছে সংসাৰত।।৫৩৬।।

কিছুয়ো নপাৱে তাক জানিবা নিশ্চয়ে।

এহি মহাবিদ্যা যিটো ধৰয় হৃদয়ে৷৷

পূৰ্ব্বে এক আছিল কৌশিক নাম ঋষি।

এহি মহাবিদ্যা তেহে জানিলা হৰিষি।।৫৩৭।।

তটস্থ ভূমিত তেহে প্রাণক তেজিলা।

বিদ্যাৰ প্ৰভাৱে তভো মুকুতি লভিলা।।

একদিনা চিত্ৰৰথ গন্ধৰ্ব্বৰ পতি।

অপেশ্বৰাসৱ সমে ৰঙ্গে কৰে গতি।।৫৩৮।।

কৌশিকৰ অস্থিচয় যৈত আছে পৰি।

তাহাৰ উপৰে গৈলা দিব্য ৰথে চড়ি।।

এহিদোষে পুণ্যক্ষয় গৈল সেহি কালে।

অধোমুখে ৰথে সমে পৰিল নিঢালে।।৫৩৯৷৷

পৃথিৱীত দুখে পৰি কৰে হাহাকাৰ।

কিনো দোষে হেন গতি ভৈলেক আমাৰ।।

পাচে বালখিল্য ঋষিসকলে কহিলা।

বৈষ্ণৱৰ অস্থিৰ উপৰে তুমি গৈলা।।৫৪০৷৷

আউৰ তযু ৰথ নচলিব স্বর্গপথ।

বৈষ্ণৱৰ দেখা কেনে তেজৰ মহত্ত্ব।।

এৱে হেন কৰা অস্থিচয় তুমি লৈয়া।

সৰস্বতী জলে গৈয়া আপুনি লগায়া।।৫৪১।।

তেৱে সেহি পুণ্যে ইটো পাপ কৰি ক্ষয়।

এৰি ৰথে চড়ি যাইবা স্বৰ্গক নিশ্চয়।।

শুনি চিত্রৰথে বালখিল্যৰ বচন।

শিৰে তুলি লৈলা বৈষ্ণৱৰ অস্থিগণ।।৫৪২।।

ভক্তিভাৱে লগাই সৰস্বতীৰ জলত।

স্বর্গে চলি গৈলা পাচে চৰিয়া ৰথত।।

শুক নিগদতি শুনা অভিমন্যুসুত।

নাৰায়ণ কৱচৰ মহিমা অদ্ভুত।।৫৪৩৷৷

অল্প কৰি কহিলো বহল পৰিহৰি।

লক্ষ মুখে কহিবে নুৱাৰি সাঙ্গ কৰি।।

একে কৃষ্ণ নামৰ যতেক আছে গুণ।

কোটি জনমতো তাক কহিবেক কোন।।৫৪৪।।

একে কৃষ্ণনামে তৰি দুর্গতি সকল।

কৱচতো কৰি কৃষ্ণনাম সুমঙ্গল।।

এহি কথা যিটো জনে শুনে প্ৰেমভাৱে।

কৃষ্ণত ভকতি কৰি যিটো জনে গাৱে।।৫৪৫।।

সমস্তে জগতে তাক কৰে সতকাৰ।

অপ্রয়াসে তড়ে সিটো দুৰ্ঘোৰ সংসাৰ।।

হেন জানি কৃষ্ণক ভজিয়ো কুৰুৰায়।

কৃষ্ণনাম সখা ভৈলে কাকো ভয় নাই।।৫৪৬।।

যিটো তনুগোট নিবেদয় কৃষ্ণপাৱ।

জানিবা পৱিত্র আতি ভৈল সিটো কায়।।

আৱে কহো শুনা পৰীক্ষিত কৃষ্ণমতি।

যেনমতে ব্রহ্মবধী ভৈলা সুৰপতি।।৫৪৭৷৷

কপটত বিশ্বৰূপে হৰুৱাইলা প্রাণ।

কৃষ্ণত কপটে নাহি কহিতো কল্যাণ

নাৰায়ণ কৱচক পায়া পুৰন্দৰে।

লীলায়ে দৈত্যক সৱে জিনিলা সমৰে।।৫৪৮।।

কতো কাল হৰিষে আছন্ত দেৱলোক।

কৃষ্ণৰ প্ৰসাদে দূৰ ভৈল দুখ শোক।।

বিশ্বৰূপ গুৰু ভৈলা সকলো দেৱৰ।।

কৰাৱন্ত যত যজ্ঞ ভাগ নিৰন্তৰ।।৫৪৯৷৷

তিনিগোটা শিৰ তান মুখ তিনিখান।

এক মুখে কৰন্ত অমৃত ৰস পান।।

এক মুখে সুৰা আৰ মুখে ভুঞ্জে অন্ন।

তেজৱন্ত ব্রাহ্মণ পৰম তপোধন।।৫৫০।।

দেৱতাৰ যতেক যজ্ঞৰ ভাগ পান্ত।।

প্রত্যেক দেৱক দেন্ত আপুনিয়ে খান্ত।।

পিতৃপক্ষ দেৱ মাতৃপক্ষ দৈত্য যত।

অসুৰক আৰে দেন্ত মাতৃৰ স্নেহত।।৫৫১৷৷

সকলে শাস্ত্ৰৰ তথ্য আপুনি জানন্ত।

বিষ্ণুৰ নিৰ্ম্মাল্য তভো দানৱক দেন্ত।।

অভক্তক দিবে দোষ প্রসাদ কৃষ্ণৰ।

জানি অপৰাধ আচৰিলা মাধৱৰ।।৫৫২৷৷

আপুনিয়ো খান্ত সুৰা অন্যৰ উচ্ছ্বিষ্ট।

নিতে আয়ু টুটে সিজে কৃষ্ণৰ অনিষ্ট।।

জানি নকৰন্ত এক হৰিত ভকতি।

ব্যভিচাৰ ভকতি কৰন্ত ভিন্নমতি।।৫৫৩৷৷

এহিমতে প্ৰৱৰ্ত্তন্ত কপট স্বভাৱে।

এহি কথা দেৱে সমে জানিলা বাসৱে।।

আমাৰ যজ্ঞৰ ভাগ দেই দানৱক।

ভয় ভৈল ইন্দ্র আতি লাগিল চমক।।৫৫৪৷৷

ক্রোধত কম্পন্ত ইন্দ্র নষ্ট ভৈলো বুলি।

দেখি বিশ্বৰূপক গৈলন্ত খড়গ তুলি।।

তিনিগোটা শিৰ ছেদিলন্ত একেঘাৱে।

নষ্ট ভৈল বিশ্বৰূপ কপট স্বভাৱে।।৫৫৫।।

যিটো মুখে ভুঞ্জিলেক অমৃতসকল।

সেহি শিৰগোট ভৈল পক্ষী কপিঞ্জল।।

যিটো শিৰগোট কৰিলন্ত সুৰাপান।

কলবিঙ্ক পক্ষী ভৈল দেখি বিদ্যমান।।৫৫৬।।

যিটো মুখে অন্ন ভুঞ্জিলন্ত মহাধীৰ।

তিত্তিৰী নামত পক্ষী ভৈলা তিনি শিৰ।।

জানিয়া গুৰুক ইন্দ্রে বধিলা আপুনি।

ঈশ্বৰে কৰান্ত তাক বাধিবেক কোনি।।৫৫৭৷৷

দেখন্ত বাসৱে ব্রহ্মহত্যা আসে খেদি।

তাক নিবাৰিবাক আপুনি পাৰা যদি।।

তথাপি অঞ্জলি পাতি লৈলন্ত আপুনে।

সংসাৰৰ অপবাদ এৰাইবাক মনে।।৫৫৮৷৷

বছৰেক মানে আছিলেক ব্ৰত ধৰি।।

ৰাজ্যভাৰ সকলে ভোগক পৰিহৰি।।

বছৰেক ভৈল যেৱে তভো নেৰে লাগ।

পাচে ব্রহ্মহত্যাক কৰিলা চাৰি ভাগ।।৫৫৯।।

স্ত্রী জল পৃথিৱী বৃক্ষক মান কৰি।।

মোৰ ব্ৰহ্মহত্যা ভাগ লোৱা তোৰা চাৰি।

এহি বুলি কৰে বীৰে কাকৃতি অপাৰ।

এৰাঞো দুর্গতি মোক কৰিয়ো উদ্ধাৰ।।৫৬০।।

পৃথ্বীয়ো বোলন্ত মঞি তেৱে ভাগ লঞো।

তুমি দেৱতাত যেৱে এক বৰ পাঞো ।।

গৰ্ত্ত যত পোত যাওক আপুনি সমূলি।

দিলা এক ভাগ ইন্দ্র এহি হৌক বুলি।।৫৬১৷৷

অদ্যাপিও ব্রহ্মবধ আছে পৃথিৱীত।

নগাজয় একো শস্য উখৰা ভূমিত।।

সিটো থানে যত তপ জপ দান কৰে।

সৱে নষ্ট হৱে কৃষ্ণ ভকতিত পৰে।।৫৬২।।

বৃক্ষে বোলে তেৱে বধ লঞোহো তোমাৰ।।

কাটিলিয়ো পোখাচয় গজোক আমাৰ।।

এহি হৌক বুলি বৃক্ষে লৈলা ভাগ এক।

নিৰ্য্যাস স্বৰূপে তাক দেখিয়ে প্রত্যেক।।৫৬৩।।

উদকে বোলন্ত তেৱে ব্রহ্মবধ লঞো।

দিয়া বৰ যেন মঞি সদা বৃদ্ধি পাঞো।।

এহি সিদ্ধি হৌক বুলি দিলেক ভাগেক।

গেৰুফেন ৰূপে তাক দেখিয়ো প্রত্যেক।।৫৬৪৷৷

জল বুদ বুদ ফেনে গেৰু দূৰ কৰি।

তেৱে স্নান কৰিব আনিব জল ভৰি।।

আনৰূপ স্নান পান কৰি পাপ পায়।

কৃষ্ণৰ কীৰ্ত্তনে সৱ শুদ্ধতাক যায়।।৫৬৫।।

নাৰীসৱে বোলে তযু পাপ লঞো তেৱে।

সততে আমাৰ কাম নুগুচয় যেৱে।।

হৌক বুলি স্ত্রীক একভাগ দিলা দান।

মাসে ৰজস্বলা ৰূপে দেখি বিদ্যমান।।৫৬৬।।

এহিমতে ব্রহ্মবধ বাণ্টি সুৰপতি।

দূৰ ভৈলা মাধৱত কৰিয়া ভকতি।।

মাধৱৰ নাম আৰ নুগুচে মুখৰ।।

পূৰ্ব্বৱত ভৈল ইন্দ্র কৃষ্ণৰ কিঙ্কৰ।।৫৬৭।।

শুনা মহাজন ইটো পৰম পুৰাণ।

ভাগৱত বিনে শ্রেষ্ঠ শাস্ত্র নাহি আন।।

কলিত পুৰাণ সূৰ্য্য সাক্ষাতে উদয়।

আতেসে বান্ধৱ কৃষ্ণো ভৈলা পৰিচয়।।৫৬৮।।

হেন জানি ব্যভিচাৰ ভকতিক তেজা।

একান্ত ভকতি কৰি মাধৱক ভজা।।

ব্যভিচাৰ ভকতিত কৃষক নপাৱে।

জানি নভজিলে কোটিগুণ দোষ হোৱে।।৫৬৯।।

বিশ্বৰূপ হেন দেখা পণ্ডিত মহন্ত।

নাৰায়ণ কৱচক আপুনি জানন্ত।।

ব্যভিচাৰ ভকতি অনাইল অধোগতি।

আন সামান্যৰ কিবা কহিবো সম্প্রতি।।৫৭০।।

কপট বৈষ্ণৱ কতো আছে নানা মত।

ৰাত্রি দিনে পঢ়ে শুনে গীতা ভাগৱত।।

গুপ্ত কৰি কৰে অন্য দেৱক পূজন।

নুহি সিটো বৈষ্ণৱ জানিবা সাধুজন।।৫৭১৷৷

দিৱসত ফুৰে পুণ্য বেশ অনুসৰি।

ৰঙ্গা বস্ত্ৰ পিন্ধি দণ্ড কমণ্ডলু ধৰি।।

তুলসীৰ অঙ্গমালা পিন্ধি জোকাজোক।

বৈষ্ণৱ বুলিয়া তাক প্রণাময় লোক।।৫৭২৷৷

ৰাত্রি ভৈলে বেশ্যাৰ গৃহত সৱে বাস।

মদ্যে মাংসে মৎস্যে যে কৰয় মহাগ্ৰাস।।

আনো সৱ মনুষ্যক দেয় কুমন্ত্রক।

এহিমতে ধূৰ্ত্তসৱে বঞ্চে জগতক।।৫৭৩৷৷

কতো বোলে অগ্নিহোত্রী আছা দীক্ষা ধৰি।

সৰ্ব্বজ্ঞ বুলিয়া কতো কৱে উচ্চ কৰি।।

কপাল গণিয়া কতো কহে নানা কথা।

অষ্টনাম হেন কতো দেখাৱে ব্যৱস্থা।।৫৭৪।।

কলিৰ স্বভাৱে মনুষ্যৰ নাহি জ্ঞান।

যেই শুনে সেই কহে নুবুজে প্রমাণ।।

পাষণ্ডৰ পথ ধৰি আছে যেহি জনে।

সেহি কৃষ্ণকথা শুনি নিন্দে তেতিক্ষণে।।৫৭৫।।

হেন জানি কপট বৈষ্ণৱ সঙ্গ এৰি।

কৃষ্ণত শৰণ লৈয়ো এক বুদ্ধি কৰি।।

শুনা ভাগৱত কথা জন্ম অনুসৰি।

কাম ক্রোধ লোভ মোহ হিংসা পৰিহৰি।।৫৭৬।।

শ্রী চন্দ্ৰ ভাৰতী কহে আতি শিশুমতি।

জনমে জনমে হৌক কৃষ্ণত ভকতি।।

কৃষ্ণৰ চৰণে জানা আছে যাৰ কাম।

হেলা এৰি ডাক ছাড়ি বোলা ৰাম ৰাম।।৫৭৭৷৷

.........

।।ত্বষ্টাৰ ক্ৰোধ আৰু বৃত্রাসুৰৰ জন্ম।।

।।দুলড়ী।।

 

শুক নিগদতি          শুনা মহামতি

তাত পাচে যেন ভৈলা।

পুত্ৰৰ মৰণ            শুনিয়া ত্বষ্টাৰ

শোকে প্রাণ জ্বলি গৈলা।।

হা বিশ্বৰূপ            প্রাণ পুত্ৰ বুলি

কান্দিলা শোকে অপাৰ।

ইন্দ্ৰক বধিতে      পুত্র উপার্জ্জিতে

সাজিলা যজ্ঞ সম্ভাৰ।।৫৭৮।।

অভিচাৰ মন্ত্রে          লৈলন্ত আহুতি

ইন্দ্ৰ শত্ৰু বাঢ় বুলি।

অল্পকালে ইন্দ্র          শত্রুক সংহাৰে

ঢালিলন্ত স্ৰুৱ তুলি।।

ক্রোধত হুনিল          অর্থ আন ভৈল

উদাত্ত স্বৰৰ বলে।

ইন্দ্রজিত শত্রু          সেহি জয় হৌক

শত্রুক বধি সকলে।।৫৭৯।।

স্বৰ বল মন্ত্র          হীন হৱে যদি

অর্থ লড়ৈ প্রমাদত।

ব্রাহ্মণৰ তেৱে          বাক্য বজ্র হুই

যজমানে হৱে হত।।

এতেকতে ইটো          কাম্য কৰ্ম্ম মন্দ

আপোনাকো নষ্ট কৰে।

কৃষ্ণক ভজন          সকলে শোভন

সকলে দোষ সংহৰে৷৷৫৮০৷৷

এতেকেসে ইন্দ্রে         বৃত্রক বধিল

তৃষ্টাৰ মন্ত্ৰৰ দোষে।

সিসৱ কাহিনী          শুনা মহামানী

কহিবো মঞি নিঃশেষে।।

হোম দিলা মাত্রে        অগনিৰ মাজে

উঠিলেক পুৰুষেক।

আতি ভয়ঙ্কৰ          প্রলয় কালৰ

অন্তক যেন প্রত্যেক।।৫৮১৷৷

একগোটা বাণ          মাৰিবাৰ মান

বাঢ়ে সিটো নিত্যাগত।

পোৰা পৰ্ব্বতেক         মান স্থূল শত

সঞ্চৰয় আকাশত।।

সন্ধ্যা সময়ৰ          মেঘৰ সদৃশ

দেহাগোট তাৰ জ্বলে।

দুই গোটা চক্ষু         মধ্যাহ্ন কালৰ

সূৰ্য্যতে অধিক জ্বলে।।৫৮২৷৷

তপত তামৰ      শলা যেন তাৰ

কেশ গোফ চাপদাড়ি।

অগনি সমান      হাতত ত্রিশূল

ধৰি আছে উৰ্দ্ধ কৰি।।

গহ্বৰ সদৃশ       মুখগোটা মেলি

আকাশক আসে গিলি।

চৰণৰ জাম্পে     কাম্পয় পৃথিৱী

নাচে হাসে খিলখিলি।।৫৮৩৷৷

জিহ্বাখান তাৰ     লহ লহ কৰে

ত্রৈলোক্য যেন গিলয়।

গিৰিশৃঙ্গ যেন      দান্ত তৰঙ্গায়া

সঘনে হাসি তোলয়।।

হেন অদভুত      শৰীৰ দেখিয়া

লোকে কৰে উসমিস।

হেৰা কালে পাইলে   বুলি মহাভয়ে

পলাই সৱে দশোদিশ।।৫৮৪।।

তপৰ প্ৰভাৱে      সমস্তে লোকক

শৰীৰে যাতে জুড়িল।

এতেকেসে তাৰ     বৃত্র হেন নাম

জগত ঢাকি থাকিল।।

তাক যুজিবাক     গৈলা দেৱজাক

সাজি পাৰি সমদলে।

দিব্য অস্ত্র যত     মাৰিলা সমস্ত

গিলিল বৃত্রে সকলে।।৫৮৫৷৷

হেন বিপৰীত      দেখি দেৱগণ

পৰম বিস্ময় ভৈলা।

কিছোকো নোৱাৰি   বুদ্ধি বলে হাৰি

মৰা যেন সৱে ৰৈলা।।

তিনিয়ো জগত     বৃত্রে ব্যাপিলেক

পলাইবাৰ পুৰী নাই।

ঠাৱতে থাকিয়া     হৰি সুমৰন্ত

কৃষ্ণক মনে ধিয়াই।।৫৮৬।।

ইটো মহাভয়      তাড়ন্তা নাহিকে

কৃষ্ণবিনে একোজন।

এহি সাৰ কৰি     হৰিৰ চৰণে

পশিলা সৱে শৰণ।।

সকল দেৱতা      কৃতাঞ্জলি হুয়া

কৰিবে লাগিল স্তুতি।

ত্রাহি ত্রাহি কৃষ্ণ    অৰিষ্ট মর্দ্দন

তাড়িয়ো ঘোৰ দুৰ্গতি।।৫৮৭৷৷

যিটো অন্তকক     ব্রহ্মা আদি আমি

ভয়ে কাম্পো তৰতৰি।

হেনকালে যাৰ     নাম মাত্র শুনি

দূৰক পলাই লৱড়ি।।

কালৰ ঈশ্বৰ      হেন মহেশ্বৰ

শৰণ দিয়ো আমাক।

ঘোৰ বৃত্রে হেৰা    জগত গিলয়

ৰাখা প্রভু দেৱতাক।।৫৮৮৷৷

যিটো নিজভাৱে    সদায় সন্তুষ্ট

যাৰ নাম পূর্ণকাম।

কিঞ্চিতেকো তভো   নাহি অহঙ্কাৰ

সৰ্ব্বক্ষণে উপশাম।।

হেন ঈশ্বৰক      তেজি মূৰ্খজনে

ভজে আন দেৱতাক।।

কুকুৰৰ লাঞ্জে      ধৰি যেন মূঢ়ে

খোজে সিন্ধু তড়িবাক।।৫৮৯৷৷

যিটো কৃপানিধি    ভকতক স্নেহে

ধৰিলাহা সাম্য তনু।

যাহাৰ মহিমা      দেখি মোহ ভৈলা

সত্যব্রত মহামনু।।

পৃথিৱী নায়ক     আপুনি দিলাহা

প্রলয় তড়িবে প্রতি।

যাৰ মহাশৃঙ্গে      নাৱক বান্ধি