।।শ্রীমদ্ভাগৱত।।
।।সপ্তম স্কন্ধ৷৷
।।শ্রীকৃষ্ণায় নমঃ।।
।।মঙ্গলাচৰণ।।
।।পদ।।
জয় জয় কৃষ্ণদেৱ নিত্য নিৰঞ্জন।
জয় জয় শুদ্ধ বুদ্ধ বেদ প্ৰৱৰ্ত্তন।।
জয় নিত্যানন্দ জয় জয় ঘনানন্দ।
জয় পূর্ণানন্দ জয় জয় সৰ্ব্বানন্দ।।১।।
জয় জয় ব্রহ্ম চিদ ঘন মূৰ্ত্তি যাৰ।
জয়তি মাধৱ দেৱ দৈৱকী কুমাৰ।।
জয় জয় কংস অৰি চাণুৰ মৰ্দ্দন।
জয় জয় অজহৰি জয় জনার্দ্দন।।২।।
হেন কৃষ্ণপাৱে লক্ষ কোটি নমস্কাৰ।
গুৰুৰ চৰণ মনে স্মৰি বাৰম্বাৰ।।
সপ্তম স্কন্ধৰ পদবন্ধে নিগদতি।
কৃষ্ণৰ কিঙ্কৰ দীন কেশৱ দুৰ্ম্মতি।।৩।।
কৃতাঞ্জলি বোলো বুদ্ধজন শুনিয়োক।
মূঢ় হুয়া কৰো পদ নহাসিবা মোক।।
পঙ্কে লগ্ন হোৱে যদি গঙ্গাজলচয়।
মহাজনে কদাচিতো তাহাক নেড়য়।।৪।।
পঙ্কতে হোৱয় জাত পদ্মপুষ্পচয়।
তাক দেখি জ্ঞানৱন্তে ত্যাগ নকৰয়।।
ঘন ক্ষীৰ যিটোজনে সদায় ভুঞ্জয়।
সিয়োজনে জানা ঘোল ভোজন কৰয়।।৫।।
মোৰ বাক্যচয় জানা সেহি পটন্তৰ।
হৰিকথা পদ্ম গঙ্গাজল সমসৰ।।
বিদগধ কবিৰ কবিতা অসংখ্যাত।
অনেক আছয় পদ যদ্যপি সাক্ষাত।।৬।।
মোৰ বাক্যচয় ভৈল ঘোল পটন্তৰ।
পূৰ্ব্বাপৰ কবিবাক্য ক্ষীৰ সমসৰ।।
গৰুড়ে উৰাৱ কৰি আকাশে ফুৰন্ত।
আনো পক্ষীচয় কতো দূৰক চলন্ত।।৭।।
টিপচী উৰাৱ কৰি যাইবে নপাৰয়।
পখা অনুৰূপে তভো উৰাৱ কৰয়।।
আমাৰো জানিবা সেহি পটন্তৰ প্রায়।
লজ্জা এৰি হৰিগুণ গাইবো সদায়।।৮।।
.......
৷৷ যুধিষ্ঠিৰ নাৰদ সংবাদ।।
এক চিত্তমনে শুনা সভাসদগণ।
নিজ ভকতক প্রভু কৰন্ত ৰক্ষণ।।
ভকতৰ বিপক্ষ আচৰে যিটো জন।
তাৰ হৃদয়ক হৰি কৰা বিদাৰণ।।৯।।
হেন নৰহৰি পাৱে কৰোহো বন্দন।
অদভুত মূৰ্ত্তি ধৰিলাহা জনার্দ্দন।।
পোন্ধৰ অধ্যায় কথা সপ্তম স্কন্ধৰ।
ইহাত কহয় আতি বাসনা কৰ্ম্মৰ।।১০।।
শুভাশুভ কাৰ্য্যৰূপে বাসনা আছয়।
এহি দুইবিধ কৰ্ম্ম শাস্ত্ৰত কহয়।।
মহন্তৰ কোপে হোৱে অশুভ বাসনা।
তাসম্বাৰ অনুগ্রহে শুভ কৰে জানা।।১১।।
বৈকুণ্ঠ থানৰ যিটো দ্বাৰী দুইজন।
মহন্তৰ কোপে আসি ভৈল নিপাতন।।
দৈত্যৰ গৰ্ভত আসি প্রহ্লাদ ভৈলন্ত।
তাঙ্ক অনুগ্রহ দেৱঋষি কৰিলন্ত।।১২।।
নাৰদৰ অনুগ্রহে ভক্তি ভৈল জাত।
বিষ্ণুত ভকত সন্ত বাসনা সাক্ষাত।।
নিজ ভকতক কৃষ্ণ প্রভু ভগৱন্ত।
যদ্যপি কৰন্ত দ্বেষ তথাপি ৰাখন্ত।।১৩৷৷
তিনি জন্মে দিলা নিয়া আপোনাৰ থান।
কৃষ্ণৰ সমান দেৱ আছে কোন আন।।
এতেকতে হোৱে যিটো পণ্ডিত উত্তম।
মহন্তজনৰ সেৱা আতি নিৰূপম।।১৪।।
সততে কৰোক তুষ্ট সজ্জনৰ মন।
তেৱে শুভ বাসনাৰ জানিবা কাৰণ।।
তাতে দশ অধ্যায়ে কহন্ত বাসনাক।
মহন্তৰ কোপে যেন কহিলন্ত তাক।।১৫।।
সন্তৰ সেৱাত যেনমতে শুদ্ধ হয়।
প্রপঞ্চিয়া কহিলন্ত শুনিয়ো নির্ণয়।।
প্রথম অধ্যায়ে দৈত্যপুত্র প্রহ্লাদৰ।
বিষ্ণু ভকতিতে দ্বেষ হইবেক বিস্তৰ।।১৬।।
বিপ্ৰৰ শাপৰ কথা কহিলা ইহাতে।
হেনজানি সভাসদে শুনা একচিত্তে।।
ষষ্ঠস্কন্ধ অন্তে পৰীক্ষিতে শুনিলন্ত।
ইন্দ্রক সহায়ে হৰি অসুৰ মাৰন্ত।।১৭৷৷
মহাক্রোধে শোকে আতি দিতি জানিলন্ত।
কেনমতে ইন্দ্ৰ মৰে তাক চিন্তিলন্ত।।
এহি শুনি পৰীক্ষিতে শুকত পুছিল।
সৱাতে সমান ভগৱন্ত দয়াশীল।।১৮৷৷
সমস্তৰে আত্মা যিটো প্রভু নাৰায়ণ।
তাহান বিষম ভাৱ ভৈল কি কাৰণ।।
সমস্তৰে সুহৃদ কৃপালু ভগৱন্ত।
ইন্দ্ৰৰ নিমিত্তে কেনে দৈত্যক মাৰন্ত।।১৯।
প্রয়োজন ভৈলে পক্ষপাত লাগে হুইবে।
যেৱে ভয় আছে তেৱে লাগয় মাৰিবে।।
ভয় নাহিকয় তেন্তে আত্মা জগতৰ।
শত্রু মিত্র উদাসীন যোগ্য ঈশ্বৰৰ।।২০৷৷
পৰম আনন্দৰূপ আত্মা ভৈল যাৰ।
অসুৰত হন্তে ভয় নাহি সাৰেসাৰ।।
এতেকে বিদ্বেষ তান যোগ্য নাহিকয়।
নির্গুণ ব্ৰহ্মৰ কেনে ভৈল দ্বেষচয়।।২১।।
ইহাতে আহ্মাৰ মহা মিলিল সংশয়।
ছেদিয়োক ব্যাসসুত মুনি মহাশয়।।
এহিশুনি শুকমুনি ৰাজাক বুলিলা।
ধন্য ধন্য মহাৰাজ সার্থক পুছিলা।।২২।।
যিটো কথা পুছিলাহা অদ্ভুত নিশ্চত।
ভাগৱত প্রহ্লাদৰ মহিমা আছয়।।
ঈশ্বৰৰ চৰণত মতি বঢ়াৱয়।
তোহ্মাৰ আগত মঞি কহিবো নিশ্চয়।।২৩৷৷
জিহ্বাক লভিয়া যিটো নৰ দুৰাশয়।
কীৰ্ত্তনৰ যোগ্য বিষ্ণু তাঙ্ক নগাৱয়।।
মোক্ষৰ সাঙ্কোক পায়া নুঠিল দুৰ্ম্মতি।
এতেকতে সিটো নৰ যাইবে অধোগতি।।২৪।।
হেন জানি যিটো নৰ বুদ্ধিমন্ত হয়।
গোৱিন্দৰ মহিমা আনন্দ ৰসময়।।
তাকে মাত্র শুনোক সততে গাউক মুখে।
হুইবেক কৃতার্থ নপাইবেক একো দুখে।।২৫।
ইহাতে সংশয় যিটো অবোধে কৰয়।
যাইবে অধোগতি সিটো নাহিকে সংশয়।।
হেন জানি বুদ্ধিমন্ত বাপ পৰীক্ষিত।
গোৱিন্দৰ কথা এৱে শুনা একচিত্ত।।২৬৷৷
মহাপুণ্য প্রহ্লাদত পৰে আন নাই।
এহি কথা তত্ত্ব জানি শুনিয়ো সদায়।।
নাৰদ প্রমুখ্যে ঋষি ইহাক গাৱয়।
মুকুতসকলে মহা আনন্দ পাৱয়।।২৭৷৷
ব্যাসক নমিয়া শুকে লৈলা কহিবাক।
প্ৰকৃতিত পৰ হৰি জানিবা তাহাক।।
এতেকে নিৰ্গুণ অজ অব্যক্ত নিশ্চয়।
ৰাগ দ্বেষ আদি তান্ত কিছু নাহিকয়।।২৮৷৷
সত্ত্ব ৰজ তম ইন্দ্ৰিয়ৰ বৃত্তিচয়।
ঈশ্বৰত নাহিকয় জানিবা নিশ্চয়।।
ভগৱন্ত জানা তিনি গুণৰ ঈশ্বৰ।
অন্যোঅন্যে দ্বন্দ্ব কৰে অসুৰ বৰ্ব্বৰ।।২৯৷৷
সত্ত্বগুণ ৰজোগুণ তমোগুণ হৰি।
সেহিৰূপে হঞো আমি গুণ অনুসৰি।।
দেৱঋষি সত্ত্বগুণে জানিবা নিশ্চয়।
তাহাত প্রৱিষ্ট হুয়া হৰি বঢ়াৱয়।।৩০৷৷
জয় কালে ৰজোগুণে স্বৰূপ ধৰন্ত।
তাহাত প্ৰৱেশি অসুৰক বঢ়াৱন্ত।।
তমোগুণে যক্ষ ৰাক্ষসক বৃদ্ধি কৰা।
তথাপিতো বিষম নুহিকে হৰিপৰা।।৩১৷৷
কালেসে কৰয় যত সৱ বৃদ্ধি ক্ষয়।
সিও একেকালে বঢ়া টুটা নুহিকয়।।
এতেকতে সম প্রভু নুহিকা বিষম।
সমহন্তে দেখি যেন বিষম পৰম।।৩২৷৷
ইহাৰ দৃষ্টান্ত কহো শুনা মহাশয়।
যেন কাষ্ঠে হুতাশন ব্যাপিয়া আছয়।।
উপাধিৰ অনুৰূপে প্রকাশ কৰন্ত।
অগ্নি পুনু জানা ৰাজা বিষম নোহন্ত।।৩৩।।
বুলিবাহা আছা যেৱে প্রমাণ কিমতে।
তাহাৰ উত্তৰ দেঞো শুনা একচিত্তে।।
নিৰ্গুণ সকলে তাঙ্ক দেহাতে দেখয়।
তান্ত বিনে জানা ৰাজা কিছু নেদেখয়।।৩৪।।
যেন সূৰ্য্যকান্ত মণি পৰম উত্তম।
তান দাহ শকতিক দেখিয় পৰম।।
যেন গন্ধ শকতিক দেখিয় বায়ুৰ।
বায়ুসমে লাগ যেন নাহিকে গন্ধৰ।।৩৫।।
সেহিৰূপে জানিবাহা ভগৱন্ত হৰি।
অধীন মায়াৰ গুণে নানা ৰূপ ধৰি।।
স্ৰজন্ত পালন্ত সমস্তকে সংহাৰন্ত।
মহিমাৰ নাহি পাৰ বুলিয়া অনন্ত।।৩৬।।
বিষম নুহিকে তেন্তে এতেকে জানিবা।
গুণ পৰতন্ত্র হেন তাঙ্ক নমানিবা।।
যেতিক্ষণ জীৱন সম্বন্ধি নাৰায়ণ।
ভোগ্যৰ নিমিত্তে কৰা দেহক স্ৰজন।।৩৭।
তাহাত প্রৱিষ্ট হুয়া প্রভু ভগৱন্ত।
ক্রীড়া কৰিবাক লাগি মন কৰিলন্ত।।
সত্ত্বগুণে বিষ্ণুৰূপে প্ৰজাক পালন্ত।
ৰজোগুণে ব্রহ্মা হুয়া সৃষ্টিক কৰন্ত।।৩৮।।
তমোগুণে সমস্ত প্রজাক সংহৰন্ত।
কালৰো ঈশ্বৰ যিটো অচ্যুত অনন্ত।।
প্রকৃতি পুৰুষ কাল অধীন যাহাৰ।
এতেকে ঈশ্বৰৰ প্ৰভু জানিবা সৱাৰ।।৩৯৷৷
প্রকৃতি পুৰুষে যাৰ আজ্ঞাক বহন্ত।
কালকো আপুনি ভগৱন্তেসে স্ৰজন্ত।।
পুৰুষৰ লিঙ্গ দেহ জীৱ আদি কৰি।
তাকো সম্পাদন কৰা ভগৱন্ত হৰি।।৪০৷৷
সকলে জীৱক যিটো স্ৰজন কৰন্ত।
বাৰম্বাৰ প্রভু হৰি প্ৰজাক পালন্ত।।
প্রস্তুতত কিবা অর্থ ভৈলেক তাহাক।
শুনিয়োক পৰীক্ষিত কহো মঞি তাক।।৪১।।
যিটো ভগৱন্তে সত্ত্বগুণক ধৰন্ত।
সমস্তে দেৱক যিটো বৃদ্ধিক কৰন্ত।।
দেৱৰ বিপক্ষ অসুৰক নষ্ট কৰা।
কাল শকতিক আসি ভগৱন্তে ধৰা।।৪২।।
সন্নিদ্ধি মাত্রকে সৱে সৃষ্টি স্থিতি হোৱে।
এতেকে বিষম তেন্তে নুহিকা স্বভাৱে।।
যেন চুম্বকৰ কাছে জড় লোহাচয়।
তাহাৰ প্রকাশে সৱে ভ্ৰমণ কৰয়।।৪৩।।
সেহিমতে ভগৱন্ত কৃষ্ণ কৃপাময়।
সৱাতে সমান তেহে জানিবা নিশ্চয়।।
ইদানীক কহো শুনিয়োক পৰীক্ষিত।
দেৱ অসুৰৰ পক্ষ নুহিকা নিশ্চিত।।৪৪।।
ব্রহ্মশাপে অসুৰ যোনিক পাইলা আসি।
ইতিহাস কথা কহো, মহিমা প্রকাশি।।
যুধিষ্ঠিৰ ৰাজসূয় যজ্ঞ সময়ত।
সঙ্কোচিত হুয়া পুছিলন্ত নাৰদত।।৪৫।।
মহা অদভুত দেখিলন্ত যুধিষ্ঠিৰ।
কৃষ্ণত গৈলেক লীন শিশুপাল বীৰ।।
সেহি সমাজত ঋষি বসিয়া আছন্ত।
সভাক শুনায়া ৰাজা প্রশ্ন কৰিলন্ত।।৪৬।।
যুধিষ্ঠিৰ বদতি শুনিয়ো দেৱঋষি।
মহা অদভুত কথা কৈয়ো বিমৰিষি।।
একান্ত ভক্তৰ মহা দুর্ল্লভ গতিক।
দুষ্ট শিশুপাল তাক লভিলেক কিক।।৪৭।।
নৰকক যাইবে লাগে জানিবা নিশ্চয়।
যেন যেন নৰকত পৰিলা দুর্জ্জয়।।
বিপ্ৰৰ ক্ৰোধত সিটো যেন নষ্ট ভৈল।
শিশুপাল কেনে অধোগতিক নগৈল।।৪৮৷৷
দমঘোষ সুত পাপী পৰম দুর্জ্জন।
বালকৰপৰা কৰে কৃষ্ণক নিন্দন।।
যেতিক্ষণে মাতিবাক পাৰিলেক পাপী।
গালি পাৰে তেখনৰে পৰা সিটো ব্যাপী।।৪৯।।
এখনো পৰম সিটো ক্ৰোধ কৰিলেক।
তথাপিতো সদগতি কিসক পাইলেক।।
জিহ্বাত কিসক কৃষ্ণ নভৈল তাহাৰ।
দন্তবক্র মহাপাপী সিও দুৰাচাৰ।।৫০।।
পৰম গতিক পাইলা এৰি কলেৱৰ।
ইহাত মোহোৰ মন ভ্রমে নিৰন্তৰ।।
যেন প্রদীপক আতি বায়ুৱে ভ্রমাৱে।
সেহিমতে মোৰ বৰ সংশয় স্বভাৱে।।৫১।।
শুনিয়ো নাৰদ প্রভু তুমি সৰ্ব্বজান।
মহাদয়ালুক নাহি তোহ্মাৰ সমান।।
ইহাৰ কাৰণ কহিয়োক মুনিবৰ।
এহিমতে প্রশ্ন ভৈলা ধৰ্ম্মৰ পুত্ৰৰ।।৫২।।
ৰাজাৰ বচন শুনি নাৰদ মহন্ত।
মহাতুষ্ট হুয়া তাঙ্ক বাক্য বুলিলন্ত।।
সভাৰ লোকক ঋষি শুনায়া সৱাক।
সম্বোধন কৰি পাচে বুলিলা ৰাজাক।।৫৩।।
বদতি নাৰদ মুনি শুনা যুধিষ্ঠিৰ।
ইহাত সংশয় নকৰিবা মহাবীৰ।।
ঈশ্বৰক নিন্দা কৰে যত পশু নৰ।
বোলাহা নৰক তাৰে হুইবেক সত্বৰ।।৫৪৷৷
কিসক সংশয় মহা ভৈলে দৃঢ়তৰ।
সতকাৰ ধিক্কাৰ নাহি ঈশ্বৰৰ।।
ঈশ্বৰে পাৱন্ত দুখ মনত মানাহা।
যুধিষ্ঠিৰ কহো কথা তাক শুনিবাহা।।৫৫।
দেহত মনত বুদ্ধি যিটো নৰচয়।
নিন্দা কৰিলাত মহাদুখক পায়।।
স্তুতি কৰিলাত মহা হোৱে আনন্দিত।
ঈশ্বৰৰ নাহি জানা সিমত চৰিত।।৫৬।।
অন্যোঅন্যে নিন্দা ঘোৰ তাড়না কৰয়।
এহিহেতু মহাঘোৰ হিংসা আতিশয়।।
তাহাত নিবন্ধ হুয়া হোৱে অভিমান।
তাহাৰ সম্বন্ধি বন্ধ জানা সৰ্ব্বজন।।৫৭৷৷
সিমত নুহিকা ভগৱন্ত কৃপাময়।
ঈশ্বৰৰ হিংসা জানা নাহিকে নিশ্চয়।।
ক্রোধ অভিমানৰ তাহাত হেতু নাই।
অদ্বিতীয় স্বৰূপ কেৱলে নৰৰায়।।৫৮।।
বিষম নাহিকে তান শুনা অভিপ্রায়।
সাক্ষীৰূপ জগতৰ জানিবা সদায়।।
সমস্তৰে আত্মা যিটো ভগৱন্ত হৰি।
তাহান্ত বিষম ভাৱ হৈবে কেন কৰি।।৫৯।।
বুলিবাহা কিয় তেন্তে মাৰৈ ভগৱন্তে।
তাহাৰ উত্তৰ শুনা নৃপ একচিত্তে।।
দ্বন্দ্ব কৰি আপোনাৰ স্বৰূপ কৰন্ত।
ইয়োমতে বিষম নুহিকা ভগৱন্ত।।৬০৷৷
যেহি সেহিমতে যিটো তাঙ্ক ধ্যান কৰে।
এতেকে নিন্দন পাপ তেতিক্ষণে হৰে৷৷
সমান ৰূপত হোৱে নাহিকে সংশয়।
ইহাক কহঞো মঞি শুনা মহাশয়।।৬১৷৷
স্নেহৰূপে মন দিবে সিমতে নপাৰে।
শত্রুভাৱে যেনমতে চিন্তিবাক পাৰে।
এতেকে সৱাতো কৰি শ্ৰেষ্ঠ বৈৰভাৱ।।
তোহ্মাত কহঞো তাক শুনিয়ো পাণ্ডৱ।।৬২।
যেনমতে শত্রুভাৱে হৰিক পাৱয়।
ভক্তিভাৱে সেহিমতে বশ্য নকৰয়।।
ইহাৰ দৃষ্টান্ত কহোঁ তাক শুনিয়োক।
যেন বাঘ পৰুৱাক চিন্তে যিটো পোক।।৬৩।।
ভয়তে চিন্তিয়া তান স্বৰূপক পাৱে।
সেহিমতে চিন্তিয়া ঈশ্বৰ ৰূপ হোৱে।।
কামে দ্বেষে ভয়ে ঈশ্বৰত মন দিয়া।
পৰম পৱিত্র হোৱে পাপক তেজিয়া।।৬৪।
অনেকে পাইলেক গতি যুধিষ্ঠিৰ ৰায়।
তাহাক কহঞো আৱে শুনা অভিপ্রায়।।
কামভাৱে গোপীসৱে তান ৰূপ পাইলা।
ভয়ত থাকিয়া কংস চতুর্ভুজ ভৈলা।।৬৫।।
দ্বেষত থাকিয়া শিশুপাল আদি কৰি।
তাহান স্বৰূপ পাইলা তাৰা সৱে মৰি।।
সম্বন্ধত থাকি যিটো কৃষ্ণ বংশচয়।
পৰম গতিক পাইবে নাহিকে সংশয়।।৬৬।।
তোৰসৱে স্নেহ ভাৱে ঈশ্বৰক পাইবা।
নাহিকে সংশয় তাত নৃপতি জানিবা।।
আমিসৱ ভকতিত ঈশ্বৰক পাইলো।
সৱাৰো সমান গতি তাহাক কহিলো।।৬৭।।
বুলিবাহা ৰণে কিয় পড়িলা নৰকে।
পৰম গতিক হৰি দিলা সমস্তকে।।
ইহাক কহঞো যুধিষ্ঠিৰ মহাশয়।
ঈশ্বৰত ৰতি দ্রব্য ধ্যান নাহিকয়।।৬৮।।
পাঞ্চৰ মধ্যত একজন নাহিকয়।
এতেকে নৰকে গৈল সিটো দুৰাশয়।।
যেহি সেহি মতে বিষ্ণু চিন্তোক সদায়।
এতেকে পৰম গতি দেন্ত যদুৰায়।।৬৯৷৷
ঈশ্বৰৰ ভক্ত দন্তবক্ৰ শিশুপাল।
তাহাৰ কথাক কহো শুনা মহীপাল।।
শ্রেষ্ঠ পাৰিষদ দুয়ো বৈকুণ্ঠ আছিল।
বিপ্রৰ শাপত থাকি ভূমিত পৰিল।।৭০।।
এহি শুনি যুধিষ্ঠিৰ বিস্ময় ভৈলন্ত।
সম্ভ্ৰম স্বৰূপে নাৰদত পুছিলন্ত।।
কাৰ শাপে বৈকুণ্ঠৰ পাত কৰিলেক।
বৈষ্ণৱক দুখ দিবে সামর্থ ভৈলেক।।৭১৷৷
আক শুনি মোহোৰ আনন্দ যেন নাই।
বৈষ্ণৱৰ জন্ম হৈব কোন অভিপ্রায়।।
জন্ম নুহিবাৰ হেতু শুনা মুনিবৰ।
দেহেন্দ্রিয় প্রাণহীন তাহাৰ সৱৰ।।৭২।।
বৈকুণ্ঠপুৰত যতসৱে নৰচয়।
অহঙ্কাৰ সমকাৰ নাহি একো ভয়।।
শুদ্ধ সত্ত্ব গুণসৱ দেহৰ আৰম্ভ।
কেনমতে মিলিল কলহ মহাদম্ভ।।৭৩।।
প্রাকৃতত যেন দেহ সম্বন্ধ ভৈলেক।
আক শুনি মনে মহাদুখ মিলিলেক৷৷
কহিয়োক গুৰু মোত বৃত্তান্ত যতেক।
তুমি বিনে কোন সংশয়ক ছেদিবেক।।৭৪।।
এহি কথা ধৰ্ম্মপুত্রে ঋষিত পুছিলা।
ধন্য ধন্য বুলি মুনি প্রশংসা কৰিলা।।
শুনিয়োক পাণ্ডুৰ নন্দন মহাজন।
এক সময়ত মোৰ শ্ৰেষ্ঠ ভ্রাতৃগণ।।৭৫।।
ব্ৰহ্মাৰ নন্দন সৱে মহা জ্ঞানৱন্ত।
অকস্মাতে চলি সৱে বৈকুণ্ঠে গৈলন্ত।।
সুনন্দক আদি চাৰি পৰম মহন্ত।।
তিনিয়ো লোকক মহা পৱিত্ৰ কৰন্ত।।৭৬।।
এহিমতে ফুৰা সৱে মহামুনিচয়।
পাঞ্চৱা বৎসৰ বুলিবাক পাৰি তয়।।
বালকৰ নয় সৱে বয়সত বৃদ্ধ।
নুহিকন্ত যুৱা জড়া ভৈল যোগসিদ্ধ।।৭৭।।
প্রজাপতি গণ মৰিচ্যাদি নৰজন।
সৱাতো কৰিয়া শ্রেষ্ঠ জানা মুনিগণ।।
বস্ত্র নাহিকয় গাৱে দিগ পৰিধান।
তাসম্বাৰ কিছু নাহিকয় ভেদজ্ঞান।।৭৮।।
এতেকেসে শিশুমানি দ্বাৰী দুয়োজন।
দ্বাৰত থাকিয়া কৰিলেক নিষেধন।।
বেতে ঠেলি কতোদূৰ বাজ কৰিলন্ত।
তেতিক্ষণে তাসম্বাৰ ক্রোধ উঠিলন্ত।।৭৯৷৷
ইঠাইত থাকিবে যোগ্য নুহি ইটো দুই।
এহি বুলি মুনিসৱে মহাক্রুদ্ধ হুই।।
ৰজ তম কিছু নাহিকয় ইথানত।
কেনমতে ভৈল আসি ই দুই জনত।।৮০৷৷
ঈশ্বৰৰ পাদমূলে ভকতি কৰয়।
ক্রোধ অহঙ্কাৰ হুইবাক যোগ্য নয়।
এতেকেসে ইটো দুইক দিবো আজি ফল।।
এহি বুলি মাতিলন্ত ব্রাহ্মণসকল।।৮১।।
শুনিয়ো পাপিষ্ঠ দুয়ো পৰম দুর্জ্জন।
অসুৰ যোনিক যাস বুলিলা বচন।।
মহামূর্খ শীঘ্ৰে দুয়ো অসুৰ হুয়োক।
এহিমতে শাপ দিলা তেৱে মুনিলোক।।৮২৷৷
তেতিক্ষণে বৈকুণ্ঠৰ পৰে দুয়োজন।
হেন দেখি কৃপা আতি ভৈলা ঋষিগণ।।
দুইকো চায়া মুনিগণে বুলিলা বচন।
শুনা পাৰিষদ দুয়ো থিৰ কৰি মন।।৮৩।।
তিনি জন্ম অন্তৰে পাইবাহা এহিলোক।
হেন জানি মনে দুয়ো নকৰিবা শোক।।
তেৱেসে হৈবাহা জানা পৰম মুকুত।
ঈশ্বৰক পুনু সেৱা কৰিবা ইথানত।।৮৪।।
এহি বুলি মুনিসৱ মৌন হুয়া ৰৈলা।
শুনা যুধিষ্ঠিৰ পাচে যেন কথা ভৈলা।।
দিতিৰ গৰ্ভত আসি দুয়ো ভৈলা জাত।
হিৰণ্যাক্ষ হিৰণ্যকশিপু দুয়ো খ্যাত।।৮৫।।
দৈত্য দানৱে দুইকো কৰে নমস্কাৰ।
হিৰণ্যকশিপু শ্রেষ্ঠ মহাবলীয়াৰ।।
কনিষ্ঠ ভৈলেক হিৰণ্যাক্ষ মহাবীৰ।
ইন্দ্ৰ আদি দেৱো বলে নুহি সমসৰ।।৮৬।।
হিৰণ্যকশিপু নৰসিংহে মাৰিলন্ত।
হিৰণ্যাক্ষ বীৰক বৰাহে বধিলন্ত।।
পৃথ্বী উদ্ধাৰিলা প্রভু যিটো সময়ত।
প্রতিঘাত অনেক কৰিলা ঈশ্বৰত।।৮৭।।
তাতেসে বধিলা শূকৰৰ মূৰ্ত্তি ধৰি।
হিৰণ্যকশিপু নৰসিংহ ৰূপ হৰি।।
যিহেতু মাৰিলা তাক শুনা মহাশয়।
প্রহ্লাদ নামত ভৈল তাহান তনয়।।৮৮৷৷
কেশৱৰ প্রিয় তেহে পৰম মহন্ত।
পৰম গুণজ্ঞ যাৰ সম নাহি শান্ত।।
ভকতি দেখিয়া পাচে দিতিৰ তনয়।
অনেক যাতনা তাঙ্ক ভুঞ্জাইলা কুনয়।।৮৯৷৷
মাৰিবাক লাগি মহা উপায় কৰিলা।
একোমতে মাৰিবাক তাঙ্ক নপৰিলা।।
সকল জগতে সিটো দেখে হৰিময়।
এতেকেসে শান্ত মূৰ্ত্তি জানিবা নিশ্চয়।।৯০৷৷৷
সমস্ত ভূতৰ গতি প্রভু হুয়াছন্ত।
আপোনাক ঈশ্বৰত ভিন্ন নেদেখন্ত।।
সেহি হেতুতেসে ব্রহ্ম দেখন্ত সদায়।
ভগৱন্ত তেজে ব্যাপি আছা সমুদায়।।৯১।।
নপাৰিলা অস্ত্রে শস্ত্রে যাক ছেদিবাক।
কি কহিবো যুধিষ্ঠিৰ তান মহিমাক।।
আত পাচে যেৱে দুয়ো অসুৰ মৰিল।
বিশ্বশ্রবা বীর্যে নৈকেষীত উপজিল।।৯২৷৷
কুম্ভকর্ণ ৰাৱণ পৰম বলৱন্ত।
ৰাম অৱতাৰে প্ৰভু দুইকো বধিলন্ত।।
শাপৰ মুক্তি নিমিত্তেসে মাৰিলন্ত।
এহি বাণী ৰাজা যুধিষ্ঠিৰে শুনিলন্ত।।৯৩।।
ৰামৰ বীৰ্য্যক মহা শ্রদ্ধা শুনিবাক।
এহি জানি ঋষিৰাজে বুলিলন্ত তাঙ্ক।।
মার্কণ্ডেয় মুখে ৰামবীৰ্য্য শুনিবাহা।
তাক শুনি আতি মহা আনন্দ হৈবাহা।।৯৪।।
সেহি দুই ভৈলা আসি ক্ষত্রিয়ত জাত।
শিশুপাল দন্তবক্র জগতে প্রখ্যাত।।
তোহ্মাৰ মাতৃৰ ভগিনীত জাত ভৈলা।
এখনে মাৰিলা কৃষ্ণে বৈকুণ্ঠক গৈলা।।৯৫৷৷
পাপকেসে নষ্ট কৰিলেক যিটো দুইৰ।
বৈৰীভাৱে ধ্যান কৰিলেক দুয়ো বীৰ।।
তীব্র ধ্যানে অচ্যুতৰ সমৰূপ ভৈল।।
হৰিৰ ওচৰে পাৰিষদ হুয়া ৰৈল।।৯৬।
যুধিষ্ঠিৰ বদতি শুনিয়ো গুৰু বাপ।
তযু পদ্মমুখে কথা শুনি হৰে তাপ।।
কি কাৰণে হিৰণ্যকশিপু মহাশয়।
নিজপুত্র প্রহ্লাদক দিলা দুখচয়।।৯৭।।
পৰম স্নেহৰ পুত্র তাঙ্ক কি কাৰণে।
কৰিল বিদ্বেষচয় মাৰিবাক মনে।।
কি কাৰণে প্রহ্লাদৰ অচ্যুতত চিত্ত।
কহিয়োক হৌক মোৰ সংশয় ৰহিত।।৯৮।
এহিমতে যুধিষ্ঠিৰে ঋষিত পুছিলা।
কৃপাময় ঋষি পাচে ৰাজাত কহিলা।।
যুধিষ্ঠিৰ নাৰদ সম্বাদ কথা যত।
সপ্তম স্কন্ধৰ গৈলা প্রথম আধ্যাত।।৯৯।।
শুনা সভাসদগণ ভাগৱত পদ।
শ্ৰৱণ মাত্রকে খণ্ডে সকলে আপদ।।
মহন্তৰ মুখে শুনে কৃষ্ণকথা যত।
তেৱেসে পুৰুষে জানে ভকতিৰ তত্ত্ব।।১০০।
সন্ত সঙ্গ বিনা নাহি সংসাৰ তড়ন।
মহন্ত সঙ্গক লাগি কৰিয়ো যতন।।
জানিয়া যতনে তেজিয়োক আন কাম।
নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম।।১০১।।
.......
।।হিৰণ্যকশিপুৰ ক্রোধ।।
।।দুলড়ী।।
নাৰদ বদতি ধৰ্ম্ম নৰপতি
শুনা পাচকথা আৱে।
বৰাহ ৰূপক ধৰিয়া দৈত্যক
বধিলন্ত হৰি যেৱে।।
হিৰণ্যকশিপু মহাক্রোধে শোকে
তাপিত ভৈলেক আতি।
ক্রোধে পূর্ণ হুয়া সভাক চাহিয়া
বুলিলা সৱাক মাতি।।১০২৷৷
দশন কামুৰি হাতে হাত পিৰি
কোপে দুয়ো চক্ষু জ্বলে।
তাহাৰ ধোঁৱাই আকাশ ব্যাপিল
সূৰ্য্যৰ জ্যোতি হৰিলে।।
ভ্রুকুটি কুটিল কৰাল দর্শন
চাহিবাকো শক্য নাই।
শূল গোট তুলি দিতিসুত বলী
বুলিলা সভাক চাই।।১০৩।।
হেতি শুদ্ধনৰ তক্ষক সম্বৰ
শতবাহু হয়গ্ৰীৱ।
নমুচি ইল পাক মহাবল
মোৰ বাক্যে দিয়া হিয়।।
হে বিপ্রচেত্তি শুনা একমতি
পুলোমল বীৰবৰ।
শকুনি প্ৰমুখ্যে শুনা মুখ্য মুখ্য
যত আছা দৈত্যেশ্বৰ।।১০৪।।
মোহোৰ বচন শুনা দৈত্যগণ
কৰিয়ো সৱে সত্বৰে।
মোহোৰ ভ্ৰাতৃক বিষ্ণু মাৰিলেক
শত্রু নাহি তাতপৰে।।
ক্ষুদ্র শত্রু মোৰ ইন্দ্ৰ আদি দেৱ
হৰি হুয়া পক্ষপৰ।
সম হন্তে সিটো বিষম হোৱয়
পৰম আতি দন্দুৰ।।১০৫৷৷
বালকৰ যেন স্বভাৱ তাহাৰ
চঞ্চল আতি দুৰ্ম্মতি।
দেৱক দায়ায়ে পশুগোট হুয়া
বধিলে ভ্রাতৃ সম্প্রতি।।
যেহিমতে ভজে তাকে ভজে সিটো
নচাই একো গুণ দোষ।
ছৱালে যেহেনে বস্তুখানি পাইলে
গুচয় তেখনে ৰোষ।।১০৬।।
তাহাৰ সমান অথিৰ চৰিত্ৰ
ত্রিভুৱনে নাহিকয়।
যিটোজনে বোলে ভজিলে ইহাক
তাহাকে সিটো ভজয়।।
হৃদয় তাহাৰ বিচাৰ নকৰি
এতেকে লাগে বধিবে।
মোৰ শূলে তাৰ গলক বিন্ধিবো
বিস্তৰ তেজ বহিবে।।১০৭৷৷
সেহি তেজে মোৰ ভ্ৰাতৃক তর্পিবো
তেৱেসে গুচিবে দুখ।
কপটী হৰিক বধিলে অধিক
লভিবো পৰম সুখ।।
সমস্ত দেৱৰ মূল দৃঢ়তৰ
বিষ্ণুসে জানা নিশ্চয়।
মূলক কাটিলে ডাল পাত যেন
শুখাৱয় আতিশয়।।১০৮৷৷
যাৱে মঞি গৈয়া বিষ্ণুক নমাৰো
তাৱে সৱে দৈত্যচয়।
পৃথিৱীক যাই কৰিয়ো অপায়
নকৰি একো সংশয়।।
ব্রাহ্মণে ক্ষত্রিয়ে তপ যজ্ঞচয়
বেদপাঠ ব্রত দান।
যি থানে কৰয় শুনা দৈত্যচয়
নষ্ট কৰা সিটো স্থান।।১০৯।।
ব্রাহ্মণসৱৰ কৰ্ম্ম অনুষ্ঠান
হৰিক মূল জানিবা।
যজ্ঞ ধৰ্ম্মচয় হৰিৰ আশ্রয়
তাহাক নষ্ট কৰিবা।।
যহিত তহিত দ্বিজ গুৰু যত
বর্ণাশ্রম ধৰ্ম্মচয়।
বেদৰ বিহিত কৰ্ম্মক নিশ্চিত
সততে যিটো কৰয়।।১১০।।
সেহি সেহি থানে শুনা সৰ্ব্বজনে
দৈতগণ বাক্য মোৰ।
অগ্নি জোণ্ডা নিয়া পোৰা শীঘ্ৰে গৈয়া
কৰিয়োক দণ্ড ঘোৰ।।
ব্রাহ্মণ গুৰুৰ নাম নথৈবাহা
সকলে উচ্ছন্ন কৰা।
আতপৰে আন উপায় নেদেখো
বিষ্ণুৰ বধৰ পৰা।।১১১।।
এহি বাক্য শুনি দৈত্যগণে গুণি
স্বামীৰ আজ্ঞাক পাই।
শিৰত লৈলেক হৰিষ ভৈলেক
কৌতুকৰ পাৰ নাই।।
সন্ত সমস্তক অনেক দুখক
দিলেক দুর্জ্জনগণে।
নানা দেশে গৈয়া অলক্ষিত হৈয়া
পশিলেক তেতিক্ষণে।।১১২৷৷
............
।।হিৰণ্যাক্ষৰ পুত্ৰসকলৰ শোক দূৰ।।
।।ছবি।।
দৈতেশ্বৰে যেনমত বুলিলন্ত বাক্য যত
তাহাতো অধিক কৰিলেক
সমস্ত প্রাণীক দুখ দিলেক অশিষ্ট সৱে
কাহাকো পৰাণে মাৰিলেক।।
কন্দলত মহাপ্রিয় সৱে দুষ্ট দৈত্যচয়
নানা পুৰ গ্রামে প্রৱেশিল।
শুনিয়োক যি কৰিল কহো মঞি যুধিষ্ঠিৰ
পৰম নির্দয় পাপশীল।।১১৩৷৷
পুৰ নাম বুলি যাক কহো মঞি শুনা তাক
হাটচয় থাকয় যথাত।
নোবোলয় পুৰ তাক হাট নাহিকয় যাত
গ্রাম বুলি জানিবা প্রখ্যাত।।
ব্রজবুলি যিটো থান কহো মঞি বিদ্যমান
গৰুসৱ থাকয় যথাত।।
উদ্যান কৃত্রিম বন ক্ষেত্ৰ বুলি সিটো থান
অকৃত্রিম আৰাম সাক্ষাত।।১১৪।।
ঋষি সমস্তৰ থান আশ্রম বুলিয় তাক
আকৰ বুলিয় ৰত্ন থান।
কৃষকৰ থানচয় খেত নাম বুলিৱয়
শুনা যুধিষ্ঠিৰ সৰ্ব্বজান।।
পৰ্ব্বতৰ ওচৰত আছে গ্রাম নানামত
খৰ্ব্বতক হয় তাৰ নাম।
গোৱাল যথাত থাকে ঘোষ বুলি ডাকে তাক
আনো নানা থান অনুপাম।।১১৫।।
ৰাজা থাকে যি থানত পতন বোলয় তাক
এতেকে থানত দৈত্যগণে।
মহাক্রোধে খেদি গৈয়া হাতে অগ্নিজোৰা লৈয়া
লগাইলেক জুই ৰঙ্গ মনে।।
কতো কতো দৈত্যগণে গৃহখানে ৰঙ্গমনে
সৰ্ব্বস্বক যত পাৱেমানে।
যত পাৰেমানে আনে আনিবে নপাৰি তাৱে
দম কৰি পোৰে সেহি থানে।।১১৬।।
যত আলি পুখুৰীক গড়সৱ দ্বাৰচয়
সৱে ভাঙ্গি লণ্ড ভণ্ড কৈল।
গুৱা নাৰিকলচয় জীৱিকাৰ বৃক্ষ যত
কাটি কাটি দম কৰি থৈল।।
এহিমতে সমস্তকে দুখ দিল নানামতে
দৈত্যেন্দ্ৰৰ অনুচৰগণে।
দেৱে যজ্ঞভাগচয় খাইবে সৱে নপায়
স্বৰ্গক এৰিল তেতিক্ষণে।।১১৭।
অলক্ষিত ৰূপ ধৰি পৃথিৱীত ভ্রমে সৱে
ক্ষুধায়ে মৰয় দেৱগণ।
বেদৰ বিহিত কৰ্ম্ম আনো যত আছে ধৰ্ম্ম
সকলোকে কৰিলে উছন।।
হিৰণ্যকশিপু বীৰি ভ্ৰাতৃ মৰি আছে পৰি
পৰম দুখিত হুয়া মন।
কাষ্ঠচয় বহুতৰ অনাইলেক বীৰবৰ
কৰিলেক তাহাক দহন।।১১৮।।
তাৰ যত প্রেতকাৰ্য্য কৰিয়া অসুৰ ৰাজ
সৱাৰো শোকক শান্ত কৰি।
শকুনি শম্বৰ-ধৃষ্টি ভূত সন্তাপন বৃক
নাকান্দা পিতৃক মনে কৰি।।
কালনাভ মহানাভ হৰিশ্মশ্রু উৎকচ
শুন মোৰ দায়াৰ ভাতিজ।
নাকান্দিবি কেহোজন মোৰ বাক্যে দিয়া মন
নপাইবা তোহ্মাৰ পিতৃ নিজ।।১১৯৷৷
শুনা সভাসদগণ ভজিয়োক জনার্দ্দন
একোথানে সুখ নাহিকয়।
দেখিয়োক দেৱলোক তাসম্বাৰ কেন শোক
ক্ষণে ক্ষণে মিলন্তে থাকয়।।
হেন জানি সৰ্ব্বজন বিষয়ত নেদি মন
কৰিয়োক ভকতি নিষ্কাম।
হৰিনাম গলে বান্ধা এৰি আন মিছা ধান্দা
ডাকি সৱে বোলা ৰাম ৰাম।।১২০৷৷
..........
।।ভ্রাতৃ-বধুৰ প্ৰতি হিৰণ্যকশিপুৰ উপদেশ।।
৷৷পদ।।
হিৰণ্যকশিপু পাচে সম্বোধন কৰি।
শুনা আই ভ্রাতৃ বধু চিত্ত দৃঢ় কৰি।।
মোহোৰ বচন শুনিয়োক তুমি আই।
বীৰ ভৈলে তাক লাগি শোক নুযুৱায়।।১২১।।
শত্ৰুৰ সমুখে মৰিলেক মহাবীৰ।
তাত পৰে শ্লাঘ্য মৃত্যু নাহিকে প্রাণীৰ।।
ভূত সমস্তৰ একো থান নাহিকয়।
পূৰ্ব্বকর্ম্মে তেতিক্ষণে সংযোগ হোৱয়।।১২২।।
নিজকর্মে নিয়া পাচে বিয়োগ কৰয়।
বান্ধৱ সহিতে একো ঠাই নাহিকয়।।
যেন পানী খালত ভৈলেক একথান।
জলকো ভুঞ্জিয়া ৰহি থাকে ক্ষণমান।।১২৩।।
তেতিক্ষণে দিশাদিশে চলি সৱে যায়।
বন্ধু বান্ধৱৰ সমাগম সেহি প্রায়।।
লোকদৃষ্টি তাসম্বাৰ শোক নিবাৰিয়া।
তত্ত্বদৃষ্টি কৰি শোক তম্ভন কৰিয়া।।১২৪৷৷
নিত্য আত্মা এতেকতে মৃত্যু নাহিকয়।
অবিনাশী যাতে তাকে বুলিয় অব্যয়।।
সৰ্ব্বগত সৰ্ব্বজ্ঞ নিৰ্ম্মল শুদ্ধ আতি।
দেহাদিত পৰমাত্মা জানিবাহা মাতৃ।।১২৫।।
এতেকে অমৃত্যু বুলি মৃত্যু নাহিকয়।
কেহো শোক কৰিবাক যোগ্য নুহিকয়।।
বুলিবাহা তেৱে কেনে সংসাৰ হোৱয়।
আক কহো শুনা তেৱে এৰিয়া সংশয়।।১২৬।।
আত্মাৰে মায়াৰে হোৱে অবিদ্যা নিশ্চয়।
সেহি অবিদ্যায়ে লিঙ্গ স্বৰূপ হোৱয়।।
সেহিসে নিমিত্তে সুখ দুখক পাৱয়।।
লিঙ্গৰ উপাধি ধৰ্ম্ম সংসাৰ হোৱয়।।১২৭।।
ইহাক দৃষ্টান্তে কহো শুনা মাতৃ মোৰ।
শীঘ্ৰে জলচয় চলে ধাৰ লাগি ঘোৰ।।
নদীৰ তীৰত আছে যত বৃক্ষচয়।
তাৰ প্রতিবিম্বসৱ জলে লাগিছয়।।১২৮।।
জল চলিলাত যেন বৃক্ষছায়া লৰে।
পৰমাৰ্থ সিটো পুনু নলৰে নচৰে।।
নাৱে চড়িজলে যায় যত প্রাণীগণ।
দেখে যেন বৃক্ষছায়া কৰয় গমন।।১২৯।।
উপাধিৰ ধৰ্ম্ম উপাধিতে হোৱয়।
পৰমার্থ বিচাৰত কিছু নুহিকয়।।
যেন পাক ফুৰন্তে চক্ষুত লাগে পাক।
সেহি চক্ষু চাহিলে পৃথিৱীৰ ফুৰে চাক।।১৩০৷৷
পৰামাৰ্থ পৃথিৱীৰ নাহিকে ভ্রমণ।
গ্রাহকৰ ধৰ্ম্মে গ্রাহ্য কৰে আৰোপন।।
এহিমতে নানাবিধ উপদেশ দিয়া।
আত্মাৰ মৰণ নাহি নিশ্চয় কহিয়া।।১৩১৷৷
শোক দুঃখমানে জানা দেহৰেসে ধৰ্ম্ম।
এহি জানি মাতৃ তুমি নকৰিবা মৰ্ম্ম।।
আৰু ইতিহাস কথা কহিয়া সাক্ষাত।
যমৰ সংবাদ কহো পৰম সাম্প্রত।।১৩২৷৷
উশীনৰ দেশত সুযজ্ঞ নাম এক।
পৰম প্রসিদ্ধ সিটো ৰাজা আছিলেক।।
শত্ৰুৱে বধিলা তাক যুদ্ধ সময়ত।
মৰা শৱগোট বেঢ়ি আছয় আগত।।১৩৩।।
মহাবীৰবৰ সিটো আতি ধনুৰ্দ্ধৰ।
ছেদিলেক ৰত্নময় কৱচ তাহাৰ।।
নানা ৰত্নময় অলঙ্কাৰ আছে যাৰ।
শৰে হানি হৃদয়ক ভেদিলন্ত তাৰ।।১৩৪৷৷৷
তেজে টলবৰ দেহা চিনন নাযায়।।
মুক্ত ভৈল কেশ শৰীৰত ধাতু নাই।।
দুয়ো চক্ষু থিৰ ভৈল প্রাণ নাহিকয়।
ক্রোধে দান্ত কামুৰিয়া তথাপি আছয়।।১৩৫।।
মুখপদ্ম ধূলা লাগি ঢাকিলেক তাৰ।
ভুজে অস্ত্ৰচয় শত্রু কাটিলা ৰাজাৰ।।
তাৰ দুই পাৱে পৰি অনেক সুহৃদ।
বিলাপ কৰিলা অসংখ্যাত বহুবিধ।।১৩৬৷৷
বিধাতাক নিন্দা বোলে সুহৃদ যতেক।
নির্দ্দয় বিধাতা ইটো শাস্তি কৰিলেক।।
উশীনৰ বীৰ মহা পৰম বীৰক।
ইমত অৱস্থা বিধি কৰিলে কিসক।।১৩৭৷৷
মহিষী দেখিলে পাচে স্বামীৰ মৰণ।
পৰম দুখীত হুয়া কৰন্ত ক্রন্দন।।
হে নাথ হত ভৈলো তুমি বিনে আমি।
হৃদয়ত মুষ্ঠি হানি কৈক গৈলা স্বামী।।১৩৮।
সুযজ্ঞৰ দুই পাৱে পৰিয়া কান্দয়।
আতি উচ্চ কৰি কলো ৰাৱক কাঢ়য়।।
মহা প্রিয়তৰ ৰাজা তান চৰণকে।
লোতকে তিয়াইলে সবান্ধৱে মহাশোকে।।১৩৯।
কুচৰ কুঙ্কুম মানে লোতকে তিয়াইল।
বিচিত্র কৱৰীসৱ শোকতে শুখাইল।।
নানাবিধ অলঙ্কাৰ শোকতে খসিল।
আৰ্তনাদে সবান্ধৱে ক্রন্দন কৰিল।।১৪০৷৷
হে বিধি তুমি কিনো অকৰুণ ভৈলা।
আহ্মাৰ প্ৰভুক তুমি অগোচৰ কৈলা।।
নেদেখিবো আজি ধৰি আহান চৰণ।
আগে দিয়া নিলা কিনো বিধি অকৰুণ।।১৪১৷৷
যতেক বান্ধৱ আমি তুমিসে পোষাহা।
আহ্মাৰ বচন মহাৰাজা শুনিবাহা।।
যমৰ পুৰক নৃপ তুমি নাযায়োক।
শোকে মৰো আমিসৱ প্রবোধ দিয়োক।।১৪২।।
পূৰ্ব্বে দিয়া বিধি আৱে নিবাক পাড়য়।
আমাক এৰিয়া তুমি নযাইবা নিশ্চয়।।
শোককে বঢ়াইলা কিছু সুখ নভৈলেক।
আৱেসে জানিলো বিধাতাই দণ্ডিলেক।।১৪৩।।
তুমি এৰিলাতে আমি নিশ্চয় মৰিবো।
তহিতে তোহ্মাৰ সৱে চৰণ সেৱিবো।।
যি থানক যাহা তুমি বুলিয়ো আমাক।
যৈক যাহা তৈক যাই কৰিবো সেৱাক।।১৪৪।।
এহিমতে নানাবিধ বিলাপ কৰয়।
মৃতক পতিৰ পাৱে পৰিয়া কান্দয়।।
এৰিবাক ইচ্ছা নাহি কান্দয় সদায়।
দিৱসৰ অন্ত ভৈল সূর্য্য অস্ত যায়।।১৪৫।।
পুৰিবাক নেদে সৱে কান্দয় বেঢ়িয়া।
শুনিয়োক মাৱ কহো তুমি মন দিয়া।।
সেহি সময়ত প্রেতবন্ধু যমৰায়।।
ক্রন্দন শুনিয়া আসিলন্ত সেহি ঠাই।।১৪৬।।।
পাঞ্চ বৎসৰৰ সম বালক ভৈলন্ত।
আনন্দিত হুয়া যম আপুনি গৈলন্ত।।
সৱাকো চাহিয়া পাচে বচন বুলিলা।
দেখিয়োক কিনো ঘোৰ আশ্চৰ্য্য মিলিলা।।১৪৭৷৷
বয়সতো বৰ সৱে বুদ্ধিয়ো বিস্তৰ।
জন্ম মৰণক দেখি আছাহা লোকৰ।।
তথাপিতো শোক কিয় কৰিবে লাগায়।
এহি বুলি বালকৰূপী যমে হাসয়।।১৪৮৷৷
প্ৰকৃতিত হন্তে হুয়া আছে উতপন্ন।
উপাধিক এৰি তৈতে ভৈলা উপসন্ন।।
ব্যর্থ শোক কৰহ কিসক মূঢ়লোক।
আমাৰ কথাক কহো সৱে শুনিয়োক।।১৪৯৷৷
পাঞ্চ বৎসৰৰ আমি ছৱাল অত্যন্ত।
এহিকালে পিতৃ মাতৃ দুয়ো এড়িলন্ত।।
তথাপিয়ে চিন্তা মঞি নকৰোহো মনে।
মঞি মহা শ্রেষ্ঠ হেন মানোহো যতনে।।১৫০।।
ছৱাল কালত মোৰ বল বুদ্ধি নাই।
কুকুৰ শৃগাল আদি নখাইলেক পাই।।
বুলিবাহা তেৱে কেনমতে ৰহিলাহা।
তাহাৰ হেতুক কহো সৱে শুনিবাহা।।১৫১৷৷
গর্ভতে থাকন্তে যিটো বিষ্ণু ৰাখিলন্ত।।
সেহি ঈশ্বৰেসে জানা মোক পালিলন্ত।।।
বুলিবাহা ঈশ্বৰৰ কোন প্রয়োজন।
কি কাৰণে তেহে আসি কৰন্ত ৰক্ষণ।।১৫২।।
যদ্যপি তাহান প্রয়োজন কিছু নাই।
ক্রীড়াসে কেৱলে কৰে জানিবা সদায়।।
যিটো বিষ্ণু ইটো বিশ্বখানক স্ৰজন্ত।
তাহাতে প্রৱিষ্ট হুয়া ৰক্ষাক কৰন্ত।।১৫৩।।
যেতিক্ষণে প্রপঞ্চক কৰা সংহাৰণ।
শুনিয়ো স্ত্রীসৱ যত থিৰ কৰি মন।।
ঈশ্বৰৰ ক্রীড়া বিনে কিছু কাৰ্য্য নাই।
সৃষ্টি স্থিতি সংহাৰক কৰন্ত সদায়।।১৫৪৷৷
আৰো শুনা অভিপ্রায় ক্রন্দন এড়িয়া।
প্রবাসক যাই লোক গৃহক তেজিয়া।।
পথত যাহন্তে জানা ঈশ্বৰে ৰাখয়।
গৃহতে থাকন্তে দেখা আপুনি মৰয়।।১৫৫৷৷
এতেকে জানাহা তাক ঈশ্বৰে তেজিল।
তাতেসে জানিবা সিটো আপুনি মৰিল।।
আত্মাৰ নাহিকে জন্ম মৰণ নিশ্চয়।
দেহেসে মৰয় নিষ্ঠে দেহে উপজয়।।১৫৬৷৷
আনো নানা দেহ আত্মবাদ যমে কই।
শোক দূৰ কৰিলন্ত তাসম্বাৰ গই।।
সংক্ষেপ পদত তাক নকহিলো আৰ।
ইতিহাস কৰিলন্ত আগে তাসম্বাৰ।।১৫৭।।
শুনিয়োক মোৰ বাণী শোকক এৰিয়া।
কোনো বনে ফুৰে ব্যাধ পক্ষীক চান্দিয়া।।
ঈশ্বৰে নিৰ্ম্মিল ব্যাধ পক্ষীৰ অন্তক।
আহাৰক দিয়া ফান্দে মাৰে চটকক।।১৫৮।।
যিথানত পৰে পক্ষী সিথানত যাই।
লোভ দেখাই জাল পাতি মাৰে ব্যাধে পাই।।
সেহি বনে কুলিঙ্গ কুলিঙ্গী পক্ষী দুই।
মহাৰঙ্গে ক্রীড়ি ফুৰে আনন্দিত হুই।।১৫৯।।
বুদ্ধিত নিপুণ ব্যাধ পক্ষীক দেখিল।
আহাৰক দিয়া তাতে জালক পাতিল।।
লোভ লগাই ব্যাধে মহা নির্দ্দয় হৃদয়।
আৰ হুয়া ৰৈল জাল পাতি দুৰাশয়।।১৬০৷৷
আহাৰ দেখিয়া পক্ষী উৰে আৰো পৰে।
লোভ হুয়া পক্ষী তাৰ ওচৰ নচাড়ে।।
পুত্ৰৱতী কুলিঙ্গ আহাৰ দেখি তাই।
পৰম হৰিষে পক্ষী পৰিলেক যাই।।১৬১।।
জালৰ জৰীতে বন্দী হুয়া তাই ৰৈলা।
তথায় কুলিঙ্গী ঢুপঢুপাইবেক লৈলা।।
কালে পাইলে কৈত আৰ এড়াইবে পাৰয়।
কুলিঙ্গী লাগিয়া ডোলে পৰিয়া আছয়।।১৬২৷৷
ভাৰ্য্যাৰ বন্ধন দেখি কুলিঙ্গ চটক।
মনত বিষাদে মহা কৰিলে শোকক।।
পৰম কৃপালু স্বামী দুখীত হৃদয়।
দুখীত ভাৰ্য্যাক দেখি ক্রন্দন কৰয়।।১৬৩৷৷
হৰি হৰি কিসক পৰিলি তই জালে।
এৱেসে জানিলো মোক পাইলে আসি কালে।।
বিধাতাক নিন্দি বোলে কুলিঙ্গ চটকে।
বিধিৰ সমান আৰ নিৰ্দ্দয় নাহিকে৷৷১৬৪৷৷
পৰম দয়ালু মোৰ স্নেহৰ ভাৰ্য্যাক।
কেনমতে বিঘটন কৰিলা তাহাক৷৷
মোক লাগি তাইৰ মন নিৰন্তৰে পোড়ে।
একতিল নেদেখিলে আধাৰকো এড়ে।।১৬৫।
অনুশৌচ কৰি মহাদুখ হইয়া মন।
আতিশয় স্নেহমতী কৰয় ক্রন্দন।।
দেখিলাত হোৱে আতি হৰষিত মন।
আধাৰক দেঞো মঞি কৰিয়া যতন।।১৬৬।।
মোক বোলে তুমি স্বামী দূৰক নযাইবা।
পক্ষী ভৈলে ব্যাধে যম নিশ্চয়ে জানিবা।।
তাহাৰ জালক চাই ফুৰিবাহা স্বামী।
তুমি অবিহনে মৰা সবান্ধৱে আমি।।১৬৭।।
এহিমতে নানাবিধ হিত শিক্ষা দিলি।
তই কেনমতে এৱে জালত পৰিলি।।
জানিলোহো মোহোক বিধিয়ে দণ্ডিলেক।
নিদাৰুণ বিধি মোৰ ভাৰ্য্যা হৰিলেক।।১৬৮।।
মহা সুচৰিতা ভাৰ্য্যা কালে সংহৰিলা।
আপোনাৰ অৰ্দ্ধকায় পৰম সুশীলা।।
যেনমতে বিধি তাইক জালত পেলাইলি।
মোকো হেনমতে নেস ময়ো যাঞো চলি।।১৬৯।।
দিনেক নিজীঞো মঞি ভাৰ্য্যায়ে তেজিলে।
নিস্ফল জীৱন যাক ভাৰ্য্যায়ে এড়িলে।।
জীৱনত কৰি জানা মৰণেসে ভাল।
এহি জানি ফান্দে মঞি পৰোহো সকাল।।১৭০।।
বাসাত আছয় মোৰ যত ছৱাচয়।
সৱে আতি শিশু নতু পাখিও গাজয়।।
দুয়ো মিলি পুষিলোহো মহা যত্ন কৰি।
এৱে ভৈলা মাতৃহীন কালে নিলে ধৰি।।১৭১।।
সেহিমতে বালকক পুষিবো কিমতে।
আহাৰক নপাই সৱে মৰিব বাসাতে।।
মোৰ পুত্রগণ সরে বাসাত থাকিয়া।
কেতিক্ষণে আহাৰ দিব মাতৃয়ে আনিয়া।।১৭২।।
এহিমতে গুণি সৱে আছে বাট চাই।
হে মন্দভাগীসৱ নপাইবি দুনাই।।
মৰিবোহো মঞি নিশ্চয় তাইৰ শোকে।
তোমৰায়ো মৰি সৱে পাইবা পৰলোকে।।১৭৩।।
ইজন্মত দেখাদেখি সৱাৰো গুচিল।
এহিমতে নানাবিধ বিলাপ কৰিল।।
ভাৰ্য্যাৰ বিয়োগে সিটো অনেক কান্দয়।
লোতকে বেঢ়িল কণ্ঠ বচন নোলায়।।১৭৪৷৷
পৰম আত্মাৰ আতি বিহ্বল স্বভাৱ।
আৰ হুয়া ব্যাধে চাহি আছে তাৰ ভাৱ।।
ধনুত জুড়িলা শৰ ব্যাধে লক্ষ্য কৰি।
মাৰিলেক ব্যাধে শৰগোট কৰে ধৰি।।১৭৫।।
কুলিঙ্গৰ হৃদয়ত পৰিল তেখনে।
ব্যাধে ধৰি আনিলন্ত আতি ৰঙ্গমনে।।
বাসাৰ ছাৱালচয় তাকো আনিলেক।
আপোনাৰ নিজথানে ব্যাধ চলিলেক।।১৭৬।।
এহিৰূপে জানি সৱে শোক এড়িয়োক।
আপোনাৰ মৰণক শীঘ্ৰে দেখিয়োক।।
যতেক কৰাহা সুযজ্ঞক লাগি শোক।
নপাইবাহা কেহো মঞি বুলিলোহো লোক।।১৭৭৷৷
শতেক বৎসৰ যদি হিয়া ঢাকুৰাহা।
তথাপিতো সুযজ্ঞক কেহো নপাইবাহা।।
হিৰণ্য বদতি মাতৃ শুনা বধূ গণ।
এহিমতে শুনি পাচে যমৰ বচন।।১৭৮৷৷
পৰম বিস্ময় হুয়া শোক এড়িলেক।
বোলে সৱে ভাল কথা কহিলা বালক।।
পৰম সুবুদ্ধি ইটো উত্তম ছৱাল।
উপজিলে অৱশ্যে হুইবেক লাগে কাল।।১৭৯৷৷
শুনি শান্ত ভৈল মহাশোক দূৰ গৈল।
তেতিক্ষণে যম তৈতে অন্তৰ্দ্ধান ভৈল।।
সুযজ্ঞৰ জ্ঞাতি পাচে কাষ্ঠক দিলেক।
হৰষিত মনে আনন্দতে দাহিলেক।।১৮০।।
কাৰ্য্য ক্রিয়া কৰিলেক কুলৰ আচাৰ।
মৃতকৰ জলাঞ্জলি বেদ ব্যৱহাৰ।।
পৰলোক ক্রিয়াচয় শ্রাদ্ধক কৰিলা।
আত্মাৰ মৰণ নাই নিশ্চয়ে জানিলা।।১৮১৷৷
দেহাৰেসে উপজন মৰণ জানিলা।
নিত্য শুদ্ধ বুদ্ধ আত্মা মনত মানিলা।।।
তত্ত্বজ্ঞানে দেখিলেক সৱে মায়াময়।
অজ্ঞানত উপজন মৰণ নিশ্চয়।।১৮২৷৷
নাৰদ বদতি যুধিষ্ঠিৰ শুনিয়োক।
দৈত্যেন্দ্ৰৰ বাণী শুনি গুচিলেক শোক।।
পুত্র তাপ এড়ি দিতি আনন্দ ভৈলেক।
স্বামীৰ শোকক ভাৰ্য্যা পুত্রে এড়িলেক।।১৮৩৷৷
ঈশ্বৰত চিত্ত দিয়া মন শান্ত ভৈল।
দ্বিতীয় অধ্যায় কথা সপ্তমৰ গৈল।।
দিতি শোক গুচান অধ্যায় আৰ নাম।
তৃতীয় অধ্যায় কহো শুনা অনুপাম।।১৮৪ ।।
শুনা সমাজিকজন ভাগৱত পদ।
এহিসে গুচাইবে ঘোৰ সংসাৰ আপদ।।
দেখিয়োক বন্ধু বান্ধৱৰ সমাগম।
অত্যন্ত চঞ্চল জল বুদবুদ সম।।১৮৫৷৷
বায়ুৰ সংযোগে জল বুদ যে বান্ধয়
তেতিক্ষণে মহাশীঘ্ৰে মিলন হোৱয়।।
সেহিমতে উপাধিত সংযোগ বিয়োগ।
আত্মাৰ নাহিকে পুত্ৰ ভাৰ্য্যা একো ভোগ।।১৮৬।।
হেন জানি মিছা ইটো বিষয়ক এড়ি।
হাতে বাটে ৰাম নাম ফুৰিয়োক ৰড়ি।।
তেৱেসে তড়িবা ঘোৰ সংৰাৰ নিকাৰ।
সেন্থৰে মনুষ্য জন্ম নপাইবাহা আৰ।।১৮৭৷৷
কেতিক্ষণে কাল অজগৰে গিলে ধৰি।
কেৱলে থাকিবা মাত্র মৰি দান্ত তড়ি।।
পুত্ৰ ভাৰ্য্যা কেৱে ৰাখিবাক নপাৰয়।।
লোক মৰ্য্যাদাত কিছু শোকক কৰয়।।১৮৮।।
মৰিলাত সৰ্ব্বস্বক বিচাৰ কৰয়।।
সৱে মিলি বস্তু যত বান্টিয়া লৱয়।।
পুত্র মৰিলাত তাৰ অলঙ্কাৰচয়।
পিতৃক দহিয়া আসে সিটো দুৰাশয়।।১৮৯৷৷
পুত্রই পিতৃৰ ধনে জীৱাক ইচ্ছয়।
তাকো কালে ধৰি আছে মন নকৰয়।।
হে কৃষ্ণ প্রভু ইটো তোহ্মাৰ মায়াক।
কোননো পণ্ডিতে আক পাৰে তৰ্কিবাক।।১৯০৷৷৷
হেন জানি শাস্ত্রশ্রম এৰিয়া তোহ্মাক।
কৰো নমস্কাৰ প্ৰভু ৰাখিয়ো আহ্মাক।।
এহি জানি সামাজিক এড়ি আন কাম।
অন্তকে ছাড়োক ডাকি বোলা ৰাম ৰাম।।১৯১।।
............
।।হিৰণ্যকশিপুৰ তপস্যা আৰু বৰ প্রাপ্তি।।
।।ঝুমুৰী।।
হিৰণ্যকশিপু বীৰ।
হৃদয়ক কৰি থিৰ।।
আপোনাৰ শৰীৰক।
চাহে সিটো অমৰক।।১৯২।।
যত দেৱ ৰাজাচয়।
কেহো তাৰ সম নয়।।
এহি মনে বাঞ্ছা কৰি।
মন্দৰক দিশ ধৰি।।১৯৩৷৷
গৈয়া পাচে মন্দৰক।
দুখ দিয়া শৰীৰক।।
তপ আৰম্ভিলা বীৰ।
উপৰক তুলি শিৰ।।১৯৪৷৷
আকাশক দৃষ্টি কৰি।
পৃথিৱী অঙ্গুষ্ঠে ভিৰি।।
তুলি হাত উপৰক।
কৰে ঘোৰ তপস্যাক।।১৯৫৷৷
জটা জ্বলে নিৰুপম।
প্রলয়ৰ সূৰ্য্যসম।।
দেৱগণ পৃথিৱীত।
হুয়া আছে দুখচিত্ত।।১৯৬৷৷
তাহাৰ তপস্যা দেখি।
ডৰে সৱে জপাই আখি।।
মহাদুখমনে গৈলা।
আপোনাৰ থানে ৰৈলা।।১৯৭।।
তাহাৰ শিৰৰ হন্তে।
ধূম্র ভৈলা অপৰ্য্যন্তে।।
দশোদিশে অন্ধকাৰ।
নাহিকে প্রকাশ আৰ।।১৯৮৷৷
উদ্ধা অধঃ পাতালত।
কম্পমান লোক যত।।
দশোদিশে শব্দ শুনি।
গিৰগিৰ মহাধ্বনি।।১৯৯৷৷
পৃথিৱী ফাটিয়া জল।
ওলাই কৰে টলবল।।
কাম্পে আতি হিমাচল।
দ্বীপে সমে ভূমণ্ডল।।২০০৷৷
কৰে আতি টলবল।
যেন পদ্ম পত্র জল।।
সাগৰত ঢউ ভৈল।
কাষৰ বুৰাইবে লৈল।।২০১।।
গ্রহ তাৰা খসি পৰে।
ঘনে ঘনে ভূমি লড়ে।।
অগ্নি জ্বলে পৃথিৱীত।
কাৰো নাহি শান্ত চিত্ত।।২০২৷৷
স্বৰ্গত লাগিল তাপ।
দেৱে কৰে কাপজাপ।।
দেৱৰ প্ৰভাৱ মানে।
হৰিলেক নিজ থানে।।২০৩৷৷
থাকিবেক শক্য নাই।
দেৱসৱে পলাই যায়।।
নমস্কাৰ কৰি ৰই।
বৃদ্ধসৱে পলাই যাই।।২০৪৷৷
ব্ৰহ্মাৰ থানক পাই।
শৰণ লৈলেক যাই।।
ব্ৰহ্মাৰ আগত গই।
নমস্কাৰ কৰি ৰই।।২০৫৷৷
বিধাতাৰ আগে কয়।
দেৱগণ হুয়া ভয়।।
দেৱতাৰ তুমি গতি।
হে জগতৰ পতি।।২০৬৷৷
হে দেৱাদেৱ শুনা।
আমি প্রাণে মৰো জানা।।
দৈত্যেন্দ্ৰৰ তপ দেখি।
কাৰ বাপে চাৱে আসি।।২০৭৷৷
স্বর্গত থাকিবে আৰ।
শক্তি নাহি আমাসাৰ।।
উপায় দিয়োক তাৰ।
পিতামহ ৰহিবাৰ।।২০৮।
নতো লোক মৰে যাৱে।
উপায় চিন্তিয়ো তাৱে।।
দিগপালগণ যত।
সৱাকো কৰিবে হত।।২০৯৷৷
এহি সঙ্কল্পিয়া মনে।
কৰে তপ দৈত্যজনে।।
আমাৰ বচন শুনা।।
যদ্যপি আপুনি জানা।।২১০।।
নিৱেদিবো তযু পাৱে।
দেৱগণে নম্রভাৱে।।
তোহ্মাত কৰিয়া দ্বেষ।
যত সৃষ্টি সুবিশেষ।।২১১৷৷
আক নষ্ট কৰিবাৰ।
মনত নিশ্চয় তাৰ।।
ভিন্ন সৃষ্টি আচৰিব।
আক সৱে বিনাশিব।।২১২।।
তপ যোগে সমাধিয়ে।
তযু পদ লৈবে চাৱে।।
তোহ্মাক খেদাইবে চাৱে।
নিৱেদিলো তযু পাৱে।।২১৩৷৷
বুলিবাহা মোৰ থান।
পাৱে কোনে বিদ্যমান।।
অতি অল্প আয়ু তাৰ।
শুনিয়ো উত্তৰ আৰ।।২১৪।।
আন থানে বাঞ্ছা নাই।
তাৰ এহি অভিপ্রায়।।
বহুকাল তপ কৰি।
উপজিয়া মৰি মৰি।।২১৫৷৷
ব্ৰহ্মাৰ পদক পাইবো।
সৃষ্টিকৰ তেৱে হৈবো।।
সূৰ্য্যপদ ধ্ৰুৱপদ।
আনো নানা পাৰিষদ।।২১৬।।
তাত মন নাহি তাৰ।
কৰিলোহে সাৰেসাৰ।।
তোহ্মাৰেসে আসনত।
বসিবাক অভিলাষ।।২১৭।
নিৰ্ব্বন্ধ কৰিয়া মনে।
তপ কৰে দৈত্যজনে।।
আহ্মাৰ বচন জানি।
যেন লাগি মহামানী।।২১৮৷৷
কৰিয়োক শীঘ্ৰে কৰি।
কাম্পে হিয়া তাক ডৰি।।
তোহ্মাৰ থানক লৱে।
তেৱে সৱে মান হৱে।।২১৯৷৷
নষ্ট হৈবে সাধুজন।
এহিবুলি দেৱগণ।।
শোক কৰে আতিশয়।
ব্রাহ্মণ গুৰুৰ ক্ষয়।।২২০৷৷
প্রলয় হৈবেক তেৱে।
তোহ্মাৰ থানক যেৱে।।
লৈবে পাৰে দুৰাশয়।
নানা বাক্য দেৱচয়।।২২১।।
স্তুতি নতি কৰিছয়।
পাচে ব্রহ্মা কৃপাময়।।
দেৱতাক পঠাইলন্ত।
দুখক কৰিবো অন্ত।।২২২৷৷
শুনিয়োক সভাসদ।
মহাভাগৱত পদ।।।
দেৱতাৰো সুখ নাই।
দেখিয়ো বিচাৰি চাই।।২২৩৷৷
আৰ কৈত প্রাণী আন।
সুখ আছে কোন থান।
এহি জানি হৰি ভজা।
ঘোৰ বিষয়ক তেজা।।২২৪৷৷
তেৱেসে লভিবা সুখ।
গুচিবে সংসাৰ দুখ।।
পাইবা ব্রহ্মানন্দ সুখ।
তৈত নাহি কিছু দুখ।।২২৫।।
হৰিনাম গলে বান্ধা।
এড়িয়া বিষয় ধান্ধা।।
ঝুমুৰী কেশৱে গায়।
ৰাম নাম সর্বদায়।।২২৬।।
ফুৰিয়ো সততে গাই।
আতপৰে গতি নাই।।
মাধৱৰ নামগুণ।
এহিসে পৰম পুইণ।।
পূৰিয়ো মনৰ কাম।
ডাকি বোলা ৰাম ৰাম।।২২৭।।
..........
।।হিৰণ্যকশিপুৰ দেৱতা-পীড়ন।।
।।পদ।
নাৰদ বদতি শুনা ধৰ্ম্মৰ নন্দন।
দেৱগণে আৰো কৰিলেক বিজ্ঞাপন।।
ভগৱন্ত ব্রহ্মা পাচে হংসযানে চড়ি।
ভৃগু দক্ষ প্রমুখ্যে লগতে গৈল লড়ি।।২২৮৷৷
সৱে মিলি দৈত্যেন্দ্ৰৰ আশ্ৰমক গৈলা।
হিৰণ্য বীৰক তৈতে দৰশন পাইলা।।
উই মাটি তুলিলন্ত শৰীৰ উপৰে।
তৃণ ঝাৰুবাসে তাৰ ঢাকিল শৰীৰে।।২২৯।
যেন মেঘে ঢাকিলন্ত সূৰ্য্যৰ কিৰণ।
সেহিমতে ঝাৰুবাসে কৰিলেক ছন্ন।।
শৰীৰৰ অৱস্থাক কিছুৱে নাকলি।
তথাপিতো কটাক্ষ নকৰে বীৰ বলী।।২৩০৷৷
মাংস মেদ শোণিতক পিম্পৰায়ে খাইল।
তথাপিতো তপে তিনিলোকক কম্পাইল।।।
হেন দেখি সৃষ্টিকৰ বিস্ময় ভৈলন্ত।
হাসিয়া হংসত থাকি বাক্য বুলিলন্ত।।২৩১৷৷
উঠ উঠ শীঘ্ৰে বাপ কাশ্যপ নন্দন।
তোহোৰ কল্যাণ হৌক বুলিলো বচন।।।
তপস্যাৰ সিদ্ধি ভৈল নাহিকে সংশয়।
বৰদাতা মঞি আসি পাইলোহো নিশ্চয়।।২৩২।।।
বাঞ্ছিত বৰক লৈয়ো তুমি মহাবীৰ।।
তোহোৰ মহিমা দেখি আনন্দিত মোৰ।।
ধৈৰ্য্যৰ মহিমা কিবা কহিবো তোহোৰ।।
মোৰ মুখে তোৰ কথা কহি নপাঞ ওৰ।।২৩৩৷৷
ডাঁহে মহে মাখিয়ে শোণিত গাৱে খাইল।
দেহৰ অৱস্থা তোৰ এহিমত পাইল।।
প্রাণ গৈয়া অস্থিৰ ভিতৰে আছে তোৰ।
হেন তপ কৰিবাক পাৰে কোন ঘোৰ।।২৩৪।।
পূৰ্ব্বতো আছিল মহা মহা ঋষিচয়।।
পাচত হৈবেক আনো ৰাজা শুদ্ধাশয়।।
ইমত তপস্যা হেন কৰিতে নপাৰে।
বুলিলোহো তোৰ আগে মঞি সাৰে সাৰে।।২৩৫।।
জলকো ভোজন তই নকৰিলি বাপ।
তোহোৰ তপৰ কিবা কহিবো প্রতাপ৷৷
তপক কৰিলি দিব্য শতেক বৎসৰ।
মনেয়ো নপাৱে কেহো তোহোৰ ওচৰ।।২৩৬।।
মনস্বীসকলে যাক কৰিতে নপাৰে।
সামান্য পুৰুষ কোন সম হৈবে তোৰে।।
তোৰ তপে মোক বশ্য কৰিলি নিশ্চয়।
শুনিয়োক কহো এৱে দিতিৰ তনয়।।২৩৭।।
যত বৰ খোজ মানে দিবোহো নিশ্চয়।
নকৰিবি মনে তই ইহাত সংশয়।।
মোৰ দৰশন জানা নুহিকে বিফল।
সামান্য প্রাণীৰ মন পূৰোহো সকল।।২৩৮।।
হেন জানি বৰ তই লৈয়োক সত্বৰে।
এহিমতে নানা বাক্য বোলে সৃষ্টিকৰে।।
নাৰদ বদতি যুধিষ্ঠিৰ মহাশয়।
ব্রহ্মাদেৱে এহি বাক্য বুলি পাচে তয়।।২৩৯৷৷
উই তাৰ শৰীৰক কৰিলে ভক্ষণ।
কমণ্ডলু জয় লৈয়া কৰিলা সিঞ্চন।।
ঝাৰুবাস উঁইচুলা তেখনে ভাঙ্গিয়া।
মহাবলৱন্ত ভৈল আসিল ওলায়া।।২৪০৷৷
সকলে শৰীৰ তেতিক্ষমে পূর্ণ ভৈলা।
বজ্ৰতো অধিক দৃঢ় প্রকাশিৱে লৈলা।।
তপ্ত সুৱৰ্ণৰ বৰ্ণ শৰীৰ সুন্দৰ।
জ্বলন্ত অগনি সম কান্তি কলেৱৰ।।২৪১।।
হিৰণ্যকশিপু বীৰে পাচে দেখিলন্ত।
আকাশত ৰহি ব্রহ্মা হংসে বসিছন্ত।।
ভূমিত পৰিয়া দণ্ডবতে নমিলন্ত।
ব্রহ্মাক দেখিয়া মহা হৰিষ ভৈলন্ত।।২৪২।।
কৃতাঞ্জলি হুয়া পাচে বচন বোলয়।
আনন্দতে নয়নৰ লোতক বহয়।।
বাক্য গদগদ সৱে লোম শিহৰিল।
ব্রহ্মাক আনন্দে স্তুতি কৰিবে লাগিল।।২৪৩।।
যিটো ব্রহ্মাদেৱে ঘোৰ প্রলয় কালত।
সৱে নষ্ট ভৈল চন্দ্র সূৰ্য্য সৃষ্টি যত।।
ঘোৰ অন্ধকাৰে সৱে দেখি তমোময়।
পুনু ব্যক্ত কৰা সৃষ্টি তুমি মহাশয়।।২৪৪।।
আপোন কান্তিয়ে অন্ধকাৰ দূৰ কৰি।
জগতকে পালা প্রজাপতি ৰূপ ধৰি।।
তাহাৰ হেতুক কহো শুনা প্রজাপতি।
সত্ত্ব ৰজ তম তিনি গুণৰ সম্প্রতি।।২৪৫।।
তুমিসে ঈশ্বৰ প্রজা পালা সংহাৰাহা।
সৱাৰো আশ্রয় তুমি জগতৰ নাহা।।
তোহ্মাৰ পাৱত পৰি কৰো নমস্কাৰ।
তোহ্মাত অপৰ দেৱ নেদেখোহো আৰ।।২৪৬।।
জগতৰ কাৰণ তুমিসে সনাতন।
জ্ঞান বিজ্ঞান যাৰ মূৰ্ত্তিৰ কাৰণ।।
প্রাণ মন ইন্দ্রিয় বিকাৰ আনো যত।
কাৰ্য্য কাৰণ হুয়া আছা স্বৰূপত।।২৪৭।।
জগততে তুমি বিনে আন কিছু নাই।
স্থল সূক্ষ্ম প্রপঞ্চৰ তুমিসে সমুদায়।।
অনিমিষ কালমূৰ্ত্তি তুমিসে ঈশ্বৰ।
কালৰূপ ধৰি আয়ু হৰাহা লোকৰ।।২৪৮।।
যজ্ঞ প্রৱৰ্ত্তক তুমি জগত ঈশ্বৰ।
চাৰিবেদে শৰীৰ তোহ্মাৰ সৃষ্টিকৰ।।
অন্তর্যামী ৰূপে আছা জগত বিয়াপি।
অজ্ঞজনে নজানয় তোহ্মাক তথাপি।।২৪৯৷৷
তুমিতো সৰ্ব্বজ্ঞ এক অখণ্ড অনাদি।
অনন্ত বুলিয়া দেশে কালে নাহি আদি।।
লৱ আদি মুহূৰ্ত্ত অৱয় ভৈলা যাৰ।
তুমিসে সমস্তে প্রাণী কৰাহা সংহাৰ।।২৫০৷৷
এতেকেসে কালমূর্ত্তি তুমি ভগৱন্ত।
জ্ঞানমূৰ্ত্তি পৰম ঈশ্বৰ তুমি সন্ত।।
অজ জন্মশূন্য পৰিচ্ছিন্ন নুহিকহা।
জগত ঈশ্বৰ তুমি ফলদাতা মহা।।২৫১।।
জীৱলোকে কৰ্ম্মবশে জনম হোৱয়।
তাহাৰ নিয়ন্তা তুমি প্রভু কৃপাময়।।
তুমি পুনু জীৱত কৰিয়া ব্যতিৰেক।
কেনমতে জন্ম আদি তোহ্মাৰ হৈবেক।।২৫২।।
পৰম কাৰণ সৱে কাৰ্য্য তোহ্মাৰেসে।।
এতেকে নপাৱে তাৰ একো গুণ দোষে।।
স্থাৱৰ জঙ্গম তুমি বিনে বস্তু নাই।
ভিন্ন নোহে বোধ শাস্ত্রে বুজিবা সদায়।।২৫৩।।
নুহি নুহি বেদে ভৈলা তোহ্মাৰ শৰীৰ।
তোহ্মাত বিনাই কিছু বস্তু নাহি থিৰ।।
বুলিবাহা কিবা হেতু কহিয়োক তাৰ।
যাতো ব্রহ্মা তুমিসে জগত মূৰ্ত্তি যাৰ।।২৫৪।।
ব্রহ্মাণ্ড গৰ্ভতো যাতে তোহ্মাৰ আছয়।
প্রকৃতিৰো অধিষ্ঠাতা তুমি কৃপাময়।।
প্রপঞ্চৰ গুণে দোষে তোহ্মাক নপাৱে।
স্বৰূপত থিত তুমি আপুনি স্বভাৱে।।২২৫।।
বুলিবাহা ব্রহ্মা তুমি হুইবো কেনমতে।
তাহাৰ উত্তৰ মঞি দেঞো একচিত্তে।।
শুনিয়ো অনন্ত প্রভু তুমি দয়াময়।
তযু ৰূপে জগতকে ব্যাপিয়া আছয়।।২৫৬৷৷
এতেকেসে ব্রহ্মা তুমি প্রভু ভগৱন্ত।
সমগ্র ঐশ্বৰ্য্যপূর্ণ অচ্যুত অনন্ত।।
তোহ্মাৰ চৰণে হেৰা কৰো নমস্কাৰ।
যেৱে বৰ দিয়া শুনা বচন আহ্মাৰ।।২৫৭।।
তোহ্মাৰ সৃষ্টিৰ হন্তে যত প্রাণীচয়।
তাত হন্তে মোৰ মৃত্যু নুহিকো নিশ্চয়।।
বাহিৰতো ভিতৰতো মৃত্যু নুহি হোক।
ৰাত্ৰিত দিনতো মাৰিবাক নপৰোক।।২৫৮।
তোহ্মাৰ সৃষ্টিৰ বিনা আনো প্রাণীচয়।
মোক মাৰিবাক কেহো নপাৰে নিশ্চয়।।
অস্ত্রে শস্ত্রে মোক নপৰোক ছেদিবাক।
পৃথিৱীত আকাশত মোক মাৰিবাক।।২৫৯৷৷
নপাৰোক নৰে মৃগে আনো জাতিচয়।
প্রাণ আছে মানে আনো যত অস্ত্রময়।।
প্রাণ নাহিকন্ত যাত সিয়ো নোৱাৰোক।
দেৱাসুৰ সৰ্পগণে মাৰিবাক মোক।।২৬০৷৷
কেহো নপৰোক বৰ দিয়ো কৃপাময়।
যুদ্ধে কেহো সম নৌক আনো প্রাণীচয়।।
তোহ্মাৰ মহিমা ব্রহ্মা যতেক আছয়।
সিসৱ মহিমা মোত মিলোক নিশ্চয়।।২৬১।।
সকলো প্ৰাণীৰ এক ৰাজা দিয়ে মোক।।
দিবা যদি এহি বৰ ব্ৰহ্মা দিয়ে মোক
দিগপালগণৰ মহিমা আছে যত।
সৱাৰে মহিমা আসি মিলোক সতত।।২৬২।।
অণিমা লঘিমা যত ঐশ্বৰ্য্য আছয়।
সকলে মিলোক মোত দিয়ে কৃপাময়।।
এহি বৰ খুজিয়া হিৰণ্য মহাশয়।
ব্ৰহ্মাক চাহিয়া মৌন হুয়া ৰৈলা তয়।।২৬৩৷৷
সপ্তম স্কন্ধৰ দুই তিনি অধ্যায়ৰ।
যুধিষ্ঠিৰ নাৰদ সংবাদ মনোহৰ।।
এহিমতে গৈল সুধামৃত কথাচয়।
শুনিয়োক সভাসদ নকৰি সংশয়।।২৬৪।।
নাৰদে বোলন্ত শুনা ৰাজা যুধিষ্ঠিৰ।
এহিমতে নানা বৰ খোজে মহাবীৰ।।
আনন্দিত মন হুয়া বসিয়া আছয়।
যদ্যপি দুর্ল্লভ বৰ অনেক খোজয়।।২৬৫৷৷
তুষ্ট হুয়া পিতৃ মোৰ নিঃশেষে দিলন্ত।
তপস্যাত তাত প্রীতি পৰম ভৈলন্ত।।
ব্রহ্মায়ে বোলন্ত বাপ শুনা দিতিসুত।
যতেক খুজিলা বৰ সৱে অদভুত।।২৬৬।।
মুনিসকলৰ মহা দুর্ল্লভ যদ্যপি।
তোত তুষ্ট হুয়া মঞি দিলোহো তথাপি।।
ভগৱন্ত ব্রহ্মাৰ অব্যর্থ বৰচয়।
হিৰণ্যকশিপু পায়া আনন্দ হৃদয়।।২৬৭।।
চৰণত পৰিয়া নমিলা দণ্ডৱতে।
অনেক ভকতি কৰিলন্ত অৱনতে।।
প্রজাপতি সৱে তুতি নতি কৰিলন্ত।
হংসযানে চড়ি সত্যলোকক গৈলন্ত।।২৬৮।।
এহিমতে বৰ পাইয়া দৈত্য মহাশয়।
ভৈলেক শৰীৰ তপ্ত সুৱৰ্ণ অন্বয়।।
ভ্রাতৃৰ বধক স্মৰি হিৰণ্যকশিপু।
মাধৱত পৰে মোৰ নাহি আন ৰিপু।।২৬৯।।
ভগৱন্ত বিষয়ত দ্বেষক কৰিল।
তিনিয়ো লোকক সিটো হেলায়ে জিনিল।।
দেৱাসুৰ মনুষ্যৰ ৰাজাগণ যত।
গৰুড় প্রমুখ্যে পক্ষী সর্পগণ যত।।২৭০।।
সিদ্ধবিদ্যাধৰ ঋষি গন্ধৰ্ব্ব চাৰণ।
যক্ষ ৰক্ষ পিতৃগণ যত মনুগণ।।
ভূতপতি প্রেতগণ পিশাচসকল।
সৱাকো জিনিল দৈত্যপতি মহাবল।।২৭১।।
হিৰণ্যবীৰৰ আগে আজ্ঞাক কৰয়।
নকৰয় যিটো তাক পৰাণে মাৰয়।।
লোকপালসৱৰ থানক কাঢ়ি লৈলা।
আপোনাৰ তেজে অম্ৰাৱতী চলি গৈলা।।২৭২৷৷
দেৱৰ উদ্যান নানাবিধ পুষ্পচয়।
মহেন্দ্ৰৰ গৃহ বিশ্বকর্মে নিৰ্ম্মিছয়।।
ত্রৈলোক্যৰ লক্ষ্মীৰ নিৱাস গৃহচয়।
যতেক সম্পত্তি মানে তাহাতে আছয়।।২৭৩৷৷
পোৱালৰ খাটখৰি আছয় তথাত।
মৰকত স্থলিচয় আছে অসংখ্যাত।।
স্ফটিকৰ বাৰচয় আছয় তাহাত।
বৈদুৰ্য্যৰ স্তম্ভ কোটি আছে অসংখ্যাত।।২৭৪৷৷
পদ্মৰাগে নিৰ্ম্মিল বাখৰ অসংখ্যাত।
চন্দ্রাতপ অনেক টানিয়া আছে তাত।।
সুৱৰ্ণৰ সিংহাসন আছয় অনেক।
দুগ্ধফেন নয় তাতে তুলি পাৰিলেক।।২৭৫৷৷
মুক্তাৰ মুৰাৰি থোপা চন্দ্রাতপচয়।
পুণ্য বায়ু লাগি আতি হালন্তে আছয়।।
নূপুৰক পিন্ধি আছে দেৱনাৰীচয়।
দশোদিশে ৰুণঝুণ ধ্বনি শুনি তয়।।২৭৬।।
ৰত্নস্থলিসৱ সিটো পৰম নির্ম্মল।
তাহাতে ভ্রময় দিব্য ৰমণীসকল।।
তাতে প্রতিবিম্ব লাগে বদন মণ্ডল।
সুন্দৰ দশন সমে দেখয় সকল।।২৭৭।।
সেহিমতে মহেন্দ্ৰৰ গৃহত পশিল।
মহাবলৱন্ত দৈত্য তথাতে ৰহিল।।
সুৰাসুৰগণক জিনিয়া মহাশয়।
তিনিয়ো লোকৰ ৰাজা দেখি ভৈল ভয়।।২৭৮৷৷
দেৱতাৰ যত দিগপালক ভাঙ্গিল।
আপুনিসে সমস্তৰে তেজক ধৰিল।।
সমস্তে সেৱয় যাৰ চৰণ যুগল।
পৰম প্ৰতাপী বাঢ়ি আছে তেজবল।।২৭৯৷৷
তাহাৰ মূৰ্ত্তিক দেখি কাম্পে দেৱাসুৰ।।
প্রচণ্ড শাসক আজ্ঞা অত্যন্ত নিষ্ঠুৰ।।
আষাৰেক বুলিলাত নকৰয় যিটো।
কাটিবাকপৰে আন নকৰয় সিটো।।২৮০।।
কংসাল সৰ্পৰ যেন ইন্দুৰৰ সঙ্গ।
তাৰ মূৰ্ত্তি দেখি কাৰো মনে নাহি ৰঙ্গ।।
শুনিয়োক যুধিষ্ঠিৰ ৰাজা মহাশয়।
মধুময় সুৰাক সততে যিটো খায়।।২৮১৷৷
অঘূর্ণিত লোচন তাম্ৰৰ কান্তি যেন।
প্রভাতৰ আদিত্যৰ কান্তি নোহে তেন।।
উন্মত্ত বস্তুক খাই বন্ধয় অধিক।
তিনিলোক কাম্পে ডৰে কৈবো মঞি কিক।।২৮২।।
ডৰে আনি উপায়ন বস্তু হাতে ধৰি।
সকলে দেৱতা তাকে থাকে সেৱা কৰি।।
কেহো বস্ত্র ধৰে কেহো ধৰয় তাম্বুল।
কেহো দেৱে কতো তাঙ্ক পিন্ধাৱয় ফুল।।২৮৩।।
কেহো দেৱে তাৰ পাৱ কৰয় মর্দ্দন।
কতো দেৱে চৰণত কৰয় বন্দন।।
কতো কেশে কুৰালয় ধৰিয়া তাহাৰ।
কতো দেৱে দৈত্যেশ্বৰ বুলি বাৰে বাৰ।।২৮৪৷৷
কৰে নমস্কাৰ দূৰে পৰি দণ্ডৱতে।
এহিমতে সেৱা কৰে আতি অৱনতে।।
মহেন্দ্রৰ সিংহাসন কাঢ়ি লৈয়াছয়।
যেন বিভাবসু অগ্নি বসিয়া থাকয়।।২৮৫৷৷
ব্রহ্মা বিষ্ণু মহেশ্বৰ এৰি তিনি দেৱ।
ইন্দ্ৰ আদি সৱে পৰি তাক কৰে সেৱ।।
মহাৰত্ন সিংহাসনে বসিয়া থাকয়।
তুম্বৰু প্ৰমুখ্যে গীত গন্ধৰ্ব্বে গাৱয়।।২৮৬।
তাহাক শুনয় যিটো শুনিয়ো পাণ্ডৱ।
বিদ্যাধৰে বাৱে মুনিসৱে কৰে স্তৱ।।
অপেশ্বৰা নাচয় তাহাৰ ৰঞ্জি চিত।
তিনিয়ো জগত কাম্পে হুয়া ভয়ভীত।।২৮৭।।
বর্ণাশ্রমীসৱে যত কৰে যজ্ঞচয়।
নিঃশেষ ভাগক সিটো আপুনি লৱয়।।
দেৱতাগণক খেদাই ভোজন কৰয়।
দেৱগণ মৰা যেন চাহিয়া থাকয়।।২৮৮৷৷
স্বর্গে ইন্দ্র ভৈলা যেৱে দিতিৰ তনয়।
সপ্তদ্বীপা পৃথিৱীত ভৈল ধান্যচয়।।
ৰুইবাক নলাগে আৰ লোকত সাম্প্রত।
আপুনি হোৱয় শস্য সমস্ত জগত।।২৮৯৷৷
কামদোহা হেন মহী তাহান কালত।
যেহি খোজে তাকে লোকে দেহন্ত ডৰত।।
আকাশত নানা মহা মাঙ্গল্য হোৱয়।
সুপ্রসন্ন ভৈল সৱে ভয়ে দিশচয়।।২৯০।।
নানা ৰত্নচয় পাচে সাগৰে দিলন্ত।
আনো নদীগণে দধি দুগ্ধ বহিলন্ত।।
দধি দুগ্ধ ঘৃত গুড় ঘোলৰ সাগৰ।।
সৱে অমৃতক বহে ভয়ে দৈত্যেশ্বৰ।।২৯১।।
পৰ্ব্বতৰ দ্রোণী ভাগ আছে অসংখ্যাত।
নানা ক্রীড়াস্থানসৱ আছয় যাহাত।।
নানা ফল পুষ্প সৱে ডৰতে ধৰিল।
সকলে ঋতুৰ বস্তু ভয়তে ফলিল।।২৯২।।
ইন্দ্র আদি দিকপালগণৰ কৰ্ম্মক।
দৈত্যেশ্বৰে আপুনিয়ে ধৰিলা সৱাক।।
ইন্দ্র হুয়া জলবৃষ্টি কৰয় সতত।
অগ্নি হুয়া দহন পচন কৰ্ম্ম যত।।২৯৩৷৷
বায়ু হুয়া শোষে পৃথিৱীৰ ৰস যত।।
সূৰ্য্য হুয়া প্রসন্ন কৰয় জগতত।।
নিশাকৰ চন্দ্র হুয়া ৰজনী প্রকাশে।
গ্রহ তাৰাগণ যত আছয় আকাশে।।২৯৪।।
সমস্তৰে কান্তিক ধৰয় একেশ্বৰে।
তাৰ সম নাহি আৰ ব্ৰহ্মাণ্ড ভিতৰে।।
দশোদিশ জিনিয়া ভৈলেক এক ৰাজা।
সাতোদ্বীপা পৃথিৱীত আছে যত প্রজা।।২৯৫৷৷
সাতো পাতালৰ আছে যত ভোগ্যচয়।
স্বৰ্গত যতেক আৰ সম্পদ আছয়।।
সকলো ভোগক ভুঞ্জে দিতিৰ তনয়।
তথাপিতো তাৰ মনে তৃপ্তি নাহিকয়।।২৯৬।।
ক্ষণে ক্ষণে আতি মহা তৃষ্ণা বাঢ়ি যায়।
ইন্দ্রিয়ক জিনিবাক নপাৰে সদায়।।
ঐশ্বৰ্য্যৰ গৰ্ব্বে মত্ত ভৈল আতিশয়।
বেদ শাস্ত্ৰ আচাৰক এৰিলে নিশ্চয়।।২৯৭৷৷
পাষণ্ডৰ আচাৰক সততে কৰয়।
এহিমতে গৈলেক বিস্তৰ কালচয়।।
ব্রহ্মশাপ পায়া সিটো দৈত্য হুয়াছয়।
পাসৰিল তাক সিটো হিৰণ্য দুর্জ্জয়।।২৯৮৷৷
তাৰ উগ্ৰদণ্ড দেখি লোকপালচয়।
মহা ডৰে তৰতৰি ভয়ত কাম্পয়।।
কাহাতো শৰণ লৈবে উপায় নপান্ত।
তাক ভয়ে একভৰি যাইবে নপাৰন্ত।।২৯৯।
দশোদিশ থান সৱে গ্রাসিয়া আছয়।
সপোনে সচিতে সৱে দেখে দৈত্যময়।।
পলাইবাৰ থান নাহি দেখি দেৱচয়।
মনত শৰণ লৈলা হৰিত নিশ্চয়।।৩০০।।
যিটো দিশে আছা প্রভু অচ্যুত অনন্ত।
সেহি দিশে দেৱে নমস্কাৰ কৰিলন্ত।।
যিথানত গৈয়া ভক্তে নাসন্ত সংসাৰ।
তাঙ্কে লক্ষ্য কৰি দেৱে নমৈ বাৰেবাৰ।।৩০১।।
মনক নিয়মি সাৱধান চিত্ত হুই।
নিৰ্ম্মল বুদ্ধিয়ে হৃষীকেশ পদ দুই।।
উপাসা কৰয় দেৱে নিদ্রা নাহিকয়।
নিঃশেষে দেৱতা বায়ু ভোজন কৰয়।।৩০২।।
খাইবাক নপায়া তান আন্ত শুকায় গৈলা।
সততে দেৱতাগণে ক্রন্দন কৰিলা।।
ডাঠকৰি দেৱগণে মাতিবে নপাৰে।
মনে মনে ঈশ্বৰৰ পাদপদ্ম স্মৰে।।৩০৩৷৷
শুনিলাত দৈত্যে নিয়া পৰাণে মাৰিব।
সৱে দেৱতাক খাণ্ডা ধৰিয়া কাটিব।।
এহিমতে গুণি হৰি উপাসা কৰয়।
দেৱতাৰ দুখ দেখিলন্ত কৃপাময়।।৩০৪।।
মেঘৰ গম্ভীৰ ধ্বনি বাক্য বুলিলন্ত।
বচন শুনন্ত কেহো ৰূপ নেদেখন্ত।।
ঈশ্বৰৰ বাক্যে দশোদিশক পূৰিল।
সাধু মহন্তৰ শুনি ভয় দূৰে গৈল।।৩০৫৷৷
হে দেৱগণ শুনা মোহোৰ বচন।
ভয় নকৰিবা কেহো দৈত্যৰ কাৰণ।।
সমস্তে দেৱৰ মহা কুশল হৈবেক।
নিঃশেষে সকলে দুখ সৱে গুচিবেক।।৩০৬।।
মোহোৰ বচন জানা মিছা নুহিকয়।
সকল প্রাণীৰ কুশলৰ যোগ্য হয়।।
সকলে বৃতান্ত মঞি জানোহো নিশ্চয়।
সমস্তকে দুখ দেই দিতিৰ তনয়।।৩০৭৷৷
মোহোৰ আগত কহিবাক নলাগয়।
দুখৰ শাস্তিক মঞি কৰিবো নিশ্চয়।।
কিছুকাল মানে সৱে দুখ সহিয়োক।
যিকালত মাৰিবোহো তাক শুনিয়োক।।৩০৮।।
দেৱ বিপ্র গো বেদ সাধু বিষয়ত।
আনো ধৰ্ম্মচয় যত আছে সংসাৰত।।
মোহোত বিদ্বেষ কৰে পামৰ যিজন।
শীঘ্ৰে চলিবেক সিটো যমৰ কৰণ।।৩০৯।।
বুলিবাহা দেৱাদিক বিদ্বেষ কৰয়।
তথাপিতো তাৰ মহা তেজসে বাঢ়য়।।
ব্ৰহ্মাৰ বৰত মহা তেজৱন্ত ভৈল।
নিশ্চয়ে জানিলো সিটো মাৰক নগৈল।।৩১০।।
তাহাৰ উত্তৰ কহো শুনা দেৱচয়।
যি কালত প্রহ্লাদৰ দ্রোহ আচৰয়।।
সি কালত নষ্ট হৈবে বুলিলো নিশ্চয়।
ভকতৰ দুখে মঞি দুখীত হৃদয়।।৩১১৷৷
প্রহ্লাদৰ মহিমা কহো শুনা দেৱগণ।
বৈৰভাৱ নাহিকে পৰম শান্ত মন।।
জগততে সম তেহে পৰম উত্তম।।
পৰম ভকত মোৰ কেহো নোহে সম।।৩১২।।
ব্ৰহ্মাৰ বৰত দৈত্য বাঢ়িয়া আছয়।
তথাপিতো তাক মঞি মাৰিবো নিশ্চয়।।
এহি বাক্য বুলিলন্ত প্রভু নাৰায়ণ।
সকলে দেৱৰ দূৰ ভৈল কষ্ট মন।।৩১৩৷৷
দণ্ডৱতে নমস্কাৰ কৰি দেৱচয়।
মানিলেক অসুৰ গৈলেক প্রায় ক্ষয়।।
ভগৱন্ত ঈশ্বৰৰ নিশ্চিত বচন।
ব্যর্থ নুহিকয় তাক জানা দেৱগণ।।৩১৪।
ভয় দূৰ ভৈল মহা আনন্দিত ৰৈল।
শুনিয়োক যুধিষ্ঠিৰ যেন কথা ভৈল।।
শুনা সামাজিক জন এড়া আন কাম।
পাতেক ছাড়োক ডাকি বোলা ৰাম ৰাম।।৩১৫।।
........
।।প্রহ্লাদ চৰিত্ৰ।।
।।দুলড়ী।।
দৈত্যৰ পতিৰ মহাগুণে ধীৰ
চাৰিপুত্র জাত ভৈলা।
পৰম অদ্ভুত সৰ্ব্বগুণে যুত
নাৰদ মুনিয়ে কৈলা।
সৱাৰে মধ্যত অধিক গুণত
প্রহ্লাদ ভৈলেক আতি।
বৈষ্ণৱক তেন্তে উপাসা কৰন্ত
সৰ্ব্বক্ষণে দিনে ৰাতি।।৩১৬।।
ব্রাহ্মণ সেৱাক কৰা অনুক্ষণ
সদশীল গুণ যত।
সমস্তে সম্পূর্ণ সত্যেসে বচন
সৰ্ব্বক্ষণে তাত ৰত।।
ইন্দ্রিয় দমন কৰা সৰ্ব্বক্ষণ
মনকো জিনিলা বীৰ।
সমস্তে ভূতত প্রহ্লাদ কুমাৰ
ভৈল আত্মৱন্ত ধীৰ।।৩১৭।।
জগতৰ পক্ষ সুহৃদ পৰম
বিষম নাহিকে মতি।
দাস প্রায় যেন কৰন্ত সেৱন
শ্রেষ্ঠৰ চৰণে ৰতি।।
পুত্ৰৰ সমান দুখীত বৎসল
কৰন্ত দায়া মনত।
সমান জনক স্নেহক কৰন্ত
আপোন ভ্রাতৃৰ মত।।৩১৮৷৷
গুৰুসকলত ভকতি কৰন্ত
ঈশ্বৰ সদৃশ কৰি।
বিদ্যা অর্থ জন্ম আনো নানা কর্ম্ম
গৰ্ব্ব নাহি ভজা হৰি।।
মহা দুখচয় তাতো মহাশয়
উদবেগ বুদ্ধি নাই।
বিষয় সুখত নুহিকন্ত ৰত
নকৰা বাঞ্ছা সদায়।।৩১৯৷৷
ইহ পৰলোক যত সুখভোগ
দৃষ্ট শ্রুত আছে মানে।
বিষ্ঠা প্রায় যেন কৰিলন্ত তেন
দৈত্যসুত সৰ্ব্বজানে।।
প্রাণ মন বুদ্ধি দমিলা প্রহ্লাদ
গম্ভীৰ বুদ্ধি উত্তম।
মহা শান্ত মন পৰম সজ্জন
নিষ্কাম ভৈল পৰম।।৩২০৷৷
অসুৰ স্বভাৱ এৰিলা প্রহ্লাদ
যদ্যপি তেন্ত অসুৰ।
শুনা ধৰ্ম্মসুত গুণ অদভুত
আছয় তান প্রচুৰ।।
প্রহ্লাদৰ যত গুণচয় আছে।
কবিগণে দেখি তাক।
মোহ হুয়া মন স্মৰে সৰ্ব্বক্ষণ
প্রহ্লাদৰ মহিমাক।।৩২১৷৷
এখনে তাহান মহিমাসৱক
ঢাকিবাক নতু পাৰে।
যেন ঈশ্বৰৰ মহিমাসৱক
দূৰ কৰিবাক নাৰে।।
প্রহ্লাদৰো সেহি মত মহিমাক
গাৱয় সভাৰ মাজে।
নানা প্রসঙ্গত কহন্ত সতত
শ্রেষ্ঠ মহা মহাৰাজে।।৩২২।।
কথা সময়ত মহাজন যত
প্রহ্লাদ দৃষ্টান্ত ভৈলা।
প্রহ্লাদক সম কোন হৈব আৰ
মহা মহাজনে কৈলা।।
কিকহিবো ৰাজা তোহ্মাৰ আগত
বৈৰ হুয়া দেৱগণে।
দৈত্যৰ সুতক প্রশংসা কৰয়
তাৰসৱো সদা মনে।।৩২৩৷৷
.......
।।প্রহ্লাদৰ ভক্তিমত্ততা কথন।।
।।ছবি।।
আনো গুণগণ যত আছে সৱে প্রহ্লাদত
তান মহা মহিমা সূচাৱে।
ভগৱন্ত বাসুদেৱ যাৰ মনে সদায় সেৱ
ৰতি ভৈলা ঈশ্বৰৰ পাৱে।।
নৈসর্গিক নামে ৰতি প্রহ্লাদৰ ভৈলা আতি
ঈশ্বৰত তান মাত্র মন।
বালক কালত যত ক্রীড়া দ্রব্য নানামত
দৈত্যসুতে এৰিলা যতন।।৩২৪৷৷
যেন জ্বৰ উনমত্ত কৰা নানা চেষ্টা যত
জগতকে দেখা হৰিময়।
কৃষ্ণগ্ৰাহে ধৰি আছে আপুনাক বীৰে পাচে
নেদেখন্ত ভৈলা কৃষ্ণময়।
ইটো জগতত তেন্তে একো বস্তু নেদেখন্তে
ঈশ্বৰেসে সৱে আছা ব্যাপি।
বসি থাকা আসনত ফুৰা কতো সময়ত
বিষ্ণুপদ নেৰন্ত তথাপি।।৩২৫৷৷
ভোজন সময় বেলা জলপান বাক্য বোলা
এতেকত চিত্ত নাহিকয়।
গোৱিন্দক হৃদয়ত মনে সৱে এক কৰি
নিঃশেষ কাৰ্য্যত প্ৰৱৰ্ত্তয়।।
প্রেমভৰে আতিশয় কোনো বেলা কান্দে তয়
ধাৰে নীৰ নেত্ৰৰ বহয়।
বৈকুণ্ঠ চিন্তায়ে আতি ক্ষোভিত হোৱয় মন
চেতন থাকে তান গাৱ।।৩২৬।।
..........
।।দুলড়ী।।
ঈশ্বৰ চিন্তন কৰন্ত সঘন
তান ৰূপ দেখি মনে।
পৰম আহ্লাদ পাৱন্ত প্রহ্লাদ
থাকা মহা সুপ্রসন্নে।।
কতো সময়ত প্রহ্লাদে কৃষ্ণক
ডাকা আতি উচ্চ কৰি।
হে নৰহৰি কৰিয়ে নিস্তাৰ
বিষয়ত আছো পৰি।।৩২৭।।
কদাচিতো হাসি তোলা খলখলি
মায়াক জিনিলো বুলি।
কতো সময়ত আনন্দিত চিত্ত
নাদা আতি মহাবলী।।
যেন মহাষাড় বলদে নাদয়
সেহিমতে নাদা বীৰ।
চিন্তা নাহিকয় দৈত্য মহাশয়
নিশ্চল আতি শৰীৰ।।৩২৮।।
কদাচিত লাজ এড়িয়া প্রহ্লাদ
কণ্ঠক মেলি গাৱয়।
হে কৃষ্ণ বাপ সংসাৰৰ তাপ
মোক যেন নপাৱয়।।
কতো লাজ এড়ি নাচন্ত প্রহ্লাদে
অঙ্গি ভঙ্গি আতি কৰি।
কদাচিত তান ভাৱনা কৰয়
ঈশ্বৰক মনে ধৰি।।৩২৯৷৷
কতো কৃষ্ণ হোন্ত কংসক মাৰন্ত
পূতনাৰ হোৱে কাল।
অৰিষ্ট কেশীক মুষ্টিক চাণূৰ
মাৰয় সমস্তে মাল।।
কৃষ্ণৰূপ হুয়া এহিমতে গৈয়া,
কৰয় চেষ্টা অনেক।
কদাচিতো লোম সমস্তে শিহৰে
সৰ্ব্ব অঙ্গ পৰতেক।।৩৩০।।
........
৷।ছবি।।
ভগৱন্ত বিষয়ত ভাৱনা কৰন্ত তেন্তে
সেহি হেতু মহাসুখী ভৈলা।
স্বভাৱ ভৈলেক থিৰ পৰম গম্ভীৰ ধীৰ
পৰম প্রসন্ন মনে ৰৈলা।।
সেহি হেতু আনন্দিত ভৈলেক সদয় চিত্ত
নয়ন পদ্মৰ জল বহে।
অল্প আখি নিমিলিত সদায়ে লোতক স্থিত
কতোক্ষণে মৌন হুয়া ৰহে।।৩৩১।।
কৃষ্ণপাদপদ্ম নেৰে সেৱা কৰে নিৰন্তৰে
হৃদয়তে কত পাৱে লাগ।
ক্ষণে ক্ষণে আনন্দিত হোৱে তান তনু চিত্ত
দৈত্যৰ তনয় মহাভাগ।।
দুখীত সৱাৰে মন দেখি তান ভাৱগণ
মহাশান্ত তুষ্ট হুয়া ৰৈলা।
সেহি মহাভাগৱত প্রহ্লাদত নানামত
দিতিসুতে মহাহিংসা কৈলা।।৩৩২।।
.......
।।প্রহ্লাদৰ প্ৰতি হিৰণ্যকশিপুৰ ক্রোধ।।
।।দুলড়ী।।
যুধিষ্ঠিৰে মাতি ঋষিত পুছন্ত
শুনিয়োক মহাভাগ।
কি কাৰণে নিজ পুত্র প্রহ্লাদত
কৰিলেক মহাৰাগ।।
মহা শুদ্ধাশয় প্রহ্লাদ নিশ্চয়
পৰম সন্ত মহন্ত।
ইমত পুত্ৰত কি কাৰণে তান্ত
বিদ্বেষক কৰিলন্ত।।৩৩৩৷৷
যদি দুষ্ট হয় নিজ পুত্ৰচয়
তথাপিতো পিতৃগণ।
পুত্ৰত বৎসল হুইবেক সকল
এহিসে যুক্তি বচন।।
যদি উপালম্ভ কৰে আতি দম্ভ
তথাপি শিক্ষা দিবেক।।
দুষ্ট পুত্রগণ শিখাইলে সঘন
নিশ্চয়ে ভাল হৈবেক।।৩৩৪।।
যেন মহা শত্রু শত্রুক মাৰয়
ইমত নুহি ব্যৱস্থা।
প্রহ্লাদ সদৃশ এমত পুত্ৰত
কৰিলা বিদ্বেষ যথা।।
দেৱতা গুৰুত পিতৃত মাতৃত
সৱাতে মহা ভকত।
হিৰণ্যকশিপু এমত পুত্ৰত
কৰিলা দ্বেষ সতত।।৩৩৫।।
ইটো কৌতূহল কথা গুৰু বাপ
মোৰ আগে এৱে কহা।
পিতৃৰ পুত্ৰৰ বিদ্বেষত কিয়
মনত ভৈল দুষ্মহা।।
সপ্তম স্কন্ধৰ চাৰি অধ্যায়ৰ
এহিমানে কথা গৈল।
পঞ্চম অধ্যায় শুনা সভাসদ
পাচে যেন কথা ভৈল।।৩৩৬।।
শুনা সভাসদ ভাগৱত পদ
সন্তৰ সঙ্গে থাকিয়া।
ৰাম নাম বাণী সদা বোলা জানি,
বেকত আতি কৰিয়া।।
মহাভাগৱত প্রহ্লাদ যিমত
শুনিলা সৱে সমাজে।
ঈশ্বৰ ভকতি বিনে আন গতি
নাহি নাহি আত বাজে।।৩৩৭৷৷
প্রহ্লাদৰ যত ভাৱ ঈশ্বৰত
এহিসে মূল ভকতি।
হেন জানি নৰ হুয়া শুদ্ধমন
ঈশ্বৰত কৰা ৰতি।।
কৃষ্ণৰ নামক হৃদয়ত ধৰি
এৰিয়োক আন কাম।
কেশৱ কহয় সভাসদচয়
ডাকি বোলা ৰাম ৰাম।।৩৩৮।।
...........
।।প্রহ্লাদক মাৰিবলৈ হিৰণ্যকশিপুৰ প্রচেষ্টা।।
।।পদ।।
নাৰদ বদতি শুনা ধৰ্ম্মৰ নন্দন।
শুনিয়োক কহো মঞি দ্বেষৰ কাৰণ।।
ঈশ্বৰৰ ভকতিক প্রহ্লাদ কৰন্ত।
ৰাত্রি দিনে গুণ নাম মুখত নেড়ন্ত।।৩৩৯।।
বিষ্ণুৰ নামক নুশুনন্ত দৈত্যেশ্বৰ।
ভকতিসে ভৈল তাৰ হেতু বিদ্বেষৰ।।
প্রহ্লাদ পৰম পিতৃ মাতৃত ভকত।
সদবৃত্তি নম্র মহন্তৰ গুণ যত।।৩৪০।।
সকলে আছয় হিৰণ্যৰ কুমাৰত।
শুনা যুধিষ্ঠিৰ যেন ভৈলেক পাচত।।
পুৰোহিত কৰি শুক্র ঋষিক বৰিলা।
যজমান পায়া শুক্র আনন্দ কৰিলা।।৩৪১৷৷
কাশ্যপ তনয় মহাবীৰ বলৱন্ত।
ভৃগুৰ তনয় গুৰু কৰি লভিলন্ত।।
ভগৱন্ত বাক্যে ঋষি মহা তেজৱন্ত।
সমস্তে অসুৰগণ তেন্তে যজিলন্ত।।৩৪২।।
শুক্রৰ তনয় ভৈলা ষণ্ডামৰ্ক নাম।
এহি দুই পুত্র ৰূপে গুণে অনুপাম।।
ৰাজাৰ গৃহৰ ওচৰত ৰাখিলন্ত।
দুয়ো গুৰুপুত্রক দৈত্যেন্দ্ৰে বুলিলন্ত।।৩৪৩।।
মোহোৰ তনয় প্রহ্লাদক পঢ়ায়োক।
আহ্মাৰ বাক্যক দুয়ো শীঘ্ৰে কৰিয়োক।।
এহি বুলি প্রহ্লাদক গুৰুগৃহে দিল।
মহা বুদ্ধিৱন্ত গুণৱন্ত দয়াশীল।।৩৪৪।।
এহিমতে প্রহ্লাদক বিপ্ৰে পঢ়াৱয়।
আনো অসুৰৰ ছৱা অনেকে পঢ়য়।
দ্বন্দ্ব সন্ধি আনো যত ৰাজনীতিচয়।
প্রহ্লাদক ষণ্ডামৰ্কে সদা শিখাৱয়।।৩৪৫৷৷
যত যত মান ষণ্ডামৰ্কে শিখাৱন্ত।
বিশেষ শুনিয়া পাচে প্রহ্লাদে পঢ়ন্ত।।
তাক শুনি দুয়ো গুৰু আনন্দ কৰন্ত।
ৰাজাৰ সুযশ হৈব মনত গুণন্ত।।৩৪৬।।
প্রহ্লাদে সকলে পাইল ৰাজনীতি নয়।
এহি চিন্তি গুৰুপুত্র আনন্দ হৃদয়।।
মুখত পঢ়ন্ত দৈত্যসুত মহাশয়।
মনে ভাল নমানয় প্রহ্লাদে নিশ্চয়।।৩৪৭।।
ইটো শাস্ত্র জানিলে স্বৰূপ বুদ্ধি হয়।
বিচাৰত মিছা ইটো জানিল নিশ্চয়।।
এতেকে প্রহ্লাদে তাক ভাল নমানন্ত।
শাস্ত্রকে পঢ়ন্ত মুখে তেখনে এড়ন্ত।।৩৪৮।।
হৃদয়ত সদা হৰিচৰণ সেৱন্ত।
মুখে ৰাম ৰাম বাণী সততে নেড়ন্ত।।
সৱে দৈত্যগণে কহে ৰাজাৰ আগত।
প্রহাদে জানিলা দেখো সৱে শাস্ত্রমত।।৩৪৯।।
পৰম সুবুদ্ধি পুত্র তোহ্মাৰ নৃপতি।
এহি কথা শুনি দৈত্যেশ্বৰে কৰে প্রীতি।।
এক সময়ত পাচে দিতিৰ তনয়।
প্রহ্লাদক কোলে লই শিৰক ঘ্রাণয়।।৩৫০৷৷
শুনিয়ো পাণ্ডৱ যেন কথা ভৈলা পাচে।
হৃদয়ত সাৱটি পুত্ৰক যেৱে আছে।।
ঘনে ঘনে চুম্বন কৰয় বদনত।
সৱাতো অধিক স্নেহ কৰে প্ৰহ্লাদত।।৩৫১৷৷
হে বৎস প্রহ্লাদ সুবুদ্ধিবান তই।
সাধুপাঠ কহা বাপ পুছো তোত মঞি।।
পিতৃৰ বচন শুনি প্রহ্লাদে হয়।
সাধুপাঠ কহো মঞি শুনা মহাশয়।।৩৫২।।
হে অসুৰশ্রেষ্ঠ শুনিয়োক মোৰ বাণী।
গৃহবাস সুখ আশা এড়িবেক জানি।।
আত্মাৰ সম্বন্ধি ইটো অধত পেলাৱে।
অন্ধকূপ প্রায় ইটো মোহক কৰাৱে।।৩৫৩৷৷
প্রাণীসকলৰ মধ্যে যিটো শ্রেষ্ঠতৰ।
গৃহক তেজিয়া বনে যাইবে সত্বৰ।।
বনে যাই হৰিক ভজয় যিটো জনে।
সেহি সাধুপাঠ বুলি মানে মোৰ মনে।।৩৫৪।।
নাৰদে বোলন্ত শুনা যুধিষ্ঠিৰ ৰায়।
পুত্ৰৰ বচন শুনি দৈত্যেশ্বৰে চায়।।।
হাসিবাক লাগিলেক আতি উচ্চ কৰি।
শত্ৰু মোৰ বিষ্ণু সুমৰস কেন কৰি।।৩৫৫।।
জানিলোহা বাপু তোৰ দোষ নাহিকয়।।
কোনবা ভকতে বুদ্ধিভেদক কৰয়।।
ছৱালক যি শিখাৱে বোলয় তাহাক।
শুন পুত্র বাপ মঞি দেহো তোক হাক।।৩৫৬৷৷
শুন পুত্র বাপ তই মিত্র কোন জান।
মহাশত্রু বিষ্ণু মোৰ তাকে মিত্র মান।।
যিটোজনে তোক ইটো দেই কুবুদ্ধিক।
মোহোৰ আগত বাপ নকহস কিক।।৩৫৭৷৷
ভাল কৰি গুৰুৰ গৃহত পঢ়িবাহা।
শুনা দুয়ো গুৰুপুত্র আক পঢ়াইবাহা।।
ভালমতে নিবন্ধ কৰিয়া তোৰা দুই।
আন জন হন্তে যেন বুদ্ধিভেদ নুই।।৩৫৮৷৷
ব্রাহ্মণৰ বেশে বিষ্ণু ভকত আছয়।
পৰম সুবুদ্ধি আক কুবুদ্ধি কৰয়।।।
এহি বাক্য বুলি দৈত্যপতি মৌনে ৰৈল।।
শুনিয়োক আত পাচে যেন কথা ভৈল।।৩৫৯।।
প্রহ্লাদক ষণ্ডামৰ্কে গৃহক আনিল।
হাসিয়া মধুৰ বাক্যে তাহান্তে পুছিল।।
হে বৎস প্রহ্লাদ কুশল হৌক তোত।
তোত কথা পোছো মিছা নকৈবি আহ্মাত।।৩৬০।
অত্যন্ত বালক তই তোহোৰ নিশ্চয়।
ইমত কিসক বুদ্ধি ভৈল বিপর্য্যয়।।
কিবা তোৰ বুদ্ধি পৰে ভেদ কৰিলেক।
নুহি তোৰ আপোনাৰ স্বভাৱে ভৈলেক।।৩৬১।।
ইটো কথা কহ বাপ কুলেৰ নন্দন।
আমাৰ শুনিবে আক হুয়া আছে মন।।
শুনিয়া প্রহ্লাদে পাচে বচন বুলিল।।
হৰি হৰি কিনো মহা আশ্চর্য্য মিলিল।।৩৬২।।
যাহাৰ মায়ায়ে সৱে বিমোহিত হুয়া।
পুত্র কলত্রক মানে আপোন কৰিয়া।।
সামান্য প্রাণীত গৈয়া আত্মা বুদ্ধি হয়।
তাহান মায়াক কেহো নেদেখে নিশ্চয়।।৩৬৩।।
মোহ হুয়া সংসাৰত উপজা মৰাহা।
অহঙ্কাৰে বদ্ধ হুয়া সংসাৰে ভ্ৰমাহা।
হেন ভগৱন্তক কৰোহো নমস্কাৰ।
অচিন্ত্য মায়াৰ যিটো ঈশ্বৰ সৱাৰ।।৩৬৪।।
যি কালত পুৰুষৰ ভকতি হোৱয়।
আত্মনিষ্ঠ হুয়া ঘোৰ সংসাৰ তৰয়।।
যি কালত ভেদবুদ্ধি হোৱে পুৰুষৰ।
পশুবুদ্ধি প্রায় সিটো অধম পামৰ।।৩৬৫।।
সংসাৰত নাহি আৰ তাহাৰ নিস্তাৰ।
উপজি উপজি ঘোৰ ভুঞ্জিবে নিকাৰ।।
নুহিকে আশ্চৰ্য্য তান মায়াৰ মোহত।
ব্রহ্মা আদি দেৱো মোহ হোৱয় সতত।।৩৬৬।।
তাহাৰ হেতুক কহো শুনিয়ো নিশ্চয়।
অঘটন ঘটাৱয় কৃষ্ণ কৃপাময়।।
এতেকেসে দুখ ৰূপে জানন নযায়।
তান মহিমাক বর্ণাইবাৰ শক্য নাই।।৩৬৭।।
বুলিবাহা বিকাৰ ৰহিত ঈশ্বৰৰ।
কেনমতে মতিভেদ ভৈল নিৰন্তৰ।।
যেন জড় লোহে আয়স্কান্তৰ ওচৰে।
আপুনি ভ্রময় স্বভাৱতে নিৰন্তৰে।।৩৬৮।।
সেহি চক্রপাণি মোৰ মতিক নিশ্চয়।
ভেদ কৰিলন্ত ভগৱন্ত কৃপাময়।।।
বুলিবাহা সন্নিধিতে মতিভেদ ভৈলা।
কোন ভাগ্যোদয়েসে এমত ৰূপ কৈলা।।৩৬৯।।
তপস্যা দানৰ ফল কিবা হুয়াছয়।
কেনমতে ভৈল আক নজানো নিশ্চয়।।
ব্রাহ্মণৰ আগে বুলি এহি বাক্যচয়।
মৌন হুয়া ৰহিলা প্রহ্লাদ শুভনয়।।৩৭০৷৷
এহি বাক্য শুনি গালি পাৰিবে লাগিল।
মহাক্রোধে প্রহ্লাদক বচন বুলিল।।
ৰাজাৰ সেৱক দ্বিজ দুৰ্জ্জন ব্রাহ্মণ।
প্রহ্লাদক নানা বাক্য বুলিল ভৎসন।।৩৭১।।
বেত আন মাৰো আক ছালক উত্তাৰো।
ৰাজাৰ আজ্ঞাক কৰো প্রাণে আক মাৰো।।
পণ্ডিতালি ছাই কৰো মুখে বাক্য হৰো।
মনৰ দুখক হৰো গাৱে সাঞ্চ কৰো।।৩৭২।।
ব্রহ্মজ্ঞান ছাই লগাঞ চটিমতি ভাঙ্গো।
কোথেৰে ঈশ্বৰে ৰাখে আমি যেৱে ভঞ্জো।
আহ্মাৰ যশস্যামানে দূৰ কৰিলেক।
কোথেৰ নিৰ্গত ইটো আসিয়া পাইলেক।।৩৭৩৷৷
কুলৰ আঙ্গাৰ প্ৰায় পৰম দুর্জ্জন।
সকলো কুলকে ইটো কৰিবে নাশন।।
সম ভেদ আদি আক শিখান নযায়।
দণ্ড ব্যতিৰেকে আন নেদেখো উপায়।।৩৭৪৷৷
পৰম দুর্বুদ্ধি আতপৰে আন নাই।
দিতিৰ তনয়সৱ চন্দন পৰায়।।
সিটো বনে ভৈলেক কণ্টক বাস প্রায়।
আৰ সম দুৰ্জ্জন বংশত কেহো নাই।।৩৭৫৷৷
বিষ্ণু ভৈল লোহাময় সুদৃঢ় কুঠাৰ।
প্রহ্লাদ ভৈলেক নাল জানিবা তাহাৰ।।
চন্দন বনক সৱে কৰিবেক ক্ষয়।
সকলে বংশক নাশিবেক দুৰাশয়।।৩৭৬।।
যেন নাল কুঠাৰ সংযোগ নভৈলেক।
কেনমতে আনো বৃক্ষচয় ছেদিবেক।।
কুঠাৰ নালৰ যেৱে ভৈল একঠাই।
বৰ বৰ বৃক্ষসৱ ঘালে লোকে পাই।।৩৭৭।
তেনমত ভৈল ইটো নালৰ সদৃশ।
বিষ্ণু ভৈল ইহাত পৰশু বিসদৃশ।।
এতেকেসে জাত ভৈলা পৰম দুর্জ্জন।
দিতিৰ বংশক ইটো কৰিবেক ছন্ন।।৩৭৮।।
এহিমতে নানাবিধ ভয়ক দেখায়।
অনেক নিষ্ঠুৰ বাণী গর্জ্জয় সদায়।।
প্রহ্লাদক শিখাৱয় আনো শাস্ত্ৰচয়।
ধৰ্ম্ম অর্থ কাম মাত্র কহয় সদায়।।৩৭৯।
একবাৰ শিকাইলে নলাগে আৰোবাৰ।
সৰসৰি পঢ়ি নেই দৈত্যৰ কুমাৰ।।
এহিমতে কতোদিন পঢ়ন্তে আছয়।
প্রহ্লাদে জানিলে মানিলেক শাস্ত্ৰচয়।।৩৮০৷৷
ষণ্ডামৰ্কে আনন্দিত ভৈল আতিশয়।
প্রহ্লাদক দায়া কৰি বচন বোলয়।।
কিসক লাগিয়া বাপু গালি তই খাস।
শিখিলি সকলে শাস্ত্র পিতৃপাশে যাস।।৩৮১।।
আৱে দেখ কেন দায়া কৰে সৰ্ব্বলোক।
পিতৃ কেন সাদৰ কৰিবে আজি তোক।।
আমাকো কৰিলি দায়া প্রহ্লাদ কুমাৰ।
তোৰ পিতৃপালে চল কৰিয়া সত্বৰ।।৩৮২।।
প্রহ্লাদেয়ো পাচে চলি গৃহক গৈলন্ত।
কায়াধু দেখিয়া মহা আনন্দ ভৈলন্ত।।
ধুৱাই খুৱাই অলঙ্কাৰক পিন্ধাই।
দেখিতে সুন্দৰ আতি শোভনয় কায়।।৩৮৩।।
দৈত্যেন্দ্ৰৰ আগে ষণ্ডামৰ্ক গুৰু নিল।
আনন্দিত হুয়া পাচে তান আগে দিল।।
প্রহ্লাদে পিতৃৰ পাৱে পৰি নমিলন্ত।
প্রশংসা কৰিয়া আশীৰ্বাদক দিলন্ত।।৩৮৪।।
আলিঙ্গিয়া ধৰি কতোক্ষণ আছিলেক।
হিৰণ্যকশিপু মহা আনন্দ পাইলেক।।
কোলাত বসায়া শিৰ ঘ্রাণন্ত সতত।
স্নেহে বাজ ভৈলা অশ্রুকণা নয়নত।।৩৮৫।।
সেহি জলে তিয়াইল তাহান মস্তক।
দৈত্যেশ্বৰে অল্প হাস্য কৰিয়া পুত্রক।।
শুনিয়ো পাণ্ডৱ প্রহ্লাদ পুছিলন্ত।
শুন বাপ প্রহ্লাদ পৰম বুদ্ধিমন্ত।।৩৮৬।।
অনেক দিৱস পঢ় গুৰুৰ গৃহত।
উত্তম পাঠক তই পঢ়ি আছ যত।।
মোহোৰ আগত কহ দায়াৰ তনয়।
এহি বুলি দৈত্যেশ্বৰে নমাতি আছয়।।৩৮৭।।
প্রহ্লাদে বুলিলা পাচে পিতৃক চাহিয়া।
শুনা মহাশয় তুমি একচিত্ত হুয়া।।
শ্ৰৱণ কীৰ্ত্তন যিটো কৰয় বিষ্ণুৰ
তান নাম ৰূপ যিটো চিন্তয় প্রচুৰ।।৩৮৮।
অচ্চন বন্দন পাদসেৱা নাম যাৰ।
দাস্য সখ্য আত্মনিৱেদন মহাসাৰ।।
এহি নৱ লক্ষণ জানিবা ভকতিৰ।
গুৰুত শিখিবে আতি কৰি মন থিৰ।।৩৮৯৷৷
বিষ্ণুত অর্পিব সিটো ভকতিক নিয়া।
কৰয় ভকতি যিটো একমন দিয়া।।
ভকতিক কৰি নিয়া পাচত অৰ্পয়।
শ্রেষ্ঠ নুহিকয় সিটো শুনা মহাশয়।।৩৯০৷৷
ভগৱন্ত বিষয়ত অর্পিয়া সমস্তে।
যিটো মহাজনে ভক্তি কৰে একচিত্তে।।
আকেসে উত্তম পাঠ মানে মোৰ মনে।
বিচাৰিয়া চাৱা পিতৃ পৰম যতনে।।৩৯১।।
আতপৰে শ্ৰেষ্ঠ আৰ নাহি জগতত।
এহি সন্ত পাঠ মোৰ মানয় মনত৷৷
তোহ্মাৰ গুৰুত হন্তে আক নিশিখিলো।
ঈশ্বৰত ভক্তি নাহি নিশ্চয়ে জানিলো।।৩৯২।।
হিৰণ্যকশিপু এহি বাক্যক শুনিল।
শুক্ৰৰ পুত্ৰক ক্ৰোধ কৰিয়া মাতিল।।
অধৰ কাম্পয় আতি ক্ৰোধৰ বেগত।
গালি পাৰি ব্ৰাহ্মণক বোলে বাক্য যত।।৩৯৩।।
শুনৰে ব্রাহ্মণ দুয়ো অধম দুর্জ্জন।
আকে পঢ়াইবেক তাক বুলিলো বচন।।
মোৰ বিপক্ষৰ তোৰা ভকতি ধৰাইলি।
অসাৰকে সাৰ কৰি গ্ৰহণ কৰাইলি।৩৯৪।।
মোক তোৰাসৱে অনাদৰ কৰাইলি।
শুনৰে দুৰ্ম্মতি বিপ্র আৱেসে নাশিলি।।
পৰম অসাধু লোক আছে যত যত
পৰম ধৰ্ম্মিষ্ঠ যেন দেখাৱে লোকত।।৩৯৫৷৷
তাসম্বাৰ পাতকে সৱাকো চিনাৱয়।
ৰোগৰূপ হুয়া আসি বেকত হোৱয়।।
ব্ৰহ্মবধীজন আসি ক্ষয়ৰোগী হৱে।
সুৰাপান কৰে মধ্যে ছোটদন্তে পাৱে।।৩৯৬।।
ব্রাহ্মণৰ সুৱৰ্ণক হৰে যিটোজন।
দেখি বিদ্যমানে সিটো মৰৈ নৰগণ।।
গুৰুৰ ভাৰ্য্যাক যিটো পুৰুষে হৰয়।
শ্বেত কুষ্ঠৰোগ হোৱে তাহাৰ নিশ্চয়।।৩৯৭৷৷
পাতকীৰ ৰোগ যেন উদয় হোৱয়।
ইষ্ট মিত্র সৱাকো জানিবা সেহি নয়।।
গুৰু ৰূপ ধৰি আছে আহ্মাৰ থানত।
শত্রুক স্মৰাৱে মোৰ দায়াৰ পুত্ৰত।।৩৯৮।।
কাৰ্য্য দ্বাৰা জানিলোহো মিত্র নুহিকয়।
এহিবুলি দৈত্যপতি অনেক গর্জ্জয়।।
হেনয় বচন শুনি গুৰুপুত্র দুই।।
কাম্পে আতি মহাত্রাসে ভয়ে ভীত হুই।।৩৯৯।।।
ওঁঠক কম্পাৱে ভয়ে বচন নালায়।
কৃতাঞ্জলি হুয়া বোলে দৈত্যেন্দ্রক চাই।।
আমি ইটো পাঠ নপঢ়াইলোহো নিশ্চয়।
তযু পুত্র ইটো বাণী সততে বোলয়।।৪০০৷৷
আহ্মাক নকৰা কোপ তুমি মহাশয়।
যাহাৰ কোপত ইন্দ্র ভয়তে কাম্পয়।।
ব্রাহ্মণত কোপ তযু নুহিকে যুগুত।
আমাক নেদিবা দোষ মহা অদভুত।।৪০১।।
সহজে ইহাৰ মতি হৰিক নেড়য়।
হৰি বিনে জগতত আন নেদেখয়।।
আমাক লাগিয়া ৰাজা কোপ তেজিয়োক।
হুই নুই ইটো কথা আতে পুছিয়োক।।৪০২।।
নাৰদ বদতি শুনা যুধিষ্ঠিৰ ৰায়।
দুনাই দৈত্যেন্দ্রে বোলে প্রহ্লাদক চাই।।
গুৰু যেৱে নিশিখাইলে কিসক বোলস।
শুনৰে অভদ্র ভাল মন্দ নজনাস।।৪০৩৷৷
অসন্ত বচন তই বোল কি কাৰণ।
তোহাৰ সমান নাই পৰম দুৰ্জ্জন।।
প্রহ্লাদে বেলন্ত পাচে পিতৃৰ আগত।
তোহ্মাৰ সদৃশ লোক আছে যত যত।।৪০৪৷৷
ভকতিত অধিকাৰ নাহি তাসম্বাৰ।
তোহ্মাৰ আগত পিতৃ কহো মঞি সাৰ।।।
ৰাত্রি দিনে গৃহতেসে চিন্তা ভৈল যাৰ।
কৃষ্ণ বিষয়ত মতি নুহিকয় তাৰ।।৪০৫৷৷
গুৰু উপদেশত বা আপুনাত হন্তে।
নুবুজিবে জ্ঞান অন্যোঅন্যে বিচাৰন্তে।।
ইন্দ্রিয়ক দমিবে নপাৰে দুৰাশয়।
ঘোৰ সংসাৰত গৈয়া প্রবিষ্ট হোৱয়।।৪০৬।।
বাৰম্বাৰে কৰি আছে যিটো বিষয়ক।
পুনু পুনু তাতে নিয়া নিবেশে মনক।।
চোবোৱা বস্তুক চোবাৱয় পুনৰ্ব্বাৰ।
নিষ্টে কহো সিটো জনে নতৰে সংসাৰ।।৪০৭।।
পৰম আনন্দ কৃষ্ণ ভগৱন্ত হৰি।
তাঙ্ক কেনে নভজয় সৱে মন কৰি।।
অজ্ঞানত থাকি কৃষ্ণদেৱক নভজে।
এতেকে সংসাৰ সিটো নতৰে সহজে।।৪০৮।।
যিটো দুৰাশয় সদা দুৰ্জ্জন পামৰ।
ৰাত্রি দিনে নুগুচয়, বিষয় মনৰ।।
সেহি পাপীসৱে কৃষ্ণদেৱক নজানে।
এতেকেসে অধোগতি যায় বিদ্যমানে।।৪০৯।।
ঈশ্বৰতে পুৰুষাৰ্থ মতি ভৈল যাৰ।
তাৰসৱে জানে ঈশ্বৰক সাৰে সাৰ।।
বুলিবাহা গুৰু উপদেশ জানিবেক।
তাক কহো শুনা পিতৃ মন কৰি এক।।৪১০৷৷
বিষয়ত পুৰুষাৰ্থ মতি ভৈল যাৰ।
বহির্মুখ বুলি নাম জানিবাহা তাৰ।।
তাসম্বাক গুৰু কৰি যাৰাসবে মানে।
কণাক কণায়ে নেই পন্থক নজানে।।৪১১৷৷
যিটো যেন পন্থক নেদেখে দুয়ো কণা।
নিশ্চয়ে গৰ্ত্তত পৰিবেক দুয়োজনা।।
সেহিমতে বেদজড়ী মোহ হুয়া মন।
কাম্য কর্মে বদ্ধ হুয়া পৰম দুর্জ্জন।।৪১২৷৷
সংসাৰত পৰে সিটো নাহিকে নিস্তাৰ।
আনো শাস্ত্রে কহি আছে শুনা কথা তাৰ।।
বিষয়ে আক্রোশি নেই চিত্তক যাহাৰ।
ভগৱন্ত বিষয়ত মন নুহি তাৰ।।৪১৩৷৷
পশ্চিম দিশক বায়ু বস্ত্র যায় লই।
মূৰ্খজনে জানা শীঘ্ৰে পূবক খেদই৷৷
পুৰুষৰ কাপোৰৰ অন্তৰেসে হোৱে।
সেহিমতে সিটোজনে বিষ্ণুক নপাৱে।।৪১৪।।
জানিবা বিষয়ে আতি বদ্ধ ভৈল মন।
নিষ্টে কহো সিটো নপাৱয় জনার্দ্দন।।
বুলিবাহা জগতৰে অন্তৰ্য্যামী হৰি।
হেন ঈশ্বৰক জানিবেক কেন কৰি।।৪১৫৷৷
তাহাৰ উত্তৰ দেঞো পিতৃ মহাশয়।
যেনমতে জানিবেক শুনিয়ো নিশ্চয়।।
বৈষ্ণৱৰ ধূলা যাৱে শিৰে নলৱয়।
তাৱে বিষ্ণু পাদপদ্মে মতি নোচোৱয়।।৪১৬।।
বৈষ্ণৱৰ ধূলা যাৱে শিৰত লৈবেক।
তেৱে অসম্ভাৱনাদি গুচে পৰতেক।।
ভগৱন্ত পাদপদ্ম মনে পৰশয়।
দুৰ্ঘোৰ সংসাৰ তেৱে সৱে নষ্ট হয়।।৪১৭।।
এহিমতে জানিবা মনৰ প্রয়োজন।
আতপৰে তড়িবাৰ নাহিকে কাৰণ।।
বৈষ্ণৱৰ অনুগ্রহ নভৈলেক যেৱে।
ঈশ্বৰক নিষ্টে সিটো নজানয় তেৱে।।৪১৮৷৷
মোক্ষ নুহিকয় সংসাৰত উপজয়।
নৰকত গৈয়া সিটো আপুনি পৰয়।।
এহি বাক্য বুলিয়া প্রহ্লাদ মৌন ভৈলা।
হিৰণ্যকশিপু কোপে কম্পিবাক লৈলা।।৪১৯।।
ক্রোধে অন্ধ ভৈলা আপোনাক পাসৰিলা।
কৰকৰ কৰি দান্ত চোবাইবে লাগিলা।।
প্রহ্লাদক সাৱটি কোলাত আছিলেক।
দুইহাতে আছাড়ি ভূমিত পেলাইলেক।।৪২০।।
নসহয় যিটো বিষ্ণু তাকেসে কহয়।
সেহি হেতু মহাকোপ উঠিয়া আছয়।।
দুই চক্ষু আতি ক্রোধে আৰক্ত ভৈলেক।
ৰাক্ষসগণক ক্রোধে বাক্য বুলিলেক।।৪২১৷৷
শুনিয়ো নৈঋতগণ মোহোৰ বচন।
শীঘ্ৰে কৰি বধা আক ৰঙ্গ কৰি মন।।
মোৰ ভ্রাতৃবধীক সততে ইটো গাৱে।
সেহি বিষ্ণু ইটো সৱে জানিবা স্বাভাৱে।।৪২২।।
পিতৃ মাতৃ সুহৃদসৱক এড়িলেক।
দাস প্রায় হুয়া বিষ্ণুপদ সেৱিলেক।।
কাহাতো বিশ্বাস নাহি ইটো প্রহ্লাদৰ।
বিষ্ণুৱে বুলিবে মহা অজ্ঞানী বৰ্ব্বৰ।।৪২৩৷৷
বিষ্ণু বা স্বীকাৰ কৰিবেক কি কাৰণে।
দুর্জ্জন জানিয়া সিয়ো তেজিবেক মনে।।।
বুলিবেক পিতৃ মাতৃ সৱাকো তেজিল।
আতপৰে একোজন নাহি দুষ্টশীল।।৪২৪।।
পাঞ্চ বৎসৰতে ইটো এমত হৃদয়।
মোৰ কিবা কাজ সাধিবেক দুৰাশয়।।
এতেকেসে সিয়ো আক লাগি নিদিবেক।
নিশ্চয়ে জানিলো অধোগতি যাইবেক।।৪২৫৷৷
বুলিবা তোহ্মাৰ পুত্ৰ মাৰিবো কিসক।
শুনিয়োক আৱে কহো মোহোৰ বাক্যক।।
পৰম অপত্য যদি শুভনয় হয়।
সমস্তে লোকক সিটো আনন্দ কৰয়।।৪২৬।।
যেন বিজুবন মাজে ঔষধ থাকয়।
ৰুগীয়াক দিলে আনি হিতক কৰয়।।
সেহিমতে যদি জানা পৰৰ ছৱাল।
হৃদয় আনন্দ হোৱৈ কৰৈ মন ভাল।।৪২৭৷৷
আপোনাৰ দেহজ তনয় যদি হয়।
পৰম দুৰ্ব্বোধ নুহিকয় শুভনয়।।
পিতৃ মাতৃ গুৰুবাক্য নমানয় যেৱে।
শৰীৰৰ ব্যাধি সম জানিবাহা তেৱে।।৪২৮৷৷
নিশ্চয়ে ব্যাধিক যেন কাটি দূৰ কৰে।
ইহাক নিশ্চয় মাৰ বুলিলো সত্বৰে।।
ইটো কথা থাকোক শুনিয়ো দৈত্যগণ।
দেহতেসে হন্তে হুয়া আছে উতপন্ন।।৪২৯৷৷
যদি কৰ চৰণত সর্পে বা দংশয়।।
যাতহন্তে সমূলঞ্চে দেহ নষ্ট হয়।।
তাহাকো ছেদিবে যিটো মহাজ্ঞানী হয়।
তেৱেসে নিশ্চয় জানা শৰীৰ ৰহয়।।৪৩০৷৷
সকলে উপায়ে আক লাগে বধিবাক।
হেন জানি শীঘ্ৰে উঠি মাৰা সৱে আক।।
পুত্ৰৰূপে হুয়া আসি শক্ৰ উপজিল।
আতপৰে একোজন নাহি দুষ্টশীল।।৪৩১৷৷
ভোজন সময়ে আক বিষ দিয়া মাৰ।
শুনি যেন ইন্দ্রিয়ক কৰে প্রত্যাহাৰ।।
তেৱেসে সুশান্ত হোৱে মন ইন্দ্রিগণ।
ইটো দুষ্ট মৰিলেহে মোৰ সুস্থ মন।।৪৩২।।
এহিমতে দৈত্যেশ্বৰে বাক্য বুলিলেক।
তাৰ নিষ্ট আজ্ঞাক ৰাক্ষসে জানিলেক।।
মাৰ মাৰ বুলিয়া ৰাক্ষস অসংখ্যাত।
কোটি লক্ষ্য শূল লৈয়া উঠিলা সভাত।।৪৩৩৷৷
সহজে দশন লাঙ্গলৰ যেন ঈষ।
দান্তক কামোৰে আৰো দেখি বিসদৃশ।।
বেগতেক মুঠনেক ওহ্লাই আছে দান্ত।
তাক দেখি সমস্তৰে ভয়ে শুখাই আন্ত।।৪৩৪৷৷
হেন দান্ত কামুৰিয়া উঠিয়া সভাত।
তাম্ৰ বর্ণ দাঢ়ি গোম্ফ আছয় সৱাত।।
কুৰুকুটা কেশ অগনিৰ সম জ্বলে।
হাণ্ডী শৃগালীৰ বৰ্ণ কুবেশ সকলে।।৪৩৫।।
সৱাৰে চেপেটা নাক উধানৰ মান।
সমস্তৰে কাণ হালে কূলাৰ সমান।।
চক্ষু জ্বলে অগনিৰ সদৃশ সৱাৰ।
পাচিৰ সমান মুখ দেখি কুব্যাপাৰ।।৪৩৬।।
দুই আঠ মুঠিমান গল উচ্চ আতি।
গলে সম পেটক দেখন্তে আসে বান্তি।।
বিগথে কতনা সবে শার্দ্দুল আকাৰ।
আঙ্কোৱাল দুইৰ মান কঙ্কাল সৱাৰ।।৪৩৭।।
তালৰ সমান ভৰি দীঘল সৱাৰ।
যেন পোৰাসিৰি হাত দেখি কৃষ্ণাঙ্গাৰ।।
সৱে হাতে শূল ধৰি নাদে উচ্চ কৰি।
হান হান মাৰ মাৰ সৱে ৰিঙ্গ পাৰি।।৪৩৮।।
কাট কাট বুলি সৱে ওচৰক গৈলা।
ত্রিশূলক ধৰি সৱে হানিবাক লৈলা।।
বসি আছা প্রহ্লাদ নিশ্চল মতি হুয়া।
কোষলিত হানিল অসংখ্য শূল লৈয়া।।৪৩৯৷৷
মৰ্ম্ম মৰ্ম্ম থানত মাৰয় চায়া হান।
নপাৰিল কোপে বিন্ধিবাক অল্পমান।।
সহস্র লক্ষেক যেৱে হানিয়া আটাইল।
শূল ভোটা ভৈল দেখি উলটাই চাইল।।৪৪০৷৷
একো একো জনে লক্ষ হানেক মাৰিল।
হাত ফুটিলেক সৱে দুখে ভাগৰিল।।
বজ্ৰতেসে হানা বুলি থোচমোচ ভৈল।
কিছুকো নুৱাৰি দান্ত নিকটাই ৰৈল।।৪৪১।।
অসংখ্যাত ৰাক্ষস ভাগৰি যেৱে আছে।
দিতিৰ তনয় তাক দেখিলন্ত পাচে।।
ঐৰাৱত আদি হস্তীসৱে আছে তাত।
মাৰ প্রহ্লাদক আদেশিলেক সভাত।।৪৪২।।
অসংখ্য দিগ্গজ হস্তী দান্ত ভিড়িলেক।
মূলা যেন দুইখণ্ড ভাঙ্গিয়া ৰৈলেক৷৷
হস্তী নপাৰিলে দেখি সর্প অসংখ্যাত।
বাসুকি প্রমুখ্যে সর্প ভয়ে খাটে যাত।।৪৪৩৷৷
সৱাক চাহিয়া ৰাজা আদেশ কৰিল।
প্রহ্লাদক দংশ হেন বচন বুলিল।।
হাজাৰেক মুখ কতো কতো সর্পচয়।
সৱাহাৰে মুখে অগ্নিকণিকা বজায়।।৪৪৪।।
উচ্চ ফেট তুলি সৱে ফো টকাৰ কৰি।
প্রহ্লাদক দংশিলেক আতি শীঘ্ৰে কৰি।।
হিৰণ্যকশিপু দেখি হাসিবাক লৈল।
বোলয় প্রহ্লাদ এতিক্ষণে ভস্ম ভৈল।।৪৪৫।।
সর্পমুখে অগ্নিসৱে বজায় অসংখ্যাত।
প্রহ্লাদক নেদেখয় ঢাকিলে সাক্ষাত।।
লক্ষকোটি সর্পসৱে ভেজাৱে কামোৰ।
ত্রিশূল সদৃশ দান্ত দেখি মহাঘোৰ।।৪৪৬।
প্রহ্লাদক কিছু কৰিবাক নপাৰিল।
সকলে সৰ্পৰ মাত্র দশন ভাগিল।।
দশন ভাগিল সর্প ফোফাৱয় মাত্র।
নুৱাৰিলে বধিবে কিছুৰো নুহি পাত্র।।৪৪৭।।
হতাশ হইয়া খৰ উশাস কাঢ়য়।
কিছু লাভ নভৈল ভাগিল দান্তচয়।।
মনে মনে সৰ্পচয় সৱেয়ো গুণয়।
কিনো বজ্ৰ শৰীৰ ইহাৰ হুয়াছয়।।৪৪৮।।
আনকো লাগিয়া সৱে নিৰ্ব্বিষ কৰিল।
নিঃশেষে সৰ্পৰ দেখো দশন ভাগিল।।
দান্ত ভাগিলেক ভৈলা ঢোণ্ডা সাপ প্রায়।
বধিবাক নপাৰি বসিলা সর্প যাই।।৪৪৯।।
কুণ্ড স্ৰজি পঠাইলেক তাঙ্ক দহিবাক।
নপাৰিল তাঙ্ক সিটো কিছু কৰিবাক।।
অসুৰৰ মায়া কৰি মাৰিবাক চাইল।
তথাপিতো তাঙ্ক মাৰিবাক নপাৰিল।।৪৫০।।
মাটিত পুতিয়া থৱে গাতক খানিয়া।
অগনিৰ ধূম দেই চাৰি ভিতি দিয়া।।
বিষক খুৱাবে কতো জলময় কৰি৷
তথাপি নমৰা তাঙ্ক ৰাখা দেৱহৰি।।৪৫১৷৷
শিশিৰ কালত জলে বান্ধিয়া থৱয়।
তথাপিতো দেখয় প্রহ্লাদ নমৰয়।।
বৃষ্টি বাতে তাঙ্ক থৱে বাৰিষা কালত।
গ্রীষ্মকালে বান্ধি থৱে তাহাঙ্ক ৰৌদ্রত।।৪৫২।।
বান্ধি জৰপুৰ কৰি অগ্নিত পেহ্লাৱে।
পৰ্ব্বতৰ উপৰত তাহাঙ্ক তোলাৱে।।
পৃথিৱীত শিলাচয় থৱয় পাড়িয়া।
তৈৰপৰা ঢঙ্কা মাৰে শিলাক লাগিয়া।।৪৫৩৷৷
অনেক উচ্চতা পৰ্ব্বতৰ পৰা পৰে।
শিলাত পড়িয়া লোমগাছকো নলৰে।।
মাটিত বান্ধিয়া তাঙ্ক থৱে টান কৰি।
লক্ষকোটি লোকে পৰ্ব্বতক তুলি ধৰি।।৪৫৪।।
তাহান উপৰে গিৰিসাই পেলাৱয়।
তথাপিতো দেখয় প্রহ্লাদ নমৰয়।।
তাঙ্ক মাৰিবাক অভিচাৰক কৰিল।
অনেক উপায়ে মাৰিবাক নপাৰিল।।৪৫৫৷৷
পৰম ঈশ্বৰ ইটো হৰি বিষয়ত।
প্রহ্লাদৰ মন হুয়া আছে নিৱেশত।।
এতেকে প্ৰহাৰ মানে বিফল হৈলেক।
কিছুকো নুৱাৰি শ্ৰুতি বুদ্ধি হৰিলেক।।৪৫৬।।
তাহাৰ হেতুক কহো শুনা যুধিষ্ঠিৰ।
ব্রহ্ম বিষয়ত মন কৰি আছে থিৰ।।
সমগ্র ঐশ্বৰ্য্যশালী প্রভু ভগৱন্ত।
অভক্তৰ যিটো দৰিশন নাহিকন্ত।।৪৫৭।।
অস্ত্র শস্ত্র সমস্তৰে আত্মা ভগৱন্ত।
তান্তে কায় বাক্য মন প্রহ্লাদে দিলন্ত।।
কিছু কৰিবাক শক্য নভৈল এতেকে।
দৃষ্টান্তেক কহো মঞি শুনিয়ো উৎসুকে।।৪৫৮।।
অদৃষ্ট নাহিকে যেন কৰ্ম্ম আৰম্ভয়।
হোৱয় নিষ্ফল তাক জানিবা নিশ্চয়।।
সেহিমতে দিতিসুতে উদ্যম কৰিল।
কিছুকো নপাৰি চিন্তা কৰিবে লাগিল।।৪৫৯।।
আহাক মাৰিবে বহু উপায় কৰিলো।
নিন্দিত কৰ্ম্মক মঞি তাকো আচৰিলো।।
অভিচাৰ কৰিবাক যোগ্য নুহিকয়।
মাৰিবাক লাগি আক কৰিলো নিশ্চয়।।৪৬০।।
মঞি মাৰিবাক যত কৰিলো উপায়।
আপোনাৰ তেজে তাক সমস্তে এড়ায়।।
তথাপি পলাই ইটো নযায় একো থান।
এতেক দুঃখত ভয় নাহি বিদ্যমান।।৪৬১।।
মোক শত্রু ভাৱ তথাপিতো নকৰয়।
পূৰ্ব্বে যেন ইদানীকো সেৱয় নিশ্চয়।।
যতেক অন্যায় মঞি ইহাক কৰিলো।
মনত নাহিকে আৰ মঞি জিজ্ঞাসিলো।।৪৬২।।
যেন কুকুৰৰ লাঞ্জে সুৱর্ণ বান্ধয়।
তথাপিতো বক্র সিটো জানিবা নিশ্চয়।।
সিমত স্বভাৱে আৰ গমিবে নপাৰি।
সুখে দুখে সম আৰ দেখিলো বিচাৰি।।৪৬৩৷৷
সতকাৰ কৰিলাত যিমত স্বভাৱ।
দুঃখ দিলে সেহিমতে দেখিলোহো ভাৱ।।
নিষ্ঠে জানো মৰিবোহে বিৰোধে ইহাৰ।
এহিমতে মহা চিন্তা কৰে বাৰম্বাৰ।।৪৬৪৷৷
কিছু ম্লান ভৈল মুখ থাকে অধোমুখে।
অনুশৌচ কৰে আতি পাইল মহাদুঃখে।।
ৰাজাৰ দুঃখক দেখি ষণ্ডামৰ্ক দুই।
ৰহস্য থানত কহে কৃতাঞ্জলি হুই।।৪৬৫৷৷
দশোদিশ জিনি এক বশ্য কৰিলাহা।
হে নাথ দৈত্যপতি কিসক চিন্তাহা।।
তযু কটাক্ষত ইন্দ্ৰ আদি দেৱচয়।
তিনিয়ো জগতে কাম্পে হুয়া আতি ভয়।।৪৬৬।।
তোহ্মাৰ কিসক লাগি চিন্তিবে লাগয়।।
আহ্মাৰ মনত দুখ সদা উপজয়।।
বিচাৰ কৰিয়া আৰ নেদেখোহো তাক।
কিসক লাগিয়া চিন্তা লাগে কৰিবাক।।৪৬৭।।
শিশু ছৱালৰ গুণ দোষ কিছু নাই।
হেনজানি মনে দুখ এৰা দৈত্যৰায়।।
আহ্মাৰ বচন দৈত্যেশ্বৰ শুনিয়োক।
বৰুণৰ পাশে প্রহ্লাদক বান্ধিয়োক।।৪৬৮।।
যেনমতে প্রহ্লাদ পলাইবে নপাৰয়।
সেহি বুদ্ধি কৰি আক ৰাখিবে লাগয়।।
যাৱত নাসন্ত পিতৃ আহ্মাৰ থানক।
হে দৈত্যপতি শুনা আহ্মাৰ বাক্যক।।৪৬৯।।
তাৱে আক ভাল কৰি ৰাখিবে লাগয়।
তযু গুৰু আসি ভাল কৰিবে নিশ্চয়।।
বয়সতো বৰ হইলে সুবুদ্ধি হৈবেক।
ইটো কুবুদ্ধিক আপুনিয়ে তেজিবেক।।৪৭০৷৷
ৰহস্য থানত শুক্ৰপুত্ৰে বুলিলেক।
হিৰণ্যকশিপু তাকে ভাল মানিলেক।।
গুৰুৰ পুত্ৰক বুলিলন্ত দৈত্যপতি।
শুনা দুয়ো গুৰুপুত্র বচন সম্প্রতি।।৪৭১৷৷
ধৰ্ম্ম আদি উপদেশ দিবা প্রহ্লাদক।
ইহাক শিখাইবা তোৰ গৃহস্থ ধৰ্ম্মক।।
এহি বাক্য শুনি পাচে গুৰুৰ তনয়।
ধৰ্ম্ম অর্থ কাম প্রহ্লাদক শিখাৱয়।।৪৭২৷৷
প্রহ্লাদ পৰম নম্র বিষ্ণুত ভকত।
তাক ভাল নমানন্ত কিঞ্চিতো মনত।।
সুখ দুখ ৰাগ দ্বেষ আছে বিষয়ত।
তাকে মাত্র কহৱয় ইটো ত্রিবর্গত।।৪৭৩৷৷
দুখময় কাম্যকৰ্ম্ম সৱে পৰিহৰি।
ঈশ্বৰৰ গুণনাম থাকা মনে ধৰি।।
গুৰু শিখাৱন্ত মানে পঢ়িয়া থাকন্ত।
গুৰু উঠি গৃহকৰ্ম্ম কৰিবে চলন্ত।।৪৭৪।।
সমান বয়স বালকক লৈয়া সঙ্গে।
ভকতিক শিক্ষা দিবে লৈলা মন ৰঙ্গে।।
পৰম মধুৰ বাক্য প্রহ্লাদে বোলয়।
পৰম বিৱেকী ধৰ্ম্মশীল সুধাময়।।৪৭৫৷৷
ষণ্ডামকে যিটো সমস্তকে শিখাৱয়।
জনম মৰণ তাত সদায় আছয়।।
প্রহ্লাদ কুমাৰে তাক সমস্তে জানন্ত।
মহা কৃপাময় সমস্তকে শিখাৱন্ত।।৪৭৬।।
অল্প হাস্য কৰি বোলে হিৰণ্যতনয়।
মোৰ বাক্য শুনা সৱে দৈত্যশিশুচয়।।
যত শিক্ষামানে ইটো কিছু নুহিকয়।
সকল ছৱালে তাঙ্ক গৌৰৱ কৰয়।।৪৭৭।।
আন ক্রীড়া এৰিলেক সকল বালকে।
প্রহ্লাদক বেঢ়ি থাকে পৰম উৎসুকে।।
প্রহ্লাদে মনত বোলে সৱে সুশোভন।
বিষয় বাসনা নতো বদ্ধ হোৱে মন।।৪৭৮।।
সৱেয়ো বালকে আন ক্রীড়াক এৰিয়া।
মোকে মাত্র থাকে সৱে সততে সেৱিয়া।।
শুনিয়ো ৰাজেন্দ্র মহা যুধিষ্ঠিৰ ৰায়।
এহিমতে প্রহ্লাদক উপাসে সদায়।।৪৭৯।
কায় বাক্য মন সৱে তাহাতে দিলেক।
দেখি প্রহ্লাদৰ মহা কৃপা মিলিলেক।।
মহা ভাগৱত তেন্তে দৈত্যৰ তনয়।
সমস্তকে উপদেশ দিলন্ত নিশ্চয়।।৪৮০।।
সপ্তম স্কন্ধৰ পাঞ্চ অধ্যায়ৰ কথা।
যুধিষ্ঠিৰ নাৰদ সম্বাদ ভৈল তথা।।
এহিমতে গৈলা শুনা সভাসদচয়।
কৃষ্ণপদ শৰণক কৰিয়ো নিশ্চয়।।৪৮১।।
তেৱেসে তড়িবা ইটো দুৰ্ঘোৰ সংসাৰ।
আত পৰে উত্তম উপায় নাহি আৰ।।
হৰিত ভকতি যিটো কৰে একচিত্তে।
লঙ্ঘিবে নপাৰে তাক বিঘ্নি ভয়ভীতে।।৪৮২।।
প্রহাদে ভৈলন্ত সাক্ষী জানিবা ইহাৰ।
হেন জানি ভকতিক কৰিয়োক সাৰ।।
নমো নমো কৃষ্ণদেৱ দীন দয়াশীল।
তুমিসে বান্ধৱ কৃষ্ণ আৱেসে জানিল।।৪৮৩।।
লভিলো ভাৰতে জন্ম কত তপস্যায়।
তোহ্মাক নজানি আৱে ব্যর্থে আয়ু যায়।।
তযু নাম মঞি অধমৰ মুখে নাই।
ভৈলোহো বাতুল বিষয়ৰ সুখ পাই।।৪৮৪।।
আপুনি কৰিয়ো ত্রাণ তোহ্মাৰ চৰণে।
যেন নপাসৰো নাম দুৰ্ঘোৰ মৰণে।।
তোহ্মাৰ শ্ৰীমূৰ্ত্তি মোৰ হৃদয় কমলে।
যেন নপাসৰো আক বিষয় বিকলে।।৪৮৫।।
তেৱেসে তড়িবো ইটো দুৰ্ঘোৰ মৰণ।
জানিয়া লৈলোহো প্রভু তোহ্মাত শৰণ।।
কৃষ্ণৰ কিঙ্কৰে কহে এৰা আন কাম।
সমজ্যাৰ লোকে ডাকি বোলা ৰাম ৰাম।।৪৮৬।।
।।দৈত্যশিশুসকলৰ প্রতি প্রহ্লাদৰ উপদেশ।।
।।দুলড়ী।।
নাৰদ বদতি ধৰ্ম্ম মহামতি
শুনা পাচে যেন ভৈল।
শুক্রৰ তনয় কামে বশ্য হুয়া
আপোনাৰ গৃহে গৈল।।
সেহি সময়ত সৱাকো দায়ায়ে
দৈত্যশিশু সমস্তত।
মহা পুণ্যৱন্ত প্রহ্লাদে কহন্ত
ভাগৱত ধৰ্ম্ম যত।।৪৮৭৷৷
দুর্ল্লভ মনুষ্য জন্ম যিটো পায়া
বুদ্ধিমন্ত যেৱে হয়।
কুমাৰ কালত হুয়া এক মত
ভকতিক আচৰয়।।
মনুষ্য জনমে ধৰ্ম্ম অর্থ কাম
মোক্ষকো পাৰে দিবাক।
হেন জানি যত ভকতি কৰোক
যাৰ ইচ্ছা তড়িবাক।।৪৮৮।।
মনুষ্য শৰীৰ চঞ্চল সদায়
কেতিক্ষণে কালে ধৰে।
কোটি কোটি জন্ম উপজি মৰিয়া
মনুষ্য নুহি সেন্থৰে।।
এমত দুর্ল্লভ জন্ম পায়া যিটো
ভকতিক আচৰোক।
কাম্য কৰ্ম্ম যত মিছা হেন জানি
তাক বাঞ্ছা নকৰোক।।৪৮৯।।
বিষ্ণুৰ চৰণ স্মৰণত পৰে
পুৰুষৰ লাভ নাই।
যিমান শকতি হৰি সুমৰোক
মনুষ্য জন্মে সদায়।।
সমস্তৰে প্রিয় সুহৃদয় আতমা
জগতৰে পিতা মাতা।
হেন জানি আন বিষয় এড়িয়া
হৃদয়ে হৰিক চিন্তা।।৪৯০।।
বুলিবা ভাগ্যৰ উদ্যম এড়িবে
কি কাৰ্য্যত লাগে আক।
ইহাৰ উত্তৰ শুনা নিৰন্তৰ
দৈত্যশিশু মোৰ বাক।।
পশু শৰীৰতো ইন্দ্ৰিয়ৰ সুখ
সমস্তে দেহত পাৱে।
পূৰ্ব্বৰ অদৃষ্টে যত্ন নকৰিবে
আপুনি আসি মিলাৱে।।৪৯১৷৷
দুখক লাগিয়া যেহেন পুৰুষে
একো যত্ন নকৰয়।
তথাপিতো আনি মিলাৱয় দৈৱে
অন্তে দুঃখ নপাৱয়।।
সেহিমতে জানা সুখ মিলে আসি
দুখ গুচে তেতিক্ষণে।
আক লাগি যত্ন কৰিবে নলাগে
বিচাৰি দেখিয়ে মনে।।৪৯২।।
কেৱলেসে আয়ু ব্যর্থ হোৱে মাত্র
পৰম দুখক পাৱে।
সেহিমত শ্রম কৰিলে জানিবা
একোৱে সুখ নপাৱে।।
মুকুন্দ পদক যিটোজনে ভজে
যেনমতে সুখী হয়।
একোৱে উপায় সিমত কৰিয়া
নুহিকে সুখী নিশ্চয়।।৪৯৩।।
ঘোৰ সংসাৰক যাৱে নতু পাৱে
শৰীৰ সুদৃঢ় থাকে।
ভগৱন্ত পদ সেৱা কৰিবাক
লাগে যত্ন কৰিবাকে।।
পুৰুষৰ আয়ু শতেক বৎসৰ
অৰ্দ্ধেক নিদ্রাত যায়।
কিছু ফল নাই ৰাত্ৰিত শয়ন
কৰিয়া থাকে সদায়।।৪৯৪।।
বালক কালৰ পৰা জানা যায়
বিংশতি বৰিষ মানে।
নানা ক্ৰীড়াৰত নুগুচে মনত
পুৰুষে তাক নজানে।।
আয়ু যায় ব্যর্থে যুৱা পাইলে আসি
পাচৰো বিংশতি যায়।
অসমর্থ ভৈলে বল দূৰ গৈলে
কিছু তাৰ ক্ষমা নাই।।৪৯৫।।
তথাপিতো মন পূৰণ নযায়
শৰীৰত বল নাই।
আকুল ব্যাকুল লাখুটিক ধৰি
আনে দ্রব্য সৰ্ব্বদায়।।
বলৱন্ত কাল তাহাক পূৰিবে
নপিৰয় একোকালে।
সিসৱ বৎসৰ এহিমতে যায়
বিষয় মিছা জঞ্জালে।।৪৯৬।।
চক্ষুয়ো নমনে কাণে নুশুনয়
তথাপি তৃষ্ণা বিস্তৰ।
সেহিমতে সিটো গলি পচি যায়
অধম পাপী বৰ্ব্বৰ।।
বুলিবা যৌৱন কাল মানে ইটো
বিষয় ভোগ কৰিবো।
বৃদ্ধকাল ভৈলে বিৰকত হুয়া
পাচতো মোক্ষ সাধিবো।।৪৯৭।
........
৷৷ছবি।।
ইহাৰ উত্তৰ শুনা দৈত্যশিশু মনে গুণা
জিতেন্দ্রিয়া নোহে যিটো জন।
গৃহত আসক্ত মন স্নেহ বাঢ়ে অনুক্ষণ
তাসম্বাৰ নেদেখো মোক্ষণ।।
কোননো পুৰুষ আছে বিষয়ক কৰি পাচে
এড়িবাক সামর্থ হুইবেক।
এতেকেসে নিষ্ট কৰি বালক কালৰেপৰা
ভকতিত যত্ন কৰিবেক।।৪৯৮।
আৰো হেতু নেৰিবাৰ শুনা কহো সাৰেসাৰ
ধন আশা এড়িবেক কোনে।
দেহাতো কৰিয়া শ্রেষ্ঠ জানা ধন নিষ্টে নিষ্ট
মানে আতি পৰম যতনে।।
প্রাণকো এড়িয়া গৈয়া চোৰসৱে চুৰি কৰে
পাইলে তাক তেখনে কাটয়।
হেনসে দুৰ্জ্জন ধন তথাপিতো তাতে মন
এড়িবাক কেহো নপাৰয়।।৪৯৯।।
ৰাজাক সেৱয় কতো অর্থৰ নিদানে গৈয়া
যুদ্ধক পাঞ্চয় ৰাজা ৰঙ্গে।
ধনৰ নিমিত্তে পাচে আপুনিয়ে কাটা যায়
দেখিয়ে বিচাৰি শিশু ৰঙ্গে।।
বাণিজ্য কৰিবে যাই পৰদেশ গৈলা পাই
থাকে তাত নিদ্রাত পড়িয়া।
খটসৱে থাকে চাই একদৃষ্টি অভিপ্রায়
বিত আনে সৱাকো মাৰিয়া।।৫০০৷৷
আৰো শুনা হেতু কিছু গৃহৰ কথা কহো
দৈত্যশিশু সৱে মন কৰি।
প্রিয়তম ভাৰ্য্যা যিটো তাক তেজিবাক সিটো
নপাৰয় কেহো নিষ্ট কৰি।।
ৰহস্য থানত যত সঙ্গোপ আলাপচয়
পৰম মধুৰ তযু বাণী।
হৃদয়ক হৰে সিটো অমৃত সমান যিটো
তাক এড়িবেক কোন প্রাণী।।৫০১।।
.......
।।দুলড়ী।।
সুহৃদগণৰ স্নেহ দৃঢ়তৰ
বন্ধ কৰি আছে আতি।
ছোট বালকৰ কোমল বচন
তাতে মন দিলে ৰাতি।।
ৰাত্রিও সাৱটি ধৰি আতি আতি
পুত্ৰক গলত বান্ধে।
যদি কদাচিত ব্যাধি উপস্থিত
তেৱে সৱে বেঢ়ি কান্দে।।৫০২।।
হেনর পুত্ৰৰ স্নেহক তেজিবে
পাৰিবেক কোনজনে।
কেহো এড়িবাক নপায় তাক
কহিলো মঞি যতনে।।
হৃদয়ক হবে স্নেহৰ দুহিতা
পৰম গুণে যুগুত।
ভাতৃ পিতৃ মাতৃ সকলে সুহৃদ
গুৰুজন অদভুত।।৫০৩।।
এতেকৰ স্নেহ এড়িবে কিমতে
তেজিবাক নপাৰয়।
আপোনাৰ গৃহ সম্পদে অনেক
হৈবেক মোহ নিশ্চয়।।
মনকো হৰয় পুত্ৰ পত্নীচয়
গ্রাম ভূমি অসংখ্যাত।
অনেক পুৰুষ আছে সিটো বস্তু
মনে বাঞ্ছা নেৰে তাত।।৫০৪।।
যেন পোকচয় আপোনাৰ সূত্রে
আপুনি বদ্ধ হোৱয়।
সেহিমতে সিটো গৃহৰ সুখত
বন্দী হোৱে দুৰাশয়।।
বুলিবাহা ভোগে কৰিয়া আপুনি
বিৰক্ত হৈবো পাচত।
ইহাৰ উত্তৰ শুনা নিৰন্তৰ
আছা দৈত্যশিশু যত।।৫০৫৷৷
উপস্থ শৃঙ্গাৰ সুখ দেখে ভৱে
মহাসুখ মানে মনে।
ক্ষণে ক্ষণে কৰে তথাপিতো নেৰে
মোহ বাঢ়ে ঘনে ঘনে।।
নিষ্ট কৰি কহো শুনা দৈত্যচয়
তৃষ্ণাসে অধিক বাঢ়ে।
একোকালে জানা স্ত্রীৰ সুখক
অধমে তাক নছাড়ে।।৫০৬।।
শুনা সামাজিক ভাগৱত কথা
ইসে অমৃততোধিক।
হেনয় অমৃত হুয়া একচিত্ত
নুশুনাহা লোক কিক।।
হৰি গুণ নাম ধৰ্ম্ম অনুপাম
ধৰা আক দৃঢ় কৰি।
সমজ্যাৰ লোক এৰি আন কাম
ডাকি বোলা হৰি হৰি।।৫০৭৷৷
............
।।পদ।।
প্রহ্লাদে বোলন্ত শুনা দৈত্যশিশুচয়।
কুটুম্ব পোষন্তে নেই বয়স নিশ্চয়।।
পৰম প্রদত্ত দেহে গেহে হোৱে আতি।
বিষয়ৰ চেষ্টা মাত্র কৰে দিনে ৰাতি।।৫০৮।।
ঈশ্বৰক নভজিলে ব্যর্থে আয়ু গৈল।
পুৰুষাৰ্থ কৰিবাক সামর্থ নভৈল।।
আয়ু সমাপতি ভৈল তাকো নজানয়।
এহি হেতুতেসে ঘোৰ সংসাৰে পৰয়।।৫০৯৷৷
শোক দুখ মহাভয় সততে পাৱয়।
তথাপিতো দুখ বুলি তাতো নুপজয়।।
ৰাত্রি দিনে তাৰ কুটুম্বত মাত্র ৰতি।
এহিসে কাৰণে নুপজয় বিৰকতি।।৫১০।।
ভাৰ্য্যা পুত্র পুষিবাক যেৱে নপাৰয়।
অৱশ্যেকে তেৱে চুৰি কৰে ধনচয়।।
যেৱে তাক কদাচিতো গৃহস্থে পাৱয়।
হাড় মুণ্ড গুৰি কৰি ধৰি কিলাৱয়।।৫১১।।
আক জানি তথাপিতো চুৰিক কৰয়।
পৰলোকে মৰি ঘোৰ নৰকে পচয়।।
নৰককো যাইবে লাগে তাহাকো জানয়।
তথাপিতো পাপী গৈয়া ধনক হৰয়।।৫১২।।
ইন্দ্রিয়ক জিনিবাক নপাৰে দুৰ্জ্জন।
তাত বহুতৰ আছে পুত্ৰ ভাৰ্য্যাগণ।।
এতেকেসে পাপক আচৰে দুৰাশয়।
কেৱলে আপুনি মাত্র নৰক ভুঞ্জয়।।৫১৩৷৷
শুনিয়ো দানৱগণ মোহোৰ বচন।
যিটো জনে কৰে মাত্ৰ কুটুম্ব পোষণ।।
সংসাৰ তড়িবে লাগি নুহিকে সামর্থ।
শুনিয়োক একচিত্ত কৰি সাৰ অর্থ।।৫১৪।।
মূঢ়জনে যেনমতে যায় নৰকক।
জ্ঞানীজনে সেহিমতে চলয় অধক।।
তাৰ হেতু শুনা সৱে দৈত্যৰ বালক।
আত্মবুদ্ধি কৰি সৱে আপোন পৰক।।৫১৫।।
পৰবুদ্ধি কৰয় আনত যিটোজন।
এহিসে ভাৱনা তাৰ হোৱে সদা মন।।
এতেকে অধক যাইবে জানিবা নিশ্চয়।
একোকালে তাহাৰ নিস্তাৰ নাহিকয়।।৫১৬।।
ক্রীড়াৰ বানৰ সিটো ভৈলা দুৰাশয়।
একোকালে মনক পূৰিবে নপাৰয়।।
ক্রীড়াৰূপ নিহলে বান্ধিল টান কৰি।
সংসাৰত উপজয় দুনাই মৰি মৰি।।৫১৭।।
এহি জানি দৈত্যশিশু মোহোৰ বাক্যক।
দূৰতে এড়িয়ো ইটো ঘোৰ বিষয়ক।।
কুমাৰ কালৰপৰা ভকতিক ধৰা।
ইটো সংসাৰক তেৱে নিস্তৰিবে পাৰা।।৫১৮।।
পিতৃ-মাতৃ বিষয়ত সঙ্গ নকৰিবা।
মোহোৰ বচন নিষ্ট কৰিয়া জানিবা।।
কৃষ্ণৰ চৰণে সৱে শৰণ লৈয়োক।
দুখময় সংসাৰক শীঘ্ৰে তড়িয়োক।।৫১৯।।
মোক্ষদাতা প্রভু তাঙ্ক যোগ্য ভজিবাক।
মুক্তসৱো সৰ্ব্বক্ষণে ভজয় যাহাক।।
হেন জানি ঈশ্বৰক শীঘ্ৰে ভজিয়োক।
কৃষ্ণ পাদপদ্ম মাত্র সাৰ কৰিয়োক।।৫২০৷৷
বুলিবা বালক আমি দৈত্যৰ ছৱাল।
কৃষ্ণপদে ভজিলেয়ো নুহিবেক ভাল।।
দুৰাৰাধ্য ঈশ্বৰক আমি পাইবো কৈত।
শুনিয়োক কহো আছা ঈশ্বৰ সৱাত।।৫২১।।
সমস্তৰে আত্মা যিটো জগত ব্যাপক।
এতেকে সরাতে পায় জানিবা তাহাক।।
অসুৰ বালকসৱ শুনা মোৰ বাক।
বিস্তৰ আয়াস নাই হৰি ভজিবাক।।৫২২।।
অচ্যুতৰ গুণ নাম ধৰিয়ে যতনে।
এতেকে তড়িবা সংসাৰক ৰঙ্গমনে।।
ঈশ্বৰকো পাইবা লাগ নাহিকে সংশয়।
সত্বৰে ভজিয়ো সৱে দৈত্যশিশুচয়।।৫২৩।।
কাৰ্য্য কাৰণ যত দেখা ভূতচয়।
ব্রহ্মাক প্ৰমুখ্যে যত দেৱতা আছয়।।
তৃণ বৃক্ষ চাহী আদি দেখা সংসাৰত।
ঘট পট আকাশাদি পঞ্চভূত যত।।৫২৪।।
তিনি গুণ সাম্য যিটো প্রকৃতি আছয়।
অহঙ্কাৰ মহত্তত্ত্ব যত কাৰ্য্যচয়।।
সৱে ব্ৰহ্ম স্বৰূপ জানিবা বিচাৰত।
তান্ত বিনে বস্তু আন নাহি জগতত।।৫২৫।।
বুলিবাহা দ্রষ্টা দৃশ্য দেখি তেৱে কেনে।
ভোগ্য ভোক্তা বোলে তেৱে কেনে সৰ্ব্বজনে।।
ইহাৰ উত্তৰ শুনা দৈত্যশিশুচয়।
মায়াতেসে দেখি আক জানিবা নিশ্চয়।।৫২৬।।
ভোগ্য ভোক্তা বিনে কিছু নাহিকয় আন।
দৃষ্টা দৃশ্য বিচাৰত দেখা বিদ্যমান।।
সমস্তে স্বৰূপ হুয়া কৃষ্ণ কৃপাময়।
মায়াৰে প্রকাশ জানা দৈত্যশিশুচয়।।৫২৭৷৷
বুলিবাহা সমস্তে স্বৰূপ ভৈলা হৰি।
সৰ্ব্বজনে কিয় নপাৱয় যত্ন কৰি।।
ইহাৰ উত্তৰ শুনা দৈত্যশিশুচয়।
মায়াৰে ঐশ্বৰ্য্য ঢাকি আছা কৃপাময়।।৫২৮।।
মায়াৰেসে কাৰ্য্য যত প্রপঞ্চ নিশ্চয়।
সেহি মায়ায়েসে জগতকে মুহিছয়।।
এহিৰূপ যিটো ভগৱন্ত কৃপাময়।
তান পাদপদ্মে লৈয়ো শৰণ নিশ্চয়।।৫২৯।।
সকলে প্রাণীত দায়া কৰিয়ে যতনে।
অসুৰ স্বভাৱ সৱে এড়িয়োক মনে।।
সমস্তে ভূততে সুহৃদতা কৰিয়োক।
কৃষ্ণৰেসে ৰূপ জগতকে জানিয়োক।।৫৩০৷৷
তোহ্মাসাক লাগি ভগৱন্ত তুষ্ট হুইবা।
মোৰ বাক্য মনত প্রমাণ সৱে পাইবা।।
যেৱে তুষ্ট ভৈলা কৃষ্ণদেৱে কৃপাময়।
তেৱে পাইবে লাগি কিবা বস্তু ৰহিছয়।।৫৩১।।
দৈৱে আসি মিলাৱয় যত বস্তুচয়।
আনো কাম অর্থ লাগি তাকো মিলাৱয়।।
তাতো প্রয়োজন নাহি জানা নিষ্ট কৰি।
গুণময় বস্তু সৱে এৰা দৃঢ় কৰি।।৫৩২।।
অগুণ মোক্ষকো বাঞ্ছা নাহিকে আহ্মাৰ।
ঈশ্বৰৰ পাদপদ্মা সেৱা মাত্র সাৰ।।
এতেকে আনত কাৰ্য্য নাহিকে নিশ্চয়।
ভগৱন্ত পাদপদ্ম সেৱিবে লাগয়।।৫৩৩৷৷
বুলিবাহা ধৰ্ম্ম অর্থ পুৰষার্থচয়।
ষণ্ডামৰ্কে কেনে আহ্মাসাক শিখায়।।
ইটো আশঙ্কাৰ শুনা উত্তৰ বিশেষ।
ধৰ্ম্ম অর্থ কাম যত দেখাহা নিঃশেষ।।৫৩৪।।
ইহাৰ নিমিত্তে যত কাৰ্য্য আচৰয়।
আত্মবিদ্যা কৰ্ম্মবিদ্যা সততে কৰয়।।
তর্ক দণ্ডনীতি আনো বার্তা যত আছে।
নিঃশেষ উপায় যত বেদত কৰিছে।।৫৩৫।।
অন্তর্যামী জগতৰ সুহৃদ নিশ্চয়।
আত্ম অর্পণৰ যেৱে সাধন হোৱয়।।
শ্ৰম কৰে যতমান সৱে সত্য হয়।
ঈশ্বৰৰ পদে যেৱে ভকতি মিলয়।।৫৩৬৷৷
তেৱে মোৰ মনে সত্য কৰিয়া মানয়।
নুহিকে বিফল শ্ৰম জন্ম সাফলয়।।
তাসম্বাৰ বিশ্বাসৰ নিমিত্তে প্রহাদে।
শুক সম্প্রদায় কন্ত পৰম আহ্বাদে।।৫৩৭।।
ইটো জ্ঞান নাৰায়ণে নাৰদত কৈলা।
তাক পায়া ব্রহ্মপুত্র আনন্দ পাইলা।।
ভগৱন্ত ভক্তসৱে আনন্দ হৃদয়।
তাসম্বাৰ সঙ্গ যিটো সততে লৱয়।।৫৩৮।।
সমস্তৰে ইটো জ্ঞান হোৱয় নিশ্চয়।
উত্তম অধম তাৰ ভেদ নাহিকয়।।
নাৰদৰ মুখে শুনিলোহো ইটো জ্ঞান।
ঈশ্বৰ সাক্ষাত হন্ত গুচে ভেদ আন।।৫৩৯৷৷
ভাগৱত ধৰ্ম্মকো শুনিলো তান মুখে।
যাক শুনি সংসাৰকো তড়ে মহাসুখে।।
নাৰদৰ সম জানা দায়ৱন্ত নাই।
দেৱো যাক দেখিবাক নপাৱে সদায়।।৫৪০।।
কোটি জন্মভাগে লাগ পাই বিদ্যমান।
যাৰ মুখে শুনিলোহো ভক্তি তত্ত্বজ্ঞান।।
শুনি দৈত্যশিশুসৱে বিস্ময়ে পুছয়।
তুমি আমি একে সঙ্গে থাকোহো নিশ্চয় ।।৫৪১।।
যণ্ডামৰ্ক গুৰু বিনে নেদেখোহো আন।
কৈত লাগ পাইলা নাৰদক বিদ্যমান।।
বুলিবাহা আগে নাৰদৰ ঠাইক গৈলো।
তত্ত্বজ্ঞান ভকতি তাহান মুখে পাইলো।।৫৪২।।
ইয়ো কথা নঘটয় সমূলি ছৱাল।
অন্তেষপূৰত থাকা তুমি সৰ্ব্বকাল।।
ৰাজাৰ গৃহত কেহো সোমাইবে নপাৰে।
পৰম সংশয় জাত ভৈলেক সৱাৰে।।৫৪৩।।
হে সাম্য ইটো সংশয়ক ছেদিয়োক।
তোহ্মাৰ কথাত মহা বিশ্বাস ৰহোক।।
এহি বুলি প্রার্থনা কৰয় শিশুচয়।
কহিলা সকলে কথা হিৰণ্যতনয়।।৫৪৪।।
সপ্তম স্কন্ধৰ কথা ছয় অধ্যায়।
এহিমানে গৈলা শুনা সভাসদ নৰ।।
নাৰদ বদতি শুনা যুধিষ্ঠিৰ ৰায়।
দৈত্যশিশু পুছিলেক প্রহ্লাদক চাই।।৫৪৫।।
।।মাতৃগর্ভতে প্রহ্লাদৰ ভক্তি জ্ঞান লাভ।৷
মহাভাগৱত যিটো অসুৰ উত্তম।
আত্মবুদ্ধি হুয়া আছা জগততে সম।।
অল্প হাস্য কৰি হেন বুলিলা বচন।
বোলন্ত শুনিয়ো সৱে দৈত্যৰ নন্দন।।৫৪৬।।
মোহোৰ মহিমা স্মৰি আনন্দে কহয়।
পিতৃ যেৱে আহ্মাৰ তপস্যা গৈয়াছয়।।
মন্দৰ দ্রোণিত মহাতপ আচৰিলা।
এহি দেখি দেৱগণে উদ্যম কৰিলা।।৫৪৭।।
ইন্দ্ৰ আদি দেৱসৱে মনে আলোচিয়া।
দানৱক বেঢ়ি যুদ্ধ দিলেক আসিয়া।।
পিতৃক জানিলা সিটো নিশ্চয়ে মৰিলা।
উঁই লাগি মেদমাংস সকলে ভুঞ্জিলা।।৫৪৮।।
আপোনাৰ নিজ পাপে আপুনি মৰিল।
এহি বুলি ইন্দ্ৰ আদি আনন্দ কৰিল।।
যেন পিম্পৰায়ে সর্প কৰয় ভোজন।
সেহিমতে প্রাণীক হিংসয় যিটোজন।।৫৪৯৷৷
আপুনিয়ো নষ্ট হোৱে নাহিকে সংশয়।
এহিমতে গুণি আনন্দিত দেৱচয়।।
দেৱতাৰ মহিমা দেখিয়া দৈত্যচয়।
পলাইবে লাগিল দৈত্য হুয়া প্রাণে ভয়।।৫৫০।৷
ভাৰ্য্যা পুত্র বিত্ত আনো পাৰিষদচয়।
সুহৃদ এৰিয়া পলাই প্ৰাণৰ সংশয়।।
অপেক্ষা নকৰে সৱে প্রাণক ৰাখিয়া।
আনন্দ ভৈলেক দেৱে তাহাক দেখিয়া।।৫৫১৷৷
ৰাজাৰ আৱাসে গৈয়া বেঢ়ি দেৱচয়।
লুৰি পুৰি নিলে ধন সৱে ৰত্নচয়।।
সমস্তৰে গৃহ অগ্নি দিয়া পুৰিলেক।
দৈত্যৰ পুৰক লণ্ডভণ্ড কৰিলেক।।৫৫২৷৷
ইন্দ্ৰে গৈয়া মোহোৰ মাতৃক ধৰিলন্ত।
ৰাজাৰ মহিষী মহাভয়তে কান্দন্ত।।
ধৰিয়া আনন্তে পন্থে ইন্দ্র মহাশয়।
যেহেন কুৰিয়া আতি শোকতে কান্দয়।।৫৫৩।।
সেহিমতে শোক আতি মাতৃ কৰিলন্ত।
আকস্মিতে আসি দেৱঋষি দেখিলন্ত।।
পন্থত লৈ যান্ত ইন্দ্রে সতী কান্দি যায়।
ইন্দ্ৰক বুলিলা বাক্য দেৱঋষি চাই।।৫৫৪।।
হে সুৰপতি শুনা মোহোৰ বচন।
অপৰাধী নোহে এহে মহা শুদ্ধমন।।
আঙ্ক তুমি এৰা এৰা আতি শীঘ্ৰ কৰি।
মহাভাগৱত এহে গর্ভে আছে ধৰি।।৫৫৫।।
এহি শুনি ইন্দ্রে পাচে বুলিলা বচন।
মোৰ অভিপ্রায় ঋষি কৰিয়োক মন।।
তাহাৰ গৰ্ভত যিটো ছৱাল আছয়।
মহাবলৱন্ত আতি হৈবেক দুর্জ্জয়।।৫৫৬।।
ইটো উপজিয়া দেৱ নির্মূল কৰিবে।
এতেকে লাগয় আক নিশ্চয় মাৰিবে।।
আহান গৰ্ভৰ পৰা নোপজে যাৱত।
ভালমতে আঙ্ক মঞি ৰাখিবো তাৱত।।৫৫৭।।
যেতিক্ষণ ছৱাল আসিয়া উপজয়।
তেখনে মাৰিবো আক বুলিলো নিশ্চয়।।
বালকক মাৰি আঙ্ক গৃহক পঠাইবো।
তোহ্মাৰ আগত ঋষি নিশ্চয় কহিবো।।৫৫৮।।
ইন্দ্ৰৰ বচন শুনি নাৰদে বুলিলা।
তাঙ্ক চাই ঋষি অল্প হাস্যক কৰিলা।।
পৰম নিস্পাপ এহে মহাভাগৱত।
অনন্তৰ অনুচৰ মহাবলৱন্ত।।৫৫৯৷৷
তোহ্মাৰ মাৰিৱে আঙ্ক নাহিকে শকতি।
মোহোৰ বচন শুনিয়োক সুৰপতি।।
সমস্তে জগতে মাৰিবাক যদি চাৱে।
তথাপিতো নযায় মাৰ হৰিৰ প্ৰভাৱে।।৫৬০৷৷
নাৰদৰ বাণী শুনি ইন্দ্র মহাশয়।
মোহোৰ মাতৃক এড়িলন্ত হুয়া ভয়।।
অনন্তৰ প্রিয়ভক্ত আছে গর্ভে আন।
এহি শুনি পুৰন্দৰে কৰিলন্ত মান।।৫৬১।।
নমস্কাৰ কৰিলন্ত মাতৃৰ চৰণে।
স্বৰ্গক গৈলন্ত লৰি হুয়া ৰঙ্গমনে।।
তাত পাচে মোহোৰ মাতৃক দেৱঋষি।
আপুনাৰ আশ্ৰমক নিলন্ত হৰিষি।।৫৬২।।
আশ্বাসিয়া আশীৰ্ব্বাদ বাক্য বুলিলন্ত।
তোহ্মাৰ কুশল হৈবে তুমি মহাসন্ত।।
তোহ্মাৰ স্বামীয়ে যাৱে তপস্যাৰ পৰা।
নাসয় গৃহক সতী দুখ পৰিহৰা।।৫৬৩৷৷
তাৱে মোৰ আশ্ৰমত হৰিষে থাকিয়ো।
মোহোৰ বাক্যক সতী মনক কৰিয়ো।।
ঋষিৰ বচন শুনি ভয়ক এড়িলা।
আনন্দে থাকিয়া মাৱে ঋষিক সেৱিলা।।৫৬৪।।
যাৱে মোৰ পিতৃ ঘোৰ তপস্যা কৰিল।
নাৰদক তাৱে মোৰ মাতৃয়ে সেৱিল।।
মহা নম্র হুয়া সতী ঋষিক সেৱয়।
ময়ো গর্ভে আছো আক সততে চিন্তয়।।৫৬৫।।
স্বামী আসিলেসে মোৰ পুত্ৰ উপজয়।
তেৱেসে জানোহো আৰ কুশল হোৱয়।।
এহিমতে চিন্তি গর্ভ ইচ্ছায়ে ৰাখিল।
নাৰদৰ প্রসাদে প্রসৱ নকৰিল।।৫৬৬।।
মহাকাৰুণিক ঋষি পৰম মহন্ত।
মাতৃৰ গুচায়া শোক অভয় দিলন্ত।।
সমর্থ মহন্ত মহা পৰম ভকত।
ধৰ্ম্মতত্ত্ব জ্ঞান ভক্তি কৰিলা বেকত।।৫৬৭।।
মোহোক উদ্দেশ্য কৰি ঋষিয়ে কহিলা।
সিটো মহাজ্ঞান ভক্তি মাতৃয়ো লভিলা।।
বিস্তৰ দিৱস এহিমতে বহি গৈল।
স্বামীক লভিয়া সতী সৱে দূৰ গৈল।।৫৬৮৷৷
নাৰদৰ অনুগ্রহে শুনা শিশুচয়।
মঞি নপাসৰিলোহো মনত পৰয়।।
যেৱে মোৰ বাক্য তোহ্মাসাৰ শ্ৰদ্ধা হয়।
বিষ্ণু বিষয়ত মতি হুইবেক নিশ্চয়।।৫৬৯৷৷
অহম্মম ভাৱ অহঙ্কাৰ হুইবে দূৰ।।
কৃষ্ণৰ কৰুণা হুইবে সৱাতে প্রচুৰ।।
বুলিবাহা কেন বুদ্ধি হুইবে ঈশ্বৰত।
কহো মঞি শুনি আছো যেন নাৰদত।।৫৭০৷৷
দেহৰ আত্মাৰ যেন আছে বিলক্ষণ।
শুনিয়ো বালকসৱ হুয়া একমন।।
জন্ম আদি কৰি ছয় বিকাৰ আছয়।
ইহাকে বুলিয় দেহ জানিবা নিশ্চয়।।৫৭১৷৷
আত্মাৰ নাহিকে ইটো যতেক বিকাৰ।
শুনিয়োক কহো আৱে দৃষ্টান্ত ইহাৰ৷৷
বৃক্ষৰ দেখিয়ো বহুতৰ ফলচয়।
পৰিপক্ক ভৈলে কালে আপনি সৰয়।।৫৭২৷৷
ফলৰ লগত জানা বৃক্ষ নসৰয়।
সেহিমতে আত্মা নষ্ট নুহিকে নিশ্চয়।।
দেহত কৰিয়া আত্মা ভিন্নক দেখিয়া।
ঈশ্বৰক ভজা অহঙ্কাৰক তেজিয়া।।৫৭৩৷৷
অবিনাশী নিত্য আত্মা বুলিয় অব্যয়।
এতেকে অক্ষয় যেন আকৰৰ নয়।।
নিত্য শুদ্ধ বোলয় নিৰঞ্জন যাক।
এতেকেসে এক অদ্বিতীয় বুলি তাক।।৫৭৪৷৷
ক্ষেত্রজ্ঞ লোকৰ অবিৱেকী নজানয়।
আশ্রয় বোলয় তান্তে সমস্তে আছয়।।
অবিকাৰ বুলি একে কৰ্ম্ম নাহিকয়।
আত্মদর্শী বুলি সিটো জ্যোতি প্রকাশয়।।৫৭৫।।
জগতকে স্ৰজা হেতু বোলে এতেকেসে।
কাৰণ বোলয় সত্যজ্ঞান মূৰ্ত্তিকেসে।।
অনঙ্গ বোলয় যাতো সঙ্গে নাহিকয়।
অনাবৃত বুলি পূর্ণ জানিবা নিশ্চয়।।৫৭৬।।
এহি বাঢ় পদে কহে আত্মাৰ লক্ষণ।
দেহাদিত গৰ্ব্ব এৰি কৰে বিচৰণ।।
তেৱেসে সংসাৰ গুচে শুদ্ধ হোৱে মন।
হৃদয়ত ঈশ্বৰক পাৱে দৰশন।।৫৭৭৷৷
হেন জানি যিটো নৰ বুদ্ধিমন্ত হয়।
প্রথমতে ভকতিক কৰিবে নিশ্চয়।।
তেৱেসে সংসাৰ দুখ তড়ে অপ্রয়াসে।
মহাসুখে চলে সিটো ঈশ্বৰৰ পাশে।।৫৭৮।
এহি জানি গৰ্ব্ব ভাৱ এৰিয়ো যতনে।
কৃষ্ণৰ ভকতি মাত্র কৰোক সঘনে।।
মিছা দেহে গেহে কৰে অহম্মম ভাৱ।
এতেকেসে তাৰ ভাল নুহিকে স্বভাৱ।।৫৭৯।।
বুলিবাহা গৰ্ব্ব ভাৱ কিসক এড়িবে।
বিৰকত হুয়া জ্ঞান ব্ৰহ্মক লভিবে।।
ইহাৰ উত্তৰ শুনা দৈত্যশিশুচয়।
দৃষ্টান্ত সহিতে কহো ইহাৰ নির্ণয়।।৫৮০।
কোনো প্রদেশত সুৱৰ্ণৰ কণাচয়।
বালাত পৰিয়া সিটো প্রকাশ কৰয়।।
বণিয়াসকলে তাক সহজে চিনয়।
উপায় কৰিয়া আনি একত্র কৰয়।।৫৮১।।
তাত যেন তাৰসৱে সুৱৰ্ণ লভয়।
অহঙ্কাৰ এৰি যিটো নৰ মহাশয়।।
মনক নিয়মি আত্মযোগে নিষ্ট হুয়া।
সেহিমতে আত্মাক লভয় সিটো গৈয়া।।৫৮২।।
মহা অহঙ্কাৰ মূল প্রকৃতি আছয়।
ৰূপ ৰস গন্ধ শব্দ পৰশ নিশ্চয়।।
এহি আঠ প্রকৃতিসে সৱাৰো কাৰণ।
প্রকৃতিৰ তিনি গুণ শুনা কৰি মন।।৫৮৩।।
সত্ত্ব ৰজ তম প্ৰকৃতিৰ গুণচয়।
প্রকৃতিৰ গুণ বিনে ভিন্ন নোহিকয়।।
কপিল প্রমুখ্যে মুনি কহয় ইহাক।
ষোড়শ বিকাৰ কহো শুনা আৱে তাক।।৫৮৪৷৷
এঘাৰ ইন্দ্রিয় মহা পঞ্চভূতচয়।
এসম্বাৰ সাক্ষী জীৱ জানিবা নিশ্চয়।।
মহদাদি সাত কাৰ্য্য কাৰণ হোৱয়।
প্রকৃতি বিকৃতি বুলি তাহাকে কহয়।।৫৮৫।।
ইন্দ্রিয়সকল কাৰ্য্য কাৰণ হোৱয়।
বিকাৰ বুলিয়া আক শাস্ত্ৰত কহয়।
স্থাৱৰ জঙ্গম যত প্রপঞ্চ আছয়।
সমস্তে জগত আত্মা ব্যাপিছে নিশ্চয়।।৫৮৬।।
এতেকতে আত্মাক বিচাৰে যিটোজন।
তেৱেসে তাহাৰ পাছে শুদ্ধ হোৱে মন।।
আত্মা নিৰসন দ্বাৰে কৰে বিচৰণ।
জগততে ব্যাপি আছা শুদ্ধ সনাতন।।৫৮৭।।
স্বপ্ন আদি কৰি আছে যত বৃত্তিচয়।
বুদ্ধিৰেসে ইটো সাৰ জানিবা নিশ্চয়।।
ইটো বৃত্তিসৱে ঈশ্বৰক নপৰশে।
সমস্তৰে আত্মা হৰি জানিবা অৱশ্যে।।৫৮৮।।
আনো নানাবিধ আত্মাবোধ সৱে কৈয়া।
হিৰণ্যতনয় মহা আনন্দিত হুয়া।।
সংক্ষেপ পদত তাক নকহিলো আৰ।
দৈত্যপুত্ৰসৱকো উপায় দিলা সাৰ।।৫৮৯৷৷
জ্ঞান উপদেশ দিলা সৱাকো নিশ্চয়।
জ্ঞানৰ সাধন কৈলা হিৰণ্যতনয়।।
নাৰদে কহিছা ভকতিক যেনমত।
পুনু কহিলন্ত দৈত্যশিশুৰ আগত।।৫৯০৷৷
ভগৱন্তে নাৰদত কহিয়া আছন্ত।
তাত পৰে উপায় নাহিকে মহাসন্ত।।
যেনমতে ঈশ্বৰত সুখে ৰতি হয়।
মোহোৰ বচন শুনা দৈত্যশিশুচয়।।৫৯১।।
গুৰুক শুশ্রূষা কৰিবেক অৱনতে।
ভকতৰ সঙ্গ নিতে লৈবে একচিত্তে।।
নিত্য নৈমিত্তিক যত কৰ্ম্মক কৰয়।
ভগৱন্ত বিষয়ত সমস্তে অৰ্পয়।।৫৯২।।
আত পৰে উপায় নাহিকে জানা আৰ।
ধৰ্ম্মৰো এহিসে ফল জানা সাৰে সাৰ।।
ঈশ্বৰৰ গুণকৰ্ম্ম অসংখ্য আছয়।
শ্রদ্ধায়ে তাহাক যিটো কীৰ্ত্তন কৰয়।।৫৯৩৷৷
গোৱিন্দৰ পাদপদ্ম যিটো ধ্যান কৰে।
অনায়াসে সংসাৰক সিটোজনে তৰে।।
শ্ৰৱণ স্মৰণ বন্দনাদি ভক্তিচয়।
সিটো মহাজনে জানা সততে কৰয়।।৫৯৪।।
এহিসে জানিবা তাত ভকতি আছয়।
সকল প্রাণীত যেৱে হৰিক দেখয়।।
ধৰ্ম্ম অর্থ কাম মোক্ষ যত ভোগচয়।
তাকো যিটোজনে মনে ভাল নমানয়।।৫৯৫।।
এহিমতে কাম ক্রোধ লোভ মোহচয়।
আনো নানা দ্বেষ ভাৱ যতেক আছয়।।
সংসাৰত নানা যত বিকৰ্ম্ম আছয়।
গৰ্ব্ব মদ অহঙ্কাৰ মনে নোপজয়।।৫৯৬।।
ভগৱন্ত বিষয়ত ভকতি কৰয়।
সেহি ভকতিয়ে ঈশ্বৰত ৰতি হয়।।
ভকতিৰ চিহ্নচয় বেকত হোৱয়।
ঈশ্বৰৰ কৰ্ম্ম যত মনত স্মৰয়।।৫৯৭৷৷
লীলায়ে কৰিলা যত অৱতাৰচয়।
অতুল্য বিক্ৰম কৃষ্ণদেৱ কৃপাময়।।
ভকতবৎসল তান গুণ কৰ্ম্মচয়।
পৰম হৰিসে লোমচয় শিহৰয়।।৫৯৮৷৷
এতকালে বঞ্চিছিলা কৃষ্ণ কৃপাময়।
এহি গুণি মহাপ্রেমে ক্রন্দন কৰয়।।
গদ গদ বাক্য আতি প্ৰেমৰ ভকত।
ধাৰাসাৰে বহে নীৰ দুয়ো নয়নত।।৫৯৯।।
শৰীৰকো পাসৰয় নাহিকে চেতন।
ঈশ্বৰৰ মূৰ্ত্তিক দিলেক নিয়া মন।।
হৃদয়ত লাগ পায়া আনন্দ কৰয়।
প্রফুল্ল লোচন হুয়া হৰিষে থাকয়।।৬০০৷৷
কণ্ঠক মেলিয়া কতো হৰিক ডাকয়।
কৈত আছা দিয়া দেখা মোক কৃপাময়।।
সংসাৰ কূপত পৰি হৰাইলো চেতন।
তুমি বিনে নাথ আৰ নাহি নিস্তাৰণ।।৬০১৷৷
হে কৃষ্ণ তযু পাৱে লৈলোহো শৰণ।
নেৰোহো বান্ধৱ আৰ তোহ্মাৰ চৰণ।।
তোহ্মাৰ ৰাতুল দুই পদ পঙ্কজত।
মোৰ মনে প্রভু আৰ নেৰোক সতত।।৬০২।।
এহি বুলি ভক্তি কৰি লাজ এৰি গাৱে।
শুনা আৰো যেন কৰে মহা প্রেমভাৱে।।
মায়াক জিনিলো বুলি হৰিষ কৰিয়া।
নাচিবে লাগিলা কতো ভঙ্গিমা ধৰিয়া।।৬০৩।।
আলাসতে থাকে যেন চেতন নথাকে।
গোৱিন্দৰ নাম লই উচ্চ কৰি ডাকে।।
তাৰ ভাৱ দেখিয়া কৃষ্ণৰ লাগে দায়া।
আন থানে নয় তান হৃদয় এড়িয়া।।৬০৪।।
যেন গ্রহে পায়া আছে কোনো পুৰুষক।
অস্বতন্ত্র ভৈল গৈল গ্রহৰ বশক।।
গ্রহে যেন কৰাৱয় তাহাকে কৰয়।
সেহিমতে চেষ্টায় সততে ধৰয়।।৬০৫৷৷
বাৰম্বাৰে উচ্চ কৰি হৰিক ডাকয়।
হে জগতৰ পতি কৃষ্ণ কৃপাময়।।
হে নাৰায়ণ প্রভু অনন্ত শকতি।
হেন জানি তযু পাৱে ৰহোক ভকতি।।৬০৬।।
ঈশ্বৰত মন দিয়া লাজক এৰিল।
তেৱে জানা সংসাৰৰ বন্ধন গুচিল।।
ঈশ্বৰৰ ভাৱনায়ে মন শুদ্ধ ভৈল।
কাম্য কৰ্ম্ম বিদ্যমান সৱে দগ্ধ কৈল।।৬০৭।।
একান্ত ভকতি হুয়া পাৱে ঈশ্বৰক।
কি কৰিবো মঞি আৰ তাহাৰ ভাগ্যক।।
ভগৱন্ত চৰণক হৃদয়ে ধৰিয়া।
দুর্ঘোৰ সংসাৰ অনায়াসে নিৱৰ্ত্তিয়া।।৬০৮।।
মোক্ষৰ মূৰতি যিটো কৃষ্ণ কৃপাময়।
তাহান স্বৰূপ সিটো সহজে পাৱয়।।
জগতৰে অন্তৰ্য্যামী তাহাঙ্কে জানয়।
হেন জানি ঈশ্বৰক ভজা শিশুচয়।।৬০৯।।
যদি বোলা ভকতিত মহাশ্ৰম আছে।
তাহাৰ উত্তৰ কহো শুনা সৱে পাচে।।
হে অসুৰৰ পুত্ৰসৱ শুনিয়োক।
ঈশ্বৰৰ উপাসনে এৰি দুখলোক।।৬১০।।
যেহেন আকাশ আছে সৰ্ব্বত্রে ব্যাপিয়া।
হৃদয়তে আছাহা দেখিয়ো বিচাৰিয়া।।
সমস্তে দেহীৰ সাক্ষী কৃষ্ণ কৃপাময়।
জীৱৰ নিয়ন্তা হৰি জানিবা নিশ্চয়।।৬১১।।
পশু শৰীৰতো বিষয়ৰ সুখ পায়।
তাহাক লাগিয়া মন এৰিয়ো সদায়।।
ধন পুত্ৰ ভাৰ্য্যা মহী কুঞ্জৰ যতেক।
গৃহ গো মহিষ আনো থাকয় অনেক।।৬১২।।
অনেক ভাণ্ডাৰ যত সম্পত্তি আছয়।
অল্প আয়ু মনুষ্যৰ ক্ষণে ক্ষণে যায়।।
অর্থ কৰ্ম্ম মানে সৱে এৰয় নিশ্চয়।
পুত্ৰ ভাৰ্য্যা কিবা প্রীতি সাধিবে সদায়।।৬১৩।।
আনো শাস্ত্রে ইটো বাক্য সততে কহয়।
ধনক এৰয় নুহি পুৰুষে নিশ্চয়।।
পুৰুষক ধনে নুহি অৱশ্যে এৰিবে।
কহিলোহো নিষ্টে ইটো এৰা এৰি হুইবে।।৬১৪।।
হেন জানি ধনক লাগিয়া তৃষ্ণা এড়ি।
ৰাম কৃষ্ণ নাম মাত্র গাৱা সৱে বেঢ়ি।।
বুলিবে স্বর্গাদি পদ আছয় নিশ্চয়।
কেৱলে সদায় সুখ আনন্দে থাকয়।।৬১৫।।
তাহাৰ সিদ্ধান্ত লৈয়ো দৈত্যশিশুচয়।
মনেয়ো বাঞ্ছিবে যোগ্য সিটো নুহিকয়।।
কৰ্ম্মকৃত্য যতমানে আছে ভোগচয়।
এতেকেসে শ্রেষ্ঠ সিটো আপুনি হোৱয়।।৬১৬।।
স্বৰ্গৰ শুনিয়ো কথা দৈত্যশিশুগণ।
অশ্রদ্ধা অসূয়া তাতে মিলয় সঘন।।
সম্প্রতি মোহোত কৰি অধিকে আছয়।
এহি বুলি অন্যোঅন্যে অসূয়া কৰয়।।৬১৭।।
পুণ্য কৰি পায়া আছে যত ভোগচয়।
এতেকে বিনাশি সৱে জানিবা নিশ্চয়।।
নাৰকীৰ শুনা তাত যত দুখচয়।
কেতিক্ষণে পৰো পৰো নুগুচয় ভয়।।৬১৮।।
ইহলোক পৰলোক যতেক সম্পত্তি।
বিচাৰত সৱে মিছা জানিবা বিপত্তি।।
হেন জানি ইহাৰ আশাক তেজিয়োক।
ঈশ্বৰৰ পাদপদ্ম সদা ভজিয়োক।।৬১৯।।
দৃষ্ট শ্ৰুত দুখ নানা দেখি ঈশ্বৰত।
নৱবিধ ভকতিয়ে ভজিয়ো সতত।।।
আত্মসুখ পাইবা সৱে গুচিবে সংসাৰ।
আতপৰে উপায় নেদেখো মঞি আৰ।।৬২০৷৷
কৃষ্ণ পাদপদ্মৰ পৰশ সেৱা ৰতি।
যাৰ মনে শ্রদ্ধা সদা হোৱয় সম্প্রতি।।
ঈশ্বৰৰ অর্থে যত কৰ্ম্ম আচৰয়।
নুহিকয় ব্যর্থ তাৰ ফলক ধৰয়।।৬২১।।
যিটোজনে কৃষ্ণপদে ভকতি নকৰে।
ৰাত্রি দিনে কৰ্ম্মক আচৰি সিটো নৰে।।
সুখক আশায়ে কৰ্ম্ম কৰে দুৰাশয়।
তথাপিতো তাৰ দুখ সততে মিলয়।।৬২২৷৷
ভোগক আশায়ে কৰে নানা কর্ম্মচয়।
ৰাত্রি দিনে পুৰুষাৰ্থ সততে কৰয়।।
সিটো ভোগচয় শুকৰাদি শৰীৰত।
নিজকৰ্ম্মে আনি তাক মিলাৱে সতত।।৬২৩৷৷
হেন ভোগে আশা কৰে নৰ দুৰাশয়।
নজানয় আপোনাৰ দেহ পাত হয়।।
ঈশ্বৰক যিটো ভজিলেক হন্তে যেৱে।
পৰম গতিক সিটো পাইলে অন্তে তেৱে।।৬২৪।।
এতেকেসে অধোগতি গৈল দুৰাশয়।
মৰিলেও সিটো ঘোৰ নৰক ভুঞ্জয়।
পুত্ৰ ভাৰ্য্যা গৃহ ধন আনো আছে যত।
আতেসে নিশ্চয় মতি কৰয় সতত।।৬২৫।।
ৰাজ্য কোষ গজ আনো অমাত্য যতেক।
মোৰ মোৰ বুলি সিটো সদা আছিলেক।।
কিবা কাৰ্য্য সাধিবেক নেদেখো বিচাৰি।
পুত্ৰ ভাৰ্য্যা স্নেহে তাকে খাই লাৰি চাৰি।।৬২৬৷৷
মৰিলেও সুখ নাই অধোগতি যায়।
ঘোৰাঘোৰ নৰকক ভুঞ্জয় সদায়।।
এহিমতে তুচ্ছ দেহ পৰম নশ্বৰ।
আতে আশা কৰি কৰ্ম্ম আচৰে বৰ্ব্বৰ।।৬২৭।।
অনর্থত অর্থবুদ্ধি কৰে দুৰাশয়।
নিত্যানন্দ প্রভু কৃষ্ণ তাহাঙ্ক ঢাকয়।।
হেন জানি মোৰ বাণী শুনা দৈত্যচয়।
কৰ্ম্ম কৰি কেৱলেসে দুখক পাৱয়।।৬২৮।।
কৰ্ম্মক আৰাধে যিটো হুয়া বদ্ধমন।
ফল নুহিকয় হোৱে আপুনি বন্ধন।।
কৰ্ম্মদ্ধাৰে উপজয় মৰয় সংসাৰে।
আপুনিয়ো বদ্ধ হুই নিজ অহঙ্কাৰে।।৬২৯।।
কেৱলেসে জন্ম মৰণৰ হেতু হোৱে।
কৃষ্ণ চৰণক মতি তাহাৰ নোচোৱে।।
হেন জানি দৈত্যশিশু শুনিয়ো বচন।
কৃষ্ণ পাদপদ্মে সৱে লৈয়োক শৰণ।।৬৩০।।
ধৰ্ম্ম অর্থ কাম মোক্ষ অধীন যাহাৰ।
তান পাদপদ্মে সৱে কৰিয়োক সাৰ।।
নিষ্কামে ভকতি কৰা তান দুই পারে।
সংসাৰে তড়িবা তেৱে আপুনি স্বভাৱে।।৬৩১।।
সকলে ভূতৰে আত্মা প্রভু নাৰায়ণ।
সমস্তৰে সুহৃদ যে কৃষ্ণ ভগৱান।।
সমস্ত ভূতৰে প্রিয় নাৰায়ণ হৰি।
অন্তর্যামী ৰূপে আছা জগতকে ধৰি।।৬৩২।।
দেৱতা অসুৰ যক্ষ দানৱ যতেক।
সিদ্ধ বিদ্যাধৰ আনো গন্ধৰ্ব্ব অনেক।।
যেহি সেহি মুকুন্দৰ ভজোক চৰণে।
এতেকতে মহাসুখী হৈবন্ত আপুনে।।৬৩৩৷৷
মঞি যেন মহাসুখী ভৈলোহো মনত।
আত্মজ্ঞানে ঈশ্বৰক দেখিয়ো সতত।।
এতেকে আচাৰ জাতি নাহিকে তাহাত।
ঈশ্বৰকে মাত্র সদা ভজোক সাক্ষাত।।৬৩৪৷৷
দেৱ দ্বিজ ঋষি তাৰ নলাগে হৈবাক।
নলাগে বহুত শাস্ত্র তাকে জানিবাক।।
সদাচাৰ আদি আনো যতেক আছয়।
এতেকতে মুকুন্দৰ প্রীতি নাহিকয়।।৬৩৫।।
দান তপ দেৱ পূজা শৌচ ব্রতচয়।
অহিংসা নিয়ম সৱ দ্বাদশ আছয়।।
দ্বাদশ যজ্ঞক যদি সততে কৰয়।
নুহিকন্ত তাত তুষ্ট জানা কৃপাময়।।৬৩৬।।
শুনিয়ো যাহাত তুষ্ট দৈত্যশিশুচয়।
নিষ্কাম ভকতি যিটো সততে কৰয়।।
তেৱে তুষ্ট হোন্ত ভগৱন্ত দয়াময়।।
অনায়াসে তেৱে ঘোৰ সংসাৰ তড়য়।।৬৩৭।।
আন দান ব্রত মানে বিড়ম্বনা মাত্র।
নুহিকয় সিটো নৰ মুকুতিৰ পাত্র।।
কেৱলে সংসাৰে মাত্ৰ ফুৰিবে সদায়।
নিষ্টে কহো সিটো নৰ নৰকক যায়।।৬৩৮।।
হেন জানি দৈত্যসৱ মোহোৰ বচন।
ভকতিক লাগি সৱে কৰিয়ো যতন।।
আত্মজ্ঞানে ঈশ্বৰক দেখিয়ো সততে।
সমস্তে ভূতৰে আত্মা আছা জগততে।।৬৩৯।।
এহি ভাৱনায়ে ঈশ্বৰত ভক্তি কৰা।
ঘোৰ সংসাৰক সৱে আতি শীঘ্ৰে তৰা।।
বুলিবাহা যক্ষে ৰক্ষে ঈশ্বৰক পাইবে।
ইহাৰ তত্ত্বক শুনা দৈত্যাশিশুসৱে।।৬৪০৷৷
যক্ষ ৰক্ষ দৈত্য স্ত্রী শূদ্র আদি যত।
পক্ষী মৃগ পাপ জীৱ আছিলা ব্রজত৷৷
অচ্যুতক পাইলা গৈয়া ইসৱ সকলে।
কেৱলে লভিল সৱে সৎসঙ্গৰ বলে।।৬৪১।।
এহিমানে শ্রেষ্ঠ লাভ জানা পুৰুষৰ।
আতপৰে মহাধৰ্ম্ম নাহি সংসাৰৰ।।
যাৰ সম লাভ আৰ নাহিকে লোকত।
একান্ত ভকতি যেৱে ভৈলা গোৱিন্দত।।৬৪২।।
গোবিন্দ দৃষ্টিয়ে জগতকে মান্য কৰে।
এহি ধৰ্ম্মে অনায়াসে সংসাৰক তৰে।।
সপ্তম স্কন্ধৰ কথা সাত অধ্যায়ৰ।
যুধিষ্ঠিৰ নাৰদ সংবাদ মনোহৰ।।৬৪৩৷৷
প্রহ্লাদৰ উপদেশ এহিমানে গৈল।
শুনিয়োক পাচে আৰো যেন কথা ভৈল।।
শুনা সামাজিক জন ঈশ্বৰৰ কথা।
মহন্তৰ মুখে শুনা ভাগৱত যথা।।৬৪৪।।
কৰি ভুজঙ্গৰ হাত তেৱেসে এৰাইবা।
বৈকুণ্ঠপুৰীক তেৱে মহাসুখে পাইবা।।
কৃষ্ণনাম বিনা নাহি সংসাৰ তৰণ।
হেন জানি কৃষ্ণপাৱে পশিলো শৰণ।।৬৪৫৷৷
হে কৃষ্ণ প্রাণ প্রভু মঞি দুৰাশয়।
কিঞ্চিতেক কৃপা মোক কৰা কৃপাময়।।
তযু নাম মোৰ মুখে সততে আসয়।
জানো তেৱে মোক দায়া আছে দয়াময়।।৬৪৬।।
নমো নমো কৃষ্ণ প্রাণ বান্ধৱ মুৰাৰি।
দুষ্ট ক্ষয়ঙ্কাৰী জগদ্ধৰ ত্ৰিপুৰাৰি।।
পীতাম্বৰধাৰী অঘ বক কেশীমাৰী।
আপোনা স্বৰূপকাৰী দেৱ উপকাৰী।।৬৪৭।।
হেন কৃষ্ণপদে লৈলো শৰণ নিশ্চয়।
কিঞ্চিতেক কৃপা মোক কৰা কৃপাময়।।
নিত্য নিৰঞ্জন শুদ্ধ জগত ৰঞ্জন।
হেন কৃষ্ণ চৰণত মোহোৰ শৰণ।।৬৪৮।।
সেহি কৃষ্ণ ৰূপ হৃদি মুখে তান নাম।
তেৱেসে নিস্তাৰ সৱে বোলা ৰাম ৰাম।।
........
।।প্রহ্লাদৰ প্ৰতি হিৰণ্যকশিপুৰ ক্রোধ৷৷
৷।দুলড়ী।।
ঋষি নিগদতি ধৰ্ম্ম নৰপতি
শুনা পাচে যেন ভৈল।
দৈত্যশিশুগণে তাহান বচনে
সৱেয়ো বিশ্বাস গৈল।।৬৪৯৷৷
প্রহ্লাদ মহন্তে উপদেশ দিল
বাৰম্বাৰে তাসম্বাক।
যিমতে শিকাইলা সৱেয়ো ধৰিলা
নেড়য় কেহো তাহাক।।
দৈত্যশিশুচয় সৱেয়ো বোলয়
গুৰু নজানয় আক।
দায়া কৰিলন্ত প্রহ্লাদ মহন্ত
সৱেয়ো এৰিলা তাক।।৬৫০।।
ধৰ্ম্ম অর্থ কয় যিটো শাস্ত্ৰচয়
তাত কাম নাহিকয়।
তাকেসে সদায় গুৰু শিখাৱয়
জানিলো সৱে নিশ্চয়।।
প্রহ্লাদে দেখিল সৱেয়ো ধৰিল
হৰি ভকতিৰ পথ।
আনন্দ ভৈলন্ত দৈত্যশিশুসন্ত
পূৰিলেক মনোৰথ।।৬৫১।।
শুক্রৰ তনয় পাচত দেখয়
সৱাৰো বুদ্ধি ভেদিল।
আমি শিখাও যত আনো শাস্ত্রমত
সৱেয়ো তাক এড়িল।।
বিষ্ণু ভকতিৰ উপদেশ দিল
প্রহ্লাদে দৈত্যসৱক।
হেন দেখি দুয়ো গুৰুৰ তনয়
পাইলন্ত মহা ভয়ক।।৬৫২।।
মহা বেগ কৰি প্রহ্লাদক ধৰি
ষণ্ডামকে লড় দিল।
যেনমতে সৱে দৈত্যশিশুচয়
প্রহ্লাদে মতি ভেদিল।।
ৰাজাৰ আগত হুয়া অৱনত
সকলো কথা কহিল।
শুনা দৈত্যপতি তুমি মহামতি
যেহেন কথা মিলিল।।৬৫৩।।
এতিক্ষণে মাত্র। প্রহ্লাদ আছিল
হৰি ভকতিক ধৰি।
দৈত্যৰ তনয় যতেক আছয়
সৱেয়ো বোলয় হৰি।।
আদেশ কৰিলো তোহ্মাৰ আগত
যেন লাগে কৰিয়োক।
এহি বাক্য শুনি হিৰণ্যকশিপু
ক্ৰোধ কৰিলেক পোক।।৬৫৪।।
ক্রোধত দৈত্যৰ কাস্পে কলেৱৰ
পুত্ৰক বধিবে মনে।
তিৰস্কাৰ কৰি নিষ্ঠুৰ বচনে
গালিক পাৰে দুৰ্জ্জনে।।
গালি পাৰিবাক যোগ্য নুহিকয়
প্রহ্লাদে সন্ত মহন্ত।
চক্ষু টেৰ কৰি হিৰণ্যকশিপু
মহাকোপে চাহিলন্ত।।৬৫৫।।
নম্রভাৱে ৰই কৃতাঞ্জলি হুয়া
প্রহ্লাদ ৰহি আছয়।
লাঠি পায়া যেন নিদাৰুণ সর্পে
আতি ক্রোধে ফোকাৰয়।।
....
৷৷ ছবি।।
হে দুর্ব্বিনয় শুন মোৰ বাক্য মনে গুণ
হে মন্দবুদ্ধি মন কৰ।
হে কুলভেদ পাপী আজি অধোগতি যাইবি
শুন ওৰে অধম বৰ্ব্বৰ।।৬৫৬৷৷
তই মোৰ বচনক কিঞ্চিতেকো নকৰস
মোৰ আজ্ঞা ভাঙ্গিলি দুৰ্জ্জন।
আজি তোক খাণ্ডা ধৰি কাটি খণ্ড খণ্ড কৰি
নিবো তোক যমৰ সদন।।
মোহোৰ ক্রোধক দেখি তিনিলোক জপাই আখি
কাম্পে আতি তৰতৰি কৰি।
ইন্দ্ৰ আদি দেৱগণে নিৰন্তৰে সেৱা কৰে
মান্য কৰি মোৰ পদে ধৰি।।৬৫৭।।
নিকটৰ ছাৱালেক ইহাৰ মহত দেখা
মোৰ আজ্ঞা ভাঙ্গয় দুর্জ্জন।
যেন ভীতি নাহিকয় আৰে মূঢ় দুৰাশয়
তোৰ জানো মৰিবাক মন।।
কিনো বল তোৰ আতি কহিয়ো মোহোৰ আগে
আৰে কুল অধম পামৰ।
এহি বাক্য শুনি পাচে আছন্ত পিতৃৰ কাছে
মাতিলন্ত প্রহ্লাদ কুমাৰ।।৬৫৮।।
কেৱল মোহোৰ বল নুহি শুনা দৈত্যেশ্বৰ
তযু পৰাক্ৰম আছে যত।
আনো সৱ বীৰচয় ব্রহ্মাণ্ডত আছে যত
ঈশ্বৰেসে বল বিচাৰত।।
........
।।দুলড়ী।।
কাৰ্য্য যে কাৰণ দেখা বিদ্যমান
স্থাৱৰ জঙ্গম যত।
ব্রহ্মা আদি কৰি দেৱতা প্ৰমুখ্যে
যাৰ বশ হুয়াছন্ত।।৬৫৯।।
সেহিসে ঈশ্বৰ কাল মূত্তিধৰ
পৰাক্ৰম বহুতৰ।
সমস্তে জীৱৰ বল ইন্দ্রি প্রাণ
হুয়া আছা মহেশ্বৰ।।
সেহিসে ঈশ্বৰ জানা নিৰন্তৰ
সত্ত্ব ৰজ তমো গুণে।
স্ৰজন্ত পালন্ত পুনু সংহাৰন্ত
জানিবা হৰি আপুনে।।৬৬০।।
তিনিয়ো গুণৰ নিয়ন্তা ঈশ্বৰ
তাঙ্ক দোষে নপাৱয়।
হেন জানি পিতৃ অসুৰ স্বভাৱ
এৰা তুমি মহাশয়।।
এহি জানি মনে ইন্দ্রিয়ক দমা
চিত্ত শান্ত হুইবে তেৱে।
নানা দর্পচয় সততে হোৱয়
মনক নিচিনা যেৱে।।৬৬১।।
মনৰ দমন হৰি আৰাধন
শুনা পিতৃ মহাশয়।
আত্মা পৰ ভেদ আনো অকাৰ্য্যক
মনেসে কৰি আছয়।।
বুলিবাহা দিগ বিজয় সৱাকো
জিনিয়া মঞি আছোহো।
সাম্প্ৰতত কিছু শত্রু নাহিকয়
শুনা তাৰ কথা কহো।।৬৬২।।
বেদমার্গ এৰি ইন্দ্রিয় নিজিনি
কতো মন্দ নৰে বোলে।
আগতে সৰ্ব্বস্ব সকলে লোড়য়
তাহাকো চক্ষু নাকলে।।
শৰীৰৰ ছয় শত্রুক নিজিন
তুমি হেন নৰচয়।
দশোদিশ মঞি জিনিলোহো বুলি
মন্দসৱে গৰ্ব্বে কয়।।৬৬৩।।
তুমি হেন মন্দ সৱৰ বচন
শুনন্তে হাসি উঠয়।
শাৰঙ্গ লক্ষণে বানৰক যেন
লোভে তাক ফুৰাৱয়।।
যিটো মহাজন সাধুৰ লক্ষণ
পৰম পণ্ডিত হয়।
অজ্ঞান কৰিয়া আছে সংসাৰক
ইহাক মিছা দেখয়।।৬৬৪।।
এতেকেসে জানা এক চক্ষু আদি
তাৰ শত্ৰু নুহিকয়।
আনন্দ কৰিয়া হৰিক ধৰিয়া
সংসাৰ সিটো তড়য়।।
শুনা সভাসদ ভাগৱত পদ
কথা অমৃতৰ ধাৰ।
হৰিকথা বিনে সংসাৰ তড়ন
নাহি জানা সাৰে সাৰ।।৬৬৫।।
কৃষ্ণ ৰাম নাম ধৰ্ম্ম অনুপাম
শুনা মহন্তৰ মুখে।
ৰাম ৰাম বুলি সংসাৰক তড়ি
বৈকুণ্ঠক চলা সুখে।।
.........
।।নৃসিংহৰ হাতত হিৰণ্যকশিপু বিনাশ।।
।।পদ।।
হিৰণ্যকশিপু বোলে প্রহ্লাদক চাই।
বুজিলোহো অৰে মন্দ তোৰ অভিপ্রায়।।৬৬৬।।
মৰিবাক তোৰ মন জানিলো নিশ্চয়।
এতেকেসে মোক কদর্থস দুৰাশয়।।
মৰিবাক লাগি যাৰ নিকট হোৱয়।
নিশ্চয়ে স্বভাৱ এড়ে দোষ নাহিকয়।।৬৬৭৷৷
তোৰো কাল আসি ভৈল জানিলো নিশ্চয়।
হে মন্দবুদ্ধি মোক হাস দুৰাশয়।
তিনিয়ো লোকৰ দেখ মঞিসে ঈশ্বৰ।।
মোক এড়িমান তই ঈশ্বৰ অপৰ।।৬৬৮।।
তোহোৰ শিৰক কাটো মঞি খাণ্ডা ধৰি।
দেখো আজি কেনমতে ৰাখে তোক হৰি।।
এহিমতে বাৰম্বাৰ গালিক পাৰিল।
খাণ্ডা লৈয়া দিতিসুতে ক্ৰোধত জ্বলিল।।৬৬৯৷৷
আসনৰপৰা গৈয়া মাতে ক্ৰোধ কৰি।
কহ অৰে কুপুত্র কৈতনো আছে হৰি।।
প্রহ্লাদে বোলন্ত সৱ ঠাইতে আছে হৰি।
মঞি কেনে নেদেখোহো কহা নিষ্ট কৰি।।৬৭০৷৷
হিৰণ্যে বোলয় শীঘ্ৰ কৰি দেখাউ তই।
প্রহ্লাদে বোলয় স্তম্ভে আছে দেখো মঞি।।
পুত্রক নকাটি উলটিল বীৰবৰ।
স্তম্ভত মাৰিল মুষ্ঠি আতি দৃঢ়তৰ।।৬৭১৷৷
দুইখণ্ড ভৈল স্তম্ভ মুষ্ঠিৰ প্রহাৰে।
অদভুত শব্দগোট শুনি দৈত্যেশ্বৰে।।
অসুৰৰ ঘূথকতি চাহে নিৰেখিয়া।
মহা ভয়ঙ্কৰ আতি গর্জ্জন শুনিয়া।।৬৭২৷৷
টলবল কৰি সৱে ব্রহ্মাণ্ড কাম্পয়।
সৱায়ো মানিল আসি মিলিল প্রলয়।।
ব্ৰহ্মাৰ ঠাইক গৈয়া শবদে চুইলেক।
ব্রহ্মা আদি দেৱে সিটো শব্দ শুনিলেক।।৬৭৩৷৷
মিলিল প্রলয় বুলি শঙ্কাক কৰিল।
সাতো স্বর্গ সপ্ত দ্বীপ পাতালো লড়িল।।
যেন প্রলয়ৰ মেঘে গর্জ্জে বাৰম্বাৰ।
সৱলোকে স্তব্ধ ভৈল শ্রুতি নাহি আৰ।।৬৭৪।।
সত্য কৰিবাক লাগি বাক্য প্রহ্লাদৰ।
ফটিকৰ স্তম্ভে ব্যক্ত ভৈলা গদাধৰ৷৷
অখিল প্ৰাণীৰ আত্মা প্রভু ভগৱন্ত।
নিজভৃত্য বাক্য ৰাখি দেখাক দিলন্ত।।৬৭৫৷৷
পৰম অদ্ভুত ৰূপ কৃষ্ণে ধৰিলন্ত।
সিংহৰো সদৃশ নুহি মনুষ্যো নোহন্ত।।
হিৰণ্যকশিপু দশোদিশক নিৰিখে।
স্তম্ভৰ মধ্যত অদ্ভুত ৰূপ দেখে।।৬৭৬৷৷
বোলয় নুহিকে ইটো মনুষ্য সদৃশ।
পশুৰ আকাৰ নুহি দেখি বিসদৃশ।।
জানিলেক সিংহ মনুষ্যৰ ৰূপ ইটো।
দুয়ো মিশ্র আছে আৰ ৰূপ দেখি যিটো।।৬৭৭।।
আশ্চৰ্য্য দেখিয়া নৰসিংহৰ আকাৰ।
এহিমতে মনে বিচাৰয় বাৰম্বাৰ।।
এতেকে মীমাংসা মনে কৰে দৈত্যেশ্বৰ।
তাহাৰ অগ্ৰক গৈলা প্রভু চক্ৰধৰ।।৬৭৮।
নৃসিংহৰ ৰূপ দেখি মহা চমৎকাৰ।
আতি ভয় ভৈল সবে দানৱ সেনাৰ।।
তপ্ত সুৱৰ্ণৰ প্রায় লোচন আছয়।
প্রচণ্ড অগনি যেন সততে জ্বলয়।।৬৭৯৷৷
এহিমতে লোচন আছয় যিটো ৰূপ।
মহা মনোহৰ দেখি তথাপি স্বৰূপ।।
কান্ধত কেশৰচয় আছে অসংখ্যাত।
বিজুলী সদৃশ মহা দেখিতে প্রখ্যাত।।৬৮০।।
উপৰ উঠিয়া আছে সৱে কেশচয়।
মহা ভয়ঙ্কৰ মুখ দেখি লাগে ভয়।।
অত্যন্ত উচ্ছিত দন্তচয়ক প্রকটি।
মহা উগ্র দন্তসৱ হাসে খটখটি।।৬৮১৷৷
ক্ষুৰৰ সদৃশ জিহ্বা আতি তীক্ষ্ণতৰ।
লহ লহ কৰে আতি মহা ভয়ঙ্কৰ।।
এহিমতে অদভুত যাহাৰ ৰূপত।
ভ্রূকুটি যুগুত মুখ পৰম কোপত।।৬৮২।।
মহা ঘোৰ দেখি আতি আছা ক্ৰোধ কৰি।
উপৰক দুই কর্ণ তুলি আছা হৰি।।
গিৰিৰ গহ্বৰ যেন অদভুত মুখ।
উচ্চ নাসাগোট তাক দেখি জ্বলে দুখ।।৬৮৩।।
হনুযুগ দেখি আতি মহা ভয়ঙ্কৰ।
উচ্চকায় স্বর্গক চোৱয় নিৰন্তৰ।।
অশ্ব গলগোট আছে যিটো শৰীৰত।
বক্ষস্থল দেখি সৱে লাগে ভয়ভীত।।৬৮৪।।
সকলে শৰীৰে যত আছে লোমচয়।
চন্দ্রসম শুক্লবর্ণ জ্বলে আতিশয়।।
অসংখ্যাত বাহুচয় আছয় যাহাৰ।
সেহিমতে ৰূপ আতি দেখি চমৎকাৰ।।৬৮৫।।
নখচয় আছে সৱে ত্রিশূলৰ প্রায়।
তাক দেখি ভয়ে শত্ৰু কাম্পয় সদায়।।
দুৰ্দ্ধর্ষ ৰূপক আতি দেখি ভয়ঙ্কৰ।
অনেক সহস্র হাত আছে ঈশ্বৰৰ।।৬৮৬৷৷
সকলো হাততে চক্ৰ আদি অস্ত্ৰচয়।
বজ্ৰ আদি অস্ত্ৰচয় অনেক আছয়।।
তাক দেখি দৈত্যচয় ভয়তে পলায়।
সভাৰ মধ্যতে দিতিসুতে আছা চাই।।৬৮৭৷৷
আগতে ৰহিলা আসি নৰসিংহ হৰি।
মনুষ্যৰ সিংহৰ আকৃতি আছা ধৰি।।
সভাৰ মধ্যত আসি বসিয়া আছন্ত।
দেৱাসুৰ যক্ষগণ ভয়তে কাম্পন্ত।।৬৮৮৷৷
হিৰণ্যকশিপু পাছে মনে মানিলেক।
মোক মাৰিবাক হৰি মায়া ধৰিলেক।।
মায়া কৰি কি কৰিবে পাৰে ইটো মোক।
যি কৰিবো আজি আক সমস্তে দেখোক।।৬৮৯৷৷
এহি বুলি শীঘ্ৰে গদাগোটক ধৰিয়া।
মহাবেগে গৈলা নৰসিংহক খেদিয়া।।
যেন হস্তীগোট গৈল সিংহক লাগিয়া।
সেহিমতে দৈত্যপতি গৈলেক খেদিয়া।।৬৯০৷৷
মহাগ্নিত জাম্প দিলা পতঙ্গ পৰায়।
হৰিৰ তেজতে লীন গৈল সমুদায়।।
অদৃশ্য ভৈলেক সিটো ঈশ্বৰত গই।
হিণকশিপু ইটো ভিন্ন নেদেখেয়।।৬৯১।।
চিত্র নুহিকয় ইটো মহিমা তাহান।
সত্যমূৰ্ত্তি ভগৱন্ত ভকতৰ প্রাণ।।
সৃষ্টিৰ আদিত যিটো প্রলয়কালত।
চন্দ্র সূৰ্য্য নক্ষত্র নাহিকে জ্যোতি যত।।৬৯২।।
ঘোৰ তমোময় দিশ বিদিশ নাহিকে।
নিজ মহিমায়ে তাক পিলা মহাম্বুকে।।
নৃসিংহৰ তেজ দেখি দৈত্য মহাশয়।
গদা ধৰি ভাৱ ভঙ্গি অনেক কৰয়।।৬৯৩।।
ছিদ্র চায়া ক্রোধে গদাগোট তুলি লই।
নৃসিংহক কোবেক বসাইলা খেদি গই।।
তাহাৰ কোবত ভগৱন্ত গদাধৰ।
লীলা কৰি প্ৰহাৰ এড়াইলা দামোদৰ।।৬৯৪।।
তাহাৰ প্ৰহাৰ তান গাৱে নপৰিল।
গদাসমে প্রভু তাক সাৱটি ধৰিল।।
গৰুড়ে ধৰিলা যেন খেদি সর্পগোট।
সেহি মতে ধৰিলন্ত কৰিয়া আস্ফোট।।৬৯৫৷৷
আৰি মুৰি কৰি তান হাতৰ এৰাইল।
বলক বুজিলো বুলি আনন্দ পাইল।।
যেহেন গৰুড়ে সর্প ধৰে লীলা ধৰি।
এৰি দিয়া পুনু বেগে আনা গৈয়া ধৰি।।৬৯৬৷৷
সেহিমতে প্রভু লীলা কৰিয়া এড়িল।
বলেসে এৰাইলো দৈত্য মনত মানিল।।
গৰ্জ্জিবে লাগিল নৰহৰিক চাহিয়া।
দোহাৰ কৰিবো তোক গদায়ে কোবায়া।।৬৯৭।।
সেন্থৰে নযাস মোৰ এড়ায়া হাত।
ভাল ভৈল আসিলি মোৰ চক্ষুৰ গোচৰ।।
ভাতৃ মাৰিবাৰ ক্ষতি আজিসে সাৰিবো।
গদাৰ প্রহাৰে হাড় খুখুণ্ড কৰিবো।।৬৯৮।।
দেৱতাৰ ভয়ে কাম্পে সকল শৰীৰ।
মৰণ নযায় দুষ্ট হিৰণ্য মহাবীৰ।।
হৰি যোনো কিবা বলে সম নুহিকন্ত।
তাতেসে হাতৰপৰা এড়িয়া দিলন্ত।।৬৯৯।।
হৰি হৰি দুখৰ নভৈল পৰিচ্ছেদ।
এহিমতে দেৱগণে কৰে মহাভেদ।।
থান কাঢ়ি লৈয়া আছে সৱে দেৱতাৰ।
ভঞ্জাই আছে সমস্তকে অনেক নিকাৰ।।৭০০৷৷
মেঘত লুকায়া সৱে চাহিয়া আছয়।
ভাল কাৰ্য্য নভৈল বোলয় দেৱচয়।।
ভয়ে কাম্পে তড়তড়ি হৰিক সুমৰে।
হৃদি তাৰ নসহয় দেখি সমস্তৰে।।৭০১।।
যো নো হৰি আক বলে বধিবে নপাৰা।
তেৱে আমি দেৱসৱ জীৱন্ততে মৰা।।
হৰিৰ হাতৰ এৰাই দিতিৰ তনয়।
মোত কৰি টুটা বলে মানিলা দুর্জ্জয়।।৭০২৷৷
খড়গ চর্ম ধৰি মহাবেগে খেদি গৈলা।
বায়ুতো অধিক কৰি তাৰ বেগ ভৈলা।।
নানা শ্রম দেখাৱয় মাৰুতে লুকাই।
আকাশত শেনগোট দেখি সেহি প্রায়।।৭০৩।।
ছিদ্র নাহিকয় অধে উৰ্দ্ধে ফুৰে পাক।
লক্ষিবাক নপাৰয় যেন ফুৰে চাক।।
এহিমতে কতোক্ষণে ফুৰন্তে আছয়।
কৰিলা আটাস হাস দেৱ কৃপাময়।।৭০৪৷৷
মহা তীব্র শবদেক ভৈলা ভয়ঙ্কৰ।
আতি ভয়ে হৃদি কম্পি গৈল অসুৰৰ।
নৃসিংহৰ তেজ দেখি চক্ষুক মুদিল।
মহাবেগে নৰহৰি দৈত্যক ধৰিল৷৷৭০৫৷৷
যেহেন কার্সাল সৰ্পে ইন্দুৰ ধৰিল।
আৰি মুৰি নাহি দৈত্য নিজম পৰিল।।
ইন্দ্রে যাক লাগি বজ্র অনেক হানিল।
যাৰ লোমগাছে লাড়িবাক নপাৰিল।।৭০৬।।
তাক বলে ধৰিলন্ত প্রভু নৰহৰি।
পানীপোচান্তক লাগি নিলা শীঘ্ৰ কৰি।
স্বভাৱতে নুহিকে বাহিৰ নুহিকয়।
গৃহৰ ভিতৰ নুহি জানিবা নিশ্চয়।।৭০৭৷৷
আকাশত নুহিকে নিজ উৰুত থাপিলা।
অস্ত্র শস্ত্র নুহি তাক নখে বিদাৰিলা।।
পৃথিৱীত জানিবা নিশ্চয়ে নমাৰিল।
ৰাত্রি দিন নুহি সন্ধ্যাবেলাত বধিল।।৭০৮৷৷
মনুষ্য নুহিকে পশুৰূপ নুহিকন্ত।
নৰসিংহ ৰূপ আসি প্রভু ধৰিলন্ত।।
গৰুড়ে যেহেন সর্পগোটক ধৰিয়া।
আতি লীলা কৰি ঠোটে পেলাইলা ছিড়িয়া।।৭০৯।।
সেহিমতে অসুৰক ধৰি নৰহৰি।
পেলাইন্ত নখে তাক বিদাৰণ কৰি৷৷
বিকট প্রকট দান্ত আতি তীক্ষ্ণতৰ।
নাসিকাৰ নিশ্বাস আতি মহা ভয়ঙ্কৰ।।৭১০।।
অত্যন্ত পৰম ক্রোধ দেখি লোকচয়ে।
চক্ষু পকাই চাহন্তে পলায় মহা ভয়।।
চক্ষু মেলি নৰসিংহে চেলেকে কোৱাৰি।
জিহ্বা ক্ষুৰ সম তান বদন বিস্তাৰি।।৭১১।।
ত্রিশূল সমান নখে হৃদয় বিদাৰি।
ভয়ঙ্কৰ ৰূপধাৰী দৈত্য ক্ষয়ঙ্কাৰী৷৷
শোণিতক পান কৰি আন্তক বিচাৰি।
মুণ্ডত বান্ধিয়া নাড়ী আপুনি মুৰাৰি।।৭১২৷৷
যেন সিংহে হস্তী মাৰি নাড়ীক বিচাৰি।
মাথাত বান্ধয় ধৰি আক্ৰান্তক কৰি।।
সেহিমতে নৰহৰি বলে তাক ধৰি।
তেজ পান কৰিলন্ত নৰসিংহ হৰি।।৭১৩৷৷
তথাপিতো ক্রোধ আতি বাড়ন্তেসে যায়।
তাঙ্ক চাহিবাক লাগি কাৰো শক্য নাই।।
নখে তাৰ হৃদয়ক দুইফাল কৰি।
মুখ দিয়া তেজচয় পিলা বলে ধৰি।।৭১৪৷৷
শোণিত লাগিল নাকে মুখে কেশৰত।
শুক্ল কেশৰত তাৰ লাগিল ৰকত।।
ৰক্ত শুক্লে অত্যন্ত প্রকাশে নৰসিংহ।
অদ্ভুত মহিমা আতি দেখিতে বিৰিঙ্গ।।৭১৫৷৷
তাহাঙ্ক এৰিয়া পাচে ক্রোধে নৰহৰি।
দানৱ সেনাক খেদি গৈলা শীঘ্ৰ কৰি।।
কাহাৰো হৃদয় নখে বিদাৰিলা হৰি।
কাহাৰো চৱৰে মুণ্ড ছিণ্ডিলন্ত ধৰি।।৭১৬।।
কাৰো গল খাণ্ডা হানি কাটিয়া পেলাইলা।
কাকো মুষ্ঠি হানি যমকৰণে পঠাইলা।।
কাকো ধৰি সাৱটিয়া আটি মাৰিলন্ত।
লাথি মাৰি কাৰে গৈয়া মুণ্ড ছিণ্ডিলন্ত।।৭১৭।।
কাহাকো কামোৰ দিয়া গল ছিণ্ডিলেক।
নলি ছিন্দি কাৰে হৰি ৰুধিৰ পিলেক।।
হেন দেখি দৈত্যসেনা লৱড়ি পলাইল।
তাক দেখি নৰসিংহে আনন্দক পাইল।।৭১৮৷৷
কণ্ঠত আছয় যিটো শুক্ল লোমচয়।
তাৰ আচৰন্তে মেঘ খণ্ড খণ্ড হয়।।
চন্দ্র সূৰ্য্য আদি আনো যত গ্রহচয়।
হৰিৰ আগত কাৰো কান্তি নাহিকয়।।৭১৯।।
তান ৰূপ দেখি সৱে প্রভাহীন হুয়া।
থাকিলেক সৱে গৈয়া ভয়তে লুকায়া।।
নৃসিংহে কাঢ়ন্তে ঘনে ঘনে শ্বাসচয়।
সাতোখান সাগৰত ঢউ উথলয়।।৭২০৷৷
কাষৰ ডুবায়া কতো প্রদেশ বুৰিল।
সৱে বোলে আসি হেৰা প্রলয় মিলিল।।।
নৃসিংহৰ গৰ্জ্জন শবদচয় শুনি।
মহাভয়ে দিগহস্তী পলাৱে আপুনি।।৭২১৷৷
নৃসিংহৰ কেশচয় স্বর্গত লাগয়।
অসংখ্য বিমানচয় একত্র হোৱয়।।
কেশচয় ৰঙ্গে যেৱে লাৰে নৰহৰি।
অসংখ্য বিমান তেৱে পৰে বেগ ধৰি।।৭২২।।
ইথানৰ বিমানক সিথানক নেন্ত।
কেশচয় যেৱে নৰহৰি জঙ্কান্ত।।
কেশৰ বতাস লাগি বিমান উড়ায়।
একথানে থাকয় বিমান সদায়।।৭২৩৷৷
যেতিক্ষণে নৰহৰি ভৰিক লাড়ন্ত।
সসাগৰা বসুমতী ভয়তে কাম্পন্ত৷৷
টলবল কৰে সৱে পৃথ্বী নসহয়।
সৱলোকে বোলে ভূমি অধক চলয়।।৭২৪৷৷
নৃসিংহৰ শৰীৰৰ বতাস লাগিয়া।
বৰ বৰ বৃক্ষসৱ পৰয় ভাঙ্গিয়া।।
কাহাৰো প্রকাশ নাহিকয় তেজে তান।
ভয়ে দিগপালগণ তৰতৰি মান।।৭২৫।।
ভূত্যৰ ঐশ্বৰ্য্য বৰ দেখি নৰহৰি।
মনত পৰম আতি কৌতুহল কৰি।।
সভাত বসয় তাৰ সিংহাসন আছে।
আনন্দে বসিলা নৰহৰি তাত পাছে।।৭২৬।।
একো দেৱে ভয়তে ওচৰ নচাপয়।
দূৰহন্তে চক্ষু চলাই সৱেয়ো চাৱয়।।
নৰসিংহ হৰি তাঙ্ক ডৰে নেসেৱয়।
মূৰ্ত্তি দেখি কতো দেৱে আন্তৰি থাকয়।।৭২৭।।
নৰহৰি দেখি লাজ যাৰ নাহিকয়।
তথাপিতো ক্রোধ কিঞ্চিতেকো নুটুটয়।।
প্রচণ্ড বদন আতি দেখিতে তৰাস।
ভ্রুকুটি কুটিল মুখ কাম্পে দিশপাশ।।৭২৮।।
দশন কামুৰি আছা সভাত বসিয়া
তাঙ্ক দেখি আছে সৱে ভয়ে তৰসিয়া।।
যেৱে নৰহৰি টেৰ কৰিয়া চাহন্ত।
সৱে মনে মনে যেনো ধৰি আসি খান্ত।।৭২৯।।
মনে আলোচিয়া সৱে হন্ত আগ পাছ।
কেহো জনে ভয়ত নচাপে তান কাষ।।
তিনিয়ো লোকৰ বৈৰী দৈত্য মৰা গৈলা।
অপেস্বৰা ৰঙ্গ হুয়া নাচিবাক লৈলা।।৭৩০৷৷
দেৱগণে পুষ্পচয় মাথে বৰিষয়।
আনন্দিত হুয়া দুন্দুভিক বজাৱয়।।
তুৰি ভেৰী পটহ কাহাল আদি যত।
আনন্দিত হুয়া সবে বজাৱে সতত।।৭৩১৷৷
অসংখ্য বিমান আসি কৌতুকে মিলিল।
জয় নৰসিংহ বুলি জোকাৰ পড়িল।।
দেৱতাৰ হুলস্থূল শবদ মিলিল।
হৰিক দেখিবে লাগি আনন্দে আসিল।।৭৩২৷৷
ব্রহ্মাদেৱ ইন্দ্ৰ আদি দেৱ যত আছে।
ঋষি পিতৃ সিদ্ধ বিদ্যাধৰগণো আছে।।
সর্প মনু প্রজাপতি গন্ধৰ্ব্ব যতেক।
অপেস্বৰা যক্ষগণ আছয় যতেক।।৭৩৩৷৷
কিম্পুৰুষ চাৰণ আছয় অসংখ্যাত।
সাক্ষাতে বেতালগণ আছয় তথাত।।
বিষ্ণুপাৰিষদগণ কিন্নৰ যতেক।
মহাভয়ে কৃতাঞ্জলি সৱেয়ো ভৈলেক।।৭৩৪।।
আসনত বসি আছা নৰসিংহ হৰি।
স্তুতি কৰিবাক লৈলা ভিন্ন ভিন্ন কৰি।।
নৰসিংহ আকৃতি পুৰুষোত্তম হৰি।
দূৰহন্তে সৱে শ্রদ্ধাঞ্জলি শিৰে ধৰি।।৭৩৫।।
ব্রহ্মা আদি দেৱগণ সপ্তদশ শ্লোকে।
নৃসিংহক স্তুতি কৰে পৰম উৎসুকে।।
প্রথমতে আগ হুয়া ব্রহ্মায়ে বোলন্ত।
দূৰন্ত শকতি যাৰ প্ৰণামো অনন্ত।।৭৩৬।।
প্রসন্ন হুয়োক প্রভু কোপ তেজিয়োক।
সমস্তৰ মনে তেৱে সুখত লভোক।।
বিচিত্র প্রভাৱ কৰ্ম্ম ভৈলেক যাহাৰ।
জগতৰে সৃষ্টি স্থিতি কৰাহা সংহাৰ।।৭৩৭।।
পৰম পৱিত্ৰ কৰ্ম্ম পাপক নাশয়।
লীলায়ে ধৰাহা তুমি অৱতাৰচয়।।
তথাপিতো হানি লাভ নাহিকে তোহ্মাৰ।
অব্যয় পুৰুষ তুমি নমো বাৰম্বাৰ।।৭৩৮৷৷
এহি বুলি ব্ৰহ্মাদেৱে মৌন হুয়া ৰৈলা।
আগ হুয়া শিৱে স্তুতি কৰিবাক লৈলা।।
শুনিয়ো অনন্ত তুমি হৰি কৃপাময়।
ইটো কোপ কৰিবাক যোগ্য নুহিকয়।।৭৩৯।।
প্রলয়ৰ নতু আসি সময় হোৱয়।
এতেকতে ইটো কোপ তেজিবে লাগয়।
অল্প দৈত্য মাৰিলাহা ইটো ক্ষুদ্র পায়।
ইহাৰ তনয় তযু পালিবে যুৱায়।।৭৪০৷৷
তোহ্মাৰ পৰম ভক্ত প্রহ্লাদ কুমাৰ।
ভকত বৎসল নাহি তোহ্মাত অপৰ।।
কোপক এৰিয়া প্রহ্লাদক ৰাখিয়োক।
এহিমানে অনুগ্রহ কৰা নাথ মোক।।৭৪১৷৷
এহিমানে বুলি ৰুদ্ৰদেৱ মৌনে ৰৈলা।
কৃতাঞ্জলি ধৰি আসি ইন্দ্র আগ ভৈলা।।
হে দেৱ নৰহৰি পৰম পুৰুষ।
কি কহিবো মঞি তযু মহিমাৰ যশ।।৭৪২।।
যজ্ঞভাগ কাঢ়ি লৈয়া আহ্মাৰ আছিলা।
দৈত্যক মাৰিয়া পুনু তাক উদ্ধাৰিলা।
তোহ্মাৰেসে যজ্ঞভাগ দৈত্যে লৈলা বলে।
অন্তর্যামী ৰূপে তুমি ভুঞ্জাহা সকলে।।৭৪৩।।
আহ্মাৰ হৃদয় পদ্ম তোহ্মাৰ নিৱাস।।
তাতে আসি দুৰ্জ্জন দানৱে লৈলা বাস।।
ৰাত্রি দিনে ভয়তে তাহাক চিন্তো আমি।
আহ্মাৰ হৃদয় ব্যাপি আছিলেক স্বামী।।৭৪৪।।
আজি মাৰিলাহা সিটো দুষ্ট নষ্ট গৈল।
আৱেসে তোহ্মাৰ ৰূপ হৃদয়ত ৰৈল।।
বুলিবাহা তুমি তিনিলোকৰ ঈশ্বৰ।
কিবা খোজা তুমি ইন্দ্র সম্পদ অপৰ।।৭৪৫।।
হে নাথ কহো মঞি ইহাৰ উত্তৰ।
তযু কালমূর্তি নষ্ট কৰে নিৰন্তৰ।।
আতি তুচ্ছ ইহাক মহন্তে নলৱয়।
নুহিকে আশ্চৰ্য্য ইটো শুনা কৃপাময়।।৭৪৬।।
সন্তসৱে তযু মোক্ষপদ নলৱয়।
তৱ কথা অমৃতক সততে শুনয়।।
হে নৰসিংহ প্রভু ক্রোধ তেজিয়োক।
সকলে গুচিল আমাসাৰ ভয় শোক।।৭৪৭।।
এহি বুলি ইন্দ্ৰদেৱে মৌনে ৰহিলন্ত।
ঋষিগণে আগ হুয়া স্তুতি কৰিলন্ত।।
আহ্মাৰ সম্বন্ধি অনুগ্রহ কৃপাময়।
কৰিলাহা তুমি আজি গুচাইলাহা ভয়।।৭৪৮।।
তোহ্মাৰ চৰণ চিন্তো তপস্যাক কৰি।
তোহ্মাৰ তপস্যা ৰূপ প্ৰভাৱক ধৰি।।
যিটো তপস্যায়ে আপুনাত প্রপঞ্চক।
লীন হুয়াছিল পুনু স্ৰজিলা সৱাক।।৭৪৯৷৷
সিটো তপস্যাক দৈত্যে নষ্ট কৰিলেক।
বলত থাকিয়া সৱে দৈত্য হৰিলেক।।
ৰাখিলাহা নৰসিংহ দৈত্যক মাৰিয়া।
ভৈলো ৰঙ্গ নখে তাৰ বিদাৰিলা হিয়া।।৭৫০৷৷
আনন্দিত হুয়া সৱে ধৰ্ম্ম আচৰিবো।
তপক কৰিয়া তযু ৰূপক চিন্তিবো।।
তোহ্মাৰ চৰণে আমি কৰো নমস্কাৰ।
এহিমতে ঋষিসৱে বোলে বাৰম্বাৰ।।৭৫১।।
ঋষিসৱে স্তুতি কৰি একপাশ ভৈল।
পিতৃগণে উঠি তুতি কৰিবাক লৈল।।
শুনা নৰহৰি প্ৰভু দেৱ কৃপাময়।
পুত্রগণে শুদ্ধমনে দেই দ্রব্যচয়।।৭৫২।।
বলে কাঢ়ি লৈয়া দুষ্ট দানৱে ভুঞ্জয়।
মৰা যেন চাহি থাকো আমি পিতৃচয়।।
কোনো তিথি সময়ত কৰে জলাঞ্জলি।
সিয়ো জল ফুটি আসি পিয়ে মহাৱলী।।৭৫৩৷৷
তিল যে তণ্ডুল দূৰ্ব্বাক্ষত পুষ্পচয়।
তাকো মলে ভোজন কৰয় দুৰাশয়।।
ভাল ভৈল পেট আজি তাহাৰ ছিড়িলা।
তেল বান্ধি আছে তাক বেকত কৰিলা।।৭৫৪।।
আহ্মাৰ পিণ্ডক প্রভু তুমি উদ্ধাৰিলা।
ফল ধৰিলেক তাক ৰসাতলে নিলা।।
এহি বুলি পিতৃগণ মৌনে ৰহিলন্ত।
সিদ্ধগণে স্তুতি কৰিবাক লাগিলন্ত।।৭৫৫৷৷
যিটো দৈত্যে আমাৰ হৰিলা সিদ্ধি যত।
অণিমা লঘিমা আঠ ঐশ্বৰ্য্য মহত।।
তপস্যাৰ বলে ইটো সৱে হৰিলেক।
মহাদর্প কৰি পাপী হৰিয়া লৈলেক।।৭৫৬।।
তাক নখে বিদাৰিলা মিলিল আনন্দ।
তোহ্মাৰ চৰণে নমো হে সদানন্দ।।
এহি বুলি সিদ্ধসৱ পাচ হুয়া ৰৈলা।
বিদ্যাধৰসৱে তুতি বুলিবাক লৈলা।।৭৫৭।।
তুমি দিয়া আছা অন্তৰ্দ্ধান বিদ্যা যত।
তাকো বলে কাঢ়ি লৈলা বলৰ দৰ্পত।।
হেন নৰসিংহ হৰি যুদ্ধত মাৰিলা।
আজিসে আহ্মাৰ তাপ সমস্তে হৰিলা।।৭৫৮।।
অধোগতি গৈল মৰি দিতিৰ নন্দন।
তোহ্মাৰ চৰণে আমি কৰোহো বন্দন।।
এহি বুলি বিদ্যাধৰে একপাশে ৰৈলা।
নাগগণে পাচে তুতি কৰিবাক লৈলা।।৭৫৯৷৷
ফণিত আছিল ৰত্ন মণি যত যত।
তাকো মাৰি ধৰি দৈত্যে আনিলা বলত।।
কন্যাৰত্ন মানে দুষ্ট কাঢ়ি আনিলেক।
কোন দুখ পাপীয়ে আমাক নেদিলেক।।৭৬০৷৷
ত্রিশূল সদৃশ নখে হৃদি বিদাৰিলা।
আজিসে আমাক মহা আনন্দক দিলা।।
হে ভগৱন্ত তুতি তোহ্মাৰ চৰণে।।
সদায়ে প্রণামো আমি কায় বাক্যমনে।।৭৬১।।
এহি বুলি নাগগণ নমাতিয়া ৰৈলা।
নম্র হুয়া পাচে মনুগণ আগ ভৈলা।।
আমি মনুগণে তযু আজ্ঞা শিৰে ধৰি।
যি কৰ্ম্ম কৰিবো আজ্ঞা কৰি আছা হৰি।।৭৬২।।
তাহাক আচৰো আমি শিৰত ধৰিয়া।
বর্ণাশ্রম ধৰ্ম্ম যত আছোহো ৰাখিয়া।।
তাক নষ্ট কৰিলেক দিতিৰ তনয়।
আকো বধিলাহা তুমি হৰি কৃপাময়।।৭৬৩।।
হে হৰি কি কহিবো শিখায়ো আমাক।
তোহ্মাৰ কিঙ্কৰ আমি বুলিলোহা বাক।।
মনুসৱে এহি বুলি নমাতি ৰহিলা।
প্রজাপতিসৱে পাচে বচন বুলিলা।।৭৬৪।।
হে প্রভু শুনিয়োক আহ্মাৰ বচন।
তুমি স্ৰজি আছা যত প্রজাপতিগণ।।
তোহ্মাৰ কৃপায়ে আমি স্ৰজো চৰাচৰ।
তাকো নিষেধিলা আসি অসুৰ বৰ্ব্বৰ।।৭৬৫।।
স্ৰজিবাক নেদিলেক দানৱ পামৰ।।
নখে বিদাৰিলা হিয়া গৈল যমঘৰ।।
আৱে প্ৰজা স্ৰজিবোহো হুয়া ৰঙ্গমন।।
আনন্দিত হুয়া সৱে বোলয় বচন।।৭৬৬।।
হে সত্যমূৰ্ত্তি ইটো তৱ অৱতাৰ।
এহি হেতু হৈব সৱে সংসাৰৰ পাৰ।।
প্রজাপতিগণ সৱে মৌন হুয়া ৰৈলা।
গন্ধৰ্ব্বগণক নৃসিংহৰ দৃষ্টি ভৈলা।।৭৬৭।।
হেন দেখি গন্ধৰ্ব্বসকল আগ ভৈলা।
কৃতাঞ্জলি হুয়া তুতি কৰিবাক লৈলা।।
হে প্রভু আমি তৱ নটী নট যত।
গাঞো বাঞো তৱ গুণ নিৰ্ম্মল সতত।।৭৬৮।।
বলে কাঢ়ি লৈলে তাক দানৱ দুৰ্জ্জন।
মাৰিলাহা আজি তাক দেৱ জনার্দ্দন।।
দুৰ্জ্জনৰ একো কালে নাহিকে কুশল।
ভাল ভৈল পাপী মৰি গৈল ৰসাতল।।৭৬৯।।
এহি বুলি মৌনে ৰৈল গন্ধৰ্ব্ব যতেক।
আগ হুয়া স্তুতি কৰে চাৰণ অনেক।।
হে হৰি তৱ ইটো পঙ্কজ চৰণ।
কায় মন বাক্যে যিটো লৱয় শৰণ।।৭৭০।।
তেৱেসে সংশয় তাৰ নিশ্চয় গুচয়।
এতেকেসে সাধুসৱে আশ্রয় কৰয়।।
সাধু সমস্তৰ হৃদি ভয় লগাইলেক।
এতেকেসে পাপী অধোগতিক গৈলেক।।৭৭১।।
অন্ত কৰিলাহা আক ৰঙ্গ ভৈল আতি।
এহিমানে বুলি সৱে থাকিলা নমাতি।।
অনুচৰগণে আগ হুয়া বোলে বাণী।
তোহ্মাৰ কৰ্ম্মক কৰো আমি চক্রপাণি।।৭৭২।।
তাক কৰিবাক নেদে ৰাক্ষস দুর্জ্জন।
সদা কৰ্ম্ম কৰাইলেক তাৰ যেন মন।।
জগতকে তাপ দেই জানি নৰহৰি।
হৃদয়ক বিদাৰিলা নখে আজি ধৰি।।৭৭৩৷৷
হে পাঞ্চবিংশ তুমি জগতনায়ক।
দুৰ্জ্জন বধিলা নৰসিংহ নিয়ামক।।
এহি বুলি মৌনে ৰৈলা অনুচৰচয়।
আগ হুয়া কিম্পুৰুষে স্তুতিক কয়।।৭৭৪।।
আমি কিম্পুৰুষ তুমি পৰম পুৰুষ।
ইটো কিম্পুৰুষ নাশে লোকে পাইলে উশ৷৷
সন্তসৱে দিনে ৰাতি যাক বোলে মন্দ।
যেন মৰাপ্রায় তাৰ নাহিকে আনন্দ।।৭৭৫৷৷
এহি বুলি মৌনে ৰৈলা কিম্পুপুৰুষচয়।
বৈতালিকগণে পাচে তুতিক কৰয়।।
নিৰ্ম্মল যশস্যা তযু যজ্ঞ সময়ত।
সভাত প্রৱিষ্ট হুয়া বোলোহো সতত।।৭৭৬।।
সিকাৰণে পূজা কৰে আমাক নিশ্চয়।
তাকো নিষেধিলা আসি দানৱ দুর্জয়।।
আক মাৰি আমাক আনন্দ আতি দিলা।
জগতৰে ব্যাধি যেন তাহাঙ্ক নাশিলা।।৭৭৭৷৷
এহিমান বুলিয়া যে বৈতালিক যত।
মৌনে ৰহিলা সৱে আসিয়া পাচত।।
কিন্নৰসকলে পাচে তুতি কৰিলন্ত।
তোহ্মাৰেসে দাস আমি প্রভু ভগৱন্ত।।৭৭৮।।
বলে আনি দিতিসুতে আমাক ৰাখিল।
জাত বস্তু কিছু পাপী আমাক নেদিল।।
কৰ্ম্মক নিৰ্ম্মূল কৰাইলেক দিনে ৰাতি।
নখে বিদাৰিলা আমি ৰঙ্গ ভৈলো আতি।।৭৭৯।।
আমাৰ কুশল কৰিয়োক নৰহৰি।
কিন্নৰসকলে পার্থে কৃতাঞ্জলি কৰি।।
এহিমানে বুলি সৱে মৌনে ৰহিলন্ত।
বিষ্ণুপাৰিষদসৱে তুতি কৰিলন্ত।।৭৮০।।
লৈলোহো শৰণ নৰহৰি কৃপাময়।
সমস্ত লোকৰে আজি খণ্ডিলাহা ভয়।।
আজিসে লভিলা সুখ জগতৰ প্রাণী।
তোহ্মাৰ নৃসিংহ ৰূপ দেখি চক্রপাণি।।৭৮১৷৷
আমাৰ চক্ষুৰ পথে ভৈলা দয়াময়।
বিপ্রশাপে তযু ভৃত্য দৈত্য হুয়াছয়।।
অনুগ্ৰহ কৰি আঙ্ক মাৰিলা নৃহৰি।
আমি আক আগ ধৰি জানো নিষ্ট কৰি।।৭৮২।।
শ্রীমহাভাগৱত পুৰাণৰ কথা।
যুধিষ্ঠিৰ নাৰদ সংবাদ ভৈল তথা।।
দৈত্যবধ নাম ইটো অষ্টম অধ্যায়।
এহিমানে গৈলা শুনা সভাসদচয়।।৭৮৩।।
যত দেখা ধন জন কিছু নুহিকয়।
যমৰ পুৰক লাগি অকলে চলয়।।
দেখিয়োক হিৰণ্যৰ সম্পদ যতেক।
ব্রহ্মাণ্ডৰ সম্পত্তিয়ে তৃপ্তি নভৈলেক।।৭৮৪।।
যতেক লভয় আৰু তৃষ্ণাসে বাঢ়য়।
দুৰ্জ্জন মনৰ ইটো লোভ নুটুটয়।।
হেন জানি মনক নিয়মি সাধুজনে।
লৈয়োক সাধুৰ সঙ্গ কায় বাক্য মনে।।৭৮৫।।
তেৱেসে দুর্জ্জন ইটো মনক দমিবা।
দুর্ল্লভ বৈকুণ্ঠপদ হাতত লভিবা।।
নমো নমো নৰহৰি অদ্ভুত কেশৰী।
দুষ্টক সংহাৰি মহন্তক সুখকাৰী।।৭৮৬৷৷
দেৱতাৰ অৰি দুষ্ট হিৰণ্যকহাৰী।
মহানখে ধৰি হৃদি দুইখানকাৰী।।
ভৱভয়হাৰী প্রভু দৈত্যক সংহাৰী।
জগতক তাড়ি যশ থৈলাহা বিস্তাৰি।।৭৮৭৷৷
ভৃত্যদুখহাৰী জগতৰ সুখকাৰী।
নমো নমো তৱ পদে সদায়ে মুৰাৰি।।
দুখময় বিষয়ত মনে নপৰোক।
তোহ্মাৰ চৰণ মনে সদায়ে নেড়োক।।৭৮৮।।
তযু নাম সদা মোৰ মুখত থাকোক।
তেৱে জানো হৰি কৃপা কৰিলাহা মোক।।
পৰম পামৰ মঞি বিষয় লালক।
নাহিকে স্মৰণ তুমি হেন ঈশ্বৰক।।৭৮৯।।
সামাজিক লোক লৈবা কথাৰ আশয়।
নাম বিনে সংসাৰক কেহো নতড়য়।।
জানিয়া নামত নৰে কৰিয়োক ৰতি।
নাম বিনে কলিত নাহিকে কাৰো গতি।।৭৯০।
কৃষ্ণৰ কিঙ্কৰে কহে কেশৱে সম্প্রতি।
ডাকি ৰাম বোলা সৱে হৌক সদগতি।।
........
।।প্রহ্লাদৰ দ্বাৰা ভগৱানৰ স্তৱ।।
।।ছবি।।
নাৰদ বদতি ৰায় শুনা যেন অভিপ্রায়
এহিমতে তুতি কৰি দেৱে।
ব্রহ্মা ৰুদ্ৰ আদি কৰি সৱ দেৱে নম্ৰ ধৰি
ক্রোধ গুচাইবাক লৈলা সৱে।।৭৯১।।
নপাৰিল তান কেৱে দেখি পাচে সৱে দেৱে
ডৰে কাম্পে তৰতৰি কৰি।
লক্ষ্মীৰ পাশক গৈয়া কৃতাঞ্জলি সৱে হুয়া
কহৱয় অল্প কৰি ডৰি।।
শুনা আই জগমাতা তুমি সংসাৰৰ ধাতা
স্বামীৰ ক্ৰোধক গুচায়োক।
তেৱে আমি জীৱো সৱে ক্রোধ এৰিলন্ত যেৱে
এহিমানে কৃপা কৰিয়োক।।৭৯২।।
দেৱতাৰ বাণী শুনি লক্ষ্মীদেৱী মনে গুণি
নৃসিংহৰ ওচৰক গৈলা।
অদ্ভুত দেখিয়া সতী নুহিকন্ত মোৰ পতি
ঘোৰ ৰূপ দেখি ভয় ভৈলা।।
নতু দেখো ইটো ৰূপ ভয়ে ভৈলা দেৱী চুপ
কর্ণে নতু তাহাঙ্ক শুনন্ত।
চমকাৰ ৰূপ দেখি মুদি ভয়ে দুয়ো আখি
সতী পাচে বেগে পলাইলন্ত।।৭৯৩।।
হেন দেখি দেৱগণে ভয় ভৈল আতি মনে
আমাকো মাৰিবা নৰহৰি।
ক্রোধ দেখো বাঢ়ি যায় পলাইলন্ত লক্ষ্মী আই
আমি জীউ আৱে কেনে কৰি।।
.......
।।দুলড়ী৷৷
প্রহ্লাদক চাই পাচে ব্রহ্মা যাই
অল্প কৰি বুলিলন্ত।
হে বাপ উঠ কৰি মন তুষ্ট
নৃসিংহক কৰা শান্ত।।৭৯৪৷৷
ওচৰক যায়ো ক্রোধক গুচায়ো
সমস্তকে দয়া কৰ।
তোহোৰ পিতৃক মাৰিয়া অধিক
মহাক্রোধ ঈশ্বৰৰ।।
শান্ত কৰ তাঙ্ক গুচায়োক চঙ্ক
সৱেয়ো মৰো ডৰত।
ব্ৰহ্মাৰ বচন হিৰণ্যনন্দন
আদৰিলা হৃদয়ত।।৭৯৫৷৷
ব্রহ্মা যেন মত বাক্য বুলিলন্ত
সেহিমতে ধৰিলন্ত।
মহাভাগৱত প্রহ্লাদ মহন্ত
শুনা যুধিষ্ঠিৰ সন্ত।।
কিছু কিছু কৰি মহা মৌন ধৰি
চলিলা হৰিৰ কাছে।
পাঞ্চ বৎসৰৰ ছৱাল সুন্দৰ
ওচৰ পাইলন্ত পাচে।।৭৯৬।।
ভূমিত পৰিয়া কৃতাঞ্জলি হুয়া
দণ্ডৱতে নমিলন্ত।
চৰণ মূলত হুয়া অৱনত
দৈত্যশিশু পৰিছন্ত।।
......
।।ছবি।।
নৃসিংহে দেখন্ত পাচে চৰণত পৰি আছে
প্রহ্লাদ কুমাৰ মহাসন্ত।
কৃপায়ে পীড়িত হুয়া হৰিৰ দ্ৰৱিল হিয়া
হাতে ধৰি কোলে চপাইলন্ত।।৭৯৭৷৷
প্রহ্লাদৰ শিৰ নিয়া হস্তপদ্ম প্রভু দিয়া
অনেক আশ্বাস কৰিলন্ত।
কাল নাম সর্প যিটো সংসাৰক খাই সিটো
যিটো হস্তে কালকো গুচান্ত।।
সেহি হস্ত মাথে দিয়া অশুভক বিনাশিয়া
নিঃশেষে বাসনা ক্ষয় গৈলা।
তেতিক্ষণে প্রহ্লাদৰ ব্রহ্মজ্ঞান দৃঢ়তৰ
সৱে আসি, হৃদয়ত ভৈলা।।৭৯৮।।
পৰম আনন্দ হুই নৃসিংহৰ পদ দুই
হৃদয়ত চিন্তিবে লাগিলা।
ৰোমাঞ্চিত তনু ভৈলা প্রেমে চিত্ত দ্রবি গৈলা
নয়নৰ লোতক বহিলা।।
মহা পুৰুষাৰ্থ আৰ তাত পৰে নাহি সাৰ
নুহিকয় সাধন জানিবা।
আত পৰে ভক্তি শ্রেষ্ঠ নাহিকয় নিষ্টে নষ্ট
মহাপ্রেম ভকতি মানিবা।।৭৯৯।।
একচিত্ত আতি হুয়া কায়বাক্যে মন দিয়া
আখি হৃদি নৃসিংহত দিলা।
সমাধিক ধৰি মনে গদ গদ বাক্যে ঘনে
প্রেমে তুতি কৰিবে লাগিলা।।
........
।।দুলড়ী।।
নৃসিংহৰ কৃপা অমৃতক পায়া
প্রহ্লাদে স্তুতি কৰিলা।
দুতয় অধিক চল্লিশ শ্লোকক
প্রহ্লাদে ৰঙ্গে বুলিলা।।৮০০।।
আপোনাক তেন্তে প্রথমে বোলন্তে
অধিকাৰ নাহিকয়।
তথাপিতো নাথ কৰো মঞি স্তুতি
ক্ষমিবাহা কৃপাময়।।
অধিকাৰ আছে যেন মতে পাচে
দেখাইবাক লাগিলন্ত।
তুমি দায়ানিধি জগতৰ বিধি
তুমিসে প্রভু অনন্ত।।৮০১৷৷
ব্রহ্মা আদি দেৱে মুনিগণো সৱে
সত্ত্বগুণে মতি যাৰ।
নানান প্রকাৰে কহিবাক পাৰে
কহো মঞি সাৰে সাৰ।।
তথাপিতো সৱে আৰাধিবে লাগি
সমর্থ নুহিকে কেৱে।
আমি কি তোহ্মাক তুষ্ট কৰিবোহো
অসুৰ জাতি স্বভাৱে।।৮০২।।
সন্ত কুলে জন্ম সুন্দৰ পণ্ডিত
ইন্দ্রিয় নিপুণ গুণে।
প্রভাৱ কান্তিয়ে উদ্যম বুদ্ধিয়ে
নপাৱে যোগে আপুনে।।
ধন আদি কৰি দ্বাদশ গুণতো
তুষ্ট নোহা ভগৱন্ত।
পৰম পুৰুষ তুষ্ট তুমি যাত
কহো মঞি তাৰ তত্ত্ব।।৮০৩৷৷
তোহ্মাত ভকতি কৰি একচিত্ত
গজেন্দ্রে মাত্র কৰিলা।
নাহি তান্ত গুণ নুহিকা নিপুণ
তথাপি তাঙ্ক তাড়িলা৷৷
এতেকতে প্রভু ভকতিতে তুষ্ট
কিছু গুণ নলগয়।
ভকতি বিহীন ভৈলা যিটোজন
তাঙ্ক কিছু নোশোভয়।।৮০৪৷৷
বাহ্য গুণ যদি ব্রাহ্মণত থাকে
তোহ্মাক যেৱে নভজে।
তাহাত কৰিয়া ভকত চাণ্ডাল
অধিক মানো সহজে।।
চাণ্ডালে সমস্তে কায় বাক্য মনে
তোহ্মাত অৰ্পি আছয়।
সেহিটো চাণ্ডালে সমস্তে কুলক
পৱিত্র নিষ্টে কৰয়।।৮০৫।।
কিন্তু সিটো দ্বিজে গৰ্ব্বৱন্ত হোন্ত
মলিন মন সদায়।
আপোনাক বিপ্রে পৱিত্ৰ কৰিবে
নোৱাৰন্ত সমুদায়।।
চাণ্ডালতো কৰি ব্রাহ্মণেসে হীন
কি কহিবো নৰহৰি।
অবিদ্বান জনে যতেক পূজয়
নলৱাহা ৰঙ্গ কৰি।।৮০৬।।
প্রকৃত দেৱতা যেহে নলয়
তযু শ্রদ্ধা নাহিকয়।
নিজ লাভে পূর্ণ তুমি ভগৱন্ত
নৰহৰি কৃপাময়।।
বুলিবাহা তেৱে নিশ্চয় তাহাৰ
পূজাক মঞি নলঞো।
তাহাৰ কথাক শুনা বাপ তাক
তোহ্মাৰ আগত কঞো।।৮০৭।।
যতেক পূজয় লোৱা কৃপাময়
আপোন অর্থে নলৱা।
তাহাক কৃপায় তুমি দয়াময়
সমস্তে পূজাক লৱা।।
তোহ্মাক পূজিলে আপোনাত মিলে
নেদিলে নিমিলে তাত।
যেন দর্পণত মুখক চাহিলে
প্রতিবিম্ব আছে যাত।।৮০৮৷৷
দর্পণ বিনাই অন্যত চাহিলে
একো শোভা নেদেখয়।
সেহিমতে প্রভু তোহ্মাক নেদিলে
আপুনিয়ো তুষ্ট নয়।।
........
।।ছবি।।
যিহেতুক তুমি হৰি ভকতিতে তুষ্ট হোৱা
এতেকেসে আমি নীচ জাতি।
শঙ্কাক এৰিয়া নাথ তোহ্মাৰ মহিমা মঞি
জপো বুদ্ধি অনুসাৰে আতি।।৮০৯৷৷
গাইবো লাজ তেজি মঞি যদ্যপি নাজানো ভাৱে
তাৰ হেতু কহো নৰহৰি।
অবিদ্যাত হুয়া বদ্ধ নুহিকে হৃদয় শুদ্ধ
সংসাৰত উপজয় মৰি।।
যেৱে গুণ বর্ণাইব তেৱে চিত্ত শুদ্ধ হুয়া
সংসাৰকো আনন্দে তড়য়।
আক এৰি আন যত উপায়ক আচৰয়
নাহিকে তড়ন কৃপাময়।।৮১০৷৷
আপোনাক তেন্তে স্তুতি কৰিবাক অধিকাৰ
দেখাইলা প্রহ্লাদ মহাশয়।
কোপ গুচিবাক লাগি স্তুতি কৰি পুণ্যভাগী
মহাপ্রেমে প্রার্থনা কৰয়।।
মহেশ্বৰ ভগৱন্ত ব্রহ্মা আদি অপৰ্য্যন্ত
এহি দেৱগণ দেখা যত।
তোমাৰ মূৰ্ত্তিক দেখি ভয়ে সৱে মুদি আখি
তৰতৰি কম্পয় ডৰত।।৮১১।।
সত্য মূৰ্ত্তি নাৰায়ণ তোহ্মাৰেসে ইটো সৱে
তযু আজ্ঞা সততে কয়।
অসুৰৰ যেন ভয় সততে তোহ্মাৰ হয়
সেহিমতে কৰে সৱে ভয়।।
সত্ত্বগুণে সৱে দেৱ তোহ্মাকেসে কৰে সেৱ
শ্ৰদ্ধাৰূপে ভকতি কৰয়।
নানা বিধ অৱতাৰ ধৰা তুমি বাৰে বাৰ
ভগৱন্ত তুমি কৃপাময়।।৮১২৷৷
জগতৰ কুশলৰ নিমিত্তেসে ধৰা ৰূপ
শোক ভয় সৱে দূৰ হয়।
তোহ্মাকেসে হন্তে আৱে ভয় পাৱে সৱ লোকে
ক্রোধ আৱে এৰিবে লাগয়।।
........
।।দুলড়ী।।
যাহাৰ নিমিত্তে ক্ৰোধ কৰিলাহা
সিটো দৈত্য মৰা গৈল।
সাধু সমস্তৰো সন্তোষ মিলিল
জগতে আনন্দ ভৈল।।৮১৩৷৷
আৰ ক্রোধ প্রভু থাকিবে নলাগে
কাৰ্য্য কিছু নাহিকয়।
এতেকেসে ক্রোধ এৰিয়েক বাপ
নৰসিংহ কৃপাময়।।
বুলিবাহা কেনে দৈত্যৰ বধত
সাধুয়ো আনন্দ ভৈল।
শুনিয়োক আৱে বুলিয়া আনন্দে
প্রহ্লাদ কহিবে লৈল।।৮১৪৷৷
বিছা সর্পচয় পৰক দংশয়
সৱাকো দেই দুখক।
তাৰ বধে জানা কুশল হোৱয়
পাৱে মহা আনন্দক।।
বুলিবাহা তেৱে বহুতৰ সুখ
খলক বধিবে হয়।
এতেকতে ইটো মোৰ মহা ক্রোধ
এৰিবাক নলাগয়।।৮১৫৷।
তাহাৰ উত্তৰ শুনা গদাধৰ
আনন্দিত সৱে ভৈল।
ক্রোধক এৰিবে লাগি দামোদৰ
সমস্তে অপেক্ষি ৰৈল।।
ক্রোধ এৰিলাত সৱেয়ো বৰ্ত্তয়
কম্পয় মহা ভয়ত।
হেন জানি বাপ এৰিয়োক কোপ
ধৰো মঞি চৰণত।।৮১৬।।
বুলিবাহা ক্রোধ এৰিলে এখানে
ভয়ে আসি পাইবে লাগ।
ইহাৰ উত্তৰ কহো পীতাম্বৰ
শুনিয়োক মহাভাগ।।
এহিটো ৰূপক যিটো জনে স্মৰে
গুচে তাৰ সৱে ভয়।
আৰু ক্রোধ বাপ কৰিবাক লাগি
কিছু কাৰ্য্য নাহিকয়।।৮১৭৷৷
সামাজিক জন শুনা কৰি মন
ভাগৱত কথা সাৰ।
ৰাম ৰাম বুলি সংসাৰক তড়ি
মায়াৰ বাজুক মাৰ।।
......
।।পদ।।
প্রহ্লাদে কৰন্ত স্তুতি নৃসিংহক চাই।
শুনা দয়াময় তুমি মোৰ অভিপ্রায়।।৮১৮।।
বুলিবাহা তুমি মোক যেৱে ভয় কৰা।
তেৱে ক্রোধ এৰিবোহো এখনৰে পৰা।।
শুনিয়োক কহো প্রভু তোহ্মাৰ আগত।
মোৰ ভয় নাহিকয় তোহ্মাৰ ৰূপত।।৮১৯।।
তোহ্মাৰ যিমত ৰূপ কহো দয়াময়।
জিহ্বা ক্ষুৰ সম নেত্র আদিত্যৰ নয়।।
ভ্রুকুটি কুটিল মুখ দেখিতে তড়াস।
উচ্চ দন্তচয় যেন ত্রিশূল আভাস।।৮২০৷৷
এহিমতে আনো আছে অস্ত্র শস্ত্র যত।
পিতৃৰ নাড়ীক বান্ধি আছাহা শিৰত।।
তাহাৰ শোণিতচয় লাগিছে কেশত।
ঘোৰ মূৰ্ত্তি দেখি আতি তোহ্মাৰ সতত।।৮২১।
উপৰক তুলি আছা দুই কর্ণ হৰি।
দিগ্নজসকল কাম্পে আতি ভয় কৰি।।
তোহ্মাৰ নাদক শুনি কাৰো স্বস্থ নাই।
অৰিক মাৰিলা নখে দেখি ধাতু যায়।।৮২২।।
এহিমত ঘোৰ দেখি যাহাৰ ৰূপত।
আত হন্তে ভয় মঞি নকৰো সতত।।
যাত হন্তে ত্রাস মঞি কৰো নাৰায়ণ।
তোহ্মাৰ আগত কহো হুয়া শুদ্ধমন।।৮২৩৷৷
সংসাৰ চক্ৰত দুখ যতেক আছয়।
তাসম্বাৰ লগে ময়ো আছো কৃপাময়।।
তাত হন্তে ভয় মোৰ সততে আছয়।
কৃপালু বৎসল হেৰা কহিলো নিশ্চয়।।৮২৪।।
সংসাৰত ভ্ৰমি ফুৰে যত প্রাণীচয়।
তাসম্বাৰ সঙ্গে ময়ো আছো কৃপাময়।।
নিজকৰ্ম্মে বদ্ধ হুয়া সমস্তৰ সঙ্গে।
বিষয় ভোগক আশা কৰো মহাৰঙ্গে।৮২৫।।
হে পুৰুষোত্তম আৱে তোহ্মাৰ চৰণ।
কায়বাক্য মনে মঞি পশিলো শৰণ।।
অপবর্গ ৰূপ তযু চৰণ কমল।
কৰা কৃপা আৱে মোক ভকত বৎসল।।৮২৬।।
কৈসানিনো তৱ পদ ওচৰক নিবা।
নিকটক আইস বুলি কৈসানি ডাকিবা।।
বুলিবাহা দাস ভৈলে তুষ্ট হৈবো মঞি।
দাস্যভাৱ ভক্তি মাত্র সদা কৰ তই।।৮২৭৷৷
হেন যদি বোলা মঞি তাহাক কহঞো।
দাস্য ভাৱভক্তি কৰিবাক নজানো ।।
সকল যোনিত মঞি ভ্রমিছে সদায়।
এতেকতে প্রভু মোত দাসজ্ঞান নাই।।৮২৮।।
দাস্যভাৱ ভকতিক উপদেশ দিয়া।
তেৱেসে তোহ্মাক পাঞো সংসাৰ এড়ায়া।।
প্রিয় অপ্রিয় হেতু সংযোগ বিয়োগ।
সেহি হেতু জন্ম হোৱে মনুষ্যৰ ভোগ।।৮২৯।।
যেহি যোনি যায় শোকে অগনি দহয়।
একো সুখ নাহিকয় শুনা কৃপাময়।।
কৰিবাহা দুঃখৰ কাৰণে প্রতিকাৰ।
সি দুঃখ জানিবা সুখ নাহিকয় আৰ।।৮৩০।
তোহ্মাত নাহিকে বুদ্ধি মহা ভয়ঙ্কৰ।
জন্ম মৰণৰ হেতু হোৱে বাৰম্বাৰ।।
উপজো মৰোহো নজানোহো সাৰে সাৰ।
এহি হেতুকেসে জ্ঞান নাহিকে আহ্মাৰ।।৮৩১।।
হে বিষ্ণু নিস্তাৰিয়ো পাৰ কৰিয়োক।
তযু দাস কৰি হৰি মোহোক লৈয়োক।।
বুলিবাহা দাস যদি ভৈলা স্বৰূপত।
তথাপিতো কৰ্ম্ম দুখ পাইবা নানামত।।৮৩২।।
কি কাৰণে আমাসাৰ ভকতি খোজাহা।
তাহাক কহঞো নাথ তুমি শুনিবাহা।।
হে হৰি তযু মঞি দাস স্বৰূপত।
তুমি প্রিয় সুহৃদ দেৱতা মহাতত্ত্ব।।৮৩৩৷৷
হেনয় তোহ্মাৰ লীলা কথাক শুনিয়া।
দুখ সংসাৰত সুখে তড়িবোহে গৈয়া।।
বুলিবাহা তই আক জানিলি কিমত।
তাহাক কহঞো মঞি তোহ্মাৰ আগত।।৮৩৪।।
বিৰিঞ্চিয়ে সম্প্রদায় আছা প্রবৰ্তাই।
মহাজনসৱে তাক কহয় সদায়।।
ৰাগাদিয়ো মুক্ত হৈবে সঙ্গ বিষয়ৰ।
তযু ভকতৰ সঙ্গ লৈবো গদাধৰ।।৮৩৫।।
তৱ পদযুগে মাত্র কৰিয়া আশ্রয়।
মহা জ্ঞানৱন্ত আতি পৰক জানয়।।
দাস্যভাৱ ভক্তি সিটো সততে কৰয়।
তযু অনুগ্রহে তাৰ সৎসঙ্গ হোৱয়।।৮৩৬।।
তেৱে হোৱে বিষয়ত মহা বিৰকতি।
ভগৱন্ত বিষয়ত নেৰে তাৰ মতি।।
তাক সুখে দুখে আৰ হুইবে নপাৰয়।
মহাৰঙ্গে ইটো ভৱ সংসাৰ তড়য়।।৮৩৭।।
বুলিবাহা দুখে তপ্ত যিটোজন হয়।
তাৰ প্ৰতিকাৰ লোকে দেখিবে নিশ্চয়।।
মোৰ দাস্যভাৱ আৰ কিসত লাগয়।
তাহাৰ উত্তৰ কহো শুনা কৃপাময়।।৮৩৮।।
দুখে মগ্ন হুয়া আছে সংসাৰত যত।
তাৰ প্রতিক্রিয়া আৰ নাহিকে লোকত।।
জিহ্বাখানি সিয়ো সুখ ৰূপ নুহিকয়।
ক্ষণমাত্র গুচি থাকে সিটো দুঃখচয়।।৮৩৯।
তোহ্মাক এড়িয়া কৰে আশ্ৰয় আনত।
তথাপিতো দুখ তাৰ দেখিয়ো লোকত।।
তাৰ একোকালে প্রভু দুখ নুগুচয়।
তোহ্মাত কহঞো নৰসিংহ কৃপাময়।।৮৪০৷৷
পালন পোষণ দুখ সততে কৰয়।
পিতৃত মাতৃ পুত্রে শৰণ লৱয়।।
অজিগৰ্ত্ত ব্রাহ্মণ আছিল পূৰ্ব্বে এক।
কাটিবাক লাগিয়া পুত্রক বিকিলেক।।৮৪১।।
পিতৃত মাতৃত হন্তে দেখিয়া মৰণ।
ৰোগী গৈয়া ঔষধত লৱয় শৰণ।।
ঔষধ সহিতে সিটো মৰয় নৃহৰি।
সমুদ্রত মজে নৰে নৌকা দৃঢ় কৰি।।৮৪২।।
তাহাত শৰণ লৱে তড়িবাক আশে।
তল যাই সৱে সমে দেখিয়ো আৱেসে।।
তোহ্মাক এড়িয়া যিটো উপায় কৰয়।
কিছু নুহিকয় ঘোৰ সংসাৰী হোৱয়।।৮৪৩৷৷
তুমি বিনে তাৰন্তা নাহিকে সংসাৰত।
কাৰ্য্য কাৰণ হৰি তুমিসে সতত৷৷
বুলিবাহা কদাচিতো কোন ঠাইত আছে।
তাহাৰ কথা কহো শুনা দেৱ পাচে।।৮৪৪৷৷
জগতৰ আত্মা তুমি প্রভু ভগৱন্ত।
সৰ্ব্বকাৰ্য্য তত্ত্ব হৰি তুমিসে অনন্ত।।
ব্রহ্মা আদি কৰি যত দেৱ অপৰ্য্যন্ত।
সমস্তে দেৱতা যত কাৰ্যক কৰন্ত।।৮৪৫৷৷
তোহ্মাৰেসে ৰূপ সৱে নুহিকে পৃথক।
যিটো তুমি তোহ্মাতেসে কহে প্রপঞ্চক।।
তোহ্মাৰ কটাক্ষে হোৱে যতেক জগত।
এতেকেসে তুমি কৰ্ত্তা নিশ্চয় সতত।।৮৪৬।।
হে কৰ্ত্তা তুমি সম আৱৰ কাৰণ।
যাহাৰ সম্বন্ধে হোৱে যত ভূতগণ।।
যাত হন্তে হোৱে পুনু তাতে হোৱে লীন।
অপাদান কৰ্ত্তা তুমি প্রভু উদাসীন।।৮৪৭৷৷
তুমি সম্প্রদায় প্রভু কৰ্ত্তা কর্ম্মচয়।
তাতে বিভক্তিৰ অর্থ তুমিসে নিশ্চয়।।
হুয়া বিশেষণ পদ অব্যয় যতেক।
আনো সংসাৰত শব্দ আছয় অনেক।।৮৪৮।।
তুমি বিনে বিচাৰত আন বস্তু নাই।
সমস্তে আপুনি হুয়া আছাহা সদায়।।
প্রকৃতি মহত আনো কাৰণ যতেক।
উৎপন্ন কৰা তুমি সদায়ে অনেক।।৮৪৯।।
সংহাৰাহা তেতিক্ষণে তুমি দয়াময়।
এহি হেতুতেসে আনো শৰণ্য নোহয়।।
নাহিকে ৰক্ষক আৰ তুমি বিনে আন।
তুমি নিত্য মুক্ত প্রভু ভকতৰ প্রাণ।।৮৫০৷৷
তোহ্মাৰ চৰণে মঞি লৈলোহো শৰণ।
মোক ৰক্ষা কৰা প্রভু দেৱ জনার্দন।।
তোহ্মাৰেসে অংশ যিটো পুৰুষ মহন্ত।
কটাক্ষ কৰিয়া যেৱে মায়াক চাহন্ত।।৮৫১।।
লিঙ্গেসে প্রধান জীৱ অনেক আছয়।
আনন্দিত হুয়া দেৱী আপুনি স্ৰজয়।।
কালে শোভা কৰে যত মায়াৰ গুণক।
মনে আসি অনুগত হোৱয় কৰ্ম্মক।৮৫২৷৷
বেদে কহি আছে অসংখ্যাত কৰ্ম্ম যত।
তাতে গৈয়া পুনু পুনু প্ৰৱৰ্ত্তা সতত।।
অবিদ্যায়ে মোহ হুয়া নজানে পুৰুষে।
সম্পত্তিৰ অৰ্থে কৰ্ম্ম কৰয় আৱেসে।।৮৫৩৷৷
ষড়উৰ্ম্মিযুক্ত ইটো ঘোৰ সংসাৰত।
কিমতে পুৰুষে তাক তড়িবে সতত।।
হে প্রভু অজিত নৃসিংহ কৃপাময়।
তোহ্মাক নভজে যিটো নৰ দুৰাশয়।।৮৫৪৷৷<