top of page

শ্রীমদ্ভাগৱত

।।প্রথম স্কন্ধ।।

।।শ্রীকৃষ্ণায় নমঃ।।

।।ওঁ নমো ভগৱতে ৱাসুদেৱায়।।

 

 

 

জন্মাদ্যস্য যতোৎন্বয়াদিতৰতশ্চার্থেষ্বভিজ্ঞঃ স্বৰাট্

তেনে ব্রহ্ম হৃদা য় আদিকৱয়ে মুহ্যন্তি য়ৎ সূৰয়ঃ।

তেজোৱাৰিমৃদাং য়থা ৱিনিময়ো য়ত্র ত্রিসৰ্গোৎমৃষা

ধাম্না স্বেন সদা নিৰস্তকুহকং সত্যং পৰং ধীমহি।।১।।

ধৰ্ম্মঃ প্রোজ্বিতকৈতৱোৎত্ৰ পৰমো নিৰ্ম্মৎসৰাণাং সতাং

ৱেদ্যং বাস্তৱমত্র বস্তু শিৱদং তাপত্রয়োম্মূলনম্।

শ্রীমদ্ভাগৱতে মহামুনিকৃতে কিংৱা পৰৈৰীশ্বৰঃ

সদ্যো হৃদ্যৱৰুধ্যতেৎত্র কৃতিভিঃ শুশ্রূষুভিস্তৎক্ষণাৎ।।২।।

নিগমকল্পতৰোর্গলিতং ফলং শুকমুখাদমৃতদ্ৰৱসংযুতম্।

পিৱত ভাগৱতং ৰসমালয়ং মুহুৰহো ৰসিকা ভুৱি ভাৱুকাঃ।।৩৷৷

 

           ।।মঙ্গলাচৰণ।।

                ৷।পদ।।

 

জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ।

যাৰ আজ্ঞা শিৰে বহে ব্রহ্মা হৰি হৰ।।

মৎস্য কূৰ্ম্ম আদি অংশ অৱতাৰ যাৰ।

ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ।।১।।

নমো নমো মধু মুৰৰিপু মহাহৰি।

অন্ত্যজো উত্তম আতি হোৱৈ যাক স্মৰি।।

সমস্তে জগত উদ্ধাৰক যাৰ নাম।

হেনয় কৃষ্ণক কৰো সহস্র প্রণাম।।২।।

প্ৰভূ ভগৱন্ত ভকতৰ নৱনিধি।

হৰিক স্মৰণে আৰম্ভৰ হৌক সিদ্ধি।।

পৰীক্ষিত মোক্ষকথা দ্বাদশ স্কন্ধৰ।

কৃষ্ণৰ চৰণে ভণে কিঙ্কৰ কৃষ্ণৰ।।৩।।

 

   ।।সূত শৌনক সংবাদ।।

 

প্ৰথম স্কন্ধৰপৰা দ্বাদশ পৰ্য্যন্তে।

কহিলা ৰাজাত মহা মুনীন্দ্ৰ মহন্তে।।

সংক্ষেপ কৰিয়া উদ্ধাৰিয়া তাৰ সাৰ।

শঙ্কৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ।।৪।।

আঠাইশ সহস্র ঋষি বেদত প্রধান।

বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান।।

মান্য কৰি সূতক পাতিলা সত্ৰ তথা।

শৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা।।৫।।

শৌনক বদতি শুনা সূত মহামানী।

পৰম পাতকী কলি পাইলে হেন জানি।।

আৰম্ভিলা যজ্ঞ আসি সহস্র বৎসৰ।

হোমধূমে ধূম্রবর্ণ ভৈল কলেৱৰ।।৬।।

যিটো কৰ্ম্ম কৰো আত নাহিকে বিশ্বাস।

আপোনাৰ আয়ুক কৰিলো ব্যর্থে নাশ।।

সম্প্রতি তুমিসি চিন্তিয়োক মহাহিত।

কৰায়োক পান কৃষ্ণ-চৰিত্ৰ অমৃত।।৭।

পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ।

তান মহাভক্তি ইটো শ্ৰৱণ কীৰ্ত্তন।।

ইহাক নজানি আন কৰ্ম্ম কৰি মৰো।

কৈয়ো কৃষ্ণকথা সূত যেনমতে তড়ো||৮||

ইহাতেসে আহ্মাৰ মিলিল মহাভাগ।

তুমি হেন মহন্তক পাইলো ভাগ্যে লাগ।।

যত স্বর্গসুখ যিটো মোক্ষসুখ মূল।

ভকতৰ সঙ্গৰ অল্পকো নুহি তুল।।৯।।

আকাশে সঞ্চৰে ৰবি ৰথ যেন বায়ু।

সূৰ্য্যৰ লগত হৰৈ জগতৰ আয়ু।।

একক্ষণ মানে যিটো শুনৈ কৃষ্ণকথা।

তাৰ বিনে আৱৰ জীৱন যায় বৃথা।।১০।।

কৃষ্ণত অর্পিয়া আমি কৰো কৰ্ম্ম যত।

তাতো নানা বিঘ্নি আছে জানিলো মনত।।

এতেকে পিয়ায়ো কৃষ্ণ-চৰিত অমৃত।

শ্ৰৱণ মাত্রকে যেন হঞো কৃতকৃত্য।।১১||

যাগ যোগ যজ্ঞ কৰি দুখ পাইলো মাত্র।

আৱে কহিয়োক মহাভাগৱত শাস্ত্র।।

                 ____________

 

               ।।প্ৰস্তাৱনা।।

 

কৃষ্ণকথা ইটো অমৃততো কৰি স্বাদ

শুনো সুত শুক-পৰীক্ষিতৰ সম্বাদ।।১২।।

যাৰ ঘোঁৰা চলে আতি আকাশৰ পথে।

সসাগৰা পৃথিৱী জিনিলা একৰথে।।

জম্বু দ্বীপপতি পৰীক্ষিত মহাবীৰ।

তৰুণ কালতে কেনে তেজিলা শৰীৰ।।১৩৷৷

ভৃত্য যেন খাটে পৃথিৱীৰ ৰাজা যত।

কৃষ্ণত ভকত তেন্তে মহাভাগৱত।।

হৰি স্মৰি যিমতে কৰিলা তনু ত্যাগ।

কহিয়ো তাহানে জন্ম সূত মহাভাগ।।১৪।।

বিষ্ণু বৈষ্ণৱৰ কিঞ্চিতেকো নাহি ভেদ।

দুইৰো কথা কৰে পাতকৰ কন্ধছেদ।।

এতেকে শুনিবো আমি কৃষ্ণৰ চৰিত্ৰ।

এহিসে তাড়িবে আৱে দুৰ্ঘোৰ কলিত।।১৫।।

দেৱৰো দুর্লভ শুক মুনি মহাভাগ।

কিমতে পাইলন্ত পৰীক্ষিতে তাঙ্ক লাগ।।

বৈকুণ্ঠৰ শাস্ত্র যিটো বেদান্তৰো তত্ত্ব।

সাত দিনে কৈলা সিটো মহাভাগৱত।।১৬।।

কি হেতু ৰাজাক আসি দংশিলে তক্ষকে।

পাইলা গতি ভাগৱত শ্ৰৱণ মাত্রকে।।

বৈষ্ণৱৰ বৃত্তান্ত শুনিবাক ইচ্ছা আছে।

কহিয়োক সূত আন কথা শুনো পাচে।।১৭।।

হেন শুনি সূতে বিনাৱন্ত অৱনত।

আমি অকুলীন হেন আছিল মনত।।

তোমাসাৰ প্রশ্নে ভৈলো আজিসি পৱিত্ৰ।

শুনা যেন জানো কহো কৃষ্ণৰ চৰিত্ৰ।।১৮।।

সাৱশেষে কথা কোনে কহিবে স্বৰূপে।

যেন পক্ষী উৰয় পখাৰ অনুৰূপে।।

সেহিমতে যতমান লৱে মোৰ মতি।

বর্ণাইবো কৃষ্ণৰ লীলা তোহ্মাত সম্প্রতি।।১৯।।

গ্রাম্যকথা কথনে মলিন হোৱে বাণী।

তাক শুদ্ধ কৰো কৃষ্ণকথাক বখানি।।

কৃষ্ণ চৰিত্ৰত মোৰ মহা লাভ আছে।

কৃষ্ণৰ কীৰ্ত্তনে জাতি অজাতি নবাছে।।২০৷৷

ৱৈকুণ্ঠৰ শাস্ত্র ইটো মহাভাগৱত।

যেনমতে পৃথিৱীত ভৈলন্ত বেকত।।

যিমতে কৰিলা শাস্ত্র ব্যাস সৰ্ব্বজানে।

প্রথমে হৰিক স্মৰি শুনা সাৱধানে।।২১।।

               ____________

 

       ।।ব্যাস-নাৰদ সংবাদ।।

 

দিনেক পূৰ্ব্বত পৰাশৰ সুত ঋষি।

বদৰিকাশ্ৰমত আছন্ত ব্যাস বসি।।

উগুল থুগুল মন নাহি সুখ শান্তি।

নপান্ত উপায় একো মনে গুণি গান্থি।।২২।।

ব্রহ্মজ্ঞান চিন্তন্ত মনত নাহি সুখ।

নজানন্ত কিসক মনত মিলৈ দুখ।।

অধোমুখে আছে বসি হুয়া নিশৱদ।

সেহি বেলা তৈতে আসি মিলিল নাৰদ।।২৩।।

হাতে দিব্য বীণা যন্ত্র মুখে ৰাম নাম।

হৃদয়ত কৃষ্ণমূৰ্ত্তি স্ফুৰ্ত্তি অৱিশ্রাম।।

প্রেমে দ্রৱৈ চিত্ত আতি ৰোমাঞ্চ শৰীৰ।

ধাৰায়ে স্ৰৱন্তে আছৈ নয়নৰ নীৰ।।২৪৷৷

তোলন্ত যন্ত্রত মহাহৰিৰ চৰিত্ৰ।

নাৰদক দেখি ব্যাস ঋষি সচকিত।।

আথে বেথে উঠিলা ধৰিয়া কৃতাঞ্জলি।

পৰম গৌৰৱে ঋষি কৰিয়া সেৱলি।।২৫।।

দিলন্ত আসন আনি বসিবাৰ তৰে।

পাদ্য অর্ঘে গন্ধে ধূপে পূজিলা সাদৰে।।

প্রণিপাতে পুছিলা কুশল আগমন।

নাৰদে পুছিলা পাচে ব্যাসত বচন।।২৬।।

হাসিয়া বোলন্ত ঋষি কহিয়ো বৃত্তান্ত।

কিবা হেতু নাহিকে তোহ্মাৰ চিত্ত শান্ত।।

মহা উচপিচ কিয় থিৰ নুহি চিত্ত।

মহন্তৰো মোহ ইটো কিনো বিপৰীত।।২৭।।

কৰিলাহা বেদৰ অনেক শাখা ভেদ।

যাৰ যেনে জাতি ধৰ্ম্ম দিলা পৰিচ্ছেদ।।

কৰিলাহা ভাৰত পুৰাণ অষ্টাদশ।

জগতত ব্যাপিলে তোহ্মাৰ মহাযশ।।২৮৷৷

বহ্মকো সাক্ষাত তুমি কৰা সমাধিত।

তথাপি তোহ্মাৰ কেনে অসণ্ত্তষ্ট চিত্ত।।

কহিয়োক ঋষি মোত ইহাৰ কাৰণ।

শুনি প্রণিপাতে ব্যাসে বুলিলা বচন।।২৯।।

হঞো যদি আমি বেদ শাস্ত্ৰত পাৰ্গত।

কৰো নিতে ঈশ্বৰ অৰ্পণা কৰ্ম্ম যত৷৷

মহাজ্ঞানপূর্ণ আমি জগতে প্রখ্যাত।

হোন্ত সমাধিতে ব্রহ্ম আপুনি সাক্ষাত।।৩০।।

তথাপি নুগুচে মোৰ মনে অসন্তোষ।

নপাঞো বিমৰিষি কিবা কৰি আছো দোষ।

আপুনি অগাধ বুদ্ধি অংশ অৱতাৰ।

পুছোহো তোহ্মাত কৈয়ো কাৰণ ইহাৰ।।৩১।।

নাৰদ বদতি শুনা মহামুনি ব্যাস।

তুমিসে কৰিলা সৱে জগতকে নাশ।।

নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্রাণ।

নাহি মন্দ কৰ্ম আৰ ইহাৰ সমান।।৩২।।

আকস্মিকে লোকক কৰাইলা হিংসা ধৰ্ম্ম।

নুবুজিলা তুমিয়ো বেদৰ তত্ত্ব মৰ্ম্ম।।

গৰিহিত কৰ্ম্মকো কহিলা ধৰ্ম্ম বুলি।

তোহ্মাৰ বচনে লোক নাশিল সমুলি।।৩৩।।

স্বভাৱে লম্পট বিষয়ত অনুৰাগ।

স্বর্গ পাইবো বুলি ৰঙ্গে কাটৈ হংস ছাগ।।

কৰৈ নানা হিংসা ধৰ্ম্ম নানা দেৱ পূজৈ।

পুণ্যক্ষয় ভৈলে দুনাই নৰকত মজৈ।।৩৪৷৷

যদি জ্ঞানীগণে তাক কৰে নিবাৰণ।

আউৰ তাৰ বাক্যক নমানে একোজন।।

বোলৈ উপালম্ভ কৰি বচন খণ্ডিত।

ব্যাসতো অধিক ভৈল এহেন্তে পণ্ডিত।।৩৫।।

প্রকটি কহিলা তুমি আনসে ধৰ্ম্মক।

নকৈলা প্রখ্যাত কৰি কৃষ্ণ কীৰ্ত্তনক।।

সিজিল তোহ্মাত ঋষি পৰম অন্যায়।

নাহি সুস্থ চিত্ত তৱ সেহি অভিপ্রায়।।৩৬।।

____________

 

           ।।মহাভাগৱত শাস্ত্র।।

 

মোৰ উপদেশ কৰা ভাগৱত শাস্ত্র।

প্রচাৰোক গোৱিন্দৰ গুণ-নাম মাত্র।।

শ্ৰৱণ-কীৰ্ত্তন মাত্র কৰোক নিঃশেষ।

দূৰ হৌক তোহ্মাৰ মনৰ মহা ক্লেশ।।৩৭।।

যদ্যপি ভকতি নৱবিধ মাধৱৰ।

শ্ৰৱণ কীৰ্ত্তন তাতো মহা শ্রেষ্ঠতৰ।।

অৰ্চ্চন বন্দন ধ্যান সমস্ততে কৰি।

যশ কীৰ্ত্তনত আতি তুষ্ট হোন্ত হৰি।।৩৮।।

ভকতে যতেক গাৱৈ গুণ নামচয়।

তাৰ মালা গান্থিয়া পিন্ধন্ত কৃপাময়।।

হেন জানি ব্যাস ঋষি তুমি সৰ্ব্বজান।

নিৰ্ম্মিয়োক শাস্ত্র কৃষ্ণ-চৰিত্র প্রধান।।৩৯।।

যিটো বাক্যে নাই নাম কৃষ্ণৰ চৰিত্ৰ।

উচ্ছিষ্ট গৰ্ত্ততো কৰি সিটো অপৱিত্ৰ।।

কাক তুল্য কামী পুৰুষৰ তাত ৰতি।

ভকতৰ নাই তাত অভিলাষ মতি।।৪০।।

যিটো বাক্যে আছৈ গুণ নাম মাধৱৰ।

সিটো বাক্যে হৰৈ পাপ জনসমূহৰ।।

ভকতি বিহীন জ্ঞান কৰ্ম্ম সৱে ব্যর্থ।

কহিলো স্বৰূপে বেদান্তৰ তত্ত্ব অর্থ।।৪১।।

আৱে অনাদৰি জ্ঞান কৰ্ম্মক নিঃশেষ।

কেৱলে দিয়োক ভকতিৰ উপদেশ।।

ভকতিসি কৰে সংসাৰৰ বন্ধ নাশ।

ভকতিৰ প্ৰভাৱ শুনিয়ো ঋষি ব্যাস।।৪২।।

স্বধৰ্ম্মক তেজি ভজৈ কৃষ্ণক সম্প্রতি।

তাত প্রেমপূর্ণ যেৱে নভৈল ভকতি।।

ভৈল ভ্রষ্ট যদি বা অল্পতে গৈল প্রাণ।

জানা নাহি তথাপি তাহাৰ অকল্যাণ।।৪৩।।

উৰ্দ্ধবাহু কৰি হেৰা কৰো অঙ্গীকাৰ।

অধম জাতিতো যদি জন্ম ভৈল তাৰ।।

জ্ঞানীতো কর্মীতো কৰি তথাপি অধিক।

দেৱৰো বন্দনি সিটো ভকতি ৰসিক।।৪৪।।

হেন জানি মহা বুদ্ধিমন্ত যিটো জন।

ভকতিৰ অর্থে মাত্র কৰোক যতন।।

কালে কৰ্ম্মে মিলাইবেক বিষয়ৰ সুখ।

উপদেশী লোক হৌক কৃষ্ণক সমুখ।।৪৫।।

   ৷৷নাৰদৰ উপৰি জন্মৰ কথা।।

 

উপৰি জন্মৰ কথা শুনিয়ো আহ্মাৰ।

আছিলোহো আমি দ্বিজদাসীৰ কুমাৰ।।

কৃষ্ণৰ ভকত চাৰি পৰম সন্ন্যাসী।

বঞ্চিলা বাৰিষা ব্ৰাহ্মণৰ ঘৰে আসি।।৪৬৷৷

পাঞ্চ বৰিষৰ আমি অবোধ ছৱাল।

পাঞ্চিলেসে ধৰো নিতে তাসম্বাৰ আল।।

শুনো কৃষ্ণকথা নিতে কৰন্ত কীৰ্ত্তন।

তাসম্বাৰ কৰো আৰো উচ্ছিষ্ট ভোজন।।৪৭।।

গুচাইল মনৰ মল সন্তৰ সঙ্গতি।

কৃষ্ণ হেন দেৱত পড়িল মোৰ মতি।।

ৰাত্রি দিনে গাইলো কেশৱৰ গুণ যশ।

মনত উপজি আসৈ কৃষ্ণকথা ৰস।।৪৮।।

নয়নৰ ঝৰে নীৰ তনু ৰোমাঞ্চিত।

ভকতৰ সঙ্গত পৱিত্ৰ ভৈল চিত্ত।।

বাৰিষা বঞ্চিয়া চাৰি কৰিলা গমন।

হেন দেখি মোৰ উত্ৰাৱল কৰে মন।।৪৯।।

পাচে পাচে যাঞো কৰি কাতৰ অশেষ।

গুৰুসৱ কিছু দিয়ে মোক উপদেশ৷৷

হেন বা পাতকী সংসাৰক তৰো আসি।

শুনিয়া সদয় ভৈলা চাৰিয়ো সন্ন্যাসী।।৫০৷৷

উলটি ধৰিয়া মোক কৰিয়া আশ্বাস।

পৰম ৰহস্য কথা কৰিলা প্রকাশ।।

কহিলন্ত ঈশ্বৰ ভকতি মহাজ্ঞান।

যেন অন্ধলাক দিলা দিব্য চক্ষু দান।।৫১।।

বান্ধৱ কৃষ্ণক মই ভৈলো পৰিচয়।

আন দেৱধৰ্ম্মক দেখিলো মায়াময়।।

আছিলন্ত বৃদ্ধা মাতৃ প্রতিপালি মোক।

দংশিলেক সর্পে তেহো গৈলা পৰলোক।।৫২।।

হেন দেখি আহ্মাৰ উদাস ভৈল মন।

উত্তৰ দিশক লাগি কৰিলো গমন।।

এৰাইলো নগৰ গ্রাম নদী নদ দেশ।

ঘোৰ অৰণ্যত ভৈলো আপুনি প্রৱেশ।।৫৩৷৷

বনমধ্যে দেখিলো বিচিত্র সৰোবৰ।

স্নান পান কৰি ভৈলো সুস্থ কলেৱৰ।।

আসনে বসিলো শিশু অশ্বত্থৰ তলে।

কৃষ্ণক চিন্তিবে লৈলো হৃদয় কমলে।।৫৪৷৷

উপজিল প্রেম আতি দ্ৰৱ ভৈল চিত্ত।

ঝৰে নয়নৰ নীৰ তনু ৰোমাঞ্চিত।।

দেখিলো সাক্ষাতে মই ঈশ্বৰ মূৰ্ত্তিক।

কৰন্ত প্রকাশ কোটি চন্দ্ৰতো অধিক।।৫৫৷৷

আনন্দ সিন্ধুত মন মজিল আহ্মাৰ।

গুচিল মনৰ মোৰ মোহ অহঙ্কাৰ।

কতোক্ষণে প্রভু পাচে ভৈলা অন্তৰ্দ্ধান।

কৃষ্ণক নেদেখি দুনাই দুনাই ধৰো ধ্যান।।৫৬।।

তথাপি নপাঞো লাগ মাধৱ বন্ধুক।

কান্দিলো অনেক শোকশেলে ফুটে বুক।।

এখনে আছিলা হৃদয়ত দেখা দিয়া।

কৈক গৈলা বন্ধু বুলি ধাকুৰিলো হিয়া।।৫৭।।

অনন্তৰে আকাশত শুনিলো বচন।

এৰিয়োক মোক লাগি বালক ক্রন্দন।।

নতু গুচে সম্যকে মনৰ মল যত।

নপাইবা মোহোক দেখা আউৰ ই জন্মত।।৫৮।।

তেজিয়া নিন্দিত দাসী পুত্র কলেৱৰ।

পাইবি মোৰ পাৰিষদী তনু শ্রেষ্ঠতৰ।।

হৈবেক নাৰদ নাম দিব্য ৰূপধৰ।

ফুৰিবি পৱিত্ৰ কৰি লোক নিৰন্তৰ।।৫৯।।

মোৰ নাম গুণ মাত্র কৰিয়ো কীৰ্ত্তন।

পাইবি আউৰ জনমত সদা দৰিশন।।

হেন শুনি ভৈল মোৰ মন উপশম।

লাজ এৰি ফুৰো গাই কৃষ্ণ গুণ নাম।।৬০৷৷

কৃষ্ণৰ চৰিত্ৰ মই সুমৰো মনত।

অনন্তৰে কাল আসি ভৈলা উপগত।।

পৰিল শৰীৰ কৰ্ম্ম ছিণ্ডিলে সকলে।

পাইলো পাৰিষদী তনু ভকতিৰ বলে।।৬১।।

সেহি সময়ত আসি মিলিল প্রলয়।

প্রৱেশিলো গৈয়া মই ব্ৰহ্মাৰ হৃদয়।।

তাহানে মানস পুত্র হুয়া ভৈলো জাত।

দেখা ভকতিৰ কিনো মহিমা সাক্ষাত।।৬২।।

ভকতিৰ প্ৰভাৱ কহন্তে অদভূত।

ভৈলো অৱতাৰ মই হুয়া দাসীসুত।।

মহাহৰি প্রসাদে তড়িলো ঘোৰ মায়া।

হেন জানি ব্যাস জগতকে কৰা দায়া।।৬৩।।

কৃষ্ণ গুণ নাম ধৰ্ম্ম কৰিয়ো বেকত।

শ্ৰৱণ কীৰ্ত্তন কৰি তড়োক জগত।।

এহি বুলি ভৈলা মুনি স্বর্গত প্রৱেশ।।

ব্যাসো শান্ত চিত্ত ভৈলা পায়া উপদেশ।।৬৪।।

কৃষ্ণৰ মূৰ্ত্তিক পাচে কৰিলন্ত ধ্যান।

হৃদয়তে কৃষ্ণক দেখিলা বিদ্যমান।

বামপাশে মায়া দক্ষিণত ভক্তিমাৱ।

দেখি ব্যাস ঋষিৰ ৰোমাঞ্চ ভৈলা গাৱ।।৬৫।।

মায়ায়ে বান্ধন্ত ভক্তি মাতৃ মেলাৱন্ত।

দুহানো মধ্যস্থ ভাৱে আছা ভগৱন্ত।।

বন্ধৰ মোক্ষৰ হেতু দেখি ব্যাস ঋষি।

ভাগৱত শাস্ত্র পাচে কৰিলা হৰিষি।।৬৬।।

পৰম ৰহস্য মহা ভকতিৰ পন্থ।

শুকক পঢ়াইলা ইটো ভাগৱত গ্রন্থ।।

প্রথম স্কন্ধৰ ছয় অধ্যায়ৰ তথা।

গৈল ব্যাস-নাৰদ সম্বাদ ইটো কথা।।৬৭।।

শুনা সভাসদ পদ মহাভাগৱত।

পুৰাণৰ সূৰ্য্য শাস্ত্র শুনিয়ো মহত।।

হুয়া এক শৰণ যি জনে শুনৈ আক।

পাৱৈ পৰম্পদ সুখে নিস্তৰে মায়াক।।৬৮।।

বৈকুণ্ঠৰ শাস্ত্ৰ আনি পৰম উৎসুকে।

সংসাৰীক কৰি কৃপা প্রচাৰিলা শুকে।।

জানি এক চিত্তে নিতে শুনা কৃষ্ণকথা।

ইহেন মনুষ্য জন্ম নকৰিয়ো বৃথা'।।৬৯।।

বিজুলী চমক যেন জীৱন অথিৰ।

কৈত কেতিক্ষণে পৰে ইহেন শৰীৰ।।

প্রাণবন্ধু কৃষ্ণৰ চৰণে দিয়া চিত্ত।

কৃষ্ণগুণ নাম ইসে পৰলোক বিত্ত।।৭০৷৷

জানি হৰি ভকতিত তেজিয়ো আলাস।

আউৰ কি মনুষ্য হুইবা এৰা ইটো আশ।।

সত্বৰে-গলত বান্ধা মাধৱৰ নাম।

কৃষ্ণৰ কিঙ্কৰে কহে বোলা ৰাম ৰাম।।৭১।।

৷।পৰীক্ষিতৰ জন্ম ৰহস্য।।

।।দুলড়ী৷৷

 

নিগদতি সুত      শুনিয়ো শৌনক

প্ৰমুখ্যে ঋষি যতেক।

আৱে পৰীক্ষিত     নৃপতিৰ জন্ম

তোহ্মাত কহো প্রত্যেক।।

যৈসানি ভাৰতে    সমৰ কৰিলা

মৰিল বীৰ সমস্ত।

অষ্টাদশ সিটো     অক্ষৌহিণী সেনা

অন্যে অন্যে গৈল অস্ত।।৭২।।

অযুত প্রমত্ত      হস্তীৰ বিক্রম

বৃকোদৰ মহাবীৰ।

ভাঙ্গিল গদাৰ     দুষ্মহ প্রহাৰে

উৰু কুৰু নৃপতিৰ।।

কৌৰৱ ৰাজাৰ     প্রীতি সাধো বুলি

অশ্বত্থামা মহামানী।

পাঞ্চালীৰ পঞ্চ           পুত্ৰৰ শিৰক

কাটিয়া যোগাইলা আনি।।৭৩৷৷

বংশ ছেদ দেখি    দুখে দুৰ্য্যোধনে

দ্রৌণিক পাৰিলা গালি।

কদর্থি মাৰিবে     মোক ভীমে বুলি

মৰিলা মাথা আস্ফালি।।

শুনিয়া দ্রৌপদী     পুত্র পাঞ্চ গুটি

কাটিলা দ্রৌণী নিদ্রাত।

শোকে নুহি থিৰ    হিয়া দুইছিৰ

ভৈলা যেন বজ্রপাত।।৭৪।।

কৰিলা বিলাপ     ভূমিত পৰিয়া

মুষ্টি হৃদয়ত হানি।

ধৰি ধনঞ্জয়      প্রবোধিলা তাঙ্ক

শোকে গদগদ বাণী।।

দুৰ্জ্জন দ্বিজৰ      মাথাক কাটিয়া

যাৱে আনি নেদো তোক।

নুগুছৱে তাৱে     মহাসতী তোৰ

দুম্মহ পুত্রৰ শোক।।৭৫।।

এহি বুলি ক্রোধে        কৃষ্ণ ধনঞ্জয়

একে ৰথে গৈলা খেদি।

পলাই প্রাণ ৰাখি    ৰথে অশ্বত্থামা

তাসম্বাক লগ নেদি।।

সঙ্কটত বাজি      যাইবাক নপাৰি

প্রহাৰিলা ব্ৰহ্ম শৰ।

দশো দিশে ছানি         জ্বলিল অগনি

যেন মহা প্রলয়ৰ।।৭৬৷৷

দেখি ধনঞ্জয়      পায়া মহাভয়

সখিক বুলিল বাণী।

হে কৃষ্ণ কৃষ্ণ      প্রভু ভগৱন্ত

কিবা বহ্নি আসৈ ছানি।।

সঙ্কট সময়ে      বাৰে বাৰে ৰাখা।

ভকতৰ ভয়হাৰী।

তোহ্মাৰ চৰণ     বিনে নাহি গতি

সম্প্রতি মোৰ মুৰাৰি।।৭৭।

হেন বা বুলিবা    আমিও মানুষ

কিসক কৰা গোচৰ।

জানিলো তুমিসি    পৰম পুৰুষ

জগতৰে মহেশ্বৰ।।

নিজ ব্ৰহ্মৰূপে      ভৈলাহা বেকত

মনত কৰি যুগুতি।

মহাসুখে এক      শৰণ ভকতে

লভোক ভজি মুকুতি।।৭৮||

হেনয় ভকত      বান্ধৱ মাধৱ

তোহ্মাৰ তেজিয়া সেৱ।।

হুয়া অন্ধমতি     কোননো সম্প্রতি

ভজিবেক আন দেৱ।।

জানিয়া চৰণে     পশিলো শৰণে।

তোহ্মাৰ মই কিঙ্কৰ।

আকাশক ছানি     আসৈ কিবা বহ্নি

কহিয়ো মোত সত্বৰ।।৭৯।।

মাধৱে বোলন্ত     শুনা প্রাণসখি

নাহি আন অদভুত।

প্রাণৰ কাতৰ      হুয়া ব্রহ্মশৰ

প্রহাৰিলা দ্রোণসুত।।

দশো দিশ দেখা    দহিয়া আসয়।

সেহি মহা বহ্নিবৰ।

ব্রহ্মাস্ত্ৰক ব্রহ্ম      শায়কে সংহাৰ

কৰিয়ো সখি সত্বৰ।।৮০।।

শুনি সব্যসাচী     আচান্ত ভৈলন্ত

উল্লাসিত আতি জীৱ।।

মাধৱ বন্ধুক      প্রদক্ষিণ কৰি

ধৰিলা ধনু গাণ্ডীৱ।।

মহাবলে ৰাগি     ব্রহ্মাস্ত্ৰক লাগি

ক্ষেপিলন্ত বজ্রবাণ।

ব্রহ্মাণ্ডো লৰিল     পৰিল বজ্ৰত

বজ্ৰৰ যেন সন্ধান।।৮১।।

দুয়ো ব্রহ্মবাণ     ভৈল একথান

যেন সূৰ্য্য বহ্নি দুই।

তিনিয়ো জগত     জুৰি পুৰি যায়

যেন প্রলয়ৰ জুই।।

মাধৱে বোলন্ত     দেখিয়োক সখি

মিলিল ক্ষয় প্রজাৰ।।

কৃষ্ণৰ বচনে      অস্ত্ৰক তেখনে।

কৰিলা বীৰে সংহাৰ।।৮২।।

দ্রৌণিক দেখিয়া    খেদিয়া ধৰিলা

যেন হৰিণক বাঘে।

আলগায় আনি     ৰথত পেহ্লাইলা।

বিপক্ষক মহাৰাগে।।

চাৰি হাত ভৰি         একঠাই কৰি।

বান্ধিলন্ত টানি টানি।

নকাটি দ্বিজক     লৈ যান্ত টানিয়া

কোপিলন্ত চক্রপাণি।।৮৩।।

কেনে অঙ্গীকাৰ         কৰা নষ্ট ভ্রষ্ট

হুয়া তুমি মহাবীৰ।

ইটো পুত্রবধী           অধম দ্বিজক

কিসক নকাটা শিৰ।।

ক্রোধে আৰকত         আখি অৰ্জুনৰ

নেদিলা একো সিদ্ধান্ত।

দ্রৌপদীৰ আগে           দুৰ্জ্জন দ্বিজক

ধোকোচাই পেহ্লাইলন্ত।।৮৪।।

লাজে অশ্বত্থামা          মাথা নোতোলন্ত

পশু যেন আছে পৰি।

দেখে অন্ধকাৰ           বান্ধৰ চোটত

ভাঙ্গি যায় হাত ভৰি।।

মৃতক পুত্রক            সুমৰি কান্দন্তে

আছন্ত দ্রুপদ জীউ।।

গৌতমী পুত্ৰৰ           অৱস্থা দেখিয়া

অন্তৰীক্ষ ভৈলা জীউ।।৮৫।।

হাহাকাৰ কৰি           গুৰুৰ পুত্ৰক

প্রণামিলা পাৱ চুই।

মেলা মেলা বান্ধ        ইহান দুখেসে

অধিকে উধাই জুই।।

মই যেন মৰো          পুৰি পুত্রশোকে

অগনি হিয়া দহয়।

আহান অৱস্থা           শুনি সেহিমতে

গৌতমী তেজিবে জীৱ।।৮৬।।

দ্রৌপদীৰ হেন              সদয় হৃদয়

দেখিয়া যত মহন্ত।

সাধু সাধু সতী         ধন্য ধন্য মতি

বুলি সৱে প্রশংসন্ত।।

পুত্রবধী দ্বিজ      আহাঙ্কো ক্ষমিলা

নমিলাহা তুমি মাৱ।

তোহ্মাৰ সমান     শান্তী নেদেখিবো

কৰিলা হেন আৰাৱ।।৮৭।।

____________

।।ছৱি।।

 

শুনা সামাজিক জন      যথা জগন্নাথ কথা

তথা পুণ্য তীর্থৰ নিৱাস।

সেহিসে নির্গুণ স্থান      তৈতে সিজে যজ্ঞ দান

হৰি হোন্ত তথাতে প্রকাশ।।

জানি শুনা কৃষ্ণকথা      জন্মক নকৰা বৃথা

সমস্ত শাস্ত্ৰৰ ইসে সাৰ।

কৃষ্ণকথা পৰিহৰি        ফুৰৈ আন কৰ্ম্ম কৰি

সিটো চিন্তৈ আপোনাৰ মাৰ।।৮৮৷৷

যাৰ নাম মাত্রে তড়ি     হেনয় বান্ধৱ হৰি

কৰি আছা হিয়াত নিৱাস।

তাঙ্ক কৰি অনাদৰ       অধম অবোধ নৰ

কৰৈ আন কৰ্ম্মত বিশ্বাস।।

সনিয়াত মাৰৈ গাণ্ঠি     পিন্ধৈ গলে কাচ কান্ঠি

কাছতে আছন্ত হেমহাৰ।

হাতৰ অমৃত তেজি      মৰৈ যেন বিষ ভুঞ্জি

ভৈল সেহি পটন্তৰ তাৰ।।৮৯।।

সাধৈ মহা সৰ্ব্বসিদ্ধি      ভকতৰ নৱনিধি

মাধৱৰ অৰুণ চৰণ।

শৰণ লৈয়োক তাত      নিতে হোৱৈ আয়ুপাত

যদ্যপিও নেদেখা মৰণ।।

এৰা আন সৱে ধান্ধা     নামক গলত বান্ধা

মৰণ সম্বল হৰিনাম।

নমৰা বিষয় ভোলে      কৃষ্ণৰ কিঙ্কৰে বোলে

ঘুষিয়ো সদায়ে ৰাম ৰাম।।৯০৷৷

____________

 

                 ।।পদ৷৷

 

নিগদতি সূত শুনিয়োক ঋষি যত।

ক্রোধে ভীমসেন আসি সেহি সময়ত।।

দশন চোবায় কোপে কম্পায়া শৰীৰ।

ঝাণ্টে বোলে কাটা দুষ্ট ব্রাহ্মণৰ শিৰ।।৯১।।

দ্রৌপদী বোলন্ত ৰাখা ৰাখা আন প্রাণ।

কাটা কাটা বুলি ভীমে পাইলা সন্নিধান।।

দেখি কৃষ্ণে বেকত কৰিলা চাৰি হাত।

ভাঙ্গন্ত কন্দল দুয়ো এৰা উতপাত।।৯২।।

দুয়ো হাতে দুইকো নিবৰ্ত্তাইলা যদুৰায়।

বুলিলা বচন পাচে অৰ্জ্জুনক চাই।।

দ্রৌপদীৰ বচন কিমতে পৰে ৰক্ষা।

কোন বুদ্ধি ৰাখিবা ভীমৰ মহা কক্ষা।।৯৩।।

বুলিলা আপুনি শিৰ কাটিবো পূৰ্ব্বতে।

তিনি কথা আৱে ৰক্ষা পৰে কেনমতে।।

মিলিল সঙ্কট সখি শুনিয়ো উপায়।

যুধিষ্ঠিৰ ৰাজাৰ বুজিয়ো অভিপ্রায়।।৯৪।।

মনে গুণি ধনঞ্জয় পাইলা উপদেশ।

চূড়ামণি সহিতে কাটিলা তাৰ কেশ।।

বান্ধ কাটি দেশৰ খেদাইলা ঢঙ্কা মাৰি।

অৰ্জ্জুনক সাধুৰ্ব্বাদ বুলিলা মুৰাৰি।।৯৫

মুণ্ড মুণ্ডি সৰ্ব্বস্বক কৰিলা আগ্রহ।

নিকালিয়া দেশৰ ভাঙ্গিলা তাৰ গহ।।

দুষ্ট ব্রাহ্মণৰ দণ্ড এহিসে বিহিত।

জানিলা ধৰ্মৰ তত্ত্ব ভৈলা কৃতকৃত্য।।৯৬।।

সাধু সাধু বুলি প্রশংসিলা যুধিষ্ঠিৰ।

সাফলিলা প্রতিজ্ঞা অৰ্জ্জুন মহাবীৰ।।

এহিমতে অৰ্জ্জুনক প্রশংসি তহিত।

যুদ্ধ জিনি পাঞ্চো ভাই ভৈলা কৃতকৃত্য।।৯৭।।

পৰম আনন্দ আতি ভৈলন্ত তহিত।

গোৱিন্দে পূৰিলা পাণ্ডৱৰ মনোনীত।।

মৃতকৰ কৰি পাচে পিণ্ড জলাঞ্জলি।

থাকিলা হস্তিনাপুৰে পাঞ্চো মহাবলী। ৯৮৷৷

পাচৰ বৃত্তান্ত শুনিয়োক সৱে ঋষি।

ভাৰত যুদ্ধক সাঙ্গ কৰিয়া হৰিষি।।

দ্বাৰকাক যাইবে লাগি চিন্তি চক্রপাণি।

যুধিষ্ঠিৰ নৃপতিত লৈলন্ত মেলানি।।৯৯।।

দ্রৌপদী সুভদ্রা কুন্তী সৱাকো সম্বোধি।

চড়িলা ৰথত ভীম অর্জ্জুনত সুধি।।

কৃষ্ণৰ বিয়োগ দুখ নসহয় মনে।

পঞ্চো ভাই সঙ্গে যান্ত সজল নয়নে।।১০০।।

দ্রৌণিক এৰিলা লাঞ্জকাটা যেন বাঘ।

দুৰ্জ্জন দ্বিজৰ আতি উঠি গৈলা ৰাগ।।

পাঞ্চো ভাইক লাগি পাঞ্চগোট ব্ৰহ্মবাণ।

অৰণ্যৰ পৰা বীৰে কৰিলা সন্ধান।।১০১।।

উত্তৰাৰ গর্ভে আছে পাণ্ডুৰ সন্ততি।

হানিলা গোটেক ব্রহ্মঅস্ত্র তাঙ্ক প্রতি।।

অপাণ্ডৱা পৃথিৱী কৰিবো আজি বুলি।

আকস্মিতে পাঞ্চোভাই দেখৈ মাথা তুলি।।১০২।।

অগ্নি সম লোহা পাঞ্চগোটা খেদি আসে।

ধৰিলন্ত ধনুর্ব্বাণ পাঞ্চো মহাত্রাসে।

দেখি ক্ষেপিলন্ত চক্ৰ কৃষ্ণে আতি ৰাগি।

ভষ্ম ভৈলা ব্রহ্মাস্ত্র চক্ৰৰ তেজ লাগি।। ১০৩।।

উত্তৰা দেখন্ত অস্ত্র আসৈ লোহাময়।

গর্ভৰ বিনাশ হেতু ভৈলা মহাভয়।।

দিলন্ত লৱৰ আতি বিহ্লল স্বভাৱে।

ত্রাহি কৃষ্ণ কৃষ্ণ বুলি পৰিলন্ত পাৱে।।১০৪।।

খেদি আসে কিবা অস্ৰ্ৰগোট মোক প্রতি।

কৰা পৰিত্ৰাণ বন্ধু মাধৱ সম্প্রতি।।

হেৰা আসি পাইলে মোক দুৰন্ত মৰণে।

অভয় চৰণে প্রভু পশিলো শৰণে।।১০৫৷৷

অগতিৰ গতি মোক কৰা পৰিত্ৰাণ।

তুমি বিনে ৰাখন্তা নেদেখো নাথ আন।।

নাহি চিন্তা মৰো মই এহি শৰে ফুটি।

কৰিয়োক ৰক্ষা মাত্ৰ মোৰ গৰ্ভগুটি।।১০৬।।

এহি বুলি কান্দন্ত কৃষ্ণৰ পাৱ চুই।

গৰ্ভত লাগিল আসি ব্রহ্মাস্ত্ৰৰ জুই।।

দেখি আথেবেথে তাক নাথ হৃষীকেশ।

গদা ধৰি উদৰত ভৈলন্ত প্রৱেশ।।১০৭।।

ভাঙ্গিলন্ত ব্রহ্মাস্ত্ৰক গদায়ে কোবাই।

জীয়াইলন্ত শিশুক অমৃত দৃষ্টি চাই।।

পূর্ণ দশমাস শিশু লভিলা চেতন।

মহাপুৰুষক তৈতে ভৈলা দৰশন।।১০৮।।

অঙ্গুষ্ঠ প্রমাণ তনু মহা সুকুমাৰ।।

শ্যাম তনু পীতবস্ত্রে আতি জাতিষ্কাৰ।।

তড়িত জড়িত যেন নৱ ঘনখণ্ড।

মকৰকুণ্ডল কান্তি প্রকাশিত গণ্ড।।১০৯।।

কণ্ঠত কৌস্তুভ মণি যেন নৱ সূৰ্য্য।

আজানুলম্বিত মহা চাৰু চাৰি ভুজ।।

শঙ্খ চক্র গদা পদ্ম আছৈ চাৰি হাতে।

ৰত্নৰ কিৰীটি চিকিমিকি কৰে মাথে।।১১০।।

তৰুণ অৰুণ চাৰু পঙ্কজ লোচন।

প্রকাশে উন্নত নাসা প্রসন্ন বদন।।

কুন্দকড়ি দশন ঈষত তাতে হাস।

কৰৈ ৰত্নময় হাৰ হিয়াত প্রকাশ।।১১১।।

কেয়ূৰ কঙ্কণ তাতে ৰিণিঝিনি ধ্বনি।

কটিত কনক কাঞ্চি ঝলকে কিঙ্কিণী।।

লোটে পাট পীত ভুনি পাৱত প্ৰভুৰ।

চৰণ পঙ্কজে ৰঞ্জে ৰত্নৰ নূপুৰ।।১১২।।

কোটি এক শশী সম শৰীৰ প্রকাশে।

ফুৰন্তে আছন্ত গদা ধৰি চাৰি পাশে।।

গদায়ে অস্ত্ৰৰ তেজ নিবাৰন্তে আছে।

দেখৈ ঈশ্বৰক শিশু আপোনাৰ কাছে।।১১৩।।

দেখন্তে অমৃত সিঞ্চৈ যেন শৰীৰত।

কোন ইটো বুলি শিশু গুণন্ত মনত।।

আছিলন্ত কতোক্ষণ চাই নেত্রভৰি।

ভৈল অন্তৰ্দ্ধান পাচে তৈতে শ্রীহৰি।।১১৪।।

শিশু জীৱে জানি সতী ভৈলা ভয়হীন।

গৈলা গৃহে মাধৱক কৰি প্রদক্ষিণ।।

 

      ৷।কুন্তীৰ কৃষ্ণ-তুতি।।

 

চলিবাক চান্ত কৃষ্ণ কুন্তী হেন জানি।

সলোতক মুখে দুঃখে বুলিলন্ত বাণী।।১১৫।।

হে কৃষ্ণ কৃষ্ণ বাপ কৰো প্রণিপাত।

পৰম ঈশ্বৰ তুমি জানিলো সাক্ষাত।।

দৈৱকীনন্দন নন্দকুমাৰ গোৱিন্দ।

নমো নমো মুকুন্দ চৰণ অৰৱিন্দ।।১১৬।।

নমো নাভিপঙ্কজ পঙ্কজমালাধৰ।

নমো নেত্র পঙ্কজ পঙ্কজ পাৱ যাৰ।।

নমো ভকতৰ চিত্ত বিত্ত অধিষ্ঠাতা।

দুর্গতি তাড়ক মোৰ তুমি পিতা মাতা।।১১৭।।

বিষবহ্নি ৰাক্ষসৰ দুর্ঘোৰ বনবাস।

আজি অশ্বত্থামাৰ অস্ত্ৰত যাঞো নাশ।।

নানা বিপদত পুত্র সমে আছা ৰাখি।

চটকে শিশুক যেন ঢাকি থাকে পাখি।।১১৮।।

কেৱলে ৰাখিলা মাত্র সিটো দৈৱকীক।

জানিলো মোতেসে স্নেহ মাতৃতো অধিক।।

সেহি সেহি আপদ আহ্মাৰ অভিমত।

তোহ্মাক দেখিবে পাঞো যিটো আপদত।।১১৯৷৷

শ্রী ভৈলে ভুলৈ মন কৰৈ নানা কাম।

সম্পদত নপাৰো লৈবাক তৱ নাম।।

জগতৰে আত্মা অন্তর্যামী মহাহৰি।

নিজৰূপে আছাহা সাক্ষাত অৱতৰি।।১২০।।

কেহো বোলে বংশ বিস্তাৰিবা যাদৱৰ।

কেহো বোলে কীৰ্ত্তি বঢ়াইবাহা পাণ্ডৱৰ।।

কেহো বোলে ভূমিভাৰ হৰিবাক প্রতি।

কৱৈ নানা হেতু যাৰ যেন লৱৈ মতি।।১২১।।

কাম্য কৰ্ম্ম কৰি মৰৈ যত মূঢ়মতি।

ভৈলাহা বেকত তাক নিস্তাৰিবে প্রতি।।

অনন্ত চৰিত্ৰ কথা কৰিবা প্রচাৰ।

শ্ৰৱণ কীৰ্ত্তন কৰি তড়োক সংসাৰ।।১২২৷৷

মহা জ্ঞানীগণে বোলৈ হেনসে যুগুতি।

জানো জগতকে দিবা ইবাৰ মুকুতি।।

ভৈলাহা বিদিত আসি আপুনি ঈশ্বৰে।।

তোহ্মাকেসে নজানি কুমতি নৰ মৰে।।১২৩৷৷

শুনৈ গাৱৈ স্মৰৈ যিটো তোহ্মাৰ কথাক।

আনে কৰে কীৰ্ত্তন প্রশংসে তাসম্বাক।।

অচিৰ কালতে পাৱৈ তোহ্মাৰ চৰণ।

আউৰ দুনাই নাহি তাৰ জনম মৰণ।।১২৪।।

তুমি এৰিলাত আমি মৃতক পৰায়।

নগৈলে যাদৱ বংশ মৰৈ সমুদায়।।

একো বুলিবাক মই নপাৰো সম্প্রতি।

যেন লাগে কৰা দেৱ অগতিৰ গতি।।১২৫।।

তোহ্মাক দেখিবে নপাঞো ইসে মোৰ খেদ।

যাদৱ পাণ্ডৱ বংশ কৰা স্নেহ ছেদ।।

আন দেৱ ধৰ্ম্মত নযাওক মোৰ মতি।

তোহ্মাত কৰোহো মাত্ৰ নিৰন্তৰে ৰতি।।১২৬||

যেন জাঁজি গঙ্গাক নিৰোধ কৰে যদি।

সাগৰত পৰয় তথাপি দেৱনদী।।

সেহিমতে বিঘ্নিকো নগণি মোৰ মন।

সদায়ে স্মৰোক মাত্র তোহ্মাৰ চৰণ।।১২৭।।

এহিমতে কৰন্তে অনেক স্তুতি নতি।

মনে উপজিল আসি সপ্রেম ভকতি।।

শিহঁৰি শৰীৰ নীৰ বহে অৱিশ্রান্ত।

কৃষ্ণৰ আগত পৰি কুন্তী কান্দিলন্ত।।১২৮।।

পৰম ভকতি দেখি জগতনিৱাস।

এহি হৌক বুলি হাসি কৰিলা আশ্বাস।।

নযাইবো দ্বাৰকা বুলি পালটিলা হৰি।

দুনাই গৃহ পশিলা কুন্তীক আগ কৰি।।১২৯৷৷

দুনাই যাইবে চান্ত স্ত্রীসৱক প্রবোধি।

কাতৰ কৰিয়া ৰাজা ৰাখিলা নিৰোধি।।

সাত আঠ দুই অধ্যায়ৰ কথা গৈল।

ভীষ্ম মোক্ষ উৎসৱ কহিবে সূতে লৈল।।১৩০৷৷

 

।।ভীষ্ম-মোক্ষ উৎসৱ কথন।।

 

গোত্রহত্যা পাতক কৰিয়া যুধিষ্ঠিৰ।

মাধৱৰ প্রবোধে নভৈল মন স্থিৰ।।

অধিক বোলন্ত কৰি কৃষ্ণক বিচাট।

বুজিলোহো সমস্তে তোহ্মাৰ কুটনাট।।১৩১।।

কান্দন্ত কৰিলো বুলি সুহৃদ বিঘাত।

ব্যাসৰ বাক্যত নাহি ৰাজাৰ সঞ্জাত।।

কহন্ত যতেক যজ্ঞ যোগ প্রায়শ্চিত্ত।

নাহি শান্তি তথাপিতো নৃপতিৰ চিত্ত।।১৩২।।

ঈশ্বৰ ইচ্ছাক কোনে কৰিবে নিৰোধ।

ভীষ্মৰ মুখেসে আঙ্ক কৰাইবো প্রবোধ।।

হেন মনে মানিলন্ত ঈশ্বৰ মাধৱে।

গৈলা কুৰুক্ষেত্ৰক পাণ্ডৱ সবান্ধৱে।।১৩৩৷৷

কুন্তী আদি কৰি নাৰীসৱো গৈলা লৰি।

মহাভাগৱত ভীষ্ম যথা আছে পৰি।।

দেখিলা ভীষ্মক শৰ শয্যাত আছন্তে।

যেন পুৰন্দৰ পাত ভৈলা স্বর্গহন্তে।।১৩৪।।

যত দেৱঋষি ৰাজঋষি ব্রহ্মঋষি।

নাৰদ প্রমুখ্যে তৈতে মিলিলা হৰিষি।।

ব্যাস শুক বশিষ্ঠ প্রমুখ্যে ঋষিৰাজ।

ভীষ্মৰ আগত বহি পাতিলা সমাজ।।১৩৫।।

সৱাকো কৰিলা পূজা যাক যেন বিধি।

কৃষ্ণক দেখিয়া যেন পাইলা নৱনিধি।।

সাদৰে আগত আনি বৈসাইলা আসনে।

পাদ্য অর্ঘ ধূপ দীপ দিলা সৱে মনে।।১৩৬।।

ভীষ্মৰ অৱস্থা দেখি সলোতক মুখে।

কাষতে আছন্ত পাঞ্চো ভাই মহাদুখে।।

কুন্তী সত্যৱতী আদি কান্দৈ নাৰীগণে।

দেখিয়া ভীষ্মৰ মৰ্ম্ম চৰি গৈলা মনে।।১৩৭।।

লোতকে চঞ্চল আখি আতি অনুৰাগে।

বুলিলা সৱাকো বাক্য ভীষ্ম মহাভাগে।।

পৰম ধর্মিষ্ঠ পাঞ্চো কৃষ্ণত সন্মুখ।

ইসে মহাকষ্ট তোৰাসৱে পাইলা দুখ।।১৩৮৷৷

হা মাৱ কুন্তী তোহ্মাকেসে কৰো খেদ।

পাণ্ডুৰ মৰণে দুখ পাইলা অবিচ্ছেদ।।

এহি পাঞ্চ পুত্ৰ লৈয়া কৰিলা বিদেশ।

দুষ্ট ধৃতৰাষ্টে নিদিলেক কোন ক্লেশ।।১৩৯৷৷

জানো নাই ইটো দুখ লিখিত তোহ্মাৰ।

কালে ঘটাইলেক আসি ইসৱ নিকাৰ।।

ঈশ্বৰ কালেসে হৰৈ জগতৰে আয়ু।

সংসাৰত ভ্ৰমাৱৈ মেঘক যেন বায়ু।।১৪০।।

ধন জন জীৱন তিলেকে কৰে ছন্ন।

কালক তর্কিবে হেন নাহি একোজন।।

অতি অঘটনকো ঘটাৱে কালে আনি।

পৰম আশ্চর্য্য ই যে শুনা সৱে প্রাণী।।১৪১।।

যৈত ধৰ্ম্মৰাজা গদাপাণি বৃকোদৰ।

ধনঞ্জয় যথাত গাণ্ডীৱ ধনুৰ্দ্ধৰ।।

পৰম সুহৃদ কৃষ্ণ যৈত সভাসদ।

দেখিয়ো আশ্চর্য্য কিনো তথাতো আপদ।।১৪২।।

ধৰ্ম্মিষ্ঠ বলিষ্ঠ ধনুৰ্দ্ধৰ কিছু নুই।

যেহি কৰে ঈশ্বৰে সেহিসে সত্য হুই।।

ঈশ্বৰ চেষ্টাক জানে কমন মহন্তে।

ব্রহ্মা হৰো মোহ যায় যাক বিচাৰন্তে।।১৪৩।।

চিনাইবে লাগিলা ভীষ্মে মেলিয়া আঙ্গুলি।

এহেন্তে ঈশ্বৰ কৃষ্ণ কালো আঙ্ক বুলি।।

সম্প্রতি আছন্ত হুয়া দৈৱকী তনয়।

আন্তে হুই জগতৰে সৃষ্টি স্থিতি লয়।।১৪৪।।

কোটি ব্রহ্মাণ্ডৰ নাথ এন্তে মহাহৰি।

মায়ায়ে লোকক মুহি আছে ছদ্ম কৰি।।

কিনো পাণ্ডুপুত্র তোমাসাৰ মহাভাগ।

পাইলাহা গৃহতে হেন ঈশ্বৰক লাগ।।১৪৫।।

পাঞ্চা দূত কৰা কতো সাৰথি ৰথৰ।

মন্ত্রী হুয়া বুজান্ত সামান্য যেন নৰ।।

আহান চৰণে আৱে চিত্ত কৰি থিৰ।

কৰা প্রতিপাল প্রজা ৰাজা যুধিষ্ঠিৰ।।১৪৬।।

দানধৰ্ম্ম ৰাজধৰ্ম্ম মোক্ষধৰ্ম্মচয়।

কহিয়া ছেদিলা তান মনৰ সংশয়।।

নাহি ভাগৱত ধৰ্ম্ম সমান নামৰ।

কৃষ্ণকো চিনাইল এন্তে পৰম ঈশ্বৰ।।১৪৭||

ভকত বৎসল কৃপাময় মহাহৰি।

আহান পাৱত বাপ থাকা সেৱা কৰি।।

যদ্যপি সৱাতে সম এন্তে ভগৱন্ত।

ভকতৰ পক্ষপাত তথাপি কৰন্ত।।১৪৮৷৷

মই প্রাণ এৰোঁ দেখা হেন সময়ত।

আপুনি ভৈলন্ত আসি আগে উপগত।।

কিনো কৃপাময় মহাস্নেহে ভকতক।

এতেক বোলন্তে প্রেমে ঝৰিল লোতক।।১৪৯।।

হে কৃষ্ণ কৃষ্ণ আৱে মোহোৰ আগত।

যিটো চতুর্ভুজ ৰূপ কৰিছা বেকত।।

অৰুণ চৰণ চাৰু সুপ্রসন্ন মুখ।

পাসৰিলো শৰৰ বেদনা যত দুখ।।১৫০।।

তুমিসে সুহৃদ আত্মা প্রভু ভকতৰ।

তোহ্মাৰ চৰণে কৰো এতেক গোচৰ।।

যাৱদেকে এৰো ঐত মঞি কলেৱৰ।

তাৱে মোক অপেক্ষিবা বাপ গদাধৰ।।১৫১।।

এতেক বোলন্তে প্রেমে পীড়িল ভীষ্মক।

ধাৰে বহি যায় দুই নেত্রৰ লোতক।।

থাকিলন্ত তম্ভি ভীষ্মে কৃষ্ণক নিৰেখি।

কৃষ্ণো ভৈলা আকুল ভকতি তান দেখি।।১৫২।।

শুনা সভাসদ পদ মহাভাগৱত।

হৃদয়ত বিচাৰি কথাৰ লৈবা তত্ত্ব।।

ই শাস্ত্রত কহে দেৱ এক নাৰায়ণ।

তাহান ভকতি যশ শ্ৰৱণ কীৰ্ত্তন।।১৫৩৷৷

আক এক শৰণ নিশ্চয় চিত্ত কৰি।

আতি অপ্রয়াসতে যাতনা তাপ তড়ি।।

কৃষ্ণৰ সেৱাত কিছু নাহিকে ভাগৰ।

নাম মাত্র লৈলে তড়ি সংসাৰ সাগৰ।।১৫৪।।

কৃষ্ণ মোৰ আত্মা কৃষ্ণ সুহৃদ নিশ্চয়।

কৃষ্ণকেসে পাইলে অণুমাত্র নাহি ভয়।।

এহি তত্ত্ব জানৈ যিটো সেহি মহাজ্ঞানী।

সেহি মহাগুৰু সেহিজন চক্রপাণি।।১৫৫।।

হেন জানি ভকতিত কৰিয়ো বিশ্বাস।

অথিৰ জীৱন ধন জন গৃহবাস।।

ক্ষণিকতে নথাকৈ মেঘৰ যেন ছদ্ম।

আৰ অৰ্থে নেৰিবা কৃষ্ণৰ পাদপদ্ম।।১৫৬৷৷

কাল অজগৰে গিলে তিলেকে মৰণ।

কৃষ্ণৰ চৰণে লৈয়ো সত্বৰে শৰণ।।

কৃষ্ণৰ কিঙ্কৰে কহে ইসে তত্ত্ব সাৰ।

বোলা ৰাম ৰাম হোক পুৰুষ উদ্ধাৰ।।১৫৭।।

             ____________

।। দুলড়ী।।

 

নিগদতি সূত      শুনিয়ো শৌনক

ভীষ্মৰ মোক্ষ উৎসৱ।

দেখাই নিজ ৰূপ    প্রত্যক্ষে আছন্ত

আগত বসি মাধৱ।।

চক্ষু মেলি সেহি         কৃষ্ণৰ ৰূপতে

থাপিলা নিষ্কাম মন।

মহাফল প্রেম      ৰতিক প্রার্থন্তে

কৰন্ত গুণ বর্ণন।।১৫৮।।

ত্রিভুৱন মধ্যে     সুন্দৰ শৰীৰ

নীল তমালৰ বৰ্ণ।

ৰুচিকৰ গৌৰ     বসনে প্রকাশৈ

মকৰ কুণ্ডল কর্ণ।।

অলকা আবৃত     মুখ পঙ্কজক

দেখন্তে উল্লাসে মতি।

হেনয় ঈশ্বৰ      বিজয় সখিত

থাকোক নিষ্কাম ৰতি।।১৫৯।।

সখিৰ বচনে      উভয় সেনাৰ

মধ্যত ৰথ থাপিয়া।

এহি কর্ণ দ্রোণ     দেখন্তে চক্ষুৱে

আনিলা আয়ু হৰিয়া৷৷

অৰ্জুনৰ জয়      সাধিলা মাধৱ

ভকতৰ তুমি গতি।

দেৱৰো দেৱতা     ঈশ্বৰ কৃষ্ণৰ

চৰণে থাকোক ৰতি।।১৬০৷৷

যুদ্ধত ৰথৰ       ঘোটকৰ ধূলি

ধূসৰ অলকা পান্তি।

ঘৰ্ম্মবিন্দু লাগি     লড়ন্তে চড়ন্তে

মুখপদ্ম কৰে কান্তি।।

ঘোৰ তীক্ষ্ণশৰে     ফুটিয়া কৱচ

কৰৈ আতি জাতিষ্কাৰ।

হেনয় কৃষ্ণৰ      চৰণত নিতে

থাকোক ৰতি আহ্মাৰ৷৷১৬১।।

ভকতৰ বন্ধু      কৰুণাৰ সিন্ধু

তুমি অনাথৰ নাথ।

তোহ্মাৰ চৰণ     নেৰো মোৰ মন।

নমো নমো নমাই মাথ।।

বন্ধুবধ দুখে      পড়িলা ৰথত

হতাশে পেহ্লাইলা চাপ।

মহাজ্ঞান দানে     হৰিলা কুমতি

অৰ্জ্জুনৰ কৃষ্ণ বাপ।।১৬২।।

ভকত বৎসল     কৰুণা সাগৰ

কৰা অগতিৰ গতি।

হে প্রাণ কৃষ্ণ      তোহ্মাৰ চৰণে

সততে থাকোক ৰতি।।

কোন অনুগ্রহ      নকৰিলা মোক

ভকত বৎসল তুমি।

কৃষ্ণৰ পৰম      উপকাৰ স্মৰি

কান্দিলন্ত হুমহুমি।।১৬৩।।

তীক্ষ্ণতৰ শৰে     কৱচ ভেদিলা

কোপে আতি তনু কাম্পে।

মোক ক্ৰোধ কৰি   কৰে চক্ৰ ধৰি

ৰথৰ নামিলা জাম্পে।

মোক কাটিবাক    বেগে যান্ত খেদি

পৃথিৱী খণ্ড লড়াই।

অৰ্জ্জুনে পদত      ধৰন্ত ক্ৰোধত

চলন্ত তাঙ্কো চেড়াই।।১৬৪।।

গাৱৰ পচোৰা     পৰিল ৰথত

নেদন্ত তাহাতো মতি।

সখিৰ কাতৰে     পালটিলা পাচে

তিনিয়ো লোকৰ পতি।।

অস্ত্র নধৰিবো     বুলিলা আপুনি

ধৰাইবো বুলিলো আমি।

নিজ অঙ্গীকাৰ     ছন্ন কৰি মোৰ

প্রতিজ্ঞা ৰাখিলা স্বামী।।১৬৫।।

আপোনাতো কৰি        ভকতক স্নেহ

জানিলো তাক সম্প্রতি।

আন নবাঞ্ছোহো    ঐ বন্ধু মাধৱ

তুমি হৈবা মোৰ গতি।।

এক হাতে চাট     বাৰি আউৰ হাতে

ধৰি আছা বাঘজৰী।

অযোগ্য কৰ্ম্মকো        কৰি অৰ্জ্জুনৰ

আছা ৰথ ৰক্ষা কৰি৷৷১৬৬।।

সেহি সময়ত           বীৰসৱ যত

যুদ্ধত হোৱে সন্মুখ।

তোহ্মাৰ বদন     পদ্মক দেখিয়া

পাসৰৈ সংসাৰ দুখ।।

অৰ্জ্জুনৰ শৰে      আসি কাটে শিৰ

এৰাৱৈ কৰ্ম্মবন্ধক।

চতুর্ভুজ ৰূপে      বিমানত চড়ি

লৰি যায় বৈকুণ্ঠক।।১৬৭।।

ভকতিৰ বলে     দিব্য দৃষ্টি দেখো

নেদেখে আনে সাক্ষাত।

মৰণ সময়ে       শৰণ পশিলো

ৰহোক ৰতি তোহ্মাত।।

গোপীসৱ মহা     গৰ্ব্বে অন্ধ ভৈল

তোহ্মাৰ পায়া সন্মান।

মহা অহঙ্কাৰ       দেখি তাসম্বাৰ

তৈতে ভৈলা অন্তর্ধান।।১৬৮৷৷

তোহ্মাক নপাই    প্রেম চৰি যায়।

কৰিলা তোহ্মাৰ লীলা।

এতেকতে মহা     গতি লক্ষ্মীপতি

অজ্ঞানী গোপীক দিলা।।

নাৰী অনাচাৰী     সিয়ো নিস্তৰিল

তোহ্মাক মানি বল্লভ।

আতি অপ্রয়াসে     পাইলা পৰম্পদ

দেৱৰো যিটো দুর্লভ।।১৬৯।।

জাতি কুল ক্রিয়া        একোৱে নবাছে।

তোহ্মাৰ ইটো ভকতি।

হে প্রাণবন্ধু       তোহ্মাতেসে মাত্র

থাকোক আহ্মাৰ ৰতি।।

তুমিসি জগত      পূজ্য জগজীৱ

প্রত্যক্ষে দেখিলো আমি।

ৰাজসূয় যজ্ঞে     যত দেৱ ঋষি

অৰ্চ্চিলা সৱে প্রণামি।।১৭০৷৷

তোহ্মাৰ মহিমা    ৰূপ বখানন্তে

চৰি গৈলা অনুৰাগ।

কিনো মোৰ ভাগ   হেন ঈশ্বৰক

অন্তকালে পাইলো লাগ।।

ভৈলোহো কৃতার্থ    হে প্রাণনাথ

তোহ্মাক দেখি সাক্ষাত।

দূৰ ভৈল খেদ     মোৰ হেৰা ভেদ

এৰাইলো মায়াৰ হাত।।১৭১।।

এহি বাক্য বুলি         মন দৃষ্টি দিয়া।

কৃষ্ণক কৰিয়া ধ্যান।

অৰুণ চৰণ       মনে আলিঙ্গিয়া।

ভীষ্মে এৰিলন্ত প্রাণ।।

পাইলা পাৰিষদী    তনু তাৱক্ষণে

মিলিল ব্ৰহ্ম সম্পত্তি।

দেৱ সিদ্ধ ঋষি         সৱেও দেখিলা

ভীষ্মে পাইলা মহাগতি।।১৭২৷৷

ভৈলন্ত সমস্ত      সমাজে তবধ।

নাহি কাৰো মাতবোল।

আকাশৰ পৰা     কৰৈ পুষ্পবৃষ্টি

দুন্দুভি শবদ ৰোল।।

ধন্য ধন্য ভীষ্ম    প্রশংসা কৰিল

যতেক সাধু সমাজ।

কৃষ্ণৰো পৰম      মহিমা দেখিয়া

আশ্চৰ্য্য সমস্তে ৰাজ।।১৭৩৷৷

নিজ আশ্রমক   চলি গৈলা সৱে

দেখিয়া আশ্চর্য্য তথা।

প্রথম স্কন্ধৰ      নৱ অধ্যায়ৰ

এহিমানে গৈল কথা।।১৭৪।।

____________

 

।।ছবি।।

 

শুনা সামাজিক জন      মহাভাগৱত কথা

আক শুনৈ যিটো একমতি।

যদিবা মনত স্মৰৈ       শ্ৰদ্ধায়ে কীৰ্ত্তন কৰৈ

পাৱৈ সেহি নৰে ভীষ্মগতি।।

জপ তপ তীর্থ স্নান      নলাগৈ ধাৰণা ধ্যান

কেৱলে ভকতি গতি সাধৈ।

কৰন্তে নাহিকৈ কষ্ট       অল্পৰো নাহিকৈ নষ্ট

আক একো বিঘিনি নবাধৈ।।১৭৫।।

তিনিয়ো লোকত সাৰ     ভকতিত পৰে আৰ

নাহি নাহি আক জানা নিষ্ঠ।

হৃদয়ত ৰূপ ধৰৈ        তাহান নামক স্মৰৈ

সি সি জন মহন্ত বিশিষ্ট।।

আছোক মনুষ্য আন      দেৱে তীর্থে কৰি মান

ভকতৰ ফুৰৈ পাচে পাচে।

ত্রৈলোক্যত নাহি সৰি     জ্ঞানীতো কৰ্ম্মীতো কৰি

ভকতেসে শ্রেষ্ঠ হুয়া আছে।।১৭৬।।

হেন জানি চিন্তা হিত     কৃষ্ণত অর্পিয়া চিত

কৃষ্ণেসে কৰিবে ভয়ে ত্রাণ।

জীৱন বিজুলী প্রায়       অথিৰ মনুষ্য কায়।

কৈত কেতিক্ষণে পৰৈ প্রাণ।।

কৃষ্ণ হেন দেৱ জানি     কোননো অধম প্রাণী।

কৰৈ আন দেৱত বিশ্বাস।

যেন ভ্ৰমৰৰ বধূ        পিয়ৈ পাৰিজাত মধু

আন পুষ্পে নকৰে নিবাস।।১৭৭।।

কৃষ্ণেসে মুকুতি বীজ      কৃষ্ণেসে সুহৃদ নিজ

কৃষ্ণৰ পাৱত কৰা ৰতি।

নেনা আয়ু আলে জালে    ইটো ঘোৰ কলিকালে

কৃষ্ণনাম বিনে নাহি গতি।।

দেখা যুগধর্ম চাই        বিলম্বত কাৰ্য্য নাই

সত্বৰে গলত বান্ধা নাম।

নমৰা বিষয় ভোলে      কৃষ্ণৰ কিঙ্কৰে বোলে

নিৰন্তৰে বোলা ৰাম ৰাম।।১৭৮||

           ।। কৃষ্ণৰ মেলানি।।

                     ।।পদ।।

শৌনক বদতি তুমি শুনিয়োক সূত।

শুনিলো তোহ্মাত কৃষ্ণকথা অদভুত।।

কৃষ্ণে কি কৰিলা যুদ্ধ সমর্পিয়া পাচে।

ইটো কথা শুনিতে আহ্মাৰ ইচ্ছা আছে।।১৭৯।।

সূত নিগদতি ঋষিসৱ শুনা কথা।

ভাৰত যুদ্ধক সাঙ্গ কৰি হৰি তথা৷৷

যুধিষ্ঠিৰ নৃপতিৰ বঢ়ায়া উৎসৱ।।

তাসম্বাৰ প্রীতি আতি সাধিলা মাধৱ।।১৮০৷৷

কৃষ্ণৰ প্রসাদে পাচে যুধিষ্ঠিৰ নৃপ।

সাগৰ পৰ্যন্তে পাইলা ৰাজ্য জম্বুদ্বীপ।।

কৃষ্ণপাৱে চিত্ত দিয়া বঞ্চিলন্ত কাল।

পুত্ৰৱতে কৰিলা প্রজাক প্রতিপাল।।১৮১।।

কোটি কন্দর্পতো কৰি ৰূপক সম্প্রতি।

দেখি কতো নাৰীৰ বিস্ময় ভৈল মতি।।

দুতি পুৰন্দৰ যেন থাকিলা নৃপতি।

দ্বাৰকাক যাইবাক কৃষ্ণৰ ভৈল মতি।।১৮২।।

সুহৃদসৱক কৰাই আনন্দ উদয়।

হস্তিনাপুৰত বসি মাস কতিপয়।।

যুধিষ্ঠিৰ নৃপতিত মাগিয়া মেলানি।

কুন্তীকো কৰিলা শান্ত বুলি প্রিয়বাণী।।১৮৩৷৷

দ্রৌপদী প্রমুখ্যে পাণ্ডৱৰ যত নাৰী।

বুলিলা আশ্বাস বাক্য সৱাকো মুৰাৰি।।

ৰথত চড়িলা পাচে পৰম মঙ্গলে।

কৃষ্ণৰ বিয়োগ দুখে পাণ্ডৱসকলে।।১৮৪।।

কহিবাক খোজন্তে নেত্ৰৰ বহে নীৰ।

প্রবন্ধে কৰিলা তাক কথমপি থিৰ।।

কতো আলিঙ্গন্ত কতো প্রণামন্ত মাথে।

মহোৎসৱে কৰিলন্ত যাত্রা জগন্নাথে।।১৮৫।।

মৃদঙ্গ গোমুখ শঙ্খ বজাৱে কাহাল।

ডিণ্ডিম ডগৰ ঢোল ৰোল কৰতাল।।

চিহ্ন চৌণ্ডা দণ্ড ছত্র গাউল বোম্বালে।

চলি যায় সেনাসৱ মহা কৌতুহলে।।১৮৬।।

অৰ্জ্জুনে ধৰিলা ছত্র মাথাত সাদৰে।

উদ্ধৱ সাত্যকি বিঞ্চৈ ধৱল চামৰে।।

চড়িয়া গৃহত যত নগৰস্থ নাৰী।

শিৰত বৰিষে পুষ্প হুয়া দুই শাৰী।।১৮৭।।

কৃষ্ণৰ চৰণ চিন্তি লোতক নিৰোধি।।

কতো প্রেমে কহে কথা সখিক সম্বোধি।।

নকৰিবা প্রাণসখি কৃষ্ণত বিস্ময়।

সাক্ষাতে ঈশ্বৰ এন্তে জানিবা নিশ্চয়।।১৮৮।।।

মহা প্রলয়ত যত জগত সংহৰি।

কেৱলে থাকন্ত সনাতন মহাহৰি।।

তেহেন্তেসে এন্তে কৃষ্ণ জানিবা নিশ্চয়।

জগত কাৰণ হেতু ভৈলন্ত উদয়।।১৮৯৷৷

মায়াৰ হাতত পাচে প্রলয়ৰ অন্তে।

জগতকে স্ৰজন্ত এহেন্তে ভগৱন্তে।।

বেদক নিৰ্মিলা কৰ্ম্ম কৰাইবাক প্রতি।

পুৰাণ পুৰুষ এহেন্তেসে লক্ষ্মীপতি।।১৯০৷৷

জ্ঞানপথে নপায় আঙ্ক মহাযোগীজন।

আনে নাম গুণ কৰৈ শ্ৰৱণ কীৰ্ত্তন।।

তেৱেসে প্রেমত ৰূপ দেখন্ত হিয়াত।

হোৱে চিত্ত শুদ্ধি এহি চৰণ সেৱাত।।১৯১।।

সৃষ্টি স্থিতি লয় এন্তে সাধন্ত আপুনে।

জগত পৱিত্ৰ কৰৈ আনে নাম গুণে।।

কৰি আছা সমস্তৰে হৃদয়ত বাস।

আহাঙ্ক নজানি জীৱ হোৱৈ সৰ্ব্বনাশ।।১৯২।।

পীড়ৈ প্রজা যৈসানি দুর্জন ৰাজাগণ।

হোন্ত অৱতাৰ তেৱে এন্তে নাৰায়ণ।।

পৰম কৃপায়ে মোক্ষ দেন্ত ভকতক।

হৰি বিমুখৰ জানা এন্তেসে অন্তক।।১৯৩।।

কিনো পুণ্যৱন্ত ভাগ্যৱন্ত যদুকুল।

যাহাত জন্মিল জগতৰ আদিমূল।।

কিনো পুণ্য কৰি আছে মথুৰা নগৰী।

চৰণে ভ্রমিলা যাত এন্তে মহাহৰি।।১৯৪।।

দেখিয়ো আশ্চর্য্য ভাগ্য সিটো দ্বাৰকাৰ।

যাৰ যশে স্বৰ্গকো কৰিলা তিৰস্কাৰ।।

যাৰ প্ৰজা অনুদিনে দেখে কৃষ্ণমুখ।

স্বৰ্গতো নাহিকে জানা ব্রহ্মানন্দ সুখ।।১৯৫।।

বিৱাহিতা যতেক কৃষ্ণৰ পত্নীগণ।

জন্মান্তৰে অৰ্চ্চি আছৈ তাহান চৰণ।।

তাতেসে অধৰামৃত পিয়ৈ অনুক্ষণে।

যাহাক আশায়ে মোহ যান্ত নাৰীগণে।।১৯৬।।

ৰুক্মিণী প্রমুখ্যে নাৰী কিনো ভাগ্যৱতী

যাহাৰ গৃহক কৃষ্ণে ক্ষণেকো নেৰন্তি

কমল লোচন স্বামী পায়া অনুক্ষণে।

সেৱা কৰি থাকৈ এহি অৰুণ চৰণে।।১৯৭।।

নাহিকে দুর্লভ দ্রব্য কৃষ্ণৰ সেৱাত।

দুৱাৰতে ৰোৱাইলা শচীৰ পাৰিজাত।।

এহিমতে কৃষ্ণক ঈশ্বৰ হেন জানি।

কহিলন্ত বেদান্তৰো ৰহস্য কাহিনী।।১৯৮৷৷

উপনিষদৰ মন্ত্রগণে মূৰ্ত্তি ধৰি।

শুনে কৃষ্ণ কাহিনী পৰম ৰঙ্গ কৰি।।

আহ্মৰো ৰহস্য কথা কিমতে জানিল।

ইসে নাৰীগণে সংসাৰক নিস্তাৰিল।।১৯৯৷৷

তাসম্বাৰ প্রেমবাণী শুনি নাৰায়াণে।

হাসিয়া সৱাকো চাইলা কটাক্ষ নয়নে।।

সদয় দৃষ্টিত যেন বৰিষে অমৃত।

মিলিল আনন্দ ভৈলা হিয়াত বিদিত।।২০০৷৷

এহিমতে যান্ত হৰি আনন্দ বঢ়াই।

সবান্ধৱে পাণ্ডৱ লগতে চলি যায়।।

এৰিবে খোজন্তে আসৈ ক্রন্দন উভতি।

ধৰিয়া সবাকো নিৱৰ্ত্তাইলা লক্ষ্মীপতি।।২০১৷।

তাসম্বাৰ প্ৰেমত বিকল ভৈলা হৰি।

কমল নেত্ৰৰ নীৰ বহে সৰসৰি।।

নিৱৰ্ত্তিলা পাঞ্চোভাই থাকিয়া কান্দন্তে।

তাসম্বাক চাই চলি যান্ত ভগৱন্তে।।২০২।।

চড়াইলন্ত নদ নদী নগৰ অশেষ।

পাইলন্ত আনৰ্ত্ত নামে আপোনাৰ দেশ।।

সুহৃদসৱৰ মহাদুঃখ দূৰ কৰি।

ফুঙ্কিলন্ত পাঞ্চজন্য শঙ্খ কৰে ধৰি।।২০৩৷৷

বসুদেৱ আদি কৰি যত যদুগণ।

ধ্বনিতে জানিল ভৈল প্রিয় দৰশন।।

আগ কৰি পাট হস্তী বাদ্য সুমঙ্গলে।

গৈলা সৱে আগবাঢ়ি মহা কৌতুহলে।।২০৪।।

মৃদঙ্গ গোমুখ শঙ্খ শবদ আন্দোল।

কৃষ্ণ গুণ গান গায়া প্রজা কৰে ৰোল।।

নাচৈ নট নর্ত্তকী চপয় পঢ়ৈ ভাটে।

সুহৃদ কৃষ্ণক ভেট পাইল ৰাজবাটে।।২০৫।।

দেখি বসুদেৱক নমিলা বনমালী।

পায়া প্রাণপুত্রক ধৰিলা আঙ্কোৱালি।।

তিয়াইলা নেত্ৰৰ নীৰে শৰীৰ কৃষ্ণৰ।

সাদৰিলা কৃষ্ণে বান্ধৱক নিৰন্তৰ।।২০৬।।

কাহাকো সাৱটি কাকো হাস্য কৰি চাই।

চলি যান্ত ৰথে পথে মহেন্দ্ৰ পৰায়।।।

কৃষ্ণ আসিবাৰ শুনি দ্বাৰকাৰ নাৰী।

গৃহে চড়ি সিঞ্চৈ শিৰে পুষ্প শাৰী শাৰী৷৷২০৭।।

হোৱৈ যেৱে নৱ নীল মহা মেঘখণ্ড।

উপৰে প্রকাশে তাৰ আদিত্য প্রচণ্ড।।

দুই পূর্ণচন্দ্র তাৰ থাকে দুই পাশে।

তাতে ইন্দ্রধনু থিৰ বিজুলী প্রকাশে।।২০৮৷৷

জিলিমিলি কৰৈ তাৰ তাৰা ঠাই ঠাই।

তেৱে কৃষ্ণ শৰীৰৰ উপমাক পাই।।

কোটি কন্দর্পৰ দর্পচুৰ হোৱে দেখি।

হেনৰূপে যান্ত কৃষ্ণ সৱাকো নিৰীক্ষি৷৷ ২০৯৷৷

অনন্তৰে পিতৃৰ গৃহত প্রৱেশিলা।

দৈৱকী প্রমুখ্যে সাতো মাতৃক নমিলা।।

চিৰকালে প্রিয়পুত্র পায়া সাতো মাৱ।

হৰিষে বিহ্বল আতি ভৈলা প্রেমভাৱ।। ২১০৷৷

কোলে লৈয়া মহাস্নেহে সুঙ্গিলন্ত শিৰ।

নয়নৰ জলে তাৰ তিয়াইলা শৰীৰ।।

তাসম্বক আশ্বাসিয়া বিনয় বচনে।

নিজ মন্দিৰত প্ৰৱেশিলা নাৰায়ণে।।২১১।।

ষোড়শ হাজাৰ ভাৰ্য্যা আৰো একশত।

একেবাৰে প্ৰৱেশিলা সৱাৰো গৃহত৷৷

চিৰকালে স্ত্রীসৱে দেখি স্বামীমুখ।

মিলিল হৰিষ মনে দূৰ ভৈল দুখ।।২১২।।

পৰম সাদৰে আসনৰ পৰা উঠি।

বাঢ়ি গৈয়া প্রনাম কৰিলা মনতুষ্টি।।

মহাপ্রেমে নেত্ৰৰ লোতক ভৈলা বাজ।

আঞ্চলে মুচিলা মুখ হুয়া মহালাজ।।২১৩||

যদ্যপি কাষতে থাকা ঈশ্বৰ মাধৱ।

তথাপি দেখন্তে প্রীতি বাঢ়ে নৱ নৱ।।

যদ্যপি চঞ্চলা লক্ষ্মী জগতে বিদিত।

তথাপি নেৰন্ত পদ যাৰ কদাচিত।।২১৪।।

হেনয় ঈশ্বৰ কৃষ্ণ হুৱা পৰতেক।

স্ত্রীৰত্ন মধ্যে ক্রীড়া কৰিলা অনেক।।

পৰম পদ্মিনীসৱ লীলা গজগতি।

কৃষ্ণক মুহিবে কাৰো নভৈল শকতি।।২১৫।।

জগতৰে অন্তৰ্য্যামী ঈশ্বৰ মুৰাৰি।

তাহান মহিমা নজানিল একো নাৰী।।

মনে মানিলেক কৃষ্ণ কিনো কামাতুৰ।

তাতেসে আহ্মাক ত্যজি নযান্ত বিদূৰ।।২১৬।।

এহিমতে জগতৰ নাথ নাৰায়ণ।

সাধন্ত সমস্তে ভকতৰ প্রয়োজন।।

মনুস্য চেষ্টাক দেখাই থাকিলন্ত তথা।

গৈলা দশ একাদশ অধ্যায়ৰ কথা।।২১৭।।

বদতি শৌনক সূত কহিয়ো সাম্প্রত।

পৰীক্ষিত নৃপতিৰ জন্ম কৰ্ম্ম যত৷৷

কিমতে মিলিল তান মৰণ বিঘাত।

মৰি কোন গতি পাইলা কহিয়ো সাক্ষাত।।২১৮।।।

গর্ভতে দিলন্ত দেখা যাক দামোদৰ।

কোননো মহন্ত আউৰ আছে তান্ত পৰ।।

যাক দান মহাজ্ঞান দিলা আসি শুকে।

কৈয়ো আন কথা শুনো পৰম উৎসুকে।।২১৯।

নিগদতি সূত শুনা শৌনক উত্তৰ।

দেখিলা কৃষ্ণক শিশু গৰ্ভৰ ভিতৰ।।

ভৈলা অন্তৰ্দ্ধান ৰূপ কৰিয়া প্রকাশ।

ভৈল গর্ভ আসি পাচে পূর্ণ দশমাস।।২২০।।

অনন্তৰে আসি শুভ মঙ্গল বেলাত।

পাণ্ডৱৰ বংশধৰ পুত্ৰ ভৈলা জাত।।

দেখি যুধিষ্ঠিৰ নৃপ পৰম হৰিষে।

জাতকৰ্ম্ম কৰিলা ব্যাসৰ উপদেশে।।২২১।।

সুৱর্ণ বসন ধেনু অনেক ঘোটক।

লক্ষ লক্ষ দিলা দান বিশিষ্ট বিপ্রক।।

তুষ্ট হুয়া ঋষিগণে গণি কৰি স্থিৰ।

বোলন্ত শিশুৰ কথা শুনা যুধিষ্ঠিৰ।।২২২।।

যি হেতু ৰাখিলা বিষ্ণু গৰ্ভতে সাক্ষাত।

এতেকে ইহান নাম হৈবে বিষ্ণুৰাত।।

কৃষ্ণৰ চৰণে হৈব একান্ত ভকত।

নকৰিবা ৰাজা কিছু সংশয় মনত।।২২৩৷৷

ইক্ষাকু নৃপতি যেন পালিবেক প্রজা।

দেৱ দ্বিজ পূজনে যেহেন ৰাম ৰাজা।।

হুইবেক শৰণদাতা যেন উশীনৰ।

বাঢ়িবেক যশ যেন ৰাজা ভৰতৰ।।২২৪।।

দুই অৰ্জুনৰ তুল্য হৈবে ধনুৰ্ধৰ।

প্রতাপে আদিত্য যেন গম্ভীৰে সাগৰ।।

যেন ব্রহ্মা, সকল লোকত তুল্যমতি।

তেখনে প্রসন্ন যেন হৈব পশুপতি।।২২৫।।

ৰন্তিদেৱ সমান উদাৰ হৈবে মতি।

পৰম ধার্মিক যেন নৃপতি যযাতি।।

যেন বলি ৰাজা এন্তে পৰম ধৈৰ্য্যত।

প্রহ্লাদ সদৃশ হৈবে কৃষ্ণৰ ভকত।।২২৬।।

এহেন্তে কৰিবে তিনি যজ্ঞ অশ্বমেধ।

পাষণ্ডক দণ্ডি সৱে কৰিবে নিষেধ।।

একে ৰথে জম্বুদ্বীপ পাইবে মহাবলী।

ধৰ্ম্ম পৃথিৱীৰ পদে নিগ্রহিবে কলি।।২২৭।।

তক্ষকত হন্তে পাচে শুনিয়া মৰণ।

কৃষ্ণৰ চৰণে লইবে একান্তে শৰণ।।

শুকে আসি দিবন্ত ইহাঙ্ক মহাজ্ঞান।

কৃষ্ণৰ অভয় পদ পাইবে তেজি প্রাণ।।২২৮।।

এহিমতে ঋষিসৱে কৰিয়া গণতি।

ৰাজপূজা পাই গৈলা আশ্ৰমক প্রতি।।

অনন্তৰে ভৈলা শিশু স্বভাৱে মহন্ত।

গৰ্ভতে দেখিয়া যাক পৰীক্ষা কৰন্ত।।২২৯।।

এতেকে ভৈলন্ত তান পৰীক্ষিত নাম।

শুক্লপক্ষ চন্দ্র যেন বাঢ়ে অনুক্রম।।

শিশুকাল হন্তে ভৈল ভকত কৃষ্ণৰ।

প্রীতি বাঢ়ি যায় তান্তে সমস্তে লোকৰ।।২৩০।।

        ।।পাণ্ডৱৰ মহাপ্রস্থান।।

 

নিগদতি সূত শুনা কথা বিপৰীত।

নিগ্রহিলা যিমতে কলিক পৰীক্ষিত।।

মৈত্রেয়ত হন্তে পাচে পায়া মহাজ্ঞান।

আসিল বিদুৰ দুনাই পাণ্ডৱৰ থান।।২৩১।।

সবান্ধৱে নৃপতি পূজিলা অনুৰাগে।

লৈয়া ধৃতৰাষ্ট্ৰক পলাইলা নিশাভাগে।।

নপাই বৃদ্ধ পিতৃক নৃপতি কান্দিলন্ত।

নাৰদে কহিলা পাচে সকল বৃত্তান্ত।।২৩২।।

আসিলা অৰ্জ্জুন মহাদুখে মুখম্লান।

কহিলা কৃষ্ণৰ সিটো বৈকুণ্ঠ প্রয়াণ।।

শুনি নৃপতিৰ ভৈলা মনত বিচাট।

পৰীক্ষিত নাতিক দিলন্ত দণ্ডপাট।।২৩৩।।

মথুৰাত নিয়া ৰাজা পাতিল বজ্রক।

পাচে পাঞ্চো ভাই গৈলা উত্তৰ দিশক।।

জড় পিশাচৰ যেন বিকৃত কুবেশ।

কৃষ্ণতে অৰ্পিয়া প্রাণ কৰিলা বিদেশ।।২৩৪।।

কৃষ্ণৰ শোকত কুন্তী ত্যজিলন্ত জীৱ।

কৃষ্ণ স্মৰি মৰিলন্ত দ্রুপদৰ জীউ।।

পাইলন্ত কৃষ্ণৰ পদ দুয়ো মহাসতী।

ভৈলা পৰীক্ষিত পাচে প্রধান নৃপতি।।২৩৫৷৷

সঞ্চাৰে যাহাৰ ঘোঁৰা আকাশৰ পথে।

জিনিলন্ত জম্বুদ্বীপ ৰাজা একেৰথে।।

বাহ্ৰ তেহ্ৰ চৈধ্য পঞ্চাদশ অধ্যায়ৰ।

এহিমানে গৈল কথা প্রথম স্কন্ধৰ।।২৩৬।।

শুনা সভাসদ পদ কৃষ্ণৰ চৰিত্ৰ।

আতপৰে আন ধর্ম নাহিকে কলিত।।

যদ্যপি চণ্ডাল কলি পাপৰ ভাণ্ডাৰ।

তথাপিতো আছে আত মহাগুণ সাৰ।।২৩৭।।

কৃষ্ণৰ কীৰ্ত্তন মাত্র কৰোক প্রবন্ধ।

ছিণ্ডি যায় এতেকে সকলে কৰ্ম্মবন্ধ।।

কৃষ্ণত উপজৈ প্রেম পৰম' ভকতি।

কৃষ্ণমূৰ্ত্তি স্মৃতি হোৱৈ হিয়াত সম্প্রতি।।২৩৮||

ভৈলা শ্রেষ্ঠ কলিসি চাৰিয়ো যুগ মাজে।।

প্রশংসে কলিক মহা মহন্ত সমাজে।।

ধৰ্ম্ম অর্থ কাম মোক্ষ কীৰ্ত্তনতে পায়।

কলি সম শ্রেষ্ঠ যুগ নাই নাই নাই।।২৩৯।।

শাস্ত্ৰৰ পৰম তত্ত্ব জানি সৰ্ব্বজন।

কৰিয়ো কৃষ্ণৰ নিতে শ্ৰৱণ কীৰ্ত্তন।।

অপ্রয়াসে সাধে সিদ্ধি মহা হৰিনাম।

জানি নিৰন্তৰে নৰে বোলা ৰাম ৰাম।।২৪০।।

 

।।ধর্ম-পৃথিৱী সংবাদ।।

।।ছবি।।

শৌনক বদতি সূত       কহিবা সেহিসে কথা।

যাত আছে কৃষ্ণৰ চৰিত্ৰ।

তাহাৰো কহিবা কথা     কৃষ্ণ পাদ পঙ্কজৰ

যিটো মধু পিয়ে প্রতিনিত।।

অসন্ত আলাপ ব্যর্থ       আয়ুক্ষয় কৰে মাত্র

তোহ্মাক মানিলো এহি জানি।

তুমি মহাভাগৱত        কৃষ্ণ কথা অমৃতক

পিয়ায়ো আহ্মাক মহামানী।।২৪১।।

পৰীক্ষিত নৃপতিৰ        কহিয়ো চৰিত্ৰ যত

নাহিকে ভকত তাঙ্ক তুল।

আতেসে শুনিবে বাঞ্ছা     বিষ্ণু বৈষ্ণৱৰ কথা

কৰৈ দুয়ো পাতক নির্ম্মূল।।

সিটো পৰীক্ষিত নৃপ      জিনিলন্ত জম্বুদ্বীপ

একলে কৰিয়া মহাগহ।

বান্ধিলন্ত ধৰ্ম্মসেতু        মহাৰাজা কিবা হেতু

কৰিলন্ত কলিক নিগ্রহ।।২৪২।।

হুয়া মহা শিষ্ট-শান্ত      কিবা হেতু তেজিলন্ত

তৰুণ কালতে প্রাণ তথা।

পাইলা ৰাজা যেন গতি    কহিয়োক মহামতি

আহ্মাত সমস্তে তান কথা।।

কহিবাক লৈলা তথা      শুনিয়ো শৌনক কথা

অভিমন্যু পুত্রৰ চৰিত্র।

উত্তৰৰ জীউ ধন্যা ইৰাৱতী নামে কন্যা।

বিবাহ কৰিলা পৰীক্ষিত।। ২৪৩।।

জন্মেজয় আদি কৰি      উপজিল পুত্ৰ চাৰি

কৰিলন্ত অশ্বমেধ তিনি।

যাহাৰ যজ্ঞত আসি      প্রত্যেক দেৱতাৰাশি

লৈলা ভাগ পূজা ভিন্নে ভিন্নি।।

কৃষ্ণৰ চৰণে চিত্ত        নামেসে মধুৰ গীত

সদায়ে নছাড়ে হৰি ৰসে।

সন্তৰ সঙ্গতি নিতি       বাঢ়ে ভকতিত প্রীতি।

জগত ব্যাপিল যাৰ যশে।।২৪৪।।

পুত্ৰৱতে পালি প্রজা       এহিমতে মহাৰাজা।

আছা সৱে হস্তিনাপুৰত।

প্রৱেশিলা ঘোৰ কলি      হেন শুনি মহাৱলী

শৰ ধনু ধৰিলা ক্রোধত।।

মৃগেন্দ্ৰৰ পৰাক্ৰম        শ্যাম চাৰি তুৰঙ্গম

জুৰি ৰথে চড়িলন্ত তাতে।

বহুবিধ বাদ্য বাজে      হয় হস্তী সামৰাজে

কৰিলা প্রয়াণ নৰনাথে।।২৪৫।।

বৰিলা যতেক নৃপ       জিনিলন্ত জম্বুদ্বীপ

লৈলা সাধি সৱে কৰ ভাৰ।

কৃষ্ণ-অর্জুনৰ কীৰ্ত্তি গাৱে শুনি বাঢ়ে প্রীতি

দেন্ত তাক বস্ত্র অলঙ্কাৰ।।

হুয়া দেৱতাৰ দেৱ       পাণ্ডৱক কৰা সেৱ

সুহৃদ সাৰথি হুয়া সখি।।

কতো বীৰাসন কৰি      হাতত খড়গক ধৰি

নিদ্রা এৰি থাকা ৰাতি ৰখি।।২৪৬।।

কৃষ্ণৰ বৰ্ণাৱে যশ       বাঢ়ি যায় প্রেমৰস

পুলকে শৰীৰ ঝৰৈ নীৰ।

নাই ৰতি বিষয়ত       কৃষ্ণপদ পঙ্কজত

কৰন্ত ভকতি মহাধীৰ।।

শুনিয়ো শৌনক পাচে     এক ভৰি মাত্র আছে।

বৃষৰূপী ধৰ্ম্ম মহাভাগ।

মাৰে কলি দণ্ড লৈয়া     অনন্তৰে পাইল গৈয়া

ধেনুৰূপী পৃথিৱীক লাগ।। ২৪৭ ।।

মনত পৰম দুখ        লোতকে তিতিল মুখ

দেখি ধৰ্ম্মে পুছন্ত ভূমিক।

কিসক মনত ক্লেশ       ভৈলাহা বিৱৰ্ণ বেশ

কৰিছা ক্রন্দন দেৱী কিক।।।

একে ভৰি ফুৰা ভ্রমি মোকে লাগি কান্দা তুমি।

খেদ কৰা কিবা আপোনাক।

শূদ্ৰসৱে হুইবে ৰাজা      পীড়িবে অনাথ প্রজা।

মিলিবেক লোকত বিপাক।। ২৪৮।

হে মাৱ বসুমতী        ঈশ্বৰ কৃষ্ণক প্রতি

কিবা অনুশোচ কৰা তুমি।

ধৰি যিটো অৱতাৰ      হৰিলা তোহ্মাৰ ভাৰ।

তানে কৰ্ম্ম স্মৰি কান্দা তুমি।।

যাহাৰ চৰিত্ৰচয়         মুকুতিকো বিড়ম্বয়

হেন কৃষ্ণে ভৈলাহা বঞ্চিত।

হৰিৰ বিৰহে ভূমি       ভৈলা ক্ষীণদেহা তুমি

কিবা তাতে সুস্থ নুহি চিত্ত।।২৪৯।।

তোহ্মাৰ সৌভাগ্য যিবা    কালে হৰিলেক কিবা

কহিয়োক দুখৰ বৃত্তান্ত।।

ধৰ্ম্মৰ বচন শুনি        বসুমতী মনে গুণি

কান্দি কান্দি তাঙ্ক বুলিলন্ত।।

আপুনি জানাহা বাপ      কি কহিবো হৃদিতাপ

গোৱিন্দে বঞ্চিত ভৈল লোক।

কৰি মোত নানা খেড়ি    প্রাণকৃষ্ণ গৈলা এৰি

সিহেতু নখণ্ডে মোৰ শোক।।২৫০৷৷

ব্রহ্মা আদি দেৱলোক     কৰৈ তপ চাহান্তোক

আহ্মাক কটাক্ষে লক্ষ্মী মাৱে।

হেন লক্ষ্মী সৱ এৰি      হুয়া চৰণৰ চেৰী

নিতান্ত পূজন্তে যাৰ পাৱে।।।

অৰুণ পঙ্কজ পাৱ        পৰশে উল্লসে গাৱ

মোক্ষতো অধিক মিলৈ সুখ।।

হেন বন্ধু কৃষ্ণে মোক     গৈল তেজি নিজলোক।

কি কহিবো বিৰহৰ দুখ।।২৫১।।

পদ্ম যৱ বজ্র ধ্বজে      অঙ্কুশ অঙ্কিত খোজে

ভৈলো মঞি অতি অলঙ্কৃত।

স্বৰ্গতো অধিক আতি     মোহোৰেসে ভৈলা খ্যাতি

ভৈলো মঞি মহা কৃতকৃত্য।।

ৰোমাঞ্চিত ভৈল গাৱ     বাঢ়ি গৈল গৰ্ব্বভাৱ

প্রভুত লভিলো মহামান।

নসহিলা অহঙ্কাৰ        কৰি মোক পৰিহাৰ

ভৈলন্ত বান্ধৱ অন্তর্ধান।।২৫২।।

অনেক দুর্জন ৰাজা       সাজিয়া প্ৰাৰম্ভে প্রজা

মহন্তক কৰে অপকাৰ।

অসংখ্যাত অক্ষৌহিণী      সংহাৰিলা ৰণে জিনি

খণ্ডিলা আহ্মাৰ মহাভাৰ।।

যিহেতু নির্ভয় মনে       বাপ তুমি ত্রিভুবনে

চাৰি ভৰি ভ্ৰমিলা আপুনে।

হেন মহা উপকাৰী       প্রভু গৈল প্রাণে মৰি

ধৰিবো হৃদয় কোন গুণে।।২৫৩||

সত্যভামা আদি কৰি     যতেক সুন্দৰী নাৰী

কটাক্ষতে গৰ্ব্ব হোৱে হত।

কোন স্ত্রী আছৈ হেন      সহিবে বিৰহ তান

হেন নতু দেখো ত্রৈলোক্যত।।

যাৰ পদচিহ্ন পাই        ৰোমাঞ্চিত ভৈল কায়

ক্ষণেকে নেদেখি হৃদি দহে।

হেন প্রভু গৈলা তেজি     শোক সাগৰত মজি

মৰো হেৰা প্ৰভুৰ বিৰহে।।২৫৪।।

পৰম সুন্দৰ বেশ        দৰশনে হৰৈ ক্লেশ

মোক্ষতো অধিক মিলৈ সুখ।

নয়ন পঙ্কজ পাসি       সু-নাসা ঈষত হাসি

দুনাই নেদেখিবো সিটো মুখ।।

লোকৰ অনর্থ হেতু       পাপী কলি ধূমকেতু

তোহ্মাৰ ভাঙ্গিলা তিনি পাদ।

আত আমি অনুশোচ      তপ ভূতদায়া শৌচ

সমস্তকে কৰিলা উচ্ছাদ।।২৫৫৷৷

তোহ্মাকেসে চিন্তো মনে    সিটো প্রভু অবিহনে

কেনমতে বৰ্তিবো সম্প্রতি।

এহি বুলি নমাই মাথ          হাঁ কৃষ্ণ প্রাণনাথ

ডাকিয়া কান্দিলা বসুমতী।।

ধাৰায়ে লোতক বহে      ধৰ্মৰো হৃদয় দহে

কৰিলন্ত বিলাপ লগতে।

কৃষ্ণগুণ সুমৰন্তে    কান্দি কান্দি দুয়ো হন্তে

থাকিলা তথাতে এহিমতে।।২৫৬।।

____________

 

৷৷ দুলড়ী৷৷

 

শুনা সামাজিক     কৃষ্ণৰ চৰিত্ৰ

অমৃত ইসে প্রধান।

ধন জন যত      পুত্ৰ পৰিবাৰ

ইসৱ বিষ সমান।।

এহিক্ষণে আছে     এহিক্ষণে নাই

টাটেক নাটেক মায়া।

পদ্ম-পত্র জল      জীৱন চঞ্চল

অথিৰ মনুষ্য কায়া।।২৫৭।।

কেতিক্ষণে আসি        ধৰিলেক পৰা

বিষম অন্তক বাঘে।

জানিয়া সত্বৰে     ধৰিয়ো কৃষ্ণক

চৰণত অনুৰাগে।।

কৃষ্ণ হেন দেৱ     আউৰ নপাইবাহা

উপকাৰী কৃপাময়।

নাম মাত্র লৈলে         এতেকে কৰন্ত।

সমস্তে পাতক ক্ষয়।।২৫৮।।

ভুকুতি মুকুতি          পদকো সাধন্ত

শ্ৰৱণ যশ কীৰ্ত্তনে।

হেনয় বান্ধৱ      দেৱক নভজে

কোননো অধম জনে।।

আন দেৱ ত্যজি    মোকে মাত্র ভজি

ভৈলেক এক শৰণ।

সাধু সেহি জন     অৰ্জুনৰ আগে

বুলিলা কৃষ্ণে বচন।।২৫৯।

ঈশ্বৰৰ বোলে     নযাহা সঞ্জাত

কিনো লোক হতবুদ্ধি।

আনসে কহৱে     মৰন্তে নলৱে

জীৱাৰ মহা ঔষধি।।

ভৈলা কৃষ্ণদেৱ     আৱেসে উদিত

বিদিত কৰিলা নাম।

কৃষ্ণৰ কিঙ্কৰে     কহে নিৰন্তৰে

ডাকি বোলা ৰাম ৰাম।।২৬০৷৷

৷৷ দুলড়ী৷৷

 

শুনা সামাজিক     কৃষ্ণৰ চৰিত্ৰ

অমৃত ইসে প্রধান।

ধন জন যত      পুত্ৰ পৰিবাৰ

ইসৱ বিষ সমান।।

এহিক্ষণে আছে     এহিক্ষণে নাই

টাটেক নাটেক মায়া।

পদ্ম-পত্র জল      জীৱন চঞ্চল

অথিৰ মনুষ্য কায়া।।২৫৭।।

কেতিক্ষণে আসি        ধৰিলেক পৰা

বিষম অন্তক বাঘে।

জানিয়া সত্বৰে     ধৰিয়ো কৃষ্ণক

চৰণত অনুৰাগে।।

কৃষ্ণ হেন দেৱ     আউৰ নপাইবাহা

উপকাৰী কৃপাময়।

নাম মাত্র লৈলে         এতেকে কৰন্ত।

সমস্তে পাতক ক্ষয়।।২৫৮।।

ভুকুতি মুকুতি          পদকো সাধন্ত

শ্ৰৱণ যশ কীৰ্ত্তনে।

হেনয় বান্ধৱ      দেৱক নভজে

কোননো অধম জনে।।

আন দেৱ ত্যজি    মোকে মাত্র ভজি

ভৈলেক এক শৰণ।

সাধু সেহি জন     অৰ্জুনৰ আগে

বুলিলা কৃষ্ণে বচন।।২৫৯।

ঈশ্বৰৰ বোলে     নযাহা সঞ্জাত

কিনো লোক হতবুদ্ধি।

আনসে কহৱে     মৰন্তে নলৱে

জীৱাৰ মহা ঔষধি।।

ভৈলা কৃষ্ণদেৱ     আৱেসে উদিত

বিদিত কৰিলা নাম।

কৃষ্ণৰ কিঙ্কৰে     কহে নিৰন্তৰে

ডাকি বোলা ৰাম ৰাম।।২৬০৷৷

____________

।।কলি-নিগ্রহ আৰু ধৰ্ম্মৰক্ষণ।।

 

শুনিয়ো শৌনক ঋষি বুলিলন্ত সূত।

তহিতে আশ্চর্য্য যেন ভৈল অদভুত।।

কৰি দিগ্বিজয় অজয় পৰীক্ষিত।

পাইলা পাচে ৰথে কুৰুক্ষেত্ৰৰ সন্নিত।।২৬১।।

দেখিলা নৃপতি তৈতে বিচাৰি ফুৰন্তে।

আছে ধেনু বৃষ দুয়ো দুখত কান্দন্তে।।

মৃণাল ধৱল বৃষ কাম্পৈ তৰতৰি।

চৰণত তাড়ৈ শূদ্রগোটে দণ্ড ধৰি।।২৬২।।

ভয়তে তেজিলা যেন মল-মূত্র আতি।

চৰণৰ প্রহাৰে ধেনুক কৰে শাস্তি।।

কান্দন্তে আছন্ত বহি লোতক নয়নে।

অনাথক মাৰৈ যেন দুর্জন টেন্টোনে।।২৬৩।।

হেন দেখি খেদি গৈলা ৰাজা আথে বেথে।

হাতে শৰ ধনু ধৰি সুৱৰ্ণৰ ৰথে।।

মেঘৰ গম্ভীৰ ধ্বনি বুলিলা বচন।

কোন তই কহ অৰে অধম দুৰ্জ্জন।। ২৬৪।।

মোহোৰ ৰাজ্যত কৰ ইমত দুর্বল।

মৰিবাক শঙ্কা নাই কহিৰ নিস্খল।।

নৃপতিৰ বেশ তই কৰ্ম্মত চণ্ডাল।

হেন জানা পাইলে আসি তোৰ যমকাল।।২৬৫।।

গৈলন্ত বিদূৰ মাত্র কৃষ্ণ ধনঞ্জয়।

এতেকেসে অন্যায় কৰস দুৰাশয়।।

মঞি বিদ্যমানে তোৰ এতমান গহ।

কৰো শিৰচ্ছেদ দুষ্ট খানিতেক ৰহ।।২৬৬।।

মহন্তক পীড়া কৰ মোহোৰ আগত।

ৰহ ৰহ ভাঙ্গো আজি তোহোৰ মহত্ত্ব।।

এহি বুলি পৰীক্ষিত পৰম মহন্ত।

ধেনু বৃষভক দুইকো সম্বোধি বোলন্ত।।২৬৭।।

কোন তুমি আছা শুক্ল বৃষৰূপ ধৰি।

কোনেবা তোহ্মাৰ ভাঙ্গিলেক তিনি ভৰি।।

কিসক ভ্ৰমাহা একপাৱে মহাশয়।।

মঞি আসি পাইলো আৰ নকৰিবা ভয়।।২৬৮।।

যৈত ৰাখৈ কৌৰৱ ৰাজাৰ বাহুদণ্ডে।

শোকে সিটো লোকৰ লোতক নতু পড়ে।।

নাকান্দা নাকান্দা মাৱ ধেনু এৰা খেদ।

কৰো আজি তোহ্মাৰ শত্ৰুৰ স্কন্ধচ্ছেদ।।২৬৯।।

কৃষ্ণৰ সেৱক ইটো ৰাজাৰ ৰাজ্যত।

কেহো নতু কৰে আসি দ্রোহ হেনমত।।

যদি দেৱে কৰে তোমাসাক হেন দণ্ড।

তাহাৰো কাটিবো সালঙ্কৃত বাহুখণ্ড।।২৭০।।

হেন শুনি ধৰ্ম্মে তাঙ্ক দিলন্ত উত্তৰ।

কি কহিবো কথা মঞি তোহ্মাৰ বংশৰ।।

যাৰ গুণে তুষ্ট হুয়া বসুদেৱ সুত।

হোৱন্ত সাৰথি কতো সভাসদ দূত।।২৭১।।

কৰন্ত মন্ত্রণা কতো মন্ত্রী হুয়া আতি।।

নিদ্রা এৰি খাণ্ডা ধৰি ৰখি থাকা ৰাতি।।

ধ্যানতো নেদেখৈ যিটো বেদৰো ৰহস্য।

কৰিলন্ত তাহাঙ্ক পাণ্ডুবংশে বশ্য।।২৭২।।

কি কহিবো পাণ্ডৱৰ মহা গুণগণ।

যাক সেৱা কৰন্ত আপুনি নাৰায়ণ।।

তাসম্বাৰ বংশ তুমি পৰম পৱিত্র।

দিবাহা অভয় দান আত কোন চিত্র।।২৭৩৷৷

কোনে দুখ দেয় যিটো পুছিলা সংশয়।

কহিবে নপাৰো তাক নৃপতি নিশ্চয়।।

জ্ঞানী বোলে দেয় দুখ আত্মায়ে আত্মাক।

কুতৰ্কী পণ্ডিতে দোষে নানা দেৱতাক।।২৭৪।।

গ্রহে পীড়ৈ দৈৱজ্ঞৰ জ্যোতিষ প্রমাণ।

মীমাংসকে বোলৈ সৱে কৰ্ম্মেসে প্রধান।।

লোকাৱৰ্ত্তি শাস্ত্ৰত স্বভাৱে সৱে কয়।

যাৰ যেন মতি কহৈ নজানে নিশচয়।।২৭৫।।।

একান্ত ভকত সৱে কহে হেন ন্যায়।

মিলৈ সুখ দুখ আদি ঈশ্বৰ ইচ্ছায়।।

তত্ত্ব নপাই কহৱৈ যাহাৰ যেন মতি।

কৰিয়োক বিমৰিষ আপুনি নৃপতি।।২৭৬।।

হেন শুনি পাইলা ৰাজা মনত বিচাৰি।

জানিলো এহেন্তে ধৰ্ম্ম বৃষৰূপধাৰী।।

এতেকেসে পৰ পাপ নকৰা বিদিত।

কৱৈ যিটো হোৱৈ সিটো তেহ্নে পাপচিত্ত।।২৭৭৷৷

হে ধৰ্ম্ম কিনো ভৈলা তোহ্মাৰ বিষাদ।

ভাঙ্গিলেক তপ শৌচ দয়া তিনি পাদ।।

কেৱলে আছয় মাত্র সত্য নাম ভৰি।

তাকো ভাঙ্গিবাক চাহৈ কলি দণ্ড ধৰি।।২৭৮।

ধেনুৰূপে জানিলো এহেন্তে বসুমতী।

কৃষ্ণৰ বিৰহ তাপে ক্ষীণ ভৈলা আতি।।

ধ্বজ বজ্র পঙ্কজ গুচিল অলঙ্কাৰ।

তাক স্মৰি কান্দন্ত খেদৰ নাহি পাৰ।।২৭৯।।

হে মাৱ ধৰণী শুনিয়োক ধৰ্ম্ম বাপ।

নকৰা কলিক ভয় তেজিয়ো সন্তাপ।।

পৃথিৱী পৰ্যটি মঞি ফুৰো আকে চাই।

পাপী কলি আউৰ মোৰ হাতৰ নেড়ায়।।২৮০৷৷

ধৰণীক ধৰ্ম্মক আশ্বাসি এহি বুলি।

ডাবৰ আজুৰি খাণ্ডা ধৰিলন্ত তুলি।।

মোহোৰ ৰাজ্যত আসি কৰ অপকাৰ।

জানিলো পাতকী তোৰ কটকটাই ঘাৰ।।২৮১৷৷

হেন দেখি কলিৰ ভয়ত ধাতু যায়।

ৰাজচিহ্ন মানে সৱে পেহ্লাইলা খসাই।।

দণ্ডৱতে পৰি হাতে ধৰিয়া চৰণ।

ত্রাহি ত্রাহি বুলি তান্তে পশিলা শৰণ।।২৮২।।

আউৰ নকৰিবো দ্রোহ দিয়ো জীৱদান।

ভৈলোহো ভৃত্যৰো ভৃত্য ৰাখা মোৰ প্রাণ।।

এতেকে কাতৰ কৰৈ চৰণত ধৰি।

মহাত্রাসে তৰতৰি কাম্পৈ হাত ভৰি।।২৮৩।।

কতো খেৰ কামোৰৈ আঙ্গুলি লৱৈ মুখে।

পৰিত্ৰাণ কৰা বাপ বুলি কান্দৈ দুখে।।

হৰি বিমুখক ধাৱৈ ব্যাঘ্ৰৰ সমান।

বৈষ্ণৱৰ আগে কলি মুষক প্রমাণ।।২৮৪৷৷

মাৰিলন্ত ঘাৱ বুলি সচকিত কায়া।

কলিৰ কাৰুণ্য শুনি সম্পজিল দায়া।।

মনত বোলন্ত আত আছৈ মহাগুণ।

ইচ্ছামাত্রে উপজৈ কলিত যত পুণ্য।।২৮৫।।

মনত আলচৈ নতু হৰি বোলে আসি।

এতেকে উপজে মহা মহাপুণ্যৰাশি।।

কৰিলেসে সিজে পাপ হেন গুণ জানি।

প্রাণে নমাৰিলন্ত কলিক মহামানী।। ২৮৬।।

হাসি হাসি বোলন্ত কলিক কৃপাময়।

এৰ এৰ চৰণৰ দিলোহো নির্ভয়।।

আউৰ শঙ্কা নকৰ ৰাখিলো প্রাণ তোৰ।

আৰে পাপী কলি নতু কথা শুন মোৰ।।২৮৭।।

বীৰ অৰ্জুনৰ যশধৰ আমি নাতি।

কৰে কৃতাঞ্জলি যিটো আহ্মাক সম্প্রতি।।

আউৰ নাহি তোৰ মোত হন্তে কিছু ভয়।

কিণ্ত্ত মোৰ দেশত নৰৈবি দুৰাশয়।।২৮৮||

অধৰ্ম্মৰ বন্ধু তই পাপৰ প্রাৰম্ভ।

তোৰ সঙ্গী সদায়ে কলহ লোভ দম্ভ।।

দুষ্ট শঠ কপটী টেন্টোন খটচোৰ।

মিছা মোহ কুলক্ষ্মী অসতী কলি তোৰ।।২৮৯।।

তই যেৱে থাকহ অধৰ্ম্মে লৈবে ৰাজ।

জীৱি যেৱে এখনে ৰাজ্যৰ হুয়ো বাজ।।

প্রচণ্ড আদেশ শুনি দুনাই কাম্পৈ কলি।

প্রণামিয়া বোলৈ বাক্য কৰি কৃতাঞ্জলি।।২৯০।।

সসাগৰ পৃথিৱী তোহ্মাৰ সৱে ৰাজ।

নাই একো পুৰী মোৰ প্রভু তাত বাজ।।

যৈকে যাইবো তৈতে সৱে তোহ্মাৰেসে লোক।

নেদা ঠাই যেৱে এতিক্ষণে কাটিয়োক।।২৯১।।

কৰা কৃপা দিয়া স্থান থাকো আজ্ঞা পালি।

সমূলে নামাৰা মোক দেশৰ নিকালি।।

সাগৰত থাকে যেন মহা ৰত্নচয়।।

তেৱে কি শামুকে তাত নকৰে আশ্রয়।।২৯২।।

কোন গ্রাম নগৰত অন্ত্য জাতি নাই।

চণ্ডালতোধিক ভৈলো নেদা মোক ঠাই।।

শৰণাগতক ত্যাগ নকৰিয়ো বাপ।

এহি বুলি কান্দে কলি কৰিয়া বিলাপ।।২৯৩৷৷

নৃপতি বোলন্ত কলি তোক দিলো স্থান।

যৈত খেলৈ জুৱা পাশা কৰৈ মদ্যপান।।

স্ত্রী পঞ্চসূনা গৃহস্থৰ থাকৈ যৈত।

এহি চাৰি ঠাই দিলো বঞ্চ গৈয়া তৈত।।২৯৪।।

জলকুম্ভ চুলিয়া বাঢ়নী ঢেকী পটা।

গৃহস্থৰ ঘৰে এহি সূনা পঞ্চগোটা।

বলি বিশ্বদেৱ পঞ্চযজ্ঞ যাৰ নাই।

তাৰ পঞ্চ স্থানত থাকিবি সৰ্ব্বদায়।।২৯৫।।

যৈত কৰে শ্ৰৱণ কীৰ্ত্তন কেশৱৰ।

নচাপিবি পাপী সিটো গৃহস্থ ওচৰ।।

হুয়া এক শৰণ কৃষ্ণৰ লৱে নাম।

মোহোৰ আদেশে নপশিবি সিটো গ্রাম।।২৯৬৷৷

মোৰ আজ্ঞা ভাঙ্গি যেৱে কৰস অন্যায়।

তোৰ মাথা কাটো তেৱে মোৰ দোষ নাই।।

শুনিয়া মনত নাহি সন্তোষ কলিৰ।

কৰে কাউবাউ বাপ শুনা মহাবীৰ।।২৯৭।।

পৰিবাৰ বিস্তৰ নোজোৰে ইটো স্থান।

আৰো কিছু দিয়োক হেনবা বৰ্ত্তো প্রাণ।।

যেৱে দোষ দেখাহা কৰিবা উগ্ৰশাস্তি।

শুনি নৃপতিৰ কৃপা উপজিল আতি।। ২৯৮ ।।

দিলো সুৱৰ্ণক তাত বাসা কৰ কলি।

অধৰ্ম্মৰ গোষ্ঠী সমে ঝান্টে যাহা চলি।।

হেন শুনি কলি পাচে শৰীৰ সঙ্কোচি।

নৃপতিক নমিয়া চলিলা পাচ গুচি।। ২৯৯।

যৈত মদ্য স্ত্রী সূনা সুবর্ণক পায়।

নৃপতিৰ আদেশে পাঞ্চতো লৈলা ঠাই।।

হেন জানি যিজন উত্তম মহামতি।

স্ত্রী সুৱর্ণত নকৰিবা আসকতি৷৷৩০০।।

নিগ্রহিয়া কলিক ধৰ্ম্মক ৰক্ষা কৰি।

জোড়াইলন্ত তপ শৌচ দয়া তিনি ভৰি।।

পৃথিৱীক কৰিলন্ত আশ্বাস নৃপতি।

নকৰিবা ভয় তুমি মাৱ বসুমতী।।৩০১।।

যাৱে থাকো মঞি মহাদুষ্টৰ অন্তক।

নাহি কিছু ভয় বুলি নমিলা ধৰ্ম্মক।।

পৃথিৱীক নমস্কাৰ কৰিলা নৃপতি।

চলি গৈলা পাচে নিজ মন্দিৰক প্রতি।।৩০২।।

কি কহিবো কৌৰৱ ৰাজাৰ মহিমাক।

দ্রৌণিৰ ব্ৰহ্মাস্ত্র বহ্নি নদহিলে যাক।।

ৰাখিলন্ত গৰ্ভত প্ৰৱেশি ভগৱন্ত।

পৰীক্ষত সমান নাহিকে ভাগ্যৱন্ত।।৩০৩।।

কৃষ্ণত অর্পিয়া চিত্ত সিটো মহাশয়।

তক্ষকে দংশন্তে যাৰ নুপজিল ভয়।।

কৃষ্ণমূর্তি শ্রুতি আদি ধৰিয়া হিয়াত।

তেজিলন্ত শুকশিষ্যে শৰীৰ গঙ্গাত।।৩০৪।।

ইটো আতি আশ্চৰ্য্য নুহিকে ঋষিগণ।

কৰে যিটো কৃষ্ণকথা শ্ৰৱণ কীৰ্ত্তন।।

স্মৰে কৃষ্ণপদপঙ্কজক হৃদয়ত।

নুপজৈ সম্ভ্ৰম তাৰ মৰণ কালত।।৩০৫।।

পুছিলাহা যেন পৰীক্ষিতৰ চৰিত্ৰ।

কহিলো সকলে কৃষ্ণকথায়ে সহিত।।

আউৰ আত কিবা মঞি কহিবো বিস্তৰ।

এহিমাত্ৰ কৰ্ত্তব্য জানিবা মনুষ্যৰ।।৩০৬||

কহো আৱে শুনিয়ো শাস্ত্ৰৰ সৱে সাৰ।

কৃষ্ণচৰণক পাইবে ইচ্ছা আছে যাৰ।।

কৃষ্ণ গুণ নাম মাত্র কৰোক কীৰ্ত্তন।

আউৰ আন কৰ্ম্মত কমন প্রয়োজন।।৩০৭।।

বেদৰো গোপনি কথা কহিলো নিশ্চয়।

নকৰিবা আত কিছু শৌনক সংশয়।।

সূত ঋষি সম্বাদ সত্ৰত যেন ভৈলা।

ষোল সপ্তদশ অধ্যায়ৰ কথা গৈলা।।৩০৮||

শুনা সামাজিক লোক কৃষ্ণৰ চৰিত্ৰ ।

আতপৰে আন ধৰ্ম্ম নাহিকে কলিত।।

জানিবাহা সমস্তে শাস্ত্ৰৰ ইসে সাৰ।

আতপৰে নাহি গতি কলিৰ প্ৰজাৰ।।৩০৯।।

ভৈল মলমতি লোক তেজিলা আচাৰ।

পাতকীৰ নাহিকে কৰ্ম্মত অধিকাৰ।।

আৱে ৰামনামক সততে যিটো গাৱৈ।

সেহি সাধু মনুষ্যে হাততে মোক্ষ পাৱৈ।।৩১০।।

শুনা যেন গুণ আছে ৰামৰ নামত।

উচ্চাৰন্তে উপজৈ পৰম পুণ্য যত৷৷

মৰাকো জীৱাৱৈ ইটো অমৃত ঔষধ।

হেন নাম নধৰি আপুনি যায় অধ।।৩১১।।

কেতিক্ষণে ধৰৈ কালে তাৰো নাহি স্থিতি।

অদ্যাপি নুপজৈ ঘোৰ নৰকৰ ভীতি।।

কৃষ্ণৰ কিঙ্কৰে কহে গতি হৰি নাম।

ঘুষিয়ো সঘনে নিৰন্তৰে ৰাম ৰাম।।৩১২।।

।।দুলড়ী।।

শুনি ঋষিসৱে     সূতক প্রশংসে

চিৰঞ্জীৱ হোৱা বাপ।

কৃষ্ণৰ চৰিত্র      অমৃত পিয়ায়া

খণ্ডালা সংসাৰ তাপ।।

কৰ্ম্মত আহ্মাৰ     ভাগিল বিশ্বাস

বিঘিনি আত অশেষ।

হোম ধূমে ধূম্র     কৰিলো শৰীৰ

পাইলো মাত্র মহাক্লেশ।।৩১৩।।

পিয়ায়ো কৃষ্ণৰ     পাদপদ্মমধু

পাতক হৌক নির্ম্মূল।

স্বর্গ মোক্ষ সুখ     ভকত সঙ্গৰ

অল্পকো নুহিকে তুল।।

কোননো ৰসজ্ঞে         কৃষ্ণৰ কথাত

বুলিবে ভৈলো তৃপিতি।

ব্রহ্মা পশুপতি     নপাৱন্ত অন্ত

যাৰ গুণ গায়া নিতি।।৩১৪৷৷

হেন জানি সূত         কৃষ্ণত একান্ত

ভকত তুমি সাক্ষাত।

কৃষ্ণৰ নিৰ্ম্মল      চৰিত্ৰ সকল

কহিয়ো আৱে আহ্মাত।।

যিটো পৰীক্ষিত         নৃপতি ভকত

শুনিয়া যি মহাজ্ঞান।

কৃষ্ণৰ চৰণ       পঙ্কজক পাইলা

এড়িয়া আনন্দে প্রাণ।।৩১৫৷৷

সিটো শুক নৃপ         সংবাদ অদ্ভুত

শ্রীভাগৱত নাম।

পুৰাণৰ সূৰ্য্য      যত ভকতৰ

সাধৈ আতি প্রীতিকাম।।

কৃষ্ণৰ চৰিত্র      আনন্দে আপ্লুত

সৰ্ব্ব বেদান্তৰো সাৰ।

কহিয়ো সমস্ত      দুখ হৌক অন্ত

শ্ৰৱণে আৱে আহ্মাৰ।।৩১৬।।

ঋষি সমস্তৰ      আদৰ দেখিয়া

পৰম হৰিষ ভৈলা।

আপোনাক পাচে     প্রশংসা কৰিয়া

সূতে কহিবাক লৈলা।।

যদি সূত জাতি         আমি অকুলীন

একোৰে নুহিকো কাজী।

তুমিসৱ মহা      জ্ঞানীৰ আদৰে

সাফলিলো জন্ম আজি।।৩১৭।।

আমি অন্ত্যজাতি         হেন মন দুঃখ

আৱেসে মোৰ গুচিলা।

তুমি সব মহা     জনে কৃষ্ণকথা

যিহেতু মোত পুছিলা।।

একান্ত ভকতে     কৰে সম্ভাষণ

যদিবা গ্রাম্য আলাপে।

তথাপি সমস্তে     পুৰুষক এৰৈ

অনেক জন্মৰ পাপে।।৩১৮।।

মহা ভকতৰ      পৰম আশ্রয়

ভগৱন্ত আত্মাৰাম।

যিটোজনে এক     শৰণ ধৰিয়া

সুমৰৈ তাহানে নাম।।

সেহি ভকতৰ      যদি নাম লৱৈ

চাণ্ডালো হোৱৈ পৱিত্র।

হৰিনামে শুদ্ধ     কৰিবে ইহাত

আছৈ কোন আৱে চিত্র।।৩১৯।।

হেন ভগৱন্ত      অনন্ত শকতি

গুণে সম নাহি যাক।

হেন জন নাই     ত্রৈলোক্য ভিতৰে

জানৈ তান মহিমাক।।

ব্রহ্মা আদি দেৱে        প্রার্থনা কৰন্ত

তাকো এৰি লক্ষ্মীদেৱী।

নবাঞ্ছন্ত কৃষ্ণে      তথাপি থাকন্ত

চৰণ ৰেণুক সেৱি।।৩২০৷৷

যাৰ পদনখে      ব্রহ্মাণ্ড ফুটাইলা

পৰৈ জলধাৰা বই।

দিলা অর্ঘ্য পাৱে    সেহি জলে বিধি

কমণ্ডলু পাতি লই।।

সেহি অর্ঘ্য জলে        গঙ্গা হুয়া জাত

জগত পৱিত্ৰ কৰে।

প্রভু পাদোদক     বুলি মাথা পাতি

ধৰিলন্ত মহেশ্বৰে।।৩২১৷৷

দেৱতাৰো দেৱ     পৰম ঈশ্বৰ

হেনয় কৃষ্ণক তেজি।

গুৰু দ্রোহ কৰি         কোননো পামৰে

মৰিবে আনক ভজি।।

কৃষ্ণেসে পৰম      সুহৃদ ঈশ্বৰ

কৃষ্ণেসে পৰম, দেৱ।

সৃষ্টি স্থিতি লয়         কৃষ্ণেসে কৰয়

কৃষ্ণক কৰোহো সেৱ।।৩২২।।

কৃষ্ণৰ চৰিত্র      পুছিলা আহ্মাত

কৈবো যেন লৱৈ মতি।

প্ৰভুৰ পৰম       লীলাক সমস্তে

কহিবে কাৰ শকতি।।

পখা অনুৰূপে      উড়া কৰৈ পক্ষী

নপাই আকাশৰ অন্ত।

সেহিমতে কৃষ্ণ     লীলা গুণ গাৱৈ

যতেক মহা মহন্ত।।৩২৩৷৷

কিনো মহাভাগ     তোমাসাৰ আগে

কহিবো কৃষ্ণৰ লীলা।।

বান্ধৱৰ কথা      পুছিলা সম্যকে

মোক জীৱ দান দিলা৷৷

এতেক বোলন্তে     প্রেম উপজিল

তনু পুলিকত ভৈলা।।

নেত্ৰৰ লোতক     দুয়ো হাতে মুছি।

নমাতি স্তম্ভিয়া ৰৈলা।। ৩২৪।।

নমো নমো নমো   জগত জনক

কৃষ্ণ ইষ্টদেৱ মোৰ।।

যাহাৰ স্মৰণে     হৰয় তেখনে

পৰম আপদ ঘোৰ।।

কায় বাক্য মনে        এহিসে বাঞ্ছোহো

তোহ্মাত থাকোক মতি।

জন্মে জন্মে মোৰ   মনে নছাড়োক

তোহ্মাৰ চৰণে ৰতি।।৩২৫।।

অৰুণ চৰণ       চিত্তত থাকোক

দুষ্মহ মৰণ দুখে।

সংসাৰতে সাৰ     ৰাম কৃষ্ণ নাম

নুগুচোক মোৰ মুখে।।

কৃষ্ণ কথা কর্ণে         থাকোক সদায়ে

এতেক প্রার্থো তোহ্মাত।

হৌক সাধুসঙ্গ     নৌক মনভঙ্গ

তোহ্মাৰ প্ৰভু সেৱাত।।৩২৬৷৷

মঞি মহা অন্ধ         দেখিয়ো নেদেখো

দুর্ঘোৰ ঘোৰ মৰণ।।

হে যদুপতি       তুমি মোৰ গতি

তোহ্মাত লৈলো শৰণ।।

চৰণে বিক্রয়      গৈলো কৃপাময়

নকৰিবা বাপ ছদ্ম।

যৈতে তৈতে মৰো       যেন নাপাসৰো

অৰুণ চৰণ পদ্ম৷৷৩২৭।।

কত কোটি জন্ম    সংসাৰত ভ্রমো

নেৰাইলো যাতনা তাপ।

লোভে মোহে অন্ধ       ভৈলো প্রাণ কৃষ্ণ

তোহ্মাক নজানি বাপ।।

মঞি মহাদীন      তুমি দয়াশীল

কৰিয়ো উচিত কাম।।

কৃষ্ণৰ কিঙ্কৰে          কহে নিৰন্তৰে

ডাকি বোলা ৰাম ৰাম।।৩২৮।।

।।ব্রহ্মশাপত পতিত পৰীক্ষিত৷৷

                      ।।পদ।।

 

নিগদতি সূত শুনা শৌনক সম্প্রতি।

যেন মহাশাপ ভৈলা নৃপতিক প্রতি।।

এহিমতে আছা পৰীক্ষিত নৃপবৰ।।

মহা পৰিচ্ছেদ যেন দুতি পুৰন্দৰ।। ৩২৯৷৷

ভৃত্য যেন খাটে পৃথিৱীৰ যত ৰাজা।।

পুত্ৰতো অধিক কৰি পালিলন্ত প্রজা।।

ভকতৰ সঙ্গে ৰঙ্গে জম্বুদ্বীপপতি।

লগাইলা লোকত মহা হৰিত ভকতি।। ৩৩০৷৷

নিগ্রহিলা কলি ভৈল সত্যৰ ব্যৱস্থা।

জগত ব্যাপিল নৃপতিৰ যশকথা।।

দিনেক ধনুক ধৰি সসৈন্যে নৃপতি।

বনক গৈলন্ত মৃগ মাৰিবাক প্রতি।।৩৩১৷৷

পলাই মহা মৃগ গোট বিজুলী চটকে।

তাৰ পাচ লাগি যায় নৃপতি ঘোটকে।।

পীড়িল ভাগৰে খেদি গৈল কতো দূৰ।

ভৈলন্ত নৃপতি ক্ষুধা-তৃষ্ণাত আতুৰ।।৩৩২।।

বিচাৰি নপান্ত জল হুয়া মহাশ্রান্ত।

আছে আশ্রমেক পাচে তৈতে পশিলন্ত।।

দেখন্ত শমীক ঋষি পদ্মাসন কৰি।

বায়ু মন নিৰোধিয়া আছে ধ্যান ধৰি।।৩৩৩।।

মহাশান্ত চিত্ত আউল জাউল জটাভাৰ।

মিলি গৈল সমাধি চিণ্ডিল অহঙ্কাৰ।।

ভৈল ব্রহ্মময় নাহি গাৱত চেতন।

তৃষ্ণাতুৰ হৈয়া ৰাজা বুলিলা বচন।।৩৩৪।।

শুকাই ওঠ কণ্ঠ মোক কৰা জলদান।

দুনাই দুনাই মাতন্ত নেদন্ত সমিধান।।

তৃষ্ণায়ে পীড়িত নৃপ খুজি নপাই পানী।

কৰিলন্ত কোপ শমীকক মহামানী।।৩৩৫৷৷

জানো মোক বোলৈ কোন ক্ষত্রিয় অধম।

কিসক পশিলি আসি মোহোৰ আশ্রম।।

তাতেসে অৱজ্ঞা মোক কৰে এতমান।

আখি মুদি বসি ধৰি আছৈ মিছা ধ্যান।।৩৩৬।।

এহি বুলি মৰা সাপ আনি ধনু আগে।

শমীকৰ গলত আৰিলা মহাভাগে।।

হেন মন্দমতি নতু মিলৈ একোকাল।

হস্তিনাপুৰক পাচে গৈলা মহীপাল।।৩৩৭।।

শমীকৰ তনয় তেজস্বী শৃঙ্গী পাচে।

ঋষিপুত্র সমে খেড়ি খেলাৱন্তে আছে।।

শুনিলন্ত ধ্যানত আচন্তে মোৰ বাপ।

পৰীক্ষিত ৰাজা গলে আৰিলেক সাপ।।৩৩৮।।

অধৰ কম্পায়া কোপে জাজ্বল্য সমান।

ঋষিসুত মধ্যে ক্রোধে দিলা সমিধান।।

দেখা দেখা কেন নৃপতিৰ অহঙ্কাৰ।

আহ্মাতো লগাইলে হাত ইটো দুৰাচাৰ।।৩৩৯৷৷

সমীপতে জানিলো মিলিল তাৰ কাল।

ব্রাহ্মণেসে পাতে ক্ষত্রিয়ক দ্বাৰপাল।।

দাস হুয়া স্বামীতে আচৰৈ দ্রোহ ঘোৰ।

গৃহস্থকে মাৰৈ যেন কুকুৰে কামোৰ।।৩৪০।

দুৰ্জ্জনৰ শাস্তা কৃষ্ণ গৈলা মাত্র এৰি।

এতেকে আহ্মাতে দুষ্টে লগাইলেক খেড়ি।।

দেখা তপোবলে আজি আক কৰো দণ্ড।

এহি বুলি উঠিলা ঋষিৰ সুত চণ্ড।।৩৪১।।

কোপে আৰকত আখি দশন চোবান্ত।

কুশিকৰ জল চুয়া কৰিলা আচান্ত।।

দিবাক লাগিলা নৃপতিক চণ্ডশাপ।

পিতৃক কৰিলি দ্রোহ পৰীক্ষিত পাপ।।৩৪২।।

সপ্তম দিনতে তোক তক্ষকে দংশোক।

বিষবহ্নি লাগিয়া শৰীৰ ভস্ম হৌক।।

আউৰ যেন আনে দ্রোহ নকৰে ঋষিক।

এহি বুলি লৰি গৈয়া দেখিলা পিতৃক।।৩৪৩।।

মৰা সাপগোট আছে গলত মেঢ়াই।

পিতৃৰ অৱস্থা দেখি অগনি উধাই।।

মৰিলন্ত বাপ বুলি শিশুৰ বিষাদ।

কান্দন্ত লোটাৰি পাৰি কৰি আৰ্তনাদ।।৩৪৪।।

পুত্ৰৰ বিলাপ আতি আৰ্তনাদ শুনি।।

কিছো কিছো কৰি আখি মেলিলন্ত মুনি।।

গলৰ পেহ্লাইলা পাচে মৃতক সৰ্পক।

পুত্রক বোলন্ত বাপু কান্দস কিসক।।৩৪৫।।

কৰিলে অপ্রিয় কোনে কেন হেন দুখ।

কহিলা বৃত্তান্ত শৃঙ্গী বস্ত্রে মুচি মুখ।।

গলে সাপ দিল জল নপাই নৃপ পাপ।

তক্ষকে দংশোক বুলি ময়ো দিলো শাপ।।৩৪৬।।

শুনি শমীকৰ খেদ মিলিল অপাৰ।

গৰিহিলা পুত্ৰক কৰিয়া তিৰস্কাৰ।।

কিনো তই অধম দুর্ব্বোধ শিশু চণ্ড।

অল্প অপৰাধে কৰ প্ৰাণান্তিক দণ্ড৷৷৩৪৭।।

সিজিল পাতক তোত ইসি মহাকষ্ট।

হুইবেক অনাথ প্ৰজা ৰাজা ভৈলে নষ্ট।

খটচোৰ ডকাইতে লুটিবে গ্রাম দেশ।

নুহিবে ৰক্ষক লোকে পাইবে মহাক্লেশ।।৩৪৮।।

অন্যোঅন্যে মৰিবেক কটাকটি কৰি।।

স্ত্রী ধন সৰ্ব্বস্বক নিবে অপহৰি।।

হৈবেক সঙ্গম যেন কুকুৰ বানৰে।

গুচিবে আচাৰ ধৰ্ম্ম সকল লোকৰে।।৩৪৯।।

তোহোৰ নিমিত্তে যত মিলিব বিপাক।

সিসৱ পাতকে আসি পাইবে আহ্মাক।।

মহাভাগৱত ৰাজা পৰম নিস্পাপ।

কিনো মন্দমতি তই তাঙ্ক দেস শাপ।।৩৫০।।

উলটি আহ্মাকো যদি শাপে পৰীক্ষিত।

তেৱেসে আহ্মাৰ হোৱে পাপ প্রায়শ্চিত্ত।।

জানো কৃষ্ণদাসে হেন নকৰে বিঘাত।

অমোচন পাপ ইটো ৰহিল আহ্মাত।।৩৫১।।

কৰৈ উপালম্ভ দম্ভ বোলৈ নিন্দাবাণী।

যদি কদাচিতো আসি মাৰৈ হাতে হানি।।

তথাপিতো নকৰে ভকতে প্রতিকাৰ।

তাতেসে নভৈল ভস্ম সবংশে আহ্মাৰ।।৩৫২।

নমো নমো হে প্রভু কৃষ্ণ কৃপাময়।

ভকতক তোহ্মাৰ শাপিলে দুৰাশয়।।

অজ্ঞানীৰ দোষ আৱে মৰষিয়ো বাপ।

এহি বুলি শমীকে কৰন্ত অনুতাপ।।৩৫৩৷৷

ৰাজাৰ পাশক লাগি পাঞ্চিলা শিষ্যক।

শৃঙ্গী শাপিলেক তাঙ্ক দংশিবে তক্ষক।।

যেন লাগে আৱে হোৱন্তক সাৱধান।

এহি বুলি শমীকে ধৰিলে দুনাই ধ্যান।।৩৫৪।।

ওঠৰ অধ্যায় কথা এহিমানে গৈলা।

ৰাজাৰ বৃত্তান্ত সূতে কহিবাক লৈলা।।

ঋষিৰ গলত আৰি সাপ পৰীক্ষিত।

গৃহে গৈয়া পাইলা ৰাজা খেদ বিপৰীত।।৩৫৫৷৷

কৰি গৰিহিত কৰ্ম্ম পায়া চিন্তা দুখ।

মনত গুণন্ত ৰাজা বসি অধোমুখ।।

কোননো দুর্দ্দৈৱে হেন কৰাইলে কুমতি।

জানিলো পাইলেক মোক দাৰুণ দুর্গতি।।৩৫৬।।

কৃষ্ণক ধিয়ান্ত মুনি পৰম নিস্পাপ।

তাহান কান্ধত দিলো মঞি মৰা সাপ।।

ঈশ্বৰকো অৱহেলা কৰিলো লগতে।

হৈবেক আপদ জানো অচিৰ কালতে৷৷৩৫৭।।

এতেক বোলন্তে ভৈলা মহা অনুতাপ।

ধিক ধিক মোক বুলি কৰন্ত বিলাপ।।

যেন লাগে এখনে ফলোক পাপ মোৰ।

আউৰ যেন নকৰো ইমত পাপ ঘোৰ।।৩৫৮।।

ধন জন শৰীৰ যতেক ৰাজ্যভাৰ।

ঋষি শাপবহ্নি সৱে দহোক আহ্মাৰ।।

তেৱেসে পাপীৰ মোৰ হৈবে প্রায়শ্চিত্ত।

নিচিন্তিবো দুনাই দেৱ দ্বিজৰ অহিত।।৩৫৯।।

হৃদি খেদে দহৱৈ ৰাজাৰ যেন প্রাণ।

শমীকৰ শিষ্যে সেহিবেলা দিলে জান।।

সপ্তম দিৱসে আসি তোহ্মাক নৃপতি।

শৃঙ্গী শাপে দংশিবেক তক্ষকে সম্প্রতি।।৩৬০৷৷

যেন লাগে চিন্তিয়োক পৰলোক হিত।

হেন শুনি কৃতকৃত্য ভৈলা পৰীক্ষিত।।

মঞি মহাপাপীৰ উচিত ভৈল দণ্ড।

মনতে এৰিলা ৰাজা জম্বুদ্বীপ খণ্ড।।৩৬১৷৷

পুত্ৰ দাৰা বিষয়ত ভৈলা বিৰকতি।

কৃষ্ণৰেসে কৃপা ইটো মানিলা নৃপতি।।

ইহ পৰলোক মানে সৱে মায়াময়।

বিমৰিষি কৰিলন্ত মনত নিশ্চয়।।৩৬২।।

কৃষ্ণৰ চৰণে সেৱা মোক্ষতো অধিক।।

চিত্তক দঢ়াইলা আতি হৰি ভকতিক।।

জন্মেজয় পুত্ৰক কৰিলা অভিষেক।

দিলা ৰাজ্যভাৰ তেজি আছিল যতেক।।৩৬৩।।

চিন্তিল কিমতে মিলে বিশিষ্ট মৰণ।।

কৃষ্ণৰ চৰণে লৈলা একান্তে শৰণ।।

জানি ৰাজা কৃষ্ণ পাদোদকৰ মহত।

বসিলন্ত কুশ পাৰি গঙ্গাৰ তীৰত৷৷৩৬৪।।

কৃষ্ণৰ চৰণ-ৰেণু মিশ্রিত তুলসী।

ভৈলা সর্বোত্তম জল যাহাক পৰশি।।

জগত পৱিত্ৰকাৰী হেনয় গঙ্গাক।

মৰন্তা মনুষ্যে কোনে নেসেৱিবে তাক।।৩৬৫৷

মনত নিশ্চয় কৰি গঙ্গাৰ তীৰত।

মুকুন্দৰ পাদপদ্ম ধৰি হৃদয়ত।।

ভৈলন্ত নিঃশঙ্ক শান্তচিত্ত সৰ্ব্বজান।

কৃষ্ণৰ চৰণ ছাড়ি নিচিন্তয় আন।।৩৬৬।।

ৰাজা পৰীক্ষিতক তক্ষকে খাইবে শুনি।

তহিতে আসিলা যত অসংখ্যাত মুনি।।

জগত পৱিত্ৰকাৰী সৱে মহামূর্তি।

শুনা তাসম্বক লেখা দেঞো প্রতি প্রতি।।৩৬৭৷৷

অগস্তি অঙ্গিৰা ভূগু গৌতম সগৰ।

বশিষ্ঠ অৰিষ্ট নেমি ৰাম পৰাশৰ।।

পিপ্পলাদ দেৱল কৱষ কনিলাষ।

বিশ্বামিত্র মৈত্রেয় উতথ্য ঔৰ্ব্ব ব্যাস।।৩৬৮।।

অত্রি ইন্দ্ৰপ্ৰমদ নাৰদ ঋষিৰাজ।

গাধি মেধাতিথি ইধ্যাবাহ ভৰদ্বাজ।।

পুলহ পুলস্তি পুণ্য প্রভু ভগৱন্ত।

চ্যৱন সৱন আৰ্ষ্টিসেন সৰ্ব্বদন্ত।।৩৬৯।।

উতঙ্ক নিশঙ্ক শঙ্খ দুর্বাসা দুৰ্ম্মতি।

কথ কালকঞ্জ ক্রতু কুশীল সুমতি।।

দেৱঋষি ৰাজঋষি ব্রহ্মঋষি যত।

অৰুণ প্ৰমুখ্যে আসি ভৈলা উপগত।।৩৭০।।

দেখি পৰীক্ষিত গাৱচালি সচকিত।

সাদৰে আসন আনি বৈসাইলা তহিত।।

পাদ্য অর্ঘ্যে ধূপে পূজি পূৰি মনস্কাম।

সৱাকো কৰিলা শিৰে নৃপতি প্রণাম।।৩৭১।

গঙ্গাৰ তীৰত পাতি বহল সমাজ।

সুখে বসিলন্ত সৱে মহা ঋষিৰাজ।।

দেখি দুনাই নমস্কাৰ কৰি পৰীক্ষিত।

কৰযোৰে ভৈলন্ত আগতে উপস্থিত।।৩৭২।।

বুলিলা বিনয় আসি সাদৰি বচনে।

ভৈলো ধন্যতম তোমাসাৰ আগমনে।।

ভৰিধোৱা পানী থাকৈ যথাত বিপ্রৰ।

তাতো থাকিবাক যোগ্য নুহি ক্ষত্রিয়ৰ।।৩৭৩৷৷

কৰো গৰিহিত কৰ্ম্ম হিংসা আমি পাপী।

মহা অনুগ্রহ মোক কৰিলা তথাপি।।

দেৱৰো দুৰ্লভ তুমিসৱ মহামুনি।

দেখিবে আসিলা সৱে মোৰ মৃত্যু শুনি।।৩৭৪৷৷

গৃহ অন্ধকুপত পৰিলো মঞি পাপ।

কৃষ্ণৰেসে প্রসাদত পাইলো ঋষিশাপ।।

জানন্ত বিফলে মৰে ভৃত্যুৰ সন্ততি।

শাপ দিয়াই উপজাইলা মোৰ বিৰকতি।।৩৭৫৷৷

ভয় যেৱে নুপজৈ বৈৰাগ্য নুহিতাৱে।

বিৰকতি নভৈলে নভজে হৰিপাৱে।।

হেনজানি প্রভু কৃষ্ণ ইষ্টদেৱ মোৰ।

শাপছলে ছেদিলন্ত সংসাৰ দুৰ্ঘোৰ।।৩৭৬।।

তোৰা ঋষি সমস্তে সাক্ষাতে সৃষ্টিকৰ।

সৱাৰো চৰণে কৰো এতেক গোচৰ।।

ভৈলোহো শৰণাগত শুনা সৱে বাপ।

নকৰিবা ব্যর্থ আউৰ ইটো ঋষিশাপ৷৷৩৭৭৷৷

নুহি শাপ ইটো মোৰ পৰম প্রসাদ।

গৃহ শৰীৰক মোৰ কৰিলে উচ্ছাদ।।

আন বিষয়ক মনে দেখো বিষ্ঠা তুল।

নেৰো আউৰ বান্ধৱ কৃষ্ণৰ পদমূল।।৩৭৮।।

ঋষিশাপে আসি মোক তক্ষকে দংশোক।

আক লাগি কিছু চিন্তা নকৰিবা মোক।।

যেনমতে হোৱৈ মোৰ হৰিক স্মৰণ।

কৈয়ো কৃষ্ণকথা লৈলো সৱাতে শৰণ।।৩৭৯।।

এহিমাত্র আশীর্বাদ দিয়া ঋষিলোক।

নিজকর্মে জন্ম মোৰ যৈতে তৈতে হোক।।

সততে থাকোক কৃষ্ণচৰণত ৰতি।

নছাড়োক চিত্তে সদা সন্তৰ সঙ্গতি।।৩৮০।।

যেন নপাসৰো আমি ঈশ্বৰ মাধৱ।

জন্মে জন্মে হৌক মোৰ বৈষ্ণৱে বান্ধৱ।।

নুগুচোক সমস্ততে মিত্ৰতা আহ্মাৰ।

মাগো এহি বৰ হেৰা কৰো নমস্কাৰ।।৩৮১৷৷

জানা ঋষিসৱ সাক্ষী হৈবা গঙ্গামাৱ।

হুয়া এক শৰণ ধৰিলো কৃষ্ণপাৱ।।

কৃষ্ণ বিনে মোৰ ইষ্টদেৱ নাহি আন।

ৰাখিলা গৰ্ভতে পশি প্রভু মোৰ প্রাণ।।৩৮২।।

উপজিল প্রেম আতি এতেক বোলন্তে।

ধাৰায়ে বহয় নীৰ নয়নৰ হন্তে।।

আছিলন্ত তম্ভি কৃষ্ণ চৰণত ধৰি।

পাৰিলন্ত কুশক পূৰ্ব্বক আগ কৰি।।৩৮৩।।

বসিলন্ত তাতে ৰাজা উত্তৰক মুখে।

কৃষ্ণৰ চৰণ চিন্তিবাক লৈলা সুখে।।

প্রশংসিয়া দেৱগণে চায়া একদৃষ্টি।

কৰিলন্ত শিৰত বিপুল পুষ্পবৃষ্টি।।৩৮৪।।

কৰিল দুন্দুভি ধ্বনি পৰম হৰিষি।

সাধু সাধু বুলি প্রশংসিলা সৱে ঋষি।।

সম্বুধি বোলন্ত শুনা ৰাজঋষিবৰ্য্য।।

পাণ্ডুৰ বংশৰ ইটো নুহিকে আশ্চর্য্য।।৩৮৫।।

একান্ত ভকত তাৰা কৃষ্ণৰ চৰণে।

পাঞ্চ পাণ্ডৱৰ গুণ বর্ণাইবো কেমনে।

কৃষ্ণৰ বিয়োগ মাত্র শুনিলা শ্ৰৱণে।

এৰিলন্ত মহাৰাজ লক্ষ্মী তাৱক্ষণে।।৩৮৬৷৷

যাক সেৱা কৰে লক্ষ লক্ষ ৰাজাগণ।

কিৰীটিৰ অগ্রে মাত্র চৌৱৈ সিংহাসন।।

দেৱৰো দুর্লভ জম্বুদ্বীপ হেন ৰাজ।

সমস্তকে তেজি পাঞ্চো ভাই ভৈলা বাজ।।৩৮৭৷৷

ধৰিলা হিয়াত আনি কৃষ্ণৰ চৰণ।

ৰামকৃষ্ণ নাম মাত্র মুখত বচন।।

অৱধূত বেশে গৈলা উত্তৰ দিশক।

কতেক বর্ণাইবো আমি পাঞ্চপাণ্ডৱক।।৩৮৮।।

তাহান সন্ততি তুমি নৃপ পৰীক্ষিত।

কৃষ্ণ হেন দেৱত নিশ্চয় ভৈলা চিত্ত।।

ঋষিৰ শাপক তুমি কৰিলা প্রসাদ।

তিলেকে কৰিল মোহ বিষয় উচ্ছাদ।।৩৮৯।।

কৃষ্ণৰ চৰণ ৰসে মগ্ন ভৈল চিত্ত।

কিনো মহাসাধু ধন্য ধন্য পৰীক্ষিত।।

নিশ্চয় জানিলো পাইলা সংসাৰৰ সীমা।

বণাইবাক পাৰৈ কোনে তোহ্মাৰ মহিমা।।৩৯০।।

ৰাজাক এতেক বুলি মহাঋষিগণ।

কৰিলন্ত পাচে অন্যো অন্যে সম্ভাষণ।।

যাৱে গতি পাৱৈ ৰাজা শৰীৰক এৰি।

তাৱদেকে থাকো আমি নৃপতিক বেঢ়ি।।৩৯১।।

ঋষি সমস্তৰ সিটো উদাৰ বচনে।

সম্যকে অমৃত সিঞ্চে নৃপতিৰ মনে।।

কৃষ্ণৰ চৰিত্ৰচয় শুনিবে ইচ্ছায়।

বুলিলন্ত দুনাই ৰাজা অৱনত কায়।।৩৯২।।

সাক্ষাতে তোমৰা মূর্তিমন্ত বেদগণ।

ভৈলা আসি মোৰ উপকাৰে উপসন।।

এতেকে তোহ্মাত পুছো কোন মহাধৰ্ম্ম।

কহিয়োক লোকৰ কৰ্ত্তব্য কোন কৰ্ম্ম।।৩৯৩।

কেনমতে হোৱে সৰ্ব্বপাপত উদ্ধাৰ।

কোন কৰ্ম্মে পাৱৈ লোক সংসাৰৰ পাৰ।।

বিশেষত কি কৰিবে ম্রিয়মান লোকে।

বিমৰিষি কহিয়োক মোত ঋষিলাোকে।।৩৯৪।।

শুনি মুনিসৱে বোলে যাৰ যেন মতি।

কেহো বোলৈ তপতে পৰম পাই গতি।।

কেহো বোলৈ মহাসিদ্ধি সাধে যজ্ঞদানে।

কেহো বোলৈ পৰম মুকুতি তীর্থস্নানে।।৩৯৫।।

কেহো বোলৈ মহাযজ্ঞে তড়ৈ সংসাৰক।

কেহো বোলৈ এৰাই মহাজ্ঞানেসে নৰক।।

সৱে হন্তে কহে আপোনাৰ নানা মত।

হেন শুনি স্বস্থ নোহে ৰাজাৰ মনত।।৩৯৬।।

উচপিচ কৰন্তে নাহিকে একমতি।

পৰম দুষ্কৰ পথ সৱাৰো সন্মতি।।

হেন শুনি নৃপতিৰ নাহি চিত্তশান্ত।

পৰম সুগম একো উপায় নপান্ত৷৷৩৯৭।।

কৃষ্ণৰ চৰণ চিন্তি থাকিলন্ত ৰহি।

ঋষিসৱো নিশবদ ভৈলা কথা কহি।।

যেৱে সৱে সমাজ নিজম পৰি আছে।

আতপৰে যেন ভৈল শুনিয়োক পাচে।।৩৯৮৷৷

শুনা সামাজিক জন মহাভাগৱত।

আতপৰে আউৰ ধৰ্ম্ম নাহি সংসাৰত৷৷

দুৰ্ঘোৰ কলিত আন ধৰ্ম্মে নপাই গতি।

হেন জানি কৃষ্ণৰ কথাক কৰা ৰতি।।৩৯৯৷৷

দিনে দিনে আয়ু হৰৈ মৃত্যু চাপে পাশ।

একেতিলে কালে কৰিবেক সৰ্ব্বনাশ।।

থাকিবে শৰীৰ সৱে পৰি দান্ত তৰি।

পুত্ৰ ভাৰ্য্যা এৰি যাইবে যাতনাক লড়ি।।৪০০।।

কিঙ্কৰে কৰিবে শাস্তি ঘোৰ যমপুৰ।

মহা অহম্মম গৰ্ব্ব সৱে হৈবে চুৰ।।

হেন জানি লৈয়ো ঝাণ্টে কৃষ্ণত শৰণ।

যাৱে নতু মিলে আসি দুৰ্ঘোৰ মৰণ।।৪০১।।

কৃষ্ণ বিনে নাহি আন যাতনাত ত্রাণ।

কৃষ্ণেসে সুহৃদ নিজ আত্মা প্রিয় প্রাণ।।

কাম্পৈ তৰতৰি মৃত্যু শুনি যাৰ নাম।

হেন জানি বোলা নিৰন্তৰে ৰাম ৰাম।।৪০২।।

               ____________

 

।। শুকদেৱৰ আগমন।।

৷৷ দুলড়ী।।

 

এহিমতে তৈত     আছন্ত নৃপতি

ঋষিসৱ সমন্বিতে।

ফুৰন্তে ভ্রমন্তে      ব্যাসসুত শুকে

মিলিল আসি তহিতে।।

সদায়ে ষোড়শ     বৰিষ সমান।

সুকুমাৰ মহাৱেশ।

শ্যামল শৰীৰ      শিৰ ছত্রাকৃত

নীল আকুঞ্চিত কেশ।।৪০৩৷৷

ভ্ৰূৱ সুৱলিত      আয়ত লোচন

যেন পঙ্কজৰ পাসি।

উন্নত নাসিকা     সুন্দৰ বদন

দশন ঈষত হাসি।।

সম ৰুচিকৰ      কর্ণ কম্বুকণ্ঠ

দেখন্তে চিত্ত সণ্ত্তষ্ট।

আজানুলম্বিত      বাহু বক্ষস্থল

বহল পৰম পুষ্ট৷৷৪০৪৷৷

কৰ কিশলয়      সদৃশ সুদীর্ঘ।

বর্তুল আঙ্গুলি পান্তি।

দেখন্তে সন্তোষ     তাতে কৰৈ আতি

নখচন্দ্ৰচয় কান্তি।।

সিংহবন্ধ স্কন্ধ     সুচান্দ উদৰ

দেখন্তে মিলৈ সন্তোষ।

সুগম্ভীৰ নাভি     চাৰু জানু জঙ্ঘা

চৰণ পঙ্কজ কোষ।।৪০৫।।

ৰত্নৰ শলকা      সদৃশ আঙ্গুলি

নখৰ জ্যোতি উজ্জ্বল।

মহা মনোহৰ      ৰাতুল কোমল

দেখি দুয়ো পদতল।।

কৃষ্ণৰ শৰীৰ      সদৃশ সাক্ষাত

কৰন্তে আছে প্রকাশ।

কুটিল কুন্তল      চৌভিতি লম্বিত

বস্ত্রহীন দিগবাস।। ৪০৬৷৷

অত্যন্ত উত্তম      অঙ্গ লাৱণ্যক

নোজোৰৈ কোটি মদনে।

হসিত বদন       দেখি মোহ হুয়া

বেঢ়ি ফুৰৈ নাৰীগণে।।

বাতুল বুলিয়া     ছৱালসকলে

নছাড়ৈ শুকৰ কোল।।

মহা ঋষিগণে      শুকক চিনিয়া

কৰিলন্ত হৰিৰোল।।৪০৭৷৷

আসনৰ পৰা      উঠি তাৱক্ষণে

কৰিলা সৱে সাদৰ।

মাথাত কৰিয়া     সুৱৰ্ণ আসন

আনি দিলা নৃপবৰ।।

স্ত্রী-শিশুসৱ       এড়ি আন্তৰিলা

দেখি হেন অদভুত।

কৃষ্ণকেসে মনে     বসিলা আসনে

মহামুনি ব্যাসসুত৷৷৪০৮৷৷

সুৱৰ্ণ ভৃঙ্গাৰে      পখালিলা ভৰি

পাদোদক লৈলা মাথে।

গন্ধে পুষ্পে ধূপে        দীপে উপহাৰে

পূজিলা পৃথিৱী নাথে।।

চৰণত ধৰি       বুলিলন্ত তুতি

মিনতি অনেক ভাৱে।।

পৰম সাদৰে      আপোনাক নৃপে

অর্পিলা মুনিৰ পাৱে।।৪০৯৷৷

মহা ঋষিসৱে      চৌপাশে উপাসে

প্রকাশন্ত শুক বসি।

তাৰা গ্রহগণে      যেন বেঢ়ি আছৈ।

আকাশত পূর্ণশশী।।

প্রসন্ন বদনে       বসিয়া আছন্ত

কৃষ্ণৰ চিন্তি চৰণ।।

দেখি নৃপতিৰ      প্রেম উপজিল

আনন্দে আকুল মন।।৪১০৷৷

মুনিৰ চৰণ       শিৰে পৰশিয়া

কৰিলা পড়ি প্রণাম।

লোতক ঝড়িল     তনু শিহৰিল।

উচ্চাৰিলা কৃষ্ণ ৰাম।।

হা কৃষ্ণ কৃষ্ণ      বুলিয়া পৰিয়া।

আছিলা মুনিৰ পাৱে।

কৰি কৃতাঞ্জলি     বুলিলা বচন

বসিয়া বিনয় ভাৱে।।৪১১৷৷

অধম ক্ষত্রিয়      আহ্মাৰ গৃহত

মিলিলা আসি আপুনি।

আজিসি আহ্মাক        পৰম পৱিত্র

কৰিলাহা মহামুনি।।

গৃহসৱো শুদ্ধি     হোৱৈ তাৱক্ষণে

যাহাৰ মাত্ৰ স্মৰণে।

কি কহিবো ভাগ্য        হেনয় মুনিক

সাক্ষাতে দেখো নয়নে।।৪১২।।।

তোহ্মাৰ চৰণ     পৰশে আজিসি।

জীৱন জন্ম সাম্ফল।

নিশ্চয় জানিলো         আজি দূৰ ভৈলা

মোৰ যত অমঙ্গল।।

যাহাৰ সমীপ      চাপিল মাত্রকে

পাপসৱ হোৱৈ অস্ত।

কম্পি পলাই যেন       বিষ্ণু দৰশনে

অসুৰ সেনা সমস্ত।।৪১৩।।

পাঞ্চো পাণ্ডৱৰ     পৰম সুহৃদ

মোৰ নিজ দেৱ ইষ্ট।

ভকত বৎসল          কৃষ্ণেসে তোহ্মাক

পঠাইলা জানিলো নিষ্ট।।

ভৃত্যৰ সন্ততি      মৰো মোক মোৰ

বুলি ত্রিজগতপতি।

তোহ্মাক দেখিয়া        দিবন্ত জানিলো

অধমক মোক গতি।।৪১৪।।

দেৱৰো দুর্লভ      তযু দৰশন

অন্তকালে পাইলো আমি।

আন হেতু নাই         কৃষ্ণৰেসে কৃপা

কিনো ভৃত্যপ্রিয় স্বামী।।

তোহ্মাৰ চৰণে     মৰণ সময়ে।

পুছোহো প্রভু সাম্প্রত।

ম্রিয়মান নৰে      সদায়ে কি কৰ্ম্ম

কৰিবে ইটো লোকত।।৪১৫।।

কাহাক শুনিবে     কাহাক জপিবে

কাহাক স্মৰিবে নৰে।

ভজিবাক যোগ্য         কোননো দেৱতা

কহিয়ো মোক সত্বৰে।।

শ্ৰৱণ-কীৰ্ত্তন      স্মৰণক যোগ্য

নুহি যত যত কথা।

তুমিসি পৰম      গুৰু মহামুনি।

কহিয়ো মোত সৰ্ব্বথা।।৪১৬।।

জগত পৱিত্র      কৰিয়া ভ্ৰমাহা

তুমি মুনি নিৰন্তৰে।

ধেনু দোহনৰ      কাল মাত্র তুমি

থাকা গৃহস্থৰ ঘৰে।।

পৰম দুর্লভ       তোহ্মাৰ আলাপ

পাইবো কত মহাভাগে।।

এহি বুলি ৰাজা         প্রেমে সলোতক

ভৈলন্ত শুকৰ আগে।।৪১৭।।

নৃপতিৰ প্রেম      ভক্তিক দেখিয়া

তুষ্ট ভৈলা মুনিবৰ।।

সাধু সাধু বুলি         প্রশংসা কৰিয়া

দিলন্ত পাচে উত্তৰ।।

শৌনক প্রভৃতি         ঋষিক সম্বুধি

কহন্ত সুতে সম্প্রতি।

প্রথম স্কন্ধৰ      উনৈশ অধ্যায়

এহিমানে সমাপতি।।৪১৮।।

____________

।।ছবি।।

শুনিয়োক সভাসদ            মহাভাগৱত পদ

কৃষ্ণকথা পৰম অমৃত।

ভুকুতি মুকুতি যত       সৱে হোৱে উপগত

ইহ পৰলোকে মহা হিত।।

পূৰ্ব্বত নজানৈ কেৱে      পৃথিৱীত শুকদেৱে

কলিযুগে কৰিলা প্রচাৰ।

বিচাৰি নিশ্চয় কৰি      পিয়া আক কর্ণভৰি

মহা মহা ভাগ্য আছে যাৰ।। ৪১৯।।

সমস্তে শাস্ত্ৰৰ মত        বেদ বেদান্তৰ তত্ত্ব

কৃষ্ণেসে পৰম ইষ্টদেৱ।

পূজৈ যাক ব্রহ্মা হৰে     কোননো পামৰ নৰে

তাঙ্ক আসি নকৰিবে সেৱ।।

যাৰ নাম লৈলে মাত্র     যজ্ঞ কৰিবাৰ পাত্র

হোৱৈ আতি ম্লেচ্ছ অন্ত্যজাতি।

নভজিয়া হেন দেৱ       আনকেসে কৰৈ সেৱ

সি সি জন জানা আত্মঘাতী৷৷ ৪২০।।

দুর্লভ মনুষ্য জন্ম       পায়া সিটো নৰোত্তম

হোৱৈ এক শৰণ কৃষ্ণত।

স্মৰৈ ৰামনাম মুখে      সংসাৰক তৰি সুখে

সি সি পাইলে বেদান্তৰো তত্ত্ব।।

সি সি মহাকৰ্ম্মী নিষ্ঠ     সি সি মহাজ্ঞানী শিষ্ট

দেৱসৱো বখানন্ত তাক।

হেন জানি স্থিৰ মতি     কৃষ্ণত কৰিয়ো ৰতি

তেৱে নিস্তাৰিবা আপোনাক।।৪২১।।

নেনা আয়ু আলে জালে   কেতিক্ষণে ধৰৈ কালে

ইটো কথা নপশে কাণত।

বন্ধু মাধৱক এড়ি     খেলাৱে মায়াৰ খেড়ি

কিনো মোহে ভৈলা বুদ্ধি হত।।

কৃষ্ণে পৰলোক বিত      কৃষ্ণেসে সুহৃদ হিত

জানি তান নছাড়িবা নাম।

যত দেখা কিছু নোহে     কৃষ্ণৰ কিঙ্কৰে কহে

নিৰন্তৰে বোলা ৰাম ৰাম।।৪২২।।

 

।।ইতি শ্ৰীমদ্ভাগৱত প্ৰথম স্কন্ধ সমাপ্ত।।

bottom of page