top of page

জয় গুৰু শঙ্কৰ

ওঁ নমো ভগৱতে বাসুদেবায়

 

আগকথা

                যি শাস্ত্ৰত পৰম ব্ৰহ্ম, পৰমাত্মা ভগৱানৰ লীলা, মাহাত্ম্য আৰু তেৰাক পাবৰ উপায় বিস্তৃতভাবে বৰ্ণিত হৈছে, সেয়াই হৈছে ভাগৱত বা শ্ৰীমদ্ভাগৱত শাস্ত্ৰ। শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ দ্বাৰা প্ৰৱৰ্ত্তিত, মাধৱদেৱ গুৰুজনাৰ দ্বাৰা প্ৰচাৰিত একশৰণ হৰিনাম ধৰ্মৰ ভেটি এই ভাগৱত শাস্ত্ৰ ।

 

     প্ৰায় ৪,৭৫,০০০ টা শব্দ, ১৮,০০০ টা শ্লোক, ৩৩৫ টা অধ্যায়ৰে সমাহিত দ্বাদশ স্কন্ধ অসমীয়া শ্ৰীমদ্ভাগৱত গ্ৰন্থখনি আকাৰত এখনি বিশাল গ্ৰন্থ। সাঁচিপাতত লেখা ভাগৱতৰ পৃষ্ঠা সমূহ বিভিন্ন ঠাইত সিঁচৰিত হৈ আছিল আৰু ১৯৪৮ চনত সাহিত্যৰত্ন হৰিনাৰায়ণ দত্তবৰুৱা দেৱেৰ উদ্যোগত এই সিঁচৰিত হৈ থকা পৃষ্ঠা সমূহ একত্ৰিত কৰি সাঁচিপাতৰ পৰা  ছপা আকাৰত পোন প্ৰথম বাৰ অসমীয়া ভাগৱতৰ প্ৰথম প্ৰকাশ কৰে। ইয়াৰ পাছৰে পৰা বিভিন্ন সময়ত বিভিন্ন জন সম্পাদকৰ – সংকলকৰ – প্ৰকাশন গোষ্ঠীৰ দ্বাৰা শ্ৰীমদ্ভাগৱত গ্ৰন্থখন প্ৰকাশ পাই আহিছে।

 

     বৰ্তমান সময়ত ’কীৰ্তন ঘোষা’, ”নাম ঘোষা’কে প্ৰমূখ্য কৰি মহাপুৰুষ শ্ৰীশ্ৰী শঙ্কৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ গুৰু দুজনাৰ দ্বাৰা প্ৰণিত প্ৰায় আটাইবোৰ সাহিত্যকৰ্মই ইণ্টাৰনেটত উপলব্ধ যদিও শ্ৰীমদ্ভাগৱত গ্ৰন্থখন বৰ্তমানলৈকে উপলব্ধ হোৱা নাছিল। সেয়েহে সাম্প্ৰতিক সময়ৰ লগত ৰজিতা খুৱাই  শ্ৰীমদ্ভাগৱত এই মহান তথা বৃহৎ গ্ৰন্থখনিৰ ইণ্টাৰনেট সংস্কৰণ এটি প্ৰকাশ কৰি আগ্ৰহীজনৰ বাবে সুলভ কৰি তোলাৰ লগতে বিশ্বৰ যিকোনো স্থানৰ পৰাই উপলব্ধ হোৱাৰ  প্ৰয়োজনটি বহুদিনৰ আগৰে পৰাই অনুভৱ কৰি অহা হৈছিল। ইতিমধ্যে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ, গোলাঘাট জিলা শাখাৰ ২০২১-২২ বৰ্ষৰ সাহিত্য শাখাৰ কৰ্ম আঁচনিত ভাগৱত শাস্ত্ৰভাগ ইউনিক’ডলৈ ৰূপান্তৰ কৰি ইণ্টাৰনেটত উপলব্ধ হোৱাৰ ব্যৱস্থা  কৰাৰ কাৰ্য্যসূচী গ্ৰহণ কৰা হয়।  কিন্তু ভাগৱতৰ দৰে এখন বৃহদাকাৰৰ গ্ৰন্থ শুদ্ধৰূপে অনুলিখন কৰি উলিওৱাটোও বৰ সহজ নাছিল। যাক আমি ধৃষ্টতা হব বুলিয়েই ভাবিছিলোঁ আৰু এতিয়াও সেইদৰে ভাবোঁ। তথাপি প্ৰয়োজনৰ তাগিদাত কিছু পৰিকল্পনা যুগুত কৰি কাৰ্য্যক্ষেত্ৰত আগবাঢ়িবলৈ সিদ্ধান্ত হল। পৰিকল্পনাৰ কথা কেইবাজনো গুণী জ্ঞানী শুভাকাংক্ষী ব্যক্তিৰ আগত ব্যক্ত কৰাত সকলোৱে উৎসাহ যোগালে আৰু এই মহান কাৰ্য্যত সৰ্ব্বতেপ্ৰকাৰে সহায সহযোগৰ আশ্বাস প্ৰদান কৰিলে। শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ, গোলাঘাট জিলা শাখাৰ সম্পাদক শ্ৰীযুত দেৱঞ্জন বৰা দেৱে গ্ৰন্থ ভাগিৰ অনুলিখনৰ কামটো অসমীয়া ইউনিকডত কৰিবলৈ পৰামৰ্শ আগৱঢ়াই আৰু তেখেতৰ পৰামৰ্শতেই কামটো অসমীয়া ইউনিকডত কৰা হয়। ইয়াৰ বাবে আধাৰ স্বৰূপে লৱৰ বাবে এভাগ ভাগৱত জিলা শাখাৰ পৰা আগবঢ়াই। সকলোৰে সদিচ্ছা, সহায়, সহয়োগ  আৰু আন্তৰিকতাই আমাক যথেষ্ট অনুপ্ৰেৰণা যোগালে।

এই কাৰ্যই আমাক কিদৰে উপকৃত কৰিব পাৰে সেই কথাও বিচাৰ্য । আজিৰ নৱ প্ৰজন্মই জ্ঞান অম্বেষণৰ আহিলা হিচাপে কিতাপৰ পাত লুটিয়াতকৈ মোবাইল বা কম্পিউটাৰত ইণ্টাৰনেট খোঁচৰাটোহে বেছি পছন্দ কৰে। বিজ্ঞান প্ৰযুক্তিৰ অভাৱনীয় সাফল্যৰ বাবে এনেদৰে জ্ঞান আহৰণ কৰাটো সহজ সাধ্য হোৱাৰ লগতে আন বহুতো জঞ্জালৰ পৰাও মুক্ত।  ভাগৱতৰ দৰে এখন বৃহৎ গ্ৰন্থ কঢ়িয়াই লৈ ফুৰাটো সিমান সুবিধাজনক নহয় । গতিকে গ্ৰন্থখন ইণ্টাৰনেটত উপলব্ধ হোৱা মানে হাতৰ মুঠিতে লৈ ফুৰিব পৰা হোৱা । ম'বাইলটো লগত থাকিলে যিকোনো ঠাইতে ভাগৱতৰ পদ এফাকি শ্ৰৱণ-কীৰ্তন কৰাৰ ই এক অতি সহজ আৰু সুবিধাজনক ব্যৱস্থা।  তদুপৰি ইণ্টাৰনেটত  ভাগৱতখন লিপিবব্ধ কৰা মানে অসমীয়া ভাষাৰ বিশাল শব্দ-ভাণ্ডাৰত সোমাই থকা বা জীণ যোৱা বিভিন্ন শব্দৰ এক বুজন পৰিমাণেৰে ইণ্টাৰনেট ভৰাই তোলা । ইয়াৰ দ্বাৰা ইউনিক'ডত অসমীয়া লিপিৰ স্বীকৃতিৰ বাবে সামান্যভাৱে হ'লেও পথ প্ৰশস্ত হ'ব বুলি ভাবিব পাৰি। ভাগৱত গ্ৰন্থখনি অনলাইনত উপলব্ধ হোৱাৰ লগে লগে অসমীয়া বিষয়ৰ স্নাতক-স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ উপৰি গৱেষক, শিক্ষক-শিক্ষয়িত্ৰী তথা অধ্যাপক-অধ্যাপিকাসকলো ইয়াৰ দ্বাৰা উপকৃত হ'ব বুলি ভাবিব পাৰি ।

      নিজ নিজ ব্যক্তিগত কামৰ ব্যস্ততাৰ লগতে কৰ'নাসৃষ্ট প্ৰতিকূলতাৰ মাজতো এই প্ৰকল্পটো ৰূপায়নৰ ক্ষত্ৰত অকুণ্ঠচিত্তে সহায় আগবঢ়োৱা প্ৰতিজনলৈ আন্তৰিক কৃতজ্ঞতা জনালোঁ। এই বৃহৎ কলেৱৰৰ গ্ৰন্থখন এইবিধ মাধ্যমত অনুলিখ (copy) বা 'টাইপিং' কৰাত সহযোগ আগবঢ়োৱা শ্ৰীবিনোদ চাহু (তেলগৰম বিষ্ণুপুৰ)কে প্ৰমূখ্যে কৰি বৰ্ণাশুদ্ধি দূৰীকৰণৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰা শ্ৰী অনীল ফুকন (বেতিয়নী কাকতিগাওঁ), শ্ৰীপ্ৰবিত্ৰ নাথ (ঢ়েকীয়াল), শ্ৰীহেমন্ত হাজৰিকা (টেনপুৰ, গোলাঘাট),  শ্ৰীবিপ্লৱজ্যোতি বৰা (বগ’ৰিঅনি, দেৰগাঁও) আৰু শ্ৰীযুতা লাৱণ্য প্ৰভা দত্ত (টেনপুৰ, গোলাঘাট), এই আটাইকেইজনকে ভক্তিপূৰ্ণ সেৱা আৰু শলাগৰ শৰাই আগবঢ়ালোঁ‌। তদুপৰি এই কাৰ্যৰ আৰম্ভণিৰে পৰা শেহলৈকে আমাক সততে নানা দিহা পৰামৰ্শ দি অহা শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ, গোলাঘাট জিলা শাখাৰ সম্পাদক শ্ৰদ্ধাৰ শ্ৰী দেৱাঞ্জন বৰালৈ আন্তৰিক কৃতজ্ঞতাৰ শৰাই আগবঢ়ালোঁ‌। যিভাগ শাস্ত্ৰ  "প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্য্যন্তে কহিলা ৰাজাত মহা মুনীন্দ্ৰ মহন্তে "  আমিও এইভাগ শাস্ত্ৰ সমূহীয়া ঐকান্তিক শ্ৰম আৰু নিষ্ঠা, সৰ্বোপৰি ভগৱন্ত প্ৰভুৰ কৃপা আৰু শুভানুধ্যায়ীসকলৰ আশীৰ্বাদৰ ফলস্বৰূপেহে এইবিধ মাধ্যমত আপোনালোকৰ হাতত তুলি দিবলৈ সক্ষম হ'লোঁ‌।  এই কাৰ্যৰ বাবে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ দ্বাৰা সম্পাদিত শ্ৰীমদ্ভাগৱত, অষ্টম সংস্কৰণ (প্ৰকাশ কাল ৫৬৯ শঙ্কৰাব্দ, ২০১৮ খ্ৰীষ্টাব্দ) গ্ৰন্থভাগকে আধাৰস্বৰূপে গ্ৰহণ কৰা হৈছে।

 

    প্ৰত্যেক স্কন্ধৰ প্ৰতিটো অধ্যায়তে কোনো এটা শাৰী যাতে থাকি নাযায় বা বঢ়া-টুটা নহয় আৰু শব্দ, বানান, বৰ্ণ সংস্থাপন বা টাইপিং আদিত যাতে শুদ্ধতা ৰক্ষা পৰে, সেই কথাটোত সততে গুৰুত্ব দিয়া হৈছে। এইবিলাক দিশত শুদ্ধতা ৰক্ষা কৰিবলৈ বিশেষ গুৰুত্ব দিয়া সত্ত্বেও আমি অকুণ্ঠচিত্তে স্বীকাৰ কৰোঁ যে ইমানৰ পিচতো কিন্তু শব্দ, বানান, পদ-বাক্যাদিৰ ক্ষেত্ৰত সম্পূৰ্ণ নিৰ্ভুল বা ত্ৰুটিমুক্ত হ'ব পৰা নাই । কম্পিউটাৰ তথা ছফ্টৱেৰৰ কিছুমান সীমাবদ্ধতাৰ বাবেও দুই চাৰিটা আসোঁৱাহ নোহোৱা নহয় । তদুপৰি টাইপিং কৰোঁতে ক্ষণিক অমনোযোগিতা, সামান্য অসতৰ্কতা, অজ্ঞতা আৰু দৃষ্টিবিভ্ৰমৰ বাবেও ইয়াত কিছু ভুল বা বঢ়া-টুটা  হোৱাটো নিতান্ত স্বাভাৱিক । ইয়াৰ বাবে আমি আপোনাসৱৰ ওচৰত কৰপুটে ক্ষমা মাগিছোঁ‌ । "মহন্তৰ ক্ষমাসে ভূষণ" আশা কৰোঁ আপোনাসৱে আমাক ক্ষমা কৰিব আৰু ভুল-ত্ৰুটিসমূহ আন্তৰিকতাৰে আঙুলিয়াই দি ভৱিষ্যতে শুধৰণিৰ বাবে দিহা-পৰামৰ্শেৰে অনুগৃহীত কৰিব ।

     

     আমাৰ এই দুবছৰজোৰা প্ৰচেষ্টাৰ ফলত আগ্ৰহী পাঠকসমাজ ইয়াৰ পৰা সামান্যভাৱেও উপকৃত হোৱা বুলি জানিব পাৰিলে আমাৰ শ্ৰম সাৰ্থক হোৱা বুলি বিবেচিত হ'ব । শেহত আমাৰ এই প্ৰচেষ্টাই গুৰু দুজনাৰ সাহিত্য, সংস্কৃতি, দৰ্শনৰ লগতে এক শৰণ হৰি নাম ধৰ্মক বিশ্বদৰবাৰলৈ লৈ যোৱাত সামান্য পৰিমানে হলেও অৰিহনা আগবঢ়াব বুলি আশা কৰিলো ।  মহান কাৰ্যৰ লগত জড়িত সকলো্জনলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। সদৌ শেষত শ্ৰীমদ্ভাগৱত শাস্ত্ৰৰ ইন্টাৰনেট সংস্কৰণৰ ব্যৱস্থাপনাৰ দায়িত্ব পালন কৰিবলৈ যাওঁতে অজানিতভাৱে হৈ যাব পৰা সৰ্বদোষ মৰিষণৰ হেতু মহাপুৰুষৰ বাণীৰে ভগৱৎপ্ৰাণ বাপ-আইসমস্তৰ চৰণত ভক্তিভৰা সেৱা নিৱেদন কৰিলোঁ । 

 

সহস্ৰ সহস্ৰ আতি       অপৰাধ দিনে ৰাতি

কৰো মঞি মহা মূঢ়জন ।

আমি প্ৰভু তযু দাস     আকে মানি জগবাস

                       ক্ষমিয়োক শ্ৰীমধুসূদন ।। নামঘোষা।।

 

 সেৱাৰে-

শ্ৰীৰক্তিম বৰা

মুখ্য ব্যৱস্থাপক

শ্ৰীমদ্ভাগৱতৰ ইণ্টাৰনেট সংস্কৰণ

 

 

বিঃ দ্ৰঃ আসোঁৱাহখিনি আঙুলিয়াই দি সেইখিনি শুধৰণিৰ লগতে গঠন মুলক দিহা পৰামৰ্শৰে কৃতাৰ্থ কৰিবৰ বাবে তলত উল্লেখ কৰা e-mail ঠিকনাত বা WhatsApp নম্বৰত যোগাযোগ কৰিবৰ বাবে অনুৰোধ জনালোঁঃ

e-mail id: secy.sssgolaghat@gmail.com

WhatsApp No: 9435378482/9435499419

bottom of page