top of page

প্ৰকাশকৰ  নিৱেদন

সমস্ত বেদান্ত সাৰ       মহাভাগৱত শাস্ত্ৰ

ইহাৰ অমৃত ৰস পাই৷

পৰম সন্তোষ পান       কৰিল যিজনে তাৰ

         অন্যত্ৰ ৰসত ৰতি নাই৷৷নামঘোষা৷৷

 

           বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্তভাগি আন কেইবাজনো পণ্ডিতৰ সহযোগত অনুবাদ কৰি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে অসমীয়া ভাষা-সাহিত্যৰ লগতে বৃহত্তৰ মহাপুৰুষীয়া সমাজখনলৈ এক অনন্য অৱদান আগবঢ়াই থৈ গৈছে৷ অথচ এটা সময় আছিল যিটো সময়ত ভাগৱতৰ দৰে মহান শাস্ত্ৰ সমূহ চুব নাপাই বুলি ওপৰত তুলি থোৱা হৈছিল৷ ফলত ইয়াৰ ভক্তিৰস পান কৰি জীৱনটো সুন্দৰভাৱে গঢ় দিয়াৰ পৰা অধিকাংশ মানুহেই বঞ্চিত হৈছিল৷ অন্যহাতে কোনো কোনো লোকে ব্যক্তিগত স্বাৰ্থ বিঘ্নিত হোৱাৰ ভয়ত এই মহান শাস্ত্ৰসমূহৰ পৰা সৰ্বসাধাৰণ লোকক দূৰত ৰাখি শাস্ত্ৰসমূহত অন্তৰ্নিহিত হৈ থকা তত্বক ভুলক উপস্থাপন কৰিছিল৷ কিন্তু গুৰুজনাৰ আদৰ্শৰ ভেটিত প্ৰতিষ্ঠিত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ জন্মৰ লগেলগেই সৰ্বসাধাৰণ লোকৰ মাজত ভাগৱতৰ চৰ্চাৰ এটা সুবিধা আহি পৰিল৷ ফলত সৰ্বসাধাৰণ লোকে শাস্ত্ৰৰ প্ৰকৃত তত্ত্ব বুজি সক্ষম হ’ল৷ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই দিয়া অৱদান সমূহৰ উপভোক্তা হৈ আজিৰ মানুহে আধুনিক বুলি গৰ্ব কৰি অসংস্কাৰী জীৱন যাপন কৰাৰ প্ৰৱণতাৰ বিপৰীতে মহাপুৰুষীয়া সমাজখনে গুৰুজনাৰ আদৰ্শক শিৰোগত কৰি কৃষ্ণৰ চৰণ চিন্তি জীৱন সুন্দৰ কৰাৰ অবিৰাম প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ ইয়াৰ বাবে মহাপুৰুষৰ মহান বাণীসমূহ সকলোৰে মাজত ব্যাপকভাৱে আগবঢ়াই দিয়াৰ প্ৰয়োজনীয়তা আহি পৰিছে৷ সেইবাবে কৃষ্ণদৈপ্যায়ন ব্যাস বিৰচিত বেদান্ত সূৰ্য্য "শ্ৰীমদ্ভাগৱত"ৰ অসমীয়া অনুবাদটিক ইণ্টাৰনেটত উপলব্ধ কৰাৰ চিন্তা কৰি শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ গোলাঘাট জিলা শাখাৰ চলিত বৰ্ষৰ কৰ্মআঁচনিত অন্তৰ্ভুক্ত কৰা হ’ল৷ জিলাশাখাৰ সাহিত্য শাখাৰ সদস্য শ্ৰীযুত ৰক্তিম বৰাদেৱে ভাগৱতভাগি ইউনিকোডত টাইপ কৰি উলিওৱাৰ কাম হাতত ল’লে৷ তেখেতৰ এক দীৰ্ঘদিনীয়া তথা অবিৰত প্ৰচেষ্টাৰ ফলত ১২ স্কন্ধৰ ভাগৱতভাগি ইউনিকোডত লিখি উলিওৱা হ’ল৷ ইতিমধ্যে চলিত বৰ্ষৰ জিলাশাখাৰ আন এক কৰ্মআঁচনি অনুসৰি জিলাশাখাৰ ৱেবছাইট প্ৰস্তুতিৰ কামো সম্পূৰ্ণ হ’ল৷ জিলা শাখাৰ নৱনিৰ্মীত ৱেবছাইটতে ইউনিকোডত লিখি উলিওৱা ভাগৱত ভাগি ৰখাৰ ব্যৱস্থা কৰা হ’ল৷ আজি ০২/০১/২০২২ তাৰিখে এই নৱনিৰ্মীত ৱেবচাইটৰ লগতে শ্ৰীমদ্ভাগৱতৰ ইণ্টাৰনেট সংস্কৰণটিও উন্মোচন কৰাৰ ব্যৱস্থা কৰা হ’ল৷ ভাগৱতৰ এই ইণ্টাৰনেট সংস্কৰণটিৰ জড়িয়তে বৃহত্তৰ মহাপুৰুষীয়া সমাজখনৰ উপৰিও শৈক্ষিক দিশটো আগ্ৰহীজনক উপকৃত কৰিব৷ সকলোৰে দিহা পৰামৰ্শ অনুসৰি অনাগত দিনত ভাগৱতৰ ইণ্টাৰনেট সংস্কৰণভাগি অধিক সুন্দৰকৈ উপস্থাপন কৰিবলৈ চেষ্টা কৰা হ’ব৷

       ভাগৱতভাগ ইণ্টাৰনেটৰ উপযোগী কৰি ইউনিকোডত লিখি উলিওৱাৰ যাৱতীয় ব্যৱস্থা কৰা শ্ৰীমান ৰক্তিম বাৰাদেৱলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ৷ বানান আদি শুদ্ধাশুদ্ধ পৰীক্ষা কৰি দিয়া সমস্তজনলৈ কৃতজ্ঞতা জনালোঁ৷ শেষত জিলা শাখাৰ সম্পাদক দায়িত্বৰে বিশেষ আগ্ৰহেৰে ভাগৱতৰ ইণ্টাৰনেট সংস্কৰণটি আগবঢ়াই দিবলৈ যাওঁতে আমাৰ অজানিতভাৱে ৰৈ যাব পৰা ভুলৰ মাৰ্জনা বিচাৰি সকলোৰে শ্ৰীচৰণলৈ লক্ষ্যৰাখি সেৱা নিৱেদন কৰিলোঁ৷

 

কোটি কোটি ঘোৰ       অপৰাধ নিতে

কৰোঁ আমি দুৰাশয়৷

হে হৰি মোক               দাস হেন মানি

ক্ষমিয়োক কৃপাময়৷

 

সেৱাৰে

 

দেৱাঞ্জন বৰা

সম্পাদক

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ

গোলাঘাট জিলা শাখা

০২/০১/২০২২

bottom of page